id
stringlengths
4
5
url
stringlengths
34
558
title
stringlengths
2
62
text
stringlengths
3.52k
77k
28271
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A6%B2%E0%A7%80%E0%A6%AA%E0%A6%BF%E0%A6%82%20%E0%A6%AC%E0%A6%BF%E0%A6%89%E0%A6%9F%E0%A7%80
শ্লীপিং বিউটী
স্লীপিং বিউটী হৈছে চাৰ্লছ পেৰল্ট ৰচিত শ্লিপিং বিউটী বা গ্ৰীম ভাতৃদ্বয় ৰচিত "লিটল ব্ৰায়াৰ ৰোজ" হ'ল যাদুকৰী নিদ্ৰাত শুই থকা এগৰাকী ৰাজকুমাৰী আৰু এজন সুদৰ্শন ৰাজকুমাৰৰ এক পৌৰাণিক সাধুকথা। ১৬৯৭ চনত পেৰল্টৰ ত ইয়াৰ প্ৰথম প্ৰকাশ হয়। ১৯৫৯ ইয়াৰ পৰা এখন ৱাল্ট ডিজনী এনিমেটেড চলচ্চিত্ৰ বনোৱা হয়। সাধুকথাটি প্ৰথম খণ্ড বহুদিনৰ আশা পূৰ্ণ হৈ যেতিয়া ৰজা ৰাণীৰ এটি কন্যাসন্তান জন্ম হল তেওঁলোকে সাত গৰাকী পৰীক কণমানি ৰাজকুমাৰী গৰাকীৰ ধৰ্মমাক হ'বলৈ নিমন্ত্ৰণ জনালে। প্ৰাসাদত সজাই থোৱা সাতখন সোণোৱালী চকীত তেওঁলোকে আসন গ্ৰহণ কৰিলে। সেই সময়তে তাত আন এজনী দুষ্ট বুঢ়ী পৰীয়ে প্ৰবেশ কৰিলে। যিহেতু তেওঁ নিমন্ত্ৰিত নাছিল তেওঁৰ বাবে সোণোৱালী চকী সজোৱা হোৱা নাছিল। যেতিয়া উপহাৰ দিবৰ সময় আহিল তেতিয়া ছয়গৰাকী পৰীয়ে ৰাজকুমাৰীক তা, সক্ৰিয়তা,নৃত্য ,সংগীত আৰু বাদ্যযন্ত্ৰ বজাব পৰা ক্ষমতা উপহাৰ হিচাপে দিলে। কিন্তু দুষ্ট পৰীজনীয়ে উপহাৰৰ সলনি অভিশাপ দিলে যে ৰাজকুমাৰীৰ হাতত সূতাঁৰ মহুঁৰাই বিন্ধিব আৰু তেওঁৰ মৃত্যু ঘটিব। সেই সময়তে তেতিয়াও উপহাৰ দিবলৈ বাকী থকা পৰীজনীয়ে এই অভিশাপ খণ্ডাবলৈ আশীৰ্বাদ দিয়ে যে এশবছৰৰ নিদ্ৰাৰ অন্তত এজন ৰাজকুমাৰে তেওঁক জগাব। এই শুনি ৰজাই সমগ্ৰ ৰাজ্যতে যঁতৰ,মহুৰা আদিৰ ব্যৱহাৰ বন্ধ কৰি দিয়ে। পিছে এজনী বুঢ়ীয়ে এয়া গম নাপাই আৰু যঁতৰ চলাই থাকে। ষোড়শী ৰাজকুমাৰীয়ে নিজেও যঁতৰ চলাব বিচাৰে আৰু আঙুলিত মহুঁৰাই বিন্ধাত অভিশাপ অনুসৰি ৰাজকুমাৰী অচেতন হৈ পৰে। তেতিয়া সপ্তম পৰীজনীৰ পুনৰ আবিৰ্ভাৱ হয় আৰু তেওঁ ৰাজকুমাৰী ভবিষ্যতে অকলশৰীয়া হৈ পৰিব বুলি প্ৰাসাদৰ সকলোটিকে এশবছৰীয়া নিদ্ৰাত শুৱাই থৈ এখন অৰণ্যৰ সৃষ্টি কৰি প্ৰাসাদটো লোকচক্ষুৰ পৰ লুকাই থ'লে। এশ বছৰ পিছত এদিন এজন ৰাজকুমাৰে চিকাৰ কৰিবলৈ আহি প্ৰাসাদটি আৱিষ্কাৰ কৰে। ভিতৰত সোমাই ৰাজকুমাৰীক দেখাৰ লগে লগে ৰাজকুমাৰ প্ৰেমত পৰে। লগে লগে সমগ্ৰ প্ৰাসাদ জাগি উঠে আৰু ধুম-ধামেৰে দুয়োৰে বিবাহ সম্পন্ন হয়। দ্বিতীয় খণ্ড সেই প্ৰাসাদতে তেওঁলোকৰ এটি পুত্ৰ আৰু এটি কন্যাসন্তান জন্ম হয়। কিন্তু এই কথাটো ৰাজকুমাৰে মাহীমাকৰ পৰা লুকাই ৰাখে যিজনী দৰাচলতে এজনী ৰাক্ষসী আছিল। ৰাজপাটত বহি ৰাজকুমাৰে ৰাণী(পত্নী) আৰু দুই সন্তানক মহললৈ লৈ আহে। পিছে এদিন ৰাজকুমাৰৰ অনুপস্থিতিত ৰাক্ষসীয়ে ৰাণী আৰু সন্তানদুটিক অৰণ্যৰ মাজৰ এটা ঘৰলৈ লৈ যায় আৰু তাত থকা ৰান্ধনীক ল'ৰা-ছোৱালী দুটা মাৰি মাংস ৰান্ধিবলৈ কয়। পিছে ৰান্ধনীয়ে এটা ভেড়া আৰু ছাগলী এটা মাৰি ৰাক্ষসীক মানুহৰ মাংস বুলি ৰান্ধি দিয়ে। কিন্তু ৰাক্ষসীয়ে এটা সময়ত সকলো গম পায় আৰু সিহঁতক মাৰিবলৈ চোতালত এটা গাঁত খান্দি তাত বহুতো বিষাক্ত প্ৰাণী থৈ দিয়ে। হেন সময়তে ৰাজকুমাৰ আহি মাকৰ সকলো কথা গম পায়। আত্মগ্লানিত ভুগি ৰাক্ষসীয়ে নিজেই সেই গাঁতটোত জঁপিয়াই আত্মহত্যা কৰে আৰু বাকী সকলোৱে সুখে সন্তোষে বাস কৰি থাকে। বিভিন্নতা সময়, ভাষা ভেদে সাধুটিৰ বহুতো পৰিৱৰ্তন পৰিলক্ষিত হয়। ৰাজকুমাৰী গৰাকীৰ নামো ভিন ভিন। চান মুন টেলিয়া(ইটালিয়ান সাধুকথা)ত তেওঁৰ নাম টেলিয়া পেৰল্টৰ সাধুত তেওঁৰ নাম আনহাতে গ্ৰীমৰ সাধুত তেওঁৰ নাম ব্ৰায়াৰ ৰোজ। ৱাল্ট ডিজনীৰ চলচ্চিত্ৰত তেওঁৰ নাম "অৰোৰা" আৰু জন ষ্টিজেনৰ টেলিষ্টৰীত তেওঁৰ নাম ৰোজবাড। গ্ৰীমৰ সাধুত ৰাজকুমাৰৰ প্ৰৱেশ আৰু বিবাহতে সাধুটিৰ পৰিসমাপ্তি ঘটিছে আৰু পিছৰ ছোৱা দ্য এভিল মাদাৰ-ইন-ল নামৰ অন্য এটা সাধুত অন্তৰ্ভুক্ত কৰা হৈছে। মীথ থীমছ সকলৰ মতে ইয়াক এক প্ৰকৃতি সম্বন্ধীয় ৰূপকৰ লগত তুলনা কৰিব পাৰি। ইয়াত ৰাজকুমাৰী হ'ল প্ৰকৃতি। দুষ্ট বুঢ়ী পৰীজনী হল শীত যিয়ে মায়াজালেৰে সকলোকে চেঁচা কৰি শুৱাই পেলাই। আনহাতে ৰাজকুমাৰ হল বসন্ত যিয়ে মি) বৰফৰ জাল ভাঙি পেলাই সকলোকে জীপাল কৰি তোলে। ৱাল্ট ডিজনীৰ স্লীপিং বিউটী ৱাল্ট ডিজনী প্ৰডাকচনৰ এনিমেটেড চলচ্চিত্ৰ স্লীপিং বিউটী ১৯৫৯ চনৰ ২৯ জানুৱাৰীত ৰিলিজ হয়। ইয়াক নিৰ্মাণ কঁৰোতে প্ৰায় ৬ মিলিয়ন আমেৰিকান ডলাৰখৰচ হয়। ইয়াত তিনিজনী ভাল পৰী ফ্লোৰা,ফউনা,মেৰীৱেদাৰ আৰু দুষ্ট পৰী মেলফিচেণ্টক দেখুওৱা হয়। ডিজনীৰ আন বহুতো চিত্ৰৰূপৰ দৰে ইয়াতো কাহিনীভাগৰ ব্যাপক সাল সলনি ঘটোৱা হৈছে। এই ৰাজকুমাৰী গৰাকীক ডিজনীৰ সবাতোকৈ ধুনীয়া অভিনেত্ৰী আখ্যা দিয়া হৈছে। চিত্ৰ ভঁৰাল তথ্য সংগ্ৰহ বাহ্যিক সংযোগ 1870 শ্ৰেণী :সাধুকথাৰ
34470
https://as.wikipedia.org/wiki/%E0%A6%AF%E0%A7%8B%E0%A7%B0%E0%A6%B9%E0%A6%BE%E0%A6%9F%20%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0%20%E0%A6%B6%E0%A7%88%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%E0%A7%B0%20%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE
যোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা
শিক্ষাৰ দিশত যোৰহাট এখন আগবঢ়া ঠাই। যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক। ১৮৮৩ চনত প্ৰতিষ্ঠা কৰা যোৰহাট উচ্চ মাধ্যমিক বালক বিদ্যালয়ত তেতিয়াৰ পৰাই বিজ্ঞান শিক্ষাৰ ব্যৱস্থা আছিল। উজনি অসমৰ প্ৰথম মহাবিদ্যালয় ৰূপে জনাজাত “জগন্নাথ বৰুৱা মহাবিদ্যালয়” ১৯৩০ চনত যোৰহাট নগৰত প্ৰতিষ্ঠা কৰা হয়। পৰবৰ্তী কালত নগৰৰ ভিতৰে-বাহিৰে আৰু বহুত উচ্চ শিক্ষানুস্থান গঢ় লৈ উঠে। গৱেষণা প্ৰতিষ্ঠান উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান টোকোলাই চাহ গৱেষণা কেন্দ্ৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ কেন্দ্ৰীয় এৰি আৰু মুগা গৱেষণা প্ৰশিক্ষণ প্ৰতিষ্ঠান লাহদৈগড় চিনামৰা ভাৰতীয় শস্য সঞ্চয় ব্যৱস্থাপনা আৰু গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰীয় ৰেচম প্ৰযুক্তি গৱেষণা প্ৰতিষ্ঠান বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয় (১৯৬৯ চনত স্থাপিত) কাজিৰঙা বিশ্ববিদ্যালয় (২০১২ চনত স্থাপিত) অসম মহিলা বিশ্ববিদ্যালয় (২০১৩ চনত স্থাপিত) কাৰিকৰী শিক্ষানুষ্ঠান যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰিন্স অফ চ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (পূৰ্বৰ বিজ্ঞান মহাবিদ্যালয়) উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান উত্তৰ পূব ব্যৱস্থাপনা বিজ্ঞান প্ৰতিষ্ঠান ডিজাইন শিক্ষানুষ্ঠান ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, যোৰহাট চিকিৎসা প্ৰতিষ্ঠান যোৰহাট চিকিৎসা মহাবিদ্যালয় ড: জে. কে. শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় মেডিকেল ইনষ্টিটিউট, যোৰহাট মহাবিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয় যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান বাহনা মহাবিদ্যালয় বৰহোলা মহাবিদ্যালয় সৰ্বোদয় মহাবিদ্যালয় চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় চিনামৰা মহাবিদ্যালয় দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় যোৰহাট মহাবিদ্যালয় যোৰহাট আইন মহাবিদ্যালয় যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় কাকজান মহাবিদ্যালয় ডাঃ নবীন বৰদলৈ মহাবিদ্যালয় স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় ৰাজাবাৰী নন্দনাথ শইকীয়া মহাবিদ্যালয়, তিতাবৰ মৰিয়নি মহাবিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় পূৰ্ব ভাৰতী কনিষ্ঠ মহাবিদ্যালয়, চিনামৰা প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, তিতাবৰ কনচেপ্ট জুনিয়ৰ কলেজ, তিতাবৰ লুইত ভেলী একাডেমী ক্ৰিচেন্ট একাডেমী প্ৰজ্ঞা একাডেমী ভেলী হাই একাডেমী এনকেম ছায়েন্ছ একাডেমী কনিষ্ঠ মহাবিদ্যালয় বিদ্যালয় আৰ্মি পাব্লিক স্কুল কছাৰীপৰীয়া প্ৰাথমিক বিদ্যালয় নামগৰুমৰা বাপু বাঢ়ৈ উচ্চ মাধ্যমিক বিদ্যালয় কল্যাণী উচ্চতৰ মাধ্যমিক বিদ্যালয় কাৰ্মেল স্কুল খালচা উচ্চ মাধ্যমিক বিদ্যালয় চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় চেণ্ট মেৰীজ হাইস্কুল ছেমফ'ৰ্ড ফিউচাৰিষ্টিক স্কুল জয়া বিদ্যাপীঠ জৱাহৰ নবোদয় বিদ্যালয়, তিতাবৰ জোনাকী সঙ্ঘ বিদ্যালয় ডন বস্ক' বিদ্যালয়, বাঘচুং ডন বস্ক' বিদ্যালয়, লিচুবাৰী দিল্লী পাব্লিক স্কুল দীপাঙ্কৰ বিদ্যাপীঠ দেৱী চৰণ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয় দহোতীয়া উচ্চ মাধ্যমিক বিদ্যালয় পালি উচ্চ মাধ্যমিক বিদ্যালয় বৰভেটা পাব্লিক প্ৰাথমিক, মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয় বাহনা বাল্য ভৱন বাল্য ভৱন বাল ভাৰতী বায়ু সেনা বিদ্যালয় বিদ্যুৎকুঞ্জ জাতীয় বিদ্যালয় ভাটেমৰা গীতাৰ্থী নিম্ন প্ৰাথমিক বিদ্যালয় ভাটেমৰা মধ্য ইংৰাজী বিদ্যালয় মহৰ্ষি বিদ্যা মন্দিৰ, যোৰহাট মালৌ আলি উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় মেৰীলেণ্ড হাইস্কুল যোৰহাট আদৰ্শ সংযুক্ত বিদ্যালয় যোৰহাট গীতাৰ্থী বিদ্যালয় যোৰহাট হাই স্কুল যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয় যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয় যোৰহাট মকতব্ আদৰ্শ প্ৰাথমিক বিদ্যালয় ৰ'য়েল অ'ক্ হাইস্কুল ৰাষ্ট্ৰভাষা উচ্চ মাধ্যমিক বিদ্যালয় ৰেৱকান্ত বৰুৱা পাব্লিক হাইস্কুল শঙ্কৰদেৱ চেমিনাৰী বিদ্যালয় স্প্ৰীংডেইল হাইস্কুল হেমলতা সন্দিকৈ মেম'ৰিয়েল ইনষ্টিটিউট খৰিকটীয়া উচ্চ মাধ্যমিক বিদ্যালয় ধলি উচ্চ মাধ্যমিক বিদ্যালয় তৰাজান উচ্চ মাধ্যমিক বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় (বায়ু সেনা আস্থান) কেন্দ্ৰীয় বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় গেলেৰী তথ্য সংগ্ৰহ যোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠান যোৰহাট জিলাৰ শৈক্ষিক
33898
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A7%87%E0%A6%87%E0%A6%A1%E0%A6%BF
হেইডি
হেইডি দুটা খণ্ডত প্ৰকাশিত এক ছুইজাৰলেণ্ড দেশীয় কল্প কাহিনী, প্ৰথম খণ্ড-হেইডিৰ শিক্ষণ আৰু ভ্ৰমণৰ কালছোৱা আৰু দ্বিতীয় খণ্ড-হেইডিয়ে যি শিকিলে তাক ব্যৱহাৰ কৰিলে ছ পৰ্বতীয় অঞ্চলত থকা ককাদেউতাকৰ তত্ত্বাৱধানত ডাঙৰ হোৱা হেইডি নামৰ কণমানি ছোৱালীজনীৰ জীৱনত ঘটা ঘটনাবোৰৰ ওপৰত এই উপন্যাসখন ৰচিত। ১৮৮০ চনত ছুইছ লেখিকা য়'হানা স্পাইৰিয়ে শিশু আৰু শিশুপ্ৰেমী সকলৰ বাবে (ইয়াৰ উপশীৰ্ষকৰ পৰা আহৰণ কৰা মতে) ইয়াক ৰচনা কৰে। হেইডি সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা উপন্যাসসমূহৰ ভিতৰত এখন আৰু ছুইছ সাহিত্যৰ শ্ৰেষ্ঠ সাহিত্যকৰ্মসমূহৰ ভিতৰত অন্যতম। কাহিনীৰ সাৰাংশ এডেলহেইড (যাক সকলোৱে হেইডি বুলি চিনি পায়) এজনী সৰু ছোৱালী যাক মাক দেউতাকৰ মৃত্যুৰ পিছত মাহীয়েক ডেটিয়ে কিছুবছৰ ডাঙৰ দীঘল কৰে। হেইডিৰ পাঁচ বছৰ বয়সত ডেটিয়ে তাইক গাঁৱৰ মানুহবোৰৰ পৰা সদায়ে আঁতৰি থকা এম খুড়া হিচাপে পৰিচিত হেইডিৰ ককাদেউতাকৰ ঘৰত থৈ আহে। প্ৰথমাৱস্থাত হেইডি অহাক লৈ তেওঁ খুব অসন্তুষ্ট হয় কিন্তু হেইডিয়ে তেওঁৰ কঠোৰ আৱৰণৰ ভিতৰত লুকাই থকা সৰলমনা মানুহজনক চিনি পাই আৰু দুয়ো দুয়োৰে সংগ উপভোগ কৰিবলৈ লয়। তাত হেইডি পিটাৰ নামৰ ছাগলীৰখীয়া ল'ৰা এটাৰ লগত অন্তৰংগ বন্ধু হৈ পৰে। তিনি বছৰ পিছত ডেটিয়ে হেইডিক ১২ বছৰীয়া ক্লাৰা ছেছমেন নামৰ বেমাৰী ছোৱালী এজনীৰ সংগী হ'বলৈ ফ্ৰেংকফুৰ্টলৈ লৈ যায়। সময়ে সময়ে গৃহপৰিচাৰিকা ফ্ৰলিন ৰটেনমেয়াৰৰ লগত খকা-খুন্দা লাগি থাকি হেইডিয়ে ক্লাৰাৰ লগত এবছৰ কাল কটায় আৰু উভতি আহিবলৈ উত্ৰাৱল হৈ পৰে। ঘৰলৈ গৈ পিটাৰৰ অন্ধ বুঢ়ীমাকক সাধু পঢ়ি শুনাবলৈ হেইডিয়ে পঢ়া শুনা শিকিবলৈ মন মেলে। হেইডিৰ পৰি অহা স্বাস্থ্য আৰু টোপনিত খোজ কাঢ়িবলৈ লোৱা বেমাৰ দেখি ক্লাৰাৰ ডাক্তৰে হেইডিক ঘৰলৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে। হেইডিক আগবঢ়াই আনিবলৈ বহুবছৰৰ মূৰত ককাদেউতাকে গাঁৱলৈ নামি যায় আৰু তেওঁ পুনৰ গাঁওবাসীৰ ওচৰ চাপি যায়। হেইডি আৰু ক্লাৰাৰ বন্ধুত্ব অটুট থাকে আৰু ডাক্তৰৰ পৰামৰ্শমতে হেইডিহঁতৰ ঘৰলৈ গ্ৰীষ্মকালটো কটাবলৈ আহে। ছাগলীৰ গাখীৰ আৰু সতেজ পাহাৰীয়া বতাহে ক্ৰমে ক্লাৰাক সুস্থ কৰি তোলে। ইপিনে হেইডিয়ে পিটাৰকো লিখা পঢ়া শিকাই। কিন্তু হেইডিয়ে ক্লাৰাক অধিক গুৰুত্ব দিয়াত সি ঈৰ্ষান্বিত হয় আৰু ক্লাৰাৰ হুইলচেয়াৰখন পাহাৰৰ পৰা তললৈ পেলাই দিয়ে। হুইলচেয়াৰখন নথকাত ক্লাৰাই খোজ কাঢ়িবলৈ চেষ্টা কৰে আৰু সফল হয়। এয়া দেখি ক্লাৰাৰ পৰিয়ালৰ সকলোটি আনন্দত আত্মহাৰা হয় আৰু ককাদেউতাকে নোৱাৰা হ'লে হেইডিক আশ্ৰয় দিবলৈ আগ্ৰহ প্ৰকাশ কৰে। চলচ্চিত্ৰ, টেলিভিছন আৰু মঞ্চ অভিযোজন হেইডিৰ মূল কাহিনীৰ পৰা প্ৰায় ২০খন চলচ্চিত্ৰ তথা ধাৰাবাহিক নিৰ্মাণ কৰা হৈছে। এই ছবিসমূহ সকলোতে জনপ্ৰিয় হৈছিল আৰু বিশ্বৰ বিভিন্ন দেশত এনিমেছন ছবিৰ এক আদৰ্শ স্থাপন কৰিছিল। যদিও কিতাপখনত হেইডিক কলা, কেঁকোৰা চুলিৰ ছোৱালী হিচাপে বৰ্ণনা কৰা হয়, অধিকাংশ ছবিতেই তাইক সোণালীচুলীয়া হিচাপেহে চিহ্নিত কৰা হৈছে। এই ছবি তথা ধাৰাবাহিক সমূহ আছিল: হেইডি, ১৯৩৭ চনত নিৰ্মিত এক ছবি যত শ্বাৰ্লি টেম্পলে নাম ভূমিকাত অভিনয় কৰিছিল। হেইডি, ১৯৫২ চনত ছুইছ জাৰ্মান আৰু জাৰ্মান ভাষাত নিৰ্মিত, লুইগি কমেনচিনি নিৰ্দেশিত, ইছবেথ চিগমাণ্ড অভিনীত এক ছবি যাৰ ১৯৫৫ চনত "হেইডি আৰু পিটাৰ" নামৰ এক ছিকুৱেল নিৰ্মাণ কৰা হয় য'ত ইছবেথ চিগমাণ্ডেই অভিনয় কৰিছিল আৰু যাৰ নিৰ্দেশক আছিল ফ্ৰেঞ্জ স্নাইডাৰ। হেইডি, ৰ্গাল অফ দ্য এল্পছ, ১৯৭৪ চনত ইছাও টাকাহাটাৰ দ্বাৰা নিৰ্দেশিত এক জাপানী এনিমেশ্যন শৃংখলা যাৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছে। ইয়াৰ পৰা পিছত দ্য ষ্ট'ৰী অফ হেইডি নামৰ এক ইংৰাজী ভাষী ছবি নিৰ্মিত হয়। হেইডি, ১৯৭৪ চনত এমা ব্লেক অভিনীত বি.বি.চিৰ দ্বাৰা নিৰ্মিত ছবি। হেইডিজ চং, ১৯৮২ চনত হানা বাৰবেৰা নিৰ্দেশিত এক চলচ্চিত্ৰ। হেইডি, ১৯৯৫ চনত নিৰ্মিত এক এনিমেছন ছবি। হেইডি, ২০০৫ চনত নিৰ্মিত এক এনিমেছন ছবি। হেইডি, ২০০৫ চনত নিৰ্মিত পল মাৰ্কাছ নিৰ্দেশিত এক কথাছবি। হেইডি ফৰ পজ, ২০০৮ চনত নিৰ্মিত এক ধেমেলীয়া ছবি। হেইডিলেণ্ড হেইডিৰ নাম অনুসাৰে নাম ৰখা হেইডিলেণ্ড ছুইজাৰলেণ্ডৰ এক জনপ্ৰিয় পৰ্য্যটনস্থলী, যি জাপানীসকলৰ মাজত অধিক জনপ্ৰিয়। ই বিণ্ডনাৰ হাশ্বেফ্ট নামৰ ঠাইটুকুৰাত অৱস্থিত। ছিকুৱেল ইয়াৰ পিছৰ দুখন উপন্যাস হেইডি গ্ৰ'জ আপ আৰু হেইডিজ চিলড্ৰেন স্পাইৰিয়ে লিখা নাছিল। ইয়াক স্পাইৰিৰ সাহিত্যকৰ্মৰ ইংৰাজী অনুবাদিকা চাৰ্লছ ট্ৰিটেনে স্পাইৰিৰ মৃত্যুৰ বহুবছৰ পিছত অন্য কিছুমান সাহিত্য কৰ্মৰ পৰা আহৰণ কৰিছিল। মূল হেইডি আৰু টিটেনৰ হেইডি গ্ৰন্থসমূহৰ মাজত বহুতো পাৰ্থক্য পৰিলিক্ষিত হয়। সেইবোৰ হ'ল স্পাইৰিৰ মূল হেইডিত হেইডিৰ সৰল জীৱন আৰু শিশু তথা শৈশৱৰ প্ৰতি থকা টানৰ কথা কোৱা হৈছে। স্পাইৰিয়ে নিজেই কৈছে যে এই কিতাপখন "শিশুৰ বাবে আৰু তেওঁলোকৰ বাবে যিয়ে শিশুক ভাল পায়। কিন্তু বাকী দুখন কিতাপত বিবাহৰ পিছত হেইডিক বেলেগ ধৰণে অংকন কৰা হৈছে। মূল কিতাপখনত পাঁচৰ পৰা আঠ বছৰীয়া হেইডিক চুটি, ক'লা কেঁকোৰা চুলীয়া হিচাপে বৰ্ণনা কৰা হৈছে। ডাঙৰ হৈ চৈধ্য বছৰীয়া হোৱাত তাইৰ চুলিখিনি দীঘল, পোন আৰু শুভ্ৰ হৈ পৰে। কিছুমান ইংৰাজী সংস্কৰণত হেইডিৰ ছাগলী দুটাৰ নামো সলনি কৰা হৈছে। হেইডিৰ প্ৰেৰণা ২০১০ চনৰ এপ্ৰিল মাহত ছুইজাৰলেণ্ডৰ পিটাৰ বুৱেটনাৰে ১৮৩০ চনতে জাৰ্মান লেখক হাৰ্মান এডাম ভন কম্পে লিখা কিতাপ এখনৰ কথা পোহৰলৈ আনে। ইয়াৰ নাম "আছিল এডেলেইড দ্য গাৰ্ল ফ্ৰম দ্য ছ" কাহিনী আৰু চৰিত্ৰায়ণত দুয়োখন কিতাপৰে বিশেষ সাদৃশ্য আছিল। স্পাইৰিৰ জীৱনীকাৰ ৰেজিন ছিন্দলাৰৰ মতে এক শৈক্ষিক পৰিৱেশত জন্ম লাভ কৰা স্পাইৰিয়ে এই কাহিনীটোৰ লগত সৰুৰে পৰা পৰিচিত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। তথ্য সংগ্ৰহ ইংৰাজী গ্ৰন্থ
54424
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80
নতুন দিল্লী
নতুন দিল্লী হৈছে ভাৰতৰ ৰাজধানী। ই ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ দিল্লী চৰকাৰ কেন্দ্ৰ ৰূপে কাম কৰে। নতুন দিল্লী দিল্লী মহানগৰ অন্তৰ্গত আৰু ই দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১১খন জিলাৰ ভিতৰত এখন। ভাৰতত ব্ৰিটিছৰ শাসনকালৰ সময়ত ১৯১১ চনলৈ ভাৰতৰ ৰাজধানী কলিকতা (বৰ্তমানৰ কলকাতা) আছিল। দেশখনৰ শাসন সুচাৰুৰূপে চলাবৰ বাবে কলিকতাৰ সলনি যদি দিল্লীত যদি ৰাজধানী স্থাপন কৰিলে বেছি ভাল হ'ব বুলি ব্ৰিটিছসকলে অনুভৱ কৰে। ইয়াৰ ফলতে ব্ৰিটিছ সম্ৰাট জৰ্জ পঞ্চমে ১৯১১ চনৰ দিল্লী দৰবাৰৰ সময়ত চনত চহৰখনৰ আধাৰশিলা স্থাপন কৰে। বিখ্যাত ব্ৰিটিছ স্থপতিবিদ চাৰ এডৱিন লুটন্স আৰু চাৰ হবাৰ্ট বেকাৰে ইয়াৰ ৰূপৰেখা সৃষ্টি কৰে। ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড আৰৱিনৰ দ্বাৰা ১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত এই নতুন ৰাজধানীক উদ্বঘাটন কৰা হয়। যদিও পূৰ্বতে দিল্লী আৰু নতুন দিল্লী দুয়োটা নামকে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোক বুজাবলে ব্যৱহাৰ কৰা হৈছিল, পিছে বৰ্তমানে এই দুটা নামে পৃথক পৃথক অঞ্চলক বুজায়। নতুন দিল্লী হৈছে বৃহত্তৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ এক সৰু এলেকা, আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৱে নতুন দিল্লীৰ লগতে দাতিকাষৰিয়া ৰাজ্য হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰক ধৰি এক বৃহত্তৰ অঞ্চল সামৰি লয়। ইতিহাস স্থাপন ১৯১১ চনৰ ডিচেম্বৰলৈ ব্ৰিটিছ ৰাজৰ আমোলত কলিকতা (বৰ্তমানে কলকাতা) ভাৰতৰ ৰাজধানী আছিল। ১৯ শতিকাৰ শেষৰ ফালে কলিকতা জাতীয়তাবাদী আন্দোলনৰ কেন্দ্ৰত পৰিণত হৈছিল, এয়াই আছিল ব্ৰিটিছ ভাৰতৰ ভাইছৰয় লৰ্ড কাৰ্জন ১৯০৫ চনত কৰা বঙ্গভঙ্গৰ প্ৰধান কাৰণ। এয়াৰ ফলত কলিকতাত ব্যাপক ৰাজনৈতিক আৰু ধৰ্মীয় প্ৰতিবাদৰ সৃষ্টি হৈছিল, আনকি ব্ৰিটিছ কৰ্মকৰ্তাসকল ৰাজনৈতিক হত্যাৰো বলি হৈছিল। জনতাৰ মাজত উপনিবেশবিৰোধী মনোভাব সৃষ্টি হৈছিল আৰু ব্ৰিটিছ সামগ্ৰী সম্পূৰ্ণ বয়কট কৰা আৰম্ভ কৰিছিল, সেয়ে ঔপনেবিশ চৰকাৰে পুনৰায় বঙ্গদেশক এক কৰে আৰু তাৎক্ষণিকভাবে ব্ৰিটিছ ভাৰতৰ ৰাজধানী নতুন দিল্লীলৈ স্থানান্তৰিত কৰাত বাধ্য হয়। পুৰণা দিল্লী প্ৰাচীন ভাৰতৰ কেইবাটাও সাম্ৰাজ্যৰ ৰাজনৈতিক তথা অৰ্থনৈতিক কেন্দ্ৰ হিচাপে কাম কৰিছিল, বিশেষকৈ মোগল সাম্ৰাজ্যৰ সময়ত ১৬৪৯ ৰ পৰা ১৮৫৭ লৈ। ১৯ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ ৰাজধানী পূব উপকূলস্থিত কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰৰ প্ৰস্তাব আগবঢ়োৱা হৈছিল। ব্ৰিটিছ ভাৰতৰ চৰকাৰে অনুভৱ কৰিছিল যে উত্তৰ ভাৰতৰ কেন্দ্ৰস্থল দিল্লীৰ পৰা ভাৰতক পৰিচালনা কৰা সহজ হ'ব। নতুন দিল্লী চহৰ স্থাপনৰ বাবে ভূমি অধিগ্ৰহণ আইন ১৯৯৪-ৰ অধীনত ভূমি অধিগ্ৰহণ কৰা হৈছিল। ১৯১১ চনৰ ১২ ডিচেম্বৰত দিল্লী দৰবাৰত অংশগ্ৰহণ কৰি কিংছৱে কেম্পৰ কৰোনেছন পাৰ্কত ভাইছৰয় বাসভৱনৰ আধাৰশিলাও স্থাপনৰ সময়ত ভাৰতৰ তৎকালীন সম্ৰাট জৰ্জ পঞ্চম আৰু তেওঁৰ পত্নী কুইন মেৰিয়ে ঘোষণা কৰে যে ব্ৰিটিছ ৰাজৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হ'ব। তিনি দিনৰ পাছত ১৯১১ চনৰ ১৫ ডিচেম্বৰ, দিল্লী দৰবাৰ অনুষ্ঠিত হোৱা কিংছৱে কেম্পতে সম্ৰাট জৰ্জ পঞ্চম আৰু কুইন মেৰিয়ে ৰাজধানী ৰূপে নতুন দিল্লীৰ আধাৰশিলা স্থাপন কৰে। বিখ্যাত ব্ৰিটিছ স্থপতিবিদ চাৰ এডৱিন লুটন্সে নতুন দিল্লীলৈ প্ৰথম বাৰৰ বাবে ১৯১২ চনত আহে আৰু তেখেতৰ সহযোগী স্থপতিবিদ চাৰ হবাৰ্ট বেকাৰৰ সৈতে নতুন দিল্লীৰ অধিকাংশৰ ৰূপৰেখা সৃষ্টি কৰে। প্ৰথম পৰিকল্পনা অনুসৰি নিৰ্মাণৰ স্থান ৰূপে টুগলকাবাদৰ টুগলকাবাদ দুৰ্গৰ ভিতৰ অংশক নিৰ্বাচন কৰা হৈছিল, পিছে দিল্লী-কলিকতা ট্ৰাঙ্ক লাইন দুৰ্গৰ মাজেৰে যোৱাৰ বাবে এই পৰিকল্পনা বাদ দিয়া হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ পাছৰ পৰাহে নিৰ্মাণৰ কাম প্ৰকৃততে আৰম্ভ হয় আৰু ই সমাপ্ত হয় ১৯৩১ চনত। সেইসময়ত "লুটন্স দিল্লী" নামেৰে পৰিচিত এই নতুন চহৰটিৰ উদ্বোধন কৰে ভাইছৰয় লৰ্ড আৰৱিনে ১৯৩১ চনৰ ১০ ফেব্ৰুৱাৰীত। চহৰখনৰ কেন্দ্ৰীয় প্ৰশাসনিক অঞ্চলটোৰ লুটন্সে কৰা ডিজাইনত ভাৰতক লৈ ব্ৰিটিছ সাম্ৰাজ্যই কৰা আকাঙ্ক্ষাৰ কথা পৰিষ্ফুট হৈছে। ভাৰতৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰাৰ পাছত, ১৯১২ চনত উত্তৰ দিল্লীত কেইমাহ মানৰ ভিতৰতে এক অস্থায়ী সচিবালয় ভৱন নিৰ্মিন কৰা হৈছিল। নতুন ৰাজধানীৰ বেছিভাগ চৰকাৰী কৰ্মচাৰী পুৰণা দিল্লীস্থিত এই সচিবালয়ৰ পৰা কাম কৰিবলৈ লয়। এয়া আছিল ১৯৩১ চনৰ উদ্ঘাটনৰ ১০ বছৰৰ আগৰ কথা। বৰ্তমানে এই সচিবালয়ৰ দিল্লী বিধানসভাৰ কাৰ্যালয়। সচিবালয়ৰ বহুতো কৰ্মচাৰী তেতিয়াৰ বেঙ্গল প্ৰেচিডেন্সি আৰু মাদ্ৰাজ প্ৰেচিডেন্সিৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছিল। পিছলৈ ১৯২০-ৰ দশকত তেওঁলোকৰ বাবে গোল মাৰ্কেট এলেকাত বাসগৃহ নিৰ্মাণ কৰা হৈছিল। ১৯৪০-ৰ দশকত উচ্চত্তম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে লোধি এষ্টেট অঞ্চলত আবাসিক গৃহ নিৰ্মাণ কৰা হৈছিল। স্বাধীনতা-উত্তৰ ১৯৪৭ চনত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পাছত, নতুন দিল্লীক সীমিত স্বায়ত্তশাসন প্ৰদান কৰা হয় আৰু ভাৰত চৰকাৰৰ দ্বাৰা নিযুক্ত এজন প্ৰধান কমিছনাৰ দ্বাৰা পৰিচালিত হয়। ১৯৬৬ চনত দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰ কৰা হয় আৰু প্ৰধান কমিছনাৰৰ সলনি লেফটনেণ্ট গভৰ্নৰৰ দ্বাৰা পৰিচালিত কৰা হয়। ভাৰতৰ সংবিধানৰ ঊনসপ্ততিতম সংশোধনীৰ আইন, ১৯৯১ অনুসৰি দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম আনুষ্ঠানিকভাবে দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল নামৰে পৰিচিত হয়। নিৰ্বাচিত স্থানীয় দিল্লী চৰকাৰক বহুল ক্ষমতা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়, কেৱল আইন-শৃঙ্খলাৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে। এই আইনটো ১৯৯৩ চনৰ পৰা কাৰ্যকৰ হয়। "লুটন্স দিল্লী"ৰ বাহিৰত নতুন দিল্লীৰ প্ৰথম ডাঙৰ সম্প্ৰসাৰণ কৰা হয় ১৯৫০-ৰ দশকত যেতিয়া কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগে লুটন্স দিল্লীৰ দক্ষিণ-পশ্চীমৰ চাণক্যপুৰীৰ এক বিশাল অঞ্চলত কূটনৈতিক বহিঃক্ষেত্ৰ গঠন কৰি বিভিন্ন দেশৰ দূতাবাস, উচ্চায়ুক্ত আদিৰ বাবে ভূমি আৱন্তন কৰিছিল। ভূগোল ৪২.৭ বৰ্গ কিলোমিটাৰ (১৬.৫ বৰ্গ মাইল) মাটিকালিৰে নতুন দিল্লী বূহত্তৰ দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলৰ এক সৰু অংশ। অঞ্চলটো যিহেতু সিন্ধু-গংগা সমভূমিত অৱস্থিত, সেয়ে অঞ্চলজুৰি উচ্চতাৰ বিশেষ পাৰ্থক্য নাই। নতুন দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ এসময়ত আৰাৱলী পৰ্বতমালাৰ অংশ আছিল; এই পৰ্বতমালাৰ যা কিছু অৱশিষ্ট আছেগৈ সেয়া হ'ল দিল্লী ৰিজ, যাক দিল্লীৰ হাঁওফাঁও বোলা হয়। যদিও নতুন দিল্লী যমুনা নদীৰ প্লাবনভূমিত অৱস্থিত, ই মূলতঃ এক স্থলবেষ্টিত চহৰ। নতুন দিল্লী ভূমিকম্প অঞ্চলৰ শ্ৰেণীত পৰে, সেয়ে এই অঞ্চলটো ভূমিকম্পৰ পৰা সংবেদনশীল। নতুন দিল্লীত বহুকেইটা ফল্ট লাইন থকাৰ বাবে ইয়াত সঘনাই ভূমিকম্পৰ জোঁকাৰণি অনুভৱ হয়, ইয়াৰ বেছিভাগৰে তীব্ৰতা মধ্যমীয়া। ২০১১ ৰ পৰা ২০১৫ ৰ মাজত ভূমিকম্পৰ সংখ্যা বৃদ্ধি পাইছিল, ইয়াৰ মাজৰ উল্লেখযোগ্য আছিল ২০১৫ চনৰ নেপালৰ কেন্দ্ৰস্থলৰ ৫.৪ প্ৰাবল্যৰ ভূমিকম্প, ২৫ নৱেম্বৰ ২০০৭ৰ ৪.৭ প্ৰাবল্যৰ ভূমিকম্প, ৭ চেপ্টেম্বৰ ২০১১ৰ ৪.২ প্ৰাবল্যৰ ভূমিকম্প, ৫ মাৰ্চ ২০১২ৰ ৫.২ প্ৰাবল্যৰ ভূমিকম্প আদি। জনগাঁথনি ২০১১ চনৰ লোকপিয়ল অনুসৰি নতুন দিল্লীৰ জনসংখ্যা ১,৪২,০০৪ জন। হিন্দী ভাষা হৈছে অঞ্চলটোৰ সৰ্বাধিক কথিত ভাষা। ইংৰাজী ভাষা ব্যৱসায়-বাণিজ্য আৰু চৰকাৰী কাৰ্যালয়সমূহত আনুষ্ঠানিক ভাষাৰূপে ব্যৱহাৰ কৰা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি নতুন দিল্লীৰ সাক্ষৰতা হাৰ ৮৯.৩৮%, এয়া দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ভিতৰতে সৰ্বোচ্চ। ধৰ্ম হিন্দু ধৰ্মৰ বাহিৰে নতুন দিল্লীত আন ধৰ্মৰ লোকৰ সংখ্যা দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ তুলনাত কম। ২০১১ চনৰ লোকপিয়ল অনুসৰি নতুন দিল্লীৰ ৮৯.৮% লোক হিন্দু ধৰ্মী। আন ধৰ্মালম্বী লোকৰ মাজত ইছলাম ধৰ্মী (৪.৫%), খ্ৰীষ্টান ধৰ্মী (২.৯%), শিখ ধৰ্মী (২.০%), জৈন ধৰ্মী (০.৪%) লোকৰ সংখ্যা উল্লেখযোগ্য। আন সংখ্যালঘিষ্ট সম্প্ৰদায়সমূহ হৈছে পাৰ্চী, বৌদ্ধ ধৰ্মী আৰু ইহুদি ধৰ্মী লোক। প্ৰশাসন ভাৰতৰ ৰাজধানী নতুন দিল্লীক ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লীৰ স্থানীয় চৰকাৰ উভয়েই যৌথভাবে পৰিচালনা কৰে। নতুন দিল্লী দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (এন চি টি)-ৰ ৰাজধানীও। বৃহত্তৰ দিল্লী মহানগৰক সচৰাচৰ পুৰণা দিল্লী নামৰ বিপৰীতে নতুন দিল্লী নামেৰেহে পৰিচিত। নতুন দিল্লী নগৰপালিকা পৰিষদ (এন ডি এম চি) অঞ্চলটোৰ মূল প্ৰশাসনিক পৰিষদ। দিল্লী মহানগৰীৰ অন্যান্য অঞ্চল দিল্লী নগৰ নিগম (এম চি ডি)-ৰ দ্বাৰা পৰিচালিত হয়। ২০১৫ চনৰ তথ্য অনুসৰি, নতুন দিল্লী নগৰপালিকা পৰিষদ এগৰাকী অধ্যক্ষ, দিল্লী বিধানসভাৰ তিনিজন সদস্য, দিল্লীৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা মনোনীত দুজন সদস্য আৰু কেন্দ্ৰীয় চৰকাৰ দ্বাৰা মনোনীত পাঁচজন সদস্যৰ দ্বাৰা গঠিত। দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰধান হ'ল কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত লেফটেনেণ্ট গভৰ্নৰ গৰাকী। এই পদটি মূলতঃ আনুষ্ঠানিকতাৰ বাবেহে, দৰাচলতে দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ মুখ্যমন্ত্ৰী গৰাকীয়েই হৈছে চৰকাৰৰ প্ৰধান আৰু বেছিভাগ কাৰ্যনিৰ্বাহী ক্ষমতা তেখেতৰ ওপৰতে ন্যস্ত থাকে। ভাৰতীয় সংবিধান অনুসৰি, দিল্লী বিধানসভাৰ দ্বাৰা গৃহীত কোনো আইন যদি ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত কোন আইনৰ বিপৰীত হয়, তেন্তে সংসদৰ দ্বাৰা গৃহীত আইনখনক প্ৰাধান্য দিয়া হ'ব। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ৰাজধানী ভাৰতৰ নগৰ
37694
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%B8%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A8%E0%A6%BF%E0%A6%95%20%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%80
ৰাসায়নিক অভিযান্ত্ৰিকী
ৰাসায়নিক অভিযান্ত্ৰিকী কেমিকেল ইঞ্জিনিয়াৰিং) হ'ল প্ৰকৃতি অথবা ব্যৱহাৰিক বিজ্ঞান (ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান), জৈৱ বিজ্ঞান (জীৱবিজ্ঞান, অণুজীৱবিজ্ঞান, জৈৱ ৰসায়ন)ৰ সতে গণিতবিদ্যা আৰু অৰ্থনীতিৰ সমন্বয়ত গঢ় লোৱা অভিযান্ৰিক বিষয়ৰ এটা শাখা য'ত বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু শক্তিৰ উৎপাদন, পৰিৱৰ্তন, পৰিবহণ আৰু সঠিক প্ৰয়োগৰ বিষয়ে শিকোৱা হয়। এই বিভাগত ঘাইকৈ বিভিন্ন ৰাসায়নিক পদাৰ্থ, শক্তি আৰু উৎপাদন পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। আধুনিক ৰাসায়নিক অভিযন্তাসকল ন ন প্ৰায়োগিক পদ্ধতি আৰু পদাৰ্থৰ সতে জড়িত যিবোৰ নেন'প্ৰযুক্তি, ইন্ধন কোষ আৰু জৈৱ অভিযান্ত্ৰিকী বিষয়সমূহৰ বাবে অতীৱ প্ৰয়োজনীয়। বুৎপত্তি ১৯৯৬ৰ ব্ৰিটিছ জাৰ্ণেল ফ'ৰ হিষ্টৰী অৱ ছায়ন্সত প্ৰকাশিত এটি প্ৰবন্ধত জেমচ এফ ডনেলীয়ে ১৮৩৯ চনত ছালফিউৰিক এচিড উৎপাদন সম্পৰ্কত ৰাসায়নিক অভিযান্ত্ৰিকীৰ প্ৰসংগ উত্থাপন কৰিছিল বুলি উল্লেখ কৰা হৈছিল। সেই একেটা প্ৰবন্ধতে জৰ্জ ই. ডেভিছ, এজন ইংৰাজ পৰামৰ্শদাতাক উক্ত অভিধাৰ জনক বুলি কোৱা হয়। দা হিষ্ট'ৰী অৱ ছায়ন্স ইন ইউনাইটেড ষ্টেটছ্: এন্ এনচাইক্লোপিডিয়াত ১৮৯০ চনত উক্ত বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিল। 'ৰাসায়নিক অভিযান্ত্ৰিকী', য'ত ৰাসায়নিক উদ্যোগত যান্ত্ৰিক সজুঁলি ব্যৱহাৰ কৰাৰ কথা ব্যাখ্যা কৰা হয়, শব্দটো ১৮৫০ ৰ পিছত ইংলেণ্ডত এক গতানুগতিক শব্দ হৈ পৰিছিল। ১৯১০লৈকে ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত 'ৰাসায়নিক অভিযন্তা'ৰ পেছা ইতিমধ্যে সাধাৰণ হৈ পৰিছিল। ইতিহাস ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক প্ৰাথমিক ধাৰণা 'ইউনিট অপাৰেচন'ৰ বিকাশৰ দ্বাৰা এই বিভাগটোৱে মূৰ দাঙি উঠিছিল। প্ৰায় সকলো লিখকেই ডেভিছে 'ইউনিট অপাৰেচন' ধাৰণা আৱিষ্কাৰ কৰা বিষয়টোত একমত। ১৮৮৭ চনত তেখেতে মানচেষ্টাৰ টেকনিকেল স্কুলত (বৰ্তমানৰ মানচেষ্টাৰ বিশ্ববিদ্যালয় 'ইউনিট অপাৰেচন'ৰ ওপৰত দিয়া এক বক্তৃতা শৃংখল ৰাসায়নিক অভিযান্ত্ৰিকীৰ বাট মুকলি কৰা প্ৰচেষ্টাবোৰৰ ভিতৰত অন্যতম আছিল। ডেভিছৰ বক্তৃতাৰ তিনিবছৰ আগতে হেনৰী এডৱাৰ্ড আৰ্মষ্ট্ৰ্ঙে 'চিটী এণ্ড গিল্ডচ অৱ লণ্ডন ইনষ্টিটিউট'ত ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক পাঠ্যক্ৰ্ম প্ৰ্ৱৰ্তন কৰিছিল কিন্ত এই পাঠ্যক্ৰ্মে নিয়োগকৰ্তাক আৰ্কষিত কৰিব নোৱাৰা বাবে এই পাঠ্যক্ৰ্ম বিফল হয়। কিয়নো সেই সময়ৰ নিয়োগকৰ্তাই ৰসায়নবিদ তথা যান্ত্ৰিক অভিযন্তাকহে বেছি অগ্ৰাধিকাৰ দিছিল। এই পাঠ্যক্ৰ্ম যচা মাছাছুছেটচ্ ইনষ্টিটিউটত অৱ ন'ল'জী (এম্.আই.টি), মানচেষ্টাৰৰ অৱেন কলেজ, ইংলেণ্ড আৰু ইউনিভাৰচিটী কলেজ লণ্ডনটো ৰাসায়নিক অভিযান্ত্ৰিকীৰ একে দশা হৈছিল। ১৮৮৮ চনৰ পৰা লেৱিছ এম্. নৰ্টনে আমেৰিকা যুক্তৰাষ্টৰ এ.আই.টিত সৰ্বপ্ৰথমে ৰাসায়নিক অভিযান্ত্ৰিকীৰ পাঠ্যক্ৰমৰ শিক্ষা আৰম্ভ কৰে। নৰ্টনৰ পাঠ্যক্ৰম আৰু আৰ্মষ্ট্ৰঙৰ সৈতে সমসাময়িক আৰু উল্লেখযোগ্যভাৱে সদৃশ আছিল। দুয়োটা পাঠ্যক্ৰমেই সাধাৰণভাৱে ৰসায়ন আৰু অভিযন্ত্ৰণৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰিছিল। "এই বিষয়ৰ শিক্ষাৰ্থীসকলে অভিযন্তাসকলক তেওঁলোক যে অভিযন্তা আৰু ৰসায়নবিদসকলক তেওঁলোক যে সাধাৰণ ৰসায়নবিদ নহয় সেয়া পতিয়ন নিয়াব পৰা নাছিল। ইউনিট অপাৰেচন বিষয়টো ১৯০৫ চনত উইলিয়াম হাল্টজ ৱাকাৰে অন্তৰ্ভুক্ত কৰে। ১৯২০ চনলৈকে ইউনিট অপাৰেচন বিষয়টো এম.আই.টি আৰু আন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিদ্যালয় তথা লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ ৰাসায়নিক অভিযান্ত্ৰিকীৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈ পৰে। ১৯০৮ চনত প্ৰতিস্থিত আমেৰিকান ইনষ্টিটিউট অৱ কেমিকেল ইঞ্জিনিয়াৰে ৰাসায়নিক অভিযান্ত্ৰিকীক বিজ্ঞানৰ এক স্বাধীন বিষয় হিচাপে প্ৰতিষ্ঠা কৰাত আৰু ইউনিট অপাৰেচনক এই বিষয়ৰ মূল হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই প্ৰতিষ্ঠানে ১৯২২ চনৰ এক ৰিপৰ্টত ৰাসায়নিক অভিযান্ত্ৰিকীক এক স্বাধীন বিজ্ঞান হিচাপে কয় যাৰ ভেটি হয় ইউনিট অপাৰেচন আৰু এই ভিত্তিত ৰাসায়নিক অভিযান্ত্ৰিকীৰ সন্তোষজনক পাঠ্যক্ৰম থকা শিক্ষানুষ্ঠানৰ তালিকা প্ৰস্তুত কৰে। একেসময়তে ১৯২২ চনত ৰাসায়নিক অভিযান্ত্ৰিকীক ব্ৰিটেইনত এক নিৰ্দিষ্ট বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰাত ইনষ্টিটিউট অৱ কেমিকেল ইঞ্জিনিয়াৰয়ে ভূমিকা লয়। এই প্ৰতিষ্ঠানেও ইউনিট অপাৰেচনক এই বিষয়ৰ বাবে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে। তথ্য সংগ্ৰহ গ্ৰন্থপঞ্জী ৰসায়ন বিজ্ঞান পদাৰ্থ বিজ্ঞান অভিযান্ত্ৰিক
2208
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%B2%E0%A7%8B%E0%A6%95-%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF
অসমীয়া লোক-সংস্কৃতি
কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিসৰ অতি বিশাল। অসমীয়া সংস্কৃতিৰ বিভিন্ন প্ৰতীক বিভিন্ন প্ৰতীক আৰু বস্তুৱে সংস্কৃতি এটাৰ পৰিচয় বহন কৰে। অসমীয়া সংস্কৃতিৰ মাজত দেখা এনে কিছুমান সম্পদ হ'ল- তামোল-পাণ তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা প্ৰধান অংগ। ইয়াৰ ব্যৱহাৰ অসমৰ ঘাইকৈ গাঁৱৰ বাসিন্দাসকলৰ বাবে এক অপৰিহাৰ্য আৰু এক সন্মানীয় বস্তু। তেওঁলোকে সাধাৰণতে ভোজনৰ পিছত তামোল-পাণ খাই মুখ শুদ্ধি কৰে। গুৰু-গোঁসাই, ভকত বৈষ্ণৱ, সন্মানীয় সকলক, বন্ধু-বান্ধৱ, মিতিৰ-কুটুমক প্ৰথমেই তামোল-পাণ আগবঢ়াই সন্মান কৰে। সকাম আদিতো তামোল-পাণ দি ঈশ্বৰক প্ৰাৰ্থনা জনায়। দোষী জনেও তামোল-পাণ আগবঢ়ায় ক্ষমা-ভিক্ষা মাগে। অসমৰ কিছুমান ঠাই বিশেষে ইয়াক ইয়াক গুৱা-পাণ বুলিও কোৱা হয়। শৰাই শৰাই অসমীয়া লোক সংস্কৃতিৰ এক অনৱদ্য সম্পদ। ই একাধাৰে সন্মানৰ প্ৰতীক, থাপনাৰ আসন, নৈৱেদ্য-পাত্ৰ আৰু উপহাৰ তথা গৃহ-সজ্জাৰ কলাত্মক সামগ্ৰী। পিতল আৰু কাঁহ উভয়েৰে শৰাই নিৰ্মাণ কৰিলেও পিতলৰ শৰাইৰ প্ৰচলন অধিক। ৰূপ নতুবা তামেৰে সজা শৰাইৰো প্ৰচলন দেখা যায়। ঢাকনি থকা আৰু নথকা দুই ধৰণৰ শৰাই পোৱা যায়। অসমত শৰাইৰ প্ৰচলন কেতিয়াৰ পৰা হ'ল, সেই সম্পৰ্কে তথ্যৰ অভাৱ। বুৰঞ্জী সমূহত শৰাইৰ প্ৰথম উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়। ১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ ভাষাত "ফুন" হয়) শৰাই উপহাৰ দিছিল। চুহুংমুঙ ৰজাই চুতীয়া ৰাজধানী শদিয়া কৰিও আন সামগ্ৰীৰ লগতে শৰাই লাভ কৰিছিল। ইয়াৰ উপৰিও ১৫২৪ত চুতীয়া ৰাজধানী শদিয়া দখল কৰি চুহুংমুঙে "মাইহাং" শৰাই পোৱা উল্লেখ আছে। মধ্যযুগত সিংহাসনৰ সন্মুখত নৈৱেদ্য দিবলৈ আৰু সত্ৰাধিকাৰ সকলক সেই বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ সন্মানাৰ্থে শৰাইৰ ব্যৱহাৰ কৰা হৈছিল। অসমীয়া সমাজত বৰ্ত্তমান সময়ত সামাজিক কৰ্মাদি যেনে পূজা-পাৰ্ৱন, সকাম, উৎসৱ আদিত নৈৱেদ্য বা প্ৰসাদ আদি সজাবৰ বাবে শৰাইৰ ব্যৱহাৰ বহুলভাৱে কৰা হয়। বাঁহ, বেত তথা কাঠেৰে সজা শৰাই উপহাৰ তথা গৃহ সজ্জাৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। আহোম ৰাজত্ব কালত ৰজা, ডা-ডাঙৰীয়া আৰু গুৰুজনাক অসমীয়া লোকে শৰাই আগবঢ়াই সন্মান যাচিছিল। ব’হাগ বিহুৰ সময়ত হুঁচৰি গাবলৈ অহা ৰাইজক ফুলাম গামোচা এখনেৰে তামোল-পান সহ টকা এটি শৰাইত আগবঢ়োৱাটো পুণ্যৰ কাম হিচাপে গণ্য কৰা হয়। গামোচা গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ। সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূঁতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূঁতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূঁতাৰেও ইয়াক তৈয়াৰ কৰা হয়। অসমীয়া গামোচাখন শদিয়া অঞ্চলত সৃষ্টি হৈছিল। সেইবাবে দেউৰী সকলে আজিও সেই পুৰণি ৰূপতে গামোচাখন ব্যৱহাৰ কৰি আহিছে। শদিয়াৰ গামোচাৰ বিশয়ে বিহু নামত এনেদৰে উল্লেখ যায়।গামোচা অসমীয়াৰ বাহিৰেও বঙালী, বিহাৰী আৰু ওড়িয়া মানুহেও ব্যৱহাৰ কৰে, অৱশ্যে অসমীয়া গামোচাৰ লগত তেওঁলোকৰ গামোচাৰ বহুখিনি পাৰ্থক্য আছে আনহাতে অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক হিছাপে ব্যৱহাৰ কৰে কিন্তু আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেই ব্যৱহাৰ হোৱা দেখা যায়। নামনি অসমত গামোচাক চা", চা" বা "দুহেইটা" আদি নামেৰে জনা যায়। কে। কপাহী, পাট আদি সূঁতাৰে ইয়াক তৈয়াৰ কৰা হয়। জাপি জাপি, অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ। ই অসমৰ লোককলাৰ এক নিদৰ্শন। বিহু উৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্য্যসূচীত জাপিৰ ব্যৱহাৰ আজিও প্ৰচলিত। বহু পুৰণি কালৰে পৰা অসমত জাপি ব্যৱহৃত হৈ আহিছে। মূলতঃ আগৰ দিনত ৰ'দ বৰষুণ আদিৰ পৰা ৰক্ষা পৰিবলৈকে জাপি ব্যৱহৃত হৈছিল। জাপি কেইবাপ্ৰকাৰৰো আছে, তাৰে ভিতৰত কিছুমান হ'ল বৰ জাপি, গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি, সৰুদৈয়া জাপি ইত্যাদি। ইয়াৰে কিছুমান উকা আৰু কিছুমান ফুলাম। উকা বৰজাপিবোৰ সাধাৰণতে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কৃষক বনুৱা সকলে ব্যৱহাৰ কৰিছিল। আনহাতে ফুলাম জাপিবোৰ ব্যৱহাৰ কৰিছিল সম্ভ্ৰান্ত ঘৰৰ মানুহে। পুৰণি বিহু গীতত জাপি শব্দটোৰ প্ৰয়োগ ঘটিছিল বহুলভাৱে। আগৰ দিনত বিভিন্ন উৎসৱ পাৰ্বনতো সম্ভ্ৰান্ত ঘৰৰ মানুহে আৰু সত্ৰাধিকাৰ সকলে বৰজাপি ব্যৱহাৰ কৰিছিল। নাম প্ৰসংগ আদিত খুটা এটা পুতি তাত ফুলাম বৰজাপি এটা থৈ তাৰ তলত মাহ প্ৰসাদ এক নিয়ম আছিল। জাপি অসমত কামৰূপ ৰাজ্যৰ দিনৰ পৰা সন্মানীয় সম্পদ হিচাপে ব্যৱহাৰ হৈ আহিছে। হিউৱেন চাঙক ৰজা ভাস্কৰ বৰ্মনে হালিলি নামৰ জাপি এটা উপহাৰ দিছিল। ইয়াৰ পাছত জাপিৰ উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়। ১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ ৰূপৰ জাপি উপহাৰ দিছিল। ইয়াৰ পাছত চুহুংমুঙ ৰজাই চুতীয়া ৰাজধানী শদিয়া কৰি বহুতো জাপি লাভ কৰিছিল। আহোম ৰাজত্ব কালতো জাপিৰ ব্যাপক প্ৰচলন আছিল। চুতীয়া ৰজাৰ দিনত জাপি নিৰ্মাণ কৰিবলৈ জাপিসজিয়া বুলি এটা খেল ৰাখিছিল যিটো খেলৰ লোকে পাছলৈ আহোম ৰজা সকলৰ কাৰণেও জাপি নিৰ্মাণ কৰিছিল। বিষয়ববীয়াৰ পদৰ ওপৰত ভিত্তি কৰি জাপিৰ প্ৰচলন আছিল। উদাহৰণস্বৰূপে, বুঢ়াগোঁহাই, বৰগোঁহাই, বৰপাত্ৰগোঁহাই আদি বিষয়াসকলে সোণৰ চুলাৰে নিৰ্মত পানী জাপি আৰু টুপী জাপি ব্যৱহাৰ কৰিছিল। বৰফুকন সকলে পিন্ধিব পাৰিছিল ৰূপৰ চুলাৰে নিৰ্মিত পানী আৰু টুপি জাপি। পাছলৈ অসমীয়া সমাজত ছাতিৰ প্ৰচলন ঘটাত জাপিৰ ব্যৱহাৰ কমি গ'ল। অৱশ্যে এতিয়াও গাওঁ অঞ্চলত কৃষক সকলৰ মাজত বৰজাপিৰ প্ৰচলন দেখা যায়। পুৰনি কালত বিহু নৃত্যত জাপিৰ প্ৰচলন নাছিল, ই আছিল মাত্ৰ ৰ'দ বৰষুণৰ পৰা আত্মৰক্ষাৰ এক উপায়। আজিকালি প্ৰায়ে বিহুত সৰু সৰু জাপি লৈ নাচনীয়ে বিহু নৃত্য কৰা দেখা যায়। এইবিধেই হ'ল সৰুদৈয়া জাপি। বিহুত জাপিৰ প্ৰচলন নতুন। আধুনিক কালত কৰ্মক্ষেত্ৰত জাপিৰ প্ৰচলন প্ৰায়েই নাই। কিন্তু ইয়াক গৃহসজ্জাৰ বাবে ব্যৱহাৰ কৰা হয়। নামনি অসমত জাপিক 'ঝাপি' বুলিও কোৱা হয়। অসমীয়া সংস্কৃতিৰ উৎসৱ-অনুষ্ঠান বিহু বিহু অসমৰ জাতীয় উৎসৱ, অসমীয়া লোকসকলে পালন কৰা তিনিটা লোক উৎসৱৰ সমষ্টি। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা- খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ শেষত"। ব’হাগ বিহু বা ৰঙালী বিহু: ব’হাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজ জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিছাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতপ্ৰোত সম্বন্ধ আছে। কাতি বিহু বা কঙালী বিহু: আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু। এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়। সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে। গতিকে এই বিহুক কঙালী বিহু বোলে। এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলায়। মাঘ বিহু বা ভোগালী বিহু: পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শষ্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা। গাঁৱৰ ডেকা সকলে নৰা-কাটি পুহতে মেজি প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে। ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। এই বিহুৰ মেজি পোৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি। মে-ডাম-মে-ফী মে-ডাম-মে-ফী হ'ল টাই-আহোমসকলৰ এক ধৰ্মীয় সামাজিক উৎসৱ। এই উৎসৱ আহোমসকলে উদযাপন কৰা পিতৃ পুৰুষৰ পূজা। এই পূজাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে প’মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ'ল মে মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, ডাম মানে পূৰ্বপুৰুষ বা মৃতক আৰু ফী মানে হ'ল দেও বা দেৱতা। অন্যান্য পূজাৰ দৰে মে-ডাম-মে-ফী পালনৰ বাবেও এখন পূজাবিধি আছে যাক আহোম ভাষা বা টাই ভাষাত খেক্-লাই বুলি জনা যায়। প্ৰচলিত বিশ্বাস অনুসৰি এই পূজাবিধিখন অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম-মুন্-ম-মাই দেওধায়ে। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পূজাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ-ফী (মন্দিৰ) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘ফী’ক উপাসনা কৰে। এই পূজাত ফু-ৰা-তা-ৰা-আ-নং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়। এই পূজা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত। ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পূজা আয়োজন কৰে। ঘৰুৱাভাৱে আয়োজিত এই পূজাৰ স্থান ৰান্ধনিঘৰৰ দাম খুটাৰ কাষত বাছনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়। আলি আঃয়ে লৃগাং অসমৰ মিচিং জনজাতিসকলৰ উৎসৱ আলি-আই-লৃগাং এটা কৃষি বিষয়ক উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত ইয়াক পালন কৰি আহিছে। মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচা বুজায়। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে। চমাংকান অসমৰ কাৰবি আংলং, ডিমা হাছাও, উত্তৰ-কাছাৰ, নগাওঁ, শিৱসাগৰ, কামৰূপ আৰু শোণিতপুৰ জিলাত বসবাস কৰা কাৰবি জনগোষ্ঠীৰ মৃতকৰ সৎকাৰৰ লগত সম্পৰ্কিত অনুষ্ঠানটোৱেই হল চমাংকান। কাৰবিসকলৰ বাদে অসম তথা ভাৰতবৰ্ষৰ আন কেনো জনগোষ্ঠীৰ মাজত মৃতকৰ সৎকাৰ অনুষ্ঠানটো ইমান বেছি বহল আৰু আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা দেখা নাযায়। চমাংকান শব্দটোৰ আক্ষৰিক অৰ্থ হল খাচী নৃত্য। কাৰবি ভাষাত চমাংৰ অৰ্থ খাচী আৰু কান মানে নৃত্য। কিন্তু উল্লেখযোগ্য কথা হল চমাংকান নামৰ কোনো নৃত্যৰ প্ৰচলন খাচীসকলৰ মাজত দেখা পোৱা নাযায়া। চমাংকান শব্দটোৰ বুৎপত্তি বিষয়ক বিভিন্ন ব্যাখ্যা কাৰবিসকলৰ মাজত পোৱা যায়। এটা ব্যাখ্যা অনুযায়ী কাৰবি ভাষাত চমাং মানে যম বা খাছি আৰু কান বা কেনান মানে উৎসৱ বা নাচ। সেই অৰ্থত যম বা মৃতলোকৰ উৎসৱ অথবা খাছীসকলৰ মাজত প্ৰচলিত নৃত্য-গীত এই অৰ্থহে চমাংকানৰ সৈতে খাপ খায়। কাৰিবসকলৰ চমাংকান উৎসৱত ডেকা-গাভৰুৱে নচা নিমছ’কেৰুং নাচৰ সৈতে খাছীসকলৰ নংক্ৰেম নাচ আৰু এই চমাংকান উৎসৱতে ঢাল-তৰোৱাল লৈ নচা চমছিনাং ৰণ নৃত্যৰ সৈতে খাছীসকলৰ আন এটা ৰণনৃত্য পাছতিয়েচ বা মাছতিয়েচৰ বিশেষ মিল আছে 1982 1967)। কাৰবিসকলৰ মাজত প্ৰচলিত এক কিংবদন্তি মতে কাৰবি প্ৰখ্যাত যোদ্ধা আৰু সমাজ সংস্কাৰক থিৰেংৱাংৰেঙৰ লগত থকা যমৰাজৰ মিতিৰ সম্পৰ্কৰ (তেওঁলোকৰ বিশ্বাস মতে থিৰেংৱাংৰেঙে যমৰজাৰ জীয়েকক বিয়া কৰাইছিল) সুবাদতে তেওঁ যমৰজাই পালন কৰা নৃত্য উপভোগ কৰাৰ সুবিধা পাইছিল। আৰু তাৰ পৰাই চমাংকান শব্দটোৰ অৰ্থ বিশ্লেষণত চম শব্দৰ অৰ্থ যম আৰু কানৰ অৰ্থ নৃত্য-গীত বুলি কব খোজে বিভিন্নজনে। থিৰেংৱাৰেঙৰ প্ৰচলিত কিংবদন্তিটো আকৌ আন এচামৰ মতে অন্য ধৰণৰ। তেওঁলোকৰ মতে এই থিৰেংৱাৰেঙে মানুহৰ আত্মাই যমপুৰীত ভোগা দুৰ্ভোগ দেখি ইয়াক লাঘৱ কৰাৰ উদ্দেশ্যে মৃত্যুৰ অধিপতিগৰাকীক সন্তুষ্ট কৰাৰ বাবে উৎসৱৰ প্ৰৱৰ্তন কৰিছিল। আৰু এই চম-আৰং-আকান অৰ্থাৎ যমপুৰীৰ উৎসৱৰ পৰাই সময়ত চমাংকান হিচাপে ই পৰিচিতি লাভ কৰিছিল। কাৰবিসকলৰ মাজত প্ৰচলিত অন্য এটা জনশ্ৰুতি মতে চুমুং চামাৰ ফৈদৰ কাৰ্বি চিকাৰী এজনে কুকুৰ মেলি দি চিকাৰত এদিনাখন গুঁই এটা পালে আৰু তাক মাৰিব খোজোঁতে সি মৃতলোকৰ পৰা অহা কথাটো জনাই প্ৰাণ ৰক্ষাৰ বাবে কাকূতি-মিনতি কৰিলে। তাৰ বিনিময়ত সি চিকাৰীজনক যমৰাজ্য দেখুৱাৰ দায়িত্ব ললে। সেই মতে চিকাৰীজনে যমৰাজ্যলৈ গৈ উভতি আহি মৃতকৰ উদ্ধাৰৰ বাবে চমাংকান শ্ৰাদ্ধ-বিধিৰ প্ৰচলন কৰিলে। অন্য এক বিশ্বাস মতে কাৰিবসকলৰ মৃতকৰ উৎসৱলৈ ওচৰৰ কাৰবি গাঁৱৰ লোকক নিমন্ত্ৰণ কৰাৰ পৰাও চমাংকান নামটোৰ উৎপত্তি সম্পৰ্কিত। ওচৰৰ গাঁৱৰ পৰা অহা নিমন্ত্ৰিত এনে দলক কাৰবি ভাষাত চমফাং বোলে। এই বেলেগ বেলেগ দলৰ সমূহীয়া নৃত্য-অনুষ্ঠানক আকৌ চমফাংকান বোলে। কালক্ৰমত এই চমফাংকানৰ ফ লোপ পাই চমাংকান হল বুলি বহুতে ধাৰণা কৰে। কাৰবিসকৰ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান চমাংকান মূলতঃ ব্যক্তিকেন্দ্ৰিক অনুষ্ঠান হলেও বৰ্তমান ই উৎসৱৰ ৰূপ পৰিগ্ৰহ কৰিছে। কাৰবি জনজীৱনক প্ৰতিফলিত কৰা এক বহুৰঙী সাংস্কৃতিক অনুষ্ঠান হৈ পৰিছে। চমাংকানৰ পটভূমিতে কাৰবি কলা-সংস্কৃতিৰ আটাইবোৰ উপাদানৰ সমন্বয় ঘটি উৎসৱৰ মৰ্যাদা প্ৰাপ্ত হৈ উঠিছে। কাৰবি সংস্কৃতিৰ উপাদানবোৰ যেন চমাংকানৰ সৈতে সংপিক্ত হৈ এক সাংস্কৃতিক সমন্বয়ৰহে সৃষ্টি সম্ভৱ হৈ উঠিছে। চমাংকানৰ মুখ্য লোক হল উচেপী আৰু দুইহুদি। উচেপীগৰাকী বৃদ্ধ বা বয়সস্থা মহিলা হয়। তেওঁৰ প্ৰধান কাম হল মৃতকৰ উদ্দেশ্যে ভাত ৰন্ধা আৰু মৃতকৰ তথা মৃতকৰ পৰিয়ালৰ গুণানুকীৰ্তন কৰি উচুপি উচুপি কন্দা। মৃতকৰ উদ্দেশ্যে ৰন্ধা ভাত তেৱেঁই উছৰ্গা কৰে। আনহাতে দুইহুদি হল ঢোলবাদক। সাধাৰণতে চমাংকানত দুজন দুইহুদি থাকে। এজন মুখ্য আৰু আনজন পালি। তেওঁলোকেও এই উৎসৱৰ আৰম্ভণিৰে পৰা শেষলৈকে বিভিন্ন কাৰ্যসূচীত খাপ খোৱাকৈ ঢোল বজায়। চমাংকান উৎসৱত মাতৃপক্ষৰ লোকসকলে প্ৰধান ভূমিকা লয়। কাৰবি লোকবিশ্বাসত মানুহ আৰু আত্মা একে নহয়। দেহটো জুইত দহন কৰি পেলালেও আত্মাৰ দহন নহয়, আত্মা যম ৰাজ্যলৈ গুচি যায়। কিন্তু মাজবাটতে কোনো টঙিঘৰত আশ্ৰয় লয়, শেষত পৰিয়ালৰ মানুহে চমাংকান বা দহাৰ কাম সম্পন্ন কৰিলেহে আত্মা স্বৰ্গলৈ গৈ থিতাপি লয়। আৰু কিছুদিনৰ পাছত পুনৰ নিজৰ পৰিয়ালতে পুনৰ্জন্ম লয়। পঃৰাগ বৈশাগু ফাৰকান্তি অসমীয়া সংগীত শাস্ত্ৰীয় সংগীত বৰগীত বিহুগীত আধুনিক সংগীত অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত সাজ-পাৰ বিষয়ে চেলেং চাদৰ মেখেলা ৰিহা অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত আ-অলংকাৰ দুগদুগি কেৰুমণি থুৰীয়া গাম খাৰু জোনবিৰি ঢোলবিৰি অসমীয়া সংস্কৃতিৰ শিল্প-কলা অসমীয়া সংস্কৃতিৰ বোলছবি অসমৰ চলচ্চিত্ৰই মূলতঃ অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহকে বুজাই যদিও অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি আদিত নিৰ্মিত চলচ্চিত্ৰও ইয়াৰ অন্তৰ্গত। বহল অৰ্থত অসম ৰাজ্যৰ পৰা নিৰ্মাণ কৰা সকলো চলচ্চিত্ৰকে অসমৰ চলচ্চিত্ৰ বুলিব পাৰি। ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে। তেতিয়াৰে পৰাই বহুতো উত্থান-পতনৰ মাজেৰে ই বৰ্তমানৰ ৰূপ পাইছেহি। বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰাৰ ছবিও নিৰ্মাণ হৈ আহিছে। সমান্তৰাল ছবিৰ পৰিচালকৰ ভিতৰত ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱা নাম উল্লেখযোগ্য। যদিও এই উদ্যোগৰ ইতিহাস পুৰণি আৰু বহুসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয়স্তৰত সন্মান লাভ কৰিছে, তথাপিও ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় প্ৰৰ্যায়ত ই বিশেষ চমক প্ৰদৰ্শন কৰিবলে আজিকোপতি সক্ষম হোৱা নাই। সাম্প্ৰতিক কালৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ বহুতো সমস্যাৰে জৰ্জড়িত। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে দৰ্শক আৰু চিত্ৰগৃহৰ অভাৱ। তদুপৰি ডাঙৰ চলচ্চিত্ৰ উদ্যোগ, যেনে: বলিউডে সদায়ে এই স্থানীয় উদ্যোগটোৰ প্ৰসাৰত সমস্যাৰ সৃষ্টি কৰি আহিছে। অসমৰ চলচ্চিত্ৰ উদ্যোগতোক জলিউড বুলিও জনা যায়। অসমীয়া সংস্কৃতিৰ খাদ্য অসমৰ খাদ্য বা অসমীয়া আহাৰ, অসম প্ৰদেশৰ স্থানী বাসিন্দা সকলৰ খাদ্য প্ৰণালী। অসমীয়া আহাৰত পাহাৰীয়া শুকান বা আচাৰ কৰা খাদ্যাভ্যাসৰ লগতে সমতলৰ সতেজ উপকৰণ দুয়ুটা প্ৰভাৱেই বিদ্যমান। বিভিন্ন সংস্কৃতিৰ প্ৰভাৱ পৰাৰ বাবে এই অঞ্চলতোৰ খাদ্যাভ্যাসৰ মাজতো বিভিন্নতা বিৰাজমান। অসমৰ খাদ্যৰ কেইটিমান চকুত পৰা বৈশিষ্ট্য হ'ল:- অসমীয়া খাদ্যত ন্যূনতম মচলা আৰু চৰ্বীৰ ব্যৱহাৰ সুগন্ধিযুক্ত পাত-লতিকাৰ ব্যৱহাৰ সেউজীয়া শাকৰ সমাহাৰ টেঙা সোৱাদৰ উপকৰণৰ বহুল ব্যৱহাৰ মাছৰ অধিক ব্যৱহাৰ ৰেড মীট বা কঠিন মাংসৰ কম ব্যৱহাৰ, চৰাই জাতীয় মাংসৰ পয়োভৰ ঔষধি উপকৰণৰ সুলভতা অসমৰ মূল খাদ্য হ'ল ভাত প্ৰায় সকলো খাদ্যই ভাতৰ লগত সম্পৰ্ক থকা। অসমীয়া আহাৰ সাধাৰণতে “খাৰ” বা শাকেৰে আৰম্ভ হয় আৰু ‘টেঙা’ ব্যঞ্জনেৰে সমাপ্ত হয়। খাৰ আৰু টেঙাৰ ব্যৱহাৰ অসমীয়া খাদ্য অন্যতম বৈশিষ্ট। ভাত খোৱাৰ পাছত তামোল-পাণ খাই মুখশুদ্ধি কৰাও এক প্ৰাচীন পৰম্পৰা। খাৰ অসমীয়া ব্যঞ্জনৰ এক বিখ্যাত উপকৰণ। ইয়াক অসমীয়া মানুহে আগতে নিমখৰ সলনি ব্যৱহাৰ কৰিছিল, যিহেতু সেই সময়ত অসমত নিমখ সতকাই পোৱা নগৈছিল। সেইবাবে অসমীয়াৰ মাজত "খাৰখোৱা অসমীয়া" যোজনাটো বৰ্তমানেও প্ৰচলন আছে। ধান ধান পৃথিৱীৰ মৌচুমী অঞ্চলৰ প্ৰধান শস্য। মানৱ ্যতাৰ দীঘলীয়া বুৰঞ্জীৰ যিদিনাই কৃষ্টিৰ কঠীয়া গজিছিল,সেইদিনাই ধানৰো কঠীয়া গজিছিল। কৃষ্টিৰ কঠীয়া গৰকি সংস্কৃতিৰ বৰঘৰলৈ আহোঁতে ধান জীৱনৰ বহুতো কথাতেই প্ৰয়োজনীয় হৈ পৰিল। ভোকৰ ভাতমুঠি ধানৰ বুকুতেই শুই থকাৰ উপৰিও অনেক মাঙ্গলিক অনুষ্ঠানত ধানৰ ্যকতাই গুৰুত্ব লাভ কৰিলে। ধান পৃথিৱীৰ অতি পুৰণি শস্য। উইলিয়াম ক্ৰুকে পুথিত লিখিছে যে ঋকবেদত ধানৰ নামৰ উল্লেখ ক'তো নাই, কিন্তু অথৰ্ব। বেদ আৰু বৈদিক যুগৰ পৰৱৰ্তী পুথিসমূহত ধান শব্দৰ ঘনাই উল্লেখ দেখা যায়। কিন্তু বেদতকৈও পুৰণি কালৰেই পৰাই ্যত ধানৰ খেতি হৈছিল। যদিও উইলিয়াম ক্ৰুকে ঋকবেদত ধানৰ উল্লেখ নাই বুলি কৈছে; আচলতে বহুবচনান্ত "ধানা:" শব্দটো ভালেমান ঠাইত উল্লেখ থকা দেখা যায়। অথৰ্ববেদত "যাস্তে নানা অনুক্ৰিৰামি তিলমিশ্ৰা:স্বধাৱতী:"বুলি উল্লেখ কৰোঁতে কেৱল ধানকহে বুজাইছে। এচিয়াৰ মৌচুমী অঞ্চলৰ আটাইবোৰ দেশতে ধানে সাংস্কৃতিক জীৱনত ভূমিকা গ্ৰহণ কৰি আহিছে। বালীদ্বীপত ধানক মানুহৰ সমকক্ষ জীৱ হিচাপে গণিতা কৰা হয় আৰু ধানক আই,বুঢ়ী আই আদি মাতৃবাচক শব্দৰে সম্বোধন কৰা হয়। সিংহলত কঠীয়া সিঁচিবলৈ ধানক লক্ষ্ণীদেৱী ৰূপে সন্মান কৰা হয়। ওৰাং খেতিয়কে ভূঁই ৰোৱা দিনা ধানেৰে তৈয়াৰী লাওপানী ছটিয়াই পৃথিৱীক সম্বোধন কৰি কয়-"হে আই মাতৃ পৃথিৱী,এই বছৰ নিয়মিত বৰষুণ আৰু সৰহ শস্যৰ সৃষ্টি কৰিবা। তোমালৈ এয়া লাওপানী উৰ্চগা কৰিছোঁ। "কঠীয়া সিঁচিবৰ সময়তো পাচোঁটা সুকীয়া সুকীয়া ৰঙৰ কুকুৰা কাটি অধিক শস্য কামনা কৰে। ছোটনাগপুৰৰ কিছুমান মানুহে ধানক ৰক্ষা কৰিবলৈ বিশেষ উৎসৱৰ আয়োজন কৰে। অসমতো ধানক লখিমী হিচাপে সন্মান কৰে। ধানৰ কঠীয়া সিঁচিবৰ দিনা অসমৰ বহুতো ঠাইত খেতিয়ক লাওপানী আৰু মাছ -মাংস খুৱায়। কঠীয়া সিঁচাৰ আগতে আগলি কলাপাতত থুৰীয়া -তামোল,শিলগুটি থৈ কচুগছ ৰোৱে। সেইদৰে প্ৰথমে ভুঁই ৰোৱাৰ দিনা আগলি কলপাতত তিনিখন থুৰীয়া তামোল দি মাটি ডৰাৰ চুকত তৰাৰ গজালি,হেলেচৰ গুটিভৰা ডাল আৰু তিতা ফুলৰ ডাল ৰোৱে। সেইদৰে ধান দাবলৈ প্ৰথমে আৰম্ভ কৰিবৰ দিনা ধান তিনিগোচা কাটি দাৱনীয়ে মূৰত তুলি লৈ আহে। আহোঁতে মুখেৰে মাত নেমাতে। কোনো কোনোৱে ধান দাই শেষ হ'বৰ দিনা তিনিগোছা ধান সুকীয়াকৈ ৰাখি থোক কেইটা দাই আনে। আনিবৰ সময়ত আগলি কলাপাতত থুৰীয়া তামোল তিনিখন দি থৈ আহে। ইয়াকে "লখিমী"অনা বোলে। লখিমী আনোতে মুখেৰে মাতিব নাপায়। লখিমী আনিবৰ দিনা পদূলি মূৰলৈকে চোতাল ঘৰ সাৰি চাফ চিকুণ কৰে। সেইদিনা ভঁৰালত চাকি জ্বলায়। লখিমী কেতিয়াবা সেইদিনাই ভঁৰালত সুমুৱায়। কেতিয়াবা ভাল দিন বাৰ চাই পিছত সুমুৱায়। সেইদিনাও ভঁৰালত চাকি জ্বলায়। সেইদৰে পুনৰ ভঁৰাল চুবৰ সময়ত আগদিনা ভঁৰালৰ আগত কেঁচা পিঠাগুৰি আৰু গুৰ,চেনি,কল,তামোল সজাই দিয়ে। দুৱাৰ মুখত চাকি দিয়ে। পিছদিনা ভঁৰাল চোৱে। মৰাবাৰ,গুৰুবাৰ আদিত ভঁৰাল নোচোৱে। পোন প্ৰথমে নতুন ধান মাৰি জাৰিবৰ দিনা পতানখিনি আগলি কলাপাতত থৈ কাষত শিলগুটি দি পদূলিমূৰত পতানিকুঁৱৰীক উৰ্চগি দিয়ে। ধান আৰু ধানৰ পৰা উৎপাদিত চাউল, আখৈ আদি বহুতো মাঙ্গলিক অনুষ্ঠানত ্যৱহাৰ কৰা হয়। ধান মাতৃশক্তি আৰু প্ৰজনন শক্তিৰ প্ৰতীক। সেইবাবে বিয়াত চাউলৰ প্ৰয়োজন। দুৰণিত চাউল থৈ তাৰ ওপৰতে চাকি,টেমী কটাৰী থয়। মাহ হালধিৰ লগত আৰৈ চাউল বাতি দিয়ে। ্যা নোৱাওঁতে পঞ্চ আয়তীয়ে মূৰত চাউল দিয়ে। কলতলত ্যাৰ মূৰত চাউল দিয়ে। নোৱাই-তোলনী বিয়াত ্যাকলা হোৱা ছোৱালী জনীৰ কোচত আখৈ দিয়ে। কেঁচা পিঠা খাবলৈ দিয়ে। ধান চাউলৰে মঙ্গল চায়। কাউৰীয়ে কেলকেলালে চাউল কেইমুঠিমান দি কাউৰীৰ মাত পৰীক্ষা কৰে। ধানৰ ভুঁই ৰোৱাৰ দিনা মাছ ওলোৱাটো সুমঙ্গলৰ চিন। ধান জুইত পুৰিব নাপায়। যোগিনীতন্ত্ৰত ৰঙাশালি ধান ভোগ কৰিলে বিজয়াশ্ৰী লাভ হয় আৰু নাৰায়ণ, মাধৱভোগ আৰু যাদৱধান ভোগ কৰিলে ্যাতিলাভ হয় বুলি কৈছে। আন ঠাইত সোমধান,বৰাধান,ৰঙাশালি, ৰাজধান আৰু যষ্টিক ধান দেববল্লভ বুলি উল্লেখ আছে। সপোনত ধান দেখিলে দিঠকত ধন পায়। সাগৰ মন্থন কৰোঁতে লক্ষ্মীদেৱীৰ ঐৰাৱত হাতীও ওলাইছিল। সেইবাবে হাতী পদূলি মূৰেদি পাৰ হৈ গ'লে বা চোতালত ওলালে ডলাচালনীত কেইটামান ধানৰ মুঠি খাবলৈ দিয়ে। লক্ষ্মীপূজাত ্যৰ লগত ধান এচিৰাও দিয়ে। ধানক গধুৰ নোবোলে সন্মান জনাই গাইচ বোলে। লখিমী সবাহৰ নামত ধানৰ সৃষ্টি সম্পৰ্কে এটি উপকথা পোৱা যায়। আদিতে ধানৰ বাকলি নাছিল। থোকে থোকে চাউল লাগিছিল। এজন খকুৱা ব্ৰাহ্মণ ভোজ খাই আহি গছত লাগি থকা চাউলবোৰ মুঠিয়ে মুঠিয়ে খাবলৈ ধৰাত লক্ষ্মীআয়ে অমঙ্গলীয়া ভাবি চাউলত বাকলি সৃষ্টি কৰিলে। মুখভঙ্গা মন্ত্ৰতো সদাশিৱই ধানখেতি কৰাৰ কথা আছে। আদিতে অনাৰ্য মানুহে ধানখেতি কৰাৰ কথা সদাশিৱৰ কাহিনীৰ পৰাই জানিব পাৰি। আও নগাসকলৰ মাজতো ধানৰ সৃষ্টি সম্পৰ্কে সাধুকথা এটি পোৱা যায়। ধানৰ প্ৰকাৰ ধানৰ পৰা বহুতো নামো সৃষ্টি হৈছে। কিছুমান জাতিগত ধানৰ নাম আছে- আহোম শালি,কছাৰি শালি,চুটিয়া শালি ইত্যাদি। কিছুমান ধানৰ নামবোৰ গুণবোধক মাণিকী মধুৰী,নিয়ৰকদম,চিকণকলি,সুৱাগমণি ইত্যাদি। কিছুমান ধানৰ ৰূপগত- শলপোনা,ৰঙাশালি,গৰুণ্ড পখী,গৰু চকুৱা,তিতাফুলীয়া বৰা,পোৱাল শালি,ক'লা শালি,ইত্যাদি। সৰহভাগ ধানৰ নামেই অনাৰ্যমূলীয়। ঔষধি হিচাপে ধানক ঔষধি হিচাপেও ্যৱহাৰ কৰা হয়। আৰৈ চাউল ভালেমান ঔষধত লাগে বুলি নিদান পুথিত উল্লেখ আছে। চাউল জাৰি খাবলৈ দি চোৰ ধৰা পেলোৱা হয়। মাঘৰ বিহুত ধানৰ নৰাৰে লাগনি গছবোৰ বান্ধে। বহাগ বিহুত মাহ-হালধি আৰৈ চাউল খুন্দি গৰু বিহুৰ দিনা গৰুক ফোঁট দিয়ে। সেইদিনাই গৰুক পিঠা খুৱায়। কাতি বিহুত ধাননিত চাকি জ্বলায়। তিনিওটা বিহু আৰু লক্ষ্মীপূজাৰ দিনা ধানৰ ভঁৰালতো চাকি দিয়ে। এইদৰে অসমৰ লোকসংস্কৃতিত ধানে এখনি বিশেষ উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে। গৰখীয়া অসমৰ লোকজীৱন কৃষিজীৱী।অসমৰ কৃষকসকলে পৰম্পৰাগত পদ্ধতিৰেই আজিও খেতি-বাতি কৰে।খেতি-বাতিৰ প্ৰধান সম্বল হ'ল গৰুহাল। সেয়ে অসমৰ কৃষিজীৱী লোকজীৱনত গৰুৱেই দেৱত্বৰ স্থান অধিকাৰ কৰি আছে।অসমৰ জাতীয় উৎসৱ বিহুত গৰুক দেৱতা ৰূপত জ্ঞান কৰি পূজিত হৈ আহিছে। গৰু চৰোৱাটো এটা কঠিন কাম।দিনৰ দিনটো গৰু চৰাই গধূলি ভোকে পিয়াহে হঁত ঘৰলৈ উভতে। ৰ'দে-বৰষুণে,জাৰে-জহে-গৰখীয়াহঁতে অতি কষ্টৰে গৰু চৰায়।সেয়ে অসমৰ লোকজীৱনত এখন শ্ৰদ্ধাৰ আসন গৰখীয়াই অধিকাৰ কৰি ৰাখিছে। কিংবদন্তিৰ মতে কোঁচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহ বৰগৰখীয়া আছিল।গৰু চৰায় ফুৰোঁতে ফৰিং বলি দি দুৰ্গা দেৱীক পূজা কৰিছিল।এদিন এজন গৰখীয়াই ফৰিং ধৰি আনিব নোৱাৰা ফলত গৰখীয়া ল'ৰাটোকে দুৰ্গাদেৱীৰ নামত বলি দিছিল।যাৰ ফলত দুৰ্গাদেৱীৰ আশীৰ্বাদেৰে ্য হৈ এখন ্য ৰজা হ'ব পাৰিছিল।একে ধৰণৰ কাহিনী এটা শিৱসাগৰ জিলাৰ পানীদিহিং অঞ্চলত এনেদৰে প্ৰচলন আছে- গৰু লৈ এজাক কিশোৰ গৰখীয়াই গৰু চৰাই থাকোঁতে হাবিৰ পৰা ফৰিং ধৰি আনি এদিন ধেমালিতে ইকৰা পাতেৰে ফৰিং বলি দিছিল।সেই দিনাৰ পৰাই ্যেক দিনাই গৰখীয়াহঁতে পাল পাতি হাবিৰ পৰা ফৰিং বিচাৰি আনি বৰগৰখীয়া হাতত দিছিলহি আৰু বৰগৰখীয়াই ইকৰা পাতেৰে ফৰিং বলি দিছিল। কিন্তু এদিন এটা গৰখীয়া ল'ৰাই হাবিৰ পৰা ফৰিং বিচাৰি আনিব নোৱাৰি 'মোকে বলি দে' বুলি ধেমালিতে ডিঙি পাতি দিলে।বৰগৰখীয়া অৰ্থাং পুৰোহিতেও ধেমালিতে গৰখীয়া ল'ৰাটোৰ ডিঙিত ইকৰা পাত লগাই দিয়াত ডিঙিটো ছিগি থাকিল। তেতিয়াৰে পৰা সেই স্থানত পূজা সেৱা আগবহুৱাৰ থান হ'ল বুলি জনাজাত।বৰ্তমান'গৰখীয়া থান'নামেৰে বিখ্যাত এই থানখন বুৰঞ্জী প্ৰসিদ্ধ ধাই আলিৰ কাষৰ ধাইবাৰীত আছে।এটা ৰজাদিনীয়া পুখুৰীও আছে নাম গৰখীয়া পুখুৰী। বৰ্তমান উক্ত থানত বহু দূৰ-দূৰণিৰ পৰা ভক্ত আহি পূজা সেৱা কৰেহি।পূজাৰ দিন দৌলযাত্ৰাৰ দিনা। কথিত আছে যে সিদিনা পুৱা সূৰ্য উদয় হোৱাৰ ঠিক আগে আগে একেলেথাৰীয়ে তিনি বছৰ এই গৰখীয়া থানত পূজা দিলে মনোবাঞ্ছা পূৰ্ণ হয়।সেয়ে পূজা আগদিনা আহি গৰখীয়া পুখুৰী পাৰত অৱস্থিত গৰখীয়া থানত ৰাতিটো কটাই পিছদিনা দোকমোকালিতে পূজা দি ঘূৰি যায়।এই গৰখীয়া পুখুৰীটো কোনে খান্দাইছিল জনা নাযায় যদিও দ'লটো আধুনিক ধৰণে সজাই তোলা বেছি দিন হোৱা নাই।অসমত গৰখীয়া দ'লৰ বহুল সংখ্যালৈ চাই এনেধৰণৰ কাহিনী,উপ-কাহিনীৰ সংখ্যা প্ৰচুৰ পৰিমাণে আছে বুলি ক'ব পাৰি। উজনি অসমত এসময়ত গৰু উদং দিবৰ দিনা গৰখীয়া 'ভোগ দিয়া'নামৰ এটা গৰখীয়া সেৱা অনুষ্ঠানৰ আয়োজন কৰিছিল। উল্লেখ কৰিব পাৰি যে কোনো কোনো অঞ্চলত পায়সক 'ভোগ' বুলি কয়। পুহ মাহত গৰু উদং দিয়াৰ সময়।সেই সময়ত মানুহৰ ঘৰে ঘৰে বৰা ধান উভৈনদী হয়। নতুনকৈ জগা গাই বোৰৰ পৰা প্ৰচুৰ পৰিমাণে গাখীৰ পোৱা যায়। গতিকে গৰখীয়াসকলে গৰখীয়া ভোগৰ বাবে বিশেষকৈ একো চিন্তা কৰিব লগা নহৈছিল।কিছু বছৰৰ আগলৈকে দিৰৈ নদীৰ কাষৰীয়া সৰু সৰু চাপৰি অঞ্চলত প্ৰচুৰ পৰিমাণে চৰণীয়া পথাৰ আছিল। হাবিও আছিল পৰ্যাপ্ত পৰিমাণে। গৰু উদং দিবৰ দিনা বা আগদিনা গৰখীয়াহঁতে বছৰৰ ছমাহলৈ মুকলি হোৱাৰ আনন্দত নদী কাষৰীয়া হাবিবোৰতে মিলি-জুলি ভোগ ৰান্ধী গৰখীয়া সেৱা অনুষ্ঠান পাতিছিল।এই সেৱা অনুষ্ঠান বুঢ়া-ডাঙৰীয়ালৈ ভাগ এটা আগবঢ়োৱাটো অতি প্ৰয়োজনীয় আছিল। গৰু অসমৰ লোকজীৱনত কিমান আদৰ,সেই কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই।ভাৰতবৰ্ষৰ বহুতো সমাজৰ দৰেই উজনিৰ কিছু কিছু অঞ্চলত খেতিয়কসকলে খেতিপথাৰত নমাৰ লগে লগে গৰু-ম'হৰ কুশল কামনা কৰি এটা ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰে।নাম-'ম'হৰ চাউল খোৱা'।উল্লেখযোগ্য যে এই 'ম'হৰ চাউল খোৱা' অনুষ্ঠানত গৰু-ম'হৰ ৰখীয়াসকলে আগস্থান পাই।অৰ্থাৎ খেতি কৰি থকাৰ সময়ছোৱাত গৰু-ম'হৰ যাতে কোনো অপায়-অমংগল নহয়,তাৰ কামনাৰে নিৰ্দিষ্ট দেৱতাসকলক বন্দনা কৰা ।ৰাজহুৱাকৈ আয়োজিত 'ম'হৰ চাউল খোৱা'অনুষ্ঠান।নৈপৰীয়া অঞ্চল বা নামঘৰৰ প্ৰাংগণত আয়োজন কৰা হয়।এই অনুষ্ঠানটোত ম'হৰ নামত 'চাউল'(অন্ন) আৰু গৰুৰ নামত'ভোগ'(পায়স) যথা ৰীতি নীতি মাজেদি সম্পন্ন হয়। গৰুৱেই যিহেতু খেতিয়কৰ ৰাইজৰ সৰ্বেসৰ্বা।সেয়ে কাতি-আঘোণ মাহত প্ৰতি ঘৰে ঘৰে 'গৰু পিঠাগুড়ি খোৱা' নামৰ এটা 'গৰখীয়া সেৱা' অনুষ্ঠান সন্ধিয়াৰ ঠিক আগতেই অনুষ্ঠিত কৰে।এই অনুষ্ঠান মূলতঃ গৰখীয়াকেন্দিক যদিও ্য গঞা লোকৰ বাবেও আকৰ্ষণীয়। এই পিঠাগুড়ি খোৱা অনুষ্ঠানতে ন-মুঠিও দিয়াৰ ব্যৱস্থা কৰে।এই অনুষ্ঠানটো জৰিয়তে অসমীয়া লোকজীৱনত গৰু আৰু গৰখীয়াৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিৰ নিদৰ্শন প্ৰকট হৈ পৰিছে।উল্লেখ্য যে গৰখীয়া সেৱাৰ এই অনুষ্ঠানটোৰ এখন জীৱন্ত ছবি হোমেন বৰগোহাঞিয়ে তেখেতৰ বিখ্যাত গল্প'গৰখীয়া'যোগেদি দিঙি ধৰিছে।গৰু বা গৰখীয়া দৰে ম'হ বা ম'হৰখীয়া সকলো স্থান লোকসমাজত উল্লেখনীয়।কোনো কোনো অঞ্চলত যাৰ যাৰ ঘৰত ম'হ থাকে,তেওঁলোকে আঘোণ মাহত 'ম'হৰ চাউল খোৱা' অনুষ্ঠান পাতে। পালক গৃহস্থই এই 'ম'হৰ চাউল খোৱা' অনুষ্ঠানৰ লগত সংযুক্তভাৱে ন খোৱা অনুষ্ঠান আয়োজন কৰে।'গৰু পিঠাগুড়ি খোৱা'ত গৰখীয়াৰ দৰে এই অনুষ্ঠানটো ম'হৰখীয়া সকলে বিশেষ অগ্ৰাধিকাৰ পায়। গৰু পোৱালি জগিলে লোকজীৱনে ফেঁহু খিৰোৱাৰ নিয়ম আছে।ফেহুঁখিনি কুমলীয়া বাহঁৰ চুঙা কাটি চুঙা পিঠা আৰ্হিৰে সিজায়।ফেহুঁখিনি সিজিলে চুঙাবোৰ ফালি আগলি কলপাত এখিলাত থয় আৰু পিছত চকল চকলকৈ কাটি চালৰ খৰিকা মাৰিয়ে সী লৈ গৰু পোৱালিটোৰ লগতে গাইজনীৰো ডিঙি,কাণ,গা আদিত পিন্ধাই দিয়া হয়।এনে কৰিলে অপদেৱতা আদিৰ পৰা পোৱালিটো আৰু গাইজনীৰ ৰহ্মা পৰে বুলি লোকসমাজে বিশ্বাস কৰে।ফেহুঁ ওচৰ চুবুৰীয়াৰ গৰখীয়াসকলকো ভাগ এটা যচা হয়।গৰু পোৱালিৰ নাভি নসৰা পৰ্যন্ত গাখিৰ খিৰোৱা নাভি সৰিলে তিনি-চাৰিদিন গাখীৰ খিৰাই চুঙা বা টেকেলীত থৈ গাই আৰু পোৱালিৰ মংগল কামনা কৰি গৰখীয়া সমন্বিতে ভকতসকলক এদিন সন্ধিয়া ঘৰৰ চোতালত ভোক এমুঠি দিয়া হয়। অসমত'গৰখীয়া গীত'বুলিও একপ্ৰকাৰৰ গীত আছে।এই গীতবোৰ অঞ্চল ভেদে পৃথক পৃথক হোৱাটো পৰিলক্ষিত হয়।এই গীতবোৰ গৰখীয়াই নদীৰ চাপৰি,পথাৰ আদিত গৰু চৰাওতে দুখ কষ্ট লাঘব হ'বৰ বাবে গাঢ়।গীতবোৰত মুক্ত মন,মুক্ত চিন্তা ভাবনাৰ প্ৰকাশ পাই আহিছে। যেনে- গ'ল গৰু গ'ল কলীয়া পানী পাৰ হয় নক'বি দেই বা তোক দিম ফুলপাহ'। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভইচ অৱ আসাম ৱেবছাইতত মে-দাম-মে-ফি সম্পৰ্কে থকা বিতং
69224
https://as.wikipedia.org/wiki/%E0%A6%89%E0%A6%87%E0%A6%B2%E0%A6%9B%E0%A6%A8%20%E0%A7%B0%E0%A7%8B%E0%A6%97
উইলছন ৰোগ
উইলছন ৰোগ হৈছে এটা বংশগতিজনিত ৰোগ, য'ত ৰোগীৰ শৰীৰত প্ৰয়োজনাধিক তাম (ক'পাৰ) জমা হয়। এই ৰোগৰ লক্ষণসমূহ সাধাৰণতে মগজু আৰু যকৃতৰ বিসংগতিৰ জৰিয়তে দেখা দিয়ে। যকৃতৰ সৈতে সংযুক্ত লক্ষণসমূহৰ ভিতৰত আছে বমি, দুৰ্বলতা, তলপেটত পানী জমা হোৱা, ভৰি ফুলা, জণ্ডিছ আৰু খজুৱতি। মগজুৰ সৈতে সংযুক্ত লক্ষণসমূহৰ কিছু হৈছে কঁপনি, পেশী কঠিনতা, কথা কোৱাত সমস্যা, ব্যক্তিত্বৰ পৰিৱৰ্তন, উদ্বিগ্নতা, আৰু মনোব্যাধি উইলছন ৰোগৰ মূল কাৰণ হৈছে উইলছন ৰোগ প্ৰ'টিন জিনত সংঘটিত হোৱা পৰিৱৰ্তন। এই প্ৰ'টিনটোৱে সাধাৰণতে দেহৰ অত্যাধিক তাম (ক'পাৰ) পিত্তলৈ পৰিবহণ কৰে, য'ৰ পৰা ই বৰ্জনীয় পদাৰ্থ হিচাপে নিঃসৰিত হয়। এই ৰোগটো প্ৰভাৱী জিনৰ জৰিয়তে সংঘটিত হয়। ৰোগগ্ৰস্ত ব্যক্তিৰ দেহত পিতৃ-মাতৃ দুয়োৰে দেহৰ পৰা পৰিৱৰ্তিত জিনৰ একোটা প্ৰতিৰূপ থাকিলে ই পৰিস্ফুট হয়। এই ৰোগৰ নিৰ্ণয় পদ্ধতি জটিল, আৰু সাধাৰণতে ৰক্ত পৰীক্ষা, প্ৰস্ৰাৱ পৰীক্ষা আৰু যকৃতৰ বায়'প্সিৰ জৰিয়তে ইয়াক ধৰা পেলোৱা হয়। জিনীয় পৰীক্ষাৰ জৰিয়তে প্ৰভাৱিত ব্যক্তিৰ পৰিয়ালৰ সদস্যসমূহৰো পৰীক্ষা কৰিব পাৰি৷ প্ৰথমাৱস্থাত ৰোগ নিৰ্ণিত হ'লে উইলছন ৰোগৰ চিকিৎসা খাদ্যাভাসৰ পৰিৱৰ্তন আৰু ঔষধৰ জৰিয়তে কৰিব পাৰি। পৰিৱৰ্তিত খাদ্যভাসত কম তামযুক্ত খাদ্য গ্ৰহণ কৰাৰ লগতে, তামৰ বাচন বৰ্তনৰ ব্যৱহাৰ বাৰণ কৰা হয়। ঔষধৰ ভিতৰত আছে আৰু -ৰ দৰে কিলেটিং অনুঘটক, আৰু যিংক পৰিপূৰক। উইলছন ৰোগৰ জটিল অৱস্থাত যকৃতৰ বিকলতা, যকৃতৰ কৰ্কট ৰোগ আৰু বৃক্কৰ জটিল সমস্যাই দেখা দিয়ে। যিসকল ৰোগীৰ যকৃত সম্পূৰ্ণ বিকল হয় অথবা অন্য চিকিৎসা পদ্ধতিসমূহ সুফলদায়ী নহয়, তেওঁলোকক যকৃত সংৰোপনৰ পৰামৰ্শ দিয়া হয়৷ উইলছন ৰোগ সাধাৰণতে প্ৰতি ৩০,০০০ জন ব্যক্তিৰ বিপৰীতে এজনৰ দেহত দেখা যায়। সাধাৰণতে এই ৰোগৰ লক্ষণসমূহ ৫ বছৰৰ পৰা ৩৫ বছৰ বয়সৰ ভিতৰত যিকোনো সময়তে দেখা দিব পাৰে৷ এই ৰোগৰ প্ৰথম বৰ্ণনা ১৮৫৪ চনত জাৰ্মান ৰোগতত্ত্ববিদ -এ দাঙি ধৰিছিল। এই ৰোগৰ নামকৰণ ব্ৰিটিছ স্নায়ুতত্ত্ববিদ -ৰ নামেৰে কৰা হৈছে। সংকেত আৰু লক্ষণসমূহ মানুহৰ শৰীৰত তাম সঞ্চয়ৰ মুখ্য স্থানসমূহ হৈছে যকৃত আৰু মগজু। ফলস্বৰূপে, যকৃতৰ ৰোগ আৰু স্নায়ু-মানসিক ৰোগ হৈছে উইলছন ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত প্ৰধান বৈশিষ্ট্য। প্ৰায়েই যকৃত আৰু মানসিক ৰোগৰ নিৰ্ণয়ৰ জৰিয়তে উইলছন ৰোগ ধৰা পেলোৱা হয়। যকৃতৰ সমস্যাত ভোগা ৰোগীসকল সাধাৰণতে চিকিৎসাৰ বাবে শৈশৱ বা কৈশোৰ অৱস্থাতে বিশেষজ্ঞৰ কাষ চপা পৰিলক্ষিত হয়। অন্যহাতে স্নায়ৱিক ৰোগত আক্ৰান্তসকলৰ ক্ষেত্ৰত ৰোগৰ লক্ষণসমূহ ২০ ৰ পৰা ৩০ বছৰ বা তাৰ ওপৰৰ বয়সতহে পৰিস্ফুট হয়। বহু ক্ষেত্ৰত দেখা যায় যে, কোনো লোক উইলছন ৰোগত আক্ৰান্ত হিচাপে নিৰ্ণিত হোৱাৰ পিছতহে তেওঁৰ সম্পৰ্কীয় আক্ৰান্তসকল পৰীক্ষাৰ জৰিয়তে চিহ্নিত হয়। এইসকলে ৰোগৰ লক্ষণসমূহ অনুভৱ কৰি থাকে যদিও তাৰ নিৰ্ণয় অথবা নিদান লাভ নকৰে৷ যকৃতৰ ৰোগ যকৃতৰ ৰোগসমূহ ভাগৰলগা, অধিক ৰক্তক্ষৰণৰ প্ৰৱণতা আৰু )-ৰ ফলস্বৰূপে হোৱা বিভ্ৰান্তি আৰু প'ৰ্টেল হাইপাৰটেনছন। প'ৰ্টেল হাইপাৰটেনছনত প'ৰ্টেল ধমনীত চাপ বৃদ্ধি হয় আৰু ইয়াৰ ফলত ইছ'ফেগাছৰ অতিপ্ৰসাৰণ ঘটে। ইয়াৰ ফলত ইছ'ফেগাছৰ ৰক্তবাহী নলীসমূহৰ জীৱন-সংকটাপন্নভাৱে ৰক্তক্ষৰণ হোৱাৰ সমান্তৰালভাৱে প্লীহাৰ আকাৰ বৃদ্ধি আৰু তলপেটৰ গহ্বৰত তৰলজাতীয় পদাৰ্থ জমা হয়। পৰীক্ষাৰ জৰিয়তে -ৰ (যি ৰোগত সাধাৰণতে বুকুত ৰঙা পৰি ফুলা সিৰা দেখা দিয়ে) দৰে যকৃতৰ সঞ্চিত ৰোগৰ সংকেত ধৰা পৰিব পাৰে। ক্ৰনিক এক্টিভ হেপাটাইটিছ )-এ ধৰা পৰাৰ সময়লৈ যকৃতৰ অধিকাংশ চিৰ'চিছ ঘটায়। যকৃতৰ চিৰ'চিছত ভোগা অধিকাংশ লোকৰ হেপাট'চেলুলাৰ কাৰ্চিন'মা (যকৃতৰ কৰ্কট ৰোগ) হোৱাৰ অধিক আশংকা থাকে যদিও উইলছন ৰোগৰ ক্ষেত্ৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা তুলনামূলকভাৱে কম। প্ৰায় ৫% ৰোগাক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত, যেতিয়া তেওঁলোকৰ অকস্মাৎ বৰ্দ্ধনশীল তীব্ৰ যকৃতৰ বিকলতা গঢ় লৈ উঠে তেতিয়া প্ৰায়েই হিম'লাইটিক এনিমিয়া (লোহিত ৰক্তকণিকাৰ ধ্বংসৰ জৰিয়তে হোৱা ৰক্তহীনতা)-ৰ পৰীক্ষণৰ জৰিয়তে উইলছন ৰোগ নিৰ্ণিত হয়। ইয়াৰ ফলত প্ৰ'টিন উৎপাদনৰ ক্ষেত্ৰত বিসংগতিয়ে দেখা দিয়ে আৰু ইয়াক বিশৃংখল ৰক্ত ঘনীভৱনৰ জৰিয়তে চিনাক্ত কৰা হয়। বিশৃংখল প্ৰ'টিন বিপাকৰ ফলস্বৰূপে ৰক্তপ্ৰৱাহত এম'নিয়াৰ দৰে বজ্য পদাৰ্থ জমা হয়। এইসমূহে যেতিয়া মানৱ মগজুত জ্বলনৰ সৃষ্টি কৰে তেতিয়া ৰোগগ্ৰস্ত ব্যক্তিৰ (বিভ্ৰান্তি, অচেতনাৱস্থা (ক'মা), তীব্ৰ জঠৰতা আৰু শেষত জীৱন সংকটাপন্নকাৰী মগজুৰ স্ফীতি)-এ দেখা দিয়ে। স্নায়ু-মানসিক লক্ষণসমূহ উইলছন ৰোগত আক্ৰান্ত প্ৰায় অৰ্ধেক ব্যক্তিৰ ক্ষেত্ৰত স্নায়ৱিক বা মনস্তাত্ত্বিক ৰোগজনিত লক্ষণ পৰিলক্ষিত হয়। বেছিভাগ লোকৰে আৰম্ভনি অৱস্থাত মৃদু বোধশক্তিগত অৱক্ষয় আৰু সংগতিবিহীনতা, আৰু লগতে আচৰণগত পৰিৱৰ্তন পৰিলক্ষিত হয়। ইয়াৰ পিছৰ পৰ্যায়ত সাধাৰণতে বৈশিষ্ট্যমূলক স্নায়ৱিক লক্ষণসমূহে পাৰ্কিনছন ৰোগজনিত লক্ষণ (যেনে বা মন্থৰ চলন আৰু সন্তুলনৰ অভাৱ অপ্ৰত্যক্ষিত মুখৰ অভিব্যক্তি, কথা কোৱাত বা উচ্চাৰণত অস্পষ্টতা, (সমন্বয়ৰ অভাৱ) বা (শৰীৰৰ অংশবিশেষৰ পাঁকখোৱা আৰু পুনৰাত্মক গতি) ইত্যাদিৰ ৰুপত দেখা দিয়ে। মন কৰিবলগীয়া যে, পাৰকিনছনৰ ক্ষেত্ৰত সততে দেখা পোৱা হাতৰ কঁপনি উইলছন ৰোগৰ ক্ষেত্ৰত দেখা নিদিবও পাৰে। উল্লেখনীয় যে, উইলছন ৰোগৰ ক্ষেত্ৰত তীব্ৰ জঠৰতা আৰু মাইগ্ৰে'ইন অধিক ৰূপত পৰিলক্ষিত হয়। এক বিশেষ ধৰণৰ কঁপনি যিটো হিচাপে বৰ্ণিত হয়, সেয়া বহু ৰোগীৰ ক্ষেত্ৰত দেখা দিয়ে। অন্য ৰোগীসকলৰ ক্ষেত্ৰত এই কঁপনি দেখা নাযাবও পাৰে যদিও বাহু আৰু কিলাকুটিৰ চলাচলৰ জৰিয়তে ইয়াক পৰ্যবেক্ষণ কৰিব পাৰি। উইলছন ৰোগৰ ফলস্বৰূপে ৰোগাক্ৰান্ত ব্যক্তিৰ বোধশক্তিও প্ৰভাৱান্বিত হয়। এইসমূহ সাধাৰণতে দুটা শ্ৰেণীত পৰিলক্ষিত হয়: অগ্ৰ পিণ্ডৰ বিকাৰ (আৱেগিকতা বিসংগতিপূৰ্ণ বিবেচনা, বিমিশ্ৰতা সমবেদনাহীনতা আৰু কাৰ্যকাৰিক অকুশলতা (ত্ৰুটিপূৰ্ণ পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণ) আৰু (মন্থৰ চিন্তা, স্মৃতি হ্ৰাস আৰু -ৰ সংকেতবিহীন কাৰ্যকাৰিক ক্ৰুটি))। বিশেষজ্ঞসকলৰ মতে, এই বোধগত ক্ৰিয়া-কৰ্মসমুহ সম্পৰ্কিত আৰু উইলছন ৰোগৰ মনোবৈজ্ঞানিক বহিঃপ্ৰকাশৰ সৈতে নিবিড়ভাৱে সংলগ্ন। উইলছন ৰোগৰ ফলস্বৰূপে সৃষ্ট মানসিক সমস্যাসমূহৰ ভিতৰত আছে আচৰণগত পৰিৱৰ্তন, হতাশগ্ৰস্থতা, উদ্বিগ্নতা আৰু মনোব্যাধি। মানসিক ৰোগগত লক্ষণসমূহ এককভাৱে দেখা পোৱাৰ পৰিৱৰ্তে, সাধাৰণতে স্নায়ৱিক ৰোগজনিত লক্ষণসমূহৰ সৈতে যুগপৎসংঘটন হিচাপে পৰিলক্ষিত হয়। উল্লেখনীয় যে, এই লক্ষণসমূহ প্ৰায়েই দূব্ৰলভাৱে সংজ্ঞায়িত আৰু ৰোগনিৰ্ণয়ৰ ক্ষেত্ৰত কেতিয়াবা অন্যান্য কাৰকৰ সৈতে সংযোজিতহৈ পৰে। ইয়াৰ কাৰণেই, কেৱল মানসিক ৰোগগত লক্ষণৰ ওপৰত ভিত্তি কৰিয়েই উইলছন ৰোগৰ নিৰ্ণয় সাধাৰণতে কৰা নহয়। অন্যান্য অংগজনিত লক্ষণসমূহ উইলছন ৰোগৰ ফলস্বৰূপে তাম (ক'পাৰ) সঞ্চিত হোৱাৰ সৈতে নিম্নোক্ত ৰোগসমূহ জড়িত: চকু: বলয় বলয়), চকুৰ কৰ্নিয়াত প্ৰত্যক্ষভাৱে বা পৰীক্ষণৰ দ্বাৰা দৃশ্যমান হোৱা এক লক্ষণ। কৰ্নিয়াৰ চৌকাশে সঞ্চিত তামৰ এক বলয় পৰিলক্ষিত হয়। -ত জমা হোৱা তামৰ ফলস্বৰূপে এই বলয় সৃষ্টি হয়। বলয়সমূহৰ ৰং -ত গাঢ় মুগা, সোনালী, ৰঙচুৱা-নীলা হ'ব পাৰে ১ ৰ পৰা ৩ মিলিমিটাৰলৈকে বহল হ'ব পাৰে। উইলছন ৰোগাক্ৰান্ত সকলো ব্যক্তিৰ ক্ষেত্ৰতে এই বলয় সৃষ্টি নহয়। চকুৰ সম্মুখ আৰু পশ্চাত লেন্স কেপচুলত হোৱা মুগা বা সেউজৰঙী সঞ্চয়ৰ জৰিয়তে পৰিলক্ষিত হোৱা -ও উইলছন ৰোগৰ সৈতে জড়িত। ইয়াৰ ফলত অৱশ্যে ৰোগীৰ দৃষ্টি বিশেষ হ্ৰাস নহয়। ৬৬% নিৰ্ণিত ৰোগীৰ ক্ষেত্ৰতেই বলয় থাকে (বিশেষকৈ যিসকল ৰোগীৰ যকৃতৰ ৰোগগত সমস্যাতকৈ স্নায়ৱিক ৰোগগত লক্ষণ দেখা যায়)। বৃক্ক: 2), -ৰ বাইকাৰ্ব'নেট পৰিচালনাৰ ক্ষেত্ৰত দেখা দিয়া এক বিসংগতিয়ে (বৃক্কত কেলছিয়াম জমা হোৱা), হাঁড়ৰ দূৰ্বলতা (কেলছিয়াম আৰু ফ'ছফেটৰ হ্ৰাসৰ ফলস্বৰূপে), আৰু মাজে সময়ে (প্ৰ'টিন সংশ্লেষণৰ বাবে অপৰিহাৰ্য এমিন' এছিডৰ হ্ৰাস)-ৰ জন্ম দিয়ে। হৃদযন্ত্ৰ: উইলছন ৰোগৰ ক্ষেত্ৰত (হৃদযন্ত্ৰৰ পেশীৰ দূৰ্বলতা) এক বিৰল কিন্তু চিনাক্তকৰণীয় সমস্যা। ইয়াৰ ফলত হাৰ্ট ফেইলাৰ (হ্ৰাসপ্ৰাপ্ত পাম্পৰ ক্ৰিয়াৰ বাবে তৰল জমা হোৱা) আৰু (অনিয়মিত আৰু/অথবা অস্বাভাৱিকভাৱে দ্ৰুত বা মন্থৰ হৃদস্পন্দনৰ পৰ্ব) হ'ব পাৰে। হৰম'ন: হাইপ'থায়ৰয়েডিজিম (পেৰাথাইৰয়ড গ্ৰন্থিৰ বিকলতা আৰু তাৰ ফলত দেহত হোৱা কেলছিয়ামৰ নিম্ন স্তৰ), বন্ধ্যাত্ব, আৰু পুনঃ পুনঃ গৰ্ভপাত।
33699
https://as.wikipedia.org/wiki/%E0%A6%A5%E0%A6%BE%E0%A6%87%E0%A7%B0%E0%A6%AF%E0%A6%BC%E0%A6%A1%20%E0%A7%B0%E0%A7%8B%E0%A6%97
থাইৰয়ড ৰোগ
থাইৰয়ড ৰোগ বুলিলে থাইৰয়ড গ্ৰন্থিসমূহৰ বিভিন্ন প্ৰকাৰৰ বিকাৰকে বুজোৱা হয়। ৰোগ মানুহৰ শৰীৰত সংঘটিত ৰাসায়নিক লাগতিয়াল ক্ৰিয়াসমূহক মেটাবলিজম বোলে। মেটাবলিজম হ'ল দুই প্ৰকাৰৰ ক্ৰীড়াৰ সমষ্টি। কেটাবলিজম অৰ্থাৎ শক্তি উৎপাদনৰ বাবে কোষৰ বিঘটন ঘটোৱা। এনাবলিজম কোষৰ বাবে লাগতিয়াল তত্ত্বসমূহ উৎপন্ন কৰা। এই মেটাবলিজমক নিয়ন্ত্ৰণ কৰে থাইৰয়ড হৰমোনে। থাইৰয়ড গ্ৰন্থিয়ে কেলচিটচিন নামৰ আৰু এবিধ হৰমোন উৎপাদন কৰাৰ উপৰিও প্ৰটিন সৃষ্টি কৰে। থাইৰয়ড নামৰ উৎপত্তি গ্ৰীক শব্দৰ পৰা হৈছে,যাৰ অৰ্থ হ'ল ঢাল আৰু থাইৰয়ড গ্ৰন্থিৰ আকৃতি দৰাচলতে এখন ঢালৰ দৰেই। মস্তিষ্কৰ পিটিউটেৰি গ্ৰন্থিৰ পৰা ওলোৱা থাইৰয়ড ষ্টিমুলেটিং হৰমোনে (টি এচ এইচ) থাইৰয়ডৰ হৰমোনৰ উৎপাদনক নিয়ন্ত্ৰণ কৰে। আকৌ হাইপোথেলামাচৰ পৰা নিৰ্গত হোৱা থাইৰোট্ৰপিন ৰিলিজিং হৰমোনে (টি আৰ এইচ) পিটিউটেৰিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে। থাইৰয়ডৰ পৰা নিৰ্গত হোৱা থাইৰয়ড হৰমোন দুবিধৰ নাম হ'ল- ট্ৰাইআয়োডোথাইৰোনিন (টি-৩) আৰু টেট্ৰাআয়োডোথাইৰোনিন (টি-৪ বা থাইৰস্কিন)। আয়োডিন আৰু টাইৰোচিন নামৰ এমাইনো এচিডৰ দ্বাৰা টি-৩ আৰু টি-৪ সৃষ্টি হয়। ইয়াৰে টি-৩ হ'ল সক্ৰিয় ৰূপ, আৰু টি-৪ৰে টি-৩লৈ ৰূপান্তৰিত হৈহে ক্ৰিয়া কৰে। থাইৰয়ড হৰমোন কমি গলে পিটিউটেৰীৰ পৰা থাইৰয়ড ষ্টিমুলেটিং হৰমোন (টি এচ এইচ) বেচিকৈ উৎপন্ন হয় আৰু ইয়াৰ বিপৰীতে থাইৰয়ড হৰমোন বাঢ়ি গলে থাইৰয়ড ষ্টিমুলেটিং হৰমোন (টি এচ এইচ) কমকৈ উৎপন্ন হয়। গতিকে থাইৰয়ডৰ ৰোগ চিনাক্ত কৰিবলৈ তেজত টি এচ এইচৰ পৰিমাণ পৰীক্ষা কৰাটো অপৰিহাৰ্য্য। হায়পোথাইৰয়ডিজম ৰোগৰ কাৰণ শৰীৰত থাইৰয়ড হৰমোনৰ কম উৎপাদন হলে আৰু টি এচ এইচ বেচি হলে হায়পোথাইৰয়ডিজম ৰোগৰ লক্ষণে দেখা দিয়ে। সাধাৰণতে তলৰ কাৰণসমূহৰ বাবে হাইপোথাইৰয়ডিজম হয়:- থাইৰয়ডৰ জন্মগত বিকৃতি অট' ইমিউন বিজুতি যেনে হাচিমট'চ থাইৰয়ডাইটিচ, প'ষ্টপাৰ্টাম থাইৰয়ডাইটিচ থাইৰয়ডৰ কেঞ্চাৰ বা আন অসুখত অপাৰেচন কৰি থাইৰয়ডৰ অংশ কাটিলে বিভিন্ন ঔষধ মানসিক ৰোগৰ বাবে ব্যৱহৃত লিথিয়াম, হৃদৰোগত ব্যৱহৃত এমিঅ'ডাৰন, হায়পাৰথাইৰয়ডিজমৰ বাবে ব্যৱহৃত মেথিমাজল আৰু প্ৰপাইলথায়োইউৰাচিল, হাঁপানি-ব্ৰংকাইটিচ আৰু থাইৰয়ডৰ বিভিন্ন চিকিৎসাত ব্যৱহৃত পটেচিয়াম আয়োডায়েড মস্তিষ্ক,ডিঙি আৰু থাইৰয়ডৰ কেঞ্চাৰত ৰেডিঅ'থিৰাপি ললে খাদ্যত আয়ডিনৰ অতিমাত্ৰা অভাৱ হলে (উদাহৰণ -হিমালয়ৰ পাদদেশ, জাইৰে, দক্ষিণ আমেৰিকাৰ চাইল, এণ্ডিচ আদি অঞ্চল) শ্বিহান চিণ্ড্ৰমত গৰ্ভৱতী মহিলাৰ ৰক্তস্ৰাৱ হয় আৰু পিটুইটেৰিৰ বিজুতি ঘটে পিটুইটেৰিৰ টিউমাৰ কাচিৎ হাইপোথেলামাচৰ বিজুতি হলে অতিমাত্ৰা ষ্ট্ৰেচ চিহ্ন আৰু লক্ষণ হাইপোথাইৰয়ডিজমৰ লক্ষণসমূহ হ'ল শীত সহ্য কৰিব নোৱৰা শৌচ কচা হোৱা অলপতে ভাগৰুৱা হোৱা,শাৰীৰিক দুৰ্বলতা ওজন বঢ়া ঘাম কমকৈ ওলোৱা হৃদগতি কমি যোৱা হাঁডৰ আৰু মাংসপেশিৰ বিষ হোৱা, ডিপ্ৰেচন,মানসিক অৱসাদগ্ৰস্ততা, অমনোযোগিতা, স্মৃতিহ্ৰাস শেঁতা শুকান ডাঠ ছাল, ভংগুৰ নখ আৰু চুলি, পাতল চেলাৱৰি(হাৰ্টোঘি চাইন) ভৰি ফুলা অনিয়মীয়া মাহেকীয়া বা অতিস্ৰাব বেচি টোপনি অহা কোনো কাৰণ নোহোৱাকৈ হঠাতে গাতো বেয়া লগা মাত ভঙা পুৰুষৰ যৌনশক্তি কমি যোৱা, গায়ন'কোমেষ্টিয়া যি কোনো কামৰ গতি লেহেমীয়া হোৱা খোৱাৰ ৰুচি আৰু ঘ্ৰাণ শক্তি হ্ৰাস পোৱা তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পোৱা লো ভল্টেজ ইচিজি তেজৰ চুগাৰৰ পৰিমাণ কমি যোৱা শ্ৰবণশক্তি কমি যোৱা জিভাখন ডাঠ শকত হোৱা ইত্যাদি। হায়পাৰথাইৰয়ডিজম (থাইৰোট'স্কিকোচিচ) ৰোগৰ কাৰণ থাইৰয়ড হৰমোন বেচি হোৱা অৱস্থাৰ কাৰণসমূহ হ'ল অটোইমিউন গ্ৰেভচ ডিজিজ টস্কিক এডিনমা টস্কিক মাল্টি-নডিউলাৰ গয়টাৰ বা বিষাক্ত গৰল থাইৰয়ডাইটিচ -হাচিমটচ,পষ্টপাৰ্টাম আৰু চাব-একিউট বেচিকৈ থাইৰয়ড হৰমোন সেৱন কৰা হৃদৰোগত ব্যৱহৃত দৰব যেনে এমিডাৰন চিহ্ন আৰু লক্ষণ হায়পাৰথাইৰয়ডিজমৰ লক্ষণসমূহ ভোক বেচি কিন্তু ওজন হ্ৰাস হোৱা অস্থিৰতা গৰম সহ্য কৰিব নোৱৰা কঁপনি বুকুৰ ধপধপনি চুলি সৰা ভাগৰ,দুৰ্বলতা গাৰ বিষ প্ৰসাৱ বেচি হোৱা আৰু পিয়াহ বেচি লগা অনিয়মীয়া মাহেকীয়া পুৰুষৰ স্তন ডাঙৰ হোৱা (গায়ন'কমেষ্টিয়া) তেজৰ চুগাৰ আৰু কলেষ্টৰলৰ পৰিমাণ কমি যোৱা চকু দুটা টেলেকাহৈ বাহিৰলৈ ওলাই অহা ইত্যাদি চিকিৎসা মেডিকেল চিকিৎসা ৰোগ চিনাক্ত হলে চিকিৎসাৰ বাবে এণ্টিথাইৰয়ড দৰব (যেনে কাৰবিমাজল, মেথিমাজল, প্ৰপাইলথায়োইউৰাচিল) লগত বিটা ব্লকাৰ ঔষধেৰে ৰোগীক চিকিৎসা কৰা হয়। ৰোগ চিনাক্ত হোৱাৰ পিছত থাইৰয়ড হৰমোনৰ পিল (যেনে থাইৰোনৰ্ম,এলট্ৰস্কিন) চিকিৎসকে নিৰ্ধাৰিত কৰি দিয়া পৰিমাণত নিয়মীয়াকৈ খাই থাকিব লাগিব। থাইৰয়ড হৰমোনৰ ঔষধ পুৱা খালি পেটত খোৱা ভাল। অন্য ঔষধ কমেও এঘণ্টাৰ পিছতহে খাব। চিকিৎসকে সাধাৰণতে নিম্নতম পৰিমাণৰ থাইৰয়ড হৰমোন ব্যৱহাৰ কৰাটো বিচাৰে,কিন্তু তাৰ ড'জ নিৰ্ধাৰণ কৰিবলৈ পোনতে ২। ৩মাহৰ মূৰে মূৰে তেজৰ হৰমোনৰ পৰিমাণ পৰীক্ষা কৰিবলগীয়া হয়। পিছলৈ বেচি সময়ৰ ব্যৱধানত পৰীক্ষা কৰিলেও চলিব। কিন্তু আপুনি আপোনাৰ চিকিৎসকৰ নজৰত পৰাপক্ষত সকলো সময়তে থাকিব। কিছুমান ঔষধে (যেনে এণ্টাচিড,কলচিয়ম,আইৰন) থাইৰয়ড হৰমোন পিলৰ ক্ৰিয়াত ব্যাঘাট জন্মায় -গতিকে চিকিৎসকৰ অজ্ঞাতে একো দৰব নাখাব। হাইপোথাইৰয়ডিজমৰ চিকিৎসা কৰি থাকোঁতে বুকুৰ ধপধপনি হলে,বৰ্দ্ধিত ওজন অতিদ্ৰুতভাবে হ্ৰাস হলে,বেচিকৈ ঘামিলে,কঁপনি বা অস্থিৰতা অনুভৱ কৰিলে লগে লগে চিকিৎসকক জনাওক আপুনি জোখতকৈ বেচিকৈ দৰব সেৱন কৰাৰ ফলত এনে হৈছে। হাইপোথাইৰয়ডিজমৰ চিকিৎসা নকৰিলে তেজত কলেষ্টৰল আৰু এল ডি এল নামৰ অপকাৰী চৰ্বি বাঢ়ি গৈ থাকিলে হৃদৰোগ উৎপন্ন হব। গৰ্ভৱতী মহিলাৰ বিকলাংগ শিশু জন্ম হব। ৰোগ একেবাৰে গৰুতৰ হলে মিস্কিডিমা ক'মা হৈ প্ৰাণৰ সংশয় হব। ভয় নাখাব বিশ্বৰ তিনিৰ পৰা পাঁচ শতাংশ লোক হাইপোথাইৰয়ডিজমত ভুগি আছে। ৰোগৰ সঠিক চিকিৎসাত সহজতেই সুফল লাভ কৰিব পাৰি। কিছুমান ৰোগী আকৌ লক্ষণবিহীনো থাকিব পাৰে। কিবা কাৰণত যেনে কোনো অস্ত্ৰোপচাৰৰ বাবে ফিটনেচ চাওঁতে হাইপোথাইৰয়ডিজম ধৰা পৰে। অস্ত্ৰোপচাৰ কিছুমানৰ অপাৰেচন কৰি থায়ৰয়ডৰ অংশ কাটি পেলোৱা হয়। ৰেডিঅ'-আয়ডিন চিকিত্সা আকৌ কিছুমানক ৰেডিঅ'আয়ডিনেৰে চিকিৎসা দিয়া হয়। তথ্য সংগ্ৰহ টোপনি বেচি হোবাৰ ফলত 16 বছৰ বয়সৰ কাৰণে ঔষধ। অধিক জানিবলৈ পঢ়ক 28, 2010. 978-1-4419-1484-2 বাহ্যিক সংযোগ
32731
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BF%E0%A6%89%20%E0%A6%AE%E0%A7%81%E0%A6%A8%20%28%E0%A6%89%E0%A6%AA%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B8%29
নিউ মুন (উপন্যাস)
নিউ মুন ষ্টিফেনি মেয়াৰ ৰচিত টোৱাইলাইট শৃংখলাৰ দ্বিতীয়খনি কাল্পনিক ৰোমাণ্টিক উপন্যাস। উপন্যাসখনত ইজাবেলা স্বান আৰু ভেম্পায়াৰ এডৱাৰ্ড কালেনৰ প্ৰেমকাহিনীয়ে এক নতুন মোৰ লাভ কৰে। এডৱাৰ্ডৰ ভায়েকে বেলাক আক্ৰমণ কৰাত বেলাৰ সুৰক্ষাৰ বাবে সি তাইক এৰি গুচি যায় আৰু হতাশাগ্ৰস্ত,ভগ্নহৃদয় বেলাক জেকব ব্লেকে এক শ্ৰেষ্ঠ বন্ধুৰ ৰূপত সেই যন্ত্ৰণাৰ পৰা কিছু সকাহ দিয়ে। কিন্তু বেলাৰ জীৱনে আকৌ নতুন পথ লয় যেতিয়া জেকবৰ এক অবিশ্বাসনীয় চৰিত্ৰ পোহৰলৈ আহে আৰু এডৱাৰ্ডৰ ভনীয়েক এলিছে আহি বেলাক সাক্ষাৎ কৰে। মেয়াৰৰ মতে এইখন হ'ল সঁচা প্ৰেম হেৰুওঁৱাৰ বিষয়ে এখন কিতাপ। কিতাপখনৰ নামটোৱে চন্দ্ৰচক্ৰৰ আটাইতকৈ আন্ধাৰ সময়খিনিক বুজায়,অৰ্থাৎ নিউ মুনত বেলা স্বানৰ জীৱনৰ আটাইতকৈ দুঃখজনক আৰু অন্ধকাৰ সময়খিনিৰ কথা বৰ্ণনা কৰা হৈছে। মেয়াৰে এই উপন্যাসখন টোৱাইলাইট প্ৰকাশ হোৱাৰ আগতে লিখি উলিয়াইছিল। কিতাপখন লিখাটো তেওঁৰ বাবে কঠিন আছিল কিয়নো তেওঁ পঢ়ুৱৈৰ সঁহাৰিৰ বিষয়ে অৱগত নাছিল আৰু বেলাৰ যন্ত্ৰণাৰ বিষয়ে বৰ্ণনা কৰোঁতে প্ৰায়ে কান্দি পেলাইছিল। ৬ ছেপ্টেম্বৰ,২০০৬ ত নিউ মুনৰ প্ৰথম পকাবন্ধা ১০,০০০খন কিতাপ প্ৰকাশ হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত নিউ মুনে প্ৰকাশ পোৱাৰ লগে লগে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰে আৰু বেষ্টচেলাৰ তালিকা সমূহত শীৰ্ষস্থান দখল কৰি বছৰটোৰ এখন সফল গ্ৰন্থ হিচাপে পৰিগণিত হয়। ই নিউ য়ৰ্ক টাইমছ বেষ্টচেলাৰ তালিকা আৰু য়ুএছএ টুডেৰ শীৰ্ষ ১৫০খন বেষ্টচেলাৰৰ তালিকাত প্ৰথমস্থান দখল কৰে আৰু ৫ মিলিয়নতকৈও বেছি বিক্ৰীৰে সৰ্বাধিক বিক্ৰী হোৱা কেঁচাবন্ধা শিশুগ্ৰন্থ হিচাপে পৰিগণিত হয়। তদুপৰি নিউ মুনে ২০০৯ চনত সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ স্থান দখল কৰে আৰু ই প্ৰায় ৩৮টা ভাষালৈ অনূদিত হৈছে। ২০ নৱেম্বৰ,২০০৯ত ইয়াৰ চলচ্চিত্ৰ সংস্কৰণে মুক্তি লাভ কৰে। নিউ মুনে ঘাইকৈ ভাল মতামতেই লাভ কৰে। সমালোচকসকলৰ মতে "প্ৰায় ৰূপকথাৰ লেখিয়া" টোৱাইলাইটতকৈ নিউ মুনৰ লিখনি পৈণত আৰু ৰহস্যঘন। মেয়াৰৰ লিখনিয়ে ভূঁয়সী প্ৰশংসা পায় আৰু বেলাৰ চাৰিত্ৰিক বিকাশ তথা প্ৰেম আৰু বিৰহৰ বৰ্ণনাই ইয়াক জনপ্ৰিয় কৰি তোলে। অৱশ্যে কিছুসংখ্যকৰ মতে কিতাপখনৰ মাজ অংশই ইয়াক লেহেমীয়া কৰি পেলাইছে। কাহিনীৰ সাৰাংশ ইজাবেলা স্বানৰ ১৮তম জন্মদিনত তাইৰ ভেম্পায়াৰ প্ৰেমিক এডৱাৰ্ড আৰু তাৰ পৰিয়ালে এক ভোজমেলৰ আয়োজন কৰে। অসাবধানতাবশতঃ এটা উপহাৰ খুলি থাকোঁতে তাইৰ হাতত অলপ কটা যায় আৰু তাৰ পৰা ওলোৱা তেজৰ গোন্ধত এডৱাৰ্ডৰ তোলনীয়া ভায়েক জেস্পাৰ সংযমহীন হৈ পৰে আৰু বেলাক হত্যা কৰাৰ চেষ্টা কৰে। বেলাৰ সুৰক্ষাৰ বাবে কালেন পৰিয়ালটোৱে ফোৰ্কছ এৰি দূৰলৈ গুচি যায় আৰু বেলাই যাতে নিজৰ জীৱনত আগবাঢ়ি যায় তাৰ বাবে যাবৰ পৰত এডৱাৰ্ডে বেলাক কয় যে সি এতিয়া তাইক ভাল নাপায়। এয়া শুনি বেলা মৰ্মাহত আৰু হতাশাগ্ৰস্ত হৈ পৰে। তাৰ পিছৰ কেইমাহত বেলাই আৱিষ্কাৰ কৰিলে যে মটৰ চাইকেল চলোৱা,থিয় গৰাৰ পৰা জঁপিওৱা আদি বিপদজনক কাম কৰিলে তাই মনতে এডৱাৰ্ডৰ কণ্ঠস্বৰ শুনিবলৈ পায়। হাঁহিমুখীয়া জেকব ব্লেকৰ লগত লাহে লাহে গঢ়ি উঠা গাঢ় বন্ধুত্বৰ মাজতে তাই এডৱাৰ্ডক হেৰুঁওৱাৰ বেদনা পাহৰিবলৈ যত্নপৰ হয়। পিছে বেলাই আৱিষ্কাৰ কৰে যে জেকব আৰু তাৰ জনগোষ্ঠীৰ কিছুমান সদস্য দৰাচলতে কুকুৰনেছীয়া মানুহহে। জেকব আৰু সিহঁতৰ দলটোৱে বেলাক দুই দুষ্ট ভেম্পায়াৰ ল'ৰেণ্ট আৰু ভিক্টোৰিয়াৰ পৰা ৰক্ষা কৰে কাৰণ ভিক্টোৰিয়াৰ প্ৰেমিক জেমছ ক কালেন সকলে টোৱাইলাইটত বধ কৰিছিল আৰু তাই বেলাক হত্যা কৰি ইয়াৰ প্ৰতিশোধ ল'ব বিচাৰিছিল। সমসাময়িকভাৱে এক ভুল বুজাবুজিৰ পৰিণতিত এডৱাৰ্ডে ভাবি লয় যে বেলাই আত্মহত্যা কৰিছে। সেয়েহে সি ইটালীৰ ভোল্টেৰালৈ গৈ তাত থকা ভেম্পায়াৰ শাসকবৰ্গ ভল্ট্চুৰি পৰিয়ালক তাৰ প্ৰাণ ল'বলৈ উচটাবলৈ যায়। এলিছ আৰু বেলাই ইটালীত উপস্থিত হয় আৰু কোনোমতে এডৱাৰ্ডক ৰক্ষা কৰে। ইটালী এৰাৰ আগতে ভল্ট্চুৰিয়ে এডৱাৰ্ডক সকীয়াই দিয়ে যে যিহেতু বেলাই ভেম্পায়াৰসকলৰ অস্তিত্বৰ কথা গম পাইছে গতিকে তাইক হয় হত্যা কৰিব লাগিব নহয় তাইক ভেম্পায়াৰলৈ সলনি কৰিব লাগিব। ফোৰ্কছলৈ ঘূৰি আহি এডৱাৰ্ডে বেলাক কয় যে সি সদায় বেলাক ভাল পাই থাকিব আৰু তাইৰ সুৰক্ষাৰ অৰ্থে হে মিছাকৈয়ে ভাল নাপায় বুলি কৈছিল। তাই এডৱাৰ্ডক ক্ষমা কৰে আৰু এডৱাৰ্ডক অসন্তুষ্ট কৰি কালেন পৰিয়ালে বেলাক ভেম্পায়াৰলৈ সলনি কৰাৰ সপক্ষে মত দিয়ে কাৰণ সি ভাবে যে ভেম্পায়াৰ হোৱাটো এক অভিশাপ। ইপিনে জেকবে এডৱাৰ্ডক সোঁৱৰাই দিয়ে যে যদি কালেনসকলে বেলাক কামোৰে তেন্তে কুকুৰনেছীয়া মানুহ আৰু কালেনসকলৰ বহুবছৰ পুৰণি শান্তিৰ সন্ধিৰ নিয়ম ভংগ হ'ব। বিকাশ টোৱাইলাইট লিখি উঠাৰ পিছত মেয়াৰে দেখিলে যে তেওঁ বহুকেইটা উপসংহাৰ লিখি পেলালে আৰু ক'লে "মই সোনকালে বুজি পালোঁ যে বেলা আৰু এডৱাৰ্ডৰ প্ৰেমকাহিনী ইমানতে শেষ কৰিবলৈ মই সাজু নাছিলোঁ"। তেওঁ ফৰেভাৰ ডন নামৰ ছিকুৱেল এখন লিখিবলৈ ধৰিলে য'ত বেলাৰ হাইস্কুলৰ অন্তিম বছৰটিৰ বৰ্ণনা আছিল। সেই সময়তে তেওঁ গম পালে যে টোৱাইলাইটে চেমনীয়া উপন্যাস হিচাপে বজাৰত মুক্তি লাভ কৰিব। আৰু সেয়েহে একেই পাঠকলৈ লক্ষ্য কৰি তেওঁ এক নতুন ছিকুৱেল নিউ মুন লিখিবলৈ ল'লে। মেয়াৰে উপন্যাসখনৰ কাহিনী তথা চৰিত্ৰসমূহে কি কৰিব সেয়া ভাবিবলৈ ল'লে। প্ৰথমতে তেওঁ বেলাক এডৱাৰ্ডে এৰি যোৱা ধাৰণাটো ভাল পোৱা নাছিল যদিও শেষত তাক গ্ৰহণ কৰে। ৫ মাহত তেওঁ নিউ মুন লিখি শেষ কৰে। এইবাৰ তেওঁ প্ৰথমৰপৰাই জানিছিল যে ই প্ৰকাশ পাব আৰু লিখি থাকোঁতে "মঞ্চত উঠাৰ দৰে এক ভয়ানক অনুভৱ" হৈছিল। হ'লেও মেয়াৰে জেকব চৰিত্ৰটি কিতাপখনে তেওঁক দিয়া আটাইতকৈ প্ৰিয় উপহাৰ বুলি গণ্য কৰি কয় যে এই চৰিত্ৰটি তেওঁৰ খুব প্ৰিয় আৰু তেওঁ তাৰ উপস্থিতি আৰু চৰিত্ৰৰ পৰিসৰ বঢ়াব খোজে। কিতাপখনৰ শেষৰপিনে থকা ক্লক টাৱাৰত ভল্ট্চুৰিৰ সৈতে মুখামুখি হোৱা দৃশ্যটো মেয়াৰে প্ৰথমতে লিখিছিল। ফোৰ্কছৰ নিছিনাকৈ তেওঁ ভল্ট্চুৰিৰ বসতি হিচাপে কোনো আচল চহৰখনৰ নাম উল্লেখ কৰিব বিচৰা নাছিল। চহৰখনৰ নাম তেওঁ "ভল্ট্চুৰিন" দিব খুজিছিল। কিন্তু ইটালীৰ মানচিত্ৰত ভল্টেৰা নামৰ চহৰখন দেখি ইয়াকেই তেওঁৰ কল্পনাৰ চহৰ হিচাপে ৰূপ দিয়ে। নিউ মুনৰ প্ৰথম খচৰাটি প্ৰকৃত উপন্যাসখনতকৈ যথেষ্ট বেলেগ। তাত বেলাই কেতিয়াও বিচাৰি পোৱা নাছিল যে জেকব এটা কুকুৰনেছীয়া মানুহ গতিকে তাত প্ৰায় ৭০টা পৃষ্ঠা কম আছিল। লগতে উপসংহাৰটিও বেলেগ আছিল। বেলাৰ যন্ত্ৰণা বৰ্ণনা কৰাটো মেয়াৰৰ বাবে বৰ কঠিন আছিল আৰু তেওঁ প্ৰায় কান্দি উঠিছিল। তেওঁ কয় যে তেওঁ কেতিয়াও বেলাৰ দৰে হিয়াভগা যন্ত্ৰণাৰ সন্মুখীন হোৱা নাই গতিকে নিজা অভিজ্ঞতাৰ পৰা এইখিনি কথা তেওঁ লিখিব নোৱাৰে, সেয়েহে তেওঁ নিজৰ সন্তান এটি হেৰুওৱাৰ কথা ভাবি সেইখিনি লিখিছিল কাৰণ তেওঁৰ চৰিত্ৰই তেনেকুৱা, "সুখ আৰু দুখৰ প্ৰতি সমানেই উন্মুখ"। মেয়াৰৰ মতে এই কাহিনীটো শ্বেইকছপীয়েৰৰ ৰোমিও এণ্ড জুলিয়েট নাটৰ পৰা অনুপ্ৰাণিত। বেটুপাত আৰু শীৰ্ষক বেটুপাত নিউ মুনৰ বেটুপাতৰ শৈলী গেইল ডুবিনিনৰ আৰু আলোকচিত্ৰ হৈছে জন গ্ৰাণ্টৰ। বিভিন্ন অনুষ্ঠানত মেয়াৰে কৈ আহিছে যে বেটুপাত নিৰ্বাচনত তেওঁৰ কোনো হাত নাই আৰু বেটুপাতটো তেওঁৰ পছন্দও হোৱা নাই। তেওঁৰ মতে এইটো "এটা ধুনীয়া শতছিন্ন টিউলিপ যাৰ একো অৰ্থই নাই"। প্ৰথমতে মেয়াৰে এটা ঘড়ীৰ ছবি দিবলৈ পৰামৰ্শ দিছিল কাৰণ উপন্যাস খনত 'সময়' এটি অতি গুৰুত্বপূৰ্ণ বিষয়। কিন্তু বেটুপাত নিৰ্বাচনৰ দায়িত্বত থকা দলটো এটা পাহি সৰিবলৈ লোৱা টিউলিপৰ ছবি নিৰ্বাচন কৰে যিয়ে বেলাই এটোপা তেজ হেৰুওৱা কথাটো বুজাইছে। শীৰ্ষক উপন্যাসখন লিখা হোৱাৰ পিছত মেয়াৰে টোৱাইলাইটৰ লগত মিলাকৈ দিনটোৰ কোনোবা এটা সময়ৰ নামেৰে ইয়াৰ নাম দিব খুজিলে। আৰু টোৱাইলাইটৰ ছিকুৱেল হিচাপে বেলাৰ জীৱনৰ দুখঃদ সময়ছোৱা বুজাবলৈ ইয়াৰ নাম দিলে নিউ মুন,"অৰ্থাং আটাইতকৈ অন্ধকাৰ ৰাতিটো, যেতিয়া আকাশত চন্দ্ৰ নাথাকে"। প্ৰকাশ আৰু সঁহাৰি বিক্ৰী ৬ ছেপ্টেম্বৰ,২০০৬ ত লিটল,ব্ৰাউনে আমেৰিকা যুক্তৰাষ্ট্ৰত নিউ মুনৰ প্ৰথম ১০০,০০০খন কিতাপ প্ৰকাশ কৰে। কিতাপখনৰ চাহিদা ইমানেই বেছি আছিল যে ইবেই ত ইয়াৰ আগতীয়াকৈ পঢ়িবপৰা সংস্কৰণ প্ৰায ৩৮০ ডলাৰত বিক্ৰী হৈছিল। প্ৰকাশৰ দ্বিতীয় সপ্তাহত ই জনপ্ৰিয় শিশু লেখক ক্ৰিষ্টোফাৰ পাওলিনি, মাৰ্কাছ যুকাছ আদিক স্থানচ্যুত কৰি, শিশু গ্ৰন্থৰ "নিউ য়ৰ্ক টাইমছ বেষ্ট চেলাৰ তালিকা"ত শীৰ্ষস্থান দখল কৰে আৰু প্ৰায় এঘাৰ সপ্তাহ সেই স্থান অক্ষুণ্ণ ৰাখে। সেই তালিকাত ই প্ৰায় ৪৭ সপ্তাহজুৰি থাকে। প্ৰকাশৰ দুসপ্তাহৰ পিছত ই য়ুএছএ টুডেৰ বেষ্টচেলাৰ তালিকাত প্ৰৱেশ কৰে আৰু ১৫০ সপ্তাহজুৰি থাকে তথা পিছলৈ প্ৰথম স্থানো দখল কৰে। #29 2007 য়ুএছএ টুডেয়ে ইয়াক ২০০৭ চনত সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ তালিকাত ২৯তম স্থান দিয়ে। ২০০৮ চনৰ অক্টোবৰ মাহত ইয়াক "যোৱা ১৫ বছৰৰ বেষ্টচেলিং কিতাপৰ তালিকা" ত ৩৭তম স্থান দিয়ে। য়ুএছএ টুডেৰ মতে ২০০৮ চনত নিউ মুন আছিল দ্বিতীয় সৰ্বাধিক বিক্ৰী হোৱা কিতাপ য'ত প্ৰথম আছিল ইয়াৰেই প্ৰিকুৱেল টোৱাইলাইট আৰু ২০০৯ত ই হয় সৰ্বাধিক বিক্ৰী হোৱা কিতাপ আৰু তেনেকৈয়ে এই শৃংখলাটিৰ চাৰিখন কিতাপে প্ৰায় দুবছৰ এই শীৰ্ষস্থান দখল কৰে। সমালোচকৰ সঁহাৰি কিছুমান সমালোচকে ইয়াৰ মাজভাগ কিছু লেহেমীয়া বুলি ক'লেও নিউ মুনে ঘাইকৈ ভাল মতামতেই লাভ কৰে। স্কুল লাইব্ৰেৰী জাৰ্ণালৰ হিলাছ জে মাৰ্টিন কয় "টোৱাইলাইটতকৈ কম পোনপটীয়া যদিও সমানেই আকৰ্ষণীয় নিউ মুনে ইয়াৰ বাবে আতুৰ প্ৰথমখনৰ অনুৰাগীসকলক সীমাহীন আমোদ দিব আৰু তৃতীয়খন পঢ়িবৰ বাবে শ্বাসৰূদ্ধকাৰী অৱস্থাত এৰি যাব"। বুকলিষ্টৰ চিণ্ডি ডোব্ৰেজে কয় যে সাধাৰণ মানুহ হৈ থাকিবলৈ বেলাৰ অনিচ্ছাই "সেইবিলাক ছোৱালীকো আলোড়িত কৰিব যিয়ে অমৰ হ'ব নিবিচাৰে আৰু সেই ভেম্পায়াৰ সকলকো ভাল পাবলৈ বাধ্য কৰাব যিয়ে বেলাৰ ৰক্তক্ষৰণ জ্বৰৰঙা চকুৰে চাই ৰয়" আৰু "চেমনীয়া সকলে ইয়াক গোগ্ৰাসে গিলি আৰু অধিক পাবলৈ ভোকাতুৰ হৈ থাকিব"। টীনৰীডছ ডট কমৰ নোৰা পিয়েলে কৈছে যে মাজভাগৰ "কিছু অংশত কাহিনীটো লেহেমীয়া আৰু পাঠকে ভেম্পায়াৰজন উভতি অহাটো কামনা কৰে" যদিও তেওঁ বিশ্বাস কৰে যে "নিউ মুনে মেয়াৰৰ অনুৰাগীসকলক ইয়াৰ ছিকুৱেলৰ বাবে ৰূদ্ধশ্বাস কৰি পেলাব কাৰণ এতিয়া বেলাই বুজি পাইছে যে মানৱত্ব এৰি ভেম্পায়াৰ হোৱাৰ সিদ্ধান্ত কৰিলে তাই চিৰকালৰ বাবে কি কি হেৰুওৱাব লাগিব"। এবাউট ডট কমৰ আনা লিম্বাৰেও কৈছে "মাজৰ অংশটো কিছু মন্থৰ" আৰু কাহিনীটোৰ কিছু কিছু দিশ "অনুমেয়"। হ'লেও তেওঁ ইয়াক ৫টা তৰাৰ ভিতৰত ৩.৫ দি কয় যে কিতাপখনৰ "এক দুঃখজনক,বিষণ্ণ টান আছে যিয়ে চৰিত্ৰবোৰৰ চিন্তাধাৰা সাঙুৰি লয়। ২০০৯ চনত নিউ মুনে জ্যেষ্ঠ "য়ং ৰীডাৰ্ছ চইছ এৱাৰ্ড" লাভ কৰে। অভিযোজন ২০ নৱেম্বৰ,২০০৯ ত নিউ মুনৰ চলচ্চিত্ৰ সংস্কৰণে মুক্তি লাভ কৰে। ই মেয়াৰৰ প্ৰথম উপন্যাস টোৱাইলাইটৰ ভিত্তিত নিৰ্মিত চলচ্চিত্ৰ টোৱাইলাইটৰ ছিকুৱেল। এই ছবিখনত বেলা,এডৱাৰ্ড আৰু জেকব ব্লেকৰ চৰিত্ৰত ক্ৰিষ্টেন ষ্টিৱাৰ্ট,ৰবাৰ্ট পেটিনছন আৰু টেইলৰ ল'টনাৰে অভিনয় কৰে। ২০০৮ চনৰ শেষৰফালেই ক্ৰিজ ৱেইটজৰ নিৰ্দেশনাত আৰু মেলিজা ৰোজেনবাৰ্গৰ চিত্ৰনাট্যত এই ছিকুৱেল নিৰ্মিত হ'ব বুলি সেউজ সংকেত দিয়ে। চিনেমাখনৰ অধিকাংশ দৃশ্যগ্ৰহণেই ভেংকুভাৰ,ব্ৰিটিছ কলম্বিয়াত কৰা হৈছে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ শ্ৰেণী ইংৰাজী গ্ৰন্থ আমেৰিকান
97365
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A7%80%E0%A6%B2%E0%A7%8B%E0%A7%8E%E0%A6%AA%E0%A6%B2%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
নীলোৎপল বৰুৱা
নীলোৎপল বৰুৱা এজন গল্পকাৰ, উপন্যাসিক, নাট সমালোচক, গীতিকাৰ, কবি আৰু তথ্য চিত্ৰ নিৰ্মাতা। 'গান্ধী ফাগ্লা', 'শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা' হৈছে তেওঁ লিখা দুখন গ্ৰন্থ। 'শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা' শীৰ্ষক গ্ৰন্থখনৰ বাবে তেওঁ ২০২০ বৰ্ষত অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল। জন্ম আৰু শিক্ষা নীলোৎপল বৰুৱাৰ শোণিতপুৰ জিলাৰ ধলাইবিল অঞ্চলত ১৯৮২ চনৰ ২০ জানুৱাৰী তাৰিখে জন্ম হয়। পিতৃ অসম আন্দোলনৰ সংগ্ৰামী নেতা স্বৰ্গীয় বিৰিঞ্চি কুমাৰ বৰুৱা আৰু মাতৃ শ্ৰীমতী জিলি =":2">কলিতা, মিংকু (২০২৩). ''শকুন্তলাৰ সৌন্দৰ্যৰে সৌন্দৰ্যশালী এখন স্মৃতিগ্ৰন্থ 'টুপীয়া', নতুন স্বদেশ, ২৬ মে, ২০২৩, পৃষ্ঠাঃ নীলোৎপল বৰুৱাই ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভকৰে। সম্প্ৰতি তেওঁ এজন শিক্ষক হিচাপে কৰ্মৰত। সাহিত্যিক জীৱন নীলোৎপল বৰুৱাই সাহিত্যৰ জগতখনলৈ ভূমুকি মাৰিছিল ১৯৯৯ চনত প্ৰকাশিত 'বন্ধ্যা প্ৰহৰৰ কবিতা' শীৰ্ষক কবিতাৰ সংকলনখনৰ যোগেদি। এই কবিতা সংকলনখনৰ পাতনি লিখিছিল কবি সনন্ত তাঁতিয়ে। সমান্তৰালভাৱে তেওঁ সাদিন অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, অসমীয়া খবৰ আদি বিভিন্ন কাকত-আলোচনীত কবিতা আৰু নাটকৰ সমালোচনা নিয়মীয়াভাৱে লিখিবলৈ আৰম্ভ কৰে। সেই সময়চোৱাতে তেওঁ অসমৰ এখন মাহেকীয়া আলোচনী মায়াৰ প্ৰথম পৃষ্ঠাৰ কবিতাৰ শিতানটোৰ নিয়মীয়া কবি হিচাপে প্ৰায় দুবছৰ কবিতাৰ চৰ্চা কৰিছিল। ২০০৯ চনত নীলোৎপল বৰুৱাই 'অসমীয়া নাট্যচিন্তা' নামৰ এখন পষেকীয়া কাকতৰ সম্পাদনা কৰে। এই পষেকীয়া কাকতখন আছিল অসমৰ প্ৰথমখন নাটক আৰু লোক-সংস্কৃতি বিষয়ক পষেকীয়া বাতৰি কাকত। কাকতখনৰ মুখ্য সম্পাদক আছিল পংকজ জ্যোতি ভূঞা আৰু প্ৰকাশক আছিল ৰতন লহকৰ। ২০১৯ চনত নীলোৎপল বৰুৱাই 'শুক্ৰাচাৰ্য ৰাভা, যাত্ৰা আৰু মাত্ৰা' শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰে। গ্ৰন্থখনৰ প্ৰকাশক বাদুংদুপ্পা প্ৰকাশন। প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ জীৱনৰ ওপৰত ভিত্তি কৰি নীলোৎপল বৰুৱাই এই গ্ৰন্থখন ৰচনা কৰিছিল। এই গ্ৰন্থখনৰ বাবে তেওঁ ২০২১ চনত অসম সাহিত্য সভাৰ সন্মানীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাও লাভ কৰিছিল। ২০২১ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বিভাগৰ মুৰব্বী অধ্যাপক এইচ.এছ. শিৱপ্ৰকাশৰ পৌৰাহিত্যত এদল অনুবাদকে এই গ্ৰন্থখনক শীৰ্ষকেৰে ইংৰাজীলৈ অনুবাদ কৰে আৰু পশ্চিমবংগৰ য়ে এই গ্ৰন্থখন দেশজুৰি বিতৰণ কৰাৰ দায়িত্ব লৈছিল। ২০২২ চনত নীলোৎপল বৰুৱাই ব্ৰিটিছ কাউন্সিলৰ দ্বাৰা অসমৰ দহজন গল্পকাৰক লৈ আয়োজন কৰা কৰ্মশালাত অংশগ্ৰহণ কৰে। সেই কৰ্মশালাতে লেখকৰ 'জোতা' শীৰ্ষক গল্পটো ৰশ্মি বৰুৱাই ইংৰাজীলৈ নামেৰে অনুবাদ কৰে আৰু সেই অনুবাদটো লণ্ডনৰ পৰা প্ৰকাশিত শীৰ্ষক জাৰ্ণেলত প্ৰকাশৰ বাবে নিৰ্বাচিত কৰা হয়। ২০২২ বৰ্ষত নীলোৎপল বৰুৱাই তেওঁৰ প্ৰথম গল্প সংকলন 'গান্ধী ফাগ্লা'ৰ প্ৰকাশ কৰে। প্ৰকাশ পোৱাৰ পাছতেই সংকলনখনে পাঠক আৰু সমালোচকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। একাধিক বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি 'গান্ধী ফাগ্লা' গল্প সংকলনখন ২০২২ বৰ্ষৰ আটাইতকৈ সমাদৃত গল্প সংকলন হিচাপে পৰিগণিত হৈছিল। সাহিত্যকৰ্মৰ সমালোচনাত্মক মূল্যায়ন অসমৰ মহীৰূহ নাটকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ জীৱনৰ আধাৰত নীলোৎপল বৰুৱাই ৰচনা কৰা গ্ৰন্থ শুক্ৰাচাৰ্য ৰাভা, যাত্ৰা আৰু মাত্ৰা গ্ৰন্থখন জাতীয় সাহিত্যলৈ লেখকৰ এক উল্লেখযোগ্য অৱদান। অৱশ্যে এইখন গ্ৰন্থক শুক্ৰাচাৰ্য ৰাভাৰ গতানুগতিক জীৱনী বুলি কোৱাতকৈ তেওঁৰ চিন্তাৰ নিৰ্মিতিৰ খতিয়ান বুলিহে কোৱাটো উচিত হ'ব। লেখক নীলোৎপল বৰুৱাই নিজেই উল্লেখ কৰিছে, "গ্ৰন্থখন শুক্ৰাচাৰ্য ৰাভাৰ জীৱনী গ্ৰন্থ নহয়। ইয়াত তেখেতৰ চিন্তাপ্ৰক্ৰিয়াটোকহে লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে।" ড° হীৰেন গোহাঁইয়ে গ্ৰন্থখনৰ আলোচনা কৰি উল্লেখ কৰিছে, "কিতাপখন পঢ়ি আশ্বস্ত হ'লোঁ নব্যউদাৰ অৰ্থনীতিৰ মৰুময় বতাহে সকলো নবীন সৃজনীপ্ৰতিভাকে দহি মাৰিব পৰা নাই।" লুকীমণি বৰুৱা ভূঞাই গ্ৰন্থখনৰ আলোচনা কৰি উল্লেখ কৰিছে এইদৰে, "শুক্ৰাচাৰ্য ৰাভাঃ যাত্ৰা আৰু মাত্ৰা গ্ৰন্থখন ৰচনা কৰা হৈছে প্ৰথম পুৰুষত। লেখকে জনোৱা মতে, প্ৰথম অৱস্থাত অৰ্থাৎ গ্ৰন্থখন পৰিকল্পনাৰ সময়ত শুক্ৰাচাৰ্য ৰাভাৰ লগত কৰা আলোচনামৰ্মে তৃতীয় পুৰুষত ৰচনা কৰাৰ কথা আছিল। কিন্তু তেওঁৰ আকস্মিক মৃত্যুৰ পাছত বৰ্ণনাশৈলী সলনি কৰি কথনটো প্ৰথম পুৰুষলৈ অনা হ'ল। এয়া লেখকৰ সবল পদক্ষেপ বুলি ক'ব পাৰি।" এই গ্ৰন্থখনৰ ভাষা উপন্যাস শৈলীৰ আৰু গ্ৰন্থখনৰ মূল উদ্দেশ্য হৈছে শুক্ৰাচাৰ্য ৰাভাৰ থিয়েটাৰী দৰ্শনক সকলোৰে মাজলৈ লৈ যোৱা। অতুল মজুমদাৰে মন্তব্য কৰিছে, "আৱাহন, আয়োজন, আৰোহণ নামৰ তিনিটা ঘাই অধ্যায়ত বিভক্ত গ্ৰন্থখনত শুক্ৰাচাৰ্যৰ জীৱন পৰিক্ৰমা (নাট্য) উপন্যাস লেখন পদ্ধতিৰে আগবঢ়াই নিয়া হৈছে যদিও লেখকে নাট্য গুণাকৰগৰাকীৰ থিয়েটাৰী জীৱন-দৰ্শনৰ উত্তৰণ প্ৰাথমিক স্তৰৰপৰা পৰিকল্পিতভাৱে আগবঢ়াই নিছে।" ক'ভিদ মহামাৰীৰ সময়চোৱাৰ পৰাই নীলোৎপল বৰুৱাই গল্প লিখিবলৈ আৰম্ভ কৰিছিল। সেই গল্পসমূহক পাঠকে আদৰি লোৱাৰ পাছত নীলোৎপল বৰুৱাই অন্যযুগ আলোচনীৰ বাবে প্ৰায় নিয়মীয়াকৈ গল্প লিখিবলৈ আৰম্ভ কৰে। তেওঁ গল্পসমূহত যথেষ্ট নতুন সম্পৰীক্ষা কৰে আৰু এই নতুন সম্পৰীক্ষাসমূহে তেওঁৰ গল্পক জনপ্ৰিয় কৰি তোলে। এইসম্পৰ্কে নিকু দুৱৰাই উল্লেখ কৰিছে, "ভাষাৰ ভাঙোন যিদৰে হৈছে, ঠিক একেদৰে কিন্তু সংগতিহীনতা ?)ৰ আওঁতালৈও অহা নাই। এইক্ষেত্ৰত গল্পটোৰ প্ৰতিটো শাৰীতেই এক সুবিন্যস্ত গাঁথনি আৰু যোগসূত্ৰ দেখা যায়।" নীলোৎপল বৰুৱাৰ গল্পৰ শৈলীটোৰ সম্পৰ্কে পৰী হিলৈদাৰীয়ে অতি তাৎপৰ্যপূৰ্ণ মন্তব্য দাঙি ধৰিছে এইদৰে, "চুটি চুটি বাক্যগাঁথনি, বাক্যবোৰৰ মাজত থকা দীঘলীয়া ব্যৱধান, এটা প্ৰসংগৰ দৃশ্যধৰ্মী বৰ্ণনাৰ পৰা তাৰ পাছৰ বৰ্ণনাই মানি চলা স্থানগত দূৰত্বই নীলোৎপল বৰুৱাৰ গল্পবোৰক দিয়া গাঁথনিকেন্দ্ৰিক বিশেষত্ব কেৱল কৌশলগত নহয়, কিয়নো উক্ত ব্যৱধান আৰু দূৰত্ববোৰে আমাৰ মন-মগজুকো খুব সতৰ্কতাৰে বৰ্ণনাৰ সাঁকোডালত আগবাঢ়ি যাবলৈ সকীয়াই দিয়ে। সেই ব্যৱধানবোৰত আমি গল্পটোৰ অধিপাঠৰ সৈতে মুখামুখি হোৱাৰ সুবিধা লাভ কৰোঁ।" নীলোৎপল বৰুৱাৰ গল্প আৰু সংকলন গান্ধী ফাগ্লাৰ সম্পৰ্কে ড° গীতাশ্ৰী তামোলীৰ মতামতো উল্লেখযোগ্যঃ "নীলোৎপল বৰুৱাৰ কাহিনীৰ প্ৰবেশ-প্ৰস্থানৰ ৰূপৰেখা এনে সুস্পষ্ট নহয়। তলাতল ঘৰৰ দৰে বাট, দুৱাৰৰ পাছত দুৱাৰ, মেলা দুৱাৰ আৰু জাপ দুৱাৰো।" কল্পজ্যোতি ৰায়ে গান্ধী ফাগ্লাৰ সম্পৰ্কে সাতসৰী (আলোচনী)ত মন্তব্য কৰিছে এইদৰে, "কেবাটাও কাৰণত প্ৰথম সংকলনটোৰ যোগেদিয়েই গল্পকাৰ বৰুৱা এই সময়ৰ এগৰাকী অতি সম্ভাৱনাময় গল্পকাৰ হিচাপে চিহ্নিত হ'বৰ যোগ্য। এক, বিস্তৃত অধ্যয়নৰ মাজেদি গল্পৰ মাজত ফুটি উঠা বিষয়বস্তুৰ বিশাল ব্যাপ্তি। তাৰ ভিতৰত প্ৰথমতেই আহি পৰে ৰাজনীতি-সমাজনীতিৰ কেতবোৰ প্ৰসংগৰ সাহিত্যিক উপস্থাপন। সমান্তৰালভাৱে অৰ্থনীতি, ধৰ্ম, সংস্কৃতি, পাৰ্থিৱ কেতবোৰ বিষয়বস্তুৰ মাজেৰে তেওঁ গতি কৰে বিষয়ৰ পৰা বিষয়ান্তৰলৈ। দুই, বিষয়ৰ ব্যাপ্তিয়ে তেওঁৰ গল্পক প্ৰদান কৰিছে এক অনন্য গভীৰতা আৰু মননশীলতা। তিনি, গল্পকথনৰ মাজেৰে তেওঁ পঢ়ুৱৈক এনেকুৱা এটা যাত্ৰাৰ অভিন্ন সহযাত্ৰী হ'বলৈ বাধ্য কৰাইছে, ভাষা য'ত এখন বিলাসী বাহন আৰু গল্পকাৰ তাৰ অভিজ্ঞ চালক।" অনান্য বৰঙণি নীলোৎপল বৰুৱাই সাতখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য দুখন তথ্যচিত্ৰ হৈছে আদ্য শৰ্মাৰ জীৱনভিত্তিক তথ্যচিত্ৰ পানীজাহাজত এজন জীৱন শিল্পী আৰু ধৰণী বৰ্মনৰ জীৱনভিত্তিক তথ্যচিত্ৰ কিম্বদন্তীৰ গোলাম কাদেৰ। সেইদৰে গীতিকাৰ হিচাপেও নীলোৎপল বৰুৱাই তিনিকুৰিৰ অধিক গীত ৰচনা কৰিছে। এই গীতসমূহ নৱপ্ৰজন্মৰ উদীয়মান সংগীত শিল্পীসকলৰ কণ্ঠত প্ৰকাশ কৰা হৈছিল। ২০২৩ চনত টুপীয়া অঞ্চলৰ বিহুমেলাৰ সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ টুপীয়াৰ সম্পাদনা কৰে। উল্লেখযোগ্য যে এই স্মৃতিগ্ৰন্থখন শোণিতপুৰ জিলাৰ অন্তৰ্গত টুপীয়া অঞ্চলটোৰ বিভিন্ন দিশক সামৰি গৱেষণাধৰ্মীকৈ প্ৰস্তুত কৰা হৈছে। বঁটা আৰু সন্মান নীলোৎপল বৰুৱাই লাভ কৰা বিভিন্ন বঁটাৰ তালিকা তলত উল্লেখ কৰা হৈছেঃ ২০১২ চনত ইন্দ্ৰপ্ৰস্থত প্ৰিয়দৰ্শিনী শীৰ্ষক উপন্যাসৰ পাণ্ডুলিপিৰ বাবে মায়া প্ৰকাশনৰ মামনি ৰয়ছম গোস্বামী সোঁৱৰণী সাহিত্য বঁটা লাভ কৰে। ২০২০ চনত শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা শীৰ্ষক গ্ৰন্থখনৰ বাবে অসম সাহিত্য সভাৰ সন্মানীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰে। ২০২১ চনত শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা গ্ৰন্থৰ বাবে অসম সাহিত্য চৰ্চা কেন্দ্ৰৰ সন্মানীয় সাহিত্য বঁটা ২০২১''' লাভ কৰে। তথ্য উৎস অসমৰ
75932
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%AE%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%88%20%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A6%A1%E0%A7%87
ৰমাবাঈ ৰানডে
ৰমাবাঈ ৰানডে ২৫ জানুৱাৰী ১৮৬২ ২৫ জানুৱাৰী ১৯২৪) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ১৯শ শতিকাৰ প্ৰথম মহিলা অধিকাৰ কৰ্মীসকলৰ অন্যতম। ১১ বছৰ বয়সত ভাৰতৰ প্ৰখ্যাত পণ্ডিত আৰু সমাজ সংস্কাৰক মহাদেৱ গোবিন্দ ৰানডেৰ লগত বিবাহ হয়। সেই সময়ত মহিলাৰ বিদ্যালয়লৈ গৈ শিক্ষিত হোৱা নিয়ম নাছিল। বিবাহত পাছতে ৰমাবায়ে মহাদেৱ গোবিন্দ ৰানডেৰ সমৰ্থন আৰু উৎসাহত পঢ়িবলৈ-লিখিবলৈ শিকিলে। মাৰাঠী ভাষাৰ পৰা আৰম্ভ কৰি তেওঁ কঠোৰ পৰিশ্ৰেমেৰে ইংৰাজী ভাষাও শিকিলে। ৰমাবায়ে গিৰিয়েক আৰু আন সতীৰ্থৰ সৈতে মিলি ১৮৮৫ চনত পুণেৰ প্ৰথম ছোৱালী হাইস্কুল হুজুৰপাগা প্ৰতিষ্ঠা কৰে। পতিৰ অনুপ্ৰেৰণাত ৰমাবায়ে মুম্বাইত 'হিন্দু লেজিড ছ'চিয়েল ক্লাব' খুলি মহিলাৰ ৰাজহুৱা বক্তৃতাৰ বিকাশ আৰম্ভ কৰে। মহাদেৱ ৰানডেৰ মৃত্যুৰ পাছত ৰমাবায়ে 'সেৱা সদন'ৰ জৰিয়তে মুম্বাই আৰু পুণেৰ মহিলাৰ সবলীকৰণৰ হকে জীৱন উছৰ্গা কৰে। প্ৰাৰম্ভিক জীৱন ১৬২ চনৰ ২৫ জানুৱাৰীত মহাৰাষ্ট্ৰৰ চাংগলি জিলাৰ এখনি সৰু গাওঁ দেৱৰাষ্ট্ৰেত কুৰ্লেকাৰ পৰিয়ালত ৰমাবাঈ ৰানডেৰ জন্ম হৈছিল। তেওঁৰ পূৰ্বৰ নাম আছিল যমুনা কুৰ্লেকাৰ। সেই সময়ত ছোৱালীৰ শিক্ষা নিষিদ্ধ আছিল বাবে দেউতাকে তেওঁক পঢ়িবলৈ দিয়া নাছিল। ১৮৭৩ চনত ভাৰতৰ অগ্ৰণী সমাজ সংস্কাৰক মহাদেৱ গোবিন্দ ৰানডেৰ লগত তেওঁৰ বিবাহ হয়। ঘৰৰ আন মহিলাসকলৰ বাধা সত্বেও গোবিন্দ ৰানডেই ৰমাবাইৰ শিক্ষা-দীক্ষাত গুৰুত্ব দিলে। পতিৰ অনুপ্ৰেৰণাতে ৰমাবায়ে গোটেই জীৱন নাৰীৰ স্ব-নিৰ্ভৰতা আৰু অৰ্থনৈতিক স্বাধীনতাৰ বাবে অহোপুৰুষাৰ্থ কৰিলে। বিয়াৰ সময়ত ৰমাবাঈ নিৰক্ষৰ হোৱাৰ বিপৰীতে বিচাৰক মহাদেৱ গোবিন্দ ৰানডেক "স্নাতক যুৱৰাজ" বুলি মতা হৈছিল। তেওঁ বোম্বে বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী পাইছিল। বোম্বেৰ ফিষ্টন কলেজত ইংৰাজী আৰু অৰ্থনীতিৰ অধ্যপাক ৰূপে কাম কৰাৰ লগতে তেওঁ প্ৰাচ্য অনুবাদক আৰু সমাজ সংস্কাৰক হিচাপেও কাম কৰিছিল। তেওঁ অস্পৃশ্যতা, বাল্য বিবাহ আৰু সতীদাহ প্ৰথাৰ বিৰোধিতা কৰিছিল। সাৰ্বজনিক সভাৰ জৰিয়তে তেওঁ সামাজিক বিকাশৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰিছিল। গোবিন্দ ৰানডেৰ সমকক্ষ হ'বলৈ ৰমাবায়ে শিক্ষা গ্ৰহণৰ কথা বিবেচনা কৰে। এই কথাত বৃহৎ পৰিয়ালটোৰ আন মহিলাসকলৰ পৰা তেওঁ প্ৰবল বাধা পায়। ইয়াৰ বিপৰীতে গোবিন্দ ৰানডেই ৰমাবাঈক নিয়মিতভাৱে মাৰাঠী ভাষা, ইতিহাস, ভূগোল, গণিত আৰু ইংৰাজীৰ পাঠদান কৰিছিল। লাহে লাহে ৰমাবাঈ গিৰিয়েকৰ সহকাৰী আৰু বিশ্বস্ত বন্ধুত পৰিণত হয়। বিধবা হোৱাৰ পাছত পণ্ডিতা ৰমাবাঈ ১৮৮২ চনত পুণে আহোঁতে গোবিন্দ আৰু ৰমাবায়ে তেওঁক সহায় কৰিছিল। ৰানডে গৃহত এগৰাকী খ্ৰীষ্টিয়ান মিচনেৰী মহিলাৰ পৰা ৰমাবাঈ ৰানডে আৰু পণ্ডিতা ৰমাবায়ে ইংৰাজীৰ শিক্ষা লৈছিল। কৰ্মজীৱন নাছিক হাইস্কুলত মুখ্য অতিথি হিচাপে ৰমাবায়ে প্ৰথমবাৰ ৰাজহুৱা দৰ্শন দিয়ে। এই প্ৰথম ভাষণতো বিচাৰক ৰানডেই লিখি দিছিল। সোনকালেই ৰমাবায়ে মাৰাঠী আৰু ইংৰাজীত বক্তৃতা প্ৰদানৰ গুণ আহৰণ কৰে। বোম্বেৰ প্ৰাৰ্থনা সমাজৰ হৈ তেওঁ কাম কৰিবলৈ লয়। তেওঁ অৰ্য মহিলা সমাজৰো এটা শাখা প্ৰতিষ্ঠা কৰে। তেওঁ বোম্বেত হিন্দু লেডিজ ছ'চিয়েল ক্লাব আৰু লিটাৰেৰী ক্লাব খোলাৰ লগতে মহিলাসকলক ভাষা, সাধাৰণ জ্ঞান, চিলাই আৰু হাতৰ কামৰ শিক্ষা দিবৰ বাবে নানা শ্ৰেণী খোলে। বিচাৰক ৰানডেৰ মৃত্যুৰ পাছৰ কৰ্ম ১৯০১ চনত ৰমাবাঈৰ ৩৮ বছৰ বয়সত বিচাৰক ৰানডেৰ মৃত্যু হয়। তেতিয়া তেওঁ বোম্বেৰ পৰা পুণেলৈ আহি ফুলে বজাৰৰ ওচৰৰ পিতৃক ঘৰটোত থাকিবলৈ লয়। এবছৰ অকলশৰে থকাৰ পাছত তেওঁ পুনৰ সমাজসেৱালৈ মন মেলি বোম্বেত প্ৰথম ভাৰত মহিলা পৰিষদ আয়োজন কৰে। কেন্দ্ৰীয় কাৰাগাৰৰ মহিলা শাখালৈ নিয়মীয়াকৈ গৈ তেওঁ বন্দীসকলৰ আত্ম-মৰ্যাদা উন্নীতকৰণৰ চেষ্টা চলাইছিল। উছৱৰ দিনত ল'ৰাসকলৰ সংস্কাৰ বিদ্যালয়লৈ গৈ তেওঁ মিঠাই বিলোৱাৰ লগতে তেওঁলোকৰ লগত কথা পাতিছিল। স্থানীয় চিকিৎসালয়বোৰলৈও নিয়মীয়াকৈ গৈ তেওঁ ৰোগীসকলৰ খা-খবৰ ৰাখিছিল। ১৯১৩ চনত গুজৰাট আৰু কাথিয়াৱাৰত তেওঁ ক্ষত ভোগা লোকৰ বাবে সাহয্যৰ যোগাৰ কৰিছিল। জীৱনৰ শেষ কালতো তেওঁ সেৱা সদনৰ স্বেচ্ছাসেৱকসকলৰ লগত আলান্দিলৈ গৈ কাৰ্তিকী মেলাৰ সময়ত সন্ত ধ্যানেশ্বৰৰ পীঠ দৰ্শন কৰা মহিলাসকলক সহায় কৰিছিল। ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকাৰ আৰু মি: ভাজেকাৰৰ কথাত ৰমাবায়ে ১৯০৪ চনত বোম্বেত হোৱা ভাৰত মহিলা সমাৰোহৰ প্ৰথম সভাত সভানেত্ৰীৰ পদ শুৱনি কৰিছিল। সেৱা সদন ১৯০৮ চনত পাৰ্ছী সমাজ সেৱক বেহমাৰজী মলাবাৰী আৰু দয়াৰাম গিদুমলে ভাৰতীয় মহিলাক নাৰ্ছৰ প্ৰশিক্ষণ দিয়া আৰু থকাৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিলে। সেইমৰ্মে ৰমাবাঈৰ সহযোগত তেওঁলোকে সেৱা সদন (বোম্বে) আৰম্ভ কৰে। ১৯১৫ চনত ৰমাবাঈৰ চেষ্টাত পুণে সেৱা সদনৰ পঞ্জীয়ন কৰা হয়। সংস্থাটোৱে এখন মহিলাৰ প্ৰশিক্ষণ মহাবিদ্যালয়, আৰু তিনিটা হোষ্টেলো মুকলি কৰে। ১৯২৪ চনত ৰমাবাঈৰ মৃত্যুৰ সময়ত পুণে সেৱা সদনে বিভিন্ন বিভাগত এজেহাৰৰো অধিক মহিলাৰ প্ৰশিক্ষণ দিয়াইছিল। মৃত্যুৰ আগতে ৰমামায়ে আৰু দুটা গুৰুত্বপূৰ্ণ কাম কৰিছিল– ছোৱালীৰ বাবে বাধ্যতামূলক প্ৰাক-প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাৰ বাবে দাবী জনোৱা আৰু ১৯২১-২২ চনত বোম্বে প্ৰচিডেন্সীত মহিলাৰ ভোটাধিকাৰৰ বাবে আন্দোলন কৰা। ৰমাবাঈৰ মৃত্যুত মহাত্মা গান্ধীয়ে কৈছিল: "ৰমাবাঈৰ মৃত্যু দেশৰ বাবে এক বৃহৎ ক্ষতি। হিন্দু বিধবা এগৰাকীৰ ভূমিকা কি হ'ব পাৰে তাৰ তেওঁ এক মূৰ্ত ৰূপ।....সেৱা সদনৰ দৰে দ্বিতীয় এটা সংস্থা গোটেই ভাৰততে নাই।" সাহিত্যিক অৱদান মাৰাঠীত লিখা আত্মজীৱনীখন ৰমাবাঈৰ এক গুৰুত্বপূৰ্ণ সাহিত্যিক অৱদান। তেওঁ বিচাৰক ৰানডেৰ ধৰ্ম সম্পৰ্কীয় এলানি বক্তৃতাও প্ৰকাশ কৰিছিল। তথ্য সংগ্ৰহ মাৰাঠী ব্যক্তি সমাজ সংস্কাৰক ভাৰতীয়
76006
https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A6%95%E0%A7%80%20%E0%A6%85%E0%A6%AE%E0%A7%8D%E0%A6%AE%E0%A6%B2%20%28%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A6%9C%E0%A6%A8%E0%A7%B0%20%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A6%A8%E0%A7%80%29
জানকী অম্মল (ৰামানুজনৰ পত্নী)
জানকী অম্মল (জন্ম ১৮৯৯ চন, ২১ মাৰ্চ মৃত্যু ১৯৯৪ চন ১৩ এপ্ৰিল হৈছে ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ পত্নী। মাত্ৰ দহ বছৰ বয়সতে বিয়া হোৱা জানকীৰ জীৱনটো কাৰুণ্যৰে ভৰা। ৩২ বছৰ বয়সত অকাল মৃত্যুক সাৱটি লোৱা ৰামানুজনৰ মৃত্যুৰ পিছত জানকীৰ জীৱন সহজ নাছিল। মাত্ৰ তিনি বছৰহে ৰামানুজনৰ সৈতে জানকীয়ে একেলগে থাকিবলৈ পাইছিল। মাথোঁ ২১ বছৰতে বৈধব্যক সাৱটি লোৱা জানকীয়ে এটি টিনৰ বাকচত ৰামানুজনৰ ইংলেণ্ডত তৈয়াৰী পাছপ'ৰ্ট, ৰামানুজনৰ বাতৰি প্ৰকাশ পোৱা বাতৰিকাকতৰ টুকুৰা আদিকে ধৰি কেইবাবিধো সামগ্ৰী আমৃত্যু সযতনে ৰাখিছিল। স্বামীৰ মৃত্যুৰ পিছত জানকীয়ে ককায়েকৰ ঘৰত থাকি প্ৰাইভেটকৈ ইংৰাজী পঢ়িছিল। জন্ম পৰিচয় আৰু শিক্ষা ১৮৯৯ চনৰ ২১ মাৰ্চত তামিলনাডুৰ তিৰুচিৰপল্লী জিলাৰ ৰাজেন্দ্ৰম গাঁৱত জানকী অম্মলৰ জন্ম হয়। জানকীৰ দেউতাকৰ নাম ৰংগস্বামী আয়েংগাৰ। তেওঁ ভালেমান মাটি-বাৰীৰ গৰাকী আছিল। খেতি-বাতিৰ তদাৰক কৰাৰ লগতে জানকীৰ পিতৃ আছিল সোণৰ গহনাত হীৰা খচিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থৰ এগৰাকী বিক্ৰেতা। জানকীৰ স্বামী ৰামানুজনৰ ১৯২০ চনৰ ২৬ এপ্ৰিলত মৃত্যু হৈছিল। তেওঁৰ অকাল মৃত্যুৰ বাবে শাহুৱেকে জানকীক দোষাৰীপ কৰিছিল। কিন্তু স্পষ্টবাদী আৰু নিৰ্ভীক জানকীয়ে শাহুৱেকৰ প্ৰচণ্ড বাধা নামানি বোম্বাইত থকা ককায়েকৰ ঘৰলৈ গুচি গৈছিল। তাত জানকীয়ে প্ৰাইভেটকৈ ইংৰাজী পঢ়িছিল। ইংৰাজী বুজিব আৰু পঢ়িব পৰাৰ লগতে জানকীয়ে অলপ অলপ ক'ব পৰাও হৈছিল। বিবাহোত্তৰ জীৱন এবাৰ ৰামানুজনৰ মাক কোমলতাম্মলে ৰাজেন্দ্ৰমত সম্বন্ধীয় মানুহৰ ঘৰত বিয়া খাবলৈ আহিছিল। তাতে জানকীক দেখি, তাইৰ কোষ্ঠীখন ভাল দেখি ৰামানুজনৰ সৈতে বিয়াৰ বন্দৱস্ত কৰে। ১৯০৯ চনৰ জুলাই মাহত শ্ৰীনিবাস ৰামানুজনে জানকী অম্মলক বিয়া কৰায়। বিয়াখন পাঁচদিনীয়াকৈ হৈছিল। বিয়ালৈ ৰামানুজনৰ মাতৃ আৰু ৰামানুজনহে গৈছিল। তেওঁলোকৰ পলম হোৱাৰ বাবে জানকীৰ দেউতাকে বিয়াৰ লগ্ন উকলি যাব বুলি ভয়তে বেলেগ দৰা বিচাৰিবলৈ আৰম্ভ কৰিছিল বুলিও বহুতে কয়। বিয়াৰ পিছত জানকী পিতৃ-মাতৃৰ ঘৰতেই আছিল। জানকী স্বামীঘৰলৈ আহে ১৯১২ চনত মাদ্ৰাজ বন্দৰ ন্যাসত চাকৰিত সোমোৱাৰ পিছত। তেতিয়া জানকীৰ বয়স তেৰ বছৰ। ১৯১৪ চনৰ ১৭ মাৰ্চত ইংলেণ্ডলৈ যাত্ৰা কৰাৰ এসপ্তাহ আগত মাক আৰু জানকীক কুম্বকোনমৰ নিগাজী ঘৰলৈ পঠিয়াই দিছিল। ইংলেণ্ডলৈ যোৱাৰ পিছত চিঠিৰে ৰামানুজনে পৰিয়ালৰ সৈতে যোগাযোগ কৰি আছিল যদিও পিছলৈ চিঠি অনিয়মীয়া হৈছিল। ইফালে শাহুৱেকৰ সৈতে জানকীৰ মতৰ ব্যৱধান বাঢ়ি আহিছিল, লাহে লাহে কাজিয়া হৈছিল। সেয়ে ১৯১৭ চনত জানকীয়ে কৰাচীত থকা ককায়েক আৰু ভনীয়েকৰ বিয়া খাই কুম্বকোনমলৈ উভতি নাহি তিৰুচিৰপল্লীৰ দেউতাকৰ ঘৰলৈ গুচি যায় যিটো খবৰ ৰামানুজনে নাপালে। জানকীয়ে ৰামানুজনৰ পৰা মৰম আৰু শ্ৰদ্ধা লাভ কৰিছিল। ৰামানুজনে মাজে-সময়ে কৌতুকপূৰ্ণ কথা কৈ জানকীৰ লগত ধেমালি কৰিছিল। জানকীয়ে তাইকো ইংলেণ্ডলৈ লৈ যাবলৈ ৰামানুজনক জেদ ধৰাত ৰামানুজনে ৰগৰ কৰি জানকীক কৈছিল,"তাত কোনোবাই তোমাক পলুৱাই লৈ গ'লে কি হ'ব কোৱা?তুমিযে ইমান ধুনীয়া!" ১৯১৯ চনত ৰামানুজন ভাৰতলৈ ঘূৰি অহাটো নিশ্চিত হোৱাত মাকলৈ দিয়া চিঠিত জানকীক বোম্বাই ৰে'ল ষ্টেচনত লগ ধৰিবলৈ লিখিছিল যদিও মাকে সেই চিঠি জানকীলৈ নপঠালে। পিছত ৰামানুজন ভাৰতত উপস্থিত হৈ জানকীক আনিবলৈ জেদ ধৰাতহে জানকীলৈ খবৰ দি মাতি পঠিওৱা হয়। সুদীৰ্ঘ পাঁচ বছৰৰ মূৰত দেখা অসুখে বিধস্ত কৰা শীৰ্ণ শৰীৰৰ ৰামানুজনক জানকীয়ে এবছৰ বিশেষ যত্ন লয়। ৰামানুজনৰ শৰীৰৰ বিষ পাতলাবলৈ গৰম সেক দিয়ে আৰু তাৰ বাবে পানী তপতাবলৈ ব্যৱহাৰ কৰা পিতলৰ পাত্ৰ এটা জানকীয়ে আজীৱন নিজৰ লগত সাঁচি ৰাখে। সামাজিক অৱদান স্বামীৰ মৃত্যুৰ পিছত জানকীয়ে বোম্বাইত থকা ককায়েকৰ ঘৰলৈ গুচি গৈছিল। বোম্বাইত জানকীয়ে ছয়-সাত বছৰমান থাকি চিলাই শিকিছিল আৰু ওচৰ-চুবুৰীয়া মহিলা আৰু ছোৱালীবোৰৰ শাৰী, ফ্ৰক আদি অতি কম মূল্যত চিলাই কৰি দিছিল। লগতে জানকীয়ে তেনে কামৰ প্ৰশিক্ষণ দিও উপাৰ্জনৰ পথ উলিয়াইছিল। পাছলৈ তেওঁ মাদ্ৰাজৰ ট্ৰিপ্লিকেনত থাকিবলৈ লৈছিল। জানকীয়ে নিজৰ উপাৰ্জনৰ এক-চতুৰ্থাংশ মন্দিৰলৈ আৰু আন এক-চতুৰ্থাংশ দুখীয়াক দান দিছিল। ওচৰ-চুবুৰীয়াকো তেওঁ সততে সহায় কৰিছিল। তেওঁৰ এগৰাকী বান্ধৱীৰ জীয়েকৰ নিউমোনিয়াত মৃত্যু হোৱাত তাইৰ সাত-আঠ বছৰীয়া পুত্ৰ ৱাল্লিনুৰু নাৰায়ণক জানকীয়ে ১৯৫১ চনৰ পৰা তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। জানকীয়ে ভনীয়েকৰ ল'ৰা থিৰুভেংকটাচাৰী ৰামস্বামীকো নিজৰ লগত ৰাখি পঢ়ুৱাইছিল। ৰামানুজনৰ অন্ত্যোষ্ট্ৰিক্ৰিয়া আৰু শ্ৰাদ্ধৰ সময়ত বিভিন্নজনে ৰামানুজনৰ ইটো-সিটো বস্তু সৰকাইছিল যদিও জানকী আৰু জানকীৰ ককায়েকৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হৈছিল। দুজনমানে কিছুমান অংক কৰা কাগজো লৈ গৈছিল। বাকী কাগজখিনি জানকীয়ে মাদ্ৰাজ বিশ্ববিদ্যালয়ক সংৰক্ষণৰ বাবে দিছিল। মৃত্যু ১৯৯৪ চনৰ ১৩ এপ্ৰিলত ৯৫ বছৰ বয়সত জানকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তথ্যউৎস তামিল ব্যক্তি মৃত ব্যক্তি ভাৰতীয়
39775
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A6%9A%E0%A7%B0
শিলচৰ
শিলচৰ ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ সদৰ চহৰ আৰু দক্ষিণ অসমৰ এটি প্ৰধান বাণিজ্যকেন্দ্ৰ। মণিপুৰৰ কিছু অংশ আৰু মিজোৰামৰ বাবে এই চহৰৰ অৰ্থনৈতিক গুৰুত্ব অপৰিসীম। শিলচৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ব্যবসায়ীয়ে বসতি স্থাপন কৰিছে। বৰাক নদীৰ পাৰত অৱস্থিত এই চহৰক উত্তৰ-পূৱ ভাৰতৰে ভিতৰত শান্তিপূৰ্ণ ঠাই হিচাপে তেতিয়াৰ ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে "শান্তিৰ দ্বীপ" আখ্যা দিছিল। তৎকালীন পূৰ্ববঙ্গৰ চিলেটিসকল এই চহৰৰ অন্যতম প্ৰধান জনগোষ্ঠী। ভাত আৰু মাছ ইয়াৰ লোকসকলৰ প্ৰধান খাদ্য। ইয়াৰ উপৰিও "শুঁটকি" আৰু "চুঙা পিঠা" এই অঞ্চলৰ বিখ্যাত উপাদেয় খাদ্য। ভৌগোলিক অৱস্থান শিলচৰ অসমৰ দক্ষিণ সীমাত অৱস্থিত। বৰাক নদীৰ পাৰত অৱস্থিত এই চহৰ চাহ, চাউল আৰু নানাৰকমৰ কৃষিজাত দ্ৰব্যৰ বাবে বিখ্যাত। পঞ্চগ্ৰাম কাগজ কল, চিমেণ্ট কাৰখানা আৰু চাহ-পাত উৎপাদন এই ঠাইৰ প্ৰধান শিল্প। গুৱাহাটীৰ পিছত শিলচৰ অসমৰ দ্বিতীয় বৃহত্তম নগৰ। শিলচৰ ভাৰতৰ অন্যান্য ঠাইৰ সতে ৰেল, স্থলপথ আৰু আকাশপথৰ মাধ্যমেৰে সংযুক্ত। গড় হিচাপত শিলচৰ সমুদ্ৰপৃষ্ঠৰ পৰা ২২ মিটাৰ (৭২ ফুট) উচ্চতাত আছে। ৰাজনীতি শিলচৰ হৈছে শিলচৰ লোকসভা সমষ্টিৰ অংশ। শিলচৰৰ পৰা সংসদৰ বৰ্তমান সদস্য হৈছে সুস্মিতা দেৱ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰছৰ প্ৰবীণ ৰাজনীতিবিদ সন্তোষ মোহন দেৱৰ কনিষ্ঠ কন্যা। শৈক্ষিক প্ৰতিষ্ঠান অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ এতিয়া এখন প্ৰতীম বিশ্ববিদ্যালয়, অঞ্চলটোৰ ভিতৰতে প্ৰাচীনতম অভিযান্ত্ৰিক মহবিদ্যালয় আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ এখন প্ৰতিষ্ঠান। শিলচৰ চিকিৎসা মহাবিদ্যালয়, অসমৰ তৃতীয়খন চিকিৎসা মহাবিদ্যালয়। ত্ৰিগুনা সেন প্ৰযুক্তিবিদ্যাৰ বিদ্যালয়, অসম বিশ্ববিদ্যালয় শিলচৰ পলিটেকনিক হৈছে এখন প্ৰতিষ্ঠান যিয়ে সকলো সম্মানীয় অভিযান্ত্ৰিক পাঠ্যক্ৰমত ডিপ্লমা পাঠ্যক্ৰম আগবঢ়ায়। ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ শিলচৰ চহৰৰ পৰা ৬ কিমি দূৰৈৰ ত্ৰিকোণা নামে ঠাইত অৱস্থিত। জেইল ৰোডত অৱস্থিত হৈছে এন.আই.টি. শিলচৰৰ চৌহদৰ ভিতৰত অৱস্থিত উচ্চ পৰ্যায়ৰ গণনা আৰু গৱেষণাৰ প্ৰতিষ্ঠান। শিলচৰ ৰ প্ৰথম মহলাত অৱস্থিত। দৰ্শনীয় স্থান শিলচৰ চহৰৰ অন্যতম দৰ্শনীয় স্থানসমূহ হ'ল: খাচপুৰ: শিলচৰৰ পৰা ২০ কিঃমিঃ দূৰত্বত খাচপুৰ নামেৰে ডিমাচা কছাৰী ৰজাসকলৰ এক বিৰাট ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ ৰাজধানী গঢ়ি উঠিছিল। যাৰ নিৰ্মাণ ১৬৯০ খ্ৰীষ্টাব্দৰ মাজত হৈছিল। এই ঠাইৰ প্ৰধান আকৰ্ষণ হৈছে সিংহদ্বাৰ, সূৰ্যদ্বাৰ আৰু প্ৰাচীন ৰজাসকলৰ মন্দিৰ। মূল প্ৰাসাদটি প্ৰায় অস্তিত্বহীন, কিন্তু ইয়াৰ অধীনস্থ, প্ৰধান প্ৰবেশদ্বাৰ, সূৰ্যদ্বাৰ, দেৱালয় অক্ষত অৱস্থাত আছে। প্ৰবেশপথত হাতী-নিদৰ্শন আছে। ইচকন মন্দিৰ: বিশ্ব বিখ্যাত সনাতন নাটকীয় আধ্যাত্মিক সংগঠন (ইচকন)-ৰ দ্বাৰা পৰিচালিত শিলচৰ চহৰৰ অম্বিকাপট্টিস্থিত ভগৱান শ্ৰীকৃষ্ণ নিবেদিত মন্দিৰ আছে। প্ৰতিষ্ঠানটোৰ ওচৰতে ইচকন মন্দিৰৰ দ্বাৰা পৰিচালিত "গোবিন্দভোজনালয়" নামেৰে এখন নিৰামিষ ৰেস্তোৰাও আছে। গান্ধীবাগ পাৰ্ক: গান্ধীবাগ পাৰ্ক চহৰৰ কেন্দ্ৰ, পাৰ্ক ৰোডত অৱস্থিত। পাৰ্কখন মহাত্মা গান্ধীৰ নামেৰে নামকৰণ কৰা হৈছিল। পাৰ্কত ভাষা শ্বহীদসকলৰ এটি শ্বহীদ মিনাৰ আছে যিসকলে ১৯৬২ চনৰ ১৯ মে'ত বঙালী ভাষা ৰক্ষাৰ বাবে অসম চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছিল। ভুৱনেশ্বৰ মন্দিৰ: এই মন্দিৰটো সমগ্ৰ দক্ষিণ অসমৰ ভিতৰতে ভগৱান শিৱৰ সকলোতকৈ সুপ্ৰসিদ্ধ মন্দিৰ। শিলচৰৰ পৰা প্ৰায় ৫০ কিমি দূৰত আৰু ভুৱন পাহাৰৰ ওপৰত এই তীৰ্থস্থানখন অৱস্থিত। প্ৰতি মাৰ্চমাহত শিৱৰাত্ৰিৰ সময়ত বহুতো মানুহে অনেক দূৰৰ পৰা শিৱৰ উপাসনা কৰিবলৈ ইয়ালৈ আহে। মন্দিৰটো সমতলৰ পৰা অন্ততঃ ১৭ কি়ঃমিঃ উচ্চতাত অৱস্থিত। কাঁচা কান্তি কালী মন্দিৰ: শিলচৰৰ পৰা প্ৰায় ১১ কিঃমিঃ অৰ্থাৎ দক্ষিণ অসমত দেৱী মা "কাঁচাকান্তি"-ৰ এক ঐতিহাসিক আৰু সুপ্ৰসিদ্ধ মন্দিৰ আছে। এই দেৱী দুই শক্তিশালী হিন্দু দেৱতা মা দুৰ্গা আৰু মা কালীৰ সংযোজন। মূল মন্দিৰটো কছাৰী ৰজাই ১৮০৬ খ্ৰীষ্টাব্দত নিৰ্মিত কৰিছিল। ১৮১৮ খ্ৰীষ্টাব্দ পৰ্যন্ত দেবীৰ ওচৰত নৰবলি প্ৰদান কৰা হৈছিল। পুৰণি মন্দিৰটো ধ্বংস হৈ গৈছিল আৰু ১৯৭৮ খ্ৰীষ্টাব্দত নতুন মন্দিৰটো পুনঃ প্ৰতিষ্ঠাপিত কৰা হয়। মনিহৰণ সুৰংগ: ভুৱনেশ্বৰ মন্দিৰৰ পৰা প্ৰায় ৫ কিঃমিঃ দূৰৈত ই এক জনপ্ৰিয় স্মৃতি। পবিত্ৰ নদী ত্ৰিবেনী এই সুৰংগৰ তলেৰে প্ৰবাহিত হয়। পৌৰাণিক কাহিনী মতে, এই সুৰংগটো এবাৰ ভগৱান শ্ৰীকৃষ্ণই ব্যৱহাৰ কৰিছিল। ভগবান শ্ৰীকৃষ্ণ নিবেদিত মন্দিৰটোক মনিহৰণ সুৰংগ নামেৰে নামকৰণ কৰা হয়। উল্লেখযোগ্য ব্যক্তি অৰুণ কুমাৰ চন্দ উল্লাসকৰ দত্ত সন্তোষ মোহন দেৱ বিশ্ববিজয় সেন দেবজিত সাহা আলোকচিত্ৰ তথ্যসূত্ৰ অসমৰ নগৰ-মহানগৰ কাছাৰ
35359
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%87%E0%A6%95%E0%A7%8D%E0%A6%B8%20%E0%A6%AA%E0%A7%8D%E0%A6%B2%E0%A7%87%E0%A6%82%E0%A6%95
মেক্স প্লেংক
মেক্স কাৰ্ল আৰ্নষ্ট লুডৱিগ প্লেংক' এপ্ৰিল ২৩, ১৮৫৮ অক্টোবৰ ৪, ১৮৪৭) আছিল এগৰাকী জাৰ্মান তাত্ত্বিক পদাৰ্থবিজ্ঞানী। মেক্স প্লেংক কোৱাণ্টাম বলবিজ্ঞান বা কোৱাণ্টাম তত্ত্বৰ জনক হিচাপে পৰিচিত আৰু ইয়াৰ বাবেই তেওঁ ১৯১৮ চনত পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল। তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰলৈ প্লেংকে কেইবাটাও উল্লেখনীয় বৰঙনি আগবঢ়াইছিল। কিন্তু তেওঁৰ যশস্যা মূলতঃ কোৱাণ্টাম তত্ত্বৰ জনক হিচাপে সুখ্যাত। যিদৰে আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বই স্থান আৰু কালৰ ব্যাখ্যাৰ ক্ষেত্ৰলৈ জোৱাৰ আনিছিল, সেইদৰেই প্লেংকৰ কোৱাণ্টাম তত্ত্বই পাৰমাণৱিক আৰু অৱ-পাৰমানৱিক প্ৰক্ৰিয়াসমূহৰ ব্যাখ্যাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আছিল। এই দুয়োটা তত্ত্বই বিংশ শতিকাৰ পদাৰ্থবিজ্ঞানৰ মৌলিক তত্ত্ব হিচাপে চিহ্নিত। জীৱনী প্লেংকৰ জন্ম হৈছিল এটা পাৰম্পৰিক আৰু বৌদ্ধিক জাৰ্মান পৰিয়ালত। তেওঁৰ পিতৃ আৰু মাতৃৰ দুয়োফালৰ ককাক গ'টিনজেন বিশ্ববিদ্যালয়ৰ ধৰ্মতত্ত্ব )-ৰ অধ্যাপক আছিল। প্লেংকৰ পিতৃ কিয়েল বিশ্ববিদ্যালয় মিউনিখৰ লুডৱিগ মেক্সমিলান বিশ্ববিদ্যালয়ৰ আইনৰ অধ্যাপক আছিল। প্লেংকৰ জন্ম হৈছিল হ'লষ্টেইনৰ কিয়েলত। তেওঁৰ পিতৃ জ'হান জুলিয়াছ ৱিলহেল্ম প্লেংক আৰু মাতৃ এমা পাটজিগ। তেওঁৰ নামকৰণ কৰা হৈছিল- কাৰ্ল আৰ্নষ্ট লুডৱিগ মাৰ্ক্স প্লেংক। তেওঁৰ প্ৰাথমিক নাম ৰখা হৈছিল মাৰ্ক্স (যিটো পুৰণি মাৰ্কাছ ৰ এটা প্ৰকাৰ বা মেক্স )-ৰ এটা ভুল ৰূপ) আৰু ই মেক্সমিলানৰ সংক্ষিপ্ত ৰূপ। অৱশ্যে ১০ বছৰ বয়সলৈ তেওঁ মেক্স হিচাপে হস্তাক্ষৰ কৰিবলৈ ল'লে আৰু সেই নামেৰেই পিছৰ জীৱনত জনাজাত হৈ পৰিল। মেক্স প্লেংক তেওঁৰ দেউতাকৰ দ্বিতীয় পত্নীৰ সন্তান আছিল। তেওঁ পৰিয়ালৰ ষষ্ঠতম সন্তান আছিল, তেওঁৰ দুজন ভাতৃ-ভগ্নী দেউতাকৰ প্ৰথম পত্নীৰ আছিল। তেওঁৰ সৰুকালত ১৮৬৪ চনৰ দ্বিতীয় শ্চেলছৱিগ যুদ্ধৰ সময়ত প্ৰুছিয়ান সাম্ৰাজ্য আৰু অষ্ট্ৰিয়ান সেনা কিয়েললৈকে আগবাঢ়ি আহিছিল। ১৮৬৭ চনত তেওঁৰ পৰিয়ালটো মিউনিখলৈ উঠি যায় আৰু প্লেংক মেক্সমিলিয়ান জিমনাছিয়াম স্কুলত ভৰ্তি হয়। তাতেই প্লেংক গণিতজ্ঞ হাৰ্মান মুল্লাৰ )-ৰ সংস্পৰ্শলৈ আহে আৰু মুল্লাৰে গণিতৰ লগতে জ্যোতিৰ্বিদ্যা আৰু বলবিজ্ঞানৰ শিক্ষা প্ৰদান কৰে। মুল্লাৰৰ পৰাই প্লেংকে প্ৰথমে শক্তি সংৰক্ষণশীলতাৰ নীতি শিকিছিল। প্লেংকে অতি কম বয়সতে (মাত্ৰ ১৭ বছৰ বয়সতে) ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। এইদৰেই প্লেংকৰ পদাৰ্থবিজ্ঞানৰ জগতখনলৈ প্ৰৱেশ ঘটিছিল। সংগীতৰ ক্ষেত্ৰখনতো প্লেংক অতি প্ৰতিভাশালী আছিল। তেওঁ গায়ন শৈলীৰ শিক্ষা লোৱাৰ লগতে পিয়ান', অৰ্গেন আৰু চেল' বাদনৰ শিক্ষা লাভ কৰিছিল। প্লেংকে গীত আৰু অপেৰাও ৰচনা কৰিছিল। অৱশ্যে প্লেংকে সংগীতৰ পৰিৱৰ্তে পদাৰ্থবিজ্ঞানত মনোনিবেশ কৰিবলৈ ল'লে। মিউনিখৰ পদাৰ্থবিজ্ঞানৰ অধ্যাপক ফিলিপ ভন জলী )য়ে প্লেংকক পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰলৈ প্ৰৱেশ নকৰিবলৈ উপদেশ দিছিল। অধ্যাপকজনে এইদৰে কৈছিল- প্লেংকে এইদৰে উত্তৰ দিছিল যে, নতুন আৱিষ্কাৰ কৰাটো তেওঁৰ উদ্দেশ্য নহয়; তেওঁ মাথোঁ পদাৰ্থবিজ্ঞানৰ আৱিস্কৃত মৌলিক ধাৰণাসমূহ বুজিবহে খোজে। ১৮৭৪ চনত প্লেংকে মিউনিখ বিশ্ববিদ্যালয়ত অধ্যয়ন আৰম্ভ কৰিছিল। অধ্যাপক জলীৰ অধীনত প্লেংকে তেওঁৰ বৈজ্ঞানিক কেৰিয়াৰৰ একমাত্ৰ পৰীক্ষাটো সম্পন্ন কৰিছিল। তেওঁ উত্তাপিত প্লেটিনামৰ মাজেদি হাইড্ৰ'জেনৰ ব্যাপন অধ্যয়ন কৰিছিল। অৱশ্যে পিছলৈ প্লেংকে তাত্বিক পদাৰ্থবিজ্ঞানত মনোনিবেশ কৰিবলৈ ল'লে। ১৮৭৭ চনত মেক্স প্লেংকে বাৰ্লিনৰ হামব'ল্ডট্ বিশ্ববিদ্যালয়ত পদাৰ্থবিদ হাৰ্মান ভন হেল্মহ'ল্টজ্ আৰু গুস্তাভ কিৰ্শ্চ'ফ আৰু গণিতজ্ঞ কাৰ্ল ৱেইৰষ্ট্ৰেছৰ অধীনত এবছৰৰ বাবে অধ্যয়ন কৰিছিল। তেওঁ এইদৰে লিখিছিল যে, হেল্মহ'ল্টজ্ কেতিয়াও সম্পূৰ্ণ প্ৰস্তুত নাছিল, খুব ধীৰ গতিৰে কথা কৈছিল আৰু বেছিভাগ সময়তে ভুলকৈ গণনা কৰিছিল আৰু তেওঁৰ শ্ৰোতাসকলক প্ৰায়ে বিৰক্ত কৰি তুলিছিল। অন্যহাতে কিৰ্শ্চ'ফ্ সাৱধানেৰে প্ৰস্তুত বক্তৃতা প্ৰদান কৰিছিল, কিন্তু এইবিলাক শুষ্ক আৰু একঘেয়ামী ধৰণৰ আছিল। অৱশ্যে সোনকালেই তেওঁ হেল্মহ'ল্টজৰ অন্তৰংগ বন্ধু হৈ পৰিছিল। প্লেংকে ৰুডল্ফ ক্ল'ছিয়াছৰ লিখনিসমূহৰ স্ব-অধ্যয়ন কৰিছিল আৰু ইয়াৰ জৰিয়তেই তেওঁ তাপ তত্ত্বক তেওঁৰ অধ্যয়নৰ ক্ষেত্ৰ হিচাপে বাছি লৈছিল। ১৮৭৮ চনৰ অক্টোবৰত প্লেংকে তেওঁৰ যোগ্যতা আহৰণকাৰী পৰীক্ষা উত্তীৰ্ণ হৈছিল আৰু ১৮৭৯ চনৰ ফেব্ৰুৱাৰীত তেওঁৰ ডিজাৰটেছন সফলতাৰে সম্পন্ন কৰিছিল। ইয়াৰ পিছত প্লেংকে তেওঁৰ পূৰ্বৰ বিদ্যালয়ত কম সময়ৰ বাবে গণিতৰ শিক্ষক হিচাপে শিক্ষাদান কৰিছিল। ১৮৮০ চনৰ জুনত তেওঁ উপস্থাপন কৰিছিল। শৈক্ষিক কেৰিয়াৰ হেবিলিটেছন থেছিছ )-ৰ সমাপ্তিৰ পিছতেই প্লেংকে এজন বিনামজুৰীপ্ৰাপ্ত ব্যক্তিগত শিক্ষক হিচাপে মিউনিখত কাম কৰিছিল আৰু শৈক্ষিক পদ এটা পোৱালৈকে সেইদৰেই আছিল। যদিও আৰম্ভণিতে প্লেংকক শৈক্ষিক সম্প্ৰদায়টোৱে উপেক্ষা কৰিছিল, তেওঁ তাপ তত্ত্বৰ ক্ষেত্ৰত গৱেষণাৰ কাম আগবঢ়াই নিছিল। জ'ছাইআ উইলাৰ্ড গিবছৰ তাপগতিবিজ্ঞানীয় তাপগতিবিজ্ঞানীয় ব্যাখ্যাৰ বিষয়ে অৱগত নোহোৱাকৈয়ে তেওঁ এটাৰ পিছত আনটো তাপগতি সম্পৰ্কীয় তত্ত্ব আৱিষ্কাৰ কৰিছিল। তেওঁৰ গৱেষণাৰ ক্ষেত্ৰত ক্ল'ছিয়াছৰ এণ্ট্ৰ'পিৰ ধাৰণাই এটা কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰিছিল। ১৮৮৫ চনৰ এপ্ৰিলত কিয়েল বিশ্ববিদ্যালয়ে প্লেংকক তাত্বিক পদাৰ্থবিজ্ঞানৰ সহযোগী অধ্যাপকৰ পদ প্ৰদান কৰে। তেওঁ বিশেষকৈ ভৌতিক ৰসায়নবিদ্যাত এণ্ট্ৰ'পি আৰু ইয়াৰ প্ৰয়োগ সম্পৰ্কীয় গৱেষণা আৰু আগবঢ়াই নিছিল। তেওঁৰ বিখ্যাত ১৮৯৭ চনত প্ৰকাশিত হৈছিল। তেওঁ আৰ্হেনিয়াছৰ বিদ্যুৎ অপঘটন বা বিযোজন )-ৰ এটা তাপগতিবিজ্ঞানীয় ব্যাখ্যা ডাঙি ধৰিছিল। চাৰি বছৰৰ ভিতৰতেই বাৰ্লিন বিশ্ববিদ্যালয়ত তেওঁক কিৰ্শ্চ'ফৰ উত্তৰসুৰী হিচাপে নিযুক্তি দিয়া হয়- এই ক্ষেত্ৰত সম্ভৱতঃ হেল্মহ'ল্টজৰ অনুমোদনৰো প্ৰভাৱ আছিল। ১৮৯২ চনলৈ প্লেংক পূৰ্ণ পৰ্যায়ৰ অধ্যাপক ৰূপে উন্নীত হয়। ১৯০৭ চনত প্লেংকক ভিয়েনাত লুডৱিগ ব'ল্টজমেনৰ পিছত খালী হোৱা স্থানত অধ্যাপনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি বাৰ্লিনতে থাকিবলৈ সিদ্ধান্ত লয়। ১৯০৯ চনত বাৰ্লিন বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত হৈ থাকোঁতেই তেওঁক নিউ-ইয়'ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত তাত্বিক পদাৰ্থবিজ্ঞানৰ আৰ্নষ্ট কেম্পটন আডামছ লেকছাৰাৰ পদৰ বাবে আমন্ত্ৰণ জনোৱা হয়। তেওঁ প্ৰদান কৰা বক্তৃতাসমূহৰ এটা সংকলন কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যাপক এলবাৰ্টঅ প'টাৰ ৱিলছৰ দ্বাৰা অনূদিত আৰু প্ৰকাশিত হৈছিল। তেওঁ বাৰ্লিনৰ পৰা ১৯২৬ চনৰ ১০ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে আৰু তেওঁৰ স্থানত আৰৱিন শ্ৰুডিঙগাৰ নিযুক্ত হয়। পৰিয়াল ১৮৮৭ চনৰ মাৰ্চত প্লেংকে মাৰি মেৰ্ক (১৮৬১–১৯০৯)-ক বিয়া কৰায়। মাৰি তেওঁৰ এজন স্কুলীয়া লগৰীয়াৰ ভগ্নী আছিল আৰু বিয়াৰ পছাৰ পিছত তেওঁলোক কিয়েলৰ এটা ভাৰা এপাৰ্টমেণ্টত থাকিবলৈ ল'লে। তেওঁলোকৰ সন্তানৰ সংখ্যা আছিল পাঁচ: কাৰ্ল (১৮৮৮–১৯১৬), যমজ এম্মা (১৮৮৯–১৯১৯) আৰু গ্ৰেটে (১৮৮৯–১৯১৭), আৰু আৰৱিন প্লেংক (১৮৯৩–১৯৪৫)। এই এপাৰ্টমেণ্টৰ প্লেংকৰ পৰিয়াল বাৰ্লিন-গ্ৰুনেৱাল্ড 21)-ৰ এটা ভিলাত থাকিবলৈ ল'লে। বাৰ্লিন বিশ্ববিদ্যালয়ৰ কেইবাজনো অধ্যাপক আশে পাশে বাস কৰিছিল। তেওঁলোকৰ ভিতৰত ধৰ্মতত্ত্ববিদ এড'ল্ফ ভন হাৰ্নেক প্লেংকৰ অন্তঃৰংগ বন্ধু আছিল। সোনকালেই প্লেংকৰ আৱাসগৃহ এটা সামাজিক আৰু সাংস্কৃতিক কেন্দ্ৰস্বৰূপ হৈ পৰিল। এলবাৰ্ট আইনষ্টাইন, অট্ট হান আৰু লিজ মেইটনেৰ আদিকে ধৰি বহু বিখ্যাত বিজ্ঞানীৰ প্লেংকৰ ঘৰলৈ সঘন আহ-যাহ আছিল। হাৰমান ভন হেল্মহ'ল্টজৰ আৱাসগৃহত যুটীয়াভাৱে সংগীতৰ পৰিৱেশনৰ এটা পৰম্পৰা ইতিমধ্যে প্ৰতিষ্ঠিত হৈছিল। বহু বছৰ সুখেৰে কটোৱাৰ পিছত ১৯০৯ চনৰ জুলাই মাহত প্লেংকৰ পত্নী মাৰিৰ মৃত্যু হয়। সম্ভৱতঃ যক্ষ্মা ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু ঘটিছিল। ১৯১১ চনৰ মাৰ্চ মাহত প্লেংকে দ্বিতীয় পত্নী মাৰ্গা ভন হ'ছলিন (১৮৮২–১৯৪৮)ক বিয়া কৰায় আৰু ডিচেম্বৰ মাহত তেওঁৰ পঞ্চম সন্তান হাৰমানৰ জন্ম হয়। প্ৰথম বিশ্বযুদ্ধৰ সময়ত প্লেংকৰ দ্বিতীয় পুত্ৰ আৰৱিন ১৯১৪ চনত ফ্ৰান্সৰ দ্বাৰা কয়দী ৰূপে আৱদ্ধ হয় আৰু প্লেংকৰ ডাঙৰ পুত্ৰ কাৰ্ল ৱাৰ্ডুনৰ যুদ্ধত নিহত হয়। ১৯১৭ চনত গ্ৰেটেৰ প্ৰথম সন্তান প্ৰসৱৰ সময়ত মৃত্যু হয়। গ্ৰেটেৰ মৃত্যুৰ পিছত তেওঁৰ ভনীয়েকে গ্ৰেটেৰ স্বামীক বিয়া কৰায় আৰু দুবছৰ পিছতেই ভনীয়েকো একেধৰণেই মৃত্যুমুখত পৰে। অৱশ্যে গ্ৰেটে আৰু ভনীয়েকৰ কন্যা সন্তান দুগৰাকী ৰক্ষা পৰে আৰু তেওঁলোকক তেওঁলোকৰ মৃত মাতৃৰ নামেৰে নামকৰণ কৰা হয়। এই সকলো দুৰ্ঘটনা প্লেংকে নিৰ্লিপ্তিৰে বহন কৰে। ১৯৪৫ চনৰ জানুৱাৰীত আৰৱিন প্লেংক ১৯৪৪ চনৰ হিটলাৰক হত্যাৰ বাবে চলোৱা ব্যথ প্ৰচেষ্টাত অংশ গ্ৰহণ কৰাৰ অপৰাধত নাজী বাহিনীৰ জনতাৰ আদালতৰ দ্বাৰা মৃত্যুদণ্ডৰে দণ্ডিত হয়। ১৯৪৫ চনৰ ২৩ জানুৱাৰীক আৰৱিনক মৃত্যুদণ্ড প্ৰদান কৰা হয়। পত্নী: মাৰি মেৰ্ক (বিবাহ ১৮৮৭), মাৰ্গা ভন হ'ছলিন (বিবাহ ১৯১০) সন্তান: কাৰ্ল (১৮৮৮–১৯১৬), যমজ এম্মা (১৮৮৯–১৯১৯) আৰু গ্ৰেটে (১৮৮০–১৯১৭), আৰৱিন প্লেংক (১৮৯৩–১৯৪৫), হাৰমান (১৯১১–১৯৫৪) বাৰ্লিন বিশ্ববিদ্যালয়ৰ অধ্যাপক বাৰ্লিনত মেক্স প্লেংকে স্থানীয় পদাৰ্থবিজ্ঞান )ত যোগ দিছিল। পিছত তেওঁ এই সময়খিনিৰ বিষয়ে এইদৰে লিখিছিল: প্লেংকৰ তৎপৰতাতেই জাৰ্মানীৰ বিভিন্ন স্থানীয় পদাৰ্থবিজ্ঞান সংস্থাসমূহ ১৮৯৮ চনত একত্ৰিত হৈ ১৮৯৮ চনত জাৰ্মান পদাৰ্থবিজ্ঞান সংস্থা গঠন কৰিছিল। ১৯০৫ চনৰ পৰা ১৯০৯ চনলৈ প্লেংক এই সংস্থাৰ সভাপতি আছিল। প্লেংকে ছটা সান্মাষিক জোৰা তাত্বিক পদাৰ্থবিজ্ঞানৰ এটা পাঠ্যক্ৰম আৰম্ভ কৰিছিল। এই পাঠ্যক্ৰম সম্পৰ্কে লিজা মেইটনেৰ )-এ কৈছিল এইদৰে- আনহাতে জেমছ আৰ পাৰ্টিংটন )-ৰ মতে এই পাঠ্যক্ৰম তেওঁ এইদৰেও কৈছিল প্লেংকে কোনো প্ৰকৃত পীঠ স্থাপন কৰা নাছিল। তেওঁৰ অধীনত গৱেষণা সম্পন্ন কৰা শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় ২০জন মানহে আছিল। তেওঁলোকৰ ভিতৰত উল্লেখনীয় কেইগৰাকীমান হৈছে: ১৮৯৭ মেক্স আব্ৰাহম (১৮৭৫-১৯২২) ১৯০৪ ম'ৰিজ স্লিক (১৮৮২-১৯৩৬) ১৯০৬ ৱাল্টাৰ মেইজনাৰ (১৮৮২-১৯৭৪) ১৯০৬ মেক্স ভল লউ (১৮৭৯-১৯৬০) ১৯০৭ ফ্ৰিজ ৰেইছ (১৮৮৩–১৯৬০) ১৯১২ ৱাল্টাৰ স্ক'টকী (১৮৮৬-১৯৭৬) ১৯১৪ ৱাল্টেৰ ব'থে (১৮৯১-১৯৫৭) কৃষ্ণকায় বিকিৰণ ১৮৯৪ চনত প্লেংকে কৃষ্ণকায় বিকিৰণ সমস্যাৰ ক্ষেত্ৰত মনোনিবেশ কৰিবলৈ ল'লে। তেওঁক কেইটামান বৈদ্যুতিক নিকায়ে লাইট বাল্বত নূণ্যতম শক্তিৰ ব্যয়েৰে অধিকতম পোহৰ পাব পৰা ব্যৱস্থা কৰিবলৈ পাচিঁছিল। এই সমস্যাটোৰ গৱেষণা ১৮৫৯ চনত কিৰ্শ্বফে আৰম্ভ কৰিছিল: এই প্ৰশ্নটোৰ সম্পৰ্কে বহু পৰীক্ষা-নিৰীক্ষা সম্পাদিত হৈছিল যদিও পৰীক্ষাৰ তথ্যসমূহৰ লগত কোনো তাত্বিক সূত্ৰই খাপ খোৱা নাছিল। ৱিলহেল্ম ৱিন )-এ ৱিনৰ সূত্ৰ প্ৰস্তাৱ কৰিছিল আৰু এই তত্ত্বই উচ্চ কম্পনাংকৰ পৰিসৰত শুদ্ধ ব্যাখ্যা ডাঙি ধৰিব পাৰিছিল কিন্তু নিম্ন কম্পনাংকৰ পৰিসৰত ব্যাখ্যা কৰিবলৈ অসমৰ্থ আছিল। কৃষ্ণকায় বিকিৰণৰ ব্যাখ্যাৰ আন এক তত্ত্ব, ৰেলি-জীনৰ সূত্ৰ অতিবেঙুনী প্ৰলয় )-ৰ ব্যাখ্যা কৰিছিল। কিন্তু বহু পাঠ্যপুথিত এই তত্ত্বৰ উল্লেখ থকা স্বত্বেও প্লেংকক ই উদ্ধুদ্ধ কৰিব পৰা নাছিল। কৃষ্ণকায় বিকিৰণ সমস্যাটোৰ সমাধানৰ বাবে প্লেংকে ১৮৯৯ চনত এক প্ৰতিপ্ৰাদ্য আগবঢ়াইছিল। প্লেংকে এই প্ৰতিপ্ৰাদ্যটোৰ ভিত্তিক নাম দিছিল। ইয়াৰ জৰিয়তে প্লেংকে এক আদৰ্শ দোলক )-ৰ এণ্ট্ৰ'পি সম্পৰ্কীয় কেইটামান ধাৰণা )-ৰ পৰা ৱিনৰ সূত্ৰ ব্যুৎপন্ন কৰিব পাৰিছিল। এই সূত্ৰটোক ৱিন-প্লেংকৰ সূত্ৰ হিচাপে জনা যায়। প্লেংকৰ আশাত চেঁচাপানী ঢালি কোনো পৰীক্ষামূলক গৱেষণালব্ধ তথ্যই এই সূত্ৰক মুঠেও নিশ্চিত কৰিব নোৱাৰিলে। প্লেংকে তেওঁৰ সূত্ৰৰ পুনৰীক্ষণ কৰিলে আৰু কৃষ্ণকায় বিকিৰণৰ প্লেংকৰ তত্ত্ব হিচাপে বিখ্যাত সূত্ৰটোৰ প্ৰথম সংস্কৰণটো ব্যুৎপন্ন কৰে। প্লেংকৰ এই সূত্ৰই পৰীক্ষণীয়ভাৱে প্ৰাপ্ত কৃষ্ণকায় বিকিৰণৰ বৰ্ণালী ভালদৰে ব্যাখ্যা কৰিব পাৰিছিল। ১৯০০ চনৰ ১৯ অক্টোবৰত -ৰ এখন সভাত এই তত্ত্বটো প্ৰথম উত্থাপিত হৈছিল আৰু ১৯০১ চনত গৱেষণাপত্ৰৰ ৰূপত প্ৰকাশিত হৈছিল। অৱশ্যে, সূত্ৰটোৰ প্ৰথম ব্যুৎপন্নত শক্তি কোৱাণ্টাজেছন অন্তৰ্ভুক্ত কৰা নাছিল, আৰু পৰিসাংখ্যিক বল বিজ্ঞানৰ ধাৰণা ব্যৱহৃত হোৱা নাছিল। প্ৰকৃতপক্ষে প্লেংকে পৰিসাংখ্যিক বলবিজ্ঞান মানি ল'ব পৰা নাছিল। ১৯০০ চনৰ নৱেম্বৰত প্লেংকে তেওঁৰ বিকিৰণ তত্ত্বৰ নীতিসমূহৰ অধিক মৌলিক ব্যাখ্যাৰ বাবে লুডৱিগ ব'ল্টজমেনৰ তাপগতিবিজ্ঞানৰ দ্বিতীয় সূত্ৰৰ পৰিসাংখ্যিক ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁৰ প্ৰথম প্ৰস্তাৱটো পুনৰীক্ষণ কৰে। যিহেতু প্লেংক ব'ল্টজমেনৰ এই ব্যাখ্যাৰ দৰ্শনগত আৰু ভৌতিক নিহিতাৰ্থ সম্পৰ্কে গভীৰভাৱে সন্দিহান আছিল, সেয়ে তেওঁ পুনৰীক্ষণৰ বাবে এই নীতিৰ সহায় লোৱা সম্পৰ্কে পিছত তেওঁ এইদৰে কৈছিল, ১৯০০ চনৰ ১৪ ডিচেম্বৰত -লৈ আগবঢ়োৱা এক প্ৰতিবেদনত থকা মেক্সৰ নতুন ব্যুৎপন্নৰ কেন্দ্ৰীয় ধাৰণাটোক বৰ্তমান প্লেংকৰ প্ৰতিপ্ৰাদ্য হিচাপে জনা যায়। ইয়াৰ মূল ধাৰণাটো আছিল যে, বিদ্যুৎচুম্বকীয় শক্তি কেৱল পৰিমাণিক (কোৱাণ্টাইজদ্) ৰূপতহে নিৰ্গত হয়। অন্যভাৱে, বিদ্যুৎচুম্বকীয় শক্তি এক মৌলিক একক য'ত প্লেংকৰ ধ্ৰুৱক-- এই ধ্ৰুৱকক প্লেংকৰ একছন কোৱাণ্টাম হিচাপেও জনা যায় (এই ধ্ৰৱকটো ১৮৯৯ চনতে আগবঢ়োৱা হৈছিল), আৰু (গ্ৰীক বৰ্ণ নিউ, ৰোমান বৰ্ণ নহয়) শক্তি নিৰ্গমণৰ কম্পনাংক। মন কৰিবলগীয়া যে, ইয়াত আলোচিত শক্তিৰ মৌলিক একক )-ক -ৰ দ্বাৰা সূচিত কৰা হয়, কেৱল -ৰ দ্বাৰা নহয়। পদাৰ্থবিদসকলে এই একক ফ'টন কোৱাণ্টা হিচাপে অভিহিত কৰে আৰু কম্পনাঙ্কৰ এটা ফ'টনৰ ইয়াৰ নিজা নিৰ্দিষ্ট আৰু অদ্বিতীয় শক্তি থাকে। সেই কম্পনাঙ্কৰ শক্তিৰ বিস্তাৰ একক সময়ত উৎপন্ন সেই কম্পনাঙ্কৰ ফ'টনৰ সংখ্যাৰ ফলন। প্ৰথম অৱস্থাত প্লেংকে কোৱাণ্টাইজেছন মাথোঁ এটা বিধিসন্মত ধাৰণা হিচাপেহে বিবেচনা কৰিছিল। এই সম্পৰ্কে তেওঁ এইদৰে কৈছিল- ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ সৈতে খাপ নোখোৱা এই ধাৰণাটোকেই কোৱাণ্টাম পদাৰ্থবিজ্ঞানৰ জন্ম হিচাপে গণ্য কৰা হয় আৰু ই হৈছে প্লেংকৰ শৈক্ষিক কেৰিয়াৰৰ বৃহত্তম বৌদ্ধিক কৃতিত্ব। (লুডৱিগ ব'ল্টজমেনে ১৮৭৭ চনত এখন তাত্বিক গৱেষণাপত্ৰত ভৌতিক তন্ত্ৰ এটাৰ শক্তি স্তৰবিলাক বিছিন্ন হ'ব পৰাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰিছিল। প্লেংকৰ ধ্ৰুৱকৰ আৱিষ্কাৰৰ জৰিয়তে তেওঁ ভৌতিক এককৰ এক নতুন সৰ্বজনীন সংহতি সংজ্ঞাবদ্ধ কৰিছিল (যেনে- প্লেংক দৈৰ্ঘ্য আৰু প্লেংক ভৰ এই ভৌতিক এককসমূহ কেইটামান মৌলিক ভৌতিক ধ্ৰুৱকৰ ওপৰত ভিত্তি কৰি সংজ্ঞাবদ্ধ কৰা হৈছে আৰু এই ধ্ৰুৱকসমূহৰ ওপৰতেই কোৱাণ্টাম তত্ত্বৰ ভেটি গঢ় লৈ উঠিছে। পদাৰ্থবিজ্ঞানৰ এই নতুন শাখালৈ আগবঢ়োৱা মেক্স প্লেংকৰ মৌলিক অৱদানৰ বাবে ১৯১৮ চনত তেওঁক পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়। পৰৱৰ্তী সময়ত প্লেংকে শক্তি কোৱাণ্টাৰ তাৎপৰ্য বিচাৰি অধ্যয়ন কৰিছিল। তেওঁ এই সম্পৰ্কে এইদৰে কৈছিল: ইয়াৰ বহু বছৰৰ পিছতো ৰেলী জীনছ আৰু লৰেণ্টজ )-ৰ দৰে অন্য পদাৰ্থবিজ্ঞানীয়ে প্লেংকৰ ধ্ৰুৱকৰ মান শূন্য হিচাপে লৈ ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ তত্ত্বৰ সৈতে কোৱাণ্টাম পদাৰ্থবিজ্ঞানৰ তত্ত্বক সন্মিলিত কৰিবলৈ বিচাৰিছিল। অৱশ্যে, প্লেংকৰ স্পষ্ট ধাৰণা আছিল যে এই ধ্ৰুৱকৰ যথাৰ্থ অশূন্য মান আছে। তেওঁ কৈছিল মেক্স বৰ্ণ-এ প্লেংকৰ বিষয়ে এইদৰে লিখিছিল: আইনষ্টাইন আৰু আপেক্ষিকতাবাদৰ তত্ত্ব ১৯০৫ চনত তেতিয়ালৈকে বিজ্ঞানৰ ক্ষেত্ৰত সম্পূৰ্ণ অখ্যাত এলবাৰ্ট আইনষ্টাইনৰ তিনিখন যুগান্তকাৰী গৱেষণা পত্ৰ নামৰ গৱেষণা পত্ৰিকাখনত প্ৰকাশিত হয়। আইনষ্টাইনৰ দ্বাৰা উপস্থাপিত বিশেষ আপেক্ষিকতাবাদ তত্ত্বৰ তাৎপৰ্য তাৎক্ষণিকভাৱেই অনুধাৱন কৰা মাথোঁ কেইগৰকীমানৰ মাজত আছিল মেক্স প্লেংক। জাৰ্মানীত আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্বই শীঘ্ৰেই বহুল গ্ৰহণযোগ্যতা লাভ কৰাৰ আঁৰত প্লেংকৰ বৈজ্ঞানিক প্ৰভাৱো উল্লেখনীয় আছিল। আপেক্ষিকতাবাদৰ তত্ত্বৰ গৱেষণা প্ৰসাৰণৰ বাবেও প্লেংকে উল্লেখযোগ্য বৰঙনি আগবঢ়াইছিল। ১৯০২ চনত ফিলিপ লেনাৰ্ড )-ৰ দ্বাৰা আৱিস্কৃত আলোক বিদ্যুৎ পৰিঘটনাৰ ওপৰত ভিত্তি কৰি আইনষ্টাইনৰ দ্বাৰা প্ৰস্তাৱিত পোহৰৰ কোৱাণ্টা অৰ্থাৎ ফ'টন সম্পৰ্কীয় প্ৰতিপাদ্যটো আদিতে প্লেংকে নাকচ কৰিছিল। মেক্সৱেল )-ৰ তড়িৎ চুম্বকত্ব বা ইলেক্ট্ৰ'ডাইনেমিকছ তত্ত্ব সম্পূৰ্ণভাৱে নাকচ কৰিবলৈ প্লেংক ইচ্ছুক নাছিল। ১৯১০ চনত, আইনষ্টাইনে দেখুৱাইছিল যে, নিম্ন উষ্ণতাত প্ৰদৰ্শিত আপেক্ষিক তাপ )-ৰ অস্বাভাৱিক আচৰণ ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ আগবঢ়োৱা ব্যাখ্যাই সামৰিব নোৱৰা ভৌতিক পৰিঘটনাসমূহৰ এটা উদাহৰণ। ক্ৰমান্বয়ে বাঢ়ি অহা পৰস্পৰবিৰোধী ব্যাখ্যাসমূহৰ ক্ষেত্ৰত স্পষ্টতা অনাৰ বাবে প্লেংক আৰু নাৰ্ণষ্ট )-এ ১৯১৪ চনত ব্ৰাছেলছ )-ত প্ৰথম ছ'লভে অভিৱৰ্তন )-ৰ আয়োজন কৰিছিল। এই অভিৱৰ্তনতেই আইনষ্টাইনে প্লেংকক তেওঁৰ তত্ত্বৰ শুদ্ধতা সম্পৰ্কে পতিয়ন নিয়াবলৈ সক্ষম হৈছিল। ইতিমধ্যে, প্লেংক বাৰ্লিন বিশ্ববিদ্যালয়ৰ গুৰু হিচাপে নিযুক্ত হৈছিল। ইয়াৰ জৰিয়তেই প্লেংকে আইনষ্টাইনক বাৰ্লিন বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ কৰি আনি ১৯১৪ চনত অধ্যাপকৰ পদ যাচিছিল। সোনকালেই, এই দুয়োজন বিজ্ঞানী অন্তৰংগ বন্ধুত পৰিণত হৈছিল আৰু সংগীত পৰিৱেশনৰ বাবে দুয়ো সঘনাই মিলিত হৈছিল। কোৱাণ্টাম বলবিজ্ঞান ১৯২০ চনৰ শেষভাগলৈ নীলছ ব'ৰ, ৱাৰ্ণাৰ হাইজেনবাৰ্গ আৰু উলফগেঙ পাউলি-য়ে কোৱাণ্টাম বলবিজ্ঞানৰ ক'পেনহেগেন ব্যাখ্যা সংজ্ঞাবদ্ধ কৰি উলিয়াইছিল। কিন্তু প্লেংক, আৰৱিন শ্ৰুডিংগাৰ, মেক্স ভন লাউ আৰু এলবাৰ্ট আইনষ্টাইনে এই সংজ্ঞা নাকচ কৰিছিল। প্লেংকে আশা কৰিছিল যে, তৰংগ বলবিজ্ঞান )-ৰ বিকাশে শীঘ্ৰেই তেওঁৰ নিজৰ দ্বাৰাই সৃষ্ট কোৱাণ্টাম তত্ত্বক অনাৱশ্যকীয় কৰি তুলিব। অৱশ্যে এয়া নঘটিল। পৰৱৰ্তী গৱেষণাই তেওঁ আৰু আইনষ্টাইনৰ পৰিৱৰ্তিত দৰ্শনগত ধাৰণাৰ বিপৰীতে কোৱাণ্টাম তত্ত্বৰ ভেটি সুদৃঢ়হে কৰি তুলিলে। প্লেংকে তেওঁৰ ডেকা বয়সৰ এই সম্পৰ্কীয় পুৰণি ধাৰণাৰ সৈতে যুঁজি থাকোঁতে তেওঁৰ নিজৰেই আগৰ পৰ্যবেক্ষণৰ সত্যতা অনুধাৱন কৰিলে: সন্মান আৰু বঁটা বিজ্ঞান আৰু কলাৰ ক্ষেত্ৰত ১৯১৫ (১৯৩০ চনত তেওঁ ইয়াৰ আচাৰ্য হিচাপে নিৰ্বাচিত হৈছিল) ১৯১৮ চনৰ পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা (১৯১৯ চনত প্ৰদান কৰা হৈছিল) ১৯২৭ চনত ল'ৰেণ্টজ্ মে'ডেল ১৯২৭ চনত ফ্ৰেংক্ললিন মে'ডেল ১৯২৮ চনত জাৰ্মান ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদত্ত ১৯২৯ চনত মেংক প্লেংক মে'ডেল (একে বছৰেই এলবাৰ্ট আইনষ্টাইনকো প্ৰদান কৰা হৈছিল) ১৯২৯ চনত ক'পলে' মেডেল ১৯৩৮ চনত -এ প্লেংকৰ নামানুসাৰে 1069 তাৰকাপুঞ্জৰ নামকৰণ কৰে প্ৰকাশন (1900). 1. 4. 719–37. (1901). 4, 553 তথ্যসূত্ৰ জাৰ্মানীৰ ব্যক্তি মৃত ব্যক্তি বিজ্ঞানী পদাৰ্থ বিজ্ঞানী পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা
5150
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A7%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%A6%E0%A7%87%E0%A7%B1%E0%A6%BE%E0%A6%A8%20%28%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%29
মণিৰাম দেৱান (চলচ্চিত্ৰ)
মণিৰাম দেৱান ১৯৬৪ চনৰ ১০ জানুৱাৰীত মুক্তি পোৱা এখন বুৰঞ্জীমূলক ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনাত আছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তী। নাম ভূমিকাত অভিনয় কৰিছিল ফণী শৰ্মাই। ছবিখনৰ নিৰ্মাণত খৰচ হৈছিল ২,০৫,০০০ টকা। 'চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠান'ৰ হৈ অপূৰ্ব চৌধুৰীয়ে চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল। নিৰ্মাণৰ কথা ১৯৬২ চনত গুৱাহাটীৰ উজান বজাৰৰ 'কুমাৰ ভাস্কৰ নাট্য মন্দিৰ'ত নিয়মিত নাটক কৰা শিল্পীসকলে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ কথা চিন্তা কৰি যুগল দাসৰ নাটক 'ফল্গু'ক চলচ্চিত্ৰৰ ৰূপ দিবলৈ মনস্থ কৰে। ছবি নিৰ্মাণত ধন লাগনি কৰাৰ বাবে আগবাঢ়ি আহে অপূৰ্ব চৌধুৰী। কিন্তু তেখেতে ছবিৰ বাবে 'মণিৰাম দেৱান'ৰ কাহিনীটোক অগ্ৰাধিকাৰ দিয়ে। 'মণিৰাম দেৱান' নাটকখন ইতিমধ্যে কেবাবাৰো অভিনীত হে দৰ্শকৰ দ্বাৰা সমাদৃত হৈছিল। সেয়ে 'মণিৰাম দেৱান'কে ছবিৰ বাবে থিৰাং কৰা হয়। ছবিৰ চিত্ৰনাট্য লিখে সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে। পৰিচালনাও দায়িত্বও তেৱেঁই বহন কৰে। মূল চৰিত্ৰৰ বাবে প্ৰথমে সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ নাম উত্থাপন হৈছিল যদিও প্ৰযোজক অপূৰ্ব চৌধুৰীয়ে একেলগে পৰিচালক আৰু মূল অভিনেতাৰ দায়িত্ব পালনত অসুবিধা হ'ব বুলি অইন এজনক সেই চৰিত্ৰৰ বাবে ল'বলৈ কয়। ফণী শৰ্মাক নাম ভূমিকাৰ বাবে মনোনীত কৰা হয়। 'মণিৰাম দেৱান'ৰ চিত্ৰগ্ৰহণ কলিকতাৰ 'ইন্দ্ৰপুৰী ষ্টুডিঅ'ত কৰা হৈছিল। সেই সময়তে সীমান্তত চীনা সৈন্যই ভাৰতৰ সেনাৰ ওপৰত প্ৰথম গুলী বৰ্ষণ কৰে আৰু ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ আৰম্ভণি হয়। কলিকতাত প্ৰথমেই ছবিখনৰ সংগীত পৰিচালক ভূপেন হাজৰিকাৰ পৰিচালনাত ছবিৰ গীতৰ বাণীবন্ধন কৰা হয় নিচিয়ান ষ্টুডিঅ'ত। ইয়াৰ পাছত চাৰিমাহ ধৰি ইন্দ্ৰপুৰী ষ্টুডিঅ'তে ছবিৰ চিত্ৰগ্ৰহণ চলে। ছবিখনত ব্যৱহৃত পুৰণি অসমৰ আহিলা-পাতিবোৰৰ ভালেখিনি অসমৰপৰা কঢ়িয়াই নিয়া হৈছিল। শিল্পী যুগল দাসে তেতিয়াৰ অসমৰ ঘৰ-দুৱাৰ আদিৰ পৰিকল্পনা কৰিছিল আৰু তাৰ বাবে দৰকাৰী ছেট নিৰ্মাণ কৰিছিল কলা নিৰ্দেশক বটু সেনে। ছবিখনৰ বহিৰ্দৃশ্যগ্ৰহণ কৰা হৈছিল গুৱাহাটী, শিৱসাগৰ আৰু ছিলঙত। কলিকতা তথা বলিউদৰ শিল্পী উৎপল দত্তই 'মণিৰাম দেৱান'ত হলৰইদ চাহাবৰ ভূমিকাত অভিনয় কৰিছিল। মনিৰাম দেৱানৰ অভিনয়ৰ বাবে তেখেতে আধা পাৰিশ্ৰমিক লৈছিল। অসমৰ শিল্পীৰ ভিতৰত ফণী শৰ্মা আৰু ইভা আচাওৰ বাহিৰে আন সকলে পাৰিশ্ৰমিক লোৱা নাছিল। ছবিখনৰ পৰিবেশনা কৰিছিল প্ৰযোজক অপূৰ্ব চৌধুৰীয়ে নিজেই। 'মণিৰাম দেৱান'ৰ কাহিনী অসম বুৰঞ্জীৰ এজন প্ৰসিদ্ধ ব্যক্তি মণিৰাম দেৱানৰ কাহিনীৰ ভিত্তিত চলচ্চিত্ৰৰ কাহিনী ভাগ গঢ়ি তোলা হৈছিল। বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ 'মণিৰাম দেৱান' আৰু নাট্যকাৰ প্ৰবীণ ফুকনৰ 'মণিৰাম দেৱান'ৰ আলমত ছবিৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল পৰিচালক সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত ক্ৰমে ক্ৰমে সমগ্ৰ অসমৰ শাসন ভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দখল কৰে। প্ৰথমে ইংৰাজৰ শাসনত ৰাইজে আদৰি ললেও সোনকালেই ভিতৰি ভিতৰি বিদ্ৰোহৰ জুই জ্বলি উঠে। সেই সময়তে ৰাজনীতি বিশাৰদ, ৰাষ্ট্ৰজ্ঞানী, স্পষ্টবাদী মণীৰাম বৰভাণ্ডাৰ বৰুৱাই জৰ্জ এণ্ড্ৰিউ মোফাট চাহাবক লগ ধৰি ৰাইজৰ প্ৰতিক্ৰিয়াশীল মনৰ কথা প্ৰকাশ কৰি দুখন দৰ্খাস্ত লিখে। ইয়াৰ পাছত আকৌ তেখেতে মিলছ আৰু হলৰইদ চাহাবক লগ ধৰি দেশৰ শাসন ভাৰ দেশৰ ৰজাৰ হাতত অৰ্পণ কৰিবলৈ আহ্বান জনায়। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই আহ্বান উপেক্ষ কৰে। ইয়াৰ পাছত মণীৰামে পাতনি মেলে গণ আন্দোলনৰ। এই গণ আন্দোলনত যোগ দিয়ে পিয়লি বৰুৱা, বাহাদুৰ গাওঁবুঢ়া, ফৰমুদ আলি, ঘৰফলীয়া বৰুৱা, মৰংগীখোৱা গোহাঁই, ৰাম চিৰস্তাদাৰ বৰুৱা ইত্যাদি বহুজনে। বিদ্ৰোহৰ অগনি জ্বলি উঠে। ছ আৰু হলৰইদ চাহাবৰ চকুৰ টোপনি নাইকিয়া হয়। মণিৰামে পৰ্বতীয়া নেতাসকলৰ সহায় বিচাৰি তেওঁলোকৰ ওচৰলৈ কটকী পঠিয়ায়। উভতি আহোঁতে হৰনাথ দাৰোগাৰ হাতত বন্দী হয় ফুলকুমাৰী। ফুলকুমাৰী আছিল মণিপুৰৰ জীয়ৰী। গোৰা চিপাহীৰ কামনাৰ বলি হোৱাৰ ভয়ত তাই আহি দুতিৰাম বৰুৱাৰ অনুগ্ৰহত ৰাজকেৰেঙত আশ্ৰয় লৈছিল। পাছলৈ মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ নেতৃত্বত চলা স্বাধীনতাৰ ৰণত যোগ দিছিল। ইফালে ছ চাহাব স্বদেশলৈ উভতি যায়। হলৰইদৰ সহায়ৰ বাব আহে কেপ্টেইন লুথাৰ। তেওঁলোকে আসমৰ সকলো প্ৰধান ৰাজ-বিষয়াক মাতি সদৰ ৰংপুৰতে এখন মেল পাতে। ফুলকুমাৰীক এৰাতিৰ বাবে জেলৰপৰা পলুৱাই আনি উদ্দাম নৃত্যৰ লয়লাসত চাহাবক মদৰ ৰাগীত শুৱাই ৰাখি সেইনিশাই দেৱান কলিকতালৈ পলাই যায় আৰু বৰলাটৰ সৈতে সাক্ষাৎ কৰে। কিন্তু এই সাক্ষাততো কোনো ফল নধৰাত তেখেতে ১৮৭৭ চনত হোৱা 'চিপাহি বিদ্ৰোহ'ত যোগ দিয়ে। ইফালে পিয়লি বৰুৱাই বিদ্ৰোহৰ সঁজাল ধৰে। কলিকতাৰপৰা পোৱা নিৰ্দেশ মৰ্মে কাৰেঙত গুপুত আলোচনা চলে। হলৰইদ চাহাবে বিদ্ৰোহ দমন কৰিবলৈ উঠি-পৰি লাগে। ৰাজকাৰেং আক্ৰমণ কৰিলেই বিদ্ৰোহৰ মূল ঘাটি উচন কৰা হ'ব বুলি হৰনাথ দাৰোগাই হলৰইদ চাহাবক বাতৰি দিয়ে। কাৰেঙৰ ঘাই লিগিৰী সেউতীয়ে পিয়লি বৰুৱাক প্ৰেম নিবেদন কৰি বিফল হৈ প্ৰতিশোধৰ বাবে ছেগ বচাৰি আছিল। তেখেতেই কেপ্টেইন লুথাৰক কাৰেঙৰ গুপুত পথৰ সন্ধান দিয়ে। বিদ্ৰোহৰ মূল ঘাঁটি ইংৰাজে জয় কৰে। কলিকতাৰপৰা মণিৰামে পঠিওৱা চিঠিৰ আধাৰতে তেখেতৰ ওপৰত বিদ্ৰোহত লিপ্ত থকাৰ গোচৰ তৰা হয়। বিচাৰত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচীৰ নিৰ্দেশ আহে। অভিনেতা/অভিনেত্ৰী ফণী শৰ্মা (মণিৰাম দেৱান) পবিত্ৰ বৰকাকতি (কন্দৰ্পেশ্বৰ সিংহ) ভুবন চৌধুৰী ছ চাহাব) উৎপল দত্ত (হলৰইদ চাহাব) কলম চৌধুৰী (হৰনাথ দাৰোগা) দিলীপ হাজৰিক (পিয়লি বৰুৱা) ধীৰেণ শৰ্মা (দুতিৰাম) ধীৰেন দাস মুদ আলি) নীৰদা ভূঞা (মোহন) অমৰেন্দ্ৰ ঠাকুৰ (ঘৰফলীয়া বৰুৱা) সমৰেন শইকীয়া (চিকন) নবীন বৰা (বাপুৰাম) দুল শৰ্মা (বাহাদুৰ গাওঁবুঢ়া) হীৰেন গোঁহাই (গোপাল) তৰুণ কুমাৰ (লাটু বাবু) বীৰেন চেটাৰ্জী (লাট বাহাদুৰ) ধীৰাজ দাস (অখিল) নৃপতি চৌধুৰী (বেয়ৰা) জহৰ ৰায় (বেয়েৰা) ইভা আচাও (ললিতা) প্ৰতিভা ঠাকুৰ (চম্পাৱতী) ৰেণু শইকীয়া (ৰাজ মাও) বীণা দাস (আঘোণী) ৰঞ্জনা বৰদলৈ (সেউতী) ৰেখা বৰা (ফুলকুমাৰী) অপৰ্ণা বৰদলৈ ৰাজেন শৰ্মা ধৰ্মেশ্বৰ গোস্বামী চামচুল হুদা মাণিক দাস সুখময় সেন শশাংক সোম ৰেবেকা আচাও আৰু বহুতো কলা-কুশলী (তথ্য চকত উল্লেখ নথকা) শব্দগ্ৰহণ: জে.ডি. ইৰাণী, শিশিৰ চেটাৰ্জী, মৃণাল গুহঠাকুৰতা কলা নিৰ্দেশনা: বটু সেন ৰূপ-সজ্জা: দেৱী হালদাৰ সাজ-সজ্জা: ব্ৰজ ফুকন খনিকৰ: বিশ্ব পাল সংগঠনত: হৰিশ চৌধুৰী প্ৰচাৰ ব্যৱস্থাপনা: দিলীপ হাজৰিকা ব্যৱস্থাপনা: সুখময় সেন, বীৰেন মুখাৰ্জী স্থিৰচিত্ৰ: কাপছ ফটোগ্ৰাফী পোহৰ সংযোজন: হেমন্ত দাস, শান্তি সৰকাৰ, মনোৰঞ্জন দত্ত, বিনয় ঘোষ, সুখৰঞ্জন দত্ত, দেবেন দাস সহকাৰী পৰিচালনা: শশাংক সোম সংগীত: হিমাংশু দাস, জয়ন্ত হাজৰিকা চিত্ৰগ্ৰহণ: শান্তি দত্ত শব্দগ্ৰহণ: জগত দাস, সিদ্ধি দাস, সুনীল ৰাম সম্পাদনা আৰু পৰিচালনা: অমলেশ শিকদাৰ, অময় লাহা ৰূপসজ্জা: শম্ভু দাস, বংশী দাস সাজ-সজ্জা: শেখসেৰ আলি, প্ৰভাত বসু তবলা সংগত: অতুল শৰ্মা বহিৰ্দৃশ্য গ্ৰহণ: অৰূপ চক্ৰৱৰ্তী, হীৰামন গোস্বামী, দীন দাস, ইন্দ্ৰ দাস, ৰাণা হাতীকাকতী, উদয় হাতীকাকতী পৰিস্ফূটন: ধীৰেন দাসগুপ্ত, (ইন্দ্ৰপুৰী ষ্টুডিঅ'ত এম.এছ. চুবেদাৰৰ তত্ত্বাৱধানত আৰ.চি.এ. শব্দযন্ত্ৰত) পৰিবেশনা: চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠান, ভুবন ৰোড, উজান বজাৰ, গুৱাহাটী মুক্তি আৰু ৰাইজৰ সঁহাৰি কলিকতাত ছবিখনৰ চেন্সৰ কৰোঁতে ছবিখনৰ সম্বলিত ফাঁচীৰ কেবাটাও অতি ওচৰৰ দৃশ্য ভয়াবহ হোৱা বুলি প্ৰথমে 'এ' চাৰ্টিফিকেট দিবলৈ ওলাইছিল। পাছত প্ৰযোজক-পৰিচালকে সেই দৃশ্যকেইটা কাটি দিয়াত সমস্যাৰ সমাধান হয়। কলিকতাতেই ছবিখনৰ প্ৰেছ শ্বো দেখুওৱা হৈছিল। ১৯৬৪ চনৰ ১০ জানুৱাৰীত অসমৰ চাৰিটা চিত্ৰগৃহত ছবিখন মুক্তি দিয়া হৈছিল। ছবিঘৰ কেইটা আছিল: ৰূপায়ণ (গুৱাহাটী), শংকৰ (যোৰহাট), ৰূপালীম (শিৱসাগৰ), আৰু জয়শ্ৰী (নগাওঁ)। ছবিখনে ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম লাভ হৈছিল। ছবিখন ৰাইজৰ লগতে সমালোচকে সকলেও ভাল পাইছিল। বাতৰি-কাকতত প্ৰকাশিত সমালোচনাই ছবিখনক ভূয়সী প্ৰশংসা কৰি ইয়াক সৰ্বভাৰতীয় পৰ্য্যায়ত ফেৰ মাৰিব ছবি বুলি উল্লেক কৰিছিল। সন্মান ছবিখনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক বঁটা লাভ কৰিছিল। ছবিখনৰ বৰ্তমানৰ অৱস্থা পুনেৰ জাতীয় ফিল্ম আৰ্কাইভে ছবিখনৰ মুক্তিৰ পাছতেই এটা প্ৰিণ্ট সংৰক্ষণৰ ব্যৱস্থা কৰে। ছবিৰ নিগেটিভো কলিকতাৰ ফিল্ম ছাৰ্ভিছেছৰ পৰা নি জাতীয় ফিল্ম আৰ্কাইভত জমা কৰা হয়। নিগেটিভ আৰু প্ৰিণ্ট সেয়ে সযতনে সংৰক্ষিত হৈ আছে। আনহাতে ফিল্ম ছাৰ্ভিছেজত থকা আন কেবাখনো অসমীয়া ছবিৰ নিগেটিভ নষ্ট কৰি পেলোৱা হয়। ছবিখনৰ ইংৰাজী ছাব-টাইটেল থকা এটা প্ৰিণ্ট অপূৰ্ব চৌধুৰীৰ ঘৰতে সংৰক্ষিত আছে। ছাব-টাইটেল কৰিছিল অপূৰ্ব চৌধুৰী্যে নিজে। এই প্ৰিণ্টটোকে ১৯৮৯ চনৰ ছেপ্টেম্বৰ মাহত দিল্লী-দূৰদৰ্শনৰপৰা ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম যোগে প্ৰচাৰ কৰা হৈছিল। দিল্লী দূৰদৰ্শন কেন্দ্ৰ আৰু ২০টা এল.পি.টি. কেন্দ্ৰ যোগে ১৯৮৩ চনৰ ৩০ এপ্ৰিলৰ দিনা প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দূৰদৰ্শনত সন্ধিয়া সম্প্ৰচাৰ কৰা হৈছিল। ছবিঘৰত আন দুটা প্ৰিণ্টো অপূৰ্ব চৌধুৰীৰ ঘৰতে সংৰক্ষণ কৰা আছে। সংগীত 'মণিৰাম দেৱান'ৰ সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা। সহকাৰী পৰিচালক আছিল জয়ন্ত হাজৰিকা আৰু হিমাংশু বিশ্বাস। গানৰ কথা ভূপেন হাজৰিকাৰ। তিনিটা গানৰ কথা প্ৰচলিত। ছবিখনৰ সংগীত অতি জনপ্ৰিয় হৈছিল আৰু কেইবাটাও গান আজিও জনপ্ৰিয়। কাৰিকৰী খুঁটি-নাটি ৰঙ: ক'লা-বগা দৈৰ্ঘ্য: ১৫ ৰীল ফৰ্মেট: ৩৫ মিমি তথ্যউৎস বাহ্যিক সংযোগ অসমীয়া চলচ্চিত্ৰ শ্ৰেষ্ঠ অসমীয়া পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰ ১৯৬৪ বৰ্ষৰ
58923
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A7%80%E0%A7%B0%20%E0%A6%AE%E0%A7%83%E0%A7%8E%20%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%AA
মাজুলীৰ মৃৎ শিল্প
মাজুলীৰ মৃৎ শিল্প হৈছে অসমৰ এবিধ উল্লেখযোগ্য লোককলা। সাধাৰণতে কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকল এই কলাৰ সৈতে জড়িত। মৃৎ শিল্পত কুশলী এই লোকসকলক 'কুম্ভকাৰ' নামেৰেও জনা যায়। অসমৰ গৌৰীসাগৰ, কাকডোঙা, ধৱলী, ভীমপাৰা আদি নৈপৰীয়া অঞ্চলৰ লোক মৃৎ শিল্পৰ লগত জড়িত যদিও মাজুলীৰ শালমৰা অঞ্চলৰ মৃৎ শিল্পই অসমৰ মৃৎ শিল্পজাত সামগ্ৰীৰ এক-তৃতীয়াংশ চাহিদা পূৰণ কৰে। নিৰ্মাণ মৃৎ শিল্পজাত সামগ্ৰী নিৰ্মাণৰ বাবে কুমাৰ মাটিৰ সন্ধানত কুমাৰসকলে বোঁৱতী সুঁতিৰ কাষত ৩০/৪০ ফুট দ' গাঁত খান্দে আৰু বাহৰ জখলাৰে নামি গৈ মাটি তোলে। তোলা মাটিখিনিৰ ডাঠ আঠালেতীয়া গুণটো নাইকিয়া কৰি কলহ-টেকেলি গঢ়াৰ উপযোগী কৰিবৰ বাবে মাটিখিনিত 'খোলনি' দিয়ে। পিছত 'আফৰি'ৰে ঘূৰাই 'চোঁচনি'ৰে চোঁচাৰ পিছত শেলাই খুৱাই মাটিৰ পাত্ৰৰ আকাৰ ঠিক কৰি লয়। এইদৰে গঢ়া মাটিৰ কেঁচা বাচন ৰ'দত শুকুৱাই অলপ টান কৰাৰ পিছত 'পিটোনে'ৰে পিটি আৰু 'মাজনি'ৰে মাজি পুনৰ ৰ'দত দিয়া হয়। ইয়াৰ পাছত আৰম্ভ হয় ৰং দিয়াৰ প্ৰক্ৰিয়া। গেৰুৱা মাটি পানীত গুলি এবিধ ৰং প্ৰস্তুত কৰা হয়। ইয়াক কোৱা হয় ৰেঙনি। ৰেঙনি বোলাই কলহবোৰ ধুনীয়া কৰা হয়। বাচন নিৰ্মাণ কৰাৰ পিছত এইবোৰ টান কৰিবৰ বাবে 'পেঘালী'ত পোৰা হয়। পেঘালীত পোৰণ কাৰ্য হ'ল মাটিৰ পাত্ৰ এটি ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ একেবাৰে অন্তিমটি পৰ্যায়। ভালদৰে শুকোৱা পাত্ৰবোৰ গোলাকাৰ পেঘালীত এক বিশেষ আৰ্হিৰে মেজিৰ আকৃতিত সজাই পাত্ৰবোৰৰ মাজে মাজে থকা খালী ঠাইত শুকান কাঠ-বাঁহৰ টুকুৰা আৰু সম্পূৰ্ণ ঘেৰটোৰ কাষে কাষে পুৰণি ভঙা কলহ-টেকলিৰ টুকুৰা দি খেৰেৰে ঢাকি দিয়া হয়। খেৰৰ ওপৰত গোবৰ মাটিৰ লেপ দিয়া হয়। তিনি-চাৰিবাৰ এনেকৈ লেপ দিয়াৰ পাছত এই লেপৰ ঠায়ে ঠায়ে ফুটা কৰি দিয়া হয় যাতে জুইৰ ধোঁৱা ওলাই যাব পাৰে আৰু বাচন সমূহ ধোঁৱাই ক'লা কৰি নেপেলায়। পেঘালীত প্ৰায় ১২ ঘণ্টামান এক নিৰ্দিষ্ট উষ্ণতাত পাত্ৰসমূহ পোৰা হয়। জুইৰপৰা উলিয়াই বাচনসমূহ ঠাণ্ডা হ'বলৈ দিয়া হয়। ঠাণ্ডা হোৱাৰ পাছত পাত্ৰসমূহ বিক্ৰীৰ উপযোগী হৈ উঠে। সামগ্ৰী নিৰ্মাণৰ সময় শালমৰাৰ শিল্পীসকলে বছৰত তিনিবাৰকৈ মৃৎশিল্পজাত সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰী কৰে। এই সময়ক তেওঁলোকে খেপ বুলি কয়। এই খেপসমূহ হ'ল আহু খেপ, শালি খেপ আৰু বেচা খেপ। আহু খেপৰ উৎপাদন আৰু বিক্ৰী জেঠ মাহৰপৰা ভাদ মাহৰ ভিতৰত, শালি খেপ আঘোণৰপৰা ফাগুন মাহৰ ভিতৰত আৰু বেচা খেপৰ উৎপাদন আৰু বিক্ৰী চ'ত মাহৰপৰা ব'হাগ মাহৰ ভিতৰত সম্পাদিত হয়। উৎপাদিত সামগ্ৰী মৃৎ বা মাটিৰে উৎপাদিত সামগ্ৰী সমূহৰ ভিতৰত এৱাঁ টেকেলি, পাটি টেকেলি, দৈ টেকেলি, সৰুপাটি কলহ, ডাঙৰ পাটি কলহ, মথাকনীয়া কলহ, মলা, নদীয়া, দুণৰি, খোল, নাগেৰা, উধান আদিয়ে প্ৰধান। ইয়াৰ উপৰিও সজাবৰ বাবে সৰু জোখৰ দৰা-কইনা, নাচনী, হাতী, ঘোঁৰা, চাকি আদি বিভিন্ন সামগ্ৰী মাটিৰে নিৰ্মাণ কৰা হয়। আকৌ ধান চাউল বা গৰমৰ দিনত গৰম কাপোৰ থবৰ বাবে ডাঙৰ ডাঙৰ মথিয়া সাজে। গৰম কাপোৰ মথিয়াত ভৰাই নিগনি আদিৰ পৰা আঁতৰাই ৰাখিবলৈ মথিয়াৰ মুখখন মাটিৰ লেপ দি বন্ধ কৰি দিয়া হয়। নদিয়া আৰু পিঠা পোৰা সানেকীও হ'ল দুবিধ পৰম্পৰাগত মৃৎ শিল্প। জড়িত ব্যক্তি সাধাৰণতে কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকল এই শিল্পৰ সৈতে জড়িত। কুমাৰসকলে ধৰ্মীয় কাম-কাজত ব্যৱহৃত বাচনসমূহ আৰু হীৰাসকলে ঘৰুৱাভাৱে ব্যৱহৃত বাচনসমূহ তৈয়াৰ কৰে। মাজুলীৰ শালমৰা অঞ্চলৰ কৃষিভূমিহীন অনেক পৰিয়ালে মৃৎ শিল্প উৎপাদন কৰি জীৱিকা নিৰ্বাহ কৰি আছে। উচ্চ শিক্ষা গ্ৰহণ কৰি কৰ্ম সংস্থাপন নোপোৱা অনেক ডেকা-ডেকেৰীয়েও এই শিল্পক ব্যৱসায় ৰূপে লৈ স্বাৱলম্বিত হৈছে। মাটিৰ পাত্ৰ এটাৰ গঢ়ন প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰত মৃৎ শিল্পী পৰিয়াল এটাৰ ল'ৰাৰপৰা ডেকালৈকে সকলোৰে পৰিশ্ৰম নিহিত থাকে। পুৰুষ শ্ৰমিকসকল সততে মাটি খন্দা, পেঘালীত পাত্ৰবোৰ পোৰা, ব্ৰহ্মপুত্ৰৰ কোঁবাল সোঁতত উটি অহা খৰি ধৰা আৰু পাত্ৰবোৰ বিক্ৰী কৰা আদি কামত নিয়োজিত। গঢ়নৰ অন্যান্য স্তৰ যেনে পাত্ৰসমূহ ত ৰং দিয়া, মাটি কঢ়িওৱা, কুমাৰ মাটি (মৃৎ শিল্প গঢ়িবলৈ প্ৰয়োজন হোৱা বিশেষ প্ৰকাৰৰ ক'লা আলতীয়া মাটি) খচি তাক গঢ়নৰ উপযোগী কৰা আদি কামত মহিলাসকলে আগভাগ লয়। অনেক সময়ত বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰসকলো মাটি কঢ়িওৱা, খৰি কঢ়িওৱা, বাচন কঢ়িওৱা, বিক্ৰী কৰা আদি লঘু অথচ দৰকাৰী কামত নিয়োজিত হয়। অধিক চাওক সাহিত্য.অৰ্গ ইউটিউব মাটিৰ শিল্প- বিকাশপেডিয়া তথ্য সংগ্ৰহ মাজুলী মৃৎ
80780
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%B9%E0%A7%81%E0%A7%B1%E0%A6%BE
বহুৱা
বহুৱা অসমৰ অংকীয়া নাট-ভাওনাৰ এক উল্লেখযোগ্য চৰিত্ৰ। বহুৱা শব্দৰ অৰ্থ, সাধাৰণতে চাৰ্কাছৰ সৈতে জড়িত এজন শিল্পী যি খুঁহুতীয়া কথা আৰু অভিনয়েৰে দৰ্শকক হাঁহিৰ খোৰাক যোগায়। বহুৱাৰ এই চৰিত্ৰ অক্ষুণ্ন ৰাখি অংকীয়া নাট ভাওনাত শ্ৰীশ্ৰীশংকৰদেৱে তেওঁৰ নাটসমূহত পোন প্ৰথমবাৰৰ বাবে বহুৱা চৰিত্ৰ সন্নিৱিষ্ট কৰি দৰ্শকক আমোদ দিয়াৰ ব্যৱস্থা কৰিছিল। পাৰিজাত হৰণ নাটত নাৰদৰ সৈতে বহুৱাৰ প্ৰৱেশ হৈছে, কিন্তু বচন নাই। মাথোঁ অভিনয়েৰে দৰ্শকক মনোৰঞ্জন দিছে। নাটত বহুৱা শব্দৰ ঠাইত ’বাসুয়া’ শব্দ প্ৰয়োগ কৰা হৈছে। সূত্ৰ: তদনন্তৰ ’বাসুয়া’ চয়ড়ি পাৰল, মুনি আসন ভিড়ি তথি বৈঠল অংকীয়া নাটসমূহত ’মানুহৰ মনত ৰং লগাবলৈ বিবিধ প্ৰকাৰৰ ভাও লোৱা আৰু অনেক প্ৰকাৰে কথা কোৱা মানুহ, বহুৰূপী’ অৰ্থত বহুৱা চৰিত্ৰ সৃষ্টি কৰা হৈছে। বহুৱা চৰিত্ৰৰ উৎস অংকীয়া নাট বা তাৰ পাছৰ ভাওনাসমূহত ওলোৱা বহুৱা চৰিত্ৰটোৰ আঁতিগুৰি বিচাৰিলে আমি সংস্কৃত নাটকৰ ’বিদুষক’ৰ চৰিত্ৰটোলৈ আঙুলিয়াব পাৰোঁ। বিদুষকৰ চৰিত্ৰটো সংস্কৃত নাটত নায়কৰ ঘনিষ্ঠ সহযোগী হিচাপে দেখুওৱা হয়। বিদুষকজন ভোজন বিলাসী আৰু কথা-বতৰাত হাস্যৰস দিব পৰা। নাটসমূহত এওঁৰ ৰাজসভাৰ পাৰ অন্তেষপুৰলৈ সকলোতে অবাধ গতি। ক’ব পাৰি, সংস্কৃত নাটত গতিময়তা অনা এক বিশেষ চৰিত্ৰ। কিন্তু লোকৰঞ্জনৰ হেতু অংকীয়া নাটত বহুৱাৰ অন্তৰ্ভুক্তি কৰি নাট ৰচোঁতাই এই চৰিত্ৰটোক কেৱল হাস্যৰস যোগান ধৰিবলৈকে সৃষ্টি কৰিছে। বহুৱা নোহোৱা হৈ গ’লেও নাটৰ কাহিনীভাগ আগবাঢ়ি যাওঁতে কোনো হানি-বিঘিনি নহয়। এই কথাটো অৱশ্যে দৰঙৰ খুলীয়া ভাওনাৰ ক্ষেত্ৰত নাখাটে। দৰঙৰ খুলীয়া ভাওনাতো বহুৱা চৰিত্ৰ থাকে। এই ভাওনাবোৰৰ সফলতা নিৰ্ভৰ কৰে মূল তিনিটা কাৰকৰ ওপৰত, বহুৱা, বায়ন আৰু ওজা। ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত বহুৱা চৰিত্ৰৰ উল্লেখ আছে। মৈথিলী কীৰ্তনীয়া নাটত বহুৱা চৰিত্ৰক ’বিকটা’ বা ’বিপতা’ নামে জনা যায়। এওঁ নাৰদ মুনিৰ আলধৰা হিচাপে আত্মপ্ৰকাশ কৰে। গুজৰাট, ৰাজস্থান আদি ঠাইৰ নাট্যানুষ্ঠানৰ বহুৱা চৰিত্ৰক ’ৰংগলো’ নামে জনা যায়। মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ নাট্যানুষ্ঠানৰ বহুৱা চৰিত্ৰক ’সোগাড়িয়া’ আৰু কংকণ অঞ্চলত এওঁলোকক ’মহাদেৱী’ নামেৰে জনা যায়। উজনি অসমৰ সোণোৱাৰ কছাৰীসকলৰ মাজত বহুৱা নাচ বুলি এক লোকনৃত্য প্ৰচলিত। অৱশ্যে এই নৃত্য ধেমেলীয়া হোৱাৰ বিপৰীতে, যথেষ্ট ভাবগধূৰ। বহুৱা চৰিত্ৰৰ বৈশিষ্ট্য বহুৱা চৰিত্ৰৰ কেইটামান বৈশিষ্ট্য চকুত পৰে। (১) নাটত বহুৱা চৰিত্ৰৰ কোনো নিৰ্দিষ্ট বচন নাথাকে। নাটৰ পৰিৱেশ অনুযায়ী তেওঁলোকে খাপখোৱাকৈ বচন নিক্ষেপ কৰিব পাৰে। বহুৱাৰ সফলতা-বিফলতা প্ৰধানকৈ নিৰ্ভৰ কৰে নাটত খাপ খাই পৰাকৈ আৰু হাস্যৰসৰ সৃষ্টি কৰিব পৰাকৈ নিক্ষেপ কৰা বচনবোৰত। (২) বহুৱাৰ সাজ-পোছাকবোৰ কিম্ভূত কিমাকাৰ হয়। আজোখা আৰু ৰঙ-বিৰঙৰ। মুখত হাঁহি উঠা ধৰণৰ আঁক-বাঁক কৰি লয় বা কিছুমানে হাস্যকৰ মুখা পিন্ধি লয়। (৩) বহুৱাই কেতিয়াবা দূতৰ সহযোগী হিচাপে বা চৰিত্ৰ সহযোগী হিচাপে নাটত প্ৰৱেশ কৰে। (৪) বহুৱাৰ প্ৰৱেশ আৰু প্ৰস্থানৰ কোনো নিৰ্ধাৰিত সময় নাথাকে। নাটৰ মূল কাহিনীত ব্যাঘাত নজন্মোৱাকৈ যেতিয়াই তেতিয়াই এওঁলোকে প্ৰৱেশ কৰিব পাৰে। দৰঙ নলবাৰী অঞ্চলত পাৰস্পৰিক বৈপৰীত্যৰ সহায়ত হাস্যৰস সৃষ্টি কৰা প্ৰচলিত খুলীয়া ভাওনাৰ বহুৱাৰ গীত এটিৰ উদাহৰণ তলত দিয়া হ’ল; হায়ৰে মাও সৰস্বতীছাগলে নিলা হাতী ধৰিইন্দুৰ ভায়াই মেকুৰী ধৰি খায়।শাল মাছে চাহ খায়শিঙি মাছে গান গায়নিছিলা মাছে খুঞ্জুৰী বজায়। বহুৱা চৰিত্ৰ গুৰুত্ব যদিও প্ৰায়বোৰ নাটৰ কাহিনীত বহুৱা চৰিত্ৰৰ বিশেষ কোনো গুৰুত্ব নাথাকে, বা বহুৱা নহ’লেও কাহিনীত যতি নপৰে, তথাপি সমালোচকৰ দৃষ্টিৰে চালে বহুৱা চৰিত্ৰৰ গুৰুত্ব নাটসমূহত লক্ষ্য কৰা যায়। অংকীয়া নাটত সূত্ৰধাৰৰ বাহিৰে দূত আৰু বহুৱা উপৰুৱা চৰিত্ৰ। এই দুই চৰিত্ৰই নাটৰ পট পৰিৱৰ্তনৰ ইংগিত দিয়ে। নাটৰ মূল চৰিত্ৰসমূহৰ বক্তব্য বা সংঘাতৰ মাজত বহুৱা চৰিত্ৰই খুহুতীয়া কথাৰে পৰিৱেশ আনন্দময় কৰি তোলে। নাটত চৰিত্ৰৰ প্ৰস্থান আৰু প্ৰৱেশৰ মাজৰ সময়খিনিত বহুৱাই দৰ্শকক আমনি পোৱাৰ পৰা বচাই ৰাখে আৰু ইয়াৰ দ্বাৰা নাটৰ মূল চৰিত্ৰসমূহেও সকাহ পায়। বহুৱাসকল তীক্ষ্ণ বুদ্ধিসম্পন্ন স্বভাৱ কবি। এওঁলোকে মুহূৰ্ততে গীত-পদ-বচন ৰচনা কৰি মাতি নাটৰ মূল কাহিনীত আঘাত নকৰাকৈ সমাজত প্ৰচলিত অন্যায় অবিচাৰৰ বিৰুদ্ধে মাত মাতিব পাৰে। খন্তেক বিৰতিৰ পাছত এওঁলোকে দৰ্শকৰ মনোযোগ ঘূৰাই আনিব পাৰে। তথ্য সংগ্ৰহ
51379
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%A3%E0%A7%81%20%E0%A6%AE%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A7%B0
বেণু মিশ্ৰ
বেণু মিশ্ৰ (১৯৩৯-২০১৯) অসমৰ এগৰাকী চিত্ৰশিল্পী আৰু কলা-উপদেষ্টা। তেখেতে পশ্চিম বংগৰ শান্তিনিকেতনত প্ৰখ্যাত শিল্পী ৰামকিংকৰ বেইজৰ অধীনত কলাৰ শিক্ষা গ্ৰহণ কৰিছিল। বৰপেটাত জন্মগ্ৰহণ কৰা ই পাছলৈ গুৱাহাটীত থাকিবলৈ লয়। অসমৰ আধুনিক চিত্ৰশিল্পৰ এক সুকীয়া ধাৰা সৃষ্টি কৰা শিল্পীজনে ১৯৭৬ চনত গুৱাহাটী আৰ্টিষ্টচ্ গীল্ডৰ প্ৰতিষ্ঠা কৰে আৰু কিছুকাল ইয়াৰে প্ৰতিষ্ঠাপক সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে। তেখেত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উপ-সঞ্চালক হিচাপেও নিযুক্ত আছিল। কিছুদিন ধৰি বিভিন্ন ৰোগত ভুগি থকা শিল্পীজনে ২০১৯ চনৰ ২৯ মে'ৰ পুৱা গুৱাহাটীৰ নিজা বাসভৱনত মৃত্যুবৰণ কৰে। জন্ম আৰু বংশ পৰিচয় বৰপেটা সত্ৰৰ বিখ্যাত মিশ্ৰ পৰিয়ালত ১৯৩৯চনৰ ২৭ নবেম্বৰত জন্ম হৈছিল বেণু মিশ্ৰৰ। তেখেতৰ ককাক দেৱেন্দ্ৰনাথ মিশ্ৰ আছিল বৰপেটা বিদ্যাপীঠৰ ড্ৰয়িঙৰ শিক্ষক। ককাকৰ সান্নিধ্যতে তেখেত চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু গছৰ পৰা পাৰি থোৱা কলা জামুৰ ৰসে বাচনত সৃষ্টি কৰা ৰঙে মিশ্ৰৰ শিশু মনত ক্ৰিয়া কৰিছিল। দেউতাক যোগেন্দ্ৰ নাথ মিশ্ৰও আছিল বৰপেটা বিদ্যাপীঠৰে অংক আৰু বিজ্ঞানৰ শিক্ষক। মাক ভাগ্যেশ্বৰী দেৱী। শিক্ষা ১৯৪৬ চনৰপৰা মিশ্ৰ পৰিয়ালে গুৱাহাটীত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। শিশু মিশ্ৰই চেনিকুঠী প্ৰাইমাৰী বিদ্যালয়ত প্ৰাইমাৰী শিক্ষা লাভ কৰিছিল। তাৰপিছত ক্ৰমে কামৰূপ একাডেমী আৰু কটন কলেজিয়েটত মিশ্ৰই হাইস্কুলীয়া শিক্ষা লাভ কৰে। এদিন হাতত ১১ টকা লৈ কলিকতালৈ ৰেলত উঠি পলায়ন কৰিছিল যদিও ৰেল নিচিনি তিনিচুকীয়া পায়গৈ আৰু তাৰপৰাই খবৰ পাই দেউতাকে ঘৰলৈ ওভতাই আনে। উভতি আহি ১৯৫৭ চনত কটন কলেজিয়েটৰপৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হয়। সেই বছৰেই এটি ৮০ টকীয়া বৃত্তি লাভ কৰি কলিকতালৈ যায় আৰু কলাভৱনত নাম ভৰ্তি কৰে। বেণু ই ১৯৬১ চনত শান্তিনিকেতনৰ কলাভৱনৰপৰা ফাইন আৰ্ট আৰু ক্ৰাফট বিষয়ত ৪ বছৰীয়া ডিপ্ল'মা ডিগ্ৰী লাভ কৰিছিল। শান্তিনিকেতনত তেখেতে ৰামকিংকৰ বেইজ,ৰাধাৰমণ বাগচি, ধীৰেনকৃষ্ণ দেৱবৰ্মন, বিনোদবিহাৰী মুখোপাধ্যায়ৰ দৰে দেশৰ আগশাৰীৰ শিল্পীসকলক অধ্যাপক ৰূপে পাইছিল। মিশ্ৰই কৈছে; "ভাৰতীয় শিল্পকলাৰ এক ক্ৰান্তিকাৰী যুগত মই শান্তিনিকেতনৰ ছাত্ৰ আছিলোঁ। চিত্ৰকলাৰ দেশীয় ঐতিহ্য আৰু আধুনিকতাৰ দ্বন্দ্বমুখৰ সময়তে তাত ছাত্ৰজীৱন কটোৱাৰ বিৰল অভিজ্ঞতা মোৰ হৈছিল। কেৱল ছবি অঁকাই নহয়, শান্তিনিকেতনলৈ গৈ তেখেত গান,নাটক, ষ্টেজ ডেকৰেশ্বন আদিৰ প্ৰতিও আকৰ্ষিত হৈ পৰে। কৰ্মজীৱন শান্তিনিকেতনৰপৰা আৰ্টৰ শিক্ষা লৈ মিশ্ৰই ১৯৬৩ চনত ব'ম্বেৰ ছাৰ জেকব চেচন স্কুলত কিছুদিন শিক্ষকতা কৰিছিল। তাৰপৰা উভতি আহি ১৯৬২ চনত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত আৰ্টিষ্ট ৰূপে যোগদান কৰে। ১৯৭৩ চনত আৰ্ট আৰু ক্ৰাফটৰ চৰকাৰী বিদ্যালয়তো তেখেতে কাম কৰিছিল। বেণু মিশ্ৰই গুৱাহাটী শিলপুখুৰীৰ নিজা বাসভৱনত ১৯৭৬ চনত নৱকান্ত বৰুৱা, বীৰেন্দ্ৰনাথ দত্ত, হীৰেন ভট্টাচাৰ্য, অনন্ত লহকৰ (সন্দিকৈ কলেজৰ তেতিয়াৰ অধ্যাপক) তথা প্ৰগতিশীল লেখক আৰু শিল্পী সংঘৰ কিছু কৰ্মকৰ্তাৰে সৈতে লগলাগি গুৱাহাটী আৰ্টষ্টচ্ গীল্ডৰ জন্ম দিছিল। তেখেত মুদ্ৰণ জগতৰ সৈতে ইমান ওতপ্ৰোতভাৱে জড়িত আছিল যে প্ৰকাশন গোষ্ঠীৰসমূহৰ সৈতে তেখেতৰ আন্তৰিক সম্পৰ্ক হৈছিল। প্ৰকাশ, গৰীয়সী, প্ৰতিদিন আদি আগশাৰীৰ আলোচনীসমূহৰ প্ৰচ্ছদ অঙ্কনৰ উপৰিও তেখেতে প্ৰকাশন গোষ্ঠীসমূহৰ কিতাপৰ বাবে কাম কৰিছিল। অসমীয়া প্ৰতিদিন কাকতৰ লগ'টো বেণু মিশ্ৰই আঁকিছিল। পাছলৈ চৰকাৰী নিয়মানুযায়ী আখৰকেইটা পোন কৰিবলগীয়া হৈছিল যদিও নামটোত বেণু মিশ্ৰৰ পৰশ জিলিকি থাকিল।হীৰেন ভট্টাচাৰ্যদেৱৰ কবিতাৰ কিতাপসমূহত বেণু মিশ্ৰৰ ইলাচট্ৰেচন আৰু বেটুপাতে শোভা বৰ্দ্ধন কৰিছিল। হীৰেন ভট্টাচাৰ্যৰ কথা আৰু বেণু মিশ্ৰৰ ছবিৰে প্ৰকাশ পোৱা 'ল'ৰা-ধেমালি'; বীৰেন্দ্ৰনাথ দত্তৰ চয়ন-সংকলন আৰু বেণু মিশ্ৰৰ ছবিৰে প্ৰকাশিত 'অমাতৰ মাত' আছিল মিশ্ৰৰ জীৱনৰ অক্ষয় কীৰ্তি। তেখেতৰ দ্বাৰা অংকিত কেইবাখনো গ্ৰন্থ সৰ্বভাৰতীয় মুদ্ৰণ শিল্পৰ প্ৰেক্ষাপটত পুৰস্কৃত হৈছে। কেৱল বেটুপাততে ব্যস্ত নাথাকি তেখেতে অসম প্ৰকাশন পৰিষদৰ প্ৰতীকপট নিৰ্মাণ, নামফলকৰ অক্ষৰবিন্যাস, বাণিজ্যমেলাৰ বাবে বুৰঞ্জীপ্ৰসিদ্ধ মহাবীৰসকলৰ প্ৰতিকৃতি অংকন আদিৰ কামো আগ্ৰহেৰে কৰিছিল। তবলাবাদক ৰূপেও তেখেতৰ বিশেষ নাম আছিল। ভূপেন হাজৰিকা আৰু পাৰবিন চুলতানাৰ লগতো তেওঁ তবলা সংগত কৰিছিল।তেখেতে নিজে নাটক লিখি সংগীতৰ কাম আৰু পৰিচালনাও কৰিছিল। বেণু মিশ্ৰই নিৰ্মাণ কৰা ভাস্কৰ্য সমূহৰ ভিতৰত গহপুৰত স্থাপিত ছহিদ কনকলতা আৰু মুকুন্দ কাকতিৰ পূৰ্ণ প্ৰতিমূৰ্তি, গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ প্ৰতিকৃতি, নুমলীগড়ৰ আধুনিক ভাস্কৰ্য আদি উল্লেখযোগ্য। তেখেতৰ তত্ত্বাৱধানত প্ৰকাশ হোৱা গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ বছৰেকীয়া আলোচনী 'চিহ্ন'ক শিল্পী সমীৰণ বৰুৱাই অসমৰ প্ৰথমখন "ললিত কলা বিষয়ক আলোচনী" বুলি কৈছে। তেখেতৰ চিত্ৰকলাত বলিষ্ঠ ৰেখাৰ সাৱলীল গতি, ফৰ্মৰ সংবেদনা আৰু বৰ্ণ-বৈভৱৰ সুষমা পৰিস্ফূট হয়। তেখেতৰ উল্লেখযোগ্য চিত্ৰ সমূহৰ ভিতৰত 'লেডি উইথ পামকিন','ড্যা ডেথ','ড্যা ভিলেজ বেণ্ড','ফাদাৰ এণ্ড চন','ফেমিলি','ড্যা মিডনাইট কাফে','ড্যা লাষ্ট চাপাৰ' আদি ৰসোত্তীৰ্ণ। ইয়াৰে ডে'থ ছবিখনৰ ৰচনাৰ সময় আৰু পটভূমি অসম আন্দোলন। ড্যা লাষ্ট চাপাৰ ছবিখন ব্যংগাত্মক। কবি-সমালোচক নীলমণি ফুকনৰ ভাষাত; শিল্পীয়ে সমাজৰ একশ্ৰেণী মদগৰ্বী, ভেশছনধাৰী ভণ্ড মানুহৰ প্ৰতি থকা ক্ষোভ-ক্ৰোধ প্ৰকাশ কৰিবলৈ ব্যংগৰ আশ্ৰয় লৈছে। শিল্পী মিশ্ৰৰ প্ৰথমখন চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল নেপালৰ কাঠমাণ্ডুত,১৯৬৪ চনত। ইয়াৰোপৰি দিল্লী, ব'ম্বে, কলিকতা, গুৱাহাটী, শ্বিলং আদিত তেখেতৰ সমূহীয়া চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। ১৯৭৩ চনত তেখেতে বাৰ্লিনত অনুষ্ঠিত যুৱ মহোৎসৱত চিত্ৰশিল্পী ৰূপে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। মৃত্যু কিছুদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি থকা বেণু মিশ্ৰক ২৯ মে'ৰ ৰাতিপুৱা সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, কিন্তু বাটতে তেখেতে মৃত্যুবৰণ কৰে। চিকিৎসালয়ৰ পৰা তেখেতৰ নশ্বৰদেহ কাহিলীপাৰাৰ বাসগৃহলৈ অনা হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮০ বছৰ। বঁটা আৰু সন্মান ২০০৩ চনত প্ৰণৱ বৰুৱা বঁটা। ২০০৬ চনত অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা। ২০১৭ চনত 'সাদিন-প্ৰতিদিন'গোষ্ঠীৰ এচিভাৰ্ছ এৱাৰ্ডত জীৱনজোৰা সাধনা বঁটা। ২০১০ চনত শিল্পী তৰুণ দুৱৰা সোঁৱৰণী অইল ইণ্ডিয়া বঁটা। গুৱাহাটী আৰ্টিষ্টচ্ গীল্ডৰ সৌজন্যত এই বঁটা প্ৰদান কৰা হয়। ২০১৫ চনত তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান চাতক'ৰ দ্বাৰা 'চাতক সন্মান' প্ৰদান। বৰপেটা জিলা প্ৰশাসনৰ তৰফৰ পৰা ২০১৮ চনৰ গণৰাজ্য দিৱসত বিশেষ সম্বৰ্ধনা। ২০১৮ চনত অসম চাৰু-কাৰু কলা পৰিষদৰ সম্বৰ্ধনা। সংক্ষিপ্ত জীৱনপঞ্জী ১৯৩৯ নবেম্বৰ মাহৰ ২৭ তাৰিখে গুৰুনানকৰ জন্মৰ দিনা বৰপেটাৰ বিখ্যাত মিশ্ৰ পৰিয়ালত জন্ম। পিতৃঃ যোগেন্দ্ৰনাথ মিশ্ৰ আৰু মাতৃ: ভাগ্যেশ্বৰী দেৱী। ককাক দেবেন্দ্ৰনাথ মিশ্ৰ বৰপেটা বিদ্যাপীঠৰ ড্ৰয়িঙৰ শিক্ষক আছিল। এই একেখন স্কুলতেই দেউতাক যোগেন্দ্ৰনাথ মিশ্ৰই অংক, বিজ্ঞান আৰু ইংৰাজী শিকাইছিল। ককাক দেবেন্দ্ৰনাথ মিশ্ৰদ্বাৰাই চিত্ৰকৰ্মত 'হাতে-খড়ি'। ১৯৪৬ পিতৃৰ চাকৰিসূত্ৰে সপৰিয়ালে গুৱাহাটীলৈ স্থানান্তৰ আৰু স্থায়ীভাৱে বসবাস। প্ৰথমে গুৱাহাটীৰ চেনিকুঠী প্ৰাথমিক বিদ্যালয়ত আৰু তাৰপাছত কামৰূপ একাডেমি আৰু কটন কলেজিয়েট স্কুলতস্কুলীয়া শিক্ষা লাভ। সমান্তৰালভাৱে গুৱাহাটী আৰ্ট স্কুলত ছবিৰ শিক্ষা লাভ। ১৯৫৭ কটন কলেজিয়েট স্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ। এইটো বছৰতে অসম চৰকাৰৰ আশীটকীয়া বৃত্তি এটা লাভ কৰি কলিকতাৰ শান্তিনিকেতনৰ কলাভৱনত নামভৰ্তি। ১৯৬১ শান্তিনিকেতনৰ কলাভৱনৰপৰা ফাইন আৰ্ট আৰু ট বিষয়ত চাৰি বছৰীয়া ডিপ্লমা অৰ্জন। ১৯৬২ অসম চৰকাৰৰ জনসংযোগ বিভাগত হিচাপে যোগদান কৰি চৰকাৰী চাকৰিৰ পাতনি। ১৯৬৩ বম্বেৰ ত আৰ্টৰ শিক্ষক হিচাপে কিছুদিন শিক্ষকতা। ১৯৬৪ নেপালৰ কাঠমাণ্ডুত জীৱনৰ প্ৰথমখন একক চিত্ৰপ্ৰদৰ্শনী অনুষ্ঠিত। ১৯৭৩ আৰ্ট আৰু ক্ৰাটৰ চৰকাৰী বিদ্যালয়ত যোগদান। পূব-জাৰ্মানীত অনুষ্ঠিত হোৱা দশম বিশ্ব যুৱ-মহোসৱত যোগদান কৰি বাৰ্লিন, ডেছডেন, লিপঝিগ আদি ঠাই ভ্ৰমণ। ৰাজলক্ষ্মী মিশ্ৰৰ সৈতে বিবাহ। ১৯৭৬ গুৱাহাটী আৰ্টিষ্ট গীল্ড প্ৰতিষ্ঠা আৰু ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে ৰাজ্যখনত চিত্ৰশিল্প-চৰ্চাক আগুৱাই নিয়া কামত আত্মনিয়োগ। ১৯৮৯ গুৱাহাটী গীল্ড'ৰ সভাপতিৰ দায়িত্বৰপৰা অব্যাহতি॥ চিত্ৰশিল্পীজীৱনৰ উল্লেখযোগ্য কৃতি অইল পেইণ্টিং ‘ডেথ’ ছবিখনৰ অংকন সম্পূৰ্ণ। ১৯৯৩ দ্বিতীয়খন একক চিত্ৰপ্ৰদৰ্শনী গুৱাহাটীত অনুষ্ঠিত। নেশ্যনেল বুক ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেইণ্টিং আৰু ইলাষ্ট্ৰেশ্যনৰ কৰ্মশালা পৰিচালনা। ১৯৮৮ দুগৰাকী ঘনিষ্ঠ সহযোগী হীৰেন ভট্টাচাৰ্য আৰু অতুলানন্দ গোস্বামীৰ সৈতে সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী 'অধিনায়ক' প্ৰকাশৰ সৈতে জড়িত। ১৯৯৪ দ্বিভাষিক কবিতাবিষয়ক আলোচনী 'কবিতা'ৰ কলা সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ। ১৯৯৮ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ললিতকলা উপদেষ্টা সমিতিৰ সদস্য মনোনীত। ২০০০ জ্যেষ্ঠ প্ৰদৰ্শনী বিষয়া হিচাপে জনসংযোগ বিভাগৰ চাকৰিৰপৰা অৱসৰ গ্ৰহণ। ২০০৪ কথা গুৱাহাটী নামৰ মাহেকীয়া আলোচনীৰ কলা সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ। ২০০৬ অসম চৰকাৰৰপৰা বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ। তথ্যসূত্ৰ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমৰ
70772
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%9C%E0%A6%A8%E0%A6%97%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A7%80%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%E0%A7%B0%20%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A6%A6%E0%A7%87%E0%A6%B9%20%E0%A6%B8%E0%A7%8E%E0%A6%95%E0%A6%BE%E0%A7%B0%20%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%A4%E0%A6%BF
অসমৰ জনগোষ্ঠীসমূহৰ মৃতদেহ সৎকাৰ পদ্ধতি
অসম হৈছে উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন জনগোষ্ঠীয় লোকৰ সংস্কৃতিৰ ৰম্যভূমি সকলো জনগোষ্ঠী মিলি বৃহত্তৰ অসমীয়া সংস্কৃতি গঢ় দিছে যদিও জনগোষ্ঠীবোৰে স্বকীয় সাংস্কৃতিক বৈশিষ্ট্যবোৰ অটুত ৰাখিছে ধৰ্ম, বিবাহ ইত্যাদিবোৰৰ লগতে জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত মৃতকৰ সৎকাৰ পদ্ধতিয়েও তেওঁলোকৰ সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য ধৰি ৰাখিছে ডিমাচা ডিমাচা সমাজত মৃতকৰ শটোক সৰিয়হ, হালধি আৰু ঘিলাগুটি পিহি গা ধুৱাই পৰম্পৰাগত সাজ-পাৰ পিন্ধাই পশ্চিম দিশে বাঁহৰ ঢাৰিৰ ওপৰত শুৱাই দিয়ে মৃতকৰ কপালত, চকুত, মুখত আত্মীয়সকলে ধাতুৰ মুদ্ৰা লগাই দিয়ে, মৃতকৰ মূৰত তেল সানি মূৰ ফনিয়াই দিয়ে মৃতকৰ শিতানৰ ফালে অলপ ধান, ধানৰ ওপৰত এটা সৰু জাপি আৰু অলপমান কপাহ ৰাখে ইয়াৰ পিছত মৰাশটো নিবলৈ দুডাল কামিৰে শটোৰ জোখ লোৱা হয় আৰু সেই অনুসৰি বাঁহৰ চাঙি সাজে শ্মশানলৈ শটো নিয়াৰ আগতে শৱ দাহ কৰিবলৈ বুলি স্থলদেৱতাৰ পৰা মাটি কিনি লোৱাৰ উদ্দেশ্যে কেইজনমানে বাহঁৰ সৰু চোঙা এটা কাটি তাতে পইচা এটা ভৰাই চিতা সজা ঠাইত পুতি দিয়ে আৰু ইয়াৰ পিছত তাতে ছটা খুটি পুটি চিতা সজা হয় মৃতকজনক শ্মশানলৈ নিয়াৰ আগেয়ে এগৰাকী বয়োজ্যেষ্ঠ মহিলাই ভাত সিজাই লাওপানীৰ লগত সজাই দিয়াৰ নিয়ম কৰে আৰু ইয়াৰ লগতে বয়োজ্যেষ্ঠ মহিলাসকলে পুৰ্ব্বপুৰুষক সুঁৱৰি 'গাৰাচিংমা' নামৰ গীত গায় শৱদেহ শ্মশানলৈ লৈ যাওঁতে এগৰাকী মহিলাই পাচিত এৱাঁ সূতা লৈ টুকুৰা-টুকুৰ কৰি বাটে বাটে ছটিয়াই যাই আৰু এগৰাকী মহিলাই ধান, কপাহ আৰু খুচুৰা পইচা ছটিয়াই যাই শ্মশানলৈ শৱ নিয়াৰ পৰত াঁহৰ চাঙীখন আত্মীয়সকলে ভাৰ পাতি লয় আৰু চাঙীখন একেবাৰে তুলি লোৱাৰ সলনি তিনিবাৰ দোপমাৰিহে কান্ধত তুলি লয় আৰু এজনে হাঁহ বা কুকুৰাৰ কণী এটা চাংখনত মাৰি ভাঙি ঘৰৰ চাললৈ দলিয়াই পঠিয়াই সাধাৰণতে নিজ পুত্ৰই মুখাগ্নি কৰাৰ নিয়ম, যদি নিজ পুত্ৰ নাথাকে তেনেহলে বংশৰ ল'ৰাই মুখাগ্নি কৰে শৱ দাহ কৰাৰ পিছত মৰিশালিৰ পৰা এঙাৰবোৰ আতঁৰাই পৰিস্কাৰ কৰি এটা তুলসী পুলি ৰুই থই অহাৰ নিয়ম সোণ-ৰূপ-তাম আৰু তুলসী মিহলি পানী ছটিয়াই ঘৰ পৱিত্ৰ কৰা হয় সাতদিনৰ দিনা নিয়ম অনুসৰি মৃতদেহ দাহ কৰোঁতাসকলক লাওপানী আৰু নিৰামিষ ভোজ-ভাত খুৱাই শ্ৰাদ্ধৰ দিন বছৰেকৰ ভিতৰতে ঠিক কৰি কুকুৰা, গাহৰি, ছাগলী, হাঁহ ইত্যাদিৰে বিভিন্ন নিয়ম কৰি শ্ৰাদ্ধ পতা হয় মিচিং মিচিংসকলে মৃতকৰ কাপোৰ-কানি সোলোকাই পুনৰ ওলোটাকৈ পিন্ধাই দিয়ে মৃত ব্যক্তিজনৰ মুখত এখিলা পাত চুপিৰ আকৃতি কৰি পানী নাইবা আপং ঢালি দিয়ে মাতিত গাতঁ খান্দি কাঠৰ বাকচত মৃতদেহ ভৰাই প্ৰথমে মৃতকৰ পুত্ৰই মাটি দিয়ে আৰু ইয়াৰ পাছত সেই স্থানত উপস্থিত আটায়ে মাটি দিয়ে মৃতদেহ সৎকাৰ সম্পন্ন নোহোৱা পৰ্যন্ত মৃত ব্যক্তিজনৰ গাৱঁৰ কোনোৱে ৰন্ধা-বঢ়া নকৰাটো নিয়ম মৃতকক সৎকাৰ কৰি অহাৰ পিছত গা ধুই লগতে জুইৰ সেক লৈ নিজকে শুদ্ধি কৰে মৃতকৰ ঘৰৰ মানুহে তিনিদিনৰ দিনা বয়োজ্যেষ্ঠসকলৰ সহায়ত নিয়ম কৰি সুচি হয় আৰু ভোজ-ভাত খায় সেইদিনা কবৰত মৃতকৰ উদ্দেশ্যে ভাত আগবঢোৱা হয় এমাহৰ মূৰত পুনৰ শুচি হৈ গাহৰি আৰু কুকুৰা মাৰি আত্মীয়-কুটুম্বক ভোজ ভাত খোৱায় ৰাভা ৰাভাসকলে আত্মাৰ অস্তিত্ব গভীৰভাৱে বিশ্বাস কৰে মৃতকক গা ধুৱাই পৰিস্কাৰ কৰি নতুন কাপোৰ পিন্ধাই এৰাতি বিচনাত শোৱাই ৰাখে পুৰুষ-মহিলা উভয়ে শৱ দাহন প্ৰক্ৰিয়াত আনন্দৰে যোগদান কৰে মহিলাসকলে মদ আৰু সান্দহগুৰি আনি উপস্থিতসকলক বিলাই আৰু মৃতকৰ কাণত খঞ্জৰী বজায় মৃতদেহ জুইত দাহ কৰা হয় আৰু ইয়াৰ পাছত আটায়ে গা-পা ধুই শুদ্ধ হৈ 'চকা' পান কৰে চিংফৌ আগৰ দিনত চিংফৌসকলে মৃতদেহ মাটিত পুতি সৎকাৰ কৰিছিল আৰু এই প্ৰথাৰ নাম 'লুপথু-মাংবু' আজিকালি চিংফৌসকলে বৌদ্ধ ধৰ্মৰ প্ৰভাৱত পৰি মৃতদেহ জুইত পুৰি সৎকাৰ কৰে চিংফৌসকলে আত্মীয়ৰ মৃত্যু হলে লঘোণ নিদি লগে-ভাগে ভালকৈ এসাঁজ খায় কাৰণ তেওঁলোকে ভাবে যে আত্মীয়সকলক নোখোৱালে মৃতকৰ আত্মাই কষ্ট পাই মৃত্যুৰ সাতদিনৰ দিনা বৌদ্ধ ভিক্ষুৰ সহায়ত শ্ৰাদ্ধৰ নিয়মবোৰ কৰা হয় টাই খাময়াং মৃতকক পীৰাত বহুৱাই ওলোটাকৈ টেকেলিৰে পানী ঢালি গা ধুৱাই ওলোটাকৈ কাপোৰ পিন্ধাই পাটীত শুৱাই দিয়াৰ পাছত বগা কাপোৰেৰে ঢাকি দিয়া হয় সমাজে আৰ্শীৱাদ দিয়াৰ পাছত সৎকাৰৰ কাৰনে শৱ উলিওৱা সময়ত শৱদেহৰ ভৰি কেইটা ঘৰৰ পৰা আগত উলিয়াই নিজৰ মাটিত দাহ বা সমাধিস্থ কৰা হয় ঘৰৰ বাহিৰত কাৰোবাৰ মৃত্যু ঘটিলে মৃতদেহ ঘৰৰ চোতাললৈ অনা নহয় আৰু পান-তামোলৰ সৈতে কেইপইছামান দি মাটি অকন কিনি লোৱাৰ নিয়ম কৰি বাহিৰে বাহিৰে শ্মশানতে মৃতদেহ দাহ কৰা হয় সাধাৰণতে মৃতকৰ শ্ৰাদ্ধৰ নিয়ম সাত দিনৰ দিনা সম্পূৰ্ণ বৌদ্ধ ৰীতি-নীতিৰে কৰা হয় উৎস ১/ড° থুনু কলিতা,(সম্পা.) অসমৰ লোকাচাৰ আৰু লোকবিশ্বাস ২/জয়কান্ত শৰ্মা,(সম্পা.) অসমৰ জনজাতিসকলৰ ধৰ্মীয় আচাৰ আৰু সংস্কৃতি ৩/প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য,(সম্পা.) অসমৰ জনজাতি
26917
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B2%E0%A6%BF%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A6%95
অলিম্পিক
আধুনিক অলিম্পিক হৈছে বৰ্তমান বিশ্বত অনুষ্ঠিত সৰ্ববৃহত অনুষ্ঠানসমূহৰ এটা। অলিম্পিকক মূলতঃ গ্ৰীষ্মকালীন আৰু শীতকালীন দুটা ভাগত ভাগ কৰা হয়, অলিম্পিক খেলসমূহত পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ খেলুৱৈ প্ৰতিযোগীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে। অলিম্পিকক বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যাদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলি গণ্য কৰা হয়। বৰ্তমান অলিম্পিক দুবছৰৰ মূৰত অনুষ্ঠিত হয়, এখন গ্ৰীষ্মকালীন অলিম্পিক হৈ যোৱাৰ পাছত পাছৰখন শীতকালীন অলিম্পিক অনুষ্ঠিত হয়, অৰ্থাৎ দুখন গ্ৰীষ্মকালীন বা দুখন শীতকালীন অলিম্পিকৰ মাজৰ অন্তৰ চাৰি বছৰ। খ্ৰীষ্ট পূৰ্ব ৪ৰ্থ শতিকাত প্ৰাচীন গ্ৰীচৰ অলিম্পিয়া চহৰত অনুষ্ঠিত হোৱা প্ৰাচীন অলিম্পিকৰ ধাৰণাৰেই আধুনিক অলিম্পিক আৰম্ভ কৰা হয়। বাৰ’ন পীয়েৰ ডে কুৱাৰ্টিনে ১৮৯৪ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি গঠন কৰে। তেতিয়াৰে পৰা -য়ে আধুনিক অলিম্পিকৰ আয়োজন কৰি আহিছে। বিংশ আৰু একবিংশ শতিকাৰ মাজেদি আহোঁতে আধুনিক অলিম্পিকৰ বহুবোৰ পৰিৱৰ্তন হ’ল, এইবোৰৰ ভিতৰত শীতকালত খেলা খেলসমূহ আৰু বৰফৰ খেলসমূহৰ বাবে শীতকালীন অলিম্পিক, শাৰীৰিকভাৱে অক্ষম লোকসকলৰ বাবে পেৰালিম্পিক আৰু চেমনীয়াসকলৰ বাবে যুৱ অলিম্পিক খেলৰ আধুনিক অলিম্পিকত অন্তৰ্ভুক্তি উল্লেখযোগ্য। তদুপৰি বিংশ শতিকাত য়ে বিভিন্ন অৰ্থনৈতিক, ৰাজনৈতিক আৰু কাৰিকৰী সত্যৰ লগত নিজকে খাব খুৱাই ল’ব লগা হ’ল। ফলত অলিম্পিক ক্ৰীড়া কেৱল খেলুৱৈৰ হবি পূৰণৰ স্থলী হৈ নাথাকিল, পেচাগত খেলুৱৈৰ আগমন ঘটিল আধুনিক অলিম্পিকত। ১৯১৬, ১৯৪৯ আৰু ১৯৪৪ চনত বিশ্বযুদ্ধৰ বাবে অলিম্পিক অনুষ্ঠিত নহ’ল। ১৯৮০ আৰু ১৯৮৪ চনত শীতল যুদ্ধৰ বাবে বহুতো দেশে অলিম্পিক বৰ্জন কৰে। একোখন অলিম্পিকত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহ ৰাষ্ট্ৰীয় অলিম্পিক কমিতিসমূহ আৰু সেইখন অলিম্পিকৰ আয়োজক সমিতি প্ৰধানকৈ জড়িত থাকে। সিদ্ধান্ত গ্ৰহণকাৰী সন্থা হিচাপে য়েই প্ৰতিখন অলিম্পিকৰ বাবে আয়োজনস্থলী (দেশ আৰু চহৰ) চিনাক্ত কৰে। আয়োজক চহৰখন অলিম্পিক খেলসমূহৰ নিয়ম অনুসৰি অৰ্থসংগ্ৰহ আৰু আয়োজনৰ বাবে দায়বদ্ধ হয়। প্ৰতিখন অলিম্পিকত খেলাবলগীয়া খেলসমূহৰ সূচীও 'য়ে প্ৰস্তুত কৰে। অলিম্পিকৰ আয়োজনৰ কেতবোৰ উল্লেখযোগ্য অংগ হৈছে অলিম্পিক শিখা দৌৰ আৰু প্ৰজ্বলন, অলিম্পিকৰ পতাকা, অলিম্পিকৰ উদ্বোধণী আৰু সমৰণি অনুষ্ঠান ইত্যাদি। গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিকত প্ৰায় ১৩,০০০ ক্ৰীড়াবিদে ৩৩বিধ খেলৰ প্ৰায় ৪০০ শাখা (ইভেণ্ট)-ত ভাগ লয়। প্ৰতিটো শাখাত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান পোৱা প্ৰতিযোগীক ক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকেৰে অলিম্পিকত পুৰষ্কৃত কৰা হয়। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশেই অলিম্পিকত ভাগ লয়। ই অলিম্পিক খেলসমূহ তীব্ৰ প্ৰতিদ্বন্দ্বীতামূলক কৰি তোলাৰ লগতে আন কিছুমান প্ৰত্যহ্বানৰো সৃষ্টি কৰিছে যেনে বিতৰ্ক, খেলুৱৈৰ ড্ৰাগচৰ ব্যৱহাৰ (ড’পিং), সন্ত্ৰাসবাদীৰ পৰা ভয় ইত্যাদি। প্ৰত্যেক দুবছৰৰ মূৰত অনুষ্ঠিত এই প্ৰতিযোগিতাই বহুতো অখ্যাত খেলুৱৈক ৰাষ্ট্ৰীয় আৰু বহুক্ষেত্ৰত আন্তঃজাৰ্তিক ক্ষেত্ৰত জনপ্ৰিয় কৰি তোলে। তদুপৰি অলিম্পিকে আয়োজক দেশ আৰু চহৰখনক নিজকে বিশ্বৰ আগত প্ৰদৰ্শন কৰাৰ সুবিধা প্ৰদান কৰে। প্ৰাচীন অলিম্পিক প্ৰাচীন গ্ৰীচত গ্ৰীক দেৱতা জ্যুচ সন্মানাৰ্থে সেইসময়ৰ গ্ৰীচৰ চহৰ-প্ৰদেশ আৰু ৰাজ্যসমূহৰ অংশগ্ৰহণেৰে, অলিম্পিয়া নামে ঠাইত অনুষ্ঠিত কৰা এক ধৰ্মীয় তথা ক্ৰীড়া উৎসৱকে অলিম্পিক বুলি জনা যায়। এই উৎসৱত প্ৰধানকৈ এথেলেটিকচহে খেলা হৈছিল যদিও যুঁজ বাগৰ আৰু ৰথচালনা আদিৰ প্ৰতিযোগিতাও হৈছিল। সেই ক্ৰীড়া ত অংশ লোৱা চহৰ-প্ৰদেশ বিলাকৰ মাজৰ অভ্যন্তৰীণ যুদ্ধ বিগ্ৰহ খেল শেষ নোহোৱালৈকে স্থগিত ৰখা হৈছিল। প্ৰাচীন অলিম্পিকৰ আৰম্ভণি ৰহস্য আৰু লোককথাৰ কুঁৱলীৰে আবৃত. তেনে এক জনপ্ৰিয় লোককথাৰ মতে হাৰ্কিউলিচ আৰু তেওঁৰ পিতৃ জ্যুচ এই অলিম্পিকৰ জন্মদাতা। লোককথাটিৰ মতে হাৰ্কিউলিচেই এই খেল-উৎসৱৰ নাম “অলিম্পিক” ৰাখে আৰু চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰাৰ পৰম্পৰাৰ অৰম্ভনি কৰে। হাৰ্কিউলিচে তেওঁৰ ‘বাৰটা কঠিন কাম’ সম্পন্ন কৰি উঠাৰ পাছত জ্যুচৰ সন্মানাৰ্থে ‘অলিম্পিক ষ্টেডিয়াম নিৰ্মাণ কৰে। এই কাম সম্পূৰ্ণ হোৱাৰ লগে হাৰ্কিউলিচে পোনে পোনে ২০০ খোজ আগবাঢ়ে আৰু অতিক্ৰম কৰা দুৰত্ব খিনিক এক “ষ্টেডিঅ’ন’” বুলি নামকৰণ কৰে, পিছলৈ এই ষ্টেডিঅ’ন দুৰত্বৰ এক একক হিচাপে পৰিগণিত হয়। আন এটা লোককথাই এই খেল উৎসৱক প্ৰাচীন গ্ৰীচৰ ‘অলিম্পিক যুদ্ধবিৰতি’ৰ ধাৰণাৰ লগত সন্বিবিষ্ট কৰিব খোজে। সি যি কি নহওক, অলিম্পকৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব ৭৭৬ ত হোৱা বুলি মানি লোৱা হয়; এই ধাৰণাৰ মূলতে অলিম্পিয়াত পোৱা এখন শিলালিপি য’ত খ্ৰীষ্টপূৰ্ব ৭৭৬ ত আৰম্ভ হৈ, প্ৰতি ৪ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এক ভৰিদৌৰ প্ৰতিযোগিতাৰ বিজয়ী সকলৰ নাম খোদিত আছে। প্ৰাচীন অলিম্পিকত বিভিন্ন দৌৰ, পেণ্টাথলন (জাঁপ মৰা, ডিচকাচ, জেভলীন, ভৰি-দৌৰ আৰু মল্লযুদ্ধ), মুস্তিযুদ্ধ, মল্লযুদ্ধ, পেংকাৰেচন মুস্তিযুদ্ধ আৰু মল্লযুদ্ধ সংমিশ্ৰণেৰে এক সমৰ কলা) আৰু অশ্বাৰোহণ প্ৰতিযোগিতা পতা হৈছিল। এলিচ চহৰৰ এজন ৰান্ধনি, ক’ৰ’বাচক প্ৰথম অলিম্পিক বিজয়ী বুলি জনা যায়। অলিম্পিক মূলতঃ এক ধৰ্মীয় অনুষ্ঠান আছিল, খেলৰ লগে লগে জ্যুচ (ফিডিয়াচে নিৰ্মাণ কৰা জ্যুচৰ বিখ্যাত মূৰ্তি অলিম্পিয়াৰ মন্দিৰত আছিল) আৰু পেলপচ (দৈৱ বীৰ আৰু লোককথাৰ মতে অলিম্পিয়াৰ ৰজা)ৰ সন্মানাৰ্থে বিধিবত উছৰ্গা অলিম্পিকৰ অংগ আছিল। পিচাটিচৰ )ৰজা অ'নেমাচৰ লগত হোৱা ৰথদৌৰ প্ৰতিযোগিতাৰ বাবে পেলপচ গ্ৰীক লোককথাৰ মহত্ত্বপূৰ্ণ চৰিত্ৰ আছিল। অলিম্পক বিজয়ী সকলৰ মূৰ্তি সজাই, তেওঁলোকৰ নামত কবিতা ৰচনা কৰি সন্মান জনোৱাৰ লগতে তেওঁলোকৰ কৃতি চিৰস্থায়ী কৰাৰ প্ৰয়াস কৰা হৈছিল। এই খেল প্ৰতি চাৰি বছৰৰ পাছত পতা হৈছিল, আৰু এই সময়কালক এক অলিম্পিয়াড বুলি কৈছিল; ‘অলিম্পিয়াড’ গ্ৰীকসকলে সময়ৰ জোখৰ এক একক হিচাপে ব্যৱহাৰ কৰিছিল। এই অলিম্পিক পেনহেলেনিক গেমচ নামৰ এক ক্ৰীড়া চক্ৰৰ অংশ আছিল, যত “পাইথিয়ান নিমি’ন আৰু ইস্থামিন অন্তৰ্ভুক্ত আছিল। খ্ৰীষ্টপূৰ্ব পঞ্চম আৰু ষষ্ঠ শতিকাত অলিম্পিকে ইয়াৰ জনপ্ৰিয়তাৰ তথা উন্নতিৰ চৰম শিখৰ পাইছিলগৈ, কিন্তু লাহে লাহে গ্ৰীকসকলৰ ওপৰত ৰোমানসকলৰ প্ৰভুত্ব তথা প্ৰভাৱ বাঢ়ি অহাৰ লগে লগে ই নিম্নগামী হবলৈ ধৰে। এই খেলবিধ কেতিয়া আধিকাৰিক ভাৱে বন্ধ কৰি দিয়া হ’ল তাৰ কোনো বিজ্ঞানসন্মত সহমত পোৱা নেযায়, তথাপিও ৩৯৩ চনত সম্ৰাট থিঅ’ড’চিয়াচ-১ )’য়ে সকলো বিধৰ্মী প্ৰথা আৰু উপাসনা বন্ধ কৰিবলৈ ডিক্ৰী জাৰী কৰাকে অলিম্পিক বন্ধ হোৱাৰ কাৰণ বুলি ধৰা যায়। অৱশ্যে থিঅ'ডচিয়াচৰ ডিক্ৰীত অলম্পিক সম্পৰ্কে কোনো স্পষ্ট উল্লেখ পোৱা নেযায়। কোনো কোনোৱে আকৌ ক’ব খোজে যে তেখেত পৰৱৰ্তী সম্ৰাট থিঅ’ড’চিয়াচ-২’ )’য়ে সকলো গ্ৰীক মন্দিৰ ধ্বংস কৰি পেলাবলৈ আদেশ দিয়ালৈকে অলিম্পিক চলি আছিল। আধুনিক অলিম্পিক অগ্ৰণীসকল ১৭ শতিকাত কেইবাটাও আধুনিক এথলেটিক্স প্ৰতিযোগিতাৰ লগত অলিম্পিক শব্দটো পুনৰোত্থাপন কৰাৰ প্ৰচেষ্টা দেখা পোৱা যায়। তাৰে ভিতৰ প্ৰথম হ’ল ৱৰ্ল্ড গেমচ’ বা ৱৰ্ল্ড অলিম্পিক’, ই মূলত: ইংলেণ্ডৰ ছিপিং ওচৰত হোৱা গ্ৰাম্য ক্ৰীড়াৰ এক বছৰেকীয়া খেল সমাৰোহ। ১৬১২ ৰ পৰা ১৬২৪ খ্ৰীষ্টাব্দৰ ভিতৰত ৰ’বাৰ্ট ড’ভাৰ নামৰ এজন উকীলে এই খেলৰ আৰম্ভণি কৰে আৰু ই চেগা চোৰোকাকৈ আজিলৈকে চলি আছে। “ব্ৰিটিছ অলিম্পিচ সংস্থাই" ২০১২ চনত অলিম্পিক পাতিবৰ বাবে নিবিদা দিওঁতে, এই সমাৰোহৰ কথা “ব্ৰিটেইনৰ অলিম্পিকৰ আৰম্ভণিৰ প্ৰথম উদ্দীপক বুলি” উল্লেখ কৰিছিল। ফ্ৰান্সত, ১৭৯৬ ৰ পৰা ১৭৯৮ খ্ৰীষ্টাব্দত ফৰাচী বিপ্লৱৰ সময়ছোৱাত “লে’অলিম্পিয়াদে দে লা নামেৰে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাখনত প্ৰাচীন অলিম্পিকক অনুসৰণ কৰা দেখা গৈছিল এই প্ৰতিযোগিতা খনত প্ৰাচীন গ্ৰীক অলিম্পিকৰ কেইবাটাও খেল অন্তৰ্ভুক্ত কৰা হৈছিল। ১৭৯৬ চনত এই প্ৰতিযোগিতাতেই জোখমাখৰ বাবে পোন প্ৰথম “মেট্ৰিক প্ৰণালী” ৰ প্ৰয়োগ কৰা হৈছিল। ১৮৫০ চনত, ড॰ ৱিলিয়াম পেনি ব্ৰূকচে ইংলেণ্ডৰ শ্ৰপচশ্বায়াৰ কাউণ্টীৰ 'মাচ্চ ৱেনলক'ত একধৰণৰ অলিম্পিক আয়োজন কৰে। ড॰ ব্ৰুকচে এই সমাৰোহক ১৮৫৯ চনত’ৱেনলক অলিম্পিক বুলি নামকৰণ কৰে। এই সমাৰোহ অজিলৈয়ো চলি আছে ড॰ ব্ৰুকচে ১৮৬০ চনৰ ১৫ নৱেম্বৰত ৱেনলক অলিম্পক পৰিষদো’ প্ৰতিষ্ঠা কৰে।। ১৮৬২ ৰ পৰা ১৮৬৭ চনৰ মাজৰ কালছোৱাত ইংলণ্ডৰ লিভাৰপুলত এক অলিম্পিক মহোৎসৱৰ আয়োজন হৈছিল। জ’ন হালী )আৰু চাৰ্লচ )য়ে আয়োজন কৰা এই ক্ৰীড়া সমাৰোহখনে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ‘অপেছাদাৰী চৰিত্ৰ’ আৰু ‘আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী’, ক্ৰীড়াৰ জগতখনলৈ আমদানী কৰে, যদিও ইয়াত কেৱল অপেছাদাৰী পুৰুষ এথেলেট সকলেহে অংশগ্ৰহণ কৰিব পাৰিছিল। ১৮৯৬ চনত এথেন্সত হোৱা প্ৰথম আধুনিক অলিম্পিক আৰু এই লিভাৰপুল অলিম্পিকৰ কাৰ্যক্ৰমণিকা প্ৰায় একেধৰণৰ আছিল। ১৮৬৫ত হালী, ড॰ ব্ৰুকচ আৰু ই. জি. ৰেভেনষ্টেইনে, লিভাৰপুলত “ৰাষ্ট্ৰীয় অলিম্পিয়ান সংঘৰ’ প্ৰতিষ্ঠা কৰে, যাক “ব্ৰিটিছ অলিম্পিক সংঘৰ” অগ্ৰণী সংস্থা বুলি জনা যায়। ‘আন্তঃৰাষ্ট্ৰীয় অলিম্পিক চাৰ্টাৰ’ মূল কাথামো এই ‘ৰাষ্ট্ৰীয় অলিম্পিয়ান সংঘৰ’ সংগঠন সূত্ৰ সমূহৰ ওপৰতে আধাৰিত। ১৮৬৬ চনত লণ্ডনৰ ক্ৰিষ্টেল এক ‘ৰাষ্ট্ৰীয় অলিম্পিক গেমচ’ৰ আয়োজন কৰা হয়। পুনৰুদ্ধাৰ ১৮২১ চনত অট্ট'মান সাম্ৰাজ্যৰপৰা গ্ৰীক স্বাধীনতা যুদ্ধ আৰম্ভ হোৱাৰ সমসাময়িকভাৱে গ্ৰীকসকলে অলিম্পিক খেল পুনৰুদ্ধাৰ কৰিবলৈ আগ্ৰহ দেখুৱায়। বাতৰি কাকতৰ সম্পাদক তথা কবি পানাগিঅ'ছিছ চউৎচচে ১৮৩৩ চনত প্ৰকাশিত তেওঁৰ কবিতা -ৰ জৰিয়তে প্ৰথমে এই প্ৰস্তাৱ আগবঢ়ায়। ইভানগেল' জাপ্পাছ নামৰ এজন ধনী গ্ৰীক-ৰোমানিয়ান জনহিতৈষীয়ে ১৮৫৬ চনত পোনপ্ৰথমবাৰৰ বাবে অলিম্পিকক স্থায়ীভাৱে পুনৰুদ্ধাৰ কৰিবলৈ অৰ্থসাহায্য দিয়াৰ প্ৰস্তাৱ দি গ্ৰীছৰ ৰজা অট্ট'লৈ পত্ৰ লিখে। ১৮৫৯ চনত এথেন্স চিটী স্কোৱাৰত অনুষ্ঠিত হোৱা প্ৰথম অলিম্পিক খেল জাপ্পাছে স্পনছৰ কৰে। গ্ৰীছ আৰু অট্ট'মান সাম্ৰাজ্যৰ এথলীটসকলে এই অলিম্পিকত অংশগ্ৰহণ কৰে। পেনএথেনিক ষ্টেডিয়ামখনৰ পুনৰ্স্থাপনৰ কাৰণেও জাপ্পাছে অৰ্থসাহায্য আগবঢ়ায়, যাতে ভৱিষ্যতৰ অলিম্পিক খেলসমূহ এইখন ষ্টেডিয়ামতে আয়োজন কৰিব পৰা যায়। এইখন ষ্টেডিয়ামতে ১৮৭০ আৰু ১৮৭৫ চনতো অলিম্পিক আয়োজিত হৈ যায়। ১৮৭০ চনত মুঠ ৩০,০০০ দৰ্শকে এই খেল উপভোগ কৰে, ১৮৭৫ চনৰ দৰ্শকৰ সংখ্যা সম্বন্ধে কোনো তথ্য পোৱা নাযায়। ১৮৯০ চনত ৱেনলক অলিম্পিয়ান ছ'চাইটীৰ অলিম্পিয়ান গে'মছ উপভোগ কৰি বেৰন পিয়েৰি দ্য কুবাৰটিনে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী গঠন কৰিবলৈ প্ৰেৰণা পায়। ব্ৰুকছ আৰু জাপ্পাছৰ ধাৰণা আৰু কৰ্মৰ ওপৰত ভিত্তি কৰি কুবাৰটিনে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক গে'মছ অনুষ্ঠিত কৰাৰ লক্ষ্য লয়। নৱ প্ৰতিষ্ঠাপিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ অলিম্পিক কংগ্ৰেছত তেওঁ এই ধাৰণাখিনি উপস্থাপন কৰে। এই সভাখন ১৮৯৪ চনৰ ১৬ জুনৰপৰা ২৩ জুনলৈ পেৰিছৰ ছৰ্ব'ন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল। সভাৰ অন্তিম দিনাৰ সিদ্ধান্তমৰ্মে প্ৰথম আন্তৰ্জাতি অলিম্পিক খেল -ৰ অধীনলৈ আহে আৰু ১৮৯৬ চনত এথেন্স চহৰত প্ৰথম আন্তঃৰাষ্ট্ৰীয় অলিম্পিক খেল অনুষ্ঠিত হয়। গ্ৰীক লিখক ডিমিট্ৰিয়াছ ভিকেলাছ -ৰ প্ৰথম সভাপতি নিৰ্বাচিত হয়। ১৮৯৬ চনৰ প্ৰথম আধুনিক অলিম্পিক ১৮৯৬ খ্ৰীষ্টাব্দত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী )ৰ সৌজন্যত গ্ৰীচৰ এথেন্সৰ পেনেথিনাক’ ষ্টেডিয়ামত প্ৰথম আধুনিক অলিম্পিক অনুষ্ঠিত হয়। ১৪খন দেশৰ ২৪১জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই ক্ৰীড়া মহোৎসৱত ৪৩ বিধ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ষ্যতে অলিম্পিকৰ বাবে পূঁজি যোগান ধৰাৰ উদ্দেশ্যেঝাপাছ আৰু তেওঁৰ ভাতৃ কণ্টাণ্টিন’ছ ঝাপাছ নামৰ দুজন লোকে গ্ৰীচ চৰকাৰলৈ এটা বিত্তীয় নিধি এৰি গৈছিল। মূলতঃ এই নিধিৰ পৰাই ১৮৯৬ চনৰ অলিম্পিকৰ বাবে প্ৰয়োজন হোৱা ধনৰাশিৰ ব্যৱস্থা কৰা হৈছিল। জৰ্জ এভাৰহ’ফ নামৰ এজন লোকে অলিম্পিকৰ প্ৰস্তুতি আৰু ষ্টেডিয়াম পূনৰ্নিৰ্মাণৰ বাবে মুক্তহস্তে দান বৰঙণি আগবঢ়ায়। গ্ৰীচৰ চৰকাৰেও অলপ অৰ্থমঞ্জুৰি দিয়ে, যিখিনি দৰ্শনী টিকট আৰু অলিম্পিক স্মৃতি ডাক টিকট বিক্ৰীৰ যোগেৰে পুনৰুদ্ধাৰ হোৱাৰ সম্ভাৱনা আছিল। প্ৰথম অলিম্পিক অনুষ্ঠিত কৰা গ্ৰীচৰ নাগৰিক আৰু চৰকাৰী কৰ্মচাৰী সকলৰ বাবে অতি উৎসাহজনক অভিজ্ঞতা ৰূপে পৰিগণিত হৈছিল। বহুতো এথলেটেও এই উৎসাহৰ সমভাগী হৈ, প্ৰত্যেক বছৰেই এথেন্সতেই অলিম্পিক অনুষ্ঠিত কৰিব লাগে বুলি দাবী তোলে। কিন্তু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে এই দাবী নামঞ্জুৰ কৰে। সমিতিয়ে নিৰ্ণয় লয় যে আধুনিক অলিম্পিক প্ৰত্যেক বাৰেই বেলেগ বেলেগ দেশত অনুষ্ঠিত কৰা হব আৰু তাৰপাছতেই ১৯৯০ চনৰ দ্বিত্বীয় অলিম্পিক পেৰিচত পতাৰ সিদ্ধান্ত লোৱা হয়। পৰিবৰ্তন আৰু অনুকলণসমূহ ১৮৯৬ চন অলিম্পিকৰ সফলতাৰ পাছতো ই এক স্থবিৰতাৰ সন্মুখীন হয় আৰু আনকি অলিম্পিক বৰ্তি থকাৰ ওপৰতে সন্দেহ উদ্ৰেক হয়। ১৯০০ চনৰ পেৰিচৰ বাণিজ্যমেলাত হোৱা আৰু ১৯০৪ চনত চেণ্ট লুইচৰ শ্বমেলাত অনুষ্ঠিত কৰা অলিম্পিকক, নিশ্চিত ভাৱে প্ৰকৃত অলিম্পিক বুলি কব নোৱাৰি। পেৰিচত হোৱা অলিম্পিকত কোনো ষ্টেডিয়ামেই নাছিল, তথাপি এই অলিম্পিকতে পোন প্ৰথম বাৰৰ বাবে মহিলা খেলুৱৈক ভাগ লবলৈ অনুমতি দিয়া হয়চেণ্ট লুইচত অংশগ্ৰহণ কৰা ৬৫০ জনৰ ভিতৰত ৫৮০ জনে খেলুৱৈ আমেৰিকাৰেই আছিল। এই উৎসৱৰ সমমাত্ৰিক চৰিত্ৰ গোটেই অলিম্পিক আন্দোলনটোৰেই বিফল অধ্যায় বুলিব পাৰি। এথেন্সত ১৯০৬ চনত হোৱা অন্তৰ্ভুক্ত গেমচৰ (তৃতীয় অলিম্পিয়াদ (৪ বছৰৰ সময়কাল) ভিতৰত হোৱা দ্বিত্বীয় অলিম্পিক বাবে এই নামেৰে জনা যায়) পৰাহে অলিম্পিকৰ পুনৰোত্থান আৰম্ভ হয়। কিন্তু এই অলিম্পিকক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে আধিকাৰিক স্বীকৃতি নিদিলে, আৰু তেতিয়া পৰা কেতিয়াও এনেদৰে এক অলিম্পিয়াদৰ মাজৰ সময়ছোৱাত কেতিয়াও অলিম্পিক পতা হোৱা নাই। এথেন্সৰ পেনাথিনাক’ ষ্টেডিয়ামত অনু্ষ্ঠিত এই গেমচে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ পৰা বৃহৎসংখ্যক প্ৰতিযোগীক আকৰ্ষণ কৰাৰ লগতে জনগণৰ মাজতো প্ৰবল উৎসুকতাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। ইয়াৰ পৰাই আধুনিক অলিম্পিকৰ জনপ্ৰিয়তা আৰু বৃহৎ বিস্তৃতিৰ আৰম্ভণি হয়। শীতকালীন অলিম্পিক বৰফত খেলা খেলসমূহ যিহেতু গ্ৰীষ্মকালীন অলিম্পিকত অনুষ্ঠিত কৰিব পৰা নগৈছিল, গতিকে এইবিলাক খেলৰ কাৰণে শীতকালীন অলিম্পিকৰ আৰম্ভ কৰা হ'ল। ফিগাৰ স্কেটিং (১৯০৮ আৰু ১৯০২ চনত) আৰু আইচ হকী (১৯২০ চনত) খেল দুবিধ গ্ৰীষ্মকালীন অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ পাছত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে বাকীবিলাক শীতকালীন খেলকো অন্তৰ্ভুক্ত কৰিবলৈ ইচ্ছা কৰিলে। ১৯২১ চনত ল'জান চহৰত অনুষ্ঠিত হোৱা অলিম্পিক কংগ্ৰেছত শীতকালীন অলিম্পিক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। ১৯২৪ চনৰ পেৰিছ অলিম্পিক গে'মছৰ (গ্ৰীষ্মকালীন) তিনি মাহৰ পাছত ফ্ৰান্সৰ চেম'নিক্স চহৰত এটা শীতকালীন ক্ৰীড়া সপ্তাহ (১১ দিন অনুষ্ঠিত হৈছিল) অনুষ্ঠিত হয় আৰু ইয়ে প্ৰথম শীতকালীন অলিম্পিক আছিল। প্ৰথমে একেখন দেশেই একে বছৰত গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিক দুয়োটা আয়োজন কৰাৰ কথা আছিল যদিও সোনকালেই এই ধাৰণা বাদ দিয়া হয়। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ঘোষণা কৰিলে যে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে গ্ৰীষ্মকালীন অলিম্পিক হোৱাৰ একে বছৰতে শীতকালীন অলিম্পিক অনুষ্ঠিত হৈ যাব। ১৯৯২ চনত ফ্ৰান্সৰ এলবাৰ্টভাইলত অনুষ্ঠিত শীতকালীন অলিম্পিকলৈকে এই পৰম্পৰা চলি থাকিল, কিন্তু তাৰ পাছত গ্ৰীষ্মকালীন অলিম্পিকৰ দুবছৰ পাছে পাছে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে শীতকালীন অলিম্পিক অনুষ্ঠিত হ'বলৈ ল'লে। পেৰালিম্পিক ১৯৪৮ চনত লণ্ডন অলিম্পিকৰ সমান্তৰালকৈ ছাৰ লুডৱিগ গাটমেনে দ্বিতীয় বিশ্বযুদ্ধৰ আহত সৈনিকসকলৰ পুনৰ্সংস্থাপনৰ কাৰণে কেইখনমান চিকিৎসালয়ৰ মাজত এখন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰে। ষ্ট'ক মেণ্ডেভাইল গে'মছ নামেৰে এই প্ৰতিযোগিতা এটা বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতালৈ পৰিণত হয়। তাৰ পাছৰ ১২ বছৰলৈকে গাটমেন আৰু তেওঁৰ সহযোগীসকলে এই প্ৰতিযোগিতাৰ আয়োজন কৰি যায়। ১৯৬০ চনৰ ৰোম অলিম্পিকৰ সময়ত গাটমেনে ৪০০জন এথলীটক এই সমান্তৰাল অলিম্পিকত অংশগ্ৰহণ কৰোৱায় আৰু এই প্ৰতিযোগিতা প্ৰথম পেৰালিম্পিক হিচাপে পৰিগণিত হয়। তাৰ পাছৰপৰা প্ৰতি অলিম্পিক বৰ্ষতে পেৰালিম্পিক অনুষ্ঠিত হৈ আহিছে। ১৯৮৮ চনৰ ছিউল (দক্ষিণ কোৰিয়া) অলিম্পিকৰপৰা অলিম্পিক আয়োজন কৰা চহৰখনেই পেৰালিম্পিক আয়োজন কৰি আহিছে। ২০০১ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী আৰু আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটীয়ে একেখন চহৰেই অলিম্পিক আৰু পেৰালিম্পিক দুয়োটা আয়োজন কৰিব লাগিব বুলি আনুস্থানিকভাৱে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰে। এই চুক্তি প্ৰথম কাৰ্যৰূপায়িত হয় ২০০৮ চনৰ বেইজিং গ্ৰীষ্মকালীন অলিম্পিক আৰু ২০১০ চনৰ ভেংকুভাৰ শীতকালীন অলিম্পিকত। লণ্ডন অলিম্পিক আয়োজক কমিটীৰ মুৰব্বী লৰ্ড ছেবাষ্টিয়ান ক'ই ২০১২ লণ্ডন অলিম্পিক তথা পেৰালিম্পিকৰ বিষয়ে কয় যে, যুৱ অলিম্পিক ২০১০ চনত অলিম্পিকৰ লগত যুৱ অলিম্পিকৰ সংযোগ হ'ল আৰু ইয়াত ১৪ ৰ পৰা ১৮ বছৰ বয়সৰ এথলীটসকলক অংশগ্ৰহণৰ সুবিধা দিয়া হ'ল। ২০০১ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সভাপতি জেকুৱাছ ৰগে প্ৰথমে যুৱ অলিম্পিকৰ পৰিকল্পনা কৰিছিল আৰু কমিটীৰ ১১৯তম সন্মিলনত ইয়াক গৃহীত কৰা হয়। ২০১০ চনৰ ১৪-২৬ আগষ্টত ছিংগাপুৰত প্ৰথম গ্ৰীষ্মকালীন যুৱ অলিম্পিক আৰু তাৰ দুবছৰৰ পাছত অষ্ট্ৰিয়াৰ ইন্সব্ৰাক চহৰত প্ৰাৰম্ভিক শীতকালীন যুৱ অলিম্পিক অনুষ্ঠিত হয়। এই খেলসমূহ মূল অলিম্পিকতকৈ কম দিনৰ কাৰণে অনুষ্ঠিত হয়; গ্ৰীষ্মকালীন যুৱ অলিম্পিক ১২ দিন আৰু শীতকালীন যুৱ অলিম্পিক ৯ দিন ধৰি চলে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে গ্ৰীষ্মকালীন যুৱ অলিম্পিকৰ কাৰণে ৩,৫০০জন এথলীট আৰু ৮৭৫জন বিষয়া আৰু শীতকালীন যুৱ অলিম্পিকৰ কাৰণে ৯৭০জন এথলীট আৰু ৫৮০জন বিষয়াৰ অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰে। মূল অলিম্পিকত অনুষ্ঠিত হোৱা খেলসমূহেই যুৱ অলিম্পিকতো খেলোৱা হয়, কিন্তু কিছুমান পাৰ্থক্য আছে। ইয়াত খেলৰ )সমূহ মূল অলিম্পিকতকৈ কম। সাম্প্ৰতিক খেলসমূহ ১৮৯৬ চনত ১৪খন দেশৰ ২৪১জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা অলিম্পিক এতিয়া বিকশিত হৈ ২০১২ চনত ২০৪খন দেশৰ মুঠ ১০,৮২০জন এথলীটে অংশগ্ৰহণ কৰা প্ৰতিযোগিতালৈ পৰিণত হয়। শীতকালীন অলিম্পিকৰ পৰিসীমা তুলনামূলকভাৱে সীমিত। উদাহৰণস্বৰূপে, ২০০৬ চনৰ টুৰিন শীতকালীন অলিম্পিকত ৮০খন দেশৰ ২,৫০৮জন এথলীটে ৮৪টা ক্ৰীড়া শাখাত প্ৰতিযোগিতা আগবঢ়ায়। অলিম্পিকৰ সময়ত এথলীট আৰু বিষয়াসকলৰ কাৰণে অলিম্পিক গাঁৱৰ ব্যৱস্থা কৰা হয়। এই গাঁওসমূহত অলিম্পিকত যোগদানকাৰীসকলৰ কাৰণে সকলোধৰণৰ সা-সুবিধা একে ঠাইতে পোৱাৰ ব্যৱস্থা কৰা হয়। ইয়াতে ভোজনগৃহ, চিকিৎসা-কেন্দ্ৰ, ধৰ্মীয় উপাসনাৰ ঠাই ইত্যাদি সকলো সুবিধা থাকে। যিবিলাক দেশ ৰাজনৈতিকভাৱে সাৰ্বভৌম ৰাষ্ট্ৰ নাছিল, তেনেবিলাক দেশকো আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ৰাষ্ট্ৰীয় অলিম্পিক কমিটী গঠন কৰাৰ অনুমতি প্ৰদান কৰে। ফলস্বৰূপে পৰাধীন ৰাষ্ট্ৰ আৰু উপনিৱেশসমূহেওঅলিম্পিকত অংশগ্ৰহণৰ সুবিধা লাভ কৰে। উদাহৰণস্বৰূপে, প'ৰ্ট' ৰিক', বাৰ্মুডা আৰু হং কং স্বাধীন ৰাষ্ট্ৰ নহয় যদিও সুকীয়া ৰাষ্ট্ৰ হিচাপে অলিম্পিকত অংশগ্ৰহণ কৰে। বৰ্তমানৰ অলিম্পিক চনদমতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে স্বাধীন ৰাষ্ট্ৰ বুলি স্বীকৃতি দিয়া দেশসমূহেহে অলিম্পিকত অংশগ্ৰহণৰ কাৰণে ৰাষ্ট্ৰীয় অলিম্পিক কমিটী গঠন কৰিব পাৰে। গতিকে যদিও য়ে ১৯৮৬ চনত আৰুবাক গঠনৰ অনুমতি দিছিল, কিন্তু ২০১০ চনত আৰুবাৰ একে সাংবিধানিক পৰ্যায়ৰ ছিণ্ট মাৰ্টিন আৰু কুৰাকাওক গঠনৰ অনুমতি নিদিলে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী অলিম্পিকে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠান আৰু ক্ৰীড়া সংস্থা, মেডিয়া সহযোগী, খেলুৱৈ, কৰ্মকৰ্তা, বিচাৰক আৰু অলিম্পিক চনদ )ৰ নীতি সমূহ মানি চলা সকলো লোকক সামৰি লয়। অলিম্পিকৰ গুৰিয়াল সংস্থা হিচাপে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী অয়োজক চহৰ নিৰ্বাচন, আয়োজনৰ প্ৰস্তুতি পৰ্যবেক্ষণ, খেলসমূহৰ তালিকা প্ৰস্তুতকৰণ, প্ৰযোজক সমূহৰ লগত যোগাযোগ আৰু অলিম্পিকৰ সম্প্ৰচাৰ অধিকাৰ প্ৰদান আদি কামৰ বাবে দায়বদ্ধ হয়। অলিম্পিক মূলতঃ তিনিটা প্ৰধান ঊপাংশৰে গঠিত: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন(সমূহ) এই ফেডাৰেচনসমূহে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ ক্ষেত্ৰত পৰ্যবেক্ষক আৰু নীতি-নিৰ্দেশকৰ কাম কৰে। ঊদাহৰণ স্বৰূপে ফিফা হৈছে আন্তঃৰাষ্ট্ৰীয় ফুটবল (চ’কাৰ)ৰ বাবে থকা তেনেদৰে আন্তঃঅৰাষ্ট্ৰীয় ভলীবলৰ বাবে থকা হৈছে বৰ্তমান অলিম্পিকৰ লগত জড়িত মুঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ সংখ্যা ৩৫টা, এইসমূহৰ ভিতৰত অলিম্পিকৰ প্ৰত্যেকবিধ খেলৰ লগত জড়িত একোটাকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন আছে। ৰাষ্ট্ৰীয় অলিম্পিক কমিটী(সমূহ) এই কমিটী সমূহে কোনো এখন দেশৰ ভিতৰত অলিম্পিকৰ সৈতে জড়িত কাম সমূহ তদাৰক কৰে, ঊদাহৰণ স্বৰূপে ভাৰতীয় অলিম্পিক সংঘ হৈছে ভাৰতৰ বাবে থকা বৰ্তমান ৰ স্বীকৃতি প্ৰাপ্ত মুঠ ২০৫খন আছে। অলিম্পিক খেলসমূহৰ আয়োজক সমিটি এইবোৰ হৈছে কোনো এক নিৰ্দিষ্ট অলিম্পিকৰ বাবে গঠিত অস্থায়ী সমিটি। একোখন অলিম্পিক শেষ হোৰাৰ পাছত ক চূড়ান্ত হিচাপ দাখিল কৰাৰ পাছত আয়োজক সমিটিখনক ভংগ কৰা হয়। ফৰাচী আৰু ইংৰাজী অলিম্পিকৰ বাবে আধিকাৰিক ভাষা। তদুপৰি প্ৰতিখন অলিম্পিকত সেই দেশৰ ভাষাটোক (বা ভাষা সমূহক, যদিহে দেশখনৰ ভাষাৰ সংখ্যা একাধিক হয়) ব্যৱহাৰ কৰা হয়। প্ৰত্যেকটো ঘোষণা (যেনে ঊদ্বোধনী অনুষ্ঠানৰ পেৰেডত দেশ সমূহৰ নাম ঘোষণা) এই তিনিটা (বা ততোধিক) ভাষাত কৰা হয়, দেশখন ইংৰাজী বা ফৰাচী ভাষী হ’লে এই ভাষাৰ সংখ্যা দুটা হয়। সমালোচনা বহুবোৰ কমিটিৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ কঠিন ব্যৱস্থাপনাৰ বাবে বহুবাৰ সমালোচিত হৈছে। ক নেতৃত্ব দিয়া সভাপতি এভেৰি ব্ৰুণ্ডেগ আৰু জুৱান এণ্টনিঅ’ চামাৰেঞ্চ বিতৰ্কিত ব্যক্তি। ব্ৰুণ্ডেগ প্ৰায় ২০বছৰ কাল ৰ সভাপতি আছিল এই সময়চোৱাত তেওঁ অলিম্পিকত কোনোধৰণৰ ৰাজনৈতিক দখল বা প্ৰভাৱৰ বিৰোধিতা কৰিছিল। তেওঁক দক্ষিণ আফ্ৰিকাৰ প্ৰতিনিধিৰ সৈতে এপাৰ্টহেইড বিষয়ত হোৱা বিতৰ্কৰ বাবে বৰ্ণবৈষম্যবাদী বুলি, আৰু ইহুদী বিদ্বেষী বুলিও আখ্যা দিয়া হৈছিল। আনহাতেদি চামাৰেঞ্চৰ সভাপতিত্বৰ কালত, স্বজনপ্ৰীতি আৰু কৰাপচনৰ দৰে বিষয়েৰে বিতৰ্কিত হৈ পৰে। চামাৰেঞ্চৰ ইষ্ট স্পেইন (১৯৩৬ৰ পৰা ১৯৭৫ৰ স্পেইন)ৰ সৈতে সম্পৰ্কও বিতৰ্কৰ বিষয় আছিল। ১৯৯৮চনত এই কথা পোহৰলৈ আহিল যে ৰ বহুসংখ্যক সদস্যই চল্ট লেক চিটিৰ ২০০২ চনৰ শীতকালীন অলিম্পিকৰ আয়োজক মণ্ডলীৰ পৰা অলিম্পিক আয়োজক হিচাপে নিৰ্বাচিত কৰি দিবলৈ (আমেৰিকাৰ পক্ষে ভোটদান কৰিবলৈ) উৎকোচ লৈছিল। এই ঘটনাৰ পাছত য়ে কৰা অনুসন্ধানত দোষী সাব্যস্ত হোৱা চাৰিজন সদস্যই পদত্যাগ কৰে আৰু আন ছজন সদস্যক এ বৰ্খাস্ত কৰে। এই কেলেংকাৰীৰ পাছত আয়োজক দেশ নিৰ্বাচন প্ৰক্ৰিয়াত এ বহুতো সংশোধন ঘটাই যাতে ভৱিষ্যতে পুনৰ এনে ঘটনাৰ পুনৰাবৃতি নঘটে। ২০০৪ চনত ৰ পৰা সম্প্ৰচাৰিত নামৰ এক তথ্যচিত্ৰই আন এক উৎকোচ গ্ৰহণ কৰাৰ ঘটনা পোহৰলৈ আনে।২০১২ চনৰ অলিম্পিক নিৰ্বাচনৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰখনৰ জৰিয়তে এ কয় যে উৎকোচ দি কোনো এজন ৰ সদস্যক নিজৰ পক্ষে ভোটদান কৰোৱাটো এতিয়াও সম্ভৱ, ঊল্লেখ্য যে এই নিৰ্বাচনত লণ্ডনে মাত্ৰ কেইটামান ভোটত পেৰিচক পৰাস্ত কৰি অলিম্পিক আয়োজনৰ সুবিধা পাইছিল, ইয়াৰ পাছত পেৰিছৰ মেয়ৰ বাৰ্ট্ৰাণ্ড ডলেনিএ যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰ আৰু লণ্ডন অলিম্পিকৰ আয়োজক(বিদ) কমিটীক নিৰ্বাচনৰ নিয়ম ভংগৰ অভিযোগেৰে অভিযুক্ত কৰিছিল। তেওঁ ফৰাচী ৰাষ্ট্ৰপতি জেক চিৰাকক ইয়াৰ সাক্ষী বুলি যুক্তি প্ৰদান কৰিছিল, ইয়াৰ পাছৰ জেক চিৰাকে এই বিষয় লৈ বহুবোৰ সাক্ষাতকাৰ দিব লগা হৈছিল। পিছে আজি পৰ্যন্ত বাৰ্ট্ৰাণ্ড ডলেনিৰ এই অভিযোগৰ অন্তৰালৰ ঘটনাসমূহৰ ওপৰত সম্পূৰ্ণ পোহৰ নপৰিল। টুৰিণত হোৱা ২০০৬চনৰ শীতকালীন অলিম্পিকৰ আয়োজক নিৰ্বাচনো বিতৰ্কৰে ভৰা আছিল, ৰ ঊচ্চপদস্থ বিষয়া মাৰাক হ’ল্ডাৰ চিঅ’ন (চুইজাৰলেণ্ড) আয়োজক সমিটিৰ প্ৰতিপক্ষৰ লগত জড়িত আছিল, আৰু টুৰিণৰ আয়োজক মণ্ডলীৰ যোগেদি ৰ বিষয়ববীয়া সকলক উৎকোচ দিছিল। এই ঘটনাৰো এক বিশ্বজোৰা ঊচ্চ পৰ্যায়ৰ তদন্ত হৈছিল। বাণিজ্যিকীকৰণ প্ৰথমাৱস্থাত এ কৰ্পৰেট খণ্ডৰ প্ৰযোজক সকলৰ পৰা ধন লোৱাৰ পৰা বিৰত আছিল, ৰ সভাপতি এভেৰী ব্ৰুণ্ডেগৰ অৱসৰ পৰ্যন্ত ই সম্ভৱ নাছিল। ১৯৭২ চনৰ পাছৰ পৰা এ টেলিভিচনৰ শক্তি আৰু বিজ্ঞাপনৰ লাভালাভ আদি সম্পৰ্কে বিচাৰ কৰে। জুৱান এণ্টনিঅ' চামাৰেঞ্চৰ সভাপতিত্বৰ কালত প্ৰথম বাৰৰ বাবে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰযোজকৰ অলিম্পিকত প্ৰৱেশ ঘটিল, তেওঁলোকৰ প্ৰযোজনাৰ বিনিময়ত তেওঁলোকৰ সামগ্ৰী সমূহে অলিম্পিকৰ যোগেদি প্ৰচাৰ পালে। বাজেট বিংশ শতিকাৰ প্ৰথম পঞ্চাশ বছৰ ৰ অলিম্পিকৰ বাবে বাজেট সৰু আছিল। ১৯৫২ৰ পৰা ১৯৭২চনলৈকে এভেৰী ব্ৰুণ্ডেগৰ কাৰ্যকালত অলিম্পিকৰ লগত হ'ব পৰা যিকোনো বাণিজ্যিক সম্পৰ্কক ব্যাহত কৰা হৈছিল। এভেৰী ব্ৰুণ্ডেগে বিশ্বাস কৰিছিল কৰ্পৰেট প্ৰযোজক সকলৰ অলিম্পিকত প্ৰৱেশে ৰ সিদ্ধান্ত গ্ৰহণ ক্ষমতাত বাধাৰ সৃষ্টি কৰিব। ব্ৰুণ্ডেগৰ এই বিৰোধৰ বাবে য়ে আয়োজক কমিটী সমূহক নিজাকৈ প্ৰযোজক সম্পৰ্কীয় চুক্তি সমূহ কৰিবলৈ এৰি দিব লগা হ'ল। ব্ৰুণ্ডেগৰ অৱসৰৰ সময়ত ৰ সম্পত্তিৰ পৰিমাণ(মূল্য) আছিল ২নিযুত আঠ বছৰৰ পাছত এই মূল্য ৪৫ লৈ বৃদ্ধি পায়। ইয়াৰ অন্তৰালৰ মুখ্য কাৰণ আছিল কৰ্পৰেট খণ্ডৰ প্ৰযোজকৰ অলিম্পিকত প্ৰৱেশ আৰু টেলিভিচনত অলিম্পিকৰ সম্প্ৰচাৰ অধিকাৰৰ বিক্ৰী। ১৯৮০ চনত জুৱান চামাৰেঞ্চ সভাপতি নিৰ্বাচিত হোৱাৰ পৰা তেওঁ ক অৰ্থনৈতিক ভাৱে স্বাধীন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ১৯৮৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ সফলতা অলিম্পিকৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ সফলতা আছিল। সেই বছৰ পিটাৰ ইউবেৰ'থৰ নেতৃত্বাধীন লচ এঞ্জেলচৰ আয়োজক সমিটিয়ে মুঠ $২২৫ নিযুত লাভ কৰিবলৈ সক্ষম হয়, যিটো সেই সময়ৰ অলিম্পিকৰ বাবে অভূতপূৰ্ব ঘটনা আছিল। বাচকবনীয়া কোম্পানীৰ ওচৰত প্ৰযোজনা অধিকাৰ বিক্ৰী কৰি আয়োজক সকলে সেই পৰিমাণৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮৫ চনত চামাৰেঞ্চে অলিম্পিকৰ এক ব্ৰেণ্ড সৃষ্টিৰ বাবে দ্যা অলিম্পিক প্ৰ'গ্ৰাম গঠন কৰে, ৰ সদস্য বৰঙণি খৰচী আৰু আছিল। চাৰি বছৰৰ বাবে সদস্য বৰঙণি $৫০ নিযুত আছিল। সদস্য সকলে গোটেই বিশ্বজুৰি নিজৰ সামগ্ৰীৰ বিজ্ঞাপন আৰু অন্যান্য প্ৰকাশনত অলিম্পিকৰ চিহ্নৰ ব্যৱহাৰৰ অধিকাৰ পাইছিল। টেলিভিচনৰ প্ৰভাৱ ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিক আছিল টেলিভিচনযোগে প্ৰচাৰিত প্ৰথমখন অলিম্পিক, অৱশ্যে এইয়া কেৱল স্থানীয় দৰ্শকলৈকে সীমিত আছিল। আন্তঃৰাষ্ট্ৰীয় ভাৱে টেলিভিচনযোগে সম্প্ৰচাৰিত প্ৰথম অলিম্পিক আছিল ১৯৫৬ চনৰ শীতকালীন অলিম্পিক, আৰু তাৰ পাছৰখন অলিম্পিক (১৯৬০ৰ শীতকালীন অলিম্পিক)ত পোন প্ৰথমবাৰৰ বাবে অলিম্পিকৰ সম্প্ৰচাৰ অধিকাৰ কোনো টেলিভিচন চেনেলক বিক্ৰী কৰা হৈছিল। সেইবাৰ এ ৩৯৪,০০০ত আমেৰিকাৰ বাবে এই সম্প্ৰচাৰ অধিকাৰ ক্ৰয় কৰিছিল আনহাতেদি ৬৬০,০০০ ত ইউৰোপীয়ান ব্ৰডকাষ্টিং ইউনিয়ন )এ ইউৰোপত সম্প্ৰচাৰৰ অধিকাৰ ক্ৰয় কৰিছিল। তাৰ পাচৰ দশক সমূহত অলিম্পিকত শীতল যুদ্ধৰ প্ৰভাৱ দেখা পোৱা গ’ল, মহাশক্তিধৰ দেশসমূহে ৰাজনৈতিক শক্তি প্ৰদৰ্শনৰ বাবে প্ৰতিযোগিতাত নামি পৰিল, এ প্ৰচাৰ মাধ্যম সমূহৰ জৰিয়তে ইয়াৰ পৰা লাভ অৰ্জন কৰাত মনোনিৱেশ কৰা দেখা গ’ল। টেলিভিচনৰ প্ৰচাৰ অধিকাৰ বিক্ৰীয়ে অলিম্পিকৰ প্ৰচাৰ আৰু আকৰ্ষণ বিশ্বজুৰি বৃদ্ধি কৰিলে, ফলত বিজ্ঞাপন দাতা সকল টেলিভিচনত বিজ্ঞাপন প্ৰচাৰৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠিল। এই সুবিধা গ্ৰহণ কৰি এ বিজ্ঞাপন প্ৰচাৰৰ নীৰিখ ক্ৰমাত বৃদ্ধি কৰি গ’ল, ঊদাহৰণ স্বৰূপে এ ১৯৯৮চনৰ নাগান’ শীতকালীন অলিম্পিকৰ সম্প্ৰচাৰ অধিকাৰ $৩৭৫ নিযুতত ক্ৰয় কৰাৰ বিপৰীতে, এ $৩.৫ বিলিয়নত ২০০০ ৰ পৰা ২০১২লৈকে অলিম্পিকৰ সম্প্ৰচাৰ অধিকাৰ ক্ৰয় কৰে। ১৯৬০ চনৰ পৰা টেলিভিচনৰ দৰ্শকৰ সংখ্যা শতিকাটোৰ শেষলৈকে ক্ৰমাত বৃদ্ধি পোৱা দেখা গ’ল। ১৯৬৪ চনৰ পৰা কৃত্ৰিম উপগ্ৰহৰ যোগেদি অলিম্পিকৰ পোনপতীয়া সম্প্ৰচাৰ আৰম্ভ হয়, তদুপৰি ১৯৬৮চনত ৰঙীণ টিভিৰো প্ৰচলন আৰম্ভ হয়, এইবোৰ কাৰকেও দৰ্শকক যতেষ্ঠ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৬৮ চনৰ মেস্কিকো অলিম্পিকৰ বিশ্বজুৰি টেলিভিচন দৰ্শক আছিল মুঠ ৬৬০ নিযুত,১৯৮৪ চনৰ লচ এঞ্জেলচ অলিম্পিক খেলৰ বাবে এই সংখ্যা আছিল ৯০০ নিযুত, ১৯৯২চনৰ বাৰ্চিলোনা অলিম্পিকত এই সংখ্যাই ৩.৫ বিলিয়ন অতিক্ৰম কৰে। অৱশ্যে ২০০০চনৰ চিডনী অলিম্পিকৰ বাবে এ ১৯৬৮ চনৰ পাছৰ যিকোনো শীতকালীন বা গ্ৰীষ্মকালীন অলিম্পিকৰ তুলনাত কম ৰেটিং লাভ কৰে। ইয়াৰ দুটা প্ৰধান কাৰণৰ প্ৰথমটো আছিল কেবল চেনেলসমূহৰ সৈতে বাঢ়ি অহা প্ৰতিযোগিতা আৰু দ্বিতীয় কাৰণ আছিল ইণ্টাৰনেটৰ বহুল প্ৰসাৰ, ইণ্টাৰনেটৰ যোগেদি সকলো ঠাইতে বিভিন্ন খেলসমূহৰ পোনপটীয়া ভিডিঅ’ৰ লগতে ফলাফল সমূহৰ বিতং বিৱৰণ সহজলভ্য হৈ পৰিল। টেলিভিচনত (কিছু সময় পলমকৈ) প্ৰচাৰিত কাৰ্যসূচী সমূহ ইণ্টাৰনেটৰ তুলনাত তথ্য প্ৰযুক্তিৰ এই যুগত পুৰণিকলীয়া ব্যৱস্থা যেন হৈ পৰিল। ৰেটিং নিম্নগামী হোৱাৰ বাবে টেলিভিচন চেনেলসমূহে বিনামূলীয়া বিজ্ঞাপন সমূহৰ প্ৰচাৰ বাদ দিব লগাত পৰে, সম্প্ৰচাৰ অধিকাৰৰ বাবে ক দিব লগা অধিক ধন, ক্ৰমাত হ্ৰাস পোৱা টিভি ৰেটিং, কেবল টিভিৰ লগত প্ৰতোযোগিতা, ইণ্টাৰনেটৰ ব্যৱহাৰৰ পৰা সৃষ্টি হোৱা চাপে টিভি চেনেল সমূহক ৰ ওচৰত সম্প্ৰচাৰ অধিকাৰৰ চৰ্তৰ মূল্যৰ ক্ষেত্ৰত ৰেহাই খুজিবলৈ বাধ্য কৰালে। এ এই অনুৰোধক মান্যতা দি দ্যা অলিম্পিক প্ৰ'গ্ৰাম )ৰ কিছু সালসলনি ঘটাই, এইমতে গ্ৰীষ্মকালীন অলিম্পিকত জিমনাষ্টিক প্ৰতিযোগিতাসমূহ সাতদিনৰ পৰা বঢ়াই নদিন কৰা হয়, আৰু দৰ্শকৰ দৃষ্টি আকৰ্ষণৰ বাবে চেম্পিয়নসক লৈ হোৱা উৎসৱ )ৰো প্ৰচলন কৰে। এ টেলিভিচনৰ দৰ্শকৰ অধিক পচন্দৰ সাঁতোৰ আৰু ডাইভিং খেলসমূহ বৃদ্ধি কৰে, এই পন্থাসমূহ লোৱাৰ পাছত সেইসমূহৰ মিশ্ৰিত প্ৰভাৱ দেখিবলৈ পোৱা গ’ল, ২০০৬চনৰ টুৰিণ শীতকালীন অলিম্পিকৰ টেলিভিচন ৰেটিং আৰু নিম্নগামীহে হ’ল অৱশ্যে ২০০৮চনৰ বেইজিং গ্ৰীষ্মকালীন অলিম্পিকত এই ৰেটিংৰ লেখত ল’বলগীয়াকৈ বৃদ্ধি পোৱা দেখা গ’ল। বিতৰ্ক অলিম্পিকৰ ব্ৰেণ্ডৰ বিক্ৰী সদায় বিতৰ্কিত বিষয় হৈ আহিছে। এই ক্ষেত্ৰত অভিযোগ এইয়ে যে, অলিম্পিক খেলসমূহ আন যিকোনো বাণিজ্যিকৃত খেলৰ দৰে হৈ পৰিছে। ১৯৯৬ চনৰ আটলাণ্টা অলিম্পিক আৰু ২০০০ চনৰ চিডনী অলিম্পিকৰ সময়ত এই চহৰ দুখনৰ বজাৰ সমূহ কেৱলমাত্ৰ অলিম্পিক সম্পৰ্কীয় সা সামগ্ৰীৰ বিক্ৰী কৰা বণিকেৰে ভৰাই পেলোৱা বুলি ৰ ওপৰত অভিযোগ তোলা হ’ল। য়ে পাছৰ অলিম্পিক সমূহত এনে অৱস্থা ৰোধ কৰা হ’ব বুলি মন্তব্য দিয়ে। ৰ ওপৰত আৰোপিত আন এটা অভিযোগ আছিল যে এ অলিম্পিক আয়োজনত কোনোধৰণৰ ব্যয় নকৰে, সমস্ত ব্যয় কৰে আয়োজক চহৰ আৰু আয়োজক দেশখনে, অথচ অলিম্পিকৰ চিহ্ন সমূহৰ ব্যৱহাৰৰ চৰ্ত ৰ ওচৰত থাকে আৰু প্ৰযোজক তথা সম্প্ৰচাৰক সকলৰ পৰা পোৱা অৰ্থৰ বৃহৎ অংক এ লাভ কৰে। আয়োজক দেশ বা চহৰ খনে আয়োজনৰ বাবে অহোপুৰুষাৰ্থ কৰে অথচ ইয়াৰ কোনো নিশ্ছয়তা নাথাকে যে তেওঁলোকে খৰচ কৰা ধন খিনিও তেওঁলোকে ঘূৰাই পাব। অলিম্পিকৰ ব্যয় অক্সফৰ্ডৰ পণ্ডিত বেণ্ট ফ্লিবৰ্গ আৰু এলিচন ষ্টিৱাৰ্টে )অলিম্পিকৰ(গ্ৰীষ্ম আৰি শীতকালীন) ব্যয় সম্পৰ্কে অধ্যয়ন কৰিছিল।তেওঁলোকৰ মতে যোৱা ৫০ বছৰৰ ভিতৰত আটাইতকৈ ব্যয়বহুল হ’ল ২০১২ চনৰ লণ্ডন অলিম্পিক ১৪.৫ বিলিয়ন আমেৰিকান ডলাৰ), ১৯৯২ চনৰ বাৰ্চিল’না অলিম্পিক ১১.৪ বিলিয়ন আমেৰিকান ডলাৰ) আৰু ১৯৭৬ চনৰ মণ্ট্ৰিল অলিম্পিক ৬ বিলিয়ন আমেৰিকান ডলাৰ)। ২০০৮ চনৰ বেইজিং অলিম্পিক সম্পৰ্কীয় তথ্য চীনা কৰ্তৃপক্ষই সদৰি কৰিবলৈ অমান্তি হয়। ইয়াত ব্যয় বোলোতে কেৱল ক্ৰীড়া সমন্ধীয় ব্যয় বিলাকহে ধৰা হৈছে, বাকী ৰাজহুৱা ব্যয় যেনে পথ, ৰেল বা বিমানবন্দৰ সমূহৰ উন্নতিকৰণ, ব্যক্তিগত ব্যয় যেনে হোটেল আদিৰ উন্নয়ন আৰু ব্যৱসায়িক বিনিয়োগ বিলাক ইয়াত অন্তৰ্ভুক্ত নহয়। এই বিলাক ব্যয়ো উল্লেখযোগ্যই, কিন্তু ঠাই বিশেষে ই ইমানেই বেলেগ বেলেগ হয় যে এক বিজ্ঞানসন্মত তুলনাৰ বাবে এই বিলাক হিচাপ অন্তৰ্ভুক্ত কৰা অসম্ভৱ হৈ পৰে। ফ্লিবৰ্গ আৰু ষ্টিৱাৰ্টে তেওঁলোকৰ অধ্যয়নত আৰু পায় যে, হিচাপতকৈ অধিক ব্যয় সকলো অলিম্পিকৰে এৰাব নোৱাৰা সমস্যা: ১০০% অলিম্পিকতে হিচাপতকৈ অধিক ধন ব্যয় হয়। আন কোনো বিশাল প্ৰকল্পতে এনে ধৰণে অধিক ব্যয় হবই বুলি আগতীয়াকৈ নিশ্চিত হব নোৱাৰি। আন প্ৰকল্প বিলাক সাধাৰণতে অনুমোদিত বাজেটৰ মাজতে সম্পূৰ্ণ হয়, কিন্তু অলিম্পিক কেতিয়াও নহয়। গড় হিচাপে ১৭৯% প্ৰকৃত আৰু ৩২৪% নমিনেল হিচাপাধিক ব্যয়েৰে- অলিম্পিক আন ধৰণৰ বৃহৎ প্ৰকল্প বিলাকতকৈ বহু বেছি ডাঙৰ। হিচাপাধিক ব্যয় কৰা অলিম্পিকসমূহৰ তালিকাত প্ৰথম হ’ল ১৯৭৬ৰ মণ্ট্ৰিল অলিম্পিক (৭৯৬%), ১৯৯২ চনত বাৰ্চিল’না অলিম্পিক(৪১৭%) আৰু ১৯৮০ৰ লে’ক প্লেচিড (৩২১%) প্ৰকৃত হিচাপত)। এই তথ্য খিনিয়ে প্ৰতিপন্ন কৰে যে, কোনো মহানগৰ বা দেশে অলিম্পিক অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰা মানেই এক বিত্তীয়ভাৱে অতি বিপদজনক বৃহৎ প্ৰকল্প হাতত লোৱা, কথাটো বহু দেশ বা জাতিয়ে বহু বিপত্তিৰ মাজেৰে উপলব্ধি কৰিছে। উদাহৰণ স্বৰূপে ২০০৪ চনৰ অলিম্পিকৰ অত্যধিক ব্যয় আৰু ঋণৰ বোজাৰ বাবে ২০০৮-১২ চনৰ বিত্তীয় সংকটে গ্ৰীচৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলাইছিল, মণ্ট্ৰিলে ১৯৭৬ চনৰ অলিম্পিকৰ বাবে লোৱা ঋণ শেষ কৰিবলৈ ৩০ বছৰ সময় লৈছিল। অৱশেষত ফ্লিবৰ্গ আৰু ষ্টিৱাৰ্টে পায় যে যোৱা দশকটোত অলিম্পিকৰ হিচাপতকৈ অধিক ব্যয় অলপ কমি আহিছে আৰু এতিয়া প্ৰায় আন আন বৃহৎ প্ৰকল্পবোৰৰ সমপৰ্যায়ৰ হৈছেগৈ। ২০০০ ৰ পৰা ২০১০ চনৰ এই কালছোৱাত আগৰ গড়ে ২৫৮% হিচাপাধিক ব্যয়ৰ তুলনাত ই ৪৭% হৈছিলহি। কিন্তু লণ্ডন অলিম্পিকে এই ধাৰা ভংগ কৰি, পুনৰ ১০১% হিচাপাধিক, ব্যয়েৰে তিনি সংখ্যাৰ ঘৰ চুলেগৈ। অৱশেষত ফ্লিবৰ্গ আৰু ষ্টিৱাৰ্টে মন্তব্য কৰে যে এতিয়া এই হিচাপাধিক ব্যয়ক নিয়ন্ত্ৰণ কৰা, আৰু হ্ৰাস কৰাৰ দ্বায়িত্ব অলিম্পিকৰ পৰিকল্পনা আৰু ব্যৱস্থাপনা কৰা লোক সকলৰ ওপৰত আহি পৰিছেহি। প্ৰতীকসমূহ অলিম্পিক চনদৰ মতে অলিম্পিকে ইয়াৰ বাবে কিছুমান প্ৰতীকৰ ব্যৱহাৰ কৰে। অলিম্পিক প্ৰতীক বা অলিম্পিক বৃত্তসমূহে পৰস্পৰক ছেদ কৰি থকা পাঁচটা ভিন্ন ৰঙী বৃত্তক বুজাই, এই পাঁচটা ই পাঁচখন মহাদেশ (এচিয়া, আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপ)ৰ একতাক চিহ্নিত কৰে। এখন বগা ক্ষেত্ৰৰ ওপৰত থকা এই বৃত্তকেইটাৰ ৰঙবোৰ হৈছে নীলা, হালধীয়া, ক’লা, সেউজীয়া আৰু ৰঙা। অলিম্পিকৰ পতাকাখনটো বগাক্ষেত্ৰৰ ওপৰত থকা এই পাঁচটা বৃত্তক ব্যৱহাৰ কৰা হয়। অলিম্পিকৰ প্ৰতীকৰ বৃত্তসমূহ বাবে এই ৰঙ কেইটা নিৰ্বাচন কৰাৰ কাৰণ আছিল প্ৰত্যেকখন দেশৰ জাতীয় পতাকাতে এই কেইটা ৰঙৰ যিকোনো এটা প্ৰায়েই দেখিবলৈ পোৱা যায়। ১৯২০ চনৰ বেলজিয়ামৰ গ্ৰীষ্মকালীন অলিম্পিকত পোন প্ৰথমবাৰৰ বাবে এই পতাকাখন গ্ৰহণ কৰা হৈছিল। তাৰ পাছৰে পৰা প্ৰত্যেকখন অলিম্পিকত এই পতাকা উত্তোলন হৈ আহিছে। অলিম্পিকৰ মূলমন্ত্ৰ হৈছে চাইটিয়াচ, অল্টিয়াচ, ফ’ৰটিয়াচ এই শাৰী লেটিন শব্দৰ অৰ্থ হৈছে বেগৱান, ঊচ্চ, শক্তিশালী। অলিম্পিকৰ প্ৰতীকসমূহ আৰু আদৰ্শ সমূহৰ সম্পৰ্কে পিয়েৰ দে কিউবাৰ্টিন ৰ মন্তব্য আছিল এনেধৰণৰ, প্ৰত্যেকখন অলিম্পিক আৰম্ভ হোৱাৰ এমাহ পূৰ্বে গ্ৰীচৰ অলিম্পিয়াত অলিম্পিক শিখাৰ প্ৰজ্বল্লন কৰা হয়, এই অনুষ্ঠানে গ্ৰীচৰ প্ৰাচীন পৰম্পৰাক প্ৰতিফলিত কৰে। এখন উপবৃত্তাকাৰ দাপোনৰ দ্বাৰা কেন্দ্ৰীভূত কৰা সূৰ্যৰ পোহৰৰ দ্বাৰা এগৰাকী মহিলা পুৰোহিতে অলিম্পিক শিখাত অগ্নি সংযোগ কৰে। তাৰ পাছত তেওঁ অলিম্পিক শিখা দৌৰৰ প্ৰথম গৰাকী শিখা বাহকক এই অলিম্পিক শিখা প্ৰদান কৰে, লগে লগে অলিম্পিক শিখা দৌৰৰ আৰম্ভ হয়, এমাহ বিভিন্নজন বাহকৰ হাতত গোটেই বিশ্বৰ বিভিন্ন দেশ পৰিভ্ৰমণ কৰাৰ পাছত উদ্ঘাটন সমাৰোহৰ মাজত এই শিখাই আয়োজক দেশৰ অলিম্পিক ষ্টেডিয়ামত প্ৰৱেশ কৰে, অলিম্পিক শিখাৰ প্ৰৱেশে উদ্ঘাটন সমাৰোহত বিশেষ ভূমিকা পালন কৰে। যদিও অলিম্পিক শিখাক ১৯২৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ পৰাই এটা অলিম্পিক প্ৰতীক হিচাপে স্বীকৃতি দিয়া হয়, ১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত নাজী জাৰ্মানীয়ে নিজৰ সমাজবাদী চিন্তাধাৰাক প্ৰতিফলিত কৰাৰ ঊদ্দেশ্যে অলিম্পিক শিখা দৌৰৰ আৰম্ভণি ঘটোৱাৰ পৰাহে শিখা দৌৰ আৰম্ভ হয়। অলিম্পিকৰ শুভংকৰ প্ৰতীক হৈছে, প্ৰত্যেকখন অলিম্পিকৰ বাবে নিৰ্বাচন কৰা জন্তু বা মানুহৰ কিছুমান বিশেষ মূৰ্তি বা প্ৰতীক, সাধাৰণতে এনে প্ৰতীকে আয়োজক দেশখনৰ সাংস্কৃতিক ঐতিহ্যক বৰ্ণনা কৰে। ১৯৬৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত প্ৰথম শুভংকৰ প্ৰতীকৰ ব্যৱহাৰ হয়। ১৯৮০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ শুভংকৰ প্ৰতীক নামৰ ৰাছিয়াৰ ভালুক পোৱালিটোৱে বিশ্বজুৰি তাৰকা সদৃশ জনপ্ৰিয়তা লাভ কৰে। তেতিয়াৰ পৰা শুভংকৰ প্ৰতীক সমূহে অলিম্পিকৰ প্ৰচাৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দেখা গৈছে। সমাৰোহ উদ্ঘাটন সমাৰোহ অলিম্পিক চনদত নিৰ্ধাৰিত কৰা অনুযায়ী অলিম্পিকৰ উদ্ঘাটন সমাৰোহত বিভিন্ন অনুষ্ঠানৰ সমাহাৰ ঘটে,যিবোৰৰ বেছিভাগৰেই ১৯২০ ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকতেই শুভাৰম্ভ হৈছিল। উদ্ঘাটন সমাৰোহ চিৰাচৰিত ভাবে আয়োজক দেশৰ পতাকা উত্তোলন আৰু ৰাষ্ট্ৰগীত পৰিৱেশনৰ জৰিয়তে আৰম্ভ হয়। আয়োজক দেশে বিভিন্ন সংগীত,নৃত্য আদিৰ মাধ্যমেৰে নিজৰ বৰ্ণীল সভ্যতা তথা সংস্কৃতিক বিশ্ববাসীৰ আগত উপস্থাপন কৰে। সময়ৰ লগে লগে অলিম্পিক সমাৰোহৰ কলেবৰ ক্ৰমাৎ বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি বেইজিং অলিম্পিকৰ উদ্ঘাটন সমাৰোহত ব্যয় হোৱা অৰ্থৰ পৰিমাণ প্ৰায় ১০০ নিযুতৰো অধিক। সমাপন সমাৰোহ সামৰণী অনুষ্ঠানত সকলো অংশগ্ৰহণকাৰী দেশৰে ধ্বজ্জাবাহকসকলে পোনপ্ৰথমে ষ্টেদিয়ামত প্ৰবেশ কৰে। তাৰ পাছত অংশগ্ৰহণকাৰী বিভিন্ন দেশৰ এথলিটসকলে কোনো নিৰ্দষ্ট ক্ৰম অবিহনে ষ্টেদিয়ামত প্ৰবেশ কৰে। ইয়াৰ পাছতেই আয়োজক দেশ, অলিম্পিকৰ জন্মভূমি গ্ৰীচ, পৰৱৰ্ত্তী আয়োজক দেশৰ ৰাষ্ট্ৰধ্বজ উত্তোলন তথা ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়। আয়োজক সমিতিৰ সভাপতি তথা আন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সভাপতিয়ে সামৰণী ভাষণ পাঠ কৰাৰ পাছতেই আনুষ্ঠানীকভাবে এই ক্ৰীড়া সমাৰোহৰ সামৰণী পৰে। এই সামৰণী অনুষ্ঠানতে আয়োজক নগৰীৰ মেয়ৰে আনুষ্ঠানীকভাবে অলিম্পিক পতাকা আন্তৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সভাপতিক অৰ্পণ কৰে, যিয়ে পুনৰ পৰৱৰ্ত্তী আয়োজক নগৰীৰ মেয়ৰক এই পতাকা প্ৰদান কৰে। পদক প্ৰদান পৰ্ব অলিম্পিকত প্ৰত্যেক খেল শেষ হোৱাৰ লগে লগে পদক পৰ্ব অনুষ্ঠিত কৰা হয়। প্ৰথম, দ্বিত্বীয় আৰু তৃতীয় স্থান পোৱাসকল এখন তিনিখলপীয়া সৰু মাচান( )ৰ ওপৰত থিয় হয় আৰু তেওঁলোকক নিজৰ নিজৰ মেডেল বিলাক পিন্ধোৱা ৰ কোনো এজন সদস্যই এই মেডেল সমূহ প্ৰদান কৰাৰ লগে লগে খেলুৱৈ সকলৰ দেশৰ জাতীয় পতাকা উত্তোলন কৰা হয় আৰু লগতে স্বৰ্ণবিজয়ীৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত বাজি উঠে।আয়োজক দেশৰ স্বেচ্ছাসেৱক সকলে এই পৰ্বৰ আয়োজন কৰে আৰু মেডেল প্ৰদান কৰা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ সদস্য জনক সহযোগ কৰে, আৰু পতাকা-ধাৰীৰ দ্বায়িত্বও লয়।প্ৰত্যেক খেল ইভেণ্টৰ ফাইনেল হৈ যোৱাৰ এদিনৰ ভিতৰতে মেডেল প্ৰদান কাৰ্যসূচী সমাপন কৰা হয়। পুৰুষৰ মাৰাথন দৌৰ সাধাৰণতে অলিম্পিকৰ শেষৰ দিনা একেবাৰে পুৱাতে আৰম্ভ কৰা হয় আৰু মেডেল প্ৰদান পৰ্ব অলিম্পিকৰ সামৰণি সমাৰোহৰ মাজতে কৰা হয়। অলিম্পিকৰ ক্ৰীড়াসমূহ অলিম্পিকৰ ক্ৰীড়াসূচীত ৩৫ বিধ খেলৰ ৩০টা প্ৰায় ৪০০ টামান অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণ স্বৰূপে গ্ৰীষ্ম অলিম্পিকৰ এটা খেল মল্লযুদ্ধৰ মূলতঃ দুটা শাখা আছে, গ্ৰীক’ ৰোমান আৰু ফ্ৰীষ্টাইল। প্ৰত্যেকে শাখাকে আকৌ খেলুৱৈৰ দেহৰ ওজন অনুসৰি পুৰুষৰ বাবে চৌদ্ধটা আৰু মহিলাৰ বাবে ছাৰিটা ভাগত খেলোৱা হয়।গ্ৰীষ্ম অলিম্পিক ২৬টা আৰু শীতকালীন অলিম্পিকত ১৫ বিধ ক্ৰীড়া অন্তৰ্ভুক্ত হয়। এথলেটিকছ, সাঁতোৰ, আৰু কলাসূলভ জিমমাষ্টিকচ কেৱল গ্ৰীষ্ম অলিম্পকতহে খেলোৱা হয় আৰু কোনো অলিম্পিকৰে পৰা এই ক্ৰীড়া কেইবিধ আতৰোৱা হোৱা নাই। ক্ৰছ-কাণ্ট্ৰী স্কিয়িং, ফিগাৰ স্কেটিং, আইচ হকী, নৰ্ডিক কম্বাইনড, স্কি জাম্পিং আৰু স্পীড স্কেটিং, ১৯২৪ চনত আৰম্ভ হোৱাৰে পৰা, প্ৰত্যেক শীতকালীন অলিম্পিকতে খেলোৱা হৈ আহিছে। নতুন অলিম্পিক ক্ৰীড়া যেনে বেডমিণ্টন, ভলীবল আৰু বাস্কেটবল আদি, প্ৰথমতে অলিম্পিকত প্ৰদৰ্শনী মূলক ক্ৰীড়া হিচাপে খেলোৱা হৈছিল, পাছত পূৰ্ণ পৰ্যায়ৰ প্ৰতিযোগিতা হিচাপে স্বীকৃতি দিয়া হয়। আগতে অনুষ্ঠিত কৰা কিছুমান ক্ৰীড়া অলিম্পিকৰ পৰা বাদ দিয়াৰো উদাহৰণ আছে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি দ্বাৰা অলিম্পিক ক্ৰীড়াসমূহৰ সাৰ্বভৌম পৰিদৰ্শক ৰূপে স্বীকৃতিপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মহাসংঘসমূহে অলিম্পিক ক্ৰীড়াৰ প্ৰশাসনিক দিশটো পৰিচালনা কৰে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিত ৩৫টা এনে মাহসংঘৰ প্ৰতিনিধিত্ব আছে। =88–90}} অলিম্পিকত আজি পৰ্যন্ত অন্তৰ্ভুক্ত নোহোৱা কিছুমান খেলো ৰ দ্বাৰা স্বীকৃত। এই খেলবোৰ অলিম্পিক প্ৰতিযোগিতা হিচাপে খেলাব নোৱাৰি কিন্তু অলিম্পিকৰ পাছতে হোৱা ৰ কাৰ্যসূচী পুনৰীক্ষণ অধিবেশনত ইয়াক পূৰ্ণ পৰ্য্যায়ৰ ক্ৰীড়া হিচাপে স্বীকৃতি দিবলৈ প্ৰস্তাব ৰাখিব পাৰি।এনে পুনৰীক্ষনৰ সময়ত দুই তৃতীয়াংশ সংখ্যগিৰষ্ঠ মতদানৰ যোগে কোনো খেল অলিম্পিকত সুমুৱাব বা উলিয়াই দিব পাৰি। দবাখেল বা চাৰ্ফিঙৰ দৰে কিছুমান খেল স্বীকৃত যদিও আজিলৈকে কোনো অলিম্পিকতে কোনোধৰণেই এইবিলাক অন্তৰ্ভুক্ত হোৱা নাই। ২০০৪ চনৰ নৱেম্বৰ মাহত, য়ে অলিম্পিক প্ৰগ্ৰাম প্ৰতিষ্ঠা কৰে, এই কমিছনৰ কাম হ’ল অলিম্পিক ক্ৰীড়াসূচী আৰু আন স্বীকৃত খেল বিলাকৰ পৰ্যালোচনা কৰা। ই হ’ল অলিম্পিক ক্ৰীড়াসূচীক সমূহক পৰ্যায়ক্ৰমে আন সকলো ক্ৰীড়া সমাৰোহত প্ৰতিষ্ঠা কৰাৰ এক উদ্যোগ। এই কমিছনে কোনো এক খেলক অলিম্পিকত অন্তৰ্ভুক্ত কৰিবলৈ সাতটা নিৰ্ধাৰণ কৰি দিছে। এই মাপকাঠি কেইটা হ’ল খেলবিধৰ পৰম্পৰা আৰু বুৰঞ্জী, বিশ্বজনীনতা, জনপ্ৰিয়তা, ভাৱমূৰ্তি, খেুলুৱৈৰ স্বাস্থৰ ওপৰত প্ৰভাৱ, খেলবিধ নিয়ন্ত্ৰণ কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ অৱস্থা আৰু অনুষ্ঠিত কৰাৰ খৰচ। এই অধ্যয়নৰ পৰা পাঁচ বিধ খেলৰ ২০১২ চনৰ অলিম্পিকত অন্তৰ্ভুক্ত হোৱাৰ খছৰা তালিকাত নাম উঠে, খেল কেইবিধ হ’ল গল্ফ, কাৰাটে, ৰাগবী ইউনিয়ন, ৰ’লাৰ স্পৰ্টচ আৰু ৰ কৰ্মনিধাৰণী সভাই পৰীক্ষা কৰাৰ পাছত এই নামকেইটা ২০০৫ চনৰ ডিচেম্বৰ, চিংগাপুৰত অনুষ্ঠিত হোৱা সাধাৰণ মহাসভালৈ প্ৰৰণ কৰে। মহাসভাই পাঁচটাৰ ভিতৰত কেৱল কাৰাটে আৰু স্কোৱাছক চূড়ান্ত বাছনিৰ বাবে অনুমোদন জনায়। কিন্তু ইয়াৰে কোনো এটা খেলেই দুই তৃতীয়াংশ ভোট লাভ কৰিবলে সক্ষম নহ’ল আৰু সেইবাবে অলিম্পিক ক্ৰীড়াত অন্তৰ্ভুক্তও নহ’ল।২০০৯ চনৰ অক্টপবৰ মাহত য়ে গল্ফ আৰু ৰাগবি ইউৗনিয়নক ২০১৬ আৰু ২০২০ অলিম্পিকত অন্তৰ্ভুক্ত কৰিবলৈ ভোটযোগে সিদ্ধান্ত লয়। ২০০২ চনত হোৱা ৰ ১১৪তম মহাসভাই )গ্ৰীষ্ম অলিম্পিক ২৮টা খেল, ৩০১ ভাগ আৰু ১০,৫০০ খেলুৱৈতে সীমিত কৰি ৰাখিবলৈ সিদ্ধান্ত কৰে।তাৰ তিনি বছৰৰ পাছত ১১৭তম মহাসভাত অলিম্পিক ক্ৰীড়াৰ প্ৰথম বৃহৎ সালসলনি কৰি বেচবল আৰু চফ্টবলক ২০১২ ৰ লণ্ডনঅলিম্পিক কাৰ্যসূচীৰ পৰা বাদ দিয়ে। বাকী দুটা উপযুক্ত খেল নিৰ্বাচন নোহাৱাৰ বাবে এই অলিম্পিকত মাথোঁন ২৬ বিধ খেলহে খেলোৱা হয়।২০১৬ আৰু ২০২০ চনত ৰাগবী আৰু গল্ফৰ অন্তৰ্ভুক্তিৰে পুনৰ ২৮ বিধ খেল অলিম্পিকত দেখা পোৱা যাব। অপেছাদাৰী আৰু পেছাদাৰী ক্ৰীড়া ব্ৰিটিছ পাব্লিক স্কুলসমূহত শিকা আভিজাত্যৰ ধ্যান-ধাৰণাৰ উদাহৰণ বিলাকে বেৰন পিয়েৰে দ্যঁ কিউবাৰ্টিনক বাৰুকৈ প্ৰভাৱান্বিত কৰিছিল।এই পাব্লিক স্কুল বিলাকে বিশ্বাস কৰিছিল যে ক্ৰীড়া শিক্ষাৰ এক অবিচ্ছেদ্য অংগ আৰু ইয়াৰ সাৰাংশ হৈছিলগৈ “সুস্থ শৰীৰত থকা সুস্থ মন”॥ এই ধাৰণা অনুসৰি যি সকলো কামতে পাৰ্গত, তেওঁহে প্ৰকৃত ভদ্ৰলোক, কেৱল কোনো এটা ক্ষেত্ৰত বিশেষ দক্ষতা লাভ কৰা সকল নহয়। উচিত-অনুচিতৰ বিষয়টিতো প্ৰয়োজনতকৈ অধিক গুৰুত্ব আৰোপ কৰা হৈছিল আৰু আৰু সেই অনুসৰিয়েই প্ৰশিক্ষণ বা অনুশীলন কৰাটো ঠগবাজীৰ সমপৰ্যায়ৰ বুলি ভবা হৈছিল। পেছাদাৰী ভাৱে প্ৰশিক্ষণ লৈ খেলাসকলে, কেৱল চখৰ বাবে খেলা সকলতকৈ অনুচিত সুবিধা লাভ কৰে বুলি গণ্য কৰা হৈছিল। পেছাদাৰী খেলুৱৈ সকলক আঁতৰাই ৰখাৰ সিদ্ধান্তটোৰ বাবে আধুনিক অলিম্পিক বহু বিবাদাত্মক পৰিস্থিতিৰ সন্মুখীন হৈছে। ১০১২ চনৰ ন আৰু নৰ বিজয়ী জিম থৰ্পৰ পৰা পদক কেইটা কাঢ়ি লোৱা হ’ল, কাৰণ পাছত গম পোৱা গ’ল যে জিমে অলিম্পিকৰ আগতে অৰ্ধ-পেছাদাৰী বেচবল খেলত অংশগ্ৰহণ কৰিছিল। ১৯৮৩ চনত অৱশ্যে মৰণোত্তৰ ভাৱে সহানুভুতিৰ আধাৰত জিমৰ পদক কেইটা ঘূৰাই দিয়া হয়। চুইজাৰলেণ্ড আৰু অষ্ট্ৰিয়াৰ স্কি খেলুৱৈ সকলে তেওঁলোকৰ স্কি প্ৰশিক্ষক সকলক একে কাৰণতে অলিম্পিকত যোগ দিবলৈ অনুমতি নিদিয়াৰ বিপক্ষে প্ৰতিবাদ কৰি ১৯৩৬ চনৰ শীতকালীন অলিম্পিক বৰ্জন কৰিছিল। ২০ শতিকাত সামাজিক শ্ৰেণী সংৰচনা বিকশিত হোৱাৰ লগে লগে অপেছাদাৰী এথলেটকসকলক অভিজাত ভদ্ৰলোক বুলি গণ্য কৰা ধাৰণাটো অপ্ৰাসংগিক হৈ পৰিল। পূব ব্লকৰ বা কমিউনিষ্ট ব্লকৰ দেশসমূহত নিজা খৰচেৰে পূৰ্ণকালীন অপেছাদাৰী খেলূৱৈ ওলাবলৈ ধৰাত এই “বিশুদ্ধ অপেছাদাৰী” ধাৰণাতো আৰু তৰল হৈ পৰিল, আৰু পশ্চিমীয়া দেশৰ ব্যক্তিগত পূঁজিৰ অপেছাদাৰী খেলুৱৈ সকল সমস্যাৰ সন্মুখীন হ’ল। তথাপিও অলিম্পিক কমিটিয়ে এই বিষয়ত নিজৰ পৰম্পৰাগত নিয়মত অটল হৈ ৰ’ল। ১৯৭০ চনৰ পৰা আৰম্ভ কৰি অলিম্পিক চাৰ্টাৰৰ পৰা অপেছাদাৰীত্ব সম্পৰ্কীয় ধাৰা বিলাক ক্ৰমাগত ভাৱে আঁতৰাই যোৱা হ’ল। ১৯৮৮ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাই, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন সমূহৰ অনুমতি সাপেক্ষে সকলো পেছাদাৰী খেলু্ৱৈকে অলিম্পিকত যোগ দিবলৈ অনুমতি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজিকালি কেৱল মুষ্টিযুদ্ধ আৰু মল্লযুদ্ধতহে পেছাদাৰী খেলুৱৈক খেলিবলৈ দিয়া নহয়। আৰু পেছাদাৰিত্বৰ সংজ্ঞাও খেলুৱৈৰ বেতন নহয়, খেলৰ নিয়মৰ ওপৰতহে থিৰ কৰা হয়, কিয়নো বহুতো মুষ্টিযোদ্ধা বা মল্লযোদ্ধাই তেওঁলোকৰ দেশৰ অলিম্পিক কমিটিসমূহৰ পৰা নগদ ধনৰ পুৰস্কাৰ গ্ৰহণ কৰে। বিতৰ্কসমূহ বৰ্জন অষ্ট্ৰেলিয়া, গ্ৰেট ব্ৰিটেইন আৰু চুইজাৰলেণ্ডেই হৈছে এনেকুৱা দেশ যি ১৮৯৬ চনৰ প্ৰথম অলিম্পিকৰ পৰা প্ৰত্যেকখন আধুনিক অলিম্পিকলৈ নিজৰ দল প্ৰেৰণ কৰি আহিছে, আনহাতেদি কিছুমান দেশে অলিম্পিকলৈ নিৰ্বাচিত হোৱা খেলুৱৈৰ অভাৱত, আৰু আন কিছুমান দেশে কোনো বিশেষ কাৰণত অলিম্পিক বৰ্জন কৰিবলৈ সিদ্ধান্ত লোৱাৰ বাবে একোখনকৈ অলিম্পিকত ভাগ লোৱাৰ পৰা ব্যৰ্থ হয়। ১৯৩৬ চনত আয়াৰলেণ্ড দলক এ সমগ্ৰ আয়াৰলেণ্ডৰ পৰিৱৰ্তে কেৱল মাত্ৰ আইৰিচ মুক্ত ৰাজ্য )ৰ পৰা নিৰ্বাচন কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে আয়াৰলেণ্ডৰ অলিম্পিক কাউন্সিলে এই অলিম্পিক বৰ্জন কৰে। ১৯৫৬ চনৰ মেলবৰ্ণ অলিম্পিক তিনিটা বৰ্জনৰ সন্মুখীন হয়, প্ৰথম হাংগেৰিৰ আন্দোলনক চোভিয়েট ইউনিয়নে কৰা দমনৰ প্ৰতিবাদত নেডাৰলেণ্ড, স্পেইন আৰু চুইজাৰলেণ্ডে এই অলিম্পিক বৰ্জন কৰে, অৱশ্যে তেওঁলোকে নিজৰ প্ৰতিনিধি দল অলিম্পিকলৈ প্ৰেৰণ কৰে। দ্বিতীয়তে চুৱেজৰ দুৰ্ভিক্ষৰ বাবে, কম্বোডিয়া, ইজিপ্ত, ইৰাক আৰু লেবাননে এই অলিম্পিক বৰ্জন কৰে। তৃতীয়তে টাইৱানক অলিম্পিকত ভাগ ল’বলৈ দিয়াৰ বাবে চীনে এই অলিম্পিক বৰ্জন কৰে। ১৯৭২ আৰু ১৯৭৬ চনত বহুতো আফ্ৰিকীয় দেশে দক্ষিণ আফ্ৰিকা আৰু ৰ’ডেচিয়াত হোৱা জাতিগত বিভাজন বাবে ক এই দুখন দেশক অলিম্পিকৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী কৰে অন্যথা অলিম্পিক বৰ্জনৰ ভাবুকি প্ৰদান কৰে। নিউজিলেণ্ডৰ জাতীয় ৰাগবী দলে এপাৰ্টহেইড অধিকৃত দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰাৰ বাবে বৰ্জনকাৰী এই দেশ সমূহে নিউজিলেণ্ডকো নিজৰ লক্ষ্য কৰি লয়। এ প্ৰথম দুখন দেশৰ কথা মানি লয়, কিন্তু নিউজিলেণ্ডৰ বাবে এই দাবী মানি নলয়, এ যুক্তি দৰ্শাই যে ৰাগবী অলিম্পিকৰ অন্তৰ্ভুক্ত খেল নহয়। নিজৰ দাবী পূৰণ হোৱাৰ পাছত প্ৰতিবাদকাৰী ২০খন আফ্ৰিকীয় দেশে অলিম্পিকত যোগদান কৰে, মণ্ট্ৰিয়েল অলিম্পিকৰ মাজতে গুয়েনা, ইৰাক আৰু টানজেনিয়াই অলিম্পিক বৰ্জন সিদ্ধান্ত লয়(ইতিমধ্যেই তেওঁলোকৰ কিছু প্ৰতোযোগীয়ে সেই অলিম্পিকত ভাগ লৈছিলেই)। টাইৱানেও এই অলিম্পিক বৰ্জন কৰিছিল,কিয়নো চীন প্ৰজাতন্ত্ৰই মণ্ট্ৰিল অলিম্পিকৰ আয়োজক সকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল যে চীন গণৰাজ্য টাইৱানৰ আধিকাৰিক নাম)ৰ নামত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অহা লোকসকলক খৈলিবলৈ দিব নেলাগে। চীন গণৰাজ্যৰ( ))ৰ প্ৰতিনিধি সকলক প্ৰস্তাব দিয়া হয় যে “তেওঁলোকে গণৰাজ্যৰ পতাকা আৰু জাতীয় সংগীত ব্যৱহাৰ কৰিব পাৰিব, কিন্তু দেশৰ নাম চীন প্ৰজাতন্ত্ৰ বুলি মানি লব লাগিব”, কিন্তু এই প্ৰস্তাৱ তেওঁলোকে অগ্ৰাহ্য কৰে। ১৯৮৪ পৰ্যন্ত টাইৱানে অলিম্পিকত যোগদান নকৰে, ১৯৮৪ত চাইনিজ টাইপে হিচাপে নতুন নাম, বিশেষ পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতেৰে তেওঁলোকে পুনৰ অলিম্পিকত যোগদান কৰে। ১৯৮০ আৰু ১৯৮৪ত শীতল যুদ্ধৰ সময়ত দেশ সমূহে নিজৰ প্ৰতিদ্বন্দ্বীয়ে আয়োজন কৰা অলিম্পিক বৰ্জন কৰে। আফগানিস্তানত হোৱা ছোভিয়েট যুদ্ধৰ বাবে ৬৫খন দেশে মস্ক’ অলিম্পিক বৰ্জন কৰে। এই বৰ্জনৰ বাবে মাত্ৰ ৮১খন দেশেহে এই অলিম্পিকত ভাগ লয়, যিটো আছিল ১৯৫৬চনৰ পাছত সৰ্বনিম্ন প্ৰতিযোগী দেশৰ সংখ্যা। ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে ৰোমানিয়াক বাদ দি ছোভিয়েট ইউনিয়ন আৰু পূৱ ভাগৰ ১৪খন সহযোগী দেশে ১৯৮৪ চনৰ লচ এঞ্জেলচ (আমেৰিকা যুক্তৰাষ্ট্ৰ) অলিম্পিক বৰ্জন কৰে, তেওঁলোকে যুক্তি দৰ্শাই যে তেওঁলোকৰ খেলুৱৈ সকল তাত সুৰক্ষিত নহয়, ছোভিয়েত অধিকাৰী সকলে এই বিষয়ে এনেদৰে মন্তব্য কৰে, "আমেৰিকাত সংকীৰ্ণ জাতীয়তাবাদী চিন্তাধাৰা আৰু চোভিয়েত বিৰোধী উন্মাদনা বলপ্ৰয়োগ কৰি চলোৱা এই সমূহ বৰ্জন্কাৰী দেশে ১৯৮০চ জুলাই-আগষ্টত ’ফ্ৰেণ্ডশ্বিপ গেমজ’ নামৰ আন এক প্ৰতিযোগিতাৰ আয়োজন কৰে। তিব্বতৰ পৰিস্থিতি আৰু ডাৰফুৰৰ যুদ্ধত মানৱ অধিকাৰৰ ভংগ হোৱাৰ প্ৰতিবাদত চীনা সামগ্ৰী আৰু ২০০৮ চনৰ বেইজিং অলিম্পিক বৰ্জনৰ আবেদন বিভিন্ন পক্ষৰ পৰা হোৱা পৰিলক্ষিত হৈছিল যদিও কাৰ্যত কোনো দেশে বেইজিং অলিম্পিক বৰ্জন নকৰিলে।২০০৮ চনৰ দক্ষিণ অচ্চেষ্টিয়া যুদ্ধৰ পৰিপ্ৰেক্ষিতত ২০১৪ চনৰ চ’চি, ৰাচিয়াত হ’ব লগা অলিম্পিক জৰ্জিয়াই বৰ্জন কৰিম বুলি ঘোষণা কৰে। ৰাজনীতি প্ৰথম অৱস্থাৰ পৰাই অলিম্পিকৰ মঞ্চক ৰাজনৈতিক ভাৱধাৰাৰ প্ৰচাৰৰ ঊদ্দেশ্যে ব্যৱহা কৰি অহা হৈছে। নাজী জাৰ্মানীয়ে ১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ যোগেদি নাজীবাদক শান্তি-মৈত্ৰীৰ প্ৰতীক হিচাপে প্ৰদৰ্শন কৰিব বিচাৰিলে, তদুপৰি এই অলিম্পিকৰ যোগেদি আৰ্য সকলক শ্ৰেষ্ঠতম বুলি দেখুৱাবলৈ বিচৰা হ’ল।, এই অলিম্পিকত সকলোতকৈ সফল দল হৈ জাৰ্মানীয়ে পাকে প্ৰকাৰণ্তৰে তাক প্ৰতিপন্ন কৰিও দেখুৱালে, অৱশ্যে চাৰিটা সোণৰ পদক বিজয়ী আফ্ৰীকান-আমেৰিকান ভিক্টৰ অৱেন আৰু হাংগেৰিৰ ইহুদী ইব’লয়া কাচাকে জাৰ্মানীৰ এই বাৰ্তাক কিছু ধুসৰ কৰি পেলালে। ছোভিয়েট ইউনিয়নে ১৯৫২ চনৰ হেলচিংকি অলিম্পিক পৰ্যন্ত অলিম্পিকত ভাগ লোৱা নাছিল, তাৰ পৰিৱৰ্তে ১৯২৮ চনত ছোভিয়েটে স্পাৰ্টাকিয়াড নামেৰে আন এক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ আৰম্ভ কৰিছিল। ১৯২০ৰ পৰা ১৯৩০ চনৰ সময়চোৱাত আমেৰিকাকে বিশ্বৰ বিভিন্ন দেশৰ সাম্যবাদী আৰু সমাজবাদী সংগঠন সমূহে ১৯৬৫ চনৰ অলিম্পিকত ছোভিয়েত ৰাছিয়া ক্ৰীড়া ক্ষেত্ৰৰ মহাশক্তিধৰ দেশ হিচাপে উত্থান হয়। নিজৰ ৰাজনৈতিক আদৰ্শ প্ৰচাৰত তেওঁলোকে বিজয়ৰ জৰিয়তে অহা জনপ্ৰিয়তা আৰু প্ৰচাৰৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে। খেলুৱৈ সকলে ব্যক্তিগত ভাবেও অলিম্পিকৰ মঞ্চক নিজৰ ৰাজনৈতিক পৰিকল্পনাৰ প্ৰচাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা দেখা যায়। ১৯৬৮ চনৰ মেস্কিক’ চিটিৰ গ্ৰীষ্মকালীন অলিম্পিকত ২০০মিটাৰ দৌৰৰ স্বৰ্ণ আৰু ব্ৰ’ঞ্জ পদক বিজয়ী দুজন আমেৰিকান এথেলিট ট’ম্মি স্মিথ আৰু জ’ন কাৰল’চে প’ডিয়ামত মানৱ অধিকাৰ চেলুট কৰা দেখা গ’ল। আনহাতেদি ৰূপৰ পদক বিজয়ী অষ্ট্ৰেলিয়াৰ পিটাৰ নৰ্মানক স্মিথ আৰু কাৰল’চৰ সমৰ্থনত মানৱ অধিকাৰৰ বাবে অলিম্পিকৰ প্ৰকল্পৰ বেজ পৰিধান কৰা দেখা গ’ল। এই প্ৰতিবাদৰ প্ৰতিক্ৰিয়া স্বৰূপে, ৰ সভাপতি এভেৰি ব্ৰুণ্ডেগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলিম্পিক কমিটী )ক এথেলিট দুজনক স্বদেশলৈ ওভতাই পঠিয়াবলৈ নাইবা ট্ৰেক এণ্ড ফিল্ড শাখাৰ পৰা আমেৰিকাৰ নাম প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। এ খেলুৱৈ দুজনক স্বদেশলৈ ওভতাই পঠিয়াই। বৰ্তমানে ইৰাণ চৰকাৰে তেওঁলোকৰ খেলুৱৈসকল আৰু ইজৰাইলৰ খেলুৱৈ সকলৰ মাজৰ প্ৰতিযোগিতা ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে, ২০০৪ চনৰ অলিম্পিকত এজন ইৰাণীয় জুড’ খেলুৱৈ আৰাচ মিৰেচমিয়েলীএ নিজৰ ইজৰাইলীয় প্ৰতিপক্ষৰ বিৰুদ্ধে খেলত ভাগ নলয় (অৱশ্যে পাছত তেওঁ অধিক ওজনৰ বাবে অলিম্পিকৰ পৰা বাহিৰ হয়), আৰাচ মিৰেচমিয়েলীৰ এই সিদ্ধান্তৰ বাবে ইৰাণ চৰকাৰে তেওঁক ১২৫,০০০ৰ পুৰস্কাৰ আগবঢ়াই, একে পৰিমাণৰ ধন ইৰাণ চৰকাৰে দেশৰ স্বৰ্ণ পদক বিজয়ী সকলকো প্ৰদান কৰে। উন্নত প্ৰদৰ্শনৰ বাবে ড্ৰাগছৰ ব্যৱহাৰ কুৰি শতিকাৰ প্ৰথম ভাগত বহুতো এথলীটে তেওঁলোকৰ এথলেটিক ক্ষমতা বঢ়াবৰ কাৰণে ড্ৰাগছৰ সহায় ল'বলৈ ধৰে। উদাহৰণস্বৰূপে ১৯০৪ চনৰ অলিম্পিকৰ মাৰাথন দৌৰৰ বিজয়ী থমাছ হিক্সক তেওঁৰ প্ৰশিক্ষকে ষ্ট্ৰিকনিন আৰু ব্ৰাণ্ডী সেৱন কৰিবলৈ দিছিল। ১৯৬০ চনৰ ৰোম অলিম্পিকত চাইক্লিঙত অংশ লৈ থাকোঁতে ডেনমাৰ্কৰ চাইক্লিষ্ট নুদ এনেমাৰ্ক জেনছেন চাইকেলৰপৰা পৰি যায় আৰু পাছত মৃত্যুবৰণ কৰে। অনুসন্ধানৰ পাছত গম পোৱা গ'ল যে তেওঁ এমফিতামিনছ নামৰ ড্ৰাগছবিধৰ কবলত আছিল। ড'পিঙৰ ফলত অলিম্পিকত হোৱা এয়ে একমাত্ৰ মৃত্যুৰ ঘটনা। ১৯৬০ চনৰ মধ্যভাগত ক্ৰীড়া সংগঠনসমূহে এনেধৰণৰ ড্ৰাগছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আৰম্ভ কৰে, আৰু ১৯৬৭ চনত য়েও এই নিষেধাজ্ঞা বলৱৎ কৰে। অলিম্পকৰ ড'পিং পৰীক্ষাত ড্ৰাগছ সেৱন কৰি ধৰা পৰা প্ৰথমজন খেলুৱৈ হ'ল ছুইডেনৰ পেণ্টাথলন খেলুৱৈ হান্স গুন্নাৰ লিলজেনৱাল। ১৯৬৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁৰ ড'পিং ফলাফল ধনাত্মক ওলায় আৰু ফলত তেওঁ ব্ৰঞ্জৰ পদক হেৰুৱাবলগীয়া হয়। কানাডাৰ স্প্ৰিণ্টাৰ বেন জনছনে ১৯৮৮ চনৰ ছিউল অলিম্পিকৰ ১০০ মিটাৰ দৌৰত স্বৰ্ণপদক পায় যদিও ষ্টেন'জ'ল'ল নামৰ ড্ৰাগছবিধ সেৱন কৰা বুলি ধৰা পৰে আৰু ফলত তেওঁৰ স্বৰ্ণপদক কাঢ়ি লৈ ৰাণাৰ্ছ আপ কাৰ্ল লুইছক এই পদক যচা হয়। উল্লেখ্য যে কাৰ্ল লুইছো অলিম্পিকৰ কিছুদিন আগত ড্ৰাগছ সেৱন কৰি ধৰা পৰিছিল। ১৯৯০ চনৰ শেষৰফালে য়ে ড'পিঙৰ বিৰুদ্ধে অধিক কঠোৰ হয় আৰু ১৯৯৯ চনত গঠন কৰে। ২০০০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক আৰু ২০০২ চনৰ শীতকালীন অলিম্পিকত আগতকৈ বেছি খেলুৱৈ ড্ৰাগছ সেৱন কৰা বুলি ধৰা পৰে। ভাৰোত্তোলন আৰু ক্ৰছ কাণ্ট্ৰী স্কায়িং প্ৰতিযোগিতাৰ বহুকেইজন পদকবিজয়ী ড'পিঙত ধৰা পৰে। ২০০৬ চনৰ শীতকালীন অলিম্পিকত মাত্ৰ এজন খেলুৱৈয়ে ড'পিং পৰীক্ষাত ধৰা পৰি পদক হেৰুৱায়। প্ৰতিষ্ঠাপিত ড্ৰাগছ পৰীক্ষাৰ মানদণ্ডই (অলিম্পিক মানদণ্ড) এক বিশ্বজোৰা উচ্চ মানদণ্ডৰ সৃষ্টি কৰে আৰু বাকী ক্ৰীড়া সংগঠনসমূহেও ইয়াৰ সমপৰ্যায় পবলৈ চেষ্টা কৰে। বেইজিং অলিম্পিকৰ সময়ত ৰ অধীনত ৩,৬৬৭জন এথলীটৰ ড'পিং পৰীক্ষা লোৱা হৈছিল। নিষিদ্ধ ঔষধ ধৰা পেলাবৰ কাৰণে মূত্ৰপৰীক্ষা আৰু ৰক্তপৰীক্ষা দুয়োটা কৰা হৈছিল। অলিম্পিকলৈ অহাৰ আগতেই বহুকেইজন খেলুৱৈক য়ে পৰীক্ষা কৰি অলিম্পিকৰপৰা বাদ দিছিল। বেইজিং অলিম্পিক চলি ধকাৰ সময়ত মাত্ৰ তিনিজন খেলুৱৈহে এই পৰীক্ষাত ধৰা পৰিছিল। লিংগভেদ ১৯০০ চনৰ পেৰিচ অলিম্পিকত প্ৰথম বাৰৰ বাবে মহিলা খেলুৱৈক ভাগ লবলৈ অনুমতি দিযা হয়,তথাপি ১৯৯২ চনৰ গ্ৰীষ্ম অলিম্পিকতো পয়ত্ৰিশখন দেশে কেৱল পুৰুষ প্ৰতিযোগীহে পঠায়। অৱশ্যে পৰবৰ্তী কালত এনে দেশৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পায়। ১৯৯৬ চনৰ লিতা ফাৰিমেনে ইৰাণৰ পৰা প্ৰথম মহিলা প্ৰতিযোগী হিচাপে বন্দুক চালনাত অংশগ্ৰহণ কৰে। ২০০০ চনত বাহৰেইনে পোন প্ৰথম বাৰৰ বাবে ফাতেমা হামিদ গিৰাছী আৰু মৰিয়ম মহম্মদ হাদি নামৰ দুগৰাকী মহিলা প্ৰতিযোগী প্ৰেৰণ কৰে। ২০০৪ চনত ৰুবিনা মুকিম্যাৰ আৰু ফাৰিবা ৰেজাই অলিম্পিকত আফগানিস্তানক প্ৰতিনিধিত্ব কৰা প্ৰথম মহিলা খেলু্ৱৈ হিচাপে পৰিগণিত হয়।২০০৮ চনত সংযুক্ত আৰব এমিৰেটচে প্ৰথম বাৰৰ বাবে দুগৰাকী মহিলা এথলিট প্ৰেৰণ কৰে টাই-কোৱান-ডো ত ‘মেইথা অল মাকতৌম’ আৰু অশ্বাৰোহণত লতিফা অল মাকতৌম’)। এই দুই গৰাকীয়েই ডুবাইৰ শাসনাধিষ্ঠ ৰাজ পৰিয়ালৰ আছিল। ২০১০ চনলৈ কেৱল তিনিখন হে এনে দেশ বাকী থাকিলগৈ যি কেতিয়াও মহিলা প্ৰতিযোগী প্ৰেৰণ কৰি পোৱা নাই; ব্ৰুনেই, চৌদি আৰবআৰু কাটাৰ। ব্ৰুনেয়ে মাত্ৰ তিনিখন অলিম্পিকত অংশ লৈছে, প্ৰত্যেক বাৰেই মাত্ৰ এজনকৈ প্ৰতিযোগীৰে। কিন্তু চৌদি আৰবআৰু কাটাৰ অলিম্পিকৰ নিয়মীয়া অংশগ্ৰহণকাৰী। ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাই ঘোষণা কৰে যে তেওঁলোকে এই দেশকেইখনক মহিলা খেলুৱৈ তৈয়াৰ কৰি ২০১২ চনৰ অলিম্পিকত খেলিবৰ সুবিধা দিবৰ বাবে হেঁচা দিব; ৰ মহিলা আৰু ক্ৰীড়া কমিছনৰ মুৰব্বী অনিতা ডে’ফ্ৰানজে, মহিলাসকলৰ খেল-ধেমালিত বাধা আৰোপ কৰাৰ বাবে এই দেশকেইখনক অলিম্পিকৰ পৰা ষিদ্ধ কৰাৰ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ ঠিক পাছতে কাটাৰ অলিম্পিক কমিটিয়ে ষণা কৰে যে তেওঁলোকে ২০১২ চনৰ অলিম্পিকলৈ চাৰিগৰাকী মহিলা ‘বন্দুক’ আৰু ‘অসিযুদ্ধ’ খেলুৱৈ পঠোৱাৰ আশা ৰাখিছে। ২০০৮ চনত, উপসাগৰীয় পৰিক্ৰমা মুৰব্বী আলি অল- আহমেদে ‘চৌদি আৰব’ক নিষিদ্ধকৰণৰ প্ৰস্তাৱ ৰাখে, তেওঁ কয় যে মহিলা খেলুৱৈক প্ৰতিবন্ধিত কৰাৰ অৰ্থ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক চাৰ্টাৰৰ বিধি উলংঘন। তেওঁ উল্লেখ কৰে যোৱা ১৫ বছৰে বহুতো অনাচৰকাৰী প্ৰতিষ্ঠানে ক লিংগভেদ বিৰোধী নীতি বিলাক আৰু অধিক সক্ষম ৰূপত বলবৎ কৰিবলৈ জোৰ দি আহিছে। তেওঁলোকৰ চেষ্টাই যদিও অলিম্পিকত মহিলা অংশগ্ৰহণকাৰীৰ সংখ্যা আগতকৈ বঢ়াবলৈ সক্ষম হৈছে, কিন্তু য়ে এতিয়াও লিংগভেদ মানি চলা দেশসমূহৰ ওপৰত নিষিদ্ধকৰণ বা বহিষ্কৰণৰ দৰে কঠোৰ পদক্ষেপ লবলৈ ইচ্ছা কৰা নাই।২০১০ চনৰ জুলাই মাহত দি ইণ্ডিপেন্দেণ্ট" কাকতে লিখে যে ”চৌদি আৰবক অলিম্পিকৰ পৰা বহিষ্কাৰ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ ওপৰত হেঁচা ক্ৰমান্বয়ে বাঢ়ি আহিছে, বোধহয় চৌদি আৰবেই একমাত্ৰ বৃহৎ দেশ যি ২০১২ চনৰ অলিম্পিক দলত মহিলা খেলুৱৈ অন্তৰ্ভুক্ত নকৰিব। যদি চৌদি আৰবে কেৱল পুৰুষ দল প্ৰেৰণ কৰে, তেন্তে বুজিব পাৰি যে “মহিলা সম-অধিকাৰ” পোষকতা কৰা সংগঠন সমূহৰ পৰা তেওঁলোক তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হব, আনকি এই সংগঠন বিলাকে অলিম্পিকৰ ওপৰতে ভাবুকিৰ সৃষ্টি কৰিব পাৰে। ২০১২ চনত অলিম্পিক ইতিসাহত প্ৰথম বাৰৰ বাবে সকলো অংশগ্ৰহণকাৰী দেশেই মহিলা প্ৰতিযোগী প্ৰেৰণ কৰে। চৌদি আৰবৰ দলত দুগৰাকী, কাটাৰৰ চাৰিগৰাকী আৰু ব্ৰুনেইৰ দলত এগৰাকী( ৪০০ মিটাৰ হাৰ্ডলচত মাজিয়া মহচিন) অন্তৰ্ভুক্ত হয়। কাটাৰে তেওঁলোক প্ৰথম মহিলা অলিম্পিয়ানসকলৰ এগৰাকী বাহিয়া অল-হামাদ বন্দুক চালনা) তেওঁলোকৰ অলিম্পিক ধ্বজাবাহকৰ দ্বায়িত্ব দিয়ে। তদুপৰি এই অলিম্পিকতে বাহৰেইনৰ মৰিয়ম ইউচুফ জামালে ১৫০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰি, সমগ্ৰ উপসাগৰীয় অঞ্চলটোৰে প্ৰথম মহিলা অলিম্পিক বিজয়ী ৰূপে পৰিগণিত হয়। অলিম্পিক ক্ৰীড়াসূচীৰ কেৱল অশ্বাৰোহণত হে মহিলা আৰু ষে একেলগে অংশগ্ৰহণ কৰিব পাৰে, ইয়াত মহিলাৰ বাবে সূকীয়া ইভেণ্ট বা ‘কেৱল ষৰ খেলপথাৰ’ নাই। ২০০৮ চনলৈকে অলিম্পিকত মহিলাতকৈ পুৰুষৰ ইভেণ্ট বেছি আছিল, যি কি নহওক ২০১২ চনত মহিলা মুষ্টিযুদ্ধ খেলবিধ অন্তৰ্ভুক্ত কৰাৰ পাছত মহিলাসকলেও পুৰুষৰ সকলো খেলতে অংশগ্ৰহণ কৰিব পৰা হ’ল।বৰ্তমান “চিংক্ৰ’নাইজড চুইমিং” আৰু “ৰিদমিক জিমনাষ্টিকচ” এই দুটা খেলত পুৰুষে ভাগ লব নোৱাৰে। সন্ত্ৰাসবাদ আৰু হিংসা আজিলৈকে যুদ্ধৰ বাবে তিনিবাৰ অলিম্পিক ক্ৰীড়া বাতিল কৰা হৈছে, প্ৰথম বিশ্বযুদ্ধৰ বাবে ১৯১৬ চনৰ আলিম্পিক খেল পাতিব পৰা নগ’ল, সেইদৰে দ্বিত্বীয় বিশ্বযুদ্ধৰ বাবেও ১৯৪০ আৰু ১৯৪৪ চনৰ গ্ৰীষ্ম আৰু শীতকালীণ অলিম্পিক বাতিল হয়। ২০০৮ চনত বেইজিং অলিম্পিকৰ আৰম্ভণি অনুষ্ঠানৰ দিনাই ৰাছিয়া আৰু জৰ্জিয়াৰ মাজত দক্ষিণ অ’চেতা যুদ্ধ আৰম্ভ হয়। আমৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুছ আৰু ৰাছিয়াৰ প্ৰধানমন্ত্ৰী পুটিন দুয়ুজনেই সেইসময়ত অলিম্পিক খেল উপলক্ষ্যে উপস্থিত আছিল আৰু দুয়ুজনে চীনৰ ৰাষ্ট্ৰপতি হু জিণ্টাও এ আয়োজন কৰা এখন ভোজমেলত এই সামৰিক বিবাদৰ বিষয়ে আলোচনাও কৰিছিল।কিন্তু এই পৰিস্থিতিতো ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত ব্ৰঞ্জৰ পদক বিজয়ী জৰ্জিয়াৰ ‘নিন’ চেলুকাঝে’, সেই শাখাত ৰূপৰ পদক বিজয়ী ৰাছিয়াৰ নাটালিয়া পেডেৰিনাৰ লগত একে ‘বিজয় মাচান’ৰ ওপৰতে থিয় হয়। চেলুকাঝে আৰু পেডেৰিনাই পদক প্ৰদান পৰ্বৰ পাছত আলিংগন কৰা দৃশ্যতোৱে সেই সময়ত সংবাদ মাধ্যমত অভুতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছিল। সন্ত্ৰাসবাদএও অলিম্পিকত কেইবাবাৰো বাধাৰ সৃষ্টি কৰিছে। ১৯৭২ চনৰ মিউনিখ অলিম্পিকৰ সময়ত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী গোট ব্লেক চেপ্টেম্বৰ”এ ইজৰাইলী অলিম্পিক দলৰ ১১জন খেলূৱৈক পনবন্দী কৰে, এই ঘটনাটোক ‘মিউনিখ নৰসংহাৰ” বুলি জনা যায়। দুজন খেলুৱৈক লগে লগে হত্যা কৰা হয়, আৰু বাকী ৯ জনে এক বিফল উদ্ধাৰ প্ৰচেষ্টাৰ সময়ত প্ৰাণত্যাগ কৰে। এজন জাৰ্মান পুলিচ বিষয়া আৰু ৫টা সন্ত্ৰাসবাদীৰো মৃত্যু হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা শেষ দুয়ুটা অলিম্পিকতে সন্ত্ৰাসবাদৰ বিৰূপ প্ৰভাৱ পৰে। জৰ্জিয়াৰ আটলাণ্টাত হোৱা ১৯৯৬ চনৰ অলিম্পিকৰ সময়ত “চেণ্টিনেণ্টেল অলিম্পিক পাৰ্ক’ত এটা বোমা বিস্ফোৰণ হয়, য’ত দুজন লোক নিহত হোৱাৰ উপৰিও ১১১জন আহত হয়। এৰিক ফ নামৰ এজন আমেৰিকান সন্ত্ৰাসবাদীয়ে এই বোমা স্থাপন কৰিছিল, তেওঁক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হয়। ১১ চেপ্টেম্বৰৰ কুখ্যাত সন্ত্ৰাসবাদী আক্ৰমণৰ ঠিক ৫ মাহৰ পাছতে অনুষ্ঠিত হোৱা উটাহৰ চল্ট লে’ক চিটি শীতকালীণ অলিম্পিকত অভুতপূৰ্ব নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। এই অনুষ্ঠানত আক্ৰমণ স্থলীৰ পতাকা, নিউয়ৰ্কৰ পুলিচ বিষয়া ডেনিয়েল ৰড্ৰিগজে “গড ব্লেছ এমেৰিকা” গীত গোৱা, আৰু নিউয়ৰ্কৰ পুলিচ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ আনুস্থানিক গাৰ্ডসকলক দেখা পোৱা গৈছিল। ১১ চেপ্টেম্বৰৰ ঘটনাই অলিম্পিকৰ নিৰাপত্তাৰ বিষয়টোত অধিক গুৰুত্ব দিবলৈ আৰু লগতে আয়োজক সকলক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ সাজু হবলৈ বাধ্য কৰে। খেলুৱৈৰ নাগৰিকত্ব আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ নাগৰিকত্ব সম্পৰ্কীয় নিয়মসমূহ অলিম্পিক চনদৰ মতে এজন খেলুৱৈ তেওঁ প্ৰতিনিধিত্ব কৰা দেশ খনৰ নাগৰিক হব লাগে। দ্বৈত নাগৰিকত্ব থকা সকলে, এখন দেশক প্ৰতিনিধিত্ব কৰাৰ তিনি বছৰ পাৰ হৈ যোৱাৰ পাছত আনখন দেশক প্ৰতিনিধিত্ব কৰিব পাৰে, অৱশ্যে “আপত্তিহীণতাৰ প্ৰমাণপত্ৰ” আৰু সন্দৰ্ভিত সকলে মানি ল'লে ৰ কৰ্মনিধাৰণী সভাই এই সময়সীমা কমাই বা নাইকিয়া কৰি দিবও পাৰে। এই ‘অপেক্ষা কাল’ৰ কথাটো কেৱল এইসকল লোকৰ বাবেহে প্ৰযোজ্য যি আগতে কোনো দেশৰ হৈ খেলিছিল আৰু এতিয়া আন কোনো দেশৰ হৈ খেলিবলৈ ইচ্ছা কৰে। যদি এজন খেলুৱৈয়ে এক নতুন নাগৰিকত্ব লাভ কৰে ৰাজনৈতিক স্বাধীনতা বা আন কোনো উপায়েৰে) তেওলোৰ ক্ষেত্ৰত এই নিয়ম প্ৰয়োজ্য নহয়। ৰ একমাত্ৰ উদ্দেশ্য হ’ল কোনো দেশে এজন খেলুৱৈক নাগৰিকত্ব প্ৰদান কৰাৰ পাছত উদ্ভৱ হব পৰা পৰিস্থিতি সমূহৰ সৈতে মোকাবিলা কৰা। নাগৰিকত্ব সলনি হোৱাৰ কাৰণ সমূহ কেতিয়াবা কেৱল অলিম্পিকত খেলাৰ সুবিধাৰ বাবেই কোনো কোনো এথলিটে দুখন দেশৰ নাগৰিকত্ব লয়। সাধাৰণতে দেখা যায়, আমেৰিকা আদি দেশত স্পনচৰশ্বিপ আৰু প্ৰশিক্ষণৰ সুবিধাৰ বাবে, বা নিজৰ দেশৰ হৈ অলিম্পিক খেলাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰা বাবে খেলু্ৱে সকলে আন দেশৰ হৈ খেলিবলৈ ইচ্ছা প্ৰকাশ কৰে। কোনো কোনো দেশত সুযোগ্য খেলুৱৈৰ সংখ্যাধিক্য হোৱাৰ বাবে, অংশগ্ৰহণ কৰাৰ আগ্ৰহ আৰু এখন দেশৰ দলক সহায় কৰাৰ মানসিকতা, এই দুই কাৰণতে খেলুৱৈ সকলে প্ৰব্ৰজন কৰে। ১৯৯২ ৰ পৰা ২০০৮ চনৰ ভিতৰত, আন দেশক অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰায় পঞ্চাশজন এথলিটে আমেৰিকাৰ হৈ খেলাৰ উদ্দেশ্যে আমেৰিকালৈ প্ৰব্ৰজন কৰে। নাগৰিকত্ব পৰিবৰ্তন আৰু বিবাদসমূহ নাগৰিকত্ব পৰিবৰ্তনৰ এটা অতি বিখ্যাত ঘটনা হ’ল দক্ষিণ আফ্ৰিকাৰ দৌৰবিদ জ’লা বাড, দক্ষিণ আফ্ৰিকাক বৰ্ণ বৈষম্যৰ বাবে অলিম্পিকৰ পৰা নিষিদ্ধ কৰি থোৱা বাবে কাৰণে তেওঁ ইংলেণ্ডলৈ প্ৰৱজন কৰে। বাড ব্ৰিটিছ নাগৰিকত্বৰ বাবে যোগ্য আছিল কাৰণ তেওঁৰ ককাদেউতাকৰ জন্ম হৈছিল ইংলেণ্ডত, তথাপিও ব্ৰিটিছ নাগৰিক সকলে চৰকাৰে জ’লা বাডৰ নাগৰিকত্ব গ্ৰহণ প্ৰক্ৰিয়াটো অতি খৰতকীয়াকৈ সম্পন্ন কৰে অভিযোগ আনিছিল। আন এক উল্লেখযোগ্য উদাহৰণ হ’ল কেনিয়াৰ দৌৰবিদ বাৰ্নাৰ্ড যি ২০০৪ চনৰ মে' মাহত আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে। কেনিয়াৰ সংবিধান মতে কেনিয়াৰ কোনো লোকে আন দেশৰ নাগৰিকত্ব লব বিছাৰিলে পোনতে কেনিয়াৰ নাগৰিকত্ব ত্যাগ কৰিব লাগে। লাগাতে ২০০৪ চনত এথেন্স অলিম্পিকত কেনিয়াৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰে, কিন্তু ইতিমধ্যে তেওঁ আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিলেই। কেনিয়াৰ নিয়ম মতে তেওঁ কেনিয়াৰ নাগৰিক হৈ থাকিবই নোৱাৰে, গতিকে তেওঁৰ ৰূপৰ পদকটো থাকিব নে নেথাকে এই বিষয়ে সংশয়ৰ সৃষ্টি হয়। লাগাতে কয় যে তেওঁ আমেৰিকাৰ নাগৰিকত্বৰ বাবে ২০০৩ চনৰ শেষৰ ফালে আবেদন জনাইছিলহে, তেওঁ আশা কৰা নাছিল যে ২০০৪ চনৰ অলিম্পিকৰ আগতেই তেওঁৰ আবেদন মঞ্জুৰ হৈ যাব। বাস্কেটবল খেলুৱৈ বেকী আমেৰিকাৰ অলিম্পিক দলৰ বাবে নিৰ্বাচিত নোহোৱা বাবে তেওঁ ৰাচিয়ালৈ প্ৰৱজন কৰে। তেওঁৰ ইতিমধ্যে ৰাচিয়াত ঘৰুৱা লীগ সমূহত খেলাৰ অভিজ্ঞতা হৈছিলেই। এই কাৰ্যৰ বাবে হেমন আমেৰিকাৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষককে ধৰি বহু আমেৰিকাবাসীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হব লগা হয়, কোনো কোনোৱে তেওঁক দেশদ্ৰোহী বুলিও অভিহিত কৰে। চেম্পিয়ন আৰু পদক বিজেতা সকল প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পোৱা প্ৰতিযোগী বা দল সমূহক পদক দিয়া হয়। প্ৰথম স্থানপ্ৰাপ্তক সোণৰ পদক দিয়া হয়, ১৯১২ চলৈকে খাটিসোণেৰেই এই পদক নিৰ্মাণ কৰা হৈছিল, পৰবৰ্তী সময়ত সোণ খটুওৱা ৰূপ আৰু বৰ্তমান সোণ পানী চৰোৱা ৰূপ ব্যৱহাৰ কৰা হয়। তথাপি প্ৰতি সোণৰ পদকত কমেও ৬ গ্ৰাম খাটি সোণ থকা বাধ্যতামূলক।দ্বিতীয় স্থান পোৱা সকলে ৰূপৰ আৰু তৃতীয় স্থান পোৱা সকলে ব্ৰঞ্জৰ পদক লাভ কৰে। একেবাৰতে বাহিৰ হৈ যাব লগীয়া খেল সমূহত বিশেষকৈ মুস্তিযুদ্ধ) তৃতীয় স্থানৰ বাবে কোনো খেল নহয় আৰু চেমি ফাইনেলত হৰা দুয়োজন প্ৰতিযোগীয়েই ব্ৰঞ্জৰ পদক লাভ কৰে। ১৮৯৬ চনৰ অলিম্পিকত কেৱল দুজনকহে পদক দিয়াহৈছিল, প্ৰথম জনক ৰূপ আৰু দ্বিতীয় জনক ব্ৰঞ্জৰ পদক। এই তিনিটাপদক দিয়া প্ৰথা ১৯০৪ চনৰ পৰা আৰম্ভ হয়। ১৯৪৮ চনৰ পাছত ৪ৰ্থ, ৫ম আৰু ষ্ঠ স্থান পোৱা সকলকো প্ৰমাণপত্ৰ দিয়াৰ নিয়ম কৰা হয়, এই প্ৰমাণ পত্ৰক আধিকাৰিক ভাৱে বিজয় ডিপ্লমা বুলি জনা যায়। ১৯৮৪ চনৰ পৰা ৭ম আৰু ৮ম স্থান পোৱা সকলকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ২০০৪ চনৰ এথেন্স অলিম্পিকত সোণ, ৰূপ আৰু ব্ৰঞ্জ পদক পোৱা সকলক প্ৰাচীন পৰম্পৰা অনুসৰি জলফাই পাতৰ মুকুটো পিন্ধোৱা হৈছিল। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে এই পদক বিলাকৰ কোনো অভিলেখ বা পৰিসংখ্যা নেৰাখে,কিন্তু ৰাষ্ট্ৰীয় অলিম্পিক সমিতি আৰু সংবাদ মাধ্যমে, এই পৰিসংখ্যা, সফলতাৰ প্ৰতীক হিচাপে লিপিবদ্ধ কৰি ৰাখে। আয়োজক দেশ আৰু চহৰসমূহ সাধাৰণতে কোনো এখন অলিম্পিকৰ সাত বছৰ পূৰ্বে তাৰ অয়োজক দেশৰ নিৰ্বাচন কৰা হয়। এই নিৰ্বাচন দুটা পৰ্যায়ত হয়, নিৰ্বাচন প্ৰক্ৰিয়াটোত প্ৰায় দুবছৰ সময় লাগে। প্ৰথমে আয়োজন কৰিব বিচৰা চহৰখনে নিজৰ দেশৰ ৰাষ্ট্ৰীয় অলিম্পিক কমিটি )ৰ ওচৰত আবেদন কৰিব লাগে, যদি একেখন দেশৰ দুখন চহৰে ইয়াৰ বাবে আবেদন কৰে তেনেহ’লে খনে সেই দুখনৰ মাজত এখন চহৰক নিৰ্বাচন কৰে আৰু সেই নাম আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি লৈ প্ৰেৰণ কৰে। মন কৰিবলগীয়া যে সমূহে এখন দেশৰ পৰা মাত্ৰ এখন চহৰৰ নামহে লৈ প্ৰৰণ কৰিব পাৰে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমূহে প্ৰেৰণ কৰা সকলোবোৰ চহৰৰ নামক লৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হয়। প্ৰথমে আয়োজন কৰিব বিচৰা চহৰসমূহৰ আগত অলিম্পিক আয়োজনৰ লগত জড়িত থকা বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰনা কৰা হয়, এই প্ৰশ্নমালাৰ উত্তৰৰ লগতে আয়োজন কৰিব বিচৰা চহৰসমূহে ইয়াৰো নিশ্চিতি প্ৰদান কৰিব লগা হয় যে, ই অলিম্পিকৰ সংবিধান আৰু ৰ কাৰ্যকৰী সমিতিয়ে বান্ধি দিয়া সকলো নীতি-নিৰ্দেশনা মানি চলিব। চহৰসমূহৰ পৰা উত্তৰসমূহ পোৱাৰ পাচত য়ে নিয়োগ কৰা বিচাৰক গোটে এইবোৰ পৰীক্ষা কৰে আৰু ক প্ৰতিখন চহৰৰ অলিম্পিক পাতিব পৰা ক্ষমতা আৰু প্ৰতিখন চহৰে ইয়াৰ বাবে ল’ব বিচৰা প্ৰকল্প সম্পৰ্কে অৱগত কৰে। এই মতামতৰ ওপৰত ভেটি কৰি ৰ কাৰ্যকৰী সমিটিয়ে দ্বিতীয় পৰ্যায়লৈ যাব পৰা চহৰসমূহ নিৰ্বাচন কৰে। এই নিৰ্বাচনৰ পাছত নিৰ্বাচিত চহৰসমূহে ক তেওঁলোকৰ অলিম্পিক প্ৰকল্পৰ অধিক বিস্তৃত আৰু বিতং প্ৰতিবেদন জমা দিব লাগে। তাৰ পাছত এখন পৰ্যবেক্ষক সমিটিয়ে এই প্ৰতিবেদন সমূহ সূক্ষ্মভাৱে বিশ্লেষণ কৰে আৰু লগতে আয়োজন কৰিব বিচৰা চহৰসমূহ ভ্ৰমণ কৰে। তেওঁলোকে খেল আয়োজন কৰিব বিচৰা ঠাইসমূহ পৰ্যবেক্ষণ কৰে, আৰু স্থানীয় বিষয়া সকলৰ লগত কথা বাৰ্তাত মিলিত হয়, আৰু অন্তিম ফলাফল ঘোষণা কৰা এমাহ পূৰ্বে ক তেওঁলোকৰ মতামতসমূহ জমা দিয়ে। পৰ্যবেক্ষক সমিটিৰ এই ভ্ৰমণ কালত চহৰসমূহে ইয়াৰো নিশ্চিতি প্ৰদান কৰিব লাগে যে তেওঁলোক আৰ্থিক দিশৰ পৰা অলিম্পিক আয়োজন কৰিবৰ বাবে সমৰ্থবান। পৰ্যবেক্ষক সমিটিয়ে ৰ সাধাৰণ সমিতিক এখন চূড়ান্ত তালিকা প্ৰস্তুত কৰি দিয়ে, এই তালিকাত থকা সকলো দেশ (চহৰ)ক কোনো এখন নিৰপেক্ষ(আয়োজন কৰিব বিচৰা চহৰ নথকা) দেশত গোট খাবলৈ নিৰ্দেশ দিয়া হয়, ৰ সদস্য সকলো তাত গোট খায় আৰু আয়োজক নগৰ নিৰ্বাচনৰ বাবে তাতে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয়। আয়োজক চহৰ নিৰ্বাচন হোৱাৰ লগে লগে সেই চহৰৰ আয়োজক সমিটি (সেই দেশৰ সহিতে) ৰ লগত আয়োজক চহৰ হোৱাৰ চুক্তি স্বাক্ষৰ কৰে। ২০১৬ চনলৈকে মুঠ ২৩খন দেশৰ ৪৪খন চহৰে অলিম্পিক আয়োজন কৰিব। অৱশ্যে ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ বাহিৰত অলিম্পিক আয়োজন হোৱাৰ সংখ্যা মাত্ৰ আঠবাৰ। ১৯৮৮চনৰ দক্ষিণ কোৰিয়াৰ চিউল অলিম্পিকৰ পাচত এচিয়াত চাৰিবাৰ অলিম্পিক অনুষ্ঠিত হৈছে, যি হাৰ আধুনিক অলিম্পিক এতিহাসৰ পূৰ্বৰ ৯২বছৰৰ তুলনাত অধিক। ২০১৬ চনৰ অলিম্পিক দক্ষিণ আফ্ৰিকাৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হ’ব। এই প্ৰথম বাৰৰ বাবে কোনো দক্ষিণ-আমেৰিকাৰ দেশত অলিম্পিক অনুষ্ঠিত হ’ব। আজিলৈকে কোনো আফ্ৰিকীয় দেশে অলিম্পিক আয়োজন কৰাৰ সুযোগ পোৱা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰই চাৰিখন গ্ৰীষ্মকালীন আৰু চাৰিখন শীতকালীন অলিম্পিকক ধৰি মুঠ আঠবাৰকৈ অলিম্পিক আয়োজন কৰিছে যিটো আন যিকোনো দেশতকৈ অধিক। সৰ্বাধিকবাৰ গ্ৰীষ্মকালীন অলিম্পিক আয়োজন কৰা চহৰখন হৈছে গ্ৰেইট বৃটেইনৰ ৰাজধানী চহৰ লণ্ডন। তদুপৰি জাৰ্মানী, অষ্ট্ৰেলিয়া, ফ্ৰান্স আৰু গ্ৰীচে দুবাৰকৈ অলিম্পিক আয়োজন কৰিছে। দুবাৰকৈ অলিম্পিক আয়োজন কৰাৰ কৃতিত্ব থকা চহৰকেইখন হ’ল, লচ এঞ্জেলচ, পেৰিচ আৰু এথেন্স। শীতকালীন অলিম্পিকৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে ফ্ৰান্সে তিনিবাৰ এই প্ৰতিযোগিতা আয়োজন কৰিছে। দুবাৰকৈ শীতকালীন অলিম্পিক আয়োজন কৰা দেশসমূহ হ’ল চুইজাৰলেণ্ড, অষ্ট্ৰিয়া, ন’ৰৱে, জাপান, কানাডা আৰু ইটালী। আয়োজক চহৰৰ ফালৰ পৰা লেক প্লাচিড(নিউ য়ৰ্ক), ইন্সব্ৰুক, চেণ্ট ম’ৰিজে দুবাৰকৈ শীতকালীন অলিম্পিক আয়োজন কৰিছে। ২০১৪ চনৰ শীতকালীন অলিম্পিক ৰাচিয়াৰ ’’)ত অনুষ্ঠিত হ’ব। ই ৰাচিয়াৰ প্ৰথম শীতকালীন অলিম্পিক আৰু সাধাৰণভাৱে দ্বিতীয় অলিম্পিক হ’ব। তথ্যসূত্ৰ গ্ৰন্থৰ উৎসমূহ 2012, 1960–2012," অতিৰিক্ত পঠন বাহ্যিক সংযোগ 2014
4937
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0%20%E0%A6%B6%E0%A7%88%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%95%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE%E0%A6%A8%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9%E0%A7%B0%20%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE
অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা
গৱেষণা প্ৰতিষ্ঠান উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, যোৰহাট টোকোলাই চাহ গৱেষণা কেন্দ্ৰ যোৰহাট বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ, ডিব্ৰুগড় গুৱাহাটী স্নায়ু গৱেষণা কেন্দ্ৰ প্লাজমা পদাৰ্থ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠান গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান তেজপুৰ উত্তৰ-পূব আঞ্চলিক পানী আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান তেজপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ),গুৱাহাটী গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় শিলচৰ তেজপুৰ বিশ্ববিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয় কোকৰাঝাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় গুৱাহাটী অসম ডনব’স্ক’ বিশ্ববিদ্যালয় অসম ডাউনটাউন বিশ্ববিদ্যালয় শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় কাজিৰঙা বিশ্ববিদ্যালয় যোৰহাট অসম মহিলা বিশ্ববিদ্যালয় যোৰহাট জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, নলবাৰী ৰয়েল গ্লোৱেল বিশ্ববিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় গুৱাহাটী শিলচৰ চিকিৎসা মহাবিদ্যালয় শিলচৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় যোৰহাট ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় বৰপেটা তেজপুৰ চিকিৎসা মহাবিদ্যালয় ),তেজপুৰ ড: জে. কে. শইকীয়া হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয় যোৰহাট অসম চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় গুৱাহাটী আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ),গুৱাহাটী প্ৰযুক্তি আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় অভিযান্ত্ৰিক বিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় অসম অভিযান্ত্ৰিক মহাবিদ্যালয় গুৱাহাটী যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কোকৰাঝাৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কোকৰাঝাৰ প্ৰিন্স অফ চ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান যোৰহাট নেটেচ প্ৰযুক্তি আৰু বিজ্ঞান প্ৰতিষ্ঠান মিৰ্জা গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটী ৰয়েল অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটী ডন বস্ক' প্ৰযুক্তি প্ৰতিষ্ঠান আজাৰা, গুৱাহাটী বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয় কৰিমগঞ্জ বৈমাণিক অভিযান্ত্ৰিক মহাবিদ্যালয় বৰঝাৰ, গুৱাহাটী ব্যৱস্থাপনা প্ৰতিষ্ঠান ব্যৱস্থাপনা বিজ্ঞান বিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় বাণিজ্যিক প্ৰশাসন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় ব্যৱস্থাপনা অধ্যয়ন বিদ্যালয়, অসম বিশ্ববিদ্যালয় ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয় অসম ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী উত্তৰ-পূব স্থানীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী ৰয়েল বাণিজ্যিক বিদ্যালয় গুৱাহাটী ডাৰৱিন বাণিজ্যিক বিদ্যালয় গুৱাহাটী চি.কে.বি. বাণিজ্য মহাবিদ্যালয় যোৰহাট গুৱাহাটী বাণিজ্য মহাবিদ্যালয় গুৱাহাটী ডন বস্ক' ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী লখিমপুৰ বাণিজ্য উত্তৰ লখিমপুৰ আইন প্ৰতিষ্ঠান যোৰহাট আইন মহাবিদ্যালয় তেজপুৰ আইন মহাবিদ্যালয় বৰপেটা আইন মহাবিদ্যালয় স্থাপত্যকলা প্ৰতিষ্ঠান গুৱাহাটী স্থাপত্যকলা মহাবিদ্যালয় ৰয়েল স্থাপত্যকলা বিদ্যালয় বেতকুঁচি, গুৱাহাটী হোটেল ব্যৱস্থাপনা প্ৰতিষ্ঠান উত্তৰ-পূব ব্যৱস্থাপনা বিজ্ঞান প্ৰতিষ্ঠান যোৰহাট ৰ দ্বাৰা মূল্যাংকিত প্ৰতিষ্ঠান অভয়াপুৰী মহাবিদ্যালয়, অভয়াপুৰী আমগুৰি মহাবিদ্যালয়, আমগুৰি, শিৱসাগৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, নগাঁও আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, গুৱাহাটী উত্তৰ লখিমপুৰ মহাবিদ্যালয়, উত্তৰ লখিমপুৰ উত্তৰ লখিমপুৰ ছোৱালী মহাবিদ্যালয়, উত্তৰ লখিমপুৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মাধৱদেৱ মহাবিদ্যালয়, নাৰায়ণপুৰ বিহপুৰীয়া বাণিজ্য মহাবিদ্যালয়, বিহপুৰীয়া বিহপুৰীয়া মহাবিদ্যালয়, বিহপুৰীয়া বঙাইগাঁও মহাবিদ্যালয়, বঙাইগাঁও বজালী মহাবিদ্যালয়, পাঠশালা বি এইচ মহাবিদ্যালয়, বৰপেটা ৰোড ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়, ভৱানীপুৰ বাপুজী মহাবিদ্যালয়, সৰ্থেবাৰী বাহনা মহাবিদ্যালয়, যোৰহাট বিলাসীপাৰা মহাবিদ্যালয়, বিলাসীপাৰা বিশ্বনাথ মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি ছয়দুৱাৰ মহাবিদ্যালয়, গহপুৰ বঙাইগাঁও কাছাৰ মহাবিদ্যালয়, শিলচৰ কোকৰাঝাৰ মহাবিদ্যালয় কামপুৰ মহাবিদ্যালয়,কামপুৰ গোৱালপাৰা মহাবিদ্যালয়, গোৱালপাৰা চি.কে.বি. বাণিজ্য মহাবিদ্যালয় যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট তেজপুৰ মহাবিদ্যালয়, তেজপুৰ দেৱী চৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়, যোৰহাট জি এল চি মহাবিদ্যালয়, বৰপেটা ৰোড দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়, দেৰগাঁও দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাট দৰং মহাবিদ্যালয়, তেজপুৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়, দক্ষিণ কামৰূপ ধেমাজি মহাবিদ্যালয় নগাঁও মহাবিদ্যালয় পূব কামৰূপ মহাবিদ্যালয়, বাইহাটা চাৰিআলি প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটী ভোলানাথ মহাবিদ্যালয়, ধুবুৰী বি. বৰুৱা মহাবিদ্যালয়, গুৱাহাটী মাধৱ চন্দ্ৰ চৌধুৰী মহাবিদ্যালয়, বৰপেটা সন্দিকৈ ছোৱালী মহাবিদ্যালয়, গুৱাহাটী যোৰহাট মহাবিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড় শ্ৰীমন্ত শঙ্কৰদেৱ একাডেমী, গুৱাহাটী ৰামানুজ গুপ্তা কনিষ্ঠ মহাবিদ্যালয়, শিলচৰ আৰ্যভট্ট কনিষ্ঠ মহাবিদ্যালয়, গুৱাহাটী স্বদেশী একাডেমী, গুৱাহাটী মাধৱ কন্দলী কনিষ্ঠ মহাবিদ্যালয়,কামপুৰ জ্ঞান বিজ্ঞান একাডেমী ডিব্ৰুগড় অসম সম্পৰ্কীয়
47802
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BF%E0%A6%B2%E0%A7%8B%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%AE
কিলোগ্ৰাম
কিলোগ্ৰাম (চমুকৈ কি:গ্ৰা: বা কেজি) হৈছে ভৰৰ একক। ধ্ৰুপদী (অনা-আপেক্ষিকতাবাদী) পদাৰ্থ বিজ্ঞানত বস্তুত থকা পদাৰ্থৰ পৰিমাণকে বস্তুটোৰ ভৰ বুলি কোৱা হয় আৰু ই বস্তুটোৰ অৱক্ষয় নোহোৱালৈকে সলনি হ'ব নোৱাৰে। আপেক্ষিকতাবাদী পদাৰ্থ বিজ্ঞানত অৱশ্যে গতিশীল অৱস্থাত বস্তুৰ ভৰ বেগ বঢ়াৰ লগে লগে বাঢ়ি যায় বুলি ধৰা হয়। যিহেতো পোহৰৰ বেগতকৈ কোনো বস্তুৱেই বেছি বেগত যাব নোৱাৰে গতিকে পোহৰৰ বেগত গতি কৰা বস্তুটোৰ ওপৰত যিমানেই বল প্ৰয়োগ কৰা নহঁওক লাগিলে তথাপিতো তাৰ ত্বৰণ ঘটাব নোৱাৰি। নিউটনীয় বলৰ সংজ্ঞা অনুসৰি সেয়ে সেই অৱস্থাত বস্তুটোৰ ভৰ অসীম হ'ব লাগিব। কিমান পৰিমাণে এক কিলোগ্ৰাম ফ্ৰান্সৰ পেৰিছ মহানগৰৰ চেইণ্ট ক্লাউদ নামৰ ঠাইত থকা ওজন আৰু মাপ সমূহৰ আন্তৰ্জাতিক কাৰ্য্যালয়ৰ ভূগৰ্ভস্থ কোঠালিৰ চন্দুকত তিনিটা স্বচ্ছ ঢেমাৰ ভিতৰত ১৮৮৯ চনৰে পৰা সযতনে থোৱা এডোখৰ প্লেটিনাম-ইৰিডিয়াম সংকৰ-ধাতুৰে তৈয়াৰী চুঙাকৃতিৰ দগাৰ ভৰকে এক কিলোগ্ৰাম ভৰ বুলি আন্তৰ্জাতিক ভাৱে বিজ্ঞানত ধৰি লোৱা হৈছিল। কিলোগ্ৰাম নিজে সাজি লোৱা পৰিমাণ পদাৰ্থ বিজ্ঞানত ভৰ এবিধ মৌলিক ৰাশি আৰু তাৰ এককক এইদৰে কৃটিম ভাৱে তৈয়াৰ কৰি ভৰৰ লগত সংলগ্ন আন সকলো ৰাশিৰ মাপ কৰাৰ বাবে বিজ্ঞান জগতত এইডোখৰ দগাৰ গুৰুত্ত্ব অপৰিসীম এই ডোখৰ দগাই পেৰিছৰ সেই ভূগৰ্ভস্থ প্ৰসাদত বহি সমগ্ৰ বিজ্ঞান জগতত ১৮৮৯ চনৰে পৰা একছত্ৰী সম্ৰাটৰ দৰে আধিপত্য বিস্তাৰ কৰি আছে আৰু সমগ্ৰ পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ বিজ্ঞানী সকলে মাজে মাজে নিজৰ নিজৰ ৰাষ্ট্ৰীয় কিলোগ্ৰাম দগাটোৰ সঠিকতা পৰীক্ষা কৰিবৰ বাবে সেই ঠাইলৈ তীৰ্থ কৰাদি যাব লগা হৈ আছে। কোৱা হয় যে পেৰিছত থকা সেই দগাটোত ময়লা লাগিলে সমগ্ৰ বিশ্ব-ব্ৰহ্মাণ্ডৰে ভৰ কমি যাব আনহাতে সেই দগাটোৰ সংকৰ ধাতুৰ অৱক্ষয় ঘটিলে সমগ্ৰ বিশ্ব-ব্ৰহ্মাণ্ডৰে ভৰ বাঢ়ি যাব। গতিকে সেই দগাসম্ৰাটটোক অৱক্ষয় নোহোৱাকৈ আৰু একে সময়তে চাফা-পৰিস্কাৰ কৰি ৰাখাটো বিজ্ঞানৰ অতি জৰুৰী দায়িত্ব। আৰম্ভণীৰে পৰা ৪০ বছৰৰ মূৰে মূৰে সেই কাম ফেৰা বিজ্ঞানীমহলৰ দ্বাৰা কৰা হৈ আছে। কিলোগ্ৰামৰ নতুন ধাৰণা আৰু সংজ্ঞা শেহতীয়া ভাৱে পেৰিছৰ এই বিজ্ঞান জগতৰ সম্ৰাট যি বুলি সম্বোধিত হয়, সিংহাচ্যুত হৈছে। বিজ্ঞানী সকলে এক কিলোগ্ৰাম ভৰৰ এক প্ৰাকৃতিক আৰু বিশ্ব-জনীন সংজ্ঞা বিচাৰি পাইছে। ১৬ নৱেম্বৰ, ২০১৮ চনত পেৰিছত হোৱা এক সন্মিলনত পৃথিৱীৰ কেবাখনো দেশে ভোটদানৰ জৰিয়তে এক গণতান্ত্ৰিক কিলোগ্ৰামক স্বীকৃতি দিছে আৰু ২০ মে ২০১৯ৰ পৰা ভৰৰ একক এই কিলোগ্ৰাম শাসনাধিষ্ঠিত হব। কিলোগ্ৰামৰ লগতে পদাৰ্থ বিজ্ঞানৰ আন তিনি মৌলিক ৰাশিৰ একক ক্ৰমে বিদ্যুত স্ৰোঁতৰ বাবে এম্পিয়াৰ উষ্ণতাৰ বাবে কেলভিন আৰু ৰাসায়নিক অণু-পৰমাণু, আয়ন আদি গণনা কৰাৰ বাবে ব্যৱহৃত একক ম'ল ৰ সংজ্ঞাৰো পৰিৱৰ্তন হ'ব। নিউটনৰ দ্বিতীয় সুত্ৰত পদাৰ্থ বিজ্ঞানৰ প্ৰথম তিনি মৌলিক ৰাশি ভৰ, দৈৰ্ঘ্য আৰু সময় মিলিত হৈছে। সেই সুত্ৰৰ পৰা ধৰা হৈছে যে একক ভৰক একক ত্বৰণ দিবৰ বাবে একক পৰিমাণৰ বলৰ প্ৰয়োজন। ত্বৰণৰ লগত দৈৰ্ঘ্যৰ একক মিটাৰ আৰু সময়ৰ একক ছেকেণ্ড জড়িত হৈ আছে। আনহাতে ভৰৰ একক কিলোগ্ৰাম। ইতিমধ্যে পোহৰৰ গতিবেগ আৰু পাৰমাণৱিকধৰাতলত থকা অনুত্তেজিত ছিজিয়াম-১৩৩ পৰমাণুৰ সলনকম্পনাংকক বিজ্ঞানী মহলে প্ৰকৃতিৰ চিৰন্তন সত্য ধ্ৰুৱক বুলি প্ৰমাণ কৰিছে। প্ৰতি ছেকেণ্ডত পোহৰে ২৯,৯৭,৯২,৪৫৮ মিটাৰ দুৰত্ব অতিক্ৰম কৰে আৰু পাৰমাণৱিকধৰাতলত থকা একেবাৰে অনুত্তেজিত ছিজিয়াম-১৩৩ পৰমাণুৰ বৰ্হিখোলত থকা ইলেক্ট্ৰনটোৱে তাৰ সামান্য তাৰতম্য থকা দুই উপশক্তিস্তৰৰ মাজত প্ৰাকৃতিক ভাৱে উঠা নামা কৰি থকাৰ ফলত প্ৰতি ছেকেণ্ডত ৯১৯,২৬,৩১,৭৭০ বাৰ (হাৰ্টজ) কম্পনাংকৰ বিদ্যুত-চুম্বকীয় তৰংগ নিৰ্গত হয়। বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলোতে এই তথ্য ধ্ৰুৱসত্য। ১৯৮৩ চনতে সেয়ে এক মিটাৰৰ সংজ্ঞা বহন কৰা দণ্ড এপাটক বিজ্ঞানী মহলে ক্ষমতাচ্যুত কৰি মিউজিয়ামলৈ নিৰ্ৱাসন দিছে। কিন্তু এতিয়ালৈকে কিলোগ্ৰামক প্ৰকৃতিৰ চিৰন্তন সত্য ধ্ৰুৱকৰ লগত জড়িত কৰি সংজ্ঞা দিব পৰা হোৱা নাছিল। যাৰ ফলত বলৰ একক নিউটনো কৃটিম ভাৱে সংজ্ঞাবদ্ধ হৈ থাকিল। শেহতীয়া ভাৱে প্লাংকৰ ধ্ৰুৱকৰ সৈতে ভৰক জড়িত কৰিব পৰা সূত্ৰৰ আৱিষ্কাৰ হোৱা স্বত্বেও প্লাংকৰ ধ্ৰুৱকৰ সঠিক মান নিৰ্ণয় কৰিব নোৱাৰাৰ বাবেই কিলোগ্ৰামৰ প্ৰাকৃতিক সংজ্ঞা দিব পৰা হোৱা নাছিল। কিন্তু সঠিক জোখ-মাখৰ দ্বাৰা জোখ-মাখৰ লগত জড়িত বিজ্ঞানী সকলে এতিয়া প্লাংকৰ ধ্ৰুৱকৰ এক নিৰ্দিষ্ট মান নিৰ্ণয় কৰি উলিয়াইছে আৰু আন বিজ্ঞানীসকলোৱেও এই জোখ-মাখত সন্তোষ্টি লভি সেই মানত একমত হৈছে। দৰাচলতে বিজ্ঞানীসকলে পোহৰৰ বেগৰ দৰে প্লাংকৰ ধ্ৰুৱককো এক নিৰ্দিষ্ট মান প্ৰদান কৰিবলৈ সন্মতি দিয়াৰ ফলতেই ভৰৰ একক কিলোগ্ৰামৰো নিৰঙ্কুশ পৰম মান পাব পৰা হ'ল। ১৬ নৱেম্বৰ, ২০১৮ত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ওজন আৰু মাপ সমূহৰ আন্তৰ্জাতিক সাধাৰণ সভাত প্লাংকৰ ধ্ৰুৱকৰ মান 6.626 070 15 10-34 বুলি সৰ্ব-সন্মত সিদ্ধান্ত হৈছে যাৰ ফলত কিলোগ্ৰামক পোহৰৰ বেগ আৰু পাৰমাণৱিকধৰাতলত থকা অনুত্তেজিত ছিজিয়াম-১৩৩ পৰমাণুৰ অন্তনিৰ্হিত শক্তি সলনকম্পনাংকৰ মানেৰে নিৰ্দিষ্ট কৰি সংজ্ঞাৱদ্ধ কৰা হ'ব ২০ মে, ২০১৯ ৰ পৰা এই নতুন সংজ্ঞা কাৰ্য্যকৰী হ'ব। টোকা তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভৰৰ
75001
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE%20%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%80
ববিতা কুমাৰী
ববিতা কুমাৰী ফোগাট জন্ম ২০ নৱেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় মহিলা মল্লযোদ্ধা, যি ২০১৪ চনৰ কমনৱেলথ গেমছত সোণৰ পদক জিকিছিল। তেওঁ ২০১৮ কমনৱেলথ গেমছ আৰু ২০১০ কমনৱেলথ গেমছত ৰূপৰ পদক আৰু ২০১২ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ববিতা ফোগাটে ২০১৯ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি ৰাজনীতিত প্ৰৱেশ কৰিছিল। ব্যক্তিগত জীৱন আৰু পৰিয়াল ববিতা, গীতা ফোগাটৰ সৰু ভগ্নী, যিয়ে কমনৱেলথ গেমছত মহিলাৰ মল্লযুদ্ধত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক জিকিছিল। ববিতা মল্লযোদ্ধা আৰু দ্ৰোণাচাৰ্য বঁটা প্ৰাপক মহাবীৰ সিং ফোগাটৰ কন্যা। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত তেওঁৰ এগৰাকী সম্পৰ্কীয় ভাতৃ বিনেশ ফোগাটেও ৪৮ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিছিল। ববিতাই তেওঁৰ ভগ্নী আৰু সম্পৰ্কীয় ভাই-ভনীৰ সৈতে গৃহ ৰাজ্য হাৰিয়ানা আৰু দেশৰ বাকী অংশত ছোৱালী আৰু মহিলাসকলৰ প্ৰতি মানসিকতা আৰু মনোভাৱৰ পৰিৱৰ্তনত অৰিহণা যোগাইছে। তাইৰ কনিষ্ঠ ভগ্নী ৰিতু ফোগাটেও এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযোদ্ধা আৰু ২০১৬ কমনৱেলথ ৰেছলিং চেম্পিয়নশ্বিপত সোণৰ পদক জিকিছে। তাইৰ সৰু ভগ্নী, সঙ্গীতা ফোগাটো এগৰাকী মল্লযোদ্ধা। জুন ২০১৯-ত, তেওঁৰ সহকৰ্মী মল্লযোদ্ধা বিবেক সুহাগৰ সৈতে তেওঁৰ বাগদানৰ কথা ঘোষণা কৰে, যাক তেওঁ পিছত একে বছৰৰ মাহত বিবাহ পাশত আৱদ্ধ কৰে। ববিতা ফোগাটে ১২ আগষ্ট ২০১৯ ত বিজেপিত যোগদান কৰিছিল কিন্তু তেওঁ প্ৰথম নিৰ্বাচনত পৰাজিত হৈছিল। তেওঁ আৰু তেওঁৰ স্বামীয়ে ১১ জানুৱাৰী ২০২১ তাৰিখে তেওঁলোকৰ প্ৰথম সন্তান, এটা কেঁচুৱা লৰা আদৰণি জনাইছিল। কেৰিয়াৰ ২০০৯ কমনৱেলথ ৰেছলিং চেম্পিয়নশ্বিপ পঞ্জাবৰ জলন্ধৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত ববিতাই মহিলাৰ ফ্ৰীষ্টাইল ৫১ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰে। কমনৱেলথ গেমচ ২০১০ চনৰ কমনৱেলথ গেমছত ববিতাই ০-২, ৪-৫ নম্বৰৰ স্ক'ৰেৰে সোণৰ পদকৰ খেলখনত নাইজেৰিয়াৰ ইফিওমা ক্ৰিষ্টি নৱাইৰ দ্বাৰা পৰাজিত হোৱাৰ পিছত মহিলাৰ ফ্ৰীষ্টাইল ৫১ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে। 5. ২০১১ কমনৱেলথ ৰেছলিং চেম্পিয়নশ্বিপ অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত প্ৰতিযোগিতাখনত ববিতাই মহিলাৰ ফ্ৰীষ্টাইল ৪৮ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰে। ২০১২ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপ ২০১২ চনৰ বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপৰ ৰাউণ্ড অফ ১৬ ত, ববিতাই টাইপেইৰ হিচিন-জু চিউৰ মুখামুখি হৈছিল যাক তেওঁ ৫:০ ত পৰাস্ত কৰিছিল। তাইৰ কোৱাৰ্টাৰ ফাইনেলৰ প্ৰতিদ্বন্দ্বী আছিল জাপানৰ ৰিচাকো কাৱাই যাক তাই ৫:০ ত পৰাস্ত কৰি ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। ছেমি ফাইনেলত তেওঁ কানাডাৰ জেছিকা এনি মেৰী মেকডনাল্ডৰ হাতত ১:৩ ত পৰাজিত হয়। তাৰ পিছত তেওঁ ৰাছিয়াৰ জামিৰা ৰাখমানোভাক ৫:০ ত পৰাস্ত কৰি মহিলাৰ ফ্ৰীষ্টাইল ৫১ কিলোগ্ৰাম শাখাত জিকা ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হৈছিল। ২০১৩ এচিয়ান ৰেছলিং চেম্পিয়নশ্বিপ ২০১৩ চনত ভাৰতৰ নতুন অনুষ্ঠিত এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপ টুৰ্ণামেণ্টত ববিতাই উত্তৰ কোৰিয়াৰ হান কুম-অ'কেৰ সৈতে মহিলাৰ ফ্ৰীষ্টাইল ৫৫ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ২০১৪ কমনৱেলথ গেমছ ২০১৪ কমনৱেলথ গেমছত মহিলাৰ ফ্ৰীষ্টাইল ৫৫ কিলোগ্ৰাম শাখাত, কোৱাৰ্টাৰ ফাইনেলত ববিতাৰ প্ৰথম প্ৰতিদ্বন্দ্বী আছিল স্কটলেণ্ডৰ কেথ্ৰিন মাৰ্শ যাক তেওঁ ৯-২,৪-০ (শ্ৰেণীবিভাজন পইণ্ট ৪:১)ত পৰাস্ত কৰিছিল। ছেমি ফাইনেলত তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল ইংলেণ্ডৰ লুইচা পোৰোগভস্কা যাক তেওঁ 2-0 (শ্ৰেণীবিভাজন পইণ্ট ৫:০) পৰাস্ত কৰিছিল। সোণৰ পদকৰ যুঁজত, তেওঁ কানাডাৰ ব্ৰিটেনি লেভাৰডুৰৰ বিৰুদ্ধে আছিল যাক তেওঁ ৫-০, ৪-২(শ্ৰেণীবিভাজন পইণ্ট ৩:১) পৰাস্ত কৰি সোণৰ পদক জিকিছিল। ২০১৪ এচিয়ান গেমছ ববিতাই ২০১৪ চনত দক্ষিণ কোৰিয়াৰ ইনচিয়নত অনুষ্ঠিত এছিয়ান গেমছত কমনৱেলথ গেমছৰ কৃতিত্বপুনৰাবৃত্তি কৰিবলৈ সক্ষম হোৱা নাছিল। মহিলাৰ ফ্ৰীষ্টাইল 55 কিলোগ্ৰাম শাখাৰ ৰাউণ্ড অফ ১৬ ত, তেওঁ মঙ্গোলিয়াৰ শ্ৰে মাও ডৰ্ণৰ মুখামুখি হৈছিল যাক তেওঁ ৫:০ ত পৰাস্ত কৰিছিল। কোৱাৰ্টাৰ ফাইনেলত তেওঁ কাজাখস্তানৰ আইম আব্দিলদিনাৰ মুখামুখি হৈছিল যাক তেওঁ ৩:১ ত পৰাস্ত কৰিছিল। ছেমি ফাইনেলত তেওঁ জাপানৰ অলিম্পিক চেম্পিয়ন চাওৰি য়োশিদাৰ হাতত ০:৪ বজাত পৰাজিত হয়। তাই ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হৈছিল কিন্তু তাইৰ প্ৰতিদ্বন্দ্বী চীনৰ জুৱেচুন ঝঙৰ হাতত ১:৩ ত পৰাজিত হৈছিল। ২০১৫ এচিয়ান ৰেছলিং চেম্পিয়নশ্বিপ ববিতাই ২০১৫ চনৰ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত কিৰগিজস্তানৰ আব্দি কাদিৰভা এলছাক ১০-০ ব্যৱধানত পৰাস্ত কৰে, অৰ্হতা ৰাউণ্ডত উজবেকিস্তানৰ জুখৰা মুস্তানোভাৰ পৰা একে ব্যৱধানত উন্নত হোৱাৰ পিছত। ববিতাই ফাইনেলত প্ৰৱেশ কৰিবলৈ ব্যৰ্থ হৈছিল কিয়নো তেওঁ উত্তৰ কোৰিয়াৰ পাক য়ং-মিৰ হাতত ছেমিফাইনেল ৰাউণ্ডত, শেষৰ পাঁচ ছেকেণ্ডত পৰাজিত হৈছিল। পোডিয়াম ফিনিছৰ সুযোগ লাভ কৰি ববিতাই ব্ৰঞ্জৰ পদকৰ প্লে-অফত কাজাখস্তানৰ ঝুলডিজ এচিমোভা-তুৰ্তবায়েভাৰ হাতত ৩-৬ ব্যৱধানত পৰাস্ত হয়। ২০১৬ ৰিঅ'অলিম্পিক ৰিঅ ডি জেনেৰিঅ'ত অনুষ্ঠিত ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে মহিলাৰ মল্লযুদ্ধত ববিতা ভাৰতৰ পৰা তৃতীয় আৰু অন্তিম প্ৰৱেশ হৈছিল। তাই তাইৰ সম্পৰ্কীয় ভাই বিনেশ ফোগাটৰ সৈতে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তাই ৰিঅ' গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছিল যেতিয়া তাইৰ প্ৰতিদ্বন্দ্বীয়ে কোৱালিফাইং টুৰ্ণামেণ্টত ড'পিং পৰীক্ষাত বিফল হৈছিল আৰু কোটা ভাৰতক দিয়া হৈছিল। ববিতা প্ৰথম ৰাউণ্ডত 1-5 ত পৰাজিত হৈছিল। ২০১৮ গোল্ড কোষ্ট কমনৱেলথ গেমচ ববিতা কুমাৰী ফোগাটে গোল্ড কোষ্টত অনুষ্ঠিত ২০১৮ কমনৱেলথ গেমছত মহিলাৰ ৫৩ কিলোগ্ৰাম ফ্ৰীষ্টাইল মল্লযুদ্ধত ৰূপৰ পদক জিকিছিল। দূৰদৰ্শন ববিতাই তেওঁৰ ফিয়াঞ্চী/প্ৰেমিক বিবেক সুহাগৰ সৈতে নাচ বলিয়ে ২০১৯ ত অংশগ্ৰহণ কৰিছিল। জনপ্ৰিয় সংস্কৃতি দংগল চলচ্চিত্ৰখন ২৩ ডিচেম্বৰ ২০১৬ ত মুক্তি পোৱা তাইৰ আৰু তাইৰ ভগ্নীৰ কাহিনীৰ ওপৰত আধাৰিত। ৰাজনীতি তেওঁ ২০১৯ চনৰ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা শক্তিশালীভাৱে প্ৰভাৱিত হোৱাৰ দাবী কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। তেওঁ ২০১৯ চনৰ অক্টোবৰত হাৰিয়ানা বিধানসভা নিৰ্বাচনত দাদৰী (বিধান সভা সমষ্টি)ৰ পৰা সোমবীৰৰ হাতত পৰাজিত হৈছিল। তথ্য সংগ্ৰহ ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি ভাৰতৰ মল্লযোদ্ধা ভাৰতীয় ৰাজনীতিবিদ অৰ্জুন বঁটা
61719
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A7%81%E0%A6%9F%E0%A6%BF%E0%A6%97%E0%A6%B2%E0%A7%8D%E0%A6%AA
চুটিগল্প
চুটিগল্প সাহিত্যকলাৰ এটি অভিনৱ শাখা যি বাস্তৱ জীৱন আধাৰিত সংক্ষিপ্ত পৰিসৰৰ কাহিনী। চুটিগল্পৰ এটা স্বয়ংসম্পূৰ্ণ বা সৰ্বজনসন্মত সংজ্ঞা নাই। বাস্তৱ জীৱনৰ বিশেষ একোটা ঘটনাৰ মাজেদি জীৱন ধাৰণা ফুটাই তোলা সংক্ষিপ্ত পৰিসৰৰ সু-সংগঠিত, সংগত আৰু সংহত কথাশিল্পই হ'ল চুটিগল্প।চুটিগল্পত জীৱনৰ এটি মুহূৰ্তৰ উজ্জ্বলতৰ দিশ প্ৰতিফলিত হয়। চুটিগল্পত আভ্যন্তৰ জীৱনৰ সত্য আৰু সৌন্দৰ্য কলাসুলভভাৱে চিত্ৰিত কৰা হয়। চুটিগল্পত পৰিপূৰ্ণ কাহিনীৰ পৰিৱৰ্তে ঘটনাইহে বিষয়বস্তুৰ ৰূপ লয়। লক্ষ্যৰ ঐক্য, উদ্দেশ্যৰ ঐক্যৰ প্ৰতি সতৰ্ক দৃষ্টিৰে চুটিগল্পৰ ঘটনাক একমুখী কৰি তোলা হয়। চুটিগল্পৰ সংজ্ঞা বিভিন্ন পণ্ডিত, সমালোচক আৰু লেখকে চুটিগল্পৰ সম্পৰ্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। -ৰ মতে, “চুটিগল্পৰ সৈতে কোনো বিশেষ পৰিস্থিতি কোনো ঘটনাংশ, বিশেষ অভিজ্ঞতা, চৰিত্ৰ আৰু কল্পনা আদিয়ে সম্পৰ্ক ৰাখে।" হিইগ বালপ'ৰ মতে, “চুটিগল্প এক প্ৰকাৰৰ গল্পই। সংঘটিত হোৱা সকলো ধৰণৰ ঘটনা, দুৰ্ঘটনা, ক্ষিপ্ৰ গতিৰে অভাৱনীয়ভাৱে বিকাশ লাভ কৰি উৎকণ্ঠাৰ মাজেদি শীৰ্ষ দ্বন্দ্বত উপনীত হৈ পৰিসমাপ্তি ঘটিব লাগে।” চমাৰচেট মমৰ মতে, “একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা কাহিনীয়েই চুটিগল্প।” হাডচনৰ মতে, “কাহিনীৰ একময়তা ফলশ্ৰুতিৰ এককতাই হ'ল চুটিগল্প।” এইচ.জি ৱেলছৰ মতে, “চুটিগল্প হ’ল এক সহজ সৃষ্টি, যাৰ পৰিণতি সদায় একক।” হেৰি চ'( )ৰ মতে, “চুটিগল্প আপেক্ষিকভাৱে চমু বৰ্ণনা; য’ত এটা মাথোঁন কৰ্ম, এক চৰিত্ৰ আৰু এটা মাথোঁন পৰিস্থিতি চিত্ৰণ কৰা হয়।” এডগাৰ এলেন পোৰ মতে, “আধাঘণ্টাৰ পৰা এঘণ্টা বা দুঘণ্টাৰ ভিতৰত পঢ়ি শেষ কৰিব পৰা বৰ্ণনাত্মক কাহিনীয়েই চুটিগল্প।” ত্ৰৈলোক্যনাথ গোস্বামীৰ মতে, “চুটিগল্প এক সু-সংগঠিত আৰ্ট। ইয়াৰ যোগেদি কোনো এক কেন্দ্ৰীয় ভাৱ প্ৰকাশ কৰা হয়। বিক্ষিপ্ত ভাৱধাৰাৰ সমাৱেশৰ ঠাই চুটিগল্পত নাই।” মহেন্দ্ৰ বৰাই আলঙ্কাৰিক ভাষাৰে শিল্প মাধুৰ্য সানি চুটিগল্পৰ সম্পৰ্কে কৈছে এনেদৰে- “চুটিগল্প সাহিত্যৰ বিশেষ শিল্পকৃতি য’ত পোৱা যায় ক্ষণিকৰ বুকুত চিৰন্তনৰ ব্যঞ্জনা আৰু বিন্দুৰ বুকুত সিন্ধুৰ চেতনা।” বস্তুগত বা আধ্যাত্মিক বিষয়ৰ পাঠকক অভিভূত, প্ৰণোদিত আৰু মুগ্ধ কৰিব পৰা সজীৱ একক ঘটনাবিশিষ্ট কল্পনা প্ৰধান সাহিত্যই চুটিগল্প। যুগৰ পৰিৱৰ্তনৰ লগে লগে বিষয়বস্তু, ভাৱবস্তু আৰু ৰূপবস্তুৰ পৰিৱৰ্তন ঘটি থাকে। সেয়ে আলোচিত সংজ্ঞাকেইটাই চুটিগল্পৰ সম্যক ধাৰণা এটি আমাৰ আগত দাঙি ধৰে আৰু সেইবাবেই সৰ্বকালৰ গ্ৰহণযোগ্য সংজ্ঞা নিৰূপণ কৰাটো সহজসাধ্য নহয়। অসমীয়া চুটিগল্পৰ বিষয়বস্তু চুটিগল্পই যিকোনো বিষয়েই সামৰি ল'ব পাৰে। এই ক্ষেত্ৰত কোনো ধৰা-বন্ধা নাই। চুটিগল্পাকাৰ এইচ.ই.ৱেটৰ ভাষাৰে-"যিকোনো বস্তু এটা ঘোঁৰাৰ মৃত্যুৰপৰা আৰম্ভ কৰি এগৰাকী গাভৰুৰ প্ৰথম প্ৰেমৰলৈকে, এটা ফুলৰ পাপৰি মেল খোৱাৰ পৰা আৰম্ভ কৰি এটা প্ৰচণ্ড ভূমিকম্পলৈকে-সূৰ্যৰ পোহৰত দেখা প্ৰতিটো বস্তুৱেই চুটিগল্পৰ বিষয়বস্তু হ'ব পাৰে। চুটিগল্পত বিষয়বস্তু ৰূপায়ণৰ ক্ষেত্ৰত গল্পকাৰজন অত্যন্ত সচেতন হোৱা উচিত। কাৰণ নিৰ্বাচিত বিষয়টো অব্যৰ্থ লক্ষ্যসন্ধানী পথেৰে পৰিণতি ফালে লৈ যোৱা লগে লগে পাঠকৰ মনত এক অসম্পূৰ্ণ তৃপ্তিৰ ব্যাকুলতা মিহলি স্মৃতি জগাই তোলাৰ লগতে জীৱন আৰু জগত সম্বন্ধীয় কিছুমান মৌলিক প্ৰশ্নৰো মুখামুখি কৰাব পৰা হ'ব লাগে। চুটিগল্পত জীৱনৰ একোটা মুহূৰ্তৰ সত্য আৰু সৌন্দৰ্য কলাসুলভভাৱে চিত্ৰিত কৰা হয়। চুটিগল্পৰ বৈশিষ্ট্য চুটিগল্পত তলৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়। হ্ৰস্বতা বা সংক্ষিপ্ততা: চুটিগল্পত কম পৰিসৰৰ মাজত বৰ্ণাঢ্য মানৱ জীৱনৰ কোনো এটা পৰিস্থিতিক ফুটাই তোলা হয়। চুটিগল্পই মানৱ জীৱনৰ বৈচিত্ৰ্যপূৰ্ণ ঘটনাকসমূহক উন্মোচিত কৰে। ভাব, পৰিকল্পনা আৰু গঠন পদ্ধতিয়ে ইয়াৰ বিষয়বস্তুক সংক্ষিপ্ততা প্ৰদান কৰে। আৰম্ভণি আকস্মিকতা আৰু পৰিসমাপ্তি নাটকীয়তা: চুটিগল্পৰ আৰম্ভণি আকস্মিকতা। আকস্মিকতাই উৎকণ্ঠা সৃষ্টি কৰাৰ লগতে ব্যঞ্জনাৰ সৃষ্টি কৰি পৰিসমাপ্তি মধুৰ কৰি তোলে। আনহাতে, চুটিগল্পৰ পৰিসমাপ্তি নাটকীয়তা যাৰ ভাৱধাৰাৰ প্ৰৱাহ সামৰণিৰ পাছতো অব্যাহত থাকে; অনুভৱ হয়, শেষ হ'লেও যেন হোৱা নাই। লক্ষ্যৰ একমুখীতা: চুটিগল্পত মাত্ৰ এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰিয়েই গল্পটিক স্বাভাৱিক পৰিণতিৰ দিশে আগবঢ়াই নিয়া হয়। সেয়েহে চুটিগল্পত ধাৰণাৰ ঐক্য আৰু ফলশ্ৰুতি একমুখী হয় আৰু ই পাঠকক নিবিড় ৰসঘন আবেদন এটাৰ যোগান ধৰিব পাৰে। চিত্ৰধৰ্মী বৰ্ণনা: চিত্ৰধৰ্মী বৰ্ণনা চুটিগল্পৰ অন্য এক বৈশিষ্ট্য। ইংগিতধৰ্মী ভাষা চুটিগল্পৰ কথনভংগীৰ এটি প্ৰয়োজনীয় গুণ কম পৰিসৰৰ ভিতৰতে চুটিগল্প এটাৰ চয়ন কৰিব লগা হোৱা বাবে ইয়াৰ ভাষা তীৰ্যক, তীব্ৰ আৰু ইংগিতধৰ্মী হোৱা প্ৰয়োজন। প্ৰতীকৰ ব্যৱহাৰে চুটিগল্পৰ প্ৰকাশভংগীক সূক্ষ্মতা তথা গভীৰতা প্ৰদান কৰে। ইয়াৰ ফলত চুটিগল্পৰ কলাসুলভ আবেদন বৃদ্ধি পায়। ইয়াৰ পটভূমিত চিত্ৰধৰ্মী বৰ্ণনা, প্ৰতীক অৰ্থ প্ৰয়োগ কৰিলে ই দুগুণ অৰ্থবহ হৈ উঠে। কাব্যধৰ্মিতা: চুটিগল্পৰ আন এটি বৈশিষ্ট্য হ'ল কাব্যধৰ্মিতা। ইয়াৰ ৰচনা পদ্ধতি কোমল আৰু আটিল। সেয়েহে ই ৰসঘন পৰিস্থিতি সৃষ্টি কৰি পাঠকক বিমল আনন্দ দিয়ে। চুটিগল্পত শব্দচয়ন,উপমা আদি অলংকাৰৰ প্ৰয়োগ, বৰ্ণনাত চিত্ৰধৰ্মিতা আদিৰ প্ৰয়োগৰ মাজেদি সূক্ষ্ম ব্যঞ্জনাদীপ্ত কৰি কাব্যিক মাধুৰ্যগুণবিশিষ্ট কৰি তোলা হয়। ফলশ্ৰুতিৰ একময়তা: ফলশ্ৰুতিৰ একময়তা হ'ল চুটিগল্পৰ এটা শিল্পাদৰ্শ বৈশিষ্ট্য। লক্ষ্যৰ একমুখিতাৰে ই অনিবাৰ্য পৰিণতি। সকলোবোৰ ভাল চুটিগল্পৰে চূড়ান্ত ৰূপটো নিটোল। ইয়াৰ চৰিত্ৰ, কাহিনী আৰু পৰিৱেশ কোনো কাৰো পৰা বিচ্ছিন্ন আৰু বিশিষ্ট অৱস্থাত নাথাকে। অৱশ্যে, এইবিলাকৰে কোনোবা এটা বিশেষ উপাদানে প্ৰাধান্য লভিলেও লভিব পাৰে। পৰিস্থিতিৰ নিৰ্মাণ কৌশল: একোটা সংঘাতপূৰ্ণ পৰিস্থিতিয়ে চুটিগল্পৰ ভাব, তীব্ৰতা, উৎকণ্ঠাৰ প্ৰাবল্য আৰু চৰিত্ৰৰ মানসিক সংঘাত তীব্ৰতৰ কৰি তোলাত সহায় কৰে। ইয়াত এটা পৰিস্থিতিকহে ফুটাই তোলা হয়। প্ৰকৃততে যিবোৰ পৰিস্থিতিয়ে চৰিত্ৰৰ মনোজগতক উথলাই তুলিব পাৰে, চৰিত্ৰৰ মানসিক সংঘাত তীব্ৰতৰ কৰি তোলাত সহায়ক হ'ব পাৰে; তেনে পৰিস্থিতিয়েহে চুটিগল্পত ঠাই পায়। চুটি বাক্য গাঁথনি: চুটিগল্পৰ লেখকে পাঠকক আকৰ্ষিত কৰাৰ লগতে চৰিত্ৰক প্ৰাণস্পৰ্শী কৰি তোলাৰ অৰ্থে চুটি চুটি বাক্যৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জীৱনৰ অংশ বিশেষৰ চিত্ৰণ: চুটিগল্পত বাস্তৱ জীৱনৰ বিশেষ একোটা ঘটনাকহে উন্মোচিত কৰা হয়। লেখকে সূক্ষ্ম শিল্প বুদ্ধিৰে মানুহে বাস্তৱ জীৱনৰ এছোৱাত অৱদমন কৰি লুকুৱাই ৰখা ভাব, কল্পনা, আশা-আকাংক্ষা, কামনা, বাসনা আদি প্ৰবৃত্তিবোৰ দ্বন্দ্ব মাজেদি পোহৰলৈ আনে। ব্ৰেণ্ডাৰ মেথিউজে কৈছে, "চুটিগল্প হ'ল এচকল জীৱন।" অসমীয়া সাহিত্যৰ চুটিগল্পৰ পৃষ্ঠভূমি অসমীয়া চুটিগল্পৰ উদ্ভৱ আৰু ইয়াৰ ক্ৰমবিকাশৰ গুৰিত আছিল ঊনবিংশ শতিকাৰ ৰাজনৈতিক, অৰ্থনৈতিক,ভাষিক আৰু শৈক্ষিক সমস্যাসমূহ। এই সমস্যাসমূহে অসমীয়া জাতীয় জীৱনত আনি দিয়া পৰিৱৰ্তনে এক বৌদ্ধিক পটভূমি নিৰ্মাণ কৰি দিছিল। এনে পটভূমিতেই নতুন নতুন সমস্যাৰ ফলস্বৰূপে আধুনিক চুটিগল্পই নতুন ৰূপত আত্মপ্ৰকাশ কৰিবৰ বাবে এটা বাতাবৰণ পাইছিল আৰু এই বাতাবৰণটোৱেই আধুনিক অসমীয়া চুটিগল্পৰ পৃষ্ঠভূমি। ৰাজনৈতিক পৃষ্ঠভূমি অষ্টাদশ শতিকাৰ শেষ দশকত (১৭৯২) গৌৰিনাথ সিংহৰ অনুৰোধত লৰ্ড কৰ্ণৱালিচে কেপ্তইন ৱেলচক সসৈন্যে মোৱামৰিয়া বিদ্ৰোহক দমন কৰিবলৈ পঠিওৱাৰপৰাই অসমৰ ৰাজনৈতিক দৃশ্যপট পৰিৱৰ্তনৰ প্ৰথম সূচনা হয়। পৰৱৰ্তী সময়ত মানে ক্ৰমে ১৮১৭, ১৮১৯ আৰু ১৮২১ চনত তিনিবাৰকৈ কৰা আক্ৰমণে অসমৰ ৰাজনৈতিক অৱস্থা জুৰুলা কৰে। অৱশেষত, ১৮২৪ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ সেনাপতি আৰ্চিবেল কেম্পৱেল আৰু মান ৰজাৰ প্ৰতিনিধি মহা-মিন-লা-কিয়াও-টিনৰ মাজত হোৱা ইয়াণ্ডাবু চুক্তি অনুসৰি অসমৰ শাসনতন্ত্ৰৰ বাঘজৰি ব্ৰিটিছৰ হাতলৈ যায়। এনেধৰণে ৰাজনৈতিক পক্ষপট সলনিৰ সময়ছোৱাত সমাজত সৃষ্টি হোৱা অন্যায়-অবিচাৰ আৰু দৰিদ্ৰ আৰু পীড়িতজনৰ দুৰাৱস্থা নৱ প্ৰজন্মৰ মানসপটত ভাঁহি উঠিছিল। ৰাজনীতিৰ এনে গণমুখী চেতনা উত্থানৰ বাবেই ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা অসমীয়া সাহিত্যয়ো পূৰ্বৰ পৰম্পৰাৰ পৰা আঁতৰি আহি জনমুখী চিন্তা আৰু চেতনাৰ সৈতে জড়িত হ'বলৈ ধৰিলে। এনে ৰাজনৈতিক পৰিৱৰ্তনৰ পৰিণতিস্বৰূপেই ঊনবিংশ শতিকাৰ শেষ দশকতে অসমীয়া চুটি কাহিনী সাহিত্যই নতুন ৰূপত আধুনিক চুটিগল্পৰূপত আত্মপ্ৰকাশ কৰে। অৰ্থনৈতিক পৃষ্ঠভূমি ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পৰা অসমৰ অৰ্থনৈতিক দৃশ্যপটৰো ৰূপান্তৰ ঘটে। ব্ৰিটিছে অসমত পাইক প্ৰথা বন্ধ কৰি কৃষকসকলৰ ওপৰত কৰ বা খাজনা জাপি দিয়ে। অসমৰ চাহ, তেল, কয়লা আৰু বিভিন্ন মূল্যৱান কাঠৰ আৱিষ্কাৰে অসমৰ অৰ্থনীতিৰ লগতে যাতায়তৰ উন্নতিৰ সাধন ঘটালেও অসমৰ পৰম্পৰাগত কৃষি অৰ্থনীতিৰ দ্ৰুত অৱক্ষয় হ'বলৈ ধৰে। ঊনবিংশ শতিকাতে গঢ় লৈ উঠা অসমৰ পুঁজিবাদী অৰ্থনীতি শতিকাটোৰ শেষৰফালে অধিক শক্তিশালী হৈ উঠিবলৈ ল'লে। তদুপৰি বিংশ শতিকাৰ আগছোৱাত অসমৰ সামগ্ৰিক দৃশ্যপটৰ দ্ৰুত পৰিৱৰ্তন হ'বলৈ ধৰে আৰু তাৰ ফলত অসমৰ জনসাধাৰণৰ চিৰ পুৰাতন সহজ-সৰল জীৱনধাৰালৈ নানান ধৰণৰ আচহুৱা জটিলতা আহিবলৈ ল'লে। ঊনবিংশ শতিকাৰ শেষাৰ্দ্ধ আৰু বিংশ শতিকাৰ প্ৰথম তিনিটা দশকৰ ভিতৰত পূৰ্বৰ অসমৰ গ্ৰামীণ অৰ্থনীতিৰ পতন আৰু ন-কৈ গঢ় লৈ উঠা পুঁজিবাদী অৰ্থনীতিৰ ভয়াবহতাই অসমৰ বুদ্ধিজীৱীসকলৰ মনত নানান প্ৰশ্ন আৰু সংশয়ৰ সৃষ্টি কৰিবলৈ ধৰিলে। সেয়ে জোনাকী আলোচনীৰ জন্মৰ পৰা, অৰ্থাৎ ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা অসমৰ সৃষ্টিশীল লেখকসকলে জীৱন আৰু জগতক ন-কৈ চাবলৈ বাধ্য হ'ল। ইয়াৰ ফলত পূৰ্বৰ ৰজা-মহাৰজা, ৰাজকুমাৰ-ৰাজকুমাৰী, অলৌকিক দৈৱী চৰিত্ৰৰ কল্পনাৰ পৰা লেখকসকলে আঁতৰি আহি বাস্তৱ জগত আৰু বাস্তৱ জীৱনৰ দ্বন্দ্ব আৰু সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ ল'লে। এনে পৰিৱৰ্তনৰ পৰিণতি স্বৰূপেই ঊনবিংশ শতিকাৰ শেষ দশকৰপৰা অসমীয়া চুটি কাহিনী সাহিত্যই পূৰ্বৰ অবাস্তৱ বিষয়বস্তুৰ সাধুকথাৰ পৰা আঁতৰি আহি আধুনিক চুটিগল্পৰ শুভাৰম্ভ কৰিলে। গতিকে অসমীয়া সাহিত্যৰ চুটি কাহিনী সাহিত্যই পূৰ্বৰ সাধুকথাৰ পৰা ফালৰি কাটি আহি আধুনিক চুটিগল্পৰ জন্ম দিয়াৰ দিশত অসমৰ পৰিৱৰ্তিত অৰ্থনৈতিক পৃষ্ঠভূমিৰ কথা স্বীকাৰ কৰা উচিত। ভাষিক আৰু শৈক্ষিক পৃষ্ঠভূমি ১৮৩৬ চনৰ পৰা ১৮৭২ চনৰলৈকে অসমীয়াই মাতৃভাষা অসমীয়াক হেৰুৱাই বঙালী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলগীয়া হৈছিল। এইছোৱা সময়ত অসমত বঙালী ভাষাৰ বিদ্যালয়ৰ লগতে ইংৰাজী শিক্ষাৰ প্ৰচলনৰ অৰ্থে ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। ১৮৩৫ চনত গুৱাহাটীত এখন ইংৰাজী বিদ্যালয় আৰু এখন বঙালী ভাষাৰ বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ পাছত গুৱাহাটী, নগাঁও, শিৱসাগৰ আদি প্ৰধান প্ৰধান নগৰসমূহত ক্ৰমশঃ ইংৰাজী ভাষাৰ বিদ্যালয় প্ৰতিষ্ঠা হয়।। সেইদৰে ঊনবিংশ শতিকাই উৰ্বৰ কৰি তোলা পটভূমিৰ বাবেই বিংশ শতিকাৰ দুৱাৰ-ডলিতে অসমত অসম চিকিৎসা মহাবিদ্যালয় (১৯০০), কটন কলেজ (১৯০১চনৰ২৭), ল’ কলেজ আৰু দুখনকৈ কাৰিকৰী বিদ্যালয়ৰ জন্ম হয়। ঊনবিংশ শতিকাৰ চতুৰ্থ দশকৰ পৰা বিংশ শতিকাৰ দ্বিতীয় দশকলৈ প্ৰায় নটা দশকৰ ভিতৰত অসমত বহুতো উচ্চ শিক্ষানুষ্ঠান গঢ় লৈ উঠিল আৰু এই শিক্ষানুষ্ঠানসমূহে অসমৰ জনসাধাৰণক আধুনিক বহুমুখী শিক্ষাৰ প্ৰতি আকৃষ্ট কৰিবলৈ ধৰিলে। ফলস্বৰূপে ঊনবিংশ শতিকাৰ শেষ দশক আৰু প্ৰধানকৈ বিংশ শতিকাৰ প্ৰথম দশকৰ পৰা অসমীয়া সাহিত্যৰ গতি আৰু প্ৰকৃতি পাশ্চাত্য সাহিত্যৰ অনুৰূপত গঢ় ল'বলৈ ধৰিলে। সেইবাবে পূৰ্বৰ সাধুকথা ধৰ্মী চুটি কাহিনী সাহিত্যৰো পৰিৱৰ্তন ঘটিল আৰু পাশ্চাত্য চুটিগল্পৰ আৰ্হিত জোনাকী আলোচনীৰ পাততে পোন প্ৰথম আধুনিক চুটিগল্পই আত্মপ্ৰকাশ কৰিলে। গতিকে আধুনিক অসমীয়া চুটিগল্পৰ সৃষ্টিৰ গুৰিত ঊনবিংশ শতিকাৰ ক্ৰমবৰ্ধমান শৈক্ষিক পৃষ্ঠভূমিৰ অৱদান গুৰুত্বপূৰ্ণ। অসমীয়া চুটিগল্পৰ জন্ম আৰু বিকাশ অধুনিক যুগত অসমীয়া চুটিগল্পৰ জন্ম হয় লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত। অসমীয়া চুটিগল্পৰ জন্ম ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা 'জোনাকী'ৰ পাতত লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত সৃষ্টি হৈছিল। বিশেষকৈ পাশ্চাত্য সাহিত্য অধ্যয়নৰ ফলস্বৰূপে অসমীয়া সাহিত্যত চুটিগল্পৰ জন্ম হয়। তদুপৰি ঊনবিংশ শতিকাৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভাষিক,শৈক্ষিক সমস্যাসমূহে অসমীয়া জাতীয় জীৱনত আনি দিয়া পৰিৱৰ্তনে এক বৌদ্ধিক পটভূমি নিৰ্মাণ কৰি দিয়ে আৰু এই বৌদ্ধিক পটভূমিতেই ঊনবিংশ শতিকাত আধুনিক অসমীয়া সাহিত্যৰ বুনিয়াদ ৰচনা হয়। এনেদৰে অসমীয়া সাহিত্যৰ জগতলৈ অসমীয়া চুটিগল্পই ভূমুকি মাৰে। জোনাকীৰ পাতত বেজবৰুৱাৰ কাপৰপৰা নিগৰি ওলোৱা প্ৰথম চুটিগল্পৰ সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতানৈক্য দেখা যায়। ড॰ মহেন্দ্ৰ বৰাই 'ভদৰি' নামৰ গল্পটো প্ৰথম বুলি ক'ব খোজে। 'জোনাকী'ৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশ পোৱা 'সেউতী' গল্পটিক প্ৰথম গল্প বুলি মত প্ৰকাশ কৰিছে। একে মতকে ড॰ নগেন ঠাকুৰেও গ্ৰহণ কৰিছে। কিন্তু ড॰ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মতে, 'জোনাকী' আলোচনীৰ ৪ৰ্থ বছৰ ৮ম সংখ্যাত লক্ষ্মীনাথ বেজবৰুৱাৰ 'পণ্ডিত মহাশয়' গল্পৰ যোগেদি অসমীয়া সাহিত্যত চুটিগল্পৰ শুভাৰম্ভ হয়। এনেদৰে মতানৈক্য থাকিলে বৰ্তমান প্ৰথম অসমীয়া চুটিগল্প হিচাপে 'সেউতী' গল্পটিকে গ্ৰহণ কৰা হৈছে। ড॰ প্ৰহ্লাদ কুমাৰ বৰুৱাদেৱে "অসমীয়া চুটিগল্পৰ অধ্যয়ন" গ্ৰন্থত চুটিগল্পৰ জন্ম আৰু বিকাশৰ সম্পৰ্কে বিশদভাৱে বৰ্ণনা কৰিছে। তেখেতে গ্ৰন্থখনত নিম্নোক্ত ধৰণে চুটিগল্পৰ বিকাশক বৰ্ণনা আগবঢ়াইছে। আদি যুগ বা জোনাকী যুগ (১৮৮৯ চনৰ পৰা ১৯২৯ চনলৈকে) আৱানহন যুগ (১৯২৯ চনৰপৰা ১৯৪০ চনলৈকে) যুদ্ধোত্তৰ যুগ বা ৰামধেণু যুগ (১৯৪০ চনৰ পৰা ১৯৭০চনলৈকে) সাম্প্ৰতিক যুগ (১৯৭০ চনৰ পৰা সাম্প্ৰতিকলৈকে) জোনাকী যুগৰ চুটিগল্প আদি যুগ বা জোনাকী যুগ (১৮৮৯-১৯২৯ চনলৈকে) আৱাহন যুগৰ চুটিগল্প ৰামধেনু যুগৰ চুটিগল্প সাম্প্ৰতিক যুগৰ চুটিগল্প সহায়ক গ্ৰন্থসমূহ অসমীয়া সাহিত্য অধ্যয়ন, ৩য় প্ৰকাশ ২০১৪, শৰাইঘাট ফটোটাইপছ প্ৰা:লি: -লক্ষ্মীকান্ত মহন্ত অসমীয়া চুটিগল্পৰ অধ্যয়ন,পঞ্চম প্ৰকাশ ২০১৫, বনলতা প্ৰিণ্ট এণ্ড পেক। -ডক্তৰ প্ৰহ্লাদ কুমাৰ বৰুৱা। ৰ স্নাতকোত্তৰ প্ৰথম বাৰ্ষিকৰ পাঠ্যপুথি অসমীয়া গদ্য-১০৬ সাহিত্য উপক্ৰমণিকা,৫ম সংস্কৰণ: আগষ্ট,২০১৩--মহেন্দ্ৰ বৰা। অসমীয়া সাহিত্যৰ ৰূপ-বৈচিত্ৰ্য---দ্বীপেন নাথ। তথ্য সংগ্ৰহ
64751
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A7%B0%E0%A6%95%20%E0%A6%AA%E0%A7%82%E0%A6%9C%E0%A6%BE
চৰক পূজা
চৰক পূজা পশ্চিমবঙ্গ, বাংলাদেশ আৰু অসমৰ বঙালী অধ্যুষিত অঞ্চলক এক গুৰুত্বপূৰ্ণ লোকোৎসৱ। চ’ত মাহৰ শেষৰ দিনা এই পূজা অনুষ্ঠিত হয় আৰু বহাগৰ দুই তিনিদিন ব্যাপি চৰক পূজাৰ উৎসৱ চলে। ই চ’ত মাহত পালিত শিৱৰ গাজন উৎসৱৰ এক অংশবিশেষ। এই উৎসৱক কেন্দ্ৰ কৰি বিভিন্ন স্থানত মেলা বহে, যাক চৰক সংক্ৰান্তিৰ মেলা বুলি অভিহিত কৰা হয়। ই আছিল বঙালী লোকসমাজৰ সংস্কৃতি। বেছিভাগ উপাসক আছিল নিম্ন বৰ্ণৰ। সেয়েহে এই পূজাত কোনো ব্ৰাহ্মণৰ প্ৰয়োজন হোৱা নাছিল। ইতিহাস লিঙ্গপুৰাণ, বৃহদ্ধৰ্মপুৰাণ আৰু ব্ৰহ্মবৈৱৰ্তপুৰাণত চ’ত মাহত শিৱ আৰধনা প্ৰসঙ্গত নৃত্য-গীত আদি উৎসৱৰ উল্লেখ থাকিলেও চৰক পূজাৰ উল্লেখ নাই। পঞ্চদশ ষোড়শ শতাব্দীত ৰচিত গোবিনানন্দৰ বৰ্যক্ৰিয়াকৌমুদীআৰু ৰঘুনন্দনৰ তিথিতত্ত্বত এই পূজাৰ উল্লেখ পোৱা নাযায়। তথাপিও পাশুপত সম্প্ৰদায়ৰ মাজত প্ৰাচীন কালত এই উৎসৱৰ প্ৰচলন আছিল। উচ্চবৰ্ণৰ লোকৰ মাজত অৱশ্যে এই পূজাৰ প্ৰচলন খুব প্ৰাচীন নহয়। জনশ্ৰুতিমতে ১৪৮৫ খ্ৰীষ্টাব্দত সুন্দৰানন্দ ঠাকুৰ নামে এজন ৰজাই এই পূজাৰ প্ৰথম প্ৰচলন কৰিছিল। কথিত আছে, চ’ত মাহৰ শেষৰ দিনা শিৱ-উপাসক বাণৰজা দ্বাৰাকাধীশ কৃষ্ণৰ সৈতে যুদ্ধত ক্ষত-বিক্ষত হৈ মহাদেৱক সন্তুষ্ট কৰিবলৈ ভক্তিসূচক নৃত্য-গীত আদি আৰু নিজৰ দেহৰ তেজেৰে অভীষ্ট সিদ্ধ কৰে। সেই স্মৃতিত শৈৱ সম্প্ৰদায়ে এই দিনটোত শিৱক সন্তুষ্ট কৰিবলৈ উৎসৱৰ আয়োজন কৰে। এনে ধৰণৰ জনশ্ৰুতিও আছে যে সেই সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰা কৃষকসকলক চ’ত মাহৰ শেষৰ দিনা বৰশীত বিন্ধাই চকৰীত ঘূৰোৱা হৈছিল। এই আচাৰ ১৮৯০ চন মানলৈ প্ৰচলিত আছিল। আচাৰ অনুষ্ঠান চৰক পূজাৰ এক বিশেষ অঙ্গ নীলপূজা। পূজাৰ আগদিনা চৰক গছডালক ধুই মচি পৰিষ্কাৰ কৰা হয়। এটা পানীৰে ভৰা পাত্ৰত শিৱৰ প্ৰতীক শিৱলিঙ্গ বা সেন্দূৰেৰে লেপা দীঘল কাঠৰ তক্তা এখন ৰখা হয়, যিটোক বুঢ়াশিৱ বুলি কোৱা হয়। পূজাৰ বিশেষ বিশেষ অঙ্গ হ’ল- কুম্ভীৰৰ পূজা, জ্বলন্ত এঙাৰৰ ওপৰেৰে খোজ কঢ়া, কাঁইট আৰু চুৰীৰ ওপৰত জপিওৱা, শিৱৰ বিয়া, অগ্নিনৃত্য, চৰক গছত ওলোমা, হাজৰা পূজা কৰা আদি। পূজাৰ ভক্ত বা সন্ন্যাসীসকলে পূজাৰ কেইদিনামান আগৰে পৰা কঠোৰ ব্ৰত আৰু সংযম পালন কৰে। এজনক দীঘল নেজ এডাল লগাই হনুমানৰ দৰে সজোৱা হয়। তেওঁৰ মূৰত থাকে উজ্জ্বল ৰঙা ৰঙৰ ফুল। স্থান বিশেষে ৰামায়ণৰ হনুমানৰ গন্ধমাদন পৰ্বত কঢ়িয়াই অনাৰ দৃশ্য অভিনীত হয়। ইয়াকে কোৱা হয়, ‘গিৰি সন্ন্যাস’। ইয়াৰ পিছত সন্ন্যাসীসকলে মহাসমাৰোহেৰে আমগছৰ এটা ডাল ফলেৰে সৈতে ভাঙি আনে; যাক কোৱা হয় ‘বাবক সন্ন্যাস’। চৰক পূজাৰ আগদিনা নীলচণ্ডিকাৰ বা নীলপূজা অনুষ্ঠিত হয়। এই কেইদিন এটা দলে গাঁৱত ঘূৰি ফুৰে। দলত থাকে এজন শিৱ আৰু দুজন সখি। সখিহঁতৰ ভৰিত থাকে ঘুঙুৰা। তেওঁলোকৰ লগত থাকে ঢোল-কাহ সহ এটা বাদকৰ দল। সখিহঁতে গান-বাজনাৰ তালেতালে নাচে। তেওঁলোকক ‘দেল’ বা নীল পাগলৰ দলো বোলা হয়। তেওঁলোকে ঘৰেঘৰে ঘূৰি ‘গাজন’ৰ গীত গায় আৰু নৃত্যগীত পৰিবেশন কৰে। বিনিময়ত দান হিচাপে যি পোৱা যায়, তাৰে পূজাভাগ কৰা হয়। এদিন পূৰ্বে ৰাতি হাজৰা পূজা হয় আৰু শিৱক উদ্দ্যেশি খিচাৰী আৰু শোলমাছ নিবেদন কৰা হয়। মাজৰাতি শিৱৰ আৰাধনাৰ সময়ত দুই এজন সন্ন্যাসী প্ৰবল বেগেৰে মূৰ জোকাৰি সজ্ঞাহীন হৈ পৰে। এই অৱস্থাক দেৱতাই ভৰ কৰা বুলি কোৱা হয়। এই সময়ত তেওঁলোকে দৰ্শকমণ্ডলীৰ প্ৰশ্নৰ উত্তৰ দিয়ে আৰু সেয়া অভ্ৰান্ত বুলি বিশ্বাস কৰা হয়। চৰকৰ দিনা সন্ন্যাসীসকলে বিশেষ বিশেষ ফল, ফুল, বাদ্য সহকাৰে নানা ভঙ্গীমাত শিৱপ্ৰণাম কৰে। ইয়াৰোপৰি দেৱতাৰ প্ৰতি অচলা ভক্তি প্ৰদৰ্শনৰ হেতু তেওঁলোকে চোকা লোহাৰ বৰশি, গছৰ কাঁইটৰ ওপৰত জাপ দিয়ে অথবা ভৰি ওপৰলৈ কৰি মূৰ তললৈ দি ওলমি থাকে। আত্মনিৰ্যাতনৰ বাবে তেওঁলোকে আঢ়ৈৰ পৰা চাৰি-পাঁচ ইঞ্চি দীঘল লোৰ শলা গোটেই দিনটো জিভাত বিন্ধাই ৰাখে। সন্ধ্যাৰ আগেআগে পুখুৰীত গৈ সেইটো খুলি পেলায়; যাক কোৱা হয় ‘বাণ-সন্ন্যাস’। পিঠিৰ ছাল ফুটাই এডাল সৰু বেত সুমুৱাই ৰখা আচাৰক কোৱা হয় ‘বেত্ৰ সন্ন্যাস’। চৰক গছত স্থাপন কৰা কাঠৰ চকৰিত পিঠিত লোহাৰ বৰশি ফুটুৱাই ওলমি থাকি চক্ৰকাৰে ঘুৰোৱা হয় আৰু এই প্ৰক্ৰিয়াক কোৱা হয় ‘বৰশি সন্ন্যাস’। অন্যান্য সংস্কৃতিৰ সৈতে সাদৃশ্য ভাৰতৰ মহাৰাষ্ট্ৰৰ বগাড় উৎসৱ, চিক্কিম-ভূটানৰ চোৰগ, শ্ৰীলংকাৰ টুককুম, অন্ধ্ৰপ্ৰদেশৰ সিৰিমনু অথবা মেক্সিকোৰ প্ৰাচীন উৎসৱ চৰক পূজাৰ অনুৰূপ। উক্ত উৎসৱ বা অনুষ্ঠানবোৰতো পবিত্ৰ গছত ভক্তসকলত বান্ধি জোৰেৰে ঘূৰোৱা হয়। গেলাৰী তথ্য উৎস হিন্দুধৰ্মৰ উৎসৱসমূহ ভাৰতৰ
34588
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%20%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8%20%28%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%29
স্বাধীনতা দিৱস (ভাৰত)
স্বাধীনতা দিৱস, ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সোঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। এই স্বাধীনতা লাভৰ লগতে দেশৰ বিভাজনো সংঘটিত হয়। স্বাধীনতা দিৱসৰ মূল কাৰ্য্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদেশ্যি বক্তৃতা দিয়ে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়। ইতিহাস ১৭ শতিকাৰ আৰম্ভণিৰেপৰা ভাৰতবৰ্ষত ইংৰাজে উপনিবেশ স্থাপন কৰিছিল। শক্তিশালী সামৰিক বাহিনীৰ সহায়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে স্থানীয় ৰাজত্ব সমূহক বশীভূত কৰি ১৮ শতিকাত নিজকে আটাইতকৈ শক্তিশালী গোট ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত বলবৎ হোৱা 1858 এ ব্ৰিটিছৰ বাবে পোনপটিয়াকৈ ভাৰত শাসন কৰাৰ পথ সুগম কৰি দিয়ে। পৰৱৰ্ত্তী কালত ভাৰতবৰ্ষৰ চুকে কোণে জনসাধাৰণৰ মাজত স্বাধীনতা লাভৰ আকাংক্ষা তীব্ৰতৰ হ'বলৈ ধৰিলে। ১৮৮৫ চনত প্ৰতিষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে এই আকংক্ষাক এক প্ৰবল স্বাধীনতা আন্দোলনৰ ৰূপ দিয়াত আগভাগ লয়॥ প্ৰথম বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাত ব্ৰিটিছে কে ধৰি কিছু সংশোধনী আৰম্ভ কৰিছিল যদিও একে সময়তে ৰৱাল্ট আইন ৰ দৰে কঠোৰ আইনৰো বলবৎ কৰাত ভাৰতীয় জনসাধাৰণ প্ৰতিবাদী হৈ উঠে। ইয়াৰে ফলস্বৰূপে মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি অসহযোগ আৰু অহিংস আন্দোলন গঢ় লৈ উঠে। ১৯৩০ চনৰ সময়ত ব্ৰিটিছৰ সংশোধনী আইন বলবৎ কৰাৰ পিছত নিৰ্বাচনসমূহত জাতীয় কংগ্ৰেছে সফলতা লাভ কৰিবলৈ সক্ষম হয়। কিন্তু পৰৱৰ্ত্তী দশকটোত কেইবাটাও ঘটনাই ভাৰতৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তোলে। ইয়াত অৰিহণা যোগোৱা প্ৰধান ঘটনাসমূহ হ'ল, দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰ অংশগ্ৰহণ, অসহযোগ আন্দোলনৰ তীব্ৰতা বৃদ্ধি, ভাৰতীয় মুছলিম লীঘৰ নেতৃত্বত মুছলিম জাতীয়তাবাদৰ উত্থান ইত্যাদি। ইয়াৰে সামূহিক প্ৰভাৱৰ ফলশ্ৰুতি হিচাপে ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰে আৰু একেসময়তে দেশ বিভাজনো হয়। স্বাধীনতা লাভৰ পূৰ্বে স্বাধীনতা দিৱস ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৯২৯ চনৰ লাহোৰ অধিবেশনত পূৰ্ণ স্বৰাজৰ ঘোষণা বা ভাৰতৰ স্বাধীনতাৰ ঘোষণা কৰা হৈছিল আৰু ২৬ জানুৱাৰী দিনটোক ভাৰতৰ স্বাধীনতা দিৱস হিচাপে ঘোষিত হৈছিল।। কংগ্ৰেছে জনগণক আইন অমান্য আন্দোলনৰ পন্থা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে ভাৰতবৰ্ষই পুৰ্ণাংগ স্বাধীনতা নোপোৱা পৰ্যন্ত "সময়ে সময়ে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰচাৰিত নিয়মাৱলী" পালন কৰিবলৈ আহ্বান জনাইছিল। এই ধৰণৰ স্বাধীনতা দিৱস উদযাপনৰ মুখ্য উদ্দেশ্য আছিল- জনগণৰ জাতীয়তাবাদী উদ্দীপনাক জীপাল কৰি তোলা আৰু ইয়াৰ জৰিয়তে ব্ৰিটিছ চৰকাৰক স্বাধীনতা প্ৰদান সম্পৰ্কে বিবেচনা কৰিবলৈ বাধ্য কৰা। ১৯৩০ চনৰ পৰা ১৯৪৬ চনলৈকে কংগ্ৰেছে ২৬ জানুৱাৰী দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰিছিল। এই উদযাপনৰ অনুষ্ঠানসমূহত অংশগ্ৰহণকাৰীসকলে "স্বাধীনতাৰ অংগীকাৰ" গ্ৰহণ কৰিছিল। জৱাহৰলাল নেহৰুৱে তেওঁৰ আত্মজীৱনীত এই অনুষ্ঠানসমূহ শান্তিপূৰ্ণ, গাম্ভীৰ্যপূৰ্ণ আৰু "কোনো ভাষণ বা বক্তৃতাবিহীন" আছিল বুলি বৰ্ণনা কৰিছে। গান্ধীৰ চিন্তাধাৰা অনুসৰি সভা সমিতিৰ উপৰিও এই দিনটো কিছুমান গঠনমূলক কাম, যেনে সূতা কটা, অথবা অস্পৃশ্য সকলৰ সেৱা কৰা, অথবা হিন্দু আৰু মুছলমান সন্মিলন আয়োজন, অথবা বাধা আৰোপ বা এই সকলোবোৰ..." কাৰ্যসূচীৰ মাজেৰে পালন কৰা হওক। ১৯৪৭ চনৰ প্ৰকৃত স্বাধীনতা প্ৰাপ্তিৰ পিছত ভাৰতৰ সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ হৈছিল আৰু তেতিয়াৰে পৰা ২৬ জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে উদযাপিত হৈ আহিছে। শেহতীয়া ইতিহাস ১৯৪৬ চনত দ্বিতীয় বিশ্বযুদ্ধই জুৰুলি কৰা ব্ৰিটেইনৰ চৰকাৰে ভাৰতৰ ৰাজনৈতিক অস্থিৰতা দুৰ কৰাত হোৱা বিফলতা স্বীকাৰ কৰি লয়। অৱশেষত ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী ক্লীমেণ্ট এটলী এ ১৯৪৮ চনৰ ভিতৰ ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে। সেইসময়তে নতুনকৈ হোৱা ভাইচৰয় লুইছ মাইণ্টবেটেন এ ক্ংগ্ৰেছ আৰু মুছলিম লীগৰ ক্ৰমান্বয়ে বাঢ়ি গৈ থকা বিৰোধে হিংসুক ৰূপ লোৱাৰ আশংকা কৰি এই স্বাধীনতা প্ৰদানৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তোলে। তেওঁ দ্বিতীয় বিশ্বযুদ্ধত জাপানে আত্মসমৰ্পণ কৰাৰ দ্বিতীয় বাৰ্ষিকীৰ দিনটো অৰ্থাৎ ১৫ আগষ্টৰ দিনটো ইয়াৰ বাবে ঠিক কৰে। ১৯৪৭ চনৰ ৩ জুন তাৰিখে ব্ৰিটিছ চৰকাৰে দেশ বিভাজনৰ দাবী গ্ৰহণ কৰে। ভাৰতীয় স্বাধীনতা আইন 1947) ৰ মতে অৱশেষত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামেৰে বিভাজন কৰা হয়। দেশ-বিভাজন আৰু স্বাধীনতা স্বাধীনতা লাভৰ মাহটোত আৰু তাৰ পিছতো লাখ লাখ মুছলমান, শিখ আৰু হিন্দু শৰণাৰ্থীয়ে নতুনকৈ থিৰ কৰা সীমান্তৰে পাৰ হ'ল। পঞ্জাবৰ শিখসকলক দুভাগ কৰি থিৰ কৰা সীমান্তৰ দুয়োকাষেই বহুতো ৰক্তপাতৰ ঘটনা ঘটিল। পশ্চিমবংগ আৰু বিহাৰত অৱশ্যে মহাত্মা গান্ধীৰ উপস্থিতিয়ে হিংসাত্মক ঘটনাৰ হাৰ কিছু পৰিমাণে হ'লেও কমাই ৰাখিলে। সকলো মিলাই ভাৰতবৰ্ষত দেশ বিভাজনৰ সময়ত বিভিন্ন হিংসাত্মক ঘটনাত প্ৰায় ২৫০,০০০ ৰ পৰা ১,০০০,০০০ পৰ্যন্ত লোকৰ প্ৰাণহানি হ'ল বুলি তথ্য পোৱা যায়। দেশজুৰি স্বাধীনতা লাভৰ বাবে হোৱা আনন্দৰ পৰা আঁতৰি গান্ধীজীয়ে কলকাতাতে বাহৰ পাতি হিংসা প্ৰতিৰোধৰ প্ৰচেষ্টা লয়। ই ১৪ আগষ্টৰ দিনা নতুন দিল্লীৰ ত মিলিত হয়। ইয়াৰ সভাপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ। এই সভাত পণ্ডিত জৱাহৰলাল নেহৰুৱে বক্তৃতা দিয়ে আৰু কয় যে এই সদনত সকলো সদস্যই দেশৰ বাবে কাম কৰি যোৱাৰ অংগীকাৰ কৰে। ভাৰতৰ নাৰীৰ প্ৰতিনিধিসকলে পোণপ্ৰথমবাৰৰ বাবে এই সদনতে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰদৰ্শন কৰে। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নেহৰু আৰু গভৰ্ণৰ জেনেৰেল হিচাপে ভাইচৰয় হিচাপে লৰ্ড মাউণ্টবেটেন অধীষ্ঠিত হয়। মহাত্মা গান্ধীৰ নাম দেশৰ বহু জনসাধাৰণে প্ৰস্তাব কৰিছিল যদিও তেওঁ স্ব-ইচ্ছাৰে সকলো আনন্দ-উৎসৱৰ পৰা আঁতৰি থাকিল। তাৰ পৰিৱৰ্ত্তে তেওঁ দিনটো কলকাতাতত উপবাসে থাকি হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতি বঢ়োৱাৰ অৰ্থে যত্নপৰ হয়। উদযাপন ভাৰতৰ তিনিটা জাতীয় বন্ধৰ দিনৰ এটা হ'ল স্বাধীনতা দিৱস। (অন্য দুটা হ'ল ২৬ জানুৱাৰীত পালন কৰা গণতন্ত্ৰ দিৱস আৰু ২ অক্টোবৰত পালন কৰা গান্ধী জয়ন্তী। ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্বাধীনতা দিৱস পালন কৰা হয়। স্বাধীনতা দিৱসৰ আগদিনা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জাতিক উদ্দেশি ভাষণ প্ৰদান কৰে। ১৫ আগষ্টৰ দিনা প্ৰধান মন্ত্ৰীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই পবিত্ৰ অনুষ্ঠানটোৰ সন্মানত ২১ জাই তোপধ্বনি কৰা হয়। প্ৰধান মন্ত্ৰীৰ ভাষণত বিগত বৰ্ষৰ খতিয়ান দাঙি ধৰা হয়, প্ৰয়োজনীয় বিষয়বোৰ উত্থাপন কৰা হয় আৰু অধিক উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া হয়। তেখেতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় সঙ্গীত 'জন গণ মন' গোৱা হয়। ভাষণৰ পিছত ভাৰতীয় সামৰিক আৰু অসামৰিক বাহিনীৰ ডিভিজনসমূহে মাৰ্চ পাষ্ট কৰে। লগতে পেৰেড আৰু ভাৰতৰ স্বাধীনতা আন্দোলন আৰু বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰাৰ প্ৰদৰ্শন হয়। ৰাজ্যৰ ৰাজধানীবোৰতো একেধৰণৰ কাৰ্যসূচী পালন কৰা হয়, য'ত নিজ-নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে পতাকা উত্তোলন কৰে। লগতে ৰাজ্যৰ বিভিন্ন স্থানত বিধায়ক আৰু ৰাজ্যপাল সকলে পতাকা উত্তোলন কৰে। সমগ্ৰ ভাৰতবৰ্ষৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানবোৰত পতাকা উত্তোলন আৰু সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হয়। বিদ্যালয় আৰু মহাবিদ্যালয়বোৰতো পতাকা উত্তোলনৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰধান প্ৰধান চৰকাৰী ভৱনবোৰত আলোকসজ্জা কৰা হয়। দিল্লী আৰু আনকেইখনমান মহানগৰত স্বাধীনতা দিৱস উপলক্ষে চিলা উৰোওৱা হয়। বৃহৎ সংখ্যক বিভিন্ন আকৃতিৰ ৰাষ্ট্ৰীয় পতাকা দেশৰ প্ৰতি থকা আনুগত্যৰ প্ৰতিকী ৰূপত ব্যৱহাৰ কৰা হয়। নাগৰিকসকলে তেওঁলোকৰ পোচাক, ৰিষ্টবেণ্ড বাহন, ঘৰুৱা সামগ্ৰী আদি ৰাষ্ট্ৰীয় পতাকাৰ অনুকৰণত তিনিবৰণীয়া নক্সাৰে অলংকৃত কৰে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই দিবসৰ উদযাপন ৰাষ্ট্ৰীয়তাবাদ )ৰ ক্ষুদ্ৰ পৰিসৰতে আবদ্ধ নাথাকি অন্যান্য সকলো দিশ সামৰি লোৱা দেখা গৈছে। বিশ্বৰ বিভিন্ন কোণত থকা প্ৰবাসী ভাৰতীয় সকলেও পেৰেড তথা অন্যান্য কাৰ্য্যসূচীৰে উলহ মালহেৰে এই দিবসটো পালন কৰে। কোনো কোনো অঞ্চলত বিশেষকৈ নিউয়ৰ্ক আদি ঠাইত এই দিনটো 'ভাৰত দিবস' ৰূপে পৰিগণিত হৈ পৰিছে। সুৰক্ষাৰ প্ৰতি ভাবুকি স্বাধীনতাৰ তিনি বছৰ পাছতেই নগা নেছনেল কাউন্সিলে উত্তৰ-পূৰ্বাঞ্চলত স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনায়। আশীৰ দশকত অঞ্চলটোত বিচ্ছিন্নতাবাদী গোটৰ বিক্ষোভ বৃদ্ধি পায়। সংযুক্ত মুক্তি বাহিনী, অসম, নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড আদি সন্ত্ৰাসবাদী সংগঠনৰ আক্ৰমণ, বৰ্জনৰ আহ্বানে স্বাধীনতা দিৱস যাপনত ব্যাঘাত জন্মায়। জম্মু আৰু কাশ্মীৰত আশীৰ দশকৰ পৰা বাঢ়ি অহা বিদ্ৰোহত বিচ্ছিন্নতাবাদী বিক্ষোভকাৰীসকলে "বন্ধ"ৰ আহ্বান দি, ক'লা পতাকাৰ ব্যৱহাৰ কৰি আৰু পতাকা জ্বলাই এই দিৱস বৰ্জন কৰে। লস্কৰ-ই-তৈবা, বুল মুজাহিদীন আদিৰ দৰে সন্ত্ৰাসবাদী সংগঠনে ভাবুকি প্ৰদানৰ লগতে স্বাধীনতা দিৱসৰ আশে-পাশে আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে। মাও বিদ্ৰোহী সংগঠনসমূহেও স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাই আহিছে। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকাত সমগ্ৰ ভাৰততে বিশেষকৈ দিল্লী, মুম্বাইৰ দৰে ডাঙৰ নগৰত আৰু সমস্যাজৰ্জৰ ৰাজ্য যেনে জম্মু-কাশ্মীৰত সুৰক্ষা কটীয়া হয়। আকাশী আক্ৰমণ ৰোধ কৰিবলৈ লালকিল্লাৰ চৌপাশৰ উৰণস্থানক "ন' ফ্লাই জ'ন" ঘোষণা কৰা হয়। আৰু আন নগৰবোৰত অতিৰিক্ত আৰক্ষী মোতায়ন কৰা হয়। বৰ্তমান সময়ত জনপ্ৰিয়তা স্বাধীনতা দিবসৰ দিনা দূৰদৰ্শন তথা ৰেডিঅ' চেনেল সমূহত সমগ্ৰ দেশতে হিন্দী তথা অন্যান্য ৰাজ্যিক ভাষাসমূহত দেশ-প্ৰেমমূলক প্ৰচাৰ কৰা হয়। পতাকা উত্তোলনৰ অনুষ্ঠান সমূহতো এনে সংগীত পৰিবেশন কৰা হয়। তদুপৰি দেশজুৰি দেশপ্ৰেমমূলক চলচ্চিত্ৰও প্ৰদৰ্শিত হয়। তদুপৰি বহু লোকে জাতীব পোছাক বা ত্ৰিৰংগী পতাকাৰ লগত সামঞ্জস্য ৰাখি পোছাক পৰিধান কৰে। বহুজাতিক কোম্পানী তথা অন্য ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে এই দিনটোৰ লগত সংগতি ৰাখি ৰেহাই মূল্যৰো ব্যৱস্থা কৰে। ভাৰতীয় ডাকবিভাগে স্বাধীনতা আন্দোলনৰ নেতা সকলক লৈ ১৫ আগষ্টৰ দিনটোতে ডাকটিকট প্ৰচলন কৰে। ইণ্টাৰনেটত গুগুলে ২০০৩ চনৰ পৰা এই দিনটোতে ভাৰতীয় হোমপেজ সমূহত স্বাধীনতা দিবসৰ সৈতে সংগতি ৰাখি বিশেষ গুগুল দুদুল প্ৰস্তুত কৰি আহিছে। তথ্যসূত্ৰ বাহ্যিক সংযোগ ভাৰত
39310
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A6%AF%20%E0%A6%B8%E0%A6%BE%E0%A6%87%20%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A6%BE
সত্য সাই বাবা
সত্য সাই বাবা (জন্মতে সত্য নাৰায়ণ ৰাজু; ২৩ নৱেম্বৰ ১৯২৬ৰ পৰা ২৪ এপ্ৰিল ২০১১)) এজন ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু। তেওঁ দাবী কৰা আৰু অনেক লোকে বিশ্বাস কৰা মতে, তেওঁ শিৰডীৰ সাই বাবাৰ (মৃত্যু: ১৯১৮) পুনৰ্জন্ম। ভাৰতীয় আধ্যাত্মিক গুৰু মেহেৰ বাবাৰ মতে তেওঁ এজন তান্ত্ৰিক আৰু তেওঁ চমৎকাৰৰ বাবে তন্ত্ৰ ব্যৱহাৰ কৰিছিল। তেওঁ বিভূতি (পবিত্ৰ ভস্ম) আৰু অন্য সৰু বস্তু যেনে আঙঠি, হাৰ, ঘড়ী আদি প্ৰকট কৰিছিল যিয়ে চমৎকাৰী ৰূপত চিকিৎসা কৰা, পুনৰ জীৱন প্ৰদান কৰা আদিৰ কথা অনেকে কয়। ই যশ আৰু সমালোচনা দুয়োকে আমন্ত্ৰিত কৰিলে। তেওঁৰ ওপৰত যৌন নিৰ্যাতন আৰু নকলৰো অভিযোগ উত্থাপিত হৈছিল, কিন্তু তেওঁ তেনে অভিযোগক ষড়যন্ত্ৰ বুলি কৈ, অভিযোগ অস্বীকাৰ কৰিলে। তেওঁ সদস্যসকলে মানৱ সেৱাৰ দ্বাৰা আধ্যাত্মিক প্ৰগতি লাভ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা সত্য সাই সংস্থাৰ ১২৬খন দেশত ১২০০তকৈ অধিক শাখা আছে। এই সংস্থাৰ মাধ্যমেৰে সত্য সাই বাবাই বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে চিকিৎসালয়, ক্লিনিক, খোৱা পানীৰ প্ৰকল্প আদি পৰিচালনা কৰিছিল। জীৱন আগ জীৱন সত্য সাই বাবাৰ আগ জীৱনৰ প্ৰায় সকলো তথ্য তেওঁৰ চাৰিওফালে সৃষ্ট হেগিয়'গ্ৰাফি, আৰু ভক্তসকলৰ বাবে বিশেষ মহত্ত্ব থকা আৰু ভক্তসকলে সাই বাবাৰ দিব্য হোৱাৰ প্ৰমাণ বুলি বিশ্বাস কৰা প্ৰবাদৰ পৰা গ্ৰহণ কৰা। এই উৎসসমূহৰ মতে সত্য সাই বাবাৰ জন্ম তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ মাদ্ৰাছ প্ৰেচিডেঞ্চিৰ পুত্তপৰ্থিত মীচাৰাগাণ্ডা ঈশ্বৰম্মা আৰু পেড্ডাভেংকামা ৰাজু ৰত্নাকৰমৰ ঘৰত হৈছিল। তেওঁৰ মাতৃ ঈশ্বৰাম্মাই ঐশ্বৰিক বুলি বিশ্বাস কৰা, সত্য সাই বাবাৰ জন্মকো অনেকে অলৌকিক ঘটনাৰে পূৰ্ণ বুলি বিশ্বাস কৰে। সত্য সাই বাবাৰ এজন ককায়েক ৰত্নাকৰম চেচম ৰাজু (১৯২১-১৯৮৪), দুজনী ভগ্নী ভেংকাম্মা (১৯২৩-১৯৯৩) আৰু পৰ্ৱতমমা (১৯২৮-১৯৯৮)আৰু এজন ভায়েক জানকিৰমিয়াহ (১৯৩০-২০০৩) আছে। এজন শিশু হিচাপে তেওঁক "অস্বাভাৱিকভাৱে বুদ্ধিমান" আৰু দয়ালু বুলি কোৱা হয়, যদিও শৈক্ষিকভাৱে নহয়, যিহেতু তেওঁৰ ৰুচি আধ্যাত্মিক দিশতহে আছিল। তেওঁ ভক্তি গীত, নৃত্য আৰু নাট্যত অসাধাৰণ পাৰদৰ্শিতা দেখুৱাইছিল। সৰু বয়সৰ পৰাই তেওঁ খাদ্য, মিঠাই আদি শূন্যৰ পৰা প্ৰকট কৰাত সক্ষম আছিল বুলি কোৱা হয়। জাননী ৮ মাৰ্চ ১৯৪০ত, নিজৰ ককায়েক চেঁচাম ৰাজুৰ সৈতে পুত্তপৰ্থিৰ কাষৰ এখন সৰু চহৰ উৰাভাক'ণ্ডাত থাকোঁতে সাই বাবাক এটি বৃশ্চিকে কামোৰিলে। তেওঁ কেইবা ঘণ্টাৰ বাবে মূৰ্চিত হ'ল। তাৰ পাছৰ কেইদিনমানত তেওঁৰ স্বভাৱত ঊল্লেখনীয় পৰিৱৰ্তন দেখা গ'ল। হাঁহি- কান্দোন, চিঞৰ-বাখৰ- মৌনতা আদি লক্ষণ দেখা গ'ল। দাবী কৰা হয় যে তেওঁ সংস্কৃতত পদ্য গাবলৈ ধৰিলে, যি ভাষা তেওঁ একেবাৰে নাজানিছিলে। চিকিৎসকৰ মতে তেওঁৰ হিস্তেৰিয়া বেমাৰ হৈছিল। চিন্তিত হৈ তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক পুত্তপৰ্থিলৈ ওভতাই নিলে। তেওঁক বেজ, ডাক্তৰ আদিৰ ওচৰলৈ লৈ যোৱা হ'ল। কাডিৰিৰ এজন জৰা মেলা কৰা মানুহেটো চিকিৎসাৰ নামত তেওঁক অত্যাচাৰ কৰিবলৈ ধৰিলে; সত্য গোটেই সময় শান্ত হৈ থাকিল, যিয়ে তেওঁৰ পিতৃ-মাতৃক অধিক চিন্তিত কৰিলে। ২৩ মে' ১৯৪০ত সত্যই বোলে ঘৰৰ মানুহক মাতি তেওঁলোকৰ বাবে প্ৰসাদ আৰু ফুল প্ৰকট কৰিলে। এই দেখি সত্যৰ দেউতাক ভয়ভীত হ'ল আৰু ভাবিলে সত্যক কোনো ভূতে ধৰিছে। তেওঁ সত্যই নিজৰ প্ৰকৃত পৰিচয় নিদিলে প্ৰহাৰৰ ভাবুকি দিলে। ২০ অক্টোবৰ ১৯৪০ত, সৰু সত্যই শান্ত আৰু দৃঢ়ভাৱে ক'লে "মই সাই বাবা", শিৰডীৰ সাই বাবাৰ এটি প্ৰসংগ। প্ৰথমবাৰলৈ তেওঁ শিৰডীৰ সাই বাবা হোৱাৰ কথা ক'লে-- মহাৰাষ্ট্ৰৰ এজন প্ৰখ্যাত সন্ত, যাৰ সত্য জন্ম হোৱাৰ ৮ বছৰ আগতে মৃত্যু হৈছিল। প্ৰথম মন্দিৰ আৰু পুত্তপৰ্থিৰ বিকাশ ১৯৪৪ত সত্য সাই বাবাৰ ভক্তসকলৰ বাবে পুত্তপৰ্থিৰ ওচৰত এটা মন্দিৰ নিৰ্মাণ কৰা হ'ল। সেই মন্দিৰক এতিয়া "পুৰণা মন্দিৰ" বোলা হয়। বৰ্তমানৰ আশ্ৰম প্ৰশান্তি নিলয়মৰ নিৰ্মাণ ১৯৪৮ চনত আৰম্ভ হ'ল আৰু ১৯৫০ চনত শেষ হ'ল। ১৯৫৪ চনত সত্য সাই বাবাই এখন সৰু সাধাৰণ চিকিৎসালয় পুৰ্ত্তিপৰ্থিত স্থাপন কৰিলে। তেওঁ জাদুৰ শক্তি আৰু চিকিৎসাৰ ক্ষমতাৰ বাবে বিখ্যাত হ'ল। ১৯৫৭ চনত সত্য সাই বাবাই উত্তৰ ভাৰতত তীৰ্থ ভ্ৰমণ কৰিলে। ষ্ট্ৰ'ক আৰু পেৰেলাইচিচ ১৯৬৩ত সত্য সাই বাবা চাৰিটা গুৰুতৰ হাৰ্ট এটেকৰ সন্মুখীন হ'ল, যাৰ বাবে তেওঁৰ শৰীৰৰ এটা ফাল জথৰ হ'ল। তাৰ পিছত, তেওঁ প্ৰশান্তি নিলয়মত গোট খাই তেওঁ সুস্থ হৈ উঠাৰ প্ৰাৰ্থনা কৰা হাজাৰ হাজাৰ লোকৰ আগত নিজক আৰোগ্য কৰে। পুনৰ জন্ম গ্ৰহণ কৰাৰ আগজাননী আৰোগ্য হোৱাত তেওঁ ঘোষণা কৰিলে যে তেওঁ এদিন "প্ৰেম সাই বাবা"ৰ ৰূপত, কাষৰীয়া ৰাজ্য কৰ্ণাটকত জন্ম গ্ৰহণ কৰিব। তেওঁ ক'লে, "মই শিব-শক্তি, এজন ঋষিৰ বৰলাভৰ ফলত ভৰদ্বাজ গোত্ৰত জন্ম গ্ৰহণ কৰিছো। শিবই শিৰডীৰ সাই বাবাৰ গোত্ৰত জন্ম গ্ৰহণ কৰিলে, শিব-শক্তিয়ে মোৰ ৰূপত, আৰু শক্তিয়ে প্ৰেম সাই বাবাৰ ৰূপত কৰ্ণাটকৰ মণ্ড্য জিলাত জন্ম গ্ৰহণ কৰিব। তেওঁ ঘোষণা কৰিলে ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যুৰ ৮ বছৰ পিছত তেওঁ পুনৰ জন্ম গ্ৰহণ কৰিব। 84. আফ্ৰিকা ১৯৬৮ চনৰ ২৯ জুনত তেওঁ নিজৰ একমাত্ৰ সামুদ্ৰীক যাত্ৰা কৰি কেন্যা আৰু উগাণ্ডালৈ গ'ল। নাইৰ'বিত তেওঁ নিজৰ ব্যক্তিগত উদ্দেশ্যৰ কথা ক'লে: পিছৰ কেইবছৰ ১৯৬৮ত তেওঁ মুম্বাইত ধৰ্মক্ষেত্ৰ (ধৰ্মক্সেত্ৰ) বা সত্যম মন্দিৰ (চত্যম মন্দিৰ) প্ৰতিষ্ঠা কৰিলে। ১৯৭৩ত তেওঁ হাইদৰাবাদত শিৱম মন্দিৰ (চিৱম মন্দিৰ) স্থাপন কৰিলে। ১৯ জানুৱাৰী ১৯৮১ত তেওঁ চেন্নাইত সুন্দৰম মন্দিৰৰ (চুন্দৰম মন্দিৰৰ) শুভাৰম্ভ কৰিলে। ১৯৯৩ৰ এটি ঘটনাত, চাৰিজন দুৰ্বৃত্ত চাকুৰ সৈতে তেওঁৰ কোঠাত সোমাল, হত্যাৰ উদ্দেশ্যেৰে অথবা তেওঁৰ ভক্তৰ মাজত ক্ষমতাৰ যুদ্ধৰ বাবে। পিছে সাই বাবাৰ কোনো ক্ষতি নহ'ল। ঘটনাটোত দুৰ্বৃত্তকেইটা, আৰু সাই বাবাৰ দুজন সেৱকৰ মৃত্যু হ'ল। পুলিচৰ অনুসন্ধানত বহু কথা নিৰুত্তৰ হৈ ৰ'ল। মাৰ্চ ১৯৯৫ত সাই বাবাই অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ শুকান ৰায়লচীমা অঞ্চলৰ ১২ লাখ লোকক পানী যোগান ধৰাৰ প্ৰকল্প হাতত ল'লে। ১৯৯৯ৰ এপ্ৰিলত তেওঁ তামিল নাডুৰ মদুৰাইত আনন্দ নিলয়ম মন্দিৰ স্থাপন কৰিলে। বৃদ্ধাৱস্থা আৰু ৰোগ ২০০৩ত সত্য সাই বাবাৰ কঁকালত ফ্ৰেক্সাৰ হ'ল, যেতিয়া এখন লোহাৰ ষ্টুলত ঠিয় হৈ থকা ল'ৰা আৰু ষ্টুলখন তেওঁৰ ওপৰত পৰিল। তাৰ পিছৰ পৰা তেওঁ গাড়ী বা চকীৰ পৰাই দৰ্শন দিবলৈ ল'লে। ২০০৪ৰ পিছৰ পৰা তেওঁ চকাযুক্ত চকী ব্যৱহাৰ কৰিবলৈ ল'লে আৰু মানুহৰ আগত কমকৈ ওলাবলৈ ল'লে। মৃত্যু ২৮ মাৰ্চ ২০১১ত তেওঁক শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে শ্ৰী সত্য সাই চুপাৰ স্পেচিয়েলিটি চিকিৎচালয়লৈ লৈ যোৱা হ'ল। প্ৰায় এমাহমান চিকিৎসালয়ত থকাৰ পিছত, য'ত তেওঁৰ স্বাস্থ্য দিনক-দিনে বেয়া হৈ গ'ল, দেওবাৰ, ২৪ এপ্ৰিলৰ ৭:৪০ (ভাৰতীয় মান সময়)ত তেওঁ ইহলীলা সম্বৰণ কৰিলে। সাই বাবাই ভবিষ্যতবাণী কৰিছিলে যে তেওঁ ৯৬ বছৰৰ বয়সত শৰীৰ ত্যাগ কৰিব আৰু তেতিয়ালৈকে সুস্থ হৈ থাকিব। তেওঁৰ মৃত্যুৰ পিছত, কিছুসংখ্যক ভক্তই ক'লে যে সম্ভৱতঃ তেওঁ চান্দ্ৰ পঞ্জিকাৰ কথাহে কৈছিল, যাক তেলুগু হিন্দুসকলে ব্যৱহাৰ কৰে, আৰু সৌৰ পঞ্জিকাৰ বিষয়ে কোৱা নাছিল, আৰু বয়স নিৰ্ণয়ৰ ভাৰতীয় বিধিৰ ব্যৱহাৰ কৰিছিল, যিয়ে আহিবলগীয়া বছৰটো ব্যক্তিৰ জীৱনৰ অংশ বুলি ধৰে। অন্য ভক্তসকলে তেওঁৰ পুনৰ্জীৱিত হোৱা, পুনৰ্জন্ম গ্ৰহণ কৰা আৰু জাগ্ৰত থকাৰ কথা ক'লে। ২৯ মাৰ্চ ২০১১ত সত্য সাই বাবাক ৱাটকিন্স হাণ্ড্ৰেড স্পিৰিচুৱেল পাৱাৰ লিষ্টত (ৱাটকিনৰ ১০০ আধ্যাত্মিক শক্তিৰ তালিকাত) অন্তৰ্ভুক্ত কৰা হ'ল। শেষ কৃত্য তেওঁৰ শৰীৰক দুদিনৰ বাবে ৰাখি থোৱা হ'ল আৰু ২৭ এপ্ৰিল ২০১১ চনত তেওঁক সম্পূৰ্ণ ৰাজ্যিক সন্মানৰ সৈতে কবৰ দিয়া হ'ল। অনুষ্ঠানটোত প্ৰায় ৫ লাখ মানুহৰ সমাগম ঘটিছিল, আৰু অন্য গণ্য মান্য ব্যক্তিৰ লগতে ভাৰতৰ তেতিয়াৰ প্ৰধান মন্ত্ৰী মনমোহন সিং, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী, গুজৰাটৰ তেতিয়াৰ মুখ্য মন্ত্ৰী নৰেন্দ্ৰ মোডী, ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰ, তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী এচ এম কৃষ্ণা আৰু অম্বিকা চনী আদি আহিছিল। সত্য সাই বাবাৰ মৃত্যুৱে ভাৰতীয় ৰাজনীতিবিদ, চলচ্চিত্ৰ তাৰকা, খেলুৱৈ, ঔদ্যোগী আদিৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিলে। বহুতে তেওঁক এজন অতি দয়ালু, নিঃস্বাৰ্থ ব্যক্তি হিচাপে স্মৰণ কৰিলে যিয়ে সদায় আনক সহায় কৰিবলৈ কাম কৰিলে, নিজৰ ট্ৰাষ্টৰ হাজাৰ হাজাৰ কোটি টকাৰে। তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰা ৰাজনীতিবিদ সকলৰ মাজত তেতিয়াৰ ভাৰতীয় প্ৰধান মন্ত্ৰী মনমোহন সিং, শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি মহিন্দা ৰাজপক্স আৰু চতুৰ্দশ দালাই লামা অন্যতম। সেই দিনাই জন্ম দিন থকা বিখ্যাত ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰে নিজৰ জন্মদিনৰ সকলো আয়োজন বাতিল কৰিলে। বাতৰি কাকত দা হিন্দুত প্ৰকাশ হৈছিল যে "সত্য সাই বাবাৰ আধ্যাত্মিকতা আৰু হিন্দু বিশ্বাসৰ প্ৰচাৰে তেওঁৰ ধৰ্ম-নিৰপেক্ষতাৰ বিশ্বাসত কেতিয়াও বাধা প্ৰদান নকৰিলে। কৰ্ণাটক চৰকাৰে ২৫ আৰু ২৬ এপ্ৰিলৰ দিনকেইটা আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰে ২৫, ২৬ আৰু ২৭ এপ্ৰিলৰ দিনকেইটাক শোক প্ৰকাশৰ দিন হিচাপে ঘোষণা কৰিলে। বাসস্থল মুকলি ১৭ জুন ২০১১ত, দান বৰঙনিৰে চলা ন্যাস হিচাপে আৰম্ভ হোৱা আৰু আইনীভাৱে ধৰ্মনিৰপেক্ষ শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ দুজন বিষয়-ববীয়াই সত্য সাই বাবাৰ ব্যক্তিগত বাসভৱন, চৰকাৰ, বেংক আৰু কৰ বিভাগৰ বিষয়-ববীয়া, উচ্চতম ন্যায়ালয়ৰ বিচাৰক এ পি মিশ্ৰা আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত বিচাৰক ৱেইদ্যনাথ, আই কৰ বিভাগৰ ফালৰ পৰা এজন নিৰ্দ্ধাৰক, আৰু ভাৰতৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ পি এন ভগৱতিৰ উপস্থিতিত খোলিলে। সাই বাবাৰ মৃত্যুৰ পিছতেই চীল কৰা বাসভৱনটোত ৯৮ কিলোগ্ৰাম সোণৰ অলংকাৰ যাৰ মূল্য প্ৰায় ২১ কোটি টকা, ৩০৭ কিলোগ্ৰাম ৰূপৰ অলংকাৰ যাৰ মূল্য প্ৰায় ১.৬ কোটি টকা, আৰু ১১.৬ কোটি টকা নগদ পোৱা গ'ল। নগদ পোৱা ধন সাই ন্যাসৰ ষ্টেট বেংকৰ একাউণ্টট জমা কৰা হ'ল। সোণ আৰু অন্যান্য সামগ্ৰী বিশেষ সুৰক্ষিত স্থানত থৈ দিয়া হ'ল। জুলাইত জিলা প্ৰশাসনে অতিৰিক্ত ৭৭ লাখ টকা অন্য ৪টা কোঠাৰ মূল্যৱান বস্তুও লাভ কৰিলে। 7.8 য়জুৰ্মন্দিৰত দৈনন্দিন ভক্ত আৰু নিঃস্বাৰ্থ সেৱা কৰা সকলক দিয়া বিভিন্ন বস্তু যেনে হাজাৰ হাজাৰ পাতৰ শাৰী, ধোতি, চোলা, ৫০০জোৰ জোতা, পাৰ্ফ্যুম আৰু হেয়াৰ্স্প্ৰে'ৰ কেইবা দৰ্জন বটল, বৃহৎ পৰিমাণৰ সোণ আৰু ৰূপৰ "মংগল সূত্ৰম্", হীৰাৰ দৰে মূল্যৱান পাত্থৰ আদি পোৱা গ'ল। সাই বাবাই পিন্ধা ৭৫০জোৰ গেৰুৱা আৰু বগা কাপোৰো পোৱা গ'ল। জুলাই ২০১১ত তেনেদৰেই বেংগালুৰুৰ আশ্ৰমত ৬ কিলোগ্ৰাম সোণৰ মূদ্ৰা আৰু অলংকাৰ,, ২৪৫ কিলোগ্ৰাম ৰূপৰ সামগ্ৰী আৰু ৮০ লাখ টকা নগদ পোৱা গ'ল। এই সামগ্ৰীবোৰ বছৰ বছৰ ধৰি সাই বাবাৰ সমগ্ৰ বিশ্বৰ ভক্তই তেওঁক ধাৰ্মিক উপহাৰ হিচাপে দিয়া বুলি বিশ্বাস কৰা হয়। ইচ্ছা পত্ৰ মুকলি ২ ছেপ্টেম্বৰ ২০১২ত শ্ৰী সত্য সাই বাবাৰ ঘনিষ্ঠ সত্যজিৎ চাইলানে সাইবাবাৰ ২৩ মাৰ্চ ১৯৬৭ত পঞ্জীকৃত ইচ্ছাপত্ৰখন মুকলি কৰি কয় যে সাই বাবা ন্যাসৰ সম্পত্তিৰ ওপৰত তেওঁৰ পৰিয়ালৰ কোনো অধিকাৰ নাই। পত্ৰখনত লিখা হৈছিল: সত্যজিৎ চাইলানে প্ৰকৃত পত্ৰখনৰ একমাত্ৰ জীৱিত সাক্ষী ইন্দুলাল চাৰ কিছু প্ৰ-পত্ৰও লগ লগালে। সত্যজিৎ চাইলানে কোৱাৰ মতে সাই বাবাৰ নিৰ্দেশ মৰ্মে তেওঁ ১৯৯৮ৰ পৰা পত্ৰখনৰ দায়িত্বত আছে। শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ বিষয়-ববীয়াই কয় যে তেওঁলোকে এই ইচ্ছাপত্ৰৰ প্ৰতি সন্মান জনাব। কৰ্মৰাজীৰ গ্ৰন্থসূচী "ৱাহিনী" (বাহিনী) সত্য সাই বাবাৰ দ্বাৰা লিখিত গ্ৰন্থৰ এটি ক্ৰম। সত্য সাই সংস্থা সত্য সাই সংস্থা বা শ্ৰী সত্য সাই সেৱা সংস্থা সাই বাবাই ১৯৬০ৰ দশকত স্থাপন কৰিছিল। ভাৰতত প্ৰথম সাই কেন্দ্ৰকেইটা "শ্ৰী সত্য সাই সেৱা সমিতি"ৰ নামেৰে খোলা হৈছিল। সত্য সাই সংস্থা "সদস্যসকলে সেৱা কাৰ্যৰে আধ্যাত্মিক প্ৰগতি লাভ কৰাৰ বাবে" খোলা হৈছিল। সত্য সাই সংস্থাই মাহিলী সনাতন সাৰথি নামৰ এখন আনুষ্ঠানিক আলোচনী প্ৰকাশ কৰে। সত্য সাই বাবাই কৈছিল যে সত্য সাই সংস্থাৰ মূল উদ্দেশ্য "মনুষ্যক নিজৰ ভিতৰত অন্তৰ্নিহিত দিব্যতাৰ পৰিচয় কৰোৱা। সেয়ে, আপুনাৰ দায়িত্ব সেই এজনত জোৰ দিয়া, আপুনি কৰা বা কোৱা সকলোতে সেই এজনক অনুভৱ কৰা। ধৰ্ম বা খেল বা স্তৰ বা ৰঙৰ প্ৰভেদক গুৰুত্ব নিদিবা। এক-ভাৱক তোমাৰ সকলো কামক আকুল কৰিবলৈ দিয়া। তেনে কৰা সকলৰহে এই সংস্থাত ঠাই আছে, বাকী সকলে প্ৰত্যাহাৰ কৰক। সত্য সাই সংস্থাৰ মতে ১১৪খন দেশত প্ৰায় ১২০০টা সত্য সাই বাবা কেন্দ্ৰ আছে। পিছে সাই বাবাৰ ভক্তৰ সংখ্যা জনোটো কঠিন। ধাৰণাটো ৬০ লাখৰ পৰা ১০ কোটিলৈকে। ভাৰততে, সাই বাবাৰ প্ৰায়বোৰ ভক্ত উচ্চ মধ্যবৃত্তআৰু চহৰত থাকে, "প্ৰায় ধন, শিক্ষা আৰু পশ্চিমীয়া চিন্তা ধাৰাৰ সৈতে পৰিচিত"। ২০০২ চনত তেওঁ ১৭৮খন দেশত ভক্ত থকাৰ কথা দাবী কৰিলে। সত্য সাই বাবাই বৃহৎ সংখ্যাত বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, আৰু অন্য তেনে বিনামূলীয়া প্ৰতিষ্ঠান ভাৰতত আৰু বিদেশত স্থাপন কৰিলে, যাৰ খৰচ সাধাৰণতে প্ৰায় ১০ হাজাৰ কোটি টকা বুলি ধৰা হয়। পিছে, ১.৪ লাখ কোটি টকা বুলিও অনেকে কয়। সাই বাবাৰ মৃত্যুৰ পিছত, সংস্থাটোৰ খৰচ কেনেদৰে চলোৱা যাব, তাৰ ওপৰত প্ৰশ্ন উঠিল, ই অন্যায়ৰ ধাৰণাও সৃষ্টি কৰিলে, নগদ ধন বা সোণ থকা বাকচ লোকোৱাৰ অভিযোগ উঠিল। প্ৰতিষ্ঠান, প্ৰকল্প আৰু অন্য কাম শৈক্ষিক প্ৰতিষ্ঠান সত্য সাই বাবাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহে অন্যান্য শৈক্ষিক দিশত পাৰদৰ্শিতা সৃষ্টি কৰাৰ লগতে চৰিত্ৰ শিক্ষা, মানৱীয় মূল্য আৰু নৈতিকতাৰ দিশত গুৰুত্ব আৰোপ কৰে। শ্ৰী সত্য সাই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ১৯৮১ত প্ৰতিষ্ঠিত, কেইবছৰমানৰ বাবে শ্ৰী সত্য সাই বিশ্ববিদ্যালয় নামেৰে জনাজাত, য'ৰ শ্ৰী সত্য সাই বাবা আচাৰ্য আছিল, শ্ৰী সত্য সাই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ চাৰিটা কেম্পাচ আছে, এটা পুত্তপৰ্থিত পুৰুষৰ বাবে, এটা বেংগালুৰুৰ হুৱাইটফিল্ডত পুৰুষৰ বাবে, এটা অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰত মহিলাৰ বাবে, আৰু এটা মুদ্দেনাহাল্লিত পুৰুষৰ বাবে। শ্ৰী সত্য সাই উচ্চতৰ মাধ্যমিক বিদ্যালয় শ্ৰী সত্য সাই উচ্চতৰ মাধ্যমিক বিদ্যালয় ভগৱান শ্ৰী সত্য সাই বাবাই ১৫ জুন ১৯৮১ত পুত্তপৰ্থিৰ প্ৰশান্তি নিলয়মত 'শ্ৰী সত্য সাই ৱিদ্যা গিৰি' কম্প্লেক্সত আৰম্ভ কৰিছিল। ই এক আৱাসিক বিদ্যালয়, য'ত ল'ৰা আৰু ছোৱালীৰ বাবে পৃথক হোষ্টেল আছে। বিদ্যালয়খনে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ফলক, নতুন দিল্লিৰ অধীনত প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান আগবঢ়াই। ২০১৪ত এই বিদ্যালয়ক ভাৰতৰ শীৰ্ষ ১০খন কেন্দীয় মাধ্যমিক শিক্ষা ফলক অধীনস্ত বিদ্যালয়ৰ মাজত গণা হৈছিল। অন্যান্য সত্য সাই বাবাই মুদ্দেনাহাল্লি আৰু কানিভেনাৰায়ণাপুৰ অঞ্চলত মুদ্দেনাহাল্লি-সত্য সাই লোক সেৱা বিদ্যালয় আৰু শ্ৰী সত্য সাই লোক সেৱা ন্যাস শৈক্ষিক প্ৰতিষ্ঠান চলাইছিল। তেওঁ মদিয়ল নাৰায়ণ ভটৰ পৰা শ্ৰী সত্য সাই লোক সেৱা প্ৰতিষ্ঠানৰ দৰে প্ৰতিষ্ঠানো ল'লে। বৰ্তমান ইয়াৰ শীৰ্ষ স্থানত গংগাধৰ ভট আছে। তদুপৰি এখন সত্য সাই বাবা বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য ২০০ একৰ (০.৮১ কি-মি২) মাটিত চলি আছে। বাবাই কৈছিল যে কেম্পাচটো পুত্তপৰ্থিৰ আধাৰত নিৰ্মাণ কৰা হ'ব আৰু শৈক্ষিকৰ সৈতে আধ্যাত্মিক জ্ঞানো প্ৰদান কৰিব। চিকিৎসালয় আৰু স্বাস্থ্য সেৱা শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসে কেইবাখনো সাধাৰণ চিকিৎসালয়, দুখন বিশেষ চিকিৎসালয়, চকু চিকিৎসালয় আৰু ভ্ৰাম্যমাণ দিস্পেন্সেৰী চলাই, লগতে গাঁৱলীয়া অঞ্চল আদিত স্বাস্থ্য শিবিৰ চলাই আহিছে। শ্ৰী সত্য সাই সাধাৰণ চিকিৎসালয়, হুৱাইটফিল্ড শ্ৰী সত্য সাই সাধাৰণ চিকিৎসালয় হুৱাইটফিল্ড, বেংগালুৰুত অবস্থিত, যাক ১৯৭৭ত প্ৰতিষ্ঠা কৰা হৈছিল আৰু যিয়ে বিনামূলীয়াকৈ জটিল চাৰ্জাৰি, খাদ্য আৰু দৰৱ প্ৰদান কৰে। চিকিৎসালয়খনে ২০ লক্ষাধিক মানুহক সেৱা আগ বঢ়াইছে। সত্য সাই উচ্চতৰ চিকিৎসাবিজ্ঞান প্ৰতিষ্ঠান, পুত্তপৰ্থি শ্ৰী সত্য সাই উচ্চতৰ চিকিৎসাবিজ্ঞান প্ৰতিষ্ঠান এটি ৩০০ বিছনাযুক্ত সুবিধা যিয়ে বিনামূলীয়া চাৰ্জাৰি-সম্বন্ধীয় আৰু চিকিৎসা সেৱা আগবঢ়াই আৰু যাক ২২ নৱেম্বৰ ১৯৯১ত প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে উদ্বোধন কৰিছিল। চিকিৎসালয়খনত ১১টা চাৰ্জিকেল থিয়েটাৰ, ৫টা বিশেষ সেৱা একক, দুটা কাৰ্ডিয়েক কাঠাটাৰাইজেচন পৰীক্ষাগাৰ, চিকিৎসা সম্বন্ধিত আৰু চাৰ্জিকেল ৱাৰ্ড, আৰু এটা ২৪-ঘণ্টীয়া এমাৰ্জেঞ্চী একক আছিল। "কাৰ্ডিঅ'লজি, কাৰ্ডিঅ' ঠৰাকিক, ভাস্কুলাৰ চাৰ্জাৰি, য়ুৰ'লজি, অফ্থেল্ম'লজি আদি বিষয়ত শীৰ্ষস্থানীয় চিকিৎসক সমগ্ৰ পৃথিৱীৰ পৰা নিজ ইচ্ছাৰে আহে আৰু বিনামূলীয়া সেৱা আগবঢ়়াই আহিছে"। চিকিৎসালয়খনৰ নিজৰ এক বেলেগ ইতিহাস আছে। ২৩ নৱেম্বৰ ১৯৯০ত, বাবাৰ জন্মদিনত, দৰিদ্ৰজনে চিকিৎসা সেৱা লাভ নকৰাক লৈ ভাষণ দি থাকোঁতে বাবাই ক'লে যে এবছৰৰ ভিতৰত পুত্তপৰ্থি গাঁৱত এখন নতুন চিকিৎসালয় আহিব যিয়ে সকলো ৰোগীলৈ বিনামূলীয়া চিকিৎসা আগবঢ়াব। চিকিৎসালয়খন অভিলেখ গঢ়ি এবছৰত নিৰ্মাণ কৰা হ'ল আৰু প্ৰথম কাৰ্ডিঅ'ঠৰাটিক অপাৰেচন সুকলমে সম্পন্ন হ'ল। শ্ৰী সত্য সাই উচ্চতৰ চিকিৎসা বিজ্ঞান প্ৰথিষ্ঠা, হুৱাইটফিল্ড প্ৰথম চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ নিৰ্মাণৰ পিছত কৰ্ণাটক চৰকাৰে সাই বাবাক আন এখন চিকিৎসালয় বনাবলৈ ৫৩ একৰ মাটি দিলে, হুৱাইটফিল্ডত। এই চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়খনত ৩৩৩খন বিছনা আছে। চিকিৎসালয়খন ১৯ জানুৱাৰী ২০০১ত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে উদ্বোধন কৰিছিল। এই চিকিৎসালয়ৰ নিৰ্মাণত প্ৰায় ২০০ কোটি টকা ব্যয় কৰা হ'ল। 250,000 খোৱা পানী যোগান প্ৰকল্প অনন্তপুৰ নৱেম্বৰ ১৯৯৫ত সত্য সাই বাবাই ৰায়ালচীমাত খোৱা পানীৰ অভাৱৰ বাবে তেওঁৰ দুখ হোৱাৰ কথা প্ৰকাশ কৰিলে। মাৰ্চ ১৯৯৫ত শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসে অনন্তপুৰৰ সকলো গাঁৱত পানী যোগান ধৰাৰ কথা আলোচনা কৰিলে। ১৯৯৬ত কাম সম্পূৰ্ণ হ'ল, শুকান অনন্তপুৰ অঞ্চলৰ ৭৫০খন গাঁৱৰ ১২ লাখ মানুহক পানী যোগান ধৰা হ'ল। চেন্নাই ২০০৪ত কাম সম্পন্ন হোৱা চেন্নাই খোৱা পানী প্ৰকল্পই চেন্নাইত পুনৰ্নিৰ্মিত জলমাৰ্গ "সত্য সাই গংগা কেনেল"ৰ দ্বাৰা চেন্নাইত পানী যোগান ধৰে। তামিল নাডুৰ মুখ্য মন্ত্ৰী এম কৰুণানিধিয়ে প্ৰকল্পটো আৰু সাই বাবাৰ কামৰ খুব প্ৰশংসা কৰিলে। অন্য তেনে প্ৰকল্প হ'ল ৪৫০০০০জন লোকক ১৭৯ গাঁৱত উপকাৰ কৰা মেডাক প্ৰকল্প, ১৪১ গাঁৱত ৩৫০০০০জন লোকক উপকাৰ কৰা মহবুবনগৰ জিলা প্ৰকল্প আদি। জানুৱাৰী ২০০৭ত ন্যাসে মহাৰাষ্ট্ৰৰ লাতুৰত মানুহক পানী যোগান ধৰাৰ কথাও কয়। উৰিষ্যা ২০০৮ চনত উৰিষ্যাৰ ২০ লাখ মানুহ বানাক্ৰান্ত হ'ল। তাৰ বাবে, ১৬ গাঁৱত প্ৰাথমিক পৰ্যায়ৰ কামৰ অন্তৰ্গত কৰি, ৬৯৯টা ঘৰ নিৰ্মাণ কৰা হ'ল শ্ৰী সত্য সাই সেৱা সংস্থাৰ দ্বাৰা, মাৰ্চ ২০০৯ চনত। এজুকেয়াৰ সত্য সাই বাবাৰ এজুকেয়াৰ প্ৰকল্পৰ উদ্দেশ্য সমগ্ৰ বিশ্বতেই বিদ্যালয় স্থাপন কৰা আৰু ছাত্ৰ-ছাত্ৰীক অন্ততঃ ৫টা মানৱীয় মূল্যৰ জ্ঞান দিয়া। সাই এজুকেয়াৰ চাইটৰ মতে, অষ্ট্ৰেলিয়া, মেক্সিক', যুক্তৰাজ্য, পেৰু আদি ৩৩খন দেশত বিদ্যালয় খোলা হৈছে। টাইমছ অৱ যাম্বিয়াৰ মতে-- "যাম্বিয়াৰ শিক্ষা ব্যৱস্থাত সত্য সাই বাবাৰ কামৰ বিশেষ ইতিবাচক প্ৰভাৱ আছে। মানৱীয়মূল্যৰ ওপৰত আধাৰিত শিক্ষা, যি সাই বাবাৰ শৈক্ষিক আদৰ্শৰ ফল, যাম্বিয়াৰ শিক্ষাবিদসকলৰ বাবে চকু খুলি দিয়া বস্তু" কানাডাত, কানাডাৰ স্বাধীন অনুসন্ধান আৰু শৈক্ষিক সংস্থা ফ্ৰেচাৰ ইন্সটিটিউটে সত্য সাই বিদ্যালয়ক অণ্টাৰিঅ'ৰ শীৰ্ষ ৩৭খন বিদ্যালয়ৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে। আধ্যাত্মিক সংবাদ মাধ্যম ২৩ নৱেম্বৰ ২০০১ত, অংকীয় অনাতাৰ জালকৰ্ম 'সাই গ্ল'বেল হাৰ্মনি'ক ৱৰ্ল্ড স্পেচ অৰ্গেনাইজেচন বা বিশ্ব মহাকাশ সংস্থা, আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ মাধ্যমেৰে আৰম্ভ কৰা হৈছিল। মাইকেল অলেইনিকফ ন’বেলে (আলফ্ৰেড ন'বেলৰ দূৰৰ সম্পৰ্কীয় আৰু অনাতাৰ জালকৰ্মটোৰ বাবে অন্যতম ধন-প্ৰদাতা) ক'লে যে অনাতাৰ জালকৰ্মটোৱে সাইবাবাৰ বিশ্ব সম্প্ৰীতিৰ বাৰ্তাটো বিয়পোৱাত সহায় কৰিব। স্বীকৃতি ২৩ নৱেম্বৰ ১৯৯৯ত ভাৰত চৰকাৰৰ ডাক বিভাগে সাই বাবাই গাঁৱত পানী যোগানৰ বাবে কৰা কামক স্বীকৃতি দিবলৈ এটি প'ষ্টেল ষ্টাম্প বা ডাক মোহৰ মুকলি কৰিলে। জানুৱাৰী ২০০৭ত চেন্নাইবাসীয়ে চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এটা অনুষ্ঠানৰ আয়োজন কৰিলে, সাই বাবাই অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা নদীৰ পানী চেন্নাইত যোগান ধৰাৰ বাবে ধন্যবাদ স্বৰূপে। চাৰিজন মুখ্য মন্ত্ৰী অনুষ্ঠানটোত উপস্থিত আছিল। সেই সময়ৰ ভাৰতৰ প্ৰধান মন্ত্ৰী মনমোহন সিঙে ক'লে যে সাই বাবা এজন লোক যিয়ে "দহো লক্ষ লোকক এটা নৈতিক আৰু অৰ্থপূৰ্ণ জীৱন যাপন কৰিবলৈ প্ৰেৰণা যোগালে" ভাৰতীয় ডাক বিভাগে সাই বাবাক স্মৰণ কৰিবলৈ আধ্যাত্মিক গুৰুজনৰ ৮৮তম জন্মদিনত, নৱেম্বৰ ২০১৩ত এটি ষ্টাম্প মুকলি কৰিলে। আশ্ৰম আৰু মন্দিৰ প্ৰশান্তি নিলয়ম পুত্তপৰ্থি, য'ত সত্য সাই বাবাৰ জন্ম হৈছিল অন্ধ্ৰপ্ৰদেশৰ এখন সৰু, ভিতৰুৱা গাওঁ আছিল। এতিয়া সেই 'গাঁৱত' এটা বৃহৎ বিশ্ববিদ্যালয় কম্প্লেক্স, এক বিশেষ চিকিৎসালয়, দুটা সংগ্ৰহালয়: "সনাতন সংস্কৃতি" (সৰ্ব ধৰ্ম সংগ্ৰহালয় বুলিও জনা যায়) আৰু "চৈতন্য জ্যোতি" যি সত্য সাই বাবাৰ জীৱন আৰু শিক্ষাৰ ওপৰতেই আধাৰিত (পিছৰটোৱে নিজৰ স্থাপত্যৰ বাবে কেইবাটাও আন্তৰ্জাতিক পুৰস্কাৰ পাইছে) আছে। তাত এটি প্লেনেটেৰিয়াম, এটা ৰে'লৱে ষ্টেচন, এটা হিল-ভিউ ষ্টেডিয়াম, এটা প্ৰশাসনিক ভৱন, ইণ্ড'ৰ স্পৰ্টছ ষ্টেডিয়াম আদিও আছে।উচ্চ পৰ্যায়ৰ ভাৰতীয় ৰাজনীতিবিদ যেনে পূৰ্বৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম, পূৰ্বৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী, অন্ধ্ৰপ্ৰদেশৰ পূৰ্বৰ মুখ্য মন্ত্ৰী কনিজেটি ৰচাইয়াহ, কৰ্ণাটকৰ মুখ্য মন্ত্ৰী বি-এচ য়েদ্যুৰাপ্পা আদিও পুত্তপৰ্থিৰ আশ্ৰমৰ আনুষ্ঠানিক অতিথি আছিল। দহ লাখতকৈও অধিক লোকে সত্য সাই বাবাৰ ৮০ নং জন্মদিন উপভোগ কৰিছিলে, তাৰে ভিতৰত ভাৰত আৰু ১৮০খন অন্য দেশৰ ১৩০০০ বিশেষ লোক আছিলে। সত্য সাই বাবা প্ৰায় নিজৰ মুখ্য আশ্ৰম পত্তিপুৰ্থিৰ প্ৰশান্তি নিলয়মত থাকিছিল। গ্ৰীষ্মত তেওঁ বেংগালুৰুৰ হুৱাইটফিল্ডৰ কাডুগ'ডিৰ আশ্ৰম 'বৃন্দাবন'ত (বৃন্দাৱনত) থাকিছিল। মাজে সময়ে তেওঁ কডাইকানালৰ 'সাই শ্ৰুতি আশ্ৰম'লৈও গৈছিল। সত্যম, শিৱম, সুন্দৰম সত্য সাই বাবাই তিনিটা মন্দিৰ স্থাপন কৰিছিল। প্ৰথমটো হ'ল মুম্বাইৰ "ধৰ্মক্ষেত্ৰ" ৱা "সত্যম" (১৯৬৮), দ্বিতীয়টো হাইদৰাবাদৰ "শিৱম" (১৯৭৩), আৰু তৃতীয়টো চেন্নাইৰ "সুন্দৰম" (১৯৮১)। ভক্তৰ বিশ্বাস আৰু ৰীতি-নীতি কোনো কোনোৱে সত্য সাই বাবা আন্দোলনটো হিন্দু আন্দোলন বুলি কয়। কিন্তু ২০০৬ চনত চিকাগ' বিশ্ববিদ্যালয়ৰ এন্থ্ৰপলজীৰ অধ্যাপকজন ডি কেলীয়ে ফিজিৰ হিন্দু অভিজানৰ বিষয়ে লিখা এটি লেখত লিখে যে সত্য সাই সংস্থাই নিজকে "হিন্দু" বুলি ক'ব নিবিচাৰে। কেলীৰ মতে, তেওঁলোকে নিজৰ প্ৰতিষ্ঠাপকক জীৱিত ধৰ্মীয় সমন্বয়ৰ ৰূপত চাই আৰু নিজকে আন্তৰ্ধৰ্মীয় আন্দোলন বুলি ক'ব খোজে। আন্তৰ্জাতিকভাৱে, সত্য সাই বাবাৰ ভক্তসকল দৈনিক, নহ'লে সপ্তাহত এবাৰ, বৃহস্পতিবাৰ বা দেওবাৰে লগ হয় আৰু ভজন, প্ৰাৰ্থনা আদি গাই, আধ্যাত্মিক ধ্যান, সেৱা আদি কৰে আৰু মানৱীয়মূল্যৰ শিক্ষাত অংশ গ্ৰহণ কৰে, যাক বাল বিকাশ বোলা হয়। গুণমুগ্ধ সকলে সাই বাবাৰ দৰ্শন কৰি আধ্যাত্মিক লাভ গ্ৰহণ কৰাত বিশ্বাস কৰিছিল, প্ৰতিদিনে ৰাতিপুৱা আৰু দুপৰীয়া। সাই বাবাই মানুহৰ লগত কথা পাতিছিল, চিঠি লৈছিল, বিভূতি প্ৰকট কৰি বিলাইছিল বা দল অথবা কোনো ব্যক্তিক আধ্যাত্মিক উত্তৰ বিচাৰি আৰু সাধাৰণ পথপ্ৰদৰ্শনৰ বাবে সাক্ষাৎকাৰৰ বাবে মাতিছিল। সমালোচনা সাই বাবাৰ সমালোচকে তেওঁৰ ওপৰত হাতৰ চাফাই, যৌন নিৰ্যাতন, কালা ধন ৰখা, সেৱা প্ৰকল্পত গাফিলতি কৰা আৰু হত্যা আদিৰ অভিযোগ আনিছে। ১৯৭২ চনত আব্ৰাহম কাভুৰে প্ৰথমবাৰৰ বাবে সত্য সাই বাবাক মুকলৈভাৱে সমালোচনা কৰিলে, যেতিয়া তেওঁ এজন ভক্তই মুকলিকে কৰা দাবী এটা চালে যে সত্য সাই বাবাই চেইক' ঘড়ীৰ এটা নতুন মডেলৰ সৃষ্টি কৰিলে, আৰু দাবীটো মিছা পালে। এপ্ৰিল ১৯৭৬ত, হচুৰ নৰসিংহাইয়াহ, এজন চিকিৎসক, যুক্তিবাদী আৰু তেতিয়া বাংগাল'ৰ বিশ্ববিদ্যালয়ৰ উপ-আচাৰ্যই "যুক্তিপূৰ্বক আৰু বৈজ্ঞানিকভাৱে চমৎকাৰ আৰু অন্য সত্যা-সত্য প্ৰমাণ কৰিব পৰা অন্ধবিশ্বাসৰ অনুসন্ধান কৰিবলৈ" এখন সমিতি প্ৰতিষ্ঠা আৰু সমিতিখনৰ অধ্যাক্ষতা কৰিলে। নৰসিংহাইয়াহে সত্য সাই বাবালৈ তিনিখন অতিকৈ প্ৰচাৰিত চিঠি প্ৰেৰণ কৰিলে আৰু বাবাক তেওঁৰ চমৎকাৰ নিয়ন্ত্ৰিত চৰ্তত কৰিবলৈ প্ৰত্যাহ্বান জনালে। চিঠিকেইখনক গুৰুত্ব দিয়া নহ'ল। সত্য সাই বাবাই ক'লে যে তেওঁ এই কাৰণে চিঠিকেইখনৰ প্ৰতি সঁহাৰি নজনালে যে "বিজ্ঞানে নিজৰ প্ৰশ্ন কেৱল মানৱ চেতনালৈকেহে সীমিত ৰাখিব লাগে আৰু আধ্যাত্মিকতা চেতনাৰ বাহিৰত। যদি আপুনি আধ্যাত্মিকতাৰ প্ৰকৃতি বুজিব বিচাৰে, সেয়া কেৱল আধ্যাত্মিকতাৰ মাধ্যমেৰেহে সম্ভৱ আৰু বিজ্ঞানৰ মাধ্যমেৰে নহয়। বিজ্ঞানে যি জানিব পাৰিছে সেয়া কেৱল সৃষ্টি সংক্ৰান্তৰ এটা সৰু অংশহে...." নৰসিংহাইয়াহৰ সমিতিখন আগষ্ট ১৯৭৭ চনত ভংগ কৰা হ'ল। এৰ্লেণ্ডুৰ হেৰাল্ডচনৰ মতে সমিতিৰ আনুষ্ঠানিক প্ৰত্যাহ্বান সমিতিৰ নেতিবাচক মনোভাব আৰু সমিতিৰ চাৰিওফালে থকা এক ধূম ধামৰ বাবে অন্ত পৰিল। নৰসিংহাইয়াহে ইয়াকে সত্য মানিলে যে সাই বাবাই তেওঁৰ চমৎকাৰ নকল হোৱাৰ বাবে তেওঁৰ চিঠিক গুৰুত্ব নিদিলে। এই ঘটনাৰ পিছত কেইবামাহ ধৰি ভাৰতীয় সংবাদ পত্ৰসমূহত তৰ্ক চলিল। ১৯৭৬ চনত সত্য সাই বাবাৰ বিৰুদ্ধে অভিযান চলোৱা ভাৰতীয় যুক্তিবিদ বাচাৱা প্ৰেমানন্দই সত্য সাই বাবাক মানুহে কোৱাৰ দৰে সোণৰ বস্তু প্ৰকট কৰি গ'ল্ড কণ্ট্ৰল এক্ট বা স্বৰ্ণ নিয়ন্ত্ৰণ আইন ভংগ কৰাৰ বাবে আইনী দণ্ড বিহাৰ অসফল চেষ্টা কৰিলে। যেতিয়া অভিযোগটো খাৰিজ কৰা হ'ল, প্ৰেমানন্দই অসফলভাৱে আপীল কৰিলে এই ভিত্তিত যে আধ্যাত্মিক শক্তি আইনে স্বীকাৰ কৰা সুৰক্ষা নহয়। ১৯৯৫ত ৰবাৰ্ট ইগলে যুক্ত ৰাজ্যৰ বাবে প্ৰযোজনা কৰা, লিখা আৰু পৰিচালনা কৰা দূৰদৰ্শনৰ তথ্যচিত্ৰ গুৰু বাষ্টাৰ্চত সত্য সাই বাবাই নকলভাৱে বস্তু প্ৰকট কৰাৰ অভিযোগ কৰিলে। চলচ্চিত্ৰখনৰ ক্লিপটো ডেক্কান ক্ৰনিকালত প্ৰথম পৃষ্ঠাত "ডি ডি টে'প আনভিল্স বাবা মেজিক" শিৰোনামেৰে ২৩ নৱেম্বৰ ১৯৯২ত প্ৰকাশ পালে। কিন্তু হেৰাল্ডচনে ক'লে যে, ডিডি ভিডিঅ'টো অনুসন্ধান কৰোঁতে, গৱেষকে নকল বস্তু প্ৰকটৰ কোনো তথ্য বিচাৰি নাপালে। হেৰাল্ডচনৰ মতে, ভিডিঅ'টো কৰ্পৰেট ঠগনৰ অনুসন্ধান কৰা এটা প্ৰতিষ্ঠানৰ ওচৰত লৈ যোৱা হৈছিল, যিয়ে হাতৰ চাফাইৰ কোনো নিশ্চিত প্ৰমাণ নাপালে। ১৯৯৮ত ব্ৰিটিছ সাংবাদিক মিক ব্ৰাউনে নিজৰ কিতাপ দা স্পিৰিচুৱেল টুৰিষ্টত এই মত পোষণ কৰিলে যে সত্য সাই বাবাই আমেৰিকী ভক্ত ৱাল্টাৰ কৱানক পুনৰ্জীৱিত কৰা কথাটো সচা নহ'ব পাৰে। তেওঁৰ মত ইণ্ডিয়ান স্কেপ্টিক আলোচনীত ডাক্টৰে লিখা চিঠিৰ ওপৰত আধাৰিত, যি বাচাৱা প্ৰেমানন্দৰ দ্বাৰা প্ৰকাশিত। ব্ৰাউনে একে গ্ৰন্থতেই সাই বাবাই বিভূতি প্ৰকট কৰা চিত্ৰ লণ্ডনৰ কিছু ঘৰত দেখাৰ কথা ক'লে আৰু ক'লে যে সেয়া ভুৱা নহয়। ব্ৰাউনে সাই বাবাৰ সৰ্বজ্ঞ হোৱাৰ দাবীক লৈ ক'লে যে "সংশয়বাদীয়ে তথ্য দেখুৱাইছে যে বাবাই পঢ়া ঐতিহাসিক ঘটনা আৰু বাইবেলত থকা ভবিষ্যদ্বাণী আৰু প্ৰতিষ্ঠিত তথ্যাৰ মাজত অমিল আছে। ভাংকুৱভাৰ চানত ২০০১ত প্ৰকাশ পাইছিলে যে বাবাই অনুগামীসকলক আন্তৰ্জাল ব্যৱহাৰ কৰিবলৈ মানা কৰিছিল এই বুলি কোৱাৰ পিছত যে "এই শিক্ষা (বেদ) অতিকৈ পবিত্ৰ। আজি মানুহে আন্তৰ্জাল আৰু দূৰদৰ্শনত দেখা সকলো কথা বিশ্বাস কৰি লয়, কিন্তু বৈদিক ঘোষণাবোৰত নিজৰ আস্থা দৃঢ় নাৰাখে। আন্তৰ্জাল এটি পেলনীয়া কাগজৰ মোনাৰ দৰে। 'অন্তৰ্জাল'ক বিশ্বাস কৰা, আন্তৰ্জালক নহয়। জানুৱাৰী ২০০২ত ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় দূৰদৰ্শন আৰু অনাতাৰ প্ৰসাৰ কোম্পানী ডেনিচ ৰেডিঅ'ই তথ্যচিত্ৰ চিড্যুস্ড বাই চাই বাবাত সাই বাবাৰ কিছু ভিডিঅ' দেখুৱাই কয় যে সাই বাবাৰ চমৎকাৰ হাতৰ চাফাই বুলি প্ৰমাণ কৰিব পৰা যাব। তথ্যচিত্ৰখনত আলায়া ৰাহ্মৰ সাক্ষাৎকাৰো দেখোৱা হ'ল, য'ত তেওঁ সত্য সাই বাবাৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ আনিলে। তাৰ ফল স্বৰূপে যুক্তৰাজ্যৰ সংসদত ব্ৰিটিছ সৰু ল'ৰাই সত্য সাই বাবাৰ আশ্ৰমলৈ গৈ অকলে লগ কৰাৰ বিপদৰ কথা আলোচনা হ'ল। ২০০৪ চনত বিবিচিয়ে "দা চিক্ৰেট স্বামি" (গুপ্ত স্বামী) নামৰ তথ্যচিত্ৰ প্ৰচাৰ কৰিলে, "দা ৱৰ্ল্ড আন্কভাৰ্ড" ক্ৰমৰ অংশ হিচাপে। বিবিচিৰ তথ্যচিত্ৰখনৰ এটি মুখ্য বিষয় আছিল আলায়া ৰাহ্মৰ যৌন নিৰ্যাতনৰ অভিযোগ। অনুষ্ঠানটোত তেওঁৰ লগত মাৰ্ক ৰ'কৰ সাক্ষাৎকাৰো লোৱা হৈছিল, যিয়ে ১৯৬৯ৰ পৰা নিজৰ জীৱনৰ ২৫ বছৰ আন্দোলনটোৰ লগত জড়িত থাকিলে অনুষ্ঠানটোত সত্য সাই বাবাৰ সমালোচক বাচাৱা প্ৰেমানন্দো উপস্থিত আছিল। তেওঁ কয় যে সত্য সাই বাবা "এজন ঠগেই নহয়, কিন্তু এজন বিপজ্জনক যৌন নিৰ্যাতক"। তেওঁৰ সাক্ষাৎকাৰৰ মতে, তেওঁৰ ওচৰত ৩০ বছৰ ধৰা কাহিনী আছে, আৰু তেওঁ কয় যে তেওঁৰ কাহিনীবোৰ একেধৰণৰ, গুপ্তাংগত তেল সনাৰ ঘটনা। এজন পূৰ্ব-ভক্তই কোৱা মতে সত্য সাই বাবাই "হাতত তেল সানিলে, মোক মোৰ পেণ্ট তললৈ কৰিবলৈ ক'লে আৰু মোৰ গুপ্তাংগত তেল সানিলে"। প্ৰেমানন্দৰ মতে বহু ভাৰতীয় ল'ৰা চিকাৰ হ'ল, কিন্তু প্ৰকাশ কৰিবলৈ ভয় কৰিলে। সমালোচনাৰ প্ৰত্যুত্তৰ সত্য সাই বাবা আৰু তেওঁৰ ভক্তসকলে তেনে অভিযোগ জোৰদাৰভাৱে নস্যাৎ কৰিলে, যি অভিযোগ কেতিয়াও প্ৰমাণিত নহ'ল। ভক্ত বিল আইৎকেনে "দা ৱীক"ত কৈছিলে যে সত্য সাই বাবাৰ সুনাম আৰু সন্মান তেওঁৰ বিষয়ে প্ৰকাশিত নেতিবাচক কাহিনীসমূহৰ দ্বাৰা প্ৰভাৱিত হোৱা নাই। তেওঁ ক'লে যে যে যিমান বেছি লোকে তেওঁৰ বিৰুদ্ধে ক'লে, সিমানেই অধিক ভক্ত তেওঁৰ কাষলৈ আহিল। ডেইলী টেলিগ্ৰাফত লিখা প্ৰবন্ধ "ডিভাইন ডাউনফল"ত সত্য সাই শৈক্ষিক প্ৰতিষ্ঠানৰ পূৰ্বৰ প্ৰধান শিক্ষক অনিল কুমাৰে ক'লে যে তেওঁ বিশ্বাস কৰে যে সমালোচনা সত্য সাই বাবাৰ ঈশ্বৰীয় আঁচনিৰ এটা অংশ আৰু প্ৰতিজন ধৰ্মীয় গুৰুৱেই জীৱনত সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে। অনিল কুমাৰে লগতে ক'লে যে সত্য সাই বাবাৰ ওপৰত সৰুৰে পৰা তেনে অভিযোগ অনা হৈছে, কিন্তু প্ৰতিটো অভিযোগৰ সৈতে তেওঁ অধিক কীৰ্তিমান হৈছে। লৰেঞ্চ এই নিজৰ গ্ৰন্থ "ৰিডেম্প্টিভ এন্কাউণ্টাৰ্চ: থ্ৰি মডাৰ্ণ ষ্টাইল্চ ইন দা হিন্দু ট্ৰেডিচন"ত লিখিছে, "তেওঁ যিয়েই হয়, তেওঁৰ সমালোচকে দাবী কৰাৰ দৰে সাধাৰণ পাৰ্লাৰ জাদুগৰতকৈ অধিক। সত্য সাই বাবাই সকলোৰে আগত, ২৫ ডিচেম্বৰ ২০০০ চনত অভিযোগৰ প্ৰত্যুত্তৰ দিলে: ২৬ ডিচেম্বৰ ২০০০ চনত দ্য টাইমচ অৱ ইণ্ডিয়াত সাই বাবাৰ বক্তব্য প্ৰকাশ পালে: ডিচেম্বৰ ২০০১ চনত তেতিয়াৰ ভাৰতীয় প্ৰধান মন্ত্ৰী আৰু সাই বাবাৰ ভক্ত অটল বিহাৰী বাজপেয়ী, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ পি এন ভগৱতী, ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চেয়াৰ পাৰ্চন আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ ৰংগনাথ মিশ্ৰা, আন্তৰ্সংসদীয় ইউনিয়নৰ সভাপতি আৰু বিশেষ মানৱ উন্ননয়ন এম্বেচাদৰ নাজমা হেপতুল্লা, ভাৰতীয় সাংসদ, পূৰ্বতে লোকসভাত আৰু কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ পাতিলে একেলগে তলৰ বাক্যকেইটাত স্বাক্ষৰ কৰিলে: উল্লেখনীয় অনুগামী ৰাজনীতি ৰচাৰিয়' মুৰিল' কে. জয়কুমাৰ কাৰু জয়সুৰীয়া এ. পি. জে. আব্দুল কালাম নিকলাচ মাডুৰ' শিৱৰাজ পাতিল মীৰা সন্যাল অতল বিহাৰী বাজপেয়ী নৰেন্দ্ৰ মোডী পি. ভি. নৰসিংহা ৰাও নিচেংকে ৱিজেয়েৰেত্নে খালেদা জিয়া এন. চন্দ্ৰনাবাবু নাইডু ক্ৰীড়া সুনীল গাভাস্কাৰ ভি ভি এচ লক্ষ্মণ শচীন তেণ্ডুলকাৰ মুৰলী কাৰ্তিক অৰ্জুন ৰণতুংগা সনথ জয়সুৰীয়া আল্বিন কালিচৰণ গুণ্ডপ্পা বিশ্বনাথ বিজ্ঞান চুৰি ভগৱন্তম সংগীত, চলচ্চিত্ৰ আৰু কলা আমজাদ আলি খান জৱান ব্ৰাইন এলিচ কল্ট্ৰেন অঞ্জলি দেৱী মায়নাৰ্স ফাৰ্গুচন কুনাল গাঞ্জাৱালা গায়ত্ৰী অয়্য়ৰ ডানা গিলেস্পি হৰিহৰণ অনুপ জাল'টা পণ্ডিত শিৱকুমাৰ শৰ্মা পি সুশীলা ঐশ্বৰ্য়া ৰায় সুধা ৰঘুনাথম জি. পি. ৰাজৰত্নম মেণ্ডলিন শ্ৰীনিৱাস এম. এচ. সুব্বুলক্ষ্মী পৰবীন সুল্তানা পংকজ উধাস অন্য উল্লেখনীয় অনুগামী ইন্দ্ৰ দেৱী কে. ভি. কমথ ৰুচ্চি কৰঞ্জীয়া নিৰ্মল চন্দ্ৰ চুৰী আইজাক টাইগ্ৰেট ৱেণু শ্ৰীনিৱাসম ৱেইন ডায়াৰ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতৰ ধৰ্মীয়
95989
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%AC%E0%A6%B9%E0%A6%A3
পৰিবহণ
পৰিবহণ হৈছে মানুহ, জীৱ-জন্তু আৰু সামগ্ৰীৰ ইচ্ছাকৃতভাৱে এটা স্থানৰ পৰা আন এটা স্থানলৈ স্থানান্তৰ কৰা। পৰিবহণৰ পদ্ধতিসমূহৰ ভিতৰত আকাশ মাৰ্গ, স্থল (ৰেল আৰু পথ), পানী, কেবোল, পাইপলাইন, আৰু মহাকাশ আদি অন্তৰ্ভুক্ত। ক্ষেত্ৰখনক আন্তঃগাঁথনি, বাহন, আৰু পৰিচালনা আদিত ভাগ কৰিব পাৰি। পৰিবহণে মানৱ বাণিজ্যৰ সুবিধা প্ৰদান কৰে, যিটো সভ্যতাৰ বিকাশৰ বাবে অপৰিহাৰ্য। পৰিবহণ আন্তঃগাঁথনি দুয়োটা নিৰ্দিষ্ট স্থাপনৰে গঠিত, য'ত অন্তৰ্ভুক্ত হৈছে স্থলপথ, ৰে'লপথ, বিমানপথ, জলপথ, পাইপলাইন, আৰু টাৰ্মিনেল যেনে বিমানবন্দৰ, ৰে'লৱে ষ্টেচন, বাছ ষ্টেচন, গুদাম, ট্ৰাকিং টাৰ্মিনেল, ইন্ধন ভৰোৱা ডিপো (ইন্ধন ডক আৰু ইন্ধন ষ্টেচনকে ধৰি), আৰু সাগৰীয় বন্দৰ। যাত্ৰী আৰু সামগ্ৰীৰ আদান-প্ৰদান আৰু ৰক্ষণাবেক্ষণ দুয়োটাতে টাৰ্মিনেল ব্যৱহাৰ কৰিব পাৰি। পৰিবহণৰ মাধ্যম হ’ল মানুহ বা মাল কঢ়িয়াই নিবলৈ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ পৰিবহণ সুবিধাৰ যিকোনো এটা। ইয়াৰ ভিতৰত বাহন, চলাচল কৰা জীৱ-জন্তু আদি থাকিব পাৰে। বাহনসমূহৰ ভিতৰত ৱেগন, অটোম’বাইল, চাইকেল, বাছ, ৰে’ল, ট্ৰাক, হেলিকপ্টাৰ, জলযান, মহাকাশযান আৰু বিমান আদি থাকিব পাৰে। মাধ্যমসমূহ পৰিবহণৰ ধৰণ হ’ল এনে এটা সমাধান য'ত এটা নিৰ্দিষ্ট ধৰণৰ বাহন, আন্তঃগাঁথনি আৰু পৰিচালনা অন্তৰ্ভুক্ত হৈ থাকে। কোনো ব্যক্তি বা মালবাহী সামগ্ৰীৰ পৰিবহণৰ ক্ষেত্ৰত এটা বা কেইবাটাও ধৰণৰ পৰিবহণ জড়িত হ'ব পাৰে, পিছৰ ক্ষেত্ৰটোক আন্তঃম'ডাল বা বহু-ম'ডাল পৰিবহণ বুলি কোৱা হয়। প্ৰতিটো ধৰণৰ নিজস্ব সুবিধা আৰু অসুবিধা আছে, আৰু এইসমূহ খৰচ, সামৰ্থ্য, আৰু পথৰ ভিত্তিত নিৰ্বাচিত কৰা হয়। চৰকাৰসমূহে বাহনসমূহ চলোৱাৰ ধৰণ, আৰু ইয়াৰ বাবে নিৰ্ধাৰণ কৰা পদ্ধতিসমূহৰ সৈতে মোকাবিলা কৰে, য'ত বিত্তীয়, বৈধতা, আৰু নীতিসমূহ অন্তৰ্ভুক্ত। পৰিবহণ উদ্যোগত দেশ আৰু ধৰণৰ ওপৰত নিৰ্ভৰ কৰি আন্তঃগাঁথনিৰ পৰিচালনা আৰু মালিকীস্বত্ব ৰাজহুৱা বা ব্যক্তিগত হ’ব পাৰে। যাত্ৰী পৰিবহণ ৰাজহুৱা হ’ব পাৰে, য’ত অপাৰেটৰসকলে নিৰ্ধাৰিত সেৱা আগবঢ়ায়, বা ব্যক্তিগতও হ’ব পাৰে। অৰ্থনৈতিক বিকাশ আৰু বিশ্বায়নত পৰিবহণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদিও বেছিভাগেই বায়ু প্ৰদূষণৰ সৃষ্টি কৰে আৰু বৃহৎ পৰিমাণৰ ভূমি ব্যৱহাৰ কৰে। চৰকাৰে এইক্ষেত্ৰত যথেষ্ট ৰাজসাহায্য প্ৰদান কৰে যদিও যাতায়াতৰ প্ৰবাহ আৰু নগৰীয়া বিস্তাৰ নিয়ন্ত্ৰণ কৰিবলৈ পৰিবহণৰ ভাল পৰিকল্পনা অতি প্ৰয়োজনীয়। মানৱ চালিত মানৱ চালিত পৰিবহণ, বহনক্ষম পৰিবহণৰ এটা প্ৰকাৰ। মানুহৰ পেশী-শক্তি ব্যৱহাৰ কৰি মানুহ বা সামগ্ৰীৰ পৰিবহণ, খোজ কঢ়া, দৌৰা আৰু সাঁতোৰৰ ৰূপত ইয়াক বিভক্ত কৰিব পাৰি। আধুনিক প্ৰযুক্তিয়ে যন্ত্ৰৰ সহায়ত মানৱ শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। খৰচ ৰাহি, অবসৰ, শাৰীৰিক ব্যায়াম, পৰিৱেশবাদৰ কাৰণে মানৱ চালিত পৰিবহণ বৰ্তমানো জনপ্ৰিয় হৈয়েই আছে; বিশেষকৈ অনুন্নত বা দুৰ্গম অঞ্চলত ই কেতিয়াবা একমাত্ৰ প্ৰকাৰ হিচাপে উপলব্ধ। জন্তু-চালিত পশু চালিত পৰিবহণ হ’ল মানুহ আৰু সামগ্ৰীৰ চলাচলৰ বাবে জীৱ-জন্তুৰ ব্যৱহাৰ। মানুহে কিছুমান জীৱ-জন্তুৰ ওপৰত পোনপটীয়াকৈ উঠি বা সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে এটা বা একেলগে বহুকেইটা জুটিলৈ স্লেজ বা চকাযুক্ত বাহন টানিব পাৰে। বায়ু ফিক্সড উইং বিমান, যাক সাধাৰণতে এয়াৰপ্লেন বুলি কোৱা হয়, ই হৈছে বায়ুতকৈ গধুৰ বিমান য’ত ডেউকাৰ সম্পৰ্কত বায়ুৰ গতিবিধিৰ সহায়ত লিফ্ট সৃষ্টি কৰা হয়। ইয়াক ঘূৰ্ণনীয় পাখিযুক্ত বিমানৰ পৰা পৃথক কৰিবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়, য’ত বায়ুৰ সাপেক্ষে লিফ্টৰ পৃষ্ঠৰ গতিবিধিয়ে উত্তোলনৰ সৃষ্টি কৰে। জাইৰ’প্লেন ফিক্সড-উইং আৰু ঘূৰ্ণনীয় উইং দুয়োটাৰ থাকে। ফিক্সড উইং বিমান সৰু প্ৰশিক্ষক আৰু বিনোদনমূলক বিমানৰ পৰা আৰম্ভ কৰি বৃহৎ বিমান আৰু সামৰিক মালবাহী বিমানলৈকে উপলব্ধ। বিমানৰ বাবে প্ৰয়োজনীয় দুটা বস্তু হ’ল লিফ্টৰ বাবে ডেউকাৰ ওপৰেৰে বায়ু প্ৰবাহ আৰু অৱতৰণৰ বাবে এটা এলেকা। বিমানসমূহৰ অধিকাংশতে ৰক্ষণাবেক্ষণ, পুনৰ ষ্টকিং আৰু ইন্ধন ভৰোৱাৰ বাবে আৰু ক্ৰু, মালবাহী আৰু যাত্ৰীসকলক বোজাই আৰু নমাই অনাৰ বাবে আন্তঃগাঁথনিযুক্ত বিমানবন্দৰৰ প্ৰয়োজন হয়। বিমানৰ বিপুল সংখ্যকে স্থলভাগত অৱতৰণ আৰু উৰা মাৰে যদিও কিছুমানে বৰফ আৰু শান্ত পানীত উৰণ আৰু অৱতৰণ কৰিবলৈয়ো সক্ষম। ৰকেটৰ পিছতে এই বিমানখনেই হৈছে পৰিবহণৰ দ্বিতীয় দ্ৰুততম পদ্ধতি। বাণিজ্যিক জেট বিমানে ঘণ্টাত ৯৫৫ কিলোমিটাৰ (৫৯৩ মাইল প্ৰতি ঘণ্টা) পৰ্যন্ত, একক ইঞ্জিনযুক্ত বিমানে ৫৫৫ কিলোমিটাৰ প্ৰতি ঘণ্টা (৩৪৫ মাইল প্ৰতি ঘণ্টা) গতি কৰিব পাৰে। বিমান পৰিবহণে মানুহ আৰু সীমিত পৰিমাণৰ সামগ্ৰীক দীৰ্ঘ দূৰত্বত দ্ৰুতভাৱে পৰিবহণ কৰিবলৈ সক্ষম হয়, কিন্তু ইয়াৰ বাবে অধিক খৰচ আৰু শক্তিৰ ব্যৱহাৰ হয়; কম দূৰত্বৰ বাবে বা দুৰ্গম ঠাইত হেলিকপ্টাৰ ব্যৱহাৰ কৰিব পাৰি। ২০০৯ চনৰ ২৮ এপ্ৰিললৈকে গাৰ্ডিয়ানৰ প্ৰবন্ধত উল্লেখ কৰা হৈছে যে "ডব্লিউ এইচ অ'ৰ অনুমান অনুসৰি যিকোনো সময়তে ৫ লাখ পৰ্যন্ত লোক বিমানত থাকে। মাটি স্থল পৰিবহণে মানুহ, সামগ্ৰী আৰু সেৱাৰ চলাচলৰ ব্যৱস্থা কৰা সকলো স্থলভিত্তিক পৰিবহণ ব্যৱস্থাক সামৰি লয়। সম্প্ৰদায়সমূহক ইজনে সিজনৰ সৈতে সংযোগ কৰাত স্থল পৰিবহণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত স্থল পৰিবহণ এক মূল কাৰক। ই ৰেল আৰু অন্যান্য মটৰ চালিত পথ দুয়োবিধকে সামৰি লৈছে। ৰেল ৰেল পৰিবহণ হ'ল য'ত এখন ৰে'ল দুটা সমান্তৰাল তীখাৰ চিৰিৰ ওপৰেৰে চলি থাকে, যাক ৰে'লপথ বুলি জনা যায়। ৰেলবোৰ কাঠ, কংক্ৰিট বা তীখাৰ টাই (বা শ্লীপাৰ)ৰ লগত লম্বভাৱে লংঘন কৰা হয়, যাতে ইয়াৰ মাজত সামঞ্জস্যপূৰ্ণ দূৰত্ব বা গেজ থাকে। ৰেল আৰু লম্ব ৰশ্মিবোৰ কংক্ৰিট বা সংকোচিত মাটি আৰু শিলগুটিৰে নিৰ্মিত ভেটিৰ ওপৰত বেলেষ্টৰ বিচনাত স্থাপন কৰা হয়। বিকল্প পদ্ধতিসমূহৰ ভিতৰত মনোৰেল আৰু মেগলেভ আদি অন্তৰ্ভুক্ত। ৰেল এখনত এখন বা ততোধিক সংযুক্ত বাহন থাকে যিবোৰ ৰেলপথত চলি থাকে। প্ৰপালচন সাধাৰণতে ইঞ্জিনৰ দ্বাৰা প্ৰদান কৰা হয়, যিয়ে ধাৰাবাহিকভাৱে শক্তিহীন গাড়ী কঢ়িয়াই লৈ ফুৰে, যিয়ে যাত্ৰী বা মালবাহী দবা কঢ়িয়াই নিব পাৰে। ইঞ্জিনটো ভাপৰ দ্বাৰা, ডিজেলৰ দ্বাৰা বা ট্ৰেকৰ কাষৰ ব্যৱস্থাৰ দ্বাৰা যোগান ধৰা বিদ্যুতৰে চালিত হ’ব পাৰে। নতুবা কিছুমান বা সকলো গাড়ীকে শক্তিৰে চলাব পাৰি। আন্তঃনগৰ ৰে'ল হৈছে চহৰসমূহক সংযোগ কৰা দীৰ্ঘ দূৰত্বৰ সেৱা; আধুনিক তীব্ৰবেগী ৰে'লে ৩৫০ কিলোমিটাৰ প্ৰতি ঘণ্টা (২২০ মাইল প্ৰতি ঘণ্টা) পৰ্যন্ত গতি কৰিবলৈ সক্ষম, ৰাস্তা পথ হৈছে দুটা বা তাতকৈ অধিক ঠাইৰ মাজৰ সংযোগ স্থাপক ব্যৱস্থা। পথসমূহ সাধাৰণতে মসৃণ, পকী বা অন্যথা সহজ যাত্ৰাৰ সুবিধাৰ বাবে প্ৰস্তুত কৰা হয়; চহৰ অঞ্চলত পথসমূহ কোনো চহৰ বা গাঁৱৰ মাজেৰে পাৰ হৈ যাব পাৰে আৰু ইয়াক বিশেষ নামেৰে নামকৰণ কৰা হ'ব পাৰে। পানী জল পৰিবহণ হ’ল জলযানৰ দ্বাৰা—যেনে বাৰ্জ, নাও, জাহাজ আদি সাগৰ, মহাসাগৰ, হ্ৰদ, খাল বা নদীৰ পানীৰ ওপৰেৰে চলাচল কৰা ব্যৱস্থা। জলযানৰ বাবে প্লাৱন ক্ষমতাৰ প্ৰয়োজনীয়তা সাধাৰণ, যাৰ বাবে ইয়াৰ নিৰ্মাণ, ৰক্ষণাবেক্ষণ আৰু লঙ্গৰ হৈছে এটা প্ৰধান দিশ। ১৯ শতিকাত জাহাজখনক লৰচৰ কৰিবলৈ পেডেল চকা বা প্ৰপেলাৰ চলাবলৈ ভাপ ইঞ্জিন ব্যৱহাৰ কৰি প্ৰথম ভাপ জাহাজ নিৰ্মাণ কৰা হৈছিল অন্য ধৰণসমূহ পাইপলাইন পৰিবহণে পাইপৰ জৰিয়তে সামগ্ৰী প্ৰেৰণ কৰে; সাধাৰণতে তৰল আৰু গেছ প্ৰেৰণ কৰা হয়, কিন্তু বায়ুচালিত নলীয়ে সংকোচিত বায়ু ব্যৱহাৰ কৰি কঠিন কেপচুলো প্ৰেৰণ কৰিব পাৰে। তৰল পদাৰ্থ/গেছৰ বাবে যিকোনো ৰাসায়নিকভাৱে সুস্থিৰ তৰল বা গেছ পাইপলাইনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰি। পানী, বিয়েৰ আদিৰ বাবে চুটি দূৰত্বৰ ব্যৱস্থা আছে, আনহাতে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ বাবে দীৰ্ঘ দূৰত্বৰ নেটৱৰ্ক ব্যৱহাৰ কৰা হয। কেবোল পৰিবহণ হৈছে এক বহল ধৰণ য’ত বাহনসমূহক আভ্যন্তৰীণ শক্তিৰ উৎসৰ পৰিৱৰ্তে কেবোলৰ দ্বাৰা টানি অনা হয়। ইয়াক বেছিকৈ ঠেক গ্ৰেডিয়েণ্টত ব্যৱহাৰ কৰা হয়। সাধাৰণ সমাধানসমূহৰ ভিতৰত আকাশী ট্ৰামৱে, লিফ্ট, আৰু স্কি লিফ্ট; ইয়াৰে কিছুমানক কনভেয়ৰ পৰিবহণ হিচাপেও শ্ৰেণীভুক্ত কৰা হয়। মহাকাশ উৰণ হৈছে মহাকাশযানৰ দ্বাৰা পৃথিৱীৰ বায়ুমণ্ডলৰ পৰা বহিঃ মহাকাশলৈ পৰিবহণ। প্ৰযুক্তিৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ গৱেষণা গৈছে যদিও উপগ্ৰহক কক্ষপথত ৰাখি বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰাৰ বাহিৰে ইয়াৰ ব্যৱহাৰ খুব কমেইহে হয়। তথ্যসূত্ৰ
80685
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%AE%E0%A7%87%E0%A6%A7%E0%A6%BF%E0%A6%95%20%E0%A6%AA%E0%A7%B0%E0%A7%8D%E0%A6%AC
অশ্বমেধিক পৰ্ব
অশ্বমেধিক পৰ্ব বা অশ্বমেধ পৰ্ব ভাৰতীয় মহাকাব্য মহাভাৰতৰ অষ্টাদশটা পৰ্বৰ চতুৰ্দশ পৰ্ব। পৰম্পৰাগতভাৱে ইয়াত ২টা খণ্ড আৰু ৯৬টা অধ্যায় আছে। সমালোচনাত্মক সংস্কৰণত এখন উপ-পুথি আৰু ৯২টা অধ্যায় আছে। কৃষ্ণ আৰু ব্যাসে যুধিষ্ঠিৰক অশ্বমেধ অনুষ্ঠান সম্পন্ন কৰিবলৈ পৰামৰ্শ দিয়াৰ পৰা অশ্বমেধিক পৰ্বৰ আৰম্ভণি ঘটিছে। যুধিষ্ঠিৰে প্ৰকাশ কৰে যে যুদ্ধৰ বাবে কোষাগাৰ খালী হৈ আছে। কৃষ্ণই মেৰু পৰ্বতৰ ওচৰৰ হিমাৱতত সোণ খননৰ পৰামৰ্শ দিয়ে। তেওঁ ৰজা মুৰাত্তৰ কাহিনী শুনায়। যুধিষ্ঠিৰে সোণ খনন, নিজৰ কোষাগাৰ পূৰণ আৰু অশ্বমেধিকা অনুষ্ঠান সম্পন্ন কৰাৰ প্ৰচেষ্টাৰে আগবাঢ়ি যায়। গ্ৰন্থখনত ৩৬টাতকৈও অধিক অধ্যায় থকা অনুগীতা পৰ্ব সন্নিৱিষ্ট হৈছে যাক কৃষ্ণই ক্ষুদ্ৰ-ভাগৱত বুলি বৰ্ণনা কৰিছে। অৰ্জুনে কৃষ্ণক কৈছে যে তেওঁ শান্তিৰ সময়ত ভাগৱতৰ প্ৰজ্ঞা স্মৰণ কৰিবলৈ অক্ষম আৰু পুনৰ কৃষ্ণৰ প্ৰজ্ঞা শুনিবলৈ আগ্ৰহী। কৃষ্ণই অনুগীতা (আক্ষৰিক অৰ্থত পৰৱৰ্তী গীতা) ব্ৰাহ্মণৰ পত্নী আৰু ব্ৰহ্মাৰ মাজত হোৱা বাৰ্তালাপ হিচাপে আবৃত্তি কৰে। পণ্ডিতসকলে অনুগীতাক মধ্যযুগীয় কালত অশ্বমেধিকা পৰ্বত ভুৱা সংযোজন, আৰু মূল মহাভাৰতৰ বিকৃতকৰণ বুলি মত প্ৰকাশ কৰিছে। গাঁথনি আৰু অধ্যায়সমূহ অশ্বমেধিক পৰ্বত পৰম্পৰাগতভাৱে ২টা উপ-পৰ্ব (অংশ) আৰু ৯৬টা অধ্যায় আছে। এইকেইটা হৈছে: অশ্বমেধিক পৰ্ব (অধ্যায়: ১–১৫) অনুগীতা পৰ্ব (অধ্যায়: ১৬–৯৬) যুধিষ্ঠিৰে আত্মীয়-স্বজনৰ মৃত্যুত হুমুনিয়াহ কাঢ়ি থকাৰ পৰা এই পৰ্ব আৰম্ভ হয়। ধৃতৰাষ্ট্ৰ, ব্যাস আৰু বাসুদেৱে কাহিনী কথনেৰে তেওঁক দুখ-কষ্ট ত্যাগ কৰি যশস্যাৰ বাবে উপহাৰ আদি প্ৰদান কৰি যজ্ঞ কৰিবলৈ সান্ত্বনা দিয়ে। অনুগীতা উপ-পৰ্বত কৃষ্ণই অৰ্জুনক দিয়া ভাগৱত শিক্ষাৰ পুনৰাবৃত্তি কৰিছে। অৰ্জুনে কৃষ্ণক যুদ্ধৰ সময়ত তেওঁক কোৱা পবিত্ৰ বাণীসমূহৰ পুনৰাবৃত্তি কৰিবলৈ কয় কিয়নো সেই কথা তেওঁ পাহৰি গৈছে। কৃষ্ণই তেওঁৰ মতানৈক্য দেখুৱাই কয় যে হয় তেওঁ বিশ্বাসৰ পৰা ভ্ৰষ্ট হৈছে অথবা তেওঁৰ বোধশক্তি ভাল নহয় কাৰণ তেওঁ সেই সময়ত কোৱা কথাখিনিৰ বিতংভাৱে পুনৰাবৃত্তি কৰাটো অসম্ভৱ। কিন্তু কৃষ্ণই স্নেহপৰৱশ হৈ তেওঁক ব্ৰহ্মৰ স্বৰূপ জানিবলৈ আন এক প্ৰাচীন কাহিনী কয়। ইয়াৰ পিছত কৃষ্ণ দ্বাৰকালৈ ঘূৰি আহে। কৃষ্ণ ঘূৰি অহাৰ সময়ত তেওঁ তপস্যা উতংকক লগ পায় যি তেওঁক যুদ্ধত নিৰপেক্ষ হোৱাৰ বাবে অভিশাপ দিবলৈ চেষ্টা কৰে। কৃষ্ণই তেওঁৰ কাৰ্য্যৰ বাবে ক্ষমা খুজি কয় যে নিম্নস্তৰৰ অভিশাপে তেওঁক তললৈ নমাই দিব নোৱাৰে আৰু অভিশাপে পুণ্যৰ ধ্বংস কৰে। তেওঁ উতংকক কয় যে তেওঁ শান্তিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল, কিন্তু বুদ্ধি বা শক্তিৰে ভাগ্যক অতিক্ৰম কৰাটো অসম্ভৱ। তাৰ পিছত কৃষ্ণই তেওঁক অন্ধকাৰ, আবেগ আৰু ভালপোৱাৰ ওপৰত বক্তৃতা দি কয় যে ধৰ্ম তেওঁৰ বাবে অতি প্ৰিয়। গতিকে ধৰ্মক পুনৰুদ্ধাৰ কৰাৰ বাবে আনৰ সহায়ত প্ৰতিটো যুগত তেওঁ বিভিন্ন গৰ্ভত জন্ম লৈছিল। তেওঁ ধাৰ্মিকতাক ৰক্ষা কৰাৰ বাবে আৰু ইয়াক প্ৰতিষ্ঠা কৰাৰ বাবে এই কাম কৰিছিল। দেৱতা, গন্ধৰ্ব, নাগ, যক্ষ বা ৰাক্ষসৰ মাজত য'তেই বাস নকৰক কিয়, তেওঁ সেই নিৰ্দিষ্ট নীতি অনুসৰি জীয়াই আছিল আৰু কাম কৰিছিল। জন্মসূত্ৰে তেওঁ এতিয়া মানৱতাৰ ক্ৰমত আছে আৰু তেওঁ মানুহ হিচাপে কাম কৰিব লাগিব। পিছত কৃষ্ণই এক বৰদানেৰে নিজৰ প্ৰকৃত ৰূপ দেখুৱায়। কৃষ্ণই দ্বাৰকালৈ উভতি অহাৰ লগে লগে বসুদেৱ আদিক যুদ্ধৰ বৰ্ণনা কৰে আৰু পিছলৈ নিজৰ শক্তিৰে জন্মতে মৃত পৰীক্ষিতক পুনৰুজ্জীৱিত কৰে। কৃষ্ণৰ পৰামৰ্শৰ পিছত যুধিষ্ঠিৰে অশ্বমেধৰ ৰাজকীয় অনুষ্ঠানৰ সূচনা কৰে। এই অনুষ্ঠানটো বছৰজোৰা কাৰ্যসূচীৰে চলে আৰু ঘোঁৰাটোৱে যিকোনো ভূমিত যিকোনো দিশতে ইচ্ছামতে বিচৰণ কৰে। ঘোঁৰাটোৰ পিছতে অৰ্জুনৰ নেতৃত্বত এটা সেনাবাহিনী থাকে, যাৰ কাম হ’ল ঘোঁৰাটোৰ মুক্ত গতিবিধিৰ ওপৰত আপত্তি দৰ্শোৱা যিকোনো শাসকক প্ৰত্যাহ্বান জনোৱা। এই অনুষ্ঠানে যুধিষ্ঠিৰক সম্ৰাট হিচাপে প্ৰাধান্য আৰোপ কৰাৰ লগতে আন শাসক আৰু ৰাজ্যৰ দ্বাৰা তেওঁৰ স্বীকৃতি প্ৰতিষ্ঠা কৰে। বাটত অৰ্জুনে ভগদত্তৰ পুত্ৰ ত্ৰিগৰ্তাৰ নাতি সৈন্ধৱসকলৰ সৈতে যুঁজিছিল। ভাতৃৰ কথা অনুসৰি সাধাৰণভাৱে যুঁজি থকা অৰ্জুনক তেওঁলোকে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল যদিও অৱশেষত তেওঁলোক পৰাজিত হয় আৰু অৰ্জুনে তেওঁলোকক প্ৰাণে নামাৰি এৰি দিয়ে। যেতিয়া অৰ্জুন মণিপুৰত উপস্থিত হয় তেতিয়া সি ঠাইৰ শাসক বব্ৰুবাহনে তেওঁৰ অনুগামীসকলৰ সৈতে তেওঁক আদৰণি জনায়। অৰ্জুনে ইয়াক অনুমোদন নকৰে আৰু তেওঁক যুদ্ধ কৰিবলৈ প্ৰত্যাহ্বান জনায়। নাগকন্যা উলুপীৰ কথামতে দুয়ো যুদ্ধত লিপ্ত হয় আৰু যুঁজৰ শেষত দুয়ো ইজনে সিজনক আঘাত কৰি ঢলি পৰে। যুদ্ধত কৰা পৰিশ্ৰমৰ বাবে অৰ্জুনৰ মৃত্যু হয়। অৰ্জুনৰ পত্নী চিত্ৰাংগদা আহি পুত্ৰৰ দ্বাৰা স্বামীৰ মৃত্যুৰ বাবে বিলাপ কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁ ঘূৰি নাহিলে আত্মহত্যাৰ প্ৰতিজ্ঞা কৰে। অৰ্জুনৰ আনগৰাকী পত্নী উলুপীয়ে অৱশেষত তেওঁৰ ৰহস্যময় ৰত্ন ব্যৱহাৰ কৰি তেওঁক পুনৰুজ্জীৱিত কৰে আৰু তেওঁলোকক নিজৰ উদ্দেশ্য কয়। ইয়াৰ পিছত অৰ্জুনে পুনৰ ঘোঁৰাটো অনুসৰণ কৰে। উভতি অহাৰ সময়ত তেওঁ সহদেৱ, চেদি, গান্ধাৰসকলৰ সৈতে যুদ্ধ কৰি তেওঁলোকক পৰাস্ত কৰে। বছৰৰ শেষত বিজয়ী অৰ্জুনৰ সৈন্য আৰু ঘোঁৰা সম্ৰাটৰ ৰাজধানীলৈ উভতি যায়। যেতিয়া সকলো মানুহক উপহাৰ দিয়া হৈ যায় তেতিয়া তালৈ এটা অৰ্ধ-সোণালী নেউল আহি সেই বলিদানক কোনো ধন-সম্পত্তি আৰু পশু বলি (পশু বধ) নিদিয়াকৈ এটা ব্ৰাহ্মণ পৰিয়ালে কৰা কেৱল গুড়ি কৰা যৱৰ সৈতে তুলনা কৰি হীন সিদ্ধ কৰে আৰু অন্তৰ্ধান হয়। ১৯ শতিকাৰ আৰম্ভণিৰ পৰা মাজভাগলৈকে ভাৰতত আৱিষ্কাৰ হোৱা মহাভাৰতৰ বিভিন্ন পাণ্ডুলিপিত অনুগীতাৰ ৩৬টা অধ্যায়ত নামকে ধৰি বিভিন্ন অসামঞ্জস্য দেখা যায়। তথাকথিত বোম্বাই পাণ্ডুলিপিসমূহে অনুগীতাক আৰু অধিক বিভক্ত কৰি অনুগীতা, বসুদেৱগমন, ব্ৰহ্মগীতা, ব্ৰাহ্মণগীতা, গুৰুশিষ্য সংবাদ আৰু উত্তংকোপাখ্যান আদিত বিভক্ত কৰিছে। মাদ্ৰাজ, কলিকতা আৰু আহমেদাবাদৰ পাণ্ডুলিপিত বেলেগ বেলেগ নাম দিয়া হৈছে। হলৰ মতে অনুগীতা হয়তো ১৬ বা ১৭ শতিকাৰ সময়ছোৱাত কোনোবা এটা সময়ত ৰচনা কৰি মূল গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছিল। বৈশিষ্ট্যসমূহ অশ্বমেধিক পৰ্বত অনুগীতা নামৰ দাৰ্শনিক সংযোগৰ লগতে বলিদানৰ সময়ত নেউলৰ কাহিনীৰ দৰে বহুতো আখ্যান আৰু উপকথাও অন্তৰ্ভুক্ত কৰা হৈছে। নেউলৰ সাধু জন্তুৰ বলি নে কৰুণা নীলাচকুৱা আৰু অৰ্ধাংশ সোণালী ৰঙৰ এটা নেউলে যুধিষ্ঠিৰ আৰু অন্যান্য ৰজাৰ দ্বাৰা সম্পন্ন কৰিবলৈ লোৱা যজ্ঞৰ অন্তিম অশ্বমেধিক পৰ্যায়ত দেখা দিয়ে। ই বজ্ৰৰ দৰে মানুহৰ মাতেৰে কৈছে, "হে ৰজাসকল, এই পশু বলিদান এজন উঞ্চ-ব্ৰত তপস্বীয়ে কৰা ক্ষুদ্ৰ পৰিমাণৰ যৱৰ সমান নহয়।" যুধিষ্ঠিৰে বুজি নাপাই নেউলটোক এই কথাৰ ব্যাখ্যা বিচাৰে। ই তেওঁলোকক এটা কাহিনী কয়: বহুদিনৰ আগতে ভয়ংকৰ দুৰ্ভিক্ষ হৈছিল। তপস্বী আৰু তেওঁৰ পৰিয়ালৰ খাবলৈ একো নাছিল। খাদ্য বিচাৰিবলৈ তপস্বীয়ে উঞ্চ ব্ৰত থকা মানুহে যি কৰে তাকে কৰিবলৈ ৰাজী আছিল। তেওঁ ইতিমধ্যে চপোৱা পথাৰলৈ গৈ পাৰ চৰাইৰ দৰে লেছেৰি বুটলিছিল। এদিন বহু ঘণ্টা কঠোৰ পৰিশ্ৰমৰ অন্তত তপস্বীয়ে এমুঠি যৱ বিচাৰি পায়। তেওঁ এয়া ঘৰলৈ অনাৰ পিছত পত্নীয়ে ৰান্ধে। যেতিয়া তেওঁ নিজৰ পুত্ৰ, বোৱাৰী, তেওঁৰ পত্নীৰ সৈতে কেইবাদিনৰ লঘোনৰ অন্তত প্ৰথম আহাৰ গ্ৰহণ কৰিবলৈ ওলাই তেতিয়াই এজন অতিথি আগমন ঘটে। তপস্বীয়ে অতিথিৰ ভৰি ধুই তেওঁৰ কুশল-বাৰ্তা সোধে। অতিথিজনে কয় যে তেওঁৰ ভোক লাগিছে। তপস্বীয়ে অতিথিক নিজৰ সিজোৱা যৱৰ ভাগটো প্ৰদান কৰে। অতিথিয়ে সেয়া শেষ কৰি কয় যে তেওঁ এতিয়াও ভোকত আছে। তপস্বীৰ পত্নীয়ে অতিথিৰ কথা শুনি নিজে অনাহাৰে থকা স্বত্বেও নিজৰ ভাগৰ যৱখিনি আগবঢ়ায়। অতিথিজনে সেয়াও শেষ কৰি কয় যে তেওঁৰ এতিয়াও ভোক গুচা নাই। তেতিয়া তপস্বীৰ পুত্ৰ-বোৱাৰীয়েও সিজোৱা যৱৰ সমস্ত অংশ তেওঁক দিয়ে। অতিথিয়ে সকলো শেষ কৰি হাঁহি হাঁহি দেৱতা ধৰ্মৰ ৰূপ ধাৰণ কৰে। তেওঁ পৰিয়ালটোক বৰদান কৰি তেওঁলোকৰ ঘৰখন খাদ্যৰে ওপচাই কয় যে উছৰ্গাৰ পৰিমাণটো নহয়, বৰঞ্চ নিজৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উছৰ্গাত যত্ন আৰু প্ৰেমৰ মানদণ্ডহে গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত নেউলটোৱে সোধে যে তেওঁৰ পশুবলিয়ে ধৰ্ম দেৱতাক সন্তুষ্ট কৰিব বুলি যুধিষ্ঠিৰ আত্মবিশ্বাসী নে? যুধিষ্ঠিৰে উত্তৰ দিয়াৰ আগতেই নেউলটো অন্তৰ্ধান হয়। যজ্ঞত ঋষিসকলে প্ৰশ্ন কৰে যে পশু বলি দিয়াটো উপযুক্ত নে সকলো জীৱৰ প্ৰতি দয়া দেখুৱাব লাগে। কোনোৱে কয় যে শস্যৰ বীজ প্ৰতিষ্ঠাপন কৰি জীৱ-জন্তুবোৰক মুক্ত কৰি দিব লাগে। ঋষিসকলৰ মাজত হোৱা আলোচনা শুনি ৰজা বসুৱে অশ্বমেধিক পৰ্বত কৈছে যে, পাপী ব্যক্তিৰ পৰা পোৱা বৃহৎ দানৰ কোনো মূল্য নাই, কিন্তু প্ৰেমেৰে দিয়া সৎ ব্যক্তিৰ পৰা পোৱা সৰু সৰু উপহাৰৰো অতীৱ গুণ আছে। উদ্ধৃতি আৰু শিক্ষা অনুগীতা পৰ্ব, সপ্তবিংশ অধ্যায় অনুগীতা পৰ্ব, অধ্যায় ৪৪ ইংৰাজী অনুবাদ অশ্বমেধিক পৰ্ব সংস্কৃতত ৰচনা কৰা হৈছিল। ইংৰাজী ভাষাত গ্ৰন্থখনৰ কেইবাটাও অনুবাদ উপলব্ধ। পাব্লিক ডমেইনৰ তালৈ অহা ১৯ শতিকাৰ দুটা অনুবাদৰ অনুবাদক হৈছে ক্ৰমে কিছাৰী মোহন গাংগুলী আৰু মন্মথ নাথ দত্ত। প্ৰতিজন অনুবাদকৰ ব্যাখ্যা অনুসৰি অনুবাদসমূহ ভিন্ন। ২০১১ চনত ডেব্ৰয়ে লক্ষ্য কৰিছে যে অশ্বমেধিক পৰ্বৰ সমালোচনাত্মক সংস্কৰণক সাধাৰণতে এতিয়ালৈকে ভুৱা বুলি গ্ৰহণ কৰা শ্লোক আৰু অধ্যায়সমূহ আঁতৰাই মূল অংশত সন্নিৱিষ্ট কৰাৰ পিছত, ইয়াৰ ১টা খণ্ড, ৯৬টা অধ্যায় আৰু ২,৭৪১টা শ্লোক (পদ) আছে। তথ্য সংগ্ৰহ
25853
https://as.wikipedia.org/wiki/%E0%A6%9F%E0%A6%BE%E0%A6%82%E0%A6%9B%E0%A6%BE%20%E0%A6%9C%E0%A6%A8%E0%A6%97%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A7%80
টাংছা জনগোষ্ঠী
টাংছাসকল মূলত: ইণ্ডো-মংগোলিয়ান ফৈদৰ লোক। ছানহুৱাং আৰু ছাঞ্জো টাংছাসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। মাছুৱাই ছিংগ্ৰাপুম তেওঁলোকৰ আদি বাসভূমি। ইয়াৰ পৰা তেওঁলোকে পাছলৈ ভাল ঠাই বিচাৰি কেইবাখনো নৈয়েদি উজাই আহি অসম আৰু অৰুণাচলত বসবাস কৰিবলৈ লয়। অসমলৈ প্ৰৱেশ ফালেম কিমচিঙৰ মতে টাংছাসকল অসমত প্ৰৱেশ কৰা পথটো এনেধৰণৰ-মাছাই ছিংগ্ৰাপুমৰ পৰা চানফো পুম। তাৰ পাছত ক্ৰমে মুংখোম টান, টানাই ৱাকৰাপ মিল্ক, টাইচ্চা নদী পাৰ হৈ পাটকাই পালে। তাৰ পাছত পাটকাই পাৰ হৈ অসম, অৰুণাচললৈ বিয়পি পৰে। এনেদৰে টাংছাসকল অহাৰ সন্দৰ্ভত বিভিন্ন মত আছে যদিও আটায়ে মুছাই ছিংগ্ৰাপুম পাহাৰকে আদি বাসভূমি বুলি স্বীকাৰ কৰে। তিনিচুকীয়া জিলাৰ লিডুৰ টিকক নামৰ পাহাৰটোত অতীজৰ পৰাই টাংছাসকলে কেইবাটাও ফৈদে বসবাস কৰি আহিছে আৰু তেওঁলোকৰ নামেৰেই পাহাৰটোৰ নাম টিকক হয়। ইতিহাস বৰ্তমানৰ টাংছাসকল অতীতত নগা বুলি পৰিচিত আছিল। এই নগা শব্দটোৰ আঁৰতো কেতবোৰ কাৰণ আছিল। কাণত বহল বিন্ধা থকা কাৰণে এওঁলোকক নাখা বুলি কোৱা হৈছিল। পাছলৈ মানুহৰ মুখ বাগৰি সিয়েই নগা বুলি প্ৰচলন হ’ল। ১৯৪৮ চনৰ আগষ্ট মাহত বিপিন বৰগোহাঁই নামৰ এজন অফিচাৰে তেতিয়াৰ নেফা শাসনৰ বাবে মাৰ্ঘেৰিটালৈ আহি কাৰ্যভাৰ গ্ৰহণ কৰে। এওঁৰ কাৰ্যকালত ব্ৰিটিছৰ অন্তৰ্গত নগা (পাছলৈ ভাৰতীয় গাঁওবুঢ়া হিছাপে পৰিচিত) সকলে টাংছা নামটো গ্ৰহণ কৰে। টাংছাসকলৰ প্ৰায় ৫০টা মান বংশ আছে। এই আটাইবোৰ বংশৰে কথিত ভাষা বেলেগ বেলেগ। প্ৰত্যেকটো বংশৰে আকৌ উপবংশ বহুত। আৰু টাংছাসকলৰ এতিয়ালৈ কোনো লিখিত ভাষা নাই। তাৰ অন্যতম কাৰণ হৈছে এওঁলোকৰ মাজত ভাষাগত দিশত থকা পাৰ্থক্যৰ বাবে। উৎসৱসমূহ টাংছাসকলে বিভিন্ন উৎসৱ পালন কৰে। এওঁলোকে পালন কৰা উৎসৱসমূহ মূলত: কৃষিভিত্তিক। উৎসৱসমূহ সাধাৰণতে খেতি কৰাৰ আগত, খেতি লগোৱাৰ পাছত আৰু খেতি চপোৱাৰ পাছত পালন কৰা হয়। টাংছাসকলৰ যিহেতু বিভিন্ন বংশ আছে, বিভিন্ন বংশই পালন কৰা উৎসৱসমূহো বেলেগ বেলেগ। টিখাকসকলৰ বছৰৰ প্ৰথমটো বিহুৰ নাম পক-চক। তদুপৰি এওঁলোকে মায়ুং, চ্চাহখু-চিয়াট, হালিআহ-টুন উৎসৱ পালন কৰে। ৰাংপাংসকলে চাম্ফা কুক, ফায়ুং টক, চানজক টক, চানজ’হ টাহ, তামৰে’, ৱাহ-ৱান উইহাও কক উৎসৱ পালন কৰে। মুকলুমসকলে ধান চপাই পতা উৎসৱ হ’ল কুংটং ম’ল। লুংচাং বংশই মে মাহত পালন কৰা উৎসৱটো হ’ল ম’হজুং। এই উৎসৱটো লুংচাংসকলৰ ডাঙৰ উৎসৱ। তাৰ পাছত জুলাই মাহত তেওঁলোকে পালন কৰে পাৰং ম’ল। টিখাক, য়ংকুক, কাটো বংশই মাৰ্চ মাহত পক-চক উৎসৱ পালন কৰে। টাংছাসকলৰ সকলো উৎসৱতে মদ আৰু গাহৰি মঙহৰ প্ৰয়োজন হয়। তেওঁলোকৰ মাজত জ্যোন ব', চি থে ব', চে ইউ লোৱম, ইব' আদি লোকনৃত্যৰ প্ৰচলন আছে। এইবোৰৰ লগত সংগতি ৰাখি তেওঁলোকে কেতবোৰ লোকগীতো পৰিবেশন কৰে। পৰম্পৰাগত লোকগীতসমূহৰ ভিতৰত চাপল' গীত, ক্ৰ গ, ঙ চায়, নাও লেম আদি উল্লেখযোগ্য। বিবাহ পদ্ধতি টাংছাসকলৰ মাজত অতীতত কেৱল জাৰকালিহে বিয়া হৈছিল। আজিকালি সেই নিয়ম নাই। সাধাৰণতে দুই ধৰণে বিয়া হয়। দৰাৰ মাক-দেউতাকে ছোৱালী বন্দৱস্ত কৰে। সাধাৰণতে মোমায়েকৰ ভাগিন বিয়া নকৰায়। জৰিমনা ভৰিব লাগে। এনেধৰণে যদি বিবাহ হয় তাক ’খকৰুং কিং’ বুলি কয়। যদি মোমায়েকৰ জীয়েকৰ সম্পৰ্কত বিয়া নহয় নতুন ফৈদৰ লগত সম্পৰ্ক কৰিব বিচাৰে আৰু বিয়াৰ বন্দৱস্তও হয়গৈ তেনেহ’লে তাক ’লামতান’ বুলি কয়। এই সম্পৰ্কই স্থায়ী ৰূপ পাবলৈ ১৪০ টকাৰ পৰা ৩০০ টকা দি ছোৱালীজনীৰ সন্মতি লয়। টাংছা সমাজখনত ডেকা-গাভৰুৰ অবাধ মিলামিচাত কোনো বাধা নাই যদিও কোনোধৰণৰ অসামাজিক আচৰণ এওঁলোকে কৰিব নোৱাৰে। মৰং ঘৰত প্ৰেম কৰি যদি কোনো ছোৱালী গৰ্ভৱতী হয় দুয়োপক্ষৰ মানুহে শুভদিন চাই ছোৱালীজনীক সামাজিকভাৱে বিয়া পাতি লৈ যায়। প্ৰেম এওঁলোকৰ কাৰণে পৱিত্ৰ আৰু প্ৰাকৃতিক নিয়ম বুলি মানি চলা দেখা যায়। সাজপাৰ টাংছাসকলে নিজৰ সাজ-পোছাক ঘৰতে তৈয়াৰ কৰি লয়। টাংছা তিৰোতাই সাধাৰণতে ডাঠ নীলা, ৰঙা ক’লা আৰু বগা ৰঙৰ সূতাৰে দীঘে দীঘে আঁক-বাঁক থকা মেখেলা (এওঁলোকে দুইমূৰ নিচিলায়) খোছা বা খাটছা পিন্ধে। গাভৰুসকলে ক’লা মেখলা বা আন ৰঙৰ মেখেলা পিন্ধে। গাত ব্লাউজ আৰু (খুপক) চাদৰ লয়। অলংকাৰ হিচাপে ক'প'ৱি (গোটা পইছাৰে নিৰ্মিত মালা), তিদুং (পৰম্পৰাগত খাৰু) আৰু নাচুং (পৰম্পৰাগতকাণফুলি) আদু পৰিধান কৰে। পুৰুষসকলে বিভিন্ন ৰঙৰ সূতাৰে বোৱা লুঙি, চোলা আৰু মূ্ৰত পাগুৰি (খুপাপ) মাৰে। টিকক পাহাৰৰ টাংছাসকলে চ্যমতুংগ (পৰম্পৰাগত চোলা' পিন্ধে। টাংছাসকলৰ বিভিন্ন বংশৰ লোকসকলৰ সাজ-পোছাকতো কিছু বিভিন্নতা দেখা যায়। টাংছা নাৰীয়ে কাণত জাংফাই কেৰু, কাঠ বা বেতেৰে নিৰ্মিত ফিনৰং (ছাগলী শিং আকৃতিৰ কাণফুলি), কড়িৰ মালা, বিভিন্ন ৰঙৰ মণিৰে, কেতিয়াবা ৰূপৰ টকাৰে ডিঙিত মালা পিন্ধে। আগৰ দিনত কাঠ আৰু বাঁহৰ পৰা নিৰ্মাণ কৰা মালা, কাণফুলি, খাৰুৰ প্ৰচলন আছিল। পুৰুষসকলে মূৰৰ চুলি ওপৰলৈ তুলি খোপাৰ দৰে বান্ধিছিল যদিও আজিকালি এনেদৰে খোপা দেখা নাযায়। বেতৰ টুপীত সুন্দৰকৈ ধনেশ চৰাইৰ পাখি (ৱাৰা), বৰা গাহৰিৰ দাঁত অ প্পা) লগাই উৎসৱ-পাৰ্বণত পিন্ধা দেখা যায়। বাসগৃহ টাংছাসকলে চাংঘৰ সাজি বসবাস কৰে। সাধাৰণতে কাঠ, বাঁহ আৰু বেতেৰে ঘৰ সজা হয়। ছাউনিখনৰ বাবে জেঙুপাত ব্যৱহাৰ কৰা হয়। চাংঘৰ সাজোতেও ঠাইডোখৰ ভাল নে বেয়া মঙল চোৱা হয়। মঙল চোৱাৰ নিয়ম অনুসৰি প্ৰথমে ঘৰ সাজিব খোজা ঠাইডোখৰ চাফা কৰি পৰিয়ালৰ সদস্য সংখ্যা অনুসৰি ঘৰৰ চাউল বাইপাতত বান্ধি পুতি থৈ যায় আৰু পিচদিনা সেয়া আহি চায়হি। চাওঁতে যদি চাউলকেইটা নাভাগে তেতিয়া সেই ঠাই ঘৰ সাজিবলৈ উপযুক্ত বুলি ভাবে আৰু যদি চাউলকেইটা ভাগে সেই ঠাইত ঘৰ নাসাজে। তদুপৰি কিছুমানে দুডাল গজালি ওলোৱা বাঁহ সমানে সমানে চকু থকাতে কাটি জুইত পুৰি ফুটায়। যদি বাঁহৰ চকু দুটা বাওঁফালে ফুটে মংগল হয়, নহ’লে ঠাইডোখৰ ভাল নহয় বুলি ভাবে। ঘৰ সজা ঠাইডোখৰ সদায় ওখ আৰু ঘৰ পূবফালে মুখ কৰি সাজে। ঘৰ সজা কাঠডাল লতাৰে পাক খোৱা হ’ব নালাগিব। প্ৰথম কোঠাটো ডাঙৰ ল’ৰাৰ কোঠা, তাৰ পাছত সৰুজনৰ, তাৰ পাছত বুঢ়া-বুঢ়ী বা মাক-দেউতাকৰ আৰু তাৰ পাছৰ কোঠাটো ঘৰৰ ছোৱালীবোৰৰ। তাৰপাছত থাকে ধান খুন্দা উৰাল। ঘৰটোৰ আগফালে-পাচফালে দুখন দুৱাৰ থাকে। পাচফালে ঘৰৰ ভিতৰ সোমোৱাটো চুৰ কৰাৰ সমান অপৰাধ বুলি ধৰা হয়। তাৰ বাবে জৰিমনাও ভৰিব লগা হয়। খাদ্যসম্ভাৰ টাংছাসকলৰ প্ৰধান খাদ্য হ’ল ভাত। তেওঁলোকে বিভিন্নধৰণৰ ধানৰ খেতি কৰে। তাৰে ভিতৰত কণী ধান, মৰুৱা ধান, আখৈ ধান ইত্যাদি। টাংছাসকলে কুকুৰ, মেকুৰী, ঘোঁৰা, নিগনি, শগুন আদিৰ বাহিৰে সকলো বিধৰ মাংস খায়। মাছতকৈ মাংস খায় ভাল পায়। পাছাও এওঁলোকৰ প্ৰিয় খাদ্য। পাছা শৰীৰৰ বাবে বৰ উপকাৰী। বিশেষকৈ চকুৰ ৰশ্মিৰ বাবে এই পাছা মহৌষধ। সপ্তাহত এবাৰকৈ এবছৰ যদি পাছা খোৱা যায় চকুৰে নেদেখা মানুহৰ চকুৰ ৰশ্মি ঘূৰাই পায়। পাছা তৈয়াৰ কৰিবলৈ মাছখিনি বাকলি গুচাই অলপ সময় জুইত পুৰি বাকলিখিনি এৰুৱাই ফিছা আৰু পেটুখিনি পেলাই দিব লাগে। তাৰ পাছত মাছখিনি গুড়ি কৰি এই গুড়িৰ লগত বনৰীয়া মছলাৰ পাত, উৰিয়াম গছৰ পাত, জলকীয়া, নিমখ আৰু পানী ঢালি থৈ দিয়া হয়। বাঁহৰ চুঙা আৰু ভাপত ভাত সিজোৱা হয়। শিক্ষা ব্যৱস্থা টাংছা জনজাতিসকল অসমত বসবাস কৰি (যিসকল অসমত থাকে) অসমীয়া ভাষাও সলসলীয়াকৈ ক’ব পাৰে। শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত অতি পিচপৰা এই জাতিটোৰ শেহতীয়াকৈ এক উন্নয়নৰ সম্ভাৱনা দেখা গৈছে। উঠি অহা শিক্ষিতচামে উপলব্ধি কৰিছে শিক্ষাৰ গুৰুত্ব। জাতীয় কলা-কৃষ্টি-সংস্কৃতি সংৰক্ষণৰ বাবে বিভিন্ন অনুষ্ঠান সৃষ্টি হৈছে। তথ্যসংগ্ৰহ অসমৰ জনগোষ্ঠী অৰুণাচল প্ৰদেশৰ
86585
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%A4
প্ৰেত
প্ৰেত হৈছে হিন্দু, বৌদ্ধ, তাও ধৰ্ম আৰু চীনা লোকধৰ্মত মানুহৰ তুলনাত অধিক দুখ-কষ্ট, বিশেষকৈ চৰম মাত্ৰাৰ ভোক আৰু পিয়াহৰ সন্মুখীন হোৱা বুলি বৰ্ণনা কৰা এক প্ৰকাৰৰ অলৌকিক সত্তাৰ সংস্কৃত নাম। ইহঁতক ভোকাতুৰ ভূত বুলিও কোৱা হয়। ভাৰতীয় ধৰ্মৰ পৰাই প্ৰেতৰ উৎপত্তি হৈছে। বৌদ্ধ ধৰ্মৰ প্ৰসাৰৰ জৰিয়তে পূব এছিয়াৰ ধৰ্মত এই ধাৰণাটো সোমাই পৰিছে। চীন আৰু পূব এছিয়াৰ অভিযোজনৰ পৰা প্ৰেতক ইংৰাজীলৈ বুলি অনুবাদ কৰিব পাৰি। পেটাৱত্তুৰ দৰে প্ৰাৰম্ভিক উৎসসমূহত ইহঁতক অতি বৈচিত্ৰ্যময় বুলি বৰ্ণনা কৰা হৈছে। এজন ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁ আত্মা আৰু ভূতলৈ পৰিৱৰ্তিত হোৱা বুলি ভবাৰ পৰাই প্ৰেতৰ ধাৰণাটোৰ বিকাশ আৰম্ভ হৈছিল। কিন্তু পিছলৈ সেই ধাৰণাটোৱে ব্যক্তিজনৰ ভাগ্য অনুসৰি মৃত্যু আৰু কৰ্মৰ পুনৰ্জন্ম লাভৰ মাজত এক ক্ষণস্থায়ী অৱস্থালৈ বিকশিত হৈছিল। কৰ্মৰ পুনৰ্জন্মৰ চক্ৰলৈ যাবলৈ হ’লে মৃতকৰ পৰিয়ালে দুখভোগী আত্মাক পৰৱৰ্তী জীৱনলৈ পথ প্ৰদৰ্শন কৰিবলৈ বিভিন্ন ধৰণৰ আচাৰ-অনুষ্ঠান পালন কৰিব লাগে। যদি পৰিয়ালটোৱে এবছৰ ধৰি চলা এই অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানসমূহ পালন নকৰে তেন্তে আত্মাই অনন্তকাললৈকে প্ৰেত হিচাপে কষ্ট পাই থাকিব পাৰে। প্ৰেতসমূহ পূৰ্বৰ জীৱনৰ মিথ্যাচাৰী, দুৰ্নীতিগ্ৰস্ত, প্ৰতাৰক, ঈৰ্ষাপৰায়ণ বা লোভী মানুহ বুলি বিশ্বাস কৰা হয়। তেওঁলোকৰ কৰ্মৰ ফলস্বৰূপে তেওঁলোকে কোনো বিশেষ পদাৰ্থ বা বস্তুৰ প্ৰতি অতৃপ্ত ক্ষুধাত আক্ৰান্ত হয়। পৰম্পৰাগতভাৱে, ই ঘৃণনীয় বা অপমানজনক যিকোনো বস্ত হ'ব পাৰে। কোনো বস্তুৰ প্ৰতি অতৃপ্ত ক্ষুধা থকাৰ উপৰিও প্ৰেতৰ দৃষ্টিশক্তি বিৰক্তিদায়ক বুলি কোৱা হয়। প্ৰেত আৰু মানুহে একেই স্থানতে থাকিলেও নদী এখনলৈ চাই মানুহে স্বচ্ছ পানী দেখাৰ বিপৰীতে প্ৰেতসমূহে একেখন নদীকে ঘৃণনীয় পদাৰ্থৰে বৈ যোৱা দেখে। এছিয়াৰ বহু অঞ্চল যেনে ভাৰত, বাংলাদেশ, শ্ৰীলংকা, চীন, জাপান, কোৰিয়া, ভিয়েটনাম, তিব্বত, থাইলেণ্ড, কম্বোডিয়া, লাওছ আৰু ম্যানমাৰ আদি দেশৰ সংস্কৃতিত হিন্দু আৰু বৌদ্ধ ধৰ্মৰ বিশ্বাস আৰু প্ৰভাৱৰ বাবে প্ৰেতৰ চিত্ৰায়ন যথেষ্ট পৰিমাণে দেখা যায়। নাম সংস্কৃত 'প্ৰেত' শব্দৰ অৰ্থ হৈছে "মৃত ব্যক্তি।" ইয়াৰ মূল হৈছে 'প্ৰ-ইতা' যাৰ অৰ্থ "গুচি যোৱা, প্ৰস্থান কৰা।" ধ্ৰুপদী সংস্কৃতত এই শব্দটোৱে কোনো মৃত ব্যক্তিৰ আত্মাক বুজায়; বিশেষকৈ সৎকাৰৰ ৰীতি-নীতি সম্পন্ন হোৱাৰ আগতে। লগতে ই ভূত বা অশুভ সত্তাকো বুজায়। ইয়াৰ বিপৰীতে বৌদ্ধ ধৰ্মত সংস্কৃত 'প্ৰেত' শব্দটো সম্ভাৱ্য পুনৰ্জন্মৰ ছটা অৱস্থাৰ এটাক বুজাবলৈ গ্ৰহণ কৰা হৈছিল। বিৱৰণ প্ৰেতসমূহ মানুহৰ চকুত অদৃশ্য। কিন্তু কিছুসংখ্যকৰ মতে বিশেষ কোনো মানসিক অৱস্থাত মানুহে ইয়াক অনুভৱ কৰিব পাৰে। ইহঁতক মানুহৰ দৰে বুলি বৰ্ণনা কৰা হৈছে যদিও ইহঁতৰ দেহা কিন্তু সোতোৰা পৰা, ছাল শুকান, অংগ সংকীৰ্ণ, কিন্তু পেট অতিশয় প্ৰসাৰিত আৰু ডিঙি দীঘলীয়া। এই ৰূপটো তেওঁলোকৰ মানসিক পৰিস্থিতিৰ উপমা: অৰ্থাৎ তেওঁলোকৰ বিশাল পেটত অন্তহীন ক্ষুধা আছে, কিন্তু সেই ক্ষুধা পূৰণ কৰাৰ ক্ষমতা অতি সীমিত, যাৰ প্ৰতীক হৈছে তেওঁলোকৰ দীঘল ডিঙি। কম্বোডিয়াত এক বিশেষ নাৰী প্ৰেতক গ্ৰেক বুলি জনা যায়। ই হৈছে এক অশুভ আত্মা যি য়েই প্লেং নামৰ এগৰাকী দুৰ্নীতিগ্ৰস্ত বৃদ্ধাৰ আত্মা বুলি বিশ্বাস কৰা হয়। জীৱনকালত তেওঁ ৰাজপৰিয়ালৰ বাবে আৰু ওচৰৰ মন্দিৰত সন্ন্যাসীসকলৰ বাবে খাদ্য প্ৰস্তুত কৰাৰ দায়িত্বত আছিল। ভুগিবলগা দুখ-দুৰ্দশাক দুটা প্ৰধান প্ৰকাৰৰ প্ৰেতৰ বাবে নিৰ্দিষ্ট কৰা হৈছে। ইয়াৰে প্ৰথমবিধ প্ৰেত সামূহিকভাৱে জীয়াই থাকে আৰু আনটো প্ৰকাৰৰ প্ৰেতে মহাশূন্যত বিচৰণ কৰি ফুৰে। প্ৰথমবিধৰ তিনিটা উপপ্ৰকাৰ আছে। ইয়াৰে প্ৰথমটো হ’ল বাহ্যিক দুৰ্দশাত ভুগি থকা প্ৰেত। এই প্ৰেতবোৰে অহৰহ ক্ষুধা, তৃষ্ণা বা উষ্ণতাৰ সংবেদনহীনতাত ভুগি থাকে। দ্বিতীয় প্ৰকাৰৰ প্ৰেতে অভ্যন্তৰীণ দুৰ্দশাত ভুগি থাকে। ইহঁতৰ মুখ সৰু হোৱাৰ বিপৰীতে পেটটো ডাঙৰ। ইহঁতৰ মুখখন ইমানেই সৰু যে পেটৰ বৃহৎ ঠাইখিনি পূৰণ কৰিব পৰাকৈ ইহঁতে খাদ্য খাব নোৱাৰে আৰু তেনেকৈয়ে অনবৰতে ভোকত থাকে। তৃতীয় প্ৰকাৰৰ প্ৰেতে জীয়াই থকা জীৱৰ দৰে নিৰ্দিষ্ট দুৰ্দশাত ভোগে। মহাশূন্যত বিচৰণ কৰা আনটো শ্ৰেণীৰ প্ৰেতসমূহে সদায় ভয় খাই থাকে। ইয়াৰোপৰি ইহঁতে আনক কষ্ট দিয়াৰ প্ৰৱণতাত আক্ৰান্ত হয়। প্ৰেতসমূহৰ দুখ-দুৰ্দশাসমূহ প্ৰায়ে নৰকত বাস কৰা লোকসকলৰ সৈতে মিলে। ইহঁতৰ মূল পাৰ্থক্যটো হ’ল যে নৰকত থকা সত্তাসমূহ নিজৰ ভূগৰ্ভস্থ জগতখনত আবদ্ধ হৈ থাকে। ইয়াৰ বিপৰীতে প্ৰেতসমূহ মুক্তভাৱে ঘূৰি ফুৰিব পাৰে। তথ্য সংগ্ৰহ কিংবদন্তিমূলক
26177
https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A7%87%E0%A6%89%E0%A7%B0%E0%A7%80%20%E0%A6%9C%E0%A6%A8%E0%A6%97%E0%A7%8B%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A7%80
দেউৰী জনগোষ্ঠী
দেউৰী ()হ'ল বৃহৎ অসমীয়া জাতিৰ অন্তৰ্গত এটা চীনা তিব্বতীয় জনগোষ্ঠী। এই জনগোষ্ঠীৰ লোকসকলক প্ৰধানকৈ অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত পোৱা যায়। তেওঁলোকে প্ৰধানকৈ অসমীয়া ভাষা আৰু তিব্বেতীয়া বাৰ্মা ভাষা ব্যৱহাৰ কৰে। প্ৰায় ২লক্ষ্যৰো অধিক দেউৰী জনগোষ্ঠীৰ লোক ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ উপত্যকাত বসবাস কৰি আছে। দেউৰী নামৰ ইতিহাস 'দেউৰী' শব্দৰ উৎপত্তি প্ৰধানকৈ "দেৱ" নামৰ পৰা হৈছে বুলি অনুমান কৰা হয়। এই নাম সম্পৰ্কে এটি কিম্বদন্তি আছে। "প্ৰবাদ আছে যে, এসময়ৰ মহামায়া তাম্ৰশ্বৰী গোসাঁনীয়ে তেওঁৰ মায়া ছলনাৰে শক্তি প্ৰকাশ কৰিজগতৰ কল্যাণ সাধানাৰ্থে শিলাৰূপে দিবাং নৈত ওপঙি আছিল। তাকে দেখি ভীষ্মক ৰজাই 'হেন্দুৱান'ৰ দেশস্থ লোকক মতাই অনাই মহামায়াৰ শিলাৰূপিনী দেৱীমূৰ্তিখনি যথাস্থানলৈ নিবলৈ আদেশ কৰিলে। তেওঁলোকেও দেৱীমূৰ্তিজনাক তাৰ পৰা নিব নোৱাৰিলে। শেষত নিৰুপায় হৈ তেওঁ ঢোল কোবাইসকলোকে জনাই দিয়ালে যে যেয়ে দেৱীমূৰ্তিজনাক নিব পাৰিব সেয়ে তেওঁৰ ৰাজ পুৰোহিত হৈ বিখ্যাত বুঢ়া-বুঢ়ী,বলিয়া বাবা আৰু তাম্ৰশ্বৰী মন্দিৰৰ পূজাৰী হ'ব। এই কথা প্ৰচাৰ হোৱাৰ লগে লগে নানান জাতি বিধে বিধে মানুহ আহি মূৰ্তি নিবলৈ চেষ্টা কৰাত ই বোলে ইমান গধুৰ হৈ পৰিল যে কুৰি-পঁচিছজন মানুহেও থকা ঠাই পৰা লৰচৰ কৰিব নোৱাৰিলে। অৱশেষত চাৰিজন চুতিয়াই গা ধুই শুচি-সংযম হৈ মাতৃক স্তুতি মিনতি কৰেহি তেওঁলোকৰ অত্যন্ত পৰিশুদ্ধ আৰু পবিত্ৰ অন্তৰৰ সমবেত প্ৰাথৰ্না বাণীয়ে দেৱীৰ অন্তৰ পৰশিলে। দেৱী মূৰ্তি হালিজালি আপোনা আপুনি পাতল হ'ল। তেতিয়া সেই চাৰিজন চুতীয়াই দেৱী মূৰ্তি গোসাঁনীক দোলাত তুলি লৈ গৈ তাম্ৰেশ্বৰী মন্দিৰত থাপিলে। তেতিয়াৰ পৰা এই চাৰিজনক চুতীয়াসকলৰ ৰাজ পুৰোহিত পতা হয় আৰু এই সকলক দেউৰী বুলি কোৱা হয়। কাৰণ 'সৰ্বভূতে অৱষ্ঠিতা পূণব্ৰক্ষৰূপী এই অতি প্ৰাকৃত বা অতিজাগতিতক মহাশক্তিক উপাসনা কৰোঁতাসকলেই দেউৰী। দেউৰীসকলৰ চাৰি খেল আৰু চাৰি শাল দেউৰীসকলৰ প্ৰধান খেল বা ফৈদ চাৰিটা। সেইবোৰ হৈছে- দিবঙীয়া এওঁলোক শাল কুণ্ডিমামা বা বুঢ়া-বুঢ়ী শাল, টেঙাপনীয়া এওঁলোকৰ শাল বলিয়া বাবা (শিৱৰ বৰ পুত্ৰ) শাল, বৰগঞা এওঁলোকৰ শাল কেঁচাইখাতী বা তাম্ৰেশ্বৰী গোসাঁনী শাল আৰু পাটৰ গঞা এওঁলোক শাল পাটৰ শাল। দেউৰীসকলৰ পাটৰ গঞা ফৈদটো বৰ্তমান গৱেষণাৰ বিষয় হৈ পৰিছে। কাৰণ এই ফৈদৰ লোকসকল বিভিন্ন ঠাইত বিভিন্ন ধৰণে বিলীন হৈ সিঁচৰতি হৈ থকাৰ উমান পোৱা গৈছে। দেউৰীসকলৰ চাৰিওটা ফৈদৰ নাম স্থানবাচক বুলি ক'ব পাৰি। অতীজত কুণ্ডিল ৰাজ্যত দিবং নদীৰ পাৰত বাস কৰা ফৈদক দিবঙীয়া,টেঙাপনী নৈৰ পাৰত বসতি কৰা ফদৈক টেঙাপনীয়া,বৰনদীৰ পাৰত বাস কৰা ফৈদক বৰগীঞা আৰু পাট শদিয়াত বাস কৰাসকলক পাটৰ গঞা বোলা হৈছিল। দেউৰী জনগোষ্ঠীৰ এই চাৰিটা প্ৰধান খেল বা মুখ্যফৈদৰ সংশ্লিষ্ট লোকসকল পূনৰ কেইবাটাও উপফৈদ বা উপখেলত বা উপগোত্ৰত বিভক্ত হৈ আছে। বাস কৰা পদ্ধতি দেউৰীসকলে গাঁও পাতি চাংঘৰত বাস কৰা প্ৰথা অতি পুৰণি কালৰ পৰা চলি আহিছে। কাঠৰ জখলাৰে উঠি ঘৰত সোমায়ে প্ৰথমে পোৱা যায় সুৱচনী কোঠালি। এই কোঠালিটো গৃহ দেৱতাৰ নামত ৰখা হয়। অৱশ্যে দিৱঙীয়া আৰু বৰগঞা খেলৰ মাজত এই সুৱাচনী কোঠালি ৰখা প্ৰথাটো নাই। ঘৰৰ ইমূৰৰ পৰা সিমূৰলৈকে এটি দীঘলীয়া বাট ৰখা হয়। সমুখৰ দুৱাৰেদি সোমাই এই দীঘলী বাটেৰে ঘৰৰ আটাইবিলাক কোঠালিত প্ৰৱেশ কৰিব পৰা ব্যৱস্থা থাকে। একেবাৰে সিমূৰত থাকে ৰন্ধনশাল। ৰন্ধনশালৰ কাষতে থাকে ঘৰৰ মুৰব্বী বা পিতা-মাতাৰ কোঠা। এই মুৰব্বীজনৰ কোঠাতে পৰিয়ালৰ আটাইবিলাক একেলগে বহি খোৱা-বোৱা কৰে। বেতৰ এক বিশেষ পদ্ধতিৰে নিৰ্মিত 'মেহেঙা' নামৰ সঁজুলিৰ ওপৰত ভাতৰ কাঁহী থৈ ভাত খোৱাৰ নিয়ম। মহিলাসকলে ৰন্ধনশালতে ভোজন কৰা নিয়ম চলি আহিছে। পৰম্পৰাগত সাজপাৰ দেউৰী সকলে পৰম্পৰাগত ব্যৱহৃত সাজপাৰযোৰ ঘৰতে প্ৰস্তুত কৰি লয়। দেউৰী সমাজত বিবাহিত মহিলাই বুকুৰ পৰা ভৰিৰ গুৰুহাত পৰাকৈ মেথনি মাৰি দীঘল মুগা অথবা কপাহী মেখেলা পিন্ধে। কঁকালত তেওঁলোকে মুগা ৰিহা জকাচ্ছিবা) অথবা বাইগা মেৰাই লয়। গাত তেওঁলোকে চোলা পিন্ধে। দেউৰী মহিলা সকলে মূৰত মৰা গামোচা খনক টকয়া (গাতিকী)বোলে। বৰগঞা সমাজত মহিলা সকলে সাধাৰতে উৎসৱ পাৰ্বন আদিত বগা মেখেলা আৰু চোলা পিন্ধি গাত এখন বগা চাদৰ মেৰাই লয়। টেঙাপনিয়া সমাজত মহিলাসকলে সোণালী ৰঙৰ মুগাৰ ৰিহা, ফুলাম মেখেলা পৰিধান কৰে। ডিবঙিয়া সমাজত মহিলাসকলে ৰঙা, সেউজীয়া, হালধীয়া আদি নানা বৰণীয়া উজ্জ্বল ৰঙৰ পোচাক পৰিধান কৰা দেখা যায়। দেউৰী সমাজত গাভৰু ছোৱালীয়ে মেখেলা পিন্ধি বুকুত এখন দীঘল গামোচা মেৰাই লয়। এনেদৰে বুকুত গামোচা মৰা প্ৰথাক তেওঁলোকে পাও মৰা বোলে। দেউৰী সমাজত পুৰুষ সকলে প্ৰধানকৈ চোলা আৰু চুৰিয়া পিন্ধে। তেওঁলোকৰ মাজত ঘৰতে প্ৰস্তুত কৰি লোৱা কপাহী চোলা, হাত দীঘল মুগা চোলা অথবা পাটৰ কাপোৰৰ চোলাৰ প্ৰচলন দেখা যায়। মৰ্য্যদা অনুসৰি পুৰুষ সকলে মূৰত পাটৰ অথবা কপাহী কাপোৰৰ পাগুৰিৰ ব্যৱহাৰ কৰা দেখা যায়। আ-অলংকাৰ দেউৰী সমাজত মহিলাসকলে ডিঙিত তিল ক'লা মণিসহ সোণৰ মাদলি পিন্ধে। তেওঁলোকৰ মাজত দুগদুগী, জোনবিৰি আৰু বেনাৰ ব্যৱহাৰো মন কৰিবগীয়া। বয়সস্থ দেউৰী মহিলা সকলে কাণত কেৰু আৰু জাংফাই পৰিধান কৰা দেখা যায়। বৰ্তমান নৱ প্ৰজন্মৰ মাজত এই দুবিধ অলংকাৰৰ প্ৰচলন অতি সীমিত। দেউৰী মহিলা সকলে হাতত মুঠিখাৰু, গামখাৰু, গোটা খাৰু, পটিয়া খাৰু আদি অলংকাৰ পৰিধান কৰে। আঙুলিত তেওঁলোকে বিভিন্ন শৈলীৰ আঙুঠি পৰিধান কৰা দেখা যায়। জীৱিকা দেউৰীসকল সাধাৰণতে কৃষিজীৱি। তেওঁলোকৰ জীৱিকাৰ ঘাই উপায়েই হৈছে কৃষি। বিশেষকৈ ধান, মাহ, সৰিয়হ, আলু, কচু, শাক-পাচলি আদি খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। কপাহ খেতি তেওঁলোকৰ পৰম্পৰাগত খেতি। মহিলা আৰু গাভৰুসকলে আহু খেতিত বন নিৰণি কৰাৰ দৰে কপাহ খেতিতো বন নিৰণি কৰাৰ ওপৰত গুৰুত্ব দিছিল। এক সামান্য অংশই চাকৰি কৰি জীৱন নিৰ্বাহ কৰিলেও এওঁলোকে সাধাৰণতে কৃষি কৰ্ম নেৰে। ধৰ্ম আৰু উৎসৱ ধৰ্মত দেউৰীসকল হিন্দু। হিন্দু শাস্ত্ৰত উল্লিখিত দেৱ-দেৱতাসকলক এওঁলোকে অতি প্ৰাচীন কালৰ পৰা অতি শ্ৰদ্ধা-ভক্তি আৰু বিশ্বাসেৰে উপাসনা কৰি আহিছে। দেউৰীসকলৰ তিনিটা খেলৰ ভিতৰত দিবঙীয়া খেলে কুণ্ডিমামাক, টেঙাপনীয়া খেলে বলিয়া বাবাক, বৰগীঞা খেলে তাম্ৰেশ্বৰী মাতৃক পূজা কৰে। ধৰ্মোৎসৱ হিচাবে এওঁলোকে পুৰণি কালৰ পৰা প্ৰধানকৈ তিনিটা উৎসৱ পালন কৰি আহিছে। সেইকেইটা হ'ল ব’হাগ বিচু (ইবাঁকু বিচু) মাঘ বিচু অম্বুবাচীপূজা-উৎসৱ বা "সাতঅ-চুৱাদাবেবা" পৰম্পৰা। তদুপৰি "পিটা-হাবা বিচু" আৰু "মেটুৱা লেবা" তেওঁ লোকৰ অন্যতম উৎসৱ। কেৱল এইকেইটা উৎসৱতহে দেউৰীসকলে নিজ নিজ খেলৰ দেওশাল (দে-গৰ)ত বিশেষ ভাৱে পূজা আগবঢ়ায়। দেওশালত আগতীয়াকৈ পূজা-অৰ্চনা নকৰাকৈ উৎসৱ পতাৰ নিয়ম নাই। বহাগ বিহুৰ বাহিৰে বাকী দুটা উৎসৱত দেওধনী (মিদি-কাবা) নুঠে আৰু দেওধনী নাচো (মিদি-জামা) নহয়। দেওশালত পতা অন্য এটা গুৰুত্বপূৰ্ণ পূজা হৈছে ন ধানৰ পূজা। এই পূজা প্ৰতিবছৰে শাওন মাহৰ শুক্লা পক্ষ প্ৰথমটো বুধবাৰে পতা হয়। দেউৰীসকলৰ ধৰ্মীয় কাম-কাজ সম্পূৰ্ণ শাক্ত পন্থীয়। বিভিন্ন পূজাত বলি-বিধানৰ ব্যৱস্থা আছে। বহাগ বিচু উৎসৱ ৰঙালী বিহুকে দেউৰী সকলে বহগ বিচু বা ইবাঁকু বিচু বুলি কয়। ৰঙালী বিহুৰ উৎসৱ হ'লেও তেওঁলোকৰ বাবে ই কেৱল ৰং ৰহইচৰ উৎসৱ নহয়, ই অতি প্ৰাচীন কালৰে পৱা চলি অহা সাংস্কৃতিক মহোৎসৱ। দেউৰী জন-জীৱনৰ এই বসন্ত উৎসৱটি সৰ্বশ্ৰেষ্ঠ পূজা-উৎসৱ। বিহুৰ পূজা-উৎসৱত সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তন গভীৰভাৱে নিহত হৈ আছে। দেউৰীসকলে বিচু উৎসৱ উদযাপন উপলক্ষে দুটা পূজা পাতিব লাগে। ইয়াৰে এটা পৰিয়াল ভিত্তিক আৰু আনটো সামূহিক। প্ৰথমটো সুৱচনী পূজা বা ঘৰদেও পূজা আৰু দ্বিতীয়টো দেওশাল বা "দেগৰ" বা দেৱালয়ৰ পূজা। সুৱচনী বা ঘৰদেও পূজা দেউৰীসকলৰ বিশ্বাস যে গাঁৱৰ প্ৰতিঘৰ গৃহস্থই সুৱচনী বা ঘৰদেও পূজা নপতাকৈ দেৱালয়ত বিহু পূজা পাতিলে বিহুত দেওধনি আবিৰ্ভাৱ নহয়। সুৱচনী পূজা যিহেতু ঘৰদেও পূজা,গতিকে ঘৰৰ ভিতৰতে এক আচুতীয়া ঠাইত বহাগৰ শুক্ল পক্ষৰ প্ৰথমটো বুধ বাৰত পুৱা ভাগত এই পূজা পতা হয়। দেৱালয় বা দেওশাল পূজা দেউৰীসকলৰ উৎসৱটোক বৰ বলি নামেৰেও জনা যায়। বহাগৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰে প্ৰতিটো খেল বা ফৈদৰ দেৱালয়ত সমূহিয়াকৈ উৎসৱ মুখৰভাৱে এই বিহু পূজা পতা হয়। ইয়াক বৰ্ত্তমান বহাগ বিহুৰ পূজা উৎসৱ বোলে। কিন্তু আদিতে ইয়াৰ নাম'বাসন্তী পূজা উৎসৱ'হে আছিল। দেউৰী সমাজৰ যি বিহুৱেই নহওক, বিহুৰ এই বিশেষ তাৎপাৰ্য হৈছে বিহু আৰম্ভ কৰাৰ দিন-বাৰ চোৱা। বিহু উদযাপিত মাহৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰত যদি ৰাইজৰ বিহু-দিন নপৰি অন্য দিনত পৰে তেন্তে সেই দিনা দেউৰী সকলে বিহুৰ শুভাৰম্ভ নকৰি সেই প্ৰথমটো বুধবাৰলৈ অপেক্ষা কৰে। বুধবাৰৰ বাহিৰে অন্য বাৰত দেৱালয়ৰ বিহু-পূজা পতা নিষেধ। দেৱালয়ৰ এই বিহু পূজা উৎসৱ সম্পূৰ্ণ সাত দিন থাকে। কিন্তু দেৱালয়ত বিহু পূজা দুদিনহে হয় প্ৰথমটো বুধবাৰ আৰু তাৰ পাছৰটো বুধবাৰে। দেউৰীসকলৰ বহাগ বিহু উৎসৱৰ লগত নিবিড়ভাবে জড়িত হৈ প্ৰাচীন কালৰ পৰা সমাজত চলি অহা কেইটামান ৰীতি হ'ল- নতুন পৰীয়া নিযুক্তি, পুৰণিৰ অৱসৰ নিশা বিহু, গৰু গা ধুউৱা ন কৈ চুৰীয়া পিন্ধোৱা আৰু পাট গাভৰুৰ গাত কাপোৰ দিয়া বা পাউগা মৰোউৱা নিয়ম কণী যুঁজোৱা প্ৰথা, ডেকা বিহু গাভৰু বিহু আবৰব হাঁচটি আৰু হুঁৰাই ৰঙালী নাম হুঁচৰি গোৱা নিয়ম গোসাঁনী পাটৰত তোলা বিহু আৰু হুঁচৰি উৰুৱা উৎসৱ পাচ বিহু বা ৰাজবন পীৰি বা নৌকা উটুৱা সবাহ। মাঘ বিহু উৎসৱ প্ৰাচীন কালৰে পৰা কুণ্ডিল ৰাজ্যত চলি অহা চিৰাচৰিত প্ৰথা বা ৰীতি অনুসৰি দেউৰীসকলে মাঘ মাহৰ শুক্লপক্ষৰ প্ৰথমটো বুধবাৰে তেওঁলোকৰ দেৱালয় বা গোসাঁনীশালত বছৰি একোটা ডাঙৰ পূজা উৎসৱ পতাৰ নিয়ম আছে। সেইহে দেউৰীসকলৰ মাঘ বিহু উৎসৱ মাঘ মাহৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰেহে আৰম্ভ হয়। দেৱালয়ত পূজাৰম্ভৰ পৰা এসপ্তাহ ধৰি বিহু-উৎসৱ চলে,কিন্তু পূজা কেৱল প্ৰথম আৰু শেষৰ দিনাহে হয়। বিহু উৎসৱটো সম্প্ৰদায় ভিত্তিক হ'লেও পূজাটো কিন্তু সাৰ্বজানীন। দেউৰীসকলৰ মাজত প্ৰবাদ আছে যে বিহু উৎসৱৰ আদি স্ৰষ্টা স্বয়ং গিৰি-গিৰাচি(বুঢ়া-বুঢ়ী)। সেয়েহে আদি স্ৰষ্টা গিৰা-গিৰাচিৰ শুভাগমনৰ আদৰ-সম্ভাষণ জনাবলৈকে দেৱালয়ত এই পূজা আৰু সমাজত বিহু-উৎসৱ পালন কৰা ৰীতি-নীতি চলি আহিছে। দেৱ-দেৱীক সন্তুষ্ট কৰিব পাৰিলেই সকলো সমস্যাৰ সমাধান হয় বুলি বিশ্বাস কৰে। বিবাহ পদ্ধতি বিবাহ হ'ল এক পবিত্ৰ বন্ধন। টেঙাপনীয়া,বৰগঞা আৰু দিবঙীয়া দেউৰীসকলৰ এই তিনি ভিন্ন খেল বা ফৈদৰ ডেকা-গাভৰুৰ মাজত বিয়া বাৰু হয়। কিন্তু সামাজিক অনুমতি নিষিদ্ধ গোত্ৰ, বংশ বা পৰিয়ালৰ ডেকা-গাভৰুৰ মাজত বিয়া হোৱাতো বাদেই, আনকি অবাধ মিলা-মিচা কৰাও গুৰুতৰ সামাজিক অপৰাধ। ছোৱালী খোজা-বঢ়া, ভোজা দিয়া: বংশ, গোত্ৰ আৰু সম্বন্ধ বিচাৰ কৰি উভয়পক্ষ সকলোৰে সন্মতি থাকিলে প্ৰথমতে দৰা-পক্ষৰ পিতৃ-মাতৃ আৰু দুই এজন দায়িত্বশীল মানুহে গুৱা-পাণৰ টোপোলা, এসাঁজ বোৱা কাপোৰ-কানি,মাছ-পুঠিসহ এটা মদৰ টেকেলি, উপঢৌকন আৰু মাননি লৈ কনাই-ঘৰলৈ মাক-বাপেকৰ ওচৰত ছোৱালী খোজেগৈ। কইনাৰ পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ সদস্যসকল সন্মত হ'লে ল'ৰাৰ পক্ষই অনা মাননি আৰু উপঢৌকন গ্ৰহণ কৰে আৰু দুয়োঘৰৰ দ্ৰব্যবস্তুৰে জা-জলপান গ্ৰহণ কৰি এই সম্বন্ধ যুগমীয়া হওক বুলি টেকেলিৰ মদ বাকি আশীৰ্বাদ কৰে। ইয়াকে দেউৰী সকলে 'ছোৱালী খোজা' বুলি কয়। তেতিয়াৰে পৰা আনুষ্ঠানিকভাৱে বিবাহ কাৰ্য্য হৈ নুঠালৈকে প্ৰতি মাঘ আৰু বহাগ মাহত এই কাৰ্য্যৰ পুনৰাবৃত্তি কৰি থাকে। এই নিয়মটোক তেওঁলোকে 'ভোজা দিয়া' বুলি কয়। দেউৰী সমাজত প্ৰচলিত তিনি প্ৰকাৰৰ বিয়া আৰু উৎসৱৰ আয়োজন কৰা হয়। সেইসমূহ হৈছে বৰবিয়া মাজু বিয়া আৰু সৰু বিয়া পলুৱাই অনা বিয়া বৰবিয়া বিয়া পদ্ধতিৰ ভিতৰত'বৰবিয়া'ৰ নামো যেনে 'বৰ', তাৰ জা-যোগাৰ, আয়োজন, ভাৰ-ভেটি আৰু নীত-নিয়মবোৰ তেনে আড়ম্বৰপূৰ্ণ। বিয়াৰ দিনটোলে এমাহ মান থাকোঁতেই দৰা-কইনা দুয়োখন ঘৰতে বিয়াৰ জা-যোগাৰত উখল-মাখল লাগে। ঘৰৰ গৃহস্থই গুৱা-পাণ লৈ গাঁৱৰ প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে গৈ ডেকা-গাভৰুহঁতক খৰি-কাঠ,ধান-চাউল,জা-জলপান উলিওৱা,মদ বা চু'জে তৈয়াৰ কৰা,বিল,নদীত মাছ ধৰা, হাবিৰ কৌ-পাত কটা আদি কামত হাত উজান দিবলৈ মাননি ধৰে। সকলো কামৰ আৰম্ভণিতে আকৌ দুজনমান বুঢ়া-মেঠাই লগ লাগি মদ ঢালি অপায়-অমঙ্গল নহ'বৰ বাবে ইষ্ট দেৱতাক প্ৰাৰ্থনা কৰে। বিয়অৱ বাবে পাঠৰীয়া,কাকতি,পুৰোহিত বা কানণ্ডাৰী,মেধি আৰু দৰা বা কইনাৰ বিয়া বাবে পাতিলোৱা বাপেক-মাক,সখা-সখী,নামতী,নাচনী,আয়তী,ঢুলীয়া,ৰান্ধনি,চকু ৰখা,পাঁচনি আদি বিয়াখনৰ বিষয়-ববীয়া সকলোকে বিষয় আৰু নীতি অনুসৰি গুৱা-পাণ মাননি আগবঢ়াই আগতীয়াকৈ দায়িত্ববোৰ অৰ্পণ কৰা হয়। বিয়অলৈ সাত দিন থকাৰে পৰা গাঁৱৰ লগৰীহঁতে 'কইনা'ৰাখিবলৈ আহে। সেই দিনাৰ পৰা কইনাই পাতি লোৱা সখী আৰু লগৰীয়াৰে সৈতে মিতিৰ-আত্মীয়ৰ ঘৰে ঘৰে 'কইনা ভাত,খায়। দেউৰী সকলৰ মাজত 'চোৱা দিয়া বৰা ভাত' আৰু মগু আৰু মাটিমাহৰ আঞ্জাই হ'ল কইনা-ভাতৰ প্ৰিয় জুতি। বিয়াৰ দিনা শুভক্ষণ চাই ভকত আৰু ৰাইজৰ আৰ্শীবাদ লৈ দৰা কইনা ঘৰলৈ বুলি বৰযাত্ৰা আৰম্ভ কৰে। ডেকাহঁতৰ হিলৈ আৰু আয়তী-নামতী, ঢুলীয়াহঁতৰ বিয়া নাম, উৰুলি আৰু ঢোলৰ মাতে ওৰে বাট ৰজন-জনাই সনয়ত বৰযাত্ৰী সকলৰে সৈতে দৰা গৈ কইনা ঘৰৰ কলগছ,আম ডালিছে বনোৱা তোৰণৰ কাষ পাইহি। কইনাৰ মাকে ধূপ-চাকি,চন্দনেৰে দৰাক আদৰি নিবলৈ আহে। যথা সময়ত দৰা-কইনা উভয়কে সখীয়েকৰ সৈতে পুৰোহিতৰ আৰু ৰাইজৰ মাজলৈ অনা হয়। কন্যাদাতাই নিজেও গলত বস্ত্ৰ লৈ কৰ-যোৰ কৰি এই পবিত্ৰ বিবাহ উৎসৱটোৰ কথা ভকত,পুৰোহিত আৰু ৰাইজক উদ্দেশ্য কৰি আনুষ্ঠানিকভাৱে কয়। কন্যাদাতাৰ এই কথাখিনি তিবাৰকৈ পুনৰাবৃত্তিৰে পুৰোহিতৰ দ্বাৰা হৰিধ্বনি কৰি প্ৰথমে ইষ্ট দেৱ-দেৱীৰ প্ৰতি আৰু পাছত ভকত আৰু ৰাইজক অৱগত কৰে। তাৰ পাছত কন্যাদাতাই নৱ-দম্পতীৰ বস্ত্ৰৰ আঁচলত 'লগ্ন গাঁঠি' দিয়ে। আৰু লগে লগে ডেকাই তিনি জাঁই হিলৈ ফুটায় আৰু আয়তীসকলে চাউল, ফুল আদি ছটিয়ায়। মাজু বিয়া আৰু সৰু বিয়া বৰ বিয়াৰ কাম সাত দিন জুৰি চলাৰ দৰে মাজু বিয়া কাম তিনিদিনীয়া আৰু সৰু বিয়াখন এদিনীয়াকৈ অনুষ্ঠিত হয়। এনে বিয়াৰ আদৱ কায়দা তথা আয়োজন ভাৰ-ভেটি আদিও সৰু। পলুৱাই অনা বিয়া দেউৰী সমাজে স্বীকাৰ কৰা আনবিধ সঘনে প্ৰচলন হৈ থকা বিয়াই হ'ল 'পলুৱাই অনা বিয়া'। অৱশ্যে পাকে প্ৰকাৰে ল'ৰাই নিজৰ ঘৰখনক এই কথাটো আগতীয়াকৈ জনাইও থয়-যাতে সময়ত সকলো সাজু হৈ থাকিব পাৰে। ল'ৰাই ছোৱালী আনি ঘৰ সোমোৱাৰ লগে লগে ঘৰৰ চোতালত কোনোবাজনে হিলৈ ফুটাই। হিলৈৰ মাত শুনিলেই চুবুৰীয়াই গম পায় ছোৱালী পলুৱাই আনিছে বুলি আৰু লগে লগে ওচৰ চুবুৰীয়া মানুহখিনি খদম দমকৈ ওলাই আহে ন-বোৱাৰী আদৰিবলৈ। ৰীতি-মতে ন-ছোৱালীক আদৰি,গা-পা ধুৱাই কইনা, পাটীত বহুৱাই থয়। পিতৃ-মাতৃয়েও সেইদিনাই থাউকতে পোৱা বুঢ়া-মেথা দুগৰাকীমানক বিয়াখনৰ ভকত ৰূপে তামোল-পাণ দি মাতি আনি পো-বোৱাৰীক তেখেতসকলৰ ওচৰত আঁঠু ল'বলৈ দিয়ে। ভকত সকলেও ইষ্ট দেৱতাক কামনা কৰি মদ বাকী ন-দাম্পতীক আৰ্শীবাদ দিয়ে। এনেদৰে এই বিয়াখনকো সমাজৰ দ্বাৰা গ্ৰহণ কৰি লোৱা হয়। আ অলংকাৰ ডিঙিত পিন্ধা অলংকাৰ বিয়া-সবাহত বা আনন্দ উৎসৱত দেউৰী পুৰুষ-মহিলা উভয়ে কণ্ঠত কণ্ঠাহাৰ পিন্ধিছিল। এই কণ্ঠাহাৰে ডিঙিৰ পৰা বুকুলৈকে ওলমি তিৰোতাৰ সৌন্দৰ্য দুগুণে বঢ়াই তুলিছিল। দেউৰী মহিলাসকলৰ ডিঙিত পিন্ধা অলংকাৰৰ ভিতৰত মণি জাতীয় সৰু-ডাঙৰ অলংকাৰেই প্ৰধান আছিল। নানা ৰঙৰ মণিবোৰ তেওঁলোকৰ পছন্দ মতে টান সূতাৰে গাঁঠি লৈছিল। বুকুলৈকে ওলোমাই পিন্ধা মণিধাৰ ছেংমৰা মণি বুলি জনা গৈছিল। এনে মণিধাৰত সোণ-ৰূপৰ মাদুলি অথবা জোনবিৰিও সংযোগ কৰিছিল। কাণত পিন্ধা অলংকাৰ দেউৰী মহিলাসকলে আগতে সোণ-ৰূপৰ জাংফাই আৰু থুৰিয়া কেৰুত বাখৰ লগাই কাণত পিন্ধিবলৈ ভাল পাইছিল। জাংফাই আৰু থুৰিয়া কেৰুৰ উপৰিও উন্তিৰ ব্যৱহাৰো মহিলাসকলে কৰিছিল। এই উন্তিবোৰ চেপেটা আৰু গোটা ৰূপত সোণ, ৰূপ, তাম বা পিতলেৰে গঢ়াই লৈছিল। সাধাৰণতে ঘৰুৱা কামত আৰু কৃষিকাৰ্যত ব্যস্ত থকা দেউৰী মহিলাসকলে কাণত খাগৰি বনৰ পাব কাটি, ৰং সানি পিন্ধিছিল। মহিলাসকলৰ দৰে পুৰুষসকলেও কাণত জাংফাইজাতীয় অলংকাৰ পৰিধান কৰিছিল। বিয়া-সবাহ, বিহু আদি উৎসৱবোৰত সোণ-ৰূপৰ অলংকাৰবোৰ পিন্ধিছিল। হাতত পিন্ধা অলংকাৰ দেউৰী মহিলাসকলে হাতৰ আঙুলিত নানা তৰহৰ সোণ, ৰূপ, তাম আৰু পিতলৰ আঙুঠি পিন্ধিছিল। পুৰুষসকলেও বাখৰ খটোৱা আঙুঠি পিন্ধিছিল। তেনেদৰে খাৰু মহিলাসকলে পৈতিক সম্পত্তি হিচাপে পাইছিল। এযোৰ শকত গোটা খাৰু আৰু এযোৰ চেপেটা পতিয়া খাৰু পিতৃ-মাতৃয়ে প্ৰত্যকজনী জীয়েকৰ নামত গঢ়াই দিবলৈ চেষ্টা কৰিছিল। চিৰি খাৰুৰ ব্যৱহাৰ আগতে দেউৰী সমাজত নাছিল। আজিকালিৰ মহিলাই চিৰি খাৰুৰ ব্যৱহাৰ কৰা দেখা গৈছে। বিহু, বিয়া, সবাহ আদি উৎসৱত খাম খাৰু, হাচঁমৰা আদি পিন্ধিবলৈ শিকাটো আহোমসকলে অসমত ৰাজত্ব কৰাৰ দিনৰ পৰাই প্ৰচলন হৈছিল। আহোম ৰাজত্বৰ দিনতেই গামখাৰু আৰু হাচঁমৰাৰ ব্যৱহাৰ বহুলভাৰে দেউৰী াই কৰিবলৈ লয়। গামখাৰু আৰু সাচঁমৰাবোৰত সোণ বা ৰূপৰ পানী ঢালি বাখৰ খটোৱা হৈছিল আৰু জুনুকাৰ দৰে শব্দ কৰিবলৈ এইবোৰৰ ভিতৰত সিহৰ বা টিনৰ গুটি ভৰাই লোৱা হৈছিল। দেউৰীসকলৰ মাজত পূৰ্বতে নাকত আৰু ভৰিত অলংকাৰ পৰিধান কৰা নাছিল, বৰ্তমান কোনো কোনো দেউৰী মহিলাই আনক অনুকৰণ কৰি নাকত আৰু ভৰিত অলংকাৰ পিন্ধা দেখা গৈছে, এইটো আনৰ পৰা বুটলি অনা কৃষ্টিৰ ভিতৰত পৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ দেউৰী জনগোষ্ঠীৰ পাৰম্পৰিক সাঁজপোছাক অসমৰ
4873
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A7%B0%E0%A6%95%E0%A6%BE%E0%A6%B8%E0%A7%81%E0%A7%B0
নৰকাসুৰ
ভাগৱত পুৰাণত উল্লেখ থকা মতে নৰকাসুৰ বা নৰক ভূমি (ভূদেৱী) আৰু বৰাহৰ (বিষ্ণুৰ তৃতীয় অৱতাৰ) পুত্ৰ। বিদেহৰ (উত্তৰ বিহাৰ) ৰজা জনকে তেওঁক ডাঙৰ-দীঘল কৰিছিল। বাণাসুৰৰ প্ৰভাৱত তেওঁ অত্যাচাৰী হৈ পৰিছিল। তেওঁ শেষ দানৱ ৰজা ঘটকাসুৰক সিংহাসনচ্যুত কৰি প্ৰাগজ্যোতিষ ৰাজ্য স্থাপন কৰিছিল। পশ্চিমে কৰতোৱাৰ পৰা পূবে দিক্ৰঙলৈ তেওঁৰ ৰাজ্য বিস্তৃত আছিল। তেওঁ বিদৰ্ভৰ ৰাজকুমাৰী মায়াক বিয়া পাতিছিল। পাছলৈ শ্ৰীকৃষ্ণৰ হাতত তেওঁৰ মৃত্যু হয়। নৰকাসুৰৰ কিংবদন্তি অসমৰ ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ; কাৰণ কামৰূপ শাসন কৰা কেইবাটাও ৰাজবংশ নৰকাসুৰৰ পৰাই হোৱা বুলি কোৱা হয়। গুৱাহাটীৰ দক্ষিণত তেওঁৰ নামেৰে এটা পাহাৰ আছে। শক্তি দেৱী আৰু উপাসনাৰ স্থান কামাখ্যাৰ সৈতেও তেওঁৰ নাম যুক্ত কৰা হয়। ইতিহাস ৰামায়ণ আৰু মহাভাৰতৰ প্ৰথম শতিকাৰ পাছত লিখা অংশবোৰত নৰকাসুৰ আৰু তেওঁৰ প্ৰাগজ্যোতিষ ৰাজ্যৰ উল্লেখ আছে। তেওঁৰ পুত্ৰ ই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ হৈ অংশগ্ৰহণ কৰিছিল বুলি কোৱা হয়। বৰাহ প্ৰজাপতিৰ কথা শতপথ ব্ৰাহ্মণত আছে যদিও আনুমানিক পঞ্চম শতিকাত ৰচিত "হৰিবংশ"ত ভূমিৰ সংস্পৰ্শত পুত্ৰ উপজাৰ কথা উল্লেখ আছে। বিষ্ণু পুৰাণত নৰকৰ এই কাহিনী বহলাই কোৱা হৈছে। আৰু পাছলৈ ৰচিত ভাগৱত পুৰাণত এই কাহিনী পুনৰ বৰ্ণোৱা হৈছে। অসমত ৰচিত উপপুৰাণ কালিকা পুৰাণত (১০ম শতিকা) নৰকাসুৰৰ কিংবদন্তি আটাইতকৈ বেছি বৰ্ণিত হৈছে। ইয়াত সীতাৰ পিতৃ বিদেহৰ জনকৰ কাহিনীও নৰকাসুৰৰ কাহিনীৰ লগত যুক্ত কৰা হৈছে। কিংবদন্তি নৰকৰ মাতৃ ভূমি দেৱীয়ে বিষ্ণুক বৰ খুজিছিল যে তেওঁৰ পুত্ৰই যেন দীৰ্ঘ জীৱন লাভ কৰে আৰু তেওঁ শক্তিশালী হয়। বিষ্ণুৱে এই বৰ পূৰণ কৰে। লগতে বিষ্ণুৱে নৰকাসুৰক কামাখ্যা দেৱীক পূজা কৰিবলৈ শিকায়। প্ৰথম অৱস্থাত ভালকৈ শাসন কৰা নৰকাসুৰ শোণিতপুৰৰ বাণাসুৰৰ প্ৰভাৱত পৰি অত্যাচাৰী হৈ উঠে। নৰকাসুৰে কামাখ্যা দেৱীক বিয়া কৰাবলৈ প্ৰস্তাৱ দিয়ে। দেৱীক কওঁতে দেৱীয়ে চৰ্ত ৰাখিলে যে কুকুৰাই ৰাতিপুৱা হোৱাৰ জাননী দিয়াৰ আগতেই যদি নৰকে নীলাচল পাহাৰৰ তলৰ পৰা মন্দিৰলৈকে এৰাতিৰ ভিতৰতে খটখটী নিৰ্মাণ কৰিব পাৰে তেন্তে তেওঁ বিয়া কৰাবলৈ ৰাজী হ'ব। নৰকাসুৰে সেইমতে খটখটী নিৰ্মাণ কৰি ৰাতিপুৱাৰ আগতেই শেষ কৰিবৰ উপক্ৰম হ'ল। কামাখ্যা দেৱীয়ে তেতিয়া ভয় খাই কুকুৰা এটাৰ ডিঙিত চেপা মৰাত সি ডাক দিলে। নৰকেও ৰাতি পুৱাল বুলি ভাবি কামটো আধাতে এৰিলে। পাছলৈ আচল কথা গম পাই নৰকে কুকুৰাটো খেদি খেদি বধ কৰে। এতিয়াৰ দৰং জিলাত "কুকুৰাকটা" নামৰ ঠাই এখন আছে। আনহাতে অসমাপ্ত খটখটীটোক "মেখেলা-উজোৱা পথ" বুলি কোৱা হয়। ইয়াৰ পাছত বশিষ্ঠ মুনিক কামাখ্যা মন্দিৰত উপাসনা কৰিবলৈ অনুমতি নিদিয়াত মুনিয়ে নৰক আৰু দেৱীক অভিশাপ দিয়ে যে এই মন্দিৰত পূজা কৰা কাৰো মনোবাঞ্ছা পূৰ্ণ নহয়। শিৱৰ হস্তক্ষেপত এই অভিশাপ তিনি বছৰলৈ সীমিত হয়। এনেকৈ নৰকাসুৰ বিষ্ণু আৰু কামাখ্যাৰ অপ্ৰিয়ভাজন হৈ উঠে। পৃথিৱীৰ সকলো ৰাজ্য জয় কৰি উঠি নৰকাসুৰে স্বৰ্গ আক্ৰমণ কৰে আৰু ইন্দ্ৰ পলাবলৈ বাধ্য হয়। ইয়াৰ পাছত নৰকে অদিতি দেৱীৰ কুণ্ডলযোৰ চুৰ কৰে আৰু ১৬০০০ স্ত্ৰীক অপহৰণ কৰি লৈ যায়। ইন্দ্ৰকে ধৰি সকলো দেৱতা বিষ্ণুৰ ওচৰলৈ গৈ নৰকাসুৰৰ বিনাশৰ বাবে কাকূতি কৰে। বিষ্ণুৱে অৱতাৰত সেই কাম সমাপণ কৰিব বুলি কথা দিয়ে। বিষ্ণুৱে ভূদেৱীক দিয়া বৰ অনুসৰি নৰকে দীৰ্ঘ জীৱন লাভ কৰিছিল। পাছলৈ কৃষ্ণৰ ভাৰ্যা সত্যভামাৰ (তেওঁক ভূদেৱীৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়) সম্পৰ্কীয় অদিতিয়ে সত্যভামাক নৰকাসুৰৰ কুকীৰ্তি কয়। সত্যভামাই কৃষ্ণক নৰকাসুৰৰ বিপক্ষে যুদ্ধৰ বাবে মান্তি কৰোৱায়। কৃষ্ণ আৰু সত্যভামাই গৰুড়ত উঠি নৰকাসুৰৰ ৰাজ্য আক্ৰমণ কৰে। ই নৰকাসুৰৰ সেনাপতি "মুৰ"ক বধ কৰাৰ বাবে তেওঁক "মুৰাৰী" বুলিও কোৱা হয়। অৱশেষত সুদৰ্শন চক্ৰৰে ই নৰকাসুৰক বধ কৰে আৰু অদিতিৰ সোণৰ কুণ্ডলৰ লগতে ১৬০০০ গৰাকী স্ত্ৰীক উদ্ধাৰ কৰে। প্ৰাগজ্যোতিষপুৰৰ সিংহাসনত নৰকাসুৰৰ পুত্ৰ ভগদত্তক স্থাপন কৰা হয়। উত্তৰ গুৱাহাটীত "অশ্বক্ৰান্ত" (অৰ্থ- অশ্বৰ আৰোহণ) নামেৰে এটা মন্দিৰ আছে। বিশ্বাস কৰা হয় যে প্ৰাগজ্যোতিষপুৰ আক্ৰমণ কৰাৰ পূৰ্বে কৃষ্ণ এই ঠাইত ৰৈছিল আৰু তেওঁৰ ঘোঁৰাকেইটাই ইয়াতে পানী খাইছিল। নৰকাসুৰৰ মৃত্যুৰ পূৰ্বে তেওঁ মাতৃ সত্যভামাক অনুৰোধ কৰে যে সকলোৱে যেন তেওঁৰ মৃত্যু ৰঙীন পোহৰেৰে যাপন কৰে। সেইবাবে এই দিনটো 'নৰক চতুৰ্দশী হিচাপে (দীপান্বিতাৰ আগৰ দিনটো) পালন কৰা হয়। দক্ষিণ ভাৰততো এই প্ৰথা জনপ্ৰিয়। তথ্যসূত্ৰ গ্ৰন্থপঞ্জী 1, 1990. নৰক ৰাজবংশ
7546
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%9C%E0%A6%BF%E0%A7%8E%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
অজিৎ বৰুৱা
অজিৎ বৰুৱা ১৯ আগষ্ট ১৯২৬—৩ এপ্ৰিল ২০১৫) এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী। প্ৰধানকৈ সাহিত্যিক হিচাপেই তেওঁ জনাজাত আছিল। একাধাৰে কবি, গীতিকাৰ, ঔপন্যাসিক, সমালোচক, অনুবাদক, ৰম্য ৰচনাকাৰ আদি হিচাপে তেওঁ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাইছিল। তেওঁক ‘জেংৰাই কবি’ অভিধাৰে জনা যায়। সামগ্ৰিকভাৱে অজিৎ বৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী যথাৰ্থ আধুনিকতাবাদী কবি হিচাপে অভিহিত কৰা হয়। কবি কুশল দত্তৰ মতে “অধ্যয়নৰ ব্যাপ্তি, বোধৰ সামুদায়িক দৃষ্টি, জগত আৰু জীৱনক বুজি উঠা আৰু তাক অতি ওখ খাপৰ শিল্পৰূপে স্থাপত্যসিদ্ধ কৰি তোলাৰ সাধনাই অজিৎ বৰুৱাৰ সৃষ্টিক একক আৰু অনন্যৰূপে অসমীয়া তথা ভাৰতীয় সাহিত্যত সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।” জন্ম আৰু বংশ পৰিচয় অজিৎ বৰুৱাৰ জন্ম ১৯২৬ চনৰ ১৯ আগষ্টত অসমৰ গুৱাহাটীত। তেওঁৰ পিতৃ চান্দকুছিৰ মল্ল বুজৰবৰুৱা বংশৰ প্ৰয়াত চিত্ৰমল্ল বৰুৱা। এই বংশৰ এটা ঠালৰপৰাই ১৭৯৫ চনৰ দন্দুৱা দ্ৰোহৰ নায়ক হৰদত্ত আৰু বীৰদত্তৰ জন্ম হৈছিল। তেওঁলোক বৰুৱাৰ অষ্টম পূৰ্বপুৰুষ কল্যাণমল্ল বৰুৱাৰ ভায়েক ছত্ৰপতি বৰুৱাৰ নাতি। চিত্ৰমল্ল বৰুৱা বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আছিল। মাতৃ আছিল উত্তৰ গুৱাহাটীৰ মজিন্দাৰ বৰুৱাৰ বংশৰ (পাছলৈ ডিব্ৰুগড়ৰ) পদ্মলতা বৰুৱা। তেখেত মহাপণ্ডিত আনন্দৰাম বৰুৱাৰ ভতিজা জীয়ৰী আছিল। শৈক্ষিক জীৱন স্কুল পৰিদৰ্শক দেউতাকৰ চাকৰিৰ হেতু অজিৎ বৰুৱাৰ কৈশোৰকাল অবিভক্ত অসমৰ বিভিন্ন ঠাইত অতিবাহিত হৈছিল। ৩ চনত চান্দকুছি মজলীয়া বিদ্যালয়ত তেওঁ শৈক্ষিক জীৱনৰ পাতনি মেলে। ইয়াৰ পাছত নলবাৰী প্ৰাথমিক বিদ্যালয়, যোৰহাট গৱৰ্নমেণ্ট হাইস্কুল, বৰপেটা গৱৰ্নমেণ্ট হাইস্কুল, গোৱালপাৰা গৱৰ্নমেণ্ট হাইস্কুল, শ্বিলং গৱৰ্নমেণ্ট হাইস্কুল আৰু নলবাৰী গৰ্ডন হাইস্কুলত প্ৰাথমিক, মজলীয়া আৰু হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি ১৯৪৩ চনত কটন কলেজিয়েট হাইস্কুলৰপৰা ষ্টাৰ মাৰ্কসহ অসমৰ ভিতৰত তৃতীয় স্থানেৰে মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। সেই তে তেতিয়াৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ কটন কলেজত আই.এছ-চি.ত নামভৰ্তি কৰি ১৯৪৫ চনত কটন কলেজৰপৰাই আই.এছ-চি. পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ পাছত কটন কলেজতে স্নাতক মহলাত ইংৰাজী বিষয়ত নামভৰ্তি কৰি ১৯৪৭ চনত অনাৰ্ছসহ বি.এ. পাছ কৰে আৰু কলিকতা বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত সুখ্যাতিৰে দ্বিতীয় শ্ৰেণীৰ তৃতীয় বিভাগ লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পাছলৈ তেওঁ কৰ্মজীৱনৰ মাজতো ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৩ চনত ফ্ৰান্স চৰকাৰৰ জলপানি লাভ কৰি দুবছৰৰ বাব পেৰিছৰ আন্তঃৰাষ্ট্ৰীয় লোক প্ৰশাসন বিদ্যালয়ত অধ্যয়নৰ সুবিধা লাভ কৰি ১৯৭৫ চনত লোক প্ৰশাসন বিষয়ত ডিগ্ৰী লাভ কৰে। কলিকতাত অসম ৰ বাণিজ্য উপদেষ্টাৰূপে কৰ্মৰত হৈ থাকোঁতে (১৯৬৮-৭১ চন) তেওঁ কলিকতাৰে আলিয়াঁচ ফঁচেজত ফৰাচী ভাষা য়নো কৰিছিল। চাকৰি কাল ১৯৫০ চনত নগাঁও মহাবিদ্যালয়ত অধ্যাপক হিচাপে অজিৎ বৰুৱাই কৰ্মজীৱনৰ পাতনি মেলে। ইয়াৰ পাছতে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে যদিও ১৯৫২ চনত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত কলেজৰ অধ্যাপকৰ চাকৰি ত্যাগ কৰে আৰু সেই বছৰতে এ.চি.এছ.(প্ৰথম শ্ৰেণী) বিষয়াৰূপে নিৰ্বাচিত আৰু নিযুক্ত হয়। একে বছৰতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাতো উত্তীৰ্ণ হৈ তেওঁ ভাৰতীয় ৰাজস্ব সেৱা (আই.আৰ.এছ)ত প্ৰথম অসমীয়া হিচাপে নিযুক্তি লাভ কৰে। ১৯৫৮ চনত অজিৎ বৰুৱাই ভাৰতীয় ৰাজস্ব সেৱাৰ পদ ত্যাগ কৰি পুনৰ অসম প্ৰশাসনীয় সেৱাৰ প্ৰথম শ্ৰেণীৰ বিষয়াৰূপে যোগদান কৰে। এ.চি.এছ. বিষয়াৰূপেই তেওঁ ১৯৬৩ চনত উদ্যোগ বিভাগৰ উপ-সচিব আৰু ১৯৬৮ চনত অসম চৰকাৰৰ কলিকতাৰ কাৰ্যালয়ত বাণিজ্য উপদেষ্টাৰূপে নিয়োজিত হয়। ১৯৭১ চনত অজিৎ বৰুৱাক ভাৰতীয় প্ৰশাসনীয় সেৱা (আই.এ.এছ.)লৈ পদোন্নতি দিয়া হয়। তাৰ পাছত তেওঁ ক্ৰমে অসম চৰকাৰৰ উদ্যোগ বিভাগৰ নিৰ্দেশক, উদ্যোগ বিভাগৰ সচিব, ৰাজস্ব বিভাগৰ সচিবৰূপে নিযুক্ত হৈ ১৯৮৪ চনত ৰাজস্ব বিভাগৰ আয়ুক্ত-সচিব হিচাপে ভাৰ গ্ৰহণ কৰে। ১৯৮৪ চনত সাময়িকভাৱে অসম ৰাজস্ব ব'ৰ্ডৰ অধ্যক্ষ হিচাপেও তেওঁক দায়িত্বভাৰ দিয়া হৈছিল। সমান্তৰালভাৱে ১৯৮৩ চনত নামনি অসমৰ আয়ুক্ত হিচাপে তেওঁ যোগদান কৰে আৰু এই পদতে থাকি ১৯৮৬ চনৰ ৩০ নৱেম্বৰত চৰকাৰী চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে। পাৰিবাৰিক জীৱন ১৯৫৬ চনত ডিব্ৰুগড়ৰ মদন মোহন দাসৰ জীয়ৰী কৃষ্ণা দাসৰ স'তে অজিৎ বৰুৱা বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটি সন্তান পুত্ৰ পৰ্জন্যৰ জন্ম ১৯৫৭ চনত আৰু কন্যা পাৰমিতাৰ জন্ম ১৯৫৮ চনত হয়। পুত্ৰ পৰ্জন্য বৰুৱা কটন কলেজৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপক পদত অধিষ্ঠিত আছিল যদিও ০৯ চনত আকস্মিকভাৱে দেহাৱসান ঘটে। ১৯৭৬ চনত কৃষ্ণা দাসৰে আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ ঘটে অজিৎ বৰুৱাৰ। সাহিত্যিক অৱদান চল্লিশৰ দশকত প্ৰায় তেৰ বছৰ বয়সতে লিখা ‘মন মোৰ নাথাকে ইয়াত’ কবিতাৰে অজিৎ বৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। তাৰ পাছত ১৯৪২ চনত ধীৰেন্দ্ৰ নাথ দত্ত সম্পাদিত ‘অভিযান’ আলোচনীত তেওঁৰ কবিতা ‘তাজমহল’ প্ৰকাশ পায়। সংখ্যাত কবিতা তাকৰ আছিল যদিও বহু চৰ্চিত আৰু পঠিত ‘ব্ৰহ্মপুত্ৰ’, 'জেংৰাই ১৯৬৩', 'চেনৰ পাৰত' আদি কবিতাই তেওঁক অসমীয়া সাহিত্যৰ জগতত প্ৰতিষ্ঠা কৰে। ১৯৬০ চনৰপৰা ১৯৮৯ চনলৈকে সুদীৰ্ঘ ২৯ বছৰ কাল সাধনা কৰি তেওঁ তেওঁৰ প্ৰখ্যাত 'ব্ৰহ্মপুত্ৰ' কবিতাটো সম্পূৰ্ণ কৰিছিল। কবিতাটোত তেওঁ ব্ৰহ্মপুত্ৰকেন্দ্ৰিক অসমীয়া জাতীয় জীৱনৰ ইতিহাস ৰূপায়ণ কৰিছে। তেওঁৰ সাহিত্যিক অৱদানসমূহ তলত উল্লেখ কৰা হ'ল: কবিতা কিছুমান পদ্য আৰু গান (প্ৰথম প্ৰকাশ ১৯৮২ চন, প্ৰকাশক: অজিৎ বৰুৱা; দ্বিতীয় প্ৰকাশ ১৯৯২ চন, বনলতা। ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য (প্ৰথম প্ৰকাশ আগষ্ট ১৯৮৯ চন, অজিৎ বৰুৱা; দ্বিতীয় প্ৰকাশ: জানুৱাৰী ১৯৯২ চন, বনলতা। গছ প্ৰেমৰ পদ্য (ৰাজ কুমাৰ মজিন্দাৰৰ চিত্ৰ সম্বলিত) (প্ৰথম প্ৰকাশ ২০০০ চন, অজিৎ বৰুৱা। আৰু কিছুমান পদ্য আৰু গান (প্ৰথম প্ৰকাশ ২০০১ চন, ষ্টুডেণ্ট ছ। অজিৎ বৰুৱা কবিতা সমগ্ৰ (প্ৰথম প্ৰকাশ: ২০১৫, সম্পাদনা কুশল দত্ত, ভৱানী বুকছ। উপন্যাস এখন প্ৰেমৰ উপন্যাস (প্ৰথম প্ৰকাশ :১৯৯২, কথা পাব্লিশ্বাৰ্জ; দ্বিতীয়: ১৯৯৭, বনলতা। প্ৰবন্ধ-সাহিত্য আৰু সমালোচনামূলক লেখা সাহিত্যৰ বিষয়ে (প্ৰথম প্ৰকাশ ১৯৯১ চন, হীৰেন ভট্টাচাৰ্য। কাব্য আৰু অন্যান্য (প্ৰথম প্ৰকাশ: ১৯৯৩ চন, কথা পাব্লিশ্বাৰ্জ। পদ্যৰ পাছৰ কাব্য (প্ৰথম প্ৰকাশ: ডিচেম্বৰ ১৯৯৪ চন, ষ্টুডেণ্ট ছ। বিভিন্ন প্ৰবন্ধ (প্ৰথম প্ৰকাশ: ১৯৯৯ চন, শৰাইঘাট প্ৰকাশন। (প্ৰথম প্ৰকাশ ২০০২ চন, আৰ্কাইভ। অনুবাদ সাহিত্য (কবিৰ কবিতাৰ স্ব-কৃত ইংৰাজী অনুবাদ সংকলন) [প্ৰথম প্ৰকাশ ছেপ্টেম্বৰ ১৯৯০ চন, অজিৎ বৰুৱা] ব্ৰহ্মপুত্ৰ, স্কিৎজোফ্ৰেনিয়া ইত্যাদি (কবিৰ কবিতাৰ স্ব-কৃত বঙালী অনুবাদ সংকলন) [প্ৰথম প্ৰকাশ: জানুৱাৰী ১৯৯১ চন, অজিৎ বৰুৱা] ন্যায়-নিষ্ঠা (আলবে'ৰ ক্যেমুৰ নাটৰ ফৰাচী মূলৰপৰা অনুবাদ) [প্ৰথম প্ৰকাশ: ১৯৯২ চন, অজিৎ বৰুৱা, পৰিৱেশক: বনলতা] গঁড় (প্ৰথম প্ৰকাশ ১৯৯৩ চন, বাণী প্ৰকাশ। প্লেগ (প্ৰথম প্ৰকাশ গুৱাহাটী গ্ৰন্থমেলা, ১৯৯৪ চন; দ্বিতীয় প্ৰকাশ: ছেপ্টেম্বৰ ২০০৮ চন, ষ্টুডেণ্ট ষ্ট'ৰ্ছ। মানুহৰ স্থিতি প্ৰথম প্ৰকাশ ১৯৯৮ চন, জাৰ্ণাল এম্প'ৰিয়াম। ছন মাটি (টি.এছ. এলিয়টৰ 'দ্য ৱেইষ্ট ল্যাণ্ড'ৰ অনুবাদ) [প্ৰথম প্ৰকাশ অক্টোবৰ ১৯৯৮ চন, জাৰ্ণাল এম্প'ৰিয়াম] নিৰ্বাচিত ফৰাচী কবিতা (দ্বাদশ শতিকাৰপৰা বিংশ শতিকালৈ নিৰ্বাচিত ফৰাচী কবিতাৰ ফৰাচী মূলৰপৰা অনুবাদ) [প্ৰথম প্ৰকাশ: জানুৱাৰী ১৯৯৯ চন, শৰাইঘাট প্ৰকাশন] মপাছাঁৰ গল্প (গ্যী দু মপাছাঁৰ নিৰ্বাচিত চুটিগল্পৰ ফৰাচী মূলৰপৰা অনুবাদ) [প্ৰথম প্ৰকাশ ডিচেম্বৰ ১৯৯৯ চন, শৰাইঘাট প্ৰকাশন] নিৰ্বাচিত আধুনিকতাবাদী আমেৰিকান কবিতা (প্ৰথম প্ৰকাশ ফেব্ৰুৱাৰী ২০০২, ষ্টুডেণ্টছ ষ্ট'ৰ্ছ। (ড॰ নিৰ্মলপ্ৰভা বৰদলৈৰ অসমীয়া কবিতাৰ ইংৰাজী অনুবাদ সংকলন), [প্ৰথম প্ৰকাশ ২০০৬ চন, সাহিত্য অকাডেমি] আত্মজৈৱনিক ৰচনা স্মৃতিকথা (প্ৰথম প্ৰকাশ: ২০০৮ চন, বৃষ্টি প্ৰকাশন) সম্পাদনা চান্দকুছীয়া বুজৰবৰুৱা বংশাৱলী, (প্ৰথম প্ৰকাশ: ২০০২ চন, অজিৎ বৰুৱা) গীত-আবৃত্তিৰ কেছেট স্মৃতি বীণাৰ তাঁৰ (সুৰ ব্ৰজেন বৰুৱা আৰু অজিৎ বৰুৱা, সংগীত ৰমেন বৰুৱা; কণ্ঠ: পুলক বেনাৰ্জী, দ্বীপেন বৰুৱা, বনজ্যোৎস্না মহন্ত বৰুৱা, মনজ্যোৎস্না মহন্ত গোস্বামী আৰু বীণাপাণি ভূঞা), পল্লৱী এণ্টাৰপ্ৰাইজ; ১৯৮৯ চন। স্ব-কণ্ঠ, পাঠ আৰু সংগীত পৰিকল্পনা অজিৎ বৰুৱা, প্ৰযোজনা হীৰেন ভট্টাচাৰ্য, সংগীত তৰুণ কলিতা, ১৯৯৫ চন। অপ্ৰকাশিত লেট (শ্বেইক্সপিয়েৰৰ নাটক লেট'ৰ অনুবাদ। 'গৰীয়সী'ত ধাৰাবাহিকভাৱে প্ৰকাশিত) বঁটা/সন্মান অজিৎ বৰুৱাৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হ'ল: ১৯৮৮ চনত 'কিছুমান পদ্য আৰু গান'ৰ বাবে ভাৰতীয় ভাষা পৰিষদ প্ৰদত্ত ভাৰতীয় ভাষা পৰিষদ পুৰস্কাৰ ১৯৯১ চনত 'ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য'ৰ বাবে সাহিত্য অকাডেমি প্ৰদত্ত অসমীয়া ভাষাত সাহিত্য অকাডেমি পুৰস্কাৰ ১৯৯৩ চনত সাহিত্যৰ বিষয়ৰ বাবে অসম সাহিত্য সভা প্ৰদত্ত অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, ১৯৯৯ চনত জীৱনজোৰা সাহিত্য সাধনাৰ বাবে উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাস প্ৰদত্ত অসম উপত্যকা সাহিত্য বঁটা ২০০৭-০৯ চনত জীৱনজোৰা সাহিত্য সাধনাৰ বাবে অসম সাহিত্য সভা প্ৰদত্ত নিজৰা কবি শৈলধৰ ৰাজখোৱা স্মৃতি বঁটা ২০০২ চনত অনুবাদ সাহিত্যৰ বাবে অমূল্য কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী ন্যাস প্ৰদত্ত অমূল্য কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা ২০১০ চনত জীৱনজোৰা কাব্য সাধনাৰ বাবে অসম চৰকাৰ প্ৰদত্ত গণেশ গগৈ বঁটা ২০১০ চনত জীৱনজোৰা সাহিত্য সাধনাৰ বাবে ৰমানাথ ভট্টাচাৰ্য ফাউণ্ডেচন, মুম্বাই প্ৰদত্ত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ মৃত্যু ২০১৫ চনৰ ১২ মাৰ্চত নিউম'নিয়া ৰোগৰ বাবে অজিৎ বৰুৱাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এসপ্তাহৰ পিছত স্বাস্থ্যৰ কিছু উন্নতি হোৱাত তেওঁ ঘৰলৈ যায়। কিন্তু ২ এপ্ৰিলৰপৰা পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ৩ এপ্ৰিলৰ নিশা গুৱাহাটীৰ যোৰপুখুৰীৰ নিজা বাসভৱনত তেওঁ দেহাৱসান ঘটে। অজিৎ বৰুৱাৰ জীৱন দৰ্শন আৰু অসমীয়া সাহিত্যত প্ৰভাৱ অজিৎ বৰুৱাৰ জীৱন দৰ্শন অত্যন্ত সৰল আছিল। তেওঁ নিজেই উল্লেখ কৰি গৈছে— ‘যি আইনসিদ্ধ, সি নৈতিকতাসিদ্ধও। সদাবিজ্ঞানমনস্ক লেখকজনাৰ ব্ৰহ্মাণ্ডৰ কোনো সৰ্বোচ্চ ঐশ্বৰিক শক্তিত বিশ্বাস আছিল নে নাছিল সেয়া স্পষ্টকৈ জনা নাযায়; কিন্তু জন্মান্তৰবাদত তেওঁৰ বিশ্বাস নাছিল। অজিৎ বৰুৱাই কৈছিল— ‘‘সকলো লেখাই আত্মজীৱনীৰ অংশ। সাহিত্যৰ নৈৰ্ব্যক্তিকতা এটা বাগাড়ম্বৰ। ভাষাৰ বিষয়ে ভাষিক অৱধাৰণ। নিজৰ সৃষ্টি সম্বন্ধে তেওঁৰ আছিল ‘চিৰ-অসন্তুষ্টি! ব’দলেৰৰ ভাষাৰে তেওঁ কৈছিল— জীৱনৰ কীৰ্তিস্তম্ভ ‘ব্ৰহ্মপুত্ৰ’ কবিতাটো সম্পূৰ্ণ কৰিবলৈ তেওঁ ২৯টাকৈ বছৰ সাধনা কৰিছিল। সৃষ্টিৰ স্থাপত্যসিদ্ধ শিল্পৰূপৰ বাবে সাধনাৰ বিকল্প নাই বুলিয়ে তেওঁ বিশ্বাস কৰিছিল। তেওঁৰ সাহিত্য-দশৰ্নত সেই সাধনাৰ অন্যতম মাৰ্গ আছিল অধ্যয়ন। অনুবাদ সম্বন্ধে স্বকীয় ধাৰণা পোষণ কৰিছিল অজিৎ বৰুৱাই। তেওঁৰ মতে লক্ষ্যভাষালৈ অনুবাদ হ’ব লাগিব সদায় মূল ভাষাৰপৰা— দ্বিতীয় বা তৃতীয় ভাষাৰ জৰিয়তে নহয়। অভিধান, হাঁহিৰ গল্প, এলিয়টৰ কবিতা, ফৰাচী ভাষা আৰু সাহিত্যৰ য়ন সৰ্বাধুনিক মননৰ এই লেখকগৰাকীৰ সাহিত্য-দৰ্শনৰ বিশিষ্ট অংগ আছিল। অজিৎ বৰুৱাৰ অধ্যয়নৰ ব্যাপ্তি, বোধৰ সামুদায়িক দৃষ্টি, জগত আৰু জীৱনক বুজি উঠা আৰু তাক অতি ওখ খাপৰ শিল্পৰূপে স্থাপত্যসিদ্ধ কৰি তোলাৰ সাধনা অসমীয়া তথা ভাৰতীয় সাহিত্যত একক আৰু অনন্য। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অজিৎ বৰুৱাৰ কেইটামান কবিতা অজিৎ বৰুৱাৰ চমু জীৱনী অসমৰ ব্যক্তি মৃত ব্যক্তি অসমীয়া কবি চৰকাৰী বিষয়া অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী অসম উপত্যকা সাহিত্য বঁটা
34402
https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A7%8D%E0%A6%AF%20%E0%A6%85%27%E0%A6%B2%E0%A7%8D%E0%A6%A1%20%E0%A6%AE%E0%A7%87%E0%A6%A8%20%E0%A6%8F%E0%A6%A3%E0%A7%8D%E0%A6%A1%20%E0%A6%A6%E0%A7%8D%E0%A6%AF%20%E0%A6%9B%E0%A7%80
দ্য অ'ল্ড মেন এণ্ড দ্য ছী
দি অ'ল্ড মেন এণ্ড দা ছী (ইংৰাজী: ১৯৫২ চনত প্ৰকাশিত আমেৰিকান সাহিত্যিক আৰ্ণেষ্ট হেমিঙৱেই লিখা এখন উপন্যাস। তেওঁ ১৯৫১ চনত কিউবাত উপন্যাসখন ৰচনা কৰিছিল। এইটোৱেই তেওঁৰ নিজৰ জীৱনকালত প্ৰকাশিত শেষ উল্লেখযোগ্য কাল্পনিক সাহিত্যকৰ্ম। তেওঁৰ বিখ্যাত সাহিত্যকৰ্মসমূহৰ অন্যতম এই উপন্যাসখন এজন বৃদ্ধ মাছমৰীয়া লোকৰ ওপৰত কেন্দ্ৰিত য'ত তেওঁ উপসাগৰৰ মাজত এক বৃহদাকায় মাৰ্লিন মাছ এটা লৈ সংগ্ৰাম কৰে। ১৯৫৩ চনত উপন্যাসখনে কল্পকাহিনীৰ পুলিৎজাৰ বঁটা লাভ কৰে আৰু ন'বেল সমিতিয়ে হেমিঙৱেক ১৯৫৪ চনৰ সাহিত্যৰ ন'বেল বঁটাৰ বাবে বাছনি কৰে। কাহিনী সাৰাংশ দি অ'ল্ড মেন এণ্ড দা ছী-ত এগৰাকী বৃদ্ধ, অভিজ্ঞতাপুষ্ট কিউবান মাছমৰীয়া আৰু এক বৃহদাকায় মাৰ্লিন মাছৰ মাজত এক সংগ্ৰামৰ কাহিনী। ছাণ্টিয়াগো নামৰ মাছমৰীয়াজনে ৮৪ দিন ধৰি মাছ ধৰিব নোৱাৰাকৈ কটোৱাৰ বৰ্ণনাৰে উপন্যাসখনৰ আৰম্ভণি ঘটিছে। ছাণ্টিয়াগোক 'ছালাঅ অৰ্থাৎ আটাইতকৈ দুৰ্ভাগ্যৱান লোক হিচাপে গণ্য কৰা হৈছে। তেওঁ ইমানেই দুৰ্ভগীয়া যে তেওঁৰ কম বয়সীয়া সংগী মেন'লিনক তাৰ পিতৃ-মাতৃয়ে বৃদ্ধ ছাণ্টিয়াগোৰ সৈতে মাছ মাৰিবলৈ যোৱাত বাধা দিয়ে আৰু আন সফল মাছমৰীয়াৰ লগত যাবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে সেই ল'ৰাটোৱে প্ৰতিৰাতি ছাণ্টিয়াগোৰ তালৈ আহে, তেওঁৰ মাছমৰীয়া গুৰিবঁঠা টানে, তেওঁলৈ আহাৰ আনে আৰু আমেৰিকান বেছবল তথা তাৰ প্ৰিয় খেলুৱৈ জ' ডি'মেগিঅ'ৰ কথা আলোচনা কৰে। ছাণ্টিয়াগোৱে তেওঁৰ দুৰ্ভাগ্যৰ দিন অচিৰেই শেষ হ'ব বুলি আত্মপ্ৰত্যয়েৰে মেন'লিনক কয় যে পিছদিনা তেওঁ মাছ মাৰিবলৈ উত্তৰ কিউবাৰ ফ্ল'ৰিডা প্ৰণালীৰ উপসাগৰীয় সোঁতলৈ বুলি ওলাব। সেইদৰেই পঁচাশীতম দিনটোত ছাণ্টিয়াগোৱে তেওঁৰ সৰু নাওখন লৈ উপসাগৰলৈ বুলি ওলাই গ'ল। প্ৰথমদিনাই দুপৰীয়ালৈ এক বৃহদাকায় মাছে টোপ গিলিলে যিটো তেওঁ মাৰ্লিন মাছ বুলি নিশ্চিত আছিল। মাছটোক টানি অনাৰ সলনি মাছটোৱেহে ওলোটাই ছাণ্টিয়াগোৰ নাওখন টানি নিবলৈ ধৰিলে। দুদিন দুৰাতি তেনেদৰেই পাৰ হ'ল। ইয়াৰ ফলত ছাণ্টিয়াগো আঘাতপ্ৰাপ্ত হৈ যন্ত্ৰণা পালে। তৃতীয় দিনা মাছটোৱে ভাগৰুৱা হৈ পৰাৰ জাননী দি নাওখন পাকঘূৰণি খুৱাবলৈ ধৰিলে। দুৰ্বল হৈ পৰা বৃদ্ধজনে শৰীৰৰ শেষকণ শক্তিৰে মাছটোক দাঁতিলৈ টানি আনি হাৰ্পুনেৰে হানি মাৰে। মাছটোৱে তেওঁলৈ কিমান বেছি পৰিমাণৰ ধন কঢ়িয়াই আনিব আৰু কিমান মানুহে মাছটো খাব পাৰিব তাকে ভাবি মাৰ্লিন মাছটো নাওৰ দাঁতিত বান্ধি লৈ ছাণ্টিয়াগো ঘৰমুৱা হয়। ছাণ্টিয়াগো সাগৰৰ পাৰলৈ উলটি আহি থাকোঁতে মাৰ্লিনটোৰ গাৰপৰা ওলোৱা তেজে হাঙৰবোৰক আকৰ্ষিত কৰে। প্ৰথমটোক তেওঁ হাৰ্পুনেৰে হানি বধ কৰে যদিও অস্ত্ৰপাত হেৰুৱায়। দ্বিতীয়চাম হাঙৰক বাধা দিবলৈ তেওঁ বঁঠা এপাটত চুৰিখন বান্ধি লৈ হাৰ্পুন সাজে। ইয়াৰ তেওঁ পাঁচটা হাঙৰ কাটে আৰু বহুসংখ্যকক খেদাই পঠিয়ায়। কিন্তু হাঙৰবোৰ আহিয়েই থাকে আৰু ৰাতিলৈ মূৰ, জঁকা আৰু ফিছাডাল বাদ দি মাৰ্লিনটো খাই শেষ কৰে। পাৰ আহি পাই ছাণ্টিয়াগো বয়-বস্তু টোপোলা বান্ধি নি ঘৰ পায় আৰু গভীৰ টোপনিত লালকাল দিয়ে। পিছদিনা মাছমৰীয়াৰ এটা দল নাওখনৰ চাৰিওকাষে গোট খায় য'ত তেতিয়াই মাছটোৰ জঁকাটো সংযুক্ত হৈ আছিল। এজন মাছমৰীয়াই মাছটো জুখি চাই পাই যে ই দীঘলে ১৮ ফুট (৫.৫ মিটাৰ)। ওচৰৰে কেফে এখনৰ পৰ্যটকসকলে ইয়াক ভুলতে হাঙৰ বুলি ঠাৱৰ কৰে। বৃদ্ধজনৰ বাবে চিন্তিন হৈ পৰা মেন'লিনে তেওঁক নিৰাপদে শুই থকা দেখা পাই কান্দি পেলায়। ল'ৰাটোৱে তেওঁলৈ বাতৰি কাকত আৰু কফি লৈ আনে। বৃদ্ধ লোকজন শুই উঠাৰ পিছত দুয়ো পুনৰ একেলগে মাছ মৰাৰ সংকল্প লয়। পুনৰ টোপনিত পৰাৰ পিছত ছাণ্টিয়াগোৱে এক আফ্ৰিকান বালিচৰত সিংহৰ সৈতে নিজৰ যৌৱনকালৰ সপোনত মজি পৰে। পটভূমি আৰু প্ৰকাশ ১৯৫১ চনত ৰচনা কৰা আৰু ১৯৫২ চনত প্ৰকাশ পোৱা অ'ল্ড মেন এণ্ড দা ছী উপন্যাসখনেই হেমিঙৱেই জীৱনকালত প্ৰকাশিত কৰ্মৰাজিৰ অন্তিমটো। হেমিঙৱেৰ সাহিত্য সম্পাদক মেক্সৱেল পাৰ্কিনছৰ প্ৰতি উৎসৰ্গিত এই গ্ৰন্থখনত লাইফ আলোচনীয়ে ১৯৫২ চনৰ ১ ছেপ্টেম্বৰত আলোকপাত কৰে আৰু দুদিনতে আলোচনীখনৰ ৫ মিলিয়ন কপিৰ বিক্ৰী হয়। উপন্যাসখন মাহটোৰ গ্ৰন্থ হিচাপে নিৰ্বাচিত হয় আৰু ই হেমিঙৱেক এজন চেলিব্ৰিটী কৰি তোলে। একে তাৰিখতে কিতাপখনৰ প্ৰথমটো সংস্কৰণৰ ৫০,০০০টা কপি ছপা হয়। ১৯৫২ চনৰ মে' মাহত উপন্যাসখনে পুলিৎজাৰ বঁটা লাভ কৰে আৰু ১৯৫৪ চনত সাহিত্যৰ ন'বেল বঁটা লাভ কৰে। সমগ্ৰ বিশ্বৰে বিদ্যালয়সমূহত এই উপন্যাসখন পঢ়ুৱা হয় আৰু ই অবিৰতভাৱে বৈদেশিক ৰয়েল্টী লাভ কৰে। হেমিঙৱেই ছাণ্টিয়াগো নামৰ বুঢ়াজনৰ কাহিনীটো সংগ্ৰামৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আৰু আধুনিক পৃথিৱীত বাইবেলীয় জীৱনৰ এক সমান্তৰাল চিত্ৰ অঁকাত ব্যৱহাৰ কৰিব বিচাৰিছিল। প্ৰথমাৱস্থাত হেমিঙৱেই সম্ভৱতঃ গ্ৰেগ'ৰিঅ' ফোৱেণ্টিছ চৰিত্ৰটোৰ আধাৰত ছাণ্টিয়াগোৰ কাহিনীটো ব্যৱহাৰৰ পৰিকল্পনা কৰিছিল, যি মাতৃ আৰু পুত্ৰৰ অন্তৰংগতাৰ একাংশ হিচাপে আৰু কিতাপখনৰ অধিকাংশ জুৰি থকা সম্বন্ধৰ সত্যতাসমূহৰ সৈতে বাইবেলৰ সম্পৰ্ক স্থাপন কৰে, যাক তেওঁ "গ্ৰন্থ সাগৰ" (দ্ ছী বুক) হিচাপে অভিহিত কৰিছে। হেমিঙৱেই অন দ্য ব্লু ৱাটাৰ: এ গাল্ফ ষ্ট্ৰীম লেটাৰত ছাণ্টিয়াগো আৰু মাৰ্লিন মাছটোৰ সৈতে সাদৃশ্য থকা এক বৃদ্ধ মাছমৰীয়াৰ জীৱন অভিজ্ঞতা উল্লেখ (1967). সাহিত্যিক বিশেষত্ব আৰু সমালোচনাদ্য অ'ল্ড মেন এণ্ড দ্য ছী উপন্যাসখনে হেমিঙৱেৰ সাহিত্যিক পৰিচিতি পুনৰবাৰ সবল কৰি তোলাৰ লগতে তেওঁৰ সমগ্ৰ ৰচনাৱলী পুনৰীক্ষনৰ হকে সোঁৱৰাই দিয়ে। প্ৰথমাৱস্থাতে উপন্যাসখনে যথেষ্ট জনপ্ৰিয়তা লাভ কৰে; ই লেখক হিচাপে হেমিঙৱেৰ সক্ষমতা সম্পৰ্কে পঢ়ুৱৈৰ আস্থা পুনৰবাৰ জগাই তোলে। ইয়াৰ প্ৰকাশক স্ক্ৰীবনাৰ্ছে গ্ৰন্থখনক এক "নতুন ক্লাছিক" হিচাপে অভিহিত কৰে, আৰু বহুকেইজন সমালোচকে ইয়াক উইলিয়াম ফ'কনাৰৰ দ্য বিয়েৰ আৰু হাৰ্মেন মেলভিলৰ মবি ডিকৰ সৈতে তুলনা কৰে। স্পেইনদেশীয় লোক হিচাপে ছাণ্টিয়াগো মূলভাৱ হিচাপে ধৰ্ম এক অবাস্তৱ উপন্যাস তথ্য সংগ্ৰহ উৎস অতিৰিক্ত পঠন বাহ্যিক সংযোগ ক্লাছিক লিটাৰেচাৰত অনলাইন পঢ়ক হেমিঙৱে আৰ্কাইভ, জন এফ. কেনেডী পুথিভঁৰাল দ্য অ'ল্ড মেন এণ্ড দ্য ছী লাইফ আলোচনীৰ স্লাইডশ্ব' ৰেয়ৰ, আনছীন: হেমিঙৱে ইন কিউবা —লাইফ'' আলোচনীৰ স্লাইডশ্ব' "হেমিঙৱেজ ফিচাৰমেন দ্য অ'ল্ড মেন এণ্ড দ্য ছী ডাইজ"—বিবিছি নিউজ ইংৰাজী গ্ৰন্থ আমেৰিকান
32613
https://as.wikipedia.org/wiki/%E0%A6%A4%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%AC%E0%A7%B0%E0%A6%A4%20%E0%A6%96%E0%A7%8B%E0%A6%B2%20%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A8%E0%A7%87%E0%A7%B0%E0%A7%87%20%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%B2%E0%A7%87%E0%A6%96
তিতাবৰত খোল বাদনেৰে অভিলেখ
২০১৩ চনৰ ৬ জানুৱাৰীত অসমৰ যোৰহাট জিলাৰ তিতাবৰ ন-আলিৰ কাষৰ সমন্বয় ক্ষেত্ৰত অসমৰ উপৰি বহিঃৰাজ্যৰ ১৪,৮৩৩ জন (পঞ্জীয়নভুক্ত) শিল্পীয়ে খোলবাদ্য পৰিৱেশন কৰাৰ লগতে জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ পৰিৱেশন কৰি এক নতুন অভিলেখ সৃষ্টি কৰে। এই অনুষ্ঠানৰ মূল লক্ষ্য আছিল বিশ্ব অভিলেখ গঢ়ি গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰা আৰু মহাপুৰুষ শংকৰদেৱৰ বিশ্বজনীন আদৰ্শ আৰু সাংস্কৃতিক বিশ্ববাসীৰ ওচৰত চিনাকি কৰাই দিয়া। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত আৰু সংঘৰ তিতাবৰ জিলাৰ উদ্যোগত কেইবামাহো ধৰি চলা অনুশীলনৰ অন্তত অভিলেখ গঢ়াৰ প্ৰচেষ্টা চলোৱা হয়। প্ৰায় ৫০ সহস্ৰাধিক জনতা, ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ তথা এছিয়ান বুক অফ ৰেকৰ্ডছৰ প্ৰতিনিধিৰ উপস্থিতিত এই দুয়োটা অনুষ্ঠান পৰিৱেশন কৰা হয়। অভিলেখৰ প্ৰস্তুতি শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু সংঘ তিতাবৰ জিলাই যুটীয়া ভাৱে এক অভিলেখ গঢ়াৰ কথা সিদ্ধান্ত লৈছিল। বিশ্ব অভিলেখ গঢ়ি গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰা আৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ বিশ্বজনীন আদৰ্শ আৰু সাংস্কৃতিক বিশ্ববাসীৰ ওচৰত চিনাকি কৰাই দিয়াই এই অনুষ্ঠানৰ মূল লক্ষ্য আছিল। প্ৰথমতে, শ্ৰীমন্ত শংকৰদেৱ সংঘই ১১ হাজাৰ লোকে খোল বজাই অভিলেখ গঢ়াৰ কথা সিদ্ধান্ত লৈছিল। এই সিদ্ধান্তত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ব্যাপক সঁহাৰি আহিছিল। অৱশেষত তেওঁলোকে এই সংখ্যা ১৪,৮৩৩ জনলৈ বৃদ্ধি কৰিছিল। কেইবামাহো ধৰি চলা অনুশীলনৰ অন্তত ২০১৩ চনৰ ৬ জানুৱাৰীত এই অভিলেখ গঢ়াৰ প্ৰচেষ্টা চলোৱা হয়। আখৰা প্ৰথমতে, অসমৰ বিভিন্ন জিলাৰ সংঘৰ সাংস্কৃতিক সম্পাদকসকলে নিজ নিজ স্থানৰ শিল্পীসকলৰ সৈতে অনুশীলন আৰম্ভ কৰিছিল। অৱশেষত মূল অনুষ্ঠানৰ আগদিনা তিতাবৰৰ ন-আলিৰ সমন্বয় ক্ষেত্ৰত সকলোৱে মিলি একেলগে অন্তিম আখৰা কৰে। উদ্বোধনী সভা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্তৰ সভাপতিত্বত উদ্বোধনী সভা অনুষ্ঠিত হৈছিল। গৌৰৱ গগৈয়ে স্মৃতিগ্ৰন্থ খিত দিত ধেই দাও উন্মোচন কৰে। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ, তেওঁৰ পুত্ৰ গৌৰৱ গগৈ, শ্ৰী মন্ত সংঘৰ অন্যতম প্ৰতিষ্ঠাতা সোণাৰাম চুতীয়া, সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্ত, বিধায়ক অৰুণ ফুকন আৰু ৰণজিৎ দাস উপস্থিত আছিল। খোলবাদনৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বছৰজোৰা প্ৰচেষ্টাৰ অন্তত ২০১৩ চনৰ ৬ জানুৱাৰী তাৰিখে তিতাবৰ ন-আলিৰ কাষৰ সমন্বয় ক্ষেত্ৰত অসমৰ উপৰি বহিঃৰাজ্যৰ ১৪,৮৩৩ জন শিল্পীয়ে খোলবাদ্য পৰিৱেশন কৰি অভিলেখ স্থাপন কৰে। সমন্বয় ক্ষেত্ৰত ৩০০×৭০ মিটাৰ আয়তনৰ বিশাল পথাৰত বিয়লি ১ বাজি ৫ মিনিটৰ পৰা ১৫ মিনিটৰ বাবে এই অনুষ্ঠান আৰম্ভ হয়। বিশাল পথাৰখনত ৫০ সহস্ৰাধিক জনতা, ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ তথা এছিয়ান বুক অফ ৰেকৰ্ডছৰ প্ৰতিনিধিৰ উপস্থিতিত এই অনুষ্ঠান পৰিৱেশন কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে খোলত চাপৰ মাৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতেই ১৪,৮৩৩ জন শিল্পীয়ে একেলগে খোল বাদন কৰে। ১০ মিনিট যোৱাৰ পিছতেই ১ বাজি ২০ মিনিটত পৰ্যবেক্ষেক অভিজিত বৰুৱাই কাৰ্যসূচী সফলতাৰে সামৰণি পৰিল বুলি ঘোষণা কৰে। ইয়াৰ পিছত অভিজিত বৰুৱাই থাওকতে লোৱা সিদ্ধান্ত মৰ্মে বায়ন শিল্পীসকলক একেলগে অসমৰ জাতীয় সংগীত পৰিৱেশন কৰি আন এক বিশ্ব অভিলেখৰ বাবে সাজু হ’বলৈ আহ্বান জনায়। লগে লগে সকলো শিল্পীয়ে অসমৰ জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ পৰিৱেশন কৰে। ঠিক ১ মিনিট ২০ ছেকেণ্ডত জাতীয় সংগীত পৰিৱেশন সমাপ্ত কৰা হয়। অভিলেখ এই অনুষ্ঠানটোৰ পৰ্যবেক্ষক হিচাপে আছিল গীনিজ বুক অফ ৰেকৰ্ডৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিনিধি অভিজিত বৰুৱা আৰু অংকিতা বৰঠাকুৰ। এই অনুষ্ঠানটোৱে ১০ মিনিট অতিক্ৰম কৰাৰ পিছতেই অভিজিত বৰুৱাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নামভৰ্তি হ’ল বুলি ঘোষণা কৰে। লগতে তেওঁ ইয়াকো জনাই যে, বিশ্ব অভিলেখৰ বাবে এছিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাবলৈ প্ৰস্তাৱ দিয়া হৈছে। অংকিতা বৰঠাকুৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্ত আৰু প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাৰ হাতত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ স্মাৰক আৰু আনুষ্ঠানিক প্ৰমাণ-পত্ৰ প্ৰদান কৰে। আনহাতে, পূৰ্বৰ সিদ্ধান্ত নথকাৰ হেতু জাতীয় সংগীতৰ বাবে আনুষ্ঠানিক প্ৰমাণ-পত্ৰ আৰু স্মাৰক প্ৰদান কৰিব নোৱাৰিলে। প্ৰতিনিধিদ্বয় অভিজিত বৰুৱা আৰু অংকিতা বৰঠাকুৰে কয় যে, এছিয়া বুক অফ ৰেকৰ্ডছ আৰু গীনিজ বুক অফ ৰেকৰ্ডছৰ বাবে তেওঁলোকে অনুষ্ঠানিক যোগাযোগ সম্পন্ন কৰিব। প্ৰতিক্ৰিয়া এই অনুষ্ঠানৰ উদ্বোধনী সভাত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে, শংকৰদেৱৰ দৰ্শন আৰু আদৰ্শৰ যিমানেই প্ৰসাৰ আৰু জনপ্ৰিয়তা বাঢ়িব সিমানেই সমাজত শান্তি-সম্প্ৰতি আৰু সমন্বয় গঢ় লৈ উঠিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্তই কয় যে, এই সফলতা কেৱল সংঘৰ ৰাইজৰে নহয়, সমগ্ৰ অসমবাসীৰে সফলতা। লগতে তেওঁ কয় যে, বিশ্বত মহাপুৰুষজনাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সেয়া এক পদক্ষেপ আছিল। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ইউ টিউবত এই অনুষ্ঠানৰ এটি ভিডিঅ' টিভিত সম্প্ৰচাৰিত হোৱা বাতৰিৰ ভিডিঅ' 15,000 15 তিতাবৰ অভিলেখ স্বাধীনোত্তৰ
34542
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8
ৰাজস্থান
ৰাজস্থান ভাৰতৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন ৰাজ্য। ই মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। 'ৰাজস্থান'ৰ অৰ্থ 'ৰজা থকা ঠাই'। ৩৩°৩ উত্তৰ অক্ষাংশৰপৰা ৩১°১২ উত্তৰ অক্ষাংশৰ আৰু ৬৯°৩০ পূব দ্ৰাঘিমাংশৰপৰা ৭৮°১৭ পূব দ্ৰাঘিমাংশৰ অন্তৰ্গত ৰাজস্থানৰ জলবায়ু যেনেদৰে বিচিত্ৰ তেনেদৰেই অন্যতম এই ভূমিৰ ঐতিহ্য, শিল্প আৰু সংস্কৃতিও বিচিত্ৰ। জাতি-জনজাতি বিভিন্ন জাতি-উপজাতিৰ মিলনভূমি এই ৰাজস্থানৰ আটাইতকৈ পুৰণি অধিবাসী আছিল ভীল (জনজাতি) আৰু মিনা (জনজাতি)সকল। পাছত ৰাজুপুতসকলে এই ভূমি শাসন কৰিছিল। সেয়ে পাছলৈ ঠাইখন ৰাজপুতনা হিচাপে খ্যাত হৈছিল। ৰাথোড়,ভাটি,চৌহান আদি ৰাজপুত লোক। জৈন, মহেশ্বৰী, ভুতড়া, ব্ৰাহ্মণ, জাত, গুজাৰ, মেৱাটি, গডুলিয়া,লোহাৰ, পেটেল আৰু অহিৰসকল ইয়াৰে অন্যান্য মুখ্য জাতি। ঐতিহ্যময় স্থাপত্য ৰাজস্থানৰ প্ৰতিটো স্থাপত্যই ৰাজপুতসকলৰ ঐতিহ্য ঘোষণা কৰে। ইয়াত মূলতঃ তিনিখন জিলাৰ স্থাপত্যবোৰ উল্লেখ কৰা হ'ল। জয়পুৰ গোলাপী নগৰ জয়পুৰৰ পৰিকল্পনা কৰা হয় ১৯২৭ চনত। এই নগৰৰ প্ৰতিষ্ঠাপক ৰাজকুমাৰ ছাৱাই জয় সিঙৰ নামেৰে ইয়াৰ নাম জয়পুৰ হয়। জয়পুৰৰ উল্লেখযোগ্য স্থাপত্যবোৰ হ'ল এলবাৰ্ট হল, হাৱামহল, যন্তৰ-মন্তৰ আৰু আমেৰ প্ৰাসাদ আৰু দুৰ্গবোৰ। হাৱামহল যি বিখ্যাত ৰাজপুত স্থাপত্যৰ শিল্পখ্যাতি আজি দেশে দেশে বিয়পি পৰিছে, সেয়া হ'ল হাৱামহল ১৭৯৯ চনত মহাৰাজ চাৱাই প্ৰতাপ সিঙে এই হাৱামহল সজাইছিল। পাঁচ মহলীয়া অষ্টকোণীয়া এই মহলটোত ১৫২খন খিৰিকী আছে। খিৰিকী মানে বেৰত কিছুমান সৰু সৰু বিন্ধা, কুন্দ্ৰাক্ষ। সেই কুন্দ্ৰাক্ষইদি বাহিৰৰ বতাহ অনবৰতে (সকলো ঋতুতে) মহলৰ ভিতৰলৈ সোমাই থাকে। সেয়াই তাৎপৰ্য। ভিতৰত প্ৰবেশ কৰিলে এনে লাগে যেন কোনো শীতাতপ নিয়ন্ত্ৰিত কোঠাহে। ৰজস্থানৰ জলবায়ু উষ্ণ। সেয়ে ৰাণীসকলে শীতল বতাহ পাবলৈ, লগতে পথৰ শোভাযাত্ৰা আদি ওপৰৰপৰা উপভোগ কৰিবলৈ এই মহল সজোৱা হৈছিল। ইটো মহলাৰ পৰা সিটো মহলালৈ যাবলৈ কোনো খটখটি নাই। ঘূৰি ঘূৰি ক্ৰমাৎ ওপৰলৈ উঠি যোৱা এঢলীয়া ৰাস্তা আছে। ৰাজপুত স্থাপত্যৰ ই এটা অভিনৱ নিদৰ্শন। যন্তৰ-মন্তৰ ওঠৰ শতিকাত মহাৰাজ চাৱাই জয় সিং দ্বিতীয়ই পাঁচোটা মান মন্দিৰ দিল্লী (১৭২৪ চন),জয়পুৰ (১৭২৮ চন), উজ্জয়িনী (১৭৩৪ চন), বাৰানসী (১৭৩৭ চন) আৰু মথুৰাত (১৭৩৮ চন) সজাইছিল। স্থানীয় সময়, সূৰ্য আৰু অন্য নক্ষত্ৰৰ অৱনতি, চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ আদি নিৰূপণ কৰিবলৈ এই মান মন্দিৰবোৰ সজোৱা হৈছিল। এই মান মন্দিৰকেইটাক “যন্তৰ-মন্তৰ” বুলি কোৱা হয়। ই বিভিন্ন পকী যন্ত্ৰপাতিৰ সংগ্ৰহ। আটাইবোৰ যন্ত্ৰ-পাতিয়েই জ্যামিতিক আকাৰৰ। আটাইবোৰতেই স্কেলৰ দাগ কটা। আটাইকেইটা মান মন্দিৰৰ ভিতৰত জয়পুৰৰটো সবাতোকৈ ডাঙৰ। ইয়াৰ যন্ত্ৰ-পাতিবোৰ এতিয়াও বহু জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় হিচাপ-নিকাচৰ বাবে উপযোগী হৈ আছে। মোগল সাম্ৰাজ্যৰ শেষ পৰ্বত এক জ্ঞানী সামান্তৰাজৰ ৰাজদৰবাৰৰ জ্যোতিৰ্বিজ্ঞান দক্ষতা আৰু বিশ্বচেতনাৰ অভিপ্ৰকাশ ৰূপে ই ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাত সাংস্কৃতিক সম্পত্তি ৰূপে অন্তৰ্ভুক্ত হয়। এলবাৰ্ট হল সংগ্ৰহালয় গৱৰ্নমেণ্ট চেণ্ট্ৰেল মিউজিয়ামটো ৰাজস্থানী শিল্প-সংস্কৃতিৰ সংগ্ৰহেৰে বিখ্যাত। ১৮৬৩ চনত ৰাজকুমাৰ এলবাৰ্টে উদ্বোধন কৰিছিল বাবে ইয়াক “এলবাৰ্ট হল” বুলিও কয়। পুৰাতাত্ত্বিক আৰু হস্তশিল্পৰ সামগ্ৰীৰ বৃহৎ সংগ্ৰহ ইয়াত আছে। সংগ্ৰহালয়ৰ বিভিন্ন অংশত যুদ্ধৰ জাখৰ, কবচ, ৰজাদিনীয়া অস্ত্ৰ-শস্ত্ৰ, ৰাজকীয় পোছাক, অলংকাৰ, দলিচা, পেইণ্টিং, কাপোৰৰ পুতলা, মৃৎশিল্পৰ বিভিন্ন সামগ্ৰী, ৰাজস্থানী লোকনৃত্য দাণ্ডিয়া), ৰাজস্থানী বিবাহ পদ্ধতি ইত্যাদি প্ৰদৰ্শন কৰা হৈছে। আমেৰ জয়পুৰ নগৰৰপৰা ১১ কিলোমিটাৰ উত্তৰ-পূবে আৰাৱলী পৰ্বতৰ ঢালত আমিৰ অৱস্থিত। পূৰ্বতে আমিৰ মিনা জনজাতীয় লোকসকলৰ অধিকৃত অঞ্চল আছিল। পাছত ৰজা ধোলাৰাজে নিজৰ দখললৈ নিছিল। জয়পুৰ নিৰ্মাণৰ পূৰ্বে প্ৰায় ছশ বছৰ আমিৰত ৰাজধানী আছিল। আজিও আমিৰ নগৰে অতীতৰ শৌৰ্য-বীৰ্যৰ কথা ঘোষনা কৰি আছে। আমিৰ নগৰ ইয়াৰ ধুনীয়া কাৰেংবোৰ আৰু তাৰ চাৰিওফালে থকা বিন্ধাযুক্ত সুবৃহৎ পকী বেৰবোৰৰ কাৰণে বিখ্যাত। আমিৰ প্ৰাসাদ আৰু দুৰ্গ হিন্দু আৰু মুছলিম স্থাপত্যৰ এটা সুন্দৰ সংমিশ্ৰণ। ৰাজা মানসিঙে সোতৰ শতিকাত আমিৰ প্ৰাসাদ আৰু দুৰ্গ সজাবলৈ আৰম্ভ কৰিছিল আৰু শেষ কৰিছিল সাৱাই জয় সিং দ্বিতীয়ই তাৰ এশ বছৰ পাছত। পেলেচ কমপ্লেক্সটোত আছে- চিচ মহল দিৱান-ই-আম দিৱান-ই-খাচ সুখ নিৱাস (মহাৰাণীৰ শয়ন কক্ষ), সুহাগ মন্দিৰ (মহাৰাণীৰ কাচন কক্ষ), গণেশ পোল দৰৱাজা, সূৰযপোল দৰৱাজা, চান্দ পোল দৰৱাজা, সিংহ পোল দৰৱাজা, মহাৰাজৰ ভোজন কক্ষ ইত্যাদি। চিচ মহল কাচৰ টুকুৰাৰে নিৰ্মিত চিচ মহল আজিও পৃথিৱীৰ উৎকৃষ্ট বিবেচিত। ঘৰৰ মূধাৱৰণ,বেৰ,মজিয়া-এই সকলোতে নিশ্ছিদ্ৰকৈ বিভিন্ন আকৃতিৰ কাচৰ টুকুৰা লগোৱা আছে। তাত এডাল দিয়াচলাইৰ কাঠী জ্বলাই ওপৰলৈ চালে অপৰূপ দৃশ্য দেখা যায়। হাজাৰ হাজাৰ জুইৰ শিখা মূধাৱৰণৰ আইনাৰ টুকুৰাবোৰত প্ৰতিফলিত হোৱা দেখা যায়। তলৰ মজিয়া আৰু সোঁৱে-বাঁৱে থকা বেৰবোৰতো সেই একেই দৃশ্য-লাখ লাখ জ্বলি থকা জুইৰ শিখা দেখা যায়। গণেশ পোল দৰৱাজা সূক্ষ্মকৈ ফুল কটা কাঠৰ প্ৰকাণ্ড দুৱাৰ গণেশ পোল দৰৱাজাত(বিভিন্ন কাৰুকাৰ্য কৰা সেই দুৱাৰত)গণেশৰ ছবি অঁকা আছে। তাত ব্যৱহাৰ কৰা বিভিন্ন ৰং হেনো পালেং শাককে ধৰি বিভিন্ন তৰু-তৃণৰপৰা আহৰণ কৰা উদ্ভিজ ৰং। যোধপুৰ ১৪৫৯ চনত ৰথোড়সকলৰ প্ৰধান ৰাও যোধা সিঙে যো্ধপুৰ নগৰ প্ৰতিষ্ঠা কৰে। তেওঁৰ নামেৰে এই নগৰৰ নাম ‘যোধপুৰ’ হয়। যোধপুৰ নগৰৰ উল্লেখযোগ্য স্থাপত্য দুটা হ'ল উমেদ ভৱন পেলেচ আৰু মেহেৰানগড় দুৰ্গ। উমেদ ভৱন পেলেচ বিংশ শতিকাৰ প্ৰথমাৰ্ধত মহাৰাজ উমেদ সিঙে বিখ্যাত প্ৰাসাদ ‘উমেদ ভৱন পেলেচ’ সজাইছিল। প্ৰকাণ্ড প্ৰাসাদোটোৰ সোঁফালে পঁয়ত্ৰিছটা আৰু বাঁওফালে পঞ্চাছটা কোঠা আছে। এটা কোঠাৰ বেৰত ঐতিহাসিক যুদ্ধ-বিগ্ৰহৰ বহু ছবি অঁকা আছে। একোটা জাতীয় সামগ্ৰীৰ বাবে একোটা কোঠা যেনে- ‘ঘড়িয়ো কা কমৰা’, ‘কাচ কা ফাৰ্নিচাৰ’, ‘চায় ৱ ডিনাৰ ছেট’, ‘বেলজিয়াম ড্ৰেছিং টেবুল ছেট’, ইত্যাদি। আটকধুনীয়া ছোফা ছেট সজাই থোৱা অভিজাত চ'ৰাঘৰটোত দেশ অথবা বিদেশৰ ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী আহিলে বহিবলৈ দিয়া হয়। মেহেৰানগড় দুৰ্গ ৪৯০ ফুট ওখ পাহাৰৰ ওপৰত অৱস্থিত ‘মেহেৰানগড়’ দুৰ্গ। মেহেৰানগড় মানে ৰাজকীয় বেষ্টন ১৪৫৯ চনত ৰাও যোধা সিঙে ৰাজস্থানী কলা-সংস্কৃতিক প্ৰধান্য দি এই প্ৰকাণ্ড দুৰ্গটো সজাইছিল। পাহাৰৰ বহু ওপৰলৈ ক্ৰমশঃ উঠি যোৱা যথেষ্ট বহল এঢলীয়া পকী ৰাস্তাটোত একাদিক্ৰমে তিনিখন প্ৰবেশদ্বাৰ আছে। সেইকেইখন হৈছে-জয়পোল,লোহাপোল আৰু ফতেহপোল কেইবাটাও পাক ঘূৰি ওপৰলৈ যাব লাগে। দুৰ্গৰ ভিতৰৰ যাদুঘৰটোত পাল্কীখানা, শস্ত্ৰখানা, দৌলতখানা ইত্যাদি আছে। এটা কোঠাত আছে ৰাও শিৱাজীৰ (১২১১ চন) পৰা ৰাজা মানসিঙলৈকে (১৮০৪ চন) আঠাইছজন ৰজাৰ একাদিক্ৰমে নামৰ তালিকা এখন আৰু তেওঁলোকৰ ছবি। ভাৰতৰ একমাত্ৰ চামুণ্ডা মন্দিৰটো এই দুৰ্গতেই আছে। এই মন্দিৰত ২০০৮ চনত মহালয়াৰ দিনা ৰাতিপুৱা পূজা দিবলৈ আহি ঠেলা-হেঁচাত পদপিষ্টহৈ শ শ ভক্তই মৃত্যুক আঁকোৱালি লৈছিল। জয়শালমেৰ নগৰ ১৯৫৬ চনত ৰাও জয়শালে এই নগৰ প্ৰতিষ্ঠা কৰে। সেয়ে তেওঁৰ নামেৰে এই নগৰৰ নাম জয়শালমেৰ হয়। দুৰ্গ, হাউলীৰে ভৰা জয়শালমেৰ নগৰক থৰ মৰুভূমিৰ সোণালী নগৰ বুলি কোৱা হয়। কিয়নো এই নগৰ থৰ মৰুভূমিৰ সোঁমাজত অৱস্থিত আৰু এই সকলো কিল্লা (দুৰ্গ), হাভেলী (হাউলী), প্ৰাসাদ-কাৰেং সোণালী ৰঙৰ। জয়শালমেৰ নগৰৰ উল্লেখযোগ্য স্থাপত্যবোৰ হ'ল- মন্দিৰ পেলেচ, পাট্টনকী হাভেলী আৰু সোণৰ কিল্লা। মন্দিৰ পেলেচ ২০০ বছৰ আগেয়ে মহাৰাজ মুলৰাজ সিঙে ‘মন্দিৰ পেলেছ’ সজাইছিল। বৰ্তমান ইয়াত পূৰ্বৰ ৰাজপৰিয়ালৰ বংশধৰসকল থাকে। সোণালী ৰঙৰ কাৰেংটোৰ সন্মুখভাগ অতি সূক্ষ্মকৈ ফুল কটা। ওপৰমহলাৰ ভোজন কোঠাৰ কাৰুকাৰ্য্য বৰ্তমানৰ অভিজাত ৰেস্তোৰাঁৰ দৰে। চ'ৰাঘৰত এই ৰাজপৰিয়ালৰ পূৰ্বসুৰী ৰজাসকলৰ ছবি বন্ধাই থোৱা আছে। সোণৰ কিল্লা ১১৫৬ চনত ৰাও জয়শালে ৭৬ মিটাৰ ওখ ত্ৰিকুট পাহাৰৰ ওপৰত এই কিল্লা সজাইছিল। এই দুৰ্গৰ নিৰ্মাণত কোনো ছিমেণ্ট, চূণ অথবা পানী ব্যৱহাৰ হোৱা নাই। ইটো-সিটো জোৰা লগা পদ্ধতিৰে এই দুৰ্গ নিৰ্মাণ কৰা হৈছে। জয়পুৰৰ আমিৰ ফ'ৰ্ট, যোধপুৰৰ মেহেৰানগড় ফ'ৰ্টৰ নিচিনাকৈ ইয়াত প্ৰকাণ্ড চাৰিখন প্ৰবেশদ্বাৰ আছে- গণেশপোল সূৰজ পোল ভূতাপোল আৰু হাৱা পোল কিল্লাৰ ভিতৰত বহু হাভেলী আৰু ছশৰপৰা আঠশ বছৰীয়া পুৰণি হিন্দু আৰু জৈন মন্দিৰ আছে। পাট্টন কী হাভেলী জয়শালমেৰ হাভেলীৰ নগৰ। এই হাভেলীবোৰে জয়শালমেৰৰ সাংস্কৃতিক ঐতিহ্য বহন কৰি আহিছে। বিখ্যাত ‘পাট্টন কী হাভেলী’ অৰ্থাৎ পাটোৱাসকলৰ হাউলী। ধনী সদাগৰ গুমন চান্দ পাটোৱাৰ পাঁচজন পুত্ৰই এই পাঁচমহলীয়া প্ৰকাণ্ড হাভেলীটো সজাইছিল। ১৮০০ চনত আৰম্ভ কৰা এই হাভেলীটো সম্পূৰ্ণ কৰিবলৈ পঞ্চাছ বছৰ লাগিছিল। ৰাজপুতনা স্থাপত্যৰ ই এটা বিশুদ্ধ উদাহৰণ। কুন্দত কটা মস্ত মস্ত স্তম্ভযুক্ত হাভেলীটো সোণালী ৰঙৰ। ৰাজস্থানী শিল্প আৰু কলা ৰাজস্থানৰ পৰম্পৰাগত হস্তশিল্পৰ সামগ্ৰী ভাৰতবৰ্ষত অদ্বিতীয়। গহনা আৰু অলংকাৰ শিল্প ৰাজস্থানী জুৱেলাৰী সৰ্বখ্যাত। জয়পুৰ হেনো ‘হীৰা কটা’ত পৃথিৱীৰ ভিতৰতে অন্যতম ঠাই। মুন ষ্ট'ন, প্ৰবাল আদি বিভিন্ন ধৰণৰ পাথৰৰ ব্যৱসায়ৰ বাবে ৰাজস্থান বিখ্যাত। পান্না, হীৰা, মুকুতা, ডালিমা বাখৰ (উজ্জ্বল নীলা পাথৰ) আদি খটুৱাই জয়পুৰ আৰু যোধপুৰত ধুনীয়া অলংকাৰ তৈয়াৰ কৰা হয়। সম্প্ৰতি ৰাজস্থানী ‘কুণ্ডন’ৰ অলংকাৰে গোটেই পৃথিৱীতে বজাৰ দখল কৰিছে। এটা বিশেষ শৈলীৰ মীনা কৰা বাখৰ পতা আৰু মণি গঁথা অলংকাৰবোৰ দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ। গহনাৰ এই শৈলী ৰাজস্থানৰ নিজস্ব বৈশিষ্ট্য। বস্ত্ৰ কলা আৰু চিলাই কাম ৰাজস্থানৰ বান্ধনী নক্সা আৰু কুণ্ড ছাপৰ শাৰী, ছেলোৱাৰ, কামিজ, ঘাগৰ-কাঞ্চলি, ওৰণা আৰু বিছনা চাদৰ ভাৰতবৰ্ষৰ সকলোতে জনপ্ৰিয়। অৱ্শ্যে এই শৈলীত কেঁচা ৰং ব্যৱহাৰ কৰা হয় বাবে ৰংবোৰ স্থায়ী নহয়। উৎকৃষ্ট বান্ধনীৰ কাম হয় যোধপুৰত। আনহাতে এই ভূমিত উৎপাদিত অতিকে পাতল ওজনৰ কোটা শাৰী ভাৰতবৰ্ষৰ সকলোতে জনপ্ৰিয়। ৰাজস্থানী মহিলাৰ বেজিসূতাৰ কামে সাত সাগৰৰ সিপাৰেও সমাদৰ লাভ কৰিছে। বিভিন্ন ধৰণৰ মণি, মাইকা, কড়ি, চুমকি আদি লগাই কৰা মোনা শাৰী, স্কাৰ্ট আদিৰ উপৰিও শৃংখল চিলাই, কাঁথা সীয়া চিলাই আদিৰে কৰা গাৰু গিলিপ দলিচা, ছোফা ঢকা, মেজ ঢকা, ৱাল হেঙিং (বেৰ সজাবলৈ ওলমোৱা ডাঙৰ কাপোৰ) আদি পৰ্যটকৰ আকৰ্ষণৰ বস্তু। মেজ ঢকা, ৱাল হেঙিং আদিৰ ফুলৰ চানেকিত হাতী আৰু গণেশৰ প্ৰাধান্য বেছি দেখা যায়। আনহাতে দলিচা, কুশ্যন আদিত আদি জ্যামিতিক আৰ্হিৰ প্ৰাধান্য দেখা যায়। চিত্ৰকলা ৰাজস্থানী হস্থশিল্পবোৰৰ ভিতৰত চিত্ৰকৰ্ম অন্যতম। এবিধ বিশেষ ধৰণৰ ক'লা কাপোৰত অঁকা চিত্ৰবোৰে মূলতঃ ৰাজস্থানী ঐতিহ্য আৰু সংস্কৃতিকে আলোকিত কৰিছে। এই চিত্ৰবোৰৰ ভিতৰত হাতী আৰু গণেশৰ উপৰিও উট, ঘোঁৰা, শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু বিভিন্ন ভংগী, ৰজা-ৰাণী, মটকা লোৱা ৰাজস্থানী মহিলা, বিয়াৰ দোলাভাৰী, যুঁজৰ সৈনিক, বীৰ আদিৰ প্ৰাধান্য বেছি। হাতী হৈছে জয়পুৰ নগৰৰ প্ৰতীক। ঘোঁৰা উদয়পুৰ আৰু উট জয়শালমিৰ নগৰৰ প্ৰতীক। কাপোৰৰ উপৰিও কাঠ আৰু পকীঘৰৰ নতুন প্লাষ্টাৰৰ ওপৰতো এই চিত্ৰকৰ্ম কৰা হয়। ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰকৰ্মবোৰ ৰাজস্থানত ৰাজকীয় উৎসাহত ১৬ শতিকাৰপৰাই আৰম্ভ হৈছিল। তেতিয়াৰ পৰাই বহু পৰিয়াল চিত্ৰকৰ্মত নিয়োজিত হয়। ক্ষুদ্ৰ চিত্ৰকৰ্মৰ আন এটা উদাহৰণ কাঠৰ মুখাবোৰ। চামৰা শিল্প উটৰ চামৰাৰে সজা মোনা, জোতা, পেটি, টুপী আৰু হাড়েৰে তৈয়াৰ কৰা বুতাম, গহনা থোৱা বাকচ আদিয়ে পৰ্যটকসকলক হাত বাউলি মাতে। উটৰ চামৰাৰে তৈয়াৰ কৰা আগজোঙা জোতাবোৰে (জুটি) সগৌৰৱে ৰজা-মহাৰজাৰ কথা ঘোষণা কৰি আছে। টেৰাকোটা ৰং-বিৰঙৰ অকণি অকণি সেন্দূৰৰ টেমা,চাবিৰ ঘেৰত ওলমোৱা হাতী, ঘোঁৰা, উট আদি ৰাজস্থানী টেৰাকোটাৰ নব্য উল্লেখযোগ্য সামগ্ৰী। টেৰাকোটা শিল্পৰ এই সামগ্ৰীবোৰত সোণত সুৱগা চৰাইছে সেইবোৰৰ গাত লগোৱা সৰু সৰু বগা পাথৰবোৰে। সূক্ষ্ম কলাই অদ্বিতীয় কৰি তুলিছে ৰাজস্থানী শিল্পক। অৱশ্যে পূৰ্বতে বেৰত লগাবলৈ প্ৰভু গণেশ বা বীৰ মহাৰাজ যুক্ত ফলিহে টেৰাকোটাত তৈয়াৰ কৰা হৈছিল। টেৰাকোটা শিল্পৰে তেওঁলোকে সুকীয়া অলংকাৰো তৈয়াৰ কৰে। পুতলা শিল্প কাপোৰৰ পুতলা তৈয়াৰ কৰাত ৰাজস্থানী মহিলা নিপুণা। কাপোৰেৰে তৈয়াৰ কৰা হাতী, ঘোঁৰা, উট, ৰজা ৰাণীৰ পুতলা লৈ বেচিবলৈ বহি থকা ৰাজস্থানী মহিলা ৰাজস্থানৰ য'তে-ত'তে দেখা যায়। মৃৎশিল্প ৰাজস্থানী মৃৎশিল্পত উৎপাদিত ‘মটকা’ৰ সমগ্ৰ ভাৰতত বিশেষ স্থান আছে। পাৰস্যৰপৰা আমদানিকৃত নীলা মৃৎশিল্পই জয়পুৰত ১৭ শতিকাত মহাৰাজ ৰামসিংহৰ ৰাজত্বকালত উৎকৃষ্টতা অৰ্জন কৰিছিল। আনহাতে চিত্ৰ অংকিত মৃৎশিল্পই বিকানিৰত প্ৰসাৰ লাভ কৰিছিল। ধাতৱ শিল্প পিতলৰ বাচনত ফুল কটা, নক্সা কটা আৰু মীনা কৰা শিল্পত জয়পুৰ বিখ্যাত। পৰম্পৰাগত ৰূপৰ বাচন, যেনে- ‘হুণ্ডাচ’ মছলাৰ টেমা, থাল গহনা থোৱা বাকচ আদি অতিকে আকৰ্ষণীয়। ৰাজস্থানী হোৱাইত মেটেলৰ সমগ্ৰীবোৰ বাহিৰলৈ ৰপ্তানিও হয়। শিলত কটা ভাস্কৰ্য ‘ৰাজস্থান কলা মন্দিৰ’ত বগা মাৰ্বল পাথৰত কটা মূৰ্তি আৰু অন্যান্য সামগ্ৰীৰ ভাস্কৰ্য শিল্প দেখা যায়। সংস্কৃতি সাজ-পোছাক ৰাজস্থানী পুৰুষ-মহিলাৰ আকৰ্ষণীয় পোছাক আৰু ৰাজকীয় খাদ্য হয় ৷এই কথাৰ উমান দিয়ে। ঘৰুৱাভাৱে ৰাজস্থানী পুৰুষে ধুতি আৰু আংগাৰখা পিন্ধে। আনুষ্ঠানিকভাৱে চুৰিদাৰ-পায়জামা আৰু কুৰ্তা পিন্ধে। মহিলাসকলে কঁকালত ঘাগৰা, বুকুত কাঞ্চালি তাৰ ওপৰত পেটলৈকে পৰা হাত চুটি চোলা আৰু মূৰত ‘চুনৰী’ লয়। ৰাজস্থানী মহিলাই মূৰৰপৰা ভৰিলৈকে অলংকাৰেৰে নিজকে সজ্জিত কৰে। পৰম্পৰাগতভাৱে ৰূপৰ গহনাৰ প্ৰাধান্য বেছি। কপাল, নাক, কাণ, ডিঙি, বাহু, মনিবন্ধ, কঁকাল, ভৰিৰ সৰু গাঁঠি, ভৰিৰ পতা, আঙুলি প্ৰত্যেক অংগতে সুকীয়াকৈ অলংকাৰ পিন্ধে। বিবাহিতা মহিলাই হাতীদাঁতৰ বালা পিন্ধে। হাতীদাঁতৰ অলংকাৰক শুভ জ্ঞান কৰা হয়। কাণত ঘণ্টাকৃতিৰ গধুৰ ঝুমকা পিন্ধে। কাণত সাতটা পৰ্যন্ত বিন্ধা কৰা নিয়ম আছে। ডিঙিত ৰূপৰ হাঞ্চালি পিন্ধে। কপালত পিন্ধে উঠঙাকৈ ফুল কটা ‘বৰলা’ অথবা ‘চিচ ফুল’। বাহুত ‘বাজুবন্ধ’, ভৰিৰ পতাত গধুৰ ‘পায়েল’, আঙুলিত ‘বেণ্টি’ আৰু কঁকালত ‘কৰধনি’ পিন্ধে। ‘হাঞ্চলি’ৰ উপৰিও ডিঙিত এনে এধাৰ মণিহাৰ পিন্ধে যিধাৰৰ মাজে মাজে মুদ্ৰাৰ নিচিনা গোল অথবা চাৰিকোণীয়া পদক থাকে। এই মনিধাৰক ‘টায়েট’ বুলি কয়। ল'ৰাবিলাকে এখন কাণত ফুটা কৰে আৰু ‘লং’ বুলি এবিধ ফুলি পিন্ধে। আহাৰ ৰাজস্থানী আহাৰৰ প্ৰধান বৈশিষ্ট্য হৈছে মাখন আৰু ঘিঁউৰে কৰা ৰন্ধা-বঢ়া। ইয়াত প্ৰত্যেকবিধ খাদ্য ঘিঁউৰে ৰন্ধা হয়। ঘিঁউৰ উপৰিও গাখীৰ, বিশেষকৈ ‘কেশৰীয়া দুধ’ আৰু গাখীৰৰ পৰা উৎপাদিত দৈ, পনিৰ, মাখন আদি সামগ্ৰীৰ প্ৰচলন বেছি। ইয়াৰ মানুহবোৰ যেনে- ওখ-পাখ, শকত-আৱত, গৰু-ম'হবোৰো তেনে প্ৰকাণ্ড প্ৰকাণ্ড। ৰাজস্থানী হিন্দুসকল মূলতঃ নিৰামিষভোজী। প্ৰধান আহাৰ ভাত আৰু ৰুটী। ঘেঁহুৰ উপৰিও মিচিৰ ৰুটী আৰু বজাৰৰ ৰুটীও তেওঁলোকৰ প্ৰধান খাদ্য। প্ৰত্যেক সাঁজ ভাততে পাপৰ সেকা আৰু দৈ অথবা ৰাইতা থাকে। বজৰাৰ খিচিৰি আন এবিধ প্ৰিয় ব্যঞ্জন। নৃত্য-গীত সংগীত-নৃত্য কৰি ফুৰা দলবোৰ ৰাজস্থানী সংস্কৃতিৰ অন্যতম অংগ। পৰম্পৰাগত সাজ-পোছাকেৰে চাৰি-পাঁচজনীয়া মানুহৰ দল একোটাই হাতে হাতে থলুৱা বাদ্যযন্ত্ৰ, যেনে- সাৰাংগী, চেহনাই, সুৰনাই, ঢোলক, ঘণ্টা, ডমৰু, নাদ, খৰতাল লৈ ঠায়ে ঠায়ে বহি থাকে। সেই বাদ্যযন্ত্ৰত তেওঁলোকে ৰাজস্থানী লোকসংগীতৰ সুৰ তোলে। কেতিয়াবা সেই দলত পৰম্পৰাগত সাজ আৰু অলংকাৰ পিন্ধা মহিলাও থাকে। মহিলাসকলে সেই সুৰৰ তালে তালে লোকনৃত্য কৰে। সাধাৰণতে ভোপা, লাংগা, মাংগানিয়াৰ, কালবেলিয়া, যোগী, নায়ক, থোড়ী, ভাৱাৰী আদি সম্প্ৰদায়ৰ মানুহে এনে ধৰণে দল বান্ধি সংগীত নৃত্য কৰি ফুৰে। লাংগা আৰু মাংগানিয়াৰসকল মৰুৰ বুকুৰ থলুৱা শিল্পী। বিবাহ, হোলী আদি প্ৰত্যেক অনুষ্ঠান আৰু উৎসৱৰে সুকীয়া সুকীয়া সংগীত আছে। কালবেলিয়া, মটকা ভাৱাই, কাঠপুতলি (পুতলা নাচ), চাৰী কাচ্চী ঘোড়ী আদি জনপ্ৰিয় নৃত্য। নৃত্য আৰু সংগীত এই লোকসকলৰ জীৱনৰ অবিচ্ছেদ্য অংগ। কালবেলিয়া সম্প্ৰদায়ৰ মহিলাসকলে কালবেলিয়া নৃত্য প্ৰদৰ্শন কৰে। এই সম্প্ৰদায়টো মূলতঃ সাপ বাজীকৰ আৰু সাপৰ বিষৰ ব্যৱসায়ী হোৱা হেতুকে এই নৃত্যৰ সাজ-পোছাকবোৰ সাপৰ দৰে কৰা হয়। ভীল জনজাতিসকলে ঘুমৰ নৃত্য কৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰতৰ
33412
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%A6%E0%A6%BF%E0%A6%B2%20%E0%A6%B9%E0%A7%81%E0%A6%9B%E0%A7%87%E0%A6%87%E0%A6%A8
আদিল হুছেইন
আদিল হুছেইন অসমৰ এজন প্ৰসিদ্ধ মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেতা। তেখেতে বহুকেইখন হিন্দী আৰু অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে। তেখেতে দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট (২০১২) আৰু লাইফ অৱ পাই (২০১২) আদিৰ দৰে হলিউডৰ চলচ্চিত্ৰটো অভিনয় কৰিছে। চমু জীৱনী জন্ম আৰু পৰিয়াল আদিল হুছেইনৰ জন্ম অসমৰ গোৱালপাৰা জিলাত হৈছিল আৰু তেওঁৰ শৈশৱ তাতেই অতিবাহিত হয়। তেওঁৰ পিতৃ পেচাত এজন শিক্ষক আছিল। মুঠ ৭জন সন্তানৰ ভিতৰত তেওঁ সকলোতকৈ সৰু আছিল। শিক্ষা হুছেইনে বিদ্যালয়ত অনুষ্ঠিত নাটক আদিত অভিনয় কৰিছিল। তেখেতে ১৮ বছৰ বয়সত ঘৰ এৰি দৰ্শন শিক্ষা অধ্যায়নৰ বাবে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত নাম ভৰ্ত্তি কৰে। মহাবিদ্যালয়ত পঢ়ি থকা কালছোৱাত তেখেতে নাটকত ব্যংগাত্মক চৰিত্ৰসমূহত অভিনয় কৰে। তেখেতে অসমৰ বিখ্যাত কৌতুকগোষ্ঠী "ভায়ামামা"ত বলিউডৰ অভিনেতাসকলৰ ব্যংগাত্মক চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পাছত তেখেতে এখন ভ্ৰাম্যমাণ থিয়েটাৰত যোগ দিয়ে আৰু কিছু স্থানীয় ছবিটো কাম কৰে। তেখেত এনেদৰে প্ৰায় ৬ বছৰ কাল অসমত অতিবাহিত কৰে। ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ তেখেতে দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পাছত তেখেতে "চাৰ্লছ ৱালেছ ইণ্ডিয়া ট্ৰাষ্ট"ৰ বৃত্তি পাই লণ্ডনৰ "ড্ৰামা ষ্টুডিঅ’ লণ্ডন"ত অভিনয়ৰ উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হয়। কৰ্মজীৱন ১৯৯৪ চনত ভাৰতলৈ ঘূৰি অহাৰ পাছত, হুছেইনে অসমৰ 'হেঙুল থিয়েটাৰত' যোগদান কৰি ৩ বছৰ কাম কৰি পুনৰ দিল্লীলৈ যায়। দিল্লীত তেখেতে মঞ্চ কেৰিয়াৰৰ আৰম্ভণি কৰে যদিও তেখেতে "খালিদ ত্যাবজী"ৰ তত্ত্বাৱধানত অভিনয় শিক্ষা বৰ্তাই ৰাখে। ত্যাবজীৰ পাছত তেখেতে পণ্ডিচেৰীৰ "অৰবিন্দ্ৰ আশ্ৰম"ত "সৌপান বসু"ৰ তত্ত্বাৱধানত, আৰু পাছ্ত পুনৰ দিল্লীৰ "দিলীপ শংকৰ"ৰ ওচৰত অভিনয় শিক্ষা লয়। অভিনেতা হিচাপে, ১৯৯৯ চনত আদিলে "অ’থেল’: এ প্লে ইন ব্লেক এণ্ড হোৱাইট" নাটকৰ বাবে "এডিনবাৰ্গ ফ্ৰিঞ্জ" পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ পাছতেই "ৰয়ষ্টেন এবেল" পৰিচালিত "গুডবাই ডেচডি’মনা" নাটকত অভিনয়ৰ বাবেও প্ৰশংসিত হৈছিল। হাম্পিৰ "ছ’চাইটি ফৰ আৰ্টিষ্ট এণ্ড পাৰফৰ্মাছ"ৰ ২০০৪ চনৰ পৰা ২০০৭ চনলৈ প্ৰশিক্ষক হোৱাৰ উপৰিও হেগ চহৰৰ "ৰয়েল কনজাৰভেটৰী পাৰফৰ্মিং আৰ্ট"ৰ আৰু তেখেতৰ পূৰ্বৰ অভিনয়ৰ শিক্ষাস্থল দিল্লীৰ "ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়"ত এজন অনিয়মিত প্ৰশিক্ষক। হিচাপে কাম কৰিছিল ২০০৪ চনত তেওঁ ছোহা আলি খানৰ সৈতে ইতি শ্ৰীকান্ত বোলছবিৰ মুখ্য চৰিত্ৰত অভিনয়েৰে বঙালী ছবিজগতত খোজ পেলায়। দূৰদৰ্শনত বিবিচি ৱৰ্ল্ড চাৰ্ভিচ ট্ৰাষ্টে প্ৰযোজনা কৰা ডিটেকটিভ ধাৰাবাহিক জাচুচ বিজয়ৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। যদিও তেওঁ কেইখনমান অসমীয়া চলচ্চিত্ৰ, বিশাল ভৰদ্বাজৰ কমিনে' আৰু ছ'না জৈনৰ ফৰ ৰিয়েল বোলছবিৰ দুই-এটি সৰু চৰিত্ৰত অভিনয় কৰিছিল, ২০১০ চনত মুক্তিপ্ৰাপ্ত অভিষেক চৌবে'ৰ ইস্কিয়া বোলছবিৰ জৰিয়তেহে তেওঁ বলিউডৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বলিউডত তেওঁ প্ৰথমটো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে ২০১২ চনৰ এজেণ্ট বিনোদ বোলছবিত। একেবছৰতে তেওঁ অভিনীত বোলছবি ইটালীৰ পৰিচালক ৰ মীৰা নায়াৰৰ 'দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট' আৰু এং লীৰ 'লাইফ অৱ পাই' মুক্তি পায়। তেওঁ শ্ৰীদেৱীৰ সৈতে ইংলিছ ৱিংলিছ (২০১২) বোলছবিত অভিনয় কৰি ছবি সমালোচকৰপৰা উচ্চ প্ৰশংসা লাভ কৰে। ছ ইন ফৰগেটিং বোলছবিত কৰা অভিনয়ৰ বাবেও ত তেওঁ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। ব্যক্তিগত জীৱন হুছেইন এজন বিবাহিত পুৰুষ আৰু তেখেতৰ এজন পুত্ৰ সন্তান আছে। তেখেত বৰ্তমান দিল্লীৰ বাসিন্দা। চলচ্চিত্ৰপঞ্জী ="1" আদিল হুছেইনৰ অভিনীত চলচ্চিত্ৰসমূহ চলচ্চিত্ৰৰ নাম!! মুক্তিৰ বৰ্ষ!! ভাষা ইন অথেল ২০০৩ ইংৰাজী ইতি শ্ৰীকান্ত ২০০৪ বঙালী কমিনে' ২০০৯ হিন্দী ইস্কিয়া ২০১০ হিন্দী এজেণ্ট বিনোদ ২০১২ হিন্দী ইংলিছ ৱিংলিছ ২০১২ হিন্দী দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট ২০১২ ইংৰাজী লাইফ অৱ পাই ২০১২ ইংৰাজী লেছনচ ইন ফৰগেটিং ২০১২ ইংৰাজী লুটেৰা ২০১৩ হিন্দী ৰাগ দ্য ৰিদম অৱ লাভ ২০১৪ অসমীয়া কাঞ্চি দ্য আনব্ৰেকেবোল ২০১৪ হিন্দী |দ্য এক্সপ'জ ২০১৪ হিন্দী শৃংখল ২০১৪ অসমীয়া |ৰ'দৰ চিঠি ২০১৪ অসমীয়া |জেদ প্লাচ ২০১৪ হিন্দী |টাইগাৰছ্ হোৱাইট লাইজ ২০১৪ হিন্দী |মেই অউৰ চাৰ্লচ ২০১৫ হিন্দী |জয় হো ডেম'ক্ৰেচি ২০১৫ হিন্দী |আনফ্ৰিড'ম ২০১৫ হিন্দী |পাৰ্চড ২০১৫ হিন্দী |ফিষ্ট অৱ্ বাৰাণসী ২০১৫ হিন্দী |য়াট্চান ২০১৫ তামিল |আহান ২০১৫ হিন্দী |নানক শ্বাহ ফকিৰ ২০১৫ ইংৰাজী |অৰুনোদয় ||২০১৫ মাৰাঠী |এংগ্ৰি ইণ্ডিয়ান গডেছ ২০১৫ হিন্দী |হৰ হৰ ব্যোমকেশ ||২০১৫ বঙালী |উম্ৰিকা ২০১৫ হিন্দী |দ্য ভায়'লিন প্লেয়াৰ ২০১৬ হিন্দী |ক্ৰেচ টেষ্ট আলগে ২০১৬ |বম্বাৰিয়া ২০১৬ হিন্দী |ফ'ৰ্ছ ২ ||২০১৬ হিন্দী |কথানদী ২০১৬ অসমীয়া |লীনাচ বিউটি পাৰ্লাৰ ২০১৬ |চক্ৰ ২০১৬ হিন্দী |কামাণ্ডো ২ ||২০১৭ হিন্দী ২০১৬ হিন্দী |মন্ত্ৰ ২০১৭ হিন্দী |মুক্তি ভৱন ২০১৭ হিন্দী ২০১৭ হিন্দী |হোৱাট ৱিল পিপ'ল চে ২০১৭ ||নৰৱে' |মাজ ৰাতি কেতেকী ২০১৭ অসমীয়া ২০১৭ মালায়ালম |দ্য ইলিগেল ২০১৭ ইংৰাজী ||মাটি ২০১৮ বঙালী ২০১৮ বঙালী ২০১৮ হিন্দী ২০১৮ হিন্দী |2.0 ২০১৮ তামিল ২০০১৮ হিন্দী |ৰাজমা চাৱল ২০১৮ হিন্দী |দিল্লী ক্ৰাইম ২০১৯ হিন্দী |কবীৰ সিং ২০১৯ হিন্দী |গুড নিউজ ২০১৯ হিন্দী |নিৰ্ভনা ইন্ ২০১৯ হিন্দী |ৰাহগীৰ ২০১৯ হিন্দী |ৰাম ২০১৯ মালায়ালম |আখুনি (চলচ্চিত্ৰ) ২০২০ হিন্দী |পৰীক্ষা ২০২০ হিন্দী দূৰদৰ্শন ধাৰাবাহিকজাচুছ বিজয় (২০০২–২০০৩, ১ম আৰু ২য় বৰ্ষ) চুটি ছবি (সত্যজিৎ ৰায় চলচ্চিত্ৰ আৰু দূৰদৰ্শন ইনষ্টিটিউটৰ বাবে)ডক্টৰ, নাৰ্ছ এণ্ড পেছেণ্ট (হিন্দী, ২০১০)ইনফেক্টেড (ইংৰাজী, ২০১২) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অন্যান্য টা/সন্মান নৰৱে’ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হোৱাট উইল পিপ’ল চে'' ছবিত কৰা সাৱলীল অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতা হিচাপে সন্মানীয় ‘আমান্দা বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছিল। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ জীৱিত ব্যক্তি অসমীয়া অভিনেতা অসমীয়া চলচ্চিত্ৰৰ অভিনেতা হিন্দী চলচ্চিত্ৰৰ অভিনেতা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- জুৰীৰ বিশেষ উল্লেখ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন
25687
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A7%87%E0%A6%AA%E0%A6%B2%E0%A7%8D%E0%A6%B2%E0%A7%80%20%E0%A7%B0%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A6%A3
সৰ্বেপল্লী ৰাধাকৃষ্ণণ
ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লেখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল (১৯৫২-১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। উদাৰ নৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি তেওঁ আস্থাশীল আছিল। দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেও সন্মান কৰিছিল। জন্ম ১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ (আগৰ মাদ্ৰাজৰ) তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে। তেওঁ দেউতাকৰ নাম আছিল সৰ্বেপল্লী বীৰাস্বামী (বীৰ চমাইয়া) আৰু মাতৃৰ নাম সীতামা আছিল। তেওঁ এখন জমিদাৰীৰ ’তহছিলদাৰ’ আছিল। ৰামাকৃষ্ণণ বীৰ চমাইয়াৰ দ্বিতীয় সন্তান আছিল। শিক্ষা আৰু চৰিত্ৰ গঠন ৰাধাকৃষ্ণণৰ ৮ বছৰ বয়স হোৱালৈকে, তেওঁ পিতৃ-মাতৃৰ তত্ত্বাৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয়। বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাহ্মণ হ’লেও, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিন্ধান্ত লয়। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ চনলৈ ভেলোৰ কলেজ আৰু ১৯০৪ চনৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালছোৱা ৰাধাকৃষ্ণণে অতিবাহিত কৰে খ্ৰীষ্টিয়ান মিছনেৰী সকলৰ মাজত। মিছনেৰী সকলৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠান সমূহৰ কটকটীয়া নীতি-নিয়ম আৰু উচ্চ মানৰ শিক্ষাদানৰ মাজত ৰাধাকৃষ্ণণ ডাঙৰ হৈছিল।। ৰাধাকৃষ্ণণৰ চৰিত্ৰ গঠনত তেওঁৰ পিতৃ-মাতৃৰ দৃষ্টিভংগীৰ প্ৰসাৰতায়ো যথেষ্ট অৰিহণা যোগাইছিল। সকলো ধৰণৰ অন্ধ সংস্কাৰৰ পৰা মুক্ত চমাইয়া পৰিয়ালে কোনো অপবাদলৈ ভয় নকৰি শিক্ষাগ্ৰহণৰ বাবে ৰাধাকৃষ্ণণক খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈ পঠোৱাতো সেই সময়ত অন্যান্য নিষ্ঠাবান ব্ৰাহ্মণ পৰিয়াল সমূহৰ সন্তানসকলৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ কাৰ্য আছিল। বি-এ পাঠ্যক্ৰমত অংক, পদাৰ্থ বিজ্ঞান, ইতিহাস, জীৱবিদ্যা আৰু দৰ্শন এই কেইটা বিষয়ৰ কোনটোক তেওঁ ‘অনাৰ্ছ’ বিষয় হিচাপে ল’ব তাক লৈ ৰাধাকৃষ্ণণ কিছু দোমোজাত পৰে। এনে সময়তে সেই কলেজৰ পৰাই ‘দৰ্শন’ত অনাৰ্ছ সহকাৰে পাছ কৰি ওলোৱা তেওঁৰ এজন সম্বন্ধীয় ককায়েকে ৰাধাকৃষ্ণণক কেইখনমান দৰ্শনৰ কিতাপ পঢ়িবলৈ দিয়ে। এই কিতাপ কেইখনে তেওঁৰ ওপৰত যি প্ৰভাৱ পেলায়, তাৰ পৰিণতিত তেওঁ দৰ্শনতে ‘অনাৰ্ছ’ লোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে তেওঁ সংস্কৃত আৰু হিন্দী ভাষাও পঢ়িবলৈ লয়। কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বেই তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এম.এ ডিগ্ৰীৰ বাবে যুগুত কৰা ৰাধাকৃষ্ণণৰ দৰ্শনক তেওঁৰ প্ৰথম গ্ৰন্থ হিচাপে ১৯০৮ চনত প্ৰকাশ পায়। সেই সময়ত ৰাধাকৃষ্ণণৰ মাত্ৰ কুৰি বছৰ বয়স। কিন্তু সেই বয়সতে ৰচিত তেওঁৰ এই গ্ৰন্থত ৰাধাকৃষ্ণণৰ দাৰ্শনিক চিন্তাৰ গভীৰতা পৰিলক্ষিত হয়।। দাম্পত্য জীৱন ১৯০৩ চনত ১৬ বছৰ বয়সত 'শিৱাকামু'ৰ লগত বিবাহ হয়। তেতিয়া তেখেতৰ পত্নীৰ বয়স আছিল ১০ বছৰ। সেয়ে বিবাহৰ তিনি বছৰ পিছতহে দুয়ো একেলগে থাকিবলৈ লয়। কৰ্ম জীৱন এগৰাকী শিক্ষক হিচাপে ৰাধাকৃষ্ণণৰ কৰ্মজীৱনৰ বিৱৰণী ক্ৰমানুসাৰে এনে ধৰণৰ:- দৰ্শনৰ অধ্যাপক, মহীশূৰ বিশ্ববিদ্যালয় ১৯১৮-২১; কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপক, ১৯২১-৩১; অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ১৯৩১; 1932-1952; বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথম ভাৰতীয় উপাচাৰ্য, ১৯৪২। ইয়াৰ বাহিৰেও তেওঁ মানচেষ্টাৰ কলেজত হিচাপে, চিকাগো বিশ্ববিদ্যালয়ত আৰু লণ্ডনৰ ইউনিভাৰ্চিটি কলেজত হিচাপে বক্তৃতা প্ৰদান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাক্ষেত্ৰত ৰাধাকৃষ্ণণে পালন কৰা দায়িত্ব সমূহ এনে ধৰণৰ:- (1948); (1948); (1952); ,1962). ৰাজনৈতিক জীৱন ৰাজনীতিৰ ক্ষেত্ৰত নেহৰুৰ সতীৰ্থ ৰাধাকৃষ্ণণে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদমৰ্য্যাদা আৰু সম্পূৰ্ণ ক্ষমতাৰে, ভাৰতৰ ৰাষ্ট্ৰদূত হিছাপে ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েত ৰাছিয়াত থকা সময়ছোৱাত কাশ্মীৰ সমস্যাক লৈ পাক-ভাৰত মতানৈক্যৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওচৰত সপক্ষে ছোভিয়েত সমৰ্থন আদায় কৰিছিল।। ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে। ৰচনাসমূহ বিশ্বৰ মহানতম দাৰ্শনিকৰূপে দাঙি ধৰা তেওঁৰ দাৰ্শনিক ৰচনাসমূহৰ মাজৰ কিছুমান তলত দিয়া হ’ল:- (1908); (1918); (1920); (2 1923 1927); (1926); (1928); (1929); (1932); (1933), (1936); (1936); 1937) (1938); (1939); (1939); (1944); (1944): (1947); (1948); (1949); (1950); (1952). গ্ৰন্থপঞ্জী সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ ওপৰত ভিত্তি কৰি বৰ্তমানলৈকে বহুতো গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰে মাজৰ কিছুমান হৈছে: তথ্য সংগ্ৰহ বাহ্যিক সংযোগ (1888—1975)" ভাৰতৰ ব্যক্তি ভাৰত ৰত্ন বঁটা বিজয়ী ভাৰতৰ উপৰাষ্ট্ৰপতি ভাৰতৰ ৰাষ্ট্ৰপতি সাহিত্য অকাডেমিৰ ফেলোশ্বিপ
29195
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%BE%20%E0%A6%A6%E0%A7%87
মান্না দে
প্ৰবোধ চন্দ্ৰ দে বা মান্না দে (১ মে' ১৯১৯ ২৪ অক্টোবৰ ২০১৩) এজন ভাৰতীয় কণ্ঠশিল্পী। ১৯৪২ চনৰ হিন্দী বোলছবি 'তমন্না'ত প্ৰথম গীত গোৱাৰ পিছত ২০১৩ চনলৈকে তেখেতে ৪০০০তকৈও অধিক গীত বাণীবদ্ধ কৰিছিল। হিন্দী বোলছবিৰ নেপথ্য কণ্ঠশিল্পীৰূপে তেখেত ১৯৫৩-১৯৭৬ চনৰ সময়ছোৱাত অধিক সক্ৰিয় আছিল। মূলতঃ হিন্দী আৰু বাংলা ভাষাৰ লগতে তেখেতে মাৰাঠী, গুজৰাটী, অসমীয়া আদি ভাষাতো গীত গাইছিল। সংগীত জগতলৈ তেখেতৰ অৱদানৰ বাবে ভাৰত চৰকাৰে তেখেতক ১৯৭১ চনত পদ্মশ্ৰী, ২০০৫ চনত পদ্মবিভূষণ আৰু ২০০৯ চনত দাদাচাহেব ফাল্কে সন্মানেৰে অভিষিক্ত কৰে। জীৱনী দেউতাক পূৰ্ণ চন্দ্ৰ আৰু মাক মহামায়া দে’ৰ সন্তান মান্না দেই ১ মে ১৯১৯ চনত জন্মগ্ৰহণ কৰে। দেউতাক-মাকৰ সংস্পৰ্শ অবিহনে পিতৃসম্বন্ধীয় সৰ্বকনিষ্ঠ খুৰাক সঙ্গীতাচাৰ্য (সঙ্গীতত বিশেষভাবে দক্ষ শিক্ষক) কে.চি. দে (পূৰ্ণনাম: কৃষ্ণ চন্দ্ৰ দে)ই তেওঁক খুব বেছি অনুপ্ৰাণিত আৰু উৎসাহিত কৰিছিল। দেই তেওঁৰ শৈশৱৰ পাঠ গ্ৰহণ কৰিছিল ‘ইন্দু বাবুৰ পাঠশালা’ নামৰ এক সৰু প্ৰাক-প্ৰাথমিক বিদ্যালয়ত। তাৰপাছাত তেখেতে স্কটিছ গিৰ্জা কলেজিয়েট স্কুল আৰু স্কটিছ গিৰ্জা কলেজত স্নাতক শিক্ষাগ্ৰহণ কৰিছিল। স্কটি চাৰ্চ কলেজত অধ্যয়ন কৰা কালত তেওঁ তেওঁৰ সহপাঠীসকলক গান শুনাই অনুষ্ঠান পৰিবেশন কৰিছিল। তেওঁ তেওঁৰ খুৰাক কৃষ্ণ চন্দ্ৰ দে আৰু উস্তাদ দাবিৰ খানৰ পৰা গানৰ শিক্ষা লাভ কৰে। সেই সময়ত মান্না দে আন্তঃকলেজ গানৰ প্ৰতিযোগিতাত ধাৰাবাহিকভাবে তিনি বছৰত তিনিটা পৃথক শ্ৰেণীবিভাগত প্ৰথম হৈছিল। প্ৰথম জীৱন মান্না দে ১৯৪২ চনত কৃষ্ণ চন্দ্ৰ দে’ৰ সৈতে বোম্বে (বৰ্তমান মুম্বাই) চাবলৈ আহে। তাত আৰম্ভণিতে তেওঁ কৃষ্ণ চন্দ্ৰ দে’ৰ অধীনত সহকাৰী হিচাপে আৰু তাৰপাছত শচীন দেৱ বৰ্মণ (এচ.ডি. বৰ্মণ) ৰ অধীনত কাম কৰে। পৰৱৰ্তীকালত তেওঁ অন্যান্য স্বনামধন্য গীতিকাৰৰ সান্নিধ্যলৈ আহে আৰু তাৰপাছত স্বাধীনভাবে নিজেই কাম কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত তেওঁ বিভিন্ন হিন্দী চলচ্চিত্ৰৰ বাবে সঙ্গীত পৰিচালনাৰ সমসাময়িক উস্তাদ আমান আলি খান আৰু উস্তাদ আব্দুল ৰহমান খানেৰ পৰা হিন্দুস্তানী শাস্ত্ৰীয় সঙ্গীতত তামিল লয়। প্ৰাথমিক পেছাগত জীৱন ‘তামান্না’ (১৯৪৩) চলচ্চিত্ৰত গায়ক হিচাপে মান্না দে‘ৰ অভিষেক ঘটে। সুৰাইয়া’ৰ সৈতে দ্বৈত সঙ্গীতত গান গায় আৰু সুৰকাৰ আছিল কৃষ্ণ চন্দ্ৰ দে। সেই সময়ত গানটোৱে ভীষণ জনপ্ৰিয়তা অৰ্জন কৰিছিল। 'মশাল' (১৯৫০) ছবিত শচীন দেৱ বৰ্মণৰ গীত ৰচনাত ‘ওপৰ গগন বিশাল’ নামে একক গান গাইছিল। এই গানৰ কথা লিখিছিল কবি প্ৰদীপে। ১৯৫২ চনত মান্না দেই বাংলা আৰু মাৰাঠী ছবিত একেই নামেৰে আৰু গল্পত ‘আমাৰ ভূপালী’ গান গায়। ইয়াৰফলতেই তেওঁ প্ৰতিষ্ঠিত হয় আৰু পৰিপক্কতা লাভ কৰে আৰু জনপ্ৰিয় গায়ক হিচাপে সঙ্গীতপ্ৰেমীৰ পৰা স্বীকৃতি পায়। মান্না দে ভীমসেন জোশী’ৰ সৈতে এটা জনপ্ৰিয় দ্বৈত গান ‘কেতকী গুলাব জুহি’ গায়। ইয়াৰ বাদেও, তেওঁ কিশোৰ কুমাৰৰ সৈতে পৃথক গোত্ৰৰ দ্বৈত গান হিচাপে ‘ইয়ে দোস্তী হাম নেহী তোৰেঙ্গে (শ্ব’লে)’ আৰু ‘এক চতুৰ নৰ' (পড়োচন) গায়। ইয়াৰ বাদেও, মান্না দে শিল্পী আৰু গীতিকাৰ হেমন্ত মুখোপাধ্যায় (হেমন্ত কুমাৰ)সহ আৰু বেছ কিছু গীতিকাৰৰ সৈতে বাংলা ছবিত গান গাইছিল। দ্বৈত সঙ্গীতত লতা মুঙ্গেশকাৰৰ সৈতে ‘কে প্ৰথম কাষত এসেছি' (শঙ্খবেলা) গান গাইছিল। ৰবীন্দ্ৰ সঙ্গীতসহ প্ৰায় ৩৫০০ গান গাইছে মান্না দেই। পাৰিবাৰিক প্ৰেক্ষাপট কেৰালাৰ ছোৱালী সুলোচনা কুমাৰনক ১৮ ডিচেম্বৰত ১৯৫৩ চনত বিয়া পাতে। তেওঁলোকৰ দুই কন্যা: শুৰোমা (জন্মঃ ১৯ অক্টোবৰ ১৯৫৬ চনত) আৰু সুমিতা (জন্মঃ ২০ জুন ১৯৫৮ চনত)ই জন্মগ্ৰহণ কৰে। মান্না দেই পঞ্চাশ বছৰৰো বেছি সময় মুম্বাইত কটোৱাৰ পাছাত বৰ্তমান বাঙ্গালোৰৰ কালিয়ানগৰ চহৰত বাস কৰিছে। ইয়াৰ বাদেও, তেওঁ কলকাতাত বাস কৰে। এতিয়াও তেওঁ বিভিন্ন সঙ্গীতবিষয়ক অনুষ্ঠানত যোগ দিবলৈ বিশ্বৰ বিভিন্ন স্থানলৈ ভ্ৰমণ কৰি থাকে। আত্মজীৱনী আৰু ৰবীন্দ্ৰ ভাৰতী’ৰ পদক্ষেপ ২০০৫ চনত বাংলাভাষাত তেওঁৰ আত্মজীৱনী ‘জীৱনেৰ জলসাঘৰে’ খ্যাতিমান আনন্দ প্ৰকাশনৰ মাধ্যমত প্ৰকাশিত হয়। পাছাত এইখন ইংৰাজীত 'মেমৰীজ কাম এলাইভ', হিন্দীত 'ইয়াদেঁ জী উঠি' আৰু মাৰাঠী ভাষাত 'জীৱনেৰ জলসাঘৰে' নামেৰে অনুদিত হৈছে। মান্নাদেৰ জীৱনক লৈ ‘জীৱনেৰ জলসাঘৰে’ নামৰ এখন তথ্যচিত্ৰ ২০০৮ চনত মুক্তি পায়। মান্না দে সঙ্গীত একাডেমীত মান্না দে’ৰ সম্পূৰ্ণ আৰ্কাইভ বিকশিত আৰু ৰক্ষণাবেক্ষণ কৰা হৈছে। ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, কলকাতা সঙ্গীত ভৱনত মান্নাদে’ৰ সঙ্গীত সংৰক্ষণৰ উদ্যোগ লৈছে। মৃত্যু বুকুত সংক্ৰমণৰ পৰা জটিলতাৰ সৃষ্টি হোৱা বাবে ২০১৩ চনৰ ৮ জুনত মান্না দেক বেংগালুৰুৰ এখন চিকিৎসালয়ৰ আই চি য়ুত ভৰ্তি কৰোৱা হয়। ৯ জুনত তেখেতৰ মৃত্যুৰ উৰাবাতৰি ওলাইছিল যদিও চিকিৎসকসকলে এই কথা নস্যাৎ কৰি কয় যে তেখেত জীয়াই আছে, কিন্তু জটিলতাৰ পৰা মুক্ত হোৱা নাই। ৯ জুলাইত প্ৰকাশ কৰা হয় যে তেখেতৰ স্বাস্থ্য ভাললৈ আহিছে আৰু চিকিৎসকসকলে ৫ জুলাইত তেখেতৰ ভেণ্টিলেটৰ চাপৰ্ট আঁতৰাই দিছে। হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ ২০১৩ চনৰ ২৪ অক্টোবৰৰ পুৱা ৩:৫০ বজাত নাৰায়ণা হৃদয়ালয়ত তেখেতে মৃত্যুবৰণ কৰে। সাফল্য আৰু খ্যাতি মান্না দেই পদ্মশ্ৰী আৰু পদ্মবিভূষণ খিতাপসহ অসংখ্য খিতাপ অৰ্জন কৰিছে। অন্যান্য পুৰস্কাৰৰ তালিকা: আৰু চাওক শচীন দেববৰ্মণ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ 90 ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতীয় কণ্ঠশিল্পী পদ্মশ্ৰী বঁটা বিজয়ী পদ্মভূষণ বঁটা বিজয়ী ফিল্মফেয়াৰ বঁটা বিজয়ী হিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী বঙালী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী পশ্চিমবঙ্গৰ ব্যক্তি মাৰাঠী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী দাদাচাহেব ফাল্কে বঁটা
23073
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%82%E0%A6%AF%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%20%E0%A6%AE%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%20%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%80%2C%20%E0%A6%85%E0%A6%B8%E0%A6%AE
সংযুক্ত মুক্তি বাহিনী, অসম
সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা অসমৰ সাৰ্বভৌমত্ব দাবী কৰা ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত এটি সংগঠন। ১৯৯০ চনত সংগঠনটোক উগ্ৰপন্থীৰ শাৰীত ৰাখি নিষিদ্ধ ঘোষিত কৰা হয়। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সংগঠনটোক পৰ্য্যায়ক্ৰমে অন্যান্য গোটসমূহৰ শাৰীত ৰখা হৈছে। আলফাই নিজে দাবী কৰা মতে ১৯৭৯ চনৰ ৭ এপ্ৰিলত আহোম ৰাজত্বৰ চিন স্বৰূপ শিৱসাগৰস্থিত বিখ্যাত ৰংঘৰৰ বাকৰিত সংগঠনটোৰ জন্ম হয়। সংগঠনৰ প্ৰাক্তন সদস্য তথা প্ৰচাৰ সচিব সুনীল নাথৰ মতে আলফাই নগালেণ্ডৰ সংগঠন এন.এছ.চি.এনৰ লগত ১৯৮৩ চনত তথা ম্যানমাৰৰ কে.আই.এৰ লগত ১৯৮৭ চনত সম্পৰ্ক স্থাপন কৰে। ১৯৯০ চনৰ আশে পাশে আলফাই সশস্ত্ৰ কাৰ্যকলাপ আৰম্ভ কৰে। ভাৰতীয় সেনাই ১৯৯০ চনত সংগঠনটোৰ বিৰুদ্ধে সেনা অভিযানৰ সূচনা কৰে। বৰ্তমানেও চুৰ্চুৰীয়াকৈ এই অভিযান চলি আছে। যোৱা দুটা দশকত আলফা আৰু ভাৰতীয় সেনাৰ সংঘৰ্ষৰ ফলত আনুমানিক ১৮০০০ জনতকৈও অধিক সংখ্যক ব্যক্তিৰ মৃত্যু হৈছে। কিন্তু যোৱা ২০০৯ চনৰ ডিচেম্বৰৰ ৫ তাৰিখে সভাপতি আৰু সহ অধিনায়ক পদৰ অধিকাৰী দুজনে আত্মসমৰ্পণ কৰে। ২০১২ চনৰ এপ্ৰিল মাহৰ তথ্য অনুসৰি আলফাৰ সৰহ সংখ্যক সদস্য বাংলাদেশত ধৰা পেলোৱা হয়। বাংলাদেশৰ বদলি হোৱা চৰকাৰে ভাৰতৰ লগত ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্ক বঢ়োৱাৰ উদ্দেশ্য এই পদক্ষেপ আগবঢ়ায়। ভাৰত চৰকাৰেও বাংলাদেশৰ ওচৰত হেঁচা প্ৰয়োগ কৰে যাতে আলফাৰ বৰমূৰীয়াসকলক আত্মসমৰ্পণ কৰাই আলোচনাৰ মেজলৈ আনিব পাৰে। তাৰ উপৰিও ভাৰত চৰকাৰ আন এটা উদ্দেশ্য যে আলফাই সাৰ্বভৌমত্বৰ চৰ্ত ত্যাগ কৰি আলোচনাৰ মেজলৈ আহে। কিন্তু আত্মসমৰ্পণকাৰী আলফা অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত এটা ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয় তিনি ছেপ্তেম্বৰ ২০১১ চনত। চুক্তিখনত ভাৰত চৰকাৰক গৃহ বিভাগৰ যুটীয়া সঞ্চালক (উত্তৰ-পূৱ), অসমক প্ৰতিনিদ্ধিত্ব কৰে গৃহ বিভাগৰ উপায়ুক্ত জিষ্ণু বৰুৱা আৰু অসমৰ সহ আৰক্ষী প্ৰধান খগেন শৰ্ম্মাই। আনহাতে আত্মসমৰ্পণকাৰী আলফা গোটক প্ৰতিনিদ্ধিত্ব কৰে শশধৰ চৌধুৰী, চিত্ৰবন হাজৰিকা আৰু ৰাজু বৰুৱাই। মুখ্য নেতাসকল পৰেশ বৰুৱা (মুখ্য সেনাধক্ষ্য) (বৰ্তমান ম্যানমাৰত, ম্যানমাৰ আৰু চীনলৈ অহা-যোৱা কৰি আছে বুলি জনা যায়) অৰবিন্দ ৰাজখোৱা (সভাপতি) (অসম চৰকাৰৰ চৰ্ত সাপেক্ষে জানুৱাৰী ১, ২০১১ৰ পৰা মুক্ত অৱস্থাত আছে) প্ৰদীপ গগৈ (উপ--সভাপতি) (চৰ্ত সাপেক্ষে মুক্ত অৱস্থাত) অনুপ চেতিয়া (সাধাৰণ সম্পাদক) (বৰ্তমান মুক্ত অৱস্থাত আছে) ৰাজু বৰুৱা উপ মুখ্য সেনাধক্ষ্য) (বেইলত মুক্ত অৱস্থাত আছে) মিথিংগা দৈমাৰী (প্ৰচাৰ সচিব) (বেইলত মুক্ত অৱস্থাত) চিত্ৰবণ হাজৰিকা অৰ্থ বিভাগৰ সচিব) (বেইলত মুক্ত অৱস্থাত আছে) প্ৰণতি ডেকা (সাংস্কৄতিক সম্পাদক) (বেইলত মুক্ত অৱস্থাত) ভীমকান্ত বুঢ়াগোঁহাই (ৰাজনৈতিক উপদেষ্টা) (মৃত্যু হৈছে) শশধৰ চৌধুৰী (বৈদেশিক সচিব) (বেইলত মুক্ত) ইতিহাস অসমত চলি থকা বিদেশী খেদা আন্দোলনৰ সময়তে আলফাৰ জন্ম হৈছিল। ৭ এপ্ৰিল ১৯৭৯ চনত জন্ম হোৱা আলফাৰ প্ৰতিষ্ঠাপক সকল আছিল পৰেশ বৰুৱা, অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, প্ৰদীপ গগৈ, ভদ্ৰেশ্বৰ গোহাঁই আৰু বুদ্ধেশ্বৰ গগৈ। এখন সামাজিক, ভৌগোলিক আৰু অৰ্থনৈতিকভাৱে স্বাধীন অসম গঢ়াৰ সপোন লৈ আহোম ৰাজত্বৰ এক অন্যতম কীৰ্তিস্তম্ভ শিৱসাগৰস্থিত ৰংঘৰৰ তলৰ মহলাত আলফাৰ জন্ম হৈছিল। সামৰিক সদস্যৰ অন্তৰ্ভুক্তি হৈছিল আলফাত ১৯৮৩ লৈকে। ১৯৮৪ চনত তেওঁলোকে সদস্যভুক্তি বন্ধ কৰি দিয়ে। তাৰ পাছতেই তেওঁলোকে কাচিন ইণ্ডিপেণ্ডেছ আৰ্মী (কে.আই.এ) আৰু এন.এছ,চি এনৰ লগলাগি কাচিনত প্ৰশিক্ষণ আৰু ভাতৃ সংগঠনসমূহৰ পৰা অস্ত্ৰ সৰবৰাহৰ কাম আৰম্ভ কৰে। ১৯৮৬ চনত তেওঁলোকে ভাৰতত অৰ্থ সংগ্ৰহৰ কাৰণে ধন দাবী আৰম্ভ কৰে। তাৰ পাছত তেওঁলোকে সদস্যসকলৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰে ডিব্ৰুগড় আৰু তিনিচুকীয়াত। কিন্তু ভাৰত চৰকাৰৰ তৎপৰতাত সেই বছৰৰে নৱেম্বৰৰ ৭ তাৰিখে সংগঠন আৰু সংগঠনটোৰ শিবিৰবোৰক বেআইনী কাৰ্য্যকলাপ (আগতীয়া সাৱধানতা) আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰা হয়। জন্মৰ এটা দশকৰ ভিতৰতে আলফাই এটা শক্তিশালী সংগঠনৰ ৰূপত দক্ষিণ-পূৱ এছিয়াত আত্মপ্ৰকাশ কৰে। সেইসময়ত আলফাৰ প্ৰতি অসমৰ জনসাধাৰণৰ সঁহাৰি আছিল। যাৰ ফলত আলফা অৰ্থনৈতিকভাৱে সৱল হৈ সামৰিক কৰ্মকাণ্ডবোৰ কৰাত সফল হৈ উঠিছিল। ১৯৯০ চনৰ আগভাগত আলফাই সামৰিক কৰ্মকাণ্ডবোৰ প্ৰতিৰক্ষা বাহিনীৰ আৰু ৰাজনৈতিক বিৰোধীক হত্যা, ৰেল বগৰোৱা আদিবোৰেৰে বঢ়াই তোলে। ১৯৯০ চনৰ পৰাই আলফাই পূৰ্ণ শক্তিৰে নিজৰ উগ্ৰপন্থী কাৰ্য্যকলাপবোৰ কৰা আৰম্ভ কৰে। আলফা, নিজ ভাষ্যমতে আলফা এটা "বিপ্লৱী ৰাজনৈতিক সংগঠন" যি সংগঠিত হৈছে ভাৰত চৰকাৰে অসমত চলোৱা ৰাজ্যিক সন্ত্ৰাসবাদ আৰু অৰ্থনৈতিক সংকট দূৰ কৰি এখন "সাৰ্বভৌম" আৰু "স্বাধীন অসম"ৰ গঢ়াৰ "মুক্তি সংগ্ৰাম"ত। ই নিজকে বিচ্ছিন্নতাবাদী সংগঠন বুলি মানি ল’ব নোখোজে, কাৰণ তেওঁলোকে দাবী কৰে যে অসম কেতিয়াও ভাৰতৰ অংগ নাছিল আৰু এইটো মাত্ৰ ১৮২৬ চনত ইংৰাজ চৰকাৰৰ জেনেৰেল ছাৰ আৰ্কিবল্ড কেম্পবেল আৰু বাৰ্মাৰ লিগেইংৰ ৰাজ্যপাল মহা মিন হ্লা ক্যাও টিনৰ মাজত হোৱা "ইয়াণ্ডাবু সন্ধি"ৰ ফলাফল। সন্ধি মতে ইংৰাজ থাকি গ’ল ইয়াণ্ডাবু গাঁৱত, ৰাজধানী আভাৰ পৰা মাত্ৰ ৫০ কিঃমিঃ দূৰৈত। আৰু সন্ধিৰ আন এটা চুক্তি মতে বাৰ্মা সকলে কোনো আলোচনা নকৰাকৈয়েই এই সীমাৰেখা মানিবলৈ বাধ্য হৈছিল। চুক্তিমতে, বাৰ্মীজসকল মান্তি হ’ল (১) অসমকে আদি কৰি মণিপুৰ ৰাখিনে(আৰাকান) আৰু তানিনথাই(টেনচ্ছেৰিম, চালৱীন নদীৰ দক্ষিণ উপকূল) (২) কাছাৰ আৰু জয়ন্তীয়াত সকলোধৰণৰ কাৰ্য্যকলাপ বন্ধ কৰা (৩) চাৰিটা কিস্তিত ইংৰাজক দহ লাখ পাউণ্ড শোধাব লাগিব (৪)ৰাজধানী আভা আৰু কলকাতাৰ মাজত প্ৰশিক্ষিত প্ৰতিনিধিৰ বিনিময় (৫) আৰু এটা বাণ্যিজিক চুক্তি। আলফাই আৰু দাবী কৰে যে অসমৰ জনসাধাৰণে বহুত সমস্যাৰ সন্মুখীন হৈ আছে কিন্তু ৰাষ্ট্ৰীয় পৰিচয়ৰ সমস্যাটো প্ৰধান আৰু সেইবাবে আলফাই জাতি ধৰ্ম বৰ্ণ নামানি প্ৰতিনিধিত্ব কৰিবলৈ বিচাৰে "স্বাধীন মনৰ সংগ্ৰামী অসমীয়া জনতা"ক। আলফা, ভাৰত চৰকাৰৰ ভাষ্যমতে ভাৰত চৰকাৰে আলফাক এটা উগ্ৰপন্থী সংগঠন বুলি শ্ৰেণীভুক্ত কৰি ১৯৯০ চনত বেআইনী কাৰ্য্যকলাপ (সাৱধানতা) আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰিছে। তাৰ সমসাময়িকভাৱে ভাৰত চৰকাৰে আলফাৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰে। প্ৰথম ১৯৯০ চনত অপাৰেচন বজৰঙ, ১৯৯১ চনত অপাৰেচন ৰাইন' আৰু ২০০৩ চনত অপাৰেচন অল ক্লিয়াৰ আৰু অপাৰেচন ৰাইন’ (দ্বিতীয়)। ইউনিফাইড কমাণ্ডৰ অধীনত এতিয়াও আলফাৰ ওপৰত দমনমূলক অভিযান চলি আছে। ভাৰত চৰকাৰে আলফাৰ ওপৰত পাকিস্তানৰ আই.এছ.আই আৰু বাংলাদেশৰ ডি.জি.এফ.আইৰ লগত সম্পৰ্কৰ, আৰু ভাৰতৰ বিৰূদ্ধে এখন কূটনৈতিক শীতল যুদ্ধৰ আৰম্ভ কৰা অভিযোগ কৰিছে। চীনৰ সৈতে সম্পৰ্ক এই আইনৰ বাহিৰৰ গোট বিলাকে চীনক আশ্ৰয় হিচাবে ব্যৱহাৰ কৰি বাৰ্মা আৰু বাংলাদেশৰ যোগেদি ভাৰতক হেঁচা প্ৰদান কৰিছে, তাৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতেও হেঁচা প্ৰদান কৰে। সংগঠনটোৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱা চীন-বাৰ্মা আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ওচৰতে থাকি অন্য এটা আশ্ৰয় স্থানৰ সন্ধান কৰি আছে। প্ৰায় ৫০ জন আলফাৰ সদস্যৰে সৈতে লেফেটেণেণ্ট পাৰ্থ জ্যোতি গগৈ চীনৰ য়ুনান প্ৰদেশৰ কোনো ঠাইত আশ্ৰয় লৈ আছে। মুখ্য গতিবিধিবোৰ হত্যাকাণ্ডবোৰ আলফাৰ কিছুমান মুখ্য হত্যাকাণ্ডবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল ১৯৯০ চনৰ মে’ মাহত কৰা সুৰেন্দ্ৰ পালৰ হত্যাকাণ্ড। সুৰেন্দ্ৰ পাল ব্যৱসায়ী লৰ্ড স্বৰাজ পালৰ ভায়েক আছিল। এই কাণ্ডটোৱেই তেতিয়াৰ প্ৰফুল্ল কুমাৰ মহন্তৰ অসম চৰকাৰক জোঁকাৰি গৈছিল। এই ৰ পাছতেই আলফাৰ বিৰূদ্ধে অপাৰেচন বজৰঙ আৰম্ভ হৈছিল। আলফাৰ সামৰিক দিৱস, ১৬ মাৰ্চ ২০০৩ চনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত এখন বাছত ঘটোৱা এটা আই.ই.ডিৰ বিস্ফোৰণত ছয়জন সাধাৰণ জনতা নিহত আৰু আৰু ৫৫ জন আহত হয়। ১৯৯১ চনত এজন ৰাচিয়ান অভিযন্তা আৰু এজন ছোভিয়েট ইউনিয়নৰ ব্যক্তিক অপহৰণ কৰি হত্যা কৰে। ১৯৯৭ চনত সঞ্জয় ঘোষক হত্যা কৰা হয়। আটাইতকৈ ডাঙৰ চৰকাৰী মানুহ হিচাবে আলফাই হত্যা কৰে অসম গণ পৰিষদৰ মন্ত্ৰী নগেন শৰ্মাক ২০০০ চনত। ১৯৯৭ চনত মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত আলফাই এটা অসফল হত্যাকাণ্ডৰ চেষ্টা চলায়। আলফাৰ লক্ষ্মীপথাৰত থকা জঙ্ঘলৰ মাজৰ এটা পৰিত্যক্ত কেম্পত এটা গণ কবৰ উদ্ধাৰ হয়। ইয়াৰ বাহিৰেও আলফাই চেগা-চোৰোগাকৈ চৰকাৰী প্ৰতিৰক্ষা বাহিনীৰ বিৰুদ্ধে আক্ৰমণ চলাই আহিছে। ২০০৩ চনত আলফাক অভিযুক্ত কৰা হয় অসমত থকা বিহাৰৰ শ্ৰমিক হত্যাৰ বাবে, যিটো বিহাৰৰ মাজেদি যোৱা এগৰাকী মণিপুৰী যুৱতীৰ ওপৰত কৰা উৎপীড়নৰ প্ৰতিবাদ স্বৰূপে আৰম্ভ হৈছিল। এই ঘটনাই অসমত এটা বিহাৰী বিৰোধী আবেগৰ জন্ম দিয়ে, আৰু সেই সময়তে আলফাই কেইবাটাও প্ৰজন্ম ধৰি বসবাস কৰা বিহাৰী সম্প্ৰদায়ৰ লোককেইজনমানক হত্যা কৰে, যিটোৱে সমগ্ৰ অসমতে বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। বিহাৰী বিৰোধী হত্যাকাণ্ডৰ বিষয়ে অধিক তথ্য ২০০৩ চনৰ ৰেলৱে মকৰল পৰিষদৰ ডি গোটৰ কিছুমান পদবীৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰেলৱে বিভাগে আয়োজন কৰা সাক্ষাৎকাৰত ভাগ ল’বলৈ অহা কেইজনমান বিহাৰী অংশগ্ৰহণকাৰীক বেত্ৰাঘাত কৰা হয় আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰাত কিছু সংখ্যক লোকে বাধা প্ৰদান কৰে। তাৰ প্ৰতিবাদ স্বৰূপে বিহাৰৰ কিছু কিছু ষ্টেচনত উত্তৰ পূবৰ যাত্ৰীক অশালীন ব্যৱহাৰ আৰু মাৰপিট কৰা হয়। এই সময়খিনিতে আলফাই কিছুমান হিন্দীভাষীলোকক হত্যা কৰে। ২০০৪ চনৰ ১৫ আগষ্টত এটা বিস্ফোৰণত প্ৰায় ১৫ জন মানুহ নিহত হয় য’ত কিছু সংখ্যক শিশুও আছিল। বিস্ফোৰণৰ দায়িত্ব আওপকীয়াকৈ স্বীকাৰ কৰে আলফায়। এয়া প্ৰত্যক্ষ জনতাৰ ওপৰত চলোৱা আলফাৰ প্ৰথম কূটাঘাট আছিল। আকৌ ২০০৭ চনৰ জানুৱাৰীত প্ৰায় ৬২ জন বিহাৰী শ্ৰমিকক আলফাই হত্যা কৰে। ইয়াৰোপৰি আলফাৰ বোমা বিস্ফোৰণত অসমীয়া লোকৰো মৃত্যু হয়। কেন্দ্ৰ চৰকাৰে এই কাণ্ডবোৰৰ বাবে কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ২৮ নং বেটেলিয়নক একপক্ষীয় যুদ্ধ বিৰতিৰ বাবে বাধ্য কৰায়। ২০০৭ চনৰ মাৰ্চৰ ১৫ তাৰিখে আলফাই নিজৰ সামৰিক দিৱসত গুৱাহাটীত এটা বিস্ফোৰণ সংঘটিত কৰে, য’ত ৬ জন আহত হয়। অৰ্থনৈতিক আলফাই দেশৰ বৃহৎ অৰ্থনৈতিক সম্বলবোৰ যেনে খাৰুৱা তেল পৰিবাহী নলী, মালবাহী ৰেল আৰু চৰকাৰী অট্টালিকা আদিৰ দৰে ঠাইত হোৱা বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে। ইয়াৰ ভিতৰত ৭ আগষ্ট ২০০৫ৰ কাণ্ডও অন্তৰ্ভুক্ত। আলফাৰ উল্লেখযোগ্য আক্ৰমণবোৰৰ ভিতৰত ডিগবৈৰ তেল ভাণ্ডাৰৰ বিস্ফোৰণৰ কথা কব পাৰি। তাৰ ফলত তেল কোম্পানীটো কোটিটকীয়া লোকচানৰ সন্মুখীন হয়। সেই দিনাই সংগঠনটোৱে এডাল গেছ পৰিবাহী পাইপ ধ্বংস কৰে। মকৰল আৰম্ভণিৰ সময়ত আলফাত গ্ৰাম্য অঞ্চলৰ পৰা সদস্যভুক্তি কৰা হৈছিল। লগতে উজনি অসম আৰু মধ্য অসমৰ নগৰ অঞ্চলৰ পৰাও কৰা হৈছিল। আলফাৰ নেতা স্বৰ্গীয় হীৰক জ্যোতি মহন্ত ৰাজধানী গুৱাহাটীৰ পৰা মাত্ৰ কেই কিঃমিঃ দূৰৈৰ বাসিন্দা আছিল। চোৰাংচোৱা বিভাগৰ তথ্য অনুসৰি পৰেশ বৰুৱা পন্থী গোটে অবিৰাম গতিত আলোচনাৰ প্ৰতি আগ্ৰহী অৰবিন্দ ৰাজখোৱা গোটৰ বিপক্ষে কাম কৰি আছে। তাৰ বাবে এটা বিশাল সদস্য মকৰলৰ কাৰ্য্যসূচী ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, লক্ষীমপুৰ আৰু নলবাৰীৰ গ্ৰাম্য অঞ্চলত অনুষ্ঠিত কৰা কামত ব্ৰতী হৈছে বুলি জনা যায়। ৰাজনৈতিক গতিবিধি ১৯৮৫ চনৰ পাছত আৰু ১৯৯০ চনৰ আগত আলফাই ৰাজনৈতিক গতিবিধিৰ বাবে সংবাদ পত্ৰত স্থান লাভ কৰিছিল। স্থানীয় সংবাদ পত্ৰৰ যোগেদি ৰাইজৰ মাজত প্ৰচাৰ চলাই গৈছিল আলফাই সততে চলিত ৰাজনৈতিক ঘটনাত আলফাৰ নিজৰ স্থিতি ৰাষ্ট্ৰীয়তা সম্বন্ধে কেন্দ্ৰীভূত কৰিছিল। লগতে জনতাৰ বাৰ্তালাপত সাধাৰণ জনতাৰ স’তে অংশগ্ৰহণ কৰিছিল। শেষৰ দুটা নিৰ্বাচন আলফাই বৰ্জন কৰাৰ আহ্বান কৰে। যদিও ই সফল নহ’ল। ধনদাবী আলফাই আৰম্ভণীতে কেইটামান বেঙ্ক ডকাইতিৰ যোগেদি ধন আহৰণ কৰিছিল। কিন্তু পিছলৈ আলফাই ব্যৱসায়ীসকলৰ পৰা ধনদাবী কৰা আৰম্ভ কৰে। লগতে ৰাজনীতিক সকলকো। ১৯৯৭ চনত অসমৰ মুখ্যমন্ত্ৰীয়ে "টাটা টি"ক আলফাৰ সাংস্কৃতিক সম্পাদক প্ৰণতি ডেকাক চিকিৎসা কৰা মুম্বাইৰ এখন চিকিৎসালয়ৰ বিল পৰিশোধ কৰাৰ অপৰাধত অভিযুক্ত কৰে। অন্য গতিবিধিবোৰ আলফাই বাংলাদেশত কেইবাটাও কেম্প চলোৱা বুলি তথ্যসমূহৰ পৰা জনা যায়। ইয়াত সদস্যসকলক প্ৰশিক্ষণ আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ পৰা লুকুৱাই আশ্ৰয় দিয়া হৈছিল। ৰয়েল ভূটান আৰ্মী আৰু বিশেষ সীমান্ত বাহিনীৰ সহযোগত ২০০৩ চনৰ অপাৰেছনৰ আগলৈকে ভূটানত আলফাই কেম্প চলাইছিল বুলি জনা যায়। ভূটানৰ এই কেম্পবোৰত পৰিয়াল কৰি থকা আৰু পৰিয়াল কৰি নথকা আলফা সদস্যসকল আছিল। আলফাই এন.এছ.চি.এন (খাপলাং), এন.ডি.এফ.বি আৰু কে.এল.অ’ৰ লগত ওচৰ সম্পৰ্ক বজাই ৰাখে। ভাৰতীয় সেনাৰ সূত্ৰ মতে "আলফাই আই.এছ.আইৰ সহযোগত জেহাদী যুদ্ধ কৰি আছে। এটা কথাত কোনো সন্দেহ নাই যে আলফাৰ নেতাসকল দেশৰ বাহিৰত থাকে আৰু আই.এছ.আইৰ নিৰ্দেশত কাম কৰে। লগতে চাওক ছালফা ১৯৯০ চনৰ আৰম্ভণিতে ভাৰত চৰকাৰে আলফাৰ পৰা সদস্যসকলক আঁতৰোৱাৰ বাবে পদক্ষেপ লয়। আলফাৰ সহ অধিনায়ক হীৰক জ্যোতি মহন্তৰ ১৯৯১ চনত মৄত্যুৰ পাছত। হীৰক জ্যোতি ই খুব শক্তিশালীভাৱে যিকোনো ধৰণৰ আত্মসমৰ্পণৰ বিপক্ষে শক্তিশালীভাৱে ঠিয় দিছিল। কিন্তু তেখেতৰ মৄত্যুৰ পাছত আত্মসমৰ্পণৰ বিপক্ষে ঠিয় দিবলৈ কোনো শক্তিশালী মানুহ আগবাঢ়ি নাহিল। ১৯৯২ চনত আলফাৰ বহুতো নেতা আৰু ই আত্মসমৰ্পণ কৰে। সেই আত্মসমৰ্পণকাৰী আলফাসকলক লগত অস্ত্ৰ ৰাখিবলৈ অনুমতি দিয়া হ’ল যাতে পুৰণি কোনো সতীৰ্থৰ আক্ৰোশমূলক আক্ৰমণৰ পৰা বাচি থাকিব পাৰে। তেওঁলোকক বেংকৰ ৠণো কোনো দায়বদ্ধতা নোহোৱাকৈ স্বাৱলম্বীতাৰ বাবে আগবঢ়োৱা হ’ল। এই আত্মসমৰ্পণকাৰী আলফাসকলকে কোৱা হ’ল "ছালফা"। ৮,৭১৮ জনে ১৯৯১ চনৰ পৰা ১৯৯৮ চনৰ ভিতৰত আত্মসমৰ্পণ কৰে। ৩,৪৩৫ জনে ১৯৯৮ৰ পৰা ২০০৫ৰ ভিতৰত। ২০১২ চনৰ ২৪ জানুৱাৰীত বৄহৎ আত্মসমৰ্পণটো ঘটে। য’ত ৬৭৬ জনে গুৱাহাটীত অস্ত্ৰ সমৰ্পন কৰি অসমৰ মন্ত্ৰীৰ পৰা গোলাপ ফুল উপহাৰ লয়। আলোচনা আলফাই আলোচনাৰ বাবে ভাৰত চৰকাৰৰ আগত তিনিটা চৰ্ত বান্ধি দিছে। কিন্তু ভাৰত চৰকাৰে কেউটা চৰ্তই প্ৰত্যাখান কৰিছে। চৰ্ত তিনিটা ভাৰত চৰকাৰ আৰু আলফাৰ মাজত আলোচনা হ’লেও সেয়া তৃতীয় এখন ৰাষ্ট্ৰত অনুষ্ঠিত হ’ব লাগিব। আলোচনাসমূহ ৰাষ্ট্ৰসংঘৰ তত্ত্বাৱধানত হ’ব লাগিব। আলোচনাৰ বিষয়সূচীত অসমৰ সাৰ্বভৌমত্ব বিষয়টো অন্তৰ্ভুক্ত থাকিব লাগিব। ২০০৪ চনত আলফাই প্ৰথম চৰ্ত দুটা ত্যাগ কৰি ভাৰত চৰকাৰক আলোচনাৰ বাবে আমন্ত্ৰণ কৰে। কিন্তু ভাৰত চৰকাৰে "সাৰ্বভৌমত্ব"ক আলোচনাৰ বিষয় হিচাপে ল’বলৈ অস্বীকাৰ কৰে। তথাপিও আলোচনাৰ সপক্ষে কিছুমান প্ৰদক্ষেপ ল’বৰ বাবে আলফাই "পিপ’লছ কনছালটিভ গ্ৰুপ (পিচিজি)" নামৰ এটা গোট ২০০৫ চনত গঠন কৰি দিয়ে। পিচিজিক ভাৰত চৰকাৰে আদৰণি জনায়। ২০০৫ চনত প্ৰথম লানি আলোচনা আৰম্ভ হয়। 'ইণ্ডিয়া টাইমছ’ৰ উদ্ধৃতি মতে প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হোৱা তিনিখলপীয়া আলোচনাত ১১জনীয়া দ’লটোক নেতৃত্ব দিয়ে অসমৰ বিখ্যাত লেখিকা মামণি ৰয়চম গোস্বামীয়ে। আগবাঢ়ি যোৱা আলোচনাৰ প্ৰক্ৰিয়াটো প্ৰায় ২০০৬ চনৰ আগষ্টলৈকে সন্তুলিত হৈ আছিল। কিন্তু সেই আলোচনাৰ প্ৰক্ৰিয়াটোক ২৩ চেপ্তেম্বৰত আলফাই নিজে ভাঙি আকৌ উগ্ৰবাদী কাৰ্যকলাপ আৰম্ভ কৰে। টোকা তথ্য সংগ্ৰহ বাহ্যিক সংযোগ 30, 2007. 1, 2. 2007-12-29. 2007 10 15, 2004 অসমৰ সংগঠন নিষিদ্ধ ঘোষিত
57860
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%A8%E0%A6%95%20%E0%A7%B0%E0%A7%87%E0%A6%B2%E0%A7%87
কনক ৰেলে
কনক ৰেলে (জন্ম: ১১ জুন ১৯৩৭) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, ক'ৰিয়'গ্ৰাফাৰ আৰু শিক্ষাবিদ। তেওঁ মোহিনীঅট্টমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেখেত নালন্দা নৃত্য গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক তথা পৰিচালক আৰু মুম্বাইৰ নালন্দা নৃত্য কলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা-অধ্যক্ষ। প্ৰাথমিক জীৱন আৰু শিক্ষা গুজৰাটত জন্ম গ্ৰহণকাৰী কনক ৰেলেই তেওঁৰ শৈশবকালত এটা অংশ শান্তিনিকেতনত আৰু কলকাতাত তেখেতৰ মোমায়েকৰ লগত পাৰ কৰিছিল। শান্তিনিকেতনত তেখেত কথাকলি তথা মোহিনীঅট্টম নৃত্য চোৱাৰ সুযোগ পাইছিল। তেওঁৰ অনুসৰি এয়াই তেওঁৰ শৈল্পিক সংবেদনশীলতা গঠনত সহায় কৰিছিল। তেখেত মুম্বাইৰ গভৰ্নমেণ্ট ল' কলেজৰ পৰা এল.এল.বি. (আইন) আৰু মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় আইনত ডিপ্লোমা লাভ কৰে। তেখেত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা নৃত্যত পি.এইচ.ডি ডিগ্ৰীও অৰ্জন কৰিছে। মোহিনীঅট্টম নৃত্যশিল্পীৰূপে কনক ৰেলে এগৰাকী কথাকলি শিল্পী, যিয়ে সাত বছৰ বয়সৰ পৰা গুৰু "পাঁচালী" কৰুণাকৰ পানিকাৰৰ অধীনত প্ৰশিক্ষণ লৈছিল। মোহিনীঅট্টমত তেখেতে কালামান্দালাম ৰাজলক্ষ্মীৰ অধীনত প্ৰশিক্ষণ লৈছিল। সংগীত নাটক একাডেমীৰ অনুদান আৰু পাছত ফ'ৰ্ড ফাউণ্ডেচনে তেওঁক মোহিনীঅট্টমৰ অনুশীলনত গভীৰভাবে সহায় কৰে। ১৯৭০-৭১-ৰ সময়ত তেখেত কেৰালা ভ্ৰমণ কৰি কুনজুকুট্টি আম্মা, চিন্নাম্মু আম্মা আৰু কল্যাণিকুট্টি আম্মাৰ দৰে নৃত্যশিল্পীৰ নৃত্যৰ চিত্ৰগ্ৰহণ কৰে। এই প্ৰকল্পটোৱে তেওঁক মোহিনীঅট্টমৰ সংক্ষিপ্ত সাৰবোৰৰ লগত পৰিচয় কৰিবলৈ আৰু ইয়াৰ ঐতিহ্যবাহী আৰু প্ৰযুক্তিগত শৈলীৰ ৰেকৰ্ড কৰিবলৈ সহায় কৰিছিল আৰু তেখেতৰ বাবে ই এক শিক্ষণ পদ্ধতিৰ বিকাশ কৰিবলৈ সক্ষম কৰিছিল। নাট্যশাস্ত্ৰ, হস্তলক্ষণ দীপিকা আৰু বালাৰমভাৰত্মৰ দৰে শাস্ত্ৰীয় গ্ৰন্থবোৰৰ পটভূমিৰ বিৰুদ্ধত এই শিল্পীসকলৰ তেখেতৰ গৱেষণাৰ কৌশল আৰু কৌশলসমূহ তেওঁক মোহিনীঅট্টমৰ 'কানাকা ৰেলে স্কুল' নামেৰে অভিহিত কৰে মোহিনীঅট্টমৰ নিজস্ব ৰীতিৰ বিকাশ ঘটায়। ৰেলে নৃত্যত দেহৰ গতিবিদ্যা সম্পৰ্কত ধাৰণা এটা অগ্ৰণী উদ্ভাবন যিটো এখন স্বৰলিপি ব্যৱস্থা ব্যৱহাৰ কৰা হয় মোহিনীঅট্টমত দেহ গতিবিধিক বৈষম্য কৰে। ৰেলেই মহিনীয়ত্তমৰ পুনঃজাগৰণ তথা জনপ্ৰিয়কৰণত মূল ভূমিকা পালন কৰাৰ বাবে আৰু এই নৃত্যলৈ বৈজ্ঞানিক তথা শৈক্ষিক দৃষ্টিভঙ্গী অনাৰ বাবে কৃতিত্ব প্ৰদান কৰা হয়। উল্লেখযোগ্য ক'ৰিয়'গ্ৰাফী ৰেলে তেওঁৰ অভিনয়বোৰত পৌৰাণিক কাহিনী আৰু তেওঁৰ মাজত দৃঢ় নাৰী চৰিত্ৰৰ চিত্ৰায়নৰ বাবে খ্যাতিমান, যিটো প্ৰেমৰ বাবে নায়িকাৰ ঐতিহ্যবাহী মোহিনীঅট্টম থিমৰ প্ৰতীক। তেওঁৰ কিছুমান উল্লেখযোগ্য বিষয় আৰু ক'ৰিয়'গ্ৰাফীৰ হৈছে 'কুবজা', 'কল্যাণী', 'চিলাপ্পাদিকৰাম' আৰু 'স্বপ্নৱচৱদত্তম'। মালয়ালম ভাষাৰ কবি তথা পণ্ডিত কাভালাম নাৰায়ণ পানিকাৰৰ লগত ৰেলেৰ যোগসূত্ৰৰ কাৰণত তেওঁ 'সোপানা সংগীতামৰ' লগত পৰিচিত হয় আৰু সোপানা সংগীতৰ তালবোৰত ক'ৰিয়'গ্ৰাফীক টুকুৰা তৈয়াৰ কৰিছিল। 'কেলামৰ' ৰচনাবোৰ তেওঁৰ ভালেমান ক'ৰিয়'গ্ৰাফীৰ বাবে অনুপ্ৰেৰণাৰূপত কৃতিত্ব দিছিল যিটো "পৌৰাণিক কাহিনী অনুসৰি নাৰীৰ চৰিত্ৰৰ ওপৰ ভিত্তি কৰি সমাজত মহিলাসকলৰ যন্ত্ৰণা তুলি ধৰে। "নৃত্য ভাৰতী", তেওঁৰ নালন্দা স্কুলৰ দ্বাৰা উৎপাদিত ভাৰতৰ শাস্ত্ৰীয় নৃত্য সম্পৰ্কিত এক তথ্যচিত্ৰ বিদেশৰ সকলো ভাৰতীয় মিচনৰ অফিচিয়েল কেপচুল হিচাপে বিদেশ মন্ত্ৰণালয়ৰ দ্বাৰা অধিগ্ৰহণ কৰা হৈছে। তেখেত 'দ্য এনলাইটেড ৱান গৌতম বুদ্ধ' নামৰ ২০১১ চনত কৰা ক'ৰিয়'গ্ৰাফী হৈছে মুম্বাইৰ ২৬/১১-ৰ আক্ৰমণৰ পটভূমিৰ সৃষ্টি কৰা। একাদেমীক পেচা মুম্বাই ইউনিভাৰ্চিটিত চাৰুকলা বিভাগ আৰম্ভ কৰিবৰ বাবে ৰেলেই সহায়ক ভূমিকা পালন কৰিছিল আৰু ইয়াৰ ডিন হিচাপেও দায়িত্ব পালন কৰিছিল। ৰেলে ১৯৬৬ চনত নালন্দা নৃত্য গৱেষণা কেন্দ্ৰ আৰু ১৯৭২ চনত নালন্দা নৃত্য কলা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। মুম্বাইৰ নালন্দা নৃত্য গৱেষণা কেন্দ্ৰ, যি মোহিনীঅট্টমত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী অৰ্জনৰ বাবে শিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণ দিয়ে, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ এক গৱেষণা প্ৰতিষ্ঠান হিচাপে স্বীকৃতিপ্ৰাপ্ত। ৰেলেই ভাৰত চৰকাৰৰ সংস্কৃতি বিভাগ আৰু পৰিকল্পনা কমিচনৰ নৃত্য বিষয়ত বিশেষজ্ঞ তথা পৰামৰ্শদাতা হিচাপেও দায়িত্ব পালন কৰিছে আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ পাঠ্যক্ৰম বিকাশকাৰীৰ দলৰ আৰু একাদেমীক নৃত্য কোৰ্চৰ বিকাশত ভাৰতীয় তথা বিদেশী বিশ্ববিদ্যালয়ৰ পৰামৰ্শদাতাও আছিল। বঁটা আৰু সন্মান ১৯৮৯ চনত ৰেলেক গৌৰব বঁটা আৰু ১৯৯০ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে ভূষিত হয়। তেখেতক ২০০৫ চনত ভাৰতীয় সংগীত তথা নৃত্যৰ এক অগ্ৰণী প্ৰতিষ্ঠান বিপাঞ্চিৰ দ্বাৰা 'কলা বিপাঞ্চি' উপাধিৰে ভূষিত হয়। ২০০৬ চনত, মধ্য প্ৰদেশ চৰকাৰ তেওঁক শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত অৱদান আৰু শ্ৰেষ্ঠত্ব বাবে কালিদাস সন্মান দিছিল। তেখেত সংগীত নাটক একাদেমী বঁটা আৰু এম এছ চুব্বালক্ষ্মী বঁটাৰেও সন্মানিত কৰা হয়। ২০১৩ চনত, ভাৰত চৰকাৰ তেওঁক পদ্মভূষণেৰে বিভূষিত কৰিছে। গ্ৰন্থসমূহ ৰেলে মোহিনীঅট্টম, দ্য লিৰিকেল ডাঞ্চ আৰু ভবানিৰূপাণা, এ হেণ্ডবুক অফ ইণ্ডিয়ান ডান্স টাৰ্মিন'লজি নামাৰ গ্ৰন্থদুখনৰ লেখক। তথ্য উৎস্য ব্যাহ্যিক সংযোগ নালন্দা নৃত্য গৱেষণা কেন্দ্ৰ ভাৰতৰ ব্যক্তি ভাৰতীয় নৃত্যশিল্পী পদ্মশ্ৰী বঁটা বিজয়ী পদ্মভূষণ বঁটা বিজয়ী সংগীত নাটক একাডেমী বঁটা
34862
https://as.wikipedia.org/wiki/%E0%A6%88%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%20%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B8%E0%A6%BE%E0%A6%97%E0%A7%B0
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ১৮২০ ১৮৯১) উনৈশ শতিকাৰ বিশিষ্ট বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু গদ্যকাৰ আছিল। প্ৰকৃত নাম ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায়। সংস্কৃত ভাষা আৰু সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে জীৱনৰ প্ৰথমচোৱাতে বিদ্যাসাগৰ উপাধি লাভ কৰে। সংস্কৃতৰ বাদেও বঙালী আৰু ইংৰাজী ভাষাত বিশেষ ব্যুৎপত্তি আছিল। তেওঁই প্ৰথম বঙালী লিপি সংস্কাৰ কৰে ইয়াক যুক্তিবহ কৰে তোলে। বঙালী গদ্যৰ প্ৰথম সাৰ্থক ৰূপকাৰ হিচাপে বিভূষিত বিদ্যাসাগৰে জনপ্ৰিয় শিশুপাঠ্য বৰ্ণপৰিচয় সহ একাধিক পাঠ্যপুথি সংস্কৃত ব্যাকৰণ গ্ৰন্থ ৰচনা কৰিছিল। সংস্কৃত, হিন্দী আৰু ইংৰাজীৰ পৰা বঙালীলৈ অনুবাদ সাহিত্য আৰু জ্ঞানবিজ্ঞান সংক্ৰান্তিয় বহু ৰচনা কৰিছিল। অন্যদিশে বিদ্যাসাগৰ এজন সমাজ সংস্কাৰকো আছিল। বিধবা বিবাহ আৰু স্ত্ৰীশিক্ষাৰ প্ৰচলন, বহুবিবাহ আৰু বাল্য বিবাহৰ দৰে সামাজিক অভিশাপসমূহ দূৰীকৰণৰ বাবে তেখেতৰ অক্লান্ত সংগ্ৰাম বৰ্তমানেও স্মৰণ কৰা হয়। বঙালীৰ নৱজাগৰণৰ এই পুৰোধা ব্যক্তিত্ব দেশৰ সাধৰণ জনসাধাৰণৰ ওচৰত ‘দয়াৰ সাগৰ’ নামে পৰিচিত আছিল। বঙালী সমাজত বিদ্যাসাগৰ এজন প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব। পশ্চিমবঙ্গৰ পশ্চিম মেদিনীপুৰত তেখেতৰ স্মৃতিৰক্ষাৰ হেতু বিদ্যাসাগৰ বিশ্ববিদ্যালয় স্থাপিত হৈছে। ৰাজধানী কলকাতাৰ আধুনিক স্থাপত্যৰ অন্যতম শ্ৰেষ্ঠ নিদৰ্শন বিদ্যাসাগৰ সেতু তেখেতৰ নামতেই উৎসৰ্গিত কৰা হৈছে। জীৱনী জীৱনাৰম্ভ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ১৮২০ খ্ৰীষ্টাব্দৰ ২৬ ছেপ্টেম্বৰত বৰ্তমান পশ্চিম মেদিনীপুৰ জিলাৰ বীৰসিংহ নামে গাৱত জন্মগ্ৰহণ কৰে। বীৰসিংহ সেই সময়ত হুগলী জিলাৰ অন্তৰ্ভুক্ত আছিল। ঈশ্বৰচন্দ্ৰৰ পিতামহ ৰামজয় তৰ্কভূষণ আছিল সুপণ্ডিত আৰু বলিষ্ঠ দৃঢ়চেতা পুৰুষ। এৱেই ঈশ্বৰচন্দ্ৰৰ নামকৰণ কৰিছিল। ঈশ্বৰচন্দ্ৰৰ পিতৃ ঠাকুৰদাস বন্দ্যোপাধ্যায় কলকাতাত এটা সৰু চাকৰি কৰিছিল। পৰিবাৰৰ সৈতে চহৰত বাস কৰা তেখেতৰ সাধ্যৰ অতীত আছিল। সেই কাৰণে কিশোৰ ঈশ্বৰচন্দ্ৰই গাঁৱতেই মাতৃ ভগৱতী দেৱী আৰু আইতাৰ লগত বাস কৰিছিল। শিক্ষাজীৱন পাঁচ বছৰ বয়সত ঠাকুৰদাসে বালক ঈশ্বৰচন্দ্ৰক গাঁৱৰ সনাতন বিশ্বাসৰ বিদ্যালয়ত ভৰ্তি কৰে। কিন্তু সনাতন বিশ্বাসে বিদ্যাদানতকৈ শাস্তিদানতেই অধিক আনন্দ পাইছিল। সেই কাৰণে ৰামজয় তৰ্কভূষণৰ উদ্যোগত পাৰ্শ্বৱৰ্তী গাঁৱৰ কালীকান্ত চট্টোপাধ্যায় নামে এজন উৎসাহী যুৱক বীৰসিংহত এখন নতুন বিদ্যালয় স্থাপন কৰে। ৮ বছৰ বয়সত এই বিদ্যালয়তে ঈশ্বৰচন্দ্ৰ ভৰ্তি হয়। তেখেতৰ দৃষ্টিত কালীকান্ত এজন আদৰ্শ শিক্ষক আছিল। কালীকান্তৰ বিদ্যালয়ত তেওঁ সেইসময়ৰ প্ৰচলিত বঙালী শিক্ষা লাভ কৰিছিল। ১৮২৮ চনৰ নৱেম্বৰ মাহত বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি উচ্চশিক্ষা লাভৰ বাবে পিতৃৰ সৈতে কলকাতালৈ আহে। তেখেতসকলৰ লগত কলকাতালৈ কালীকান্ত আৰু ভৃত্য আনন্দৰাম গুটিও আহিছিল। কথিত আছে, পদব্ৰজে মেদিনীপুৰৰ পৰা কলকাতালৈ অহাৰ সময়ত পথৰ কাষৰ মাইল ফলকসমূহত ইংৰাজী সংখ্যাসমূহ দেখি তেওঁ সেইসমূহ কম আয়াসতেই আয়ত্ত কৰিছিল। কলকাতাৰ বৰবাজাৰ অঞ্চলৰ বিখ্যাত সিংহ পৰিয়ালত তেখেতসকলে আশ্ৰয় লয়। এই পৰিবাৰৰ তেতিয়া জগদ্দুৰ্লভ সিংহ আছিল। ১৮২৯ চনৰ ১ জুনত তেওঁ কলকাতা গভৰ্নমেণ্ট সংস্কৃত কলেজত ব্যাকৰণৰ তৃতীয় শ্ৰেণীতে ভৰ্তি হয়। এই সংস্কৃত কলেজৰ প্ৰতিষ্ঠা হৈছিল ১৮২৪ চনত; অৰ্থাৎ, ঈশ্বৰচন্দ্ৰৰ এই কলেজত ভৰ্তি হোৱাৰ মাত্ৰ পাঁচ বছৰ আগতে। তেখেতৰ বয়স তেতিয়া ৯ বছৰ আছিল। এই কলেজত তেখেতৰ সহপাঠী আছিল “মুক্তাৰাম বিদ্যাবাগীশ” আৰু নদিয়া-নিবাসী “মদনমোহন তৰ্কালঙ্কাৰ”। বিদ্যাসাগৰৰ আত্মকথাৰ পৰা জনা যায় মুঠ চাৰে তিনি বছৰ তেওঁ সেই শ্ৰেণীত অধ্যয়ন কৰিছিল। ব্যাকৰণ পঢ়াৰ সময়তেই ১৮৩০ চনত সংস্কৃত কলেজৰ ইংৰেজী শ্ৰেণীটো ঈশ্বৰচন্দ্ৰই নাম লগায়। ১৮৩১ চনৰ মাৰ্চ মাহত বাৰ্ষিক পৰীক্ষাত কৃতিত্বৰ বাবে মাহেকীয়াকৈ ৫ টকা হাৰে বৃত্তি আৰু ‘আউট ষ্টুডেণ্ট’ হিচাপে এখন ব্যাকৰণ গ্ৰন্থ আৰু ৮ টকা পাৰিতোষিক লাভ কৰে। সংস্কৃত কলেজত মাহেকীয়াভাৱে বৃত্তিপ্ৰাপ্ত ছাত্ৰসকলক ‘পে ষ্টুডেণ্ট’ আৰু অন্য ছাত্ৰসকলক ‘আউট ষ্টুডেণ্ট’ বোলা হৈছিল। ৩ বছৰ ব্যাকৰণ শ্ৰেণীত শিক্ষালাভ কৰা পাছত ১২ বছৰ বয়সত কাব্য শ্ৰেণীত প্ৰৱেশ কৰে। সেইসময়ত এই শ্ৰেণীৰ শিক্ষক আছিল বিশিষ্ট পণ্ডিত “জয়গোপাল তৰ্কালঙ্কাৰ”। ১৮৩৩ চনত ‘পে ষ্টুডেণ্ট’ হিচাপেও ঈশ্বৰচন্দ্ৰই ২ টকাকৈ পাই আছিল। ১৮৩৪ চনত ইংৰাজীৰ ষষ্ঠশ্ৰেণীৰ ছাত্ৰ ঈশ্বৰচন্দ্ৰই বাৰ্ষিক পৰীক্ষাত কৃতিত্বৰ বাবে ৫ টকা মূল্যৰ গ্ৰন্থ পাৰিতোষিক হিচাপে পায়। সেই বছৰতে ক্ষীৰপাই নিবাসী শত্ৰুঘ্ন ভট্টাচাৰ্যৰ কন্যা দীনময়ী দেৱীৰ সৈতে তেখেতৰ বিবাহ সম্পন্ন হয়। ১৮৩৫ চনত ইংৰাজী পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰূপে পলিটিকেল ৰিডাৰ নং ৩ আৰু ইংলিছ ৰিডাৰ নং ২ পাৰিতোষিক পায়। এই বছৰতে নৱেম্বৰ মাহত সংস্কৃত কলেজৰ পৰা ইংৰাজী শ্ৰেণী বাতিল কৰা হয়। দ্বিতীয় বৰ্ষৰ সাহিত্য পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি ১৫ বছৰ বয়সত অলংকাৰ শ্ৰেণীত প্ৰৱেশ কৰে। অলংকাৰ শাস্ত্ৰ এটা অত্যন্ত কঠিন বিষয়। কিন্তু মাত্ৰ এটা বছৰৰ ভিতৰতে তেওঁ সাহিত্য দৰ্পণ, কাব্যপ্ৰকাশ আৰু ৰসগঙ্গাধৰ প্ৰভৃতি অলংকাৰ গ্ৰন্থত ব্যুৎপত্তি অৰ্জন কৰে। ১৮৩৬ চনত অলংকাৰ পাঠ শেষ কৰে। বাৰ্ষিক পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি ৰঘুবংশম্, সাহিত্য দৰ্পণ, কাব্যপ্ৰকাশ, ৰত্নাৱলী, মালতী মাধব, উত্তৰ ৰামচৰিত, মুদ্ৰাৰাক্ষস, বিক্ৰমোৰ্বশী আৰু মৃচ্ছকটিক গ্ৰন্থ পাৰিতোষিক পাইছিল। ১৮৩৭ চনৰ মে মাহত তেখেত আৰু মদনমোহনৰ মাহেকীয়া বৃত্তি বাঢ়ি ৮ টকা হয়। এই বছৰতে ঈশ্বৰচন্দ্ৰই স্মৃতি শ্ৰেণীত ভৰ্তি হয়। সেই যুগত স্মৃতি পঢ়িব হ’লে আগেয়ে বেদান্ত আৰু ন্যায়দৰ্শন পঢ়িব লাগিছিল। কিন্তু ঈশ্বৰচন্দ্ৰৰ মেধাত সন্তুষ্ট হৈ কৰ্তৃপক্ষই তেওঁক পোণপটিয়াভাৱে স্মৃতি শ্ৰেণীত ভৰ্তি কৰে। এই পৰীক্ষাতো তেওঁ বিৰল কৃতিত্বৰ সৈতে আৰু হিন্দু ল’ কমিটিৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ত্ৰিপুৰাত জিলা জজ পণ্ডিতৰ পদ পাইও পিতৃৰ অনুৰোধত সেয়া প্ৰত্যাখ্যান কৰি বেদান্ত শ্ৰেণীত ভৰ্তি হয়। শম্ভুচন্দ্ৰ বাচস্পতি সেই সময়ত বেদান্তৰ অধ্যাপক আছিল। ১৮৩৮ চনত বেদান্ত পাঠ সমাপ্ত কৰে। এই পৰীক্ষাত তেওঁ প্ৰথম স্থান অধিকাৰ কৰি মনুসংহিতা, প্ৰবোধ চন্দ্ৰোদয়, অষ্টবিংশতত্ত্ব, দত্তক চন্দ্ৰিকা আৰু দত্তক মীমাংসা গ্ৰন্থ পাৰিতোষিক হিচাপে লাভ কৰে। সংস্কৃতত শ্ৰেষ্ঠ গদ্য ৰচনাৰ বাবে ঈশ্বৰচন্দ্ৰই ১০০ টকা পুৰস্কাৰো পাইছিল। ১৮৪০-৪১ চনত ন্যায় শ্ৰেণীত পঢ়ি নাম ভৰ্ত্তি কৰি আৰু দ্বিতীয় বাৰ্ষিক পৰীক্ষাত একাধিক বিষয়ত তেওঁ পাৰিতোষিক লাভ কৰে। ন্যায় পৰীক্ষাত প্ৰথম স্থান অৰ্জন কৰি ১০০ টকা, পদ্য ৰচনাৰ বাবে ১০০ টাকা, দেৱনাগৰী হস্তাক্ষৰৰ বাবে ৮ টকা আৰু বঙালীত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰেগুলেশ্যন বিষয়ক পৰীক্ষাত ২৫ টকা সৰ্বমুঠ ২৩৩ টকা পাৰিতোষিক লাভ কৰি আছিল। বিদ্যাসাগৰ উপাধি লাভ ১৮৩৯ চনত ২২ এপ্ৰিলত ঈশ্বৰচন্দ্ৰই হিন্দু ল’ কমিটিৰ পৰীক্ষা দিয়ে। এই পৰীক্ষাতো কৃতিত্বৰ সৈতে উত্তীৰ্ণ হৈ ১৬ মে’ত ল’ কমিটিৰ পৰা যি প্ৰশংসাপত্ৰখন পায়, তাতেই প্ৰথম তেখেতৰ নামৰ সৈতে 'বিদ্যাসাগৰ' উপাধিটো ব্যৱহৃত হয়। এই প্ৰশংসাপত্ৰখন নিম্নোক্ত ধৰণৰ আছিল: 1839 1826 1839 1761 (পুৰনি বানান অপৰিৱৰ্তিত ৰূপত দিয়া হৈছে) সংস্কৃত কলেজত ১২ বছৰ ৫ মাহ অধ্যয়নৰ পাছত তেওঁ এই কলেজৰ পৰাও এখন প্ৰশংসাপত্ৰ লাভ কৰে। ১৮৪১ চনত ডিচেম্বৰ মাহত প্ৰাপ্ত দেৱনাগৰী আখৰত লিখিত এই সংস্কৃত প্ৰশংসাপত্ৰত কলেজৰ অধ্যাপকসকলেও ঈশ্বৰচন্দ্ৰক 'বিদ্যাসাগৰ' নামে অভিহিত কৰে। প্ৰশংসাপত্ৰখন নিম্নোক্ত ধৰণৰ আছিল: অস্মাভিঃ শ্ৰীঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰায় প্ৰশংসাপত্ৰং দীয়তে। অসৌ কলকাতায়াং শ্ৰীযুত কোম্পানী সংস্থাপিত বিদ্যামন্দিৰে ১২ দ্বাদশ বৎসৰান্ ৫ পঞ্চমাসাংশ্চোপস্থায়াধো লিখিত শাস্ত্ৰান্য ধীতবান্ |ব্যাকৰণম্... শ্ৰীগঙ্গাধৰ শৰ্ম্মভিঃ কাম্যশাস্ত্ৰম্... শ্ৰীজয়গোপাল শৰ্ম্মভিঃ অলঙ্কাৰশাস্ত্ৰম্... শ্ৰীপ্ৰেমচন্দ্ৰ শৰ্ম্মভিঃ বেদান্তশাস্ত্ৰম্... শ্ৰীশম্ভুচন্দ্ৰ শৰ্ম্মভিঃ ন্যায়শাস্ত্ৰম্... শ্ৰীজয়নাৰায়ণ শৰ্ম্মভিঃ জ্যোতিঃশাস্ত্ৰম্... শ্ৰীযোগধ্যান শৰ্ম্মভিঃ ধৰ্মশাস্ত্ৰম্... শ্ৰীশম্ভুচন্দ্ৰ শৰ্ম্মভিঃ সুশীলতয়োপস্থিতস্বৈত স্বৈতেষু শাস্ত্ৰেষু সমীচীনা ব্যুৎপত্তিৰজনিষ্ট। ১৭৬৩ এতচ্ছকাব্দীয় সৌৰমাৰ্গশীৰ্ষস্য বিংশতি দিৱসীয়ম্। 10 1841. কৰ্মজীৱন ১৮৪১ চনত সংস্কৃত মহাবিদ্যালয়ত শিক্ষা সমাপ্ত হোৱাৰ পাছত সেই বছৰতেই ২৯ ডিচেম্বৰত মাত্ৰ ২১ বছৰ বয়সত “ফ’ৰ্ট উইলিয়াম কলেজ”ৰ বঙালী বিভাগৰ চিৰস্তাদাৰ বা প্ৰধান পণ্ডিতৰ পদত নিয়োজিত হয়। তেতিয়া বেতন মাহেকে ৫০ টকা আছিল। ১৮৪৬ চনত ৫ এপ্ৰিল পৰ্যন্ত তেওঁ এই পদৰ দায়িত্বত আছিল। ১৮৪৬ চনত ৬ এপ্ৰিল একেই বেতন হাৰত সংস্কৃত কলেজৰ সহকাৰী সম্পাদকৰ কাৰ্যভাৰ গ্ৰহণ কৰে। তেতিয়া তেখেতৰ বয়স ২৫ বছৰ আছিল। ১৮৪৭ চনত “সংস্কৃত প্ৰেছ ডিপজিটৰি” নামে এটা গ্ৰন্থৰ বিপনী স্থাপন কৰে। এই বছৰতে এপ্ৰিল মাহত হিন্দী বেতাল পচ্চিসী অৱলম্বনত ৰচিত তেখেতৰ প্ৰথম গ্ৰন্থ বেতাল পঞ্চবিংশতি প্ৰকাশিত হয়। বন্ধু মদনমোহন তৰ্কালঙ্কাৰৰ সম অংশীদাৰীত্বত সংস্কৃত যন্ত্ৰ নামে এটা ছপাখানাও তেওঁ স্থাপন কৰে। অন্নদামঙ্গল কাব্যৰ পাণ্ডুলিপি সংগ্ৰহৰ বাবে এই বছৰতে বিদ্যাসাগৰ নদিয়াৰ “কৃষ্ণনগৰ”লৈ আহে। তেওঁ কৃষ্ণনগৰ ৰাজবাৰীত সংৰক্ষিত মূল গ্ৰন্থৰ পাঠ অনুসৰি পৰিশোধিত আকাৰে দুই খণ্ডত অন্নদামঙ্গল সম্পাদনা কৰিছিল। এই গ্ৰন্থখন সংস্কৃত যন্ত্ৰ প্ৰেছৰ প্ৰথম মুদ্ৰিত গ্ৰন্থ। ১৮৪৭ চনত ১৬ জুলাইত কলেজ পৰিচালনাৰ কামত ছেক্ৰেটেৰী ৰসময় দত্তৰ সৈতে মতান্তৰ দেখা দিয়াত সংস্কৃত কলেজৰ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰে। ১৮৪৯ চনত মাৰ্ছমেনৰ হিষ্ট্ৰি বেঙ্গলৰ অৱলম্বনত বাংলাৰ ইতিহাস দ্বিতীয় ভাগ গ্ৰন্থখনি ৰচনা কৰে। সেই বছৰতে ১ মাৰ্চত মাহিলী ৮০ টাকা বেতনত “ফোৰ্ট উইলিয়াম কলেজ”ত হেডৰাইটাৰ আৰু কোষাধ্যক্ষ পদত নিয়োজিত হয়। বন্ধু আৰু হিতৈষীসকলৰ সহযোগিতাত সমাজ সংস্কাৰ আন্দোলনৰ লক্ষ্য কৰি সৰ্ব্বশুভকৰী সভা স্থাপন কৰে। ছেপ্টেম্বৰত উইলিয়াম আৰু ৰবাৰ্ট চেম্বাৰ্স ৰচিত খ্যাতিমান ইংৰাজ মণীষীসকলৰ জীৱনীৰ অৱলম্বনত তেখেতৰ লেখা জীৱনচৰিত গ্ৰন্থখন প্ৰকাশিত হয়। ১৮৫০ চনৰ আগষ্ট মাহত মদনমোহন তৰ্কালঙ্কাৰৰ সহযোগিতাত সৰ্ব্বশুভকৰী পত্ৰিকা প্ৰকাশ কৰে। ইয়াৰ প্ৰথম সংখ্যাত “বাল্যবিবাহৰ দোষ” নামেৰে এটা বঙালী প্ৰবন্ধ প্ৰকাশিত হয়। ৪ ডিচেম্বৰত ফোৰ্ট উইলিয়ামৰ কাম অব্যাহতি দি ৫ ডিচেম্বৰত সংস্কৃত কলেজত সাহিত্যৰ অধ্যাপকৰ পদ গ্ৰহণ কৰে। ১৮৫১ চনৰ ৫ জানুৱাৰীত সাহিত্যৰ অধ্যাপকৰ পদৰ বাদেও কলেজৰ অস্থায়ী ছেক্ৰেটেৰীৰ কাৰ্যভাৰো গ্ৰহণ কৰে। ২২ জানুৱাৰীত ১৫০ টকা বেতনত কলেজৰ অধ্যক্ষ পদত নিযুক্ত হয়। এই সময়ৰ পৰাই সংস্কৃত কলেজত ছেক্ৰেটেৰীৰ পদটো বিলোপ কৰা হয়। এপ্ৰিল মাহত ৰুডিমেণ্টছ ন’লেজৰ অৱলম্বনত তেখেতৰ ৰচিত বোধোদয় গ্ৰন্থখন প্ৰকাশিত হয়। সংস্কৃত কলেজৰ অধ্যক্ষৰ দায়িত্বভাৰ লৈ তেওঁ বহুতো গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰে। ৯ জুলাইত পূৰ্ৱৰ ৰীতি সলাই ব্ৰাহ্মণ আৰু বৈদ্যৰ বাহিৰেও কায়স্থসকলক সংস্কৃত কলেজত অধ্যয়নৰ সুযোগ কৰি দিয়ে। ২৬ জুলাইত দেওবাৰৰ সাপ্তাহিক ছুটিৰ প্ৰথা প্ৰৱৰ্তিত হয়। ইয়াৰ আগতে প্ৰতি অষ্টমী আৰু প্ৰতিপদ তিথিত ছুটি আছিল। ডিচেম্বৰ মাহত সংস্কৃত কলেজখন সকলো বৰ্ণৰ মানুহৰ বাবে উন্মুক্ত কৰে দিয়ে। ১৮৫২ চনৰ এপ্ৰিল ২৬ ত অনুচ্ছেদ সম্বলিত “নোটছ অন দ্য সংস্কৃত কলেজ” প্ৰস্তুত হয়। ২৮ আগষ্টৰ পৰা কলেজত প্ৰৱেশাৰ্থী ছাত্ৰসকলৰ ২ টকা দক্ষিণা দিয়াৰ প্ৰথা আৰম্ভ হয়। ১৮৫৩ চনত জন্মভূমি বীৰসিংহ গাঁৱত অবৈতনিক বিদ্যালয় স্থাপন কৰে। জুন মাহত কালিদাসৰ ৰঘুবংশম্ আৰু ভাৰবিৰ কিৰাতাৰ্জ্জুনীয়ম্ তেখেতৰ সম্পাদনাত প্ৰকাশিত হয়। ছেপ্টেম্বৰ মাহত বাৰাণসীৰ সংস্কৃত কলেজেৰ অধ্যক্ষ জেমছ আৰ ভেলেনটাইন সংস্কৃত কলেজ পৰিদৰ্শন কৰি যি ৰিপৰ্ট দিয়ে, তাৰ মতামত সমালোচনা কৰি শিক্ষা সংসদত এটা বিদ্যাসাগৰে ৰিপৰ্ট দিয়ে। বঙালীৰ শিক্ষাৰ ইতিহাসত এই ৰিপৰ্ট এক যুগান্তকাৰী দলিল। এই বছৰতে তেখেতৰ প্ৰসিদ্ধ গ্ৰন্থ ব্যাকৰণ কৌমুদী প্ৰথম আৰু দ্বিতীয় ভাগ প্ৰকাশিত হয়। ১৮৫৪ চনত ব্যাকৰণ কৌমুদী তৃতীয় ভাগ আৰু কালিদাসৰ অভিজ্ঞানশকুন্তলম্ অবলম্বনত তেখেতৰ ৰচিত শকুন্তলা প্ৰকাশিত হয়। ইয়াৰ বাদেও তত্ত্ববোধিনী পত্ৰিকা-ত বিধবা বিবাহ প্ৰচলিত হোৱা উচিতনে? শীৰ্ষক এটা প্ৰবন্ধও প্ৰকাশিত হয়। ১৮৫৫ চনত জানুৱাৰী মাহত বিধবা বিবাহ প্ৰচলিত হওয়া উচিত কিনা এইবিষয়ক প্ৰস্তাৱ প্ৰথম পুস্তক প্ৰকাশিত হয়। এই বছৰৰ এপ্ৰিল মাহত বঙালী নৱবৰ্ষৰ দিনা যুগান্তকাৰী বঙালী শিশুপাঠ্য বৰ্ণমালা শিক্ষাগ্ৰন্থ বৰ্ণপৰিচয় প্ৰকাশিত হয়। ১ মে'ত সংস্কৃত কলেজৰ অধ্যক্ষৰ পদৰ উপৰিও মাহিলী অতিৰিক্ত ২০০ টকা বেতনত দক্ষিণবঙ্গত সহকাৰী বিদ্যালয় পৰিদৰ্শকৰ পদত নিযুক্ত হয়। জুন মাহত বৰ্ণপৰিচয় গ্ৰন্থৰ দ্বিতীয় ভাগ প্ৰকাশিত হয়। ১৭ জুলাইত বঙালী শিক্ষক প্ৰশিক্ষণৰ উদ্দেশ্যে সংস্কৃত কলেজৰ অধীনত সেই কলেজৰ প্ৰাতঃকালীন বিভাগত নৰ্মাল স্কুল স্থাপন কৰে। এই বছৰতে দক্ষিণবঙ্গৰ ৪ জিলাত একাধিক মডেল স্কুল বা বঙ্গবিদ্যালয় স্থাপন কৰে। আগষ্ট-ছেপ্টেম্বৰত নদিয়াত ৫ খন, আগষ্ট-অক্টোবৰত বৰ্ধমানত ৫ খন, আগষ্ট-ছেপ্টেম্বৰ-নৱেম্বৰ হুগলিত ৫খন আৰু অক্টোবৰ-ডিচেম্বৰত মেদিনীপুৰ জিলাত ৮খন বঙ্গবিদ্যালয় স্থাপন কৰে। অক্টোবৰ মাহত বিধবা বিবাহ বিৰোধী মতৰ কণ্ঠৰোধ কৰাৰ পৰ্যাপ্ত শাস্ত্ৰীয় প্ৰমাণ সহ বিধবা বিবাহ প্ৰচলিত হওয়া উচিত কিনা এতদ্বিষয়ক প্ৰস্তাব দ্বিতীয় পুস্তক প্ৰকাশ কৰে। বিধবা বিবাহ আইনসম্মত কৰিবলৈ ভাৰতত নিযুক্ত ব্ৰিটিছ চৰকাৰৰ নিকট বহুসাক্ষৰ সম্বলিত এক আবেদনপত্ৰও পঠিয়ায়। ২৭ ডিচেম্বৰত আৰু এখন আবেদনপত্ৰ পঠিয়াই বহু বিবাহ নিবাৰণ বিধিৰ বাবে। ১৮৫৬ চনত ১৪ জানুৱাৰীত মেদিনীপুৰত পঞ্চম বঙ্গবিদ্যালয় স্থাপিত হয়। ফেব্ৰুৱাৰী মাহত ঈশ্বপৰ কাহিনীৰ অৱলম্বনত ৰচিত কথামালা প্ৰকাশিত হয়। ১৬ জুলাইত বিধবা বিবাহ আইনসম্মত হয়। এই দিনাই প্ৰকাশিত হয় তেখেতৰ স্বৰচিত গ্ৰন্থ “চৰিতাবলী”। এই বছৰৰ ৭ ডিচেম্বৰত কলকতাত প্ৰথম বিধবা বিবাহ আয়োজিত হয় ১২ চুকিয়া ষ্ট্ৰিটত বিদ্যাসাগৰৰ বন্ধু ৰাজকৃষ্ণ বন্দ্যোপাধ্যায়ৰ ঘৰত। ১৮৫৭ চনত ২৪ জানুৱাৰীত কলকাতা বিশ্ববিদ্যালয় স্থাপিত হয়। বিদ্যাসাগৰ বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য তথা ফেলো মনোনীত হয়। উল্লেখ্য এই সমিতিৰ ৩৯ জন সদস্যৰ মাজত মাত্ৰ ছয় জন ভাৰতীয় আছিল। এই বছৰ নৱেম্বৰ-ডিচেম্বৰ মাহত হুগলি জিলাত ৭খন আৰু বৰ্ধমান জিলাত ১খন বালিকা বিদ্যালয় স্থাপন কৰে। পাছৰ বছৰ জানুৱাৰীৰ পৰা মে মাহৰ মাজত হুগলিত আৰু ১৩খন, বৰ্ধমানত ১০খন, মেদিনীপুৰত ৩খন আৰু নদিয়াত এখন বালিকা বিদ্যালয় স্থাপন কৰে। ১৮৫৭ চনৰ নৱেম্বৰ মাহৰ পৰা ১৮৫৮ চনৰ মে মাহলৈ সমগ্ৰ দক্ষিণবঙ্গত বিদ্যাসাগৰে ৩৫খন বালিকা বিদ্যালয় স্থাপন কৰিছিল। মুঠ ১৩০০ ছাত্ৰীসম্বলিত এই বিদ্যালয়সমূহ চলাবৰ বাবে তেখেতৰ খৰচ হৈছিল মাহেকে ৮৪৫ টকা। ১৮৫৮ চনত ৩ নৱেম্বৰত শিক্ষা বিভাগৰ অধিকৰ্তাৰ সৈতে মতবিৰোধ হোৱাত তেওঁ সংস্কৃত কলেজৰ অধ্যক্ষৰ পদ ত্যাগ কৰে। প্ৰায় ৩৯ বছৰ বয়সত চৰকাৰৰ সৈতে তেখেতৰ সকলো সম্পৰ্ক বিছিন্ন হয়। ১৮৫৮ চনৰ ১৫ নৱেম্বৰত সোমপ্ৰকাশ নামে এখন সাপ্তাহিক পত্ৰিকা প্ৰকাশিত হয়। এই পত্ৰিকা প্ৰকাশৰ পৰিকল্পনাৰ নেপথ্যত বিদ্যাসাগৰৰ যথেষ্ট অৱদান আছিল। দেশীয় ভাষাত প্ৰকাশিত এইখনেই প্ৰথম পত্ৰিকা য’ত ৰাজনৈতিক বিষয়ে স্থান পাইছিল। ১৮৫৯ চনৰ ১ এপ্ৰিলত পাইকপাড়াৰ ৰজাসকলৰ পৃষ্ঠপোষকতাত মুৰ্শিদাবাদ জিলাত বিদ্যাসাগৰে ইংৰাজী-বঙালী স্কুল প্ৰতিষ্ঠা কৰে। কিছুসময় তেওঁ এই প্ৰতিষ্ঠানৰ অবৈতনিক তত্ত্বাবধায়কো আছিল। ১৮৬০ চনৰ ১২ এপ্ৰিলত ভবভূতিৰ উত্তৰ ৰামচৰিত অৱলম্বনত তেখেতৰ মাত্ৰ ৪ দিনত ৰচনা কৰা বিখ্যাত গ্ৰন্থ সীতাৰ বনবাস প্ৰকাশিত হয়। ১৮৬১ চনৰ ডিচেম্বৰ মাহত হৰিশ্চন্দ্ৰ মুখোপাধ্যায়ৰ অকালপ্ৰয়াণত তেখেতৰ সম্পাদিত হিন্দু প্যাট্ৰিয়ট পত্ৰিকাৰ পৰিচালন ভাৰ বিদ্যাসাগৰে গ্ৰহণ কৰে। ১৯৬২ চনত তেখেতৰ সম্পাদনাযত প্ৰকাশিত হয় বাণভট্টৰ কাদম্বৰী। মাইকেল মধুসূদন দত্তই তেওঁক উৎসৰ্গ কৰে স্বৰচিত বীৰাঙ্গনা কাব্য। ১৮৬৩ চনত চৰকাৰ তেওঁক ৱাৰ্ডছ ইনষ্টিটিউশ্যনৰ পৰিদৰ্শক নিযুক্ত কৰে। উল্লেখ্য, ৮ পৰা ১৪ বছৰ বয়সৰ নাবালক জমিদাৰসকলৰ শিক্ষাদানৰ উদ্দেশ্যে ১৮৫৬ চনত এই ইনষ্টিটিউশ্যন প্ৰতিষ্ঠিত হয়। ১৮৬৪ চনত কলিকাতা ট্ৰেনিং স্কুলৰ নাম পৰিবৰ্তন কৰি কলিকাতা মেট্ৰোপলিটান ইনষ্টিটিউশ্যন ৰখা হয়। ৪ জুলাইত ইংলেণ্ডৰ “ৰয়েল এছিয়াটিক ছচাইটি”য়ে তেওঁক সাম্মাণিক সদস্যৰূপে নিৰ্বাচিত কৰে। ১৮৬৬ প্ৰকাশিত হয় তেখেতৰ পৰিমাৰ্জিত আখ্যান মঞ্জৰী গ্ৰন্থৰ প্ৰথম আৰু দ্বিতীয় ভাগ। ১৮৬৭ চনত জুলাই মাহত জেষ্ঠা কন্যা হেমলতাৰ সৈতে গোপালচন্দ্ৰ সমাজপতিৰ বিবাহ হয়। এবছৰ অনাবৃষ্টিৰ কাৰণে বঙালীত তীব্ৰ অন্নসংকটে দেখা দিয়াত তেওঁ বীৰসিংহ গাঁৱত নিজ ব্যয়ত এখন অন্নসত্ৰ স্থাপন কৰে। ছয় মাহ দৈনিক ৪০০-৫০০ মানুহে এই অন্নসত্ৰৰ পৰা অন্ন, বস্ত্ৰ আৰু চিকিৎসাৰ সুযোগ পাইছিল। ১৮৬৯ চনৰ এপ্ৰিল মাহত তেখেতৰ সম্পাদনাত কালিদাসৰ মেঘদূতম্ প্ৰকাশিত হয়। ডিচেম্বৰত প্ৰকাশিত হয় উইলিয়াম শেক্সপিয়েৰ ৰচিত কমেডি অফ এৰৰছৰ অৱলম্বনত ৰচিত বঙালী গ্ৰন্থ ভ্ৰান্তিবিলাস। ১৮৭০ চনত জানুৱাৰী মাহত ডাক্তৰ [মহেন্দ্ৰলাল চৰকাৰৰ বিজ্ঞান সভাত ১০০০ টকা দান কৰে বিদ্যাসাগৰে। ১৮৭২ চনত ১৫ জুনত হিন্দু বিধবাসকলৰ সাহায্যৰ বাবে “হিন্দু ফেমিলি এনুয়িটি ফাণ্ড” নামে এটা জনহিতকৰ অৰ্থনৈতিক প্ৰতিষ্ঠান স্থাপন কৰে। ১৮৭৩ চনৰ জানুৱাৰী মাহত স্থাপিত হয় মেট্ৰোপলিটান কলেজ। সেইকালৰ এই বেচৰকাৰী কলেজখনেই বৰ্তমান কলকাতাৰ বিখ্যাত বিদ্যাসাগৰ কলেজ নামেৰে অভিহিত। এপ্ৰিল মাহত বহুবিবাহ ৰহিত হওয়া উচিত কিনা এতদ্বিষয়ক বিচাৰ (দ্বিতীয় পুস্তক) প্ৰকাশিত হয়। মে মাহত বিধবা বিবাহ বিৰোধী পণ্ডিতসকলৰ উত্তৰত ‘কস্যচিৎ উপযুক্ত ভাইপোস্য’ ছদ্মনামেৰে ৰচনা কৰে অতি অল্প হইল আৰু আবাৰ অতি অল্প হইল নামে দুখন কিতাপ। ১৮৮০ চনত ১ জানুৱাৰীত বিদ্যাসাগৰে চিআইই উপাধি পায়। মাৰ্চত বাণভট্টৰ হৰ্ষচৰিতম্ তেখেতৰ সম্পাদনাত প্ৰকাশিত হয়। ১৮৮৪ চনত নৱেম্বৰত ‘কস্যচিৎ উপযুক্ত ভাইপোস্য’ ছদ্মনামে ব্ৰজবিলাস গ্ৰন্থ প্ৰকাশ কৰে। ইয়াৰ বাদেও প্ৰকাশিত হয় ‘কস্যচিৎ তত্ত্বান্বেষিণঃ’ ছদ্মনামে বিধবা বিবাহ আৰু যশোহৰ হিন্দুধৰ্মৰক্ষিণীসভা গ্ৰন্থ। দ্বিতীয় সংস্কৰণত তেওঁ ইয়াৰ নামকৰণ কৰে বিনয় পত্ৰিকা। ১৮৮৬ চনত অগষ্টত ‘কস্যচিৎ উপযুক্ত ভাইপোসহচৰস্য’ ছদ্মনামে ৰত্নপৰীক্ষা পুস্তক প্ৰকাশ কৰে। ১৮৮৮ চনৰ এপ্ৰিলত নিষ্কৃতিলাভ প্ৰয়াস, জুনত আখ্যান মঞ্জৰী (দ্বিতীয় ভাগ), জুলাইত পদ্যসংগ্ৰহ নামৰ সংকলন গ্ৰন্থৰ প্ৰথম ভাগ প্ৰকাশ কৰে। ১৩ আগষ্টত পত্নী দীনময়ী দেৱীৰ মৃত্যু হয়। ১৮৮৯ চনত নৱেম্বৰত প্ৰকাশ কৰে সংস্কৃত ৰচনা। ১৮৯০ চনত ১৪ এপ্ৰিল বীৰসিংহ গাঁৱত মাতৃৰ নামেৰে ভগৱতী বিদ্যালয় স্থাপন কৰে। মে' মাহত নিৰ্বাচিত উদ্ভট শ্লোকসংগ্ৰহ শ্লোকমঞ্জৰী প্ৰকাশিত হয়। অন্তিম জীৱন ১৮৭৫ চনৰ ৩১ মেত বিদ্যাসাগৰে নিজৰ শেষইচ্ছা (উইল) প্ৰস্তুত কৰে। লিভাৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ বিদ্যাসাগৰ ১৮৯১ চনৰ ২৯ জুলাইৰ ৰাতি ২:০৮ বজাত তেখেতৰ কলকাতাৰ বাদুড়বাগানস্থ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭১ বছৰ ১০ মাহ ৩ দিন। মৃত্যুৰ পাছত ১৮৯১ চনত ছেপ্টেম্বৰত তেখেতৰ অসমাপ্ত আত্মজীৱনী বিদ্যাসাগৰ চৰিত প্ৰকাশ কৰে পুত্ৰ নাৰায়ণচন্দ্ৰ বিদ্যাৰত্নই। ১৮৯২ চনৰ এপ্ৰিলত ৪০৮টি শ্লোকবিশিষ্ট ভূগোল খগোল বৰ্ণনম্ গ্ৰন্থখনো প্ৰকাশিত হয়। পশ্চিম ভাৰতৰ এজন চিভিলিয়ান জন লিয়ৰেৰ প্ৰস্তাৱত বিদ্যাসাগৰে পুৰাণ, সূৰ্যসিদ্ধান্ত আৰু ইউৰোপীয় মত অনুসাৰে এই ভূগোল গ্ৰন্থখন ৰচনা কৰিছিল। সন্মান স্বাধীনতাৰ পাছত, দেশত বিদ্যাসাগৰক যথোচিত শ্ৰদ্ধা জনোৱা হৈছিল। তেখেতৰ নামত তেখেতৰ জিলা পশ্চিম মেদিনীপুৰত এখন পূৰ্ণাঙ্গ বিশ্ববিদ্যালয় স্থাপিত হয়। কলিকতাৰ আধুনিক স্থাপত্যৰ অন্যতম নিদৰ্শন বিদ্যাসাগৰ সেতু তেখেতৰ নামে উৎসৰ্গিত হয়। সাক্ষৰতা প্ৰসাৰত তেখেতৰ ধৰ্মনিৰপেক্ষ শিক্ষাদৰ্শই গৃহীত কৰা হয়। বিদ্যাসাগৰ ৰচিত গ্ৰন্থাৱলী শিক্ষামূলক গ্ৰন্থ বৰ্ণপৰিচয় (১ম আৰু ২য় ভাগ; ১৮৫৫) ঋজুপাঠ (১ম, ২য় আৰু ৩য় ভাগ; ১৮৫১-৫২) সংস্কৃত ব্যাকৰণেৰ উপক্ৰমণিকা (১৮৫১) ব্যাকৰণ কৌমুদী (১৮৫৩) অনুবাদ গ্ৰন্থ হিন্দী পৰা বঙালী: বেতাল পঞ্চবিংশতি (১৮৪৭; লল্লুলাল কৃত বেতাল পচ্চীসী অবলম্বনত) সংস্কৃতৰ পৰা বঙালী: শকুন্তলা (ডিচেম্বৰ, ১৮৫৪; কালিদাসৰ অভিজ্ঞানশকুন্তলম্ অবলম্বনত) সীতাৰ বনবাস (১৮৬০; ভবভূতিৰ উত্তৰ ৰামচৰিত আৰু বাল্মীকি ৰামায়ণ-ৰ উত্তৰাকাণ্ড অবলম্বনত) মহাভাৰতৰ উপক্ৰমণিকা (১৮৬০; ব্যাসদেব মূল মহাভাৰত-ৰ উপক্ৰমণিকা অংশ অৱলম্বনত) বামনাখ্যানম্ (১৮৭৩; মধুসূদন তৰ্কপঞ্চানন ৰচিত ১১৭টি শ্লোকেৰ অনুবাদ) ইংৰাজীৰ পৰা বঙালী: বাঙ্গালাৰ ইতিহাস (১৮৪৮; মাৰ্শম্যান কৃত হিষ্ট্ৰি অফ বেঙ্গল অৱলম্বনত ৰচিত) জীৱনচৰিত (১৮৪৯; চেম্বাৰ্ছৰ বায়োগ্ৰাফিজ অৱলম্বনত ৰচিত) নীতিবোধ (প্ৰথম সাতটি প্ৰস্তাৱ ১৮৫১; ৰবাৰ্ট আৰু উইলিয়াম চেম্বাৰ্চৰ মৰাল ক্লাস বুক অৱলম্বনত ৰচিত) বোধোদয় (১৮৫১; চেম্বাৰ্চৰ ৰুডিমেণ্টচ অফ ন’লেজ অৱলম্বনত ৰচিত) কথামালা (১৮৫৬; ঈশ্বপৰ ফেবলস অৱলম্বনত ৰচিত) চৰিতাবলী (১৮৫৭; বিভিন্ন ইংৰাজী গ্ৰন্থ আৰু পত্ৰপত্ৰিকা অৱলম্বনত ৰচিত) ভ্ৰান্তিবিলাস (১৮৬১; শেক্সপিয়েৰৰ কমেডি অফ এৰৰচৰ অৱলম্বনত ৰচিত) ইংৰাজী গ্ৰন্থ পোয়েটিক্যাল চিলেকশনছ চিলেকশনছ ফ্ৰম গোল্ডস্মিথ চিলেকশনছ ফ্ৰম ইংলি্ছ লিটাৰেচাৰ মৌলিক গ্ৰন্থ সংস্কৃত ভাষা আৰু সংস্কৃত সাহিত্য বিষয়ক প্ৰস্তাব (১৮৫৩) বিধবা বিবাহ চলিত হওয়া উচিত কিনা এতদ্বিষয়ক প্ৰস্তাব (১৮৫৫) বহুবিবাহ ৰহিত হওয়া উচিত কিনা এতদ্বিষয়ক প্ৰস্তাব (১৮৭১) অতি অল্প হইল (১৮৭৩) আবাৰ অতি অল্প হইল (১৮৭৩) ব্ৰজবিলাস (১৮৮৪) ৰত্নপৰীক্ষা (১৮৮৬) প্ৰভাৱতী সম্ভাষণ (সম্ববত ১৮৬৩) জীৱন-চৰিত (১৮৯১; মৰণোত্তৰভাৱে প্ৰকাশিত) শব্দমঞ্জৰী (১৮৬৪) নিষ্কৃতি লাভেৰ প্ৰয়াস (১৮৮৮) ভূগোল খগোল বৰ্ণনম্ (১৮৯১; মৰণোত্তৰভাৱে প্ৰকাশিত) সম্পাদিত গ্ৰন্থ অন্নদামঙ্গল (১৮৪৭) কিৰাতাৰ্জ্জুনীয়ম্ (১৮৫৩) সৰ্বদৰ্শনসংগ্ৰহ (১৮৫৩-৫৮) শিশুপালবধ (১৮৫৩) কুমাৰসম্ভবম্ (১৮৬২) কাদম্বৰী (১৮৬২) বাল্মীকি ৰামায়ণ (১৮৬২) ৰঘুবংশম্ (১৮৫৩) মেঘদূতম্ (১৮৬৯) উত্তৰচৰিতম্ (১৮৭২) অভিজ্ঞানশকুন্তলম্ (১৮৭১) হৰ্ষচৰিতম্ (১৮৮৩) পদ্যসংগ্ৰহ প্ৰথম ভাগ (১৮৮৮; কৃত্তিবাসি ৰামায়ণ পৰা সংকলিত) পদ্যসংগ্ৰহ দ্বিতীয় ভাগ (১৮৯০; ৰায়গুণাকৰ ভাৰতচন্দ্ৰ ৰচিত অন্নদামঙ্গল পৰা সংকলিত) ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ বিষয়ক গ্ৰন্থপঞ্জী অঞ্জলি বসু (সম্পাদিত); ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ সংসদ বাঙালি চৰিতাভিধান, সাহিত্য সংসদ, কলকাতা, ১৯৭৬ অমৰেন্দ্ৰকুমাৰ ঘোষ; যুগপুৰুষ বিদ্যাসাগৰ তুলিকলম, কলকাতা, ১৯৭৩ অমূল্যকৃষ্ণ ঘোষ; বিদ্যাসাগৰ দ্বিতীয় সংস্কৰণ, এম চি চৰকাৰ, কলকাতা, ১৯১৭ অসিতকুমাৰ বন্দ্যোপাধ্যায়; বাংলা সাহিত্যে বিদ্যাসাগৰ মণ্ডল বুক হাউস, কলকাতা, ১৯৭০ ইন্দ্ৰমিত্ৰ; কৰুণাসাগৰ বিদ্যাসাগৰ আনন্দ পাবলিশাৰ্স, কলকাতা, ১৯৬৬ গোপাল হালদাৰ (সম্পাদিত); বিদ্যাসাগৰৰ ৰচনা সম্ভাৰ (তিনি খণ্ডত): পশ্চিমবঙ্গ নিৰক্ষৰতা দূৰীকৰণ সমিতি, কলকাতা, ১৯৭৪-৭৬ বদৰুদ্দিন ওমৰ; ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু উনিশ শতকেৰ বাঙালি সমাজ দ্বিতীয় সংস্কৰণ, চিৰায়ত, কলকাতা, ১৯৮২ বিনয় ঘোষ; বিদ্যাসাগৰ ও বাঙালি সমাজ বেঙ্গল পাবলিচাৰ্ছ, কলকাতা, ১৩৫৪ বঙ্গাব্দ বিনয় ঘোষ; ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ অনুবাদক অনিতা বসু, তথ্য আৰু বেতাৰ মন্ত্ৰক, নতুন দিল্লি, ১৯৭৫ ব্ৰজেন্দ্ৰকুমাৰ দে; কৰুণাসিন্ধু বিদ্যাসাগৰ মণ্ডল অ্যাণ্ড সন্স, কলকাতা, ১৯৭০ মহম্মদ আবুল হায় আনিসুজ্জামন; বিদ্যাসাগৰ ৰচনা সংগ্ৰহ ষ্টুডেণ্টস ওয়েজ, ঢাকা, ১৯৬৮ যোগেন্দ্ৰনাথ গুপ্ত; বিদ্যাসাগৰ পঞ্চম সংস্কৰণ, কলকাতা, ১৯৪১ যোগীন্দ্ৰনাথ চৰকাৰ; বিদ্যাসাগৰ ১৯০৪ ৰজনীকান্ত গুপ্ত; ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ১৮৯৩ ৰমাকান্ত চক্ৰবৰ্তী (সম্পাদিত); শতবৰ্ষ স্মৰণিকা বিদ্যাসাগৰ কলেজ, ১৮৭২-১৯৭২ বিদ্যাসাগৰ কলেজ, ১৯৭২ ৰমেশচন্দ্ৰ মজুমদাৰ; বিদ্যাসাগৰ বাংলা গদ্যেৰ সূচনা ও ভাৰতৰ নাৰী প্ৰগতি জেনাৰেল প্ৰিণ্টাৰ্স এণ্ড পাবলিচাৰ্ছ, কলকাতা, ১৩৭৬ বঙ্গাব্দ ৰবীন্দ্ৰনাথ ঠাকুৰ; বিদ্যাসাগৰ-চৰিত বিশ্বভাৰতী গ্ৰন্থনবিভাগ, কলকাতা ৰাধাৰমণ মিত্ৰ; কলিকাতায় বিদ্যাসাগৰ জিজ্ঞাসা, কলিকাতা, ১৯৪২ ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদী; চৰিত্ৰ কথা কলকাতা, ১৯১৩ শঙ্কৰীপ্ৰসাদ বসু; ৰসসাগৰ বিদ্যাসাগৰ দ্বিতীয় সংস্কৰণ, দে’জ পাবলিশিং, কলকাতা, ১৯৯২ শঙ্খ ঘোষ ও দেৱীপ্ৰসাদ চট্টোপাধ্যায় (সম্পাদিত); বিদ্যাসাগৰ ওৰিয়েণ্ট, কলকাতা শম্ভুচন্দ্ৰ বিদ্যাৰত্ন; বিদ্যাসাগৰ চৰিত কলকাতা, ১২৯৪ বঙ্গাব্দ শম্ভুচন্দ্ৰ বিদ্যাৰত্ন; বিদ্যাসাগৰ জীৱনচৰিত কলকাতা শম্ভুচন্দ্ৰ বিদ্যাৰত্ন; বিদ্যাসাগৰ চৰিত ও ভ্ৰমণিৰাস চিৰায়ত, কলকাতা, ১৯৯২ শশিভূষণ বিদ্যালঙ্কাৰ; ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ জীৱনীকোষ, ভাৰতীয় ঐতিহাসিক, কলকাতা, ১৯৩৬ শামসুজ্জামান মান ও সেলিম হোসেন; ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ চৰিতাভিধান বাংলা একাডেমী, ঢাকা, ১৯৮৫ সুনীতিকুমাৰ চট্টোপাধ্যায়, ব্ৰজেন্দ্ৰনাথ বন্দ্যোপাধ্যায় ও সজনীকান্ত দাস (সম্পাদিত); বিদ্যাসাগৰ গ্ৰন্থাবলী (তিন খণ্ডে) বিদ্যাসাগৰ স্মৃতি সংৰক্ষণ সমিতি, কলকাতা, ১৩৪৪-৪৬ বঙ্গাব্দ সন্তোষকুমাৰ অধিকাৰী; বিদ্যাসাগৰ জীৱনপঞ্জি সাহিত্যিকা, কলকাতা, ১৯৯২ সন্তোষকুমাৰ অধিকাৰী; আধুনিক মানসিকতা ও বিদ্যাসাগৰ বিদ্যাসাগৰ ৰিসাৰ্চ ছেণ্টাৰ, কলকাতা, ১৯৮৪ হৰিসাধন গোস্বামী; মাৰ্কসীয় দৃষ্টিতে বিদ্যাসাগৰ ভাৰতী বুক ষ্টল, কলকাতা, ১৯৮৮ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি ভাৰতীয়
35936
https://as.wikipedia.org/wiki/%E0%A6%A1%E0%A6%BF%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A7%81-%E0%A6%B6%E0%A6%A6%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A7%B0%E0%A7%87%E0%A6%B2%E0%A7%B1%E0%A7%87
ডিব্ৰু-শদিয়া ৰেলৱে
ডিব্ৰু-শদিয়া ৰেলৱে চমুকৈ ব্ৰিটিছ অসমৰ প্ৰথম ৰেল প্ৰতিষ্ঠান। মূলতঃ চাহ আৰু কয়লা, লগতে যাত্ৰী পৰিবহণৰ উদ্দ্যেশে এই মিটাৰগজ ৰেলপথটো জন বেৰী হোৱাইটৰ প্ৰচেষ্টাত গঠন হোৱা "আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী"য়ে নিৰ্মাণ কৰিছিল। ডিব্ৰু-শদিয়া ৰেলপথত ১৮৮২ চনৰ ১ মে'ত ডিব্ৰুগড়ৰ মোহনামুখৰ পৰা জয়পুৰলৈ প্ৰথমখন ৰেল চলে। ১৮৮৩ চনৰ ১৬ জুলাইত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা ৪০ মাইল পথত ৰেলৰ চলাচল আৰম্ভ হয়। ১৯৪৫ চনত চনত ডিব্ৰু-শদিয়া ৰেলৱেক 'বেংগল আসাম ৰেলৱে'ত অন্তৰ্ভুক্ত কৰা হয়। ইতিহাস ১৮৭০ৰ দশকত অবিভক্ত ডিব্ৰুগড় জিলাৰ ৬০খন চাহবাগিছাৰ উত্পাদিত সামগ্ৰী, চাহবাগিছাৰ বিভিন্ন যন্ত্ৰ-পাতি, ৰচদ, কয়লা আদি কঢ়িয়াবলৈ এজন চাহ খেতিয়ক আৰু অৱসৰপ্ৰাপ্ত সৈন্যবাহিনীৰ বিষয়াজন বেৰী হোৱাইটে নেৰ'গজ ৰেলপথ খোলাৰ বাবে চৰকাৰৰ ওচৰত অনুমতি বিচাৰে। ভাৰত চৰকাৰে অনুমতি দিয়াত বেৰী হোৱাইটে লণ্ডনলৈ গৈ এটা কোম্পানী পঞ্জীভুক্ত কৰে। কিন্তু কোম্পানীৰ শ্বেয়াৰ কিনাত ৰাইজৰ আশানুৰূপ সঁহাৰি নোপোৱাত লোকচান ভৰি এই প্ৰচেষ্টা বন্ধ কৰি দিয়া হয়। ৰেলপথ নিৰ্মাণ কৰা বিখ্যাত অভিযন্তা বেঞ্জামিন পিয়াৰ্চিয়ে ভায়েক ৰবাৰ্ট' পিয়াৰ্চি আৰু এডোৱাৰ্ড উইলচনক চৰ-জমিন তদন্ত কৰিবলৈ উজনী অসমলৈ পঠিয়ায়। তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে ৰেলপথটো ১ মিটাৰ বহলকৈ নিৰ্মাণ কৰাৰ আৰু কয়লা উত্পাদনৰ অনুমতি দিলে বেঞ্জামিন পিয়াৰ্চিয়ে এই পৰিকল্পনাত সঁহাৰি দিবলৈ মান্তি হয়। সেইমতে ৩০ জুলাই ১৮৮১ত 'আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী' গঠন কৰি ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰি দিয়া হয়। ১ মে' ১৮৮২ৰ দিনা ডিব্ৰুগড়ৰ পৰা জয়পুৰ ৰোডলৈ প্ৰথম ৰেল ইঞ্জিন চলোৱা হয়। ইতিমধ্যে মাকুমলৈ ৰেলপথচোৱা নিৰ্মাণৰ কাম সমাপ্ত হোৱাত ১৬ জুলাই ১৮৮৩ৰ পৰা ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়। ৰবাৰ্ট পিয়াৰ্চিৰ বিচাৰত লিডু কয়লাখনিৰ গুৰুত্ব অধিক হোৱাত ৰেলপথটো মাকুমৰ পৰা বুঢ়ীদিহিঙলৈ সম্প্ৰসাৰণ কৰাত বিশেষ গুৰুত্ব দিয়া হয়। ১৮ ফ্ৰেব্ৰুৱাৰী ১৮৮৪ত দিহিং নৈত নিৰ্মাণ কৰা কাঠৰ দলঙৰ ওপৰেৰে এখন বিশেষ ৰেল ডিব্ৰুগড়ৰ পৰা লিডুলৈ যাত্ৰা কৰে। ইফালে মাকুমৰ পৰা চৈখোৱাঘাটলৈও শাখাপথচোৱাৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি থাকে। একেটা বছৰৰে ২ মে'ৰ দিনা ডুমডুমালৈ ৰেলপথ মুকলি কৰা হয়। এই পথটো ১৮৮৫ চনত তালাপলৈ আৰু ১৯০৯ চনত অন্তিম ষ্টেচন চৈখোৱাঘাটলৈ সম্প্ৰসাৰণ কৰা হয়। লামডিঙৰ দিশৰ পৰা নিৰ্মাণ কৰি অহা আসাম বেংগল ৰেলৱেৰ লাইন ১৯০৩ চনত তিনিচুকীয়াত ডিব্ৰু-শদিয়া ৰেলৱেৰ সৈতে সংযোগ হয় আৰু তিনিচুকীয়া এটা জংচন ষ্টেচনলৈ ৰূপান্তৰ হয়। উত্তৰসূৰী ডিব্ৰু-শদিয়া ৰেলৱে এটা সফল বাণিজ্যিক প্ৰতিষ্ঠান আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সামৰিক প্ৰয়োজনত চৰকাৰৰ দ্বাৰা যথেষ্ট পূঁজি বিনিয়োগ কৰি ইয়াৰ উন্নয়ন সাধন কৰা হয়। ১৯৪২ চন ১ জানুৱাৰীত আসাম বেংগল ৰেলৱে আৰু ইষ্টাৰ্ণ বেংগল ৰেলৱে লগ লগাই চৰকাৰে বেংগল আসাম ৰেলৱে গঠন কৰে। ১৯৪৫ চনত "লিডু এণ্ড টিকক মাৰ্ঘেৰিটা কলিয়েৰী ৰেলৱে"ৰ ৰেলপথখিনিৰ লগতে ডিব্ৰু-শদিয়া ৰেলৱেকো চৰকাৰে কিনি লয় আৰু 'বেংগল-আসাম ৰেলৱে'ত ইয়াক চামিল কৰে। এই ঐতিহাসিক ৰেলপথটো বৰ্তমান উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অন্তৰ্ভুক্ত। ৰেলপথ ১৯৪২ চনৰ ৰেল মানচিত্ৰ অনুসৰি ডিব্ৰু-শদিয়া ৰেলৱেৰ মুখ্য পথটো ডিবৰুমুখৰ পৰা আৰম্ভ হৈ লিডুত শেষ হৈছিল। এইচোৱা পথৰ মুখ্য ষ্টেচনবোৰ আছিল- ডিব্ৰুগড় টাউন, চাবুৱা, তিনিচুকীয়া, মাকুম, ডিগব, মাৰ্ঘেৰিটা আৰু লিডু। মাকুম জংচনৰ পৰা আন এটা শাখা গৈছিল চৈখোৱাঘাটলৈ। শাখাপথৰ মুখ্য ষ্টেচনবোৰ আছিল- বৰা-হাপজান, ডুমডুমা, তালাপ, ডাঙৰী আৰু চৈখোৱাঘাট। ১৯০৩ চনত আসাম বেংগল ৰেলৱে তিনিচুকীয়ালৈ সম্প্ৰসাৰণ কৰাত এই ষ্টেচনটো ডিব্ৰু-শদিয়া ৰেলৱে আৰু আসাম বেংগল ৰেলৱেৰ জংচন ষ্টেচনলৈ ৰূপান্তৰিত হৈছিল। মাৰ্ঘেৰিটাৰ পৰা এটা ৰেলপথ নামদাং আৰু লিডুৰ পৰা এটা ৰেলপথ টিপংপানী কয়লাক্ষেত্ৰলৈ গৈছিল। বৰ্তমান ৰাজ্যখনৰ প্ৰথমটো ৰেলপথ ডিব্ৰু-শদিয়া ৰেলৱে বৰ্তমান উত্তৰ-পূব সীমান্ত ৰেলৱে অন্তৰ্গত আৰু ইয়াক ব্ৰডগজলৈ ৰূপান্তৰ কৰা হৈছে। ১৯৫০ চনৰ প্ৰলয়ংকৰী ভূমিকম্পত ডাঙৰী আৰু চৈখোৱাঘাটৰ মাজৰ ৰেলপথৰ বিস্তৰ ক্ষতি হয়, যাৰবাবে ডাঙৰী ষ্টেচনৰ পৰা চৈখোৱাঘাটলৈ ৰেলপথটো বন্ধ কৰি দিয়া হৈছিল। কুৰি শতিকাৰ শেষটো দশকত তিনিচুকীয়া-ডাঙৰী শাখাটো উত্তৰ-পূব সীমান্ত ৰেলৱেই বন্ধ কৰি দিয়াৰ যো-জা চলাইছিল যদিও ৰাইজৰ প্ৰবল দাবীত ইয়াক ব্ৰডগজলৈ পৰিবৰ্তন কৰে। বৰ্তমান এখন যাত্ৰীবাহী ৰেল মাকুম আৰু ডাঙৰীৰ মাজত চলাচল কৰে। লগতে চাওক ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস উত্তৰ-পূব সীমান্ত ৰেলৱে আসাম বেংগল ৰেলৱে বাহ্যিক সংযোগ ভাৰতীয় ৰেল গুণমুদ্ধ ক্লাৱ তথ্যসূত্ৰ ভাৰতৰ ৰেল পৰিবহণ ভাৰতৰ বিলুপ্ত ৰেল
66932
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BF%20%E0%A6%8F%E0%A6%9A%20%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A7%80
চি এচ লক্ষ্মী
চি এচ লক্ষ্মী জন্ম ১৯৪৪) হ'ল এগৰাকী ভাৰতীয় নাৰীবাদী লেখক আৰু ভাৰতৰ নাৰীবিষয়ক অধ্যয়নৰ স্বাধীন গৱেষক। তেওঁ 'অম্বাই' ছদ্মনামত লিখে। ব্যক্তিগত জীৱন ১৯৪৪ চনত তামিলনাডুৰ কোইম্বাটুৰত লক্ষ্মীৰ জন্ম হয়। তেওঁ ডাঙৰ-দীঘল হয় মুম্বাই আৰু বেংগালুৰুত। তেওঁ মাদ্ৰাছ খ্ৰীষ্টিয়ান কলেজৰপৰা কলা শাখাত স্নাতক ডিগ্ৰী লয় আৰু বেংগালুৰুৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লয়। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰপৰা তেওঁ পি এইচ ডি লয়। শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ তামিলনাডুৰ বিদ্যালয়ত পঢ়ুৱায় আৰু মহাবিদ্যালয়ত পাঠদান কৰে। তেওঁ বিষ্ণু মাথুৰ নামৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে বিয়াত বহে আৰু মুম্বাইত থাকিবলৈ লয়। লেখক হিচাপে কৰ্মজীৱন ১৯৬২ চনত লক্ষ্মীৰ প্ৰথমখন কিতাপ 'নন্দিমালাই চাৰালিলে' (নন্দী পাহাৰত) প্ৰকাশ হয়। কৈশোৰতে তেওঁ এই কিতাপখন লিখিছিল। ১৯৬৬ চনত তেওঁৰ প্ৰথমখন উপন্যাস 'আন্ধি মালাই' (তামিল ভাষাত) প্ৰকাশ পায়। কিতাপখনে 'কলাইমগল নাৰায়ণস্বামী আয়াৰ বঁটা' লাভ কৰিছিল। তেওঁ সাহিত্য আলোচনী কানাইয়াঝিত প্ৰকাশিত 'চিৰাগুকাল মুৰিয়ম' (ডেউকাবোৰ ভাঙিব) (১৯৬৭) চুটি গল্পৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। এই কাহিনীটো পিছত ১৯৭৬ চনত একে নামৰ চুটি গল্প সংকলনৰ অংশ হিচাপে কিতাপ ৰূপত প্ৰকাশ পায়। একে বছৰতে তামিল মহিলা লেখকসকলৰ কাম অধ্যয়ন কৰিবলৈ তেওঁক দুবছৰীয়া ফেলোশ্বিপ প্ৰদান কৰা হৈছিল। গৱেষণাৰ কামটো ১৯৮৪ চনত 'দ্য ফেচ বিহাইণ্ড দ্য মাস্ক' (এভেণ্ট বুকছ) হিচাপে প্ৰকাশ পায়। ১৯৮৮ চনত, তেওঁৰ 'ভেটিন মুলাইইল অৰু চামাইয়ালাৰাই (ঘৰৰ কোণত থকা এটা পাকঘৰ) শীৰ্ষক দ্বিতীয় তামিল চুটি গল্প সংকলন প্ৰকাশ হয়। ই এজন মুখ্য গল্পকাৰ ৰূপে তেওঁৰ খ্যাতিক প্ৰতিষ্ঠিত কৰে। তেওঁৰ কিছুমান কাম 'এ পাৰপল চি' (১৯৯২), 'ইন এ ফৰেষ্ট, এ ডিয়াৰ' (২০০৬) লক্ষ্মী হমষ্ট্ৰোমে ইংৰাজীলৈ অনুবাদ কৰিছে।২০০৬ চনত, তেওঁ (লক্ষ্মী হমষ্ট্ৰোমৰ সৈতে যুটীয়াভাৱে) 'ইন এ ফৰেষ্ট, এ ডিয়াৰ'ৰ বাবে 'ভোডাফোন ক্ৰছৱৰ্ড বুক বঁটা' (ভাৰতীয় ভাষা কল্পকাহিনী অনুবাদ শ্ৰেণীত) লাভ কৰে। তামিল সাহিত্যলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে, ২০০৮ চনত তেওঁ 'আয়াল বিৰুধু' (জীৱনজোৰা সাধনা বঁটা) লাভ কৰে। শৈক্ষিক জীৱন লক্ষ্মী ত্ৰিশ বছৰতকৈও অধিক সময় ধৰি মহিলাৰ অধ্যয়নৰ ক্ষেত্ৰত এজন স্বতন্ত্ৰ গৱেষক হৈ আছে। তেওঁ তামিল কথাসাহিত্য প্ৰকাশ কৰাৰ বাবে অম্বাই ছদ্মনাম আৰু 'দ্য হিন্দু' আৰু 'টাইমছ অৱ ইণ্ডিয়া'ৰ দৰে বাতৰি কাকত আৰু 'ইকনমিক এণ্ড পলিটিকেল ৱিকলি'ৰ দৰে পত্ৰিকাত তেওঁৰ গৱেষণাৰ কাম আৰু অন্যান্য প্ৰবন্ধ প্ৰকাশ কৰাৰ বাবে তেওঁৰ প্ৰকৃত নাম (ড॰ চি এছ লক্ষ্মী) ব্যৱহাৰ কৰে। ১৯৯২ চনত, তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰ সংস্কৃতি আৰু চেতনা অনুষ্ঠানৰ এজন অতিথি অধ্যাপক আছিল। ৰোজা মুথিয়া চেট্টিয়াৰৰ কিতাপ সংগ্ৰহ আৰু অন্যান্য প্ৰকাশিত সামগ্ৰী উপলব্ধ হোৱাকৈ ৰোজা মুথিয়া গৱেষণা পুথিভঁৰাল (আৰএমআৰএল) স্থাপন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ এজন গৱেষণা বিষয়া আৰু নতুন দিল্লীৰ এখন মহাবিদ্যালয়ৰ প্ৰবক্তা আছিল। ১৯৯০ চনত তেওঁ দুটা গৱেষণা প্ৰকল্পত কাম কৰিছিল ইয়াৰে 'তামিলনাডুৰ মহিলাৰ বিশদ সামাজিক ইতিহাস' প্ৰকল্পটো ফৰ্ড ফাউণ্ডেচন পৃষ্ঠপোষকতা কৰিছিল আৰু হোমি জে ভাভা ফেলোশ্বিপৰ অধীনত 'এন ইডিয়ম অৱ চাইলেন্স: এন অৰেল হিষ্ট্ৰী এণ্ড পিক্টৰেল ষ্টাডি' প্ৰকল্পটো কৰে। গৱেষণাৰ ফলাফলটো 'চেভেন চিজ এণ্ড চেভেন শৃংখলাৰ দুটা খণ্ড হিচাপে প্ৰকাশ কৰা হৈছে। প্ৰথম খণ্ড, 'দ্য চিংগাৰ এণ্ড দ্য চং' (২০০০), হৈছে মহিলা সংগীতজ্ঞসকলৰ সৈতে সাক্ষাৎকাৰৰ সংগ্ৰহ আৰু দ্বিতীয় খণ্ড, 'মিৰৰ এণ্ড ৰ' (২০০৩), হৈছে মহিলা নৃত্যশিল্পীসকলৰ সৈতে সাক্ষাৎকাৰৰ সংকলন। ১৯৮৮ চনত লক্ষ্মীয়ে মহিলা লেখক আৰু শিল্পীসকলৰ কাম নথিভুক্ত আৰু সংৰক্ষণ কৰাৰ বাবে 'স্পেৰ' (চাউণ্ড এণ্ড পিক্চাৰ আৰ্কাইভ ফৰ ৰিচাৰ্চ অন ৱুইমেন) নামৰ এটা বেচৰকাৰী সংগঠন (এনজিঅ') প্ৰতিষ্ঠা কৰিছিল। 'স্পেৰ'ই মহিলা শিল্পী আৰু লেখকসকলৰ ওপৰত কেইবাখনো কিতাপ প্ৰকাশ কৰিছে। ২০০৯ চন লৈকে, তেওঁ সংগঠনটোৰ পৰিচালক আৰু ইয়াৰ ন্যাসৰক্ষী হৈ আছে। 'ইউনিভাৰচিটি অৱ মেচিগান'ৰ বিশ্ব নাৰীবাদ প্ৰকল্পৰ তেওঁ বৰ্তমানৰ সদস্য।তেওঁ নিজকে "নাৰীবাদী বুলি বিবেচনা কৰে যি আপোচ হীন ভাৱে বাস কৰিছে।" গ্ৰন্থপঞ্জী ইংৰাজী ভাষাত দ্য ফেচ বিহাইণ্ড দ্য মাস্ক (১৯৮৪) এ পাৰপল চি (১৯৯২) বডি ব্লউজ: ৱুইমেন, ভায়লেন্স এণ্ড চাৰভাইভেল (২০০০) চেভেন চিজ এণ্ড চেভেন (প্ৰথম খণ্ড, ২০০০) চেভেন চিজ এণ্ড চেভেন (দ্বিতীয় খণ্ড, ২০০৩) দ্য আনহাৰিড চিটি (সম্পাদিত, ২০০৩) ইন এ ফৰেষ্ট, এ ডিয়াৰ (২০০৬) আ মিটিং অন দ্য আন্ধেৰী অভাৰব্ৰিজ (২০১৬) তামিল ভাষাত নন্দিমালাই চাৰালিলে (১৯৬২) আন্ধি মালাই (১৯৬৭) চিৰাগুকাল মুৰিয়ম (১৯৭৬) ভেটিন মুলাইইল অৰু চামাইয়ালাৰাই (১৯৮৮) অম্বাই: কালচ্ছুৱৰু নেৰকনল্গাল (১৯৯৮) কাটিল অৰু মান (২০০০) ৱৰৰুম এৰীন মীংগাল (২০০৭) তথ্য সংগ্ৰহ ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি ভাৰতীয়
74749
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%AA%E0%A6%BE%E0%A6%A8
স্তন্যপান
স্তন্যপান বা নাৰ্চিং হৈছে মানৱ শিশুক মাতৃদুগ্ধ খুৱাই দিয়াৰ এক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত শিশুক পোনপটীয়াকৈ স্তনৰ পৰা বা স্তনৰ পৰা গাখীৰ উলিয়াই ইয়াক দুধদানিৰ সহায়ত খুৱাই। বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শ অনুসৰি কেঁচুৱা এটাৰ জীৱনৰ প্ৰথম ঘণ্টাৰ ভিতৰত স্তন্যপান আৰম্ভ হ'ব লগে আৰু কেঁচুৱাটোৱে যিমান সঘনাই আৰু যিমান বিচাৰে সিমান পৰিমাণে এই পান কাৰ্য্য অব্যাহত ৰাখিব লাগে। জীৱনৰ প্ৰথম কেইসপ্তাহমানত কেঁচুৱাক প্ৰতিদিনে প্ৰায় প্ৰতি দুইৰ পৰা তিনি ঘণ্টা স্তন্যপান কৰিব লাগে, আৰু প্ৰতিটো স্তন্যপান কৰাৰ ম্যাদ দহৰ পৰা পোন্ধৰ মিনিট হ'ব লাগে। ডাঙৰ শিশুৰ ক্ষেত্ৰত এই হাৰ কম। মাতৃসকলে গাখীৰ পাম্প কৰি উলিয়াব পাৰে যাতে স্তন্যপান সম্ভৱ নহ'লে ইয়াক পিছত ব্যৱহাৰ কৰিব পাৰি। স্তন্যপান কৰোৱাৰ মাতৃ আৰু কেঁচুৱা দুয়োৰে বাবে কেইবাটাও লাভালাভ আছে। নিম্ন আৰু মধ্যমীয়া উপাৰ্জনৰ দেশবোৰত স্তন্যপান প্ৰায় সৰ্বজনীন স্তৰলৈ বৃদ্ধি কৰিব পাৰিলে বছৰি প্ৰায় ৮২০,০০০ পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যু প্ৰতিহত কৰিব পৰা যাব। স্তন্যপানৰ দ্বাৰা বিকাশশীল আৰু উন্নত দেশ সমূহৰ কেঁচুৱাৰ শ্বাসনলীৰ সংক্ৰমণ আৰু ডায়েৰিয়াৰ আশংকা হ্ৰাস কৰিব পাৰি। হাপানি, খাদ্য এলাৰ্জি আৰু মধুমেহ ৰোগৰ কম বিপদাশংকাৰ উপৰি অন্যান্য লাভালাভৰ তথ্য পোহৰলৈ আহিছে। অৱশ্যে মেটা-বিশ্লেষণৰ অধিক শেহতীয়া ফলাফল অনুসৰি বিশেষ কোনো গুৰুত্বপূৰ্ণ প্ৰভাৱ বিচাৰি পোৱা হোৱা নাই। স্তন্যপান কৰালে জ্ঞানীয় বিকাশ উন্নত হ'ব পাৰে আৰু প্ৰাপ্তবয়স্ক অৱস্থাত মেদবহুলতাৰ আশংকা হ্ৰাস হ'ব পাৰে। মাতৃসকলে স্তন্যপান কৰোৱাৰ বাবে বিভিন্ন ধৰণৰ চাপ অনুভৱ কৰিব পাৰে, অৱশ্যে উন্নত দেশ সমূহত সাধাৰণতে ফৰ্মুলাৰ সহায়ত দুধদানিৰ সহায়ত স্তন্যপান কৰিয়ে শিশু ডাঙৰ হয়। মাতৃৰ বাবে লাভালাভবোৰৰ ভিতৰত আছে প্ৰসৱৰ পিছত কম পৰিমাণে তেজৰ ক্ষৰণ, জৰায়ুৰ সংকোচন উন্নত হোৱা, আৰু প্ৰসৱোত্তৰ হতাশা হ্ৰাস হোৱা আদি। স্তন্যপান কৰালে ঋতুস্ৰাৱ আৰু উৰ্বৰতা ঘূৰি অহাত পলম হয়, এই পৰিঘটনাক এমেনোৰিয়া বুলি কোৱা হয়। মাতৃৰ বাবে দীৰ্ঘম্যাদী লাভালাভৰ ভিতৰত আছে স্তনৰ কৰ্কট ৰোগ, কাৰ্ডিওভাস্কুলাৰ ৰোগ, আৰু ৰিউমেটইড আৰ্থ্ৰাইটিছৰ আশংকা হ্ৰাস হয়। পোনপটীয়াকৈ কৰা স্তন্যপান নৱজাতকৰ স্তন সূত্ৰতকৈ কম ব্যয়বহুল। বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি অন্যান্য স্বাস্থ্য সংগঠনবোৰে শিশুক ছয় মাহৰ বাবে কেৱল স্তন্যপান কৰোৱাৰ পৰামৰ্শ দিয়ে। ইয়াৰ অৰ্থ হৈছে যে এই সময় চোৱাত শিশুক ভিটামিন ডি-ৰ বাহিৰে আন কোনো খাদ্য বা পানীয় সাধাৰণতে দিয়া নহয়। ছয় মাহ বয়সত খাদ্য অভ্যাস কৰাৰ পিছত, একৰ পৰা দুই বছৰ বা অধিক বয়সলৈকে স্তন্যপান অব্যাহত ৰাখিব পাৰে। বিশ্বব্যাপী, প্ৰায় ৩৮% নৱজাতকক তেওঁলোকৰ জীৱনৰ প্ৰথম ছয় মাহত কেৱল স্তন্যপান কৰোৱা হয়। ২০১৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত, ৮৩% মহিলাই স্তন্যপান কৰাইছিল, ইয়াৰে ৬ মাহৰ বাবে ৫৮% মহিলাই আৰু তাৰে কেৱল ২৫% মহিলাই হে প্ৰত্যক্ষ ভাৱে শিশুক কেৱল স্তন্যপান কৰোৱাৰ তথ্য পোৱা গৈছে। স্তন্যপান কৰোৱাৰ অনুমতি নিদিয়া চিকিৎসা সম্বন্ধীয় স্থিতি বিৰল। কিছুমান ব্যক্তিগত মনোৰঞ্জক ঔষধ গ্ৰহণ কৰা মাতৃয়ে স্তন্যপান কৰোৱাটো শিশুৰ বাবে ক্ষতিকাৰক। ২০২০ চনত বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফে ঘোষণা কৰিছিল যে মহিলাসকলে কোভিড-১৯ মহামাৰীৰ সময়তো স্তন্যপান কৰাই থাকিব লাগে যদিও তেওঁলোকে নিশ্চিত বা সন্দেহ কৰিছে (বৰ্তমানৰ প্ৰমাণ ভিত্তিত) মাতৃদুগ্ধৰ জৰিয়তে কোভিড-১৯ সংক্ৰমণ হোৱাৰ সম্ভাৱনা নাই। ধপাত সেৱন কৰা আৰু সীমিত পৰিমাণৰ সুৰা পান কৰা আৰু/বা কফি খোৱা আদিয়ে স্তন্যপানত প্ৰভাৱ নেপেলায়। দুগ্ধ ক্ষৰণ গৰ্ভাৱস্থাৰ আৰম্ভণিতে হোৱা পৰিৱৰ্তনবোৰে স্তনক স্তন্যপান কৰোৱাৰ বাবে প্ৰস্তুত কৰে। স্তন মুখ্যতঃ এডিপজ (চৰ্বি) কোষকলাৰে গঠিত কিন্তু গৰ্ভধাৰণৰ আগতে এষ্ট্ৰোজেন, প্ৰজেষ্টেৰন, প্ৰলেক্টিন আৰু অন্যান্য হৰমনৰ প্ৰভাৱত, স্তনবোৰ কেঁচুৱাটোৰ বাবে গাখীৰ উৎপাদনৰ বাবে প্ৰস্তুত হয়। স্তনলৈ তেজৰ প্ৰবাহ বৃদ্ধি হয়। স্তনবৃন্ত আৰু এৰিওলাৰ ৰঞ্জকতাও বৃদ্ধি হয়। আকাৰো বৃদ্ধি হয়, কিন্তু স্তনৰ আকাৰ কেঁচুৱাটো জন্ম হোৱাৰ পিছত মাতৃয়ে উৎপাদন কৰিব পৰা গাখীৰৰ পৰিমাণৰ সৈতে সম্পৰ্কিত নহয়। মাতৃ স্তনত গৰ্ভাৱস্থাৰ ছমাহৰ পিছৰ পৰা, এক ডাঠ হালধীয়া তৰল এলভিঅ'লিতৰ উৎপাদন আৰম্ভ হয় আৰু জন্মৰ পিছত প্ৰথম কেইদিনমানৰ বাবে পাতল বগা গাখীৰ "উৎপাদন হোৱা" লৈকে এই হালধীয়া তৰলৰ উৎপাদন হৈ থাকে। সময় হিচাপত এই তৰলৰ উৎপাদন প্ৰসৱৰ প্ৰায় ৩০ ৰ পৰা ৪০ ঘণ্টা পৰ্যন্ত চলি থাকে। অক্সিটচিনে জন্মৰ সময়ত আৰু প্ৰসৱৰ পিছত জৰায়ুৰ মসৃণ পেশী সংকুচিত কৰে, যাক প্ৰসৱোত্তৰ সময় বুলি কোৱা হয়। স্তন্যপান কৰোঁতে অক্সিটচিনে নতুনকৈ উৎপাদিত স্তন্যস্ৰোতক নলী প্ৰণালীত নিঃসৰিত হ'বলৈ এলভিঅ'লিৰ চাৰিওফালে থকা বেণ্ড সদৃশ কোষবোৰৰ মসৃণ পেশীৰ তৰপটোক সংকুচিত কৰে। স্তন্য নিঃসৰণ প্ৰক্ৰিয়া স্তনপান কৰাৰ সঁহাৰিস্বৰূপে স্তন্যৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰাৰ বাবে অক্সিটচিন প্ৰয়োজনীয়। মাতৃদুগ্ধ মাতৃদুগ্ধৰ সকলো গুণাগুণ বুজি পোৱা কঠিন, কিন্তু ইয়াৰ পুষ্টিৰ পৰিমাণ তুলনামূলকভাৱে সুসংগত। মাতৃৰ প্ৰবাহিত তেজ আৰু শাৰীৰত জমা থকা পুষ্টিৰ পৰা মাতৃদুগ্ধ তৈয়াৰ হয়। ইয়াত চৰ্বি, চেনি, পানী আৰু প্ৰ'টিনৰ এক অনুকূল সন্তুলন আছে যি কেঁচুৱাৰ বিকাশ আৰু বৃদ্ধিৰ বাবে প্ৰয়োজন। স্তন্যপান কৰালে জৈৱৰাসায়নিক প্ৰতিক্ৰিয়া আৰম্ভ হয় যিয়ে এনজাইম, হৰমন, বিকাশকাৰক আৰু ইমিউনোলজিক পদাৰ্থবোৰক কেঁচুৱাৰ বাবে সংক্ৰামক ৰোগৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে প্ৰতিৰক্ষা কৰিবলৈ সুযোগ দিয়ে। মাতৃদুগ্ধত দীঘল-শৃংখলৰ পলিআনচেচুৰেটেড ফেটি এচিড থাকে যি স্বাভাৱিক ৰেটিনা আৰু স্নায়ুবিকাশত সহায় কৰে। যদি মাতৃ গৰাকীৰ ভিটামিনৰ অভাৱ নহয় তেন্তে সম্ভৱতঃ ভিটামিন ডি-ৰ বাহিৰে মাতৃদুগ্ধই সাধাৰণতে তেওঁৰ কেঁচুৱাৰ প্ৰয়োজনীয়তা যোগান ধৰে। চিডিচি, আমেৰিকান একাডেমী অফ পেডিয়াট্ৰিস্ক, আৰু মায়ো ক্লিনিকে দিয়া পৰামৰ্শ অনুসৰি মাতৃয়ে কেৱল ভিটামিন-ডি থকা খাদ্য গ্ৰহণ কৰিলেও তেওঁৰ মাতৃদুগ্ধই কেঁচুৱাক পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি প্ৰদান নকৰে, তেওঁলোকে পৰামৰ্শ দিয়ে যে জন্মৰ অলপ পিছতে বেছিভাগ কেঁচুৱাক ভিটামিন-ডি ৰ অতিৰিক্ত উৎসৰ প্ৰয়োজন হ'য়। কিছুমান অধ্যয়নে দাবী কৰে যে জন্মৰ সময়ত নাড়ীত চেপা মৰা নাড়ীৰ ধপধপনি বন্ধ নোহোৱালৈকে স্থগিত ৰাখিলে প্ৰথম ছমাহত শিশুৰ দেহত আইৰণৰ মাত্ৰাৰ সন্তুলন ঘটে। প্ৰতিবাৰত কিমান সময়ৰ বাবে কেঁচুৱা এটাই স্তন্যপান কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি মাতৃদুগ্ধৰ গঠন সলনি হয়। সন্তান জন্মৰ প্ৰথম দিনত উৎপন্ন হোৱা প্ৰথম প্ৰকাৰৰ দুগ্ধক কলোষ্ট্ৰাম বুলি কোৱা হয়। কলোষ্ট্ৰাম হজম কৰিবলৈ সহজ যদিও ই পৰিপক্ব গাখীৰতকৈ অধিক ডাঠ। ইয়াৰ এক ৰেচক প্ৰভাৱ আছে যি কেঁচুৱাটোক প্ৰথম পৰ্যায়ৰ শৌচ প্ৰক্ৰিয়া সম্পন্ন কৰাত সহায় কৰে তথা অতিৰিক্ত বিলিৰুবিন ৰক্ষা কৰাত সহায় কৰে, যি জণ্ডিচ প্ৰতিৰোধক। ই কেঁচুৱাবোৰক বাহ্যিক পদাৰ্থৰ পৰা গেষ্ট্ৰোইনটেষ্টিঅনেল ট্ৰেক্ট বন্ধ কৰাত সহায় কৰে, যি কেঁচুৱাটোক মাতৃয়ে খোৱা খাদ্যৰ প্ৰতি সংবেদনশীল কৰিব পাৰে। যদিও কেঁচুৱাটোৱে ইতিমধ্যে প্লেচেণ্টাৰ জৰিয়তে মাতৃৰ পৰা কিছুমান এণ্টিবডী প্ৰাপ্ত কৰিছে, ইয়াৰোপৰি কলষ্ট্ৰামত থকা এক পদাৰ্থই নৱজাতকৰ বাবে নতুন, চিক্ৰেটৰী ইমিউনোগ্লোবিউলিন এ (আইজিএ) আই.জি.এ.-য়ে ডিঙি, হাঁওফাঁও আৰু অন্ত্ৰৰ শ্লেষ্মা আৱৰণত বীজাণুক প্ৰতিৰোধ কৰিবলৈ সহায় কৰে, এই অংশত বীজাণুৰ দ্বাৰা কেঁচুৱাটি আক্ৰমণৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক। মাতৃ স্তনে জন্মৰ তৃতীয় বা চতুৰ্থ দিনৰ ওচৰা ওচৰিকৈ পৰিপক্ব গাখীৰ উৎপাদন আৰম্ভ কৰে। সেই সময়ত মাতৃ গৰাকীয়ে স্তনবোৰ ভৰ্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰে। কেঁচুৱাই স্তন্যপান কৰাৰ লগে লগে এই গাখীৰ নলীকাৰে শিশুৰ মুখলৈ প্ৰবাহিত হয়। এই সময়ত মাতৃয়ে এক জিনজিননিৰ দৰে অনুভৱ কৰে যি হয়টো যথেষ্ট শক্তিশালীও হ'ব পাৰে। লগতে, প্ৰসৱৰ পিছৰ প্ৰাৰম্ভিক দিনবোৰত মাতৃৰ দুগ্ধ নিঃসৰণ হোৱাৰ সময়ত তেওঁৰ জৰায়ু সংকুচিত হোৱা অনুভৱ কৰে, অত্যধিক ৰক্তক্ষৰণ প্ৰতিহত কৰাত সহায় কৰাৰ বাবে স্তন্যপান এক উপকাৰী ক্ৰেম্পিং। কেঁচুৱাটোক স্তন্যপান কৰাৰ বাহিৰেও আন প্ৰকাৰে আপোনা আপুনি দুগ্ধ নিঃসৰণ হ'ব পাৰে। উদাহৰণ স্বৰূপে কেৱল কেঁচুৱাটোৱে স্তন্যপান কৰি থকা বুলি হোৱা অনুভৱৰ ফলত বা অন্যকোনো চাপৰ প্ৰভাৱত। মাতৃসকলে তেওঁলোকৰ 'ব্ৰা'ত ডিচপোজেবল পেড ব্যৱহাৰ কৰিব পাৰে বা এইদৰে নিঃসৰণ হোৱা গাখীৰ শোষিত হয়। ইয়াৰ বাবে ঘৰত বনোৱা পেডো ব্যৱহাৰ কৰিব পাৰে। নাৰ্চিং প্ৰক্ৰিয়াৰ আৰম্ভণিতে, স্তনবোৰত প্ৰাৰম্ভিক দুগ্ধ উৎপাদিত হয়। ই এক পাতল গাখীৰ য'ত বহুতো প্ৰ'টিন আৰু ভিটামিন থাকে। কেঁচুৱাটোৱে নাৰ্চিং কৰি থাকা অৱস্থাত হিণ্ডমিল্ক উৎপন্ন হয়। হিণ্ডমিল্কৰ ৰং আৰু ক্ৰীমৰ দৰে গাঁথনি অধিক ডাঠ কিয়নো ইয়াত অধিক পৰিমাণে চৰ্বি থাকে। প্ৰক্ৰিয়া সময় নৱজাতক শিশুৱে সাধাৰণতে প্ৰথম দুইৰ পৰা চাৰি সপ্তাহৰ বাবে প্ৰতি একৰ পৰা তিনি ঘণ্টাত (২৪ ঘণ্টাত ৮-১২ বাৰ) দুগ্ধপানৰ প্ৰৱণতা প্ৰকাশ কৰে। নৱজাতকৰ পেটৰ ক্ষমতা অতি কম। এদিনীয়া বয়সত ই ৫-৭ মিলি, প্ৰায় ডাঙৰ মাৰ্বল এটাৰ আকাৰৰ; তৃতীয় দিনত ই ২২-৩৩ মিলি, প্ৰায় পিং-পং বল এটাৰ আকাৰৰ; আৰু সপ্তাহৰ অন্তত ই ৪৫-৬০ মিলি, ধাৰণৰ বাবে সক্ষম। কেঁচুৱাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে উৎপন্ন হোৱা মাতৃদুগ্ধৰ পৰিমাণ নিৰ্দিষ্ট কৰা হয় যাতে প্ৰথম গাখীৰ কলোষ্ট্ৰাম অতি কম পৰিমাণে নিঃসৰণ হয়, ক্ৰমান্বয়ে কেঁচুৱাৰ পেটৰ ক্ষমতাৰ বিস্তাৰিত আকাৰ পূৰণ কৰিবলৈ এই পৰিমাণ বৃদ্ধি হয়। বহুতো নৱজাতকে প্ৰতিটো স্তন ১০ ৰ পৰা ১৫ মিনিটৰ বাবে পান কৰিব পাৰে। অৱশ্যে কেঁচুৱাটোৱে অধিক সময়ৰ বাবে নাৰ্চ কৰিব বিচাৰিলে প্ৰতিটো স্তন ৩০ মিনিট বা অধিক সময় পান কৰিব পাৰে, অৱশ্যে তেওঁলোকে ইয়াৰ পৰা পৰ্যাপ্ত গাখীৰ নাপাব পাৰে। স্থিতি স্তনবৃন্তৰ বিষ প্ৰতিহত কৰিবলৈ আৰু কেঁচুৱাটোক পৰ্যাপ্ত গাখীৰ পানৰ হেতু সঠিক স্থিতি আৰু কৌশলৰ প্ৰয়োজন। কেঁচুৱাবোৰে একাধিক স্থিতিৰ পৰা সফলতাৰে স্তনপান কৰিব পাৰে। প্ৰতিজন কেঁচুৱাই এক নিৰ্দিষ্ট স্থিতি পছন্দ কৰিব পাৰে। "ফুটবল" ধাৰণ স্থিতিত কেঁচুৱাটোৰ ভৰি মাতৃৰ কাষত থাকে আৰু কেঁচুৱাটো মাতৃৰ মুখামুখি হয়। "ক্ৰেডেল" বা "ক্ৰছ-বডী" হ'ল্ড স্থিতি ব্যৱহাৰ কৰি, মাতৃয়ে কেঁচুৱাটোৰ মুৰটো তেওঁৰ বাহুৰ দুৰ্বৃত্তই ধৰি থাকে। "ক্ৰছ-অভাৰ" হ'ল্ড স্থিতি ক্ৰেডেল হ'ল্ডৰ দৰে একে, কেৱল মাতৃয়ে কেঁচুৱাটো ধৰিবলৈ ব্যৱহাৰ নকৰা হাত খনেৰে কেঁচুৱাটোৰ মুৰটোক ধৰি ৰাখে। মাতৃয়ে তেওঁৰ কাষত থকা কেঁচুৱাটোৰ সৈতে তেওঁৰ পিঠি বা একাষৰীয়াকৈ হেঁচা দিয়া স্থিতি এটাও বাছনি কৰিব পাৰে। দৰৱ প্ৰায় সকলো ঔষধ কম পৰিমাণে মাতৃদুগ্ধলৈ যায়। কিছুমান ঔষধৰ কেঁচুৱাটোৰ ওপৰত কোনো প্ৰভাৱ নপৰে আৰু স্তন্যপান কৰোৱাৰ সময়ত এনে ঔষধৰ সেৱন কৰিব পাৰি। বহুতো ঔষধে গাখীৰ উৎপাদন প্ৰক্ৰিয়াক যথেষ্ট পৰিমাণে দমন কৰে বুলি জনা যায়, যাৰ ভিতৰত আছে ছ্যুডোফেড্ৰিন, মূত্ৰনাশক, আৰু এষ্ট্ৰোজেন থকা গৰ্ভনিৰোধক আদি। আমেৰিকান একাডেমী অফ পেডিয়াট্ৰিস্কে (এ.এ.পি.) দাবী কৰে যে "মাতৃসকলে ধপাত সেৱন স্তন্যপানৰ প্ৰতিৰোধক নহয়। এছ.আই.ডি.এছ.-ৰ বিৰুদ্ধে ইয়াৰ সুৰক্ষামূলক প্ৰভাৱৰ বাবে ধূমপান কৰা মাতৃসকলক প্ৰকৃততে স্তন্যপান অব্যাহত ৰখাৰ পৰামৰ্শ দিয়া হৈছে। সুৰাৰ সন্দৰ্ভত, এ.এ.পি.-য়ে কয় যে স্তন্যপান কৰোৱাৰ সময়ত, "সংযমতাক নিশ্চিতভাৱে পৰামৰ্শ দিয়া হয়" আৰু নাৰ্চিং বা পাম্প কৰিবলৈ সুৰাপান কৰাৰ পিছত ২ ঘণ্টা অপেক্ষা কৰাৰ পৰামৰ্শ দিয়ে। পদ্ধতি উৎপাদিত মাতৃ দুগ্ধ এগৰাকী মাতৃয়ে তেওঁৰ গাখীৰ সংৰক্ষণ আৰু পিছত ব্যৱহাৰৰ কৰিব পাৰে। মালিচ বা স্তন পাম্পৰ দ্বাৰা এই দুগ্ধ উলিয়াব পাৰি। ইয়াক শীতল সংৰক্ষিত মোনা বিশেষকৈ মাতৃদুগ্ধৰ বাবে তৈয়াৰ কৰা পাত্ৰ, পৰিপূৰক নাৰ্চিং প্ৰণালী, বা ব্যৱহাৰ যোগ্য বটলত সংৰক্ষণ কৰিব পাৰি। মাতৃদুগ্ধ ছয় ঘণ্টালৈকে কোঠাৰ সাধাৰণ উষ্ণতাত ৰাখিব পাৰি, আঠ দিনলৈকে ফ্ৰিজত ৰাখিব পাৰি বা ছয়ৰ পৰা বাৰ মাহৰ বাবে হিমায়িত কৰিব পাৰি। গৱেষণাৰ পৰামৰ্শ অনুসৰি সময়ৰ লগে লগে ইতিমধ্যে খিৰাই ৰখা মাতৃদুগ্ধত এণ্টিঅক্সিডেণ্টৰ কাৰ্যকলাপ হ্ৰাস হয়, কিন্তু নৱজাতকৰ দুগ্ধ সূত্ৰতকৈ এই গাখীৰৰ মান উচ্চ স্তৰৰ। ভাগ বতৰাৰে স্তন্যপান কেৱল জন্মদাত্ৰী মাতৃয়েই হে তেওঁৰ সন্তানক স্তন্যপান কৰাব পাৰিব এনে নহয়। তেওঁ স্তন্যপানৰ বাবে আন এগৰাকী মহিলাক নিযুক্তি দিব পাৰে, বা তেওঁ আন এগৰাকী মাতৃৰ সৈতে শিশু পালনৰ ভাগ বতৰা কৰিব পাৰে (ক্ৰছ-নাৰ্চিং)। এই দুয়োটাৰে ঐতিহাসিক উদাহৰণ পোৱা যায়। আফ্ৰিকাকে ধৰি কিছুমান উন্নয়নশীল দেশত এটি শিশুক একাধিক মহিলাই স্তন্যপান কৰোৱা এক জনপ্ৰিয়। ভাগ বতৰাৰে কৰোৱা স্তন্যপান নৱজাতকৰ এইচ.আই.ভি. সংক্ৰমণৰ বিপদাশংকাৰ এক প্ৰধান কাৰক। টেণ্ডেম নাৰ্চিং এগৰাকী মাতৃয়ে ডাঙৰ সন্তানক স্তন্যপান কৰোৱা অব্যাহত ৰখাৰ লগতে নতুন কেঁচুৱাএটাকো স্তন্যপান কৰাই থকাটো সম্ভৱ; ইয়াক টেণ্ডেম নাৰ্চিং বুলি কোৱা হয়। গৰ্ভাৱস্থাৰ শেষৰ পৰ্যায়ত, মাতৃ দুগ্ধ কলোষ্ট্ৰামলৈ সলনি হয়। যদিও কিছুমান শিশুক এই পৰিৱৰ্তনৰ সময়তো স্তন্যপান কৰাই থকা হয়, আন কিছুমানক অন্য সাধাৰণ খাদ্যৰে পৰিচয় কৰোৱা হয়। বেছিভাগ মাতৃয়ে টেণ্ডেম নাৰ্চিংৰ বাবে পৰ্যাপ্ত গাখীৰ উৎপাদন কৰিব পাৰে, কিন্তু নতুন কেঁচুৱাটোৱে পৰ্যাপ্ত কলষ্ট্ৰাম প্ৰাপ্ত কৰাটো নিশ্চিত কৰিবলৈ প্ৰসৱৰ পিছত কমেও প্ৰথম কেইদিনমানৰ বাবে নৱজাতকক প্ৰথমে স্তন্যপান কৰাব লাগে। কেঁচুৱাৰ ভোক নিবাৰণৰ বাবে স্তন্যপান কৰাই থকাৰ ক্ষেত্ৰত এবাৰতে তিনিটা বা অধিক সন্তান জন্ম দিয়া মাতৃৰ বাবে ই এক প্ৰত্যাহ্বান স্বৰূপ। মানৱ স্তনে চাহিদাৰ প্ৰতি সঁহাৰি দিয়ে আৰু প্ৰয়োজন সাপেক্ষে অধিক পৰিমাণে গাখীৰ উৎপাদন কৰিব পাৰে; প্ৰাপ্ত তথ্য অনুসৰি মাতৃসকলে সফলতাৰে তিনিটা শিশুক স্তন্যপান কৰাই ডাঙৰ কৰিছে। দত্তক স্তন্যপান প্ৰেৰিত বা দত্তক স্তন্যপান হৈছে সন্তান জন্ম নিদিয়া মহিলা এগৰাকীৰ দ্বাৰা স্তন্যপান আৰম্ভ কৰাৰ এক প্ৰক্ৰিয়া। ইয়াৰ বাবে সাধাৰণতে দত্তক মাতৃয়ে স্তনৰ বিকাশ আৰম্ভ কৰিবলৈ আৰু গাখীৰ উৎপাদনবৃদ্ধি কৰিবলৈ হৰমন আৰু অন্যান্য ঔষধ গ্ৰহণ কৰিব লাগে। কিছুমান সংস্কৃতিত, দত্তক শিশুক স্তন্যপান কৰালে দুগ্ধ-আত্মীয়তা সৃষ্টি হয় যি শ্ৰেণী আৰু অন্যান্য পদানুক্ৰমিক বন্ধনত সামূহিক বন্ধন গঢ়ি তোলে। পুনৰাই স্তন্যপান কৰোৱা পুনৰাই স্তন্যপান কৰোৱাৰ অৰ্থ হৈ মাতৃ এগৰাকীয়ে স্তন্যপান পুনৰ আৰম্ভ কৰাৰ প্ৰক্ৰিয়া। উন্নয়নশীল দেশবোৰত, ডায়েৰিয়াৰ বাবে মুখৰ দ্বাৰা কৰা ৰিহাইড্ৰেচন চিকিৎসাৰ পিছত মাতৃসকলে স্তন্যপান পুনৰ আৰম্ভ কৰিব পাৰে। উন্নত দেশবোৰত, আগতীয়া চিকিৎসা সমস্যা সমাধান হোৱাৰ পিছত, বা মাতৃ এগৰাকীে স্তন্যপান কৰোৱাৰ বিষয়ে মন সলনি কৰাৰ বাবে পুনৰ স্তন্যপান কৰাটো সচৰাচৰ সংঘটিত এক সাধাৰণ বিষয়। সম্প্ৰসাৰিত স্তন্যপান সম্প্ৰসাৰিত স্তন্যপান ৰ অৰ্থ হৈছে উৎসৰ ওপৰত নিৰ্ভৰ কৰি ১২ বা ২৪ মাহ বয়সৰ পিছত স্তন্যপান কৰোৱা। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু গ্ৰেট ব্ৰিটেইনৰ দৰে পশ্চিমীয়া দেশবোৰত, সম্প্ৰসাৰিত স্তন্যপান তুলনামূলকভাৱে অস্বাভাৱিক আৰু ই সমালোচনাৰ সৃষ্টি কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত, ২২.৪% শিশুক ১২ মাহৰ বাবে স্তন্যপান কৰোৱা হয়, যি হৈছে আমেৰিকান একাডেমী অফ পেডিয়াট্ৰিস্কৰ দ্বাৰা প্ৰকাশিত নিম্নতম সময়। ভাৰতত, মাতৃসকলে সাধাৰণতে ২ৰ পৰা ৩ বছৰ পৰ্যন্ত স্তন্যপান কৰায়। তথ্যসূত্ৰ স্বাস্থ্য
41004
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%95%E0%A6%BE%E0%A6%AA%20%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%87%E0%A6%9F%20%E0%A7%A8%E0%A7%A6%E0%A7%A8%E0%A7%A9
বিশ্বকাপ ক্ৰিকেট ২০২৩
বিশ্বকাপ ক্ৰিকেট ২০২৩ হৈছে ২০২৩ চনত ভাৰতত আয়োজিত হোৱা এক ক্ৰীড়া প্ৰতিযোগিতা। ২০১৩ চনৰ জুন মাহত অনুষ্ঠিত এক সভাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদে এই প্ৰতিযোগিতাখন ভাৰতত পতাৰ সিদ্ধান্ত লয়। ই হৈছে ত্ৰয়োদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট, ভাৰতে চতুৰ্থ বাৰৰ বাবে আয়োজন কৰে। ১৯৮৭ চনত (পাকিস্তানৰ সৈতে), ১৯৯৬ চনত (পাকিস্তান আৰু শ্ৰীলংকাৰ সৈতে) আৰু ২০১১ চনত (শ্ৰীলংকা আৰু বাংলাদেশৰ সৈতে) চনত যুটীয়াভাৱে তিনিবাৰ বিশ্বকাপ ক্ৰিকেট আয়োজন কৰাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতে এককভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে। গ্ৰুপ পৰ্ব পইণ্টৰ তালিকা গ্ৰুপ পৰ্যায়ত বিভিন্ন দেশৰ প্ৰদৰ্শন ভাৰত ০৮/১০/২০২৩ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ। ০৮/১০/২০২৩ আফগানিস্তানৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ। ১৪/১০/২০২৩ পাকিস্তানৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ। ১৯/১০/২০২৩ বাংলাদেশৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ। ২২/১০/২০২৩ নিউজিলেণ্ডৰ বিৰুদ্ধে ৪ উইকেটত জয়লাভ। ২৯/১০/২০২৩ ইংলেণ্ডৰ বিৰুদ্ধে ১০০ ৰাণত জয়লাভ। ০২/১১/২০২৩ শ্ৰীলংকাৰ বিৰুদ্ধে মেচ। ০৫/১১/২০২৩ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচ। ১২/১১/২০২৩ নেদাৰলেণ্ডৰ বিৰুদ্ধে মেচ। দক্ষিণ আফ্ৰিকা ০৭/১০/২০২৩ শ্ৰীলংকাৰ বিৰুদ্ধে ১০২ ৰাণত জয়লাভ। ১২/১০/২০২৩ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৩৪ ৰাণত জয়লাভ। ১৭/১০/২০২৩ নেদাৰলেণ্ডৰ হাতত ৩৮ ৰাণত পৰাস্ত। ২১/১০/২০২৩ ইংলেণ্ডৰ বিৰুদ্ধে ২২৯ ৰাণত জয়লাভ। ২৪/১০/২০২৩ বাংলাদেশৰ বিৰুদ্ধে ১৪৯ ৰাণত জয়লাভ। ২৭/১০/২০২৩ পাকিস্তানৰ বিৰুদ্ধে ১ উইকেটত জয়লাভ। ০১/১১/২০২৩ নিউজিলেণ্ডৰ বিৰুদ্ধে মেচ। ০৫/১১/২০২৩ ভাৰতৰ বিৰুদ্ধে মেচ। ১০/১১/২০২৩ আফগানিস্তানৰ বিৰুদ্ধে মেচ। নিউজিলেণ্ড ০৫/১০/২০২৩ ইংলেণ্ডৰ বিৰুদ্ধে ৯ উইকেটত জয়লাভ। ০৯/১০/২০২৩ নেদাৰলেণ্ডৰ বিৰুদ্ধে ৯৯ ৰাণত জয়লাভ। ১৩/১০/২০২৩ বাংলাদেশৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ। ১৮/১০/২০২৩ আফগানিস্তানৰ বিৰুদ্ধে ১৪৯ ৰাণত জয়লাভ। ২২/১০/২০২৩ ভাৰতৰ হাতত ৪ উইকেটত পৰাস্ত। ২৮/১০/২০২৩ অষ্ট্ৰেলিয়াৰ হাতত ৫ ৰাণত পৰাস্ত। ০১/১১/২০২৩ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচ। ০৪/১১/২০২৩ পাকিস্তানৰ বিৰুদ্ধে মেচ। ০৯/১১/২০২৩ শ্ৰীলংকাৰ বিৰুদ্ধে মেচ। অষ্ট্ৰেলিয়া ০৮/১০/২০২৩ ভাৰতৰ হাতত ৬ উইকেটত পৰাস্ত। ১২/১০/২০২৩ দক্ষিণ আফ্ৰিকাৰ হাতত ১৩৪ ৰাণত পৰাস্ত। ১৬/১০/২০২৩ শ্ৰীলংকাৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ। ২০/১০/২০২৩ পাকিস্তানৰ বিৰুদ্ধে ৬২ ৰাণত জয়লাভ। ২৫/১০/২০২৩ নেদাৰলেণ্ডৰ বিৰুদ্ধে ৩০৯ ৰাণত জয়লাভ। ২৮/১০/২০২৩ নিউজিলেণ্ডৰ বিৰুদ্ধে ৫ ৰাণত জয়লাভ। ০৪/১১/২০২৩ ইংলেণ্ডৰ বিৰুদ্ধে মেচ। ০৭/১১/২০২৩ আফগানিস্তানৰ বিৰুদ্ধে মেচ। ১১/১১/২০২৩ বাংলাদেশৰ বিৰুদ্ধে মেচ। পাকিস্তান ০৬/১০/২০২৩ নেদাৰলেণ্ডৰ বিৰুদ্ধে ৮১ ৰাণত জয়লাভ। ১০/১০/২০২৩ শ্ৰীলংকাৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ। ১৪/১০/২০২৩ ভাৰতৰ হাতত ৭ উইকেটত পৰাস্ত। ২০/১০/২০২৩ অষ্ট্ৰেলিয়াৰ হাতত ৬২ ৰাণত পৰাস্ত। ২৩/১০/২০২৩ আফগানিস্তানৰ হাতত ৮ উইকেটত পৰাস্ত। ২৭/১০/২০২৩ দক্ষিণ আফ্ৰিকাৰ হাতত ১ উইকেটত পৰাস্ত। ৩১/১০/২০২৩ বাংলাদেশৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ। ০৪/১১/২০২৩ নিউজিলেণ্ডৰ বিৰুদ্ধে মেচ। ১১/১১/২০২৩ ইংলেণ্ডৰ বিৰুদ্ধে মেচ। আফগানিস্তান ০৭/১০/২০২৩ বাংলাদেশৰ হাতত ৬ উইকেটত পৰাস্ত। ১১/১০/২০২৩ ভাৰতৰ হাতত ৮ উইকেটত পৰাস্ত। ১৫/১০/২০২৩ ইংলেণ্ডৰ বিৰুদ্ধে ৬৯ ৰাণত জয়লাভ। ১৮/১০/২০২৩ নিউজিলেণ্ডৰ হাতত ১৪৯ ৰাণত পৰাস্ত। ২৩/১০/২০২৩ পাকিস্তানৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ। ৩০/১০/২০২৩ শ্ৰীলংকাৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ। ০৩/১১/২০২৩ নেদাৰলেণ্ডৰ বিৰুদ্ধে মেচ। ০৭/১১/২০২৩ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচ। ১০/১১/২০২৩ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচ। নেদাৰলেণ্ড ০৬/১০/২০২৩ পাকিস্তানৰ হাতত ৮১ ৰাণত পৰাস্ত। ০৯/১০/২০২৩ নিউজিলেণ্ডৰ হাতত ৯৯ ৰাণত পৰাস্ত। ১৭/১০/২০২৩ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩৮ ৰাণত জয়লাভ। ২১/১০/২০২৩ শ্ৰীলংকাৰ হাতত ৫ উইকেটত পৰাস্ত। ২৫/১০/২০২৩ অষ্ট্ৰেলিয়াৰ হাতত ৩০৯ ৰাণত পৰাস্ত। ২৮/১০/২০২৩ বাংলাদেশৰ বিৰুদ্ধে ৮৭ ৰাণত জয়লাভ। ০৩/১১/২০২৩ আফগানিস্তানৰ বিৰুদ্ধে মেচ। ০৮/১১/২০২৩ ইংলেণ্ডৰ বিৰুদ্ধে মেচ। ১২/১১/২০২৩ ভাৰতৰ বিৰুদ্ধে মেচ। শ্ৰীলংকা ০৭/১০/২০২৩ দক্ষিণ আফ্ৰিকাৰ হাতত ১০২ ৰাণত পৰাস্ত। ১০/১০/২০২৩ পাকিস্তানৰ হাতত ৬ উইকেটত পৰাস্ত। ১৬/১০/২০২৩ অষ্ট্ৰেলিয়াৰ হাতত ৫ উইকেটত পৰাস্ত। ২১/১০/২০২৩ নেদাৰলেণ্ডৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ। ২৬/১০/২০২৩ ইংলেণ্ডৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ। ৩০/১০/২০২৩ আফগানিস্তানৰ হাতত ৭ উইকেটত পৰাস্ত। ০২/১১/২০২৩ ভাৰতৰ বিৰুদ্ধে মেচ। ০৬/১১/২০২৩ বাংলাদেশৰ বিৰুদ্ধে মেচ। ০৯/১১/২০২৩ নিউজিলেণ্ডৰ বিৰুদ্ধে মেচ। ইংলেণ্ড ০৫/১০/২০২৩ নিউজিলেণ্ডৰ হাতত ৫ উইকেটত পৰাস্ত। ১০/১০/২০২৩ বাংলাদেশৰ বিৰুদ্ধে ১৩৭ ৰাণত জয়লাভ। ১৫/১০/২০২৩ আফগানিস্তানৰ হাতত ৬৯ ৰাণত পৰাস্ত। ২১/১০/২০২৩ দক্ষিণ আফ্ৰিকাৰ হাতত ২২৯ ৰাণত পৰাস্ত। ২৬/১০/২০২৩ শ্ৰীলংকাৰ হাতত ৮ উইকেটত পৰাস্ত। ২৯/১০/২০২৩ ভাৰতৰ হাতত ১০০ ৰাণত পৰাস্ত। ০৪/১১/২০২৩ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচ। ০৮/১১/২০২৩ নেদাৰলেণ্ডৰ বিৰুদ্ধে মেচ। ১১/১১/২০২৩ পাকিস্তানৰ বিৰুদ্ধে মেচ। বাংলাদেশ ০৭/১০/২০২৩ আফগানিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ। ১০/১০/২০২৩ ইংলেণ্ডৰ হাতত ১৩৭ ৰাণত পৰাস্ত। ১৩/১০/২০২৩ নিউজিলেণ্ডৰ হাতত ৮ উইকেটত পৰাস্ত। ১৯/১০/২০২৩ ভাৰতৰ হাতত ৭ উইকেটত পৰাস্ত। ২৪/১০/২০২৩ দক্ষিণ আফ্ৰিকাৰ হাতত ১৪৯ ৰাণত পৰাস্ত। ২৮/১০/২০২৩ নেদাৰলেণ্ডৰ হাতত ৮৭ ৰাণত পৰাস্ত। ৩১/১০/২০২৩ পাকিস্তানৰ হাতত ৭ উইকেটত পৰাস্ত। ০৬/১১/২০২৩ শ্ৰীলংকাৰ বিৰুদ্ধে মেচ। ১১/১১/২০২৩ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেচ। তথ্য সংগ্ৰহ
72590
https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%A3%E0%A7%8D%E0%A6%A1%27%E0%A6%9C%20%E0%A7%A7%E0%A7%A7
ৱিণ্ড'জ ১১
ৱিণ্ড'জ ১১ হৈছে মাইক্ৰ'ছফ্টদ্বাৰা বিকশিত ৱিণ্ড'জ এন টি অপাৰেটিং ছিষ্টেমৰ এক উল্লেখযোগ্য সংস্কৰণ যাৰ ঘোষণা ২০২১ চনৰ ২৪ জুনত কৰা হয়। ই ছবছৰ আগতে মুক্তি লাভ কৰা ৱিণ্ড'জ ১০ৰ নৱসংস্কৰণ যি ২০২১ চনৰ শেষৰ ফালে মুক্তি লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। ৱিণ্ড'জ ১১ সুসংগত ৱিণ্ড'জ ১০ ডিভাইচসমূহত ৱিণ্ড'জ আপডে'টৰ জৰিয়তে বিনামূলীয়া আপগ্ৰেড হিচাপে উপলব্ধ হ'ব। বিকাশ ২০১৫ চনৰ ইগনাইট সন্মিলনত মাইক্ৰ'ছফ্টৰ কৰ্মচাৰী জেৰী নিক্সনে উল্লেখ কৰিছিল যে ৱিণ্ড'জ ১০ "ৱিণ্ড'জৰ অন্তিম সংস্কৰণ" হ'ব আৰু মাইক্ৰ'ছফ্টে নিশ্চিত কৰা এক বিবৃতিত একেই কথা প্ৰকাশ পাইছিল। অপাৰেটিং ছিষ্টেমটো এক সেৱাৰূপে বিবেচিত হৈছিল যিয়ে সময়ে-সময়ে নতুন নতুন বিল্ড আৰু আপডে'ট লাভ কৰি থাকিব। অৱশ্যে ২০২১ চনৰ জানুৱাৰী মাহত মাইক্ৰ'ছফ্টে ৱিণ্ড'জৰ "ব্যাপক পুনৰুজ্জীৱিতকৰণ"ৰ কথা উল্লেখ কৰি চাকৰিৰ তালিকা প'ষ্ট কৰাৰ পিচত ৱিণ্ড'জৰ নতুন সংস্কৰণ বা পুনৰ্নিৰ্মাণৰ কথাক লৈ জল্পনা-কল্পনা আৰম্ভ হয়। "ছান ভেলী" সাংকেতিক নামৰ অধীনত বিকশিত ৱিণ্ড'জৰ এক দৃষ্টিসংক্ৰান্ত নৱীকৰণে প্ৰণালীটোৰ ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠৰ আধুনিকীকৰণ কৰিব বুলি জনা গৈছিল। ঘোষণা মাইক্ৰ'ছফ্ট বিল্ড ২০২১ৰ বিকাশকাৰী সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ সত্য নাডেলাই তেওঁৰ মূল বক্তব্যৰ সময়ত ৱিণ্ড'জৰ পৰৱৰ্তী সংস্কৰণৰ কথা উল্লেখ কৰে। তেওঁ এয়াও উল্লেখ কৰে যে অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰা হ'ব। নাডেলাৰ মূল বক্তব্যৰ এসপ্তাহ পিচতেই মাইক্ৰ'ছফ্টে ২৪ জুন, ২০২১ তাৰিখে প্ৰাচ্য সময়-মণ্ডলৰ পুৱা ১১ বজাত ৱিণ্ড'জৰ এক সমৰ্পিত সংবাদ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ প্ৰেৰণ কৰা আৰম্ভ কৰে। মাইক্ৰ'ছফ্টে ১০ জুনত ইউটিউবত ৱিণ্ড'জৰ ষ্টাৰ্ট-আপ ধ্বনিৰ এটা ১১ মিনিটৰ ভিডিঅ' প'ষ্ট কৰিছিল য'ত বহুলোকে মাইক্ৰ'ছফ্টৰ অনুষ্ঠান আৰু ৱিণ্ড'জৰ ষ্টাৰ্ট-আপ ধ্বনিৰ ভিডিঅ'টোৰ দৈৰ্ঘ্য দুয়োটাই অপাৰেটিং ছিষ্টেমটোৰ নাম ৱিণ্ড'জ ১১ক সূচোৱা বুলি চিন্তা-চৰ্চা কৰে। ২৪ জুন, ২০২১ তাৰিখে মুখ্য উৎপাদন বিষয়া পান'ছ পানায়দ্বাৰা আয়োজিত এক ভাৰ্চুৱেল অনুষ্ঠানত ৱিণ্ড'জ ১১ৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। নাডেলাৰ মতে ৱিণ্ড'জ ১১ "অপাৰেটিং ছিষ্টেমৰ পুনৰ্কল্পনা"। একেদিনাই আন এক বিকাশকৰ্তা-কেন্দ্ৰীক অনুষ্ঠানত বিকাশকসকলৰ বাবে অধিক সবিশেষ যেনে- মাইক্ৰ'ছফ্ট ষ্ট'ৰৰ আপডে'ট, নতুন ৱিণ্ড'জ এপ্ এছডিকে (সাংকেতিক নাম- "প্ৰজেক্ট ৰিইউনিয়ন"), নতুন সাবলীল ডিজাইন গাইডলাইন আৰু আন বহুতো কথা আলোচনা কৰা হয়। উন্মোচন ২০২১ চনৰ জুন মাহত ৱিণ্ড'জ ১১ নামটো ভুলক্ৰমে মাইক্ৰ'ছফ্টৰ সাহায্য নথিপত্ৰ এখনত মুকলি কৰা হয়। ৱিণ্ড'জ ১১ৰ ডেস্কটপৰ কথিত বিটা বিল্ডৰ লীক হোৱা কেইখনমান ছবি ২০২১ চনৰ জুন মাহত ইণ্টাৰনেটত প্ৰকাশ পায়, যাৰ পিচত একেদিনাই ওপৰোক্ত বিল্ডটো লীক হয়। স্ক্ৰীণশ্বট আৰু লীক হোৱা বিল্ডটোত বাতিল কৰা ৱিণ্ড'জ ১০এক্স-ৰ দৰেই এক আন্তঃপৃষ্ঠৰ লগতে পুনৰ ডিজাইন কৰা আউট-অফ-বক্স অভিজ্ঞতা (অ' অ' বি ই) আৰু ৱিণ্ড'জ ১১ৰ ব্ৰেণ্ডিং দেখা যায়। মাইক্ৰ'ছফ্টে পিচত লীক হোৱা বিটা সংস্কৰণটোৰ সত্যতা নিশ্চিত কৰে য'ত পানায়ে উল্লেখ কৰে যে সেইটো "প্ৰাৰম্ভিক অদ্ভুত বিল্ড" আছিল। ২৪ জুনৰ সংবাদ অনুষ্ঠানত মাইক্ৰ'ছফ্টে কোনো সঠিক তাৰিখ নিদিয়াকৈয়ে "২০২১ৰ বন্ধৰ দিন"ত ৱিণ্ড'জ ১১ মুকলি কৰা হ'ব বুলি ঘোষণাও কৰে। ইয়াৰ মুক্তিৰ লগতে সুসংগত ৱিণ্ড'জ ১০ ডিভাইচসমূহত বিনামূলীয়া আপগ্ৰেড প্ৰদান কৰা হ'ব। ২৮ জুনত মাইক্ৰ'ছফ্টে ৱিণ্ড'জ ইনছাইডাৰত প্ৰথম প্ৰিভিউ বিল্ড আৰু ৱিণ্ড'জ ১১ৰ এছডিকে মুকলি কৰাৰ কথা ঘোষণা কৰে। বৈশিষ্ট্যসমূহ ২০১৫ চনত মুক্তি লাভ কৰা ৱিণ্ড'জ ১০ৰ পাচত ৱিণ্ড'জৰ আন এক উল্লেখযোগ্য সংস্কৰণ ৱিণ্ড'জ ১১ মাইক্ৰ'ছফ্টৰ নতুন সবলীল ডিজাইন গাইডলাইন অনুসৰি ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ পুনৰ্নিৰ্মাণ কৰি ইয়াৰ পূৰ্ব-সংস্কৰণৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে। ব্যৱহাৰৰ সহজতা আৰু নমনীয়তাৰ ওপৰত গুৰুত্ব দিয়া পুনৰ্নিৰ্মিত সংস্কৰণটোত নতুন উৎপাদনশীলতা আৰু সামাজিক সা-সুবিধাৰ লগতে সুৰক্ষা আৰু অভিগম্যতাৰ উন্নতিসাধন প্ৰদান কৰা হৈছে যিয়ে ৱিণ্ড'জ ১০ৰ কিছুমান অসুবিধা দূৰ কৰিছে। এপ্ আৰু অন্যান্য সমলৰ কেন্দ্ৰ হিচাপে কাম কৰা মাইক্ৰ'ছফ্ট ষ্ট'ৰ ৱিণ্ড'জ ১১ত পুনৰ ডিজাইন কৰা হৈছে। মাইক্ৰ'ছফ্টে এতিয়া বিকাশকাৰীসকলক মান্য ইউনিভাৰ্চেল ৱিণ্ড'জ প্লেটফৰ্ম ছৰ সৈতে মাইক্ৰ'ছফ্ট ষ্ট'ৰত ৱিন৩২, প্ৰগতিশীল ৱেব এপ্লিকেশ্যন আৰু অন্যান্য পেকেজিং প্ৰযুক্তি বিতৰণ কৰিবলৈ অনুমতি দিয়ে। সহযোগিতাৰ মঞ্চ মাইক্ৰ'ছফ্ট ছ ৱিণ্ড'জ ১১ৰ ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠত একত্ৰিত কৰা হৈছে আৰু টাস্কবাৰৰ জৰিয়তে পাব পাৰি। এতিয়া আৰু স্কাইপ অবিকল্পিতভাৱে অ'এছ-ৰ সৈতে প্ৰদান কৰা নহ'ব। মাইক্ৰ'ছফ্টে আপডে'টৰ সৰু আকাৰ, "যিকোনো ব্ৰাউজাৰ"ত দ্ৰুত ৱেব ব্ৰাউজিং, দ্ৰুতগতিত নিদ্ৰা ম'ডৰ জাগ্ৰত হোৱা আৰু দ্ৰুত ৱিণ্ড'জ হেল' প্ৰমাণীকৰণৰ দৰে কাৰ্যক্ষমতাৰ উন্নতিসাধনৰ প্ৰচাৰ কৰিছে। উন্নত এক্সবক্স এপটো ৱিণ্ড'জ ১১ৰ সৈতে প্ৰদান কৰা হৈছে। এক্সবক্স ছিৰীজ এক্স আৰু ছিৰীজ এছ-এ আগবঢ়োৱা স্বয়ং এইচ ডি আৰ আৰু ডাইৰেক্টষ্ট'ৰেজ প্ৰযুক্তি ৱিণ্ড'জ ১১ত একত্ৰিত কৰা হ'ব; পিচৰ সংস্কৰণত ডিৰেক্টএক্স ১২ আলটিমেট সমৰ্থন কৰা গ্ৰাফিক্স কাৰ্ড আৰু কমেও ১ টেৰাবাইটৰ ছ'লিড-ষ্টে'ট ড্ৰাইভৰ প্ৰয়োজন। ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ অপাৰেটিং ছিষ্টেমজুৰি পুনৰ ডিজাইন কৰা ইণ্টাৰফে'চ দেখা গৈছে; সমগ্ৰ ইউআই-জুৰি অৰ্দ্ধস্বচ্ছতা, ছাঁ, ৰঙৰ নতুন পেলেট আৰু বৃত্তাকাৰ জ্যামিতি প্ৰচলিত। টাস্কবাৰৰ বুটামবোৰ অবিকল্পিতভাৱে কেন্দ্ৰ-সংৰেখিত, আৰু নতুন "ৱিজেট" বুটামটোৱে মাইক্ৰ'ছফ্ট সংবাদদ্বাৰা চালিত বাতৰি সংগ্ৰহৰ (যি ৱিণ্ড'জ ১০ৰ পিচৰ বিল্ডসমূহত আগবঢ়োৱা "বাতৰি আৰু আগ্ৰহ" পেনেলৰ সম্প্ৰসাৰণ) লগতে ৱিজেটৰ এটা পেনেল দেখুৱায়। টাস্কবাৰটো স্থায়ীভাৱে স্ক্ৰীণৰ তলভাগত লাগি থাকে আৰু ৱিণ্ড'জ ১১ত স্ক্ৰীণৰ ওপৰ, বাওঁ বা সোঁকাষলৈ স্থানান্তৰ কৰিব নোৱাৰি (অথচ কেন্দ্ৰীভূত আইকনবোৰ বাওঁফালে স্থানান্তৰ কৰিব পাৰি)। আৰম্ভ মেন্যু গুৰুত্বপূৰ্ণভাৱে পুনৰ ডিজাইন কৰা হৈছে, ৱিণ্ড'জ ৮.এক্স আৰু ১০ৰ দ্বাৰা ব্যৱহৃত "লাইভ টাইল"ৰ সলনি "পিন কৰা" এপ্লিকেশ্যনৰ গ্ৰিড আৰু শেহতীয়া এপ্লিকেশ্যন আৰু নথিপত্ৰৰ এখন তালিকা দেখুওৱা হয়। ৱিণ্ড'জ ১০ত আগবঢ়োৱা টাস্ক ভিউ নামৰ এটা সুবিধাত এক সতেজ ডিজাইন দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো ভাৰ্চুৱেল ডেস্কটপত পৃথককৈ ওৱালপেপাৰ ৰাখিব পাৰি। ৱিণ্ড'জ স্নেপিং কাৰ্যক্ষমতা দুটা অতিৰিক্ত সুবিধাৰে উন্নত কৰা হৈছে; "স্নেপ লে'আউট"-এ ব্যৱহাৰকাৰীক এটা ডিছপ্লে'ত একাধিক ৱিণ্ড'জ টাইল কৰাৰ বাবে ব্যৱহাৰ কৰিব বিচৰা পূৰ্ব-নিৰ্ধাৰিত লে'আউট বাছনি কৰিবলৈ দিয়ে। ৱিণ্ড'জৰ টাইলযুক্ত সজ্জা মিনিমাইজ কৰি "স্নেপ গ্ৰুপ" হিচাপে টাস্কবাৰৰ পৰা পুনঃস্থাপন কৰিব পাৰি। ৱিণ্ড'জ ১১ত এটা নতুন ফণ্ট— ছীগ' ইউআই ভেৰিয়েবল যোগ কৰা হৈছে। ফণ্টটো প্ৰতি ইঞ্চিত অধিক পৰিমাণৰ বিন্দু থকা মনিটৰৰ সৈতে ভালদৰে সৰু-ডাঙৰ হ'বলৈ প্ৰস্তুত কৰা হৈছে, যি পুৰণি ছীগ' ইউআই-এ কৰিব নোৱাৰিছিল। ছিষ্টেমৰ অন্যান্য সাল-সলনিৰ ভিতৰত আছে নতুন ছিষ্টেম আইকন, এনিমেশ্যন, ধ্বনি আৰু ৱিজেট। সৰহভাগ ইণ্টাৰফে'চ আৰু আৰম্ভ মেন্যু এতিয়া বাতিল কৰা ৱিণ্ড'জ ১০এক্স-ৰ পৰা ঘাইকৈ অনুপ্ৰাণিত। ফাইল এক্সপ্ল'ৰাৰ আৰু ৱিণ্ড'জ ছেটিংছ এপতো নতুন ডিজাইন দেখিবলৈ পোৱা গৈছে। এণ্ড্ৰইডৰ বাবে ৱিণ্ড'জ ছাবছিষ্টেম ৱিণ্ড'জ ১১ত ব্যৱহাৰকাৰীসকলে এণ্ড্ৰইডৰ বাবে নতুন ৱিণ্ড'জ ছাবছিষ্টেম (ডব্লিউ এছ এ) আৰু এণ্ড্ৰইড মুক্ত উৎস প্ৰকল্প (এ অ' এছ পি) ব্যৱহাৰ কৰি তেওঁলোকৰ ডিভাইচত এণ্ড্ৰইড এপ্ ইনষ্টল কৰিব আৰু চলাব পাৰিব। এই বোৰ মাইক্ৰ'ছফ্ট ষ্ট'ৰৰ ভিতৰৰ পৰা আমাজন ষ্ট'ৰৰ জৰিয়তে প্ৰাপ্ত কৰিব পাৰি। এই সুবিধাটোৰ বাবে মাইক্ৰ'ছফ্ট একাউণ্ট, এটা এমাজন একাউণ্ট আৰু ৱিণ্ড'জ আমাজন ষ্ট'ৰ ক্লায়েণ্ট এবাৰ ইনষ্টল কৰিব লাগিব। ব্যৱহাৰকাৰীসকলে এণ্ড্ৰইড এপ্লিকেশ্যন পেকেজ (এ পি কে) ফাইল ফৰ্মেট ব্যৱহাৰ কৰি যিকোনো উৎসৰ জৰিয়তে এণ্ড্ৰইড এপ্ ইনষ্টল কৰিব পাৰে। ব্যৱস্থাপ্ৰণালীৰ সুৰক্ষা নিম্নতম ছিষ্টেম-প্ৰয়োজনীয়তাৰ অংশ হিচাপে ৱিণ্ড'জ ১১ কেৱল ট্ৰাষ্টেড প্লেটফৰ্ম মডিউল ২.০ সুৰক্ষা ক'প্ৰচেছৰ থকা ডিভাইচসমূহতহে চলে। মাইক্ৰ'ছফ্টৰ মতে ফাৰ্মৱেৰ আৰু হাৰ্ডৱেৰ আক্ৰমণৰ বিৰুদ্ধে সুৰক্ষাৰ বাবে টিপিএম ২.০ ক'প্ৰচেছৰ হৈছে এক "গুৰুত্বপূৰ্ণ বিল্ডিং ব্লক"। ইয়াৰ উপৰিও ৱিণ্ড'জ ১১ থকা ডিভাইচসমূহত মাইক্ৰ'ছফ্টক এতিয়া ড ছিকিউৰিটী (ভি বি এছ), হাইপাৰভাইজৰ-প্ৰ'টেক্টেড ক'ড ইণ্টিগ্ৰিটী (এইচ ভি চি আই) আৰু সুৰক্ষিত বুট অন্তৰ্নিৰ্মিত আৰু অবিকল্পিতভাৱে সক্ষম থকাটো প্ৰয়োজনীয়। অপাৰেটিং ছিষ্টেমটোত শূণ্য-দিনীয়া আক্ৰমণৰ বিৰুদ্ধে সুৰক্ষাৰ প্ৰদান কৰিবলৈ সমৰ্থিত ইণ্টেল আৰু এএমডি প্ৰচেছৰৰ বাবে ড ষ্টেক সুৰক্ষাও আছে। পূৰ্বৰ সংস্কৰণৰ দৰেই ৱিণ্ড'জ ১১তো ৱিণ্ড'জ হেল'ৰ জৰিয়তে বহু-কাৰক প্ৰমাণীকৰণ আৰু বায়'মেট্ৰিক প্ৰমাণীকৰণ সমৰ্থিত। বিএছঅ'ডি-ৰ ৰং পৰিৱৰ্তন যদিও এইটো মাইক্ৰ'ছফ্টদ্বাৰা নিশ্চিত কৰা হোৱা নাই আৰু পূৰ্বলোকন সংস্কৰণৰ ত্ৰুটি হ'ব পাৰে, কেইবাটাও ৱেবছাইটে জনাইছে যে ৱিণ্ড'জ ১১ৰ বিএছঅ'ডি-ৰ ৰং ক'লালৈ সলনি কৰা হৈছে। সংস্কৰণৰ ইতিহাস ৱিণ্ড'জ ১১ৰ প্ৰথম ৰাজহুৱা প্ৰিভিউ বিল্ড ২৮ জুন, ২০২১ তাৰিখে ৱিণ্ড'জ ইনছাইডাৰ্ছৰ ডেভ চেনেলত উপলব্ধ কৰোৱা হৈছিল। ছিষ্টেমৰ প্ৰয়োজনীয়তাসমূহ ৱিণ্ড'জ ১১ৰ প্ৰাথমিক ছিষ্টেম-প্ৰয়োজনীয়তা ৱিণ্ড'জ ১০ৰ দৰেই। অৱশ্যে ৱিণ্ড'জ ১১ত কেৱল 86-64 বা 64 প্ৰচেছৰ ব্যৱহাৰ কৰা ছিষ্টেমসমূহৰ দৰে ৬৪-বিট ছিষ্টেমসমূহৰহে সমৰ্থন আছে; -32 প্ৰচেছৰৰ বাবে সমৰ্থন আঁতৰোৱা হৈছে। নিম্নতম ৰেম আৰু সঞ্চয়াগাৰৰ প্ৰয়োজনীয়তাও বৃদ্ধি কৰা হৈছে; ৱিণ্ড'জ ১১ত এতিয়া কমেও ৪ জিবি ৰেম আৰু ৬৪ জিবি সঞ্চয়াগাৰৰ প্ৰয়োজন। ম'ড কেৱল ৱিণ্ড'জ ১১ৰ হ'ম সংস্কৰণৰ বাবে সমৰ্থিত। ২০২১ চনৰ জুন মাহলৈকে কেৱল ইণ্টেল ক'ৰ থ জেনেৰেশ্যন (কফি লে'ক, হুইস্কী লে'ক) আৰু পিচৰ সংস্কৰণ, এএমডি জেন+ (ৰাইজেন ফাৰ্ষ্ট জেন "এএফ" ৰিভিজ্যনৰ বাহিৰে) আৰু পিছৰ সংস্কৰণ আৰু কুৱালকম স্নেপড্ৰেগন ৮৫০ আৰু পিছৰ প্ৰচেছৰসমূহ আনুষ্ঠানিকভাৱে সমৰ্থিত। লিগেচী এতিয়া আৰু সমৰ্থিত নহয়; এতিয়া সুৰক্ষিত বুট থকা ছিষ্টেম আৰু টিপিএম ২.০ সুৰক্ষা ক'প্ৰচেছৰৰ প্ৰয়োজন। বিশেষকৈ টিপিএম-ৰ প্ৰয়োজনীয়তাই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে কিয়নো বহুতো মাদাৰব'ৰ্ডত টিপিএম সমৰ্থন নাই, মাদাৰব'ৰ্ডত শাৰীৰিকভাৱে ইনষ্টল কৰিবলৈ এটা সুসংগত টিপিএম মডিউলৰ প্ৰয়োজন অথবা চিপিইউ ফাৰ্মৱেৰ বা হাৰ্ডৱেৰ স্তৰত এটা অন্তৰ্নিৰ্মিত টিপিএম থাকিব লাগিব যি অবিকল্পিতভাৱে নিষ্ক্ৰিয় কৰা থাকে যাৰ বাবে কম্পিউটাৰৰ -ত ছেটিংছ সলনি কৰিব লাগে। মূল সাজ-সৰঞ্জাম নিৰ্মাতাসকলে তথাপি মাইক্ৰ'ছফ্টৰ অনুমোদনৰ পিচত টিপিএম ২.০ ক'প্ৰচেছৰ অবিহনে কম্পিউটাৰ প্ৰেৰণ কৰিব পাৰে। ইনষ্টলেশ্যন মিডিয়া সম্পাদনা কৰি লিগেচী -ত বা সুৰক্ষিত বুট বা টিপিএম 2.0 অবিহনে ৱিণ্ড'জ ১১ ইনষ্টল কৰিব পাৰি। অভ্যৰ্থনা উন্মোচনৰ পূৰ্বে পূৰ্বলোকন সংস্কৰণ প্ৰকাশ পোৱাৰ পিচত ৱিণ্ড'জ ১১এ ইতিবাচক সঁহাৰি লাভ কৰিছে য'ত সমালোচকসকলে নতুন ডিজাইন আৰু উৎপাদনশীলতাৰ সুবিধাসমূহৰ প্ৰশংসা কৰিছে, অৱশ্যে ৱিণ্ড'জ ১১ৰ নিম্নতম ছিষ্টেম-প্ৰয়োজনীয়তাক লৈ অনিচ্ছাকৃতভাৱে বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে মাইক্ৰ'ছফ্টক সমালোচনা কৰা হৈছে। মাইক্ৰ'ছফ্টে আৰম্ভণিতে প্ৰকাশ কৰা বৰ্ধিত ছিষ্টেম-প্ৰয়োজনীয়তা (ৱিণ্ড'জ ১০ৰ তুলনাত) অনুসৰি দেখা গৈছিল যে বৰ্তমানৰ ৱিণ্ড'জ ১০ পিচি-ৰ প্ৰায় ৬০ শতাংশই ৱিণ্ড'জ ১১লৈ আপগ্ৰেড কৰিব নোৱাৰিব। লগতে চাওক তথ্য সংগ্ৰহ ছফ্টৱেৰ অপাৰেটিং
30139
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0%20%E0%A6%AE%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AF%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7
বাংলাদেশৰ মুক্তিযুদ্ধ
শীতল যুদ্ধ ২৬ মাৰ্চ ১৬ ডিচেম্বৰ, ১৯৭১ পূব পাকিস্তান পূব পাকিস্তানৰ পৰা বাংলাদেশ 1 বাংলাদেশ মুক্তি বাহিনী ভাৰত (যুদ্ধত যোগদান: ৩ ডিচেম্বৰ, ১৯৭১) 2 পাকিস্তান 1 2 1 30</ 250,000 2 365,000 ~250,000 নামেৰে এক হিংসুক আৰু দমনকাৰী সেনা অভিযান আৰম্ভ কৰে। পাক সেনাৰ এই নিৰ্মম দমনে পূব পাকিস্তানৰ আৱামী লীগ দলৰ নেতা শ্বেখ মুজিবুৰ ৰহমানক ১৯৭১ চনৰ ২৬ মাৰ্চ তাৰিখে পূ্ব পাকিস্তানক বাংলাদেশ নামেৰে এক স্বাধীন ৰাষ্ট্ৰ হিচাবে ঘোষণাকৰিবলৈ বাধ্য কৰায়। পাকিস্তানী ৰাষ্ট্ৰপতি য়াহায়া খানে পাক সেনাক পূ্ব পাকিস্তানৰ কৰ্তৃত্ব বাহাল কৰিবলৈ আদেশ দিয়ে আৰু তাৰ ফলত পূ্ব আৰু পশ্চিম পাকিস্তানৰ মাজত গৃহযুদ্ধৰ সূচনা হয়। পৰিণতি স্বৰূপে পূব পাকিস্তানৰ পৰা ভাৰতৰ পূব অংশলৈ অগণন (প্ৰায় ১০ হাজাৰ বুলি অনুমান কৰা যায়) ভগনীয়া শৰণাৰ্থীৰ প্ৰব্ৰজন হ'বলৈ আৰম্ভ কৰে। এই মানৱীয় আৰু অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ ভাৰতে মুক্তি বাহিনী নামেৰে জনাজাত বাংলাদেশৰ বিদ্ৰোহী বাহিনীক সক্ৰিয়ভাৱে সহায়-সহযোগ দিয়া আৰম্ভ কৰে। ভাষা বিবাদ ১৯৪৮ চনত পাকিস্তানৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল মহম্মদ আলি জিন্নাই ঢাকাত (তেতিয়া ইংৰাজীত ঘোষণা কৰে কেৱল মাত্ৰ উৰ্দুহে সমগ্ৰ পাকিস্তানৰ বাবে সাধাৰণ ভাষা হ'ব। বিষয়টো বিবদমান হৈ পৰে। উৰ্দু ভাষা পশ্চিমত কেৱল মুহাজিৰসকলে আৰু পূবত বিহাৰীসকলেহে কয় যদিও চাৰ খাজা চালিমুল্লাহ, চাৰ চৈয়দ আহমদ খান, নৱাব ভিকাৰ-উল-মলিক আৰু মৌলবী আব্দুল হক আদিৰ দৰে ধৰ্মীয় আৰু ৰাজনৈতিক নেতাসকলে ভাৰতীয় মুছলমানসকলৰ লিংগা ফ্ৰাংকা হিচাবে পৃষ্ঠপোষকতা কৰিছিল। ভাৰতীয় মুছলমানসকলৰ বাবে উৰ্দুৰ বিশেষ তাৎপৰ্য্য আছিল যিহেতু হিন্দী আৰু দেৱনাগৰী লিপি ভাৰতীয় হিন্দু সংস্কৃতিৰ মূল আধাৰ বুলি ভবা হৈছিল। ১৯৫৬ ত পশ্চিম পাকিস্তানৰ বেচিভাগ অংশতে পঞ্জাবী ভাষা কোৱা হৈছিল আৰু পূববংগত মুখ্যতঃ বঙালী ভাষা কোৱা হৈছিল। পশ্চিমৰ সংখ্যাগৰিষ্ঠ পঞ্জাবী ভাষীসকলে এই কথা মানি ল'লে যদিও পূব পাকিস্তানত ইয়াৰ বিৰোধিতা হ'ল আৰু ক্ৰমে এই বিবাদে আন্দোলনৰ ৰূপ ল'লে। বাংলাদেশত ছহীদ দিৱস বুলি পৰিগণিত হোৱা ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত পুলিচৰ হাতত কেইবাজননো ছাত্ৰ আৰু নাগৰিকে প্ৰাণ হেৰুৱালে। ১৯৯৯ চনত ইউনেস্ক'ই এই দিনটোক আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাবে মান্যতা দিয়ে। পশ্চিম পাকিস্তানত এই আন্দোলনক পাকিস্তানৰ জাতীয় স্বাৰ্থৰ পৰিপন্থী বিচ্ছিন্নতাবাদী বিদ্ৰোহ বুলি গণ্য কৰা হ'ল। পশ্চিম পাকিস্তানৰ ৰাজনৈতিক নেতাসকলে উৰ্দুক ভাৰতীয় মুছলমান পৰম্পৰাৰ অংগ হিচাবে মানিছিল, ফিল্ড মাৰ্শ্বাল আয়ুব খানে ১৯৬৭ চনত ক'বৰ দৰে, "পূব পাকিস্তানীসকল... এতিয়াও অনেকখিনি হিন্দু সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আছে। সকলোখিনি মিলাই পূব পাকিস্তানত ক্ষোভ বৃদ্ধি পালে আৰু ইও মুক্তি সংগ্ৰামৰ বাবে তেওঁলোকক উদগালে। বৈষম্য পূ্ব পাকিস্তানৰ জনসংখ্যা পশ্চিম পাকিস্তানকৈ অধিক আছিল যদিও পশ্চিম পাকিস্তানৰ ৰাজনৈতিক শক্তি বেছি আছিল আৰু সাধাৰণ বাজেটত বেছিকৈ আৰ্থিক প্ৰাধান্য পাইছিল। পাকিস্তানৰ সেনা বাহিনীত নিযুক্তিৰ ক্ষেত্ৰতো বাংলাদেশৰ ক্ষেত্ৰত বৈষম্য পৰিলক্ষিত হৈছিল। ১৯৬৫ চনৰ তথ্যমতে সেনাৰ বিভিন্ন বিভাগত বাংলাদেশৰ বিষয়া পৰ্য্যায়ৰ চাকৰিয়াল মাত্ৰ ৪% হে আছিল, তাৰো বেছিভাগেই কাৰিকৰী বা প্ৰশাসনিক হে আছিল। পশ্চিম পাকিস্তানত ধাৰণা আছিল যে বাঙালীসকল পাকিস্তানী পষ্টুন বা পঞ্জাবীসকলৰ দৰে সামৰিকভাবে উপযুক্ত নাছিল। অন্যান্য ক্ষেত্ৰতো, যেনে সামৰিক বাহিনীৰ ঠিকা, ক্ৰয় আদিতো বাঙালীসকলক বঞ্চিত কৰা হৈছিল। ১৯৬৫ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়তো বাঙালীসকলে ভাৰতৰ দ্ধাৰা আক্ৰমণৰ আশংকাত ভুগিছিল, কাৰণ সেই সময়ত পূব পাকিস্তানত এটা দুৰ্বল পদাতিক ডিভিজন আৰু ১৫খন যুঁজাৰু বিমানৰ বাহিৰে অন্যান্য প্ৰতিৰক্ষা ব্যৱস্থা, যেনে টেংক বাহিনী আদি মকৰল কৰা হোৱা নাছিল। ৰাজনৈতিক বৈষম্য পূব পাকিস্তানৰ জনসংখ্যা পশ্চিমতকৈ সামান্য বেছি আছিল যদিও পশ্চিম পাকিস্তানেহে ৰাজনৈতিক ক্ষমতাৰ সিংহভাগ উপভোগ কৰিছিল। তেওঁলোকে পূ্ব পাকিস্তানৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰভাৱ লাঘব কৰিবলৈ "একক গোট" নীতিৰ আধাৰত পশ্চিম পাকিস্তানক এখন ৰাজ্যৰ দৰে গণ্য কৰিছিল। ১৯৫১ চনত পাকিস্তানৰ প্ৰথম প্ৰধান মন্ত্ৰী লিয়াকৎ আলি খানৰ হত্যাৰ পাচত প্ৰধানমন্ত্ৰীৰ ক্ষমতা ধীৰে ধীৰে ৰাষ্ট্ৰপতিলৈ আৰু তাৰপাছত সেনালৈ হস্তান্তৰিত হ'বলৈ আৰম্ভ কৰিলে। ৰাষ্ট্ৰপতিৰ জৰিয়তে পাকিস্তানৰ শাসক সত্তাই নিয়মতান্ত্ৰিক শাসক প্ৰধানমন্ত্ৰীক সততে পদচ্যুত কৰিবলৈ আৰম্ভ কৰিলে। পূব পাকিস্তানে লক্ষ্য কৰিলে যে যিকোনো পূৰ্ব পাকিস্তানী নিৰ্বাচিত প্ৰধানমন্ত্ৰী, যেনে খাজা নাজিমুদ্দিন, মহম্মদ আলি বগ্ৰা, হুছেইন শাহীদ সুহৰাৱৰ্দী আদিক তৎকালে পদচ্যুত কৰা হৈছে। লগতে আয়ুব খান (২৭ অক্টোবৰ ১৯৫৮ ২৫ মাৰ্চ ১৯৬৯) আৰু য়াহায়া খান- (২৫ মাৰ্চ ১৯৬৯ ২০ ডিচেম্বৰ ১৯৭১) এই দুজনকৈ পশ্চিম পাকিস্তানী সৈনিক একনায়কৰ শাসন দেখি তেওঁলোকৰ সন্দেহ আৰু ঘনীভূত হ'বলৈ আৰম্ভ কৰিলে। ১৯৭০ চনত পৰিস্থিতি তুংগত উঠিল, যেতিয়া শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বাধীন পূব পাকিস্তানৰ সৰ্ববৃহৎ ৰাজনৈতিক দল আৱামী লীগে সাধাৰণ নিৰ্বাচনত বিপুলভাৱে জয়যুক্ত হ'ল। তেওঁলোকে পূব পাকিস্তানৰ বাবে সংৰক্ষিত ১৬৯খন আসনৰ ভিতৰত ১৬৭ খনত জয়যুক্ত হৈ মুঠ ৩১৩খন আসনেৰে পাকিস্তানী সংসদত সংখ্যাগৰিষ্ঠ দল হিচাবে প্ৰতীয়মান হ'ল। ইয়াৰ ফলত তেওঁলোকে সংসদত চৰকাৰ গঠনৰ অধিকাৰ লাভ কৰিলে। কিন্তু প্ৰাক্তন অধ্যাপক, সিন্ধী জাতিৰ ৰাজনেতা জুলফিকৰ আলি ভুট্টোৱে ৰহমানক প্ৰধানমন্ত্ৰিত্ব দিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পৰিবৰ্তে তেওঁ দুজন প্ৰধানমন্ত্ৰী থাকিব লাগে বুলি প্ৰস্তাব কৰিলে, এজন পূব আৰু অন্যজন পশ্চিম পাকিস্তানৰ বাবে। আগৰেপৰা "একক গোট" নামৰ সাংবিধানিক অপমূল্যায়নাত্মক নীতিৰ বিৰুদ্ধে বিক্ষুব্ধ পূব পাকিস্তানত ইয়াৰ ফলত আৰু ক্ষোভৰ সৃষ্টি হ'ল। তেওঁ ৰহমানৰ ছয় সূত্ৰ মানি ল'বলৈও অমান্তি হ'ল। ১৯৭১ চনৰ ৩ মাৰ্চ তাৰিখে দুইপক্ষৰ দুইজন নেতা জেনেৰেল য়াহায়া খানৰ উপস্থিতিত ঢাকাত আলোচনাৰ বাবে মিলিত হ'ল। আলোচনাৰ বিফলতাৰ পাছত ৰহমানে দেশজোৰা আন্দোলন ঘোষণা কৰিলে। গৃহযুদ্ধ হোৱাৰ আশংকাত ভুট্টোৱে তেওঁৰ বিশ্বাসী ড॰ মুবাশীৰ হুছেইনক ৰহমানক লগ কৰিবলৈ পঠায়। ৰহমানে ভুট্টোক দেখা কৰিবলৈ থিৰাং কৰিলে। অৱশ্যে সেনাবাহিনী এইবিষয়ে অৱগত নাছিল। ভুট্টোৱে কোনো সিদ্ধান্তলৈ আহিবলৈ ৰহমানক চাপ দিলে। ৭ মাৰ্চত অচিৰেই প্ৰধানমন্ত্ৰী হ'বলগা ৰহমানে ৰেচক'ৰ্চ গ্ৰাউণ্ডত (বৰ্তমান সুহাৰাৱৰ্দী উদ্যান) এক ভাষণ দিয়ে। ভাষণত ২৫ মাৰ্চত হ'বলগা জাতীয় সংসদৰ সভাত বিবেচনা কৰিবলৈ আৰু চাৰিটা দাবীৰ কথা উল্লেখ কৰে: সামৰিক শাসনৰ তৎকাল প্ৰত্যাহাৰ। সেনাৰ বেৰেকলৈ তৎকাল প্ৰত্যাৱৰ্তন। জীৱন হানি সমূহৰ তদন্ত। ২৫ মাৰ্চৰ সংসদৰ বৈঠকৰ আগতেই নিৰ্বাচিত প্ৰতিনিধিৰ হাতলৈ ক্ষমতাৰ হস্তান্তৰ। তেওঁ জনতাক প্ৰত্যেক ঘৰকে একোটা প্ৰতিৰোধৰ দুৰ্গলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়। ভাষণৰ শেষত তেওঁ কয়, "আমাৰ সংঘৰ্ষ আমাৰ মুক্তিৰ কাৰণে। আমাৰ সংঘৰ্ষ আমাৰ স্বাধীনতাৰ কাৰণে। "এই ভাষণেই জাতিটোক স্বাধীনতাৰ বাবে যুঁজিবলৈ উদ্বুদ্ধ কৰিলে বুলি গণ্য কৰা হয়। জেনেৰেল টিক্কা খানক পূব পাকিস্তানৰ গৱৰ্ণৰ হ'বৰ বাবে ঢাকালৈ লৈ অহা হ'ল। জাষ্টিচ ছিদ্দিকিকে ধৰি পূব পাকিস্তানী বিচাৰপতিসকলে তেওঁক শপত গ্ৰহণ কৰোৱাবলৈ অমান্তি হয়। ১০ আৰু ১৩ মাৰ্চৰ মাজৰ সময়চোৱাত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাই জৰুৰীকালীন ভাৱে "চৰকাৰী যাত্ৰী"ক ঢাকালৈ নিবৰ বাবে সকলো আন্তঃৰাষ্ট্ৰীয় সেৱা স্থগিত ৰাখে। "চৰকাৰী যাত্ৰী"সকল আচলতে সাধাৰণ পোচাক পিন্ধা পাকিস্তানী সৈন্যহে আছিল। খাৰ-বাৰুদ আৰু সৈনিক কঢ়িয়াই অনা এম ভি স্বাট নামৰ এখন জাহাজো চিতাগঙৰ বন্দৰলৈ পঠিওৱা হ'ল। কিন্তু শ্ৰমিকসকলে জাহাজৰ পৰা বস্তু নমাবলৈ সন্মত নহল। পূব পাকিস্তান ৰাইফলচৰ এটা গোটে বাঙালী শ্ৰমিকলৈ গুলি কৰিবলৈ দিয়া আদেশ অমান্য কৰি বাঙালী সৈন্যসকলৰ মাজতো বিদ্ৰোহৰ সূচনা কৰে। ১৯৭০ চাইক্ল'ন ১২ নৱেম্বৰ ১৯৭০ চনৰ দিনা ভোলা চাইক্ল'নে স্থানীয়ভাৱে জোৱাৰ অহা সময়তে পূব পাকিস্তানৰ তটৰেখা স্পৰ্শ কৰে ইয়াৰ ফলত অহা প্ৰচণ্ড ধুমুহাত প্ৰায় ৩ লাখৰ পৰা ৫ লাখ মানুহৰ প্ৰাণহানি হয়। হতাহতৰ সম্পূৰ্ণ হিচাপ নাথাকিলেও এই চাইক্ল'ন আজিলৈকে নথিভুক্ত হোৱা সৰ্ববৃহৎ ক্ৰান্তীয় চাইক্ল'ন আছিল। ইয়াৰ এসপ্তাহৰ পাছত ৰাষ্ট্ৰপতি খানে এই দুৰ্য্যোগৰ প্ৰকৃত মাত্ৰাৰ বুজ নোপোৱাৰ বাবে সাহায্য দিওঁতে চৰকাৰৰ খুঁট থাকি গ'ল বুলি স্বীকাৰ কৰে। চাইক্ল'নৰ দহদিনৰ পাছত পূব পাকিস্তানৰ এঘাৰজন নেতাই জাৰি কৰা এক বিবৃতিত চৰকাৰৰ ওপৰত "নিৰ্লজ্জ উপেক্ষা, নিৰ্দয়তা আৰু চৰম উদাসীনতা"ৰ আৰোপ লগোৱা হয়। তেওঁলোকে ৰাষ্ট্ৰপতিৰ ওপৰত সংবাদ মাধ্যমৰ আগত দুৰ্য্যোগটোৰ ভয়াবহতা কম কৰি উত্থাপন কৰা বুলিও দোষ আৰোপ কৰে। ১৯ নৱেম্বৰত ঢাকাত চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী ছাত্ৰ সমদল বাহিৰ কৰা হয়। ২৪ নৱেম্বৰত মৌলানা আব্দুল হামিদ খান ভাশনে ৫০,০০০ মানুহৰ এক গণসমাবেশত ভাষণ দি অকৰ্মণ্যতাৰ বাবে ৰাষ্ট্ৰপতিৰ পদত্যাগ দাবি কৰে। মাৰ্চলৈ পূৱ আৰু পশ্চিম পাকিস্তানৰ ক্ৰমবৰ্ধিত সংঘাতৰ ফলত দুয়ো চৰকাৰৰে সাহায্য কাৰ্যৰ লগত প্ৰত্যক্ষভাৱে জড়িত দুইটা কাৰ্যালয় প্ৰায় দুসপ্তাহৰ বাবে বন্ধ হৈ গ'ল, প্ৰথম, এটা "সাধাৰণ হৰতাল"ৰ ফলত আৰু দ্বিতীয়, আৱামী লীগৰ পূব পাকিস্তানত চৰকাৰী সাহায্য কাৰ্য চলাবলৈ আৰোপ কৰা নিষেধাজ্ঞাৰ ফলত। পৰিস্থিতি দেখি হিংসাত্মক পৰিস্থিতিৰ উদ্ভব হ'ব পাৰে বুলি শূন্য দেশসমূহেও নিজৰ নিজৰ দেশৰ মানুহক ওভোটাই নিবলৈ আৰম্ভ কৰিলে। সাহায্য কাৰ্য চলি থাকিলেও দীৰ্ঘম্যাদী পৰিকল্পনাৰ কাম ব্যাহত হ'ল। এইবিলাক ঘটনাইও পাকিস্তানক গৃহযুদ্ধৰ দিশলৈ লৈ গ'ল। অপাৰেশ্যন চাৰ্চলাইট ২৫ মাৰ্চৰ পৰা পাকিস্তানী সেনাই পূব পাকিস্তানৰ জাতীয়তাবাদী আন্দোলন দমন কৰিবলৈ অপাৰেশ্যন চাৰ্চলাইট ক'ড নামেৰে এক সুপৰিকল্পিত সৈনিক অভিযান আৰম্ভ কৰে। ২৬ মাৰ্চত পূব পাকিস্তানৰ মুখ্য নগৰসমূহ অধিকাৰ কৰি এক মাহৰ ভিতৰতে যিকোনো ৰাজনৈতিক বা সৈনিক প্ৰতিবাদ নিৰ্মূল কৰিবলৈ পৰিকল্পনা কৰা হৈছিল। অপাৰেচন আৰম্ভ হোৱাৰ আগতে সকলো বিদেশী সাংবাদিকক প্ৰণালীবদ্ধভাৱে পূব পাকিস্তানৰ পৰা আঁতৰাই পঠিওৱা হ'ল। মে' মাহৰ মাজভাগত পূব পাকিস্তানৰ সকলো মুখ্য নগৰ পাকিস্তানী সেনাই অধিকাৰ কৰাৰ লগে লগে অপাৰেশ্যন চাৰ্চলাইটৰ মুখ্য পৰ্য্যায় অন্ত পৰে। এই অপাৰেশ্যনেৰ লগে লগে ১৯৭১ চনৰ বাংলাদেশ নৃশংসতাৰ আৰম্ভ হয়। এই প্ৰণালীবদ্ধ নৰসংহাৰে বাঙালীসকলক আৰু উত্তেজিতহে কৰি তুলিলে। ফলস্বৰূপে অৱশেষত পূব পাকিস্তান স্বাধীন হৈ বাংলাদেশৰ জন্ম হ'ল। আন্তৰ্জাতিক সংবাদ মাধ্যমসমূহে পৰিবেশন কৰা খবৰত এই নৃশংসতাৰ ফলত হোৱা হতাহতৰ সংখ্যা ভিন ভিন ঢাকাত ৫,০০০-৩৫,০০০ আৰু সমগ্ৰ বাংলাদেশতে ২,০০,০০০ ৰ পৰা ৩০,০০,০০০ পৰ্য্যন্ত আৰু ইয়াক জাতিহত্যা আখ্যা দিয়া হ'ল। এচিয়া টাইমচৰ মতে এই সংহাৰত মুখ্যতঃ ঢাকাক লক্ষ্য কৰি লোৱা হৈছিল যদিও পূব পাকিস্তানৰ সকলো অংশতে ইয়াৰ প্ৰভাৱ চলিছিল। ঢাকা বিশ্ববিদ্যালয়ৰ আৱাসিক গৃহসমূহক বিশেষভাৱে লক্ষ্য হিচাবে লোৱা হৈছিল। বিশ্ববিদ্যালয়ৰ একমাত্ৰ হিন্দু আবাসিক গৃহ "জগন্নাথ হল" ধ্বংস কৰা হ'ল। ইয়াৰ ৬০০-৭০০ আৱাসীক হত্যা কৰা হ'ল। হামুদ-উৰ-ৰহমান কমিচনে ঢাকা বিশ্ববিদ্যালয়ত মাত্ৰাধিক শক্তিপ্ৰয়োগ হৈছিল বুলি সিদ্ধান্ত দিলে যদিও পাক সেনাই এই অভিযোগ অস্বীকাৰ কৰে। জগন্নাথ হল আৰু ইয়াৰ ওচৰৰ অন্যান্য আবাসিক গৃহত হোৱা এই নৰসংহাৰৰ সত্যতা পূব পাকিস্তান অভিযান্ত্ৰিক বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক নুৰুল উল্লাহে বিপৰীত দিশত থকা তেখেতৰ ঘৰৰ পৰা গোপনে লোৱা এটা ভিডিঅ' ৰেকৰ্ডিঙতো সাব্যস্ত হয়। এই নৃশংসতাৰ ভয়াবহতাৰ কথা পাকিস্তানী সাংবাদিক এন্থনী মাচাকাৰেনহাচে পশ্চিমৰ দেশসমূহৰ আগত সদৰি কৰে। তেওঁক পাকিস্তানৰ সৈন্য অধিকাৰীসকলে পাকিস্তানৰ কাৰ্যকলাপৰ বিষয়ে এটা ভাল প্ৰতিমূৰ্তি দৰ্শোৱা প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিয়োগ কৰিছিল। তাৰ পৰিবৰ্তে তেওঁ ইংলেণ্ডলৈ পলাই যায় আৰু ১৯৭১ চনৰ ১৩ জুনৰ "চানডে' টাইমচ"ত পাকিস্তানী সেনাৰ এই প্ৰণালীবদ্ধ হত্যাকাণ্ডসমূহৰ কথা বৰ্ণাই এটা প্ৰবন্ধ প্ৰকাশ কৰে। -এ লিখিলে: "ইয়াত কোনো সন্দেহৰ থল নাই যে মাচকাৰেনহাচৰ সাংবাদিকতাই এই যুদ্ধখন শেষ কৰাত প্ৰভাৱ পেলালে। ই বিশ্বৰ মতামত পাকিস্তানৰ বিপক্ষে নিয়ালে আৰু ভাৰতক এক নিশ্চয়াত্মক ভূমিকা গ্ৰহণ কৰাত সহায় কৰিলে। "ভাৰতৰ তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও কৈছিল যে মাচকাৰহানচৰ প্ৰতিবেদনে তেওঁক "ভাৰতৰ সামৰিক হস্তক্ষেপৰ বাবে আধাৰ সৃষ্টি কৰিবলৈ" প্ৰেৰিত কৰিলে। বিশেষকৈ হিন্দু অধ্যুষিত অঞ্চলসমূহ বেছিকৈ আক্ৰমণৰ সন্মুখীন হ'ল। ১৯৭১ চনৰ ২ আগষ্টত টাইম আলোচনীয়ে লিখিলে, "শৰণাৰ্থীসকলৰ ভিতৰত চাৰিভাগৰ তিনিভাগ আৰু মৃতসকলৰ বেছিভাগেই হিন্দু আৰু তেওঁলোকেই সকলোতকৈ বেছিকৈ পাক সেনাৰ ঘৃণাৰ সন্মুখীন হ'ল। মুজিবুৰ ৰহমানক পাক সেনাই এৰেষ্ট কৰিলে। য়াহায়া খানে ব্ৰিগেডিয়াৰ (পাচলৈ জেনেৰেল) ৰহিমুদ্দিন খানক মুজিবৰ বিৰুদ্ধে কেইবাটাও গোচৰৰ বিচাৰ কৰিবলৈ এখন ট্ৰাইবুনেলৰ সভাপতি নিয়োগ কৰিলে। ট্ৰাইবুনেলৰ ৰায় সদৰি কৰা নহ'লেও য়াহায়া খানে সেই বিচাৰ অৱশ্যে কাৰ্য্যকৰী নকৰিলে। ঢাকাৰ পৰা পলাই যোৱাকেইজনৰ বাহিৰে আৱামী লীগৰ অন্যান্য নেতাসকলকো এৰেষ্ট কৰা হ'ল আৰু আৱামী লীগক নিষিদ্ধ ঘোষণা কৰা হ'ল। স্বাধীনতা ঘোষণা পাকিস্তানৰ ১৯৭১ চনৰ ২৫ মাৰ্চৰ হিংসাকাৰ্য্যই শান্তি স্থাপনৰ শেষ আশাও মষিমুৰ কৰিলে। শ্বেখ মুজিবুৰ ৰহমানে এক আধিকাৰিক গোষণাপত্ৰ জাৰী কৰিলে: এক ৰেডিঅ' বাৰ্তাৰ জৰিয়তে মুজিবে জনতাক অধিগ্ৰহণকাৰী বলৰ বিৰোধিতা কৰিবলৈও আহ্বান জনালে। তেওঁক ২৫-২৬ মাৰ্চৰ নিশা (ৰেডিঅ' পাকিস্তানৰ খবৰ মতে ২৯ মাৰ্চ, ১৯৭১) এৰেষ্ট কৰা হ'ল। মুজিবৰ বাৰ্তা টেলিগ্ৰামযোগে চিতাগঙৰ ছাত্ৰসকলৰ হাতত পৰিল। ড॰ মঞ্জুলা আনোৱাৰে এই বাৰ্তা বাংলালৈ অনুবাদ কৰিলে। ছাত্ৰাসকলে এই বাৰ্তা প্ৰচাৰৰ বাবে ৰেডিঅ' পাকিস্তানৰ নিকটস্থ কেন্দ্ৰ আগ্ৰাবাদৰ পৰা অনুমতি নোপোৱাত কালাৰুঘাট দলং পাৰ হৈ মেজৰ জিয়াউৰ ৰহমানৰ অধীনস্থ পূৱ বঙালী ৰেজিমেণ্ট অধিকৃত অঞ্চলৰ পৰা এই বাৰ্তা প্ৰচাৰ কৰোৱায়। এই প্ৰচাৰণৰ বাবে অভিযন্তাসকলে কাম কৰি থাকোঁতে বাঙালী সৈন্যই কেন্দ্ৰটো পহৰা দি থাকিল। ২৭ মাৰ্চ, ১৯৭১ ৰ ১৯:৪৫ বজাত মুজিবৰ হৈ ৰহমানে স্বাধীনতাৰ ঘোষণা ৰেডিঅ' ব্ৰডকাষ্ট কৰিলে: কালাৰুঘাটৰ সীমিত ক্ষমতাৰ অনাতাঁৰ কেন্দ্ৰৰ এই বাৰ্তা বংগোপসাগৰৰ এখন জাপানী জাহাজে পায়। পাচত ৰেডিঅ' অষ্ট্ৰেলিয়াই আৰু বি বি চি -য়ে এই বাৰ্তা প্ৰচাৰ কৰে। আৱামী লীগৰ এজন সদস্য এম এ হান্নানে সৰ্বপ্ৰথমে ১৯৭১ চনৰ ২৬ মাৰ্চ তাৰিখে এই ঘোষণা প্ৰচাৰ কৰিছিল বুলি কোৱা হয়। মেজৰ জিয়াই কেতিয়া এই কথা গোষণা কৰিছিল সেই বিষয়ে বৰ্তমান বাদানুবাদৰ সৃষ্টি হৈছে। বি এন পি সূত্ৰমতে ইয়াক ২৬ মাৰ্চ তাৰিখে কৰা বোলে আৰু লগতে মুজিবৰ পৰা কোনো বাৰ্তা পোৱা হোৱা নাছিল বুলিও কয়। পাকিস্তানী সূত্ৰ, যেনে চিদ্দিক চালিকে -অত লিখিছে যে তেওঁ অপাৰেশ্যন চাৰ্চলাইট চলি থকা অৱস্থাত এই বাৰ্তা শুনিছিল আৰু মেজৰ জেনেৰেল হাকিম এ কুৰেচিৰ 1971 -অত ঘোষণাৰ তাৰিখ ২৭ মাৰ্চ বুলি পোৱা যায়। আনুষ্ঠানিকভাৱে ১৯৭১ চনৰ ২৬ মাৰ্চ তাৰিখটো বাংলাদেশৰ স্বাধীনতা দিবস বুলি গণ্য কৰা হয় আৰু বাংলাদেশ নামটোও তেতিয়াৰপৰাই মান্য হয়। জুলাই ১৯৭১ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সাৰ্বজনীক ভাৱে পূৱ পাকিস্তানক বাংলাদেশ বুলি উল্লেখ কৰিলে। কোনো কোনো ভাৰতীয় আৰু পাকিস্তানী বিষয়াই ১৬ ডিচেম্বৰ ১৯৭১ -লৈকে "পূব পাকিস্তান" নামটো ব্যৱহাৰ কৰি থাকিল। স্বাধীনতা যুদ্ধ মাৰ্চ জুন প্ৰথম অৱস্থাত বিৰোধ স্বতস্ফুৰ্ত আৰু অসংগঠিত আছিল। কিন্তু পাক সেনাই জনসাধাৰণৰ ওপৰত তুটি পৰাৰ লগে লগে বিৰোধিতা বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে। মুক্তি বাহিনী ক্ৰমান্বয়ে অধিক সক্ৰিয় হ'বলৈ আৰম্ভ কৰিলে। পাক সেনাই দমনৰ চেষ্টা কৰিলেও আৰু অধিক সংখ্যক বাঙালী সৈনিকে ভূমিগত "বাংলাদেশী সেনা"ত যোগ দিয়া আৰম্ভ কৰিলে। এই বঙালী গোটবোৰে লাহে লাহে একত্ৰ হৈ মুক্তি বাহিনী গঠন কৰিলে আৰু ভাৰতে দিয়া হাথিয়াৰেৰে সম্বৃদ্ধ হ'ল। প্ৰত্যুত্তৰত পাকিস্তানেও আৰু দুটা পদাতিক ডিভিজন নিয়োগ কৰিলে। লগতে তেওঁলোকে ৰাজাকাৰ ৰ আৰু আল-শ্বামচ (এওঁলোক বেছিভাগেই মুছলীম লীগৰ সদস্য, বাকী চৰকাৰী দল আৰু অন্যান্য ইচলামীক দলৰ সদস্য), স্বাধীনতা সমৰ্থন নকৰা অন্যান্য বাঙালী আৰু বিহাৰী মুছলমান সকলক (এওঁলোক ভাৰতৰ দেশ বিভাজনৰ সময়ত পূৱ পাকিস্তানলৈ আহিছিল) লৈ অৰ্ধসামৰিক বাহিনী গঠন কৰিলে। ১৯৭১ চনৰ ১৭ জানুৱাৰীত পশ্চিম পাকিস্তানত আটকাধীন শ্বেখ মুজিবুৰ ৰহমানক ৰাষ্ট্ৰপতি, চৈয়দ নজৰুল ইচলামক কাৰ্য্যবাহী ৰাষ্ট্ৰপতি, তাজুদ্দিন আহমেদক প্ৰধানমন্ত্ৰী আৰু জেনেৰেল মঃ অতুল ঘানী ওচমানীক সেনাধ্যক্ষ হিচাবে লৈ পশ্চিম বাংলাদেশৰ মেহেৰপুৰ জিলাত এক অস্থায়ী চৰকাৰ গঠন কৰা হ'ল। অধিকৰ্তা পাক সেনা আৰু মুক্তি বাহিনীৰ সংঘৰ্ষ বাঢ়ি অহাৰ লগে লগে প্ৰায় ১০ মিলিয়ন বাঙালীয়ে ভাৰতৰ অসম আৰু পশ্চিম বংগত শৰণ বিচাৰিলে। জুন চেপ্তেম্বৰ কৰ্ণেল এম এ জী ওচমানীক কেবিনেট পৰ্যায়ৰ মন্ত্ৰীৰ মৰ্য্যদাৰে মুখ্য সেনাধ্যক্ষ্য, লেঃ কৰ্ণেল আব্দুৰ ৰবক চীফ অব ষ্টাফ, গ্ৰুপ কেপ্তেইন এ কে খাণ্ডেকাৰক ডেপুটী চীফ অব ষ্টাফ আৰু মেজৰ এ আৰ চৌধুৰীক এচিষ্টেণ্ট চীফ অব ষ্টাফ হিচাবে লৈ বাংলাদেশ সেনা কমাণ্ড গঠন কৰা হ'ল। যুদ্ধত মুক্তি বাহিনীৰ ভূমিকা সম্পৰ্কে জেনেৰেল ওচমানীৰ মত ভাৰতীয় নেতৃবৃন্দৰ লগত মিলা নাছিল। ভাৰতীয় নেতা সকলে প্ৰথমতে ৮,০০০ সদস্যক লৈ প্ৰশিক্ষণ দি এক উৎকৃষ্ট গেৰিলা বাহিনী তৈয়াৰ কৰাৰ কথা ভাবিছিল, যাক অৱশিষ্ট পূৱ বংগ ৰেজিমেণ্টে নেতৃত্ব দিব। তেওঁলোকে সৰু সৰু ভাগত ভাগ হৈ পাচৰ ভাৰতীয় আক্ৰমণৰ বাবে তৈয়াৰি কৰিব। কিন্তু বঙালী নেতৃবৃন্দই তলত দিয়া ষ্ট্ৰেটেজী হে পছন্দ কৰিলে: বাঙালী পৰম্পৰাগত শক্তি সমূহে বাংলাদেশৰ খোপনি ল'ব পৰা স্থানসমূহ অধিকাৰ কৰিব আৰু তেতিয়া বাংলাদেশ চৰকাৰে আন্তৰ্জাতিক কূটনৈতীক মান্যতা আৰু হস্তক্ষেপ বিচাৰিব। প্ৰথমতে মৈমনসিংহক বাচি লোৱা হৈছিল যদিও পাচত জে. ওচমানীয়ে চিলেটক নিৰ্বাচন কৰে। যথাসম্ভব সোনকালে যিমান পাৰি সিমান গেৰিলাক বাংলাদেশত প্ৰবেশ কৰাই তলৰ লক্ষসমূহ পূৰ্ণ কৰা: ৰেইড আৰু এমবুশ্বৰ সহায়ত পাক পক্ষৰ হানি কৰা। পাৱাৰ ষ্টেশ্যন, ৰেল লাইন, ষ্টৰেজ ডিপো আৰু যোগাযোগ ব্যৱস্থাত আক্ৰমণ কৰা। ষ্ট্ৰেটেজিক লক্ষ্য আছিল পাক সেনাক দেশৰ ভিতৰুৱা অঞ্চলসমূহলৈ টানি নিয়া, যাতে অকলশৰীয়া হৈ পৰা পাকিস্তানী দলসমূহক আক্ৰমণ কৰিব পৰা যায়। জুলাইত বাংলাদেশক এঘাৰটা চেক্টৰত বিভক্ত কৰি লোৱা হ'ল। প্ৰত্যেকতে গেৰিলা অপাৰেশ্যন চলাবলৈ আৰু প্ৰশিক্ষণ দিবলৈ পাকিস্তানী সেনা এৰি মুক্তি বাহিনীত যোগদান কৰা একোজনক কমাণ্ডাৰ নিয়োগ কৰা হ'ল। বেচিভাগ ট্ৰেইনিং কেম্পেই সীমাৰ ওচৰে পাজৰে আছিল আৰু ভাৰতৰ সহায়ত পৰিচালনা কৰা হৈছিল। ১০ নং চেক্টৰটো কমাণ্ডাৰ ইন চীফ ওচমানীৰ প্ৰত্যক্ষ তদাৰকীত আছিল। ইয়াত নৌ কমাণ্ডো আৰু চি-ইন-চিৰ বিশেষ বাহিনী আছিল। পৰম্পৰাগত যুদ্ধৰ বাবে তিনিটা ব্ৰিগেড (১১টা বেটেলিয়ন) গঠন কৰা হ'ল। প্ৰায় ১০,০০০ সৈনিকৰ এটা বৃহৎ গেৰিলা সৈন্যদল গঠন কৰা হ'ল। তিনিটা ব্ৰিগেড (৮টা ইনফেণ্ট্ৰি বেটেলিয়ন আৰু তিনিটা আৰ্টিলাৰী বেটাৰী)-অক জুলাই-চেপ্তেম্বৰত যুদ্ধক্ষেত্ৰত নিয়োগ কৰা হ'ল। জুন-জুলাই মাহত অপাৰেশ্যন জেকপটৰ জৰিয়তে আগবঢ়োৱা সহায় লৈ মুক্তি বাহিনী সীমান্তৰ সিপাৰত একগোট হ'ল। উপযুক্ত প্ৰশিক্ষণ, চাপ্লাই ষ্ট'ৰেজ, বাংলাদেশৰ অভ্যন্তৰৰ পৰা যথোপযুক্ত সাহায্য ব্যৱস্থা আদিৰ অভাৱত তথাকথিত মনচুন চিভ লক্ষ্যত উপনীত হোৱাত বিফল হয়। বাংলাৰ সাধাৰণ বলেও মৈমনসিং, কোমিল্লা, আৰু চিলেটত সীমান্ত চকীসমূহত আক্ৰমণ কৰিলেও ফলাফল মিশ্ৰিত হয়। পাক কৰ্তৃপক্ষই সিদ্ধান্ত কৰিলে যে অপাৰেশ্যন মনচুন তেওঁলোকে বিফল কৰিলে, যি প্ৰায় সত্যৰ ওচৰা-ওচৰিয়েই আছিল। আগষ্টৰ পাচৰ পৰা প্ৰশিক্ষণ পৰ্য্যায়ত স্তিমিত হৈ পৰা গেৰিলা অপাৰেশ্যনসমূহ পুনৰ আৰম্ভ হ'ল। ঢাকাৰ অৰ্থনৈতিক আৰু সামৰিক লক্ষ্যসমূহত আক্ৰমণ হনা হ'ল। সকলোতকৈ ডাঙৰ সাফল্য আছিল অপাৰেশ্যন জেকপট যাৰ অধীনত ১৫ আগষ্ট ১৯৭১ তাৰিখে নৌ কমাণ্ডোসকলে চিতাগং, মংলা, নাৰায়ণগঞ্জ আৰু চন্দনপুৰত মাইনৰ সহায়ত তাত থকা জাহাজসমূহ বিনষ্ট কৰিলে। অক্টোবৰ ডিচেম্বৰ সাধাৰণ বঙালী সেনাদলে বৰ্ডাৰ আউটপ'ষ্টবিলাকত আক্ৰমণ কৰিলে। কমলাপুৰ, বেলনীয়া আৰু বইৰাৰ যুঁজ আদি এনে কেইটামান উদাহৰণ। মুঠ ৩৭০ টাৰ ভিতৰত ৯০টা আউটপ'ষ্ট বঙালী সেনাৰ হাতত পৰিল। গেৰিলা আক্ৰমণ তীব্ৰতৰ হ'ল, তেনেদৰে সাধাৰণ জনতাৰ ওপৰত পাকিস্তান আৰু ৰাজাকাৰ প্ৰত্যাক্ৰমণো বাঢ়ি গ'ল। পশ্চিম পাকিস্তানৰ পৰা আঠটা বেটেলিয়ন আনি পাকিস্তানী সেনা পৰিপুষ্ট কৰা হ'ল। বাংলাদেশী মুক্তি সেনাই আনকি সাময়িকভাৱে লালমণিৰহাট আৰু চালুটিকাৰৰ বিমানকোঠো অধিকাৰ কৰিলে। এই দুই বিমানকোঠ ভাৰতৰ পৰা যোগান আৰু অস্ত্ৰাদি সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা হ'ল। পাকিস্তানে পশ্চিম পাকিস্তানৰ বাবে আৰু পাঁচটা বেটেলিয়ন অনোৱালে। ভাৰতীয় হস্তক্ষেপ ভাৰতৰ বৰ্ধিত হস্তক্ষেপত চিন্তিত হৈ পাকিস্তানী বায়ু সেনাই ১৯৭১ চনৰ ৩ ডিচেম্বৰ তাৰিখে ভাৰতীয় বিমানবন্দৰ সমূহত অপাৰেশ্যন জেংগিজ খান নামেৰে এক আগতীয়া আক্ৰমণ আৰম্ভ কৰে। এই আক্ৰমণ ছয় দিনীয়া যুদ্ধত আৰব দেশসমূহৰ ওপৰত ইজৰাইলী বায়ুসেনাৰ অপাৰেশ্যন ফ'কাচ নামৰ আক্ৰমণৰ অনুকৰণ কৰি যোজনা কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল ভূমিগত অৱস্থাতেই ভাৰতীয় বায়ুসেনাৰ বিমানসমূহ নিষ্ক্ৰিয় কৰা। ভাৰতে ইয়াক অপ্ৰৰোচিত আক্ৰমণ হিচাবে গণ্য কৰিলে আৰু লগে লগে ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধ আৰম্ভ হ'ল। মুকলিকৈ যুদ্ধ ঘোষণা নকৰিলেও ভাৰত আৰু পাকিস্তান দুইদেশেই চৰকাৰীভাৱে দুইপক্ষৰ মাজত "যুদ্ধসম স্থিতি"ৰ উদ্ভৱ হোৱা বুলি চৰকাৰীভাবে মানি লয়। ভাৰতৰ তিনিওটা বাহিনী পূৱ পাকিস্তান আক্ৰমণত লিপ্ত হ'ল। তেওঁলোকৰ লগতে মুক্তি বাহিনীৰ তিনিটা ব্ৰিগেডেও যোগদান কৰিলে। এয়া তিনিটা ডিভিজনেৰে গঠিত পাকিস্তানী সেনাৰ শক্তিতকৈ অনেক বেছি আছিল। ভাৰতীয় সেনাই পাকিস্তানৰ বচা বচা শক্তিশালী ঘাটিবোৰ অধিকাৰ কৰি বা এৰাই অবিলম্বে সমগ্ৰ বাংলাদেশতে বিয়পি পৰিল। সীমান্তত মুক্তি বাহিনীৰ গেৰিলা আক্ৰমণৰ পৰিপ্ৰাক্ষিতত পাক সেনাই ভাৰতীয় আক্ৰমণ প্ৰতিহত কৰাত বিফল হ'ল, কাৰণ তেওঁলোকৰ সেনা সৰু সৰু গোটত বিভক্ত হৈ পৰিছিল। ঢাকা ৰক্ষা কৰিব নোৱাৰি ১৬ ডিচেম্বৰ ১৯৭১ তাৰিখে পাকিস্তানে আত্মসমৰ্পণ কৰে। এই যুদ্ধত ভাৰতৰ বহিঃ চোৰাংচোৱা বিভাগ -ৰো গুৰত্বপূৰ্ণ অৱদান আছিল। যুদ্ধৰ প্ৰথমচোৱাত তেওঁলোকে মুক্তি বাহিনীক লজিষ্টিক চাপ'ৰ্ট দিছিল। দক্ষিণ এচিয়াৰ বুৰঞ্জীত ইয়েই আজিলৈকে সৰ্ববৃহৎ গুপ্ত অপাৰেশ্যন। পাকিস্তানী প্ৰতিক্ৰিয়া পূৱ পাকিস্তানৰ পৰা ভাৰতীয় সেনা আঁতৰাবৰ কাৰণে বাধ্য কৰিবলৈ ভাৰতৰ পশ্চিম সীমাত পাকিস্তানে বৰ্মযুক্ত বাহিনীৰ দ্বাৰা আক্ৰমণ চলায়। সৈন্যবাহিনীৰ মনোবল বঢ়াবলৈ স্পেচিয়েল চাৰ্ভিচ গ্ৰুপৰ কমাণ্ডোকো বিভিন্ন মিশ্যনত চামিল কৰা হয়। বায়ু আৰু নৌ যুদ্ধ ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বিপক্ষে কেইবাটাও বায়ু আক্ৰমণ হানে। এক সপ্তাহৰ ভিতৰতে ভাৰতে পূৱ পাকিস্তানৰ আকাশত নিজৰ নিয়ন্ত্ৰণ স্থাপন কৰে। তেজগাওঁ, কুৰ্মিতলা, লাল মুনিৰ হাট আৰু শমশেৰ নগৰত ভাৰতৰ বায়ু আক্ৰমণৰ ফলত নং ১৪ এয়াৰ স্কোৱাড্ৰন সম্পূৰ্ণৰূপে ভূমিগত হয়। চিতাগং, বৰিশাল আৰু কক্স বাজাৰত আই এন এচ ভিক্ৰান্তৰ হকাৰ চী হকৰ আক্ৰমণত পাকিস্তান নৌবাহিনীৰ পূব বিভাগ সম্পূৰ্ণৰূপে বিনষ্ট হয় আৰু পূৱ পাকিস্তানৰ সকলো বন্দৰগাহ ভাৰতৰ অধিকাৰলৈ আহে। পাক নৌ বাহিনী এৰি অহা পূৱ পাকিস্তনী সেনাৰে সদ্যগঠিত বাংলাদেশ নৌসেনাই ও ভাৰতীয় সেনাক নৌ অভিযানত, বিশেষকৈ অপাৰেশ্যন জেকপটত সহায় কৰে। আত্মসমৰ্পণ আৰু পৰিণাম ১৬ ডিচেম্বৰ, ১৯৭১ তাৰিখে পূৱ পাকিস্তানস্থ পাকিস্তানী ফৌজৰ কমাণ্ডিং অফিচাৰ লেঃ জেনেৰেল এ কে নিয়াজীয়ে আত্মসমৰ্পণ চুক্তিত হস্তাক্ষৰ কৰে। তেতিয়ালৈকে অৱশ্যে মাত্ৰ কেইখনমান দেশে হে নবগঠিত বাংলাদেশক কূটনৈতীক মান্যতা দিছিল। প্ৰায় ৯৩,০০০ জন পাকিস্তানী সৈন্যই ভাৰতীয় বলৰ ওচৰত আত্মসমৰ্পণ কৰে। ই দ্বিতীয় বিশ্বযুদ্ধৰ পাচত আজিলৈকে হোৱা সৰ্বাধিক সেনাৰ আত্মসমৰ্পণ। বাংলাদেশে ৰাষ্ট্ৰসংঘতো স্থান বিচাৰিলে। কিন্তু বেছিভাগ ভোট সপক্ষে থকা সত্ত্বেও বাংলাদেশৰ প্ৰাৰ্থিত্ব নাকচ হয় কাৰণ চীনে তেওঁলোকৰ মিত্ৰদেশ পাকিস্তানৰ সপক্ষে ভেট' প্ৰদান কৰে। পাকিস্তানৰ অন্য এক মিত্ৰ দেশ আমেৰিকাইও বাংলাদেশক পলমকৈহে মান্যতা দিয়ে। ১৯৭২ চনত ভাৰত আৰু পাকিস্তানৰ মাজত চিমলা চুক্তি সম্পন্ন হয়। এই চুক্তিমতে পাকিস্তানে পাকিস্তানী যুদ্ধবন্দীসকলৰ বিনিময়ত স্বাধীন বাংলাদেশক মান্যতা দিবলৈ ৰাজী হয়। ভাৰতে এই যুদ্ধবন্দীসকলক জেনেভা শ্যনৰ ১৯২৫ দফা মতে মান্যতা দিছিল। পাঁচ মাহৰ ভিতৰত ৯৩,০০০ -তকৈও অধিক যুদ্ধবন্দীক পাকিস্তানলৈ প্ৰত্যৰ্পণ কৰা হয়। ইয়াৰ উপৰিও শুভেচ্ছাৰ চিনস্বৰূপে বাংলাদেশে যুদ্ধ অপৰাধৰ বিচাৰৰ বাবে দাবী কৰা প্ৰায় ২০০ পাক সৈনিককো ক্ষমাদান কৰে। চুক্তি মতে ভাৰতে যুদ্ধত অধিকাৰ কৰা -ত কৈও অধিক ভূমি পাকিস্তানক ওভোটাই দিয়ে। অৱশ্যে সামৰিক দৃষ্টিভংগীৰ পৰা গুৰুত্বপূৰ্ণ কিছুমান অঞ্চল ভাৰতে নিজৰ হাতত ৰাখিলে। (ইয়াৰে এক উল্লেখযোগ্য অঞ্চল আছিল কাৰগিল, যি ১৯৯৯ চনত ভাৰত-পাকিস্তানৰ মাজত হোৱা কাৰগিল যুদ্ধৰ এক মুখ্য লক্ষ্য হ'বগৈ। এইবোৰৰ উদ্দেশ্য আছিল ভাৰত আৰু পাকিস্তানৰ মাজত "দীৰ্ঘস্থায়ী শান্তি" স্থাপন। অনেকে ইয়াক ভাৰতৰ পৰিপক্বতাৰ লক্ষণ বুলি ভাবে। অৱশ্যে ভাৰতৰ অনেকে ভাৰতে ভুট্টোৰ প্ৰতি নৰম ব্যৱহাৰ দেখুওৱা বুলি অসন্তোষ কৰে। ভুট্টোৱে চুক্তিখনে ভাৰতক বেছিকৈ প্ৰাধান্য দিলে পাকিস্তানৰ চালুকীয়া গণতন্ত্ৰ ভাগি পৰিব পাৰে বুলি ভাৰতৰ পৰা নৰম ব্যৱহাৰ বিচাৰিছিল। যুদ্ধৰ প্ৰতি পশ্চিম পাকিস্তানৰ প্ৰতিক্ৰিয়া যুদ্ধত পৰাজয় আৰু পাকিস্তানৰ বিভাজন সেনা আৰু জনসাধাৰণ দুয়োপক্ষৰে বাবে আশ্চৰ্য্যজনক আছিল। এখন আনুষ্ঠানিক যুদ্ধত ১৫ দিনৰ ভিতৰতে পাকিস্তানৰ পৰাজয় সকলোৰে কল্পনাতীত আছিল। পূৱ পাকিস্তানত সেনাৰ আত্মসমৰ্পণক কাপুৰুষাত্মক কাৰ্য্য বুলি গণ্য কৰা হ'ল। য়াহায়া খানৰ সামৰিক একনায়কত্বৰ অন্ত পৰিল আৰু জুলফিকৰ আলি ভুট্টোৰ ক্ষমতালৈ উত্থান ঘটিল। ৯৩,০০০ সৈনিকৰ সৈতে আত্মসমৰ্পণ কৰা জেনেৰেল নিয়াজীক পাকিস্তানলৈ প্ৰত্যাবৰ্তনৰ পাচত ঘৃণা আৰু সন্দেহৰ চকুৰে চোৱা হ'ল। তেওঁক অৱনমন কৰি বিশ্বাসঘাটক আখ্যা দিয়া হ'ল। যুদ্ধই "পূৱ পাকিস্তানৰ সুৰক্ষা পশ্চিম পাকিস্তানত আছে" বোলা পাকিস্তানৰ নীতিৰ সীমাবদ্ধতাও উদঙাই দিলে। পাকিস্তানে আমেৰিকাৰ বাহিৰে অন্য কোনো আন্তঃৰাষ্ট্ৰীয় সমৰ্থন পাবলৈ বিফল হ'ল আৰু অকলশৰীয়া হৈ পৰিল। কেইবা দশকৰো ভিতৰত পাক সেনাৰ এই শোচনীয় পৰাজয়ৰ ফলত পাকিস্তানী জনসাধাৰণৰ মনত তিক্ততাৰ সৃষ্টি হ'ল। এই ঘটনাৰ তদন্ত কৰিবলৈ জাষ্টিচ হামদুৰ ৰহমানৰ অধ্যক্ষতাত হামদুৰ ৰহমান কমিশ্যন গঠন কৰা হ'ল। ই পাক সেনাৰ দুৰ্বলতা উদঙাই দিয়া বাবে প্ৰথম অৱস্থাত ভুট্টোৱে এই কমিশ্যনৰ প্ৰতিবেদন গোপনে ৰাখিলে। পাচত যেতিয়া ইয়াক মুক্ত কৰি দিয়া হ'ল ই ষ্ট্ৰেটেজিক আৰু টেক্টিকেল দুই স্তৰতে অনেক খুট উদঙাই দিলে। ই সেনাই কৰা আতিশয্য আৰু যুদ্ধ অপৰাধসমূহকো গৰিহণা দিলে। পাক সেনা আৰু তেওঁলোকৰ স্থানীয় ভেৰোণীয়া সকলে কৰা লুট-পাত, বলাৎকাৰ আৰু হত্যাসমূহৰ সত্যতাৰো ই পুষ্টি কৰিলে। অৱশ্যে বাংলাদেশে দাবী কৰাৰ দৰে ২,০০,০০০ ধৰ্ষণ আৰু ৩ মিলিয়ন হত্যাৰ বিপৰিতে এই প্ৰতিবেদনত ২৬,০০০ হত্যা আৰু কেইশমান হত্যাৰ কথাহে কোৱা হ'ল। কিন্তু পাকিস্তানৰ এই বৃহৎ বিপৰ্য্যয়ত সেনাৰ ভূমিকাক পৰৱৰ্তী চৰকাৰ সমূহে প্ৰায়ে উপেক্ষা কৰি থাকিল। আতিশয্য যুদ্ধৰ সময়ত ব্যাপক হত্যা আৰু অন্যান্য আতিশয্য চলিছিল। অনেক বাংলাদেশী (তৎকালীন পূৱ পাকিস্তান) গৃহচ্যুত হয় আৰু পাক সেনাই তেওঁলোকৰ ভেৰোণীয়া ৰাজনৈতিক আৰু ধৰ্মীয় গোটসমূহৰ জৰিয়তে ২৫ মাৰ্চ ১৯৭১ ৰ অপাৰেশ্যন চাৰ্চলাইটৰ পৰা ব্যাপক মানৱাধিকাৰ ভংগত লিপ্ত হয়। বাংলাদেশী কৰ্তৃপক্ষই তিনি মিলিয়ন মানুহক পাক সেনাই হত্যা কৰা বুলি দাবী কৰে, অৱশ্যে পাকিস্তান চৰকাৰৰ দ্বাৰা নিয়োজিত হামদুৰ ৰহমান কমিশ্যনৰ প্ৰতিবেদনত মৃতকৰ সংখ্যা ২৬,০০০ বুলি ঠাৱৰ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম আৰু ইংৰাজী প্ৰসংগ পুথিসমূহত চেমুৱেল টোটেনৰ দৰে লিখক আৰু জাতিহত্যা সম্পৰ্কীয় বিশেষজ্ঞসকলে সমগ্ৰ বাংলাদেশতে মৃতকৰ সংখ্যা ৩০,০০,০০০ পৰ্য্যন্ত বুলি প্ৰকাশ কৰিছে, যদিও স্বতন্ত্ৰ গৱেষকসকলৰ মতে এই হিচাব ৩০,০০,০০০ ৰ পৰা ৫,০০,০০০ পৰ্য্যন্ত। তদুপৰি প্ৰায় ৮ ৰ পৰা ১০ মিলিয়ন লোক দেশ এৰি ভাৰতলৈ পলাই যায়। বাংলাদেশৰ বুদ্ধিজীৱী সকলৰ এক বৃহৎ সংখ্যকক হাত্যা কৰা হয়। ইয়াৰ বেছিভাগেই পাক সেনাৰ নিৰ্দেশত আল শ্বামচ আৰু আল বদৰৰ দ্বাৰা কৰা হয়। ১৪ ডিচেম্বৰ ১৯৭১ ত, আত্মসমৰ্পণৰ মাত্ৰ দুদিন আগত পাকিস্তানী সেনা আৰু ৰাজাকাৰ সকলে ঢাকাত অন্ততঃ ১০০ জন চিকিৎসক, অধ্যাপক, লিখক আৰু অভিযন্তাক হত্যাকৰি মৃতদেহসমূহ গণকবৰত পুতি থয়। বাংলাদেশত এতিয়ালৈকে অনেক গণকবৰৰ সন্ধান পোৱা গৈছে, যেনে ১৯৯৯ চনৰ আগষ্টত ঢাকাৰ এক অ-বঙালী অঞ্চলৰ এটা মছজিদৰ ওচৰত এটা গণ-কবৰৰ সম্ভেদ পোৱা গৈছে। যুদ্ধৰ প্ৰথম ৰাতি ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু অন্যান্য সাধাৰণ নাগৰিকৰ হত্যা ঢাকাৰ আমেৰিকান কনচুলেটৰ পৰা ষ্টেট ডিপাৰ্টমেণ্টলৈ দিয়া এখন টেলিগ্ৰামত পুষ্টি হয়। অসংখ্য নাৰী নিৰ্য্যাতন, ধৰ্ষণ আৰু হত্যাৰ বলি হয়। বাংলাদেশী সূত্ৰমতে ইয়াৰ সংখ্যা প্ৰায় ২,০০,০০০; সহস্ৰাধিক যুদ্ধ শিশুৰ জন্ম হয়। ঢাকা কেণ্টনমেণ্টত অনেক নাৰীক যৌন দাসী হিচাবে আটক কৰি ৰখা হৈছিল। ইয়াৰ বেছিভাগেই আছিল ঢাকা বিশ্ববিদ্যালয় আৰু হোষ্টেলসমূহৰ। ১৬ ডিচেম্বৰ ২০০২ ত জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ নেশ্যনেল চিকিউৰিটি আৰ্কাইভে ভাৰত আৰু ঢাকাৰ আমেৰিকান এম্বেচীৰ বিষয়াবৰ্গ, ৱাশ্বিংটন ডি চিৰ বিষয়াবৰ্গ আৰু আমেৰিকাৰ তথ্য সেৱাৰ মাজৰ বাৰ্তা সম্বলিত কিছুমান গোপনীয়তা খুলি দিয়া নথি-প্ত্ৰৰ এটা সংগ্ৰহ প্ৰকাশ (16 2002), 1971: এইসমূহত বাংলাদেশত কৰ্মৰত কূটনৈতীক বিষয়াসকলে সেই সময়ৰ ঘটনাৱলীৰ বিবৰণ দিওঁতে "বাছনিকৃত জাতিহত্যা" আৰু জাতিহত্যা চাওক) শব্দ দুটা ব্যৱহাৰ কৰা দেখা গৈছে। বাংলাদেশত এতিয়াও ইয়াক জাতিহত্যা বুলি অভিহিত কৰা হলেও অন্যত্ৰ, বিশেষকৈ পাকিস্তানত মৃত্যুৰ সংখ্যা, উদ্দেশ্য, ব্যাপ্তি আৰু পাক সেনাৰ বিদ্ধংসী প্ৰভাৱ আদি বিবদমান। বিদেশী প্ৰতিক্ৰিয়া ৰাষ্ট্ৰসংঘ ৰাষ্ট্ৰসংঘই অপাৰেশ্যন চাৰ্চলাইটৰ সময়ত আৰু পাচত বাংলাদেশত হোৱা মানৱাধিকাৰ ভংগক গৰিহনা দিলেও যুদ্ধ হোৱাৰ আগতেই অৱস্থা শুধৰাবলৈ বিফল হয়। শ্বেখ মুজিবুৰ ৰহমানে বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰাৰ পাচতেই বাংলাদেশৰ জনতাৰ বাবে সহায় আৰু সমৰ্থন বিচাৰি ভাৰতে বিশ্বব্যাপি এক ৰাজনৈতীক, গণতান্ত্ৰিক আৰু মানৱীয় সহায় বিচৰা অভিযান আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বাঙালীসকলৰ বিৰুদ্ধে পাকিস্তানৰ আতিশয্যৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ কেইবাখনো দেশ ভ্ৰমণ কৰে। এই প্ৰচেষ্টাই আগলৈ পৃথিৱীৰ আগত যুদ্ধৰ প্ৰসংগ প্ৰতিষ্ঠা কৰা আৰু ভাৰতৰ সামৰিক হস্তক্ষেপৰ ন্যায্যতা প্ৰতিপন্ন কৰাত সখায় কৰিব। লগতে, ই পাকিস্তানৰ পৰাজয়ৰ লগে লগে অবিলম্বে বাংলাদেশ ৰাষ্ট্ৰৰ মান্যতা দিয়াত সহায় কৰে। যুদ্ধত ভাৰতৰ যোগদানৰ পাচত পাকিস্তানে ভাৰতক যুদ্ধ বিৰাম কৰিবলৈ বাধ্য কৰোৱাবলৈ ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপ বিচাৰি জৰুৰীভাৱে আপীল কৰে। ৪ ডিচেম্বৰ ১৯৭১ তাৰিখে পশ্চিম এচিয়াৰ হিংসাত্মক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক বহে। বহুল আলোচনাৰ পাচত ৭ ডিচেম্বৰ তাৰিখে আমেৰিকাই "তৎকালিনভাৱে যুদ্ধ বিৰতি আৰু সৈন্য প্ৰত্যাহাৰ"ৰ সপক্ষে সিদ্ধান্ত দিয়ে। ইয়াত প্ৰায়ভাগ ৰাষ্ট্ৰৰে সমৰ্থন থাকিলেও চোভিয়েট ৰাচিয়াই ভেট' প্ৰয়োগ কৰি দুবাৰ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। বাংলাদেশীসকলৰ ওপৰত পাকিস্তানৰ আতিশয্যৰ পৰিপ্ৰেক্ষিতত ইংলণ্ড আৰু ফ্ৰান্স ভোটদানৰ পৰা বিৰত থাকে। ১২ ডিচেম্বৰত পাকিস্তানৰ আসন্ন পৰাজয়ৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই পুনৰ নিৰাপত্তা পৰিষদৰ বৈঠক আহ্বান কৰে। পাকিস্তানৰ সহ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী জুলফিকৰ আলি ভুট্টোৱে পাকিস্তানৰ পক্ষ সমৰ্থন কৰিবলৈ নিউ য়ৰ্ক চিটিলৈ গমন কৰে। পৰিষদৰ আলোচনা চাৰি দিন চলে। কিন্তু তেতিয়ালৈ পূৱ পাকিস্তানত থকা পাকিস্তানী সৈন্যবাহিণীয়ে আত্মসমৰ্পণ কৰে আৰু যুদ্ধৰ অন্ত পৰে। ৰাষ্ট্ৰসংঘৰ ওপৰত ক্ষোভত ভুট্টোৱে তেওঁ দিবলগা ভাষণটো ফালি পেলাই পৰিষদ পৰিত্যাগ কৰে। ৰাষ্ট্ৰসংঘৰ সৰহভাগ সদস্য দেশেই স্বাধীনতাৰ কেইমাহমানৰ ভিতৰতে বাংলাদেশক ৰাষ্ট্ৰৰ মৰ্য্যদা দিয়ে। আমেৰিকা আৰু চোভিয়েট ইউনিয়ন আমেৰিকা ৰাজনৈতিকভাৱে আৰু কাৰ্যক্ষেত্ৰতো পাকিস্তানৰ সমৰ্থক আছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিক্সনে আমেৰিকাই পাকিস্তানৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰে বুলিলেও পাকিস্তানৰ পৰাজয় নিশ্চিত দেখি বিমানবাহী জাহাজ ইউ এচ এচ এণ্টাৰপ্ৰাইজক বংগোপসাগৰলৈ পঠায়। ইয়াক ভাৰতে পাৰমাণৱিক ভাবুকী হিচাবে গণ্য কৰে। "এণ্টাৰপ্ৰাইজ" ১১ ডিচেম্বৰ ১৯৭১ ত গন্তব্যত উপস্থিত হয়। ৬ আৰু ১৩ ডিচেম্বৰত চোভিয়েট নৌসেনাইও ব্লাডিভষ্টকৰ পৰা পাৰমাণৱিক ক্ষেপনাস্ত্ৰৰে সজ্জিত দুটা জাহাজৰ গোট পঠাই দিয়ে। তেওঁলোকে আমেৰিকান টাস্ক ফ'ৰ্চ ৭৪ -অক ভাৰত মহাসাগৰত ১৮ ডিচেম্বৰ ১৯৭১ ৰ পৰা ৯ জানুৱাৰী ১৯৭২ -অলৈকে অনুসৰণ কৰে। ৰিচাৰ্ড নিক্সন আৰু হেনৰী কিছিংগাৰে দক্ষিণ আৰু দক্ষিণ-পূৱ এচিয়াত চোভিয়েট প্ৰভাৱ বিস্তাৰ লৈ আশংকিত আছিল। পাকিস্তান চীন প্ৰজাতন্ত্ৰৰ নিকট মিত্ৰ আছিল। চীন-আমেৰিকা সম্পৰ্ক উন্নীতকৰণৰ বাবে চেষ্টা কৰি আছিল আৰু তেওঁ ১৯৭২ ৰ ফেব্ৰুৱাৰীত চীন ভ্ৰমণ কৰাৰ কথা আছিল। তেওঁ আশংকা কৰিছিল যে পশ্চিম পাকিস্তানত ভাৰতৰ আক্ৰমণে অঞ্চলটোত চোভিয়েট প্ৰাধান্য স্থাপন কৰিব। ই বিশ্বত আমেৰিকাৰ আৰু আঞ্চলিকভাৱে তেওঁলোকৰ মিত্ৰসম চীনৰ স্থান লঘু কৰিব। চীনৰ আগত বন্ধুত্ব প্ৰতিপন্ন কৰিবলৈ তেওঁ পাকিস্তানৰ বিৰুদ্ধে লাগু অস্ত্ৰ প্ৰতিবন্ধতা সত্ত্বেও জৰ্ডান আৰু ইৰাণৰ জৰিয়তে পাকিস্তানলৈ অস্ত্ৰ সৰবৰাহ জাৰি ৰাখিলে। লগতে তেওঁ চীনকো পাকিস্তানলৈ অস্ত্ৰ যোগান ধৰি থাকিবলৈ উৎসাহিত কৰিলে। নিক্সন প্ৰশাসনে পূৱ পাকিস্তানত পাকিস্তান সেনাৰ জাতিহত্যাৰ খবৰো আনকি আৰ্চাৰ ব্লাডৰ ব্লাড টেলিগ্ৰামো উপেক্ষা কৰিলে। ছোভিয়েট ইউনিয়নে বুজি পাইছিল যে বাংলাদেশৰ স্বাধীনতাই তেওঁলোকৰ প্ৰতিদ্বন্দ্বী আমেৰিকা আৰু চীনৰ অৱস্থান দুৰ্বল কৰিব আৰু সেয়ে তেওঁলোকে ভাৰত আৰু বাংলাদেশ তথা মুক্তি বাহিনীলৈ সমৰ্থন দিলে। আমেৰিকা আৰু চীনৰ লগত ভাৰতৰ সংঘৰ্ষ হ'লে তেওঁলোকে সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিলে। ভাৰত-ছোভিয়েট বন্ধুত্ব আৰু সহযোগিতা চুক্তিৰ জৰিয়তে ই নিশ্চিত হয়। ভাৰত মহাসাগৰত আমেৰিকাৰ চাবমেৰীন "এণ্টাৰপ্ৰাইজে" সৃষ্টি কৰিব পৰা সম্ভাব্য আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে তেওঁলোকে এখন পাৰমাণৱিক চাবমেৰীনো নিয়োগ কৰে। যুদ্ধৰ পাচত ৱাৰ্শ্ব চুক্তিৰ দেশসমূহেই সৰ্বপ্ৰথমে বাংলাদেশ ৰাষ্ট্ৰক মান্যতা দিয়ে। ছোভিয়েট ইউনিয়নে ১৯৭১ চনৰ ২৫ আনুৱাৰীত বাংলাদেশক ৰাষ্ট্ৰৰ মান্যতা দিয়ে। আমেৰিকাই পলমকৈ ৮ এপ্ৰিল ১৯৭২ চনত বাংলাদেশক ৰাষ্ট্ৰৰ মান্যতা দিলে। চীন পূৱ পাকিস্তানৰ ঘটনাৱলীত আৰু ভাৰতে পশ্চিম পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰ আক্ৰমণ কৰিব পাৰে বুলি পাকিস্তানৰ দীৰ্ঘদিনীয়া মিত্ৰ হিচাবে চীন প্ৰজাতন্ত্ৰ অত্যন্ত শংকিত আছিল। এনে আক্ৰমণ সমাগত বুলি ভাবি নিক্সনেও চীনক ভাৰতৰ সীমাত তেওঁলোকৰ সেনা নিয়োজিত কৰিবলৈ উৎসাহ দিলে। কিন্তু চীনে এনে নকৰিলে, কাৰণ তেওঁলোকে জানিছিল যে ১৯৬২ চনৰ দৰে ভাৰত এইবাৰ অপ্ৰস্তুত নাছিল। এইবাৰ ভাৰতীয় সেনা সষ্টম আছিল আৰু চীনৰ সীমাত ৮টা মাউণ্টেইন ডিভিজন মোতায়েন কৰি ৰাখিছিল। যেতিয়া বাংলাদেশে ১৯৭২ চনত ৰাষ্ট্ৰসংঘৰ সদস্যতাৰ বাবে আবেদন কৰে, চীনে ভেট' প্ৰয়োগ কৰি এই আবেদন নাকচ কৰে। কাৰণ ৰাষ্ট্ৰসংঘৰ স্বৰ্ত অনুসৰি এতিয়াও পাকিস্তানী যুদ্ধবন্দী আৰু নাগৰিকসকলক প্ৰত্যৰ্পণ কৰা হোৱা নাছিল। ৩১ আগষ্ট ১৯৭৫ পৰ্য্যন্ত চীনে বাংলাদেশ ৰাষ্ট্ৰক মান্যতা নিদিলে। তথ্য সংগ্ৰহ আৰু পঢ়ক (1973). 0-02-595240-4 (2001). 1-85984-631-9 1972. 1972. 1988. 1993. (1973). 48(2): 242–249. 1994. 01-16, 1976 2005) 1972. 1972. 1968–1971, 1994. 1971, 2002. 1971 1971 2002. 1997. 1977. 1990. 1997 -7, 1969–1972 1994. বাহ্যিক সংযোগ 1971 1971. বাংলাদেশ বাংলাদেশৰ মুক্তিযুদ্ধ যুদ্ধ আধুনিক
42142
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%97%E0%A7%B1%E0%A6%BE%E0%A6%A8
ভগৱান
একেশ্বৰবাদৰ মতে, ভগৱান হৈছে অতি মানৱ আৰু বিশ্বাসৰ মূল বিষয়। সৰ্বেশ্বৰবাদত ইশ্বৰৰ ধাৰণাক সৰ্বজ্ঞ সৰ্ব শক্তিমান সৰ্বত্ৰ বিৰাজমান স্বৰ্গীয় সৰলতাযুক্ত, আৰু এটা নিয়ন্ত্ৰণকাৰী আৰু প্ৰয়োজনীয় অস্তিত্ব বুলি ব্যাখ্যা কৰে। বহুতে ভগৱানক সৰ্ব গুণাকৰ আৰু সৰ্ব প্ৰেমী বুলিও বৰ্ণনা কৰে। ভগৱানৰ প্ৰায়ে শৰীৰ বিহীন, আৰু যিকোনো মানৱীয় জৈৱিক লিংগহীন বুলি গণ্য কৰা হয়, তথাপিও প্ৰত্যক্ষভাৱে ভগৱানে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰা ধাৰণা (পৰোক্ষভাৱে অসমৰ্থিত) অনুসৰি বহুতো ধৰ্মত ভগৱানক উভয় লিংগবাচক নামেৰে হিচাপে বৰ্ণনা কৰা হয়, যেনে "তেওঁ" বা "পিতা" আদি। ইয়াৰোপৰি, কিছুমান ধৰ্মত (যেনে ইহুদী ধৰ্ম) ভগৱানক কেৱল এটা বিশুদ্ধ ব্যায়াকৰণিক ভগৱান "লিংগ" হিচাপে ধৰা দেখা যায়। ৰ মতে, ভগৱান হৈছে ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা, আনহাতে ৰ মতে, ভগৱান সৃষ্টিকৰ্তা, কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ পালনকৰ্তা নহয়। ৰ মতে, ভগৱান নিজেই বিশ্বব্ৰহ্মাণ্ড। নাস্তিকতাবাদ মতে, ভগৱানৰ কোনো অস্তিত্ব নাই, আনহাতে অজ্ঞেয়বাদ অনুসৰি ভগৱান অজানা বা ভগৱান সম্পৰ্কে কোনেও একো নেজানে। ভগৱানক অমূৰ্ত (নিৰাকাৰ), এক ব্যক্তিগত সত্তা, সকলো নৈতিক কৰ্মৰ উৎস, আৰু "বৃহৎ বোধগম্য অস্তিত্ব" বুলিও ভবা হয়। ভগৱানৰ অস্তিত্বৰ সমৰ্থন আৰু বিৰোধিতা কৰি বহু বিখ্যাত দাৰ্শনিকে বিভিন্ন ধৰণৰ যুক্তি সৃষ্টি কৰিছে। ভগৱানক বহু নামেৰে জনা যায়, আৰু বিভিন্ন নামবোৰ ভগৱান পৰিচয় আৰু প্ৰকাশৰ বিভিন্ন সাংস্কৃতিক ধাৰণাৰ হৈতে সংযোজিত। এটেন ধৰ্মৰ পুৰণি ইজিপ্তিয়ান যুগত, সম্ভৱতঃ বৰ্তমানলৈকে আবিস্কৃত আটাইতকৈ পুৰণি একেশ্বৰবাদী ধৰ্মত, ভগৱানক এটেন বুলি কোৱা হৈছিল, একমাত্ৰ "প্ৰকৃত" পৰম সত্তা আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাৰ মান্যতা দিয়া হৈছিল। হিব্ৰু বাইবেল আৰু ইহুদী ধৰ্মত, "তেঁৱেই যি জন", "ময়েই সেই মই", আৰু সেই টেট্ৰাগ্ৰামাটন যাৰ অৰ্থ: "ময়েই সেই জন যিজন মই"; "তেওঁ যি বিৰাজমান") আদি শব্দৰে ভগৱানক বুজাইছিল, অন্যহাতে ৰ ভাষান্তৰ হিচাপে খ্ৰীষ্টান ধৰ্মত কেতিয়াবা য়াহৱেহ আৰু যেহ'ৱাহ ব্যৱহাৰ কৰা হয়। খ্ৰীষ্টান ট্ৰিনিটী সিদ্ধান্ত মতে, ভগৱান, তিনিজন ব্যক্তিৰূপত বিৰাজমান, যাক পিতা, পুত্ৰ, আৰু পবিত্ৰ আত্মা বুলি কোৱা হয়। ইহুদী ধৰ্মত ভগৱানক, নামমাত্ৰ নাম এল'হিম বা আড'নাইৰে বুজায়, কিছু বিশেষজ্ঞৰ মতে এই নামৰ অদ্যাক্ষৰ ইজিপ্তিয়ান এটেনৰ পৰা আহৰণ কৰা হৈছে। ইছলামত ভগৱান বুজোৱা অসংখ্য নাম আছে, তাৰ ভিতৰত আল্লাহ, "আল-এল", বা "আল-এলাহ" ("ভগৱান") আদি বেছিকৈ ব্যৱহাৰ কৰে, হিন্দু ধৰ্মত, ব্ৰাহ্মণ শব্দটো প্ৰায়ে বেদান্তৰ দেৱতাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। সেইদৰে, বাহাই ধৰ্মত বাহা, শিখ ধৰ্মত ৱাহেগুৰু, আৰু জ'ৰোৱাষ্ট্ৰিয়ান ধৰ্মত আহোৰা মাজদা বুলি কয়। ভগৱান সম্পৰ্কীয় বিভিন্ন মতবাদ, আৰু ভগৱানৰ বৈশিষ্ট, উদ্দেশ্য, আৰু কাৰ্যসমূহৰ প্ৰতিযোগিতামূলক দাবীবোৰে সমস্তবাদ, সৰ্বেশ্বৰবাদ, আদি ধাৰণা বা এক চিৰস্থায়ী দৰ্শন বিকাশৰ দিশলৈ আগবঢ়াই নিয়ে, যি নিৰ্ণয় কৰে যে সকলো ধৰ্মই কেৱল এক আংশিক বোধগম্যতা প্ৰকাশ কৰে, আৰু যিয়ে "বিভিন্ন বিখ্যাত ধৰ্মসমূহৰ উপাসকসকলে এক প্ৰকাৰে সেই এজন ভগৱানকেই উপাসনা কৰে, কিন্তু যদিও ভিন্ন, তেওঁৰ সম্পৰ্কে ধাৰণা বা মানসিক চিত্ৰখন সানমিহলি হৈ থাকে। এই সত্যটোকেই প্ৰতিপন্ন কৰে। জনশ্ৰুতি আৰু ব্যৱহাৰ ইংৰাজী ভাষাত, বৰফলাত লিখা গড শব্দই একেশ্বৰবাদৰ "ভগৱান" আৰু সৰ্বেশ্বৰবাদৰ "দেৱতা"ৰ মাজৰ পাৰ্থক্য প্ৰদৰ্শন কৰে। বাইবেলৰ বহুতো অনুবাদত, যদি লৰ্ড শব্দটোৰ আটাইকেইটা আখৰ বৰফলাৰ হয় তেতিয়া ই বিশেষভাৱে টেট্ৰাগ্ৰামাটনক বূজায়। বহুবচনহীন আৰবিক শব্দ আল্লাহ মুছলমান আৰু আৰবিক কোৱা খ্ৰীষ্টান আৰু জিউছসকলে "দ্য গড" বৰফলাৰ অথবা ভগৱানক বুজাবলৈ ব্যৱহাৰ কৰে, আনহাতে "ইল্লাহ" শব্দ কোনো উপাস্য বা সাধাৰণ দেৱতাৰ বাবে ব্যৱহাৰ কৰে। হিন্দু ধৰ্মৰ একেশ্বৰবাদৰ সোঁতত ভগৱানৰ নামবাচক শব্দ, প্ৰথমে ভাগৱতত কৃষ্ণ-বাসুদেৱ বা পিছলৈ বিষ্ণু আৰু হৰি নামৰ ব্যৱহাৰেৰে ভগৱানৰ ব্যক্তি প্ৰকৃতি উদ্ভাসিত কৰিছে। জ'ৰোৱাষ্ট্ৰিন ধৰ্মত ভগৱান বুজাবলৈ আহোৰা মাজদা শব্দ ব্যৱহাৰ কৰা হয়। এই 'মাজদা' বা ইয়াৰ এভেষ্টান মূল-ৰূপ 'মাজ্ধা'ই প্ৰাক-ইৰাণীয় 'মাজ্দাহ' (স্ত্ৰী) শব্দক প্ৰতিফলিত কৰে। ইয়াৰ সদৃশ 'বোধ' বা 'জ্ঞান' বুজোৱা সংস্কৃত শব্দ 'মেধা'ৰ দৰে ইয়াক আত্মাৰ নামবাচক শব্দৰূপে ব্যৱহাৰ কৰা হয়। এভেষ্টান আৰু সংস্কৃত দুয়োটা শব্দই প্ৰাক-ইণ্ডো-ইউৰোপীয় ম্নেছদ্হেহ1, আক্ষৰিক অৰ্থ "কাৰোবাৰ মনত ("ম্নেছ") স্থাপিত কৰা (দ্হেহ1)", অৰ্থাৎ "জ্ঞান"ৰ পৰা আহৰিত প্ৰাক-ইণ্ডো-ইৰাণীয় 'মাজ্ধা'ক প্ৰতিফলিত কৰে। ভগৱানক বুজাবলৈ শিখ ধৰ্মত প্ৰায়ে ৱাহেগুৰু পদটো ব্যৱহাৰ কৰা হয়। পঞ্জাবী ভাষাত ইয়াৰ অৰ্থ হৈছে "আচৰ্যজনক শিক্ষক"। ৱাহি (মধ্য পাচ্যৰ পৰা আমদানীকৃত) মানে "আচৰ্যজনক" আৰু গুৰু মানে "শিক্ষক"। সকলো বৰ্ণনাৰ উৰ্ধত কিছুলোকে ৱাহেগুৰু মানে পৰমানন্দৰ অভিজ্ঞতা বুলিও ব্যাখ্যা কৰে। "ৱাহিগুৰু" শব্দৰ আটাইতকৈ সাধাৰণ ব্যৱহাৰ হৈছে শিখ সকলে এজনে আনজনক শুভেচ্ছা জনাবলৈ ইয়াক ব্যৱহাৰ কৰে: ৱাহিগুৰু জী কা খালছা, ৱাহিগুৰু জী কি ফটেহ আচৰ্যজনক গুৰুৰ খালছা, আচৰ্যজনক ইশ্বৰৰ বিজয়ৰ অৰ্থে। বাহা'', হৈছে বাহাই ধৰ্মত ভগৱানক বুজোৱা "আটাইতকৈ মহান" নাম, ইয়াৰ আৰবিক অৰ্থ হৈছে "সৰ্ব-প্ৰসিদ্ধ"। বিশ্বাসৰ বিতৰণ তথ্য সংগ্ৰহ
51897
https://as.wikipedia.org/wiki/%E0%A6%89%E0%A6%AA%E0%A7%87%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%AD%E0%A6%BE%20%E0%A6%B9%E0%A6%BE%E0%A6%95%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A6%AE
উপেন ৰাভা হাকাচাম
উপেন ৰাভা হাকাচাম (জন্ম: ১৯৬১ উপেন ৰাভা হাকাচাম একাধাৰে গৱেষক আৰু ৰাভা ভাষা-সাহিত্যৰ সাধক। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত। জন্ম উপেন ৰাভা হাকাচামৰ জন্ম হয় ১৯৬১ চনৰ ২ জানুৱাৰীত। চাৰ্টিফিকেট মতে ৮-১-১৯৬৩। তেখেতৰ গাঁওখনৰ নাম- চাটাবাৰী। জিলা- গোৱালপাৰা। বৰ্তমান তেওঁ গুৱাহাটীৰ বাসিন্দা। শিক্ষা তেখেতে মেট্ৰিক পৰীক্ষা পাছ কৰে নেহেৰু বিদ্যাপীঠ হাইস্কুলৰ পৰা ১৯৭৮ চনত। ১৯৮১ চনত হায়াৰছেকেণ্ডৰী পৰীক্ষা পাছ কৰে গোৱালপাৰা কলেজৰ পৰা। সেইদৰে স্নাতক ডিগ্ৰী লাভ কৰে বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়, নগৰবেৰাৰ পৰা ১৯৮৪ চনত আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৮ চনত। তেওঁ পি.এইচ ডি ডিগ্ৰী লাভ কৰে ১৯৯৯ চনত। তেওঁৰ গৱেষণাৰ বিষয়- ৰাভা কথিত ভাষা আৰু অসমীয়া ভাষাঃ এটি তুলনামূলক অধ্যয়ন। কৰ্মজীৱন তেওঁ প্ৰথমে (1986-88), (1988-90) (1990-1992) ত কৰ্মজীৱনৰ আৰম্ভ কৰে। তাৰ পাছত ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰে। অসমীয়া বিভাগৰ ৰীডাৰ আৰু বিভাগীয় মুৰব্বী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰে। সাহিত্যৰাজি ৰাভা ব্যাকৰণ দ্বিতীয় ভাগ, ১৯৮৩ ),1997 ৰাভা ভাষা আৰু সাহিত্য, ১৯৯৭ অসমীয়া আৰু অসমৰ তিব্বত-বৰ্মীয় ভাষা,২০০০ ৰাভামিজ: ভাষা আৰু নিদৰ্শন, ২০০৫ ৰাভা ভাষা সাহিত্যৰ শেহতীয়া অগ্ৰগতিৰ সমীক্ষা, ২০০২ অসমৰ জনজাতীয় সংস্কৃতি, ২০০৫ ৰাভা লোক-সংস্কৃতি,অসম প্ৰকাশন পৰিষদ, ২০০৬ বৰ-অসমৰ বৰ্ণিল সংস্কৃতি, ২০০৮ শিকো-বুজো ৰাভা ভাষা, ২০০৮ অসমীয়া আৰু অসমৰ ভাষা-উপভাষা, ২০০৯ ৰাভা সমাজ আৰু সংস্কৃতি, ২০১০ বৰ অসমৰ বিহু সংস্কৃতি, ২০১১ ৰাভা লোক-সাহিত্য: ঐতিহ্য-পৰম্পৰা আৰু প্ৰণালীবদ্ধকৰণ, ২০১১ 2011. অসমীয়া আৰু অসমৰ জাতি-জনগোষ্ঠী: প্ৰসংগ-অনুসংগ,২০১৩ ভাষা-সাহিত্যৰ স্ৰষ্টা দ্ৰষ্টা আৰু সমাজ নিৰ্মাতা, ২০১৩ অসমীয়া আৰু অসমৰ খিলঞ্জীয়া উপাধি, ২০১৩ ব্যৱহাৰিক অসমীয়া ব্যাকৰণ, ২০১৩ অন্য এক দৃষ্টিকোণৰ পৰা, ২০১৪ অসমীয়া ভাষাৰ গঠন: ঐতিহ্য আৰু ৰূপান্তৰ, ২০১৪ নাৰী-সংস্কৃতিৰ ডুখৰীয়া ছবি, ২০১৫ অসমীয়া ৰূপতত্ত্বৰ মৌলিক বিচাৰ, ২০১৫ লোকভাষাৰ প্ৰকৃতি বিচাৰ, ২০১৫ বৰ অসমৰ বৰ্ণ হিন্দু জাতি-জনগোষ্ঠী, ২০১৭ লক্ষ্মী (লখিমী): ধন-ধান-যশ-ঐশ্বৰ্যৰ দেৱী, ২০১৮ আধুনিক ৰাভা ব্যাকৰণ আৰু ৰচনা, ২০১৮ ,2017 বক্তৃতাত্ৰয় (তিনিটা স্মাৰক বক্তৃতাৰ একত্ৰ সংকলন), ২০১৮ উপেন ৰাভা হাকাচামৰ প্ৰবন্ধ চানেকী, ২০১৯ সৃষ্টিমূলক ৰচনা সতী দ্যুমকচি (ৰাভা অসমীয়া দ্বিভাষিক নৃত্য নাটিকা), ১৯৮৭ ৰংগি'ৰ পৰশুৰাম (ৰাভা বুৰঞ্জী মূলক নাটক), ১৯৯৯ কথাৰ কথা আৰু অনৰ্থক কথা, ২০১০ সম্পাদনা ৰূপালী জয়ন্তী, চাটাবাৰী এম. ই স্কুল, ১৯৯৫ 1997. শ্ৰদ্ধাঞ্জলি ৰাজেন ৰাভা, ১৯৯৯ 2000. বাৰ্তা-পখিলী (গোৱালপাৰা জিলা বিশেষ সংখ্যা, অতিথি সম্পা), ২০০২ ৰাভা লোক-গীত, ২০০২ অসমৰ সংস্কৃতি, ২০০৬ অন্বেষণ (অষ্টম সংখ্যা), ২০০৭ অসম সাহিত্য সভা পত্ৰিকা (৮টা সংখ্যা), ২০০৯-২০১১ অসমৰ বাহ সংস্কৃতি, ২০১১ (যৌথ) ৰাজেন ৰাভা ৰচনাৱলী, ২০১২ নামনি অসমৰ আঞ্চলিক শব্দকোষ, ২০১২ (যৌথ) এহোৰা জনজাতীয় চুটিগল্প, ২০১২ খুৰাংমুক, ,2015 অলৌগুটি-টলৌগুটি, ২০১৬ (যৌথ) হেনা-হুচাঃ১ অসমৰ জনজাতীয় লোকসাহিত্যৰ সংকলন,২০১৫ ভাষাবৈজ্ঞানিক অধ্যয়নত তুলনা প্ৰসংগ, ২০১৫ (যৌথ) অসমৰ সামাজিক লোকাচাৰ, ২০১৭ (যৌথ) শিবানন্দ শৰ্মা ৰচনা সমগ্ৰ, ২০১৭ (যৌথ) সমকালীন অসমীয়া লোক-সাহিত্য, ২০১৭ ৰাভাসকলৰ লোক অসমীয়া গীত মাত, ২০১৮ হেনা-হুচা: ২ অসমৰ জনগোষ্ঠীয় লোকসাহিত্যৰ সংকলন,২০১৭ অসমৰ মুছলমান সম্প্ৰদায়: সমন্বয় আৰু সমাহৰণ, ২০১৮ (যৌথ) বিহু থাকে মানে, ২০১৮ (যৌথ) -2347-7180): (২০১৩-২২) ভাষা সাহিত্য সংস্কৃতিৰ ধেঁতোৰ ক’লা, ২০২০ বুৰঞ্জীখ্যাত মৰাণঃ অসমৰ আদিম জনগোষ্ঠী, ২০২০ এক দেশৰ বুলি এক দেশৰ গালি, ২০২২ জনজাতীয় শিশু সাহিত্যৰ খণ্ড, অসম শিশু সাহিত্য কোষ, ২০২০ বিবাৰ-বাদুংডুপ্পা-বিৰতা, প্ৰথম খণ্ড, জনজাতীয় আলোচনী সমগ্ৰ, অসম প্ৰকাশন পৰিষদ, ২০২০ অনুবাদ অসিমিন বাছং-গাবুৰ জ্যোতিপ্ৰসাদ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিৰ্বাচিত গীত, কবিতা, ৰচনাৰ অনুবাদ, অসম সাহিত্য সভা, ২০০৩ ৰাভা, যুত্ৰায়িছিনি খুৰাংচি, ৰাভা অনুূবাদিত কবিতা, অসম প্ৰকাশন পৰিষদ, ২০২০ খনসানাই ভাইথাই বিদাং, বৰো ভাষালৈ উপেন ৰাভা হাকাচামৰ নিৰ্বাচিত প্ৰবন্ধৰ অনুবাদ, অনুবাদঃ মান্না সিং ব্ৰহ্ম আৰু মাধৱীলতা ৰামছিয়াৰী বঁটা আৰু সন্মান ৰাষ্ট্ৰীয় লোকভাষা সন্মান, ২০০৩ 2011 প্ৰফুল্ল বৰা সোৱৰণী বঁটা, ২০১২ অসম প্ৰকাশন পৰিষদ বঁটা, ২০১২ নৃগোষ্ঠীয় সাধক সন্মান,২০১৮ ঐক্য সমন্বয় বঁটা (ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটি বঁটা), ২০১৮ কৃষ্ণ চন্দ্ৰ গান্ধী স্মাৰক বঁটা, ২০১৯ ডঃ স্বৰ্ণলতা বৰুৱা বঁটা, ২০১১ যজ্ঞৰাম তালুকদাৰ স্মাৰক বঁটা, ২০২০ শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা বঁটা, ২০২০ বীৰ ৰাঘৱ মৰাণ বঁটা, ২০২১ তথ্যসূত্ৰ অসমৰ ব্যক্তি অসমীয়া ভাষাবিদ অসমীয়া
85616
https://as.wikipedia.org/wiki/%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A6%AE%E0%A7%87%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%81%E0%A6%B2%E0%A6%BE%E0%A6%87%E0%A6%A8%20%E0%A6%B9%E0%A7%B0%E0%A6%AE%E2%80%99%E0%A6%A8%20%E0%A6%A5%E0%A7%87%E0%A7%B0%E0%A6%BE%E0%A6%AA%E0%A7%80
ট্ৰান্সমেস্কুলাইন হৰম’ন থেৰাপী
ট্ৰান্সমেস্কুলাইন হৰম’ন থেৰাপী বা মহিলাৰ পৰা পুৰুষলৈ (বা এফটিএম) হৰম’ন থেৰাপী বুলিও কোৱা হয়, মেস্কুলিনাইজিং হৰম’ন থেৰাপী হৈছে হৰম’ন থেৰাপী আৰু লিংগ দৃঢ়কৰণ থেৰাপীৰ এক প্ৰকাৰ যিটো তৃতীয়লিংগৰ গৌণ যৌন বৈশিষ্ট্যক নাৰী বা এণ্ড্ৰজিনাছৰ পৰা পুৰুষলৈ সলনি কৰিবলৈ ব্যৱহাৰ কৰা হয়। ই এক সাধাৰণ ধৰণৰ ৰূপান্তৰিত হৰম’ন থেৰাপী (আন এটা হ’ল ফেমিনাইজিং হৰম’ন থেৰাপী), আৰু ইয়াক প্ৰধানকৈ ৰূপান্তৰিত পুৰুষ আৰু অন্যান্য ৰূপান্তৰিত লিংগৰ ব্যক্তিৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। কিছুমান আন্তঃলিংগ লোকেও, হয় শৈশৱৰ পৰা আৰম্ভ কৰি নিৰ্ধাৰিত লিংগ নিশ্চিত কৰিবলৈ নতুবা নিজৰ জন্মগত লিংগক অস্বীকাৰ কৰি এই ধৰণৰ চিকিৎসা গ্ৰহণ কৰে। এই ধৰণৰ চিকিৎসাৰ উদ্দেশ্য হ’ল আকাংক্ষিত লিংগৰ গৌণ লিংগ বৈশিষ্ট্য যেনে মাত গভীৰ হোৱা আৰু চুলি, চৰ্বি, পেশীৰ বিতৰণৰ পুৰুষসুলভ আৰ্হিৰ বিকাশ ঘটোৱা। ই প্ৰাকৃতিকভাৱে হোৱা যৌৱনকালৰ ফলত সৃষ্টি হোৱা বহু পৰিৱৰ্তন ঘূৰাই আনিব নোৱাৰে, যিবোৰ উলটিবলৈ অস্ত্ৰোপচাৰ আৰু অন্যান্য চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে। এফটিএম চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধসমূহৰ ভিতৰত মূলতঃ এণ্ড্ৰজেন (যেনে টেষ্টষ্টেৰন) আৰু জিএনআৰএইচ এনালগ আদি অন্তৰ্ভুক্ত। থেৰাপীয়ে ব্যক্তিৰ প্ৰথম যৌৱনকালৰ প্ৰভাৱক বাতিল কৰিব নোৱাৰিলেও, বেলেগ লিংগৰ সৈতে জড়িত গৌণ লিংগ বৈশিষ্ট্য বিকশিত কৰিলে লিংগ ডিছফ'ৰিয়াৰ সৈতে জড়িত কিছুমান বা সকলো দুখ আৰু অস্বস্তিৰ পৰা উপশম পাব পাৰি, আৰু ব্যক্তিজনক আগুৱাই যোৱাত বা তেওঁৰ আকাংক্ষিত লিংগৰ স্বৰূপত দেখা পোৱাত সহায় কৰিব পাৰে। শৰীৰত বহিৰ্জাতীয় হৰম’ন প্ৰৱৰ্তন কৰিলে প্ৰতিটো স্তৰতে ইয়াৰ প্ৰভাৱ পৰে আৰু বহু ৰোগীয়ে শক্তিৰ মাত্ৰা, মেজাজ, ভোক আদিৰ পৰিৱৰ্তন হোৱাৰ কথা জনায়। চিকিৎসাৰ লক্ষ্য হৈছে, প্ৰকৃততে সকলো দেহগত চিকিৎসাই ৰোগীক অধিক সন্তুষ্টিদায়ক শৰীৰ প্ৰদান কৰা তেওঁলোকৰ লিংগ পৰিচয়ৰ সৈতে সামঞ্জস্যপূৰ্ণতা প্ৰদান কৰা পুৰুষতান্ত্ৰিক হৰম'ন চিকিৎসাই লিংগ ডিছফ'ৰিয়াৰ সৈতে জড়িত দুখ আৰু অস্বস্তি হ্ৰাস কৰাৰ সম্ভাৱনা দেখা গৈছে। চিকিৎসা ব্যৱহাৰ ৰূপান্তৰিত লিংগৰ পুৰুষ আৰু জেণ্ডাৰকুইয়াৰ ব্যক্তিৰ পুৰুষত্ব আৰু/বা নাৰীসুলভতা নোহোৱা কৰা। আন্তঃলিংগ লোকৰ পুৰুষত্ব আৰু/বা নাৰীসুলভতা নোহোৱা কৰা। ক্ষতি এণ্ড্ৰজেন চিকিৎসাৰ কেইবাটাও স্বাস্থ্য বিৰোধি প্ৰতিক্ৰিয়া আছে। এই চিকিৎসাৰ এক নিৰপেক্ষ প্ৰভাৱ পৰে গৰ্ভাৱস্থাত। আপেক্ষিক চিকিৎসাৰ প্ৰতিক্ৰিয়া সমূহ হ'ল: এণ্ড্ৰজেন সংবেদনশীল মৃগীৰোগ মাইগ্ৰেইন টোপনিৰ এপনিয়া পলিচাইথেমিয়া (ৰক্তকণিকাৰ সংখ্যা বৃদ্ধি) হৃদযন্ত্ৰৰ বিকলতা, বৃক্ক বিকলতা, বা ছডিয়াম ধৰি ৰখা আৰু তৰল পদাৰ্থৰ অতিৰিক্ত বোজাৰ প্ৰতি সহজলভ্য গুৰুতৰ উচ্চ ৰক্তচাপ উল্লেখযোগ্য যকৃতৰ ৰোগ ক’ৰ’নাৰী ধমনী ৰোগ বা এই অৱস্থাৰ বাবে বিপদজনক কাৰক জৰায়ুৰ কৰ্কট ৰোগ ৰক্তক্ষৰণৰ বিকাৰ (বেজী দিয়া টেষ্টষ্টেৰনৰ বাবে) হিংসাত্মক আচৰণৰ স্তন কেন্সাৰৰ সম্ভাৱনা (টেষ্টষ্টেৰনে বেছিভাগ স্তন কেন্সাৰতে এণ্টিপ্ৰলিফেৰেটিভ প্ৰভাৱ পেলায় যদিও সকলো স্তন কেন্সাৰতে নহয়) ব্ৰণ (মৃদুৰ পৰা গুৰুতৰ) নিৰাপত্তা শেহতীয়াকৈ কৰা দুটা গৱেষণাই হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা বৃদ্ধিৰ সম্ভাৱনাৰ কথা সূচায়। নোটা, ইটি এল (২০১৯)এ বিচাৰি উলিয়াইছে যে টেষ্টষ্টেৰন গ্ৰহণ কৰা ৰূপান্তৰকামি পুৰুষৰ চিছজেণ্ডাৰ মহিলাৰ তুলনাত হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, প্ৰতি এক লাখ ব্যক্তি-বছৰত ১১ বনাম ৩টা হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে, যদিও এই আশংকা চিছজেণ্ডাৰ পুৰুষতকৈ কম। এইক্ষেত্ৰত গৱেষকসকলে ধূমপানৰ অৱস্থা বা মানসিক চাপৰ প্ৰভাৱ সম্পৰ্কত কোনো মত প্ৰকাশ কৰা নাই। শেহতীয়াকৈ কৰা আন এটা অধ্যয়নত 2019) স্ব-চিনাক্ত ৰূপান্তৰিত লিংগৰ পুৰুষৰ মাজত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পোৱা দেখা গৈছে—যিটো বয়স, ডায়েবেটিছ মেলিটাছ, দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ, ধূমপান, উচ্চ ৰক্তচাপ, হাইপাৰকলেষ্টেৰলেমিয়া, আৰু ব্যায়ামৰ লগত খাপ খুৱাই লোৱাৰ পিছতো স্থায়ী হৈ থাকে। অধ্যয়নটোত দেখা গৈছে যে ৰূপান্তৰিত লিংগৰ পুৰুষৰ মায়োকাৰ্ডিয়াল ইনফাৰ্কচন হোৱাৰ সম্ভাৱনা ক্ৰমে চিছজেণ্ডাৰ মহিলা আৰু চিছজেণ্ডাৰ পুৰুষৰ তুলনাত >৪গুণ আৰু ২গুণ বৃদ্ধি পায়। অৱশ্যে সেয়া সদায় নহয়, ট্ৰেন্সমেস্কুলাইন লোকৰ বাবে টেষ্টষ্টেৰন প্ৰায়ে দীৰ্ঘম্যাদী ব্যৱহাৰৰ উদ্দেশ্যেৰে কৰা হয়। অপৰ্যাপ্ত বিস্তৃত গৱেষণাৰ বাবে দীৰ্ঘদিন ধৰি টেষ্টষ্টেৰন প্ৰয়োগৰ সম্পূৰ্ণ পৰিসৰৰ বিপদৰ ওপৰত কোনো একমত হোৱা নাই। কিছুমান ৰূপান্তৰিত লিংগৰ পুৰুষে ডিআইৱাই চিকিৎসা কৰিব পাৰে আৰু টেষ্টষ্টেৰন স্বয়ংক্ৰিয়ভাৱে প্ৰয়োগ কৰিব পাৰে; কিন্তু সঠিক প্ৰশিক্ষণ অবিহনে ইয়াৰ ফলত ঘাঁ, বিৰক্তি, আৰু বেজী ভাঙি যোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰশিক্ষণ বা প্ৰেছক্ৰিপচন অবিহনে ট্ৰেন্সমেস্কুলাইন লোকৰ বাবে টেষ্টষ্টেৰন স্ব-প্ৰশাসন কৰাটো অসুৰক্ষিত বুলি গণ্য কৰা হয় আৰু ৰাজহুৱা বা ব্যক্তিগত স্বাস্থ্যসেৱা প্ৰদানকাৰীয়ে ইয়াক পৰামৰ্শ দিয়া নহয়। ই অবৈধও হ'ব পাৰে। তথ্যসূত্ৰ চিকিৎসা
78024
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%8D%E0%A6%AE%E0%A6%AA%E0%A7%81%E0%A6%A4%E0%A7%8D%E0%A7%B0%20%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%95%E0%A6%BE%E0%A7%B0%20%E0%A6%8F%E0%A6%A3%E0%A7%8D%E0%A6%A1%20%E0%A6%AA%E0%A6%B2%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A7%B0%20%E0%A6%B2%E0%A6%BF%E0%A6%AE%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%A1
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএল ভাৰতৰ অসমত ডিব্ৰুগড় জিলাৰ লেপেটকটাত অৱস্থিত এক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ঐতিহাসিক অসম চুক্তি অসম গেছ ক্ৰেকাৰ প্ৰকল্প হিচাপে অন্তৰ্ভুক্ত থকা বিচিপিএল নিৰ্মাণৰ কাৰ্য ২০০৭ চনৰ ৯ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আৰম্ভ কৰিছিল আৰু ইয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে উৎপাদনৰ বাবে উদ্বোধন কৰিছিল। ৭০% ইকুইটিৰ সৈতে গেইল (ইণ্ডিয়া) লিমিটেড ইয়াৰ মুখ্য অংশীদাৰ আৰু বাকী ৩০% ইকুইটিখিনি অসম চৰকাৰ, নুমলীগড় তেল শোধনাগাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত সমান অংশত বিভাজিত। ইথাইলিন, প্ৰপাইলিন, ৰৈখিক নিম্ন-ঘনত্বৰ পলিইথাইলিন, উচ্চ-ঘনত্বৰ পলিথাইথিলিন আৰু পলিপ্ৰপাইলিন হৈছে বৰ্তমান প্ৰকল্পটোৰ দ্বাৰা উৎপাদিত বিভিন্ন পেট্ৰো-সামগ্ৰী আৰু পলিমাৰ। ইয়াৰ লগতে হাইড্ৰজেনযুক্ত পাইৰোলাইচিছ গেছ'লিন আৰু ১-বিউটেনৰ বাবে দুটা উৎপাদন একক নিৰ্মাণাধীন। ইতিহাস ১৯৮৪ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম গেছ ক্ৰেকাৰ প্ৰকল্পৰ পৰিকল্পনা কৰিছিল। ৰাজীৱ গান্ধী চৰকাৰে অসমৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিনিধি আৰু অসম আন্দোলনৰ নেতাসকলৰ মাজত স্বাক্ষৰিত অসম চুক্তিত ইয়াক অন্তৰ্ভুক্ত কৰিছিল। অৱশ্যে, প্ৰকল্পটোৰ বিতং সম্ভাৱ্যতা প্ৰতিবেদন ২০০৬ চনত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অধীনত প্ৰস্তুত আৰু অনুমোদিত কৰা হৈছিল। এজিচিপি কাৰ্যকৰী কৰাৰ বাবে বিচিপিএল দায়বদ্ধ। ১৯৯৫ চনৰ নৱেম্বৰ মাহত ডিব্ৰুগড় জিলাৰ টেঙাখাটত তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওয়ে বিচিপিএলৰ আধাৰশিলা স্থাপন কৰিছিল। [কিন্তু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিৰোধিতাৰ বাবে এই স্থান পৰিত্যাগ কৰা হৈছিল। ভাৰতীয় বায়ু সেনাৰ দিনজান এয়াৰফিল্ডৰ ওচৰত থকা বাবে স্থানীয় বাসিন্দাসকলৰ প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ২০০৭ চনৰ ৯ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ এক অনুষ্ঠানত বিচিপিএল পেট্ৰ'কেমিকেল কমপ্লেক্সৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয়। লেপেটকটাক বাছনি কৰা হৈছিল কিয়নো ইয়াৰ বাবে মানুহৰ কোনো স্থানান্তৰৰ প্ৰয়োজন নাছিল আৰু প্ৰকল্পটোৰ বাবে নিৰ্ধাৰিত ৯৯২ একৰ (৪০১ হেক্টৰ) ভূমিৰ বেছিভাগ বিভিন্ন চাহ বাগিছাৰ বাসিন্দা আৰু অসম চৰকাৰৰ আছিল। বিচিপিএল পেট্ৰ'কেমিকেল কমপ্লেক্স নিৰ্মাণৰ প্ৰাৰম্ভিক মুঠ বাজেটৰ পূৰ্ব নিৰ্ধাৰণ ১৯৮৫ চনত ৫০০ কোটি টকা আছিল। কিন্তু ই সময়সীমা কেইবাবাৰো অতিক্ৰম কৰাৰ প্ৰকল্পটোৰ চূড়ান্ত ব্যয় ₹১০,০০০ কোটি লৈ বৃদ্ধি হৈছিল। এই প্ৰকল্পটো ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে আৰু ই উত্তৰ-পূব ভাৰতৰ প্ৰথম পেট্ৰ'কেমিকেল প্ৰকল্প হিচাপে পৰিগণিত হয়। প্ৰশাসন আৰু অংশীদাৰীত্ব বিচিপিএল পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত। ২০১৯ চনৰ ২৪ ডিচেম্বৰলৈকে ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ ৰাসায়নিক আৰু পেট্ৰো-কেমিকেল বিভাগ প্ৰকল্পটোৰ নিয়ন্ত্ৰণকাৰী সংস্থা আছিল। তাৰপিছত ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিয়ে পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়লৈ স্থানান্তৰকৰিবলৈ অনুমোদন জনাইছিল। বিচিপিএলৰ মুখ্য অংশীদাৰ হৈছে গেইল (ইণ্ডিয়া) লিমিটেড। ৭০% ইকুইটি অংশীদাৰীত্ব থকা গেইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰ, নুমলীগড় শোধনাগাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ আটাইৰে ১০% ইকুইটি অংশৰে ই এক যৌথ উদ্যোগ। প্ৰতিষ্ঠানটোৰ পৰিচালক মণ্ডলীত ইয়াৰ চাৰি অংশীদাৰৰ প্ৰতিনিধি অন্তৰ্ভুক্ত আছে। গেইলৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক মনোজ জৈন ইয়াৰ অধ্যক্ষ, বিচিপিএলৰ পৰিচালনা সঞ্চালক ৰীপ হাজাৰিকা, বিত্ত সঞ্চালক পৃথ্বিৰাজ দাস, অসম চৰকাৰৰ উপদেষ্টা আৰ কে দত্ত, অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব (উদ্যোগ আৰু বাণিজ্য বিভাগ) কে কে দ্বিবেদী, উপ সচিব (পেট্ৰ'লিয়াম আৰু গেছ মন্ত্ৰালয়, ভাৰত চৰকাৰ) সহ ছয়জন সঞ্চালক আছে। নুমলীগড় শোধনাগাৰৰ পৰিচালনা সঞ্চালক কপিল বাৰ্মা, অ'আইচি-গেইল পাটাৰ কাৰ্যবাহী সঞ্চালক এম ভি ৰবি সোমেশ্বৰুডু আৰু অইএল ইণ্ডিয়াৰ সঞ্চালক (বিত্ত) হৰিশ মাধৱ আৰু চাৰ্টাৰ্ড একাউণ্টেণ্ট সৌমিত্ৰ চৰকাৰক এজন স্বতন্ত্ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে। উৎপাদন বিচিপিএলৰ এটা ডুৱেল ফিড ক্ৰেকাৰ কমপ্লেক্সে বিভিন্ন প্ৰকাৰৰ পেট্ৰো-সামগ্ৰী আৰু পলিমাৰ প্ৰস্তুত কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য সমূহ হৈছে ইথাইলিন, প্ৰপাইলিন, ৰৈখিক নিম্ন-ঘনত্বৰ পলিথাইলিন, উচ্চ-ঘনত্বৰ পলিথাইলিন আৰু পলিপ্ৰপাইলিন। কোম্পানীটোৱে হাইড্ৰজেনযুক্ত পাইৰোলাইচিছ গেছ'লিনৰ বাবে দ্বিতীয় পৰ্যায়ৰ উৎপাদন গোট আৰু ১-বিউটেনৰ বাবে এটা স্থাপন কৰি উৎপাদন সম্প্ৰসাৰণৰ প্ৰস্তাৱ দিছিল। পৰিৱেশ অনুমোদন জাৰী কৰাৰ বাবে ২০২০ চনৰ ২৮ ডিচেম্বৰত ডিব্ৰুগড় জিলা প্ৰশাসনৰ তত্ত্বাৱধানত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এই সন্দৰ্ভত এক ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিছিল। তথ্য উৎস বাহ্যিক সংযোগ অসমৰ উদ্যোগ ডিব্ৰুগড়
56900
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A7%88%E0%A6%AF%E0%A6%BC%E0%A6%A6%20%E0%A6%86%E0%A6%B2%E0%A7%80%20%E0%A6%86%E0%A6%B9%E0%A6%9B%E0%A6%BE%E0%A6%A8
চৈয়দ আলী আহছান
'চৈয়দ আলী আহছান' (২৬ মাৰ্চ ১৯২২ ২৫ জুলাই ২০০২) বাংলাদেশৰ এজন খ্যাতিনামা সাহিত্যিক, কবি, সাহিত্য সমালোচক, অনুবাদক, প্ৰাবন্ধিক আৰু শিক্ষাবিদ। ১৯৮৯ খ্ৰিষ্টাব্দত পক হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। তেওঁ তেওঁৰ পাণ্ডিত্যৰ বাবে প্ৰসিদ্ধ আছিল। চৈয়দ আলী আহছান কৃত বাংলাদেশৰ জাতীয় সংগীতৰ ইংৰাজী অনুবাদ চৰকাৰী ভাষান্তৰ হিচাপে স্বীকৃত। জন্ম আৰু কৰ্মজীৱন বিশিষ্ট শিক্ষাবিদ, কবি, প্ৰাবন্ধিক, গবেষক, সম্পাদক, অনুবাদক আৰু জাতীয় অধ্যাপক চৈয়দ আলী আহছান ১৯২২ খ্ৰিষ্টাব্দৰ ২৬ মাৰ্চ বৰ্তমান মগুৰা জিলাৰ আলোকদিয়া গ্ৰামৰ এজন সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পুৰণি ঢাকা চহৰৰ আৰমানিটোলাত অৱস্থিত আৰমানিটোলা চৰকাৰি উচ্চ বিদ্যালয়ৰ পৰা এন্ট্ৰান্স (এচএচচি) আৰু ঢাকা ইণ্টাৰমিডিয়েট কলেজ (বৰ্তমানে ঢাকা কলেজ)ৰ পৰা এফএ (এইচএচচি) পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত ঢাকা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যে ১৯৪৩ খ্ৰিষ্টাব্দত স্নাতক (বিএ) আৰু ১৯৪৪ চনত স্নাতকত্বৰ (এমএ) ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ কলিকতা লৈ যায়। তাতেই বিবাহ কৰিছিল ৭ জুলাই, ১৯৪৬। অতঃপৰ যথাক্ৰমে অল ইন্ডিয়া ৰেডিও কলিকতা কেন্দ্ৰত আৰু ৰেডিঅ পাকিস্থান ঢাকা কেন্দ্ৰত কৰ্মসূচি নিয়ামকৰূপে চাকৰি কৰিছিল। তেওঁ ১৯৪৯ খ্ৰিষ্টাব্দত ঢাকা বিশ্ববিদ্যালয়ৰ বঙালী বিভাগত প্ৰভাষক হিচাপত যোগদান কৰিছিল। ১৯৫৩ খ্ৰিষ্টাব্দত চৈয়দ আলী আহছান কৰাচি বিশ্ববিদ্যালয়ৰ বঙালী বিভাগৰ প্ৰধান নিযুক্ত হৈছিল। ১৯৬০ খ্ৰিষ্টাব্দ লৈকে এনেকৈ কৰ্মৰত আছিল। ১৯৬০ পৰা ১৯৬৭ খ্ৰিষ্টাব্দ লৈকে বঙালী একাদেমীৰ পৰিচালক (প্ৰধান নিৰ্বাহ) হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পিছত চট্টগ্ৰাম বিশ্ববিদ্যালয়ত বঙালী বিভাগৰ অধ্যাপক আৰু অধ্যক্ষ হিচাপে যোগদান কৰে। ১৯৭১ খ্ৰিষ্টাব্দত বাংলাদেশ স্বাধীন হয়। ১৯৭২ খ্ৰিষ্টাব্দৰ পৰা ২৮ ফেব্ৰুৱাৰী, ১৯৭৫ খ্ৰিষ্টাব্দ লৈকে তেওঁ জাহাঙ্গীৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে দায়িত্ব পালন কৰে। ইয়াৰ পিছত পুনৰবাৰ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত বঙালী বিভাগৰ অধ্যাপক হিচাপে প্ৰত্যাৱৰ্তন কৰিছিল। ১৯৭৫ খ্ৰিষ্টাব্দৰ ২৭ চেপ্টেম্বৰৰ পৰা ১৯৭৭ খ্ৰিষ্টাব্দ লৈকে তেওঁ ৰাজশ্বাহী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে দায়িত্ব পালন কৰিছিল। ২০০২ চনৰ ২৫ জুলাই তেওঁৰ ঢাকাত মৃত্যু হয়। তেওঁক জাহাঙ্গীৰ নগৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় মছজিদ সংলগ্ন কবৰ স্থানত সমাদিস্থ কৰা হয়। গুৰুত্বপূৰ্ণ দায়িত্ব ১৯৭৭-৭৮ চনত বাংলাদেশ চৰকাৰৰ শিক্ষা, সংস্কৃতি, ক্ৰীড়া আৰু ধৰ্ম সম্পৰ্কিত মন্ত্ৰণালয়ৰ দায়িত্ব প্ৰেছিডেণ্টৰ উপদেষ্টা পদত নিযুক্তি আছিল। ছুইডেনৰ নোবেল কমিটিৰ সাহিত্য শাখাৰ উপদেষ্টা হিচাপে কাম কৰিছিল ১৯৭৬ চনৰ পৰা ১৯৮২ চন লৈকে। ১৯৮৯ চনত তেওঁ জাতীয় অধ্যাপক হিচাপে অভিষিক্ত হয় আৰু সেই বছৰতেই বিশ্ববিদ্যালয়ৰ মঞ্জুৰি কমিচনৰ চিয়াৰম্যান পদত নিযুক্তি হৈছিল। শেষ সময়ত দাৰুল ইহছান ইউনিভাৰ্চিটিৰ উপাচাৰ্য্য হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ জাহাঙ্গীৰ নগৰ আৰু ৰাজশ্বাহী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ দায়িত্ব পালন কৰিছিল। বঙালী একাদেমিৰ মহা পৰিচালক হিচাপেও তেওঁ শিক্ষিত সমাজত ভাল পৰিচিত। মুক্তিযুদ্ধত অংশগ্ৰহণ ১৯৭১ চনত চৈয়দ আলী আহছান বাংলাদেশৰ মুক্তিযুদ্ধত সক্ৰিয়ভাবে অংশ গ্ৰহণ কৰিছিল। তেওঁ স্বাধীন বঙালী বেতাৰ কেন্দ্ৰৰ শব্দসৈনিক হিচাপে বলিষ্ঠ ভূমিকা পালন কৰিছিল। এই সময়ত তেওঁ "চেনাকণ্ঠ" ছদ্মনামত পৰিচিত আছিল। সাহিত্য কৰ্ম কবিতা সম্বন্ধ চৈয়দ আলী আহছান ধ্যান-ধাৰণা সমকালীন কবিসকল চিন্তা-চৰ্চাৰ লগত তেনেকুৱা এটা দায়িত্ব ৰক্ষা কৰি চলিছিল। যদিও তেওঁৰ ৰচনাত ৰৈ আছে ঐতিহ্য-চেতনা, সৌন্দৰ্যবোধ আৰু স্বদেশ-প্ৰীতি, যি অইন কবিসকলোৰ লিখাতো বৰ্তমান। কবিৰ অসংখ্য গ্ৰন্থৰ মাজত 'একক সন্ধ্যায় বসন্ত'ক'' শ্ৰেষ্ঠ সংকলন হিচাপে বিবেচনা কৰা হয়। 'একক সন্ধ্যায় বসন্ত' কাব্যগ্ৰন্থত প্ৰধানত গদ্য-কবিতা স্থান পাইছে, সেই গদ্য-কবিতা ৰবিন্দ্ৰনাথ আৰু ত্ৰিশৰ কবিসকলোৰ গদ্য-কবিতাৰ পৰা পৃথক, কিয়নো তেওঁৰ কবিতাত উপমা আৰু শব্দ ব্যৱহাৰত আছে নতুনত্ব আৰু আধুনিকতা। উপমা ব্যৱহাৰত জীৱনানন্দ দাচৰ লগত তেওঁৰ পাৰ্থক্য এই যে জীৱনান্দত আছে ইন্দ্ৰীয়গ্ৰাহ্য উপমা আৰু চৈয়দ আলী আহছানৰ প্ৰধানত ব্যৱহাৰ কৰিছিল বিমূৰ্তি উপমা। তেওঁৰ উপমাৰ কাৰুকাজ, স্থাপনা কৌশল সচেতন পাঠকক মুগ্ধ কৰে। তেওঁৰ 'একক সন্ধ্যায় বসন্ত' কাব্য সংকলনৰ শ্ৰেষ্ঠ কবিতা 'প্ৰাৰ্থনা' আৰু 'আমাৰ পূৰ্ববঙালী' কবিতাদ্বয়। তেওঁৰ কবি প্ৰতিভাৰ উদাহৰণ পোৱা যায় নিম্নোক্ত চৰণ বিলাকত। প্ৰকাশিত গ্ৰন্থসমূহ চৈয়দ আলী আহছানৰ প্ৰকাশিত গ্ৰন্থৰ তালিকা তলত দিয়া হ'ল। ইয়াৰ উপৰিও তেওঁ আৰু কিছুমান গ্ৰন্থ ৰচনা কৰিছিল। কাব্যগ্ৰন্থ অনেক আকাশ (১৯৬০), একক সন্ধ্যায় বসন্ত (১৯৬২), সহসা সচকিত (১৯৬৮), উচ্চাৰণ (১৯৬৮), আমাৰ প্ৰতিদিনেৰ শব্দ (১৯৭৩) প্ৰেম যেখানে সৰ্বস্ব প্ৰবন্ধ গ্ৰন্থ বাংলা সাহিত্যেৰ ইতিবৃত্ত (আধুনিক যুগ) মুহম্মদ আবদুল হাইৰ সাথে (১৯৫৬) কবিতাৰ কথা (১৯৫৭) কবিতাৰ কথা ও অন্যান্য বিবেচনা (১৯৬৮) আধুনিক বাংলা কবিতা শব্দৰ অনুষঙ্গে (১৯৭০) ৰবীন্দ্ৰনাথ: কাব্য বিচাৰেৰ ভূমিকা (১৯৭৩), মধুসূদন কবিকৃতি ও কাব্যাদৰ্শ (১৯৭৬) আধুনিক জাৰ্মান সাহিত্য (১৯৭৬) যখন কলকাতায় ছিলাম, আহমদ পাবলিশিং হাউজ, ২০০৪ বাংলা সাহিত্যে ইতিহাস মধ্যযুগ শিল্পবোধ ও শিল্পচৈতন্য জীৱনেৰ শিলান্যাস সম্পাদিত গ্ৰন্থ পদ্মাবতী (১৯৬৮), মধুমালতী (১৯৭১) অনূদিত গ্ৰন্থ ইকবালেৰ কবিতা (১৯৫২), প্ৰেমেৰ কবিতা (১৯৬০), ইতিহাস (১৯৬৮) ইসলামি গ্ৰন্থ মহানবী আল্লাহ আমাৰ প্ৰভু অন্যান্য গ্ৰন্থ যখন সময় এলো ৰক্তাক্ত বঙালী পাণ্ডুলিপি বাংলাদেশেৰ শিক্ষা ব্যৱস্থা ৰজনীগন্ধা চৰ্যাগীতিকা আমাদেৰ আত্মপৰিচয় এবং বাংলাদেশী জাতীয়তাবাদ ১৯৭৫ সাল বাংলাদেশেৰ সংস্কৃতি কবি প্ৰতিভাৰ মূল্যায়ন ছেনেগালৰ সাবেক প্ৰেছিডেণ্ট, ফৰাচি ভাষাৰ অন্যতম শ্ৰেষ্ঠ কবি লিউপোণ্ড চেডৰ চেংঘৰ আছিল কবি চৈয়দ আলী আহছানৰ ঘনিষ্ঠ বন্ধু। চৈয়দ আলী আহছানক লৈ লিখা তেওঁৰ কবিতাত তেওঁ কৈছিল:চেংঘৰৰ এই কথা যি যথাৰ্থ তাৰ প্ৰমাণ আমি পাম অন্নদাশংকৰ ৰায়ৰ লিখাত: "তেওঁ এজন সত্যিকাৰৰ কবি। যেনে হৃদয়ৱান, তেনে ৰূপৱান। যি ভাষাত তেওঁ লিখে, সেয়া খাঁটি বঙালী। তেওঁৰ কবি পৰিচয়েই শ্ৰেষ্ঠ পৰিচয়।" আধুনিক ঊৰ্দু সাহিত্যৰ প্ৰখ্যাত কবি কলিম সাসামাৰী চৈয়দ আলী আহছানৰ ষাঠিতম জন্মদিনত তেওঁ শ্ৰদ্ধা জনাইছইল এইটো কৈ: "যেতিয়া বিধাতা সাহিত্যৰ বাবে এটা উজ্জ্বল কেন্দ্ৰবিন্দুৰ কথা ভাবিছিল, চৈয়দ আলী আহছান সাহিত্যৰ দিগন্তৰ আৱিৰ্ভূত হৈছিল কিৰণ সঞ্চাৰি সূৰ্য্যৰ নিচিনা। আৰু তেতিয়া কাব্যলোক আনন্দৰ সৈতে উচ্ছলতা-উৎফুল্লৰ নৃত্যৰত হ'ল। স্বৰ্গৰ পৰা ধৰিত্ৰী লৈকে উপাদান সঙ্গীতত সমৃদ্ধ হ'ল। বঁটা আৰু সম্মাননা বঙালী একাদেমি বঁটা (১৯৬৮), দাউদ বঁটা (১৯৬৯ স্বাধীনতা আন্দোলনৰ প্ৰাক্কালে প্ৰত্যাখ্যান), শেৰে বঙালী বঁটা সুফি মোতাহাৰ হোছেন স্বৰ্ণপদক (১৯৭৬), বাংলাদেশ চৰকাৰ কৰ্তৃক প্ৰদত্ব একুশে পদক (১৯৮২), নাছিৰ উদ্দীন স্বৰ্ণপদক (১৯৮৫), মধুসূদন বঁটা (১৯৮৫), স্বাধীনতা বঁটা (১৯৮৭) জাতীয় অধ্যাপকৰূপত নিযুক্তি (১৯৮৯)। কিশোৰকণ্ঠ সাহিত্য বঁটা (মৰণোত্তৰ)-২০০৩ তথ্যসূত্ৰ বাংলাদেশৰ ব্যক্তি মৃত ব্যক্তি বঙালী
4475
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%9C%E0%A6%BF%E0%A7%8E%20%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC
সত্যজিৎ ৰায়
সত্যজিৎ ৰায় (২ মে’ ১৯২১-২৩ এপ্ৰিল ১৯৯২) এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। তেখেতক বিংশ শতিকাৰ এজন উল্লেখযোগ্য চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। কলিকতাৰ (এতিয়াৰ কলকাতা) কলা আৰু সাহিত্যৰ ক্ষেত্ৰত সুনাম থকা এক পৰিয়ালত সত্যজিৎ ৰায়ৰ জন্ম হৈছিল। ৰায়ে বাণিজ্যিক শিল্পীৰূপে জীৱিকা আৰম্ভ কৰিছিল। ফ্ৰান্সৰ চলচ্চিত্ৰ নিৰ্মাতা জন ৰেনোঁৱাক লগ পোৱাৰ পিছত আৰু লণ্ডন ভ্ৰমণ কালত ইটালীৰ ভিট্ট’ৰিঅ’ ডি চিকাৰ নব্য-বাস্তৱতাবাদী ছবি লাড্ৰি দি বিচিক্লেত্তে চাই উঠি স্বতন্ত্ৰভাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি ৰায়ৰ আগ্ৰহ জন্মে। ৰায়ে পূৰ্ণদৈঘ্যৰ কাহিনীচিত্ৰ, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি মুঠ ৩৭খন ছবি পৰিচালনা কৰিছিল। তেখেত এজন লেখক, প্ৰকাশক, চিত্ৰকৰ, গ্ৰাফিক ডিজাইনাৰ আৰু চলচ্চিত্ৰ সমালোচকো আছিল। ৰায়ৰ প্ৰথম চলচ্চিত্ৰ পথেৰ পাঁচালীএ (১৯৫৫) কাঁ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ মানৱীয় তথ্যচিত্ৰকে ধৰি ১১টা আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰিছিল। পথেৰ পাঁচালী, অপৰাজিত (১৯৫৬) আৰু অপুৰ সংসাৰ (১৯৫৯) এই তিনিখন ছবিক একেলগে অপু ত্ৰয়ী বুলি কোৱা হয়। ৰায়ে চিত্ৰনাট্য ৰচনা, চৰিত্ৰায়ন, সংগীতৰ স্বৰলিপি ৰচনা, চিনেমাট’গ্ৰাফী, কলা নিৰ্দেশনা, সম্পাদনা আৰু শিল্পী-কুশলীৰ নামৰ তালিকা তথা প্ৰচাৰ সামগ্ৰীৰ পৰিকল্পনা আদি সকলো নিজেই কৰিছিল। ৰায়ে জীৱনকালত ৩২টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, কেইবাটাও আন্তৰ্জাতিক বঁটা আৰু ১৯৯১ চনত একাডেমী সন্মানসূচক বঁটা (অস্কাৰ)কে ধৰি বহুতো বঁটা,সন্মান লাভ কৰে। প্ৰাথমিক জীৱন সত্যজিৎ ৰায়ৰ বংশানুক্ৰম প্ৰায় দহ প্ৰজন্মৰ অতীত পৰ্যন্ত বাহিৰ কৰা সম্ভব। তেওঁৰ আদি পৈতৃক ভেটি বৰ্তমান বাংলাদেশৰ কিশোৰগঞ্জ জিলাৰ কটিয়াদী উপজিলাৰ মসূয়া গ্ৰামত। ইয়াত তেওঁলোকৰ পৈতৃক ঘৰটো এতিয়াও আছে য’ত সত্যজিৎৰ পিতামহ উপেন্দ্ৰকিশোৰ ৰায়চৌধুৰী আৰু দেউতাক সুকুমাৰ ৰায় দুয়োজনৰেই জন্ম হৈছিল। ১৯৪৭ চনত ভাৰত বিভাজনৰ অনেক আগতেই উপেন্দ্ৰকিশোৰ সপৰিয়ালে কলকাতালৈ গুচি যায়। বৰ্তমান তেওঁলোকৰ প্ৰায় ৪ একৰৰ এই বিশাল মাটি-বাৰী বাংলাদেশ চৰকাৰৰ ৰাজস্ব বিভাগৰ অধীনত আছে আৰু তেওঁলোকে এই ঘৰটোক কেন্দ্ৰ কৰি এটা পৰ্যটন কেন্দ্ৰ তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাদেও সত্যজিৎ ৰায়ৰ পূৰ্বপুৰুষ হৰি কিশোৰ ৰায় চৌধুৰীয়ে প্ৰায় ২০০ বছৰৰ আগেয়ে মসূয়া গ্ৰামত শ্ৰীশ্ৰী কালভৈৰৱ পূজা উপলক্ষ্যে এখন মেলাৰ আয়োজন কৰি আহিছিল। এতিয়াও প্ৰতি বছৰে বহাগ মাহৰ শেষ বুধবাৰে এই মেলা পালিত হৈ আহিছে। উপেন্দ্ৰকিশোৰৰ সময়তেই সত্যজিৎৰ পৰিয়ালৰ ইতিহাসে এক নতুন দিশলৈ মোৰ লয়। লেখক, চিত্ৰকৰ, দাৰ্শনিক, প্ৰকাশক আৰু ছখৰ জ্যোতিৰ্বিদ উপেন্দ্ৰকিশোৰৰ মূল পৰিচয় ১৯শ শতকৰ বাংলাৰ এক ধৰ্মীয় আৰু সামাজিক আন্দোলন ব্ৰাহ্ম সমাজৰ অন্যতম নেতা হিচাপে। উপেন্দ্ৰকিশোৰৰ ল’ৰা সুকুমাৰ ৰায় আছিল বাংলা সাহিত্যৰ ননচেন্স আৰু শিশু সাহিত্যৰ শ্ৰেষ্ঠ লেখকসকলৰ মাজৰ এজন। দক্ষ চিত্ৰকৰ আৰু সমালোচক হিচাপেও সুকুমাৰৰ খ্যাতি আছিল। ১৯২১ চনত কলকাতাত জন্ম গ্ৰহণ কৰে সুকুমাৰৰ একমাত্ৰ সন্তান সত্যজিৎ ৰায়ে। সত্যজিৎৰ মাত্ৰ তিনি বছৰ বয়সতেই দেউতাক সুকুমাৰৰ মৃত্যু ঘটে; মাক সুপ্ৰভা দেৱীয়ে বহু কষ্টেৰে তেওঁক ডাঙৰ দীঘল কৰে। সত্যজিৎে ডাঙৰ হৈ কলকাতাৰ প্ৰেচিডেন্সি কলেজত অৰ্থনীতি পঢ়িবলৈ যায়, যদিও চাৰুকলাৰ প্ৰতি সকলো সময়তেই তেখেতৰ দুৰ্বলতা আছিল। ১৯৪০ চনত সত্যজিৎৰ মাকে তেওঁক শান্তিনিকেতনলৈ ৰবীন্দ্ৰনাথ ঠাকুৰৰদ্বাৰা প্ৰতিষ্ঠিত বিশ্বভাৰতী বিশ্ববিদ্যালয়ত ভৰ্তি হোৱাৰ বাবে হেঁচা প্ৰয়োগ কৰে। কলকাতাপ্ৰেমী সত্যজিৎে শান্তিনিকেতনৰ শিক্ষাৰ পৰিবেশ সম্বন্ধে খুউব এটা উচ্চ ধাৰণা পোষণ কৰা নাছিল, কিন্তু শেষত মাকৰ প্ৰৰোচনা আৰু ৰবিঠাকুৰৰ প্ৰতি থকা শ্ৰদ্ধাৰ ফলত ৰাজি হয়। শান্তিনিকেতনলৈ গৈ সত্যজিৎে প্ৰাচ্যৰ শিল্পৰ মৰ্যাদা উপলব্ধি কৰাত সক্ষম হয়। পাছত তেওঁ স্বীকাৰ কৰে যে তাৰ বিখ্যাত চিত্ৰশিল্পী নন্দলাল বসু আৰু বিনোদ বিহাৰী মুখোপাধ্যায়ৰ কাষৰ পৰা তেওঁ অনেক কিছু শিকিছিল। সত্যজিৎে বিনোদবিহাৰীৰ ওপৰত পৰৱৰ্তীকালত এখন প্ৰামাণ্যচিত্ৰও বনায়। অজন্তা, ইলোৰা আৰু এলিফেণ্টাত ভ্ৰমণ কৰাৰ পাছত ভাৰতীয় শিল্পৰ ওপৰত সত্যজিৎৰ গভীৰ শ্ৰদ্ধা আৰু অনুৰাগ জন্মে। নিয়মানুযায়ী বিশ্বভাৰতীত সত্যজিৎৰ পাঁচ বছৰ পঢ়াশুনা কৰাৰ কথা থাকিলেও তাৰ আগতেই ১৯৪৩ চনত তেওঁ শান্তিনিকেতন এৰি কলকাতালৈ গুচি আহে আৰু তাত ব্ৰিটিছ বিজ্ঞাপন সংস্থা ডি জে কিমাৰত মাত্ৰ ৮০ টকা বেতনৰ বিনিময়ত “জুনিয়ৰ ভিজুয়ালাইজাৰ” হিচাপে যোগ দিয়ে। চিত্ৰসজ্জা বা ভিজুয়াল ডিজাইন সত্যজিৎৰ পছন্দৰ এটা বিষয় আছিল আৰু সংস্থাটোত তেওঁৰ ভাল সমাদৰেই আছিল, কিন্তু সংস্থাটোৰ ইংৰাজ আৰু ভাৰতীয় কৰ্মচাৰীসকলৰ মাজত চেপা উত্তেজনা বিৰাজ কৰিছিল (ইংৰাজ কৰ্মচাৰীসকলক অনেক বেছি দৰমহা দিয়া হৈছিল), আৰু সত্যজিৎৰ ভাব হৈছিল প্ৰতিষ্ঠানটোৰ "ক্লায়েণ্টসকল আছিল মূলত: মুৰ্খ। ১৯৪৩ চনৰ ফালে সত্যজিৎ ডি কে গুপ্তৰ প্ৰকাশন সংস্থা 'চিগনেট প্ৰেছ'-ৰ লগত জড়িত হৈ পৰে। ডি কে গুপ্তই তেওঁক চিগনেট প্ৰেছৰ পৰা ছপা হোৱা গ্ৰন্থসমূহৰ প্ৰচ্ছদ অঁকাৰ অনুৰোধ কৰে আৰু এই কামত তেওঁক সম্পূৰ্ণ শৈল্পিক স্বাধীনতা দিয়ে। ইয়াতে সত্যজিৎে প্ৰচুৰ গ্ৰন্থৰ প্ৰচ্ছদ ডিজাইন কৰে, যাৰ মাজত জিম কৰবেটেৰ মেনইটাৰ্চ অব কুমায়ুন আৰু জৱাহৰলাল নেহেৰুৰ দ্য ডিচকভাৰি অব ইণ্ডিয়া উল্লেখযোগ্য। ইয়াৰ বাদেও তেওঁ বিভুতিভূষণ বন্দ্যোপাধ্যায়ে লিখা কালজয়ী বাংলা উপন্যাস পথেৰ পাঁচালীৰ এটা শিশুতুল্য সংস্কৰণ আম আঁটিৰ ভেঁপু-ৰ ওপৰতো কাম কৰে। বিভুতিভূষণে লিখা এই উপন্যাসে সত্যজিৎক ভীষণভাবে প্ৰভাৱিত কৰে আৰু ইয়াকেই পৰৱৰ্তীকালত সত্যজিৎে তেখেতৰ প্ৰথম চলচ্চিত্ৰৰ বিষয়বস্তু হিচাপে নিৰ্বাচন কৰে। গ্ৰন্থখনৰ প্ৰচ্ছদ অঁকাৰ উপৰিও তেওঁ ইয়াৰ ভিতৰৰ বিভিন্ন ছবিসমূহো আঁকি দিয়ে। এই ছবিসমূহেই পাছত দৃশ্য বা শ্বট হিচাপে তেখেতৰ শ্ৰেষ্ঠ চলচ্চিত্ৰত স্থান পায়। ১৯৪৭ চনত সত্যজিৎে চিদানন্দ দাসগুপ্ত আৰু অন্যান্যসকলৰ লগত মিলি কলকাতা ফিল্ম চ’চাইটি প্ৰতিষ্ঠা কৰে। চ’চাইটিৰ সদস্য হোৱাৰ সুবাদতে তেখেতৰ অনেক বিদেশী চলচ্চিত্ৰ চোৱাৰ সৌভাগ্য হয়। এই সময়ত তেওঁ প্ৰচুৰ ছবি গভীৰ মনোযোগ দি চায়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ কলকাতাত অৱস্থানৰত আমেৰিকান সেনাসকলৰ লগত বন্ধুত্ব স্থাপন কৰে; তেওঁলোকৰ পৰাই তেওঁ চহৰলৈ অহা নতুন আমেৰিকান চলচ্চিত্ৰসমূহৰ খবৰ লৈছিল। এই সময়ত তেওঁ নৰমেন ক্লেয়াৰ নামৰ ৰয়েল এয়াৰ ফ’ৰ্চৰ এজন কৰ্মচাৰীৰ সংস্পৰ্শলৈ আহে, যি সত্যজিৎৰ সমানেই চলচ্চিত্ৰ, দবা আৰু পাশ্চাত্যৰ ধ্ৰুপদী সঙ্গীত পছন্দ কৰিছিল। ১৯৪৯ চনত সত্যজিৎে তেখেতৰ দূৰসম্পৰ্কৰ ভগ্নী আৰু বহুদিনৰ বান্ধবী বিজয়া দাসক বিয়া পাতে। সত্যজিৎ দম্পতীৰ ঘৰত ল’ৰা সন্দীপ ৰায়ৰ জন্ম হয়, যি নিজেও বৰ্তমান এজন প্ৰথিতযশা চলচ্চিত্ৰ পৰিচালক। সেই একেই বছৰতে জঁ ৰনোয়াৰে তেখেতৰ দ্য ৰিভাৰ চলচ্চিত্ৰৰ শ্বুটিং কৰিবলৈ কলকাতালৈ আহে। সত্যজিৎে ৰনোয়াৰক গ্ৰামাঞ্চলত চিত্ৰস্থান বিচৰাত সহায় কৰে। সেই সময়তেই সত্যজিৎে ৰনোয়াৰৰ লগত “পথেৰ পাঁচালী”-ৰ চলচ্চিত্ৰায়ণক লৈ কথা পাতে আৰু ৰনোয়াৰে এই কামত তেওঁক আগুৱাই যাবলৈ উৎসাহ যোগায়। ১৯৫০ চনত ডি জে কিমাৰে সত্যজিৎক লণ্ডনত তেওঁলোকৰ প্ৰধান কাৰ্যালয়লৈ কাম কৰিবলৈ পঠায়। লণ্ডনত তিনি মাহকাল থকা অৱস্থাত সত্যজিৎে প্ৰায় ৯৯খন চলচ্চিত্ৰ চায়। এইবোৰৰ মাজত ইটালীয় নব্য বাস্তবতাবাদী ছবি লাদ্ৰি দি বিচিক্লেত্তে (ইটালীয় "চাইকেল চোৰ"এ) তেখেতৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। পাছত সত্যজিৎে কয় যে সেই ছবিখন চাইয়ে চিনেমা হলৰ পৰা ওলায় অহাৰ সময়তেই তেওঁ ঠিক কৰে যে তেওঁ এজন চলচ্চিত্ৰকাৰ হব। “অপু”-ৰ বছৰসমূহৰ (১৯৫০–৫৮) সত্যজিৎে ঠিক কৰে যে, বাংলা সাহিত্যৰ ধ্ৰুপদী ৰোমান” পথেৰ পাঁচালী-য়েই হব তেখেতৰ প্ৰথম চলচ্চিত্ৰৰ প্ৰতিপাদ্য। ১৯২৮ চনত প্ৰকাশিত বিভূতিভূষণ বন্দ্যোপাধ্যায়ে লিখা এই প্ৰায়-আত্মজীৱনীমূলক উপন্যাসখনত বাংলাৰ এখন গাঁৱৰ ল’ৰা অপু’ৰ ডাঙৰ হৈ অহাৰ কাহিনী অঙ্কিত কৰা হৈছে। এই ছবিখন বনোৱাৰ বাবে সত্যজিৎে কিছু পূৰ্ব-অভিজ্ঞতাবিহীন কলা-কুশলীক একত্ৰিত কৰে, যদিও তেখেতৰ কেমেৰামেন সুব্ৰত মিত্ৰ আৰু শিল্প নিৰ্দেশক বংশী চন্দ্ৰগুপ্ত দুয়োজনেই পৰৱৰ্তীকালত নিজ নিজ ক্ষেত্ৰত খ্যাতিলাভ কৰে। ইয়াৰ বাহিৰে ছবিৰ বেছি ভাগ অভিনেতাই আছিল চৌখিন। ১৯৫২ চনৰ শেষৰ ফালে সত্যজিৎে তেওঁৰ নিজৰ জমাধনৰ পইচা খৰচ কৰি দৃশ্যগ্ৰহণ আৰম্ভ কৰে। তেওঁ ভাবিছিল প্ৰাথমিক দৃশ্যসমূহ দেখাৰ পাছত হয়তো কোনোবাই ছবিখনত অৰ্থসংযোগ ঘটাবও পাৰে। কিন্তু তেওঁ সেই ধৰণৰ আৰ্থিক সাহায্য পোৱা নাছিল। পথেৰ পাঁচালী-ৰ দৃশ্যগ্ৰহণ সেইকাৰণে থমকি থমকি অস্বাভাবিকভাবে প্ৰায় সুদীৰ্ঘ তিনি বছৰ ধৰি সম্পন্ন হয়। কেবল তেতিয়াই দৃশ্যগ্ৰহণ কৰা সম্ভব হৈছিল যেতিয়া সত্যজিৎ বা নিৰ্মাণ ব্যবস্থাপক অনিল চৌধুৰীয়ে প্ৰয়োজনীয় অৰ্থৰ যোগান কৰিব পাৰিছিল। শেষ পৰ্যন্ত পশ্চিমবংগ চৰকাৰৰ পৰা ঋণ লৈ ১৯৫৫ চনত ছবিখনৰ নিৰ্মাণ সম্পন্ন হয় আৰু সেই বছৰেই ছবিখনে মুক্তি পায়। মুক্তি পোৱাৰ পাছৰ পৰাই ছবিখনে দৰ্শক-সমালোচক সকলোৰে অকুণ্ঠ প্ৰশংসা লাভ কৰে আৰু বহু পুৰস্কাৰ লাভ কৰে। ছবিখন বহুদিন ধৰি ভাৰত আৰু ভাৰতৰ বাহিৰতো প্ৰদৰ্শিত হয়। ছবিখন নিৰ্মাণৰ সময়ত অৰ্থৰ বিনিময়ত চিত্ৰনাট্য সলনিৰ বাবে পোৱা কোনো অনুৰোধেই সত্যজতেৎ মানি লোৱা নাছিল। এনেকি ছবিখনৰ এটা সুখী সমাপ্তিৰ (য’ত ছবিৰ কাহিনীৰ শেষত অপুৰ সংসাৰ এটা “উন্নয়ন প্ৰকল্প”ত যোগ দিয়ে) বাবে পশ্চিমবঙ্গ চৰকাৰৰ অনুৰোধো তেওঁ উপেক্ষা কৰে। ভাৰতত ছবিখনৰ প্ৰতিক্ৰিয়া আছিল উৎসাহসঞ্চাৰী। দ্য চ অফ ইণ্ডিয়া-ত লিখা হয় যে (“ইয়াক অন্য যিকোনো ভাৰতীয় চলচ্চিত্ৰৰ লগত তুলনা কৰা অবাস্তব... পথেৰ পাঁচালী হ’ল বিশুদ্ধ চলচ্চিত্ৰ”)। যুক্তৰাজ্যত জি অ্যাণ্ডাৰচনে চলচ্চিত্ৰখনৰ অত্যন্ত ইতিবাচক সমালোচনা এটা লিখে।তথাপি ছবিখনৰ সকলো সমালোচনাই যে একে ধৰণৰ ইতিবাচক আছিল তেনে নহয়। কোৱা হয় যে ফ্ৰাঁচোৱা ত্ৰুফোৱে ছবিখন চাই মন্তব্য কৰিছিল: “কৃষকসকলে হাতেৰে খাইছে এই ধৰণৰ দৃশ্যসম্বলিত ছবি মই চাব নিবিচাৰো। দ্য নিউ ইয়ৰ্ক চ-ৰ সবাতোকৈ প্ৰভাৱশালী সমালোচক বচলি ক্ৰাউদাৰে ছবিখনৰ এটা কঠোৰ সমালোচনা লিখে, আৰু সেইটো পঢ়ি কোনোৱে কোনোৱে ধৰি লৈছিল যে ছবিখন আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি পালেও ভাল নহব। কিন্তু ইয়াৰ সলনি ছবিখনে তাত প্ৰত্যাশাতকৈ অনেক বেছি দিন ধৰি প্ৰদৰ্শিত হয়। সত্যজিৎৰ পৰৱৰ্তী ছবি অপৰাজিত-ৰ সাফল্যই তেওঁক আন্তৰ্জাতিক মহলত আৰু পৰিচিত কৰি তোলে। এই ছবিখনত তৰুণ অপুৰ উচ্চাভিলাষ আৰু তাৰ মাকৰ ভালপোৱাৰ মাজৰ চিৰন্তন সংঘাতক মৰ্মভেদী ৰূপত ফুটায় তোলা হয়। বহু সমালোচকে, যিসকলৰ মাজত মৃণাল সেন আৰু ঋত্বিক ঘটক অন্যতম, ছবিখনক সত্যজিৎৰ প্ৰথম ছবিতকৈ ওপৰত স্থান দিয়ে। অপৰাজিত'এভেনিচত গোল্ডেন লায়ন পুৰস্কাৰ লাভ কৰে। অপু ত্ৰয়ী শেষ কৰাৰ আগতে সত্যজিৎে আৰু দুখন চলচ্চিত্ৰৰ নিৰ্মাণ সমাপ্ত কৰে। প্ৰথমখন আছিল পৰশ পাথৰ নামৰ এখন হাস্যৰসাত্মক ছবি। আৰু পাছৰখন আছিল জমিদাৰী প্ৰথাৰ অবক্ষয়ৰ ওপৰত নিৰ্মিত জলসাঘৰ, যিখনক তেখেতৰ অন্যতম গুৰুত্বপূৰ্ণ কাম হিচাপে গণ্য কৰা হয়। সত্যজিৎে অপৰাজিত নিৰ্মাণৰ সময়ত ইয়াক ত্ৰয়ী কৰি সম্পন্ন কৰাৰ কথা ভবা নাছিল, কিন্তু ভেনিচত এই কামত সাংবাদিকসকলৰ জিজ্ঞাসা শুনি তেখেতৰ মূৰত ইয়াক বাস্তৱত ৰূপ দিয়াৰ ধাৰণাটো আহে। অপু ছিৰিজৰ শেষ ছবি অপুৰ সংসাৰ ১৯৫৯ চনত নিৰ্মাণ কৰা হয়। আগৰ দুখন ছবিৰ দৰে এইখনকো বহু সমালোচকে ছিৰিজৰ শ্ৰেষ্ঠ ছবি হিচাপে আখ্যা দিয়ে (ৰবিন উড, অপৰ্ণা সেন)। এই ছবিৰ মাধ্যমেৰেই সত্যজিৎৰ দুই প্ৰিয় অভিনেতা সৌমিত্ৰ চট্টোপাধ্যায় আৰু শৰ্মিলা ঠাকুৰৰ চলচ্চিত্ৰত আত্মপ্ৰকাশ ঘটে। ছবিখনত অপুক দেখুওৱা হয় কলকাতাৰ এক ভগ্নপ্ৰায় ঘৰত প্ৰায়-দৰিদ্ৰ অবস্থাত বসবাস কৰা। এক অস্বাভাবিক পৰিস্থিতিত অপৰ্ণাৰ লগত অপুৰ বিয়া হয়। সিহঁতৰ জীৱনৰ বিভিন্ন দৃশ্যত “বিবাহিত জীৱন সম্পৰ্কে ছবিখনৰ ধ্ৰুপদী ইতিবাচকতা ফুটি উঠে”, কিন্তু শীঘ্ৰেই এক বিয়োগান্তক পৰিস্থিতিৰ উদ্ভব হয়। এজন বাঙালী সমালোচকে অপুৰ সংসাৰ-ৰ এটা কঠোৰ সমালোচনা লিখে, আৰু সত্যজিৎে ইয়াৰ উত্তৰত ছবিখনৰ পক্ষে এটা সুলিখিত প্ৰবন্ধ লিখে যিটো আছিল সত্যজিৎৰ কৰ্মজীৱনত এটা দুৰ্লভ ঘটনা (সত্যজিৎৰ প্ৰত্যুত্তৰৰ এনেধৰণৰ ঘটনা আৰু এবাৰ ঘটে তেখেতৰ পছন্দৰ চাৰুলতা ছবিখনক লৈ)। সত্যজিৎৰ ব্যক্তিগত জীৱনৰ ওপৰত তেখেতৰ কৰ্মজীৱনৰ সাফল্যৰ তেনে কোনো প্ৰভাৱ পৰা নাছিল। সত্যজিৎৰ নিজস্ব কোনো ঘৰ নাছিল; তেওঁ তেখেতৰ মাক, মামা আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ লগত এটা ভাড়া ঘৰতেই সমগ্ৰ জীৱন কটায় দিয়ে। তেখেতৰ স্ত্ৰী আৰু ল’ৰা দুজনো তেখেতৰ কাম-কাজৰ লগত জড়িত হৈ আছিল। বেছি ভাগ চিত্ৰনাট্য বিজয়াই প্ৰথমে পঢ়িছিল, আৰু ছবিৰ সঙ্গীতৰ সুৰ তৈয়াৰ কৰাত তেওঁৰ স্বামীক সহায় কৰিছিল। আয়ৰ পৰিমাণ কম হলেও সত্যজিৎে নিজকে বিত্তশালী বুলিয়েই মানি লৈছিল, কাৰণ পছন্দৰ গ্ৰন্থ বা সঙ্গীতৰ এলবাম কিনোতে কেতিয়াও তেখেতৰ কষ্ট হোৱা নাছিল। দেবীৰ পৰা চাৰুলতালৈ (১৯৫৯–৬৪) কৰ্মজীৱনৰ এই পৰ্বত সত্যজিৎে নিৰ্মাণ কৰে ব্ৰিটিছ ৰাজ পৰ্বৰ ওপৰত চলচ্চিত্ৰ (যেনে দেৱী), ৰবীন্দ্ৰনাথৰ ওপৰত এখন প্ৰামাণ্যচিত্ৰ, এখন হাস্যৰসাত্মক ছবি (‘‘মহাপুৰুষ’’) আৰু মৌলিক চিত্ৰনাট্যৰ ওপৰত ভিত্তি কৰি তেখেতৰ প্ৰথম চলচ্চিত্ৰ (কাঞ্চনজঙ্ঘা)। ইয়াৰ বাদেও তেওঁ বেছ কিছু সংখ্যক চলচ্চিত্ৰ নিৰ্মাণ কৰে, সমালোচকসকলে মতামত দিয়ে যে যিসমূহত ছবিৰ পৰ্দাত ভাৰতীয় নাৰীক ইমান অনুভূতি দি ইয়াৰ আগেয়ে কোনেও ফুটায় তোলা নাছিল। পলিন কেলে মন্তব্য কৰে যে তেওঁ বিশ্বাস কৰিব নোৱাৰিছিল সত্যজিৎ নাৰী নহয়, পুৰুষ। অপুৰ সংসাৰ নিৰ্মাণৰ পাছত সত্যজিৎে দেৱী ছবিৰ কামত হাত দিয়ে। হিন্দু সমাজৰ বিভিন্ন মজ্জাগত কুসংস্কাৰ আছিল ছবিখনৰ বিষয়। ছবিখনত শৰ্মিলা ঠাকুৰে দয়াময়ী নামৰ এক যুৱতী বোৱাৰীৰ চৰিত্ৰত অভিনয় কৰে, যাক তেওঁৰ শশুৰেকে কালী বুলি পূজা কৰিছিল। শৰ্মিলাই পাছত এই ছবিত কৰা তেখেতৰ অভিনয়ক লৈ মন্তব্য কৰে যে দেৱীত তেওঁ নিজৰ ফালৰ একো কৰা নাছিল, বৰং এজন জিনিয়াচে তেওঁৰ দ্বাৰা সেইটো কৰোৱাইছিল। সত্যজিৎে আশঙ্কা কৰিছিল যে ভাৰতীয় চেন্সৰ ব’ৰ্ডে হয়তো ছবিখনৰ প্ৰদৰ্শনত বাধা দিব, বা হয়তো তেওঁক ছবিখন পুনৰ সম্পাদনা কৰিবলৈ কব, কিন্তু তেনে একো নহ’ল। ১৯৬১ চনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ প্ৰৰোচনাত সত্যজিৎে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মশতবাৰ্ষিকী উপলক্ষে কবিগুৰুৰ ওপৰত এখন প্ৰামাণ্যচিত্ৰ নিৰ্মাণ কৰে। ৰবীন্দ্ৰনাথৰ ভিডিঅ’ ফুটেজৰ অভাৱত সত্যজিৎে মূলত: স্থিৰচিত্ৰ দিয়েই ছবিখন বনোৱাৰ চেলেঞ্জ হাতত লয়, আৰু তেওঁ পাছত মন্তব্য কৰে যে ছবিখন কৰোঁতে তেখেতৰ সাধাৰণ সময়তকৈ তিনি গুণ বেছি সময় লাগিছিল। একেই বছৰতে সুভাষ মুখোপাধ্যায় আৰু অন্যান্যৰ লগত মিলি সত্যজিৎে সন্দেশ নামৰ শিশুৰ আলোচনী যিখন তেখেতৰ পিতামহে এসময়ত প্ৰকাশ কৰিছিল পুনৰ প্ৰকাশ কৰা আৰম্ভ কৰে। সত্যজিৎে ইয়াৰ বাবে বহুদিন ধৰি অৰ্থসঞ্চয় কৰিছিল। আলোচনীখন আছিল একাধাৰে শিক্ষামূলক আৰু বিনোদনধৰ্মী, আৰু “সন্দেশ” নামটোতে (শব্দটোৰ দুটা অৰ্থ হয়: “খবৰ” আৰু “মিঠাই”) এই দ্বিত্বতাৰ প্ৰতিফলন ঘটিছে। সত্যজিৎে আলোচনীখনৰ ভিতৰৰ ছবি আঁকিছিল আৰু শিশুলকৰ বাবে গল্প আৰু প্ৰবন্ধ লিখিছিল। পৰৱৰ্তী বছৰসমূহৰত লেখালেখি কৰাতো তেখেতৰ আয়ৰ অন্যতম প্ৰধান উৎসত পৰিণত হয়। ১৯৬২ চনত সত্যজিৎে কাঞ্চনজঙ্ঘা ছবিখন পৰিচালনা কৰে। এইখন আছিল তেখেতে কৰা প্ৰথম মৌলিক চিত্ৰনাট্যনিৰ্ভৰ ৰঙীন চলচ্চিত্ৰ। দাৰ্জিলিং নামৰ এক পাহাৰীয়া ৰিজ’ৰ্টত এটা উচ্চবিত্ত পৰিয়ালে কটোৱা এটি সন্ধ্যাকালৰ কাহিনীক লৈ এই জটিল আৰু সঙ্গীতনিৰ্ভৰ ছবিখন কৰা হয়, যিটো সন্ধ্যাত পৰিয়ালৰ সদস্যসকলে হঠাৎ পৰিয়ালৰ হৰ্তাকৰ্তা ইন্দ্ৰনাথ ৰায়ৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে। ছবিখন প্ৰথমে এটা বিৰাট মেনছনত চিত্ৰায়িত কৰাৰ পৰিকল্পনা আছিল, কিন্তু পাছত সত্যজিৎে সেই বিখ্যাত ৰিজ’ৰ্টতেই দৃশ্যগ্ৰহণৰ সিদ্ধান্ত লয়, যাতে তেওঁ চিত্ৰনাট্যৰ উত্তেজনা পোহৰ-আন্ধাৰৰ খেলা আৰু কুঁৱলীক ব্যবহাৰ কৰি ফুটায় তুলিব পাৰে। সত্যজিৎে পাছত স্মৃতিচাৰণ কৰি কয় যে তেখেতৰ চিত্ৰনাট্যত যিকোনো ধৰণৰ আলোকসম্পাততেই দৃশ্যগ্ৰহণ সম্ভব আছিল, অথচ একে সময়তে দাৰ্জিলিঙত অৱস্থানকাৰী এখন বাণিজ্যিক চলচ্চিত্ৰ নিৰ্মাণকাৰী দলে সূৰ্য্যৰ অভাৱত এটা শ্বটো সম্পন্ন কৰিব নোৱাৰিলে। ছবিখনত ইন্দ্ৰনাথ ৰায়ৰ চৰিত্ৰত ৰূপদানৰ বাবে সত্যজিৎে ছবি বিশ্বাস-ক নিৰ্বাচন কৰে। এইখনেই আছিল ছবি বিশ্বাসে কৰা শেষ ছবি; ইয়াৰ কিছুদিন পাছতেই এক মটৰ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। ইয়াৰ ফলত সত্যজিৎে পৰৱৰ্তীকালত কিছু চৰিত্ৰ অঙ্কনত বাধাৰ সম্মুখীন হয়, কাৰণ তেখেতৰ ভাব হৈছিল একমাত্ৰ ছবি বিশ্বাসেই সেই চৰিত্ৰত ৰূপদান কৰাৰ যোগ্য ব্যক্তি আছিল। এসময়ত সত্যজিৎ এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ ব্যক্তিত্ব হিচাপে পৰিচিত হৈ উঠে আৰু বিভিন্ন চলচ্চিত্ৰ উৎসৱত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে, যদিও তেওঁ অনুযোগ কৰিছিল যে কলকাতাৰ বাহিৰত তেখেতৰ নিজকে সৃষ্টিশীল যেন নালাগিছিল। ১৯৬৩ চনত মস্কো চলচ্চিত্ৰ উৎসৱত তেওঁ বিচাৰকৰ দায়িত্ব পালন কৰে, ফেদেৰিকো ফেলিন্নিৰ ছবিয়ে শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰে। ষাঠিৰ দশকত জাপান ভ্ৰমণৰ সময়ত তেখেতৰ অত্যন্ত শ্ৰদ্ধেয় চলচ্চিত্ৰ পৰিচালক আকিৰা কুৰোচোৱাৰ লগত সাক্ষাৎ কৰে। দেশত থকা সময়ত কলকাতাৰ কৰ্মব্যস্ততাৰ পৰা ছুটি লৈ তেওঁ মাজে মাজে দাৰ্জিলিং বা পুৰী-লৈ গুচি গৈছিল আৰু তাত নিৰ্জনতাত চিত্ৰনাট্য লিখিছিল। ১৯৬৪ চনত সত্যজিৎে চাৰুলতা ছবিখন নিৰ্মাণ কৰে, যিখন আছিল তেখেতৰ কৰ্মজীৱনৰ এই পৰ্বৰ শেষ ছবি, আৰু অনেক সমালোচকৰ মতে তেখেতৰ সবাতোকৈ সফল চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছুটিগল্প নষ্টনীড়ৰ আধাৰত নিৰ্মিত ছবিখনত ১৯শ শতকৰ এক নিঃসঙ্গ বাঙালী বোৱাৰী চাৰু ঠাকুৰৰ পুতেক অমলৰ প্ৰতি তেওঁৰ অনুভূতিৰ কাহিনী বৰ্ণনা কৰা হৈছে। মোৎসাৰ্টীয়ে এই ছবিখনক প্ৰায়েই "নিখুঁত" বুলি অভিহিত কৰা হয়। সত্যজিৎে নিজেও কৈছিল যে এই ছবিখনত তেখেতৰ ভুলৰ সংখ্যা সবাতোকৈ কম আৰু এইখনেই তেখেতৰ নিৰ্মিত একমাত্ৰ ছবি, য’ত আকৌ সুযোগ পালে তেওঁ ঠিক এইধৰণেই বনালেহেঁতেন। ছবিখনত চাৰু চৰিত্ৰত মাধবী মুখোপাধ্যায়ৰ অভিনয় আৰু সুব্ৰত মিত্ৰ আৰু বংশী দাশগুপ্তৰ কামে উচ্চপ্ৰশংসা পায়। ছবিখনৰ দুটা দৃশ্যই সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে। প্ৰথমটো হৈছে ছবিখনৰ নিৰ্বাক প্ৰথম সাত মিনিট, য’ত চাৰুৰ একঘেয়েমি জীৱন ফুটায় তোলা হয়, আৰু দ্বিতীয়টো হ’ল "বাগানৰ দোলনাৰ দৃশ্য", য’ত চাৰুৱে অমলৰ বাবে তেওঁৰ ভালপোৱাৰ মুখামুখি হয়। এই পৰ্বত সত্যজিৎৰ নিৰ্মিত অন্যান্য চলচ্চিত্ৰৰ মাজত আছে মহানগৰ, তিন কন্যা, অভিযান আৰু কাপুৰুষ আৰু মহাপুৰুষ। নতুন দিশনিৰ্দেশনা (১৯৬৫ ১৯৮২) কাষৰ মানুহৰ কাষত সত্যজিৎৰ ঘৰুৱা নাম আছিল “মাণিক”। তেওঁ তেখেতৰ সমসাময়িক চলচ্চিত্ৰকাৰসকলতকৈ সাধাৰণ জনগণৰ লগত অনেক বেছি মিলা মিচা কৰিছিল। অচিনাকি লোককো তেওঁ প্ৰায়ে সাক্ষাৎ কৰিছিল। কিন্তু সাক্ষাৎকাৰীসকলৰ অনেকেই সত্যজিৎ আৰু তেওঁৰ মাজত এটা দূৰত্ব অনুভব কৰিছিল। বাঙালীসকলে এইটোক ভাবিছিল তেখেতৰ ইংৰাজী মানসিকতাৰ প্ৰকাশ, আৰু পশ্চিমীয়াসকলে ভাবিছিল তেখেতৰ শীতল আৰু গম্ভীৰ আচৰণ আছিল ব্ৰাহ্মণৰ দৰে। অভিনেতাসকলৰ প্ৰতি তেখেতৰ অগাধ আস্থা আছিল, কিন্তু তেওঁলোকৰ অযোগ্যতাত বিৰূপভাবে কেতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। তেওঁৰ ব্যক্তিগত জীৱনক লৈ সংবাদমাধ্যমত কেতিয়াও তেনে কোনো আলোকপাত কৰা হোৱা নাছিল, তথাপি কোনোৰ কোনোৰ মতে মাধবী মুখোপাধ্যায়ৰ লগত ষাঠিৰ দশকত তেখেতৰ সম্পৰ্ক আছিল।চাৰুলতাৰ- পৰৱৰ্তী বছৰসমূহত সত্যজিৎ আছিল বৈচিত্ৰ্যৰ সন্ধানী; এইসময়ত কল্পকাহিনী আৰু ৰহস্য কাহিনীৰ পৰা আৰম্ভ কৰি ঐতিহাসিক ছবিও তেওঁ কৰে। এই পৰ্বত তেওঁ তেখেতৰ ছবিসমূহত প্ৰচুৰ পৰীক্ষা নিৰীক্ষা চলায়, আৰু সমকালীন ভাৰতীয় জীৱনৰ বিভিন্ন দিশসমূহ তেখেতৰ ছবিত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰে। এই পৰ্বত তেখেতৰ প্ৰথম প্ৰধান চলচ্চিত্ৰ আছিল নায়ক, যাৰ বিষয় আছিল এক চলচ্চিত্ৰ তাৰকাৰ লগত এক সহানুভূতিশীল তৰুণী সাংবাদিকৰ ৰেলযাত্ৰাৰ সময়ত হোৱা সাক্ষাৎ আৰু সংলাপ। উত্তম কুমাৰ আৰু শৰ্মিলা ঠাকুৰ অভিনীত এই ছবিত ট্ৰেন যাত্ৰাৰ ২৪ ঘণ্টাৰ পৰিসৰত এক আপাতসফল চলচ্চিত্ৰ তাৰকাৰ মনৰ অন্তৰ্সংঘাতসমূহৰ উন্মোচন কৰা হয়। ছবিখনে বাৰ্লিনত সমালোচকসকলৰ পুৰস্কাৰ লাভ কৰিলেও ইয়াক লৈ তেনে আৰু কোনো প্ৰতিক্ৰিয়া হোৱা নাছিল। ১৯৬৭ চনত সত্যজিৎে দি এলিয়েন নামৰ এখন ছবিৰ বাবে চিত্ৰনাট্য লিখে। যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ যৌথ প্ৰযোজনাৰ এই ছবিৰ প্ৰযোজক আছিল কলাম্বিয়া পিকচাৰ্চ আৰু পিটাৰ চেলাৰ্চআৰু মাৰ্লোন ব্ৰাণ্ডোক ছবিখনৰ প্ৰধান অভিনেতা হিচাপে নিৰ্বাচিত হৈছিল। কিন্তু চিত্ৰনাট্য লিখা শেষ কৰাৰ পাছত সত্যজিৎে জানিব পাৰেন যে সেইখনৰ স্বত্ব তেওঁৰ নহয় আৰু ইয়াৰ বাবে তেওঁ কোনো সম্মানো নাপায়। পৰৱৰ্তীকালত মাৰ্লোন ব্ৰ্যাণ্ডোৱে প্ৰকল্পটি ত্যাগ কৰে। তেখেতৰ স্থানত জেমচ কোবাৰ্নক অনাৰ চেষ্টা কৰা হয়, কিন্তু তেতিয়ালৈ সত্যজিৎৰ আশাভঙ্গ ঘটে আৰু তেওঁ কলকাতালৈ উভতি আহে। পাছত ৭০ আৰু ৮০-ৰ দশকত কলাম্বিয়াই বহুবাৰ প্ৰকল্পটো পুনৰুজ্জীবিত কৰাৰ চেষ্টা কৰি ব্যৰ্থ হয়। ১৯৮২ চনত যেতিয়া ই.টি. দ্য এক্সট্ৰা-টেৰেষ্ট্ৰিয়াল মুক্তি পায়, তেতিয়া অনেকেই ছবিখনৰ লগত সত্যজিৎে লিখা চিত্ৰনাট্যৰ মিল বিচাৰি পায়। সত্যজিৎে ১৯৮০ চনত চাইট অ্যাণ্ড চাউণ্ড মেগাজিনত লিখা এটা ফিচাৰত প্ৰকল্পটোৰ ব্যৰ্থতাক লৈ কথা কয় আৰু পাছত সত্যজিৎৰ জীৱনী লেখক অ্যাণ্ড্ৰু ৰবিনচনে এই ঘটনাৰ ওপৰত আৰু বিস্তাৰিতভাবে লিখে (১৯৮৯ চনত প্ৰকাশিত দি ইনাৰ আই-ত)। সত্যজিৎে বিশ্বাস কৰিছিল যে তেখেতে লিখা দি এলিয়েন-ৰ চিত্ৰনাট্যৰ মাইমোগ্ৰাফ কপি সমষ্ট যুক্তৰাষ্ট্ৰত বিয়পি নপৰা হ’লে স্পিলবাৰ্গৰ ছবিখন বনোৱা হয়তো সম্ভব নহলহেঁতেন। সত্যজিৎৰ পুত্ৰ সন্দীপৰ অনুযোগ আছিল তেওঁ সকলোসময়তে ডাঙৰসকলৰ বাবে গম্ভীৰ মেজাজৰ ছবি বনায়। ইয়াৰ উত্তৰত আৰু নতুনত্বৰ সন্ধানত সত্যজিৎে ১৯৬৮ চনত নিৰ্মাণ কৰে তেখেতৰ সবাতোকৈ ব্যৱসায়সফল ছবি গুপী গাইন বাঘা বাইন। এইখন আছিল সত্যজিৎৰ পিতামহ উপেন্দ্ৰকিশোৰে লিখা শিশুসকলৰ বাবে লিখা এটা গল্পৰ ওপৰত ভিত্তি কৰি বনোৱা সঙ্গীতধৰ্মী ৰূপকথা। গায়ক গুপী আৰু ঢোলবাদক বাঘা ভুতে ৰজাৰ তিনি বৰ পায় ভ্ৰমণলৈ ওলায় যায় আৰু দুই প্ৰতিবেশী ৰাজ্যৰ মাজত আসন্ন যুদ্ধ বন্ধ কৰাৰ চেষ্টা কৰে। ছবিখনৰ নিৰ্মাণকাৰ্য্য আছিল ব্যয়বহুল, আৰু অৰ্থাভাৱত সত্যজিৎে ছবিখন কলা-বগা কৰে। যদিও তেখেতৰ সন্মুখত বলিউডৰ এজন অভিনেতাক ছবিত লোৱাৰ বিনিময়ত অৰ্থৰ প্ৰস্তাব আহিছিল, তেওঁ তাক প্ৰত্যাখ্যান কৰে।ইয়াৰ পাছত সত্যজিৎে তৰুণ কবি আৰু লেখক সুনীল গঙ্গোপাধ্যায়ে লিখা এখন উপন্যাসৰ ওপৰত ভিত্তি কৰি অৰণ্যেৰ দিনৰাত্ৰি ছবিখন নিৰ্মাণ কৰে। কোৱা হয় যে এই ছবিৰ সঙ্গীত-কাঠামো চাৰুলতাতকৈ বেছি জটিল আছিল। ছবিখনত চাৰিজন চহৰীয়া ডেকাই ছুটিত অৰণ্যলৈ ফুৰিবলৈ যায়, আৰু এজনৰ বাদে সকলোৱেই নাৰীৰ লগত বিভিন্ন ঘটনাত জড়িত হৈ পৰে য’ত তেওঁলোকৰ মধ্যবিত্ত চৰিত্ৰৰ নানা দিশ প্ৰকাশ হৈছে। বিন উডৰ মতে “[ছবিখনৰ] এটামাত্ৰ দৃশ্যৰ পৰাই...এটা ছুটি গল্প লেখাৰ ৰস পোৱা সম্ভব। এই ছবিত সত্যজিৎে মুম্বাই-ভিত্তিক অভিনেত্ৰী চিমি গাৰোৱালক আদিবাসী মহিলা হিচাপে চৰিত্ৰায়ণ কৰে; তেখেতৰ মতে চহৰৰ নাৰীক সত্যজিৎে চৰিত্ৰটিৰ বাবে নিৰ্বাচন কৰিছে বুলি শুনি চিমি অবাক হৈ পৰিছিল। অৰণ্যেৰ দিনৰাত্ৰি-ত নিৰ্মাণ কুশলতা প্ৰদৰ্শনৰ শেষত সত্যজিৎে মনোযোগ দিয়ে তৎকালীন বাঙালী বাস্তৱতাৰ মৰ্মমূলত, য’ত বামপন্থী নক্সাল আন্দোলনৰ তীব্ৰতা সৰ্বত্ৰ অনুভূত হৈছিল। সত্যজিৎৰ বিষয়ে প্ৰায়েই কোৱা হয় যে তেওঁ সমসাময়িক ভাৰতীয় চহৰৰ অভিজ্ঞতাৰ কামত উদাসীন। ইয়াৰ উত্তৰত ১৯৭০-ৰ দশকত তেওঁ কলকাতাক কেন্দ্ৰ কৰি তিনিখন ছবি কৰে যিসমূহ ‘‘কলকাতা ত্ৰয়ী’’ নামেৰেও পৰিচিত: প্ৰতিদ্বন্দ্ব্বী (১৯৭০), সীমাবদ্ধ (১৯৭১), আৰু জনাৰণ্য (১৯৭৫)। চলচ্চিত্ৰ তিনিখন বেলেগ বেলেগকৈ পৰিকল্পনা কৰা হলেও বিষয়বস্তুৰ মিলৰ কাৰণে এইসমূহক এটা দুৰ্বল ত্ৰয়ী হিচাপে বিবেচনা কৰা হয়। প্ৰতিদ্বন্দ্ব্বী-ৰ নায়ক এক আদৰ্শবাদী যুৱ স্নাতক যাৰ মোহমুক্তি ঘটিলেও ছবিৰ শেষ পৰ্যন্ত তেওঁ দুৰ্নীতিত জড়িত হৈ পৰা নাছিল। জনাৰণ্য-ৰ নায়ক আন এক যুৱক যি জীবিকা নিৰ্বাহৰ বাবে দুৰ্নীতিৰ কাষত আত্মসমৰ্পণ কৰে। আৰু সীমাবদ্ধ-ৰ অৰ্থনৈতিকভাবে সফল প্ৰধান চৰিত্ৰটিয়ে আৰু বেছি লাভ কৰাৰ বাবে সমস্ত আদৰ্শ বিসৰ্জন দিয়ে। এইবোৰৰ মাজত প্ৰতিদ্বন্দ্ব্বী ছবিত সত্যজিৎে ভিন্ন ধৰণৰ বৰ্ণনাভঙ্গী ব্যবহাৰ কৰে, য’ত নিগেটিভ, স্বপ্নদৃশ্য আৰু হঠাৎ ফ্লেছবেকৰ সহায় লোৱা হয়। ইয়াৰ উপৰি ৭০-ৰ দশকত সত্যজিৎে তেখেতৰ নিজৰ লেখা জনপ্ৰিয় ৰহস্য কাহিনীৰ নায়ক ফেলুদাৰ ওপৰত ভিত্তি কৰি সোণাৰ কেল্লা আৰু জয় বাবা ফেলুনাথ ছবি দুখনো নিৰ্মাণ কৰে। সত্যজিৎে বাংলাদেশৰ স্বাধীনতা যুদ্ধ ক লৈ এখন ছবি কৰাৰ কথা ভাবিছিল, কিন্তু পাছত এই পৰিকল্পনা ত্যাগ কৰি এই মন্তব্য কৰে যে এজন চলচ্চিত্ৰকাৰ হিচাপে তেওঁ শৰণাৰ্থীসকলৰ বেদনা আৰু জীৱন-যাত্ৰাৰ প্ৰতি বেছি আগ্ৰহী আছিল, তেওঁলোকক লৈ ৰাজনীতি কৰাৰ প্ৰতি নহয়। ১৯৭৭ চনত সত্যজিৎে শতৰঞ্জ কি খিলাড়ী নামৰ এক উৰ্দু চলচ্চিত্ৰ নিৰ্মাণ কৰে। ছবিখন মুন্সি প্ৰেমচান্দ-ৰ এটা গল্প আধাৰত তৈয়াৰ কৰা হয়; ১৮৫৭ চনতৰ ভাৰতীয় বিপ্লৱৰ এবছৰ আগেয়ে অযোধ্যা ৰাজ্যৰ লক্ষ্ণৌ আছিল গল্পটিৰ পটভূমি। ছবিখনত ভাৰতত ব্ৰিটিছ উপনিবেশবাদৰ সূত্ৰপাতৰ ঘটনাৰ বিবৰণ দিয়া হৈছে। এইখন আছিল বাংলা ভাষাৰ বাহিৰে অন্য ভাষাত কৰা সত্যজিৎৰ প্ৰথম চলচ্চিত্ৰ। আৰু এইখন আছিল তেখেতৰ সবাতোকৈ ব্যয়বহুল আৰু তাৰকাসমৃদ্ধ ছবি, য’ত সঞ্জীব কুমাৰ, চইদ জাফৰি, আমজাদ খান, শাবানা আজমি, ভিক্টৰ ব্যনাৰ্জী আৰু ৰিচাৰ্ড অ্যাটেনব্ৰো-ৰ দৰে অভিনেতাসকলে অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তীকালত সত্যজিৎে প্ৰেমচান্দৰ গল্পৰ ওপৰত ভিত্তি কৰি হিন্দি ভাষাত একঘণ্টা দৈৰ্ঘ্যৰ সদগতি নামৰ এখন ছবি কৰে। ছবিখনত ভাৰতত বিদ্যমান অস্পৃশ্যতাৰ ক্ৰূৰ বাস্তবতাক তুলি ধৰা হয়। ১৯৮০ চনত সত্যজিৎে গুপী গাইন বাঘা বাইন ছবিৰ পৰৱৰ্তী পৰ্ব হীৰক ৰাজাৰ দেশে নিৰ্মাণ কৰে, যিখনত তেখেতৰ ৰাজনৈতিক মতামতৰ প্ৰভাৱ লক্ষ্য কৰা যায়। ছবিখনৰ চৰিত্ৰ ’'হীৰক ৰাজা আছিল ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জৰুৰী অৱস্থা ঘোষণাকালীন চৰকাৰৰ প্ৰতিফলন। বহুল প্ৰশংসাপ্ৰাপ্ত স্বল্পদৈৰ্ঘ্যৰ চলচ্চিত্ৰ পিকু নিৰ্মাণৰ মাজেৰে সত্যজিৎৰ কৰ্মজীৱনৰ এই পৰ্বৰ সমাপ্তি ঘটে। শেষ পৰ্যায় (১৯৮৩ ১৯৯২) ১৯৮৩ চনত ঘৰে বাইৰে ছবিৰ কাম কৰাৰ সময়ত সত্যজিৎৰ হাৰ্ট এটেক হয় আৰু এই ঘটনাৰ ফলত জীৱনৰ অৱশিষ্ট ন বছৰত তেখেতৰ কামৰ পৰিমাণ আছিল অত্যন্ত সীমিত। স্বাস্থ্যৰ অৱনতিৰ ফলত পুত্ৰ সন্দীপ ৰায়ৰ সহায়ত সত্যজিৎে ১৯৮৪ চনত ঘৰে বাইৰে ৰ নিৰ্মাণ সমাপ্ত কৰে। ইয়াৰপাছৰ পৰা তেখেতৰ ল’ৰাই তেখেতৰ হৈ কেমেৰাৰ কাম কৰিছিল। অন্ধ জাতীয়তাবাদৰ ওপৰত লিখা ৰবীন্দ্ৰনাথৰ এই উপন্যাসক চলচ্চিত্ৰত ৰূপদানৰ ইচ্ছা সত্যজিৎৰ অনেকদিন ধৰি আছিল আৰু তেওঁ ৪০-ৰ দশকত ছবিখনৰ এটা চিত্ৰনাট্যও লিখিছিল। যদিও ছবিখনত সত্যজিৎৰ অসুস্থতাজনিত ভুলৰ ছাপ দেখা যায়, সত্ত্বেও ছবিখনে কিছু সমালোচকৰ প্ৰশংসা বুটলে আৰু এই ছবিতেই সত্যজিৎে প্ৰথমবাৰৰ বাবে এটা চুম্বনদৃশ্য যোগ কৰে। ১৯৮৭ চনত সত্যজিৎে তেখেতৰ দেউতাক সুকুমাৰ ৰায়ৰ ওপৰত এখন প্ৰামাণ্যচিত্ৰ নিৰ্মাণ কৰে। শাৰীৰিক অসুস্থতাজনিত কাৰণত সত্যজিৎে তেখেতৰ শেষৰ তিনিখন ছবি অভ্যন্তৰীণ মঞ্চত নিৰ্মাণ কৰে। এইবোৰ তেখেতৰ আগৰ ছবিসমূহতকৈ পৃথক আৰু অনেক বেছি সংলাপনিৰ্ভৰ আছিল। ১৯৮৯ চনত নিৰ্মিত গণশত্ৰু ছবিত তেখেতৰ পৰিচালনা তুলনামূলকভাবে দুৰ্বল আৰু এইখনক দীৰ্ঘদিনৰ অসুস্থতাৰ শেষত উভতি অহাৰ পাছত সত্যজিৎৰ চলচ্চিত্ৰ নিৰ্মাণৰ পুনৰ প্ৰচেষ্টা হিচাপেই গণ্য কৰা হয়। ১৯৯০ চনত নিৰ্মিত শাখা প্ৰশাখা তাৰ তুলনাত উন্নততৰ ছবি হিচাপে গণ্য কৰা হয়।এই ছবিত এক আজীৱন সততাৰ লগত কটোৱা বৃদ্ধ ব্যক্তিয়ে জীৱনৰ শেষ পৰ্যায়ত আহি তেখেতৰ তিনি পুত্ৰৰ দুৰ্নীতিৰ কথা জানিব পাৰে; ছবিৰ শেষ দৃশ্যত তেওঁ তেখেতৰ মানসিকভাবে অসুস্থ কিন্তু দুৰ্নীতিমুক্ত চতুৰ্থ সন্তানৰ সান্নিধ্যত সান্ত্বনা বিচাৰি পায়। সত্যজিৎৰ শেষ ছবি আগন্তুক আছিল তৰাং ভাবৰ। এই ছবিত বহুদিনৰ আগতে হেৰায় যোৱা মামাৰ পৰিচয় দি এজন আগন্তুকে এক পৰিয়ালৰ লগত সাক্ষাৎ কৰে। তেখেতৰ এই সাক্ষাতৰ অভিজ্ঞতাৰ (য’ত পৰিয়ালৰৰ সৰু ল’ৰাটোৱে আগন্তুকক আগ্ৰহেৰে স্বাগত জনায়, কিন্তু পৰিয়ালৰ ডাঙৰসকলে তেওঁক অনীহা আৰু সন্দেহেৰ চকুৰে চায়) মাজেদি সত্যজিৎে দৰ্শকৰ কাষত মানুহৰ পৰিচয়, স্বভাব-প্ৰকৃতি আৰু সভ্যতাক লৈ বিভিন্ন প্ৰশ্নৰ জাল বয়। ১৯৯২ চনত হৃদযন্ত্ৰৰ জটিলতাৰ বাবে অসুস্থ সত্যজিৎ হাস্পতালত ভৰ্তি হয়, আৰু সেই অৱস্থাৰ পৰা তেখেতৰ স্বাস্থ্য আৰু ভাল নহ’ল। মৃত্যুৰ কিছু সপ্তাহ আগে অত্যন্ত অসুস্থ আৰু শয্যাশায়ী অবস্থাত তেওঁ তেখেতৰ জীৱনৰ শেষ পুৰস্কাৰ এটা সম্মানসূচক অস্কাৰ গ্ৰহণ কৰে। ১৯৯২ চনৰ ২৩ এপ্ৰিলত সত্যজিৎে মৃত্যুবৰণ কৰে। চলচ্চিত্ৰৰ কুশলতা সত্যজিৎে চিত্ৰনাট্য ৰচনাক পৰিচালনাৰ অবিচ্ছেদ্য অংশ হিচাপে গণ্য কৰিছিল। এই কাৰণেই কৰ্মজীৱনৰ প্ৰাথমিক পৰ্যায়ত তেওঁ বাংলাৰ বাহিৰে অন্য কোনো ভাষাত চলচ্চিত্ৰ নিৰ্মাণত আগ্ৰহী নাছিল। তেখেতৰ দুই বিদেশী ভাষাত নিৰ্মিত পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ বাবে চিত্ৰনাট্য তেওঁ ইংৰেজীত লিখিছিল, আৰু তাৰপাছত সেইসমূহ তেখেতৰ তত্ত্বাবধানে অনুবাদকসকলে হিন্দি আৰু উৰ্দুলৈ ভাষান্তৰিত কৰে। সত্যজিৎ আৰু তেখেতৰ শিল্প নিৰ্দেশক বংশী চন্দ্ৰগুপ্তই ভাবিছিল চলচ্চিত্ৰৰ “চলচ্চিত্ৰৰ ৰঙ্গমঞ্চৰ অস্তিত্বগ্ৰন্থ চিত্ৰনাট্যৰ ওপৰত নিৰ্ভৰশীল”। সত্যজিৎে সকলোসময়তে প্ৰথমে ইংৰেজীতে চিত্ৰনাট্য লিখিছিল যাতে অবাঙালী বংশী চন্দ্ৰগুপ্তই তাক পঢ়িব পাৰে। সত্যজিৎৰ প্ৰথমৰ ফালৰ চলচ্চিত্ৰসমূহৰ কেমেৰাৰ কাম কৰিছিল সুব্ৰত মিত্ৰই যিয়ে পৰৱৰ্তীকালত তিক্ততাৰে সত্যজিৎৰ কৰ্মীদলৰ পৰা ওলায় যায়। কিছু সমালোচকৰ মতে সুব্ৰতৰ প্ৰস্থানৰ কাৰণে সত্যজিৎৰ চলচ্চিত্ৰৰ চিত্ৰধাৰণৰ মান নামি যায়।বাহিৰত সুব্ৰতৰ প্ৰশংসা কৰিলেও চাৰুলতা-ৰ সময়ৰ পৰাই কেমেৰাৰ কামত সত্যজিৎে নিজৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰে, আৰু ইয়াৰ পৰিণতিতে ১৯৬৬ চনৰ পাছৰ পৰা সুব্ৰতই আৰু সত্যজিৎৰ হৈ কাম নাই কৰা। সুব্ৰত মিত্ৰৰ পথপ্ৰদৰ্শক কামৰ মাজত আছে "বাউন্স আলোকসজ্জা" কৌশল, য’ত কাপোৰত পোহৰ প্ৰতিফলিত কৰি অভ্যন্তৰীণ চেটৰ বাহিৰতো প্ৰাকৃতিক পোহৰৰ আভাস তৈয়াৰ কৰা যায়। ইয়াৰ বাদেও সত্যজিৎে তেখেতৰ নিজৰ অনেক কাৰিকৰী আৰু চলচ্চিত্ৰ-সংক্ৰান্ত উদ্ভাবনৰ পিছত জঁ-লুক গদাৰ আৰু ফ্ৰঁসোয়া ত্ৰুফোৰ দৰে ফৰাচী নবতৰঙ্গৰ পৰিচালকসকলৰ কামৰ কথা স্বীকাৰ কৰিছে। সত্যজিৎৰ চলচ্চিত্ৰ নিয়মিত সম্পাদনা কৰিছিল দুলাল দত্তই, তথাপি বেছি ভাগ সময় সত্যজিৎে দুলালক এই কামত নিৰ্দেশনা দিছিল। আৰ্থিক অসচ্ছলতা আৰু সত্যজিৎৰ অনুপুঙ্খ পৰিকল্পনা আৰু পূৰ্ণ নিয়ন্ত্ৰণৰ কাৰণে তেখেতৰ বেছি ভাগ চলচ্চিত্ৰৰ সম্পাদনা প্ৰকৃতপক্ষে কেমেৰাত দৃশ্যগ্ৰহণৰ সময়তেই সম্পন্ন হৈ গৈছিল (পথেৰ পাঁচালী বাদে)। কৰ্মজীৱনৰ আৰম্ভণিতেই ৰবি শংকৰ, বেলায়েত খান আৰু আলি আকবৰ খানৰ দৰে প্ৰতিভাবান ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতজ্ঞৰ লগত সত্যজিৎে কাম কৰাৰ সুযোগ পাইছিল। কিন্তু তেখেতৰ এই অভিজ্ঞতা আছিল মূলত: বেদনাদায়ক। তেওঁ বুজিব পাৰে যে সঙ্গীতজ্ঞসকল তেখেতৰ চলচ্চিত্ৰতকৈ তেওঁলোকৰ নিজৰ নিজৰ সাঙ্গীতিক ধাৰাৰ প্ৰতিহে বেছি অনুগত। সত্যজিৎে পাশ্চাত্য ধাৰাৰ ধ্ৰুপদী সঙ্গীতৰ ব্যবহাৰ পছন্দ কৰিছিল, বিশেষত: তেখেতৰ চহৰীয়া পটভূমিত বনোৱা ছবিসমূহৰৰ বাবে। এই বাবে পৰৱৰ্তীকালত তিন কন্যা ছবিখন কৰা সময়ৰ পৰা তেওঁ নিজেই নিজৰ চলচ্চিত্ৰৰ বাবে সঙ্গীত স্বৰলিপি ৰচনা কৰিছিল। সত্যজিৎৰ ছবিত অভিনেতাৰ কামো সমানভাবে প্ৰশংসিত হৈছে। তেখেতৰ ছবিতে চলচ্চিত্ৰ তাৰকাসকলে যেনেকৈ অভিনয় কৰিছে, তেনেকৈ কেতিয়াও কোনোদিনে চলচ্চিত্ৰ নেদেখা এনেকুৱা মানুহেও অভিনয় কৰিছে (যেনে অপৰাজিত ছবিখনত)। ৰবিন উড-সহ অনেকেই সত্যজিৎক শিশু অভিনেতাসকৰ বাবে শ্ৰেষ্ঠ পৰিচালক হিচাপে আখ্যা দিয়ে, আৰু উদাহৰণ হিচাপে পথেৰ পাঁচালী ছবিত অপু আৰু দুৰ্গা, পোষ্টমাষ্টাৰ ছবিত ৰতন আৰু সোণাৰ কেল্লা ছবিত মুকুল চৰিত্ৰসমূহৰ উল্লেখ কৰে। সত্যজিৎৰ নিৰ্দেশনাৰ প্ৰকৃতি অভিনেতাৰ প্ৰতিভা আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিছিল। উৎপল দত্তৰ দৰে অভিনেতাৰ তেনে কোনো নিৰ্দেশনাই তেওঁ দিয়া নাছিল, অন্যহাতে অপু চৰিত্ৰৰ সুবীৰ বন্দ্যোপাধ্যায় কিংবা অপৰ্ণাৰ চৰিত্ৰ শৰ্মিলা ঠাকুৰক তেওঁ অনেকদূৰ "পুতলাৰ" দৰে ব্যবহাৰ কৰিছিল। সত্যজিৎৰ চলচ্চিত্ৰসমূহৰ বিষয়বস্তু আছিল বহুমুখী। এই প্ৰসঙ্গত তেওঁ ১৯৭৫ চনত কয় যে সমালোচকে প্ৰায়েই তেখেতৰ বিৰুদ্ধে এক বিষয়ৰ পৰা আন এক বিষয়, এক ধৰণৰ পৰা অন্য এক ধৰণক কাকতিফৰিঙৰ দৰে জঁপিয়াই দিয়াৰ প্ৰবণতা প্ৰদৰ্শনৰ অভিযোগ কৰে আৰু তেখেতৰ ছবিত জনাশুনা কোনো ধৰণ বিচাৰি নাপায় যাতে তেখেতৰ গাত কোনো এক বিশেষ বৈশিষ্ট্য আঁৰি দিয়া যায়। এই কামত আত্ম-সমৰ্থন কৰি তেওঁ কয় যে এই বহুমুখীতা তেখেতৰ নিজৰ চৰিত্ৰৰেই প্ৰতিফলন, আৰু তেখেতৰ প্ৰতিখন ছবিৰ পিছতেই শীতল মগজেৰে লোৱা সিদ্ধান্ত লৈ কাম কৰিছে। সাহিত্যকৰ্ম সত্যজিৎ বাংলা সাহিত্যৰ সবাতোকৈ জনপ্ৰিয় দুটি চৰিত্ৰৰ স্ৰষ্টা। এটা হ’ল প্ৰাতিজনিক ৰহস্যাম্বেষী ফেলুদা, অন্যটি বিজ্ঞানী প্ৰফেচৰ শঙ্কু। ইয়াৰ বাদেও তেওঁ প্ৰচুৰ ছুটিগল্প লিখিছিল যিবোৰৰ বাৰটিৰ সংকলন প্ৰকাশ পায় আৰু সংকলনসমূহৰ শিৰোনামত “বাৰ” শব্দটো বিভিন্নভাবে ব্যবহৃত হয় (যেনে ‘‘একেৰ পিঠে দুই”, “এক ডজন গপ্পো”, ইত্যাদি)। ৰহস্য আৰু শব্দ-কৌতুক )-ৰ প্ৰতি তেখেতৰ আগ্ৰহ এই গল্পসমূহত প্ৰকাশ পায়। অনেক সময়ত ফেলুদাই ৰহস্যৰ সমাধান বাহিৰ কৰি কোনো কেচৰ ৰহস্য উন্মোচন কৰিব লাগিছিল। ফেলুদাৰ বিভিন্ন গল্পত তেখেতৰ সঙ্গী উপন্যাস-লেখক জটায়ু (লালমোহন গাঙ্গুলী), আৰু তেওঁৰ খুৰাকৰ পুতেক ভায়েক তপেশৰঞ্জন মিত্ৰ ওৰফে তোপস হৈছে গল্পৰ বৰ্ণনাকাৰী, যাৰ ভূমিকাত অনেকখিনি ছাৰ্লক ছৰ পাৰ্শ্বচৰিত্ৰ ডক্টৰ ওয়াটচনৰ দৰে। প্ৰফেচৰ শঙ্কুৰ বৈজ্ঞানিক কল্পকাহিনীসমূহ ডায়েৰী আকাৰে লেখা, যি ডায়েৰী বিজ্ঞানীজনৰ ৰহস্যময় অন্তৰ্ধানৰ পাছত বিচাৰি পোৱা যায়। সত্যজিৎৰ ছুটিগল্পসমূহত অনিশ্চিত উৎকণ্ঠা, ভয় আৰু অন্যান্য বিষয়ত সত্যজিৎৰ আগ্ৰহৰ ছাপ আছে, যি সমূহ তেওঁ চলচ্চিত্ৰত এৰাই চলিছিল। সত্যজিৎৰ অধিকাংশ ৰচনাই ইংৰেজীলৈ অনূদিত হৈছে আৰু বৰ্তমানে তেখেতৰ গ্ৰন্থসমূহৰ দ্বিতীয় প্ৰজন্মৰ পাঠকসমাজ গঢ়ি উঠিছে। তেখেতে লিখা অধিকাংশ চিত্ৰনাট্য “একশান” সাহিত্যপত্ৰত বাংলাত প্ৰকাশিত হৈছে। সত্যজিৎে তেখেতৰ ল’ৰালিকালৰ কাহিনীক লৈ লিখে যখন ছোট ছিলাম (১৯৮২)। চলচ্চিত্ৰৰ ওপৰত লিখা তেখেতৰ প্ৰবন্ধৰ সংলনসমূহ হ’ল: আৱাৰ ফিল্মচ, দেয়াৰ ফিল্মচ (১৯৭৬), বিষয় চলচ্চিত্ৰ (১৯৮২), আৰু একেই বলে শুটিং (১৯৭৯)। ৯০-ৰ দশকৰ মাজভাগত সত্যজিৎৰ চলচ্চিত্ৰ বিষয়ক প্ৰবন্ধৰ এটা সঙ্কলন পশ্চিমত প্ৰকাশ পায়। এই গ্ৰন্থৰ নাম গ্ৰন্থখনৰ প্ৰথম অংশত সত্যজিৎে ভাৰতীয় চলচ্চিত্ৰক লৈ আলোচনা কৰে, আৰু দ্বিতীয় অংশত হলিউড, কিছু পছন্দৰ চিত্ৰনিৰ্মাতা (চাৰ্লি চেপলিন, আকিৰা কুৰোচাৱা) আৰু ইটালীয় নব্যবাস্তবতাবাদৰ ওপৰত আলোচনা কৰে। বিষয় চলচ্চিত্ৰ গ্ৰন্থখনত চলচ্চিত্ৰৰ নানা বিষয়ত সত্যজিৎৰ ব্যক্তিগত দৰ্শন আলোচিত হৈছে। সম্প্ৰতি গ্ৰন্থৰ এটা ইংৰাজী অনুবাদ নামেৰে প্ৰকাশ পাইছে। ইয়াৰ বাদেও সত্যজিৎে ‘‘তোড়ায় বাঁধা ঘোড়াৰ ডিম’’ নামৰ এক ননচেন্স ছিৰিজৰ গ্ৰন্থ লিখে, য’ত লুইচ ক্যাৰলৰ ‘‘জ্যাবাৰওয়কি’’-ৰ এটা অনুবাদ আছে। ইয়াৰ বাদেও তেওঁ মোল্লা নাচিৰুদ্দিনৰ বিভিন্ন কাহিনীক লৈ এখন হাঁহিৰ গ্ৰন্থ লিখে। সত্যজিৎে “ৰে ৰোমান” আৰু “ৰে বিজাৰ” নামৰ দুখন টাইপফেচ ছবি আঁকে। ইয়াৰ মাজত ৰে ৰোমানে ১৯৭০ চনত এটা আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰে। চলচ্চিত্ৰ জগতত পদাৰ্পণৰ অনেক পাছতো কলকাতাৰ কিছু মহলত তেওঁ এজন প্ৰভাৱশালী গ্ৰাফিক ডিজাইনাৰ হিচাপে পৰিচিত আছিল। সত্যজিৎে তেখেতৰ নিজে লিখা সমস্ত গ্ৰন্থৰ প্ৰচ্ছদ আৰু ভিতৰৰ ছবি আঁকিছিল। ইয়াৰ বাদেও তেখেতৰ চলচ্চিত্ৰৰ সকলো বিজ্ঞাপনসমূহো তেঁৱেই তৈয়াৰ কৰিছিল। দৰ্শক আৰু সমালোচকৰ প্ৰতিক্ৰিয়া সত্যজিৎৰ চলচ্চিত্ৰৰ অন্যতম প্ৰধান আৰু পুনৰাবৃত্ত উপাদান আছিল ইয়াৰৰ মানবতাবাদ। তেখেতৰ ছবিসমূহ আপাতদৃষ্টিত সৰল, কিন্তু এই সৰলতাৰ গভীৰত লুকায় আছে জটিলতা। তেখেতৰ চলচ্চিত্ৰৰ বৰ্ণনাভঙ্গি আৰু চৰিত্ৰায়ন নিখুঁত বুলি অনেকবাৰ প্ৰশংসিত হৈছে। অনেকেই তেখেতৰ কামৰ ভূয়সী প্ৰশংসা কৰিছে, আৰু ইয়াৰৰ মাজত অন্যতম হ’ল আকিৰা কুৰোচাৱাই কৰা এই উক্তিটি: "সত্যজিৎৰ চলচ্চিত্ৰ নেদেখা আৰু পৃথিৱীত বাস কৰি চন্দ্ৰ-সূৰ্য নেদেখা একেই কথা। অন্যহাতে সত্যজিৎৰ নিন্দুকসকলে ভাবে তেখেতৰ ছবিসমূহ অত্যন্ত ধীৰ গতিৰ, যেন “ৰাজকীয় শামুক” বগুৱাবাই যোৱাৰ দৰে। তেওঁলোকে সত্যজিৎৰ মানবতাবাদক ভাবে সৰলমনস্কতাৰ বহিৰ্প্ৰকাশ, আৰ তেখেতৰ কামক আধুনিকতা-বিৰোধী বুলি গণ্য কৰে। তেওঁলোকে আৰু কয় যে সত্যজিৎৰ চলচ্চিত্ৰত তেখেতৰ সমসাময়িক পৰিচালকসকলৰ দৰে (যেনে জঁ-ল্যুক গদাৰ) নতুন অভিব্যক্তি কিংবা পৰীক্ষা-নিৰীক্ষা দেখিবলৈ পোৱা নাযায়। ষ্ট্যানলি কফম্যানে লিখিছিল যে সত্যজিৎৰ কিছু সমালোচকে ভাবে যে সত্যজিৎে “আগৰে পৰাই ধৰি লৈছিল যে যিবোৰ চলচ্চিত্ৰত কেবল তেওঁলোকৰ চৰিত্ৰসমূহক লৈয়েই পৰি থাকে, কিন্তু চৰিত্ৰসমূহৰ জীৱনত কোনো নাটকীয় বিন্যাস আৰোপ কৰা হোৱা নাই, সেইবোৰ চলচ্চিত্ৰ দৰ্শসকলে পছন্দ কৰিব। সত্যজিৎে নিজেই কৈছিল যে তেখেতৰ চলচ্চিত্ৰসমূহৰ ধীৰগতিৰ কামত তেখেতৰ কিছু কৰাৰ নাই, আৰু কুৰোচাৱাই সত্যজিৎৰ পক্ষ লৈ কয় যে "সত্যজিৎৰ ছবিসমূহ মুঠেও ধীৰগতিৰ নহয়। বৰং এইসমূহক শান্তভাবে বৈ যোৱা এক বিৰাট নদীৰ লগত তুলনা কৰা যায়। সমালোচকসকলে প্ৰায়েই সত্যজিৎক চলচ্চিত্ৰ আৰু অন্যান্য মাধ্যমৰ বিখ্যাত ব্যক্তিত্বৰ লোকসকলৰ লগত তুলনা কৰিছিল, যেনে আন্তন চেখভ, জঁ ৰনোয়াৰ, ভিত্তোৰিও দে চিকা, হাওয়াৰ্ড চ ফগাং আমাদেউচ মোৎসাৰ্ট। ছেক্সপিয়েৰৰ লগতো তেওঁক তুলনা কৰা হৈছে।। ভি এচ নাইপলে শতৰঞ্জ কে খিলাড়ী-ৰ এটা দৃশ্যক ছেক্সপিয়েৰেৰ নাটকৰ লগত তুলনা কৰি কৈছে: সত্যজিৎৰ চলচ্চিত্ৰৰ নান্দনিকতাক লৈ যিসকল সন্তুষ্ট নাছিল তেওঁলোকেও স্বীকাৰ কৰে যে এটা সম্পূৰ্ণ সংস্কৃতিক তেওঁৰ বিভিন্ন সূক্ষ্ম দ্যোতনাসহ চলচ্চিত্ৰ~ত তুলি ধৰাৰ কামত তেওঁ আছিল একমেবাদ্বিতীয়ম। দ্য ইণ্ডিপেণ্ডেণ্ট আলোচনীত সত্যজিৎৰ ওপৰত লিখা শ্ৰদ্ধাঞ্জলিত এই অনুভূতিয়েই প্ৰকাশ পায় এইভাবে: তথাপি সাধাৰণৰ মতে তেখেতৰ হাৰ্ট এটেকৰ পাছত কৰা ছবিসমূহ তেখেতৰ পুৰণা ছবিসমূহৰ দৰে জীৱন্ত নাছিল। ১৯৮০-ৰ আৰম্ভণিৰ ফালে ভাৰতীয় লোকসভা সদস্য আৰু প্ৰাক্তন অভিনেত্ৰী নাৰ্গিচ দত্তই তেখেতৰ বিৰুদ্ধে এই বুলি অভিযোগ আনে যে তেওঁ "দাৰিদ্ৰ্য ৰফতানি" কৰিছে, আৰু সত্যজিৎৰ কাষত “আধুনিক ভাৰত”-ৰ প্ৰতিনিধিত্ব কৰা এনে ছবি বনোৱাৰ দাবী কৰে অন্যহাতে ভাৰতজুৰি সমাজতন্ত্ৰৰ প্ৰবক্তাসকলে ভাবিছিল সত্যজিৎ জাতিৰ নিপীড়িত শ্ৰেণীৰ প্ৰতি "প্ৰত্যয়ী" নাছিল, বৰং তেওঁ ‘‘পথেৰ পাঁচালী’’ আৰু ‘’অশনি সংকেত’’ ছবিত বৰ্ণনাভঙ্গী আৰু নান্দনিকতাৰ মাধ্যমেৰে দাৰিদ্ৰ্যক মহৎ কৰি দেখুৱাইছে। তেখেতসকলে আৰু অভিযোগ কৰে যে সত্যজিৎে তেখেতৰ ‘‘বুৰ্জোয়া’’ দৃষ্টিভঙ্গীৰ পৰা ওলায় আহি তেখেতৰ ছবিৰ সংঘাতসমূহৰ কোনো সমাধান দিব পৰা নাই। ৭০-ৰ দশকৰ নক্সাল আন্দোলনৰ সময়ত তেখেতৰ পুত্ৰ সন্দীপ এক পৰ্যায়ত শাৰীৰিক ক্ষতিৰ সম্মুখীন হৈছিল। ৬০-ৰ দশকত সত্যজিৎ আৰু বাদী চলচ্চিত্ৰকাৰ মৃণাল সেনো বিতৰ্কত জড়িত হৈ পৰে। বাণিজ্যিক অভিনেতা উত্তম কুমাৰ-ক ছবিত লোৱাৰ বাবে মৃণালে সত্যজিৎৰ সমালোচনা কৰে। সত্যজিৎে উত্তৰ দিয়ে যে মৃণালে কেবল "সহজ লক্ষ্য"সমূহতেই (তথা বাঙালী মধ্যবিত্ত শ্ৰেণী) আঘাত হানিব জানে। কিংবদন্তিৰ কথা ভাৰতত আৰু বিশ্বব্যাপী বাঙালী সম্প্ৰদায়ৰ কাষত সত্যজিৎ ৰায় এজন সাংস্কৃতিক প্ৰতিভূ। তেখেতৰ মৃত্যুৰ পাছত কলকাতাৰ জীৱনযাত্ৰা স্তব্ধ হৈ পৰে। হাজাৰ হাজাৰ লোকে শেষ শ্ৰদ্ধা জনাবলৈ তেখেতৰ ঘৰলৈ আহে। বাংলা চলচ্চিত্ৰ জগতত সত্যজিৎে গভীৰ প্ৰভাৱ পেলায়। সত্যজিৎৰ চলচ্চিত্ৰ কৌশলে অপৰ্ণা সেন, ঋতুপৰ্ণ ঘোষ, গৌতম ঘোষ আৰু বাংলাদেশৰ তাৰেক মাচুদ আৰু তানভীৰ মোকাম্মেল-ক অনুপ্ৰাণিত কৰিছে। বুদ্ধদেব দাশগুপ্ত, মৃণাল সেন, আৰু আদুৰ গোপালকৃষ্ণন-ৰ দৰে চলচ্চিত্ৰ নিৰ্মাতাই ভাৰতীয় চলচ্চিত্ৰত সত্যজিৎৰ আসামান্য অবদান স্বীকাৰ কৰিছে। ভাৰতৰ বাহৰিত মাৰ্টিন স্কোৰচেজি, জেমচ আইভৰি, আব্বাচ কিয়াৰোস্তামি আৰু এলিয়া কাজান-ৰ দৰে চিত্ৰনিৰ্মাতাই তেখেতৰ কাম দেখি প্ৰভাৱিত হৈছিল বুলি ধাৰণা কৰা হয়। ইৰা চ-ৰ ২০০৫ চনত নিৰ্মিত আছিল চাৰুলতা-ৰ এক দুৰ্বলভাবে অনুসৃত পুনৰ্নিৰ্মাণ, আৰু ১৯৯৫ চনৰ মাই ফ্যামিলি ছবিৰ শেষ দৃশ্য অপুৰ সংসাৰ-ৰ শেষ দৃশ্যক অনুসৰণ কৰি তৈয়াৰ কৰা। তেতিয়াৰ দিনৰ কিছু ছবি, যেনে স্যাক্ৰেড এভিল, দীপা মেহতাৰ স ত্ৰয়ী, এনেকি জঁ-ল্যুক গদাৰ-ৰ চলচ্চিত্ৰতো সত্যজিৎৰ চলচ্চিত্ৰৰ প্ৰতি নিৰ্দেশ বিচাৰি পোৱা যায়। আমেৰিকান এনিমেটেড টেলিভিছন ছিৰিজ দ্য চ-ৰ আপু নাহাচাপিমাপেটিলন চৰিত্ৰটোৰ নাম ৰায়ৰ প্ৰতি শ্ৰদ্ধা জনায় নিৰ্বাচন কৰা হয়। মাধবী মুখোপাধ্যায়ৰ লগত সত্যজিৎৰ ছবিয়ে ডোমিনিকা-ৰ ষ্ট্যাম্পত স্থান পোৱা কোনো ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্বৰ বাবে এই জাতীয় ঘটনা এইটোৱে প্ৰথম। বহু সাহিত্যকৰ্মত সত্যজিৎ কিংবা তেখেতৰ কামক নিৰ্দেশ কৰা হৈছে। চলন্ত ৰুছদিৰ লেখা হাৰুন অ্যাণ্ড দ্য চি অফ ষ্টোৰিজ-ত দুই মাছৰ নাম আছিল গুপীআৰুও বাঘা (সত্যজিৎৰ “গুপী গাইন” আৰু “বাঘা বাইন” চৰিত্ৰ দুটিৰ নামত)। বহু প্ৰতিষ্ঠানে সত্যজিৎক সম্মানসূচক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। এইবোৰৰ মাজত অক্সফোৰ্ড বিশ্ববিদ্যালয়ে মাত্ৰ দ্বিতীয় চলচ্চিত্ৰকাৰ হিচাপে লিনৰ পাছত) তেওঁকেই এই ডিগ্ৰী প্ৰদান কৰে। ১৯৮৭ চনত ফ্ৰান্সেৰ ৰাষ্ট্ৰপতিয়ে তেওঁক লেজিওঁ দনৰ পুৰস্কাৰ প্ৰদান কৰে। তেখেতৰ মৃত্যুৰ অলপ কিছু দিন আগেয়ে ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক পদক ভাৰতৰত্ন প্ৰদান কৰে। ১৯৯৩ চনত ইউনিভাচিটি অফ ক্যালিফোৰ্নিয়া, চাণ্টা ক্ৰুজে সত্যজিৎ ৰায় ফিল্ম অ্যাণ্ড ষ্টাডি কালেকছন প্ৰতিষ্ঠা কৰে। ১৯৯৫ চনত ভাৰত চৰকাৰে চলচ্চিত্ৰ বিষয়ৰ গবেষণাৰ বাবে সত্যজিৎ ৰায় চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট প্ৰতিষ্ঠা কৰে। ২০০৭ চনত ব্ৰিটিছ ব্ৰডক্যাষ্টিং কৰ্পোৰেছন (বিবিচিয়ে) ঘোষণা কৰে যে, ফেলুদা ছিৰিজৰ দুটি গল্পক লৈ ৰেডিঅ’ অনুষ্ঠান নিৰ্মাণ কৰা হব। লণ্ডন চলচ্চিত্ৰ উৎসৱৰ সময়ৰ পৰা "সত্যজিৎ ৰায় পুৰস্কাৰ" নামেৰে এটা নিয়মিত পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰথম শাৰীৰ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ পৰিচালক যিসকলৰ চলচ্চিত্ৰৰ শিল্পগুণ, সহানুভূতি আৰু মানবতাৰ দিশটো সত্যজিৎৰ দৰে হ’লে তেওঁলোকক এই পুৰস্কাৰ প্ৰদান কৰা হয়। ওয়েচ অ্যাণ্ডাৰচনে দাবী কৰিছে যে তেওঁৰ চলচ্চিত্ৰত সত্যজিৎৰ বিশেষ প্ৰভাৱ ৰৈছে। তেওঁৰ সাম্প্ৰতিক ছবি দ্য দাৰ্জিলিং লিমিটেড সত্যজিৎ ৰায়ক উৎসৰ্গা কৰিছে। প্ৰাপ্ত পুৰস্কাৰ আৰু সন্মান সত্যজিৎ ৰায়ে তেখেতৰ জীৱনকালত প্ৰচুৰ পুৰস্কাৰ পাইছে। তেৱঁই দ্বিতীয় চলচ্চিত্ৰ ব্যক্তিত্ব যাক অক্সফোৰ্ড বিশ্ববিদ্যালয়ে সম্মানীয় ডক্টৰেট ডিগ্ৰি প্ৰদান কৰে। প্ৰথম চলচ্চিত্ৰ ব্যক্তিত্ব হিচাপে অক্সফোৰ্ডৰ ডিলিট পাইছিল চাৰ্লি লিনে। ১৯৮৭ চনত ফ্ৰান্সৰ চৰকাৰ তেওঁক সেইদেশৰ বিশেষ সন্মান্সূচক পুৰস্কাৰ লেজিওঁ দনৰে বিভূষিত কৰে। ১৯৮৫ চনত পায় ভাৰতৰ সৰ্বোচ্চ চলচ্চিত্ৰ পুৰস্কাৰ দাদাচাহেব ফালকে পুৰস্কাৰ। ১৯৯২ চনত মৃত্যুৰ কিছুদিন পূৰ্বে একাডেমি অফ মোছন পিকচাৰ আৰ্টচ এণ্ড চাইন্সে তেওঁক জীৱনজোৰা সন্মানস্বৰূপে একাডেমি সন্মানসূচক পুৰস্কাৰ প্ৰদান কৰে। মৃত্যুৰ কিছুদিন পূৰ্বেই ভাৰত চৰকাৰে তেওঁক প্ৰদান কৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন। সেই বছৰেই মৃত্যুৰ পাছত তেওঁক মৰণোত্তৰভাবে আকিৰা কুৰোচাৱা পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰয়াত পৰিচালকৰ পক্ষে এই পুৰস্কাৰ গ্ৰহণ কৰে শৰ্মিলা ঠাকুৰে। তথ্য সংগ্ৰহ গ্ৰন্থ সংযোগ বাহ্যিক সংযোগ সত্যজিৎ ৰায় (১৯২১ ১৯৯২) সত্যজিৎৰ জীৱনী সত্যজিৎ ৰায়ৰ গোয়েন্দা গল্প ওয়াৰ্ল্ড অফ ৰায় "ৰিমেম্বাৰিং ৰায়, ফ্ৰেম বাই ফ্ৰেম" সত্যজিৎ ৰায় ফিল্ম এণ্ড ষ্টাডি কালেকছন অমৰ্ত্য সেন: সত্যজিৎ ৰায় এণ্ড দ্য আৰ্ট অফ ম: আওয়াৰ কালচাৰ, দেয়াৰ কালচাৰ পৰবাস ৱেবছাইটত সত্যজিৎ ৰায়ৰ অংশ সেন্সেস অফ চিনেমা: সেৰা পৰিচালকদেৰ সমালোচনামূলক তথ্যভাণ্ডাৰ সত্যজিৎ ৰায়: আ ভিশন অফ চিনেমা অ্যাণ্ড্ৰু ৰবিনসন সত্যজিৎ ৰায়'স মাষ্টাৰপিস: দ্য অপু ট্ৰাইলজি জন নেসবিট। সত্যজিৎ ৰায়েৰ উপৰ গৌতম ঘোষ নিৰ্মিত প্ৰামাণ্য চিত্ৰ ডাকটিকিটত সত্যজিৎ, ডাকটিকটৰ সত্যজিৎ ছুটিৰ দিনত, দৈনিক প্ৰথম আলো। (২৬ এপ্ৰিল, ২০০৮) ভাৰতৰ ব্যক্তি বঙালী ভাষাৰ চলচ্চিত্ৰ পৰিচালক হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- বিশেষ জুৰী বঁটা (পূৰ্ণদৈৰ্ঘ্য ছবি) বিজয়ী শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী দাদাচাহেব ফাল্কে বঁটা বিজয়ী ৰমন মেগছেছে বঁটা বিজয়ী শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী ভাৰত ৰত্ন বঁটা
87326
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A7%B0%E0%A6%A4%E0%A6%BF%20%E0%A6%9B%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%A8
আৰতি ছাৰিন
আৰতি ছাৰিন() ভাৰতীয় নৌসেনাত সেৱা আগবঢ়োৱা এগৰাকী পতাকা বিষয়া। বৰ্তমান তেওঁ চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান (নৌসেনা) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ এয়াৰ মাৰ্শ্বাল পদবীত চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান (নৌসেনা) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ সশস্ত্ৰ বাহিনীৰ চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক আৰু অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় সশস্ত্ৰ বাহিনীত তিনি তাৰকা ৰেংকলৈ উন্নীত হোৱা তেওঁ ষষ্ঠগৰাকী মহিলা। ভাৰতীয় নৌসেনাত চাৰ্জন ভাইচ এডমিৰেল পুনিতা আৰোৰা আৰু শ্বিলা এছ মাথাইৰ পিছতে ভাইচ এডমিৰেল পদবী লাভ কৰা তৃতীয়গৰাকী মহিলা বিষয়া। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখাতে সেৱা আগবঢ়োৱাৰ বাবে সাৰিন বিৰল গৌৰৱৰ অধিকাৰী। ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্টৰ পৰা কেপ্তেইনলৈকে, ভাৰতীয় নৌসেনাত চাৰ্জন লেফটেনেণ্টৰ পৰা চাৰ্জন ভাইচ এডমিৰেললৈকে আৰু ভাৰতীয় বায়ুসেনাত এয়াৰ মাৰ্শ্বাল হিচাপে সেৱা আগবঢ়াইছিল। প্ৰাথমিক জীৱন আৰু শিক্ষা ছাৰিনৰ জন্ম হৈছিল নৌসেনাৰ এটা পৰিয়ালত। তেওঁৰ দেউতাক আছিল নৌসেনাৰ এজন বিষয়া যিয়ে ৪১ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। ভাতৃ ৰাজেশেও ৩০ বছৰ নৌসেনাত সেৱা আগবঢ়াইছিল। ৰাজেশে এগৰাকী চাবমেৰিনাৰ, তিনিখন চাবমেৰিন আৰু এখন ফ্ৰিগেটৰ কমাণ্ডিঙৰ উপৰিও কমোডৰ কমাণ্ডিং চাবমেৰিন (পূব) হিচাপেও কাম কৰিছিল। তেওঁৰ ভাইবোৱাৰী ৰাজেশৰ পত্নীও নৌসেনাৰ ডাক্তৰ আছিল। ছাৰিনে বিশাখাপট্টনমৰ টিম্পানী স্কুলত পঢ়িছিল। ইয়াৰ পিছত পুনেৰ সশস্ত্ৰ বাহিনীৰ চিকিৎসা মহাবিদ্যালয় (এ এফ এম চি)ত যোগদান কৰে। এ এফ এম চিত তেওঁ এম বি বি এছ সম্পূৰ্ণ কৰে। সামৰিক কেৰিয়াৰ ১৯৮৫ চনৰ ২৬ ডিচেম্বৰত সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱাত কমিছন লাভ কৰা ছাৰিনে ১৯৯২ চনত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি এ এফ এম চিৰ পৰা ৰেডিঅ’লজীত ডাক্তৰ অৱ মেডিচিন ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ মুম্বাইৰ টাটা মেম'ৰিয়েল চেণ্টাৰৰ পৰা ৰেডিয়চন অংক'লজীত ডিএনবি ডিগ্ৰী লাভ কৰে। পেনচিলভেনিয়াৰ পিটচবাৰ্গ বিশ্ববিদ্যালয়ত গামা নাইফ চাৰ্জাৰীৰ প্ৰশিক্ষণ লৈছিল। ছাৰিনে বিশাখাপট্টনমৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ প্ৰতিৰক্ষা পৰীক্ষাগাৰ নৌ বিজ্ঞান আৰু প্ৰযুক্তি পৰীক্ষাগাৰ (এন টি এছ এল)ত কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ উপৰিও তেওঁ প'ৰ্ট ব্লেয়াৰৰ নৌসেনা চিকিৎসালয় আইএনএইচএছ ধনবন্তৰী, বিশাখাপট্টনমৰ আইএনএইচএছ কল্যাণী, কোচিৰ আইএনএইচএছ সঞ্জীৱনী আৰু মুম্বাইৰ আইএনএইচএছ আছবিনীত সেৱা আগবঢ়াইছে। ছাৰিন ৰেডিঅ’থেৰাপিৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ড আৰু মহাৰাষ্ট্ৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় (এম ইউ এইচ এছ) নাচিকৰ পৰীক্ষক। ইয়াৰ উপৰিও মুম্বাই বিশ্ববিদ্যালয়, পুনে বিশ্ববিদ্যালয় আৰু এম ইউ এইচ এছত এম ডি ৰেডিঅ’লজি এণ্ড ডি এন বি ৰেডিয়চন অংক’লজীৰ স্বীকৃতিপ্ৰাপ্ত স্নাতকোত্তৰ ডিগ্ৰী শিক্ষয়িত্ৰী হিচাপে কাম কৰি আহিছে। ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনীত তেওঁৰ কেইবাটাও প্ৰকাশন আছে আৰু ক্ৰমে লিভাৰ ৰোগ আৰু সহায়ক প্ৰজননৰ কিতাপৰ অধ্যায়ত অৰিহণা যোগাইছে। ছাৰিনে দিল্লীৰ আৰ্মি হাস্পতাল (ৰিচাৰ্চ এণ্ড ৰেফাৰেল), পুনেৰ কমাণ্ড হাস্পতাল চাউদাৰ্ণ কমাণ্ড, এ এফ এম চি আৰু আই এন এইচ এছ আছভিনিৰ অধ্যাপক আৰু বিভাগৰ মুৰব্বী (এইচ অ' ডি) ৰেডিয়চন অংক'লজী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। প্ৰশাসনিক নিযুক্তিত তেওঁ আই এন এইচ এছ আছভিনিৰ জ্যেষ্ঠ পঞ্জীয়ক (চিকিৎসা অধীক্ষক) আৰু প্ৰধান চিকিৎসা বিষয়া নৌ ডকয়াৰ্ড (মুম্বাই) হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ক'ভিড-১৯ মহামাৰীৰ সময়ত চাৰ্জন ক'ম'ডৰ হিচাপে ছাৰিনে উদ্ভাৱনীমূলক সমাধানৰ ডিজাইন আৰু বিকাশৰ তদাৰক কৰিছিল আৰু দক্ষিণ নৌসেনাৰ কমাণ্ডত কোৱাৰেণ্টাইনৰ সুবিধা স্থাপন কৰিছিল। ব্যক্তিগত জীৱন ভাৰতীয় নৌসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া চাৰ্জন ৰিয়াৰ এডমিৰেল চি এছ নাইডু, এভিএছএম, ভিএছএম, ৩৮ বছৰ নৌসেনাত কৰ্মৰত হেপাটোবিলিয়াৰী চাৰ্জনৰ সৈতে ছাৰিন বিবাহপাশত আৱদ্ধ হয়। ২০২০ চনত প্ৰথমবাৰৰ বাবে এই দম্পতীহালে নৌসেনাৰ কমাণ্ডৰ কমাণ্ড মেডিকেল অফিচাৰ (চিএমঅ’) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ছাৰিনে দক্ষিণ নৌসেনাৰ কমাণ্ডৰ চিএমঅ' হিচাপে কাম কৰাৰ সময়ত নাইডু পূব নৌসেনাৰ কমাণ্ডৰ চিএমঅ' আছিল। তেওঁলোকৰ ৰোহন নামৰ এজন পুত্ৰ আছে। বঁটা আৰু সজ্জা ২০০১ চনত ছাৰিনক নৌসেনাৰ মুৰব্বী প্ৰশংসা কাৰ্ড, ২০১৩ চনত জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চিফ প্ৰশংসা, ২০১৭ চনত সেনাবাহিনীৰ মুৰব্বী প্ৰশংসা আৰু ২০২১ চনত বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছে। তথ্যসূত্ৰ ভাৰতীয় নৌ-সেনা
79891
https://as.wikipedia.org/wiki/%E0%A6%9A%27%E0%A6%9C%E0%A7%81%E0%A6%A8
চ'জুন
চ'জুন, আৰনাম কেথে বা সৰগ পূজা হৈছে কাৰ্বিসকলৰ এক কৃষি কেন্দ্ৰিক ব্যক্তিগত পূজা। এই পূজা সাধাৰণতে মাঘ বা ফাগুন মাহত উদযাপন কৰা হয়। কাৰ্বি সকলৰ সৰহ সংখ্যকেই হিন্দু ধৰ্মাৱলম্বী। সেয়ে তেওঁলোকে দেৱ-দেৱতাৰ পূজাত বিশ্বাস কৰে। চ'জুন পূজাৰ মূল পূজ্য দেৱতা ইন্দ্ৰ (ছিনিংৰিছ) যদিও এই পূজাত 'হেম্ফু' অৰ্থাৎ বিষ্ণু (গৃহ দেৱতা)কো পূজা কৰা হয়। আনহাতে বৰুণ (হাৰাতা) আৰু তেওঁৰ সহযোগী 'হাৰাতা আমপৰতক', ইন্দ্ৰৰ দূত বিৰণে, লংলে-আ-হি-ই অৰ্থাৎ লক্ষ্মী দেৱী, গৃহস্থৰ আদি পুৰুষ ছাৰ সূৰ্য্যদেৱতা আৰণি আৰু গৃহস্থৰ পূৰ্বপুৰুষ আৰ আনথক সকলক দেৱতা জ্ঞান কৰি পূজা অৰ্চনা কৰাৰ নিয়ম আছে। চ'জুন পূজা সাধাৰণতে তিনিটা পৰ্য্যায়ত কৰা হয়। চাৰি, পাঁচ বা ন বছৰৰ অন্তৰালত কাৰ্বি লোক সকলে নিজৰ ঘৰত এই পূজা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰে। পূজাত গাহৰি আৰু কুকুৰা চৰাই বলি দিয়া হয়। পূজাৰ অন্তত বিশেষ বিশেষ ব্যক্তি সকলক স-সন্মানে মদ আৰু মাংস আগবঢ়োৱা হয়। আয়োজন পূজাৰ আগদিনা ৰাতি আয়োজকৰ ঘৰত নাম-কীৰ্তন কৰি পূজ্য দেৱতা সকলক পূজালৈ সাদৰে আমন্ত্ৰণ কৰাৰ নিয়ম আছে। সেইদিনা খাৰ, আঞ্জা ৰান্ধি দেৱতা সকললৈ আগ বঢ়োৱা হয় আৰু পূজাৰীয়ে মন্ত্ৰপাঠ কৰি দেৱতা সকলক স্মৰণ কৰে। পূজাৰ দিনা পুৱাতে আয়োজকৰ ঘৰতেই মন্ত্ৰপাঠেৰে দেৱতা সকলক প্ৰথম পূজা আগবঢ়োৱা হয়। ইয়াৰ পিছতে মুকলি ঠাই বা পথাৰৰ নিৰ্দিষ্ট ঠাইত পূজাৰ বাবে প্ৰয়োজন হোৱা বেদী, পূজাৰীসকল আৰু আমন্ত্ৰিত ব্যক্তি সকল বহাৰ ঠাই, পৰিয়ালৰ লোক সকল বহাৰ ঠাই, মহিলা সকলৰ বাবে আছুতীয়াকৈ বহাৰ ব্যৱস্থা কৰা হয়। পানী ৰখা ঠাই, মদ বা হৰলাং থোৱা ঠাই আৰু মঙহ ৰখা ঠাই সমূহ সাধাৰণতে কলপাতেৰে চালি বা বেৰ দি তৈয়াৰ কৰা হয়। পূজাৰ পদ্ধতি পূজাৰ বেদী স্থাপন চ'জুন পূজাৰ বাবে দেৱতাৰ বেদীবোৰ মুকলি পথাৰত পূব মুৱাকৈ স্থাপন কৰা হয়। বেদীবোৰ মাটিৰে ওখকৈ সজোৱা হয়। মাটিৰ সেই ঢিপ বা বেদীৰ কাষতে হৰবংছ অৰ্থাৎ তিতালাও স্থাপন কৰি লাংথে লাংপং অৰ্থাৎ বাঁহৰ চুঙা দুফাল কৰি সেই বেদীত স্থাপন কৰে। কাৰ্বি সকলৰ লোক বিশ্বাস মতে লাংথে লাংপং দুফাল কঁৰোতে এফাল তলমুৱা আৰু আনফালে ওপৰমুৱাকৈ পৰিলে আয়োজকৰ মংগল হয় বুলি ভৱা হয়। ইয়াৰ পিছত পূজাৰ বেদীত বনৰীয়া আমগছ সদৃশ লৰু গছৰ পাত ৰখা হয়। সেই লৰু গছৰ পাতবোৰত তিনিবাৰ চাউল থোৱা হয় আৰু মাজৰ ভাগত পিতলৰ খাৰু বা খাকি ৰখা হয়। চ'জুন পূজাৰ মুখ্য দেৱতা ইন্দ্ৰৰ মূল বেদীটো কিছু পৰিমাণে ডাঙৰকৈ পূব দিশত স্থাপন কৰা হয়। ইয়াৰ কাষতে 'হেম্ফু' অৰ্থাৎ বিষ্ণু দেৱতাৰ বেদীটোও স্থাপন কৰা হয়। ইন্দ্ৰ দেৱতাৰ বেদীটো পাতসহ 'ফংৰং' অৰ্থাৎ মাকৰী শাল গছৰ ডালেৰে চাৰিওফালে চাৰিটা বাঁহৰ খুঁটি পুতি আৰু মাজত এটা ঘাই খুঁটি পুতি চাং সাজি স্থাপন কৰা হয়। এইদৰে তৈয়াৰ কৰা চাঙত উঠিবলৈ ফংৰং গছৰ ডালত লৰুৰ পাতেৰে মেৰিয়াই মুঠ নটা খটখটি সজোৱা হয়। চাঙৰ ওপৰত কাপোৰেৰে বন্ধা এটা দোণ ৰখা হয় আৰু ইয়াত দেৱতাৰ বাবে হৰবংছ (তিতালাও) থাকে। ফংৰং গছৰ খুঁটিত সৰু কলগছৰ পুলিত মিৰটাকছু, চেহেলেবৰ আৰু চৰলেঙৰ (বনৰীয়া গছ) পাত বন্ধা থাকে। সেইদৰে চাঙৰ তলত হৰবংছ আৰু লাংটুং মাছ থোৱা পাত্ৰ থাকে। লাংটুঙৰ ভিতৰত অকৰেং (জীয়া মিছামাছ, কেঁকোৰা আৰু চেঙেলি মাছ) আৰু তাৰ কাষত এখন বলিকটা দা ‘নকজিৰ’ থাকে। বৰুণ দেৱতা আৰু তেওঁ পত্নীৰ বাবে দুটা হাৰাতা বেদীও স্থাপন কৰা হয়। এই বেদীত কলগছ, খেৰৰ মূৰ্তি বা নমুনা, তিনিটা খটখটিৰে সৰু চাং, হৰবং, লাংথে লাংপং, সৰু এটি গাতত হণী, তুহগুৰি আৰু লৰু গছৰ পাত ব্যৱহাৰ কৰা হয়। চাঙৰ ওপৰৰ অংশত চাউল-খাৰু ৰখা হয়। অন্য বেদীতকৈ সূৰ্য্য দেৱতাৰ বেদীটো কিছু পৃথক আৰু ধুনীয়া। এই বেদীটো মধ্য স্থলৰ পৰা কিছু বাঁওদিশে ছাৰআনথক'ৰ পাঁচোটা বেদীৰ কাষত সজোৱা হয়। আৰণিক নানা ৰং-বিৰঙৰ পিঠাগুড়িৰে সূৰ্য্যাকৃতিৰ আঙঠি তৈয়াৰ কৰা হয়। ইয়াৰ কাষতে ডাঙৰ পাতৰ এবিধ বনৰীয়া গছৰ পুলি পুতি গছৰ গুৰিত মুৰ্গী চৰাইৰ পোৱালি বা মুৰ্গীৰ কণী বান্ধি দিয়ে। তাৰ ঠিক কাষতে হৰবংছ, লাংথে লাংপং থোৱা হয়। অন্যান্য দেৱতাৰ বাবে ফংৰং গছো স্থাপন কৰে। ছাৰআনথকৰ সোঁৱৰণত সৰুকৈ পাঁচোটা সাধাৰণ বেদী সজোৱা হয়। ছাৰ বেদী আৰণি বেদীৰ সোঁহাতে, ছাৰ বেদীৰ কাষত লংলে-আ-হি-ঈ বা লক্ষ্মীদেৱীৰ বেদী স্থাপন কৰে। আনহাতে ছিনিংৰিছ বেদীৰ বাঁওহাতে হাৰাতা আমপৰতক বেদী আৰু তাৰ বাওঁহাতে হাৰাতা বেদী সজোৱা হয়। ইফালে এই সকলো বেদীৰ সন্মুখত (আগত) ডাঙৰকৈ মূল বেদী (মুখ্য) স্থাপন কৰাৰ নিয়ম আছে। মন্ত্ৰ পাঠ পূজা আৰম্ভ হোৱাৰ পূৰ্বে পূজাৰী আৰু সহযোগী সকলে মদ (হৰলাং) খাই মন্ত্ৰ পাঠ কৰে। এই অনুষ্ঠানক ছেকাছাদি বুলি কোৱা হয়। মন্ত্ৰ পাঠ কৰি প্ৰতিটো বেদীৰ দেৱতালৈ কুকুৰা আৰু গাহৰি উছৰ্গা কৰা হয়। বিষ্ণু দেৱতালৈ এটি সৰু কুকুৰা আগ বঢ়োৱা হয়। সেইদৰে হাৰাতা, হাৰাতা আমপৰতকলৈও এটিকৈ কুকুৰা দিয়া হয়। আৰণি সূৰ্য্যলৈ কণী আৰু বগা মতা কুকুৰা আগবঢ়োৱা হয়। ছাৰআনথকলৈ কোনো বলি আগ বঢ়োৱা নহয়। ইয়াৰ পৰিবৰ্তে তেওঁলোকলৈ কেৱল ভাত-মাংস উৎসৰ্গা কৰাৰ নিয়ম প্ৰচলিত। মন্ত্ৰপাঠেৰে উছৰ্গা শেষ হ'লে ৰান্ধনিসকলে ভাত মাংস ৰান্ধে। গাভৰু আৰু ডেকা সকলে ভাত আৰু মদ বিতৰণ কৰে। অৱশ্যে প্ৰথমে দেৱতা সকলৰ বেদীত ভাত-মাংস-পেটুকা আদি উছৰ্গা কৰাৰ পাচত বগৱাৰ নাম স্মৰণ কৰি সমবেত ৰাইজে আসন গ্ৰহণ কৰে যদিও আয়োজকে বিশিষ্ট সকলক মাংস আগ বঢ়ায়। এই সময়তে পূজাৰীকে ধৰি পূজাত থকা ছৰথে, হিমা আচাৰ, ৱফং-আচাৰ, লুমজং-আচাৰ আদি সকলে কুকুৰাৰ পোৰা মূৰ একোটাকৈ মান হিচাপে পায়। তথ্যসূত্ৰ
86866
https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%81%E0%A6%A8%E0%A6%BF%E0%A6%A4%20%E0%A6%AE%E0%A6%82%E0%A6%97%E0%A6%BE
গুনিত মংগা
গুনীত মংগা জন্ম: ২১ নৱেম্বৰ ১৯৮৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ২০২৩ চনৰ একাডেমী বঁটা বিজয়ী চুটি তথ্যচিত্ৰ-ছবি দ্য এলিফেণ্ট হুইছপাৰাৰ্ছৰ তেখেত কাৰ্যবাহী প্ৰযোজক। মংগা শিক্ষা এণ্টাৰটেইনমেণ্ট বুটিক ফিল্ম প্ৰডাকচন হাউছৰ প্ৰতিষ্ঠাপক যিয়ে গেংছ অৱ ৱাছেইপুৰ পাৰ্ট ১, গেংছ অৱ ৱাছেইপুৰ পাৰ্ট ২, পেডলাৰ্ছ, দ্য লাঞ্চবক্স, মাছান, জুবান আৰু পাগগ্লাইটৰ দৰে উল্লেখযোগ্য ছবি নিৰ্মাণ কৰিছিল। ২০১৮ চনত ভাৰতৰ প্ৰথমগৰাকী প্ৰযোজক হিচাপে মংগাই একাডেমী অৱ চলচ্চিত্ৰ আৰ্টছ এণ্ড চাইন্সেছত অন্তৰ্ভুক্ত >তেখেতে পিৰিয়ড দ্য এণ্ড এৱ চেনটেঞ্চনামৰ তথ্যচিত্ৰ চুটি ছবিত কাৰ্যবাহী প্ৰযোজক হিচাপে কাম কৰিছিল। ছবিখনে ২০১৯ চনৰ শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবিৰ একাডেমী বঁটা লাভ কৰে। দ্য হলিউড ৰিপ’ৰ্টাৰে বিশ্ব মনোৰঞ্জন উদ্যোগৰ শীৰ্ষ ১২ গৰাকী সফল মহিলা ভিতৰত মংগাক অন্যতম বুলি ঘোষনা কৰিছে৷ ইণ্ডিয়া টুডেৰ দ্বাৰা ভাৰত সলনি কৰা শীৰ্ষ ৫০ গৰাকী ভাৰতীয়ৰ ভিতৰতো মংগাৰ নাম সন্নিৱিষ্ট হৈছে৷ ২০২১ চনত গুণিত মংগাক ফ্ৰান্স চৰকাৰে চেভালিয়াৰ ডান্স ল’অৰ্ডে ডেছ আৰ্টছ এট ডেছ লেট্ৰেছৰ সৈতে সন্মানিত কৰে। প্ৰাৰম্ভিক জীৱন মংগা দিল্লীত ডাঙৰ-দীঘল হৈছিল। ব্লুবেলছ স্কুল ইণ্টাৰনেশ্যনেলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ২০০৪ চনত দিল্লীৰ গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত মধুবালা ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন এণ্ড ইলেক্ট্ৰনিক মিডিয়াৰ পৰা তেখেতে গণসংযোগ বিভাগত ডিগ্ৰী লাভ কৰে। কেৰিয়াৰ ২০০৩ চনত মংগাই দিল্লীত এজন প্ৰডাকচন ক'অৰ্ডিনেটৰৰ অধীনত কাম কৰে আৰু গণসংযোগ লাভ কৰাৰ পিছত তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰডাকচনৰ প্ৰডাকচন সমন্বয়ক হিচাপে কেৰিয়াৰ আৰম্ভ কৰে৷ ২০০৬ চনত মংগা মুম্বাইলৈ স্থানান্তৰিত হয়, তাৰ পিছত তেওঁ ক্ৰিকেটধৰ্মী ছবি ছেই চালাম ইণ্ডিয়া (২০০৭)ত কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত ৰং ৰাছিয়া (২০০৮) আৰু দাসবিদানিয়া (২০০৮) আৰু পিছলৈ ২০০৯ চনত বালাজী টেলিফিল্মছৰ দ্বাৰা প্ৰযোজিত ৱান্স আপন এ টাইম ইন মুম্বাই (২০১০) ছবিখনৰ নিৰ্মাণৰ সময়ত তেওঁ পৰিচালক-প্ৰযোজক অনুৰাগ কাশ্যপৰ সৈতে চিনাকি হয়৷ ২০০৯ চনৰ শেষৰ ফালে তেওঁ অনুৰাগ কাশ্যপ ফিল্মছত যোগদান কৰে। মংগাৰ প্ৰথমখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ছবি আছিল ২০১০ চনৰ শ্ৰেষ্ঠ লাইভ একচন চুটি ছবিৰ বাবে একাডেমী বঁটা লাভ কৰা কৱি (২০০৯)৷ ছবিখনত ভাৰতৰ চুক্তিযুক্ত শ্ৰমিকৰ বিষয়ে আলোচনা হৈছিল৷ পৰিচালনা আছিল গ্ৰেগ হেলভেৰ৷ ছবিখনে ২০০৯ চনত ছাত্ৰ একাডেমী বঁটা নেৰেটিভ লাভ কৰে। ২০০৮ চনত তেওঁ নিজাকৈ প্ৰডাকচন কোম্পানী শিখ্যা এণ্টাৰটেইনমেণ্ট আৰম্ভ কৰে আৰু লগতে এটা লাইন প্ৰডাকচন কোম্পানীও আৰম্ভ কৰে।অনুৰাগ কাশ্যপৰ সৈতে তেওঁ গেংছ অৱ ৱাছেইপুৰ, পাৰ্ট ১ আৰু ২ (২০১২) আৰু ডেট গাৰ্ল ইন ইয়েলো বুটছ (২০১১) আদি ছবিত কাম কৰে৷ ইয়াৰ উপৰিও, তেখেতে তৃষ্ণা (২০১১), শৈতন (২০১১), মাইকেল ২০১১), আৰু আইয়াৰৰ লগত জড়িত হৈছিল৷ তেখেতে ছবিখনৰ চিত্ৰনাট্য ফেচবুকত পোষ্ট কৰি ২ কোটি টকাৰ বাজেটেৰে নিৰ্মিত পেডলাৰ্ছ (২০১২)ৰ বাবে প্ৰায় ১ লাখ ৩০ হাজাৰ মাৰ্কিন ডলাৰ সংগ্ৰহ কৰে। আন্তঃৰাষ্ট্ৰীয় সমালোচক সপ্তাহত পেডলাৰ্ছক নিৰ্বাচিত কৰা হৈছিল আৰু ছবিখনে ৰেভ ৰিভিউ লাভ কৰিছিল৷ ইয়াৰ ফলত ভাৰতীয় চিনেমাৰ বাবেও নতুন বজাৰ মুকলি হৈছিল। ভাৰত, নেদাৰলেণ্ড আৰু ব্ৰিটেইনৰ সহ-প্ৰডাকচন হিচাপে তেখেতে মনছুন শ্বুটআউট আৰু ফিল্ম বজাৰত প্ৰদৰ্শিত প্ৰজেক্ট দ্য লাঞ্চবক্স (২০১১) নিৰ্মাণ কৰে৷ ভাৰত, ফ্ৰান্স, জাৰ্মানী আৰু আমেৰিকাৰ মাজত সহযোগী প্ৰডাকচন হিচাপে চিনেমাৰ্ট (২০১২), বাৰ্লিনেল কো-প্ৰডাকচন মাৰ্কেট (২০১২) আৰু টৰিনোফিল্মলেব (২০১২) তেখেতে দৰ্শকৰ বাবে সাজু কৰি উলিয়ায়৷ ২০১৩ চনৰ মে' মাহত যেতিয়া দ্য লাঞ্চবক্স (ডাব্বা) আৰু মনছুন শ্বুটআউট দুয়োটাকে ক্ৰমে আন্তৰ্জাতিক সমালোচক সপ্তাহ আৰু ২০১৩ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত মাজনিশা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হয়,দ্য হলিউড ৰিপ'ৰ্টাৰে তেওঁক বুলি অভিহিত কৰে৷ আনহাতে দ্য হলিউড ৰিপ'ৰ্টাৰৰ "২০১২ উইমেন ইন এণ্টাৰটেইনমেণ্ট বিশেষ"-এ তেওঁক "দৰ্শনযোগ্য ১২ জন আন্তঃৰাষ্ট্ৰীয় ব্যক্তি"ৰ ভিতৰত স্থান দিছিল৷ চলচ্চিত্ৰপুঞ্জী (২০০৭) (২০০৮) (২০০৮) (২০০৯) (২০১০) (২০১১) (২০১১) (২০১১) (২০১১) (২০১২) 1 (২০১২) 2 (২০১২) (২০১২) (২০১২) (২০১২) (২০১২) (২০১২) (২০১২) (২০১২) (২০১২) (২০১২) (২০১২) (২০১২) (২০১৯, তামিল) (২০২১) 1232 (২০২১) (কাৰ্যবাহী প্ৰযোজক) (২০২২) (সহ-প্ৰযোজক) (তামিল) (২০২৩) (কাৰ্যবাহী প্ৰযোজক) অভিনেত্ৰী হিচাপে (২০১২) তথ্যসূত্ৰ ভাৰতীয় নাৰী চলচ্চিত্ৰ প্ৰযোজক একাডেমী বঁটা বিজয়ী জীৱিত
79538
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A7%87%E0%A6%9B%E0%A6%AC%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%8B%E0%A6%A6%E0%A7%8D%E0%A6%A6%E0%A7%80%E0%A6%AA%E0%A6%95%20%E0%A6%B8%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF%20%E0%A6%95%E0%A7%B0%E0%A7%8D%E0%A6%AE
লেছবিয়ান কামোদ্দীপক সৃষ্টি কৰ্ম
লেছবিয়ান কামোদ্দীপক (আদিৰসাত্মক) সৃষ্টি কৰ্ম সমূহ লেছবিয়ানবাদৰ দৃশ্যকলাৰ চিত্ৰণৰ সৈতে সম্পৰ্কিত। এইসমূহ মহিলাৰ সৈতে মহিলাৰ যৌন অভিব্যক্তি। প্ৰাচীন ৰোমৰ সময়ৰ পৰা ইৰোটিক কলাত সমকামিতাক এক বিষয় স্থান দিয়া হৈছে আৰু বহুতে লেছবিয়ানবাদৰ চিত্ৰণক কামোদ্দীপক বুলি গণ্য কৰে। চিনেমা আৰু দূৰদৰ্শনৰ ইতিহাসত দীৰ্ঘ দিনৰ বাবে, লেছবিয়ানবাদক নিষিদ্ধ বুলি গণ্য কৰা হৈছিল। অৱশ্যে ১৯৬০-ৰ দশকৰ পৰা ই ক্ৰমান্বয়ে নিজৰ ক্ষেত্ৰত এক ধাৰাহৈ পৰিণত হৈছে। প্ৰথমে ছফ্টকোৰ চলচ্চিত্ৰ আৰু ইৰোটিক থ্ৰিলাৰত পোৱা, লেছবিয়ানবাদৰ চিত্ৰণ ১৯৮০ৰ দশকত মূলসুঁতিৰ চলচ্চিত্ৰত প্ৰৱেশ কৰিছিল। পৰ্ণগ্ৰাফিত, লেছবিয়ান যৌনতাৰ চিত্ৰণে এক জনপ্ৰিয় উপধাৰাৰ গঠন কৰে, আৰু এই ধৰাই বিপৰীতকামী পুৰুষ, লেছবিয়ান আৰু যিকোনো লিংগৰ উভকামী দৰ্শক সকলক আকৰ্ষণ কৰে। সাংস্কৃতিক পটভূমি সাহিত্য আৰু কলাত মহিলাসকলৰ মাজত যৌন সম্পৰ্কৰ উদাহৰণ দিয়াৰ লগতে বৰ্ণনা কৰা হৈছে, কিন্তু আধুনিক সময়ৰ আৰম্ভণিৰ পৰা এই বিষয়ক লিখিত সমলৰ বেছিভাগ ধ্বংস কৰি পেলোৱা হ'ল। ঐতিহাসিক অভিলেখৰ পৰা এই কথা স্পষ্ট হয় যে লেছবিয়ান অশ্লীল গ্ৰন্থৰ বেছিভাগৰে পাঠক সকল আছিল পুৰুষ। দৃশ্যকলা ধ্ৰুপদী চিত্ৰণ পম্পেইৰ কামোদ্দীপক ফ্ৰেস্কোবোৰৰ মাজত লেছবিয়ান সমকামিতাৰ চিত্ৰণ পোৱা যায়। এই সৃষ্টিকৰ্ম সমূহ মধ্যযুগৰ ফালে অদৃশ্য হোৱাৰ পিছত নৱজাগৰণৰ ফলত প্ৰত্যাৱৰ্তন হয়। ফ্ৰান্সৰ বাউচাৰ আৰু জে.এম ডব্লিউ টাৰ্ণাৰ উনবিংশ শতিকাৰ আগশাৰীৰ শিল্পী সকলৰ ভিতৰত উল্লেখযোগ্য আছিল। তেওঁলোকে তেওঁলোকৰ শিল্প কৰ্মৰ দ্বাৰা মহিলাসকলৰ মাজত কামোদ্দীপনা প্ৰদৰ্শন কৰিছিল। আন চিত্ৰশিল্পীসকলৰ দৰে (যেনে জিন-অনাৰে ফ্ৰাগোনাৰ্ড), বাউচাৰে ধ্ৰুপদী পৌৰাণিক কাহিনী সমূহৰ পৰা অনুপ্ৰেৰণা পাইছিল। তেওঁ চিত্ৰণৰ বাবে ডায়েনা দেৱীৰ সৈতে সম্পৰ্কিত বিভিন্ন পৌৰাণিক কাহিনী ব্যৱহাৰ কৰা বহুতো শিল্পীৰ মাজৰ এজন আছিল। ঊনবিংশ শতিকাৰ প্ৰভাৱ উনবিংশ শতিকাত, লেছবিয়ানবাদক পূৰ্বৰ তুলনাত অধিক মুকলিকৈ আলোচনা কৰা হয় আৰু বিষয়টোৱে বিভিন্ন কলাক্ষেত্ৰত প্ৰৱেশ কৰে। ফ্ৰান্সত, চাৰ্লছ বাউডেলাইৰৰ প্ৰভাৱ সাহিত্যৰ লগতে দৃশ্যকলাৰ ওপৰত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়, ডৰথী কোচিনস্কিৰ মতে ই উচ্চ পৰ্যায়ৰ কলাৰ বাবে নহয় কিন্তু বেছিভাগ জনপ্ৰিয় ইৰোটিকাৰ বাবে অন্যতম বিষয় আছিল। বাউডেলাইৰৰ লেছ ফ্লেউৰ্ছ ডু মালৰ বাবে আগষ্ট ৰোডিনৰ সৃষ্টি কৰ্মত লেছবিয়ান দৃশ্য অন্তৰ্ভুক্ত আছিল। গুস্তাভ কৌৰবেটৰ লে চ'মিলে (১৮৬৬) ১৮৩৫ চনত থেওফিল গাউটিয়েৰৰ "মেডমোইচেল দে মাউপিন" কাহিনীৰ এটা দৃশ্য বৰ্ণনা কৰে। ইয়াৰ সমকামী বিষয়বস্তু ১৮৭২ চনত আৰক্ষীৰ প্ৰতিবেদনৰ বিষয় হোৱাৰ বাবে বিষয়টোৱে বিতৰ্কৰ সৃষ্টি কৰিছিল। উনবিংশ শতিকাৰ ফৰাচী চিত্ৰকলাত, লেছবিয়ান সমকামিতাক প্ৰায়ে প্ৰাচ্যবাদৰ পৰিপ্ৰেক্ষিতত দেখুওৱা হৈছিল, আৰু এনেদৰে সেই যুগৰ ঔপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ বাবে এয়া উপযুক্ত আছিল; ফলস্বৰূপে, জাতি আৰু শ্ৰেণী সম্পৰ্কীয় ধাৰণাবোৰ ছবিবোৰৰ পৰা স্পষ্ট হৈছিল। বিশেষকৈ যেতিয়া লেছবিয়ান সমকামিতা হৰেম আৰু পতিতালয়ৰ দৃশ্যৰ সৈতে সম্পৰ্কিত আছিল। পৰৱৰ্তী সময়ত পাশ্চাত্য কলাত বৰ্ণিত লেছবিয়ান চিত্ৰণ সমূহ সাংস্কৃতিৰ দৰে প্ৰতিফলিত হয়, বা কেৱল আনুষ্ঠানিক চিত্ৰ শৈলীৰ বিশেষ প্ৰভাৱ পাৰে। উনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত, কলা আৰু ফেটিছ ফটোগ্ৰাফীৰ ক্ষেত্ৰত লেছবিয়ান থীমটো সুপ্ৰতিষ্ঠিত হৈছিল। সমকামী বিষয়বস্তুৰ সৈতে কাম কৰা উল্লেখযোগ্য শিল্পীসকল হৈছে ডেভিড হেমিল্টন, ষ্টিভ ডায়েট গডে আৰু বব কাৰ্লোচ ক্লাৰ্ক আদি। অতি শেহতীয়াকৈ, নান গোল্ডিন, টি কোৰিন্নে আৰু জুডি ফ্ৰান্সেস্কোনিৰ দৰে লেছবিয়ান আৰু উভকামী ফটোগ্ৰাফাৰে কামুক বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিছে। চিনেমা আৰু দূৰদৰ্শন প্ৰাৰম্ভিক চলচ্চিত্ৰত সমকামী আৰু কামোদ্দীপক বিষয়বস্তু সংযত বা সাংকেতিক কৰা হৈছিল। আনকি সমকামীতাৰ ইঙ্গিতদিয়া দৃশ্যবোৰো বিতৰ্কিত আছিল। ইউৰোপীয় চলচ্চিত্ৰ মেডচেন ইন ইউনিফৰ্ম (১৯৩১)ত লেছবিয়ান থীম পোৱা গৈছিল। ১৯৩০ ৰ দশকৰ মাজভাগলৈ হেইছ কোডে হলিউডত নিৰ্মিত চলচ্চিত্ৰসমূহৰ যিকোনো সমকামী বিষয়বস্তু নিষিদ্ধ কৰে আৰু পুনৰ মুক্তি পাবলৈ কেইবাখনো প্ৰাক-কোড চলচ্চিত্ৰৰ পৰা এনে দৃশ্য সমূহ সম্পাদনা কৰিব লগা হয়। ১৯৭০-ৰ দশকত, মহিলাসকলৰ মাজত যৌনতাৰ চিত্ৰণ মুখ্যতঃ অৰ্ধ-পৰ্ণগ্ৰাফিক চফ্টকোৰ আৰু যৌন শোষণ বিষয়ক চলচ্চিত্ৰ যেনে চেৰী, হেৰী আৰু ৰাকেল (১৯৭০), স্কোৰ (১৯৭৪), ইমানুৱেল (১৯৭৪), আৰু বিলিটিছ (১৯৭৭) আদিৰ ভিতৰত সীমাবদ্ধ আছিল। ১৯৬০ ৰ দশকৰ শেষৰ ফালৰ পৰা অৰ্ধ-স্পষ্ট বিষমকামী যৌন দৃশ্যসমূহ মূলসুঁতিৰ চলচ্চিত্ৰৰ অংশ আছিল যদিও ১৯৮০ ৰ দশকৰ শেষৰফালেহে মহিলাসকলে যৌন সম্ভোগ কৰাৰ সমতুল্য চিত্ৰণে কেৱল মূলসুঁতিৰ চলচ্চিত্ৰত তেওঁলোকৰ উপস্থিতি আৰম্ভ কৰিছিল। ১৯৯০-ৰ দশকৰ পৰা মূলসুঁতিৰ চলচ্চিত্ৰত মহিলাৰ মাজত যৌনতাৰ চিত্ৰণ প্ৰায় সাধাৰণ হৈ পৰিছিল। মহিলাসকলৰ মাজত চুম্বনৰ দৃশ্য চলচ্চিত্ৰ আৰু দূৰদৰ্শনত ক্ৰমান্বয়ে প্ৰদৰ্শিত হৈ আহিছে। প্ৰকৃততে ছবিখনে যৌনতা বা নগ্নতা দেখুৱাই অধিক প্ৰতিবন্ধক ৰেটিং লাভ নকৰাকৈয়ে যাতে চলচ্চিত্ৰএখনত যৌন উত্তেজনাপূৰ্ণ উপাদান অন্তৰ্ভুক্ত কৰিব পাৰি তাৰেই উপায় হিচাপে ব্যৱহাৰৰ কৰা হয়। পৰ্ণগ্ৰাফি লেছবিয়ানিজম হৈছে হাৰ্ডক'ৰ আৰু চফ্টকোৰ পৰ্ণগ্ৰাফি দুয়োটাতে এক গুৰুত্বপূৰ্ণ বিষয়। বহুতো প্ৰাপ্তবয়স্ক ভিডিঅ'ৰ শিৰোনাম, ৱেবছাইট, আৰু সমগ্ৰ ষ্টুডিঅ' (যেনে গাৰ্লফ্ৰেণ্ডছ ফিল্মছ আৰু চুইটহাৰ্ট ভিডিঅ') সম্পূৰ্ণৰূপে লেছবিয়ান যৌন কাৰ্যকলাপৰ চিত্ৰণৰ বাবে সমৰ্পিত। লেছবিয়ান পৰ্ণগ্ৰাফি সাধাৰণতে মুখ্যতঃ পুৰুষ দৰ্শকক উদ্দেশ্য কৰি বনোৱা হয়, ইয়াত মহিলা দৰ্শকৰ সংখ্যা কম আৰু বহুতো বিষমকামী প্ৰাপ্তবয়স্ক ভিডিঅ'ত লেছবিয়ান যৌন দৃশ্য অন্তৰ্ভুক্ত থাকে। অৱশ্যে, জাপানী প্ৰাপ্তবয়স্ক ভিডিঅ'ত, লেছবিয়ানবাদক এক ফেটিছ বুলি গণ্য কৰা হয়। ৰেজু -লেছবিয়ান) ভিডিঅ' হৈছে এইধৰণৰ এক বিশেষ ধাৰা। তথ্যসূত্ৰ
77844
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%95%E0%A7%B0
মকৰ
মকৰ হিন্দুধৰ্মৰ আখ্যানসমূহৰ এক কিংবদন্তিমূলক সামুদ্ৰিক প্ৰাণী। হিন্দু জ্যোতিষশাস্ত্ৰৰ মতে মকৰ হৈছে মকৰ ৰাশিৰ চিহ্ন। ই গংগা দেৱী, নৰ্মদা দেৱী আৰু জলভাগৰ অধিপতি দেৱতা বৰুণৰো বাহন। মকৰক তোৰণ আৰু দুৱাৰদলিৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। সিংহাসনৰ কোঠালিৰ লগতে মন্দিৰসমূহত প্ৰৱেশপথ সুৰক্ষিত কৰাৰ বাবে আৰু পানীৰ ফোঁৱাৰাৰ নিৰ্গমন নলী হিচাপে হিন্দু আৰু বৌদ্ধ মন্দিৰৰ ভাস্কৰ্যসমূহৰ ভিতৰত সঘনাই মকৰৰ মূৰ্তি ব্যৱহাৰ হয়। মকৰৰ আকৃতিৰ মকৰকুণ্ডল নামৰ কাণফুলি হিন্দু দেৱতাসকলে পিন্ধা দেখা যায়। উদাহৰণ স্বৰূপে শিৱ, বিষ্ণু, সূৰ্য আৰু চণ্ডীয়ে মকৰকুণ্ডল পৰিধান কৰে। মকৰ প্ৰেমৰ দেৱতা কামদেৱৰ প্ৰতীক। তেওঁক মকৰধ্বজ নামেৰেও জনা যায়। ইয়াৰ অৰ্থ হৈছে "যাৰ পতাকাত মকৰ অৱস্থিত।" ব্যুৎপত্তি মকৰ হৈছে এক সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে সাগৰীয় জন্তু বা ৰিয়াল। ইয়াৰপৰাই ৰিয়ালৰ হিন্দী প্ৰতিশব্দ মগৰৰ উৎপত্তি হৈছে আৰু ইংৰাজী ভাষালৈও ইয়াৰ আমদানি ঘটিছে। ইয়াৰ পৰিৱৰ্তে জৈন ধৰ্মগ্ৰন্থ সূৰ্যপ্ৰজাপতি পঢ়ি ৱুৰ্জবাৰ্গ বিশ্ববিদ্যালয়ৰ জোচেফ ফ্ৰিডৰিখ কোহল আৰু কেইবাগৰাকী জাৰ্মান বিজ্ঞানীয়ে দাবী কৰিছিল যে মকৰৰ ধাৰণাটো ডুগঙৰ ওপৰত আধাৰিত। দক্ষিণ এছিয়াৰ শিহুৱেও মকৰৰ ধাৰণাটোলৈ অৱদান আগবঢ়াইছিল। তিব্বতীয় ক্ষেত্ৰত ইয়াক চু-শ্ৰীন বুলি কোৱা হয় আৰু লগতে এক বৰ্ণসংকৰ জীৱকো বুজায়। শাৰীৰিক গঠন মকৰক সাধাৰণতে সন্মুখভাগ স্থলচৰ প্ৰাণী যেনে শৰপহু, হৰিণ বা হাতী আৰু পিছৰ অংশ জলচৰ প্ৰাণী যেনে মাছ, ছীল বা সৰ্প হিচাপে দেখুওৱা হয়। অৱশ্যে কেতিয়াবা ময়ূৰ বা আনকি ফুলাম নেজেৰেও মকৰক চিত্ৰায়িত কৰা হয়। সমগ্ৰ হিন্দু সংস্কৃতিত মকৰক বিভিন্ন ৰূপত উপস্থাপন কৰা হয় যদিও আধুনিক পৃথিৱীত ইয়াৰ ৰূপ সদায় ৰিয়াল বা জলজ জীৱৰ সৈতে সাদৃশ্য থকা। জন বোৰ্ডমেন নামৰ এজন কলা বুৰঞ্জীবিদৰ মতে মকৰ আৰু চীনা ড্ৰেগনৰ চিত্ৰসমূহ গ্ৰীক কিংবদন্তিৰ কেটোছৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। সিংহলৰ প্ৰাচীন শিল্পকৰ্মত মকৰ ছয় বা সাতটা বিভিন্ন প্ৰাণীৰ শৰীৰৰ অংশৰে গঠিত। ইয়াৰ ভিতৰত আছে হাতীৰ ৰ, ৰিয়ালৰ কোৱাৰি, নিগনি বা বান্দৰজাতীয় জীৱৰ কাণ, বনৰীয়া গাহৰিৰ দাঁত, ময়ূৰৰ নেজ আৰু সিংহৰ ভৰি।. প্ৰতীকচিহ্ন বৈদিক যুগ বৈদিক যুগত যেতিয়া ইন্দ্ৰ আছিল স্বৰ্গৰ অধিপতি আৰু বৰুণ আছিল সমুদ্ৰৰ দেৱতা। তেওঁৰ বাহন আছিল মকৰ। বিষ্ণুৰ কুণ্ডলো মকৰৰ ৰূপত দেখুওৱা হয়। কিন্তু মকৰকুণ্ডল শিৱয়ো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ সমসাময়িক ব্যৱহাৰ হৈছিল চকু আৰু কাণৰ বাবে অলংকাৰ হিচাপে আৰু ইয়াক কইনাক বিবাহৰ উপহাৰ হিচাপে দিয়া হৈছিল। কিছুসংখ্যক পাৰম্পৰিক বিৱৰণে মকৰক জলভাগৰ ইসাপৰ সৈতে সংযোগ কৰিছে, কিয়নো দুয়োবিধ জীৱৰ শৰীৰৰ অংশ যেনে কোৱাৰি, মাংস ইত্যাদিৰ সাদৃশ্য আছে আৰু ইয়াৰ কামোদ্দীপক গুণাগুণ আছে বুলি কোৱা হয়। মকৰক সাধাৰণতে আংশিক স্তন্যপায়ী আৰু আংশিক মৎস্য হিচাপে উপস্থাপন কৰা হয়। বহুতো মন্দিৰত হাতীৰ শিৰৰ সৈতে অৰ্ধাংশ মৎস্য বা ছীলৰ ৰূপত ইয়াক চিত্ৰিত কৰা হয়। ইয়াক ৰিয়ালৰ শিৰ আৰু কোৱাৰি, মাছৰ বাকলি আৰু ময়ূৰৰ নেজ আৰু হাতীৰ শুৰেৰে সৈতেও দেখুওৱা হয়। পদুম ফুলৰ ওপৰত বহি থকা লক্ষ্মীক হাতীৰ আকৃতিৰ মকৰৰ জিভাখন টানি অনা ৰূপতো অংকন কৰা হয়। ইয়াৰ উদ্দেশ্য এয়াই যে এই দৃশ্যই দেৱী লক্ষ্মীক সমৃদ্ধি, সম্পদ আৰু কল্যাণৰ দেৱী হিচাপে প্ৰদৰ্শন কৰে। ই নতুন এক শৃংখলাৰ উদ্ভৱ হোৱাৰ আগতে প্ৰয়োজন হোৱা বিশৃংখল অৱস্থা এটাক প্ৰতিনিধিত্ব কৰে। মকৰ হৈছে প্ৰেম আৰু বাসনাৰ দেৱতা কামদেৱৰ প্ৰতীক। কামদেৱক 'মকৰ-কেতু' বুলিও কোৱা হয়। ইয়াৰ অৰ্থ হৈছে "মকৰৰ প্ৰতীকযুক্ত।" ই হৈছে ৰাশিসমূহৰ দশম চিহ্ন। মধ্যযুগ খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা মকৰ বাসুদেৱ কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নৰ প্ৰতীকৰূপে চিহ্নিত হৈছিল। হৰিবংশ প্ৰভৃতি সাহিত্যত প্ৰদ্যুম্নক "মকৰধ্বজ" অৰ্থাৎ "মকৰৰ ধ্বজা সম্বলিত" বুলি আখ্যা দিয়া হৈছে। বাসুদেৱৰ প্ৰতি উৎসৰ্গিত হেলিঅ'ডোৰাছ স্তম্ভৰ ওচৰৰ বেচনগৰত পোৱা এটা মকৰ সদৃশ ৰিয়ালৰ সৈতে প্ৰদ্যুম্নৰ সম্পৰ্ক স্থাপন কৰা হয়। মহাভাৰততো মকৰ কৃষ্ণৰ পুত্ৰ তথা প্ৰেমৰ দেৱতা কামদেৱৰ সৈতে জড়িত। পৰৱৰ্ত্তী হিন্দু প্ৰতীকচিহ্ন হিন্দু প্ৰতীকচিহ্ন বা মূৰ্তিবিদ্যাত মকৰক গংগা দেৱীৰ বাহন হিচাপে উপস্থাপন কৰা হয়। মন্দিৰৰ দেৱালৰ কাষত, চিৰিৰ হাতনি বা প্ৰৱেশদ্বাৰৰ তোৰণ হিচাপে মকৰৰ প্ৰতিকৃতি দেখা পোৱা যায়। হিন্দু মন্দিৰৰ আগশাৰীৰ স্থপতিবিদ (বাস্তুশাস্ত্ৰ) গণপতি স্থপতিয়ে মকৰক মাছৰ শৰীৰ, হাতীৰ শুড়, সিংহৰ ঠেং, বান্দৰৰ চকু, বৰাহৰ কাণ আৰু ময়ূৰৰ নেজৰ সৈতে এক কিংবদন্তিমূলক জীৱ বুলি বৰ্ণনা কৰিছে। এক সংক্ষিপ্ত ব্যাখ্যা অনুসৰি: "এক প্ৰাচীন কিংবদন্তিমূলক প্ৰতীক, সংকৰ জীৱবিধ কেইবাটাও প্ৰাণীৰ পৰা সৃষ্ট যি সমূহীয়াভাৱে ঘঁৰিয়ালৰ প্ৰকৃতিযুক্ত। ইয়াত ঘঁৰিয়ালৰ তলভাগৰ হনু, হাতীৰ নাক বা শুড়, বনৰীয়া গাহৰিৰ দাঁত আৰু কাণ, বান্দৰৰ তীক্ষ্ণ চকু, মাছৰ বাকলি আৰু নমনীয় শৰীৰ, আৰু ময়ূৰৰ ঘূৰ্ণীয়মান নেজৰ বৈশিষ্ট্য আছে।" পৰম্পৰাগতভাৱে মকৰক এক কিংবদন্তিমূলক জলজ জীৱ হিচাপে গণ্য কৰা হয়। সাধাৰণতে এনে চিত্ৰায়নসমূহত মকৰৰ অৰ্ধাংশ স্তন্যপায়ী আৰু অৰ্ধাংশ মাছ হিচাপে দেখুওৱা হৈছে। মগৰৰ সৈতে থকা ব্যুৎপত্তিগত সম্পৰ্কৰ বাবে কিছুমান পৰম্পৰাগত বিৱৰণে ইয়াক এটা ঘঁৰিয়ালৰ সৈতে চিনাক্ত কৰিছে। ইয়াক হাতীৰ অগ্ৰভাগ আৰু পশ্চাদ অংশ মাছৰ ফিছাৰ সৈতে চিত্ৰিত কৰিছে। মানৱ শৰীৰৰ সৈতে ঘঁৰিয়ালৰ এটা ৰূপকো পূৰ্বৰ সময়ছোৱাত ব্যৱহাৰ কৰা হৈছিল। বহুতো মন্দিৰত হাতীৰ শিৰৰ সৈতে অৰ্ধাংশ মাছ বা ছীলৰ ৰূপত মকৰৰ চিত্ৰায়ন দেখা যায়। ঘঁৰিয়ালৰ শিৰ আৰু হাঁতোৰা, মাছৰ বাকলি, ময়ূৰৰ নেজ আৰু হাতীৰ শুড়ৰ সৈতেও মকৰৰ চিত্ৰন দেখা পোৱা যায়। অন্যান্য কিছু বিৱৰণত ইয়াক গাঙ্গেয় ডলফিনৰ সৈতে চিনাক্ত কৰা হৈছে আৰু অন্যান্য কিছু বিৱৰণত ইয়াক হাতীৰ শিৰ আৰু মাছৰ শৰীৰৰ সৈতে চিত্ৰিত কৰিছে। এই পৰম্পৰাই মকৰক সকলো অস্তিত্ব আৰু উৰ্বৰতাৰ উৎস পানীৰ সৈতে সংযুক্ত কৰে। হিন্দু মন্দিৰসমূহত প্ৰায়ে মকৰে একোজন দেৱতাৰ চাৰিওফালে বা তোৰণৰ গাঁথনি হিচাপে কাম কৰে। বৰুণক এক বিৰাটাকায় মকৰত বহি থকা এজন শুক্লবৰ্ণৰ মানুহ হিচাপেও দেখুওৱা হৈছে। সামুদ্ৰিক প্ৰাণী হিচাপে ইয়াক শিঙধাৰী প্ৰাণীৰ শিৰ আৰু ভৰি, আৰু মাছৰ শৰীৰ আৰু নেজৰ সৈতেও দেখুওৱা হয়। লোৰে নিৰ্মিত মকৰৰ অৰ্ধাংশ হৰিণ আৰু অৰ্ধাংশ মাছৰ ৰূপতো দেখুওৱা হৈছে। তথ্য সংগ্ৰহ কিংবদন্তিমূলক জীৱ হিন্দু কিংবদন্তি বৌদ্ধ কিংবদন্তি হিন্দুধৰ্মৰ কিংবদন্তি
43983
https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%A8%E0%A6%BE%E0%A6%A5%20%E0%A6%95%E0%A7%8B%E0%A7%B1%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6
ৰাম নাথ কোৱিন্দ
ৰাম নাথ কোৱিন্দ জন্ম: ১ অক্টোবৰ, ১৯৪৫) এজন ভাৰতীয় ৰাজনীতিবিদ, দলিত নেতা আৰু অধিবক্তা। তেওঁ ভাৰতৰ ১৪তম ৰাষ্ট্ৰপতি হিচাপে এনডিএ জোঁটৰ পৰা নিৰ্বাচিত হৈছিল। কোৱিন্দ ২০১৫-২০১৭ চনত বিহাৰৰ ৰাজ্যপাল আছিল৷ তেওঁক ২০১৭ চনৰ ২৫ জুলাই তাৰিখে সেই সময়ৰ ভাৰতৰ মুখ্য ন্যায়াধীশ জগদীশ সিং খেহৰে ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ কৰোৱায়। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ৰাম নাথ কোৱিন্দ ১৯৪৫ চনৰ ১ অক্টোবৰ তাৰিখে উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাতত জন্ম হৈছিল। তেওঁৰ পিতৃ এজন খেতিয়ক আছিল। তেওঁ কানপুৰৰ দয়ানন্দ এংলো বৈদিক মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। কৰ্মজীৱন অধিবক্তা কানপুৰৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ অসামৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে দিল্লীলৈ যায়। তৃতীয় প্ৰয়াসত তেওঁ এই পৰীক্ষাত কৃতকাৰ্য হয়। পিছে ভাৰতীয় প্ৰশাসনিক সেৱাত চয়ন নোহোৱাৰ বাবে তেওঁ ইয়াত অংশ গ্ৰহণ নকৰি আইনৰ অনুশীলন আৰম্ভ কৰে।১৯৭১ চনত তেওঁ দিল্লীৰ উকীল সন্থা ত পঞ্জীভূক্ত হয়। তেওঁ ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা ৰূপে কাৰ্য নিৰ্বাহ কৰিছিল আৰু ১৯৮০ চনৰ পৰা ১৯৯৩ চনলৈ তেওঁ চৰকাৰৰ স্থায়ী পৰিষদ ৰূপে ভাৰতৰ উচ্চতম ন্যায়ালয়ত সেৱা আগবঢ়াইছিল। ১৯৭৮ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰূপে স্বীকৃতি পায়। তেওঁ ১৯৯৩ চনলৈ দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত প্ৰায় ১৬ বছৰ আইনৰ অনুশীলন কৰিছিল। অধিবক্তা ৰূপে কোৱিন্দে সমাজৰ দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লোক আৰু মহিলা সকলক বিনামূলীয়া আইনী পৰামৰ্শ আগবঢ়াইছিল। তেওঁ ১৯৭৭-৭৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ ব্যক্তিগত সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বিজেপি সদস্য তেওঁ ১৯৯১ চনত ভাৰতীয় জনতা পাৰ্টি যোগদান কৰে। তেওঁ ১৯৯৮ চনৰ পৰা ২০০২ চনলৈ বিজেপিৰ দলিত মৰ্চাৰ সভাপতি আৰু সৰ্ব ভাৰতীয় কুলি সমাজৰ সভাপতি আছিল। লগতে তেওঁ পাৰ্টিৰ ৰাষ্ট্ৰীয় বক্তা ৰূপেও কাম কৰিছিল। তেওঁ তেওঁৰ ডেৰাপুৰত অৱস্থিত পৈতৃক গৃহ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক দান কৰিছিল। তেওঁ বিজেপিৰ টিকটৰ পৰা উত্তৰ প্ৰদেশৰ ঘটামপুৰ লোকসভা সমষ্টি আৰু ভগ্নীপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও দুয়ো নিৰ্বাচনত পৰাজয় বৰণ কৰে। ৰাজ্য সভা ১৯৯৪ চনৰ এপ্ৰিল মাহত তেওঁ উত্তৰ প্ৰদেশৰ পৰা ৰাজ্য সভালৈ নিৰ্বাচিত হয়। তেওঁ ২০০৬ চনলৈ ১২ বছৰ কাল ৰাজ্য সভাৰ সাংসদ হিচাপে কাৰ্য নিৰ্বাহ কৰে। সাংসদ হিচাপে তেওঁ সংসদীয় অনুসূচীত জাতি আৰু জনজাতিৰ উন্নয়ন কমিটি, গৃহ দপ্তৰ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, সামাজিক ন্যায় আৰু সৱলীকৰণ, আইন আৰু ন্যায় বিভাগৰ লগত জড়িত আছিল। তেওঁ ৰাজ্য সভাৰ গৃহ কমিটিৰ অধ্যক্ষ ৰূপেও কাৰ্য নিৰ্বাহ কৰিছিল। সাংসদ হিচাপে তেওঁ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ গাঁৱলীয়া অঞ্চলত বিদ্যালয় স্থাপন আৰু আন্তঃগাঁথনিৰ নিৰ্মাণত গুৰুত্ব দিছিল। সাংসদ হিচাপে তেওঁ থাইলেণ্ড, নেপাল, পাকিস্তান, চিংগাপুৰ, জাৰ্মানী, ছুইতজাৰলেণ্ড, ফ্ৰান্স, যুক্তৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল। ৰাজ্যপাল ২০১৫ চনৰ ৮ আগষ্ট তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাম নাম কোৱিন্দক বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। ২০১৫ চনৰ ১৬ আগষ্ট তাৰিখে পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্যন্যায়াধীশে তেওঁক বিহাৰৰ ৩৫তম ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰোৱায়। পাটনাৰ ৰাজভৱনত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল। ৰাষ্ট্ৰপতি নিৰ্বাচন ২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চায়ে (এন ডি এ) কোৱিন্দক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। ৰাষ্ট্ৰপতি পদৰ মনোনয়ন লাভ কৰাৰ পিছত তেওঁ বিহাৰৰ ৰাজ্যপাল পদৰ পৰা ইস্তফা দিয়ে আৰু ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ২০ জুনত তেওঁৰ ইস্তফা গ্ৰহণ কৰে। ২০ জুলাইত তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হয়। ৰাম নাথ কোৱিন্দে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ইউ পি এ ৰ প্ৰাৰ্থী লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰক ৬৫.৬% ভোটৰ ব্যৱধানত পৰাজিত কৰে। কোৱিন্দে সাংসদ আৰু বিধায়কৰ পৰা মুঠ ২,৯৩০ ভোট লাভ কৰে। নিৰ্বাচনী আয়োগৰ ভোটৰ মূল্য অনুসৰি কোৱিন্দে ৭,০২,০৪৪ আৰু মীৰা কুমাৰে ১,৮৪৪টা ভোট আৰু মূল্য ৩,৬৭,৩১৪। ৩৪.৩৫% ভোট লাভ কৰা কুমাৰে ৩৬৭,৩১৪ ভোটৰ ব্যৱধানত পৰাজিত হয়। নিৰ্বাচনত ৭৭টা ভোট অযোগ্য বুলি বিবেচিত হৈছিল। তেওঁ কে. আৰ. নাৰায়ণৰ পিছত ভাৰতৰ দ্বিতীয় দলিত ৰাষ্ট্ৰপতি লগতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম ৰাষ্ট্ৰপতি। মীৰা কুমাৰ ৩৩০,০০০ ভোটতকৈ বেছি ভোটৰ ব্যৱধানত পৰাজিত হলেও পৰাজিত প্ৰাৰ্থী হিচাপে আটাইতকৈ বেছি ভোট লাভ কৰি পৰাজিত হোৱা অভিলেখ গঢ়ে। ২০১৭ চনৰ ২৫ জুলাই তাৰিখে ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ কৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতীয় ৰাজনীতিবিদ ভাৰতৰ
63594
https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%8F%E0%A6%AE.%20%E0%A6%98%E0%A7%87%E0%A6%9C
এণ্ড্ৰিয়া এম. ঘেজ
এণ্ড্ৰিয়া মিয়া ঘেজ জন্ম: ১৬ জুন ১৯৬৫) এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আৰু বৰ্তমান লছ এঞ্জেলেছত অৱস্থিত কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁক আমাৰ তাৰকাৰাজ্য হাতীপটিৰ কেন্দ্ৰৰ বিষয়ে কৰা অধ্যয়নৰ বাবে জনাজাত। ২০০৪ চনত 'ডিস্ক'ভাৰ' আলোচনীখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংশ্লিষ্ট ক্ষেত্ৰত উচ্চ মাত্ৰা বুজাবুজি দেখুৱা শীৰ্ষ ২০ গৰাকী বিজ্ঞানী হিচাপে তেওঁক তালিকাভুক্ত কৰিছিল। ২০২০ চনত তেওঁ ৰেইনহাৰ্ড গেনজেলৰ সৈতে যুটীয়াভাবে "আমাৰ তাৰকাৰাজ্যৰ কেন্দ্ৰত এটা অতিভৰযুক্ত সংকোচন বস্তু আৱিষ্কাৰৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ আধা অংশ লাভ কৰে। নোবেল বঁটাৰ বাকী আধা অংশ ৰ'জাৰ পেনৰ'জে "কৃষ্ণগহ্বৰ গঠন আপেক্ষিকতাবাদৰ সাধাৰণ তত্ত্বৰ এক শক্তিশালী পূৰ্বানুমান" আৱিষ্কাৰৰ বাবে লাভ কৰে। পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা এন্দ্ৰিয়া এম. ঘেজ চতুৰ্থ গৰাকী মহিলা। প্ৰাৰম্ভিক জীৱন ১৯৬৫ চনৰ ১৬ জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত এন্দ্ৰিয়া মিয়া ঘেজৰ জন্ম হৈছিল। তেওঁৰ পিতৃ গিলবাৰ্ট ঘেজ আৰু মাতৃ চুজেন (গায়টন)। তেওঁৰ পিতৃৰ জন্ম ইটালীৰ ৰোমৰ ইহুদী পৰিয়ালত হৈছিল। তেওঁলোক মূলতঃ টুনিছিয়া আৰু জাৰ্মানীৰ ফ্ৰেংকফুৰ্টৰ পৰা আছিল।তেওঁৰ মাতৃ মেছাচুচেটছৰ উত্তৰ এটলেবৰাফ আইৰিছ কেথোলিক পৰিয়ালৰ আছিল। ঘেজে চিকাগোত শৈশৱকাল কটাইছিল আৰু চিকাগো লেব স্কুল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। এপ'ল' প্ৰগ্ৰামৰ চন্দ্ৰ অভিযানে ঘেজক প্ৰথমতে মহাকাশচাৰী হ'বলৈ অনুপ্ৰাণিত কৰিছিল আৰু তেওঁৰ মাতৃয়ে তেওঁৰ লক্ষ্যৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। তেওঁৰ জীৱনৰ আটাইতকৈ প্ৰভাৱশালী মহিলা ৰল মডেল আছিল তেওঁৰ উচ্চ বিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ শিক্ষয়িত্ৰী। তেওঁ গণিতক মুখ্য বিষয় হিচাপে লৈ মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও পিছলৈ পদাৰ্থ বিজ্ঞানলৈ সলনি কৰি লৈছিল। তেওঁ ১৯৮৭ চনত মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা পদাৰ্থ বিজ্ঞানৰ বিএছ আৰু ১৯৯২ চনত গেৰি নিউগেবাউৰৰ তত্ত্বাৱধানত কেলিফোৰ্নিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰিছিল। কৰ্মজীৱন তেওঁ বৰ্তমান উচ্চ মহাজাগতিক স্পষ্টতাযুক্ত প্ৰতিচ্ছবিকৰণ পদ্ধতিৰ ওপৰত গৱেষণাৰত। তেনে এক পদ্ধতি অভিযোজিত আলোকবিজ্ঞান তন্ত্ৰ অৱলম্বন কৰি কেক দুৰবীক্ষণ যন্ত্ৰ নিৰ্মাণ কৰা হৈছে। এই দুৰবীক্ষণ যন্ত্ৰৰে আমাৰ তাৰকাৰাজ্য হাতীপটিৰ কেন্দ্ৰত চাগিটেৰিয়াছ এ* নামৰ অতিভৰযুক্ত কৃষ্ণগহ্বৰৰ অধ্যয়নত ব্যৱহৃত হৈছিল। তেওঁ এই অঞ্চলৰ অনুসন্ধানৰ বাবে হাতীপটিৰ কেন্দ্ৰৰ ওচৰৰ তৰাসমূহৰ গতিবিজ্ঞান প্ৰণালী ব্যৱহাৰ কৰিছিল। কেক দুৰবীক্ষণ যন্ত্ৰ উচ্চ স্পষ্টতাৰ বাবে ৰেইনহাৰ্ড গেনজেলৰ গোটৰ দ্বাৰা গেলেক্টিকে কেন্দ্ৰৰ গতিবিজ্ঞান অধ্যয়নত এক গুৰুত্বপূৰ্ণ উন্নতি প্ৰদান কৰিছিল। ২০০৪ চনত ঘেজ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীলৈ সভ্যআৰু ২০১৯ চনত তেওঁ আমেৰিকান ভৌতিক সমাজৰ সভ্য হিচাপে নিৰ্বাচিত হয়। তেওঁক কেইবাটাও উল্লেখযোগ্য মিডিয়া প্ৰেজেণ্টেচনৰ লগত জড়িত। বিবিচি, ডিস্ক'ভাৰী চেনেল আৰু হিষ্ট্ৰি টিভিয়ে প্ৰযোজনা কৰা তথ্যচিত্ৰ এণ্ড্ৰিয়া ঘেজে উপস্থাপন কৰিছে। ২০০৯ চনৰ পিবিএছ টেলিভিছন ধাৰাবাহিক 'নভা'ত তেওঁক দেখা গৈছিল। তেওঁ 'মাই হিৰ'প্ৰজেক্ট'ৰ দ্বাৰা বিজ্ঞান হিৰ' হিচাপে চিনাক্ত কৰা হৈছিল। ২০০৪ চনত 'ডিস্ক'ভাৰ' আলোচনীখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংশ্লিষ্ট ক্ষেত্ৰত উচ্চ মাত্ৰা বুজাবুজি দেখুৱা শীৰ্ষ ২০ গৰাকী বিজ্ঞানী হিচাপে তেওঁক তালিকাভুক্ত কৰিছিল। গেলেক্টিক কেন্দ্ৰৰ কৃষ্ণগহ্বৰ অৱলোহিত তৰংগদৈৰ্ঘ্যৰ প্ৰতিচ্ছবিকৰণ প্ৰক্ৰিয়াৰে ঘেজ আৰু তেওঁৰ সহকৰ্মীসকলে প্ৰবল ধূলিৰ মাজেৰে মহাজাগতিক গেলেক্টিক কেন্দ্ৰৰ দৃশ্যায়ন সক্ষম হৈছে। হাতীপটিৰ কেন্দ্ৰত থকা ধূলিৰ ডাৱৰে দৃশ্যমান পোহৰ অবৰুদ্ধ কৰা সত্ত্বেও তেওঁলোকে কেন্দ্ৰৰ আলোকচিত্ৰ লবলৈ সক্ষম হৈছিল। ১০ মিটাৰ ব্যাসাৰ্ধযুক্ত কেক দুৰবীক্ষণ যন্ত্ৰৰ অভিযোজিত আলোকবিজ্ঞান ব্যৱহাৰৰ সহায়ত বায়ুমণ্ডলীয় অস্পষ্টতা ন্যূনতম কৰি গেলেক্টিক কেন্দ্ৰসমূহৰ উচ্চ মহাজাগতিক স্পষ্টতাৰে প্ৰতিচ্ছবিকৰণৰ ফলত কৃষ্ণগহ্বৰৰ চাৰিওফালে তাৰকাসকলৰ কক্ষপথ অনুসৰণ কৰা সম্ভৱ হৈ উঠিছে। হাতীপটিৰ কেন্দ্ৰত অৱস্থিত এই বিশালকায় কৃষ্ণগহ্বৰটোক চাগিটেৰিয়াছ এ* বোলে। এই কেন্দ্ৰৰ প্ৰদক্ষিণ কৰা কেইবাটাও তৰাৰ আংশিক কক্ষপথ নিৰীক্ষণ কৰা হৈছে। ১৯৯৫ চনৰ পৰা নিৰীক্ষণ কৰা এটা তৰা এছ২য়ে বৰ্তমানলৈকে নিজৰ উপবৃত্তাকাৰ কক্ষপথ সম্পূৰ্ণ কৰিছে। এই গোটেই নক্ষত্ৰ সমূহৰ কক্ষপথৰ তথ্য সংগ্ৰহ কৰিবলৈ কেইবাদশকৰ প্ৰয়োজন হব আৰু এই তথ্য সমূহে আপেক্ষিকতাবাদৰ সাধাৰণ সূত্ৰক পৰীক্ষণত সহায়ক হব। ২০১২ চনৰ অক্টোবৰ মাহত আন এটি তৰা এছ০-১০২য়ে গেলেক্টিক কেন্দ্ৰত উপনীত হোৱা চিনাক্ত কৰা হৈছে। কেপলাৰৰ তৃতীয় সূত্ৰ অৱলম্বন কৰে ঘেজ আৰু তেওঁৰ দলে চাগিটেৰিয়াছ এ*ৰ ভৰ ৪.১±০.৬ মিলিয়ন সৌৰ ভৰ হিচাপে নিৰ্ণয় কৰিছে। এই গেলেক্টিক কেন্দ্ৰ এণ্ড্ৰমিডা তাৰকাৰাজ্যৰ কেন্দ্ৰত অৱস্থিত এম৩১ কৃষ্ণগহ্বৰৰ তুলনামূলকভাৱে ওচৰত অৱস্থিত। ই এতিয়া অতিবিশাল কৃষ্ণগহ্বৰৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ঘটনাবোৰৰ এটা। ব্যক্তিগত জীৱন ঘেজ টম লাটুৰেটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁ এগৰাকী ভূবিজ্ঞানী আৰু আৰএএণ্ডডি নিগমৰ গৱেষণা বিজ্ঞানী। তেওঁলোকৰ দুগৰাকী সন্তান আছে। ঘেজ মাষ্টাৰ চুইম ক্লাৱৰ এগৰাকী সক্ৰিয় সাঁতোৰবিদ। বঁটা আৰু সন্মান জ্যোতিৰ্বিজ্ঞানৰ এনি জে. কেনন বঁটা (১৯৯৪) পেকাৰ্ড ফেল'শ্বিপ বঁটা (১৯৯৬) আমেৰিকান জ্যোতিৰ্বিজ্ঞান সমাজৰ নিউটন লেচি পিয়াৰ্চ বঁটা (১৯৯৮) আমেৰিকান ভৌতিক সমাজৰ মাৰীয়া জিঅ'পাৰ্ট মায়েৰ বঁটা (১৯৯৯) চেকলাৰ বঁটা (২০০৪) শৈক্ষিক উৎকৰ্ষৰ বাবে গোল্ড শ্বিল্ড ফেকাল্টি পুৰস্কাৰ (২০০৪) মাৰ্ক আৰনচন মেমৰীয়েল লেক্সাৰশ্বিপ (২০০৭) মেকআৰ্থাৰ ফেল'শ্বিপ (২০০৮) জ্যোতিৰ্বিজ্ঞানৰ ক্ৰাফুৰ্ড বঁটা (২০১২) ৰয়েল চুইডিছ একাডেমী অফ চায়েন্স (২০১২) ৰয়েল ছ'চাইটি বেকাৰীয়ান পদক (২০১৫) অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় বিজ্ঞানৰ ডক্টৰেট (২০১৯) আমেৰিকান ভৌতিক সমাজৰ নিৰ্বাচিত সভ্য (২০১৯) আমেৰিকান জ্যোতিৰ্বিজ্ঞান সমাজৰ নিৰ্বাচিত সভ্য (২০২০) পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা (২০২০) তথ্য উৎস বাহ্যিক সংযোগ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি পদাৰ্থ বিজ্ঞানী শিক্ষাবিদ মহিলা পদাৰ্থ বিজ্ঞানী পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা
31193
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%20%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%20%E0%A6%86%E0%A6%A0%E0%A6%96%E0%A7%87%E0%A6%B2%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A6%98%E0%A7%B0
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত। ই গোলাঘাট জিলাৰ ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত অৱস্থিত। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নামকৰণ নামঘৰৰ চৌপাশে থকা আঠটা কুৰিৰ পৰাই হৈছে। ইয়াৰপৰাই আঠকুৰিয়া শব্দটিৰ উৎপত্তি হৈছে। মানুহৰৰ মুখে মুখে বাগৰি ই আঠখেলীয়াৰ ৰূপ ল’লে। ১৬৮১ চনত আহোম ৰজা গদাপানিয়ে এই নামঘৰটো নিৰ্মাণ কৰোৱাইছিল। ১৯৭০ চনৰ আগলৈকে এই অনুষ্ঠানভাগিৰ নাম শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ আছিল। ১৯৭০ চনত বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি ‘হৰি মন্দিৰ’ৰ সলনি ’নামঘৰ’ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামকৰণ কৰিলে। ভাদ মাহত (আগষ্ট-ছেপ্তেম্বৰ) নামঘৰলৈ লক্ষাধিক সেৱকীৰ সমাগম হয়। ইয়াত দৈনিক প্ৰাতঃপ্ৰসঙ্গ, মধ্যাহ্ন প্ৰসঙ্গ, বিয়লি প্ৰসঙ্গ আৰু সন্ধ্যা প্ৰসঙ্গ এই চাৰি প্ৰসাঙ্গ অনুষ্ঠিত হয়। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উৎযাপন কৰা উল্লেখযোগ্য উৎসৱ সমূহ হৈছে বৰসৱাহ, পানীতোলা সৱাহ, নামলোৱা সৱাহ আৰু ন-চাউলৰ সৱাহ, ৰাস মহোৎসৱ, বৰষা ভাওনা ইত্যাদি। নামকৰণ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰভাগিৰ নামকৰণ নামঘৰৰ চৌপাশে থকা আঠটা কুৰিৰ পৰাই হৈছে। কুৰি শব্দৰ অৰ্থ হৈছে চুবুৰি বা কোনো ঠাইৰ একখণ্ড। এই আঠটা কুৰিৰ ৰাইজে একেলগে সমাজ পাতি ধৰ্মীয় কাৰ্য পালন কৰি খোৱা লোৱাৰ ব্যৱস্থা কৰাৰ বাবেই আঠখেলীয়া নামকৰণেৰে পৰিগণিত হৈছে। অসম বুৰঞ্জীৰ মতে আহোম স্বৰ্গদেউসকলে প্ৰণালীবদ্ধভাৱে কৃষি জনা লোকক বাদ দি প্ৰসাৰণ মুখী কৃষি কৰিবৰ বাবে পাইক প্ৰথাৰ ব্যৱস্থা কৰিছিল। পাইকৰ ওপৰত থকা ডাঙৰ ডাঙৰ গোটৰ সমষ্টিবোৰক খেল বুলিছিল। ৰজাঘৰীয়া তেনে বাবখোৱা একোজন লোক একো-একোটা কুৰি বা চুবুৰীত বসবাস কৰি বিয়া-বাৰু কৰাই সেইখন সমাজৰ লোকৰ মাজত মিলি গৈছিল। সেই ৰজাঘৰীয়া বাব খোৱা লোকৰ সেই বিষয় বাব অনুসৰিয়েই একো একোটা খেলৰো নামকৰণ কৰা হৈছিল। ১৯৭০ চনৰ আগলৈকে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰক শ্ৰী শ্ৰী আঠখেলীয়া হৰিমন্দিৰ বুলিহে জনাজাত আছিল। বৰ্তমানৰ প্ৰৱেশদ্বাৰৰ জপনাতো পূৰ্বতে শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ বুলিহে খোদিত আছে। ১৯৭০ চনৰ পাছৰ পৰাহে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বুলি নামকৰণ কৰা হয়। ইতিহাস শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ আৰম্ভণি কেতিয়া আৰু কেনেকৈ হৈছিল সেই কথা নিশ্চিত ভাৱে ঠাৱৰ কৰা সম্ভৱ নহয়। ছাৰ এডৱাৰ্ড গেইটৰ নামৰ বুৰঞ্জীত উল্লেখ কৰিছে যে ত্ৰয়োদশ শতিকাৰ কছাৰী ৰাজ্য কলং নদীৰ পৰা দিখৌ নদীলৈ বিস্তৃত আছিল। ১৬০০ শতিকাত এই অঞ্চলটো কছাৰী ৰাজ্যৰ অন্তৰ্গতহে আছিল। সেই সূত্ৰে কোনোবা এজন কছাৰী ৰজাই বৰ্তমানৰ নামঘৰৰ স্থানত এটি শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি উপাস্য দেৱতাক পূজা সেৱা কৰিছিল। অসম বুৰঞ্জীত সেই ঠাইত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কোনো কথা উল্লেখ নাই। গদাপানিৰো বৈষ্ণৱ ধৰ্মৰ প্ৰতি কোনো ভাল ভাৱ নাছিল। সেয়ে, গদাপানিয়ে সেই অঞ্চলত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা বিশ্বাসযোগ্য নহয়। সময়ৰ সোঁতত কোনো প্ৰাকৃতিক কাৰণ যেনে ভূমিকম্প, বানপানী বা অন্য বিশেষ কাৰণৰ হেতু এই মন্দিৰ ধ্বংস হ’ল। কাকডোঙা, মক্ৰং দুয়োখন নদীৰ প্লাৱনে মন্দিৰৰ ধ্বংসস্তুপ পুতি পেলালে। কালক্ৰমত হাবিয়ে ঢাকি পেলালে আৰু অজান পৰিৱেশৰ অটব্য অৰণ্যৰ সৃষ্টি হ’ল। কোনো সন্ত সিদ্ধ পুৰুষৰ ভক্তিৰ বলত এই স্থানত প্ৰকট হৈ পুনশ্চ দিব্য শক্তিৰ প্ৰকাশ ঘটিল। জনসাধাৰণৰ মাজত প্ৰচাৰ হোৱাৰ লগে লগে পুনৰ সেৱা পূজা উপাসনা আৰম্ভ হৈছিল। এই স্থানৰ পৰা ৫/৭ কিঃমিঃ নিলগৰ বৰহোলা চাহ বাগানৰ এটা নলা খান্দোতে এটা শিৱ মূৰ্তি উদ্ধাৰ হৈছিল। সেই মূৰ্তিটো পণ্ডিতসকলে নৱম শতিকাৰ অৰ্থাৎ প্ৰাক আহোম যুগৰ বুলি অনুমান কৰিছে। পূৰ্ব-পুৰুষৰ মৌখিক কথাৰ পৰাই জানিবলৈ পোৱা মতে সম্প্ৰীতি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ থকা পৱিত্ৰ ভূমিখণ্ডত এজন অজ্ঞাত কুলশীল সাধু সন্তলোকৰ আশ্ৰম আছিল। সেই কালত বাট-পথ দুৰ্গম, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ, চাৰিওফালে অটব্য অৰণ্য, তাতে মানুহৰ বসবাসৰ স্থল আছিল কৰবাত কেনেবাকৈ দুই এঘৰ অৰ্থাৎ অতি সীমিত। আহোম স্বৰ্গদেউ ল’ৰাৰজাই অবৈধভাৱে আহোম ৰাজপাট দখল কৰিছিল। তেওঁৰ শাসনকালত গদাপাণি কোঁৱৰে (আহোম নাম: গদাধৰ সিংহ) ছদ্মৱেশ ধৰি পৰ্বতে-পাষণ্ডে ঘূৰি ফুৰোতে হঠাৎ এদিন আহি এই সন্ত লোকৰ আশ্ৰ পায়হি আৰু তেৰাক দৰ্শন পাই তেৰাৰ আশ্ৰয়তে কিছুদিন আশ্ৰমতে থাকিবলৈ লয়। প্ৰবাদ আছে যে গদাপাণি কোঁৱৰক বিচাৰি বিচাৰি ল’ৰা ৰজাৰ চাউদাংহঁতে সেই স্থান পাইছিলগৈ। কিন্তু আশ্ৰমৰ চাৰিওফালে বেত, বাঁহ, তৰা, ইকৰাকে আদি কৰি গছ-গছনিৰে ভৰপূৰ আৰু আশ্ৰমলৈ সোমাই যোৱা পথটিও অগণন ডাঠ মকৰা জাল আদিৰে আবৃত হোৱাত মানুহ থকাৰ কোনো সন্ধান নাপাই চাউদাংহঁতে তাৰ পৰা অন্য দিশে গতি কৰিছিল। গদাপাণি কোঁৱৰে আশ্ৰমৰ পৰা ওলাই যাওঁতে আশ্ৰমৰ পথত আবৃত হৈ থকা ডাঠ মকৰাজাল আঁতৰাই বাহিৰত মানুহৰ অসংখ্য খোজৰ চিন আৰু দুই এপদ ৰজাঘৰীয়া মানুহৰ সৰঞ্জাম পাই তেওঁক বিচাৰি ফুৰা চাউদাং বিলাক বিলাক বুলি নিঃসন্দেহে জানিব পাৰিছিল। সেই সন্ত পুৰুষজনে গদাপাণিক ভৱিষ্যতবাণী কৰিছিল যে তেওঁ ভৱিষ্যতে দেশৰ ৰজা হ’ব পাৰিব। গদাপাণিয়েও ৰজা হ’লে সন্ত পুৰুষক মন্ত্ৰী বাব এটি দিয়াৰ বাক্য দিছিল। সময় বাগৰাৰ লগে লগে আহোম ৰাজতন্ত্ৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি অনুসৰি ১৬৮১ খ্ৰীষ্টাব্দত গদাপণি কোঁৱৰে ৰাজ সিংহাসন লাভ কৰে। গদাধৰ সিংহই আত্মগোপন কালৰ এৰি অহা ঘটনাৱলী স্মৰণ কৰি সেই সন্ত লোক জনক বিচাৰি মানুহ পঠাইছিল। কিন্তু তেওঁৰ কোনো সন্ধান পোৱা নগ’ল। সেই সন্তগৰাকীৰ পাছত কি হ’ল বা ক’লৈ গ’ল সেই কথা আজিও সকলোৰে অজ্ঞাত হৈয়ে থাকিল। সন্তজনৰ কোনো সম্ভেদ নাপাই গদাপাণিয়ে সন্ত লোকৰ নিবাস স্থলৰ ক্ষেত্ৰভাগিৰ উন্নতিৰ হকে ভিন্ন বৃত্তিধাৰী, ভিন্ন সম্প্ৰদায়ৰ ৮ পাইকৰ গোটৰ ওপৰতেই আশ্ৰমখনৰ ৰক্ষণাবেক্ষণ আৰু প্ৰতি পালনৰ দায়িত্ব অৰ্পণ কৰিছিল। শিৱ মন্দিৰলৈ বা ক্ষেত্ৰলৈ পাইক আদি ঊচ্ছৰ্গা কৰা উদাহৰণো তেওঁৰ ৰাজত্ব কালৰ কাৰ্যাৱলীত উল্লেখ আছে। সেই আঠটা পৰিয়াল সমাজবদ্ধ হৈ একো-একোটা কুৰি (চুবুৰীত) পৰিণিত হয়গৈ। এনেদৰেই এখনি আশ্ৰমৰ পৰাই আঠটা পৰিয়ালৰ তত্ত্বাৱধানত সমাজবদ্ধ হৈ, একেটা পৱিত্ৰ অনুষ্ঠানত জড়িত থাকি ধৰ্মীয় কাৰ্য পালন কৰি কালক্ৰমত আঠকুৰীয়া নামেৰে প্ৰখ্যাত হৈ পৰিল আৰু সকলোৱে একে ধৰ্মৰ আচৰণ বিধি পালন কৰি সমাজপাতি খোৱা-লোৱা আদি সকলো ব্যৱস্থা গ্ৰহণ কৰিলে। সেয়েহে এই আঠটা কুৰিৰ সমষ্টিয়েই আঠকুৰীয়া, পাছত আঠখেলীয়া নামেৰে জনাজাত হৈ পৰিল। সময়ৰ গতিত সেই মন্দিৰ বৰ্তমান নামঘৰ হিচাপে প্ৰখ্যাত হৈ পৰিল। বৰ্তমান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ সমগ্ৰ দেশৰ বৈষ্ণৱ পন্থাৰ লোকৰ তীৰ্থস্বৰূপ। এইয়া বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱৰ ফলশ্ৰুতি। সময়ৰ লগত ক্ষেত্ৰ ভাগি বিকাশ আৰু উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় খেলৰ ৰাইজে ধৰ্মীয় পৰম্পৰা তথা বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি হৰি মন্দিৰৰ সলনি নামঘৰ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামকৰণ কৰিলে ১৯৭০ চনৰ পিছৰ পৰাহে। বৰ্তমান বৈষ্ণৱ ধৰ্মৰ সমূহ আচাৰ-নীতিৰে নামঘৰৰ কাম-কাজ পৰিচালিত হয়। খেল বা কুৰিসমূহ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ গঠিত হোৱা আঠটা খেল বা কুৰি সমূহ হৈছে: বচাকুৰি ৰজাই বিশেষ পাৰদৰ্শিতা থকা কোনো কোনো লোকক বাচি বাচি আনি ঠায়ে ঠায়ে কামৰ দায়িত্ব দিছিল। সেই বাচি অনা বাব খোৱা লোক থকাৰ পৰাই সেই চুবুৰীটো বচাকুৰি বা বচাখেল নামেৰে পিছত খ্যাত হৈ পৰিল। বৈৰাগী কুৰি বৈৰাগী সকলে ছদ্মবেশ ধৰি বিভিন্ন ঠাইত ঘূৰি পকি সেই ঠাইৰ বা সেই দেশৰ সংস্কৃতিৰ বিৱৰণ আহোম ৰজাক জনাব লাগিছিল। তেনে কোনো বৈৰাগীৰ বাব থকা লোকৰ বাব অনুসৰিয়েই সেই ঠাইৰ নাম হয় বৈৰাগ কুৰি বা বৈৰাগকুৰি খেল। ব্ৰাহ্মণ কুৰি আহোম ৰাজত্বৰ সময়ত কনৌজৰ পৰা ব্ৰাহ্মণ আৰু কায়স্থ সকলক আনি উচ্চ পদত নিযুক্তি দিয়াৰ উপৰিও ধৰ্মীয় কাৰ্য পালন কৰিবৰ বাবে ভূমি আদি দি সংস্থাপন দিয়াৰ কথা অসম বুৰঞ্জীত উল্লেখ আছে। আদিম অৱস্থাত তেনে কোনো ব্ৰাহ্মণৰ পৰিয়াল থকাৰ কাৰণেই সেই ঠাইখণ্ড ব্ৰাহ্মণ কুৰিখেল নামেৰেই প্ৰখ্যাত হৈ পৰিল। নাঙ্গল কুৰি আহোম স্বৰ্গদেউসকলে মাটিৰ উৰ্ব্বৰতা চাই কৃষি জনা লোকক খাত পাম দি খেতিৰ সঁজুলি নাঙ্গলৰ অধিক যোগান ধৰি কৃষিৰ প্ৰসাৰণ কৰিছিল। কালক্ৰমত সেই বাব থকা মানুহৰ পৰাই চুবুৰীটোৰ নাম হয় নাঙ্গল কুৰি। শ’লালৰ কুৰি আহোম ৰজাৰ দিনত উচ্চ পদবী লাভ কৰা সকলৰ ভিতৰত ব্ৰাহ্মণ, কায়স্থ, গণক আৰু কলিতাসকলৰ উপৰিও কেওঁট, কোঁচ, সূত আৰু নাথ সম্প্ৰদায় আদি কেইবাটাও জনগোট আছিল। এই উচ্চ পদবী ভোগ কৰা লোক সকলে সম্প্ৰীতিৰ এনাজৰীত বান্ধ খাই কৃষিকৰ্মক প্ৰাধান্য দি ধৰ্মীয় কাৰ্যটো অংশ গ্ৰহণ কৰিছিল। এই পদবীভুক্ত আৰু সমাজৰ শ্ৰষ্ঠব্যক্তি হিচাপে পৰিচিত লোকজনৰ পৰাই নাম অনুসৰি ক্ৰমে শ’লাল কুৰি খেল হিচাপেই জনাজাত হৈ পৰিল। কছাৰীকুৰি জনশ্ৰুতিমতে আহোম ৰজাৰ শাসন কালত কৃষি-শিল্প আদি ক্ষত্ৰত নিপুণ কছাৰী নামৰ এজন ৰজাঘৰীয়অ বিষয় বাব খৌৱা লোকে সগোত্ৰীয় পৰিয়াল বৰ্গৰ লগতে থাকি একে বৃত্তিধাৰী হৈও সামাজিকভাৱে নিজৰ প্ৰতিপত্তি লাভ কৰাৰ পাছত তেওঁৰ পৰাই সেই অঞ্চলত বসবাস কৰা স্থান অনুসৰি কালক্ৰমত কছাৰীকুৰি খেল নামেৰে প্ৰখ্যাত হৈ পৰিল। বৰাহীকুৰি বিভিন্ন সম্প্ৰদায়ৰ লোক সকলৰ দৰেই বৰাহী সকলেও এই অঞ্চলত আগৰ পৰাই বসবাস কৰি আছিল। সময়ৰ সোতত সেই বৰাহীসকল স্থান এৰি আন ঠাইলৈ গুচি যায়। অতীতৰ বৰাহী লোক অন্তৰ্ভুক্ত হৈ থকা সমাজখন কালক্ৰমে বৰাহী কুৰি খেলত পৰিণত হয়। কাকতিকুৰি কাকতি হ’ল মাটিবাৰী হিচাপ পত্ৰ ৰখা, সেই মাটিৰ উৎপন্ন শস্যৰ হিচাপ, পাইক আদিৰ লেখ বুজ কৰা আৰু আন আন হিচাপ-নিকাচ ৰখা বিষয়া। কোনো সমাজত তেনে কোনো বিষয়া থকাৰ বাবেই পাছত কাকতি কুৰি খেলৰ নামকৰণ হয়। বিশেষতঃ বৰাহী কুৰি আৰু কাকতি কুৰি এই দুটা খেলৰ লোক সকল কালৰ কৱলত পৰি একেবাৰেই আঠখেলৰ পৰা নিঃশেষ হৈ গ’ল। কাৰণ ১৮২১ খ্ৰীষ্টাব্দৰ পৰা ১৮২৫ খ্ৰীষ্টাব্দলৈ মান সকলৰ অত্যাচাৰৰ বলি হোৱাত এই অঞ্চলৰ পৰাও বহুলোক স্থান মান এৰি প্ৰাণৰ ভয়ত পলায়ন কৰিছিল। তেতিয়াৰ পৰাই এই দুটা খেল বৰ্তমানলৈকে কোনো সন্ধান নাইকিয়া হৈ থাকিল। অৱস্থান আৰু পৰিবহণ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ অৱস্থান হৈছে আঠখেলীয়া এই ধৰ্মীয় অনুষ্ঠানভাগি বৰ্তমানৰ গোলাঘাট জিলাৰ অন্তৰ্গত ঘিলাধাৰী মৌজাত ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত (গোলাঘাট নগৰৰ পৰা প্ৰায় ১৮ কিঃমিঃ পূবত) অৱস্থিত। এই তিনিওখন নদীৰেই উৎপত্তিৰ স্থল নগা পাহাৰৰ পৰা ওলাই প্ৰায় সমান্তৰাল ভাৱে ভৈয়ামৰ মাজেদি বৈ গৈছে। নামঘৰৰ (সমীপত) পূৰ্বদিশে ক্ৰমে উত্তৰলৈ বৈ যোৱা কাকঙোঙা নদীয়ে গোলাঘাট আৰু যোৰহাট জিলাক দুখনক বিভক্ত কৰিছে। আনহাতে নামঘৰৰ (সমীপতে) পশ্চিম দিশে বৈ যোৱা মক্ৰং নদীয়েও ক্ৰমাৎ উত্তৰ দিশলৈ গতি কৰি ঘিলাধাৰী নদীৰ লগত এক হৈ ওচৰা-ওচৰিকৈ পুনৰ কাকডোঙা নদীতেই মিলিত হৈ ব্ৰহ্মপুত্ৰৰ বুকুত পৰিছেগৈ। সেয়েহে নামঘৰৰ উত্তৰ দিশত এই তিনিওখন নদী ক্ৰমে ওচৰা-ওচৰিকৈ মিলিত হোৱাৰ বাবেই ত্ৰিবেণীৰ সঙ্গম স্থলস্বৰূপ এই পৱিত্ৰ ভূমিখণ্ডত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অৱস্থিত। আঠখেলীয়াৰ সীমা উত্তৰ অক্ষাংশ ২৬ডিগ্ৰী ২০মিনিটৰ পৰা ২৬ ডিগ্ৰী ৩৫ মিনিটলৈ আৰু পূব দ্ৰাঘিমাংশ ৯৩ ডিগ্ৰী ৩৫ মিনিটৰ পৰা ৯৩ ডিগ্ৰী ৪৫ মিনিটৰ ভিতৰত। সেই কালত বাট-পথ দুৰ্গম, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ, চাৰিওফালে অটব্য অৰণ্য, তাতে মানুহৰ বসবাসৰ স্থল আছিল কৰবাত কেনেবাকৈ দুই এঘৰ অৰ্থাৎ অতি সীমিত। পৰিবহণ বিমানসেৱা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নিকটৱৰ্তী বিমানবন্দৰ হৈছে: ৰৰৈয়া বিমানবন্দৰ (যোৰহাট বিমানবন্দৰ)। ৬০ কিঃমিঃ দূৰত্বত এই বিমান বন্দৰ অৱস্থিত। ৰেলসেৱা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নিকটৱৰ্তী ৰেল ষ্টেছন হৈছে ফৰকাটিং ৰেল ষ্টেছন। দূৰত্ব প্ৰায় ১২.৮ কিঃমিঃ। পথসেৱা অসমৰ প্ৰায় সকলো ঠাইৰ পৰা গোলাঘাট জিলালৈ অহা-যোৱা কৰাৰ সু-ব্যৱস্থা আছে। গোলাঘাট নগৰৰ পৰা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ দূৰত্ব প্ৰায় ২০ কিঃমিঃ। নামঘৰলৈ যাবলৈ বাছৰ ব্যৱস্থা আছে আৰু সময় প্ৰায় ৪০ মিনিটমান লাগে। ইয়াৰোপৰি যোৰহাট জিলাৰ তিতাবৰৰ পৰা বৰহোলা হৈ নামঘৰলৈ যোৱাৰো সু-ব্যৱস্থা আছে। নিৰ্মাণ বৰ্তমানৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আদিম অৱস্থাত প্ৰকাণ্ড প্ৰকাণ্ড হেঙুল-হাইতাল থকা বটবৃক্ষৰে পৰিবেষ্টিত সন্তলোকৰ আশ্ৰমৰ এটি সৰু মন্দিৰ। মন্দিৰ ভাগত এপাত ত্ৰিশূল আৰু আৰু এখনি চন্দন কাঠৰ ঠগা আছিল। সেই মন্দিৰ ভাগতেই দূৰ-অতীজৰ পৰাই পূজা-সেৱা, নৈবদ্য অৰ্চ্চনাদি কৰ্মও পূৰ্বপুৰুষ সকলে চলাই আহিছিল। পুৰণা সেই মন্দিৰৰ আলমত (মন্দিৰক মাজত ৰাখি) আঠখেলৰ আঠখন খেৰৰ চালি সাজি আঠকুৰি ৰাইজে মন্দিৰৰ প্ৰতিপালন কৰি ধৰ্মীয়কাৰ্য চলাই আহিছিল। তেতিয়াৰ পৰাই এই অনুষ্ঠান ভাগিত ৰাইজৰ বাৰ্ষিক কৰ্ম সমূহত আঠখেলৰ আঠভাগি নৈবদ্য মহাবিষ্ণুৰ পূজনত অৰ্চ্চিত হৈ অদ্যপৰিমিত সেই নিয়ম প্ৰচলিত হৈয়েই আছে। পূৰ্বপুৰুষসকলৰ অসীম ত্যাগ আৰু শ্ৰমদানৰ যোগেদি দূৰ অতীতৰ মন্দিৰ সহ আঠখন চালিৰ পৰিৱৰ্তে মাজত মন্দিৰ ৰাখি ডাঙৰ ডাঙৰ খুটাৰ সৈতে (কাঠৰ খুটা সৈতে) আঠটা কোঠালীৰ খেৰীঘৰ নিৰ্মাণ কৰিছিল। প্ৰতিটো কোঠাত এখনকৈ আঠখন দুৱাৰ আৰু ৰাইজৰ বাৰ্ষিক কৰ্ম সমূহৰ আঠ খেলৰ আঠভাগি নৈবদ্য মহাবিষ্ণু পূজনত এতিয়াও অৰ্চ্চিত হৈয়ে আছিল। সেই সময়তো অতীজৰ ত্ৰিশূল আৰু চন্দন কাঠৰ ঠগা ভাগিয়েই আছিল সকলোৰে ইষ্ট দেৱতাৰ সেৱাৰ থলী। এনেদৰেই পূৰ্বপুৰুষসকলে খেৰীঘৰ সজা বটা কৰি, তাত ধৰ্মীয় কাৰ্য পালন কৰি যুগ যুগ পাৰ কৰি দিছিল। স্থায়ীঘৰ নিৰ্মাণ আঠখেলীয়াৰ বৰবাৰিকে ৰাইজে ১৯৫৬ চনৰ ৭ মে’ তাৰিখে ৰাইজৰ লগত আলোচনা কৰি এখন পৰিচালনা সমিতি গঠন কৰা হৈছিল। সেই পৰিচালনা সমিতিয়ে পূৰ্বৰ খেৰীঘৰৰ আৰ্হিৰ মাজেত মন্দিৰৰ ব্যৱস্থা ৰাখি স্থায়ীঘৰ নিৰ্মাণৰ কাম হাতত ল’লে। আঠখেলীয়া ৰাইজৰ দান-বৰঙণিৰে মন্দিৰৰ ওপৰত কলচি দি বৈকুণ্ঠ পুৰীৰ অষ্টদিশত স্থিত অষ্টদ্বাৰৰ আৰ্হি প্ৰণালীৰে আঠখন দ্বাৰ (দুৱাৰ) ৰাখি সম্পূৰ্ণ বৰ্গক্ষেত্ৰ আকাৰত স্থায়ীঘৰ নিৰ্মাণৰ কাম ১৯৫৬ চনত সম্পূৰ্ণ কৰি তুলিলে। সেই বছৰতে পূৰ্বৰ ঠগাৰ পৰিৱৰ্তে ডাঙৰকৈ বেদী নিৰ্মাণ কৰাই পাঁচখলপীয়া সিংহাসন আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হৈছিল। পূৰ্বৰ কীৰ্তি চিহ্ন ত্ৰিশূল তেতিয়াও সিংহাসনৰ বেদীৰ ওচৰতেই থাকিল। নামঘৰৰ পৰিসৰ বৃদ্ধি আঠখেলৰ ৰাইজৰ সংখ্যা আৰু সেৱকীসকলৰ পয়োভৰ দিনক দিনে বৃদ্ধি পাই আহিছিল। সেয়ে ১৯৭৩ চনত বাৰ্ষিক সাধাৰণ সভাত এই কথা উত্থাপন কৰা হৈছিল। সেয়ে নামঘৰভাগিৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে আঁচনি প্ৰস্তুত কৰি নিৰ্মাণ কাজ হাতত ল’বলৈ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিলে। এই বিষয়ত আঠখেলৰ ৰাইজে, চচান্দা বৰঙণি আগবঢ়ালে আৰু সেৱকী ৰাইজৰ অৰিহণা আদিৰ সহযোগত পুৰণা নামঘৰৰ পশ্চিম দিশে আগৰ সমান কৰি গৃহ নিৰ্মাণৰ কাম-কাজ ১৯৭৪ চনত আৰম্ভ কৰা হয়। ৰাইজৰ অশেষ ত্যাগ আৰু শ্ৰমদানৰ বিনিময়ত নতুনকৈ গৃহভাগ আৰু দুটা কলচি দি (আগৰটোৰে সৈতে তিনিটা) পুৰণা নামঘৰৰ লগত একেলগে সংযোগ কৰা হৈছিল। পূৰ্বৰ কলচিত গদা, মধ্যম কলচিত চক্ৰ আৰু পশ্চিমদিশৰ কলচিত পৌৰাণিক কীৰ্তিচিহ্ন ত্ৰিশূল অদ্যপৰিমিত যুগমীয়া হৈ ৰ’ল। এনেদৰেই নতুন গৃহভাগ সম্পূৰ্ণ কৰি ১৯৭৭ চনৰ এপ্ৰিল মাহত শ্ৰী শ্ৰী কুৰুৱাবাঢ়ী ডেকা সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱ গোস্বামীদেৱে উন্মোচিত কৰে। নামঘৰৰ পৰিসৰ বঢ়াত দৈনন্দিন কাম-কাজ তথা সেৱকী সকলে আগবঢ়োৱা ভাওনা আদি প্ৰদৰ্শনৰ বাবে সুবিধা হ’ল। সপ্তবৈকুণ্ঠৰ আৰ্হিৰৈ সিংহাসনৰ নিৰ্মাণ ১৯৮৫ চনত ৰাইজে আলোচনা কৰি পূৰ্বৰ এখলপীয়া বেদীক তিলিখলপীয়া কৰি সপ্তবৈকুণ্ঠৰ আৰ্হিৰে সাত খলপীয়া সিংহাসন নিৰ্মাণ কৰাৰ আঁচনি গ্ৰহণ কৰে। সেই মতে ১৯৮৬ চনত শ্ৰী শ্ৰী বাঁহজেঙণী সত্ৰ সত্ৰাধিকাৰ দেৱেন্দ্ৰ নাথ মহন্ত ধৰ্মাধিকাৰ দেৱৰ দ্বাৰা আঠখেলীয়া ৰাইজে প্ৰতিষ্ঠা কৰোৱায়। নামঘৰৰ পুনৰ্নিমাণ ২০১০ চনৰ ৮ নৱেম্বৰ তাৰিখে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ আহ্বান ক্ৰমে এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল। সেই সভাত সৰ্ব সন্মতি ক্ৰমে নামঘৰ ভাগি উন্নত কৰি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বৰ নামঘৰৰ আগতকৈও পৰিসৰ বৃদ্ধি কৰি ১৬৬ ফুট দীৰ্ঘ আৰু ৯৯ ফুট প্ৰস্থৰ সৈতে পূৰ্বৰ নামঘৰৰ ভেটিতকৈ ৪ ফুট ওখ কৰি প্ৰয়োজনীয় উচ্চতাৰে মূল ঘৰৰ কাষৰ ওপৰৰ অংশ পকী কৰণ কৰোৱা হয়। এই আঁচনিৰ মতে পূৰ্বৰ বেদীৰ স্থানকে মুখ্য কৰি পৌৰাণিক কীৰ্ত্তিত্বৰ বৈশিষ্ট্যসমূহৰ লেশ মানো সাল-সলনি নকৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। অষ্টাদশ পৰিচালনা সমিতিৰ বিশেষ তৎপৰতাত আঠ খেলৰ ৰাইজ} পূৰ্ণসহযোগিতাৰে ২০১১ চনৰ ১৯ জানুৱাৰী বুধবাৰে পূৰ্ণিমা তিথিৰ দিনা নাম কীৰ্তন কৰি মহাসিংহাসনভাগি নাটঘৰ (মঞ্চ) লৈ স্থানান্তৰি কৰাই পাছৰ দিনৰ পৰাই পুৰণি নামঘৰ ভাগি ভঙ্গ কৰোৱা হৈছিল। সেই বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ দিনা আঠখেলৰ ৰাইজক নিমন্ত্ৰণ জনাই শুভাৰম্ভৰ দিন ধাৰ্য কৰা হৈছিল। ভৱন নিৰ্মাণৰ শুভাৰম্ভৰ দিনা প্ৰাতঃকালীন নাম প্ৰসংগ আৰু ভাগৱত পাঠৰ অন্তঃত বেদ পাঠ কৰোৱা হৈছিল। ২০১৩ চনৰ ২০ জানুৱাৰী তাৰিখে আঠখেলৰ ৰাইজ, অসম চৰকাৰ, সেশৰ বিভিন্ন স্থানৰ ৰাইজৰ দান-বৰঙণিৰে শ্ৰী শ্ৰী আঠখেলীয়াৰ নামঘৰৰ পুনৰ নিৰ্মিত গৃহ ভাগৰ উদ্বোধন গোলাঘাট পৌৰসভাৰ পৌৰপতি ডাঃ অজিত বৰুৱা দেৱে কৰে। এই উদ্বোধনী সভাত গোলাঘাট বিধান সভাৰ সমষ্টিৰ বিধায়িকা অজন্তা নেওগ, কলিয়াবৰ লোকসভা সমষ্টি সাংসদ দীপ গগৈ আৰু বহু কেইগৰাকী বিধায়ক-বিধায়িকা আৰু ভক্তপ্ৰাণ ৰাইজৰ উপস্থিত আছিল। উন্নয়নমূলক কাম-কাজ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ উন্নয়নমূলক কাম সমূহৰ ভিতৰত প্ৰধানকৈ দূৰ-দূৰণিৰ পৰা অহা ভক্ত সকলৰ বাবে অতুথিশালা, নামঘৰৰ কাৰ্যালয়, যাত্ৰী সকলৰ জিৰণি কোঠা, নামাচাৰ্য আৰু নামঘৰীয়া সকলৰ আআস গৃহ, নামঘৰৰ চৌহদত পকীবেৰা, সভাঘৰ নিৰ্মাণ, মঞ্চগৃহ নিৰ্মাণ, নামঘৰৰ পুখুৰীৰ পকীকৰণ, পানী যোগানৰ সু-ব্যৱস্থা, সিহদ্বাৰ, বাটচ’ৰা আদি উন্নয়নমূলক কাম-কাজ সমূহ সমাপ্ত হৈছে। দূৰ দূৰণিৰ পৰা নামঘৰলৈ অহা যাত্ৰী সকলৰ সুবিধাৰ বাবে বালিজান চাৰিআলি, কছাৰীহাট তিনিআলি, কমাৰ বন্ধা তিনিআলি আৰু আঠখেলীয়া-বৰহোলা চাৰিআলিত এখনকৈ স্থায়ী তোৰণৰ ব্যৱস্থা কৰা হৈছে। সামাজিক ৰীতি-নীতি মহাপুৰুষ দুয়োজনাৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু আদৰ্শৰে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সামাজিক ৰীতি-নীতি অনুপ্ৰাণিত হৈছে। সমাজৰ নীতি নিয়মৰ বান্ধত থাকি বহু অতীতৰ পৰাই সুশৃঙ্খলিত ভাৱেই আঠ খেলৰ ৰাইজ বৰ্তি আছে। নামঘৰৰ অন্তৰ্গত খেলৰ সামাজিক নীতি-নিয়ম, অশৌচাদি ব্যৱস্থা সমূহত কোনো সমস্যাই দেখা দিলে নাইবা কোনো পৰিস্থিতিৰ উদ্ভৱ হ’লে প্ৰয়োজন অনুসৰি গুৰুৰ মতৰ সপক্ষে সমস্যা নিষ্পত্তি কৰা হয়। নামঘৰ পৰিচালনা পূৰ্বৰে পৰা আঠখেলৰ অন্তৰ্গত প্ৰতি খেলৰ পৰাই একোজন বাৰিক নিৰ্ধাৰণ কৰি লৈছিল। আকৌ সকলো বাৰিকৰ ওপৰত এজন বৰবাৰিক। বৰবাৰিকৰ কথামতেই বাৰিকসকলে খেলৰ সকলো বিলাক কাম-কাজ পৰিচালনা কৰে। খেলত কিবা পৰিস্থিতিৰ উদ্ভৱ হ’লে বয়োবৃদ্ধ সকলৰ লগত আলোচনা কৰি সেই সমস্যাৰ সমাধানও কৰিবলগীয়া হয়। কোনো লোকে নীতি বৰ্হীভূত কাম কৰিলে সামাজিক দণ্ড ভোগ কৰিব লগীয়া হয়। পাছলৈ খেল সমূহ লগ লাগি নামঘৰৰ পৰিচালনা সমিতি গঠন কৰাত প্ৰতিখেলৰ পৰা একোজনকৈ সদস্য প্ৰতিনিধি নিৰ্বাচন কৰা হয়। প্ৰয়োজন সাপেক্ষে ডাঙৰ খেলৰ পৰা (জনসংখ্যা অনুসৰি) একাধিক সদস্যও নিৰ্বাচন কৰে। এই সদস্য সকলৰ মাজৰ পৰাই সভাপতি আৰু সম্পাদক আদি বিষয় ববীয়া নিৰ্বাচন কৰি এখন পূৰ্ণাঙ্গ পৰিচালনা সমিতি গঠন কৰা হয়। খেলত কিবা বিবাদ নাইবা সমস্যাই দেখা দিলে উক্ত সদস্য প্ৰতিনিধিজনৰ নেতৃত্বত খেলতেই সমাধান কৰিব লাগে। যদি সমাধান কৰিব নোৱাৰে তেতিয়া আঠখেললৈ খৈলৰ সদস্য প্ৰতিনিধিজনৰ যোগেদি আবেদন কৰিব লাগিব। যদি সমাধান কৰিব নোৱাৰে তেতিয়া আঠখেললৈ খেলৰ সদস্য প্ৰতিনিধিজনৰ যোগেদি আবেদন কৰিব লাগিব। আঠখেলৰ যি সিদ্ধান্ত হ,ব সেই সিদ্ধান্তকেই চূড়ান্ত সিদ্ধান্ত হিচাপে মানি ল’ব লাগিব। উল্লেখযোগ্য যে নামঘৰৰ বিশেষ কাৰণত পৰিচালনা সমিতি অচল হ’লে কৰ্ণধাৰ সমিতি গঠন কৰি তাৰ দ্বাৰা নামঘৰ কাম চলাব লগীয়া সাংবিধানিক ব্যৱস্থাও আছে। মাংগলিক কৰ্ম নামঘৰত অনুষ্ঠিত নাট্য অনুষ্ঠান সমূহত বৰ বায়নে দায়িত্ব বহন কৰে। তেখেতক সাধাৰণ সভাই দায়িত্ব অৰ্পণ কৰে। ইয়াৰ উপৰইও ধৰ্মীয় কাৰ্যৰ বাবে নামাচাৰ্য্য, পাঠক, দেউৰি আদি লোক সকলে নামঘৰৰ কৰ্তব্য আৰু দায়িত্ব নিষ্ঠাৰে পালন কৰে। প্ৰতিজন বিষয় ববীয়াই গুৰুৰ ওচৰত শৰণ-ভজন লৈহে নীতিগত ভাৱে কৰ্ম কৰিব পাৰিব। তাৰ উপৰি পিতৃ-মাতৃৰ শ্ৰাদ্ধাদি নকৰা কোনো ব্যক্তিয়েই নামঘৰৰ যিকোনো ধৰ্মীয় কাৰ্যৰ অংশীদাৰ হ’ব নোৱাৰে। দৈনন্দিন কৰ্ম বৃদ্ধ সকলৰ মতে পূৰ্বতেও সেৱকীসকলে নিজৰ নিজৰ অভীষ্ট সিদ্ধিৰ কামনাৰে চাকি-বন্তি, নৈবদ্য আদি দ্ৰব্য আনি নীতি-নিয়মৰ যোগেদি ভগৱন্তক অৰ্পণ কৰিছিল। আনহাতে, মহাপুৰুষীয় আৰ্হি প্ৰণালীৰে নামঘৰৰ দৈনন্দিন কৰ্ম কুৰি শতিকাৰ মাজভাগৰ পৰাহে আৰম্ভ হৈছে। ১৯৫৬ চনত নামঘৰ পৰিচালনা সমিতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা মতে দৈনিক প্ৰাতঃপ্ৰসঙ্গ, মধ্যাহ্ন প্ৰসঙ্গ, বিয়লি প্ৰসঙ্গ আৰু সন্ধ্যা প্ৰসঙ্গ এই চাৰি প্ৰসাঙ্গ দৈনন্দিন কৰ্ম হিচাপে আজিও প্ৰচলিত হৈ আছে। অম্বুবাচীৰ চাৰিদিন বাদ দি প্ৰত্যেক দিনাই এই নামঘৰ ভাগিলৈ বিভিন্ন ঠাইৰ সেৱক সকল আহি ধূপ-চাকি, শৰাইৰ দ্ৰব্য-বস্তু, সোণ-ৰূপৰ ফুল, ফুলৰ গামোছা আদি বিভিন্ন সামগ্ৰী সভক্তিৰে তামোল-পাণ সমন্বিতে আগবঢ়াই নিজৰ মনোবাঞ্ছা পূৰণ কৰেহি। জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ভক্তই উচ্চ-নীচ, ধনী-দুখীয়া আদি বৈষম্যৰ ভাৱ পাহৰি অগণন চাকি বন্তি জ্বলাই শৰাইৰ দ্ৰব্য আবঢ়ায়। দান-বৰঙণি দি নাম-প্ৰসঙ্গ, পাঠ আদিত অংশ গ্ৰহণ কৰেহি। এনেদৰেই নামঘৰত প্ৰতিদিনে চাৰিওপ্ৰসঙ্গ, পাঠ, নাম, সেৱা-শুশ্ৰূষাৰ আদি দৈনন্দিনকৰ্ম গতানুগতিক ভাৱে প্ৰচলিত হৈ আছে। বাৰ্ষিক কৰ্ম শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত অতি প্ৰাচীন কালৰে পৰাই বিশেষ কেইভাগিমান বাৰ্ষিক কৰ্ম যাপন কৰি অহা হৈছে। এই বাৰ্ষিক কৰ্মসমূহৰ পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব বৰবাৰিকৰ ওপৰতে থাকে। নিৰ্দিষ্ট সময়ত বাৰ্ষিক ম আহিলেই বৰ বাৰিকে প্ৰতি খেলৰ বাৰিকসকলক আগজাননী দিয়ে। বৰ বাৰিকৰ পৰা জাননী পালেই প্ৰতি খেলৰ বাৰিক সকলে পচকীয়া ৰাইজৰ ঘৰে ঘৰে গৈ চান্দা-বৰঙণি সংগ্ৰহ কৰি দ্ৰব্য সামগ্ৰীৰে নিৰ্দিষ্ট কৰ্মৰ দিনা আগতীয়াকৈ যোগান ধৰি যাৱতীয় কাৰ্য পালন কৰে। কিন্তু বৰ বাৰিকে কৰ্ম সম্পাদনৰ কাৰণে পূজাৰী, গুৰু, ভকত বৈষ্ণৱ আদি সকলোকে যথাসময়ত নিমন্ত্ৰণ দিয়াৰ পৰা আৰম্ভ কৰি কৰ্ম সমাপ্তিলৈকে গুৰ-ভকতক সেৱা শুশ্ৰূষা, দান-দক্ষিণা দি বিদায় সম্ভাষণ পৰ্যন্ত সকলো কামৰ দায়িত্ব পালন কৰে। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত যাপিত কৰা বাৰ্ষিক কৰ্ম সমূহ হ’ল: বৰসৱাহ, পানীতোলা সৱাহ, নামলোৱা সৱাহ আৰু ন-চাউলৰ সৱাহ। ইয়াৰ উপৰিও কুৰি শতিকাৰ শেষাৰ্দ্ধৰ পৰা ৰাস মহোৎসৱ, বৰষা ভাওনা আদিও পালন কৰিবলৈ লোৱা হৈছে। বৰসৱাহ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত বহু অতীতৰ পৰাই পৌৰাণিক আচাৰ-নীতিৰক্ষা কৰি নতুন বছৰত খেতি-বাতি আৰম্ভ কৰাৰ আগে আগে ব’হাগ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ যাপন কৰি আহিছে। বৰসৱাহৰ দিনা পূৰ্বৰ ৰীতিৰ মতেই আঠখেলৰ আঠভাগ নৈবেদ্য মহাবিষ্ণু পূজনত অৰ্চ্চন কৰা হয়। পূজা পৰিপূৰ্ণ হ’লে গুৰু-ভকত, আলহী-অতিথি শুশ্ৰূষাৰ লগতে ৰাইজেও অংশগ্ৰহণ কৰে। তাৰপাছত পুথি পঢ়া কৰ্ম সম্পাদন কৰি উঠানামৰ কীৰ্তন (দিহানাম) আদিৰে ভগৱন্তৰ গুণানুকীৰজতন কৰি পুৱতি নিশাতেই সামৰণি মৰা হয়। শেষত আশিস নিৰ্মালি লাভ কৰাৰ পাছত পূজাৰীয়ে শৰাই বিসৰ্জন দিয়ে আৰু প্ৰসাদ গ্ৰহণ কৰি সকলো গৃহাভিমুখী হয়। বৰ্তমান কুৰি শতিকাৰ শেষৰ ভাগৰ পৰাই এই ভাগি কৰ্মত এজনা গুৰু আৰু ভকত-বৈষ্ণৱক নিমন্ত্ৰণ দি প্ৰসঙ্গীয় নামৰো ব্যৱস্থা কৰা হৈছে। আঠখেলৰ বৰবাৰিক এই মহৎকৰ্ম ভাগি পৰিচালনাৰ নিৰ্ভৰশীল ব্যক্তি। পানীতোলা সৱাহ প্ৰাচীন কালত পানীতোলা ব্যৱস্থাটো ব’হাগী পূৰ্ণিমাৰ বৰসৱাহৰ দিনা দিনত যাপন কৰা হৈছিল। পাছলৈ অনুমাণিক কুৰি শতিকাৰ আৰম্ভণিৰ পৰাহে এই ধৰ্মীয় অনুষ্ঠান ভাগি পৃথকে এটা শুভ দিন চাই কৰা হয় যদিও বৰসৱাহৰ অঙ্গীভূত কৰ্ম হিচাপেই ৰাইজৰ সুবিধাৰ্থে কৰিবলৈ লোৱা হৈছে। এই সৱাহ জেঠমাহৰ শুক্লাপক্ষৰ নিৰ্জ্জলা একাদশী বাদ দি শুক্লপক্ষৰ কোনো এটা শুভদিন চাই পালন কৰা হয়। সৱাহৰ দিনা দিনত পানী তোলাৰ ব্যৱস্থাটো অকুমাৰী ছোৱালী দ্বাৰাই ৰূপৰ ঘটত নদীৰ পৰাই গঙ্গাজল আহৰণ কৰি বিষ্ণু পূজাৰ সম্ভাৰ হিচাপে লোৱা হয়। আঠখেলৰ পুৰুষ-স্ত্ৰী উভয়েই এই বিষয়ত সমান অধিকাৰ হিচাপে অংশশগ্ৰহণ কৰে। পুৰুষসকলে ডবা-শঙ্খ, ঢোল-খোল, তাল আদি দেৱবাদ্যৰ দ্বাৰা আদৰণি জনাই আগবঢ়াই নিয়ে আৰু আইসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰি এগৰাকী অকুমাৰী কন্যাৰ হাতত ৰূপৰ ঘট (ঘটত আম্ৰ পল্লৱ আদিসহ) যথা নিয়মে নদীৰ তিনিঘাটৰ পৰা গঙ্গাজল আহৰণ কৰি আহি নামঘৰৰ চাৰিওদিশে ৪ বাৰ প্ৰদক্ষিণ কৰি নামঘৰৰ সিংহাসনৰ সন্মুখত অৰ্পণ কৰে। পূজাৰ কৰ্ম পূৰ্নাঙ্গ হ’লেই পুথি পঢ়া আৰু দিহা নামৰ ব্যৱস্থা কৰা হয়। কিন্তু কুৰি শতিকাৰ শেষ ভাগৰ পৰা পুথি পঢ়া আৰু দিহানামৰ ঠঅইত প্ৰসঙ্গীয় নাম আৰু পাঠৰহে ব্যৱস্থা কৰা হৈছে। সম্পূৰ্ণ কৰ্ম সম্পাদিত হ’লে আশিস নিৰ্মালি আৰু প্ৰসাদ গ্ৰহণ কৰাৰ পাছত গুৰু-ভকতক ঊচ্ছৰ্গা কৰি বিদায় সম্ভাষণ জনোৱা হয়। আঠখেলৰ বৰবাৰিকৰ দ্বাৰাই এই ভাগি কৰ্ম সম্পাদন কৰা হয়। নামলোৱা সৱাহ প্ৰাচীন কালত পানীতোলা ব্যৱস্থাটো ব’হাগী পূৰ্ণিমাৰ বৰসৱাহৰ দিনা দিনত যাপন কৰা হৈছিল। পাছলৈ অনুমাণিক কুৰি শতিকাৰ আৰম্ভণিৰ পৰাহে এই ধৰ্মীয় অনুষ্ঠান ভাগি পৃথকে এটা শুভ দিন চাই কৰা হয় যদিও বৰসৱাহৰ অঙ্গীভূত কৰ্ম হিচাপেই ৰাইজৰ সুবিধাৰ্থে কৰিবলৈ লোৱা হৈছে। এই সৱাহ জেঠমাহৰ শুক্লাপক্ষৰ নিৰ্জ্জলা একাদশী বাদ দি শুক্লপক্ষৰ কোনো এটা শুভদিন চাই পালন কৰা হয়। সৱাহৰ দিনা দিনত পানী তোলাৰ ব্যৱস্থাটো অকুমাৰী ছোৱালী দ্বাৰাই ৰূপৰ ঘটত নদীৰ পৰাই গঙ্গাজল আহৰণ কৰি বিষ্ণু পূজাৰ সম্ভাৰ হিচাপে লোৱা হয়। আঠখেলৰ পুৰুষ-স্ত্ৰী উভয়েই এই বিষয়ত সমান অধিকাৰ হিচাপে অংশশগ্ৰহণ কৰে। পুৰুষসকলে ডবা-শঙ্খ, ঢোল-খোল, তাল আদি দেৱবাদ্যৰ দ্বাৰা আদৰণি জনাই আগবঢ়াই নিয়ে আৰু আইসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰি এগৰাকী অকুমাৰী কন্যাৰ হাতত ৰূপৰ ঘট (ঘটত আম্ৰ পল্লৱ আদিসহ) যথা নিয়মে নদীৰ তিনিঘাটৰ পৰা গঙ্গাজল আহৰণ কৰি আহি নামঘৰৰ চাৰিওদিশে ৪ বাৰ প্ৰদক্ষিণ কৰি নামঘৰৰ সিংহাসনৰ সন্মুখত অৰ্পণ কৰে। পূজাৰ কৰ্ম পূৰ্নাঙ্গ হ’লেই পুথি পঢ়া আৰু দিহা নামৰ ব্যৱস্থা কৰা হয়। কিন্তু কুৰি শতিকাৰ শেষ ভাগৰ পৰা পুথি পঢ়া আৰু দিহানামৰ ঠঅইত প্ৰসঙ্গীয় নাম আৰু পাঠৰহে ব্যৱস্থা কৰা হৈছে। সম্পূৰ্ণ কৰ্ম সম্পাদিত হ’লে আশিস নিৰ্মালি আৰু প্ৰসাদ গ্ৰহণ কৰাৰ পাছত গুৰু-ভকতক ঊচ্ছৰ্গা কৰি বিদায় সম্ভাষণ জনোৱা হয়। আঠখেলৰ বৰবাৰিকৰ দ্বাৰাই এই ভাগি কৰ্ম সম্পাদন কৰা হয়। ন-চাউলৰ সৱাহ আঘোণ মাহৰ শুক্লপক্ষৰ এটি শুভদিন ধাৰ্য কৰি আঠখেলৰ বৰবাৰিকে কুৰিয়া খেলৰ বাৰিকসকলক ন-চাউলৰ সৱাহৰ আগজাননী দিয়ে। খেতিয়ক ৰাইজৰ ন-মুঠি ভগৱন্তত অৰ্পণ কৰিবৰ কাৰণে কুৰিয়া বাৰিকেই আগবাঢ়ি আহে আৰু নিৰ্দ্ধাৰিত বৰঙণি আৰু দ্ৰব্য-সামগ্ৰী সংগ্ৰহ কৰি নামঘৰলৈ অনা হয়। পূজাৰীয়ে নৱ-উপাৰ্জিত শস্য সামগ্ৰী যথানিয়মেৰে ৮ ভাগ শৰাই মহা বিষ্ণু পূজাত অৰ্পণ কৰি পূজা কৰ্ম সম্পাদন কৰে। ইয়াৰ পিছত ভকত বৈষ্ণৱসকলে কীৰ্তন পাঠ কৰে আৰু কীৰ্তনীয়া নাম গায়। আজিকালি পূজাৰীয়ে মহা বিষ্ণু পূজা পূৰ্ণাঙ্গ কৰাৰ পাছত গুৰু মুখে প্ৰসঙ্গীয়া নাম অৰ্চ্চন কৰিহে কীৰ্তন পাঠ কৰিবলৈ লোৱা হৈছে। এনেকৈয়ে ৰাইজৰ ন-মুঠি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত প্ৰভু ভগৱন্তই সোধাই, গুৰু-ভকততৰ সেৱা ধৰি ন-চাউলৰ সৱাহৰ পৰিসমাপ্তি কৰে। এই ভাগি কৰ্মও বৰবাৰিকৰ দ্বাৰাই সম্পাদন হয়। ৰাস মহোৎসৱ পৰমপুৰুষ ভগৱন্তই উৎসৰ যোগেদি লীলা কৰি মানৱ সমাজৰ হিতৰ কাৰণে আদৰ্শ দেখুৱাই থৈ গৈছে। ৰাস মহোৎসৱত ভগৱান কৃষ্ণৰ সান্নিধ্য লাভ কৰিবৰ কাৰণে ভকতৰ ভক্তিসাধনৰ কথাহে জড়িত হৈ আছে। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভাওনাৰ উপৰিও আঠখেলীয়াৰ যুৱক সমাজে ১৯৬৩ চনৰ পৰা বছৰি ৰাস মহোৎসৱত অভিনয় কৰি আহিছে। বৰষা ভাওনা শ্ৰী শ্ৰী আঠখেলীয় নামঘৰত আকাঙ্খিত ভক্ত সকলে নিজা নিজা অভীষ্ট সিদ্ধিৰ কাৰণে বহু অতীতৰ পৰাই ব্যক্তিগত ভাৱেই ভাওনা প্ৰদৰ্শন কৰাই আহিছে। আনহাতে, আঠখেলীয়াৰ ৰাইজে বৰষা ভাওনা হিচাপে বছৰি এভাগিকৈ নাট্যাভিনয় কৰিবলৈ লৈছে ১৯৮০ চনৰ পৰাহে। সেই বছৰত বৰষুণৰ অভাৱত খেতিয়ক ৰাইজ চিন্তাত ব্যকুল হৈ পৰিছিল। বৰষুণৰ আশা লেশমানো নাছিল। ব’হাগ মাহৰ পৰা আৰম্ভ কৰি শাওণ মাহৰ মাজভাগলৈকে খৰাং বতৰৰ কাৰণে দশোদিশ মৰুভূমিত পৰিণত হৈ পৰিছিল। সকলো অঞ্চলতেই কৃষক ৰাইজেই বছৰ দিনৰ এমুঠি দিনৰ আশঅ-আকাংক্ষাৰে মহাপ্ৰভুৰ কৃপা ভিক্ষা বিচাৰিলে। এজন ভক্তৰ যোগেদি প্ৰভুৱে আজ্ঞা কৰালে এভাগি ভাওনা প্ৰদৰ্শনৰ কাৰণে। ৰাইজে অকুণ্ঠ মনোভাৱেৰে সেই বছৰৰ ভাদ মাহৰ ৮ তাৰিখে দিন ধাৰ্য কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভাওনাৰ কৰ্মভাগি সুসম্পন্ন কৰিছিল। ভাওনা শেষ হোৱাৰ পাছতেই তিনিদিন ধৰি ধাৰাসাৰে বৰষিবলৈ ধৰাত ৰাইজে খেতিৰ কামত আগবাঢ়ি শেহতীয়াকৈ হ’লেও বছৰটোৰ বাবে অন্ন সংগ্ৰহ কৰিবলৈ সুবিধা লাভ কৰিছিল। তেতিয়াৰ পৰাই ৰাইজে সেই পৱিত্ৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে প্ৰতি বছৰৰ জেঠ মাহৰ পূৰ্ণিমা তিথিত বৰষা ভাওনা নাম দি এভাগি নাটক অভিনয় কৰাই আহিছে। এই ভাওনা সংস্কৃতিৰ দিবা ভাগৰ নাম প্ৰসঙ্গৰ পৰিচালনা আঠখেলৰ বৰবাৰিকৰ দ্বাৰাই সম্পন্ন কৰা হয়। কিন্তু ৰাতি ভাওনাৰ দায়িত্ব সম্পূৰ্ণ আঠখেৰ বৰ বায়নৰ সহযোগত যুৱক সমাজৰ দ্বাৰাই সম্পাদন কৰা হয়। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ নামঘৰ গোলাঘাট
33717
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A7%87%E0%A6%B2%E0%A7%80%20%E0%A6%85%E0%A7%B1%20%E0%A6%AB%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9B%20%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8
ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান
ভেলী অফ ফ্লাৱাৰ্ছ সুউচ্চ পশ্চিম হিমালয়ত অৱস্থিত এক ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান। ইয়াক স্থানীয় পৰ্বতীয়া ফুলেৰে ভৰা বিস্তীৰ্ণ ঘাঁহনি আৰু তাত পোৱা বিভিন্ন উদ্ভিদৰ বাবে জনা যায়। এই উদ্যান উত্তৰাখণ্ডত অৱস্থিত। এই জৈৱবৈচিত্ৰৰে সমৃদ্ধ অঞ্চলটো ভালেকেইবিধ বিৰল তথা লুপ্তপ্ৰায় বন্যপ্ৰাণী যেনে এছিয়ান ক'লা ভালুক, হিম চিতা, মুগা ভালুক, নীলগাই আদিৰো বাসস্থান। ভেলী অফ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানৰ নয়নাভিৰাম প্ৰাকৃতিক দৃশ্যই পূবৰ নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া পাৰ্বত্য আৱৰণক পৰিপূৰ্ণ কৰি তোলে। দুয়ো মিলি জংস্কাৰ আৰু হিমালয়ৰ মাজৰ অনন্য পথছোৱা আগুৰি থাকে। উদ্যানখন ৮৭.৫০ বৰ্গ কিঃমিঃ জুৰি বিস্তৃত। এই দুয়োখন উদ্যানকে নন্দা দেৱী বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলে (২২৩,৬৭৪ হেক্টৰ) আৱৰি আছে। এক সুৰক্ষিত অঞ্চলে (৫,১৪৮.৫৭ হেক্টৰ) ইয়াক ঘেৰি ৰাখিছে। এই সংৰক্ষিত বনাঞ্চল ২০০৪ চনৰ পৰা ইউনেস্ক'ৰ বিশ্ব বন্যপ্ৰাণী সংৰক্ষিত অঞ্চলৰ নেটৱৰ্ক হিচাপে অন্তৰ্ভুক্ত হৈ আছে। দ্য ভেলী অফ ফ্লাৱাৰ্ছ অৰ্থাৎ পুষ্প উপত্যকা হৈছে হিমালয়ৰ উচ্চতাত থকা এক উপত্যকা যাক খ্যাতনামা পৰ্বতাৰোহী আৰু উদ্ভিদবিদসকলে এটা শতিকাজুৰি বিভিন্ন লেখনিত উল্লেখ কৰি আহিছে। হিন্দু ধৰ্মত ইয়াৰ উল্লেখ বহুদিনীয়া। পুষ্প উপত্যকাত সময়ৰ সৈতে ৰঙ সলোৱা অনেক প্ৰকাৰৰ ৰঙীন ফুল পোৱা যায়। ১৯৮২ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু বৰ্তমান ই এক বিশ্ব ঐতিহ্যবাহী স্থান। স্থানীয় লোক বিশ্বাস কৰে যে এই ঠাই অপেশ্বৰীসকলৰ বাসস্থান। উপত্যকাটো অনেক আপুৰুগীয়া ফুল যেনে ব্ৰহ্মকমল, নীলা পপী, ক'ব্ৰা লিলি আদিৰ নিবাস। পুষ্প উপত্যকাটো পশ্চিম হিমালয়ান পাৰ্বত্য জোপোহা আৰু ঘাঁহনি অঞ্চলক প্ৰতিনিধিত্ব কৰা ইয়াৰ পাৰ্বত্য উদ্ভিদ বৈচিত্ৰ্যৰ বাবে আন্তৰ্জাতিকভাৱে গুৰুত্বপূৰ্ণ। ইয়াৰ সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰ্যই ক্ৰমে উত্তৰ আৰু দক্ষিণজুৰি বিস্তৃত জংস্কাৰ আৰু হিমালয় তথা পূব হিমালয় আৰু পশ্চিম হিমালয়ৰ মাজৰ যোগাযোগৰ কথাকে প্ৰতিফলিত কৰে। কিছুসংখ্যক উদ্ভিদ সমগ্ৰ বিশ্বতে বিপন্ন আৰু বহুকেইবিধ উত্তৰাখণ্ডৰ বাদে আৰু ক'তো পোৱা নাযায়। অন্য হিমালয়ান সুৰক্ষিত অঞ্চলতকৈ ইয়াত বিপন্ন ঔষধি উদ্ভিদৰ অৱস্থিতি অধিক পোৱা গৈছে। সমগ্ৰ নন্দা দেৱী জীৱমণ্ডল সংৰক্ষিত অঞ্চলটো পশ্চিম হিমালয় স্থানীয় পক্ষী অঞ্চলত অৱস্থিত। ভেলী অফ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানখন উক্ত মণ্ডলটোৰ দ্বিতীয়খন মুখ্য ক্ষেত্ৰ। সাতবিধ সীমিত অঞ্চলত পোৱা চৰাইৰ প্ৰজাতি ইয়াৰ স্থানীয় নিবাসী। উদ্যানখনৰ উচ্চতম ঠাই হৈছ গৌৰী পৰ্বত। সাগৰপৃষ্ঠৰ পৰা এই ঠাইৰ উচ্চতা ৬,৭১৯ মিটাৰ। ইতিহাস আৰু কিংবদন্তি দুৰ্গম হোৱা হেতুকে এই ঠাইখন পৰ্যটন মানচিত্ৰত নাছিল। কিন্তু ১৯৩১ চনত ইংৰাজ পৰ্বতাৰোহী ফ্ৰেংক এছ. স্মিথ, এৰিক শ্বিপটন আৰু আৰ.এল. হ'ল্ডছৱৰ্থে কামেট শৃংগ সফলতাৰে আৰোহণ কৰি উলটি আহোঁতে পথ হেৰুৱায় আৰু ফুলেৰে ভৰা এই উপত্যকা পায়হি। তেওঁলোক অঞ্চলটোৰ সৌন্দৰ্যত মুগ্ধ হয় আৰু ইয়াৰ নাম ভেলী অফ ফ্লাৱাৰ্ছ (পুষ্প উপত্যকা) ৰাখে। পিছত ফ্ৰেংক এছ. স্মিথে একে নামৰ এখন গ্ৰন্থও ৰচনা কৰে। ১৯৩৯ চনত ৰয়েল ব'টানিকেল গাৰ্ডেনছ এডিনবাৰ্গৰ ফালৰ পৰা মাৰ্গাৰেট লেগ এই সম্পৰ্কে অধিক অধ্যয়নৰ বাবে আহে। শিলনিৰ ওপৰেদি ফুলৰ নমুনা গোটাই ফুৰোঁতে দুৰ্ঘটনাবশতঃ তেওঁ পিচলি পৰি নিৰুদ্দেশ হয়। পিছত তেওঁৰ ভগ্নী সেই ঠাইলৈ আহি তেওঁৰ স্মৃতিচিহ্ন এটা সজোৱাই দিয়ে। ১৯৮২ চনৰ ৬ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পুষ্প উপত্যকা এক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হয়। ভাৰতীয় বন্যজীৱ প্ৰতিষ্ঠানৰ ফালৰ পৰা অধ্যাপক চন্দ্ৰ প্ৰকাশ কালাই ১৯৯৩ চনৰ পৰা এটা দশক জুৰি উপত্যকাটোৰ উদ্ভিদ আৰু ইয়াৰ সংৰক্ষণৰ ওপৰত এক গৱেষণামূলক অধ্যয়ন চলায়। তেওঁ কেৱলমাত্ৰ এই উদ্যানখনত পোৱা ৫২০ বিধ পৰ্বতীয়া উদ্ভিদৰ এক সম্ভাৰ তৈয়াৰ কৰাৰ লগতে দ্য ভেলী অফ ফ্লাৱাৰ্ছ মিথ এণ্ড ৰিয়েলিটি আৰু ইক'লজী এণ্ড কনজাৰভেচন অফ দ্য ভেলী অফ ফ্লাৱাৰ্ছ নেচনেল পাৰ্ক, গড়ৱাল হিমালয়া নামৰ দুখন গ্ৰন্থও ৰচনা কৰে। সময়পঞ্জী ১৮৬২: কৰ্ণেল এডমাণ্ড স্মিথে পুষ্পৱতী উপত্যকা আৱিষ্কাৰ কৰে। ১৯৩১: পৰ্বতাৰোহী ফ্ৰেংক এছ. স্মিথে এই ঠাই ভ্ৰমণ কৰে আৰু ইয়াৰ কথা ব্যক্ত কৰি এখন কিতাপ লিখে। ১৯৩৬: নন্দা দেৱী আৰোহণ কৰা পৰ্বতাৰোহী ই. শ্বিপটন আৰু এন. অডেল উজনি নন্দা দেৱী অৱবাহিকা পায়গৈ আৰু ইয়াৰ বিৱৰণ দাঙি ধৰে। ১৯৩৯: চৰকাৰী আদেশ 28 7/01 অনুসৰি এই অৱবাহিকাক নন্দা দেৱী ক্ৰীড়া সংৰক্ষিত অঞ্চল হিচাপে প্ৰতিষ্ঠা কৰা হয়। ১৯৬২: সীমা বিবাদৰ ফলত এই অঞ্চলত স্থানীয় অৰ্থনীতিৰ পৰিৱৰ্তন ঘটি ব্যৱসায়-বাণিজ্য বন্ধ হৈ পৰে। ১৯৭৪-৮২: সংৰক্ষিত অঞ্চলটো পৰ্বতাৰোহীসকলৰ বাবে মুকলি কৰা হয় কিন্তু নিশ্চিত অৱনমনৰ ফলস্বৰূপে ই সকলোৰে বাবে বন্ধ হৈ যাবলৈ আগবাঢ়ে। ১৯৮০: উদ্যানখন জাননী ৩-৩৫-৮০ যোগে সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হয় আৰু পশু চাৰণ তথা পৰ্বতাৰোহণ স্থগিত কৰা হয়। ১৯৮০: চৰকাৰী আদেশ -৩-৬৬-৮০ যোগে বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ অনুসৰি ইয়াৰ উদ্ভিদসমূহৰ সংৰক্ষণৰ বাবে পুষ্প উপত্যকাক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হয়। ১৯৮২: উদ্যানখন নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান হিচাপে নতুনকৈ নামকৰণ কৰা হয়। ১৯৮৮: এই ৰাষ্ট্ৰীয় উদ্যানক (৬২,৪৬২ হেক্টৰ) অভ্যন্তৰত লৈ নন্দা দেৱী ২২৩,৬৭৪ হেক্টৰজুৰি জীৱমণ্ডল সংৰক্ষিত অঞ্চল আৰু দুয়োকাষ আগুৰি এক সুৰক্ষিত অঞ্চল (৫১৪,৮৫৭ হেক্টৰ) স্থাপন কৰা হয়। চুবুৰীয়া গাওঁবাসীৰ ওপৰত কিছু পৰিমাণে বাধা-নিষেধ আৰোপ কৰা হয়। ২০০০: এই জীৱমণ্ডল সংৰক্ষিত অঞ্চল বৰ্ধিত কৰি ইয়াত ভেলী অফ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানকো অন্তৰ্ভুক্ত কৰা হয়। পৰিচালনা উদ্যানখন ভাৰতীয় পৰিৱেশ আৰু বন মন্ত্ৰণালয় আৰু উত্তৰাখণ্ড ৰাজ্যিক বন বিভাগে পৰিচালনা কৰে। ১৯৮৩ চনৰ পৰাই এই অঞ্চলত বসবাস কৰা আৰু পশু চাৰণ নিষেধ কৰা হৈছে। পূৰ্বতে যেতিয়া পশু চাৰণ নিষিদ্ধ নাছিল তেতিয়া এই কথা লক্ষ্য কৰা হয় যে ইয়াৰ ফলত অঞ্চলটোলৈ কিছুমান অপতৃণৰ আগমন ঘটে। বছৰটোৰ আন সময়ত প্ৰচণ্ড তুষাৰপাত হোৱা হেতুকে উদ্যানখন কেৱল গ্ৰীষ্মকালি জুনৰ পৰা অক্টোবৰ মাহলৈকেহে খোলা থাকে। অৱস্থান ৰাজ্য: উত্তৰাখণ্ড, ভাৰত জিলা: চামলী নিকটৱৰ্তী চহৰ: যোশীমঠ অৱস্থান: ভেলী অফ ফ্লাৱাৰ্ছ গড়ৱাল অঞ্চলৰ যোশীমঠৰ ওচৰৰ ভুণ্ডৰ গঙ্গাৰ উজনিত অৱস্থিত। ই নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যানৰ ২০ কিঃমিঃ উত্তৰ-পশ্চিমত ভুণ্ডৰ গঙ্গাৰ বিস্তীৰ্ণ উপত্যকা জুৰি আছে। ই ভুণ্ডৰ উপত্যকাৰ মূৰৰ ফালে দুই ওলোমা উপত্যকাৰ অন্যতম। আনটো উপত্যকা হৈছে হেমকুণ্ড। জলবায়ু অভ্যন্তৰীণ হিমালয়ৰ উপত্যকা হিচাপে নন্দা দেৱী অৱবাহিকাৰ জলবায়ু পৃথকধৰণৰ। সাধাৰণতে জলবায়ু শুষ্ক হয়, কিন্তু জুন মাহৰ শেষভাগৰ পৰা ছেপ্টেম্বৰৰ আৰম্ভণিলৈকে মৌচুমীৰ প্ৰভাৱত অত্যন্ত বৰষুণ হয়। মৌচুমীৰ সময়ত কুঁৱলী আৰু নিম্ন উচ্চতাৰ ডাৱৰে মাটি সেমেকা কৰি ৰাখে আৰু সেয়ে আন শুষ্কতৰ অভ্যন্তৰীণ হিমালয়ৰ উপত্যকাসমূহতকৈ ইয়াৰ উদ্ভিদসমূহ জীপাল হৈ থাকে। এপ্ৰিলৰ মাজভাগৰ পৰা জুনলৈকে উষ্ণতা মধ্যমীয়া বা শীতল হয় (সৰ্বোচ্চ ১৯° চেলচিয়াছ)। দক্ষিণে থকা হিমালয় পৰ্বতলানিয়ে উপত্যকাটো দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ পূৰ্ণ প্ৰভাৱৰ পৰা বচাই ৰাখে। গ্ৰীষ্মকালীন মৌচুমীৰ শেষৰ ফালে ইয়াত প্ৰায়ে ঘন কুঁৱলী আৰু বৰষুণ পৰা দেখা যায়। অৱবাহিকা আৰু উপত্যকা দুয়োটাই অক্টোবৰৰ শেষভাগৰ পৰা মাৰ্চৰ শেষলৈকে ৬-৭ মাহ তুষাৰাবৃত হৈ থাকে। উপত্যকাটোৰ উত্তৰ অংশতকৈ দক্ষিণ অংশত হিমপাতৰ প্ৰকোপ বেছি দেখা যায়। পথ উদ্যানখনলৈ যাবলৈ হ'লে ১৭ কিঃমিঃ কেঁচা ৰাস্তাৰে বাট বুলিব লাগে। নিকটৱৰ্তী প্ৰধান চহৰ হৈছে গড়ৱালৰ যোশীমঠ যাৰ পৰা হৰিদ্বাৰ আৰু ডেৰাডুনলৈ ২৭০ কিঃমিঃ জোৰা সুবিধাজনক পথ আছে। দিল্লীৰ পৰা ৰেলেৰে হৰিদ্বাৰলৈ আহি বাছেৰে হৃষীকেশেদি গোবিন্দঘাটলৈ যাব পাৰি। আন এক গুৰুত্বপূৰ্ণ স্থান বদ্ৰীনাথৰ পৰা গোবিন্দঘাটলৈ ১৬ কিঃমিঃ। দিল্লীৰ পৰা গোবিন্দঘাটলৈ গাড়ীৰেও যাব পাৰি (৫০০ কিঃমিঃ)। গোবিন্দঘাট যোশীমঠৰ ওচৰৰ এখন সৰু ঠাই য'ৰপৰা কেঁচা পথছোৱা আৰম্ভ হয়। এই ঠাইৰপৰা পথছোৱা ১৪ কিঃমিঃ গৈ উপত্যকাটোৰ পৰা ২ কিঃমিঃ আঁতৰৰ ঘাঙ্গৰিয়াত লাগেগৈ। হেমকুণ্ডত অৱস্থিত শিখ মন্দিৰলৈ যোৱাৰ পথো এইটোৱেই। পুষ্পৱতী নদীৰ কাষৰ শিলনি এখনৰ পৰাই উপত্যকাটো আৰম্ভ হয়। বনানি উপত্যকাটো তিনিটা প্ৰধান বনানি মণ্ডলত বিভক্ত ৩,২০০মিঃৰ পৰা ৩,৫০০মিঃ উচ্চতাৰ ভিতৰত উপ-পাৰ্বত্য ৩,৫০০মিঃৰ পৰা ৩,৭০০মিঃৰ ভিতৰত নিম্ন পাৰ্বত্য আৰু ৩,৭০০মিঃতকৈ অধিক উচ্চতাৰ বৃক্ষসমূহ উচ্চ পাৰ্বত্য মণ্ডলৰ অন্তৰ্ভুক্ত। উপত্যকাটোৰ নিম্নাংশ, নদীৰ পাৰ, সৰু অৰণ্য, ঘাঁহনি, ক্ষয়িষ্ণু জুটুলা জোপোহাৰ গৰা, মালভূমি, পিটনি, শৈল মৰুভূমি আৰু গুহাসমূহ উপত্যকাটোৰ অন্তৰ্গত। সুৰক্ষিত এলেকাটোৰ নিম্ন পাহাৰীয়া অঞ্চলটো ঘন অৰণ্যৰে ভৰা। ১৯৯২ চনত অৰণ্য গৱেষণা প্ৰতিষ্ঠানে উপত্যকাটোত ৬০০ বিধ আৰু ৩০ বিধ পাইছিল আৰু ইয়াৰ ৫৮ বিধ নতুনকৈ আৱিষ্কৃত হোৱাৰ লগতে ৪ বিধ উত্তৰ প্ৰদেশৰ হিমালয় অঞ্চলৰ ভিতৰতে নতুন আছিল। ইয়াৰে ৬ বিধৰ ভিতৰত ৫ বিধ উদ্ভিদ: (ভাৰতীয় মে'পল), (হিমালয়ান নীলা পপি) আৰু সমগ্ৰ বিশ্বতে বিপন্ন হোৱাৰ লগতে কাষৰীয়া নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যান বা উত্তৰাখণ্ডৰ আন কোনো ঠাইতে পোৱা নাযায়। ১৯৯৮ চনত চন্দ্ৰ প্ৰকাশ কালাই উদ্যানখনত ৩১ বিধ বিৰল তথা বিপন্ন প্ৰজাতি উদ্ধাৰ কৰে। পিছত তেওঁৰ অধ্যয়নত পোৱা হয় যে উপত্যকাটোৰ ফুলসমূহ ৬২ প্ৰজাতিৰে মূলতঃ পৰিয়ালৰ অন্তৰ্গত। স্থানীয় গাওঁবাসীয়ে ৪৫ বিধ ঔষধি উদ্ভিদ আৰু নন্দা দেৱী আৰু সুনন্দা দেৱীৰ পূজাৰ অৰ্থে ব্ৰহ্মকমল আদি ফুল সংগ্ৰহ কৰে। এই অঞ্চলটো এক উদ্ভিদ বৈচিত্ৰ্য কেন্দ্ৰৰূপে প্ৰতিষ্ঠাপন কৰা হৈছে। উপ-পাৰ্বত্য মণ্ডলৰ বৈশিষ্ট্য হৈছে উচ্চ অঞ্চলৰ অৰণ্যসমূহ যি বাতাৱৰণ সেমেকা কৰি ৰখা আৰু তুষাৰৰ সহায়ক হয় আৰু এনেদৰেই ঠাইডোখৰ বহুসংখ্যক উদ্ভিদ আৰু প্ৰাণীৰ বাবে সুবিধাজনক কৰি ৰাখে। হিমালয়ান মে'পল এচাৰ কেচিয়াম পশ্চিম হিমালয়ান দেৱদাৰু এবিছ পাইনড্ৰো হিমালয়ান শুকুলা ভূৰ্জপত্ৰ বেটুলা ইউটিলিছ আৰু ৰড'ডেনড্ৰন কেম্পেনুলাটামৰ লগতে ইয়াত হিমালয়ান চিৰসেউজ বৃক্ষ টেক্সাছ ৱেলিচিয়ানা ছিৰিংগা এম'ডি আৰু চ'ৰবাছ লেনেটাৰ প্ৰভাৱ অধিক। সাধাৰণতে পোৱা আন উদ্ভিদৰ ভিতৰত এৰিছেমা জেকুৱেমণ্টি, বচনিয়েকিয়া হিমালয়কা, কৰিডেলিছ কেচমেৰিয়ানা, প'লমনিয়াম চেৰুলিয়াম, পলিগৰিয়াম পলিষ্টেচিয়াম, ইম্পেচিয়েনছ চালকেটা, জেনেৰিয়াম ৱেলিচিয়েনাম, গেলিয়াম এপেৰাইন, মৰিনা লঙিফলিয়া, ইনুলা গ্ৰেণ্ডিফ্ল'ৰা, ন'ম'কৰিছ অক্সিপেটালা, এনিমন ৰিভালেৰিছ, পেডিকুলাৰিছ পেক্টিনেটা, পি. বাইকৰ্ণিউটা, প্ৰাইমুলা ডেণ্টিকুলেট আৰু ট্ৰিলিডিয়াম গভেনিয়েনাম। প্ৰাণী উপত্যকাটোত বন্যপ্ৰাণীৰ ঘনত্ব বৰ বেছি নহয় কিন্তু ইয়াত পোৱা আটাইবোৰ জন্তুৱেও সমগ্ৰ দেশতে বিৰল অথবা বিপন্ন। চন্দ্ৰ প্ৰকাশ কালাই উদ্যানখনৰ সৰ্বমুঠ ১৩ বিধ স্তন্যপায়ী জন্তু লিপিৱদ্ধ কৰিছিল আৰু ইয়াৰে ৯ বিধ পোনপটীয়াকৈ দৈখা পাইছিল। এইসমূহ হৈছে উত্তৰৰ সমতলৰ মুগাবৰণীয়া লেংগুৰ, উৰণীয়া কেৰ্কেটুৱা, হিমালয়ান ক'লা ভালুক, ৰঙা শিয়াল, হিমালয়ান নেউল আৰু হিমালয়ান হালধীয়া ডিঙিৰ নেউল, নেমৰডাচ গ'ৰেল, হিমালয়ান মুখা পিন্ধা হৰিণ, মচিঅ'লা ইণ্ডিকা, হেমিট্ৰেগাছ জেমলাহিকাছ আৰু কেপ্ৰিকৰ্ণিছ ছুমাট্ৰায়েনচিছ। উদ্ভিদ ১৯৮৭ আৰু ১৯৯২ চনত ক্ৰমে ভাৰতীয় উদ্ভিদ জৰীপ আৰু অৰণ্য গৱেষণা প্ৰতিষ্ঠানে বনানিৰ এক জৰীপ চলায়। ১৯৯৭ চনত ভাৰতীয় বন্যজীৱ প্ৰতিষ্ঠানে আন এক জৰীপ চলায় আৰু তিনিটা নতুন উদ্ভিদ প্ৰজাতি আৱিষ্কাৰ কৰে। অৰ্কিড, পপি, প্ৰাইমুলা, নাৰ্জী, ডেইজী আৰু এনিমন ফুলসমূহে ভূ-পৃষ্ঠ আবৃত কৰি ৰাখে। ভূৰ্জপত্ৰ আৰু ৰ'ড'ডেনড্ৰনৰ উপ-পাৰ্বত্য অৰণ্যই উদ্যানখন আৱৰি আছে। অধ্যাপক চন্দ্ৰ প্ৰকাশ কালাৰ দশকজোৰা অধ্যয়নে কয় যে পুষ্প উপত্যকাত ৫২০টা প্ৰজাতিৰ উদ্ভিদ আছে যাৰে ভিতৰত ৪৯৮টাই ফুলৰ প্ৰজাতি। উদ্যানখনত বহু প্ৰকাৰৰ ঔষধি উদ্ভিদো পোৱা যায়। আলোকচিত্ৰ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ আনুষ্ঠানিক ইউনেস্ক' অন্তৰ্ভুক্তি জাতিসংঘৰ পৰিৱেশ সম্পৰ্কীয় অনুষ্ঠান ধৰিত্ৰীৰ বিশ্বকোষ ভাৰতৰ পৰ্যটনস্থলী ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান উত্তৰাখণ্ড ভাৰতৰ ৰাষ্ট্ৰীয়
52227
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%87%E0%A6%98%E0%A6%A8%E0%A6%BE%E0%A6%A6%20%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BE
মেঘনাদ সাহা
মেঘনাদ সাহা (৬ অক্টোবৰ ১৮৯৩–১৬ ফেব্ৰুৱাৰি ১৯৫৬) এজন ভাৰতীয় জ্যোতিপদাৰ্থবিজ্ঞানী। মেঘনাদ সাহাৰ জীৱনৰ অনন্য কৃতি হৈছে সাহা আয়নীকৰণ সমীকৰণ যিটো সূত্ৰৰ দ্বাৰা নক্ষত্ৰৰ ৰাসায়নিক আৰু ভৌতিক অৱস্থা ব্যাখ্যা কৰিব পাৰি। এইটো সূত্ৰৰ জ্যোতিপদাৰ্থবিজ্ঞানত উল্লেখনীয় গুৰুত্ব আছে। তাপগতিবিজ্ঞান আৰু পৰমাণুতত্ত্বৰ সহায় লৈ তেওঁ সূৰ্য আৰু অন্যান্য জ্যোতিষ্কবিলাকৰ উষ্ণতা, আয়নীকৰণ আদিৰ সম্পৰ্ক গাণিতিকভাৱে উপস্থাপন কৰিছিল। নক্ষত্ৰৰ বৰ্ণালী আৰু উষ্ণতাৰ মাজত সম্পৰ্ক স্থাপন কৰা মেঘনাদ সাহাই হৈছে প্ৰথমজন বিজ্ঞানী। ৰাজনৈতিকভাৱে সক্ৰিয় মেঘনাদ সাহাক ১৯৫২ চনত ভাৰতীয় সংসদলৈ নিৰ্বাচিত কৰা হয়। শৈশৱ আৰু শিক্ষা বৰ্তমানৰ বাংলাদেশৰ ঢাকাস্থিত সাউৰাতলি নামৰ এখন গাঁৱত মেঘনাদ সাহাৰ জন্ম হৈছিল। দেউতাকৰ নাম আছিল জগন্নাথ সাহা আৰু মাতৃ আছিল ভুৱনেশ্বৰী দেৱী। মেঘনাদ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হোৱা হেতুকে জীৱনত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক ঢাকা কলেজিয়েট স্কুলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। তেওঁৰ দেউতাকৰ আৰ্থিক অৱস্থা একেবাৰেই শোচনীয় আছিল। দেউতাকৰ দোকানত সা-সামগ্ৰী বিক্ৰী কৰিয়েই তেওঁ প্ৰাথমিক পৰীক্ষা পাছ কৰিছিল আৰু সাতমাইল আঁতৰত থকা ইংৰাজী বিদ্যালয়ত নাম লগাইছিল। পঢ়া-শুনাত তেও বৰ চোকা আছিল। তেওঁৰ প্ৰতিভাত বিমুগ্ধ হৈ অনন্ত কুমাৰ দাস নামৰ স্কুলৰ ওচৰৰ এজন লোকে মেঘনাদক নিজৰ ঘৰতে খোৱা আৰু থকাৰ ব্যৱস্থা কৰি দিলে। তেওঁৰ ঘৰত থাকিয়েই মেঘনাদে ১৯০৫ চনত ঢাকা অঞ্চলৰ পৰা প্ৰথম হৈ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এটা বৃত্তিও লাভ কৰে। ১৯০৯ চনত তেওঁ ঢাকাৰে আন এখন স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা দিয়ে আৰু ঢাকা বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। তাৰপিছত তেওঁ ঢাকা কলেজৰ বিজ্ঞান শাখাত নামভৰ্তি কৰে আৰু তাৰ দুবছৰৰ পিছত তৃতীয় স্থান লাভ কৰি ইণ্টাৰমিডিয়েট পৰীক্ষা পাছ কৰে। তাৰ পিছত তেওঁ বি.এছ.চি পঢ়িবলৈ কলিকতাৰ প্ৰেচিডেঞ্চি কলেজলৈ আহে। কলিকতাৰ শিক্ষা-জীৱন কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত বি.এছ.চি আৰু এম.এছ.চি পঢ়োঁতে তেওঁ লগ পাইছিল বংগদেশৰ আন এজন খ্যাতনামা পদাৰ্থবিদ সত্যেন্দ্ৰনাথ বসুক। দুয়োয়ে গণিতত অনাৰ্ছ লৈছিল আৰু একেলগে ফলিত গণিত অধ্যয়ন কৰিছিল। মেঘনাদে দুয়োটা পৰীক্ষাতে প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান পাইছিল। অৱশ্যে সকলো সময়তে কেৱল পঢ়াৰ মাজতে আৱদ্ধ হৈ নাথাকি মেঘনাদে সামাজিক কৰ্মবোৰতো আগভাগ লৈছিল। সেই সময়ত ভাৰতত দেখা দিয়া স্বদেশী আন্দোলনতো মেঘনাদ জড়িত হৈ পৰিছিল। বংগদেশৰ অন্যতম বিপ্লৱী বাঘা যতীন তেওঁৰ অন্তৰংগ বন্ধু আছিল। কলিকতাত তেওঁ প্ৰসিদ্ধ বিজ্ঞানী জগদীশ চন্দ্ৰ বসু আৰু প্ৰফুল্ল চন্দ্ৰ ৰায়কো লগ পায়। তেওঁলোক আছিল মেঘনাদৰ শিক্ষক। সেই সময়ত কলিকতা বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ আছিল ছাৰ আশুতোষ মুখাৰ্জী। তেঁৱেই মেঘনাদক ১৯১৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ সদ্যপ্ৰতিষ্ঠিত 'ইউনিভাৰ্ছিটি কলেজ অৱ চায়েন্স'ত পদাৰ্থবিজ্ঞানৰ অধ্যাপক হিচাপে নিয়োগ কৰে। কৰ্মজীৱন সাহাৰ প্ৰথমটো বৈজ্ঞানিক প্ৰবন্ধ ১৯১৭ চনত প্ৰকাশ পায়, ব্ৰিটেইনৰ বিখ্যাত 'ফিল'ছফিকেল মেগাজিন'ত। ১৯১৮ চনত বিদ্যুৎ চুম্বকীয় তত্ত্বৰ বিষয়ে কৰা কেতবোৰ কামৰ বাবে তেওঁক স্বীকৃতি দি কলিকতা বিশ্ববিদ্যালয়ে ডি.এছ.চি. উপাধি প্ৰদান কৰে। ১৯১৯ চনত 'হাৰ্ভাৰ্ড ক্লাছিফিকেশ্যন অব্ ষ্টেলাৰ স্পেট্ৰা' নামৰ এখন গৱেষণা গ্ৰন্থৰ বাবে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেমচান্দ-ৰায়চা্ন্দ বৃত্তি লাভ কৰে। কিন্তু তেওঁক বিশ্বৰ বিজ্ঞান সমাজত অধিক জনপ্ৰিয় কৰি তোলে ১৯২০ চনত ফিল'ছফিকেল মেগাজিন'ত প্ৰকাশিত অইন এটা নিবন্ধইহে। তেওঁৰ তেতিয়া বয়স মাথোন সাতাইছ বছৰ। তেওঁৰ সেই আৱিষ্কাৰটো আছিল তাপীয় আয়নীকৰণ তত্ত্ব অৰ্থাৎ এই তত্ত্বক আধাৰ হিচাপে লৈয়েই তেওঁ সাহা আয়নীকৰণ সূত্ৰৰ ভেটি নিৰ্মাণ কৰিছিল। সাহাৰ এই সূত্ৰটোৰ সহায়ত নক্ষত্ৰ-সৃষ্টিৰ নানানটা উপাদানৰ আয়নীকৰণ অৱস্থাৰ বতৰা লোৱাটো সম্ভৱপৰ হৈছিল। মেঘনাদ সাহাৰ এই কামটো পৰৱৰ্তী পৰ্যায়ত ৰাল্ফ এইচ্ছ. ফাউলাৰ আৰু এডৱাৰ্ড আৰ্থাৰ মিলেনেই পৰিৱৰ্ধন কৰিছিল। সত্যেন্দ্ৰনাথ বসুৰ লগ লাগি তেওঁ তাপবিজ্ঞান সম্পৰ্কে এটি মূল্যৱান নিবন্ধ লিখি উলিয়াইছিল। সেই সূত্ৰটো গেছীয় পদাৰ্থৰ অৱস্থা সম্পৰ্কে আছিল-যাক সাহা-বোস অৱস্থা বুলি জনা যায়। ইয়াৰ উপৰিও তেওঁলোকে দুয়ো মিলি আইনষ্টাইনৰ আপেক্ষিকতাবাদ সম্পৰ্কীয় একাধিক মৌলিক নিবন্ধ জাৰ্মানীৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছিল। সৌৰ ৰশ্মিৰ ওজন আৰু চাপ জুখিবৰ বাবে সাহাই এক বিশেষ ধৰণৰ আহিলা উদ্ভাৱন কৰি উলিয়াইছিল। যন্ত্ৰটোৰ নাম আছিল চাইক্ক'ট্ৰন। কেইবাখনো বিজ্ঞান অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়াৰ আঁৰতো মেঘনাদ সাহাৰ অনবদ্য ভূমিকা আছে। তাৰ ভিতৰত অন্যতম হৈছে এলাহাবাদ বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগ আৰু কলিকতাৰ নিউক্লিয়াৰ পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান। বিজ্ঞান আৰু নামৰ পত্ৰিকাখন তেওঁৱেই পোনপ্ৰথমে প্ৰকাশ কৰিছিল। মৃত্যুৰ সময়লৈকে তেওঁ সেই পত্ৰিকাখনৰ সম্পাদক আছিল। সেইসময়ৰ কেইবাখনো বিজ্ঞান-মঞ্চ, সভা প্ৰতিষ্ঠা কৰাৰ মূল প্ৰেৰণা আছিল মেঘনাদ সাহা। তাৰ ভিতৰত ১৯৩০ চনত স্থাপিত হোৱা ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ১৯৩৪ চনত স্থাপিত হোৱা ভাৰতীয় পদাৰ্থবিজ্ঞান সমাজ আৰু ১৯৩৫ চনত স্থাপিত হোৱা ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান অন্যতম। বিজ্ঞান-চৰ্চাৰ অৰ্থে ভাৰতীয় সংঘনামৰ বহুজনসমাদৃত মঞ্চখনত তেওঁ সঞ্চালকৰ (১৯৫৩-১৯৫৬) পদত অধিষ্ঠিত হৈছিল। ১৯৪৩ চনত কলিকতাত স্থাপিত হোৱা সাহা নিউক্লিয়াৰ পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান এইজনা বিজ্ঞানীৰেই দীৰ্ঘস্থায়ী কীৰ্তিস্তম্ভ। উল্লেখযোগ্য সন্মান আৰু স্বীকৃতি ১৯৩০,'৩৭, '৩৯.'৪০,'৫১,'৫৫ চনত পদাৰ্থ বিজ্ঞানত ন'বেল বঁটাৰ বাবে একাধিকবাৰ নাম প্ৰস্তাৱ। কিন্তু ন'বেল সমিতিয়ে সেই প্ৰস্তাৱক 'প্ৰায়োগিক দিশ আছে,কিন্তু এইয়া উদ্ভাৱন নহয়' বুলি কৈ প্ৰত্যেকবাৰেই প্ৰত্যাখ্যান কৰে। ১৯২৭ চনত ৰয়েল ছ'ছাইটিৰ সভ্য। ১৯২১ চনত কলিকতা বিশ্ববিদ্যালয়ত 'খাইৰা প্ৰফেচাৰ' পদ। ১৯৫২ চনত লোকসভাৰ সাংসদ নিৰ্বাচিত। আমেৰিকা আৰু ফ্ৰান্সৰ 'জ্যোতিৰ্বিজ্ঞান সন্থা'ৰ সদস্য। 'আমেৰিকান একাডেমী অব্ ছায়েন্স'ৰ আজীৱন সদস্য। ১৯০৩ চনত 'এছিয়াটিক ছ'চাইটি'ৰ সভ্য। দুবছৰ সভাপতি। ১৯৩৮ চনত 'ভাৰতীয় বিজ্ঞান কংগ্ৰেছ'ৰ সন্মানীত সভ্য। ১৯২৬ চনত 'ভাৰতীয় বিজ্ঞান কংগ্ৰেছ'ৰ পদাৰ্থ বিজ্ঞান আৰ গণিত শাখাৰ সভাপতিত্ব। ১৯৩৪ চনত 'ভাৰতীয় বিজ্ঞান কংগ্ৰেছ'ৰ মূল সভাৰ সভাপতিত্ব। ধৰ্মীয় বিচাৰধাৰা মেঘনাদ সাহাই ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰা নাছিল। তেওঁ এজন নাস্তিক আছিল। মৃত্যু এইজনা স্মৰণীয় বিজ্ঞান-মনিষীৰ ১৯৫৬ চনৰ ১৬ ফেব্ৰুৱাৰিত নতুন দিল্লীত পৰলোকপ্ৰাপ্তি ঘটে। দিল্লীৰ পৰিকল্পনা আয়োগৰ কাৰ্যালয়লৈ গৈ থকা সময়ত তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে আৰু তেওঁ মৃত্যুক সাবটি লয়। মৃত্যুৰ সময়ত মেঘনাদ সাহাৰ বয়স আছিল ৬৩ বছৰ। তাৰ পিছদিনা কলিকতাৰ কেউৰাতলা শ্মশানস্থলীত তেখেতৰ দেহ সৎকাৰ কৰা হয়। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ পদাৰ্থ বিজ্ঞানী ভাৰতৰ ব্যক্তি ভাৰতীয়
27213
https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%BE%E0%A6%AA
সাপ
সাপ বা সৰ্প উপাংগবিহীন এক প্ৰকাৰ সৰীসৃপ। পৰম্পৰা আৰু অবৈজ্ঞানীকগতভাৱে সাপ বুলিলে জেঠীজাত জীৱকো বুজায়, যেনে গুইসাপ, কেকোসাপ আদি, মানে সকলো ইস্কুৱামাটাকে বুজায়। বৈজ্ঞানিক শ্ৰেণীবিন্যাস অনুযায়ী, প্ৰাণী জগতৰ, কৰ্ডাটা পৰ্বৰ, মেৰুদণ্ডী উপপৰ্বৰ,সৰোপ্সিডা শ্ৰেণীৰ, স্কোয়ামাণ্টা বৰ্গৰ, উপবৰ্গৰ সদস্যমূহক সাপ বুলি অভিহিত কৰা হৈছে। সাপ এবিধ শীতলৰক্তী প্ৰাণী। ইয়াৰ জীৱন প্ৰক্ৰিয়া পাৰিপাৰ্শিক বায়ুমণ্ডলীয় উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল। পৃথিৱীত বিষধৰ আৰু বিষহীন দুয়ো প্ৰকাৰৰ সাপেই দেখিবলৈ পোৱা যায়। কিছুমান বিষধৰ সাপৰ বিষ অতি মাৰাত্মক। এনে সৰ্পদংশনত তাৎক্ষণিক চিকিৎসা নল'লে মানুহৰ বা আন জীৱ জন্তুৰ মৃত্যু নিশ্চিত। জৈৱিক বিবৰ্তন সাপৰ জীবাশ্ম পোৱাটো খুব দুৰূহ, কাৰণ সাপৰ কঙ্কাল সৰু আৰু ক্ষণভঙ্গোৰ, যাৰ ফলত জীবাশ্মীকৰণ তেনেকৈ নহয়। তথাপি দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাত পোৱা ১৫ কোটি বছৰৰ পুৰণা নমুনাৰ পৰা অনুমান কৰা হৈছে যে জেঠি সদৃশ সৰীসৃপৰ পৰাই বিৱৰ্তন হৈ সাপৰ সৃষ্টি হৈছে। তুলনামূলক শৰীৰস্থানবিদ্যাৰ ওপৰত ভিত্তি কৰিও এই ঐকমত আগবঢ়োৱা হৈছে। বিতৰণ এণ্টাৰ্কটিকা ক বাদ দি পৃথিৱীৰ সকলো মহাদেশত সাপৰ উপস্থিতি দেখা যায়। সাগৰৰ পানীত থকা সাপৰপৰা আৰম্ভ কৰি পৰ্বতৰ উচ্চতাটো (১৬,০০০ ফুট /৪,৯০০ মিটাৰ) সাপৰ বিস্তৃতি দেখা যায়। তথাপি কিছুমান দ্বীপ-মহাদ্বীপত সাপৰ উপস্থিতি শূন্য বুলিব পাৰি। যেনে-আয়াৰলেণ্ড, নিউজিলেণ্ড, আইজলেণ্ড আদি। নিউজিলেণ্ডত কেতিয়াবা আৰু জলজ সাপৰ উপস্থিতি দেখা যায়।. সাপৰ বিষ বিষৰ বাবেই সাপ বিখ্যাত যদিও বেচিভাগ সাপেই বিষহীন। মূলতঃ আত্মৰক্ষা আৰু চিকাৰৰ উদ্দেশ্যে সাপে বিষ ব্যৱহাৰ কৰে। কিছুমান বিষধৰ সাপৰ বিষ অতি মাৰাত্মক। এনে সৰ্পদংশন মানুহৰ বা আন জীৱ জন্তুৰ বাবে মৃত্যুঘাতী হ'ব পাৰে। সাধাৰণতে লেলাউটি নিঃসৰণ কৰা বিকশিত পেৰ'টিড গ্লেণ্ডত সাপৰ বিষ প্ৰস্তুত হয়। চকুৰ পিছফালে থকা এল্ভিঅ'লাইত ই সঞ্চিত হৈ থাকে আৰু ফোঁপোলা চুঙাকৃতিৰ বিষদাঁতলৈ ঐচ্চিকভাৱে নিঃসৰিত হয়। এশৰ পৰা এহেজাৰ পৰ্যন্ত বিভিন্ন প্ৰ'টিন আৰু এঞ্জাইমেৰে এই বিষ গঠিত হয়। সেইবোৰৰ কামো ভিন ভিন যেনে- চিকাৰৰ হৃদতন্ত্ৰৰ কামত আউল লগোৱা বা বিষ সোনকালে প্ৰবেশ কৰিবলৈ কলাৰ শোহন ক্ষমতা বৃদ্ধি কৰা আদি। বেলেগ বেলেগ পৰিয়ালৰ আৰু বেলেগ বেলেগ প্ৰজাতিৰ সাপৰ বিষৰ শক্তি ভিন্ন। জীৱবিজ্ঞানীসকলৰ মতে মিন'চিন কালৰ সময়তে সাপৰ বিষ তৈয়াৰ কৰিব পৰা ক্ষমতাৰ উদ্ভৱ হয়। প্ৰকাৰ বৰ্তমানৰ সমীক্ষাত এই পৰ্যন্ত সাপৰ সৰ্বমুঠ ১৫টা পৰিয়াল, ৪৫৬টা গণ, আৰু ২,৯০০টাতকৈ বেচি প্ৰজাতি আছে। সাপৰ আকাৰ খুব সৰুৰপৰা- ১০ চে.মি.ৰপৰা আৰম্ভ কৰি সৰ্বোচ্চ ২৫ ফুট বা ৭.৬ মিটাৰ (যেনে-অজগৰ অ্যানাকোণ্ডা) পৰ্যন্ত হব পাৰে। সম্প্ৰতি আবিষ্কৃত টাইটানব’ৱা সাপৰ জীবাশ্ম প্ৰায় ১৩ মিটাৰ বা ৪৩ ফুট দীঘল। ই উত্তৰ পূব কলম্বিয়াৰ ক্ৰান্তীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰিছিল। সেই ঠাইত প্ৰাপ্ত কশেৰোকা )ৰপৰা ইয়াৰ দৈঘ্য ঠাৱৰ কৰা হৈছে। অসম তথা ভাৰতত দেখা কেইবিধমান সাপৰ তালিকা: দৈহিক বৈশিষ্ট্য আৰু আচৰণ সাপ এবিধ উপাংগবিহীন দীঘলদেহী প্ৰাণী। চালৰ সংকুচন আৰু সম্প্ৰসাৰণ, দেহৰ ভাজৰ প্ৰক্ষেপণৰ সহায়ত ইহঁতে গতি কৰে। সাপৰ কেৱল মেৰুদণ্ডহে আছে। ইহঁতৰ বুকুৰ কামিহাড় নাই। ৰঙা,বগা,কলা, হালধীয়া, সেউজীয়া আদি ভিভিন্ন ৰঙৰ সাপ দেখা যায়। সাপ এবিধ শীতলৰক্তী প্ৰাণী। পৰিবেশৰ উষ্ণতাৰ তাৰতম্যৰ লগে লগে ইহঁতৰ দেহৰ উষ্ণতাৰ পৰিবৰ্তন হয়। পূৰ্ণগ্ৰীষ্মকালত বা পূৰ্ণ শীতকালত ইহতে দেহৰ উষ্ণতাৰ ভাৰসাম্য ৰক্ষাৰ বাবে গাত, শিলৰ ফাঁক, গুহা আদিত নিস্কৃয় হৈ লুকাই থাকে। ইয়াক গ্ৰীষ্মনিদ্ৰা আৰু শীতনিদ্ৰা বোলা হয়। সাপে গাৰ ছালখন বছৰি ১/২ বাৰ সলনি কৰে। ইয়াক মোট সলোৱা বোলা হয়। পোৱালি সাপে গাৰ বাঢ়ন প্ৰক্ৰিয়াৰ বাবে বছৰত কেইবাবাৰো মোট সলায়। মোট সলোৱাৰ আগে আগে সাপে কেইদিনমানৰ বাবে আহাৰ খাবলৈ এৰি আত্মগোপন কৰে। লাহে লাহে ওপৰৰ চালখন শুকাই নীৰস হৈ আহে আৰু ভিতৰৰ নতুন চালখনৰ ওপৰত এটা পিচল অৱস্থাৰ সৃষ্টি হয় আৰু পুৰণা চালখন সহজে এৰাই যায়। ই প্ৰথমে খহটা শিল বা কাঠৰ টুকুৰাৰ ওপৰত ঘহাঁই মূৰৰফালৰ চালৰ অংশটো এৰোৱাই তাৰ পাছত গোটেই চালখন নেগুৰডালৰফালে সহজে এৰায় যায়। সাপৰ দৃষ্টিশক্তি প্ৰখৰ নহয়। ই ঘ্ৰাণশক্তি বা দেশত অনুভৱ হোৱা কম্পনশক্তিৰ সহায়ত খাদ্যৰ সন্ধান কৰে। প্ৰজনন প্ৰজননত আগ্ৰহী স্ত্ৰী সাপে পূৰ্ণবয়স্ক পুং সাপক আকৰ্ষিত কৰিবৰ বাবে শৰীৰৰপৰা এক যৌন উত্তেজক ৰস নিসৰণ কৰে। ইয়াৰ আধৰতে পুং সাপটোৱে যৌন মিলনৰ বাবে স্ত্ৰী সংগী বিচাৰি লয়। সাপৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি সাপে ৬ পৰা ১০০টাৰ ভিতৰত কণী পাৰিব পাৰে। গছৰ ধোন্দ, শিলৰ ফাক, গাত, আদিত সাধাৰণতে সাপে কণী পাৰে। কণীৰ খোলাটো অলপ লেকেটা )ধৰণৰ। কণী পৰাৰ পাছত প্ৰায়বিলাক সাপেই কণীখিনিৰ লগত সম্পৰ্ক নাৰাখে। প্ৰকৃতিত প্ৰাকৃতিকভাৱে কণীৰ ভিতৰত পোৱালি ডাঙৰ হৈ জন্ম হয়। প্ৰজাতি ভেদে কণীৰপৰা পোৱালি ওলোৱাৰ সময় বেলেগ বেলেগ যদিও গড় হিচাবে ৬০ দিনমান সময় লাগে। কণীৰ চোকোৰাটো ফালিবৰ বাবে ইহঁতৰ এক বিশেষ জন্ম থাকে। জন্মৰ পাছতে এই দাঁত সৰি পৰে। জন্মৰ পাছতে পোৱালি সাপে নিজৰ যত্ন লব পৰাকৈ কাৰ্যক্ষম হৈ উঠে। বেচিভাগ সাপৰ প্ৰজাতিয়েই কণী পাৰে আৰু কণীপৰাই পোৱালি ওলায়। সাপে কণী উমনি নিদিয়ে যদিও কিছুমান সাপে (যেনে-অজগৰ) কণী পৰাৰ পাছত কণীৰ চাৰিওফালে পোৱালি নোলোৱালৈকে মেৰ পাতি থাকে। ৰাজফেঁটী )সাপে শুকান পাত আদিৰে কণী পাৰিবৰ বাবে বাহ সাজি লয় আৰু পোৱালি নোলোৱালৈকে স্ত্ৰী আৰু পুং দুয়োটা সাপেই ৰখীয়া হৈ থাকে। আন কিছুমান সাপে পোৱালি উলোৱা সময়লৈকে দেহৰ ভিতৰতে কণীসমূহ উম দি ৰাখি পোৱালি দিয়া দেখা যায়। যেনে- আৰু আদি। খাদ্য সাপ এবিধ প্ৰাণী। সাপে বিভিন্ন ধৰণৰ সৰু-বৰ প্ৰাণী ধৰি খায়। ভেকুলী,মাছ, নিগনী, কীট-পতংগ, চৰাই, চৰাইৰ কণী, সাপ আদিয়েই প্ৰধান। সাপে ইয়াৰ দাঁত চিকাৰ ধৰিবৰ বাবেহে ব্যৱহাৰ কৰে। ই ইয়াৰ আহাৰ পোনে পোনে গোটাকৈয়ে গিলি থয়। সাপৰ মুখ আৰু শৰীৰৰ পেশীবোৰ ইলাচষ্টিকৰ দৰে বহল কৰিব পাৰি বাবে ই মূৰ বা শৰীৰতকৈ ডাঙৰ আকাৰৰ আহাৰ গিলিব পাৰে। সেয়ে ই এবাৰ আহাৰ খোৱাৰ পাছত বহু সময়লৈকে আহাৰৰপ্ৰয়োজনীয়তা অনুভৱ নকৰে বা নোখোৱাকৈ থাকিব পাৰে। কিছুমান সাপে চিকাৰ খোৱাৰ আগেয়ে দাঁতেৰে আঘাত কৰি নতুবা মেৰিয়াই হেঁচা মাৰি, মাৰি লয় আৰু কিছুমান সাপে জীয়াই জীয়াই গিলি থয়। আহাৰ গিলাৰ পাছত পাচন ক্ৰিয়াৰ বাবে ই নিচল হৈ জিৰণি লয়। সাপ এবিধ শীতলৰক্তী প্ৰাণী হোৱা বাবে পাচন ক্ৰিয়া পাৰিপাৰ্শীয় উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। পাচন ক্ৰিয়াৰ বাবে প্ৰয়োজনীয় উষ্ণতা হ'ল 30 (86 মানুহৰ সৈতে সাপৰ সম্পৰ্ক সৰ্পদংশন পৃথিৱীত সাপৰ প্ৰায় ৩০০০ প্ৰজাতি পোৱা যায় যাৰ প্ৰায় ১৫% মানুহৰ বাবে বিপজ্জনক। চিকাৰৰ গাত বিষদাঁতেৰে দংশন নতুবা শৰীৰেৰে মেৰিয়াই ধৰি চিকাৰৰ মৃত্যু ঘটায়। সাধাৰণতে আত্মৰক্ষা আৰু চিকাৰৰ উদ্দেশ্যে সাপে বিষ ব্যৱহাৰ কৰে। সৰ্পদংশনৰ ফলাফল বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে- সাপৰ প্ৰজাতি, দংশন কৰা শৰীৰৰ স্থান, প্ৰবেশ কৰা বিষৰ পৰিমাণ, আৰু আক্ৰান্তৰ স্বাস্থ্য। সৰ্পদংশনৰ পিছত ব্যক্তিজন প্ৰায়েই আতঙ্কগ্ৰস্ততাত ভোগে। তদুপৰি অট'ন'মিক নাৰ্ভাছ চীষ্টেমৰ দ্বাৰা টেকীকাৰ্ডিয়া, বুকুৰ ধপধপনি আৰু বমিৰ ভাৱ হ'ব পাৰে। বিষ নথকা সাপে খোঁটাৰ ফলত দাঁতৰ আঘাতৰ পৰা বা বীজাণুৰ সংক্ৰমণৰ পৰা ক্ষতৰ সৃষ্টি হ'ব পাৰে। সৰ্পদংশনৰ পৰা হ'ব পৰা এনাফাইলেক্সিছৰ ফলত মানুহ মৃত্যুমুখত পৰিব পাৰে। জীৱিকা হিচাবে সাপ নচুওৱা পৃথিৱীৰ বহুতো ঠাইত, বিশেষকৈ ভাৰতত ৰাস্তাৰ দাঁতিত, মেলা আদিত কিছুমান লোকে বাহঁৰ টুকুৰিত কঢ়িয়াই ফুৰা সাপ বাঁহী জাতীয় বাদ্য বজাই নচুৱাই থকা দেখা যায়। সাপে কাণেৰে নুশুনে, মুখেৰে বজাই থাকোঁতে ইফাল সিফাল কৰি থকা বাঁহীটোৰ শব্দতৰংগৰ লয়লাসত সাপোৱেও তাৰ মূৰটো ইফাল সিফাল কৰি থাকে। এনেদৰে থকাত সাপটোৱে নাচি থকাৰ দৰে লাগে। কিন্তু ১৯৭২ চনৰ ৱাইল্ডলাইফ প্ৰটেকচন এক্ট মতে এনে কাৰ্যত নিষেধাজ্ঞা ধায্য কৰা হৈছে। খাদ্য হিচাবে ব্যৱহাৰ পশ্চিমীয়া আৰু এছিয়াৰ বহুতো দেশত সাপৰ মাংস বা সাপৰ তেজ খাদ্য হিচাবে ব্যৱহাৰ কৰা হয়। এছিয়াৰ চীন, টাইৱান, থাইলেণ্ড, ইণ্ডোনেচিয়া, ভিয়েটনাম, কম্বোডিয়া আদি দেশত সাপৰ তেজ সুৰা আদিৰ লগত মিহলি কৰি কৰি গ্ৰহণ কৰে। বিশেষকৈ ফেটী সাপৰ তেজে যৌন শক্তি প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। পোহনীয়া জীৱ হিচাবে ব্যৱহাৰ পৃথিৱীৰ বহুতো দেশত সাপ পোহনীয়া জন্তু হিচাবে ৰখাটো এক হবি হিচাবে পৰিগণিত হৈছে। বিশেষকৈ আৰু সাপৰ এনে চাহিদা পূৰণৰ বাবে আদিৰো স্থাপন হৈছে। ধৰ্মীয় বিশ্বাস পৃথিৱীৰ বহুতো দেশত সাপ বা সাপৰ প্ৰতীকৰ পূজা অৰ্চনা কৰা হয়। ভাৰত,গ্ৰীচ, আফ্ৰিকা, ইউৰোপ আৰু আমেৰিকাৰ কোনো কোনো অঞ্চলত ইয়াৰ পূজা কৰা হয়। ভাৰতত প্ৰতি বছৰে নাগ পঞ্চমী উৎসৱ পালন কৰা হয়। বিভিন্ন ধৰ্মীয় পৌৰাণিক আখ্যানতো সাপৰ উল্লেখ দেখা যায়। পৰীক্ষাগাৰ আৰু চিকিৎসা বিজ্ঞানত ব্যৱহাৰ সাপৰ বিষৰ ওপৰত বিভিন্ন পৰীক্ষাগাৰত বিভিন্ন পৰীক্ষা চলি আহিছে। ইয়াৰ প্ৰতিবিষ সাপে খোটা লোকৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ইয়াৰ বিষ কৰ্কট ৰোগৰ চিকিৎসা আদিত ব্যৱহাৰ কৰা হয়। উপকাৰিতা সাপে শস্য অনিষ্টকাৰী পোক-পতংগ, নিগনী আদিৰ সংখ্যা কম কৰি মানুহৰ সহায় কৰে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ সাপৰ প্ৰজাতিৰ তালিকা বৈজ্ঞানিক
50811
https://as.wikipedia.org/wiki/%E0%A6%89%E0%A6%AE%E0%A6%BE%20%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80
উমা ভাৰতী
উমা ভাৰতী (জন্ম ৩ মে ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু বৰ্তমান নৰেন্দ্ৰ মোদীৰ কেবিনেটত পেয়জল আৰু স্বচ্ছতা মন্ত্ৰী। তেওঁ কম বয়সৰ পৰায়ে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত। তেওঁ ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈছিল। কিন্তু তেওঁ এই নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰিলে। তাৰপিছত তেওঁ খাজুৰাহু লোকসভা সমষ্টিৰ পৰা ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনৰ লোকসভালৈ একেৰাহে তিনিবাৰ নিৰ্বাচিত হয়। ১৯৯৯ চনত তেওঁ ভূপাল লোকসভা সমষ্টিৰপৰা লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় আৰু তৃতীয় মন্ত্ৰীসভাত ৰাজ্যিক আৰু কেবিনেট স্তৰৰ মানৱ সম্পদ উন্নয়ন, পৰ্যটন, যুৱ আৰু ক্ৰীড়া, কয়লা আৰু খনি মন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। ২০১৪ চনত তেওঁ নৰেন্দ্ৰ মোদীৰ কেবিনেটত জলসম্পদ, নদী উন্নয়ন আৰু গংগা সংৰক্ষণ মন্ত্ৰী পদ লাভ কৰে আৰু ২০১৭ চনলৈ তেওঁ এই পদত অধিষ্ঠিত আছিল। ভাৰতীয় জনতা পাৰ্টি আৰু বিশ্ব হিন্দু পৰিষদে ১৯৮০ আৰু ১৯৯০ৰ দশকত আৰম্ভ কৰা বিতৰ্কিত ৰামজনমভূমি আন্দোলনৰ তেওঁ নেত্ৰী আছিল। তেওঁ বাবৰী মছজিদ ধ্বংসৰ সময়ত সেই স্থানত উপস্থিত আছিল। ইয়াৰ বাবে তেওঁক লিবাৰহান কমিচনে তেওঁক দোষী সাব্যস্ত কৰিছিল। ২০০৩ চনৰ মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচনত তেওঁৰ ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত তেওঁ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। কিন্তু ২০০৪ চনত তেওঁৰ বিৰুদ্ধে ১৯৯৪ চনৰ হুবলি হিংসাত্মক ঘটনাৰ চমন জাৰী হোৱাত মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি লয়। তাৰপিছত বিজেপিৰ লগত মতানৈক্য হোৱাৰ বাবে তেওঁ নিজৰ ৰাজনৈতিক দল ভাৰতীয় জনশক্তি পাৰ্টি গঠন কৰিছিল। ইয়াৰ পিছত তেওঁ এবাৰ উত্তৰ প্ৰদেশৰ বিধানসভা আৰু লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁক প্ৰায়ে সন্মানীয় মহিলাক প্ৰদান কৰা সংস্কৃত শিৰোনাম "সাধৱী" বুলি সম্বোধন কৰা হয়। প্ৰাৰম্ভিক জীৱন ১৯৫৯ চনৰ ৩ মে তাৰিখে মধ্য প্ৰদেশৰ টিকমগড় জিলাৰ দুণ্ডাত উমা ভাৰতীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ খেতিয়ক আছিল। তেওঁ মাত্ৰ ষষ্ঠ শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ শিশু অৱস্থাৰ পৰায়ে ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতি আকৃষ্ট হৈছিল। তেওঁ শ্ৰীমদ্ভগৱতগীতাৰ প্ৰতি বেছি আকৰ্ষিত হৈছিল আৰু তেওঁক আধ্যাত্মিক শিশু হিচাপে গণ্য কৰা হৈছিল। তেওঁ পিছলৈ বিজয়ৰাজে সিন্ধীয়াৰ সংস্পৰ্শলৈ আহে আৰু তেওঁ উমাৰ ৰাজনৈতিক জীৱনৰ গুৰু হিচাপে প্ৰতিষ্ঠিত হয়। তেওঁ নিজকে যুৱকালত ধৰ্মীয় মিছনেৰী হিচাপে অভিহিত কৰিছিল। ৰাজনৈতিক জীৱন তেওঁ ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈছিল। কিন্তু তেওঁ এই নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰিলে। তাৰপিছত তেওঁ খাজুৰাহু লোকসভা সমষ্টিৰ পৰা ১৯৯১, ১৯৯৬ আৰু ১৯৯৮ চনৰ লোকসভালৈ একেৰাহে তিনিবাৰ নিৰ্বাচিত হয়। ১৯৯৯ চনত তেওঁ ভূপাল লোকসভা সমষ্টিৰপৰা লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় আৰু তৃতীয় মন্ত্ৰীসভাত ৰাজ্যিক আৰু কেবিনেট স্তৰৰ মানৱ সম্পদ উন্নয়ন, পৰ্যটন, যুৱ আৰু ক্ৰীড়া, কয়লা আৰু খনি মন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। ২০১৪ চনত তেওঁ নৰেন্দ্ৰ মোদীৰ কেবিনেটত জলসম্পদ, নদী উন্নয়ন আৰু গংগা সংৰক্ষণ মন্ত্ৰী পদ লাভ কৰে আৰু ২০১৭ চনলৈ তেওঁ এই পদত অধিষ্ঠিত আছিল। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ২০০৩ চনৰ মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰত্যৰ্পণ কৰিছিল। তেওঁৰ নেতৃত্বত বিজেপিয়ে মধ্য প্ৰদেশৰ ২৩০খন বিধানসভাৰ আসনৰ ভিতৰত ১৭৩খন আসনত জয় লাভ কৰে। তাৰপিছত তেওঁ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। কিন্তু ২০০৪ চনত তেওঁৰ বিৰুদ্ধে ১৯৯৪ চনৰ হুবলি হিংসাত্মক ঘটনাৰ চমন জাৰী হোৱাত মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি লয়। তাৰপিছত বিজেপিৰ লগত মতানৈক্য হোৱাৰ বাবে তেওঁ নিজৰ ৰাজনৈতিক দল ভাৰতীয় জনশক্তি পাৰ্টি গঠন কৰিছিল। ইয়াৰ পিছত তেওঁ এবাৰ উত্তৰ প্ৰদেশৰ বিধানসভা আৰু লোকসভালৈ নিৰ্বাচিত হৈছিল। বিতৰ্ক ভাৰতীয় জনতা পাৰ্টি আৰু বিশ্ব হিন্দু পৰিষদে ১৯৮০ আৰু ১৯৯০ৰ দশকত আৰম্ভ কৰা বিতৰ্কিত ৰামজনমভূমি আন্দোলনৰ তেওঁ নেত্ৰী আছিল। তেওঁ বাবৰী মছজিদ ধ্বংসৰ সময়ত সেই স্থানত উপস্থিত আছিল। ইয়াৰ বাবে তেওঁক লিবাৰহান কমিচনে তেওঁক দোষী সাব্যস্ত কৰিছিল। তথ্য উৎস বাহ্যিক সংযোগ টুইটাৰত উমা ভাৰতী বিবিচিৰ বাতৰি উমা ভাৰতীৰ বৰ্খাস্ত হোৱাৰ ওপৰত প্ৰবন্ধ ভাৰতৰ ব্যক্তি ভাৰতীয় ৰাজনীতিবিদ ভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী ভাৰত চৰকাৰৰ
36802
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%8B%E0%A7%B0%E0%A6%BE%E0%A7%B0%E0%A6%9C%E0%A7%80%20%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%BE%E0%A6%87%E0%A7%B0%20%E0%A6%AC%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%A8%20%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%98%E0%A6%9F%E0%A6%A8%E0%A6%BE
মোৰাৰজী দেশাইৰ বিমান দুৰ্ঘটনা
১৯৭৭ চনৰ ৪ নৱেম্বৰৰ সন্ধিয়া যোৰহাট নগৰৰ পৰা ১৪ কিঃমিঃ পশ্চিমে টেকেলা গাঁৱত ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক কঢ়িয়াই অনা 124 643 পুষ্পক বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। দেশাইৰ লগত আছিল পুত্ৰ কান্তিভাই দেশাই, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেম খাণ্ডু থুংগন আৰু ইণ্টেলিজেঞ্চ ব্যুৰোৰ সঞ্চালক জন ল’ব’। বিমানখনৰ যাত্ৰীসকলক শেষ মূহুৰ্তলৈকে বচোৱাৰ চেষ্টা কৰি পাঁচোজন বৈমানিকেই নিজৰ প্ৰাণ আহুতি দিছিল। টেকেলা গাঁৱৰ ধাননি পথাৰত বিমানখনৰ আগভাগৰ অংশটো দি দুৰ্ঘটনাটোত পতিত হৈছিল। ফলত ককপিটটো চুচূৰ্মৈ হৈ গৈছিল আৰু বিমানখনৰ পাছৰ অংশৰ ক্ষয়-ক্ষতি কমকৈ হৈছিল। এই বিমানখনৰ চালক কেইজন আছিল: উইং কমাণ্ডাৰ ক্লাৰেঞ্চ ডি লিমা উইং কমাণ্ডাৰ যোগিন্দৰ সিং স্কোৱাড্ৰন লীডাৰ মেথিউ চাইৰিয়াক স্কোৱাড্ৰন লীডাৰ ভি ভি এছ শংকৰ আৰু ফ্লাইট লেফটেনেণ্ট অ’ পি অৰোৰা বৈমানিক ভাৰতৰ ভি. আই. পি ফ্লাইটবোৰ পৰিচালনা কৰে বিমান বাহিনীৰ কমিউনিকেশ্যন স্কোৱাড্ৰনবোৰে। তাত কিছুমান অভিজ্ঞ ব্যক্তিক চালক হিচাপে নিযুক্তি দিয়া হয়। উইং কমাণ্ডাৰ মি. মলহোট্ৰাক প্ৰথমে পুষ্পকৰ বিশেষ ভ্ৰমণৰ দায়িত্ব দিয়া হৈছিল যদিও কিবা কাৰণত তেওঁ সেই দায়িত্ব উইং কমাণ্ডাৰ ডি. লিমা লৈ হস্তান্তৰ কৰিছিল। সেই সুদক্ষ চালকজনক আন চাৰিজন অভিজ্ঞ চালকে সহায় কৰিছিল। এই দুৰ্ঘটনাত আটাইকেইজন বৈমানিকৰ মৃত্যু হয়। দুৰ্ঘটনাৰ ৰিপ’ৰ্ট শুকুৰবাৰে মোৰাৰজী দেশাই উত্তৰ-পূৰ্বাঞ্চলৰ ছদিনীয়া ভ্ৰমণসূচী লৈ যোৰহাটলৈ আহিছিল। লগত আছিল অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পি কি থুংগন, ইণ্টেলিজেঞ্চ ব্যুৰোৰ সঞ্চালক জন ল’ব’ আৰু পুত্ৰ কান্তিলাল দেশাই। পালম বিমান বন্দৰৰ পৰা তেওঁলোক সন্ধিয়া ৫ বাজি ৩ মিনিটত যোৰহাটলৈ বুলি ৰাওনা হৈছিল। প্ৰায় দুঘণ্টা ত্ৰিশ মিনিটৰ পিছত বিমানখন টেকেলা গাঁৱত দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাৰ ৰিপ’ৰ্ট মতে, এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ অন্তিমটো বাৰ্তাত ৭বাজি ৪২ মিনিটত বিমানখন বিমান বন্দৰৰ ৰাণৱেৰ লগত সংৰেখিত আছিল বুলি জনা গৈছিল। এয়াৰ মাৰ্শ্বেল ডি. চুবাইহ )ৰ ভাষ্য মতে বিমানখন অৱতৰণৰ পূৰ্বে বহু তললৈ নামি আহিছিল আৰু ৰাণৱে পোৱাৰ আগ মূহুৰ্তত গছ-গছনিক খুন্দা মাৰে। এয়েই আছিল বিমানখন দুৰ্ঘটনা হোৱাৰ মূল কাৰণ। বিমানখন বেছি উচ্চতাত থকাৰ বাবে আৰু ৰাণৱেৰ লগত বিমানখন সংৰেখিত নাছিল বাবে প্ৰথমবাৰ অৱতৰণ কৰিব নোৱাৰিছিল। দ্বিতীয় বাৰ অৱতৰণ কৰিবলৈ লওঁতে বিমান চালক সকলে ৰ জৰিয়তে বিমানখন অৱতৰণ কৰোৱাৰ চেষ্টা কৰিছিল। ক্ষয়-ক্ষতি এই দুৰ্ঘটনাটোত বিমানখনৰ মূল অংশত থকা যাত্ৰীসকলৰ এজনো নিহত হোৱা নাছিল। যিকেইজন নিহত হৈছিল তেওঁলোক বিমানখনৰ চালকহে আছিল। বিমানখনে জোকাৰ মাৰোঁতে আসনৰ সন্মুখৰ টেবুলত খুন্দা খাই প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে মাত্ৰ নাকতহে আঘাত পাইছিল আৰু তাৰ পৰা তেজ নিগৰি আহিছিল। উদ্ধাৰ অভিযান এই দুৰ্ঘটনাটোত বিমানখনৰ চালক ডি লিমা ককপিটৰ পিছৰ অংশত তেওঁৰ পিছফালৰ অভাৰঅলটোৰ পিছফালি হাউলি ৰৈছিল। বাকী চাৰিজন চালকৰ মৃতদেহবোৰ বিমানখনৰ প্ৰথম খুন্দা খোৱা ঠাইৰ পৰা ৰৈ যোৱা ঠাইলৈকে সিঁচৰতি হৈ পৰিছিল। তেওঁলোকৰ দেহৰ অৱশিষ্ট অংশবোৰ গাঁৱৰ যুৱকসকলে বিচাৰি আনি ধ্বংসপ্ৰাপ্ত বিমানখনৰ ওচৰত গোটাইছিলহি। সামৰিক বাহিনীত খবৰ যি সময়ত গাঁৱৰ কিছুসংখ্যক লোক ধ্বংসপ্ৰাপ্ত বিমানখনৰ ওচৰত স্বেচ্ছাসেৱকৰ কামত লাগি আছিল, সেই সময়তে আন কেইজনমান লোকে ৰৰৈয়া বিমান বন্দৰত খবৰটো দিবলৈ ব্যৱস্থা কৰিছিল। সেই সময়ত টেকেলা গাঁৱত তাঁৰসেৱাৰ কোনো ব্যৱস্থা নাছিল। অঞ্চলটোৰ ভিতৰত একমাত্ৰ গাড়ীখন আছিল গাঁৱৰে শিক্ষক তৰুণ চুতীয়াৰ। ড্ৰাইভাৰ নথকা বাবে নিজৰ "হাফটন" গাড়ীখন (মিনি ট্ৰাক) লৈ ভালদৰে চলাব নজনা স্বত্বেও দুজনমানক লগত লৈ ৰৰৈয়া বিমান ঘাটিত খবৰ দিবলৈ গৈছিল। গাঁৱৰ ৰাইজে আঘাতপ্ৰাপ্তসকলক যিপাৰি শুশ্ৰূষা কৰি থাকিল। ১০ কিঃমিঃ দূৰৈৰ ৰৰৈয়ালৈ যোৱাৰ পথত আধাবাটতে গাড়ীখনত বিজুতি ঘটিছিল। সেই দুজন লোকে ওচৰৰ চাইকেল যোগাৰ কৰি পাঁচ কিঃমিঃ পথ অতিক্ৰম কৰিছিল। কিছুসময়ৰ পাছত গাড়ী ভাল হৈ উঠিছিল। সেইখন গাড়ীয়েই সামৰিক বাহিনীৰ গাড়ীক ৰৰৈয়াৰ পৰা দুৰ্ঘটনাস্থলীলৈ বাট দেখুৱাই লৈ আহিছিল। একে সময়তে পুষ্পকৰ কম আঘাতপ্ৰাপ্ত যাত্ৰী সাংবাদিক মি. গোবিন্দ কুট্টী গাঁৱৰ শিক্ষক হিতেশ্বৰ বৰুৱা, হিলেধৰ বৰাই চাৰি কিঃমিঃ দূৰৈৰ চাপ্লাই ডিপ’ত খবৰ দিবলৈ গৈছিল। সামৰিক বাহিনীৰ আগমন ৰৰৈয়াৰ পৰা ঘটনাটো ঘটাৰ প্ৰায় তিনি ঘণ্টামানৰ মূৰত এম্বুলেন্স আৰু সামৰিক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈছিল। ৰাস্তাৰ পৰা প্ৰধানমন্ত্ৰী আৰু সতীৰ্থসকলে আশ্ৰয় লোৱাৰ ঠাইলৈ সোমোৱা বাটটো দুফুটমানহে বহল আছিল। সেয়ে গাড়ী সোমোৱাত অসুবিধা হৈছিল। অৱশেষত নিৰাপত্তীৰক্ষীৰ সহায় নোলোৱাকৈ গাঁৱৰ মানুহৰ কান্ধত ধৰি দেশায় আৰু সতীৰ্থসকল গাড়ীলৈ আহিছিল। মৃত চালক কেইজনক ধ্বংসপ্ৰাপ্ত বিমানখনৰ ওচৰতে বায়ুসেনাৰ দায়িত্বত এৰি তেওঁলোক ৰৰৈয়া বায়ুসেনা চিকিৎসালয়লৈ গৈছিল। বিমান প্ৰায় চাৰিমাহমান দৰ্শনাৰ্থীৰ ভিৰৰ বাবে পুষ্পকৰ বাকী অংশ পথাৰতে পৰি আছিল। ঘটনাৰ কেইদিনমান পাছতে অ’ত ত’ত পৰি থকা অংশবোৰ গোটাই পেলোৱা হৈছিল। চাৰিমাহমানৰ মূৰত গেছ-জুইৰে পুষ্পকক টুকুৰা-টুকুৰকৈ কাটি টুকুৰাবোৰ লৈ যোৱা হৈছিল। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ বিমান দুৰ্ঘটনা স্বাধীনোত্তৰ
25937
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%B9%E0%A7%81%E0%A6%AE%E0%A7%82%E0%A6%A4%E0%A7%8D%E0%A7%B0%20%E0%A7%B0%E0%A7%8B%E0%A6%97
বহুমূত্ৰ ৰোগ
বহুমূত্ৰ বা মধুমেহ বা হৈছে এটি হৰম’নজনিত ৰোগ। এইবিধ ৰোগ সাধাৰণতে চল্লিছোৰ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত হোৱা ৰোগ যদিও শিশু আৰু গৰ্ভৱতী মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। মানব শৰীৰৰ পাচনতন্ত্ৰৰ লগত জড়িত অগ্ন্যাশয়ে যথেষ্ট পৰিমাণে ইনচুলিন তৈয়াৰ কৰিব নোৱাৰিলে অথবা শৰীৰে উৎপন্ন ইনচুলিন ব্যৱহাৰত ব্যৰ্থ হলে এই ৰোগ হয়। এই ৰোগ চিকিৎসাৰ দ্বাৰ আৰোগ্য বা নিয়ন্ত্ৰণ হয় যদিও ইয়াৰ চিকিৎসা বহু দীঘলীয়া। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ নানা ধৰণৰ জটিলতা, দেহৰ কোষৰ লগতে অংগসমূহো বিকল হ’ব পাৰে। শ্ৰেণী বিভাজন চিকিৎসা বিজ্ঞানীসকলৰ মতে ডায়েবেটিচ ৰোগ দুই প্ৰকাৰৰ- টাইপ-১ আৰু টাইপ-২। টাইপ-১ ৰোগীয়ে বাহিৰৰ পৰা চুলিন গ্ৰহণ কৰিব লগা হয় বাবে চুলিন নিৰ্ভৰশীল ডায়েবেটিচ ৰোগী বুলি কোৱা হয়। কিন্তু টাইপ-২ শ্ৰেণীৰ ডায়েবেটিচ ৰোগীয়ে বাহিৰৰ পৰা চুলিন গ্ৰহণ কৰিব লগা নহয় যদিও এই প্ৰকাৰৰ ৰোগীয়ে নিজৰ শৰীৰত নিঃসৰণ হোৱা চুলিনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ বা নিঃসৰিত চুলিনৰ সঠিক ব্যৱহাৰৰ বাবে ঔষধ খাই থাকিব লাগে। ইয়াৰ উপৰিও গৰ্ভাৱস্থাত কোনো কোনো মহিলাৰ একপ্ৰকাৰৰ ডায়েবেটিচ ৰোগ হয়। ইয়াক গেষ্টেচনেল ডায়েবেটিচ ৰোগ বুলি কোৱা হয়। অৱশ্যে প্ৰসৱৰ পাছত এনে ডায়েবেটিচ নিজে নিজে ভাল হৈ যায়। বহুমূত্ৰ ৰোগৰ লক্ষণসমূহ সাধাৰণতে ডায়েবেটিচ ৰোগৰ লক্ষণসমূহ হ’ল: শৰীৰ দুৰ্বল অনুভৱ কৰা আৰু সামান্য পৰিশ্ৰমতে ভাগৰ লগা, হাত ভৰি জিনোৱা, কাটিলে বা যিকোনো কাৰণতে হোৱা ঘাঁ সোনকালে নুশুকুৱা, দৃষ্টিশক্তি কমি যোৱা, শৰীৰৰ ওজন কমি যোৱা, বেছিকৈ পিয়াহ লগা বা ভোক লগা, সঘনাই প্ৰসাৱ কৰিব লগা ইত্যাদি। এনেবোৰ লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। মন কৰিব লগা কথা যে ৰোগৰ আৰম্ভণিতে এই লক্ষণসমূহক গুৰুত্ব নিদিয়াৰ পৰিণতিতেই ৰোগীৰ শৰীৰত ডায়েবেটিচ ৰোগে জটিল ৰূপ ধাৰণ কৰিবলৈ সুবিধা পায়। কিন্তু আৰম্ভণিতে ৰোগ নিৰ্ণয় হ’লে, চিকিৎসকৰ দ্বাৰা ৰোগীৰ অৱস্থা সংকটজনক নোহোৱাকৈ ৰাখিব পাৰি। সকলো মানুহে জীৱনত কম বেছি পৰিমাণে পৰিশ্ৰম কৰিব লাগে আৰু পৰিশ্ৰম কৰিবলৈ শৰীৰক শক্তিৰ প্ৰয়োজন হয়। এই শক্তি কাৰ্বোহাইড্ৰেট বা শৰ্কৰা জাতীয় খাদ্যৰ পৰা পোৱা যায়। ভাত, ৰুটি, আলু, চেনি ইত্যাদি হ’ল কাৰ্বোহাইড্ৰেট বা শৰ্কৰা জাতীয় খাদ্য। এইবোৰ খাদ্য গ্ৰহণ কৰাৰ পাছত ইয়াৰ শৰ্কৰা ভাগ তেজত জমা হয় আৰু অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা চুলিন নামৰ হৰম’ন বিধে তেজৰ শৰ্কৰা ভাগ শৰীৰে কোষে গ্ৰহণ কৰাত সহায় কৰি দিয়ে। এনেদৰে চুলিনৰ সহায়ত কাৰ্বহাইড্ৰেট গ্ৰহণ প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰত শক্তি উৎপন্ন হয় আৰু শৰীৰ কাৰ্য্যক্ষম হৈ উঠে। কিন্তু ডয়েবেটিচ ৰোগীৰ ক্ষেত্ৰত অগ্নাশয় গ্ৰন্থিয়ে চুলিন হৰম’ন নিঃসৰণ কৰাত অনিয়মীয়া হোৱা বাবে খাদ্যৰ পৰা তেজত জমা হোৱা শৰ্কৰা ভাগ শৰীৰে গ্ৰহণ কৰিব নোৱাৰা হয় আৰু তেজত জমা হোৱা এই কাৰ্বহাইড্ৰেট বা শৰ্কৰা প্ৰসাৱৰ দ্বাৰা শৰীৰৰ পৰা ওলায় যায়। এনেদৰে শৰীৰ শৰ্কৰাৰ অভাৱত ভুগিব লগা হয় আৰু ইয়াৰ অভাৱত শৰীৰ শক্তিহীনতাত ভুগিব লগা হয়। ৰোগ কিছুদিন আগবঢ়াৰ লগে লগে চকুৰ দৃষ্টিশক্তিও কমিবলৈ ধৰে আৰু লাহে লাহে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱাত বিভিন্ন ৰোগ ব্যাধিয়ে আগুৰি ধৰে। এনেদৰে ৰোগ ক্ৰমে জটিল হৈ গৈ থাকে। তেজৰ শৰ্কৰাভাগ শৰীৰে গ্ৰহণ কৰিব নোৱাৰাৰ ফলত শৰ্কৰাভাগ পোনে পোনে কিডনী পায়গৈ আৰু কিডনী চেকন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰসাৱ আকাৰে ওলায় যায়। অনবৰতে শৰ্কৰাৰ এটি অতিৰিক্ত চাপ পাই থাকিবলগীয়া হয় বাবে কিডনীত ক্ৰমে শৰ্কৰাৰ গেদ্ বহিবলৈ আৰম্ভ কৰে। এনে অৱস্থাতে ৰোগীৰ শৰীৰ ওখহিবলৈ আৰম্ভ কৰে। এনেদৰে ৰোগীৰ অৱস্থা ক্ৰমে জটিলৰ পৰা জটিলতৰ হৈ পৰে। সংক্ৰমণ ডায়েবেটিচ যিহেতু গ্ৰন্থিৰ ৰোগ, গতিকে ই বংশগত কাৰণতে হোৱাৰ সম্ভাৱনা বেছি থাকে। কিয়নো বংশগতিৰ জৰিয়তে পিতৃ পুৰুষৰ বেছিভাগ গুণেই উত্তৰ পুৰুষলৈ প্ৰবাহিত হয়। বংশগত কাৰণৰ উপৰিও বৰ্তমান যুগৰ মানুহে গ্ৰহণ কৰা আধুনিক জীৱন শৈলীকো ডায়েবেটিচ ৰোগৰ অন্যতম কাৰণ হিচাপে বিজ্ঞানীসকলে চিনাক্ত কৰিছে। আমাৰ সু-স্বাস্থ্যৰ বাবে শৰীৰৰ অন্তৰ্ভাগত চলা সকলো শৰীৰ ক্ৰিয়া যেনে: ৰক্ত-সঞ্চালন, ৰেচন, শ্বাস-প্ৰশ্বাস, হৰম’ন গ্ৰন্থিৰ হৰম’ন নিঃসৰণ কাৰ্য্য ইত্যাদি সঠিকভাৱে চলাটো অতি প্ৰয়োজনীয়। শৰীৰ ক্ৰিয়াসমূহ এক স্বয়ংক্ৰিয় পদ্ধতিত চলি থাকে। দেখা গৈছে মানুহৰ চিন্তাধাৰা যোগাত্মক দিশত ধাবিত হ’লে মগজুৰ ক্ৰিয়া সুস্থিৰ অৱস্থাত থাকে আৰু এনে অৱস্থাত শৰীৰ কাৰ্য্যসমূহ সঠিকভাৱে চলি থাকে। কিন্তু বিভিন্ন কাৰকৰ প্ৰভাৱত যেনে: খং বা ক্ৰোধ, মানসিক উদ্বিগ্নতা আদি ঋণাত্মক কাৰকৰ প্ৰভাৱত মানুহৰ মগজুৰ ক্ৰিয়া বা মানসিক অৱস্থা অস্থিৰ হৈ পৰিলে শৰীৰ ক্ৰিয়া সমূহত বিসঙ্গতিয়ে দেখা দিয়ে আৰু বিভিন্ন ৰোগৰ সৃষ্টি হয়। আধুনিক জীৱন শৈলী মানেই হৈছে- ভোগবাদী মানসিকতা। ভোগবাদী মানসিকতাৰ বাবে আমাৰ জীৱনত উদ্বিগ্নতাৰ সৃষ্টি হয় আৰু তাৰ ফলত মগজুৱে শৰীৰৰ অন্তঃক্ষৰা গ্ৰন্থিসমূহৰ কৰণ কৰ্ম পৰিচালনা কৰাত বিসঙ্গতিয়ে দেখা দিয়ে। ফলস্বৰূপে অন্তঃক্ষৰা গ্ৰন্থিৰ হৰম’ন নিঃসৰণ প্ৰক্ৰিয়া অনিয়মীয়া হয় বাবে এনে হৰম’নজনিত ৰোগৰ পত্তি হয়। সা বিজ্ঞানী সকলৰমতে অগ্নাশয় বা ক্ৰিয়াছ গ্ৰন্থিত থকা এক বিশেষ ধৰণৰ কোষে চুলিন নিঃসৰণ কৰে। এই কোষবোৰক বিটা-কোষ নামকৰণ কৰা হৈছে। প্ৰকৃততে এই বিটা কোষবোৰ ধ্বংস হোৱাৰ ফলতে চুলিন নিঃসৰণ প্ৰক্ৰিয়া বিসঙ্গতিপূৰ্ণ হৈ পৰে। শাৰীৰিক শ্ৰম নকৰাকৈ অতিভোজন কৰাটোও ডায়েবেটিচ ৰোগৰ অন্য এক কাৰণ বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। চিকিৎসা ডায়েবেটিচ ৰোগীয়ে নিয়মীয়াভাৱে চিকিৎসা গ্ৰহণ কৰি থাকিলে ৰোগীৰ অৱস্থা শোচনীয় নোহোৱাকৈ ৰাখিব পাৰি। এই ৰোগ যিহেতু ইনচুলিন নামৰ হৰম’নৰ অভাৱত হয়। সেয়েহে এই ৰোগৰ চিকিৎসা হৈছে টাইপ-১ প্ৰকাৰৰ ৰোগীৰ ক্ষেত্ৰত বাহিৰৰ পৰা চুলিন যোগান ধৰা আৰু টাইপ-২ ৰোগীৰ ক্ষেত্ৰত চুলিনৰ উৎপাদন আৰু নিঃসৰণ নিয়মীয়া কৰণৰ বাবে নিয়মীয়াকৈ ঔষধ সেৱন কৰা। চিকিৎসা বিজ্ঞানীসকলৰ চেষ্টাত কৃত্ৰিম চুলিন তৈয়াৰ কৰিবলৈ সমৰ্থ হোৱা গৈছে আৰু এই চুলিন টাইপ-১ ডায়েবেটিচ ৰোগীৰ প্ৰয়োজন অনুসৰি প্ৰয়োগ কৰি থকা হয়। এনেদৰে ৰোগীৰ শৰীৰত এক পৰিপূৰক ব্যৱস্থাৰ কাৰ্বহাইড্ৰেট বা শৰ্কৰা ধৰি ৰাখি শক্তি উৎপাদন কৰা হয় আৰু ৰোগীৰ শৰীৰক কাৰ্য্যক্ষম কৰি তোলা হয়। বৰ্তমান যুগত চিকিৎসা বিজ্ঞানে আশাতীতভাৱে উন্নতি কৰিছে যদিও ডায়েবেটিচ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে একো উন্নত চিকিৎসা উদ্ভাৱন কৰাটো পৰিলক্ষিত হোৱা নাই। অৱশ্যে শেহতীয়া খবৰ মতে এদল আমেৰিকাৰ বিজ্ঞানীয়ে চলোৱা গৱেষণাত পুৰুষৰ শুক্ৰস্থলীৰ পৰা আহৰণ কৰা ষ্টেম চেল বা শিপা কোষৰ দ্বাৰা অগ্নাশয়ৰ ধ্বংস প্ৰাপ্ত বিটা কোষৰ নিচিনাকৈ চুলিন নিঃসৰণ কৰোৱাত কৃতকাৰ্য্যতা লাভ কৰিছে। আকৌ কানাডাৰ মণ্টন চহৰত অনুষ্ঠিত ডায়েবেটিচ ৰোগৰ বিশেষজ্ঞসকলৰ সন্মিলনত এগৰাকী সদ্যমৃত স্বাভাৱিক অৱস্থাযুক্ত অগ্নাশয় থকা ব্যক্তিৰ দেহৰ পৰা স্বাভাৱিক ধৰণৰ বিটা কোষবোৰ উঠাই নি ডায়েবেটিচ ৰোগীৰ দেহত সংস্থাপনেৰে চুলিন নিঃসৰণ প্ৰক্ৰিয়া পুনৰ জীৱিত কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰা হয়। বিজ্ঞানীসকলৰ এনে গৱেষণা আৰু চিন্তাই ভৱিষ্যতে ডায়েবেটিচ ৰোগীলৈ আশাৰ ৰেঙনি কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। নিয়ন্ত্ৰণ প্ৰকৃততে ডায়েবেটিচ ৰোগৰ চিকিৎসা ব্যৱস্থাত ৰোগীক সম্পূৰ্ণৰূপে আৰোগ্য কৰাতকৈ ৰোগৰ নিয়ন্ত্ৰণ কৰি ৰখাৰহে চিকিৎসা চলে। নিয়মিত ভাৱে চিকিৎসা গ্ৰহণ কৰি থাকিলে ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে যদিও ৰোগী সকলে এক দোদুল্যমান অৱস্থাত জীৱন কটাবলগীয়া হয়। ইয়াৰ চিকিৎসা পদ্ধতি দীঘলীয়া হোৱাত বহুতো ৰোগীয়ে চিকিৎসা গ্ৰহণ প্ৰক্ৰিয়া চলাই লৈ যোৱাটো টান হৈ পৰে। ইয়াৰ ফলতে ৰোগীৰ অৱস্থা সংকটজনক হৈ পৰে বা মৃত্যু মুখত পৰে। ডায়েবেটিচ যিহেতু হৰম’ন জনিত ৰোগ আৰু হৰম’ন নিঃসৰণ কাৰ্য্য মগজুৰ নিৰ্দেশতে পৰিচালিত হয়, গতিকে উদ্বিগ্নতা, ক্ৰোধ বা খং আদি ঋণাত্মক কাৰকে এনে ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। ডায়েবেটিচ ৰোগৰ চিকিৎসাৰ বাবে যিদৰে চিকিৎসালয় স্থাপন কৰা হৈছে, তাৰ সমান্তৰাল ভাবে জনসাধাৰণৰ মাজত এই ৰোগ সম্পৰ্কে সজাগতা সৃষ্টি কৰিব পাৰিলেহে ডায়েবেটিচ ৰোগক প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠিব। এই ক্ষেত্ৰত মানুহৰ মন অস্থিৰ কৰি তুলিব পৰা জীৱন শৈলী পৰিহাৰ কৰি এক সু-শৃংখলাবদ্ধ জীৱন যাপনৰ যোগেদি ডায়েবেটিচৰ নিচিনা মহাব্যাধিক দূৰতে বিদূৰ কৰিব পৰা যায় বুলি আশা কৰিব পাৰি। ভাৰতবৰ্ষত বহুমূত্ৰ ৰোগৰ প্ৰভাৱ ভাৰতবৰ্ষত যোৱা দুটামান দশকৰ পৰা ডায়েবেটিচ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এক সমীক্ষামতে ২০০০ চনত বিশ্বত ডায়েবেটিচ ৰোগীৰ সংখ্যা আছিল প্ৰায় ১৭১ নিযুত। কিন্তু ২০৩০ চনলৈ এই পৰিসংখ্যা বিশেষজ্ঞসকলে দুগুণলৈ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে। পৃথিৱীৰ সকলো ঠাইৰ মানুহৰে এইবিধ ৰোগ হয় যদিও ভাৰতৰ দৰে উন্নয়নশীল দেশৰ মানুহ এই ৰোগত বেছি আক্ৰান্ত হোৱা দেখা যায়। ইণ্টাৰনেচনেল ডায়েবেটিচ ফেডাৰেচনে প্ৰকাশ কৰা মতে ভাৰতবৰ্ষত বৰ্তমান প্ৰায় ৫০.৮ নিযুত লোকেই ডায়েবেটিচ ৰোগত ভুগি আছে। ডায়েবেটিচ ৰোগীৰ এই পৰিসংখ্যাত ভাৰতৰ স্থান প্ৰথম। সেয়ে, ভাৰতবৰ্ষক ডায়েবেটিচৰ ৰাজধানী বুলি কোৱা হয়। বৰ্তমান ভাৰতত বিভিন্ন ঠাইত ব্যক্তিগত খণ্ডত ডায়েবেটিচ ৰোগৰ চিকিৎসাৰ বাবে বহুতো চিকিৎসালয় স্থাপন কৰা হৈছে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ আন্তঃশ্ৰাৱী
41248
https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A6%BE%E0%A7%B0%E0%A6%B9%E0%A6%BE%E0%A6%A8%20%E0%A6%86%E0%A6%96%E0%A6%A4%E0%A6%BE%E0%A7%B0
ফাৰহান আখতাৰ
ফাৰহান আখতাৰ (জন্ম ৯ জানুৱাৰী, ১৯৭৪) এগৰাকী ভাৰতীয় কথাছবি পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক, অভিনেতা, গায়ক, গীতিকাৰ আৰু দূৰদৰ্শনৰ অনুষ্ঠান সঞ্চালক। তেওঁৰ পিতৃ জাভেদ আখতাৰ আৰু মাতৃ হানী ইৰাণী। সৰুৰে পৰাই হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰভাৱ লাভ কৰা ফাৰহান আখতাৰে লমহে (১৯৯১) আৰু হিমালয় পুত্ৰ (১৯৯৭) চলচ্চিত্ৰৰ সহকাৰী পৰিচালক হিচাপে বলিউডত আত্মপ্ৰকাশ কৰে। ফাৰহান আখতাৰে ৰিতেশ চিধৱানীৰ সৈতে লগ হৈ এক্সেল এণ্টাৰটেইনমেণ্ট নামেৰে এটা প্ৰযোজনা সংস্থা খোলে আৰু ২০০১ চনত দিল চাহতা হে শীৰ্ষক প্ৰথমখন তেওঁ নিজে পৰিচালনা কৰা হিন্দী চলচ্চিত্ৰই মুক্তি লাভ কৰে। আধুনিক প্ৰজন্মটোক প্ৰতিফলিত কৰা এই চলচ্চিত্ৰখনে সমালোচকৰ বিশেষ দৃষ্টি লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল। ২০০৪ চনত লক্ষ্য আৰু সেইবছৰতে ব্ৰাইড এণ্ড প্ৰেজুডিছ শীৰ্ষক হলীউডৰ এখন ছবিৰ গানৰ কথা ৰচনা কৰি হলীউডতো খোজ পেলায়। ২০০৬ চনত তেওঁ ব্যৱসায়িকভাৱে সফল ডন আৰু ছ ৰোগ সজাগতা বৃদ্ধিৰ বাবে পজিটিভ নামেৰে এখন চুটি ছবিও পৰিচালনা কৰিছিল। ফাৰহান আখতাৰে ৰক অন! ছবিৰ জৰিয়তে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ নিজে প্ৰযোজনা কৰা চলচ্চিত্ৰখনে শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হয়। আখতাৰে ২০১১ চনত জিন্দেগী না মিলেগী দোবাৰা শীৰ্ষক চলচ্চিত্ৰখনি প্ৰযোজনা কৰে, য’ত তেওঁ নিজে অভিনয় কৰাৰ লগতে চিত্ৰনাট্যৰ আৰু সংলাপ লিখিছিল। এই ছবিখনে শ্ৰেষ্ঠ সহকাৰী অভিনেতাসহিতে দুটাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে সমালোচক আৰু ব্যৱসায়িকভাৱেও সফল হৈছিল। সেই বৰ্ষতে তেওঁ ডন ২ শীৰ্ষক ছবিখনো নিৰ্মাণ কৰে যিখন এতিয়ালৈকে তেওঁৰ সৰ্বাধিক আৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈ আছে। ২০১৩ চনত তেওঁ মিলখা সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰা ছবি ভাগ মিলখা ভাগ-ৰ বাবে ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল। জীৱন আৰু আনুষংগিক ফাৰহান আখতাৰৰ পিতৃ জাভেদ আখতাৰ আৰু মাতৃ হানী ইৰাণী, ভগ্নী জয়া আখতাৰ। তেওঁৰ সৰুকালতেই মাক দেউতাকৰ বিবাহ বিচ্ছেদ হোৱাৰ পাছত দেউতাকে ১৯৮৪ চনত শ্বাবানা আজমীক বিয়া কৰায়। ফাৰহান আখতাৰ বিখ্যাত উৰ্দু কবি মাজটাৰ খেইৰাবাদীৰ আজোনাতি আৰু জান নিচাৰ আখতাৰৰ নাতি। তদুপৰি তেওঁ ফাৰহা খান আৰু চাজিদ খানৰ ভতিজা। তেওঁ মুম্বাইৰ মানেকজী কুপাৰ স্কুলত স্কুলীয়া শিক্ষা সাং কৰি মুম্বাইৰে এইচ আৰ কলেজত আইনী শিক্ষা গ্ৰহণাৰ্থে নামভৰ্তি কৰে যদিও দ্বিতীয় বৰ্ষত নিম্ন শ্ৰেণী উপস্থিতিৰ হাৰৰ বাবে তেওঁক কলেজৰ পৰা বহিষ্কাৰ কৰা হয়। ফাৰহান আখতাৰে ২০০০ চনত অধুনা ভৱানীক বিয়া কৰায় আৰু তেওঁলোক সাক্ষ্য আৰু আকিৰা নামেৰে দুটি সন্তানৰ অভিভাৱক। কেৰিয়াৰ ১৭ বছৰ বয়সতে তেওঁ য়ছ চোপ্ৰাৰ লমহে ছবিৰ চিত্ৰগ্ৰহণ আৰু পৰিচালনাৰ সহায়ক হিচাপে আত্মপ্ৰকাশ কৰে আৰু পাছত স্ক্ৰিপ্ট শ্বপ শীৰ্ষক এটি বিজ্ঞাপন প্ৰযোজনা সংস্থাত অন্তৰ্ভুক্ত হয় আৰু প্ৰায় ৩ বছৰ কাল তাত কাম কৰে। ১৯৯৭ চনত পংকজ পৰাশৰৰ পৰিচালনাত মুক্তি পোৱা ছবি হিমালয় পুত্ৰ-ৰ সহকাৰী হিচাপে কাম কৰিছিল। পৰিচালনা, লিখন আৰু প্ৰযোজনা ১৯৯৯ চনত ৰীতেশ চিধৱানীৰ সৈতে লগ হৈ ফাৰহান আখতাৰে প্ৰতিষ্ঠা কৰা প্ৰযোজনা সংস্থা এক্সেল এণ্টাৰটেইনমেণ্টৰ সৌজন্যত ২০০১ চনত তেওঁ নিজে লিখা আৰু পৰিচালনা কৰা ছবি দিল চাহতা হে-ই সমালোচকৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হয়। এই ছবিখন প্ৰায় তিনিমাহ ধৰি ছিডনী, গোৱা আৰু মুম্বাইত শ্বুটিং কৰা হৈছিল। ফাৰহান আখতাৰে এই ছবিখনক তেওঁৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট হিচাপে অভিহিত কৰিছে। ছবিখনে ২০০২ চনৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। চলচ্চিত্ৰখন ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেল ইণ্ডিয়া আৰু অষ্টিন ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল। আখতাৰৰ দ্বিতীয়খন চলচ্চিত্ৰ হৈছে লক্ষ্য, য’ত অভিনয় কৰিছিল হৃত্বিক ৰৌছন আৰু প্ৰীতি জিণ্টাই। চলচ্চিত্ৰখন লাডাখ, দেঢ়াডুন আৰু মুম্বাইত শ্বুটিং কৰা হৈছিল আৰু পৰিচালক হিচাপে আখতাৰে আৰ্মীৰ জীৱন সম্বন্ধে যথেষ্ট অধ্যয়ন কৰিবলগীয়া হৈছিল। চলচ্চিত্ৰখন ব্যৱসায়িকভাৱে বিফল হৈছিল। ২০০৪ চনত ভগ্নী জয়া আখতাৰৰ সৈতে লগ লাগি গোৰিন্দৰ ছঢ়াৰ ছবি ব্ৰাইড এণ্ড প্ৰেজুডিছ-ৰ বাবে ইংৰাজী গানৰ কথা ৰচনা কৰে। ২০০৬ চনত আখতাৰে শ্বাহৰুখ খানক মুখ্য চৰিত্ৰ হিচাপে লৈ ১৯৭৮ চনৰ ছবি ডন-ৰ ৰিমেক ছবিখন প্ৰযোজনা, পৰিচালনা তথা চিত্ৰনাট্য ৰচনা কৰে। ছবিখনে ২০০৬ চনৰ ২০ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰিছিল আৰু বিশ্বজুৰি প্ৰায় ১০৫ কোটি টকা আৰ্জনেৰে বক্স অফিচত সফল ছবি হিচাপে পৰিগণিত হৈছিল। ২০০৭ চনত আখতাৰে হনিমুন ট্ৰেভেলছ প্ৰাইভেট লিমিটেড নামেৰে এখন চলচ্চিত্ৰ আৰু পজিটিভ শীৰ্ষক ছ ৰোগৰ সজাগতা বৃদ্ধিমূলক ১২ মিনিট দৈৰ্ঘ্যৰ এখন চুটি ছবি নিৰ্মাণ কৰে। ২০১১ চনৰ আৰম্ভণিতে মুক্তি পায় তেওঁ প্ৰযোজনা কৰা এখন অসফল ছবি হৈছে গেম। আনহাতে সেই বছৰৰে পাছৰফাললৈ তেওঁ ডন ২-ৰ প্ৰযোজনা, পৰিচালনা আৰু চিত্ৰনাট্য ৰচনা কৰে। এই ছবিখনে যথেষ্ট সফলতাৰ মুখ দেখাৰ লগতে বিদেশতো সৰ্বাধিক আৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়। তাৰ পিছৰ বৰ্ষত তেওঁ প্ৰযোজনা তথা সংলাপ লিখা ছবিখন হৈছে তালাছ: দ্য আনছাৰ লায়জ ৱিদিন। তেওঁ প্ৰযোজনা কৰা অন্য দুখন কমেডী চলচ্চিত্ৰ হৈছে ফুক্ৰে (২০১৩) আৰু বেংগিষ্টান (২০১৫)। অভিনেতা আৰু গায়ক হিচাপে ২০০৮ চনত তেওঁ ৰক অন! শীৰ্ষক চলচ্চিত্ৰৰ জৰিয়তে অভিনয়ৰ লগতে গায়ক হিচাপেও আত্মপ্ৰকাশ কৰে। সেই চলচ্চিত্ৰখনৰ সংলাপ লিখাৰ লগতে প্ৰযোজনাও তেওঁৰেই আছিল। এ. আৰ. ৰহমানৰ সংগীতৰ এলবাম ব্লু-ত গান গোৱাৰ প্ৰস্তাৱ নাকচ কৰি আখতাৰে লাক বাই চাঞ্চ নামৰ চলচ্চিত্ৰখনত অভিনয় কৰে। তাৰপাছতেই অভিনয় কৰা আন এখন চিত্ৰ দ্য ফকিৰ অৱ ভ্যেনিছ। ২০১০ চনত তেওঁ নিজে প্ৰযোজনা কৰা চলচ্চিত্ৰ কাৰ্থিক কলিং কাৰ্থিক-ত কাৰ্থিক চৰিত্ৰ তেওঁ ৰূপায়ণ কৰে। তাৰ পাছতেই তেওঁ ভগ্নী জয়া আখতাৰৰ ছবি জিন্দেগী না মিলেগী দোবাৰা-ৰ ইমৰান চৰিত্ৰটি ৰূপায়ণ কৰি সমালোচকৰ প্ৰশংসা লাভ কৰে। চলচ্চিত্ৰখনৰ সংলাপো ফাৰহান আখতাৰেই ৰচনা কৰা। ডন ২-ৰ পিছতেই তেওঁ মিলখা সিঙৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি ভাগ মিলখা ভাগ-ৰ মিলখা সিং চৰিত্ৰৰ বাবে চুক্তিবদ্ধ হয় আৰু চৰিত্ৰটি ফুটাই তুলিবৰ বাবে ব্যায়ামাগাৰত এক কঠিন ট্ৰেইনিং লবলগীয়া হৈছিল। ২০১৪ চনত তেওঁ চাডী কে চাইড এফেক্টছ, ২০১৫ চনত দিল ঢড়কনে দো ছবিত অভিনয় কৰে। অন্যান্য কৰ্ম ফাৰহান আখতাৰক ২০০২ চনত ফেমিনা মিছ ইণ্ডিয়াৰ বিচাৰক হিচাপে দেখা গৈছিল। ২০০৫ চনৰ নাচ বলিয়ে নামৰ নৃত্য প্ৰতিযোগিতাৰো বিচাৰক হিচাপে যোগদান কৰিছিল। সেই বৰ্ষতে এন ডি টিভি ইমাজিন চেনেলৰ অ’য়ে ইটছ ফ্ৰাইডে শীৰ্ষক অনুষ্ঠানটোৰ সঞ্চালক হিচাপে অৱতীৰ্ণ হৈছিল। ২০১২ চনৰ আগষ্টত বলাৎকাৰ আৰু নাৰীৰ সুৰক্ষা আৰু সমতাৰ বাবে তেওঁ নামেৰে এটি অনুষ্ঠান খোলে। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি ভাৰতৰ চলচ্চিত্ৰ পৰিচালক হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালক ভাৰতীয় ভাৰতীয় কণ্ঠশিল্পী ফিল্মফেয়াৰ বঁটা
85428
https://as.wikipedia.org/wiki/%E0%A6%A1%E0%A6%BE%E0%A6%87%E0%A6%A8%E0%A7%80%20%E0%A6%AC%E0%A6%B2
ডাইনী বল
ডাইনী বল হ’ল কাঁচৰ ফুটা গোলক। ঐতিহাসিকভাৱে ১৭ আৰু ১৮ শতিকাৰ ইংলেণ্ডত দুষ্ট আত্মা, ডাইনী, দুষ্ট মন্ত্ৰ, দুৰ্ভাগ্য আৰু বেয়া আত্মাক দূৰ কৰিবলৈ কুটিৰৰ খিৰিকীত ডাইনী বল ওলোমাই থোৱা হৈছিল। আজিও সমগ্ৰ ছাচেক্সতে ডাইনী বলৰ ব্যাপক ব্যৱহাৰ কৰা হয়, ইংলেণ্ড আৰু ইংৰাজী কাউণ্টি ইষ্ট ছাচেক্স আৰু ৱেষ্ট ছাচেক্সত দুষ্ট আত্মাক প্ৰতিহত কৰাৰ ক্ষেত্ৰত মহান অন্ধবিশ্বাস অব্যাহত ৰাখিছে। এই পৰম্পৰা বহিঃৰাজ্যৰ ব্ৰিটিছ উপনিবেশসমূহলৈও লৈ যোৱা হৈছিল, যেনে নিউ ইংলেণ্ডৰ পূৰ্বৰ ব্ৰিটিছ উপনিবেশসমূহলৈ আৰু উপকূলীয় অঞ্চলসমূহত জনপ্ৰিয় হৈ আছে। ব্যৱহৃত ডাইনী বলৰ উদাহৰণ সৰু সৰু গ্ৰাম্য গাঁৱৰ পৰা আৰম্ভ কৰি উপকূলীয় চহৰ আৰু চহৰলৈকে সমগ্ৰ কাউণ্টিৰ ঘৰৰ খিৰিকীত দেখা যায়। যেনে দোকানৰ খিৰিকীতো দেখা যায়, প্ৰায়ে বিক্ৰীৰ বাবে নহয়। কাৰণ ইয়াৰ মূল্য ইমানেই বেছি। উৎপত্তি ডাইনী বলৰ উৎপত্তি এনে সংস্কৃতিৰ মাজত হৈছিল য’ত ক্ষতিকাৰক যাদু আৰু ইয়াক চৰ্চা কৰাসকলক ভয় কৰা হৈছিল। ঘৰখনৰ সুৰক্ষাৰ বাবে বস্তুৰ লগত জড়িত বহুতো লোক প্ৰথাৰ ভিতৰত এইবোৰ অন্যতম। ডাইনী বল শব্দটো হয়তো ঘড়ীৰ বলৰ দুৰ্নীতি কাৰণ ইয়াক দুষ্ট আত্মাক আঁতৰাই ৰাখিবলৈ, ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। পূবৰ খিৰিকীত ওলোমাই থ’ব পাৰি, ফুলদানিৰ ওপৰত ৰাখিব পাৰি বা ৰছীৰে ওলোমাই থ’ব পাৰি (মেণ্টেলপিছ বা ৰাফ্টাৰৰ পৰাৰ দৰে)। খিৰিকীত লাঠিৰ ওপৰত বা বাসিন্দাসকলে বেয়াক দূৰ কৰিব বিচৰা কোঠাত ওলোমাই থ’বও পাৰে। অন্ধবিশ্বাসী ইউৰোপীয় নাৱিকসকলে নিজৰ ঘৰখন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ডাইনী বলৰ তাবিজ শক্তিক মূল্য দিছিল। ১৯ শতিকাত আমেৰিকাত ডাইনী বলৰ আবিৰ্ভাৱ হৈছিল আৰু ডাঙৰ, অধিক অস্বচ্ছ ভিন্নতা প্ৰায়ে বাগিচাত গেজিং বল নামেৰে পোৱা যায়। এই নামটো ইহঁতক ভৱিষ্যদ্বাণী আৰু চিঞৰ-বাখৰৰ বাবে ব্যৱহাৰ কৰাৰ পৰাই উদ্ভৱ হৈছে য’ত এজন ব্যক্তিয়ে ভৱিষ্যতৰ পৰিঘটনা চাবলৈ বা প্ৰশ্নৰ উত্তৰ চাবলৈ চেষ্টা কৰিবলৈ সপোনময়ভাৱে ইহঁতৰ ফালে চাই থাকে। কিন্তু গেজিং বলৰ ভিতৰৰ ভিতৰত কোনো সূতা নাথাকে। কাঁচৰ ষ্টুডিঅ’সমূহে পৰম্পৰাগতভাৱে নতুন ষ্টুডিঅ’ত সৃষ্টি কৰা প্ৰথম বস্তু হিচাপে ডাইনী বল নিৰ্মাণ কৰে। উদ্দেশ্য ডাইনী বলৰ উদ্দেশ্যৰ সৈতে জড়িত কেইবাটাও ভিন্নতা আছে। লোককথা অনুসৰি ডাইনী বলে নিজৰ উজ্জ্বল ৰঙেৰে দুষ্ট আত্মাক প্ৰলোভিত কৰিছিল; তাৰ পিছত বলৰ ভিতৰৰ সূতাবোৰে আত্মাটোক ধৰি ৰাখিব আৰু ইয়াক পলায়ন কৰাত বাধা দিব। আন এটা পৰম্পৰা অনুসৰি ডাইনীৰ বল বা গোলাকাৰ দাপোনে ডাইনীক কোঠাত থাকিবলৈ বাধা দিছিল, কাৰণ ডাইনীসকলৰ কথিতভাৱে কোনো প্ৰতিফলন নাছিল বা নিজৰ প্ৰতিফলন দেখাটো সহ্য কৰিব পৰা নাছিল। তথাপিও আন এটা ভিন্নতাই কয় যে দুষ্ট চকুক আঁতৰাই পেলাবলৈ ডাইনী বল ব্যৱহাৰ কৰা হৈছিল, চকুৰ দৃষ্টি আকৰ্ষণ কৰি আৰু ঘৰটো আৰু ইয়াৰ বাসিন্দাসকলৰ ক্ষতি ৰোধ কৰে। সপ্তদশ শতিকাত ডাইনী বল আৰু ডাইনী বটলত পবিত্ৰ পানী বা নিমখ ভৰোৱা হৈছিল। নিমখ শুকান কৰি ৰাখিবলৈ চিমনিত নিমখ থকা বল ওলোমাই থোৱা হৈছিল। নিমখ এটা বহুমূলীয়া সামগ্ৰী আছিল আৰু বল বা বটল ভাঙি পেলোৱাটো দুৰ্ভাগ্য বুলি গণ্য কৰা হৈছিল। ধৰণসমূহ ডাইনী বলৰ ব্যাসৰ কেতিয়াবা সাত ইঞ্চি (১৮ চে.মি.) পৰ্যন্ত হয়। ডাইনী বল পৰম্পৰাগতভাৱে, কিন্তু সদায় নহয়, সেউজীয়া বা নীলা ৰঙৰ হয় আৰু কাঁচৰ পৰা তৈয়াৰ কৰা হয় (আনবোৰ অৱশ্যে কাঁচৰ পৰিৱৰ্তে কাঠ, ঘাঁহ বা ডাল-পাতেৰে তৈয়াৰ কৰা হয়)। কিছুমানত ঘূৰ্ণীবতাহ আৰু বিভিন্ন ৰঙৰ উজ্জ্বল ৰেখাৰে সজাই তোলা হয়। ডাইনী বলৰ ওপৰত সাধাৰণতে এটা ফুটা থাকে য’ত পেগ সোমাব পাৰি; তাৰ পিছত পেগটোৰ লগত ডোঙা সংলগ্ন কৰা হয় যাতে বলটো চিমনিত বা খিৰিকীৰ ওপৰত ওলোমাই ৰাখিব পাৰি। প্ৰাথমিক ডাইনী বলৰ ডিঙিটো প্ৰায়ে ষ্টপাৰেৰে বন্ধ কৰি থোৱা চুটি আছিল। আজিৰ বহু বাৰীত পোৱা গেজিং বলবোৰ ৰূপালী ৰঙৰ ডাইনী বলবোৰৰ পৰাই উদ্ভৱ হৈছে যিবোৰে উত্তল দাপোনৰ দৰে কাম কৰিছিল, বেয়াক আঁতৰাই প্ৰতিফলিত কৰি আঁতৰাই পেলাইছিল। অজাৰ্ক পৰ্বতমালাত আন এক প্ৰকাৰৰ ডাইনী বল ক’লা চুলিৰ পৰা তৈয়াৰ কৰা হয় যিটো মৌমাখিৰ মোমৰ সৈতে গুটিয়াই মাৰ্বলৰ সমান কঠিন ঘূৰণীয়া গুটি এটা তৈয়াৰ কৰা হয় আৰু গালিত ব্যৱহাৰ কৰা হয়। অজাৰ্ক লোককথাত কাৰোবাক হত্যা কৰিব বিচৰা ডাইনীয়ে এই চুলিৰ বলটো লৈ উদ্দেশ্যপ্ৰণোদিত ভুক্তভোগীৰ ওপৰত দলিয়াই দিব; কোৱা হয় যে যেতিয়া অজাৰ্কছৰ কোনোবা এজনক ডাইনীৰ অভিশাপত হত্যা কৰা হয়, তেতিয়া এই ডাইনী বলটো মৃতদেহৰ ওচৰত পোৱা যায়। কেণ্টাকিৰ এপ্লাচিয়ান পৰ্বতমালাত পৰম্পৰা অনুসৰি গৰু বা ঘোঁৰাৰ চুলি গুটিয়াই সৰু বল কৰি ডাইনী বল তৈয়াৰ কৰা হৈছিল। এজন ডাইনে উদ্দেশ্যপ্ৰণোদিত ভুক্তভোগীৰ ছবি আঁকিছিল, তাৰ পিছত বলটো তেওঁলোকে আঘাত কৰিব বিচৰা ভুক্তভোগীৰ অংশলৈ দলিয়াই দিছিল। খ্ৰীষ্টমাছৰ অলংকাৰ পেট্ৰিক লি-ফাৰ্মৰে ১৯৩৩ চনত জাৰ্মানীৰ বপাৰ্ডত খ্ৰীষ্টমাছ গছত ডাইনী বল ওলোমাই থোৱা গেছথফ (গেষ্ট হাউচ)ৰ মালিকৰ কন্যাসকলৰ কথা উল্লেখ কৰিছে, যিয়ে আধুনিক বাবলৰ সৈতে এটা সম্পৰ্ক থকাৰ কথা সূচায়। লগতে চাওঁক তাবিজ এপট্ৰ’পিক যাদু খ্ৰীষ্টমাছৰ অলংকাৰ লুকাই থকা জোতা ড্ৰিমকেঁচাৰ কাঁচৰ ভাসমান হ’ক’ (পুতলা) তথ্যসূত্ৰ লোকবিশ্বাস
71825
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%97%E0%A7%87%E0%A7%B0%E0%A6%BF%E0%A6%9F%E0%A6%BE%20%E0%A6%B9%E0%A7%87%E0%A6%95
মাৰ্গেৰিটা হেক
মাৰ্গেৰিটা হেক ১২ জুন ১৯২২ ২৯ জুন ২০১৩) এগৰাকী ইটালীৰ জ্যোতিৰ্বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা আছিল। ১৯৯৫ চনত আৱিষ্কৃত গ্ৰহাণু ৮৫৫৮ হেকৰ নাম তেওঁৰ সন্মানত ৰখা হৈছিল। জীৱনী ১৯২২ চনৰ ১২ জুন তাৰিখে ইটালীৰ তুস্কেনিৰ ফ্লোৰেন্সত মাৰ্গেৰিটা হেকৰ জন্ম হৈছিল। তেওঁৰ দেউতাক ৰবেৰ্টো হেক প্ৰটেষ্টান চুইছ মূলৰ ফ্লোৰেণ্টিন গাণনিক আছিল। তেওঁৰ মাক মাৰিয়া লুইচা পোগেচি তুস্কেনিৰ এগৰাকী কেথলিক আৰু আকাডেমিয়া দি বেলে আৰ্টি দি ফায়াৰঞ্জেৰ স্নাতক আৰু উফিজি গেলেৰীত এগৰাকী মিনিয়েচাৰ শিল্পী আছিল। তেওঁৰ পিতৃ-মাতৃ দুয়োগৰাকী ইটালিয়ান থিওচফিকেল চছাইটিত যোগদান কৰিবলৈ তেওঁলোকৰ ধৰ্ম ত্যাগ কৰিছিল। ইয়াৰ বাবে ৰবেৰ্টো হেক কাউণ্টেছ গাম্বাৰিনি-কাভালিনিৰ অধ্যক্ষতাত অলপ সময়ৰ বাবে সচিব আছিল। যৌৱনকালত এগৰাকী খেলুৱৈ হিচাপে হেকে বাস্কেটবল খেলিছিল আৰু ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় প্ৰতিযোগিতাৰ সময়ত ট্ৰেক এণ্ড ফিল্ডত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াক মুছলিনিৰ ফেচিষ্ট শাসনৰ অধীনত লিট'ৰিয়েলি বুলি কোৱা হৈছিল আৰু তেওঁ লং জাম্প আৰু হাই জাম্প ইভেণ্ট জিকিছিল। ১৯৪৪ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে আৰ্চেট্ৰিৰ চান লিওনাৰ্ডোৰ গীৰ্জাত তেওঁ এলডো ডি ৰোজাক বিয়া কৰায়। ডি ৰোজায়ো তাইৰ শৈশৱৰ এজন সহ খেলুৱৈ আছিল। তেওঁ ফ্লোৰেন্সৰ লিচিঅ ক্লাচিকো "গেলিলিঅ গেলিলি"ত অধ্যয়ন কৰিছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ ফলত তেওঁ পৰীক্ষাত বহিবলৈ অক্ষম হৈছিল। ১৯৪৫ চনত তেওঁ ফ্লোৰেন্স বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। জ্যোতিৰ্বিজ্ঞানত তেওঁৰ গৱেষণা পত্ৰ 'চেফেইড চলক'ৰ ওপৰত প্ৰতিষ্ঠিত আছিল। আৰ্চেট্ৰি অবজাৰ্ভেটৰীত তেওঁৰ অধ্যয়নৰ ওপৰত আধাৰিত কৰি আৰু জৰ্জিঅ এবেট্টিৰ নিৰ্দেশনাত তেওঁ নিজৰ গৱেষণা সম্পন্ন কৰিছিল। হেকে এজন বিজ্ঞানী, শিক্ষক আৰু বৈজ্ঞানিক গৱেষণা কেন্দ্ৰৰ প্ৰশাসকৰ বাবে আবেট্টিক তেওঁৰ আদৰ্শ ব্যক্তি বুলি গণ্য কৰিছিল। ইটালীত মাৰ্গেৰিটা হেক তেওঁৰ ধৰ্মবিৰোধী দৃষ্টিভংগী আৰু কেথলিক গীৰ্জা আৰু ইয়াৰ পদানুক্ৰম আৰু প্ৰতিষ্ঠানসমূহৰ ওপৰত তেওঁৰ নিৰন্তৰ সমালোচনাৰ বাবে জনাজাত আছিল। তেওঁ এগৰাকী নিৰামিষভোজী আছিল আৰু 'পাৰ্চে চোনো ভেজিতাৰিনা' (মই কিয় নিৰামিষভোজী) শীৰ্ষক এই বিষয়ে বৰ্ণনা কৰি এখন কিতাপ লিখিছিল। তেওঁ 'লা মিয়া ভিটা ইন বিচিক্লেটা' (চাইকেলত মোৰ জীৱন) শীৰ্ষক এখন কিতাপও লিখিছিল। ২০১৩ চনৰ ২৯ জুনৰ পুৱা ৪:৩০ বজাত ট্ৰিয়েষ্টেৰ কেটিনাৰা চিকিৎসালয়ত হেকৰ মৃত্যু হয়। হৃদযন্ত্ৰৰ সমস্যাৰ বাবে তেওঁক এসপ্তাহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত তেওঁ প্ৰায় দুবছৰ ধৰি অসুস্থতাত ভুগি আছিল। তেওঁ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল। ২০১৪ চনৰ ২৬ ছেপ্টেম্বৰত আলঝেইমাৰ ৰোগৰ জটিলতাৰ বাবে হেকৰ স্বামী এলডো ডি ৰোজাৰ মৃত্যু হয়। তেওঁলোক দুয়ো ট্ৰিয়েষ্টেৰ ছাণ্ট'আন্নাৰ সমাধিক্ষেত্ৰত সমাধিস্থ কৰা হয়। হেকে জ্যোতিৰ্বিজ্ঞানৰ ওপৰত ২৪,০০০তকৈ অধিক গ্ৰন্থ থকা তেওঁৰ ব্যক্তিগত পুথিভঁৰালখন ট্ৰিয়েষ্টে চহৰলৈ দান কৰে। ২০২১ চনৰ ১২ জুন তাৰিখে গুগলে তেওঁৰ ৯৯তম জন্মদিনত গুগল ডুডলৰ প্ৰদৰ্শিত কৰি উদযাপন কৰিছিল। বৈজ্ঞানিক কাৰ্যকলাপ তেওঁ ১৯৬৪ চনৰ পৰা ১৯৯২ চনৰ ১ নৱেম্বৰলৈ ট্ৰিয়েষ্টে বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক আছিল। ১৯৬৪ চনৰ পৰা ১৯৮৭ চনলৈ ট্ৰাইষ্টে এষ্ট্ৰ'নমিকেল অবজাৰ্ভেটৰীৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা হেক প্ৰথম ইটালীৰ মহিলা হিচাপে পৰিগণিত হৈছিল। পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান সংস্থাৰ সভ্য মাৰ্গেৰিটা হেক ১৯৮৫ চনৰ পৰা ১৯৯১ চনলৈ আৰু ১৯৯৪ চনৰ পৰা ১৯৯৭ চনলৈ ট্ৰাইষ্টে বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান বিভাগৰ সঞ্চালক আছিল। তেওঁ আকাডেমিয়া নাজিওনেল দেই লিনচি (গাণিতিক পদাৰ্থ বিজ্ঞান আৰু প্ৰাকৃতিক বিজ্ঞানৰ শ্ৰেণীৰ ৰাষ্ট্ৰীয় সদস্য; দ্বিতীয় শ্ৰেণী: জ্যোতিৰ্বিজ্ঞান, জিঅ'ডেচিক, ভূ-পদাৰ্থ বিজ্ঞান আৰু প্ৰয়োগ; শাখা এ: জ্যোতিৰ্বিজ্ঞান আৰু প্ৰয়োগ)ৰ সভ্য আছিল। তেওঁ বহুতো আমেৰিকান আৰু ইউৰোপীয় পৰ্যৱেক্ষণালয়ত কাম কৰিছিল আৰু দীৰ্ঘদিন ধৰি ইউৰোপীয় মহাকাশ সংস্থা আৰু নাছাৰ কৰ্মী গোটৰ সদস্য আছিল। ইটালীত এক গভীৰ প্ৰচাৰকাৰ্য্যৰ দ্বাৰা তেওঁ কেইবাটাও উপগ্ৰহৰ প্ৰৱেশাধিকাৰৰ সৈতে জ্যোতিৰ্বৈজ্ঞানিক সম্প্ৰদায়ৰ কাৰ্যকলাপৰ বিকাশ লাভ কৰে। হেকে জনপ্ৰিয় বিজ্ঞান আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ কেইবাখনো কিতাপত কেইবাখনো মূল কাকত আন্তৰ্জাতিক আলোচনাপত্ৰ প্ৰকাশ কৰিছে। ১৯৯৪ চনত তেওঁক বৈজ্ঞানিক গৱেষণাৰ বাবে টাৰ্গা জুচেপ্পে পিয়াজ্জি আৰু ১৯৯৫ চনত বৈজ্ঞানিক প্ৰচাৰৰ বাবে কৰ্টিনা উলিছ পুৰস্কাৰ প্ৰদান কৰা হয়। ১৯৭৮ চনত তেওঁ দ্বিমাহিক আলোচনী ল'এষ্ট্ৰ'নিয়া প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ প্ৰথম সংখ্যা ১৯৭৯ চনৰ নৱেম্বৰ মাহত প্ৰকাশ পাইছিল। পিছলৈ কোৰাডো লাম্বাৰ্টিৰ সৈতে মিলি তেওঁ জনপ্ৰিয় বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান সংস্কৃতি লে ষ্টেলে আলোচনীখন পৰিচালনা কৰে। সামাজিক আৰু ৰাজনৈতিক কাৰ্যকলাপ হেক বিজ্ঞানৰ বাহিৰে বিশেষকৈ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ কাৰ্যকলাপৰ বাবেও জনাজাত আছিল। তেওঁ নাস্তিক আছিল আৰু কোনো ধৰ্ম বা অতিপ্ৰাকৃতিকতাৰ ৰূপত বিশ্বাস কৰা নাছিল। হেকে এইটোও বিশ্বাস কৰিছিল যে নৈতিকতা ধৰ্মৰ পৰা নহয় কিন্তু "বিবেকৰ নীতি"ৰ পৰা আহৰণ কৰিব পাৰি। ই যিকোনো লোকক জীৱনৰ প্ৰতি ধৰ্মনিৰপেক্ষ দৃষ্টিভংগী ৰাখিবলৈ, আনৰ স্বকীয়তা আৰু স্বাধীনতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ শিকায়। ছদ্মবিজ্ঞানকে ধৰি যিকোনো ধৰণৰ অন্ধবিশ্বাসৰ প্ৰতি বিদ্বেষী মাৰ্গেৰিটা হেক ১৯৮৯ চনৰ পৰা চিআইচিএপিৰ বৈজ্ঞানিক গেৰাণ্টৰ আৰু যুক্তিবাদী নাস্তিক আৰু অজ্ঞেয়বাদী সংঘৰ (ইউএএআৰ) সন্মানীয় সভাপতি আছিল। ২০০৫ চনত তেওঁ বৈজ্ঞানিক গৱেষণাৰ স্বাধীনতাৰ বাবে লুকা কচিয়নি এছ'চিয়েশ্যনত যোগদান কৰে। তেওঁ আন্তঃৰাষ্ট্ৰীয় ৰেডিকেল পাৰ্টিৰ সদস্য আছিল। মিলান প্ৰদেশত ৫,৩৬৪টা ভোট লাভ কৰা ইটালীৰ কমিউনিষ্টৰ দলৰ তালিকাত ২০০৫ চনৰ লোম্বাৰ্ডিত ইটালীৰ আঞ্চলিক নিৰ্বাচনৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। নিৰ্বাচনৰ পিছত তেওঁ বেবো ষ্টৰ্টিক নিজৰ আসন দিছিল। ২০০৬ চনৰ ইটালীৰ সাধাৰণ নিৰ্বাচনত তেওঁ পুনৰ ইটালীৰ কমিউনিষ্ট দলৰ পক্ষ লৈছিল। তেওঁ চেম্বাৰ অফ ডেপুটিজৰ কেইবাখনো জিলাৰ বাবে মনোনীত হৈছিল কিন্তু তেওঁ নিজকে জ্যোতিৰ্বিজ্ঞানত নিয়োজিত কৰিবলৈ আসনখন এৰি দিয়াৰ সিদ্ধান্ত লৈছিল। ২০০৮ চনৰ ২২ অক্টোবৰ তাৰিখে ফ্লোৰেন্সৰ পিয়াজ্জা ডেলা চিগনোৰিয়াত আইন 133/08 ৰ বিৰুদ্ধে আলোচনাৰ পিছত (পূৰ্বতে আইন-ডিক্ৰী ১১২ হিচাপে জনাজাত আৰু "ট্ৰেমণ্টি ডিক্ৰী" বুলি কোৱা হৈছিল) এক ছাত্ৰ প্ৰদৰ্শনৰ সময়ত হেকে হিগছ বোচনৰ বিষয়ে চিইআৰএনত কৰা পৰীক্ষাবোৰৰ ওপৰত এটা বক্তৃতা দিছিল। ২০০৯ চনৰ ২১ জানুৱাৰীত তেওঁ জুনৰ ইউৰোপীয় নিৰ্বাচনৰ বাবে পুঁজিবাদ বিৰোধী তালিকাৰ প্ৰাৰ্থী হয়। তেওঁ এই নিৰ্বাচনত নিৰ্বাচিত হোৱা নাছিল। ২০০৯ চনৰ নৱেম্বৰ মাহত মাইক্ৰ'মেগা আলোচনীত এখন মুকলি পত্ৰৰ জৰিয়তে তেওঁ পৰিষদৰ ইটালীৰ সভাপতি চিলভিঅ বাৰ্লুস্কোনিক আইনী পদক্ষেপৰ বিষয়ে সমালোচনা কৰিছিল। ২০১০ চনৰ আঞ্চলিক নিৰ্বাচনৰ সময়ত তেওঁ ফেডেৰাজিয়ন ডেলা চিনিষ্ট্ৰাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তেওঁ ৭০০০তকৈও অধিক ভোট লাভ কৰি ৰোম জিলালৈ নিৰ্বাচিত হৈছিল। প্ৰথম পৰিষদৰ বৈঠকৰ সময়ত তেওঁ আসনখন আন তালিকাৰ প্ৰাৰ্থীসকলৰ ওচৰত এৰি পদত্যাগ কৰিছিল। ২০১২ চনৰ অক্টোবৰত তেওঁ বাওঁপন্থী প্ৰাথমিক নিৰ্বাচনৰ সময়ত নিচি ভেন্দোলাৰ প্ৰতি তেওঁৰ সমৰ্থন ঘোষণা কৰে। আনহাতে নিম্নলিখিত ভোটদানৰ সময়ত তেওঁ পিয়েৰলুইগি বেৰ্ছানিৰ বিৰুদ্ধে মাত্তেও ৰেঞ্জিৰ পক্ষ লয়। ২০১৩ চনৰ এপ্ৰিল মাহত হেকে ইটালীৰ ৰাষ্ট্ৰপতি হিচাপে এমা বনিনোৰ প্ৰাৰ্থিত্বৰ প্ৰচাৰৰ বাবে ৰেঞ্জো আৰ্বোৰে, টনি গাৰানী, আন্না ফেণ্ডি, আলেচেন্দ্ৰো পেচ, ষ্টেফানো ডিচেগনিৰ দৰে অন্যান্য বিশিষ্ট ইটালীৰ ব্যক্তিসকলৰ সৈতে "এমা বনিনো সমিতি"ত যোগদান কৰে। পাৰমাণৱিক গৱেষণাৰ বাবে শক্তিৰ সমস্যা সন্দৰ্ভত হেকে ইটালীত পাৰমাণৱিক শক্তি কেন্দ্ৰ নিৰ্মাণৰ বিৰুদ্ধে মাত মাতিছিল। কিন্তু পাৰমাণৱিক গৱেষণাৰ সপক্ষে কৈছিল যে ইটালী সেই সময়ত পাৰমাণৱিক শক্তিকেন্দ্ৰ ৰক্ষণাবেক্ষণ কৰিবলৈ সক্ষম হোৱা নাছিল আৰু ইটালী অতি কম নিৰ্ভৰযোগ্য দেশ হিচাপেও উল্লেখ কৰিছিল। বঁটা আৰু সন্মান তথ্য উৎস বাহ্যিক সংযোগ ইটালীৰ ব্যক্তি মৃত ব্যক্তি জ্যোতিৰ্বিজ্ঞানী পদাৰ্থ বিজ্ঞানী
97163
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%A8-%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A6%B2
আন-নামল
আন-নামল হৈছে পবিত্ৰ কোৰআনৰ ২৭ তম ছূৰা (অধ্যায়) যাৰ ৯৩টা আয়াত (শ্লোক) আছে। কল্পিত অৱতীৰ্ণৰ সময় আৰু প্ৰসংগভিত্তিক পটভূমিৰ সন্দৰ্ভত ([[আছবাব আল-নুজুল]), ই পূৰ্বৰ "মক্কান ছূৰা", যাৰ অৰ্থ হৈছে ইয়াক মক্কাত অৱতীৰ্ণ হোৱা বুলি বিশ্বাস কৰা হয়। সাৰাংশ ১-৩ কোৰআন হৈছে বিশ্বাসীসকলৰ বাবে শুভবাৰ্তাৰ দিশ ৪-৫ কাফিৰ ইয়াত আৰু ইয়াৰ পিছতো হাৰি যোৱা ৬ কোৰআন নিশ্চয় আল্লাহে মুহাম্মাদক দিয়া ৭-১২ জ্বলি থকা জোপোহাত মুছাৰ কাহিনী ১৩-১৪ মুছাক ফেৰাউন আৰু মিচৰীয়াসকলে ভণ্ড বুলি প্ৰত্যাখ্যান কৰিলে ১৫ দাউদ আৰু চলোমনে নিজৰ জ্ঞানৰ বাবে আল্লাহৰ প্ৰশংসা কৰে ১৬-১৭ জিন, মানুহ আৰু চৰাইৰ ওপৰত চলোমনৰ আধিপত্য ১৮-১৯ জ্ঞানী পৰুৱা চলোমনক সন্তুষ্ট কৰে ২০-৪৪ চেবাৰ ৰাণী আৰু ইছলাম ধৰ্ম গ্ৰহণৰ কাহিনী ৪৫-৪৮ থামুডে তেওঁলোকৰ ভাববাদী ছালিহক অগ্ৰাহ্য কৰে ৪৯-৫১ নজনা মানুহে ছালিহ আৰু তেওঁৰ পৰিয়ালৰ ধ্বংসৰ ষড়যন্ত্ৰ কৰে ৫২-৫৪ থামুডী আৰু তেওঁলোকৰ চক্ৰান্তকাৰীসকলে ধ্বংস কৰিলে, কিন্তু ছালিহ আৰু তেওঁৰ অনুগামীসকলে পৰিত্ৰাণ পায় ৫৫-৫৯ ল’টৰ কাহিনী আৰু চদোমৰ ধ্বংস ৬০-৬৮ আল্লাহ, সৃষ্টিকৰ্তা আৰু সংৰক্ষক, মিছা দেৱতাতকৈ অধিক প্ৰশংসাৰ যোগ্য ৬৯-৭০ কাফিৰসকলে মুহাম্মাদৰ সতৰ্কবাণীক উপহাস কৰে ৭১-৭২ পুৰণি ভাববাদীসকলক অগ্ৰাহ্য কৰাসকলৰ দৰে তেওঁলোকো নিশ্চয় ধ্বংস হ’ব ৭৩-৭৭ আল্লাহৰ দয়াৰ দ্বাৰা দুষ্টসকলৰ ওপৰত বিচাৰ বিলম্বিত হ’ল ৭৮-৮০ ইজৰাইলৰ সন্তানসকলৰ মাজত বিতৰ্কৰ বিষয়সমূহ কোৰআনে নিৰ্ধাৰণ কৰে ৮১ মুহাম্মাদে তেওঁৰ সততাৰ আশ্বাসেৰে সান্ত্বনা লাভ কৰে ৮২-৮৩ নিজৰ পথৰ ভুলৰ প্ৰতি অন্ধ কাফিৰক নিন্দা কৰা ৮৪-৯০ অবিশ্বাসীসকলৰ বিচাৰ আৰু প্ৰলয়ৰ চিন ৯১ ধাৰ্মিকসকলে বিচাৰৰ আতংকৰ পৰা নিৰাপদ ৯২ দুষ্ট লোকক শাস্তি দিয়া হ’ব ৯৩-৯৪ মুহাম্মাদে আল্লাহক পূজা কৰিবলৈ, মুছলমান হ’বলৈ আৰু কোৰআন ঘোষণা কৰিবলৈ আদেশ দিলে ৯৫ আল্লাহই প্ৰকৃত বিশ্বাসীসকলক তেওঁৰ চিন দেখুৱাব ২৭ নং ছূৰাত আৰব আৰু ইস্ৰায়েলী নবীসকলৰ তাওইদ (এক ঈশ্বৰবাদ)ৰ বাৰ্তাক গুৰুত্ব দিবলৈ নবী মুছা (মোচি), চুলেমান (চলোমন), চালেহ আৰু লুত (লূত)ৰ কাহিনী কোৱা হৈছে। যাত্ৰাপুস্তকত বৰ্ণনা কৰা মুছাৰ অলৌকিক কাৰ্য্যৰ কথা ফেৰাউনৰ অহংকাৰ আৰু কুফ্ৰ (অবিশ্বাস)ৰ বিৰোধিতা কৰি উল্লেখ কৰা হৈছে। চলোমনৰ কাহিনীটো আটাইতকৈ বিশদ: চলোমনে ছাবা'ৰ ৰাণী বিলকিছ (চেবা)ক "সঁচা ধৰ্ম"লৈ ধৰ্মান্তৰিত কৰিছিল, কাৰণ এজন হুপ'ই তেওঁক সূৰ্য্য পূজা কৰা ৰাণী বুলি খবৰ দিছিল। এই ছূৰাখন সম্ভৱতঃ মক্কাত থকা বিশ্বাসীসকলৰ মাজত "ইজৰাইলৰ সন্তান"ৰ ভূমিকাক সম্বোধন কৰিবলৈ, অতীতৰ নবীসকলৰ ধৰ্মপৰায়ণতাক গুৰুত্ব আৰু প্ৰশংসা কৰিবলৈ আৰু বৰ্তমানৰ কোৰআনৰ বাৰ্তাক অতীতৰ পৰম্পৰাৰ পৰা পৃথক কৰিবলৈ অৱতীৰ্ণ হৈছিল। উপাধিৰ তাৎপৰ্য্য ছূৰাৰ নামটো সেই পৰুৱাৰ পৰা লোৱা হৈছে যাৰ কথা-বতৰা চলোমনে বুজি পাইছিল। ছূৰা আৰ-ৰ'দ "বজ্ৰ" বা আল-আংকাবুত "মকৰা"ৰ দৰেই "পৰুৱা"ৰ ছূৰাত কোনো বিষয়ভিত্তিক তাৎপৰ্য নাই, ইয়াৰ বাহিৰেও ই বিশ্বাসীসকলৰ মাজত চিনাকি বাক্যাংশ, ছূৰাখনৰ চলোমনৰ কাহিনীৰ সোঁৱৰণী। চলোমনৰ কাহিনীৰ বাবে ইছলামত জীৱ-জন্তুৰ মাজত পৰুৱাবোৰে বিশেষ সুবিধাজনক মৰ্যাদা লাভ কৰিছে। হাদিছ সাহিত্যত মুহাম্মাদে মুছলমানসকলক পৰুৱা, মৌমাখি, হুপো বা শ্ব্ৰাইক হত্যা কৰিবলৈ নিষেধ কৰা বুলি কোৱা হৈছে; এইটো কোনো কাকতলীয়া কথা নহয় যে এই সকলোবোৰক আন-নামল আৰু আন-নাহল (মৌমাখি)ত বৈশিষ্ট্যযুক্ত কৰা হৈছে। পৰুৱাৰ ধৰ্মতত্ত্বৰ তাৎপৰ্য্যৰ এটা ব্যাখ্যা ঐতিহাসিকভাৱে ইয়াৰ ভূমিকাৰ সৈতে মিল খায়। ১৯৯৩ চনৰ ইছলাম বিশ্বকোষৰ সংস্কৰণত লিখাৰ দৰে: মূল ধাৰণা কোৰআন অৱতীৰ্ণৰ পূৰ্বে বহু ইজৰায়েলী নবীৰ লগতে আৰব নবীসকলেও তাওহিদ প্ৰচাৰ কৰিছিল। "সঁচাকৈ এই কোৰআনে ইজৰায়েলৰ সন্তানসকলক তেওঁলোকৰ মাজত মতানৈক্যৰ বেছিভাগ কথা বুজাইছে, আৰু ই বিশ্বাসীসকলৰ বাবে হিদায়ত আৰু কৃপা।" সৃষ্টিকৰ্তা হিচাপে আল্লাহৰ কোনো সমান নাই; যিসকলে আনক আল্লাহৰ লগত সংগী কৰে, তেওঁলোক সকলোৱে শ্বীৰ্কৰ দোষী। আল্লাহৰ তুলনাত পাৰ্থিৱ জ্ঞান একো নহয়; কেৱল কাণ আৰু চকু মুকলি হোৱাসকলেহে আল্লাহৰ ওচৰলৈ ঘূৰি যাব। আল্লাহৰ বাৰ্তাক কাফিৰসকলে বিচাৰৰ দিন আহিলে কোনো আশা নাথাকিব। প্ৰকাশ হৈছে এক স্পষ্ট সতৰ্কবাণী। ২৭ নং ছূৰাত পুনৰ কোৱা হৈছে যে সকলো মানৱজাতিয়ে পলম নকৰাকৈ আল্লাহৰ ওচৰলৈ যাব লাগিব। কালক্ৰম ২৭ নং ছূৰা মক্কা যুগৰ মাজভাগৰ পৰা মক্কান ছূৰা বুলি সন্মত হৈছে। তাফছিৰ আল-জালালাইনে লক্ষ্য কৰিছে যে কিছুমান ব্যতিক্ৰম আছে: আয়াত ৫২-৫৫ মদীনান যুগৰ; আয়াত ৮৫ মদীনালৈ হিজৰাৰ সময়ত অৱতীৰ্ণ হৈছিল। নোল্ডেকৰ কালক্ৰম প্ৰাচ্যবিদ থিওডৰ নল্ডেকৰ কালক্ৰমত ১১৪ খনৰ ভিতৰত ২৭ নং ছূৰাক ৬৮ নং স্থানত স্থান দিয়া হৈছে। তেওঁ ইয়াক দ্বিতীয় মক্কা যুগৰ ২১ খন ছূৰাৰ ভিতৰত স্থান দিছে (মক্কাত মুহাম্মাদ চাওক)। (মক্কা যুগ ৬১০-৬২২ খ্ৰীষ্টাব্দৰ বুলি অনুমান কৰা হৈছে।) নলডেকে অনুমান কৰিছে যে আন-নামলৰ আগত আল-ইছৰা’ আৰু তাৰ পিছত আল-কাহ্ফ। তিনিওটা ছূৰাত ইহুদী ধৰ্ম আৰু বিশেষকৈ মুছাৰ কাহিনীৰ ইংগিত ব্যৱহাৰ কৰা হৈছে। ইজিপ্তৰ কালক্ৰম ষ্টেণ্ডাৰ্ড ইছলামিক মিচৰীয় কালক্ৰমত আন-নামলক ১১৪ টাৰ ভিতৰত ৪৮ নম্বৰ স্থান দিয়া হৈছে। এই ক্ৰমত ই আল-কাছাছৰ "কাহিনী"ৰ আগত আৰু আশ-শু’আৰা "কবি"ৰ পিছত আহে, মানক 'উছমানিক কোৰ'ত ইয়াৰ ক্ৰম অনুসৰণ কৰে (কোৰআনৰ ইতিহাস চাওক)। তিনিওটা ছূৰা আৰু ১৯ৰ পৰা ৩২ৰ ভিতৰত সংখ্যাৰ সকলো ছূৰাৰ ভিতৰত প্ৰকাশৰ বিৱৰণী "ৰহস্যময় আখৰ"ৰে আৰম্ভ হয়, যাৰ অৰ্থ কিছুমানৰ মাজত আৰু আন কিছুমানৰ মাজত অনুমান কৰা হৈছে; সেইবোৰ আৰবী উপভাষাৰ ভিন্ন বুলি অনুমান কৰা হৈছে। ২৭ নং ছূৰাৰ আৰম্ভণিতে "তা চিন" শব্দৰে লিখা হৈছে। তফছিৰ আল-জালালাইনত স্পষ্ট যে এই শব্দবোৰক কেতিয়াবা আল্লাহৰ ৰহস্য বুলি ব্যাখ্যা কৰা হয় বিশ্বাস কৰাৰ চিন। গাঁথনি ২৭ নং ছূৰাক মধ্য মক্কান যুগৰ ছূৰা হিচাপে গঠনৰ ক্ষেত্ৰত একাধিক ধৰণে ব্যাখ্যা কৰিব পাৰি। বিষয়ভিত্তিকভাৱে ক’বলৈ গ’লে ছূৰাখন কেইবাটাও বিষয়ৰ মাজেৰে আগবাঢ়িছে: কোৰআনৰ ঘোষণা (ছূৰা ২৭:১ত কোৰআনে নিজকে সচেতনভাৱে এটা শাস্ত্ৰ বুলি উল্লেখ কৰিছে, যাৰ অৰ্থ হৈছে সকলো স্পষ্ট কৰা।) মুছাৰ চিনবোৰক ফেৰাউনে আওকাণ কৰে চলোমনে আল্লাহৰ আশীৰ্ব্বাদ উপলব্ধি কৰি আল্লাহৰ সেৱাত নিজকে সমৰ্পণ কৰে। চেবাৰ ৰাণীয়ে চলোমনৰ লগত ভাল ব্যৱহাৰ কৰে আৰু তেওঁৰ লগত উদাৰতাৰে কাম কৰে। কাফিৰৰ পৰা এগৰাকী চেবাৰ ৰাণীয়ে ধৰ্মান্তৰিত হয় আৰু তাওহিদত নিজকে উৎসৰ্গা কৰে। থামুডৰ মানুহে ছালিহৰ সতৰ্কবাণীক অৱজ্ঞা কৰে; ল’টক সেইদৰে তেওঁৰ লোকসকলেও অগ্ৰাহ্য কৰে। এইদৰে কাফিৰবোৰ ষড়যন্ত্ৰৰ বাবে ধ্বংস কৰা হয়। আল্লাহৰ সাৰ্বজনীনতা, সৰ্বজ্ঞানতা আৰু সৰ্বশক্তিমানতাৰ ঘোষণা ছূৰাৰ বাক্যাংশই আল্লাহৰ সৰ্বশক্তিমানতাক পাহৰি যোৱাটো নিন্দা কৰে। কাফিৰ পৰিত্যাগ ঘোষণা নবীয়ে তেওঁলোকৰ পৰা হাত ধোৱা। বিচাৰৰ ভৱিষ্যদ্বাণী (শেষ বিচাৰৰ বিষয়ে ইছলামিক দৃষ্টিভংগী চাওক) আৰু চিনসমূহৰ ইংগিত। সতৰ্কবাণী হিচাপে কোৰআনৰ উদ্দেশ্যৰ পুনৰাবৃত্তি। পোনপটীয়া ব্যাখ্যা গ্ৰন্থখনৰ কালক্ৰমিক পঠন অনুসৰি ছূৰাখন সতৰ্কবাণীৰ সাহসী টোকাৰে শেষ কৰা হৈছে। এইটো পাঠটোৰ নিখুঁতভাৱে বৈধ পঠন। তফছিৰ আল-জালালাইনে এই পঠনৰ সৈতে একমত, আয়াত ৯১-৯৩ৰ উল্লেখ কৰি কৈছে যে নবীৰ কৰ্তব্য কেৱল সতৰ্ক কৰা; প্ৰকাশ কৰা শক্তিশালী, আগতীয়া সুৰে এই সিদ্ধান্তক সমৰ্থন কৰে যে ছূৰাৰ চূড়ান্ত বিন্দুটোৱেই হৈছে কেন্দ্ৰবিন্দু। আঙুঠিৰ গঠন পাঠটোৰ আন এটা বৈধ পঢ়াত আঙুঠিৰ গঠন ব্যৱহাৰ কৰা হয় (চিয়াষ্টিক গঠন চাওক)। কোৰআন অধ্যয়নৰ বিশিষ্ট আধুনিক পণ্ডিত কাৰ্ল আৰ্নষ্টৰ মক্কান যুগৰ কিছুমান মধ্যৰ পৰা শেষৰ ফালে ছূৰাৰ ব্যাখ্যাত অনুকূল, ইয়াক ২৭ নং ছূৰাতো প্ৰয়োগ কৰিব পাৰি। ৰিং গঠনত টুকুৰাটোৰ কেন্দ্ৰবিন্দুটো কেন্দ্ৰত পোৱা যায়, সন্মুখ আৰু পিছফালে সমান্তৰাল বিবৃতিৰে আগুৰি থাকে। (এনে সমান্তৰাল বক্তব্যই ইটোৱে সিটোৰ ওপৰত বিশদভাৱে ক'ব পাৰে, ইটোৱে সিটোক বিপৰীতমুখী কৰিব পাৰে বা ইটোৱে সিটোক দৃঢ় কৰিব পাৰে। একাধিক ব্যাখ্যা আছে।) ২৭ নং ছূৰাৰ ব্যাখ্যা এনেদৰে কৰিব পাৰি: ১. কোৰআনৰ ঘোষণা ইয়াৰ উদ্দেশ্যৰ এটা পুনৰাবৃত্তিমূলক সতৰ্কবাণীৰ জৰিয়তে। ২. মুছাৰ চিনবোৰ ফেৰাউনে আওকাণ কৰে। ৩. বিচাৰৰ ভৱিষ্যদ্বাণী কৰা চিনবোৰৰ ইংগিত। ৪. আল্লাহৰ আশীৰ্বাদ উপলব্ধি কৰি, নিজকে বিশ্বাসী হিচাপে উৎসৰ্গা কৰে। ৫. চেবাৰ ৰাণী চলোমনৰ সৈতে উদাৰ, আৰু তেওঁৰ সৈতে ভালদৰে মোকাবিলা কৰে। তাই অবিশ্বাসৰ পৰা ধৰ্মান্তৰিত হয়, তাৰ পিছত তওহিদত নিজকে উৎসৰ্গা কৰে। ৬. তেওঁলোকৰ ভাববাদীসকলক অগ্ৰাহ্য কৰাৰ পিছত আল্লাহে চডমীয়াসকলক, আৰু থামুডৰ লোকসকলক ধ্বংস কৰে, যাৰ ফলত কাফিৰসকলৰ বাবে পৰিত্যাগ কৰাৰ সাধাৰণ ঘোষণা কৰা হয়। ৭. আঙুঠিৰ গঠনৰ পৰা নিৰ্ণায়ক ব্যাখ্যা: আল্লাহৰ সৰ্বশক্তিমানতা, সৰ্বব্যাপীতা আৰু সৰ্বজ্ঞানৰ ঘোষণাৰ জৰিয়তে অবিশ্বাসৰ তিৰস্কাৰ। তথ্য সংগ্ৰহ বহিঃসংযোগ আন-নামল সম্পূৰ্ণ কোৰআন অনুবাদ আন-নামল:২, ৫০+ অনুবাদ, ছূৰা আল-কোৰআনৰ ছূৰাসমূহ ইছলাম ধৰ্ম কোৰআন মক্কান
7738
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BF%E0%A6%89%E0%A6%9F%E0%A6%A8%E0%A7%B0%20%E0%A6%97%E0%A6%A4%E0%A6%BF%E0%A7%B0%20%E0%A6%B8%E0%A7%82%E0%A6%A4%E0%A7%8D%E0%A7%B0
নিউটনৰ গতিৰ সূত্ৰ
নিউটনৰ গতিৰ সূত্ৰ সমূহ হৈছে ধ্ৰুপদী বলবিদ্যা বা ধ্ৰুপদী বলবিজ্ঞান )ৰ তিনিটা ভৌতিক সূত্ৰৰ সমষ্টি। এই সূত্ৰসমূহে কোনো বস্তুত ক্ৰিয়া কৰা বল আৰু এই বলৰ বাবে সৃষ্টি হোৱা বস্তুটোৰ গতিৰ সম্পৰ্ক প্ৰকাশ কৰে। এই সূত্ৰকেইটাক কেইবাটাও বিভিন্ন ৰূপত প্ৰকাশ কৰিব পাৰি যাক থুলমুলকৈ তলত দিয়া ধৰণে সামৰি ল'ব পৰা যায়: প্ৰথম সূত্ৰ: কোনো বাহ্যিক বলে ক্ৰিয়া নকৰালৈকে কোনো এটা বস্তুৰ বেগ ধ্ৰুবক হৈ থাকে। দ্বিতীয় সূত্ৰ: কোনো বস্তুৰ ত্বৰণ ইয়াৰ ওপৰত প্ৰয়োগ হোৱা বল অৰ সমান্তৰাল আৰু সমানুপাতিক হয় আৰু বস্তুটোৰ ভৰ ৰ ব্যস্তানুপাতিক হয়। অৰ্থাত, তৃতীয় সূত্ৰ: দুটা বস্তুৰ মাজৰ বলৰ ক্ৰিয়া আৰু তাৰ প্ৰতিক্ৰিয়াৰ পাৰস্পৰিক মান সমান, সমৰৈখিক আৰু বিপৰীতমুখী। ছাৰ আইজাক নিউটনে ১৬৮৭ খৃষ্টাব্দত প্ৰকাশিত তেওঁৰ বিখ্যাত গ্ৰন্থ ত এই সূত্ৰ সমূহৰ ব্যাখ্যা আগবঢ়ায়, নিউটনে এই সূত্ৰসমূহ বহুতো ভৌতিক অৱয়ব আৰু প্ৰণালীৰ গতিৰ অধ্যয়ন আৰু ব্যাখ্যা কৰাত ব্যৱহাৰ কৰিছিল। সৰল ব্যাখ্যা নিউটনৰ সূত্ৰ সমূহ সেইবোৰ অৱয়ব (বস্তু)ৰ ক্ষেত্ৰত প্ৰযোজ্য যাক এই অৰ্থত কণা হিচাপে গণ্য কৰিব পৰা যায়, যাতে গতিৰ সময়ত ইয়াৰ প্ৰসাৰণ নগণ্য হয়। অৰ্থাত, প্ৰক্ৰিয়াটোত জড়িত দূৰত্বৰ তুলনাত গতি কৰা বস্তুটোৰ আকাৰ (মাত্ৰা) বহুত সৰু হয়, বা বস্তুটোৰ মাত্ৰাৰ বিকৃতকৰণ বা ঘূৰ্ণনে সামগ্ৰিক বিশ্লেষণত লোনো প্ৰভাব নেপেলায়। সেই মতে আমি এটা গ্ৰহক বিশ্লেষণৰ খাতিৰত তাৰ তৰাটোৰ চাৰিওফালে ঘূৰি থকা এটা কণা বুলি ভাবিব পাৰো। প্ৰথম অৱস্থাত নিউটনৰ সূত্ৰত স্থিৰ মাত্ৰাৰ বস্তু আৰু মাত্ৰাৰ বিকৃতকৰণ হ’ব পৰা বস্তুৰ সুকীয়া ব্যাখ্যা নাছিল। ১৭৫০ চনত লিঅ’নাৰ্ড অইলাৰে স্থিৰ মাত্ৰাৰ বস্তুৰ বাবে সাধাৰণীকৃত গতিৰ সূত্ৰ আগবঢ়াই, পাছত ইয়াক অইলাৰৰ গতিৰ সূত্ৰ ৰূপে জনা যায়, অইলাৰৰ গতিৰ সূত্ৰ ওপৰত ঊল্লেখিত দুয়োবিধ বস্তুৰ বাবে প্ৰয়োগ কৰিব পাৰি। যদি এটা অৱয়ব নিউটনৰ সূত্ৰ মানি চলা পৃথক পৃথক কণাৰ সমষ্টি হিচাপে প্ৰকাশ কৰিব পাৰো তেনেহ’লে আমি নিউটনৰ সূত্ৰৰ পৰা অইলাৰৰ সূত্ৰ পাব পাৰো। অৱশ্যে অইলাৰৰ সূত্ৰক আমি প্ৰসাৰযোগ্য বস্তুৰ গতিৰ বৰ্ণনাৰ বাবে স্বসমৃদ্ধ সূত্ৰ বুলি ক’ব পাৰো। নিউটনৰ সূত্ৰ সমূহ কেৱল কিছুমান প্ৰসংগ তন্ত্ৰ (ফ্ৰেম)ৰ সাপেক্ষেহে প্ৰযোয্য এই প্ৰসংগ ফ্ৰেম সমূহক জড় প্ৰসংগ তন্ত্ৰ (ফ্ৰেম) বোলা হয়। কিছুমান লিখকৰ মতে প্ৰথম সূত্ৰই হৈছে জড় প্ৰসংগ তন্ত্ৰৰ আক্ষৰিক সংজ্ঞা, এইফালৰ পৰা চাবলৈ গ’লে দেখিম যে দ্বিতীয় সূত্ৰ মাত্ৰ তেতিয়াহে প্ৰযোয্য যেতিয়া আমি পৰ্যবেক্ষন কোনো জড় প্ৰসংগ তন্ত্ৰৰ পৰা কৰিম, সেইবাবে আমি প্ৰথম সূত্ৰক আমি দ্বিতীয় সূত্ৰৰ বিশেষ ৰূপ বুলি ক’ব নোৱাৰো। কিছু সংখ্যক লিখকে প্ৰথম সূত্ৰক দ্বিতীয় সূত্ৰৰ অনুসিদ্ধান্ত বুলিও ক’ব বিছাৰে। অৱশ্যে নিউটনৰ মৃত্যুলৈকে জড় প্ৰসংগ তন্ত্ৰৰ এই ধাৰণা গঢ় লৈ উঠা নাছিল। পাছৰ অৱস্থাত নিউটনীয় বলবিদ্যাৰ ক্ষেত্ৰখন আপেক্ষিকতাবাদৰ বিশেষ সূত্ৰই সীমিত কৰি পেলায় যদিও পোহৰৰ গতিবেগতকৈ যতেষ্ঠ কম গতিবেগৰ বস্তু্ৰ বাবে এইবোৰ এতিয়াও সুচল ভাবে ব্যৱহাৰ কৰিব পাৰি। প্ৰথম সূত্ৰৰ সৰল ৰূপ কোনো বাহিৰা বলে ক্ৰিয়া নকৰালৈকে যিকোনো বস্তু যি স্থিতিতে আছে, অৰ্থাৎ গৈ থকা বস্তু এটা সেই গতিতে আৰু ৰৈ থকা বস্তু তেনে অৱস্থাতে থাকিব। উদাহৰণ হিচাবে, এটা দলিয়াই দিয়া মাৰ্বলৰ গতিক বতাহ আৰু মজিয়াৰ ঘৰ্ষণবলে বাধা নিদিয়াহ'লে সি অবিৰতভাৱে চিৰদিনৰ বাবে গৈয়েই থাকিলেহেঁতেন। তেনেদৰে পকা আপেল এটাক মাধ্যাকৰ্ষণ বলে তললৈ টানি নসৰোৱালৈকে সি গছতে থাকিব। দ্বিতীয় সূত্ৰৰ সৰল ৰূপ গতিৰ এই সূত্ৰই বল আৰু ত্বৰণৰ সম্পৰ্ক দৰ্শায়। তৃতীয় সূত্ৰৰ সৰল ৰূপ এখন ৰকেটে ইনঞ্জিনৰ পৰা পাচলৈ তীব্ৰ গতিত গেচ নিৰ্গত কৰে (ক্ৰিয়া) আৰু এই তীব্ৰগতিৰ গেচৰ বিপৰীত ক্ৰিয়াক্ৰমে ই বিপৰীত দিশত ওপৰলৈ উৰি যায়। জেট প্লেনেও এই সূত্ৰৰ সহায়তে উৰে। আমি সাঁতোৰোতেও পানীত বলপ্ৰয়োগ কৰোঁ আৰু প্ৰতিক্ৰিয়াস্বৰূপে ওপঙি থাকি সন্মুখলৈ আগবাঢ়ি যাওঁ। নিউটনৰ প্ৰথম সূত্ৰ এই সূত্ৰৰ মতে যদি মুঠ বলসমষ্টি (এটা বস্তুৰ ওপৰত ক্ৰিয়া কৰা সকলো বলৰ ভেক্টৰ যোগফল) শূন্য হয়, তেনেহ’লে বস্তুটোৰ বেগ ধ্ৰুবক হয়। গাণিতিক ভাবে: গতিকে: স্থিৰ বস্তু এটা কোনো ভাৰসাম্য নষ্টকাৰী বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিৰ অৱস্থাতে থাকিব। গতিশীল কোনো বস্তুৱে বাহ্যিক বলে ক্ৰিয়া নকৰা পৰ্যন্ত সমবেগেৰে গতি কৰিব, অৰ্থাত গতিবেগৰ পৰিৱৰ্তন নঘটে। নিউটনে প্ৰসংগ তন্ত্ৰৰ ধাৰণাৰ বাবে প্ৰথম সূত্ৰ আগবঢ়াই। প্ৰথম সূত্ৰই সিদ্ধান্ত দিয়ে যে অন্ততঃ এটা হ’লেও প্ৰসংগ তন্ত্ৰৰ অৱস্তিতি নিশ্ছিত, যাক নিউটনীয়ান বা জড় প্ৰসংগ তন্ত্ৰ বুলিব পাৰি, যাৰ সাপেক্ষে বলে ক্ৰিয়া নকৰা বস্তুৰ গতি সৰলৰৈখিক আৰু ধ্ৰুবক। নিউটনৰ প্ৰথম সূত্ৰক প্ৰায়েই জড়তাৰ সূত্ৰ বুলিও কোৱা হয়, গতিকে কোনো বস্তুৰ কোনো জড় প্ৰসংগ তন্ত্ৰৰ সাপেক্ষে সমবেগৰ চৰ্ত হ’ল, ইয়াৰ লগত জড়িত মুঠ শক্তি শূন্য হ’ব লাগিব। এই মতে আমি প্ৰথম সূত্ৰক এনেদৰেও লিখিব পাৰো: দৰাচলতে নিউটনৰ প্ৰথম সূত্ৰ গেলিলিউৱে আগেয়ে দি যোৱা জড়তাৰ সূত্ৰৰেই ৰূপান্তৰ। এৰিষ্টটলৰ মতে বিশ্ব ব্ৰহ্মাণ্ডত প্ৰতিটো বস্তুৰে নিজা প্ৰাকৃতিক স্থান আছে। শিলৰ দৰে গধুৰ বস্তুবোৰ পৃথিৱীৰ দৰে গ্ৰহ বোৰত থাকিব বিছাৰে, পাতল বস্তুবোৰ যেনে ধোঁৱাই আকাশত থাকিব বিছাৰে আৰু তৰাবোৰে স্বৰ্গত (মহাকাশত) থাকিব বিছাৰে। তেওঁৰ মতে বস্তু এটা ইয়াৰ প্ৰাকৃতিক অৱস্থাত থাকে যেতিয়া ই স্থিৰ হৈ থাকে, আৰু ই সৰলৰৈখিক ভাবে আগুৱাই যাই যেতিয়া কোনো শক্তিয়ে ইয়াৰ ওপৰত নিয়মিতভাবে ক্ৰিয়া কৰে, নহ’লে ই পুনৰ স্থিৰ হৈ পৰে। আনহাতেদি গেলিলিউৱে অনুভব কৰিছিল যে বেগৰ পৰিবৰ্তনৰ বাবে বাহ্যিক শক্তিৰ দৰকাৰ, (অৰ্থাত ত্বৰণ), কিন্তু সমবেগৰ বাবে কোনো শক্তিৰ প্ৰয়োজন নাই। ইয়েই নিউটনৰ প্ৰথম সূত্ৰৰ আদি শক্তি নাই মানে ত্বৰণ নাই। নিউটনৰ দ্বিতীয় সূত্ৰ দ্বিতীয় সূত্ৰৰ মতে কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা মুঠ বল, কোনো জড় প্ৰসংগ তন্ত্ৰত সময় সাপেক্ষে বস্তুটোৰ ৰৈখিক ভৰবেগ ৰ পৰিবৰ্তনৰ সমা। যিহেতু, সূত্ৰটো কেৱল স্থিৰ ভৰৰ বস্তু(প্ৰণালী)ৰ বাবেহে আমি ভৰক অৱকলনৰ বাহিৰলৈ আনিব পাৰো। গতিকে, য’ত হৈছে মুঠ প্ৰয়োগ হোৱা শক্তি, বস্তুটোৰ ভৰ আৰু বস্তুটোৰ ত্বৰণ। গতিকে প্ৰয়োগ হোৱা মুঠ শক্তিয়ে এটা ত্বৰণৰ সৃষ্টি কৰে, অন্যভাষাত ত্বৰিত বস্তুৰ লগত এটা শক্তি সদায়েই জড়িত হৈ থাকে। কোনো প্ৰণালীৰ ভৰৰ কোনো হ্ৰাস বা বৃদ্ধিয়ে ভৰবেগৰ পৰিবৰ্তনৰ সৃষ্টি কৰিব। পৰিবৰ্তনশীল ভৰৰ প্ৰণালীৰ বাবে আমাক বেলেগ সমীকৰণৰ প্ৰয়োজন হ’ব। ঘাত বল কোনো বল এ কোনো ক্ষুদ্ৰ সময়ান্তৰ ৰ বাবে কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰিলে ঘাত বল ৰ সৃষ্টি হয়, ইয়াক গাণিতিক ভাবে তলত দিয়া দৰে দেখুৱাব পাৰি, যিহেতু ভৰবেগৰ সময় অৱকলেই হৈছে বল, গতিকে, ঘাত বল আৰু ভৰবেগৰ এই সম্পৰ্ক দ্ভিতীয় সূত্ৰৰ প্ৰায় সমাৰ্থক। ঘাতবলৰ ধাৰণা পদাৰ্থ বিজ্ঞানত ঘৰ্ষণৰ বৰ্ণনা কৰোঁতে প্ৰায়েই ব্যৱহাৰ হয়। পৰিবৰ্তনশীল ভৰ প্ৰণালী ইন্ধন পুৰি আগলৈ গৈ থকা ৰকেট এটাই এফালে গেছ নিৰ্গত কৰি যায়, ই এটা পৰিবৰ্তনশীল ভৰ প্ৰণালীৰ উদাহৰণ, ইয়াক এটা বন্ধ প্ৰণালী বুলিও ক’ব পৰা নাযায়। এঈইক্ষেত্ৰত আমি পোনপটীয়াকৈ দ্বিতীয় সূত্ৰৰ ব্যৱহাৰ কৰিব নোৱাৰো। ক্লেলনাৰ আৰু ক’লেনকাউৰ ৰ মতে দ্বিতীয় সূত্ৰ মৌলিকভাবে কণাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, ধ্ৰুপদী বিজ্ঞানৰ মতে সকলো কণাৰে নিৰ্দিষ্ট ভৰ থাকে, এতিয়া কোনো এক সুসংগঠিত কণাৰ প্ৰণালীৰ ক্ষেত্ৰত আমি দ্বিতীয় সূত্ৰক সকলো কণাৰ মুঠ ভৰক যোগ কৰি পাব পাৰো, যেনে, য’ত হৈছে মুঠ বাহ্যিক শক্তি, প্ৰণালীটোৰ মঠ ভৰ, আৰু হৈছে প্ৰণালীটোৰ ভৰকেন্দ্ৰৰ ত্বৰণ। পৰিবৰ্তনশীল ভৰ প্ৰণালী যেনে এটা ৰকেট বা ফুটা থকা এটা পানীৰ টিঙক আমি এইবোৰৰ দৰে সাধাৰণভাবে এটা কণাৰ প্ৰণালী বুলি ধৰি ল’ব নোৱাৰোঁ, গতিকে দ্বিতীয় সূত্ৰকো পোনপতীয়াকৈ প্ৰয়োগ কৰিব নোৱাৰো। এনেকুৱা প্ৰণালীসমূহ যাৰ ভৰ সময়ৰ সৈতে সলনি হৈ থাকে তেনে প্ৰণালীৰ বাবে আমি নিউটনৰ দ্বিতীয় সূত্ৰক ভৰৰ পৰিৱৰ্তনৰ বাবে হোৱা ভৰবেগৰ পৰিৱৰ্তনক অন্তৰ্ভুক্ত কৰি গতিৰ সাধাৰণ সমীকৰণ নতুন ৰূপ পাব পাৰো: য’ত হৈছে নতুনকৈ যোগ হোৱা বা এৰি যোৱা ভৰৰ ভৰকেন্দ্ৰ সাপেক্ষে আপেক্ষিক বেগ, কিছু ক্ষেত্ৰত, সমীকৰণৰ বাওঁহাতৰ পদ )ক পৰিৱৰ্তনশীল ভৰে বস্তুটোৰ ওপৰত সৃষ্টি কৰা বল বুলিও কোৱা হয়, আৰু ইয়াক ভিতৰত ৰখা হয়, গতিকে, নিউটনৰ তৃতীয় সূত্ৰ ওপৰৰ বাক্যৰ ভাবানুবাদ হ’ব: ওপৰৰ বাক্যকেইটাত ব্যৱহাৰ হোৱা "গতি" শব্দটোৰে প্ৰকৃততে, নিউটনে ভৰবেগ বুজাইছে। তৃতীয় সূত্ৰৰ মতে সকলো শক্তিয়েই হৈছে, বিভিন্ন বস্তুৰ মাজৰ পৰস্পৰ ক্ৰিয়াৰ ফল। গতিকে দিশবিহীন শক্তি বা এটা বস্তুৰ ওপৰত ক্ৰিয়া কৰা বলৰ ধাৰণা অমূলক। যেতিয়াই এটা বস্তুৱে দ্বিতীয় বস্তুৰ ওপৰত কোনো বল প্ৰয়োগ কৰে, দ্বিতীয় বস্তুৱে একে সময়তে বল প্ৰথমটোৰ ওপৰত প্ৰয়োগ কৰে। আৰু সদায় সমান আৰু বিপৰীতমুখী হয়। এই সূত্ৰটোক কেতিয়াবা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সূত্ৰ বুলিও কোৱা হয়, য’ত হৈছে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া। ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সদায় সমসাময়িক হয়। কাষত দেখুওৱা ছবিখন এজন স্কেতাৰে আনজনৰ ওপৰত প্ৰয়োগ কৰা বল সমান, আৰু দুয়ো এই বল বিপৰীত দিশৰ পৰা প্ৰয়োগ কৰিছে। যদিও দুয়োৰে বল সমান ত্বৰণ সমান নহয়, কম ভৰৰ স্কেতাৰ জনৰ ত্বৰণ আনজনতকৈ নিউটনৰ দ্বিতীয় সূত্ৰ মতে বেছি হ’ব। নিউটনৰ তৃতীয় সূত্ৰৰ দুই বল সদায় একে প্ৰকাৰৰ হয় (যেনে, যদি পথ এটাই গাড়ী এখনৰ চকাত ঘৰ্ষণ বল প্ৰয়োগ কৰি ত্বৰিত কৰে, তেনে সেই বলেই গাড়ীখনক বিপৰীতমুখী মন্থৰণো প্ৰদান কৰিব)। গাণিতিক ভাবে, নিউটনৰ তৃতীয় সূত্ৰ হৈছে এটা একমাত্ৰিক ভেক্টৰ সমীকৰণ, যদি দূটা বস্তু আৰু এ এটাই আনটোৰ ওপৰত বল প্ৰয়োগ কৰে, য’ত, এ ৰ ওপৰত প্ৰয়োগ কৰা বল, আৰু এ ৰ ওপৰত প্ৰয়োগ কৰা বল। নিউটনে তৃতীয় সূত্ৰৰ ৰৈখিক ভৰবেগৰ সংৰক্ষণ সূত্ৰৰ প্ৰমাণ কৰিছিল; অৱশ্যে ভৰবেগৰ সংৰক্ষণ আন আন ধাৰণাৰ পৰা ঊদ্ভাৱিত এক মৌলিক ধাৰণা। গুৰুত্ব আৰু প্ৰযোয্য হোৱাৰ চৰ্ত নিউটনৰ সূত্ৰ সমূহ প্ৰায় দুশ বছৰ জুৰি চলা বিভিন্ন পৰীক্ষা আৰু প্ৰাকৃতিক পৰিঘটনাৰ যোগেদি সত্যাপন কৰা হৈছিল, আৰু দেখা গৈছিল যে আমাৰ দৈনন্দিন ব্যৱহাৰ্য স্থূল আৰু সীমিত গতিবেগৰ বস্তুবোৰৰ ক্ষেত্ৰত এই সূত্ৰ কেইটাৰ প্ৰভাৱ অপৰিসীম। তেওঁৰেই মহাকৰ্ষণৰ সূত্ৰ আৰু বিভিন্ন কলন গণিতৰ সূত্ৰৰে লগ লাগি এই তিনিটা সূত্ৰই প্ৰথমবাৰৰ বাবে কোনো বিস্তৃত ভৌতিক পৰিঘটনাৰ থুলমুল বৰ্ণনা আগবঢ়াবলৈ সক্ষম হৈছিল। এই সূত্ৰকেইটা পূৰ্বতে ঊল্লেখ কৰাৰ দৰে দৈনন্দিন ব্যৱহাৰ্য স্থূল আৰু সীমিত গতিবেগৰ বস্তুবোৰৰ ক্ষেত্ৰত প্ৰযোয্য। কিন্তু এই সূত্ৰকেইটা (লগতে ধ্ৰুপদী বিদ্যুত চুম্বকত্ব আৰু মহাকৰ্ষণৰ সূত্ৰসমূহ) কিছুমান বিশেষ ক্ষেত্ৰৰ বাবে উপযুক্ত নহয়, উদাহৰণ স্বৰূপে অতিবেগী পদাৰ্থৰ ক্ষেত্ৰত (বিশেষ আপেক্ষিকতাবাদৰ মতে ভৰবেগৰ সমীকৰণত ভৰ আৰু বেগৰ উপৰিও লৰেঞ্জ সংখ্যাও অন্তৰ্ভুক্ত হ’ব লাগিব) বা অতি শক্তিশালী মহাকৰ্ষণ শক্তিৰ ক্ষেত্ৰত এই সূত্ৰ কেইটা প্ৰযোয্য নহয়। গতিকে এডাল অৰ্ধপৰিবাহীৰ মাজেৰে বিদ্যুৎৰ পৰিবহণ, কোনো পদাৰ্থৰ আলোক ধৰ্ম বা অতিপৰিবাহীতা আদি পৰিঘটনাৰ এই সূত্ৰসমূহে কোনো ধৰণৰ ব্যাখ্যা আগবঢ়াব নোৱাৰে। এইবোৰৰ ব্যাখ্যাৰ বাবে সাধাৰণ আপেক্ষিকতাবাদ, বা কোৱাণ্টাম ক্ষেত্ৰ মতবাদ আদিৰ দৰে নতুন মতবাদৰ প্ৰয়োজন। কোৱাণ্টাম বলবিদ্যাত বল, ভৰবেগ, আৰু স্থান আদিৰ দৰে ৰাশি সমূহৰ সংজ্ঞা কোৱাণ্টাম অৱস্থাটোৰ লগত ৰৈখিক অপাৰেটৰ সমূহৰ দ্বাৰা দিয়া হয়, পোহৰৰ গতিবেগতকৈ যতেষ্ঠ কম বেগৰ কণাৰ বাবে, এই অপাৰেটৰ সমূহৰ পৰা পোৱা সংজ্ঞাৰ সৈতে একে হয়। ৰক্ষণশীলতাৰ সূত্ৰৰ সৈতে সম্পৰ্ক লগতে চাওক ইলাৰৰ সূত্ৰ বিশেষ আপেক্ষিকতাবাদ সাধাৰণ আপেক্ষিকতাবাদ ধ্ৰুপদী বলবিদ্যা হেমিলটনীয় বলবিদ্যা লাগৰাঞ্জীয় বলবিদ্যা নিউটনৰ মহাকৰ্ষণৰ সূত্ৰ তথ্যসূত্ৰ বাহ্যিক সংযোগ নিউটনৰ সূত্ৰৰ ওপৰত ৰ পদাৰ্থবিজ্ঞানৰ পাঠ এক অনলাইন পাঠ্যপুথি এক অনলাইন পাঠ্যপুথি নিউটনৰ প্ৰথম সূত্ৰত চিমুলেচন এনৰিক জেলেনিৰ ৱোলফাৰ্ম ডেমন্সষ্ট্ৰেচন প্ৰজেক্ট ভেকুৱামত নিউটনৰ তৃতীয় সূত্ৰ ধ্ৰুপদী
39219
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%95
পুষ্টিকাৰক
পুষ্টিকাৰক বা পুষ্টি দ্ৰব্য (ইংৰাজী: হৈছে জীৱন ধাৰণ আৰু বৃদ্ধিৰ বাবে জীৱই গ্ৰহণ কৰা কিছুমান অতি প্ৰয়োজনীয় খাদ্যৰ উপাদান। স্থূলপোষকবোৰে জীৱৰ পৰিপাক ক্ৰিয়াৰ বাবে শক্তি প্ৰদান কৰে, আনহাতে সূক্ষ্মপোষকবোৰে পৰিপাক ক্ৰিয়াত কাৰক হিচাপে কাম কৰে। দুয়োবিধ পুষ্টিদ্ৰব্য পৰিৱেশৰ পৰাই আহৰণ কৰা হয়। কলাৰ গঠন আৰু পুনৰ নিৰ্মাণ, শৰীৰৰ ক্ৰিয়াসমূহৰ নিয়ন্ত্ৰণ, আৰু শক্তিৰ পৰিবৰ্তন তথা ব্যৱহাৰৰ বাবে পুষ্টিদ্ৰব্যৰ প্ৰয়োজন। প্ৰাণী আৰু উদ্ভিদৰ পুষ্টি আহৰণ প্ৰক্ৰিয়া একে নহয়। উদ্ভিদৰ শিপাই মাটিৰ পৰা আৰু পাতে বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে পুষ্টি গ্ৰহণ কৰে। প্ৰাণী আৰু প্ৰটিষ্ট বোৰৰ বিশেষ পাচন তন্ত্ৰই স্থূলপোষকবোৰ ভাঙি শক্তি আহৰণ কৰে আৰু পৰিপাক বা শৰীৰৰ গাঠনিক সংশ্লেষণৰ বাবে সূক্ষ্মপোষকবোৰ ব্যৱহাৰ কৰে। শৰ্কৰা, চৰ্বী, প্ৰ'টিন (বা ইহঁতক গঠন কৰা এমিন' এচিড), আৰু ভিটামিন বোৰ হৈছে জৈৱিক পুষ্টিকাৰক। খাদ্য হিচাপে ব্যৱহৃত লৱণ, পানী, আৰু অক্সিজেন আদি অজৈৱিক ৰসায়নসমূহকো কেতিয়াবা পুষ্টিদ্ৰব্য হিচাপে গণ্য কৰা হয়। জীৱই নিজে সংশ্লেষণ কৰিব নোৱাৰা বা অতি কমকৈ উৎপাদন কৰা বাবে বাহ্যক উৎসৰ পৰা আহৰণ কৰিব লগা হোৱা দ্ৰব্যবোৰেই হ'ল অত্যাৱশ্যকীয় পুষ্টিদ্ৰব্য। অতি কম মাত্ৰাত প্ৰয়োজন হোৱা পুষ্টিকাৰকবোৰক সূক্ষ্মপোষক আৰু অধিক মাত্ৰাত প্ৰয়োজন হোৱা পুষ্টিকাৰকবোৰক স্থূলপোষক বুলি কোৱা হয়। পুষ্টিকাৰকৰ ক্ৰিয়াবোৰ ইহঁতৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইহঁতৰ অভাৱক পুষ্টিহীনতা বোলে। প্ৰকাৰ বিভিন্ন পদ্ধতিত স্থূলপোষকবোৰ সংজ্ঞাবদ্ধ কৰা হয়। মানুহে অধিক মাত্ৰাত গ্ৰহণ কৰা ৰাসায়নিক মৌলবোৰ হৈছে কাৰ্বন, হাইড্ৰ'জেন, নাইট্ৰ'জেন, অক্সিজেন, ফছফৰাছ, আৰু ছালফাৰ, বা মানুহে শক্তি আহৰণৰ বাবে অধিক মাত্ৰাত গ্ৰহণ কৰা ৰাসায়নিক যৌগবোৰ হৈছে শৰ্কৰা, প্ৰ'টিন, আৰু চৰ্বী। পানী আৰু বায়ুমণ্ডলীয় অক্সিজেন অধিক মাত্ৰাত গ্ৰহণ কৰা হয় যদিও এইবোৰক সদায়ে "খাদ্য" বা "পুষ্টিকাৰক" হিচাপে গণ্য কৰা নহয়। অন্য ভিটামিন আৰু লৱণৰ তুলনাত অধিক পৰিমাণে প্ৰয়োজনীয় কেলছিয়াম, নিমখ (ছডিয়াম আৰু ক্ল'ৰাইড), মেগনেছিয়াম, আৰু পটেছিয়াম (ফছফৰাছ আৰু ছালফাৰৰ সৈতে)বোৰকো কেতিয়াবা স্থূলপোষকদ্ৰব্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। এইবোৰক কেতিয়াবা বৃহৎ লৱণ বুলিও কোৱা হয়। শক্তি প্ৰদানকাৰী পুষ্টিকাৰক শৰ্কৰাবোৰ চেনিজাতীয় পদাৰ্থেৰে গঠিত। চেনি গোটৰ সংখ্যা অনুহৰি শৰ্কৰাবোৰ, একশৰ্কৰা (যেনে গ্ল'কজ আৰু ফ্ৰুক্ট'জ), দ্বিশৰ্কৰা (যেনে ছুক্ৰ'জ আৰু লেক্ট'জ), অল্পশৰ্কৰা, আৰু বহুশৰ্কৰা (যেনে শ্বেতসাৰ, গ্লাইক'জেন, আৰু চেলুল'জ) হিচাপে শ্ৰেণীকৰণ কৰা হৈছে। প্ৰ'টিনবোৰ হৈছে পেপ্টাইড বন্ধনৰ দ্বাৰা সংযুক্ত এমিন' এচিডৰ বহুযোগী ৰাসায়নিক কিছুমান এমিন' এচিড শৰীৰে সংশ্লেষণ কৰিব নোৱাৰে (অত্যাৱশ্যকীয় এমিন' এচিড); সেইবোৰ খাদ্যৰ পৰা আহৰণ কৰা হয়। পাচন ক্ৰিয়াত প্ৰ'টেইজ নামৰ উৎসেচকৰ প্ৰভাৱত প্ৰ'টিনবোৰ ভাগি পুনৰ এমিন' এচিডলৈ ৰূপান্তৰ ঘটে। চৰ্বীৰ গঠনত এটা গ্লিচাৰিন অনু আৰু তিনিটা ফেটী এচিড সংলগ্ন হৈ থাকে। চৰ্বীবোৰ হ'ল শাখাহীন হাইড্ৰ'কাৰ্বন শৃংখল; একক বন্ধনী, দ্বি-বন্ধনী বা ত্ৰি-বন্ধনীৰ দ্বাৰা সংযুক্ত হৈ থাকে। কোষাৱৰণৰ সঠিক কাৰ্যক্ষমতা, বিদ্যুত শ্বকৰ পৰা সুৰক্ষা, দেহৰ উষ্ণতাৰ স্থিৰতা, আৰু চাল আৰু নোমৰ সুস্বাস্যৰ বাবে চৰ্বীৰ প্ৰয়োজন। শৰীৰে সংশ্লেষণ কৰিব নোৱাৰা অত্যাৱশ্যকীয় ফেটী এচিডবোৰ খাদ্যৰ পৰা আহৰণ কৰিব লগা হয়। পুষ্টিকাৰকবোৰৰ দৰে এলক'হলবোৰেও শক্তি প্ৰদান কৰিব পাৰে। কিন্তু দেহৰ সাধাৰণ কাৰ্যৰ বাবে ই প্ৰয়োজনীয় দ্ৰব্য নহয় বাবে ইয়াক পুষ্টিকাৰক হিচাপে ধৰা নহয়। ভিনেগাৰত দ্ৰৱীভূত এছিটিক এচিডেও সম পৰিমাণৰ শক্তিৰ যোগান ধৰিব পাৰে আৰু উপৰুক্ত একেই কাৰণত ইয়াকো পুষ্টিকাৰকৰ শাৰীত ধৰা নহয়। প্ৰতি গ্ৰাম চৰ্বীত ৯ কেলৰী (~৩৭.৭ কিলো জুল/গ্ৰাম) প্ৰ'টিন আৰু শৰ্কৰাত ৪ কেলৰীকৈ (~১৬.৭ কিলো জুল/গ্ৰাম) শক্তি থাকে। ইথান'লত (শস্যজাত এলক'হল বা সুৰা) ৭ কেলৰী (~২৯.৩ কিলো জুল/গ্ৰাম) শক্তি থাকে। পৰিপাক ক্ৰিয়াত সহায় কৰা পুষ্টিকাৰক খাদ্যজ লৱণবোৰ সাধাৰণতে নিমখ বা কপাৰ আৰু আইৰণৰ আয়ন। ভিটামিনবোৰ দেহৰ বাবে প্ৰয়োজনীয় জৈৱযৌগ। এইবোৰে সাধাৰণতে সহ-উৎসেচক বা বিভিন্ন প্ৰ'টিনৰ লগত সহ-কাৰক হিচাপে কাৰ্য কৰে। পানী হৈছে অতি প্ৰয়োজনীয় পুষ্টিকাৰক। জীৱনৰ সকলো ৰাসায়নিক বিক্ৰিয়াৰে পানীয়েই হৈছে দ্ৰাৱক। উদ্ভিদে পুষ্টিকাৰক দ্ৰব্যবোৰ মাটি বা বায়ুমণ্ডল বা পানীৰ পৰা (প্ৰধানকৈ জলজ উদ্ভিদে) আহৰণ কৰে। কিন্তু মাংসভোজী উদ্ভিদে প্ৰাণীৰ পৰা পুষ্টি আহৰণ কৰে। উদ্ভিদে সৰ্বাধিক আহৰণ কৰা ৰাসায়নিক মৌলবোৰ হৈছে কাৰ্বন, হাইড্ৰ'জেন, আৰু অক্সিজেন। এইবোৰ পৰিৱেশত পানী আৰু কাৰ্বন ডাই-অক্সাইড হিচাপে থাকে। উদ্ভিদে সূৰ্যৰ পোহৰৰ পৰা শক্তি লাভ কৰে। ইয়াৰোপৰি উদ্ভিদে তুলনামূলক ভাৱে অধিক হাৰত আহৰণ কৰা মৌলবোৰ হৈছে নাইট্ৰ'জেন, ফছফৰাছ, আৰু ছালফাৰ। এই গোটেই কেইটাই হৈছে "বিগ ছিক্স"; সকলো জীৱৰে মৌলিক পৰিপোষক,ইহঁতক প্ৰায়ে বুলি লিখা হয়।সাধাৰণতে এইবোৰৰ উৎস হৈছে অজৈৱ (যেনে কাৰ্বন ডাই-অক্সাইড, পানী নাইট্ৰেট, ফছফেট, ছালফেট) বা জৈৱ (যেনে শৰ্কৰা, লিপিড, প্ৰ'টিন) যৌগবোৰ। আনহাতে নাইট্ৰ'জেন আৰু বিশেষকৈ অক্সিজেনৰ দ্বিপৰমানু বিশিষ্ট মৌলবোৰ প্ৰায়ে ব্যৱহৃত হয়। জীৱন ক্ৰিয়া আৰু গঠনৰ বাবে অন্য ৰাসায়নিক মৌলবোৰৰো প্ৰয়োজনীয়তা আছে। কাৰ্বন, হাইড্ৰ'জেন, অক্সিজেন, ফছফৰাছ, পটেছিয়াম, নাইট্ৰ'জেন, ছালফাৰ, কেলছিয়াম, আইৰণ, আৰু মেগনেছিয়ামক স্থূলপোষক হিচাপে ধৰা হয়। এই তালিকাত কেতিয়াবা ছিলিকন, ক্ল'ৰাইড, ছডিয়াম, কপাৰ, জিংক আৰু ম'লিবডেনামকো ধৰা হয, কিন্তু অন্য ক্ষেত্ৰত এইবোৰ সূক্ষ্মপোষক। পুষ্টিহীনতা আৰু বিষক্ৰিয়া প্ৰয়োজনীয় মাত্ৰাৰ পুষ্টিদ্ৰব্যৰ অভাৱেই পুষ্টিহীনতা। খাদ্যত যথেষ্ট পৰিমাণে পুষ্টিদ্ৰব্য নথকা বা দেহে পুষ্টিকাৰকবোৰ ব্যৱহাৰ কৰিব নোৱাৰা আদি বিভিন্ন কাৰণত পুষ্টিহীনতা হব পাৰে। পুষ্টিকাৰকৰ ব্যৱহাৰ কৰাত ব্যাঘাট জন্মোৱা কিছুমান কাৰণ হৈছে, পুষ্টিদ্ৰব্য শোষণৰ সমস্যা, পুষ্টিদ্ৰব্য ধংশ কৰা অৱস্থা, অধিক মাত্ৰাত পুষ্টিদ্ৰব্যৰ ৰেচন (মুত্ৰ আদিৰ দ্বাৰা দেহৰ পৰা নিষ্কাসন কৰা) আদি। মাত্ৰাধিক পুষ্টিকাৰকে জীৱ দেহত সমস্যাৰ সৃষ্টি কৰিলে তাক বিষক্ৰিয়া বোলা হয়। তথ্য সংগ্ৰহ জীৱবিজ্ঞান জৈৱ
6660
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%99%E0%A6%BE%E0%A6%87%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%93
বঙাইগাঁও
বঙাইগাঁও হৈছে বঙাইগাঁও জিলাৰ সদৰ আৰু নামনি অসমৰ এক উল্লেখযোগ্য গাঁও ৰ প্ৰতিষ্ঠান। এই নগৰ অতীতত কোচ ৰাজ্যৰ ৰাজধানী আছিল। এই চহৰখন প্ৰধানকৈ দুটা ভাগত বিভক্ত, সেয়া হৈছে বঙাইগাঁও মুল নগৰ আৰু নতুন বঙাইগাঁও। এই চহৰখন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ১৮০ কি.মি. দূৰত পশ্চিমে অৱস্থিত। বড়ো সকলৰ দাবীত ২০০৫ চনত বঙাইগাঁও চহৰে ইয়াৰ এটা বিশাল অংশ চিৰাং জিলাক অৰ্পণ কৰিছে। বঙাইগাঁৱত অসম তথা ভাৰতৰ এটা মুখ্য তেল শোধানাগাৰ আছে। বঙাইগাঁও নগৰখন ১৯০৮ চনতেই ভাৰতীয় ৰেলৰ তালিকাত স্থান পাইছিল। পৌৰসভা বঙাইগাঁও পৌৰসভা ১৯৭৭ চনত সৃষ্টি কৰা হৈছিল। বৰ্তমানে এই চহৰ অঞ্চলত ২৫টা ভাগ আছে। চহৰৰ অন্তৰ্গত ঠাই সমূহ মায়াপুৰী বৰপাৰা পাগলা স্থান মহাবীৰ স্থান চাপাগুৰী ঢালিগাওঁ নতুন বঙাইগাঁও দেউৰীপাৰা দোলাইগাঁও বৰ্ষনগাঁও বি.ও.চি. গেট ৰোলিং মিল নতুনপাৰা কুকুৰমাৰি হাতীমুত্ৰা মাজপাৰা বসতি ২০১১ চনৰ লোকপিয়ল অনুসৰি বঙাইগাঁও চহৰখনত সৰ্বমুঠ ১,৭৪,৮১০ জন লোক আছে। উক্ত নগৰখন অসম চৰকাৰৰ অধীনৰ নগৰ উন্নয়ন কমিটিত আছে। এই চহৰৰ বেছি ভাগ লোক বাঙালী আৰু কোচ ৰাজবংশী সকল। এই চহৰত এওঁলোকৰ বাহিৰে আন নানান জনগোষ্ঠীৰ লোক আছে। বতৰ পৰিবহণ আৰু যাতায়ত অসমৰ আন আন ঠাইৰ দৰেই বঙাইগাঁও চহৰৰ যাতায়ত ব্যৱস্থা অতি সুচল। বঙাইগাঁও চহৰখন ভাৰতীয় ৰেল, স্থল সেৱাৰ দ্বাৰা অসমৰ আন আন চহৰ যেনে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, মঙলদৈ, তেজপুৰ আদিৰ লগতে ভাৰতৰ আন আন ঠাইৰ লগত সংযোগ হৈ আছে। পথ পৰিবহণ বঙাইগাঁও চহৰখন উত্তৰে আৰু দক্ষিণে ক্ৰমে ৩১ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত অৱস্থিত। সেই অনুসৰি ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰধান পথ আৰু উপপথেৰে সংযোগ হৈ আছে। ৰেল পৰিবহণ বঙাইগাঁও চহৰখন ৰেল সেৱাৰ দ্বাৰা অতি সুচল সংযোগ স্থাপন কৰি আছে, ইয়াৰ কাৰণ উক্ত চহৰখনত দুটা ৰেল ষ্টেচন আছে। সেই দুটা হ'ল নিউ বঙাইগাঁও ৰেল জংচন বঙাইগাঁও টাউন ষ্টেচন নিউ বঙাইগাঁও ৰেল জংচন নিউ বঙাইগাঁও ৰেল জংচনটো বঙাইগাঁও চহৰৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই জংচনটো অসমৰ দ্বিতীয় বৃহৎ আৰু নামনি অসমৰ বৃহত্তম ষ্টেচন। উক্ত ষ্টেচনটোত অসমলৈ অহা সকলো ধৰণৰ যাত্ৰীবাহী ৰেল ৰখোৱা হয় যেনে ৰাজধানী এক্সপ্ৰেছ, নৰ্থ-ইষ্ট এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ ইত্যাদি। বিমান-পৰিবহণ বঙাইগাঁও চহৰৰ পৰা বিমানেৰে যাতায়ত কৰিবলৈ ১৬৫ কি.মি. পূৱত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যাব লাগিব। সংবাদ মাধ্যম অসমীয়া প্ৰতিদিন নামৰ অতি জনপ্ৰিয় বাতৰি কাকতখন গুৱাহাটী, উত্তৰ লখিমপুৰ আৰু ডিব্ৰুগড়ৰ লগতে বঙাইগাঁৱৰ পৰাও প্ৰকাশিত হয়। হোটেল আৰু ল'জৰ তালিকা (লেখত ল'ব লগীয়া) বঙাইগাঁও চহৰখন পৰ্যটন কেন্দ্ৰ স্বৰূপ হোৱাৰ লগতে বঙাইগাঁও তেল শোধানাগাৰৰ তথা আন আন উদ্যোগ্ৰ বাবে যথেষ্ট লোক অহা যোৱা কৰে। বঙাইগাঁও চহৰত থকা উল্লেখ যোগ্য হোটেল কেইখন মানৰ নাম কণিস্ক হোটেল (দুই তাৰকা), তৰুনৰাম ফুকন ৰোড হোটেল জাহ্নবী (তিনি তাৰকা), চাপাগুৰী ৰোড ৰাজ পেলেচ, তৰুনৰাম ফুকন ৰোড মধুবন, মহত্মা গান্ধী ৰোড মহাৰাজ হোটেল, ষ্টেচন ৰোড হোটেল শিভালী, ষ্টেচন ৰোড চি.কে. হোটেল, বৰপাৰা গেটৱোএ হোটেল, মায়াপুৰী হোটেল ব্ৰমপুত্ৰ ভেলী, মায়াপুৰী হোটেল ড, চাপাগুৰী ৰোড মানস ল'জ ইয়াৰ উপৰিও বঙাইগাঁৱত বহু সৰু ডাঙৰ হোটেল আছে। শিক্ষা বিশ্ববিদ্যালয় বঙাইগাঁও চহৰখনত প্ৰধান বিশ্ববিদ্যালয় নাই যদিও ইয়াত দুখন শাখা বিশ্ববিদ্যালয় আছে। সেই কেইখন হ'ল ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় ছিক্কিম মণিপাল বিশ্ববিদ্যালয় চিকিৎসা প্ৰতিষ্ঠান নামনি অসম চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠান চেইণ্ট টাইন নাৰ্চিং বিদ্যালয় মহাবিদ্যালয় বঙাইগাঁও মহাবিদ্যালয় (স্থাপিত, ১৯৬৪) বঙাইগাঁও পলিটেকনিক বঙাইগাঁও শিক্ষা মহাবিদ্যালয় বঙাইগাঁও আইন মহাবিদ্যালয় বীৰঝৰা মহাবিদ্যালয় (বঙাইগাঁও বিগ্যান মহাবিদ্যালয়) বীৰঝৰা কন্যা মহাবিদ্যালয় উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়, কাজলগাওঁ বঙাইগাঁও নবাগত মহাবিদ্যালয় এচ.আৰ. একাডেমী, তৰুনৰাম ফুকন ৰোড বিদ্যালয় বঙাইগাঁও ৰিফাইনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বি.জি.আৰ. উপনগৰী বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় বঙাইগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় দিল্লী পাব্লিক বিদ্যালয়, ঢালিগাওঁ কেন্দ্ৰীয় বিদ্যালয় বঙাইগাঁও ইংৰাজী মাধ্যম উচ্চতৰ মাধ্যমিক বিদ্যালয় শান্তিধাম কালীবাৰী উচ্চ মাধ্যমিক বিদ্যালয় স্বামী বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় হিন্দী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবীৰস্থান হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়, হ'স্পিতেল ক'ল'নি লিটিল ফ্লাৱাৰ হাই স্কুল চেইণ্ট এলবাৰ্ট হাই স্কুল হোলী ইংৰাজী মধ্যাম হাই স্কুল জনন উদয় উচ্চতৰ মাধ্যমিক বিদ্যালয় জ্ঞানোদয় জাতীয় বিদ্যালয় ঢালিগাওঁ প্ৰাথমিক বিদ্যালয় ঢালিগাওঁ উচ্চ মাধ্যমিক বিদ্যালয় চাপগুৰী প্ৰাথমিক বিদ্যালয় শঙ্কৰদেৱ শিশু নিকেতন শঙ্কৰদেৱ একাডেমী, বৰপাৰা ট্ৰিনিতি ইংৰাজী মধ্যাম স্কুল বঙাইগাঁও মডেল স্কুল এল. বি. একাডেমী মৰনিং গ্লোৰি স্কুল প্ৰনৱ একাডেমী প্ৰনৱ বিদ্যাপীঠ ছোৱালী এম. ভি. স্কুল উত্তৰ শালমাৰা বুনিয়াদী বিদ্যালয় জে. বি. উচ্চ মাধ্যমিক বিদ্যালয় নেতাজী বিদ্যাপীঠ, বি. জি. ক'ল'নি নেতাজী বিদ্যাপীঠ, নতুনপাৰা মনোৰঞ্জন বঙাইগাঁও চহৰত মানুহৰ মনোৰঞ্জনৰ উদ্দেশ্যে মায়াপুৰী ছবিঘৰ নামেৰে এটি ছবিঘৰ আছে। ক্ৰয়-বিক্ৰয় বঙাইগাঁও চহৰ নামনি অসমৰ এক উল্লেখযোগ্য আৰু অসমৰ ৪ৰ্থ বৃহত নগৰ হিচাপে ইয়াত ক্ৰয়-বিক্ৰয়ৰ অত্যধিক সুবিধা উপলব্ধ আছে। ইয়াৰ কেইখন মান উল্লেখযোগ্য বজাৰৰ তলত উল্লেখ কৰা হ'ল বৰ বজাৰ ঢালিগাওঁ বজাৰ চপাগুৰি হাট পাগ্লাস্থান মাৰ্কেট বি.জি. ক'ল'নি মাৰ্কেট ৰেইল মাৰ্কেট বালাজি মাৰ্কেট ইত্যাদি। বজাৰ গৃহ বঙাইগাঁও চহৰত থকা উল্লেখযোগ্য অত্যধিক সা-সুবিধাযুক্ত বজাৰ গৃহ কেইটাৰ নাম প্ৰকাশ মেগা মাৰ্ট বিশাল মেগা মাৰ্ট (২০১৫) "বাজাৰ ইণ্ডিয়া (২০১৬) শিভালি মাৰ্কেট কম্প্লেক্স নুৰ মাৰ্কেট নিউ মাৰ্কেট জন'চ প্লেয়াৰ ইত্যাদি। গেলেৰী গৱেষণা প্ৰতিষ্ঠান নামনি অসম চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠান তথ্য সংগ্ৰহ অসমৰ
67277
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A7%80%20%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3%20%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%AA%E0%A6%BE%E0%A6%A0%E0%A7%80
লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী
লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী জন্ম: ১৩ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় ট্ৰান্সজেণ্ডাৰ আৰু হিজৰা অধিকাৰ কৰ্মী, বলিউড অভিনেত্ৰী, ভাৰতনাট্যম নৃত্যশিল্পী, কোৰিঅ'গ্ৰাফাৰ আৰু প্ৰেৰণামূলক বক্তা। তেওঁ কিন্নৰ আখাড়াৰ আচাৰ্য মহামণ্ডলেশ্বৰ। ১৯৭৮ চনৰ ১৩ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ থানেৰ মালতি বাঈ চিকিৎসালয়ত তেওঁৰ জন্ম হৈছিল। তেওঁ ২০০৮ চনত ৰাষ্ট্ৰসংঘত এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলক প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী ট্ৰান্সজেণ্ডাৰ ব্যক্তি। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত তেওঁ যৌন সংখ্যালঘুসকলৰ দুৰ্দশাৰ কথা কৈছিল। তেওঁ কৈছিল যে, “মানুহ অধিক মানুহৰ দৰে হোৱা উচিত। তেওঁলোকে আমাক মানুহ হিচাপে সন্মান কৰা উচিত আৰু আমাৰ অধিকাৰক কিণ্ডাৰ হিচাপে বিবেচনা কৰা উচিত।” তেওঁ ২০১১ চনত জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'বিগ বচ'ৰ প্ৰতিযোগী আছিল। তেওঁৰ প্ৰচেষ্টাই প্ৰথম কিন্নৰ দলটোক ২০২০ চনত হিমালয়ৰ শৃংগ ফ্ৰেণ্ডশ্বিপ পিক আৰোহণ কৰাত সহায় কৰিছিল। প্ৰাৰম্ভিক জীৱন ১৯৭৮ চনৰ ১৩ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ থানেৰ এটা গোড়া ব্ৰাহ্মণ পৰিয়ালত লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীৰ জন্ম হৈছিল। জন্মতে তেওঁ জৈৱিক ভাবে পুৰুষ লিংগৰ আছিল আৰু পৰিয়ালৰ জেষ্ঠ্য পুত্ৰ আছিল। তেওঁ থানেৰ কোপৰিত অৱস্থিত বিমচ পেৰাডাইছৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত মুম্বাইৰ মিথিবাঈ মহাবিদ্যালয়ৰ পৰা কলা ডিগ্ৰী আৰু ভাৰতনাট্যমত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁক প্ৰায়ে গে আৰু "হ'ম'" বুলি মতা হৈছিল। তেওঁ কেইবাটাও কেন ঘোষৰ নৃত্য ভিডিঅ'ত কাম কৰিছিল আৰু নিজেই এজন কোৰিঅ'গ্ৰাফাৰ হ'বলৈ বিচাৰিছিল। প্ৰজেক্ট ব'ল'ৰ বাবে এটা ভিডিঅ'ত তেওঁ ভাৰতৰ প্ৰথম পিএইচডি ট্ৰান্সজেণ্ডাৰ শিক্ষাৰ্থী শাবিৰাক লগ পাইছিল। তেওঁ শাবিৰাৰ জৰিয়তে হিজৰা সম্প্ৰদায়ক লগ পাইছিল আৰু তাৰ পিছতেই তেওঁ এগৰাকী বাৰ নৃত্যশিল্পী হৈছিল। তেওঁৰ নৃত্যৰ প্ৰতি আকৃষ্ট হৈ বহুতো লোক ডান্স বাৰলৈ আহিছিল। অৱশ্যে মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী আৰ আৰ পাটিলে চহৰখনৰ ডান্স বাৰ বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে তেওঁ অতি কম সময়ৰ বাবে ইয়াৰ লগত জড়িত আছিল। লক্ষ্মীয়ে এই পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদৰ আয়োজন কৰিছিল। ইয়াৰ জৰিয়তে লক্ষ্মীয়ে সক্ৰিতাৰ বাবে তেওঁৰ প্ৰথম অভিজ্ঞতা লাভ কৰিছিল। সক্ৰিয়তা লক্ষ্মীয়ে এলজিবিটি কৰ্মী কাম কৰা কেইবাটাও বেচৰকাৰী সংগঠনৰ বোৰ্ডত কাম কৰিছে। ২০০২ চনত তেওঁ দক্ষিণ এছিয়াৰ নপুংসকসকলৰ বাবে প্ৰথম পঞ্জীভুক্ত আৰু কৰ্মী সংগঠন এনজিঅ' ডিএআই ৱেলফেয়াৰ ছচাইটিৰ সভাপতি হৈছিল। ২০০৭ চনত তেওঁ নিজৰ সংগঠন 'অস্তিত্ব' আৰম্ভ কৰিছিল। এই সংগঠনটোৱে যৌন সংখ্যালঘুসকলৰ কল্যাণ, তেওঁলোকৰ সমৰ্থন আৰু বিকাশৰ প্ৰচাৰৰ বাবে কাম কৰে। তেওঁ এছিয়া প্ৰশান্ত মহাসাগৰীয় যৌন কৰ্মী নেটৱৰ্কৰ বাবে কানাডাৰ টৰণ্টোলৈ গৈছিল। প্ৰথমবাৰৰ বাবে ভাৰতৰ বাহিৰলৈ যোৱা লক্ষ্মীৰ পাছপোৰ্টত তেওঁক এগৰাকী মহিলা, ট্ৰান্সজেণ্ডাৰ আৰু নপুংসক হিচাপে উল্লেখ কৰে। কাভিয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ৩৭৭ আবেদন কৰিবলৈ আৰম্ভ কৰিছিল। এই আইনে সমকামীতাক অপৰাধ বুলি গণ্য কৰিছিল। লক্ষ্মীয়ে তেওঁৰ দলত যোগদান কৰিছিল। সংবাদ মাধ্যম আৰু জি টিভিৰ সৈতে এক সংবাদমেলৰ সময়ত তেওঁ সম্পূৰ্ণ মেকআপ আৰু মহিলাৰ কাপোৰত দেখা গৈছিল। ইয়াৰ জৰিয়তে তেওঁৰ মাক-দেউতাকে হিজৰা সম্প্ৰদায়ৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে গম পাইছিল। তেওঁৰ মাক-দেউতাকে বিবাহৰ প্ৰস্তাৱবোৰ চাই থকাৰ বাবে এইটো আশ্চৰ্যজনক খবৰ আছিল। বি বি চিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁৰ দেউতাকক তেওঁৰ সন্তানৰ যৌনতাৰ বিষয়ে তেওঁৰ চিন্তাৰ বিষয়ে সোধা হৈছিল, "যদি মোৰ সন্তান বিকলাঙ্গ হয় তেন্তে আপুনি মোক সুধিব নেকি যে মই তেওঁক ঘৰ এৰি যাবলৈ ক'ম নেকি? আৰু কেৱল তেওঁৰ যৌন অভিমুখীতা বেলেগ হোৱাৰ বাবে?" ২০১৪ চনৰ এপ্ৰিল মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ট্ৰান্সজেণ্ডাৰৰ অধিকাৰক স্বীকৃতি দিয়ে। ইয়াৰ লগতে ন্যায়ালয়ে আনুষ্ঠানিকভাৱে তেওঁলোকক তৃতীয় লিঙ্গ হিচাপে স্বীকৃতি দিয়ে। ইয়াৰ ফলত ভাৰতৰ আনুমানিক ৩ নিযুত তৃতীয় লিংগৰ ব্যক্তিয়ে সকাহ লাভ কৰে। লক্ষ্মীয়ে এক আইনী সংস্থাৰ সৈতে সকলো নথিপত্ৰত তৃতীয় শ্ৰেণী হিচাপে চিনাক্ত কৰিবলৈ আদালতত আবেদন কৰিছিল। এই স্বীকৃতিৰ সৈতে আদালতে চৰকাৰক চাকৰি আৰু শিক্ষাত কোটা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ লগতে ভাৰতৰ অন্যান্য সংখ্যালঘু গোটৰ বাবে একে ব্যৱস্থা লবলৈ নিৰ্দেশ দিছিল। চৰকাৰসমূহক উচ্চন্যায়ালয়ে তৃতীয় লিংগৰ বাবে প্ৰসাধন কোঠা নিৰ্মাণ কৰিবলৈ আৰু ৰূপান্তৰকামী চিকিৎসাৰ প্ৰয়োজনীয়তাৰ যত্ন ল'বলৈ স্বাস্থ্য বিভাগ সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁলোকে শিশুক তুলি লোৱাৰ অধিকাৰ প্ৰাপ্ত কৰিব আৰু তেওঁলোকৰ নিজৰ পছন্দৰ লিংগৰ সৈতে চিনাক্ত কৰিব পাৰিব। ইয়াৰ বাবে লিংগ সলোৱা অস্ত্ৰোপচাৰ সহায় লব পাৰে। ব্যক্তিগত জীৱন বিগ বছ ত্ৰিপাঠীয়ে কৈছিল যে তেওঁ দুবছৰ ধৰি এজন ব্যক্তিৰ সৈতে এক সম্পৰ্কত আছিল। তেওঁ বৰ্তমান ভাৰতীয় ট্ৰান্সমেন বডীবিল্ডাৰ আৰ্য়ান পাশাৰ সৈতে জড়িত হৈ আছে আৰু দুয়োজনে তেওঁলোকৰ একত্ৰিততাৰ কাহিনী গোটেই ছচিয়েল মিডিয়াত গৌৰৱেৰে বৰ্ণনা কৰি আহিছে। তেওঁ দুটা সন্তান তুলি লৈছে। তেওঁলোক বৰ্তমান থানেত বাস কৰে। তেওঁ প্ৰজেক্ট ব'ল'ৰ জৰিয়তে কৈছিল যে তেওঁ স্তন বৃদ্ধি কৰা চিকিৎসা গ্ৰহণ কৰিছিল যদিও কোনো হৰমন চিকিৎসা কৰা নাছিল। তেওঁক ব্ৰেণ্ড একাডেমীৰ 'ইণ্ডিয়ান অ'ফ দা ইয়েৰ ২০১৭' প্ৰদান কৰা হৈছে। ২০১৭ চনত তেওঁ সমাজ সেৱাৰ বাবে শ্ৰী নাৰায়ণ গুৰু বঁটা লাভ কৰিছিল। জনপ্ৰিয় মাধ্যমত লক্ষ্মীয়ে সঘনাই সাক্ষাৎকাৰ দিয়ে আৰু জনপ্ৰিয় মাধ্যমত এলজিবিটিকিউআইএ+ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে। লক্ষ্মীয়ে কেইবাটাও টিভি অনুষ্ঠানত কাম কৰিছে। তেওঁ ভাৰতীয় টেলিভিছন অনুষ্ঠান 'বিগ বচ ৫'ত অংশগ্ৰহণকাৰী আছিল। তেওঁ ছয় সপ্তাহৰ পিছত ইয়াৰ পৰা বাহিৰ কৰা হৈছিল। তেওঁক ৰাজীৱ খাণ্ডেলৱালৰ সৈতে 'চ'ছ কা চামনা'ত অভিনয় কৰিছিল, 'দছ কা দম'ত চলমান খানৰ সৈতে আৰু 'ৰাজ পিচলে জনম কা'তো দেখা গৈছিল। 'চ'ছ কা চামনা'ত ভাৰতে প্ৰথমবাৰৰ বাবে এজন ট্ৰান্সজেণ্ডাৰ ব্যক্তিক তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে টিভিত দেখিছিল। যিটো তেওঁলোকৰ চাৰিওফালে হিজৰা আৰু পৌৰাণিক কাহিনীৰ বিষয়ে এটা মুকলি বাৰ্তালাপ হোৱাত সহায় কৰিছিল। লক্ষ্মীয়ে ২০০৫ চনত এক পুৰস্কাৰ প্ৰাপ্ত তথ্যচিত্ৰত, 'বিটৱিন দি লাইনছ: ইণ্ডিয়াছ থাৰ্ড জেণ্ডাৰ'ত কাম কৰিছিল। ত্ৰিপাঠীক ডিভিডিত মুক্তি দিয়া এলজিবিটি ভাৰতীয়সকলৰ বিষয়ে এক তথ্যচিত্ৰ শৃংখলা প্ৰকল্প ব'ল'ত দেখা গৈছিল। ২০১১ চনত লক্ষ্মীয়ে 'কুইন: ডেষ্টনি অৱ ডান্স' নামৰ হিজৰাৰ বিষয়ে এটা পুৰস্কাৰ প্ৰাপ্ত বলিউড কাম কৰিছিল। লক্ষ্মীয়ে পূজা পাণ্ডেৰ সৈতে তেওঁৰ জীৱনী ৰেড লিপষ্টিক লিখিছিল। কিতাপখন ২০১৬ চনত পেংগুইনৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল। তথ্য উৎস বাহ্যিক সংযোগ লিঙ্গ আৰু যৌনতাৰ ওপৰত লক্ষ্মীৰ সাক্ষাৎকাৰ ভাৰতৰ ব্যক্তি জীৱিত ব্যক্তি এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তি ভাৰতীয় নৃত্যশিল্পী ভাৰতীয় অভিনেত্ৰী
57258
https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%A8%E0%A6%BF%E0%A6%A4%E0%A6%BE%20%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A8%E0%A6%AE
অনিতা ৰত্নম
অনিতা ৰত্নম জন্ম: ২১ মে' ১৯৫৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় আৰু সমসাময়িক নৃত্যশিল্পী তথা নৃত্য পৰিকল্পনাকাৰ। ভাৰতনাট্যমত প্ৰশিক্ষণ প্ৰাপ্ত, তেওঁ কথাকলি, মোহিনীঅট্টম, আৰু তাই চি তথা কলাৰিপায়ত্তুতো আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰিছে, এনেকৈ তেওঁ এখন নৃত্যশৈলী তৈয়াৰ কৰিছিল যিটো তেওঁ "নব্য ভাৰতনাট্যম" ৰচনা কৰিছিল। তেওঁ ১৯৯২ চনত চেন্নাইত প্ৰতিষ্ঠিত 'আৰঙ্গাম ট্ৰাষ্টৰ' প্ৰতিষ্ঠাতা-পৰিচালক আছিল। তেওঁ ১৯৯৩ চনত 'আৰঙ্গাম ডাঞ্চ থিয়েটাৰ' প্ৰতিষ্ঠা কৰিছিল আৰু ১৯৯৩ চনত তেওঁ এটা 'নৰ্তক ডটকম' নামত এখন 'ভাৰতীয় নৃত্য প'ৰ্টেল' তৈয়াৰ কৰিছিল। কেইবাবছৰ ধৰি তেওঁ নৃত্য পৰিকল্পনা, পণ্ডিত আৰু সাংস্কৃতিক কৰ্মী হিচাপে ভাৰত তথা বিদেশেত পাৰফৰ্মিং আৰ্টত তেওঁৰ কামৰ বাবে অসংখ্য বঁটা আৰু স্বীকৃতি পাইছে। শিক্ষা আৰু প্ৰশিক্ষণ অনিতা ৰত্নমৰ ভাৰতনাট্যম গুৰু আদায়ৰ কে. লক্ষ্মণৰ পৰা তেওঁৰ প্ৰাথমিক নৃত্য প্ৰশিক্ষণ লৈছিল আৰু পিছত ৰুক্মিণী দেৱী অৰুণ্ডেল 'কালাক্ষেত্ৰ'ত উন্নত প্ৰশিক্ষণৰ বাবে গৈ নৃত্যত স্নাতকোত্তৰ ডিপ্লোমা অৰ্জন কৰে। তেওঁ ভাৰতনাট্যমৰ লগতে শাস্ত্ৰীয় নৃত্য কথাকলি তথা মোহিনীঅট্টমত প্ৰশিক্ষণ লৈছিল। পেচা তেওঁ 'নিউ অৰলিঞ্চ বিশ্ববিদ্যালয়ৰ' পৰা থিয়েটাৰ আৰু টেলিভিচনত এমএ পাচ কৰে আৰু পিছৰ দহ বছৰ যুক্তৰাষ্ট্ৰৰ টেলিভিচন প্ৰযোজক আৰু ভাষ্যকাৰ হিচাপে ভাৰতত শিল্প, ভ্ৰমণ আৰু সংস্কৃতি সম্পৰ্কিত সাপ্তাহিক চিৰিজ সহ প্ৰযোজনাৰ সৈতে পাৰ কৰিছে। তেওঁ ১৯৯২ চনত চেন্নাইত প্ৰতিষ্ঠিত 'আৰঙ্গাম ট্ৰাষ্ট' প্ৰতিষ্ঠা কৰে আৰু ১৯৯৩ চনত এটা পাৰফৰ্মেঞ্চ সংস্থাৰ 'আৰঙ্গাম ডাঞ্চ থিয়েটাৰ' প্ৰতিষ্ঠিত হয়। আধুনিকতাবাদী, তেওঁৰ চৌপাশৰ পৰিৱেশ গঢ়াৰ বিষয়ত উৎসাহিতভাবে বিশ্বাসী, ৰত্নম তেওঁৰ ধ্ৰুপদী ভাৰতনাট্যমৰ প্ৰাথমিক প্ৰশিক্ষণৰ লগত সংযুক্ত বিভিন্ন গতিবিধি আৰু ৰীতিনীতি অনুসন্ধান কৰিছে। তেওঁৰ অনুপ্ৰেৰণা আৰু তেওঁৰ কৰ্মৰ কথা উল্লেখ কৰি তেওঁ কয় যে, "মই নাচি থাকো কাৰণ নিজৰ আৰু বিশ্বৰ লগত যোগাযোগৰ এইটো মোৰ নিজস্ব উপায় মই নিজকে এখন সমসাময়িক ক্লাচিক হিচাপে বিবেচনা কৰোঁ। মোৰ সকলো চিন্তা-ধাৰণা ঐতিহ্যগত উৎসৰ পৰা, কিন্তু সেইবিলাক পঢ়া আৰু প্ৰকৃতিৰ পৰাও হ'ব পাৰে: এটা সৰু পিতলৰ পাত্ৰত ভাসমান এটা পদুম ফুল, এজন শিশু চাবনৰ ফেনাঁ ফুঁৱাইছে, আনকি বতাহত উৰি থকা কাগজৰ এখিলা টুকুৰাও মোক অনুপ্ৰেৰণা দিয়ে। ধাৰণা বিলাক গোটেই বিশ্ব আৰু বহু মানুহ তথা সিহঁতৰ পদ্ধতিবিলাক সকলো চকুৰ পতাৰ ঢিমিক-ঢামাক, হাতৰ বিকাশ আৰু শৰীৰৰ মনোভাবৰ দ্বাৰা পৰামৰ্শ দিব পৰা যায়। ধাৰাণাবিলাক অনেক উত্সৰ পৰা আহে কিন্তু মই সেইবিলাক ব্যৱহাৰ কৰোঁ আৰু সিহঁতৰ নিজস্ব শৈলীৰ নৃত্য, চলন আৰু থিয়েটাৰ কৌশলসমূহত একলগ কৰোঁ। মানুহে যেতিয়া মোৰ কৰ্ম চায়, সিহঁতে কব পাৰে যে এইটো চেতনাত ভাৰতীয় কিন্তু পদ্ধতিৰ ফালৰ পৰা বৰ সমসাময়িক। লোক নৃত্যশিল্পী আৰু নাট্যকাৰ যিহঁত পথাৰত দিনৰ কঠোৰ পৰিশ্ৰমৰ পিছত নিতৌ গধূলি নৃত্য কৰে, ঐতিহ্যময় মন্দিৰৰ শিল্পীসকলে যিহঁতৰ জীৱনৰ গুৰুত্বপূৰ্ণ উৎসৱসমূহৰ সময়ত ইশ্বৰৰ উপাসনাৰ উপৰত নিৰ্ভৰ কৰে, কণ্ঠ সংস্কৃতিৰ লগত আন্দোলনক ফিউজ কৰে এনে অভিনেতা, তৰুণ অভিনয় শিল্পী আৰু গোটেই বিশ্বৰ শিক্ষাৰ্থীসকলে যিহঁতে শিকিব বিচাৰে নতুন আন্দোলন আৰু সাংস্কৃতিক স্মৃতিসমূহৰ গতিশীলতা আমাৰ দক্ষিণ এছিয়াৰ তেজ প্ৰবাহত এম্বেড এই শিল্পীসকল মোৰ কৰ্মৰ কেন্দ্ৰবিন্দু। মই মোৰ সংস্কৃতিত বিশ্বাস কৰোঁ বুলি নিজকে নিজকে এজন সংস্কৃতিবিদ বুলি অভিহিত কৰোঁ। মোৰ সংস্কৃতি মানে কেৱল পাৰফৰ্মিং আৰ্টচ নহয়। মোৰ দৃষ্টিকোণৰ পৰা এইটো মোৰ শিপাবিলাকৰ সন্ধান আৰু মই কোন সেইটো জানিবৰ বাবে থিয় দিছোঁ। আৰু ক্লাচিকাল আৰ্টচ আমাৰ সংস্কৃতিৰ এটা বৰ গুৰুত্বপূৰ্ণ অঙ্গ।" ২০০৭ চন, তেওঁ কানাডা-ভিত্তিক নৃত্যশিল্পী-নৃত্যপৰিকল্পনা 'হৰি কৃষ্ণনৰ' সহযোগিতাত নিউয়ৰ্ক জয়েচ সোহোত তেওঁৰ একক অপাৰেটিক পাৰফৰ্মেঞ্চ "চেভেন গ্ৰেচেচ" (7 পৰিৱেশন কৰিছিল। তেওঁ কিছু বছৰ ধৰি কিছুমান তামিল চলচ্চিত্ৰও উপস্থিত হৈছিল, যেনে- কান্দুকোনদাইন কান্দুকোনদাইন (২০০০) আৰু বয়েচ (২০০৩)। ক'ৰিয়'গ্ৰাফীসমূহ এ মেপ টু দ্য নেক্সট ৱাৰ্ল্ড (১৯৯৭), স্থানীয় আমেৰিকান কবি জয় হাৰজোৰ সৈতে। ইন্নাৰ ৱাৰ্ল্ড (১৯৯৮), মিনিয়াপলিচৰ পঙ্গিয়া ৱাৰ্ল্ড থিয়েটাৰৰ সৈতে। ডটাৰচ অফ দি অচেয়ান (১৯৯৯), লিখক শোবিতা পুঞ্জৰ সৈতে ডাষ্ট (২০০২), ডাঞ্চ এলয়েৰ মাৰ্ক টেইলৰৰ সৈতে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পিটচবাৰ্গ। হাইফেনেটেড (২০০২), টৰণ্টৰ লতা অনৰ বাবে। চেভেন গ্ৰেচেচ (২০০৫), কানাডা ভিত্তিক হৰি কৃষ্ণনৰ সৈতে। ৱৰ্টেক্স (২০০৬), কানাডিয়ান নৃত্য শিল্পী পিটাৰ চিনৰ সৈতে। মা৩কা (২০০৯). বঁটাসমূহ অনিতা ৰত্নম ভাৰত আৰু বিদেশত পাৰফমিং আৰ্টচত তেওঁৰ কৰ্মৰ বাবে ভালেমান বঁটা আৰু স্বীকৃতি লাভ কৰিছে। ইয়াৰ মাজত কিছুমান হ'ল: নৃত্য চুদমণি (১৯৯৬) শ্ৰী কৃষ্ণ গণ সভা, চেন্নাই কালাইমণি (১৯৯৮) তামিলনাডুৰ চৰকাৰ কৰ্তৃক নৃত্য গৱেষণাৰ বাবে। মিডিয়া এচিভমেণ্ট এৱাৰ্ড (১৯৯১) নিউ য়াৰ্কৰ মহিলাসকলোৰ ৰাষ্ট্ৰীয় সংস্থা দ্বাৰা। মহাত্মা গান্ধী এৱাৰ্ড সাংস্কৃতিক সম্প্ৰীতিৰ বাবে (১৯৮৬) মাৰ্কিন ললিতাকলাৰত্ন (২০০৩) শ্ৰী ললিতাকলা একাদেমি ফাউণ্ডেচন ট্ৰাষ্ট (ইনক।), মহীশূৰ, ২০০৩ নাট্য ৰত্ন (২০০৩) শ্ৰী শানমুখানন্দ সংগীত সভা, নতুন দিল্লী। বিশ্ব কলা ৰত্ন (২০১৭) নেচনাল ইণ্ডিয়ান আৰ্টচ এৱাৰ্ডচ (মিলাপেষ্টেষ্ট), যুক্তৰাজ্যৰ দ্বাৰা তথ্যউৎস্য বহিঃসংযোগ ভাৰতৰ ব্যক্তি ভাৰতীয়
61293
https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%20%E0%A6%95%E0%A7%88%E0%A7%B0%E0%A7%80
পদ্ম কৈৰী
পদ্ম কৈৰী ১৯৫২ ৮ জুন ২০২০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনৈতিক নেতা, সমাজকৰ্মী, অভিনেতা তথা কণ্ঠশিল্পী। তেওঁ ১৯৮৫ চনৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ অসমৰ চাহ জনগোষ্ঠীৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আৰু ছবি নিৰ্মাতা আছিল। তেওঁ 'বুধু অৰ্জুন' চলচ্চিত্ৰ নিৰ্মাণ কৰি চাহ জনগোষ্ঠীৰ প্ৰথম গৰাকী পৰিচালক হিচাপে পৰিগণিত হৈছিল। পৰিচালক তথা অভিনেতা পদ্ম কৈৰীয়ে 'ৰঙানদী', 'ৰতনলাল', 'মায়া', 'মা' আদি চিনেমা নিৰ্মাণ কৰাৰ লগতে ইয়াৰে কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। তদুপৰি জনপ্ৰিয় ধাৰাবাহিক 'শিৰীষ' প্ৰযোজনা, পৰিচালনা কৰাৰ লগতে কেইবাটাও খণ্ডত অভিনয় কৰিছিল। তেওঁ অসম আন্দোলনৰ অন্যতম সক্ৰিয় নেতা আছিল। ১৯৭৯ চনত বিশ্বনাথ চাৰিআলিত প্ৰতিষ্ঠা হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য পদ্মনাথ কৈৰী বিশ্বনাথ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতো জড়িত আছিল। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ১৯৫২ চনত শোণিতপুৰ জিলাৰ বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত পদ্মনাথ কৈৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বালুৱ কৈৰী আৰু মাতৃ কাঞ্চন কৈৰী চাহ বাগিচাৰ শ্ৰমিক আছিল। পদ্ম কৈৰী তেওঁলোকৰ তৃতীয় সন্তান আছিল। তেওঁ সাকোমঠা চাহ বাগিচাৰ বিদ্যালয়তে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। সৰুৰে পৰা তেওঁৰ অভিনয়ৰ প্ৰতি ৰাপ আছিল। হাইস্কুলত পঢ়ি থকা সময়ত বিদ্যালয় সপ্তাহত কেইবাখনো তেওঁ নাটকত অভিনয় কৰিছিল। বিশ্বনাথ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত অধ্যাপক ৰাজেন বৰঠাকুৰৰ তত্ত্বাৱধানত কেইবাখনো জনপ্ৰিয় নাটকত পদ্ম কৈৰীয়ে অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। ১৯৭১ চনত হিন্দী চলচ্চিত্ৰত অভিনয় কৰাৰ আশাৰে মুম্বাইলৈ যায় আৰু হিন্দী চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা প্ৰেমনাথৰ ঘৰত প্ৰায় ৯ বছৰ লগুৱা হিচাপে থাকে। কিন্তু চলচ্চিত্ৰত অভিনয়ৰ সুযোগ নাপাই তেওঁ অসমলৈ ঘূৰি আহে। কৰ্মজীৱন ১৯৭৯ চনত মুম্বাইৰ পৰা ঘূৰি আহি পদ্ম কৈৰীয়ে সদৌ অসম চাহ জনজাতি সাংস্কৃতিক গোষ্ঠী নামেৰে এক অনুষ্ঠান প্ৰতিষ্ঠা কৰি অসমত নাট্যযাত্ৰা আৰম্ভ কৰিছিল। পিছলৈ অসম আন্দোলনৰ বাবে তেওঁ সেই অনুষ্ঠানটো বন্ধ কৰি আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। তেওঁ অসম আন্দোলনৰ ফলত চাহ জনগোষ্ঠীৰ লোকসকলে অসম ত্যাগ কৰিব লাগিব বুলি বাগিচাত চলা অপপ্ৰচাৰ ব্যৰ্থ কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ চাহ বাগিচাৰ যুৱক–যুৱতীসকলক অসম আন্দোলনত সহযোগিতা আগবঢ়াবলৈ প্ৰেৰণা আগবঢ়াইছিল। তদুপৰি তেওঁ বাগিচা অঞ্চলৰ উপৰি অন্যান্য ঠাইতো সভা–সমিতি অনুষ্ঠিত কৰি ৰাইজৰ মাজত এগৰাকী যুৱ নেতা হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হয়। অসম আন্দোলনৰ অন্তত ১৯৮৫ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ বিশ্বনাথ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে।তেওঁৰ জনপ্ৰিয়তাৰ বাবে চৌদিশে অসম গণ পৰিষদৰ জয়জয়–ময়ময় অৱস্থাতো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হ'বলৈ সক্ষম হয়। বিধায়ক হিচাপে পাঁচবছৰীয়া কাৰ্যকালত তেওঁ চাহ জনজাতিৰ কল্যাণৰ বাবে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল। ১৯৭৯ চনত বিশ্বনাথ চাৰিআলিত প্ৰতিষ্ঠা হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য পদ্মনাথ কৈৰী বিশ্বনাথ আটছাৰ লগতো জড়িত আছিল। তেওঁ চাহ জনগোষ্ঠীয় ধাৰাবাহিক 'শিৰীষ' পৰিচালনা কৰিছিল। তাৰপিছত পদ্ম কৈৰীয়ে 'বুধু অৰ্জুন' ছবিখন নিৰ্মাণ কৰিছিল। এই ছবিখন অত্যন্ত জনপ্ৰিয় হৈছিল আৰু সেই সময়ত একো একোটা চিত্ৰগৃহত দুমাহপৰ্যন্ত চলিছিল। তেওঁৰ আন এখন কথাছবি 'মা' একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰিছিল। তেওঁৰ দ্বাৰা নিৰ্মিত আন কেইখনমান ছবি হৈছে ক্ৰমে 'ৰঙানদী', 'ৰতনলাল' আৰু 'মায়া'। তেওঁ গুৱাহাটী দূৰদৰ্শন যোগে প্ৰচাৰিত 'শিৰীষ'ৰ পাছত ক্ৰমে 'দয়াৰাম', 'মন ফুলাৰ মালা', 'চাহ বাগান মোৰ মা' আদি ধাৰাবাহিকৰ প্ৰযোজনা–পৰিচালন কৰাৰ লগতে অভিনয় কৰিছিল। ইয়াৰ লগতে তেওঁ 'ব'হাগতে চিত', 'ত্ৰিকাল', 'মণ্ডিৰ ৰাধাচূড়া কি ফুল', 'ৰাম চৰণৰ সংসাৰ' আৰু 'লালটেলি' ধাৰাবাহিকত তেওঁ অভিনয় কৰিছিল। তেওঁ অসমীয়া চলচ্চিত্ৰ 'অভিযান', 'অনুতাপ', 'ৰতনলাল', 'দূৰণিৰ ৰং', 'ঊৰ্ৱশী', 'বুধু অৰ্জুন', 'মা', 'মায়া' আৰু 'দেখৱ–চুনৱ'ত অভিনয় কৰিছিল। তদুপৰি তেওঁ অসমীয়া ভিচিডি ছবি 'চম্পা', 'পেহলা প্যাৰ', 'ঝুমকা', 'চম্পাফুল', 'হাচিনা', 'চামেলীৰ মন', 'হীৰা' আৰু 'চলগ'ৰি' আদিতো অভিনয় কৰিছিল। ১৯৮০ চনৰ পৰা গুৱাহাটী আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰযোগে তেওঁৰ কেইবাখনো নাটক সম্প্ৰচাৰ হৈছিল। সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা সাধনাৰ বাবেই অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত অবিভক্ত শোণিতপুৰ জিলা ভিত্তিত অনুষ্ঠিত চাহ জনগোষ্ঠীয় সমাৰোহ 'কাচা সনা–২০২০' শীৰ্ষক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁক চেনিৰাম কুৰ্মী সোঁৱৰণী সাংস্কৃতিক বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ব্যক্তিগত জীৱন পদ্মনাথ কৈৰীয়ে লিলি কৈৰীৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। লিলি কৈৰী এগৰাকী অভিনেত্ৰী। তেওঁলোকৰ দুগৰাকী পুত্ৰ ৰাজীৱ কৈৰী আৰু সঞ্জীৱ কৈৰী আৰু কন্যা সংগীতা কৈৰী। মৃত্যু ২০২০ চনৰ ৮ জুন তাৰিখে ৬৮ বছৰ বয়ত পুৱা গুৱাহাটীৰ ডাউন টাউন হাস্পতালত দেহাৱসান ঘটে। বিশ্বনাথৰ গোপ সাধাৰু নদীৰ পাৰত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হয়। তথ্য উৎস অসমৰ ব্যক্তি মৃত ব্যক্তি অসমৰ চলচ্চিত্ৰ পৰিচালক অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক অসমীয়া অভিনেতা অসমীয়া কণ্ঠশিল্পী অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি চাহ জনগোষ্ঠীৰ
2319
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%20%E0%A6%B6%E0%A6%82%E0%A6%95%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A7%B1
শ্ৰীমন্ত শংকৰদেৱ
শ্ৰীমন্ত শংকৰদেৱ জন্ম: ১৪৪৯ মৃত্যু: ১৫৬৮) একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। সেইবাবেই তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে শঙ্কৰদেৱক “সৰ্বগুণাকৰ’’ শব্দৰে অভিহিত কৰিছিল৷তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।তেওঁ মানুহৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ সাধাৰণ অনাখৰী মানুহেও যাতে ভাৰতীয় দৰ্শনৰ জটিল তত্ত্বসমূহ সহজে অনুভৱ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি তেওঁ সহজ-সৰল ভাষাৰে বেদ পুৰাণৰ তত্ত্বকথাৰে নানা শাস্ত্ৰ ৰচনা কৰিছিল৷ মহাত্মা গান্ধীয়ে শঙ্কৰদেৱৰ প্ৰসঙ্গত কৈছিল, যি ধৰ্ম অৱলম্বন কৰি মই ৰামৰাজ্যৰ কল্পনা কৰিছোঁ, তাতোকৈও সুন্দৰ আৰ্হি শঙ্কৰদেৱে অসমবাসীক দি গৈছে৷ পূৰ্বপুৰুষ আৰু জন্ম খ্ৰীষ্টীয় চতুৰ্দশ শতিকাত গৌড় ৰাজ্যৰ ৰজা ধৰ্ম নাৰায়ণে তেওঁৰ বন্ধু কমতা ৰাজ্যৰ ৰজা দুৰ্লভ নাৰায়ণৰ অনুৰোধমৰ্মে কমতা ৰাজ্যলৈ সাতঘৰ বিশিষ্ট ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ(কলিতা) মানুহ পঠিয়াইছিল। তাৰ ভিতৰত সাতঘৰ ব্ৰাহ্মণ আৰু সাতঘৰ কায়স্থ আছিল৷ ব্ৰাহ্মণ কেইজনৰ নাম আছিল ক্ৰমে, কৃষ্ণপণ্ডিত, ৰঘুপতি, ৰামবৰ, লোহাৰ, বৰণ, ধৰম আৰু মথুৰা৷ কায়স্থ(কলিতা) কেইজন আছিল, চণ্ডীবৰ, শ্ৰীধৰ, হৰি, শ্ৰীহৰি, শ্ৰীপতি, চিদানন্দ আৰু সদানন্দ৷ দুৰ্লভ নাৰায়ণে বৰ আদৰ-সাদৰ কৰি তেওঁলোকৰ নিজৰ ৰাজ্যত থাকিবলৈ দিছিল। কায়স্থ সাতঘৰৰ ভিতৰত চণ্ডীবৰ নামে এজন বিদগ্ধ পণ্ডিত আছিল। ৰজা দুৰ্লভনাৰায়ণে তেওঁক 'শিৰোমণি ভূঞা' উপাধি দি হাজোৰ ওচৰৰ মাগুৰী নামে ঠাইত স্থানীয় শাসক পাতিছিল। কিছুদিন সেই কাম সুকলমে কৰি শেষত ভোটবিলাকৰ উপদ্ৰৱত থাকিব নোৱাৰি তেওঁ বৰ্তমান নগাঁও জিলাৰ বৰদোৱা নামে ঠাইলৈ গৈ তাতে স্থায়ীভাৱে বাস কৰিছিল। তেওঁৰ বংশতে বৰ্তমানৰ বৰদোৱাৰ আলিপুখুৰীত ১৩৭১ শকৰ (১৪৪৯ খ্ৰীষ্টাব্দ) আহিন-কাতি মাহত শংকৰদেৱৰ জন্ম হয়। শঙ্কৰদেৱৰ জন্ম তাৰিখ সম্বন্ধে কেইবাটাও মতবাদ চলি আছে৷ কথা গুৰু চৰিতৰ মতে, “কাৰ্তিকৰ সংক্ৰান্তি বাৰ বৃহস্পতিবাৰ তিথি পূৰ্ণিমা শ্ৰৱণা নক্ষত্ৰ মধ্য নিশা জ্যোতিষক (১৩৭১ তেৰশ একসতৰি শকত) আন কোনো কোনোৰ মতে, আহিন মাহৰ পাঁচদিন যোৱাত শুক্লা দশমী তিথি শুকুৰবাৰ, ৰাতি চাৰিদণ্ড যোৱাত ১৩৭১ শকত শঙ্কৰদেৱৰ জন্ম হয়৷ ৰামচৰণ ঠাকুৰে লিখিছে, চৰিতকাৰ দৈত্যাৰি ঠাকুৰ, ৰামানন্দ দ্বিজ আৰু ভূষণ দ্বিজই চন তাৰিখৰ উল্লেখ নকৰাকৈ মাত্ৰ জন্ম মাহৰ উল্লেখ কৰিছে৷ “বাঁহী’’ত প্ৰকাশিত এটি মত, ১৩৭১ শকৰ কাৰ্তিক সংক্ৰান্তিৰ অমাৱস্যা তিথিৰ বৃহস্পতিবাৰে মাজনিশা শঙ্কৰদেৱৰ জন্ম হয়’’৷ এই সকলোবোৰ মত মিলালে শঙ্কৰদেৱৰ জন্ম ১৩৭১ শকৰ কাতি নাইবা আহিনৰ নাইবা ফাগুণৰ বৃহস্পতিবাৰে মাজনিশা বুলি মানিব পাৰি৷ শঙ্কৰৰ পিতাকৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধ্যা দেৱী। বাল্যকাল আৰু শিক্ষা-দীক্ষা শঙ্কৰদেৱৰ প্ৰায় সাত বছৰ বয়সতে সৰু আই ৰোগত আক্ৰান্ত হৈ দেউতাকৰ মৃত্যু হয়। আনহাতে মাকৰ মৃত্যু হয়তো শংকৰৰ জন্মৰ পিছতে বা কুসুম্বৰ ভূঞাৰ মৃত্যুৰ পিছত হোৱা বুলি জনা যায়। কথা গুৰু চৰিতৰ মতে, সত্যসন্ধা আই স্বামী কুসুম্বৰৰ সৈতে সতীদাহ হৈ অনুগামী হৈছিল। সৰু হৈ থাকোঁতেই পিতৃ মাতৃৰ বিয়োগ ঘটাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক লালন পালন কৰে। সৰুতে তেওঁৰ পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল। লগ সমনীয়া শিশুসকলৰ সৈতে ধেমালি কৰি কাল কটাওঁতে শংকৰদেৱৰ শৈশৱ পাৰ হৈছিল। তেওঁৰ বাল্যবন্ধু সকল আছিল, জইৰাম, তিতাৰাম, কেতাই, সনাতন, হৰিবৰ, সতানন্দ, ৰামৰাম, ৰামৰাই, বিতোপন, চান্দ, ভেকুৰি আদি। ল’ৰালি কালত তেওঁ আন সাধাৰণ শিশুৰ দৰেই গছৰ ফল-ফুল বুটলি, কোটোৰা খেল, ঘিলা খেল, ভণ্টাগুটি খেল, লুকাভাকু খেল, দৌৰাদৌৰি কৰা আদি খেলি আৰু চাপৰি বজাই হৰিধ্বনি কৰা, বটা চৰাই বিচাৰি ধৰা আৰু মুকলি কৰি দিয়া, শিয়াল খেদা, নদীত সাঁতুৰি জলক্ৰীড়া কৰা আদি কৰিয়েই কাল নিয়াইছিল। পিছত, খেল-ধেমালিতে কাল কটোৱা শঙ্কৰক বাৰ বছৰ বয়সত বুঢ়ীমাকে মহেন্দ্ৰ কন্দলি নামে অধ্যাপক এজনৰ টোলত নাম লগাই দিয়ে।ভাদ মাহৰ কোনো এটা বৃহস্পতিবাৰে শুভলগ্ন চাই শঙ্কৰৰ বিদ্যাৰম্ভ কৰা হ’ল। কিন্তু শঙ্কৰৰ খেলা-ধূলাৰ প্ৰতি মন সহজে আঁতৰাব পৰা নাছিল৷ তাৰ প্ৰমাণস্বৰূপে শঙ্কৰে ঘৰৰ পৰা ৰূপ দুটকা আৰু কাপোৰ দুখন মনে মনে নি গুৰুক ভেটি দিয়াৰ কথা চৰিত পুথিসমূহত পোৱা যায়৷ কিন্তু বিদ্যা শিক্ষাত মনোযোগ দিয়া আৰম্ভ কৰাৰ পাছতেই শঙ্কৰে অ-আ ক-খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা 'কৰতল কমল' ৰচনা কৰি সকলোকে অভিভূত কৰে। ইয়াৰ পিছতে অধ্যাপক কন্দলিয়ে শঙ্কৰক 'দেৱ' উপাধি প্ৰদান কৰি সকলোৰে ওপৰত ওজা ছাত্ৰ পাতে। মহেন্দ্ৰ কন্দলিৰ টোলত ছবছৰ পঢ়ি চাৰিবেদ, চৈধ্যশাস্ত্ৰ (শিক্ষা, কল্প, জ্যোতিষ, ৰীতি, নীতি, নিৰুক্ত, ছন্দঃ, শ্ৰুতি, স্মৃতি, মীমাংসা, তৰ্ক, কলাপ, তৃক, ন্যায়), ওঠৰ পুৰাণ (মৎস্য, শিৱ, বিষ্ণু, স্কন্দ, বৰাহ, কুৰ্ম, গৰুড়, মাৰ্কণ্ডেয়, বামন, লিঙ্গ, ভৱিষ্য, ব্ৰহ্মাণ্ড, বৈৱৰ্ত্ত, পদ্ম, নাৰদী, অগ্নি, ভাগৱত) অষ্টাদশ ভাৰত, নানা কাব্য, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠে। টোলত থাকোঁতেই তেওঁৰ প্ৰথমটো অনুবাদ কবিতা হৰিশ্চন্দ্ৰ উপাখ্যান লিখি উলিয়ায়। তেওঁ এজন ধীৰ-স্থিৰ, গুণী-জ্ঞানী ব্যক্তি হৈ সকলোতে বিদগ্ধ পণ্ডিত হৈ পৰে। প্ৰায় ১৭ বছৰ বয়সত শংকৰদেৱ ঘৰলৈ উভতি আহে। বৈবাহিক জীৱন শঙ্কৰদেৱৰ একৈছ বছৰ বয়সত তেওঁ নিজ কান্ধত থকা শিৰোমণি ভূঞাৰ দায়িত্বভাৰ ককাক জয়ন্ত দলৈ আৰু মাধৱ দলৈক অৰ্পণ কৰিবলৈ ইচ্ছা কৰি নিজে একান্তভাৱে শাস্ত্ৰচৰ্চাত নিয়োজিত হ'বলৈ মন মেলিলে। পৰকালৰ বাবে শাস্ত্ৰজ্ঞান আহৰণ কৰি ধৰ্ম কৰাৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ ককাকৰ আগত ব্যক্ত কৰিলে। অন্যথা সংসাৰৰ অৰ্থ নাই। ইয়াতে নাতিয়েকৰ সংসাৰৰ প্ৰতি বিৰাগ জন্মা বুলি চিন্তিত হৈ দুই পিতামহে চাই-চিতি হৰিবৰগিৰি নামৰ এজন ভূঞাৰ সূৰ্যৱতী নামৰ কন্যাৰ লগত ২০ বছৰ বয়সতে শঙ্কৰদেৱৰ বিয়া পাতি দিয়ে। সেয়া আছিল ১৩৯২ শক। বিবাহৰ তিনি বছৰ পাছত ভাৰ্যা সূৰ্যৱতীৰ গৰ্ভত শঙ্কৰদেৱৰ এটি কন্যা সন্তানৰ জন্ম হয়। কন্যাটিৰ নাম থলে 'মনু'। দুৰ্ভাগ্যবশতঃ মনুৰ বয়স ন মাহ হওঁতেই সূৰ্যৱতীৰ অকাল বিয়োগ ঘটে। তাৰপিছত তেওঁ সংসাৰৰ প্ৰতি বিৰাগ জন্মাত বাৰজন সংগীৰে সৈতে পশ্চিম দিশলৈ তীৰ্থ ভ্ৰমণলৈ যায়৷ সংগীসকল আছিল, ৰামৰাই, সৰ্ব্বজই, পৰ্মানন্দ, বলোৰাম, বলোভদ্ৰ, গোবিন্দ, নাৰায়ণ, বৰচিৰাম, গোপাল, চোট বলোৰাম, মুকুন্দ আৰু মুৰাৰি৷ তীৰ্থভ্ৰমণৰ পৰা উভতি অহাৰ পাছত ককাক জয়ন্ত আৰু মাধবৰ পৰামৰ্শমতে পিছত দুকুৰি চৈধ্য বছৰ বয়সত সকলোৰে মতৰ সাপেক্ষে শঙ্কৰদেৱে কালিকা ভূঞাৰ কন্যা কালিন্দীক পুনৰ বিবাহ কৰে। তীৰ্থ-ভ্ৰমণ ১৪০৩ শকত (১৪৮১চনত) ৩২ বছৰ বয়সত শঙ্কৰদেৱে জোঁৱায়েক হৰিৰ হাতত ঘৰ-বাৰী সঁপি দি প্ৰথমবাৰৰ বাবে তীৰ্থলৈ যায়। আন সোতৰজন তীৰ্থযাত্ৰী শঙ্কৰদেৱৰ লগত যাত্ৰাৰ সংগী হ'ল। এইসকলৰ ভিতৰত শিক্ষাগুৰু মহেন্দ্ৰ কন্দলিকে ধৰি ৰামৰাম, সৰ্বজয়, পৰমানদ, বলোভদ্ৰ, বলোৰাম, গোবিন্দ, নাৰায়ণ, বৰশ্ৰীৰাম, গোপাল, চোট বলোৰাম, মুকুণ্ড, মুৰাৰি, হৰিদাস, দামোদৰ, আৰু আন দুজন এই দলৰ সদস্য আছিল।শঙ্কৰদেৱে অনুগামীসকলৰ সৈতে গংগাৰ পৰা স্নান দৰ্শনেৰে আৰম্ভ কৰি জগন্নাথ-পুৰী, সীতাকুণ্ড, উত্তৰ বাহিনী গংগা, বৰাহক্ষেত্ৰ, পুষ্কৰিণী তীৰ্থ, মথুৰা, বৃন্দাবন, দ্বাৰকা, কাশী, বাৰানসী, প্ৰয়াগ, নেপাল, নিষধ, কৈকেয়, কোশল, অযোধ্যা, হস্তিনাপুৰ, পাঞ্চাল, শ্বেতদ্বীপ, কৰ্মনাশা কেশৰী, কাবেৰী, মাৰ্গকাশী, বিন্দুকাশী, কৈশিক তীৰ্থ, মুকুন্দ আশ্ৰম, পুষ্পভদ্ৰা, সোণাৰু, কপিল, গণ্ডকী নদী, উপদ্বাৰকা, অঙ্গদ নগৰ, ৰামেশ্বৰ সেতুখণ্ড, সুবাহু নগৰ, বিদিশা নগৰ, দণ্ডকা বন, চিত্ৰকুট পৰ্বত, গোদাবৰী, গোমতী, পঞ্চবটী আশ্ৰম, দা ঋষ্যমূক পৰ্বত, কিষ্কিন্ধ্যা, পুষ্কৰাৱতী, ভৰদ্বাৰ, হৰিদ্বাৰ, জয়দ্বাৰ, নৰ্মদা, মহানন্দা, কটক নগৰ, বদৰিকাশ্ৰম আদি প্ৰায়বোৰ তীৰ্থক্ষেত্ৰ আৰু ঐতিহাসিক স্থান ভ্ৰমণ কৰিলে। এই তীৰ্থযাত্ৰাৰ সময়তে বদৰিকাশ্ৰমত শংকৰদেৱে তেওঁৰ জীৱনৰ প্ৰথমটো বৰগীত মন মেৰি ৰাম চৰণহি লাগু শীৰ্ষক গীতটি ৰচনা কৰে। কথা গুৰুচৰিতৰ মতে প্ৰথম বৰগীত আছিল ৰাম মেৰি হৃদয় পংকজে বাইছে তেওঁ ১৪৮১ চনত ৰৌমাৰী নামৰ স্থানত তীৰ্থযাত্ৰাৰ একেবাৰে আৰম্ভণিতে ইয়াক ৰচনা কৰিছিল। ১২ বছৰৰ পাছত (তেওঁৰ অনুপস্থিতিত তেওঁৰ পৰিয়াল বৰদোৱাৰ পৰা ঘূৰি আহিছিল) আলিপুখুৰীৰ ঘৰলৈ উভতি আহিছিল। তীৰ্থযাত্ৰাৰ সময়ত তেওঁ এটা সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ অংশ হৈ সেই ভক্তি আন্দোলনক বিকশিত হৈ উঠাত সহায় কৰিছিল। ১৫৫০ শকৰ আঘোণ মাহত শঙ্কৰদেৱৰ ৯৭ বছৰ বয়সত সংগী ভকতসকলৰ সৈতে তেওঁ পুনৰ তীৰ্থলৈ যায়। কৰ্মজীৱন শিক্ষা সমাপ্ত কৰি গুৰুগৃহৰ পৰা ঘৰলৈ ঘূৰাৰ পাছত শঙ্কৰদেৱৰ ওপৰত সংসাৰৰ গুৰু দায়িত্ব কিছুমান পৰিবলৈ ধৰে। তেওঁ নথকা অৱস্থাত শিৰোমণি ভূঞাৰ দায়িত্বভাৰ লৈ থকা ককাদেউতাক জয়ন্ত দলৈয়ে প্ৰথমেই শিৰোমণি ভূঞাৰ বিষয়ভাৰ শঙ্কৰদেৱৰ ওপৰত অৰ্পণ কৰিলে। তেনেই কম বয়সতে ভূঞাসকলৰ শ্ৰেষ্ঠ সন্মান লাভ কৰা আৰু শ্ৰেষ্ঠ দায়িত্ব পোৱা বাবে তেওঁৰ নাম ডেকাগিৰি হ'ল। শঙ্কৰদেৱে দক্ষতাৰে শাসনকাৰ্য চলাবলৈ ধৰাৰ লগতে ধৰ্মকথাও চৰ্চিবলৈ ধৰিলে। শঙ্কৰদেৱে শিৰোমণি ভূঞাৰ দায়িত্ব লোৱাৰ কিছুদিন পিছৰে পৰা কছাৰীসকলে আলিপুখুৰী অঞ্চলত বসবাস কৰি থকা ভূঞা আৰু ব্ৰাহ্মণসকলৰ ওপৰত ঘনে ঘনে উপদ্ৰৱ কৰিবলৈ ধৰে। সকলোৰে অনুৰোধ আৰু কছাৰীসকলৰ উপদ্ৰৱলৈ লক্ষ্য ৰাখি শঙ্কৰদেৱে পৰিয়াল আৰু আন আন সকলৰ সৈতে আহি বৰদোৱাত ঘৰ-দুৱাৰ সাজি বসবাস কৰিবলৈ ল'লে। বৰদোৱাৰ কুসুমতলিতঘৰ-দুৱাৰ কৰি থাকোঁতে শঙ্কৰদেৱে ৰামৰাম গুৰুৰ লগত আলোচনা কৰি তাত এটি দেৱ মন্দিৰ নিমাৰ্ণ কৰাৰ সিদ্ধান্ত ল'লে। মন্দিৰৰ ভেঁটি তুলিবৰ সময়ত মাটি খান্দোতে কোৰৰ চাবত শিলত কটা চতুৰ্ভুজ বিষ্ণুমূৰ্তি এটা পালে। সেই বিষ্ণুমূৰ্তিটোকে সাতখলপীয়া সিংহাসনৰ ওপৰত প্ৰতিষ্ঠা কৰিলে। প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰোঁতে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ লগত সম্পৰ্কিত প্ৰায়বোৰ স্থান ভ্ৰমণ কৰি ভক্তিৰসেৰে আপ্লুত হৈ শঙ্কৰদেৱে নিজৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীক বিস্তৃত আৰু গভীৰ কৰি তুলিলে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ কৃষ্টি-সংস্কৃতিৰ মুকুতা বুটলি নিজ মাতৃভূমিত এক নতুন ধৰ্ম-সংস্কৃতিৰ বীজ ৰোপণ কৰাৰ মানসেৰে বাৰ বছৰৰ মূৰত বিস্তৃত ভ্ৰমণসূচী সামৰি সংগীসকলৰ সৈতে ১৪১৫ শকত ১৫৯৩ খ্ৰী:) নিজ গৃহলৈ ঘূৰি আহিল। শঙ্কৰদেৱে তীৰ্থ ভ্ৰমণ কৰাৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত ভক্তি আন্দোলনৰ ঢৌৱে ঢৌৱাই গৈছিল। তেওঁ ভক্তি আন্দোলনৰ মতবাদৰ সৰলতা আৰু কাৰ্যকাৰিতাত অতিকৈ মুগ্ধ হৈছিল। নিজৰ ৰাজ্যৰ মানুহখিনিৰ মাজত এই সহজ-সৰল ধৰ্মীয় মতবাদ প্ৰচাৰৰ বাবে শঙ্কৰদেৱৰ মনত হাবিয়াস জন্মে। সেই সময়ত অসম ৰাজ্যখনত বিভিন্ন ধৰ্মীয় মতবাদ প্ৰচলিত আছিল। ভগৱানক উপাসনা কৰাৰ কোনো নিৰ্দিষ্ট পদ্ধতি নাছিল। অসংখ্য দেৱ-দেৱীৰ পূজা, বৃক্ষ-পূজা, শিল-পূজা, সৰ্প-পূজা, ডাঙৰীয়া-পূজা, প্ৰকৃতি-পূজা আদি জনসাধাৰণৰ মাজত ব্যাপকভাৱে প্ৰচলিত আছিল। দেৱ-দেৱীৰ সন্তুষ্টিৰ অৰ্থে মানুহে বিগ্ৰহৰ আগত পশু বলি দিছিল; আনকি নৰবলি পৰ্যন্ত চলিছিল। ধৰ্মীয় আচাৰ-বিধিবোৰ সাধাৰণতে সহজ নাছিল। শঙ্কৰদেৱৰ মনত একান্ত বিশ্বাস জন্মিছিল যে ভক্তিধৰ্মই ধৰ্মীয় বিশ্বাসৰ মানুহবোৰক একগোট কৰিব পাৰিব বা একগোট কৰি ৰাখিব পাৰিব। সকলো লোককে এটি মাথোঁন ধৰ্মীয় বিশ্বাসৰ অধীনলৈ আনিবলৈ এই ভক্তিধৰ্মই হ'ব সৰ্বোত্তম পন্থা। এনে ব্যৱস্থাত উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰভেদ নাথাকিব। ধৰ্মীয় অনুষ্ঠানত কোনো জাকজমকতা আৰু ব্যয়বহুলতা নাথাকিব। তীৰ্থ ভ্ৰমণ কৰা কালত লাভ কৰা অভিজ্ঞতা আৰু ঈশ্বৰ ভক্তি তত্ত্বৰ পৰম জ্ঞানেৰে সমৃদ্ধ হৈ সৰ্বসাধাৰণ মানুহখিনিৰ মাজত নামধৰ্ম প্ৰচাৰ কৰি মানুহক মোক্ষ লাভৰ সহজ পথৰ সন্ধান দিলে। ভাগৱতৰ ভক্তি আৰু গীতাৰ একশৰণ একত্ৰ কৰি তেওঁ অসমত 'এক শৰণ ভাগৱতী বৈষ্ণৱ নামধৰ্মৰ' খুঁটি পুতিলে। শঙ্কৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মই হৈছে চমুকৈ একশৰণ নামধৰ্ম। ইয়াক নৱবৈষ্ণৱ ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয়। শঙ্কৰদেৱ ধৰ্ম প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰিছিল সাধাৰণ মানুহৰ আধ্যাত্মিক সান্তনা আৰু সামাজিক উন্নতিৰ বাবে৷ শঙ্কৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মৰ মূল আধাৰ হ'ল 'দ্বাদশ স্কন্ধ ভাগৱত' গ্ৰন্থ। এই ধৰ্মমতত ক্ৰিয়াকাণ্ডৰ ব্যায়বহুলতা, বলি-বিধান, যাগ-যজ্ঞ, পূজা-পাতল, মূৰ্তি-উপাসনা অদি নাই। কেৱল 'একদেৱ, একসেৱ' এক বিনে নাই কেৱ' কায়মনো বাক্য হৰিৰ নাম শ্ৰৱণ-কীৰ্তন কৰা। শঙ্কৰদেৱে সৃষ্টিকৰ্তা ভগৱান বিষ্ণুৰ মহান গুণৰাশি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ এক অভিনৱ নাট্যাভিনয়ৰ আয়োজন কৰিছিল। সেই নাট্যাভিনয়ক কোৱা হৈছিল চিহ্ন-যাত্ৰা (চিহ্ন=চিত্ৰ, যাত্ৰা= নাটক)। এনেদৰেই অসমত নাট্যকলাৰ জন্ম হয় শঙ্কৰদেৱৰ হাতত। প্ৰথমবাৰ তীৰ্থযাত্ৰাৰ পৰা উভতি আহি গুৰুগৃহত থাকি অধ্যয়ন কৰোঁতে লাভ কৰা নাটকৰ জ্ঞান আৰু তীৰ্থভ্ৰমণ কালত লাভ কৰা অভিজ্ঞতাক ভেঁটি কৰি শঙ্কৰদেৱে 'চিহ্ন' নামৰ নাট এখনি লিখি তাক যাত্ৰা বিচাপে অভিনয় কৰে। সেয়ে চিহ্ন-যাত্ৰা। কেৱল সপ্ত বৈকুণ্ঠৰ চিত্ৰ পটত আঁকি ঘোষা, ভটিমাৰে নৃত্যগীতৰ দ্বাৰা এই নাট্যাভিনয় কৰা হৈছিল৷ শঙ্কৰদেৱেে নিজেও ইয়াত অভিনয় কৰিছিল৷ এই নাট্যাভিনয় কৰিবলৈ প্ৰয়োজন হোৱা খোল বাদ্য শঙ্কৰদেৱে কপিলিমুখৰ কলঙৰ কাষৰ পৰা মাটি আনি ডাইনা সাত আঙুল, বেঞা তেৰ আঙুল দি গঢ়াইছিল৷ শঙ্কৰদেৱৰ নাট্য প্ৰতিভাৰ প্ৰথম স্বাক্ষৰ পোৱা যায় চিহ্ন-যাত্ৰাত। সংলাপহীন এই নাটকখনিৰ অভিনয় বৰদোৱাত চাৰিদিন সাতৰাতি হৈছিল বুলি কথিত। চিহ্নযাত্ৰাৰ “দেৱ-ধেমালি’’ত শঙ্কৰদেৱে অকলেই নটা খোল বজাইছিল বুলি চৰিত পুথিসমূহে কয়৷ নৃত্য-গীত আৰু চৰিত্ৰৰ সমাবেশেৰে ই ৰাইজক চমৎকৃত কৰিছিল। চিহ্ন-যাত্ৰাৰ ৰচনাকাল ১৪৬৮ খ্ৰীষ্টাব্দ বুলি জনা যায়। শঙ্কৰ-মাধৱৰ মহামিলন ১৪৪৪ শকৰ (১৫২২ খ্ৰীষ্টাব্দ) সময়খিনি সমগ্ৰ অসমৰ বাবে আৰু সমগ্ৰ ভক্তি আন্দোলনৰ বাবে অতি স্মৰণীয় আৰু গুৰুত্বপুৰ্ণ আছিল। কাৰণ শঙ্কৰদেৱ বেলগুৰিত থাকোঁতেই অসমৰ আন এজন মহাপুৰুষ মাধৱদেৱে প্ৰথম শঙ্কৰদেৱক লগ পায়। মাধৱদেৱ আছিল শাক্ত ধৰ্মী। পূজা-পাতল বলি বিধান আদি মানি চলিছিল তেওঁ। কিছুদিন পুৰ্বেই পিতৃ বিয়োগৰ শোক পাহৰিব নোৱাৰোতেই মাতৃৰ টান নৰিয়া হোৱাৰ খবৰ পোৱাত মাধৱদেৱে মাক আৰু পৰিয়ালৰ আশু আৰোগ্য কামনা কৰি আগন্তুক দুৰ্গা পূজাত গোসাঁনীলৈ বুলি এযোৰ বগা পঠা ছাগলী মনতে আগবঢ়ায়। যথা সময়ত বলি দিবৰ নিমিত্তে বৈনায়েক ৰামদাসক ছাগলী আনিবলৈ পঠালে। কিন্তু ৰামদাসে ইতিমধ্যেই শঙ্কৰদেৱৰ ওচৰত শৰণ লৈছিল। সেয়ে তেওঁ মাধৱক দেৱীৰ আগত জন্তু বলি দিয়া কাৰ্য ধৰ্মমতৰ পৰিপন্থী বুলি বুজালে। তাকে শুনি মাধৱৰ খং উঠিল আৰু দুয়োৰে মাজত বিতৰ্ক আৰম্ভ হ'ল আৰু এই বিতৰ্কৰ সমাধানকল্পে দুয়ো শঙ্কৰদেৱৰ ওচৰলৈ গ'ল। যথাসময়ত শঙ্কৰদেৱৰ লগত মাধৱৰ তৰ্কযুদ্ধ আৰম্ভ হ'ল। গুৰুজানে নিবৃত্তি, ভক্তি মাৰ্গ আৰু প্ৰবৃত্তি মাৰ্গৰ প্ৰমাণ দি তৰ্ক কৰিবলৈ ধৰিলে। কাৰো হাৰ-জিত নাই। সুদীৰ্ঘ ন-ঘণ্টা ধৰি দুয়োৰে মাজত যুক্তি-তৰ্ক চলাৰ পাছত শঙ্কৰদেৱে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা এটি শ্লোক উল্লেখ কৰি নিবৃত্তি পথ আৰু ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিলে আৰু বিতৰ্কৰ অন্ত পেলালে। শ্লোকটি হ'ল- একেজন ঈশ্বৰ কৃষ্ণক পৰম আৰাধ্য দেৱতা বুলি গ্ৰহণ কৰি সেইদিনাৰ পৰা শাক্তপন্থী মহাতান্ত্ৰিক মাধৱ হ'ল বৈষ্ণৱসকলৰ শিৰোমণি মহাপুৰুষ শ্ৰীমাধৱদেৱ। মাধৱদেৱে শঙ্কৰদেৱৰ ওচৰত শৰণ ল'লে। 'শঙ্কৰ-মাধৱ' এই গুৰু-শিষ্যৰ সম্পৰ্ক হৈ পৰিল অভিন্ন আৰু তুলনাবিহীন। শঙ্কৰ-মাধৱৰ এই মহামিলনক মণি-কাঞ্চণ সংযোগ বোলা হয়। শঙ্কৰদেৱৰ সাহিত্য সেই সময়ত সকলো শাস্ত্ৰই সংস্কৃত ভাষাত থকাৰ কাৰণে সাধাৰণ মানুহে তাক পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল। সেই অসুবিধা দুৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰিও বহু অসমীয়া গ্ৰন্থ ৰচনা কৰে। জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰ কৰা,আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ। সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট, ৰচনা নকৰি 'ব্ৰজাৱলী' নামৰ ভাষাত ৰচনা কৰিছিল। কাৰণ এই ভাষাই সাধাৰণ মানুহৰ মাজত কৃষ্ণভক্তিৰ প্ৰতি মন কৃষ্ট কৰাত সহায় কৰিছিল। শ্ৰীশ্ৰী শঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবা ভাগত ভগাব পাৰি, যেনে: ভাগৱতৰ দশম স্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ৰ ভেটিত কালিয়দমন নাট ৰচনা কৰা হৈছিল। কালি হ্ৰদত কালি নামৰ নাগে বাস কৰাৰ ফলত হ্ৰদৰ পানী বিষাক্ত হৈ পৰে। এদিন এই বিষাক্ত পানী সেৱন কৰাৰ ফলত গোপবালক সকল অচেতন হৈ মৃত্যুমুখত পৰে। কৃষ্ণই নিজৰ ঐশ্বৰিক শক্তিৰে কালি নাগক পৰাস্ত কৰি সেই হ্ৰদ এৰি যাবলৈ বাধ্য কৰে আৰু সকলো গোপবালককে জীৱন দান দিয়ে। এই কাহিনীভাগকেই ইয়াত অংকন কৰা হৈছে। কেলিগোপাল কেলিগোপাল নাটখন ভাগৱতৰ ৰাস পঞ্চ অধ্যায়ৰ আলমত ৰচনা কৰিছিল। শৰতৰ ৰাতি কৃষ্ণৰ বাঁহীৰ সুৰত আকৰ্ষিত হৈ গোপীসকলে বৃন্দাবনলৈ ঢপলিয়াই আহে। মূলতঃ শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ ৰাসলীলাই এই নাটৰ মূল বিষয়বস্তু। ৰুক্মিণী হৰণ ৰুক্মিণী হৰণ নাটখন ভাগৱতৰ মূল সংগ্ৰহ কৰি ৰচনা কৰা হৈছিল। পিতাক ভীষ্মই কন্যা ৰুক্মীণীক কৃষ্ণৰ হাতত সমৰ্পণ কৰাৰ ইচ্ছা কৰিছিল যদিও জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে কৃষ্ণৰ পৰিৱৰ্তে ছেদীৰাজ শিশুপাললৈ ৰুক্মীণীক বিয়া দিয়াৰ ব্যৱস্থা কৰে। ইফালে ৰুক্মীণীয়ে কৃষ্ণতেই মন প্ৰাণ সঁপি দিয়ে। ভাতৃ শিশুপালক প্ৰকাশ্যে বিৰোধ কৰিব নোৱাৰি ৰুক্মীণীয়ে বেদনিধি বিপ্ৰৰ জৰিয়তে কৃষ্ণলৈ বাৰ্তা পঠায় যে তেওঁক যিকোনো উপায়ে পলুৱাই নিব লাগে আৰু সেইয়া কিদৰে সম্ভৱ হ'ব তাৰ দিহা পৰামৰ্শও তেওঁ চিঠিত উল্লেখ কৰি দিয়ে। এই সমস্ত ঘটনাৱলীকে ৰুক্মীণী হৰণ নাটত ফুটাই তোলা হৈছে। পাৰিজাত হৰণ ভাগৱত আৰু হৰিবংশৰ মূলৰ পৰা পাৰিজাত হৰণ নাটখনি ৰচনা কৰিছিল। এদিন নাৰদে শ্ৰীকৃষ্ণক এপাহ পাৰিজাত ফুল অৰ্পণ কৰে। ৰুক্মীণীয়ে ফুলপাহৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাত কৃষ্ণই ফুলপাহ ৰুক্মীণীৰ খোপাত পিন্ধাই দিয়ে। কৃষ্ণৰ সেই কাৰ্য্যত ইৰ্ষাম্বিত হৈ আন এগৰাকী পত্নী সত্যভামাই কিদৰে ইন্দ্ৰপত্নী শচীৰ পৰা পাৰিজাত ফুল হস্তগত কৰি তাক আনি নিজৰ কোঠাৰ কাষতে ৰুৱে আৰু ৰুক্মীণীক হেয় জ্ঞান কৰি নিজকে কৃষ্ণৰ প্ৰিয় পত্নী বুলি প্ৰতিপন্ন কৰিব খুজিছে তাকেই ইয়াত দেখুওৱা হৈছে। ৰাম বিজয় ৰামায়ণৰ আদিকাণ্ডৰ সাৰ গ্ৰহণ কৰি শঙ্কৰদেৱে ৰাম বিজয় নাট ৰচনা কৰিছিল। কেনেকৈ ৰামে হৰধনু ভাঙি সীতাক লাভ কৰে আৰু অযোধ্যালৈ যাত্ৰা কৰোঁতে বাটত পৰশুৰামক যুদ্ধত পৰাস্ত কৰে এই সমস্ত ঘটনাৱলীয়ে এই নাটৰ মূল আধাৰ। গীত বৰগীত (২৩৪টা বৰগীতৰ ভিতৰত ৩৫ টাহে পোৱা যায়) ভটিমা (দেৱভটিমা, নাটভটিমা, ৰাজভটিমা) টোটয় চপয় নাম-প্ৰসঙ্গৰ গ্ৰন্থ কীৰ্তন গুণমালা বহুমুখী প্ৰতিভা শ্ৰীশ্ৰীশঙ্কৰদেৱ এজন বহুমুখী প্ৰতিভাসম্পন্ন লোক আছিল। ৰূপ, বল, গুণ তিনিও দিশতে তেওঁ মানুহক চমকিত কৰিছিল বুলি কোৱা হয়। ষাঁড় গৰুক পৰাস্ত কৰি, ভাদমহীয়া দুপাৰ উপচি পৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি বল-বীৰ্য্যৰ পৰিচয় দিছিল। প্ৰথম অ-ফলা আৰু ক-ফলা শিকিয়েই আ-কাৰ আৰু ই-কাৰ নোহোৱাকৈ ভাবগধুৰ কবিতা এটা লিখি তেওঁৰ অসামান্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। আনপিনে তেওঁ আছিল ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ। তেওঁ নাটক ৰচনা কৰিয়েই ক্ষান্ত থকা নাছিল; সেইবোৰক অভিনয়ৰ দ্বাৰা মানুহৰ মন নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। অভিনয়ত তেওঁ নিজেও ভাও লৈছিল। সেই সময়ত তেওঁ মানুহক সাত বৈকুণ্ঠৰ পট আঁকি চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছিল। শঙ্কৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল 'এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ' অৰ্থাৎ কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁৰ ধৰ্মত কোনো জাতি-ভেদ উচ্চ-নীচ ধনী-দুখীয়াৰ প্ৰভেদ নাছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ অনুষ্ঠান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল। আজিৰ পৰা পাঁচশ বছৰৰ আগতে শঙ্কৰদেৱে উদাৰ মনোভাৱেৰে সমগ্ৰ অসমীয়া সমাজক একতাৰ জৰীৰে বান্ধিছিল। বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰদেৱে অ-কাৰ, আ-কাৰ নথকা এটা কবিতা ৰচনা কৰিছিল। তেওঁ ১২ বছৰ বয়সতে এই কবিতাটো লিখি উলিয়াইছিল। তেখেতৰ এই কবিতাটো হ'ল: তিৰোভাৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়লৈকে ধৰ্ম প্ৰচাৰ কাৰ্য চলাই আছিল। মৃত্যুৰ সময়ত তেওঁ মহাৰাজ নৰনাৰায়ণৰ ৰাজ-আতিথ্যত কোচবেহাৰত আছিল৷ চৰিত পুথিমতে, ৰজা নৰনাৰায়ণে শঙ্কৰদেৱত শৰণ ল’বলৈ বাঞ্ছা কৰাত শঙ্কৰদেৱে প্ৰবৃত্তি মাৰ্গত থাকি ৰাজধৰ্ম পালন কৰি ৰজাই কিদৰে নিবৃত্তি মাৰ্গত চলিব পাৰিব বুলি কৈ কৈছিল, “ৰাজাৰ স্ত্ৰীৰ কৰ্মকাণ্ডী ব্ৰাহ্মণৰ গুৰু নহঞ ই তিনিৰ’’ বুলি শৰণ দিবলৈ অস্বীকাৰ কৰিছিল৷ তাৰপিছতো ৰজাই প্ৰয়োজন হ’লে দেৱ-দেৱী সবাকো এৰিব বুলি শঙ্কৰদেৱক নেৰানেপেৰাকৈ শৰণ দিবলৈ জোৰ কৰি থকাত তেওঁ ৰজাক ক’লে, “বোলে কালৈ অহা জাব৷ জকগে এতিয়া’’ (কথা গুৰুচৰিত) বুলি উপবাসে থাকি পিছদিনা আহিবলৈ ক’লে৷ পিছদিনা শৰণ লোৱাৰ সকলো ব্যৱস্থা কৰি শঙ্কৰদেৱক আদৰি আনিবলৈ যাওঁতে গম পোৱা গ’ল, তেওঁৰ আঙুলিত বিহ ফোঁহা এটি হৈছে আৰু তাৰে বিষত তেওঁ ৰজাৰ ওচৰলৈ যাব নোৱাৰে৷ কম সময়ৰ ভিতৰতে বিষ বাঢ়ি আহিল৷ শঙ্কৰদেৱে কমণ্ডলুৰ পৰা পানী লৈ মুখ ধুই নতুন কাপোৰ পিন্ধি পদ্মাসনত বহি ধ্যানস্থ হ’ল৷ আৰু তাৰপিছত উপস্থিত সকলোকে মাত-বোল লগাই বহাতে তেওঁ ঢলি পৰিল৷ ১৫৬৮ খ্ৰীষ্টাব্দত (১৪৯০ শক, ২১ ভাদ) শুক্লা দ্বিতীয়া তিথিত ১১৯ বছৰ বয়সত তেওঁ কোচবিহাৰত থকা মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে। লগতে চাওক নৱবৈষ্ণৱ ধৰ্ম মহাপুৰুষ মাধৱদেৱ সত্ৰ বৰগীত ভাওনা নামঘৰ তথ্য সংগ্ৰহ বাহ্যিক সংযোগ শ্ৰী মন্ত শঙ্কৰদেৱ সঙ্ঘ এ ট্ৰিবিউট টু শংকৰদেৱ আউনীআটি সত্ৰৰ ৱেবছাইট বৰপেটা সত্ৰৰ ৱেবছাইট অকণিৰ নামঘৰ ৱেবছাইট নৱবৈষ্ণৱ ধৰ্ম অসমৰ ব্যক্তি অসমীয়া কবি ধৰ্ম প্ৰচাৰক ভাৰতৰ ধৰ্মীয় গুৰু অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক ভক্তি
40558
https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AB%E0%A6%BE%E0%A7%B0%20%E0%A6%95%E0%A6%B2%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%9B
ক্ৰিষ্টোফাৰ কলম্বাছ
ক্ৰিষ্টোফাৰ কলম্বাছ আছিল এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী। তেখেতক নতুন পৃথিৱীৰ জনক হিচাপে জনা যায়। যদিও তেখেত আমেৰিকাত উপস্থিত হোৱা প্ৰথমগৰাকী ব্যক্তি নাছিল (একাদশ শতিকাতে লেইফ এৰিকছনে আমেৰিকাত উপস্থিত হৈছিল)। তথাপি তেখেতৰ অভিযানে ইউৰোপ আৰু আমেৰিকাৰ মাজত নতুন সংযোগ স্থাপন কৰিছিল, যাৰ ফলত আমেৰিকাত ইউৰোপীয় ঔপনিৱেশবাদৰ নতুন অধ্যায় স্থাপন হৈছিল। জন্ম ১৪৫১ চনৰ ৩১ অক্টোবৰৰ আগতেই জিন'আ প্ৰজাতন্ত্ৰত (এতিয়া আধুনিক ইটালীৰ অংশ) কলম্বাছৰ জন্ম হৈছিল যদিও প্ৰকৃত স্থান এতিয়াও সঠিককৈ নিৰ্ণয় হোৱা নাই।তেখেতৰ দেউতাক ডমেনিক' কলম্ব' আছিল এজন মধ্যবিত্ত শ্ৰেণীৰ ঊণ গুঠোতা। তদুপৰি এটা চীজ তৈয়াৰী কাৰখানা আছিল য'ত কলম্বাছে সহায়ক হিচাপে কাম কৰিছিল। মাকৰ নাম আছিল চুছান্না ফণ্টানাৰ'চ্ছা। তেখেতৰ তিনিজন ভায়েক আৰু এজনী ভনীয়েক আছিল। প্ৰাৰম্ভিক জীৱন ১৪৭৩ চনত কলম্বাছ জিন'আৰ দুটা সম্ভ্ৰান্ত পৰিয়ালৰ ব্যৱসায়িক প্ৰতিনিধি হিচাপে নিযুক্ত হয়। ১৪৭৬ চনত জিন'আৰ দ্বাৰা উত্তৰ ইউৰোপলৈ পঠিওৱা এখন মূল্যৱান জাহাজত সশস্ত্ৰ কৰ্মী হিচাপে অংশ লয়। ১৪৭৭ চনৰ শৰৎ কালত কলম্বাছে এখন পতুৰ্গীজ জাহাজত গেলৱেৰ পৰা লিছবনলৈ যায়। তাতে তেওঁ ভায়েক বাৰ্তল'মিৱ'ৰ লগ হৈ ব্যৱসায়িক প্ৰতিনিধিৰ কাম অব্যাহত ৰাখে। শিক্ষা উচ্চাকাংক্ষী কলম্বাছে লেটিন, পতুৰ্গীজ আৰু কেষ্টিলিয়ান ভাষা শিকিছিল। তদুপৰি তেওঁ টলেমি, পিয়েৰি দ'এইলি, মাৰ্ক' প'ল', চাৰ জন মেণ্ডেভাইল, প্লিনি আৰু পপ পাইয়াছ (দ্বিতীয়)-ৰ কৰ্মসমূহৰ লগতে জ্যোতিৰ্বিদ্যা, ভূগোল আৰু বুৰঞ্জী বিশদভাৱে অধ্যয়ন কৰিছিল। বিবাহ কলম্বাছে গৱৰ্ণৰ প'ৰ্ট' চাণ্ট'ৰ জীয়েক ফিলিপা মনিজ পেৰেষ্ট্ৰেল'ক বিয়া কৰায়।১৪৭৯ বা ১৪৮০ চনত তেওঁৰ পুতেক ডিয়েগ' কলম্বাছৰ জন্ম হয়। কিছুমান তথ্য মতে কলম্বাছৰ প্ৰথমা পত্নীৰ মৃত্যু হৈছিল। কোনোৱে এইবুলিও অনুমান কৰে যে কলম্বাছে ফিলিপাক এৰি দিছিল। কলম্বাছৰ ১৪৮৭ চনত বিয়েট্ৰিজ এনৰিকুৱেজ দে নামৰ বিশ বছৰীয়া ঘাটমাউৰা ছোৱালীৰ সৈতে সম্পৰ্ক স্থাপন হয়।বিয়েট্ৰিজৰ ফালৰ পৰা তেওঁৰ এটা সন্তান জন্মিছিল আৰু নাম ৰখা হৈছিল ফাৰ্ণাণ্ডো। এছিয়াৰ অনুসন্ধান আঁৰৰ কথা ইউৰোপীয়সকলে বহুবছৰ ধৰি ঐতিহাসিক ছিল্কৰোডৰ সহায়ত ভাৰতীয় উপমহাদেশ আৰু চীনদেশৰ লগত বেপাৰ বাণিজ্য চলাই আহিছিল। কিন্ত ১৪৫৩ চনত তুৰ্কীৰ শাসনকৰ্তাৰ হাতত কনষ্টাণ্টিপলৰ পতন হোৱাত ছিল্কৰোড বহুত কঠিন আৰু ভয়াবহ হৈ পৰে। ফলত ইউৰোপীয়সকলে বিকল্প পথৰ সন্ধান কৰিবলৈ বাধ্য হয়। কেইবাজনো পতুৰ্গীজে এই ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখে। ১৪৮৮ চনত বাৰ্টল'মিউ ডায়াছ নামৰ অনুসন্ধানকাৰীজনে দক্ষিণ আফ্ৰিকাত পদাৰ্পণৰ যোগেদি এই ক্ষেত্ৰত সাফল্য লাভ কৰে। সেই সময়তে কলম্বাছেও ১৪৮০ চনৰ পৰাই ভায়েকৰ সৈতে মিলি ভাৰতীয় উপমহাদেশত যোৱাৰ বিকল্প পথৰ সন্ধানত আছিল। তেখেতে পশ্চিম দিশেৰে গৈ আটলাণ্টিক মহাসাগৰ অতিক্ৰমি ভাৰতত উপস্থিত হোৱাৰ কথা চিন্তা কৰিছিল। ভৌগোলিক বিচাৰ কলম্বাছে আৰবীয় জ্যোতিৰ্বিদ আফ্ৰাগেনিছৰ তথ্যৰ পৰা শিকিছিল যে অক্ষৰেখা বা দ্ৰাঘিমাৰেখাই এক ডিগ্ৰী ব্যৱধানত ৫৬.৬৭ মাইল অতিক্ৰম কৰে। কিন্তু কিলোমিটাৰলৈ পৰিৱৰ্তন কৰোঁতে তেওঁ ভুল কৰি পেলাইছিল। কাৰণ জ্যোতিৰ্বিদ আফ্ৰাগেনিছৰ তথ্যত আৰবীয় পদ্ধতি ব্যৱহাৰ কৰি মাইলৰ হিচাপ দেখুওৱা হৈছিল। কিন্তু কলম্বাছে ৰোমান পদ্ধতি ব্যৱহাৰ কৰি মাইলৰ পৰা কিলোমিটাৰলৈ পৰিৱৰ্তন কৰিছিল। ৰোমান পদ্ধতিত মাইলৰ হিচাপ আৰবীয় পদ্ধতিতকৈ সৰু। এইদৰে কলম্বাছৰ হিচাপত পৃথিৱীৰ পৰিধি ৩০,২০০ কিলোমিটাৰ ওলাইছিল যিটো আছিল প্ৰকৃততে ৪০০০০ কিলোমিটাৰ। তদুপৰি কলম্বাছে অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ ক্ষেত্ৰত সেইদিনত থকা কিছু ভুল ধাৰণাৰ বাবে কেনাৰী দ্বীপৰ পৰা জাপানৰ দূৰত্ব ৩৭০০ কিলোমিটাৰ বুলি ভাবিছিল। কিন্তু আধুনিক বিশেষজ্ঞৰ মতে প্ৰকৃত দূৰত্ব ১২,৫০০ কিলোমিটাৰ। যাত্ৰাৰ বাবে আৰ্থিক সাহায্যৰ সন্ধান ১৪৮৫ চনত পতুৰ্গালৰ ৰজা জন(দ্বিতীয়)ৰ ওচৰত কলম্বাছে নিজৰ পৰিকল্পনা ব্যক্ত কৰে। তেওঁ ৰজাৰ ওচৰত আটলাণ্টিক মহাসাগৰ পাৰ হৈ পশ্চিমৰ পথ অনুসন্ধান কৰিবলৈ তিনিখন জাহাজ আৰু আন যাৱতীয় সামগ্ৰীৰ প্ৰস্তাৱ আগবঢ়ায়। কলম্বাছে এইবুলিও অনুৰোধ কৰে যে তেওঁক মহাসাগৰৰ সৰ্বোচ্চ নৌসেনাধ্যক্ষ বনাব লাগিব আৰু তেওঁ আৱিষ্কাৰ কৰা ঠাইৰ পৰা সংগ্ৰহ কৰা উপাৰ্জনৰ দহ শতাংশ দিব লাগিব। ৰজাই পৰিকল্পনাটো অভিজ্ঞ সমিতিক বিচাৰ কৰিবলৈ দিয়ে। কিন্ত সমিতিয়ে সেই পৰিকল্পনা নাকচ কৰে। তেওঁলোকৰ মতে কলম্বাছে উল্লেখ কৰা দূৰত্বটো খুবেই চুটি। ১৪৮৬ চনৰ ১ মে'ত ইবেৰিয়া পেনিনচুলাৰ ৰাণী ইচাবেলাৰ ওচৰত নিজৰ পৰিকল্পনা ব্যক্ত কৰে। ৰাণী ইচাবেলাৰ বিয়া হৈছিল আৰাগনৰ ৰজা ফাৰ্ডিনাণ্ড(দ্বিতীয়)ৰ লগত। তেওঁলোকৰ বিবাহে ইবেৰিয়া পেনিনচুলাৰ বহুকেইখন সাম্ৰাজ্য একত্ৰিত কৰিছিল। ৰাণীয়ে এখন সমিতিৰ ওচৰলৈ কলম্বাছে পৰিকল্পনাটো অনুমোদনৰ বাবে পঠিয়ায়। কিন্তু পূৰ্বৰ দৰে ইয়াতো অনুমোদন লাভত ব্যৰ্থ হ'ল। ইমানতো হতাশ নহৈ ১৪৮৮ চনত কলম্বাছে আকৌ পতুৰ্গালৰ আদালতত আবেদন জনায়। এইবাৰ ৰজাই এখন সভা আহ্বান কৰি কলম্বাছক আমন্ত্ৰণ জনায়। কিন্তু তাতো তেওঁ অসফল হয়। কলম্বাছে পতুৰ্গালৰ পৰা জিন'আ আৰু ভেনিচলৈ যায়, কিন্তু সকলোতে নিৰুৎসাহিত হয়। ইয়াৰ পিছত ভায়েক বাৰ্থল'মিউক ইংলেণ্ডৰ আদালতত পঠিয়ায় যদিও ব্যৰ্থ হয়। তথাপিও তেওঁৰ পৰিকল্পনা সমূহ পুনৰ বিবেচনা কৰিবলৈ বা বিকল্প উপায় বিচাৰিবলৈ কেথলিক মনাৰ্কে বছৰি ১২০০০ আইবৰয়ান মুদ্ৰা দিবলৈ ঠিক কৰিলে। লগতে ১৪৮৯ চনত কেথলিক মনাৰ্কৰ অধীনৰ আটাইবোৰ চহৰ নগৰত আদেশ দিয়া হ'ল যে কলম্বাছক বিনামূলীয়া থকা খোৱাৰ ব্যৱস্থা দিব লাগে। স্পেইনৰ ক্ৰাউনৰ সৈতে চুক্তি স্পেইনৰ আদালতত দুবছৰ যুঁজি অৱশেষত ১৪৯২ চনৰ জানুৱাৰী মাহত কলম্বাছে সফলতা লাভ কৰে। সেই বছৰৰে এপ্ৰিল মাহত ফাৰ্ডিনাণ্ড আৰু ইচাবেলাই কলম্বাছক প্ৰতিশ্ৰুতি দিয়ে যে যদি তেওঁ সফলতা পায় তেওঁক নৌসেনাধ্যক্ষৰ পদ দিয়া হ'ব। লগতে তেওঁ যিবোৰ ঠাই স্পেইনৰ অধীনলৈ আনিব কলম্বাছক সেইবোৰৰ গৱৰ্ণৰ পতা হ'ব। নতুন ঠাইবোৰৰ পৰা উপাৰ্জিত ধনৰ ১০ শতাংশ ধন কলম্বাছে পাব। ইয়াৰ উপৰিও সেই ঠাই সমূহত কৰা বিনিয়োগৰ এক অষ্টমাংশ ধন কলম্বাছে বিনিয়োগ কৰিব পাৰিব আৰু মুঠ লাভৰ এক অষ্টমাংশ পাব। যাত্ৰাৰম্ভ ১৪৯২ আৰু ১৫০৩ চনৰ ভিতৰত কলম্বাছে স্পেইন আৰু আমেৰিকাৰ মাজত চাৰিটা ভ্ৰমণ সমাপন কৰিছিল। প্ৰথম যাত্ৰা ১৪৯২ চনৰ ৩ আগষ্টৰ আবেলি কলম্বাছে পালোচ দি লা ফ্ৰণ্টেৰোৰ পৰা তিনিখন জাহাজেৰে নিজৰ প্ৰথম যাত্ৰা আৰম্ভ কৰে। জাহাজ তিনিখনৰ এখন ডাঙৰ আৰু দুখন সৰু জাহাজ আছিল। ডাঙৰখনৰ নাম আছিল ছাণ্টা মাৰিয়া আৰু সৰু দুখনৰ নাম আছিল পিণ্টা আৰু ছাণ্টা ক্লাৰা বা নিনা। কলম্বাছ প্ৰথমে কেনাৰী দ্বীপপূঞ্জলৈ গ'ল। তাৰ পিছত পাঁচসপ্তাহ যাত্ৰাৰ মূৰত ১২ অক্টোবৰ তাৰিখে এটা নতুন দ্বীপ আৱিষ্কাৰ কৰি নাম দিয়ে চেন চেলভেডোৰ(বৰ্তমানৰ নাম বাহামাছ)। যাত্ৰা অব্যাহত ৰাখি তেওঁ কিউবাৰ উত্তৰ পূবৰ উপকূল আৱিষ্কাৰ কৰে। সেই বৰ্ষৰে ৫ ডিচেম্বৰত তেখেতে হিস্পানিঅ'লাত পদাৰ্পণ কৰে। হিস্পানিঅ'লাতেই বৰ্তমানৰ হাইটি আৰু ডমিনিকান ৰিপাব্লিক অৱস্থিত। কিন্তু তাতেই ছাণ্টা মাৰিয়াখন অচল হৈ পৰাত তেওঁ আন এখন জাহাজত কিছুমান স্থানীয় কয়দী লৈ হিস্পানিঅ'লাৰ উত্তৰে যাত্ৰা কৰে। ১৪৯৩ চনৰ জানুৱাৰী মাহত কলম্বাছ চামানা উপদ্বীপত উপস্থিত হ'ল। যিতো আছিল তেওঁৰ প্ৰথম যাত্ৰাৰ শেষৰটো বিন্দু। অৱশ্যে তাতেই কলম্বাছে যাত্ৰাৰ একমাত্ৰ হিংসাত্মক প্ৰতিৰোধৰ সন্মুখীন হৈছিল। ইয়াৰ পিছত কলম্বাছে নিনা নামৰ জাহাজখনত উঠি ওভতনি যাত্ৰা আৰম্ভ কৰে। ১৪৯৩ চনৰ ৪ মাৰ্চত তেখেতে পতুৰ্গালত লংগৰ পেলায়। দ্বিতীয় যাত্ৰা কলম্বাছৰ দ্বিতীয় ভ্ৰমণৰ উদ্দেশ্য আছিল নতুন ঠাই আৱিষ্কাৰ কৰাৰ লগতে আৱিষ্কৃত ঠাই সমূহত নতুন উপনিৱেশ স্থাপন কৰা॥তদুপৰি স্থানীয় মানুহবোৰক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰোৱাটো আন এটা উদ্দেশ্য আছিল। ১৪৯৩ চনৰ ২৫ ছেপ্টেম্বৰত কাডিজ বন্দৰৰ পৰা ১৭খন জাহাজত বাৰশ মানুহ আৰু নতুন বসতি স্থাপনৰ সা-সৰঞ্জাম লৈ কলম্বাছে যাত্ৰাৰম্ভ কৰিলে। তেওঁ লগত নিয়া মানুহৰ ভিতৰত সৈনিক, খেতিয়ক আৰু ধৰ্মগুৰুও আছিল। এই যাত্ৰাত বহুতো দ্বীপ আৱিষ্কাৰ হৈছিল। তাৰ ভিতৰত আছিল ডমিনিকা মাৰিয়া গেলেণ্ট গুৱাদালুপ মণ্টচেৰাট এণ্টিগুৱা চিণ্ট ইউষ্টেকিয়াছ ৰেডণ্ডা নেভিছ চেইণ্ট কিটছ্ চাবা চেইণ্ট মাৰ্টিন চেইণ্ট ক্ৰইক্স কলম্বাছে ভাৰ্জিন দ্বীপ প্ৰত্যক্ষ কৰিছিল আৰু আখ্যা দিছিল এইদৰে, 11000 তদুপৰি তেওঁ ভাৰ্জিন গৰ্ডা টৰ্টলা আৰু পিটাৰ দ্বীপ )-ৰ নামকৰণ কৰে। ২২ নৱেম্বৰত হিস্পানিঅ'লা দ্বীপলৈ ঘূৰি আহে। তাতে তেওঁ লা নেভিডাড নামৰ এটা দুৰ্গ নিৰ্মাণ কৰিছিল। কিন্তু তেওঁ দুৰ্গটো ধ্বংসপ্ৰাপ্ত অৱস্থাত প্ৰত্যক্ষ কৰে আৰু তাতে থাকিবলৈ দিয়া ৩৯জন স্পেইনীয় মানুহৰ ভিতৰত ১১ জনক মৃত অৱস্থাত পায়।এই কাৰ্য কৰিছিল তাতে থকা নামৰ জনজাতিৰ লোকে। ইয়াকে দেখি উত্তৰ উপকূলৰ পাৰে পাৰে পূবপিনে এশ কিঃমিঃ গৈ লা ইছাবেলা নামৰ ঠাইত নতুন বসতি স্থাপন কৰে। যিখন ঠাই বৰ্তমান ডমিনিকান ৰিপাব্লিক বুলি জনা যায়। এইদৰে তেওঁৰ দ্বিতীয় ভ্ৰমণৰ অন্ত পৰে। তৃতীয় যাত্ৰা ১৪৯৮ চনৰ ৩০মে'ত ছখন জাহাজ লৈ স্পেইনৰ পৰা তৃতীয়টো যাত্ৰাত ওলাল। ইয়াৰে তিনিখন জাহাজ হিস্পানিঅ'লালৈ ৰছদ-পাতি কঢ়িয়াই নিছিল। বাকী তিনিখন জাহাজ লৈ নিজৰ সাগৰীয় অনুসন্ধান আৰম্ভ কৰিলে। এইবাৰ তেওঁৰ লক্ষ্য আছিল কেৰেবিয়ান দ্বীপপূঞ্জৰ দক্ষিণে গৈ এছিয়া মহাদেশত প্ৰৱেশ কৰা। তেখেতে আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰাৰ সময়তে মন কৰে যে তেওঁৰ লগত থকা চুম্বকীয় কম্পাছে দেখুওৱা উত্তৰ দিশৰ লগত আকাশৰ ধ্ৰুৱতৰাৰ স্থানৰ মিল নাই। এই পৰিঘটনাটোক কোৱা হয় কম্পাছ বৈসাদৃশ্যতা )।ইয়াৰ পিছত কেইদিনমান সাগৰ শান্ত হৈ থকাৰ পিছতে এদিন হঠাৎ সাগৰে ৰূদ্ৰমূৰ্তি ধাৰণ কৰিলে। ভয়ানক বতাহ আৰু প্ৰকাণ্ড ঢৌৰ তীব্বতাৰ মাজত তিষ্ঠিব নোৱাৰি পিছুৱাই য'ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল তালৈ উলটিব বাধ্য হ'ল। জাহাজত পুনৰ খাদ্য আৰু পানী বোজাই লৈ পুনৰ সাগৰত জাহাজ মেলি দিলে। এইবাৰ তেওঁ গাল্ফ অফ্ পাৰিয়া আৱিষ্কাৰ কৰিলে যি ত্ৰিনিদাদ আৰু বৰ্তমানৰ ভেনিজুৱালাক পৃথক কৰিছে। ইয়াৰ পিছত তেওঁ দক্ষিণ আমেৰিকাৰ মূল ভূমি স্পৰ্শ কৰিবলৈ সক্ষম হ'ল। তেওঁ বুজি পালে যে তেওঁ কোনো এখন মহাদেশত ভৰি দিছে। মহাদেশখনৰ ওচৰে পাঁজৰে কেইদিনমান ঘূৰি পকি ১৯ আগষ্টত ভগ্নস্বাস্থ্য লৈ হিস্পানিঅ'লালৈ ঘূৰি আহিল। কিন্ত ইতিমধ্যে হিস্পানিঅ'লাত তেওঁ স্থাপন কৰি যোৱা মানুহবোৰেই তেওঁৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। কলম্বাছৰ বিৰুদ্ধে ভুল ব্যৱস্থাপনাৰ অভিযোগ অনা হৈছিল। তেওঁ অৰ্থনৈতিক লাভৰ বাবে স্থানীয় মানুহবোৰক ক্ৰীতদাস বনাব বিচাৰিছিল যাৰ বাবে তেওঁলোকক খ্ৰীষ্টধৰ্মত দীক্ষিত কৰাব বিচৰা নাছিল। বহুতো স্থানীয় বাসিন্দাক কলম্বাছৰ উদ্যোগত ক্ৰীতদাস হিচাপে বিক্ৰী কৰা হৈছিল। তদুপৰি কলম্বাছে তেওঁৰ অবাধ্য হোৱা জাহাজাৰ কৰ্মীবোৰক ফাঁচিকাঠত ওলমাইছিল। কেইবাজনো নাবিক আৰু হিস্পানিঅ'লাত নতুনকৈ বসতি আৰম্ভ কৰা স্পেইনীয় লোকে কলম্বাছ আৰু তেওঁৰ ভ্ৰাতৃৰ বিৰুদ্ধে স্পেইনৰ আদালতত গোচৰ দিছিল। ১৫০০ চনত স্পেইনৰ ক্ৰাউনৰ আদেশত তেওঁক গভৰ্ণৰ পদৰ পৰা আতঁৰাই বন্দী কৰি স্পেইনলৈ লৈ যোৱা হয়। ফ্ৰান্সিস্কো দে' ববডিলা নামৰ এজনক গৱৰ্ণৰ পদত বহুওৱা হৈছিল। ভ্ৰাতৃৰ সৈতে কলম্বাছৰ ছসপ্তাহ জেল হয়। ৰজা ফাৰ্ডিণাণ্ডৰ বদান্যতাত কলম্বাছে মুক্তি পায় তথা চতুৰ্থ ভ্ৰমণৰ বাবেও আৰ্থিক সাহায্য লাভ কৰে। কিন্তু গৱৰ্ণৰৰ পদ চিৰদিনৰ বাবে হেৰুৱায়। চতুৰ্থ যাত্ৰা কলম্বাছৰ চতুৰ্থ যাত্ৰাৰ উদ্দেশ্য আছিল ভাৰত মহাসাগৰত ষ্ট্ৰেইট অফ মালাক্কাৰ সন্ধান কৰা। ১৫০২ চনৰ ১১ মে' তাৰিখে চাৰিখন জাহাজত নিজৰ ভায়েক বাৰ্তল'মিৱ' আৰু তেওঁৰ তেৰ বছৰীয়া পুতেক ফাৰ্ণাণ্ডৰ সৈতে কাডিজ বন্দৰৰ পৰা চতুৰ্থ যাত্ৰা আৰম্ভ কৰিলে। ১৫ জুনত তেওঁলোকে মাৰ্টিনিক্যু ভৰি দিলে। কিন্তু সেই সময়তে কলম্বাছে এজাক প্ৰচণ্ড ধুমুহা অহাৰ অনুমান পালে। গতিকে তেওঁ হিস্পানিঅ'লালৈ আশ্ৰয় বিচাৰি গ'ল। কিন্তু নতুন গভৰ্ণৰ ফ্ৰান্সিস্কো দে' ববডিলাই তেওঁৰ কথা কাণ নকৰি সাগৰত স্পেইনৰ বাণিজ্যিক জাহাজ মেলি দিলে। অৱশেষত ১ জুলাই তাৰিখে অহা প্ৰচণ্ড ধুমুহাই ববডিলাৰ লগত যোৱা ৩০খন জাহাজৰ ২৯খনেই ধ্বংস হ'ল। লগতে ববডিলাকে ধৰি ৫০০জন মানুহৰ সলিল সমাধি ঘটিল। জামাইকাত কিছুদিন ৰৈ কলম্বাছে মধ্য আমেৰিকাৰ পিনে গৈ ৩০ জুলাইত হণ্ডুৰাছৰ উপকূলৰ বে' দ্বীপত উপস্থিত হ'ল। তাত বাৰ্তল'মিৱ'য়ে স্থানীয় ব্যৱসায়ী কিছুমানক লগ পোৱাৰ উপৰিও এখন দীঘল পেডেল মৰা নাও দেখিলে। ১৪ আগষ্টত তেওঁলোক পুৱেৰ্ট কেষ্টিলা নামৰ ঠাইত মহাদেশৰ মূল ভূখণ্ডত ভৰি থলে। ইয়াৰ পিছত কলম্বাছে দুমাহ ধৰি হণ্ডুৰাছৰ উপকূল,নিকাৰগুৱা আৰু ক'ষ্টাৰিকা আৱিষ্কাৰ কৰি ১৬ অক্টোবৰত পানামা দেশত আলমিৰেণ্ট উপদ্বীপত উপস্থিত হ'ল। ১৫০২ চনৰ ৫ ডিচেম্বৰত কলম্বাছ আৰু জাহাজৰ কৰ্মীসকলে আগতে নেদেখা ধুমুহাৰ সন্মুখীন হ'বলগীয়া হ'ল। ১৬ এপ্ৰিলত হিস্পানিঅ'লা অভিমুখে ৰাওনা হ'ল। ১০ মে'ত তেওঁলোকে এটা নতুন দ্বীপ দেখিলে যিটো সাগৰীয় কাছৰে ভৰি আছিল। দ্বীপটোৰ নাম দিয়া হ'ল লাছ ইয়াৰ পিছত আকৌ সাগৰীয় ধুমুহাৰ তীব্ৰতাই তেওঁলোকৰ জাহাজৰ যথেষ্ট ক্ষতিসাধন কৰে যাৰ ফলত তেঔঁলোকে আগুৱাব নোৱাৰি ১৫০৩ চনৰ ২৫ জুনত জামাইকাত ৰ'ব লগা হ'ল। এবছৰৰ বাবে কলম্বাছ আৰু তেওঁৰ সহকৰ্মীসকলে জামাইকাতে খাপ পিটি ৰ'ল। দুই এজন স্পেনিয়াৰ্ড আৰু আৰু স্থানীয় লোকে সহায় আগবঢ়ালে যদিও হিস্পানিঅ'লাৰ নতুন গভৰ্ণৰে সহায় কৰা আৰু উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিলে। অৱশেষত বুধিয়ক কলম্বাছে ১৫০৪ চনত ২৯ ফেব্ৰুৱাৰীত আব্ৰাহাম জাকুট'ৰ সাৰণীৰ সহায়ত চন্দ্ৰগ্ৰহণৰ সফল ভৱিষ্যৎবাণী কৰি স্থানীয় বাসিন্দাৰ পৰা আনুগত্য আদায় কৰিবলৈ সমৰ্থ হ'ল।স্থানীয় বাসিন্দাসকলৰ সহযোগত কলম্বাছে ১৫০৪ চনৰ ২৯ জুনত জামাইকাৰ পৰা যাত্ৰা আৰম্ভ কৰি ৭ নৱেম্বৰত স্পেইনত উপস্থিত হ'ল। কলম্বাছৰ স্বৈৰাচাৰী শাসন আৰু পৰিণাম প্ৰথমটো যাত্ৰাৰ পিছতে কলম্বাছক গৱৰ্ণৰ নিযুক্ত কৰা হৈছিল। তেওঁৰ শাসনৰ ৰাজধানী আছিল চাণ্ট ডমিংগ। কিন্ত তৃতীয় ভ্ৰমণৰ পিছতে তেওঁৰ অপশাসনৰ বিৰুদ্ধে অভিযোগ আহি আদালত পাইছিলহি। তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা গৱৰ্ণৰ ফ্ৰান্সিস্কো দে' ববডিলাক সেই অভিযোগ তদন্ত কৰাৰ দায়িত্ব দিয়া হৈছিল। তদন্তৰ প্ৰতিবেদনত কলম্বাছৰ বিৰুদ্ধে শাসনৰ নামত নিয়মীয়া হাৰাশাস্তি আৰু অত্যাচাৰৰ অভিযোগ অনা হৈছিল। ২০০৬ চনত সেই তদন্তৰ প্ৰতিবেদনখন উদ্ধাৰ কৰা হৈছে য'ত কলম্বাছ আৰু তেওঁৰ ভায়েকৰ সাত বছৰীয়া কুশাসনৰ কথা উল্লেখ আছে। কলম্বাছে সামান্য দোষতে নাক-কাণ কটাৰ দৰে গুৰু শাস্তি দিছিল। তদুপৰি স্থানীয় বাসিন্দাৰ মাজত বিদ্ৰোহ হলে বিদ্ৰোহীসকলক হত্যা কৰি মৃতদেহৰ সমদল উলিওৱা হৈছিল। যাতে আন বাসিন্দাৰ মনত ভয়ৰ সঞ্চাৰ হয়। তদুপৰি তেওঁ বহুতো লোকক দাস হিচাপে বিক্ৰী কৰিছিল। এইবোৰ কাৰণতে কলম্বাছক বন্দী কৰি গৱৰ্ণৰ পদৰ পৰা আতঁৰোৱা হয়। শেষ জীৱন কলম্বাছে জীৱনৰ শেষৰ পিনে দুখন কিতাপ লিখি উলিয়ায়। ১৫০২ চনত এ বুক অফ্ প্ৰিভিলেজ নামৰ কিতাপখন প্ৰকাশ কৰি উলিয়ায়। এই কিতাপখনত তেওঁ স্পেইনৰ ক্ৰাউনৰ পৰা পোৱা বঁটা সন্মানৰ বিষয়ে উল্লেখ কৰিছিল যিবোৰ তেওঁ নিজৰ আৰু উত্তৰাধিকাৰীসকলৰ নামত থাকিব বুলি বিশ্বাস কৰিছিল। আৰু ১৫০৫ চনত প্ৰকাশ পোৱা দ্বিতীয়খন কিতাপ বুক অফ প্ৰফেচিছত অনুসন্ধানকাৰী হিচাপে নিজৰ সাফল্যৰ বিষয়ে উল্লেখ কৰিছিল। কলম্বাছে স্পেইনৰ ক্ৰাউনক আৱিষ্কৃত ভূমিসমূহৰ পৰা হোৱা লাভৰ ১০ শতাংশ দাবী কৰিছিল যদিও সেই দাবী খাৰিজ কৰা হৈছিল। অসুখ আৰু মৃত্যু পিছৰ জীৱনত কলম্বাছে ইনফ্লুৱেঞ্জা, জ্বৰ, নাকৰ পৰা তেজ ওলোৱা আদি ৰোগত ভুগিছিল। তদুপৰি তেওঁ গাউট নামৰ এটি গাঁঠিৰ ৰোগত ভুগিছিল যিয়ে তেওঁক খুব পীড়া দিছিল। অৱশ্যে বৰ্তমানৰ চিকিৎসা বিজ্ঞানে তেখেতৰ ৰেইটাৰচ চিনড্ৰ'ম নামৰ ৰোগ হোৱা বুলি সদৰী কৰিছে। ১৫০৬ চনৰ ২০ মে'ত সম্ভৱত ৫৪ বছৰ বয়সত স্পেইনৰ ভেল্লাডলিডত কলম্বাছৰ মৃত্যু হয়। সোঁৱৰণি কলম্বাছে আমেৰিকাত ভৰি থোৱা দিনটো (১২ অক্টোবৰ) প্ৰতি বছৰে স্পেইন আৰু কানাডাৰ বাহিৰে গোটেই আমেৰিকা মহাদেশত পালন কৰি অহা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত এই দিনটো কলম্বাছ দিৱস বুলি কোৱা হয়। ১৮৯৩ চনত কলম্বাছে আমেৰিকাত পদাৰ্পণ কৰাৰ ৪০০তম বাৰ্ষিকী চিকাগো চহৰত পালন কৰা হৈছিল। ছমাহ ধৰি চলা সেই উৎসৱত ২৭ মিলিয়ন লোকে অংশগ্ৰহণ কৰিছিল। আমেৰিকাৰ ডাকবিভাগে কলম্বাছৰ নামত ডাকটিকট ছপাইছিল। তথ্য সংগ্ৰহ অভিযাত্ৰী ইটালীৰ
60526
https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A6%BF%E0%A6%B6%E0%A7%81%E0%A7%B0%20%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%86%E0%A7%B0%E0%A7%81%20%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A6%95%20%E0%A6%B6%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%B0%20%E0%A6%85%E0%A6%A7%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0%20%E0%A6%86%E0%A6%87%E0%A6%A8%2C%20%E0%A7%A8%E0%A7%A6%E0%A7%A6%E0%A7%AF
শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯
শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন অথবা শিক্ষাৰ অধিকাৰ আইন (চমুকৈ ২০০৯ চনৰ ৪ আগষ্টত ভাৰতীয় সংসদে প্ৰণয়ন কৰা এখন আইন। ২০১০ চনত আইনখন বলৱৎ হোৱাৰ লগে লগে প্ৰতিজন শিশুৰ বাবে শিক্ষাক মৌলিক অধিকাৰ গণ্য কৰা ১৩৫খন দেশৰ ভিতৰত ভাৰতো এখন হিচাপে পৰিগণিত হয়। শিক্ষা আইনখনে 'বিনামূলীয়া আৰু বাধ্যতামূলক' শব্দ দুটাৰ সমন্বয় ঘটাইছে। বিনামূলীয়া শিক্ষাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত নামভৰ্তি কৰা শিশুসকলক বাদ দি বাকী কোনো শিশুয়েই কোনোধৰণৰ মাচুল পৰিশোধ নকৰাকৈ বিনা অসুবিধাত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাটো বুজাইছে। 'বাধ্যতামূলক শিক্ষা'ই চৰকাৰ আৰু স্থানীয় কৰ্তৃপক্ষক ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ বাবে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাকৈ নামভৰ্তি আৰু নিয়মীয়া উপস্থিতিৰ দায়িত্ব প্ৰদান কৰিছে। ইতিহাস স্বাধীনতাৰ সময়তে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা সময়তেই বৰ্তমানৰ আইনখনৰ ইতিহাস পোৱা যায়।কিন্তু ২০০২ চনৰ সাংবিধানিক সংশোধনতহে ২১(ক) অনুচ্ছেদত শিক্ষাক মৌলিক অধিকাৰ হিচাপে ভাৰতীয় সংবিধানত সংযোগ কৰা হয়। বৰ্তমানৰ আইনখন স্বাধীনতাৰ সময়ৰ ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ সময়তে আৰম্ভ যদিও ২০০২ চনৰ ৮৬ তম সংশোধনীত ২১(ক) অনুচ্ছেদত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰি আইনখনক বিশিষ্ট মাত্ৰা প্ৰদান কৰা হয়। এই সংশোধনত পৃথককৈ শিক্ষাৰ আইনৰ আৰ্হি প্ৰস্তুত অপৰিহাৰ্য কৰা আৰু তাৰ কাৰ্যকৰীকৰণৰ বাবে আইন এখনৰ প্ৰয়োজনীয়তাক বিশেষ ভাৱে দেখুৱাইছে। এই সংশোধনে অৱশ্যে ইয়াৰ কাৰ্য্যকৰীকৰণৰ পদ্ধতি ব্যাখ্যা কৰিবলৈ এখন আইনৰ প্ৰয়োজনীয়তাৰ কথা আঙুলিয়াই দিছিল, যাৰ ফলত এখন পৃথক শিক্ষা বিধেয়কৰ খচৰা প্ৰস্তুত কৰাটো আৱশ্যক হৈ পৰিছিল।এইয়া ভাৰতীয় সংবিধানৰ ৮৬ তম সংশোধন। আইনখনৰ এখন স্থূল খচৰা ২০০৫ চনত প্ৰস্তুত কৰা হয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ২৫% বঞ্চিত শিশুৰ বাবে সংৰক্ষণ কৰাৰ বাধ্যতামূলক দফাটোৰ বাবে এই খচৰাই যথেষ্ট বিতৰ্কৰ সূচনা কৰিছিল। আইনখন প্ৰণয়ন কৰা শিক্ষাৰ কেন্দ্ৰীয় উপদেষ্টা পৰিষদৰ উপ-সমিতিয়ে এই দফাটোক এখন গণতান্ত্ৰিক (সকলোৰে বাবে সমান সুযোগ, অধিকাৰ,উপকাৰ বিচৰা সমাজ গঠন কৰিবলৈ এই ব্যৱস্থাটো গুৰুত্বপূৰ্ণ পূৰ্বাৱশ্যকীয় হিচাপে ধৰি লৈছিল। ভাৰতীয় আইন আয়োগে প্ৰাৰম্ভিকতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বঞ্চিত শিশুৰ বাবে ৫০% সংৰক্ষণৰ প্ৰস্তাৱ আগবঢ়াইছিল। ২০১৪ চনৰ ৭ মে'ত ভাৰতৰ উচ্চতম ন্যায়ালয়ে নিয়ম কৰি দিছিল যে শিক্ষাৰ অধিকাৰ আইন সংখ্যালঘু প্ৰতিষ্ঠানৰ বাবে প্ৰযোজ্য নহয়। গৃহীত ২০০৯ চনৰ ২ জুলাইত কেবিনেটত আইনখন অনুমোদিত হৈছিল। একেটা বছৰৰ ২০ জুলাইত ৰাজ্যসভাত পাছ হোৱাৰ পিছত ৪ আগষ্টত লোকসভাত গৃহীত হয়। ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰাৰ পিছত ২০০৯ চনৰ ২৬ আগষ্টত এইখন শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইনৰূপে পৰিগণিত হয়। জম্মু আৰু কাশ্মীৰৰ বাহিৰে সমগ্ৰ ভাৰততে ২০১০ চনৰ ১ এপ্ৰিলৰ পৰা আইনখন বলৱৎ কৰা হয়। সেই সময়ৰ ভাৰতীয় প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বক্তৃতাৰ দ্বাৰা আইনখন বলৱৎ হোৱাত ভাৰতীয় ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে বক্তৃতাৰে এখন আইন বলৱৎ কৰা হয়। ড॰ মনমোহন সিঙে তেওঁৰ বক্তৃতাত কয়,"লিংগবৈষম্য আৰু সামাজিক বৈষম্য আঁতৰাই সকলো শিশুৰ শিক্ষা লাভ নিশ্চিতকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সেই শিক্ষা ব দায়িত্বশীল আৰু সক্ৰিয় নাগৰিক হিচাপে গঢ়ি তুলিব পৰা প্ৰয়োজনীয় দক্ষতা, জ্ঞান, নীতি আৰু আহৰণ কৰিব পৰা শিক্ষা। ২০১৯ চনত কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষিত হোৱাৰ পিছত জম্মু আৰু কাশ্মীৰতো এই আইন বলৱৎ হয়। শিক্ষাৰ অধিকাৰ আইনে স্থানীয় বিদ্যালয়ত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাকৈ শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাগ্ৰহণৰ অধিকাৰ প্ৰদান কৰে। ইয়ে নিশ্চিত কৰে যে 'বাধ্যতামূলক শিক্ষা' বুলিলে চৰকাৰৰ ৬ৰ পৰা ১৪ বছৰ বয়সলৈকে শিশুৰ বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা আৰু নামভৰ্তি, উপস্থিতিৰ খতিয়ানৰ লগতে শিক্ষা সম্পূৰ্ণ হোৱাৰ দায়িত্বক বুজায়। 'বিনামূলীয়া শিক্ষা'ই সকলো শিশুয়ে কোনোধৰণৰ মাচুল পৰিশোধ নকৰাকৈ বিনা অসুবিধাত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাটো বুজাইছে। এই আইনত প্ৰৱেশ-নথকা শিশুৰ বাবে উপযুক্ত বয়সৰ শ্ৰেণীত প্ৰৱেশ বা নামভৰ্তিৰ ব্যৱস্থা আছে। এই আইনে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ক্ষেত্ৰত চৰকাৰ, স্থানীয় কৰ্তৃপক্ষ আৰু অভিভাৱকৰ কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰিছে। লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অংশীদাৰীত্ব বিত্তীয় আৰু অন্যান্য দায়িত্বৰ ওপৰতো আলোকপাত কৰিছে।আইনখনে ছাত্ৰ-শিক্ষক অনুপাত, আন্তঃগাথঁনি, বিদ্যালয়ত কৰ্মৰত সময় এইসমূহত গুৰুত্ব দিওঁতে শিক্ষাৰ মানদণ্ডৰ বিষয়টো এৰাই চলাৰ দৰে হ'ল। শিক্ষকৰ নিযুক্তিত গ্ৰাম্য চহৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে ইয়াত ছাত্ৰ- শিক্ষকৰ অনুপাত ৰাজ্য,জিলা বা ব্লকৰ সলনি প্ৰতিখন বিদ্যালয়ত প্ৰযোজ্য কৰা হৈছে। দহ বছৰীয়া লোকপিয়ল, স্থানীয় কৰ্তৃপক্ষ, ৰাজ্যিক বিধানমণ্ডল আৰু সংসদৰ নিৰ্বাচন আৰু দুৰ্যোগৰ সময়ৰ সহায়ৰ বাদে শিক্ষকক আন অশৈক্ষিক কাম-কাজত অন্তৰ্ভুক্ত নকৰিবলৈকো ইয়াত ব্যৱস্থা আছে। আইনখনে উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত অৰ্থাৎ আৱশ্যকীয় প্ৰবেশ আৰু শিক্ষাগত অৰ্হতাসম্পন্ন শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থা কৰিছে। এই আইনে বাধা প্ৰদান কৰা দিশকেইটামান হৈছে- শাৰীৰিক আৰু মানসিক শাস্তি, ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে বাচনি পদ্ধতি, মাচুল, শিক্ষকৰ দ্বাৰা ব্যক্তিগত টিউচন, স্বীকৃতিবিহীন বিদ্যালয় চলাই থকা। সংবিধানত উল্লেখ থকা মূল্যবোধৰ সৈতে সংগতি ৰাখি পাঠ্যক্ৰম বিকাশৰ ব্যৱস্থা আইনে কৰিছে। ইয়াৰ জৰিয়তে শিশুৰ সৰ্বাংগীন বিকাশ,জ্ঞানবৰ্দ্ধন,প্ৰতিভা আৰু সম্ভাৱনীয়তাৰ উৎকৰ্ষ সাধনৰ লগতে শিশুসুলভ আৰু শিশুকেন্দ্ৰিক শিকণ পদ্ধতিৰে শিশুক ভয়,মানসিক যন্ত্ৰণা, দুশ্চিন্তা আদিৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰা হয়। মুখ্য আলোকপাত আইনখনে ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ বাবে নিম্নতম মানদণ্ড বৰ্তাই প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ হিচাপে চিহ্নিত ইয়াৰ বাবে ব্যক্তিগত খণ্ডৰ আৰ্থিকভাৱে পিছপৰা আৰু আন )ৰ বাবে ২৫% নামভৰ্তি সংৰক্ষণ কৰাটো বাধ্যতামূলক হৈ পৰে। জাতিগত সংৰক্ষণ ভিত্তিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত শিশুৰ নামভৰ্তি হয়। এই ডকুমেণ্টৰ ৯ নং পৃষ্ঠা আৰু ৪ নং পইণ্টটো চাওক আইনত উল্লেখ থকা অনুসাৰে কোনো ছাত্ৰ-ছাত্ৰীক অনুত্তীৰ্ণ কৰাব নোৱাৰে আৰু প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বৰ্ডৰ পৰীক্ষা উত্তীৰ্ণ কৰাব লাগিব। বিদ্যালয় আধাতে এৰি দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ প্ৰশিক্ষণ যোগে একে বয়সৰ ল'ৰা-ছোৱালীৰ সমপৰ্যায়লৈ অনাৰ ব্যৱস্থা আছে। শিক্ষাৰ অধিকাৰ আইনৰ শিক্ষাৰ প্ৰয়োজন থকা শিশু চিনাক্ত কৰিব পৰাকৈ এক জৰীপৰ প্ৰয়োজন আৰু সেইসমূহক শিক্ষাৰ সুবিধা প্ৰদান কৰিবলৈ ব্যৱস্থা কৰিব লাগে। বিশ্ববেংকৰ ভাৰতীয় শিক্ষা বিশেষজ্ঞ চেম কাৰ্লচনে পৰ্যৱেক্ষণ কৰিছিল যে- নামভৰ্তি, উপস্থিতি আৰু সম্পূৰ্ণ শিক্ষাৰ দায়িত্ব চৰকাৰক দিয়া বিশ্বৰে প্ৰথমখন আইন হৈছে শিক্ষাৰ অধিকাৰ আইন। আমেৰিকা আৰু অন্যান্য ৰাষ্ট্ৰত শিশুক বিদ্যালয়লৈ পঠিওৱাৰ দায়িত্ব পিতৃ-মাতৃৰ। ১৮ বছৰ বয়সলৈকে বিশেষ ভাৱে সক্ষম শিশুসকলৰ শিক্ষাৰ অধিকাৰৰ বাবে এখন পৃথক আইন আছে, বিশেষভাৱে সক্ষম শিশুৰ আইন। এই আইনৰ অধীনত থকা অন্যান্য ব্যৱস্থাৰ ভিতৰত বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়ন,শিক্ষক-ছাত্ৰৰ অনুপাত আদি আছে। কাৰ্যকৰীকৰণ আৰু পুঁজি ভাৰতীয় সংবিধানত শিক্ষা হৈছে এক সহযোগী সংস্কৰণ আৰু কেন্দ্ৰ-ৰাজ্য দুয়োয়ে ইয়াৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। আইনখনে ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় দলবোৰক বিশেষ দায়িত্ব অৰ্পণ কৰিছে। ৰাজ্যসমূহে সৰ্বজনীন শিক্ষাৰ বাবে সকলো বিদ্যালয়ত সঠিক মানদণ্ডৰ শিক্ষা দিব পৰাকৈ আৰ্থিক ক্ষমতাৰ অভাৱ বুলি আপত্তি দৰ্শাই আহিছে।গতিকে এয়া স্পষ্ট যে কেন্দ্ৰীয় চৰকাৰে (যিয়ে অধিকাংশ কৰ আদায় কৰে) ৰাজ্যসমূহক আৰ্থিক সাহায্য দিব লাগিব। পুঁজিৰ প্ৰয়োজনীয়তা আৰু বিতৰণৰ অধ্যয়নৰ বাবে গঠন হোৱা এখন সমিতিয়ে পোনপ্ৰথমে আইনখন কাৰ্যকৰী কৰিবলৈ পাঁচ বছৰত ভাৰতীয় মুদ্ৰা অনুসৰি ১৭১০ বিলিয়ন টকা ধাৰ্য কৰে আৰু ২০১০ চনৰ এপ্ৰিল মাহত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰ আৰু ৰাজ্যৰ অনুদান ৬৫:৩৫, উত্তৰ পূৱৰ ৰাজ্যসমূহৰ বাবে ৯০:১০ অনুপাতত ভাগ কৰিবলৈ সন্মত হয়।২০১০ চনত পুঁজি ২৩১০ বিলিয়নলৈ বৃদ্ধি পায় আৰু কেন্দ্ৰই ৬৮% লৈ অংশীদাৰীত্ব বৃদ্ধি কৰে।কিছুমান সংবাদ মাধ্যমে কেন্দ্ৰৰ অংশীদাৰ ৭০% বুলি কয়।সেই অনুসৰি বেছিভাগ ৰাজ্যই শিক্ষাৰ বাজেট বৃদ্ধি কৰাৰ প্ৰয়োজন নহয়। ২০১১ চনত গ্ৰহণ কৰা এটা উল্লেখনীয় পদক্ষেপ হৈছে শিক্ষাৰ অধিকাৰ দশম শ্ৰেণী (১৬ বছৰ) পৰ্য্যন্ত আৰু প্ৰাক-বিদ্যালয় বয়সৰ পৰিসৰলৈ বৃদ্ধি কৰা। সমিতিখনে এই পৰিৱৰ্তনসমূহ প্ৰয়োগ কৰিলে হ'ব পৰা পৰিণামসমূহ বিশ্লেষণ কৰি আছে। কাৰ্যকৰীকৰণৰ নিৰ্দেশনা পৰিষদ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে আইনখন কাৰ্যকৰী কৰিবলৈ ১৪ জনীয়া এখন উচ্চ স্তৰীয় ৰাষ্ট্ৰীয় উপদেষ্টা বা গঠন কৰে। সদস্যসকল হৈছে কিৰণ কাৰ্নিক, ৰ ভূতপূৰ্ব সভাপতি কৃষ্ণ কুমাৰ, ৰ ভূতপূৰ্ব সঞ্চালক মৃণাল মিৰি, নৰ্থ ইষ্ট হিল ইউনিভাৰ্ছিটিৰ ভূতপূৰ্ব উপাচাৰ্য যোগেন্দ্ৰ যাদৱ সমাজ বিজ্ঞানী,ভাৰত ছাজিট কৃষ্ণন কুট্টী দি এডুকেটৰ্ছ এচিচটিং চিলড্ৰেনছ্ ),ভাৰতৰ সম্পাদক, এনি নামালা, চেণ্টাৰ ফৰ চচিয়েল ইকুৱিটি এণ্ড ইনক্লুজনৰ মুৰব্বী আৰু এজন কৰ্মী চেইখ ৰ আহমেদ, কেৰালাৰ মুছলিম শিক্ষা সমাজৰ উপাচাৰ্য কাৰ্যকৰীকৰণৰ স্থিতি আইনখনৰ প্ৰথম বৰ্ষপূৰ্তিত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে আইনখন প্ৰণয়নৰ এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল আৰু ২০১৫ চনলৈকে উলিয়াই আছিল। সেই প্ৰতিবেদন অনুযায়ী ৬ৰ পৰা ১৪ বছৰ বয়সৰ ১.৭ মিলিয়ন ছাত্ৰ-ছাত্ৰীয়েই বিদ্যালয় বহিৰ্ভুত।চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষকৰ দৰমহাৰ সমতা নিশ্চিত কৰাৰ আইনী ভিত্তিও আইনখনে প্ৰদান কৰে। হাৰিয়ানাৰ চৰকাৰে ৰাজ্যত শিক্ষা আইনৰ সঠিক প্ৰণয়নৰ বাবে আৰু ধাৰাবাহিক নিৰীক্ষণৰ বাবে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড সমল সমন্বয়ক কৰ্তব্য পালনৰ দায়িত্ব অৰ্পণ কৰে। পূৰ্বদৃষ্টান্ত এই আইন নতুন নহয়। বেছিভাগ লোক নিৰক্ষৰ আছিল বাবে এই আইনে সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ বিৰোধিতা কৰিছিল। ভাৰতীয় সংবিধানৰ ৪৫ নং অনুচ্ছেদক আইন হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। সংবিধানৰ আৰম্ভণিৰ পৰা দহ বছৰৰ ভিতৰত সকলো শিশুকে ১৪ বছৰ পূৰ নোহোৱালৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিবলৈ ৰাজ্যই চেষ্টা কৰিব। সেই সময়সীমা পাৰ হওঁ হওঁ সময়ত তেতিয়াৰ শিক্ষামন্ত্ৰী এম চি চাঘলাই কৈছিল: আমাৰ সংবিধানৰ পুৰুধা ব্যক্তিসকলে এইটো বিচৰা নাছিল যে আমি মাত্ৰ কেইটামান জুপুৰিঘৰ স্থাপন কৰি দিওঁ, তাত ছাত্ৰ-ছাত্ৰীক ৰাখি অপ্ৰশিক্ষিত শিক্ষক নিয়োগ কৰোঁ, নিম্নমানৰ কিতাপ যোগান ধৰোঁ আৰু খেলপথাৰৰ কোনো ব্যৱস্থা নাৰাখি শেষত ক'বলৈ যাওঁ যে আমি ৪৫ নং দফা গ্ৰহণ কৰিছোঁ আৰু গতিকে প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণ ঘটিছে। তেওঁলোকে এইটো বুজাইছিল যে আমাৰ ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলক প্ৰকৃত শিক্ষা প্ৰদান কৰা উচিত। এম. চি. চাগলা, ১৯৬৪ ১৯৯০ চনত বিশ্ববেংকে গ্ৰাম্য অঞ্চলত সহজে যাব পৰাকৈ বিদ্যালয় স্থাপনৰ বাবে পুঁজি যোগান ধৰে। এই প্ৰচেষ্টাক ১৯৯০ চনৰ সৰ্ব শিক্ষা অভিযান আৰ্হিত সুদৃঢ় কৰা হৈছিল। শিক্ষাৰ অধিকাৰ আইনে ব্যৱস্থাটো আৰু অধিক আগঢ়াই নিয়ে আৰু বিদ্যালয়ত শিশুৰ নামভৰ্তিক এক ৰাজ্যিক বিশেষ অধিকাৰ হিচাপে গঢ়ি তোলে। সমালোচনা শিক্ষাৰ ক্ষেত্ৰত সক্ৰিয় বহু গোটৰ সৈতে আলোচনা নকৰাকৈ, শিক্ষাৰ মানদণ্ডৰ বিবেচনা নকৰি খৰখেদাকৈ প্ৰস্তুত কৰা বাবে আইনখন যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। ব্যক্তিগত খণ্ডৰ আৰু ধৰ্মীয় সংখ্যালঘুৰ বিদ্যালয়সমূহত অনাধিকাৰ হস্তক্ষেপ কৰা আৰু ৬ বছৰৰ তলৰ শিশুক আইনৰ বাহিৰত ৰখাৰ বাবেও সমালোচিত হৈছে। বেছিভাগ ধাৰণাই ২০০০ চনৰ সৰ্বশিক্ষা অভিযান আৰু ১৯৯০ চনৰ বিশ্ববেংকৰ পুঁজিগত প্ৰাথমিক শিক্ষা কাৰ্যসূচীৰ নীতিৰ সৈতে মিল আছে যি দুই আঁচনি গাঁৱলীয়া অঞ্চলত বহু বিদ্যালয় স্থাপন কৰি অকাৰ্যকৰী হোৱাৰ বাবে আৰু দুৰ্নীতিৰ বাবে সমালোচিত হৈছিল। চৰকাৰী বিদ্যালয় ব্যৱস্থাত প্ৰদান কৰি থকা শিক্ষাৰ মানদণ্ড নিম্নমানৰ। স্বীকৃতপ্ৰাপ্ত বিদ্যালয়সমূহৰ ৮০% ই চৰকাৰী বিদ্যালয়েৰে দেশৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বৃহত্তম অংশটো গঠিত যদিও ইয়াত শিক্ষকৰ নাটনিৰ লগতে আন্তঃগাঁথনিমূলক ব্যৱধান পৰিলক্ষিত হয়। বহুতো লোকালয়ত সম্পূৰ্ণৰূপে বিদ্যালয়ৰ অভাৱ।চৰকাৰী বিদ্যালয় সমূহ সম্বন্ধে প্ৰায়ে অভিযোগ আহে যে সেইবোৰ অনুপস্থিতি আৰু অব্যৱস্থাৰ সমস্যাৰে ভাৰাক্ৰান্ত আৰু তাত নিয়োগ বিলাকো ৰাজনৈতিক সুবিধামতেহে হয়। চৰকাৰী বিদ্যালয়ত বিনামূলীয়া মধ্যাহ্ন ভোজনৰ প্ৰলোভন স্বত্বেও বেছিভাগ অভিভাৱকেই শিশুক ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ পঠিয়ায়। অধিকাংশ ৰাজ্যতে গ্ৰাম্য ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকৰ দৰমহা(প্ৰতি মাহে প্ৰায় ৪০০০ টকা) চৰকাৰী বিদ্যালয়তকৈ ভালেখিনি কম। ফলস্বৰূপে দেখা যায় যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সমৰ্থকসকলে পইছাৰ বাবদ চৰকাৰী বিদ্যালয় সমূহক কম গুণাগুণবিশিষ্ট বুলি সমালোচনা কৰে। ব্যক্তিগত বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী খণ্ডৰ ছাত্ৰছাত্ৰীসকলতকৈ আগবাঢ়ি থকাৰ বাবে, আৰ্থিকভাৱে সাৰ্মথ্যহীন হৈ চৰকাৰী বিদ্যালয়ত পঢ়িবলৈ বাধ্য হৈ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগত এক বৈষম্যৰ সৃষ্টি কৰে।এক বৃহৎ সংখ্যক পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত থকা দেশখনত গ্ৰাম্য অঞ্চলৰ বিদ্যালয়ৰ মাচুল ভৰিব পৰা লোকসকলকহে সা-সুবিধা দিয়াৰ বাবেও ব্যৱস্থাটো সমালোচনাৰ সন্মুখীন হৈ আহিছে। এইবিলাক সমস্যা বা বিষয় আলোচনা নকৰাৰ বাবে আইনখনক বৈষম্যমূলক হিচাপে সমালোচনা কৰা হৈছে। শিক্ষাবিদ অনিল সদগোপালে খৰখেদাকৈ আৰ্হি প্ৰস্তুত কৰা আইনখনৰ বিষয়ে এইদৰে কৈছে: ই শিশুসকলৰ বাবে এক প্ৰতাৰণা। ই বিনামূলীয়া কিম্বা বাধ্যতামূলক শিক্ষা প্ৰদান নকৰে। প্ৰকৃততে ই মাত্ৰ বৰ্তমানৰ বহু-স্তৰীয়,নিম্ন মানদণ্ডৰ শিক্ষা ব্যৱস্থাক বৈধকৰণ কৰে য'ত ভৱিষ্যতেও বৈষম্যৰ অৱসান নঘটিব। উদ্যোগী গুৰুচৰণ দাসে লক্ষ্য কৰা অনুযায়ী চহৰ অঞ্চলৰ ৫৪% শিশুৱেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ যায় আৰু এই হাৰ বছৰি ৩% কৈ বৃদ্ধি পাই আহিছে। "আনকি দৰিদ্ৰ শিশুসকলেও শিক্ষকৰ উপস্থিতিৰ অভাৱত চৰকাৰী বিদ্যালয় এৰিছে।" যি কি নহওক আন গৱেষকসকলে তাৰ বিৰোধিতা কৰি যুক্তি দিয়ে যে অন্যান্য কাৰক(পৰিয়ালৰ আয় আৰু অভিভাৱকৰ সাক্ষৰতা আদি)ৰ বিষয়ে যদি বিবেচনা কৰা যায় তেনেহ'লে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মানদণ্ড উচ্চতৰ তেনে কথাৰ কোনো প্ৰামাণিক সত্যতা নাই। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব গুণগত সমস্যাবোৰৰ বাবে আইনখনত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত ২৫% কোটাৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে বিদ্যালয়ৰ ৰছিদৰ পৰা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে, যাতে অভিভাৱকসকলে বিনাদ্বিধাই সন্তানক চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ পঠাব পাৰে। প্ৰাথমিক শিক্ষা প্ৰদানৰ ক্ষেত্পত সাংবিধানিক বাধ্যবাধকতাক ৰাজ্যই এৰাই চলাত অল ইণ্ডিয়া ফৰাম ফৰ ৰাইট টু )ৰ দৰে সংস্থাবোৰে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ বৃদ্ধিক লক্ষ্য কৰে। ব্যক্তিগত স্কুলসমূহৰ অধিকাৰ খৰ্ব চচাইটি ফৰ আন-এইডেড প্ৰাইভেট স্কুলছ, 95 2010) আৰু তেনেধৰণৰ ৩১খন আবেদনে ভাৰতীয় উচ্চতম ন্যায়ালয়ত আইনখনে চৰকাৰী অনুজ্ঞাপত্ৰ অবিহনে প্ৰতিষ্ঠান চলাই থকা ব্যক্তিগত কৰ্তৃপক্ষৰ সাংবিধানিক অধিকাৰ উলঙ্ঘন কৰাৰ কথা দোহাৰে।সাহায্যপ্ৰাপ্ত নোহোৱা চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ত বঞ্চিত শিশুৰ বাবে ২৫% নামভৰ্তি সংৰক্ষণ কৰাটো অসাংবিধানিক বুলি সমালোচনা হয়। স্কুলখনে ইয়াৰ নামভৰ্তি কালছোৱাত দুখীয়া শ্ৰেণীৰ পিতৃ-মাতৃক কৈছিল যে "আৰটিইৰ কোনো অস্তিত্ব নাই" আৰু "আমি এই আৱেদনবোৰ (চৰকাৰী আৰটিই) গ্ৰহণ নকৰোঁ"। জ্যেষ্ঠ অধ্যাপকজনে চিবিএছইৰ তামিলনাডু আঞ্চলিক শাখাৰ সঞ্চালকজনক এইটোও জনাইছিল যে তেওঁ ইমেইল ঠিকনা নথকা আৱেদনকাৰীক নাকচ কৰাৰ পৰিকল্পনা কৰিছিল, যাতে তাৰ দ্বাৰা কাৰিকৰী দিশত অশিক্ষিত পিতৃ-মাতৃক নামভৰ্তি বিচৰাৰ পৰা আঁতৰাব পাৰি। ইয়াৰোপৰি বিদ্যালয় কৰ্তৃপক্ষই আঁচনিটোৰ সুবিধা লাভৰ পৰা বঞ্চিত কৰিবলৈ ভালেমান দুখীয়া প্ৰাৰ্থীৰ দূৰত্বৰ হিচাপটো বিকৃত কৰিছিল। অনাথ ল'ৰা-ছোৱালীৰ বাবে প্ৰতিবন্ধকতা আইনখনে কোনো প্ৰমাণ পত্ৰ নোহোৱাকৈ ৰা ছোৱালীক নাম ভৰ্তিৰ সুবিধা দিয়ে। কিছুমান ৰাজ্যত শিশুৰ আয় আৰু জাতিগত প্ৰমাণ পত্ৰ,বি পি এল কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰ বিচাৰি পূৰ্বৰ পদ্ধতিকে বাহাল ৰাখিছিল। অনাথ শিশু সকলে শিক্ষা গ্ৰহণৰ ইচ্ছা থকাৰ স্বত্বেও এনে তথ্য দিব নোৱাৰাৰ হেতুকে নাম ভৰ্তি কৰিব পৰা নাছিল। তথ্যউৎস ভাৰতৰ আইন ভাৰতৰ
51257
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BF%E0%A6%95%27%E0%A6%B2%E0%A6%BE%20%E0%A6%9F%E0%A7%87%E0%A6%9B%E0%A6%B2%E0%A6%BE
নিক'লা টেছলা
নিক'লা টেছলা আছিল এজন ছাৰ্বিয়ান-আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা, যান্ত্ৰিক অভিযন্তা আৰু ভৱিষ্যৎদ্ৰষ্টা। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়। পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত অধিকাংশ যন্ত্ৰৰে মূল চালিকা শক্তি ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰ আৱিষ্কাৰ কৰিছিল নিক'লা টেছলাই। বিদ্যুৎ পৰিৱহণৰ তিনিতৰপীয়া প্ৰণালীটোৰো মূল্যৱান বিকাশ সাধন কৰিছিল নিক'লা টেছলাই। ১৮৮৪ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে আৰু পৰিৱৰ্তী প্ৰৱাহচালিত ডাইনাম', ট্ৰেন্সফৰ্মাৰ আৰু মটৰৰ পেটেণ্টৰ স্বত্বসমূহ জৰ্জ ৱেষ্টিংহাউছক বিক্ৰী কৰে। ১৮৯১ চনত তেওঁ টেছলা কুণ্ডলী আৱিষ্কাৰ কৰে, যি কুণ্ডলী ৰেডিঅ' প্ৰযুক্তিত ব্যাপক ৰূপত ব্যৱহৃত হৈছিল। পৃথিৱী পোহৰাই তোলা এই জিনিয়াছজনক এতিয়া টেছলা নামৰ এটা এককৰ জৰিয়তে স্মৰণ কৰা হয়। টেছলা হৈছে চুম্বকীয় অভিৱাহ ঘনত্ব ৰ একক। তেওঁৰ নামটোৰে কেইবাটাও পথ নামকৰণ কৰা হৈছে, মূৰ্তি স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে, তেওঁৰ নামেৰে এটা বঁটাও প্ৰৱৰ্তন কৰা হৈছে। অথচ জীয়াই থকা সময়ছোৱাত টেছলাৰ কৰ্মৰাজিয়ে ইমান সমাদৰ লাভ কৰা নাছিল। উদ্ভাৱক হিচাপে টেছলাৰ জীৱন আৰম্ভ হৈছিল ২৬ বছৰ বয়সত। সেইসময়ত তেওঁ বুডাপেষ্টৰ কেন্দ্ৰীয় টেলিগ্ৰাফ কাৰ্যালয়ত কৰ্মৰত আছিল। সেইসময়তে তেওঁ ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰৰ এটা আৰ্হি অংকন কৰিছিল। আৰু আৰ্হিৰ সেই ধাৰণাটোৱেই আজিকোপতি বহুতো বিদ্যুৎ-চুম্বকীয় যন্ত্ৰত ব্যৱহৃত হৈ আছে। সাধাৰণতে কোৱা হয় যে, টেছলাৰ বৈজ্ঞানিক প্ৰতিভা যিমান প্ৰখৰ আছিল, সিমানেই ভোটা আছিল তেওঁৰ ব্যৱসায়িক দক্ষতা। নিজৰ ধাৰণা তথা আৰ্হিবোৰক তেওঁ ব্যৱসায়িক দৃষ্টিৰে চোৱাত ব্যৰ্থ হৈছিল। আনহাতে বিজুলী বাতিৰ আৱিষ্কাৰক টমাছ আলভা এডিচন উদ্ভাৱকৰ উপৰিও এজন বুধিয়ক ব্যৱসায়ী আছিল যাৰ লগত টেছলাৰ সঘন বাদানুবাদ হৈছিল। স্বাভাৱিকতেই এই দুজন চমৎকাৰী প্ৰতিভাৰ মাজত এক বৌদ্ধিক যুদ্ধৰ সূচনা হৈছিল আৰু এটা সময়ত টেছলাই এডিছনৰ সংগ পৰিত্যাগ কৰিছিল। পৰিয়াল-পৰিচয় আৰু প্ৰাৰম্ভিক কাল নিক'লা টেছলাৰ জন্ম হৈছিল ১৮৫৬ চনৰ ১০ জুলাইত। অষ্ট্ৰিয়ান সাম্ৰাজ্যৰ (বৰ্তমানৰ ক্ৰয়েছিয়া)লিকা প্ৰদেশৰ শ্মিলিজান গাঁৱত। তেওঁৰ দেউতাকৰ নাম আছিল মিলুটিন টেছলা (১৮১৯-১৮৭৯)আৰু মাকৰ নাম আছিল ডিউকা টেছলা (১৮২২-১৮৯২)। দেউতাক এজন নৈষ্ঠিক ধৰ্মযাজক আছিল। আনহাতে মাতৃ ডিউকা টেছলাৰ আছিল এক বিশেষ প্ৰতিভা। তেওঁ চাৰ্বিয়ান মহাকাব্যিক কবিতাবোৰ মনত ৰাখিব পাৰিছিল। লগতে ঘৰুৱা সা-সঁজুলি আৰু যান্ত্ৰিক সৰঞ্জাম নিৰ্মাণতো মাতৃ ডিউকাই পাৰদৰ্শিতা দেখুৱাইছিল। অথচ ডিউকাই কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল। টেছলাৰো এক বিশেষ 'ফটোগ্ৰাফিক স্মৃতি' আছিল,যি তেওঁ মাতৃৰ পৰা জন্মসূত্ৰে পোৱা বুলি বিশ্বাস কৰিছিল। টেছলা আছিল ঘৰৰ চতুৰ্থটো সন্তান। তেওঁৰ তিনিগৰাকী ভগ্নী আছিল। মিল্কা,এঞ্জেলি,আৰু মাৰিকা। ডেন নামৰ তেওঁৰ এজন জ্যেষ্ঠ ভ্ৰাতৃও আছিল যাৰ ঘোঁৰা-দৌৰৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছিল। সেইসময়ত টেছলাই পাঁচ বছৰত ভৰি দিছিল। ১৮৬১ চনত টেছলাই শ্মিলিজানত এখন প্ৰাথমিক বিদ্যালয়ত নাম লগায় আৰু তাতেই তেওঁ জাৰ্মান ভাষা,অংকশাস্ত্ৰ আৰু ধৰ্ম বিষয়ে অধ্যয়ন কৰে। ১৮৬২ চনত,ছয় বছৰ বয়সত টেছলাৰ পৰিয়াল গছপিকলৈ গুচি যায় য'ত টেছলাৰ দেউতাকে প্যাৰিশভুক্ত যাজক হিচাপে কাম কৰে। নিক'লাই তাতে প্ৰাথমিকৰ উপৰিও মাধ্যমিক শিক্ষা সমাপ্ত কৰে। ১৮৭০ চনত টেছলা উত্তৰফালে বৰ নিলগত থকা কাৰ্লাভ'কলৈ ৰাওনা হয় আৰু তাত তেওঁ উচ্চমাধ্যমিকৰ শিক্ষাগ্ৰহণ কৰে।শ্ৰেণীসমূহৰ পাঠদান জাৰ্মান ভাষাত হৈছিল,যিহেতু সেই বিদ্যালয়খন অষ্ট্ৰিয়-হাংগেৰিয়ান সামৰিক সীমান্তত আছিল। টেছলাই পাছলৈ লিখিছিল যে- পদাৰ্থ বিজ্ঞানৰ এজন অধ্যাপকে তেওঁক বৈদ্যুতিক ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষণ জগাই তুলিছিল। চমৎকাৰী প্ৰপঞ্চৰ কেতবোৰ বিশেষ প্ৰদৰ্শনে টেছলাক যে এই অদ্ভুত শক্তিবিধৰ প্ৰতি ভীষণ কৌতূহলী কৰি তুলিছিল,সেইয়াও টেছলাই উল্লেখ কৰি গৈছে। টেছলাই সমাকলন গণিতৰ সমস্যা মনৰ মাজতেই সমাধান কৰি দিব পাৰিছিল। পিছে এই অবিশ্বাস্য ঘটনাত তেওঁৰ শিক্ষকসকল পতিয়ন যোৱা নাছিল আৰু তেওঁলোকে টেছলাই নকল কৰা বুলি ভাবিছিল। টেছলাই চাৰি বছৰীয়া পাঠ্যক্ৰম তিনি বছৰতেই শেষ কৰি ১৮৭৩ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল। টেছলাই অষ্ট্ৰিয়াৰ গ্ৰাজস্থিত কাৰিকৰী বিশ্ববিদ্যালয়ত অভিযান্ত্ৰিক শিক্ষাৰে শিক্ষিত হয়, লগতে প্ৰাগত থকা বিশ্ববিদ্যালয়তো টেছলাই শিক্ষাগ্ৰহণ কৰে। গ্ৰাজত থাকোঁতেই টেছলাই পোনপ্ৰথমে গ্ৰেম্ ডাইনামপ্ৰত্যক্ষ কৰিছিল। এই ডাইনাম'টোৱে প্ৰথমে জেনেৰেটৰ হিচাপে কাম কৰে আৰু বিপৰীত দিশত বৈদ্যুতিক মটৰৰ দৰে কাম কৰে। এইটোৰ পৰাই টেছলাই পৰিৱৰ্তী প্ৰৱাহৰ থূলমূল ধাৰণা এটা গ্ৰহণ কৰিলে। পাছত বুডাপেষ্টত থাকোঁতে টেছলাই ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰৰ নীতি ঠাৱৰ কৰিলে আৰু তেনেকৈয়ে তেওঁ আৱেশ মটৰ নিৰ্মাণ কৰাৰ আঁচনি তৈয়াৰ কৰে। সেয়াই আছিল পৰিৱৰ্তী প্ৰৱাহৰ সফল ব্যৱহাৰিক প্ৰয়োগৰ দিশত টেছলাৰ প্ৰথমটো খোজ। ১৮৮২ চনত টেছলাই পেৰিছত পদাৰ্পণ কৰে। তাত থকা মহাদেশীয় এডিছন কোম্পানীত তেওঁ কাম কৰিবলৈ লয়। তাৰ ঠিক পাছৰ বছৰটোতেই অৰ্থাৎ ১৮৮৩ চনত টেছলাই ষ্ট্ৰাছবাৰ্গৰ এটা প্ৰকল্পত কেইবাঘণ্টাজোৰা পৰিশ্ৰমৰ অন্তত প্ৰথমটো আৱেশ মটৰ সাজি উলিয়ায়। এডিছনৰ লগত ভেটাভেটি ১৮৮৪ চনত টেছলাই আমেৰিকালৈ গমন কৰে। তেওঁ যেতিয়া নিউইয়ৰ্কত উপস্থিত হৈছিল, তেতিয়া তেওঁৰ পকেটত মাথোঁ চাৰিটা 'চেণ্ট' আছিল। লগত আছিল তেওঁৰ স্বৰচিত কেইটামান কবিতা আৰু উৰণ যন্ত্ৰৰ কিছু গাণিতীক হিচাপ। আমেৰিকালৈ যোৱা টেছলাক প্ৰথমটো চাকৰি দিছিল টমাছ আলভা এডিছনেই। কিন্তু দুয়োজন অভিযন্তাৰেই পদ্ধতি-প্ৰক্ৰিয়াৰ মাজত বিস্তৰ বৈসাদৃশ্য আছিল। বোধহয় সেইবাবেই দুয়োজন বিজ্ঞানীৰ বিচ্ছেদ অৱধাৰিত আছিল। টেছলাই এডিছনৰ মানহাট্টানস্থিত মুখ্য কাৰ্যালয়ত এবছৰ কাম কৰে। টেছলাৰ উদ্ভাৱনী ক্ষমতা আৰু পৰিশ্ৰমে এডিছনক বাৰুকৈয়ে বিমুগ্ধ কৰে। এদিন এডিছনে প্ৰস্তাৱ ৰাখিলে যে,যদি টেছলাই একমুখীপ্ৰৱাহৰ দ্বাৰা চালিত ডাইনাম' এটা নিৰ্মাণ কৰিব পাৰি তেন্তে তেওঁ টেছলাক ৫০,০০০ ডলাৰ প্ৰদান কৰিব। মাহজোৰা পৰিক্ষা-নিৰীক্ষাৰ অন্তত টেছলাই এটা সমাধান আগবঢ়ালে আৰু এডিছনৰ পৰা সেই ধনখিনি বিচাৰিলে। পিছে বিজ্ঞানী এডিছন মুহূৰ্ততে সংকুচিত হৈ পৰিল আৰু ক'লে "টেছলা,তুমি আমাৰ আমেৰিকান কৌতুক বুজি নোপোৱা। সেই ঘটনাৰ ঠিক পাছতেই টেছলাই এডিছনৰ সংগ ত্যাগ কৰিলে। কৰ্মৰাজি নিক'লা টেছলা আৰু জৰ্জ ৱেষ্টিংহাউছ টেছলাই টেছলা ইলেকট্ৰিক লাইট কোম্পানী নামৰ কোম্পানী এটা খুলিবলৈ বৰকৈ চেষ্টা কৰিছিল। তাত তেওঁ বিফল হৈছিল হয়,কিন্তু এদিন টেছলাই পৰিৱৰ্তী প্ৰৱাহৰ গৱেষণাক সাহায্য প্ৰদান কৰিব পৰা ব্যক্তি এজনক বিচাৰি পালে। ১৮৮৭ আৰু ১৮৮৮ চনত টেছলাৰ আৱিষ্কাৰসমূহে ত্ৰিশটাতকৈও অধিক পেটেণ্ট লাভ কৰিলে আৰু আমেৰিকান ইনষ্টিটিউট অৱ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰছ্লৈ যোৱাৰ সুযোগ লাভ কৰিলে। তেওঁৰ বক্তৃতা জৰ্জ ৱেষ্টিংহাউছ নামৰ এজন ব্যৱসায়ীৰ দৃষ্টিগোচৰ হ'ল। জৰ্জ ৱেষ্টিংহাউছ আছিল অন্য এজন উদ্ভাৱক যিজনে বষ্টনৰ কাষত প্ৰথমটো পৰিৱৰ্তীপ্ৰৱাহচালিত শক্তিপ্ৰণালী নিৰ্মাণ কৰিছিল। উল্লেখযোগ্য যে, বহুচৰ্চিত বিজুলীৰ যুদ্ধত টমাছ আলভা এডিছনৰ মুখ্য প্ৰতিদ্বন্দ্ব্ব্বী আছিল এই জৰ্জ ৱেষ্টিংহাউছেই। ৱেষ্টিংহাউছে টেছলাক নিযুক্তি দিলে আৰু টেছলাৰ পৰিৱৰ্তীপ্ৰৱাহৰ মটৰৰ পেটেণ্টসমূহক অনুজ্ঞা-পত্ৰ দিলে। লগতে দিলে এটা লেবৰটেৰী। সেইসময়তে, ১৮৯০ চনত টমাছ আলভা এডিছনে এটা কৰ্ম সংঘটিত কৰিলে। হত্যাকাৰৰ দোষত অভিযুক্ত নিউ ইয়ৰ্কৰ এজন হত্যাকাৰীক তেওঁ পৰিৱৰ্তী প্ৰৱাহচালিত বৈদ্যুতিক চকী এখনত বহুৱাই এটা দুঃসাহসিক ক্ৰীড়া দেখুৱালে। এডিছনৰ এই পৰিকল্পনাৰ আঁৰত এটা বিশেষ উদ্দেশ্য আছিল। সেইয়া হৈছে ৱেষ্টিংহাউছৰ নিৰ্মাণ কিমান ভয়াৱহ-সেয়া জনতাৰ সমুখত প্ৰদৰ্শন কৰা। ১৮৯০ চনতেই টেছলাই বৈদ্যুতিক দোলক,মিটাৰ,লাইটৰ এক সংশোধিত ৰূপ উদ্ভাৱন কৰে। তাৰ লগতে উদ্ভাৱন কৰে এটা উচ্চ বিভৱ-ভেদ সম্পন্ন ৰূপান্তৰক ১৮৯১ চনৰ চিকাগোত অনুষ্ঠিত হোৱা বিশ্ব কলম্বিয়ান প্ৰদৰ্শনীটেছলা আৰু ৱেষ্টিংহাউছ দুয়োজনে মিলি পোহৰাই তোলে। একেসময়তে জেনেৰেল ইলেক্টিকৰ লগতো অংশীদাৰিত্ব স্থাপন কৰে। তেওঁলোকৰ লক্ষ্য আছিল নায়েগ্ৰা জলপ্ৰপাতত পৰিৱৰ্তীপ্ৰৱাহচালিত জেনেৰেটৰ সংস্থাপন কৰা;যিটো হ'ব পৃথিৱীৰ প্ৰথম আধুনিক বিদ্যুৎ-কেন্দ্ৰ। এক্স-ৰে ১৮৯৬ চনৰ মাৰ্চ মাহত উইলহেম ৰয়েণ্টজেনে এক্স-ৰে' আৰু এক্স-ৰে দৃশ্যাৱলী (ৰেডিঅ'গ্ৰাফী) আৱিষ্কাৰৰ বাতৰি পোৱাৰ পাছত টেছলাই সেই দিশত নিজাববীয়া কাম আৰম্ভ কৰিলে।তেওঁ এটা উচ্চ কৰ্মশক্তিৰ একক প্ৰান্তৰ ভেকুৱাম টিউব নিৰ্মাণ কৰিল যাৰ কোনো লক্ষ্যনিৰ্দিষ্ট ইলেকট্ৰড নাছিল আৰু যিটোৱে টেছলা কয়লৰ উৎপাদিত শক্তিৰ ভিত্তিত কাম কৰিছিল। গৱেষণাত এক্স-ৰে উৎপন্ন কৰিবলৈ টেছলাই কেইবাটাও পৰীক্ষণ-শৈলী প্ৰস্তুত কৰিছিল। ৰেডিঅ' যোগাযোগ ১৮৯৮ চনত নিক'লা টেছলাই স্বয়ংচালিত নাও এখন আৱিষ্কাৰৰ কথা ঘোষণা কৰে। এইখন নাও তেওঁ ৰিমট কণ্ট্ৰেলেৰে চলাইছিল। যেতিয়া মানুহৰ মাজত এই বতৰাক লৈ তেওঁ কিছু সংশয়ৰ উমান পালে,তেতিয়া মেডিছন স্কুৱেৰ গাৰ্ডেনত নাওখন তেওঁ চলাই দেখুৱালে। কলৰাড' স্প্ৰীং ১৮৯৫ চনত টেছলাৰ নিউ ইয়ৰ্কত থকা গৱেষণাগাৰটোত জুই লাগে আৰু ধ্বংসপ্ৰাপ্ত হয়। সেই জুইয়ে টেছলাৰ বহুমূল্যৱান নথি আৰু সঁজুলি দাহ কৰে। ১৮৯৯ৰ চনৰ পৰা ১৯০০ চনৰ আগভাগলৈকে নিক'লা টেছলা ক'লৰাড'ত থাকে। তাতেই তেওঁ কল'ৰাড' স্প্ৰীং উদ্ভাৱন কৰিছিল-যিটো উদ্ভাৱনক টেছলাই তেওঁৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ উদ্ভাৱন হিচাপে চিহ্নিত কৰিছিল-পাৰ্থিৱ স্থিৰ তৰংগ এইটো উদ্ভাৱনৰ দ্বাৰা তেওঁ প্ৰমাণ কৰি দিছিল যে পৃথিৱীৰ ভূমিক এডাল বিদ্যুৎ পৰিবাহী হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু তাৰদ্বাৰা কিছুমান বৈদ্যুতিক কম্পনাংকৰ সৃষ্টি কৰিব পাৰি। তেওঁ আনকি বৈদ্যুতিক তাঁৰ নোহোৱাকৈ ৪০ কিলোমিটাৰ (২৫ মাইল) নিলগৰ পৰা ২০০টা বিজুলী বাঁতি জ্বলাই দেখুৱাইছিল;যিবোৰে ৪১ মিটাৰ দীঘল চমকনিৰ সৃষ্টি কৰিছিল। কোনোবা এক সময়ত তেওঁ নিশ্চিত হৈছিল যে কল'ৰাডত থকা গৱেষণাগাৰলৈ অন্য কোনো গ্ৰহৰ পৰা কোনোবাই সংকেত পঠিয়াইছে। পিছে এইটো সম্ভাৱনাক বহুতো বৈজ্ঞানিক পত্ৰিকাত উপহাসমূলক দৃষ্টিৰেহে চোৱা হৈছিল। তাঁৰবিহীন সম্প্ৰচাৰ ১৯০০ চনত নিক'লা টেছলা নিউ ইয়ৰ্কলৈ উভতি যায় আৰু লং আইলেণ্ড ত তাঁৰবিহীন সম্প্ৰচাৰ কৰিব পৰাকৈ এটা টাৱাৰ নিৰ্মাণৰ কাম হাতত লয়। নিৰ্মাণৰ বাবে প্ৰায় ১,৫০,০০০ ডলাৰ ধন আহিছিল আমেৰিকাৰ বিনিয়োগকাৰী জে.মৰ্গানৰ পৰা। টেছলাৰ আশা আছিল এইটোৰ নিৰ্মাণে গোটেই বিশ্বজুৰি তাঁৰবিহীন যোগাযোগ সুচল কৰিব আৰু মানুহে ছবি,বাৰ্তা,বতৰৰ জাননী আদিৰ পঠিয়াব পৰা হ'ব। কিন্তু দুৰ্ভাগ্যৰ কথা,সেই প্ৰকল্প বাস্তৱায়িত নহ'ল। তাৰ কাৰণ আছিল-আৰ্থিক সংকট, শ্ৰমিকৰ নানান সমস্যা, আৰু মৰ্গানৰ অসহযোগিতা। এইটো টেছলাৰ জীৱনৰ পাহৰিবনোৱাৰা পৰাজয় আছিল। বৈদ্যুতিক প্ৰৱাহৰ যুদ্ধ বৈদ্যুতিক প্ৰৱাহৰ যুদ্ধ নাইবা হৈছে বিজ্ঞান-ইতিহাসৰ এছোৱা উত্তপ্ত সময়। সেই সময়ত বিদ্যুৎ-পৰিবহণৰ যুঁজখনে এক চূড়ান্ত পৰ্যায়ত আৰোহণ কৰিছিল। যুঁজখন হৈছিল টমাছ আলভা এডিছনৰ একমুখী প্ৰৱাহ আৰু জৰ্জ ৱেষ্টিংহাউছৰ পৰিৱৰ্তী প্ৰৱাহৰ মাজত।একমুখী প্ৰৱাহৰ জৰিয়তে বিদ্যুৎ পৰিবহণ কৰি সফলতা লাভ কৰা টমাছ আলভা এডিছনে ১৮৮৬ চনত এক বিশেষ প্ৰত্যাহ্বানৰ সমুখীন হয়। সেই প্ৰত্যাহ্বান আহে জৰ্জ ৱেষ্টিংহাউছৰ তৰফৰ পৰা। সেইসময়তে জৰ্জ ৱেষ্টিংহাউছে পৰিৱৰ্তী প্ৰৱাহৰ এক পদ্ধতি উদ্ভাৱন কৰিছিল য'ত ট্ৰেন্সফৰ্মাৰ নামৰ যন্ত্ৰ এটি ব্যৱহাৰ হৈছিল। ট্ৰেন্সফৰ্মাৰৰ দ্বাৰা উচ্চ বিভৱভেদ নিম্ন বিভৱভেদলৈ ৰূপান্তৰ কৰিব পৰা হৈছিল। আৰু সেই নিম্ন বিভৱভেদসম্পন্ন পৰিৱৰ্তী প্ৰৱাহেৰে ঘৰৰ ভিতৰ পোহৰাব পৰা হৈছিল। আনহাতে,পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা বহু দূৰলৈকে বিদ্যুৎ শক্তিৰ পৰিবহণ সম্ভৱ হৈছিল। খুব কম সময়ৰ ভিতৰতে পৰিৱৰ্তী প্ৰৱাহৰ এই প্ৰণালীটোৱে জনপ্ৰিয়তা লাভ কৰিছিল। আৰু সেই জনপ্ৰিয়তায়েই এডিছনৰ বাবে প্ৰত্যাহ্বানৰ কাৰণ হৈ পৰিছিল। স্বাভাৱিকতেই এক প্ৰতিযোগিতাময় পৰিৱেশে সেইসময়ৰ পৃথিৱীক দুটা ভাগত বিভক্ত কৰিছিল। আৰু এডিছনে সেই যুঁজঁত জয়ী হ'বলৈ পৰিৱৰ্তী প্ৰৱাহ ভয়ংকৰ আৰু বিপদযুক্ত বুলি দাবী কৰিছিল আৰু আৰ্হিটোক দুৰ্বল বুলি কৈছিল। লগতে তেওঁলোকে একমুখী প্ৰৱাহৰ পেটেণ্টৰ বিধি উলঙ্ঘা কৰা বুলি ঘোষণা কৰিছিল। পৰিৱৰ্তী প্ৰৱাহৰ এই চমকপ্ৰদ উত্থানত বিব্ৰত হৈ এডিছনে একধৰণৰ প্ৰপাগাণ্ডামূলক প্ৰচাৰৰ পাতনি মেলে। সেই প্ৰচাৰৰ উদ্দেশ্য আছিল এটাই-পৰিৱৰ্তী প্ৰৱাহক নিষ্ফল প্ৰমাণিত কৰা আৰু ৰাইজক সেই প্ৰচাৰত পতিয়ন নিয়াবলৈ চেষ্টা কৰা। প্ৰচাৰৰ এটা অংশ হিচাপে,জীৱ-জন্তুক বৈদ্যুতিক শ্বক দিয়া হৈছিল। তেনে এক সময়তে নিউ ইয়ৰ্কে মৃত্যুদণ্ডৰ আদেশপ্ৰাপ্ত কয়দীবোৰক শাস্তি বিহিবলৈ তুলনামূলকভাৱে কম কষ্টদায়ক বিকল্পৰ সন্ধান কৰি আছিল। এডিছনো এসময়ত কঠোৰ শাস্তিৰ বিৰোধী আছিল। সেয়েহে তেওঁ পৰামৰ্শ দিলে,সেই কয়দীবোৰক পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা মৃত্যুদণ্ড বিহা হওক। তেতিয়া তেওঁলোকৰ কম সময়তে মৃত্যু হ'ব। অৱশেষত হৈছিলোঁ সেয়াই। ১৮৯০ চনত হত্যাৰ অভিযোগত অভিযুক্ত উইলিয়াম কেমলাৰ নামৰ কয়দীজনক বৈদ্যুতিক চকীত বহুৱায়েই মৃত্যুদণ্ড বিহা হয়। সেই সৰঞ্জামটো নিৰ্মাণ কৰিছিল এডিছনৰ বেতনভুগী বৈদ্যুতিক বিক্ৰেতা এজনে। ৱেষ্টিংহাউছৰ এ.চি.চালিত ,পৰিৱৰ্তী প্ৰৱাহ) পৰা তেওঁ শক্তি সংগ্ৰহ কৰি গোপনে সেই কাম কৰি আছিল। পিছে এইবোৰ কথা-কাণ্ড আৰু অপপ্ৰচাৰে পৰিৱৰ্তী প্ৰৱাহক হৰুৱাব নোৱাৰিলে। ১৮৯৩ চনত চিকাগ'ত হোৱা বিশ্ব মেলাত বিদ্যুৎ যোগান ধৰাৰ চুক্তিখনত শেষমুহূৰ্তত ৱেষ্টিংহাউছেই চহী কৰিলে। তেওঁলোকৰ হাতত পৰাস্ত হ'ল চুক্তিৰ অইন এক প্ৰতিদ্বন্দ্ব্ব্বী জেনেৰেল ইলেক্ট্ৰিক। তাৰপিছত ৱেষ্টিংহাউছে আৰু এটা গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিলে। সেয়া হ'ল নায়েগ্ৰা জলপ্ৰপাতত জলবিদ্যুৎ প্ৰকল্প সংস্থাপনৰ হেতু পৰিৱৰ্তীপ্ৰৱাহচালিত জেনেৰেটৰ নিৰ্মাণ কৰা। ১৮৯৬ চনত সেই বিদ্যুৎ কেন্দ্ৰটোৰ পৰা ২৬ মাইল নিলগত থকা নিউইয়ৰ্কৰ বাফেল'লৈকে বিদ্যুৎ পৰিবহণ কৰা হ'ল। এইটো সাফল্যক বিজুলীৰ যুদ্ধৰ অঘোষিত সমাপ্তি বুলি গণ্য কৰা হয়। তাৰ পিছৰপৰায়েই শক্তি খণ্ডত পৰিৱৰ্তী প্ৰৱাহ অপ্ৰতিদ্বন্দ্ব্ব্বী হৈ পৰে। ব্যক্তিগত জীৱন টেছলাই পুৱা ৯ বজাৰ পৰা সন্ধ্যা ৬ বজালৈকে কাম কৰিছিল। নিশা ঠিক ৮ বাজি ১০ মিনিটত নৈশাহাৰ গ্ৰহণ কৰিছিল। তেওঁ আহাৰ গ্ৰহণ কৰিছিল প্ৰথমে ডেলমাণিক' ৰেষ্টুৰাঁ আৰু শেহলৈ ৱাল্ডৰ্ফ-এষ্ট'ৰিয়া হোটেলত। টেছলাই হোটেলৰ মুখ্য পৰিচাৰকজনক টেলিফোনযোগে নৈশাহাৰৰ অৰ্ডাৰ দিছিল। সেইজন পৰিচাৰকেই টেছলাৰ খোৱাৰ দিহা লগাই দিছিল। “আহাৰ ঠিক আঠবজাৰ লগে লগে প্ৰস্তুত হ'ব লাগিব ...তেওঁ অকলেই আহাৰ গ্ৰহণ কৰিছিল। কাচিৎ কেতিয়াবা সামাজিক আচাৰ মানি চলাৰ হেতুকে কোনোবা গোটক নৈশাহাৰৰ নিমন্ত্ৰণ দিছিল...তাৰপিছত টেছলাই পুনৰ কামত ধৰিছিল। কেতিয়াবা নিশা তিনি বজালৈকে। টেছলাই প্ৰত্যেক দিনেই ৮ৰ পৰা ১০ মাইল পৰ্যন্ত খোজ কাঢ়িছিল। প্ৰত্যেক নিশায়েই টেছলাই নিজৰ ভৰিৰ আঙুলিবোৰ এশবাৰ পৰ্যন্ত পকাই দিছিল। সেই কাৰ্যই তেওঁৰ মগজুৰ স্নায়ুকোষবোৰক শক্তিদান কৰিছিল বুলি কৈছিল। বাতৰিকাকতৰ এজন সম্পাদক আৰ্থাৰ ব্ৰিছবেনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত টেছলাই কৈছিল যে-তেওঁ টেলিপেথিত বিশ্বাস নকৰে। তেওঁ মত দিছিল “ধৰি লওক, মই আপোনাক হত্যা কৰাৰ কথা ভাবিলোঁ। পিছে সেইটো কথা দেখোন আপুনি পিছমুহূৰ্ততে গম পাব। কথাটো আচৰিত নহয়নে? এইবোৰনো আমাৰ মনটোৱে কেনেকৈ জানে!” একেটা সাক্ষাৎকাৰতে টেছলাই ব্যক্ত কৰিছিল যে,সকলোবোৰ প্ৰাথমিক সূত্ৰকেই এটা মাথোন সূত্ৰত প্ৰকাশ কৰিব পাৰি। পাছৰ বছৰসমূহত টেছলা এজন নিৰামাষাহাৰী হৈ পৰিছিল। তেওঁ খাইছিল কেৱল গাখীৰ,ব্ৰেড্,মৌ আৰু পাচলিৰ ৰস। স্বীকৃতি আৰু সন্মান অনবদ্য উদ্ভাৱন আৰু কৰ্মৰাজিৰ বাবে নিক'লা টেছলাই কেইবাটাও উল্লেখযোগ্য সন্মান লাভ কৰে। এলিয়ট ক্ৰেছন পদক ১৯২৬ চনত য়ুগোশ্লাভ চৰকাৰে প্ৰদান কৰা চেইণ্ট চাভা,প্ৰথম শ্ৰেণীৰ অনুজ্ঞা ১৯৩৬ চনত য়ুগোশ্লাভিয়া চৰকাৰে প্ৰদান কৰা হোৱাইট ইগলৰ প্ৰথম শ্ৰেণীৰ অনুজ্ঞা ১৯১৭ চনত বৈদ্যুতিক অভিযন্তাৰ আমেৰিকান প্ৰতিষ্ঠান য়ে প্ৰদান কৰা এডিছন পদক ফিলাডেলাফিয়া নগৰীয়ে প্ৰদান কৰা জন স্কট পদক ৰাষ্ট্ৰীয় উদ্ভাৱকৰ খ্যাতিমন্ত শ্ৰেণীৰ প্ৰৱেশ পদক প্ৰব্ৰজনকাৰী কল্যাণ প্ৰতিষ্ঠানে প্ৰদান কৰা সন্মানীয় স্বীকৃতি-পত্ৰ জাগ্ৰেব বিশ্ববিদ্যালয়ে প্ৰদান কৰা সন্মানীয় ডক্তৰেট ডিগ্ৰী বেলগ্ৰেড বিশ্ববিদ্যালয়ে প্ৰদান কৰা সন্মানীয় ডক্তৰেট ডিগ্ৰী পয়ট্ৰিয়েছ বিশ্ববিদ্যালয়ে প্ৰদান কৰা সন্মানীয় ডক্তৰেট ডিগ্ৰী চাৰ্বিয়ান ৰয়েল একাডেমীৰ স্থায়ী সদস্য পদ ছেক ৰিপ্লাবিকৰ সৰ্বোচ্চ সন্মান শুভ্ৰ সিংহ )লাভ পেৰিছ বিশ্ববিদ্যালয়ৰ অনাৰিছ ক'জাৰ প্ৰমাণপত্ৰ নিক'লা টেছলা বঁটা বিশ্ব-প্ৰযুক্তিৰ অন্যতম শক্তিশালী মঞ্চ বৈদ্যুতিক আৰু অণুবিদ্যুৎ অভিযন্তাৰ প্ৰতিষ্ঠানে,চমুকৈ নিক'লা টেছলাৰ নামত এক বিশেষ বঁটা প্ৰদান কৰি আহিছে। বঁটাটো প্ৰৱৰ্তন কৰা হৈছিল ১৯৭৫ চনত। বিদ্যুৎ শক্তিৰ উৎপাদন আৰু প্ৰয়োগৰ ক্ষেত্ৰত উল্লেখযোগ্য কাম কৰা ব্যক্তি আৰু ব্যক্তিসকলক (তিনিজনীয়া এটা গোট) এই বঁটা প্ৰদান কৰা হয়। মৃত্যু ১৯৩৭ চনত,৮১ বছৰ বয়সত টেছলা নিউ য়ৰ্কাৰ নামৰ হোটেলৰ পৰা ওলাই ওচৰৰ গীৰ্জাঘৰ আৰু পুথিভঁৰাললৈ যায়,য'ত তেওঁ পাৰবোৰক আহাৰ যোগান ধৰিছিল। পিছে দুটামান গলিৰ সিপাৰে থকা ৰাস্তাটো পাৰ হ'ব খোজোঁতেই আহি থকা এখন টেক্সিৰ লগত টেছলাৰ সংঘৰ্ষ হয় আৰু তেওঁ ততালিকে মাজপথত বাগৰি পৰে। তেওঁৰ পিঠিত বৰকৈ আঘাত পায়,তিনিডাল সিৰা ভাঙি যায়। আঘাতৰ আটাইবোৰ তথ্য পোহৰলৈ নাহিল। কিয়নো টেছলাই চিকিৎসকক দেখুৱাবলৈ অমান্তি হৈছিল। ফলত তেওঁ কোনোদিনে পূৰ্ণভাৱে সুস্থ হৈ নুঠিল। উল্লেখযোগ্য যে,চিকিৎসকক সাক্ষাৎ নকৰাটো তেওঁৰ অন্যতম জীৱন-ৰীতি আছিল। ১৯৪৩ চনৰ ৭ জানুৱাৰিত,৮৬ বছৰ বয়সত টেছলাই নিউ য়ৰ্কাৰ হোটেলৰ ৩৩ নং মহলাৰ ৰুম নম্বৰ ৩৩২৭''ত মৃত্যু হয়। কোঠালিৰ দুৱাৰত ওলোমাই থোৱা 'আমনি নকৰিবা' নিৰ্দেশ অমান্য কৰি বনকৰা মহিলা এলিছ মনাঘান কোঠালৈ সোমাই যাওঁতেই নিক'লা টেছলাৰ নিঠৰ দেহটো চকুত পৰে। সেই নিৰ্দেশ টেছলাই দুদিন আগতেই ওলোমাই থৈছিল। সহকাৰী চিকিৎসা নিৰীক্ষক এইচ্ছ.ডব্লিউ উৱেম্বলিয়ে টেছলাৰ দেহ পৰীক্ষা কৰে আৰু মৃত্যুৰ কাৰণ ক'ৰ'নাৰি থ্ৰম্ব'চিছ বুলি চিনাক্ত কৰে। তথ্যসূত্ৰ বাহ্যিক সংযোগ বিজ্ঞানী উদ্ভাৱক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি বৈদ্যুতিক ক্ষেত্ৰৰ লগত জড়িত
65098
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A6%A8%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A6%95%20%E0%A6%AE%E0%A6%A8%E0%A7%8B%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8
বিবৰ্তনমূলক মনোবিজ্ঞান
বিবৰ্তনমূলক মনোবিজ্ঞান বা বিৱৰ্তনমূলক মনোবিজ্ঞান বা ক্ৰমবিকাশশীল মনোবিজ্ঞান হৈছে সামাজিক আৰু প্ৰাকৃতিক বিজ্ঞানৰ এক তাত্ত্বিক দৃষ্টিভঙ্গী যি আধুনিক বিকাশৰ দৃষ্টিকোণৰ পৰা মনস্তাত্বিক গঠন পৰীক্ষা কৰে। ই চিনাক্ত কৰিব বিচাৰে কোনবোৰ মানৱ মনস্তাত্বিক লক্ষণ বিকশিত হৈছে। অৰ্থাৎ, কোনবোৰ মনস্তাত্বিক লক্ষণ মানৱ ক্ৰমবিকাশত প্ৰাকৃতিক নিৰ্বাচন আৰু যৌন নিৰ্বাচনৰ দ্বাৰা উদ্ভৱ হৈছে? প্ৰকৃতিৰ মাজত অহৰহ এটা বাছনি প্ৰক্ৰিয়া চলি থাকে য’ত কেৱল যোগ্যজনহে বাচি থাকিব পাৰে। এয়াই হ’ল প্ৰাকৃতিক নিৰ্বাচন প্ৰাকৃতিক নিৰ্বাচনৰ ধাৰণাটোক যোগ্য ভোগ্য বসুন্ধৰা বুলিও কোৱা হয়। বৰ্তমান সময়ত জীয়াই থকা প্ৰাণীসমূহ একেদিনাই সৃষ্টি হোৱা নাই। নতুন পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লবলৈ প্ৰাণীসমূহে নতুন নতুন গুণ আৰু আচৰন বিকশিত কৰে। বিবৰ্তনমূলক মনোবিজ্ঞানীসকলে যুক্তি দিয়ে যে মানুহৰ বেছিভাগ আচৰণ হৈছে মনস্তাত্বিক পৰিৱৰ্তনৰ ফলাফল যি মানৱ বংশানুক্ৰমিক পৰিৱেশত বাৰে বাৰে হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে বিকশিত হৈছিল। বিবৰ্তনমূলক মনোবিজ্ঞানীসকলৰ মতে সকলো সংস্কৃতিত সৰ্বজনীনভাৱে হোৱা আচৰণ বা লক্ষণবোৰহে বিবৰ্তনীয় অভিযোজনৰ যোগ্য। যেনে আনৰ আৱেগ অনুমান কৰাৰ ক্ষমতা, স্বজনপ্ৰীতৰ পৰা স্বজনপৰিচয় নিৰ্ধাৰণ কৰা, স্বাস্থ্যকৰ সঙ্গী পছন্দ কৰা, আৰু আনৰ সৈতে সহযোগিতা কৰা আদি লক্ষণবোৰৰ বিবৰ্তন ঘটে। এই বিষয়ে বহুতো অধ্যয়ন কৰা হৈছে, আৰু আকৰ্ষণীয় ফলাফলৰ পোৱা গৈছে। উদাহৰণ স্বৰূপে, কিছু সামাজিক আচৰণ, যেনে বুদ্ধিমত্তা, শিশুহত্যা, বিবাহৰ প্ৰকাৰ, অপ্ৰৱণতা, সৌন্দৰ্যৰ ধাৰণা, যৌতুক প্ৰথা, আৰু অভিভাৱক বিনিয়োগ আদি বিষয়সমূহ বিবৰ্তনমূলক মনোবিজ্ঞানেৰে সুন্দৰ ব্যাখ্যা দিব পাৰি। ক্ৰমবিকাশশীল মনোবিজ্ঞানৰ তত্ত্ব আৰু ফলাফল অৰ্থনৈতিক, পৰিৱেশ, স্বাস্থ্য, আইন, ব্যৱস্থাপনা, মনস্তত্ত্ব, ৰাজনীতি আৰু সাহিত্যকে ধৰি বহুতো ক্ষেত্ৰত প্ৰয়োগ আছে। বিবৰ্তনমূলক মনোবিজ্ঞানৰ এক প্ৰধান সমালোচনা হৈছে যে এই বিষয়টোৱে ধৰ্মশাস্ত্ৰত বাইবেলৰ সৃষ্টিতত্ত্বৰ বিপৰিতে কিছু বাখ্যা দিয়ে। আনবোৰ সমালোচনা ল ইয়াৰ পৰীক্ষাযোগ্যতা, বোধগত, আৰু বিকাশমূলক অনুমানৰ প্ৰশ্ন (যেনে মস্তিষ্কৰ মডুলাৰিট ক্ৰিয়াকলাপ, বংশানুক্ৰমিক বা পৈতৃক পৰিৱেশ বিষয়ে বৃহৎ অনিশ্চয়তা, ইত্যাদি)। ইতিহাস বিবৰ্তনমূলক বা ক্ৰমবিকাশ মনোবিজ্ঞানৰ ইতিহাস চাৰ্লছ ডাৰউইন )ৰ সৈতে আৰম্ভ হৈছিল, যিয়ে কৈছিল যে মানুহৰ সামাজিক প্ৰবৃত্তি প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা বিকশিত হৈছে। তেওঁৰ প্ৰস্তাৱ যে জীৱৰ সকলো প্ৰজাতি সময়ৰ লগে লগে শাৰীৰিক আৰু মানসিকভাৱে বিকশিত হয়। বিজ্ঞানত ই এক ভিত্তিমূলক ধাৰণা বুলি গণ্য কৰা হয় আৰু বহুলভাৱে গ্ৰহণ কৰা হয়। ডাৰউইনৰ কৰ্মই পিছত ৱিলিয়াম জেমস আৰু মণ্ড ফ্ৰয়েড )-ৰ দৰে মনোবিজ্ঞানীসকলক অনুপ্ৰাণিত কৰিছিল। কিন্তু ২০শ শতিকাৰ বেছিভাগ মনোবিজ্ঞানীয়ে মানৱ আচৰণৰ ওপৰত অধিক গুৰুত্ব দিছিল, বংশানু আৰু পৰিবেশৰ সংযুক্ত প্ৰভাৱত কিদৰে আচৰণৰ সলনি ব পাৰে তাৰ ওপৰত বিশেষ অধ্যয়ন হোৱা নাছিল। বিবৰ্তনমূলক মনোবিজ্ঞান শব্দটো জনপ্ৰিয় কৰিছিল জেৰোম বাৰ্কো লেডা কোস্মাইডছ আৰু জন টোবি )-এ তেওঁলোকৰ ১৯৯২ চনৰ “দ্য এডাপ্টেড মাইণ্ড: ইভোল্যুশনাৰি ছাইকোলজিছ এণ্ড দি জেনাৰেশন অব কালচাৰ" নামৰ কিতাপখনৰ দ্বাৰা। ইয়াৰ আগতে ক্ৰমবিকাশশীল মনোবিজ্ঞান এক বিতৰ্কিত বিষয় আছিল, কিন্তু সময়ৰ লগে লগে বিবৰ্তনমূলক মনোবিজ্ঞানীসকলে তেওঁলোকৰ ক্ষেত্ৰখনে সামগ্ৰিকভাৱে ব্যাপক গ্ৰহণযোগ্যতা লাভ কৰে বুলি মত প্ৰকাশ কৰে। প্ৰাকৃতিক বাছনিৰ তত্ত্ববোৰ বিকশিত কৰাত চাৰ্লচ ডাৰউইনৰ একচেটিয়া কামৰ পিছত, ডাৰউইনে তেওঁৰ অন্তিম বছৰৰ বেছিভাগ সময় জন্তুৰ আৱেগ আৰু মনোবিজ্ঞান অধ্যয়নত সমৰ্পিত কৰিছিল। তেওঁ দুখন কিতাপ লিখিছিল; ১৮৭১ চনত আৰু ১৮৭২ চনত যি বিবৰ্তনমূলক মনোবিজ্ঞানৰ সৈতে সম্পৰ্কিয় বিষয়বোৰ লৈ অধ্যয়ন কৰিছিল। ডৰউইনৰ প্ৰজাতিৰ উৎপত্তি )ৰ পৰা নিম্নলিখিত উদ্ধৃতিটো প্ৰায়ে বিবৰ্তনমূলক মনোবিজ্ঞানীসকলে ক্ষেত্ৰটোৰ উৎপত্তিৰ প্ৰমাণ হিচাপে ব্যাখ্যা কৰে: ক্ৰমবিকাশৰ দৃষ্টিশক্তিৰ সমল এফালৰ পৰা আহৰণ কৰা হৈছে, এফালৰ পৰা, জৈৱ বিজ্ঞান (বিশেষকৈ ক্ৰমবিকাশতত্ত্ব তত্ত্ব যিহেতু ই প্ৰাচীন মানৱ পৰিৱেশ, পেলিঅ'নত্বআৰু জন্তুৰ আচৰণৰ অধ্যয়ন) আৰু, আনটো, মানৱ বিজ্ঞান, বিশেষকৈ দৃষ্টিবিজ্ঞানৰ সৈতে সম্পৰ্কিত। ক্ৰমবিকাশৰ বিষয়বস্তু এহাতে জৈৱ বিজ্ঞান (বিশেষকৈ ক্ৰমবিকাশ তত্ত্ব প্ৰাচীন মানৱ পৰিৱেশ, এনথ্ৰ্ৰপলজি আৰু জন্তুৰ আচৰণৰ সৈতে সম্পৰ্কিত) আৰু আনহাতে মনোবিজ্ঞানৰ পৰা আহৰণ কৰা হৈছে। বিকশিত মনস্তাত্বিক পদ্ধতি ক্ৰমবিকাশশীল মনোবিজ্ঞান এই ধাৰণাটোৰ ওপৰত আধাৰিত যে, যেনে হৃদযন্ত্ৰ, হাঁওফাঁও, যকৃত, বৃক্ক, আৰু ৰোগ প্ৰতিৰোধৰ প্ৰণালী আছে, জ্ঞানৰ কাৰ্যকৰী গঠন আছে যাৰ আনুবংশিক ভিত্তি আছে, আৰু সেয়েহে প্ৰাকৃতিক বাছনিৰ দ্বাৰা বিকশিত হৈছে। অন্যান্য অঙ্গৰ দৰে, এই কাঠামটোৱে এটা প্ৰজাতিৰ মাজত সাৰ্বজনীনভাৱে ভাগ বটোৱাৰা হয়, আৰু জীয়াই থকা আৰু প্ৰজননৰ গুৰুত্বপূৰ্ণ সমস্যাবোৰ সমাধান কৰে। ক্ৰমবিকাশশীল মনোবিজ্ঞানীসকলে ক্ৰমবৰ্ধক ইতিহাসৰ ওপৰত ভিত্ত কৰি জীৱন আৰু প্ৰজনন কাৰ্যবোৰৰ দ্বাৰা মনস্তাত্বিক প্ৰণালী বুজিব বিচাৰে। ইয়াৰ ভিতৰত থাকিব পাৰে আনৰ আৱেগ উদ্ভাৱন কৰাৰ সামৰ্থ্য, আত্মীয়ৰ সম্পৰ্ক, স্বাস্থ্যৱান সঙ্গীচিনাক্ত কৰা আৰু পছন্দ কৰা, আনৰ সৈতে সহযোগিতা কৰা, দলপতিক অনুসৰণ কৰা আদি বিষয়সমূহ। তথ্যসূত্ৰ বাহ্যিক সংযোগ
58518
https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A6%81%E0%A6%B9%E0%A7%B0%20%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AC%20%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%A8%E0%A7%B0%20%E0%A6%89%E0%A6%AA%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A7%B0
বাঁহৰ স্থায়িত্ব বৰ্দ্ধনৰ উপাচাৰ
উপাচাৰবিহীন বাঁহ বহু কম সময়ৰ বাবেহে ভাল হৈ থাকে (২ বছৰৰ পৰা ৫ বছৰ)। বগা পচন, কোমল পচন, ভেঁকুৰ, চিদ্ৰকাৰী পোক, উঁই পৰুৱা আদিৰ প্ৰতি বাঁহ যথেষ্ট সংবেদনশীল। এই জৈৱ কাৰকসমূহৰ কাৰণেই বহু মজুত ৰখা বাঁহ নষ্ট হৈ যায়। বাঁহ হেমিচেলুল’জ, পেণ্ট’জেনচ্, লিগনিন আৰু প্ৰচুৰ পৰিমাণৰ জলীয় কণাৰে গঠিত। বাঁহৰ বহি: ত্বকীয় স্তৰত চিলিকা থাকে কিন্তু আন অংশত ইয়াৰ অৱস্থিতি দেখা নাযায়। ৰেজিন, মম অৰু টেটিল বহু কম পৰিমাণে বাঁহত থাকে আৰু প্ৰাকৃতিক স্থায়িত্ব প্ৰদানত কোনো অৰিহণা নিদিয়ে। যথেষ্ট পৰিমাণৰ শ্বেতসাৰৰ উপস্থিতিয়ে বাঁহক দাগ কাৰক ভেঁকুৰ আৰু ঘুন পোকৰ আক্ৰমণৰ প্ৰতি সংবেদনশীল কৰি তোলে। এনেবোৰ কাৰণতেই বাঁহ আৰু বাঁহৰ সামগ্ৰীৰ ব্যৱহাৰিক স্থায়িত্ব বৃদ্ধিৰ বাবে বিশেষ উপাচাৰ গ্ৰহণ কৰা হয়। বাঁহৰ উপাচাৰক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়। কেঁচা বাঁহৰ উপাচাৰ আৰু শুকান বাঁহৰ উপাচাৰ। বাঁহৰ উপাচাৰৰ কিছুমান পৰম্পৰাগত প্ৰণালীও আছে। এই প্ৰণালীসমূহত ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ কৰা নহয়। পৰম্পৰাগত পদ্ধতি পৰম্পৰাগত পদ্ধতি উপাচাৰ বিষাক্ত নহয় আৰু এই উপাচাৰে কিছু পৰিমাণে বাঁহক প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে। পৰম্পৰাগত পদ্ধতি উপাচাৰে ভেঁকুৰ, উঁই পৰুৱা আদি প্ৰাকৃতিক কাৰকৰ বিপক্ষে সিমান ভাল সমাধান দিব নোৱাৰে। ক্ষুদ্ৰ পৰিসৰৰ বাবেহে এই পদ্ধতি সুবিধাজনক। উপাচাৰৰ পৰম্পৰাগত পদ্ধতিসমূহ হ’ল শ্বেতসাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা, ধুমায়িতকৰণ, জুইত সেকা, প্ৰ্লেপ লগোৱা আদি। কটা বাঁহৰ শ্বেতসাৰ পৰিমাণ নিয়ন্ত্ৰণ চিদ্ৰকাৰী পোক আৰু দাগকাৰক ভেঁকুৰসমূহ প্ৰধানকৈ আকৰ্ষিত হয় বাঁহত থকা শৰ্কৰাৰ প্ৰতি। কম শৰ্কৰাযুক্ত বাঁহ জৈৱ ক্ষয়কৰণ কাৰকৰ প্ৰতি গুণগতভাৱে প্ৰতিৰোধী। বাঁহত শৰ্কৰাৰ পৰিমাণ কমাবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰা হয়: নিম্ন শৰ্কৰা স্থিত ঋতুত বাঁহ কটা শুকান ঋতুত বাৰিষা কালতকৈ শৰ্কৰাৰ পৰিমাণ বেছি থাকে। সেয়ে বাৰিষা কালৰ পিছত বাঁহ কটা হয়। পৈণত বাঁহ কটোৱা বা চপোৱা বাঁহত থকা শৰ্কৰাৰ পৰিমাণ বয়সৰ লগেত সলনি হৈ থাকে। যদিও প্ৰথম বছৰ বাঁহত থকা শৰ্কৰাৰ পৰিমাণ কম; বাঁহৰ শক্তি নিম্নমানৰ হয়। ইয়াৰ পাছত শৰ্কৰাৰ পৰিমাণ বেছি থাকে। পৈণত অৱস্থাত আকৌ বাঁহত থকা শৰ্কৰাৰ পৰিমাণ কমি যায়। সেয়ে ৩-৪ বছৰৰ ওপৰৰ পৈনত বাঁহহে কটা হয়। বাঁহৰ কাণ্ডৰ বাষ্পমোচন বাঁহ কটাৰ পাছত বাঁহবো ডাল-পাতৰ সৈতে হেলনীয়াকৈ ৰখা হয় যাতে কটাৰ পাছত কেইবাদিনলৈও জীয়াই থকা প্যাৰেনক্যাইমা কোষবোৰে বাঁহত সঞ্চয়িত খাদ্য সম্ভাৰ ব্যৱহাৰ কৰিব পাৰে। এনে কৰিলেও শৰ্কৰাৰ পৰিমাণ কমি যায়। পানীত নিমজ্জন পানীত পূৰ্ণসিক্ত কৰি ৰাখিলে বাঁহত থকা দ্ৰৱণীয় পৰিপুষ্টি পদাৰ্থবোৰ ওলাই যায়। বাঁহবোৰ কেইবা সপ্তাহো পুখুৰী, নদী আদিৰ পানীত নিমজ্জিত কৰি ৰাখি সম্পূৰ্ণ এসপ্তাহ মাহ ছাঁত শুকোৱা হয়। ধুমায়িতকৰণ বায়ু সঞ্চালিত কোঠাত ৰাখি বায়ু নিস্কাষাণ কৰি বাঁহবোৰ শুকুৱাই স্থায়িত্ব বঢ়োৱা হয়। জুইত সেকা গোটা বাঁহৰ ওপৰত তেল লগাই জুইত সেকিও পৰম্পৰাগতভাৱে বাঁহ সংৰক্ষণ কৰা হয়। বৰ্হি ভাগত তেল লগাই জুইত সেকিলে বহি: কোষৰ দ্ৰুত শুস্কিকৰণ ঘটে। ই কোষৰ আংশিক জ্বলন আৰু শৰ্কৰাৰ বিগলন বা বিয়োজন ঘটায়। গোটা বাঁহ কম জুইত একেৰাহে ঘূৰাই ঘূৰাই সেকা ভাল। বেছিকৈ শুকুৱালে বা বেছি তাপ প্ৰয়োগ কৰিলে বাঁহৰ ক্ষতিহে হয়। এই পদ্ধতিৰ যোগেদি গোটা বাঁহক পোন ও কৰিব পাৰি। প্ৰলেপ লগোৱা বিভিন্ন ধৰণৰ প্ৰলেপ প্ৰয়োগ কৰিও বাঁহৰ স্থায়িত্ব বঢ়োৱা হয়। ৰা, চূণ, ৰা আৰু চূণ, ৰা আৰু বালি আদিৰ প্ৰলেপ প্ৰয়োগ কৰিব পাৰি। বাঁহৰ যিফালেদি জৈৱ ক্ষৰণ কাৰক সোমাই যোৱাৰ সম্ভাৱনা থাকে তাতেই এই প্ৰলেপ লগাই অভেদ্য আৱৰণ সৃষ্টি কৰা হয়। সাধাৰণতে বাঁহৰ কটা অংশত, মুক্ত পাবত, ঘঁহনি খাই যোৱা অংশত, ফটা আৰু কটা মূৰত এই প্ৰলেপসমূহ একেৰাহে প্ৰয়োগ কৰা হয়। ৰাসায়নিক পদ্ধতি পৰম্পৰাগত পদ্ধতি চিদ্ৰকাৰী পোকৰ বিপক্ষে যদিও উপযোগী হ’লেও ই উঁই পৰুৱা আৰু ভেঁকুৰৰ আক্ৰমণ ৰোধ কৰাত সক্ষম নহয়। এইবোৰ ক্ষেত্ৰত ৰাসায়নিক পদ্ধতি যথেষ্ট উপযোগী। বাঁহৰ বহি: ভাগত পানী বিৰোধী তৰপ থাকে আৰু অন্ত: ভাগত চুবেৰিণ থাকে যাৰ ফলত তৰলৰ অন্তৰ্গমন অসম্ভৱ। এই কাৰণতে কেৱল কাণ্ডৰ কটা মূৰৰ নলিকাদিয়েই ৰাসায়নিক সংৰক্ষকৰ প্ৰৱেশ ঘটাব পাৰি। বাঁহক সুৰক্ষা দিবলৈ প্যাৰেনক্যাইমা আৰু আঁহবোৰৰ মাজত ৰাসায়নিক সংৰক্ষকৰ প্ৰৱেশ ঘটোৱা হয়। কেঁচা বাঁহৰ উপাচাৰ কেঁচা বাঁহ কটাৰ পাছতেই ইয়াৰ স্থায়িত্ব বৰ্দ্ধনৰ বাবে বহুত উপাচাৰ গ্ৰহণ কৰিব পাৰি। থিয়কৈ জুবুৰিয়াই ৰখা বাঁহ কটাৰ পাছতেই ডাল-পাতেসহ ৫-১০% জল বাহিত ৰাসায়নিক সংৰক্ষক থকা পাত্ৰত গুৰি অংশ ডুবাই থিয়কৈ ৰাখি থোৱা হয়। বাঁহৰ পাতত হোৱা বাষ্পমোচনৰ ফলত হোৱা সোঁতৰ টানে পাত্ৰৰ থকা ৰাসায়নিক সংৰক্ষক বাঁহৰ ভিতৰলৈ শুহি নিয়ে। বাঁহৰ গুৰি অংশ প্ৰায় ২৫ ছেণ্টিমিটাৰ দৈৰ্ঘ্য সংৰক্ষক দ্ৰৱণত ডুবাই ৰখা হয়। সংৰক্ষক যেতিয়া সম্পূৰ্ণকৈ বাঁহৰ কোষ কলাৰ মাজলৈ সোমাই যায় তেতিয়া সাধাৰণতে গাঁঠি আৰু কটা অংশত সংৰক্ষক দ্ৰৱণৰ টোপাল দেখিবলৈ পোৱা যায়। পূৰ্ণ সিক্তকৰণ পূৰ্ণ সিক্তকৰণ উপাচাৰ পদ্ধতিত ফলা আৰু সৰু সৰুকৈ ফলা বা চটা কৰা বাঁহৰ টুকুৰা চৰিয়া আকৃতিৰ পাত্ৰ বা জলাধাৰত ৰখা সংৰক্ষক দ্ৰৱণত নিমজ্জিত কৰি ৰখা হয়। বৃক্ষৰস স্থানান্তৰ এই পদ্ধতিত সতেজ গোটা বা ফলা বাঁহ ১০% জলীয় জলবাহিত কাঠ সংৰক্ষক থকা পাত্ৰত ২৫ চেণ্টিমিটাৰ ডুবাই থিয়কৈ ৰখা হয়। বৃক্ষৰস যেতিয়া ওপৰলৈ উঠে তাৰ লগে লগে শলিতা প্ৰক্ৰিয়াৰে সংৰক্ষক দ্ৰৱণো ওপৰলৈ উঠিব যায়। নিৰ্দিষ্ট সময়ৰ মূৰেমূৰে পাত্ৰত নতুন পৰিমাণৰ সংৰক্ষক দ্ৰৱণ দি সংৰক্ষকৰ সমতা নিয়ন্ত্ৰণ ৰখা হয়। যদিহে বাঁহৰ টুকুৰাটো দীঘলীয়া হয় তেতিয়া উপাচাৰৰ কাৰণে তুলনামূলক ভাৱে দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। প্ৰসাৰণ বা পৰিব্যাপ্তি প্ৰক্ৰিয়া প্ৰসাৰণ বা পৰিব্যাপ্তি প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিও কেঁচা বাঁহৰ স্থায়িত্ব বৰ্দ্ধন কৰা হয়। এই প্ৰক্ৰিয়াত উচ্চ জলীয়কণাযুক্ত নতুনকৈ কটা বাঁহকাণ্ড জল-বাহিত সংৰক্ষক দ্ৰৱণত কিছুদিনৰ কাৰণে ডুবাই ৰখা হয়। এনে কৰিলে প্ৰয়োজনীয় পৰিমাণৰ সংৰক্ষক বাঁহত প্ৰৱেশ কৰে। সংৰক্ষকৰ সন্তুষ্টিজনক প্ৰসাৰণ ১০-২০ দিনৰ ভিতৰতে পোৱা যায়। ফলাবাঁহত গোটা বাঁহতকৈ সংৰক্ষকৰ পৰিশোষণ আৰু অন্তৰ্গমন বেচিকৈ হয়। উচ্চ হাৰত মজুত আৰু উপযুক্ত অন্তৰ্গমনৰ কাৰণে বাঁহৰ গাঁঠিৰ ওচৰত বিন্ধা কৰা হয়॥ বাউচেৰি পদ্ধতি বাউচেৰি পদ্ধতিত যন্ত্ৰৰ দ্বাৰা বায়ু চাপ প্ৰয়োগ কৰি সংৰক্ষক দ্ৰৱণ সম্পূৰ্ণ দৈৰ্ঘ্যৰ বাঁহৰ কোষ কলাৰ মাজেৰে সুমুৱাই দিয়া হয়। ফৰাচী উদ্ভাৱক আগষ্টে বাউচেৰিয়ে এই আহিলাবিধ সাজি উলিয়ায় আৰু তেখেতৰ নামৰ লগত সংগতি ৰাখি ইয়াক “বাউচেৰি প্ৰণালী” বুলি কোৱা হয়। ইয়াৰ পিছত ভাৰতত পুৰুষোত্থম আৰু সহযোগীসকলে সাধাৰণ চাইকেলৰ বায়ু পাম্প ব্যৱহাৰ কৰি বাঁহৰ উপাচাৰৰ কাৰণে ইয়াৰ বিকাশ কৰে। পুৰুষোত্থম আৰু সহযোগীসকলৰ এই পদ্ধতিক “পৰিৱৰ্তিত বাউচেৰি উপাচাৰ” নামেৰে জনা যায়। বাউচেৰি পদ্ধতি ২৪ঘণ্টাৰ ভিতৰত কটা কেঁচা বাঁহক ডাল-পাতৰ সৈতে আৰু ডাল-পাত নথকাকৈ, দুই ধৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। এই উপাচাৰ পদ্ধতিৰ বাবে বৰ্তমানে বহুত উন্নত আহিলাত যেনে ভৰি পাম্প বৈদ্যুতিক পাম্প আদি আছে। যিহেতু সংৰক্ষক সম্পূৰ্ণভাৱে বাঁহৰ কলা কোষৰ মাজত আৱদ্ধ কৰা হয়, সেয়ে এই উপাচাৰ প্ৰণালী বিপদমুক্ত আৰু পৰিৱেশ বন্ধুত্বপূৰ্ণ। শুকান বাঁহৰ উপাচাৰ পূৰ্ণ সিক্তকৰণ বতাহত শুকোৱা বাঁহ সংৰক্ষক দ্ৰৱনত (তেল বা দ্ৰাৱক প্ৰকৃতিৰ) সাময়িক ভাৱে ডুবাই ৰখা হয়। গৰম ঠাণ্ডা পদ্ধতি শুকান বাঁহক গৰম কৰা পাত্ৰত ভৰাই গৰম কৰি পাত্ৰটোত গৰম ক্ৰিয়োজেটঃ ইন্ধন তেল মিশ্ৰণেৰে ভৰাই দিয়া হয়। উষ্ণতা বঢ়াই পিছত সংৰক্ষক ঠাণ্ডা কৰা হয়। চাপ উপাচাৰ চাপ উপাচাৰত চাপ প্ৰয়োগ কৰি সংৰক্ষক দ্ৰৱ বাঁহত ভৰাই দিয়া হয়। পূৰ্ণকোষ বা বিথেল পদ্ধতি বাঁহ কাণ্ডবোৰ চুঙাকৃতিৰ চাপ পাত্ৰত ভৰাই পাত্ৰৰ মুখখন বন্ধ কৰি শূন্য চাপ সৃষ্টি কৰা হয় আৰু পাত্ৰটোত সংৰক্ষক ভৰাই দিয়া হয়। সম্পূৰ্ণকৈ সংৰক্ষকেৰে পাত্ৰটো ভৰ্তি হলে চাপ পুনৰ সৃষ্টি কৰা হয়। শূন্যকোষ পদ্ধতি এই প্ৰক্ৰিয়াত চুঙাকৃতিৰ চাপ পাত্ৰত বাঁহ ভৰাই ঢাকনি বন্ধ কৰি দিয়া হয়। বাঁহৰ কোষ আৰু চিলিণ্ডাৰত বায়ু থাকিবলৈ দিয়া হয় আৰু চাপ প্ৰয়োগ কৰি সংৰক্ষক দ্ৰৱনেৰে চিলিণ্ডাৰটো ভৰাই দিয়া হয়। চাপ এৰি দি শেষত এবাৰ শূন্য চাপ সৃষ্টি কৰি নিগৰি থকা সংৰক্ষক আতঁৰোৱা হয়। ৰং দিয়া ৰং কৰিও শুকান বাঁহক জৈৱ আক্ৰমণৰ পৰা বচোৱা হয়। চাটিমৰা ৰাসায়নিক সংৰক্ষকৰ চাটি মাৰিব আৰু ইয়াৰ পিছত প্লাষ্টিক চিটেৰে ঢাকি শুকান বাঁহক সংৰক্ষণ কৰা হয়। তথ্য উৎস বাঁহ
70782
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A7%B0%E0%A6%AE%E0%A7%81%E0%A6%A3%E0%A7%8D%E0%A6%A1%20%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0
নৰমুণ্ড চিকাৰ
নৰমুণ্ড চিকাৰ অভিযান হৈছে লোককৃষ্টিৰ অন্তৰ্ভুক্ত এটি তাৎপৰ্যপূৰ্ণ পৰম্পৰা, য'ত মানুহৰ সৈতে যুদ্ধ কৰি পৰাজিতসকলৰ মূৰ কাটি সন্মান বা ট্ৰফীৰ নিচিনাকৈ গৌৰৱত লৈ যোৱা হয়। উত্তৰ-পূব ভাৰততো বিংশ শতিকালৈকে এই প্ৰথা প্ৰচলন আছিল। বিভিন্ন জনগোষ্ঠী অসমৰ উত্তৰ-পূৰ্বাঞ্চলত বাস কৰা ৱাংচুসকলে অতীজত নৰমুণ্ড চিকাৰৰ পাতনি মেলিছিল আৰু নমুণ্ডবোৰ মুৰাঙত (ডেকাচাং) সজাই যাদুঘৰৰ সৃষ্টি কৰিছিল। মূৰ চিকাৰ অভিযানৰ মাধ্যমেদি প্ৰকাশ পাইছিল পুৰুষৰ পুৰুষত্ব, ৰণকৌশলৰ পৰিপক্বতা আৰু বীৰত্বৰ চূড়ান্ত নিদৰ্শন; যাৰ অবিহনে বীৰসকলে সমাজৰ পৰা পুৰস্কাৰ স্বৰূপে পাইছিল ঘৃণা আৰু তেনে ব্যক্তিক কাপুৰুষ বুলি গণ্য কৰা হৈছিল। ৱাংচুসকলৰ মূৰ চিকাৰৰ বহুতো কাৰণ আছিল। শত্ৰুৰ প্ৰবল আক্ৰমণৰপৰা গাঁও ৰক্ষা কৰিবলৈ, শস্যতলি সাৰুৱা কৰিবলৈ আৰু সবল গাঁওবোৰ দুৰ্বল গাঁওবোৰৰ ওপৰত কৰা উৎপীড়নৰপৰা ৰক্ষা পাবলৈ ভাংচুৱে এনে ধৰণৰ দুৰ্ধৰ্ষ অভিযান কৰিবলৈ বাধ্য হৈছিল। ইতিহাস ৱাংচু সমাজত এই অভিযান কেতিয়াৰপৰা আৰম্ভ হ'ল এতিয়ালৈকে জানিব পৰা নাই। ভাৰত আৰু ব্ৰহ্মদেশৰ মাজত থকা আন্তৰ্জাতিক সীমা বেখাৰ ওচৰত খাচা আৰু নাইচিচা, কামকা আৰু জাংগন নামে গাঁওকেইখনৰ মাজত ১৯৫২ চনত সংঘৰ্ষিত হোৱা অভিযানেই শেষ নৰমুণ্ড চিকাৰ অভিযান, যাৰ ফলত মাত্ৰ তিনিটা নৰমুণ্ডহে আনিব পাৰিছিল। অতীতত টিপ আৰু টুৱেনচাং জিলাৰ মাজত ৰাজনৈতিক আৰু ভৌগোলিক সীমা নিৰ্ধাৰণ নোহোৱাত দুয়ো অঞ্চলৰ অধিবাসীসকলৰ মাজত প্ৰায়েই অন্তৰ্দ্বন্দ্ব হৈ ৰণত পৰিণত হৈছিল। সবল গাঁওবোৰ দুৰ্বল গাঁওবোৰত আক্ৰমণ চলাই শান্তি ভংগ কৰিছিল। দুৰ্বলীলোকৰ কৃষিকৰ্মৰ পথাৰখনেই আছিল নৰমুণ্ড চিকাৰৰ অন্যতম ক্ষেত্ৰ। অৱশ্যে মাছ মৰা ঠাই, জান-জুৰি, নৈ, গাঁও,আবাদি ভূমিখণ্ডও আছিল মূৰ চিকাৰৰ কেন্দ্ৰস্থল। তেওঁলোকে শত্ৰুৰ বাবে প্ৰতি পলে পলে নিজৰ মূৰ আগ কৰি থ'ব লাগিছিল। সাধাৰণতে ৱাংচুসকলে ইচ্ছা কৰি গাঁও আক্ৰমণ কৰিবলৈ মন মেলা নাছিল। কাৰণ ইয়াৰ ফলত অসংখ্য নৰমুণ্ড হেৰুৱাব লগা হৈছিল। এখন গাঁৱে কেতিয়াবা এটা বা একাধিক মূৰ হেৰুৱাব লগা হ'লে,শত্ৰুৰ গাঁৱৰপৰা সেই পৰিমাণে মূৰ ফিৰাই আনিবলৈ বদ্ধপৰিকৰ হৈ পৰিছিল। দুয়োেপক্ষই মানসিক ভাৰসাম্য হেৰুৱাই যুদ্ধত নামিবলগীয়া হৈছিল। যুদ্ধত জয়ী হৈ নৰমুণ্ড আৰু বন্যজন্তু চিকাৰ কৰি মূৰ আনিব পৰাটো ৱাংচু সমাজৰ বৰ গৌৰৱৰ কথা। মূৰ চিকাৰ অভিযানৰ শেষত দুয়োপক্ষই নিজ নিজ গাঁৱৰ মূৰবোৰ পাবলৈ দাবী কৰে। এনে ক্ষেত্ৰত যেতিয়া দুয়োপক্ষই সিদ্ধান্তলৈ আহিব নোৱাৰে; তেতিয়া মধ্যস্থতাকাৰী গাঁৱৰ আশ্ৰয় ল’বলগীয়া হৈছিল। মধ্যস্থতাকাৰী গাঁৱে আইনগত বিচাৰ কৰি সু-মীমাংসা কৰিব নেৱাৰিলে যুদ্ধ কৰিবলগীয়া হৈছিল। এইটো প্ৰণিধানযোগ্য যে দুখন বিবাদী গাঁৱৰ সীমা নিৰ্ধাৰণ কৰিছিল গাঁও দুখনৰ দুখন দাৰে। দুৰ্বলতা আৰু সুবিধা লৈ এটা পক্ষই আন এটা পক্ষক আক্ৰমণ কৰি নৰহত্যা কৰি নৰমুণ্ড হাতত লৈ ৰণনৃত্য কৰিলেও; আনহাতেদি নৰমুণ্ড হেৰুৱাই শোকাক্লিষ্টও হৈছিল। তিৰোতা মানুহ কাদচিৎহে মূৰ চিকাৰৰ কাৰণ হৈ পৰিছিল। গাঁৱৰ মুখিয়াল বা গাঁও প্ৰধানৰ বাদে আন গাঁৱৰপৰা বিবাহিতা নাৰী হৰণ কৰিলে, দুয়োখন গাঁৱৰ মাজত অহা-যোৱা আৰু বিনিময় পথ যুদ্ধ হৈছিল। ইয়াৰ ফলত দুখন গাঁৱৰ মাজত মহাৰণ সংঘটিত হৈছিল। তিৰোতাকো এই ক্ষেত্ৰত ৰেহাই দিয়া নহৈছিল। কোনো তিৰোতাই বিবাদী গাঁৱৰ সীমা পাৰ হ'লেই, তেওঁক বিনাদ্বিধাই শিৰশ্ছেদ কৰিছিল। ৱাংচুসকলৰ আন্তঃগাঁৱৰ মাজত ঐক্যৰ শিকলিডাল বৰ সুদৃঢ় আছিল। সেয়েহে শত্ৰুৰদ্বাৰা আক্ৰান্ত গাক ওচৰ-চুবুৰীয়াই শস্য, গৰু, মেঠোন আৰু অন্যান্য প্ৰয়োজনীয় বস্তুৰে সাহায্য আগবঢ়াইছিল। মূৰ হেৰুৱাই শোকাকুল হোৱা পৰিয়ালক সমবেদনা জনাইছিল। ৱাংচুৰ এনে আৰ্হি আদৰ্শনীয়। ৰণক্ষেত্ৰত সহায় কৰিবলৈ অহা আন্তঃগাঁৱেও একাধিক নৰমুণ্ড পোৱাৰ সুযোগ আছিল। অৱশ্যে সাহায্য দিয়া গাঁৱখনে যুদ্ধত অনা নৰমুণ্ডবোৰৰ ওপৰত কোনো দাবী কৰিব নোৱাৰিছিল। ৱাংচু সমাজত গাঁও-প্ৰধানৰ স্থান তথা ক্ষমতা গাঁৱৰ ভিতৰত সৰ্বোচ্চ। অৱশ্যে কোনোৱে ক্ষমতাৰ অপব্যৱহাৰ কৰি অত্যাচাৰীও হৈছিল। গাঁও-প্ৰধানে নতুনকৈ খাজনা লগাব, জৰিমনা কৰিব, গুৰুতৰ অপৰাধত কঠোৰ শাস্তি বিহিব, বহু কন্যা বিবাহ কৰাব আৰু দোষীক গাঁৱৰপৰা বহিষ্কাৰ কৰিব পাৰিছিল। তেওঁৰ অবিহনে গাঁও সুৰক্ষিত তথা সুশৃংখলিত নহৈছিল। সেয়েহে তেওঁ এনে ৰণ অভিযানত প্ৰায়েই অংশগ্ৰহণ নকৰিছিল। কাৰণ গাঁও-প্ৰধানৰ মূৰ হেৰুৱাটো তেওঁলোকৰ বাবে লজ্জাজনক আৰ দুৰ্ভাগ্যজনক। কেতিয়াবা তেওঁৰ মূৰ শত্ৰুৱে নিয়াৰ লগে লগে তেওঁৰ দলে ভয়ত নেতৃত্বহীন হৈ পিয়াপি দি পলাইছিল। গাঁও-প্ৰধানজন গাঁও শাসনত যিদৰে পৰিপক্ব,সেইদৰে ৰণকৌশলতো পৈণত। গাঁওপ্ৰধানজন অবিবেচক হলে বা অন্য গাঁও আক্ৰমণ কৰাত হস্তক্ষেপ কৰিলে; গাঁওবাসী আৰু গাঁও-প্ৰধানৰ মাজত মতদ্বৈত হৈ ৰণ-বিগ্ৰহলৈ ৰূপান্তৰিত হৈছিল; যাৰ ফলত সবল বা দুৰ্বল গৱে অশেষ নিকাৰ ভুঞ্জিব লগা হৈছিল। এবাৰ আক্ৰমণত প্ৰবৃত্ত হোৱা গাঁৱৰ লোকসকল ৰণকৌশলত বিভজ্ঞ হৈছিল আৰু হঠাৎ হোৱা আক্ৰমণ কম সময়ৰ ভিতৰতে বাধাগ্ৰস্ত কৰিব পাৰিছিল। ভাংচুৰ বয়োজ্যেষ্ঠসকলেৰে গঠিত মন্ত্ৰণা সভাৰআলোচনাক্ৰমে গাঁও-প্ৰধানে নমুণ্ড চিকাৰৰ পাতনি মেলিছিল। কালক্ৰমত এনে ধৰণৰ গধুৰ দায়িত্ব মুৰাং বা ডেকাচাংবোৰলৈ হস্তান্তৰিত হৈছিল। ৱাংচুসকলৰ মৰাং আছিল আবিয়ৈসকলৰ ৰাতিৰ আৱাসস্থল, কলা-কৃষ্টিৰ প্ৰশিক্ষণ কেন্দ্ৰ, য’ত যুদ্ধ বিদ্যাৰ আখৰা কৰা হৈছিল, সু-গৃহস্থী হোৱাৰ অভিজ্ঞতা পাইছিল, ৰাতি গাঁৱৰক্ষী বাহিনী কৰ্তব্য পালন কৰি গাঁও শান্তিত ৰাখিছিল, কৃষিকৰ্মৰ প্ৰশিক্ষণ পাইছিল, লোক সাহিত্যৰ চৰ্চা কৰিছিল আৰু আন্তঃগাঁৱৰ মাজত সংহতি স্থাপন কৰিছিল। বিভিন্ন পৰম্পৰা ৱাংচুৱে যুদ্ধযাত্ৰা কৰাৰ আগতে পুৰোহিতৰদ্বাৰা মঙ্গল চাই শুভাশুভ নিৰ্ণয় কৰিছিল। পুৰোহিতে কলপাত এখন, কেইবাডোখৰ কৰি গাঁঠি দিছিল আৰু ইয়াৰদ্বাৰা ৰণযাত্ৰাৰ পৰিণতিৰ শুভাশুভ ইঙ্গিত দিছিল। এনে ধৰণৰ চিয়াৰত ক্ৰিয়াকাণ্ডকাৰীজন নিশ্চিত হলেই আক্ৰমণত জয়ী হ'ব বুলি দৃঢ় বিশ্বাস কৰিছিল। মঙ্গলে অশুভ বুলি ঠাৰ দিলেই মূৰ কটা অভিযান বন্ধ ৰাখিছিল। যুঁজাৰুসকলৰ সাজ-পাৰবোৰৰৰ বৈশিষ্ট্য আছিল। যুঁজাৰুৰ হাতত দা, যাঠী, বন্দুক আৰু বৰ্ম অপৰিহাৰ্য। শিৰত গাহৰিৰ নোম আৰু দাঁতেৰে তৈয়াৰী জাখৰ আৰু কাণৰ লতিত ছাগলীৰ দাঁত ওলোমাই শোভাবৰ্ধন কৰিছিল। গাৰ বিশেষ অংগত উল্কি দিয়াৰো প্ৰথা আছিল। গাঁৱৰ সকলো মানুহ যুদ্ধলৈ যোৱাটো নিষিদ্ধ। ‘নিউমাই’ নামৰ এটি বিশেষ দলে প্ৰথমে মূৰ কটা অভিযানৰ ভূমিকা ল'ব লাগিছিল। অভিজ্ঞ নিউমাই দলৰ সহযোগী দলক ফানু’ বোলা হৈছিল, যি দলে নিউমাই দলৰপৰা ৰণ-কৌশল শিকি ল’ব লাগিছিল। বন্দুকটো কান্ধত দুয়োফালে সমানে ৰাখি, দাৰ নালত খামুচি ধৰি নিঃশব্দে কেইবাটাও শাৰী হৈ যুঁজলৈ আগবঢ়াৰ প্ৰথা আছিল। শত্ৰু আক্ৰমণৰ বেলা তেওঁলোেক আঘাতপ্ৰাপ্ত বাঘিনীজনীৰ দৰে ক্ৰোধান্বিত হৈ পৰিছিল। তেওঁলোকেজোপোহাৰ আঁৰ লৈ শত্ৰুৰ আলেখ-লেখ চাই আছিল আৰু সময় উপস্থিত হলেই, প্ৰথমজনে দ্বিতীয়জনলৈ এখিলা গছপাত ছিঙি দিয়াৰ ৰীতি আছিল। পাতখিলা হাত বাগৰি শাৰীটোৰ শেষৰ যুঁজাৰুজনৰ হাতত পৰিছিলগৈ। শত্ৰুৱে গম পাব নোৱাৰাকৈ নিস্তব্ধ হৈ থাকিবলৈ কোৱাই গছপাতখিলা পঠোৱাৰ অৰ্থ। হঠাৎ ইঙ্গিত পালেই যুঁজাৰুহঁতে বন্দুক খাঁজে আৰু শত্ৰুৰ ওপৰত বাঘৰ লেখীয়াকৈ জঁপিয়াই পৰে। ইয়াৰ লগে লগে ৰণ আহ্বান ধ্বনি দি শত্ৰুলৈ গুলী নিক্ষেপ কৰে, দাৰে নৰমুণ্ড কাটে,আৰু যাঠিৰে খোঁচে। ছিঙা মূৰবোৰ একাষত গোটাই শত্ৰুৰ গাঁৱলৈ তীব্ৰবেগে গৈ গাঁওখন জুই লগাই পুৰি পেলাইছিল। ভঁৰালবোৰ ভাঙি পেলাইছিল আৰু পোহনীয়া জীৱ- জন্তুবোৰ খেদাই নিজ গাঁৱলৈ লৈ আহিছিল। আক্ৰমণৰ শেষত খাঙত ভৰাই শত্ৰুৰ মূৰ, হাত, ভৰি আদি হৰ্ষোক্কাসে নৃত্য-গীতেৰে দশোদিশ কঁপাই তুলিছিল। নৰমুণ্ডবোৰ যি কোনোৱে অনা নিষিদ্ধ। গাঁও-প্ৰধানজনৰ মূৰ সাধাৰণ মানুহে অনাত বাধা আছিল। অজ্ঞাতে কোনো বীৰে এনে ভুল কৰিলে গালি-শপনি পাৰিছিল আৰু জীৱিত কালত ৰাহ,কুকুৰা, ছাগলী আদি খোৱাৰপৰা বঞ্চিত হৈছিল। এনে নীতি মানি নচলিলে কুষ্ঠ ৰোগ হয় বুলি তেওঁলোকে দৃঢ় বিশ্বাস কৰিছিল। উল্লেখযোগ্য যে শত্ৰুৰ মূৰ কাটি যুঁজাৰুৱে পিতল বা কাঠৰ খোদিত কৃত্ৰিম মূৰ ডিঙিত ওলোমাই পিন্ধিব লাগিছিল। শত্ৰুৰ হাত কাটি অনা বীৰে কাঠৰ তৈয়াৰী কৃত্ৰিম হাত এখন ডিঙিত ওলোমাই লৈ ফুৰিছিল আৰু ভৰি কটা বীৰে অবিকল কাঠৰ ভৰি এখন খাওত ভৰাই লোৱাৰ প্ৰথা আছিল। শত্ৰুৰ মূৰবোৰ গাঁৱলৈ আনি গাঁও-প্ৰধানজনৰ গৃহৰ সন্মুখত দীঘল বাঁহ এডাল পুতি মুণ্ডবোৰ থিয় কৰি ৰাখিছিল। নৰমুণ্ডবোৰ চিনাক্ত কৰিবৰ বাবে লাওখোলাই প্ৰতি এটা বা ততোধিক ফুটা কৰিছিল। ইয়েই প্ৰমাণ কৰিছিল যে কোনটো মূৰ গাঁও-প্ৰধানৰ তথা গাঁও-প্ৰধানৰ পৰিয়ালৰ। অন্যান্য ফৈদৰ ব্যক্তিৰ মুকুটতহে বিন্ধা দিয়াৰ ব্যৱস্থা আছিল। চিকাৰ অভিযন সমাপ্তিৰ পাঁচদিনৰ পাছত সৰ্বসাধাৰণ লোকৰপৰা পৃথক কৰি ৰাখিবৰ বাবে যুঁজাৰুসকলক গাৰ বিশিষ্ট অংশত উল্কি দি শশাভাবৰ্ধন কৰিছিল। এনে ধৰণৰ প্ৰথাৰ মাজত আদিম মানৱ মনৰ আত্মৰক্ষা তথা আত্মৰক্ষাৰ ভাব নিহিত আছিল। উল্কি দিয়া উৎসৱ আড়ম্বৰেৰে অনুষ্ঠিত হোৱাৰ পাছদিনাখন যুঁজাৰুসকলক আনন্দেৰে থাকিবলৈ দিছিল। সেই দিনাখন যুঁজাৰুৰ গৃহলৈ কাকো যাবলৈ দিয়া নহৈছিল। আনকি কথা-বতৰা পতাও নিষিদ্ধ আছিল। হৰ্ষোল্লাসে নিজ গাঁৱলৈ ঘূৰি অহা দলটোক গাঁৱৰ আবাল-বৃদ্ধ বনিতাই আদৰণি জনোৱাৰ প্ৰথা আছিল। বীৰসকলৰ নিজ নিজ পৰিয়ালৰ মানুহে ভাত, মাংস আৰু চুঙাত মদ লৈ গাঁৱৰ সীমাত অপেক্ষা কৰিছিল। তাতেই বীৰসকলে চুঙাত মদ খাইছিল আৰু ভাত-পানী খাই জননী জন্মভূমিলৈ শ্ৰদ্ধা নিবেদন কৰিছিল। গাঁৱত বিজয়ী বীৰৰ সন্মান বাঢ়ে। গাঁৱত অনুষ্ঠিত উৎসৱ-অনুষ্ঠানত তেওঁলোকক নৃত্য-গীতেৰে আমোদ যোগান ধৰিছিল। আওপকীয়াভাৱে ইয়ো বীৰসকলক অভ্যৰ্থনা জনোৱাৰ প্ৰথা আছিল। যুদ্ধত জয় হোৱাৰ বাতৰি প্ৰথমে গাঁও-প্ৰধান জনাই শত্ৰুৰ, মূৰ, হাত আদি চমজাই দিয়াৰ ৰীতি আছিল। গাঁও-প্ৰধানে বিজয়ৰ বাৰ্তা পাই পুৰোহিত ‘গামপা’ক মতাই আনি বিজয়ৰ মুকুটখিনিৰ দায়িত্ব অৰ্পণ কৰিছিল, যি মুকুটখিনি চাফা কৰি ৰ'দত শুকুৱাই ‘পানু সংৰক্ষিত কৰিছিল। গাঁও-প্ৰধানে গাৰ অংগ-প্ৰত্যংগবোৰক লৈয়ে নিতৌ কৰ্তব্যত ৰত আছিল। উল্লিখিত বাঁহডালৰ আগলিটো কাটি ঠোলা বনাই সুসজ্জিত কৰি মূৰ, ভৰি আদি ওলোমাই থোৱাৰ ব্যৱস্থা আছিল। ইয়াৰ অন্তত বাঁহডাল গাঁৱৰ এমুৰত পুতি থোৱাৰ ৰীতি আছিল। বাঁহল তেওঁলোকে অতি পৱিত্ৰ বুলি ভাবি কাকো স্পৰ্শ কৰিবলৈ নিদিছিল। অৱশ্যে গামপা আৰু 'ৱাংচামপা'ৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম আছিল। অভিযানত অনা নমুণ্ডবোৰৰ লগত জড়িত ক্ৰিয়াকাণ্ডবোৰ গামপাইসমাধান কৰিব পাৰিছি। মূৰ, হাত, ভৰি আদিৰ মঙহ কিছুদিনৰ পাছত পচি উৱলি গলে, পুৰোহিত গামপাই মলিয়ন বস্তুবোৰ এৰুৱাই গাহৰিক খুৱাইছিল। এইলেখীয়া মাংস খাবলৈ বৰ তৃপ্তি লাগে বুলি তওঁলোকে ধাৰণা কৰিছিল। ইয়াৰ পাছত লাওখোলা আৰু হাত-ভৰিৰ কংকালবোৰ শাৰী শাৰীকৈ বান্ধি মুৰাঙৰ বেৰত আঁৰি থৈছিল। নৰমুণ্ড চুলিবোৰ কাটি গাঁও-প্ৰধান আৰু ৰণুৱাৰ মাজত ভগাই দিছিল। চুলিবোৰ এহাতে মস্তকাভৰণ হিচাপে ব্যৱহাৰ কৰিছিল আৰু আনহাতেদি কাণৰ লতিত পিন্ধা ভূষণৰ লগত নানা ধৰণেৰে খাঁজি সৌন্দৰ্য বৃদ্ধি কৰিছিল। ৱাংচুৱে নৰমুণ্ডৰ চুলিযুক্ত অলংকাৰ আপুৰুগীয়া আৰু ভৌতিক গুণ নিহিত আছে বুলি বিশ্বাস কৰিছিল। অৱশ্যে গাঁও-প্ৰধান আৰু ৰণুৱাৰ বাদে আনে এনে অলংকাৰ পৰিধান কৰা নিষেধ। ফাকি দি কোনেও এনে অলংকাৰ পৰিধান কৰিব নোৱাৰিছিল। যি মৃত্যুক আগ কৰি যুদ্ধত জয়ী হৈ গাঁৱৰ যশস্যা বঢ়াব পাৰিছিল, তেওঁহে এনে মুকুট পিন্ধিব পাৰিছিল। ৱাংচুৱে লাওখোলা আৰু অন্যান্য নৰ কংকালবোৰত ভৌতিক শক্তি নিহিত আছে বুলি অদ্যাপিও বিশ্বাস কৰে। উৎসৱ ৱাংচুসকলে ধান দোৱাৰ পাছত ধুমধামেৰে ‘গেনটাং উৎসৱ পালন কৰে। গমপাই এই উৎসৱৰ ক্ৰিয়াকাণ্ডবোৰ পালন কৰে আৰু মুৰাঙত সংৰক্ষিত লাওখোলাসমূহলৈ মদ আৰু আদা যাচে। এক প্ৰকাৰে ই মৃত ব্যক্তিসকললৈ শ্ৰদ্ধা নিৱেদন জনোৱা, যি প্ৰথা মংগলদয় ওৰফে তিত-কৰ্মীসকলৰ মাজত প্ৰচলিত। এনে প্ৰথা আজিও ৱাংচু সমাজত প্ৰচলন আছে। ইয়াৰ তাৎপৰ্য হৈছে –শস্যতলি সাৰুৱা হোৱা আৰু অত্যধিক শস্যোৎপাদনৰ জনবিশ্বাস। ৱাংচুৰ দৰে নক্তে নগাসকলেও ধান দাই ভঁৰালত সংগ্ৰহ কৰি খুটাং’ উৎসৱ মহাপয়োভৰেৰে পালন কৰে, ভোজ ভাত লাওখোলাসমূহলৈ আগ কৰি আহিছে। নক্তেসকলে দৃঢ়বিশ্বাস কৰে যে শত্ৰৰ মূৰৰ আত্মাই সেইদিনাখন ভোজ ভাত খাবলৈ আহে। অৰুণাচলৰ অন্যান্য নগা জনজাতিসকলৰ সমাজততা এনে ৰীতি অদ্যাপিও প্ৰচলিত আছে। প্ৰতিবছৰে নৰমুণ্ড চিকাৰ কৰি সংগ্ৰহ কৰা ইয়ো এটি কাৰণ ৱাংচুসকলৰ গৱে প্ৰতি একাধিক ‘মুৰাং থকাৰ উপৰিও, এখন মুখ্য মুৰাং আছিল, যাক ‘পানু’ বোলা হৈছিল, য'ত নৰমুণ্ডসমূহ থাক্ কৈ সজাই থোৱাৰ ব্যৱস্থা আছিল। ই একপ্ৰকাৰে নৰমুণ্ডবোৰৰ সংগ্ৰহালয়, যাক তেওঁলোকে মৃতাত্মাক ভক্তি জনোৱাৰ পৱিত্ৰালয় বুলি মানিছিল। পানু'ত থকা মূৰবোৰ বাঁহৰ ৰছীৰে শাৰী শাৰীকৈ বেৰত আটোমটোকাৰিকৈ সজায় ৰাখিছিল। পানুৱেই মূৰ চিকাৰৰ হেতু পালন কৰা ক্ৰিয়া-কাণ্ডবোৰৰ আৱাসস্থলী। পানুত থকা নৰষুণ্ডবোৰ আন গাঁৱৰ দৰ্শকে চোৱা নিষেধ। ৱাংচু দোৱানত ‘পা’ আৰু নু’ মানে ক্ৰমে মুৰাং আৰু ডাঙৰ, অৰ্থাৎ ডাঙৰ মুৰাং। ৱাংচু সমাজত পানু তথা মুৰবোৰৰ এখন বিশেষ আসন আছে, যাক বৈষ্ণৱসকলৰ নামঘৰৰ লগত ৰিজনি দিব পাৰি, যি কৃষ্টিৰ প্ৰশিক্ষণ কেন্দ্ৰ, শিল্পানুষ্ঠান, আধুনিক ক্লাবঘৰ, গৃহৰক্ষী বাহিনীৰ কেন্দ্ৰস্থল আৰু জাতীয় সংহতি স্থাপনৰ আলয়। এনে ধৰণৰ পানু আৰু মুৰাং অনুষ্ঠান ১৯৬০ চনৰ আগতে ৱাংচু সমাজত দেখিবলৈ পোৱা গৈছিল। ৱাংচুৱে মুৰাং তথা পানুৰ অধিপতিজনক বৰ শ্ৰদ্ধা আৰু ভক্তি কৰিছিল। অৱশ্যে এনে পৰ্যায়ৰ অধিপতিসকলৰ ওপৰত গাঁও-প্ৰধানজনেই শ্ৰেষ্ঠতম ব্যক্তি, যাৰ ক্ষমতা গাঁওখনৰ ভিতৰত সৰ্বোচ্চ। মুৰাঙৰ সভ্যভৰ্তি, মুৰাং ঘৰ নিৰ্মাণ কৰা আৰু সামাজিক ৰীতি-নীতিপালন কৰাৰ এটি বিশেষত্ব আছে। বিশেষকৈ মুৰাং বা পানুত থকা কাঠৰ ঢোলৰ আকৃতি বিয়াগোম নাৱৰ আকৃতিৰ। যিজন বীৰে কেইবাজনো নিহত কৰি শত্ৰুৰ মূৰ কাটিব পাৰিছিল, তেওঁক এটা বা ততোধিক নমুণ্ড দিয়াৰ প্ৰথা আছিল। যিজনে মৰ সাহসেৰে মানৱ জীৱন মৃত্যুৰ পথলৈ ঠেলি ক্ষিপ্ৰ গতিৰে শত্ৰুৰ চক্ৰবেহুত সোমাব পাৰে, তেওঁকো এটি মূৰ দিয়াৰ ৰীতি আছিল আৰু তেওঁক পৰম বীৰ স্বৰূপে স্বীকৃতি দিছিল আৰু যি নিজৰ জীৱন হৰণ-ভগনৰ দায়িত্ব ল'ব পাৰিছিল, তেওঁকো এটি মূৰ দিয়াৰ নীতি আছিল। অতীতত নমুণ্ড লাভ কৰিব পৰাটো বাচ্চু সমাজত বৰ গৌৰৱৰ বিষয় আছিল। অৱশ্যে নৰমুণ্ড আনিব নোৱাৰা আন ৰীৰসকলক এনে সন্মান নজনালেও বিজয়ৰ চিন হিচাপে মুখত উল্কি দিয়াৰ ব্যৱস্থা আছিল। অধুনা ৱাংচু সমাজত মূৰ চিকাৰ অভিযান প্ৰথা লুপ্ত হ’ল যদিও ইয়াৰ স্মৃতি চিন জগতত জিলিকাই ৰাখিবৰ বাবে কৃত্ৰিম নৰমুণ্ড চিকাৰ অভিযান প্ৰথা পালি আহিছে, এইক্ষেত্ৰত যুঁজাৰুসকলে নৰমুণ্ডৰ সলনি বান্দৰৰ মূৰ খাত ভৰাই লয়। তেওঁলোকেও কাঠ বা পিতলৰ নিৰ্মিত নৰমুণ্ড মালা গাঁথি ডিঙিত আঁৰি লৈ শোভা বৃদ্ধি কৰাৰ প্ৰথা আছে। মূৰ চিকাৰত অংশগ্ৰহণ কৰিবলৈ যোৱা ছোৱালীহঁতেও পুৰুষৰ লেখীয়াকৈ উল্কি লয়, যি নিজৰ জীৱন বিপন্ন কৰি যুঁজাৰুহঁতক চুঙাৰ মদ যাচি ফুৰে। নৰমুণ্ড চিকাৰ অভিযানৰ স্মৃতিচিন স্বৰূপে ৱাংচুৰ ‘গালেংপু' উৎসৱৰ প্ৰচলন। গাঁৱৰ প্ৰৱেশদ্বাৰত থকা চেপেটা পথাৰৰ ওপৰত শত্ৰুৰ মুৰ, হাত, ভৰিবোৰ ৰাখে, যত পুৰোহিতে ধৰ্মকাৰ্য সমাপন কৰে। ইয়াৰ অন্তত পানুৰ সন্মুখত সুউচ্চ বাঁহ এডাল পুতি অতীজত নিধন কৰি অনা নমুণ্ডবোৰ স্থিৰাকৃতি কৰে। ইয়াতো পুৰোহিত গামপা নহলেই নহয়, য'ত মুণ্ড তথা হাত, ভৰিবোৰৰ লগত জড়িত থকা ধৰ্মকাৰ্যবোৰ পালন কৰা হয়। যুঁজাৰুহঁতে বন্দুক আৰু দাঠীৰে সুসজ্জিত হৈ বাঁহডালৰ চাৰিওফালে নৃত্য কৰে আৰু চইপাইতে এক প্ৰকাৰৰ গীত গায়। খাছিসকলৰ নংক্ৰেম উৎসৱৰ লগত জড়িত থকা কেতবোৰ নৃত্য বেদীৰ চাৰিওফালে আৰু ৰিশ্চত মেই অথবা পৱিত্ৰ স্তম্ভৰ সন্মুখত নৃত্য কৰা হয়। নৃত্যৰ মাজে মাজে ৰৈ ৰৈ কেতিয়াবা তীব্ৰ গতিৰে খোজ আগবঢ়াই তাণ্ডৱ নৃত্য কৰে। নমনীয়তাৰে আঁঠু লোৱাৰ পাছত জঁপিয়াই যাঠীপাট মূৰৰ চাৰিওফালে ঘূৰায় আৰু শত্ৰুপক্ষক ৰণুৱাবোৰে চিকাৰ কৰি প্ৰত্যাহ্বান জনায়। সমস্বৰে ‘হো হো’ বুলি আটাহ পাৰে। ৱাংচুসকলে বিশ্বাস কৰে যে নৃত্যত যোগ দিয়া ৰণুৱাৰ কোনো ৰোগ-ব্যাধি নহয়। আনকি মৃত্যুসম পথৰপৰাও হাত সাৰি থাকিব পাৰে। অৱশ্যে অধুনা বন্য চিকাৰত বাঘ মৰাৰ পাছতহে গালেংপু উৎসৱ পালন কৰিব পাৰে। ৱাংচু সমাজত লুপ্ত হ'বলৈ ধৰা গালেংপু উৎসৱৰ নৃতত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী ডেকাসকলে অৰণ্যৰ গছ। কাটি গাৱলৈ অনাৰ ৰীতি আছে। অতীজৰ ৰণুৱাৰ লেখীয়াকৈ তেওঁলোককো গা এৰি মুখত উল্কি দিয়া হয়। নৰমুণ্ড চিকাৰৰ লগত ঘনিষ্ঠ সম্বন্ধ থকা বিৰাট আকাৰৰ কাঠৰ তৈয়াৰী নাৱৰ আকৃতিৰ এবিধ ঢোল আছে, যি মুৰং ঘৰত এখনি আছুতীয়া আসন অধিকাৰ কৰি আছে। বাংচুৱে এনে ঢোল য’তে-ত’তে বজোৱা নিষেধ। ইয়াক এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াই নিবৰ বাবে দুফালে দুডাল হাতনি মাৰি আছে। ঢোলৰ গা আৰু নালত মানুহ, মানুহৰ মূৰ, সাপ, বাঘ আদিৰ প্ৰতিকৃতি সুন্দৰকৈ খোদিত কৰা হয়। ঢোলৰ দুকাষে প্ৰায় দহোটা মানুহে একেলগে বাদ্য পৰিৱেশন কৰিব পাৰে। ব্ৰিাটাকাৰৰ কাঠৰ খুন্দনাৰে ঢোলৰ খোলনিত খুন্দা দি বিভিন্ন ছেও বজায়। এজন নায়কৰ আদেশত সকলোৱে একেলগে ঢোলত ছেও মাৰে আৰু ছেৱে ছেৱে গীত পৰিৱেশন কৰে। ঢোলৰ প্ৰতি ছেৱত একো একোটা সংকেত নিহিত আছে। মূৰ কটা অভিযানৰ পৰা ঘূৰি আহোঁতে ৰাতি অনুষ্ঠিত হোৱা উৎসৱ আৰু বন্য জন্তু চিকাৰ কৰি ঘূৰি আহোঁতে হোৱা মুৰাঙৰ ঢোলবোৰ এটি নিৰ্দিষ্ট সংকেত বাজি উঠে। কোনো শত্ৰু অহাৰ উমান পালেই মুৰাঙত ঢোলৰ হঠাৎ প্ৰতিধ্বনি শুনা যায়। এনেধৰণৰ ছেও শুনিলেই গাই অস্ত্ৰ-শস্ত্ৰ লৈ ৰণৰ বাবে সাজু হয়। এনে ধৰণৰ বিপদ সংকেত বৈষ্ণৱসকলৰ দবা বাদ্যযন্ত্ৰদ্বাৰাও দিয়া দেখা যায়। এনে ধৰণৰ উত্তেজনা সৃষ্টি কৰিব পৰা আদৰণীয় ঢোলবাদ্য মৰাঙৰ বাহিৰেও গাঁও-প্ৰধানজনৰ ঘৰত ৰখাৰ প্ৰথা আছে। ইয়েই গাঁও প্ৰধানজনক মহান ব্যক্তিৰ কথাৰেই ইঙ্গিত দিয়ে। বুৰঞ্জীয়ে গৰাক এই লেখীয়া দুঃসাহিক নৰমুণ্ড চিকাৰ অভিযানক ৰণনৃত্য আখ্যা দিলেও অত্যুক্তি কৰা নহয়।
68668
https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%B2%E0%A6%BE%20%E0%A6%95%E0%A6%BE%E0%A6%95%E0%A6%A4%E0%A6%BF
ইলা কাকতি
ইলা কাকতি ২৩ মাৰ্চ ১৯৫৩- ২০০৩) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেত্ৰী আছিল৷ ভূপেন হাজৰিকা পৰিচালিত চিকমিক বিজুলীৰে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰা কাকতিয়ে মুঠ ষোলখন ছবিত অভিনয় কৰিছিল৷ আজলী নবৌ আৰু বৃষ্টি তেওঁৰ উল্লেখযোগ্য ছবি। ইয়াৰোপৰি তেওঁ কহিনুৰ আৰু আৰাধনা থিয়েটাৰতো অভিনয় কৰিছিল৷ ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰা তেৱেঁই প্ৰথম অসমীয়া চলচ্চিত্ৰৰ গ্লেমাৰ শিল্পী৷ ব্যক্তিগত জীৱন ইলা কাকতি এগৰাকী দক্ষ নৃত্যশিল্পী আছিল। তেওঁৰ দেউতাক চাৰু কাকতি এজন মুক্তিযুঁজাৰ তথা সাংস্কৃতিক সংগঠনক আছিল। ইলা কাকতিৰ ককাক আৰু চাৰু কাকতিৰ দেউতাক ভোলা কাকতিও আছিল এজন সাংস্কৃতিক সংগঠক। ভোলা কাকতি বহুদিন ধৰি শতবৰ্ষ গৰকা মাজুলীৰ গড়মূৰৰ বংশীগোপাল নাট্যমন্দিৰৰ সভাপতি হৈ আছিল। ১৯৬০ৰ দশকত সত্ৰীয়া নৃত্যশিল্পী বাপুৰাম বৰবায়নৰ তত্বাৱধানত বংশীগোপাল নাট্য মন্দিৰত সত্ৰীয়া নৃত্য শিক্ষাৰ আৰম্ভণি কৰা হয়। কাকতি পিতা-পুত্ৰই মিলি ভাৰতৰ বিভিন্ন ঠাইলৈ সত্ৰীয়া নৃত্যৰ দল পঠোৱাত আগভাগ লৈছিল। তেওঁলোকে মাজুলীৰ ৰাস আৰু সত্ৰীয়া সংস্কৃতি উপভোগ কৰিবলৈ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিকো মাজুলীলৈ আমন্ত্ৰণ কৰি নিছিল। ঘৰখনত থকা সাংস্কৃতিৰ আৱহাৱাৰ বাবে ইলায়ো কম বয়সতে সত্ৰীয়া নৃত্যত পাৰদৰ্শী হৈ উঠিছিল আৰু যাৰবাবে বাবে ভূপেন হাজৰিকাই নিজৰ ছবি চিকমিক বিজুলীৰ বাবে তেওঁক বাচনি কৰিছিল। অভিনয়ৰ ক্ষেত্ৰতো তেওঁ পাৰদৰ্শিতা অৰ্জন কৰিছিল। ১৯৬০ দশকত যোৰহাটত আলোড়নৰ সৃষ্টি কৰা মিলিত শিল্পী সমাজে আব্দুল মজিদৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ কৰা সম্পূৰ্ণ মহাভাৰত নাটত ইলাই উৰ্বশীৰ চৰিত্ৰত অভিনয় কৰিছিল। শ্ৰীকৃষ্ণৰ চৰিত্ৰ কৰিছিল প্ৰশান্ত হাজৰিকাই। অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰৰ অভিনেতা এইজন প্ৰশান্ত হাজৰিকাৰ সৈতে ১৯৭৬ চনত তেওঁৰ বিয়া হয়। তেওঁলোকৰ পুত্ৰ সংকল্পজিৎ হাজৰিকা। ১৯৯৯ চনত তেওঁৰ স্বামীৰ মৃত্যু হয় আৰু ইয়াৰ চাৰি বছৰৰ পিছত ২০০৩ চনত মাত্ৰ ৫০ বছৰ বয়সত দুৰাৰোগ্য ৰোগত তেওঁৰো মৃত্যু হয়। কৰ্মজীৱন মুম্বাইৰ ৰাজশ্ৰী প্ৰডাকচনৰ সৈতে যৌথভাবে ভূপেন হাজৰিকাই চিকমিক বিজুলী নামেৰে এখন চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰস্তুতি চলাইছিল। ছবিখনত তেওঁ এটা সত্ৰীয়া নৃত্যৰ দৃশ্য এটা অন্তৰ্ভূক্ত কৰাৰ মন মেলিলে আৰু তাৰবাবে শিল্পী বাচনি কৰিলে ইলা কাকতিক। ইলাৰ ককাক ভোলা কাকতিৰ ভূপেন হাজৰিকাৰ সৈতে এটা মধুৰ সম্পৰ্ক আছিল। সেইমতে ইলা সপৰিয়ালে কলকাতালৈ গৈ নৃত্যৰ দৃশ্যত অংশগ্ৰহণ কৰিলে। চিকমিক বিজুলীয়ে মুক্তি পায় ১৯৬৯ চনত। ১৯৭১ চনত মুক্তি পোৱা দ্বিবন বৰুৱা পৰিচালিত যোগ-বিয়োগত প্ৰথম তেওঁ নায়িকাৰ ভূমিকাত অভিনয় কৰে। যোগ-বিয়োগ ডক্তৰ বেজবৰুৱাৰ পিছতে সেই সময়ৰ ব্যৱয়াসিক সফল ছবি আছিল। ভাইটি, সোণতৰা, বনৰীয়া ফুল আদি ব্যৱসায় সফল ছবিত অভিনয় কৰা ইলাই দেউতি বৰুৱাই পৰিচালনা কৰা বৃষ্টিত এটা অগতানুগতিক চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে চলচ্চিত্ৰ ৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ১৯৮০ চনত মুক্তি পোৱা বঙালী ছবি ভাঙাগড়াৰ ৰিমেক আজলী নবৌ ইলাৰ জীৱনৰ মাইলৰ খুটি স্বৰূপ। অশোক বিষয়া পৰিচালিত আই লাভ ইউ (২০০১) তেওঁ অভিনয় কৰা শেষ ছবি। ১৯৭৫ চনত জুনেজা নামৰ এজন প্ৰযোজকে অসমীয়া আৰু ওড়িয়া ভাষাত এখন চিনেমা নিৰ্মাণৰ প্ৰস্তুতি চলাইছিল। গিৰিশ চৌধুৰীয়ে পৰিচালনা কৰা অসমীয়া সংস্কৰণ সোণটিৰ মূল ভূমিকাত আছিল নিপন গোস্বামী আৰু ইলা কাকতি। এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দীনেশ দাসে অভিনয় কৰাৰ উপৰিও এটা সৰু চৰি্ত্ৰত বলীউডৰ অভিনেতা অমিতাভ বচ্চনেও অভিনয় কৰিছিল। প্ৰায় আশী শতাংশ কাম সম্পূৰ্ণ হোৱা ছবিখন কিন্তু অৱশেষত মুক্তি নাপালে। ১৯৭৬ চনত ৰতন লহকৰে কহিনুৰ থিয়েটাৰ খোলাৰ প্ৰস্তুতি চলায়। সেই বছৰতে ইলা আৰু প্ৰশান্ত হাজৰিকাৰ বিয়া হৈছিল। ৰতন লহকৰে দম্পত্তিহালক কহিনুৰলৈ আমন্ত্ৰণ জনালে। সেই সময়ত চলচ্চিত্ৰৰ নায়িকা ইলাৰ যথেষ্ঠ জনপ্ৰিয়তা। স্বাভাৱিকতে তেওঁৰ নামতে আয়োজক কমিটিবোৰে কহিনুৰক আগধন দিছিল। ভ্ৰাম্যমান থিয়েটাৰত চলচ্চিত্ৰৰ গ্লেমাৰাছ অভিনয় শিল্পীসকলৰ অভিনয় কৰা যি পৰম্পৰা চলি আছে, সেই পৰম্পৰাৰ আৰম্ভণি কৰিছিল ইলা কাকতিয়ে। ইয়াৰ পিছত তেওঁ আৰাধনা থিয়েটাৰত অভিনয় কৰিছিল। ১৯৮৬ চনত স্বামী প্ৰশান্ত হাজৰিকাই আৰম্ভ কৰা হেঙুল থিয়েটাৰৰ মৃত্যু পৰ্যন্ত তেওঁ দিশ-নিৰ্ণায়কৰ ভূমিকা পালন কৰি গ’ল। চলচ্চিত্ৰপঞ্জী চিকমিক বিজুলী (১৯৬৯) যোগ-বিয়োগ (১৯৭১) ভাইটি (১৯৭২) সোণতৰা (১৯৭৩) অভিযান (১৯৭৩) বনৰীয়া ফুল (১৯৭৩) ৰশ্মিৰেখা (১৯৭৩) পৰিণাম (১৯৭৪) বৃষ্টি (১৯৭৪) ধৰ্মকাই (১৯৭৭) আজলী নবৌ (১৯৮০) আই লাভ ইউ (২০০১) তথ্য উংস অসমৰ ব্যক্তি অসমীয়া চলচ্চিত্ৰৰ
38374
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0%20%E0%A6%AA%E0%A7%82%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%9A%E0%A7%8B%E0%A7%B1%E0%A6%BE%20%E0%A6%A8%E0%A7%80%E0%A6%A4%E0%A6%BF
ভাৰতৰ পূবলৈ চোৱা নীতি
ভাৰতৰ পূবলৈ চোৱা নীতি বা লুক ইষ্ট পলিচী (ইংৰাজী: হৈছে এনে এক নীত যাৰ জৰিয়তে দক্ষিণ-পূব এচিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে দেশৰ অৰ্থনৈতিক আৰু কূটনৈতিক সম্পৰ্ক মজবুত কৰি নিজকে এক স্থানীয় শক্তিৰূপত গঢ় দিয়াৰ প্ৰচেষ্টা কৰা হৈছে। ১৯৯১ চনত হাতত লোৱা পূবলৈ চোৱা নীতিক চীনা গণৰাজ্যৰ কূটনীতিগত প্ৰভাৱৰ এক বিপৰীতকামী পদক্ষেপ বুলি গণ্য কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ সময়ত এই নীতি হাতত লোৱা হয় আৰু পৰৱৰ্ত্তী কালত পিছৰ প্ৰধানমন্ত্ৰী ক্ৰমে অটল বিহাৰী বাজপেয়ী আৰু ড॰ মনমোহন সিঙে ইয়াক বাহাল ৰাখে। পৃষ্ঠভূমি ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ পিছৰে পৰা দুয়োখন দেশে দক্ষিণ আৰু পূব এচিয়াত কৌশলগত প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। ভাৰতৰ সীমামূৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে চীনে বাণিজ্যিক আৰু সামৰিক সম্পৰ্ক বঢ়াই তোলে আৰু চুবুৰীয়া নেপাল আৰু বাংলাদেশত প্ৰভাৱ বিস্তাৰৰ প্ৰতিযোগিতাত লাগে। ১৯৭৯ চনত ডেং জিয়াওপিং ক্ষমতালৈ অহাৰ পিছত চীনে প্ৰসাৰণৰ নীতি এৰি এচিয়াৰ দেশসমূহৰ সৈতে বাণিজ্যিক আৰু অৰ্থনৈতিক সদ্ভাৱ বঢ়াই তোলাত লাগে আৰু বাৰ্মাৰ ষ্টেট পীচ এণ্ড ডেভেলপমেণ্ট কাউঞ্চিলৰ নিকটতম সহযোগী আৰু সমৰ্থক হৈ উঠে। ইয়াৰ বিপৰীতে দুয়োখন দেশৰ মাজৰ শীতল যুদ্ধৰ সেই সময়ছোৱাত দক্ষিণ-পূব এচিয়াৰ দেশসমূহৰ সৈতে কূটনৈতিক সম্পৰ্কৰ ওপৰত ভাৰতে বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল। পি ভি নৰসিংহ ৰাও (১৯৯১-১৯৯৬) আৰু অটল বিহাৰী বাজপেয়ী (১৯৯৮-২০০৪) ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকা কালছোৱাতে পূবলৈ চোৱা নীতি গঠন কৰি ইয়াক কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰা হয়। ভাৰতে অৰ্থনৈতিক উদাৰীকৰণৰ লগতে শীতল-যুদ্ধৰ সময়ৰ নীতি আৰু কাৰ্যকলাপৰ পৰা আঁতৰি আহি বাণিজ্যিক আৰু অৰ্থনৈতিক সদ্ভাৱৰ যোগেদি কৌশলগত আৰু সুৰক্ষা ক্ষেত্ৰখনত সহযোগিতা বঢ়োৱাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে দেশসমূহৰ মাজত থকা ঐতিহাসিক সংস্কৃতি আৰু মতবাদভিত্তিক সংযোগসমূহকো প্ৰাধান্য দিয়া হয়। বাণিজ্য, বিনিয়োগ আৰু উদ্যোগিক বিকাশ দেশৰ অন্যতম প্ৰধান লক্ষ্য হৈ পৰে। সমসাময়িকভাৱে ভাৰতে অন্যান্য দেশসমূহৰ সৈতে কৌশলগত আৰু সামৰিক সহযোগিতা আৰম্ভ কৰে। পূব এচিয়াৰ দেশসমূহৰ সৈতে সম্পৰ্ক ভাৰতে বহু বছৰ ধৰি বাৰ্মাৰ নেচনেল লীগ ফৰ ডেমক্ৰেচীক সমৰ্থন দি আহিছিল যদিও ১৯৯৩ চনত এই নীতি সলনি কৰে আৰু মিলিটেৰী জানতাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে। ভাৰত চৰকাৰে বাৰ্মাৰ সৈতে বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে আৰু তাত বিনিয়োগৰ পৰিমাণ বঢ়াই তোলে। দেশৰ ব্যক্তিগত খণ্ডই এই ক্ষেত্ৰত অধিক পৰিমাণে ভাগ লোৱা নাছিল যদিও ৰাজহুৱা খণ্ডই বাৰ্মাত ৰাস্তা-পদূলি, হাইৱে আৰু পাইপলাইন নিৰ্মাণ তথা বন্দৰসমূহৰ উন্নতকৰণৰ কামসমূহ হাতত লয়। ইয়াৰ লগে লগে বাৰ্মাৰ সম্পদৰ ওপৰত চীনৰ একচেটীয়া কব্জা কমোৱাৰ লগতে নিজ দেশত শক্তিৰ বৰ্দ্ধিত চাহিদা পূৰাবলৈ বাবে মধ্যপ্ৰাচ্যৰ দেশসমূহৰ ওপৰত নিৰ্ভৰশীলতা গুচাবৰ বাবে বাৰ্মাৰ ভূগৰ্ভৰ পৰা তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰাতো ভাৰত চীনৰ সৈতে প্ৰতিযোগিতাত নামে। চীন বাৰ্মাৰ সৰ্ববৃহৎ সামৰিক যোগানকাৰী হোৱাৰ পিছতো ভাৰতে বাৰ্মাৰ সামৰিক বাহিনীক প্ৰশিক্ষণৰ প্ৰস্তাৱ দিয়ে আৰু মাদকদ্ৰৱ্য বহনকাৰী উত্তৰ-পূব ভাৰতৰ বিচ্ছিন্নতাবাদী গোটসমূহক দমন কৰাত বাৰ্মাৰ সহযোগিতা বিচাৰে। ৰাখাইন ৰাজ্যত ২.৮৮-৩.৫৬ ট্ৰিলিয়ন কিউবিত প্ৰাকৃতিক গেছ আহৰণ আৰু বাৰ্মাৰ বন্দৰ আৰু ক’ক’ দ্বীপপুঞ্জত নৌকা ব্যৱস্থাৰ উন্নয়ন আৰু নিৰীক্ষণ চকী স্থাপন কৰিবলৈ চীনে অনুমোদন পোৱা কথাই সেই সময়ত ভাৰতত উত্তেজনাৰ সৃষ্টি কৰিছিল। ফিলিপাইনচ, ছিংগাপুৰ, ভিয়েটনাম আৰু কম্বোডিয়াৰ সৈতেও ভাৰতে বাণিজ্যিক, সাংস্কৃতিক আৰু সামৰিক সম্পৰ্ক গঢ়ি তোলাৰ লগতে শ্ৰীলংকা আৰু থাইলেণ্ডৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। দেশখন ছিংগাপুৰৰ সৈতে বিস্তৃত অৰ্তনৈতিক সহযোগিতা চুক্তি আৰু থাইলেণ্ডৰ সৈতে আৰ্লি হাৰ্ভেষ্ট স্কীমকে ধৰি পূব-এচিয়াৰ দেশবোৰৰ সৈতে বিভিন্ন মুক্ত বাণিজ্য চুক্তিত আৱদ্ধ হয়। ইয়াৰ লগতে ভাৰত জাপান, দক্ষিণ কোৰিয়া আৰু আছিয়ান দেশসমূহৰ সৈতে বুজাপৰা চুক্তিলৈ আহে। টাইৱান, জাপান আৰু দক্ষিণ কোৰিয়াৰ লগতো গণতন্ত্ৰ আৰু মানৱ অধিকাৰ আদি সৰ্বজনীন বিষয়ত পাৰস্পৰিক সম্পৰ্ক মজবুত কৰি তোলা হয়। দেশখনৰ মুখ্য বিদেশী বিনিয়োগকাৰীৰ ভিতৰত দক্ষিণ কোৰিয়া আৰু জাপান অন্যতম হৈ ৰয়। দেশখনে এফালে চীনৰ ঐক্যৱদ্ধ নীতিক সমৰ্থন জনালে আৰু আনফালে টাইৱানৰ সৈতেও সম্পৰ্ক বঢ়াই তুলিলে। সন্ত্ৰাসবাদ নিৰ্মূলকৰণ, বৈদেশিক সাহায্য, জালিয়াতি ৰোধকৰণ, সামুদ্ৰিক তথা শক্তিক্ষেত্ৰৰ নিৰাপত্তা আৰু চীনকে আদি কৰি আন আন শক্তিসমূহৰ প্ৰভাৱৰ ভাৰসাম্য ৰক্ষা কৰা আদি বিষয়ত পূব-এচিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতে নিজকে ক্ৰমাগতভাৱে জড়িত কৰি আনে। দেশৰ আমদানি তথা ৰপ্তানিকৃত সামগ্ৰীৰ ৫০ শতাংশতকৈয়ো অধিক অংশ মালাক্কা প্ৰণালীয়েদি পৰিৱহণ কৰাৰ পৰিপ্ৰেক্ষিতত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পোৰ্ট ব্লেয়াৰত ফাৰ ইষ্টাৰ্ণ নেভ্যাল কমাণ্ডৰ প্ৰতিষ্ঠা কৰা হয়। ভাৰতে ১৯৯৩ চনৰ পৰা ছিংগাপুৰৰ লগত আৰু ২০০০ চনৰ পৰা ভিয়েটনামৰ লগত যুটীয়াভাৱে সামুদ্ৰিক কুচকাৱাজ চলাই অহাৰ লগতে ২০০২ চনৰ পৰা আন্দামান সাগৰত ইণ্ডোনেচিয়াৰ লগত যুটীয়াভাৱে খাৰুৱা তেলৰ অন্বেষণ চলাই আহিছে। অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰত আৰু জাপান ২০০৪ চনৰ ছুনামি-পীড়িত অঞ্চলৰ সাহায্যকাৰী দলৰ সদস্য আছিল। চীনৰ সৈতে সম্পৰ্ক চীন আৰু ভাৰতে প্ৰতিদ্বন্দ্ব্বীৰূপত থিয় দিছিল যদিও পূবলৈ চোৱা নীতিয়ে দুয়োখন দেশৰ মাজত সম্পৰ্ক স্থাপনৰ কিছুমান পদক্ষেপো অন্তৰ্ভুক্ত কৰে। ১৯৯৩ চনৰ পৰা ভাৰতে চীনৰ নেতৃবৰ্গৰ সৈতে উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি আহিছে। ২০০৬ চনত আন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰৰ উদ্দেশ্যেৰে চুবুৰীয়া দেশ দুখনে ১৯৬২ চনৰ যুদ্ধৰ পিছত প্ৰথমবাৰৰ কাৰণে নাথু-লা গিৰিপথ মুকলি কৰে। ২০০৬ চনৰ ২১ নৱেম্বৰত সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু চীনৰ ৰাষ্ট্ৰপতি হু জিণ্টাওৱে দেশ দুখনৰ মাজৰ সম্পৰ্ক মজবুত কৰি দীৰ্ঘদিনীয়া বিবাদ আঁতৰাবলৈ এক ঘোষণাপত্ৰ জাৰী কৰে। চীন আৰু ভাৰতৰ বাণিজ্যিক লেনদেন বছৰি ৫০%-কৈ বৃদ্ধি পায় আৰু দুয়োখন দেশৰ চৰকাৰে ২০১০ চনলৈ ইয়াক ৬০ মিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি কৰিবৰ বাবে লক্ষ্য বান্ধি লয়। সেয়ে হ’লেও পাকিস্তানৰ সৈতে চীনৰ ঘনিষ্ঠ সম্পৰ্ক, ভাৰতত ছিকিমৰ অন্তৰ্ভুক্তিক লৈ অনিশ্চয়তা, অৰুণাচল প্ৰদেশৰ ওপৰত চীনৰ দাবী আদি বিষয়সমূহৰ বাবে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতিত জটিলতা আহি পৰে। ভাৰতে ৰাজনৈতিক তথা ধৰ্মীয় নেতা চতুৰ্দশ দালাই লামালৈ আশ্ৰয় আগবঢ়োৱা কথাইও জটিলতা বঢ়াই তোলে। ভাৰতৰ পূবলৈ চোৱা নীতিৰ বিষয়ে চীনত বিশদ সমালোচনা হয়। পীপলছ ডেইলী কাকতৰ এক সম্পাদকীয়ত কোৱা হয় যে দেশখনৰ পূবলৈ চোৱা নীতি শীতল যুদ্ধৰ সময়ছোৱাত নিজা লাভালাভৰ বাবে চোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বিবাদৰ সৃষ্টি কৰিবলৈ কৰা বিফল চেষ্টাৰ ফল। লগতে ইয়াকো কোৱা হয় যে জাপানৰ সৈতে সম্পৰ্ক দৃঢ় কৰাৰ চলেৰে ভাৰতে চীন আৰু জাপানৰ মাজতো বিবাদৰ সৃষ্টি কৰিব খুজিছে যদিও ই পুনৰবাৰ বিফল হ’ব। চীনা ইণ্টাৰনেট তথ্য কেন্দ্ৰৰ এগৰাকী স্তম্ভ লেখকে মন্তব্য কৰে যে ভাৰতৰ পূবলৈ চোৱা নীতি চীনৰ প্ৰতি থকা অমূলক ভয়ৰ ফলত উদ্ভৱ হৈছে আৰু ই চীনৰ পীপলছ লিবাৰেচন আৰ্মিৰ উচ্চাকাংক্ষাৰ প্ৰতি থকা ভাৰতৰ ভুল ধাৰণাকে প্ৰতিফলিত কৰিছে। বিভিন্ন সংগঠনৰে সৈতে কাৰ্যকলাপ চীন আৰু পাকিস্তানে ছাৰ্ক দেশসমূহত নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ বিপৰীতে ভাৰতে মেকং-গংগা কোঅপাৰেচনকে আদি কৰি কিছুমান বহুপাক্ষিক সংগঠনৰ জন্ম দিয়ে আৰু পাৰিপাৰ্শ্বিক তথা অৰ্থনৈতিক উন্নয়ন, সুৰক্ষা আদি বিষয়ত দক্ষিণ-পূব এচিয়াক প্ৰভাৱিত কৰিব পৰাকৈ প্ৰসাৰ পোৱাৰ ব্যৱস্থা কৰে। ১৯৯৬ চনত ভাৰত আছিয়ানৰ আঞ্চলিক ফ’ৰামৰ সদস্যৰ মৰ্যাদা লাভ কৰে। ২০০২ চনত নতুন দিল্লীত প্ৰথমখন ভাৰত-আছিয়ান বাণিজ্য ছামিট অনুষ্ঠিত হয় আৰু ২০০৩ চনত ভাৰত আছিয়ানৰ দক্ষিণ-পূব এচিয় মিত্ৰতা চুক্তিত সন্মত হয়। বহুক্ষেত্ৰত এনে ফ’ৰামসমূহত ভাৰতৰ সদস্যপদ আছিল উক্ত অঞ্চলত চীনৰ আগ্ৰাসী প্ৰভাৱ ৰোধ কৰাৰ একো একোটা পদক্ষেপ। চীনে একচেটীয়া প্ৰভুত্ব বিস্তাৰ কৰি থকা +3 চমনখনৰ প্ৰভাৱ কমাবলৈ জাপানে ভাৰতক +6 –ৰ মজিয়ালৈ আনে। চিংগাপুৰ আৰু ইণ্ডোনেচিয়াই পূব এচিয়া ছামিটত ভাৰতক অন্তৰ্ভুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। এচিয়া-পেচিফিক ইক’নমিক কোঅপাৰেচনত ভাৰতৰ সদস্যপদৰ বাবে আমেৰিকা আৰু জাপানে যুটীয়া প্ৰচেষ্টা চলায়। ভাৰতে এচিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে থকা ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক গোট আৰু এচিয়ান হাইৱে নেটৱৰ্ক তথা ট্ৰাঞ্চ-এচিয়া ৰেলৱে প্ৰকল্পতো অংশগ্ৰহণ কৰিছে। ম্যানমাৰেদি অসম আৰু চীনৰ য়ুনান প্ৰদেশ সংযোগী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ষ্টিলৱেল পথ পুনৰ মুকলি কৰাৰ সন্দৰ্ভতো আলোচনা চলি আছে। তথ্য সংগ্ৰহ ভাৰতৰ চৰকাৰী আৰু
32807
https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%83%E0%A6%A6%E0%A7%81%E0%A6%B2%E0%A6%BE%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE
মৃদুলা বৰুৱা
মৃদুলা বৰুৱা হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। চলচ্চিত্ৰৰ উপৰিও মৃদুলা বৰুৱাই ৩০ খনৰো অধিক ভিচিডি ছবি, কেইবাখনো হিন্দী আৰু অসমীয়া দূৰদৰ্শনৰ ধাৰাবাহিক আৰু টেলিফিল্মতো অভিনয় কৰিছে। ২০০০ চনত তেওঁ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি দূৰদৰ্শনৰ দুখনমান ধাৰাবাহিকো প্ৰযোজনা কৰে। তেওঁ অসম চৰকাৰৰ বাবে দহখনমান ডকুমেণ্টৰীয়ো প্ৰযোজনা কৰিছিল। অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা মূল্যৱান বৰঙণিৰ বাবে মৃদুলা বৰুৱালৈ অসমৰ সামাজিক-সাংস্কৃতিক সংগঠন অসম ষ্টাৰ-এ ২০২১ বৰ্ষত জীৱনজোৰা সাধনা বঁটা ঘোষণা কৰে ৷ শৈশৱ মৃদুলা বৰুৱাৰ জন্ম হয় অসমৰ শোণিতপুৰ জিলাৰ চতিয়াত। দেউতাক যোগেন্দ্ৰনাথ বৰুৱা আছিল প্ৰতাপগড় চাহ বাগিছাৰ আউটদৌৰ ইনচাৰ্জ। ছটা সন্তানৰ সৈতে মাক-দেউতাকে পাছলৈ বিশ্বনাথ চাৰিআলিত থাকিবলৈ লয়। অভিনয় জগতত প্ৰৱেশ চতিয়াৰ বিদ্যালয়ত দশম শ্ৰেণীত পঢ়ি থাকোঁতে মৃদুলা বৰুৱাই প্ৰথমবাৰৰ কাৰণে বিদ্যালয়ৰ নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে। মহাবিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁ সদৌ অসম সূৰ্য বৰা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত ভাগ লৈ অভিনয়ত প্ৰথম পুৰস্কাৰ লাভ কৰে। ইয়াতেই চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা আব্দুল মজিদে মৃদুলা বৰুৱাৰ প্ৰতিভাক আৱিষ্কাৰ কৰে আৰু তেওঁৰ অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশৰ বাট মুকলি হয়। চলচ্চিত্ৰত অভিনয় মৃদুলা বৰুৱাৰ অভিনয় জীৱন আৰম্ভ হয় হেমন্ত দত্ত পৰিচালিত আৰু প্ৰমোদ বৰুৱা প্ৰযোজিত বোলছবি উপপথৰ যোগেদি। পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ দেৱে সেই সময়তে তেওঁৰ নতুন বোলছবি মৰমীৰ কাৰণে এগৰাকী নতুন অভিনেত্ৰীৰ সন্ধানত আছিল। অভিনেতা হীৰেন চৌধুৰীয়ে তেওঁক মৃদুলা বৰুৱাৰ লগত পৰিচয় কৰায় আৰু বোলছবিখনৰ মূল চৰিত্ৰৰ কাৰণে বৰুৱা নিৰ্বাচিত হয়। গতিকে কম বয়সতে মৃদুলা বৰুৱাই মহাবিদ্যালয়ত পঢ়ি থকাৰ সমসাময়িকভাৱে দুখন চলচ্চিত্ৰৰ মুল চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। অৱশ্যে যদিও উপপথ (১৯৮০) তেওঁৰ প্ৰথম অভিনীত বোলছবি, মৰমী (১৯৭৮) তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত বোলছবি কিয়নো এইখন উপপথতকৈ আগতীয়াকৈ মুক্তি লাভ কৰে। ১৯৭৯ চনত তেওঁৰ মেঘ মুক্তি ছবিখনে মুক্তি পায় য'ত তেওঁ দুগৰাকী যমজ ভগ্নীৰ দ্বৈত চৰিত্ৰত অভিনয় কৰে। দ্বৈত চৰিত্ৰ সম্বলিত এইখনেই প্ৰথম অসমীয়া চলচ্চিত্ৰ। ইয়াৰ পাছতেই তেওঁৰ দুখন সফল বোলছবি বোৱাৰী (১৯৮২) আৰু ককাদেউতা নাতি আৰু হাতী (১৯৮৩) ছবিঘৰলৈ আহে আৰু লগে লগে তেওঁ এগৰাকী সুদক্ষা অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ইয়াৰ পাছত তেওঁ মা (১৯৮৬) আৰু প্ৰতিমা (১৯৮৭) নামৰ দুখন নাৰীকেন্দ্ৰিক বোলছবিয়ে মুক্তি পায় য'ত তেওঁ নিজতকৈ বেছি বয়সৰ নাৰীৰ চৰিত্ৰত অভিনয় কৰে। নিজৰ সুদীৰ্ঘ অভিনয় জীৱনত তেওঁ বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰি সফলতা পায়। প্ৰথমে মৰমলগা, নিৰ্দোষ গাঁৱলীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰা বৰুৱাই ২০০০ চনৰ হিয়া দিয়া নিয়া বোলছবিত ঋণাত্মক চৰিত্ৰতো অভিনয় কৰে। ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত হিন্দী বোলছবি কালসন্ধ্যাৰ (১৯৯৭) চৰিত্ৰটিতো (অতিথি শিল্পী) অলপ ঋণাত্মক পৰশ আছিল। আৱৰ্তন (১৯৯৩), ইতিহাস (১৯৯৬), গুণ গুণ গানে গানে (২০০২) আদি বোলছবিসমূহত কৰা অভিনয়ৰ বাবেও তেওঁ সমালোচকৰ পৰা উচ্চ প্ৰশংসা লাভ কৰে। চলচ্চিত্ৰৰ উপৰিও মৃদুলা বৰুৱাই ৩০ খনৰো অধিক ভিচিডি ছবি, কেইবাখনো হিন্দী আৰু অসমীয়া দূৰদৰ্শনৰ ধাৰাবাহিক আৰু টেলিফিল্মতো অভিনয় কৰিছে। প্ৰযোজনা ২০০০ চনত তেওঁ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰি দূৰদৰ্শনৰ দুখনমান ধাৰাবাহিক প্ৰযোজনা কৰে। তেওঁ অসম চৰকাৰৰ বাবে দহখনমান ডকুমেণ্টৰীয়ো প্ৰযোজনা কৰিছিল। বঁটা আৰু স্বীকৃতি শ্ৰেষ্ঠা অভিনেত্ৰী, ১৯৮৪ (অসম শিল্পী সমিতিৰ দ্বাৰা), বোলছবি: ককাদেউতা নাতি আৰু হাতী শ্ৰেষ্ঠা সহ অভিনেত্ৰী, ১৯৮৭ (ইষ্টাৰ্ণ ইণ্ডিয়া মোছন পিক্সাৰ্ছৰ দ্বাৰা), বোলছবি: মা শ্ৰেষ্ঠা সহ অভিনেত্ৰী, ২০০৫ (অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা) অসমীয়া চলচ্চিত্ৰ জগতলৈ জীৱনজোৰা অৱদান বঁটা, ২০০৬ (জ্যোতিৰূপাৰ দ্বাৰা) ২০১৯ বীৰঙ্গনা মূলাগাভৰু বঁটা সামাজিক-সাংস্কৃতিক সংগঠন 'অসম ষ্টাৰ'ৰ তৰফৰ পৰা চলচ্চিত্ৰ জগতৰ জীৱনজোৰা সাধনা বঁটা, ২০২১ চনত৷ অভিনীত চলচ্চিত্ৰ অহিৰ ভৈৰৱ (২০০৭) অস্তৰাগ (২০০৭) স্নেহবন্ধন (২০০৬) মা তুমি অনন্যা (২০০৪) বাৰুদ (২০০৪) ৰং (২০০৪) কাদম্বৰী হেঁপাহ (২০০৩) এয়েই জোনাকবিহীন জীৱন (২০০৩) প্ৰিয়া মিলন (২০০৩) বিধাতা (২০০৩) ইমান মৰম কিয় লাগে (২০০২) জখম (২০০২) গুণ গুণ গানে গানে (২০০২) এই মৰম তোমাৰ বাবে (২০০২) শেষ উপহাৰ (২০০২) আছেনে কোনোবা হিয়াত (২০০২) অন্য এক যাত্ৰা (২০০২) কন্যাদান (২০০২) তুমি মোৰ মাথোঁ মোৰ (২০০০) হিয়া দিয়া নিয়া (২০০০) বৈভৱ (১৯৯৯) কালসন্ধ্যা (১৯৯৭) (হিন্দী) ইতিহাস (১৯৯৬) আই ড হিম ছাৰ (১৯৯৫) প্ৰত্যাৱৰ্তন (১৯৯৩) প্ৰিয়জন (১৯৯৩) সংঘাত সংঘাত সংঘাত (১৯৯৩) আৱৰ্তন (১৯৯৩) প্ৰভাতী পখীৰ গান (১৯৯২) সাৰথি (১৯৯২) ৰঙা নদী (১৯৯০) বনানি (১৯৯০) দৃষ্টি (১৯৯০) ভাই-ভাই (১৯৮৯) বৰদৈচিলা (১৯৮৯) অজলা ককাই (১৯৮৯) ছিৰাজ (১৯৮৮) পিতা-পুত্ৰ (১৯৮৮) প্ৰতিমা (১৯৮৭) মা (১৯৮৬) আৰতি (১৯৮৬) দীপজ্যোতি (১৯৮৬) ব'হাগৰ দুপৰীয়া (১৯৮৫) শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি (১৯৮৪) ককাদেউতা নাতি আৰু হাতী (১৯৮৩) বোৱাৰী (১৯৮২) পোনাকণ (১৯৮১) উপপথ (১৯৮০) মেঘ মুক্তি (১৯৭৯) মৰমী (১৯৭৮) তথ্য সংগ্ৰহ অসমীয়া চলচ্চিত্ৰৰ
75480
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A6%A8%E0%A6%BE%E0%A6%A5%20%E0%A6%A6%E0%A6%BE%E0%A6%B8
লক্ষ্মীনাথ দাস
লক্ষ্মীনাথ দাস আছিল এগৰাকী অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক। কুৰি শতিকাৰ সময়ছোৱাত অসমত বিজ্ঞান জনপ্ৰিয় কৰাত লক্ষ্মীনাথ দাসে মূল্যৱান ভূমিকা গ্ৰহণ কৰিছিল। গুৱাহাটীত প্ৰথমবাৰৰ বাবে স্থাপিত হোৱা পানী যোগান ব্যৱস্থাৰ পৰা আৰম্ভ কৰি স্বদেশী আন্দোলনৰ সময়ত লক্ষ্মী যঁতৰৰ বিকাশ সাধন কৰালৈকে লক্ষ্মীনাথ দাসে সক্ৰিয়ভাৱে অৰিহণা যোগাই থৈ গৈছে। তেখেতে মহাত্মা গান্ধীৰ নীতি-আদৰ্শ মানি চলিছিল। তেখেতে কটন মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল। বাৰ বছৰ বয়সতে এটা বিজ্ঞানভিত্তিক কবিতা লিখা লক্ষ্মীনাথ দাস পৰৱৰ্তী সময়ত অসমৰ ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পঞ্চবিংশ অধিৱেশনৰ বিজ্ঞান সন্মিলনত সভাপতিৰ পদত অধিষ্ঠিত হয়। তেখেতে অসমীয়া টাইপ ৰাইটাৰ যন্ত্ৰ উদ্ভাৱন কৰিবলৈও প্ৰচেষ্টা চলাইছিল। ইয়াৰ লগতে অনাতাঁৰ গ্ৰাহক যন্ত্ৰ, এন্দুৰ নিয়ন্ত্ৰণ কৰাৰ কৌশল, যন্ত্ৰ-চালিত নাও, ৰেডিঅ', দূৰবীণ আদিৰো নিৰ্মাণ কৰিছিল। অসমৰ প্ৰথমখন কথাছবি জয়মতীৰ দৃশ্যসজ্জা সম্পৰ্কে কেতবোৰ কাৰিকৰী দিহা-পৰামৰ্শ লক্ষ্মীনাথ দাসে জ্যোতিপ্ৰসাদ আগৰৱালাক প্ৰদান কৰিছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত তেখেতৰ ব্যুৎপত্তি দেখি একাংশই লক্ষ্মীনাথ দাসক "অসমৰ ফাৰাডে" বুলি অভিহিত কৰে৷ জন্ম আৰু শিক্ষা ১৮৯৩ চনৰ ১৫ মে' তাৰিখে অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰত লক্ষ্মীনাথ দাসৰ জন্ম হৈছিল৷ অৱশ্যে তেখেতৰ জীৱনৰ পৰৱৰ্তী অংশ অতিবাহিত হয় গুৱাহাটীত৷ লক্ষ্মীনাথ দাসৰ পিতৃ হৈছে ভোলানাথ দাস৷ ভোলানাথ দাসে সীতাহৰণ কাব্য, চিন্তা তৰংগিনী আদি লিখিছিল৷ ১৯১১ চনত তেখেত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ইয়াৰ বাবে তেখেতে জলপানি লাভ কৰে৷ কটন মহাবিদ্যালয়ত নামভৰ্তি কৰি ১৯১৩ চনত লক্ষ্মীনাথ দাসে আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰতে গণিতত সৰ্বোচ্চ নম্বৰ লাভ কৰে৷ তেখেতে 'ডাফ' বৃত্তি পায়৷ ১৯১৫ চনত তেখেতে পদাৰ্থ বিজ্ঞানত অনাৰ্ছসহ সোণৰ পদক লাভ কৰি বি এছ ছি ডিগ্ৰী অৰ্জন কৰে৷ পৰৱৰ্তী সময়ত একেটা বিষয়তে তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদকসহ এম এচ ছি ডিগ্ৰী লাভ কৰে৷ কৰ্মজীৱন অধ্যাপক ১৯১৭ চনত লক্ষ্মীনাথ দাসে কটন মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে৷ অৱশ্যে দেশজুৰি আৰম্ভ হোৱা স্বাধীনতা সংগ্ৰামত তেখেতে অংশগ্ৰহণ কৰাৰ বাবে অধ্যাপনাৰ জীৱন স্থায়ী নহ'ল৷ ১৯২১ চনত তেখেতে চাকৰি ত্যাগ কৰি অসহযোগ আন্দোলনত নামি পৰে৷ আন্দোলন শাম কটাত পুনৰ ১৯২৩ চনত তেখেতে চাকৰি কৰিবলৈ মন মেলে৷ গুৱাহাটী পানী যোগান প্ৰকল্পৰ অধীক্ষক লক্ষ্মীনাথ দাসে কটন কলেজত পুনৰ যোগদান কৰাৰ সুযোগ পাইছিল যদিও গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে স্থাপন কৰিবলৈ ওলোৱা ৰাজহুৱা পানী যোগান প্ৰকল্পইহে তেখেতৰ মন আকৰ্ষণ কৰে৷ ব্ৰিটিছ চৰকাৰে এটা জাৰ্মান কোম্পানীৰ সহযোগিতাত অসমৰ গুৱাহাটীত প্ৰথমটো পানীকল স্থাপন কৰিবলৈ ওলায়৷ ইয়াৰ বাবে তেওঁলোকক এজন অধীক্ষক (ছুপাৰিণ্টেণ্ডেণ্ট)ৰ প্ৰয়োজন হয়৷ শেষত কেইবাগৰাকীও অনা-অসমীয়া অভিযন্তাৰ প্ৰাৰ্থিত্বৰ মাজৰ পৰা লক্ষ্মীনাথ দাসক নিৰ্বাচিত কৰা হয়৷ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে তেখেতেক পানী যোগান ব্যৱস্থাৰ পদটো প্ৰদান কৰাত আগভাগ লৈছিল৷ উল্লেখ্য যে, ১৯৬৭ চনলৈকে লক্ষ্মীনাথ দাস উক্ত পদত অধিষ্ঠিত হৈ থাকে৷ উদ্ভাৱক হিচাপে গুৱাহাটী চহৰৰ উজান বজাৰৰ দক্ষিণ-পশ্চিম কোণতেই লক্ষ্মীনাথ দাসৰ বাসগৃহটো আছিল৷ এই বাসগৃহটোৱেই আছিল তেখেতৰ পৰীক্ষাগাৰ বা লেব'ৰেটৰি৷ তেখেতে ইণ্ডাষ্ট্ৰিয়েল এণ্ড কেমিকেল পায়'নিয়াৰ্ছ নামৰ প্ৰতিষ্ঠানটো খুলি তাতেই চিঞাহী, ঔষধ, চাবোন, তেল, প্ৰসাধন আদি বস্তুৰ উৎপাদন কৰিছিল৷ লক্ষ্মীনাথ দাসৰ দুটামান উদ্ভাৱন তলত উল্লেখ কৰা হ'ল- ছাত্ৰাৱস্থাতেই লক্ষ্মীনাথ দাসে এখন যন্ত্ৰ-চালিত নাও নিৰ্মাণ কৰিছিল৷ নাওখনৰ সহায়ত তেখেতে ব্ৰহ্মপুত্ৰ পাৰ হৈ দেখুৱাইছিল৷ নিজৰ কোঠাৰে বেৰত যন্ত্ৰপাতি সহায়ত লক্ষ্মীনাথ দাসে এটি অনাঁতাৰ গ্ৰাহক যন্ত্ৰ সাজি উলিয়ায়৷ অঞ্চলটোৰ ৰাইজে সেইটো ৰেডিঅ'তে বিশ্বযুদ্ধকে ধৰি দেশ-বিদেশৰ খবৰ লাভ কৰিছিল৷ জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি আগ্ৰহ থকা লক্ষ্মীনাথ দাসে নিজে হাতেৰে এটা শক্তিশালী দূৰবীণ সাজি উলিয়াইছিল৷ ইয়াৰ জৰিয়তে তেখেতে আকাশ নিৰীক্ষণ কৰিছিল৷ অসমীয়া টাইপৰাইটাৰ যন্ত্ৰ উদ্ভাৱন কৰিবলৈও যত্নৱান হোৱা লক্ষ্মীনাথ দাসে কেশৱকান্ত বৰুৱাৰ সহযোগত বৰদাস লিপি (বৰুৱা+দাস) নামেৰে এবিধ নতুন ঠাঁচৰ অসমীয়া লিপি সৃষ্টি কৰিবলে প্ৰয়াস কৰিছিল৷ স্বদেশী আন্দোলনৰ সময়ছোৱাত লক্ষ্মীনাথ দাসে লক্ষ্মী যঁতৰ নামেৰে এবিধ যঁতৰ নিৰ্মাণ কৰে৷ গাঁৱে-ভূঁয়ে জনপ্ৰিয় হোৱা এই যঁতৰটোৰ উদ্ভাৱন কৰাৰ বাবে গৌৰীপুৰৰ ৰজাই তেখেতক সোণৰ পদকেৰে সন্মান জনাইছিল৷ ঘৰুৱা উদ্যোগত লক্ষ্মীনাথ দাসে নেত্ৰকল্যাণ, নিউছিল, আইছিপিন আদিৰ দৰে ঔষধ প্ৰস্তুত কৰিছিল৷ ঔষধবোৰ তেখেতে নিজৰ দেহত প্ৰয়োগ কৰি চাইছিল৷ নিউছিল নামৰ ঔষধটো কটা-ছিঙাত লগাব পৰা গৈছিল৷ ফাঁচী বজাৰত নিগনিৰ উপদ্ৰৱ বৃদ্ধি পোৱাত লক্ষ্মীনাথ দাসে এবিধ বিশেষ কৌশল খটুৱাই নিগনি নিয়ন্ত্ৰণ কৰাৰ দিহা কৰিছিল৷ সাহিত্যিক আৰু অন্যান্য কৰ্ম লক্ষ্মীনাথ দাসে বাৰ বছৰ বয়সতে এটি বিজ্ঞানভিত্তিক কবিতা ৰচনা কৰিছিল৷ কবিতাটো পঢ়ি উঠি পিতৃ ভোলানাথ দাসে মন্তব্য কৰিছিল-"তই দেখোন সাহিত্যত এই সোপা বিজ্ঞানৰ কথাহে লিখিলি৷ বিজ্ঞানহে তোৰ অধিক প্ৰিয় হ'ব যেন পাওঁ৷ দুয়োকো নেৰিবি৷ পাৰিলে দুয়োটাৰে সমন্বয় ঘটাবি৷" ১৯১৬ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা 'অসম ছাত্ৰ সন্মিলন'ৰ সভাত লক্ষ্মীনাথ দাসে 'কম্পন' নামৰ জনপ্ৰিয় বিজ্ঞানৰ এটি সুদীৰ্ঘ প্ৰবন্ধ পাঠ কৰিছিল৷ ১৯৫৬ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পঞ্চবিংশ অধিৱেশনৰ বিজ্ঞান সন্মিলনৰ সভাপতিৰ পদো তেখেতে অলংকৃত কৰে৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত জয়মতী কথাছবিৰ দৃশ্যসজ্জা সন্দৰ্ভত তেখেতে পৰামৰ্শ দিছিল৷ তেখেতে ৰাজদৰবাৰত কলগছ ব্যৱহাৰৰ পৰামৰ্শ দিছিল যদিও জ্যোতিপ্ৰসাদে সেই পৰামৰ্শ মনা নাছিল৷ ইয়াৰ বাবে দৰ্শকৰ চকুত কলগছবোৰ সহজে ধৰা পৰিছিল৷ লক্ষ্মীনাথ দাসে যুক্তি দৰ্শাইছিল যে, কেমেৰাৰ সমুখত কলগছ ব্যৱহাৰ কৰিলে মঞ্চসদৃশ মায়া সৃষ্টি কৰিব পৰা নাযাব৷ ব্যক্তিগত জীৱন উত্তৰ গুৱাহাটীৰ হেমচন্দ্ৰ বৰুৱাৰ কন্যা অন্নবালা বৰুৱাৰ সৈতে ১৯১৯ চনত লক্ষ্মীনাথ দাসে যুগ্মজীৱন আৰম্ভ কৰে৷ লক্ষ্মীনাথ দাসৰ কেইগৰাকীমান বিশিষ্ট বন্ধু হৈছে-সংগীতজ্ঞ-কবি উমেশ চন্দ্ৰ চৌধুৰী, প্ৰত্নতত্ত্ববিদ ৰাজমোহন নাথ, 'জয়ন্তী'ৰ সম্পাদক গিৰীশ চন্দ্ৰ বৰুৱা, আৰু সাংবাদিক হৰেন্দ্ৰনাথ বৰুৱা৷ অতুল চন্দ্ৰ হাজৰিকাই এওঁলোকৰ পাঁচজনীয়া বন্ধুমহলটোক 'স্মৃতিৰ পাপৰি'ত গুৱাহাটীৰ পঞ্চপাণ্ডৱ বুলি আখ্যায়িত কৰিছিল৷ মৃত্যু ১৯৬৯ চনৰ ১৩ ফেব্ৰুৱাৰি তাৰিখে লক্ষ্মীনাথ দাসৰ দেহাৱসান ঘটে৷ তথ্যসূত্ৰ অসমৰ বিজ্ঞানী অসমীয়া শিক্ষাবিদ বিজ্ঞান লেখক মৃত
25686
https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A7%87%E0%A6%81%E0%A6%9A%E0%A6%BE
ফেঁচা
চা হৈছে ষ্ট্ৰিজিফৰ্মেছ ক্ৰমৰ পক্ষী। ইয়াৰে ২০০ৰো অধিক প্ৰজাতিৰ বেছিভাগেই একাকী আৰু নিশাচৰ চিকাৰী। চাক উলম্ব স্থিতি, ডাঙৰ আৰু বহল মূৰ, তীক্ষ্ণ দৃষ্টি, উচ্চ শ্ৰৱণ শক্তি, চোকা ঠেং আৰু নীৰৱতাৰে উৰিব পৰাকৈ গঠিত ডেউকাৰ দ্বাৰা চিহ্নিত কৰা হয়। বেছিভাগ চাই সৰু সৰু স্তন্যপায়ী প্ৰাণী, পোক-পৰুৱা আৰু অন্যান্য চৰাই চিকাৰ কৰে যদিও কেইটামান প্ৰজাতি মাছ চিকাৰত পাকৈত। মেৰু অঞ্চলৰ হিমশিখৰ আৰু কিছুমান দূৰৱৰ্তী দ্বীপৰ বাহিৰে পৃথিৱীৰ সকলো অঞ্চলতে ইহঁতক পোৱা যায়। চাক দুটা পৰিয়ালত ভাগ কৰা হয়: প্ৰকৃত (বা সাধাৰণ) চা পৰিয়াল ষ্ট্ৰিজিডে আৰু চা পৰিয়াল টাইটনিডে। চাৰ একোটা দলক ইংৰাজীত "পাৰ্লিয়ামেণ্ট" বোলা হয়। সংস্কৃতত ফেঁচাক ’উলুক’ বুলি কোৱা হয়। সংকৃতত ফেঁচাক বুজোৱা আন এটা শব্দ হ’ল ’পেচক’। প্ৰাণীবিজ্ঞানৰ পৰিভাষাত ফেঁচাক ’অ’টাছ স্পাইটোচেফালাছ’ বুলি কোৱা হয়। বৈশিষ্ট্য ফেঁচা হ’ল দিনকণা প্ৰাণী ফেঁচাই দিনত নেদেখে। পোহৰত একো নেদেখা ফেঁচাই ওৰে দিনটো গছৰ খোৰোং, শিলৰ ফাঁক অথবা ফেৰেঙনিৰ ছাঁত টোপনি মাৰি থাকি আন্ধাৰ হোৱাৰ লগে লগে সাৰ পায় আৰু অতি সষ্টম হৈ নিজৰ চৌপাশৰ সুৰক্ষাত নজৰ দিবলৈ ধৰে। ৰাতিৰ পৰটোৱে ফেঁচাৰ খাদ্য গোটোৱাৰ পৰ। গতিকে ফেঁচাই নিশা আৰম্ভ হোৱাৰ লগে লগেই চিকাৰৰ সন্ধানত ব্যস্ত হৈ পৰে। কাঠনিবাৰীৰ ওখ গছ, থিয় পৰ্বত, পুৰণি অট্টালিকাৰ ধ্বংসাৱশেষ আৰু পকী ঘৰৰ মূধচত পৰি ই চিকাৰৰ অনুসন্ধান কৰে। ফেঁচাই শষ্য বিনাশকাৰী প্ৰাণীবোৰ ধৰি মাৰি খায়। এন্দুৰ-নিগনি, ফৰিং আদি চিকাৰ কৰি খেতিপথাৰবোৰ নিৰাপদ আৰু সুৰক্ষিত কৰি ৰাখে। সেয়ে ফেঁচাক ’কৃষক বন্ধু’ বুলিও কোৱা হয়। ফেঁচাৰ দৃষ্টি শক্তি অতি প্ৰখৰ। পথাৰত ঘূৰি ফুৰা নিগনি, শষ্যনাশক ফৰিং-গান্ধীপোক আদি আৰু ৰাতিৰ আন্ধাৰত জিৰণি লোৱা চৰাইবোৰো ফেঁচাৰ চকুৰ পৰা সাৰি যাব নোৱাৰে। য’তেই নাথাকক কিয়, আঁউসীৰ মিটিয়া আন্ধাৰতো ফেঁচাই এই সকলোবোৰ কৈ দেখা পায়। ফেঁচাই তাৰ মূৰটো ১৮০ ডিগ্ৰীপৰ্যন্ত ঘূৰাব পাৰে। এই সুবিধাটোৱে চিকাৰটোৰ গতি-বিধি লক্ষ্য কৰি থকাত ফেঁচাক প্ৰচুৰ সহায় কৰে। এনেদৰে গতি-বিধি লক্ষ্য কৰি কৰে উৰি গৈ চিকাৰটো পোন পোনে ধৰি পেলায়। হাতোৰাৰ সুদৃঢ় আৰু তীক্ষ্ণ নখকেইটাৰ জৰিয়তে ফেঁচাই সহজতে চিকাৰ ধৰে আৰু গোটে গোটে গিলি পেলায়। আন চৰাই বা চিকাৰী জন্তুৰ দৰে ফেঁচাই তাৰ চিকাৰটো ফালি-ছিৰি খাবলগীয়া নহয়। সেই বাবেই নেকি ইয়াৰ ঠোঁটটো বৰশী এটাৰ দৰে বেঁকোৰা। ফেঁচাৰ পাখিবোৰো অতি কোমল। সেয়ে পাখি কোবাই উৰি যাওঁতে কোনোধৰণৰ ঢপঢপনি শব্দ নহয়। ফলত সি ধৰি খোৱা চিকাৰবোৰে তাৰ আগমনৰ কথা জানিব নোৱাৰে আৰু সি নি:শব্দে গৈ সিহঁতক ধৰি গিলি থয়। ফেঁচাৰ চকু দুটাৰ সমানে তাৰ শ্ৰৱণ শক্তিমান কাণ দুখনেও চিকাৰৰ গতি-বিধি নিৰ্ণয় কৰাত সহায় কৰে। চকুহাল ডাঙৰ ডাঙৰ হোৱা সত্ত্বেও ফেঁচাই চকুতকৈ কাণ দুখনৰহে অধিক সহায় লৈ চিকাৰ বিচাৰি উলিয়ায়। অতি সামান্য শব্দৰ পৰাই চিকাৰ কৰিবলগা প্ৰাণীটো ক’ত, কেনেকৈ আছে, তাৰ উমান পায়। তামবৰণীয়া দীঘলকলীয়া প্ৰজাতিৰ ফেঁচাবোৰে মানুহে শুনা সৰ্বনিম্ন ক্ষীণ আৱাজৰ শব্দটোৰ তুলনাত দহ্গুণ কম বা ক্ষীণ আৱাজৰ শব্দটোপৰ্যন্ত শুনা পায়। প্ৰকাৰ আৰু গঠন আমাৰ সমাজত জনা-শুনা লোকসকলে দুই জাতৰ ফেঁচা থকা বুলি কয়। ’সাধাৰণ জাতৰ ফেঁচা’ আৰু ’লক্ষ্মী ফেঁচা’। প্ৰাণীবিজ্ঞানীসকলৰ মতে ফেঁচাৰ জাত দুটা: ’বাৰ্ন-আউল’ আৰু ’টাইপিকেল আউল’ ইংৰাজী ’বাৰ্ন’ শব্দই ’শষ্যৰ ভঁৰাল’ বা ’গুদাম’ক বুজায়। গতিকে ভঁৰাল বা গুদামত থকা ফেঁচাজাকে বোধহয় ’বাৰ্ন আউল’। এই জাতৰ ফেঁচাৰ আকৌ নটা প্ৰজাতি আছে। ভাৰতবৰ্ষকে ধৰি দক্ষিণ এছিয়াৰ দেশসমূহ ইউৰোপ, আমেৰিকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত উক্ত প্ৰজাতিৰ ফেঁচাৰ বুকুৰ গঠন আৰু মুখৰ আকৃতি ঘূৰণীয়া। লগতে পাতল আৰু চেপেটা। প্ৰজাতি অনুসাৰে একোটা ফেঁচাৰ দেহৰ গঠন ১১ চেণ্টিমিটাৰৰ পৰা ৮৭ চেণ্টিমিটাৰ পৰ্যন্ত হোৱা বুলি প্ৰাণীবিজ্ঞানীসকলে কয়। কিয় বিখ্যাত পাঁচখনকৈ মহাদেশ ব্যাপী থকা ফেঁচাৰ দুৰ্কপাল এয়ে যে অনাদি কালৰ পৰাই ইয়াক সকলো দেশৰ লোকে ’অমংগলীয়া চৰাই’ বুলি অপযশ দি দুৰ্নাম ৰটি থাকে। ফেঁচাৰ নিজস্ব ভাষা আছে। সেই ভাষাৰে চিঞৰি, কিৰিলি পাৰি সিহঁতে সিহঁতৰ মাজত ভাবৰ আদান-প্ৰদান কৰে। জনামতে এণ্টাৰ্কটিকা অঞ্চলৰ বাবে বিশ্বৰ সকলো ঠাইতে ফেঁচা বা নিয়তি চৰাই আছে। সিহঁতে সমস্ত বিশ্বজুৰি চিঞৰি-কিৰিলি পাৰি ’নিউ নিউ’কৈ মাতি থাকে। উপসংহাৰ যাদিও অমংগলীয়া বুলিয়ে ফেঁচা বিখ্যাত কিন্তু সেই অমংগলীয়া মাতত এতিয়ালৈকে বিশ্ব জগত ধ্বংস হৈ যোৱা নাই। সকলো সুন্দৰভাৱে চলি গৈ আছে। ফেঁচা দৰাচলতে এবিধ নিমাখিত, নিশাচৰ প্ৰাণী আৰু কৃষিজীৱীসকলৰ উপকাৰী চৰাই। এটা ভ্ৰান্ত ধাৰণা বা অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ফেঁচাক বধ কৰাৰ বিপৰীতে ইয়াক সংৰক্ষণ কৰি বিশ্বৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাতহে সকলোৱে মনোনিবেশ কৰিব লাগে। অন্যথা হয়তো কালক্ৰমত এই ফেঁচাও পৃথিৱীৰ পৰা হেৰাই যাব। তথ্য সংগ্ৰহ ফেঁচা
54742
https://as.wikipedia.org/wiki/%E0%A6%8B%E0%A6%A4%E0%A7%81%E0%A6%B8%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A7%B1
ঋতুস্ৰাৱ
ঋতুস্ৰাৱ হৈছে উচ্চতৰ প্ৰাইমেট বৰ্গৰ স্তন্যপায়ী প্ৰাণীৰ প্ৰজননৰ সৈতে জড়িত এক শৰীৰবৃত্তীয় প্ৰক্ৰিয়া। প্ৰতি মাহে ই হয় বাবে ইয়াক অসমীয়াত সচৰাচৰ মাহেকীয়া বুলিও অভিহিত কৰা হয়। প্ৰজননৰ উদ্দেশ্যে নাৰীৰ ডিম্বাশয়ত ডিম্বস্ফুটন হয় আৰু সেই ডিম্ব ফেলোপিয়ান নলীয়েদি জৰায়ুলৈ আহে আৰু ৩-৪ দিন অৱস্থান কৰে। এই সময়ত যদি পুৰুষৰ লগত যৌনমিলনৰ মাধ্যমেদি নাৰীৰ জৰায়ুত শুক্ৰকীট নাহে আৰু নহাৰ কাৰণে যদি ডিম্ব নিষিক্ত নহয়, তেতিয়া সি নষ্ট হৈ যায় আৰু জৰায়ুৰ অভ্যন্তৰৰ সৰস স্তৰ (এণ্ডমেট্ৰিয়াম) ভাঙি যায়। এই ভগ্ন আৱৰণ, শ্লেষ্মা আৰু ইয়াৰ ৰক্ত বাহিকাৰ পৰা উৎপাদিত ৰক্তপাত সকলো মিহলি হৈ তৈয়াৰ হোৱা তৰল আৰু তাৰ লগতে ইয়াৰ গোট মৰা আৰু আধা গোট মৰা মিশ্ৰণ কেইবা দিন ধৰি একেৰাহে যোনিপথেৰে নিৰ্গত হয়। এই ক্ষৰণেই ঋতুস্ৰাৱ বা ৰক্তস্ৰাৱ বা ৰজঃস্ৰাৱ। কেতিয়াবা ইয়াক গৰ্ভস্ৰাৱ হিচাপেও উল্লেখ কৰা হয়। যদি নাৰীৰ জৰায়ুত অবমুক্ত ডিম্বটো পুৰুষৰ স্খলিত শুক্ৰৰ দ্বাৰা নিষিক্ত হৈ এণ্ডোমেট্ৰিয়ামত স্থাপিত (ইম্প্লেটেছন) হয় তেতিয়া ঋতুস্ৰাৱ নহয়। তেতিয়া মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হৈ যোৱাটো নাৰী গৰাকীৰ গৰ্ভধাৰণৰ প্ৰাথমিক লক্ষণ হিচাপে বিবেচনা কৰা হয়। ৰজঃচক্ৰ বা ঋতুচক্ৰ ৰজঃচক্ৰ বা ঋতুচক্ৰ বুলিলে নাৰীদেহৰ ২৮ দিনৰ এক পৰ্যায়ক্ৰমিক শৰীৰবৃত্তীয় প্ৰক্ৰিয়াক বুজায়। প্ৰথম আৰম্ভ হয় সাধাৰণতে এঘাৰ বা বাৰ বছৰ বয়সত আৰু তাৰ পিছৰ পৰা প্ৰতিমাহে নিয়মিতভাৱে হয়। এই চক্ৰ ২৮ দিন অন্তৰে অন্তৰে বা তাৰ কিঞ্চিৎ আগে বা পাছেও হ’ব পাৰে। মাহেকীয়া ঋতুচক্ৰক তিনটা পৰ্বত ভাগ কৰা হৈছে। মেনুষ্ট্ৰুয়েল পৰ্যায়: ইয়াৰ স্খিতিকাল হল পাঁচৰ পৰা সাত দিন বা তিনৰ পৰা চাৰি দিন। এই সময়ত যোনীপথেৰে ৰক্তমিশ্ৰিত ৰস ক্ষৰণ হয়। এই ৰক্তৰ সৈতে জৰায়ুৰ অভ্যন্তৰীণ অস্খায়ী স্তৰৰ খহি পৰা কোষ কলা আৰু কিছু কিছু গ্ৰন্থিৰ ৰস মিশ্ৰিত হৈ থাকে। ইয়াৰোপৰি একধৰণৰ টিপিকেল পথ থাকে য'ৰ পৰা বুজা যায় যে ই মাহেকীয়া ঋতুস্ৰাৱৰ পথ। প্ৰলিফেৰাটিভ পৰ্যায়: এই পৰ্যায় বা সময়ত জৰায়ুৰ অভ্যন্তৰৰ ভাঙি যোৱা কোষ বা কোষৰ স্তৰবোৰ স্ত্ৰী হৰম'নৰ প্ৰভাৱত আকৌ তৈয়াৰ হবলৈ আৰম্ভ কৰে। ছিকৰেটৰি পৰ্যায়: এই সময়ত জৰায়ুৰ অভ্যন্তৰৰ প্ৰতিটো গ্ৰন্থি ৰস নি:সৰণৰ বাবে সম্পূৰ্ণভাৱে তৈয়াৰ হয়। গ্ৰন্থি আৰু তাৰ মধ্যবৰ্তী ষ্ট্ৰমা বা কলাত ৰস জমা থাকে। যৌনসঙ্গমৰ ফলস্বৰূপে পুৰুষেৰ শুক্ৰাণুৰ দ্বাৰা নাৰীৰ ডিম্বাণু নিষিক্ত হলে সি জৰায়ুত সংস্থাপিত হয়। গৰ্ভধাৰণ আৰম্ভ হয়। যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত গৰ্ভধাৰণ নঘটে তেতিয়া পৰৱৰ্তী মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হয়। ঋতুস্ৰাৱকালীন স্বাস্থ্য অনিয়মিত ঋতুস্ৰাৱ অনিয়মিত ঋতুস্ৰাৱ এটা সাধাৰণ সমস্যা। স্বাভাবিক ক্ষেত্ৰত এই মাহেকীয়া ঋতুস্ৰাৱ ২৮ দিনৰ মূৰে মূৰে হয়। কেতিয়াবা দুই-এদিন আগে-পাছেও হ’ব পাৰে। দুই-এদিনৰ হেৰ-ফেৰ স্বাভাৱিক। তথাপি ইয়াৰ ব্যতিক্ৰমো হ’ব পাৰে। ব্যতিক্ৰম হলে অৱশ্যেই অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লব লাগে। বিলম্বিত ঋতুস্ৰাৱ সাধাৰণতে এঘাৰ বা বাৰ বছৰ বয়সত প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হয় আৰু তাৰ পৰা প্ৰতিমাহে নিয়মিতভাৱে হয়। প্ৰথম ঋতুস্ৰাৱ ন বছৰ বয়সত নাইবা তাতকৈ আগেও আৰম্ভ হ’ব পাৰে। আনহাতে কেতিয়াবা তাতকৈ পলমকৈ অৰ্থাৎ বাৰ বা তেৰ বছৰ বয়স নাইবা ইয়াৰ কিছু পিছৰ পৰাও আৰম্ভ হ’ব পাৰে। যদি ওঠৰ বছৰ বয়সতো মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ নহয়, তেতিয়া তাক সমস্যা হিচাপে গণ্য কৰি চিকিৎসকৰ ওচৰলৈ নিব লগা হয়। এই ক্ষেত্ৰত শাৰীৰিক আৰু হৰম'নজনিত কোনো প্ৰকাৰৰ অস্বাভাৱিকতা আছে নেকি, তাক নিৰ্ণয় কৰা আৱশ্যক। ৰজঃনিবৃত্তি কিশোৰীৰ বয়ঃসন্ধিৰ পৰা ঋতুস্ৰাৱ আৰম্ভ হয়। ইয়াৰ পিছৰে পৰা ঋতুচক্ৰ দীৰ্ঘদিন ধৰি চলি থাকে। নাৰী বয়স্ক হ'লে ঋতুস্ৰাৱ বন্ধ হৈ যায় ইয়াকে ৰজঃনিবৃত্তি বোলা হয়। প্ৰথমে ঋতুস্ৰাৱৰ পৰিমাণ হ্ৰাস পায় আৰু ঋতুস্ৰাৱৰ সময় পৰিধি কমি আহে। এসময়ত ঋতুস্ৰাৱ সম্পূৰ্ণ ৰূপে বন্ধ হৈ যায়। এই সময়ত নাৰীৰ দেহত নানা ধৰণৰ উপসৰ্গই দেখা দিয়ে। ৰজঃনিবৃত্তি ঘটা মহিলা জীৱনৰ এক বিশেষ অধ্যায়। সাধাৰণতে ৪৩ ৰ পৰা ৫৩ বছৰৰ ভিতৰত নাৰীৰ জীৱনত ৰজঃনিবৃত্তি অধ্যায়ৰ অন্ত পৰে। নাৰীৰ বয়স ৪০ পাৰ হোৱাৰ পিছৰ পৰা ডিম্বাশয়ৰ কাৰ্যকাৰিতা লাহে লাহে কমি আহে। প্ৰত্যেক মহিলাৰ তলপেটত জৰায়ুৰ দুকাষে দুটা ডিম্বাশয় থাকে। ইয়াৰ কাম হল ডিম্বস্ফুটন আৰু হৰম'ন নিঃসৰণ। ইয়াৰ পৰা বেছিভাগ স্ত্ৰী হৰম'ন ইষ্ট্ৰ'জেন আৰু প্ৰজেষ্টেৰন, সামান্য পুৰুষ হৰম'ন টেষ্ট'ষ্টেৰন নিঃসৰণ হয়। ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ পৰা প্ৰতি মাহে একোটা ডিম্বাশয়ৰ ডিম্বস্ফুটন হয় আৰু হৰম'নবোৰো নিঃসৰিত হৈ থাকে। ৪০ বছৰৰ পিছৰ পৰা হৰম'ন নিঃসৰণ কমি আহে। ইয়াৰ প্ৰভাৱ শৰীৰ আৰু মনৰ ওপৰত পৰে। ই এটা স্বাভাৱিক ঘটনা। শৰীৰ আৰু মনৰ ওপৰত ৰজঃনিবৃত্তিৰ প্ৰভাব ৰজঃনিবৃত্তি আৰম্ভৰ লগে লগে মহিলাসকলৰ জীৱনত শাৰীৰিক আৰু মানসিক নানা ধৰণৰ পৰিবৰ্তন বা উপসৰ্গ দেখা দিয়ে। মাহেকীয়া অনিয়ম, হঠাতে মূৰ গৰম হোৱা বা হট ফ্লাছ, বুকু ধপধপনি, অতিৰিক্ত টোপনি ধৰা, অনিদ্ৰা, প্ৰস্ৰাৱৰ সমস্যা, ওজন বাঢ়ি যোৱা, খিংখিঙিয়া হোৱা মুড চেঞ্জ ইত্যাদি হ’ব পাৰে। জীৱনধাৰা বা লাইফ ষ্টাইলৰ পৰিবৰ্তনৰ দ্বাৰা এইবোৰ নিয়ন্ত্ৰণ কৰা সম্ভৱ। অনিয়মিত ঋতুচক্ৰ এই সময়ত ঋতুচক্ৰ বা মাহেকীয়া চক্ৰৰ পৰিবৰ্তন হয়। কেতিয়াবা বহুত বেছি ৰক্তস্ৰাৱ, কেতিয়াবা কম ৰক্তস্ৰাৱ হ'ব পাৰে। কেইবাদিন ধৰি অলপ অলপ ৰক্ত যাব পাৰে। সাধাৰণতে একেৰাহে বহুত দিন ৰক্তস্ৰাৱ বা ঋতুস্ৰাৱ বন্ধ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। হট ফ্লাছ ৰজঃনিবৃত্তি হোৱাৰ প্ৰথম বছৰবোৰত হট ফ্লাছ বা মুখ-কাণ-মূৰ আদিয়েদি গৰম ভাপ বাহিৰ হয় আৰু গা ঘামিবলৈ আৰম্ভ হয়। শতকৰা প্ৰায় ৭৫ ভাগ মহিলা এই হট ফ্লাছত ভুগি থাকে। সাধাৰণতে ৰাতিৰ সময়ত এই ঘাম বেছি বাহিৰ হয়। প্ৰথম বছৰত বেছি হয়, সাধাৰণত পাঁচ বছৰ পৰ্যন্ত হ’ব পাৰে। শৰীৰ অৱসাদবোধ হয় আৰু স্বভাবো খিংখিঙিয়া হয়। অনিদ্ৰা বাঢ়ি গলে শৰীৰলৈ ক্লান্তি নামি আহে। ইষ্ট্ৰ'জেন হৰম'নে মস্তিষ্কৰ তাপমাত্ৰা নিয়ন্ত্ৰণৰ গ্ৰন্থিবোৰোক প্ৰভাৱিত কৰে। সেয়ে ৰজঃনিবৃত্তি হলে ইষ্ট্ৰ'জেন হৰম'নৰ অভাৱৰ কাৰণে হট ফ্লাছ হয়। এই কাৰণে ইষ্ট্ৰ'জেন হৰম'নৰ প্ৰতিষ্ঠাপন কৰি ইয়াৰ চিকিৎসা কৰা হয়। সেয়ে বিশেষজ্ঞৰ পৰামৰ্শ অৱশ্যেই লব লাগে। মুখত ঠাণ্ডা পানী দিলে আৰু ঠাণ্ডা পানী খালে আৰামবোধ হয়। কফি, গৰম চাহ, চিগাৰেট, জৰ্দা এইবোৰ খালে হট ফ্লাছ আৰু বাঢ়ি যায়। ভিটামিন ‘বি’সমৃদ্ধ খাদ্য যেনে আটা, ওটমিল, ব্ৰকলি, ফুলকবি, কাঠফুলা, বাদাম, সূৰ্যমুখী বীজ, মটৰ, কিছমিছ, ৰঙা আলু, পালেংশাক ইত্যাদি খাদ্য খোৱা উচিত। হট ফ্লাছ বা ৰাতি ঘমাৰ কাৰণে অনেকৰ ভাল টোপনি নহয়। ইয়াৰোপৰি অনেকৰ ৰাতি টোপনি ভাঙি গলে আৰু টোপনি নাহে। তাৰ লগতে নানা ধৰণৰ চিন্তা বাঢ়ি যায়। তাৰ ফলত দিনটো ক্লান্তিবোধ হয়। টোপনি যোৱা ঔষধ চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰি। ৰাতি পাতল আহাৰ খাব লাগে, তেল-মছলাযুক্ত আহাৰ খাব নালাগে। চিগাৰেট, জৰ্দা, এলকহলৰ অভ্যাস থাকিলে বাদ দিব লাগে। শোৱাৰ আগত পাতল গৰম পানীৰে গোগল কৰিলে ভাল টোপনি হয়। মৌ-ৰস খালেও উপকাৰ পোৱা যায়। বুকু ধৰফৰ কৰা হট ফ্লাছৰ আন এটা লক্ষণ। হৃদয়ৰ সমস্যা বা অন্যান্য অসুস্থতাৰ কাৰণেও বুকু ধৰফৰ কৰিব পাৰে। সেয়ে এই সময়ত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। ৰজঃনিবৃত্তি হলে কিছুমানৰ স্মৃতিশক্তি কিছু দুৰ্বল হৈ যায়। মস্তিষ্কৰ সজীৱতা বজায় ৰখাৰ বাবে ইষ্ট্ৰ'জেন হৰম'নৰ দৰকাৰী। এই হৰম'নৰ নাটনিৰ ফলত বহুতে কথা পাহৰি যায়। বিশেষকৈ যিসকলে অযথা বেছি চিন্তা কৰে তেওঁলোকৰ ক্ষেত্ৰত এই সমস্যা বেছি হয়। কল, তিল, তিছি বীজ, সেউজীয়া শাক−পাচলি বেছিকৈ খোৱা উচিত। যোনিপথৰ শুস্কতা ৰজঃনিবৃত্তিৰ সময়ত ইষ্ট্ৰ'জেনৰ অভাৱত বহুতৰে যোনিপথৰ শুষ্কতা হোৱা দেখা যায়। ইয়াৰ ফলত সহবাসত জ্বলন অনুভৱ হ’ব পাৰে। ইয়াৰ পৰা সকাহ পাবলৈ কিছুমান একুয়াবেজড জেলি পোৱা যায়, এইবোৰ সহবাসৰ আগে ব্যৱহাৰ কৰিব পাৰি অথবা চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। ইয়াৰোপৰি এই সময়ত যোনি পথত প্ৰস্ৰাৱৰ সংক্ৰমণো বেছি হয়। এই সময়ত যিহেতু প্ৰস্ৰাৱ থলিৰ স্থিতিস্থাপকতা কমি যায়, সেই কাৰণে হাঁচি বা কাহ মাৰিলে অনেক সময়ত প্ৰস্ৰাব বাহিৰ হৈ আহে। সেইবাবে পেলভিক ব্যায়াম কৰিব লাগে আৰু প্ৰতিদিনে ৮-১০ গিলাছ পানী পান কৰা উচিত। কোল্ড ড্ৰিংছ নোখুৱাই ভাল। চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। ওজন বাঢ়ি যোৱা দেহৰ ওজন নিয়ন্ত্ৰণত ৰখাৰ বাবে শাৰীৰিক ব্যাযাম কৰা উচিত। অতিৰিক্ত কেলৰিযুক্ত খাদ্য খোৱা অনুচিত। অৰ্থাৎ ভাত, ৰুটি, লৱণ, মিঠা, চৰ্বী জাতীয় খাদ্য যিমান পাৰি কমকৈ খোৱা ভাল। সেউজীয়া শাক−পাচলি আৰু ফলমূল বেছি খাব পাৰে। চকলেট, আইচক্ৰীম, তেলত ভজা খাদ্য কম খোৱা ভাল। এই সময়ত ইষ্ট'জেনৰ অভাৱত হাড় ধীৰে ধীৰে পাতল আৰু ভঙ্গুৰ হৈ যাব পাৰে, তেতিয়া হাড়ৰ ক্ষয়িষ্ণুতা বা অছটিঅ'পৰ'ছিছ হ'ব পাৰে। এই সমস্যা সাধাৰণতে ৬০ বছৰৰ পিছত বেছি হয়, সেয়ে বহুত সোনকালে হাড়ৰ ক্ষয়ৰোগৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যায়। এই ৰোগ হলে হঠাৎ কেতিয়াবা সামান্য আঘাততে হাড় ভাঙি যায়। বিশেষকৈ কঁকাল, ঊৰুসন্ধি, হাতেৰ হাড় বেছিকৈ ভাঙে। সেয়ে জীৱনধাৰাৰ কিছু পৰিবৰ্তন, খাদ্যাভ্যাসৰ পৰিবৰ্তনে হাড়ৰ ঘনত্ব বৃদ্ধি কৰাত সহায় কৰে; যেনে প্ৰথমে, প্ৰয়োজন মতে ব্যায়াম বা সাঁতোৰাৰ অভ্যাস। দ্বিতীয়তে, কেলচিয়াম যুক্ত খাদ্য যেনে কণী, গাখীৰ, সৰু মাছ, সেউজীয়া শাক−পাচলি বেছিকৈ খোৱা। প্ৰয়োজন হ'লে কেলচিয়াম পিল খোৱা আদি। তৃতীয়তে, যাৰ অছটিঅ'পৰ'ছিছ হৈ আছে তেওঁলোতে চিকিৎসকৰ পৰামৰ্শ মতে বিভিন্ন ধৰণৰ ঔষধ আৰু হৰম'ন সেৱন কৰিব লাগে। হৃদয়ৰ সমস্যা ইষ্ট্ৰ'জেন হৰম'নে যেনেকৈ হাড়ক মজবুত ৰাখে, তেনেকৈ ৰক্তৰ কলেষ্টেৰলৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰাত সহায় কৰে। দেখা যায়, মহিলাসকলৰ ৰজঃনিবৃত্তি হোৱাৰ পিছত হৃদয়ৰ সমস্যা বাঢ়ি যায়। এই কাৰণে অনেক সময়ত চিকিৎসকৰ পৰামৰ্শত ইষ্ট্ৰ'জেন হৰম'ন ব্যৱহাৰ কৰিব লগা হব পাৰে। বয়সৰ বঢ়াৰ লগে লগে উচ্চৰক্তচাপ, মধুমেহ, ওজন বৃদ্ধি আৰু কলেষ্টেৰল বৃদ্ধিৰ বাবেও হৃদয়ৰ সমস্যা বাঢ়ি যায়। লগতে চাওক ঋতুস্ৰাৱ স্বাস্থ্য দিৱস তথ্য সংগ্ৰহ বাহ্যিক সংযোগ
51378
https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%B9%E0%A7%8B%E0%A6%AE%20%E0%A6%AE%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%BE
আহোম মুদ্ৰা
আহোমসকল বৃহত্তৰ টাই জাতিৰ এটা ঠাল। আহোমসকলৰ প্ৰথমজন ৰজা চুকাফা সেইসময়ৰ বৰ্ত্তমানৰ দক্ষিণ-পশ্চিম চীনদেশৰ মৌঙ মাও ৰাজ্যৰ পৰা ১২২৮ খ্ৰীষ্টাব্দত আহিছিল বুলি কোৱা হয়। যদিও বামুনি কোঁৱৰ অথবা চুডাংফা (১৩৯৭-১৪০৭ খ্ৰী.)ৰ শিঙৰীঘৰত উঠাৰ সময়ত প্ৰথম মুদ্ৰা মুদ্ৰণ কৰিছিল বুলি বুৰঞ্জীয়ে কয়, কিন্তু বামুণি কোঁৱৰৰ সময়ৰ পৰা প্ৰতাপসিংহ অথবা চুচেংফাৰ সময়লৈকে মুদ্ৰণ হোৱা কোনো মুদ্ৰা এতিয়ালৈকে আৱিষ্কৃত হোৱা নাই। চুকাফা আগমনৰ চাৰিশতিকাৰ পাছত ১৬৪৮ খ্ৰীষ্টাব্দত স্বৰ্গদেও জয়ধ্বজৰ দিনত মোগলমুদ্ৰাৰ আৰ্হিৰে মুদ্ৰিত আহোম মুদ্ৰাই বৰ্ত্তমানলৈকে আৱিষ্কৃত আটাইতকৈ পুৰণি মুদ্ৰা। প্ৰথম আহোম মুদ্ৰাৰ প্ৰমাণ পোৱা যায়, যিন-বেষ্টিটি টভেৰনিয়াৰ (১৬০৫-১৬৮৯ খ্ৰী.)ৰ 1676) নামৰ গ্ৰন্থত অংকিত কৰা এটা আহোম মুদ্ৰাৰ পৰা। কাশীনাথ তামুলি ফুকনৰ অসম বুৰঞ্জীত আহোমমুদ্ৰা মুদ্ৰণৰ এক কাহিনী পোৱা যায়, স্বৰ্গদেও প্ৰতাপসিংহৰ দিনত সুন্দৰ গোঁহাই আৰু কিছুমানক কোঁচবিহাৰলৈ ধৰি কৰি লৈ যায় আৰু তেওঁলোকে তাত মুদ্ৰা কিদৰে মুদ্ৰণ কৰে তাক প্ৰত্যক্ষ কৰে, পাছত তেওঁলোকক মুকলি কৰি দিয়ে। প্ৰতাপসিংহই তেওঁলোকৰ পৰা এইবিষয়ে জানিব পাৰি অসমত মুদ্ৰা মুদ্ৰণ প্ৰযুক্তি আনে। স্বৰ্গনাৰায়ণ ১৭শ শতিকাৰ মাজভাগত স্বৰ্গনাৰায়ণ দ্বিতীয় অথবা স্বৰ্গদেও জয়ধ্বজ সিংহ অথবা চুতামলাই আহোম মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰে। প্ৰথম সোণৰ আৰু ৰূপৰ মুদ্ৰা (এটোলা ওজনৰ অৰ্থাৎ প্ৰায় ১১.৬ গ্ৰাম) অসমীয়া ভাষাত মুদ্ৰিত কৰা হৈছিল। এই মুদ্ৰাত হৰি-হৰ নামত উচৰ্গিত কৰা হৈছিল। মুদ্ৰিত ১৫৭০ শকাব্দ অৰ্থাৎ ১৬৪৮ খ্ৰীষ্টাব্দ ৰজা জয়ধ্বজ সিংহৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। তেওঁৰ দিনত চীনৰ লগত বাণিজ্য কৰিবৰ বাবে জিং-বাও উল্লেখ কৰি চীনা ভাষাটো মুদ্ৰা মুদ্ৰিত কৰিছিল বুলি জনা যায়, পাছলৈ নেপাল আৰু তিব্বতৰ মাজত চুক্তি হোৱাত এই প্ৰকাৰৰ মুদ্ৰা মুদ্ৰিত কৰা হোৱা নাছিল। এই মুদ্ৰা আঁঠটা কোণ আহোম মুদ্ৰাৰ চিনাকী ৰূপ। যদিওবা আহোম মুদ্ৰাত হিন্দু দেৱদেৱীৰ নাম থাকে তথাপি আহোমৰ পৌৰাণিক ধৰ্মৰ আধাৰত অষ্টভোজাকৃতি আকৃতিৰ মুদ্ৰা আহোমসকলে গ্ৰহণ কৰা বুলি বহুতে কব খোজে। চক্ৰধ্বজসিংহ চুপুংমুঙ জয়ধ্বজ সিংহৰ পাছত তেওঁৰ পুত্ৰ স্বৰ্গদেও চক্ৰধ্বজসিংহ অথবা চুপুংমুঙে মুদ্ৰা মুদ্ৰিত কৰে। তেওঁ অসমীয়া ভাষাৰ লগতে প্ৰথম আহোম ভাষাৰ সোণৰ আৰু ৰূপৰ মুদ্ৰা মুদ্ৰিত কৰে। অসমীয়া ভাষাৰ মুদ্ৰা শিৱ-ৰাম আৰু আহোম ভাষাৰ মুদ্ৰা ফা(দেৱী)-তাৰাৰ নামত উচৰ্গিত আৰু মুদ্ৰিত ১৫৮৫ শকাব্দ (১৬৬৩ খ্ৰীষ্টাব্দ) অথবা "লকনি প্লেক-ঙি" অৰ্থাৎ ১৫তম টাওচিঙা বৰ্ষ তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। তেওঁৰ দিনতে পাখি লগা সিংহ (বহুতৰ মতে ড্ৰেগন)টোলৈ প্ৰথম জীৱ-জন্তুৰ প্ৰতিকৃতি মুদ্ৰাত অংকিত হবলৈ লয়। প্ৰথম আধলি মুদ্ৰা (প্ৰায় ৫ গ্ৰাম) আহোম ভাষাত চক্ৰধ্বজসিংহৰ দিনত মুদ্ৰিত হৈছিল। আধলি মুদ্ৰাৰ বিশেষত্ব আছিল ৰজাৰ নামৰ বাহিৰে কোনো সময়ৰ বিষয়ে উল্লেখ নাথাকে। চক্ৰধ্বজৰ দিনত ঘূৰণীয়া মুদ্ৰা অতি কম পৰিমাণে মুদ্ৰিত চুঞৎফা চক্ৰধ্বজ সিংহৰ পাছত তেওঁৰ ভাতৃ স্বৰ্গদেও উদয়াদিত্যসিংহ অথবা চুঞৎফাই সোণৰ আৰু ৰূপৰ মুদ্ৰা (এটোলা ওজনৰ) মাত্ৰ আহোম ভাষাত মুদ্ৰিত কৰিছিল। এই মুদ্ৰাত আহোমসকলৰ মহান ফা(দেৱতা)-টুচিঙলৈ উচৰ্গিত আৰু "চাম পী কাপ চান" অৰ্থাৎ ২১তম টাওচিঙা বৰ্ষ (১৬৭০ খ্ৰীষ্টাব্দ)ৰ পৰা তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। তেওঁৰ এটা মুদ্ৰাত আহোমসকলৰ প্ৰধান দেৱতা লেঙদন প্ৰতিনিধিত্ব কৰি চৰাইৰ প্ৰতিকৃতি মুদ্ৰিত আছে। এই মুদ্ৰা দুষ্পাপ্য বুলি বহুতে কয়। তেওঁৰ দুবছৰীয়া কাৰ্যকালৰ পাছত চুক্লেনফা অথবা ৰামধ্বজ সিংহই দুবছৰৰ বাবে স্বৰ্গদেও আছিল। তেওঁৰ মুদ্ৰা মুদ্ৰিত কৰা নাছিল বুলি জনা যায়। চুহুং উদয়াদিত্যৰ পাছত চুহুঙ ৰূপৰ মুদ্ৰা (এটোলা ওজনৰ) মাত্ৰ আহোম ভাষাত মুদ্ৰিত কৰিছিল। এটা মুদ্ৰা ফা(দেৱী)-তাৰা আৰু আনটো ফা(দেৱতা)-টুচিঙলৈ উচৰ্গিত আৰু মুদ্ৰিত "লকনি খুট-নি" অৰ্থাৎ ২৭তম টাওচিঙা বৰ্ষ (১৬৭৫ খ্ৰীষ্টাব্দ) তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। এতিয়ালৈকে দিহিঙিয়া ৰজাৰ মাত্ৰ দুইপ্ৰকাৰৰ তিনিটা মুদ্ৰা পোৱা তেওঁৰ কাৰ্যকালৰ পাছত আৰু চাৰিগৰাকী ৰজাই ৰাজভাৰ গ্ৰহণ কৰিছিল। তেওঁলোকে মুদ্ৰা মুদ্ৰিত কৰা নাছিল। চুপাটফা দিহিঙীয়া ৰজাৰ পাছত স্বৰ্গদেও গদাধৰ সিংহ অথবা চুপাটফাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ৰ ৰূপৰ মুদ্ৰা (এটোলা ওজনৰ) মাত্ৰ আহোম ভাষাত মুদ্ৰিত কৰিছিল। এই মুদ্ৰা ফা(দেৱতা)-লেংডনৰ নামৰ উচৰ্গিত আৰু মুদ্ৰিত "লকনি ৰাই-চান" অৰ্থাৎ ৩৩তম টাওচিঙা বৰ্ষ (১৬৮১ খ্ৰীষ্টাব্দ) তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। গদাসিংহৰ কিছু মুদ্ৰাত ময়ুৰ, চৰাই, সিংহ ইত্যাদি জীৱজন্তু অংকিত আছে। ৰুদ্ৰসিংহ স্বৰ্গদেও গদাধৰ সিংহৰ পাছত স্বৰ্গদেও ৰুদ্ৰসিংহ অথবা চু-খ্ৰাং-ফাই সোণৰ আৰু ৰূপৰ (টোলা-প্ৰায় ১১.৬ গ্ৰাম, আধলি-প্ৰায় ৫.৩ গ্ৰাম, চিকি-প্ৰায় ২.১৫ গ্ৰাম) ১৬১৮ৰ পৰা ১৬৩৬ শকাব্দলৈকে (১৬৯৬ৰ পৰা ১৭১৪ খ্ৰীষ্টাব্দলৈকে) মাত্ৰ অসমীয়া ভাষাত মুদ্ৰা মুদ্ৰিত কৰিছিল। ৰুদ্ৰসিংহই প্ৰথমবাৰৰ বাবে চিকি মুদ্ৰা প্ৰচলনলৈ আনে আৰু মুদ্ৰাৰ মুদ্ৰিত শকাব্দ লিখাৰ আৰম্ভ। তেওঁৰ এটোলা মুদ্ৰাসমূহ হৰ-গৌৰি আৰু আধলি মুদ্ৰাসমূহ শিৱ নামৰ উচৰ্গিত। তেওঁৰ মুদ্ৰাসমূহত অংকিত জীৱজন্তু সমূহে প্ৰতিকী ৰূপত ৰুদ্ৰসিংহৰ কাৰ্যকালৰ বিষয়ে অংকিত কৰে। যেনে- প্ৰথম বৰ্ষ ১৬১৮ শকাব্দৰ সিংহ সোঁফালে দৌৰি আছে এই মুদ্ৰা পিতৃৰ মুদ্ৰাসমূহক অনুকৰণ কৰা হৈছিল বহুতে কয়, দ্বিতীয় বৰ্ষ ১৬১৯ শকাব্দৰ মুদ্ৰাত সিংহই হৰিণৰ পিছ লৈ থকা অংকিত আছে, বহুতৰ মতে এই মুদ্ৰা সিংহাসনত আৰোহন কৰাৰ সময়ৰ মুদ্ৰা। বাকী বৰ্ষত সিংহই সোঁফালে দৌৰি আছে। অন্তিম বৰ্ষ ১৬৩৬শকাব্দৰ দুটা মুদ্ৰাই ৰুদ্ৰসিংহৰ সুস্থ অৱস্থা (১৬৩৬) আৰু মৃত্যুশয্যা (১৬৩৬ ৺) ক চিহ্নিত কৰা যেন লাগে। সোণৰ মুদ্ৰাসমূহত সিংহ বাওঁফালে দৌৰি থকা অংকিত আছে। শিৱসিংহ ৰুদ্ৰসিংহৰ পাছত তেওঁৰ পুত্ৰ স্বৰ্গদেও শিৱসিংহ অথবা চুটেনফাই মুদ্ৰা মুদ্ৰণ কৰে। শিৱসিংহই তেওঁৰ লগতে ৰাণী কেইগৰাকীৰ নামেৰে মুদ্ৰা মুদ্ৰিত কৰিছিল। এই মুদ্ৰাসমূহ ক্ৰম অনুযায়ী বিভক্ত কৰিব পাৰিঃ- শিৱসিংহ ১৬৩৭-১৬৪৬ (১৭১৫-১৭২৪ খ্ৰীষ্টাব্দ): শিৱসিংহৰ মুদ্ৰাসমূহ পিতৃৰ মূদ্ৰাসমূহক অনুসৰণ কৰিছিল। শিৱসিংহ ফুলেশ্বৰীদেৱী ১৬৪৬-১৬৫০ (১৭২৪-১৭২৮ খ্ৰীষ্টাব্দ): শিৱসিংহৰ মুদ্ৰাসমূহত ত্ৰিপুৰী মুদ্ৰাৰ দৰে শিৱসিংহৰ লগতে ৰাণী ফুলেশ্বৰীদেৱীৰ নামো মুদ্ৰিত কৰিবলৈ শিৱসিংহ প্ৰমেথেশ্বৰীদেৱী ১৬৫০-১৬৫৩ (১৭২৮-১৭৩১ খ্ৰীষ্টাব্দ): ফুলেশ্বৰীদেৱীৰ নাম সলনি কৰি প্ৰমেথেশ্বৰীদেৱী নামত মুদ্ৰিত কৰে। লগতে মোগলক অনুসৰণ কৰি পাৰ্চীভাষাত ঘূৰণীয়া আৰু চাৰিকোণীয়া মুদ্ৰাও মুদ্ৰিত কৰে আৰু সিংহাসন আৰোহণ বৰ্ষ এই মুদ্ৰাত প্ৰথম লিপিবদ্ধ আৰম্ভ কৰে আৰু শিৱসিংহৰ অন্তিমবৰ্ষৰ পৰ্যন্ত এই ধাৰা অব্যাহত থাকে। শিৱসিংহ ১৬৫৪/১৮ (১৭৩২ খ্ৰীষ্টাব্দ/১৮তম আৰোহণ বৰ্ষ): ১৭৩১ খ্ৰীষ্টাব্দত ফুলেশ্বৰী দেৱীৰ মৃত্যুৰ হোৱাত শিৱসিংহই আকৌ অকলে নিজৰ নামত মুদ্ৰিত কৰিছিল। শিৱসিংহ অম্বিকা ১৬৫৪-১৬৫৯ (১৭৩২-১৭৩৭ খ্ৰীষ্টাব্দ): ফুলেশ্বৰী দেৱীৰ পাছত অম্বিকা ৰাণী হয় আৰু শিৱসিংহৰ লগত একেলগে মুদ্ৰাত নাম মুদ্ৰিত কৰে। এই সময়চোৱাত এটা চাৰিকোণীয়া পাৰ্চীভাষাৰ মুদ্ৰা মুদ্ৰিত হৈছিল। শিৱসিংহ ১৬৬০/২৪-২৫ (১৭৩৮ খ্ৰীষ্টাব্দ/২৪-২৫তম আৰোহণ বৰ্ষ): ১৭৩৭ খ্ৰীষ্টাব্দত অম্বিকাদেৱীৰ মৃত্যু হোৱাত শিৱসিংহই আকৌ অকলে নিজৰ নামত মুদ্ৰা মুদ্ৰিত কৰিছিল। শিৱসিংহ সৰ্বেশ্বৰী ১৬৬১-১৬৬৬ (১৭৩৯-১৭৪৪ খ্ৰীষ্টাব্দ): অ্ম্বিকাদেৱীৰ পাছত শিৱসিংহৰ মৃত্যুৰ পৰ্যন্ত সৰ্বেশ্বৰী আৰু শিৱসিংহৰ লগত একলগে মুদ্ৰাত নাম মুদ্ৰিত কৰে। প্ৰমত্তসিংহ চুনিংফা শিৱসিংহৰ পাছত তেওঁৰ ভাতৃ স্বৰ্গদেও প্ৰমত্তসিংহ অথবা চু-নেন-ফাই মুদ্ৰা কৰিছিল। তেওঁ সোণৰ আৰু ৰূপৰ মুদ্ৰা অসমীয়া আৰু আহোম ভাষাত মুদ্ৰণ কৰিছিল। আহোম ভাষাৰ এটোলা ৰূপৰ মুদ্ৰাটো আৰোহণৰ সময়ৰ, এই মুদ্ৰা ফা(দেৱতা)-লেংডনৰ নামৰ উচৰ্গিত আৰু মুদ্ৰিত "লকনি কাট-কেউ" অৰ্থাৎ ৩৬তম টাওচিঙা বৰ্ষ (১৭৪৪ খ্ৰীষ্টাব্দ)। অসমীয়া ভাষাত টোলা, আধলি, চিকি ওজনৰ সোণৰ আৰু ৰূপৰ মুদ্ৰা ১৬৬৬-১৬৭৩ (১৭৪৪-১৭৫১ খ্ৰীষ্টাব্দলৈকে) মুদ্ৰিত কৰা হৈছিল। এই মুদ্ৰা পূৰ্বসূৰী দৰেই টোলা ওজনৰ মুদ্ৰাত হৰ-গৌৰী আৰু চিকি ওজনৰ মুদ্ৰাত শিৱৰ নামত উচৰ্গিত। প্ৰমত্তসিংহৰ সকলো মুদ্ৰাত বাওঁফালে সিংহ দৌৰি থকা দেখা যায়। ৰাজেশ্বৰসিংহ চুৰেমফা প্ৰমত্তসিংহৰ পাছত তেওঁৰ ভাতৃ স্বৰ্গদেও ৰাজেশ্বৰসিংহ অথবা চুৰেমফাই মুদ্ৰা কৰিছিল। তেওঁ সোণৰ আৰু ৰূপৰ মুদ্ৰা অসমীয়া, আহোম, দেৱনগৰী আৰু পাৰ্চী ভাষাত মুদ্ৰণ কৰিছিল। আহোম মুদ্ৰাত মুদ্ৰিত ফা(দেৱতা)-লেংডনৰ নামৰ উচৰ্গিত আৰু মুদ্ৰিত "লকনি ৰাই-চিঙা" অৰ্থাৎ ৪৩তম টাওচিঙা বৰ্ষ (১৬৭৩ শকাব্দ অৰ্থাৎ ১৭৫১ খ্ৰীষ্টাব্দ)তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। অসমীয়া ভাষাত টোলা, আধলি আৰু চিকি লগতে আধমহিয়া আৰু ছৰতিয়া (1/16) ওজনৰো সোণৰ আৰু ৰূপৰ মুদ্ৰা ১৬৭৪-১৬৯০ (১৭৫১-১৭৬৮ খ্ৰীষ্টাব্দলৈকে) মুদ্ৰিত কৰা হৈছিল। অসমীয়া মুদ্ৰাসমূহ পূৰ্বসূৰী দৰেই টোলা ওজনৰ মুদ্ৰাত হৰ-গৌৰী আৰু চিকি ওজনৰ মুদ্ৰাত শিৱৰ নামত উচৰ্গিত। ৰাজেশ্বৰসিংহৰো আহোম আৰু অসমীয়া মুদ্ৰাত বাওঁফালে সিংহ দৌৰি থকা দেখা যায়। দেৱনগৰী মুদ্ৰা মহেশ্বৰী আৰু পাৰ্চী মুদ্ৰা চন্দ্ৰ-সূৰ্যৰ নামত উচৰ্গিত আৰু সিংহাসন আৰোহৰণৰ সময়ৰ পৰা প্ৰথম (টোলা মুদ্ৰা), পঞ্চম (দেৱনগৰীৰ চিকি মুদ্ৰা) আৰু দশম (পাৰ্চীৰ চিকি মুদ্ৰা)বৰ্ষ মুদ্ৰিত কৰা হৈছিল। তেওঁৰ অসমীয়া আৰু পাৰ্চী ভাষাৰ কিছু টোলা, আধমহিয়া আৰু ছৰতিয়া মুদ্ৰা চাৰিকোণীয়া আছিল। ৰমাকান্তসিংহ (বিদ্ৰোহী নেতা) ৰাজেশ্বৰসিংহৰ মৃত্যুৰ পাছত মোৱামৰীয়া নেতা ৰমাকান্তসিংহই আহোম ৰাজসিংহাসন কিছুদিনৰ বাবে দখল কৰে। তেওঁ সময়ৰ কিছু নকোণীয়া আৰু ডেৰটোলাৰ সোণৰ আৰু ৰূপৰ মুদ্ৰা পোৱা যায়। এতিয়ালৈকে পোৱা দুটা এনে মুদ্ৰা মুদ্ৰিত বৰ্ষ ১৬৯১ শকাব্দ (১৭৬৯ খ্ৰীষ্টাব্দ) আৰু অষ্টভূজা গোঁসাঞিৰ নামত উৰ্চগিত। এই মুদ্ৰাও আহোমৰ প্ৰতিক চিহ্ন পাখি থকা সিংহৰ অংকিত। তেওঁৰ এটা সৰু ৰূপৰ মুদ্ৰাও মুদ্ৰিত হোৱা বিভিন্ন উৎসৰ জনা যায়, কিন্তু ইয়াৰ বিৱৰণ অজ্ঞাত। ১৯৯৯ খ্ৰীষ্টাব্দত কলিকতাত একেধৰণৰ সৰু সোণৰ মুদ্ৰা এটাও পোৱা গৈছিল। লক্ষ্মীসিংহ চুঞফা ৰমাকান্তসিংহৰ সিংহাসনচ্যুত কৰাৰ পাছত স্বৰ্গদেও ৰাজেশ্বৰসিংহৰ ভাতৃ লক্ষ্মীসিংহ অথবা চুঞফাই আহোম আৰু অসমীয়া ভাষাত মুদ্ৰা মুদ্ৰিত কৰিছিল। আহোম ভাষাত এটোলা ওজনৰ ৰূপৰ মুদ্ৰাটো মুদ্ৰিত ফা(দেৱতা)-লেংডনৰ নামত উচৰ্গিত আৰু মুদ্ৰিত "লকনি কাপ-চিউ" অৰ্থাৎ প্ৰথম টাওচিঙা বৰ্ষ (১৬৯২ শকাব্দ অৰ্থাৎ ১৭৬৯ খ্ৰীষ্টাব্দ) তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। অসমীয়া ভাষাত টোলা, আধলি, চিকি, আধমহীয়া, ছৰতীয়া ওজনৰ সোণৰ আৰু ৰূপৰ মুদ্ৰা ১৬৯২-১৭০২ (১৭৬৯-১৭৮০ খ্ৰীষ্টাব্দলৈকে) মুদ্ৰিত কৰিছিল। প্ৰথম পাঁচবছৰৰ মূদ্ৰাসমূহ হৰিহৰ আৰু তাৰ পাছৰ মূদ্ৰাসমূহ হৰ-গৌৰী নামত উচৰ্গিত আছিল। ইয়াৰে প্ৰথমবৰ্ষৰ কিছু টোলা আৰু চিকি মুদ্ৰা চাৰিকোণীয়া আছিল। প্ৰথমবৰ্ষৰ সিংহাসন আৰোহন বৰ্ষ আধলি মুদ্ৰাসমূহত ১ অংকিত আছিল। সোণৰ টোলা ওজনৰ মুদ্ৰাসমূহত পাখি লগা সিংহ বাওঁফালে আৰু ৰূপৰ মুদ্ৰাসমূহত সোঁফালে দৌৰি থকা অংকিত কৰা হৈছে। গৌৰিনাথসিংহ চুহিটপাঙফা লক্ষ্মীসিংহৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ স্বৰ্গদেও গৌৰিনাথসিংহ অথবা চুহিটপাঙফাই আহোম আৰু অসমীয়া ভাষাত মুদ্ৰা মুদ্ৰিত কৰিছিল। আহোম ভাষাৰ এটোলা ওজনৰ সোণৰ মুদ্ৰাটো মুদ্ৰিত ফা(দেৱতা)-লেংডনৰ নামত উচৰ্গিত আৰু মুদ্ৰিত "লকনি ৰাই-চিউ" অৰ্থাৎ ১৩তম টাওচিঙা বৰ্ষ (১৭০৩ শকাব্দ অৰ্থাৎ ১৭৮১ খ্ৰীষ্টাব্দ) তেওঁৰ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। অসমীয়া ভাষাৰ সোণৰ আৰু ৰূপৰ টোলা আৰু আধলি ওজনৰ মুদ্ৰাসমূহ (১৭০৩-১৭১৬ শকাব্দ অৰ্থাৎ ১৭৮১-১৭৯৪ খ্ৰীষ্টাব্দলৈকে) হৰ-গৌৰীৰ নামত উচৰ্গিত আৰু কিছু মুদ্ৰাত সিংহাসন আৰোহন বৰ্ষসমূহ অংকিত কৰিছিল। গৌৰিনাথৰ কিছু মুদ্ৰাত দি, ন, হ, প, ৰ চিহ্নৰে ছপাশালৰ চিহ্ন পোৱা যায়। গৌৰিনাথ সিংহই অসমীয়া ভাষাত টোলা, আধলি, চিকি, আধমহীয়া, ছৰতীয়া, তিনিৰতীয়া ওজনৰ সোণৰ আৰু ৰূপৰ মুদ্ৰা মুদ্ৰিত কৰিছিল। গৌৰিনাথ সিংহই নিম্নতম আহোম মুদ্ৰা তিনিৰতীয়া (1/32) ওজনৰ মুদ্ৰা মুদ্ৰণ আৰম্ভ কৰিছিল। ভৰতসিংহ (বিদ্ৰোহী নেতা) গৌৰিনাথসিংহ শেষৰ সময়ছোৱাত মোৱামৰীয়া মটক বিদ্ৰোহী ভৰতসিংহই ১৭১৩-১৯ শকাব্দলৈকে (১৭৯১-৯৭ খ্ৰীষ্টাব্দলৈকে) আহোম ৰাজ্যত অস্থিৰতা সৃষ্টি কৰি ৰংপুৰ নিজৰ দখললৈ আনে আৰু আহোম মুদ্ৰা শৈলীত ৰংপুৰৰ পৰা সোণৰ আৰু ৰূপৰ টোলা, আধলি, চিকি, আধমহীয়া, ছয়ৰতীয়া ওজনৰ মুদ্ৰা মুদ্ৰিত কৰে। ভৰতসিংহই অসমীয়া ভাষাত নিজকে ভগদত্তৰ উত্তৰাধীকাৰী বুলি লিখিছিল আৰু মুদ্ৰাসমূহ শ্ৰীকৃষ্ণৰ নামত উচৰ্গিত। সৰ্বানন্দসিংহ (বিদ্ৰোহী নেতা) ভৰতসিংহৰ সমসাময়িক মোৱামৰীয়া মটক বিদ্ৰোহী সৰ্বানন্দ সিংহই বেংমৰা (তিনিচুকীয়া) দখল কৰি আহোমৰ অনুকৰণত ১৭১৫-১৭ শকাব্দলৈকে (১৭৯৩-৯৫ খ্ৰীষ্টাব্দলৈকে) তিনিবছৰত সোণৰ আৰু ৰূপৰ টোলা, আধলি, চিকি, আধমহীয়া, ছয়ৰতিয়া ওজনৰ মুদ্ৰা মুদ্ৰিত কৰিছিল। তেওঁ স্বৰ্গদেওৰ উপাধী লগাইছিল। মুদ্ৰাসমূহ শ্ৰীকৃষ্ণৰ নামত উচৰ্গিত। কমলেশ্বৰসিংহ মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাতে গৌৰিনাথ সিংহৰ মৃত্যু হয়, তেওঁৰ পাছত ৰুদ্ৰসিংহৰ ভতিজাক স্বৰ্গদেও কমলেশ্বৰসিংহ অথবা চুক্লিংফাই ৰাজসিংহাসন আৰোহন কৰি অসমীয়া ভাষাত টোলা, আধলি, চিকি, আধমহীয়া ওজনৰ সোণৰ আৰু ৰূপৰ মুদ্ৰা মুদ্ৰিত কৰিছিল। মুদ্ৰাসমূহ হৰ-গৌৰীৰ নামত উচৰ্গিত আৰু মুদ্ৰিত ১৭২০ শকাব্দ অৰ্থাৎ ১৬৯৮ খ্ৰীষ্টাব্দ তেওঁ ৰাজভাৰ গ্ৰহণ কৰাৰ বছৰ। ব্ৰজনাথসিংহ কমলেশ্বৰসিংহৰ পাছত ৰাজেশ্বৰসিংহৰ আজোনাতি ব্ৰজনাথসিংহই (স্বৰ্গদেও পুৰন্দৰসিংহৰ অভিভাৱক) অসমীয়া ভাষাত সোণৰ, ৰূপৰ আৰু তামৰ টোলা, আধলি, চিকি, আধমহীয়া, ছয়ৰতীয়া, তিনিৰতীয়া ওজনৰ মুদ্ৰা পোৱা যায়। মুদ্ৰাসমূহ ৰাধা-কৃষ্ণৰ নামত উচৰ্গিত আৰু মুদ্ৰিত ১৭৩৯-৪০ শকাব্দ অৰ্থাৎ ১৮১৭-১৮ খ্ৰীষ্টাব্দ তেওঁৰ শাসনাধিস্থ দুবছৰ। ব্ৰজনাথ সিংহৰ দিনত এপোন আৰু দুপোন মূল্যৰ টোলা আৰু আধলি ওজনৰ দুটা মুদ্ৰা আছে, যি ৰূপৰ আধমহীয়া আৰু ছয়ৰতীয়া ওজনৰ আৰু টকাৰ সমমূল্যৰ। ইয়াৰে দুপোন মূল্যৰ মুদ্ৰাটো অসমীয়া আৰু পাৰ্চী দোভাষী মুদ্ৰা, যি আহোম মুদ্ৰাৰ ভিতৰত এনেধৰণৰ একমাত্ৰ মুদ্ৰা। চন্দ্ৰকান্তসিংহ ব্ৰজনাথসিংহৰ পাছত স্বৰ্গদেও চন্দ্ৰকান্তসিংহ অথবা চু-ডিং-ফাই অসমীয়াভাষাত সোণৰ আৰু ৰূপৰ মুদ্ৰা টোলা, আধলি, চিকি, আধমহীয়া, ছয়ৰতীয়া, তিনিৰতীয়া ওজনৰ মুদ্ৰা মুদ্ৰিত কৰিছিল। মুদ্ৰাসমূহ হৰ-গৌৰীৰ নামত উচৰ্গিত আৰু মুদ্ৰিত ১৭৪১-৪২ শকাব্দ অৰ্থাৎ ১৮১৯-২০ খ্ৰীষ্টাব্দ তেওঁৰ শাসনাধিস্থ দুবছৰ। যোগেশ্বৰসিংহ চন্দ্ৰকান্তসিংহৰ পাছত স্বৰ্গদেও যোগেশ্বৰসিংহই অসমীয়াভাষাত সোণৰ আৰু ৰূপৰ মুদ্ৰা টোলা, আধলি, চিকি, আধমহীয়া, ছৰতীয়া ওজনৰ আহোম মুদ্ৰা শেষবাৰৰ বাবে মুদ্ৰিত কৰিছিল। তেওঁৰ মুদ্ৰাসমূহ হৰ-গৌৰীৰ নামত উচৰ্গিত আৰু মুদ্ৰিত ১৭৪৩ শকাব্দ অৰ্থাৎ ১৮২১ খ্ৰীষ্টাব্দ তেওঁৰ সিংহাসন আৰোহন কৰা দ্বিতীয় বছৰ। যোগেশ্বৰসিংহই সিংহাসন আৰোহন কৰাৰ সময়ত বাৰ্মাৰাজৰ অধীনত বাৰ্মিজ মুদ্ৰাশৈলীৰে মুদ্ৰা মুদ্ৰিত কৰিছিল। ইয়াৰ এটা পিঠি চতুস্পতী প্ৰাণীৰ ছবি অংকণ থকাৰ বাবে ইয়াক গাহৰি ৰূপী বুলিও কয়। বিমুদ্ৰকৰণ ১৮২৮ খ্ৰীষ্টাব্দত বাৰ্মাৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে সম্পূৰ্ণ অসম ব্ৰিটিছৰ অধীনলৈ আহে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বঙ্গপ্ৰদেশৰ লগত ১৯৩৯ খ্ৰীষ্টাব্দত চামিল নকৰাৰ পৰ্যন্ত কৰতলীয়া ৰজা হিচাপে ১৮৩৮ খ্ৰীষ্টাব্দলৈকে পুৰণ্দৰ সিংহ থাকে আৰু মটকশাসিত বংমৰা ১৮৩৯খ্ৰীষ্টাব্দলৈকে থাকে। ১৮৪০ খ্ৰীষ্টাব্দ ১ জানুৱাৰীৰ পৰা আহোম মুদ্ৰা প্ৰচলন বন্ধ কৰা হয়। আহোম মুদ্ৰা ১৬৪৮ খ্ৰীষ্টাব্দৰ পৰা ১৮৪০ খ্ৰীষ্টাব্দলৈকে ১৯২ বছৰ কাল প্ৰচলনত আছিল। কম মূল্যৰ আদান-প্ৰদান আহোম ৰাজ্যত পাইক প্ৰথা আৰু বিনিময় প্ৰথা বহু বছৰ কাল চলিছিল। পাছলৈ বাৰ্হিৰাজ্যৰ লগত সাময়িক আৰু সামাজিক আদান-প্ৰদানৰ আৱশ্যক হোৱাৰ মুদ্ৰিত মুদ্ৰাৰ প্ৰচলন হল। কম মূল্যৰ আৰ্থিক আদান-প্ৰদানৰ বাবে বিনিময় প্ৰথা ব্যৱহাৰৰ উপৰিও সেইসময়ৰ কৌৰী খোলা (একপ্ৰকাৰৰ সৰু সাগৰীয় শামুকৰ খোলা) ব্যৱহাৰ কৰিছিল। উল্লেখনীয় যে, কৌৰী খোলাৰ অবাধ প্ৰচলনক কম কৰিবলৈ ৰাজেশ্বৰ সিংহই আধমহিয়া (১৬০ টা কৌৰী খোলাৰ সমমূল্যৰ) আৰু ছৰতিয়া (1/16) মূল্য (৮০ টা কৌৰী খোলাৰ সমমূল্যৰ) আৰু গৌৰীনাথ সিংহই তিনিৰতীয়া (1/32) মুল্যৰ ৰূপৰ মুদ্ৰা মুদ্ৰণ আৰম্ভ কৰিছিল। পিতৃ বজ্ৰনাথ সিংহৰ নামত পুৰন্দৰ সিংহৰ প্ৰথম কাৰ্যকালৰ সময়ছোৱাত ১ পোন (৮০ টা কৌৰী খোলাৰ সমান) আৰু ২ পোন মূল্যৰ (১৬০ টা কৌৰী খোলাৰ সমমূল্যৰ) তামৰ মূদ্ৰাৰ মুদ্ৰা আৰম্ভ কৰিছিল কিন্তু আহোম ৰাজ্য প্ৰথমে মানৰ পাছত ব্ৰিটিছৰ অধীনলৈ গুচি যোৱাৰ বাবে এই মূল্যৰ মুদ্ৰা বহুল প্ৰচলন নহল। আহোম ৰাজ্যৰ আগত বা সমসায়িকভাৱে অসমত মুদ্ৰা প্ৰচলন নাছিল এনে নহয়। অসমৰ দাঁতিকাষৰীয়া ৰাজ্যবিলাকৰ মুদ্ৰাও অসমত প্ৰচলন আছিল। সমসাময়িক মুদ্ৰা আন্তঃৰাজ্যিক আৰ্থিক আদান-প্ৰদানৰ আহোম ৰাজমোহৰী মুদ্ৰাৰ সমসায়িক বহু ৰাজ্যৰ নিজস্ব মুদ্ৰা প্ৰচলন আছিল। যেনেঃ- মনিপুৰী মুদ্ৰা জয়ন্তীয়া মুদ্ৰা ত্ৰিপুৰী মুদ্ৰা বংগ মুদ্ৰা মোগল মুদ্ৰা ব্ৰিটিছ মুদ্ৰা মাৰাঠা মুদ্ৰা শিখ মুদ্ৰা নেপালী মুদ্ৰা ভূটিয়া মুদ্ৰা বাৰ্মা মুদ্ৰা ইত্যাদি। টোকা/প্ৰসঙ্গ আহোম ৰাজ্য আহোম
2855
https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%AC%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%20%E0%A6%A8%E0%A6%BE%E0%A6%A5%20%E0%A6%B6%E0%A6%87%E0%A6%95%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE
ভবেন্দ্ৰ নাথ শইকীয়া
ড॰ ভবেন্দ্ৰ নাথ শইকীয়া ১৯৩২ ২০০৩) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক আছিল। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে। ভবেন্দ্ৰ নাথ শইকীয়াই লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ তেখেত প্ৰতিষ্ঠাপক সম্পাদক আছিল। ইয়াৰ উপৰি তেখেতে ৰেডিঅ' নাট, একাঙ্কিকা নাটক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। তেখেতে আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। ইয়াৰে সাতখন বোলছবিৰ কাৰণে তেখেতে ভাৰত চৰকাৰৰ ৰজত কমল বঁটা লাভ কৰিছিল। তদুপৰি তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমি টা আৰু ১৯৯০ চনত 'অসম উপত্যকা সাহিত্য বঁটা'ৰ লগতে পদ্মশ্ৰী সন্মানো লাভ কৰিছিল। প্ৰাৰম্ভিক জীৱন ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত। তেখেতৰ পিতৃৰ নাম আছিল বিদূৰ শইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শইকীয়া। তেখেতৰ ঘৰুৱা নাম আছিল পুতুল। তেওঁৰ ককোয়কৰ নাম আছিল ডাঃ নগেন্দ্ৰ নাথ শইকীয়া। তেওঁৰ মুঠ ককাই- ভাইৰ সংখ্যা চাৰিজন। নুৰুদ্দিন মোক্তাবৰ পৰা ভবেন্দ্ৰ নাথ শইকীয়াই তিনিটকীয়া বৃত্তিৰে সৈতে ছাত্ৰবৃত্তি উত্তীৰ্ণ হয়। ১৯৪৮ চনত তেখেতে তিনিটা বিষয়ত লেটাৰ মাৰ্ক ৰ্ষ্টাৰ-সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিহ্যপূৰ্ণ কটন মহাবিদ্যালয়ত ভৰ্তি হয়, ১৯৫০ চনত কটনৰ পৰা ইণ্টাৰমিডিয়েট আৰু তাৰপৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ বি.এচ. চি. পাছ কৰে। তাৰ পাছত ১৯৫৫-১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত তেখেতে এম.এচ.চি ডিগ্ৰী লাভ কৰে আৰু উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰে। ১৯৬১ চনত তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তদুপৰি তেখেতে লণ্ডনৰে ‘ইম্পেৰিয়েল কলেজ অৱ চাইন্স এণ্ড টেকন'লজী’-ৰ পৰা ডিপ্লমাও লাভ কৰে। কৰ্মজীৱন ড° ভবেন্দ্ৰ নাথ শইকীয়াই কৰ্মজীৱন আৰম্ভ কৰে শিৱসাগৰ মহাবিদ্যালয়ত (তাণ্টিয়া বিজ্ঞান মন্দিৰত), পদাৰ্থ বিজ্ঞানৰ প্ৰৱক্তা হিচাপে। তাৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত কিছুদিনৰ বাবে ডেমনষ্ট্ৰেটৰ হিচাপে যোগদান কৰে। তাৰ পিছত তেখেতে গৱেষণাৰ বাবে লণ্ডনলৈ যায় আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰি উভতি আহি পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগত অধ্যাপক হিচাপে যোগদান কৰে আৰু ৰীডাৰ পদলৈ পদোন্নতি লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰি ত্যাগ কৰি তেখেতে কেইবছৰমানৰ বাবে ভাৰতীয় ৰেলৱেৰ উত্তৰ পূব মণ্ডলৰ মহাপ্ৰবন্ধক হিচাপেও সেৱা আগবঢ়ায়। তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ হৈছে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। গুৱাহাটী মঞ্চৰ সৈতে তেওঁৰ সম্পৰ্ক স্থাপন হয় ১৯৫৭-৫৮ চনত। বসন্ত কুমাৰ শইকীয়াৰ চোৰ নাটকত কুমাৰ ভাস্কৰ নাট্যমন্দিৰত অভিনয় কৰিছিল। তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমি টা আৰু ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটালাভ কৰাৰ উপৰিও পদ্মশ্ৰী সন্মান লাভ কৰে। অসমীয়া নাট্য জগতলৈ ড° ভবেন্দ্ৰ নাথ শইকীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে। কেইবাখনো ৰেডিঅ' নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে। বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত প্ৰদৰ্শিত হয়। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে। অন্যান্য ক্ষেত্ৰ ড° ভবেন্দ্ৰ নাথ শইকীয়া বহুকেইটা সংগঠন আৰু পৰিষদৰ সদস্য আছিল। তেওঁ সংগীত নাটক একাডেমীৰ সদস্য আৰু সাহিত্য একাডেমীৰ কাৰ্যবাহী আৰু সাধাৰণ পৰিষদৰ সদস্য আছিল। ইউনেস্কোৰ সৈতে সহযোগিতাৰ বাবে ভাৰতীয় জাতীয় পৰিষদৰ সদস্য আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক পৰিষদৰ সদস্যও আছিল। ইয়াৰ লগতে তেওঁ জ্যোতি চিত্ৰবন (চলচ্চিত্ৰ ষ্টুডিঅ’) ছ’চাইটিৰ সভাপতি আৰু গুৱাহাটীৰ অ'ল ইণ্ডিয়া ৰেডিঅ’ৰ পৰামৰ্শদাতা সংস্থাৰ সদস্য আছিল। ড° শইকীয়া অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম লিমিটেডৰো অধ্যক্ষ আছিল। ভবেন্দ্ৰ নাথ শইকীয়া ডিমাপুৰৰ উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ শাসকীয় সংস্থাৰ সদস্যও আছিল। তেওঁ অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদালতৰ লগতে পুনেস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ছ’চাইটিৰ সদস্যও আছিল। তদুপৰি তেওঁ নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ বোৰ্ড অৱ ট্ৰাষ্টীৰ সদস্য আছিল। ছদ্মনাম হাস্য-ব্যংগাত্মক সাহিত্যত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই তেখেতৰ একাধিক সাহিত্যিক ৰচনা লিখোঁতে ছদ্মনাম ব্যৱহাৰ কৰিছিল। বিশেষকৈ হাস্য-ব্যংগমিশ্ৰিত ৰচনাসমূহ তেখেতে ছদ্মনামেৰে লিখিছিল। সেই ৰচনাসমূহ ‘প্ৰান্তিক’ আৰু সাপ্তাহিক কাকত ‘বুধবাৰ’ৰ বিভিন্ন সংখ্যাত প্ৰকাশিত হৈছিল। তেখেতৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটি আছিল সত্যপ্ৰিয় পাঠক। উক্ত ছদ্মনামেৰে লিখা আটাইকেইটা লেখা প্ৰান্তিকৰ পাততে প্ৰকাশ হৈছিল। সেইসমূহৰ নাম এনেধৰণৰঃ- জয়জয়-ময়ময়, কনফাৰেন্সৰ দোকান, নিতান্ত ঘৰুৱা, শেষ প্ৰস্তাৱ, আধুনিক তাঁতবাতি শিল্প, জীৱাশ্ম বা ফছিল, আৱিষ্কাৰৰ জননী, সোৱণশিৰিৰ চকুলো! লাই-লফা লটং-পটং, প্ৰিয়জনৰ গান শুনা যন্ত্ৰ বৃদ্ধৰ বাণী, ঘূৰি-ঘূৰি আকৌ, বুৰ্জোৱা, বলনাস্কিৰ চাকৰি কিয় গ’ল, জাতীয় জীৱনৰ ঘাই সুঁতি, শীতলা, ইনছাল্ট, সংসাৰ-বিজ্ঞানঃগৱেষণা আৰু প্ৰথম খণ্ডৰ ফলাফল, যোৱা তিনি বছৰৰ দৰে..., বেয়া নহয়, ভালেই। সত্যপ্ৰিয় পাঠকৰ পাছত বেছিকৈ সদানন্দ পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল। এইটো ছদ্ননামেৰে তেওঁ সৰ্বমুঠ ছটা লেখা লিখিছিল। লেখাকেইটা হৈছে: (১) সোণালী এণ্টাৰপ্ৰাইজ, (২) বিগ ক্ল’জ আপ, (৩) বেলি ডুবাৰ সময়, (৪) পৰম প্ৰিয় বন্ধুবৰ, (৫) বিশ্বাসঘাতক বান্দৰ, আৰু (৬) ভিতৰবিলাক। এইকেইটা লেখা প্ৰকাশ পাইছিল ‘বুধবাৰ’ত। সত্যপ্ৰিয় আৰু সদানন্দ পাঠকৰ উপৰিও ৰচনা লিখিবলৈ তেওঁ আন বহুকেইটা ছদ্মনামৰ সহায় লৈছিল। সেইসমূহ ৰচনা প্ৰান্তিকৰ পৃষ্ঠাতে ভিন্ ভিন্ সময়ত প্ৰকাশিত হৈছিল। লেখাবোৰৰ শিৰোনাম আৰু তেওঁ ব্যৱহাৰ কৰা ছদ্মনাম তলত উল্লেখ কৰা হ'ল- এদিন বাদে এদিন- ৰজনী দত্ত, দিগম্বৰ বুৰ্জোৱা- বিৰাজমোহন বৰুৱা, নিজৰ প্ৰেছক্ৰিপছনৰ ঔষধ-গোলোক মহন্ত, কেণ্ডিডেট-দিবাকৰ নেওগ, খাদ্যপ্ৰাণ-গৃহানন্দ স্বামী, শৃংখল-বিচিত্ৰা দত্ত, বাটৰ আমনি-অৰবিন্দ দত্ত, আনন্দ-সুকুমাৰ দত্ত, ডিঙিৰ খজুৱতি-মানবেন্দ্ৰ দাস, সদায় কাঠৰ বাকচ নালাগে-নি.কা.ব., মোৰ ৰাশিফল সদায় ভাল-পৰমানন্দ ৰাজগুৰু, ব’হাগৰ কথা। সেই সভাখন-এজন অৱসৰপ্ৰাপ্ত মুখ্য অতিথি, ইণ্টিমেট-কুসুম কুমাৰ বৰুৱা। তেখেতৰ এই হাস্য-ব্যংগাত্মক ৰচনাসমূহ পাছলৈ ‘কল্পলোকৰ কাহিনী’ নামৰ এখনি গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে। অসমীয়া সাহিত্যৰ জগতত বহুসংখ্যক ছদ্মনাম ব্যৱহাৰ কৰা সম্ভৱতঃ তেওঁৱেই একমাত্ৰ সাহিত্যিক। চৌপাশৰ সামাজিক-সাংস্কৃতিক সমস্যাবোৰৰ পুনৰীক্ষণ, অসমীয়া মানুহৰ চৰিত্ৰৰ কেতবোৰ অবিচ্ছেদ্য দিশ উন্মোচন, প্ৰাত্যহিকতাত সঘনাই মুখামুখি হোৱা বেমেজালিবোৰৰ পৰ্যবেক্ষণ- ইত্যাদিয়েই হৈছে তেখেতৰ দ্বাৰা লিখিত এই হাস্য-ব্যংগাত্মক ৰচনালানিৰ অন্তৰ্নিহিত তাৎপৰ্য। অন্যান্য ৰচনাত বিদেশৰ পটভূমিত লিখা কেইটামান গল্প ড॰ শইকীয়াই ছদ্মনামত লিখিছিল। তিনিটা গল্প লিখিছিল সঞ্জয় ছদ্মনামেৰে। বাকীকেইটা নিজৰ নামত লিখিছিল। এই সন্দৰ্ভত তেখেতে কৈছিল যে- "মোৰ চুটি গল্প লেখাৰ যিটো ধৰণ, তাৰ পৰা অলপ বেলেগ হ'ব বাবেই সেইকেইটা মোৰ নিজৰ নামত লেখিবলৈ মন কৰা নাছিলোঁ। ইয়াৰ উপৰিও তেওঁ নিজে সৰু চৰিত্ৰ এটিত অভিনয় কৰা 'বেউলা' ছবিখনৰ সমালোচনা লিখিছিল। সেইটো লিখিছিল সুনীতি ছদ্মনামেৰে। সমালোচনাটি 'আৱাহন'ত প্ৰকাশিত হৈছিল। সাদিনীয়া 'নৱদূত' নামৰ এখন কাকতত তেখেতে 'দৃষ্টিপাত' নামৰ এটা শিতানত লিখিছিল। সেইবোৰ লিখনি তেখেতেপ্ৰহৰী ছদ্মনামত লিখিছিল। চিনেমা বিষয়ক লেখামেলাৰ বাবে তেখেতে চিত্ৰপ্ৰিয় পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেখেতৰ আন দুটি ছদ্মনাম আছিল পৰ্যবেক্ষক আৰু সুদৰ্শন। ব্যক্তিগত জীৱন ড॰ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰীতি শইকীয়াৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুগৰাকী কন্যা সন্তান--- ড॰ সংগীতা আৰু ৰশ্মি। অন্যান্য সামাজিক কৰ্ম ১৯৯০ চনত ড° ভবেন্দ্ৰ নাথ শইকীয়াই অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। প্ৰাপ্ত ধনৰাশিৰে তেখেতে শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে আৰোহণ নামৰ এটি সংস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। আৰোহণত প্ৰধানকৈ কম সুবিধাপ্ৰাপ্ত শিশু-কিশোৰক কলা, সংগীত আৰু থিয়েটাৰৰ জৰিয়তে দক্ষতা বিকাশৰ ব্যৱস্থা কৰা হয়। আৰোহণ গুৱাহাটীৰ বশিষ্ঠপুৰত অৱস্থিত। আৰোহণৰ এটুকুৰা অংশত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ দৈনন্দিন জীৱনৰ লাগতিয়াল কেতবোৰ সামগ্ৰী যেনে: তেখেতৰ চশমা, ৰেডিঅ', তেখেতৰ প্ৰিয় কাপোৰ আদি পত্নী প্ৰীতি শইকীয়াই সংৰক্ষণৰ ব্যৱস্থা কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ জন্মৰ আঁৰত ড° ভবেন্দ্ৰ নাথ শইকীয়া জড়িত হৈ আছিল। কলাক্ষেত্ৰত থকা পুথিভঁৰালটো তেখেতৰ নামেৰে নামাংকিত কৰা হৈছে। মৃত্যু কেইবছৰমানৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা ড॰ শইকীয়াক হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ বাবে ২০০৩ চনৰ ২৭ জুলাইত গুৱাহাটী নিউৰ’লজিকেল ৰিচাৰ্চ চেণ্টাৰত ভৰ্তি কৰোৱা হয়। তাতেই তেওঁৰ অৱস্থা সংকটজনক হৈ পৰে আৰু ২৯ জুলাইৰ পৰা তেওঁক ডায়েলাইছিছ আৰু ভেণ্টিলেটৰী চাপৰ্টত ৰখা হয়। সেই বছৰৰে ১৩ আগষ্টত শইকীয়াই নশ্বৰ দেহ ত্যাগ কৰে। সাহিত্যকৰ্ম ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথম ছপাহৈ প্ৰকাশ পায় 'পথ নিৰূপণ'গল্পটো। উদয় আলোচনীত প্ৰকাশ হৈছিল। ভ্ৰাম্যমাণ নাটক ৰম্যভূমি নীলকণ্ঠ মহাৰণ্য দীনবন্ধু পাণ্ডুলিপি আম্ৰপালি অৰণ্যত গধূলি মণিকূট গহ্বৰ অমৃত বৰ্ণমালা বন্দীশাল পৰমানন্দ শুভ-সংবাদ বিষকুম্ভ অন্ধকূপ দিগম্বৰ স্বৰ্ণজয়ন্তী স্বৰ্গৰ দুৱাৰ ৰামধেনু (১৯৮১-৮২ চন, ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথম ভ্ৰাম্যমাণ নাটক) শতাব্দী সমুদ্ৰ-মন্থন জোনাক ৰাতি (অসম্পূৰ্ণ) বৃন্দাবন জন্মভূমি প্ৰতিবিম্ব একাংকিকা নাটক এজাক জোনাকীৰ জিলমিল পুতলা নাচ অলংকাৰ তীৰ্থ অৱৰোধ বাওনা তৃতীয় বন্ধু অনাতাঁৰ নাটক জোনাকী জোনাকীৰ বিয়া জোনাকী বোৱাৰী হ’ল দেউতা আগন্তুক অন্ধকূপ জংঘল বাওনা দুৰ্ভিক্ষ আবেলি ডাইনী উপন্যাস অন্তৰীপ (১৯৮৬) ৰম্যভূমি (১৯৯১) আতংকৰ শেষত ১৯৫২, দশম শ্ৰেণীত থাকোঁতে ৰচনা কৰা; ভবেন্দ্ৰ নাথ শইকীয়াৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস) আত্মজীৱনী জীৱন বৃত্ত জীৱন ৰেখা মোৰ শৈশৱ, মোৰ কৈশোৰ চুটি গল্প তেখেতৰ চুটি গল্প সংকলন কেইখন হ'ল প্ৰহৰী (১৯৬৩), সেন্দূৰ (১৯৭১), গহ্বৰ (১৯৬৯), শৃংখল (১৯৭৫), উপকণ্ঠ (১৯৯১), এই বন্দৰৰ আবেলি (১৯৮৮), বৃন্দাবন (১৯৬৫), তৰংগ (১৯৭৯), সান্ধ্য ভ্ৰমণ (১৯৯৮), গল্প আৰু শিল্প, আকাশ। চিন্তামূলক গ্ৰন্থ প্ৰবন্ধ সংকলন- শেষ পৃষ্ঠা (চাৰিটা খণ্ড)। শিশুসাহিত্য মৰমৰ দেউতা (১৯৯১) তোমালোক ভালে থাকা (তোমালোকৰ ভাল হওক) (১৯৯৮) শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট (১৯৯৭) মহাদুষ্টৰ দুষ্টবুদ্ধি মৰম চলচ্চিত্ৰ পৰিচালক ৰূপে অসমীয়া চলচ্চিত্ৰৰ পাতনি ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী' কথাছবিৰে হৈছিল। তাৰ পিছৰ প্ৰায় ৪০ বছৰ ধৰি নিৰ্মাণ হোৱা চলচ্চিত্ৰসমূহৰ বেছিখিনিয়েই আছিল তীব্ৰ বাণিজ্যিক ধৰ্মী। (ব্যতিক্ৰম: পদুম বৰুৱাৰ গঙাচিলনীৰ পাখি)। ভবেন্দ্ৰনাথ শইকীয়াই প্ৰথম বাৰৰ বাবে অসমীয়া অৰ্থবহ চলচ্চিত্ৰৰ শুভাৰম্ভ কৰে। সন্ধ্যাৰাগ, কথাছবিৰে শইকীয়াই চলচ্চিত্ৰ পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে। এক ব্যতিক্ৰমী আৰু কলাসন্মত ছবি হিচাপে কথাছবিখনে অসম আৰু ভাৰতবৰ্ষৰ চলচ্চিত্ৰপ্ৰেমীৰ মন জোকাৰি যায়। ইয়াৰ পিছত শইকীয়াদেৱে পৰিচালনা কৰে অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু কালসন্ধ্যা। 'কালসন্ধ্যা' হিন্দীভাষাত নিৰ্মিত। আটাইকেইখন ছবিয়েই কলাসন্মত ছবি হিচাপে উচ্চ প্ৰসংশিত। 'অগ্নিস্নান'ৰ চিত্ৰনাট্যই সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে। 'কালসন্ধ্যা'ৰ বাহিৰে আন কেইখন ছবিযে় শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ বাবে ৰজত কমল বঁটা পায়। ভবেন্দ্ৰনাথ শইকীয়াৰ কেউখন অসমীয়া ছবিয়েই নিজৰ গল্প আৰু উপন্যাসৰ চিত্ৰৰূপ। তেখেতৰ ছবিত কথাছবি সুলভ ৰূপকৰ পৰিবৰ্তে সাহিত্যৰ উপাদানৰ পয়োভৰ বেছি বুলি সমালোচকে কয়। সংলাপৰ ওপৰত প্ৰাধান্য দিয়াৰ কাৰণে কিছুমান সমালোচকে তেখেতৰ কথাছবি বৰ বেছি পৰিমাণে সাহিত্যধৰ্মী বুলি অভিযোগ কৰে। ভবেন্দ্ৰনাথ শইকীয়াৰ মতে সাহিত্যধৰ্মীতা তেখেতৰ ছবিৰ বিশেষ উপাদান আৰু কিছুসংখ্যক কথাছবি নিৰ্মাণ কৰিব পাৰিলে সাহিত্যধৰ্মী ছবিৰ এটা ধাৰা তেখেতে সৃষ্টি কৰিব পাৰিলেহেঁতেন বুলি তেখেতে নিজে উল্লেখ কৰি গৈছে। চলচ্চিত্ৰৰ এটা সংজ্ঞা নিৰ্ধাৰণ কৰি ড° শইকীয়াই 'ইন দ্য লেণ্ড অৱ মাই হাৰ্ট' নামৰ লেখাটোত কৈছিল- নাট্যকাৰ আৰু পৰিচালক ৰূপে অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত ড॰ শইকীয়া নাট্যকাৰ আৰু পৰিচালক হিচাপে ওতপ্ৰোতভাৱে জড়িত হৈ আছিল। ভ্ৰাম্যমাণৰ বাবে তেখেতে সৰ্বমুঠ ২৭খন নাটক ৰচনা কৰি গৈছে। বিশেষকৈ আৱাহন থিয়েটাৰ গোষ্ঠীৰ বাবে তেখেতে অধিক নাটক ৰচনা কৰিছিল। ২খন নাটক তেওঁ কহিনুৰ থিয়েটাৰ গোষ্ঠীৰ বাবে ৰচনা কৰিছে। ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই গধূলী নাটকখনক বাদ দি অন্যান্য নাটকসমূহ নিজে পৰিচালনা কৰিছিল। শইকীয়াই ৰচনা আৰু পৰিচালনা কৰা নাটকসমূহ আজিও জনপ্ৰিয়তাৰ শীৰ্ষত আছে বুলি গণ্য কৰা হয়। তদুপৰি তেওঁ অ'ল ইণ্ডিয়া ৰেডিঅ’ৰ বাবেও কেইবাখনো নাটক ৰচনা কৰিছে। কোলাহল, দুৰ্ভিক্ষ, ইতিহাস আদি নাটককেইখনক অ'ল ইণ্ডিয়া ৰেডিঅ’ই ৰাষ্ট্ৰীয় নাটক হিচাপে গ্ৰহণ কৰিছিল। ‘কোলাহল’ নাটকখন বিদেশী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰৰ বাবে বাছনি কৰা হৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাহিনীৰ ওপৰত এখন হিন্দী দূৰদৰ্শন ধাৰাবাহিকৰ এটা খণ্ডও তেওঁ পৰিচালনা কৰিছিল। বঁটা আৰু সন্মান ড॰ শইকীয়াৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল: অসম প্ৰকাশন পৰিষদ বঁটা সাহিত্য অকাডেমি বঁটা অসম উপত্যকা সাহিত্য বঁটা শ্ৰীমন্ত শংকৰদেৱ বঁটা পদ্মশ্ৰী বঁটা কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা ২০০০ ২০০১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেওঁক চিনেমা আৰু সাহিত্যৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে সন্মানীয় ডি লিট উপাধি প্ৰদান কৰে। ভবেন্দ্ৰ নাথ শইকীয়া সম্পৰ্কীয় ভিন্ন অভিমত মহেশ্বৰ নেওগৰ মতে- ভবেন্দ্ৰ নাথ শইকীয়াৰ সকলোবোৰ গল্পৰ বৰ্ণনা গোট খুৱালে হয়তো আগলৈ এটা যুগৰ এডোখৰ ঠাইৰ সমাজতাত্ত্বিক এখণ্ড অধ্যয়ন ৰূপে বিবেচিত হ’ব পাৰিব। তোষপ্ৰভা কলিতাৰ মতে- অসমীয়া জাতিৰ কাৰণে ভবেন্দ্ৰ নাথ শইকীয়া নিজেই এটা মহামূল্য উপহাৰ। মহেন্দ্ৰ বৰঠাকুৰৰ মতে- ‘ভবেন্দ্ৰ নাথ শইকীয়া হৈছে অসমত একাংকিকা নাটকৰ ভেটি বান্ধোতাসকলৰ অন্যতম। হীৰেন গোহাঁইৰ মতে-প্ৰান্তিকৰ চিঠি-পত্ৰ লিখা পাঠকসকল এক অৰ্থত ড° শইকীয়াৰ সৃষ্টি- ই কম কৃতিত্ব নহয়। এচাম অসমীয়াক অনুসন্ধিৎসু, উদ্যোগী আৰু আত্মবিশ্বাসী কৰাত তেখেতৰ ভূমিকা অনস্বীকাৰ্য। অনুৰাধা শৰ্মা পূজাৰীৰ মতে- শিশুৰ মনোজগত সম্পৰ্কে আগ্ৰহী, ৰোমাঞ্চকৰ জীৱনী, থ্ৰীলাৰ-ডিটেক্টিভ কাহিনী, সকলো বিষয় লৈ খেলা কৰা ব্যক্তি আছিল সত্যজিত ৰায়ৰ দৰে ভবেন্দ্ৰ নাথ শইকীয়াও। প্ৰদীপ বৰুৱাই কৈছে এনেদৰে- মই জীৱনত বহুত মেধাৱী লেখক লগ পালো, বহুতো নেতা, পণ্ডিত, সাহিত্যিকক লগ পালো কিন্তু তেওঁলোকৰ মাজত মানুহ খুব কমেইহে বিচাৰি পাইছো। আমি বিখ্যাত হ’ব পাৰো, খ্যাতি, মান, যশস্যা সকলো অৰ্জন কৰিব পাৰো। কিন্তু মানুহ হ’বলৈ শিকাতো বহুত কঠিন কাম। মই ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ মাজত সেই মানুহজন বিচাৰি পাইছিলো। তেওঁ এজন খ্যাতি, মান, যশস্যাৰে ভাৰাক্ৰান্ত বিখ্যাত ব্যক্তি নহয়- তেওঁ আছিল এজন মাটিৰ ওপৰত থিয় হৈ থকা মানুহ। ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মতে- ড° শইকীয়াৰ কৃতিত্বপূৰ্ণ জীৱনত এক উজ্জ্বলতম মাইলৰ খুঁটা হ’ল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিকল্পনা আৰু তাৰ ৰূপায়ণৰ ক্ষেত্ৰত আগবেঢ়াৱা বৌদ্ধিক অৱদান। কলাক্ষেত্ৰৰ প্ৰতিজোপা গছ, প্ৰতিবিধ প্ৰাচীন সামগ্ৰী আৰু কৃষ্টিৰ প্ৰতিবিম্বত প্ৰতিফলিত হৈ আছে ড° শইকীয়াৰ কাৰিকৰী পৰশৰ যাদুকৰী আৰু অবিস্মৰণীয় প্ৰভাৱ। ভবেন্দ্ৰনাথ শইকীয়া সাংস্কৃতিক বঁটা ভবেন্দ্ৰনাথ শইকীয়া সাংস্কৃতিক বঁটা নামেৰে এটি সাংস্কৃতিক বঁটাও মৰণোত্তৰভাৱে তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল। ২০১০ চনত চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই এই বঁটা প্ৰথম লাভ কৰিছিল। তথ্য সংগ্ৰহ বাহ্যিক সংযোগ অসমৰ ব্যক্তি মৃত ব্যক্তি অসমৰ চলচ্চিত্ৰ পৰিচালক অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালক অসমীয়া গল্পকাৰ অসমীয়া ঔপন্যাসিক অসমীয়া নাট্যকাৰ অসমীয়া কবি অসমীয়া শিশু সাহিত্যিক পদ্মশ্ৰী বঁটা বিজয়ী অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী অসম উপত্যকা সাহিত্য বঁটা বিজয়ী কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা বিজয়ী শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চিত্ৰনাট্য লেখক কৰ্কট ৰোগত
80481
https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A7%87%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%A8%20%E0%A6%9C%E0%A7%81%E0%A6%AE%E0%A6%BE%20%E0%A6%AE%E0%A6%9B%E0%A6%9C%E0%A6%BF%E0%A6%A6
চেৰামন জুমা মছজিদ
চেৰামন জুমা মছজিদ ভাৰতৰ কেৰালা ৰাজ্যৰ ত্ৰিচুৰৰ মেথালা, কোডুংগাল্লুৰত অৱস্থিত এটা মছজিদ। কিংবদন্তী অনুসৰি এই মছজিদক প্ৰথমবাৰৰ বাবে ৬২৯ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। ই ভাৰতীয় উপমহাদেশৰ আটাইতকৈ পুৰণি মছজিদ। আধুনিক কেৰালাৰ চেৰা ৰজা চেৰামন পেৰুমলৰ উত্তৰাধিকাৰীৰ নিৰ্দেশত ইছলামীয় নবী মুহাম্মাদৰ পাৰ্চী শিষ্য মালিক দীনাৰে ইয়াক নিৰ্মাণ কৰিছিল। ওলমি থকা চাকিৰে কেৰালা শৈলীত মছজিদখন নিৰ্মাণ কৰা হৈছিল। ১৫০৪ চনত লোপো চ'ৰেছ ডি আলবাৰ্গাৰিয়াই কোডুংগাল্লুৰ বন্দৰত আক্ৰমণ কৰাৰ সময়ত পৰ্তুগীজসকলে মছজিদটো ধ্বংস কৰিছিল। পুৰণি ভৱনটো ১৫০৪ চনৰ ডি আলগাবাৰিয়া আক্ৰমণৰ কিছু সময় পিছত নিৰ্মাণ কৰা হৈছিল (অৰ্থাৎ ১৬ শতিকাৰ মাজভাগৰ পৰা সপ্তদশ শতিকাৰ আৰম্ভণিলৈ)। আধুনিক কৰিডৰ বা দীঘলী-বাট আৰু হল ১৯৮৪ চনত নিৰ্মাণ কৰা হৈছিল। পুৰণি অট্টালিকাৰ চাৰিওফালে থকা ১৯৮৪ চনৰ আধুনিক সম্প্ৰসাৰণবোৰে পুৰণি ভৱনটোৰ প্ৰায় সকলো বোৰ বাহ্যিক বৈশিষ্ট্য লুকুৱাই ৰাখে। ইতিহাস কিংবদন্তী অনুসৰি চেৰামন পেৰুমলে ("চেৰামন পেৰুমল" চেৰা ৰজাসকলৰ দ্বাৰা অধিষ্ঠিত উপাধি) চন্দ্ৰৰ বিভাজনৰ সাক্ষী আছিল। চন্দ্ৰ বিভাজন কোৰানত উল্লেখ থকা এক অতিপ্ৰাকৃতিক ঘটনা। মুহাম্মদে এজন অবিশ্বাসীলোকৰ দাবীত এই চন্দ্ৰ বিভাজন কৰিছিল। এই অলৌকিক ঘটনা প্ৰত্যক্ষ কৰি হতভম্ব চেৰা ৰজাই তেওঁৰ জ্যোতিষীসকলক মতাই আনি এই ঘটনাৰ নিশ্চিতকৰণ কৰে কিন্তু সঠিক কাৰণ গম নাপায়। আৰৱ ব্যৱসায়ীসকলে মালাবাৰ বন্দৰত উপস্থিত হোৱাৰ পিছত ৰজাৰ সৈতে চন্দ্ৰ বিভাজনৰ দৰ্শন কৰিবলৈ সিংহল ভ্ৰমণ কৰিবলৈ অনুমতি বিচাৰে। তেওঁলোকৰ সৈতে হোৱা বাৰ্তালাপত ৰজাই মুহাম্মাদৰ বিষয়ে গম পায়। ৰাজায়ে তেওঁৰ পুত্ৰক তেওঁৰ ৰাজ্যৰ উত্তৰাধিকাৰী পাতি আৰৱ ব্যৱসায়ীসকলৰ সৈতে মুহাম্মদক নিজে লগ কৰিবলৈ যায়। লোকবিশ্বাস অনুসৰি চেৰামন পেৰুমল মুহাম্মাদ আৰু তেওঁৰ সঙ্গীসকলৰ বাবে আদাৰ আচাৰ উপহাৰ লৈ আৰৱত উপস্থিত হৈছিল আৰু নবী মুহাম্মাদৰ ভৰিত পৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। বুৰঞ্জীবিদ এম.জি.এছ. নাৰায়ণনৰ মতে, চেৰা ৰজাই ইছলাম গ্ৰহণ কৰি মক্কালৈ যোৱা পৰম্পৰাক অস্বীকাৰ কৰাৰ কোনো কাৰণ নাই, কিয়নো ই কেৱল মুছলমান ইতিহাসতে নহয়, কেৰালোলপট্টিৰ দৰে হিন্দু চৰিত পুথিৰ ইতিহাসতো ই স্থান লাভ কৰিছে। এনে এক কাহিনী ৰচনা কৰাৰ আশা কৰাৰ প্ৰয়োজন নাই যি কোনো প্ৰকাৰে ব্ৰাহ্মণ বা হিন্দু জনগোষ্ঠীৰ সন্মান বৃদ্ধি নকৰে।" মছজিদৰ ইতিহাসে ইয়াক বহুতো স্থাপত্যৰ বিচিত্ৰতা প্ৰদান কৰিছে। যিহেতু এই স্থানত পূৰ্বতে পল বৌদ্ধ মঠ আছিল সেয়ে ১০০০ খ্ৰীষ্টাব্দত ইয়াৰ পুনৰ নিৰ্মাণ নোহোৱালৈকে ই কাবাৰ ফালে মুখ কৰাৰ পৰিৱৰ্তে পূবা দিশৰ ফালে আছিল। বৰ্তমান সময়তো মছজিদখনত বৌদ্ধ মটৰ কিছু অৱশিষ্ট অংশ অন্তৰ্ভুক্ত আছে। যেনে এটা পৰম্পৰাগত পুখুৰী আৰু এটা চাকি যি হাজাৰ বছৰ ধৰি জ্বলি আছিল বুলি বিশ্বাস কৰা হয়। এই চাকিৰ তেল সকলো ধৰ্মৰ দৰ্শনাৰ্থী আৰু তীৰ্থযাত্ৰীয়ে ইয়ালৈ আনিছিল। অৱস্থান চেৰামন জুমা মছজিদ কেৰালাৰ ত্ৰিচুৰ জিলাৰ কোডুঙ্গালোৰ তালুকত ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰাভুৰ-কোডুঙ্গালোৰ ৰোডত অৱস্থিত। ৰীতি-নীতি বিদ্যাৰম্ভ বিদ্যাৰ অৰ্থ হৈছে "জ্ঞান" আৰম্ভৰ অৰ্থ হৈছে "আৰম্ভণি।" এই ৰীতি সাধাৰণতে বিজয়া দশমীত অনুষ্ঠিত হয় পুৰোহিতৰ দৰে এজন বিদ্বান ব্যক্তিৰ তত্ত্বাৱধানত তেওঁলোকৰ সন্তানক শিকাবলৈ আৰম্ভ কৰাৰ এক হিন্দু পৰম্পৰা। চেৰামন মছজিদত এই অনুষ্ঠানটো মছজিদৰ মুছলিম ইমামে পৰিচালনা কৰে। এওঁ শিশুৰ জিভাত বালিত অঁকা বৰ্ণমালাৰ সন্ধান কৰে। ইয়াৰ দ্বাৰা শিক্ষাৰ দেৱী সৰস্বতীক আমন্ত্ৰণ জনোৱা হয়। এভেনৰ নিযুক্তি মালাপ্পুৰমৰ তনুৰৰ শোভাপাৰাম্বা শ্ৰীকুৰুম্বা ভাগৱতী মন্দিৰৰ এভেন বা মুখ্য পুৰোহিতক স্থানীয় মুছলমান পৰিয়াল পাজয়াকাথ পৰিয়ালৰ সদস্য হিচাপে নিযুক্ত কৰা হয়। মন্দিৰ ন্যাসৰ সভাপতি চেল্লিকাট্টিল সুন্দৰনৰ মতে, মন্দিৰৰ এভেন পৰম্পৰাগতভাৱে স্থানীয় থিয়া পৰিয়ালৰ এজন সদস্যই নিযুক্ত কৰিছিল। সেয়া হৈছে পাজয়াখাথ ইলোমৰ ব্ৰাহ্মণ পৰিয়াল। এই পৰিয়াল বহু বছৰধৰি বিভক্ত হৈ পৰিছিল আৰু ইয়াৰ বাকী সদস্যসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল কিন্তু মন্দিৰ কৰ্তৃপক্ষ আৰু পৰিয়াল দুয়োটাই পৰম্পৰাটো বজাই ৰাখিছিল। মন্দিৰৰ হিন্দু পুৰোহিতক প্ৰতি ১২ বছৰত এবাৰকৈ এক বিশেষ ৰীতি-নীতিৰে নিযুক্ত কৰা হয়। পাজায়াকাথ পৰিয়ালৰ এজন মুছলমান সদস্যৰ সভাপতিত্বত এই প্ৰক্ৰিয়া অনুষ্ঠিত হয় আৰু তেওঁ নিযুক্তিৰ আনুষ্ঠানিক ঘোষণা কৰে। স্থানীয় লোকসকলে এই সৌহাৰ্দ্যক চেৰামন পেৰুমলৰ কৃতিত্ব বুলি জ্ঞান কৰে। ত্ৰাভানকোৰৰ মহাৰাজ "মাক্কাতুপোয়া পেৰুমাল" বা "মক্কালৈ যোৱা ৰজা"ৰ কিংবদন্তী কেৰালাৰ জীৱন-মানসত বাস কৰি আহিছে। স্বাধীনতাৰ পূৰ্বৰ ভাৰতত ত্ৰাভানকোৰ ৰাজ্যৰ মহাৰাজসকলে তেওঁলোকৰ শপত গ্ৰহণত, "মই এই তৰোৱালখন মক্কালৈ যোৱা খুৰাক ঘূৰি অহালৈকে ৰাখিম" বুলি কয়। তথ্য উৎস মছজিদ ভাৰতৰ পৰ্যটনস্থলী
76627
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%AE%E0%A6%BF%E0%A6%A4%E0%A6%BE%20%E0%A6%AD%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF
নমিতা ভট্টাচাৰ্য
নমিতা ভট্টাচাৰ্য হৈছে অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী৷ সত্তৰ-আশীৰ দশকত অসমীয়া সংগীত জগতখনৰ প্ৰত্যক্ষ সান্নিধ্যলৈ অহা গায়িকাগৰাকীৰ ১৯৭৫ চনত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ তৰামাইত পোনপ্ৰথমবাৰৰ বাবে নেপথ্য কণ্ঠশিল্পী হিচাপে অভিষেক ঘটে৷ ইয়াৰ পূৰ্বে তেখেতে আকাশবাণীত গীত পৰিৱেশন কৰিছিল৷ আলি ঢাকি পৰ শালিকী, লাজ লাজ লাজ, সুধিছা তোমালৈ কিমান মৰম, আলফুলীয়া কপৌফুল আদি তেখেতৰ কেইটামান সৰ্বজনসমাদৃত গীত৷ অসমৰ লগতে ভাৰতৰ কেইবাখনো ঠাইৰ লগতে ইউৰোপতো গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ লাভ কৰা নমিতা ভট্টাচাৰ্যই ২০২১ বৰ্ষৰ অসম চৰকাৰে প্ৰদান কৰা 'শিল্পী বঁটা' লাভ কৰে৷ আধুনিক গীতৰ লগতে তেখেতে পৰম্পৰাগত গীত-মাত, ভজন আৰু গজলো পৰিৱেশন কৰে ৷ অসমৰ আন এগৰাকী জনপ্ৰিয় পুৰুষ কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ সৈতে বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ দ্বৈত কণ্ঠৰ গীতত নমিতা ভট্টাচাৰ্যই কণ্ঠদান কৰি বিশেষ খ্যাতি তথা সমাদৰ লাভ কৰে ৷ তেখেতে বিশখনতকৈও অধিক অসমীয়া চলচ্চিত্ৰত গীত পৰিৱেশন কৰিছে৷ প্ৰাৰম্ভিক জীৱন আৰু সাংগীতিক শিক্ষা নমিতা ভট্টাচাৰ্যৰ জন্ম হৈছিল নলবাৰী জিলাৰ টিহুৰ সমীপৱৰ্তী মাখিবাহা গাঁৱত ৷ তেখেতৰ পিতৃ তাৰানাথ ভট্টাচাৰ্য আৰু মাতৃ নীলিমা ভট্টাচাৰ্য৷ পিতৃৰ চাকৰিক্ষেত্ৰ গুৱাহাটী হোৱা হেতুকে তেখেতসকলে গুৱাহাটীৰে শিলপুখুৰীত স্থায়ীভাৱে থাকিবলৈ লয়৷ নমিতা ভট্টাচাৰ্যই শৈশৱ আৰু কৈশোৰৰ দিন প্ৰায় শিলপুখুৰীতেই অতিবাহিত কৰিছিল৷ তেখেতে তাৰিণীচৰণ বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ সন্দিকৈ মহাবিদ্যালয়ত উচ্চশিক্ষাৰ হেতু নামভৰ্তি কৰে৷ সৰুৰেপৰাই তেখেতে সংগীতৰ চৰ্চা কৰি আহিছিল৷ পিতৃ-মাতৃৰ উৎসাহৰ বলতে তেখেতে ভূপেন দাসৰ ওচৰতে শাস্ত্ৰীয় সংগীত (কণ্ঠ) শিকে৷ ইয়াৰ পিছত সংগীতজ্ঞ হীৰেন আৰু শিৱেন বেনাৰ্জীৰ ওচৰত তেখেতে শাস্ত্ৰীয় সংগীতৰ (কণ্ঠ) শিক্ষা লয় ৷ সাংগীতিক জীৱন অধ্যয়নৰ কালছোৱাত নমিতা ভট্টাচাৰ্যই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত আন্ত:মহাবিদ্যালয় যুৱ মহোৎসৱত অসমীয়া আধুনিক গীত, ভজন আৰু গজল পৰিৱেশন কৰি সোণৰ পদক অৰ্জন কৰিছিল ৷ ৰেডিঅ'ত ১৯৭৩ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুৱবাণী অনুষ্ঠানত নমিতা ভট্টাচাৰ্যই গীত পৰিৱেশন কৰিছিল ৷ পৰৱৰ্তী সময়ত তেখেত আকাশবাণীৰ নিয়মীয়া কণ্ঠশিল্পী হিচাপে চিহ্নিত হয় ৷ ৰেডিঅ'যোগে শ্ৰুতিগোচৰ হোৱা তেখেতৰ গীতসমূহে শ্ৰোতাৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰে ৷ উল্লেখ্য যে, তেখেত আকাশবাণীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত 'বি-হাই' গ্ৰেডপ্ৰাপ্ত কণ্ঠশিল্পী৷ অসমীয়া চলচ্চিত্ৰত সন্দিকৈ মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ত নমিতা ভট্টাচাৰ্যই সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷ তেখেতৰ গীত শুনি অসমৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা আকৃষ্ট হয় ৷ ৰমেন বৰুৱাই ১৯৭৫ চনত মুক্তিলাভ কৰা অসমীয়া কথাছবি 'তৰামাই'ৰ গীতত কণ্ঠদান কৰিবলৈ নমিতা ভট্টাচাৰ্যক আমন্ত্ৰণ জনায় ৷ ১৯৭৫ চনতে নমিতা ভট্টাচাৰ্যই কলিকতালৈ গৈ ছবিখনৰ গীতসমূহ বাণীবদ্ধ কৰে ৷ ছবিখনৰ গীতসমূহ জনপ্ৰিয় হয় ৷ 'তৰামাই'ৰ পৰিচালক আছিল দ্বিবন বৰুৱা ৷ আনহাতে ছবিখনৰ পুৰুষ কণ্ঠৰ গীতসমূহত কণ্ঠ নিগৰাইছিল দ্বীপেন বৰুৱাই ৷ উল্লেখ্য যে, প্ৰায় বিশখন অসমীয়া কথাছবিত গীত পৰিৱেশন কৰা নমিতা ভট্টাচাৰ্যই দ্বীপেন বৰুৱাৰ লগত সাংগীতিক যুটি বান্ধি শ্ৰোতা ৰাইজৰ মাজত সমাদৰ লাভ কৰিছিল৷ সত্তৰ-আশীৰ দশকৰ অসমীয়া চলচ্চিত্ৰৰ প্ৰায়বোৰ দ্বৈত কণ্ঠৰ গীততেই এই দুগৰাকী শিল্পীয়ে কণ্ঠদান কৰে ৷ দূৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠানত ৰেডিঅ' আৰু চলচ্চিত্ৰৰ উপৰি নমিতা ভট্টাচাৰ্যই দূৰদৰ্শনৰ যোগেদিও ভালেমান সাংগীতিক অনুষ্ঠান পৰিৱেশন কৰে৷ অসমৰ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত তেখেতে প্ৰায়েই গীত পৰিৱেশন কৰিছিল৷ অসমৰ লগতে পঞ্জাব, আহমেদাবাদ, কলকাতাতো তেখেতে অনুষ্ঠান পৰিৱেশন কৰে ৷ ২০০৬ চনত প্ৰৱাসী অসমীয়া সমাজৰ নিমন্ত্ৰণক্ৰমে তেখেতে ইউৰোপৰ কেইখনমান আগশাৰীৰ মহানগৰীতো গীত পৰিৱেশন কৰিবলৈ যায়৷ কণ্ঠদান কৰা চলচ্চিত্ৰ তৰামাই (১৯৭৫) সোণমা (১৯৭৭) কল্লোল (১৯৭৮) মৰম (১৯৭৮) মৰমী (১৯৭৮) আশ্ৰয় (১৯৭৯) মানসী (১৯৭১) মন আৰু মৰম (১৯৮০) ৰাজা (১৯৮২) সাদৰী (১৯৮২) ৰজা হৰিশ্চন্দ্ৰ (১৯৮০) ঘৰ-সংসাৰ (১৯৮৩) সোণ মইনা (১৯৮৫) অজলা ককাই (১৯৮৯) গুণ গুণ গানে গানে (২০০২) স্নেহবন্ধন (২০০৬) সুৰুযৰ প্ৰভাতী কিৰণ কেইটিমান জনপ্ৰিয় গীত আলি ঢাকি পৰ শালিকী লাজ লাজ লাজ সুধিছা তোমালৈ কিমাননো মৰম আলফুলীয়া কপৌফুল সৌ মেঘৰ ছাঁ দেখিলে ৰুণুজুনু ৰুণুজুনু ঘুংগুৰু বজায় তগৰ ফুলে, নাহৰ ফুলে, ফুলে কপৌফুল বহুতকে বহু দিলোঁ নাহৰৰে কলি দেখিছানে নাই নাই হোৱা শেষ-নাই শেষ হোৱা কিনো মৰমৰ জৰী যায় অ' যায় এনেকৈয়ে যায় মন আজি উৰি গুচি যায় কি ৰং দিলা হ'লোঁ উতলা ব্যক্তিগত জীৱন নমিতা ভট্টাচাৰ্যই সুভাষ গোস্বামীৰ লগত যুগ্ম জীৱন আৰম্ভ কৰে৷ তেখেতসকল এজন পুত্ৰ আৰু এগৰাকী কন্যাৰ মাক-দেউতাক৷ বঁটা-সন্মান অসম চৰকাৰে প্ৰদান কৰা শিল্পী বঁটা (২০২১) বৰাক-ব্ৰহ্মপুত্ৰ সমন্বয় বঁটা সংগীত-ৰত্ন বঁটা লগতে চাওক দ্বীপেন বৰুৱা ৰমেন বৰুৱা তথ্যসূত্ৰ অসমীয়া কণ্ঠশিল্পী অসমীয়া চলচ্চিত্ৰৰ নেপথ্য
31691
https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A7%8B%E0%A6%B2%E0%A7%8B%E0%A6%99%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A7%B0%20%E0%A6%97%E0%A6%BF%E0%A6%AC%E0%A6%A8%20%E0%A6%85%E0%A6%AD%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0%E0%A6%A3%E0%A7%8D%E0%A6%AF
হোলোঙাপাৰ গিবন অভয়াৰণ্য
হোলোঙাপাৰ গিবন অভয়াৰণ্য (পূৰ্বে বা হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল) হৈছে ভাৰতৰ অসমত অৱস্থিত চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল। ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়। ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল। পিছলৈ অৰণ্যখন সৰু সৰু গাঁও আৰু চাহ বাগানে আৱৰি ধৰে। ১৯শ শতিকাৰ প্ৰথম ভাগত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ কৰা হৈছিল আৰু ফলত জৈৱ বৈচিত্ৰও বৃদ্ধি পায়। হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায়। ইয়াত পোৱা ওখ গছৰ ভিতৰত "হোলোং" গছ অন্যতম, আৰু মধ্যমীয়া গছৰ ভিতৰত নাহৰ গছ বেছিকৈ পোৱা যায়। সৰু সৰু জোপোহা গছ আদিয়ে বাকী ঠাই আৱৰি আছে। চোৰাংকৈ গছ কটা, মানুহৰ বসতি স্থাপন আদিয়ে অৰণ্যখনলৈ বিপদ মাতি আনিছে। ইতিহাস ১৮৮১ চনৰ ২৭ আগষ্টত স্বীকৃতি প্ৰদান কৰা অসমৰ যোৰহাট জিলাৰ এসময়ৰ হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চলৰ অংশৰপৰাই হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সৃষ্টি হৈছে। ইয়াত বেছিকৈ পোৱা "হোলোং" গছৰ পৰা এই নামটোৰ উদ্ভৱ হৈছে। আগতে ইয়াক পাটকাই পৰ্বতমালাৰ পাদদেশৰ অৰণ্যৰ অংশ বুলি গণ্য কৰা হৈছিল। এতিয়া অভয়াৰণ্যখন সম্পূৰ্ণভাৱে চাহ বাগিছা আৰু সৰু সৰু গাঁৱেৰে আবৃত হ'লেও এটা সময়ত ই নাগালেণ্ডৰ ভিতৰুৱা অৰণ্যৰ লগতো সংযুক্ত আছিল। সংৰক্ষিত অঞ্চলটো ২০৬ হেক্টৰ মাটিৰে আৰম্ভ হৈছিল আৰু ১৮৯৬ চনত কিছুমান ঠাই অসংৰক্ষিত কৰাৰ পিছত অঞ্চলটো সৰু হৈ পৰে। ১৮৮০ চনৰপৰা ১৯২০ চনমানলৈকে চাহ বাগিছাবোৰ স্থাপন হোৱাৰ ফলত আৰু মাজুলী তথা ইয়াৰ দাঁতিকাষৰীয়া এলেকাৰ বানত সৰ্বস্বান্ত হোৱা ৰাইজক পুনৰ্সংস্থাপন দিয়াৰ ফলত অৰণ্যখন খণ্ড-বিখণ্ড হৈ পৰে। তাৰপিছত অৰণ্যখন ক্ৰমান্বয়ে পৰ্বতৰ পাদদেশৰ পৰা পৃথক হৈ পৰে। অঞ্চলটো ভিন ভিন চিৰসেউজ বৃক্ষসমূহৰ লগতে লি" বাঁহগছেৰে ভৰি আছে। ১৯২৪ চনত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ আৰম্ভ কৰা হয়। প্ৰাকৃতিক গছ-গছনিৰ লগতে এই বৃক্ষৰোপণে পিছলৈ জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ এক অৰণ্যৰ সৃষ্টি কৰে। ১৯শ শতিকাত আন কিছুমান বনাঞ্চলো ইয়াত যোগ কৰাৰ ফলত ১৯৯৭ চনত ইয়াৰ মাটিকালি ২০৯৮.৬২ হেক্টৰ হয়গৈ। তথাপিও অভয়াৰণ্যখন পাঁচটা ভাগত বিভক্ত হৈ ৰৈছে। ১৯৯৭ চনৰ ৩০ জুলাইত জাননী নং 37/97/31 যোগে যোৰহাট জিলাত অভয়াৰণ্যখন গঠন কৰি "গিবন অভয়াৰণ্য" নাম দিয়া হয়। ভাৰতত পোৱা একমাত্ৰ "এপ" হলৌ বান্দৰৰ নামেৰে এই নাম দিয়া হৈছিল। কোনো গিবনৰ নামেৰে নাম দিয়া এইখন ভাৰতৰ একমাত্ৰ অভয়াৰণ্য। ২০০৪ চনৰ ২৫ মে'ত অসম চৰকাৰে জাননী নং 37/97/20ৰ যোগে ইয়াক "হোলোঙাপাৰ গিবন অভয়াৰণ্য" বুলি পুনৰ্নামকৰণ কৰে। কাষৰীয়া অঞ্চল অভয়াৰণ্যখন চৰকাৰীভাৱে দিছৈ উপত্যকা সংৰক্ষিত বনাঞ্চল, দিছৈ সংৰক্ষিত বনাঞ্চল আৰু টিৰু পাহাৰ সংৰক্ষিত বনাঞ্চললৈ বিয়পি আছে যিবোৰ ভাৰতীয় হাতী আৰু আন আন জন্তুৰ চৰণীয়া ঠাই হিচাপে ব্যৱহাৰ কৰা হয়। হোলোঙাপাৰ গিবন অভয়াৰণ্য আৰু নাগালেণ্ডৰ নিকটৱৰ্তী হাবি 'দিছৈ উপত্যকা সংৰক্ষিত বনাঞ্চলৰ মাজৰ ঠাইখিনি দিছৈ, কঁঠালগুৰি আৰু হোলোংগুৰিৰ চাহ বাগিছা কেইখনমানে অধিকাৰ কৰি আছে। সেইকেইখন হ'ল- কাটনিবাৰী, মুৰমুৰিয়া, চেনিজান, কলিয়াপানী, মেলেং, কাকজান, দিহিঙ্গীয়াপাৰ, কঁঠালগুৰি, দিছৈ আৰু হোলোংগুৰি। কাষৰীয়া গাঁওবোৰ হৈছে মাধুপুৰ, লক্ষীপুৰ, ৰামপুৰ, ফেঁচুৱেল, কাটনিবাৰী, পুখুৰাই,ভেলেউগুৰি ৰতনপুৰ, ভেলেউগুৰি অফলামুখ, ভেলেউগুৰি কলিয়াগাঁও আদি। জীৱবসতি হোলোঙাপাৰ গিবন অভয়াৰণ্যক 'অসমৰ ভৈয়ামৰ পলসুৱা অৰ্ধ-চিৰসেউজ অৰণ্য' বুলি শ্ৰেণীবিভাজন কৰা হৈছে। ইয়াত প্ৰতি বছৰে গড়ে ২৪৯ ছে:মি: বৰষুণ হয়। সাগৰপৃষ্ঠৰপৰা ১০০ ফুট-ৰপৰা ১২০ ফুট উচ্চতালৈ পৰিব্যাপ্ত এই বনাঞ্চলৰ দক্ষিণ-পূৱ ফালটো ওখ। উত্তৰ-পশ্চিম ফাললৈ উচ্চতা ধীৰে হ্ৰাস পাই আহিছে। মাজৰে বৈ যোৱা ভোগদৈ নদীয়ে অৰণ্যৰ মাজে জলমগ্ন এক অঞ্চল সৃষ্টি কৰিছে। অভয়াৰণ্যৰ সীমাৰে বিস্তৃত এই অংশত বিভিন্ন জল উদ্ভিদ পোৱা যায়। এই জলমগ্ন অঞ্চলে অৰণ্যখনক তিনিটা ক্ষুদ্ৰ পৰিবেশ ক্ষেত্ৰত বিভক্ত কৰিছে: উজনি-হেলনীয়া ক্ষেত্ৰ, নামনি-হেলনীয়া ক্ষেত্ৰ আৰু বানপানী-সম্ভাৱনাময় ক্ষেত্ৰ। প্ৰাণীকুল জৈৱবৈচিত্ৰৰে ভৰা অভয়াৰণ্যখনত ভাৰতৰ একমাত্ৰ হলৌ বান্দৰ আৰু উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায়। ইয়াত পোৱা আন আন প্ৰাইমেটবোৰ হৈছে সেন্দূৰী বান্দৰ অসমীয়া বান্দৰ মলুৱা বান্দৰ আৰু অভয়াৰণ্যখনত ভাৰতীয় হাতী, বাঘ নাহৰফুটুকী বাঘ বনৰীয়া গাহৰি তিনিপ্ৰকাৰৰ চাৰিপ্ৰকাৰৰ কেৰ্কেটুৱা আৰু আন কেইবাপ্ৰকাৰৰ স্তন্যপায়ী জন্তু পোৱা যায়। অভয়াৰণ্যখনত অতি কমেও ২১৯ প্ৰকাৰৰ চৰাই আৰু কেইবাপ্ৰকাৰৰ সাপ পোৱা যায়। উদ্ভিদকুল হোলোঙাপাৰ অভয়াৰণ্যৰ উদ্ভিদজগত 'চিৰসেউজ' ধৰণৰ আৰু স্তৰীয় আচ্ছাদনেৰে গঠিত। আচ্ছাদনৰ ওপৰৰ স্তৰ ঘাইকৈ উদ্ভিদেৰে গঠিত। ১২-ৰপৰা ৩০ মিটাৰলৈ ওখ এই স্তৰৰ উদ্ভিদৰ গা-গছ। ইয়াৰ উপৰিও চাম গমাৰি ভেলু উড়ল শিঙৰী গছো এই স্তৰত পোৱা যায়। আচ্ছাদনৰ মধ্য স্তৰত নাহৰ গছেই মুখ্য, ইয়াৰ বিস্তৃতি ক্ৰাউন আকাৰৰ। সেয়ে ইয়াৰ ঘন ছাঁয়াই বহল অংশ আৱৰি ৰাখে। নাহৰৰ বাহিৰে বান্দৰদিমা ধূনা ভোমোৰা ফুল গমাৰি বনবগৰী মড়ল ছেলেং সাঁচি ঔ টেঙা আদিও মধ্যস্তৰত পোৱা যায়। আচ্ছাদনৰ একেবাৰে তলৰ স্তৰ আৰু ভূমিসংলগ্ন উদ্ভিদকুল বিভিন্ন গছেৰে গঠিত। সঘনাই চকুত পৰা উদ্ভিদসমূহ হ'ল: দলু বাঁহ লি বাঁহ জেং জাঁতি বেত সৌকা বেত তৰা কৌপাত আৰু চোৰাত সংৰক্ষণ অভয়াৰণ্যখনক আৱৰি থকা চাহ বাগিছাসমূহে প্ৰব্ৰজনকাৰী জীৱসমূহৰ বাবে এক ভৌগোলিক বাধাৰ সৃষ্টি কৰে। চাহ বনুৱাসকলৰ বৰ্ধিত জনসংখ্যায়ো অৰণ্যখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে কাৰণ বহু লোক কাঠ, বনৌষধি আৰু খাদ্যৰ বাবে অৰণ্যখনৰ ওপৰত নিৰ্ভৰশীল। ঘৰচীয়া জন্তুৰ বাবে অৰণ্যখনৰ পৰা বৃহৎ পৰিমাণৰ গছৰ পাত আৰু ঘাঁহ সংগ্ৰহ কৰা হয়। বাৰিষাকালি চাহ বাগিছাবোৰত ব্যৱহৃত অপতৃণনাশক আৰু কীটনাশকবোৰ অৰণ্যখনৰ মাজেৰে বৈ যায়। হাতীবোৰে নাগালেণ্ডলৈ প্ৰব্ৰজন কৰাৰ বাবে চাহ বাগিছাবোৰৰ মাজৰে যায় আৰু সেইবাবে চোৰাং চিকাৰৰ লক্ষ্য হয়। অৰণ্যখনক ৰেলপথেও ভাগ ভাগ কৰি পেলাইছে। চোৰাংকৈ কাঠ কটা আৰু অবৈধ বসতিয়ে অৰণ্যখনৰ মান নিম্নগামী কৰি তুলিছে। তথ্য সংগ্ৰহ অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য যোৰহাট জিলাৰ
38108
https://as.wikipedia.org/wiki/%E0%A7%AE%20%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0
৮ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা- ঘটনাৱলী ২০২১ ভাৰতীয় সেনাৰ ইতিহাসত সৰ্ববৃহৎ বিমান দুৰ্ঘটনা। সৰ্বাধিনায়ক বিপিন ৰাৱাটসহ ১২জনৰ অপঘাত মৃত্যু। নিহতৰ মাজত ৰাৱাটৰ পত্নী মধুলিকা, ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ, লেঃ কৰ্ণেল হৰজিন্দৰ সিং। প্ৰাণৰক্ষা পৰা গ্ৰুপ কেপ্টেইন বৰুণ সিং ৱেলিংটনক সংকটজনক অৱস্থাত চিকিৎসাধীন। ইয়াৰ পূৰ্বেও ২০১৫ চনত ডিমাপুৰৰ ৰঙা পাহাৰত বিমান দুৰ্ঘটনা হৈ কথমপি প্ৰাণৰক্ষা পৰিছিল ৰাৱাটৰ। জন্ম ১৭২০ বালাজীৰাও ভাট যাক নানা চাহেব প্ৰথম বুলিও জনা যায়, ভাৰতৰ মাৰাঠা সাম্ৰাজ্যৰ অষ্টম সম্ৰাট আছিল। ১৭৪০ চনত তেওঁৰ প্ৰসিদ্ধ পিতৃ বাজিৰাও প্ৰথমৰ মৃত্যুত তেওঁক সম্ৰাট হিচাপে নিযুক্তি দিয়া হয়। বালাজী বাজিৰাও এজন চতুৰ ৰণনীতিবিদ, কূটনীতিবিদ আৰু দক্ষ ৰাজনীতিবিদ আছিল। তেওঁ তেওঁৰ সম্পৰ্কীয় ভাই সদাশিৱৰাও ভাটৰ সৈতে ৰাজ্যখনত নতুন আইনী আৰু বিত্তীয় ব্যৱস্থা প্ৰৱৰ্তন কৰে। তেওঁৰ নেতৃত্বত, মাৰাঠা সাম্ৰাজ্যৰ সীমা বৰ্তমানৰ পাকিস্তানৰ পেছাৱাৰ, দক্ষিণৰ শ্ৰীৰঙ্গপত্তনম আৰু বৰ্তমানৰ পশ্চিম বংগৰ মেদিনীপুৰলৈ সম্প্ৰসাৰিত হৈছিল। নানাচাহেবে পুনেৰ ৰাজধানী চহৰ আৰু মাৰাঠা সাম্ৰাজ্যৰ অন্যান্য অংশত পৰ্যটকৰ বাবে দলং, মন্দিৰ আৰু লজ নিৰ্মাণ কৰিছিল। মৃত্যু ২৩ জুন, ১৭৬১। ১৯০০ উদয় শংকৰ, ভাৰতীয় নৃত্যশিল্পী, নৃত্য পৰিচালক আৰু অভিনেতা। ১৯৩৫ ধৰম সিং দেউল যাক ধৰ্মেন্দ্ৰ বুলি জনা যায়, এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। বলীউডৰ প্ৰথম হিচাপে পৰিচিত ধৰ্মেন্দ্ৰই ছয় দশকতকৈও অধিক সময়ৰ কেৰিয়াৰত ৩০১ খনতকৈও অধিক চলচ্চিত্ৰত কাম কৰিছে। তেওঁ হিন্দী চলচ্চিত্ৰৰ ইতিহাসৰ অন্যতম সফল অভিনেতা। ১৯৯৭ চনত হিন্দী চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰে। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা ৰাজস্থানৰ বিকানেৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি ভাৰতৰ পঞ্চদশ লোকসভাৰ সদস্য হৈছিল। ২০১২ চনত, তেওঁক ভাৰত চৰকাৰে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। ১৯৪৪ শৰ্মিলা ঠাকুৰ, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। বেগম আয়েশা চুলতানা নামেৰেও জনাজাত। মুখ্যতঃ হিন্দী আৰু বঙালী ভাষাৰ চলচ্চিত্ৰত তেওঁ কাম কৰিছিল। তেওঁ হিন্দী চলচ্চিত্ৰত শক্তি সামন্তৰ ৰোমাণ্টিক ছবি কাশ্মীৰ কি কলি(১৯৬৪)ৰ দ্বাৰা আত্মপ্ৰকাশ কৰিছিল। শৰ্মিলা ঠাকুৰে তেওঁৰ অভিনয় জীৱনত দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটাকৈ ফিল্মফেয়াৰ বঁটা আৰু ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰিছে। অভিনয়ৰ উপৰিও, ঠাকুৰে অক্টোবৰ ২০০৪ৰ পৰা মাৰ্চ ২০১১লৈ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। ২০০৫ চনৰ ডিচেম্বৰত, তেওঁক ইউনিচেফৰ গুডউইল এম্বেচেডৰ হিচাপে বাছনি কৰা হয়। ২০১৩ চনত ভাৰত চৰকাৰে তেওঁক প্ৰদৰ্শন কলাৰ জৰিয়তে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটাৰে সন্মানিত কৰে। ১৯৭১ গীতা গোপীনাথ, ভাৰতীয় আমেৰিকান অৰ্থনীতিবিদ। ১৯৯৩ শিৱ থাপা, এজন ভাৰতীয় বক্সাৰ। অলিম্পিক গোল্ড কোৱেষ্ট আৰু এংলিয়ান মেডেল হান্ট কোম্পানীৰ সমৰ্থনত শিৱ থাপাই ২০১২ চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল আৰু অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা সৰ্বকনিষ্ঠ ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়। এ আই এ পুৰুষৰ বিশ্ব ৰেংকিঙত শিৱ থাপা বেণ্টমৱেট শ্ৰেণীত তৃতীয় স্থানত আছে। তেওঁ এছিয়ান গেমছত স্বৰ্ণ জয় কৰা তৃতীয় ভাৰতীয়। তাৰোপৰি এ আই বি এ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদক অৰ্জন কৰা শিৱ থাপা তৃতীয় ভাৰতীয় বক্সাৰ। তেওঁ এতিয়া মিডলেণ্ড ক্ৰেডিট মেনেজমেণ্টৰ একাউণ্ট মেনেজাৰ। থাপা আন্তৰ্জাতিক বক্সিং সংস্থা (অপেচাদাৰী) এথলীট কমিটিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। মৃত্যু ২০০২ জুনুমণি শইকীয়া, আন্তৰ্জাতিক এথ্লীট্। অসমৰ ক্ৰীড়া জগতৰ এক উজ্জ্বল তাৰকা। জুনুমণি আৰু তেওঁৰ সতীৰ্থসকলে ১৯৯২ চনত নতুন দিল্লীত জুনিয়ৰ এছিয়ান ট্ৰেক এণ্ড ফিল্ড মিটত ১০০ মিটাৰ ৰিলেত এটা মিট ৰেকৰ্ড স্থাপন কৰিছিল। তেওঁ ১৯৯১ত বেইজিংত হোৱা এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপতো অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও জুনুমণি শইকীয়াই ১৯৯১ চনত কলম্বোত অনুষ্ঠিত ছাউথ এছিয়ান গেমছত ৰূপৰ পদক জিকিছিল, লগতে কুৱালালমপুৰত অনুষ্ঠিত হোৱা নৱম এথলেটিকছ এছিয়ান চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত জুনুমণিয়ে চণ্ডীগড়(১৯৮৮) আৰু কটক(১৯৯০)ত অনুষ্ঠিত হোৱা ক্ৰমে ৩৩ সংখ্যক আৰু ৩৪ সংখ্যক বিদ্যালয়সমূহৰ খেলত ১০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিছিল। তেওঁ জলন্ধৰত অনুষ্ঠিত হোৱা তৃতীয় ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপত মাত্ৰ ১২.৩ ছেকেণ্ডত ১০০ দৌৰ সম্পূৰ্ণ কৰি স্বৰ্ণ পদক লাভ কৰিছিল। আৰু ১৯৮৯ চনত বাংগালোৰৰ চতুৰ্থ ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপত ১০০ মিটাৰ আৰু ২০০ মিটাৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এইগৰাকী অসমীয়া চেম্পিয়ন এথলীটৰ জন্ম হৈছিল ১৯৭৩ চনত মাজুলীত। ২০২১ বিপিন ৰাৱাট ভাৰতীয় সামৰিক বিষয়া আছিল যি ভাৰতীয় সেনাৰ চাৰিতাৰকাযুক্ত মুখ্য সেনাধ্যক্ষ আছিল। ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা ২০২১ চনৰ ডিচেম্বৰত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱালৈকে তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰথম প্ৰতিৰক্ষা মুৰব্বী (চিডিএছ) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চিডিএছ ৰ দায়িত্ব লোৱাৰ আগতে তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ চীফ অফ ষ্টাফ কমিটিৰ (অধ্যক্ষ চিঅ'এছচি) ৫৭তম অধ্যক্ষ আৰু লগতে ভাৰতীয় সেনাৰ ২৬তম সেনা প্ৰধান (চিঅএএছ) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। জন্ম ১৬ মাৰ্চ, ১৯৫৮। দিৱস বৌদ্ধ দিৱস (জাপান)। সংবিধান দিৱস (ৰোমানিয়া)। সংবিধান দিৱস (উজবেকিস্তান)। বাহ্যিক সংযোগ বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা তথ্য 
70766
https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A6%BE%E0%A6%B2%E0%A7%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A7%B0%20%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF
নাগালেণ্ডৰ সংস্কৃতি
নাগালেণ্ডৰ ১৬টা প্ৰধান জনজাতি হ’ল আঙ্গামি, আও, চাখেচাং, চাঙ, খাইমনিউনগান, কঁয়াক, ল’থা, ফ’ম নগা, প’চুৰী, ৰেঙ্গমা, চাঙ্গতাম, চুমী, য়িমচুংগাৰ, কুকি, আৰু জেলিয়াংগ্ৰং। কয়াঁক, আঙ্গামি, আও, ল’থা আৰু চুমী সকল বৃহত্তম নগা জনগোষ্ঠী। এইবোৰৰ উপৰিও আন আন সৰু সৰু জনগোষ্ঠীও নাগালেণ্ডত দেখিবলৈ পোৱা যায়। নগাসকলৰ মাজত সাধাৰণতে দেখা পোৱা কেইটামান সাংস্কৃতিক বৈশিষ্ট্য হৈছে: মূৰ-কটা প্ৰথা মৰংঘৰ চাংঘৰ চাঙত তুলি কৰা শৱ- সৎকাৰ প্ৰথা প্ৰাক- বিবাহ যৌন মিলন তামোল- খোৱা গাখীৰৰ প্ৰতি বিতৃষ্ণা গাত চিত্ৰ আঁকি লোৱা (টেটু) ৰাজনৈতিক গাঁথনিহীনতা কুমাৰৰ শাল সৰল পদ্ধতিৰ তাঁতশাল চাৰিচুকীয়া বা ছচুকীয়া ঢাল পাহাৰীয়া ঠাইত বসতি। বস্ত্ৰ জনগোষ্ঠীয় পৰম্পৰাসমূহৰ নগা সমাজত গুৰুত্ব বেছি। তাঁতশালত কাপোৰ বোৱা পৰম্পৰা নগা সমাজত বহু প্ৰজন্মৰ পৰা চলি আহিছে। প্ৰত্যেকটো জনগোষ্ঠীৰে কাপোৰত নিজস্ব কলাশৈলী আৰু ৰঙ দেখিবলৈ পোৱা যায়, তাঁতশালত নগাসকলে গাত লোৱা কাপোৰ, মেজত পৰা কাপোৰ, সাধাৰণ বস্ত্ৰ প্ৰস্তুত কৰে। কাঠ আৰু বাঁহৰ সঁজুলি নিৰ্মাণতো নগাসকল পাকৈত। প্ৰায় সকলোবোৰ জনগোষ্ঠীৰ ক্ষেত্ৰতে গাত লোৱা কাপোৰ(শ্বাল)খনে নগা সমাজত মানুহ জনৰ সামাজিক স্থান সূচিত কৰে। নগা সমাজত প্ৰচলিত জনপ্ৰিয় শ্বালবোৰ হৈছে আওসকলৰ চাংকটেপচু আৰু ৰংচো, ল’থাসকলৰ চুটাম, ইথাচু, লংপেনচু, চাংটামসকলৰ চুপং, য়িমচুংগাৰসকলৰ ৰংখিম, চুংগ্ৰেম খিম, আঙ্গামি সকলৰ ল’হে ইত্যাদি। সংগীত আৰু নৃত্য লোক নৃত্য আৰু লোক সংগীত নগা সংস্কৃতিৰ এৰাব নোৱৰা অংগ। লোক সংগীত আৰু সাধুবোৰ মুখে মুখে এটা প্ৰজন্মৰ পৰা আনটোলৈ চলি আহিছে। নগা লোক সংগীত সমূহ ৰোমান্তিক আৰু ঐতিহাসিক দুয়ো বিষয়ৰ হোৱা দেখা যায়, ঐতিহাসিক গীত সমূহত বিখ্যাত পূৰ্বপুৰুষসকলৰ আৰু বিভিন্ন কাহিনীৰ বৰ্ণনা পোৱা যায়। তদুপৰি কিছুমাত গীতত বিভিন্ন ঋতু আৰু প্ৰকৃতিৰ বৰ্ণনাও পোৱা যায়। লগতে তেওঁলোকৰ বিভিন্ন ঋতুত কৰা খেতিৰ বৰ্ণনাও এই গীতসমূহত পোৱা যায়। নগাসকলৰ যুদ্ধ নৃত্য নাগালেণ্ডৰ প্ৰধান নৃত্য। খাদ্যাভাস নাগালেণ্ড হৈছে ভোট জলকীয়াৰ গৃহভূমি। নাগালেণ্ডৰ সকলো জনজাতিৰ নিজা ৰন্ধনপ্ৰণালী আছে, আৰু তেওঁলোকে তেওঁলোকৰ ব্যঞ্জনত যথেষ্ট মাংস, মাছ আৰু কিণ্বিত সামগ্ৰী ব্যৱহাৰ কৰে। অৱশ্যে, নাগালেণ্ডৰ ৰাজ্যিক ব্যঞ্জন হৈছে কিণ্বিত চয়া বীনেৰে ৰন্ধা পুৰা গাহৰিৰ মাংস। নগা ব্যঞ্জনবোৰত স্থানীয়ভাৱে উৎপাদিত বহুতো বনৌষধি, ভোট জলকীয়া, আদা আৰু নহৰু ব্যৱহাৰ কৰা হয়। বিখ্যাত ব্যঞ্জনবোৰৰ ভিতৰত আছে গাহৰিৰ মাংস আৰু ৰেচমপলুৰে ৰন্ধা শামুক, যি হৈছে ৰাজ্যখনৰ এক ব্যয়বহুল সুস্বাদু খাদ্য। গালহো হৈছে চাউল, পাত আৰু মছলাৰে ৰন্ধা এক নিৰামিষ খাদ্য। পানীয়বোৰৰ ভিতৰত আছে আঠাযুক্ত চাউলৰে তৈয়াৰ কৰা জুথো আৰু থুটচ ঐতিহাসিক ৰীতি-নীতি ঐতিহাসিকভাৱে, নাগা জনজাতিসকলে দুটা মুখ্য ৰীতি-নীতি উদযাপন কৰিছিল: সমূহীয়া ভোজ আৰু নৰমুণ্ড চিকাৰ। নৰমুণ্ড চিকাৰ নগা পুৰুষসকল কোনো অভিযানৰ পৰা উভতি অহাৰ সময়ত, আগত নাইবা পিছত তেওঁলোকৰ মহিলাসকলৰ পৰা পৃথক থকা সময়ত নৰমুণ্ড চিকাৰ কৰে। মহিলাসকলে, এক সাংস্কৃতিক প্ৰথা হিচাপে, পুৰুষসকলক বিবাহৰ প্ৰাথমিক তাৎপৰ্য হিচাপে মূৰ চিকাৰ কৰিবলৈ উৎসাহিত কৰে। মানুহবোৰে আন জনজাতি বা চুবুৰীয়া ৰাজ্যৰ বিৰুদ্ধে অভিযানত যায়, আৰু তেওঁলোকে মানুহ হত্যা কৰি কেইবাটাও মুৰ অৰ্জন কৰিবলৈ কৰে। এজন সফল মূৰ চিকাৰীক অলংকাৰৰ অধিকাৰ প্ৰদান কৰা হয়। উনবিংশ শতিকাৰ ব্ৰিটিছ ভাৰতত নৰমুণ্ড চিকাৰ প্ৰথা নিষিদ্ধ কৰা হৈছিল, কিন্তু নগা জনজাতিসকলে মূৰ চিকাৰ কৰাৰ অব্যাহত ৰাখিছিল আৰু ১৯৬৯ চনৰ শেষৰ ফালে শত্ৰুৰ মুৰবোৰ ট্ৰফী হিচাপে সংৰক্ষণ কৰিছিল। সমূহীয়া ভোজ নগা সমাজৰ ব্যক্তিসকলে সমাজত তেওঁলোকৰ স্থান আৰু সন্মানৰ সৈতে সামাজিক স্থিতি বজাই ৰাখিবলৈ চেষ্টা কৰে। সেয়ে এজন নগা পুৰুষ, তেওঁৰ সামাজিক পদমৰ্য্যদা যিয়েই নহওঁক কিয়, এজন নৰমুণ্ড চিকাৰী বা মহান যোদ্ধা হ'ব লাগিব, বা যোগ্যতাৰ ভোজৰ এটা শৃংখলা সম্পূৰ্ণ কৰিব লাগিব। এই যোগ্যতাৰ ভোজবোৰে নগা জীৱনৰ সৌন্দৰ্য আৰু উদযাপনক প্ৰতিফলিত কৰে। কেৱল বিবাহিত পুৰুষেহে এনে ভোজ দিব পাৰে, আৰু তেওঁৰ পত্নীয়ে এই অনুষ্ঠানৰ সময়ত এক বিশিষ্ট আৰু সন্মানীয় স্থান গ্ৰহণ কৰে আৰু এনেদৰে পুৰুষ-মহিলাৰ সহযোগিতা আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তেওঁৰ পত্নীয়ে অতিথিসকলক আগবঢ়োৱা পানীয় ঘৰতে তৈয়াৰ কৰে। এজন ধনী জনজাতিৰ ব্যক্তিয়ে দিয়া ভোজ অধিক ব্যয়বহুল হয়। তেওঁ সাধাৰণতে জনজাতিৰ সকলোকে আমন্ত্ৰণ জনায়। এই অনুষ্ঠানটোৱে জনজাতিৰ দম্পতীহালক সন্মান প্ৰদান কৰে। ভোজৰ পিছত, জনজাতিটোৱে দম্পতীহালক সমমৰ্য্যদাৰ অধিকাৰ প্ৰদান কৰে। উৎসৱ নাগালেণ্ডক ভাৰতৰ উৎসৱৰ দেশ হিচাপে জনা যায়। বিভিন্ন জনজাতিৰ বৈচিত্ৰ্যৰে ভৰপূৰ নাগালেণ্ডত, প্ৰত্যেকে জনজাতিৰ নিজা সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে গোটেই বছৰজোৰা বিভিন্ন উৎসৱ উদযাপন কৰে। ইয়াৰ উপৰিও, ৰাজ্যখনে সকলো খ্ৰীষ্টান উৎসৱ উদযাপন কৰে। পৰম্পৰাগত জনজাতি সম্পৰ্কীয় উৎসৱবোৰ কৃষিৰ সৈতে জড়িত, কিয়নো নাগালেণ্ডৰ জনসংখ্যাৰ এক বৃহৎ অংশ পোনপটীয়াকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। প্ৰতিটো মুখ্য জনজাতিয়ে পালন কৰা কিছুমান গুৰুত্বপূৰ্ণ উৎসৱ হৈছে: চাখেচাঙসকলৰ 'চুকহেনয়ে' (জানুৱাৰী মাহত), আঙ্গামী সকলৰ 'চেকৰেনয়ি' (ফেব্ৰুৱাৰীত), ক’নয়াক সকলৰ 'আউলিং' (এপ্ৰিল মাহত), আও সকলৰ 'মাউটচু' (মে’ মাহত), চুমী সকলৰ 'টুলুনী' (জুলাই মাহত), চাঙ নগাসকলৰ 'ন্যকনলুম' (জুলাই মাহত), চাঙ্গতাম সকলৰ 'মংমং' (চেপ্তেম্বৰ মাহত), ল’থা সকলৰ 'ট’খো ইমং' (নবেম্বৰ মাহত) আৰু পচুৰী সকলৰ 'য়েমচে' (অক্টোবৰ মাহত)। হৰ্ণবিল (ধনেশ পক্ষী) উৎসৱ ৰাজ্যখনৰ জনজাতি সমূহৰ মাজত সমন্বয় আৰু ৰাজ্যৰ কলা কৃষ্টি প্ৰসাৰৰ ঊদ্দেশ্যে ২০০ চনত নাগালেণ্ড চৰকাৰে এই উৎসৱ আৰম্ভ কৰে। বৰ্তমানে ৰাজ্যৰ পৰ্যতন আৰু কৃষ্টি বিভাগে আয়োজন কৰা উৎসৱটিত একেখন মঞ্চতে ৰাজ্যখনৰ সকলোবোৰ জনজাতিৰ কলা কৃষ্টিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। প্ৰতি বছৰে ১ৰ পৰা ৭ ডিচেম্বৰলৈকে হৰ্ণবিল উৎসৱ পালন কৰা হয়। ক’হিমাৰ পৰা ১২ কিমি দূৰত থকা ঐতিহ্যমণ্ডিত নগা গাওঁ কিছামাত এই সপ্তাহযোৰা উৎসৱটি পালন কৰা হয়। নগালেণ্ডৰ প্ৰায় সকলোবোৰ জনজাতিয়েই এই উৎসৱত ভাগ লোৱা দেখা যায়, ৰাজ্যখনৰ কলা-কৃষ্টি আৰু পৰম্পৰাৰ প্ৰদৰ্শনেই উৎসৱটিৰ মূল লক্ষ্য। ভাৰতত পোৱা ধনেশ পক্ষী )ৰ নামেৰে এই উৎসৱটিৰ নাম ৰখা হৈছে। যাৰ ঊল্লেখ ৰাজ্যৰ প্ৰায়বোৰ জনজাতিৰেই লোকসংগীতত দেখিবলৈ ওৱা যায়। চিত্ৰশিল্প, কাঠৰ শিল্প, আন আন ভাষ্কৰ্য, খাদ্যসম্ভাৰ আদিৰ প্ৰদৰ্শনী উৎসৱটিত দেখিবলৈ পোৱা যায়, তদুপৰি বিভিন্ন পৰপ্মৰাগত সজূঁলি, বনৌষধ, ফুল আদিৰো প্ৰদৰ্শনীৰ লগতে বিক্ৰী হয়, সোন্দৰ্য প্ৰতিযোগিতা, ফেশ্বন প্ৰতিযোগিতা, কাড়ঁ মৰা প্ৰতিযোগিতা, মল্লযুদ্ধ, সংগীতানুষ্ঠান, গাহৰি মঙহ খোৱা প্ৰতিযোগিতা, কঁয়াক সকলৰ জুই ভক্ষণ কৰা প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা আৰু সাহিত্যালোচনা, হৰ্ণবিল ক’ৰেল পেন’ৰমা, হৰ্ণবিল গ্ল’বেল চলচ্চিত্ৰ মহোৎসৱ, উত্তৰ পূৰ্বীয় ঢোলৰ সমূহীয়া বাদন, নগা জলকীয়া খোৱা প্ৰতিযোগিতা, হৰ্ণবিল জাতীয় পাহাৰ বগোৱা প্ৰতিযোগিতা, হৰ্ণবিল আন্তঃৰাষ্ট্ৰীয় মটৰ ৰেলী আৰু ভিণ্টেজ কাৰ ৰেলী আদি হৈছে ধনেশ উৎসৱত অনুষ্ঠিত হোৱা আন আন অনুষ্ঠান। তথ্য সংগ্ৰহ ভাৰতৰ
32397
https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%BE%E0%A6%B2%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%A6%E0%A7%81%E0%A7%B0%20%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80
লালবাহাদুৰ শাস্ত্ৰী
লালবাহাদুৰ শাস্ত্ৰী (১৯০৪-১৯৬৬) কঠোৰ শ্ৰম, কৰ্তব্যনিষ্ঠা, অসীম অধ্যৱসায়ৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰি যোৱা এইজন ব্যক্তিয়েই ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হিচাপে শাসন ভাৰ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৰ মৃত্যৰ পিছত খালী আসন পূৰাবলৈ লালবাহাদুৰ শাস্ত্ৰীৰ নামেই ৰাইজৰ জল্পনা-কল্পনাৰ যতি পেলাব পাৰিছিল। তেওঁৰ মহান দেশভক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই দেশে তেওঁক ১৯৬৬ চনত ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। কথাতকৈ হাতে কামে আগবাঢ়ি য়োৱাটোহে মহান- এনে আদৰ্শৰে লালবাহাদুৰ অনুপ্ৰাণিত আছিল বাবেই তেওঁৰ বাসভৱনৰ সন্মুখৰ মাটিডৰাত ফুলনিৰ সলনি ৰূপান্তৰিত কৰিছিল ঘেঁহু পথাৰলৈ। তেওঁ স্বাধীনতা যুঁজাৰু আছিল। জন্ম আৰু পৰিয়াল লালবাহাদুৰ শাস্ত্ৰীৰ জন্ম ১৯০৪ চনৰ ২ অক্টোবৰ তাৰিখে, উত্তৰ প্ৰদেশৰ বাৰাণাসী জিলাৰ মোগলচৰাই গাঁৱত। তেওঁৰ পিতাকৰ নাম শাৰদা প্ৰসাদ শ্ৰীবাস্তৱ আৰু মাকৰ নাম হৈছে ৰাম দুলাৰী দেৱী। সৰুতে ঘৰত মাতিছিল লাল, কোনোৱে লালাজী বুলি। মাত্ৰ ডেৰবছৰ বয়সতে লালবাহাদুৰৰ পিতাক ঢুকায়। স্বামী বিয়োগত ৰামদুলাৰী অথাই সাগৰত পৰে। ৰাম দুলাৰীৰ তেতিয়া তিনিটা সন্তান। শেষত তেওঁলোকৰ পৰিয়ালটো মোমায়েকৰ ঘৰলৈকে যাবলৈ বাধ্য হয়। মোমায়েকৰ পৰিয়াটোৰো অৱস্থা শোচনীয় আছিল। তাতেই নানা-দুখ-কষ্টৰ মাজেৰে তেওঁ ডাঙৰ দীঘল হয়। লালবাহাদুৰ শাস্ত্ৰীয়ে ১৯২৭ চনত বিয়া কৰাইছিল ললিতা দেৱীক। বৈবাহিক জীৱনৰ চিন হিচাপে তেওঁলোকৰ চাৰিজন ল'ৰা আৰু দুজনী ছোৱালী সন্তান প্ৰাপ্তি হয়। বাল্যকাল মাত্ৰ ডেৰ বছৰ বয়সত মাকৰ সৈতে গঙ্গাত স্নান কৰিবলৈ অহা বিৰাট সমদল এটাত যোগ দিছিল। সমদলৰ হেঁচা-ঠেলাত শিশু লালবাহাদুৰ মাকৰ হাতৰ পৰা ওলাই পৰিছিল আৰু মাকে তেওঁক কোনোপধ্যে বিচাৰি উলিয়াব নোৱাৰিলে। শিশুটি বিচাৰি ৰাম দুলাৰীয়ে গঙ্গাৰ পাৰ চলাথ কৰিলে, কান্দোনেৰে গগন কপালে, কিন্তু কোনো অনুসন্ধান নোলাল, পুলিচক খৱৰ দিয়া হ'ল। পিছত পুলিচৰ সহায়ত এদিন এজন ফল বেপাৰীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয়। শিক্ষা জীৱন মোগলচৰাইৰ পৰা প্ৰাথমিক বিদ্যালয় উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ বাৰাণসীৰ হৰিশচন্দ্ৰ বিদ্যালয়ত ভৰ্তি হয়। পঢ়া-শুনাত তেওঁৰ অত্যন্ত ধাউতি আছিল, ইংৰাজী বিষয় তেওঁৰ অতি প্ৰিয় আছিল আৰু সেই অনুপাতে ফলাফলো ভাল হৈছিল। ১৯২১ চনত অসহযোগ আন্দোলনৰ সময়ত হাইস্কুলীয়া ছাত্ৰ লালবাহাদুৰ শাস্ত্ৰী স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিল। ব্ৰিটিছ কাৰাগাৰত আবদ্ধ হৈ থাকিল আঢ়ৈ বছৰ কাল। জেলৰ পৰা ওলাই তেওঁ ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান কাশী বিদ্যাপীঠত ভৰ্তি হ’ল। ইয়াতে তেওঁ শিক্ষক হিচাপে পাইছিল- দাৰ্শনিক ভগৱান দাস, আচাৰ্য জে.বি. কৃপালানী, পণ্ডিত সম্পূৰ্ণানন্দ আৰু শ্ৰীপ্ৰকাশক। এই কাশী বিদ্যাপীঠৰ পৰাই তেওঁ শাস্ত্ৰী উপাধি লাভ কৰে। বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ দৰেই কাশী বিদ্যাপীঠৰ শাস্ত্ৰী ডিগ্ৰীও আছিল সমপৰ্যায়ৰ। সংগ্ৰামী জীৱন ১৯৩২ চন, এলাহাবাদ কংগ্ৰেছ কৰ্মীয়ে থিৰাং কৰিলে যে, চহৰৰ ব্লক টাৱাৰত তেওঁলোকে জাতীয় পতাকা উত্তোলন কৰিব। কিন্তু সেইসময়তে ক'ৰবাৰ পৰা অহা গৰুগাড়ী এখন ব্লক টাৱাৰৰ ফালে আগবাঢ়িল। গাড়ীখনৰ ভিতৰত মুখৰ পৰা ভৰিলৈ বোৰ্খা পৰিধান কৰা এগৰাকী সম্ভ্ৰান্ত মুছলমান মহিলা আছিল, মহিলা বাবে পুলিচে তেওঁক বাধা আৰোপ নকৰিলে। ব্লক টাৱাৰৰ ওপৰলৈ উঠি গৈ তেওঁ বোৰ্খা খুলিলে আৰু নিজৰ কাম হাচিল কৰি চিঞৰি উঠিল বন্দে মাতৰম বুলি। পুলিচে তেতিয়াহে লক্ষ্য কৰিলে বোৰ্খাৰ তলত যোৱা গৰাকী মহিলা নাছিল, লালবাহাদুৰহে আছিল। লগে লগে পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিলে। এনেকৈ লালবাহাদুৰে এলাহাবাদ অঞ্চলত নিজৰ সংগঠন প্ৰতিভাৰে জনসাধাৰণৰ মাজত সোমাই পৰিল আৰু নিৰ্বাচিত হ’ল এলাহাবাদ পৌৰসভাৰ সদস্যৰূপে। সাত বছৰ ধৰি কাম কৰাৰ পিছত এইবাৰ তেওঁ এলাহাবাদ নগৰ উন্নয়ন সমিতিৰো সদস্য নিৰ্বাচিত হয়। ১৯৩০ চনৰ পৰা জিলা কংগ্ৰেছৰ সম্পাদক আৰু পিছত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। ১৯৩৭ চনত তেওঁ উত্তৰ প্ৰদেশ বিধান সভাৰ সদস্য নিৰ্বাচিত হয়। ১৯৪৭ চনতো পুনৰ সদস্য নিৰ্বাচিত হৈ ১৯৪৭ চনৰ পৰা পণ্ডিত গোবিন্দ বল্লভ পণ্টৰ নেতৃত্বত প্ৰথমে পাৰ্লিয়ামেণ্টৰী চেক্ৰেটাৰী আৰু পাছলৈ গৃহ-পৰিবহণ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্ত হয়। তাৰ পিছত কংগ্ৰেছৰ নাছিক অধিবেশনৰ সভাপতি জৱাহৰলাল নেহেৰু আৰু সাধাৰণ সম্পাদনক গুৰু দায়িত্বভাৰ দিলে লালবাহাদুৰ শাস্ত্ৰীক। ১৯৫২ চনত তেওঁ নিৰ্বাচিত হ’ল ৰাজ্যসভালৈ। তেওঁ ৰেল আৰু পৰিবহণ দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্ত হ’ল। তেওঁ জনতা গাড়ী প্ৰচলন কৰিছিল আৰু শেষত অৰিয়ালুৰ এক ভীষণ ৰেল দুৰ্ঘটনাৰ বাবে তেওঁ লজ্জিত হৈ মন্ত্ৰিত্বৰ পদত্যাগ কৰিছিল। ১৯৫৭ চনত পুনৰ তেওঁ যোগাযোগ আৰু পৰিবহণ মন্ত্ৰী নিযুক্ত হৈছিল। ১৯৬১ চনত নিযুক্ত হৈছিল গৃহমন্ত্ৰী হিচাপে। ১৯৬৪ চনৰ ২৬ জানুৱাৰীৰ পৰা দপ্তৰ বিহীন মন্ত্ৰী ৰূপেও কাৰ্যনিবাহ কৰিছিল। কিন্তু ১৯৬৪ চনৰ ২৭ মে'ত নেহেৰুৰ মৃত্যুত তেওঁকে ভাৰত ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ দিছিল। তেওঁৰ কাৰ্যকাল আছিল মাত্ৰ ১৮ মহীয়া। ১৯৬৫ চনৰ ছেপ্টেম্বৰত পাকিস্থানে কাশ্মীৰ আক্ৰমণ কৰিলে, ভাৰতেও প্ৰত্যুত্তৰ দিলে আৰু ভাৰত বিজয়ী হ’ল। ৰাজনৈতিক জীৱন ১৯৪৬ চনত উত্তৰ প্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰী গোবিন্দ মাটাৰক তেওঁৰ বিধানসভা সম্পাদক হিচাপে নিযুক্তি দিয়া হয় আৰু ১৯৪৭ চনত তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হয়। গোবিন্দত তেওঁক আৰক্ষী আৰু পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। তেওঁৰ মৃত্যুত সমগ্ৰ ভাৰতবৰ্ষ শোক প্ৰকাশ কৰিছিল। তেওঁক মৰণোত্তৰভাৱে ১৯৬৬ চনত ভাৰতৰত্ন বঁটা প্ৰদান কৰা হয়। বিদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰী হৈ থকা কালছোৱাত তেওঁ কয়ৰোত অনুষ্ঠিত গৌষ্ঠী নিৰপেক্ষে ৰাষ্ট্ৰ সন্মিলন, লণ্ডনত আয়োজিত কমনওৱেলথ প্ৰধানমন্ত্ৰী সন্মিলনৰ উপৰিও ৰাছিয়া, যুগোশ্লাভিয়া, কানাডা আদি ৰাষ্ট্ৰবোৰলৈ গৈ সেইবোৰ দেশৰ লগত ভাৰতৰ বন্ধুত্ব গঢ়াত আগভাগ লৈছিল। তদুপৰি ভাৰতৰ সংবিধানে ৰাষ্ট্ৰভাষা ইংৰাজীৰ সলনি হিন্দী আৰু প্ৰত্যেক ৰাজ্যতে সংখ্যা গৰিষ্ঠ মাতৃভাষাক মৰ্যাদা দিলে। কিন্তু অসমত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিছুমানে বিধিপথালি দিলে, কিন্তু গৃহমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়েই এই অসম সমস্যাৰ সমাধান কৰিলে। যাক শাস্ত্ৰী ফৰ্মূলা নামেৰে জনাজাত। পুৰস্কাৰ, বঁটা আদি ভাৰত-ৰত্ন বঁটা (১৯৬৬ চন) মৃত্যু লালবাহাদুৰ শাস্ত্ৰীৰ ১৯৬৬ চনৰ ১০ জানুৱাৰীত নিশা শুই থকা অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰিছিল। তথ্য সংগ্ৰহ গ্ৰন্থ সংযোগ 2002. .23, 1962, 1–7 1996) 1995) 0-19-563499-3 2001) 3 0-333-93531-4 11 বাহ্যিক সংযোগ ভাৰতৰ ব্যক্তি মৃত ব্যক্তি ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ স্বাধীনতা সংগ্ৰামী ভাৰত ৰত্ন বঁটা