id
stringlengths 4
5
| url
stringlengths 34
558
| title
stringlengths 2
62
| text
stringlengths 3.52k
77k
|
---|---|---|---|
85219 | https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%B9%E0%A6%BE%E0%A6%97%20%E0%A6%AE%E0%A6%BE%E0%A6%B9%E0%A7%B0%20%E0%A6%A6%E0%A7%87%E0%A6%89%E0%A6%B2 | বহাগ মাহৰ দেউল | মহাবিষুৱ সংক্ৰান্তিৰ পৰা পালন হয় অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু। এই সময়ত প্ৰকৃতিৰ ৰং চৰে। বৃক্ষ-লতা, পত্ৰে-পুষ্পে সুশোভিত হয়। প্ৰকৃতিৰ ৰাজ্য ৰং-ৰহইচেৰে উথলি উঠাৰ লগে লগে মানুহৰো হিয়া-মন ৰঙেৰে উপচি পৰে। হুঁচৰি, বিহুগীতৰ ৰোল উঠে। পঞ্জাবৰ বৈশাগী, বংগৰ চড়ক পূজা, কোচবিহাৰৰ বাঁশ পূজা, কামৰূপৰ ভথেলিৰ দৰে মঙলদৈ তথা দৰঙৰ বহাগমহীয়া দেউল উৎসৱ এই সময়ৰে বসন্তোৎসৱসমূহৰ অন্যতম। দৰঙৰ দেউল উৎসৱ মূলতঃ বিষ্ণু পূজাৰ আয়োজন। ই দৰঙৰ স্বকীয় ঐতিহ্যৰ স্বাক্ষৰ বহন কৰি প্ৰায় একাদশ শতিকাৰ পৰাই নীৰৱচিছন্নভাৱে বৰ্তমানো চলি আছে। বৈশিষ্ট্যপূৰ্ণ এই দেউল উৎসৱৰ লগত মঙলদৈ আৰু দৰং এই শব্দ দুটাৰ ঐতিহ্যও মন কৰিবলগীয়া। পূৰ্বৰ কোচ ৰজাসকলৰ ৰাজত্ব কালত সমগ্ৰ শোণিতপুৰৰ পৰা বৰ্তমান মঙলদৈলৈকে দৰং ৰাজ্য বোলা হৈছিল। পাছত ব্ৰিটিছসকলে শাসনৰ সুবিধাৰ বাবে মঙলদৈ আৰু তেজপুৰ মহকুমাক সামৰি দৰং জিলা নামকৰণ কৰিলে। পুৰণি দৰংখন সম্প্ৰতি দৰং, ওদালগুৰি, শোণিতপুৰ জিলা হিচাপে ঘোষণা কৰা হ’ল। সি যি কি নহওক, বৰ্তমানৰ দৰং জিলাখনেই কোচ ৰাজত্বৰ সময়ত দৰং ৰাজ্য ৰূপে জনাজাত আছিল। শাস্ত্ৰত কোৱা আছে যে বহাগ মাহ বিষ্ণুৰ অতি প্ৰিয় মাহ। এই কাৰণেই সম্ভৱতঃ বিষ্ণুভক্ত দৰঙী ৰজাসকলৰ পৃষ্ঠপোষকতাত প্ৰাচীন কালৰে পৰা দৰং অঞ্চলত দেউল উৎসৱ পালন কৰি অহা হৈছে। দৈৱজ্ঞ ব্ৰাহ্মণ কবি সুচণ্ডাই ৰচিত ‘শিয়ালা বৈষ্ণৱ চৰিত্ৰ’ত এই উৎসৱৰ আৰম্ভণি সম্পৰ্কে কিছু বৰ্ণনা আছে। একাদশ শতিকাত প্ৰখ্যাত শিয়ালা বৈষ্ণৱৰ পিতৃ ধৰ্মদেৱে বিপ্ৰ ভূঞাই ছিপাঝাৰ অঞ্চলৰ বৰাবাৰী গাঁৱত সত্ৰ পাতি বাস কৰিছিল। তেখেত অতি শাস্ত্ৰজ্ঞ আৰু ধৰ্মপ্ৰাণ ব্যক্তি আছিল। তেখেতে ধৰ্ম চিন্তা-চৰ্ৰ জৰিয়তে মানুহৰ মনত ধৰ্মীয় ভাব জগাই তুলিবলৈ চেষ্টা কৰিছিল।
ইতিহাস
ধৰ্মদেৱ বিপ্ৰভুঞা নামৰ এইজন শাস্ত্ৰজ্ঞ পণ্ডিতেই প্ৰায় একাদশ শতিকাতে পোনপ্ৰথম ছিপাঝাৰ অঞ্চলৰ বৰদৌলগুৰিত বিষ্ণু পূজাৰ জৰিয়তে দেউল উৎসৱৰ পাতনি মেলে। শাস্ত্ৰৰ নিৰ্দেশৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস ৰাখি মঙলদৈৰ হিন্দুসকলে বহুকাল পূৰ্বৰে পৰা গোটেই বহাগজুৰি বিষ্ণু পূজা কৰি আহিছে। এই পূজা বিভিন্ন দিনত বিভিন্ন স্থানত অনুষ্ঠিত হয়। মঙলদৈৰ বহাগমহীয়া বিষ্ণু পূজা দৌলযাত্ৰাৰ বিধিৰে কৰা হয় বাবে ইয়াৰ নাম দেউল। দৰং জিলাৰ হিন্দুঘোপা মৌজাৰ অন্তৰ্গত বৰ্তমানৰ বৰদৌলগুৰিৰ পুৰণি নাম বৰাবাৰী। এই বৰাবাৰী গাঁৱতে ধৰ্মপ্ৰাণ মহন্ত ধৰ্মদেৱ বিপ্ৰই এখন সত্ৰ স্থাপন কৰি ধৰ্মচৰ্ কৰিছিল। সেই সত্ৰ বৰ্তমান ‘পোৰাসত্ৰ’ নামেৰে জনাজাত। এই ধৰ্মদেৱ বিপ্ৰই এটি প্ৰাপ্ত বিষ্ণুমূৰ্তি প্ৰতিষ্ঠা কৰি ৰাজহুৱাভাৱে পূজিবৰ অৰ্থে সত্ৰৰ নাতিদূৰৈত ঈশান কোণত বৰ ওখকৈ মাটিৰ ঢাপ বান্ধিছিল আৰু বহাগত ওপৰত বিষ্ণু মূৰ্তি প্ৰতিষ্ঠা কৰি পূজাৰ আয়োজন কৰিছিল। ধৰ্মদেৱ বিপ্ৰৰ সময়ৰ দশম শতিকাৰ আদিভাগ বুলি ঠাৱৰ কৰা হৈছে। গতিকে বিষ্ণু পূজাক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এই দেউল উৎসৱ দশম শতিকাৰ আদিভাগৰ কোনো এটি বহাগৰ ১লা তাৰিখৰ পৰা আৰম্ভ হোৱা বুলি ক’ব পৰা যায়। বৰ ওখকৈ দল বান্ধি এই উৎসৱ পালন কৰা হৈছিল কাৰণে ইয়াক ‘বৰদৌল’ বোলা হৈছিল আৰু আজিও এই ঠাইৰ নাম বৰদৌলগুৰি বুলি জনাজাত। ‘তাহাম ঈশানে এক দৌলক বান্ধিলা। বৰদৌল নাম হুৱা অদ্যাপিও ৰৈলা॥’
ধৰ্মদেৱ বিপ্ৰই আৰম্ভ কৰা সেই দেউল উৎসৱৰ পৰম্পৰা ৰক্ষা কৰি সেই তেতিয়াৰ পৰাই বৰ্তমানলৈ প্ৰতিবছৰে বহাগ মাহৰ ১লা তাৰিখে এই ঠাইত দেউল উৎসৱ মহা সমাৰোহেৰে পালন কৰি অহা হৈছে আৰু সম্ভৱতঃ পাছলৈ এই ‘বৰদৌল’ক অনুকৰণ কৰি বহাগ মাহৰ এটা দিনো বাদ নপৰাকৈ প্ৰতিদিনে দৰঙৰ বিভিন্ন ঠাইত দেউল উৎসৱ কিছুমানত দৰঙী কলা-কৃষ্টিৰ অন্যতম কৃষ্টি ঢেপা ঢুলীয়া, সুকন্ন্যানি ওজাপালি আৰু কিছুমানত ব্যাসৰ ওজাপালি উৎসৱমুখৰ পৰিৱেশনে দেউল উৎসৱসমূহক অধিক আকৰ্ষণীয় কৰি তোলা দেখা যায়। ই মূলতঃ বিষ্ণু পূজা হ’লেও বৰ্তমান ই বেপাৰ-বাণিজ্য আৰু ব্যৱসায়ৰ বিৰাট মেলা হৈ পৰিছে। হেজাৰ-বিজাৰ লোকৰ স্বতঃস্ফূৰ্ত উৎসৱত পৰিণত হোৱাৰ লগতে হিন্দু-মুছলমান সকলো লোকৰ সমাগমেৰে সম্প্ৰীতিৰ সেতু স্বৰূপ হৈ পৰিছে দেউল উৎসৱ। সমগ্ৰ দৰঙত কিমান দেউল আছে সঠিক হিচাপ দিয়া কঠিন। সকলোতে দেউলৰ পূজা একে হ’লেও জনসমাৱেশ আৰু ব্যৱসায়ৰ আধিক্য লৈহে দেউল ডাঙৰ বা সৰু বুলি ধাৰণা কৰা হয়। এইক্ষেত্ৰত ১২ বহাগত অনুষ্ঠিত ছিপাঝাৰৰ ঘোঁৰাবান্ধা দেউল উৎসৱটি সমগ্ৰ অসমতেই অতি পৰিচিত। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ঘোঁৰাবান্ধা দেউললৈ সৰ্থেবাৰী, শুৱালকুছি আদিৰ বেপাৰীৰে ভৰি পৰে আৰু অসমৰ বিভিন্ন কোণৰ পৰা মানুহৰ সমাগমে দেউলটোক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। স্মৰ্তব্য যে একালৰ বিখ্যাত দেউলৰ গুৰুত্ব হ্ৰাস পাইছে। ঘোঁৰাবান্ধা দেউলৰ উপৰি জিলাখনৰ কেইটামান সৰু-বৰ দেউল হ’ল– সৰু জলজলি, বামুণপাৰা, খটৰা, বুঢ়ী নগৰ, ঠেকেৰাবাৰী, ৰইনাপীত (হাজৰিকাপাৰা), মাইৰ সুঁৱৰি সত্ৰৰ দেউল, বিহুভাঙা, নামখলা, ধোপৰতল, ৰাজঘাট, ওদালগুৰি জিলাৰ ভিতৰত কলাইগাঁও, টংলা, খাম্পাখলা আদি।
তথ্য |
74209 | https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%81%E0%A6%B2%E0%A6%AA%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A6%B8%E0%A6%BE | গুলপীয়া ৰিক্সা | গুলপীয়া ৰিক্সা বা গুলপীয়া অটো হৈছে ভাৰতৰ কিছুমান চহৰত মহিলা যাত্ৰীসকলৰ বাবে সাধাৰণ অটো ৰিক্সাৰ এক বিকল্প। ৰিক্সাত যাত্ৰা কৰোঁতে মহিলাসকলক উৎপীড়ন আৰু দুৰ্ব্যৱহাৰ ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াত মহিলাসকলৰ সুৰক্ষাৰ বাবে পেনিক বুটাম আৰু জিপিএছ ট্ৰেকিং প্ৰণালীৰ দৰে বিশেষ সুবিধা স্থাপন কৰা হয়। গুলপীয়া ৰিক্সাবোৰ সম্পূৰ্ণ গুলপীয়া ৰিক্সা বা ইয়াৰ হুডটো গুলপীয়া ৰঙৰ হয়। মহিলাসকলক যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ পৰা সুৰক্ষিত কৰিবলৈ ভাৰত চৰকাৰে প্ৰথমে ২০১৩ চনত ৰাঁচীত গুলপীয়া ৰিক্সা মুকলি কৰিছিল। পিছলৈ ইয়াক ভাৰতৰ আন বহুতো চহৰতো প্ৰৱৰ্তন কৰা হৈছে। গুলপীয়া অটোবোৰ আইনগত সত্যাপন আৰু নথিপত্ৰ সম্পূৰ্ণ হোৱাৰ পিছত পুৰুষ অথবা মহিলা প্ৰশিক্ষিত চালকৰ দ্বাৰা চলোৱা হয়।
মহিলা সবলীকৰণ
মহিলাসকলৰ অৱস্থা উন্নত কৰাৰ বাবে ৰাঁচীৰ প্ৰশাসনে গোলাপী ৰিক্সা আঁচনি আৰম্ভ কৰিছিল। মহিলাসকলক সুৰক্ষিত পৰিবহন প্ৰদান কৰাৰ উদ্দেশ্যে ৰাঁচীৰ প্ৰশাসনে মহিলাসকলক স্বাৱলম্বী হোৱাত সহায় কৰি তেওঁলোকক শক্তিশালী কৰি তুলিছে। পৰম্পৰাগতভাৱে ভাৰতত পুৰুষসকলেই হ’ল মূল উপাৰ্জনকাৰী। সুৰক্ষিত পৰিবহনে মহিলাসকলক স্বতন্ত্ৰ হ'বলৈ আৰু পৰিয়ালৰ উপাৰ্জনত অৰিহণা যোগাবলৈ সক্ষম কৰিছে।
গুলপীয়া ৰিক্সা প্ৰবৰ্তন হোৱা অঞ্চল
ৰাঁচী ৰাঁচী গুলপীয়া ৰিক্সা আঁচনি প্ৰবৰ্তন কৰা ভাৰতৰ প্ৰথমখন চহৰ। ২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণৰ পিছত ২০১৩ চনত মহিলাৰ সুৰক্ষাৰ বাবে এই আঁচনি আৰম্ভ কৰা হয়। ঝাৰখণ্ড আৰক্ষীয়ে মহিলা যাত্ৰীসকলৰ যাতায়তৰ বাবে ৰাজধানী ৰাঁচীত প্ৰায় ২০০ খন গুলপীয়া হুদৰ ৰিক্সা প্ৰৱৰ্তন কৰিছিল। মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে এই অটোবোৰত বিশেষ সুবিধা যেনে পেনিক বুটাম আৰু জিপিএছ প্ৰণালী আছিল। আৰক্ষীয়ে এই ৰিক্সাবোৰৰ বাবে মহিলা চালক নিয়োগ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু মহিলাসকলৰ সঁহাৰি পৰ্যাপ্ত নোহোৱাত পুৰুষ চালক নিয়োগ কৰিবলগীয়া হয়। চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰিত মানক প্ৰক্ৰিয়াৰ জৰিয়তে সকলো পুৰুষ চালকক পৰীক্ষা কৰা হৈছিল। কেৱল যিসকলে ইয়াত উত্তীৰ্ণ হৈছিল, তেওঁলোককহে বিশেষ পৰিচয় পত্ৰ আৰু মহিলাসকলক কঢ়িয়াবলৈ অনুমতি দিয়া হয়। কিন্তু এই সেৱা বৰ্তমান উপলব্ধ নহয়। কিয়নো চালকসকলে মহিলা যাত্ৰী পাবলৈ দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছিল; যাৰবাবে চালকসকলে অধিক উপাৰ্জন কৰিবলৈ পুৰুষ যাত্ৰীসকলকো গুলপীয়া অটোত কঢ়িয়াই নিয়া আৰম্ভ কৰে।
ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষক বৈধ নথিপত্ৰ নথকা অটোবোৰক পথৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। ৰাঁচীৰ মুঠ ১২,০০০ অটোৰ ভিতৰত মাত্ৰ ২৩৩৫ খন অটোৰহে বৈধ নথিপত্ৰ আছিল। বৈধ নথিপত্ৰ নথকা অটোবোৰৰ ভিতৰত গুলপীয়া অটোবোৰো আছিল। বাণিজ্যিক অনুজ্ঞাপত্ৰ স্থগিত ৰখাত গুলপীয়া অটো চালকসকলে জীৱনজোৰা বৈধ অনুজ্ঞাপত্ৰ জাৰী কৰাৰ দাবীত ধৰ্মঘট কৰে।
চুৰট
চুৰট পৌৰ নিগমে ২ জুলাই ২০১৭ তাৰিখে গুলপীয়া অটো মুকলি কৰিছিল। যিহেতু ই মহিলাসকলৰ দ্বাৰা মহিলাসকলৰ বাবে এটা সেৱা, নিগমে মহিলাসকলৰ মাজৰ পৰাই চালক বাছনি কৰিছিল আৰু প্ৰশিক্ষণ দিছিল নিগমে এই মহিলাসকলক ৰিক্সা ক্ৰয় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ২৫% ৰাজসাহায্যৰ সুবিধাৰ সৈতে ৭% সূতৰ হাৰত ঋণ পোৱাত সহায় কৰিছিল। পৌৰ নিগমে ৭০ গৰাকী মহিলাক বাছনি কৰিছিল।
বঙাইগাঁও বঙাইগাঁও হৈছে অসমৰ অন্যতম বৃহৎ বাণিজ্যিক আৰু ঔদ্যোগিক কেন্দ্ৰ। ৰাষ্ট্ৰীয় নগৰ জীৱিকা মিছনে মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে মহিলাৰ দ্বাৰা চালিত গুলপীয়া ৰিক্সা মুকলি কৰে। মহিলাসকলে অনুজ্ঞাপত্ৰ পোৱাৰ আগতে, তেওঁলোকক দিশপুৰ মটৰ ড্ৰাইভিং স্কুলৰ দ্বাৰা দুমাহৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল। চহৰখনত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সেৱা প্ৰদান কৰা মুঠ ১৩ খন ৰিক্সা আছিল।
উৰিষ্যা
২০১৫ চনৰ ২৭ জুনত উৰিষ্যাৰ মুখ্যমন্ত্ৰীয়ে উৰিষ্যাৰ ৰাজধানী ভুবনেশ্বৰত গুলপীয়া অটো ৰিক্সা প্ৰকল্প আৰম্ভ কৰে। উৰিষ্যাৰ আৰক্ষী আয়ুক্তই তেওঁলোকৰ আমি যত্ন লওঁ মূলমন্ত্ৰৰ আধাৰত মহিলাসকলৰ বাবে এই সেৱাৰ শুভাৰম্ভ কৰে। অটোবোৰ পুৰুষৰ দ্বাৰা চালিত হয় যদিও চৰকাৰে নিৰ্ধাৰণ কৰা মানদণ্ড অনুসৰিহে তেওঁলোকক দায়িত্ব দিয়া হৈছিল। প্ৰৱৰ্তনৰ এবছৰৰ ভিতৰতে উপকণ্ঠীয় অঞ্চলকে ধৰি সকলো অঞ্চলত চলা গুলপীয়া অটোৰ সংখ্যা ৩৫৩খন হৈছিল। এইক্ষেত্ৰত মহিলাসকলৰ প্ৰতিক্ৰিয়া ইতিবাচক আছিল। পৰৱৰ্তী সময়ত উৰিষ্যাৰ ৰুৰকেল্লাতো এই সেৱা মুকলি কৰা হৈছিল।
তথ্য উৎস
পথ পৰিবহণ
যৌন |
52298 | https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BF%E0%A6%95%27%E0%A6%B2%E0%A6%BE%E0%A6%9A%20%E0%A6%95%27%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A8%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%9A | নিক'লাচ ক'পাৰ্নিকাচ | নিক'লাচ ক'পাৰ্নিকাচ ১৯ ফেব্ৰুৱাৰী ১৪৭৩ ২৪ মে' ১৫৪৩) এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানী। তেওঁ নৱজাগৰণ যুগৰ এজন সুবিখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ সৃষ্টি কৰা ধাৰণা অনুসৰি 'সূৰ্যই নহয়, বৰং পৃথিৱী আৰু অন্যান্য গ্ৰহবিলাকহে সূৰ্যৰ চাৰিওফালে বৃত্তাকাৰে ঘূৰে', এই তত্ত্বৰ দ্বাৰা তেওঁ সৌৰজগত সম্বন্ধীয় পূৰ্বৰ ভ্ৰান্ত ধাৰণা কিছুমান প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল আৰু গ্ৰহ-নক্ষত্ৰৰ গতি সম্পৰ্কে এক নতুন ধাৰাৰ প্ৰৱৰ্তন কৰিবলৈ সমৰ্থৱান হৈছিল।
১৫৪৩ চনত ক'পাৰ্নিকাচ মৃত্যুৰ পূৰ্বে, তেওঁৰ দ্বাৰা লিখিত গ্ৰন্থ 'জ্যোতিষ্কবিলাকৰ প্ৰদক্ষিণৰ বিষয়ে' )-ৰ প্ৰকাশ হৈছিল-যি আছিল বিজ্ঞানৰ ইতিহাসত এক চিৰস্মৰণীয় ক্ষণ। এই বিশেষ গ্ৰন্থখনৰ প্ৰকাশেই 'ক'পাৰ্নিকাচ বিপ্লৱ'ৰ সূচনা কৰিছিল আৰু লগতে বৈজ্ঞানিক বিপ্লৱৰ প্ৰতিও এক যুগান্তকাৰী অৱদান হিচাপে চিহ্নিত হৈছিল।
জন্ম
নিক'লাচ ক'পাৰ্নিকাচৰ প্ৰকৃত নাম আছিল মিকলা কপাৰ্নিক্। কিন্তু তেওঁ লেটিন নামটোৰেহে বেছি জনপ্ৰিয়। তেওঁৰ জন্ম হৈছিল ১৪৭৩ চনৰ ১৪ ফেব্ৰুৱাৰীত, প'লেণ্ডৰ ফিষ্টুলা নৈৰ পাৰৰ থ'ৰ্ণ নামৰ সৰু গাঁও এখনত। তেওঁৰ দেউতাক কপাৰৰ ব্যৱযায় কৰা এজন সদাগৰ আছিল। দেউতাকৰ নাম আছিল মিক'লাজ (জ্যেষ্ঠ)। ১৪৬১ আৰু ১৪৬৪ চনৰ মাজৰ কোনোবা এক সময়ত ক'পাৰ্নিকাচৰ দেউতাকে বাৰবাৰা ৱাটজেনৰ'ডক বিয়া কৰাইছিল। মাক বাৰবাৰাও এজন ধনী সদাগৰৰ জীয়েক আছিল। ১৪৮৩ চনত ক'পাৰ্নিকাচৰ দেউতাকৰ মৃত্যু হয়। তেতিয়া ক'ৰ্পানিকাচৰ বয়স আছিল দহ বছৰ। দেউতাকৰ মৃত্যুৰ পিছত নিক'লাচ তেওঁৰ মোমায়েক লুকাচ ৱাটজেনৰ'ডে কনিষ্ঠৰ (১৪৪৭-১৫১২) তত্ত্বাৱধানত ডাঙৰ-দীঘল হ'বলৈ ধৰে।
শিক্ষা
নিক'লাচৰ মোমায়েকে পুৰোহিতৰ কাম কৰিছিল আৰু এজন বিদ্বান পুৰুষ বুলি প'লেণ্ডত জনাজাত আছিল। তেওঁৰ এটা পুথিভঁৰাল আছিল য'ত জ্যোতিৰ্বিজ্ঞান, গণিত, সাহিত্য আদি অনেক বিষয়ৰ কিতাপ ঠাহ খাই আছিল। ক'ৰ্পানিকাচে সেই কিতাপবোৰ পঢ়ি নিজৰ জ্ঞান বঢ়াবলৈ সুবিধা পাইছিল। ওঠৰ বছৰ বয়সত ক'ৰ্পানিকাচে ক্ৰেকো নামৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। সেই বিশ্ববিদ্যালয়তে তেওঁ সেই সময়ৰ প্ৰসিদ্ধ জ্যোতিৰ্বিদ আলবেআৰ্ট ব্ৰুদিৱেষ্কিৰ সান্নিধ্যলৈ আহে আৰু জ্যোতিৰ্বিদ্যাৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হয়।
ক'পাৰ্নিকাচ জাৰ্মান, প'লিচ, লেটিনৰ উপৰিও গ্ৰীক আৰু ইটালীয ভাষা ক'ব পাৰিছিল। ক'পাৰ্নিকাচে বেছিভাগ লেখাই লেটিন ভাষাত লিখিছিল।
ক্ৰেকো বিশ্ববিদ্যালয়ত শিক্ষা সমাপ্ত কৰি তেওঁ ব'লনালৈ পঢ়িবলৈ আহে। সেয়া ১৪৯৬ চনৰ কথা। ব'লনাত তেওঁ জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক ডমেনিক' মাৰিয়া ন'ভাৰাৰ সান্নিধ্যা পায় আৰু তাতেই নিক'লাচে তেওঁৰ প্ৰথমটো জ্যোতিৰ্বৈজ্ঞানিক পৰ্যবেক্ষণ প্ৰকাশ কৰে। ইটালিৰ ৰাজধানী ৰোমত থাকোঁতেই ক'ৰ্পানিকাচে অংকশাস্ত্ৰত বক্তৃতাও প্ৰদান কৰিছিল। সেই বক্তৃতাবোৰত হয়তো জ্যোতিৰ্বিজ্ঞানৰ সুস্পষ্ট প্ৰভাৱ পৰিছিল। পিছে ডিগ্ৰী গ্ৰহণ নকৰাকৈয়ে ক'পাৰ্নিকাচে ১৫০১ চনত ব'লনা বিশ্ববিদ্যালয় ত্যাগ কৰে।
তাৰপিছত তেওঁ ইটালিৰে পাডুৱা বিশ্ববিদ্যালয়লৈ আহে আৰু তাত চিকিৎসা, দৰ্শন আৰু জ্যোতিৰ্বিজ্ঞান অধ্যয়ন কৰে। অৱশ্যে পাডুৱাৰ পৰা তেওঁ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লোৱাত অসমৰ্থ হয়। তাৰ পৰিৱৰ্তে তেওঁ ফেৰাৰা বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। সেইখন বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ কেনন সূত্ৰত ডক্টৰেট লাভ কৰে।
এইদৰেই ত্ৰিশ বছৰ পৰ্যন্ত ক'পাৰ্নিকাচে জ্যোতিৰ্বিজ্ঞান, গণিত, চিকিৎসা, দৰ্শন, আইন, ৰাজনীতি,ধৰ্ম-সাহিত্য ইত্যাদি নানানটা বিষয়ৰ অধ্যয়ন কৰে আৰু নিজৰ জ্ঞানৰ ভঁৰালটো টনকিয়াল কৰে। জ্ঞানৰ পৰিধিলৈ চাই ক'পাৰ্নিকাচক লিঅ'নাৰ্ড দা ভিন্সিৰ পিছতে স্থান দিব পাৰি।
কৰ্মজীৱন
ৰোম বিশ্ববিদ্যালয়ত জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰাৰ পাছত ক'পাৰ্নিকাচে ছাত্ৰসকলক টলেমিৰ তত্ত্ব পঢ়ুৱাবলগা হৈছিল। পিছে তিনিটামান বছৰ সেই তত্ত্ব পঢ়োৱাৰ পাছত তেওঁ টলেমিৰ তত্ত্বৰ প্ৰতি সন্দিহান হৈ উঠিল। কিয়নো নতুন গ্ৰহ-তৰা আৱিষ্কাৰৰ ফলত টলেমিৰ তত্ত্ব ক্ৰমান্বয়ে জটিল হৈ উঠিছিল। উল্লেখযোগ্য যে, ক'পাৰ্নিকাচৰ দিনলৈ বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কীয় প্ৰায় পয়সত্তৰটা তত্ত্বৰ সৃষ্টি হৈছিল। তথাপি পূৰ্বৰ এৰিষ্টটলৰ ধাৰণাৰ তিলমানো সাল-সলনি হোৱা নাছিল। ক'পাৰ্নিকাচে এই বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিবলৈ মনস্থ কৰিলে। সেইবাবে তেওঁ অধ্যাপনাৰ কাম বাদ দি প'লেণ্ডৰ ফ্ৰাউএনবুৰ্গ নামে এখন গাঁৱত ধৰ্মযাজকৰ পদ গ্ৰহণ কৰিলেগৈ। তালৈ গৈ তেওঁ এজন চিকিৎসক হিচাপেও সুনাম আৰ্জিলে। সমাজসেৱক হিচাপেও সুখ্যাতি লভিলে। গাঁৱৰ পৰা বহু দূৰৈত থকা এখন নৈৰ পৰা নলা খান্দি তেওঁ নৈখনকে গাঁৱলৈ বোৱাই আনিলে। তদুপৰি যন্ত্ৰৰ দ্বাৰা পানী ওপৰলৈ তুলি ঘৰে-ঘৰে পানী যোগান ধৰাৰ ব্যৱস্থাও তেওঁ কৰি দিলে।
তাৰপিছত ক'পাৰ্নিকাচে জ্যোতিৰ্বিজ্ঞান অধ্যয়নত মনোনিৱেশ কৰে। তেওঁ প্ৰতিনিশাই আকাশৰ গ্ৰহ-তৰাবিলাক নিৰীক্ষণ কৰি আৱশ্যকীয় টোকাবিলাক গোটাই গৈছিল। সেইসময়ত দূৰবীণ আৱিষ্কাৰ নোহোৱা হেতুকে তেওঁ গ্ৰহ-তৰা নিৰীক্ষণত যথেষ্ট অসুবিধাৰ সমুখীন হৈছিল। কিন্তু অপৰিসীম ধৈৰ্য আৰু কষ্টসহিষ্ণুতাৰ পৰিচয় দি তেওঁ নিজৰ কাম কৰি থাকিল। অৱশেষত ক'পাৰ্নিকাচে গ্ৰহবিলাকৰ প্ৰদক্ষিণ সম্পৰ্কে এটা নতুন তত্ত্ব উদ্ভাৱন কৰিলে। তেওঁ দেখুৱালে যে সূৰ্য পৃথিৱীৰ চাৰিওফালে নহয়, বৰঞ্চ গ্ৰহ-তৰাবিলাকহে সূৰ্যৰ চাৰিওফালে ঘূৰে। এই বিশেষ তত্ত্বৰ দ্বাৰা তেওঁ জ্যোতিৰ্বিজ্ঞানৰ বহুতো জটিল ধাৰণা ব্যাখ্যা কৰিব পৰা হ'ল। মঙ্গল, শনি, বৃহস্পতি আৰু শুক্ৰগ্ৰহৰ অৱস্থানো তেওঁ শুদ্ধকৈ গণনা কৰি উলিয়াইছিল। ইয়াৰোপৰি পৃথিৱী নামৰ গ্ৰহটো যে নিজ কক্ষৰ চাৰিওফালেও এবাৰ ঘূৰে-সেইয়াও তেওঁ প্ৰমাণ কৰিছিল। পিছে তেওঁৰ এই প্ৰমাণ আৰু আৱিষ্কাৰবোৰ প্ৰচলিত বিশ্বাসৰ বিৰোধী হোৱা বাবে তেওঁ মুকলিকৈ সকলো কথা প্ৰকাশ কৰিবলৈ দ্বিধাবোধ কৰিছিল। সেয়েহে 'মন্তব্য' নাম দি তেওঁ তত্ত্বটোৰ এটা সাৰাংশ লিখি উলিয়ালে আৰু তেওঁৰ কেইজনমান বন্ধুলৈ পঠিয়াই দিলে। সেইসকলৰ বহুতেই তেওঁক সমৰ্থন কৰিছিল যদিও সামাজিকভাৱে লাঞ্ছিত হোৱাৰ ভয়ত তেওঁলোকে সমৰ্থন দিয়া নাছিল। ফলত ক'পাৰ্নিকাচৰ সেই কিতাপখন বহুদিন মেজতে পৰি থাকিল।
অৱশেষত প্ৰায় দহ বছৰৰ পিছত তেওঁৰ এজন অধ্যাপক বন্ধু ৰেটিকাচে এই কিতাপখন প্ৰকাশৰ দায়িত্ব গ্ৰহণ কৰিলে। কিতাপখনৰ নতুনকৈ নাম দিয়া হ'ল অৰ্থাৎ, জ্যোতিষ্কবিলাকৰ প্ৰদক্ষিণৰ বিষয়ে। পুথিখনত বিপ্লৱী মনোভাৱৰ বীজ থাকিলেও বাহ্যিক দিশত কিতাপখন ৰক্ষণশীল আছিল। পোপে ইয়াৰ প্ৰকাশ বন্ধ কৰি দয়াৰ ভয়ত তেওঁ এই কিতাপখন পোপলৈ উছৰ্গা কৰিছিল। ইয়াৰোপৰি প্ৰকাশকে কিতাপৰ পাতনিত লিখি দিছিল যে-এই কথাবিলাক সঁচা নহ'বও পাৰে। সেইবিলাক লেখকৰ কিছুমান ধেমেলীয়া কল্পনাহে মাথোঁন। জ্যোতিৰ্বিজ্ঞানীৰ মহলত আলোড়ন সৃষ্টি কৰা এই বিশেষ কিতাপখন প্ৰকাশ হোৱাৰ কেইদিনমানৰ পাছতেই নিক'লাচ ক'পাৰ্নিকাচৰ মৃত্যু হয়।
মৃত্যু
১৫৪২ চনৰ শেষৰফালে ক'পাৰ্নিকাচ এপ'লেক্সি আৰু পেৰালাইছিছ ৰোগত আক্ৰান্ত হয়। ১৫৪৩ চনৰ ২৪ মে'ৰ দিনা ৭০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। কথিত আছে যে সেইদিনাই তেওঁৰ বন্ধু ৰেটিকাচে তেওঁক সদ্যপ্ৰকাশিত গ্ৰন্থখনৰ এটি ক'পি প্ৰদান কৰে। আৰু সেই দিনটোতেই কিতাপখন সাবটি ক'পাৰ্নিকাচ মৃত্যুৰ কোলাত ঢলি পৰে।
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
পোলেণ্ডৰ ব্যক্তি
মৃত ব্যক্তি
জ্যোতিৰ্বিজ্ঞানী
|
35163 | https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A7%B0%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F%27%E0%A6%9F%E0%A6%B2 | এৰিষ্ট'টল | এৰিষ্ট'টল (৩৮৪ খৃঃপূঃ- ৩২২ খৃঃপূঃ) এগৰাকী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ জন্ম ৩৮৪ খৃঃপূঃত গ্ৰীক দেশৰ এখন প্ৰাচীন নগৰ ষ্টেজাইৰাত হৈছিল। তেওঁৰ শৈশৱ অৱস্থাতে পিতৃ নিকোমাকাচৰ মৃত্যু হৈছিল। ফলস্বৰূপে তেওঁ এজন অভিভাৱকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। ১৮ বছৰ বয়সত এৰিষ্ট'টলে এথেঞ্চত অৱস্থিত প্লেটোৰ শিক্ষানুষ্ঠানত ভৰ্তি হৈছিল আৰু ৩৭ বছৰ বয়সলৈ তেওঁ তাত আছিল। তেওঁৰ ৰচনাই পদাৰ্থবিদ্যা, অধিবিদ্যা, কবিতা, নাট্যশাস্ত্ৰ, সঙ্গীত, তৰ্কশাস্ত্ৰ, ব্যাখ্যান শাস্ত্ৰ ভাষাতত্ত্ব,ৰাজনীতি বিজ্ঞান, চৰকাৰ, ন্যায়শাস্ত্ৰ, জীৱবিদ্যা, প্ৰাণীবিদ্যা আদি বিভিন্ন বিষয় সামৰি লৈছে। তেওঁৰ ৰচনাই পোন প্ৰথমবাৰৰ বাবে ন্যায়শাস্ত্ৰ, নন্দনতত্ত্ব, তৰ্কশাস্ত্ৰ, বিজ্ঞান, ৰাজনীতি আৰু অধিবিদ্যাক সাঙুৰি পশ্চিমীয়া দৰ্শনশাস্ত্ৰৰ সৰ্বাত্মক পদ্ধতি এটাৰ সৃষ্টি কৰিছিল। প্লেটোৰ মৃত্যুৰ পিছতে তেওঁ এথেঞ্চৰ পৰা আঁতৰি আহিছিল। মেচিডনীয়াৰ ৰজা ফিলিপ দ্বিতীয়ৰ অনুৰোধ মৰ্মে তেওঁ ৩৫৬ খৃঃপূঃৰ পৰা ৩২৩ খৃঃপূঃলৈ আলেকজেণ্ডাৰৰ গৃহ শিক্ষকতাৰ দায়িত্ব গ্ৰহণ কৰিছিল।
আলেকজেণ্ডাৰৰ শিক্ষক হিচাবে এৰিষ্ট'টলে প্ৰসিদ্ধি লাভ কৰে। এই পদে তেওঁক অনেক যোগাৰ যন্ত্ৰ (ইং ৱিকিত থকামতে আৰু ৰাজকীয় সা-সুবিধাৰ অধিকাৰী কৰে। তেওঁ নিজে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনত শতাধিক কিতাপেৰে এক পুথিভঁৰালো মুকলি কৰিছিল। তেওঁৰ লিখনিসমূহে বহুতো বিষয়ত ধাৰণা প্ৰকাশ কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল- পদাৰ্থবিদ্যা, কাব্য সাহিত্য, নাট্য, গীত, ভাষাবিজ্ঞান ),ৰাজনীতি চৰকাৰ, জীৱবিজ্ঞান ইত্যাদি। প্লেট'ৰ শিষ্য হোৱাৰ বাবে এৰিষ্টট'ল জীৱনৰ আগভাগত 'প্লেট'নিজম' ভাৱাদৰ্শত বিশ্বাসী আছিল যদিও পিছলৈ তেওঁ প্ৰয়োগবাদ ৰ বিশ্বাসী হৈ উঠে। এৰিষ্ট'টলৰ কৰ্মৰাজিয়েই আধুনিক বিশ্বৰ বহুতো বিষয়ৰ প্ৰথম ভেঁটি প্ৰতিষ্ঠা কৰি গৈছে। তেওঁৰ দৰ্শনৰ ধাৰণাসমূহ বৰ্তমান শিক্ষাৰ এক অপৰিহাৰ্য অংশ। যদিও তেওঁ অসংখ্য ধাৰণা লিখনি আকাৰে প্ৰকাশ কৰিছিল, তথ্য অনুসৰি তেওঁৰ প্ৰায়ভাগ লিখনিয়ে সংৰক্ষণ কৰা নহ’ল। বৰ্তমান এৰিষ্ট'টলৰ মূল কৰ্মৰ কেৱল এক তৃতীয়াংশহে সংৰক্ষিত হৈ থকা বুলি জনা যায়।
জীৱন
এৰিষ্ট'টল নামৰ অৰ্থ হ'ল "সৰ্বোত্তম উদ্দেশ্য"। ৩৮৪ খ্ৰীষ্টপূৰ্বত এতিয়াৰ গ্ৰীচৰ থেছাল'নিকি চহৰৰপৰা পূবে দূৰত্বত খল্কিডিকি উপদ্বীপৰ ষ্টেজাইৰা গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ নিক'মাকুছ আছিল মেচিডনৰ ৰজা আমিণ্টছৰ ব্যক্তিগত চিকিৎসক। এৰিষ্ট'টলৰ শৈশৱৰ বিষয়ে বেছি তথ্য পোৱা নাযায় যদিও সম্ভৱতঃ তেওঁ বেছিভাগ সময় মেচিডনৰ ৰাজপ্ৰাসাদত অতিবাহিত কৰিছিল আৰু এনেকৈয়ে তেওঁৰ মেচিডনৰ ৰাজবংশৰ লগত প্ৰথম সম্পৰ্ক স্থাপন হৈছিল।
প্ৰায় ১৮ বছৰ বয়সত প্লেট'জ একাডেমীত শিক্ষাগ্ৰহণৰ বাবে তেওঁ এথেন্সলৈ যায়। প্ৰায় ২০ বছৰ সেই শিক্ষানুস্থানত থাকি তেওঁ ৩৪৮/৪৭ খ্ৰীষ্টপূৰ্বত এথেন্স ত্যাগ কৰে। প্ৰচলিত কাহিনীমতে প্লেট'ৰ মৃত্যুৰ পাছত একাডেমীৰ নিয়ন্ত্ৰণ প্লেট'ৰ ভতিজাক স্পে'ছিপছৰ হাতলৈ যোৱাৰ পাছত একাডেমীৰ সিদ্ধান্তত অসন্তুষ্ট হৈ তেওঁ একাডেমী ত্যাগ কৰে। অৱশ্যে এইটোও সম্ভৱ যে মেচিডনবিৰোধী অনুভূতিলৈ ভয় কৰি প্লেট'ৰ মৃত্যুৰ আগেয়েই তেওঁ একাডেমী ত্যাগ কৰিছিল।
ইয়াৰ পিছত তেওঁ বন্ধু ৰ এছিয়া মিনৰ ত থকা সভাসদলৈ ৰ সৈতে যায়। এছিয়াত থকা কালত এৰিষ্ট'টলে ৰ সৈতে দ্বীপলৈ যায়। এই দ্বীপত দুয়ো মিলি ইয়াৰ উদ্ভিদ তথা প্ৰাণীসমূহৰ ওপৰত অধ্যয়ন কৰে বুলি জনা যায়। এৰিষ্ট'টলে হাৰমিয়াজ ৰ ভতিজা পিথিয়াছ ৰ সৈতে বিবা্হ পাশত আবদ্ধ হয়। তেওঁলোকৰ এগৰাকী ছোৱালী সন্তানৰ জন্ম হয় যাৰ নামো পিথিয়াছ ৰখা হয়। হাৰমিয়াজৰ মৃত্যুৰ পিছতে এৰিষ্ট'টলক এ এৰিষ্ট'টলক খ্ৰীষ্টপূৰ্য় ৩৪৩ শতিকাত তেওঁৰ পুত্ৰ আলেকজেণ্ডাৰ শিক্ষা দিবলৈ অনুৰোধ কৰে।
এৰিষ্ট'টল ৰাজকীয় বিদ্যালয় মেচিডন প্ৰধান শিক্ষ হিচাপে অধিষ্ঠিত হয়। এইসময়ছোৱাত আলেকজেণ্ডাৰৰ উপৰিও ভৱিষ্যতৰ মহাৰজা টলেমি আৰু কেছেণ্ডাৰ ক এৰিষ্ট'টলে শিক্ষা দিয়ে। এৰিষ্ট'টলে আলেকজেণ্ডাৰক পূবৰ দেশসমূহ জয় কৰিবলৈ উৎসাহ দিয়ে বুলি জনা যায়।
খ্ৰীষ্টপূৰ্ব ৩৩৫ শতিকাত তেওঁ এথেন্সলৈ উভতি আহে আৰু নামেৰে নিজাকৈ বিদ্যালয় স্থাপন কৰে। এই বিদ্যালয় এৰিষ্ট'টলে বাৰ বছৰ ধৰি বিভিন্ন পাঠদান পৰিচালনা কৰে। এইসময়তে এথেন্সত তেওঁৰ পত্নী পিথিয়াছৰ মৃত্যু হয়। পৰৱৰ্ত্তী কালত তেওঁ হাৰ্পিলিছ ক বিয়া কৰায় আৰু তেওঁলোকৰ এটা ল'ৰাসন্তান জন্ম হয় যাৰ নাম ৰাখে।
এথেন্সত থকা এই কালছোৱাতে খ্ৰীষ্টপূৰ্য় ৩৩৫-৩২৩ শতিকাৰ ভিতৰত এৰিষ্ট'টলে তেওঁৰ প্ৰায়ভাগ সৃষ্টি কৰা বুলি জনা যায়। তেওঁৰ লিখনিসমূহৰ ক্ষুদ্ৰ অংশএটাহে সংৰক্ষণ হৈ থাকিল। ইয়াৰ ভিতৰত বিদ্যালয়ত বা শিষ্যসকলক কৰা পাঠদানৰ অংশসমূহেই প্ৰধান। এইসমূহৰ ভিতৰত প্ৰধান আৰু এৰিষ্ট'টলে সেইসময়ৰ সম্ভৱ হোৰা সকলোবোৰ বিষয় অধ্যয়ন কৰাই নহয়, বেছিভাগতেই তেওঁ অতি উল্লেখযোগ্য অৱদানো আগবঢ়াই গৈছে। তাত্বিক বিজ্ঞানৰ ভিতৰত এৰিষ্ট'টলে আৰু প্ৰাণীবিজ্ঞান অধ্যয়ন কৰিছিল। দৰ্শনৰ ক্ষেত্ৰত তেওঁ চৰকাৰ, ৰাজনীতি, মনোবিজ্ঞান, আৰু আদি সম্পৰ্কত লিখিছিল। তদুপৰি তেওঁ শিক্ষা, বৈদেশিক নীতি, সাহিত্য আদিও অধ্যয়ন কৰিছিল। তেওঁৰ সমূহ কৰ্মৰাজিয়ে গ্ৰীক সকলৰ জ্ঞানৰ এক বিশ্বকোষকে সূচায়।
আলেকজেণ্ডাৰ জীৱনৰ শেষৰফালে তেওঁ এৰিষ্ট'টলৰ ধাৰণাসমূহৰ ওপৰত সন্দেহ কৰিবলৈ লয় আৰু এৰিষ্ট'টলক চিঠিৰ যোগেদি ভাবুকিও দিয়াৰ কথা জনা যায়। এৰিষ্ট'টলেও আলেকজেণ্ডাৰৰ স্বৰ্গ সম্পৰ্কীয় ধাৰণাসমূহৰ অশুদ্ধতা আঙুলিয়াই দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। এনে কাৰণতে এৰিষ্ট'টলৰ নাতি-ভতিজাক ৰাজকীয় মহলে বিশ্বাসঘাটকতাৰ বাবে দোষী সাবস্ত্য কৰি মৃত্যুদণ্ড দিছিল। জনশ্ৰুতি অনুসৰি এৰিষ্ট'টলৰ আলেকজেণ্ডাৰৰ মৃত্যুতো হাত থকাৰ কথা জনা যায়, কিন্তু এইসম্পৰ্কত কোনো প্ৰমাণ পোৱা হোৱা নাই।
আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছতে এথেন্সত ৰাজকীয় পক্ষৰ প্ৰতি অসন্তোষে গা কৰি উঠে। ইয়াৰ লগে লগে আৰু তেওঁৰ পক্ষই এৰিষ্ট'টলক হিশ্বৰক যথাৰ্থ সন্মান প্ৰদৰ্শন নকৰা বুলি দোষী সাব্যস্ত কৰে। এৰিষ্ট'টলে এথেন্স এৰিবলৈ বাধ্য হয় আৰু মাকৰ পুৰণি ঠাইলৈ গুচি যায়। খ্ৰীষ্টপূৰ্ব ৩২২ শতিকাত তেওঁৰ স্বাভাৱিক কাৰণত চহৰত মৃত্যু হয়।
স্মৃতি
স্মৃতি
এৰিষ্ট'টলৰ মত অনুসৰি স্মৃতি হ'ল এটা অভিজ্ঞতাক মনত ৰখা আৰু এই মনত ৰখা কথাটোৰ অন্তৰ্ভাগৰ উপস্থিতিৰ পৰা অতীতত ঘটাৰ পাৰ্থক্য চিনিব পৰাৰ ক্ষমতা। অন্য অৰ্থত, এৰিষ্ট'টলে ৰ যোগেদি দিয়া সংজ্ঞা অনুসৰি স্মৃতি একধৰণৰ মানসিক চিত্ৰ যি মানুহৰ সত্তা মুদ্ৰিত হৈ পৰে। এৰিষ্ট'টলে বিশ্বাস কৰিছিল যে এনধৰণৰ মানসিক চিত্ৰবোৰ অৰ্ধতৰল এক শাৰীৰিক অংগত মুদ্ৰিত হৈ পৰে আৰু কিছু পৰিৱৰ্ত্তনৰ যোগেদি স্মৃতিলৈ ৰূপান্তৰিত হয়। এই অৰ্ধতৰল শাৰীৰিক অংগ অৰ্থাৎ স্নায়ুতন্ত্ৰই যেতিয়া কোনো জটিল উদ্দীপক )ৰ সকলোবোৰ মানসিক চিত্ৰ একেলগে মুদ্ৰণ কৰিব নোৱাৰে তেতিয়াই স্মৃতিৰ উৎপত্তি হয়। এৰিষ্ট'টলৰ ধাৰণা অনুসৰি এই পৰিৱৰ্ত্তন সমূহ মানুহৰ অনুভৱ বা চিন্তাৰ দৰে একেই। অনুভৱ ৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ শেষ উৎপাদন সামগ্ৰীটো হৈছে স্নায়ুতন্ত্ৰত মুদ্ৰিত হোৱা এই মানসিক চিত্ৰবোৰ। দেখি বা শুনি হোৱা যিকোনো অভিজ্ঞতাৰে এনেদৰে মানসিক চিত্ৰবোৰ স্মৃতি হিচাপে ৰৈ যায়।
এৰিষ্ট'টলে স্মৃতি শব্দটো মূলত: দুটা অৰ্থত ব্যৱহাৰ কৰিছিল। প্ৰথমটো হ'ল, কোনো অভিজ্ঞতাই জন্ম দিয়া অনু্ভূতিৰ মুদ্ৰণ কৰাৰ ক্ষমতা আৰু দ্বিতীয়টো হ'ল, কোনো বিশেষ সময়ত হোৱা এনে মুদ্ৰণৰ সৈতে উপজা বৌদ্ধিক অস্থিৰতা যিহেতু স্মৃতি কিছু সময়ৰ বিৰতিত উৎপন্ন হয়, ই কেৱল অনুভূতি বা কোনো ভাৱ নহয়। সেয়ে স্মৃতি অতীতৰ অনুমান ভৱিষ্যতৰ আৰু অনুভূতি বৰ্তমানৰ। আমাৰ মনত থকা মানসিক চিত্ৰ মুদ্ৰিত ৰুপবোৰ হঠাতে আনিব নোৱাৰি। ইয়াৰ বাবে এক মাধ্যম ৰ প্ৰয়োজন হয়।
এৰিষ্ট'টলে ধাৰণা কৰিছিল যে ৰসবোধ কম থকা লোকৰ স্মৃতি শক্তি তুলনামূলকভাৱে বেছি ভাল হ'ব কাৰণ, তেনে লোকৰ মগজুত থকা জুলীয়া পদাৰ্থবোৰে স্মৃতিশক্তিৰ লগত জড়িত অংগৰ মুদ্ৰণ ক্ষমতা নোহোৱা নকৰে। তেওঁ বিশ্বাস কৰিছিল যে শিশু আৰু বৃদ্ব লোকে ভালদৰে অভিজ্ঞতাসমূহ মুদ্ৰণ কৰিব নোৱাৰে। শিশুৰ দেহৰ বৃদ্বিৰ লগে লগে মগজুৰো ঘনাই পৰিৱৰ্ত্তন হয়। তেনেদৰে বৃদ্ধ লোকৰ অংগসমূহৰ কাৰ্য্যক্ষমতাও বয়সৰ লগে লগে কমি আহে। যিহেতু বৌদ্ধিক কাৰ্য্য স্মৃতিৰ সৈতে জড়িত নহয়, সেয়ে সময়বোধ থকা কিছুমান জীৱ-জন্তুৰো স্মৃতি থকা দেখা যায়।
স্মৰণ এৰিষ্টট'লে ধাৰণা কৰিছিল যে যিহেতু মানুহে সকলোধৰণৰ অনুভূতিৰ পৰা মানসিক চিত্ৰ বা মুদ্ৰণ গ্ৰহণ কৰিব পাৰে গতিকে মানুহৰ মনত নিৰন্তৰভাৱে নতুন নতুন অভিজ্ঞতাৰ পৰা ন ন মুদ্ৰিত স্মৃতি সৃষ্টি হয়। এই মানসিক চিত্ৰৰ সন্ধান কৰোঁতে মানুহে প্ৰকৃততে স্মৃতিৰেই সন্ধান কৰে। এনেদৰে সন্ধান কৰোঁতে এটাৰ পিছত আনটোকৈ অভিজ্ঞতাসমূহ আহিলে স্মৰণ প্ৰক্ৰিয়াৰ সৃষ্টি হয়। যেতিয়া মানুহে কোনো বিশেষ অভিজ্ঞতা মনত পেলায়, তেতিয়া মানুহৰ মগজুৱে পূৰ্বৰ কিছুমান অভিজ্ঞতাৰ মুদ্ৰিত ৰূপটোৰ সন্ধান কৰে আৰু এইসমূহে সেই বিশেষ অভিজ্ঞতাটো মনত পেলোৱাত সহায় কৰে। গতিকে মনত পেলোৱা হ'ল স্মৃতিত থকা কোনো মুদ্ৰণ কিছু সময়ৰ পিছত উলিয়াই অনা প্ৰক্ৰিয়া। এনেদৰে সাঁচি থোৱা কোনো তথ্যৰ পুনৰ উলিয়াই অনাৰ প্ৰক্ৰিয়া নিৰ্ভৰ কৰে মানুহৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। কেৱল মানুহেহে বৌদ্ধিক কাৰ্য্যৰ মুদ্ৰণসমূহ যেনে সংখ্যা বা শব্দ আদি মনত ৰাখিবলৈ সক্ষম। অৱশ্যে সময়বোধ থকা অন্য প্ৰণিসমূহেও পূৰ্বৰ অভিজ্ঞতাসমূহ মনত পেলাব পাৰে। কোনো এটা মুদ্ৰণ মনত পেলালে ইয়াৰ লগত কোনো প্ৰকাৰে জড়িত থকা অন্য বহুতু মুদ্ৰণ স্মৃতি হৈ মনলৈ আহিব পাৰে। এৰিষ্টটলে বিশ্বাস কৰিছিল যে কিছুমান চিন্তাৰ সমষ্টিৰে মনলৈ আনি দিয়া বিশেষ মুদ্ৰণবোৰ তিনিধৰণৰ সম্পৰ্কেৰে ইটো-সিটোৰ সৈতে সংযোজিত হৈ থাকে। এইবোৰ হৈছে-মিল ),অমিল আৰু সংস্পৰ্শ এই তিনিটাই তেওঁৰ ৰ মূল উপাদান। এৰিষ্ট'টলে ধাৰণা কৰিছিল যে অতীতৰ অভিজ্ঞতাসমূহ মানুহৰ মনতে লুকাই থাকে। এটা শক্তিয়ে প্ৰকৃতি অভিজ্ঞতাটো এই পূৰ্বৰ অভিজ্ঞতাসমূহ জাগ্ৰত কৰি উলিয়াই আনে। তেওঁৰ মতে সংযোগ হৈছে মানসিক সত্তাত লুকাই থকা এক শক্তি। ই পুৰ্বৰ অভিজ্ঞতাৰ অপ্ৰকাশিক অংশক জাগ্ৰত কৰি তোলে আৰু মনত পেলোৱাত সহায় কৰে।
চিন্তা
যুক্তি
এৰিষ্ট'টলে পোনপ্ৰথমে যুক্তি সম্পৰ্কীয় চিন্তা চৰ্চা কৰা বুলি জনা যায়। তেওঁৰ ধাৰণাসমূহ উনৈশ শতিকা পৰ্যন্ত পশ্চিমীয়া দেশসমূহত প্ৰভুতভাৱে প্ৰচলিত আছিল।
ইতিহাস
এৰিষ্ট'টলৰ মত অনুসৰি কাৰক সম্পৰ্কত পূৰ্বতে তেওঁৰ বিশেষ একো ক'বলগীয়া নাছিল। অৱশ্যে প্লেটোৰ তথ্য অনুসৰি এৰিষ্ট'টলৰ পূৰ্বেই শব্দৰ শুদ্ধ ব্যৱহাৰৰ প্ৰতি গুৰুত্ব দিয়া য়ে 'বাক্য-গাঁথনি' ৰ প্ৰবৰ্ত্তন কৰিছিল। সেইদৰে 'যুক্তি ৰ ধাৰণা ৰ পৰা উদ্ভৱ হোৱা বুলি জনা যায়।
ভূ-বিজ্ঞান
ছাৰ্লছ ল্যেল ৰ নামৰ গ্ৰন্থখনত উল্লেখ কৰা অনুসৰি-
পদাৰ্থ বিদ্যা
পাচঁটা উপাদান
এম্পেড’ক্লেচে আগবঢ়োৱা চাৰিটা উপাদানৰ ধাৰণাৰ লগত এৰিষ্ট'টলে পঞ্চমটো উপাদানৰ ধাৰণা আগবঢ়ায়,
পৃথিৱী (ধ্ৰুপদী উপাদান), যি চেঁচা আৰু শুকান; ই আধুনিক ধাৰণাৰ গোটা বস্তুৰ সৈতে একে।
পানী (ধ্ৰুপদী উপাদান), যি চেঁচা আৰু ভিজা; ই আধুনিক ধাৰণাৰ তৰল পদাৰ্থৰ সৈতে একে।
বায়ু (ধ্ৰুপদী উপাদান), যি তপত আৰু ভিজা; ই আধুনিক ধাৰণাৰ গেছীয় পদাৰ্থৰ সৈতে একে।
জুই (ধ্ৰুপদী উপাদান), যি তপত আৰু শুকান; ইয়াৰ আধুনিক ধাৰণাৰ প্লাজমা আৰু তাপৰ সৈতে সম্পৰ্ক আছে।
ইথাৰ (ধ্ৰুপদী উপাদান), যি মহাকাশত বিয়পি আছে আৰু যিহেৰে গ্ৰহ নক্ষত্ৰবোৰ গঠিত হৈছে।
প্ৰত্যেকটো ধ্ৰুপদী উপাদানৰে নিজা প্ৰাকৃতিক স্থান আছে। ধ্ৰুপদী উপাদানবোৰে বিশ্বব্ৰহ্মাণ্ড বা পৃথিৱীৰ কেন্দ্ৰলৈ গতি কৰাৰ প্ৰৱণতা দেখুৱায়। পানীয়ে পৃথিৱীৰ কেন্দ্ৰৰ চাৰিওকাষে থকা গোলাকাৰ অংশতোলৈ গতি কৰে। বায়ুয়ে পানীপূৰ্ণ গোলাকাৰ অংশৰ চাৰিওকাষে স্থান লয়। জুইয়ে চন্দ্ৰই পৰিভ্ৰমণ কৰা গতিপথৰ চাৰিওকাষে স্থান লোৱাৰ প্ৰবণতা দেখুৱায়। যদিহে এই ধ্ৰুপদী উপাদান সমহূহ সিহঁতৰ স্বাভাৱিক স্থানৰ পৰা আঁতৰোৱা হয়, তেন্তে ই আকৌ পূৰ্বৰ স্থানলৈ ঘূৰি যোৱাৰ প্ৰবণতা দেখুৱায়। এই গতি কোনো বাহ্যিক শক্তি জড়িত নথকা স্বাভাৱিক গতি।
আলোকবিজ্ঞান
তেওঁৰ সমসাময়িক দাৰ্শনিকসকলৰ তুলনাত এৰিষ্ট'টলৰ আলোক সম্পৰ্কীয় ধাৰণাৰ তত্ত্বসমূহ বেছি নিখুঁত আছিল। খ্ৰী:পূ: ৩৫০-ত এৰিষ্ট'টলৰ দ্বাৰা লিখিত -ত কৃষ্ণ কক্ষ -ই এনে এবিধ আলোকীয় সজুঁলি যাৰ দ্বাৰা ইয়াৰ কোনো চৌপাশৰ প্ৰতিবিম্ব কোনো পৰ্দাত প্ৰক্ষেপ কৰিব পৰা যায়)] সম্পৰ্কীয় ধাৰণাৰ সাক্ষ্য পোৱা যায়। এৰিষ্ট'টলৰ আহিলাত এটা সূক্ষ্ম ছিদ্ৰৰে সৈতে এটা অন্ধকাৰ কক্ষ আছিল। এই ছিদ্ৰৰে সূৰ্যৰ পোহৰ প্ৰৱেশ কৰিব পাৰিছিল। এৰিষ্ট'টলে এই আহিলাৰে সূৰ্য পৰ্যবেক্ষণ কৰিছিল আৰু মন কৰিছিল যে, ছিদ্ৰৰ আকৃতি যিয়েই নহওক লাগে সূৰ্যৰ আকৃতি সম্পূৰ্ণ শুদ্ধ ভাৱে গোলাকাৰ হিচাপে প্ৰদৰ্শিত হয়। আধুনিক কেমেৰাসমূহত ইয়েই )ৰ অনুৰূপ। এৰিষ্ট'টলে এই কথাটোও পৰ্যবেক্ষণ কৰিছিল যে, ছিদ্ৰৰ পৰা প্ৰতিবিম্ব প্ৰক্ষেপিত পৃষ্ঠৰ দূৰত্ব বৃদ্ধিৰ লগে লগে প্ৰতিবিম্বৰ আকাৰো বিবৰ্ধিত হয়।
সুযোগ আৰু স্বতঃস্ফূৰ্ত্ততা
এৰিষ্ট'টলৰ ধাৰণা অনুসৰি, স্বতঃস্ফূৰ্ত্ততা আৰু সুযোগ হৈছে কোনো সংঘটনৰ কাৰণ আৰু ইহঁত অন্য ধৰণৰ কাৰণৰ পৰা পৃথক। কোনো সংঘটনৰ কাৰণ হিচাপে সুযোগ ইয়াৰ অঘটনৰ ক্ষেত্ৰৰ অধীন।
অধিবিদ্যা এৰিষ্ট'টলে অধিবিদ্যাক বা হিচাপে উল্লেখ কৰিছিল। তদুপৰি তেওঁৰ ধাৰণা অনুসৰি অধিবিদ্যা হৈছে প্ৰথম দৰ্শন আৰু 'তাত্বিক বিজ্ঞান'।
সৰ্বজনীনতা আৰু বিশেষত্বতা এৰিষ্ট'টলৰ পূৰ্বসুৰী প্লেটৰ মত অনুসৰি প্ৰত্যেক বস্তুৰে এটা সৰ্বজনীন ৰূপ আছে। ই বস্তুটোৰ নিজা কোনো বৈশিষ্ট্য বা অন্য বস্তুৰ সৈতে সম্পৰ্কও হ'ব পাৰে।
জীৱবিজ্ঞান আৰু ভেষজবিদ্যা
এৰিষ্ট'লিয়ান বিজ্ঞানত, বিশেষকৈ জীৱবিজ্ঞানত, তেওঁ আনৰ বৰ্ণনাৰে জানিব পৰা জীৱসমূহতকৈ নিজে দেখা জীৱৰ বৰ্ণনাসমূহ অধিক তথ্যসমৃদ্থ। তেওঁ নিজে জীৱসমূহৰ দেহ ব্যৱচ্ছেদন কৰিছিল, কিন্তু মানৱদেহৰ কৰাৰ চেষ্টা কৰা নাছিল। এই কাৰণতে হয়তো মানৱ দেহৰ ভিতৰত চলি থকা প্ৰক্ৰিয়াসমূহৰ বিষয়ে তেওঁ দিয়া বৰ্ণনা সমূহ কালৰ গৰ্ভত হেৰাই গ'ল।
এৰিষ্ট'টলেই হ'ল আটাইতকৈ পুৰণি জীৱবিজ্ঞানী যাৰ কৰ্মৰাজিৰ কিছু তথ্য পোৱা যায়। তেওঁ বসবাস কৰা ঠাইৰ চাৰিওকাষৰ অঞ্চলসমূহ আৰু সাগৰত জীৱসমূহৰ অধ্যয়ন কৰিছিল। এই অধ্যয়নৰ ভিত্তিতে তেওঁৰ বিভিন্ন গ্ৰন্থ যেনে আৰু ৰচনা কৰিছিল। এই গ্ৰন্থসমূহতে তেওঁৰ পৰ্য্যবেক্ষণ তথা গৱেষণালব্ধ তথ্যসমূহৰ উল্লেখ আছে। তদুপৰি এৰিষ্ট'টলে ইয়াত কেটফিছ ইলেক্ট্ৰিক মাছ আদি মাছসমূহ আৰু অক্টোপাছ, চেপিয়া আদিৰ বিতং বৰ্ণনা দিছে। মলাস্কান পৰজীৱি প্ৰাণী হেক্ট'ডেক্টাইলাছৰ বাহুক যৌন প্ৰজননত ব্যৱহাৰ হোৱাৰ পৰিঘটনাৰ এৰিষ্ট'টলেই পোনপ্ৰথমে উল্লেখ কৰিছিল যদিও উনৈশ শতিকালৈকে এই ধাৰণা কোনেও বিশ্বাস কৰা নাছিল। তদুপৰি এৰিষ্ট'টলেই পোনপ্ৰথমে জলচৰ স্তন্যপায়ী প্ৰাণীসমূহ মাছৰ সৈতে একে নহয় বুলি ধাৰণা প্ৰকাশ কৰিছিল আৰু ইহঁতক বেলেগকৈ চেলচি নামৰ গোটত শ্ৰেণীভুক্ত কৰিছিল।
জীৱজগতৰ শ্ৰেণীবিভাজন
এৰিষ্ট'টলে কৰা জীৱজগতৰ শ্ৰেণিবিভাজন পদ্ধতিৰ বহুতো ধাৰণা উনৈশ শতিকালৈকে বহুলভাৱে প্ৰচলিত হৈ আছিল। আধুনিক প্ৰাণীবিজ্ঞানত মেৰুদণ্ডী আৰু অমেৰুদণ্ডী প্ৰাণীসমূহক এৰিষ্ট'টলে ক্ৰমান্বয়ে 'ৰক্ত থকা প্ৰাণী' আৰু 'ৰক্ত নথকা প্ৰাণী' বুলি উল্লেখ কৰিছিল। ৰক্ত থকা প্ৰাণীবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছিল- পোৱালি জন্ম দিয়া যেনে -মানুহ আৰু অন্য স্তন্যপায়ী প্ৰাণী; আৰু কণী পৰা যেনে- চৰাই আৰু মাছ। এৰিষ্ট'টলৰ মত অনুসৰি ৰক্ত নথকা প্ৰাণীবোৰ হৈছে- কীট-পতংগ, কেকোঁৰা, মলাস্কা আদি।
ভেষজবিদ্যা
থিয়'ফ্ৰেষ্টাছৰ পিছত এৰিষ্ট'টলে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনে কোনো উল্লেখযোগ্য অৱদান আগবঢ়াব পৰা নাছিল। এৰিষ্ট'টলৰ ধাৰণাসমূহ সকলো শিষ্যই বিনাপ্ৰশ্নই অনুকৰণ কৰিছিল। টলেমিয়ে আলেকজেণ্ড্ৰিয়া প্ৰতিষ্ঠা নকৰালৈকে ভেষজবিদ্যাত বিশেষ একো অগ্ৰগতি হোৱাৰ তথ্য পোৱা নাযায়।
আলেকজেণ্ড্ৰিয়াৰ প্ৰথমগৰাকী ভেষজবিদ্যাৰ শিক্ষক য়ে পোনপ্ৰথমে এৰিষ্ট'টলৰ ধাৰণাসমূহৰ ত্ৰুতি আঁতৰোৱাৰ চেষ্টা কৰে। তে্ৱেই পোণপ্ৰথমে স্নায়ুতন্ত্ৰৰ সৈতে জীৱদেহৰ গতি আৰু অনুভূতিৰ সংযোগ স্থাপন কৰে। হিৰফিলাছেই প্ৰথমে সিৰা আৰু ধমণীৰ মাজৰো পাৰ্থক্য বৰ্ণনা কৰে। যদিও কিছু শেহতীয়া বিজ্ঞানী যেনে লুক্ৰেটিয়াছ আদিয়ে জীৱন সম্পৰ্কে এৰিষ্ট'লিয়ান ধাৰণাৰ সমালোচনা কৰিছিল, এই ধাৰণাসমূহ ওঠৰ আৰু উনৈশ শতিকালৈকে বহুলভাৱে গ্ৰহণীয় হৈ থাকিল।
মনোবিজ্ঞান
প্ৰায়ে নামৰ লেটিন নামেৰে জনা যায় নামৰ গ্ৰন্থত উল্লেখ থকা মতে এৰিষ্ট'লিয়ান মনোবিজ্ঞানত মূলত: তিনিপ্ৰকাৰৰ মনোজগত ৰ অস্তিত্ব মানি লোৱা হয়। এইবোৰ হৈছে- আংগিক মনোজগত ),সংবেদনশীল মনোজগত আৰু যুক্তিসম্পন্ন মনোজগত তেওঁৰ ধাৰণা অনুসৰি মানুহৰ মনোজগত হৈছে যুক্তিসম্পন্ন মনোজগত। এই মনোজগতৰ বাকী দুবিধৰ দৰেই ক্ষমতাসমূহ আছে। উদাহৰণস্বৰূপে ই আংগিক মনোজগতৰ দৰেই বৃদ্ধ পাব পাৰে,পৰিপুষ্টি লাভ কৰিব পাৰে আৰু সংবেদনশীল মনোজগতৰ দৰে ই অনুভৱ কৰিবও পাৰে। আনহাতে যুক্তিসম্পন্ন মনোজগতৰ একক ক্ষমতা হ'ল এয়ে যে ই যুক্তিৰে বিভিন্ন ধাৰণাৰ তুলনা কৰিব পাৰে।
প্ৰয়োগিক দৰ্শন
নীতি শাস্ত্ৰ এৰিষ্ট'টলে নীতিশাস্ত্ৰক তাত্বিকৰ পৰিৱৰ্ত্তে প্ৰায়োগিক শাস্ত্ৰ বুলিহে ধাৰণা কৰিছিল। ইয়াৰ অৰ্থ হ'ল কেৱল এক শাস্ত্ৰ ৰূপে অধ্যন কৰাৰ সলনি ব্যক্তিৰ নিজৰ উৎকৰ্ষ সাধনৰ চেষ্টা হিচাপে নীতিশাস্ত্ৰক গ্ৰহণ কৰা। তেওঁ নীতিশাস্ত্ৰৰ ওপৰতো একাধিক গ্ৰন্থ ৰচনা কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল- নামৰ গ্ৰন্থখন।
ৰাজনীতি
ব্যক্তিবিশেষক সম্বোধন কৰি ৰচনা কৰা নীতিশাস্ত্ৰৰ গ্ৰন্থসমূহৰ উপৰিও এৰিষ্ট'টলে সমগ্ৰ চহৰখনকে সম্বোধি তেওঁৰ ৰাজনীতি সম্পৰ্কীয় গ্ৰন্থ' ৰচনা কৰি উলিয়াইছিল। তদুপৰি ৰাজনীতি সম্পৰ্কত তেওঁৰ এক বিখ্যাত উক্তি হৈছে- এৰিষ্ট'টলে ৰাজনীতিক এক যান্ত্ৰিক ধাৰণাৰ পৰিৱৰ্ত্তে এক জীৱৰ দৰে কাৰ্য্যকৰি বুলি ধাৰণা কৰিছিল। তেওঁৰ মতে ই বহুতো অংশৰে গঠিত আৰু ইয়াৰে যিকোনো এটাৰ অবিহনে সমগ্ৰ ব্যৱস্থাই অচল হৈ পৰিব বুলি ধাৰণা কৰিছিল।
কাব্যসাহিত্য
এৰিষ্ট'টলে মহাকাব্যিক কবিতা ট্ৰেজেদী, হাস্যৰস সমৃদ্ধ সাহিত্য তথা ডিডাৰেম্বিক কাব্য সাহিত্য আৰু গীত্যৰ মাজত পাৰস্পৰিক মিল থকা বুলি গণ্য কৰিছিল। কেৱল প্ৰত্যেকৰে মাধ্যম, লক্ষ্য আৰু উপস্থাপনৰ পাৰ্থক্য থাকে।
যদিও লোকবিশ্বাস অনুসৰি এৰিষ্ট'টলৰ কাব্যসাহিত্য দুখন গ্ৰন্থত সংযোজিত হৈ আছিল- এখন ট্ৰেজেদী আৰু আনখন হাস্যৰস সমৃদ্ধ। কিন্তু কেৱল ট্ৰেজেদীসম্পন্ন কিছুসংখ্যক কবিতাহে বৰ্তমান পোৱা যায়।ইয়াৰোপৰি এৰিষ্ট'টলে খুবেই শৃংখলাবদ্ধভাৱে সাঁথৰ( লোকসাহিত্য ফঁকৰা-যোজনা আদিৰ সংগ্ৰহ কৰিছিল বুলি জনা যায়।
কিংবদন্তী
এৰিষ্ট'টলৰ মৃত্যুৰ ২৩০০ বছৰৰ পিছতো তেওঁ বৰ্তমানলৈকে বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ এজন বুলি পৰিগণিত হৈ আছে। মানুহৰ জ্ঞানৰ প্ৰতিখন ক্ষেত্ৰলৈকে তেওঁ অৰিহণা আগবঢ়াই গৈছে। তাৰ লগতে নতুন নতুন ক্ষেত্ৰৌ তেওঁ উদ্ভাৱন কৰি গৈছে। দাৰ্শনিক 'ৰ মতে তেওঁৰ সমপৰ্য্যায়ৰ জ্ঞান কোনো অন্য কোনো ব্যক্তিৰে থাকিব নে নাথাকে সেয়ে সন্দেহজনক অসংখ্য কৃতিত্ব সমূহৰ ভিতৰত অন্যতম হৈছে এৰিষ্ট'টলৰ যুক্তি উদ্ভাৱন প্ৰাণীবিজ্ঞান আৰু বৈজ্ঞানিক পদ্ধতিৰ প্ৰতি অতুলনীয় অৱদান।
পৰৱৰ্ত্তী গ্ৰীক দাৰ্শনিকসকল
এৰিষ্ট'টলৰ কৰ্মসমূহৰ প্ৰভাৱ তেওঁৰ ত শিষ্যৰ সংখ্যা বঢ়াৰ লগে লগে বৃদ্ধি পাবলৈ ধৰিলে। এৰিষ্ট'টলৰ প্ৰিয় শিষ্যসকলৰ ভিতৰত এৰিষ্ট'জেনাছ আৰু আদিয়ে প্ৰধান। আলেকজেণ্ডাৰ ৰ ওপৰতো এৰিষ্ট'টলৰ বিস্তৰ প্ৰভাৱ পৰা দেখা যায়। অৱশ্যে দুৰ-দুৰণিলৈ ভ্ৰমণ কৰিবলৈ লোৱাৰ পৰা আলেকজেণ্ডাৰে ক্ৰমান্বয়ে এৰিষ্ট'টলৰৰ ভৌগোলিক তথ্যসমূহৰ ত্ৰুতিসমূহ ধৰা পেলাবলৈ ধৰিলে। গতিকে এৰিষ্ট'টলে তেওঁৰ কৰ্মসমূহ ৰাজহুৱা কৰাৰ সময়ত আলেকজেণ্ডাৰে এনেদৰে অসন্তোষ প্ৰকাশ কৰিছিল- বিজেণ্টিন শিক্ষাবিদসকলৰ ওপৰত প্ৰভাৱ
এৰিষ্ট'টলৰ প্ৰয়ভাগ লিখনিৰে পাঠ লিখি ৰাখি গ্ৰীক লেখক সকলে তেওঁৰ কৰ্মৰাজিৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এৰিষ্ট'টলৰ কৰ্মৰাজিৰ ওপৰত বিস্তৰভাৱে অধ্যয়ন কৰা আৰু মতামত আগবঢ়োৱা গ্ৰীক শিক্ষাবিদসকলৰ ভিতৰত জন ফিল'পনাছ এলিয়াছ আৰু ডেভিদ ষ্টিফেন অব আলেকজেণ্ড্ৰিয়া আদি অন্যতম। জন ফিল'পনাছক প্ৰধানকৈ এৰিষ্ট'টলৰ বিশ্বব্ৰহ্মাণ্ডৰ অনন্তকাল কে ধৰি অন্যান্য ধাৰণাসমূহৰ সমালোক হিচাপে জনা যায়।
ইছলামিক ধৰ্মতাত্ত্বিক সকলৰ ওপৰত প্ৰভাৱ
ইছলামিক ধৰ্মতত্ত্বত আটাইতকৈ সন্মানীয় পশ্চিমীয়া চিন্তাবিদসকলৰ ভিতৱত এৰিষ্ট'টল অন্যতম। এৰিষ্ট'তলৰ প্ৰায়ভাগ কৰ্মৰাজিয়ে আৰবী ভাষালৈ অনদিত হৈছে আৰু মুছলিম দাৰ্শনিক, বিজ্ঞানী আৰু চিন্তাবিদসকলে এইসমূহ গভীৰভাৱে অধ্যয়ন কৰিছে। ইয়াৰে ভিতৰত আৰু আদিয়ে এৰিষ্ট'টল সম্পৰ্কে বিস্তৃতভাৱে লিখি গৈছে। এ এৰিষ্ট'টলক দৰ্শনৰ এক একক আৰু উৎকৃষ্ট প্ৰতিনিধি হিচাপে গণ্য কৰিছিল। তেওঁ এৰিষ্ট'টলক ভৱিষ্যতৰ সকলো দাৰ্শনিকৰ বাবে পথ পদৰ্শক বুলিও উল্লেখ কৰি 2, 43 মধ্যযুগৰ মুছলিম শিক্ষাবিদসকলে এৰিষ্ট'টলক প্ৰথম শিক্ষক বুলি গণ্য কৰিছিল। এৰিষ্ট'টলক পোন-প্ৰথমে শিক্ষক বুলিও মুছলিম শিক্ষাবিদসকলেই আখ্যা দিছিল।
পশ্চিমীয়া খ্ৰীষ্টান ধৰ্মতাত্ত্বিক সকলৰ ওপৰত প্ৰভাৱ
প্ৰাচীন গ্ৰীক সাহিত্য অপ্ৰচলিত হৈ থকাৰ বাবে ৬০০ এ ডিৰ পৰা ১০০০ লৈকে এৰিষ্ট'টলৰ বিষয়ে পশ্চিমীয়া ধৰ্মত্ত্বত কোনো উল্লেখ নাছিল। কেৱল ব'থিয়াছ এ তেওঁৰ নামৰ গ্ৰন্থখনৰ লেটিন ভাষালৈ কৰা তৰ্জমাৰ বাবেহে কিছু কিছু লোকে এৰিষ্ট'টল সম্পৰ্কে জানিছিল। বাৰ আৰু তেৰ শতিকাত অৱষ্যে তেওঁৰ কৰ্মৰাজি লেটিনলৈ তৰ্জমা হোৱাৰ লগে লগে চিন্তাবিদ সকল এৰিষ্ট'টলৰ অৱদান সম্পৰ্কে আগ্ৰহী হৈ উঠিল।
থ'মাছ একোইনাছ এ এৰিষ্ট'টলৰ কৰ্মৰাজিৰ তৰ্জমা কৰিবলৈ লোৱাৰ পিছৰ পৰা এৰিষ্ট'টলৰ খ্যাতি বিয়পিবলৈ ধৰিলে। সেইসময়ৰ পশ্চিমীয়া শিক্ষাবিদসকলে এৰিষ্ট'টল খ্যাতনাম দাৰ্শনিক হিচাপে আদৰি লয়।
প্ৰবুদ্ধিৰ পৰৱৰ্ত্তী কাল )ৰ চিন্তাবিদসকলৰ ওপৰত প্ৰভাৱ ফ্ৰেডৰিক নিৎসে নামৰ জাৰ্মান দাৰ্শনিকগৰাকীয়ে তেওঁৰ প্ৰায় সকলো ৰাজনৈতিক দৰ্শন এৰিষ্ট'টলৰ পৰাই লৈছিল বুলি জনা যায়। আয়ন ৰেণ্ড নামৰ অন্য এগৰাকী চিন্তাবিদে এৰিষ্ট'টলক 'ইতিহাসৰ আটাইতকৈ মহান দাৰ্শনিক বুলি আখ্যা দিছিল।
অৱদান
এৰিষ্ট'টলৰ উদ্ধাৰ পোৱা প্ৰায়ভাগ কৰ্মৰাজি নামৰ গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছে।
সন্মান
এৰিষ্ট'টলে পৃথিৱীৰ দক্ষিণভাগত এণ্টাৰ্কটিকাৰ অৱস্থিতিৰ সম্পৰ্কে পোনপ্ৰথমে কৰা অনুমানৰ প্ৰতি সন্মান জনাই তেওঁৰ নামেৰে এণ্টাৰ্কটিকাৰ গ্ৰাহাম লেণ্ডত থকা এৰিষ্ট'টল পৰ্বত নামকৰণ কৰা হৈছে।
তথ্যসূত্ৰ
লগতে চাওক
(1997). (2005). 1-4120-4843-5
(1995). (1998). (1979). (1973). 70: 679–696.
(1995). 76.
(1987). (2012). 1: 2: (1989). (2007). 1: 978-1-930972-21-6.
(2005). 2: 978-1-930972-05-6.
(1988). 0-19-824290-5.
(2003). 2003 88-424-9737-1.
(2007). (1991). (1968). 0-521-09456-9.
(1984). (1991). .(1975). 1. 14–34.]
(2003). (2000). 1923.
(1994). (1964). বাহ্যিক সংযোগ
গ্ৰীচৰ ব্যক্তি
দাৰ্শনিক
|
29277 | https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A7%8D%E0%A6%AF%20%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%9F%20%E0%A6%97%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A1%E0%A7%87%E0%A6%A8 | দ্য চিক্ৰেট গাৰ্ডেন | দ্য চিক্ৰেট গাৰ্ডেন হ'ল ফ্ৰান্সেছ হডছন বাৰ্নেট ৰচিত এখন শিশু উপন্যাস। ১৯১০ চনৰ শৰৎ কালৰ পৰা ইয়াৰ খণ্ড খণ্ডকৈ প্ৰকাশ আৰম্ভ হয় আৰু ১৯১১ চনত ই সম্পূৰ্ণৰূপে প্ৰকাশ হৈ ওলায়। ই বৰ্তমান ব্ৰুনেটৰ সবাতোকৈ জনপ্ৰিয় উপন্যাস সমূহৰ ভিতৰৰ এখন হোৱাৰ উপৰিও এখন ক্লাচিক ইংৰাজী উপন্যাস হিচাপে পৰিগণিত হৈছে।
কাহিনীৰ সাৰাংশ
মেৰী লেনক্স হ'ল ভাৰতৰ এটা ধনী ব্ৰিটিছ পৰিয়ালত জন্ম লাভ কৰা এজনী দহ বছৰীয়া ছোৱালী। মেৰীৰ মাক দেউতাকে তাইৰ অলপো যতন লোৱা নাছিল। বৰং চাকৰ নাকৰবোৰে হে সকলো সময়তে তাইৰ আলপৈচান ধৰি তাইক শান্ত কৰি ৰাখিবলৈ পাৰ্যমানে চেষ্টা কৰিবলগীয়া হৈছিল। তাই বৰ অনাকৰ্ষণীয় মেজাজী খঙাল আকোঁৰগোঁজ কঁঠুৱা আৰু নষ্ট মগজৰ ছোৱালী আছিল। কালক্ৰমত কলেৰা মহামাৰীয়ে তাইৰ মাক দেউতাক চাকৰ নাকৰ সকলোকে মৃত্যমুখলৈ ঠেলি দিয়ে আৰু তাই য়ৰ্কশ্বায়াৰ লণ্ডনত থকা খুড়াক আৰ্কিবাল্ড ক্ৰেভেনৰ লগত থাকিবলৈ আহে। প্ৰথম প্ৰথম তাইৰ সকলোবোৰ অপছন্দ হয়...বিৰাট ডাঙৰ ঘৰটো তাত থকা মানুহবোৰ আৰু সকলোতকৈ অপছন্দ হয় শীতকালৰ পিছত ধূসৰ হৈ পৰা জোপোহাৰে ভৰি থকা বিশাল জলাহভূমি খন। মেৰীক নিৰ্দেশ দিয়া হয় তাই যাতে তাইৰ বাবে নিৰ্দিষ্ট কৰি থোৱা কোঠাদুটিতেই সীমাবদ্ধ থাকে। এয়াও কোৱা হয় যে তাইক কোনেও কেতিয়াও দিকদাৰিও কৰি নকৰে। মেৰীৰ মৰমিয়াল আয়া
মাৰ্থা ছৱাৰবীয়ে তাইক প্ৰয়াত মিছেজ ক্ৰেভেনৰ কথা কয় যে তেওঁ প্ৰায়ে এখন ব্যক্তিগত বাগিছাত গোলাপ ফুল ৰুই সময় কটাইছিল। কিন্তু এক দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয় আৰু মিঃ ক্ৰেভেনে বাগিছাখনত তলা মাৰি তাৰ ছাবিপাত কৰবাত পুতি থয়। এয়া শুনি মেৰী উৎকণ্ঠিত হয় আৰু লাহে লাহে তাইৰ বেয়া মেজাজটো ভাললৈ আহিবলৈ ধৰে। তাই মাৰ্থা বাগিচাৰ মালী বেন ৱেদাৰষ্টাফ আৰু ৰঙাবুকুৰ )ৰ লগত থাকি ভাল পাবলৈ লয়। আগতে খাবলৈ ব'বলৈ মন নকৰা ছোৱালীজনীৰ অনবৰতে ভোক লাগি থাকিবলৈ ধৰে আৰু জলাহভূমিখনত খেলোতে খেলোতে তাইৰ নিজকে শক্তিশালী যেন লাগিবলৈ ধৰে। মাৰ্থাৰ মাকে মেৰীক উৎসাহিত কৰিবলৈ স্কিপিং ৰছী এডাল উপহাৰ দিয়ে। মেৰীয়ে সেই গোপন বাগিছাখন বিচাৰি বিচাৰি তাইৰ সময়বোৰ কটাবলৈ ধৰিলে। লগতে তাই সেই বৃহৎ ঘৰটোত প্ৰায়ে শুনা পোৱা কান্দোনৰ চিঞৰটোৰ সন্ধানতো ব্যস্ত থাকিল যাৰ কথা ঘৰটোৰ চাকৰ নাকৰবোৰো শুনা বুলি অস্বীকাৰ কৰে। মেৰীয়ে এদিন সেই গোপন বাগিচাখনৰ দেৱালত ছাবিৰ ফুটাটো আৰু লগতে ছাবি পাতো বিচাৰি পায়। মাৰ্থাৰ বাৰ বছৰীয়া ভায়েক ডিকনে তাইক বাগিছাৰ বাবে প্ৰয়োজনীয় সা সঁজুলি আনি দিয়ে। ডিকনৰ বন্ধুত্বপূৰ্ণ ব্যৱহাৰ আৰু জীৱ-জন্তুৰ লগত থকা সম্পৰ্কৰ বাবে মেৰীয়ে ডিকনক খুব পছন্দ কৰে আৰু কথাটো গোপন কৰি ৰখাৰ চৰ্তসাপেক্ষে তাকো গোপন বাগিচাখনৰ ভিতৰলৈ লৈ যায়। সেই ৰাতিয়েই মেৰীয়ে আকৌ কান্দোনৰ শব্দটি শুনা পায়। শব্দটো অনুসৰণ কৰি গৈ গৈ তাই এটা কোঠাত তাইৰ সমবয়সীয়া ল'ৰাক বিচাৰি পায়। কিছু সময় পিছত তাই গম পায় যে তাৰ নাম কলিন, সি মিঃ ক্ৰেভেনৰ পুত্ৰ, সি সৰু হৈ থাকোঁতে তাৰ মাকৰ মৃত্যু হয়। মেৰীয়ে এয়াও গম পায় যে তাৰ ৰাজহাড়ৰ এটা ডাঙৰ অসুখ আছে। মেৰীয়ে সদায় তাক দেখা কৰিবলৈ অহা কৰিলে আৰু ডিকন আৰু জন্তুবোৰৰ, ৰ আৰু গোপন বাগিচাখনৰ কথাবোৰ কৈ তাৰ দুখবোৰ পাহৰাই ৰাখিবলৈ ল'লে। মেৰীয়ে তাৰ আগত তাই বাগিচাখন বিচাৰি পোৱা বুলি স্বীকাৰ কৰে আৰু দুয়ো একমত হয় যে কলিনক সতেজ, মুকলি বতাহৰ প্ৰয়োজন। এখন হুইলচেয়াৰত বহাই লৈ মেৰীয়ে কলিনক বহুবছৰৰ মূৰত বাহিৰলৈ উলিয়াই নিয়ে। বাগিচাৰ ভিতৰত তিনিও বেনক জখলাত উঠি মূৰ ডাঙি ভিতৰলৈ চাই থকা দেখি আচৰিত হয়। আনহাতে বেনৰো ইহঁতক দেখি খং উঠে আৰু স্বীকাৰ কৰে যে সি কলিনক পঙ্গু বুলি ভাবিছিল। নিজকে সূস্থ বুলি প্ৰমাণ কৰিবলৈ কলিনে থিয় দিয়ে আৰু সি নিজেও গম পায় যে তাৰ ভৰি দুখন সম্পূৰ্ণ সূস্থ মাত্ৰ ব্যৱহাৰ নকৰা বাবে দুৰ্বল হৈ পৰিছে। কলিনে বাগিচাত সময় কটোৱাৰ ফলত কলিন দিনে দিনে সবল হৈ আহিল। সিহঁতে পত্নীবিয়োগত ম্ৰিয়মাণ হৈ থকা কলিনৰ দেউতাকক আচৰিত কৰি দিয়াৰ পৰিকল্পনা কৰে। কলিন যিমানেই সুস্থ হৈ আহে মিঃ ক্ৰেভেনৰ মনটোও ভাল হৈ আহিবলৈ ধৰে। এদিন তেওঁ সপোনতে পত্নীয়ে সেই গোপন বাগিচালৈ মাতি থকা দেখা পায় আৰু তেওঁ লগে লগে ঘৰ অভিমুখে ৰাওনা হয়। ঘৰলৈ আহিয়েই তেওঁ বাগিচালৈ আহে আৰু ভিতৰত মানুহৰ মাত শুনি আচৰিত হয়। বাগিচাৰ তলা খোলা দেখি আৰু ভিতৰত কলিনক দৌৰি ফুৰা দেখি তেওঁ হতভম্ব হয়। দেউতাকৰ লগে লগে কলিন দৌৰি দৌৰি ঘৰলৈ ঘূৰি আহে আৰু ঘৰৰ প্ৰতিটো সদস্য আচৰিত হৈ পৰে। ৰহস্যময় গোপন বাগিচাখনে সকলোৰে জীৱনলৈ পুনৰ হাঁহি ঘূৰাই আনে।
প্ৰধান বিষয়বস্তু
বাগিচাখনেই উপন্যাসখনৰ প্ৰধান বিষয়বস্তু। মিছেলথোৱেইট মেনৰ(মিঃ ক্ৰেভেনৰ ঘৰটো)ৰ সেই বাগিচাখনেই পৰিয়ালটিৰ ধ্বংস আৰু পুনৰ্জীৱনৰ ঠাই। বাগিচাখনক প্ৰতীক ৰূপে ব্যৱহাৰ কৰি বাৰ্ণেটে প্ৰকৃতিৰ পৰশত লুকাই থকা ঔষধি গুণৰ কথা প্ৰকাশ কৰিছে। বিয়া হোৱা সময়খিনিত বাৰ্ণেটে বাস কৰা ইংলেণ্ডৰ মেইথেম হলেই হল সেইটুকুৰা ঠাই যত তেওঁ কিতাপখন লিখিবলৈ প্ৰেৰণা পাইছিল। বাৰ্ণেটৰো এখন মনোমোহা গোলাপ ফুলৰ বাগিচা আছিল যদিও উল্লেখনীয় যে এইখন বাগিচা আৰু মিছলথোৱেইট মেনৰৰ বাগিচাখনৰ মাজত বহুখিনি তফাৎ আছিল।
প্ৰকাশনৰ ইতিহাস
বয়স্ক সকলৰ বাবে প্ৰকাশিত আলোচনী "দ্য আমেৰিকান মেগাজিন" ত ১৯১০ চনৰ শৰৎ কালৰ পৰা এই উপন্যাসখনৰ খণ্ড খণ্ডকৈ প্ৰচাৰ আৰম্ভ হয়। ১৯১১ চনত নিউয়ৰ্কত ফ্ৰেডেৰিক এ. আৰু লণ্ডনত কিতাপখন সম্পূৰ্ণৰূপত প্ৰকাশ কৰে। আমেৰিকাত ১৯৮৭ ত আৰু পৃথিৱীৰ বেছিভাগ দেশতে ১৯৯৫ চনত ইয়াৰ কপিৰাইটৰ ম্যাদ উকলে। ফলস্বৰূপে ১৯৮০ শেষৰ ফালে আৰু ১৯৯০ৰ আৰম্ভণিত ইয়াৰ বহুতো সংশোধিত আৰু অসংশোধিত সংস্কৰণ প্ৰকাশিত হোৱা দেখা যায়।
ৱৰ্কিং টাইটল
ইংৰাজী ওমলা )মেৰী মেৰী কোৱাইট বা "আইটী মেৰী বৰ তেৰি মেৰি" ৰ লগত সংগতি ৰাখি কিতাপখনৰ ৱৰ্কিং টাইটলটো মিষ্ট্ৰেছ মেৰী ৰখা হৈছিল।
জনতাৰ সঁহাৰি
বয়স্ক আৰু শিশু উভয়ৰে প্ৰতি লক্ষ ৰাখি প্ৰকাশ কৰা বাবে দ্য চিক্ৰেট গাৰ্ডেনে হয়তো বাৰ্নেটৰ জীৱনকালত তেওঁৰ আন আন গ্ৰন্থ সমূহৰ দৰে জনপ্ৰিয়তা নাপালে। দীৰ্ঘকাল ধৰি তেওঁৰ আন সৃষ্টিকৰ্মৰাজিৰ জনপ্ৰিয়তাৰ আগত ই মোলান পৰি থাকিল। শিশু সাহিত্য বিষয়ত গৱেষণামূলক কাম কাজ আৰম্ভ হোৱাৰ লগে লগে ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে আৰু কালক্ৰমত বাৰ্নেটৰ সবাতোকৈ জনপ্ৰিয় উপন্যাস হিচাপে পৰিগণিত হয়। বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ শিশু সাহিত্যসমূহৰ ভিতৰত ই অন্যতম। ২০০৭ চনত হোৱা এক অনলাইন ভোটিঙত নেশ্যনেল ইয়াক "টিচ্ছাৰ্ছ টপ ১০০ বুকছ ফৰ চিলড্ৰেনছ" হিচাপে নিৰ্বাচিত কৰে। ২০১২চনত হোৱা এক নিৰ্বাচনত স্কুল লাইব্ৰেৰী )এ ইয়াক সকলো সময়ৰ "টপ ১০০ চেপ্টাৰ বুকছ্"হিচাপে আখ্যা দিয়ে।
নাটকীয় অভিযোজন
১৯১৯ চনত ফেমাছ প্লেয়াৰ্ছ- লেস্কি কৰ্পোৰেচনে ১৭ বছৰীয়া লিলা লী ক মেৰী আৰু পল ৱিলিছক ডিকন হিচাপে লৈ দ্য চিক্ৰেট গাৰ্ডেনৰ কাহিনীৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাণ কৰে। ১৯৫৯ত এম.জি.এম.এ মাৰ্গাৰেট ও ব্ৰিয়েনক মেৰী ডিন ষ্টকৱেলক কলিন আৰু ব্ৰায়ান ৰোপাৰক ডিকন হিচাপে লৈ দ্বিতীয়খন চিনেমা নিৰ্মাণ কৰে। এই চিনেমাখনৰ অধিকাংশ ক'লা-ব'গা হিচাপে নিৰ্মিত হৈছিল যদিও পুনৰ উজ্জীৱিত হোৱা বাগিচাখনত দেখুওৱা দৃশ্য সমূহ টেকণিকালাৰত চিত্ৰিত হৈছিল। ডৰথি ব্ৰুকিঙে এই কাহিনীটোৰ পৰা বি.বি.চি.ৰ বাবে বহুকেইখন ধাৰাবাহিক নিৰ্মাণ কৰে ১৯৫২ চনত এখন আঠটা খণ্ডৰ ধাৰাবাহিক ১৯৬০ত এখনআঠটা খণ্ডৰ ধাৰবাহিক(যত ডিকনৰ চৰিত্ৰত কলিন স্পাউলে অভিনয় কৰিছিল)। বি.বি.চি.য়ে ১৯৭৯ চনত নিৰ্মাণ কৰা সাতটা খণ্ডৰ ধাৰাবাহিকখন ডিভিডি হিচাপেও মুকলি হৈছে। ১৯৮৭ চনত হলমাৰ্ক হল অৱ ফেমে উপন্যাসখনৰ এক টেলিভিছন সংস্কৰণ নিৰ্মাণ কৰে যত জিনি জেমছে মেৰী, বেৰেট অলিভাৰে ডিকন, জেড্ৰিয়েন ষ্টিলে কলিন, বিলী হোৱাইটল'ই মিচেছ মেডলক, ডেৰেক জেকবিয়ে আৰ্কিবাল্ড ক্ৰেভেন, এলিছন ডুডীয়ে লিলিয়াছ আৰু কলিন ফাৰ্থে প্ৰাপ্তবয়স্ক কলিনৰ ৰূপত অভিনয় কৰে। আমেৰিকান জিঅ'ট্ৰপৰ ১৯৯৩ চনত প্ৰযোজিত চিনেমাখনৰ নিৰ্দেশক আছিল এগনিয়েস্কা হলেণ্ড কেট মেবাৰলী হেইডন প্ৰাউছ এণ্ড্ৰিউ )আদিৰ লগতে ডেম মেগী স্মিঠএ মিছেছ মেডলকৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৯৪ত এ.বি.ছি.য়ে ডেভ এডৱাৰ্ডছ নিৰ্দেশিত দ্য চিক্ৰেট গাৰ্ডেনৰ এক এনিমেটেড সংস্কৰণ মুকলি কৰে। ১৯৯১-৯২ চনত জাপানত এই কাহিনীটোৰে নামৰ এক ৩৯ খণ্ডৰ ধাৰাবাহিক নিৰ্মিত হয়। দ্য চিক্ৰেট গাৰ্ডেনৰ সফল মঞ্চ অভিযোজনো দেখা যায়। ইয়াৰ ভিতৰত সবাতোকৈ উল্লেখযোগ্য হৈছে লুচি চাইমনৰ সংগীত আৰু মাৰ্শ্বা নৰমানৰ কথাৰে ১৯৯১ চনত ব্ৰডৱেত মুকলি হোৱা এক সংগীতালেক্ষ। পিছলৈ ই সাতটাকৈ টনী এৱাৰ্ডছৰ মনোনয়ন লাভ কৰে আৰু বেষ্ট বুক অৱ এ মিউজিকেল আৰু বেষ্ট ফিছাৰ্ড একট্ৰেছ ইন এ মিউজিকেল (মেৰীৰ চৰিত্ৰত অভিনয় কৰা এঘাৰ বছৰীয়া ডেইজী ইগান যি এই বঁটা লাভ কৰা সৰ্বকনিষ্ঠ অভিনেত্ৰী) বঁটা লাভ কৰে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
1911 ইংৰাজী গ্ৰন্থ
|
82179 | https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%A6%E0%A7%8D%E0%A6%AD%E0%A7%81%E0%A6%A4%20%E0%A7%B0%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3 | অদ্ভুত ৰামায়ণ | অদ্ভুত ৰামায়ণ হৈছে এখন শাক্ত সংস্কৃত গ্ৰন্থ। এই গ্ৰন্থখন পৰম্পৰাগতভাৱে ঋষি বাল্মিকীৰ নামত উৎসৰ্গিত। ই বাল্মীকি ৰামায়ণ—সাধাৰণতে মূল সংস্কৰণ বুলি গণ্য কৰা—আৰু তুলসীদাসৰ ৰামচৰিতমানস শীৰ্ষক অৱধি সংস্কৰণ, উত্তৰ ভাৰতৰ ৰামায়ণ কাহিনীৰ আটাইতকৈ জনপ্ৰিয় সংস্কৰণতকৈ যথেষ্ট পৰিমাণে অস্পষ্ট।
এই পৰ্যন্ত ইয়াৰ বিষয়বস্তু আৰু পাঠ্য ইতিহাসৰ বিদ্বান বিশ্লেষণ সামান্য হিচাপে পৰিগণিত হৈছে। ৰামায়ণ সাহিত্যৰ পৰম্পৰাগত স্থানত ইয়াৰ তাৎপৰ্য্য নিহিত হৈ আছে।
অদ্ভুত ৰামায়ণখন ২৭টা সৰ্গেৰে ৰচিত, আৰু ইয়াত পৰম্পৰাগত ৰামৰ আখ্যানটো চমুকৈহে বৰ্ণনা কৰা হৈছে। বাল্মিকীৰ মূল কথনত চিত্ৰিত কৰা ৰামৰ জীৱনৰ আদিম খণ্ডবোৰ—যেনে ৰামৰ জন্মৰ কাহিনী, বিশ্বামিত্ৰৰ সৈতে তেওঁৰ প্ৰশিক্ষণ, সীতাৰ স্বয়ম্বৰত শিৱৰ ধনু ভঙা— এই অংশকেইটা বাদ দিয়া হৈছে। এইখন ৰামায়ণত ৰামৰ জীৱনৰ এই অভিযোজনৰ আৰম্ভণি হয় পৰশুৰামৰ সৈতে মুখামুখি হোৱাৰ পৰা, যেতিয়া তেওঁ আৰু তেওঁৰ পৰিয়াল জনকপুৰাত বিয়াৰ পৰা উভতি অহালৈকে এই সময়চোৱাৰ কথাৰ উল্লেখ আছে। এই কাহিনীটোৱে মহাকাব্যখনৰ অন্যান্য উল্লেখযোগ্য পৰিঘটনাসমূহতকৈ অধিক উজ্জ্বলতাৰে উদ্ভাসিত হয়, বাল্মিকীৰ প্ৰাথমিক ৰচনাৰ প্ৰধান বিষয়বস্তুসমূহৰ ওপৰত বিশদভাৱে বৰ্ণনা কৰাৰ উদ্দেশ্যে সহায়ক গল্পসমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। ৰামায়ণ আখ্যানৰ এই ৰূপটোত সীতাক অত্যধিক প্ৰাধান্য দিয়া হৈছে আৰু প্ৰকৃততে ইয়াৰ দুটা উল্লেখযোগ্য অৱদান হৈছে তেওঁৰ জন্মৰ সময়ত হোৱা পৰিঘটনাৰ বিশদ বিৱৰণ—এই ক্ষেত্ৰত ৰাৱণৰ পত্নী মন্দোদৰীৰ প্ৰতি—লগতে ৰাৱণৰ জ্যেষ্ঠ ভাতৃক জয় কৰা মহাকালীৰ ৰূপত।
সাৰাংশ
সৰ্গ ১
ঋষি ভৰদ্বাজে বাল্মিকীৰ কাষ চাপি ৰামৰ কাহিনী বৰ্ণনা কৰিবলৈ ক’লে, ৰামায়ণত লাখ লাখ শ্লোক অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ অধিকাংশই উপলব্ধ নহয়। ভৰদ্বাজে সেই গোপন কাহিনীবোৰৰ এটা শুনিবলৈ অনুৰোধ কৰিছিল, যিটোত বাল্মিকীয়ে সন্মতি দিছিল, লক্ষ্য কৰিছিল যে এই সংস্কৰণে প্ৰকৃতিৰ (প্ৰকৃতি) অৱতাৰ সীতাৰ কৰ্মৰ ওপৰত গুৰুত্ব দিব। বাল্মিকীয়ে অৱশ্যে জোৰ দি কৈছিল যে ৰাম পৰম শক্তিৰ প্ৰকাশ, আৰু শেষত ৰাম আৰু সীতাৰ মাজত কোনো প্ৰভেদ নাই— তেওঁলোক এক। সৰ্গ ২
ৰজা অম্বৰিশ বিষ্ণুৰ এজন মহান ভক্ত আছিল, আৰু এদিন বিষ্ণুৱে তেওঁক বৰদান আগবঢ়াইছিল। অম্বৰীশে তেওঁক সদায় বিষ্ণুৰ পৰম আনন্দত মগ্ন হৈ থাকিবলৈ ক’লে (ত্ৱায়ি বিষ্ণো পৰনন্দে নিত্যাম মে ৱৰ্ত্ততম মতিহ), বিনিময়ত তেওঁ বিষ্ণুৰ সকলো ভক্তক ৰক্ষা কৰিব বুলি প্ৰতিজ্ঞা কৰিলে। বিষ্ণু সন্তুষ্ট হৈ তেওঁৰ ঐশ্বৰিক চক্ৰৰে ৰজাক সদায় ৰক্ষা কৰিব বুলি প্ৰতিজ্ঞা কৰি বৰদান প্ৰদান কৰে। সৰ্গ ৩
অম্বৰিশৰ শ্ৰীমতী নামৰ এগৰাকী কন্যা আছিল, তেওঁ সুন্দৰী আৰু ভাল গুণৰ বাবে বিখ্যাত। ঋষি নাৰদ আৰু পৰ্বতে তেওঁক পত্নীৰ বাবে প্ৰত্যেকেই কামনা কৰিছিল আৰু সেয়েহে অম্বৰিশে নিৰ্দিষ্ট এজনক বাছি ল’ব নোৱাৰি তথা আনজনৰ ক্ৰোধত ভুগিব নোৱাৰি তেওঁ তেওঁৰ জীয়ৰীৰ স্বয়ংবৰৰ ব্যৱস্থা কৰিলে, যাতে তেওঁ নিজৰ স্বামী কোন হ’ব লাগে সেইটো সিদ্ধান্ত ল’ব পাৰে। সৰ্গ ৪
নাৰদ আৰু পৰ্বত স্বয়ম্ববৰত উপস্থিত হৈছিল, দুয়োজনে শ্ৰীমতীক বিষ্ণুৰ আৰ্শীবাদত বান্দৰৰ ৰূপত দেখা দিছিল, কিন্তু প্ৰত্যেকেই নিজকে সুদৰ্শন আৰু অপ্ৰতিৰোধ্য কল্পনা কৰিছিল। ভগৱান বিষ্ণু তেতিয়া মানুহৰ বেশত, তেওঁলোকৰ মাজত বহিল। শ্ৰীমতীয়ে বান্দৰমুখী ঋষিসকলক তেওঁৰ আগত দেখিছিল যদিও অৱশ্যেই তেওঁলোকক নাৰদ আৰু পৰ্বত বুলি চিনি নাপালে, আৰু সেইবাবে আচৰিত হৈছিল আৰু তেওঁ বান্দৰমুখী ঋষি দুজনৰ মাজৰ পৰা সুদৰ্শন যুৱক ৰূপত বিষ্ণুক বাছি লৈছিল। নাৰদ আৰু পৰ্বতে তেতিয়া বিষ্ণুৱে কৰা কামটো উপলব্ধি কৰিলে, আৰু তেওঁক অভিশাপ দিলে যে তেওঁ পৃথিৱীত মানুহ হিচাপে জন্ম ল’ব, আৰু তেওঁৰ পত্নীক বিচাৰি অৰণ্যত ঘূৰি ফুৰিব— শ্ৰীমতীৰ পুনৰ জন্ম হ'ব যাক কোনো দুষ্ট সত্তাৰ দ্বাৰা অপহৰণ কৰা হ’ব। ভগৱান বিষ্ণুৱে দশৰথৰ পুত্ৰ ৰামৰূপে জন্ম ল’ব। সৰ্গ ৫
ভগৱান বিষ্ণুৰ মহত্ত্বক মহিমামণ্ডিত কৰি ভক্তিমূলক গীতৰ বাবে কৌশিক ঋষি বিখ্যাত হৈ পৰিছিল। তেওঁৰ সুনাম বহু দূৰলৈ বিয়পি পৰাত প্ৰত্যেক বৰ্ণৰ বহু ভক্ত তেওঁৰ শিষ্য হৈ পৰিল। কলিংগৰ ৰজালৈ তেওঁৰ খ্যাতি বিয়পি পৰে আৰু কৌশিকে বিষ্ণুৰ বিপৰীতে তেওঁৰ হৈ ভক্তিমূলক গীত গোৱাৰ দাবী জনায়। কৌশিকে জোৰ দি কৈছিল যে তেওঁ কেৱল বিষ্ণুৰ প্ৰশংসাহে কৰিব পাৰে, আৰু তেওঁৰ শিষ্যসকলে ধৰি লৈছিল যে তেওঁলোকে কেৱল বিষ্ণুৰ প্ৰশংসাহে শুনিব পাৰে। ৰজাই ক্ৰোধিত হৈ তেওঁলোকৰ সম্পত্তি কাঢ়ি লৈ ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিলে। অৱশেষত যেতিয়া তেওঁলোকৰ জীৱনৰ অন্ত পৰিল, তেতিয়া তেওঁলোকে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ জগতলৈ প্ৰস্থান কৰিলে আৰু তেওঁ তেওঁলোকক বিষ্ণুৰ বাসস্থান বিষ্ণু-লোকলৈ লৈ গ’ল, য’ত তেওঁলোক চিৰকাল বাস কৰিছিল। সৰ্গ ৬
বিষ্ণুৱে এসময়ত কৌশিকৰ সন্মানত এক মহান উৎসৱৰ আয়োজন কৰিছিল, য’ত বহুতো সুন্দৰ গীতৰ সমাহাৰ ঘটিছিল। লাখ লাখ আকাশী কুমাৰী উপস্থিত আছিল, লগতে বিষ্ণুৰ পত্নী লক্ষ্মীও তেওঁৰ দাসীৰ দলটোৰ সৈতে উপস্থিত আছিল। যেতিয়া বৈশিষ্ট্যপূৰ্ণ গায়ক টুম্বুৰুক অতি সন্মান আৰু প্ৰশংসা কৰা হৈছিল, তেতিয়া নাৰদ ক্ষুণ্ণ হৈছিল; আৰু যেতিয়া লক্ষ্মীৰ এগৰাকী দাসীয়ে নাৰদক তুচ্ছজ্ঞান কৰিছিল, তেতিয়া তেওঁ লক্ষ্মীক ৰাক্ষসী (আসুৰ) ৰূপত পৃথিৱীত জন্ম লোৱাৰ বাবে অভিশাপ দিছিল। যেতিয়া নাৰদৰ খং কমি আহিল তেতিয়া তেওঁ অনুশোচনা কৰিলে, আৰু তাৰ পিছত অলপ সময়ৰ পিছতে বিষ্ণু আৰু লক্ষ্মী তেওঁৰ দুখ শান্ত কৰিবলৈ আহিল। বিষ্ণুৱে নাৰদক পৰামৰ্শ দিলে যে যদি তেওঁ টুম্বুৰুৰ দৰেই সন্মান লাভ কৰিব বিচাৰে তেন্তে তেওঁ ভক্তিমূলক গায়নৰ নিপুণ গণবন্ধু নামেৰে জনাজাত মহান উলুকাৰ সৈতে গায়ন শৈলী অধ্যয়ন কৰিব লাগিব। সৰ্গ ৭
এই সৰ্গত বিশেষজ্ঞ গায়কীৰ মূল নিয়মৰ ৰূপৰেখা দাঙি ধৰা হৈছে। নাৰদে গান গোৱাৰ দক্ষতা শিকিছিল, আৰু নিজকে এজন বিশেষজ্ঞ বুলি কল্পনা কৰি তেওঁ নিজৰ দক্ষতা আৰু ভাল কৰিবলৈ বুলি টুম্বুৰুৰ বাসস্থানলৈ আগবাঢ়িছিল। টুম্বুৰুৰ ঘৰত তেওঁ অহংকাৰৰ খণ্ডনৰ বাবে বিষ্ণুৰ পৰামৰ্শ বিচাৰিলে। বিষ্ণুৱে কৃষ্ণৰূপে বিষ্ণুৰ অৱতাৰৰ সময়লৈকে ভগৱানৰ স্তুতি গাই গন্ধৰ্ব আকাশী সংগীতজ্ঞ হিচাপে বিচৰণ কৰিবলৈ পৰামৰ্শ দিছিল। পিছত তেওঁ বিষ্ণুক (কৃষ্ণ হিচাপে) ঘটনাটোৰ কথা সোঁৱৰাই দিয়াত তেওঁ নাৰদক বিভিন্ন বিশেষজ্ঞৰ ওচৰলৈ পঠিয়াই দিলে যেতিয়ালৈকে তেওঁৰ সংগীতৰ আদেশ প্ৰায় সিদ্ধ নহয়। তাৰ পিছত স্বয়ং কৃষ্ণই তেওঁক ভক্তিমূলক সংগীত আৰু গীতৰ উত্তম ৰূপ শিকাইছিল। সৰ্গ ৮
ৰাৱনে সৃষ্টিকৰ্তা ব্ৰহ্মাক সন্তুষ্ট কৰিবলৈ মহান তপ কৰিছিল। ব্ৰহ্মাই তেওঁক বৰদান দিবলৈ আগবঢ়াত ৰাৱনে অনন্ত জীৱনৰ অনুৰোধ কৰিলে, কিন্তু ব্ৰহ্মাই ইংগিত দিলে যে সেয়া সম্ভৱ নহয়। তাৰ পিছত ৰাৱণে তেওঁক দেৱতা, ৰাক্ষস, যক্ষ, আৰু আন বহুতো আকাশী সত্তা তেওঁৰ ওচৰত দুৰ্বল প্ৰতিপন্ন হ'বলৈ অনুৰোধ কৰিছিল; কিন্তু তেওঁ মানুহক তালিকাখনত অন্তৰ্ভুক্ত কৰা নাছিল কাৰণ তেওঁৰ মতে তেওঁলোকৰ কোনো পৰিণতি নাছিল। ব্ৰহ্মাৰ বৰদানত সাহস পাই ৰাৱণে ত্ৰিলোক জয় কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিলে, কিন্তু তেওঁৰ অসাৱধান আচৰণে পত্নী মন্দোদৰীৰ পৰা সীতাৰ জন্মৰ দিশত আগুৱাই যোৱা পৰিঘটনাবোৰক গতিশীল কৰি তুলিলে। সৰ্গৰ অন্ত পৰে জনকে যজ্ঞৰ বাবে মাটি প্ৰস্তুত কৰি থাকোঁতে এখন পথাৰত সীতাক আৱিষ্কাৰ কৰে
সৰ্গ ৯
ৰামৰ পৰম্পৰাগত কাহিনীৰ পুনৰাবৃত্তি আৰম্ভ হয় ৰামৰ পৰশুৰামৰ সৈতে মুখামুখি হোৱাৰ পৰা, যেতিয়া তেওঁ সীতাৰ সৈতে বিবাহৰ পৰা অযোধ্যালৈ ঘূৰি আহিছিল। পৰশুৰামে শুনিছিল যে ৰামে শিৱৰ ধনু ভাঙিছে সেয়ে তেওঁক পৰীক্ষা কৰিবলৈ আহে। দুয়োৰে মাজত বলিষ্ঠ বাক্যৰ অন্তত ৰামে পৰশুৰামৰ ধনুত এটা শৰ বান্ধি দিয়ে আৰু পৰশুৰামৰ দিশত নিক্ষেপ কৰি থাকোঁতে তেওঁ পৰম সত্তা হিচাপে নিজৰ মহাজাগতিক ৰূপ দেখুৱাই দিলে। সেই মুহূৰ্ততে পৃথিৱীখন ডাঙৰ ডাঙৰ বজ্ৰপাতৰ শব্দৰে কঁপি উঠিল আৰু বিজুলীৰ জিলিকনিয়ে আকাশখন পোহৰাই তুলিলে। পৰশুৰামে ৰাম যে সঁচাকৈয়ে বিষ্ণুৰ অৱতাৰ সেই কথা চিনি পাই তেওঁক প্ৰণাম কৰি মহেন্দ্ৰ পৰ্বতলৈ উভতি আহি তপস্যা আৰম্ভ কৰে। সৰ্গ ১০
ৰামৰ দণ্ডকাৰণ্যলৈ নিৰ্বাসনৰ পিছত সীতাক ৰাৱণৰ দ্বাৰা অপহৰণ কৰাৰ দিশলৈ কাহিনীটো দ্ৰুতগতিত আগবাঢ়ি যায়। হনুমানক লগ পোৱাৰ লগে লগে ৰামে তেওঁক বিষ্ণু হিচাপে চমুকৈ তেওঁৰ মহাজাগতিক ৰূপ দেখুৱাইছিল, লক্ষ্মী লক্ষ্মণে তেওঁৰ ৰূপ শেষনাগ হিচাপে প্ৰকাশ কৰিছিল। পাছলৈ হনুমানে তেওঁৰ প্ৰকৃত স্বৰূপ প্ৰকাশ কৰিলে যদিও গ্ৰন্থখনত তেওঁৰ প্ৰকৃত স্বৰূপৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা হোৱা নাই (আত্মনাম দৰ্শয়ামস হনুমান ৰামলাক্ষ্মণৌ)। সৰ্গ ১১
ৰামে যোগ আৰু সাংখ্য দৰ্শনৰ মৌলিক তত্ত্বসমূহ হনুমানৰ ওচৰত প্ৰকাশ কৰে, ইয়াৰ মৌলিক ঐক্যত গুৰুত্ব আৰোপ কৰে। জ্ঞানৰ পথেৰে বুজিব লাগিব লগতে যোগৰ দ্বাৰা অনুভৱ কৰিব লাগিব আত্মাৰ বিষয়ে কৰা আলোচনাত ৰামে আত্মাৰ সৈতে নিজৰ পৰিচয় প্ৰকাশ কৰিছিল। সৰ্গ ১২
ৰামে নিজৰ দাৰ্শনিক বক্তব্য আগবঢ়াই লৈ গৈছে। সৰ্গ ১৩
ৰামে নিজৰ বক্তব্য অব্যাহত ৰাখিছে, যিটো সত্তাৰ বিষয়ে তেওঁ কৈ আহিছে—যিটোৰ পৰা সমগ্ৰ সৃষ্টিৰ উত্থান ঘটিছে, সেই সত্তাৰ সৈতে নিজকে চিনাক্ত কৰিছে। সৰ্গ ১৪
ৰামে হনুমানৰ লগত নিজকে সৃষ্টিৰ পূৰ্বপুৰুষ হিচাপে, আৰু যি আছে, আছিল আৰু হ’ব, সেই সকলোবোৰৰ বিষয়ে কথা পাতিছে। সৰ্গ ১৫
হনুমানে হৃদয়ত ৰামৰ ৰূপক ধ্যান কৰি ৰামক আত্মা, পুৰুষ, হিৰণ্যগৰ্ভ, সমস্ত সৃষ্টিৰ উৎস হিচাপে ৰামৰ প্ৰতি ভক্তি প্ৰকাশ কৰি তাৰ পিছত তেওঁক প্ৰণাম জনাই
সৰ্গ ১৬
বিশটা শ্লোকত আমি ৰামে ৰাৱণ আৰু সীতাক বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তা, লংকালৈ যোৱা, ৰাৱণ বিজয়, অযোধ্যালৈ বিজয়ী প্ৰত্যাৱৰ্তন আদি ব্যাখ্যা কৰা দেখিবলৈ পাওঁ। সৰ্গ ১৭
অযোধ্যাৰ দৰবাৰত সাধু আৰু দৰ্শকৰ সান্নিধ্যত সীতাই লক্ষ্য কৰিছিল যে ৰাৱণ বধ ইমান ডাঙৰ কথা নহয়। জনকপুৰত থকা দেউতাকৰ ঘৰত বাস কৰা তাই অতি সৰু থাকোঁতে এজন ব্ৰাহ্মণে পাৰ হৈ ৰাৱণৰ ডাঙৰ ভাইটিৰ কথা কৈছিল, নাম সহস্ৰ ৰাৱণ, এহেজাৰ অস্ত্ৰধাৰী আৰু হাজাৰ মূৰৰ, পুষ্কৰ নামৰ দ্বীপত বাস কৰিছিল, তেওঁতকৈ বহুত বেছি শক্তিশালী আছিল তেওঁৰ সৰু ভায়েক। সৰ্গ ১৮
ৰামে নিজৰ বান্দৰ, মানুহ, ৰাক্ষসৰ সৈন্যবাহিনী সংগ্ৰহ কৰি সহষ্ট্ৰ ৰাৱণ জয় কৰিবলৈ প্ৰস্থান কৰিলে। ৰামৰ সৈন্যবাহিনী তেওঁৰ বিৰুদ্ধে নিয়োজিত হোৱা দেখি সহস্ৰ ৰাৱণ আচৰিত হৈছিল, কিন্তু ক্ষন্তেকতে তেওঁৰ ৰাক্ষসৰ দলবোৰক একত্ৰিত কৰিলে। এই সৰ্গত ৰাক্ষস সেনাপতি আৰু তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে। সৰ্গ ১৯
এটা ধাৰাবাহিকতা, আগন্তুক যুদ্ধত অংশগ্ৰহণকাৰীসকলৰ গণনা কৰা হৈছে। সৰ্গ ২০
যুদ্ধ আৰম্ভ হয়, ঘনিষ্ঠভাৱে মুখামুখিকৈ যুঁজ দিয়াত এই সৰ্গত বান্দৰবোৰে ক্ষমতা লাভ কৰে। সৰ্গ ২১ ৰামৰ সৈন্যক বিজয়ৰ পথত দেখি সহস্ৰ ৰাৱণে অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। সৰ্গ ২২ ৰাম আৰু সহস্ৰ ৰাৱণৰ মাজত হোৱা এক মুখামুখি যুদ্ধত ৰামে ব্ৰহ্মাস্ত্ৰক নিক্ষেপ কৰিছিল। সহস্ৰ ৰাৱনে হাতেৰে ধৰি এই অস্ত্ৰ খেৰৰ দৰে ধংশ কৰি হতাশ কৰি তোলে। প্ৰত্যুত্তৰত সহস্ৰ ৰাৱনে ৰামলৈ কাঁড় নিক্ষেপ কৰি অচেতন কৰি তুলিছিল আৰু ব্যাপক বিস্ময়ৰ সৃষ্টি কৰিছিল। সৰ্গ ২৩ যুদ্ধ ক্ষেত্ৰত ৰামক অচেতন আৰু অসহায় দেখি সীতাই নিজৰ মানৱীয় ৰূপ ত্যাগ কৰি মহাকালিৰ অতি ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু এক চেকেণ্ড নৌহওঁতেই তেওঁ সহস্ৰ ৰাৱণৰ ১০০০ মূৰ কাটি সকলো ৰাক্ষস ধ্বংস কৰিবলৈ ধৰিলে। মহাকালিক সংগ দিবলৈ মাতৃকা সকল যুদ্ধক্ষেত্ৰলৈ আহিছিল আৰু ৰাক্ষসৰ মূৰ কাটি খেলা-ধূলা কৰে। পৃথিৱী কঁপি উঠি প্ৰায় পাতালত ডুব গৈছিল, কিন্তু মৃতদেহৰ বেশত শিৱই উদ্ধাৰ কৰিছিল। সৰ্গ ২৪ মহাকালিৰ ৰূপত সীতা শান্ত নহ’লে পৃথিৱী ধ্বংস হ’ব পাৰে বুলি উপলব্ধি কৰি দেৱতাসকলে তেওঁক সন্তুষ্ট কৰিবলৈ আহিল। তেওঁলোকে উচ্চাৰণ কৰিলে যে শক্তিৰ দ্বাৰাহে পৰম প্ৰভু সুলভ হৈ পৰে। কালীয়ে অচেতন ৰামৰ ফালে আঙুলিয়াই দিলে, স্পষ্ট কৰি দিলে যে ৰাম অচেতন হৈ থকা অৱস্থাত তেওঁ পৃথিৱীৰ কল্যাণৰ কথা বিবেচনা কৰিব নোৱাৰে। ব্ৰহ্মাই ৰামৰ চেতনা ঘূৰাই দিলে, কিন্তু সচেতনতা ঘূৰাই পোৱাৰ লগে লগে তেওঁ সীতাৰ ভয়ানক ৰূপটোক লৈ চিন্তিত হয়। ব্ৰহ্মাই ৰামক ব্ৰহ্মাণ্ডৰ সৃষ্টি-বিনাশ, আৰু আন সকলো কাম-কাজ যে কেৱল শক্তিৰেহে সম্পন্ন কৰিব পৰা যায় সেইকথা বুজাই দিলত ৰাম সন্তুষ্ট হয় আৰু তেওঁৰ ভয় লাঘৱ হ’ল। সৰ্গ ২৫
ব্ৰহ্মাই ৰামক আশ্বাস দিলে যে তেওঁৰ আগত থকা ভয়ংকৰ ৰূপটো সঁচাকৈয়ে সীতাৰ আৰু সেয়ে তেওঁ কালী ৰূপী সীতাক সুধিলে যে তেওঁ প্ৰকৃততে কোন? তেওঁ বুজাই দিলে যে তেওঁ সকলোৰে ভিতৰৰ সত্তা, শিৱই ৰামক “আকাশী দৃষ্টি” দিলে যাতে তেওঁ সীতাৰ ঐশ্বৰিক অৱস্থা অনুভৱ কৰিব পাৰে। শেষত ৰামে ১০০৮টা নাম আবৃত্তি কৰি কালীক প্ৰাৰ্থনা কৰে। সৰ্গ ২৬ ৰামে কালীৰূপী সীতাক প্ৰাৰ্থনা কৰি থাকিল আৰু তেওঁৰ অনুৰোধত পুনৰ সীতা ৰূপলৈ ঘূৰি আহিল। ইয়াৰ পিছতে তেওঁলোকে অযোধ্যালৈ উভতি যাবলৈ সাজু হ’ল। সৰ্গ ২৭ ৰাম আৰু সীতাই পুষ্পক ৰথত উঠিল, আৰু অতি সোনকালেই অযোধ্যাত উপস্থিত হ’ল। তাত উপস্থিত হৈ তেওঁ সকলোৰে আগত বয়োজ্যেষ্ঠ ৰাৱণৰ পৰাজয়ৰ কাহিনী বৰ্ণনা কৰিলে। তাৰ পিছত তেওঁলোকে সুগ্ৰীৱ আৰু তেওঁৰ বান্দৰ সৈন্যৰ লগতে বিভিষণ আৰু তেওঁৰ ৰাক্ষসবাহিনীৰ পৰা বিদায় লয়। ৰামৰ কাহিনীৰ চমু পুনঃআলোচনা আৰু অদ্ভুত ৰামায়ণ (অভুতোত্তৰ কন্দম বুলিও কোৱা হয়)ৰ কাহিনী শুনাৰ গুণ আৰু উপকাৰৰ সংখ্যা গণনা কৰি সৰ্গৰ সামৰণি পৰে।
তথ্যসূত্ৰ
বাহ্যিক সংযোগ |
78123 | https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A6%B8%E0%A7%82%E0%A6%A4%E0%A7%8D%E0%A7%B0 | কামসূত্ৰ | কামসূত্ৰ আক্ষৰিক: 'কামনাৰ নীতি') হৈছে এক প্ৰাচীন ভাৰতীয় হিন্দু সংস্কৃত গ্ৰন্থ। ইয়াৰ বিষয়বস্তু হৈছে মানৱ জীৱনৰ যৌনতা, কামোদ্দীপনা আৰু আৱেগিক পৰিপূৰ্ণতা। ইয়াৰ ৰচয়িতা হৈছে বাৎসায়ন। কামসূত্ৰ বিষয়ক আটাইতকৈ প্ৰাচীন গ্ৰন্থখন অভিৰা ৰাজ্যত ৰচনা কৰা হৈছিল। কামসূত্ৰ একচেটিয়াভাৱে কেৱল যৌন ভংগিমা বিষয়ক নিয়মাৱলী নহয়। ইয়াত ভালদৰে জীৱন-যাপন কৰাৰ কলা, প্ৰেমৰ প্ৰকৃতি, জীৱন সংগীৰ সন্ধান, নিজৰ জীৱনৰ প্ৰেমৰ দিশটো বজাই ৰখা আৰু মানৱ জীৱনৰ আনন্দমুখিতা সম্পৰ্কীয় অন্যান্য দিশবোৰো সামৰি লোৱা হৈছে। কামসূত্ৰ হৈছে বিভিন্ন ব্যাখ্যা আৰু ভাষ্যৰ সৈতে সংক্ষিপ্ত পদত নিবন্ধিত আধুনিক যুগতো বৰ্তি থকা এক সূত্ৰ ধাৰাৰ গ্ৰন্থ। গ্ৰন্থখন গদ্য আৰু অনুস্তুভ-অক্ষৰৰ কাব্যিক শ্লোকৰ মিশ্ৰণ। ই হিন্দুধৰ্মৰ পুৰুষাৰ্থৰ ধাৰণাক মান্যতা দিয়াৰ লগতে আকাংক্ষা, যৌনতা আৰু আৱেগিক পৰিপূৰ্ণতাক জীৱনৰ এক সঠিক লক্ষ্য হিচাপে তালিকাভুক্ত কৰিছে। ইয়াৰ অধ্যায়বোৰত প্ৰেমৰ পদ্ধতি, সামাজিক দিশেৰে জড়িত হ’বলৈ কলাৰ প্ৰশিক্ষণ, সঙ্গীৰ সন্ধান, ৰমন্যাস, বিবাহিত জীৱনত ক্ষমতা বজাই ৰখা, ব্যভিচাৰ, যৌন ভংগিমা আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। গ্ৰন্থখনৰ অধিকাংশই প্ৰেমৰ দৰ্শন আৰু তত্ত্ব। আকাংক্ষাক উদ্দীপিত কৰা আৰু ইয়াক বাহাল ৰখাৰ কাৰকৰ লগতে এইসমূহ কেতিয়া আৰু কেনেকৈ ভাল বা বেয়া হয় এই বিষয়ে বৰ্ণনা কৰা হৈছে।
এই পুথিখন ভাৰতীয় কামশাস্ত্ৰসমূহৰ অন্যতম। ভাৰতীয় ভাষাৰ লগতে আন ভাষালৈ বহুলভাৱে অনূদিত গ্ৰন্থসমূহৰ ভিতৰতো ই অন্যতম। কামসূত্ৰই খ্ৰীষ্টিয় চতুৰ্থ শতিকাৰ পিছৰ পৰা ভালেসংখ্যক পুথি আৰু হিন্দু মন্দিৰৰ অলংকৰণ তথা ভাস্কৰ্যক প্ৰভাৱিত কৰিছে। ইয়াৰে ভিতৰত মধ্যপ্ৰদেশৰ খাজুৰাহোৰ ভাস্কৰ্যসমূহে ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰিছে। উত্তৰ ভাৰতত এতিয়ালৈকে বৰ্তি থকা মন্দিৰসমূহৰ ভিতৰত ৰাজস্থানৰ এটা মন্দিৰত কামসূত্ৰৰ আটাইবোৰ প্ৰধান অধ্যায় আৰু যৌন ভংগিমা চিত্ৰায়িত কৰা হৈছে। ৱেণ্ডি ডোনিগাৰৰ মতে ১৮৮৩ চনত ৰিচাৰ্ড বাৰ্টনে গ্ৰন্থখনৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰাৰ পিছত ই ইংৰাজী ভাষাৰ সৰ্বাধিক ‘পাইৰেটেড’ গ্ৰন্থৰ অন্যতম হৈ পৰে। অৱশ্যে বাৰ্টনৰ সংস্কৰণটো ১৯ শতিকাৰ ভিক্টোৰিয়ান ধাৰাৰ মনঃপুত হোৱাকৈ ভগৱানলাল ইন্দ্ৰজিৎ আৰু শিৱৰাম পৰশুৰাম ভীড়েই কৰা অনুবাদৰ পৰিৱৰ্দ্ধিত সংস্কৰণ হোৱাৰ বাবে উক্ত সংস্কৰণটোৱে মূল কামসূত্ৰক সঠিককৈ প্ৰতিফলিত কৰা নাই।
ৰচনাকাল, ৰচয়িতা আৰু ইতিহাস
মূল কামসূত্ৰৰ ৰচনাকালৰ (তাৰিখ বা শতিকা) বিষয়ে জনা নাযায়। ইতিহাসবিদসকলে পুথিখনৰ ৰচনাকাল খ্ৰীষ্টপূৰ্ব ৪০০-ৰ পৰা খ্ৰীষ্টিয় ৩০০-ৰ ভিতৰত বুলি ঠাৱৰ কৰিছে।জন কেৰ মত অনুসৰি খ্ৰীষ্টিয় দ্বিতীয় শতিকাত কামসূত্ৰই সংকলিত হৈ বৰ্তমানৰ ৰূপ লাভ কৰে। ইয়াৰ বিপৰীতে, কামসূত্ৰক সহ-অনুবাদ কৰা ইণ্ডোল’জিষ্ট ৱেণ্ডি ডোনিগাৰৰ মতে বৰ্মানে উপলব্ধ কামসূত্ৰ ২২৫ চনৰ পিছতহে সংকলিত কৰা হৈছে কিয়নো ইয়াত অভিৰা বা অন্ধ্ৰ সাম্ৰাজ্যৰ বিষয়ে উল্লেখ আছে আৰু এই সাম্ৰাজ্যই ২২৫ চনৰ আগতে প্ৰাচীন ভাৰতৰ প্ৰধান অঞ্চলসমূহত শাসন কৰা নাছিল। পুথিখনত ৪ৰ্থৰ পৰা ৬ষ্ঠ শতিকালৈ প্ৰাচীন ভাৰতৰ কলা, হিন্দু সংস্কৃতি আৰু অৰ্থনীতিক নতুন ৰূপত গঢ় দিয়া গুপ্ত সাম্ৰাজ্যৰ বিষয়ে উল্লেখ নাই। সেয়ে তেওঁ কামসূত্ৰৰ কালছোৱা খ্ৰীষ্টিয় ৩য় শতিকাৰ বুলি সিদ্ধান্ত দিছে। কামসূত্ৰৰ ৰচনাৰ স্থানৰ বিষয়েই স্পষ্টকৈ পোৱা নাযায়। প্ৰাচীন ভাৰতৰ উত্তৰ বা উত্তৰ-পশ্চিমৰ নগৰ কেন্দ্ৰসমূহ ইয়াৰ ৰচনাৰ স্থান হ’ব পাৰে। পূবৰ নগৰ কেন্দ্ৰ পাটলিপুত্ৰ বা বৰ্তমানৰ পাটনাতো পুথিখন ৰচনা ক্ৰা হ’ব পাৰে। বাৎসায়ন মল্লনাগকেই কামসূত্ৰৰ ৰচনাৰ কৃতিত্ব দিয়া যায় যদিও তেওঁৰ বিষয়ে বিশেষ জনা নাযায়। বাৎসায়নে উল্লেখ কৰিছে যে তেওঁ পুথিখন যথেষ্ট ধ্যানৰ অন্তত ৰচনা কৰিছিল। ইয়াৰ পাতনিত তেওঁ উল্লেখ কৰিছে যে তেওঁ বহুতো প্ৰাচীন পুথি আহৰণ কৰিছিল কিন্তু সেয়া বৰ্তি থকা নাই। তেওঁ ঔদ্দালকি, বভ্ৰভ্য, দত্তক, সুৱৰ্ননাভ, ঘটকামুখ, গোনাৰ্দিয়, গণিকাপুত্ৰ, চাৰায়ন, কুচুমাৰ আদিৰ লগতে অন্য লেখকৰ কৰ্মৰ সূত্ৰ দিছে আৰু তেওঁলোকক শিক্ষক বা পণ্ডিত বুলি অভিহিত কৰিছে। বৰাহমিহিৰৰ বৃহৎসংহিতা আৰু কালিদাসৰ কাব্যত বাৎসায়নৰ কামসূত্ৰৰ উল্লেখ থকাৰ লগতে ইয়াৰ শ্লোকৰ উদ্ধৃতি দিয়া হৈছে। এই কথাই সূচায় যে তেওঁ খ্ৰীষ্টিয় ৫ম শতিকাৰ আগৰ আছিল।
পৃষ্ঠভূমি
হিন্দু পৰম্পৰাৰ পুৰুষাৰ্থৰ ধাৰণাত জীৱনৰ চাৰিটা উদ্দেশ্যৰ কথা কোৱা হৈছে। পুৰুষাৰ্থৰ মতে প্ৰতিগৰাকী ব্যক্তিৰ পৰিপূৰ্ণ আৰু সুখী জীৱনৰ বাবে এই চাৰিটা উদ্দেশ্য প্ৰয়োজনীয়।
ধৰ্ম ই ঋত (সজ) অনুসৰি কৰা আচৰণক সূচায় যি জীৱন আৰু ব্ৰহ্মাণ্ডক সম্ভৱ কৰি তোলে। ধৰ্মত কৰ্তব্য, অধিকাৰ, নীতি, আচাৰ, মূল্যবোধ আৰু জীৱন যাপনৰ শুদ্ধ পথ অন্তৰ্ভুক্ত। হিন্দু ধৰ্মই প্ৰতিগৰাকী ব্যক্তিৰে ধৰ্মীয় কৰ্তব্য, নৈতিক অধিকাৰ আৰু কৰ্তব্যৰ লগতে সামাজিক ভাৰসাম্য বজাই ৰখা আচাৰ, সজ আচৰণ আৰু মূল্যবোধ সামৰি লয়। অৰ্থ ই জীৱন জীৱিকাৰ মাধ্যমক সূচায়। যিসমূহ কাৰ্য আৰু সংসাধনৰ জৰিয়তে এজন লোকে তেওঁ বিচৰা এক অৱস্থা প্ৰাপ্ত কৰিব পাৰে সেয়াই অৰ্থ। অৰ্থই ধন, কেৰিয়াৰ, জীৱিকা, বিত্তীয় সুৰক্ষা আৰু অৰ্থনৈতিক স্বচ্ছন্দক বুজায়।
কাম কামৰ অৰ্থ হৈছে কামনা-বাসনা, অনুভৱ, সুখানুভূতি, প্ৰেম আৰু জীৱনৰ উদযাপন। ই যৌনতাৰ সামৰি ল'বও পাৰে বা নল'বও পাৰে। গেভিন ফ্লাডে বৰ্ণনা কৰিছে যে কাম হৈছে ধৰ্ম, অৰ্থ আৰু মোক্ষক (আত্মিক মুক্তি) ভংগ নকৰাকৈ কৰা প্ৰেম।
মোক্ষ মোক্ষই মুক্তি বা নিৰ্বাণক সূচায়। হিন্দুধৰ্মৰ কোনো কোনো শিক্ষণৰ মতে মোক্ষৰ অৰ্থ হৈছে সংসাৰ তথা জন্ম-মৃত্যুৰ চক্ৰৰ পৰা মুক্তিলাভ। আন কিছু শিক্ষণ অনুযায়ী মোক্ষৰ অৰ্থ হৈছে জীৱনৰ স্বাধীনতা, আত্ম-উপলব্ধি আৰু নিৰ্বাণ।
এই আটাইকেইটা উদ্দেশ্য অধ্যয়নৰ বিষয়বস্তু হৈ পৰাৰ হেতুকে ই প্ৰাচীন ভাৰতৰ সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ সাহিত্যলৈ দিকনিৰ্দেশ কৰিছিল। ধৰ্মশাস্ত্ৰ, অৰ্থশাস্ত্ৰ আৰু মোক্ষশাস্ত্ৰৰ লগতে কামশাস্ত্ৰৰ ধাৰাটোকো তালপাতৰ পুথিৰ আকাৰত সংৰক্ষিত কৰা হৈছিল। কামসূত্ৰ কামশাস্ত্ৰ ধাৰাৰ সাহিত্য। যৌনতা আৰু অনুভৱ সম্পৰ্কীয় অন্যান্য সংস্কৃত পুথিৰ ভিতৰত ৰতিৰহস্য, অনঙ্গৰঙ্গ, নগৰসৰ্বস্ব, কন্দৰ্পচূড়মণি আৰু পঞ্চশায়ক আদি উল্লেখযোগ্য। নৃতত্ত্ববিদ তথা ধৰ্মীয় অধ্যয়নৰ অধ্যাপক ল'ৰা ডেচমণ্ডৰ মতে ভাৰতীয় কামশাস্ত্ৰৰ সংজ্ঞাত্মক উদ্দেশ্য হৈছে "নিজৰ সৈতে জগতৰ" এক ভাল সম্পৰ্কৰ মাজেৰে দুয়োপক্ষৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ আৱিষ্কাৰ তথা পৰিৱৰ্দ্ধিত অনুভৱৰ যোগেদি এক "সমন্বিত অনুভূতিশীল অভিজ্ঞতা" লাভ কৰা। বাৎসায়নে মূলতঃ ধৰ্ম আৰু অৰ্থৰ সৈতে কামৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিছে। জীৱনৰ চতুৰ্থ উদ্দেশ্যৰ বিষয়ে তেওঁ কিছুসংখ্যক শ্লোকত উল্লেখ কৰিছে।
বৈদিক ঐতিহ্য
কামসূত্ৰৰ আটাইতকৈ পুৰণি কাঠামোৰ উদাহৰণ বৈদিক যুগৰ হিন্দু সাহিত্যত পোৱা যায়। বাৎসায়নে এই বিষয়ে শ্লোক ১.১.৯ ত কৈছে আৰু কামসূত্ৰৰ প্ৰথমগৰাকী ৰচয়িতা হিচাপে শ্বেতকেতু উদ্দালকৰ নাম উল্লেখ কৰিছে। উদ্দালক হৈছে প্ৰত্ন-উপনিষদ যুগৰ এগৰাকী ঋষি। তেওঁৰ ধাৰণাসমূহৰ বিষয়ে বৃহদাৰণ্যক উপনিষদ ভাগ ৬.২ আৰু ছান্দোগ্য উপনিষদৰ শ্লোক ৫.৩ আৰু ৫.১০-ত পোৱা যায়। ইণ্ডোল'জিষ্ট আৰু সংস্কৃতৰ বিদ্বান পেট্ৰিক অলিভেলৰ মতে এই হিন্দু সাহিত্যসমূহৰ ৰচনাকাল খ্ৰীষ্টপূৰ্ব ৯০০-৭০০। অন্যান্য ধাৰণা যেনে লগতে আত্ম, ব্ৰহ্ম আদিৰ লগতে এই উপনিষদসমূহে মানৱ জীৱন, কাৰ্যকলাপ আৰু অস্তিত্বৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰিছে য'ত যৌনতাক যজ্ঞৰ সৈতে সম্পৰ্কিত কৰি ইয়াত আধ্যাত্মিক ভাৱ সংৰোপণ কৰা হৈছে। একুৰা জুই এয়া হৈছে নাৰী, গৌতম। তেওঁৰ অগ্নিদণ্ডিকা হৈছে যোনিমুখ,
তেওঁৰ ধুম্ৰ হৈছে যৌনকেশ,
তেওঁৰ অগ্নিশিখা হৈছে যোনি,
যেতিয়া কোনোবাই তেওঁক ৰমণ কৰে, সেয়া তেওঁৰ অঙঠা,
তেওঁৰ ফিৰিঙতি হৈছে ৰাগমোচন। সেইকুৰা জুইতে দেৱতাসকলে ৰেতঃ নিক্ষেপ কৰে,
আৰু সেই আহুতিৰ পৰা এক মানৱৰ জন্ম হয়। বৃহদাৰণ্যক উপনিষদ ৬.২.১৩, ৭০০ १३, 6.2.13, ইণ্ডোল'জিষ্ট ডিৰ মতে কামসূত্ৰ বৈদিক যুগৰ ধৰ্মীয় সাহিত্যৰ পৰা আৰম্ভ হোৱাৰ ই বহুকেইটা প্ৰমাণৰ এটা আৰু এই ধাৰণাসমূহক পৰৱৰ্ত্তী কালত পৰিশোধন কৰি বাৎসায়নে এক সূত্ৰ ধাৰাৰ সাহিত্যৰ ৰূপ দিয়ে। ডোবিগাৰেও এই ধাৰণাটোৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। ডোনিগাৰৰ মতে সুখভোগ আৰু যৌনতাক উদযাপন কৰাৰ এই প্ৰক্ৰিয়া ধাৰ্মিক কাৰ্য হিচাপে ঋকবেদৰ পৰাই আৰম্ভ হয়। কামসূত্ৰ আৰু যৌনতাৰ উদযাপন হিন্দুধৰ্মৰ অবিচ্ছেদ্য অংগ আৰু ই মন্দিৰসমূহত বিদ্যমান।
মহাকাব্য
মানৱ সম্পৰ্ক, যৌনতা আৰু অনুভূতিৰ পূৰ্তিকৰণ বৈদিক যুগৰ পৰৱৰ্তী কালৰ সংস্কৃত সাহিত্য যেনে প্ৰধান হিন্দু মহাকাব্য মহাভাৰত আৰু ৰামায়ণৰ এক তাৎপৰ্যপূৰ্ন অংগ। জোহান মেয়েৰে বক্তব্য আগবঢ়াইছে যে প্ৰেম আৰু যৌনতা প্ৰাচীন ভাৰতীয় দৃষ্টিকোণত এক আনন্দদায়ক প্ৰয়োজনীয়তাৰূপে পৰিগণিত হৈ আহিছে। যদিও নাৰী অন্তৰ্মুখী আৰু চয়নাত্মক, "এগৰাকী নাৰী সুৰতৰ (কামুক বা যৌন তৃপ্তি) তীব্ৰ আকাংক্ষী" আৰু "এগৰাকী নাৰীৰ অতিশয় তীব্ৰ উত্তেজনাময় প্ৰকৃত্ৰি থাকে, যৌনকাৰ্যত তেওঁৰ তৃপ্তি এজন পুৰুষতকৈ অধিক।"
পুৰালিপি
সমগ্ৰ ভাৰততে কামসূত্ৰৰ বিভিন্ন সংস্কৰণৰ পুৰালিপি চৰতি হৈ বৰি আছে। বিভিন্ন ভাৰতীয় আঞ্চলিক ভাষা যেনে মাৰাঠী আদিলৈ বহুলভাৱে অনূদিত সংস্কৃত কামশাস্ত্ৰৰ পুথি অনঙ্গৰঙ্গৰ অনুবাদ কৰিবলৈ গৈ ইংৰাজ অ'ৰিয়েণ্টেলিষ্ট ৰিচাৰ্ড বাৰ্টন কামসূত্ৰৰ পুৰালিপিৰ কেইটামান অংশত থমকি ৰ'ব লগা হয়। তেওঁ কামসূত্ৰৰ সম্পূৰ্ণ পুৰালিপিৰ সন্ধান উলিয়াবৰ বাবে সংস্কৃত পণ্ডিত ভগৱানলাল ইন্দ্ৰজীৰ কাষ চাপে। ইন্দ্ৰজীয়ে বাৰণসী, কলকাতা আৰু জয়পুৰৰ বিভিন্ন ৰাল আৰু মন্দিৰৰ পৰা বিভিন্ন পুৰালিপি সংগ্ৰহ কৰে। বাৰ্টনে এই পুৰালিপিসমূহৰ সম্পাদিত ইংৰাজী অনুবাদ প্ৰকাশ কৰি উলিয়ায় যদিও সংস্কৃত ভাষাৰ এক সমালোচনাত্মক সংস্কৰণ উলিওৱাৰ পৰা বিৰত থাকে। ১৯৬১ চনত কৰা কামসূত্ৰৰ পাণ্ডিত্যমূলক অধ্যয়ন আৰু অধিক শুদ্ধ অনুবাদৰ বাবে জনাজাত এছ চি উপাধ্যায়ৰ মতে এই পুৰালিপিসমূহত কিছু সমস্যা আছে আৰু এইসমূহৰ পাঠ্য সময় বাগৰাৰ লগে লগে সংশোধনৰ সন্মুখীন হৈছে। কাম বিষয়ক প্ৰথম সহস্ৰাব্দৰ হিন্দু পাঠ্যসমূহত কামসূত্ৰৰ কথা তথ্যসূত্ৰ হিচাপে উল্লেখ কৰা হৈছে যদিও তাত উল্লিখিত উদ্ধৃতিসমূহ কামসূত্ৰত পোৱা নোযোৱালৈ চাই উপৰোক্ত কথাষাৰৰ সত্যতা নিশ্চিত হয়।
বিষয়সূচী
বাৎসায়নৰ কামসূত্ৰত উল্লেখ আছে যে ইয়াত ৭টা খণ্ডত ৩৬টা অধ্যায়ৰ ৬৪টা অংশত মুঠ ১,২৫০টা শ্লোক আছে। এই বক্তব্যটো পুথিখনৰ আৰম্ভণিৰ অধ্যায়তেই সন্নিৱিষ্ট হৈ আছে। আধুনিক যুগলৈকে বৰ্তি থকা সংস্কৰণটোত ৬৭টা অংশ আছে আৰু এই তালিকাখন সপ্তম অধ্যায়ত পুথিখনৰ ওপৰত যশোধৰাৰ সংস্কৃত ভাষ্যৰ সৈতে দিয়া হৈছে। কামসূত্ৰত গদ্য আৰু পদ্যৰ সংমিশ্ৰণ দেখা যায় আৰু ইয়াৰ বৃতান্ত দুই চৰিত্ৰ ক্ৰমে নায়ক আৰু নায়িকাৰ নাটকীয় কাহিনীৰ মাজেৰে পিতামৰ্দ, ভিটা আৰু বিদূষক নামৰ চৰিত্ৰৰ সহায়ত আগবাঢ়িছে। সংস্কৃত গ্ৰন্থ নাট্য শাস্ত্ৰৰ শিক্ষণতো এই সজ্জা দেখা যায়। কামসূত্ৰৰ শিক্ষণ আৰু আলোচনাত হিন্দু কিংবদন্তিয়ে ব্যাপক ৰূপত স্থান পাইছে।
টোকা
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
সংস্কৃত গ্ৰন্থ
প্ৰাচীন ভাৰতীয় |
66392 | https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A7%88%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%AF%E0%A6%BC%E0%A7%80 | মৈত্ৰেয়ী | মৈত্ৰেয়ী নামৰ অৰ্থ: "বন্ধুসুলভ") প্ৰাচীন ভাৰতৰ বৈদিক যুগৰ এগৰাকী হিন্দু দাৰ্শনিক। বৃহদাৰণ্যক উপনিষদ অনুসৰি তেওঁ বৈদিক ঋষি যাজ্ঞবল্ক্যেৰ দুই পত্নীৰ অন্যতম আছিল। ঋষি যাজ্ঞবল্ক্য আনুমানিক খ্ৰীষ্টপূৰ্ব ৮ম শতাব্দীৰ আছিল। হিন্দু মহাকাব্য মহাভাৰত আৰু গৃহ্যসূত্ৰত অৱশ্য তেওঁক ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰা চিৰকুমাৰী অদ্বৈতবাদী দাৰ্শনিক হিচাপে বৰ্ণনা কৰা হৈছে। প্ৰাচীন সংস্কৃত সাহিত্যত তেওঁক "ব্ৰহ্মবাদিনী" বা বেদৰ ব্যাখ্যাকাৰী হিচাপে পৰিচিত।
একাধিক প্ৰাচীন ভাৰতীয় গ্ৰন্থত মৈত্ৰেয়ীৰ উল্লেখ পোৱা যায়। বৃহদাৰণ্যক উপনিষদ গ্ৰন্থত যাজ্ঞবল্ক্যেৰ সৈতে কথোপকথনেৰ মাধ্যমত তেওঁ হিন্দু দৰ্শনৰ আত্মা সংক্ৰান্তিয় ধাৰণাৰ পৰ্যালোচনা কৰিছিল। এই কথোপকথন অনুসৰি ব্যক্তিৰ আত্মাৰ পৰা প্ৰেম নিঃসৰিত হয়। মৈত্ৰেয়ী আত্মা আৰু ব্ৰহ্মৰ প্ৰকৃতি আৰু সেই দুয়োৰে একতা আলোচনা কৰিছিল। এই ধাৰণা অদ্বৈত বেদান্ত দৰ্শনৰ মূল কথা। বৃহদাৰণ্যক উপনিষদ গ্ৰন্থৰ এই মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদ সুৰেশ্বৰৰ বাৰ্ত্তিক টীকাৰ মূল বিষয়বস্তু।
বৈদিক যুগত নাৰীসকলে শিক্ষাৰ সুযোগ লাভ কৰিছিল আৰু দাৰ্শনিক সমাজত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল তাৰে উদাহৰণ হিচাপে মৈত্ৰেয়ীৰ নাম উল্লেখ কৰা হয়। তেওঁক ভাৰতীয় বিদুষীসমূহৰ প্ৰতীক বুলি গণ্য কৰা হয়। নতুন দিল্লীত মৈত্ৰেয়ীৰ সন্মানাৰ্থে এখন শিক্ষানুষ্ঠানৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।
প্ৰাৰম্ভিক জীৱন
অশ্বলায়ন গৃহ্যসূত্ৰ গ্ৰন্থৰ বৰ্ণনা অনুসাৰি মৈত্ৰেয়ী ঋষি মৈত্ৰীৰ কন্যা আছিল আৰু তেওঁৰ সম্পূৰ্ণ নাম সুলভা মৈত্ৰেয়ী। গৃহ্যসূত্ৰত বৈদিক যুগৰ অন্যান্য বিদুষী নাৰীসকলৰ সৈতে তেওঁৰ নাম উল্লেখ পোৱা গৈছে। ঋষি মৈত্ৰী মিথিলাৰ বিদেহ ৰাজ্যত বসবাস কৰিছিল। তেওঁ ৰজা জনকৰ ৰাজসভাৰ এগৰাকী মন্ত্ৰী আছিল।
প্ৰাচীন ভাৰতত মৈত্ৰেয়ীক অদ্বৈতবাদী দাৰ্শনিক আৰু বৃহদাৰণ্যক উপনিষদ গ্ৰন্থত তেওঁক জনক ৰজাৰ সমসাময়িক আৰু ঋষি যাজ্ঞবল্ক্যৰ পত্নী হিচাপে বৰ্ণনা কৰা হলেও মহাভাৰতৰ মতে সুলভা মৈত্ৰেয়ীক চিৰকুমাৰী পৰমা সুন্দৰী নাৰী বোলা হৈছে। এই গ্ৰন্থৰ বিৱৰণ অনুযায়ী মৈত্ৰেয়ী বাল-ব্ৰহ্মচাৰিণী আছিল আৰু তেওঁ ৰাজা জনকক অদ্বৈত দৰ্শন ব্যাখ্যা কৰিছিল। প্ৰাচীন সংস্কৃত সাহিত্যত তেওঁক "ব্ৰহ্মবাদিনী" বা বেদ ব্যাখ্যাকাৰিণী) নামে অভিহিত কৰা হৈছে। মৈত্ৰেয়ী আৰু যাজ্ঞবল্ক্য আনুমানিক খ্ৰীষ্টপূৰ্ব ৮ম শতিকাত বসবাস কৰিছিল।
বৃহদাৰণ্যক উপনিষদত মৈত্ৰেয়ীক যাজ্ঞবল্ক্যেৰ বিদুষী স্ত্ৰী আৰু তেওঁৰ আন গৰাকী পত্নী কাত্যায়নীক গৃহবধূ বোলা হৈছে। যাজ্ঞবল্ক্য আৰু কাত্যায়নী সাধাৰণ গৃহস্থৰ জীৱন-যাপন কৰিছিল। আনহাতে মৈত্ৰেয়ীয়ে বিদ্যাৰ চৰ্চা কৰিছিল আৰু "আত্মজ্ঞান অৰ্জন" কৰাৰ লগতে স্বামীৰ সৈতে ধৰ্মতত্ত্ব আলোচনা কৰিছিল।
মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদ
ঋকবেদৰ প্ৰায় দহটা স্তোত্ৰৰ মন্ত্ৰদ্ৰষ্টা হিচাপে মৈত্ৰেয়ীৰ নাম পোৱা যায়। বৃহদাৰণ্যক উপনিষদৰ এক কথোপকথনত তেওঁ হিন্দু দৰ্শনৰ আত্মা সংক্ৰান্তিয় ধাৰণাৰ পৰ্যালোচনা কৰিছিল।"মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদ" নামে পৰিচিত এই কথোপকথন অনুসৰি ব্যক্তিৰ আত্মাৰ প্ৰায়ে প্ৰেমৰ নিঃসৰণ হয়। তদুপৰি এই কথোপকথনৰ মাধ্যমেৰে আত্মা আৰু ব্ৰহ্মৰ প্ৰকৃতি আৰু উভয়ৰ একত্বৰ কথা আলোচিত হৈছে। এই ধাৰণা অদ্বৈত বেদান্ত দৰ্শনৰ মূল ভিত্তি। একাধিক হিন্দু ধৰ্মগ্ৰন্থত এই কথোপকথন লিপিবদ্ধ কৰা হৈছে। এইসমূহৰ ভিতৰত
সৰ্বপ্ৰাচীন উল্লেখ বৃহদাৰণ্যক উপনিষদ নামৰ অন্যতম প্ৰধান তথা প্ৰাচীনতম উপনিষদৰ দ্বিতীয় অধ্যায়ৰ চতুৰ্থ ব্ৰাহ্মণত পোৱা যায়। উক্ত গ্ৰন্থৰ চতুৰ্থ অধ্যায়ৰ পঞ্চম ব্ৰাহ্মণত এই কথোপকথনৰ পৰিৱৰ্তিত ৰূপ পোৱা যায়। এই উপনিষদৰ ৰচনাকাল আনুমানিক খ্ৰীষ্টপূৰ্ব ৭০০। বেদৰ মধ্যন্দিন আৰু কান্ব শাখাৰ দুখন পুথিত এই কথোপকথন পোৱা যায়। দুখন পুথিৰ বিৱৰণত সাহিত্য-সংক্ৰান্তিয় কেইবাটাও গুৰুত্বপূৰ্ণ পাৰ্থক্য থাকিলেও দুয়ো ক্ষেত্ৰ একে দাৰ্শনিক বিষয়বস্তু লৈ আলোচনা কৰা হৈছে। জীৱনৰ প্ৰথম তিনি আশ্ৰম ব্ৰহ্মচৰ্য (ছাত্ৰজীৱন), গাৰ্হ্যস্থ (গৃহজীৱন) আৰু বাণপ্ৰস্থ (অৱসৰজীৱন) অতিবাহিত কৰাৰ পিছত বাৰ্ধক্যত উপনীত হৈ যাজ্ঞবল্ক্য ঋষিয়ে চতুৰ্থ আশ্ৰম প্ৰৱেশ কৰি সন্ন্যাসী (সৰ্বত্যাগী) হোৱাৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁ মৈত্ৰেয়ীৰ অনুমতি বিচাৰি জনালে যে তেওঁৰ বিষয় সম্পত্তি তেওঁ মৈত্ৰেয়ী আৰু কাত্যায়নীৰ মাজত ভাগ কৰিবলৈ বিচাৰে। মৈত্ৰেয়ীয়ে কলে যে তেওঁ ধন-সম্পদৰ প্ৰতি আগ্ৰহী নহয়। কাৰণ ধনসম্পত্তিয়ে তেওঁক "অমৰত্ব" প্ৰদান কৰিব নোৱাৰে। তেওঁ অমৰত্ব সম্পৰ্কে জানিবলৈ আগ্ৰহী:
তাৰপিছত মৈত্ৰেয়ীৰ সৈতে কথাপাতি যাজ্ঞবল্ক্য আত্মাৰ অমৰত্ব, ব্ৰহ্ম (পৰম সত্য) আৰু ব্ৰহ্ম আৰু আত্মাৰ একত্ব প্ৰসঙ্গত তেওঁৰ মতামত ব্যাখ্যা কৰে। যাজ্ঞবল্ক্যেৰ ব্যাখ্যা চলি থকা সময়ত মাজে মাজে মৈত্ৰেয়ীয়ে আপত্তি উত্থাপন কৰিছিল আৰু বিষয়সমূহ স্পষ্টীকৰণৰ অনুৰোধ জনাইছিল। প্ৰাচীন বৈদিক প্ৰথা মতে আধ্যাত্মিক আলোচনাত নাৰীৰ সক্ৰিয় অংশগ্ৰহণ আৰু ব্ৰহ্মবিদ্যাত তেওঁলোকৰ অধিকাৰৰ প্ৰমাণ হিচাপে এই কথোপকথনক গ্ৰহণ কৰা যায় নে নাযায় তাকে লৈ গৱেষকসমূহৰ মাজত মতানৈক্য বিদ্যমান। আমেৰিকান ভাৰততত্ত্ববিদ অথা ধৰ্মীয় ইতিহাসৰ অধ্যাপক ওয়েণ্ডি ডনিগাৰৰ মতে, এই কথোপকথনত মৈত্ৰেয়ীক লেখিকা হিচাপে উপস্থাপন কৰা হোৱা নাই। ই উপনিষদত উল্লিখিত এক ব্ৰাহ্মণৰ কাহিনী মাত্ৰ যে ব্ৰাহ্মণৰ দুই পত্নী বুদ্ধিবৃত্তিৰ নিৰিখে ভিন্ন প্ৰকৃতিৰ। আনহাতে আন এগৰাকী ভাৰততত্ত্ববিদ তথা তুলনামূলক ধৰ্মৰ অধ্যাপক কাৰেন পেশেলিছৰ মতে মৈত্ৰেয়ীক ধৰ্মতত্ত্ব-জিজ্ঞাসু হিচাপে উপস্থাপন কৰা হৈছে। কাৰণ এই কথোপকথন চলা চলি থকা সময়ত তেওঁ যাজ্ঞবল্ক্যেৰ বক্তব্যত আপত্তি উত্থাপন কৰিছিল আৰু একাধিক সঠিক প্ৰশ্নৰ অৱতাৰণা কৰিছিল।
সুৰেশ্বৰ (সুৰেশ্বৰাচাৰ্য, আনুমানিক ৭৫০ খ্ৰীষ্টাব্দ) সহ প্ৰথম সহস্ৰাব্দৰ পণ্ডিতসকলে এগৰাকী নাৰী আৰু এজন পুৰুষৰ এই কথোপকথনক দুয়ো পক্ষৰ ক্ষেত্ৰতে গভীৰ তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে; মৈত্ৰেয়ী ধনসম্পত্তি প্ৰত্যাখ্যান কৰি তেওঁৰ স্বামীৰ আধ্যাত্মিক জ্ঞানৰ অংশীদাৰ হবলৈ বিচাৰিছিল আৰু ঔপনিষদিক কাহিনীটোৰ প্ৰাপ্ত চাৰ পাঠান্তৰ প্ৰত্যেকতে দেখা যায় যে তেওঁ যাজ্ঞবল্ক্যেৰ আত্মতত্ত্ব-ব্যাখ্যত আপত্তি উত্থাপন কৰিছিল। যাজ্ঞবল্ক্যও তেওঁৰ উৎসাহী প্ৰশ্নসমূহৰ বাস্তৱতা স্বীকাৰ কৰে আৰু মৈত্ৰেয়ীৰ প্ৰশ্নসমূহে প্ৰমাণ কৰে যে তেওঁ ব্ৰহ্মজ্ঞান-অনুসন্ধিৎসু আৰু আত্মপ্ৰেমী আছিল। বৃহদাৰণ্যক উপনিষদত উল্লিখিত মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদ লিঙ্গভিত্তিক সম্পৰ্ক-সংক্ৰান্তিয় তৰ্কৰ বাদেও গুৰুত্বপূৰ্ণ। হিন্দু দৰ্শনৰ প্ৰভাৱশালী অদ্বৈত বেদান্ত শাখাৰ প্ৰৱক্তা আদি শংকৰ উক্ত উপনিষদৰ ভাষ্যে লিখিছিল যে, এই কথোপকথনৰ উদ্দেশ্য হ'ল আত্মজ্ঞান আৰু ব্ৰহ্মজ্ঞানৰ গুৰুত্বৰ আলোকপাত কৰা আৰু উভয়ৰ একত্বৰ বিষয়ে সহজবোধ্য কৰি তোলা। তেওঁৰ মতে এই কথোপকথনে প্ৰমাণ কৰে যে শ্ৰুতি বা (বৈদিক ধৰ্মশাস্ত্ৰত ব্ৰহ্মজ্ঞান আৰু আত্মজ্ঞান লাভৰ উপায় হিচাপে সন্ন্যাসৰ বিধান দিয়া হৈছে। ইয়াৰ লগতে তেওঁ আকৌ কৈছে যে, শ্ৰুতি গ্ৰন্থত আত্মজ্ঞান অৰ্জনক বিশেষ গুৰুত্বপূৰ্ণ বিষয় হিচাপে গণ্য কৰা হয়। কাৰণ এই উপনিষদত দ্বিতীয় অধ্যায়ৰ পিছত চতুৰ্থ অধ্যায়তো ব্ৰহ্মবিদ্যা আলোচনাৰ যৌক্তিক পৰিসমাপ্তি হিচাপে যাজ্ঞবল্ক্য-মৈত্ৰেয়ীৰ কথোপকথনৰ পুনৰাবৃত্তি কৰা হৈছে।
প্ৰেমৰ প্ৰকৃতি
মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদত প্ৰেম আৰু প্ৰেমাস্পদৰ নিৰ্যাস লৈ এক আলোচনা পোৱা যায়। এই আলোচনাৰ প্ৰতিপাদ্য বিষয়টো হল যে প্ৰেম ব্যক্তিৰ আত্মা আৰু সেই আত্মাৰ সৈতে সম্পৰ্কযুক্ত বিশ্বাত্মাৰ সংযোগসূত্ৰ:
ধৰ্মতত্ত্ব-লেখক তথা সম্পাদক ৰবাৰ্ট ফন দে ওয়েয়াৰেৰ মতে, এই বক্তব্যয়ে দৃঢ়ভাৱে ঘোষণা কৰে যে প্ৰেম ব্যক্তিত্ব নিজস্ব আত্মাৰ প্ৰতিফলন: সেয়া সন্তানৰ প্ৰতি পিতামাতাৰ প্ৰেম বা ধৰ্মৰ প্ৰতি অথবা সমগ্ৰ জগতৰ প্ৰতি প্ৰেম। জাৰ্মান ভাৰততত্ত্ববিদ তথা অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক মেক্স মুলাৰৰ মতে, বৃহদাৰণ্যক উপনিষদ গ্ৰন্থত মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদত যি প্ৰেমৰ উল্লেখ কৰা হৈছে সেয়া ব্যক্তি জীৱন আৰু তাৰ বাহিৰে সকলো ক্ষেত্ৰতে পৰিব্যাপ্ত; দ্বিতীয় অধ্যায়ৰ চতুৰ্থ ব্ৰাহ্মণৰ অন্তৰ্গত পঞ্চম পংক্তিত বোলা হৈছে যে, "…দেৱগণৰ বাবে যি দেৱগণ (যাজ্ঞিকাদিৰ) প্ৰিয় হয় তেনে নহয়; (যাজ্ঞিকাদিৰ) আত্মপ্ৰয়োজনেই দেৱগণৰ প্ৰিয় হয়।" এই কথোপকথনৰ পৰা জনা যায় যে "এই ব্ৰাহ্মণজাতি, এই ক্ষত্ৰিয়জাতি, এই লোকসমূহ, এই দেৱবৃন্দ, এই ভূতবৰ্গ আৰু এই সকলো বস্তু সকলোৱে এই আত্মা" আৰু "আত্মা দৃষ্ট, শ্ৰুত, বিচাৰিত, আৰু বিজ্ঞাত হলে এই সমস্ত জ্ঞাত হয়।"
"আত্মা"-সংক্ৰান্ত এই কথোপকথনেৰ শেষে যাজ্ঞবল্ক্য মৈত্ৰেয়ীকে বললেন:
যাজ্ঞবল্ক্য সংসাৰ ত্যাগ কৰি সন্ন্যাস অৱলম্বন কৰে আৰু মৈত্ৰেয়ীও সন্ন্যাসিনী হয়। তেওঁ পৰিব্ৰাজকৰ বৃত্তি গ্ৰহণ কৰি ত্যাগীৰ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিল।
উত্তৰাধিকাৰ
একাধিক পুৰাণত মৈত্ৰেয়ীৰ উল্লেখ পোৱা যায়। মৈত্ৰেয়ীক "প্ৰাচীন ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বিদুষী আৰু সদাচাৰী চৰিত্ৰ নাৰী" বুলি গণ্য কৰা হয়। তেওঁ ভাৰতৰ বিদুষী নাৰীসমাজৰ প্ৰতীক। নতুন দিল্লীত তেওঁৰ নামেৰে এখন মহাবিদ্যালয়ৰ নামকৰণ কৰা হৈছে। তামিলনাডু ৰাজ্যত মৈত্ৰেয়ী বৈদিক গ্ৰাম নামৰে এক আশ্ৰম আছে।
তথ্য উৎস
গ্ৰন্থৰাজি
বাহ্যিক সংযোগ
মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদ, প্ৰথম খণ্ড বৃহদাৰণ্যক উপনিষদ ২.৪, মেক্স মুলাৰ (অনুবাদক)
মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদ, দ্বিতীয় খণ্ড বৃহদাৰণ্যক উপনিষদ ৪.৫, মেক্স মুলাৰ (অনুবাদক)
মৈত্ৰেয়ী-যাজ্ঞবল্ক্য সংবাদ, প্ৰথম খণ্ড, স্বামী কৃষ্ণনন্দ (অনুবাদক)
ভাৰতীয় |
36146 | https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%99%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%89%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%A4%E0%A7%B0%20%E0%A6%AE%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%BF%E0%A6%95%20%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC | ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় | ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰঙিয়াত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৩৬ চনত স্থাপিত হৈছিল। ই ৰঙিয়া চহৰৰ সোমাজত মহাত্মা গান্ধী পথত অৱস্থিত। এই বিদ্যালয়ত বৰ্তমান প্ৰায় ৬৭জন শিক্ষক-শিক্ষয়িত্ৰী আৰু ১২৮৬জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। আদি অৱস্থাত এই বিদ্যালয়খন কেৱল ল'ৰাৰ বাবে আছিল বাবে "ৰঙিয়া ল'ৰা হাইস্কুল" বুলিলে ইয়াকে বুজোৱা হয়। ইয়াৰে শিক্ষাৰ মাধ্যম হৈছে অসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ )ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত পৰীক্ষাত অৱতীৰ্ণ হয়।
ইতিহাস
লঘণুৰাম মাইনৰ স্কুল
১৯১৭ ইং চনৰ ৫ জানুৱাৰী তৰিখে ৰঙিয়াৰ কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহেৰে ৺ লঘণুৰাম চৌধুৰীৰ নামেৰে লঘণুৰাম মাইনৰ স্কুল বুলি এখন মাইনৰ স্কুল স্থাপন হয়। উল্লেখযোগ্য যে ৺লঘণুৰাম চৌধুৰীদেৱে স্কুল খনৰ বাবে ১০০০ টকা দান দিছিল আৰু পৰিচালনা সমিতিৰো তেখেত সম্পাদক আছিল। ৺বিভৱ চন্দ্ৰ মজুমদাৰক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া হৈছিল। কিন্তু তেওঁ উচ্চ শিক্ষাৰ্থে আন ঠাইলৈ গুচি যোৱাত ৺শান্তিৰাম লহকৰক প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া হয়। স্বাধীনতা আন্দোলনত লহকৰদেৱে কাৰাবৰণ কৰিবলগীয়া হোৱাত প্ৰধান শিক্ষকৰ দায়িত্ব লাভ কৰে ৺গোপীকান্ত কলিতাদেৱে। ১৯২৫ চনত ৺মোহন চন্দ্ৰ চৌধুৰীদেৱে প্ৰধান শিক্ষকৰ পদত যোগদান কৰি মাইনৰ স্কুলখন হাইস্কুললৈ উন্নীত হোৱালৈ উক্ত পদত কাৰ্যনিৰ্বাহ কৰি থাকে।
ৰঙিয়া হাইস্কুল
১৯৩৬ চনত সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে মাইনৰ স্কুল খনক সুকীয়াকৈ হাইস্কুল আৰু হাইমাদ্ৰাছা লৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এইক্ষেত্ৰত ৺মোহন চন্দ্ৰ চৌধুৰী, ৺লক্ষ্মীৰাম চৌধুৰী আৰু ৺সিদ্ধীনাথ শৰ্মাৰ অৱদান আছিল উল্লেখযোগ্য। ৺মুক্তাৰাম কলিতা দেৱক প্ৰধান শিক্ষক হিচাপে লৈ হাইস্কুলত ১৯৩৬ ইং চনৰ ৩ মাৰ্চ তাৰিখে পাঠদান আৰম্ভ হয়; একে তাৰিখতে ৺নুৰুদ্দিন আহমেদৰ নেতৃত্বত হাইমাদ্ৰাছাতো শিক্ষাদান আৰম্ভ হয়। মাদ্ৰাছাখন বৰ্তমানৰ ঠাইতে আৰু হাইস্কুলখন চলোৱা হৈছিল তদানীন্তন বালিকা বিদ্যালয়ত। ১৯৩৭ চনত দুয়োখন বিদ্যালয় পুনৰ একত্ৰীকৰণ হোৱাত বিদ্যালয়খন ৰঙিয়াৰ প্ৰাইমাৰী মোক্তাবত চলোৱাৰ ব্যৱস্থা কৰা হয়। ৺চিদানন্দ ভট্টচাৰ্য্যৰ ঘৰটো কেইদিনমান বিদ্যালয়ৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছিল। ৺লঘণুৰাম চৌধুৰীৰ পুত্ৰ ৺লক্ষ্মীৰাম চৌধুৰীয়ে বিদ্যালয়লৈ ২৫০০ টকাৰ অনুদান এটি আগবঢ়াইছিল যদিও দুৰ্ভাগ্যবশত: তেখেত মানসিক ভাৱে বিকাৰগ্ৰস্ত হোৱাত ভায়েকহঁতেও অনুদান দিবলৈ অপৰাগ হোৱাত বিদ্যালয়খনৰ নাম লঘণুৰাম হাইস্কুলৰ পৰিৱৰ্তে ৰঙিয়া হাইস্কুল ৰখা হয়।
হাইস্কুল আৰু হাইমাদ্ৰাছা পৃথক্কৰণ
ৰ নিৰ্দেশ মৰ্মে দুয়োখন বিদ্যালয়ৰ সুকীয়া মেনেজিং কমিটি, শিক্ষক তথা পুঁজিৰ ব্যৱস্থা নহ'লে হাইমাদ্ৰাছা শাখাক অনুমতি দিয়া নহ'ব বুলি কোৱা হ'ল। ফলত ১৯৪৫ চনৰ ১২ জুলাইত হাইমাদ্ৰাছাৰ বাবে সুকীয়া মেনেজিং কমিটিৰ গঠন কৰা হয় আৰু ১৯৪৭ চনত হাইমাদ্ৰাছাখন সুকীয়াকৈ গঢ়ি তোলা হয়। আনহাতে ১৯৪৮ চনৰ মে' মাহত মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ দেৱে হাইস্কুল খনৰ শুভ উদ্বোধন কৰে।
উচ্চতৰ মাধ্যমিক শ্ৰেণী যোগ
১৯৭৮ চনত প্ৰধান শিক্ষক ৺যোগেন্দ্ৰ নাথ কলিতা আৰু ৰঙিয়া পৌৰ সভাৰ দুই প্ৰাক্তন পৌৰপতি ৺দুৰ্গাদত্ত আগৰৱালা আৰু ৺নিকুঞ্জলাল চৌধুৰীৰ নেতৃত্বত চৰকাৰৰ লগত বহু যুঁজ-বাগৰ কৰি ৰঙিয়া হাইস্কুলত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত ১৯৮২ চনত কলা শাখাৰ প্ৰৱৰ্তন কৰা হয়। সম্প্ৰতি বিজ্ঞান, কলা শাখাৰ বাহিৰেও বাণিজ্য শাখাও খোলা হৈছে।
বৰ্তমান
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান হাইস্কুলৰ ভাগটো ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পাঁচটা শ্ৰেণীৰে গঠিত। প্ৰতিটো শ্ৰেণীৰে দুটাকৈ শাখা আছে। আনহাতে উচ্চতৰ মাধ্যমিকৰ ভাগটো কলা, বিজ্ঞান আৰু বাণিজ্য এই তিনিওটা শাখাৰে গঠিত। ৰঙিয়াৰ অতিব্যস্ত মহাত্মা গান্ধী পথত অৱস্থিত বিদ্যালয়খনৰ উত্তৰ দিশে এই পথটো, পূবে জৱাহৰলাল নেহৰু শিশু বিদ্যালয় আৰু পশ্চিম আৰু দক্ষিণে আৱাসিক অঞ্চল আছে। চৌহদৰ ভিতৰত ভালেমান গছ-গছনিৰ উপৰিও মৎস্য পালনৰ বাবে এটি পুখুৰীও আছে।
প্ৰধান শিক্ষক আৰু অধ্যক্ষ সকল
প্ৰধান শিক্ষক
৺বিভৱ চন্দ্ৰ মজুমদাৰ (মাইনৰ স্কুল; ১৯১৭-)
৺শান্তিৰাম লহকৰ (মাইনৰ স্কুল)
৺গোপীকান্ত কলিতা (মাইনৰ স্কুল)
৺মোহন চন্দ্ৰ চৌধুৰী (মাইনৰ স্কুল; ১৯২৫-৩৬)
৺মুক্তাৰাম কলিতা (১৯৩৬-৩৯)
৺প্ৰাণেশ্বৰ শৰ্মা (হাইস্কুল; ১৯৩৯-৬৮)
৺যোগেন্দ্ৰ নাথ কলিতা (১৯৭৮)
অধ্যক্ষ
পৰেশ চন্দ্ৰ দত্ত (১৯৮৯-৯৪)
পবিন ডেকা (১৯৯৪-৯৬)
উপেন দত্ত (১৯৯৬-২০০৬)
প্ৰতিমা শইকীয়া গগৈ (মাৰ্চ-অক্টোবৰ,২০০৬)
গিৰিজানন্দ ভট্টচাৰ্য্য
দ্ৰোণকান্ত গগৈ
দীপক কলিতা
বিদ্যালয়ৰ প্ৰসিদ্ধ ছাত্ৰ-ছাত্ৰীসকল
৺সিদ্ধিনাথ শৰ্মা (মুক্তিযুঁজাৰু, প্ৰাক্তন মন্ত্ৰী)
৺কামিনী মোহন শৰ্মা (মুক্তিযুঁজাৰু, প্ৰাক্তন বিধায়ক, আন্ত:ৰাষ্ট্ৰীয় চি পি আই নেতা)
৺মানবেন্দ্ৰ শৰ্মা (প্ৰাক্তন বিধায়ক)
ড॰ দীনেশ চন্দ্ৰ গোস্বামী (বিশিষ্ট বিজ্ঞানী, যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ প্ৰাক্তন সঞ্চালক)
উপেন বড়ো (আই এফ এচ, ৰাষ্ট্ৰ্দূত)
ভুৱনেশ্বৰ কলিতা (সাংসদ, প্ৰাক্তন মন্ত্ৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি)
থানেশ্বৰ বড়ো(প্ৰাক্তন মন্ত্ৰী)
অনন্ত ডেকা (প্ৰাক্তন বিধায়ক, চি পি আই এমৰ জ্যেষ্ঠ নেতা)
কুলধৰ শইকীয়া (অসম আৰক্ষীৰ সঞ্চালক প্ৰধান)
হিতেন কলিতা (প্ৰসিদ্ধ চিকিৎসক)
তথ্যসূত্ৰ
প্ৰীতিবন্ধন, ২০০৯ চনত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰাতি সমাৰোহৰ স্মৃতিগ্ৰন্থ
অসমৰ |
79125 | https://as.wikipedia.org/wiki/%E0%A6%B2%E0%A6%BF%E0%A6%82%E0%A6%97%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A1%E0%A6%BF%E0%A6%9C%E0%A6%BF%E0%A6%9F%E0%A7%87%E0%A6%B2%20%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BE%E0%A6%9C%E0%A6%A8 | লিংগভিত্তিক ডিজিটেল বিভাজন | লিংগভিত্তিক ডিজিটেল বিভাজন হৈছে প্ৰযুক্তিগত পণ্য, কাৰিকৰী খণ্ড আৰু ডিজিটেল দক্ষতাৰ শিক্ষাৰ প্ৰতি সৃষ্টি হোৱা একধৰণৰ লিংগভিত্তিক পক্ষপাতিতা।
নেপথ্য শিক্ষা-ব্যৱস্থাই ন্যায়সঙ্গত, সামগ্ৰিক আৰু উচ্চ মানসম্পন্ন ডিজিটেল দক্ষতাৰ শিক্ষা আৰু প্ৰশিক্ষণ নিশ্চিত কৰিবলৈ ক্ৰমান্বয়ে চেষ্টা কৰি আছে। ডিজিটেল দক্ষতাই শিকন আৰু দক্ষতাৰ দিশত বিকাশৰ ক্ৰমবৰ্ধমান পথ মুকলি কৰিলেও মহিলা আৰু কিশোৰীসকল এতিয়াও ডিজিটেল দক্ষতাৰ শিক্ষাত পিছ পৰি আছে। বিগত এটা দশক ধৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰে সেই বিভাজন কমাবলৈ প্ৰয়াস কৰি থকা হৈছে যদিও বিশ্বব্যাপি ডিজিটেল দক্ষতাৰ এই পাৰ্থক্য অথবা বিভাজন বৃদ্ধিহে পোৱা পৰিলক্ষিত হৈছে৷
ডিজিটেল দক্ষতাৰ পাৰ্থক্য সমগ্ৰ বিশ্বতে দেখা গৈছে যে, মহিলাসকলে স্মাৰ্টফোন কেনেদৰে চলাব লাগে, ইণ্টাৰনেট কিদৰে ব্যৱহাৰ কৰিব লাগে, নাইবা [[সামাজিক মাধ্যম]ত কিদৰে পৰিচালনা কৰিব লাগে বা ডিজিটেল মাধ্যমত তথ্য কেনেদৰে সুৰক্ষিত কৰিব লাগে-সেইয়া বুজি পোৱাৰ সম্ভাৱনা কম। কোডিং কম্পিউটাৰ ছফ্টৱেৰ, বৃহৎ ডাটা ছেটৰ বিশ্লেষণ সমৰ্থন কৰিবলৈ প্ৰয়োজনীয় হোৱা নিম্নতম দক্ষতাৰ স্তৰ আৰু ম’বাইল ফোনত এপ্ ব্যৱহাৰ কৰাৰ মাজত এক গুৰুত্বপূৰ্ণ ব্যৱধান মন কৰিবলগীয়া৷
দেখা গৈছে যে, তথ্য আৰু যোগাযোগৰ প্ৰযুক্তিক মৌলিক উদ্দেশ্য সাধনৰ (যেনে- মাইক্ৰ’ছফ্ট এক্সেলত স্প্ৰেডশ্বিট ব্যৱহাৰ কৰাৰ) বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত মহিলাৰ সম্ভাৱনীয়তা ২৫% কম ৷ ইউনেস্ক'ৰ অনুমান মতে, উচ্চমানৰ আইচিটি দক্ষতা শিকা আৰু আহৰণৰ ক্ষেত্ৰত (যেনে-কম্পিউটাৰ প্ৰগ্ৰাম কৰা) মহিলাৰ তুলনাত পুৰষৰ সম্ভাৱনীয়তা চাৰিগুণ বেছি ৷ জি-২০ দেশৰ ক্ষেত্ৰত ৭% পেটেণ্টহে মহিলাসকলৰ দ্বাৰা উৎপাদিত৷ গোলকীয় গড় হৈছে ২%৷ ছিলিকন ভেলীত থকা প্ৰযুক্তি কোম্পানীয়ে, যিসকল নিয়োগকৰণৰ লগত জড়িত-তেওঁলোকে ঠাৱৰ কৰিছে যে, কৃত্ৰিম বুদ্ধিমত্তা আৰু ডাটা বিজ্ঞানৰ দৰে কাৰিকৰী চাকৰিত যোগদান কৰা মহিলাৰ সংখ্যা ১ শতাংশকতকৈও কম ৷ এই পাৰ্থক্যটোক গুৰুত্ব প্ৰদান কৰিবলৈকে, ২০০৯ চনত (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, গণিত)ৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ২৫ লাখ মহাবিদ্যালয়-শিক্ষিত মহিলাক তুলনা কৰা হৈছিল ৬৭ লাখ পুৰুষৰ লগত ৷ দেখা গ’ল যে মুঠ কৰ্মদলৰ ৪৯% মহিলা আৰু ৫১% পুৰুষ-যাৰ দ্বাৰা এই বিভাজনটো চকুত লগাকৈ ওলাই পৰিছিল ৷ ডিজিটেল দক্ষতাৰ ক্ষেত্ৰত দৃশ্যমান হোৱা উক্ত লৈংগিক ব্যৱধান আঞ্চলিক সীমান্ত আৰু উপাৰ্জনৰ স্তৰত স্পষ্ট ৷ কিন্তু এই বিভাজন অধিক প্ৰকট আৰু দুৰ্ভাগ্যজনক হিচাপে পৰিগণিত হৈছে বয়সস্থ, অল্পশিক্ষিত, দৰিদ্ৰ, বা গ্ৰাম্য অঞ্চল তথা উন্নয়নশীল দেশত বাস কৰা মহিলাসকলৰ বাবে। এই বিভাজনে মহিলাসকলক পুৰুষৰ তুলনাত ৰ যিকোনো ক্ষেত্ৰতে স্নাতক হোৱাৰ সম্ভাৱনা অনেক কম কৰি তুলিছে। ডিজিটেল দক্ষতাৰ এই পাৰ্থক্যৰ লগত দৰিদ্ৰতা আৰু আৰু শিক্ষাভিত্তিক প্ৰৱেশৰ সমস্যাও কম-বেছি পৰিমাণে জড়িত৷
মূল কাৰণসমূহ লিংগভিত্তিক ডিজিটেল বিভাজনৰ মূল কাৰণসমূহ হৈছে-
দুৰ্গম আৰু অনিৰাপদ পথেৰে, নিজৰ সীমিত স্বাধীনতাৰ জোৰত নাৰী আৰু কিশোৰীসকলে ৰাজহুৱা ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আঁতৰলৈ যাব নোৱাৰে৷
মহিলাসকলৰ অৰ্থনৈতিক স্বাধীনতা নাথাকিব পাৰে৷ অনলাইন আৰু অফলাইন-এই দুয়োটা ক্ষেত্ৰতে নিৰাপত্তা আৰু নিৰ্যাতন ভোগাৰ আশংকাত নাৰীসকল দুশ্চিন্তাত পৰিব পাৰে৷ বহুকেইটা দিশতে মহিলা আৰু নাৰীসকল শাৰীৰিক নিৰ্যাতনৰ মুখামুখি হোৱাৰ সম্ভাৱনা থাকে, যদিহে তেওঁলোকে এটা ডিজিটেল যন্ত্ৰ ধাৰলৈ আনে অথবা তাৰ গৰাকী হয় ৷ ইয়াৰ পৰিণতিত তেওঁলোকে সেই যন্ত্ৰটো লুকাই-চুৰকৈ ব্যৱহাৰ কৰাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু তাৰ এক কুফল হিচাপে তেওঁলোক অনলাইন নিৰ্যাতনৰ বলি হোৱাৰ অধিক সম্ভাব্য প্ৰাৰ্থীহে হৈ পৰে৷ পৰ্যায়ক্ৰমে ডিজিটেল শিক্ষা আহৰণৰ ক্ষেত্ৰতো তেওঁলোকৰ সমুখত এখন বাধাৰ প্ৰাচীৰ থিয় হয়৷ কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাৰ বিশাল ক্ষেত্ৰখনক পুৰুষ-কেন্দ্ৰিক হিচাপে ষ্টেৰিঅ’টাইপৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ বহুকেইটা প্ৰসংগতে প্ৰৰোচিত কৰা হয়৷ ইয়াৰ ফলত শৈশৱ বা কৈশোৰাৱস্থাৰ পৰাই কিশোৰীসকলৰ ডিজিটেল শিক্ষাৰ প্ৰতি থকা আত্মবিশ্বাস আৰু আস্থা হ্ৰাস পায়৷ ৰ ত্ৰিশখন দেশৰ এটা জৰীপত দেখা গৈছে যে, পোন্ধৰ বছৰ বয়সত কেৱল ০.৫% ছোৱালীয়েহে আইচিটি-সম্পৰ্কীয় কেৰিয়াৰত আগবাঢ়িবলৈ বিচাৰে, যিটো ল’ৰাৰ ক্ষেত্ৰত ৫ শতাংশ ৷
তথ্যসূত্ৰ
লিংগভিত্তিক অধ্যয়ন
তথ্য |
99183 | https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%97%E0%A7%8B%E0%A6%B2%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%A8 | ক্লডিয়া গোল্ডিন | ক্লডিয়া ডেল গোল্ডিন জন্ম: ১৪ মে', ১৯৪৬) এগৰাকী আমেৰিকান অৰ্থনৈতিক ইতিহাসবিদ আৰু শ্ৰম অৰ্থনীতিবিদ। বৰ্তমান তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ হেনৰী লী অধ্যাপক পদত অধিষ্ঠিত। ২০২৩ চনৰ অক্টোবৰ মাহত তেওঁক "মহিলাৰ শ্ৰমদানৰ বজাৰ মূল্যৰ বিষয়ে থকা আমাৰ ধাৰণাক উন্নত কৰাৰ বাবে" আলফ্ৰেড নোবেলৰ স্মৃতিত প্ৰদান কৰা অৰ্থনৈতিক বিজ্ঞানৰ স্বেৰিজেছ ৰিস্কবেংক বঁটা বা অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হয়। ক্লডিয়া গোল্ডিন এই বঁটা লাভ কৰা তৃতীয়গৰাকী মহিলা আৰু এককভাৱে বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা।
১৯৮৯ চনৰ পৰা ২০১৭ চনলৈকে তেওঁ এন বি ই আৰৰ ডেভেলপমেণ্ট অৱ দ্য আমেৰিকান ইকনমি প্ৰগ্ৰেমৰ সঞ্চালিকা আছিল। তেওঁ বৰ্তমান নেচনেল ব্যুৰো অৱ ইকনমিক ৰিচাৰ্চ (এন বি ই আৰ)ৰ জেণ্ডাৰ ইন দা ইকনমি ষ্টাডি গ্ৰুপৰ সহ-পৰিচালক। গোল্ডিনৰ গৱেষণায়ে মহিলাৰ শ্ৰমিক শক্তি, উপাৰ্জনৰ ক্ষেত্ৰত লিংগ ব্যৱধান, আয়ৰ বৈষম্য, প্ৰযুক্তিগত পৰিৱৰ্তন, শিক্ষা আৰু অনুপ্ৰৱেশ আদি বিষয় সাঙুৰি লৈছে। তেওঁৰ গৱেষণাই অতীতৰ প্ৰেক্ষাপটত বৰ্তমানৰ ব্যাখ্যা কৰে আৰু বৰ্তমানৰ সমস্যাৰ উৎপত্তিৰ বিষয়ে অন্বেষণ কৰে। তেওঁৰ গ্ৰন্থ কেৰিয়াৰ এণ্ড ফেমিলি: উইমেনছ চেঞ্চুৰী-লং জাৰ্নি টুৱাৰ্ড ইকুইটি (প্ৰিন্সটন ইউনিভাৰ্চিটি প্ৰেছ) ২০২১ চনৰ ৫ অক্টোবৰ তাৰিখে প্ৰকাশ পাইছিল। মহিলাৰ কাম আৰু শ্ৰম বজাৰৰ ফলাফল অধ্যয়নত তেওঁৰ অৱদান অৰ্থনৈতিক উন্নয়নত মহিলাৰ ভূমিকা অধ্যয়নকে ধৰি অৰ্থনীতি আৰু অৰ্থনৈতিক ইতিহাসৰ ক্ষেত্ৰসমূহত ইয়াৰ প্ৰভাৱত পৰিলক্ষিত হৈছে।
২০১৩–১৪ শিক্ষাবৰ্ষত তেওঁ আমেৰিকান ইকনমিক এছ’চিয়েশ্যনৰ সভাপতি আছিল। ১৯৯০ চনত হাৰ্ভাৰ্ডৰ অৰ্থনীতি বিভাগত আজীৱন অধ্যাপিকা পদ লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪৬ চনৰ ১৪ মে' তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ ইহুদী পৰিয়ালত ক্লডিয়া ডেল গোল্ডিনে জন্মগ্ৰহণ কৰিছিল। তেওঁ দা ব্ৰংক্সৰ পাৰ্কচেষ্টাৰত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পিতৃ লিঅ'ন গোল্ডিনে (১৯১৮—২০১১) বাৰ্লিংটন ইণ্ডাষ্ট্ৰীজত ডাটা প্ৰচেছিং মেনেজাৰ হিচাপে কাম কৰিছিল, আৰু মাতৃ লুচিল ৰ'ছানস্কি গোল্ডিন (১৯১৯—২০২০) ব্ৰংক্সৰ পাব্লিক স্কুল ১০৫ৰ অধ্যক্ষ আছিল। সৰুতে ক্লাউডিয়াই পুৰাতত্ত্ববিদ হ’বলৈ বদ্ধপৰিপক্ব আছিল যদিও জুনিয়ৰ হাইস্কুলত পল ডি ক্ৰুইফৰ 'দ্য মাইক্ৰ’ব হাণ্টাৰছ' (১৯২৭) কিতাপখন পঢ়ি তেওঁ বেক্টেৰিয়া বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। হাইস্কুলৰ জুনিয়ৰ হিচাপে কৰ্নেল বিশ্ববিদ্যালয়ত অণুজীৱ বিজ্ঞান বা মাইক্ৰ’বায়’লজীৰ গ্ৰীষ্মকালীন পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ব্ৰংক্স হাইস্কুল অৱ চাইন্সৰ পৰা শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপিছত তেওঁ অণুজীৱ বিজ্ঞান অধ্যয়নৰ উদ্দেশ্যেৰে কৰ্নেল বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে।
বিশ্ববিদ্যালয়ৰ দ্বিতীয় বৰ্ষত গোল্ডিনে আলফ্ৰেড কানৰ এটা ক্লাছত উপস্থিত আছিল। ক্লডিয়া গোল্ডিনে অলফ্ৰেড কান আৰু অৰ্থনীতিৰ বিষয়ে কৈছে, "যিজনে লুকাই থকা সত্যসমূহ উন্মোচন কৰিবলৈ অৰ্থনীতি ব্যৱহাৰ কৰাত তেওঁৰ চূড়ান্ত আনন্দই অৰ্থনীতিৰ বাবে, পল ডি ক্ৰুইফৰ কাহিনীয়ে অণুজীৱবিজ্ঞানৰ বাবে যি কৰিছিল।" তেওঁ নিয়ন্ত্ৰণ আৰু ঔদ্যোগিক সংগঠনৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল, তেখেতে যোগাযোগ উপগ্ৰহৰ নিয়ন্ত্ৰণৰ ওপৰত তেওঁৰ মুখ্য গৱেষণাপত্ৰ লিখিছিল। কৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰা গোল্ডিনে ঔদ্যোগিক সংগঠন অধ্যয়ন কৰাৰ উদ্দেশ্যেৰে চিকাগো বিশ্ববিদ্যালয়ত অৰ্থনীতিৰ পি এইচ ডি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হয়। সেই ক্ষেত্ৰতে তেওঁ ডক্টৰেট ডিগ্ৰী আৰম্ভ কৰিছিল যদিও গেৰী বেকাৰে চিকাগোলৈ অহাৰ পিছত তেওঁ শ্ৰমিক অৰ্থনীতি যোগ কৰিছিল। তাৰ পিছত তেওঁ ৰবাৰ্ট ডব্লিউ ফগেলক উপদেষ্টা হিচাপে লৈ অৰ্থনৈতিক ইতিহাসৰ প্ৰতি আকৰ্ষিত হৈছিল। আমেৰিকাৰ যুদ্ধৰ পূৰ্বৰ চহৰ আৰু দক্ষিণৰ উদ্যোগত দাসত্ত্বৰ ওপৰত তেওঁ পি এইচ ডিৰ গৱেষণা পত্ৰ লিখিছিল। ১৯৭২ চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা ঔদ্যোগিক সংগঠন আৰু শ্ৰম অৰ্থনীতিত পি এইচ ডি ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত গোল্ডিন মেডিচনৰ উইচকনচিন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তাৰপিছত তেওঁ ১৯৭৩ চনত প্ৰিন্সটন বিশ্ববিদ্যালয়ত আৰু ১৯৭৯ চনত পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত যোগদান কৰে আৰু তাৰ পৰাই তেওঁ কাৰ্যকালীন পূৰ্ণ অধ্যাপক পদত অধিষ্ঠিত হয়। ১৯৯০ চনত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত যোগদান কৰে আৰু সেই বিভাগত কাৰ্যকালৰ প্ৰস্তাৱ লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
গোল্ডিন ২০১৩-১৪ বৰ্ষত আমেৰিকান ইকনমিক এছ’চিয়েশ্যনৰ সভাপতি আৰু ১৯৯৯-২০০০ বৰ্ষত ইকনমিক হিষ্ট্ৰী এছ’চিয়েশ্যনৰ সভাপতি আছিল। তেখেতে আমেৰিকান একাডেমী অৱ পলিটিকেল এণ্ড ছ'চিয়েল চাইন্স, ছ'চাইটি অৱ লেবাৰ ইকনমিষ্ট, ইকন'মেট্ৰিক ছ'চাইটি আৰু আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছকে ধৰি বহুতো সংস্থাৰ ফেলো নিৰ্বাচিত হৈছে। তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ৫৩ নং (সামাজিক আৰু ৰাজনীতি বিজ্ঞান) আৰু ৫৪ নং (অৰ্থনৈতিক বিজ্ঞান) শাখাৰ সদস্য। তেওঁ ৰচেষ্টাৰ বিশ্ববিদ্যালয়, নেব্ৰাস্কা বিশ্ববিদ্যালয় ব্যৱস্থা, লুণ্ড বিশ্ববিদ্যালয়, ইউৰোপীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠান, জুৰিক বিশ্ববিদ্যালয়, ডাৰ্টমাউথ কলেজ,আদিকে ধৰি কেইবাখনো প্ৰতিষ্ঠানৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। ইয়াৰ লগতে তেওঁ ১৯৮৪ চনৰ পৰা ১৯৮৮ চনলৈকে জাৰ্নেল অৱ ইকনমিক হিষ্ট্ৰীৰ সম্পাদিকা হিচাপে কৰ্মৰত আছিল। ২০১৭ চনত কাৰ্যকাল সমাপ্ত হোৱা ২৮ বছৰ ধৰি গোল্ডিন নেচনেল ব্যুৰো অৱ ইকনমিক ৰিচাৰ্চ (এন বি ই আৰ)ৰ ডেভেলপমেণ্ট অৱ দ্য আমেৰিকান ইকনমি (ডি এ ই) প্ৰগ্ৰেমৰ সঞ্চালক আছিল।
২০১৫ চনত আলফ্ৰেড পি স্ল’ন ফাউণ্ডেশ্যনৰ পুঁজিৰে গোল্ডিনে অৰ্থনীতিৰ স্নাতক মেজৰৰ ভিতৰত মহিলাৰ অংশ কিয় ইমান কম সেই কথা বুজিবলৈ অৰ্থনীতিত স্নাতক মহিলা (ইউডব্লিউই) প্ৰত্যাহ্বান আৰম্ভ কৰে। কম খৰচী হস্তক্ষেপে মহিলা অৰ্থনীতিৰ মেজৰৰ সংখ্যা বৃদ্ধি কৰিব পাৰে নেকি চাবলৈ বিশটা প্ৰতিষ্ঠানক আৰ্হি হিচাপে আৰু আনক নিয়ন্ত্ৰণ হিচাপে ব্যৱহাৰ কৰি যাদৃচ্ছিক নিয়ন্ত্ৰিত পৰীক্ষা চলাইছিল।
গৱেষণা
নাৰী আৰু অৰ্থনীতিৰ ওপৰত কৰা ঐতিহাসিক গৱেষণাৰ বাবে ক্লডিয়া গোল্ডিন বেছিকৈ পৰিচিত। সেই ক্ষেত্ৰত তেওঁৰ আটাইতকৈ প্ৰভাৱশালী গৱেষণা পত্ৰসমূহত মহিলাৰ কেৰিয়াৰ আৰু পৰিয়ালৰ সন্ধানৰ ইতিহাস, উচ্চ শিক্ষাত সহশিক্ষা, মহিলাৰ কেৰিয়াৰ আৰু বিবাহৰ সিদ্ধান্তত গৰ্ভনিৰোধক বড়িৰ প্ৰভাৱ, বিবাহৰ পিছত নাৰীৰ উপাধি সামাজিক সূচক হিচাপে ব্যৱহাৰ, এতিয়া মহিলাসকল স্নাতক ডিগ্ৰীধাৰীৰ সংখ্যাগৰিষ্ঠ হোৱাৰ কাৰণসমূহ, আৰু মহিলাৰ নিয়োগৰ নতুন জীৱনচক্ৰ আদি বিষয়বস্তু সন্নিবিষ্ট হৈছে।
গোল্ডিনে আমেৰিকাৰ দক্ষিণ অৰ্থনীতিৰ ইতিহাসৰ ওপৰত গৱেষণা কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথমখন কিতাপ আৰ্বান স্লেভাৰী ইন দ্য আমেৰিকান চাউথ চিকাগো বিশ্ববিদ্যালয়ত পি এইচ ডি গৱেষণাৰ ফচল আছিল। ফ্ৰেংক লুইছৰ সৈতে মিলি তেওঁ বহুলভাৱে উদ্ধৃত গৱেষণা পত্ৰ "আমেৰিকান গৃহযুদ্ধৰ অৰ্থনৈতিক খৰচ" (১৯৭৮) লিখিছিল। পিছলৈ তেওঁ কেনেথ ছ’ক’লফৰ সৈতে আমেৰিকাত আৰম্ভণিৰ ঔদ্যোগীকৰণ আৰু মহিলা শ্ৰমিক, শিশু শ্ৰমিক, অনুপ্ৰৱেশকাৰী আৰু শ্ৰমিক শ্ৰেণীৰ পৰিয়ালৰ ভূমিকা সম্পৰ্কে গৱেষণা কৰে। সেই সময়তে তেওঁ উপলব্ধি কৰিলে যে অৰ্থনৈতিক ইতিহাসত মহিলা শ্ৰমিকসকলক বহুলাংশে উপেক্ষা কৰা হৈছে আৰু তেওঁ মহিলা শ্ৰমিক শক্তিৰ বিকাশ কেনেকৈ হৈছিল আৰু অৰ্থনৈতিক বৃদ্ধিত ইয়াৰ ভূমিকা সম্পৰ্কে অধ্যয়ন কৰিবলৈ আগবাঢ়ে। সেই প্ৰচেষ্টাৰ পৰা তেওঁৰ প্ৰধান গৱেষণা পত্ৰসমূহ হ'ল "মনিটৰিং কষ্টছ এণ্ড অকুপেচনেল ছেগ্ৰেগেচন বাই চেক্স" (১৯৮৭), "লাইফ চাইকেল লেবাৰ ফৰ্চ পাৰ্টিচিপেচন অৱ মেৰিড উইমেন" (১৯৮৯), আৰু "দ্য ৰ'ল অৱ ৱৰ্ল্ড ৱাৰ টু ইন দ্য ৰাইজ অৱ উইমেনছ এম্প্লয়মেণ্ট।" (১৯৯১)। তেওঁৰ গ্ৰন্থ আণ্ডাৰষ্টেণ্ডিং দ্য জেণ্ডাৰ গেপ: এণ ইকনমিক হিষ্ট্ৰী অৱ আমেৰিকান উইমেন (১৯৯০)ত অষ্টাদশ শতিকাৰ পৰা বিংশ শতিকাৰ শেষলৈকে আমেৰিকাত মহিলাৰ নিয়োগৰ উত্থানৰ কাহিনী, অৰ্থনৈতিক বৃদ্ধিত ইয়াৰ ভূমিকা আৰু লিংগ ব্যৱধান কিয় আছে, উপাৰ্জন আৰু নিয়োগৰ ক্ষেত্ৰত ইয়াৰ অস্তিত্ব কিয় অব্যাহত আছে ইত্যাদি বিষয় সাঙুৰি লোৱা হৈছে।
মহিলা শ্ৰমিক শক্তিৰ অৰ্থনৈতিক ইতিহাসৰ ওপৰত তেওঁৰ গ্ৰন্থখন লিখাৰ পিছত গোল্ডিনে আমেৰিকাৰ শিক্ষাৰ ইতিহাসৰ ওপৰত গৱেষণা কৰিবলৈ আগবাঢ়িল। হাইস্কুল আন্দোলন আৰু আমেৰিকাত উচ্চ শিক্ষাৰ গঢ় দিয়াৰ ওপৰত লিখা ধাৰাবাহিক প্ৰবন্ধৰ পৰা আৰম্ভ কৰিছিল। তেওঁৰ ইকনমিক হিষ্ট্ৰী এছ'চিয়েচনৰ সভাপতিৰ ভাষণ "দ্য হিউমেন কেপিটেল চেঞ্চুৰী এণ্ড আমেৰিকান লিডাৰশ্বিপ: ভিৰ্চুজ অৱ দ্য পাষ্ট" (২০০১) এক উল্লেখযোগ্য উৎকৃষ্ট সমল।
ইয়াৰ পিছত তেওঁ লৰেন্স কাটজৰ সৈতে গৱেষণা কৰি আমেৰিকাৰ অৰ্থনৈতিক বৈষম্যৰ ইতিহাস আৰু ইয়াৰ শৈক্ষিক অগ্ৰগতিৰ সৈতে সম্পৰ্ক অধ্যয়ন কৰিছিল। তেওঁলোকৰ গৱেষণাই এই বিষয়ত বহুতো গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। পিছলৈ তেওঁলোকৰ গৱেষণাৰ আলমত 'দ্য ৰেচ বিটৱুইন এডুকেচন এণ্ড টেকন'লজি' (২০০৮) শিৰোনামৰ গ্ৰন্থখন প্ৰকাশ কৰা হৈছিল। ২০১৬ চনৰ গৱেষণা পত্ৰ "শ্ৰম বজাৰত মাধ্যমিকৰ পিছৰ প্ৰমাণপত্ৰৰ মূল্য: পৰীক্ষামূলক অধ্যয়ন"ৰ জৰিয়তে শ্ৰম বজাৰত কলেজীয়া শিক্ষাৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰতো তেওঁলোকৰ যুটীয়ে একেলগে গৱেষণা কৰিছিল।
গোল্ডিনে বৰ্তমানৰ সময়ৰ বিভিন্ন উল্লেখযোগ্য বিষয়ত গৱেষণা কৰি থাকিল আৰু বহুতো তেওঁ যৌথভাৱে সম্পাদনা কৰা খণ্ডসমূহৰ অংশ হৈ পৰিল। ইয়াৰ ভিতৰত দুৰ্নীতি হ্ৰাস কৰাত সংবাদ মাধ্যমৰ ভূমিকা, শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ বিশুদ্ধ পানী আৰু ফলপ্ৰসূ নলা-নৰ্দমা ব্যৱস্থাৰ সুবিধা ("শিশুৰ মৃত্যুৰ হাৰত জলভাগ: ফলপ্ৰসূ পানী আৰু নলা আন্তঃগাঁথনিৰ ভূমিকা, ১৮৮০ৰ পৰা ১৯২০লৈ")ত অনুপ্ৰৱেশ নিষেধাজ্ঞাৰ উৎপত্তি বা আমেৰিকাৰ নিবনুৱা বীমাৰ সৃষ্টি আদিয়ে প্ৰধান।
একেসময়তে তেওঁ লিংগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ গৱেষণা পত্ৰও প্ৰকাশ কৰিছিল। "অৰ্কেষ্ট্ৰেটিং ইম্পাৰ্চিয়েলিটি: দ্য ইফেক্ট অৱ 'ব্লাইণ্ড' অডিচনছ অন ফিমেল মিউজিচিয়ানছ" (ৰাউজৰ সৈতে, ২০০০) তেওঁৰ আটাইতকৈ বেছি উদ্ধৃত গৱেষণা পত্ৰসমূহৰ ভিতৰত অন্যতম। "দ্য পাৱাৰ অৱ দ্য পিল: অৰেল কনট্ৰেচেপটিভছ এণ্ড উইমেনছ কেৰিয়াৰ এণ্ড মেৰেজ ডিচিচনছ" (কাটজৰ সৈতে, ২০০২) আৰু "দ্য ইউ-শ্বেপড ফিমেল লেবাৰ ফৰ্চ ফাংচন ইন ইকনমিক ডেভেলপমেণ্ট এণ্ড ইকনমিক হিষ্ট্ৰী," (১৯৯৫) তেওঁৰ কিছুমান অগ্ৰণী গৱেষণা পত্ৰ। তাৰ পিছত তেওঁ কলেজীয়া মহিলাসকলৰ কেৰিয়াৰ আৰু পৰিয়ালৰ সন্ধান আৰু উপাৰ্জনৰ ক্ষেত্ৰত লিংগ ব্যৱধানৰ কাৰণসমূহৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰে। তেওঁৰ আমেৰিকান ইকনমিক এছ'চিয়েচনৰ সভাপতি ভাষণ "এ গ্ৰেণ্ড জেণ্ডাৰ কনভাৰ্জেন্স: ইটছ লাষ্ট চাপ্টাৰ'ত শ্ৰম বজাৰত পুৰুষ আৰু মহিলাৰ মাজত সমতা থাকিবলৈ শেষৰ অধ্যায়টোত কি থাকিব লাগিব সেই বিষয়ে উল্লেখ কৰা হৈছে। তেওঁৰ গ্ৰন্থ 'কেৰিয়াৰ এণ্ড ফেমিলি: উইমেনছ চেঞ্চুৰী-লং জাৰ্নি টুৱাৰ্ড ইকুইটি'ত মহিলাৰ কেৰিয়াৰ আৰু দাম্পত্যৰ সমতাৰ সম্পূৰ্ণ ইতিহাস আৰু ইয়াৰ ওপৰত মহামাৰীৰ প্ৰভাৱৰ বৰ্ণনা কৰিছে।
ব্যক্তিগত জীৱন
ক্লডিয়া গোল্ডিনে তেওঁৰ সহযোগী হাৰ্ভাৰ্ড অৰ্থনীতিবিদ লৰেন্স কাটজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। ১৯৭০ চনৰ পৰাই কেলছ’ৰ পৰা আৰম্ভ কৰি তেওঁ গোল্ডেন ৰিট্ৰিভাৰ জাতৰ কুকুৰ পুহি আহিছে। তেওঁলোকৰ বৰ্তমানৰ কুকুৰ পিকাই প্ৰতিযোগিতামূলক গোন্ধ প্ৰতিযোগিতাত লাভ কৰা বঁটাৰ বাবে বহুলভাৱে স্বীকৃতি লাভ কৰিছে। আজ্ঞাবহতা প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ লাভ কৰা পিকাই স্থানীয় নাৰ্চিং হোমত থেৰাপি কুকুৰ হিচাপে সেৱা আগবঢ়াই আহিছে।
বঁটা আৰু সন্মান
১৯৯০, ২০০৮, ২০২১: ঔদ্যোগিক সম্পৰ্ক আৰু শ্ৰমিক অৰ্থনীতিৰ অসাধাৰণ কিতাপৰ বাবে ৰিচাৰ্ড এ লেষ্টাৰ বঁটাৰ তিনিবাৰ বিজয়ী
১৯৯১: সমাজ বিজ্ঞান ইতিহাস সংস্থাৰ পৰা এলান শ্বাৰলিন স্মৃতিগ্ৰন্থ বঁটা
২০০৫: আমেৰিকান ইকনমিক এছ'চিয়েচনৰ পৰা কেৰলিন শ্ব' বেল বঁটা
২০০৮: আৰ.আৰ.হকিন্স বঁটা, দ্য প্ৰফেচনেল এণ্ড স্কোলাৰলি পাব্লিছিং ডিভিজন অৱ দ্য এছ'চিয়েচন অৱ আমেৰিকান পাব্লিচাৰ্ছ
২০০৯: ছ'চাইটি অৱ লেবাৰ ইকনমিষ্টৰ পৰা জেকব মিন্সাৰ বঁটা
২০০৯: অৰ্থনীতিৰ সন্মান সমাজ অমাইক্ৰন ডেল্টা এপ্সিলনৰ পৰাজন আৰ কমন্স বঁটা
২০১৬: শ্ৰমিক অৰ্থনীতিৰ আই জেড এ বঁটা "শিক্ষা আৰু শ্ৰম বজাৰত মহিলাৰ অৰ্থনৈতিক ইতিহাসৰ ওপৰত তেওঁৰ কেৰিয়াৰজোৰা কামৰ বাবে"
২০১৯: লিংগ ব্যৱধান বিশ্লেষণত তেওঁৰ অৱদানৰ বাবে অৰ্থনীতি, বিত্ত, আৰু ব্যৱস্থাপনা শাখাত বিবিভিএ ফাউণ্ডেশ্যন ফ্ৰণ্টিয়াৰ্ছ ইন নোলেজ বঁটা
২০২০: অৰ্থনৈতিক বিজ্ঞানত ক্লাৰিভেট চাইটেচন বঁটা বিজয়ী
২০২০: অৰ্থনীতিৰ আৰউইন প্লেইন নেমাৰ্ছ বঁটা
২০২১: ছ'চাইটি ফৰ প্ৰগ্ৰেছ মেডেল
২০২২: অৰ্থনৈতিক শিক্ষা পৰিষদৰ পৰা দূৰদৰ্শী বঁটা
২০২৩: "মহিলাৰ শ্ৰমদানৰ বজাৰ মূল্যৰ বিষয়ে থকা আমাৰ ধাৰণাক উন্নত কৰাৰ বাবে" আলফ্ৰেড নোবেলৰ স্মৃতিত প্ৰদান কৰা অৰ্থনৈতিক বিজ্ঞানৰ স্বেৰিজেছ ৰিস্কবেংক বঁটা বা অৰ্থনীতিৰ নোবেল বঁটা
নিৰ্বাচিত প্ৰকাশন
1990, 1992, 1994, 1998, 2006, 2008, 1880 1920", 127(2, 2018), 586–638
2018. 2021. 104 2014), 1091–119.
তথ্য উৎস
বাহ্যিক সংযোগ
সাক্ষাৎকাৰ: গোল্ডিনৰ সৈতে দ্য ৰিজিঅ'ন অৱ দ্য মিনিয়াপলিছ ফেড
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি
জীৱিত ব্যক্তি
অৰ্থনীতিবিদ
অৰ্থনীতিৰ ন'বেল বঁটা বিজয়ী
|
26121 | https://as.wikipedia.org/wiki/%E0%A6%9B%E0%A6%BE%E0%A6%87%E0%A6%A8%E0%A6%BE%20%E0%A6%A8%E0%A7%87%E0%A6%B9%E0%A7%B1%E0%A6%BE%E0%A6%B2 | ছাইনা নেহৱাল | ছাইনা নেহৱাল জন্ম: ১৭ মাৰ্চ, ১৯৯০) ৰাজীৱ গান্ধী খেলৰত্ন বঁটা বিজয়ী এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। এৱেঁই হৈছে অলিম্পিকৰ বেডমিণ্টন প্ৰতিযোগিতাত পদক দখল কৰা ভাৰতৰ প্ৰথম মহিলা তথা ৱৰ্ল্ড জুনিয়'ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত খিতাপ দখল কৰা প্ৰথম গৰাকী মহিলা। ২০০৯ চনৰ ২১ জুন তাৰিখে, ছাইনা নেহৱালে জাকাৰ্টাত শীৰ্ষ বাছনিৰ খেলুৱৈ চীন দেশৰ ৱাঙ লিনক পৰাস্ত কৰি "ইন্দোনেছিয়ান অপেন" খিতাপ দখল কৰিছিল। এই লক্ষ্যত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে ছাইনাই নিজৰ নাম ইতিহাসত খোদিত কৰিছিল।
২০১০ চনৰ ২০ জুনত "ছিংগাপুৰ অপেন"ত বিজয়ী হৈ ছাইনাই খেলুৱৈ জীৱনৰ দ্বিতীয়টো ছুপাৰ ছিৰিজ খিতাপ দখল কৰিছিল। একেটা বৰ্ষতে, ২৭ জুন, ২০১০ত "ইন্দোনেছিয়ান অপেন"ৰ খিতাপ দখল কৰি হেট্ৰিক অৰ্জন কৰে। ইয়াৰ ফলত ছাইনা তৃতীয় বাছনি আৰু পিছত দ্বিতীয় বাছনিলৈ উন্নীত হৈছিল। সেই বছৰৰ শেষভাগত ১২ ডিচেম্বৰ, ২০১২ত "হংকং ছুপাৰ ছিৰিজ"ৰ খিতাপো দখল কৰিছিল। সমগ্ৰ ২০১১ বৰ্ষটোত দুৰ্বল প্ৰদৰ্শনৰ পাছত, বছৰটোৰ শেষভাগত ছুপাৰ ছিৰিজৰ ফাইনেলত প্ৰৱেশ কৰি ভাৰতীয় বেডমিণ্টন ইতিহাসৰ প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়। ছেমি ফাইনেলত ছাইনাই দুবাৰ অল ইংলেণ্ড চেম্পিয়ন আৰু পঞ্চম বাছনিৰ টিনে বাউনক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ২০১৫ চনৰ ৭ মাৰ্চ তাৰিখে ছাইনাই অল ইংলেণ্ড অ'পেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত কেৰ'লিনা মাৰিনৰ হাতত তিনিটা ছেটত পৰাস্ত হয়।.
ছাইনা নেহৱালে পূৰ্বতে দ্ৰোণাচাৰ্য্য বঁটা বিজয়ী এছ এম আৰিফৰ পৰা আৰু তাৰ পাছত ২০১৪ চনৰ চেপ্তেম্বৰলৈকে পূৰ্বৰ অল ইংলেণ্ড চেম্পিয়ন আৰু ৰাষ্ট্ৰীয় প্ৰশিক্ষক পুল্লেলা গোপিচান্দৰপৰা প্ৰশিক্ষণ লৈছিল। ছাইনা বৰ্তমান ভাৰতৰ জাতীয় চেম্পিয়ন আৰু তেওঁ বৰ্তমান প্ৰাক্তন ভাৰতীয় বেডমিণ্টন চেম্পিয়ন আৰু জাতীয় প্ৰশিক্ষক ইউ বিমল কুমাৰৰ ওচৰত প্ৰশিক্ষণ লৈ আছে। ইণ্ডিয়ান বেডমিণ্টন লীগত ছাইনাই হায়দৰাবাদ ছ দলৰ হৈ খেলে।
জন্ম আৰু পৰিয়াল ছাইনা নেহৱালৰ পৰিয়াল জাত সম্প্ৰদায়ৰ। ১৯৯০ চনৰ ১৭ মাৰ্চ তাৰিখে, ভাৰতবৰ্ষৰ হাৰিয়ানাৰ হিছাৰ জিলাৰ অন্তৰ্গত ধিন্দাৰত ছাইনাৰ জন্ম হৈছিল। ছাইনাৰ বেডমিণ্টনৰ পৃথিৱীৰ প্ৰভাৱ পিতৃ ড॰ হৰবীৰ সিঙ আৰু মাতৃ ঊষা নেহৱালৰপৰা পৰিছিল। ছাইনাৰ পিতৃ-মাতৃ দুয়ো পূৰ্বৰ হাৰিয়ানাৰ বেডমিণ্টনৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল।
শৈশৱ ছাইনাই শৈশৱতে কাৰাটেও শিকিছিল। কিন্তু "ব্ৰাউন বেল্ট" প্ৰাপ্ত ছাইনা নেহৱালে ৮বছৰ বয়সত কাৰাটে শিক্ষা ত্যাগ কৰে। "চৌধাৰী চৰণ সিঙ হাৰয়ানা কৃষি বিশ্ববিদ্যালয়"ৰ বেডমিণ্টন ক'ৰ্টত ছাইনাই বেডমিণ্টন অনুশীলন কৰিছিল।
কেৰিয়াৰৰ অভিলেখ
২০১১ বৰ্ষ চতুৰ্থ বাছনিৰ ছাইনা নেহৱালে ২০১১ "কোৰিয়া অপেন ছুপাৰ ছিৰিজ"ৰ দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় লৈছিল।
১১ মাৰ্চত, ২০১১ "অল ইংলেণ্ড ছুপাৰ ছিৰিজ প্ৰিমিয়াৰ"ত জাপানৰ এৰিক' হিৰুছে হাতত পৰাস্ত হৈছিল।
দিল্লীত অনুষ্ঠিত হোৱা "ইণ্ডিয়ান অপেন ছুপাৰ ছিৰিজ"ৰ পৰা আগতীয়াকৈ বিদায় লৈছিল।
২০ মাৰ্চত দক্ষিণ কোৰিয়াৰ হুৱেন ছুঙক পৰাস্ত কৰি "ছুইছ অপেন গ্ৰাণ্ড প্ৰিস্ক গ'ল্ড বেডমিণ্টন"ৰ খিতাপ দখল কৰিছিল।
৪ মে'ত তৃতীয় বাছনিৰ খেলুৱৈ চীনৰ ৱাঙ জিনৰ হাতত পৰাস্ত হৈ ২০১১ "মালেয়েছিয়ান অপেন গ্ৰাণ্ড প্ৰিস্ক গ'ল্ড" প্ৰতিযোগিতাত ৰাণাৰ্ছ-আপত ক্ষান্ত আছিল।
"থাইলেণ্ড অপেন গি পি গ'ল্ড টুৰ্ণামাণ্ট"ত চীনৰ লী ছুৱেৰুইৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল।
"ছিংগাপুৰ অপেন ছুপাৰ ছিৰিজ"ত দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় লৈছিল।
২৬ জুনত "ইন্দোনেছিয়ান অপেন ছুপাৰ ছিৰিজি প্ৰিমিয়াৰ"ৰ ফাইনেলত চীনৰ ৱাঙ য়িহানৰ হাতত পৰাস্ত হৈ ৰাণাৰ্ছ-আপত ক্ষান্ত আছিল। এনেদৰেই ক্ৰমাগত তৃতীয়টো খিতাপ "ইন্দোনেছিয়ান অপেন ছুপাৰ ছিৰিজি প্ৰিমিয়াৰ" দখলৰ পৰা বঞ্চিত হৈছিল।
তৃতীয় বাছনিৰ চীনা খেলুৱৈ ৱাঙ জিনৰ হাতত পৰাজিত হৈ "ৱৰ্ল্ড চেম্পিয়নশ্বিপ"ৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লৈছিল। ক্ৰমাগত তৃতীয়বাৰৰ কাৰণে এই প্ৰতিযোগিতাৰ শীৰ্ষ আঠগৰাকী খেলুৱৈৰ ভিতৰত উপনীত হৈছিল।
২০১১ "চাইনা মাষ্টাৰছ ছুপাৰ ছিৰিজ"ত শীৰ্ষ বাছনিৰ ৱাঙ জিয়ানৰ হাতত পৰাজিত হৈ কোৱাৰ্টাৰ ফাইনেলৰপৰা বিদায় লৈছিল।
২০১১ "জাপান ছুপাৰ ছিৰিজ"ত ছেমিৰ পৰা বিদায় লৈছিল।
২০১১ "ডেনমাৰ্ক ছুপাৰ ছিৰিজ প্ৰিমিয়াৰ"ত দ্বিতীয় ৰাউণ্ডত টাইৱানৰ টাই জু য়িঙৰ হাতত পৰাজিত হৈছিল।
২০১১ "ফ্ৰান্স ছুপাৰ ছিৰিজ"ৰপৰা আশ্চৰ্য্যজনকভাৱে দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় লৈছিল।
২০১১ "হঙকঙ ছুপাৰ ছিৰিজ"ত ডেনমাৰ্কৰ টিনে বাউনৰ হাতত ছেমি ফাইনেলত পৰাস্ত হৈছিল।
২০১১ "চাইনা অপেন ছুপাৰ ছিৰিজ"ত প্ৰথম ৰাউণ্ডৰপৰা বিদায় লৈ সকলো ক্ৰীড়াপ্ৰেমীকে নিৰাশ কৰিছিল।
২০১১ বৰ্ষৰ সামৰণিত ডিচেম্বৰ মাহত, "বি ডব্লিউ এফ ছুপাৰ ছিৰিজ মাষ্টাৰছ"ৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ছাইনাই ভাৰতীয় বাডোমিণ্টন ইতিহাসৰ প্ৰথম গৰাকী খেলুৱৈ যি এই লক্ষ্যত উপনীত হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ বিশ্বৰ শীৰ্ষ বাছনিৰ চীনা খেলুৱৈ ৱাঙ য়িহানৰ হাতত ছাইনা পৰাস্ত হৈছিল।
২০১২ বৰ্ষ
১৮ মাৰ্চ, ২০১২ত ছাইনাই বিশ্বৰ দ্বিতীয় ৰেংক অধিকাৰী চীনৰ "ৱাঙ ছিছিয়ান"ক পৰাস্ত কৰি ছুইছ অপেনৰ খিতাপ দখল কৰে।
১০ জুন, ২০১২ত ছাইনাই থাইলেণ্ডৰ ৰাটচানক ইন্থাননক পৰাস্ত কৰি থাইলেণ্ড অপেন গ্ৰাণ্ড প্ৰিস্ক গ'ল্ড খিতাপ দখল কৰে।
১৭ জুন, ২০১২ত ছাইনা নেহৱালে বিশ্বৰ তৃতীয় ৰেংক অধিকাৰী চীনৰ" লী ছুৱেৰুই"ক ১৩-২১, ২২-২০, ২১-১৯ ত পৰাস্ত কৰি ইন্দোনেছিয়ান অপেন ছুপাৰ ছিৰিজ খিতাপ দখল কৰে। এইটো ছাইনাৰ "ইন্দোনেছিয়ান অপেন"ৰ তৃতীয়টো খিতাপ।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
/136852
ভাৰতৰ ব্যক্তি
ভাৰতৰ বেডমিণ্টন খেলুৱৈ
অলিম্পিকত পদক বিজয়ী ভাৰতীয়
মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী
পদ্মশ্ৰী বঁটা বিজয়ী
পদ্মভূষণ বঁটা |
74555 | https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A6%AB%27%E0%A6%AC%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE | বাইফ'বিয়া | বাইফ'বিয়া হৈছে ব্যক্তি হিচাপে উভকামিতা আৰু উভকামী লোকৰ প্ৰতি বিতৃষ্ণা। ইয়াৰ দ্বাৰা উভকামিতা যে এক প্ৰকৃত যৌন অভিমুখীতা সেই সম্পৰ্কে অস্বীকাৰ কৰা হয় বা উভকামী লোকসকলৰ বিষয়ে ই এক নেতিবাচক ধাৰণা। বাইফোবিয়াৰ অন্যান্য প্ৰকাৰবোৰৰ ভিতৰত আছে উভকামিতাৰ বিলোপন প্ৰৱণতা।
শব্দৰ উৎপত্তি
বাইফ'বিয়া হৈছে হম'ফ'বিয়া শব্দটোৰ আৰ্হিত এটা মিশ্ৰ শব্দ। ই ইংৰাজী নৱ-ধ্ৰুপদী উপসৰ্গ বাই-("দুই") অৰ্থাৎ উভকামী আৰু ফ'বিয়াৰ (গ্ৰীক শব্দ: "ভয়")ৰ পৰা উদ্ভৱ হৈছে। ট্ৰান্সফ'বিয়া আৰু হোমোফোবিয়াৰ লগতে, ই এলজিবিটি লোকসকলৰ বিৰুদ্ধে অসহিষ্ণুতা আৰু বৈষম্য বৰ্ণনা কৰিবলৈ ব্যৱহৃত শব্দ পৰিয়ালৰ এটা। শব্দটোৰ বৰ্ণনাত্মক প্ৰকাৰ বাইফ'বিকে বাইফ'বিয়া সম্পৰ্কীয় বস্তু বা গুণাগুণ বৰ্ণনা কৰে, আৰু কমকৈ ব্যৱহাৰ হোৱা বিশেষ্য বাইফ'ব হৈছে বাইফ'বিয়া থকা লোকসকলক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ।
১৯৯২ চনত গৱেষক কেথলিন বেনেটৰ দ্বাৰা "উভকামিতাৰ বিৰুদ্ধে কুসংস্কাৰ", আৰু "জীৱনৰ-পছন্দ হিচাপে উভকামিতাৰ অৱমাননা" বুজাবলৈ বাইফ'বিয়া শব্দটো প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল। পৰৱৰ্তী সময়ত ইয়াক "পুৰুষ বা মহিলাসকলক এই সামাজিক-যৌন পৰিচয়ৰ সৈতে জড়িত থকাৰ ভিত্তিত যিকোনো ধৰণৰ অৱমাননা বা সমালোচনা কৰা, বা তেওঁলোকক দাবী কৰাৰ অধিকাৰ প্ৰত্যাখ্যান কৰা" বুলি সংজ্ঞাবদ্ধ কৰা হৈছে।
নিদানিক মনোবিজ্ঞানে নিৰ্ধাৰণ কৰা অনুসৰি বাইফ'বিয়া এক প্ৰকাৰৰ ভীতি স্বৰূপ হোৱাৰ কোনো মানে নাই (অৰ্থাৎ ই এক উদ্বেগজনক বিকাৰ)। ইয়াৰ অৰ্থ আৰু ব্যৱহাৰ সাধাৰণতে বিদ্বেষৰ সমান্তৰাল।
প্ৰভাৱ
উভকামী লোক সকলৰ ওপৰত বাইফ'বিয়াৰ মানসিক আৰু যৌন স্বাস্থ্যৰ প্ৰভাৱ বেছি। এক গৱেষণাৰ ফলাফল অনুসৰি উভকামীসকল প্ৰায়ে বিষমকামীতা আৰু সমকামিতাৰ দোমোজাত আৱদ্ধ হৈ থাকে, যাৰ ফলত তেওঁলোকৰ যৌন পৰিচয়ক লৈ চাৰিওফালে এক প্ৰকাৰৰ অবৈধতা সৃষ্টি হয়। ইয়াৰ ফলত প্ৰায়ে মানসিক স্বাস্থ্যৰ সমস্যা যেনেঃ নিম্ন আত্ম-সন্মান তথা নিজকে হেয় যেন বোধ হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়। যৌন পৰিচয় এটা "আত্ম নিৰ্বাচনৰ" বিষয়, এই ক্ষেত্ৰত মানসিক চাপবোৰে বহু সময়ত হতাশাৰ সৃষ্টি কৰিব পাৰে কিয়নো উভকামী সকলে অনুভৱ কৰিব পাৰে যে তেওঁলোকে এনে এক সংস্কৃতিত বাস কৰে যি তেওঁলোকৰ অস্তিত্বৰ প্ৰকৃত পৰিচয় বহন কৰিব নোৱাৰে। এইচ.আই.ভি. সংক্ৰমণৰ উচ্চ বিপদাশংকা থকা মহিলাসকলৰ ওপৰত কৰা এক গৱেষণা জাৰ্নেল অফ বাইচেক্সুয়ালিটিৰ এটা অধ্যয়নত এই সিদ্ধান্তত উপনীত হোৱা গৈছিল যে আৰ্হি হিচাপে লোৱা উচ্চ-বিপদাশংকা থকা দলটোৰ উভকামী মহিলাসকল বিভিন্ন উচ্চ বিপদাশংকাৰ আচৰণত লিপ্ত হোৱাৰ সম্ভাৱনা অধিক আৰু এইচ.আই.ভি. আৰু অন্যান্য যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হোৱাৰ আশংকাও অধিক। এই আচৰণবোৰৰ বাবে বিচাৰ বা বৈষম্যৰ চিকাৰ হোৱাৰ ভয়ত উভকামীসকলৰ বিপৰীততা সম্বন্ধে তেওঁলোকে যৌন আৰু স্বাস্থ্য পেছাদাৰীসকলৰ সৈতে তেওঁলোকৰ সঠিক সুৰক্ষাৰ বিষয়ে আলোচনা কৰাৰ পৰা বিৰত থাকে বুলি জনা গৈছে। কিতাপখনত বাই: নোটছ ফৰ এ বাইচেক্সুয়াল ৰিভলিউশ্বন, আইছনাৰে (2013) বিষমকামী, গে আৰু লেচবিয়ান সকলৰ তুলনাত উভকামী ব্যক্তিসকলৰ মাজত আত্মহত্যাৰ পৰিসংখ্যা আলোচনা কৰি এই সিদ্ধান্তত উপনীত হয় যে: বিষমকামী আৰু লেচবিয়ান সকলৰ তুলনাত উভকামী মহিলাৰ আত্মহত্যাৰ হাৰ অধিক; অধ্যয়নটোত এইটোও পোৱা গৈছিল যে বিষমকামী আৰু সমকামী পুৰুষৰ তুলনাত উভকামী পুৰুষৰো আত্মহত্যাৰ হাৰ বৃদ্ধি পাইছিল।
দৃঢ়বদ্ধতা
আৰম্ভণিৰে পৰা উভকামী বুলি চিনাক্ত কৰা লোকসকলৰ বিষয়ে বহুতো দৃঢ়বদ্ধ ভুল ধাৰণা প্ৰচলিত হৈ আহিছে। তেওঁলোকৰ যৌন অভিমুখীতা বৈধ বুলি স্বীকৃত নহয়। ফলত তেওঁলোকক বিভ্ৰান্ত, সিদ্ধান্তহীন, অসুৰক্ষিত, পৰীক্ষা-নিৰীক্ষা চলাই থকা, বা "কেৱল এটা পৰ্যায়ৰ মাজেৰে যোৱা" বুলি ধাৰণা কৰা হয়। অনৈতিকতাৰ সৈতে উভকামিতাৰ সম্পৰ্ক বিভিন্ন ধৰণৰ নেতিবাচক ধাৰণাৰ পৰা উদ্ভৱ হয় যিয়ে উভকামীসকলক মানসিক বা সামাজিকভাৱে অস্থিৰ লোক হিচাপে চিহ্নিত কৰে যাৰ বাবে কেৱল পুৰুষৰ সৈতে, কেৱল মহিলাৰ সৈতে, বা এবাৰত কেৱল এজন ব্যক্তিৰ সৈতে যৌন সম্পৰ্ক তেওঁলোকৰ বাবে পৰ্যাপ্ত নহয় বুলি কোৱা হয়। ফলস্বৰূপে, উভকামীসকলে তেওঁলোকৰ সঙ্গীক প্ৰতাৰণা কৰা বা বিশ্বাসঘাতকতা কৰা, দ্বৈত জীৱন যাপন কৰা, আৰু এইচ.আই.ভি./এইডছৰ দৰে যৌন সংক্ৰমিত ৰোগ বিয়পোৱাৰ অভিযোগৰ দৰে সামাজিক কলঙ্ক বহন কৰিব লগাত পৰে। এই অনুমান কৰা আচৰণক অসততা, গোপনীয়তা আৰু প্ৰবঞ্চনা হিচাপে অধিক সাধাৰণীকৰণ কৰা হয়। তদুপৰি, তেওঁলোক বহুমুখী, অস্থিৰ আৰু বহুবিবাহৰ সৈতে দৃঢ়ভাৱে সম্পৰ্কিত বুলি কোৱা হয়।
তথ্যসূত্ৰ
|
75784 | https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A6%9B%E0%A6%AA | ফছপ | ফছপ বা ফাইছপ হৈছে থাইসকলৰ ধানৰ অধিষ্ঠাত্ৰী দেৱী। তিৰ ধৰ্মতকৈয়ো প্ৰাচীন লোকসংস্কৃতিৰ সৈতেহে এই দেৱীগৰাকীৰ অধিক সম্পৰ্ক আছে। তেওঁক মে খ্বান খাও অৰ্থাৎ শস্য-প্ৰাচুৰ্যৰ মাতৃ নামেৰেও জনা যায়। তেওঁক থাইলেণ্ড কৃষি আৰু সমবায় মন্ত্ৰ্যালয়ৰ ধান বিভাগৰ প্ৰতীকচিহ্নৰূপে উপস্থাপন কৰা হয়।
পৃষ্ঠভূমি
ধানখেতিৰ বিভিন্ন স্তৰত দেৱীগৰাকীক সন্তুষ্ট কৰিবলৈ ৰীতিগত উচৰ্গা আদি আগবঢ়োৱা হয়। গ্ৰামাঞ্চলৰ লোকসকলে বিশ্বাস কৰে যে সকলোৱে যথেষ্ট পৰিমাণে আহাৰ লাভ কৰাটো ফছপে সুনিশ্চিত কৰে।
আধুনিক কালত থাইলেণ্ডত দেৱী ফছপৰ প্ৰতি উচৰ্গা আগবঢ়োৱা কাৰ্য কমি অহা পৰিলক্ষিত হৈছ কিন্তু ২০০৮ চনৰ আগষ্ট মাহত ৰাণী ছিৰিকিটে থাই লোক-সংস্কৃতিৰ এই প্ৰথাক পৃষ্ঠপোষকতা প্ৰদান কৰে।
কৃষকসকলে ফচল আহৰণৰ ক্ষেত্ৰত সুফল পাবলৈ ধান আৰু ধানখেতিৰ বিভিন্ন স্তৰৰ সৈতে সম্পৰ্ক থকা পৰম্পৰাগত উছৱ-পাৰ্বনসমূহৰ গভীৰ তাৎপৰ্য আছে। প্ৰতি বছৰে থাইলেণ্ডত ৰাজকীয় হালধৰা অনুষ্ঠান পালন কৰা হয়। অনুষ্ঠানৰ সামৰণিত সমবেত লোকসকলে তেওঁলোকৰ সৌভাগ্যৰ বাবে হালৰ পৰা মাটিত হোৱা লোৰৰ পৰা বীজ সংগ্ৰহ কৰে।
উপস্থাপন
ফছপক আ-অলংকাৰ আৰু ৰঙা বা সেউজীয়া বস্ত্ৰ পৰিহিতা এগৰাকী সুন্দৰী নাৰী হিচাপে উপস্থাপন কৰা হয়। তেওঁ কান্ধত ধানৰ মুঠি লৈ ধানৰ ওপৰত বহি বা থিয় হৈ থাকে। কেতিয়াবা ধানৰ মুঠি তেওঁ হাততো দেখা যায়। তেওঁৰ ঘাই শিপাডাল স্থানীয় আৰু বহু প্ৰাচীন যদিও সাম্প্ৰতিক চিত্ৰায়নত হিন্দুধৰ্মৰ দেৱী লক্ষ্মীৰ প্ৰভাৱ দেখা যায়।
কোনো কোনো ঠাইত ফচল আহৰণ উৎসৱৰ সময়ত এগৰাকী যুৱতীয়ে ফছপৰ দৰে আভূষণ পৰিধান কৰাৰ পৰম্পৰা আছে।
চুবুৰীয়া দেশসমূহত
লাওছ
লাওছত ফছপক নাং খছপ নামেৰে জনা যায় আৰু তেওঁ স্থানীয় গ্ৰাম্য সংস্কৃতিৰ অংশ। ধান সম্পৰ্কে লাওছৰ সৃষ্টি তত্ত্বৰ বিভিন্ন আখ্যান আছে। 'ৱাট ছি ছাকেট' নামৰ পাঠ্যৰ মতে, এহাজাৰ বছৰজোৰা দুৰ্ভিক্ষৰ পিছত এজন যুৱকে এটা সোণালী মাছ ধৰিবলৈ সক্ষম হয়। মৎস্য সমুদায়ৰ ৰজাই উক্ত মাছটোৰ বেদনাদায়ক চিৎকাৰ শুনি সেই যুৱকজনক এবিধ সম্পত্তিৰ বিনিময়ত মাছটো এৰি দিবলৈ অনুৰোধ জনায়। এই সম্পত্তি আন কোনো নাছিল। সেয়া আছিল ধানৰ আত্মাস্বৰূপ নাং খছপ। খছপে খেতি-পথাৰত বাস কৰাৰে পৰা বহু শতিকাজুৰি ধান-চাউলে মানৱজাতিক পুষ্টি দিবলৈ ধৰে আৰু বৌদ্ধ সমাজ আগুৱাই যায়। কিন্তু এদিনাখন এজন ৰজাই প্ৰজাৰ ধান-চাউল নিজৰ বাবে ধন-সম্পত্তি, হাতী আদি গোটাবলৈ জমা কৰি ৰাখে আৰু পুনৰ দুৰ্ভিক্ষই দেখা দিয়ে। এনে সময়তে এহাল বৃদ্ধ দম্পতীয়ে অৰণ্যত এক সন্ন্যাসীক লগ পায়। তেওঁলোকৰ ভোকাতুৰ আৰু দুৰ্বল শৰীৰ দেখা পাই সন্ন্যাসীজনে তেওঁলোকৰ ক্ষুধা নিবাৰণ কৰিবলৈ নাং খছপক আহ্বান জনায়। দেৱীগৰাকীয়ে ক্ৰোধিত হৈ এনে কৰিবলৈ অস্বীকাৰ কৰে। ফলত বৌদ্ধ ধৰ্মৰ ভৱিষ্যতৰ প্ৰতি চিন্তাক্লিষ্ট হৈ সন্ন্যাসীজনে নাং খছপক খণ্ড-বিখণ্ড কৰে। এই খণ্ডিত দেহাংশই বিভিন্ন জাতৰ চাউল যেনে ক'লা চাউল, বগা চাউল, কঠিন চাউল (খাও চাও) আৰু এঠাজাতীয় বৰা চাউলৰ ৰূপ পায়। সেই বৃদ্ধ দম্পতীহালে এই নতুন চাউলসমূহৰ কিদৰে খেতি কৰিব পাৰি সেই বিষয়ে মানৱ জাতিক শিকায় আৰু এনেদৰেই বৌদ্ধসকল জাতিষ্কাৰ হৈ উঠে।
লাওছৰ ৰাজধানী ভিয়েটিয়ান অঞ্চলত প্ৰচলিত আন এক কিংবদন্তি অনুসৰি নাং খছপৰ লাওখোলা, মুখ আৰু তৰ পৰা উৎপন্ন ফি না নামৰ আত্মাই খেতি পথাৰৰ তত্ত্বাৱধান কৰে।
কম্বোডিয়া আৰু ভিয়েটনাম
বৌদ্ধ ধৰ্মত ধানৰ দেৱীৰ যোগেদি প্ৰাক-বৌদ্ধ অৰ্থসমূহৰ কিদৰে পুনৰাই বৰ্ণনা কৰা হৈছে এই বিষয়ে কিছুসংখ্যক লেখকে অধ্যয়ন কৰিছে। কম্বোডিয়া আৰু ভিয়েটনামৰ চাম জনগোষ্ঠীৰ ধানৰ দেৱী চাম পো ইনো নোগাৰ, পো য়ান ইনো নোগাৰ টাহা বা পো নোগাৰৰ সৈতে থাইলেণ্ড আৰু লাওছৰ ধানৰ দেৱীৰ সাদৃশ্য আছে।
উত্তৰ লাওছ আৰু ভিয়েটনামৰ মনক্ষ্মেৰ গোট খ্ম্নু জনগোষ্ঠীৰ মাজত ধানৰ দেৱীক সন্তুষ্ট কৰিবলৈ নৃত্য কৰাৰ প্ৰথা প্ৰচলিত।
ইণ্ডোনেছিয়া
ইণ্ডোনেছিয়াতো দেৱী শ্ৰী বা ঞি পোহাচি নামৰ একেধৰণৰ এগৰাকী দেৱীৰ উপস্থিতি দেখা যায়। তেওঁ জাভানীজ, ছুণ্ডানীজ আৰু বালিনীজসকলৰ ধান, কৃষি আৰু উৰ্বৰতাৰ দেৱী। স্থানীয় ধাননিসমূহত দেৱীগৰাকীৰ উপাসনা স্থল সুলভ।
বেংককত
থাইলেণ্ডৰ ৰাজধানী বেংকক এসময়ত ধাননিৰে পৰিপূৰ্ণ আছিল। কালক্ৰমত ই প্ৰায় নোহোৱা হৈ যায়। গতিকে ফছপৰ উপাসনাৰ বাবে কমসংখ্যক মন্দিৰহে দেখা পোৱা যায়। বাং ফ্ৰমৰ ৱাট ছিৰি ৱাট্টানাৰম, লাট ফ্ৰাও স্কোৱাৰৰ ছই আদি ইয়াৰে অন্যতম।
তথ্য সংগ্ৰহ
কৃষিৰ দেৱী
বৌদ্ধ |
31861 | https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A4%20%E0%A7%B0%E0%A7%8B%E0%A6%97 | বসন্ত ৰোগ | বসন্ত ৰোগ হৈছে ভাইৰাছৰ দ্বাৰা হোৱা সংক্ৰামক ৰোগ। অসমত জনবিশ্বাসমতে শীতলা দেৱীক এই ৰোগৰ অধিষ্ঠাত্ৰী দেৱীৰূপে গণ্য কৰি ৰোগটোক ‘আই’ বোলা হয়। শীতকালৰ শেষৰফালে আৰু বসন্তকালৰ আৰম্ভণিতে এই ৰোগৰ আধিক্য বেছি বাবে ‘বসন্ত’ বুলি কোৱা হয়। এই ৰোগ তিনি প্ৰকাৰৰ। বৰ আই মাজু আই আৰু
সৰু আই এই তিনিবিধৰ ভিতৰৰ আটাইতকৈ মাৰাত্মক বৰ আই বৰ্তমান পৃথিবীৰ পৰা বিলুপ্ত। আন দুবিধ আইৰ দ্বাৰাও সমাজৰ অনেক ক্ষতি, কামৰ সময়ৰ লোকচান আৰু আনকি জীৱন হানিও ঘটি আছে।
বৰ আই বা স্মল পক্স ভেৰিঅ'লা ভাইৰাচে সৃষ্টি কৰা এই ৰোগে এটা সময়ত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু ৩৫ শতাংশলৈকে ৰোগীৰ মৃত্যু ঘটিছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ একানপতিয়া প্ৰচেষ্টাত বিশ্বজুৰি এই ৰোগৰ ছিটা কেইবাদশকজুৰি প্ৰদান কৰা হয়। ১৯৭৯ চনত এই ৰোগ নিৰ্মূল হোৱা বুলি ঘোষণা কৰা হয় আৰু ১৯৮০ চনৰ পৰা ছিটাকৰণ বন্ধ কৰা হয়। ভেৰিঅ'লা মেজৰ আৰু ভেৰিঅ'লা মাইনৰ নামৰ দুই ভাইৰাচে ৰোগৰ উৎপত্তি কৰিছিল। ভেৰিঅ'লা লেটিন শব্দ, যাৰ অৰ্থ হ'ল ফোঁহা বা দাগ হোৱা। হয়, ৰোগাক্ৰান্ত ব্যক্তিৰ সৰ্ব শৰীৰত এক বিশেষ ধৰণৰ ফোঁহা উঠিছিল আৰু শুকালে স্পষ্ট দাগ ঘাইকৈ মুখত ৰৈ গৈছিল। ৰোগী ব্যক্তিৰ সান্নিধ্যত আহিলে ৰোগ বিয়পিছিল ঘাইকৈ থুই, খেকাৰ, লেলাৱতি, শেঙুন, ছালৰ তেজ-পূঁজ আদিৰ দ্বাৰা ড্ৰপলেট সংক্ৰমণৰ যোগেদি। শৰীৰত ৰোগৰ বীজাণুৱে প্ৰৱেশ কৰাৰ পৰা ৰোগৰ লক্ষণসমূহ ফুটি উঠালৈকে এই সময়ছোৱাক ইনকুবেচন পিৰিয়ড বোলে। বৰ আইৰ ক্ষেত্ৰত এই সময় ৭ৰ পৰা ১৭দিনলৈ হয়। এই সময়ছোৱাত ৰোগ অইনলৈ নিবিয়পে। কিন্তু ছালত ফোঁহা ওলোৱাৰ পৰা ছালৰ অন্তিমটো শুকান নিকৰি সৰি পৰালৈকে ৰোগী আনক সংক্ৰমণ কৰিব পৰাকৈ বিপদজনক হৈ থাকে। পোনতে চৰ্দি, পানী-লগা, মূৰৰ বিষ, জ্বৰৰে আৰম্ভ হৈ গাৰ ছালত পানীজলা উঠিবলৈ ধৰে। ১৫-২০দিনৰ মূৰত ছালৰ ফোঁহা শুকাবলৈ ধৰে। বৰ আইৰ সংক্ৰমণৰ ফলত বহুলোকে দৃষ্টি হেৰুৱাই অন্ধ হৈছিল। নিউমনিয়া বা এনকেফেলাইটিচ হৈ মৃত্যুবৰণ কৰিছিল।
ভেৰিঅ'লা ভাইৰাচে কৰা বৰ আইয়ে বিশ্বত সময়ে সময়ে মহামাৰীৰ সৃষ্টি কৰিছিল। ১৭০০ চনত আমেৰিকাত হোৱা মহামাৰীৰ কথা বিভিন্ন ঠাইত লিপিবদ্ধ হৈ আছে। ১৭৯৬ চনত এডৱাৰ্ড জেনাৰ নামৰ ব্ৰিটিছ চিকিৎসক এজনৰ প্ৰচেষ্টাত এই ৰোগৰ ছিটা উদ্ভাৱন হয়। ছিটাৰ আৱিষ্কাৰৰ ফলত এক আমূল পৰিবৰ্তনৰ সূচনা হয়। ছিটা লোৱা লোকে কমেও ৫বছৰলৈ সুৰক্ষা পায় আৰু কেনেবাকৈ ৰোগাক্ৰান্ত হ'লেও অসুখ গুৰুতৰ নহয়। আমেৰিকাত১৯৪৯ চনৰ পিছত এজনো ব্যক্তিৰ বৰ আই নোহোৱাত ১৯৭২ চনত আমেৰিকা চৰকাৰে ছিটা লগোৱাও বন্ধ কৰি দিয়ে। বৰ আইৰ অন্তিমটো ঘটনা ধৰা পৰিছিল আফ্ৰিকা মহাদেশৰ চ'মালিয়াত ১৯৭৭ চনত। ১৯৮০ চনত বিশ্বস্বাস্থ্য সংস্থাই বিশ্বৰ পৰা বৰ আই নিৰ্মূল হোৱা বুলি ঘোষণা কৰে। গবেষণাৰ বাবে বৰ আইৰ ভেৰিঅ'লা ভাইৰাচ আমেৰিকা আৰু ৰাচিয়াৰ লেবৰেটৰীত এতিয়াও সংৰক্ষিত কৰি থোৱা আছে। যি কোনো বতৰতে বা পৰিবেশতে এইবিধ ভাইৰাচ সুঁচৰিব পাৰে। ইয়াক বায়লজিকেল ৱেপন বা জৈবিক যুদ্ধাস্ত্ৰ বুলিব পাৰি।
মাজু আই বা চিকেন পক্স ভেৰিচেলা ভাইৰাচে সৃষ্টি কৰা এই ৰোগ বৰ্তমান গোটেই বিশ্বতে ব্যাপ্ত। খজুৱতি আৰু ছালত পানী জলা বন্ধা এই ৰোগ সাধাৰণতে কম বয়সীয়া লোকৰ হয় যদিও যি কোনো বয়সৰ লোক ৰোগাক্ৰান্ত হ'ব পাৰে। আজিকালি মাজু আইৰ ছিটাৰ বহুল প্ৰয়োগৰ ফলত ৰোগৰ তীব্ৰতা হ্ৰাস পাবলৈ ধৰিছে। এই ৰোগ কৰা ভেৰিচেলা জষ্টাৰ ভাইৰাচেই ডাঙৰ মানুহৰ দেহাত হাৰপিজ জষ্টাৰ ৰোগ কৰে। ইও বৰ আইৰ নিচিনা এবিধ অতি সংক্ৰামক ৰোগ। সৰু আই ৰোগত ভোগা ৰোগীৰ ছালৰ পানীৰ স্পৰ্শত আহিলে নাইবা ৰোগীৰ হাঁচি, থুই, খেকাৰৰ ড্ৰপলেট সংক্ৰমণৰ মাধ্যমেৰে ৰোগ বিয়পে। জ্বৰ, মূৰৰ বিষ, পেটৰ বিষ, খজুৱতিৰ উপৰিও ছালৰ ভিন্ন ভিন্ন আকাৰৰ পানীজলা ৭। ১০ বা বেচি দিনলৈ থাকে। পানীজলা ব্যক্তিভেদে কম বেছিকৈ ওলায়। সাধাৰণতে শুকালে দাগ নাথাকে। অৱশ্যে খজুৱতিৰ ফলত ঘাঁত বেক্টেৰিয়াৰ সংক্ৰমণ হলে কথা সুকীয়া। ৰোগ চিনাক্তকৰণ লক্ষণসমূহৰ পৰাই কৰিব পাৰি। উন্নত চিকিৎসা কেন্দ্ৰত ছালৰ লেবৰেটৰী পৰীক্ষাৰ দ্বাৰা ৰোগ নিশ্চিত কৰা হয়। বৰ আই আৰু মাজু আইৰ ফোঁহা বিলাকৰ পাৰ্থক্য হ'ল: বৰ আইৰ ফোঁহা সাধাৰণ আৰম্ভণিতে মুখমণ্ডল, বাহু আৰু হাতত ওলোৱাৰ পিছতহে শৰীৰৰ অন্য অংশত ওলায়। হাতৰ আৰু ভৰিৰ তলুৱাত বৰ আইহে দেখা দিয়ে। বৰ আই মুখৰ ভিতৰৰ কোমল ছাল আৰু যৌনাংগৰ কোমল অংশত ওলাব পাৰে। বৰ আইৰ ফোঁহাৰ তুলনাত মাজু আইৰ ফোঁহা অগভীৰ। দুটা ছিটা ৪ৰ পৰা ৮সপ্তাহৰ ব্যৱধানত সাধাৰণতে দিয়া হয়। ছিটা ল'লে হয় সুৰক্ষিত, নহয় ৰোগাক্ৰান্ত হ'লেও লক্ষণসমূহ গুৰুতৰ নহয়। ৰোগীক অইনৰ পৰা আঁতৰাই পৰিষ্কাৰ পৰিচ্ছন্ন পৰিবেশত ৰাখিব লাগে। পাতল কপাহী কাপোৰ পিন্ধা ভাল। ৰোগীক দৈনিক মহা নিমপাত সিজোৱা পানীৰে গা ধুবলৈ পৰামৰ্শ দিয়া হয়। কোমল চাবনো ব্যৱহাৰ কৰাত বাধা নাথাকে। খজুৱতি কমাবলৈ এলাৰ্জিৰ ঔষধ চিকিৎসকৰ পৰামৰ্শমতে খাব পাৰি। চেকেণ্ডেৰী বেক্টেৰিয়াৰ সংক্ৰমণ দেখিলে কেতিয়াবা এণ্টিবায়টিকৰ প্ৰয়োজন হ'ব পাৰে। খাদ্য সহজে হজম হোৱা খাদ্য, শাক-পাচলি, ফল-মূল আদি ৰোগীক দিয়াৰ পৰামৰ্শ দিয়া হয়।
সৰু আই বা ছ ই হ'ল ৰুবিঅ'লা নামৰ ভাইৰাচে কৰা এবিধ সংক্ৰামক ৰোগ। এংলো অসমীয়া অভিধানত এবিধ সামান্য পৰিমাণৰ আই বুলি "মিজ'লচ্"ক উল্লেখ কৰা হৈছে। একেই ড্ৰপলেট সংক্ৰমণৰ যোগেদি ৰোগ বিয়পে। সাধাৰণতে ই এবিধ বাল্যকালত হোৱা ৰোগ। ছিটাৰ ব্যৱহাৰৰ ফলত এইৰোগৰ প্ৰাদূৰ্ভাৱ কমিব বুলি আশা কৰা হৈছে। দৰিদ্ৰ লোকৰ অনেক সন্তান এই ভাইৰাচজনিত ৰোগৰ ফলত আজিও নিউমোনিয়াহৈ মৃত্যুমুখত পৰে। ঘাইকৈ যদি লগত শিশুটিৰ ভিটামিন-এৰো অভাৱ থাকে। অসুখ হ'লে কাঁহ, জ্বৰ, চৰ্দি, খজুৱতি, চকু ৰঙা পৰা, চকুৱে পোহৰ সহ্য কৰিব নোৱৰা হোৱা, শৰীৰৰ বেথা আৰু ছালত মিহি চেপেতা বা সামান্য উঠা ৰঙচুৱা ক্ষুদ্ৰ ফোঁহা ওলোৱা আদি লক্ষণে দেখা দিয়ে। 'কপলিক স্পট' নামৰ মুখৰ ভিতৰৰ দেখা দিয়া বগা দাগ সাধাৰণতে ৰোগ চিনাক্ত কৰাত সহায়ক হয়। উন্নত চিকিৎসা কেন্দ্ৰত ৰোগীৰ শৰীৰত ভাইৰাচ চিনাক্তকৰণ কৰিব পাৰি। চিকিৎসা লক্ষণ অনুযায়ী কৰা হয়। দুৰ্বল স্বাস্থ্যৰ শিশুৰ ব্ৰংকাইটিচ, নিউমনিয়া, এনকেফেলাইটিচ, অ'টাইটিচ মিডিয়া (কাণৰ সংক্ৰমণ) আদি জটিলতাই দেখা দিয়াৰ সম্ভাৱনা থাকে। প্ৰতি হাজাৰ ৰোগীৰ ভিতৰত এজন শিশুৰ এনকেফেলাইটিচ হোৱা দেখা যায়। কিছু সম্ভাব্য শিশুক ৰোগাক্ৰান্ত হোৱাৰ আগতে ইমিউন'গ্লবিন দি সুৰক্ষা দিব পাৰি। উন্নয়নশীল দেশসমূহত শিশুক ৬ মাহত আৰু ৯ মাহত মিজলছৰ প্ৰতিৰোধক ছিটা দিয়াৰ পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থাই দিছে।
তথ্য সংগ্ৰহ
|
35542 | https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%96%E0%A6%BF%E0%A6%B2%20%E0%A6%97%E0%A6%97%E0%A7%88 | অখিল গগৈ | অখিল গগৈ অসমৰ এগৰাকী কৃষক নেতা আৰু আৰ টি আই কৰ্মী বিগত কেইবাটাও বছৰত তেওঁ ৰাজ্যখনত দুৰ্নীতি বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে। দুৰ্নীতিৰ বিৰুদ্ধে আৰু চৰকাৰৰ কাৰ্য্যপ্ৰণালীত স্বচ্ছতা অনাৰ বাবে কৰি অহা সংগ্ৰামৰ বাবে তেওঁক প্ৰদান কৰা ২০০৮ বৰ্ষৰ ৰ পিছৰে পৰা তেওঁ ৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃতি লাভ কৰে। সম্পূৰ্ণ গ্ৰাম ৰোজগাৰ আঁচনি'ৰ ১.২৫ কোটি টকীয়া কেলেংকাৰী আৰু 'ইন্দিৰা আবাস যোজনা'ৰ ৬০ লাখ টকীয়া কেলেংকাৰী তথ্য জনাৰ অধিকাৰ আইনৰ সুপ্ৰয়োগেৰে ধৰা পেলোৱাৰ বাবে ২০১০ বৰ্ষত ''-য়ে তেওঁক বটাঁ প্ৰদান কৰে। এই বটাঁৰ সম্পূৰ্ণ মূল্য ২১ লাখ টকা তেওঁ কৃষক মুক্তি সংগ্ৰামলৈ দান দিয়ে। ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ ৰাইজৰ দলৰ হৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।
প্ৰাৰম্ভিক জীৱন
অখিল গগৈৰ জন্ম হৈছিল ১৯৭৬ চনৰ ১ মাৰ্চ তাৰিখে যোৰহাট জিলাৰ চেলেঙহাটৰ লুখুৰাসন গাঁৱত। ১৯৯১ চনত হেমলাই হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৯৩ চনত যোৰহাট জে বি কলেজত কলা শাখাত উচ্চতৰ মাধ্যমিক সাং কৰে। ১৯৯৩ চনৰ পৰা ১৯৯৬ চনৰ সময়ছোৱাত তেওঁ গুৱাহাটীৰ কটন মহাবিদ্যালয়ত ইংৰাজী সাহিত্যৰ ছাত্ৰ আছিল। ইয়াৰ পিছত স্নাতকোত্তৰ শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ কৰিছিল যদিও অসম্পূৰ্ণ হৈ ৰ'ল। তেওঁ কটন মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে একেৰাহে দুবাৰ নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতেই গগৈয়ে নক্সালবাদী নেতা সন্তোষ ৰাণা নেতৃত্বাধীন 'চিপিআই-এমএল-পিচিচি' ()-ৰ গণ-সংগঠন 'ইউনাইটেড ৰিভ'লুছ'নেৰী মুভমেণ্ট কাউন্সিল অৱ আসাম' ()-ত যোগ দিছিল। অৱশ্যে, নব্বৈ দশকৰ শেষলৈ তেওঁ ৰাণাৰ পৰা আতঁৰি আহে আৰু নতুন পদাতিক নামৰ আলোচনীখনৰ সম্পাদক হিচাপে আত্মনিয়োগ কৰে। ড॰ হীৰেন গোহাঁইৰ তত্ত্বাৱধানত প্ৰকাশিত নতুন পদাতিক অসমীয়া ভাষাৰ স্বাধীন মাৰ্ক্সবাদী ধ্যান-ধাৰণাৰ আলোচনী। অখিল গগৈ সম্প্ৰতি গুৱাহাটী নিবাসী আৰু তেওঁৰ পত্নী আৰু এগৰাকী পুত্ৰ আছে।
সাহিত্য কৰ্মৰাজী সাহিত্যিক হিচাপে অখিল গগৈৰ বৰ্তমানলৈকে কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। তাৰ ভিতৰত—
উৰিব পৰা হ'লে আকৌ যুঁজিলোহেতেন(পত্নী গীতাশ্ৰী তামুলীৰ সৈতে যুটীয়াভাৱে)
অসমীয়া জাতীয়তাবাদ।
মৰুভূমি আহে লাহে লাহে।
পৰিৱৰ্তনৰ আখৰা।
গণ সংগ্ৰামৰ দিনলিপি।
নদীবান্ধ বিৰোধী সংগ্ৰাম
২০০৯ চনৰ মাজভাগৰে পৰা অখিল গগৈয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰিস্থিতিতান্ত্ৰিক আৰু পাৰিপাৰ্শ্বিক ভাৱে সংবেদনশীল বিভিন্ন স্থানত নিৰ্মীয়মান আৰু প্ৰস্তাৱিত বৃহৎ নদীবান্ধসমূহৰ বিৰুদ্ধে ৰাজ্যজোৰা জনজাগৰণ আৰু আন্দোলনৰ নেতৃত্ব বহন কৰি আহিছে। বিশেষকৈ, তেওঁৰ নেতৃত্বৰ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি ()-য়ে নিৰ্মীয়মান নামণি সোৱনশিৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ কৰিবৰ বাবে দাবী জনাই আহিছে। সোৱণশিৰি নদীৰ নামণি অংশত ২০০০ মেগাৱাট ক্ষমতাৰ এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো ৰাষ্ট্ৰীয় জল শক্তি নিগম দ্বাৰা নিৰ্মীয়মান অৱস্থাত আছে।
দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম
কিছু সময়ৰ বাবে অখিল গগৈ আন্না হাজাৰেৰ নেতৃত্বত দেশব্যাপী চলা দুৰ্নীতিবিৰোধী আন্দোলন ইণ্ডিয়া এগেইনষ্ট ক'ৰাপছন ()-ৰ সৈতেও জড়িত আছিল। কিন্তু, -ৰ কেইজনমান সদস্যই ৰাজনৈতিক দল আৰম্ভ কৰিবৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰাৰ পিছত গগৈ -ৰ পৰা আতঁৰি আহে। -ৰ পৰা আতঁৰি অহাৰ কাৰণ সম্পৰ্কে গগৈয়ে এইদৰে কয় যে, জনসাধাৰণে -লৈ আগবঢ়োৱা বিপুল সমৰ্থন এটা শক্তিশালী গণ-আন্দোলন আগবঢ়াই নিবৰ বাবেহে আছিল, নিৰ্বাচন কেন্দ্ৰিক এটা ৰাজনৈতিক দল গঠনৰ বাবে নাছিল।
বিতৰ্ক
২০১০ চনৰ এপ্ৰিল মাহত, অসম চৰকাৰৰ এটা গোপন প্ৰতিবেদনত এইবুলি অভিযোগ প্ৰকাশ হৈছিল যে, অখিল গগৈৰ চিপিআই-মাওবাদী ()-ৰ সৈতে ওচৰ সম্পৰ্ক আছে। গগৈয়ে এই প্ৰতিবেদনক প্ৰত্যাহ্বান জনাই অসম চৰকাৰক এই অভিযোগ প্ৰতিপন্ন কৰিবলৈ কৈছিল। ৰমন মেগছেছে বঁটা বিজয়ী সন্দীপ পাণ্ডে আৰু মেধা পাটকৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱীয়ে গগৈয়ে মিছায়ে অভিযুক্ত সজাবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাক গৰিহণা দিয়ে। এন ডি টি ভি-ৰ সৈতে এটা সাক্ষাৎকাৰত গগৈয়ে এইদৰে কৈছিল, এই বিষয়টোৱে অসম চৰকাৰৰ বাবে এটা লজ্জাজনক পৰিস্থিতিৰ উদ্ভৱ কৰিলে আৰু ইয়াৰ পিছত চৰকাৰে বিষয়টো এৰা দিবলৈ বাধ্য হয়।
সমাজহিতৈষী কাৰ্য্যকলাপ
অখিল গগৈ আৰু তেওঁৰ সহকৰ্মী (কমৰে'ড)-সকলে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কেইবাখনো অস্থায়ী খুচুৰা বিক্ৰী কেন্দ্ৰ মুকলি কৰে। ইয়াৰ মুখ্য উদ্দেশ্য আছিল গ্ৰাম্য কৃষকৰ ফচল মধ্যভোগীৰ হাতত নপৰাকৈ নগৰীয়া বজাৰলৈ উলিয়াই অনা। এই ব্যৱস্থাক খুচুৰা বিক্ৰী ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু মাফিয়াৰ দ্বাৰা চালিত ছিণ্ডিকেটৰ এটা বিকল্প ব্যৱস্থা হিচাপে দাবী কৰি অখিল গগৈ আৰু তেওঁৰ সংগঠনে গুৱাহাটীৰ বিভিন্ন স্থানত আৰু অধিক বিক্ৰী কেন্দ্ৰ স্থায়ী ৰূপত খোলাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। মধ্যভোগী আতঁৰাই এই কেন্দ্ৰসমূহ কৃষকসকলে নিজেই পৰিচালিত কৰিব আৰু ফলস্বৰূপে বিক্ৰেয় কৃষি সামগ্ৰীসমূহ অতি কম মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। এই কেন্দ্ৰসমূহ মুকলি কৰাৰ প্ৰথম দিনটোতেই মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে এশ কুইণ্টলতকৈ অধিক পৰিমাণৰ শাক-পাচলি গ্ৰাহকে ক্ৰয় কৰিছিল।
অখিল গগৈয়ে পৃথানীয়াৰ দৰে মাটি মাফিয়াৰ বিৰূদ্ধে সংগ্ৰাম আৰম্ভ কৰিছে। পৃথানীয়াই গ্ৰাম্য কামৰূপ জিলাৰ অন্তৰ্গত বহুহাজাৰ বিঘা কৃষি ভূমি নিম্ন মূল্যতে ক্ৰয় কৰে। সম্প্ৰতি চৰকাৰে অখিল গগৈৰ দ্বাৰা পৰিচালিত কৃষক মুক্তি সংগ্ৰাম সমিতৰ অভিযোগৰ ভিত্তিত এই বিষয়টো সম্পৰ্কে তদন্ত চলাই আছে।
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰোধিতা আৰু কাৰাবন্দী জীৱন
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ গৃহীত হোৱাৰ পিছত এই আইনৰ বিৰুদ্ধে দেশজুৰি হোৱা আন্দোলনত অখিল গগৈয়ে ভাগ লয়। আৰু তাৰ পিছতেই ২০১৯ চনৰ ১২ ডিচেম্বৰত যোৰহাটত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তাৰপিছত তেওঁক ১৭ ডিচেম্বৰত দহদিনৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা ()-ৰ হাতত পঠিওৱা হয়। লগতে সেইদিনাখনেই দিল্লীলৈ সোধাপোছাৰ বাবে নিয়া হয়। আৰু ২৫ ডিচেম্বৰত পুনৰ গুৱাহাটীলৈ ওভটাই আনি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচন
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত অখিল গগৈ ৰাইজৰ দলৰ হৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। তেওঁ সমষ্টিটোৰ মুঠ ১,২৪,২১৯টা ভোটৰ ৫৭,২১৯টা ভোট লাভ কৰে।
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
অসমৰ ব্যক্তি
অসমৰ সমাজকৰ্মী
অসমৰ |
31063 | https://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BE%E0%A6%9F%E0%A6%BE%E0%A7%B0%20%28%E0%A7%A8%E0%A7%A6%E0%A7%A6%E0%A7%AB%20%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%29 | ৱাটাৰ (২০০৫ চলচ্চিত্ৰ) | ৱাটাৰ অনুৰাগ কাশ্যপৰ কাহিনী আৰু দীপা মেহতাৰ পৰিচালনাৰে ২০০৫ চনত মুক্তি পোৱা এক কানাডিয়ান চলচ্চিত্ৰ। অনুৰাগ কাশ্যপে সংলাপসমূহৰ অনুবাদ কাৰ্যও সম্পন্ন কৰিছিল। এই ছবিখন ১৯৩৮ চনৰ বাৰাণসীৰ পটভূমিত বিধৱাসকলৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল। ৱাটাৰ একে ভাৱবস্তুক লৈ নিৰ্মাণ কৰা মেহতাৰ তিনিখন কথাছবিৰ তৃতীয়খন ছবি। ইয়াৰ পূৰ্বৱৰ্ত্তী কথাছবি দুখন হৈছে ফায়াৰ (১৯৯৬) আৰু আৰ্থ (১৯৯৮)। ২০০৬ চনত লেখক বাপ্ছি ছিধ্ৱাই চলচ্চিত্ৰখনৰ আধাৰত মিল্কৱিড প্ৰেছৰদ্বাৰা প্ৰকাশিত ৱাটাৰ এ নভেল নামৰ এক উপন্যাস ৰচনা কৰে। ছিধ্ৱাৰ পূৰ্বৰ উপন্যাস কেক্লিং ইণ্ডিয়া ত্ৰিলজীৰ দ্বিতীয় ছবি আৰ্থৰ ওপৰত আধাৰিত আছিল। ৱাটাৰ হৈছে চল্লিশৰ দশকৰ গ্ৰাম্য ভাৰতৰ বিধৱাসকলৰ জীৱন কাহিনীত এক অৱলোকন আৰু ই নাৰীৰ বিদ্বেষ ভাৱ আৰু অসামাজিক কাৰ্যৰ দৰে কিছু বিতৰ্কিত বিষয় সামৰি লৈছে। ২০০৫ চনৰ ট'ৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয়, য'ত ই উদ্বোধনী নিশাৰ মনোৰঞ্জন সন্মান লাভ কৰে আৰু সেই বৰ্ষৰ নৱেম্বৰ মাত্ৰ সমগ্ৰ কানাডাতে মুক্তিলাভ কৰে। ২০০৭ চনৰ ৯ মাৰ্চত ছবিখনে প্ৰথমবাৰৰ বাবে ভাৰতত মুক্তিলাভ কৰে।
সহশিল্পী কুলভূষণ খাৰবান্দা, ৱাহিদা ৰহমান, ৰঘূবীৰ যাদৱ আৰু বিনয় পাঠকৰ সৈতে মুখ্য ভূমিকা ৰূপায়ণত আছিল ক্ৰমে সীমা বিশ্বাস, লিজা ৰয়, জন আব্ৰাহাম আৰু সৰলা কাৰিয়াৱাছম। গীতসমূহত আছিল সুখৱিন্দৰ সিং আৰু ৰেকিব আলমৰ কথা আৰু এ. আৰ. ৰহমানৰ সুৰ। আৱহ সংগীত আছিল মাইকেল ডানা। ছবিখনৰ চিত্ৰনাট্য লিখিছিল গিলছ নাটজেনচে।
কাহিনীৰ সাৰাংশ
১৯৩৮ চনৰ ইংৰাজশাসিত ভাৰতৰ পটভূমিত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। সেই সময়ত বাল্য বিবাহ বহুলভাৱে প্ৰচলিত আছিল। সমাজত বিধৱাসকলৰ স্থান আছিল নিম্ন আৰু তেওঁলোকে দৰিদ্ৰতা আৰু ভগৱানৰ অৰ্চনাৰ মাজেৰে জীৱন যাপন কৰিব লাগে বুলি ভবা হৈছিল। বিধৱা বিবাহ ঔপনিৱেশিক আইনমতে বৈধ ঘোষণা কৰা হৈছিল যদিও বাস্তৱিকতে বহুল ৰূপত ইয়াক নিষিদ্ধ হিচাপে গণ্য কৰা হৈছিল। সাত বছৰীয়া বালিকা চুইয়াই যেতিয়া তেওঁৰ স্বামীক হেৰুৱায়, বৈধৱ্য পৰম্পৰা অনুসাৰে চুইয়াৰ মুণ্ডন কৰি বগা সাজ পিন্ধাই হিন্দু বিধৱাৰ বাবে থকা এক আশ্ৰমলৈ পথোৱা হয় য'ত তেওঁ জীৱনৰ বাকীছোৱা কাল ত্যাগৰ মাজেদি কটাব লাগিব। সেই আশ্ৰমৰ সৰু দুমহলীয়া ঘৰটোত চৈধ্যগৰাকী মহিলা থাকে য'লৈ তেওঁলোকক জীৱনৰ কুকৰ্মৰ প্ৰায়শ্চিত্ত আৰু নিজ নিজ পৰিয়ালক আৰ্থিক তথা আবেগিক বোজাৰ পৰা ৰেহাই দিবলৈকে পথোৱা হৈছিল। মধুমতী নামৰ এক সত্তৰ বছৰীয়া মেদবহুল আৰু আড়ম্বৰপ্ৰিয় মহিলাই আশ্ৰমখন চলায়। গোলাবী নামৰ এক ৰঙীয়াল নপুংসক মধুমতীৰ একমাত্ৰ বন্ধু যি তেওঁক গাঞ্জাৰ উপৰিও আনৰ বিষয়ে শেহতীয়া বাৰেভচহু গল্পৰো যোগান ধৰে। দুয়োৰে এক উপ-ব্যৱসায়ো আছে: গোলাবীয়ে আশ্ৰমৰ দ্বিতীয় কনিষ্ঠ বিধৱা কল্যাণীক নৈ পাৰ কৰাই গ্ৰাহকক যোগান ধৰি তেওঁক বেশ্যাবৃত্তিত লিপ্ত কৰোৱাত মধুমতীক সহায় কৰে। আশ্ৰমখনৰ আৰ্থিক সাহায্যৰ বাবে কল্যাণীক সৰুৰেপৰাই বেশ্যাবৃত্তিত লিপ্ত হ'বলৈ বাধ্য কৰোৱা হৈছিল। আশ্ৰমৰ বিধৱাসকলৰ মাজত শকুন্তলাই হয়তো আটাইতকৈ দুৰ্বোধ্য। তেওঁ আকৰ্ষণীয়, বিজ্ঞ আৰু তীক্ষ্ণ। আশ্ৰমৰ পঢ়িব জনা কেইগৰাকীমান মাত্ৰ বিধৱাৰ অন্যতম। শকুন্তলাৰ খঙাল মনোবৃত্তিৰ কাৰণে আনকি মধুমতীয়েও তেওঁক অকলে এৰি দিছিল। মৌন আৰু লাজকুৰীয়া স্বভাৱৰ শকুন্তলাই মনতে নিজৰ বৈধৱ্য জীৱনৰ প্ৰতি ঘৃণা আৰু এক অকপট তথা উৎসৰ্গিত বিধৱা হ'ব নোৱাৰাৰ শংকা পোষণ কৰে। শকুন্তলা এক ধৰ্মপৰায়ণা হিন্দু যি বাৰাণসীৰ পাৰত সমাগত হোৱা তীৰ্থযাত্ৰীসকলক ধৰ্মশাস্ত্ৰৰ কীৰ্ত্তন শুনোৱা সদানন্দ নামৰ এক আদহীয়া ঋষিৰ পৰামৰ্শ বিচাৰে। সদানন্দই শকুন্তলাক নিজৰ প্ৰকৃত স্থিতি সম্পৰ্কে সচেতন কৰি বিধৱাসকলৰ জীৱন দুৰ্বিষহ কৰি তোলা ভণ্ডামি আৰু কুসংস্কাৰৰ পৰা প্ৰকৃত বিশ্বাসক নিলগাই ৰাখিবলৈ বৌদ্ধিক সাহচৰ্য প্ৰদান কৰে। তেওঁ চুইয়াৰ লগতে ব্যস্ত হৈ থাকে, কিয়নো সৰুতেই বিধৱা হোৱা চুইয়াৰ মাজত তেওঁ নিজৰে প্ৰতিফলন দেখা পায় আৰু সেয়ে চুইয়াই বিচৰা বস্তুবোৰ শকুন্তলাই তাইক দিবলৈ যত্ন কৰে। চুইয়াক আশ্বাস দিয়া হয় যে আশ্ৰমখনত তেওঁক অস্থায়ীভাৱেহে ৰখা হৈছে আৰু এদিন তেওঁৰ মাক তেওঁক নিবলৈ আহিব। লাহে লাহে চুইয়াই এই কথা পাহৰি যায় আৰু নতুন জীৱনটোৰ লগত খাপ খাই পৰে। পিছলৈ মধুমতীয়ে চুইয়াক বৈধৱ্য জীৱনৰ সৈতে পৰিচিত কৰায়। ইয়াৰ মাজতে আশ্ৰমৰ এক ৰঙীয়াল বিধৱা যুৱতী কল্যাণীৰ সৈতে চুইয়াৰ বন্ধুত্ব গঢ়ি উঠে। চুইয়া মহাত্মা গান্ধীৰ অনুগামী এক সুদৰ্শন যুৱক নাৰায়ণৰ সৈতে গঢ় লৈ উঠা কল্যাণীৰ প্ৰেমজনিত সম্পৰ্কৰো সাক্ষী তথা বাৰ্তাবাহক হৈ পৰে। প্ৰথমাৱস্থাৰ অনিচ্ছাস্বত্বেও পিছলৈ কল্যাণীয়ে নাৰায়ণৰ সৈতে বিবাহৰ বাবে ৰাজী হয়। এদিন মধুমতীক মালিচ কৰি থকাৰ সময়ত কল্যাণী আৰু নাৰায়ণৰ গোপন প্ৰণয়ৰ কথা অসাৱধানবশতঃ চুইয়াৰ মুখৰপৰা বাহিৰ হয়। সমাজৰ নিন্দা তথা আয়ৰ পথৰুদ্ধ হোৱাৰ আশংকাত মধুমতীয়ে কল্যাণীক কোঠাৰ ভিতৰত আবদ্ধ কৰি থয়। সকলোকে আচৰিত কৰি ধৰ্মভীৰু শকুন্তলাই কল্যাণীক আগৰ পৰিকল্পনা মতে নাৰায়ণৰ লগত গুচি যাবলৈ সুবিধা কৰি দিয়ে আৰু সেইমতে নাৰায়ণে কল্যাণীক ফেৰীৰে নদী পাৰ কৰাই নিজ ঘৰলৈ বুলি লৈ যায়। কিন্তু কল্যাণীয়ে আশা কৰা মতে এই যাত্ৰাৰ এক শুভ পৰিসমাপ্তি নঘটে। তেওঁ নাৰায়ণৰ বাঙলোটো তেওঁৰ পূৰ্বৰ এক গ্ৰাহকৰ বুলি চিনাক্ত কৰে আৰু গম পাই যে নাৰায়ণ সেই গ্ৰাহকজনৰে পুত্ৰ। চকিত হৈ কল্যাণীয়ে তেওঁক ওলোটাই থৈ আহিবলৈ দাবী কৰে। দেউতাকৰে হোৱা এক মুখামুখিত নাৰায়ণে কল্যাণীত হঠাতে হোৱা মত পৰিৱৰ্ত্তনৰ কাৰণ গম পায়। হতভম্ব হৈ তেওঁ দেউতাকৰ পৰা আঁতৰি গৈ গান্ধীজীৰ সৈতে যোগদান কৰিবলৈ মনস্থ কৰে। তেওঁ কল্যাণীকো লগত লৈ যাবৰ বাবে ঘূৰি আশ্ৰম পায় কিন্তু কল্যাণীয়ে মনৰ দুখত পানীত ডুবি মৰাৰ খবৰহে পায়হি। ইফালে মধুমতীয়ে এক অপেক্ষাৰত গ্ৰাহকৰ বাবে কল্যাণীৰ ঠাইত চুইয়াক পথায়। শকুন্তলাই এই কথাৰ উমান পাই লৰি আহে যদিও চুইয়াক ঘূৰাই অনাৰ সময়তহে নদীপাৰ পায়হি। শিশুটি কোনো সঁহাৰি দিব নোৱাৰাকৈ সংজ্ঞাহীন হৈ পৰে। চুইয়াক নিচুকাই শকুন্তলাই নিশাটো নৈপাৰতে কটায়। চুইয়াক লৈ চহৰৰ ফালে আহি থাকোঁতে তেওঁ সেই ঠাইৰ ৰেল ষ্টেচনত গান্ধীজী আছেহি বুলি শুনিবলৈ পায়। ৰেল এৰাৰ আগতেই গান্ধীজীৰ আশিস ল'বলৈ তেওঁ জনতাৰ মাজত সোমাই পৰে। ৰেলখন চলিবলৈ ধৰোঁতেই প্ৰচণ্ড নিৰাশাত শকুন্তলাই দৌৰ মাৰে আৰু মানুহবোৰক চুইয়াক নি গান্ধীজীৰ তত্ত্বাৱধানত ৰাখিবলৈ কাকূতি কৰে। তেনেতে তেওঁ ৰেলত নাৰায়ণক দেখা পায় আৰু শেষ মুহূৰ্ত্তত চুইয়াক তেওঁৰ হাতত গটাই দিয়ে। লোটকভৰা চকুলোৰ শকুন্তলাক এৰি ৰেলখনে চুইয়াক লৈ এক উজ্জ্বল ভৱিষ্যতৰ দিশে ৰাওনা হয়।
অভিনয় শিল্পী
শকুন্তলাৰ ভূমিকাত সীমা বিশ্বাস
কল্যাণীৰ ভূমিকাত লিজা ৰয়
নাৰায়ণৰ ভূমিকাত জন আব্ৰাহাম
নাৰায়ণৰ মাতৃ ভগৱতীৰ ভূমিকাত ৱাহিদা ৰহমান
চুইয়াৰ ভূমিকাত সৰলা কাৰিয়াৱাছম
বাবাৰ ভূমিকাত বুদ্ধি বিক্ৰমা
কুন্তিৰ ভূমিকাত ৰণিকা সজনানী
মধুমতীৰ ভূমিকাত মনোৰমা
স্নেহলতাৰ ভূমিকাত ৰিশ্মা মালিক
জ্ঞানৱতীৰ ভূমিকাত মীৰা বিশ্বাস
পাতিৰাজিৰ ভূমিকাত বিদুলা জৱালজেকাৰ
সাদুৰামৰ ভূমিকাত দয়া আলৱিছ গোলাবীৰ ভূমিকাত ৰঘূবীৰ যাদৱ
ৰবীন্দ্ৰৰ ভূমিকাত বিনয় পাঠক
শেঠ দ্বাৰকানাথৰ ভূমিকাত মহাত্মা গান্ধীৰ ভূমিকাত মোহন জাংগিয়ানী
মহাত্মা গান্ধীৰ কণ্ঠত জুল ভিলানী
মুক্তি
২০০৫ চনৰ ৮ ছেপ্তেম্বৰত ট'ৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে মুক্তিলাভ কৰে আৰু অন্যান্য ঠাইত তলৰ তালিকা অনুসৰি মুক্তিলাভ কৰে। ভাৰতত ছবিখন লৈ বিভিন্ন বিতৰ্ক হোৱাৰ পিছত অৱশেষত ভাৰতীয় চেঞ্চৰ বৰ্ডে ছবিখনত "ইউ" চাৰ্টিফিকেট প্ৰদান কৰে। ২০০৭ চনৰ ৯ মাৰ্চত ছবিখন ভাৰতত মুক্তি পায়।
সঁহাৰি
পুৰস্কাৰ
বিজেতা:
২০০৬, শ্ৰেষ্ঠ অভিনেত্ৰীৰ জিনি বঁটা সীমা বিশ্বাস
2006, চমৎকাৰ চিনেমেটোগ্ৰাফী সমাধাৰ জিনি বঁটা, গিলছ নাটজেনছ ২০০৬, শ্ৰেষ্ঠ মৌলিক স্বৰলিপি, মাইকেল ডানা
২০০৬, বেংকক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ ছবিৰ গল্ডেন কিন্নৰী এৱাৰ্ড
২০০৬, অছল'ৰ দক্ষিণৰ চলচ্চিত্ৰ উৎসৱত শ্ৰেষ্ঠ ছবিৰ দ্য ছিলভাৰ মিৰ'ৰ এৱাৰ্ড
মনোনীত:
২০০৭, শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ অস্কাৰ বঁটা (এই শিতানত মনোনয়ন লাভ কৰা কানাডাৰ প্ৰথম অ-ফৰাচী কানাডিয়ান ছবি)
২০০৭, শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ ব্ৰডকাষ্ট ফিল্ম ক্ৰিটিকছ এচ'চিয়েছন এৱাৰ্ড
২০০৬, প্ৰকাশৰ স্বাধীনতাৰ নেচনেল বৰ্ড অফ ৰিভিউ (এন বি আৰ) এৱাৰ্ড
সমালোচনা
চলচ্চিত্ৰখন লছ এঞ্জেলছ টাইমছত কেভিন থমাছৰদ্বাৰা উচ্চ প্ৰশংসিত হয়:
চলচ্চিত্ৰনিৰ্মাতা হিচাপে আবেগিকভাৱে উৎসৰ্গিত মেহতাই কোনো উপদেশ নিদিয়ে কিন্তু তাৰ পৰিৱৰ্ত্তে এক পূৰ্ণ শক্তিশালী ৰূপত অভ্যন্তৰীণ সমস্যাৰ কাহিনী কয়। ১৯৩৮ চনত ইংৰাজ শাসনাধীন ভাৰতৰ পটভূমিত নিৰ্মিত "ৱাটাৰ" বহিস্কৃত বিধৱাসকলৰ নিৰ্মম জীৱনৰ বৈপৰীত্যৰূপী পবিত্ৰ গঙ্গা নদীৰ পাৰৰ ইয়াৰ ৰমণীয় পটভূমিৰ দৰেই মনোৰম। ছবিখনে তেতিয়ালৈকে বিচাৰ্য নোহোৱা তেওঁলোকৰ দুৰ্দশাৰ প্ৰতি ক্ষোভত ফাটি পৰিছে, আৰু এক কাব্যিক গুণ বহন কৰিছে। যিয়েই নঘটক কিয়, জীৱনটো গঙ্গাৰ দৰেই অবিৰতভাৱে বৈ যায়। মেহতাই তেওঁৰ চৌপাশৰ লোকসকলক পৌৰাণিক ধৰ্মীয় লিখনিৰ নিৰ্দেশৰদ্বাৰা প্ৰভাৱিত এক নিষ্ঠুৰ আৰু আওপুৰণি প্ৰথাৰদ্বাৰা বন্দী তথা অন্ধ হৈ বিধৱাসকলক আৰ্থিক সকাহ দিয়াৰ পৰা মুক্ত হোৱাৰ দৰে পাৰিবাৰিক আকাংক্ষা পোষণ কৰা দেখিছে। ফলস্বৰূপে, তেওঁ অতিশয় গ্ৰহণযোগ্য আৰু সুন্দৰভাৱে গঢ় দিয়া কাহিনীটোত যুক্তিসংগত বিনোদ যোগ কৰিবলৈ সক্ষম হৈছে। "ৱাটাৰ" এক ভিন্ন প্ৰাচুৰ্য আৰু জটিলতাৰে উদ্ভাসিত হৈছে।
নিউয়ৰ্ক টাইমছৰ জেনেট কেটছলিছে ছবিখন নিউয়ৰ্ক টাইমছ সমালোচকৰ নিৰ্বাচনলৈ নিৰ্বাচিত কৰাৰ উপৰিও "উৎকৃষ্ট" বুলি অভিহিত কৰে। তেওঁ লগতে কয়, "ছবিখনে উপৰিভাগৰ পৰা নিৰ্মল এতিয়াও তল পৰি থকা হিন্দু ৰক্ষণশীলতাৰ তলৰ বিধৱাসকশৰ দুৰ্দশাৰ সৈতে ইংৰাজ শাসিত ভাৰতৰ উক্ত অৱস্থাৰ সমতা স্থাপন কৰিছে। কিছুসংখ্যক সমালোচকে যুক্তি দৰ্শাই যে মেহতাই তেওঁৰ ছবিসমূহত স্বাধীনোত্তৰ ভাৰতৰ জটিল ৰাজনীতিক আওকাণ কৰিছে আৰু "বিদেশীমূলীয়" আৰু "আচৰিত" প্ৰকৃতিৰ ভাৰতীয় সংস্কৃতিত প্ৰাচ্য বিদ্যাবিদ আৰু ধৰ্মান্ধক শক্তিশালী কৰিছে।
সংগীত
বিতৰ্ক
প্ৰথমাৱস্থাত পৰিচালক দীপা মেহতাই ২০০০ চনৰ ফেব্ৰুৱাৰীতেই শ্বাবানা আজমী, নন্দিতা দাস আৰু অক্ষয় কুমাৰক অভিনয় শিল্পী হিচাপে লৈ ৱাটাৰ নিৰ্মাণৰ বাবে আগবাঢ়িছিল। তেওঁৰ পূৰ্বৱৰ্ত্তী ছবি ফায়াৰে ভাৰতীয় শাসনতন্ত্ৰৰ গোড়া পক্ষৰ শত্ৰুতা আৰ্জিছিল যি তেওঁৰ বিষয়বস্তু আৰু ৰক্ষণশীল পৰিয়ালসমূহক এক ঋণাত্মক ৰূপত উপস্থাপন কৰা কাৰ্যৰ বিৰোধিতা কৰিছিল। বিক্ষোভকাৰীসকলে প্ৰতিবাদৰ লগতে ছবিখন প্ৰদৰ্শিত হ'বলগা ছবিঘৰসমূহত আক্ৰমণৰ যো-জা কৰিছিল। চিত্ৰগ্ৰহণ আৰম্ভ হোৱাৰ আগদিনা ছবিৰ শিল্পী তথা কলা-কুশলীৰ দলটোৱে খবৰ পায় যে ছবিৰ চিত্ৰগ্ৰহণৰ স্থানসমূহৰ বাবে অনুজ্ঞাত কিছু অসুবিধা আছে। পৰৱৰ্ত্তী দিনটোত তেওঁলোকে জানিবলৈ পায় যে ২০০০ বিক্ষোভকাৰীয়ে ছবিৰ মূল ছেটটো ধ্বংস কৰি অৱশিষ্টসমূহ গঙ্গা নদীত দলিয়াই পেলায়। পিছত এই কথা পোহৰলৈ আহে যে এই সকলোবোৰ ঘটনাৰ মূলতে আছিল ছবিখনৰ বিষয়বস্তুৰ বিষয়ে অনা মিছা অভিযোগ। বিক্ষোভকাৰী অৰুণ পাঠকে ছবিখনৰ নিৰ্মাণ বন্ধ কৰিবৰ বাবে আমৰণ-বিক্ষোভৰো আয়োজন কৰিছিল।
ইয়াৰপৰা উদ্ভৱ হোৱা মানসিক চাপ আৰু আৰ্থিক সংকটৰ বাবে মেহতাই যথেষ্ট সংগ্ৰাম কৰিবলগা হয় আৰু পিছলৈ তেওঁ ভাৰতৰ সলনি শ্ৰীলংকাত ৱাটাৰৰ চিত্ৰগ্ৰহণ কৰিবলগাত পৰে। অৱশেষত নতুন অভিনয় শিল্পী আৰু এক ভুৱা নামেৰে (ৰিভাৰ মুন) মেহতাই ছবিখন নিৰ্মাণ কৰিবলৈ সক্ষম হয়। মেহতাৰ কন্যা দেৱযানী ছল্টছমানে 'শ্বুটিং ৱাটাৰ এ মাডাৰ-ড'টাৰ জাৰ্ণি এণ্ড দ্য মেকিং অফ দ্য ফিল্ম নামৰ গ্ৰন্থত ছবিখন নিৰ্মাণৰ বাবে কৰিবলগা হোৱা সংগ্ৰামৰ কথা লিপিৱদ্ধ কৰিছে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
ৱাটাৰ.
হিন্দী চলচ্চিত্ৰ
ইংৰাজী |
58074 | https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BF%E0%A6%A8%E0%A6%BE%E0%A6%B2%20%E0%A6%A6%E0%A6%BE%E0%A6%96%E0%A7%B1%E0%A7%87%20%E0%A6%AD%E0%A7%8B%E0%A6%81%E0%A6%9A%E0%A6%B2%E0%A7%87 | মিনাল দাখৱে ভোঁচলে | মিনাল দাখৱে ভোঁচলে হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু ভাইৰাছ বিশেষজ্ঞ। তেখেত পুণেস্থিত জৈৱ-প্ৰযুক্তিবিদ্যাৰ কোম্পানী "মাইলেব ডিস্ক'ভাৰি ছলিউশনছ"ত কৰ্মৰত। কোম্পানীটোৰ "গৱেষণা আৰু উন্নয়ন" শাখাৰ তেখেত মুৰব্বী। ক'ভিড-১৯ৰ প্ৰথমটো ভাৰতীয় পৰীক্ষণ-সঁজুলি নিৰ্মাণত তেখেতে অগ্ৰণী ভূমিকা পালন কৰে। এইটো বিশেষ সঁজুলিৰ নিৰ্মাণ তেওঁ আৰু তেওঁৰ নেতৃত্বত থকা দলটোৱে মাত্ৰ ছটা সপ্তাহৰ ভিতৰতে সম্পূৰ্ণ কৰি উলিয়ায়।
উদ্ভাৱন
সমগ্ৰ পৃথিৱীত ক'ৰ'ণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ মুহূৰ্তত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ )-এ ভাৰতৰ ব্যক্তিগত খণ্ডৰ প্ৰয়োগশালাসমূহ বা লেব'ৰেটৰীসমূহকো ভাইৰাছবিধৰ চিনাক্তকৰণ আৰু পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰে। তাৰ ঠিক দুসপ্তাহৰ পাছতেই ভাৰতে প্ৰথমটো পৰীক্ষণ সঁজুলি বজাৰত মুকলি কৰিবলৈ সক্ষম হয়। এই কামটো সম্পন্ন কৰে পুণেত থকা জৈৱ-প্ৰযুক্তিবিদ্যাৰ কোম্পানী মাইলেব ডিস্ক'ভাৰি ছলিউছনছে। সেই উদ্ভাৱনৰ বাবে কৃতিত্ব দিয়া হৈছে মিনাল দাখৱে ভোঁচলে আৰু তেওঁৰ দলটোক। উল্লেখযোগ্য যে, খাদ্য আৰু ঔষধ কৰ্তৃপক্ষ কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় ভাইৰ'ল'জি প্ৰতিষ্ঠানৰ পৰা বাণিজ্যিক অনুজ্ঞাপত্ৰ লাভ কৰা মাইলেবেই হৈছে প্ৰথমটো ভাৰতীয় প্ৰতিষ্ঠান।
বিজ্ঞানী মিনাল দাখৱে ভোঁচলে আণৱিক ৰোগ আৰু সেইসমূহৰ প্ৰণালীবদ্ধ চিনাক্তকৰণৰ লগত জড়িত। এই ক্ষেত্ৰত তেখেতে সাতবছৰ ধৰি কাম কৰি আছে। পুণেৰ "মাইলেব ডিস্ক'ভাৰি ছলিউছনছ"ৰ গৱেষণা আৰু উন্নয়ন শাখাত তেখেত মুৰব্বীৰ ভূমিকা পালন কৰি আহিছে। প্ৰতিক্ৰিয়াসাধকৰ )ৰ সূচনা আৰু পৰিচালনাকে ধৰি বিভিন্ন গৱেষণামূলক প্ৰকল্পৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মৰ গৱেষকসকলৰ বাবে এটা পথ তৈয়াৰ কৰাটো তেখেতৰ মূল দায়িত্ব।
ক'ভিড-১৯ৰ পৰীক্ষণ সঁজুলি
ভোঁচলেৰ নেতৃত্বত মাইলেবে ক'ভিড-১৯ৰ বিশেষ পৰীক্ষণ সঁজুলিটোৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল ফেব্ৰুৱাৰীৰ পৰা। ১৮ মাৰ্চত তেওঁলোকৰ কৰ্ম সম্পন্ন হয়। আৰু সঁজুলিটোৰ পুনৰীক্ষণৰ বাবে ভোচলেয়ে সেইটো লৈ প্ৰেৰণ কৰে। তেওঁলোকৰ দলটোত দহগৰাকী ব্যক্তিয়ে কাম কৰিছিল। তেওঁলোকে সাজি উলিওৱা সঁজুলিটোৰ নাম পাথো ডিটেক্ট উল্লেখ্য যে, তাৰ ঠিক এদিন আগতেহে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ভাৰতীয় ব্যক্তিগত লেবসমূহক কভিদ-১৯ৰ পৰীক্ষণৰ বাবে অনুমতি দিছিল। ১৮ মাৰ্চৰ দিনাই ভোঁচলেয়ে সঁজুলিটো আৰু লৈও প্ৰেৰণ কৰে। ২৬ মাৰ্চ বৃহস্পতিবাৰে এই পৰীক্ষণ সঁজুলিসমূহ বজাৰত মুকলি কৰা হয়। তেওঁলোকে তেনেধৰণৰ পৰীক্ষণ সঁজুলি এসপ্তাহৰ ভিতৰত এক লাখ সাজি উলিয়াব পাৰিব বুলি দাবী কৰে আৰু প্ৰয়োজন হ'লে তেওঁলোকে দুই লাখো সঁজুলিও সাজি উলিয়াব পাৰে। প্ৰতিটো পৰীক্ষণ-সঁজুলিয়ে এশটা নমুনা পৰীক্ষা কৰিব পাৰে। ইয়াৰ দাম মাথোঁ ১২০০ টকা। অন্যহাতে ভাৰতে বিদেশৰ পৰা অনা কভিদ-১৯ৰ পৰীক্ষণ-সঁজুলিবোৰৰ দাম প্ৰায় ৪,৫০০ টকা।
বিজ্ঞানী ভোঁচলেয়ে কয় যে, "আমাৰ পৰীক্ষণ-সঁজুলিটোৱে মাত্ৰ আঢ়ৈ ঘণ্টাৰ ভিতৰতে ৰোগনিৰ্ণয় কৰিব পাৰিব যিটো কাম কৰিবলৈ বিদেশী সঁজুলিবোৰে ছয়-সাতঘণ্টা সময় লয়। তেওঁ লগতে কয় যে, "আমি পেথো ডিটেক্ট নামৰ এই কীটটো অভিলেখসৃষ্টিকাৰী সময়ত সাজি উলিয়াইছোঁ। তিনি-চাৰিমাহৰ পৰিৱৰ্তে মাত্ৰ ছয় সপ্তাহতে। উল্লেখযোগ্য কথা যে, এই সমগ্ৰ পৰীক্ষা-গৱেষণা চলাই থকা মুৰব্বী বিজ্ঞানী ভোঁচলে গৰ্ভৱতী অৱস্থাত আছিল। ফেব্ৰুৱাৰী মাহত তেখেত গৰ্ভাৱস্থাজনিত এক জটিলতাৰো মুখামুখি হৈছিল। তেনেদৰেই তেখেতে নিজৰ গৱেষণা আৰু কৰ্তব্যত নিয়োজিত হৈ আছিল। অৱশেষত ১৯ মাৰ্চৰ দিনা তেখেতে এটি কন্যা সন্তান জন্ম দিয়ে। তাৰ আগদিনা অৰ্থাৎ ১৮ মাৰ্চত তেখেতে পৰীক্ষণ-সঁজুলিটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তাৰ পুনৰীক্ষণৰ বাবে এন.আই.ভিলৈ প্ৰেৰণ কৰিছিল। তেখেতে কয় যে, "এইয়া জৰুৰীকালীন সময়। মই তাক এক প্ৰত্যাহ্বান হিচাপে লৈছিলোঁ। মই মোৰ দেশৰ প্ৰতি সেৱা আগবঢ়াব খুজিছিলোঁ। এই কাম কৰাত আমাৰ দহজনীয়া দলটোৱে বৰ কষ্টস্বীকাৰ কৰিছিল। স্বীকৃতি আৰু প্ৰশংসা
মিনাল দাখৱে ভোঁচলেৰ এই অনুপ্ৰেৰণাদায়ী কৰ্ময়েই বহুতো মানুহকে আনন্দিত আৰু উৎফুল্ল কৰে। নামজ্বলা উদ্যোগী আনন্দ মহিন্দ্ৰা আৰু অভিনেত্ৰী ছনি ৰাজদানে ভোঁচলেক ভূয়সী প্ৰশংসা কৰে। তেওঁলোকে ছ'ছিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত মিনালৰ উদ্ভাৱন আৰু কৰ্তব্যনিষ্ঠাৰ কথা উল্লেখ কৰে। ছ'নি ৰাজদানে ইনষ্টাগ্ৰামত মিনালৰ উদ্ভাৱনৰ আঁৰত লুকাই থকা কৰ্মস্পৃহাৰ কথা উল্লেখ কৰে। টুইটাৰযোগে আনন্দ মহিন্দ্ৰাই কয় যে, "শ্ৰীমতি ভোঁচলে, আপুনি কেৱল এটি কন্যা সন্তান আৰু এটি পৰীক্ষণ-সঁজুলিয়েই আমাক দিয়া নাই। আপুনি সমগ্ৰ ভাৰততে এক আশাৰ ৰেঙনি ছটিয়াই দিছে। বায়'ক'ন কোম্পানীৰ অধ্যক্ষা আৰু পৰিচালন সঞ্চালক কিৰণ মজুমদাৰ-শ্বায়েও ভোঁচলেক টুইটাৰত প্ৰশংসা কৰে আৰু মাইলেব প্ৰতিষ্ঠানক অভিনন্দন জনায়।
তথ্যসূত্ৰ
ভাৰতৰ ব্যক্তি
ভাৰতীয় মহিলা বিজ্ঞানী
ভাৰতীয় |
34680 | https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%87%E0%A6%89%E0%A6%9C%20%E0%A6%97%E0%A7%83%E0%A6%B9%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AD%E0%A6%BE%E0%A7%B1 | সেউজ গৃহ প্ৰভাৱ | সেউজ গৃহ প্ৰভাৱ বিভিন্ন উৎসৰ পৰা ওলোৱা ধূলি, ধোৱা বাষ্প আদিয়ে বায়ুমণ্ডলক আচ্ছাদিত কৰি কুঁৱলীৰ সৃষ্টি কৰে। এই কুঁৱলীৰ ফলত বায়ুমণ্ডলৰ অস্পষ্টতা বাঢ়ে। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি গ’লে সূৰ্যৰ পৰা বিকিৰিত ৰশ্মি কুঁৱলী আৰু কাৰ্বন-ডাই-অক্সাইডৰ তৰপ ভেদ কৰি ওলাই যাব নোৱাৰে। ফলত পৰিবেশৰ উষ্ণতা বাঢ়ে। ইয়াক সেউজ গৃহ প্ৰভাৱ বুুলি কয়। মুখ্য সেউজ গৃহ গেছবোৰ হ’ল কাৰ্বন-ডাই-অক্সাইড, অ'জন, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ’ফ্লৰ’কাৰ্বন আৰু জলীয় ="গ্ৰন্থ ১"
বায়ুমণ্ডলত এই গেছবোৰৰ শতকৰা পৰিমাণ হ’ল কাৰ্বন-ডাই-অক্সাইড ৫০%
মিথেন ১০%
চি.এফ.চি ১৭%
অ’জন ৮%
নাইট্ৰাছ অক্সাইড ৪%
জলীয় বাষ্প ২%
সেউজ গৃহ গেছসমূহ
সূৰ্যৰ পোহৰ সেউজ গৃহ আৱৰণেদি পাৰ হৈ আহি ভূ-পৃষ্ঠৰ ওপৰত পৰে আৰু ভূ-পৃষ্ঠই ইয়াক পুনৰ প্ৰতিফলিত কৰি পঠাই দিয়ে। কিন্তু সেউজ গৃহ আৱৰণে আৰু কাৰ্বন-ডাই-অক্সাইডৰ তৰপে এই তাপখিনিক সম্পূৰ্ণৰূপে পুনৰ ঘূৰি যোৱাত বাধা প্ৰদান কৰে। ফলত এই তাপে পৃথিৱী পৃষ্ঠৰ উষ্ণতা ক্ৰমাৎ বঢ়াই দিয়ে। বায়ুমণ্ডলৰ ট্ৰপ’স্ফিয়াৰত থকা এই সেউজ গৃহ গেছসমূহ কাৰ্বন-ডাই-অক্সাইড 2)
গোলকীয় উত্তাপ বৃদ্ধিত ৫০ শতাংশ অৰিহণা যোগায় বায়ুমণ্ডলত থকা কাৰ্বন-ডাই-অক্সাইড গেছে॥এই গেছৰ প্ৰধান উৎসসমূহ হ’ল জীৱাষ্ম ইন্ধনৰ দহন (৬৭%) আৰু বনাঞ্চল ধ্বংস, বিভিন্ন কাৰণত ভূমি পৰিষ্কাৰ আৰু দহন (৩৩%), যিকোনো কাৰ্বনযুক্ত পদাৰ্থৰ দহন ইত্যাদি। কাৰ্বন-ডাই-অক্সাইড বায়ুমণ্ডলত প্ৰায় ৫৫০ বছৰলৈ থাকে। বায়ুমণ্ডলত ইয়াৰ গাঢ়তা ১৯৯০ চনত ৩৫৫ আছিল কিন্তু তাৰ পিছত প্ৰতি বছৰে এই গাঢ়তা ১.৫ শতাংশ হাৰত বাঢ়ি আছে।
ক্লৰ’ফ্লৰ' কাৰ্বন গোলকীয় উত্তাপ বৃদ্ধিত ক্লৰ’ফ্লৰ'কাৰ্বনে ২৪ শতাংশ অৰিহণা যোগায়। তদুপৰি এই ক্লৰ’ফ্লৰ'কাৰ্বন বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰত থকা অ’জন স্তৰো বিভংগনৰ মূল কাৰণ। ইয়াক কেইবাটাও ৰূপত পোৱা যায়। তাৰে ভিতৰত চি.এফ.চি ১১ আৰু চি.এফ.চি ১২ প্ৰধান। ক্লৰ’ফ্লৰ'কাৰ্বনৰ মূল উৎসসমূহ হ’ল শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ, ফ্ৰীজ, সুগন্ধি স্প্ৰে, উদ্যোগিক আৱৰ্জনা, প্লাষ্টিক ফ’ম উৎপাদন, এৰ’ছল প্ৰ’পেলেণ্ট ইত্যাদি। চি.এফ.চি.ৰ বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰ স্তৰ ঢুকি পাবলৈ ১০-১৫ বছৰ লাগে। কিন্তু ইয়াৰ এটা অণুই কাৰ্বন-ডাই-অক্সাইডতকৈ ১৫০০-৭০০০ গুণ বেছি তাপ শোষিত কৰি লব পাৰে। বায়ুমণ্ডলত ক্লৰ’ফ্লৰ'কাৰ্বনৰ গাঢ়তা ০.০০২২৫ যদিও বাৰ্ষিক ০.৫ শতাংশ হাৰত এই গাঢ়তা বৃদ্ধি হৈ আছে।
মিথেন 4)
গোলকীয় উষ্ণতা বৃদ্ধিত মিথেন গেছে ১৮ শতাংশ অৰিহনা যোগায়। ইয়াৰ মুখ্য উৎস হ’ল পিতনি, ধাননি, প্ৰকৃতিৰ আৰ্দ্ৰ অঞ্চল, গৰু, ম’হ, ভেড়া আৰু উঁই পৰুৱাৰ পাচন নলী ইত্যাদি। এই উল্লিখিত স্থানসমূহত বেক্টেৰিয়াই মৃত জৈৱ পদাৰ্থ সমূহক সৰল অৱস্থালৈ অনা প্ৰক্ৰিয়াত মিথেন গেছৰ সৃষ্টি হয়। তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদন আৰু ব্যৱহাৰ তথা জৈৱ পদাৰ্থৰ অসম্পূৰ্ণ দহন ইত্যাদিয়েও মিথেন গেছ প্ৰস্তুত হোৱাত সহায় কৰে। মিথেন গেছ বায়ুমণ্ডলত ৭-১০ বছৰলৈ থাকে। গোলকীয় উষ্ণতা বৃদ্ধিত মিথেন গেছ কাৰ্বন-ডাই-অক্সাইডতকৈ ২৫ গুণ বেছি শক্তিশালী। বায়ুমণ্ডলত মিথেনৰ গাঢ়তা ১.৬৭৫ যদিও বাৰ্ষিক ১ শতাংশ হিচাপত ইয়াৰ গাঢ়তা বৃদ্ধি হৈ আছে।
নাইট্ৰাছ অক্সাইড নাইট্ৰাছ অক্সাইডে গোলকীয় উষ্ণতা বৃদ্ধিলৈ ৬ শতাংশৰ বৰঙনি যোগায়। নাইট্ৰাছ অক্সাইডে গোলকীয় উষ্ণতা বৃদ্ধি কৰাৰ উপৰিও অ’জন স্তৰৰো বিভংগন ঘটায়। ইয়াৰ মূল উৎস হৈছে জৈৱভৰ দহন, কয়লাৰৰ দহন, ৰাসায়নিক সাৰ, মাটি নিকাকৰণ, নাইট্ৰেড যুক্ত ভূ-গৰ্ভৰ পানী ইত্যাদি। ট্ৰপ’স্ফিয়াৰত ইয়াৰ আয়ুস ১৪০-১৯০বছৰ। ইয়াৰ তাপ শোষণ কৰিব পৰা ক্ষমতা কাৰ্বন-ডাই-অক্সাইডতকৈ ২৩০ গুণ বেছি। বায়ুমণ্ডলত নাইট্ৰাছ অক্সাইডৰ গাঢ়তা ০.৩ কিন্তু বাৰ্ষিক ০.২ শতাংশ হাৰত বৃদ্ধি হৈ আছে। ইয়াৰ উপৰিও অ’জন, কাৰ্বন-মনক্সাইড আদি গেছে গোলকীয় উষ্ণতা বৃদ্ধিত প্ৰায় ১২ শতাংশ বৰঙনি আগবঢ়ায়।
সেউজ গৃহ প্ৰভাৱৰ পৰিণাম
সেউজ গৃহ প্ৰভাৱৰ ফলস্বৰূপে কেৱল গোলকীয় উষ্ণতা বৃদ্ধি হোৱাই নহয়, ই জলবায়ু আৰু প্ৰাকৃতিক পদ্ধতি সমূহৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়। গোলকীয় উষ্ণতা বৃদ্ধি
সেউজ গৃহ প্ৰভাৱৰ বাবে বিগত ৩০ বছৰৰ ভিতৰত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। যদি এই সেউজ গৃহ প্ৰভাৱৰ বাবে জগৰীয়া গেছসমূহ বৰ্তমানৰ হাৰতে বৃদ্ধি পাই থাকে তেনেহ’লে ২০৫০ চনত গোলকীয় উষ্ণতা ১.৫° ছে.ৰ পৰা ৫.৬° ছে. পৰ্য্যন্ত বৃদ্ধি পাব পাৰে। সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি
গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে সাগৰ পৃষ্ঠৰো উচ্চতা বৃদ্ধি পায়। কাৰণ ভূ-পৃষ্ঠৰ উষ্ণতা বঢ়াৰ ফলত মেৰু অঞ্চল আৰু পৰ্বত, পাহাৰৰ বৰফ গলি সাগৰ পৃষ্ঠৰ উচ্চতা বঢ়াই দিয়ে। মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ
গোলকীয় উষ্ণতা বৃদ্ধিয়ে বৃষ্টিপাতৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। অতিপাত বৃষ্টিৰ ফলত বানপানী, মহামাৰী আদি সমস্যাই দেখা দিয়ে। কৃষিৰ ওপৰত প্ৰভাৱ
বিশ্বৰ বিভিন্ন অঞ্চলত বিভিন্ন কৃষিকাৰ্য্যৰ ওপৰত উষ্ণতা বৃদ্ধিয়ে প্ৰতিকূল আৰু অনুকূল দুয়োটা প্ৰভাৱ পেলোৱা দেখা যায়। মাটিৰ আৰ্দ্ৰতা কমি যায় আৰু উদ্ভিদৰ বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে। তদুপৰি বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিয়ে বিভিন্ন শস্যৰ অনিষ্টকাৰী কীটৰ বংশবৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰিও সেউজ গৃহ প্ৰভাৱৰ ফলস্বৰূপে মৰুভূমিৰ আকাৰ বৃদ্ধি, জলাশয়ৰ পানীৰ বাষ্পীভৱন, গৰম বতাহ, বানপানী, খৰাং বতৰ, জৈৱ বৈচিত্ৰ্য হ্ৰাস আদি সমস্যাই দেখা দিয়ে।
সেউজ গৃহ পৰিঘটনা ৰোধৰ উপায়
আৰু জীৱাষ্ম ইন্ধনৰ ব্যৱহাৰ কমাব লাগে। শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত কাৰ্য্যদক্ষতা বৃদ্ধি কৰা নৱীকৰণযোগ্য শক্তি সম্পদ ব্যৱহাৰ কৰিব লাগে। বিদ্যুত উৎপাদনৰ বাবে পাৰমাণবিক বিদ্যুত প্ৰকল্প স্থাপন কৰিব লাগে। কয়লা ব্যৱহাৰতকৈ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিব লাগে। বহনক্ষম কৃষিকৰ্মৰ প্ৰতি মনযোগ দিব লাগে। জনসংখ্যা বৃদ্ধি ৰোধ কৰিব লাগে। বেছি সংখ্যক গছ-গছনি ৰোপণ কৰিব লাগে। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে। সেউজ গৃহ গেছ সমূহৰ উৎপাদন হ্ৰাস কৰিব লাগে।
তথ্য সংগ্ৰহ
পৰিৱেশ |
54324 | https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%95%E0%A6%A8%E0%A6%B2%E0%A6%A6%E0%A7%87%E0%A6%B9%E0%A7%80%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%A3%E0%A7%80 | একনলদেহী প্ৰাণী | একনলদেহী প্ৰাণী বা চিলেনটেৰেটা হৈছে প্ৰাণীজগতৰ পৰ্ব ক্নিডেৰিয়া (প্ৰৱাল, জেলী, ছী এনামন, ছী পেন্স, ইত্যাদি) আৰু টেন'ফৰাৰ (কম্ব জেলী) অন্তৰ্গত জীৱবোৰ। চিলেনটেৰেটা নামটো আৰু এণ্টেৰণ, 'খাদ্যনলী', শব্দৰ পৰা আহৰণ কৰা হৈছে, যিয়ে এই দুটা পৰ্বৰ জীৱবোৰৰ ফোঁপোলা দেহ গহ্বৰক বুজায়। ইহঁত হৈছে অতি সাধাৰণ কলা সংঘ, কেৱল দুটা স্তৰযুক্ত (অভ্যন্তৰীণ আৰু বাহ্যিক) দেহ আৰু পাৰ্শ্বীয়ভাৱে প্ৰতিসম জীৱ। প্ৰৱাল উপনিৱেশ, হাইড্ৰা, জেলী ফিছ আৰু ছী এনামন হৈছে এনে জীৱৰ উদাহৰণ। একনলদেহী জীৱৰ এটা সুনিৰ্দিষ্ট সংবহন তন্ত্ৰ নাথাকে, কলা তৰপৰ মাজেদিয়েই পৰিবহণ সংঘটিত হয়।
বৈশিষ্ট
সকলো একনলদেহী জলজ, বেছিভাগেই সামুদ্ৰীক। দেহ পাৰ্শ্বীয়ভাৱে প্ৰতিসম, দ্বিস্তৰীয় আৰু দেহ গহ্বৰ নাথাকে। দেহত কেৱল এটা ছিদ্ৰ থাকে, ইয়াক হাইপ'ষ্টম বোলে, ইয়াৰ চাৰিওফালে চিকাৰ বিশেষকৈ সামুদ্ৰিক প্লাংটন ধৰিবলৈ সংবেদী টেণ্টাকল থাকে। এই টেণ্টাকলবোৱে গেষ্ট'ভাছকুলাৰ কেভিটি বা চিলেনটেৰণ নামৰ এটা গহ্বৰক আগুৰি থাকে। আন্তঃকোষীয় বা বহিকোষীয় পাচন সংঘটিত হয়। সাধাৰণ নিষ্কাষণৰ জৰিয়তে শ্বসন আৰু ৰেচন ক্ৰিয়া হয়। দেহত স্নায়ুৰ এক জালিকা বিস্তাৰিত হৈ থাকে। বহুতো উপনিৱেশীয় প্ৰজাতিৰ বিভিন্ন সদস্য সকলে ভিন্ন কাৰ্যৰ বাবে ভিন্ন ৰূপ লব পাৰে। ইহঁতক জইডছ বুলি কোৱা হয়। এই প্ৰাণীয়ে সাধাৰণতে মুকুল সৃষ্টিৰ জৰিয়তে অযৌন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে যদিও কিছুমান গোটত যৌন প্ৰজননো দেখা পোৱা যায়।
শ্ৰেণীবিভাজনৰ ইতিহাস বৰ্তমান চিলেনটেৰেটা শব্দৰ বৈজ্ঞানিক বৈধতা এটা বিবদমান বিষয়, বহুক্ষেত্ৰত ক্নিডেৰিয়া আৰু টেন'ফৰা পৰ্ব দুটাক খুব কমেহে ব্যৱহাৰ কৰা হয়। যদিহে প্লেক'জৱা আৰু বাইলেটেৰিয়া দুয়োটাকে বিবেচনা কৰিলে চিলেনটেৰেটাৰ এটা মনফাইলেটিক গোট বুলি কব পৰা যায়। বিশেষকৈ, টেন'ফৰাৰ ফাইল'জেনেটিক স্থান এতিয়াও বিবাদৰ বিষয়; প্ৰথমতে ইয়াক চিলেনটেৰেটাৰ এটা উপ−গোট হিচাপে বিবেচনা কৰা হৈছিল কিন্তু হেইমেনে ইয়াক এটা পৃথক পৰ্ব বুলি মত আগবঢ়াই।
পলিপ আৰু মেডুছা চিলেনটেৰেটাৰ অধিকাংশ সদস্য পলিপ অথবা মেডুছা ৰূপত পোৱা যায়।
পলিপ ৰূপ পলিপ ৰূপ হাইড্ৰ'জৱা আৰু এণ্ঠ'জৱা বৰ্গত পোৱা যায়। সৰল ৰূপৰ পলিপ গিলাছ অথবা বেলনাকাৰৰ হয়। ইয়াৰ মুখ ওপৰৰ ফালে আৰু বিপৰীত দিশ পৃথিৱীৰ ফালে থাকে। উপনিৱেশ পাতি বাস কৰা জাতিবোৰৰ মুখৰ বিপৰীত দিশত উপনিৱেশৰ প্ৰাণীবোৰ লগ লাগি থাকে। এনে জাতিবোৰৰ বিভিন্ন পলিপৰ ভিতৰৰ সুৰংগবোৰ এটা আনটোৰ সৈতে শাখাৰ দ্বাৰা সংযুক্ত হৈ থাকে। এনে জাতিবোৰৰ অধিকাংশৰে সকলো পলিপ একে ধৰণৰ নহয়। উদাহৰণ স্বৰূপে কিছুমানৰ মুখ থাকে আৰু আহাৰ গ্ৰহণ কৰে আনহাতে কিছুমানৰ মুখ নাথাকে, কিছুমানৰ আন্তঃগহ্বৰ সৰল থলীৰ দৰে আনহাতে কিছুমানৰ আন্তঃগহ্বৰ অপূৰ্ণ ৰূপত বহু ভাগত বিভক্ত হৈ থাকে। ছী এনিমেন সাগৰৰ তলিত লাগি থাকে, ই দেখিবলৈ ফুলৰ দৰে কিন্তু ই এবিধ প্ৰাণীহে আৰু ইহঁতে স্পৰ্শিকাৰ দ্বাকা সৰু সৰু জীৱ আবদ্ধ কৰি পাচন কৰে। ই দেখিবলৈ ফুলৰ দৰে হোৱা বাবে ইয়াক সমুদ্ৰপুষ্প বুলি কোৱা হয়। ইয়াৰ সংৰচনাও অন্য পলিপৰ দৰেই। ফোঁপোলা বেলনাকাৰ স্তম্ভৰ শীৰ্ষ ভাগত মুখছিদ্ৰ থাকে, ইয়াত স্পৰ্শিকাৰ এটা বা দুটা তৰপ থাকে। এই স্পৰ্শিকাবোৰ ফুলৰ পাহিৰ দৰে দেখা যায়। স্তম্ভৰ তলফালে চেপেটা। ইয়াৰ সহায়ত ই বিভিন্ন বস্তুত খামুচি ধৰিব পাৰে, কিন্তু ই একে ঠাইতে স্থায়ী ৰূপত খামুচি ধৰি নাথাকে, ই অত্যন্ত ধীৰে ধীৰে চলাচল কৰিব পাৰে। ইয়াক কেইবাদিনলৈকে একে ঠাইতে থকা দেখা যায়। সমুদ্ৰ তীৰৰ কাষত ইয়াক পোৱা যায়। প্ৰায় সকলো সাগৰতে ইয়াক পোৱা যায়, যদিও উষ্ম দেশীয় সমুদ্ৰত ইয়াৰ আকাৰ ডাঙৰ হোৱা দেখা যায়। ই বিভিন্ন ৰঙৰ হয় আৰু বহুক্ষেত্ৰত ইহঁতৰ দেহত সুন্দৰ আঁক আৰু জ্যামিতিক চিত্ৰ দেখা পোৱা যায়। ইহঁত মাংসভোজী, স্পৰ্শিকাৰ সহায়ত ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ ধৰি আহাৰ হিচাপে গ্ৰহণ কৰে।
মেডুছা ইংৰাজীত জেলী ফিছ বুলি কোৱা প্ৰাণীবোৰক বৈজ্ঞানিক ভাষাত মেডুছা বুলি কয়। পাশ্ছাত্য পৰম্পৰামতে মেডুছা এজনী ৰাক্ষসী আছিল যাৰ চুলি নাছিল; চুলিৰ সলনি মূৰত অসংখ্য সৰ্প আছিল। এই ৰাক্ষসীৰ নামেৰেই মেডুছা নামটো ৰখা হৈছে। মেডুছাৰ আকাৰ ছাতিৰ দৰে আৰু ইয়াৰ মাজত য'ত ছাতিৰ দণ্ডডাল থাকে তাতে ইহঁতৰ মুখখন থাকে। ছাতিৰ দৰে হোৱা বাবে ইহঁতক হিন্দীত ছত্ৰিক বুলিও কয়। ইহঁতৰ দেহটো অত্যন্ত কোমল। জেলী ফিছ দেখিবলৈ বৰ ধুনীয়া। ইহঁতৰ বাহিৰ বা ভিতৰত কোনো হাড় নাথাকে। শৰীৰত বহুত পানী থাকে। সমুদ্ৰতীৰৰ পৰা কেতিয়াবা এই প্ৰাণীক পানীত ভাঁহি থকা দেখিবলৈ পোৱা যায়। ইয়াৰ স্পৰ্শিকাবোৰ তললৈ উলমি থাকে আৰু দেহৰ ওপৰভাগ ছাতিৰ দৰে ফুলি থাকে। ই নিৰ্জীৱ বস্তুৰ দৰে পৰি থাকে আৰু পানীৰ সোতে ইহঁতক যেনি তেনি উটুৱাই নিয়ে যদিও ই নিজ ইচ্ছামতে অতি ধীৰে ধীৰে সাতুৰিবও পাৰে। সাতুৰিবৰ বাবে ই বাৰে বাৰে নিজৰ দেহটো সংকোচন প্ৰসাৰণ কৰে। বিভিন্ন জাতিৰ জেলী ফিছ পোৱা যায়। কিছুমানৰ আকাৰ সৰু আৰু কিছুমান বহুত ডাঙৰ হয়। ইহঁত বিভিন্ন আকৰ্ষণীয় বৰণৰ যদিও কিছুমান বিষাক্ত। ইয়াৰ স্পৰ্শিকা বহুত দীঘল হোৱা দেখা যায়। ইয়াৰ দংশনৰ ফলত মৃত্যু পৰ্যন্ত হব পাৰে।
তথ্য সংগ্ৰহ |
54757 | https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%97%E0%A7%80%E0%A6%A4%E0%A6%BF%20%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF | অসমীয়া গীতি সাহিত্য | মৌখিক সাহিত্যৰ সময়ছোৱাৰপৰাই অসমীয়া গীতি সাহিত্যৰ ইতিহাস আৰম্ভ হয়। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ আৰম্ভণিৰেপৰা ৮০০ শকাব্দলৈকে অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগটোক 'গীতি যুগ' বুলি উল্লেখ কৰিছে। তেওঁ এই বুলিও কৈছে- অসমীয়া গীতি-সাহিত্যৰ যুগ বৈষ্ণৱী সাহিত্য আৰু প্ৰাক-বৈষ্ণৱী সাহিত্যৰ বহুত আগতে আৰু মন্ত্ৰ বা তান্ত্ৰিক সাহিত্যৰ কিছুদিন পিছতে। অসমীয়া লোকগীতবোৰ গীতি সাহিত্যৰ প্ৰথম নিদৰ্শন। লোকগীতবোৰক তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল অনুষ্ঠানমূলক লোকগীত, আখ্যানমূলক লোকগীত আৰু বিবিধ বিষয়ক লোকগীত। অনুষ্ঠানমূলক লোকগীতবোৰ হ'ল- বিহুগীত, আইনাম, বিয়ানাম আদি। আখ্যানমূলক লোকগীতবোৰ হ'ল- মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত, বাৰমাহী গীত, বৰফুকনৰ গীত আদি। বিবিধ বিষয়ক গীতবোৰৰ হ'ল- নিচুকণি গীত, গৰখীয়া গীত, নাও খেলোৱা গীত আদি। ইয়াৰোপৰি বনগীত হৈছে অনাখৰী লোকৰ সৃষ্টি, যি গীতি সাহিত্যৰ প্ৰথম স্তৰৰ নিদৰ্শন বহন কৰে। শংকৰদেৱ, মাধৱদেৱৰ বৰগীত, ভটিমা, নাটকত ব্যৱহাৰ কৰা স্তুতি, ৰাগ আদিও গীতি সাহিত্যৰ প্ৰথমছোৱা সময়ৰ নিদৰ্শন। কীৰ্তন ঘোষা, নামঘোষাও গীতি সাহিত্যৰ প্ৰথম পৰ্বৰ নিদৰ্শন।
গীতি সাহিত্যৰ প্ৰথম স্তৰ
আধুনিক অসমীয়া গীতি সাহিত্যৰ সময়সীমা বুলি ক'লে জোনাকী আলোচনীৰ উদ্ভাৱনৰ সময়লৈকে নিৰ্দেশ কৰিব পাৰি। কলিকতাত পঢ়িবলৈ যোৱা ছাত্ৰসকলৰ প্ৰচেষ্টাতে অসমীয়া সমাজলৈ আধুনিক গীতৰ ৰচনাৰ ধাৰাটোৰ আগমন হয়। এইক্ষেত্ৰত 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' বা চমুকৈ 'অঃ ভাঃ উঃ সাঃ' ৰ সৈতে জড়িত ব্যক্তিসকল আৰু কেইজনমান আগ্ৰহী যুৱক যেনে- বেণুধৰ ৰাজখোৱা, লক্ষ্মীৰাম বৰুৱা, কীৰ্তিনাথ শৰ্মা বৰদলৈ আদিৰ নাম উল্লেক্ষণীয়। অসমীয়া আধুনিক গীতক সাহিত্যত গ্ৰন্থ আকাৰে প্ৰথম স্থান দিয়া ব্যক্তিগৰাকী হ'ল- সত্যনাথ বৰা। বৰাই ১৮৮৮ চনত গীতাৱলী পুথি ৰচনাৰ মাধ্যমেৰে অসমীয়া আধুনিক গীতি সাহিত্যৰ শুভাৰম্ভ কৰে। অৱশ্যে অসমীয়া আধুনিক গীতৰ প্ৰথম বিকাশ আৰু প্ৰসাৰ কিন্তু নাটকৰ মাধ্যমেৰে হৈছিল। নাটকত হাঁহিৰ খোৰাক যোগাবলৈ কিছুমান গীতৰ ব্যৱহাৰ কৰা হৈছিল আৰু সম্ভৱত নাটকৰ সেই আৰম্ভণিয়েই আধুনিক গীতৰ প্ৰথম শুভাৰম্ভ। অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰত ঐতিহাসিক গুৰুত্ব থকা সৰ্বপ্ৰথম গীতটো হ'ল সত্যনাথ বৰাৰ গীতাৱলী পুথিৰ অন্তৰ্গত এই গীতটো-
গীতাৱলী পুথিখনত সত্যনাথ বৰাদেৱে লিখিছে এইদৰে- 'আজিকালি আসাম দেশৰ মানুহে গীত গাব লাগিলে বাঙালা গীতহে গায়। ইয়াৰ কাৰণ বোধকৰো অসমীয়া গানৰ অভাৱ। অসমীয়া গীত থকা হ'লে অসমীয়া মানুহে বঙলাগীতৰ প্ৰতি ইমান দৰদ নেদেখুৱালেহেঁতেন। তথাপি এইকেইটা গীত মই সাহৰ ওপৰত ভৰ দি প্ৰকাশ কৰিলো। জনসাধাৰণৰ ওচৰত ইহঁত কিমান আদৰণীয় হয় দুই চাৰিদিনতে জনা যাব। অসমীয়া আধুনিক গীতক সাহিত্য হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সমালোচকসকলে লক্ষ্মীৰাম বৰুৱাক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে। গীতাৱলী পুথিৰ পিচত একমাত্ৰ লক্ষ্মীৰাম বৰুৱাই গীত বিষয়ক দুখন অমূল্য গ্ৰন্থ ৰচনা কৰি অসমীয়া গীতি সাহিত্যক সমৃদ্ধ কৰিছে। সেই গ্ৰন্থদুখন হ'ল- সংগীত কোষ আৰু সংগীত সাধনা। লক্ষ্মীৰাম বৰুৱাই বাট দেখুৱাই যোৱা পথেৰে পৰৱৰ্তী সময়ত বহুকেইগৰাকী লিখকে গীতি সাহিত্য সম্পৰ্কীয় গ্ৰন্থ ছপা কৰে। তেওঁলোকৰ ভিতৰত ভকতৰাম চৌধুৰীৰ 'প্ৰণয় গান'(১৯০৩), বেণুধৰ ৰাজখোৱাৰ 'বাঁহী' (১৯০৬), দুৰ্লভচন্দ্ৰ দাসৰ 'দুৰ্লভ প্ৰেম সংগীত'(১৯২৬)ৰ নাম উল্লেখ কৰিব পাৰি। তেওঁলোকৰ পৰৱৰ্তী সময়ৰ অম্বিকাগিৰী ৰায়চৌধুৰী, উমেশচন্দ্ৰ চৌধুৰী, ইন্দেশ্বৰ বৰঠাকুৰ, কমলানন্দ ভট্টাচাৰ্য, কুমুদ শৰ্মা, মিত্ৰদেৱ মহন্ত আদিৰপৰা 'গীত লহৰী', 'প্ৰতিধ্বনি', 'মন্দাকিনী', 'বেউলা', 'শতদল', 'গীতাৱলী' আদি পুথিৰ নাম উল্লেখযোগ্য। পৰৱৰ্তী সময়ত কীৰ্তিনাথ শৰ্মা বৰদলৈ আৰু তেওঁৰ বৰপুত্ৰ মুক্তিনাথ বৰদলৈৰ যৌথ প্ৰচেষ্টাত 'বাসন্তীৰ অভিষেক', 'লুইত কোঁৱৰ', 'সুৰ বিজয়', 'মেঘাৱলী' আদি সংগীত আলেক্ষ্যৰ পৰীক্ষামূলক প্ৰচেষ্টাই অসমীয়া গীতি সাহিত্যৰ এক নতুন পৰিমণ্ডল ৰচনা কৰে। তদুপৰি কীৰ্তিনাথ শৰ্মা বৰদলৈৰ 'সুৰ পৰিচয়' (১৯২৮) আৰু 'কামৰূপীয়া সংগীত' (১৯৩৮)আদি গীতৰ পুথিৰ নাম উল্লেখযোগ্য। অম্বিকাগিৰী ৰায়চৌধুৰী আধুনিক গীত ৰচনাৰ প্ৰথম পৰ্বৰ এজন শক্তিশালী গীতিকাৰ। তেওঁৰ ভাষা প্ৰয়োগ আৰু সূক্ষ্ম সাংগিতিক চেতনা অতিশয় আছিল। গীতবোৰ স্নিগ্ধ, সমাহিত আৰু সতেজ আছিল। তেওঁ দেশাত্মবোধৰ গান ৰচনা কৰিছিল। তেওঁৰ এটা গীত হ'ল- 'আজি বন্দো কি ছন্দেৰে সমাগত বিৰাট নৰনাৰায়ন ৰূপ'। এইজন গীতিকাৰৰ গীতত প্ৰচুৰ সাহিত্যিক উপাদান পোৱা যায়। গীতি সাহিত্যৰ প্ৰথম স্তৰৰ অন্যান্য গীতিকাৰসকলৰ ভিতৰত নবীন চন্দ্ৰ বৰদলৈ, মিত্ৰদেৱ মহন্তও অন্যতম। নবীন চন্দ্ৰ বৰদলৈৰ 'শ্যাম বৰণীয়া অসম আই ধুনীয়া ভাৰতৰ নুমলী জী', 'বীৰ সন্তানকে কোলাত ল'বলৈ, 'আজি তোৰ বিলাই কি' আদি গীতৰ লগতে মিত্ৰদেৱ মহন্তই এই সময়তে 'চিৰ চেনেহী মোৰ ভাষা জননী' নামৰ প্ৰবল দেশ আৰু ভাষাৰ প্ৰতি আনুগত্য প্ৰকাশক গীত ৰচনা কৰিছিল। এই সময়ৰ সাহিত্যিক মূল্য থকা আন এটা উল্লেখযোগ্য গীত হল- কমলানন্দ ভট্টাচাৰ্যৰ 'বিলত তিৰেবিৰাই পদুমৰ পাহি ঐ' গীতটি। এই গীতৰ আহি লৈ পৰৱৰ্তী সময়ত পাপৰি কবি গণেশ গগৈয়ে 'পাপৰি' কবিতাটি ৰচনা কৰে। পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ 'গৰখীয়া হেৰগৰখীয়া', বেজবৰুৱাৰ 'কোনেনো বাইছে বাঁহী', 'প্ৰেম প্ৰেম বুলি জগতখন ঘূৰিলো', মলিন বৰাৰ 'ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি দান', তফজ্জুল আলিৰ 'বহুদিন বকুলৰ গোন্ধ পোৱা নাই' আদি গীতৰ নাম উল্লেখযোগ্য। এই গীতিকাৰ সকলৰ সৰহসংখ্যক গীততে ভাষাৰ স্নিগ্ধতা, সাৱলিলতা, প্ৰাকৃতিক শোভা বৰ্ণনা, বিষয় বেদনা মিশ্ৰিত প্ৰেমৰ বৰ্ণনা, প্ৰেমৰ ওপৰত গভীৰ আস্থা, সৌন্দৰ্য প্ৰতি কাতৰ দৃষ্টিভংগী আদি সাহিত্যিক মৰ্যাদা সম্পূৰ্ণ গুণবোৰ দেখা যায়।
গীতি সাহিত্যৰ দ্বিতীয় স্তৰ
প্ৰাক স্বাধীনতাৰ সময়ৰ পৰা একবিংশ শতিকাৰ প্ৰথমভাগলৈ অসমীয়া গীতি সাহিত্যক সমৃদ্ধ কৰা লোকসকলৰ ভিতৰত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাকে মুখ্য কৰি পাৰ্বতি প্ৰসাদ বৰুৱা, শিৱ ভট্ৰাচাৰ্য, ভূপেন হাজৰিকা, ৰুদ্ৰ বৰুৱা, কেশৱ মহন্ত, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, লক্ষ্যহীৰা দাস, মুকুল বৰুৱা, হেমেন হাজৰিকা, আনন্দিৰাম দাস, কমল নাৰায়ন চৌধুৰী, নৱ বৰুৱা, ব্ৰজেন বৰুৱা, ৰাণী পাল, নিৰ্মলপ্ৰভা বৰদলৈ, মিহিৰ বৰদলৈ, জ্যোতিষ ভট্টাটাৰ্য, হীৰেন ভট্টাচাৰ্য, দ্বিজেন্দ্ৰ মোহন শৰ্মা, ৰিদিপ দত্ত, জয়ন্ত হাজৰিকা, দিপালী বৰঠাকুৰ, খগেন মহন্ত, অৰ্চনা মহন্ত, বীৰেন্দ্ৰ নাথ দত্ত, জ্যোতিৰ্ময় কাকতি, দীপালী বৰঠাকুৰ, হেমন্ত দত্ত, হীৰেন গোহাঁই, সূৰ্য দাস, পাৰবিন চুলতানা, নন্দ বেনাৰ্জী, পুলক বেনাৰ্জী, নগেন বৰা, মহেন্দ্ৰ বৰা, কৰবী ডেকা হাজৰিকা, ৰাজেন গোহাঁই, চৈয়দ চাদুল্লা, মনোৰমা বৰগোহাঁই, সূৰ্য হাজৰিকা আদিৰ অৱদান উল্লেখযোগ্য।
এইসকল লোকে অসমীয়া আধুনিক গীতৰ ধাৰাটোক জাতীয় প্ৰেম, দেশ প্ৰেম, মানবিক, গণতান্ত্ৰিক মূল্যৰে নিপোটল কৰি তোলাৰ লগতে থলুৱা সুৰসঞ্চাৰ, তাল-মান, লয়ৰ সাংগীতিক উপাদানৰ সৈতে পশ্চিমীয়া সংগীতৰ সুষম সমাহাৰেৰে অসমীয়া সংগীতক বিশ্বৰ অন্যান্য ঠাইৰ সংগীতৰ সৈতে ফেৰ মাৰিব পৰাকৈ সজাই পৰাই তোলে। অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰখনত প্ৰবল সাহিত্যিক মূল্য থকা গীতিকাৰ সকলৰ ভিতৰত নামোল্লেখ কৰাৰ পিছত তেওঁলোকৰ অৱদানসমূহৰ দিশলৈ লক্ষ্য কৰা হল- প্ৰসন্নলাল চৌধুৰীৰ গীতত সাহিত্যৰ ৰূপ বিশেষভাৱে প্ৰতিফলিত হৈছিল। তেওঁৰ 'শিকলি মুকলি হ'ল' গীতটো সেই সময়ত অতি জনপ্ৰীয় আছিল। ৰুদ্ৰ বৰুৱাৰ 'পকা ধানৰ মাজে মাজে', 'তাঁতৰে দোৰেপতি চলাই ঘনেপতি', কেশৱ মহন্তৰ 'কাউৰী পৰে', 'মা আমি শদিয়ালৈ যামেই', 'অ' আই শিপিনী কেঁচাঁ ৰ'দৰ ৰেঙণি', নৱকান্ত বৰুৱাৰ- 'আকাশ আমাক অকণি আকাশ দিয়া', 'মনত পৰেনে অৰুন্ধতী', ফণী তালুকদাৰৰ- 'চম্পা জাগা ফুলনি শুৱাই', 'ফাগুণ বনত পলাশে অগনি জ্বলাই', নিৰ্মলপ্ৰভা বৰদলৈৰ- 'ফাগুণ মাহৰ নিজম ৰাতি কাৰ বিয়া যায়', 'সোণোৱালী বুটাবছা অসমীয়া পাট', পদ্ম বৰকটকীৰ 'জগতত আজি শত মমতাজ', তফজ্জুল আলীৰ 'শেৱালিৰ সতে উমলি জামলি', লক্ষ্যহীৰা দাসৰ 'আন্ধাৰ পথত তুমি হ'বা দীপ' সূৰ্য দাসৰ 'মানুহ দেখিছো আজি বহুত মানুহ' আদি জনপ্ৰীয় গীতৰ লগতে অন্যান্য সাহিত্যিক মূল্য থকা প্ৰতিনিধিত্বমূলক গীতসমূহৰ নাম উল্লেখ কৰিব পাৰি। এওঁলোকতকৈ কিছু ব্যতিক্ৰম আৰু আধুনিক অসমীয়া গানৰ সাহিত্যিক মূল্য নিৰূপনত মৰ্যাদা প্ৰাপ্ত তিনিজন প্ৰধান গীতিকাৰ হ'ল- জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকা। জ্যোতিপ্ৰসাদৰ সংগীত চৰ্চাই অসমীয়া গীতক সুকীয়া মৰ্যাদা প্ৰদান কৰি থৈ গৈছে। আনকি তেওঁৰ গীতৰ স্বকীয়তাৰ ওপৰত প্ৰসন্ন হৈ তেওঁৰ গুন মুগ্ধসকলে জ্যোতি সংগীত নামেৰে তেওঁৰ গীতৰ নামকৰণ কৰি এক বিৰল মৰ্যাদা দিছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতত প্ৰবল সমাজ চেতনা আৰু সুন্দৰৰ সাধনা আছে। তদুপৰি আধুনিক গীতত নিভাঁজ অসমীয়া লোক সংগীতৰ সুৰ প্ৰয়োগ জ্যোতিপ্ৰসাদেই প্ৰথম কৰিছিল। সেইদৰে আধুনিক বাদ্য যন্ত্ৰ সফল প্ৰয়োগো জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতত দেখা যায়। তেনেদৰে বিষ্ণুপ্ৰসাদ ৰাভাই গীতত স্বাধীনতাৰ বিজয়ৰ গান, মুক্তিকামী জনতাৰ শোষণ নিষ্পেষণৰ প্ৰতিবাদ কৰাৰ উপৰিও শিল্পী আৰু সৈনিকৰ অপূৰ্ব মিলন ঘটাইছিল। বিষ্ণুৰাভাই অসমীয়া গীতক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ পদ্ধতিৰে সমৃদ্ধ কৰিছিল। লোক জীৱনৰপৰা সমল আহৰণ কৰি বিষ্ণুৰাভাৰ পৰৱৰ্তী সময়ত আনন্দ ৰাম দাসে বনগীতক অসমীয়া গীতি সাহিত্যৰ মৰ্য্যদা প্ৰদান কৰিছিল। বনগীতত অসমৰ প্ৰাকৃতিক চিত্ৰণ বিশেষভাৱে মন কৰিবলগীয়া। সেইদৰে জ্যোতি আৰু বিষ্ণুৰ আদৰ্শ লৈ অসমীয়া গীতক বিশ্ব দৰবাৰ আৰু বিশ্ব সাহিত্যত প্ৰতিষ্ঠা কৰা অগ্ৰনী হোতা স্বৰূপ ব্যক্তিগৰাকী হ'ল- ভূপেন হাজৰিকা। হাজৰিকাই তেওঁৰ উত্তৰাধিকাৰীসকলৰ পৰা এক উন্নত পৃষ্ঠভূমি লাভ কৰিছিল যাৰ ফলস্বৰূপে তেওঁৰ গীতত প্ৰবল সাহিত্যিক মূল্য নিহিত হৈ আছে। ভূপেন হাজৰিকাই জ্যোতিৰপৰা সৌন্দৰ্য চেতনা আৰু ৰাভাৰপৰা সংগ্ৰামী দৃষ্টিভংগী আয়ত্ত কৰিছিল। তেওঁৰ কেইটামান জনপ্ৰসিদ্ধ গীত যেনে- বিমূৰ্ত মোৰ নিশাটি, কহুৱা বন মোৰ অশান্ত মন, তোমাৰ উশাহ কহুৱা কোমল, মানুহে মানুহৰ বাবে, বিস্তৃৰ্ণ পাৰৰে, মহাবাহু বহ্মপুত্ৰ, গোদাবৰী পাৰৰে পৰা অসমী আইলৈ যাচো প্ৰণাম আদি শতাধিক গীতত প্ৰবল দেশাত্মকতাবোধ, জাতীয়তাবাদ আৰু সাহিত্যিক গুণ পোৱা যায়। তদুপৰি ভূপেন হাজৰিকাই প্ৰেমক এক সুস্থিৰ ৰুচীবোধৰ মাজেৰে গীতত প্ৰতিফলন ঘটাইছিল। এখন নতুন সমাজ গঢ়াৰ আদৰ্শ হাজৰিকাৰ গীতত পোৱা যায়। হাজৰিকাৰ গীতে তেনেদৰে অসমৰ কলা-সংস্কৃতিকো সমৃদ্ধ কৰি গৈছে। সমগ্ৰ বিশ্ব জুৰি গীতৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰা একাধাৰে সুৰকাৰ, গীতিকাৰ, প্ৰযোজক, পৰিচালক ভূপেন হাজৰিকা অসমৰ সমাজ-সাহিত্য-কৃষ্টি-সংস্কৃতিৰ মহীৰূহ স্বৰূপ। মানুহ, মানুহৰ অস্তিত্ব, সৌৰ্য-বীৰ্য, বল-পৰাক্ৰম, মানবৃতা আদিৰ উৎকৃষ্ট সমাহাৰ ঘটিছে হাজৰিকাৰ গীতত। তেওঁ সেই গীত গাইছিল যি গীতে পাহাৰ ভৈয়ামৰ মাজৰ গুৰত্ব হ্ৰাস কৰিছিল।
গীতি সাহিত্যৰ তৃতীয় স্তৰ
এই স্তৰটোত আলোচনাত একবিংশ শতিকাৰ গীতিকাৰসকলক গীতি সাহিত্যৰ তৃতীয় স্তৰটোত অন্তৰ্ভুক্ত কৰা হৈছে। এই সময়ৰ গীতিকাৰ সকলৰ ভিতৰত কৰবী ডেকা হাজৰিকা, মহেন্দ্ৰ হাজৰিকা, ভূপেন উজীৰ (সংগীতকাৰ), জয় প্ৰকাশ দাস (জে পি দাস), জাহ্নু বৰুৱা, দিগন্ত ভাৰতী, বিপিন চাউদাং, প্ৰশান্ত বৰদলৈ, কৃষ্ণমনি নাথ, কৃষ্ণমনি চুতীয়া, ৰবচন বৰুৱা, ইবচনলাল বৰুৱা, জুবিন গাৰ্গ, মানস ৰবিন, অংগৰাগ মহন্ত, ধ্ৰুৱজ্যোতি ৰাজখোৱা, জয় বৰুৱা আদিৰ নামোল্লেখ কৰিব পাৰি। এওঁলোকৰ কিছু সংখ্যক গীততো সাহিত্যিক মূল্য নিহিত হৈ আছে। উদাহৰণস্বৰূপে মহেন্দ্ৰ হাজৰিকাৰ প্ৰতিটো ৰূমাণ্টিক গীতেই সাহিত্যৰ দিশেৰেও গুৰুত্বপূৰ্ণ। ৰিহাৰে আচলত, বুজনে নুবুজ বুকুৰ কলিজা ঐ, দূৰণিত বাজিছে আদি গীতৰ নাম উল্লেখযোগ্য। দিগন্ত ভাৰতীৰ- মনলে উভতি আহে ল'ৰালি, পলৰীয়া তই পলৰীয়া, আহে বা নাহে ঘুমতি, জুবিন গাৰ্গৰ- সোণেৰে সজোৱা পজা, একবিংশ শতিকাৰ প্ৰেম কাহিনী, গানে কি আনে, অলপ শান্তি দিয়া, গান দিয়া- কবিতা দিয়া আদি গীতৰ নামোল্লেখ কৰিব পাৰো। তদুপৰি ঊনবিংশ শতিকাৰ বহুকেইজন গীতিকাৰে বৰ্তমান সময়তো আধুনিক গীত ৰচনা কৰি অসমীয়া গীতি সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰিছে। কৰবী ডেকা হাজৰিকাই আজি পৰ্যন্ত সস্তীয়া ৰুচীৰ গীত লিখা নাই। সেইদৰে জাহ্নু বৰুৱাই তেওঁৰ ফ্লিমৰ বাবে নিজে গীত ৰচনা কৰি নিজে সুৰ প্ৰদান কৰে। তেওঁৰ গীতত প্ৰবল সাহিত্যিক মূল্য বিচাৰি পোৱা যায় উদাহৰণ স্বৰূপে হালধীয়া চৰায়ে বাও ধান খায় ফ্লিমখনৰ গীতকেইটাৰ নামোল্লেখ কৰিব পাৰি। তদুপৰি বৰ্তমান সময়ৰ দূৰদৰ্শনৰ ধাৰাবাহিক চিৰিয়েলবোৰৰ বাবে ৰচনা কৰা গীত খিনিটো প্ৰচুৰ সাহিত্যিক সময় পোৱা যায়।
পৰ্যালোচনা
যদিও গীতাৱলী পুথিৰ পৰা অসমীয়া গীতি সাহিত্যৰ সময়সীমা ধৰা হৈছে, প্ৰকৃততে জ্যোতিপ্ৰসাদৰ শোণিত কুঁৱৰী নাটকৰ সময়ৰ পৰাই আধুনিক গান যথাৰ্থ প্ৰয়োগ হয়। অসমীয়া আধুনিক গীতবোৰত প্ৰকাশিত সাহিত্যিক গুণ সমূহলৈ লক্ষ্য কৰিলে দেখা পাওঁ যে আধুনিক গীতত পূৰ্বৰ দৰে কেৱল ধৰ্মীয় আদৰ্শকে মুখ্য ভাৱে গ্ৰহণ কৰি থকাহোৱা নাই। তাৰ পৰিৱৰ্তে সমাজ চেতনা,ৰোমাণ্টিক ভাৱ-অনুভূতিৰ বিস্তাৰ, প্ৰেম-অনুৰাগৰ বাহ্যিক আৰু মাজিৰ্ত প্ৰতিফলন, মানৱ মনৰ অৱচেতন মনৰ বৰ্ণন, প্ৰকৃতিৰ সৌন্দৰ্যৰ বণৰ্না, নদ-নদী, সময় বছৰ, ঋতু আদিৰ বৰ্ণনাকে আদি কৰি নানা বিষয় সামৰি লোৱা দেখা গৈছে। প্ৰকৃততে মধ্যযুগীয় পৰম্পৰাগত চিন্তা চৰ্চাৰ পৰিসমাপ্তি ঘটাই আধুনিক গানেই আধুনিক সমাজ ব্যৱস্থালৈ এক নব্য ধাৰাৰ আগমন ঘটোৱাই। আধুনিক গীতৰ এক নিৰ্দিষ্ট ধৰাবন্ধা নিয়ম নাই, সেইদৰে বৰগীত, বিয়ানাম বা আইনাম আদিৰ দৰে একোটা নিৰ্দিষ্ট সুৰ, লয়, তাল আদিত আবদ্ধ নহয়, সেইদৰে বাদ্যযন্ত্ৰ ব্যৱহাৰতো কোনো বাধ্যবাধকতা নাই, গতিকে এই গীতবোৰে মুক্ত আৰু স্বাধীন ভাৱে এক নৈতিক আদৰ্শ প্ৰতিফলিত কৰিব পাৰে। অসমীয়া আধুনিক গীতি সাহিত্যলৈ অসমীয়া সকলৰ অৱদানৰ লগতে মিছনেৰীসকলৰ অৱদানো যথেষ্ট পৰিমাণৰ। অৰুণোদয় আলোচনীৰ পাততো অসমীয়া গীত সম্পৰ্কত দুই এক আলোচনা কৰা হৈছিল। অৱশ্যে অসমীয়া আধুনিক গান সৃষ্টিৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোকে কিন্তু গীতি সাহিত্যৰ মাজত আবদ্ধ কৰিব নোৱাৰি। ৰচনা হোৱা গীতবোৰৰ ভিতৰত প্ৰতিনিধিত্বমূলক একাংশৰ গীতত হে এনে সাহিত্যিক মূল্য নিহিত হৈ আছে যিবোৰ গীতকগীতি সাহিত্যৰ অন্তৰ্গত কৰিব পাৰি। তদুপৰি গীতৰ সাহিত্যিক মূল্য নিৰূপণ কৰোঁতে গীতটোৰ জনপ্ৰীয়তাৰ ওপৰত গুৰুত্ব দিয়া নহয়। গুৰুত্ব দিয়া হয় গীতৰ কথা, পটভূমি, বিষয়বস্তু, গীতৰ গভীৰতা আদি দিশবোৰৰ। গতিকে অসমীয়া আধুনিক গীতৰ সকলো গীতেই গীতি সাহিত্যৰ পৰিসীমাৰ ভিতৰৰ নহয়। ওপৰৰ সৰহ সংখ্যক আলোচনা মাথোঁ গ্ৰন্থত সন্নিৱিষ্ট গীত সম্পৰ্কীয় আলোচনাতে সিমাবদ্ধ হৈ আছে। কিন্তু অসমীয়া গীতৰ সাহিত্যিক মুল্য যে কেৱল গ্ৰন্থত সন্নিৱিষ্ট গীতবোৰত হে আছে এনে নহয়। অসমীয়া গীতি সাহিত্যৰ সমল থকা অন্যান্য উৎসবোৰ হ'ল-
ৰেডিঅ'
গ্ৰামোফোন ৰেকৰ্ড
বোলছবি
এম. পি. থ্ৰি প্লেয়াৰ তদুপৰি বিভিন্ন সংগঠন আৰু অনুষ্ঠানবোৰৰ নিৰ্দিষ্ট কেতবোৰ নিদ্ধাৰিত গীত থাকে বা কলেজ বিশ্ববিদ্যালয়বোৰৰো একে-একোটা নিৰ্দিষ্ট গীত থাকে। এই গীতবোৰৰো যথেষ্ট সাহিত্যিক মূল্য আছে। এটা সময়ত ছিলং ৰেডিঅ'কেন্দ্ৰৰ প্ৰতিষ্ঠাই আধুনিক অসমীয়া গীত সৃষ্টিত বিশেষ অৰহণা যোগাইছিল। সেইদৰে পিছলৈ ডিব্ৰুগড় আৰু গুৱাহাটীত ৰেডিঅ' কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত তাত বজাবলৈ বহুখিনি গীতৰ সৃষ্টি কৰা হৈছিল। আৰু ফলশ্ৰুতিত এচাম গীতিকাৰৰ সৃষ্টি হৈছিল। এইসকল গীতিকাৰৰ বহুতো গীতত সাহিত্যিক মূল্য পোৱা যায়। সেইদৰে জয়মতী বোলছবিৰ পিছৰ পৰা সাম্প্ৰতিক সময়লৈকে হাজাৰতকৈয়ো অধিক অসমীয়া বোলছবিৰ সৃষ্টি হ'ল। এই বোলছবিসমূহৰ বাবে ৰচনা কৰা গীতসমূহতো বহুতো সাহিতিক সমল পোৱা যায়। ৰেডিঅ'ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা গীতিকাৰসকলৰ ভিতৰত অনুবাধা দাস, হেমন্ত দত্ত, লক্ষ্যহীৰা দাস, বিৰিঞ্চি কুমাৰ মেধি, প্ৰবোধ শৰ্মা, মুনিন দত্ত, কেশৱ মহন্ত, ইদ্ৰিছ আলি, নগেন বৰা, চৈয়দ চান্দুল্লা, দীজেন্দ্ৰ মোহন শৰ্মা, বিউতি শৰ্মা বৰুৱা, সত্য বৰুৱা, ৰীতা বৰুৱা আদিৰ নাম উল্লেখযোগ্য।
তথ্যসূত্ৰ
অসমীয়া |
30271 | https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%BF%E0%A6%A4%E0%A7%83%E0%A6%AA%E0%A6%95%E0%A7%8D%E0%A6%B7 | পিতৃপক্ষ | পিতৃপক্ষ (সংস্কৃত: হিন্দুধৰ্ম অনুসৰি, পূৰ্বপুৰুষৰ তৰ্পণাদিৰ বাবে প্ৰশস্ত এক বিশেষ পক্ষ। এই পক্ষ পিত্ৰুপক্ষ, ষোলা শ্ৰাদ্ধ, কানাগাত, জিতিয়া, মহালয়া পক্ষ আৰু অপৰপক্ষ নামেৰেও পৰিচিত।
হিন্দু বিশ্বাস অনুযায়ী, পিতৃপক্ষত প্ৰেতকৰ্ম (শ্ৰাদ্ধ), তৰ্পণ ইত্যাদি মৃত্যু-সংক্ৰান্ত আচাৰ-অনুষ্ঠান পালিত হোৱা হেতুকে এই পক্ষ শুভকাৰ্যৰ বাবে প্ৰশস্ত নহয়। দক্ষিণ আৰু পশ্চিম ভাৰতত গণেশ উৎসৱৰ পৰৱৰ্তী পূৰ্ণিমা (ভাদ মাহৰ পূৰ্ণিমা) তিথিত এই পক্ষ আৰম্ভ হৈ সৰ্বপিতৃ অমাৱস্যা, মহালয়া অমাৱস্যা বামহালয়াৰ দিনা সমাপ্ত হয়। উত্তৰ ভাৰত আৰু নেপালত ভাদৰ পৰিবৰ্তে আহিন মাহৰ কৃষ্ণপক্ষক পিতৃপক্ষ বোলে।
কিংবদন্তি হিন্দু পুৰাণ অনুযায়ী, জীৱিত ব্যক্তিৰ পূৰ্বৰ তিনি পুৰুষ পৰ্যন্ত পিতৃলোকত বাস কৰে। এই লোক স্বৰ্গ আৰু মৰ্ত্যৰ মাজত অৱস্থিত। পিতৃলোকৰ শাসক মৃত্যুদেৱতা যম। তেওঁ সদ্যমৃত ব্যক্তিৰ আত্মাক মৰ্ত্যৰ পৰা পিতৃলোকলৈ লৈ যায়। পৰৱৰ্তী প্ৰজন্মৰ এজনৰ মৃত্যু হ’লে পূৰ্বৱৰ্তী প্ৰজন্মৰ এজন পিতৃলোকৰ পৰা স্বৰ্গলৈ গমন কৰে আৰু পৰমাত্মাত (ঈশ্বৰ) লীন হয় আৰু এই প্ৰক্ৰিয়াৰে তেওঁ শ্ৰাদ্ধানুষ্ঠানৰ ওপৰলৈ উঠে। এই কাৰণে, জীবিত ব্যক্তিৰ মাত্ৰ পূৰ্বৱৰ্তী তিনি প্ৰজন্মৰহে শ্ৰাদ্ধানুষ্ঠান হৈ থাকে; আৰু এই শ্ৰাদ্ধানুষ্ঠানত যমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
হিন্দু মহাকাব্য হিন্দুশাস্ত্ৰৰ মাজত যি ইতিহাস নামেৰে পৰিচিত) অনুযায়ী, সূৰ্য কন্যাৰাশিত প্ৰৱেশ কৰিলে পিতৃপক্ষ সূচিত হয়। লোকবিশ্বাস অনুযায়ী, এই সময়তে পূৰ্বপুৰুষগণে পিতৃলোক পৰিত্যাগ কৰি তেওঁসৱৰ উত্তৰপুৰুষসকলৰ ঘৰত অৱস্থান কৰে। ইয়াৰ পিছত সূৰ্য বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিলে, তেখেতসকল পুনৰায় পিতৃলোকলৈ ঘূৰি যায়। পিতৃগণৰ অৱস্থানৰ প্ৰথম পক্ষত হিন্দুসকলে পিতৃপুৰুষগণৰ উদ্দেশ্যে তৰ্পণাদি কৰিব লাগে।
মহাভাৰত অনুযায়ী, প্ৰসিদ্ধ দাতা কৰ্ণৰ মৃত্যুৰ পিছত তেখেতৰ আত্মাই স্বৰ্গ গমন কৰে। স্বৰ্গত তেওঁক স্বৰ্ণ আৰু ৰত্ন খাদ্য হিচাপে প্ৰদান কৰা হয়। কৰ্ণই ইন্দ্ৰক ইয়াৰ কাৰণ সোধাত ইন্দ্ৰই কৈছিল যে কৰ্ণই গোটেই জীৱন স্বৰ্ণই দান কৰিছে, তেওঁ পিতৃগণৰ উদ্দেশ্যে কোনোদিন খাদ্য প্ৰদান কৰা নাই। এতেকে স্বৰ্গত তেওঁক স্বৰ্ণহে খাদ্য হিচাপে প্ৰদান কৰা হৈছে। কৰ্ণই কৈছিল, তেওঁ যিহেতু তেখেতৰ পিতৃগণৰ সম্পৰ্কে অৱগত নাছিল, গতিকে তেওঁ ইচ্ছাকৃতভাৱে পিতৃগণক স্বৰ্ণ প্ৰদান কৰা নাছিল। এই কাৰণে কৰ্ণক ষোল্ল দিনেৰ বাবে মৰ্ত্যলৈ গৈ পিতৃলোকৰ উদ্দেশ্যে অন্ন আৰু জল প্ৰদান কৰাৰ অনুমতি দিয়া হয়। এই পক্ষই পিতৃপক্ষ নামেৰে পৰিচিত হয়। এই কাহিনীৰ কোনো কোনো পাঠত, ইন্দ্ৰৰ সলনি যমৰ উল্লেখ দেখা যায়।
মহালয়া পক্ষৰ পোন্ধৰটা তিথিৰ নাম হ’ল প্ৰতিপদ, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী, একাদশী, দ্বাদশী, ত্ৰয়োদশী, চতুৰ্দশী আৰু অমাৱস্যা। হিন্দু বিশ্বাস অনুযায়ী, যি ব্যক্তি তৰ্পণত ইচ্ছুক, তেওঁ তেওঁৰ পিতৃৰ মৃত্যু তিথিত তৰ্পণ কৰিব লাগে।
গুৰুত্ব পিতৃপক্ষত পুত্ৰ দ্বাৰা শ্ৰাদ্ধানুষ্ঠান হিন্দুধৰ্মত অৱশ্যেই কৰণীয় এটা অনুষ্ঠান। এই অনুষ্ঠানৰ ফলত মৃতকৰ আত্মাই স্বৰ্গত প্ৰৱেশাধিকাৰ পায়। এই প্ৰসংগত গৰুড় পুৰাণ গ্ৰন্থত কোৱা হৈছে, "পুত্ৰ বিনা মুক্তি নাই। ধৰ্মগ্ৰন্থত গৃহস্থসকলৰ দেৱ, ভূত আৰু অতিথিসকলৰ সঙ্গত পিতৃতৰ্পণৰ নিৰ্দেশ দিয়া হৈছে। মাৰ্কণ্ডেয় পুৰাণ গ্ৰন্থত কোৱা হৈছে- পিতৃগণ শ্ৰাদ্ধত তুষ্ট হ’লে স্বাস্থ্য, ধন, জ্ঞান, দীৰ্ঘায়ু আৰু পৰিশেষত উত্তৰপুৰুষকক স্বৰ্গ আৰু মোক্ষ প্ৰদান কৰে।
বাৎসৰিক শ্ৰাদ্ধানুষ্ঠান পাতিবলৈ অপাৰগ হ'লে সৰ্বপিতৃ অমাৱস্যা পালন কৰি পিতৃদায়ৰপৰা মুক্ত হ'ব পাৰি। শ্ৰাদ্ধ বংশৰ প্ৰধান ধৰ্মানুষ্ঠান বুলি অভিহিত কৰা হয়। এই অনুষ্ঠানত পূৰ্বৱৰ্তী তিনি পুৰুষৰ উদ্দেশ্যে পিণ্ড আৰু জল প্ৰদান কৰা হয়, তেওঁলোকৰ নাম উচ্চাৰণ কৰা হয় আৰু গোত্ৰৰ পিতাকক স্মৰণ কৰা হয়। এই কাৰণে এজন ব্যক্তিৰ পক্ষে বংশৰ ছয় প্ৰজন্মৰ নাম স্মৰণ ৰখা সম্ভৱ হয় আৰু তাৰ ফলত বংশৰ বন্ধন দৃঢ় হয়। ড্ৰেক্সেল বিশ্ববিদ্যালয়ৰ পুৰাতাত্ত্বিক উষা মেননৰ মতেও, পিতৃপক্ষই বংশৰ বিভিন্ন প্ৰজন্মৰ মাজত সম্পৰ্ককে সুদৃঢ় কৰে। এই পক্ষত বংশৰ বৰ্তমান প্ৰজন্মই পূৰ্বপুৰুষৰ নাম স্মৰণ কৰি তেওঁলোকলৈ শ্ৰদ্ধা নিবেদন কৰে। পিতৃপুৰুষৰ ঋণ হিন্দুধৰ্মত পিতৃমাতৃঋণ অথবা গুৰুঋণৰ সমানেই গুৰুত্বপূৰ্ণ।
শ্ৰাদ্ধৰ নিয়ম
কাল আৰু স্থান জীৱিত ব্যক্তিৰ পিতা বা পিতামহৰ যি তিথিত মৃত্যু হয়, পিতৃপক্ষৰ সেই তিথিতে তেখেতৰ শ্ৰাদ্ধানুষ্ঠান অনুষ্ঠিত হয়। এই নিয়মৰ কিছু ব্যতিক্ৰমো হয়। পূৰ্বৱৰ্তী বছৰে মৃত ব্যক্তিৰ শ্ৰাদ্ধ হয় চতুৰ্থী (চৌথা ভৰণী) বা পঞ্চমী (ভৰণী পঞ্চমী) তিথিত। সধবা নাৰীৰ মৃত্যু হ’লে তেখেতৰ শ্ৰাদ্ধ হয় নৱমী (অবিধবা নৱমী) তিথিত। বিপত্নীক ব্যক্তি ব্ৰাহ্মণী নাৰীসকলৰ শ্ৰাদ্ধ নিমন্ত্ৰণ কৰে। শিশু বা সন্ন্যাসীৰ শ্ৰাদ্ধ হয় চতুৰ্দশী (ঘট চতুৰ্দশী) তিথিত। অস্ত্ৰাঘাতে বা অপঘাতত মৃত ব্যক্তিসকলৰও শ্ৰাদ্ধ হয় এই তিথিতেই।
সৰ্বপিতৃ অমাৱস্যা দিৱসত তিথিৰ নিয়মৰ বাহিৰে সকলো পূৰ্বপুৰুষেৰই শ্ৰাদ্ধ কৰা হয়। নিৰ্দিষ্ট দিনত শ্ৰাদ্ধ কৰিবলৈ পাহৰি গ'লে এই দিনত শ্ৰাদ্ধ কৰিব পাৰি। এই দিনত গয়াত শ্ৰাদ্ধ কৰিলে বিশেষভাৱে ফলপ্ৰসূ হয়। উল্লেখ্যযোগ্য যে, গয়াত সমগ্ৰ পিতৃপক্ষ জুৰি মেলা চলে। মহালয়াৰ দিনা দুৰ্গাপূজাৰ সূচনা হয়। লোকবিশ্বাস অনুযায়ী, এই দিনত দেৱী দুৰ্গা মৰ্ত্যলোকত আৱিৰ্ভাৱ হয়। মহালয়াৰ দিনা অতি পুৱাই চণ্ডীপাঠ কৰাৰ ৰীতি আছে।
মহালয়াৰ দিনা পিতৃপুৰুষৰ শ্ৰাদ্ধ অনুষ্ঠিত হয় দ্বিপ্ৰহৰত নদী বা শ্ৰাদ্ধকৰ্তাৰ গৃহত। অনেক লোকে বাৰাণসী বা গয়ালৈ গৈ শ্ৰাদ্ধানুষ্ঠান কৰে।
পূৰ্বপুৰুষ আৰু শ্ৰাদ্ধকৰ্তা মৃত ব্যক্তিৰ পুত্ৰ (বহুপুত্ৰক হ’লে জ্যেষ্ঠ পুত্ৰ) বা পিতৃকুলৰ কোনো পুৰুষ আত্মীয়ই শ্ৰাদ্ধানুষ্ঠানৰ অধিকাৰী আৰু শ্ৰাদ্ধ কেৱল পূৰ্বৱৰ্তী তিনি পুৰুষৰেই হৈ থাকে। মাতৃৰ কুলত পুৰুষ সদস্য নাথাকিলে সৰ্বপিতৃ অমাৱস্যাত দৌহিত্ৰ মাতামহৰ শ্ৰাদ্ধ কৰিব পাৰি কোনো কোনো বৰ্ণত পূৰ্বৱৰ্তী এক পুৰুষৰেই শ্ৰাদ্ধ কৰা হয়।
শ্ৰাদ্ধানুষ্ঠান শ্ৰাদ্ধকৰ্তাই স্নান কৰি শুদ্ধ হৈ ধুতি পিন্ধি শ্ৰাদ্ধ কৰে। শ্ৰাদ্ধৰ পূৰ্বে তেওঁ কুশাঙ্গুৰীয় (কুশ ঘাঁহৰ আঙুঠি) ধাৰণ কৰে। সেই আঙটিত পূৰ্বপুৰুষসকলক আৱাহন কৰা হয়। শ্ৰাদ্ধ খালি গাৰে কৰা হয়, কাৰণ শ্ৰাদ্ধ চলি থাকোঁতে যজ্ঞোপবীতৰ অৱস্থান বাৰে বাৰে সলাব লাগে। শ্ৰাদ্ধেৰ সময়ত সিদ্ধ অন্ন আৰু ময়দা ঘিঁ আৰু তিল দি মাখিৰ পিণ্ডৰ আকাৰে উৎসৰ্গ কৰা হয়। ইয়াক পিণ্ডদান বোলে। দুৰ্বাঘাস, শালগ্ৰাম শিলা বা স্বৰ্ণমূৰ্তিত বিষ্ণু আৰু যমৰ পূজা কৰা হয়। তাৰপিছত পিতৃপুৰুষৰ উদ্দেশ্যে খাদ্য প্ৰদান কৰা হয়। এই খাদ্য সাধাৰণত ছাদত ৰাখি অহা হয়। যদি কোনো কাউৰীয়ে সেই খাদ্য খায়, তেনেহ’লে ধৰা হয় যে খাদ্য পিতৃগণ দ্বাৰা গৃহীত হৈছে। ধৰি লোৱা হয় যে চৰাইটো যম বা পিতৃগণৰ আত্মাৰ প্ৰতিনিধি। গৰু আৰু কুকুৰকো খাদ্য দিয়া হয়। ব্ৰাহ্মণসকলক ভোজন কৰোৱা হয়। পূৰ্বপুৰুষ (কাউৰীৰ বেশত) আৰু ব্ৰাহ্মণে ভোজন কৰিলে পৰিয়ালৰ সদস্যয়ো অন্নগ্ৰহণ কৰে।
অন্যান্য প্ৰথা কোনো কোনো পৰিয়ালত পিতৃপক্ষত ভাগৱত পুৰাণ, শ্ৰীমদ্ভগৱতগীতা বা শ্ৰীশ্ৰীচণ্ডী পাঠ কৰা হয়। অনেকে পূৰ্বপুৰুষৰ মঙ্গল কামনাত ব্ৰাহ্মণসকলক বয় বস্তু দান কৰে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
হিন্দুধৰ্মৰ উৎসৱসমূহ
ভাৰতৰ |
60180 | https://as.wikipedia.org/wiki/%E0%A6%A4%27%E0%A6%A4%E0%A7%8D%E0%A6%A4%27-%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BE%E0%A6%A8 | ত'ত্ত'-চ্চান | ত’ত্ত’–চ্চান: খিৰিকীমুখত অকনিজনী (মূল শিৰোনাম মাডগিৱা ত’ত্ত’–চ্চান; জাপানী লেখিকা তেৎছুকো কুৰ'য়ানাগিয়ে ৰচনা কৰা এখন আত্মজীৱনীমূলক শিশু উপন্যাস। জাপানী ভাষাত ৰচিত এই উপন্যাস ১৯৮১ চনত প্ৰকাশিত হৈছিল। উপন্যাসখন প্ৰকাশিত হোৱাৰ লগে লগে জাপানৰ বেষ্ট চেলাৰ হিচাপে পৰিগণিত হয়। এই গ্ৰন্থখনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শিক্ষক চছাকু কবায়াশ্বিয়ে টকিঅ'ত প্ৰতিষ্ঠা কৰা তময়ে গাকোন নামৰ প্ৰাথমিক বিদ্যালয়ত কুৰ’য়ানাগিয়ে লাভ কৰা মূল্যবোধ আৰু শিক্ষাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কিতাপখনৰ শিৰোনামটো জাপানী ভাষাত যিসকল ব্যক্তিয়ে বিফল হৈছে তেনে ব্যক্তিক বুজোৱা হয়। ১৯৮২ চনত ডৰথি ব্ৰিটনে গ্ৰন্থখনৰ ইংৰাজী অনুবাদ কৰে। ১৯৯৬ চনত তোষপ্ৰভা কলিতাৰ অসমীয়া অনুবাদ প্ৰকাশিত হয়।
পৰিচয় জাপানী ভাষাৰ উপন্যাসোপম স্মৃতিকথাৰ এখন বিশেষ গ্ৰন্থ। যিখনে অতি কম সময়তে জনপ্ৰিয়তা লাভ কৰি বিক্ৰীৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। গ্ৰন্থখনৰ জনপ্ৰিয়তাৰ সন্দৰ্ভত লেখিকাৰ বক্তব্য এনেধৰণৰ-জাপানত শিক্ষাৰ সমস্যাই একেবাৰে চূড়ান্ত অৱস্থা পোৱাৰ সময়তে আৰু এই বিষয়ত কিবা এটা কৰিবই লাগিল বুলি প্ৰত্যেকেই ভাবিবলৈ লোৱাৰ সময়তে কিতাপখন প্ৰকাশ হোৱাটোৱেই ইয়াৰ অন্যতম কাৰণ আছিল। বহুতো লোকে শিক্ষাৰ ওপৰত গৱেষণামূলক প্ৰবন্ধ হিচাপেই কিতাপখন পঢ়িছিল। তদুপৰি কিতাপখন যে বয়স আৰু দৃষ্টিভংগীৰ বহু পাৰ্থক্য থকা প্ৰতিজনৰে কাৰণে আবেদনপূৰ্ণ, সেই সত্যটোও কিতাপখন জনপ্ৰতিয়তাৰ আন এক কাৰণ।
গ্ৰন্থখনৰ বিষয়বস্তু গ্ৰন্থখনত বৰ্ণিত হৈছে এখন অগতানুগতিক স্কুলৰ কথা আৰু এগৰাকী অসাধাৰণ কণমানিৰ কথা। স্কুলখন হৈছে ১৯৩৭ চনত জাপানৰ টকিঅ’ৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত জিয়ুগাওকা ষ্টেছনৰ ওচৰত স্থাপন কৰা ত’মে’ গাকুৱেন। ত’মে’ গাকুৱেনৰ প্ৰতিষ্ঠাপক তথা পৰিচালক হ’ল ছছাকু ক’বায়াশ্বি। এই বিশেষ স্কুলখনত অধ্যয়ন কৰা ত’ত্ত’–চ্চান নামৰ কণমানিজনীৰ স্কুলৰ দিনবোৰৰ অভিজ্ঞতাৰ ৰসাল বৰ্ণনাই হ’ল ত’ত্ত’–চ্চান গ্ৰন্থখনৰ বিষয়বস্তু। এই সম্পৰ্কে লেখিকাৰ নিজৰ বক্তব্য এনেধৰণৰ– “ইয়াৰ কাহিনীবোৰৰ এটাও মোৰ কপোল-কল্পিত নহয়। এই সকলোবোৰৰ ঘটনা সঁচাকৈয়ে ঘটিছিল আৰু ভাগ্যক্ৰমে তাৰে ভালেমান মনত থাকিল। …মই শ্ৰীযুত ক’বায়াশ্বি কেনে ধৰণৰ মানুহ আছিল, ল’ৰা-ছোৱালীক তেখেতে কিমান ভাল পাইছিল, সিহঁতক শিক্ষাদান কৰিবলৈ তেখেতে কেনেকৈ চেষ্টা কৰিছিল– সেইকথা পাৰ্যমানে অধিক সংখ্যক মানুহৰ ওচৰত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ।”
ত’মে’ স্কুলখন ত’ত্ত’–চ্চানৰ প্ৰধান বিষয় হৈছে এখন বিশেষ স্কুল। স্কুলখনৰ নাম ত’মে’ গাকুৱেন। জাপানৰ টকিঅ'ৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত জিয়ুগাওকা ষ্টেছনৰ ওচৰত স্থাপন কৰা হৈছিল ১৯৩৭ চনত। স্কুলখনৰ প্ৰতিষ্ঠাপক তথা পৰিচালক হ’ল ছছাকু ক’বায়াশ্বি। এই বিশেষ স্কুলখনৰ প্ৰধান বিশেষত্ব হ'ল ই কোনো প্ৰথাগত শিক্ষানুষ্ঠানৰ লগত নিমিলে। স্কুলখনত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিকতাৰ ওপৰত গুৰুত্ব দি তেওঁলোকৰ ৰুচি আৰু সক্ষমতাৰ আধাৰত শিক্ষা প্ৰদান কৰা হয়। প্ৰতিষ্ঠাপক ক’বায়াশ্বিয়ে বিশ্বাস কৰিছিল যে সকলো ল’ৰা ছোৱালীয়ে সহজাত ভাল প্ৰকৃতি লৈ জন্মগ্ৰহণ কৰে। পৰিৱেশে আৰু প্ৰাপ্তবয়স্ক মানুহৰ কুপ্ৰভাৱেহে তেওঁলোকক নষ্ট কৰে। তেখেতৰ লক্ষ্য আছিল ভাল প্ৰকৃতিক আৱৰণমুক্ত আৰু বিকশিত কৰা, যাতে ল’ৰা ছোৱালীবোৰ ডাঙৰ হৈ স্বকীয়তা থকা মানুহ হ’ব পাৰে।
শ্ৰীযুত ক’বায়াশ্বিয়ে স্বাভাৱিকতাক মূল্য দিছিল আৰু ল’ৰা ছোৱালীৰ চৰিত্ৰ যিমান দূৰ সম্ভৱ স্বাভাৱিকভাৱে বিকাশ হ’বলৈ দিয়াটো বিচাৰিছিল। তেখেতে প্ৰকৃতিকো ভাল পাইছিল। তেখেতৰ সৰু ছোৱালী মিয়চ্চানক ফুৰাবলৈ নি কৈছিল- “আহা আমি প্ৰকৃতিৰ ছন্দবোৰ চাবলৈ যাওঁ।” তেখেতে এজোপা ডাঙৰ গছৰ কাষলৈ নি দেখুৱাইছিল গছৰ পাত কেনেকৈ লৰে, গছৰ ডাল পাত শিপা, ফুল, গা-গছৰ লগত কোনটোৰ কি সম্পৰ্ক, বতাহ জোৰ নে বেগী সেই অনুযায়ী পাতবোৰৰ নাচোন কেনেকৈ সুকীয়া সুকীয়া হয় ইত্যাদি দেখুৱাইছিল। ল’ৰা ছোৱালীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি প্ৰতিদিনে কিবা অলপ সাগৰৰ পৰা আৰু কিবা অলপ পাহাৰৰ পৰা নিবলৈ বুলি বুজাই দিছিল সুষম আহাৰৰ অভ্যাস।
ৰে’লৰ ডবাত শ্ৰেণীকোঠা, কোনো নিদিষ্ট ৰুটিন অবিহনে ল’ৰা ছোৱালীয়ে যেতিয়া মন কৰে তেতিয়াই সেই বিষয়বোৰ শিকোৱা, ল’ৰা ছোৱালীক ফুৰাবলৈ নি মুক্ত পৰিৱেশত বাস্তৱৰ আধাৰত শিক্ষা দিয়াৰ কৌশল, শাস্তিৰ পৰিৱৰ্তে তেওঁলোকক মনেৰে পৰিশীলীত হোৱাৰ সুযোগ দিয়া, ইত্যাদি অনেক কাৰণত ত’মে’ গাকুৱেন হৈ পৰিছিল এখন অসাধাৰণ স্কুল। সেইবাবে আন স্কুলৰপৰা বহিষ্কাৰ হোৱা বা এৰি অহা ল’ৰা ছোৱালীয়েও ছুটি হ’লেও কোনো ঘৰলৈ ঘূৰি যাব নুখুজিছিল। আৰু ৰাতিপুৱা স্কুল পাবলৈ অধৈৰ্য হৈ পৰিছিল। সেইখন আছিল তেনেধৰণৰ স্কুল।
কিন্তু দুখৰ বিষয় ত’মে’ গাকুৱেনৰ আয়ুস কাল আছিল অতি চুটি। ১৯৩৭ চনত আৰম্ভ কৰা এই স্কুলখন বিশ্বযুদ্ধৰ বিভীষিকাই নিশেষ কৰি পেলালে। ১৯৪৫ চনত হোৱা বিমান আক্ৰমণত জুই লাগি ত’মে’ ধ্বংস হৈ গ’ল। সেয়ে লেখিকাই দুখেৰে উল্লেখ কৰিছে- “মই যেতিয়া ভাবোঁ যে যুদ্ধ নলগা হ’লে আৰু কিমান ল’ৰা ছোৱালী যে তেখেতৰ (ক’বায়াশ্বি) তত্ত্ববধানলৈ আহিব পাৰিলেহেঁতেন, তেতিয়া মই এই অপচয়ৰ বাবে ব্যথিত হৈ পৰোঁ।”
স্কুলৰ প্ৰতিষ্ঠাপক ক’বায়াশ্বি শ্ৰীযুত ক’বায়াশ্বি বিশ্বৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ বাবে এক আদৰ্শ হিচাপে গণ্য হৈছে। এই শিক্ষাবিদজনৰ জন্ম হয় ১৯৯৩ চনৰ ১৮ জুনত টকিঅ'ৰ উত্তৰ পশ্চিম অঞ্চলত এটি দৰিদ্ৰ কৃষক পৰিয়ালত। পৰিয়ালৰ ছজন সন্তানৰ ভিতৰত তেওঁ কনিষ্ঠ। প্ৰাথমিক শিক্ষা সাং কৰিয়েই তেওঁ এজন সহকাৰী শিক্ষক হিচাপে কাম কৰে। পাছত টকিঅ'ৰ এখন প্ৰথমিক স্কুলত শিক্ষকতা কৰিবলৈ লোৱাৰ সমান্তৰালভাৱে সংগীত শিক্ষাও গ্ৰহণ কৰি থাকে। প্ৰকৃতি আৰু সংগীতৰ প্ৰতি তেখেতৰ তীব্ৰ আকৰ্ষণ আছিল। তেওঁ এই আকৰ্ষণৰ বলতে জাপানৰ অতি বিখ্যাত সঙ্গীত বিদ্যালয়– বৰ্তমানৰ টকিঅ' সুকুমাৰ কলা আৰু সংগীত বিদ্য়ালয়ৰ সংগীত শিক্ষা বিভাগত নামভৰ্তী কৰেগৈ। তাৰ শিক্ষা সাং কৰিয়েই তেওঁ ছেইকে প্ৰাথমিক বিদ্যালয়ত সংগীৰ শিক্ষক হিচাপে নিযুক্ত হয়। এই ছেইকে প্ৰাথমিক বিদ্যালয়েই আছিল কাবায়শ্বিৰ জীৱনৰ সন্ধিক্ষণৰ মূল কাৰক। এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল হাৰুজি নাকামুৰা নামৰ এজন মহান ব্যক্তিয়ে। নাকামুৰাই তেওঁৰ বিদ্যালয়খনৰ শ্ৰেণীবোৰ সৰু সুৰুকৈ ৰাখিছিল আৰু শিশুৰ ব্যক্তিত্ব বিকশিত কৰিবলৈ আৰু আত্মসন্মানবোধ বঢ়াবলৈ এটা যথেষ্ট মুক্ত পৰিৱেশ আৰু পাঠ্যক্ৰমৰ পোষকতা কৰিছিল। পঢ়াশুনাৰ কাম পুৱাবেলা কৰা হৈছিল। আবেলিবোৰ ফুৰা, গছপুলি সংগ্ৰহ কৰা, ছবি অকাঁ, গান গোৱা আৰু প্ৰধান শিক্ষকৰ আলোচনা শুনাৰ কামত লগোৱা হৈছিল। তেখেতৰ শিক্ষা প্ৰণালীৰ দ্বাৰা প্ৰভাৱান্বিত হৈ পাছলৈ ক’বায়াশ্বিয়ে স্থাপন কৰা ত’মে’ত একেধৰণৰ পাঠ্যক্ৰম চলাইছিল।
ছেইকেত সংগীত শিক্ষক হৈ থাকোঁতেই ক’বায়াশ্বিয়ে ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠিত কৰিব পৰা এখন লঘু নাটিকা লেখে। এই সংগীত নাটিকাখনিয়ে জাপানৰ বৃহৎ উদ্যোগ প্ৰতিষ্ঠান মিৎছুবিছিৰ এজন উদ্যোগপতি বেৰন ইৱাছাকিক মুগ্ধ কৰে। তেওঁ কলা-সংগীতৰ পৃষ্ঠপোষক হোৱাৰ লগতে ক’বায়াশ্বিক বিভিন্ন ধৰণৰ শিক্ষাপদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ দুবছৰৰ বাবে ইউৰোপলৈ পঠায়। ১৯২২ চনৰ পৰা ১৯২৪ চনলৈ তেওঁ ইউৰোপত থাকি প্ৰাথমিক শিক্ষাৰ বিভিন্ন দিশ অধ্যয়ন কৰে। উভতি আহি ছেইকে কিণ্ডাৰগাৰ্টেন প্ৰতিষ্ঠা কৰে। ১৯৩০ চনত তেওঁ পুনৰ ইউৰোপলৈ যায়। শিক্ষা সম্পৰ্কীয় নানা দিশ অধ্যয়ন কৰি উভতি আহে। ১৯৩৭ চনত ত’মে’ গাকুএন আৰম্ভ কৰাৰ উপৰিও তেখেতে জাপান ইউৰিদমিকছ এছছিয়েশ্যন স্থাপন কৰে। জাপানত ইউৰিদমিকছৰ প্ৰতিষ্ঠাতা আৰু যুদ্ধৰ পিছত কুনিতাচ্চি সঙ্গীত মহাবিদ্যায়ক লৈ কৰা কাম কাজৰ বাবেই তেওঁ অধিক পৰিচিত। ক’বায়াশ্বিৰ মৃত্যু হয় ১৯৬৩ চনত।
লেখিকাৰ পৰিচয় তেৎছুকো কুৰ’য়ানাগিৰ স্কুলৰ দিনৰ অভিজ্ঞতাই হ’ল ত’ত্ত–চ্চানৰ মূল বিষয়বস্তু। তেৎছুকো কুৰ’য়ানাগিয়েই হ’ল সৰু কালৰ ত’ত্ত’–চ্চান। ত’ত্ত’–চ্চানক প্ৰথমে এখন বিদ্য়ালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল। কিয়নো তেওঁ পঢ়াৰ সময়ত নানা ধৰণৰ নকৰিবলগীয়া কামবোৰ কৰি ফুৰিছিল। যেনে- খিৰিকিৰে বাহিৰলৈ চাই থকা, বাটেৰে পাৰহৈ যোৱা বাজানা বজোৱা দলবোৰক মাতি অনা, টেবুলৰ ড্ৰয়াৰটো অনবৰতে জপোৱা বন্ধ কৰা আদি কৰি ফুৰা ইত্যাদি। সেয়ে মাকে তেওঁক ত’মে’ গাকুৱেনত নাম লগাই দিয়ে। ত’মে’ৰ মুকলিমুৰীয়া শিক্ষা ব্যৱস্থাই তেওঁৰ জীৱনলৈ অভাৱনীয় পৰিৱৰ্তন আনে। পাছলৈ তেওঁ অভিনয়, টেলিভিছন আৰু লিখা মেলাৰ লগত জড়িত হয়। ত’ত্ত’–চ্চানৰ প্ৰকাশে তেৎছুকো কুৰ’য়ানাগিৰ জীৱনেই সলনি কৰা বুলিব পাৰি। গ্ৰন্থখনৰ জৰিয়তে তেওঁ বিশ্ববাসীৰ অতি পৰিচিত ব্যক্তিত্বত পৰিণত হয়। ত’ত্ত’–চ্চানৰ ৰয়েল্টিৰ ধনেৰে তেওঁ তত্ত-ন্যাস নামেৰে সমাজকল্যাণ সংস্থাৰ জন্ম দিয়ে। এই ন্যাসৰ উদ্দেশ্য হ’ল জাপানৰ বধিৰ অভিনেতাসকলৰ বাবে কাম কৰা। জাপানৰ বিভিন্ন বঁটা-সন্মানো তেওঁ লাভ কৰিছে। কুৰ’য়ানাগি ইউনিছেফৰ শুভেচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি পায়।
সফলতা ১৯৮২ ত প্ৰথম প্ৰকাশ হোৱাৰ পাছতে গ্ৰন্থখন বিশ্বৰ বিভিন্ন ভাষালৈ অনুবাদ হয়। জাপানত প্ৰথম বছৰতে গ্ৰন্থখনৰ পঞ্চল্লিছ লাখ কপি বিক্ৰী হৈছিল। গ্ৰন্থখনৰ ইংৰাজী অনুবাদ কৰে ডৰথি ব্ৰিটনে। গ্ৰন্থখনে এবছৰতে অকল জাপানতে প্ৰায় চাৰি লাখ কপি বিক্ৰী হয়। ত’ত্ত’–চ্চানৰ বাবেই তেৎছুকো কুৰ’য়ানাগি ইউনিছেফৰ শুভেচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত হোৱা বুলি লেখিকাই তেওঁৰ গ্ৰন্থৰ পাতনিত উল্লেখ কৰিছে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
গ্ৰন্থ
উপন্যাস
|
41467 | https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%A6%E0%A7%81%E0%A6%AE | পদুম | পদুম (বৈজ্ঞানিক নাম: ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। পদ্ম, কমল, শতদল, সহস্ৰদল, উৎপল, মৃণাল, পংকজ, অম্বুজ, নীৰজ, সৰোজ, নলিনী, অৰবিন্দ, ৰাজীৱ, ইন্দিৰা, কুমুদ,
পুণ্ডৰীক (শ্বেতপদ্ম), কোকোনদ (ৰক্ত পদ্ম), ইন্দিবৰ (নীল পদ্ম) আদি বিভিন্ন নামেৰে পদুম জনাজাত। ফাৰ্চী ভাষাত পদুমক "নিলোফাৰ" আৰু ইংৰাজী ভাষাত বা বোলে।
পদুমৰ গছ পানী বা বোকাত গজে। ভাৰতৰ সকলো উষ্ণ অঞ্চলত তথা ইৰানৰ পৰা অষ্ট্ৰেলিয়ালৈ পদুম পোৱা যায়। পদুমৰ ফুল সাধাৰণতে বগা বা গুলপীয়া হোৱা দেখা যায়। ৰঙা, নীলা আৰু সোণালী ৰঙৰো পদুম পোৱা যায়। পাতবোৰ ডাঙৰ আৰু গোলাকৃতিৰ। পাতৰ দীঘলীয়া ঠাৰিৰ পৰা একপ্ৰকাৰৰ সূতা উলিওৱা হয়। এই সূতা মন্দিৰত চাকিৰ শলিতা হিচাপে ব্যৱহাৰ কৰা হয়। এই সূতাৰে তৈয়াৰ কৰা কাপোৰ পিন্ধিলে বহুতো ৰোগৰ পৰা সাৰি থাকিব পাৰি বুলি বিশ্বাস কৰে। পদুমৰ গা-গছ দীঘলীয়া, পোন আৰু ফোঁপোলা। ই পানীৰ তলত গোটেই বোকা আৱৰি থাকে। গা-গছৰ গাঁঠিৰ পৰা শিপা উলায়। পদুমৰ ৰাইজম পদ্ধতিৰে অযৌন প্ৰজনন ঘটে।
পৰিচয় পৃথিৱীৰ প্ৰায় সকলো ঠাইতে কম বেছি পৰিমাণে পদুম পোৱা যায়। জান-জুৰি, বিল, পুখুৰী আদিত পদুম গজে। গুটিৰ পৰা ইয়াৰ বংশবৃদ্ধি হয়। ৰং আৰু আকাৰভেদে পদুমৰ বহুতো প্ৰজাতি আছে। কিন্তু বিশেষকৈ বগা, গুলপীয়া, ৰঙা আৰু নীলা ৰঙৰ পদুম বেছিকৈ দেখা যায়। কিছুমান ঠাইত সোণালী পদুমো পোৱা যায়। ইয়াৰ পাতবোৰ গোলাকাৰ ডাঙৰ কাঁহীৰ নিচিনা আৰু মাজভাগত পাতল ঠাৰিৰে সংযুক্ত হৈ থাকে। পানীৰ ফালে থকা পাতৰ ভাগ কোমল আৰু পাতল সেউজীয়া ৰঙৰ। চত-বহাগৰ পৰা পদুম ফুলিবলৈ আৰম্ভ হয় আৰু শাওন-ভাদ মাহলৈ ফুলে। ফুলবোৰ দীঘল মিহি ঠাৰিৰ শীৰ্ষত ফুলে। ঠাৰিবোৰত সৰু সৰু ফুটা থাকে। প্ৰাচীন কালত পদুমৰ ঠাৰিৰ পৰা সূতা উলিয়াই কাপোৰ প্ৰস্তুত কৰা হৈছিল। এই কাপোৰে জ্বৰ দূৰ কৰে বুলি বিশ্বাস কৰা হয়। পদুমৰ কলি পুৱা বিকাশত হয় আৰু সন্ধিয়া জাপ খাই পৰে। সকলো ফুলত সমান সংখ্যক পাহি নাথাকে। পাহিবোৰৰ মাজত কেশৰৰ এক মণ্ডল থাকে। পদুমৰ পৰাগেৰে তৈয়াৰ কৰা মৌ চকুৰ বাবে উপকাৰী।
ভিন্ন-ভিন্ন প্ৰজাতিৰ পদুমৰ আকৃতি ভিন্ন-ভিন্ন। আমেৰিকাৰ উমৰা দ্বীপত পোৱা পদুম ফুলৰ ব্যাস ২৪ ইঞ্চি আৰু পাতৰ ব্যাস ৬ ফুট। পাহি বোৰ সৰি যোৱাৰ পিছত বীজস্থলী ডাঙৰ হৈ পৰে। ইয়াক পদুম চকা বোলে। বীজ বোৰ ডিম্বাকৃতিৰ আৰু শুকাই গলে ক'লা ৰঙৰ হৈ পৰে। কেঁচা বীজ মানুহে খায় আৰু আঞ্জা ৰান্ধে, শুকান বোৰ ঔষধ হিচাপে ব্যৱহাৰ হয়। পদুমৰ শিপা শকত আৰু বিন্ধাযুক্ত। খৰাং পৰিস্থিতিত ইয়াৰ শিপা প্ৰচুৰ ভাবে উৎপন্ন হয়। মানুহে ইয়াৰ তৰকাৰী ৰান্ধে। আকালত দুখীয়ালোক সকলে ইয়াৰ পৰা আটা প্ৰস্তুত কৰে। সেইদৰে পদুমৰ কোমল কলিও মানুহে খায়। এক প্ৰকাৰৰ গন্ধহীন ৰঙা পদুমৰ বীজৰ পৰা তেল উলিওৱা হয়।
ব্যৱহাৰ পদুমৰ প্ৰতিটো অংশৰে বেলেগ-বেলেগ নাম আছে আৰু প্ৰতিটো অংশৰ ঔষধিয় গুণ আছে। বিভিন্ন আয়ুৰ্বেদীক, এলপেথীক আৰু য়ুনানী ঔষধ পদুমৰ বিভিন্ন অংশৰ পৰা প্ৰস্তুত কৰা হয়। পাৰম্পৰিক চীনীয় ঔষধতো পদুম ব্যৱহাৰ কৰা হয়।
পূজা-পাৰ্বন আৰু পুষ্পসজ্জাত পদুম ফুলৰ বিশেষ ব্যৱহাৰ কৰা হয়। হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মত পদুমক পৱিত্ৰ বুলি গণ্য কৰা হয়। পদুমৰ পাত কাঁহী হিচাপেও ব্যৱহাৰ কৰা হয়। পদুমৰ বিভিন্ন অংশ খাদ্য হিচাপে ব্যৱহৃত হয়।
সাংস্কৃতিক তাৎপৰ্য্য
পৌৰাণিক তাৎপৰ্য্য
প্ৰাচীন ভাৰতীয় গ্ৰন্থ সমূহত পদুমৰ গুৰুত্বপূৰ্ণ স্থান আছে। বিষ্ণু পূৰাণত ইন্দ্ৰৰ দ্বাৰা দেৱী লক্ষ্মীৰ স্তুতিত কোৱা হৈছে- হে কমলাসনা, পদুমৰ দৰে হাতৰ অধিকাৰীনী, কমলনয়না, পদ্মমুখী, পদ্মনাভৰ প্ৰিয় দেৱী, মই আপোনাৰ বন্দনা কৰিছোঁ। ইয়াৰ পৰাই গম পোৱা যায় যে ভাৰতীয় সংস্কৃতিত পদুমৰ সৌন্দৰ্য্যক কিমান আকৰ্ষিত আৰু পৱিত্ৰ বুলি গণ্য কৰা হয়। পদ্ম পূৰাণ নামেৰে এখন পূৰাণো আছে। সৃষ্টিৰ ৰচয়িতা ভগৱান ব্ৰহ্মাই নাৰায়ণৰ নাভি পদ্মৰ পৰা উৎপন্ন হৈ সৃষ্টি ৰচনা সম্বন্ধে জ্ঞানৰ বিস্তাৰ কৰিছিল। সেয়ে এই পূৰাণক পদ্ম পূৰাণ বোলে। মহৰ্ষি বেদব্যাসৰ দ্বাৰা ৰচিত সকলো ১৮ পূৰাণৰ ভিতৰত পদ্ম পূৰাণ দ্বিতীয় স্থান প্ৰাপ্ত। শ্লোকৰ সংখ্যাৰ ফালৰ পৰাও এই পূৰাণ দ্বিতীয়।
তদুপৰি বিভিন্ন দেৱ দেৱীৰ হাতত পদুম দেখা যায়। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক শ্বেতপদ্ম আসনত আৰু দেৱী লক্ষ্মীক ৰক্তপদ্ম আসনত চিত্ৰীত কৰা হয়।
স্থাপত্য কলা ধাৰ্মিক চিত্ৰ, মন্দিৰৰ দেৱাল, গুম্বজ আৰু স্তম্ভ সমূহত পদুমৰ সুন্দৰ আলংকৰণ পোৱা যায়। বেছি ভাগ হিন্দু দেৱ-দেৱী হাতত পদুম লৈ থকাকৈ চিত্ৰীত কৰা হয়।
খাজুৰাহুৰ দেৱী জগদম্বী মন্দিৰত হাতত পদুম লৈ ৪ ফুট ৮ ইঞ্চি ওখ চতুৰ্ভূজী দেৱীৰ মূৰ্তি আছে।
ইয়াতে অৱস্থিত এটা সূৰ্য্য মন্দিৰত সূৰ্য্যক পুৰুষ হিচাপে কল্পনা কৰি স্থাপন কৰা হৈছে। মূৰ্তিটো ৫ ফুট ওখ আৰু দুয়োখন হাতত পদুমৰ ফুল আছে। উদয়পুৰৰ পদ্মাৱতী মাৰ জল মন্দিৰ পদুমৰ আকৃতিত সজা হৈছে। মাৰ্বল পাথৰেৰে নিৰ্মিত দেৱী পদ্মাৱতীৰ এই মন্দিৰত দেৱী লক্ষ্মী, সৰস্বতী আৰু অম্বিকাৰ ভৱ্য প্ৰতিমা আছে। ৰাজস্থানৰ ধলপুৰ জিলাত মচকুণ্ড তীৰ্থস্থলৰ ওচৰত পদুম ফুলৰ বাগিচা আছে। শিল কাটি পদুমৰ আকৃতিৰে সজা এই বাগিচাৰ ঐতিহাসিক মহৎত্ব আছে। প্ৰথম মোগল বাদছাহ বাবৰৰ আত্মজীৱনী 'বাবৰ নামা'ত এই বাগিচাৰ উল্লেখ আছে। বিহাৰৰ ঔৰংগাবাদ জিলাত অৱস্থিত দেৱ সূৰ্য্য মন্দিৰৰ গৰ্ভ গৃহৰ শিখৰত পদুমৰ আকৃতিৰ আৰু তাৰ ওপৰত সোণৰ কলহ অৱস্থিত। ভাৰতৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত বাহাই উপাসনাস্থলীৰ সম্পূৰ্ণ স্থাপত্য পদুমৰ আকৃতিৰ। সেয়ে ইয়াক 'পদুম মন্দিৰ' বোলে।
চিত্ৰমালা
তথ্য সংগ্ৰহ
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
জলজ উদ্ভিদ
|
35402 | https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%20%E0%A6%86%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%80 | অসম আৰক্ষী | অসম আৰক্ষী হৈছে অসম ৰাজ্যৰ আইন শৃংখলাৰক্ষী বাহিনী। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিচতে ইংৰাজসকলে আইন শৃংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰিছিল। অসম আৰক্ষী ৰাজ্যৰ গৃহ বিভাগৰ অধীনষ্ঠ। "জনহিত জনসেৱাৰ্থে" বাণীৰে অসম আৰক্ষীয়ে অসম ৰাজ্যৰ আটাইকেইখন জিলাতে সেৱা আগবঢ়াই আহিছে। অসম আৰক্ষী বিভাগ এজন সঞ্চালক প্ৰধানৰ অধীনত চালিত হয়। অসমৰ ৰাজধানী গুৱাহাটীৰ উলুবাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় অৱস্থিত। অসম আৰক্ষীত বৰ্তমান অনুমোদিত পদ ৭৪,৭৮৮-ৰ বিপৰীতে ৬১,৩১০ জন বিষয়া- কৰ্মচাৰী কাৰ্যৰত হৈ আছে।
অসম আৰক্ষীৰ ইতিহাস
ব্ৰিটিছ অহাৰ আগলৈকে অসমত কোনো নিদিষ্ট আৰক্ষী প্ৰশাসন নাছিল। তেতিয়া অসম আহোমৰ শাসনত আছিল আৰু তেওঁলোকে অসমৰ শান্তি-ৰক্ষা পৰিচালনা কৰিছিল। কিন্তু ব্ৰিটিছ অহাৰ পাছত ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু শাসনভাৰ সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনলৈ গৈছিল। ১৮৮২ চনত প্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। এই বিভাগটোৰ ৪টা শাখা আছিল। লখিমপুৰ, কাছাৰ, গাৰো পাহাৰ আৰু নগা পাহাৰত ৪খন থানা গঠন কৰা হৈছিল আৰু শতিকাতোৰ শেষৰ ফালে ৯৪টা পুলিচ থানা গঠন কৰা হৈছিল। ১৯১৩ চনত এই বিভাগটোত এটা অপৰাধ নিৰাময় শাখা যোগ কৰা হৈছিল। ১৯৩৫ চনত ৰ মুখ্য কায্যালয় শ্বিলঙত স্থাপন কৰা হয় আৰু ক প্ৰথম সঞ্চালক ৰূপে নিযুক্তি দিয়া হয়। ১৯৪৭ চনত ভাৰত স্বাধীন হয় আৰু ভাৰত চৰকাৰৰ অধীনলৈ আহে আৰু ইয়াৰ নাম অসম আৰক্ষীলৈ সলনি কৰা হয়।
অসম আৰক্ষী গঠন(১৯৪৭ ৰ পিছত)
১৯২৯ ত চৈয়দ মহম্মদ ছাদুল্লাই অসম পুলিচৰ কমিটিখন গঠন কৰিছিল। কিন্তু ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পাছত কমিটিখন কাৰ্যকৰী কৰা হয়। কিন্তু কেতবোৰ সিদ্ধান্ত পিছত অসম পুলিচতো ইয়াৰ প্ৰভাব পৰিছিল। অসমৰ ক অসম পুলিচৰ পৰা পৃথক কৰা হয়। স্বাধীনতাৰ সময়ত অসম পুলিচত ৮০০০ জন পুলিচ কৰ্মী আৰু ৩৩৫০ জন অফিচাৰ আছিল। বৰ্তমান প্ৰায় ৬১,৩১০ জন জন পুলিচ কৰ্মী অসম পুলিচত কাম কৰি আছে। ১৯৫০-৫১ চনত ভাৰতীয় সেনা আৰু অসম ৰ সৈতে লগ লাগি অসমৰ ভিতৰুৱা অঞ্চলবোৰত কেতবোৰ উগ্ৰপন্থী বিৰোধী অভিযান চলাইছিল, ইয়াৰ লক্ষ্য আছিল ভিতৰুৱা অঞ্চলবোৰত অসম পুলিচৰ প্ৰভাৱ বৃদ্ধি কৰা।
অসম আৰক্ষী আধুনীকিকৰণ আৰু বৰ্তমান
শাসনৰ পৰিধি অঞ্চল আৰু কৰ্তব্য সমূহ
সংগাঁথনি
অসম আৰক্ষী, অসম চৰকাৰৰ গৃহ বিভাগৰ পোনপটীয়া নিয়ন্ত্ৰণত থকা আইন-শৃংখলা ৰক্ষী বিভাগ। অসম আৰক্ষী এজন সঞ্চালক প্ৰধানৰ অধীনত পৰিচালিত হয়। বৰ্তমান অসম আৰক্ষী সঞ্চালক প্ৰধানজন হৈছে ভাস্কৰজ্যোতি মহন্ত, ভাৰতীয় আৰক্ষী সেৱা। আৰক্ষী প্ৰধানজন হৈছে বাহিনীৰ মূল ব্যক্তি। অসম আৰক্ষীৰ বিভিন্ন বিভাগসমূহৰ প্ৰত্যেকতো বিভাগ এজন অতিৰিক্ত সঞ্চালক প্ৰধানৰ অধীনত থাকে। মহাপৰিদৰ্শকজন অধীনস্থ বিভিন্ন বিভাগৰ মুৰব্বী লগতে এক বা ততোধিক আৰক্ষী ক্ষেত্ৰসীমাৰ মুৰব্বী। উপ- মহাপৰিদৰ্শক এক আৰক্ষী ক্ষেত্ৰসীমাৰ মুৰব্বী যিজনৰ অধীনত কেইবাখনো আৰক্ষী জিলা থাকে। আৰক্ষী অধীক্ষক হল জিলা আৰক্ষীৰ মুৰব্বী বা বেটেলিয়নৰ কামাণ্ডেণ্ট(মুখ্য সেনাপতি)। আৰক্ষী অধীক্ষকক কাৰ্য্যত সহায় কৰিবলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক থাকে। আৰক্ষী জিলা কেইবাটাও মহকুমাত বিভক্ত হৈ থাকে। মহকুমাৰ মূল আৰক্ষী বিষয়া হ'ল মহকুমা আৰক্ষী বিষয়া (উপ আৰক্ষী অধীক্ষক)। 'সেইদৰে এটা মহকুমা কেইবাটাও আৰক্ষী চক্ৰত বিভক্ত। আৰক্ষী চক্ৰ ৰ মূল বিষয়া হ'ল চক্ৰ পৰিদৰ্শক পদমৰ্য্যদা: আৰক্ষী পৰিদৰ্শক)। আৰক্ষী চক্ৰ ৰ অধীনত কেইবাখনো আৰক্ষী থানা আৰু আৰক্ষী চকী থাকে। সদৰ আৰক্ষী থানা আৰু ঘন জনবসতিপূৰ্ণ অঞ্চলৰ থানাসমূহ এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীন (পদমৰ্য্যদা আৰক্ষী পৰিদৰ্শক) তথা গ্ৰাম্যঞ্চল বা কম ঘন জনবসতিপূৰ্ণ অঞ্চলৰ থানাসমূহ এজন উপ পৰিদৰ্শক পদবীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীন। তেনেদৰে আৰক্ষী চকীসমূহ এজন উপ পৰিদৰ্শক পদবীৰ বা সহকাৰী উপ পৰিদৰ্শক পদবীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অধীন। লগতে বেটেলিয়ান সমূহ, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, বেটেলয়ান প্ৰশিক্ষণ কেন্দ্ৰ, আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ সমূহ একোজন উপ- মহাপৰিদৰ্শকৰ অধীনত থাকে।
ভৌগোলিক খণ্ডিত শাসনৰ ক্ষেত্ৰসীমা অঞ্চল
অসম আৰক্ষীয়ে প্ৰশাসনিক তথা আইন- শৃংখলা কাৰ্য পৰিচালনাৰ বাবে সমগ্ৰ অসম ৰাজ্যক কিছুমান আৰক্ষী ক্ষেত্ৰসীমাত ভগাই লৈছে। প্ৰত্যেক ক্ষেত্ৰসীমা একোজন উপ- মহাপৰিদৰ্শক বা মহাপৰিদৰ্শকৰ অধীন।
পদবী ক্ৰমানুসাৰ
ৰাজপত্ৰিত
সঞ্চালক প্ৰধান (জেষ্ঠতাৰ ভিত্তিত)
অতিৰিক্ত সঞ্চালক প্ৰধান
মহাপৰিদৰ্শক
উপ- মহাপৰিদৰ্শক
জেষ্ঠ আৰক্ষী অধীক্ষক
আৰক্ষী অধীক্ষক
অতিৰিক্ত আৰক্ষী অধীক্ষক
উপ আৰক্ষী অধীক্ষক
অৰাজপত্ৰিত
পৰিদৰ্শক
উপ পৰিদৰ্শক
সহকাৰী উপ পৰিদৰ্শক
মুখ্য কনিষ্টবল নায়ক কনিষ্টবল
কনিষ্টবল
বিভিন্ন শাখাসমূহ
অপৰাধ অনুসন্ধানমূলক শাখা
বিশেষ শাখা
জিলা আৰক্ষী
সীমান্ত আৰক্ষী অসম আৰক্ষী অনাতাঁৰ সংস্থা
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী
অসম নদী আৰক্ষী
ৰাজ্যিক অগ্নি নিৰ্বাপন বিভাগ ৰেলৱে আৰক্ষী
অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থা
ন্যায়ালয়িক বিজ্ঞান শাখা
গাঁৱৰক্ষী বাহিনী
আৰক্ষী বেটেলিয়ন বাহিনী
নিযুক্তি
অসম আৰক্ষীত উপ-আৰক্ষী অধীক্ষক(ৰাজপত্ৰিত বিষয়া), উপ- পৰিদৰ্শক বা সহকাৰী উপ -পৰিদৰ্শক আৰু কনিষ্টবল পৰ্য্যায়ত প্ৰাৰ্থী নিযুক্তি সম্পন্ন হয়। উপ-আৰক্ষী অধীক্ষক(ৰাজপত্ৰিত বিষয়া) পৰ্য্যায়ৰ পদৰ বাবে প্ৰাৰ্থীগৰাকী অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত কৰা অসম আৰক্ষী সেৱা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। এই পৰীক্ষা প্ৰাৰম্ভিক বাছনি, মূল পৰীক্ষা, বুদ্ধিমত্তা আৰু মৌখিক শাখাত খণ্ডিত। ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াও অসম-মেঘালয় কেডাৰত মোতায়ন হৈ উপ-আৰক্ষী অধীক্ষক পৰ্য্যায়ত অসম আৰক্ষীত যোগদান কৰে। উপ- পৰিদৰ্শক বা সহকাৰী উপ -পৰিদৰ্শক পদৰ বাবে প্ৰাৰ্থীগৰাকী স্নাতক হোৱাৰ লগতে ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতামূলক বাছনি পৰীক্ষা, শাৰীৰিক সক্ষমতা আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হব লাগে। কনিষ্টবল পদৰ বাবে প্ৰাৰ্থীগৰাকী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ লগতে জিলা আৰক্ষী নিযুক্তি পৰিষদৰ দ্বাৰা অনুষ্ঠিত কৰা প্ৰতিযোগিতামূলক বাছনি পৰীক্ষা, শাৰীৰিক সক্ষমতা আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হব লাগে।
প্ৰশিক্ষণ
অসম আৰক্ষী অধীনত চাৰিখন প্ৰশিক্ষণ প্ৰতিষ্ঠান অসমৰ গোলাঘাট জিলাৰ দেৰগাঁওত অৱস্থিত। অসম আৰক্ষী তথা বেটেলিয়ানত নিযুক্তি পোৱা প্ৰাৰ্থীসকলক বছৰজোৰা বুনিয়াদি প্ৰশিক্ষণ দিয়া হয়। সেই প্ৰশিক্ষণ কেন্দ্ৰসমূহ হ'ল আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়
বেটেলিয়ান প্ৰশিক্ষণ কেন্দ্ৰ
সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আৰক্ষী নিযুক্তি প্ৰশিক্ষণ কেন্দ্ৰ
প্ৰশিক্ষণ কেন্দ্ৰসমূহত পোনপটীয়াকৈ নিযুক্ত হোৱা উপ-আৰক্ষী অধীক্ষক, উপ- পৰিদৰ্শক (অসশস্ত্ৰ বা সশস্ত্ৰ শাখা) বা সহকাৰী উপ -পৰিদৰ্শক (অসশস্ত্ৰ বা সশস্ত্ৰ শাখা) আৰু কনিষ্টবল (অসশস্ত্ৰ বা সশস্ত্ৰ শাখা) পৰ্য্যায়ত প্ৰাৰ্থীৰ প্ৰশিক্ষণ দিয়া হয়। ভাৰতীয় দণ্ডবিধি আইন, অস্ত্ৰ চালনা, শাৰীৰিক কছৰৎ, নিয়মানুৱৰ্তীতা, ন্যায়ালয়িক বিজ্ঞান,অপৰাধ ধাৰা, পুলিচ বিজ্ঞান, জনতাৰ নিৰাপত্তা, বোমা-বাৰুদ, মুক্ত হস্ত চালনা, কৌশলপূৰ্ণ অভিযান, অশ্ব চালন, যান- বাহন নিয়ন্ত্ৰণ,যান- বাহন মেৰামতি, মেপৰ জ্ঞান, লাঠি চালনা, মানৱ সম্পদ তথা জনসংযোগ ইত্যাদি প্ৰশিক্ষণ পদবী অনুসাৰী দিয়া হয়। অৱশ্যে অসম-মেঘালয় কেডাৰত মোতায়ন হোৱা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াসকল হায়দৰাবাদ স্থিত চৰ্দাৰ বল্লভভাই পেটেল নেশ্যনেল পুলিচ অকাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰে।
উপকৰণ
অস্ত্ৰ-শস্ত্ৰ
ৰাইফল .৩০৩, ইনচাচ ৫.৫৬ মিমি এচল্ট ৰাইফল, এ কে-৪৭, এম পি ৫, এ কে এম এ কে-৪৭ ৰাইফলৰ ভাৰতীয় সংস্কৰন), ৭.৬২ মিমি এফ এন -এচ এল আৰ, কাৰ্বাইন, লাইট মেচিন গান, মৰ্টাৰ, গ্ৰেনেড, ৯ মিমি পিষ্টল, গ্লোক পিষ্টল, ৰিভলভাৰ ইত্যাদি
যান-বাহন
আৰক্ষী গৱেষণা আৰু উন্নয়ন বিভাগৰ তথ্য অনুসৰি ১ জানুৱাৰী, ২০১২ চন লৈ অসম আৰক্ষীৰ সৰু- ডাঙৰ বাহন মুঠ সংখ্যা ৫২৭৯ খন। টয়'টা ইন'ভা(উচ্চ পদবীৰ বিষয়াসকলৰ বাবে)
মহেন্দ্ৰ স্ক'ৰপিঅ' (উচ্চ পদবীৰ বিষয়াসকলৰ বাবে)
টাটা চাফাৰি সুৰক্ষা আৰু কনভয়)
এমবাচাদৰ (বৰ্তমানে লুপ্ত)
দৈনন্দিন কৰ্মত ব্যৱহাৰ হোৱা যান-বাহন
মহেন্দ্ৰ ব'লেৰো
মাৰুতি জিপচি
টাটা চুম'
টাটা ৪০৭, ট্ৰাক
বাছ
বাজাজ পালচাৰ. মাৰুতি ওমনি. (ট্ৰেফিক পুলিচৰ বাবে, গুৱাহাটী নগৰত)
মহেন্দ্ৰ জীপ (লুপ্ত)
=উগ্ৰপন্থী বিৰোধী অভিযান১৯৯৬চনত গঠন হোৱা অসম আাৰক্ষীৰ বিশেষ কমাণ্ডো যাৰ নাম ব্লেক পেন্থাৰ নামেৰে পৰিচিত সেই কমাণ্ডো বাহিনীটোৱে বিভিন্ন ঠাইত পাহাৰীয়া দূৰ্গম এলেকাত উগ্ৰপন্থী বিৰোধী অভিযান চলায় সফল বাহিনীৰূপে পৰিচয় দিছে। এই বাহিনীটোৰ মহিলা কমাণ্ডো বাহিনী এটা গঠন কৰা হৈছে যাৰ নাম বীৰাংগনা।
অসম আৰক্ষীৰ বিভিন্ন আচঁনি
প্ৰহৰী আঁচনি
প্ৰহৰী আঁচনি হল অসম আৰক্ষীৰ দ্বাৰা পৰিচালিত এক জনকল্যাণ মূলক আচঁনি। এই আচঁনিৰ সহায়ত অসম আৰক্ষীয়ে সমাজৰ বিনাশকাৰী আৰু হানিকাকাৰক শক্তিসমূহক ধ্বংস কৰি সামূহিক উন্নয়ন তথা বিকাশ সাধনৰ লক্ষ্য হাতত লৈছে। সহযোগ আঁচনি
আশ্বাস আঁচনি
"আশ্বাস" আচঁনি, ইউনিচেফৰ সহযোগত অসম আৰক্ষীৰ দ্বাৰা পৰিচালিত। এই আচঁনিৰ উদেশ্য হল বিছ্ছিনতাবাদী আন্দোলন, ধৰ্মীয় সাম্প্ৰদায়িকতা, গোষ্ঠীগত সংঘৰ্ষ তথা হিংসাপীড়িত শিশুসকলৰ সহায়।
এই আচঁনিৰ মুখ্য দিশসমূহ বুনিয়াদি স্তৰৰ অধ্যয়ন আৰু ভবিষ্যত কৰ্মসূচী ৰূপায়ণৰ পদ্ধতিনীতি। জনকল্যাণমুখী মনোবৃত্তী গঠনৰ বাবে প্ৰশিক্ষণ। গণসচেতনতা অভিযান। পিতৃ-মাতৃহাৰা শিশুৰ শৈক্ষিক পুনৰসংস্থাপন অনুদান।
যোগাযোগ নম্বৰ
জৰুৰী-কালীন সেৱা ১০০ নিয়ন্ত্ৰণ কক্ষ সঞ্চালক নিয়ন্ত্ৰণ কক্ষ ২৫২১২৪২, বিশেষ শাখা নিয়ন্ত্ৰণ কক্ষ ২৩৮১৫১১/২৩৮০৬২০, গুৱাহাটী মহানগৰ নিয়ন্ত্ৰণ কক্ষ ২৪৬৪৫৫৭/৮
বঁটা আৰু সন্মান
২০১৩ চনত পোনপ্ৰথম বাৰৰ বাবে কীৰ্তিচক্ৰ বঁটা(দেশৰ দ্বিতীয় সৰ্ব্বোচ্চ সাহসীকতাৰ সন্মান) অসম আৰক্ষীৰ পৰিদৰ্শক লোহিত সোণোৱালে দেশৰ বাবে আত্ম বলিদান দি শান্তিৰ সময়ত দেখুওৱা চূড়ান্ত সাহসীকতাৰ কাৰণে মৰোনত্তৰ ভাৱে লাভ কৰে। তেখেত উগ্ৰপন্থী বিৰুদ্ধে অভিযানৰ সময়ত অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত কেইজনমান নিৰীহ জনতাক প্ৰাণ ৰক্ষা কৰিবলৈ যাঁওতে উগ্ৰপন্থীৰ গুলীত থকা সৰকা হৈ মৃত্যুবৰণ কৰিছিল।
ৰাষ্ট্ৰপতিৰ পুলিচ বঁটা
পুলিচ বঁটা(তীক্ষ্ণতাৰ বাবে)
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
অসম চৰকাৰ
অসমৰ চৰকাৰী |
40838 | https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%BE%E0%A6%A8%E0%A7%80%20%E0%A6%B6%E0%A6%BF%E0%A6%99%E0%A7%B0%E0%A6%BF | পানী শিঙৰি | শিঙৰি এবিধ জলজ উদ্ভিদ। পানী শিঙৰিৰ অসমত পানী শিঙৰিৰ দুটা প্ৰজাতি পোৱা যায়। অসমীয়াত দুয়োবিধকে পানী শিঙৰি বা শিঙৰি বুলি কোৱা হয়। ইহঁতৰ বৈজ্ঞানিক নাম আৰু দুয়োটা প্ৰজাতি একেটা বৰ্গ ৰ অন্তৰ্গত।
শিঙৰিৰ পাত তৃণভোজী মাছৰ আহাৰস্বৰূপ। ৰ পাত মাছৰ বৰ প্ৰিয় খাদ্য। হিন্দীভাষী একাংশই ষঠ পূজাত কিছুমান নিয়মৰ বাবে শিঙৰি ব্যৱহাৰ কৰে। আহিন-কাতি মাহৰপৰাই শিঙৰি বজাৰত পোৱা যায়।
শিঙৰিৰ উৎপত্তি স্থান
অসমৰ আৰ্দ্ৰভূমিসমূহত এই দুয়োবিধ প্ৰজাতি প্ৰাকৃতিকভাৱে কম-বেচি পৰিমানে পোৱা যায়। পশ্চিমবংগ,বিহাৰ আদি ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াৰ ব্যৱসায়িক ভিত্তিত খেতি কৰা হয়। বিল, দলনি, পিটনি,ৰাস্তাৰ কাষৰ নৰ্দমা আদি স্থবিৰ বা ধীৰ গতিৰ পানীত শিঙৰি পোৱা যায়। দ্ৰতবেগী পানীত ইয়াক পোৱা নাযায়। পিটনি বা বিলত ইয়াক পোৱা যায় যদিও ফটফটীয়া পানীত শিঙৰি দেখা পোৱা নাযায়। শিঙৰি বৃদ্ধিৰ বাবে তুলনামূলকভাৱে বাম,পুষ্টিকাৰক দ্ৰব্য থকা পিটনি উপযুক্ত। শিঙৰি সাধাৰণতে আম্লিক পানীত হয় যদিও ৬.৭ ৰপৰা ৮.২ আৰু 3 এককালিনিটি ১২ ১২৮ মিলিগ্ৰাম(প্ৰতি লিটাৰ) থকা পানীত ইয়াক পোৱা যায়।
দুয়োবিধ শিঙৰিৰ পাৰ্থক্য
পাত মিহি আৰু যথেষ্ট পাতল। কাঁইট দুটা ডাঙৰ আৰু দীঘল।
ফুলবিলাক সম্পূৰ্ণ বগা।
পাত যথেষ্ট ডাঠ আৰু ৰং ডাঠ সেউজীয়। তিনিৰপৰা চাৰিটা চুটি কাঁইট থাকে।
ফুলপাহ বগা কিন্তু গুৰিফালে সৰু হালধীয়া ফুট এটা থাকে।
শিঙৰি গছজোপাৰ বিৱৰণ
শিঙৰি গছজোপাৰ বিৱৰণ
শিঙৰি গছৰ কাণ্ড পানীত ওপঙি থাকে। গা-গছজোপা পানীৰ ওপৰ পৃষ্ঠত সমান্তৰালকৈ বাঢ়ি গৈ ডেৰ মিটাৰমান দীঘল হয়। শিপাবোৰ মিহি,দীঘল আৰু বহুতো ভাগত বিভক্ত। পাতবোৰ ৰম্বাছ আকৃতিৰ। পাতৰ কাষবোৰ খাঁজকটা। পাতৰ ঠাৰিডাল কোমল আৰু ফোঁপোলা। ঠাৰিৰ মাজৰ অংশ বেলুনৰ দৰে ফুলি থকা। পাতৰ মাজৰপৰা ওলোৱা ঠাৰিত ফুল ফুলে। এডাল ঠাৰিত কেৱল এপাহকৈ ফুল ফুলে। ফুলবোৰ উভয় লিংগী (একেপাহতে পুং আৰু স্ত্ৰীস্তৱক থাকে)। গৰ্ভাশয় দুটা ভাগত বিভক্ত। প্ৰতিপাহ ফুলৰ চাৰিটা ত্ৰিভূজাকৃতিৰ বেটুপাতে ফুলপাহ আবৰি থাকে। এই বেটুপাতসমূহেই বিকশিত হৈ সময়ত কাঁইটত পৰিণত হয়। প্ৰথম অৱস্থাত সেউজীয়া আৰু কোমল বেটুপাতবোৰ পূৰঠ হ'লে টান হয়। গৰ্ভধাৰণৰ পাছত ফুলবোৰ ঠাৰিডালৰ সৈতে পানীত হালি পৰে। ফলস্বৰূপে ফলৰ বিকাশ পানীৰ তলতে হয়। শিঙৰি প্ৰকৃততে দ্বিবীজপত্ৰী ।কিন্তু ইয়াৰ সক্ৰিয় বীজপত্ৰ এখন। বাৰিষাৰ প্ৰথমভাগত বোকাত পোত খাই থকা আগৰ বছৰৰ বীজবোৰ পানী পাই গজালি মেলে। জুলাইৰপৰা অক্টোবৰ মাহৰ ভিতৰত শিঙৰিৰ ফুল ফুলে। অক্টোবৰৰপৰা জানুৱাৰি মাহৰ ভিতৰত ফল লাগে। স্ব-পৰাগযোগৰ উপৰিও পতংগৰদ্বাৰাও পৰাগযোগ ঘটে। একৰপৰা তিনি মাহৰ ভিতৰত বীজবোৰ পূৰঠ হয়। একোটা বীজৰপৰা ১০-১৫ জোপা শিঙৰি গছ হয়।
শিঙৰি ফলটোৰ বিৱৰণ
প্ৰতিজোপা শিঙৰি গছত ১৫-২০টাকৈ ফল ধৰে। শিঙৰি ফলটো পূৰঠ হ'লে ক'লা ৰঙৰ হয়। বাকলিৰ ভিতৰ অংশ বেঙুনীয়া ৰঙৰ। বেঙুনীয়া ৰঙৰ তলত ঘেঁহু ৰঙৰ এটা তৰপো থাকে। বাকলি গুচাবলৈ যথেষ্ট টান। তাৰ তুলনাত সতেজ ফলৰ বাকলি গুচাবলৈ সহজ। বাকলি গুচাই পোৱা বীজৰ ৰং গাখীৰৰ দৰে বগা। বীজটো যথেষ্ট কোমল। ইয়াৰ সোৱাদ পথাৰত পোৱা চেঁচুৰৰ দৰে। ডায়েবিটিছ ৰোগীক খাবলৈ দিয়া মিঠাৰ লগত ইয়াক তুলনা কৰিব পাৰি। এই বীজবোৰ পুষ্টিকাৰক তথা সতেজ অৱস্থাত ইয়াক খাব পাৰি। পানীত উতলাই খাবলৈ বেছি সোৱাদ হয়। বাকলি গুচোৱাৰ পাছত বীজটো দেখাত ভোটা ত্ৰিভূজৰ আকাৰৰ হয়। প্ৰতিটো বীজৰ ওজন গঢ়ে ৮.৩৪ গ্ৰাম। কিন্তু কেতিয়াবা ১০ গ্ৰাম পৰ্যন্ত ওজনৰ বীজও পোৱা যায়। শিঙৰিবোৰ পাত্ৰত পানীত ডুবাই বীজৰ বাবে সঞ্চয় কৰিব পাৰি। কিন্তু এবাৰ পানীৰপৰা উলিয়াই শুকাবলৈ দিলে বীজবোৰৰ জীৱনী শক্তিৰ বিনষ্ট হয়।
শিঙৰি ফলৰ পুষ্টিকাৰিতা
পুষ্টিকাৰক খাদ্য হিচাপে ইয়াৰ জৈৱিক মূল্য ঘেঁহুতকৈ বেছি শিঙৰিত শৰ্কৰা আৰু প্ৰটিনৰ পৰিমাণ যথেষ্ট হোৱাৰ লগতে ঔষধি গুণযুক্তও। ইয়াক দেহৰ জ্বলা-পোৰা নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়। প্ৰস্ৰাৱৰ বিভিন্ন সমস্যা সমাধানৰ বাবেও ই উপযুক্ত। আইছক্ৰিমৰ ই এবিধ অনন্য উপকৰণ। শিঙৰি বীজ শুকুৱাই গুৰি কৰি শৰ্কৰা আৰু সুৰা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। অত প্ৰকাশিত তথ্য অনুসৰি এইবিধ ফলত ৪.৭% প্ৰটিন, ২৩% কাৰ্বহাইড্ৰেট, বিভিন্ন ধৰণৰ খনিজ লৱণ, যেনে পটাছিয়াম ৬০০ মিলিগ্ৰাম, আয়'ডিন ৫০.৬ মিলিগ্ৰাম/১০০ গ্ৰাম থাকে। তদুপৰি ইয়াত ভিটামিন -'এ', ভিটামিন -'ছি', থায়েমিন, ৰিবফ্লেডিন, নিক'টিনিক এছিড আদি পোৱা যায়। আনহাতে বাকলিৰপৰা প্ৰস্তুত কৰা গুৰিত প্ৰ'টিনৰ পৰিমাণ ৮%।
পিটনিবোৰত মাছ মৰা লোকৰ বাবে ই শত্ৰুস্বৰূপ।
তথ্য সংগ্ৰহ
"শিঙৰি" লেখক ৰঞ্জিতা বণিয়া প্ৰান্তিক ২০০৯ (১-১৫ মে') ২৮শ বছৰ (১১শ সংখ্যা) ৩২
বাহ্যিক সংযোগ
1995 2020, (2004)
|
52452 | https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%80%E0%A6%AA%20%E0%A6%B6%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE | দিলীপ শৰ্মা | দিলীপ শৰ্মা অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী। কলিকতা ৰেডিঅ'ত অসমীয়া গীত গোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া শিল্পী। অসমত জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লোৱা দিলীপ শৰ্মাই সংগীত নাটক একাডেমী সন্মানো লাভ কৰিছিল। পত্নী সুদক্ষিণা শৰ্মাৰ লগত যৌথভাৱে কেইবাটাও মননশীল গীত পৰিৱেশন কৰি অসমৰ শ্ৰোতামহলৰ পৰা তেওঁলোকে শ্ৰদ্ধা আৰু সমাদৰ লাভ কৰিছিল।
পৰিয়াল আৰু শিক্ষা
দিলীপ শৰ্মাৰ জন্ম হৈছিল ১৯২৬ চনৰ ২৫ জানুৱাৰীত। বৰপেটা জিলাৰ পাঠশালাৰ বামুণকুছিত জন্মলাভ কৰা দিলীপ শৰ্মাৰ দেউতাক আছিল দীননাথ শৰ্মা আৰু মাতৃ আছিল ৰেণু দেৱী। উল্লেখযোগ্য যে, দেউতাক দীননাথ শৰ্মা সুবিখ্যাত অসমীয়া আলোচনী আৱাহনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। দিলীপ শৰ্মাৰ শিক্ষা জীৱন কলিকতাতেই আৰম্ভ হৈছিল। ১৯৪২ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ছেইণ্ট জেভিয়াৰ্চ কলেজত নাম লগায়। সেইখন কলেজৰ পৰাই তেওঁ এদিন স্নাতক ডিগ্ৰী লাভ কৰে।
সংগীতৰ প্ৰতি অনুৰাগ শৈশৱৰ সোণোৱালী দিনতেই দিলীপ শৰ্মাৰ সংগীতৰ লগত পৰিচয় হৈছিল। সাত বছৰ বয়সতে দেউতাক দীননাথ শৰ্মাই তেওঁক ঘৰতে সংগীতৰ শিক্ষা দিবলৈ আৰম্ভ কৰে। সেই সময়তে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, কমল নাৰায়ণ চৌধুৰী আদি বৰেণ্য অসমীয়াসকলৰ সান্নিধ্য লাভ কৰে। জ্যোতিপ্ৰসাদৰ পৰা তেওঁ মোৰে ঘন বনতে তই কি বাঁহী বজালি শীৰ্ষক গীতটি শিকিছিল। জ্যোতিপ্ৰসাদৰ পৰা শিকি লোৱা এটা ভজনৰ আৰ্হিৰ গীত গায়েই তেওঁ কলকাতা ৰেডিঅ' কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে। ভজনৰ আৰ্হিৰ গীতটো আছিল এনেধৰণৰ-মন ৰাম নাম তই/সোঁৱৰণ কৰি ল/কোনে জানে কালি কি/জগতময় সোণৰ জ্বলে চাকিটি।
কৰ্মজীৱন
১৯৪২ চনত এইচ এম ভি কোম্পানীয়ে শিল্পীজনৰ প্ৰথমটো গ্ৰাম'ফ'ন ৰেক'ৰ্ড উলিয়ায়। ১৯৪৪ চনত তেওঁৰ দ্বিতীয়খন ৰেক'ৰ্ড ওলায়। এইখন ৰেকৰ্ডত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মোৰ কবিতাৰ ছন্দ লাগি শীৰ্ষক গীতটো সন্নিৱিষ্ট আছিল। তাৰপিছত যথাক্ৰমে ১৯৪৬ আৰু ১৯৪৭ চনত তেওঁৰ আন দুটা ৰেকৰ্ড ওলায়। আটাইকেইটা গীতেই সেইসময়ত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। সেইসময়ত তেওঁৰ বয়স আছিল মাত্ৰ বিশ বছৰ। ১৯৪৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতীৰ দ্বিতীয় সংস্কৰণৰ সংগীতাংশত সহকাৰী সংগীত পৰিচালকৰ দায়িত্ব দিয়ে দিলীপ শৰ্মাক। এই ছবিখনতে দিলীপ শৰ্মাই লুইতৰ পানী যাবি অ' বৈ আৰু মোৰে ভাৰতৰে মোৰে সপোনৰে গীত দুটা ভগ্নী আৰতি শৰ্মাৰ সৈতে দ্বৈত কণ্ঠত পৰিৱেশন কৰিছিল। ১৯৫০ চনত তেওঁ অসমলৈ আহি ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত হৈ পৰে। ১৯৫২ চনত মুম্বাইত হোৱা সংঘৰ সৰ্বভাৰতীয় সন্মিলনত দিলীপ শৰ্মাই প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে। তাতেই তেওঁ হেমাংগ বিশ্বাসৰ লগত পৰিচয় ঘটে। ১৯৫৪ চনত ভূপেন হাজৰিকাৰ ভগ্নী কুইন হাজৰিকাৰ লগত তেওঁ বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পাছত কুইন হাজৰিকা সুদক্ষিণা শৰ্মা ৰূপে পৰিচিত হৈ পৰে। দুয়োজনা শিল্পীয়ে বহুকেইটা গীত একেলগে গাই আৰু পৰিৱেশন কৰি অসমৰ সংগীত সমাজত এক বিশিষ্ট শিল্পী-দম্পতীৰূপে জনাজাত হৈ পৰে। ১৯৫৫ চনত গুৱাহাটীত হোৱা গণনাট্য সংঘৰ তৃতীয় ৰাজ্যিক সন্মিলনত তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ আমি অসমীয়া নহওঁ দুখীয়া গীতটি পৰিৱেশন কৰে। সেই বছৰতে পোলেণ্ডত অনুষ্ঠিত পঞ্চম বিশ্ব উৎসৱত যোগদান কৰি তেওঁ অ' মোৰ মলুৱাৰে গীতটো পৰিৱেশন কৰিছিল। ১৯৬০ চনত হোৱা ভাষা আন্দোলনৰ সময়ত ভূপেন হাজৰিকা, হেমাংগ বিশ্বাসৰ সাংস্কৃতিক দলত অংশগ্ৰহণ কৰি অসমৰ বিভিন্ন প্ৰান্তত গীত পৰিৱেশন কৰিছিল। ১৯৬৪ চনত হীৰেন ভট্টাচাৰ্য,অমিত সৰকাৰ আদিৰ সৈতে চিত্ৰবন নামৰ আলোচনী এখন প্ৰকাশ কৰিছিল। পাছলৈ কেশৱ মহন্তৰ সৈতে প্ৰবাহ নামৰ অইন এখন আলোচনীও উলিয়ায়। ১৯৮৫ চনৰ পৰা আৱাহন পুনৰ প্ৰকাশৰ প্ৰচেষ্টা হাতত লৈছিল যদিও ধনৰ অভাৱত আলোচনীখন বন্ধ কৰিবলগীয়া হয়। মৃত্যুৰ সময়লৈকে তেওঁ লুইতৰ পৰা টেমছলৈ আলোচনীখনৰ কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ বহু বঙালীভাষী লোকে দিলীপ শৰ্মাৰ পৰা ৰবীন্দ্ৰ সংগীতৰ শিক্ষাগ্ৰহণ কৰি পাছলৈ প্ৰতিষ্ঠিত হৈছিল। অসমত ৰবীন্দ্ৰ সংগীতৰ চৰ্চা, প্ৰসাৰ আৰু প্ৰচাৰতো তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰি জ্যোতি সংগীতৰ স্বৰলিপি প্ৰস্তুতকৰণ, জ্যোতি সংগীতৰ কৰ্মশালা আদি অনুষ্ঠিত কৰি জ্যোতি সংগীতক জনপ্ৰিয় কৰিবলৈ দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাই আন্তৰিক চেষ্টা চলাইছিল। অসম চৰকাৰৰ জ্যোতি সংগীতৰ স্বৰলিপিকৰণৰ গৱেষণা সমিতিৰ তেওঁ এজন সদস্য আছিল।
সৃষ্টিৰাজী
নিৰ্মলপ্ৰভা বৰদলৈৰ 'আজি তোমাক দেখিলো বহু দিনৰ মূৰত'
অনিল বৰুৱাৰ 'আকাশ মহাকাশ'
পুৰুষোত্তম দাসৰ 'মধু বসন্ত গুঞ্জৰে'
সুদক্ষিণা শৰ্মাৰ লগত
ময়ো বন যাওঁ স্বামীহে
ৰাতি পুৱাইলৰে কুৰুৱাই পাৰে ৰাও অ' আইকণ তোৰ ঘৰ ইপাৰত ধনপুৰ অ' মনপুৰ অ' কামনা কুঁৱৰী শ্ৰব্যকেছেট
কাৰেঙৰ লিগিৰী জোনাকী বাট গীত গাওঁ একেলগে যাউতিযুগীয়া চিৰ সুন্দৰ সংগীত কণ্ঠদান কৰা ছবি
পাৰঘাট নিমিলা অংক চিকমিক বিজুলী সংগীত পৰিচালনা
অবুজ বেদনা
বঁটা আৰু সন্মান
২০০২ চনত সংগীত নাটক একাডেমী বঁটা লাভ
ভাৰতীয় সাংস্কৃতিক দলৰ প্ৰতিনিধি হৈ চীন দেশ ভ্ৰমণ। ভূপেন হাজৰিকাই ৰচনা কৰা 'ঝক্ ঝক্ ৰে'ল চলে' আৰু 'মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ' গীত দুটি পৰিৱেশন ২০০০ চনত পত্নীৰ লগত ইংলেণ্ডত গীত পৰিৱেশন; অসম সাহিত্য সভা,ইংলেণ্ড শাখাৰ আহ্বানক্ৰমে
১৯৫৯-১৯৮৫ লৈকে পল্টন বজাৰ বাঙালী হাইস্কুলত শিক্ষকতা। অসমীয়া বিষয়ৰ বিষয়-শিক্ষক হিচাপে।
বাসভৱনত 'জয় জয়ন্তী কলাকেন্দ্ৰ' স্থাপন
মৃত্যু
২০০৮ চনৰ ৭ অক্টোবৰত এইজনা বিশিষ্ট সংগীতশিল্পীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে। বিগত দুটা বছৰ ধৰি তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।
তথ্যসূত্ৰ
শ্ৰেণী:অসমীয়া ভাষাৰ গীতিকাৰ
অসমীয়া কণ্ঠশিল্পী
অসমৰ ব্যক্তি
মৃত ব্যক্তি
অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালক
সংগীত নাটক একাডেমী বঁটা |
82944 | https://as.wikipedia.org/wiki/%E0%A7%B0%E0%A7%8B%E0%A6%B7%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE | ৰোষেশ্বৰ বৰুৱা | ৰোষেশ্বৰ বৰুৱা() আছিল অসম, ভাৰতৰ এগৰাকী চাহ-খেতিয়ক৷ ঊনৈশ শতিকাৰ শেষাৰ্ধত তেওঁ অসমৰ যোৰহাটত চাহখেতি কৰিছিল৷ পদ্মনাথ গোহাঞি বৰুৱাৰ অসমৰ বুৰঞ্জী আৰু দুই-এক তথ্যসূত্ৰ মতে, ৰোষেশ্বৰ বৰুৱা অসমৰ প্ৰথমগৰাকী চাহ-খেতিয়ক৷
জন্ম, শিক্ষা আৰু শৈশৱকাল
১৭৭৮ চনত যোৰহাটৰ মেলেং বালি চাপৰি পূজাৰী গাঁৱত ৰোষেশ্বৰ বৰুৱাৰ জন্ম হৈছিল৷ তেওঁৰ জন্ম হৈছিল মোৱামৰীয়া বিদ্ৰোহ চলি থকাৰ সময়তে৷ তেওঁৰ পিতৃৰ নাম আছিল বজ্ৰনাথ৷ ৰোষেশ্বৰ বৰুৱাৰ নবছৰ বয়সত অসমত মানৰ আক্ৰমণ আৰম্ভ হৈছিল৷ আক্ৰমণৰ পৰা বচাবলৈ তেওঁ পৰিয়ালৰ সৈতে প্ৰায়েই হাবিয়ে-বননিয়ে পলাই ফুৰিবলগীয়া হৈছিল৷ অৱশ্যে যোৰহাটৰ পাৰ্শ্বৱতী একাংশ ঠাইত তেতিয়াও কেইখনমান শিক্ষাকেন্দ্ৰ পাঠশালা বা টোলৰ ৰূপত সক্ৰিয় হৈ আছিল৷ ৰোষেশ্বৰ বৰুৱাই যদু অধ্যাপক টোলত অন্তৰ্ভুক্ত হয়৷ এইখন টোলৰ পৰাই উত্তীৰ্ণ হৈ ৰোষেশ্বৰ বৰুৱাই জীৱিকাৰ সন্ধানত নামি পৰে৷
কৰ্মজীৱন
১৮৩৮ চনত বৃটিছে পুৰন্দৰ সিংহক উজনি অসম শাসন কৰিবলৈ দিয়ে৷ এই সময়তে ৰোষেশ্বৰ বৰুৱাই নিজৰ পৰিয়াল-পৰিচয় আৰু ৰাজ-আনুগত্যৰ বিষয়ে ৰজাক জনালে আৰু ৰাজসভাত নিযুক্তিৰ বাবে ৰজাৰ কাষ চাপে৷ জনৈক ৰাজগুৰুৱে তেওঁক এই প্ৰচেষ্টাত সহায় কৰে৷ তেওঁৰ সহায়তেই ৰোষেশ্বৰ বৰুৱাই দেৱী দ'লৰ বৰুৱা হিচাপে নিযুক্তি লাভ কৰে৷ অৱশ্যে স্বৰ্গদেউ পুৰন্দৰ সিংহক ইংৰাজে সিংহাসনৰ পৰা অপসাৰিত কৰাৰ লগে লগে ৰোষেশ্বৰ বৰুৱা কৰ্মসংস্থাপনবিহীন হৈ পৰে৷ এইবাৰ তেওঁ জীৱিকাৰ সন্ধানত গুৱাহাটী পায়হি৷ ৰোষেশ্বৰ বৰুৱাই কালেক্টৰী কাৰ্যালয়ত পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত অস্থায়ী নিযুক্তি লাভ কৰে৷ অস্থায়ী চাকৰিৰ ম্যাদ ওকলাত তেওঁ গুৱাহাটীতে এইবাৰ ব্যৱসায়ত নামে৷ পিছে সফলতা লাভ নকৰাত পুনৰ উজনিলৈ গমন কৰে৷ নিবনুৱা হৈ থকা কালতে তেওঁ ব্ৰিটিছৰ সংস্পৰ্শলৈ আহি ইংৰাজী ভাষা সম্পৰ্কে কিছুমান জ্ঞান আয়ত্বলৈ আনে আৰু নৱ-স্থাপিত নাজিৰাৰ বৃটিছ আসাম কোম্পানীত এটা চাকৰি লাভ কৰে৷ এইটো কামত তেখেতে ভূমি অধিগ্ৰহণ, ভূমি আৱণ্টন, ৰাজহ নীতি, চাহ খেতিৰ সৱিশেষ জ্ঞান লাভ কৰে৷ কামত সন্তুষ্ট হৈ বৃটিছে তেওঁক গাভৰু পৰ্বত, মাইবেলিয়াকে ধৰি একাধিক মৌজাৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰে৷
চাহ খেতি
নাজিৰাৰ কোম্পানীত চাকৰি কৰি থকা কালতেই ৰোষেশ্বৰ বৰুৱাই চাহ-ব্যৱসায়ত আত্মনিয়োগ কৰাৰ কথা ভাবে আৰু স্বতন্ত্ৰভাৱে এই ব্যৱসায়ত যুক্ত হ'বলৈ চাকৰি ত্যাগ কৰে৷ ভূমিৰ আৱণ্টন আৰু অন্যান্য সহায়-সহযোগ লাভ কৰাত ব্ৰিটিছৰ উপৰি তেওঁক মণিৰাম দেৱানেও সহযোগ আগবঢ়ায়৷ সহযোগিতা লাভ কৰি তেওঁ ১৮৪১ চনত যোৰহাট জিলাৰ মেলেং বালি চাপৰি অঞ্চলত লাহদৈগড় চাহ বাগিচা খোলে৷ ইয়াৰ লগতে তেওঁ চাহ গুটিৰ নাৰ্চাৰী এখোন আৰম্ভ কৰে৷ ১৮৬০ চনৰ ভিতৰত তেওঁ ৬-৭খন চাহ বাগিচা ৰোপন কৰে৷ অৱশ্যে ১৮৬৭-৬৭ চনৰ সংকটৰ সময়ত তেওঁৰ চাহ-উদ্যোগ কিছুপৰিমাণ ক্ষতিগ্ৰস্ত হৈছিল৷ যাৰ বাবে তেওঁ নাগিনীজান আৰু মধুপুৰ চাহ বাগিছা যথাক্ৰমে এজন ইউৰোপীয় ব্যক্তি আৰু এজন চাহকৃষক ৰায়বাহাদুৰ বিষ্ণুৰাম বৰুৱাক বিক্ৰী কৰিছিল৷ বিক্ৰী কৰি দিয়াৰ এটা কাৰণ আছিল শ্ৰমিক আৰু পুঁজিৰ অভাৱ৷
বিতৰ্ক
১৮০৬ চনত জন্মগ্ৰহণ কৰা মণিৰাম দেৱানক প্ৰথমগৰাকী চাহ-খেতিয়ক হিচাপে মান্যতা দিয়া হয়৷ একেদৰে ১৮৫১ চনত যোৰহাটত জন্মলাভ কৰা জগন্নাথ বৰুৱাকো কোনো-কোনোৱে অসমৰ প্ৰথমগৰাকী চাহ খেতিয়কৰ মৰ্যাদা দিয়ে৷ মন কৰিবলগীয়া যে, এওঁলোক দুয়োজনৰে জন্ম ৰোষেশ্বৰ বৰুৱাৰ পৰৱৰ্তী সময়তহে৷ পদ্মনাথ গোহাঞি বৰুৱাৰ অসমৰ বুৰঞ্জী মতে, ৰোষেশ্বৰ বৰুৱাই হৈছে অসমত চাহ-বাগিছা খোলা প্ৰথমগৰাকী অসমীয়া৷ ইয়াৰোপৰি গোহাঞিবৰুৱাৰ মতে, ৰোষেশ্বৰ বৰুৱা সেই সময়ৰ সবাতোকৈ চহকী অসমীয়া৷ এই প্ৰসংগত তেখেতে অসমৰ বুৰঞ্জীত লিখিছে-
ৰোষেশ্বৰ বৰুৱাই খোলা বাগিছাৰ সংখ্যাক লৈ বিতৰ্ক নথকা নহয়৷ ৰোষেশ্বৰ বৰুৱাৰ দ্বিতীয় পুত্ৰ জীৱেশ্বৰ বৰুৱাই স্বপ্ন জীৱন পুথিত উল্লেখ কৰা অনুসৰি ৰোষেশ্বৰ বৰুৱাই ২২ খন বাগিছা খুলিছিল৷ সেইসমূহ বাগিছাৰ নাম হৈছে-লাহদৈগড়, হাতীগড়, কৃষ্ণবাৰী, বাঘজান, দক্ষিণ পাটৰ গ্ৰাণ্ড (বৰ্তমানৰ চটাই) লেটেকুজান, বৰগুৰি, নাগিনীজান, মাধপুৰ (মধুপুৰ), টিমপীয়া, উলুৱনী, চৰাইপানী, গোঁসাইবাৰী, মেজেঙি, মেলেং, চপানী, টেকেলাগোঁহাই, চিন্তামণি গড়, ঘৰফলীয়া, চেলেং, দেওপানী৷ পিছে, বুৰঞ্জীবিদ অমলেন্দু গুহৰ মতে, ৰোষেশ্বৰ বৰুৱাই ৬খনহে বাগিছা খুলিছিল৷ একেদৰে পদ্মনাথ গোহাঞি বৰুৱাৰ মতে, বৰুৱাই নজন পুতেকৰ বাবে নখন বাগিছা খুলিছিল৷
অন্যান্য কৰ্ম
ৰোষেশ্বৰ বৰুৱাই নিজা ধনেৰে মাটি কিনি ৰোষেশ্বৰ আলি আৰু লাহদৈ বাগিছাৰ পৰা ধোদৰ আলিৰ কাষৰ দেওঁপানী বাগিছা আৰু নাগিনী জান সংযোগী আলিবাটটো নিৰ্মাণ কৰিছিল৷ তেওঁ লাহদৈগড় বাগিছাত প্ৰায় ২০০ গছজোপা আম ৰুইছিল৷ আমৰ সোৱাদ, আকাৰ আৰু প্ৰকাৰ অনুযায়ী তেওঁ সৰুতে শুনা নামেৰে আমবোৰৰ নাম ৰাখিছিল৷ যেনে-আগে পকি, চাহঘৰৰ আম, শোভন কেতেকী, মাটি মিঠা, শগুনী, চেনি আম, সেন্দূৰী, তিলিকি আদি৷ ৰোষেশ্বৰ বৰুৱাৰ মৃত্যুৰ পাছত আম গছেৰে আৱৰি থকা লাহদৈগড় বাগিছাৰ একাংশ তেওঁৰ নাতি আনন্দ চন্দ্ৰ বৰুৱাই আম্ৰকানন হিচাপে নামাংকিত কৰে৷
ব্যক্তিগত জীৱন
ৰোষেশ্বৰ বৰুৱাৰ চাৰিগৰাকী পত্নী আছিল৷ তেওঁলোক হৈছে-তোলনী দেৱী, চন্দ্ৰা দেৱী, ৰুমদা দেৱী, প্ৰভা দেৱী৷ তেওঁৰ পুত্ৰ নজন যথাক্ৰমে-কমলেশ্বৰ, জীৱেশ্বৰ, দামোদৰ, গোপাল, কৃপাল, দয়াল, ধৰ্ম্মেশ্বৰ, গোলাপ আৰু নাৰায়ণ৷ আনহাতে কন্যা দুগৰাকী হৈছে ইন্দুপ্ৰভা আৰু মুক্তা দেৱী৷
তথ্যসূত্ৰ
অসমৰ ব্যক্তি
মৃত ব্যক্তি
ভাৰতৰ |
28651 | https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%B7%E0%A7%8D%E0%A6%9F%20%E0%A6%AC%E0%A7%87%E0%A6%82%E0%A6%97%E0%A6%B2%20%E0%A6%AB%E0%A7%81%E0%A6%9F%E0%A6%AC%E0%A6%B2%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BE%E0%A6%AC | ইষ্ট বেংগল ফুটবল ক্লাব | ইষ্ট বেংগল ফুটবল ক্লাব হৈছে ভাৰতৰ সৰ্বাধিক সফল ফুটবল ক্লাববোৰৰ অন্যতম। পশ্চিম বংগৰ কলিকতা চহৰত অৱস্থিত এই ফুটবল ক্লাবটোৱে এতিয়ালৈকে তিনিবাৰকৈ নেচনেল ফুটবল লীগ আৰু আই-লীগ আৰু সাতবাৰ ফেডাৰেচন কাপ জিকিছে। বৰ্তমান ইষ্ট বেংগল ফুটবল ক্লাব ভাৰতৰ সৰ্বোচ্চ ফুটবল লীগ, ইণ্ডিয়ান চুপাৰ লীগত খেলা ক্লাব সমূহৰ অন্যতম ক্লাব। ১৯২০ চনত এই ক্লাবৰ প্ৰতিষ্ঠা কৰা হৈছিল। ১৯২০ চনৰ ২৮ জুলাই তাৰিখে মোহন বাগানৰ এখন খেলত ক্লাবৰ পৰিচালকে ডিফেণ্ডাৰ শৈলেস বসুক নেখেলোৱাৰ কথাটোত মোহন বাগান ক্লাবৰ উপাধ্যক্ষ সুৰেশ চন্দ্ৰ চৌধুৰীৰ খং উঠে আৰু তেখেতে মোহন বাগান ক্লাব এৰি দি ১৯২০ চনৰ ১ আগষ্ট তাৰিখে ইষ্ট বেংগল ফুটবল ক্লাব প্ৰতিষ্ঠা কৰে। ১৯৯৭ চনত ইষ্ট বেংগল ক্লাবে এচিয়ান কাপ ৱিনাৰ্ছ কাপত যোগদান কৰা প্ৰথম ভাৰতীয় ক্লাবৰ সন্মান লাভ কৰে। ইষ্ট বেংগল ফুটবল ক্লাবৰ চিৰবৈৰী ক্লাব হৈছে মোহন বাগান। মোহন বাগান আৰু ইষ্ট বেংগল ক্লাবৰ মুখামুখি খেল বিলাকক কলিকতা ডাৰ্বি বুলি জনা যায়।
বুৰঞ্জী
১৯২০ চনৰ ২৮ জুলাই তাৰিখে মোহন বাগান ফুটবল ক্লাবে জোৰাবাগান ক্লাবৰ বিৰুদ্ধে কোচবিহাৰ কাপৰ এখন খেলত অৱতীৰ্ণ হৈছিল। সেই খেলখনত মোহন বাগান দলৰ প্ৰথম এঘাৰজন খেলুৱৈৰপৰা কোনো অজ্ঞাত কাৰণত ডিফেণ্ডাৰ শৈলেস বসুক বাদ দিয়া হৈছিল। মোহন বাগানৰ উপাধ্যক্ষ সুৰেশ চন্দ্ৰ চৌধুৰীয়ে বসুক দলত অন্তৰ্ভুক্ত কৰাটো বিছাৰিছিল কিন্তু দলৰ প্ৰশিক্ষক সকলে সেই কথাটো আওকান কৰাত চৌধুৰীয়ে মোহন বাগান ক্লাব এৰি দিয়ে। পিছত ১৯২০ চনৰে ১ আগষ্ট তাৰিখে সুৰেশ চন্দ্ৰ চৌধুৰী, ৰাজা চৌধুৰী, ৰমেশ সেন আৰু অৰবিন্দ ঘোষ লগ হৈ ইষ্ট বেংগল ক্লাব গঠন কৰে। ইষ্ট বেংগল ক্লাবে সেই মাহতে হাৰকিউলিছ কাপত যোগ দি প্ৰথম ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ইষ্ট বেংগল সেই প্ৰতিযোগিতাত বিজয়ী হয় আৰু তাৰ পিছত ইষ্ট বেংগল ভাৰতীয় ফুটবল এ’ছচিয়েচনৰ অন্তৰ্ভুক্ত হয়। তাৰ পিছত আই. এফ. এ’. দ্বিতীয় ডিভিজনত ইষ্ট বেংগলে অংশ গ্ৰহণ কৰি লীগ ফুটবলত নিজৰ অভিষেক ঘটায়। নিজৰ প্ৰথম ক্ৰীড়াবৰ্ষত ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ড দ্বিতীয় ডিভিজনৰ তৃতীয় স্থানত থাকে। ১৯২৪ চনত ইষ্ট বেংগল ক্লাবে আই. এফ. এ’. দ্বিতীয় ডিভিজনত দ্বিতীয় স্থানত থাকে। প্ৰথম স্থানত আছিল কেমেৰুন-বি দলটো। কিন্তু যিহেতু কেমেৰুন-এ দলটো ইতিমধ্যেই আই. এফ. এ’. শ্বিল্ড প্ৰথম ডিভিজনত আছিল, সেয়ে কেমেৰুন-বি দলে প্ৰথম ডিভিজনলৈ উন্নীত হোৱাৰ যোগ্যতা নাপায় আৰু ইষ্ট বেংগল ফুটবল ক্লাবে প্ৰথম বাৰৰ বাবে আই. এফ. এ’. শ্বিল্ডৰ প্ৰথম ডিভিজনত অংশগ্ৰহণ কৰাৰ সুযোগ পায়। আই. এফ. এ’ (ইণ্ডিয়ান ফুটবল এ’ছচিয়েচন) তেতিয়া এক ব্ৰিটিছ সংস্থা আছিল আৰু ইয়াৰ নিয়মমতে তেতিয়া মাত্ৰ দুটা ভাৰতীয় ফুটবল দলেহে প্ৰথম ডিভিজনত অংশগ্ৰহণ কৰিব পাৰিছিল। সেইবছৰ এই লীগত খেলিবলৈ যোগ্যতা অৰ্জন কৰা তৃতীয় দল হৈছে ইষ্ট বেংগল আৰু এই কথাটোৱে কিছু আপত্তিৰ সৃষ্টি কৰিছিল। আপত্তি মীমাংসা কৰিবলৈ লীগৰ প্ৰথম ডিভিজনৰ সমূহ ক্লাবৰ মাজত ভোট গ্ৰহণ কৰা হৈছিল আৰু মোহন বাগান আৰু আৰ্য়ানচ ক্লাবৰ বাহিৰে বাকী নটা ব্ৰিটিছ ক্লাবে ইষ্ট বেংগল ফুটবল ক্লাবৰ সপক্ষে ভোট দিয়াত ইষ্ট বেংগল ফুটবল ক্লাবে আই. এফ. এ’. শ্বিল্ড প্ৰথম ডিভিজনত খেলাৰ যোগ্যতা অৰ্জন কৰে। এই ঘটনাটোৰ পিছত আই. এফ. এ’.-ই ভাৰতীয় ক্লাবৰ ক্ষেত্ৰৰ সংখ্যাৰ সীমাবদ্ধতা আঁতৰাই দিয়ে। ১৯৪২ চনত ইষ্ট বেংগলে প্ৰথমটো আই. এফ. এ’. খিতাপ দখল কৰে। ১৯৪৩ চনত ইষ্ট বেংগলে প্ৰথম বাৰৰ বাবে আই. এফ. এ’. শ্বিল্ড দখল কৰে। ১৯৪৫ চনত ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ড আৰু কলিকতা ফুটবল লীগ দুয়োটা খিতাপ দখল কৰে। ইষ্ট বেংগল ফুটবল ক্লাবে ১৯৪৯ চনত ৰ’ভাৰ্ছ কাপ আৰু ১৯৫১ চনত ডুৰাণ্ড কাপৰ বিজয়ী হয়। ১৯৪৯, ১৯৫০ আৰু ১৯৫১ চনত, অবিৰত ভাৱে তিনিবছৰ ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ডত বিজয় সাব্যস্ত কৰে। ১৯৫৩ চনত ইষ্ট বেংগল ক্লাবে তেতিয়াৰ চোভিয়েট যুক্তৰাজ্য আৰু ৰোমানিয়া ভ্ৰমণ কৰে। ১৯৭৩ চনত দক্ষিণ কোৰিয়াৰ ক্লাব পিয়ং-য়ঙৰ বিৰুদ্ধে বিজয়ী হৈ ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ড দখল কৰে। ১৯৭০ চনৰ পৰা ১৯৭৫ চনলৈকে, অবিৰত ভাৱে ছবছৰ ইষ্ট বেংগল ক্লাব কলিকতা ফুটবল লীগৰ বিজয়ী হৈ থাকে। সেই কেই বছৰত ইষ্ট বেংগলে আই. এফ. এ’. শ্বিল্ড, ৰ’ভাৰ্ছ কাপ আৰু ডুৰাণ্ড কাপো জিকে। ১৯৭২ চনত ইষ্ট বেংগল ফুটবল ক্লাবে একেলগে এই চাৰিওটা খিতাপ দখল কৰে। ১৯৮৪ চনত ক্লাবলৈ দীপক দাসৰ আগমন ঘটে আৰু তেখেতে ক্লাবটোক এক পেছাদাৰী ফুটবল ক্লাব হিচাপে গঢ় দিয়া আৰম্ভ কৰে। ১৯৭৮, ১৯৮০ আৰু ১৯৮৫ চনত ইষ্ট বেংগলে ফেডাৰেচন কাপ দখল কৰে। ১৯৮৫-৮৬ চনত ইষ্ট বেংগল ফুটবল ক্লাব এ’ছিয়ান ক্লাব চেম্পিয়নছিপত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় দল হিচাপে পৰিগণিত হয়। ১৯৯০ চনত ইষ্ট বেংগলে আকৌ একেটা বছৰতে আই. এফ. এ’. শ্বিল্ড, ৰ’ভাৰ্ছ কাপ আৰু ডুৰাণ্ড কাপ জয় কৰে। ১৯৯৩ চনত ইষ্ট বেংগলে নেপালৰ ৱাই-ৱাই কাপ জয় কৰে। ১৯৯৮ চনত দীপক দাস আৰু ইউনাইটেড ব্ৰিৱাৰিজ গ্ৰুপৰ মালিক বিজয় মালিয়াৰ মজত হোৱা এক চুক্তিমতে ইউনাইটেড ইষ্ট বেংগল ফুটবল টীম প্ৰাইভেত লিমিটেড নামৰ এক নতুন কোম্পানী গঠন কৰা হয়। তাৰ পিছৰে পৰা ক্লাবৰ নাম হয় কিংফিছাৰ ইষ্ট বেংগল। তাৰ পিছত ২০০৩ চনত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা এ’ছীয়ান কাপ জিকি যিকোনো আন্তৰ্জাতিক প্ৰতিযোগিতা জিকা প্ৰথম ভাৰতীয় ক্লাব হিচাপে ইষ্ট বেংগল ফুটবল ক্লাবে অভিলেখ গঢ়ে। ১৯৯৬ চনত আৰম্ভ হোৱা ভাৰতৰ নেশ্যনেল ফুটবল লীগৰ এক প্ৰতিষ্ঠাপক সদস্য হৈছে ইষ্ট বেংগল ফুটবল ক্লাব। ২০০০-২০০১ ক্ৰীড়াবৰ্ষৰ নেশ্যনেল ফুটবল লীগ ইষ্ট বেংগল ফুটবল ক্লাবে জিকে। ২০০২-২০০৩ আৰু ২০০৩-২০০৪ ক্ৰীড়াবৰ্ষটো এই লীগ ইষ্ট বেংগলেই জিকে। ২০০৭, ২০০৯ আৰু ২০১০ চনৰ ফেডাৰেশ্যন কাপ ইষ্ট বেংগল দলে জিকে। ২০০৬ আৰু ২০১১ চনৰ ইণ্ডিয়ান চুপাৰ কাপ প্ৰতিযোগিতাতো ইষ্ট বেংগল ফুটবল ক্লাব বিজয়ী হয়।
প্ৰতীক চিহ্ন
১৯৩০ চনৰ মহাত্মা গান্ধীৰ নেতৃত্বাধীন সত্যাগ্ৰহ আন্দোলনৰ প্ৰভাৱ ভাৰতীয় ফুটবলতো পৰিছিল। ভাৰতীয় ফুটবল ক্লাব সমূহে কলিকতা ফুটবল লীগৰপৰা ক্ৰীড়াবৰ্ষৰ মাজভাগতে বয়কট কৰিছিল। এইবিলাক খেলিমেলিৰ মাজতে ৰয়েল ৰেজিমেণ্ট দলক এই লীগৰ প্ৰথম ডিভিজনৰ বিজয়ী ঘোষণা কৰ হয়। দ্বিতীয় ডিভিজনত বহুত আগবাঢ়ি থাকিলেও ইষ্ট বেংগল দলক কিন্তু প্ৰথম ডিভিজনলৈ উত্তীৰ্ণ কৰা হোৱা নাছিল। এই কথাটোত তেওঁলোকে মোহন বাগান দলৰ হাত থকা বুলি সন্দেহ কৰে আৰু সহস্ৰাধিক সমৰ্থক আৰু কৰ্মকৰ্তাই ইষ্ট বেংগল গ্ৰাউণ্ডত হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। এই ঘটনাটোতে ক্লাবৰ বিষয়ববীয়া সকলে ক্লাবৰ প্ৰতীক চিহ্নটো জোঁৰ হিচাপে লোৱাৰ সিদ্ধান্ত লয় আৰু সেইটোৱেই এতিয়াও ক্লাবৰ প্ৰতীক।
ক্লাবৰ ৰঙ
ইষ্ট বেংগল ফুটবল ক্লাবৰ ৰঙ হৈছে ৰঙা আৰু সোণালী। ঘৰুৱা খেলপথাৰত খেলা খেলসমূহত ক্লাবৰ খেলুৱৈ সকলে ৰঙা আৰু সোণালী ৰঙৰ চোলা, ক’লা ৰঙৰ হাফপেণ্ট আৰু ৰঙা মোজা পিন্ধে। অন্য ক্লাবৰ খেলপথাৰত খেলা খেলসমূহত ক্লাবৰ খেলুৱৈ সকলে বগা চোলা, ক’লা হাফপেণ্ট আৰু বগা মোজা পিন্ধে। এই ৰঙ কেইটাৰ লগত জড়িত এটা কাহিনী আছে। ক্লাবৰ প্ৰতিষ্ঠাৰ পিছত কৰ্মকৰ্তা সকলে যেতিয়া পোছাকৰ ৰঙ সম্পৰ্কে বিতৰ্ক কৰি আছিল, তেতিয়া চৌৰিঙ্গীৰ হোৱাইটেৱে, লেইডল’ এণ্ড কো. ডিপাৰ্টমেণ্টেল ষ্ট’ৰত ওলোমাই থোৱা এক ৰঙা আৰু সোণালী ৰঙৰ চোলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তাৰ পিছৰে পৰা এই ৰঙ দুইটাক ক্লাবৰ ৰঙ হিচাপে গণ্য কৰা হয়।
ক্লাবৰ খেলপথাৰ
চল্ট লে’ক ষ্টেডিয়াম
পশ্চিম বংগৰ কলিকতা চহৰৰ এক বহুমুখী খেলপথাৰ হৈছে চল্ট লে’ক ষ্টেডিয়াম। এইখন ভাৰতৰ সৰ্ববৃহৎ খেলপথাৰ আৰু বৰ্তমান এইখন খেলপথাৰ বিশেষকৈ ফুটবল খেল সমূহ পাতিবলৈ ব্যৱহাৰ কৰা হয়। ১৯৮৪ চনত এই খেলপথাৰ খনৰ নিৰ্মাণ কৰা হয় আৰু ইয়াৰ সামগ্ৰীক দৰ্শক ক্ষমতা হৈছে ১,২০,০০০। এইখন ষ্টেডিয়ামত দৌৰ প্ৰতিযোগিতাৰ বাবে প্ৰয়োজনীয় ট্ৰেক, ইলেকট্ৰনিক স্ক’ৰব’ৰ্ড, কৃত্ৰিম টাৰ্ফ, ফ্লাডলাইট, বাতানুকুল ভি. আই. পি. ৰেষ্ট ৰুম, কনফাৰেন্স হল, চিকিৎসা কোঠা আৰু ড’পিঙ ক’ণ্ট্ৰ’ল ৰুম ইত্যাদি সা সুবিধা আছে। এই চল্ট লে’ক ষ্টেডিয়ামত ইষ্ট বেংগল ফুটবল ক্লাবৰ আই লীগ আৰু এ’. এফ. চি. কাপৰ ঘৰুৱা খেলসমূহ অনুষ্ঠিত হয়।
ইষ্ট বেংগল গ্ৰাউণ্ড
কলিকতাৰ অন্য এখন খেলপথাৰ হৈছে ইষ্ট বেংগল গ্ৰাউণ্ড। এই খেলপথাৰখন বৰ্তমান মাত্ৰ ফুটবল খেলৰ বাবে ব্যৱহৃত হয় আৰু ইয়াতে ইষ্ট বেংগলে খেলা কলিকতা ফুটবল লীগৰ ঘৰুৱা খেলসমূহ অনুষ্ঠিত হয়। এই খেলপথাৰখনত দৰ্শক সামৰ্থ্য হৈছে ২৩,৫০০ জন।
সমৰ্থক
ইষ্ট বেংগল ফুটবল ক্লাবৰ ভাৰতত এক বৃহৎ সংখ্যক সমৰ্থক আছে। ইষ্ট বেংগল ক্লাবৰ সমৰ্থক সকলৰ নিজা এটা ৱেব-ছাইটো আছে, যিটো জনা যায় ইষ্ট বেংগল দা ৰিয়েল পাৱাৰ নামেৰে।
খেলুৱৈসকল
সন্মান
ঘৰুৱা
আই-লীগ ৰাণাৰ্ছ-আপ (2): 2010-11, 2011-12
নেচনেল ফুটবল লীগ (ইং ৱিকি: (২০০৬ পৰ্য্যন্ত)
বিজয়ী (3): 2000-01, 2002-03, 2003-04
ৰাণাৰ্ছ-আপ (3): 1997-98, 1998-99, 2005-06
ফেডাৰেচন কাপ (ইং ৱিকি: বিজয়ী (7): 1978, 1980, 1985, 1996, 2007, 2009, 2010
ৰাণাৰ্ছ-আপ (6): 1984, 1986, 1992, 1995, 1998, 2011
ইণ্ডিয়ান ছুপাৰ কাপ বিজয়ী (3): 1997, 2006, 2011
ৰাণাৰ্ছ-আপ (3): 2003, 2008, 2010
ডুৰাণ্ড কাপ
বিজয়ী (16): 1951, 1952, 1956, 1960, 1967, 1970, 1972, 1978, 1982, 1989, 1990, 1991, 1993, 1995, 2002, 2004
ক্লাবৰ সামগ্ৰী যোগান ধৰোঁতা আৰু স্প’নছৰ
২০০৭ চনৰ পৰা ২০১১ চনলৈকে ৰীব’ক কোম্পানীয়ে ইষ্ট বেংগল ফুটবল ক্লাবক খেলুৱৈৰ প্ৰয়োজনীয় সামগ্ৰী আৰু পোচাক যোগান ধৰিছিল। ২০১১ চনৰ পৰা এই দায়িত্ব লয় নিভিয়া কোম্পানীয়ে। ইষ্ট বেংগল ক্লাবৰ পোচাক সমূহ স্প’নছৰ কৰে কিংফিছাৰে।
২০২১ চনৰ পৰা এই দায়িত্ব লয় শ্রী ছিমেন্ট কোম্পানীয়ে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
ক্লাবৰ ৱেবছাইট
বাতৰি ৱেবছাইট
ভাৰতীয় ক্ৰীড়া সংঘ
ভাৰতৰ ফুটবল ক্লাব
ইণ্ডিয়ান ছুপাৰ লীগ |
38223 | https://as.wikipedia.org/wiki/%E0%A7%A8%E0%A7%A8%20%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0 | ২২ ডিচেম্বৰ | এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
১৮৫১ গঙ্গা খাল নিৰ্মাণ কাৰ্যৰ সামগ্ৰী পৰিবহন কৰিবৰ বাবে ৰুৰকীত ভাৰতৰ প্ৰথমখন মালবাহী ৰে'লৰ শুভাৰম্ভ কৰা হয়।
১৯৩৯ ভাৰতীয় মুছলমানসকলে ব্ৰিটিছ যুক্তৰাজ্যৰ সৈতে দ্বিতীয় বিশ্বযুদ্ধত প্ৰৱেশ কৰাৰ সিদ্ধান্তৰ ওপৰত পৰামৰ্শ নোলোৱাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যসকলৰ পদত্যাগ উদযাপন কৰিবলৈ "উদ্ধাৰ দিৱস" পালন কৰে।
১৯৮৯ সুদীৰ্ঘ ৩০ বছৰৰ মূৰত বাৰ্লিনৰ প্ৰসিদ্ধ ব্ৰেদেনবাৰ্গ গেট মুকলি কৰা হয়। ২০০০ পপ তাৰকা মেড'না চিত্ৰ নিৰ্দেশক গাই ৰিত্চিৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
২০২০ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আমেৰিকাৰ মাৰ্কিন লিজিয়ন অব মেৰিট সন্মান আগবঢ়োৱাৰ কথা তদানীন্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প-এ ঘোষণা কৰে।
২০২১ লোককৃষ্টিৰ সাধক তথা বিশিষ্ট শিল্পী খগেন গগৈক ২০২১ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা দিয়াৰ কথা সদৌ অসম ছাত্ৰ সন্থায়ে ঘোষণা কৰে।
২০২২ প্ৰতিবছৰে সদৌ অসম ছাত্ৰ সন্থায়ে প্ৰদান কৰি অহা প্ৰতিমা পাণ্ডে বৰুৱা বঁটা ২০২২ বৰ্ষৰ বাবে ধেমাজিৰ সন্তান, লোক-সংস্কৃতিৰ সাধক একলব্য গামলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
২০২২ বঙালী ভাষাৰ বাহিৰে বাকী ২৩টা ভাষাৰ বাবে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা কৰা হয়। অসমীয়া ভাষাৰ ছুটিগল্পৰ গ্ৰন্থ ভুল সত্যৰ বাবে মনোজ কুমাৰ গোস্বামী, বড়ো ভাষাৰ কবিতা পুথি সানশ্ৰিনি মদিৰাৰ বাবে ৰশ্মি চৌধুৰীলৈ আৰু নেপালী ভাষাৰ গ্ৰন্থ সাইনোৰ বাবে খৰ্গ বাহাদুৰ নেপালীলৈ এই বঁটা আগবঢ়োৱা হয়। ইয়াৰ উপৰি সাহিত্য অকাডেমি অনুবাদ বঁটা অসমীয়া ভাষালৈ অনুবাদ কৰা গ্ৰন্থ কচাৰেথি: আৰায়া নাৰীৰ বাবে ড° জুৰি দত্তলৈ, বড়ো ভাষালৈ অনুবাদ কৰা গ্ৰন্থ কাবুলিওয়ালাৰ বাঙালি বউৰ বাবে ৰাজা দেৱজিৎ বসুমতাৰী আৰু নেপালী ভাষালৈ অনুবাদ কৰা গ্ৰন্থ শান্তনুকুলনন্দনৰ বাবে পূৰ্ণ কুমাৰ শৰ্মালৈ এই বছৰৰ অনুবাদ বঁটা ঘোষণা কৰা হয়।
জন্ম
১৬৬৬ গুৰু গোবিন্দ সিং, দশম শিখ গুৰু। এজন আধ্যাত্মিক শিক্ষক, যোদ্ধা, কবি আৰু দাৰ্শনিক। যেতিয়া তেওঁৰ পিতৃ গুৰু টেগ বাহাদুৰক মোগল সম্ৰাট ঔৰঙ্গজেৱ-এ মৃত্যুদণ্ড দিছিল তেতিয়া গুৰু গোবিন্দ সিঙক ন বছৰ বয়সতে শিখসকলৰ নেতা হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল আৰু তেখেত দশম আৰু অন্তিম মানৱ শিখ গুৰু হিচাপে পৰিগণিত হৈছিল। তেওঁৰ চাৰিজন পুত্ৰ তেওঁৰ জীৱনকালত মৃত্যু বৰণ কৰিছিল দুজন যুদ্ধত আৰু দুজনক মোগল সেনাপতি ৱাজিৰ খানে মৃত্যুদণ্ড দিছিল। মৃত্যু ৭ অক্টোবৰ, ১৭০৮। ১৮৫৩ সাৰদা দেৱী, ঊনবিংশ শতিকাৰ হিন্দু সন্যাসী ৰামকৃষ্ণ পৰমহংসৰ পত্নী, সাধনসঙ্গিনী আৰু ৰামকৃষ্ণ মঠ আৰু মিছনৰ সংঘজননী। শ্ৰীৰামকৃষ্ণ সন্ন্যাসী আদেশৰ অনুগামীসকলে সৰদা দেৱীক পবিত্ৰ মাতৃ (শ্ৰীশ্ৰী মা) বুলিও শ্ৰদ্ধাৰে সম্বোধন কৰে। দক্ষিণেশ্বৰত অৱস্থিত শ্ৰী সৰদা মঠ আৰু ৰামকৃষ্ণ সৰদা মিছন সৰদা দেৱীৰ আদৰ্শ আৰু জীৱনৰ ওপৰত আধাৰিত। তেওঁ ৰামকৃষ্ণ আন্দোলনৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মৃত্যু ২০ জুলাই, ১৯২০। ১৮৮৭ শ্ৰীনিবাস ৰামানুজন, বিশ্বপ্ৰসিদ্ধ ভাৰতীয় গণিতজ্ঞ। যদিও তেওঁ গণিতৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল তথাপি তেওঁ নিজৰ একক প্ৰচেষ্টাৰে গাণিতিক বিশ্লেষণ, সংখ্যা তত্ত্ব, অসীম শৃংখলা, আৰু অপ্ৰাকৃত ভগ্নাংশৰ আগতে সমাধান নোহোৱা গাণিতিক সমস্যাৰ সমাধান কৰিছিল। সেই সময়ৰ বিশ্বৰ আগশাৰীৰ পেছাদাৰী গণিতজ্ঞসকলক তেওঁ তেওঁৰ একক প্ৰচেষ্টাৰে সমাধান কৰা গাণিতিক সমস্যাসমূহ প্ৰদৰ্শন কৰি বুজাবলৈ চেষ্টা কৰিছিল যদিও বেছিভাগ সময়ৰ বাবে বিফল হৈছিল। কিয়নো তেওঁ তেওঁলোকক যি গাণিতিক সূত্ৰ প্ৰয়োগ কৰি সমস্যাসমূহ সমাধান কৰিছিল সেয়া অতি নতুন, অত্যাধিক অপৰিচিত আৰু অতিৰিক্তভাৱে অস্বাভাৱিক উপায়েৰে উপস্থাপন কৰা হৈছিল। সেইবাবে তেওঁ, তেওঁৰ কাম ভালদৰে বুজিব পৰা গণিতজ্ঞ বিচাৰি তেওঁ ১৯১৩ চনত ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ইংৰাজ গণিতজ্ঞ জি এইচ হাৰ্ডিৰ সৈতে ডাকযোগে চিঠিপত্ৰ আৰম্ভ কৰে। ৰামানুজনৰ কামক অসাধাৰণ বুলি স্বীকৃতি দি হাৰ্ডিয়ে তেওঁক কেমব্ৰিজ ভ্ৰমণৰ ব্যৱস্থা কৰিছিল। হাৰ্ডিয়ে তেওঁৰ টোকাত মন্তব্য কৰিছিল যে— ৰামানুজনে যি নতুন উপপাদ্য প্ৰস্তুত কৰিছিল যাৰ ভিতৰত কিছুমান উপপাদ্যই মোক সম্পূৰ্ণৰূপে মোক আচৰিত কৰি তুলিছিল যি মই আগতে এনেধৰণৰ সমাধান সূত্ৰ দেখা নাছিলো আৰু এই উপপাদ্যসমূহ কিছুমান শেহতীয়াকৈ প্ৰমাণিত কিন্তু অত্যন্ত উন্নত ফলাফল। গণিতৰ প্ৰতি অসামান্য অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২২ ডিচেম্বৰ তাৰিখে সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰি আহিছে। মৃত্যু ২৬ এপ্ৰিল, ১৯২০।
১৯২৪ কনকলতা বৰুৱা, অসমৰ স্বাধীনতা সংগ্ৰামী। বিশ্বনাথ জিলাৰ বৰঙাবাৰী অঞ্চলত জন্মগ্ৰহণ কনকলতা বৰুৱাই ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰ তাৰিখে গহপুৰ থানাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ গহপুৰ নগৰৰ পশ্চিম দিশৰপৰা যোৱা ভাৰত ত্যাগ আন্দোলনৰ দলটোক নেতৃত্ব দিছিল। সেইদিনাই গহপুৰ থানাৰ সন্মুখতে ব্ৰিটিছ সেনা সোমনাথ দাৰোগাই গুলীয়াই হত্যা কৰে। কনকলতা মাটিত ঢলি পৰাৰ আগতেই ভাৰতীয় জাতীয় পতাকা মাটিত পৰিবলৈ নিদি মুকুন্দ কাকতিয়ে উঠাই লয় আৰু লগে লগে তেওঁৰ ওপৰতো গুলীচালনা কৰে। উল্লেখযোগ্য যে সেইদিনা থানাৰ পিছফালে কচুৱনিত লুকাই থকা কলাবাৰী অঞ্চলৰ কামদেৱাল গাঁৱৰ ৰামপতি ৰাজখোৱায়ে আবেলিলৈ মনে মনে থানাৰ চৌহদৰ ওপৰলৈ উঠি ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰে। ১৯৪৭ দিলীপ দোশী, প্ৰকৃত নাম দিলীপ ৰছিকলাল দোশী। গুজৰাটী মূলৰ এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈ ৩৩ খন টেষ্ট মেচ আৰু ১৫ খন এদিনীয়া আন্তৰ্জাতিক খেলত খেলিছিল। দোশী হৈছে মাত্ৰ চাৰিজন টেষ্ট বলাৰৰ ভিতৰত এজন যি ত্ৰিশ বছৰ বয়সৰ পিছত তেওঁলোকৰ প্ৰথমখন টেষ্ট মেচ খেলিছিল। তথাপিও তেওঁ ১০০তকৈ অধিক উইকেট দখল কৰিছিল। বাকী তিনিজন হৈছে ক্লেৰি গ্ৰিমেট, ছাইদ আজমল আৰু ৰিয়ান হেৰিছ। ১৯৯১ অমৃতা গগৈ, অসমীয়া অভিনেত্ৰী।
মৃত্যু
১৮৮০ জৰ্জ এলিয়ট, ইংৰাজ ঔপন্যাসিক, কবি, সাংবাদিক, অনুবাদক আৰু ভিক্ট'ৰিয়ান যুগৰ এগৰাকী আগশাৰীৰ লেখিকা।
২০১০ নলিনী জয়ৱন্ত, ভাৰতীয় অভিনেত্ৰী।
দিৱস
ৰাষ্ট্ৰীয় গণিত দিৱস(ভাৰত)।
মাতৃ দিৱস (ইণ্ডোনেচিয়া)।
শিক্ষক দিৱস (কিউবা)।
বাহ্যিক সংযোগ বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
দ্য নিউয়ৰ্ক এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য |
82105 | https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A7%82%E0%A7%B0%E0%A6%AC%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%A3%20%E0%A6%AF%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0 | দূৰবীক্ষণ যন্ত্ৰ | দূৰবীক্ষণ যন্ত্ৰ বা দূৰবীণ (প্ৰাচীন গ্ৰীক ৰোমানাইজড টেলি 'দূৰ' আৰু 'চাবলৈ বা চাবলৈ'; 'দূৰ-দেখা') হৈছে লেন্স, বক্ৰ দাপোন বা দুয়োটাৰে সংমিশ্ৰণ ব্যৱহাৰ কৰা এটা আলোকীয় যন্ত্ৰ দূৰৰ বস্তু নিৰীক্ষণ কৰা, বা দূৰৰ বস্তুৰ নিৰ্গমন, শোষণ বা বিদ্যুৎচুম্বকীয় বিকিৰণৰ প্ৰথম জ্ঞাত ব্যৱহাৰিক টেলিস্কোপ আছিল কাঁচৰ লেন্সযুক্ত ৰিফ্ৰেক্টিং টেলিস্কোপ আৰু ১৭ শতিকাৰ আৰম্ভণিতে নেদাৰলেণ্ডত আৱিষ্কাৰ কৰা হৈছিল। স্থলজ প্ৰয়োগ আৰু জ্যোতিৰ্বিজ্ঞানৰ দুয়োটাতে ব্যৱহাৰ কৰা হৈছিল।
প্ৰথম বিবৰ্তনকাৰী দূৰবীণৰ কেইটামান দশকৰ ভিতৰতে পোহৰ সংগ্ৰহ আৰু কেন্দ্ৰীভূত কৰিবলৈ দাপোন ব্যৱহাৰ কৰা প্ৰতিফলিত দূৰবীণ আৱিষ্কাৰ কৰা হৈছিল। ২০ শতিকাত ১৯৩০ চনত ৰেডিঅ’ দূৰবীণ আৰু ১৯৬০ চনত অৱলোহিত দূৰবীণ আদি বহুতো নতুন প্ৰকাৰৰ দূৰবীণ আৱিষ্কাৰ কৰা হয়। দূৰবীণ শব্দটোৱে এতিয়া বিদ্যুৎচুম্বকীয় বৰ্ণালীৰ বিভিন্ন অঞ্চল ধৰা পেলাব পৰা বহুতো যন্ত্ৰক বুজায়, আৰু কিছুমান ক্ষেত্ৰত আন ধৰণৰ সংসূচক।
নামকৰণ ১৬১১ চনত গ্ৰীক গণিতজ্ঞ জিওভানি ডেমিছিয়ানীয়ে একাডেমিয়া ডেই লিন্সেইত অনুষ্ঠিত হোৱা ভোজত উপস্থাপন কৰা গেলিলিঅ' গেলিলি এটা বাদ্যযন্ত্ৰৰ বাবে টেলিস্কোপ শব্দটোৰ উদ্ভাৱন কৰিছিল। ষ্টাৰ্ৰী মেচেঞ্জাৰত গেলিলিওৱে লেটিন শব্দ ব্যৱহাৰ কৰিছিল।
ইতিহাস টেলিস্কোপৰ আটাইতকৈ প্ৰাচীন প্ৰচলিত অভিলেখ আছিল মিডেলবাৰ্গ চশমা নিৰ্মাতা হান্স লিপাৰহেই নেদাৰলেণ্ডৰ চৰকাৰক বিবৰ্তনকাৰী টেলিস্কোপৰ বাবে দাখিল কৰা ১৬০৮ চনৰ পেটেণ্ট। প্ৰকৃত উদ্ভাৱকজন অজ্ঞাত যদিও ইউৰোপৰ মাজেৰে ইয়াৰ খবৰ বিয়পি পৰিল। গেলিলিওৱে ইয়াৰ বিষয়ে শুনিছিল আৰু ১৬০৯ চনত নিজৰ সংস্কৰণ নিৰ্মাণ কৰিছিল, আৰু আকাশী বস্তুৰ ওপৰত তেওঁৰ টেলিস্কোপিক পৰ্যবেক্ষণ কৰিছিল
১৭৩৩ চনত এক্ৰমেটিক লেন্সৰ আৱিষ্কাৰে সৰল লেন্সত উপস্থিত থকা ৰঙৰ বিচ্যুতি আংশিকভাৱে সংশোধন কৰি চুটি, অধিক কাৰ্য্যক্ষম বিবৰ্তনকাৰী টেলিস্কোপ নিৰ্মাণ কৰিবলৈ সক্ষম কৰি তুলিছিল। ৰিফ্ৰেক্টৰত দেখা পোৱা ৰঙৰ সমস্যাৰ দ্বাৰা সীমাবদ্ধ নহ’লেও প্ৰতিফলিত টেলিস্কোপসমূহ ১৮ শতিকাৰ আৰু ১৯ শতিকাৰ আৰম্ভণিতে ব্যৱহাৰ কৰা দ্ৰুতভাৱে কলংকিত কৰা স্পেকুলাম ধাতুৰ দাপোনৰ ব্যৱহাৰৰ ফলত বাধাৰ সৃষ্টি হৈছিল—এই সমস্যাটো ১৮৫৭ চনত ৰূপৰ আৱৰণযুক্ত কাঁচৰ দাপোনৰ প্ৰৱৰ্তনৰ ফলত উপশম হৈছিল, আৰু এলুমিনাইজ কৰা হৈছিল।১৯৩২ চনত বিবৰ্তনকাৰী টেলিস্কোপৰ বাবে সৰ্বোচ্চ ভৌতিক আকাৰৰ সীমা প্ৰায় ১ মিটাৰ (৩৯ ইঞ্চি), ইয়াৰ দ্বাৰা নিৰ্ধাৰিত যে ২০ শতিকাৰ প্ৰান্তিকৰ পৰা নিৰ্মিত বৃহৎ আলোকীয় গৱেষণামূলক টেলিস্কোপৰ বিপুল সংখ্যকেই প্ৰতিফলক। বৰ্তমান আটাইতকৈ ডাঙৰ প্ৰতিফলিত টেলিস্কোপসমূহৰ উদ্দেশ্য ১০ মিটাৰ (৩৩ ফুট)তকৈ ডাঙৰ, আৰু কেইবাটাও ৩০-৪০ মিটাৰ ডিজাইনৰ কাম চলি আছে
২০ শতিকাত ৰেডিঅ’ৰ পৰা আৰম্ভ কৰি গামা-ৰশ্মিলৈকে বিস্তৃত পৰিসৰৰ তৰংগদৈৰ্ঘ্যত কাম কৰা টেলিস্কোপৰ বিকাশ ঘটিছিল। ১৯৩৭ চনত প্ৰথম উদ্দেশ্যপ্ৰণোদিত ৰেডিঅ' টেলিস্কোপ কাৰ্যক্ষম হয়।তাৰ পিছৰ পৰা বহুতো জটিল জ্যোতিৰ্বিজ্ঞানৰ যন্ত্ৰৰ বিকাশ ঘটিছে।
প্ৰকাৰসমূহ "দূৰবীণ" নামটোৱে বহুতো যন্ত্ৰ সামৰি লৈছে। বেছিভাগেই বিদ্যুৎচুম্বকীয় বিকিৰণ ধৰা পেলায়, কিন্তু জ্যোতিৰ্বিজ্ঞানীসকলে বিভিন্ন কম্পাঙ্ক বেণ্ডত পোহৰ (বিদ্যুৎচুম্বকীয় বিকিৰণ) সংগ্ৰহ কৰিবলৈ কেনেকৈ যাব লাগিব তাৰ মাজত ডাঙৰ পাৰ্থক্য আছে। টেলিস্কোপসমূহক ইহঁতে ধৰা পৰা পোহৰৰ তৰংগদৈৰ্ঘ্য অনুসৰি শ্ৰেণীভুক্ত কৰিব পাৰি:
এক্স-ৰে দূৰবীণ,অতিবেঙুনীয়া পোহৰতকৈ কম তৰংগদৈৰ্ঘ্য ব্যৱহাৰ কৰি
অতিবেঙুনীয়া দূৰবীণ, দৃশ্যমান পোহৰতকৈ কম তৰংগদৈৰ্ঘ্য ব্যৱহাৰ কৰা
দৃশ্যমান পোহৰ পোহৰ ব্যৱহাৰ কৰি আলোকীয় দূৰবীণ
অৱলোহিত দূৰৱীণ, দৃশ্যমান পোহৰতকৈ দীঘলীয়া তৰংগদৈৰ্ঘ্য ব্যৱহাৰ কৰা
ছাবমিলিমিটাৰ দূৰবীণ, অতি ৰঙা পোহৰৰ তুলনাত দীঘল মাইক্ৰৱেভ তৰংগদৈৰ্ঘ্য ব্যৱহাৰ কৰি
আৰু অধিক দীঘল তৰংগদৈৰ্ঘ্য ব্যৱহাৰ কৰা ৰেডিঅ’ দূৰবীণ
তৰংগদৈৰ্ঘ্য দীঘল হোৱাৰ লগে লগে বিদ্যুৎচুম্বকীয় বিকিৰণৰ সৈতে ক্ৰিয়া কৰিবলৈ এন্টেনা প্ৰযুক্তি ব্যৱহাৰ কৰাটো সহজ হৈ পৰে (যদিও অতি ক্ষুদ্ৰ এন্টেনা নিৰ্মাণ কৰা সম্ভৱ)। )-ইনফ্ৰাৰেডক দৃশ্যমান পোহৰৰ দৰেই সংগ্ৰহ কৰিব পাৰি, অৱশ্যে দূৰ-ইনফ্ৰাৰেড আৰু চাবমিলিমিটাৰ পৰিসৰত টেলিস্কোপে ৰেডিঅ’ টেলিস্কোপৰ দৰে অধিক কাম কৰিব পাৰে উদাহৰণস্বৰূপে, জেমছ ক্লাৰ্ক মেক্সৱেল টেলিস্কোপ ৩ মাইক্ৰ’মিটাৰ (০.০০৩ মিলিমিটাৰ)ৰ পৰা ২০০০ মাইক্ৰ’মিটাৰ (২ মিলিমিটাৰ) তৰংগদৈৰ্ঘ্যৰ পৰা পৰ্যবেক্ষণ কৰে, কিন্তু ইয়াত পেৰাবলিক এলুমিনিয়াম এণ্টিনা ব্যৱহাৰ কৰা হয়। অন্যহাতে, স্পিজাৰ মহাকাশ টেলিস্কোপত প্ৰায় ৩ মাইক্ৰ’মিটাৰ (০.০০৩ মিলিমিটাৰ)ৰ পৰা ১৮০ মাইক্ৰ’মিটাৰ (০.১৮ মিলিমিটাৰ) পৰ্যবেক্ষণ কৰি এটা দাপোন (প্ৰতিফলিত অপটিক্স) ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ৰিফ্লেক্টিং অপটিক্স ব্যৱহাৰ কৰি ৱাইড ফিল্ড কেমেৰা ৩ থকা হাবল স্পেচ টেলিস্কোপে প্ৰায় ০.২ মাইক্ৰ’মিটাৰ (০.০০০২ মিলিমিটাৰ)ৰ পৰা ১.৭ মাইক্ৰ’মিটাৰ (০.০০১৭ মিলিমিটাৰ) (আল্ট্ৰা-ভায়োলেটৰ পৰা অতি ৰঙা পোহৰলৈ) কম্পাঙ্ক পৰিসৰত পৰ্যবেক্ষণ কৰিব পাৰে।
চুটি তৰংগদৈৰ্ঘ্যৰ ফ’টনৰ সৈতে, অধিক কম্পাঙ্কৰ সৈতে, সম্পূৰ্ণৰূপে প্ৰতিফলিত অপটিক্সৰ পৰিৱৰ্তে গ্লেন্সিং-ইনচিডেণ্ট অপটিক্স ব্যৱহাৰ কৰা হয়। আৰু -ৰ দৰে টেলিস্কোপত বিশেষ দাপোন ব্যৱহাৰ কৰি চৰম অতিবেঙুনীয়া ৰশ্মি প্ৰতিফলিত হয়, যাৰ ফলত অন্যথা সম্ভৱতকৈ অধিক ৰিজ’লিউচন আৰু উজ্জ্বল ছবি উৎপন্ন হয়। ডাঙৰ এপাৰচাৰৰ অৰ্থ কেৱল অধিক পোহৰ সংগ্ৰহ হোৱাটোৱেই নহয়, ই এটা সুক্ষ্ম কৌণিক ৰিজ’লিউচনো সক্ষম কৰে।
টেলিস্কোপক স্থান অনুসৰিও শ্ৰেণীভুক্ত কৰিব পাৰি: মাটিৰ টেলিস্কোপ, মহাকাশ টেলিস্কোপ বা উৰণীয়া টেলিস্কোপ। পেছাদাৰী জ্যোতিৰ্বিজ্ঞানীসকলে পৰিচালনা কৰে নে অপেশাদাৰী জ্যোতিৰ্বিজ্ঞানীসকলে পৰিচালনা কৰে সেই অনুসৰিও ইয়াক শ্ৰেণীভুক্ত কৰিব পাৰি। এটা বা ততোধিক টেলিস্কোপ বা অন্য যন্ত্ৰ থকা বাহন বা স্থায়ী চৌহদক মানৱ নিৰীক্ষণ কেন্দ্ৰ বোলা হয়।
এটা আলোকীয় টেলিস্কোপে মূলতঃ বিদ্যুৎচুম্বকীয় বৰ্ণালীৰ দৃশ্যমান অংশৰ পৰা পোহৰ সংগ্ৰহ কৰি কেন্দ্ৰীভূত কৰে (যদিও কিছুমানে অতি ৰঙা আৰু অতিবেঙুনীয়া ৰঙত কাম কৰে)। অপটিকেল টেলিস্কোপে দূৰৈৰ বস্তুবোৰৰ আপাত কৌণিক আকাৰৰ লগতে ইয়াৰ আপাত উজ্জ্বলতা বৃদ্ধি কৰে। ছবিখন পৰ্যবেক্ষণ কৰিবলৈ, ফটো তুলিবলৈ, অধ্যয়ন কৰিবলৈ আৰু কম্পিউটাৰলৈ প্ৰেৰণ কৰিবলৈ টেলিস্কোপে এটা বা ততোধিক বক্ৰ আলোকীয় মৌল ব্যৱহাৰ কৰি কাম কৰে, যিবোৰ সাধাৰণতে কাঁচৰ লেন্স আৰু/বা দাপোনৰ পৰা তৈয়াৰ কৰা হয়, পোহৰ আৰু অন্যান্য বিদ্যুৎচুম্বকীয় বিকিৰণ সংগ্ৰহ কৰি সেই পোহৰ আনিবলৈ বা... বিকিৰণ এটা কেন্দ্ৰীয় বিন্দুলৈ প্ৰেৰণ কৰা হয়। জ্যোতিৰ্বিজ্ঞানৰ বাবে আৰু বহুতো অজ্যোতিৰ্বিজ্ঞানৰ যন্ত্ৰত আলোকীয় টেলিস্কোপ ব্যৱহাৰ কৰা হয়, য'ত আছে: থিয়ড'লাইট (ট্ৰেনজিটকে ধৰি), স্পটিং স্কোপ, মনোকুলাৰ, বাইনোকুলাৰ, কেমেৰাৰ লেন্স, আৰু স্পাইগ্লাছ। ইয়াৰ মূল তিনিটা প্ৰকাৰৰ আলোকীয় প্ৰকাৰ আছে:
লেন্স ব্যৱহাৰ কৰি ছবি গঠন কৰা ৰিফ্ৰেক্টিং টেলিস্কোপ।
প্ৰতিফলিত টেলিস্কোপ যিয়ে দাপোনৰ এটা ব্যৱস্থা ব্যৱহাৰ কৰি এখন ছবি গঠন কৰে।
লেন্সৰ সৈতে সংযুক্ত দাপোন ব্যৱহাৰ কৰি এখন ছবি গঠন কৰা কেটাডিঅ’প্ট্ৰিক টেলিস্কোপ।
ফ্ৰেনেল ইমেজাৰ হৈছে এটা স্পেচ টেলিস্কোপৰ বাবে প্ৰস্তাৱিত অতি লঘু ডিজাইন যিয়ে পোহৰ ফ’কাচ কৰিবলৈ ফ্ৰেনেলৰ লেন্স ব্যৱহাৰ কৰা হয়।
এই মৌলিক আলোকীয় প্ৰকাৰসমূহৰ বাহিৰেও ইহঁতে কৰা কাম অনুসৰি শ্ৰেণীভুক্ত কৰা বিভিন্ন আলোকীয় ডিজাইনৰ বহুতো উপ-প্ৰকাৰ আছে, যেনে এষ্ট্ৰ'গ্ৰাফ, গ্ৰহাণু অনুসন্ধানকাৰী আৰু সৌৰ দূৰবীণ।
ৰেডিঅ' দূৰবীণ ৰেডিঅ' দূৰবীণ হৈছে দিশ নিৰ্দেশক ৰেডিঅ' এন্টেনা যিয়ে সাধাৰণতে ৰেডিঅ' তৰংগ সংগ্ৰহ কৰিবলৈ এটা ডাঙৰ ডিচ ব্যৱহাৰ কৰে। ডিচবোৰ কেতিয়াবা এটা পৰিবাহী তাঁৰৰ জালৰ পৰা নিৰ্মাণ কৰা হয়।
আলোকীয় দূৰবীণৰ দৰে নহয়, যিয়ে পৰ্যবেক্ষণ কৰা আকাশৰ টুকুৰা এটা বৃদ্ধি কৰা উৎপন্ন কৰে, পৰম্পৰাগত ৰেডিঅ’ টেলিস্কোপ ডিচত এটা ৰিচিভাৰ থাকে আৰু পৰ্যবেক্ষণ কৰা অঞ্চলটোৰ একক সময়-বৈচিত্ৰ্যপূৰ্ণ সংকেত বৈশিষ্ট্য ৰেকৰ্ড কৰে; এই সংকেতৰ নমুনা বিভিন্ন কম্পাঙ্কত ল’ব পাৰি। কিছুমান নতুন ৰেডিঅ’ টেলিস্কোপৰ ডিজাইনত এটা ডিচত কেইবাটাও ৰিচিভাৰৰ এৰে থাকে; ইয়াক ফ’কেল-প্লেন এৰে বুলি জনা যায়।
কেইবাটাও ডিচে একেলগে গ্ৰহণ কৰা সংকেত সংগ্ৰহ আৰু সম্পৰ্কিত কৰি উচ্চ ৰিজ’লিউচনৰ ছবি গণনা কৰিব পাৰি। এনে বহু-ডিচ এৰেক এষ্ট্ৰ’নমিকেল ইন্টাৰফেৰ’মিটাৰ বুলি জনা যায় আৰু এই কৌশলটোক এপাৰচাৰ চিন্থেছিছ বোলা হয়। এই এৰেবোৰৰ ‘ভাৰ্চুৱেল’ এপাৰচাৰবোৰৰ আকাৰ টেলিস্কোপবোৰৰ মাজৰ দূৰত্বৰ সৈতে একে।
মাইক্ৰৱেভ বিকিৰণ সংগ্ৰহ কৰিবলৈও ৰেডিঅ’ দূৰবীণ ব্যৱহাৰ কৰা হয়, যাৰ সুবিধা আছে যে ই বায়ুমণ্ডল আৰু আন্তঃনক্ষত্ৰীয় গেছ আৰু ধূলিৰ ডাৱৰৰ মাজেৰে পাৰ হ’ব পাৰে।
এক্স-ৰে দূৰবীণ দীঘলীয়া তৰংগদৈৰ্ঘ্যৰ বিদ্যুৎচুম্বকীয় বিকিৰণতকৈ এক্স-ৰে সংগ্ৰহ আৰু কেন্দ্ৰীভূত কৰাটো বহুত কঠিন। এক্স-ৰে টেলিস্কোপত এক্স-ৰে অপটিক্স ব্যৱহাৰ কৰিব পাৰি, যেনে গধুৰ ধাতুৰে নিৰ্মিত আঙঠি আকৃতিৰ ‘গ্লান্সিং’ দাপোনেৰে গঠিত ৱলটাৰ টেলিস্কোপ যিয়ে মাত্ৰ কেইডিগ্ৰীমান ৰশ্মি প্ৰতিফলিত কৰিবলৈ সক্ষম। দাপোনবোৰ সাধাৰণতে ঘূৰ্ণনশীল পেৰাব’লা আৰু হাইপাৰব’লা বা উপবৃত্তৰ এটা অংশ। ১৯৫২ চনত হান্স ৱলটাৰে কেৱল এই ধৰণৰ দাপোন ব্যৱহাৰ কৰি টেলিস্কোপ নিৰ্মাণ কৰিব পৰা ৩টা উপায়ৰ ৰূপৰেখা দাঙি ধৰিছিল। এই ধৰণৰ টেলিস্কোপ ব্যৱহাৰ কৰা মানৱ নিৰীক্ষণ কেন্দ্ৰৰ উদাহৰণ হ’ল আইনষ্টাইন মানৱ নিৰীক্ষণ কেন্দ্ৰ, আৰু চন্দ্ৰ এক্স-ৰে মানৱ নিৰীক্ষণ কেন্দ্ৰ।
গামা ৰশ্মি দূৰবীণ উচ্চ শক্তিৰ এক্স-ৰে আৰুআৰু গামা ৰে টেলিস্কোপে সম্পূৰ্ণৰূপে ফ’কাচ কৰাৰ পৰা বিৰত থাকে আৰু ক’ডযুক্ত এপাৰচাৰ মাস্ক ব্যৱহাৰ কৰে: মাস্কে সৃষ্টি কৰা ছাঁৰ আৰ্হিসমূহ পুনৰ নিৰ্মাণ কৰি এখন ছবি গঠন কৰিব পাৰি।
পৃথিৱীৰ বায়ুমণ্ডল বিদ্যুৎচুম্বকীয় বৰ্ণালীৰ এই অংশৰ প্ৰতি অস্বচ্ছ হোৱাৰ বাবে সাধাৰণতে পৃথিৱীৰ প্ৰদক্ষিণকাৰী উপগ্ৰহ বা উচ্চ উৰণীয়া বেলুনত এক্স-ৰে আৰু গামা-ৰে টেলিস্কোপ স্থাপন কৰা হয়। এই ধৰণৰ দূৰবীণৰ এটা উদাহৰণ হ’ল ফাৰ্মি গামা-ৰশ্মি মহাকাশ দূৰবীণ।
নিয়মীয়া গামা ৰশ্মিতকৈ কম তৰংগদৈৰ্ঘ্য আৰু অধিক কম্পাঙ্ক থকা অতি উচ্চ শক্তিৰ গামা ৰশ্মি ধৰা পেলোৱাৰ বাবে অধিক বিশেষজ্ঞতাৰ প্ৰয়োজন। এই ধৰণৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ এটা উদাহৰণ হ’ল অন্যান্য প্ৰকাৰৰ দূৰবীণ জ্যোতিৰ্বিজ্ঞান কেৱল বিদ্যুৎচুম্বকীয় বিকিৰণ ব্যৱহাৰ কৰিয়েই সীমাবদ্ধ নহয়। টেলিস্কোপৰ সৈতে সাদৃশ্য থকা ডিটেক্টৰৰ সহায়ত অন্য সংকেত ধৰা পেলাই অতিৰিক্ত তথ্য লাভ কৰিব পাৰি। এইবোৰ হ’ল...
মহাজাগতিক ৰশ্মি দূৰবীণে মহাজাগতিক ৰশ্মি ধৰা পেলায় আৰু সাধাৰণতে এটা বৃহৎ অঞ্চলত বিস্তৃত হৈ থকা বিভিন্ন ধৰণৰ ডিটেক্টৰৰ এৰেৰে গঠিত।
শক্তিশালী নিৰপেক্ষ পৰমাণু যন্ত্ৰই সৌৰ বতাহৰ দ্বাৰা সৃষ্টি হোৱা দ্ৰুত গতিশীল বৈদ্যুতিকভাৱে নিৰপেক্ষ পৰমাণু ধৰা পেলাই বিভিন্ন বস্তুৰ চুম্বকমণ্ডল অধ্যয়ন কৰে।
নিউট্ৰিন’ জ্যোতিৰ্বিজ্ঞানৰ বাবে ব্যৱহাৰ কৰা নিউট্ৰিন’ টেলিস্কোপৰ সমতুল্য নিউট্ৰিন’ ডিটেক্টৰ। ইহঁত পানী আৰু বৰফৰ বৃহৎ ভৰেৰে গঠিত, যাৰ চাৰিওফালে ফটোমাল্টিপ্লাইয়াৰ টিউব নামেৰে জনাজাত সংবেদনশীল পোহৰ ডিটেক্টৰৰ এৰেৰে আগুৰি থাকে। নিউট্ৰিন'ৰ উৎপত্তিৰ দিশ নিৰ্ণয় কৰা হয় নিউট্ৰিন'ৰ প্ৰভাৱৰ দ্বাৰা বিক্ষিপ্ত গৌণ কণিকাৰ পথ পুনৰ নিৰ্মাণ কৰি, একাধিক ডিটেক্টৰৰ সৈতে ইহঁতৰ পাৰস্পৰিক ক্ৰিয়াৰ পৰা।
মহাকৰ্ষণ-তৰংগ জ্যোতিৰ্বিজ্ঞানৰ বাবে মহাকৰ্ষণীয় তৰংগ দূৰবীণৰ সমতুল্য মাধ্যাকৰ্ষণ-তৰংগ ডিটেক্টৰ ব্যৱহাৰ কৰা হয়। মহাকাশত সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা মহাকৰ্ষণীয় তৰংগসমূহ পৃথিৱীত বান্ধ খাই থকা বৃহৎ গঠনসমূহৰ দৈৰ্ঘ্যৰ পৰিৱৰ্তনৰ অতি নিখুঁত জোখ-মাখৰ দ্বাৰা ধৰা পৰে।
তথ্যসূত্ৰ দূৰবীন
|
97177 | https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%AF%E0%A6%BE%E0%A6%A8-%E0%A7%A9 | চন্দ্ৰযান-৩ | চন্দ্ৰযান-৩ হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা চন্দ্ৰত অনুসন্ধানৰ বাবে প্ৰস্তুত কৰা তৃতীয় চন্দ্ৰ অভিযান। ইয়াত চন্দ্ৰযান-২ৰ দৰেই এখন লেণ্ডাৰ আৰু এখন ৰ’ভাৰ আছে, কিন্তু ইয়াত অৰবিটাৰ নাই।
এই অভিযান হৈছে চন্দ্ৰযান-২ৰ পৰৱৰ্তী পদক্ষেপ, কিয়নো পূৰ্ৱৰ অভিযানত মহাকাশ যানখন সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল যদিও অন্তিম মুহূৰ্তত ইয়াৰ মৰ্গদৰ্শন চফ্টৱেৰৰ বিসংগতি হোৱাৰ বাবে অৱতৰণ বিফল হৈছিল। এই অৱতৰণ সফল কৰি তুলিবলৈকে এই অভিযানৰ প্ৰস্তাৱ কৰা হৈছিল।
শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰ ৪ৰ পৰা ১৪ জুলাই, ২০২৩ শুক্ৰবাৰে ভাৰতীয় মান সময় মতে দুপৰীয়া ২:৩৫ বজাত চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপন কৰা হয়।
পৃষ্ঠভূমি
চন্দ্ৰত মসৃণ অৱতৰণ প্ৰদৰ্শনৰ বাবে চন্দ্ৰযান কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ত ইছৰ’ই অৰ্বিটাৰ, লেণ্ডাৰ আৰু ৰ’ভাৰেৰে গঠিত লঞ্চ ভেহিকেল মাৰ্ক-৩ (এল ভি এম ৩) লঞ্চ বাহনত চন্দ্ৰযান-২ উৎক্ষেপণ কৰে। প্ৰজ্ঞান ৰ’ভাৰখন নিয়োগ কৰিবলৈ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠত টাচডাউন কৰাৰ কথা আছিল।
ইয়াৰ পূৰ্বে জাপানৰ সৈতে চন্দ্ৰৰ দক্ষিণ মেৰুলৈ অভিযানত সহযোগিতা কৰাৰ খবৰ ওলাইছিল য’ত ভাৰতে লেণ্ডাৰখন যোগান ধৰিব আনহাতে জাপানে লঞ্চাৰ আৰু ৰ’ভাৰ দুয়োটা যোগান ধৰিব। এই অভিযানত স্থানৰ নমুনা সংগ্ৰহ আৰু চন্দ্ৰৰ নিশা জীয়াই থকাৰ প্ৰযুক্তি অন্তৰ্ভুক্ত হ'ব পাৰে।
পৰৱৰ্তী সময়ত বিক্ৰম লেণ্ডাৰৰ বিফলতাৰ ফলত ২০২৫ চনৰ বাবে জাপানৰ সৈতে অংশীদাৰিত্বৰে প্ৰস্তাৱিত চন্দ্ৰ মেৰু অন্বেষণ অভিযানৰ বাবে প্ৰয়োজনীয় অৱতৰণ ক্ষমতা প্ৰদৰ্শন কৰিবলৈ আন এটা অভিযানৰ সন্ধান কৰা হয়। মিছন ক্ৰিটিকেল বিমান অভিযানৰ সময়ত ইউৰোপীয় সংস্থা দ্বাৰা পৰিচালিত ইউৰোপীয় মহাকাশ ট্ৰেকিং এ চুক্তি অনুসৰি অভিযানটোক সহায় কৰিব।
ৰূপাংকন
চন্দ্ৰযান-৩ৰ তিনিটা প্ৰধান উপাদান আছে:
প্ৰপালচন মডিউল:
প্ৰপালচন মডিউলে চন্দ্ৰযানৰ লেণ্ডাৰ আৰু ৰ’ভাৰ কনফিগাৰেচনক ১০০ কিলোমিটাৰ চন্দ্ৰ কক্ষপথলৈকে কঢ়িয়াই নিব। ই এটা বাকচৰ দৰে গঠন। ইয়াৰ এটা ফালে এটা ডাঙৰ সৌৰ পেনেল আৰু ওপৰত এটা ডাঙৰ চিলিণ্ডাৰ (ইণ্টাৰমডুলাৰ এডাপ্টাৰ কন) সংযুক্ত কৰা আছে যিয়ে লেণ্ডাৰৰ বাবে মাউণ্টিং গঠন হিচাপে কাম কৰে। লেণ্ডাৰৰ উপৰিও এই মডিউলটোৱে স্পেক্ট্ৰ’-প’লাৰিমেট্ৰি অৱ হেবিটেবল প্লেনেট আৰ্থ নামৰ আন এটা পেলোড কঢ়িয়াই লৈ গৈছে। এই পেলোডটোৱে চন্দ্ৰৰ কক্ষপথৰ পৰা প্ৰায়-অবলোহিত তৰংগদৈৰ্ঘ্যৰ পৰিসৰ (১-১.৭ মাইক্ৰ’মিটাৰ)ত পৃথিৱীৰ বৰ্ণালী আৰু মেৰুসম্বন্ধীয় জোখ-মাখ অধ্যয়ন কৰিব।
লেণ্ডাৰ:
চন্দ্ৰত কোমল অৱতৰণৰ মূল আহিলা হৈছে লেণ্ডাৰ। ইয়ো বাকচৰ আকৃতিৰ, চাৰিটা লেণ্ডিং লেগ আৰু ৮০০ নিউটনৰ চাৰিটাকৈ লেণ্ডিং থ্ৰাষ্টাৰ আছে। ইয়াত চন্দ্ৰপৃষ্ঠত ঠাইতে বিশ্লেষণ কৰিব পৰাকৈ ই এখন ৰ’ভাৰ আৰু বিভিন্ন বৈজ্ঞানিক যন্ত্ৰপাতি কঢ়িয়াই নিব। চন্দ্ৰযান-২ৰ বিক্ৰমত ৮০০ নিউটনৰ পাঁচটা ইঞ্জিন আছিল আৰু পঞ্চমটো কেন্দ্ৰীয়ভাৱে এটা নিৰ্দিষ্ট থ্ৰাষ্টৰ সৈতে মাউণ্ট কৰা হৈছিল আনহাতে চন্দ্ৰযান-৩ৰ লেণ্ডাৰত মাত্ৰ চাৰিটা থ্ৰ'টল সক্ষম ইঞ্জিন আছে। ইয়াৰ উপৰিও, চন্দ্ৰযান-৩ লেণ্ডাৰত এটা লেজাৰ ডপলাৰ ভেলোচিমিটাৰ আছে। চন্দ্ৰযান-২ৰ তুলনাত ইমপেক্ট লেগবোৰ শক্তিশালী কৰা হৈছে আৰু ইনষ্ট্ৰুমেণ্টেচন ৰিডাণ্ডেন্সি বৃদ্ধি কৰা হৈছে। লগতে ইছৰ’য়ে ইয়াৰ গাঁথনিগত সক্ষমতা উন্নত কৰা আৰু একাধিক আকস্মিক ব্যৱস্থা সংযোগ কৰাৰ কাম কৰি আছে।
লেণ্ডাৰখনত তিনিটা পেলোড সংযুক্ত কৰা হৈছে:
চন্দ্ৰ'ছ ছাৰ্ফেচ থাৰ্মোফিজিকেল এক্সপেৰিমেণ্ট ইয়াৰ জৰিয়তে চন্দ্ৰ পৃষ্ঠৰ তাপ পৰিবাহীতা আৰু উষ্ণতা জোখা হ’ব। ইনষ্ট্ৰুমেণ্ট ফৰ লুনাৰ ছিছমিক এক্টিভিটি ই অৱতৰণ স্থানৰ চাৰিওফালে থকা ভূমিকম্পৰ প্ৰৱণতা জুখিব। লেংমুইৰ প্ৰ’ব ই প্লাজমাৰ ঘনত্ব আৰু ইয়াৰ তাৰতম্য অনুমান কৰিব। ৰ’ভাৰ:
চন্দ্ৰযান-৩ ৰ’ভাৰ অৱলোকন:
ছটা চকাযুক্ত
ওজন ২৬ কিলোগ্ৰাম (৫৭ পাউণ্ড)
পৰিসৰ ৫০০ মিটাৰ (১,৬০০ ফুট)
কেমেৰা, বৰ্ণালীমাপক যন্ত্ৰ, আৰু এটা ড্ৰিলকে ধৰি কিছুমান বৈজ্ঞানিক সৰঞ্জাম কঢ়িয়াই নিব
এটা চন্দ্ৰদিনৰ আয়ুস আশা কৰা হৈছে (পৃথিৱী সাপেক্ষে ১৪ দিন)
লেণ্ডাৰ আৰু ভাৰতত থকা গ্ৰাউণ্ড কণ্ট্ৰল টিমৰ সৈতে যোগাযোগ কৰাৰ ক্ষমতা
ৰ’ভাৰখনৰ দুটা পেলোড আছে:
আলফা পাৰ্টিকেল এক্স-ৰে স্পেকট্ৰ’মিটাৰ ই চন্দ্ৰ পৃষ্ঠৰ ৰাসায়নিক গঠন আৰু খনিজাত গঠন বিশ্লেষণ কৰিব। লেজাৰ ইনডিউছ ব্ৰেকডাউন স্পেকট্ৰ’স্কোপ ই চন্দ্ৰৰ অৱতৰণ স্থানৰ চাৰিওফালে থকা চন্দ্ৰৰ মাটি আৰু শিলৰ মৌলিক গঠন নিৰ্ণয় কৰিব। চন্দ্ৰযান-৩ ৰ’ভাৰে কেইবাটাও গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰ কৰিব বুলি আশা কৰা হৈছে:
চন্দ্ৰপৃষ্ঠৰ সংযুতি নিৰ্ণয়
চন্দ্ৰৰ মাটিত পানীৰ বৰফৰ উপস্থিতি
চন্দ্ৰৰ প্ৰভাৱৰ ইতিহাস
চন্দ্ৰৰ বায়ুমণ্ডলৰ বিৱৰ্তন
উৎক্ষেপন
ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা নিৰ্ধাৰিত সময় অনুসৰি ১৪ জুলাই ২০২৩ তাৰিখে দিনৰ ২:৩৫ বজাত ত চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰত উপনীত হ’বলৈ যি ট্ৰেজেক্টৰী লাগিব, সেই ট্ৰেজেক্টৰীত মহাকাশযানখন ফলপ্ৰসূভাৱে স্থাপন কৰা হৈছে। পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব প্ৰায় ৩ লাখ ৮৪ হাজাৰ ৪০০ কিলোমিটাৰ। চন্দ্ৰযান-৩ অভিযানে ২৩ আগষ্ট বা ২৪ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত মসৃণ অৱতৰণ কৰিব বুলি আশা কৰা হৈছে।
চন্দ্ৰযান-৩ উৎক্ষেপণৰ বাবে জুলাই মাহক বাছি লোৱাৰ এটা বিশেষ কাৰণ হৈছে ইছৰোৱে পৃথিৱী আৰু চন্দ্ৰৰ ঘনিষ্ঠতাৰ সন্দৰ্ভত কৰা এক হিচাপ।
উদ্দেশ্য
ইছৰোৱে চন্দ্ৰযান-৩ অভিযানৰ বাবে তিনিটা মূল লক্ষ্য নিৰ্ধাৰণ কৰিছে, য’ত আছে-
চন্দ্ৰৰ পৃষ্ঠত নিৰাপদ, মসৃণ আৰু নিখুঁত লেণ্ডিং লাভ কৰা। চন্দ্ৰত ৰ’ভাৰৰ ল’টাৰিং ক্ষমতা পৰ্যবেক্ষণ আৰু প্ৰদৰ্শন কৰা। চন্দ্ৰৰ গঠন ভালদৰে বুজিবলৈ আৰু অনুশীলন কৰিবলৈ চন্দ্ৰৰ পৃষ্ঠত ৰাসায়নিক আৰু প্ৰাকৃতিক মৌল, মাটি, পানী আদিৰ ওপৰত বৈজ্ঞানিক পৰীক্ষা উপলব্ধ কৰি স্থানীয় বৈজ্ঞানিক পৰ্যবেক্ষণ। আন্তঃগ্ৰহীয় বলে দুটা গ্ৰহৰ মাজত অভিযানৰ বাবে প্ৰয়োজনীয় নতুন প্ৰযুক্তিৰ বিকাশ আৰু প্ৰদৰ্শনক বুজায়।
মিছন প্ৰফাইল
সময়ৰেখা
মিছন লাইফ
লেণ্ডাৰ মডিউল আৰু ৰ’ভাৰ ~১০০ ১০০ কিলোমিটাৰ লঞ্চ ইনজেকচনলৈকে কঢ়িয়াই নিয়া। তাৰ পিছত ৩ৰ পৰা ৬ মাহৰ বাবে পৰীক্ষামূলক পেলোডৰ কাৰ্যকলাপ।
পুঁজিৰ ব্যৱস্থা
২০১৯ চনৰ ডিচেম্বৰ মাহত ইছৰ’ই প্ৰকল্পটোৰ বাবে প্ৰাৰম্ভিক পুঁজিৰ অনুৰোধ জনাইছিল, যাৰ পৰিমাণ আছিল ৭৫ কোটি টকা (৯.৪ মিলিয়ন মাৰ্কিন ডলাৰ), ইয়াৰে ৬০ কোটি (৭.৫ মিলিয়ন মাৰ্কিন ডলাৰ) যন্ত্ৰপাতি, সঁজুলি আৰু অন্যান্যৰ দিশত ব্যয় পূৰণৰ বাবে হ’ব মূলধনী ব্যয়, আনহাতে বাকী ১৫ কোটি (১৯ লাখ মাৰ্কিন ডলাৰ) ৰাজহ ব্যয়ৰ মূৰৰ অধীনত বিচৰা হয়।
এই প্ৰকল্পৰ অস্তিত্ব নিশ্চিত কৰি ইছৰোৰ প্ৰাক্তন অধ্যক্ষ কে শিভানে আনুমানিক ব্যয় প্ৰায় ৬১৫ কোটি (২০২৩ চনত ৭২১ কোটি বা ৯ কোটি মাৰ্কিন ডলাৰৰ সমতুল্য) বুলি জানিবলৈ দিয়ে।
তথ্য সংগ্ৰহ
মহাকাশযান
ভাৰতীয় মহাকাশ গৱেষণা |
4505 | https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%A5%E0%A7%87%E0%A6%B6%20%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE | প্ৰমথেশ চন্দ্ৰ বৰুৱা | প্ৰমথেশ চন্দ্ৰ বৰুৱা (২৪ অক্টোবৰ ১৯০৩- ২৯ নৱেম্বৰ ১৯৫১) আছিল ভাৰতৰ -স্বাধীনতা যুগৰ এজন অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্য লেখক। অসমৰ গৌৰীপুৰত জন্ম লাভ কৰা বৰুৱাই বাংলা আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত এজন আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা ৰূপে প্ৰতিষ্ঠিত হৈছিল। বৰুৱাই "অপৰাধী" ছবিখনত ব্যৱহাৰ কৰা "কৃত্ৰিম পোহৰ"ৰ কৌশল ভাৰতীয় ছবিৰ ক্ষেত্ৰত আছিল প্ৰথম। আনহাতে বৰুৱাৰ দেৱদাস ছবিখনত ভাৰতৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে ফ্লাছবেক মন্তাজ, টেলীপেথী আৰু চাবজেক্টতিভ কেমেৰাৰ দৰে আধুনিক কৌশল ব্যৱহাৰ হৈছিল। প্ৰাৰম্ভিক জীৱন
প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম হয় অসমৰ গোৱালপাৰা জিলাৰ গৌৰীপুৰৰ বিখ্যাত জমিদাৰ পৰিয়ালত। পিতৃ আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু মাতৃ সৰোজবালা দেৱী। তেখেতে শৈশৱকাল গৌৰীপুৰতে অতিবাহিত কৰে। তেখেতৰ ভাই-ভনীসকল আছিল নিহাৰবালা, নীলিমা, প্ৰকৃতিশ আৰু প্ৰণৱেশ। সৰুকালত বৰুৱাই গৌৰীপুৰত "ইউনাইটেড ক্লাব" বুলি এটা সাংস্কৃতিক সংঘ খুলি স্থানীয়ভাৱে বিভিন্ন নাটক মঞ্চস্থ কৰিছিল। ঘৰতে প্ৰাথমিক শিক্ষা সাং কৰি কলিকতাৰ হেয়াৰ স্কুলত পঢ়াৰ পিছত তেখেতে ১৯২৪ চনত প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯২১ চনত বৰুৱাই কলিকতাৰ বীৰেন্দ্ৰনাথ মিত্ৰৰ কন্যা মাধুৰীলতাৰ লগত বিবাশপাশত আৱদ্ধ হয়। ইয়াৰ পিছত তেখেত ইউৰোপ ভ্ৰমণ কৰে য’ত তেখেত প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰৰ প্ৰতি আকৃষ্ট হয়। ঘূৰি আহি ১৯২৬ চনত মাতৃ বিয়োগৰ পাছত তেখেতে জমিদাৰী কাম-কাজত মনোনিৱেশ কৰে। অসম বিধানসভাৰ সদস্য হিছাপেও তেখেতে কিছুকাল কাৰ্যনিৰ্বাহ কৰে। কিন্তু কিছুদিনৰ পিছতে তেখেত কলিকতালৈ ৰাওনা হয় আৰু ঘৰৰ আপত্তি সত্ত্বেও চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ পৰে। বৰুৱাই পিছলৈ অমলা বালা বৰুৱা আৰু সহশিল্পী যমুনা বৰুৱাৰ লগতো বিয়া পাতে আৰু মুঠ ছটি সন্তানৰ পিতৃ হয়।
চলচ্চিত্ৰ জীৱন
কলিকতালৈ গৈ প্ৰমথেশ বৰুৱাই ধীৰেন্দ্ৰ নাথ গাংগুলীৰ দ্য ব্ৰিটিছ ডমিনিয়ান ফিল্ম লিমিটেডত কিছু ধন বিনিয়োগ কৰে আৰু অভিনেতা হিছাপেও কিছুদিন কাম কৰে। তাৰ পিছত তেখেত দ্বিতীয়বাৰৰ বাবে ইউৰোপ ভ্ৰমণলৈ যায়। তেখেতে লণ্ডনত বোলছবিৰ নিৰ্মাণ সম্পৰ্কে কিছু অভিজ্ঞতা লাভ কৰাৰ উপৰিও পেৰিচত লাইট বয় হিছাপে কাম শিকে। পেৰিচৰ পৰা অলপ বোলছবি নিৰ্মাণৰ সঁজুলি ক্ৰয় কৰাৰ পিছত ভাৰতলৈ আহি তেখেতে বৰুৱা চাৰ্ছ লিমিটেড স্থাপন কৰে। ১৯৩১ চনত এই ষ্টুডিঅ’টোৰ প্ৰথম চলচ্চিত্ৰ "অপৰাধী"য়ে মুক্তি লাভ কৰে। এই অবাক চলচ্চিত্ৰখনৰ পৰিচালক আছিল দেবকী বসু। এইখন ছবিতেই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় বোলছবিত "কৃত্ৰিম পোহৰ"ৰ কৌশল ব্যৱহাৰ কৰা হয়। ইয়াৰ সফলতাৰ পিছত বৰুৱাই কালিপ্ৰসাদ ঘোষ পৰিচালিত "ভাগ্যলক্ষ্মী"(১৯৩২) ছবিত খলনায়কৰ ভূমিকাত অভিনয় কৰে। গাংগুলীৰ চলচ্চিত্ৰ প্ৰযোজনা কোম্পানীটোৱে লোকচানৰ মুখ দেখাত পিছলৈ প্ৰমথেশ বৰুৱাই গাংগুলী আৰু দেবকী বসুৰ লগত নিউ থিয়েটাৰ্ছত যোগদান কৰে। নিউ থিয়েটাৰ্ছত থাকোঁতেই বৰুৱাই নিজৰ জীৱনৰ সকলোতকৈ উল্লেখযোগ্য ছবি দেৱদাস নিৰ্মাণৰ সুযোগ পায়। শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত কৰা ছবিখন প্ৰথমতে বাংলা ভাষাত নিৰ্মাণ কৰা হৈছিল আৰু বৰুৱাই নিজেই তাত নায়কৰ ভূমিকাত অভিনয় কৰিছিল। পিছত তেখেতে কুণ্ডন লাল চাইগলক নায়ক হিছাপে লৈ ১৯৩৬ চনত হিন্দী ভাষাত দেৱদাস মুক্তি দিয়ে। এই ছবিখন সমগ্ৰ দেশজুৰি জনপ্ৰিয় হৈ পৰে। ছবিখনে বৰুৱাক এজন আগশাৰীৰ পৰিচালক ৰূপে আৰু কুণ্ডন লাল চাইগলক অন্যতম শ্ৰেষ্ঠ নায়ক হিছাপে প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছত বৰুৱাই হিন্দীত "মঞ্জিল"(১৯৩৬), "মুক্তি"(১৯৩৭), "অধিকাৰ"(১৯৩৮), "ৰজত জয়ন্তী" (১৯৩৯) আৰু পুনৰ চাইগলক নায়ক ৰূপে লৈ "জিন্দেগী"(১৯৪০) বোলছবিকেইখন পৰিচালনা কৰে। বৰুৱাৰ ছবিবোৰত কেমেৰাৰ দায়িত্বত আছিল বিমল ৰয় যি পিছলৈ নিজেই এজন আগশাৰীৰ পৰিচালক ৰূপে জনাজাত হৈ পৰে। প্ৰমথেশ বৰুৱাই ১৯৩৯ চনত নিউ থিয়েটাৰ্ছ ত্যাগ কৰে আৰু স্বাধীনভাৱে ছবি নিৰ্মাণ কৰিবলৈ লয়। কিছু এই সময়ৰ তেখেতৰ ছবিবোৰৰ ভিতৰত কেৱল "শেষ উত্তৰ"/"জৱাব" (১৯৪২)এ কিছু সফলতাৰ মুখ দেখে। তেখেতে ছবিখনৰ ভাৰতীয় ৰূপ এটা নিৰ্মাণৰ পৰিকল্পনা কৰিছিল যদিও ই বাস্তৱত পৰিণত নহ’ল।
মৃত্যু
অত্যধিক মদ্যপানৰ ফলত বৰুৱাৰ স্বাস্থ্য লাহে লাহে পৰি আহে। ১৯৫১ চনৰ ২৯ নৱেম্বৰত মাত্ৰ ৪৮ বছৰ বয়সতে তেখেতে মৌলিন ষ্ট্ৰীটৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। কলিকতাৰ কেওৰালতা সমাধিক্ষেত্ৰত তেখেতৰ অন্তিম সৎকাৰ কৰা হয়।
চলচ্চিত্ৰসমূহ
প্ৰযোজনা
একদা (১৯৩২)-নিৰ্বাক ছবি
নিশিৰ ডাক (১৯৪০)-নিৰ্বাক ছবি
বেঙ্গল ১৯৮৩ (১৯৩২)
মায়েৰ প্ৰাণ(১৯৪১)-এম পি প্ৰডাকশ্বনৰ সৈতে
উত্তৰায়ণ (১৯৪১)-এম পি প্ৰডাকশ্বনৰ সৈতে
শেষ উত্তৰ (১৯৪২)-এম পি প্ৰডাকশ্বনৰ সৈতে
জবাব (১৯৪২)-এম পি প্ৰডাকশ্বনৰ সৈতে
ৰাণী (১৯৪৩)-বৰুৱা হৈ প্ৰমথেশ বৰুৱা
চাঁদেৰ কলঙ্ক (১৯৪৪)-ইন্দ্ৰ্পুৰী ষ্টুডিঅ'ৰ হৈ প্ৰমথেশ বৰুৱা
পৰিচালনা
বেঙ্গল ১৯৮৩ (১৯৩২)
ৰূপ লেখা (১৯৩৪)
অৱশেষে (১৯৩৪)
দেৱদাস (১৯৩৫)
মায়া মায়া মঞ্জিল (১৯৩৬)
গৃহদাহ (১৯৩৬)
দেৱদাস (১৯৩৬)-হিন্দী
মুক্তি মুক্তি অধিকাৰ (১৯৩৮)
ৰজত জয়ন্তী (১৯৩৯)
অধিকাৰ (১৯৩৯)
নিশিৰ ডাক (১৯৪০)-নিৰ্বাক ছবি
জিন্দেগী (১৯৪০)
শাপ মুক্তি (১৯৪০)
মায়েৰ প্ৰাণ (১৯৪১)
উত্তৰায়ণ (১৯৪১)
শেষ উত্তৰ (১৯৪২)
জৱাব (১৯৪২)-হিন্দী
চাদেৰ কলঙ্ক (১৯৩৫)
ৰাণী (১৯৪৪)
চুবহ শাম (১৯৪৪)
আমীৰী (১৯৪৫)
পেহচান (১৯৪৬)
ইৰাণ কী এক ৰাত (১৯৪৯)
মায়া কানন (১৯৫৩)
অভিনয়
চুবহ শাম (১৯৪৪)
ৰাণী (১৯৪৩)
জৱাব (১৯৪২) মনোজ
উত্তৰায়ণ (১৯৪১) সলিল
মায়েৰ প্ৰাণ (১৯৪১) সতীশ
শাপ মুক্তি (১৯৪০) ৰমেশ
অধিকাৰ (১৯৩৯) নিখিলেশ
ৰজত জয়ন্তী (১৯৩৯) ৰজত
অধিকাৰ (১৯৩৮) নিখিলেশ
মুক্তি প্ৰশান্ত
মুক্তি প্ৰশান্ত
গৃহদাহ (১৯৩৬) মহিম
মঞ্জিল(১৯৩৬) মহিম
দেৱদাস (১৯৩৫) দেৱদাস
ৰূপ লেখা (১৯৩৪) বাংলা ছবিখনত অৰুপ
ভাগ্যলক্ষ্মী (১৯৩২)- নিৰ্বাক ছবি
বেঙ্গল ১৯৮৩ (১৯৩২)
একদা (১৯৩২)- নিৰ্বাক ছবি
অপৰাধী (১৯৩১)-নিৰ্বাক ছবি
চৰিত্ৰহীন (১৯৩১)
টাকাই কি না হয় (১৯৩১)- নিৰ্বাক ছবি
পঞ্চশৰ (১৯৩০)-নিৰ্বাক ছবি
লেখক
অধিকাৰ (১৯৩৯) (লেখক)
ৰজত জয়ন্তী (১৯৩৯) (লেখক)
অধিকাৰ (১৯৩৮) (লেখক)
মুক্তি (লেখক)
(লেখক)
দেৱদাস (১৯৩৬) (লেখক)
মায়া (লেখক)
মায়া (লেখক)
দেৱদাস (১৯৩৫) (লেখক)
একাডা (১৯৩২) (চিত্ৰনাট্য,কাহিনী)
চিনেমাটোগ্ৰাফী
জিন্দেগী (১৯৪০)
তথ্যসূত্ৰ
বৰ্হিসংযোগ
অসমৰ ব্যক্তি
অসমৰ চলচ্চিত্ৰ ভাৰতৰ চলচ্চিত্ৰ পৰিচালক
বঙালী ভাষাৰ চলচ্চিত্ৰ পৰিচালক
হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালক
অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক
নিৰ্বাক চলচ্চিত্ৰৰ |
98518 | https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A7%88%E0%A6%A4%E0%A6%BE%E0%A6%A8%20%E0%A6%B8%E0%A6%BF%E0%A6%82 | চৈতান সিং | মেজৰ চৈতান সিং ভাটী', পিভিচি (১ ডিচেম্বৰ ১৯২৪ ১৮ নৱেম্বৰ ১৯৬২) ভাৰতীয় সেনাবাহিনীৰ এজন বিষয়া আৰু পৰম বীৰ চক্ৰ, ২০১৬ ৰ প্ৰাপক আছিল। ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা। সিঙৰ জন্ম ৰাজস্থানত। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত সিঙে যোধপুৰ ৰাজ্য বাহিনীত যোগদান কৰে। ৰাজকীয় ৰাজ্য যোধপুৰ ভাৰতত একত্ৰিত হোৱাৰ পিছত তেওঁক কুমাওন ৰেজিমেণ্টলৈ বদলি কৰা হয়। তেওঁ নগা পাহাৰত অভিযান আৰু লগতে ১৯৬১ চনত গোৱাক ভাৰতৰ লগত সংলগ্ন কৰাত অংশ লৈছিল। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত কুমাওন ৰেজিমেণ্টৰ ১৩ নং বেটেলিয়ন চুছুল খণ্ডত নিয়োজিত আছিল। সিঙৰ কমাণ্ডত চি কোম্পানীয়ে ৰেজাং লাত এটা পদত আছিল। ১৯৬২ চনৰ ১৮ নৱেম্বৰৰ পুৱাৰ ভাগত চীনে আক্ৰমণ কৰে। সন্মুখৰ পৰা কেইবাবাৰো বিফল আক্ৰমণৰ অন্তত চীনে পিছফালৰ পৰা আক্ৰমণ কৰে। ভাৰতীয়সকলে শেষ ৰাউণ্ডলৈকে যুঁজিছিল, তাৰ পিছত অৱশেষত চীনৰ হাতত পৰাস্ত হৈছিল। যুদ্ধৰ সময়ত সিঙে প্ৰতিৰক্ষা ব্যৱস্থা পুনৰ সংগঠিত কৰি আৰু নিজৰ লোকসকলৰ মনোবল বৃদ্ধি কৰি পদৰ পৰা পদলৈ অবিৰতভাৱে আগবাঢ়িছিল। কোনো আৱৰণ নোহোৱাকৈ পোষ্টবোৰৰ মাজত খোজ কাঢ়ি যোৱাৰ লগে লগে তেওঁ গুৰুতৰভাৱে আহত হয় আৰু পিছলৈ আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। ১৯৬২ চনৰ ১৮ নৱেম্বৰত কৰা এই কাৰ্য্যৰ বাবে সিঙক পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়।
আৰম্ভণি জীৱন
চৈতান সিঙৰ জন্ম হৈছিল ১৯২৪ চনৰ ১ ডিচেম্বৰত ৰাজপুত বংশৰ ভাটি বংশৰ যোধপুৰ জিলা, ৰাজস্থানৰ বানাসৰ গাঁৱত। তেওঁৰ পিতৃ আছিল লেফটেনেণ্ট কৰ্ণেল হেম সিং। লেফটেনেণ্ট কৰ্ণেল সিঙে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ সৈতে ফ্ৰান্স ত সেৱা আগবঢ়াইছিল, আৰু ব্ৰিটিছ সাম্ৰাজ্য ব্ৰিটিছ চৰকাৰ দ্বাৰা।
সিঙে চোপাছনি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, যোধপুৰ মেট্ৰিক লৈকে অধ্যয়ন কৰিছিল। স্কুলত তেওঁ ফুটবল খেলুৱৈ হিচাপে নিজৰ দক্ষতাৰ বাবে পৰিচিত আছিল। ১৯৪৩ চনত স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত সিং জছৱন্ত কলেজলৈ যায়, আৰু ১৯৪৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৪৯ চনৰ ১ আগষ্টত তেওঁ যোধপুৰ ৰাজ্য বাহিনীত এজন... বিষয়া।
সামৰিক কেৰিয়াৰ
ৰাজকীয় ৰাজ্য যোধপুৰ ভাৰতত একত্ৰিত হোৱাৰ পিছত সিংহক কুমাওন ৰেজিমেণ্টলৈ বদলি কৰা হয়। ১৯৫৫ চনৰ ২৫ নৱেম্বৰত তেওঁক অধিনায়ক পদত পদোন্নতি দিয়া হয়, আৰু নাগালেণ্ডত জাতিগত সংঘাতত আৰু ১৯৬১ চনত গোৱাক ভাৰতৰ লগত সংলগ্ন কৰাত অংশগ্ৰহণ কৰিছিল। ১৯৬২ চনৰ ১১ জুনত তেওঁ মেজৰ পদবীলৈ উন্নীত হয়।
১৯৬২ চনৰ চীন-ভাৰত যুদ্ধ
হিমালয় অঞ্চলৰ সীমান্তক লৈ ভাৰত আৰু চীনৰ মাজত দীৰ্ঘদিন ধৰি মতানৈক্য আছিল। বিতৰ্কিত ভূখণ্ডত চীনৰ ক্ৰমাৎ অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ইয়াৰ সৈতে মোকাবিলা কৰাৰ বাবে কৌশল বিচাৰিছিল। কিন্তু ভাৰতীয় সেনাই উত্থাপন কৰা প্ৰস্তাৱ নাকচ কৰা হয়। বৰঞ্চ তেওঁ এজন আমোলাৰ প্ৰস্তাৱিত "ফৰৱাৰ্ড পলিচি" নামৰ পৰিকল্পনাত অনুমোদন জনায়। ইয়াৰ বাবে চীনৰ সন্মুখত কেইবাটাও সৰু সৰু পোষ্ট স্থাপনৰ প্ৰয়োজন হৈছিল। চীনৰ অনুপ্ৰৱেশৰ বিৰুদ্ধে ৰাজহুৱা সমালোচনাৰ তীব্ৰ বৃদ্ধিৰ বাবে নেহৰুৱে সেনাৰ পৰামৰ্শৰ বিৰুদ্ধে "ফৰৱাৰ্ড পলিচি" ৰূপায়ণ কৰে। সেনাৰ চিন্তা আছিল যে চীনৰ ভৌগোলিক সুবিধা আছে। ইয়াৰ উপৰিও চীনৰ উচ্চতম বাহিনীয়ে আক্ৰমণ কৰিলে অসংখ্য সৰু সৰু পোষ্ট ৰখাটো অসহনীয় হ’ব। চীনে আক্ৰমণ নকৰে বুলি বিশ্বাস কৰা নেহৰুৱে এই কথা নুই কৰিছিল। কিন্তু চীনে কৰিলে, চীন-ভাৰত যুদ্ধৰ সূচনা কৰিলে।
ৰেজাং লাৰ যুদ্ধ
যুদ্ধৰ সময়ত কুমাওন ৰেজিমেণ্টৰ ১৩ নং বেটেলিয়ন, ১২৩জন আহিৰ গঠিত চাৰ্লি 'চি' কোম্পানী চুচুল খণ্ড ত, সাগৰৰ পৰা উচ্চতাত অৱস্থিত আছিল সিঙৰ কমাণ্ডত থকা বেটেলিয়নটোৱে ৰেজাং লাত এটা স্থান দখল কৰি আছিল, আৰু অঞ্চলটো পাঁচটা প্লাটুন পোষ্টেৰে ৰক্ষা কৰিছিল। ১৯৬২ চনৰ ১৮ নৱেম্বৰৰ পুৱাৰ ভাগত চীনে আক্ৰমণ কৰে। ভাৰতীয়সকলে চীনাসকলক ৰ... ডিম ডন লাইটিং। ৰাতিপুৱা ৫:০০বজাত প্লাটুনবোৰে চীনাসকলক ভালকৈ দেখা পোৱাৰ লগে লগে ]ৰে গুলী চলাবলৈ ধৰিলে। আৰু গ্ৰেনেডৰ দ্বাৰা বহু চীনা সৈনিকৰ মৃত্যু হয়।
পুৱা ৫:৪০বজাত ভাৰতীয়ৰ ওপৰত আৰ্টিলাৰী আৰু মৰ্টাৰেৰে গুলীচালনা কৰা হয়। আকৌ প্ৰায় তিনিশ পঞ্চাশজন চীনা সৈন্যই নুল্লাৰ মাজেৰে আগবাঢ়ি যাবলৈ ধৰিলে। ৯ নং প্লাটুনে চীনাসকল ৰ ওচৰত নোহোৱালৈকে জুই জ্বলাই ৰাখিছিল, আৰু গুৰুতৰ ক্ষতিসাধন কৰিছিল। সফল নহ’ল, প্ৰায় চাৰিশ চীনা সৈন্যই পিছফালৰ পৰা আক্ৰমণ কৰিলে। একে সময়তে, ৮ নং প্লাটুনক পোষ্টটোৰ তাঁৰৰ বেৰৰ পৰা মধ্যমীয়া মেচিনগানৰে গুলী চলোৱা হৈছিল, আৰু লগতে আৰ্টিলৰী আৰু মৰ্টাৰ গুলীও লাভ কৰা হৈছিল। ৭ নং প্লাটুনক পিছফালৰ পৰা এশ বিশজন চীনা সৈন্যই আক্ৰমণ কৰে। ভাৰতীয়সকলে মৰ্টাৰ শ্বেলেৰে প্ৰতিহত কৰি বহু চীনা সৈনিকক হত্যা কৰে। শেষৰ বিশজন জীৱিত লোকে পোষ্টটোৰ ফালে আক্ৰমণ কৰাৰ লগে লগে ভাৰতীয়সকলে নিজৰ খাদৰ পৰা জঁপিয়াই ওলাই আহি চীনা সৈন্যৰ সৈতে হাতেৰে যুদ্ধ লিপ্ত হয়। কিন্তু অতি সোনকালেই চীনৰ শক্তিবৰ্ধক বাহিনী আহি পোৱাৰ লগে লগে প্লাটুনক ঘেৰি ধৰিলে। অৱশেষত ৭ আৰু ৮ নং প্লাটুনত কোনো জীৱিত লোক নাথাকিল।
যুদ্ধৰ সময়ত সিঙে প্ৰতিৰক্ষা ব্যৱস্থা পুনৰ সংগঠিত কৰি আৰু নিজৰ লোকসকলৰ মনোবল বৃদ্ধি কৰি পদৰ পৰা পদলৈ অবিৰতভাৱে আগবাঢ়িছিল। কোনো আৱৰণ নোহোৱাকৈ পোষ্টবোৰৰ মাজত খোজ কাঢ়ি যোৱাৰ লগে লগে তেওঁ গুৰুতৰভাৱে আহত হয়। তেওঁৰ সৈন্যই তেওঁক উচ্ছেদ কৰি থকাৰ সময়তে চীনে তেওঁলোকৰ ওপৰত প্ৰচণ্ড গুলীচালনা আৰম্ভ কৰে। বিপদ অনুভৱ কৰি সিঙে সৈন্যসকলক যাবলৈ নিৰ্দেশ দিলে। তেওঁলোকে তেওঁক এটা বোল্ডাৰৰ পিছফালে ৰাখিলে, য’ত তেওঁ আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। এই যুদ্ধত ভাৰতীয় পক্ষই ১২৪ জনৰ ভিতৰত ১১৪জন লোকৰ মৃত্যু হয়, আনহাতে চীনা পক্ষৰ ৩০০০ তকৈ অধিক জোৱানৰ মৃত্যু হয়। সিংহৰ মৃতদেহ একেটা বোল্ডাৰতে উদ্ধাৰ কৰা হয়। ইয়াক যোধপুৰ লৈ আনি সামৰিক সন্মানেৰে দাহ কৰা হয়। চীনাসকলে আঘাতপ্ৰাপ্ত পাঁচজন (যিসকল পিছত পলায়ন কৰে) আৰু শৈতন সিঙৰ মৃতদেহ লুকুৱাই ৰখা এজন ব্যক্তি কেপ্তেইন ৰামচন্দৰ যাদৱক বন্দী কৰে বোল্ডাৰৰ ভিতৰত কাহিনীটো ক'বলৈ উভতি আহিল। বৰফ গলি যোৱাৰ তিনি মাহৰ পিছত ৰেড ক্ৰছে সেই স্থানতে হাতত বন্দুক লৈ থকা মৃতদেহটো উদ্ধাৰ কৰে।
পৰম বীৰ চক্ৰ
১৯৬২ চনৰ ১৮ নৱেম্বৰত ৰেজাং লাৰ যুদ্ধত কৰা কাৰ্যৰ বাবে সিংহক পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়। চৰকাৰী উদ্ধৃতিটোত লিখা আছিল:
মেজৰ শৈতন সিঙে চুচুল ছেক্টৰৰ ৰেজাং লাত প্ৰায় ১৬,০০০ ফুট উচ্চতাত নিয়োজিত হৈৰ পদাতিক বেটেলিয়নৰ এটা কোম্পানী কমাণ্ডাৰ কৰি আছিল। স্থানীয়তাটো মূল প্ৰতিৰক্ষিত খণ্ডৰ পৰা পৃথক আছিল আৰু ইয়াত পাঁচটা প্লাটুন-ৰক্ষিত স্থান আছিল। ১৯৬২ চনৰ ১৮ নৱেম্বৰত চীনা বাহিনীয়ে কোম্পানীটোৰ স্থানত গধুৰ আৰ্টিলাৰী, মৰ্টাৰ আৰু ক্ষুদ্ৰ অস্ত্ৰৰ গুলী চলায় আৰু একেৰাহে কেইবাটাও ঢৌত অতিশয় শক্তিৰে আক্ৰমণ কৰে। গধুৰ বিপদৰ বিপৰীতে আমাৰ সৈন্যই শত্ৰুৰ আক্ৰমণৰ একেৰাহে ঢৌক প্ৰতিহত কৰিলে। কাৰ্য্যৰ সময়ত মেজৰ শৈতন সিঙে অভিযানৰ দৃশ্যপটত আধিপত্য বিস্তাৰ কৰিছিল আৰু নিজৰ কঠিন প্লাটুন পোষ্টৰ মনোবল বজাই ৰাখি এটা প্লাটুন পোষ্টৰ পৰা আন এটা প্লাটুন পোষ্টলৈ ব্যক্তিগত বিপদৰ সন্মুখীন হৈছিল। তেনে কৰাৰ সময়ত তেওঁ গুৰুতৰভাৱে আহত হয় যদিও তেওঁৰ লোকসকলক উৎসাহিত আৰু নেতৃত্ব দি থাকিল, যিসকলে তেওঁৰ সাহসী আদৰ্শ অনুসৰণ কৰি সাহসেৰে যুঁজি শত্ৰুৰ ওপৰত গধুৰ ক্ষতিসাধন কৰে। আমাৰ হাতত পৰাস্ত হোৱা প্ৰতিজন মানুহৰ বাবে শত্ৰুৱে চাৰি-পাঁচটা হেৰুৱাইছিল। যেতিয়া মেজৰ শৈতন সিং বাহু আৰু পেটৰ ঘাঁত অক্ষম হৈ পৰিল, তেতিয়া তেওঁৰ লোকসকলে তেওঁক উলিয়াই আনিবলৈ চেষ্টা কৰে যদিও তেওঁলোক প্ৰচণ্ড মেচিনগানৰ গুলীৰ সন্মুখীন হয়। তাৰ পিছত মেজৰ শৈতন সিঙে নিজৰ লোকসকলক নিজৰ জীৱন ৰক্ষাৰ স্বাৰ্থত তেওঁক নিজৰ ভাগ্যৰ ওপৰত এৰি দিবলৈ নিৰ্দেশ দিয়ে। মেজৰ শৈতন সিঙৰ পৰম সাহস, নেতৃত্ব আৰু কৰ্তব্যৰ প্ৰতি আদৰ্শ নিষ্ঠাই তেওঁৰ কোম্পানীক প্ৰায় শেষ মানুহলৈকে যুঁজিবলৈ অনুপ্ৰাণিত কৰিছিল। লিগেচি
পৰম যোধা স্থানত সিংহৰ মূৰ্তি, ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধ, নতুন দিল্লী
১৯৮০ চনত ভাৰতীয় জাহাজ নিগম ভাৰত চৰকাৰ উদ্যোগৰ তত্ত্বাৱধানত জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ উদ্যোগত ইয়াৰ পোন্ধৰটা [খাৰুৱা তেলৰ টেংকাৰ]]সমূহ পিভিচি লাভকাৰীসকলৰ সন্মানত। টেংকাৰ এম টি মেজৰ শৈতন সিং, পিভিচি ১৯৮৫ চনত এছচিআইলৈ প্ৰেৰণ কৰা হৈছিল, আৰু পৰ্যায়ক্ৰমে বন্ধ কৰাৰ পূৰ্বে ২৫ বছৰ ধৰি সেৱা আগবঢ়াইছিল।
২০১৭ চনত পংকজ ছেহগালৰ দ্বাৰা পৰিচালিত শৈতন সিঙৰ চৰিত্ৰত শ্বেহজাদ খান অভিনীত এখন চিনেমা মুক্তি পায়।
তেওঁক প্ৰদান কৰা পৰমবীৰ চক্ৰৰ উদ্ধৃতিত লিখা আছে- মেজৰ শৈতন সিঙে
চুছুল খণ্ডৰ ৰেজাং লাত নিয়োজিত পদাতিক বেটেলিয়নৰ এটা কোম্পানীক নেতৃত্ব দি আছিল। কৰি
প্ৰায় ১৭,০০০ ফুট উচ্চতাৰ এই ভূখণ্ড মূল প্ৰতিৰক্ষিত খণ্ডৰ পৰা পৃথক আৰু পাঁচটা প্লাটুনৰ দ্বাৰা ৰক্ষা কৰিব লাগিছিল। ১৯৬২ চনৰ ১৮ নৱেম্বৰত চীনা বাহিনীয়ে কোম্পানীটোৰ স্থিতি দুৰ্বল কৰি তুলিছিল। আৰ্টিলাৰী, মৰ্টাৰ আৰু ক্ষুদ্ৰ অস্ত্ৰৰে গুলী চলাইছিল আৰু একেৰাহে কেইবাটাও ঢৌৱে ইয়াক তীব্ৰ শক্তিৰে আক্ৰমণ কৰিছিল। ভয়ংকৰ বিপদৰ বিপৰীতে আমাৰ সৈন্যই শত্ৰুৰ আক্ৰমণৰ একেৰাহে হোৱা কেইবাটাও ঢৌক প্ৰতিহত কৰিলে।
তথ্যসূত্ৰ
পৰম বীৰ চক্ৰ |
83047 | https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A6%8A%E0%A6%81%20%E0%A6%AC%E0%A6%BF%E0%A6%AD%E0%A6%BE%E0%A6%97 | কুমাঊঁ বিভাগ | কুমাঊঁ কুমাঊঁনী: ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ এটি ৰাজহ আৰু প্ৰশাসনিক বিভাগ। ই উত্তৰাখণ্ডৰ পূব ভাগ সামৰে। কুমাঊঁৰ উত্তৰ দিশে তিব্বত, পূব দিশে নেপাল, দক্ষিণ দিশে উত্তৰ প্ৰদেশ আৰু পশ্চিম দিশে গঢ়ৱাল আছে। কুমাঊঁত ছখন জিলা অন্তৰ্ভুক্ত: অল্মোড়া, বাগেশ্বৰ, চম্পাৱত, নৈনীতাল, পিথৌৰাগঢ় আৰু উধম সিংহ নগৰ।
ঐতিহাসিকভাৱে এই অঞ্চলক মানসখণ্ড আৰু পাছলৈ কুৰ্মাঞ্চল নামেৰে জনা গৈছিল। এই অঞ্চলত কেইবাটাও হিন্দু বংশই শাসন কৰিছিল, যাৰ মাজত কত্যুৰী আৰু চন্দ ৰাজবংশ উল্লেখনীয়। কুমাঊঁ বিভাগ ১৮১৬ চনত প্ৰতিষ্ঠা কৰা হৈছিল, যেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গোৰ্খাসকলৰ পৰা এই অঞ্চল পুনৰ্দখল কৰিছিল। গোৰ্খাসকলে ১৭৯০ চনত কুমাঊঁ দখল কৰিছিল। কুমাঊঁক তেতিয়াৰ চিডেড এণ্ড কংকুৱাৰ্ড প্ৰভিঞ্চেছৰ বিভাগ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ নাম পাছলৈ ইউনাইটেড প্ৰভিঞ্চেছ আৰু ভাৰতৰ স্বাধীনতাৰ পাছত উত্তৰ প্ৰদেশ হ'ল। ২০০০ চনত উত্তৰাখণ্ড ৰাজ্যক উত্তৰ প্ৰদেশৰ পৰা পৃথক কৰা হ'ল, আৰু কুমাঊঁ উত্তৰাখণ্ডৰ অংগ হ'ল।
কুমাঊঁৰ লোকক কুমাঊঁনী বোলা হয় আৰু তেওঁলোকে কুমাঊঁনী ভাষা কয়। কুমাঊঁ ভাৰতীয় সেনাৰ বিখ্যাত ৰেজিমেণ্ট, কুমাঊঁ ৰেজিমেণ্টৰ স্থল। পাহাড়ীয়া নৈনীতাল চহৰ কুমাঊঁৰ প্ৰশাসনিক কেন্দ্ৰ। এই চহৰতেই উত্তৰাখণ্ডৰ উচ্চ ন্যায়ালয়ো অৱস্থিত। অন্য উল্লেখনীয় পাহাড়ীয়া চহৰ হ'ল অল্মোড়া, ৰানীখেত, পিথৌৰাগঢ়, চম্পাৱত আৰু বাগেশ্বৰ। পিচে কুমাঊঁৰ প্ৰায়বোৰ ডাঙৰ চহৰ, যেনে ৰামনগৰ, হল্দ্বানী, ৰুদ্ৰপুৰ আৰু কাশীপুৰ ভৈয়ামৰ ভবৰ আৰু তৰাঈ অঞ্চলতহে স্থিত।
ব্যুৎপত্তি কুৰ্মাঞ্চল শব্দৰ অৰ্থ ভগৱান বিষ্ণুৰ কূৰ্ম অৱতাৰৰ ভূমি। কোনো কোনোৰ মতে কুমাঊঁ শব্দৰ উৎপত্তি কুৰ্মাঞ্চল শব্দৰ পৰাই।
আন এক মতৰ মতে কুমাঊঁ শব্দৰ উৎপত্তি হৈছিল খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত। এই মতত ইউফ্ৰেটিছ নদীৰ পাৰৰ পৰা কেছাইট এছিৰিয়ানসকলে আহি ভাৰতৰ উত্তৰ ভাগত থিতাপি লৈছিল। তেওঁলোকৰ ইউফ্ৰেটিছ নদীৰ পাৰৰ গৃহভূমিৰ নাম আছিল কুম্মাহ।
ব্ৰিটিছ শাসনত থকাৰ সময়ত, ১৮১৫ চনৰ পৰা ১৮৫৭ চনলৈ এই অঞ্চলক ইংৰাজীত (কেমাঊঁ) লিখা হৈছিল।
ভৌগোলিক বিৱৰণ কুমাঊঁ অঞ্চলত এক বৃহৎ হিমালয়ী পৰ্বতাঞ্চল আছে, আৰু তাৰ লগতে দুই উপ-পৰ্বতীয়া অঞ্চল আছে যাৰ নাম ভবৰ আৰু তৰাঈ। ১৮৫০ চনলৈকে উপ-পৰ্বতীয়া অঞ্চলদ্বয় আছিল ঘন অৰণ্যৰে ভৰা আৰু জনবসতিশূন্য। কিন্তু তাৰ পাছত বন কটা হোৱাৰ পৰা পৰ্বতৰ লোক আহি এই অঞ্চলতো কৃষিকাৰ্যত নিমজ্জিত হ'বলৈ ধৰিলে। গ্ৰীষ্ম আৰু শীত কালত খেতি কৰি পৰ্বতৰ লোক বৰ্ষা কালত নিজ ঘৰলৈ উভতিছিল। এই অঞ্চলদ্বয়ৰ বাদে কুমাঊঁৰ শেষ অংশ সু-উচ্চ পৰ্বতেৰে ভৰা, যি সমগ্ৰ হিমালয়তে আতাইতকৈ উচ্চ অঞ্চলৰ অন্যতম। কেৱল ২২৫ কিলোমিটাৰ দীঘল আৰু ৬৫ কিলোমিটাৰ বহল এই অঞ্চলত ৩০ৰো অধিক এনে শৃংগ আছে যাৰ উচ্চতা ৫৫০০ মিটাৰতকৈও অধিক।
গোৰী, ধৌলী আৰু শাৰদা বা মহাকালী নদীৰ উৎস সু-উচ্চ পৰ্বত শৃংগৰ উত্তৰ দিশে থকা তিব্বতত। এই শৃংগৰ মাজেৰেই এই নদীকেইখন বৈ যায়, আৰু উপত্যকা অঞ্চল পাওঁতে নদীকেইখনৰ উচ্চতা তীব্ৰ বেগেৰে কমি আহে। মুখ্য নদীকেইখন হ'ল শাৰদা বা কালী গংগা, পিণ্ডাৰী আৰু কাইলগংগা, যাৰ পানী গৈ অলকনন্দাৰ সৈতে মিলে। শাৰদা নদী ভাৰত আৰু নেপালৰ মাজৰ আন্তৰ্জাতিক সীমা। কৈলাশ-মানসৰোবৰ তীৰ্থযাত্ৰাৰ পথ এই নদীৰ পাৰে পাৰেই যায় আৰু লিপু লেখত তিব্বতত প্ৰৱেশ কৰে।
কুমাঊঁত দেখা পোৱা প্ৰমুখ গছ হ'ল চিৰ পাইন, হিমালয়ান চাইপ্ৰেছ, পিণ্ড্ৰ' ফাৰ, এল্ডাৰ, ছাল আৰু ছাইণ্ডান। মুখ্যতঃ চূণশিল, চেণ্ডষ্ট'ন, স্লেট, নেইছ আৰু গ্ৰেনাইটেৰে এই অঞ্চলৰ ভূতাত্ত্বিক গুণ সংজ্ঞায়িত। লোহা, তাম, জিপছম, সীহ আৰু এছবেষ্ট'ছো পোৱা যায়, কিন্তু কম পৰিমাণত। উপ-পৰ্বতীয়া অঞ্চল আৰু গভীৰ উপত্যকাক বাদ দি কুমাঊঁৰ জলবায়ু মৃদু। মৌচুমীয়ে প্ৰথমে চোৱা বাহ্যিক হিমালয়ৰ বৰ্ষা মধ্য হিমালয়তকৈ দুগুণ, আৰু গড় বৰ্ষা ২০০০ এমএমৰ পৰা ১০০০ এমএমলৈকে। প্ৰত্যেক বছৰে পৰ্বতৰ উচ্চ অঞ্চলত তুষাৰপাত হয়, আৰু কোনো কোনো বৰ্ষত সমগ্ৰ পৰ্বতাঞ্চলতেই তুষাৰপাত দেখা দিয়ে। হিম, বিশেষকৈ উপত্যকা অঞ্চলত, অতিশয়।
ইতিহাস অল্মোড়া আৰু নৈনীতাল জিলাত -ঐতিহাসিক আৰু পাষাণ যুগৰ সা-সজিলী আৱিষ্কাৰ কৰা হৈছে। প্ৰথমে কোল জনজাতীয় লোকে বসতি স্থাপন কৰা এই অঞ্চলত ঢৌৱে ঢৌৱে কিৰাট, খশ আৰু ভাৰতীয়-চিথিয়ানসকলে বাস কৰিবলৈ আহিল। কুণিন্দসকল এই অঞ্চলৰ প্ৰথম শাসক। তাৰ পাছতেই খশ উৎসৰ কত্যুৰী ৰাজবংশই শাসনভাৰ লাভ কৰিছিল। তেওঁলোকে ৭০০ৰ পৰা ১২০০ খ্ৰীষ্টাব্দত শাসন কৰিছিল।
১১০০ৰ পৰা ১২০০ খ্ৰীষ্টাব্দত কত্যুৰী ৰাজ্য কেইবাভাগত বিভক্ত হ'ল। কুৰ্মাঞ্চল আছিল ৮ ক্ষুদ্ৰ ৰাজ্যত বিভক্ত: বৈজনাথ-কত্যুৰ, দ্বাৰাহাট, ডোটী, বাৰামণ্ডল, অস্কোট, সীৰা, সোৰা আৰু সুই। ১৫৮১ খ্ৰীষ্টাবদ ৰুদ্ৰ চন্দৰ নেতৃত্বত সমগ্ৰ অঞ্চলক কুমাঊঁ নামেৰে পুনৰ এক কৰা হৈছিল।
কুমাঊঁ ৰাজ্য
কত্যুৰী ৰাজ কত্যুৰী ৰাজবংশ খশ উৎসৰ এটি হিন্দু ৰাজবংশ আছিল। এই বংশৰ প্ৰতিষ্ঠাতা বাসুদেৱ কত্যুৰী। তেওঁলোকে নিজৰ ৰাজ্যক কুৰ্মাঞ্চল নাম দিছিল আৰু সপ্তমৰ পৰা একাদশ খ্ৰীষ্টাব্দৰ মাজত কত্যুৰ উপত্যকাৰ পৰা শাসন কৰিছিল। তেওঁলোকৰ ৰাজধানী কাৰ্তিকেয়পুৰ বৰ্তমানৰ বাগেশ্বৰ জিলাৰ বৈজনাথত স্থিত, যি কত্যুৰ উপত্যকাৰ মধ্য ভাগ গণ্য কৰা হয়। নেপাল দেশৰ আতাইতকৈ পশ্চিম দিশে স্থিত ব্ৰহ্মদেও মণ্ডী কত্যুৰী ৰজা ব্ৰহ্মদেৱেই প্ৰতিষ্ঠা কৰা। তেওঁলোকৰ আতাইতকৈ প্ৰভাৱশালী সময়ত পশ্চিমে আফগানিস্তানৰ কাবুলৰ পৰা পূবে ভাৰতৰ ছিক্কিম ৰাজ্যলৈকে কুৰ্মাঞ্চল ৰাজ্যৰ বিস্তাৰ আছিল। কিন্তু দ্বাদশ শতিকাত এই ৰাজ্যৰ বিভাজন ঘটিবলৈ ধৰিল।
বিশ্বাস কৰা হয় যে ৰজা ধাম দেও আৰু বীৰ দেওৰ শাসনকালৰ পৰাই এই ৰাজবংশৰ পতন আৰম্ভ হৈছিল। লোকবিশ্বাস অনুযায়ী বীৰদেওৰ কৰ নীতি আছিল কঠোৰ আৰু তেওঁ প্ৰজাৰ ওপৰত অত্যাচাৰ কৰিছিল। তেওঁ নিজৰ মামিয়েকক বলেৰে বিয়া কৰাইছিল, যাৰ কাহিনী কুমাঊঁনী লোকগীত "মামী তিলে ধৰো বোলা"ত বৰ্ণিত। বীৰদেওৰ মৃত্যুৰ পাছত তেওঁৰ ৮ পুত্ৰৰ মাজত ৰাজ্য বিভক্ত হ'ল। শীঘ্ৰে প্ৰায়বোৰ বিভক্ত কত্যুৰী ৰাজ্যক পৰাস্ত কৰি চন্দ ৰাজবংশ ক্ষমতালৈ আহিল।
পিথৌৰাগঢ়ৰ অস্কোটত অৱস্থিত ৰজৱাৰ ৰাজবংশৰ প্ৰতিষ্ঠা ১২৭৯ চনত কত্যুৰী ৰাজবংশৰেই এটি ভাগে কৰিছিল, যাৰ নেতৃত্বত আছিল অভয় পাল দেও, ৰজা ব্ৰহ্ম দেওৰ নাটি। এই ৰাজবংশই ১৮১৬ চনলৈকে শাসন কৰিছিল, সিঘৌলীৰ সন্ধি স্বাক্ষৰ হোৱালৈকে, যেতিয়া ই ব্ৰিটিছ ৰাজৰ অধীনলৈ আহিল।
চন্দ ৰাজ দশম শতিকাত সোম চন্দে চন্দ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল, সপ্তম শতিকাৰ পৰা শাসন কৰি অহা কত্যুৰী ৰজাসকলক পৰাস্ত কৰি। তেওঁ ৰাজ্যৰ নাম কুৰ্মাঞ্চলেই থাকিবলৈ দিলে আৰু নিজৰ ৰাজধানী কালী নদীৰ পাৰৰ চম্পাৱতৰ কালী কুমাঊঁত পাতিলে। তেওঁৰ শাসনকালত কেইবাটাও মন্দিৰ নিৰ্মাণ কৰা হৈছিল, যেনে বালেশ্বৰ আৰু নাগনাথ মন্দিৰ।
চন্দ ৰাজবংশৰ আতাইতকৈ শক্তিশালী ৰজাসকলৰ অন্যতম বজ বাহাদুৰ (১৮৩৮ ৭৮ খ্ৰীষ্টাব্দ)। তেওঁ দিল্লীত শ্বাহ জাহানক লগ কৰিছিল আৰু ১৬৬৫ চনত শ্বাহ জাহানৰ সৈতে লগ লাগি সেই সময়ত ৰজা পিৰ্থি শ্বাহে শাসন কৰা গঢ়ৱাল আক্ৰমণ কৰিছিল। বজ বাহাদুৰ তৰাঈ অঞ্চল দখল কৰাত সফল হৈছিল, যাৰ অংশ দেহৰাদূনো। তেওঁ সেয়েহে এই অঞ্চলক গঢ়ৱাল ৰাজ্যৰ পৰা পৃথক কৰি ৰাখিছিল। বজ বাহাদুৰে পূব দিশে কুমাঊঁ ৰাজ্যৰ বিস্তাৰ কৰ্ণালী নদীলৈকে লৈ গৈছিল। পাছত তেওঁ তিব্বতৰ অংশ দখল কৰি কেইবাটাও গঢ় নিজৰ আধীন কৰিছিল। কৈলাশ মানসৰোবৰো তেওঁ দখল কৰিছিল। তেওঁ নিজৰ শ্বহীদ সৈনিক গোলুদেৱৰ বাবে ভীমতালৰ ওচৰৰ গোৰখলত গোলু দেৱতা মন্দিৰ নিৰ্মাণ কৰিছিল। তেৱেঁই ভীমেশ্বৰ মহাদেৱ মন্দিৰৰো নিৰ্মাণ কৰিছিল ভীমতালত।
সপ্তদশ শতিকাৰ শেষৰ ফালে চন্দ ৰজাসকলে আকৌ গঢ়ৱাল ৰাজ্য আক্ৰমণ কৰিলে, আৰু ১৬৮৮ চনত ৰজা উদ্যোৎ চন্দে অল্মোড়াত কেইবাটাও মন্দিৰ নিৰ্মাণ কৰিলে, যাৰে মাজত ত্ৰিপুৰা সুন্দৰী, উদ্যোৎ চন্দেশ্বৰ আৰু পৰ্বতেশ্বৰ অন্যতম। গঢ়ৱাল আৰু ডোটীৰ ওপৰত নিজৰ বিজয়ক চিহ্নিত কৰিবলৈ পৰ্বতেশ্বৰ মন্দিৰক দুবাৰ পুনৰ্নামাকৰণ কৰা হৈছিল, বৰ্তমানৰ নন্দ দেৱী নাম লাভ কৰাৰ আগত। পাছলৈ জগৎ চন্দে (১৭০৮ ২০ খ্ৰীষ্টাব্দ) গঢ়ৱালৰ ৰজাক উত্তৰাখণ্ডৰ শ্ৰীনগৰ চহৰৰ (জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰ নহয়) পৰা খেদি দিছিল আৰু তেওঁৰ ৰাজ্য এগৰাকী ব্ৰাহ্মণক দিছিল।
নেপালী আক্ৰমণ আৰু পৰাজয় অষ্টদশ শতিকাৰ দ্বিতীয় ভাগৰ পৰা চন্দ ৰজাসকলৰ শক্তি হ্ৰাস পাবলৈ ধৰিল। গোৰ্খাসকলে কুমাঊঁ আক্ৰমণ আৰু জয় কৰিলে অমৰ সিংহ থাপাৰ নেতৃত্বত। কুমাঊঁ অঞ্চল গোৰ্খা ৰাজ্যৰ অংশ হৈ পৰিল।
গোৰ্খা ৰাজ ২৪ বছৰলৈকে চলিল। ১৮১৪ চনৰ আংল-নেপালী যুদ্ধৰ পাছত সুগৌলীৰ সন্ধি স্বাক্ষৰিত হ'ল, যাৰ পাছত কুমাঊঁ ব্ৰিটিছৰ হাতলৈ গ'ল।
ব্ৰিটিছ ৰাজ ব্ৰিটিছৰ দখললৈ যোৱাৰ পাছত ১৮১৫ চনত গঢ়ৱালৰ পূব ভাগ আৰু কুমাঊঁক একেলগ কৰি এগৰাকী মুখ্য আয়ুক্তৰ প্ৰশাসনত ৰখা হ'ল, আৰু ইয়াক কুমাঊঁ প্ৰদেশ নাম দিয়া হ'ল। ৭০ বছৰ ধৰি এই প্ৰদেশ তিনিগৰাকী প্ৰশাসকে শাসন কৰিছিল: ট্ৰেইল, জে এইছ বেটেন আৰু ছাৰ হেনৰী ৰামছে'।
কুমাঊঁৰ কেইবাটাও অঞ্চলত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা হৈছিল। কুমাঊঁনী লোক, বিশেষকৈ চম্পাৱত জিলাৰ লোক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহত নামিছিল ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত, কালু সিংহ মহৰাৰ নেতৃত্বত। ১৮৯১ চনত কুমাঊঁ বিভাগত তিনিখন জিলা আছিল: কুমাঊঁ, গঢ়ৱাল আৰু তৰাঈ। কিন্তু পাছলৈ কুমাঊঁ আৰু তৰাঈক পুনৰ্গঠিত কৰা হ'ল, আৰু মুখ্য কাৰ্যালয়ৰ নামেৰেই জিলাকেইখনৰ নাম নৈনীতাল আৰু অল্মোড়া নাম ৰখা হ'ল।
কুমাঊঁ অঞ্চল বিশ্ববিখ্যাত হৈ পৰিল জিম কৰ্বেটৰ দ্বাৰা লিখিত "মেন-ইটাৰ্ছ অৱ কুমাঊঁ" নামৰ গ্ৰন্থ ছপা হোৱাৰ পাছত। চিকাৰী আৰু সংৰক্ষণবাদীগৰাকীয়ে কুমাঊঁত তেওঁৰ যাত্ৰা আৰু নৰভক্ষী বাঘ চিকাৰৰ কাহিনী বৰ্ণনা কৰিছিল। চম্পাৱত বাঘ আৰু চৌগঢ়ৰ বাঘে ১৯২০ৰ পৰা ১৯২৮ চনত প্ৰথমে নেপাল আৰু তাৰ পাছত কুমাঊঁত কমেও চাৰিশ লোকৰ হত্যা কৰিছিল।
মহাত্মা গান্ধীৰ আগমনে তেতিয়ালৈকে ব্ৰিটিছ ৰাজৰ অনুভৱ লাভ কৰা কুমাঊঁৰ লোকৰ মাজত ভাৰতীয় স্বাধীনতা আন্দোলনৰ বাবে উছাহ প্ৰদান কৰিছিল। কুমাঊঁত ১২ দিন থাকি কাৰাগাৰৰ নিজৰ অনুভৱৰ পৰা সকাহ পাবলৈ চেষ্টা কৰা গান্ধীয়ে সেই সময়তে 'অনাসক্তি যোগ' নামৰ গ্ৰন্থ লিখি উলিয়াইছিল।
গান্ধীক এই অঞ্চলত সন্মান জনোৱা হৈছিল আৰু তেওঁৰ আহ্বানত সলম সলীয়া সত্যাগ্ৰহ অনুষ্ঠিত হৈছিল ৰাম সিংহ ধোনীৰ নেতৃত্বত। এই সত্যাগ্ৰহত কুমাঊঁত ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনোৱা হৈছিল। পুলিচৰ কাৰ্যবাহীত কেইবাজনো লোকে প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছিল। গান্ধীয়ে ইয়াক কুমাঊঁৰ বাৰডোলী নাম দিছিল, যি বাৰডোলীৰ সত্যাগ্ৰহৰ এক স্মৃতি। অনেক কুমাঊঁনী লোকে সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠিত ভাৰতীয় জাতীয় সেনাতো যোগ দিছিল।
স্বাধীন ভাৰতত ১৯৪৭ চনত ভাৰত স্বাধীন হ'ল আৰু ইউনাইটেড প্ৰভিঞ্চেছক নব্য গঠিত ৰাজ্য উত্তৰ প্ৰদেশলৈ ৰূপান্তৰিত কৰা হ'ল। টিহৰী গঢ়ৱাল নামৰ ৰাজকীয় ৰাজ্যও ভাৰতত সন্নিৱিষ্ট হ'ল আৰু এই ৰাজ্যক কুমাঊঁ বিভাগৰ ভিতৰৰ এক জিলা হিচাপে লোৱা হ'ল। তিনি নতুন জিলা, অল্মোড়াৰ পিথৌৰাগঢ়, গঢ়ৱালৰ চমোলী আৰু টিহৰী গঢ়ৱালৰ উত্তৰকাশী ১৯৬০ চনত সৃষ্ট হ'ল। কুমাঊঁৰ এই তিনি জিলাক লৈ এটি নতুন ৰাজহ চক্ৰ 'উত্তৰাখণ্ড' নিৰ্মাণ কৰা হ'ল।
১৯৬৯ চনত পাহাড়ীয়া এই অঞ্চলত বৃহৎ প্ৰশাসনিক সালসলনি দেখা গ'ল। কুমাঊঁ বিভাগৰ টিহৰী গঢ়ৱাল আৰু গঢ়ৱাল জিলা আৰু উত্তৰাখণ্ড বিভাগৰ উত্তৰকাশী আৰু চমোলী জিলাৰে গঢ়ৱাল বিভাগ সৃষ্টি কৰা হ'ল, যাৰ মুখ্যালয় আছিল পৌড়ীত। উত্তৰাখণ্ড বিভাগত কেৱল পিথৌৰাগঢ় জিলাহে থাকিলগৈ। একে বছৰতে উত্তৰাখণ্ড বিভাগৰ সমাপ্তি ঘটায় পিথৌৰাগঢ় জিলাক কুমাঊঁ বিভাগত অন্তৰ্ভুক্ত কৰা হ'ল। বৰ্তমানৰ কুমাঊঁ বিভাগত এই জিলাকেইখনেই আছে।
১৯৯০ৰ দশকত কুমাঊঁত তিনিখন নতুন জিলাৰ সৃষ্টি কৰা হ'ল, যাৰ সৈতে কুমাঊঁ বিভাগত জিলাৰ মুঠ সংখ্যা হ'লগৈ ছয়। ১৯৯৫ চনত নৈনীতাল জিলাৰ পৰা উধম সিংহ নগৰ পৃথক কৰা হ'ল। ১৯৯৭ চনত অল্মোড়াৰ পৰা বাগেশ্বৰ আৰু পিথৌৰাগঢ়ৰ পৰা চম্পাৱত পৃথক কৰা হ'ল।
২০০০ চনত উত্তৰ প্ৰদেশৰ পৰা উত্তৰাখণ্ড নামৰ এখন ৰাজ্য পৃথক কৰা হ'ল। এই ৰাজ্যৰ অন্তৰ্গত গঢ়ৱাল আৰু কুমাঊঁ বিভাগ।
সংস্কৃতি
পৰম্পৰাগত সাজ-পাৰ পিছোড়া এটি পৰম্পৰাগত সাজ যি বিবাহিত কুমাঊঁনী মহিলাই ধাৰ্মিক অনুষ্ঠান, বিয়া আৰু আন আন অনুষ্ঠানত পৰিধান কৰে। পৰম্পৰাগতভাৱে উদ্ভিজ্জৰে তৈয়াৰ কৰা পিছোড়া ৰঙা আৰু গেৰুৱা ৰঙৰ হয়। অল্মোড়া, নী আৰু আন আন ঠাইত পাত আৰু মুকুতাৰে এই বস্ত্ৰ তৈয়াৰ কৰা হয়। বৰ্তমানে ই যন্ত্ৰৰেও নিৰ্মিত হয়। বিগত বৰ্ষত পিছোড়াৰ চাহিদা বৃদ্ধি পাইছে, বিশেষকৈ কুমাঊঁৰ বাহিৰত থকা প্ৰবাসী কুমাঊঁনী মহিলাৰ মাজত।
কুমাঊঁনী পুৰুষে এটি কুমাঊঁনী টোপী পৰিধান কৰে, যাৰ ৰং সাধাৰণতে ক'লা। কিন্তু উৎসৱ পাৰ্বনত, বিশেষকৈ কুমাঊঁনী হোলীত এই টোপীৰ ৰং হৈ পৰে বগা।
লোক কলা এপণ হৈছে কুমাঊঁৰ আতাইতকৈ বিখ্যাত লোক কলা। শেহতীয়াকৈ ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। এপণ কেৱল কুমাঊঁনী লোকৰেই নহয়, বৰং কুমাঊঁৰ অন্যান্য লোক যেনে শৌক আৰু ৰুঙৰ মাজতো জনপ্ৰিয়। সেয়েহে এই লোক কলাই কুমাঊঁৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত এক সাংস্কৃতিক সম্বন্ধৰ কাম কৰে, আৰু ই সেইবাবে গুৰুত্বপূৰ্ণ।
লোক নৃত্য কেইবাটাও ধ্ৰুপদী আৰু লোক নৃত্য কুমাঊঁত জনপ্ৰিয়। তাৰে কিছু জনপ্ৰিয় নৃত্য হ'ল হুৰ্কিয়া বাউল, ঝোৰা-চাঞ্চৰি আৰু ছোলিয়া। সংগীত কুমাঊঁনী সংস্কৃতিৰ এক মহত্বপূৰ্ণ অংগ। জনপ্ৰিয় লোকগীতৰ মাজত মংগল আৰু ন্যোলী অন্যতম। এই লোকগীতসমূহৰ মাজত কেইবাবিধো বাদ্যযন্ত্ৰ পৰিৱেশন কৰা হয়, যাৰ মাজত ঢোল, দমৌ, তুৰ্ৰী, ৰণশিঙা, ঢোলকী, ডৌৰ, থালী, ভংকোৰা, মন্দন আৰু মশকবাজা আদি সন্নিৱিষ্ট। এটি বিখ্যাত কুমাঊঁনী লোকসংগীতৰ শৈলী হ'ল বেডু পাকো। সংগীত এটি মাধ্যম যাৰ ব্যৱহাৰ কুমাঊঁনী সংস্কৃতিত ঈশ্বৰৰ আহ্বানতো কৰা হয়। জাগৰ আত্মা-পূজাৰ এটি ৰূপ য'ত জাগৰীয়া নামেৰে অভিহিত গায়কগৰাকীয়ে দেৱতাসকলক লৈ গাথা পৰিৱেশন কৰে। মহাভাৰত আৰু ৰামায়ণৰ দৰে মহাকাব্যৰ পৰা যি দেৱতাৰ গুণগান কৰা হৈছে, সেই দেৱতাৰ কাহিনী পৰিৱেশন কৰা হয়।
কুমাঊঁনী ৰাম লীলা পৃথিৱীতে আতাইতকৈ পুৰণি। এই ৰামলীলা ১৫০ বছৰ ধৰি নিৰন্তৰ চলি আহিছে, আৰু সেয়েহে ইউনেস্ক'ই ইয়াক বিশ্বৰ আতাইতকৈ দীঘলীয়া গীতিনাট্য আখ্যা দিছে, আৰু ইয়াক বিশ্বৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। মানুহে সময়ৰ সৈতে এই নাট্যৰ সৈতে নতুন নতুন বস্তু পৰীক্ষা কৰিছে, কিন্তু ইয়াৰ মৌখিক পৰম্পৰা বৰ্তমানেও আগৰ ৰূপতেই অবিৰতভাৱে চলি আহিছে। কুমাঊঁনী ৰাম লীলা এটি মঞ্চৰ পৰিৱেশন নহয়, ই এক সাংগীতিক উৎসৱহে, য'ত হাৰ্ম'নিয়াম, ঢোলক আৰু তবলা আদিৰে পৰিৱেশ মনোৰঞ্জক কৰি তোলা হয়। অভিনয়ত নহয়, গীত গায়নতহে অধিক গুৰুত্ব প্ৰদান কৰা হয়।
কুমাঊঁনী হোলী এই অঞ্চলত হিন্দু উৎসৱ হোলীৰ ঐতিহাসিক আৰু সাংস্কৃতিক যাপন। এই উৎসৱ কুমাঊঁনী লোকৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ ই কেৱল বেয়াৰ ওপৰত ভালৰ জয়কে নুসূচায়, লগতে শীত কালৰ অন্ত আৰু ধান সিঁচাৰ বতৰৰ আগমনকো সূচায়। এই সময় উত্তৰ ভাৰতৰ হিমালয় পৰ্বতত বাস কৰা লোকৰ বাবে অন্ত্যন্ত গুৰুত্বপূৰ্ণ। ই উত্তৰ ভাৰত আৰু কুমাঊঁ অঞ্চলৰ স্থানীয় পৰম্পৰাৰ সংমিশ্ৰণ। কুমাঊঁনী হোলী আন প্ৰান্তৰ হোলীতকৈ পৃথক কাৰণ ইয়াত মুখ্যতঃ গুৰুত্ব দিয়া হয় সংগীতক, সেই সংগীতৰ ৰূপ যিয়েই নহওক, যেনে বৈঠকী হোলী, খড়ী হোলী আৰু মহিলা হোলী, যাৰ আৰম্ভ হয় বসন্ত পঞ্চমীৰ দিনৰ পৰাই।
সেয়েহে, কুমাঊঁত হোলীৰ যাপন প্ৰায় দুমাহলৈ চলে। বৈঠকী হোলী আৰু খড়ী হোলী সুকীয়া কাৰণ এই উৎসৱত পৰিৱেশন কৰা গীতত সুৰ, আনন্দ আৰু আধ্যাত্মিকতাৰ এক বিশেষ সংমিশ্ৰণ দেখা যায়। এই গীতসমূহ ধ্ৰুপদী ৰাগৰ ওপৰতেই আধাৰিত। বৈঠকী হোলীক 'নিৰ্বানৰ হোলী'য়ো বোলা হয়।
সাংস্কৃতিক কেন্দ্ৰসমূহ অল্মোড়াক কুমাঊঁৰ সাংস্কৃতিক ৰাজধানী আৰু কুমাঊঁৰ হৃদয় নামেৰেও জনাজাত।
নৈনীতাল কুমাঊঁৰ আতাইতকৈ জনাজাত পৰ্যটন স্থলী। নৈনীতালৰ পৰাই কুমাঊঁনী সংস্কৃতিৰ বিষয়ে অন্য লোকে প্ৰায় জানিবলৈ পায়।
পিথৌড়াগঢ়ৰ সংস্কৃতি সুকীয়া। ই কুমাঊঁনী সংস্কৃতিৰ এটি কেন্দ্ৰ হোৱাৰ উপৰিও কুমাঊঁৰ সৰ্ববৃহৎ পৰ্বতীয়া চহৰ।
এক ধৰণেৰে চম্পাৱত বা কালি কুমাঊঁ কুমাঊঁনী সংস্কৃতিৰ উৎস। এই স্থানৰ পৰাই কুমাঊঁৰ নামাকৰণো হৈছে।
বাগেশ্বৰক "কুমাঊঁক কাশী" বা কুমাঊঁৰ কাশীও বোলা হয়, কাৰণ এই চহৰৰ মাজেৰেই সৰয়ু নদী বৈ যায়। বাগেশ্বৰ কুমাঊঁৰ আতাইতকৈ ডাঙৰ মেলা "উত্তৰায়িণী"ৰ স্থল।
যদিও হল্দ্বানী ভবৰত স্থিৰ, ই ঐতিহাসিকিভাৱে কুমাঊঁনী সংস্কৃতিৰ বিকাশত গুৰুত্বপূৰ্ণ। ই কুমাঊঁৰ আতাইতকৈ ডাঙৰ চহৰ, আৰু বৰ্তমানে কুমাঊঁনী সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত আগ্ৰহী শিল্পীৰ গড়।
ৰুদ্ৰপুৰত যদিও ভালেমান কুমাঊঁনী লোক আছে, ইয়াত পাঞ্জাবী, বাঙালী আৰু অন্য় প্ৰব্ৰজনকাৰীৰ এক বৃহৎ জনসংখ্যা আছে। ই কুমাঊঁৰ বিত্তীয় ৰাজাধানী নামেৰেও জনাজাত।
জি আই টেগ কুমাঊঁনী সংস্কৃতিক জি আই টেগেৰে স্বীকৃতি প্ৰদান কৰা হৈছে। এপণৰ দৰে কেইবাটাও কলাক জি আই টেগ প্ৰদান কৰা হৈছে।
ধৰ্মীয় গুৰুত্ব কুমাঊঁৰ প্ৰত্যেক শৃংগ, হৃদ আৰু পৰ্বতৰ সৈতে কোনো দেৱ বা দেৱীৰ নাম জড়িত হৈ আছে, বা ধাৰ্মিক কাহিনীৰে তাৰ মহত্ব প্ৰকাশ কৰা হৈছে। শৈৱ, বৈষ্ণৱ আৰু শাক্ত, তিনিও মুখ্য হিন্দু সম্প্ৰদায়ৰ উপৰিও স্থানীয় দেৱী-দেৱতা যেনে বম্বই নাথ স্বামী, হইম, সইম, গোলু, নন্দ, সুনন্দ, ছূৰমল, কৈল বিশ্ত, ভোলানাথ, গংগনাথ, ঐৰী আৰু ছৌমুৰ দৰে আৰাধ্যৰ কাহিনী কুমাঊঁৰ সৈতে জড়িত। ই টি এটকিন্সনে কুমাঊঁৰ ধাৰ্মিক মহত্ব মন কৰি কৈছিল: "প্ৰায় হিন্দুসকলৰ বিশ্বাসৰ বাবে, কুমাঊঁ সেয়া যি খ্ৰীষ্টানসকলৰ বাবে পেলেষ্টাইন"।
অৰ্থনীতি কুমাঊঁতে উত্তৰাখণ্ড ৰাজ্যৰ বিত্তীয় ৰাজধানী হল্দ্বানী স্থিত। উত্তৰাখণ্ড ৰাজ্যত কুমাঊঁতেই প্ৰায়বোৰ বাণিজ্যিক, অৰ্থনৈতিক আৰু ঔদ্যোগিক কাৰ্যকালাপ দেখা যায়, বিশেষকৈ ভৈয়ামৰ ভবৰ আৰু তৰাঈ অঞ্চলত। উদ্যোগৰ লগতে এক বৃহৎ পৰ্যটন খণ্ডও কুমাঊঁৰ অৰ্থনীতিত দেখা যায়। ই এক বৃহৎ সংখ্যক কুমাঊঁনী লোকৰ ৰোজগাৰৰ সাধন।
অৰ্থনৈতিক কেন্দ্ৰসমূহ হল্দ্বানী- ই কুমাঊঁৰ আতাইতকৈ ডাঙৰ চহৰ, আৰু কুমাঊঁৰ প্ৰৱেশদ্বাৰ। সেয়ে, ই কুমাঊঁৰ বিত্তীয় কেন্দ্ৰ, আৰু ইয়াক অনানুষ্ঠানিকভাৱে উত্তৰাখণ্ডৰ বিত্তীয় ৰাজধানীও বোলা হয়। ইয়াতেই আতাইতকৈ অধিক বাণিজ্যিক কাৰ্যকালাপ দেখা যায় ৰাজ্যখনত।
ৰুদ্ৰপুৰ- ৰুদ্ৰপুৰ উধম সিংহ নগৰৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ। উধম সিংহ নগৰ নিজেই এক ডাঙৰ বাণিজ্যিক কেন্দ্ৰ। জিলাখনৰ পৰা ঔদ্যোগিক আৰু কৃষিজাত, উভয় সামগ্ৰীৰে ৰপ্তানি কৰা হয়, বিশেষকৈ ৰুদ্ৰপুৰ হৈ। ৰুদ্ৰপুৰৰ বাসমতী চাওল অঞ্চলটোত উৎপাদিত আতাইতকৈ উৎকৃষ্ট চাওল। ষ্টে'ট ইনফ্ৰাষ্ট্ৰাক্সাৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট কৰ্পৰেচন লিমিটেড স্থাপন হোৱাৰ পাছত এই জিলাত, বিশেষকৈ ব্ৰ'ডগে'জ ৰে'লৰ চালনৰ সৈতে, তীব্ৰ বিকাশ দেখা গৈছে। কৰ্মীসকলক স্থান দিবলৈ শেহতীয়াকৈ ৰুদ্ৰপুৰ চহৰৰ বিস্তাৰ বৃদ্ধি কৰিবলগীয়া হৈছে।
পৰ্যটন ক্ষেত্ৰ হিমালয়ত স্থিত কুমাঊঁ অঞ্চলত এক বৃহৎ পৰ্যটন খণ্ড আছে। পৰ্যটনৰ বাবে মুখ্য কেন্দ্ৰ হ'ল:
কুমাঊঁৰ হৃদ: নৈনীতাল, ভীমতাল, সৎতাল, নৌকুচীয়াতাল আদিলৈ দেশ-বিদেশৰ লোক আহে
ৰাষ্ট্ৰীয় উদ্যান: জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান কুমাঊঁৰ আতাইতকৈ বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান। বিনসাৰ বন্যজীৱ অভয়াৰণ্য আৰু অক্সোট হৰিণা অভয়াৰণ্য আন সংৰক্ষিত বনাঞ্চল
পাহাড়ীয়া চহৰ: নৈনীতাল, অল্মোড়া, কসৰ, চৌকোৰী, কৌসানী, মুন্সিয়াৰী, লোহাঘাট, ৰামনগৰ, মুক্তেশ্বৰ, পিথোৰাগঢ়, ৰানিখেত আদি কুমাঊঁৰ আতাইতকৈ বিখ্যাত পাহাড়ীয়া পৰ্যটন স্থলীৰ অন্যতম
কৃষি বাসমতি চাওল, ৰঙা চাওল, ঘেঁহু, ৰাগি (কুমাঊঁনী ভাষাত মদুৱা), ছয়াবিন, মাটিমাহ, মাহজাতীয় শস্য, তৈলবীজ আৰু অন্যান্য শস্য কুমাঊঁত উৎপাদন কৰা হয়। আপেল, কমলা, নাচপতি, পীচ, লিচু, আৰু প্লাম কুমাঊঁত ভাল পৰিমাণত উৎপাদিত ফল। এই অঞ্চল এক বৃহৎ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰো স্থল হৈ পৰিছে। নৈনীতাল জিলাৰ ৰামগঢ় বিশেষভাৱে ফল-মূলৰ বাবে জনাজাত। এই ঠাইক 'কুমাঊঁৰ ফলৰ বাটি' বোলা হয়।
বেৰিনাগ, ভোৱালী, চম্পাৱত আৰু লোহাঘাটত চাহ উৎপাদন কৰা হয়। বেৰিবাগৰ চাহ নিজৰ সোৱাদৰ বাবে বিশেষভাৱে জনাজাত। চম্পাৱতৰ চাহক 'কুমাঊঁ ক'লা চাহ'ৰ নামেৰে বিক্ৰী কৰা হয়।
মুনিস্যাৰী বগা ৰাজমাৰ বাবে বিখ্যাত। এই সামগ্ৰীক জি আই টেগো প্ৰদান কৰা হৈছে। তদুপৰি, কুমাঊঁ চ্যুৰা তেলৰ (কুমাঊঁনী ভাষাত চ্যুৰেক তেল) বাবেও বিখ্যাত। এই সামগ্ৰীকো জি আই টেগ দিয়া হৈছে। এই দুই সামগ্ৰীৰ উপৰিও অল্মোড়াৰ তাম্ৰৰ জি আই টেগ আছে।
চহৰসমূহ
ভাষা প্ৰশাসন আৰু শিক্ষাৰ মুখ্য ভাষা হ'ল হিন্দী, যি, ২০১১ চনৰ জনগণনাৰ মতে ১ নিযুততকৈও অধিক কুমাঊঁবাসীৰ মাতৃভাষা, বিশেষকৈ দক্ষিণ ভাগত। খিলঞ্জীয়া কুমাঊঁনীসকলৰ মুখ্য ভাষা পিচে হিন্দী নহয়, কুমাঊঁনীহে। কুমাঊঁনী ভাষা কুমাঊঁৰ প্ৰায় দুই নিযুত লোকে কয়। কুমাঊঁৰ দক্ষিণ অঞ্চলত বহু লোকে পাঞ্জাবী, বাংলা আৰু উৰ্দু ভাষাও কয়। কুমাঊঁনীৰ ভগ্নি ভাষা বোকসা আৰু ৰাণা থাৰু আতাইতকৈ দক্ষিণত অৱস্থিত উধম সিংহ নগৰ জিলাত কোৱা হয়। উত্তৰ কুমাঊঁৰ আতাইতকৈ উচ্চ পৰ্বতাঞ্চলত চীনা-তিব্বতী ভাষা যেনে ব্যাংছি, চৌডাংছি, দৰ্মিয়া, ৰাজি, ৰাৱত আৰু বিলুপ্ত ৰঙছ ভাষা কোৱা হয়।
২০১০ চনৰ পৰা সাম্প্ৰদায়িক অনাতাৰ কেন্দ্ৰ কুমাঊঁ বাণী এই অঞ্চলত সম্প্ৰচাৰিত হৈ আহিছে।
লগতে চাওক কুমাঊঁনী ভাষা
উত্তৰাখণ্ড
অধিক পঢ়ক
প্ৰবন্ধসমূহ -ৰ দ্বাৰা উট্ৰাখণ্ডৰ এক নতুন ইতিহাস
বাহ্যিক সংযোগ পৰ্যটকৰ তথ্যৰ বাবে কুমোন মণ্ডল ভিকাছ নিগম ৰ অফিচিয়েল ৱেবছাইট
কুমোনৰ সংক্ষিপ্ত |
73225 | https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B2%E0%A6%BF%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BF%E0%A6%95%E0%A6%A4%20%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4 | অলিম্পিকত ভাৰত | ভাৰতে পোনপ্ৰথমবাৰৰ বাবে ১৯০০ চনত অলিম্পিক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰিছিল। অকলশৰীয়াকৈ এথলীট নৰ্মান প্ৰিচাৰ্ডে এথলেটিকছত জয় কৰা দুটা ৰূপৰ পদকৰ সৈতে ভাৰত অলিম্পিকত পদক জয় কৰা প্ৰথম এছিয়ান ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল।
প্ৰথমে দেশখনে ১৯২০ চনত গ্ৰীষ্মকালীন অলিম্পিক ক্ৰীড়া সমাৰোহলৈ এটা দল প্ৰেৰণ কৰিছিল আৰু তেতিয়াৰ পৰা ভাৰতে প্ৰতিখন গ্ৰীষ্মকালীন খেলত অংশগ্ৰহণ কৰিছে। ভাৰতে ১৯৬৪ চনৰ পৰা আৰম্ভ হোৱা কেইবাখনো শীতকালীন অলিম্পিকতো অংশগ্ৰহণ কৰিছে।
ভাৰতীয় খেলুৱৈসকলে ৩৫টা পদক জিকিছে আৰু ইয়াৰে সকলোবোৰ কেৱল গ্ৰীষ্মকালীন ক্ৰীড়াৰ। এছোৱা সময়ত ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল অলিম্পিক প্ৰতিযোগিতাত প্ৰভাৱশালী আছিল। দলটোৱে ১৯২৮ আৰু ১৯৮০ চনৰ ভিতৰত বাৰখন অলিম্পিকত এঘাৰটা পদক জয় কৰিছিল। এই এঘাৰটা পদকৰ ভিতৰত মুঠ ৮টা সোণৰ পদক আৰু ১৯২৮-১৯৫৬ চনৰ পৰা ক্ৰমাগত ছটা সোণৰ পদক অন্তৰ্ভুক্ত আছিল।
ইতিহাস
স্বাধীনতাৰ পূৰ্বে
ভাৰতে ১৯০০ চনৰ খেলৰ বাবে গ্ৰীষ্মকালীন অলিম্পিকলৈ প্ৰথম খেলুৱৈ প্ৰেৰণ কৰিছিল, কিন্তু ১৯২০ চনলৈকে কোনো এটা ভাৰতীয় ৰাষ্ট্ৰীয় দলে গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰা নাছিল। ১৯২০ চনৰ সমাৰোহৰ আগতে, ছাৰ ডোৰাবজী টাটা আৰু বোম্বাইৰ ৰাজ্যপাল জৰ্জ লইডে আন্তৰ্জাতিক অলিম্পিক সমিতিত ভাৰতৰ প্ৰতিনিধিত্ব সুৰক্ষিত কৰাত সহায় কৰিছিল, যাৰ ফলত দেশখনে অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত ভাৰতে ১৯২০ চনৰ অলিম্পিকলৈ এটা দল প্ৰেৰণ কৰে, যাৰ ভিতৰত আছিল তিনিজন এথলীট, দুজন মল্লযোদ্ধা, আৰু তেওঁলোকৰ সৈতে মেনেজাৰ সোহৰাব ভূট আৰু এ. এইচ. এ. ফাইজি। ইয়াৰ পিছত ১৯২০ ৰ দশকত ভাৰতীয় অলিম্পিক আন্দোলনৰ সূচনা কৰা হয়। এই আন্দোলনৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম আছিল ডোৰাবজী টাটা, এ. জি. নোহেৰেন (মাদ্ৰাজ শাৰীৰিক শিক্ষা মহাবিদ্যালয়), এইচ.চি বাক (মাদ্ৰাজ শাৰীৰিক শিক্ষা মহাবিদ্যালয়), মইনুল হক (বিহাৰ ক্ৰীড়া সংস্থা), এছ. ভূট (বোম্বাই অলিম্পিক সংস্থা), এ. এছ. ভাগৱত (ডেকান জিমখানা), আৰু গুৰু দত্ত সোন্ধি (পঞ্জাব অলিম্পিক সন্থা)। লেঃ কৰ্ণেল এইচ.এল.অ'. গেৰেট (চৰকাৰী মহাবিদ্যালয় লাহোৰ আৰু পঞ্জাব অলিম্পিক এছ'চিয়েচন) আৰু সাগ্নিক পোদ্দাৰে (ছেইণ্ট ষ্টিফেনছ স্কুলৰ) কেইখনমান প্ৰাৰম্ভিক ৰাষ্ট্ৰীয় খেল আয়োজন কৰাত সহায় কৰিছিল; আৰু বিশিষ্ট পৃষ্ঠপোষকসকলৰ ভিতৰত আছিল পাটিয়ালাৰ ভূপিন্দৰ সিং, নৱানগৰৰ ৰঞ্জিতসিংহজী, কাপুৰথালাৰ মহাৰাজ আৰু বৰ্ধমানৰ মহাৰাজৰ দৰে মহাৰাজ আৰু ৰাজকুমাৰ।
১৯২৩ চনত এক অস্থায়ী সৰ্বভাৰতীয় অলিম্পিক সমিতি গঠন কৰা হয় আৰু ১৯২৪ চনৰ ফেব্ৰুৱাৰী মাহত ১৯২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে এটা দল বাছনি কৰিবলৈ সৰ্বভাৰতীয় অলিম্পিক গেমছ (যি পিছলৈ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত পৰিণত হয়) অনুষ্ঠিত হয়। পেৰিছ অলিম্পিকত ভাৰতীয় প্ৰতিনিধি দলটোত আছিল সাতজন এথলীট, সাতজন টেনিছ খেলুৱৈ আৰু দলৰ মেনেজাৰ হেৰী বাক।
১৯২৭ চনত অস্থায়ী ভাৰতীয় অলিম্পিক সমিতি আনুষ্ঠানিকভাৱে ভাৰতীয় অলিম্পিক সংঘলৈ ৰূপান্তৰিত কৰা হয়। ইয়াৰ মুখ্য কাম আছিল ভাৰতত ক্ৰীড়াৰ বিকাশৰ বাবে প্ৰচাৰ চলোৱা, ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ বাবে আয়োজক চহৰ বাছনি কৰা, আৰু এই সমাৰোহৰ পৰা বাছনি কৰা দলবোৰ গ্ৰীষ্মকালীন অলিম্পিকলৈ প্ৰেৰণ কৰা। সেয়েহে ১৯২৮ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত সংঘই পৰৱৰ্তী গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাতগৰাকী খেলুৱৈ বাছনি কৰে আৰু সোন্ধিক মেনেজাৰ হিচাপে লয়। এই সময়ছোৱাত ভাৰতীয় হকী ফেডাৰেচন স্থাপন কৰা হৈছিল আৰু সংস্থাটোৱে গ্ৰীষ্মকালীন অলিম্পিকলৈ এটা হকী দল প্ৰেৰণ কৰিছিল। ৰাষ্ট্ৰীয় হকী দলটোক ১৯৩২ চনৰ অলিম্পিকলৈ চাৰিজন এথলীট আৰু এজন সাঁতোৰবিদ আৰু ১৯৩৬ চনৰ অলিম্পিকলৈ চাৰিজন এথলীট, তিনিজন মল্লযোদ্ধা, এজন ওজন ভাৰ-উত্তোলকৰ সৈতে দলৰ মেনেজাৰ সোন্ধিৰ নেতৃত্বত তিনিজন বিষয়াৰ সৈতে প্ৰেৰণ কৰা হৈছিল।
ভাৰতীয় ফিল্ড হকী দলে ১৯২৮ চনৰ পৰা ১৯৩৬ চনলৈ অলিম্পিকত অভূতপূৰ্বভাৱে একেৰাহে তিনিবাৰলৈ খিতাপ জয় কৰি আধিপত্য বিস্তাৰ কৰিছিল। ১৯২৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ ফাইনেলত ভাৰতে নেডাৰলেণ্ডক ৩-০ গ'লত পৰাস্ত কৰে। ১৯৩২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক ২৪-১ ব্যৱধানত পৰাস্ত কৰে যি অলিম্পিক ইতিহাসৰ সৰ্ববৃহৎ বিজয়ৰ ব্যৱধান। ১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ ফাইনেলত তেওঁলোকে জাৰ্মানীক ৮- ১ ব্যৱধানত পৰাস্ত কৰে যি অলিম্পিকৰ ফাইনেলত এতিয়ালৈকে সৰ্ববৃহৎ বিজয়ৰ ব্যৱধান।
স্বাধীনতা-উত্তৰ কাল
১৯৪৮ চনৰ পৰা ভাৰতীয় অলিম্পিক সংঘৰ বিস্তৃতি তথা প্ৰসাৰৰ বাবে ভাৰতে প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিকলৈ প্ৰতিবিধ খেলৰ বাবে ইয়াৰ ক্ৰীড়া ফেডাৰেচনসমূহৰ দ্বাৰা বাছনি কৰি সৰ্বমুঠ ৫০ জনতকৈ অধিক খেলুৱৈৰ প্ৰতিনিধি দল প্ৰেৰণ কৰা আৰম্ভ কৰে। প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছিল এজন চিফ-ডি-মিছনে। ভাৰতীয় ফিল্ড হকী দলে ১৯৪৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত গ্ৰেট ব্ৰিটেইনক ফাইনেলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিছিল। স্বাধীন ৰাষ্ট্ৰ হিচাপে এইটো ভাৰতৰ বাবে প্ৰথম সোণৰ পদক আছিল।.
১৯৫২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ মল্লযোদ্ধা কে.ডি. যাদৱে স্বাধীন ভাৰতৰ হৈ প্ৰথমটো ব্যক্তিগত পদক জিকিছিল। ভাৰতীয় ফিল্ড হকী দলে ১৯৫৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত পাকিস্তানক ফাইনেলত পৰাস্ত কৰি একেলেথাৰিয়ে ষষ্ঠটো খিতাপ জয় কৰি নিজৰ আধিপত্য অব্যাহত ৰাখিছিল।
১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত হকী দল ফাইনেলত পাকিস্তানৰ হাতত পৰাজিত হয় আৰু ৰূপৰ পদকত সন্তুষ্ট হ'ব লগা হয়। ১৯৬৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত পুনৰবাৰ দলটোৱে স্বৰ্ণ জয় কৰে। কিন্তু পৰৱৰ্তী দুখন অলিম্পিকত কেৱল ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগা হয়। ১৯৭৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ১৯২৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত খালী হাতেৰে উলটিব লগা হয়।
১৯৮০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতীয় হকী দলে তেওঁলোকৰ অভিলেখসংখ্যক অষ্টমটো অলিম্পিক স্বৰ্ণ জয় কৰিছিল। পৰৱৰ্তী তিনিটা গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে খালী হাতেৰে উলটি আহিব লগা হৈছিল। ১৯৯৬ চনত আটলাণ্টাত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে পুৰুষৰ একক শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰু অলিম্পিকত ১৬ বছৰীয়া পদকবিহীন সময়ৰ পৰিসমাপ্তি ঘটায় আৰু ইয়াৰ লগতে ১৯৫২ চনৰ পিছত প্ৰথমটো ব্যক্তিগত পদক বিজয়ী খেলুৱৈ হিচাপে পৰিগণিত হয়।
সাম্প্ৰতিক
২০০০ চনৰ চিডনী অলিম্পিকত দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী কৰ্ণম মালেশ্বৰীয়ে মহিলাৰ ৬৯ কিলোগ্ৰাম ভাৰোত্তোলন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এগৰাকী ভাৰতীয় মহিলাই লাভ কৰা এইটো প্ৰথম অলিম্পিক পদক আছিল।
২০০৪ চনৰ এথেন্স অলিম্পিকৰ তাৰকা শ্বুটাৰ ৰাজ্যৱৰ্ধন সিং ৰাথোড়ে পুৰুষৰ ডাবল ট্ৰেপ শ্বুটিংত ৰূপৰ পদক জয় কৰে।
২০০৮ চনৰ বেইজিং অলিম্পিকত অভিনৱ বিন্দ্ৰাই পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত স্বৰ্ণ জয় কৰি অলিম্পিক গেমছত ব্যক্তিগত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। বিজেন্দ্ৰ সিঙে মিডলৱেট শ্ৰেণীত ব্ৰঞ্জৰ পদকৰ সৈতে বক্সিংত দেশৰ প্ৰথমটো পদক লাভ কৰে।
২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অভিলেখসংখ্যক ৮৩ জনীয়া ভাৰতীয় দলে খেলসমূহত অংশগ্ৰহণ কৰে আৰু মুঠ ছটা পদকৰ সৈতে দেশৰ বাবে এক নতুন শ্ৰেষ্ঠ স্থান অৰ্জন কৰে। স্বাধীনতাৰ পিছত মল্লযোদ্ধা সুশীল কুমাৰ একাধিক ব্যক্তিগত অলিম্পিক পদক (২০০৮ গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জ আৰু ২০১২ গ্ৰীষ্মকালীন অলিম্পিকত ৰূপ) লাভ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।
ছাইনা নেহৱালে বেডমিণ্টনত দেশৰ প্ৰথমটো অলিম্পিক পদক লাভ কৰি মহিলাৰ একক শাখাৰ বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰে। মেৰী কম মহিলা ফ্লাইৱেট শাখাত ব্ৰঞ্জৰ পদকৰ সৈতে বক্সিংত পদক জয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।
২০১৬ চনত গ্ৰীষ্মকালীন অলিম্পিকত, অভিলেখ সংখ্যক ১১৮জন খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সাক্ষী মালিক মহিলাৰ ফ্ৰীষ্টাইল ৫৮ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদকৰ সৈতে অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা মল্লযোদ্ধা হিচাপে পৰিগণিত হয়। শ্বাটলাৰ পি. ভি. সিন্ধু অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আৰু লগতে সৰ্বকনিষ্ঠ ভাৰতীয় অলিম্পিক পদক বিজয়ী।
২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত সাইখোম মীৰাবাই চানুৱে ভাৰোত্তোলন মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰে। পি ভি সিন্ধুৱে ব্ৰঞ্জৰ পদকৰ মেচখনত চীনৰ হি. বিংজিয়াওক পোনপটীয়া ছেটত পৰাস্ত কৰে আৰু এনেদৰে দুটা ব্যক্তিগত অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। আনহাতে ৪ আগষ্টত অনুষ্ঠিত বক্সিঙত মহিলাৰ ৱেল্টাৰৱেইট শাখাৰ ছেমিফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত লাভলীনা বৰগোহাঁই ৫-০ ব্যৱধানত পৰাস্ত হয় যদিও ব্ৰঞ্জৰ পদক লাভ কৰিবৰ সক্ষম হয়। লাভলীনা বৰগোহাঁই অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি হৈ পৰে। নীৰজ চোপ্ৰাই জেভেলিন থ্ৰ'ত স্বৰ্ণ পদক জয় কৰে, ট্ৰেক আৰু ফিল্ডত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় আৰু ব্যক্তিগত ক্ৰীড়াত স্বৰ্ণ পদক জয় কৰা দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হয়। পুৰুষৰ ফিল্ড হকীত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। ফিল্ড হকীত এই পদকটো ৪১ বছৰৰ ব্যৱধানৰ পিছত লাভ কৰে, আগতে মস্কোত শেষবাৰৰ বাবে ফিল্ড হকী দলে স্বৰ্ণৰ পদক লাভ কৰিছিল। মল্লযোদ্ধত ৰবি কুমাৰ দাহিয়াই ৰূপৰ পদক আৰু বজৰং পুনিয়াই ব্ৰঞ্জৰ পদক লাভ কৰে। অলিম্পিকৰ ইতিহাসত ভাৰতৰ বাবে ৭টা পদকেৰে এয়া আছিল সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।
পদক লাভ কৰা খেলুৱৈসকল
তথ্য সংগ্ৰহ
|
75486 | https://as.wikipedia.org/wiki/%E0%A6%AB%E0%A7%87%E0%A6%AE%E0%A6%BF%E0%A6%A8%E0%A6%BE%20%E0%A6%AE%E0%A6%BF%E0%A6%9B%20%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE | ফেমিনা মিছ ইণ্ডিয়া | মিছ ইণ্ডিয়া বা ফেমিনা মিছ ইণ্ডিয়া হৈছে ভাৰতৰ এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা। এই বাৰ্ষিক প্ৰতিযোগিতাৰ দ্বাৰা বাছনি হোৱা প্ৰতিনিধিসকলক বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতা বা "মিছ ৱৰ্ল্ড"ত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়া হয়। মিছ ৱৰ্ল্ড প্ৰতিযোগিতা হৈছে চাৰিটা মুখ্য আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ ভিতৰত এটা। দ্য টাইমছ গ্ৰুপে প্ৰকাশ কৰা মহিলা আলোচনী ফেমিনাৰ দ্বাৰা ইয়াক আয়োজন কৰা হয়। ২০১৩ চনৰ পৰা, ফেমিনাই পৃথকে মিছ ডিভা নামৰ আন এটি প্ৰতিযোগিতা আয়োজন কৰে যি মিছ ইউনিভাৰ্ছলৈ প্ৰতিনিধি প্ৰেৰণ কৰে। মিছ ডিভাৰ উপৰিও, সংগঠনটোৱে প্ৰতি দুবছৰত অনুষ্ঠিত হোৱা মিষ্টাৰ ৱৰ্ল্ড আৰু মিষ্টাৰ চুপ্ৰানেচনেল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় প্ৰতিনিধি বাছনি কৰাৰ বাবে ও এক প্ৰতিযোগিতা অনুষ্ঠিত কৰে। বৰ্তমানৰ (২০২১) ফেমিনা মিছ ইণ্ডিয়া (ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড) খিতাপধাৰী হৈছে মানসা বাৰাণসী যাক বিদায়ী খিতাপধাৰী সুমন ৰাৱে ১০ ফেব্ৰুৱাৰী ২০২১ তাৰিখে মুম্বাইৰ হায়াত ৰিজেন্সিত মুকুট পিন্ধাইছিল।
ইতিহাস
ভাৰতৰ প্ৰথম মিছ ইণ্ডিয়া আছিল কলিকতাৰ প্ৰমীলা (এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম), যি ১৯৪৭ চনত বিজয়ী হৈছিল। এই প্ৰতিযোগিতা প্ৰথম স্থানীয় সংবাদ মাধ্যমৰ দ্বাৰা আয়োজন কৰা হৈছিল।
১৯৫২ চনত, দুখন মিছ ইণ্ডিয়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ত ইন্দ্ৰাণী ৰহমান আৰু নূতন প্ৰতিযোগিতাখনৰ বিজয়ী হৈছিল। নূতনক মিছ মুছৰি হিচাপে মুকুট পিন্ধোৱা হৈছিল। স্থানীয় সংবাদ মাধ্যমৰ দ্বাৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।
১৯৫২ চনৰ এপ্ৰিল মাহত মুম্বাইৰ ব্ৰ্যাবোৰ্ন ষ্টেডিয়ামত ইন্দ্ৰাণী ৰহমানক মুকুট পিন্ধোৱা হৈছিল। পিছত ইন্দ্ৰানীয়ে ১৯৫২ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত উদ্বোধনী অনুষ্ঠানত ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিল।
১৯৫৩ চনত, পঞ্জাবৰ পিছ কানওয়ালে কৰদাৰ-কলিনোছ প্ৰতিযোগিতাত মিছ ইণ্ডিয়া ১৯৫৩ৰ মুকুট অৰ্জন কৰিছিল। আবদুৰ ৰশিদ কাৰদাৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। পৰবৰ্তী কালত কানওয়ালে নিজেকে বলিউডৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত কৰে। ১৯৫৪ চনত মহাৰাষ্ট্ৰৰ লীলা নাইডুক মিছ ইণ্ডিয়া ঘোষণা কৰা হয়, আৰু একে বছৰতে ভগ আলোচনীৰ বিশ্বৰ দহগৰাকী আটাইতকৈ ধুনীয়া মহিলাৰ তালিকাত স্থান লাভ কৰে।
১৯৫৫ চনৰ পৰা ১৯৫৮ লৈ কোনো মিছ ইণ্ডিয়া প্ৰতিযোগিতা হোৱা নাছিল। ১৯৫৯ চনত, ইভছ ৱিকলিয়ে মিছ ৱৰ্ল্ড প্ৰতিযোগিতালৈ ভাৰতৰ প্ৰতিনিধি প্ৰেৰণ কৰিবলৈ ইভছ ৱিকলিয়ে মিছ ইণ্ডিয়া নামেৰে প্ৰথম মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। প্ৰতিযোগিতাত ফ্লাৰ ইজেকিয়েলক শেষত বিজয়ীৰ মুকুট পিন্ধোৱা হৈছিল। তেওঁ যুক্তৰাজ্যৰ লণ্ডনত অনুষ্ঠিত মিছ ৱৰ্ল্ড 1959 ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
প্ৰথম ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাখন ১৯৬৪ চনত অনুষ্ঠিত হৈছিল। মহাৰাষ্ট্ৰৰ মেহেৰ কাষ্টেলিনো মিস্ত্ৰীক প্ৰথম ফেমিনা মিছ ইণ্ডিয়াৰ মুকুট পিন্ধোৱা হৈছিল। তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ১৯৬৪ আৰু স্পেইনত অনুষ্ঠিত মিছ নেশ্যনছ ১৯৬৪ ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ বাছনি কৰা হৈছিল।
ৰেইটা ফাৰিয়া যিকোনো আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম মিছ ইণ্ডিয়া আছিল। তেওঁ যুক্তৰাজ্যৰ লণ্ডনত মিছ ৱৰ্ল্ড ১৯৬৬ৰ মুকুট পিন্ধিছিল। তেওঁ ইভছ ৱিকলিয় মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ বিজয়ী আছিল। একে বছৰতে ফেমিনা মিছ ইণ্ডিয়া বিজয়ী য়াছমিন দাজীয়ে মিছ ইউনিভাৰ্ছ ১৯৬৬ত ভাৰতক প্ৰতিনিধিত্ব কৰে আৰু অনুষ্ঠানটোত তৃতীয় ৰানাৰ-আপৰ মুকুট পিন্ধে। আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত স্থান পোৱা তেওঁ প্ৰথম ফেমিনা মিছ ইণ্ডিয়া বিজয়ী আছিল।
জিনাত আমান আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম ফেমিনা মিছ ইণ্ডিয়া খিতাপধাৰী আছিল। তেওঁ ফেমিনা মিছ ইণ্ডিয়া এছিয়া পেচিফিকৰ মুকুট পিন্ধিছিল আৰু ফিলিপাইনত অনুষ্ঠিত মিছ এছিয়া পেচিফিক ১৯৭০ত জয়ি হৈছিল।
২০০২ চনত, তৃতীয় বিজয়ীক মিছ এছিয়া পেচিফিকৰ পৰিৱৰ্তে মিছ আৰ্থলৈ মনোনীত কৰা হৈছিল।
২০১০ চনত, আই এম শ্বী মিছ ইউনিভাৰ্ছ ইণ্ডিয়াই মিছ ইউনিভাৰ্ছলৈ ভাৰতৰ প্ৰতিনিধি প্ৰেৰণ কৰাৰ অধিকাৰ অৰ্জন কৰাৰ পিছত, ফেমিনা মিছ ইণ্ডিয়াই ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড, ফেমিনা মিছ ইণ্ডিয়া আৰ্থ আৰু ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেচনেল হিচাপে তিনিজন বিজয়ীৰ মুকুট পিন্ধাইছিল। ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেচনেলৰ বিজয়ী প্ৰতিনিধিয়ে মিছ ইণ্টাৰনেচনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ২০১০ চনত, তন্ত্ৰ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে (টিইপিএল) সুস্মিতা সেনৰ সৈতে অংশীদাৰীত্বত আই এম শ্বী মিছ ইউনিভাৰ্ছ ইণ্ডিয়া নামৰ এটা নতুন প্ৰতিযোগিতা আৰম্ভ কৰিছিল। এই প্ৰতিযোগিতাৰ বিজয়ীগৰাকীয়ে ২০১০ চনৰ পৰা ২০১২ চনলৈ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰত
মিছ ইণ্ডিয়াই ১৯৫২ চনৰ পৰা মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত ইন্দ্ৰাণী ৰহমানৰ পৰা আৰম্ভ কৰি আৰু ১৯৫৯ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত, ফ্লাৰ ইজেকিয়েলৰ নাম উল্লেখযোগ্য। ১৯৭০-ৰ দশকত, ফেমিনাই মিছ ৱৰ্ল্ডলৈও প্ৰতিনিধি প্ৰেৰণ কৰাৰ অধিকাৰ অৰ্জন কৰে, আৰু বিজয়ীক মিছ ইউনিভাৰ্ছ আৰু মিছ ৱৰ্ল্ড প্ৰতিযোগিতালৈ ৰানাৰ-আপলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে। পিছত ১৯৯১ চনত, ফেমিনা মিছ ইণ্ডিয়াই ও ভাৰতৰ প্ৰতিনিধিসকলক মিছ ইণ্টাৰনেচনেল প্ৰতিযোগিতালৈ প্ৰেৰণ কৰাৰ অধিকাৰ লাভ কৰে।
তথ্যসূত্ৰ
ভাৰতৰ বঁটাসমূহ
সৌন্দৰ্য |
73240 | https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%A8%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A4%20%E0%A6%B8%E0%A6%BF%E0%A6%82%20%28%E0%A6%B9%E0%A6%95%E0%A7%80%20%E0%A6%96%E0%A7%87%E0%A6%B2%E0%A7%81%E0%A7%B1%E0%A7%88%29 | মনপ্ৰীত সিং (হকী খেলুৱৈ) | মনপ্ৰীত সিং সান্ধু জন্ম ২৬ জুন ১৯৯২) এজন ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ২০১৭ চনৰ মে' মাহৰ পৰা ভাৰতৰ পুৰুষ ৰাষ্ট্ৰীয় ফিল্ড হকী দলৰ অধিনায়কৰ দায়িত্ব নিৰ্বাহ কৰিছে। তেওঁ নেতৃত্বত টকিঅ' ২০২০ অলিম্পিকত ভাৰতীয় ফিল্ড হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ হাফবেক হিচাপে খেলে।
তেওঁ প্ৰথমবাৰৰ বাবে ২০১১ চনত ১৯ বছৰ বয়সত ভাৰতৰ হৈ খেলিছিল। তেওঁ ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ২০১৪ চনত এছিয়াৰ জুনিয়ৰ প্লেয়াৰ অফ দ্য ইয়েৰ হিচাপে মনোনীত হৈছিল। ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে তেওঁৰ নাম ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছিল।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
ভাৰতৰ পঞ্জাবৰ জলন্ধৰ চহৰৰ উপকণ্ঠ অঞ্চলৰ মিঠাপুৰ গাঁৱৰ এটা কৃষক পৰিয়ালত মনপ্ৰীত সিঙৰ জন্ম হৈছিল। মনপ্ৰীতে ২০২০ চনৰ ১৬ ডিচেম্বৰত মালয়েছিয়াৰ ইলি নাজৱা চাদ্দিকক বিয়া কৰায়। ২০১৩ চনত চুলতান অফ জোহৰ কাপত অংশগ্ৰহণ কৰাৰ সময়তে তেওঁলোকে পৰস্পৰক লগ পায়।
খেলত অৱতীৰ্ণ হোৱাৰ আগতে তেওঁ যোগাসনৰ লগতে ধ্যান কৰি, প্লেষ্টেচন বজাই আৰু বিশেষকৈ দিলজিৎ দোচাঞ্জ আৰু হানি সিঙৰ পঞ্জাবী ভাংৰা সংগীত শুনি মনোযোগ স্থিৰ কৰাৰ লগতে আৰাম কৰে। যেতিয়াই তেওঁ কোনো খেলৰ বাবে ভ্ৰমণ কৰে তেতিয়াই তেওঁ নিজৰ প্লেষ্টেচনটো লগত লৈ যায়।
তেওঁ চলমান খানৰ অনুৰাগী আৰু এম.এছ. ধোনী: দ্য আনটোল্ড ষ্টৰী, চক দে ইণ্ডিয়া, ভাগ মিলখা ভাগ আদিৰ দৰে ক্ৰীড়াভিত্তিক চলচ্চিত্ৰ উপভোগ কৰে, আৰু তেওঁ কয় যে প্ৰস্তাৱ পালে তেওঁ চলচ্চিত্ৰত অভিনয় কৰিবলৈ চেষ্টা কৰিব।
তেওঁৰ সপোন হৈছে ভাৰতৰ বাবে বৃহৎ জয় কঢ়িয়াই অনা আৰু সৰ্ববৃহৎ লক্ষ্য হৈছে যুৱক-যুৱতীসকলক যিকোনো খেল খেলিবলৈ অনুপ্ৰাণিত কৰা।
কেৰিয়াৰ
মনপ্ৰীত ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক পদ্মশ্ৰী পাৰ্গত সিঙৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু তেওঁ আছিল মনপ্ৰীতৰ নিজৰ গাঁও মিঠাপুৰৰে। হকী খেলি তে তেওঁৰ ককায়েককেইজনে লাভ কৰা পুৰস্কাৰৰ দ্বাৰা তেওঁ অধিক আকৰ্ষিত হয়। প্ৰায় ২০০২ চনত, ১০ বছৰ বয়সত তেওঁ নিয়মীয়াকৈ হকী খেলিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়া তেওঁৰ মাতৃয়ে তেওঁক হকী খেলিবলৈ বাধা দিবলৈ কোঠাত আবদ্ধ কৰি ৰাখিছিল। অৱশ্যে শেষত তেওঁ পলাই সাৰিবলৈ সক্ষম হৈছিল। মনপ্ৰীতৰ প্ৰশিক্ষকে তেওঁৰ খঙাল জ্যেষ্ঠ ভ্ৰাতৃক তেওঁ খেলিবলৈ ইমান আগ্ৰহী হোৱাৰ বাবে অন্ততঃ তেওঁক চেষ্টা কৰিবলৈ দিবলৈ অনুৰোধ কৰে। মনপ্ৰীতে চুলতান অফ জোহৰ কাপৰ প্ৰথম পুৰস্কাৰ হিচাপে নগদ ৫০০ টকা (২০০২ চনৰ বিনিময় হাৰত হিচাপত ১২ আমেৰিকান ডলাৰ) লাভ কৰাৰ পিছৰে পৰা তেওঁ পৰিয়ালৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ লয়। ২০০৫ চনত তেওঁ ভাৰতৰ প্ৰখ্যাত হকী একাডেমী জলন্ধৰৰ সুৰজিৎ হকী একাডেমীত নাম ভৰ্তি কৰে। ২০১১ চনত তেওঁ ভাৰতীয় জুনিয়ৰ দলৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰে। তেওঁ জাৰ্মানীৰ প্ৰাক্তন অধিনায়ক মৰিটজ ফাৰ্ষ্টেৰ আদৰ্শ জ্ঞান কৰে আৰু চৰ্দাৰ সিঙৰ খেলৰ শৈলীৰ দ্বাৰা অনুপ্ৰাণিত হয়। তেওঁ ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু ডেভিদ বেকহামৰ অনুৰাগী, আৰু তেওঁলোকৰ দৰে জাৰ্চী নম্বৰ ৭ পৰিধান কৰে।
জুনিয়ৰ হকী
২০১৩ চনৰ পুৰুষ হকী জুনিয়ৰ বিশ্বকাপত মনপ্ৰীত ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলৰ অধিনায়ক হয়। চূড়ান্ত খেলত মালয়েছিয়াক ৩-০ গ'লত পৰাস্ত কৰাৰ পিছত ২০১৩ চনৰ চুলতান অফ জোহৰ কাপত ভাৰতীয় দলে তেওঁৰ অধিনায়কত্বত স্বৰ্ণ পদক জয় কৰে আৰু ইয়াত মনপ্ৰীতেও এটা গ'ল কৰে। ২০১৪ চনত এছিয়ান হকী ফেডাৰেশ্যনে তেওঁক জুনিয়ৰ প্লেয়াৰ অফ দা ইয়েৰৰ খিতাপ প্ৰদান কৰে।
ছিনিয়ৰ হকী
২০১২-২০১৬: অলিম্পিক, কমনৱেলথ আৰু এছিয়ান গেমছ
২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰে।
২০১৪ চনত দক্ষিণ কোৰিয়াৰ ইনচিয়নত অনুষ্ঠিত এছিয়ান গেমছত তেওঁ ভাৰতৰ পুৰুষ হকী দলৰ সদস্য আছিল আৰু দলটোৱে ফাইনেলত প্ৰতিদ্বন্দ্বী পাকিস্তানক ৪-২ গ'লত পৰাস্ত কৰি সোণৰ পদক জয় কৰিছিল।
২০১৪ চনত স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ৪-০ গ'লত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে।
২০১৬ চনত লণ্ডনত পুৰুষ হকী চেম্পিয়নছ ট্ৰফীত ভাৰতে ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ১-৩ গ'লত পৰাজিত হোৱাৰ পিছত ৰূপৰ পদক জয় কৰে। এই প্ৰতিযোগিতাখনত ভাৰতে সুদীৰ্ঘ ৩৮ বছৰৰ পিছত ফাইনেলত উপনীত হৈছিল।
২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁক ভাৰতীয় দলত স্থান দিয়া হয় য'ত ভাৰতে কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ হাতত ১-৩ ব্যৱধানত পৰাজিত হয়।
২০১৬ চনৰ চুলতান আজলান শ্বাহ কাপৰ সময়ত পিতৃৰ মৃত্যু
২০১৬ চনৰ ৬ এপ্ৰিলত চুলতান আজলান শ্বাহ কাপৰ উদ্বোধনী মেচখন ভাৰতে জাপানৰ বিৰুদ্ধে ১-২ ত জয়ী হয়। এই খেলখন আৰম্ভ হোৱাৰ কিছু ঘণ্টাৰ পূৰ্বে তেওঁ নিজৰ পিতৃৰ আকস্মিক মৃত্যুৰ খবৰ পায়। তেওঁৰ মৃত্যুৰ ৰীতি-নীতি পালন কৰিবলৈ ভাৰতলৈ উভতি যোৱাৰ বাবে ৭ এপ্ৰিলত অষ্ট্ৰেলিয়াৰ বিপক্ষে হোৱা খেলত তেওঁ ভাগ ল'ব পৰা নাছিল। অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলে মনপ্ৰীতৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিবলৈ বাহুত ক'লা ফিতা পিন্ধাৰ লগতে এক মিনিটৰ মৌনতা পালন কৰিছিল। তেওঁৰ অনুপস্থিতিত ভাৰত ৫-১১ গ'লত পৰাজিত হয়। তেওঁৰ মাতৃয়ে তেওঁক উভতি যাবলৈ আৰু জাতিৰ গৌৰৱৰ বা' অলিম্পিক বে খেলিবলৈ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি পিতৃৰ ইচ্ছা পূৰণ কৰিবলৈ কয়। তেওঁ ১০ এপ্ৰিল ২০১৬ তাৰিখে পৰৱৰ্তী কানাডা বনাম ভাৰতৰ খেলখন খেলিবলৈ দলটোত উভতি আহে আৰু সেই মেটচখনত ভাৰতে ১-৩ ত জয়লাভ কৰে। ১২ এপ্ৰিলত পাকিস্তানৰ বিপক্ষে হোৱা পৰৱৰ্তী খেলখনত ভাৰত পুনৰ ১-৫ ব্যৱধানত বিজয়ী হয় য'ত মনপ্ৰীতে প্ৰথম ৪ মিনিটৰ ভিতৰত এটা গ'ল কৰি প্ৰাৰম্ভিক চাপ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিউজিলেণ্ডে ১৩ তাৰিখে ভাৰতৰ বিৰুদ্ধে ২-১ গ'লত জয়ী হয়, য'ত মনপ্ৰীতে ভাৰতৰ একমাত্ৰ গ'লটো কৰে। ১৫ এপ্ৰিলত ভাৰতে তেওঁলোকৰ অন্তিম পুল মেচত মালয়েছিয়াৰ বিৰুদ্ধে ১-৬ ত জয়ী হয়। ১৬ এপ্ৰিলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত ৪-০ গ'লত পৰাজিত হোৱাৰ পিছত ভাৰতে প্ৰতিযোগিতাৰ দ্বিতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাখনত ভাৰতৰ মুঠ ১৮টা গ'লৰ ভিতৰত তেওঁ ২টা গ'ল কৰিছিল।
ভাৰতীয় দলৰ অধিনায়কত্ব
১৮ মে ২০১৭ তাৰিখে তেওঁ ১ জুনত জাৰ্মানীত আৰম্ভ হোৱা তিনিখন ৰাষ্ট্ৰৰ আমন্ত্ৰণমূলক টুৰ্ণামেণ্ট আৰু ১৫ জুনত ইংলেণ্ডত আৰম্ভ হোৱা ৱৰ্ল্ড লীগ ছেমি ফাইনেলৰ বাবে ভাৰতৰ হকী দলৰ অধিনায়ক পদলৈ পদোন্নতি লাভ কৰে। তেওঁক ২০১৯ চনৰ পুৰুষৰ এফ আই এইচ প্লেয়াৰ অফ দ্য ইয়েৰ বঁটা প্ৰদান কৰা হয়। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় পুৰুষ হকী দলৰ অধিনায়ক হিচাপে টকিঅ' ২০২০ অলিম্পিকলৈ যায় আৰু মেৰী কমৰ সৈতে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় পতাকা বহন কৰে। টকিঅ' ২০২০ অলিম্পিকত তেওঁৰ অধিনায়কত্বত ভাৰতে ব্ৰঞ্জৰ পদক জয় কৰে। ভাৰতে ফাইনেলত জাৰ্মানীক ৫-৪ গ'লত পৰাস্ত কৰে।
টকিঅ' অলিম্পিক ২০২০
২০২১ চনত অনুষ্ঠিত টকিঅ' অলিম্পিক ২০২০ত মনপ্ৰীত সিঙৰ অধিনায়কত্বত ভাৰতীয় পুৰুষ দলে ব্ৰঞ্জৰ পদক জয় কৰে। গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াৰ হাতত ১-৭ গ'লত পৰাজিত হোৱাৰ পিছত ভাৰতে তেওঁৰ নেতৃত্বত স্পেইন, আৰ্জেণ্টিনা (পূৰ্বৰ ডিফেণ্ডিং চেম্পিয়ন) আৰু জাপানক ক্ৰমাগতভাৱে পৰাস্ত কৰি এক উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰে। তেওঁলোকে কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনক ৩-১ত পৰাস্ত কৰে যদিও ছেমি ফাইনেলত সেই সময়ৰ বিশ্বৰ এক নম্বৰ আৰু শেষলৈ প্ৰতিযোগিতাৰ স্বৰ্ণ পদক বিজয়ী বেলজিয়ামৰ হাতত ২-৫ গ'লত পৰাস্ত হয়। ব্ৰঞ্জৰ পদকৰ খেলখনত ভাৰতে জাৰ্মানীক ৫-৪ গ'লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ১৯৮০ চনৰ পিছত অলিম্পিক গেমছত এইটো ভাৰতীয় হকী দলৰ প্ৰথম পদক আছিল। ২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰে।
তথ্য সংগ্ৰহ
ভাৰতৰ ব্যক্তি
ভাৰতৰ ফিল্ড হকী খেলুৱৈ
অলিম্পিকত পদক বিজয়ী ভাৰতীয়
অৰ্জুন বঁটা বিজয়ী
মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা |
33911 | https://as.wikipedia.org/wiki/%E0%A6%87%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A8%20%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AE%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B0%20%E0%A6%B2%E0%A7%80%E0%A6%97%20%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%A9 | ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ২০১৩ | ২০১৩ বৰ্ষৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ, সংক্ষেপে আই পি এল ৬ বা আই পি এল ২০১৩ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ দ্বাৰা ২০০৭ চনত প্ৰতিষ্ঠাপিত ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ ষষ্ঠ বৰ্ষ। ২০১৩ চনৰ ৩ এপ্ৰিলত আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৬ মে'লৈকে চলিব আৰু এইবাৰ মুঠ ৯টা দলে অংশগ্ৰহণ কৰিছে। ২০১৩ চনৰ ২ এপ্ৰিল তাৰিখে কলকাতাৰ ছল্ট লে'ক ষ্টেডিয়ামত এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আয়োজিত হয়। প্ৰতিযোগিতাখনত পেপছিক'ই শিৰোনাম স্পনছৰ কৰা এইটো প্ৰথম বৰ্ষ। এই বৰ্ষৰ আই পি এলৰ ডিফেণ্ডিং চেম্পিয়ন হ'ল কলকাতা নাইট ৰাইডাৰ্ছ, তেওঁলোকে ২০১২ চনৰ আই পি এলৰ ফাইনেলত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি বিজয়ী হৈছিল।
নেপথ্য
স্পনছৰ
২০১৩ চনত ডি এল এফ লিমিটেডক আঁতৰাই পেপছিক’ই আই পি এলৰ শিৰোনাম স্পনছৰ কৰে। ডি এল এফৰ ২৫০ কোটিৰ প্ৰাৰম্ভিক ৫ বছৰীয়া চুক্তিটোৰ ২০১২ চনত ম্যাদ উকলি যায় আৰু ২০১৩ চনত ৫ বছৰৰ কাৰণে পেপছিক’ই ৩৯৬.৮ কোটিত এই চুক্তি কৰে। ডি এল এফতকৈ বেছি মূল্যত এই স্পনছৰ কৰা সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত পেপছিক’ৰ এজন প্ৰতিনিধিয়ে কয় যে তেওঁলোকে যিমান খৰচ কৰিছে, তাৰ ৫-৬ গুণ বেছি ধন তেওঁলোকে ঘূৰাই পাব। অৱশ্যে ব্ৰাণ্ড ফাইনেন্সৰ মতে ২০১০ চনৰ $৪.১ বিলিয়ন মূল্যৰ আই পি এলৰ ব্ৰাণ্ড মূল্য কমি গৈ ২০১২ চনত $২.৯ বিলিয়ন হৈছেগৈ আৰু আই পি এলৰ দুৰদৰ্শন ৰেটিঙো যোৱা দুবছৰত কমি আহিছে।
ডেক্কান চাৰজাৰ্ছৰ নিলম্বন
ক’চি টাস্কাৰ্ছ কেৰালা আই পি এলৰপৰা প্ৰথম নিলম্বিত হোৱাৰ পাছত দ্বিতীয়টো নিলম্বিত দল হিচাপে পৰিগণিত হয় ২০০৯ চনৰ বিজয়ী ডেক্কান চাৰজাৰ্ছ। ব’ম্বে উচ্চ ন্যায়ালয় আৰু ভাৰতীয় উচ্চতম ন্যায়ালয়ত বহু চেষ্টাৰ পিছতো ডেক্কানৰ স্বতাধিকাৰীয়ে দলটো বচাব নোৱাৰিলে। চাৰজাৰ্ছৰ নিলম্বনৰ লগে লগেই বি চি চি আয়ে হায়দৰাবাদ ফ্ৰেন্সাইজিৰ কাৰণে নতুন নিবিদা আহ্বান কৰিলে। ২০১২ চনৰ ২৫ অক্টোবৰত ঘোষণা কৰা হয় যে ছান টিভি নেটৱৰ্কে বাৰ্ষিক ৮৫.০৫ কোটি মূল্যত এই ফ্ৰেন্সাইজি লাভ কৰে। নতুন দলটোৰ নাম দিয়া হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ
খেলুৱৈৰ সালসলনি
২০১২ চনৰ অক্টোবৰত দলসমূহক তেওঁলোকৰ খেলুৱৈ খৰচ কমাবৰ কাৰণে যিকোনো সংখ্যক খেলুৱৈক চুক্তিৰপৰা মুক্তি দিবলৈ অনুমতি দিয়া হৈছিল। চুক্তিৰপৰা মুক্ত খেলুৱৈসকলক পুনৰ নিলামত ভৰ্তি হোৱাৰ সুবিধা দিয়া হৈছিল। ২০১৩ চনৰ ৩ ফেব্ৰুৱাৰীত নিলাম অনুষ্ঠিত হৈছিল, য’ত ৩৭ জন খেলুৱৈ বিক্ৰী হৈছিল।
বিদেশী খেলুৱৈৰ অংশগ্ৰহণ যদিও ২০১২ চনৰ ডিচেম্বৰ আৰু ২০১৩ চনৰ জানুৱাৰী মাহত পাকিস্থান ক্ৰিকেট দলে ভাৰতত খেলি যোৱাৰ পাছত দুয়োখন দেশৰ মাজৰ ক্ৰিকেটীয় সম্বন্ধৰ পুনৰ্স্থাপন কিছু পৰিমাণে আগবাঢ়িছে, তথাপি ২০১৩ চনৰ আই পি এলৰ নিলামত কোনো পাকিস্থানী খেলুৱৈক অন্তৰ্ভুক্ত কৰা নহ’ল। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে বাংলাদেশী খেলুৱৈসকলক আই পি এলত খেলিবৰ কাৰণে প্ৰয়োজন হোৱা ন’ অবজেক্চন চাৰ্টিফিকেট প্ৰদান নকৰাৰ সিদ্ধান্ত লোৱাৰ ফলত এই প্ৰতিযোগিতাত বাংলাদেশী খেলুৱৈৰ অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰিল। বাংলাদেশ ক্ৰিকেট দলৰ জিম্বাব’ৱে ভ্ৰমণ আৰু আই পি এলৰ তাৰিখ একেসময়তে পৰাৰ কাৰণে ব’ৰ্ডে এই সিদ্ধান্ত লয়। অৱশ্যে ইয়াৰ দ্বাৰা প্ৰভাৱিত খেলুৱৈদ্বয় শ্বাকিব অল হাছান আৰু তামিম ইকবাল দুয়োজন আঘাতৰ বাবে আই পি এলত অংশগ্ৰহণ কৰিব পৰা নাই।
প্ৰতিযোগিতা আৰম্ভ হোৱাৰ কেইদিনমান আগতে আই পি এল গৱৰ্ণিং কাউন্সিলে ঘোষণা কৰে যে শ্ৰীলংকাৰ ক্ৰিকেটাৰ আৰু বিষয়ববীয়াসকলক চেন্নাইত অনুষ্ঠিত হ’বলগা খেলসমূহত ভাগ ল’বলৈ দিয়া নহ’ব। সিংহলী আৰু শ্ৰীলংকান তামিলসকলৰ মাজৰ বিবাদৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক অশান্তিৰ ফলত এই সিদ্ধান্ত লোৱা হয়। তামিল নাডুৰ জনসাধাৰণৰ সিংহলী বিৰোধী ভাবধাৰাই শ্ৰীলংকাৰ খেলুৱৈৰ সুৰক্ষাত ভাবুকিৰ সৃষ্টি কৰিছিল। তামিল নাডুৰ মুখ্যমন্ত্ৰী জয়াললিতাই শ্ৰীলংকাৰ খেলুৱৈক নিষিদ্ধ কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ চিঠি লিখে আৰু ইয়াৰ পাছতে কাউন্সিলে এই সিদ্ধান্ত লয়।
উদ্বোধনী অনুষ্ঠান
ভাৰতৰ সৰ্ববৃহৎ ষ্টেডিয়াম আৰু আসনৰ সংখ্যাৰ হিচাপত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টেডিয়াম, কলকাতাৰ ছল্ট লে'ক ষ্টেডিয়াম বা যুৱ ভাৰতী ক্ৰীড়াংগনত ২০১৩ চনৰ ২ এপ্ৰিল তাৰিখে এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। আটাইকেইটা দলে নিজৰ নিজৰ অধিনায়কৰ নেতৃত্বত এম চি চি স্পিৰিট অৱ ক্ৰিকেট শপত লয়। আমেৰিকান ৰেপ গায়ক পিটবুল আৰু বলিউদৰ অভিনেতা শ্বাহৰুখ খান, অভিনেত্ৰী কেট্ৰিনা কেইফ আৰু দীপিকা পাডুকনে নৃত্য-গীত পৰিৱেশন কৰা এই উদ্বোধনী অনুষ্ঠানত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও উপস্থিত থাকে।
স্থানসমূহ
১২খন ঠাইৰ খেলপথাৰত ২০১৩ চনৰ আই পি এলৰ খেলসমূহ অনুষ্ঠিত হৈছে। ইয়াৰে ৰায়পুৰ আৰু ৰাঁচিয়ে প্ৰথমবাৰৰ কাৰণে আই পি এলৰ খেল আয়োজন কৰিছে। প্লে' অফ পৰ্যায়ত ১ম কোৱালিফায়াৰ আৰু এলিমিনেটৰ চেন্নাইত আৰু দ্বিতীয় কোৱালিফায়াৰ আৰু ফাইনেল কলকাতাত অনুষ্ঠিত হ'ব, কিয়নো কলকাতা আৰু চেন্নাইৰ দল দুটা আগৰ বছৰৰ ক্ৰমে বিজয়ী আৰু ৰাণাৰ্ছ-আপ আছিল।
দলসমূহৰ অৱস্থান
লীগৰ প্ৰগতি
ফলাফল
গ্ৰুপ পৰ্যায়
প্লে' অফ পৰ্যায়
খেলসমূহৰ সাৰাংশ
সকলো সময় ভাৰতীয় মান সময় অনুসৰি +05:30)
গ্ৰুপ পৰ্যায়
প্লে' অফ পৰ্যায়
পৰিসংখ্যা
সৰ্বাধিক ৰাণ
গ্ৰুপ পৰ্যায়ৰ সৰ্বাধিক ৰাণ কৰা খেলুৱৈজনে ফিল্ডিং কৰি থাকোঁতে কমলা ৰঙৰ টুপী (অৰেঞ্জ কেপ) পৰিধান কৰে। সৰ্বাধিক ৱিকেট
গ্ৰুপ পৰ্যায়ত সৰ্বাধিক ৱিকেটলওঁতাজনে ফিল্ডিং কৰোঁতে এটা পাৰ্প'ল ৰঙৰ টুপী (পাৰ্প'ল কেপ'') পৰিধান কৰে।
তথ্যসংগ্ৰহ
বাহ্যিক সংযোগ
অফিচিয়েল ৱেবছাইট
ই এছ পি এন ক্ৰিকইনফ'ত প্ৰতিযোগিতাখনৰ ৱেবছাইট
ইউটিউবত অফিচিয়েল লাইভ সম্প্ৰচাৰ
ইণ্ডিয়ান প্ৰীমিয়াৰ |
9948 | https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A7%8E%E0%A6%B8%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%A8 | চিকিৎসা বিজ্ঞান | চিকিৎসা বিজ্ঞান ৰোগ উপশমৰ বিজ্ঞান আৰু কলা। মানৱ শৰীৰ আৰু মনৰ স্বাস্থ্য ভালে ৰখাৰ উদ্দেশ্যেৰে ৰোগ নিৰাময় আৰু ৰোগ প্ৰতিষেধৰ বিষয়ে চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰা হয় আৰু প্ৰয়োজন অনুসৰি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়। সমসাময়িক চিকিৎসা বিজ্ঞানে স্বাস্থ্য বিজ্ঞানৰ অধ্যয়ন, গৱেষণা, আৰু সংশ্লিষ্ট প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে লব্ধ জ্ঞানৰ আধাৰত ঔষধ বা শল্য চিকিৎসাৰ (ছাৰ্জাৰী) দ্বাৰা ৰোগ নিৰাময়ৰ কৰাৰ চেষ্টা কৰে। ঔষধ আৰু শল্য চিকিৎসাৰ উপৰিও মনোচিকিৎসা কৃত্ৰিম অংগ সংস্থাপন, আণৱিক ৰশ্মিৰ প্ৰয়োগ, বাহ্যিক উপায় (যেনে, স্প্লিণ্ট আৰু ট্ৰেকছন), জৈৱিক সামগ্ৰী (তেজ, অণু জীৱ ইত্যাদি), শক্তিৰ অন্যান্য উৎস (বিদ্যুৎ, চুম্বক, অতি-শব্দ ইত্যাদি) ইত্যাদিৰো প্ৰয়োগ কৰা হয়। চিকিৎসা বিজ্ঞানক ইংৰাজীত 'মেডিচিন' বোলা হয়। মেডিচিন শব্দৰ উৎপত্তি হৈছে লেটিন ভাষাৰ শব্দৰপৰা, যাৰ অৰ্থ হৈছে ('চিকিৎসাৰ কলা')।
ইতিহাস
প্ৰাগঐতিহাসিক যুগৰ চিকিৎসা বিজ্ঞানত ঔষধি-গছৰ প্ৰয়োগ, খনিজ পদাৰ্থ আৰু অইন প্ৰাণীৰ দেহাংশ প্ৰয়োগ ইত্যাদিয়েই মুখ্য আছিল। বেছি ভাগ সময়তে এনে সামগ্ৰীসমূহক পুৰোহিত, সন্ন্যাসী বা কবিৰাজে কোনো অনুষ্ঠানৰ মাধ্যমত প্ৰয়োগ কৰিছিল আৰু ইয়াৰ ক্ৰিয়াক যাদুকৰী বা ঐশ্বৰিক বুলি ভবা হৈছিল। কেবাটাও বিভাগত এনে চিকিৎসাৰ বিধানক ভাগ কৰা হৈছিল, যেনে, জড় পদাৰ্থত আত্মাৰ অস্তিত্ব আধ্যাত্মিকতা (ঈশ্বৰ অথবা পূৰ্বপুৰুষৰ প্ৰতি আহ্বান), যাদুকৰী শক্তি (একোজন ব্যক্তিৰ হাতত বিশেষ ক্ষমতা থকা বুলি ভবা) বা, সৌভাগ্যবশতঃ কোনোবা এজনে বিশেষ শক্তি লাভ কৰা। 'চিকিৎসা নৃতত্ত্ব বিজ্ঞান'ৰ আওতাত স্বাস্থ্য, স্বাস্থ্যৰ যতন আৰু সংশ্লিষ্ট বিষয়ৰ লগত সমাজ আৰু কৃষ্টিৰ প্ৰভাৱ আলোচনা কৰা হয়। চিকিৎসা বিজ্ঞান সম্বন্ধীয় প্ৰাচীন তথ্য মিছৰীয় সভ্যতা, বেবিলনৰ সভ্যতা, ভাৰতৰ আয়ুৰ্বেদ শাস্ত্ৰ, চীনা সভ্যতা, গ্ৰীক আৰু ৰোমান সকলো পুৰণি সভ্যতাৰ পৰাই পোৱা গৈছে। খ্ৰী.পূ. ৩০০০ চনৰ মিছৰীয়া সভ্যতাৰ পাঠত পোৱা 'ইমোটেপ' )-ক প্ৰথমগৰাকী নাম জানিব পৰা চিকিৎসক বুলি ঠাৱৰ কৰা হৈছে। চিকিৎসালয়ৰ ধাৰণা পোৱা গছৈ শ্ৰীলংকাৰ মিহিনতালে সভ্যতাত। প্ৰাচীন ভাৰতৰ ঋষি 'শুষ্ৰুত'-ই কেবাবিধো শল্য-চিকিৎসাৰ বিৱৰণী লিখি ৰাখিছে। তেখেতৰ বৰ্ণনাত পোৱা শল্য-চিকিৎসাৰ পদ্ধতিসমূহ বিৱৰণী আধুনিক প্লাষ্টিক ছাৰ্জাৰীৰ সৈতে সাদৃশ্য থকা পৰিলক্ষিত হয়। প্ৰাচীন গ্ৰীছৰ চিকিৎসক হিপ'ক্ৰেটিছ-ক চিকিৎসা-বিজ্ঞানক জনক বুলি অভিহিত কৰা হৈছে
তেখেতেই চিকিৎসা-বিজ্ঞানত প্ৰণালীবদ্ধ অধ্যয়ন আৰু যুক্তিপূৰ্ণ ধাৰণাৰ অৱতাৰণা কৰে। হিপ'ক্ৰটিছে চিকিৎসকসকলৰ বাবে 'হিপ'ক্ৰেটিছৰ শপত' বাক্যৰ প্ৰনয়ন কৰে। এই শপত-বাক্যৰ প্ৰাসংগিকতা আজিও বিদ্যমান। এখেতেই প্ৰথমে ৰোগসমূহক একিউট (ক্ষণিক), ক্ৰ'নিক (দৈৰ্ঘ্যদিনীয়া), এণ্ডেমিক (বহল প্ৰাদুৰ্ভাৱ থকা) আৰু এপিডেমিক (মহামাৰী) এই কেইটা ভাগ কৰে। তেখেতে এক্সাচাৰবেছন পুনৰাবৃত্তি সংকটাৱস্থা ক্ষণস্থায়ী শীৰ্ষাৱস্থা আৰু কনভালেছেন্স আদি ৰোগৰ বিভিন্ন অৱস্থাৰ সংজ্ঞাও নিৰ্ধাৰণ কৰে।
আন এজন গ্ৰীক চিকিৎসক গেলেন প্ৰাচীন জগতৰ এগৰাকী নাম-জ্বলা শল্য চিকিৎসক আছিল। তেখেতে কেইবা ধৰণৰ শল্য চিকিৎসা সমাপন কৰিছিল, যাৰ ভিতৰত মগজু আৰু চকুৰ অপাৰেছনো আছিল। ৰোমান সাম্ৰাজ্যৰ উত্থান আৰু ইউৰোপত মধ্য যুগৰ আৰম্ভণিৰ লগে লগে গ্ৰীছৰ চিকিৎসা বিদ্যাৰ প্ৰসাৰ কমি আহে। বিশেষকৈ পশ্চিম ইউৰোপত গ্ৰীক পদ্ধতিৰ ব্যৱহাৰ প্ৰায় নোহোৱা হৈ পৰে, অৱশ্যে পূবৰ ৰোমান সাম্ৰাজ্যত গ্ৰীক পদ্ধতিৰ অবিহত আছিল। খ্ৰীষ্টাব্দ ৭৫০-ৰ পাছত মুছলিম ৰাষ্ট্ৰসমূহলৈ হিপ'ক্ৰটিছ, গেলেন আৰু শুশ্ৰুতৰ লেখনী সমূহৰ আৰৱী অনুবাদ বিয়পি পৰে আৰু ইছলামীয় চিকিৎসা বিজ্ঞানৰ সূচনা হয়। এই কালচোৱাত চিকিৎসা বিজ্ঞানৰ কিছূমান উল্লেখনীয় আৱিষ্কাৰ হয়। এই কালৰ এগৰাকী বিখ্যাত চিকিৎসক আছিল আভিচেনা। হিপ'ক্ৰেটিছ, ইমোটেপ আৰু আভিচেনাক একেলগেও চিকিৎসা বিজ্ঞানৰ জনক আখ্যা দিয়া হয়।
আভিচেনাই ৰচনা কৰা 'দা কেনন মেডিছিন' চিকিৎসা বিজ্ঞানৰ আটাইতকৈ বিখ্যাত পুথি।
অন্যান্য কেইজনমান উল্লেখযোগ্য অৱদানকাৰী হ'ল 'আবুল কাইছ' (আবু আল-কাছিম আল-জৱাহিৰি, ইবন জুহৰ বা ইবন আল-নফিছ আৰু এভেৰোএছ মহম্মদ ইবন জাকৰিয়া ৰাজি (ৰেজেছ, ))-এ প্ৰথমবাৰৰ বাবে গ্ৰীক চিকিৎসা বিজ্ঞানৰ 'প্ৰাণ-ৰস' )-ৰ ধৰাণাৰ সত্যতাৰ ওপৰত প্ৰশ্ন তুলিছিল। গ্ৰীক চিকিৎসা বিজ্ঞানৰ 'প্ৰাণ-ৰস তত্ত্ব'ই মধ্য-যুগৰ পশ্চিম ইউৰোপ আৰু ইছলাম সাম্ৰাজ্যত চিকিৎসা-বিজ্ঞানৰ মূল তত্ত্ব হিচাপে পৰিগণিত হৈ আছিল।
মুছলিম ৰাষ্ট্ৰসমূহত থকা 'বিমাৰিস্তান' আছিল প্ৰথম কালৰ ৰাজহুৱা চিকিৎসালয়।
চতুৰ্দশ আৰু পঞ্চদশ শতিকাত ইউৰোপ আৰু মধ্য-পূৰ্বত দেখা দিয়ে 'ক'লা মৃত্যু'-ৰ বিভীষিকা। মধ্য-পূৰ্বৰ তুলনামূলকভাৱে উন্নত চিকিৎসা বিজ্ঞানেও এই ৰোগৰ কোনো নিৰমায় উলিয়াব পৰা নাছিল। বৰং মধ্য-পূৰ্বতকৈ পশ্চিম ইউৰোপেহে এই ৰোগৰ ক্ষতি সোনকালে লাঘৱ কৰিব পাৰিছিল। আধুনিক যুগৰ প্ৰথমাংশত ইউৰোপৰ চিকিৎসা বিজ্ঞানলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল গেব্ৰিয়েল ফেলোপিঅ' আৰু উইলিয়াম হাৰ্ভে-ই চতুৰ্দশ আৰু পঞ্চদশ শতিকাতে প্ৰচলিত জ্ঞানক অমান্য কৰাৰ ধাৰা এটা গঢ় লৈ উঠে। মধ্য-যুগীয় সময়ৰ ধাৰণাত পৃথিৱীৰ সকলো জ্ঞান প্ৰাচীন পণ্ডিতসকলৰ লেখনীত পোৱা যায় বুলি ভবা হৈছিল। আৰু যিটো সেই লেখনীৰ লগত নিমিলে তাক অনিয়ম বুলি ধৰা হৈছিল। ইউৰোপত নৱ-জাগৰণৰ উন্মেষৰ লগে লগে সকলো ধাৰণাকে নতুনকৈ পৰীক্ষা-নিৰীক্ষাৰে প্ৰমাণ কৰা আৰু প্ৰয়োজনবোধে নতুন মতবাদ আগবঢ়োৱাৰ প্ৰথা গঢ়ি উঠে। প্ৰাচীন জ্ঞানৰ লগত ভেছেলিয়াছ আদিৰদৰে পণ্ডিতে নতুন কথা যোগ দিবলৈ আৰম্ভ কৰে। মানৱ দেহৰ গঠন (এনাটমী) সম্বন্ধে এণ্ড্ৰেয়াছ ভেছেলিয়াছ-এ এখন নতুন গ্ৰন্থ প্ৰনয়ন কৰে, (১৫৪৩)। এই গ্নন্থখনত শৱদেহৰ ব্যৱচ্ছেদ কৰি পোৱা দেহৰ ভিতৰৰ অংগৰ বিষয়ে ছবি আৰু তথ্য সম্বলিত কৰা হৈছিল। সমসাময়িক ফঁৰাছী দেশীয় শল্য-চিকিৎসক 'এমব্ৰয় পাৰী'-ক (১৫১০-১৫৯০) শল্য-চিকিৎসাৰ জনক আখ্যা দিয়া হয়। ১৬৭৬ চনত এণ্টন লিউৱেনহক-এ নিজৰ আৱিষ্কৃত অণুবীক্ষণ যন্ত্ৰেৰে অণু-জীৱৰ উপস্থিতি ধৰা পেলাবলৈ সক্ষম হয়। তেখেতএই অণু-জীৱ অধ্যয়ন বিষয়-ৰ )-ৰ সূচনা কৰে। ইটালীৰ শল্য-চিকিৎসক আৰু এনাট'মি বিশাৰদ মেটিঅ' ৰিয়াল্ড' কল'ম্বো-ৰ মতাৱলীৰে অনুপ্ৰেৰিত হৈ ইংৰাজ উইলিয়াম হাৰ্ভে-ই ৰক্ত-পৰিবহণ তন্ত্ৰৰ বৰ্ণনা দিয়ে। হাৰমান বোয়েৰহাভে-য়ে লিডেনত কৰা শিক্ষাদান আৰু ৰচনা কৰা পাঠ্য-পুথি 'ইনষ্টিটিউছনিছ মেডিকা' (১৭০৮)-ৰ বাবে তেখেতক 'শৰীৰতত্ত্ব'-ৰ পিতৃ বুলি ক'ব খোজা হয়। সপ্তদশ শতিকাতে ফৰাচী চিকিৎসক পিয়েৰ ফুঁছে-ই দন্ত চিকিৎসা বিজ্ঞানৰ পাতনি মেলিছিল বুলি কোৱা হয়। তেখেতক আধুনিক দন্ত চিকিৎসাৰ পিতৃ বোলা হয়। ১৭৬১ চনত পশু চিকিৎসা বিজ্ঞান মানৱ চিকিৎসা বিজ্ঞানৰপৰা পৃথককৈ গঢ় লৈ উঠিবলৈ আৰম্ভ কৰে। ইয়াৰ আগলৈ পশুৰ চিকিৎসাও সাধাৰণ চিকিৎসক সকলেই কৰিছিল। ক্ল বুৰ্জোলে-ই ১৭৬১ চনত ফ্ৰান্সৰ লিঅ'নত পশু চিকিৎসা বিজ্ঞানৰ প্ৰথমটো প্ৰতিষ্ঠানৰ পট্টন কৰে। আধুনিক জৈৱচিকিৎসা গৱেষণা-ৰ সূচনাই প্ৰাচীন মতাৱলীৰ পৰা আঁতৰি পৰীক্ষণীয় আৰু পুনৰাবৃত্তি কৰিব পৰা তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ধৰে। অষ্টাদশ শতিকাৰপৰা আধুনিক চিকিৎসা বিজ্ঞানৰ সূচনা হোৱা বুলি কোৱা হয়। এড'ৱাৰ্ড জেনাৰৰ বৰ আইৰ প্ৰতিষেধক ছিটা-ৰ আৱিষ্কাৰ, ১৮৮০ চনত ৰবাৰ্ট কক-ৰদ্বাৰা বেক্টেৰিয়াৰ দ্বাৰা ৰোগ হ'ব পাৰে বুলি প্ৰতিষ্ঠাপিত সত্য আৰু ১৯০০ চনৰ 'এণ্টিবায়'টিক'ৰ আৱিষ্কাৰ এই তিনিওটাক আধুনিক চিকিৎসা বিজ্ঞানৰ বুনিয়াদী আৱিষ্কাৰ বুলি কোৱা হয়। অষ্টাদশ শতিকাৰ পাছৰেপৰা নতুন নতুন গৱেষণাৰ ফছল দেখিবলৈ পোৱা যায়। ঘাইকৈ ইউৰোপতে এনে গৱেষণা সম্পন্ন হৈছিল। জাৰ্মানী আৰু অষ্ট্ৰিয়া-ৰ ৰুডল্ফ ভাৰ্চ' উইলহেল্ম ৰাড ৰ'ণ্টজেন কাৰ্ল লেণ্ডষ্টেইনাৰ আৰু অ'টো লেৱি এই সকলে উল্লেখনীয় বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰপৰা আলেকজেণ্ডাৰ ফ্লেমিং জোছেফ লিষ্টাৰ ফ্ৰান্সিছ ক্ৰিক আৰু ফ্লোৰেন্স নাইটিংগেল-এ বিশেষ বৰঙণি যোগায়। স্পেইনৰ ছাণ্টিয়াগো ৰেম'ন ৱাই কেজেল-ক 'আধুনিক স্নায়ু বিজ্ঞান'ৰ জনক আখ্যা দিয়া হয়। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰপৰা বিশেষ বৰঙণি আগবঢ়াইছিল ম'ৰিছ ৱিলকিন্স হাৱাৰ্ড ফ্ল'ৰে আৰু ফ্ৰেংক ফাৰলেন বাৰ্ণেট-এ আমেৰিকা যুক্তৰাষ্ট্ৰ-ৰ উইলিয়াম কীন উইলিয়াম ক'লি ছ ডি. ছন ইটালীৰ ছালভাড'ৰ লুৰিয়া ছুইজাৰলেণ্ড-ৰ আলেক্সাণ্ড্ৰে য়াৰ্ছিন জাপান-ৰ কিটাটাছো শ্বিবাছাবুৰো ফ্ৰান্সৰ জঁ মাৰ্টিন চাৰ্ক'ট ক্ল বাৰ্নাৰ্ড পল ব্ৰোকা আদিয়ে প্ৰভুত বৰঙণি যোগাইছিল। একদৰেই ৰুছিয়াৰ নিকোলাই আৰু ইংলেণ্ডৰ উইলিয়াম লাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভে কুছিংৰ অৱদানো আছিল বিশেষভাৱে উল্লেখনীয়। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে চিকিৎসা-বিজ্ঞানত ঔষধ-ৰ প্ৰয়োগ বাঢ়ি আহিবলৈ ধৰে। ওঠৰশ শতিকালৈ চিকিৎসা বিজ্ঞানত ঔষধ হিচাপে গছ-লতাৰ উপৰিও, জীৱৰ দেহৰ অংশ আৰু মানৱ দেহৰ অংশ ব্যৱহাৰ কৰা হৈছিল। ঔষধ বিজ্ঞান এনেদৰে বনৌষধি-ৰ পৰাই বিকশিত হৈছে। এতিয়াও কেবাবিধৰ ঔষধ উদ্ভিদৰপৰাই পোৱা যায়। প্ৰতিষেধক ছিটাৰ আৱিষ্কাৰক আছিল ক্ৰমে এড'ৱাৰ্ড জেনাৰ আৰু লুই পেষ্টুৰ বৰ্তমান ঔৱধ প্ৰস্তুত কৰিবলৈ ৰাসায়নিক প্ৰক্ৰিয়াৰ সহায় লোৱা হয়. লগতে প্ৰয়োজন বোধে প্ৰয়োগশালাত ডিজাইন কৰা অণুৰ প্ৰয়োগো কৰা হয়। অতি সম্প্ৰতি জিনীয় প্ৰযুক্তিৰ যোগেদিও ঔষধ প্ৰস্তুত কৰা হৈছে। পল এৰলিখ-এ ১৯০৮ চনত প্ৰথমে আৰ্ছেফিনামিন নামৰ এণ্টিবায়'টিক ঔষধ আৱিষ্কাৰ কৰে। ছালফা যৌগ প্ৰথমে আৱিষ্কাৰ হোৱা এণ্টিবায়'টিকৰ শ্ৰেণী। সাক্ষ্য ভিত্তিক চিকিৎসা বিজ্ঞান সমসাময়িক চিকিৎসাৰ এটা ধাৰা। এই ধাৰাত চিকিৎসা পদ্ধতিৰ সুষম আৰু সফলতম প্ৰয়োগৰ বাবে প্ৰমাণযোগ্য গৱেষণালব্ধ জ্ঞানৰ ওপৰত গুৰুত্ব দিয়া হয়। বৰ্তমান বিশ্বত গঢ়ি উঠা তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে এই ধাৰাক সহায় কৰিছে। এই ধাৰাক নেতৃত্ব প্ৰদান কৰিছে কক্ৰেন ক'লাবোৰেছন-এ ক্লিনিকেল আচাৰ চিকিৎসা বিজ্ঞানৰ নিয়মৰ অধীনত চিকিৎসক এজনে নিজৰ চিকিৎসা বিষয়ক জ্ঞানৰ আধাৰত প্ৰথমে ৰোগবিধ নিৰ্ণয় কৰে, চিকিৎসা প্ৰদান কৰে আৰু আগলৈ ৰোগ প্ৰতিষোধ কৰাৰ যত্ন কৰে। চিকিৎসক ৰোগীৰ মাজৰ সম্পৰ্ক এটা আৰম্ভ হয় ৰোগী চিকিৎসকৰ ওচৰলৈ অহাৰ পাছত চিকিৎসকে ৰোগীৰ ৰোগৰ ইতিহাস আৰু নথীসমূহ চোৱাৰ পাছৰেপৰা। ইয়াৰ পাছত ৰোগীৰ লগত ৰোগসম্পৰ্কে জানিবলৈ এটা সাক্ষাৎকাৰ লোৱা হয় আৰু ৰোগীৰ দেহ পৰীক্ষা কৰা হয়। দেহৰ পৰীক্ষা কৰাৰ সময়ত ষ্টেথ'স্কোপ আদিৰ দৰে সঁজুলিৰ সহায় লোৱা হয়। ৰোগৰ লক্ষণসমূহ জনাৰ পাছত প্ৰয়োজন অনুসৰি অন্যান্য পৰীক্ষা যেনে তেজৰ পৰীক্ষা, এক্স-ৰে, ছি আদিৰ বিধান দিয়া হয়। ইয়াৰ লগতে ৰোগ নীৰসনৰ বাবে ঔষধ বা প্ৰয়োজনীয় অন্যান্য চিকিৎসাৰ বিধান দিয়া হয়। জনা তথ্যৰ আধাৰত সাধাৰণতে সম্ভাৱনীয় ৰোগসমূহৰ এখন তালিকা কৰা হয় আৰু ৰোগীক প্ৰয়োজনীয় কথা আৰু লবলগীয়া সাৱধানতা আদিৰ বিষয়েও জনোৱা হয়। এই সম্পূৰ্ণ কাৰ্যাৱলী লিখিত ৰূপত সংৰক্ষণ কৰা হয়। ৰোগীৰ নথি প্ৰায় সকলো দেশতে ন্যায়িক নথি বুলি ধৰা হয়। পাছৰ বাৰ ৰোগীয়ে দেখুৱাবলৈ অহাৰ সময়তো একেখিনি নিয়মকে মনা হয় যদিও সাধাৰণতে প্ৰথম বাৰতকৈ কম সময় লাগে, কাৰণ বেছিভাল তথ্য প্ৰথমেই নথিভুক্ত কৰা হয়। ৰোগ পৰীক্ষাৰ অংশসমূহ হৈছে:
মুখ্য অসুবিধা চিকিৎসকৰ ওচৰলৈ অহাৰ মুখ্য কাৰণ। এই কাৰণ সমূহক ৰোগৰ লক্ষণ বোলা হয়। ৰোগৰ লক্ষণ হৈছে, ৰোগীৰ নিজৰ ভাস্য অনুসৰি নিজে অনুভৱ কৰা অসুবিধাসমূহ। এইখিনিতে অসুবিধাসমূহ কিমান দিনৰপৰা হৈ আছে, তাকো সোধা হয়। ইয়াকে প্ৰদৰ্শিত লক্ষণ বুলিও কোৱা হয়। বৰ্তমান ৰোগৰ বিৱৰণী এই অংশত লক্ষণসমূহৰ দৈৰ্ঘ্যৰ লগতে বিতং বিৱৰণী লোৱা হয়। বৰ্তমান স্থিতি: ৰোগীৰ পেছাৰ বিৱৰণী। ৰোগীয়ে ব্যৱহাৰ কৰি থকা ঔষধাদিৰ বিৱৰণ: ৰোগীয়ে সেই সময়ত যিকোনো অসুবিধাৰ বাবে ব্যৱহাৰ কৰি থকা অন্যান্য ঔষধৰ বিষয়ে বতৰা লোৱা হয়। পুৰণি ৰোগৰ বিৱৰণ: ৰোগীৰ পুৰণি ৰোগৰ তথ্যাদি বা সমকালীন ভাৱে ভুগি থকা অন্যান্য দীঘলীয়া ৰোগ, আঘাত, প্ৰতিষেধকৰ বিৱৰণী। সামাজিক বিৱৰণী: ৰোগীৰ জন্মস্থান, বাসস্থান, বিবাহ, আৰ্থিক আৰু সামাজিক স্থিতি, খাদ্যাভাস, নিচাসক্তিৰ বিৱৰণ। পৰিয়ালৰ ৰোগৰ বিৱৰণী: ৰোগীৰ পৰিয়ালৰ অইন লোকে ভুগি থকা ৰোগৰ বিষয়ে সোধা হয়। প্ৰয়োজন বোধে বংশলতিকা প্ৰস্তুত কৰা হয়। প্ৰণালীগত পুনৰনিৰীক্ষণ সাধাৰণতে ওপৰৰ সাক্ষাৎকাৰৰ সময়ত ৰৈ যাব পৰা কিছুমান অৱশ্যে সুধিবলগীবা প্ৰশ্ন এই অংশত সোধা হয়। যেনে, ওজন হ্ৰাস, টোপনিৰ ব্যঘাত, জ্বৰ, টেমূনা, শৌচ-প্ৰসাৱৰ অসুবিধা ইত্যাদি)। প্ৰয়োজনবোধে অইন তন্ত্ৰৰ বিষয়েও বিশেষ প্ৰশ্ন সোধা হয়। ৰোগীৰ সাক্ষাৎকাৰৰ পাছত ৰোগৰ চিহ্ন উলিয়াবলৈ ৰোগীৰ দেহ পৰীক্ষা কৰা হয়। দেহ পৰীক্ষাৰপৰা চিকিৎসকে পোৱা ৰোগৰ লক্ষণ সমূহক ৰোগ চিহ্ন বোলা হয়। চিকিৎসকে ৰোগৰ চিহ্ন নিৰ্ণয় কৰিবলৈ দৰ্শন, শ্ৰৱণ, স্পৰ্শ, ঘ্ৰাণ সমূহ ইন্দ্ৰিয়ৰ প্ৰয়োগ কৰে, প্ৰয়োজন অনুসৰি যন্ত্ৰৰ ব্যৱহাৰ কৰা হয়। দৈহিক পৰীক্ষাৰ বাবে চাৰিটা নিয়মক ক্ৰমানুসাৰে ব্যৱহাৰ কৰিবলৈ শিক্ষা দিয়া হয়: চাক্ষুস পৰীক্ষণ স্পৰ্শ পৰীক্ষণ কাছন আৰু টেছন চাক্ষুস পৰীক্ষণ চকুৰে দেখা লক্ষণসমূহ নিৰ্ণয় কৰা হয়। স্পৰ্শ পৰীক্ষণত ৰোগীৰ দেহৰ বিভিন্ন অংশ পিটিকি-মোহাৰি ঘাইকৈ স্পৰ্শৰ দ্বাৰা পৰীক্ষা কৰা হয়, কাছনত ৰোগীৰ দেহত আঙুলিৰে টুকুৰিয়াই উৎপন্ন কৰিব পৰা শব্দৰ পৰীক্ষা কৰা হয়, আৰু টেছনত ষ্টেথোস্কোপ-এৰে ৰোগীৰ দেহৰ অংগই উৎপন্ন কৰা মৃদু শব্দৰ বুজ লোৱা হয়। দৈহিক পৰীক্ষা কৰোঁতে এই নিয়মৰ ক্ৰমানুৱৰ্তীতা মানি চলাত গুৰুত্বাৰোপণ কৰা হয়। ক্লিনিকেল পৰীক্ষাৰ দ্বাৰা তলত উল্লিখিত বিষয়সমূহৰ বিষয়ে যথাসাধ্য জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰা হয়। বুনিয়াদী চিহ্ন, ওজন, উচ্চতা, দেহৰ উত্তাপ, ৰক্তচাপ, নাড়ী শ্বাসৰ হাৰ, হিমোগ্লোবিনৰ পৰিমাণ
ৰোগীৰ গঢ়-গতি (দৈহিক অৱস্থা, জণ্ডিছ, তেজহীনতা, নখত ক্লাবিং ইত্যাদি)
ছাল মূৰ, চকু, কাণ, ডিঙি
হৃদযন্ত্ৰ আৰু সিৰা আৰু ধমনীৰ অৱস্থা
শ্বাস তন্ত্ৰ
পাচন তন্ত্ৰ
প্ৰজনন অংগ
হাড় আৰু পেশী
স্নায়ু তন্ত্ৰ
মানসিক স্থিতি
অৱশ্যে সাক্ষাৎকাৰত সময়ত ওলাই সম্মুখলৈ অহা তন্ত্ৰটোৰ বিষয়েহে বেছি ভালকৈ পৰীক্ষা কৰা হয়, সকলোখিনি পৰীক্ষা প্ৰায়েই কৰা নহয়। প্ৰয়োজন বোধে প্ৰায়োগিক পৰীক্ষা বা 'চিকিৎসা বিজ্ঞানীয় প্ৰতিচ্ছবি বিজ্ঞান'ৰ সহায় লোৱা হয়। চিকিৎসাৰ সিদ্ধান্ত লওঁতে ওপৰোক্ত সাক্ষাৎকাৰ আৰু পৰীক্ষাৰ পাছত ওলাই অহা তথ্যসমূহ বিশ্লেষণ কৰি প্ৰথমে সাম্ভাৱ্য ৰোগৰ তালিকা এখন প্ৰস্তুত কৰা হয়, তাৰ পাছত ৰোগীৰ মূল ৰোগবিধ কি সেইটো নিৰ্ণয় কৰিবলৈ কি ব্যৱস্থা লোৱা হয়, তাৰো পৰিকল্পনা কৰা হয়। ইয়াৰ পাছত প্ৰকৃত ৰোগ নিৰ্ণয় কৰা (নিদান) আৰু চিকিৎসাৰ বিষয়ে সিদ্ধান্ত লোৱা হয়। ৰোগীক আৰু পৰীক্ষাৰ বাবে পৰামৰ্শ দিয়া, ঔষধ বা অন্যান্য পদ্ধতি অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া, প্ৰয়োজন বোধে বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰা, কেতিয়াবা ৰোগীক অকল সাৱধানে থাকিবলৈ দিয়া আদি বিভিন্ন সিদ্ধান্ত লোৱা হ'ব পাৰে, আৰু সকলোখিনিয়েই চিকিৎসাৰ অংশ। ৰোগীক পুনৰাই নিয়মিত পৰীক্ষাৰ বাবেও মতা হ'ব পাৰে। সমগ্ৰ পদ্ধতিটোত লগা সময়, কেইটামান মিনিটৰপৰা এটা দুটা সপ্তাহলৈ হ'ব পাৰে। সেয়া নিৰ্ভৰ কৰি ৰোগীৰ লক্ষণৰ জটিলতা আৰু ব্যাপ্তিৰ ওপৰত। দুৰূহ ৰোগ নিৰ্ণয় কৰোঁতে সাধাৰণতে দীঘলীয়া সময় লাগে। পুনৰ পৰীক্ষাৰ সময়তো প্ৰায় একেখিনি পদ্ধতি পালন কৰা হয়, কিন্তু প্ৰথম বাৰতকৈ কম সময় লাগে। প্ৰতিষ্ঠান
সাম্প্ৰতিক কালত চিকিৎসা বিজ্ঞানক স্বাস্থ্য দপ্তৰৰ দ্বাৰা পৰিচালনা কৰা হয়। চিকিৎসা সম্বন্ধীয় ন্যায়িক বিধান, যোগ্যতা, বিনিয়োগ আদিৰ বিধান দেশৰ চৰকাৰে স্থাপন কৰে, আৰু কিছুমান ক্ষেত্ৰত আন্তৰ্জাতিক ভাৱে এই নিয়মাৱলী মানি চলা হয়। স্বাস্থ্য খণ্ডৰ নীতি-নিয়ম, বিধানে চিকিৎসা কেনেকৈ প্ৰদান কৰা হয়, তাৰ ওপৰত প্ৰমুখ প্ৰভাৱ পেলায়। উন্নত দেশ সমূহত (আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰে) আৰু প্ৰায় ভাগ উন্নয়নশীল দেশত চিকিৎসা প্ৰদানক সৰ্বজনীন স্বাস্থ্য সেৱা-ৰ জৰিয়তে প্ৰদান কৰা হয়। এই সেৱাৰ জৰিয়তে সকলো দেশবাসীকে বাবে চিকিৎসা প্ৰদানৰ বাবে একেটা ব্যয় কোষৰপৰা বা বাধ্যতামূলক স্বাস্থ্য বীমাৰ জৰিয়তে চিকিৎসা প্ৰদান কৰা হয়। সমূহ দেশবাসীয়েই নিজৰ আৰ্জনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ যাতে স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে সৰ্বজনীন স্বাস্থ্য সেৱা প্ৰদান কৰা হয়। চৰকাৰী বা বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ যোগেদি চিকিৎসা প্ৰদানক ৰাইজৰ মাজলৈ লৈ যোৱা হয়। চিকিৎসা প্ৰদানত তথ্যৰ স্বচ্ছতাৰ প্ৰতিও নজৰ দিয়া হয়। অৱশ্যে ইয়াৰ লগতে ৰোগীৰ ব্যক্তিগত তথ্যৰ গোপনশীলতা অটুট ৰখাৰ ওপৰতো গুৰুত্ব দিয়া হয়। চিকিৎসা প্ৰদানৰ আধাৰ স্তৰ
চিকিৎসা সেৱাৰ প্ৰদান ব্যৱস্থাক তিনিটা ভাগত ভগোৱা হয়: প্ৰাথমিক মাধ্যমিক আৰু উচ্চ বিভাগ। 'প্ৰাথমিক সেৱা' ৰোগীয়ে চিকিৎসাৰ বাবে আগবাঢ়ি অহাৰ সময়ত অহা প্ৰথমটো সংযোগ। চিকিৎসকৰ উপৰিও নাৰ্ছ, সহায়কাৰী বা অন্যান্য স্বাস্থ্য-কৰ্মীৰ দ্বাৰা প্ৰাথমিক সেৱা প্ৰদান কৰা হয়। প্ৰায় ৯০% ৰোগীৰ সমস্যা এই প্ৰাথমিক সেৱাৰ যোগেদিয়েই সমাধান কৰাটো সম্ভৱ। প্ৰাথমিক সেৱাত চিকিৎসাৰ লগতে প্ৰতিৰোধ আৰু সাস্থ্যৰ নীতি-নিয়ম সম্পৰ্কে শিক্ষা দিয়া হয়। মাধ্যমিক পৰ্যায়ৰ সেৱা বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয়। সাধাৰণতে চিকিৎসকৰ চেম্বাৰ বা ক্লিনিক বা হস্পিটেল সমূহত মাধ্যমিক সেৱা প্ৰদান কৰা হয়। মাধ্যমিক সেৱাৰ বাবে 'প্ৰাথমিক সেৱা'ৰপৰা ৰোগীক উচ্চ পৰ্যায়ৰ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। যিবোৰ সমস্যা সমাধানৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ প্ৰয়োজন হয়, তেনে সমস্যাবোৰ প্ৰেৰণ কৰা হয়। মাধ্যমিক সেৱাৰ বাবে ৰোগীক বহিঃ বা অন্তঃ দুয়োটা বিভাগতে চিকিৎসা প্ৰদান কৰা হ'ব পাৰে। শল্য চিকিৎসা, প্ৰাথমিক সেৱাৰ দ্বাৰা সমাধান কৰিব নোৱাৰা সমস্যা আদি মাধ্যমিক সেৱাত চোৱা হয়। উচ্চ সেৱাৰ প্ৰদানৰ বাবে বিশেষ সুবিধা থকা চিকিৎসালয় বা আঞ্চলিক প্ৰতিষ্ঠানৰ প্ৰয়োজন হয়। প্ৰাথমিক আৰু মাধ্যমিক স্তৰত উপলব্ধ নোহোৱা বিভিন্ন পৰীক্ষা-নীৰিক্ষা আৰু চিকিৎসা ব্যৱস্থা আৰু বিশেষ অৰ্হতা থকা চিকিৎসা বিশেষজ্ঞৰ যোগেদি এই সেৱা প্ৰদান কৰা হয়। চিকিৎসা মহাবিদ্যালয় সমূহক উচ্চ পৰ্যায়ৰ চিকিৎসা প্ৰদান প্ৰতিষ্ঠান বুলি গণ্য কৰা হয়। শাখা
আধুনিক চিকিৎসা সেৱাৰ প্ৰদান এটা বহুজনীয় আৰু বহুশাখাৰ আন্তঃ গোট। প্ৰশিক্ষিত চিকিৎসা কৰ্মী, চিকিৎসক, পৰীক্ষা-কৰ্মী, ধাত্ৰী, জৰুৰী-অৱস্থাৰ বাবে প্ৰশিক্ষিত স্বাস্থ্য-কৰ্মী ইত্যাদিৰে এটা এই গোট গঠিত হয়। মানৱ চিকিৎসা বিজ্ঞানে অকল ৰোগ সম্বন্ধীয় কথাৰ বাহিৰেও আন সংশ্লিষ্ট বিষয় সাঙুৰি লয়। দন্ত চিকিৎসা বিজ্ঞান বেলেগকৈ পঢ়া হয় যদিও মূলতঃ ইও চিকিৎসা বিজ্ঞানৰ এটা অংশ। চিকিৎসক সকলে নিম্নোক্ত গোট সমূহৰ ভিতৰত বিশেষজ্ঞৰ পাঠ্যক্ৰম পঢ়িব পাৰে। চিকিৎসা বিজ্ঞানৰ মূল শাখা সমূহ:
চিকিৎসা বিজ্ঞানৰ বুনিয়াদী বিজ্ঞান: ইয়াত মানৱ শৰীৰৰ গঠন, কাৰ্য আৰু ৰাসায়নিক প্ৰক্ৰিয়া, জৈৱ-পৰিসংখ্যা, কোষ বিজ্ঞান ইত্যাদি অধ্যয়ন কৰিব লাগে। পোনপটীয়াকৈ চিকিৎসা বিষয়ক আলোচনা নহ'লেও এইখিনিয়ে ৰোগৰ বিষয়ে জনাৰ আধাৰ প্ৰস্তুত কৰে আৰু ইয়াক চিকিৎসাৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে। চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ বাবে এইখিনি বাধ্যতামূলক ভাৱে পঢ়িব লাগে। পাছলৈ চিকিৎসকে এইবোৰ বিষয়ত উচ্চতৰ ডিগ্ৰী আৰু গৱেষণাৰ বাবে অধ্যয়ন কৰিব পাৰে। চিকিৎসা বিষয়ক শাখা: চিকিৎসা বিজ্ঞানৰ অধ্যয়ন আৰু প্ৰদানৰ সুবিধাৰ বাবে চিকিৎসা বিষয়ক কিছুমান ভাগত ভগোৱা হৈছে। অংগ ভেদে আৰু কিছু ক্ষেত্ৰত ৰোগ ভেদে এই শাখা সমূহ ভাগ কৰা হৈছে। আন্ত-শাখা: কেবাটাও সংলগ্ন শাখাৰ সংমিশ্ৰণ কৰিও কিছুমান শাখা গঠন কৰা হৈছে। এনে শাখাবোৰত ভিন্ন তন্ত্ৰত প্ৰভাৱ বিস্তাৰ কৰা কিছুমান ৰোগৰ বিষয়ে আলোচনা কৰা হয়। বুনিয়াদী শাখাসমূহএনাট'মি দেহৰ গঠনৰ অধ্যয়ন। কোষীয় আৰু খালী চকুৰে দেখা দুয়োবিধ গঠন অধ্যয়ন কৰা হয়। কোষীয় গঠন অধ্যয়নক হিষ্টোলজী বোলা হয়। বায়'কেমেষ্ট্ৰি জীৱে দেহত সংঘটিত হৈ থকা ৰাসায়নিক পদাৰ্থ আৰু ইহঁতৰ ক্ৰিয়াৰ অধ্যয়ন। ছ মেকানিক্ছৰ জৰিয়তে জৈৱ-ব্যৱস্থাৰ অধ্যয়ন। জৈৱ পৰিসংখ্যা বিজ্ঞান জীৱবিজ্ঞানৰ অধ্যয়নত ব্যৱহৃত পৰিসংখ্যা বিজ্ঞানৰ অধ্যয়ন। বৰ্তমানৰ চিকিৎসা বিজ্ঞানৰ গৱেষণা, আঁচনি তৈয়াৰ, আৰু মিতব্যয়ী চিকিৎসা প্ৰণালী প্ৰনয়নৰ বাবে জৈৱ পৰিসংখ্যা বিজ্ঞান অপৰিহাৰ্য বুলি পৰিগণিত হৈছে। সাক্ষ্য-ভিত্তিক চিকিৎসা বিজ্ঞানৰ মূল ভেঁটি জৈৱ পৰিসংখ্যা বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত। জৈৱ পদাৰ্থ বিজ্ঞান পদাৰ্থ বিজ্ঞান আৰু পদাৰ্থ ৰসায়নৰ প্ৰয়োগৰ জৰিয়তে জৈৱ ব্যৱস্থাৰ অধ্যয়ন। কোষ জীৱবিজ্ঞান একোটা কোষৰ গঠনৰ অধ্যয়ন। ভ্ৰুণ বিজ্ঞান ভ্ৰুণৰ গঠন আৰু বিকাশৰ বিষয়ে কৰা অধ্যয়ন। এণ্ডোক্ৰাইন'লজী হৰম'নৰ গঠন আৰু ক্ৰিয়াৰ বিষয়ে কৰা অধ্যয়ন। এপিডেমিঅ'লজী একোখন সমাজত ৰোগৰ প্ৰাদুৰ্ভাৱ, প্ৰভাৱ, বিতৰণৰ বিষয়ে কৰা অধ্যয়ন। ছ জিনৰ গঠন, আৰু বংশানুক্ৰমিক ৰোগৰ বিষয়ে অধ্যয়ন। হিষ্ট'লজী মাইক্ৰ'স্কোপৰ সহায়ত জীৱ দেহৰ গঠনৰ বিষয়ে কৰা অধ্যয়ন। ইম্যনু'লজী জীৱ দেহৰ ৰোগ প্ৰতিৰোধী তন্ত্ৰৰ বিষয়ে কৰা অধ্যয়ন। মেডিকেল পদাৰ্থ বিজ্ঞান পদাৰ্থ বিজ্ঞানৰ তত্ত্বৰ চিকিৎসা শাস্ত্ৰত প্ৰয়োগৰ বিষয়ে কৰা অধ্যয়ন। অণুজীৱবিজ্ঞান অণুজীৱসমূহ (ভাইৰাছ, পৰজীৱি, ভেঁকুৰ, কৃমি, প্ৰিঅ'ন) ইত্যাদিৰ ওপৰত কৰা অধ্যয়ন। ৰোগ সৃষ্টি কৰিবপৰা এনে অণুজীৱৰ বিষয়ে চিকিৎসা অণুজীৱবিজ্ঞানত অধ্যয়ন কৰা হয়। আণৱিক জীৱবিজ্ঞান ডি.এন.এ-ৰ বৃদ্ধি, জিনীয় প্ৰতিৰচনা আদিৰ আণৱিক দিশৰ অধ্যয়ন। স্নায়ুবিজ্ঞান স্নায়ুতন্ত্ৰৰ বিষয়ে কৰা অধ্যয়ন। পুষ্টিবিজ্ঞান খাদ্যাভাষৰ লগত স্বাস্থ্যৰ সংযোগ আৰু বিভিন্ন অপুষ্টিজনিত ৰোগৰ অধ্যয়ন। পেথ'লজী ৰোগৰ কাৰণ, ক্ষতি, পৰিৱৰ্তন, নিৰাময় আদিৰ লগত শৰীৰত হোৱা পৰিৱৰ্তনৰ অধ্যয়ন। ঔষধিবিজ্ঞান ঔষধ, ইয়াৰ ক্ৰিয়া আৰু শৰীৰে ইয়াৰ প্ৰতি প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ অধ্যয়ন। আলোক জীৱবিজ্ঞান ৰশ্মি আৰু জীৱন্ত ব্যৱস্থাৰ মাজৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ অধ্যয়ন। ফিজিঅ'লজী, নিৰোগী শৰীৰৰ কাম-কাজ আৰু নিয়ন্ত্ৰণ ব্যৱস্থাৰ অধ্যয়ন। ৰেডিঅ'বায়'লজী তেজস্ক্ৰিয় ৰশ্মিৰ জীৱন্ত ব্যৱস্থাৰ ওপৰত হোৱা প্ৰভাৱৰ বিষয়ে অধ্যয়ন। টক্সিক'লজী ঔষধৰ হানিকাৰক প্ৰভাৱ আৰু বিভিন্ন বিহৰ প্ৰভাৱৰ অধ্যয়ন।
বিশেষজ্ঞ শাখাসমূহ
চিকিৎসা-বিজ্ঞানৰ অন্তৰ্গত কেবাটাও বিশেষজ্ঞ শাখা আছে। বিশেষজ্ঞ শাখাসমূহৰ বাবে বেলেগে উচ্চ শিক্ষা আহৰণ কৰিব লাগে। বিশেষজ্ঞ শাখাসমূহৰ গঠন মূলতঃ সেই শাখাত হোৱা প্ৰযুক্তিগত বিকাশে নিৰ্ণয় কৰে, য'ত বিশেষ জ্ঞানৰ প্ৰয়োজন হয় (যেনে সংজ্ঞানাশক ঔষধৰ ব্যৱহাৰ), বা কিছুমান কৰ্মৰ একেৰূ’পী ধাৰায়ো (যেনে জৰুৰীকালীন অৱস্থাৰ চিকিৎসা) বিশেষজ্ঞ বিভাগ একোটাৰ জন্ম দিয়ে। চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞ শাখাসমূহক মূলতঃ দুটা প্ৰধান ভাগত ভগোৱা হয়ঃ মেডিচিন আৰু ছাৰ্জাৰী (শল্য চিকিৎসা)। অস্ত্ৰোপচাৰৰ অবিহনে চিকিৎসা প্ৰদান কৰা সকলো শাখাকে মেডিচিনৰ ভিতৰত ৰখা হয়। বেছিভাগ এনে বিশেষজ্ঞ শাখাসমূহৰ বাবে 'আভ্যন্তৰিণ মেডিচিন' )-এ উচ্চ শিক্ষা গ্ৰহণ কৰাটো প্ৰয়োজনীয়। ভাৰতবৰ্ষত স্নাতকোত্তৰ পৰ্যায়ত বিশেষজ্ঞ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰা হয়। ছাৰ্জাৰী বিভাগত যিকোনো অস্ত্ৰোপচাৰ সম্বলিত চিকিৎসা প্ৰদান ব্যৱস্থাক ৰখা হৈছে। কিছুমান শাখাক এতিয়াও মেডিছিন আৰু ছাৰ্জাৰী বুলি শাখাভূক্ত কৰিব নোৱাৰি, যেনে, ৰেডিঅ'লজী, পেথ'লজী, এনাষ্ঠেছিঅ'লজী ইত্যাদি। ছাৰ্জাৰীৰ অন্তৰ্গত শাখাসমূহত বিশেষজ্ঞই অস্ত্ৰোপচাৰ কৰাৰ উপৰিও, অস্ত্ৰোপচাৰ বিধান সম্বন্ধীয় সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয়। ইয়াৰ উপৰি অস্ত্ৰোপচাৰৰ আগৰ আৰু পাছৰ আনুষাংগিক সমস্যাবিলাকো সমাধান কৰিব লাগে।
মেডিচিনৰ অন্তৰ্গত বিশেষজ্ঞ শাখাসমূহ
'অভ্যন্তৰীণ মেডিচিন' জটিল আৰু দুৰহ ৰোগসমূহৰ নিদান, যত্ন আৰু অস্ত্ৰোপচাৰ অবিহনে কৰা চিকিৎসা সম্বন্ধীয় শাখা। এই শাখাত তন্ত্ৰ সাপেক্ষে বা সমগ্ৰ শৰীৰকে একেলগে অধ্যয়ন কৰা হ'ব পাৰে। কিছুমান উৎসৰ মতে, দেহৰ অভ্যন্তৰীণ অংগৰ বিষয়ে অধ্যয়ন কৰা হয় ইয়াক অভ্যন্তৰীণ মেডিচিন বোলা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত এই বিভাগৰ চিকিৎসকক 'ইণ্টাৰনিষ্ট' বুলি কোৱা হয়। আনহাতে থ ৰাষ্ট্ৰ সমূহত এই বিভাগৰ চিকিৎসকক 'ফিজিছিয়ান' বুলি কোৱা হয়। ফিজিছিয়ান আৰু ইণ্টাৰনিষ্ট দুয়োটা শব্দৰে আওতাত স্ত্ৰী-আৰু প্ৰসূতি ৰোগ, পেথ'লজী, চাইকিয়াট্ৰী আৰু সকলো শল্য চিকিৎসা সম্বিলত শাখাক ৰখা নহয়। বৰ্তমান অভ্যন্তৰীণ মেডিচিনৰ ভিতৰতো কেবাটাও অতি-বিশেষ বিশেষজ্ঞ শাখা আছে। উদাহৰণ স্বৰূপে, কিডনী সম্বন্ধীয় নেফ্ৰ'লজী ইত্যাদি।
অভ্যন্তৰীণ মেডিছিন শাখাৰ উপশাখা সমূহ:
কাৰ্ডিঅ'লজী (হৃদযন্ত্ৰ সম্বন্ধীয়) সংকটাৱস্থাৰ চিকিৎসা এণ্ড'ক্ৰাইন'লজী (হৰম'ন সম্বন্ধীয়) গেষ্ট্ৰএণ্টেৰ'লজী (পাচক প্ৰণালী) ছ (বৃদ্ধাৱস্থাৰ ৰোগ) হিমাট'লজী (ৰক্ত সম্বন্ধীয়) হেপাট'লজী (যকৃত সম্বন্ধীয়) সংক্ৰামক ৰোগ সম্বন্ধীয় নেফ্ৰ'লজী (বৃক্ক সম্বন্ধীয়) অংক'লজী (কৰ্কট ৰোগ সম্বন্ধীয়) শিশু ৰোগ বিজ্ঞান বুকুৰ ৰোগৰ বিজ্ঞান ৰিউমেট'লজী (বাঁত বিষ সম্বন্ধীয়) নিদ্ৰা সম্বন্ধীয় বিজ্ঞান অভ্যন্তৰীণ মেডিছিন বিভাগৰ শিক্ষা দেশ ভেদে বেলেগ বেলেগ হয়। ভাৰতত অভ্যন্তৰীণ মেডিছিনৰ ৩ বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম আছে। অতি বিশেষ বিশেষজ্ঞ শাখাসমূহৰ অধ্যয়নৰ বাবে মেডিছিন বিভাগৰ স্নাতকোত্তৰ উপাধি লোৱাৰ পাছত দুই বছৰৰ বিশেষ পাঠ্যক্ৰম আছে।
তথ্য সূচী
চিকিৎসা |
61911 | https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%B2%E0%A6%9C%E0%A6%BF%E0%A6%AC%E0%A6%BF%E0%A6%9F%E0%A6%BF%20%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C | এলজিবিটি সমাজ | এলজিবিটিকিউ+ সমাজ বৈজ্ঞানিক ভাবে:পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু সমাজ হ'ল সাংস্কৃতিক আৰু সামাজিকভাৱে একত্ৰিত সংখ্যালঘু যৌন আৰু প্ৰেম অভিমুখিতা থকা লেছবিয়ান গে’ বাইচেক্সুৱেল আৰু পৃথক লিংগ পৰিচয় থকা ট্ৰান্সজেণ্ডাৰ তথা কুইয়াৰ সকলৰ একত্ৰিত সমাজ। এই সমাজখনে গৌৰৱেৰে নিজক আঁকোৱালি নিজস্বতাক উদযাপন কৰে। এই সমাজে নিজৰ পছন্দ অনুসৰি জীয়াই থকা, একে লিংগৰ সম্পৰ্ক আৰু একে লিংগৰ বিবাহ (ভালপোৱা আৰু সংগী লোৱাৰ) অধিকাৰ বিচাৰি তথা অইন সমাজত থকা সংখ্যাগৰিষ্ঠবাদী বিপৰীতলিংগবাদ, হ'ম'ফ'বিয়া, বাইফ'বিয়া, ট্ৰান্সফ'বিয়াৰ বিৰুদ্ধে গঠিত এক সমাজ। গে’ প্ৰাইড বা গে’ গৌৰৱ শব্দটো এলজিবিটি সমাজৰ একটা, পৰিচয় আৰু শক্তিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই সমাজৰ ভিতৰত গে’ গাঁও এলজিবিটি অধিকাৰ সংঘ, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ এলজিবিটি ছাত্ৰ সংগঠন, এলজিবিটি কৰ্মচাৰী সংঘ আদি সংগঠনসমূহ অন্তৰ্গত। এলজিবিটি সমাজে বিশ্বৰ বিভিন্ন প্ৰান্তত নিজৰ নাগৰিক অধিকাৰ আৰু আন্দোলনৰ সমৰ্থন আৰু প্ৰচাৰৰ বাবে একত্ৰিত হয়।
সংখ্যালঘু প্ৰেম আৰু যৌন অভিমুখী সমাজ এলজিবিটি সমাজৰ এটা বৃহৎ ঠালে পৃথক প্ৰেম, আৱেগ আৰু যৌন আকৰ্ষণ দেখুৱায়। তেওঁলোকে একে লিংগৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌনতা কাৰণত আকৰ্ষিত হয়। এলজিবিটি সমাজৰ একে লিংগৰ প্ৰতি আকৰ্ষিত হোৱা এই ভাগটোত সাধাৰণতে সমকামিতা যেনে: গে' আৰু লেছবিয়ান তথা অকামিতা সৰ্বকামিতা আৰু উভকামিতা থাকে।
সমকামিতা সমকামিতা মানে হল একে লিংগৰ প্ৰতি প্ৰেম যৌন আৰু অন্য আবেগজনিত আকৰ্ষণ অনুভৱ কৰা। যি একে লিংগৰ সম্বন্ধ আৰু একে লিংগৰ বিবাহক প্ৰতিনিধিত্ব কৰে। পুৰুষ সমকামী সকলক গে' আৰু মহিলা সমকামী সকলক লেছবিয়ান বুলি কোৱা হয়। সমকামিতা এক প্ৰকাৰৰ প্ৰাকৃতিক ব্যৱহাৰ যি মানুহৰ লগতে অন্য জীৱৰ মাজতো দেখা যায়।
লেছবিয়ান লেছবিয়ান হ’ল সমকামিতাৰ এটা ভাগ যত একে লিংগৰ নাৰীয়ে অইন নাৰীৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰে। গে' হ’ল সমকামিতাৰ এটা ভাগ যত একে লিংগৰ পুৰুষে অইন পুৰুষৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰে।
অকামিতা কোনো ব্যক্তিয়ে যিকোনো লিংগৰ ব্যক্তিৰ প্ৰতি যদি আংশিক বা সম্পূৰ্ণ ভাবে যৌন আকৰ্ষণ অনুভৱ নকৰে তাক অকামিতা বোলে। কোনো ব্যক্তিয়ে অকামি হৈয়ো আবেগিক আকৰ্ষণ থাকিব পাৰে। অকামিতা কোনো ধৰণৰ ব্ৰহ্মচাৰী ব্ৰত নহয় যত জোৰ প্ৰয়োগ কৰি নিজৰ যৌন তথা প্ৰেমজনীত আবেগক দবাই ৰখা হয়।
সৰ্বকামিতা সৰ্বকামিতা )ত কোনো ব্যক্তিয়ে সকলোৰে প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে। ই যিকোনো লিংগ বা ধৰণৰ হব পাৰে। এজন সৰ্বকামি ব্যক্তিয়ে পুৰুষ, নাৰী, ট্ৰান্স সকলোৰে প্ৰতি আকৰ্ষণ থাকে।
বাইচেক্সুৱেল বাইচেক্সুৱেল হ’ল দুবিধ লিংগৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰা পুৰুষ বা মহিলা। বাইচেক্সুৱেলসমূহে কেতিয়াবা কোনোবা এটা লিংগৰ প্ৰতি অধিক আৰু আনটোৰ প্ৰতি তুলনামূলকভাৱে কম আকৰ্ষণ থকা হ’ব পাৰে।
ট্ৰান্সসমাজ এলজিবিটি সমাজৰ কিছু সদস্যই সুকীয়া লিংগ পৰিচয় বহন কৰে। তাৰে কিছু লোকে লিংগ অনিশ্চয়তাত ভোগে।
ট্ৰান্সজেণ্ডাৰ ট্ৰান্সজেণ্ডাৰ হ’ল বিভিন্ন মাধ্যমৰ যোগেদি নিজৰ জন্মগত লিংগৰ পৰিৱৰ্তে নিজৰ সুবিধা অনুসৰি লিংগ সলোৱা ব্যক্তি। এওঁলোক ট্ৰান্সপুৰুষ বা ট্ৰান্সমহিলা দুয়ো প্ৰকাৰৰ হ’ব পাৰে।
ট্ৰান্সভেষ্ট ট্ৰেন্সভেষ্ট হ’ল এনে কিছু ব্যক্তি যি নিজৰ জন্মগত লিংগৰ সলনি বেলেগ লিংগৰ দৰে অনুভৱ কৰে কিন্তু নিজৰ লিংগ সলনি কৰোৱা নাই। বৰঞ্চ নিজৰ জন্মগত লিংগতে থাকি অন্য লিংগৰ সাজ-পোচাক পৰিধান কৰে। তেওঁলোকক সাধাৰণতে ট্ৰেন্সভেষ্ট বুলি কোৱা হয়।
অধিকাৰ
এলজিবিটি সমাজ বৰ্তমান সময়ত এক গোলকীয় সমাজলৈ ৰূপান্তৰ হৈছে যাক অন্য বাহিৰৰ অনা-এলজিবিটি লোকেও সমৰ্থন কৰে। বিশেষকৈ অধিকাৰৰ ক্ষেত্ৰত গোলকীকৰণৰ ফলত এলজিবিটি সদস্য সমূহ একত্ৰিত হোৱাত অধিক সুবিধা হৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ গাঁৱলীয়া ক্লজেট হৈ থকা বহুতো লোক যুদ্ধৰ বাবে ইউৰোপ গৈছিল আৰু তাত এলজিবিটি মানুহৰ বাবে এক সুন্দৰ পৰিবেশ দেখি আহে। যুদ্ধ শেষ হোৱাৰ পাছত তেওঁলোক ঘূৰি আহি নিজৰ ঘৰলৈ যোৱাৰ সলনি ডাঙৰ চহৰ সমূহত সংঘ নিৰ্মাণ কৰি থাকিবলৈ ধৰে। পাছত এই সংঘ সমূহে ৰাজনৈতিকভাবে নিজৰ অধিকাৰ বিচাৰে যেনে- ষ্ট'নৱাল বিপ্লৱ। আজি বহুতো ডাঙৰ চহৰত এলজিবিটি সমৰ্থন কেন্দ্ৰ সমূহ গঢ় লৈ উঠিছে আৰু বিষৰ বিভিন্ন উন্নত কলেজ আৰু বিশ্ববিদ্যালয় সমূহত এলজিবিটি ছাত্ৰ-ছাত্ৰীৰ বাবে সমৰ্থন কেন্দ্ৰসমূহ গঢ় লৈ উঠিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত মানৱ অধিকাৰ প্ৰচাৰ, লামদা আইনী, দা এম্পাৱাৰিং স্পিৰিত ফাউণ্ডেচন আৰু জি. এল.এল.এ.দি উকীল আদি সংস্থা, অসমত সুকীয়া, স্নেহবন্ধন আৰু সদৌ অসম ট্ৰেন্সজেণ্ডাৰ সংঘ আদি সংগঠন সমূহে এলজিবিটিৰ হকে কাম কৰি আহিছে। ইয়াৰ উপৰি এটা আন্তৰ্জাতিক গে আৰু লেছবিয়ান সংঘ এখন আছে। ১৯৪৭ চনত যেতিয়া সংযুক্ত ৰাজ্যই আন্তৰ্জাতিক মানৱ অধিকাৰৰ ঘোষণা কৰে যাৰ ফলত এলজিবিটিকে সাঙুৰি সকলো লোককে জাতি, লিংগ আৰু কামিতা ভেদে সমান অধিকাৰ দিয়াৰ এক যাত্ৰা আৰম্ভ হয়। যদিও ঘোষণাটো এলজিবিটি কেন্দ্ৰ কৰি নাছিল কিন্তু তাত সমতা আৰু বৈষম্যতা আঁতৰোৱাৰ কথা কোৱা হৈছিল।
একে লিংগৰ বিবাহ
বিশ্বৰ বহুখিনি উন্নত দেশত একে লিংগৰ দম্পতীৰ মাজৰ সম্পৰ্ক সমূহক একে লিংগৰ বিবাহ ৰূপত স্বীকৃতি প্ৰদান কৰে। একে লিংগৰ বিবাহ কৰা দম্পতী সমূহে অন্য বিপৰীত লিংগৰ দম্পতীৰ দৰে যথেষ্ট সুবিধা যেনে স্বাস্থ্যসেৱা, সম্পত্তি অধিকাৰ, সন্তানৰ অধিকাৰ, প্ৰবাসীকৰণ, পৰিয়াল চুক্তি আৰু সুৰক্ষা আদি লাভ কৰে যিবোৰ অবিবাহিত দম্পতীয়ে লাভ নকৰে। সেয়েহে প্ৰায়বোৰ উন্নত দেশত একে লিংগৰ বিবাহ বৈধ।
নামকৰণ
এলজিবিটি ইংৰাজী ভাষাৰ আৰু ৰ সংক্ষিপ্তৰূপ। এলজিবিটিৰ পূৰ্বত এলজিবি শব্দটো ১৯৮০ দশকত গে’ শব্দৰ সলনি ব্যৱহাৰ কৰা হৈছিল। পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু বা হল ৰ সংক্ষিপ্ত শব্দ যি শৈক্ষিক ৰাজনৈতিক আৰু চিকিৎসা বিজ্ঞানত বিশেষ স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় স্বাস্হ্য প্ৰতিষ্ঠান স্বাস্থ্যসেৱা, মেডিকেয়াৰ আৰু মেডিকেইড সেৱা কেন্দ্ৰ আৰু ইউ.চি.এল.এ উইলিয়ামচ প্ৰতিষ্ঠানে এই শব্দটো গ্ৰহণ কৰিছে যি পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু আইন আৰু নীতি অধ্যয়ন কৰে। ডিউক বিশ্ববিদ্যালয় আৰু কেলিফৰ্ণিয়া চানফ্ৰানচিস্ক বিশ্ববিদ্যালয়ে চেক্সুৱেল আৰু লিংগ সংখ্যালঘু সকলৰ বাবে স্বাস্থ্য কাৰ্যক্ৰম। এখন ৰাষ্ট্ৰীয় স্বাস্হ্য প্ৰতিষ্ঠানৰ পত্ৰই পৃথকঅভিমুখী আৰু লিংগ সংখ্যালঘু )ক ব্যবহাৰৰ উপদেশ দিছে কাৰণ হয়তো কিছু লোকে এলজিবিটি ভিতৰত নপৰিবও পাৰে। এলজিবিটি সমাজকৰ্মী সকলে বুজি উঠিছিল যে গে’ শব্দটোৱে তেওঁলোকৰ সমাজৰ সকলো শ্ৰেণীৰ সদস্যকে সাঙুৰি লোৱা নাছিল। কোনো লিংগৰ প্ৰতি আকৰ্ষণ হোৱা বা লৈঙ্গিকতা আৰু লিংগ নিৰ্ধাৰণ সম্বন্ধীয় বিষয় সমূহৰ ওপৰত এলজিবিটি শব্দটো মুখ্য ধাৰলৈ অনা হৈছিল। উদাহৰণৰূপে, আমেৰিকা যুক্তৰাষ্ট্ৰত আগবাঢ়ি যোৱা এলজিবিটি প্ৰকল্প সমূহক এলজিবিটি সামাজিক কেন্দ্ৰ বুলি নামকৰণ কৰা হৈছিল।
প্ৰাৰম্ভিক এলজিবিটিৰ উদ্দেশ্য আছিল কোনো লিংগৰ প্ৰতি আকৰ্ষণ হোৱা বা লৈঙ্গিকতা আৰু লিংগ নিৰ্ধাৰণ সম্বন্ধীয় সংস্কৃতি আৰু বিবিধতাত জোৰ দিয়া। ই লেছবিয়ান, গে’, বাইচেক্সুৱেল আৰু ট্ৰেন্সজেণ্ডাৰ সকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ১৯৯৬ চনত কুইৰসকল যি নিজৰ লৈঙ্গিকতাক লৈ অস্পষ্ট হয়, তেওঁলোকক এলজিবিটি সমাজৰ সৈতে এক কৰি এলজিবিটিকীও বুলি কোৱা হৈছিল।
প্ৰতীক
এলজিবিটি সমাজক বুজাবলৈ সাধাৰণতে ৰামধেনু বা ৰামধেনু পতাকাৰ বয় ব্যৱহাৰ কৰা হয়। গ্ৰীক প্ৰতীক লামদা শব্দই বুজাই), ত্ৰিভুজ আৰু লিংগ প্ৰতীক সমূহো ব্যৱহাৰ কৰা হয়। তদুপৰি এলজিবিটিৰ প্ৰতিখন সমাজৰ পৃথক পতাকা আছে কিন্তু অতিকৈ ব্যৱহৃত পতাকাখন হৈছে ৰামধেনু পতাকা। গিলবাৰ্ট বেকাৰৰ মতে ৰামধেনু পতাকাখনৰ প্ৰতিটো ৰঙৰ অৰ্থ হৈছে-
গুলপীয়া কামিতা
ৰঙা জীৱন
কমলা আৰোগ্যতা
হালধীয়া সূৰ্য
সেউজীয়া প্ৰকৃতি
নীলা কলা
ঘন নীলা একতা
বেঙুনীয়া দেও
পৰৱৰ্তী সময়ত গুলপীয়া আৰু ঘন নীলা আঁতৰাই দিয়া হয়, যাৰ ফলত শেহতীয়া বৰ্তমান ব্যৱহাৰ হৈ থকা পতাকাখন গঠন হয়। বৰ্তমানৰ পতাকাখন প্ৰায় ১৯৭৯ চনত গৌৰৱ যাত্ৰাত প্ৰথম ব্যৱহৃত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত গে' সক্ৰিয় কৰ্মী মৰ্চাই ১৯৭০ চনত সংযুক্ত গে' মুক্তি মৰ্চাৰ পৰা আঁতৰি লামদা প্ৰতীকটো গ্ৰহণ কৰে। লামদা মহাবিদ্যালয়সমূহতো ব্যৱহৃত হয়। স্কটলেণ্ডৰ এদিনবাৰ্গত ১৯৭৪ চনৰ ডিচেম্বৰ মাহত আন্তৰ্জাতিক গে' অধিকাৰ কংগ্ৰেছে লামদাক গে' আৰু লেছবিয়ান অধিকাৰৰ আন্তৰ্জাতিক প্ৰতীক হিচাপে ঘোষণা কৰে।
দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত ত্ৰিভুজ গে’সকলৰ প্ৰতীক হৈ পৰিছিল। হ'ল'কাষ্টৰ সময়ত গে'সকলক গুলপীয়া ত্ৰিভুজৰ দ্বাৰা সূচোৱা হৈছিল। ঠিক তেনেদৰে কলা ত্ৰিভুজ লেছবিয়ানসকলৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ অন্য কিছু প্ৰতীক আছে যেনে- গে' কিশোৰ আত্মহত্যা জাগৰণ ৰিবন, এইডছ জাগৰণ ৰিবন, বেঙুনীয়াগড় আদি। ১১৯৫ চনত মানৱ অধিকাৰ অভিযানে এটা নতুন প্ৰতীক (হালধীয়া সমান চিহ্ন আৰু তাৰ ওপৰত ঘন নীলা বৰ্গ) গ্ৰহণ কৰে যিটো এলজিবিটি সমাজৰ মাজত এটা অতিকৈ ব্যৱহৃত প্ৰতীক হৈ পৰে। ২০১৭ চনৰ জুন মাহৰ ৮ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিলডেলফিয়া চহৰত এলজিবিটি পতাকাৰ ওপৰত কলা আৰু মটীয়া ৰং যোগ কৰে। ই এলজিবিটি সমাজৰ মাজৰ ভিন্ন ছালৰ ৰঙৰ ব্যক্তিক সন্মান জনাই নিৰ্মাণ কৰা হৈছিল।
পতাকা
এলজিবিটিৰ ভিন্ন সমাজে ভিন্ন গৌৰৱ পতাকা সমূহ ব্যৱহাৰ কৰে।
প্ৰচাৰ মাধ্যম প্ৰচাৰ মাধ্যমত এলজিবিটি সম্বন্ধে যথেষ্ট চৰ্চা হোৱা দেখা যায়। কিছুক্ষেত্ৰত গে' আৰু লেছবিয়ান সকলক কিছু চলচ্চিত্ৰত নকাৰাত্মক দিশত দেখাবলৈ যত্ন কৰা হৈছিল কিন্তু বৰ্তমান জনজাগৰণৰ বাবে যথেষ্ট প্ৰচাৰ মাধ্যমত এলজিবিটি সম্বন্ধে জাগৰণৰ সৃষ্টি কৰা দেখা গৈছে। বিশেষকৈ অসমৰ আগশাৰীৰ সংবাদ মাধ্যম প্ৰাগ নিউজে ট্ৰান্সজেণ্ডাৰ বিবাহৰ সম্বন্ধে কিছু জনজাগৰণ সৃষ্টি কৰা দেখা গৈছিল। ইয়াৰ উপৰি প্ৰতিদিন টাইম চেনেলত পৰিৱৰ্তন আদি অনুষ্ঠানত এলজিবিটি জনজাগৰণৰ বাবে সজাগতা সৃষ্টিৰ চেষ্টা চলোৱা দেখা গৈছিল। ১৯৯৭ চনত জনপ্ৰিয় আমেৰিকান কৌতুকশিল্পী তথা দূৰদৰ্শন চেলিব্ৰিটি এলেন দিজেনেৰেছ দূৰদৰ্শনত নিজৰ অনুষ্ঠানত ক্লজেটৰ পৰা কাম আউত হৈছিল। 2009. পাছত লাহে লাহে আৰু চেলিব্ৰিটি সমূহ কামআউত হব ধৰে। আৰু এলজিবিটি সম্বন্ধীয় অনুষ্ঠান বাঢ়িব ধৰে যিদৰে, ২০০৪ চনৰ দা এল ৱৰ্ড অনুষ্ঠান। কোম্পানী সমূহে এলজিবিটি সম্বন্ধীয় শ্লোগান ব্যৱহাৰ কৰি বিজ্ঞাপন সমূহ দিবলৈ আৰম্ভ কৰে। যিদৰে, চুবাৰু নামৰ কোম্পানীয়ে নিজৰ বিজ্ঞাপনত কয় "এয়া কোনো সিদ্ধান্ত নহয়, আমি এনেদৰেই নিৰ্মিত।" যি পাছত আঠখন আমৰিকাৰ চহৰত ব্যৱহৃত হয়।
স্বাস্থ্য
মানসিক স্বাস্থ্য
মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত এলজিবিটি সমাজে যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগা হয়। নিজকে স্বীকাৰ কৰিব টান পোৱা আৰু সমাজৰ ভয়ত বহুতো এলজিবিটি সদস্য ক্লজেট হৈ থকা দেখা যায়। কিছু এলজিবিটি সদস্যই নিজৰ মনৰ কথাসমূহ খুলি কব নোৱাৰাৰ বাবে হতাশাত ভোগে। বিশেষকৈ নাবালিক সকলৰ মাজত হতাশাৰ হাৰ অধিক দেখা যায় কাৰণ যৌন প্ৰবৃত্তি বিকাশ হোৱাৰ সময়ত তেওঁলোকে নিজকে বেলেগ যেন অনুভৱ কৰে। যদিও জৈৱিক ভাবে ই সম্পূৰ্ণ সাধাৰণ প্ৰক্ৰিয়া কিন্তু পৰম্পৰাগত পদ্ধতিৰ পৰা পৃথক হোৱাৰ বাবে মানসিক ভাৱে বহুতো সমস্যা দেখা যায়। নাবালিক সকলৰ মাজত আত্মহত্যাৰ দৰে ঘটনাও দেখা যায়। কামিঙ আউট হোৱা বা নিজকে গ্ৰহণ কৰা এলজিবিটি নাবালিক সকলৰ মাজত হতাশাৰ হাৰ সাধাৰণতে কম দেখা যায়।
তথ্য সংগ্ৰহ
টোকা
লগতে পঢ়ক
2000. |
72908 | https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%9A%E0%A6%BF%E0%A6%95%E0%A7%87%E0%A6%A4%E0%A6%BE%20%E0%A6%9A%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%B1%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A7%80 | নচিকেতা চক্ৰৱৰ্তী | নচিকেতা চক্ৰৱৰ্তী এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সংগীতকাৰ, সুৰকাৰ, গীতিকাৰ আৰু নেপথ্য কণ্ঠশিল্পী, যাক চমুকৈ নচিকেতা নামেৰে জনা যায়। নচিকেতা আধুনিক বাংলা গীতৰ বাবে জনাজাত। তেওঁ ১৯৯০ ৰ দশকৰ আৰম্ভণিতে তেওঁৰ প্ৰথম এলবাম “এই বেশ ভালো আছি” মুক্তিৰ পাছত জনপ্ৰিয়তা অৰ্জন কৰে।
প্ৰাৰম্ভিক জীৱন নচিকেতাৰ জন্ম হয় ১৯৬৪ চনৰ ১ চেপ্তেম্বৰ (বিঃদ্ৰঃ তেওঁৰ প্ৰমাণপত্ৰ অনুযায়ী ১ চেপ্তেম্বৰ, ১৯৬৫) -ত কলকাতাৰ মুক্তাৰাম বাবু ষ্ট্ৰীটত। তেওঁৰ পিতৃৰ নাম শাখা ৰঞ্জন চক্ৰৱৰ্তী। তেওঁৰ পৈতৃক পৰিবাৰ আছিল বাংলাদেশৰ বৰিশালৰ পিৰোজপুৰ জিলাৰ ভাণ্ডাৰিয়া উপজিলাত, তেওঁৰ ককা ললিত মোহন চক্ৰৱৰ্তী ১৯৪৬ চনৰ আগতে ভাৰতলৈ আহিছিল। তেওঁ উত্তৰ কলকাতাৰ শ্যামবজাৰৰ মহাৰাজ মনিন্দ্ৰ চন্দ্ৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়চোৱাত গীত ৰচনা আৰু লাইভ পৰিৱেশন কৰা আৰম্ভ কৰিছিল। ১৯৯৩ চনত তেওঁৰ প্ৰথম এলবাম ‘এই বেশ ভালো আছি’ মুক্তিৰ পিছত খুব জনপ্ৰিয় হৈ পৰে৷ তেওঁ বঙালী গীতৰ পুৰণি ধাৰা সলনি কৰিছিল৷ তেওঁ বৰ্তমান কলকাতাৰ তথা যুৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ আৰু সুৰকাৰ৷
ডিস্কোগ্ৰাফি
একক এলবাম
এই বেশ ভালো আছি (১৯৯৩)
অন্তবিহীন পথ চলাই জীৱন
এই বেশ ভালো আছি
যখন সময় থমকে দাঁড়ায়
সাৰে জাহাঁ সে আচ্ছা
চোৰ
বিষ, শুধু বিষ দাও
কলকাতা
মন দিয়ে লেখাপড়া কৰে যেই জন
তুমি কি আমায় ভালোবাসো?
কেউ বলে বুড়ো ভাম
শুনবো না গান, গান শুনবো না
নীলাঞ্জনা (১)
কে যায়? (১৯৯৪)
এমবিশ্যন
কে যায়
অনিৰ্বাণ
একদিন ঝড় থেমে যাবে
বাৰো টাকা
নীলাঞ্জনা (২)
স্বাধীনতা ৰোজ ঘুম থেকে ওঠা আমাদেৰ তো কিচ্ছুই নেই
কালো মেয়ে
এইত জীৱন
নীলাঞ্জনা (৩)
কি হবে? (১৯৯৫)
ভয়
কি হবে?
পুৰনো দিনেৰ গান
সকাল থেকে লুকোচুৰি
একা একা পথ চলা
উল্টো ৰাজাৰ দেশে
কোন এক মেয়ে
মাদাৰিৰ গান
অন্য প্ৰেমেৰ গান
নীলাঞ্জনা (৪)
চল যাবো তকে নিয়ে (১৯৯৬)
২০১ ধৰ্মতলা
চল যাবো তোকে নিয়ে
ফেৰিওয়ালা
কৰে মিছিল
পৌলমী
শতাব্দি
যায়োনা, যায়োনা কন্যা
আহাৰে! তুমি কে?
অনিৰ্বাণ (২)
কুয়াশা যখন (১৯৯৭)
কুয়াশা যখন
এ মন ব্যাকুল যখন তখন
ইটস এ গেম
এক বোকা বুড়োৰ গল্প শোন
এ মন ব্যাকুল যখন তখন (মহিলা)
এৰই নাম হল বেঁচে থাকা
অন্ধকাৰ সৰণি ধৰে শেষ হবে এ পথ চলা
আমি পাৰি (১৯৯৮)
সৰকাৰী কৰ্মচাৰী
ৰাজশ্ৰী
কফি হাউজ
শ্ৰাৱণ ঘনায়
অবিশ্বাসেৰ ঋণ
মাথা দেব না
বাসবেই ভালো
নীলামে উঠছে দেশ
মুলাজিম হুঁ সৰকাৰি
দলছুট (১৯৯৯)
দেৰে নানা
একুশ
বিভাবৰি জাগো
জীৱিত বিবাহীত
বৃদ্ধাশ্ৰম
ছুট
ৰাজশ্ৰী (দ্বিতীয় পৰ্ব)
এ সময় অসময়
দায়ভাৰ (২০০০)
পাগলা জগাই
তুমি কখনো শুনেছো কি?
মন ভেসে ভেসে চলে
শতক আসে শতক যায়
দিন যায় দিন চলে যায়
আমাদেৰ জন্যে
অচেনা এ শহৰে
ভেঙে যায় বিশ্বাস
আঁকা বাঁকা সড়কটা
একলা চলতে হয় (২০০২)
বক্স অফিস
একলা চলতে হয়
নগৰ জীৱন
ঘুম আয়ৰে
খোকন
না না চাই না
পেসমেকাৰ
ইনটেলেকচুয়াল
ৰাজশ্ৰী (তৃতীয় পৰ্ব)
এই আগুনে হাত ৰাখো (২০০৪)
দিন শেষে ৰাত্ৰি আসে
অ ডাক্তাৰ
কপাল আমাৰ মন্দ
আমাৰ বুকেৰ জ্বালা
এই আগুনে হাত ৰাখো
ইচ্ছেৰা দিনে ৰাতে
বল্ না বল্ না
মন চায়
তুমি আসবে বলে
ৰাজশ্ৰী (৪)
আমাৰ কথা আমাৰ গান (২০০৫)
কেন আজ মন ফিৰে যায়
ৰাত ঘুমালো
হায় আমায় বলে দে
বল কী ছিল প্ৰয়োজন
প্ৰথম প্ৰণয় দু'চোখে
যদি ওই চোখেৰ তাৰায়
শ্ৰাৱণ দিনেতে যদি
দাও যদি ফিৰিয়ে
নাৰে নাৰে নাৰে জীৱন
তিৰ্যক (২০০৭)
ক্ষাপা
বুড়ো সলমান
আবছায়া ৰাতে
আমাৰ সোণা
অনিৰ্বাণ -৩
শহৰ ও তুমি
হাসিৰ গান
বোঝাই ৰোজ ৰোজ
দু'জন মানুষ
আদিত্য সেন
এবাৰ নীলাঞ্জন (২০০৮)
হতে পাৰত অনেক কিছুই
চটেৰ চাদৰে মোড়া
কে ৰাখে খোঁজ
না মেলে না
বুঝবে না সে কোনদিন এই জীৱনে কিছুই মেলে না
হাওয়া বদল (২০১০)
হাওয়া বদল
ৰাত্ৰি ঘনায়
ভাবনা
অন্ধেৰ দেশে
যুক্তি
মধ্যবিত্ত
হাওয়া বদল
সব কথা বলতে নেই (২০১২)
আফ্ৰিন আফ্ৰিন
সব কথা বলতে নেই
ৰাত জাগা তাৰা
স্বপ্নেৰ পাতা ঝৰে যায়
তোৰ দু’চোখে
কাৰ চোখেৰ জলে
ভালোবাসি বোলে
মন মানে না
দৃষ্টিকোন (২০১৪)
আমাৰ পৰাণ যাহা চায়। এসেছিলে যেতে যেতে একলা পথে। মম চিত্তে। না সজনী, না। নদী আপন বেগে
এসেছিলে
আয় ডেকে যায় (২০১৫)
ইচ্ছে
গঙ্গাৰাম
এ ৰাত
হে ভগবান
একটা বয়স
দিওয়ানা
কৰ্পোৰেট প্ৰেম
আয় আয়
খৰচ
যৌথ বা সহযোগী এলবাম
এই তিনজন ও মেঘ পৰদেশী
জীৱন সমুদ্ৰে
না না না, ভালোবাসিনা
এ কোন অজানায়
শ্ৰাৱণ মেঘে
থাক সময়েৰ অতলে
আৰ কতো দিন
এক দিন স্বপ্নেৰ ভোৰ
দুয়ে দুয়ে চাৰ (১৯৯৬)
জীৱন নদীৰ কুল ধৰে
হায় আমায় বলে দে
লাগ লাগ লাগ ভেল্কি লাগ
ওৰা কেড়ে নিয়েছে তোমায় শ্যামলিমা
ৰিম ঝিম ৰিম ঝিম
সাৰাবেলা পথ পানে
পায়ে পায়ে হেঁটে চলো
আমৰা গাই গান
ছোট বড় মিলে (১৯৯৬)
বাঘেৰ মেষ
ছুটি ছুটি ছুটল চুটিয়ে হাটুক সব অসুন্দৰ ইন্দুৰ কল ঝড় খাওয়াৰ গান মস্ত আকাশ নাগৰদোলাৰ গান ফেলুদাৰ গান
স্কুলেৰ বেগটা তোমাৰ বন্ধু টুনটুনিটাৰ তিনটি লাফে উল্টোডাঙ্গাৰ উল্টো দিকে
কোকা-কোলা ষ্ট্ৰাইকাৰ (১৯৯৮)
ছুটন্ত যৌৱন
এক মজাৰ খেলা
এমন দিন আৰ থাকবেনা মা
গো ফল গোল
জিততে চাই
মনে পৰে
সব খেলাৰ সেৰা বাঙালীৰ তুমি ফুটবল
ষ্ট্ৰাইকাৰ
স্বপ্নেৰ ফেৰিওয়ালা (১৯৯৯)
পায়ে পায়ে হেঁটে চলো
যখন সময় থমকে দাঁড়ায়
সাৰাদিন ৰিমঝিম
সে স্বপ্নেৰ
ৰিমঝিম ৰিমঝিম
একা একা পথ চলা
একদিন ঝড় থেমে যাবে
শ্ৰী চৰণেষু নেতৃবৃন্দ (১৯৯৯)
আৰো কতকাল
ৰাত বেড়েছে
সমাধান
অন্য ভাৰত
পাহাড় দেখা
ৰাজ অনুগ্ৰহ
শ্ৰী চৰণেষু নেতৃবৃন্দ
তোমাৰ জন্মদিন
আনতে ভোৰ (২০০০)
চলো নতুন কৰে
নাচে চাঁদ দিঘিৰ কালো জলে
সাৰাটা দিন
আঁধাৰে ভৰা ৰাতি
সুদক্ষিণা, আৰ পাৰি না
এক বুক আকাশ
এই যে ৰক্তে ঘামে
জলসিঁড়ি (২০০০)
বলো সুজন
তোমাৰ স্বপন নিয়ে
অঝৰ ধাৰায় শ্ৰাৱণ ঝৰে
আমি কালো মেয়ে
বুঝেও বুঝে না
হঠাৎ হাওয়া এসে
যেতে যেতে
কিছু চাওয়া
চলতি এ জীৱন (২০০০)
ঘুম আয়
চলতি এ জীৱন
গঙ্গাৰাম
ঘুমঘুম নিঝুম
যেতে যেতে
কথা ছিল
ও লিনা
নচিকেতাৰ আৱিষ্কাৰ (২০০১)
সঘন মগন
একদিন যাবেই চলে
মেঘেদেৰ ভেলায়
মাঝে মাঝে পৃথিবীটা
এ কোন বাঁশুৰিয়া
সবুজেৰ ফিকে ৰঙ
সাৰাদিন ভেবে
আকাশ যখন
প্ৰজন্ম (২০০২)
হয়তো সে আমাৰই ভুল কণ্ঠ ভৰে গান দিয়েছ
কি বেথায় ঝৰে যায়
নিবে গেছে দ্বীপ
স্বপ্ন শেষ
নচিকেতাৰ ফিৰে দেখা (২০০৩)
ঝৰে যাওয়া তাৰা
শুনে সাঁঝবেলাৰ সে গান
ৰাত নিঝুম
ইতিহাস
হয়তো তোমাৰ
পাশাপাশি
বেলা বয়ে গেল কখন
আসলে
যদি কোনো সন্ধ্যায় (২০০৩)
যাও মেঘ যাও
এই পথে আজও
সাৰাটা আকাশ
স্বপ্নেৰ পাতা ঝৰা
যদি কোনো সন্ধ্যায়
ফিৰে এসো
কতবাৰ ছুঁয়েছি
এলামেলো
বন্ধু নামো পথে (২০০৩)
বন্ধু নামো পথে
বনলতা
ইলিশ মাছেৰ
তুমি বলেছিলে
যখন আমি জন্ম নিলাম
ওই মৌসুমী ধৰে
সাৰা জীবন ধৰে
সাৰমতি এক্সপ্ৰেস
গানই শ্ৰেষ্ঠ সাধনা (২০০৪)
না ৰে না, শ্ৰাবণ আৰ নয়
হৃদয়ে জাগে শিহৰণ
আমি এক আধফোটা সূৰ্য্যমুখি
এ তো কান্না নয়
কোন অপৰাধে আমি
প্ৰথমে সকাল শেষে সন্ধ্যা
বনলতা (২০০৪)
বন্ধু নামো পথে
বনলতা
ঝৰে পাগল হাওয়া
আনমনে তাৰই ছবি এঁকেছি
সাৰমতি এক্সপ্ৰেস
যখন আমাৰ বয়েস ছিল
চেনা জানা সুৰে
পাখিদেৰ কুহুতান
নচিকেতাৰ হঠাৎ আবাৰ (২০০৫)
যদি হঠাৎ আবাৰ
দৃষ্টি ঝাপসা ফেৰা মানে
মন চায়
কে যে এলে
কী নামে ডাকব তোমায়
ধা ধা ধিন ধিন
একটু দেখা
বালিকা (২০০৫)
বালিকা
যদি হঠাৎ আবাৰ
ৰেড ৰোজ
মাঝে মাঝে পৃথিবীটা
সবুজেৰ ফিকে ৰং
আহ্বান
জ্বলে বুকে কী আগুন
একদিন যাবোই চলে
স্বপ্ন দেখে মন
পলাশ প্ৰিয়া (২০০৫)
মায়া মেঘেৰ ছায়ায় ঢাকা
(২০০৫)
দিল দৰিয়াৰ
আসবেই খুশিৰ জোয়াৰ
কোয়াশা জৰানো
জতই বানাও তাজমহল
আও মিলকে সাথ
মনেৰ হদিশ (২০০৬)
বল মন সুখ বল
এক জীৱনে
কে জানে কত না
মনেৰ হদিশ
নিশিৰাতে, আঁধাৰেতে
যে ভাবেই তুমি
যা যা ফেৰাৰি মন
কোথা পাবি মন
আমি নই সে আমি (২০০৮)
কখন তুমি আসবে বলে
নীল সামিয়ানা গায়
আমি নই সে আমি
যা ৰে যা ৰে যা মন
হাজাৰ মুখেৰ মিছিলে
এ অবেলায়
বাৰে বাৰে একই ভুল
যাত্ৰা (২০০৮)
বিজুৰি চমকে বৰসে
ঝৰো ঝৰো বৰষে
শাম ভই বিন শ্যাম পুষ্পবনে পুষ্প নাই
আৰি এৰি অলি পিয়া বিন দাঁড়িয়ে আছ
কেয়া জাদু ডালা
বাজে কৰুণ সুৰে
পুবানা চলত ভোৰ
এ কী সুগন্ধ হিল্লোল
ৰঙ্গ ৰঙ্গিলা বদৰা মোৰা
এ কী লাবণ্যে
এবাৰ সফৰ (২০০৯)
দু চোখে নীৰব ভাষা
দিনমান
এ আঁধাৰ ৰাত পেৰিয়ে
স্কুল
স্বপ্ন
ভালো লাগে না হিষ্ট্ৰি
মন খাৰাপ কৰা দুপুৰ
অৰূপ নগৰ
ব্ৰাত্য বসুৰ নাটকেৰ গান (২০০৯)
যেভাবে উড়তে হয় চোখ থেকে ঘষে ঘষে দিন বদলেৰ গান (২০১১)
তাৰ দুটো চোখে
কবিতা
প্ৰতিবাদ আগুন
ফিৰিয়ে দাও
জব্দ কৰবে কাকে
যখন তোমাৰ ভাঙবে ঘুম
ভয় পেও না ভয়
কে দেখাবে পথ
ইশ্ক বাওৰি (২০১২)
ইশক সাধনা ইশক একলা মন এই মন ফুলেৰ মত কোমল এই বৃষ্টি সোণা ঝৰা এই যে সকাল
কেনভাস (২০১৩)
ভেলেণ্টাইন ওহ মাই ভেলেণ্টাইন
আমাৰ একটা কথা ছিল
আমি এক ঘৰ ছাড়া বাউল
আমি হেমিলনেৰ বাসিয়োয়ালা
আমি শান্তি চাই শান্তি চাই
বাবাৰ হাত ধৰে প্ৰথম
দেখেছিলাম একটি নদী
কালো এক মেয়েৰ কথা
ফাগুন আজ জ্বালো আগুন ফুলেৰ বনে
ৰঙধুনুৰ ৰঙ দেখে যদি যানতে চাও
টিলাৰ উপৰ ঘৰৰে আমাৰ
ফেৰাৰী পাখি (২০১৫)
যাৰে যা আজই বসন্তে
বাইৰে অনেক ৰাত
ভৰা জোসনায়
এই শ্ৰাৱণ বেলায়
ঘুম আসে না
জল কি একা
কত ৰাত এলো
ফুলেৰ বেথা
দ্ৰোণ এবং একলব্য (২০১৫)
নাহয় একটা কথাৰ দিব্যি দিয়ে
মিথ্যে নিয়ে বেচে থাকাৰ মানে
মুঠো খুলে ধূলোখেলা
নাইবা হলো আবাৰ দেখা
খোজে গান পলকা মেঘ
আমি বসে আছি
ৰঙ চাঁদনে, মন বানভাসি
হাওয়ায় টানা সময় গাড়ি
এক ফালি ৰোধ, চিলটে হাওয়া
ভীজবে বলে আমাৰ শহৰ
ঝৰা পাতা (২০১৫)
এসো বৈশাখ
ঝৰা পাতা
তোমাৰ সাথে
জোৎসনায় ভৰা
কত কি
এ ব্যাথা
ৰাতেৰ আকাশ
তুমি সূৰ্য
যতনে সাজাবো
আয় ভোৰ (২০১৫)
আয় ভোৰ
কলেজ লাইফ
ৰাজনীতি
টাকা
মডাৰ্ন কাওয়ালী-২ (ঝিনুকেৰ বুকে)
মা নেই
সুন্দৰী বাংলাদেশ
শৈশৱ
আলোকিত বিশ্ব
একটা শালিক
একলা নাবিক
দিন যায়
সংকলিত এলবাম সে প্ৰথম প্ৰেম আমাৰ (১৯৯৪)
বাটা গানেৰ ক্যাসেট
ত্ৰিবেনী (১৯৯৭)
এ্যামবিশান্ (১৯৯৭)
সময়েৰ ডানায় (১৯৯৯)
আগামী পৃথিবী শোনো (১৯৯৯)
বৃদ্ধাশ্ৰম (২০০১)
আজকেৰ জন্য (২০০৪)
-ৰ সাথে নচিকেতা (২০০৫)
এখন তখন (২০০৫)
সৰকাৰী কৰ্মচাৰী (২০০৬)
গ্ৰাফিতি (২০০৬)
বেষ্ট অফ নচিকেতা (২০০৭)
সোণাৰ বাংলা-১ (২০০৭)
দিন যাপনেৰ তাৰা (২০০৭)
আনন্দগান (২০০৮)
নগৰ বাউল (২০০৮)
এৰাই সেৰা (২০১০)
বেষ্ট অফ নচিকেতা (২০১২)
বেষ্ট অফ নচিকেতা, ভলুম ২ (২০১২)
লাভ সংসঃ বেঙ্গলি হিটস (২০১২)
চোদ্দয় ১৪ (২০১২)
সময়েৰ পথ ধৰে
বঙালী চলচ্চিত্ৰ
প্ৰজাপতি (১৯৮০)
ধুলো আৰ ধোঁয়া মাখা
প্ৰজাপতি হতে চায় যদি মন
সেদিন চৈত্ৰমা (১৯৯৭)
ওই যে পথে উড়ছে ধূলো
আমি তো ছিলাম
দূৰে তেপান্তৰ
এবং তুমি আৰ আমি (১৯৯৭)
তিন তালে নেচে ওঠে মন
আমাৰ মনেৰ এই শূন্য খাতাতে
পাখিদেৰ কুহুতান
মনে মনে যাৰে আমি চাইৰে
হে কাৰ ইশাৰায়
আনমনে যাৰে আমি চাই ৰে
হঠাৎ বৃষ্টি (১৯৯৮)*
ছোট ছোট স্বপ্নেৰ দিন
একদিন স্বপ্নেৰ দিন
সোণালী প্ৰান্তৰে
ঘুম আসে না
চুপি চুপি (২০০১)
দিন যায় দিন চলে যায়
খেলাঘৰ (১৯৯৮)*
মাটিৰ ভাঁড়েতে চা
স্বপ্নেৰ শহৰ
কখনো কখনো কি মনে কৰে হায়
বুকেৰ ভেতৰ সাতটা সাগৰ
আজ বদলে বদলে গেছে
এই যে আঁকাবাঁকা পথে
বৃষ্টিৰ জল হয়ে
চৌধুৰী পৰিবাৰ (১৯৯৮)
আমি হিৰু
মন বলে যায়
অনুপমা (১৯৯৯)
মোনালিসা নয়
চাকা (২০০০)
দুলছে মাটি
হাতেৰ মুঠোয়
চোৰ ও ভগবান (২০০৩)
চোৰ চোৰ
তু মেৰি জান
একে এক দুই হয়
স্বপ্নেৰ শহৰ (২০০১)
আজ বদলে গেছে দেন
আমাদেৰ জন্য
দিন যায় দিন চলে যায়
ফেৰিওয়ালা
মাথা দেবনা
নীলাঞ্জনা পৰ্ব ২
পাগলা জগাই
স্বপ্নেৰ শহৰ
তুমি কখনো শুনেছ কি?
ৰাস্তা (২০০৩)
মেজদিদি (২০০৩)
সমুদ্ৰসাক্ষী (২০০৪)
মহুলবনীৰ সেৰেঞ (২০০৪)
পাহাড়ে পথ হাঁটলে
আবাৰ আসব ফিৰে (২০০৪)
জীৱনেৰ মশালে আগুন জ্বেলে দাও
কালো চিতা (২০০৪)
কিসনে কাল দেখা মেৰি জান
ৰং নাম্বাৰ (২০০৪)
তুমি যদি চাও একবাৰ
(২০০৬)
পাগলা হাওয়াৰ বাদল দিনে
দশ দিন পৰে (২০০৭)
কিছু ৰঙ
ভালো আৰ মন্দতে
চলো, (২০০৮)
আমেজিং গ্ৰেস
খেলা (২০০৮)
পালাচ্ছে দিন ৰাত্ৰি
১০:১০ (২০০৮)
বনলতা
শাঁখা সিঁদূৰেৰ দিব্বি (২০০৮)
হাসিখুশি ক্লাব (২০০৯)
বঙালী (২০০৯)
কে আছ কোথায়
সংগীত পৰিচালক হঠাৎ বৃষ্টি (১৯৯৮)
সমুদ্ৰ সাক্ষী (২০০৪)
হোম দ্য ইউনিটি (অপ্ৰকাশিত) (২০০৯)
গো ফৰ গোল (২০০৯)
কাটাকুটি( ২০১২)
অভিনেতা এই বেশ ভালো আছি (১৯৯৩)
কে যায় (১৯৯৪)
কুয়াশা যখন (১৯৯৭)
খেলা (২০০৮)
কাটাকুটি (২০১২)
তথ্যসূত্ৰ
বাহ্যিক সংযোগ 30 2007
ভাৰতীয় কণ্ঠশিল্পী
জীৱিত ব্যক্তি
ভাৰতীয় গীতিকাৰ
ভাৰতীয় শাস্ত্ৰীয় |
54966 | https://as.wikipedia.org/wiki/%E0%A6%95%E0%A7%87%20%E0%A6%86%E0%A7%B0%20%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3%E0%A6%A8 | কে আৰ নাৰায়ণন | কোচাৰিল ৰমন নাৰায়ণন চমুকৈ কে আৰ নাৰায়ণন; ২৭ অক্টোবৰ ১৯২০ ৯ নৱেম্বৰ ২০০৫) আছিল ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি নাৰায়ণনক কেইবাটাও নজিৰ স্থাপনকাৰী কাৰ্য কৰাৰ বাবে আৰু তেওঁৰ স্বাধীনচিতীয়া মনোভাৱৰ বাবে স্মৰণ কৰা হয়। তেওঁ নিজকে এগৰাকী "কৰ্মশীল ৰাষ্ট্ৰপতি" হিচাপে বিবেচনা কৰে, যিয়ে "সংবিধানৰ চাৰিওটা চুকৰ ভিতৰতে থাকি কাম কৰিছিল"; যাৰ স্থান আছিল প্ৰত্যক্ষভাৱে ক্ষমতা প্ৰদৰ্শন কৰিব পৰা "কাৰ্যবাহী ৰাষ্ট্ৰপতি" আৰু বিনাবাক্যব্যয়ে চৰকাৰী নথিত চহী কৰা "ৰাবাৰ ষ্টাম্প ৰাষ্ট্ৰপতি"ৰ মাজত।
অত্যন্ত দৰিদ্ৰ পৰিয়ালত জন্মলাভ কৰা নাৰায়ণনে কেইবামাইল দূৰ খোজ কাঢ়ি বিদ্যালয়ত উপস্থিত হৈছিল। কিন্তু মাছুল অনাদায় হৈ থকাৰ বাবে তেওঁ প্ৰায়েই শ্ৰেণীকোঠাৰ বাহিৰত থাকিহে পাঠগ্ৰহণ কৰিছিল। তেনেকৈয়ে কষ্ট আৰু দৰিদ্ৰতাৰ মাজত শিক্ষালাভ কৰি নাৰায়ণনে কেৰালা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম স্থানসহ স্নাতকোত্তৰ উত্তীৰ্ণ হৈছিল। তাৰপিছত তেওঁ দিল্লীলৈ আহি সংবাদসেৱাৰ লগত জড়িত হৈ পৰে। তেনেতে প্ৰখ্যাত উদ্যোগপতি জে আৰ ডি টাটাৰ পৰা সহায় লাভ কৰি তেওঁ লণ্ডনৰ স্কুল অৱ ইক'নমিক্সত নামভৰ্তি কৰে। নাৰায়ণন ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কূতনীতিজ্ঞও আছিল। ইন্দিৰা গান্ধীৰ অনুৰোধত তেওঁ ৰাজনীতিৰ ক্ষেত্ৰলৈ আহে আৰু ৰাজীৱ গান্ধীৰ কেবিনেটত স্থান লাভ কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
কে আৰ নাৰায়ণনৰ জন্ম হৈছিল ১৯২০ চনৰ ২৭ অক্টোবৰত, কেৰালাৰ ট্ৰেভাংকৰৰ উঝাভুৰ নামৰ গাঁৱত। এটি দলিত পৰিয়ালত জন্মলাভ কৰা নাৰায়ণনৰ পিতৃৰ নাম আছিল কোচাৰিল ৰমন ভেয়দৰ আৰু মাতৃৰ নাম আছিল পুন্নাথুৰাভেট্টিল পাপ্পিয়াম্মা। সাতোটি সন্তানৰ ভিতৰত তেওঁ আছিল চতুৰ্থটি সন্তান।
নাৰায়ণনে জীৱনৰ আদিশিক্ষা লাভ কৰিছিল কুৰিচিথানমত থকা চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত। তাৰপিছত ১৯৩১ চনত উঝাভুৰত থকা "আৱাৰ লেডি অৱ লাউৰদেছ প্ৰাথমিক বিদ্যালয়"ত তেওঁ নামভৰ্তি কৰে।
সেইসসময়ৰ ট্ৰেভাংকুৰ বিশ্ববিদ্যালয়ত (এতিয়াৰ কেৰালা বিশ্ববিদ্যালয়) নাৰায়ণনে কলাৰ ইংৰাজী সাহিত্যত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সেয়া ১৯৪৩ চনৰ কথা। উল্লেখনীয় যে, ট্ৰেভাংকুৰৰ সেইখন বিশ্ববিদ্যালয়ৰ পৰা প্ৰথমস্থানসহ ডিগ্ৰী লাভ কৰা তেঁৱেই আছিল প্ৰথমজন দলিত ছাত্ৰ।
১৯৪৪ চনত, নাৰায়ণনক জে আৰ ডি টাটাৰ তৰফৰ পৰা ১৬,০০০ টকাৰ এটি বৃত্তি প্ৰদান কৰা হয়। সেই বৃত্তিটোৱে তেওঁক লণ্ডন স্কুল অৱ ইক'নমিক্সত ৰাজনীতি, অৰ্থনীতি আৰু সাংবাদিকতা অধ্যয়ন কৰাৰ পথ প্ৰশস্ত কৰি তোলে। ১৯৪৫ চনত তেওঁ ইংলেণ্ডলৈ যায় আৰু হেৰল্ড লাস্কিৰ অধীনত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰে।
কৰ্ম-জীৱন আৰু ৰাজনৈতিক জীৱন
ইংলেণ্ডলৈ শিক্ষালাভ কৰিবলৈ যোৱাৰ আগতে নাৰায়ণন দিল্লীলৈ যায় আৰু সাংবাদিক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ প্ৰসিদ্ধ সংবাদগোষ্ঠী "দ্যা হিন্দু" আৰু "দ্যা টাইমছ্ অৱ ইণ্ডিয়া"ত কাম কৰে। মহাত্মা গান্ধীৰ সাক্ষাৎকাৰ এটা গ্ৰহণ কৰাতো তেওঁ সফল হয়। তাৰপিছতেই তেওঁ টাটাৰ পৰা বৃত্তিটো লাভ কৰে।
বিদেশত শিক্ষালাভ কৰি নাৰায়ণনে ১৯৪৮ চনত ভাৰতলৈ ঘূৰি আহে। নাৰায়ণনৰ অধ্যাপক আৰু সেই সময়ৰ প্ৰসিদ্ধ ৰাজনৈতিক তত্ত্ববিদ হেৰল্ড লাস্কিয়ে প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুলৈ নাৰায়ণনৰ হৈ এখনি পৰিচয়পূৰ্বক পত্ৰ প্ৰেৰণ কৰে।
ভাৰতলৈ আহি নাৰায়ণনে নেহৰুক সাক্ষাৎ কৰে আৰু ভাৰতীয় বৈদেশিক সেৱাত ১৯৪৯ চনত নিযুক্তি লাভ কৰে।
বৈদেশিক সেৱাত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত নাৰায়ণনে ৰেংগুন, টকিঅ', লণ্ডন, কানাবেৰা আদি ঠাইত কূটনীতিবিদ হিচাপে দায়িত্ব পালন কৰে। ১৯৭৮ চনত তেওঁ বৈদেশিক সেৱাৰ পৰা পদত্যাগ কৰে।
পদত্যাগৰ পাছত, তেওঁ কিছুদিনৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদত অধিষ্ঠিত হয়।
১৯৮০ চনত ইন্দিৰা গান্ধীয়ে কে.আৰ. নাৰায়ণনক আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত কৰে। ১৯৮২ চনত ৰ'নাল্ড ৰেগান আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থাকোঁতে ইন্দিৰা গান্ধীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল আৰু সেই ঐতিহাসিক ভ্ৰমণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কে.আৰ. নাৰায়ণনে। সেই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজত থকা সম্পৰ্কটোৰ কিছু উন্নত হৈছিল।
১৯৮৪ চনত ইন্দিৰা গান্ধীৰ অনুৰোধ ৰক্ষা কৰি নাৰায়ণনে ভোট ৰাজনীতিত যোগদান কৰে আৰু ১৯৮৪, ১৯৮৯ আৰু ১৯৯১ চনত সংসদলৈ নিৰ্বাচিত হয়।
২১ আগষ্ট ১৯৯২ চনত নাৰায়ণন বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈ তেওঁ ভাৰতৰ নৱমজন উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰে।
উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ কৰি তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয় আৰু ১৯৯৭ চনৰ ২৫ জুলাইত কাৰ্যালয়ত বহে। ভাৰতৰ উচ্চতম কাৰ্যালয়টোত বহা তেঁৱেই আছিল প্ৰথমজন দলিত। ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ কৰি ২০০২ চনত তেওঁ সেই পদ ত্যাগ কৰে।
ব্যক্তিগত জীৱন
ভাৰতীয় বৈদেশিক সেৱাত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত বাৰ্মাত থাকোঁতে নাৰায়ণনে মা টিণ্ট টিণ্ট নামৰ এগৰাকী সমাজকৰ্মীক লগ পায়। ১৯৫১ চনৰ ৮ জুনত তেওঁৰ লগতেই নাৰায়ণন বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পাছত তেওঁৰ পত্নীয়ে পূৰ্বৰ নামটো সলাই ঊষা নামটো গ্ৰহণ কৰে আৰু ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰে। পাছলৈ তেওঁলোকৰ দুটি কন্যা সন্তান হয়।
গ্ৰন্থ
ভাৰতীয় ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত নাৰায়ণনে একাধিক গ্ৰন্থৰ সহ-ৰচনা কৰে। তাৰে ভিতৰত কেইখনমান হৈছে- (১) ইণ্ডিয়া এণ্ড আমেৰিকা: এছেইছ ইন আণ্ডাৰষ্টেণ্ডিং(১৯৮৪) আৰু নন-এলাইনমেণ্ট ইন কনটেম্পৰাৰি ইণ্টাৰনেশ্যনেল ৰিলেছনছ্(১৯৮১)।
মৃত্যু
২০০৫ চনৰ ৯ নৱেম্বৰত, ৮৫ বছৰ বয়সত কে আৰ নাৰায়ণনে শেষনিশ্বাস ত্যাগ কৰে। তেওঁ নিয়মনিয়াত আক্ৰান্ত হৈ আছিল। তেওঁৰ দেহাৱসানৰ পিছত গঠিত হোৱা কে.আৰ.নাৰায়ণনৰ সংস্থাই তেওঁৰ আদৰ্শ আৰু স্মৃতি সংৰক্ষণৰ হেতু বিভিন্ন কাম কৰি আছে।
তথ্যসূত্ৰ
ভাৰতৰ ব্যক্তি
মৃত ব্যক্তি
ভাৰতীয় কূটনীতিবিদ
ভাৰতৰ ৰাষ্ট্ৰপতি
ভাৰতৰ |
59669 | https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%A8 | মন | মন হৈছে দৰ্শনশাস্ত্ৰৰ এক অন্যতম কেন্দ্ৰীয় ধাৰণা। মন বুলিলে সাধাৰণভাবে, বুদ্ধি আৰু বিবেকবোধৰ এক সমষ্টিগত ৰূপ যি চিন্তা, অনুভূতি, আবেগ, ইচ্ছা আৰু কল্পনাৰ মাধ্যমেৰে প্ৰকাশিত হয় তাকে বুজায়। মন কি আৰু ই কেনেকৈ কাম কৰে সেই সম্পৰ্কে অনেক ধৰণৰ তত্ত্ব প্ৰচলিত আছে। এসকলো তত্ত্বৰ চিন্তা-ভাৱনা মূলতঃ প্লেটো, এৰিষ্ট'টল আৰু অন্য প্ৰাচীন গ্ৰীক দাৰ্শনিকসকলৰ সময়ৰ পৰা আৰম্ভ হৈছিল। জড়বাদী দাৰ্শনিকসকলৰ মতে, মানুহক মনৰ প্ৰবৃত্তি শৰীৰৰ পৰা ভিন্ন নহয়। বৰঞ্চ মানুহৰ মস্তিষ্কৰ পৰা উদ্ভূত শাৰীৰবৃত্তিক কৰ্মৰ মাধ্যমেদিয়েই মন গঢ়ি উঠে।
মনৰ সঠিক সংজ্ঞা নিৰূপন কৰা সম্ভৱ নহয়। তথাপিও কোৱা হয় যে, মন হল এক বস্তু, যি নিজৰ অৱস্থা আৰু ক্ৰিয়াৰ সম্পৰ্কে সচেতন। মনৰ সৰূপ লক্ষণ হল চেতনা, যাৰ বাবে মনক জড় পদাৰ্থৰ পৰা পৃথক কৰা হয়। মন চেতনা, উপলব্ধি, চিন্তা, সিদ্ধান্ত, ভাষা আৰু স্মৃতি সহ জ্ঞানীয় উপাদানৰ এক সংহতি। ইয়াক এটা সাধাৰণ সত্তাৰ চিন্তাভাৱনা আৰু চেতনাৰ উপাদান হিচাপে সংজ্ঞায়িত কৰা হয়। ই কল্পনা, স্বীকৃতি আৰু অনুগ্ৰহৰ ক্ষমতা ধাৰণ কৰে, আৰু মনোভাব আৰু কৰ্মৰ ফলত অনুভূতি আৰু আবেগ প্ৰক্ৰিয়াকৰণৰ বাবে দায়ী। দৰ্শনত ধৰ্ম, মনোবিজ্ঞান আৰু জ্ঞান−বিজ্ঞানৰ এক দীৰ্ঘ ঐতিহ্য আছে যি মন আৰু ইয়াৰ বৈশিষ্টবোৰ গঠন কৰে। প্ৰাচীন দৃষ্টিভঙ্গী দ্বৈতবাদ আৰু আদৰ্শবাদে মনত কেতিয়াো অশাৰীৰিক বুলি মানি নলয়। আধুনিক দৃষ্টিভঙ্গীত প্ৰায়ে শাৰীৰিকতা আৰু কাৰ্যকাৰিতাৰ কেন্দ্ৰবিন্দুত থাকে, ই মস্তিষ্কৰ সৈতে প্ৰায় অনুৰূপ আৰু স্নায়ুসংক্ৰান্ত ক্ৰিয়াকলাপৰ সৈতে সামঞ্জস্যপূৰ্ণ।
যি কি নহওক সকলোৱে এটা কথাত স্বাভাৱিকভাবে সন্মত হয় যে মন এনে এক বিষয় যাৰ ফলত ব্যক্তিবিশেষৰ সচেতনতা আৰু উদ্দেশ্যপ্ৰণোদিতভাবে পৰিবেশলৈ দৃষ্টি ৰখা আৰু কোনো ধৰণৰ উদ্দীপনাৰ প্ৰতিক্ৰিয়া দিয়া আৰু চিন্তা আৰু অনুভূতি সহ চেতনাৰ সৃষ্টি কৰে। বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যৰ দ্বাৰা মন সম্পৰ্কে বিভিন্ন ধাৰণা পোৱা যায়। কিছুলোকে মন মানুহৰ বাবে এক সম্পত্তি হিচাপে গণ্য কিন্তু অন্য প্ৰাণী আৰু দেবতাসকলৰ বাবে অজীবিত সত্তা বুলি ভাবে। বিশিষ্ট দাৰ্শনিক প্লেটো, ডেছকাৰ্টছ, লিবিনিজ, লক, বাৰ্কলে, হিউম, কাণ্ট, হিগছেল, শোপেনহেওৰ, ছিয়াৰেল, ডেনেট, ফডৰ, নাগেল আৰু ক্লামাৰ্ছ। মনস্তাত্ত্বিক যেনে ফ্ৰয়েড আৰু জেমছ আৰু কম্পিউটাৰ বিজ্ঞানী যেনে টুৰিং আৰু পুঠাম আদিয়ে মনৰ প্ৰকৃতি সম্বন্ধে প্ৰভাবশালী বহুতো তত্ত্ব আগবঢ়াইছে। অমানৱিক মানসিকতাৰ সম্ভাৱনা কৃত্ৰিম বুদ্ধিমতাৰ ক্ষেত্ৰত উদ্ভাৱিত হয় যি চাইবাৰনেটিক আৰু তথ্য তত্ত্বৰ সৈতে সম্পৰ্কযুক্ত কাম কৰে। যন্ত্ৰৰ ভিতৰত তথ্য প্ৰক্ৰিয়াবোৰ আৰু মানহৰ মনৰ ভিৰতৰ মানসিক চেতনাৰ দৰে বুলি তুলনা কৰা হয়। মনক চেতনা প্ৰবাহেৰ দৰে চিত্ৰিত কৰা হয় য’ত অনুভূতি আৰু মানসিক চেতনা ক্ৰমাগত পৰিবৰ্তিত হয়
মনৰ ধাৰণা
সাধাৰণতে মনকে তিনটা ভিন্ন অৰ্থত গ্ৰহণ কৰা হয়
প্ৰথমে মন হৈছে চিন্তা, অনুভূতি আৰু ইচ্ছা-এই মানসিক কামবোৰৰ সমষ্টিগত ৰূপ। দ্বিতীয়তে মন হৈছে চিন্তা, অনুভূতি আৰু ইচ্ছা -এই মানসিক কামবোৰৰ পৰা স্বতন্ত্ৰ দেহাতিৰিক্ত এক স্থান, অপৰিবৰ্তিত আধ্যাত্ম সত্তাক। তৃতীয়তে মন হৈছে এক মূৰ্ত আধ্যাত্মিক ঐক্যৰ সম্বন্ধ যি চিন্তা, অনুভূতি আৰু ইচ্ছা প্ৰভৃতি মানসিক প্ৰক্ৰিয়াৰ বাদে নয়, অথচ যি নিজেৰ স্বাতন্ত্ৰ্য নেহেৰুৱাকৈ এই সকলো মানসিক কামৰ ভিতৰত নিজকে প্ৰকাশ কৰে। প্ৰথমটো হল মনৰ অভিজ্ঞতামূলক মতবাদ পিছৰটো আধ্যাত্মিক-মতবাদ আৰু শেষৰটো ভাৱবাদীসকলৰ মতবাদ। মন আৰু চেতনা
মন আৰু চেতনা এক নহয়। যদিও চেতনা হল মনৰ স্বৰূপ লক্ষণ।
মনৰ স্বৰূপ সম্পৰ্কে প্ৰাচীন মতবাদ
মনৰ বিষয়বস্তু
মন এক আধ্যাত্মিক ধাৰণা। ইয়াক মানুহে কেৱল কল্পনা কৰিব পাৰে, স্পৰ্শ কৰিব নোৱাৰে। মানুহে কিবা উপলব্ধি কৰিব বিচাৰিলে মানুহে ভাবে যে মনৰ পৰাই কৰিছে। কোনো বিষয়ৰ প্ৰতি সম্পৰ্কিত হবলৈ হলে মানুহৰ চিন্তা-চেতনা ধ্যান- ধাৰণা বা সুখ-দুঃখ অনুভতিৰ প্ৰয়োজন হয় যাক মানুহে মনৰ পৰা শৰীৰৰ আচৰণৰ মাধ্যমেৰে বহিৰ্প্ৰকাশ ঘটায়। মানুহৰ কিছুমান জৈৱিক চাহিদা আছে। এইবোৰো পূৰণ কৰাৰ বাবে মানুহে বিভিন্ন সম্পৰ্কে গঢ়ে আৰু নানা ধৰণৰ আচৰণ কৰে। জৈৱিক চাহিদাবোৰোৰ ভিতৰত আছে ক্ষুধা, তৃঞ্চা, নিদ্ৰা, যৌনতা আৰু ৰেচন প্ৰভৃতি। এই চাহিদাবোৰ যেতিয়া পূৰণ কৰিব বিচাৰে, তেতিয়া মানুহে মানসিক আৰু বুদ্ধিবৃত্তিক নানা ধৰণৰ কাৰ্য সম্পাদন কৰে। এইদৰে মানুহে কেতিয়াবা কোনো জৈৱিক আচৰণো কৰে আৰু তাৰপৰা কেতিয়া কেনেকৈ কি মানসিক আৰু বুদ্ধিবৃত্তিক আচৰণ কৰিছিল সেয়াই মানসিক পদক্ষেপ হিচাপে সুপৰিচিত।
মানুহৰ স্বাভাৱিক বৈশিষ্ট্য হৈছে, জৈৱিক চাহিদা পূৰণ কৰি মানসিক বৈশিষ্ট্যৰ দিশে অগ্ৰসৰ হোৱা। সাংস্কৃৃতিক চৰ্চা, বৈজ্ঞানিক চৰ্চা, দাৰ্শনিক চৰ্চা, সাহিত্য চৰ্চা, গল্প কৰা প্ৰভৃতি হৈছে মানসিক পদক্ষেপজনিত আচৰণ। এই সকলো কাৰ্যক্ৰমৰ মাধ্যমেদি প্ৰেমপ্ৰীতি, স্নেহ, ভালোপোৱা, মমতা আৰু প্ৰশান্তি, প্ৰভৃতি ধনাত্মক বিষয়বোৰো বিকশিত হয় আৰু ক্ৰোধ, হিংসা প্ৰভৃতি ঋণাত্মক বিষয়বোৰ দূৰীভূত হয়। সেয়ে জৈবিক চাহিদা পূৰণ নহলে মানুহে মানসিক চাহিদা পূৰণ কৰাৰ বাবে অগ্ৰসৰ হবলৈ নিবিচাৰে। যেনে, যদি কোনো অঞ্চলত ক্ষুধা, দাৰিদ্ৰ্য ব্যাপকভাবে আছে সেই ঠাইত সঙ্গীত চৰ্চা, বিজ্ঞান চৰ্চা প্ৰভৃতি সুস্থভাবে চলিব নোৱাৰে।
মনৰ বৈজ্ঞানিক ধাৰণা
মনৰ দৰ্শনশাস্ত্ৰ
খ্ৰীষ্টপূৰ্বকালীন সময়ৰ পৰাই দাৰ্শনিকসকলে মনৰ চৰিত্ৰ সম্পৰ্কে অধ্যয়ন কৰিছিল। মানৱ মন আৰু দেহৰ যি সম্পৰ্ক সেই বিষয়ে বিভিন্ন যুগত বিভিন্ন দেশৰ দাৰ্শনিক চিন্তিত হৈছিল আৰু তেওঁলোকে মত প্ৰকাশ কৰিছিল। দাৰ্শনিকসকলৰ চিন্তাৱলি দুটা স্ৰোতত বিভক্ত: এক দিশে মন আৰু দেহ পৃথক এই দ্বৈততা আৰু বিপৰীতে মন আৰু দেহ অভিন্ন এই একসূত্ৰিতা।
মনৰ ৰোগ
মনৰ ৰোগ হল সেই সমস্ত ৰোগ যিবোৰৰ অস্তিত্ব কেবল মন অৰ্থাৎ শৰীৰত কোনো ৰোগ নাই কিন্তু মন ভাল নহয় বা মনত দুঃখ-বেদনা, অশান্তি-হতাশা ইত্যাদিৰ কাৰণে মানসিকভাবে সুস্থ নহয় ফলত শৰীৰৰ ওপৰতো তাৰ প্ৰভাৱ পৰে। মনৰ ৰোগ হলে মানুহ মানসিক সমস্যাত ভোগে। এইক্ষেত্ৰত তেওঁলোক মানসিক চিকিৎসকৰ শৰণাপন্ন হবলগীয়া হয়।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ 1925.
|
23623 | https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A6%BF%E0%A7%B1%20%E0%A6%A5%E0%A6%BE%E0%A6%AA%E0%A6%BE | শিৱ থাপা | শিৱ থাপা জন্ম: ৮ ডিচেম্বৰ, ১৯৯৩) অসমৰ এগৰাকী বক্সিং খেলুৱৈ। পুনেস্থিত সেনা ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈ থকা এইগৰাকী বক্সাৰে ২০১২ চনত হ'বলগীয়া লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰিছে। ফ্লাইৱেইট শাখাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বীতা কৰিবলৈ যোগ্যতা অৰ্জন কৰা শিৱ থাপা অলিম্পিকলৈ নিৰ্বাচিত হোৱা দেশৰ কনিষ্ঠতম বক্সাৰ।
খেলুৱৈ জীৱন
বক্সিং খেলৰ জগতত প্ৰৱেশ শিৱ থাপাৰ পিতৃ পদম থাপা। পৰিয়ালটোৰ ছয়জন ভাই-ভনীৰ কনিষ্ঠ সন্তান শিৱ থাপা। পিতৃ পদম থাপা গুৱাহাটীৰ বাসিন্দা আৰু এজন কেৰাটে প্ৰশিক্ষক। ককায়েক গোবিন্দ থাপা আৰু পিতৃ দুয়োজনেই অসম ৰাজ্যিক পৰ্যায়ৰ ব্ক্সাৰ আছিল আৰু দুয়োজনেই শিৱ থাপাৰ মূল প্ৰেৰণা। সৰুতে ফুটবল খেলৰ প্ৰতি আকৰ্ষিত থাপাই পাছলৈ মাইক টাইছনৰ খেল দেখি বক্সিঙলৈ আকৰ্ষিত হয়।
৭ বছৰ বয়সৰপৰা শিৱ থাপাই ঘৰতে বক্সিঙৰ প্ৰশিক্ষণ লৈছিল। ইয়াৰ পাছত তেখেতে গুৱাহাটীৰ ছাই কেন্দ্ৰত প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰে।
পদম থাপাই কনিষ্ঠ পুত্ৰৰ বক্সিঙৰ প্ৰতি থকা ধাউতি দেখি এই খেলত লাগি থাকিবলৈ যৎপৰোনাস্তি সহায় কৰি দিয়ে। বক্সিঙৰ প্ৰশিক্ষণৰ লগতে উপযুক্ত পুষ্টিযুক্ত আহাৰ আদিৰ ব্যৱস্থা কৰিবলৈ পদম থাপাই বিশেষ যত্ন কৰিবলগীয়া হৈছিল। মাহে প্ৰায় ত্ৰিছ হেজাৰ টকালৈ এই খৰচ বাঢ়ি গৈছিল। অব্যৱসায়িক 'অলিম্পিকত সোণৰ সন্ধান' নামৰ সংস্থাটোৱে শিৱ থাপাক সহায় কৰিবলৈ আৰম্ভ কৰাৰ পাছৰেপৰা পৰিয়ালটোৱে আৰ্থিক দিশত কিছু সকাহ পায়। এই সংস্থাৰ মুখ্য কাৰ্যকৰি বিষয়া বীৰেন হাৰ মতে: শিৱ অফুৰন্ত প্ৰতিভাৰ গৰাকী। তেখেতৰ প্ৰতিভা, মানসিকতা আৰু সফলতাৰ বাবে থকা তীব্ৰ হাবিয়াসৰ কাৰণেই আমি তেখেতক সহায় কৰা উচিত। 'অলিম্পিকত সোণৰ সন্ধান'-ৰ তেখেতৰ ওপৰত ভৰষা আছে যে খুব সোনকালেই তেখেত ভাৰতৰ শ্ৰেষ্ঠ বক্সাৰ কেইজনৰ এজন হ'বগৈ। অপেছাদাৰী বক্সাৰ হিচাপে ২০০৮ চনত মস্কোত অনুষ্ঠিত এছিয়াৰ শিশুৰ আন্তৰ্জাতিক ক্ৰীড়াত শিৱ থাপাই নিজৰ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। সেই বছৰতে 'হাইদৰ আলিয়েভ কাপ'ত তেখেতে সোণৰ পদক অৰ্জন কৰে। এই প্ৰদৰ্শনৰ আধাৰতে তেখেতক ২০০৯ চনত আৰ্মেনিয়াত অনুষ্ঠিত 'বিশ্ব কনিষ্ঠ বক্সিং চেম্পিয়নছিপ'লৈ ৫২-কি.গ্ৰা. শাখাত ভাগ ল'বলৈ নিৰ্বাচন কৰা হয়। আৰ্মেনিয়াৰ ৰাজধানী য়েৰেভানত অনুষ্ঠিত এই প্ৰতিযোগিতা যোগ দিয়া ভাৰতীয় প্ৰতিযোগীসকলৰ ভিতৰত শিৱ থাপাই আছিল আন্তৰ্জাতিক প্ৰতিযোগিতা পদক লাভ কৰা একমাত্ৰ খেলুৱৈ। থাপাই এই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়, যদিও প্ৰশিক্ষকে তেখেতৰ প্ৰদৰ্শনক লৈ বিশেষ ভাৱে সন্তুষ্ট বুলি উল্লেখ কৰে।
২০১০ চনত তেহৰাণত অনুষ্ঠিত এছিয়ান যুৱ বক্সিং চেম্পিয়নছিপত থাপাৰ প্ৰদৰ্শন নিৰাশাজনক আছিল। এই ক্ৰীড়াত তেখেতে ছেমি-ফাইনেল পৰ্যায়লৈ উপনীত হ'ব পৰা নাছিল। ২০১০ চনতে অনুষ্ঠিত হোৱা 'আন্তৰ্জাতিক যুৱ বক্সিং চেম্পিয়নছিপ'ত ভাগ লোৱা ভাৰতীয় দলৰ সদস্য আছিল শিৱ থাপা। এই প্ৰতিযোগিতা ২০১০ চনৰ গ্ৰীষ্মকালীন যুৱ অলিম্পিক ক্ৰীড়াৰ যোগ্যতা নিৰ্ধাৰক খেল আছিল। বহুকেইখন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত শিৱ থাপাই ৰূপক পদক লাভ কৰি ছিংগাপুৰত অনুষ্ঠিত 'গ্ৰীষ্মকালীন যুৱ অলিম্পিক'ত যোগ দিয়াৰ যোগ্যতা অৰ্জন কৰে। ইয়াৰে ছেমি-ফাইনেল খেলখনত থাপাই মণিবদ্ধৰ জোঁড়াত আঘাত পাইছিল। হাতৰ আঘাতৰ বাবে প্ৰশিক্ষকৰ পৰামৰ্শ ক্ৰমে থাপাই ২০ দিন জিৰণি লয়। 'যুৱ অলিম্পিক' খেলত ৫৪-কি.গ্ৰা. শাখাত ফাইনেল খেলত কিউবাৰ বক্সাৰৰ হাতত পৰাজিত হৈ ৰূপৰ পদক অৰ্জন কৰে।
লণ্ডন অলিম্পিকলৈ যোগ্যতা অৰ্জন
২০১২ চনৰ ১১ এপ্ৰিল তাৰিখে কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত 'এছিয়ান অলিম্পিক কোৱালিফায়াৰ্ছ ইভেণ্ট'ৰ ফাইনেলত প্ৰৱেশ কৰি শিৱ থাপাই ২০১২ চনৰ লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰে। এই খেলত থাপাই ৫৬ কি.গ্ৰা. শাখাত ছিৰিয়াৰ 'ৱেছাম ছালামেনা'ক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। শিৱ থাপা অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনকাৰী ভাৰতৰ সৰ্বকনিষ্ঠ বক্সাৰ।
সন্মান
শিৱ থাপাৰ সফলতাৰ বাবে ২০১০ চনত অসম চৰকাৰ-এ ১ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰে। 'ভাৰতীয় অলিম্পিক সংঘ'ই 'যুৱ অলিম্পিক'ত অৰ্জন কৰা সফলতাৰ বাবে এখেতক ৪ লাখ টকা পুৰস্কাৰেৰে সন্মানিত কৰে।
ক্ৰীড়াক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা (২০১৫-১৬) প্ৰদান কৰে।
ৰিঅ' অলিম্পিক ২০১৬ শিৱ থাপাই ৰিঅ' অলিম্পিক ২০১৬ৰ বাবে যোগ্যতা অৰ্জন কৰে। তেওঁ পুৰুষৰ ৫৬ কি. গ্ৰা. শাখাত কিউবাৰ স্বৰ্ণবিজয়ী বক্সাৰ ৰ'বেইছি ৰামিৰেজ হাতত ০-৩ ব্যৱধানত প্ৰথম ৰাউণ্ডতেই পৰাস্ত হয়।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ 'অলিম্পিকত সোণৰ সন্ধান'ৰ ৱেবছাইটত শিৱ থাপাৰ বিষয়ে। অসমৰ ব্যক্তি
অসমীয়া ভাৰতৰ বক্সাৰ
ভাৰতীয় অলিম্পিক অৰ্জুন বঁটা |
28291 | https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A7%B1%E0%A6%BE%E0%A6%B9%E0%A7%B0%20%E0%A6%A8%E0%A7%B1%E0%A7%8B%E0%A6%A6%E0%A6%AF%E0%A6%BC%20%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC | জৱাহৰ নৱোদয় বিদ্যালয় | জৱাহৰ নৱোদয় বিদ্যালয় হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক আবাসিক বিদ্যালয় ব্যৱস্থা। তামিলনাডু ৰাজ্যক বাদ দি ভাৰতৰ বাকী সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশতে বিভিন্ন জিলাত এই বিদ্যালয় আছে। নৱোদয় বিদ্যালয় সমিতি নামৰ এখন সমিতিয়ে এই বিদ্যালয় সমূহৰ পৰিচালনা কৰে। এই বিদ্যালয় ব্যৱস্থাৰ মূখ্য বৈশিষ্ট্যটো হৈছে, অৰ্থ-সামাজিক দিশত দুৰ্বল পৰিয়াল বিলাকৰপৰা (বিশেষকৈ গ্ৰামাঞ্চলৰ) তীক্ষ্ণ মেধাসম্পন্ন শিশু সকলক বাছি আনি এক বিশ্বমানৰ পৰিৱেশত ৰাখি তেওঁলোকক উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰা। এই বিদ্যালয় সমূহত শিক্ষালাভ কৰিবৰ বাবে এজন ছাত্ৰই এটা দেশভিত্তিক বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে। এই পৰীক্ষাটো প্ৰত্যেক বছৰে বিদ্যালয় থকা জিলাসমূহত অনুষ্ঠিত কৰা হয়।
৩১ মাৰ্চ, ২০০৭-অৰ তথ্যমতে ভাৰতত ৫৬৫ খন জৱাহৰ নৱোদয় বিদ্যালয় আছে। এখন জিলাত সাধাৰণতে এখন জৱাহৰ নৱোদয় বিদ্যালয় থাকে।
লক্ষ্য
সামাজিক ন্যায় আৰু সমতাৰ মাজেৰে উত্তম সম্পদ বিকাশ
দেশৰ বিভিন্ন অঞ্চলৰ মেধাসম্পন্ন শিশুসকলক (বিশেষকৈ গ্ৰামাঞ্চলৰ) উত্তম শিক্ষাপ্ৰদানৰ জৰিয়তে ৰাষ্ট্ৰীয় একতাৰ বিকাশ আৰু এনে শিশুসকলৰ ক্ষমতাৰ পূৰ্ণ বিকাশ
ভাল গুণসম্পন্ন আধুনিক শিক্ষাপ্ৰদান, য'ত সামৰি লোৱা হয় সংস্কৃতি আৰু ঐতিহ্যৰ শিক্ষা, পৰিৱেশ বিষয়ক শিক্ষা, শাৰিৰীক শিক্ষা, দুঃসাহসিক ক্ৰীড়া ইত্যাদি
ত্ৰিভাষিক মাধ্যমত শিক্ষা প্ৰদানৰ জৰিয়তে এইটো নিশ্চিত কৰা যে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়েই যাতে তিনিটা ভাষাৰ ওপৰত এক পৰ্য্যাপ্ত দখল থাকে
অভিজ্ঞতা আৰু সুবিধাৰ বিতৰন আৰু বহুল প্ৰচাৰৰ যোগেদি এখন জিলাত সামগ্ৰিক শৈক্ষিক মানদণ্ড উন্নয়নৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰা।
বাছনি প্ৰক্ৰিয়া
জৱাহৰ নৱোদয় বিদ্যালয়ত প্ৰৱেশৰ বাবে বছৰি জিলা আৰু ব্লক ভিত্তিত সমগ্ৰ ভাৰতত এলানি বাছনি পৰীক্ষা আয়োজন কৰা হয়। এই পৰীক্ষাৰ প্ৰশ্নকাকত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা কৰা হয়। প্ৰশ্নকাকত খন বস্তুনিষ্ঠ হয় আৰু ইয়াক তৈয়াৰ কৰোঁতে এইটো লক্ষ্য ৰখা হয় যাতে গ্ৰামাঞ্চলৰ শিশু সকলৰ প্ৰশ্ন বিলাক বুজি পোৱাত কোনো অসুবিধা নহয়।
জৱাহৰ নৱোদয় বিদ্যালয়ৰ সমূহ আসনৰ ৭৫% আসন গ্ৰামাঞ্চলৰ শিশুৰ কাৰনে সংৰক্ষিত। জিলা খনৰ অনুসূচীত জাতি আৰু জনজাতি জনসংখ্যাৰ অনুপাতৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ বাবেও সংৰক্ষন থাকে, এই অনুপাত এই শ্ৰেণীকেইটাৰ জনসংখ্যাৰ ৰাষ্ট্ৰীয় গড় অনুপাততকৈ কমকৈ কেতিয়াও লোৱা নহয়। এক তৃতীয়াংশ আসন ছোৱালীৰ বাবে সংৰক্ষিত আৰু ৩% আসন অন্যভাৱে সক্ষম শিশুসকলৰ বাবে।
বিদ্যালয় ব্যৱস্থা
জৱাহৰ নৱোদয় বিদ্যালয় এখন আৱাসিক শিক্ষানুষ্ঠান আৰু ইয়াত ল'ৰা-ছোৱালীৰ সহ-শিক্ষা প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ বাবে অতি উচ্চ মানদণ্ডৰ আবাসৰ ব্যৱস্থা থাকে। এজন ছাত্ৰ বা ছাত্ৰীৰ দৈনন্দিন প্ৰয়োজনৰ সকলো সুবিধা বিদ্যালয় পৰিসৰত উপলব্ধ হয়।
জৱাহৰ নৱোদয় বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা শিক্ষাদান আৰম্ভ কৰা হয় আৰু দ্বাদশ শ্ৰেণীলৈকে শিক্ষাদান কৰা হয়। শেহতীয়াকৈ, ইয়াত নৱম আৰু একাদশ শ্ৰেণীটো ছাত্ৰ-ছাত্ৰীৰ প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। এই বিদ্যালয়ত কোনো সুবিধাৰে বাবে মাচুল দিয়াৰ প্ৰয়োজন নাছিল, কিন্তু বৰ্তমান নৱম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰসকলে মাহিলী ২০০ টকাকৈ বিদ্যালয় বিকাশ নিধিৰ বাবে এক মাচুল দিব লাগে। অনূসূচীত জাতি, অনূসূচীত জনজাতি, ছোৱালী, অন্যভাৱে সক্ষম আৰু দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলক এই মাচুলৰপৰা ৰেহাই দিয়া হয়।
শিক্ষা
জৱাহৰ নৱোদয় বিদ্যালয়ত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ শৈক্ষিক পঞ্জী মানি চলা হয়। শিক্ষাৰ মাধ্যম হিচাপে তিনিটা ভাষা ব্যৱহাৰ কৰা হয় আৰু তিনিওটা ভাষাকে সমান গুৰুত্ব প্ৰদান কৰা হয়। এই তিনিটা ভাষা হৈছে ইংৰাজী, হিন্দী আৰু ৰাজ্যিক ভাষাটো।
এই বিদ্যালয় সমূহত মুখ্য বিষয় সমূহৰ বাহিৰেও ক্ৰীড়া, সংগীত, কম্পিউটাৰ বিজ্ঞান, সামাজিক গঠনমূলক কৰ্ম আদিৰ শিক্ষা প্ৰদান কৰা হয়। এই সকলো বিলাক বিষয়ৰ বাবে প্ৰয়োজনীয় সকলো আন্তঃগাঠনি বিদ্যালয় সমূহত পৰ্য্যাপ্ত পৰিমানে যোগান ধৰা হয়। এই বিষয় বিলাকত ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধন কৰিবৰ কাৰনে একো একোখন ৰাজ্য বা অঞ্চলৰ জৱাহৰ নৱোদয় বিদ্যালয় সমূহৰ মাজত প্ৰত্যেক বছৰে এই বিষয়বিলাকৰ বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
বিদ্যালয় সমূহৰ পৰিচালনা
ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগৰ নৱোদয় বিদ্যালয় সমিতিৰ দ্বাৰা এই বিদ্যালয় সমূহৰ পৰিচালনা কৰা হয়। পৰিচালনাৰ সুবিধাৰ কাৰনে সমগ্ৰ ভাৰতক আঠটা ক্ষেত্ৰলৈ ভাগ কৰি প্ৰত্যেক ক্ষেত্ৰতে একোটাকৈ ক্ষেত্ৰীয় কাৰ্যালয় স্থাপন কৰা হৈছে। প্ৰত্যেকখন বিদ্যালয়ৰ বাবে একোখনকৈ বিদ্যালয় পৰিচালনা সমিতি আৰু উপদেষ্টা সমিতি থাকে। জিলাৰ উপায়ুক্ত গৰাকীয়ে এই সমিতি কেইখনত অধ্যক্ষতা কৰে। জিলাখনৰ বিশিষ্ট লোক সকলৰপৰা কিছু সংখ্যক লোকক এই সমিতি কেইখনত লোৱা হয়। নৱোদয় বিদ্যালয় সমিতিৰ বৰ্তমান ক্ষেত্ৰীয় কাৰ্যালয় সমূহ এইকেইখন ঠাইত অৱস্থিত:
ভূপাল
চণ্ডীগড়
হাইদৰাবাদ
জয়পুৰ
লক্ষ্ণৌ
পাটনা
পুণে
শ্বিলং
নৱোদয় বিদ্যালয় সমিতিৰ মূখ্য কাৰ্যালয়ৰ বৰ্তমান ঠিকনা এ'-২৮, কৈলাশ কলনী, নতুন দিল্লী ১১০০৪৮
শিক্ষাৰ্থী পৰিভ্ৰমণ ব্যৱস্থা
জৱাহৰ নৱোদয় বিদ্যালয় সমূহৰ আন এক উল্লেখযোগ্য বৈশিষ্ট হৈছে নৱম মান শ্ৰেণীত কৰা এবছৰীয়া শিক্ষাৰ্থীৰ বদলিকৰন। এই যোজনাৰ অধীনত, একোখন বিদ্যালয়ৰ নৱম মান শ্ৰেণীৰ ৩০% ছাত্ৰ ছাত্ৰীক ভাৰতৰ বেলেগ এক অংশৰ অন্য এখন বিদ্যালয়লৈ এবছৰৰ বাবে পঠোৱা হয়। এই বদলি কৰোঁতে ভাষাৰ কথা লক্ষ্য ৰখা হয়, কোনো এক নিৰ্দিষ্ট ভাষিক অঞ্চলৰ ছাত্ৰ ছাত্ৰীক এক সম্পূৰ্ন বেলেগ ভাষিক অঞ্চললৈ পঠোৱা হয়। এই প্ৰক্ৰিয়াৰ মূল লক্ষ্য হ'ল ৰাষ্ট্ৰীয় একতাৰ মজবুতীকৰন আৰু ছাত্ৰ ছাত্ৰীৰ মানসিক পৰিসৰৰ বিস্তাৰ ঘটোৱা।
তথ্যসূত্ৰ
বাহ্যিক লিংক
ভাৰতৰ শৈক্ষিক |
52811 | https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%B0%E0%A6%96%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%A6%E0%A7%8C%E0%A6%B2%2C%20%E0%A6%A8%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A7%B0%E0%A6%BE | গৰখীয়া দৌল, নাজিৰা | শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত গৰখীয়া দৌল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত নিৰ্মিত এটা মন্দিৰ-বিশেষ৷ আনহাতে, দৌলটো গড়গাঁও নগৰৰ পশ্চিম দিশত দিখৌ নৈৰ বিপৰীতে [দক্ষিণ পাৰে] আছে৷ এই দৌলটোক মহেশ্বৰ দৌল বা মহেশ্বৰৰ ঘৰ আৰু মাই দৌল বুলিও কোৱা হয়৷ স্বৰ্গদেউ প্ৰতাপ সিংহই ৰজা হোৱাৰ পাছত পূৰ্বতে পূজা কৰা শিৱলিংগটি নিজৰ পৰা নিলগাই গড়গাঁও নগৰৰ বিপৰীতে এই ঠাইত অষ্টকোণীয়া ভেটি-বিন্যাসেৰে দৌল নিৰ্মাণ কৰি থাপনা থাপি নিয়মিত পূজা-সেৱা কৰিছিল৷ ইটাৰে নিৰ্মিত দৌলটিৰ ইটাৰ মণ্ডপ আৰু চৌদিশৰ পকীবেৰৰ চিনচাব বৰ্তমান পাবলৈ নাই৷ ১৭ শতিকাৰ আগভাগত নিৰ্মিত এই স্থাপত্যটিত আহোম যুগৰ প্ৰথম পৰ্যায়ত বিকাশ লাভ কৰা ইটাৰ নিদৰ্শন পোৱা যায়৷
মহেশ্বৰ দৌলৰ শিৱলিংগটো এচটা শিলৰ ওপৰত থকাৰ বাবে ইয়াক পূজাশিল বুলিও কোৱা হয়৷ এই দৌলটো আহোম যুগৰ পিছৰ পৰ্যায়ত নিৰ্মিত দৌলসমূহতকৈ আকাৰত আপাততঃ সৰু যদিও প্ৰথম পৰ্যায়ত নিৰ্মিত দৌল হিচাপে ইয়াৰ গুৰুত্ব অপৰিসীম৷ এই দৌলৰ ভিতৰৰ প্ৰতিখন বেৰৰ দৈৰ্ঘ ১.২৫ মিটাৰ আৰু বাহিৰত ৩.৭০ মিটাৰ৷ পাদবিন্যাসৰ পৰা শিখৰলৈ উচ্চতা ৮ মিটাৰ৷ দৌলৰ শিখৰটো ওলোটাকৈ থোৱা চুপি আকৃতিৰ৷ গৰখীয়া দৌলৰ বাস্তুপুৰুষমণ্ডল বাহিৰে-ভিতৰে আঠকোণীয়া৷ পূৰ্বে ইয়াৰ সন্মুখত এটা সৰু আকাৰৰ আয়তক্ষেত্ৰাকাৰ মণ্ডপো আছিল৷ মণ্ডপৰ দীঘ বাহিৰে বাহিৰে ৫.৬৪ মিটাৰ আৰু প্ৰস্থ ৩.৭০ মিটাৰ আছিল৷ বৰ্তমান পুৰণি মণ্ডপৰ কোনো চিন-মোকাম পাবলৈ নাই৷ দৌলত অলংকৰণ হিচাপে বেৰৰ মাজত পথালিয়ে দুশাৰী সমান্তৰাল দেৱকোষ্ঠ কটা আছে৷ এই দেৱকোষ্ঠবোৰ দেখাত সাধাৰণ যদিও মধ্যযুগীয় মন্দিৰৰ গাত থকা দেৱকোষ্ঠতকৈ বেলেগ৷ দেৱকোষ্ঠৰ সামগ্ৰিক পৰিকল্পনা সমসাময়িক মোগল স্থাপত্যৰ অনুকৰণ বুলি ক’ব পৰা যায়৷ দেৱকোষ্ঠবোৰত কোনো ভাস্কৰ্য অনুপস্থিত আৰু নক্সা অগভীৰ৷ এইটো কাৰণতেই ইয়াত আৰম্ভণিৰ পৰাই কোনো ভাস্কৰ্য নথকাৰ কথাটো বোধগম্য হয়৷ সম্ভৱতঃ দেৱকোষ্ঠবোৰ উকাকৈ ৰখাটোৱেই এই দৌলৰ অলংকৰণ আছিল৷ এই দৌলৰ শিখৰৰ পৰিকল্পনাতো পৰম্পৰাগত হিন্দু মন্দিৰ-স্থাপত্যৰ প্ৰভাৱ একেবাৰে কমকৈ পৰা পৰিলক্ষিত হয়৷ কাৰণ দৌলৰ শিখৰৰ বাস্তুপুৰুষমণ্ডল বৃত্তাকাৰ যদিও ইয়াৰ কৌণিক অংশবোৰত প্ৰাপ্ত মুকলি ঠাইত অংগশিখৰ বহুওৱা হোৱা নাই৷ সাধাৰণতে হিন্দু মন্দিৰৰ এনে অংশত অংগশিখৰ বহুওৱা দেখা যায়৷ এই দৌলত উত্তৰ ভাৰতৰ নাগৰ স্থাপত্যবোৰৰ লক্ষণ ফুটি উঠা দেখা নাযায়৷ আনহাতে, ইছলামীয় স্থাপত্যত প্ৰচুৰভাৱে ব্যৱহাৰ হোৱা অষ্টভুজী মণ্ডলৰ ব্যৱহাৰৰ ইংগিত এই দৌলৰ পৰিকল্পনাই বহন কৰে৷ কিন্তু দৌলৰ দেৱকোষ্ঠবোৰৰ পৰিকল্পনা ইছলামীয় প্ৰভাৱযুক্ত হোৱাৰ বাবে এই স্থাপত্য-কলা ইছলামীয় স্থাপত্য-কলাৰ প্ৰভাৱযুক্ত বুলি প্ৰমাণ দাঙি ধৰিব পাৰি৷ ঐতিহাসিক দৃষ্টিকোণৰ পৰা চালেও এই কথাৰ সত্যতাৰ বিষয়ে নিশ্চিত হ’ব পৰা যায়৷ কাৰণ গদাধৰ সিংহ ৰজা হোৱাৰ আগলৈকে অৰ্থাৎ ১৬৮০ খ্ৰিষ্টাব্দৰ আগলৈকে অসমৰ স্থাপত্য-কলাৰ কোনো ধাৰাবাহিক গতি নাছিল আৰু সেয়ে স্থাপত্য-শিল্পীৰ দল এটা জীয়াই থকাৰ পৰিৱেশো নাছিল৷ ফলস্বৰূপে পশ্চিমীয়া স্থপতি আমদানি কৰাটো খুবেই স্বাভাৱিক আছিল আৰু সেই স্থপতিবিদৰ নিৰ্মাণশৈলীত ইছলামীয় প্ৰভাৱ পৰাটো এশ শতাংশই নিশ্চিত৷
শেষ মধ্যযুগৰ প্ৰথম অৱস্থাত নিৰ্মিত গুৰুত্বপূৰ্ণ স্থাপত্য-কলা হিচাপে বিবেচিত মহেশ্বৰ দৌলৰ মণ্ডপ অংশ ইতিমধ্যে ভাগি পৰিছে৷ এই দৌলৰ কাষতে এটা পুখুৰীও খন্দা হৈছিল৷ সেই পুখুৰী বৰ্তমানে পোত গৈ সামান্য অৱশেষহে বাকী ৰৈছেগৈ৷ দৌলত বৰ্তমানেও পূজা-সেৱা কৰা হয়৷ চৰকাৰী নথিত ৫১ নম্বৰ দাগত এই দৌলৰ বাবে সংৰক্ষিত মাটি-কালি ৪ কঠা ১০ লোচা৷
এই দৌলৰ প্ৰৱেশ-পথ পশ্চিমলৈ আছে৷ দৌলৰ গাত দুয়োফালে জগমোহনৰ ভগ্নাংশ দেখা পোৱা যায়৷ বৰ্তমান জগমোহনৰ ঠাইত ৰাইজে টিঙৰ চালি, লোহাৰ খুঁটা-পাৰ্লিঙেৰে মণ্ডপ সাজি লৈছে৷
দৌলৰ অন্তৰাল ইংৰাজী 'ইউ' বৰ্ণৰ ওলোটা প্ৰতিৰূপৰ৷ অন্তৰালৰ প্ৰৱেশ-পথৰ বাহিৰৰ দুয়োফালে ১ খনকৈ মুঠ ২ খন দেৱকোষ্ঠ আছে৷ দেৱকোষ্ঠৰ ভিতৰত এটা খলপাৰ ওপৰৰ ফালে ত্ৰিভুজাকৃতিৰ ভাস্কৰ্য থকা ঠাই আছে৷
দৌলৰ গৰ্ভগৃহৰ ভিতৰৰ বেৰবোৰ ভগ্ন৷ উত্তৰফালৰ পৰা ওপৰভাগলৈ দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু ষষ্ঠ বেৰত ১ টাকৈ মুঠ ৩ টা কুন্দ্ৰাক্ষ আছে৷ আনহাতে, উত্তৰফালৰ পৰা দ্বিতীয় আৰু ষষ্ঠ বেৰত ১ টাকৈ মুঠ ২ টা চাকি থোৱা খোলৰ ভগ্নাংশ ভাগি-ছিগি শেষ হৈ যোৱা অৱস্থাত আছে৷
এই দৌলৰ অধিস্থানৰ পিৰা আৰু পিৰাৰ ওপৰত লিনতেল দেখা পোৱা নাযায়৷ ইয়াৰ কাৰণ হৈছে দিখৌ নৈৰ পলস পৰি সেই অংশবিশেষ পোত খাই গৈছে৷ জংঘা অংশত প্ৰতি বেৰত দুটা শাৰীত দুশাৰী দেৱকোষ্ঠ আছে৷ ০৩-০৮-২০১৬ তাৰিখৰ জোখ-মাখ অনুসৰি মাটিৰ পৰা ১ ফুট ১১ ইঞ্চি উচ্ছতাত প্ৰথম শাৰীৰ দেৱকোষ্ঠসমূহ আছে৷ প্ৰথম শাৰীৰ পৰা চাৰে এঘাৰ ইঞ্চি উচ্চতাত দ্বিতীয় শাৰীৰ দেৱকোষ্ঠসমূহ দেখা পোৱা যায়৷ জংঘাৰ উচ্ছতা ১১ ফুট ৩ ইঞ্চি, মেৰে ৯৮ ফুট ৬ ইঞ্চি৷ দ্বিতীয় শাৰীৰ দেৱকোষ্ঠৰ পৰা ২ ফুট ২ ইঞ্চি উচ্চতাত ১ টা সৰু লিনতেলেৰে জংঘা শেষ হৈছে৷ জংঘাৰ বহিঃবেৰত, প্ৰৱেশ-পথৰ বাওঁফালৰ পৰা ক্ৰমান্বয়ে ১ নং বেৰত ২ খন দেৱকোষ্ঠ আৰু জগমোহনৰ ভগ্ন অংশ, ২ নং বেৰত দুশাৰীত ৪ খনকৈ ৮ খন দেৱকোষ্ঠ আছে৷ ৩ নং, ৪ নং, ৫ নং আৰু ৬ নং বেৰ ২ নং বেৰৰ সৈতে সমান দেৱকোষ্ঠযুক্ত আৰু ৭ নং বেৰ ১ নং বেৰৰ বৰ্ণনাৰ সৈতে একেই৷
জংঘাৰ লিনতেলৰ ওপৰত কিছু সোমাই ২ টা লিনতেল সদৃশ খণ্ডৰ ওপৰত জিকাসিৰৰ গণ্ডী স্থাপিত৷ ইয়াত ৪৬ ডাল জিকাসিৰ আছে৷ এই সিৰবোৰ জংঘাৰ ওপৰৰ ফালৰ গণ্ডীত আৰম্ভ হৈ গণ্ডীৰ প্ৰায় মাজভাগতে বিলীন হৈছে৷ গণ্ডী অংশ সাইলাখ মৌচাক গঢ়ৰ৷
এখন ৰথচক্ৰৰ পাটেৰে মস্তক আৰম্ভ হৈছে৷ তাৰ ওপৰত আন এখন ৰথচক্ৰৰ পাট আছে৷ পাটৰ ওপৰত কলচী আৰু আয়ুধ নাই৷ সম্ভৱতঃ প্ৰাকৃতিক দুৰ্যোগত ভাগিল৷
তথ্য সংগ্ৰহ
অসমৰ ধৰ্মীয় স্থান
হিন্দুধৰ্মৰ |
67848 | https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%9F%E0%A7%80%20%E0%A6%97%E0%A7%8C%E0%A7%B0%E0%A7%B1%E0%A6%AF%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BE | গুৱাহাটী গৌৰৱযাত্ৰা | কুইয়াৰ প্ৰাইড গুৱাহাটী বা গুৱাহাটী গৌৰৱযাত্ৰা অসমৰ গুৱাহাটীত অনুষ্ঠিত বাৰ্ষিক গৌৰৱ যাত্ৰা। ২০১৪ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত স্থানীয় এলজিবিটি সম্প্ৰদায়ৰ সদস্য আৰু এলজিবিটি অধিকাৰ সমৰ্থকসকলে প্ৰথমবাৰৰ বাবে এই প্ৰাইডৰ আয়োজন কৰিছিল। এই প্ৰাইড সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম এলজিবিটি গৌৰৱ যাত্ৰা আছিল। প্ৰতিবছৰে ফেব্ৰুৱাৰী মাহত এই গৌৰৱ যাত্ৰা অনুষ্ঠিত হয় যদিও ২০২১ চনত মাৰ্চ মাহত অনুষ্ঠিত কৰা হ'য়।
ইতিহাস
ঔপনিবেশিক যুগৰ পৰা প্ৰচলিত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ পুনৰুৎস্থাপন কৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ২০১৩ চনৰ ১১ ডিচেম্বৰৰ ৰায়দানৰ পিছত সমগ্ৰ বিশ্বত প্ৰতিবাদৰ আয়োজন কৰা হৈছিল। ২০১৩ চনৰ ১৫ ডিচেম্বৰত বিশ্বৰ কেইবাখমান চহৰত একেলগে এক বিশ্বব্যাপী ক্ৰোধ দিৱসৰ আয়োজন কৰা হৈছিল। গুৱাহাটীৰ কিছুমান লোকেও চহৰখনত বিশ্বব্যাপী ক্ৰোধ দিৱস পালন কৰিবলৈ বাকী বিশ্বৰ সৈতে যোগদান কৰিছিল। ইয়াৰ ফলত গুৱাহাটীত এলজিবিটি সমস্যাৰ বাবে প্ৰথম ৰাজহুৱা প্ৰতিবাদ কৰা হয়। প্ৰতিবাদৰ পিছতে স্বেচ্ছাসেৱকৰ এটা দল একেলগে আহিছিল আৰু গুৱাহাটীত এলজিবিটি প্ৰাইড পেৰেড আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল।
প্ৰথম সংস্কৰণ, ২০১৪
২০১৪ চনৰ ৯ ফেব্ৰুৱাৰীত কুইয়াৰ প্ৰাইড গুৱাহাটীৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল। ই দীঘলীপুখুৰীৰ পৰা ১০ বজাত আৰম্ভ হৈছিল আৰু আৰবিআই পইণ্ট, ওৱাৰ্ড এছ.পি. অফিচ, আয়ুক্ত পইণ্ট, লতাশিল, লেম্ব ৰোডৰ মাজেৰে গৈছিল আৰু টি.চি ফাউণ্টেইন পইণ্টত শেষ হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখেৰে পাৰ হৈ যোৱা গৌৰৱ যাত্ৰাকাৰী সকলে শেহতীয়া উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে শ্লোগান দিছিল। প্ৰায় ১৫০জন লোকে গৌৰৱ যাত্ৰাত অংশগ্ৰহণ কৰিছিল। ইয়াত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ অংশগ্ৰহণকাৰীসকলৰ লগতে আন চহৰ আৰু ৰাজ্যৰ লোকসকলও ইয়াত উপস্থিত আছিল।
কুইয়াৰ আজাদী মুম্বাই আৰু দিল্লী কুইয়াৰ প্ৰাইড সমিতিত স্থানীয় ব্যক্তি আৰু ব্যক্তিৰ পৰা দানৰ জৰিয়তে কুইয়াৰ প্ৰাইড গুৱাহাটীৰ ব্যয় বহন কৰা হৈছিল। গুৱাহাটীত অৱস্থিত কেইখনমান বেচৰকাৰী সংগঠনেও ইয়াক সমৰ্থন কৰিছিল।
প্ৰাইডৰ আয়োজকসকলেও কিছু প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছিল। সমৰ্থনকাৰী বেচৰকাৰী সংগঠনৰ এটাৰ কাৰ্যালয় কিছুমান সোঁপন্থী ৰক্ষণশীলৰ ধ্বংস কৰা হৈছিল। কিছুমান অংশগ্ৰহণকাৰীয়ে ভাবুকিযুক্ত টেলিফোন লাভ কৰিছিল। প্ৰাইডৰ দিনা সোঁপন্থী ছাত্ৰ দল হিন্দু যুৱ চত্ৰ পৰিষদৰ কেইজনমান সদস্যই প্ৰাইড বন্ধ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোকক আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছিল।
প্ৰাইডৰ পিছতে কিছুমান আয়োজকে একেলগে অঞ্চলটোৰ এলজিবিটি সক্ৰিয়তা আৰু আগলৈ লৈ যোৱাৰ বাবে সুকীয়া নামেৰে এক বেচৰকাৰী সংগঠন গঠন কৰিছিল।
দ্বিতীয় সংস্কৰণ, ২০১৫
প্ৰথম কুইয়াৰ প্ৰাইড গুৱাহাটীৰ পিছত মণিপুৰৰ ইম্ফলতো গৌৰৱ যাত্ৰা অনুষ্ঠিত কৰা হৈছিল। ২০১৫ চনত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি, গোট আৰু সংগঠনে এক সামূহিক গৌৰৱ যাত্ৰা সংগঠিত কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেয়েহে এলজিবিটি নৰ্থ ইষ্ট প্ৰাইড ৱাক, ২০১৫ বুলি নামকৰণ কৰা হয়। ২০১৫ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত এয়া অনুষ্ঠিত হৈছিল। দীঘলীপুখুৰী-আৰবিআই পইণ্ট- ফুড ভিলা পইণ্ট- উচ্চ ন্যায়ালয়- লতাশিল পইণ্ট- আমবাৰী- গুৱাহাটী ক্লাব ৰটাৰীৰ পৰা পথৰ মাজেৰে আগবাঢ়ি গৌৰৱ যাত্ৰা পাৰ হৈ গৈছিল।
তৃতীয় সংস্কৰণ, ২০১৬
তৃতীয় গুৱাহাটী প্ৰাইড ৱাক ২০১৬ চনৰ ৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ দীঘলীপুখুৰীত অনুষ্ঠিত হৈছিল আৰু ইয়াত প্ৰায় ২০০জন লোকে অংশগ্ৰহণ কৰিছিল। উদযাপনৰ অংশ হিচাপে ইয়াত পথৰ ফেশ্বন শ্ব' অনুষ্ঠিত কৰা হৈছিল। ইয়াক সুকীয়াৰ সহযোগত আয়োজন কৰা হৈছিল। প্ৰাইড দীঘলীপুখুৰী পাৰ্কৰ পৰা আৰু চহৰখনৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়, ফুড ভিলা, নেহৰু পাৰ্ক, আৰকেবি হোষ্টেলৰ দৰে অঞ্চলবোৰৰ মাজেৰে পাৰ হৈ আকৌ দীঘলীপুখুৰী উদ্যানত উভতি আহিছিল। এই গৌৰৱ যাত্ৰা এলজিবিটিকিউ সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ বৈষম্যৰ বিৰুদ্ধে আছিল আৰু বিশেষভাৱে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ৰ দৰে বৈষম্যমূলক আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছিল।
চতুৰ্থ সংস্কৰণ, ২০১৭
গুৱাহাটী গৌৰৱ যাত্ৰাৰ চতুৰ্থ সংস্কৰণ ২০১৭ চনৰ ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। প্ৰায় ৩০০জন লোকে এই যাত্ৰাত উপস্থিত আছিল। এই প্ৰাইডত গুৱাহাটী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, টাটা ইনষ্টিটিউট অফ ছচিয়েল চাইন্সেছ আদি বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সমৰ্থন কৰিছিল আৰু পশ্চিম বংগ, কৰ্ণাটক আৰু তামিলনাডুৰ কৰ্মীসকলেও তেওঁলোকৰ সমৰ্থন দেখুৱাইছিল। অনুষ্ঠানটোত ৰঙীন বেনাৰ, মুখা আৰু বলিউড আৰু অসমীয়া প্ৰেম গীতৰ প্ৰদৰ্শন কৰা হৈছিল। ইয়াত সশস্ত্ৰ বাহিনীৰ বিশেষ অধিকাৰ আইন বা আছফাৰ দৰে আইনৰ বিৰুদ্ধেও প্ৰতিবাদ হৈছিল আৰু ইয়াক বাতিল কৰাৰ দাবী জনোৱা হৈছিল আৰু নালচা বিচাৰ ৰূপায়ণ কৰিবলৈ চৰকাৰক আহ্বান কৰা হৈছিল।
পঞ্চম সংস্কৰণ, ২০১৮
গুৱাহাটী গৌৰৱ যাত্ৰাৰ পঞ্চম সংস্কৰণ ২০১৮ চনৰ ১১ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। মুখ্য গৌৰৱ অনুষ্ঠানৰ আগতে পুঁজি গঠন, কনচাৰ্ট আৰু ফ্ল্যাশ মবৰ দৰে অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ঠাইৰ লোকৰ অংশগ্ৰহণ কৰিছিল।
ষষ্ঠ সংস্কৰণ, ২০১৯
গুৱাহাটী গৌৰৱ যাত্ৰাৰ ষষ্ঠ সংস্কৰণ ২০১৯ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ দীঘলীপুখুৰীত অনুষ্ঠিত হৈছিল আৰু বহু লোকে অংশগ্ৰহণ কৰিছিল। ২০১৮ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পাঁচ গৰাকী পাঁচজন সংবিধানিক বিচাৰপীঠে ভাৰতীয় দণ্ডবিধি আইনৰ দফা ৩৭৭ পাৰ্শ্বীয়ভাবে অসংবিধানীক হিচাপে ৰায়দান কৰিছিল। সেয়ে এলজিবিটি সম্প্ৰদায়ৰ সমৰ্থকসকলে তেওঁলোকৰ সমৰ্থন দেখুৱাবলৈ ৰামধেনু পতাকা আৰু বেলুন দেখুৱাই নৃত্য-গীত কৰিছিল।
সপ্তম সংস্কৰণ, ২০২০ ৯ ফ্ৰেব্ৰুৱাৰী, ২০২০ তাৰিখে গুৱাহাটী গৌৰৱ যাত্ৰাৰ সপ্তম সংস্কৰণটি উদযাপন কৰা হয়। পূৰ্বতকৈ অধিক অংশগ্ৰহণকাৰীৰে এই অনুষ্ঠানটো বিয়লি ২বজাৰ পৰা অনুষ্ঠিত হয়। উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্তৰ লোকেও ইয়াত অংশগ্ৰহণ কৰিছিল।
অষ্টম সংস্কৰণ, ২০২১ ক'ভিড-19ৰ ভয়াবহতাৰ বাবে গুৱাহাটী গৌৰৱ যাত্ৰাৰ অষ্টম সংস্কৰণটো পূৰ্বতকৈ পলম হয়। ২০২১ বৰ্ষৰ ২১মাৰ্চ তাৰিখে ক'ভিড সচেতনতাৰ মাজেৰে এই গৌৱৰ যাত্ৰা অনুষ্ঠিত হৈ যায়। অনুৰাধা চিত্ৰগৃহৰ পৰা ২ বজাত ওলোৱা সমদলটো ৫ বজাত দীঘলীপুখুৰীৰ সমুখত উপস্থিত হয়। এই যাত্ৰাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অংশগ্ৰহণকাৰিয়ে ভাগ লয়। কুইয়াৰ প্ৰাইড গুৱাহাটী কমিটিৰ দ্বাৰা বিভিন্ন দান-বৰঙণিৰে অনুষ্ঠিত এই অনুষ্ঠানৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে অংশগ্ৰহণকৰি সকলে প্ৰথমবাৰলৈ এটা ব্যক্তিগত ক্লাৱত নৃত্য-গীত আদিৰ দ্বাৰা আনন্দ-স্ফূৰ্তি কৰে।
নৱম সংস্কৰণ, ২০২২
২৪ এপ্ৰিল ২০২২ তাৰিখে গুৱাহাটী গৌৰৱ যাত্ৰাৰ নৱম সংস্কৰণটি অনুষ্ঠিত হৈ যায়। গুৱাহাটীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ বাকৰিৰ পৰা দিনৰ ২ বজাত সমদলটোৱে দীঘলী পুখুৰী অভিমুখে আগবাঢ়ি যায় আৰু বিয়লি ৫ বজাত অনুষ্ঠানৰ সমাপ্তি ঘটে। এই যাত্ৰাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অংশগ্ৰহণকাৰিয়ে ভাগ লয়। কুইয়াৰ প্ৰাইড গুৱাহাটী কমিটিৰ দ্বাৰা বিভিন্ন দান-বৰঙণিৰে অনুষ্ঠিত এই অনুষ্ঠানৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে অংশগ্ৰহণকৰি সকলে দ্বিতীয়বাৰলৈ সমন্বয় গোটৰ সহযোগত এটা ব্যক্তিগত ক্লাৱত নৃত্য-গীত আদিৰ দ্বাৰা আনন্দ-স্ফূৰ্তি কৰে। বিগত সময়চোৱাত কুইয়াৰ প্ৰাইড গুৱাহাটীয়ে বিভিন্ন সংবাদ মাধ্যমৰ দ্বাৰা প্ৰচাৰিত অসংবেদনশীল বাতৰিৰ প্ৰতিবাদ স্বৰূপে "প্ৰচাৰ মাধ্যমৰ দ্বাৰা কুয়েৰ লোকসকলৰ জীৱনৰ দায়িত্বজ্ঞানহীন আৰু অস্পৰ্শকাতৰ উপস্থাপনা" শীৰ্ষক এক নিৰ্ধাৰিত বিষয় বাছনি কৰিছিল। লগতে এই গৌৰৱৰ যাত্ৰাৰ উদ্দেশ্য আছিল সম্প্ৰদায়ৰ জীৱনক ঐক্যবদ্ধ হৈ উদযাপন কৰাৰ সুযোগ দিয়াৰ সমান্তৰালভাৱে ভালপোৱা আৰু সক্ৰিয়তাক সঁহাৰি দিবলৈ তথা ২০১৪ চনৰ নালচা ৰায়দান আৰু ভাৰতীয় দণ্ডবিধি আইনৰ দফা ৩৭৭ক পাৰ্শ্বীয়ভাবে অসংবিধানীক হিচাপে ৰায়দান কৰাৰ পাছতো সমগ্ৰ দেশজুৰি এই সম্প্ৰদায়ে সন্মুখীন হোৱা বৈষম্যৰ বিপক্ষে থিয় হোৱা জনক অনুপ্ৰাণিত কৰা। গুৱাহাটী কুইয়াৰ প্ৰাইড সমিতিয়ে প্ৰচাৰ কৰা বিবৃতিটো আছিল-বিগত বছৰবোৰত কিছু সংখ্যক সংবাদ মাধ্যমে সম্প্ৰদায়টোৰ সহযোগী হোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সম্প্ৰদায়টোৰ সমাজৰ লগত ব্যৱধানবোৰ দূৰ কৰাত সহায় কৰাৰ চেষ্টা কৰিছে। কিছু সংবাদ মাধ্যমৰ যোগাত্মক প্ৰচেষ্টাক সন্মান কৰাৰ লগতে, কুয়েৰ প্ৰাইডে এই সম্প্ৰদায়ৰ সংগ্ৰামক স্বীকৃতি আৰু সন্মান প্ৰদানৰো আশা কৰে; যাক সম্প্ৰদায়টোৰ অধিকাৰবিৰোধী অনেক মাধ্যমে দীৰ্ঘ সময়জুৰি ঋণাত্মকভাৱে সম্প্ৰসাৰণ কৰি আহিছে। সংবাদ মাধ্যমৰ কিছুমান সদস্যৰ দ্বাৰা বৈষম্য, ভুল সংৰেখিতকৰণ আৰু সংবাদ মাধ্যমৰ কিছু সদস্যৰ স্বল্পজ্ঞানৰ দ্বাৰা প্ৰভাৱিত হোৱা এই সম্প্ৰদায়ৰ ব্যক্তিসকলৰ প্ৰতি আমাৰ সমৰ্থন প্ৰদৰ্শনৰ উদ্দেশ্যেই 'প্ৰাইড-২০২২' ক সংবাদ মাধ্যমৰ পৰা বিচ্ছিন্ন কৰাৰ বাবে এক সচেতন প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, যাৰ ফলত সমাজৰ ভিতৰত বহুতৰ বাবে গুৰুতৰ প্ৰতিক্ৰিয়া হৈছে। সংবাদ মাধ্যমৰ দ্বাৰা কুয়েৰ জীৱনৰ দায়িত্বহীন আৰু অসংবেদনশীল উপস্থাপনা ই আমাৰ সম্প্ৰদায়ৰ প্ৰতি হোৱা বৈষম্য আৰু হিংসাক আৰু অধিক সক্ষম কৰি তুলিছে। এই আহ্বানটো দায়িত্বশীল বাতৰি প্ৰতিবেদনৰ প্ৰতি সংবাদ মাধ্যমৰ ওপৰত থকা দায়িত্ববোধৰ ওপৰত আলোকপাত কৰাৰ বাবে কৰা হৈছে। আমি সংবাদ মাধ্যমৰ অনুষ্ঠান সমূহক কুয়েৰ বিষয়ৰ ওপৰত নিজকে সংবেদনশীল কৰিবলৈ আৰু কুয়েৰ ব্যক্তিসকলক ভুলকৈ উপস্থাপন কৰাৰ আগতে সঠিক গৱেষণা কৰিবলৈ অনুৰোধ জনাইছো। প্ৰত্যেক বছৰে ৬০০তকৈ অধিক লোকে অংশগ্ৰহণ কৰা গুৱাহাটীৰ এই কুয়েৰ প্ৰাইডত অসমৰ ভিতৰতে আটাইতকৈ বেছি লোকৰ সমাগম হয়। সেইবাবে আমি এই বছৰো এই অনুষ্ঠানতো অনুষ্ঠিত কৰিবৰ বাবে আগবাঢ়িছোঁ য'ত আমি আমাৰ এই সমাজৰ বৈচিত্ৰ্যতা তথা সন্মান ঘূৰাই আনিব পাৰিম। কাৰণ প্ৰত্যেক লোকে নিজৰ ধৰণে জীয়াই থকাৰ প্ৰেম কৰাৰ অধিকাৰ আছে আৰু এইখিনিয়ে আমাৰ সুযোগ যত আমি আমাৰ সমতাৰ বাবে যুজঁ কৰিব পাৰো।
তথ্য উৎস
এলজিবিটি
|
83191 | https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AB%E0%A7%81%E0%A6%B2%E0%A7%8D%E0%A6%B2%20%E0%A6%AE%E0%A6%B9%E0%A6%A8%E0%A7%8D%E0%A6%A4 | প্ৰফুল্ল মহন্ত | ড০ প্ৰফুল্ল মহন্ত ১৯৪১-২০২২) অসম, ভাৰতৰ এগৰাকী লেখক, চিন্তাবিদ, ইতিহাসকাৰ, ঔপন্যাসিক, সমাজ বিজ্ঞানী, আৰু অধ্যাপক। অসমৰ জাতীয় সত্তা, মধ্যবিত্ত আৰু জনজাতীয় শ্ৰেণীৰ ইতিহাস আৰু বাস্তৱতা সম্বন্ধে বিস্তৃত আলোচনাৰ লগতে কিছুসংখ্যক গৱেষণামূলক গ্ৰন্থও তেখেতে লিখি থৈ গৈছে৷ ১৯৬০ চনত শিক্ষকতাৰ জৰিয়তে কৰ্মজীৱন আৰম্ভ কৰা ড০ প্ৰফুল্ল মহন্তই ১৯৯৮ চনৰ পৰা ২০০৫ চনলৈকে অসমৰ আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা সঞ্চালক পদত অধিষ্ঠিত হৈছিল। ২০০৭ চনত তেখেতে 'নতুন সময়' নামৰ কাকতখনত সম্পাদক হিচাপে জড়িত হয়৷ অজিত কুমাৰ ভূঞা আৰু ড০ জীতেন্দ্ৰ লাল শৰ্মাই সম্পাদনা কৰা ড০ প্ৰফুল্ল মহন্ত: জীৱন আৰু অণ্বেষণ চিন্তাবিদগৰাকীৰ জীৱন আৰু কৰ্ম সম্পৰ্কে আলোচনা কৰা হৈছে৷ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস, সমাজনায়ক শংকৰদেৱ-ঐতিহাসিক প্ৰেক্ষাপট, জনগোষ্ঠীত চেতনা-আত্ম প্ৰতিষ্ঠাৰ প্ৰশ্ন আদি হৈছে ড০ প্ৰফুল্ল মহন্তৰ কেইখনমান উল্লেখযোগ্য গৱেষণামূলক গ্ৰন্থ৷ তেখেতৰ দ্বাৰা লিখিত 'অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস' গ্ৰন্থখনক অসমীয়া ভাষা-সাহিত্যৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হিচাপে বিবেচনা কৰা হয়৷
জন্ম আৰু শৈশৱ
ড০ প্ৰফুল্ল মহন্তই ১৯৪১ চনত নগাঁৱৰ জাজৰি বগৰীগুৰিৰ হেমাৰবড়ি সত্ৰত জন্মলাভ কৰিছিল। তেখেতৰ পিতৃ থুলেশ্বৰ মহন্ত আৰু মাতৃৰ নাম কিৰণ মহন্ত।
শিক্ষা
ড০ প্ৰফুল্ল মহন্তই নগাঁৱৰ খালৈগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে৷ ইয়াৰ পিছত তেখেতে গোসাঁইবড়ি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল৷ তেখেতে সপ্তম শ্ৰেণীৰ পৰা শিক্ষা লাভ কৰে জাজৰি হাইস্কুলত৷ এইখন বিদ্যালয়ৰ পৰাই তেখেতে ১৯৫৭ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৬০ চনত তেখেতে নগাঁও মহাবিদ্যালয়ৰ পৰা আই এ পৰীক্ষাত উত্তীৰ্ণ হয়৷ ইয়াৰ পিছত তেখেতে নগাঁৱৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত নামভৰ্তি কৰি ১৯৬২ চনত শিক্ষানুষ্ঠানখনৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে৷ ১৯৬৩ চনত যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা ড০ প্ৰফুল্ল মহন্তই বিটি ডিগ্ৰী গ্ৰহণ কৰে আৰু তাৰ ঠিক তিনি বছৰৰ পাছত ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ ১৯৮৭ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰে৷ অসমৰ বিশিষ্ট সমালোচক-সাহিত্যিক ড০ হীৰেন গোঁহাইৰ তত্ত্বাৱধানত গৱেষণা কৰা ড০ প্ৰফুল্ল মহন্তৰ গৱেষণাৰ বিষয় আছিল-“অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ, বিকাশ আৰু ব্ৰিটিছ আমোলাৰ অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক ৰূপান্তৰত তেওঁলোকৰ ভূমিকা (১৮২৮-১৯৪৭)”৷
কৰ্ম জীৱন
শিক্ষকতা
ড০ প্ৰফুল্ল মহন্তই ১৯৬০ চনত কঁহিগুৰি এম.ভি., এল.পি. স্কুলত এবছৰৰ বাবে শিক্ষকতা কৰি কৰ্মজীৱনৰ পাতনি মেলে৷ তেখেতে ইয়াৰ পিছত ১৯৬১-৬২ চনত বৰপাথৰি বাপুজী হাইস্কুলত ডেৰ বছৰৰ বাবে শিক্ষকতা কৰে৷ ১৯৬২ চনতে পুনৰ নগাঁৱৰে কুঁজিদাহ হাইস্কুলত তেখেতে সাতমাহৰ বাবে শিক্ষকতা কৰে৷ ১৯৬৬ চনত ড০ প্ৰফুল্ল মহন্তই ডিফু চৰকাৰী হাইস্কুলত অসমীয়া বিষয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰে৷ পৰৱৰ্তী সময়ত তেখেতে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পদত অধিষ্ঠিত হয়৷ ১৯৬৮ চনত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষৰ পদ ত্যাগ কৰি তেখেতে বছৰৰ শেষভাগত মৰিয়নি কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে৷ ১৯৬৮ চনৰ পৰা ১৯৯৪ চনলৈকে তেখেতে মৰিয়নি মহাবিদ্যালয়ত প্ৰায় ২৬ বছৰ কাল শিক্ষাদান কৰে৷ ড০ প্ৰফুল্ল মহন্তই ১৯৯৪ চনত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা,অসম )ত জ্যেষ্ঠ গৱেষক হিচাপে যোগদান কৰে৷ ১৯৯৮ চনত তেখেত অনুষ্ঠানটিৰ সঞ্চালক পদত অধিষ্ঠিত হয় আৰু ২০০৫ চনৰ ৩১ ডিচেম্বৰত প্ৰতিষ্ঠানটিৰ পৰা অৱসৰ লয়৷
শিক্ষকতা আৰু অধ্যাপনাৰ জীৱনৰ পিছত ২০০৭ চনত তেখেতে “নতুন সময়” নামৰ সাপ্তাহিক বাতৰি কাকতখনৰ সম্পাদক হিচাপে যোগদান কৰে। অৱশ্যে ডেৰ বছৰমানৰ পাছতেই বাতৰি কাকতখনৰ প্ৰচাৰ আৰু বিতৰণ বন্ধ হৈ যায়৷
শিক্ষাদানৰ শৈলী
উল্লেখ্য যে, মৰিয়নি মহাবিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়ত তেখেতৰ শিক্ষণ-শৈলীয়ে ছাত্ৰ-ছাত্ৰীসকলক আকৃষ্ট কৰিছিল৷ তেখেত জনপ্ৰিয় হৈছিল৷ মহন্ত ছাৰ ক্লাছ শিক্ষাৰ্থীসকলেপৰাপক্ষত ক্ষতি নকৰিছিল৷
সাহিত্যিক জীৱন
এগৰাকী সমাজ বিজ্ঞানী, গৱেষক আৰু চিন্তাবিদ হিচাপে পৰিচিত ড০ প্ৰফুল্ল মহন্তই নিজৰ তাত্ত্বিক, গৱেষণাধৰ্মী সাহিত্যকৃতিৰে অসমীয়া ভাষা-সাহিত্যলৈ বৰঙণি আগবঢ়াই থৈ গৈছে৷ বিশেষকৈ তেখেতৰ দ্বাৰা লিখিত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাসখনক অসমৰ বৌদ্ধিক সমাজ কীৰ্তিস্তম্ভ হিচাপে আখ্যা দিয়া হয়৷অধ্যাপক অখিল ৰঞ্জন দত্তৰ মতে-তেওঁৰ 'অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস অসমীয়া ভাষাত তথা অসমৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ এখন মহাকাব্যিক গ্ৰন্থ৷ মধ্যবিত্ত শ্ৰেণীক লৈ এনেধৰণৰ গ্ৰন্থ প্ৰণয়ন হোৱা নাই৷ বিশেষ গ্ৰন্থখনৰ ইংৰাজী অনুবাদ চলি আছে বুলি অসমৰ প্ৰকাশন গোষ্ঠী এটাই ৰাজহুৱাকৈ জানিবলৈ দিছে৷
ৰচনাৰাজি
অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস
সমাজনায়ক শংকৰদেৱ-ঐতিহাসিক প্ৰেক্ষাপট
জনগোষ্ঠীয় চেতনাঃ আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন
অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ
সমাজ সংস্কৃতি ইতিহাস ইত্যাদি জনজাতীয় স্বাধিকাৰ আন্দোলন আৰু বড়ো জাতি সত্তা
আধুনিক অসমীয়া সাহিত্যঃ সামাজিক-বৌদ্ধিক পটভূমি আৰু অন্যান্য
বড়োভূমিৰ উচুপনি
বিষয়ঃ জনজাতিৰ মৰ্মবেদনা
ঐতিহাসিক প্ৰেক্ষাপটত জনজাতীয় সমস্যা শংকৰদেৱ আৰু বড়ো জাতি ঐতিহাসিক প্ৰেক্ষাপটত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট আৰু অনুপ্ৰৱেশৰ সমস্যা
খিলঞ্জীয়াৰ সুৰক্ষা আৰু জাতি জনগোষ্ঠীৰ ঐক্যৰ সূত্ৰধাৰ বড়োসকল হিন্দুবাদ-বৰ্ণবাদ বিধ্বস্ত অসমীয়া জাতীয়তাবাদ আৰু নৱজাগ্ৰত জনজাতীয় চেতনা
উপন্যাস
সোণাইৰ সোঁত ইতিহাসে ৰিঙিয়ায়
মিলিত প্ৰয়াস (আমাৰ প্ৰতিনিধি’ত প্ৰকাশিত)
সামাজিক জীৱন
ড০ প্ৰফুল্ল মহন্তই মৰিয়নি মহাবিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়ত মৰিয়নিৰ সমাজ-জীৱনৰ লগত জড়িত হৈ পৰিছিল৷ মৰিয়নিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ'ৰাৰ লগত জন্মৰে পৰা জড়িত হৈ আছিল৷ মৰিয়নি আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহৰ লগতে অসমৰ একাধিক ঠাইৰ সভা-সমিতি, আলোচনা-চক্ৰ আদিত তেখেতে যোগদান কৰিছিল৷
ব্যক্তিগত জীৱন
ড০ প্ৰফুল্ল মহন্ত আৰু তেখেতৰ পৰিয়ালটোৱে পাছলৈ কামৰূপ (মহানগৰ) জিলাৰ বেলতলাৰ ভেটাপাৰাৰ জ্যোতি পথত বাস কৰিছিল৷ ড০ প্ৰফুল্ল মহন্তৰ পত্নী হৈছে চেনিচম্পা মহন্ত৷ তেওঁলোকৰ সন্তান তিনিটি৷ দুগৰাকী পুত্ৰ হৈছে মন্ময় মহন্ত আৰু ৰাহুল মহন্ত৷ আনহাতে একমাত্ৰ কন্যা হৈছে ঋতুপৰ্ণা মহন্ত৷ তেখেতে একধৰণৰ আপোচবিহীন ব্যক্তিত্ব বৰ্তাই ৰাখিছিল বুলি জানিব পাৰি৷ তেখেত এগৰাকী উৎসাহী মনৰো ব্যক্তি আছিল৷ ড০ প্ৰফুল্ল মহন্তই কিতাপৰ লগত ভালেখিনি সময় পাৰ কৰিছিল৷ মৰিয়নি মহাবিদ্যালয়ত থকাৰ সময়তে তেখেতে এটা ব্যক্তিগত বৃহৎ পুথিভৰাঁল স্থাপন কৰিছিল৷ মহাবিদ্যালয়খনৰ আৱাস গৃহত বাস কৰা ড০ মহন্তই এই কিতাপসমূহ স্বেচ্ছাই বিভিন্নজনক পঢ়িবলৈ দিছিল৷ ঘৰত থকা সময়ছোৱাতো তেখেতে গ্ৰন্থ-অধ্যয়ন আৰু লিখা-মেলাৰ মাজেৰে সময় অতিবাহিত কৰিছিল৷ বঁটা আৰু স্বীকৃতি
অম্বিকাচৰণ চোধুৰী ইতিহাস চেতনা বঁটা
বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা, অসম সাহিত্য সভা
অজিত কুমাৰ ভূঞা আৰু ড০ জীতেন্দ্ৰ লাল শৰ্মাই সম্পাদনা কৰা ড০ প্ৰফুল্ল মহন্ত: জীৱন আৰু অণ্বেষণ''ত চিন্তাবিদগৰাকীৰ জীৱন আৰু কৰ্ম সম্পৰ্কে আলোচনা কৰা হৈছে৷
মৃত্যু
২০২২ চনৰ আগষ্ট মাহৰ পৰা ড০ প্ৰফুল্ল মহন্তৰ স্বাস্থ্যৰ উদ্বেগজনকভাৱে অৱনতি ঘটে৷ তেখেত শয্যাশায়ী হ'বলগীয়া হয়৷ পৰৱৰ্তী সময়ত চিকিৎসাৰ অৰ্থে তেখেতক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ উত্তৰণ নঘটিল৷ ২০২২ চনৰ ২ ছেপ্টেম্বৰৰ পুৱতি নিশা প্ৰায় ২ বাজি ৫০ মিনিটত, প্ৰায় ৮২ বছৰ বয়সত ড০ প্ৰফুল্ল মহন্তৰ দেহাৱসান ঘটে৷
২০১৮ চনৰ ২৩ মাৰ্চত তেখেতে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে নিজৰ দেহটো চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ অৰ্থে দান কৰি ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি থৈ যায়৷ ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে তেখেতৰ দেহটো গুৱাহাটীৰ চাংসাৰিস্থিত এইমছ (গুৱাহাটী)য়ে গ্ৰহণ কৰে৷ নিজৰ চকুহালো তেখেতে দান কৰিছিল যদিও চকুৰ সংক্ৰমণৰ বাবে সেয়া পাছত সম্ভৱ নহ'ল৷
তথ্যসূত্ৰ
অসমৰ ব্যক্তি
অসমীয়া সাহিত্যিক
অসমীয়া শিক্ষাবিদ
ইতিহাসবিদ
মৃত ব্যক্তি
ভাৰতৰ ইতিহাসবিদ
ভাৰতৰ |
23089 | https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%A4%E0%A6%82%E0%A6%97%E0%A7%B0%20%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%A4%E0%A6%BE%20%E0%A6%86%E0%A7%B0%E0%A7%81%20%E0%A6%9B%E0%A6%A6%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%AC%E0%A7%B0%E0%A6%A3 | পতংগৰ অনুকাৰিতা আৰু ছদ্মাবৰণ | অনুকাৰিতা প্ৰাণীয়ে পৰভক্ষীৰ কবলৰ পৰা আত্মৰক্ষা বা চিকাৰক আকৰ্ষণ কৰিবলৈ ব্যৱহাৰ কৰা এক বিশেষ কৌশল। বিশেষ পৰিস্থিতিত অনুকাৰক প্ৰাণীয়ে অন্য একধৰণৰ প্ৰাণীৰ আৰ্হি )ত ৰঙ, গঠন অথবা আন স্বভাৱজাত লক্ষণ ধাৰণ কৰে, ফলত অনুকাৰক প্ৰাণীয়ে জীয়াই থকাৰ সংগ্ৰামত অগ্ৰাধিকাৰ লাভ কৰে। আনহাতে প্ৰাণীৰ ছদ্মাৱৰণ হ’ল, শত্ৰুৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ নিমিত্তে চৌপাশৰ বিভিন্ন বস্তু সদৃশ আকৃতি ধাৰণ কৰাৰ ফলত সুৰক্ষিত হৈ পৰা এক কৌশল।
পতংগৰ অনুকাৰিতাৰ লগত সংগতি থকা কিছু শব্দ
অনুকাৰক যি পতংগই আন পতংগৰ ৰূপ লয়। যেনেঃ ভাইছৰয় পখিলা। আৰ্হি যি পতংগৰ ৰূপ আন পতংগই লয়। যেনেঃ মনাৰ্ক পখিলা। খাদ্যযোগ্য খাদ্যৰূপে বিবেচিত। খাদ্যৰ অযোগ্য খাদ্যৰূপে অবিবেচিত। ছদ্মাৱৰণ পাৰিপাৰ্শ্বিকতাৰ লগত খাপ খোৱাকৈ চেহেৰা পৰিবৰ্তন কৰি লোৱা। যেনেঃ পত্ৰ সদৃশ পতংগ
সতৰ্কীকৃত বৰণ পৰভক্ষীক ভয় খুৱাবৰ নিমিত্তে, পৰভক্ষীক আক্ৰমণকাৰী প্ৰাণীৰ আকৃতি ধাৰণ। যেনেঃ বাঘ সদৃশ পতংগ; পতংগৰ বাহিৰেও আন প্ৰাণীৰ ক্ষেত্ৰত দেখা যায় যে,-অবিষাক্ত সাপে বিষাক্ত সাপৰ ৰূপ লৈ শত্ৰুক ভীতিপ্ৰদৰ্শন কৰে)
অনুকাৰিতাৰ প্ৰকাৰ
প্ৰকৃতিত দুইধৰণৰ অনুকাৰিতা পৰিলক্ষিত হয়। বাতেছিয়ান )অনুকাৰিতা: খাদ্যযোগ্য অনুকাৰক )এ খাদ্যৰ অযোগ্য আৰ্হি )ৰ ৰূপ লোৱাৰ ফলত অনুকাৰকহে লাভান্বিত হয়। যেনেঃ অনুকাৰক ‘ৰবাৰ ফ্লাই’ নামৰ পতংগই ক্ষতিকাৰক ‘বাম্বল বি’ নামৰ পতংগৰ আৰ্হি প্ৰদৰ্শন কৰে। অনেকে ৰং প্ৰদৰ্শন কৰি (প্ৰকৃতিত ৰং থকা জীৱক বিশাক্ত বুলি গণ্য কৰা হয়) পৰভক্ষীক ভয় খুৱায়। 4. বেটছিয়ান অনুকাৰিতা 1862 খৃষ্টাব্দত ছে বৰ্ণনা কৰা অনুকাৰিতাক ছিয়ানৰ অনুকাৰিতা বোলা হয়। ছিয়ান অনুকাৰিতাৰ মতে ভক্ষণীয় আৰু অনপকাৰী প্ৰাণীয়ে নিজৰ প্ৰতিৰক্ষাৰ কাৰণে অভক্ষণীয় আৰু অনিষ্টকাৰী প্ৰাণীৰ লগত সাদৃশ্য দেখুৱায়। বেটছিয়ানৰ অনুকাৰিতা বৈশিষ্টপূৰ্ণ পৰিঘটনা কেইটা হ’ল:
এই ক্ষেত্ৰত নিদৰ্শটো অভক্ষণীয় আৰু সংৰক্ষিত হোৱা দেখা যায়। নিদৰ্শটো সাধৰণতে সহজলভ্য হয়। অনুকৰণকাৰী আৰু নিদৰ্শ একে ঠাইৰ আৰু একে সময়ৰ হব লাগে। অনুকৰণকাৰীটোৱে নিদৰ্শটোক নিবিড় ভাবে অনুকৰণ কৰিব লাগে। বেটছিয়ান অনুকাৰিতাৰ উদাহৰণ:
1. বেটছিয়ান অনুকাৰিতাৰ সুন্দৰ উদাহৰণ হ’ল উত্তৰ আমেৰিকাৰ মনাৰ্ক পখিলা আৰু ভাইছৰয় পখিলা মনাৰ্ক পখিলাবোৰ ভক্ষণযোগ্য নহয়। আনহাতে ভাইছৰয় পখিলাবোৰ ভক্ষণযোগ্য। দুয়োবিধ পখিলা একে অঞ্চলতে বাস কৰে। ইয়াত মনাৰ্ক পখিলাটো হ’ল নিদৰ্শ আৰু ভাইছৰয় পখিলাবিধ হ’ল অনুকৰণকাৰী 2. ডুমুনী ফেটীৰ গাৰ ৰং ডাঠ নীলা, স্পষ্ট খাঁজ যুক্ত আৰু ই বিষাক্ত। আকৌ লাইক’ডন নামৰ সাপবিধ বিষহীন আৰু ইহতৰো গাৰ ৰং ডুমুনী ফেটী সাপৰ নিছিনা। ইয়াত ডুমুনী ফেটী হ’ল নিদৰ্শ আৰু লাইক’ডন হ’ল অনুকৰণকাৰী। 5. মুলেৰিয়ান অনুকাৰিতা মুলাৰে 1879) পৰ্যবেক্ষেন কৰি যি অনুকাৰিতাৰ বিষয়ে বৰ্ণনা কৰিছিল তাকে মুলেৰিয়ান অনুকাৰিতা বোলা হয়। মুলেৰিয়ান অনুকাৰিতাত দুটা বা ততোধিক প্ৰজাতিয়ে প্ৰতিৰক্ষাৰ বাবে ভয়ানক বা শঙ্কাপূৰ্ণ আচৰণ ধাৰণ কৰি ইটোৱে সিটোৰ লগত সাদৃশ্য দেখুৱায়। মুলেৰিয়ান অনুকাৰিতাত দুটা বা ততোধিক অভক্ষণযোগ্য জীৱই ইটোৱে সিটোৰ লগত সাদৃশ্য দেখুৱায়। মুলেৰিয়ান অনুকাৰিতা বৈশিষ্টপূৰ্ণ পৰিঘটনা কেইটা হ’ল:
1. সকলোবোৰ সাদৃশ্য দেখুওৱা প্ৰাণীয়েই বিপদসংকেতযুক্ত ৰঙ ধাৰণকাৰী আৰু সুৰক্ষিত। 2. সকলোবোৰ সাদৃশ্য দেখুওৱা প্ৰাণীৰ সংখ্যা প্ৰায় সমান। 3. সাদৃশ্য দেখুওৱা প্ৰাণীবোৰ সাধৰণতে বহুৰূপী নহয়। উদাহৰণ স্বৰূপে টিনুছিদ চকৰী আৰু বৰলে ইটোৱে সিটোৰ লগত সাদৃশ্য দেখুৱায় আৰু ইহতৰ দুয়োটাই অৰুছিকৰ। গতিকে পৰভক্ষী চৰাইবোৰে ইহতৰ এটা প্ৰজাতিৰ প্ৰাণীক ভক্ষণ কৰি অৰুছিকৰ বুলি গম পালে আনটো প্ৰজাতিৰ প্ৰাণীৰ ওচৰ নেচাপে। ফলত দুয়োটা প্ৰজাতিৰ প্ৰাণীয়ে লাভবান হোৱা দেখা যায় কিয়নো পৰভক্ষী চৰায়ে কোনটো ৰুছিকৰ কোনটো অৰুছিকৰ পৰীক্ষণ চলাওতে সৰহসংখ্যক জীৱৰ ধ্বংস নহয়। মুল্লেৰিয়ান )অনুকাৰিতা: অনুকাৰক আৰু আৰ্হি দুয়োটা খাদ্যৰ অযোগ্য হোৱা বাবে উভয়েই লাভান্বিত হয়। যেনেঃ ভাইছৰয় পখিলা অনুকাৰক আৰু মনাৰ্ক পখিলা আৰ্হি। টাইগাৰ কমপ্লেক্স প্ৰায় ২০০ প্ৰকাৰৰ নৱক্ৰান্তীয় প্ৰজাতিয়ে এই বিধৰ অনুকাৰিতা দেখুৱায়। ইয়াৰে প্ৰতিটো প্ৰজাতিৰে দেহত ক'লাৰ ওপৰত হালধীয়া-কমলা ৰঙৰ পটি থাকে। এই প্ৰজাতিসমূহে একে অঞ্চলত থাকে। ইয়াৰে ভিতৰত চৰাইৰ খাদ্যৰ অনুপযোগী আৰু অতি বিষাক্ত দিনত চৰা পৰিয়ালৰ প্ৰজাতি; লগতে চৰাইৰ খাদ্য হ'ব পৰা আদি প্ৰজাতি থাকে। টাইগাৰ কমপ্লেক্সত থকা প্ৰজাতি সমূহে খৰাং ঋতুৰ পাছৰ সময়খিনিত একেলগে সেমেকা অঞ্চলত বাস কৰে। এইখিনি সময়ত চৰাইৰ খাদ্য হিচাপে এই প্ৰজাতি সমূহ সূচল হৈ থাকে। কিন্তু অনুপযোগী প্ৰজাতি ভক্ষণ কৰা চৰায়ে একে বৰ্ণালীৰ পখিলা আৰু ভক্ষণ নকৰে। গতিকে বিষাক্ত পখিলাৰ লগত টাইগাৰ কমপ্লেক্সত থকা অন্যান্য অবিষাক্ত পখিলাও নিৰাপদে থাকিব পাৰে।
আলোকচিত্ৰ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
জীৱবিজ্ঞান সম্পৰ্কীয় তালিকা আৰু |
78684 | https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%A8%20%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%B8%E0%A6%BE%E0%A7%B0 | স্তন কেন্সাৰ | স্তন কেন্সাৰ হৈছে স্তনৰ কোষকলাৰ পৰা বিকশিত হোৱা একপ্ৰকাৰৰ কৰ্কট ৰোগ। স্তনৰ কৰ্কট ৰোগৰ লক্ষণবোৰৰ ভিতৰত প্ৰধানকৈ স্তনত পিণ্ডৰ সৃষ্টি হোৱা, স্তনৰ আকৃতিৰ পৰিৱৰ্তন, ছালৰ ডিম্পলিং, স্তনবৃন্তৰ পৰা তৰল নিৰ্গমন, অতিৰিক্ত ভাৱে নতুনকৈ ওলোৱা স্তনবৃন্ত, বা ছালৰ ৰঙাপৰা ইত্যাদি দেখা যায়।
ৰোগবিধ স্তনৰ বহু অংশত বিয়পি পৰাৰ ফলত হাড়ৰ বিষ, লসীকা গ্ৰন্থি ফুলা, উশাহ চুটি হোৱা, ছাল হালধীয়া পৰাৰ দৰে পৰিঘটনা কিছুমান প্ৰত্যক্ষ হয়।
এই ৰোগৰ বিপদাশংকাৰ মুখ্য কাৰকবোৰ হৈছে স্ত্ৰী ভূমিকা, মেদবহুলতা, শাৰীৰিক ব্যায়ামৰ অভাৱ, সুৰাপান, ৰজোনিবৃত্তিৰ সময়ত হৰমন প্ৰতিষ্ঠাপন থেৰাপী, আয়নীয় বিকিৰণ, কম বয়সতে প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হোৱা, বহু পলমকৈ অৰ্থাৎ বেছি বয়সত সন্তান জন্ম দিয়া বা সন্তানহীনতা, বৃদ্ধ বয়স, পৰিয়ালত স্তন কৰ্কটৰোগৰ ব্যক্তি থাকিলে বংশগত ভাৱে এই ৰোগ হোৱা। বিআৰচিএ-১ আৰু বিআৰচিএ-২ ৰ লগতে এই ৰোগৰ প্ৰায় ৫-১০% ঘটনাই এজন ব্যক্তিৰ পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে হোৱা।
লক্ষণ সমূহ স্তনৰ কৰ্কট ৰোগৰ লক্ষণ সচৰাচৰ এক পিণ্ড হিচাপে ধৰা দিয়ে যি স্তনৰ বাকী কলাতকৈ পৃথক। স্তনত এনে পিণ্ড চিনাক্ত হ'লে এয়া কৰ্কট ৰোগ হিচাপে ৮০% ৰো অধিক নিশ্চিতি লাভ কৰিব পাৰি। অৱশ্যে পূৰ্বে লক্ষণ নেদেখা কিন্তু বহু পলমকৈ ধৰা দিয়া স্তনৰ কৰ্কট ৰোগ মেম'গ্ৰাফিৰ দ্বাৰাহে ধৰা পৰে। স্তনৰ কাষত অৱস্থিত লসীকা গ্ৰন্থিত পোৱা পিণ্ডবোৰে স্তনৰ কৰ্কট ৰোগো সূচিত কৰিব পাৰে। পিণ্ডৰ বাহিৰে স্তনৰ কৰ্কট ৰোগৰ ইঙ্গিতৰ স্বৰূপ লক্ষণ সমূহ হ'ল: আন স্তন কলাতকৈ পৃথক হোৱা, এটা স্তন ডাঙৰ বা তললৈ ওলমি পৰা, স্তনবৃন্ত সলনি হোৱা বা আকৃতি সলনি হোৱা, ছালৰ বৰণ সলনি হোৱা বা ডিম্পলিং, স্তনবৃন্তৰ ওপৰত বা চাৰিওফালে চোকোৰা পৰা, স্তনবৃন্তৰ পৰা স্ৰাৱ, স্তন বা কাষৰ অংশত নিৰন্তৰ বিষ আৰু তলৰ ফালে বা কলাৰবোনৰ চাৰিওফালে ফুলি উঠা ইত্যাদি। স্তনৰ কৰ্কট ৰোগৰ উপস্থিতি বা অনুপস্থিতি নিৰ্ধাৰণ কৰাৰ বাবে স্তনত অনুভৱ হোৱা বিষ ("মেষ্টোডাইনিয়া") হৈছে এক অনিৰ্ভৰযোগ্য লক্ষণ, অৱশ্যে এই বিষ স্তনৰ অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ পৰিচায়কো হ'ব পাৰে।
স্তনৰ কৰ্কটৰোগৰ আন এক জটিল লক্ষণ হৈছে পেজেটৰ স্তনৰ ৰোগ। এই লক্ষণটো একজিমাৰ দৰে ছালৰ পৰিৱৰ্তন হিচাপে ধৰা দিয়ে; যেনে স্তন ৰঙা পৰা, এইদৰে ৰঙা পৰা স্তনবৃন্তৰ ছালৰ মৃদু ফ্লেকিং। স্তনত আৰম্ভ হোৱা এই কৰ্কটৰোগ আগবাঢ়ি যোৱাৰ লগে লগে, দেখা দিব পৰা লক্ষণবোৰৰ ভিতৰত জিনজিননি অনুভৱ হোৱা, খজুৱতি, বৰ্ধিত সংবেদনশীলতা, জ্বলা-পোৰা, আৰু বিষ আদি অন্যতম। ইয়াৰোপৰি স্তনবৃন্তৰ পৰা জুলীয়া পদাৰ্থৰ নিৰ্গমন হোৱাও দেখা যায়। পেজেটৰ স্তনৰ ৰোগত আক্ৰান্ত প্ৰায় আধা মহিলাৰ স্তনতে পিণ্ড থাকে।
প্ৰদাহজনক স্তন কেন্সাৰ হৈছে এক বিৰল কৰ্কট ৰোগ। ইয়াৰ প্ৰভাৱত স্তন ফুলিবলৈ ধৰা, ৰঙা আদিবোৰ দৃশ্যমান লক্ষণ। প্ৰদাহজনক স্তন কৰ্কটৰোগৰ দৃশ্যমান প্ৰভাৱ বোৰ কৰ্কট কোষৰ দ্বাৰা লিম্ফ নলীবোৰ অৱৰোধ হোৱাৰ ফলস্বৰূপে দেখা দিয়ে। এই ধৰণৰ স্তন কৰ্কট ৰোগ কম সচৰাচৰ বয়সৰ, মেদবহুল মহিলা আৰু আফ্ৰিকান আমেৰিকান মহিলাৰ ক্ষেত্ৰত অধিক পৰিমাণে ধৰা পৰে। যিহেতু প্ৰদাহজনক স্তনকৰ্কট ৰোগৰ লক্ষণত পিণ্ড চিনাক্ত নহয় সেয়েহে কেতিয়াবা ৰোগ নিৰ্ণয়ত পলম হ'ব পাৰে।
ৰোগ নিৰ্ণয়
স্তনৰ ৰোগৰ দ্বাৰা প্ৰভাৱিত স্থানৰ নমুনা বা বায়'প্সিৰ আণুবীক্ষণিক বিশ্লেষণৰ দ্বাৰা বেছিভাগ স্তন কৰ্কট ৰোগ নিৰ্ণয় কৰা সহজ হৈ পৰে। লগতে স্তনৰ কৰ্কট ৰোগৰ এনে কিছুমান প্ৰকাৰ আছে যি সমূহ ধৰা পৰিবৰ বাবে বিশেষ পৰীক্ষাগাৰত পৰীক্ষা কৰা প্ৰয়োজন। দুটা আটাইতকৈ বেছি ব্যৱহৃত স্ক্ৰীণিং পদ্ধতি হিচাপে স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ দ্বাৰা স্তনৰ শাৰীৰিক পৰীক্ষণ আৰু মেমোগ্ৰাফীয়ে এক আনুমানিক সম্ভাৱনা প্ৰদান কৰিব পাৰে। ইয়াৰ দ্বাৰা স্তনত দেখা দিয়া পিণ্ড আৰু আন কিছুমান ঘাঁ চিনাক্ত কৰিব পাৰি (যেনে সৰল চিষ্ট)। বায়'প্সি অন্যান্য বিকল্পবোৰৰ ভিতৰত আছে মুখ্য বায়'প্সি বা ভেকুৱাম-সহায়ক স্তন বায়'প্সি।
ব্যৱস্থাপনা
স্তন কৰ্কট ৰোগৰ ব্যৱস্থাপনা বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সেইসমূহৰ ভিতৰত আছে কৰ্কট ৰোগৰ স্তৰ আৰু ৰোগীজনৰ বয়স। যেতিয়া কৰ্কট ৰোগৰ স্তৰ অধিক হয় বা চিকিৎসাৰ পিছত কৰ্কট ৰোগৰ পুনৰাবৃত্তি হোৱাৰ আশংকা অধিক হয় তেতিয়া ব্যৱস্থাপনাৰ চিকিৎসা অধিক আক্ৰমণাত্মক হয়। স্তনৰ কৰ্কট ৰোগৰ চিকিৎসা সাধাৰণতে অস্ত্ৰোপচাৰৰ দ্বাৰা কৰা হয়, পৰৱৰ্তী পৰ্যায়ত কেমোথেৰাপী বা বিকিৰণ চিকিৎসা, বা দুয়োটা হ'ব পাৰে। হৰমন ৰিচেপ্টৰ-পজিটিভ কৰ্কট ৰোগবোৰ প্ৰায়ে কেইবা বছৰৰ ক্ৰমত হৰমন-অৱৰোধ চিকিৎসাৰ দ্বাৰা চিকিৎসা কৰা হয়। মেটাষ্টেটিক আৰু স্তন কৰ্কটৰোগৰ অন্যান্য উন্নত স্তৰ কিছুমানৰ ক্ষেত্ৰত মনোক্ল'নেল এণ্টিবডি, বা অন্যান্য ৰোগ প্ৰতিৰোধ-মডুলেটিং চিকিৎসা প্ৰদান কৰা হ'ব পাৰে। অৱশ্যে চিকিৎসাৰ এই পৰিসৰটো এতিয়াও পৰীক্ষামূলক পৰ্যায়তে আছে।
অস্ত্ৰোপচাৰৰ পিছত আৰু ব্যৱহৃত ঔষধবোৰক এডজুভেণ্ট থেৰাপী বুলি কোৱা হয়। অস্ত্ৰোপচাৰৰ আগতে কেমোথেৰাপী বা অন্যান্য প্ৰকাৰৰ থেৰাপীক নিয়াডজুভেণ্ট থেৰাপী বুলি কোৱা হয়। আন চিকিৎসাৰ সৈতে ব্যৱহাৰ কৰিলে এচপিৰিনে স্তনৰ কৰ্কটৰোগৰ পৰা মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰে।
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
কৰ্কট |
6707 | https://as.wikipedia.org/wiki/%E0%A6%9F%E0%A6%BE%E0%A6%AC%E0%A7%81%20%E0%A6%9F%E0%A6%BE%E0%A6%87%E0%A6%A1 | টাবু টাইড | টাবু ৰাম টাইড (১ আগষ্ট ১৯৪২ ১৭ আগষ্ট ২০১৯) এগৰাকী ভাষাতত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক। মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ প্ৰতি এখেতে উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈছে। মিচিং লোক নৃত্য, গীত বাদ্য আদি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবেও এখেতে চেষ্টা কৰিছিল। মিচিং ভাষাৰ প্ৰতি এখেতৰ বৰঙণিক সন্মান জনাই 'মিচিং আগম কেবাঙে' এখেতক 'আগম মিগাং' বুলি বিভূষিত কৰিছে।
চমু জীৱনী
১ আগষ্ট, ১৯৪২ৰ দিনা ভাৰতৰ অসম ৰাজ্যৰ লখিমপুৰ জিলাৰ মিচিং সম্প্ৰদায়ৰ এখন সৰু গাঁও ঘূণাসুতি আয়েঙ্গিয়াত টাবু ৰাম টাইডৰ জন্ম হয়। তেখেতৰ পিতৃ স্বৰ্গীয় উবাং টাইড। ঘূণাসুতি সেই সময়ত যাতায়তৰ ভাল সুবিধাৰ পৰা বঞ্চিত এখন ভিতৰুৱা গাঁও আছিল। টাবু টাইডৰ পিতৃ ঊবাং টাইড আছিল এজন ক্ষুদ্ৰ খেতিয়ক। পাঁচজন পুত্ৰ আৰু দুজনী জীয়ৰী সহ এটা নজনীয়া পৰিয়ালক তেওঁ পোহপাল দিবলগীয়া হৈছিল। জ্ঞানাৰ্জনৰ প্ৰতি প্ৰবল আগ্ৰহ থকা এই সহজ-সৰল জনজাতীয় খেতিয়কজনে ডাঙৰ সন্তানটোৰ বাদে আটাইকেইটা সন্তানকে পঢ়াশালিলৈ পঠিয়াইছিল। ইয়াৰে দুজনে হাইস্কুলত পঢ়িবলৈ উত্তৰ লক্ষীমপুৰ নগৰলৈকেয়ো গৈছিল। এই দুজনৰ ভিতৰত টাবু টাইডো আছিল। টাবু টাইড সপ্তম শ্ৰেণীত থাকোঁতেই তেখেতৰ পিতৃৰ মৃত্যু হৈছিল। '৫০ ৰ ভূমিকম্পৰ পাছত সঘনাই হোৱা বানপানী আৰু গৰাখহনীয়াই ঘূণাসুতিৰ অন্যান্য মানুহৰ দৰে তেখেতসকলৰ ঘৰখনৰো চূড়ান্ত আৰ্থিক বিপৰ্যয় ঘটাইছিল। টাবু টাইডে 'তামনচুক প্ৰাথমিক বিদ্যালয়'ত প্ৰাথমিক শিক্ষা লোৱাৰ পাছত ১৯৫১-৫৭ চনলৈ 'উত্তৰ লখিমপুৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়'ত শিক্ষাগ্ৰহণ কৰে। হাইস্কুলৰ শিক্ষা সাং কৰি টাবু টাইড উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। আৰ্থিক সমৰ্থনৰ বাবে তেখেতে কলকাতাৰ উপকণ্ঠীয় অঞ্চল নৰেন্দ্ৰপুৰত অৱস্থিত ৰামকৃষ্ণ মিচন আশ্ৰমৰ ওচৰ চাপিছিল। ছাত্ৰবৃত্তিৰ বাবদ পাবলগীয়া ধন সমৰ্পন কৰাৰ চৰ্তত ৰামকৃষ্ণ মিচনে তেখেতক সহায়ৰ হাত আগবঢ়ায়। ১৯৬৩ চনত তেখেতে কলকাতা বিদ্যালয়ৰ অধীনস্থ ৰামকৃষ্ণ মিচন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপাছত এবছৰতকৈয়ো অধিকঁকাল শিক্ষকতা কৰি টকা-পইচা গোটাই ১৯৬৪ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হিন্দু মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৬৬ চনত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লৈ ১৯৬৭ চনত টাবু টাইডে গুৱাহাটীৰ কটন মহাবিদ্যালয়ত প্ৰবক্তাৰ চাকৰিত সোমায়। কটন মহাবিদ্যালয়ত চাকৰি কৰি থকা অৱস্থাতে তেখেতে বিদেশত শিক্ষা গ্ৰহণৰ বাবে এটা জলপানী লাভ কৰে। ইয়াৰে সুবিধা লৈ তেখেতে বৃটেইনৰ 'ইউনিভাৰচিটি অৱ ৰিডিঙ'ৰ (১৯৭৩-৭৪) পৰা প্ৰায়োগিক ভাষাতত্ত্বত পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা লয়। তদুপৰি তেখেতে ব্ৰিটিছ কাউঞ্চিল ফেলোশ্বিপ কাৰ্যসূচীৰ অধীনত ১৯৮২ চনত 'ইউনিভাৰচিটি অৱ লণ্ডন ইন্সিটিউট অৱ এডুকেচন'ৰ পৰা দূৰৱৰ্তী শিক্ষা বিষয়ক এক চাৰ্টিফিকেট পাঠ্যক্ৰম গ্ৰহণ কৰে। ১৯৭০ চনত টাবু টাইড কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ভাৰতীয় প্ৰশাসনীয় সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ বাবে বাছনিভূক্ত হয়। এনে পৰ্যায়ৰ সেৱাৰ বাবে বাছনিভূক্ত হোৱা তেখেতেই আছিল অসমৰ প্ৰথম জনজাতীয় যুৱক। কিন্তু স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰি তেখেতে সেই পদবী নাপালে। কটন মহাবিদ্যালয়খনত চৈধ্য বছৰ (১৯৬৭-৮১) সেৱা আগবঢ়োৱাৰ অন্তত শিক্ষা বিভাগৰ উপ-সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে। পৰৱৰ্তী কালত তেখেতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন ওপৰখাপৰ পদবীত, যেনে ৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ সঞ্চালক, উচ্চশিক্ষা বিভাগৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ চেয়াৰমেন, ষ্টেট চিলেকচন বোৰ্ড (হায়াৰ এডুকেচন)ৰ চেয়াৰমেন আদি পদবীত কাৰ্যনিৰ্বাহ কৰে। তেখেতক অসম চৰকাৰৰ অধীনস্থ আনন্দৰাম বৰুৱা ভাষা,কলা, সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে নিয়োগ কৰা হয়। খিলঞ্জীয়া ভাষা, কলা, সংস্কৃতি সম্পৰ্কীয় গৱেষণা আৰু প্ৰকাশনৰ উদ্দেশ্যে স্থাপিত এই প্ৰতিষ্ঠানটিৰ দায়িত্ব তেখেতে দক্ষতাৰে বহন কৰে। তেখেতে ২০০০ চনত চাকৰিৰ পৰা অবসৰ গ্ৰহণ কৰে যদিও ২০০৪ চনৰ ফেব্ৰুৱাৰীলৈ ষ্টেট চিলেকচন বোৰ্ড (হায়াৰ এডুকেচন)ৰ চেয়াৰমেনৰ দায়িত্বত থাকে। টাবু ৰাম টাইড গুৱাহাটী বিশ্ববিদ্যালয়'ৰ শিক্ষায়তনিক পৰিষদৰ সদস্য।
২০১৯ চনৰ ১৭ আগষ্ট তাৰিখে গুৱাহাটীৰ এপ'ল' হস্পিটেলত ৭৭ বছৰ বয়সত টাবু টাইডৰ মৃত্যু হয়।
অৱদান
টাবু ৰাম টাইড আৰু নহেন্দ্ৰ পাদুনৰ নেতৃত্বত ১৯৬৮ চনত 'গুৱাহাটী মিচিং কেবাং' নামৰ এটা অনুষ্ঠানৰ জন্ম দিয়ে। এই অনুষ্ঠানেই মিচিং ভাষা লিখাৰ বাবে বিজ্ঞানসন্মত লিপি ব্যৱহাৰ কৰাত আগভাগ লয়। মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ উদ্দেশ্যে ১৯৭২ চনত মিচিং আগম কেবাং (মিচিং সাহিত্য সভা) নামৰ এটা অনুষ্ঠানৰ জন্ম দিয়া হয়। 'মিচিং আগম কেবাঙ'ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল টাবু ৰাম টাইড। ১৯৮০ চনলৈ তেখেত এই অনুষ্ঠানৰ সভাপতি হৈ থাকে। মিচিং আগম কেবাঙৰ চেষ্টাৰ বলতে প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যক্ৰম আৰম্ভ হয়। টাবু ৰাম টাইডে মিচিং ভাষাৰ বিষয়ে বহুকেইখন গৱেষণা পত্ৰ লিখি উলিওৱাৰ উপৰিও মিচিং ভাষাৰ অভিধান আৰু ব্যাকৰণ প্ৰণয়ন কৰে। তেখেতে বহুতো মিচিং সাধু সম্পাদনা কৰি উলিয়ায়। মিচিং ভাষা সম্পৰ্কীয় তেখেতৰ কৰ্মৰাজি মিচিং তথা বৃহত্তৰ অসমীয়া সমাজলৈ এক মূল্যবান অবদান। ইংৰাজী, অসমীয়া আৰু মিচিং ভাষাত লিখা তেখেতৰ অসংখ্য প্ৰবন্ধ কাকতে-পত্ৰে সিঁচৰতি হৈ আছে। তেখেতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 'ইংৰাজী ভাষা শিক্ষা'ৰ এলানি অনাতাঁৰ পাঠ্যক্ৰম প্ৰস্তুত কৰে। তদুপৰি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ বাবে তেখেতে 'মিচিং ভাষা শিক্ষা'ৰ এটা পাঠ্যক্ৰমো প্ৰস্তুত কৰি দিছিল।
প্ৰকাশিত গ্ৰন্থ একুকি নিৱন্ধ (পশ্চিমীয়া চিত্ৰকলা বিষয়ক গ্ৰন্থ)
(ইংৰাজী প্ৰবন্ধৰ সংকলন)
('মিচিং শব্দৰ ভঁৰাল' মিচিং অভিধান)
(ৰঞ্জিত দেৱ গোস্বামীৰ সৈতে যুটীয়া ভাৱে সম্পাদিত)
(তৰুণ চন্দ্ৰ পামেগামৰ সৈতে যুটীয়া ভাৱে, সম্পাদনাঃ বীৰেন্দ্ৰনাথ দত্ত)
সন্মান 'আগম মিগাং' উপাধি লাভ (২০০৭); 'মিচিঙ আগম কৗবাঙ'-ৰ পৰা দিয়া সন্মানজনক উপাধি
অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ। বাসুদেৱ জালান বঁটা
২০১১ চনৰ অসম চৰকাৰৰ চ্যুকাফা বঁটা।
'অৱনৰি দগনৗ' (সোৱণশিৰিৰ মণি) উপাধি প্ৰদান (২০১২); সোৱণশিৰি-ঘুণাসুঁতিপৰীয়া ৰাইজে দিয়া উপাধি
তথ্য সংগ্ৰহ
আৰু চাওক
তৰুণ চন্দ্ৰ পামেগাম
অসমৰ ব্যক্তি
অসমীয়া অসমীয়া ভাষাবিদ
অসমীয়া শিক্ষাবিদ
মিচিং জনগোষ্ঠীৰ |
69237 | https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%BE%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%AD%E0%A6%BE%E0%A7%B1%E0%A7%87%20%E0%A6%A8%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%20%E0%A6%A7%E0%A7%8D%E0%A6%AC%E0%A6%82%E0%A6%B8%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF | পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্য | ৰাজনীতি বিজ্ঞান, অৰ্থনীতি আৰু খেল তত্ত্বত পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্য এনে এক পৰিস্থিতি য'ত দুই খেলুৱৈয়ে যুদ্ধও নকৰে আৰু যুদ্ধৰ আহিলা ত্যাগো নকৰে। এনে দেখা যায় সেই পৰিস্থিতিত য'ত দুয়ো খেলুৱৈৰ ওচৰতে এনে বিধ্বংসী কৌশল অৱলম্বন কৰাৰ ক্ষমতা থাকে যে প্ৰতিদ্বন্দ্বীয়ে যুদ্ধ কৰিলে নিজৰেই ধ্বংস নিশ্চিত কৰি ল'ব। ই সাধাৰণতে এটি সংমিত পৰিস্থিতি। পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্যৰ পৰিস্থিতি এটি নাশ্ব সাম্যাৱস্থা।
এনে পৰিস্থিতিৰ এটি প্ৰায় উল্লিখিত উদাহৰণ হ'ল শীতল যুদ্ধ। ১৯৪৫-১৯৯১লৈ চলা এই যুদ্ধত এনে অৱস্থা আহি পৰিছিল যে বিশ্বৰ দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছ'ভিয়েট সংঘ উভয়েই বৃহৎ পৰিমাণৰ পৰমানৱিক অস্ত্ৰ যুদ্ধৰ বাবে সাজু ৰাখিছিল। পিচে যুদ্ধৰ বাবে দুয়োৰে সামৰ্থ্যই আছিল যুদ্ধ নোহোৱাৰ কাৰণ-- আমেৰিকা যুক্তৰাষ্ট্ৰ নিশ্চিত আছিল যে ছ'ভিয়েট সংঘক আক্ৰমণ কৰা আমেৰিকাই নিজকেই ধ্বংসৰ পথলৈ লৈ যোৱাৰ সমকক্ষ হ'ব। সেয়ে আমেৰিকাই ছ'ভিয়েট সংঘক আক্ৰমণ নকৰিছিল। একেই যুক্তিৰে ছ'ভিয়েট সংঘয়ো নিজৰ স্বাৰ্থৰ বাবেই আমেৰিকাক আক্ৰমণ নকৰিছিল। এনে পৰিস্থিতিত পৰমানৱিক অস্ত্ৰ যুদ্ধৰ নহয়, শান্তি বৰ্তাই ৰখাৰহে সজুলী হৈ পৰিছিল। সেইবাবে এই পৰিস্থিতি নিবৃত্তি তত্ত্বৰো অন্তৰ্গত। মেক্স লাৰ্ণাৰৰ মতে নিবৃত্তিৰ নীতি, বিশেষভাৱে যুদ্ধনীতিৰ ক্ষেত্ৰত, প্ৰায় নিখুঁট যুক্তিসংগতিৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল।
যুদ্ধনীতিত পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্য দুই চৰ্তৰ ওপৰত নিৰ্ভৰশীল-- সংমিতি: দুয়ো খেলুৱৈৰে আন খেলুৱৈক ধ্বংস কৰাৰ ক্ষমতা আছে, আৰু প্ৰত্যাশাৰ অভিসৰণ: দুয়ো খেলুৱৈয়ে বিশ্বাস কৰে যে আন খেলুৱৈয়ে বিধ্বংসী আক্ৰমণ বা প্ৰত্যাক্ৰমণ কৰাৰ ক্ষমতা ৰাখে।
খেলৰ কৌশলগত ৰূপ পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্যক এটি সমকালিক খেলৰ ৰূপত দৰ্শাব পৰা যায়। এনে কৰিবলৈ আমি ধৰি ল'ব লাগিব যে দুয়ো খেলুৱৈয়ে বা অন্ততঃ দ্বিতীয় খেলুৱৈয়ে আক্ৰমণ হ'লে প্ৰত্যুত্তৰ দিয়াৰ নিশ্চিতি প্ৰদান কৰিব পাৰে। সকলো পৰস্থিতিত তেনে নহ'বও পাৰে- এই সমস্যা "বিশ্বাসযোগ্য সংকট"ৰ সমস্যা। এনে নিশ্চিতি এৰে প্ৰদান কৰিব পৰা যায় আন্তৰ্জাতিক যুদ্ধাৱস্থাত- য'ত কোনো দেশে পৰমাণৱিক আক্ৰমণৰ সন্মুখীন হ'লে এনে ব্যৱস্থা কৰি ৰাখে যে নিবিচাৰিলেও প্ৰত্যুত্তৰ দিবই লাগিব, সম্ভৱতঃ স্বচল যন্ত্ৰেৰে। আন এক সম্ভৱ উপায় হ'ল য'ত এজন খেলুৱৈয়ে এনে দেখাবলৈ যত্নপৰ হয় যে তেওঁ যুক্তিসংগত নহয়, আৰু সেয়ে যুদ্ধাৱস্থাত নিজৰ ক্ষতি কৰি হ'লেও প্ৰত্যুত্তৰ দিব। এনে কিছু কিছু পৰিস্থিতিত পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্য দেখা পোৱা যায়, আৰু এনে পৰিস্থিতিক এক সমকালিক খেলৰ ৰূপতো প্ৰস্তুত কৰিব পৰা যায়।
ধৰি লওক দুগৰাকী খেলুৱৈ আছে আৰু প্ৰত্যেকজন খেলুৱৈৰে দুটি সাম্ভাব্য কৌশল আছে-- যুদ্ধ আৰু শান্তি। যদি দুয়ো খেলুৱৈয়ে শান্তি চয়ন কৰে, আমি ধৰি লওঁ যে দুয়োৱে সসীম উপযোগিতা লাভ কৰিব। ধনাত্মকো হ'ব পাৰে বা ঋণাত্মকো, কিন্তু সাধাৰণতে ক ঋণাত্মক বুলি ধৰি লোৱা হয়। আন হাতে, যদি কোনো এটি খেলুৱৈয়েও যুদ্ধ চয়ন কৰে, ৰ বাবে আনজন খেলুৱৈয়ে যি কৌশলেই চয়ন নকৰক কিয়, প্ৰত্যুত্তৰ দিয়া হ'বই, আৰু সেয়ে যুদ্ধ হ'বই। এনে অৱস্থাত, যিহেতু দুয়ো খেলুৱৈৰ ওচৰতেই বৃহৎ বিধ্বংসী অস্ত্ৰ আছে, আমি দেখিম যে দুয়ো খেলুৱৈৰে উপযোগিতা হ'ব তলত উপযোগিতা মৌলকক্ষ প্ৰদৰ্শন কৰা হৈছে--
এই খেলত কেৱল এটি নাশ্ব সাম্যাৱস্থা আছে-- (শান্তি, শান্তি)।
পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্যৰ প্ৰতি অগ্ৰসৰ খেলুৱৈ যদি দুয়ো খেলুৱৈৰে বিধ্বংসী ক্ষমতা অত্যধিক নহয়, তেন্তে পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্যৰ পৰিস্থিতি দেখা নিদিয়ে। এনে পৰিস্থিতিত যুদ্ধ দেখা দিব পাৰে। কিছু বিশেষ পৰিস্থিতিত, বৰ্তমানে নাথাকিলেও, দুই দেশ পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্যৰ প্ৰতি অগ্ৰসৰ হয়। এই আগ্ৰাসনক এটি অনুক্ৰমিক খেলৰ ৰূপত দৰ্শাব পৰা যায়।
খেলুৱৈ ১ৰ ওচৰত প্ৰথম চয়ন কৰাৰ ক্ষমতা আছে-- শান্তি বা যুদ্ধৰ ধমক। শান্তি চয়ন কৰিলে দুয়ো খেলুৱৈয়ে ধৰি লওক উপযোগিতা লাভ কৰে। যুদ্ধৰ ধমক চয়ন কৰিলে খেলুৱৈ ২ৰ পাল চয়ন কৰাৰ-- শান্তি বা আগ্ৰাসন। শান্তি চয়ন কৰিলে খেলুৱৈ ১এ ০.৫ আৰু খেলুৱৈ ২এ ০ লাভ কৰে। আগ্ৰাসন চয়ন কৰিলে খেলুৱৈ ১ৰ চয়ন কৰাৰ পাল আকৌ আহে-- শান্তি বা আগ্ৰাসন। শান্তি চয়ন কৰিলে খেলুৱৈ ১ৰ উপযোগিতা হয় -১ (যিহেতু মিছা ধমকৰ বাবে সন্মানহানি হয়) আৰু খেলুৱৈ ২ৰ উপযোগিতা ১ হয় (সন্মান বৃদ্ধি)। আগ্ৰাসন চয়ন কৰিলে এনেদৰেই খেল আগবাঢ়ি গৈ থাকে। এনে আগ্ৰাসনৰ মাজেৰেই পৰিস্থিতি বিষম হৈ গৈ থাকে আৰু দুয়ো দেশ সামৰিকভাৱে সাজু হৈ গৈ থাকে। শেষত এনে পৰিস্থিতি আহি পৰে য'ত দুয়ো দেশৰেই আন দেশক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ ক্ষমতা জন্মে। এই পৰিস্থিতিত আমি পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্যৰ পৰিস্থিতি দেখা পাওঁ।
তথ্য সংগ্ৰহ
লগতে চাওক নাশ্ব সাম্যাৱস্থা
মাধ্যিকা মতদাতা উপপাদ্য
কল্যাণ অৰ্থনীতিৰ মৌলিক উপপাদ্য
ৰাজনীতি বিজ্ঞান
|
54084 | https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%20%E0%A6%B6%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A7%B1%20%E0%A6%B8%E0%A6%99%E0%A7%8D%E0%A6%98 | শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ | শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ হৈছে অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ, সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য। সঙ্ঘৰ নিজা সংবিধান আৰু মহাপুৰুষ জনাৰ জন্মৰ পৰা গণনা কৰা শঙ্কৰাব্দ নামৰ দিনপঞ্জী আছে। মহাপুৰুষ জনাই দেখুৱাই যোৱা এক শৰণ নামধৰ্মক ভৱিষ্যতলৈ আগুৱাই নিয়াৰ মানসেৰে ১৯৩০ চনত ইয়াক স্থাপিত কৰা হৈছিল। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বাৰ্ষিক অধিবেশন প্ৰত্যেক বছৰে অসমৰ একো একোখন জিলাত অনুষ্ঠিত কৰা হয়। এই অধিৱেশনত প্ৰতি বছৰে প্ৰায় ৪০ লক্ষৰো অধিক লোকৰ সমাগম হয়।
ইতিহাস
নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ উদ্ভৱ
দাক্ষিণাত্যত দ্বিতীয় শতিকাৰ পৰা বৌদ্ধ-জৈন-ধৰ্মীসকলৰ সংঘাত, শাক্তধৰ্মীসকলৰ দৌৰাত্ম্য আৰু ব্ৰাহ্মণসকলৰ জাতিভেদমূলক আচৰণে শূদ্ৰসমাজক অতিষ্ঠ কৰি তুলিছিল বাবে দাক্ষিণাত্যৰ তামিল দেশত নৱবৈষ্ণৱ ভক্তি-আন্দোলনৰ উদ্গম ঘটে। ১৫ শ- ১৬ শ শতিকাত শঙ্কৰদেৱে উত্তৰ পূৱ প্ৰান্তত ভক্তি ধৰ্মৰ গুৰি ধৰে। ভক্তি আন্দোলনৰ জন্মৰ গুৰিত আছিল পুৰোহিত তান্ত্ৰিক শোষণ। ধৰ্মীয় বিধি-বিধানবোৰ জনসাধাৰণে বুজি নোপোৱা সংস্কৃত ভাষাত থকাৰ বাবে পুৰোহিত শ্ৰেণীয়ে শূদ্ৰসকলক ইহকাল-পৰকালৰ দোহাই দি আৰ্থিকভাৱে শোষণ কৰিছিল শ্ৰাদ্ধানুষ্ঠানত মৃতকৰ মঙ্গলাৰ্থে পুৰোহিতে আদায় কৰা খীৰতী গাই পুৰোহিতৰ ঘৰতহে বিৰাজ কৰিছিল।ৰাজশক্তিৰ বাবে পুৰোহিতসমাজৰ শোষণৰ পৰা শূদ্ৰসকলে পৰিত্ৰাণ পোৱা নাছিল। এই শোষণ-শাসনৰ পৰা মুক্তি পাবলৈ উদগ্ৰীৱ হৈ থকা শূদ্ৰসকল,১০ম-১১শ শতিকাত আধুনিক ভাৰতীয় ভাষাবোৰলৈ ৰামায়ণ, মহাভাৰত,গীতা,ভাগৱত প্ৰভৃতি বৈষ্ণৱ ধৰ্মৰ মহাকাব্য-শাস্ত্ৰবোৰ অনূদিত হোৱা, শাক্ত, তান্ত্ৰিক,শৈৱ, বৌদ্ধ, জৈন আদিৰ ধৰ্মীয় সঙ্ঘাতত বিভ্ৰান্ত জনসাধাৰণৰ একেশ্বৰবাদী ভক্তি ধৰ্মৰ সৰলতা আৰু অনাড়ম্বৰতালৈ আকৰ্ষণৰ হেতু নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনে অগ্ৰগতি লাভ কৰে।
নৱবৈষ্ণৱ ধৰ্মৰ বৈশিষ্ট্য
নৱবৈষ্ণৱ ধৰ্মৰ বৈশিষ্ট্যসমূহ হৈছে
একেশ্বৰবাদ: পৰম ঈশ্বৰ কৃষ্ণৰ মূখ্যভাৱে উপাস্যতা
সাধন-পদ্ধতি: মূলতঃ ভক্তি
জাতি-প্ৰথা লগত জড়িত ভেদ-ভাৱৰ বিৰোধিতা প্ৰমূল্যৰ ওপৰত গুৰুত্ব
গুৰুক পৰমেশ্বৰ/মহাপুৰুষ/জগতগুৰু বুলি মনা
ধৰ্ম-বস্তুৰ প্ৰকাশ-মাধ্যম বেছিকৈ মূলতঃ কথিত ভাষা
অসমৰ পটভূমি আৰু শঙ্কৰদেৱৰ এক শৰণ হৰিনাম ধৰ্ম
প্ৰাকশঙ্কৰ অসমত ভিন্ন ধৰ্ম আৰু দেৱ-দেৱীৰ অৱস্থিতিয়ে সমাজক সমাজত বিভাজনৰ সৃষ্টি কৰিছিল বুলি নৱবৈষ্ণৱ সকলে বিশ্বাস কৰিছিল। দেৱ-দেৱীৰ উদ্দেশ্যে জীৱ-জন্তুৰ লগতে নৰবলি প্ৰথা প্ৰচলিত আছিল। ইয়াৰ বিৰোধিতা নৱবৈষ্ণৱসকলে কৰিছিল আৰু তেঁওলোকে এই নিতি সমূহে সমাজখন প্ৰদূষিত কৰিছিল বুলি ভাবিছিল। সৰ্বভাৰতীয় ভক্তি ধৰ্মৰ বৈশিষ্ট্যবোৰ শঙ্কৰদেৱ প্ৰৱৰ্ত্তিত এক শৰণ নাম ধৰ্মতো প্ৰযোজ্য হ'লেও ইয়াত কেতবোৰ স্বকীয় বৈশিষ্ট্য আছে। প্ৰথমে একঈশ্বৰবাদ দ্বিতীয়তে প্ৰেমময় শ্ৰৱণ আৰু কীৰ্ত্তনৰ ওপৰত প্ৰাধান্য। শঙ্কৰদেৱৰ প্ৰয়াণৰ কিছুবছৰ পিছত শঙ্কৰদেৱ-প্ৰৱৰ্তিত ধৰ্মত বিভাজনৰ সৃষ্টি হয়। ব্ৰহ্ম-সংহতিৰ অনুগামী ব্ৰাহ্মণ-পুৰোহিতসকলে শঙ্কৰদেৱ-মাধৱদেৱক অস্বীকাৰ কৰি স্বকীয়ভাৱে প্ৰৱৰ্তিবলৈ ধৰে।তেওঁলোকে চৈতন্য-পন্থী-ব্ৰাহ্মণ-পণ্ডিতসকলৰ সহযোগত চৰিত পুথি ৰচনা কৰাই ভক্তি ধৰ্মৰ পৃথক শাখা খুলে যাক নৱবৈষ্ণৱসকলে তেঁওলোকৰ ইতিহাস বিকৃত কৰা বুলি ধৰে। ড॰ মহেশ্বৰ নেওগে এনে চৰিত পুথিক 'গ্লানিকৰ চৰিত' আখ্যা দিয়ে। ড॰ সত্যেন্দ্ৰনাথ শৰ্মাৰ এই প্ৰসংগত মন্তব্য-
কুৰি শতিকাৰ আগছোৱা
অসমৰ ভক্তি ধৰ্মৰ ইতিহাস অসত্যৰ ভেটিত ৰচিবলৈ ন্যস্তস্বাৰ্থমহলে ধাৰাবাহিকভাৱে চলোৱা অপচেষ্টাৰ বিৰুদ্ধে গঢ়ি উঠে নব্য শঙ্কৰদেৱ আন্দোলন যাৰ গুৰি ধৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। তেওঁ শঙ্কৰদেৱ-মাধৱদেৱক নামঘৰৰ মণিকূটৰ ভিতৰৰ পৰা উলিয়াই শিক্ষিত শ্ৰেণীৰ আগত দাঙি ধৰে আৰু বৰোদালৈকে কঢ়িয়াই নি শঙ্কৰদেৱক সৰ্বভাৰতীয় প্ৰতিষ্ঠা দিবলৈ যত্ন কৰে।১৯০৯ চনৰ পৰা বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশিত আলোচনী বাঁহীৰ যোগেদি কনকলাল বৰুৱা, কালিৰাম মেধি,বাণীকান্ত কাকতি আদি কেইবাজনো শঙ্কৰদেৱ চৰ্চাকাৰী ব্যক্তিৰ আবিৰ্ভাৱ ঘটে। ১৯২০ খ্ৰীষ্টাব্দত ৰজনীকান্ত বৰদলৈৰ সম্পাদনাত প্ৰকাশিত মাহেকীয়া আলোচনী অসম প্ৰদীপিকাত শঙ্কৰদেৱ সম্পৰ্কে বিভ্ৰান্তিকৰ মত প্ৰকাশ হৈছিল। এইবোৰ ইতিহাস বিৰুদ্ধ কথাৰ বিৰুদ্ধে লক্ষ্মীনাথ বেজবৰুৱাই তেখেতৰ বাঁহী আলোচনীৰ যোগেদি প্ৰতিবাদ জনাইছিল। বেজবৰুৱা আৰু বাণীকান্ত কাকতিৰ তথ্য আৰু যুক্তি-নিৰ্ভৰ প্ৰত্যাক্ৰমণত প্ৰদীপিকা পক্ষ নীৰস্ত হ'বলৈ বাধ্য হয়।
গান্ধীজীৰ অসম আগমণ, আঞ্চলিক ধৰ্ম আন্দোলন আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জন্ম
১৯৩০ চনৰ আগত মহাত্মা গান্ধীৰ অসম আগমণে সমগ্ৰ অসমত স্বাধীনতা সংগ্ৰামৰ জোৱাৰ তোলে। গান্ধীৰ বক্তৃতাই ৰাজনৈতিক বন্ধনৰ পৰা মুক্তিৰ প্ৰেৰণাৰ লগতে পৰোক্ষভাৱে নব্য শঙ্কৰদেৱ আন্দোলনকো উৎসাহিত কৰিছিল। এই আন্দোলনৰ দুগৰাকী কাণ্ডাৰী হলধৰ ভূঞা আৰু ৰমাকান্ত মুক্তিয়াৰ আতা স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল।১৯০৯-১০ চনৰ পৰা গোলাঘাটৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰায়চাহাব ঘনশ্যাম বৰুৱাই নিজৰ ৰাতে প্ৰতি ৰবিবাৰে শঙ্কৰদেৱৰ ধৰ্মৰ বিশ্বজনীনতা,সাম্য-মৈত্ৰী-ভাৱ আৰু সৰলতাৰ বিষয়ে চৰ্চা কৰা এক ধৰ্মালোচনা চক্ৰ অনুষ্ঠিত কৰিছিল।ইয়াত কাষৰীয়া গাঁৱৰ লোকসকলৰ লগতে গোপীকাবল্লভ গোস্বামীও আহিছিল।এই আলোচনা চক্ৰখন ১৯২৩ চনলৈকে চলাইছিল।
ৰমাকান্ত মুক্তিয়াৰ আতাই দিচিয়াল সত্ৰৰ অধিকাৰ জয়কান্ত মহন্তৰ লগ লাগি বাৰপূজীয়া, পাঘালি, বামুনবড়ী, সোণাৰুগুৰি,পলাশৰগুৰি, নিজ মিকিৰগাঁও, হাবি বৰঙাবাৰী আদি গাঁওসমূহত মহাপুৰুষীয়া ধৰ্মৰ শুদ্ধ মতাদৰ্শ প্ৰচাৰ কৰি ফুৰিছিল। ফলশ্ৰুতিত ১৯২৪ চনত বাৰপূজীয়া অঞ্চলত 'ধৰ্মালোচনী সভা' অনুষ্ঠানৰ জন্ম যি পিছলৈ 'প্ৰাৰ্থনা সভা' হয়। কলিয়াবৰত ১৯২৩ চনত জন্ম হোৱা 'সনাতন ধৰ্ম সভা'য়ো মহাপুৰুষীয়া শাস্ত্ৰৰ প্ৰচাৰ-চৰ্চা কৰে।১৯১৮ চনত পলাশনিত ইয়াৰ নিকটবৰ্তী ঔৱনা, লটাইমাৰী, কৰৈয়নি, কঢ়ালি, পানীগাঁও, হালোৱাগাঁও,তেলিয়াপহুকটা,ডিফলু আদি গাঁৱৰ লোকসকল লগ হৈ জন্ম দিয়া 'জ্ঞানমালিনী সভা'ৰ নাম ১৯২৪ চনত 'ধৰ্মালোচনী সভা' কৰা হয়।এই সভাৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত হৈ ৰমাকান্ত মুক্তিয়াৰ আতাই শাস্ত্ৰৰ ব্যাখ্যা আৰু মহাপুৰুষীয়া মতাদৰ্শ দাঙি ধৰিছিল।এই সভাৰ কলেবৰ দিনে দিনে বৃদ্ধি পাই আহিছিল।১৯৩০ চনৰ কোনোবা এদিনাখন মুক্তিয়াৰ আতাই প্ৰস্তাৱ উত্থাপন কৰে যে সভাখনৰ নাম শঙ্কৰদেৱ-মাধৱদেৱ মহাপুৰুষ দুজনাৰ লগত জড়িত কৰিব লাগে। ৰাইজে ইতিবাচক সঁহাৰি জনোৱাত, মুক্তিয়াৰ আতাই ঘোষণা কৰি দিলে আজিৰ পৰা 'ধৰ্মালোচনী সভা'ৰ নাম 'শঙ্কৰ সঙ্ঘ' হ'ল।"এনেদৰে উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়-সামাজিক-সাংস্কৃতিক অৰাজনৈতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জন্ম হৈছিল।
গঠন প্ৰণালী
পদাধিকাৰ সকলৰ তালিকা
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ সকল হৈছে
উপ পদাধিকাৰ
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ পদাধিকাৰ সকল হৈছে
প্ৰধান সম্পাদক
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদকসকল হ'ল- হলধৰ ভূঞা
ভানুকান্ত শইকীয়া
বংশীধৰ বৰুৱা বোধেশ্বৰ শইকীয়া
গোলোক কাকতি
ঋষেশ্বৰ ললৈ
বলোৰাম চলিহা
বালিৰাম দাস
গোবিন্দ চন্দ্ৰ শইকীয়া
মুখ্যেশ্বৰ শইকীয়া
হৰিপ্ৰসাদ হাজৰিকা
বাবুল বৰা
প্ৰফুল্লচন্দ্ৰ বৰা
বাবুল বৰা
কুশল ঠাকুৰীয়া
বিভিন্ন অনুষ্ঠান
অসম শঙ্কৰ মিশ্যন
১৯৩১ চনত স্থাপন হোৱা অসম শঙ্কৰ মিশ্যন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি অনুষ্ঠান।বিভিন্ন সমাজ সংস্কাৰমূলক কাম কৰি থকা এই মিশ্যনৰ প্ৰতিষ্ঠাতা আছিল ৰমাকান্ত মুক্তিয়াৰ আতা আৰু হলধৰ ভূঞা। ১৯৩০ চনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ প্ৰতিষ্ঠা হোৱাৰ পিছত ৰমাকান্ত মুক্তিয়াৰ আতাই হৰিনাম ধৰ্ম প্ৰচাৰৰ লগে লগে শঙ্কৰদেৱৰ গীত-বাদ্য-নৃত্য, ভাওনা আদিৰ প্ৰশিক্ষণৰ বাবে এটি কেন্দ্ৰৰ উপলব্ধি কৰিছিল। তাৰেই ফলস্বৰূপে জন্ম হৈছিল অসম শংকৰ মিশ্যন।
সেৱাবাহিনী
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱাবাহিনী হ’ল সংঘৰ যুৱপ্ৰজন্মক একগোট কৰা এক অনুষ্ঠান। শংকৰদেৱৰ ধৰ্ম, আদৰ্শ তথা সাহিত্য-সংস্কৃতিৰ পথেৰে যুৱপ্ৰজন্মক আগুৱাই নিয়াৰ উদ্দেশ্যে যুৱসমাজক একত্ৰিত কৰাৰ হেতু সংঘই এই ব্যৱস্থা হাতত ল’লে। এই যুৱ জাগৰণিৰ উদ্দেশ্যে ১৯৯৪ চনত প্ৰথমবাৰৰ বাবে যোৰহাটত যুৱ সমাৰোহ আয়োজন কৰা হয়। ১৯৯৫ চনত কলিয়াবৰত আৰু ১৯৯৬ চনত গুৱাহাটীত এই সমাৰোহ অনুষ্ঠিত হোৱাৰ পিছত ১৯৯৭ চনত ছিপাঝাৰত অনুষ্ঠিত সমাৰোহত ৮ অক্টোবৰৰ সন্ধিয়া পদাধিকাৰ কৰুণাকান্ত কলিতাৰ সঞ্চালনাত, প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাই আঁত ধৰা যুৱক-যুৱতীৰ সাধাৰণ পৰিষদত যুৱক-যুৱতীৰ এই সংগঠনক সেৱাবাহিনী নামেৰে নামকৰণ কৰা হয়। চাৰিতৰপীয়া ব্যৱস্থাৰে ১২ বছৰৰ পৰা ৩৫ বছৰ বয়সৰ সংঘৰ সকলো যুৱক-যুৱতীক লৈ সেৱাবাহিনী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পদাধিকাৰ শ্ৰীযুত কৰুণাকান্ত কলিতা বাপ, প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাৰ প্ৰচেষ্টা আৰু বাবুল বৰা, ৰামকৃষ্ণ পাটগিৰি, ৰবীন গগৈ, ৰঞ্জিত শইকীয়া, মুনিন্দ্ৰ মহন্ত আদিৰ সহযোগত সেৱাবাহিনীৰ প্ৰসাৰ কৰা হয়। এই প্ৰচাৰ অভিযানৰ ফলস্বৰূপেই বৰ্তমান সংঘৰ প্ৰতিখন জিলা,আঞ্চলিক তথা প্ৰাথমিকত সেৱাবাহিনীৰ গোট গঠিত হৈছে। প্ৰতিটো সেৱাবাহিনীৰ গোটেই একো-একোজন অধিনায়কৰ নেতৃত্বত সুচাৰুৰূপে চলি আছে। শংকৰদেৱৰ সৃষ্টিৰাজিৰ প্ৰচাৰ-প্ৰসাৰ সাধনত আত্মনিয়োগ কৰা সেৱাবাহিনীয়ে ইয়াৰ উপৰিও সমাজৰ বিভিন্ন ইতিবাচক কামত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। তাৰে কিছুমান হ’ল সকলো জনগোষ্ঠীৰ মাজত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখা। জাতিভেদ, অস্পৃশ্যতা, সাম্প্ৰদায়িকতা মানসিকতা দূৰ কৰি দুৰ্নীতি, শোষণ, ভ্ৰষ্টাচাৰৰ বিৰূদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা। অৰণ্য ধ্বংস কাৰ্য প্ৰতিৰোধ কৰি ৰাজহুৱা স্থানত বৃক্ষৰোপণ কৰা। দৰিদ্ৰ, পীড়িত আৰ্তক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনসাধাৰণক সহায় কৰা। ৰোগাক্ৰান্ত লোকক পৰিচৰ্যা কৰা আৰু ৰক্তহীন ৰোগীক ৰক্তদান কৰা। শংকৰী সাহিত্য-সংস্কৃতিৰ চৰ্চা, অনুশীলনৰ বাবে আলোচনা চক্ৰ, কৰ্মশালা, প্ৰশিক্ষণ শিবিৰ আৰু আধ্যাত্মিক উৎকৰ্ষৰ বাবে শাস্ত্ৰ আদি পাঠ, নাম-প্ৰসংগ আদি অনুষ্ঠিত কৰা।
বেংক
শঙ্কৰদেৱ বিশ্ববিদ্যালয়
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত গুৰুজনাৰ নামত শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছে। বৰ্তমান নগাঁও চহৰত অৱস্থিত সংঘৰ মূল কাৰ্য্যালয় চৌহদত আৰু গুৱাহাটীৰ ৰূপনগৰত এই বিশ্ববিদ্যালয়খন অস্থায়ী ভাৱে পৰিচালিত হৈ আহিছে। বৰ্তমান ১৩টা বিভাগত পাঠদান কৰি থকা হৈছে।
অন্যন্য
অধিৱেশন, সমাৰোহ, গুৰু জয়ন্তী, মাধৱ জয়ন্তী, শিশু দিৱস (জন্মাষ্টমী) আদি হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কিছু কাৰ্যসূচী। সকলো অনুষ্ঠানতে প্ৰথম কাৰ্যসূচী হিচাপে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ধৰ্মধ্বজা উত্তোলন আৰু বৃক্ষৰোপণ কৰা হয়। প্ৰতি বছৰে প্ৰতিখন প্ৰাথমিক, প্ৰতিখন আঞ্চলিক, প্ৰতিখন জিলা আৰু মূলত এখনকৈ অধিৱেশন অনুষ্ঠিত হয়। আঞ্চলিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি মূললৈকে শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ হয়। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম দিনত গুৰু জয়ন্তী পালন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ দিৱসত মাধৱ জয়ন্তী পালন কৰা হয়। শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই শংকৰদেৱ আৰু মাধৱদেৱক অৱতাৰী পুৰুষ ৰূপে গণ্য কৰে। সেয়ে তেওঁলোকৰ মৃত্যু তিথি পালন নকৰে।
তথ্য সংগ্ৰহ
অসমৰ |
2191 | https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE | অসমীয়া ভাষা | অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশ, পশ্চিম বংগৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমীয়া-ভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হয়। ভূটানতো কিছুসংখ্যক অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি।
অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্যসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাঁওফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ।
উদ্ভৱ আৰু বিকাশ
প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে। অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিজ্ঞানীয়ে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ে ঘাইকৈ ছয়টা মত পোৱা যায়। তাৰ ভিতৰত উল্লেখযোগ্য মত কেইটা হ'ল- কালিৰাম মেধিৰ মতে প্ৰাচ্য-পশ্চিমাৰ মিশ্ৰণ, কনকলাল বৰুৱাৰ মতে পৈশাচী প্ৰাকৃত, দেবানন্দ ভৰালীৰ মতে কামৰূপীয়া, সৌমাৰ প্ৰাকৃত, ৹ বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাৰ মতে কামৰূপী প্ৰাকৃত আৰু ড° জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড° সুনীতি কুমাৰ চেটাৰ্জী, ড° বাণীকান্ত কাকতি, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ড° উপেন্দ্ৰনাথ গোস্বামী, ড° গোলোকচন্দ্ৰ গোস্বামী, ড° মহেশ্বৰ নেওগ, ড° নগেন ঠাকুৰ, ড° ভীমকান্ত বৰুৱা আদিৰ মতে মাগধী প্ৰাকৃত।
বৰ্তমানলৈকে কোনো এটা মতৰ ক্ষেত্ৰতে ভাষাবিজ্ঞানীসকল একমত হ'ব পৰা নাই। কিন্তু মাগধী প্ৰাকৃত সম্পৰ্কে বহু কেইজন ভাষাবিজ্ঞানী সহমতত উপনীত হৈছে। মাগধী প্ৰাকৃতৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে, অসমীয়া ভাষা প্ৰধানকৈ ভাৰত-ইউৰোপীয় বা ভাৰত-ইউৰোপীয় পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে। শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা 'ভাৰত-ইৰানীয়'। এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত বিভিন্ন প্ৰাকৃতসমূহৰ ভিতৰৰ মাগধী প্ৰাকৃতৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়।
এইক্ষেত্ৰত ড° উপেন্দ্ৰনাথ গোস্বামীৰ মতে,
অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা। ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি। মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল'বলৈ উপক্ৰম কৰে। অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ। অসমীয়া ভাষাটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে।
অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ গ্ৰন্থত ড° গোলোকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ জন্ম-পত্ৰিকা এনেদৰে তৈয়াৰ কৰিছে-
ভাষা অসমীয়া
গোত্ৰ ভাৰত-ইউৰোপীয়
প্ৰৱৰ আৰ্য
শাখা বৈদিক
বৰ্ণ প্ৰাচ্য (কামৰূপ) প্ৰাকৃত
গণ কামৰূপী অপভ্ৰংশ
ক্ষণ দ্বাদশ-ত্ৰয়োদশ শতিকা
ক্ষেত্ৰ উত্তৰ-পূব ভাৰত খণ্ড
আনহাতে প্ৰাক-আহোম যুগৰ কামৰূপৰ হিন্দুৰজাসকলৰ তাম্ৰফলিবোৰ সংস্কৃতত লিখা হ'লেও তাৰ মাজত সোমাই থকা অনাৰ্য শব্দসমূহে সেই সময়ৰ জনসাধাৰণৰ কথিত ভাষাটোৰ সুকীয়া অস্তিত্বৰ কথাকে সুচাই। বেণীমাধৱ বৰুৱাই এই কথিত ভাষাটোক কামৰূপী প্ৰাকৃত নাম দিছে। ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাই আদিয়েই এই মতকে পোষণ কৰিছে। ড° ডিম্বেশ্বৰ নেওগে -ত অসমীয়া ভাষাৰা জন্ম মাগধী প্ৰাকৃতৰ পৰা হোৱা বুলি চলি অহা ধাৰণাটো ভুল আৰু ই বুলি মন্তব্য কৰিছে।
অসমীয়া ভাষাৰ বিকাশক ড° বাণীকান্ত কাকতিয়ে তিনিটা ভাগত ভাগ কৰিছে।
প্ৰাচীন অসমীয়া চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ। এই কালছোৱাক আকৌ প্ৰাক-বৈষ্ণৱ আৰু বৈষ্ণৱ দুটা ভাগত ভগাব পাৰি। মধ্যযুগীয় অসম সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈ। আহোম ৰাজসভাৰ বুৰঞ্জীৰ গদ্যলৈকে। আধুনিক অসমীয়া ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈ। খৃষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তাম্ৰফলিসমূহতেই প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়। ইয়াৰ পিছত ক্ৰমে ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰুচৰিত, বুৰঞ্জীসাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই এটা পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে।
লিপি অসমীয়া লিপি অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয়। পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰপৰা কুটিল বা সিদ্ধিমাতৃকা লিপি হৈ নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা বুলি মত পোষণ কৰে। ১৭শ শতিকা মানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি) যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। ৮ম-১২শ শতিকামানত ৰচনা কৰা বৌদ্ধ ধৰ্মসাধনাৰ গীত চৰ্যাপদত অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায়। আহোম ৰাজ্যতো বুৰঞ্জী লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। ১৯শ শতিকাৰ প্ৰথম ভাগত আত্মাৰাম শৰ্মাই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা 'ধৰ্মপুস্তক' (বাইবেলৰ অসমীয়া অনুবাদ)ত ছপা আখৰত প্ৰথম আধুনিক অসমীয়া লিপি দেখা পোৱা যায়।
ৰূপতত্ত্ব আৰু ব্যাকৰণ সংস্কৃত ভাষাৰ পৰিৱৰ্তনৰ ধাৰাইদি আহি অসমীয়া ভাষাৰ সৃষ্টি হ'লেও অসমীয়া ভাষাৰ ব্যাকৰণে কিছুমান নিৰ্দিষ্ট বিশেষত্ব প্ৰকাশ কৰিছে। অসমীয়া ভাষাত তলত দিয়াৰ দৰে ৰূপতাত্বিক বৈশিষ্ট্যসমূহ প্ৰকাশ পায়
অসমীয়াত লিংগ ব্যাকৰণগত বিষয় নহয়। অসমীয়াত বচন ব্যাকৰণগত নহয়। সংস্কৃতত পুৰুষ তিনিটা, অসমীয়াত পুৰুষ চাৰিটা। (মধ্যম পুৰুষৰ মান্য আৰু তুচ্ছাৰ্থবাচক ৰূপ আছে)। সংস্কৃতৰ দৰে অসমীয়া ভাষাত ধাতুৰ কোনো গণৰ শ্ৰেণী-বিভাজন নাই। সকৰ্মক ক্ৰিয়া আৰু অকৰ্মক ক্ৰিয়াৰ মাজত ভিন্নতা আছে। কৰ্তাপদতকৈ কৰ্মপদ সম্পূৰ্ণ পৃথক। ব্যক্তিগত সৰ্বনামসূচক অধিকাৰৰ বাবে সম্বোধনসূচক বিশেষ্যৰ শব্দৰূপ দিয়া হয়। ক্ৰিয়া-বিশেষণ সমূহ ক্ৰিয়াৰ উৎসৰ পৰাই বিশ্লেষণ কৰিব পাৰি। জতুৱা ঠাঁচত পৰোক্ষ বাক্য গঠন কৰিব পাৰি।
ধ্বনিতত্ত্ব অসমীয়া ভাষাৰ ধ্বনিতত্ত্বক প্ৰধানত দুটা ভাগত ভগাব পাৰি।
স্বৰধ্বনি
যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে। লিখিতভাৱে স্বৰধ্বনি ১১টা যদিও; বিশিষ্ট স্বৰধ্বনি আঠটাহে পোৱা যায়। উচ্চাৰণৰ স্থান আৰু ৰীতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক তলত দিয়াৰ দৰে দেখুৱাব পাৰি।
ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়। জিভাৰ অংশ অনুসৰি সিহঁতক সন্মুখ, কেন্দ্ৰীয় আৰু পশ্চ তিনিভাগত ভাগ কৰা হয়। আকৌ জিভাৰ উচ্চতা অনুসৰি উচ্চ, উচ্চ-মধ্য, উচ্চ-নিম্ন-মধ্য, নিম্ন-মধ্য আৰু নিম্ন এই পাঁচভাগত ভগাব পাৰি। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে।
ব্যঞ্জনধ্বনি
যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ গহ্বৰৰ কোনো ঠাইত বাধা পায় তাক ব্যঞ্জনধ্বনি বোলে। স্বৰধ্বনিৰ সহায়ত ইয়াক উচ্চাৰণ কৰা হয়। লিখিতভাৱে অসমীয়া ভাষাত ৪০টা ব্যঞ্জনধ্বনি পোৱা যায় যদিও অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি ২১ টাহে পোৱা যায়।
ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটাক স্পৰ্শ, নাসিক্য, পাৰ্শ্বিক, কম্পিত আৰু উষ্ম ভাগত ভাগ কৰা হয়। স্পৰ্শধ্বনিবোৰৰ ভিতৰত ঘোষ আৰু অঘোষ দুই বিধৰ আছে। সেইবোৰ অল্পপ্ৰাণ আৰু মহাপ্ৰাণো হ'ব পাৰে। নাসিক্য, পাৰ্শ্বিক, আৰু কম্পিত ধ্বনিৰ আটাইবোৰ ঘোষ ধ্বনি। উষ্ম ধ্বনিৰ ভিতৰত ঘোষ আৰু অঘোষ দুইবিধ পোৱা যায়। /ঙ/ ৰ বাহিৰে আটাইবোৰ ব্যঞ্জন ধ্বনি শব্দৰ আৰম্ভণি, মাজ আৰু শেষত ব্যৱহাৰ হ'ব পাৰে। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে। অসমীয়া ভাষাত 'য়' আৰু 'ৱ' এই দুটা অৰ্ধ-স্বৰ বিশিষ্ট-ধ্বনি নহয়। সিহঁত শ্ৰুতি-ধ্বনি ৰূপতহে থাকে। ওচৰা-ওচৰিকৈ থকা দুটা স্বৰ-ধ্বনিৰ আগৰটো 'ই' হ'লে দুয়োটা স্বৰ-ধ্বনিৰ মাজত আপোনা-আপুনি 'য়' উচ্চাৰিত হ'ব আৰু আগৰটো 'উ' বা 'ও' হ'লে আপোনা-আপুনি 'ৱ' উচ্চাৰিত হ'ব।
উপভাষা ঊনবিংশ শতিকাত খ্ৰীষ্টিয়ান মিছনেৰীসকলে যি ভাষাত শিৱসাগৰ জিলাত অৰুণোদই ছপা কৰিছিল সেই ভাষাই সময়ত মান্য ভাষা হৈছিল আৰু সেই ভাষাই বৰ্তমান চৰকাৰী ভাষা। অসমৰ সংবাদ পত্ৰ, স্কুল-কলেজ আদিতো এই ভাষাকে ব্যৱহাৰ কৰা হয়। কিন্তু বৰ্তমান অসমত ইয়াৰ বাহিৰেও কেইবাটাও উপভাষা প্ৰচলিত আছে। বাণীকান্ত কাকতিৰ মতে অসমত দুটা উপভাষাৰ প্ৰচলন আছে (১) পূব আৰু (২) পশ্চিম উপভাষা। কিন্তু বৰ্তমান উপভাষা বিভাজনত চাৰিটা ভাগ কৰা দেখা যায়।
পূবৰ বা উজনি অসমৰ উপভাষা (শিৱসাগৰ, যোৰহাট, লখিমপুৰ, ধেমাজি আদি অন্যান্য জিলাত ব্যৱহাৰ কৰা ভাষা)
মধ্য অসমৰ উপভাষা (নগাঁও, মৰিগাঁও আদি আৰু তাৰ দাঁতি কাষৰীয়া অঞ্চল)
কামৰূপী উপভাষা (কামৰূপ, নলবাৰী, বৰপেটা, দৰং, কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাত)
গোৱালপাৰীয়া উপভাষা (গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও জিলা আৰু চিৰাং জিলা)
লগতে চাওক অসমীয়া ব্যাকৰণ
অসমীয়া ভাষাৰ ৰোমানীকৰণ
চৰ্যাপদ
ভাৰতীয় ভাষা
অসমীয়া সাহিত্য
সন্ধি
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ অসমীয়া ভাষা আৰু সাহিত্য অসমীয়া ভাষাৰ নমুনা
অসমীয়াৰ প্ৰতিবেদন
অসমীয়া লিপিবদ্ধ অসম অসমীয়া শব্দৰ উদ্ভৱৰ সন্ধানত, ড॰ গকুল গোস্বামী উৎস নীলা চৰাই ৱেবছাইট। অসমৰ ভাষা আৰু লিপি
ভাৰতৰ ভাষা
|
5345 | https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%20%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%20%E0%A6%AC%E0%A6%9F%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A7%B1%E0%A6%BE%20%E0%A6%A5%E0%A6%BE%E0%A6%A8 | শ্ৰী শ্ৰী বটদ্ৰৱা থান | বটদ্ৰৱা থান বা বৰদোৱা থান চমুকৈ বৰদোৱা অসমৰ এখন পৱিত্ৰ তীৰ্থস্থান। নগাঁও চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগৰ বৰদোৱা নামে ঠাইত এই তীৰ্থস্থান অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত বৰদোৱা বিশেষ মৰ্য্যদা আছে। এই বৰদোৱা তথা আলিপুখুৰীতে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। ১৯ বছৰ বয়সতে ১৪৬৮ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখনৰ স্থাপন কৰিছিল। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল। ই থানখনে ২৮৬ বিঘা মাটিকালি আগুৰি আছে।
ইতিহাস
অতীজতে ব্ৰহ্মপুত্ৰৰ (ব্ৰহ্মপুত্ৰ নদী)পাৰৰ এই অঞ্চল বৰ দ বৰডোবা বা ডোভাৰে পৰিপূৰ্ণ জলময় ঠাই আছিল বুলি জনা যায়। শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ ভূঞাসকলে তাত আলি বান্ধি পুখুৰী খান্দি গাঁও পাতি বাস কৰিছিল। বৰ দ বা বৰডোবাৰে পৰিপূৰ্ণ কাৰণে মানুহৰ মুখত পৰি এই অঞ্চলটোৰ নাম বৰদোৱা হ'ল বুলি জনশ্ৰুতি আছে। আন এক কিংবদন্তি অনুসৰি কুণ্ডিল কুঁৱৰী ৰুক্মিণীয়ে তেওঁক হৰণ কৰি নিবলৈ অনুৰোধ জনাই বেদনিধি নামৰ এজন ব্ৰাহ্মণক শ্ৰীকৃষ্ণৰ ওচৰলৈ পঠিয়াইছিল। বেদনিধিক লগত লৈ শ্ৰীকৃষ্ণ দ্বাৰকাৰ পৰা কুণ্ডিল নগৰলৈ আহোঁতে তেওঁৰ ৰথ ইমান বেগেৰে চলিছিল যে ৰথৰ বেগত বেদনিধি মূৰ্চা গ'ল। শ্ৰীকৃষ্ণই তেতিয়া সেই ঠাইতে ৰথ ৰাখি বেদনিধিৰ গালে-মুখে পানী ছটিয়াই দিয়াত তেওঁৰ চেতনা ঘূৰি আহে। ইয়াৰ পাছত এজোপা বটবৃক্ষৰ ছাঁত খন্তেক জিৰণি লৈ শ্ৰীকৃষ্ণ ৰথত উঠোঁতে দিয়া তেওঁৰ ভৰৰ ফলত ঠাইডোখৰ 'বৰ দ' হৈ পৰে। তেতিয়াৰ পৰা এই অঞ্চল বৰদোৱা নামেৰে পৰিচিত হয় বুলি জনা যায়। আন এক কাহিনী অনুসৰি এসময়ত হেনো প্ৰচণ্ড খৰাং হৈছিল। খৰাঙত মানুহৰ বিলাই-বিপত্তিৰ সীমা নোহোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এজোপা বটবৃক্ষৰ তলত ৰাতি নাম-কীৰ্তনৰ আয়োজন কৰিছিল। উল্লিখিত বটবৃক্ষজোপা আকৌ বিষ্ণুৰ গাৰ এডাল নোমৰ পৰা সৃষ্টি হোৱা বুলি কোৱা হয়। সময়ত নাম-কীৰ্তন শেষ হ'ল আৰু সকলো ঘৰাঘৰি গ'ল। ইয়াৰ পাছত মাজৰাতি শংকৰদেৱে তেওঁৰ দুজন শিষ্য সৰ্বজয় আৰু বলোৰামক লগত লৈ বটবৃক্ষজোপাৰ তললৈ আহি যোগবলেৰে গংগাক আহ্বন কৰিবলৈ ধৰিলে। শংকৰৰ যোগবলত গংগা ধৰালৈ নামি আহে আৰু সেই জলধাৰাত বটবৃক্ষ দ্ৰৱিত হৈ সেই ঠাইতে এক মনোৰম সৰোবৰৰ সৃষ্টি হয়। আকাশৰ পৰা গংগা নমাই অনা বাবে এই সৰোবৰ আকাশীগংগা নামেৰে জনাজাত। 'বট দ্ৰৱ' হোৱা বাবে এই ঠাই বটদ্ৰৱা নামেৰেও সমধিক প্ৰসিদ্ধ। বৰ্তমান বৰদোৱা আৰু বটদ্ৰৱা দুয়োটা নাম সম অৰ্থত প্ৰয়োগ কৰা হয়।
সত্ৰ হিচাপে বৰদোৱা
বৰদোৱাতে শংকৰদেৱে প্ৰথম কীৰ্তন ঘৰ (নামঘৰ) সজাইছিল বুলি জনা যায়। ইয়াতেই শংকৰদেৱে প্ৰথম চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাই। ১৪৭০ চনত ২১ বছৰ বয়সত শংকৰদেৱে বৰদোৱাত ফাকুৱা আৰু দৌল উৎসৱৰ সূচনা কৰে। ১৫১৬-১৭ চন মানত শংকৰদেৱে নিৰাপত্তাজনিত কাৰণত বৰদোৱা ত্যাগ কৰে। শংকৰদেৱৰ পিছত ১৬৫৬ চনত শংকৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতিবোৱাৰী কনকলতা আৰু ভাগিন দামোদৰ আতাৰ উদ্যোগত বৰদোৱাক পুনৰুদ্ধাৰ কৰা হয়। সত্ৰ পুনৰ উজ্জীৱিত হৈ উঠে। এনেদৰে শতাধিক বছৰ চলাৰ পিছত শংকৰদেৱৰ উত্তৰাধিকাৰীসকলৰ মাজত হোৱা বিবাদৰ পৰিণতিত বৰদোৱা সত্ৰ বৰহিছা (নৰোৱা সত্ৰ) আৰু সৰুহিছা (ফুলগুৰি সত্ৰ) নামে দুখন সত্ৰত বিভক্ত হয়। অৱশ্যে ১৯৫৮ চনত বৰহিছা আৰু সৰুহিছাৰ মধ্যস্থলত উমৈহতীয়া কীৰ্ত্তন ঘৰ সাজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
পৰিচালনা
১৯৬৪ চনত "বটদ্ৰৱা থান পৰিচালনা সমিতি" গঠন কৰা হয় আৰু ইয়াৰ পাছৰে পৰাই নৰোৱা সত্ৰ আৰু ফুলগুৰি সত্ৰৰ ৰ সমন্বয়ত বিভিন্ন কাম-কাজ পৰিচালনা কৰি আহিছে।
বিশেষত্ব
বৰদোৱা সত্ৰৰ ভিতৰত থকা পৱিত্ৰ আকাশীগংগা, দৌল মন্দিৰ, পাদশিলা গৃহ (ইয়াতে শিলত গুৰুজনাৰ ভৰিৰ পতাৰ চিহ্ন আছে বুলি জনবিশ্বাস আছে), মণিকূটসহ কীৰ্তন ঘৰ (নামঘৰ), সাঁচি গছ, টেম্বুৱানী জান, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদিয়ে সত্ৰখনৰ ঐতিহ্য বহন কৰিছে। ১৯৮৫ চনতে অসম চৰকাৰে ইয়াত এটি ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপন কৰিছিল। শংকৰদেৱৰ সময়ৰ বহুতো সামগ্ৰী ইয়াত সংৰক্ষিত হৈ আছে। তাৰ ভিতৰত প্ৰাচীন বটদ্ৰৱা থানৰ মুখ্য দ্বাৰ, গুৰু আসনৰ ভগ্নাংশ, ৰাধা-কৃষ্ণৰ কাঠৰ যুগল মূৰ্তি, সেই সময়ৰ কাঠৰ শৰাই, কাঠৰ বাটি, চৰিয়া ইত্যাদি অন্যতম।
প্ৰধান উৎসৱ অনুষ্ঠান বটদ্ৰৱা থানত দৈনন্দিন নাম-কীৰ্তনৰ উপৰিও কেইবাটাও উৎসৱ উলহ-মালহেৰে পালন কৰা হয়। শংকৰদেৱ মাধৱদেৱ আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম-মৃত্যু তিথি, ফাকুৱা বা দৌল উৎসৱ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ, ভাদ মাহৰ গুৰু কীৰ্তন, ভাওনা, অংকীয়া নাট আদি যাপন কৰা হয়। ফাকুৱা উপলক্ষে বৰদোৱাত এখন মেলাও অনুষ্ঠিত কৰা হয়।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
বটদ্ৰৱাৰ দৌল উৎসৱ, নীলা চৰাই ডট কম ৱেবছাইটত
নগাঁৱৰ পৰ্যটনস্থলসমূহ সম্পৰ্কে চৰকাৰী ৱেবছাইটত সন্নিবিষ্ট তথ্য অসমৰ ধৰ্মীয় স্থান
সত্ৰ
হিন্দুধৰ্মৰ |
9860 | https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%B0%E0%A7%8D%E0%A6%AA%E0%A6%A6%E0%A6%82%E0%A6%B6%E0%A6%A8 | সৰ্পদংশন | সাপে খোঁটাৰ ফলত হোৱা আঘাতকে সৰ্পদংশন (ইংৰাজী ভাষাত বুলি কোৱা হয়। দাঁতৰ আঘাতত ঠাইটুকুৰাত বিন্ধাৰ দৰে ক্ষতৰ সৃষ্টি হ'ব পাৰে বা শৰীৰত বিষ বিয়পিব পাৰে সাপৰ বেছিভাগ প্ৰজাতিৰেই বিষ নাই আৰু সেইবোৰে চিকাৰৰ শৰীৰত চাপ প্ৰয়োগেৰেহে হত্যা কৰে। তুলনামূলকভাৱে কম সংখ্যক সাপ বিষধাৰী আৰু সেইবোৰ এণ্টাৰ্কটিকাৰ বাহিৰে আন সকলো মহাদেশত পোৱা যায়। পৃথিৱীত সাপৰ প্ৰায় ৩০০০ প্ৰজাতি পোৱা যায় যাৰ প্ৰায় ১৫% মানুহৰ বাবে বিপজ্জনক। সাপে চিকাৰৰ লগতে প্ৰতিৰক্ষাৰ বাবেও দংশন কৰে। যিহেতু সাপ দেখাত বিভিন্ন ৰকমৰ হ'ব পাৰে, সেইবাবে সৰ্পদংশনৰ ক্ষেত্ৰত প্ৰজাতি নিৰ্ণয় কষ্টসাধ্য আৰু ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
সৰ্পদংশনৰ ফলাফল বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে- সাপৰ প্ৰজাতি, দংশন কৰা শৰীৰৰ স্থান, প্ৰবেশ কৰা বিষৰ পৰিমাণ, আৰু আক্ৰান্তৰ স্বাস্থ্য। সৰ্পদংশনৰ পিছত ব্যক্তিজন প্ৰায়েই আতঙ্কগ্ৰস্ততাত ভোগে। তদুপৰি অট'ন'মিক নাৰ্ভাছ চীষ্টেমৰ দ্বাৰা টেকীকাৰ্ডিয়া, বুকুৰ ধপনি আৰু বমিৰ ভাৱ হ'ব পাৰে। বিষ নথকা সাপে খোঁটাৰ ফলত দাঁতৰ আঘাতৰ পৰা বা বীজাণুৰ সংক্ৰমণৰ পৰা ক্ষতৰ সৃষ্টি হ'ব পাৰে। সৰ্পদংশনৰ পৰা হ'ব পৰা এনাফাইলেক্সিছৰ ফলত মানুহ মৃত্যুমুখত পৰিব পাৰে। সৰ্পদংশনৰ প্ৰাথমিক চিকিৎসা সাধাৰণতে সেই অঞ্চলত বসবাস কৰা সাপৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰে, কাৰণ এটা প্ৰজাতিৰ সাপৰ বাবে কৰা চিকিৎসা আন এটাৰ বাবে কাৰ্যকৰী নহ'বও পাৰে। সৰ্পদংশনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ ভৌগোলিক স্থানভেদে বেলেগ বেলেগ হয়। অষ্ট্ৰেলিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাত মৃত্যুৰ হাৰ নগণ্য, কিন্তু বিশ্বৰ আন বহু ঠাইত, বিশেষকৈ চিকিৎসা সেৱাৰ সুবিধা নথকা গ্ৰামাঞ্চলত সৰ্পদংশনৰ ফলত হোৱা শাৰীৰিক ক্ষতি আৰু মৃত্যু এটা গুৰুতৰ স্বাস্থ্যজনিত সমস্যা। দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু নিম্ন-ছাহাৰা আফ্ৰিকাত সৰ্পদংশনৰ ঘটনা বিশ্বৰ ভিতৰতে সৰ্বাধিক। নৱগ্ৰীষ্মপ্ৰধান, বিষুবীয় আৰু গ্ৰীষ্মপ্ৰধান অঞ্চলতো সাপে খোঁটাৰ ঘটনা প্ৰায়েই ঘটি থাকে। প্ৰতিবছৰে বিশ্বজুৰি প্ৰায় ২০০০০-৯৪০০০ মানুহ সৰ্পদংশনৰ ফলৰ মৃত্যুমুখত পৰে। সুৰক্ষা থকা বিশেষ জোতা পৰিধান কৰি আৰু সাপৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চল পৰিহাৰ কৰি সৰ্পদংশনৰ ঘটনা কমাব পাৰি।
চিহ্ন আৰু লক্ষণসমূহ
সৰ্পদংশনৰ সাধাৰণ লক্ষণসমূহ হৈছে ভয়, আতঙ্কগ্ৰস্ততা, আৰু মানসিক অস্থিৰতা যাৰ ফলত বমিৰ ভাৱ, বমি, ডায়েৰীয়া, ভাৰ্টিগ', মূৰ্ছা যোৱা, টেকীকাৰ্ডিয়া আৰু ছালৰ শীতলতা হ'ব পাৰে। টেলিভিছন, সাহিত্য আৰু লোকগাঁথাসমূহেও সৰ্পদংশন লৈ কিছুমান অহেতুক প্ৰচাৰ চলোৱাৰ ফলত ভুক্তভোগীয়ে সচৰাচৰ মৃত্যুৰ কথা চিন্তা কৰিবলৈ ধৰে।
অনাৰ্দ্ৰ সৰ্পদংশন, আৰু বিষ নথকা সাপৰ দংশনৰ ফলতো ব্যক্তিজনৰ গুৰুতৰ আঘাত হ'ব পাৰে। ইয়াৰ কাৰণ কেইবাটাও: ভালদৰে চিকিৎসা নকৰা সৰ্পদংশনৰ ক্ষতত বীজাণুৰ সংক্ৰমণ হ'ব পাৰে (দ চিদ্ৰৰ নিচিনা ক্ষতৰ সৃষ্টি কৰা ভাইপাৰ সাপৰ খোঁটত প্ৰায়েই দেখা যায়), কিছুমান মানুহৰ সাপে খুঁটিলে এনাফাইলেক্সিছ হ'ব পাৰে, আৰু সাপৰ লেলাউটি বা দাঁতত "ক্ল'ষ্ট্ৰিডিয়াম টিটানি"ৰ দৰে ভয়ঙ্কৰ অণুজীৱ থাকিব পাৰে। ভালদৰে চিকিৎসা নকৰিলে সেইবাবে সংক্ৰমণ বিয়পি মানুহজন মৃত্যুমুখত পৰিব পাৰে। বিষ থকা আৰু নথকা সাপৰ প্ৰায়বোৰৰ দংশনত স্থানীয় প্ৰতিক্ৰিয়া কিছুমান দেখা যায়। খোঁটা স্থানভেদে ৯০% মানুহৰ ক্ষেত্ৰত অলপ বিষ আৰু ঠাইডোখৰ ৰঙা পৰিব পাৰে। ভাইপাৰ আৰু কিছুমান ফেঁটীসাপৰ দংশনৰ বাৰুকৈয়ে বিষ অনুভৱ হ'ব পাৰে আৰু ঠাইডোখৰ পাঁচ মিনিটৰ ভিতৰতে ফুলি যাব পাৰে। ঠাইটুকুৰাৰ পৰা তেজ ওলাব পাৰে, পানী-জোলা হ'ব পাৰে আৰু শেষত কোষৰ নেক্ৰ'চিছ হ'ব পাৰে। ভাইপাৰ আৰু ভাইপাৰৰ দংশনৰ আন কিছুমান লক্ষণ হৈছে দুৰ্বলতা, ৰক্তক্ষৰণ, বমিৰ ভাৱ আৰু বমি হোৱা। লক্ষণসমূহ সময়ৰ লগে;অগে গুৰুতৰ হৈ উঠিব পাৰে আৰু নিম্ন ৰক্তচাপ, নিআ, টেকীকাৰ্ডিয়া, অভ্যন্তৰীণ ৰক্তক্ষৰণ, অচেতনতা, বৃক্কৰ অসমৰ্থতা আৰু উশাহ-নিশাহৰ অসমৰ্থতাৰ সৃষ্টি কৰিব পাৰে।
উল্লেখযোগ্য যে ম'জাভে স্নে'ক, ক্ৰেইট, ক'ৰেল স্নে'ক আৰু ফুটফুটীয়া স্নে'কৰ দংশনত আঘাত গুৰুতৰ হোৱা সত্ত্বেও বিষ সামান্যহে অনুভৱ হয়। স্নেকৰ কিছুমান প্ৰজাতিয়ে খুঁটিলে ব্যক্তিজনে "ৰবৰৰ নিচিনা", "মিণ্টৰ নিচিনা" বা "ধাতৱীয়" সোৱাদ অনুভৱ কৰিব পাৰে। স্পিটিং ক'ব্ৰা আৰু ৰিংখাল সাপে চিকাৰৰ চকুলৈ বিহ নিক্ষেপ কৰিব পাৰে। ইয়াৰ ফলত প্ৰচণ্ড বিষ, চকুৰ মাংসপেশীৰ শিথিলতা আৰু আৰু চিকাৰ অন্ধ হ'ব পাৰে।
কিছুমান অষ্ট্ৰেলিয়ান ইলেপিড আৰু ভাইপাৰৰ বিষ শৰীৰত প্ৰবেশ কৰিলে তেজ গোট মৰাত সমস্যাৰ সৃষ্টি হয় আৰু ভুক্তভোগীৰ মুখ, নাক বা পুৰণি শুকোৱা ঘাঁৰপৰাও প্ৰচণ্ড ৰক্তক্ষৰণ হ'ব পাৰে। অভ্যন্তৰীণ অঙ্গ যেনে মগজু আৰু অন্ত্ৰৰ পৰা ৰক্তক্ষৰণ হৈ ব্যক্তিজনৰ চালত ইকাইম'চিচ (একপ্ৰকাৰৰ ক্ষত)ৰ সৃষ্টি কৰিব পাৰে। ইলেপিড যেনে সাগৰীয় সাপ, ক্ৰেইট, ফেঁটীসাপ, ৰজাফেঁটী, মাম্বা আৰু বহু অষ্ট্ৰেলিয়ান প্ৰজাতিৰ বিষে স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে। ভুক্তভোগীয়ে চকুৰে দেখাত উশাহ লোৱাত, কথা কোৱাত আৰু শৰীৰৰ যিকোনো ঠাইত উদ্দীপনা অনুভৱ কৰাত সমস্যা হ'ব পাৰে। স্নায়ুতন্ত্ৰৰ বেমেজালিত এইসমূহৰ বাহিৰেও আৰু বহুতো লক্ষণে দেখা দিব পাৰে। সোনকালে চিকিৎসা নকৰিলে উশাহ লোৱাৰ অসমৰ্থতাত ব্যক্তিজন মৃত্যুমুখত পৰিব পাৰে। কিছুমান ফেঁটীসাপৰ প্ৰজাতি, প্ৰায় সকলোবোৰ ভাইপাৰ, কিছুমান অষ্ট্ৰেলিয়ান ইলেপিড আৰু কিছুমান সাগৰীয় সাপে মাংসপেশীৰ কলাৰ নেক্ৰ'চিছ কৰে। গোটই শৰীৰ জুৰি মাংসৰ কলাবোৰ মৰিবলৈ ধৰে যাক ৰেব্দ'মায়'লাইচিছ বুলি কোৱা হয়। ইয়াৰ ফলত বৃক্কৰ নলীকাত মায়'গ্ল'বিন জমা হৈ বৃক্কৰো ক্ষতি কৰে। নিম্নৰক্তচাপৰ সৈতে মিলি ই বৃক্কৰ অসমৰ্থতাৰ সৃষ্টি কৰে আৰু চিকিৎসাৰ ব্যৱস্থা নকৰিলে ব্যক্তিজন মৃত্যুমুখত পৰে।
ৰোগতত্ত্ব সকলো বিষধাৰী সাপে চিকাৰৰ শৰীৰত বিষ প্ৰবেশ কৰা-নকৰাটো সৈচ্চিক। খাদ্যৰ বাবে চিকাৰ জোখতকৈ ডাঙৰ হ'লে বিষ নষ্ট কৰাৰ সলনি সাপে "অনাৰ্দ্ৰ দংশন" কৰে। প্ৰজাতিবোৰৰ মাজত অনাৰ্দ্ৰ দংশনৰ পৰিমাণ ভিন্ন: ৮০% সাগৰীয় সাপৰ দংশনত শৰীৰত বিষ নোসোমায়, কিন্তু ভাইপাৰৰ ২৫% দংশনহে অনাৰ্দ্ৰ। স্নে'কৰ দৰে কিছুমান সাপৰ জাতিয়ে আক্ৰমণতকৈ আত্মসুৰক্ষাৰ সময়তহে বেছি বিষ ঢালি দিয়ে।
কেতিয়াবা সময়ৰ হেৰ-ফেৰ হৈ সাপৰ দাঁত শৰীৰত ভালকৈ প্ৰবেশ নকৰাৰ ফলতো অনাৰ্দ্ৰ দংশন হয়। বিষ নথকাকৈও বয়ডি আৰু পাইথ'নিডি পৰিয়ালৰ সাপৰ দংশনে গুৰুতৰ ক্ষতি কৰে; সাপটো বা চিকাৰ নিজেই আঁতৰি যোৱাৰ ফলত মাংসপেশীত সোমাই থকা বেজীৰ দৰে তীক্ষ্ণ দাঁতে ঠাইটুকুৰা চিৰাচিৰ কৰিব পাৰে। বিষধাৰী সাপৰ দৰে মৃত্যুদায়ক নহ'লেও এনে আঘাত অস্থায়ীভাৱে ক্ষতিকৰ আৰু চিকিৎসাৰ অভাৱত ভয়ংকৰ সংক্ৰমণ হ'ব পাৰে। বেছিভাগ সাপেই দংশন কৰিবলৈ মুখ খুলিব লাগে। কিন্তু টেস্পিডি পৰিয়ালৰ আফ্ৰিকান আৰু মধ্যপূৰ্বৰ সাপে বিষদাঁত ভাঁজ কৰি কাষলৈ আনি মুখ নেমেলাকৈয়ে দংশন কৰিব পাৰে।
সাপৰ বিষ সাপৰ বিষ প্ৰধানতঃ চাৰি প্ৰকাৰৰ নিউৰ'টক্সিন, হিম'টক্সিন, মায়'টক্সিন আৰু চাইট'টক্সিন। নিউৰ'টক্সিনে স্নায়ুতন্ত্ৰত আৰু হিম'টক্সিনে তেজৰ কোষবোৰত আক্ৰমণ কৰে। অৱশ্যে দুইপ্ৰকাৰ বিষেই মগজুৰ নিউৰ'ণ বোৰৰ ৰাসায়নিক সংযোগবোৰ বন্ধ কৰি ক্ৰিয়া কৰে। আনহাতে মায়'টক্সিনে মাংসপেশীত আৰু চাইট'টক্সিনে সৰু স্থানত কমকৈ ক্ৰিয়া কৰে। এনে বিষাক্ত সাপ, যেনে নিউৰ'টক্সিন উৎপন্ন কৰা ফেঁটীসাপ দিয়ে হীম'টক্সিন উৎপন্ন কৰা ভাইপাৰৰ দংশনৰ প্ৰায় ১০-২০ মিনিটৰ ভিতৰতে যদি চিকিৎসা সেৱা পোৱা নাযায়, তেন্তে ৰোগীৰ সাধাৰণতে মৃত্যু হয়। নিউৰ'টক্সিনৰ প্ৰভাৱত শ্বাস-প্ৰশ্বাস বন্ধ হৈ আৰু হিম'টক্সিনৰ বাবে অন্তৰ্ৱৰ্তী ৰক্তক্ষৰণ হৈ আক্ৰান্তৰ মৃত্যু হয়। জীৱবিজ্ঞানীসকলৰ মতে মিন'চিন কালৰ সময়তে সাপৰ বিষ তৈয়াৰ কৰিব পৰা ক্ষমতাৰ উদ্ভৱ হয়। মধ্য-তৃতীয়াংশ কালত বেছিভাগ সাপেই চাপ প্ৰয়োগেৰে চিকাৰ কৰা হেন'ফিডিয়া পৰিয়ালৰ আছিল। যেতিয়া বিশ্বৰ কোনো কোনো অংশত হাবিৰ ঠাই ঘাঁহনিয়ে ল'বলৈ ধৰিলে, তেতিয়া কিছুমান সাপৰ পৰিয়াল সৰু আৰু অধিক আক্ৰমণাত্মকৰূপে বিকশিত হ'বলৈ ধৰিলে। কিন্তু সৰু সাপৰ বাবে চিকাৰ কৰাটো কঠিন হোৱা বাবে সাপৰ বিষৰ বিকাশ ঘটা আৰম্ভ হ'ল। বেছিভাগ জীৱিত সৰীসৃপৰে আদিৰূপ বুলি ভবা টক্সিক'ফেৰা নামৰ গোটটোৰ ওপৰত কৰা আন আন গৱেষণাৰ পৰা এই কথা প্ৰতীয়মান হয় যে শেষ ক্ৰেটাচিয়ান যুগত প্ৰায় দহ মিলিয়ন বছৰৰ আগতে সাপৰ বিষৰ বিকাশ হয়।
সাধাৰণতে লেলাউটি নিঃসৰণ কৰা বিকশিত পেৰ'টিড গ্লেণ্ডত সাপৰ বিষ প্ৰস্তুত হয়। চকুৰ পিছফালে থকা ভিঅ'লাইত ই সঞ্চিত হৈ থাকে আৰু ফোঁপোলা চুঙাকৃতিৰ বিষদাঁতলৈ সৈচ্চিকভাৱে নিঃসৰিত হয়। এশৰ পৰা এহেজাৰ পৰ্যন্ত বিভিন্ন প্ৰ'টিন আৰু জাইমেৰে এই বিষ গঠিত হয়। সেইবোৰৰ কামো ভিন ভিন যেনে- চিকাৰৰ হৃদতন্ত্ৰৰ কামত আউল লগোৱা বা বিষ সোনকালে প্ৰবেশ কৰিবলৈ কলাৰ শোহন ক্ষমতা বৃদ্ধি কৰা আদি। ভাইপাৰ দৰে বহু সাপৰ বিষ কেইবাবিধো বিষৰ সমষ্টি, যেনে- চাইট'টক্সিন, হিম'টক্সিন, নিউৰ'ট'ক্সিন আৰু মায়'টক্সিন আৰু ফলত শৰীৰৰ প্ৰায়বোৰ অঙ্গপ্ৰণালীত ক্ৰিয়া কৰি বিভিন্ন লক্ষণৰ সৃষ্টি কৰে। পূৰ্বতে এই ধাৰণাৰ বিপৰীতে এবিধ সাপৰ বিষ নিৰ্দিষ্ট বুলি ভবা হৈছিল। এছীয় আৰু আমেৰিকান সাপৰ বিষৰ প্ৰ'টিনৰ গঠন ভালদৰে অধ্যয়ন কৰা হৈছে, অষ্ট্ৰেলীয় সাপৰ বিষয়ে সিমান জনা নাযায়। বেলেগ বেলেগ পৰিয়ালৰ আৰু বেলেগ বেলেগ প্ৰজাতিৰ সাপৰ বিষৰ শক্তি ভিন্ন। ইয়াক নিগনিৰ শৰীৰত মিডিয়ান লিথেল ড'জ এককেৰে জোখা হয় 50)। ইলেপিডৰ মাজতে ছালৰ তলেৰে সুমুৱাই দিয়া 50 ১৪০ গুণ বেলেগ হ'ব পাৰে আৰু ভাইপাৰবোৰৰ মাজত ১০০ গুণ বেলেগ হ'ব পাৰে। বেলেগ বেলেগ প্ৰজাতিয়ে উৎপাদন কৰিব পৰা বিষৰ পৰিমাণো ভিন্ন। গাবুন ভাইপাৰ এটা দংশনত সৰ্বাধিক ৪৫০-৬০০ মিলিগ্ৰাম বিষ উৎপন্ন হয়। অ'পিস্থ'গ্লাইফাছ ক'লুব্ৰিডৰ বিষ মৃত্যুঘাতী হ'ব পাৰে (ব্লুমস্লাঙৰ ক্ষেত্ৰত) বা নগণ্য হ'ব পাৰে টিলাৰ ক্ষেত্ৰত)।
প্ৰতিকাৰ সাপে সাধাৰণতে মানুহক বা তৎসম অন্য প্ৰাণীক খুঁটিবলৈ ভাল নাপায় কাৰণ ইয়াৰ বিষ ইয়াক খাদ্য ধৰাৰ বাবে প্ৰয়োজনীয়। সাধাৰণতে আত্মৰক্ষাৰ বাবে, ভাবুকিৰ সম্মুখীন হ'লে, ভয় খালে বা পলোৱাৰ পথ নাথাকিলেহে ই মানুহক দংশন কৰে। সাপৰ মুখামুখি হ'লে সেই ঠাইৰপৰা আঁতৰি যোৱাই শ্ৰেয়। দেখাত বেলেগ বেলেগ হ'ব পাৰে বাবে সাপৰ প্ৰজাতি আঁতৰৰ পৰা নিৰ্ণয় কৰা কঠিন। এন্দুৰ পোৱাৰ সম্ভাৱনা থকা জনবসতিৰ এলেকাত সাপ প্ৰায়েই দেখা যায়। এন্দুৰৰ উপদ্ৰৱ কম কৰিলে সাপৰ পৰাও ভালেখিনি পৰিত্ৰাণ পাব পাৰি। কোনো ঠাইলৈ গ'লে সেই ঠাইত বসবাস কৰা সাপৰ প্ৰজাতিৰ জ্ঞান থকাটো লাভজনক। আফ্ৰিকা, অষ্ট্ৰেলিয়া, নৱশীতোষ্ণ আৰু দক্ষিণ এছিয়াত সাপৰ বহু বিপজ্জনক প্ৰজাতি পোৱা যায়। অৰণ্য অঞ্চলত মাটিত ভৰিৰে জোৰে জোৰে আঘাত কৰিলে সৃষ্টি হোৱা কঁপনি আৰু শব্দৰ ফলত সাপ আঁতৰি যায়। কিন্তু এই কথা কেৱল উত্তৰ আমেৰিকাতহে প্ৰযোজ্য। বিশ্বৰ আন ঠাইত থকা ৰজা ফেঁটী বা ক'লা মাম্বাৰ দৰে ডাঙৰ আৰু আক্ৰমণাত্মক সাপে নিজৰ অঞ্চল সুৰক্ষিত কৰি ৰাখিব খোজে। মুখামুখি হ'লে লৰচৰ নকৰাকৈ মনে মনে থকাই শ্ৰেয়। সাপটো নিজে আঁতৰি নগ'লে সাৱধানে ধীৰ খোজেৰে তাৰ পৰা পলায়ন কৰাটো দৰকাৰী। শিবিৰ পতা ঠাইত সাপ নাহিবৰ বাবে জুই ধৰাটো ভাল। গৰমকালি নিশা তাপমাত্ৰা তকৈ বেছি হ'লে সাপ অতি সক্ৰিয় হৈ পৰা দেখা যায়। শৈলাৰোহণ কৰিলে শিলৰ দাতি বা ফাঁকবোৰ পৰীক্ষা নকৰাকৈ হাত দিব নাপায়, কাৰণ শীতল ৰক্তৰ প্ৰাণী হোৱা বাবে সাপে প্ৰায়েই শিলৰ দাতিত সূৰ্যৰ তাপ লয়। সাপ পোহা বা নচুওৱা মানুহে খোঁট নাখাবৰ বাবে প্ৰয়োজনীয় সাৱধানতা লোৱা উচিত। মদ্যপান কৰি উঠি সাপ চুবলৈ যোৱাটো অনুচিত। আমেৰিকা যুক্তৰাষ্ট্ৰত ৪০% আক্ৰান্তই বনৰ সাপ ধৰিবলৈ গৈ বা পোহা সাপ অসাৱধানতাৰে চুওঁতেই দুৰ্ঘটনা হয়- তাৰে ৪০% লোকৰ তেজত কহলৰ পৰিমাণ ০.১% বা তাতকৈ বেছি পোৱা যায়।
মৃত যেন লগা সাপৰ পৰাও আঁতৰি থকাটো প্ৰয়োজনীয় কাৰণ কিছুমান প্ৰজাতিয়ে ভাবুকিৰ সম্মুখীন হ'লে এলুটি মাৰি জিভাখন বাহিৰলৈ উলিয়াই ঠগিব পাৰে। সাপৰ চিগি যোৱা মূৰেও প্ৰতিবৰ্তী ক্ৰিয়া )ৰ জৰিয়তে দংশন কৰিব পাৰে। তেনে দংশনো জীৱিত সাপৰ দংশনৰ সমানেই ভয়াবহ। মৃত সাপৰ বিষ নিঃসৰণ নিয়ন্ত্ৰিত নোহোৱাৰ বাবে তেনে দংশনত কেতিয়াবা বেছি বিষ ওলাব পাৰে।
চিকিৎসা সাপৰ খোঁট প্ৰাণনাশী হ'ব নে নহ'ব তাক থিৰাং কৰাটো সহজ নহয়। উত্তৰ আমেৰিকাৰ "ক'পাৰহে'ড" সাপে বয়স্ক মানুহৰ ভৰিৰ সৰুগাঁথিত খুঁটিলে সেয়া বৰ গুৰুতৰ আঘাত নহয়, কিন্তু একেটা সাপে শিশুৰ মুখ বা পেটত খুঁটিলে সেয়া প্ৰাণনাশী হ'ব পাৰে। সৰ্পদংশনৰ ফলাফল বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে: সাপৰ আকাৰ, শাৰীৰিক অৱস্থা, তাপ, আক্ৰান্তৰ বয়স আৰু স্বাস্থ্য, খোঁটা ঠাই, প্ৰবেশ কৰা বিষৰ পৰিমাণ, চিকিৎসা গ্ৰহণ কৰা সময়, আৰু চিকিৎসাৰ মান আদি।
সাপৰ চিনাক্তকৰণ চিকিৎসাৰ পৰিকল্পনাৰ বাবে কোনো কোনো ঠাইত সাপৰ চিনাক্তকৰণ জৰুৰী, কিন্তু ই সদায় সম্ভৱ নহয়। কেতিয়াবা মৃত সাপটো আক্ৰান্তৰ লগত অনা হয় নাইবা সাপপ্ৰধান অঞ্চলত স্থানীয় জ্ঞানেই কাম দিয়ে। বহুযোজিত প্ৰতিবিষ উপলব্ধ থকা উত্তৰ আমেৰিকাৰ দৰে ঠাইত সাপৰ চিনাক্তকৰণত বৰ গুৰুত্ব দিয়া নহয়। দুৰ্ঘটনা কৰা সাপটোক ধৰিবলৈ বা মাৰিবলৈ যাওঁতে পুনৰ একেজনক বা আনকো খুঁটিব পাৰে, গতিকে এনে কৰা অনুচিত। বেছিভাগ সমস্যা সৃষ্টি কৰা তিনিবিধ সাপ হৈছে ভাইপাৰ, আৰু ফেঁটী। যিদৰে সেই অঞ্চলত পোৱা সাপৰ কথা জনাটো ভাল, তেনেদৰে সেই প্ৰতিবিধ সাপে খোঁটাৰ লক্ষণ জনাটোও। খোঁটা সাপৰ প্ৰজাতি নিৰ্ণয় কৰিবলৈ কোনো কোনো অঞ্চলত সেই অঞ্চলৰ বাবে নিৰ্দিষ্ট একোটা স্ক'ৰিং প্ৰণালীও ব্যৱহাৰ কৰা হয়।
প্ৰাথমিক চিকিৎসা সৰ্পদংশনৰ প্ৰাথমিক চিকিৎসা বেলেগ বেলেগ সাপৰ বাবে ভিন্ন হ'ব পাৰে। কিন্তু বেছিভাগ নিৰ্দেশাৱলীয়েই তলৰ প্ৰাথমিক চিকিৎসাসমূহৰ ক্ষেত্ৰত একমত। আক্ৰান্তজনক আৰু আনক অধিক দংশনৰ পৰা বচাওক। সাপৰ চিনাক্তকৰণ কোনো কোনো অঞ্চলত দৰকাৰী হ'লেও অধিক বিপদ চপাই লোৱা বা চিকিৎসা বিলম্ব কৰাটো অনুচিত। আক্ৰান্তজনক শান্ত কৰি ৰাখক। নহ'লে একিউট ষ্ট্ৰেছৰ বাবে তেজৰ চলাচল বাঢ়ি বিপদ বাঢ়িবহে পাৰে। আতংকৰ সৃষ্টি নোহোৱাটো বাঞ্ছনীয়। সহায়ৰ বাবে মানুহ মাতক আৰু আক্ৰান্তক ততালিকে এণ্টিভেন'ম উপলব্ধ থকা স্থানীয় চিকিৎসালয়লৈ লৈ যাওক। খোঁট খোৱা অংগটো স্থিৰে ৰাখক আৰু আক্ৰান্তৰ হৃদপিণ্ডৰ তলত ৰাখক যাতে হৃদপিণ্ড আৰু আন অংগলৈ যোৱা তেজৰ পৰিমাণ কমে। মানুহজনক একো খাবলৈ নিদিব। বিশেষকৈ কহলে ৰক্তনলীৰ প্ৰসাৰণ কৰি বিষৰ শুহাৰ পৰিমাণ বঢ়াব পাৰে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো দৰব-জাতি দিয়াৰো প্ৰয়োজন নাই। খোঁট খোৱা অংগটোক চেপি থকা আঙুঠি, ঘড়ী, ছেণ্ডেল আদিবোৰ খুলি থওক। মানুহজনক বেছিকৈ লৰচৰ কৰিবলৈ নিদিব। দংশনৰ ঠাইডোখত কটা-ছিঙা কৰিব নালাগে। ২০০৭ চনত ভাৰত চৰকাৰে প্ৰকাশ কৰা "তো প্ৰায় এইখিনি কথাই কোৱা হৈছে। দংশনৰ ঠাইডোখৰ চাবোন, পানীৰে ধুই চাফাও কৰিব পাৰি। ছাল বা বেণ্ডেজত লাগি থকা বিষৰ সহায়ত চিনাক্তকৰণৰ সঁজুলিৰে সাপৰ প্ৰজাতিও নিৰ্ণয় কৰা সম্ভৱ। এনে কৰিলে জৰুৰীকালীন কক্ষত প্ৰয়োজনীয় প্ৰতিবিষ নিৰ্ণয় কৰাটো সহজ হয়।
চাপ প্ৰয়োগ আৰু স্থিৰতা ১৯৭৯ চনত অষ্ট্ৰেলিয়াৰ এ আনুষ্ঠানিকভাৱে চাপ প্ৰয়োগ আৰু স্থিৰতাক সৰ্পদংশনৰ প্ৰাথমিক চিকিৎসা হিছাপে পছন্দ কৰে। ২০০৯ চন পৰ্যন্ত ইয়াৰ কাৰ্যকাৰীতা সম্পৰ্কে পৰ্যাপ্ত প্ৰমাণ পোৱা হোৱা নাই। সেইবাবে বেছিভাগ আন্তৰ্জাতিক বিশেষজ্ঞই ইয়াৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে। তথাপিও অষ্ট্ৰেলিয়াৰ সকলো নামজ্বলা প্ৰাথমিক চিকিৎসা প্ৰতিষ্ঠানে অঙ্গটোত চাপ প্ৰয়োগ আৰু স্থিৰ ৰাখিবলৈ উপদেশ দিয়ে, এক-তৃতীয়াংশ আক্ৰান্তইহে এই কাম প্ৰকৃততে কৰে।
ভাইপাৰৰ দৰে সাপৰ চাইট'টক্সিক দংশনত চাপ প্ৰয়োগ আৰু স্থিৰতাই বৰ সুফল নিদিয়ে। কিন্তু বেছিভাগ ইলেপিড সাপৰ নিউৰ'টক্সিক বিষত ই কাম দিব পাৰে। চিকিৎসা গৱেষক ষ্ট্ৰুৱান চুডেৰলেণ্ডৰ দ্বাৰা ১৯৭৮ চনত বিকশিত এই পদ্ধতিত সাপৰ বিষ দংশিত অঙ্গতে আবদ্ধ কৰি লসিকা তন্ত্ৰৰ জৰিয়তে আন গুৰুত্বপূৰ্ণ অঙ্গলৈ বৈ যোৱাত বাধা দিয়া হয়। এই পদ্ধতিৰ ভাগ দুটা: চাপ প্ৰয়োগেৰে লসিকা প্ৰবাহক বাধা দিয়া আৰু দংশন কৰা অঙ্গটো স্থিৰ কৰি ৰাখি মাংসপেশীৰ পাম্পিং ক্ৰিয়া প্ৰতিৰোধ কৰা। চাপ প্ৰয়োগৰ বাবে সাধাৰণতে ইলাষ্টিক পটী বা জৰুৰী অৱস্থাত যিকোনো কাপোৰ ব্যৱহাৰ কৰিব পাৰি। আঘাতৰ দুইৰ পৰা চাৰি ইঞ্চি ওপৰত (হৃদপিণ্ড আৰু আঘাতৰ মাজত) পটী বন্ধা আৰম্ভ কৰা হয় আৰু পকাই পকাই হৃদপিণ্ডৰ ফালে লৈ যোৱা হয়, তাৰপিছত আঘাতৰ ওপৰেৰে নি হাত বা ভৰিৰ ফালে লৈ যোৱা হয়। তাৰপিছত অঙ্গটো স্থিৰ কৰিব লাগিব আৰু সম্ভৱ হ'লে স্পিণ্ট বা স্লিং ব্যৱহাৰ কৰি ওলমাই ৰাখিব লাগে। ভৰিৰ সৰুগাঁঠিত স্প্ৰেইন হ'লে প্ৰয়োগ কৰা পটীৰ সমানেই এই পটীটো টান হ'ব লাগে। ই কোনোপধ্যেই ৰক্ত প্ৰবাহ বন্ধ কৰিব "নালাগে" আৰু ব্যক্তিজনে অসুবিধা পাব নালাগে। অসুবিধা পালে ব্যক্তিজনে ক'ব নোৱাৰাকৈ অঙ্গটো লৰাব আৰু তেতিয়া পদ্ধতিটো বিফল হ'ব। পটীৰ বাহিৰফালে দংশন কৰা স্থান স্পষ্টভাৱে চিহ্নিত কৰি থ'ব লাগে। কেতিয়াবা এই প্ৰক্ৰিয়াৰ ফলত অনাকাংক্ষিতভাৱে অঙ্গটো ফুলিব পাৰে। চাপ প্ৰয়োগ আৰু স্থিৰতা যিমান পাৰি সোনকালে কৰিব লাগে; লক্ষণ ফুটি উঠাৰ বাবে ৰৈ থকা অনুচিত। এবাৰ পটী বন্ধাৰ পিছত চিকিৎসকৰ পৰামৰ্শ অবিহনে ইয়াক খোলা "অনুচিত"। এই পদ্ধতিত সিৰাৰ তেজ স্থিৰ হৈ যোৱাৰ ফলত ২৪ ঘণ্টাৰ পিছতো সৰ্পদংশনৰ লক্ষণ ফুটি নুঠিব পাৰে আৰু তেতিয়া অনাৰ্দ্ৰ দংশন বুলি ভুলকৈ ভবা হ'ব পাৰে।
প্ৰতিবিষ প্ৰতিবিষ উদ্ভাৱন নোহোৱালৈকে কিছুমান প্ৰজাতিৰ সাপৰ দংশনত মৃত্যু নিশ্চিত আছিল। জৰুৰীকালীন চিকিৎসাৰ বহু উন্নতি হ'ল যদিও বিষ বিয়পিলে প্ৰতিবিষেই একমাত্ৰ কাৰ্যকৰী চিকিৎসা। ফ্ৰেঞ্চ চিকিৎসক এলবাৰ্ট মেটএ ১৮৯৫ চনত ভাৰতীয় ফেঁটীসাপৰ দংশনৰ বাবে প্ৰতিবিষ উদ্ভাৱন কৰে। কম মাত্ৰাৰ বিষ জন্তুৰ শৰীৰত (সাধাৰণতে ঘোঁৰা বা ভেড়া) সুমুৱাই প্ৰতিৰোধী তন্ত্ৰ তাৰ বিপৰীটে সক্ৰিয় কৰি প্ৰতিবিষ উৎপন্ন কৰা হয়। জন্তুটোৰ দেহৰ পৰা তাৰপিছত এণ্টিব'ডীখিনি উলিয়াই অধিক মাত্ৰাত প্ৰস্তুত কৰা হয়। আক্ৰান্তৰ সিৰাইদি সুমুৱাই দিয়া প্ৰতিবিষে বিষৰ জাইমৰ লগত লগ লাগি তাক নিষ্ক্ৰিয় কৰে। বিষৰ ফলত ইতিমধ্যে হৈ যোৱা ক্ষতি ই ঠিক কৰিব নোৱাৰে। সেইবাবে প্ৰতিবিষৰ চিকিৎসা ততালিকে গ্ৰহণ কৰা উচিত। আধুনিক প্ৰতিবিষবোৰ বহুযোজী বাবে বহু সাপৰ বিষৰ বিৰুদ্ধে কাম কৰিবলৈ সক্ষম। ঔষধ প্ৰস্তুত কৰা প্ৰতিষ্ঠানবোৰে সাধাৰণতে স্থানীয় সাপৰ বিষৰ বিৰুদ্ধে প্ৰতিবিষ উৎপাদনত জোৰ দিয়ে। কিছু লোকে প্ৰতিবিষ লোৱাৰ পিছত এনাফাইলেক্সিছৰ দৰে প্ৰতিক্ৰিয়া হ'ব পাৰে, কিন্তু জৰুৰী অৱস্থাত তাৰ চিকিৎসা সম্ভৱ। গতিকে লাভালাভলৈ লক্ষ্য ৰাখি প্ৰতিবিষ প্ৰয়োগ নকৰাতকৈ প্ৰয়োগ কৰাটোহে শুদ্ধ কাম।
পুৰণিকলীয়া চিকিৎসা তলত দিয়া চিকিৎসা পদ্ধতিবোৰ পূৰ্বে ব্যৱহাৰ কৰা হৈছিল, কিন্তু আজিকালি কাৰ্যকৰী বুলি গণ্য কৰা নহয়। সেইবোৰে কাম কৰা যেন লাগিব পৰা ঘটনাবোৰ প্ৰকৃততে অনাৰ্দ্ৰ দংশনহে। দংশন কৰা অঙ্গত ট'ৰ্নিকুৱেটৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া নহয়। সাপৰ দংশনত ট'ৰ্নিকুৱেট সম্পূৰ্ণৰূপে বিফল কিন্তু ছত ফেঁটীসাপৰ দংশনত ভালকৈ বন্ধা ট'ৰ্নিকুৱেট কিছু কাৰ্যকৰী হোৱা দেখা গৈছে। ট'ৰ্নিকুৱেট ভালকৈ নাবান্ধিলে ৰক্ত প্ৰবাহ বন্ধ হৈ গেংগ্ৰিন হ'ব পাৰে আৰু আক্ৰান্তজন অধিক বিপদত পৰিব। চাপ প্ৰয়োগ কৰা পটীৰ ব্যৱহাৰ নিৰাপদ আৰু অধিক কাৰ্যকৰী। বিষ শোহন কৰাৰ পূৰ্বে ঠাইটুকুৰাত কটা-ছিঙা কবিবলৈ পৰামৰ্শ দিয়া নহয় কাৰণ ইয়াৰ ফলত ক্ষতি বেছিহে হয় আৰু সংক্ৰমণৰ আশঙ্কাও বাঢ়ি যায়। মুখ বা পাম্পেৰে বিষ শোহন কৰাৰ কোনো লাভ নাই আৰু ঠাইটুকুৰাৰ বেছিহে ক্ষতি কৰে। তিনিমিনিটৰ পিছত আৰম্ভ কৰা শোহনে নগণ্য পৰিমাণৰ বিষ (এহেজাৰ ভাগৰ এভাগতকৈও কম) বাহিৰ কৰে। গাহৰিৰ দেহত কৰা পৰীক্ষাত দেখা গৈছে যে শোহন কৰাৰ ফলত অৱস্থাৰ উন্নতি নোহোৱাৰ লগতে ঠাইটুকুৰাৰ নেক্ৰ'চিছহে হৈছে। আক্ৰান্তজনে নিজেই মুখেৰে শুহিলে বিষ বেছিকৈ বিয়পিবও পাৰে। আনে শুহিলে তেওঁৰ মুখৰ পৰা ক্ষতস্থানত বেক্টেৰিয়াৰ সংক্ৰমণহে হ'ব পাৰে। কুহুমীয়া পানী বা গাখীৰত অঙ্গটো ডুবাই থোৱা আৰু "সৰ্প-শিলা"ৰ বুলিও জনা যায়) প্ৰয়োগ কৰা যি স্প'ঞ্জে পানী শোহাৰ নিচিনাকৈ বিহ শুহে বুলি ধাৰণা কৰা হয়। প'টাছিয়াম পাৰ্মাঙ্গানেটৰ প্ৰয়োগ। ইলেক্ট্ৰ'শ্ব'ক থেৰাপী। কিছু লোকে এতিয়াও ব্যৱহাৰ কৰিলেও জন্তুৰ ওপৰত কৰা পৰীক্ষাত ই বিফল আৰু বিপজ্জনক বুলি প্ৰমাণিত হৈছে।
কিছুক্ষেত্ৰত ভিতৰুৱা ঠাইৰ আক্ৰান্তক এনেকুৱা চিকিৎসা কৰাৰ ফলত সাধাৰণ দংশনতো কথা বিষমহে হোৱা দেখা গৈছে। কেতিয়াবা আকৌ দংশন কৰা অঙ্গত জোৰেৰে ট'ৰ্নিকুৱেট বান্ধি ৰক্ত প্ৰবাহ বন্ধ কৰি দিয়া হয়। আক্ৰান্তজন ভাল চিকিৎসালয় গৈ পোৱাৰ পিছত অঙ্গটো কাটি দিয়াৰ বাহিৰে তেতিয়া আন উপায় নাথাকে।
বিতৰণ তথ্য বেছিভাগ সৰ্পদংশন অবিষধাৰী সাপৰ দ্বাৰা হয়। বিশ্বত পোৱা প্ৰায় ৩০০০ সাপৰ প্ৰজাতিৰ ১৫% মানহে মানুহৰ বাবে বিপজ্জনক। এণ্টাৰ্কটিকাৰ বাহিৰে সকলো মহাদেশতে সাপ পোৱা যায়। সৰ্বাধিক পোৱা সাপৰ পৰিয়াল 'কলুব্ৰিড'ৰ প্ৰায় ৭০০ মান প্ৰজাতি বিষধাৰী, কিন্তু কেৱল পাঁচটা জাতি:—বুমশ্লেং, থেল'ট'ৰ্নিছ, ৰেব্দ'ফিছ, ফিল'ড্ৰায়ান, আৰু টেকীমেনিছহে মানুহৰ মৃত্যুৰ কাৰণ হ'ব পাৰে।। ভাৰতত পোৱা প্ৰায় ২১৬ বিধ সাপৰ প্ৰজাতিৰ ভিতৰত ৫২ বিধ বিষধাৰী। তাৰ ভিতৰত প্ৰধান জাতিসমূহ হ'ল: ইলেপিড (ফেঁটী, ৰজাফেঁটী আৰু ক্ৰেইট), ভাইপেৰিড (ৰাছেল ভাইপাৰ, কাৰ্পেট ভাইপাৰ আৰু ভাইপাৰ) আৰু হাইড্ৰ'পিড (সাগৰীয় সাপ)।
বিশ্বৰ বহু ঠাইত সৰ্পদংশন ৰিপ'ৰ্ট কৰাটো বাধ্যতামূলক নহয় বাবে প্ৰায়েই গম নোপোৱাকৈ থাকি যায়। সেইকাৰণে আন্তৰ্জাতিকভাৱে সৰ্পদংশনৰ প্ৰাবল্য নিশ্চিত কৰিবলৈ জৰীপ কৰা হোৱা নাই। তথাপিও কিছুমানে অনুমান কৰে যে ৫.৪ নিযুত সৰ্পদংশন, ২.৫ নিযুত বিষ বিয়পা ঘটনা আৰু সম্ভৱ ১,২৫,০০০ মৃত্যুৰ ঘটনা হৈছে। আন কিছুমানৰ মতে এই পৰিসংখ্যা হয় ১.২ৰ পৰা ৫.৫ নিযুত সৰ্পদংশন; ৪২১,০০০ বিষ বিয়পা আৰু ২০,০০০ৰ পৰা ৯৪,০০০ মৃত্যু। মৃত্যুৰ পৰা ৰক্ষা পৰা বহু মানুহৰ বিষৰ পৰা কলাৰ ক্ষতি হৈ অঙ্গ নিষ্ক্ৰিয় হৈ পৰে। বেছিভাগ বিষ বিয়পা আৰু মৃত্যুৰ ঘটনা দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু নিম্ন-ছাহাৰা আফ্ৰিকাত হয়। দেশৰ ভিতৰত সৰ্বাধিক ভাৰততে প্ৰতিবছৰে ২৫০০০-৩০০০০ সৰ্পদংশনৰ ফলত মৃত্যুৰ ঘটনা ঘটে। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰতে ২০০০ মান ঘটনা ঘটে। আন এক সূত্ৰৰ মতে ভাৰতত প্ৰতিবছৰে মুঠ মৃত্যুৰ সংখ্যা প্ৰায় ৪৬,০০০
বিশ্বজুৰি গৰম দিনত সাপবোৰ সক্ৰিয় আৰু মানুহবোৰ ঘৰৰ বাহিৰত থকা বাবে সৰ্পদংশন বেছি হয়। কৃষিপ্ৰধান আৰু গ্ৰীষ্মপ্ৰধান অঞ্চলত সকলোতকৈ বেছি এনে ঘটনা ঘটে। আক্ৰান্তসকল প্ৰধানকৈ ১৭ৰ পৰা ২৭ বছৰীয়া পুৰুষ। শিশু আৰু বৃদ্ধসকলৰ ক্ষেত্ৰত মৃত্যুৰ আশঙ্কা বেছি।
তথ্যসূত্ৰ পাদটীকা
গ্ৰন্থপঞ্জী
অতিৰিক্ত পঠন (2004). 9780801441417
(1995). 9780883590294
(1995). 3: 680–709.
(1996). 9780198549864
বহিঃসংযোগ চিকিৎসা |
66599 | https://as.wikipedia.org/wiki/%E0%A6%8B%E0%A6%A4%E0%A7%81%E0%A6%B8%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A7%B1%20%E0%A6%86%E0%A7%B0%E0%A7%81%20%E0%A6%B8%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF%E0%A6%AD%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A7%80 | ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী | ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী এক গুৰুত্বপূৰ্ণ বিষয় কাৰণ এই প্ৰক্ৰিয়াটো বহুতো সমাজত কিছু বিশেষ ধাৰণা, গোপনীয়তা আৰু পৌৰাণিক কাহিনীৰ দ্বাৰা পৰিবেষ্টিত হৈ আহিছে। ঋতুস্ৰাৱ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া যি ছোৱালীৰ ক্ষেত্ৰত সাধাৰণতে ১১ ৰ পৰা ১৪ৰ বছৰ বয়সৰ ভিতৰত প্ৰথম হয় আৰু ই তেওঁলোকৰ মাজত বয়ঃসন্ধি আৰম্ভ হোৱাৰ এটা সূচক। ঋতুস্ৰাৱক লৈ কৰা কিছুমান সামাজিক আৰু সাংস্কৃতিক দৃষ্টিভঙ্গী এজনী ছোৱালীৰ জীৱনত বহুতো দিশৰ পৰা বাধাৰ সৃষ্টি কৰে। বহুতো ধৰ্মই পৰম্পৰাগতভাৱে ঋতুস্ৰাৱক ৰীতি-নীতিৰে অশুচি বুলি বিবেচনা কৰে যদিও নৃতত্ত্ববিদসকলে কয় যে 'পবিত্ৰ' আৰু 'অশুচি' ধাৰণাবোৰ ঘনিষ্ঠভাৱে সংযোজিত হ'ব পাৰে।
ঋতুস্ৰাৱ সম্পৰ্কীয় পৌৰাণিক ধাৰণা
অতীতত ভাৰতীয় সমাজত এই বিষয়টোৰ উল্লেখ বা চৰ্চা নহৈছিল। আধুনিক যোগতো সাংস্কৃতিক আৰু সামাজিক প্ৰভাৱবোৰৰ বাবে বিষয়টোৰ ওপৰত জ্ঞানৰ প্ৰসাৰ হোৱাত বাধা জন্মা দেখা গৈছে। ভাৰতৰ বহু ঠাইত ঋতুস্ৰাৱ এতিয়াও লেতেৰা আৰু অশুদ্ধ বুলি গণ্য কৰা হয়। বহুতো গ্ৰাম্য আৰু অনুন্নত অঞ্চলত ঋতুস্ৰাৱ হোৱা অৱস্থাত মহিলাসকলক স্বাভাৱিক জীৱনত অংশগ্ৰহণ কৰাৰ পৰা নিষিদ্ধ কৰা হয়। ৰান্ধনি শালত প্ৰৱেশ নকৰাটো ঋতুস্ৰাৱৰ সময়ত গ্ৰাম্য মহিলাসকলৰ মাজত মুখ্য প্ৰতিবন্ধকতা। বিশ্বাস কৰা হয় যে ঋতুস্ৰাৱ হোৱা মহিলাসকল অস্বাস্থ্যকৰ আৰু অপৰিষ্কাৰ আৰু সেয়েহে তেওঁলোকে প্ৰস্তুত কৰা বা পৰিচালনা কৰা খাদ্য দূষিত হ'ব পাৰে। অৱশ্যে, কোনো বৈজ্ঞানিক পৰীক্ষায়েই এনেবোৰ ধাৰণাৰ প্ৰমাণ দেখোৱাব পৰা নাই।
ভাৰতৰ কিছুমান অংশত, ঋতুস্ৰাৱৰ সময়ত কিছুমান আহাৰৰ প্ৰতিবন্ধকতা অনুসৰণ কৰা দেখা যায় যেনে দৈ, তেঁতেলি, আৰু আচাৰ। লোকবিশ্বাস এয়ে যে এনে খাদ্যে ঋতুস্ৰাৱৰ প্ৰবাহ বৃদ্ধি পাব বা কমি যাব। ভাৰত আৰু আন ঠাইৰ বহুতো অধ্যয়নে প্ৰকাশ কৰিছে যে বহুতো কিশোৰীয়ে বিশ্বাস কৰে যে ঋতুস্ৰাৱৰ সময়ত ব্যায়াম বা শাৰীৰিক কাৰ্যকলাপ কৰিলে প্ৰবাহ বৃদ্ধি হয়, কিন্তু প্ৰকৃততে সঠিক ব্যায়াম আৰু কাৰ্যকলাপে এই লক্ষণসমূহ উপশম কৰাতহে সহায় কৰে। ব্যায়ামে আমাৰ দেহত চেৰোটোনিন নামৰ হৰম'ন এবিধ নিৰ্গত কৰে, যাৰ ফলত আমি মনত আনন্দ অনুভৱ কৰো।
মহিলাৰ জীৱনৰ ওপৰত প্ৰভাৱ
ঋতুস্ৰাৱৰ সম্পৰ্কিয় নিষিদ্ধতাই ছোৱালী আৰু মহিলাৰ মানসিকতা অৱস্থা, জীৱনশৈলী আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে, স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। বহুতো অৰ্থনৈতিকভাৱে অনুন্নত দেশসমূহত বহু সংখ্যক ছোৱালীয়ে ঋতুস্ৰাৱ আৰম্ভ লেই বিদ্যালয়ৰ শিক্ষা এৰিবলগীয়া হয়। এই ক্ষত্ৰত ভাৰতৰ ২৩%তকৈও অধিক ছোৱালী অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও, মাহিলী ঋতুস্ৰাৱৰ সময়ত মহিলা শিক্ষকসকলৰ বাবেও বাধাৰ সৃষ্টি হয়। এনেদৰে, মহিলা শিক্ষক আৰু ছোৱালীৰ বাবে বিদ্যালয়বোৰত পৰ্যাপ্ত সুৰক্ষা, বিকল্প আৰু আন্তঃগাঁথনিৰ অভাৱে বহুতো অসুবিধাৰ সৃষ্টি কৰে। ভাৰতৰ ৭৭% তকৈও অধিক ঋতুস্ৰাৱ হোৱা ছোৱালী আৰু মহিলাই অস্বাস্থ্যকৰ পুৰণি কাপোৰ পুনঃপুনঃ ব্যৱহাৰ কৰে। কাপোৰ ব্যৱহাৰ কৰোঁতে পৰিচ্ছন্নতাৰ অভাৱে ৰোগ আৰু সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰাৰ সম্ভাৱনা থাকে। তদুপৰি, বহুত পিছপৰা অঞ্চলত মহিলাই শোষণত সহায় ব বুলি ছাই, বাতৰি কাকত, শুকান পাত আদিও ব্যৱহাৰ কৰে। এনেবোৰ অসুৰক্ষিত অভ্যাসে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে। সীমিত জ্ঞান আৰু সজাগতাৰ অভাৱে ঋতুস্ৰাৱৰ সামাজিক নিষিদ্ধতা আৰু অন্ধবিশ্বাসৰ প্ৰত্যাহ্বানটো আৰু অধিক জটিল কৰি তুলিছে।
অৱশ্যে কিছুমান সমাজত, মহিলাসকলে ঋতুস্ৰাৱৰ ৰীতি-নীতিবোৰ সুৰক্ষামূলক আৰু শক্তিশালী হিচাপে বিবেচনা কৰে কিয়নো এই সময়ত পুৰুষৰ দৃষ্টি, অবাঞ্ছিত যৌন সম্ভোগৰ দাবী বা ঘৰুৱা কামকাজৰ পৰা তেওঁলোকে কিছু ৰেহাই পায় বুলি ভাবে।
প্ৰতিৰোধমূলক ব্যৱস্থা
কম ব্যয়ৰ চেনিটাৰী নেপকিন বা চেনিটেৰী পেড স্থানীয়ভাৱে তৈয়াৰ কৰিব পাৰি আৰু বিশেষকৈ গ্ৰাম্য আৰু বস্তি অঞ্চলত বিতৰণ কৰিব পাৰি। ভাৰত চৰকাৰে ২০১০ চনৰ পৰা ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ অধীনত গ্ৰাম্য অঞ্চলত কম ব্যয়ৰ চেনিটাৰী নেপকিন বিতৰণ কৰি ১.৫ কোটি কিশোৰীসকলৰ বাবে ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা উন্নত কৰাৰ বাবে এটা আঁচনি অনুমোদন কৰিছে। তথাপিও আঁচনিখন পাইলট পৰ্যায়ত আছে, আৰু এই ক্ষেত্ৰত আৰু বহুত জ্ঞান প্ৰাপ্ত কৰাৰ প্ৰয়োজন। পুৰুষ সঙ্গীৰ ভূমিকা বৃদ্ধি কৰা, পুৰুষ সঙ্গীৰ মনৰ অন্ধবিশ্বাস দুৰ কৰা আৰু সামাজিক নিষিদ্ধতাৰ মোকাবিলা কৰাটো প্ৰয়োজনীয়। পুৰুষ আৰু ল'ৰাসকলৰ সাধাৰণতে এই বিষয়ে জ্ঞান কম। তেওঁলোকৰ বাবে ঋতুস্ৰাৱ বুজি পোৱাটো গুৰুত্বপূৰ্ণ যাতে তেওঁলোকে তেওঁলোকৰ পত্নী, কন্যা, মাতৃ, শিক্ষাৰ্থী, কৰ্মচাৰী আৰু সহকৰ্মীসকলক সহায় কৰিব পাৰে। ঋতুস্ৰাৱ এটা অতি স্বাভাৱিক জৈৱিক ঘটনাৰ বাহিৰে একো নহয়, আৰু কিশোৰী আৰু মহিলাসকলে বুজিব লাগে যে কেৱল এই গুণৰ বাবেই তেওঁলোকৰ শৰীৰে প্ৰজনন কৰাৰ ক্ষমতা লাভ কৰিছে।
তথ্য সংগ্ৰহ
মহিলাৰ স্বাস্থ্যবিধি
|
98479 | https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%AC%E0%A7%8D%E0%A6%A6%E0%A7%81%E0%A6%B2%20%E0%A6%B9%E0%A6%BE%E0%A6%AE%E0%A6%BF%E0%A6%A6 | আব্দুল হামিদ | কোম্পানী কোৱাৰ্টাৰমাষ্টাৰ হাবিলদাৰ আব্দুল হামিদ ইদ্ৰিছি পি.ভি.চি. ১ জুলাই ১৯৩৩ ১০ ছেপ্টেম্বৰ ১৯৬৫), এজন ভাৰতীয় সেনা জোৱান আছিল। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা পৰম বীৰ চক্ৰ প্ৰদান কৰা হয়। ১৯৫৪ চনৰ ডিচেম্বৰ মাহত হামিদে ভাৰতীয় সেনাবাহিনীৰ গ্ৰেনেডিয়াৰ ৰেজিমেণ্টৰ ৪ৰ্থ বেটেলিয়নত নিযুক্তি লাভ কৰে। চীন-ভাৰত যুদ্ধত তেওঁৰ বেটেলিয়নে পিপলছ লিবাৰেচন আৰ্মীৰ বিৰুদ্ধে নামকা ছু যুদ্ধত অংশ লয়। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত খেম কৰণ–ভিখিৱিণ্ড লাইনৰ ছিমা গাঁৱৰ আগত ৪ৰ্থ গ্ৰেনেডিয়াৰ বেটেলিয়নক এক গুৰুত্বপূৰ্ণ স্থানৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৯৬৫ চনৰ ৯–১০ ছেপ্টেম্বৰত আছাল উত্তৰৰ যুদ্ধত হামিদে আঠটা পাকিস্তানী টেংক ধ্বংস কৰে আৰু নৱম টেংক ধ্বংস কৰি নিহত হয়।
সৈনিক জীৱন
১৯৫৪ চনৰ ২৭ ডিচেম্বৰত তেওঁ ভাৰতীয় সেনাৰ গ্ৰেনেডিয়াৰ্ছ ৰেজিমেণ্টত যোগদান কৰে। পিছলৈ তেওঁক ৰেজিমেণ্টৰ ৪ৰ্থ বেটেলিয়ন (পূৰ্বতে ১০৯ নং ইনফেণ্ট্ৰি)ত নিযুক্তি দিয়া হয়, য'ত তেওঁ কৰ্মজীৱনৰ কেৰিয়াৰৰ বাকী সময়ছোৱাত সেৱা আগবঢ়ায়। তেওঁ আগ্ৰা, অমৃতসৰ, জম্মু-কাশ্মীৰ, দিল্লী, নেফা আৰু ৰামগড়ত সেৱা আগবঢ়াইছিল।
১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত ব্ৰিগেডিয়াৰজন ডালভিৰ কমাণ্ডত পৰিচালিত হামিদৰ বেটেলিয়ন ৭ নং ইনফেণ্ট্ৰি ব্ৰিগেডৰ অংশ আছিল আৰু পিপলছ লিবাৰেচন আৰ্মীৰ বিৰুদ্ধে “নামকা ছু”ৰ যুদ্ধত অংশ লৈছিল। চীনা সৈন্যই বিচ্ছিন্ন কৰি পেলোৱা বেটেলিয়নটোৱে খোজকাঢ়ি ভূটানত সোমাই অসমৰ শোণিতপুৰ জিলাৰ মিছামাৰীলৈ ওলাই আহে। যুদ্ধৰ সময়ত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বেটেলিয়ানৰ দ্বিতীয় লেফটেনেণ্ট জি ভি পি ৰাওক মৰণোত্তৰভাৱে মহাবীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল; হামিদে পৰম বীৰ চক্ৰ নোপোৱালৈকে এইটোৱে আছিল ভাৰতৰ স্বাধীনতাৰ পিছত বেটেলিয়নটোৱে লাভ কৰা সৰ্বোচ্চ বীৰত্বৰ বঁটা।
১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধ
জম্মু-কাশ্মীৰত অনুপ্ৰৱেশ কৰাৰ পাকিস্তানৰ কৌশল আৰু ভাৰতীয় শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ সূত্ৰপাত কৰা “অপাৰেচন জিব্ৰাল্টাৰ”ৰ প্ৰস্তাৱনা হিচাপে পাকিস্তানী বাহিনীয়ে জম্মু-কাশ্মীৰৰ সীমান্তৰ সিপাৰে ধাৰাবাহিকভাৱে আগ্ৰাসনৰ চেষ্টা চলায়। ১৯৬৫ চনৰ ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ভাৰতীয় সৈন্যই পাকিস্তানৰ পৰা হোৱা গণ অনুপ্ৰৱেশ ধৰা পেলায়। ধৰাপৰা লোকসকলৰ ভাষ্য আৰু বাজেয়াপ্ত হোৱা নথিপত্ৰৰ দ্বাৰা পাকিস্তানে গেৰিলা আক্ৰমণেৰে কাশ্মীৰ দখল কৰাৰ পৰিকল্পনা পোহৰলৈ আহিছিল; এই উদ্দেশ্যে পাকিস্তানীসকলে প্ৰায় ৩০,০০০ গেৰিলাক প্ৰশিক্ষণ দিছিল। পাকিস্তানেও আক্ৰমণ আৰম্ভ কৰি ছাম্ব আৰু জৌৰিয়ান দখল কৰে। অমৃতসৰত থকা ভাৰতীয় বায়ুসেনাৰ ঘাটিসমূহকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়।
প্ৰতিৰোধী আক্ৰমণত ভাৰতে আন্তৰ্জাতিক সীমান্তৰ সিপাৰে অভিযান আৰম্ভ কৰে। ইচোগিল খালৰ পূব দিশত পাকিস্তানৰ ভূখণ্ড দখল কৰা আৰু কাছুৰ–খেম কৰণ অক্ষৰ কাষেৰে সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰাৰ দায়িত্ব চতুৰ্থ পদাতিক বিভাগৰ ওপৰত আৰোপ কৰা হয়। ৪ৰ্থ গ্ৰেনেডিয়াৰক খেম কৰণ–ভিখিৱিণ্ড লাইনৰ ছিমা গাঁৱ পোৱাৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ স্থানৰ দায়িত্ব অৰ্পণ কৰা হৈছিল।
আচল উত্তাৰৰ যুদ্ধ
৪ৰ্থ গ্ৰেনেডিয়াৰ ১৯৬৫ চনৰ ৭–৮ ছেপ্টেম্বৰৰ মাজনিশা আহি উপস্থিত হয় আৰু দোকমোকালিলৈকে ৩ ফুট (০.৯১ মিটাৰ) দৈৰ্ঘ্যৰ খাল খান্দে। ৰাতিপুৱা ৭:৩০ বজাত তেওঁলোকে পাকিস্তানী টেংকৰ প্ৰথম ঘৰঘৰনি শুনে আৰু ডেৰ ঘণ্টাৰ পিছত টেংকবোৰ ৰাস্তাৰে পাৰ হৈ যায়। হামিদে তেওঁৰ বেটেলিয়নৰ জংগা-মাউণ্টেড ৰিক'ইললেছ ৰাইফল ডিটেচমেণ্টৰ নেতৃত্ব দিছিল। ৩০ ফুট (৯.১ মিটাৰ) দূৰৈৰ এখন পাকিস্তানী টেংকত হামিদে আৰ চি এল বন্দুকেৰে আঘাত হানে। তেতিয়ালৈকে বেটেলিয়নটোৱে গুলিবৰ্ষণ আৰম্ভ কৰা নাছিল। ইয়াৰ পিছত থকা আন দুটা পাকিস্তানী টেংকৰ সৈন্যসকলে পলায়ন কৰে। পুৱা ১১:৩০ বজাত ভাৰতীয় সৈন্যই প্ৰথম পাকিস্তানী আৰ্টিলাৰী আৰু তাৰ পিছতে পুনৰ আৰ্মাৰ আক্ৰমণৰ সন্মুখীন হয়। হামিদে পুনৰ আন এখন টেংকত আঘাত হানে আৰু তাৰ পিছৰ টেংকবোৰত থকা পাকিস্তানী সৈন্যসকল পুনৰ পলাই যায়। দিনটোৰ শেষলৈকে এটা অভিযান্ত্ৰিক কোম্পানীয়ে গ্ৰেনেডিয়াৰে অৱস্থান কৰা স্থানৰ চাৰিওফালে এণ্টি পাৰ্ছনেল আৰু এণ্টি টেংক মাইন স্থাপন কৰে।
৯ ছেপ্টেম্বৰৰ পুৱা ৯:০০ বজাত তেওঁলোকৰ বেটেলিয়নটো পাকিস্তানী ছেবাৰ জেট বিমান আক্ৰমণৰ সন্মুখীন হয়, হৈছিল, যাৰ ফলত ব্যাপক হতাহত হয়। পুৱা ৯:৩০, ১১:৩০ বজাত আৰু দুপৰীয়া ২:৩০ বজাত পাকিস্তানীসকলে আৰ্মাৰ্ড আক্ৰমণ চলায়। সন্ধিয়ালৈকে হামিদে চাৰিটা টেংক ধ্বংস কৰি পেলাইছিল। বেটেলিয়নটোৱে মুঠ ১৩টা টেংক ধ্বংস কৰে আৰু বহুতো টেংক অচল কৰি পেলায়। ভাৰতীয়সকলে শ্বেৰমেন টেংকৰ এটা স্কোৱাড্ৰন প্ৰত্যাহাৰ কৰে; কাৰণ আমেৰিকাত নিৰ্মিত পাকিস্তানী পেটন টেংকৰ বিৰুদ্ধে শ্বেৰমেন টেংক বোৰ অকাৰ্যকৰী আছিল। টেংক যুদ্ধৰ বাবে অধিক উপযুক্ত স্থানত নিয়োগ কৰিবলৈ চেঞ্চুৰিয়ান টেংকবোৰো প্ৰত্যাহাৰ কৰা হৈছিল। ফলস্বৰূপে ৪ৰ্থ গ্ৰেনেডিয়াৰে হাতত মাত্ৰ আৰ.চি.এল. বন্দুক আৰু মাইনহে বাকী থাকিল।
১০ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৮:০০ বজাত তিনিটা টেংক আহিল, এটা আগত আৰু আন দুটা পিছে পিছে ২০০ গজ (১৮০ মিটাৰ) দূৰত্বত। হামিদে নিজৰ আৰ.চি.এল. বন্দুকেৰে এটা টেংকত আঘাত হানে। ৰাতিপুৱা ৯:০০ বজাত আৰ্টিলাৰী বৃদ্ধি কৰি পাকিস্তানীসকলে পুনৰ আক্ৰমণ কৰে আৰু হামিদে পুনৰ আন এটা টেংক ধ্বংস কৰে। যিহেতু তেওঁৰ মুকলি জীপখন গোলাবৰ্ষণ প্ৰতিৰোধৰ বাবে উপযুক্ত নাছিল আছিল, সেয়েহে তেওঁ আন এটা স্থানলৈ গুচি যায় আৰু নিজৰ লোকসকলক আশ্ৰয় ল’বলৈ নিৰ্দেশ দিয়ে। অতি সোনকালেই হামিদ আৰু পাকিস্তানী টেংক মুখামুখি হয়। তেওঁ তেতিয়া অকলে আৰু নিজৰ স্থানো সলনি কৰিব নোৱাৰা অৱস্থাত। টেংকটোৱে তেওঁৰ ওপৰত গোলাবৰ্ষণ কৰে। তেৱোঁ টেংকটোলৈ গুলি চলায় যদিও তেওঁ নিমিষতে নিহত হয়। এই বেটেলিয়নে পাকিস্তানীসকলৰ বহুতো আক্ৰমণ প্ৰতিহত কৰিছিল আৰু এই যুদ্ধখন ভাৰতৰ বিজয়ত নিৰ্ণায়ক ভূমিকা লৈছিল।
পৰম বীৰ চক্ৰ
আছাল উত্তাৰৰ যুদ্ধত দেখুওৱা বীৰত্ব আৰু সাহসৰ বাবে তেওঁক ১৯৬৫ চনৰ ১০ ছেপ্তেম্বৰত মৰণোত্তৰভাবে হামিদক পৰম বীৰ চক্ৰৰে সন্মানীত কৰা হয়।
টোকা
পাদটীকা
উদ্ধৃতি
তথ্যসূত্ৰ
পৰম বীৰ চক্ৰ |
40561 | https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%9B | মাছ | মাছ একপ্ৰকাৰৰ জলজ প্ৰাণী। মাছে ফুলৰ সহায়ত উশাহ লয়। ইহঁতৰ আঙুলি অথবা ভৰি নেথাকে। বেছিভাগ মাছেই শীতল ৰক্তৰ প্ৰাণী। পৰ্বতীয়া জল ধাৰাৰ পৰা, অতি গভীৰ সমুদ্ৰ পৰ্যন্ত মাছ পোৱা যায়। বৰ্তমানলৈকে অন্য যিকোনো মেৰুদণ্ডীৰ তুলনাত মাছৰ সৰ্বাধিক, প্ৰায় ৩৩,১০০টা নথিভুক্ত প্ৰজাতি পোৱা গৈছে।
মাছবোৰ মানুহৰ খাদ্যৰ এটা প্ৰধান উৎস। খাদ্যৰ বাবে মানুহে সাগৰ আৰু পুখুৰীত মাছৰ চিকাৰ কৰে আৰু ব্যৱসায়িক ভাৱে পালনো কৰে। বহু লোকে আলংকৰিক মাছক সৌন্দৰ্যবৰ্ধনৰ বাবে একুৰিয়ামতো ৰাখে। ধৰ্মীয় চিহ্ন, কলা, কিতাপ আৰু চলচ্চিত্ৰৰ বিষয় হিচাপে যুগ যুগ ধৰি মাছ সংস্কৃতিৰ এক অবিছেদ্য অংগ ৰূপে পৰিণিত হৈ আহিছে। সাধাৰণতে মাছ বুলিলে একে পূৰ্বজৰ পৰা সৃষ্টি হোৱা উভচৰ, সৰীসৃপ, চৰাই আৰু স্তন্যপায়ীবোৰক ধৰা নহয়, যদিও ইয়াক জীৱ বৈজ্ঞানিক শ্ৰেণীবিভাজনৰ এটা সঠিক গোট বুলি গণ্য কৰা নহয়, কিয়নো তিমি মাছৰ দৰে স্তন্যপায়ী তথা মিছামাছৰ দৰে পতংগকো মাছ বুলিয়েই কোৱা হয়। শ্ৰেণীবিভাজনত পৰম্পৰাগত মৎস বা মাছ শব্দক এক প্ৰকাৰগত গোট বুলিহে কোৱা হয়। মাছ হিচাপে গণ্য কৰা জীৱবোৰ হৈছে কেম্ব্ৰিয়ান যুগত উদ্ভৱ হোৱা কিছুমান কোমল দেহৰ পৃষ্ঠদণ্ডী। সকলো মাছৰে এ়ডাল প্ৰকৃত মেৰুদণ্ড নেথাকিবও পাৰে।
মাছৰ সাধাৰণ জলজ, অলুণীয়া বা সাগৰীয় পানীত বাস কৰা শীতলৰক্তী কশেৰুকী প্ৰাণী। শৰীৰটো প্ৰৱাহৰৈশিক, দীঘলীয়া। দেহটোক তিনিটা খণ্ডত ভগাব পাৰি, যেনে- মূৰ, কাণ্ড আৰু নেজ। মুখত হনু আৰু দাঁত নেথাকে। মূৰত এযোৰ চকু, এখন মুখ আৰু এযোৰ বাহ্যিক নাসাৰন্ধ্ৰ থাকে। ইহঁতৰ গাত সাধাৰণতে যুগ্ম আৰু অযুগ্ম পক্ষ বা ফান থাকে। ফানৰ সহায়ত মাছে পানীত সাঁতুৰি ফুৰে আৰু দেহৰ ভাৰসাম্য বজাই ৰাখে। যুগ্ম ফানবোৰ হ’ল বক্ষ ফান আৰু শ্ৰোণী ফান অযুগ্ম ফানবোৰ হ’ল পৃষ্ঠীয় ফান পায়ু ফান আৰু পুচ্ছ ফান নেজডাল মঙহাল আৰু প্ৰাণীটোক চলনৰ সময়ত সন্মুখৰ পিনে ঠেলি দিয়াত সহায় কৰে। মাছৰ শৰীৰটো বাকলিৰে আবৃত। অৱশ্যে বাকলিবিহীন মাছো আছে। হাওঁফাঁওৰে উশাহ লোৱা নই উপশ্ৰেণীৰ মাছবোৰৰ বাহিৰে আনবোৰ মাছৰ নাসাৰন্ধ্ৰ গ্ৰসনীৰ লগত সংযুক্ত নহয়। মাছে জলক্লোমৰ দ্বাৰা উশাহ নিশাহ লয়। কিছুমান মাছৰ অতিৰিক্ত শ্বসনাংগও থাকে। ক্লোমৰন্ধ্ৰৰ সংখ্যা ১০ যোৰতকৈ অধিক নহয়। সাৰাৰণতে ৫ যোৰকৈ থাকে। সংবেদী পাৰ্শ্বৰেখাবোৰ সুবিকশিত। হৃদযন্ত্ৰটো দুটা কোঠালীযুক্ত এটা অলিন্দ আৰু এটা নিলয়। বহিঃকৰ্ণ আৰু মধ্যকৰ্ণ নেথাকে কিন্তু অন্তঃকৰ্ণ থাকে আৰু ইয়াত তিনিটা অৰ্ধবৃত্তাকাৰ নলিকাযুক্ত। ১০ যোৰ কপালীয় স্নায়ু থাকে। বৃক্ক মেছ’নেফ্ৰিক প্ৰকাৰৰ। কিছুমানত প্ৰনেফ্ৰিক নলিকাও থাকে। জননাংত প্ৰকৃত জনন নলী থাকে। লিংগভেদ আছে। ভ্ৰূণাত্মক স্তৰত এমনিঅ’ন আৰু কৰিয়ন নামৰ বীজাৱৰণ নেথাকে। নিষেচন বাহ্যিক।
মাছৰ শ্ৰেণীবিভাজন মাছৰ শ্ৰেণীটো অতি ডাঙৰ আৰু ইয়াৰ শ্ৰেণীবিভাজন প্ৰক্ৰিয়াও জটিল। বহুতো মাছৰ চৰিত্ৰ ইহঁতৰ জীৱাশ্মবোৰৰ পৰাহে জানিব পৰা গৈছে। মুলাৰে প্ৰথমতে নিম্নখাপৰ কশেৰুকী প্ৰাণীবোৰৰ শ্ৰেণীবিভাজন কৰিছিল আৰু মৎস্যক শ্ৰেণী হিচাপে গণ্য কৰি ইয়াক 6টা উপশ্ৰেণীত ভাগ কৰিছিল। এই 6টা উপশ্ৰেণী হ’ল ডিপ্ন’ই টেলিঅ’ষ্টি গেন’ইডি ইলাছম’ব্ৰাংকি মাৰ্ছিপ’ব্ৰাংকি আৰু লেপ্ট’কাৰ্ডি বিস্তৃতি, প্ৰাচীন ইতিহাস, আৰু অন্য মেৰুদণ্ডী প্ৰাণীৰ লগত লগত তুলনা কৰি মাছবোৰক বৰ্তমানৰ বিজ্ঞানীসকলে ইয়াক অতিশ্ৰেণী হিচাপে গণ্য কৰিছে। আধুনিক যুগৰ বিজ্ঞানী বাৰ্গে 1940) মৎস্যসমূহক 7টা শ্ৰেণীত ভাগ কৰিছে, যেনে থিছ কক্ক’’ষ্টি থ’ডি ইলাছম’ব্ৰাংকি হল’চেফালি ডিপ্ন’ই আৰু টেলিঅ’ষ্টমি এইবোৰৰ প্ৰথম তিনিটা পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে বিলুপ্তি হৈছে আৰু ইহঁতক একেলগে প্লেক’ডাৰ্মি বুলি কোৱা হয়। শ্ৰেণী: ১. প্লেক’ডাৰ্মি ইহঁতৰ শৰীৰটো অস্থিময় বৰ্মৰে সুৰক্ষিত হৈ থাকে বাবে ইহঁতক প্লেক’ডাৰ্ম বোলা হয়। হাইয়ড হাড়ে নিলম্বিকাৰ কাম নকৰে। যুগ্ম ফান আছে। উদাহৰণ: কক্ক’ষ্টিয়াছ শ্ৰেণী: 2. থিছ দেহটো পৃষ্ঠীয় অংকীয়ভাৱে চেপেটা। ছালখন টান, শ্লেষ্মাগ্ৰন্থিযুক্ত আৰু প্লেক’ইড বাকলিৰে আবৃত। মুখখন অংকীয়। কংকালতন্ত্ৰ কোমলাস্থিৰ দ্বাৰা গঠিত। মধ্য আৰু যুগ্ম ফান থাকে। মতা মাছৰ শ্ৰোণী ফানৰ গুৰিত এযোৰ আলিংগক থাকে। বায়ুথলী আৰু হাওঁফাওঁ নেথাকে। সংবেদী কোষবোৰ লাওঁখোলাৰ লগত সংযুক্ত। অৱস্তক গুহা থাকে। কশেৰুকা সম্পূৰ্ণ আৰু পৃথক। ৫ যোৰ জলক্লোম আছে। নিষেচন আভ্যন্তৰিণ। এই শ্ৰেণীটোক ২টা উপশ্ৰেণীত ভগোৱা হৈছে। উপশ্ৰেণী: ১. ছিলাচি বা ইলাছম’ব্ৰেংকি মধ্য অক্ষ অবিহনে যুগ্ম ফান থাকে। বক্ষ ফানৰ গুৰিটো ঠেক। ইহঁতৰ জলক্লোমবোৰ পৃথক পৃথক কোঠালিত থাকে। চকুৰ পিছফালে এটা সৰু ৰন্ধ্ৰ থাকে। আলিংগক থাকে। এই উপশ্ৰেণীৰ বিলুপ্ত মাছবোৰক প্ৰট’ছিলাচি আৰু জীৱিত মাছবোৰক ইউছিলাচি বোলা হয়। অতিবৰ্গ: 1. প্লিউৰ’ট্ৰিমেটা ক্লোমৰন্ধ্ৰবোৰ পাৰ্শ্বীয়ভাবে অৱস্থিত। দাঁতবোৰ চোকা আৰু শংকু আকৃতিৰ। বক্ষীয় চক্ৰৰ সোঁ আৰু বাওঁফালটো পৃষ্ঠীয়ভাৱে পৃথক। বৰ্গ: 1. নিফৰমিছ পৃষ্ঠীয় ফান দুখন কণ্টকবিহীন। পায়ু ফান থাকে। উদাহৰণ: ডগফিছ ষ্টেগ’ষ্ট’মেটা হাতুৰিমুৰীয়া চাৰ্ক ইত্যাদি। অতিবৰ্গ: 2. হাইপ’ট্ৰিমেটা ক্লোমৰন্ধ্ৰবোৰ অংকীয় দিশত অৱস্থিত। বক্ষীয় ফানৰ সন্মুখৰ ফালটো মূৰ নাইবা শৰীৰৰ লগত সংযুক্ত হৈ থাকে। হায়মেণ্ডিবুলাৰত ক্লোমীয় ৰশ্মি নেথাকে। বক্ষচক্ৰ দুয়োটা ফাল প্ৰত্যেকে প্ৰত্যেকৰ লগত সংযুক্ত হৈ থাকে নতুবা ৰাজহাড়ৰ লগত সংযুক্ত হৈ থাকে। বৰ্গ: 1. মিছ মূৰ আৰু বক্ষীয় ফানৰ মাজত বৈদ্যুতিক অংগ নেথাকে। আদিনেত্ৰকোটৰ কোমলাস্থিৰ বৃদ্ধি নহয়। উদাহৰণ: স্কেট বা ৰাইন’বেটাছ ঈগল ৰে বৰ্গ: 2. ট’ৰপেডিনিফ’ৰমিছ মূৰ আৰু বক্ষীয় ফানৰ মাজত বৈদ্যুতিক অংগ থাকে। আদিনেত্ৰকোটৰ কোমলাস্থিৰ বৃদ্ধি হৈ বৃহৎ আকৃতি ধাৰণ কৰে। উদাহৰণ: ট’ৰপেড’ বা ইলেট্ৰিক ৰে শ্ৰেণী: 3. হল’ছেফালি লাওঁখোলাৰ পেলেট’-কোৱাৰ্ডেট কোমলাস্থিডাল নিউৰ’ক্ৰেনিয়ামৰ লগত সংযুক্ত হৈ থাকে। জলক্লোম 4যোৰ আৰু ইহঁতক অপাৰকুলামে ঢাকি ৰাখে। ক্ল’আকা নেথাকে। শ্ৰোণীচক্ৰৰ সোঁ আৰু বাওঁফালটো সংযুক্ত হৈ নেথাকে। উপশ্ৰেণী: 2. কাইমেৰা পৃষ্ঠদণ্ড আছে আৰু ইয়াক অসংখ্য কেলছিয়ামযুক্ত আঙুঠিয়ে আংশিকভাৱে আৱৰি ৰাখে। বক্ষ ফানবোৰ সাধাৰণ প্ৰকৃতিৰ। বৰ্গ: 1. কাইমেৰিফৰমিছ উদাহৰণ: কাইমেৰা শ্ৰেণী: 3. ডিপ্ন’ই 1.দুই ধৰণৰ শ্বসনাংগ থাকে জলক্লোম আৰু হাওঁফাওঁ। 2.মাত্ৰ এযোৰ জলক্লোম থাকে। 3.অপাৰকুলাম, বায়ু থলী আৰু ক্ল’য়েকা আছে। 4.ছাইক্ল’ইত বাকলিৰ ছালখন আবৃত। 5.যুগ্ম ফানবোৰ খণ্ডিত। 6.শ্ৰোনীচক্ৰ যুৰীয়া নহয়। বৰ্গ: 1. ছেৰাট’ডিফ’ৰমিছ 1.অন্তঃলাওঁখোলাটো কোমলাস্থিযুক্ত। 2.বায়ুথলী এটা। উদাহৰণ: ছেৰাট’ডাছ নিঅ’ছেৰাট’ডাছ বৰ্গ: 2. ছেৰাট’ডিফ’ৰমিছ 1.অন্তঃলাওঁখোলাটো আৱৰণযুক্ত। 2.বায়ুথলী যুৰীয়া। উদাহৰণ: প্ৰট’পটেৰাছ লেপিড’চাইৰেন শ্ৰেণী: 4. টেলিঅ’ষ্টমি 1.অন্তঃকংকাল কম বেছি পৰিমাণে অস্থিযুক্ত। 2.লাওঁখোলাটো সাধাৰণতে হায়’ষ্টাইলিক 3.ছালখন গ্লেনইড, ছাইক্লইড বা টিন’ইড বাকলিৰে আবৃত। 4.অপাৰকুলাম থাকে। 5.যুগ্ম আৰু অযুগ্ম ফান থাকে। 6.ক্ল’য়েকা আৰু আলিংগক থাকে। এই শ্ৰেণীটোক দুটা উপশ্ৰেণীত ভগোৱা হৈছে। উপশ্ৰেণী: 1. টেৰিজি 1.যুৰীয়া ফানযুক্ত আৰু এইবোৰ মধ্যস্থ খলপাযুক্ত। 2.দেহটো বাকলিৰি ঢাক খোৱা। 3.অন্তঃনাসাৰন্ধ্ৰ আছে আৰু মুখগহ্বৰৰ লগত যুক্ত। 4.কেইটা জীৱিত প্ৰজাতিত বাহিৰে বাকীবোৰ বিলুপ্ত হৈছে। উদাহৰণ: লেটিমেৰিয়া থাছ বিলুপ্ত)। উপশ্ৰেণী: 2. টেৰিজি 1.ইহঁতে আদিম চৰিত্ৰ দেখুৱায়। 2.অন্তঃনাসাৰন্ধ্ৰ নেথাকে। 3.শল্কীয় অস্থি নেথাকে। 4.যুগ্মফানৰ পক্ষৰশ্মিৰ চেছেলিয়াবোৰে ছালৰ লগত লাগি নেথাকে। এই উপশ্ৰেণীটো 18টা বৰ্গত বিভক্ত। বৰ্গ: 1. পলিপটেৰিফৰমিছ 1.ছালখন সাধাৰণ তীৰ্যককোণী গেনইড বাকলিৰে আবৃত। 2.পৃষ্ঠীয় ফানৰ অসংখ্য আছে। 3.নেজডাল বিষমপুচ্ছীয়। 4.বক্ষীয় ফানৰ সংযোগ স্থলত এটা সুস্পষ্ট ভূমি আছে। 5.বায়ুথলী দ্বিখণ্ডিত আৰু অন্ত্ৰৰ অংকীয় দিশৰ লগত সংযুক্ত হৈছে। উদাহৰণ: পলিপটেৰাছ বৰ্গ: 2. এছিপেনচেৰিফৰমিছ 1.দেহটোত 5 শাৰী অস্থিযুক্ত প্ৰশক্ল আছে। 2.নাসামণ্ডল দীঘলীয়া। 3.অন্তঃলাওঁখোলা কোমলাস্থিযুক্ত। 4.পুচ্ছফান বিষমপুচ্ছীয় উদাহৰণ: চাৰ বৰ্গ: 3. এমিফৰমিছ 1 বাকলি ছাইক্ল’ইড প্ৰকৃতিৰ। 2.কশেৰুকাকায় পশ্চগৰ্তী নহয়। 3.বক্ষীয় প্ৰকোষ্ঠিকা স্কেপুলা-কোৰাকয়ড কোমলাস্থিৰ লগত সংযুক্ত। উদাহৰণ: এমিয়া বৰ্গ: 4. লেপিড’ষ্টেইফৰমিছ 1.ছালখন তীৰ্যককোণী গেনইড বাকলিৰে আবৃত। 2.নাসাৰন্ধ্ৰটো দীঘলীয়া নাসামণ্ডলৰ প্ৰান্তত অৱস্থিত। 3.পুচ্ছ ফান কিছু পৰিমাণে বিষমপুচ্ছীয়। 4.কশেৰুকাবোৰ সম্পূৰ্ণকৈ অস্থিভূত আৰু পশ্চগৰ্তী। উদাহৰণ: লেপিড’ষ্টিয়াছ বৰ্গ: 5. ক্লুপিফৰমিছ 1.বাকলিবোৰ সুবিকশিত আৰু ছাইক্লইড প্ৰকৃতিৰ। 2.পুচ্ছ ফান সমপুচ্ছীয় 3.পৃষ্ঠীয় আৰু পায়ু ফানত কণ্টক নেথাকে। 4.কশেৰুকাকায় সম্পূৰ্ণৰূপে অস্থিভূত। 5.ৱেবাৰ অস্থিকা নেথাকে। উদাহৰণ: নট’পটেৰাছ ক্লুপিয়া বৰ্গ: 6. স্কপেলিফৰমিছ 1.পৃষ্ঠীয় আৰু পায়ু ফানত কণ্টক নেথাকে। 2.এখন চৰ্বীময় ফান থাকে। 3.মুখখন ডাঙৰ আৰু ইয়াত অসংখ্য সৰসৰু দাঁত থাকে। 4.সাধাৰণতে সংদীপ্তি অংগ থাকে। উদাহৰণ: হাৰপ’ডন বৰ্গ: 7. ছাইপ্ৰিনিফৰমিছ 1.ৱেবাৰ অস্থিয়ে অন্তঃকৰ্ণ আৰু বায়ুথলীক সংযোক কৰে। 2.বায়ুথলীটো পাচন নলীৰ লগত এডাল নলিকাৰ দ্বাৰা সংযুক্ত হৈ থাকে। 3.উদৰৰ তলফালে অংকীয় ফান থাকে। ইয়াক আকৌ দুটা উপভাগত ভগোৱা হৈছে ভাগ 1. ছাইপ্ৰিনি শৰীৰটোত সাধাৰণতে বাকলি থাকে যদিও কিছুমানৰ নেথাকে। ইহঁতৰ তৃতীয় আৰু চতুৰ্থ কশেৰুকা ইটোৱে সিটোৰ লগত যুক্ত হৈ নেথাকে। উদাহৰণ: ৰৌ মাছ ভকুৱা ভাগ 2. চিলুৰি বাকলি নেথাকে। উৰ্দ্ধহনুৰ হাড়ডাল সৰু হৈ পিচ্ছিকাবোৰক ধৰিৰাখে। দ্বিতীয়, তৃতীয়, চতুৰ্থ আনকি কেতিয়াবা পঞ্চম কশেৰুকাও একেলগে সংযুক্ত হৈথাকে। উদাহৰণ: এৰিয়াছ শিঙি মাছ মাগুৰ মাছ বৰালী মাছ বৰ্গ: 8. এংগুইলিফৰমিছ 1.দেহটো চুঙা আকৃতিৰ আৰু দীঘলীয়া। 2.ছালখন নগ্ন যদিও সৰু সৰু বাকলি কিছুমান ছালত পোত খাই থাকে। 3.পৃষ্ঠীয় আৰু পায়ু ফান দীঘলীয়া আৰু ঠেক। 4.শ্ৰোণী ফান থাকিলে উদৰীয় অঞ্চলত থাকে। 5.ফানবোৰত কণ্টক নেথাকে। 6.বায়ুথলীটো অন্ত্ৰৰ লগত সংযুক্ত হৈ থাকে। উদাহৰণ: এংগুইলা বৰ্গ:9. বেলনিফৰমিছ 1.দেহটো দীঘলীয়া আৰু ছালত ছাইক্ল’ইড বাকলি থাকে। 2.ফানত কণ্টকনেথাকে। 3.অংকীয় ফান উদৰীয়। 4.ইহঁতৰ কিছুমানে মাছে গ্লাইডিং প্ৰক্ৰিয়াৰে পানীৰ ওপৰলৈ জাপ মাৰি কিছু সময়ৰ বাবে ভাসমান হৈ উৰিব পাৰে। উদাহৰণ: বেল’নি উৰণীয়া মাছ বৰ্গ:10. নাথিফৰমিছ 1.দেহটো বাকলি নাইবা অস্থিযুক্ত আঙুঠিৰে আবৃত। 2.মুখখন অগ্ৰপ্ৰান্তৰ মূৰত অৱস্থিত আৰু নাসামণ্ডল নলি আকৃতিৰ। 3.পৃষ্ঠীয়, পায়ু আৰু বক্ষীয় পক্ষ বা ফানৰ পক্ষৰশ্মিবোৰ শাখাযুক্ত নহয়। উদাহৰণ: সামূদ্ৰিক ঘোঁৰা নেথাছ বৰ্গ:11. অফিঅ’চেফালিফৰমিছ 1.দেহটো ছাইক্ল’ইড বাকলিৰে আবৃত। 2.মূৰটো দোপাখোৱা আৰু ডাঙৰ ডাঙৰ বাকলিৰে আবৃত। 3.ফানবোৰ কণ্টকহীন। 4.অতিৰিক্ত শ্বসনাংগ থাকে। 5.বায়ুথলী দীঘলীয়া আৰু পুচ্ছ অঞ্চললৈ বিস্তৃত। গৰৈ মাছ বৰ্গ:12. চিমব্ৰেংকিফৰমিছ 1.দেহটো সাপৰ নিচিনা দীঘলীয়া আৰু ছালত বাকলি নেথাকে। 2.বায়ুথলী নেথাকে। 3.ফানত কণ্টকনেথাকে। 4.পৃষ্ঠীয়, পুচ্ছ আৰু পায়ু ফান নীৰৱচ্ছিন্ন ভাৱে সংলগ্ন হৈ থাকে। 5.ক্লোমৰন্ধ্ৰ এটা, অনুপ্ৰস্থীয় আৰু অংকীয়। উদাহৰণ: কুচিয়া বৰ্গ:13. পাৰ্চিফৰমিছ 1.ফান কণ্টকযুক্ত। 2.দুখন পৃষ্ঠীয় ফান। 3.বক্ষীয় অঞ্চলত অংকীয় ফান থাকে আৰু ইয়াত 6 ডালতকে বেছি পক্ষৰশ্মি নেথাকে। 4.ৱেবাৰৰ অস্থি নেথাকে। উদাহৰণ: কাৱৈ মাছ ট্ৰাইকিউৰাছ বৰ্গ:14. টিফৰমিছ 1.পানীৰ তলত বাস কৰাৰ বাবে অভিযোজিত হ’বলৈ বাবে ইয়াৰ দেহটো চেপেটা। 2.চকু দুটা অংকীয় ফালে অৱস্থিত। 3.লাওঁখোলাটো অপ্ৰতিসম। 4.ফানত কণ্টক নেথাকে। 5.পূৰ্ণাংগ প্ৰাণীথ বায়ুথলী নেথাকে। উদাহৰণ: টুৰা বৰ্গ:15. বেলিফৰমিছ 1.দেহটো ঈল মাছৰ নিচিনা দীঘলীয়া। 2.পৃষ্ঠীয়, পুচ্ছ আৰু পায়ু ফান উপৰা উপৰিকৈ সংযুক্ত হৈ থাকে। কেতিয়াবা সৰু পুচ্ছ ফানখন পৃথক হৈ থাকে। 3.পৃষ্ঠীয় ফানৰ সন্মুখত কিছুমান মুক্ত কণ্টক থাকে। 4.পায়ু ফানৰ তিনিডাল কণ্টক থাকে। 5.অংকীয় ফান নেথাকে। 6.বক্ষ ফান থাকে। উদাহৰণ: বেলাছ বৰ্গ:16. ইকিনেইফৰমিছ 1.প্ৰথম পৃষ্ঠীয় ফানখন ৰূপান্তৰিত হৈ এঠা খাই ধৰিবলৈ অভিযোজিত হয়। 2.বাকলিবোৰ চাইক্লইড প্ৰকৃতিৰ। 3.দ্বিতীয় পৃষ্ঠীয় ফান আৰু পায়ু ফানত কণ্টক নেথাকে
4.বায়ুথলী নেথাকে। উদাহৰণ: ইকিনেইছ ৰিম’ৰা বৰ্গ:17. টেট্ৰ’দন্তীফৰমিছ 1.বাকলিবোৰ কাইটলৈ ৰূপান্তৰিত হয়। 2.অস্থিযুক্ত প্লেটে দেহটো আগুৰি ৰাখে। উদাহৰণ: অষ্ট্ৰাচিঅ’ন টেট্ৰাড’ন বৰ্গ:18. লফিফৰমিছ 1.পৃষ্ঠীয় ফান দুখন। 2.বায়ুথলী নেথাকে। 3.বক্ষফান ঠেংসদৃশ। উদাহৰণ: লফিয়াছ |
24482 | https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%A8%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%93%20%E0%A6%B8%E0%A6%AD%E0%A6%BE%20%E0%A6%AE%E0%A6%B9%E0%A7%8B%E0%A7%8E%E0%A6%B8%E0%A7%B1 | বনগাঁও সভা মহোৎসৱ | বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত বনগাঁওৰ এক বছৰেকীয়া ধৰ্মোৎসৱ হৈছে বনগাঁও সভা মহোৎসৱ। শতবৰ্ষ গৰকা এই সভা মহোৎসৱ প্ৰতি বছৰে মাঘ-ফাগুণ মাহৰ ভীষ্মাষ্টমীৰ দিনাখন হোম-যজ্ঞৰে আৰম্ভণি কৰা হয়। বনগাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলটোক মহামাৰী, অৰাজকতা আদিৰ পৰা বচোৱাৰ বাবে সমূহ গঞাই মিলিত হৈ হোম-যজ্ঞৰে জগন্নাথ মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা এটা জনোৱাই এই সভাৰ মুখ্য উদ্দেশ্য। ইয়াৰ উপৰিও কৃষি কৰ্ম শেষ কৰাৰ পিছত সমূহ ৰাইজ এবাৰ মিলিত সুযোগ লাভ কৰে।
সভাৰ কাৰ্যক্ৰম
সমিতি গঠনৰ দিন: সভাৰ আগৰ কৃষ্ণা একাদশী তিথিত সভাখন চলাবলৈ গাঁওবাসী মিলিত হৈ এখন সাধাৰণ সভাৰ জৰিয়তে "সভা পৰিচালনা সমিতি" গঠন কৰে। এই সাধাৰণ সমিতি গঠন কৰাৰ বাবে যিখন সাধাৰণ সভা পাতে, তাতে ৰাইজে নিজেই গৈ উপস্থিত হয়হি। এই সাধাৰণ সভাৰ বাবে কোনো জাননী নিদিয়াকৈ ৰাইজ গোট খায়। কৰ্ম দিন: সভাৰ আগৰ পঞ্চমী তিথিত বা সৰস্বতী পূজাৰ আগত সকলো ৰাইজ লগ হৈ সভাৰ খলাত "চায়না" বা ৰভা সাজে। উল্লেখযোগ্য যে এই "চায়না"সমূহ বাঁহ, কলপাত, চাউপাত আৰু টকৌপাতেৰে সজাতো এক পৰম্পৰা। সমূহীয়া সাহাৰ্যৰে সজা এই ৰভাৰ তলতে সমূহ ৰাইজ লগ হৈ আশীৰ্ব্বাদ ল’লে, গাঁওখনৰ মঙ্গল হয় বুলি স্থানীয় ৰাইজে বিশ্বাস কৰে। এই "চায়না দিয়া" প্ৰথাই ৰাইজৰ ঐক্যকো ভালদৰে পৰিস্ফুট কৰে আৰু নৱ প্ৰজন্মক ঐক্যবদ্ধভাৱে থাকিবলৈ প্ৰেৰণা যোগায় বুলি সকলোৰে দৃঢ় বিশ্বাস। সভাৰ প্ৰথম দিন: সভাৰ মূল দিনটোৰ আগৰ দিনাখন "গোসাঁই আনয়ন"। থলুৱা ভাষাত ইয়াক "গহে উলিওৱা" বুলি কোৱা হয়। বনগাঁওৰ প্ৰতিটো চুপাৰপৰা মুঠ তেৰখন জগন্নাথ মহাপ্ৰভুৰ বেদী বা আসন ঢোলে-ডগৰে, নাম-কীৰ্তনেৰে ৰাইজে আনি মুখ্য মন্দিৰত প্ৰতিষ্ঠা কৰে। প্ৰতিখন আসন চাৰিজন কিশোৰে কঢ়িয়াই অনাৰ লগতে সমূহ ৰাইজে নাম-প্ৰসংগৰে শোভাযাত্ৰা কৰি আনি সভাগূহত প্ৰতিষ্ঠা কৰেহি। চৌদিশৰপৰা অনা আসনসমূহ মিলিত হোৱাৰ পিছত সকলোৱে মিলি প্ৰদৰ্শন কৰা আতচবাজী প্ৰদৰ্শনো এই উৎসৱৰ এক বিশেষ আকৰ্ষণ। সভাৰ দ্বিতীয় দিন: সভাৰ দ্বিতীয় দিনটো মুখ্য দিন। স্থানীয় ৰাইজে এই দিনটোক "হোম" বুলি কয়। প্ৰভাত বন্দনাৰে সভাৰ কাৰ্য আৰম্ভ কৰা হয়। ভাগৱত পাঠ, নাম-কীৰ্তন হোম-জজ্ঞৰে গঞাই এই দিনটো কটায়। দিনটো উপবাসে থাকি পুষ্পাঞ্জলি লৈ, হোমৰ ছাঁইৰ ফোট আৰু নিৰ্মালি লৈহে ৰাইজে খাদ্য গ্ৰহণ কৰে। সভাৰ শেষ দিন: সভাৰ শেষ দিনাখন নাম-প্ৰসংগৰে জগন্নাথ মহাপ্ৰভুক সেৱা জনাই চাৰিজন ভাৰীয়ে কান্ধত তুলি আসনসমূহ পুনৰ চুবুৰীয়ে চুবুৰীয়ে থকা নামঘৰ সমূহলৈ লৈ যায়।
সভাৰ স্থান
আদিতে প্ৰথম সভাৰ স্থান খাৰপৰা পথাৰ আছিল। তাত অস্থায়ীভাৱে বেদী নিৰ্মাণ কৰি ১৩০৮ চনৰ(ইং ১৯০১ চন) ভীষ্মাষ্টমীত প্ৰথম সভা পতা হৈছিল। এই সভা প্ৰথম তিনিদিনীয়াকৈ পতা হৈছিল যদিও পাচলৈ পাঁচদিনীয়াকৈ পাতে। তাৰ কেইবছৰমানৰ পিছত গাঁওৰ কেন্দ্ৰস্থল প্ৰাথমিক বিদ্যালয়ৰ দক্ষিণফালৰ মাটি ৰাইজৰ নামত কিনি তাতে সভাৰ স্থান ঠিক কৰে। তেতিয়াৰেপৰা সেই ঠাইতে সভা পাতি অহা হৈছে।
অন্যান্য অনুষ্ঠান
সভাৰ লগত সংগতি ৰাখি কামৰূপীয়া ঢুলীয়া বা কৈহাটীৰ ঢুলীয়া, ওজাপালি আৰু যাত্ৰাপাৰ্টীৰ ভাওনা এক বিশেষ আকৰ্ষণ হিচাপে চিহ্ণিত হৈ আহিছে।
ইতিবৃত্তি
১৩০৪ চনৰ ২৯ জেঠ, ইংৰাজী ১৮৯৭ চনত নামনি অসমত হোৱা প্ৰলয়ংকৰী ভূঁইকপৰ কৱলত পৰি বৰপেটা জিলাৰ (পুৰণি কামৰূপ জিলা) সৰুক্ষেত্ৰী অঞ্চলৰ বহু অনিষ্ট হৈছিল। ভূঁইকপৰ পিছৰ বানপানী আৰু তাৰ ঠিক পিছৰ মহামাৰীয়ে সংহাৰ মূৰ্ত্তি ধাৰণ কৰা সময়ত সেই অঞ্চলৰপৰা উঠি আহি কিছুমান মানুহে বনগাঁওত আহি থিতাপি লৈছিল আৰু মহামাৰীৰপৰা ৰক্ষা পোৱাৰ বাবে মানুহবোৰ লগ হৈ এখন মেল পাতিলে। এই মেলখনত সকলো মানুহ লগ হৈ ৰাইজৰ মাজত একতা, সংহতি, শান্তি, ভাতৃত্ববোধ বজাই ৰখা আৰু বিপদৰ পৰা ৰক্ষা পৰাৰ বাবে এখন পাঁচদিনীয়া সভা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই সিদ্ধান্তমৰ্মে শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ উদ্দেশ্যে মাঘ মাহৰ ভীষ্মাষ্টমী তিথিত হোমৰ দিন ধাৰ্য কৰে। হোমৰ আগদিনাখন সভাৰ গোন্ধ আৰু সেইদিনা গোঁসাই স্থাপন কৰাৰ সিদ্ধান্ত লয়।
প্ৰতিষ্ঠাপক ব্যক্তিসকল
ভাটিগোমূৰা চুপাৰ ধৰ্ম্মেশ্বৰ শৰ্ম্মা, বাপুৰাম ভূঞা, দুতিৰাম পাঠক, কেত্ৰা কলিতা
বৰগোমূৰা চুপাৰ চেনী ৰাম পণ্ডিত, ৰূপাৰাম ডেকা, কান্দ্ৰা মেধি, উগ্ৰ মেধি
বতিয়া চুপাৰ ইন্দুৰ তালুকদাৰ, গুণাৰাম তালুকদাৰ, কেতেৰু গাঁওবুঢ়া, পহৰু তালুকদাৰ
ঠেকা চুপাৰ গেৰা পাঠক, মুলুং কাহাৰ
ব্ৰাহ্মণ চুপাৰ সভা অধ্যাপক লোকনাথ শৰ্মা, বনমালী শৰ্মা, গঙ্গা শৰ্মা, গোবিন্দ শৰ্মা, লম্বো শৰ্মা
পাকা চুপাৰ পঞ্চানন লহকৰ, তপা গাঁওবুঢ়া
গোঁসাই চুপাৰ সৰ্বেশ্বৰ অধিকাৰী, সূৰ্যকান্ত গোস্বামী।
তথ্য সংগ্ৰহ
মহোৎসৱ
অসমৰ |
95973 | https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%A0%E0%A6%BF%E0%A6%A8 | কঠিন | কঠিন বুলি ক'লে পদাৰ্থৰ চাৰিটা মৌলিক অৱস্থাৰ ভিতৰত এটাক বুজোৱা হয় (বাকীবোৰ হ’ল তৰল, গেছ আৰু প্লাজমা)। কঠিন পদাৰ্থত থকা অণুবোৰ একেলগে ঘনিষ্ঠভাৱে লগলাগি থাকে আৰু ইয়াত গতিশক্তিৰ পৰিমাণ কম। কঠিন পদাৰ্থৰ বৈশিষ্ট্য হৈছে গাঁথনিগত কঠিনতা (কঠিন বস্তুৰ দৰে) আৰু পৃষ্ঠত প্ৰয়োগ কৰা বলৰ প্ৰতিৰোধ ক্ষমতা। তৰল পদাৰ্থৰ দৰে কঠিন বস্তু এটাই ইয়াৰ পাত্ৰৰ আকৃতি ল’বলৈ বৈ নাযায়, নতুবা ই গেছৰ দৰে উপলব্ধ সমগ্ৰ আয়তন পূৰণ কৰিবলৈ প্ৰসাৰিত নহয়। কঠিন পদাৰ্থৰ পৰমাণুবোৰ হয় নিয়মীয়া জ্যামিতিক জালিত (স্ফটিকীয় কঠিন পদাৰ্থ, য'ত ধাতু আৰু সাধাৰণ বৰফ অন্তৰ্ভুক্ত), নহয় অনিয়মিতভাৱে (সাধাৰণ খিৰিকীৰ কাঁচৰ দৰে আকাৰহীন কঠিন পদাৰ্থ) ইটোৱে সিটোৰ লগত বান্ধ খাই থাকে। কঠিন পদাৰ্থক কম চাপেৰে সংকোচন কৰিব নোৱাৰি। কঠিন পদাৰ্থৰ সৈতে জড়িত পদাৰ্থবিজ্ঞানৰ শাখাটোক কঠিন অৱস্থাৰ পদাৰ্থবিজ্ঞান বোলা হয়, আৰু ই ঘনীভূত পদাৰ্থৰ পদাৰ্থবিজ্ঞানৰ মূল শাখা (য'ত তৰল পদাৰ্থও অন্তৰ্ভুক্ত)। পদাৰ্থ বিজ্ঞান মূলতঃ কঠিন পদাৰ্থৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সৈতে জড়িত। কঠিন অৱস্থাৰ ৰসায়ন বিজ্ঞান বিশেষভাৱে নতুন পদাৰ্থৰ সংশ্লেষণৰ লগতে চিনাক্তকৰণ আৰু ৰাসায়নিক গঠনৰ বিজ্ঞানৰ সৈতে জড়িত।
কঠিন পদাৰ্থৰ শ্ৰেণী
কঠিন পদাৰ্থত থকা পৰমাণুৰ মাজৰ বলবোৰে বিভিন্ন ৰূপ ল’ব পাৰে। উদাহৰণস্বৰূপে, ছডিয়াম ক্লৰাইডৰ এটা স্ফটিক (সাধাৰণ লৱণ) আয়নিক ছডিয়াম আৰু ক্ল'ৰিনৰ দ্বাৰা গঠিত, যিবোৰ আয়নিক বান্ধোনৰ দ্বাৰা একেলগে ৰখা হয়। হীৰা বা চিলিকনত পৰমাণুবোৰে ইলেক্ট্ৰন ভাগ-বতৰা কৰি সসঙ্কেত বান্ধোন গঠন কৰে। ধাতুত ইলেক্ট্ৰনবোৰ ধাতুৰ বন্ধনত ভাগ কৰা হয়। কিছুমান কঠিন পদাৰ্থ, বিশেষকৈ বেছিভাগ জৈৱিক যৌগ, প্ৰতিটো অণুৰ ওপৰত ইলেক্ট্ৰনিক আধান ডাৱৰৰ মেৰুকৰণৰ ফলত হোৱা ভ্যান ডেৰ ৱালছ বলৰ সৈতে একেলগে ধৰি ৰখা হয়। কঠিন পদাৰ্থৰ প্ৰকাৰৰ মাজত হোৱা অসাদৃশ্য ইহঁতৰ বন্ধনৰ মাজৰ পাৰ্থক্যৰ ফলত হয়।
ধাতু
ধাতু সাধাৰণতে শক্তিশালী, ঘন আৰু বিদ্যুৎ আৰু তাপ উভয়ৰে ভাল পৰিবাহী। পৰ্যাবৃত্ত তালিকাত থকা মৌলবোৰৰ ডাঙৰ অংশ, ব’ৰনৰ পৰা প’ল’নিয়ামলৈ অংকন কৰা তিৰ্যক ৰেখাৰ বাওঁফালে থকা মৌলবোৰ ধাতু। দুটা বা তাতকৈ অধিক মৌলৰ মিশ্ৰণ যাৰ প্ৰধান উপাদানটো এটা ধাতু হয়, সেইবোৰক মিশ্ৰণ বুলি জনা যায়।
খনিজ পদাৰ্থ
খনিজ পদাৰ্থ হৈছে উচ্চ চাপৰ অধীনত বিভিন্ন ভূতাত্ত্বিক প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত প্ৰাকৃতিকভাৱে পোৱা কঠিন পদাৰ্থ। প্ৰকৃত খনিজ হিচাপে শ্ৰেণীভুক্ত হ’বলৈ হ’লে কোনো পদাৰ্থৰ গোটেইখিনিতে একেধৰণৰ ভৌতিক ধৰ্মৰ স্ফটিক গঠন থাকিব লাগিব। খনিজ পদাৰ্থৰ গঠন বিশুদ্ধ মৌল আৰু সৰল লৱণৰ পৰা আৰম্ভ কৰি হাজাৰ হাজাৰ জনাজাত ৰূপৰ অতি জটিল চিলিকেটলৈকে পোৱা যায়।
চিৰামিক
চিৰামিক কঠিন পদাৰ্থ অজৈৱ যৌগৰে গঠিত, সাধাৰণতে ৰাসায়নিক মৌলৰ অক্সাইড।[9] ইহঁত ৰাসায়নিকভাৱে নিষ্ক্ৰিয়, আৰু প্ৰায়ে আম্লিক বা কষ্টিক পৰিৱেশত হোৱা ৰাসায়নিক খহনীয়া সহ্য কৰিবলৈ সক্ষম। সাধাৰণতে চিৰামিকে ১০০০ৰ পৰা ১৬০০ ডিগ্ৰী চেলছিয়াছ (১৮০০ৰ পৰা ৩০০০ ডিগ্ৰী ফাৰেনহাইট)ৰ ভিতৰত উচ্চ উষ্ণতা সহ্য কৰিব পাৰে। ইয়াৰ ব্যতিক্ৰম হ’ল অক্সাইড অজৈৱিক পদাৰ্থ, যেনে নাইট্ৰাইড, ব’ৰাইড আৰু কাৰ্বাইড।
গ্লাছ-চিৰামিক
কাঁচ-চিৰামিক পদাৰ্থই অস্ফটিকীয় কাঁচ আৰু স্ফটিকীয় চিৰামিক দুয়োটাৰে সৈতে বিভিন্ন ধৰ্ম ভাগ-বতৰা কৰে। ইহঁতক কাঁচ হিচাপে গঠন কৰা হয়, আৰু তাৰ পিছত তাপ পৰিশোধনৰ দ্বাৰা আংশিকভাৱে স্ফটিকীয় কৰা হয়, যাৰ ফলত আকাৰহীন আৰু স্ফটিকীয় দুয়োটা পৰ্যায় উৎপন্ন হয় যাতে স্ফটিকীয় দানাবোৰ অস্ফটিকীয় আন্তঃদানাযুক্ত পৰ্যায়ৰ ভিতৰত সোমাই থাকে।
জৈৱিক কঠিন পদাৰ্থ
জৈৱ ৰসায়নে কাৰ্বন আৰু হাইড্ৰজেনৰ ৰাসায়নিক যৌগসমূহৰ গঠন, ধৰ্ম, বিক্ৰিয়া আৰু সংশ্লেষণ (বা অন্য উপায়েৰে) প্ৰস্তুতিৰ বিষয়ে অধ্যয়ন কৰে, য'ত নাইট্ৰজেন, অক্সিজেন আৰু হেল'জেনৰ দৰে যিকোনো সংখ্যক অন্যান্য মৌল থাকিব পাৰে: ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন আৰু আয়’ডিন। কিছুমান জৈৱ যৌগত ফছফৰাছ বা চালফাৰ মৌলও থাকিব পাৰে। জৈৱিক কঠিন পদাৰ্থৰ উদাহৰণ হ’ল কাঠ, পেৰাফিন মম, নেফ্থালিন আৰু বহুতো ধৰণৰ পলিমাৰ আৰু প্লাষ্টিক।
সংমিশ্ৰিত সামগ্ৰী
সংমিশ্ৰিত পদাৰ্থত দুটা বা তাতকৈ অধিক মেক্ৰস্কোপিক পৰ্যায় থাকে, ইয়াৰে এটা প্ৰায়ে চিৰামিক। উদাহৰণস্বৰূপে, এটা অবিৰত মেট্ৰিস্ক, আৰু চিৰামিক কণা বা আঁহৰ এটা বিক্ষিপ্ত পৰ্যায়। কম্পোজিট পদাৰ্থৰ প্ৰয়োগ তীখা-শক্তিশালী কংক্ৰিটৰ দৰে গাঁথনিগত উপাদানৰ পৰা আৰম্ভ কৰি নাছাৰ মহাকাশ শাটলৰ তাপ সুৰক্ষা ব্যৱস্থাত মূল আৰু অবিচ্ছেদ্য ভূমিকা পালন কৰা তাপ নিৰোধক টাইলছলৈকে, যিটো শাটলৰ পৃষ্ঠভাগক পুনৰ তাপৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়।
অৰ্ধপৰিবাহী
অৰ্ধপৰিবাহী হ'ল এনে পদাৰ্থ যিবোৰৰ ধাতু পৰিবাহী আৰু অধাতুৰ অৱৰোধকৰ মাজত বৈদ্যুতিক প্ৰতিৰোধ ক্ষমতা (আৰু পৰিবাহীতা) থাকে। ব’ৰনৰ পৰা সোঁফালে তিৰ্যকভাৱে তললৈ যোৱা পৰ্যাবৃত্ত তালিকাত পোৱা যায়। ইহঁতে বৈদ্যুতিক পৰিবাহী (বা ধাতু, বাওঁফালে) ইনচুলেটৰৰ পৰা (সোঁফালে) পৃথক কৰে। অৰ্ধপৰিবাহী পদাৰ্থৰ পৰা নিৰ্মিত যন্ত্ৰসমূহ আধুনিক ইলেক্ট্ৰনিকছৰ ভেটি, ৰেডিঅ', কম্পিউটাৰ, টেলিফোন আদি। অৰ্ধপৰিবাহী যন্ত্ৰসমূহৰ ভিতৰত ট্ৰেঞ্জিষ্টৰ, সৌৰকোষ, ডাইঅ'ড আৰু সংহত বৰ্তনী আদি অন্তৰ্ভুক্ত। সৌৰ ফটোভল্টিক পেনেল হৈছে বৃহৎ অৰ্ধপৰিবাহী যন্ত্ৰ যিয়ে পোহৰক প্ৰত্যক্ষভাৱে বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে।
নেন'পদাৰ্থ
বহুতো পৰম্পৰাগত কঠিন পদাৰ্থই নেন’মিটাৰ আকাৰলৈ সংকুচিত হ’লে বিভিন্ন ধৰ্ম প্ৰদৰ্শন কৰে। উদাহৰণস্বৰূপে, সাধাৰণতে হালধীয়া সোণ আৰু ধূসৰ চিলিকনৰ নেনোকণাবোৰৰ ৰং ৰঙা; সোণৰ নেনোকণাবোৰ সোণৰ স্লেবতকৈ বহু কম উষ্ণতাত (২.৫ এন এম আকাৰৰ বাবে ~৩০০ ডিগ্ৰী চেলছিয়াছ) গলি যায়; নেনোকণাবোৰৰ পৃষ্ঠভাগৰ ক্ষেত্ৰফল শক্তিৰ ক্ষেত্ৰত কিছুমান বিশেষ প্ৰয়োগৰ বাবে ইহঁতক অত্যন্ত আকৰ্ষণীয় কৰি তোলে।
জৈৱ পদাৰ্থ
বহুতো প্ৰাকৃতিক (বা জৈৱিক) পদাৰ্থ উল্লেখযোগ্য যান্ত্ৰিক ধৰ্মৰ জটিল সংমিশ্ৰিত। কোটি কোটি বছৰৰ বিৱৰ্তনৰ পৰা উত্থাপিত এই জটিল গঠনসমূহে সামগ্ৰী বিজ্ঞানীসকলক নতুন সামগ্ৰীৰ ডিজাইনৰ ক্ষেত্ৰত প্ৰেৰণা যোগাইছে। ইহঁতৰ সংজ্ঞায়িত বৈশিষ্ট্যসমূহৰ ভিতৰত আছে গাঁথনিগত স্তৰ, বহুকাৰ্য্যকৰীতা আৰু আত্ম-নিৰাময় ক্ষমতা। আত্মসংগঠন বহু জৈৱিক পদাৰ্থ আৰু আণৱিক স্তৰৰ পৰা ওপৰলৈকে গঠনসমূহ একত্ৰিত হোৱাৰ ধৰণৰো এক মৌলিক বৈশিষ্ট্য। এইদৰে উচ্চ কাৰ্যক্ষম জৈৱবস্তুৰ ৰাসায়নিক সংশ্লেষণত স্ব-সমাবেশ এক নতুন কৌশল হিচাপে আত্মপ্ৰকাশ কৰিছে।
ভৌতিক ধৰ্ম
ৰাসায়নিক গঠনৰ নিৰ্ণায়ক প্ৰমাণ প্ৰদান কৰা মৌল আৰু যৌগসমূহৰ ভৌতিক ধৰ্মসমূহৰ ভিতৰত গন্ধ, ৰং, আয়তন, ঘনত্ব (প্ৰতি একক আয়তনত ভৰ), গলনাংক, উতলাংক, তাপ ক্ষমতা, ভৌতিক ৰূপ আৰু কোঠাৰ উষ্ণতাত আকৃতি (কঠিন, তৰল বা গেছ; ঘন, ত্ৰিকোণীয় স্ফটিক আদি), কঠিনতা, ছিদ্ৰতা, বিবৰ্তন সূচকাংক আৰু বহুতো।
তথ্যসূত্ৰ
পদাৰ্থ |
4690 | https://as.wikipedia.org/wiki/%E0%A6%B9%E0%A7%87%E0%A6%AE%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE | হেম বৰুৱা | হেম বৰুৱা ১৯১৫ ১৯৭৭) অসমৰ এজন প্ৰসিদ্ধ কবি, সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত কবিতা, ভ্ৰমণ কাহিনী, আলোচনা গ্ৰন্থ আদি ৰচনা কৰিছে। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ মুঠ ৩৫খন গ্ৰন্থ ৰচনা কৰিছিল। মমতাৰ চিঠি, আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য। বালিছন্দা (১৯৫৯) আৰু মনময়ূৰী (১৯৬৫) তেওঁৰ কবিতা-সংকলন। স্বাধীনতা সংগ্ৰামৰ সময়ত বিয়াল্লিছৰ আন্দোলনত কাৰাবৰণ কৰা হেম বৰুৱাই স্বৰাজোত্তৰ কালত সমাজবাদী আন্দোলনতো অংশগ্ৰহণ কৰে। তেওঁ সাংসদ হিচাপে ইউৰোপ, আমেৰিকা, ৰুছ আদি দেশ ভ্ৰমণ কৰিছিল। ১৯৫৭ চনত তেওঁ গুৱাহাটী সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হয় আৰু চৈধ্য বছৰ কাল কাৰ্যনিৰ্বাহ কৰে।
চমু জীৱনী
হেম বৰুৱাৰ ২২ এপ্ৰিল ১৯১৫ চনত তেজপুৰত জন্ম হয়। তেওঁৰ দেউতাক আছিল উত্তৰ গুৱাহাটীৰ ভঁৰালী বৰুৱা বংশৰ বিনন্দী ৰাম শৰ্মা বৰুৱা আৰু মাতৃ পদ্মালোচনী দেৱী। হেম বৰুৱা আছিল তেওঁলোকৰ প্ৰথম সন্তান। তেওঁৰ তিনিজন ভায়েক আৰু চাৰিজনী ভনী আছিল। হেম বৰুৱাই যোৰহাটৰ তৰাজান তৰাজান পাঠশালা স্কুল আৰু যোৰহাট টাউন এম.ই. স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৩২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩৪ চনত তেওঁ কটন কলেজৰ পৰা আই.এ. আৰু ১৯৩৬ চনত ইংৰাজী সাহিত্যত বি.এ. ডিগ্ৰী লাভ কৰে। হেম বৰুৱাই ১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম.এ ডিগ্ৰী লাভ কৰে। ১৯৪৭ চনত তেওঁ শ্ৰী অণু বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
কৰ্ম জীৱন
কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পাচত তেওঁ চাৰি বছৰ বিনা কৰ্মেৰে দিন কটাবলগীয়া হয়। সেইসময়তে তেখেতে অনেক কিতাপ পঢ়ে। মাজে-মাজে টিউছন কৰে। ১৯৪১ চনত, চাব্বিশ বছৰ বয়সত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে। সেইখন মহাবিদ্যালয়ৰে অধ্যক্ষ কৃষ্ণকান্ত সন্দিকৈদেৱৰ সান্নিধ্যলৈ আহে। তেওঁৰ প্ৰেৰণা আৰু উৎসাহতে হেম বৰুৱাই তামিল গল্প "কন্নকী আৰু কাৱালান" অসমীয়ালৈ ভাঙনি কৰে। সেই গল্পটো আৱাহনত কন্নকীৰ কাহিনী হিচাপে প্ৰকাশিত হয়। তেওঁ সেইখন কলেজত মাত্ৰ এটা বছৰহে কৰ্মনিৰ্বাহ কৰিবলৈ সুযোগ পায়। তাৰ পাছতেই '৪২ৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ হ'ল। ১৯৪৪ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আহ্বান মৰ্মে তেওঁ বি. বৰুৱা মহাবিদ্যালয়ত যোগদান কৰে। ১৯৪৫ চনত তেওঁ শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। বৰুৱা নিখিল ভাৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ স্থায়ী সভাপতি আছিল। তেওঁৰ নেতৃত্বতে শিক্ষক সকলৰ সজাতী দলে সেই সময়ৰ ৰাষ্ট্ৰপতি ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণনৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰি সমস্যাবিলাকৰ সমাধান দিবলৈ অনুৰোধ কৰিছিল।
ৰাজনৈতিক জীৱন
তিতাবৰত অনুষ্ঠিত ছাত্ৰ ফেডাৰেছনৰ সভাপতি হোৱাৰে পৰা বৰুৱাৰ ৰাজনীতিত যোগদান কৰাৰ পথ সুগম হয়। ১৯৪২ চনৰ আন্দোলনৰ সময়ত এই ছাত্ৰ সমাৱেশত দিয়া এক ভাষণৰ ফলশ্ৰুতিত তেওঁক কাৰাদণ্ড বিহা হয়। কাৰাগাৰত থকা সময়ছোৱাত তেওঁ বিবিধ গ্ৰন্থ অধ্যয়ন কৰে আৰু গোপীনাথ বৰদলৈ, ফখৰুদ্দিন আলি আহমেদ, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা আদি সকলৰ সংস্পৰ্শলৈ আহে। বৰুৱাই ১৯৪৮ চনত কংগ্ৰেছ দল ত্যাগ কৰে আৰু সমাজবাদী দলত যোগদান কৰে। পিছলৈ তেওঁ প্ৰজাতান্ত্ৰিক সমাজবাদী দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক নিযুক্তি লাভ কৰে। ১৯৫২ চনত বিধানসভাৰ সদস্যৰ নিৰ্বাচন আৰু ১৯৫৬ চনত সংসদীয় সমষ্টিৰ উপনিৰ্বাচনত তেওঁ পৰাজিত হয় যদিও ১৯৫৭ আৰু ১৯৬২ চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। ১৯৫৭ চনত সাংসদ হিচাপে শপত গ্ৰহণ কৰিবলৈ হেম বৰুৱাই নতুন দিল্লীলৈ যোৱাৰ পূৰ্বে তেজপুৰৰ পৰা অহা তেওঁৰ ঘনিষ্ঠ বন্ধুৱে তেওঁক কেৱল অসমৰ সন্মুখত থকা সমস্যাবোৰ উত্থাপন কৰাই নহয়, অন্যান্য বিষয়সমূহতো সমানে মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াৰ উপৰিও তেওঁৰ বিতৰ্কৰ দক্ষতা প্ৰধানমন্ত্ৰী নেহৰুৰ ওপৰত কেন্দ্ৰিত কৰিবলৈকো তেওঁ বৰুৱাক পৰামৰ্শ দিছিল। তেওঁৰ কাৰ্যকালত হেম বৰুৱাই ঘৰুৱা আৰু আন্তঃৰাজ্যিক বিষয়ত ৮০০ৰো অধিক ভাষণ দিছিল যি দীৰ্ঘম্যাদী আৰ্থ-সামাজিক প্ৰভাৱ পেলাইছিল। ১৯৬৭ চনত মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হয়। তেওঁ ডিচেম্বৰ ১৯৭০ চনলৈকে লোকসভাৰ সদস্য হৈ আছিল। সাংসদ হৈ থকা কালত হেম বৰুৱা তেওঁ আগবঢ়োৱা ভাষণৰ বাবে বিখ্যাত আছিল। পঞ্জাবৰ ট্ৰিবিউন নামৰ ইংৰাজী কাকতখনে আগবঢ়োৱা পোন্ধৰজন সাংসদৰ খতিয়ানৰ তালিকাত বৰুৱাৰ নামো সন্নিবিষ্ট আছিল। দিল্লীৰ টাইমছ অৱ ইণ্ডিয়াই আগবঢ়োৱা দহগৰাকী সাংসদৰ খতিয়ানৰ তালিকাতো তেওঁৰ নাম আছিল। সাংসদ হিচাপে প্ৰথম অধিৱেশনতেই অসমৰ বাবে ৰেলৱে জ'নৰ সদৰ কাৰ্যালয় স্থাপন আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ বিষয়ক প্ৰস্তাৱ উত্থাপন কৰিছিল। তদুপৰি অসমত দ্বিতীয় শোধানাগাৰ স্থাপনৰ বাবে হোৱা আন্দোলনতো তেওঁ ভাগ লৈছিল। ১৯৬০ চনৰ ভাষা আন্দোলন আৰু ৬২ চনৰ চীনৰ আক্ৰমণৰ সময়ত ৰাজ্যৰ পৰিস্থিতিৰ কথা বৰুৱাই সংসদত স্পষ্টকৈ ডাঙি ধৰিছিল। ভাৰত চৰকাৰে পাকিস্তানক কচ্চ সমৰ্পণ কৰিবলৈ ওলোৱাৰ সময়ত গুজৰাটৰ ভূজত হোৱা আন্দোলনৰো নেতৃত্ব হেম বৰুৱাই বহন কৰিছিল। অসমৰ জ্বলন্ত সমস্যাক লৈও তেওঁ সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক সঁকিয়নি দিছিল। তেওঁ কৈছিল যে চীনে অৰুনাচলত অনুপ্ৰৱেশ কৰিলে ই অসমৰ অস্তিত্ব বিপন্ন কৰি তুলিব। হেম বৰুৱাই কৰা দুৰ্নীতিৰ অভিযোগ প্ৰমাণিত হোৱাৰ পিছত তেতিয়াৰ কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু ৰাসায়নিক মন্ত্ৰী কে.ডি. মালৱিয়াই পদত্যাগ কৰাটো উল্লেখনীয় ঘটনা আছিল। সেই বিতৰ্কত মালৱিয়াই বৰুৱাক প্ৰত্যাহ্বান জনাইছিল আৰু উত্তৰত বৰুৱাই কৈছিল যে তেওঁৰ ভুল প্ৰমাণিত হ’লে তেওঁ সংসদৰ পৰা পদত্যাগ কৰিব। অভিযোগ প্ৰমাণিত হোৱাত মালৱিয়াই কেন্দ্ৰীয় কেবিনেটৰ পৰা পদত্যাগ কৰিবলগীয়া হয়। এই ঘটনাই হেম বৰুৱাক এজন সুনামধন্য সংসদ সদস্য হিচাপে প্ৰতিষ্ঠা কৰিলে।
সাহিত্যিক প্ৰতিভা
হেম বৰুৱাৰ প্ৰথমখন ৰচনাৰ নাম আছিল ৰচনাখন প্ৰকাশিত হৈছিল আৱাহনৰ দশম বছৰৰ সপ্তম সংখ্যাত।
হেম বৰুৱা বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত আৱাহনত হিয়াৰ মিলন নামৰ এটি চুটিগল্প প্ৰকাশ পায়। আধুনিক নাট্য সাহিত্যত ৰিয়েলিজম আৰু ৰোমান্স আৱাহনত প্ৰকাশিত তেওঁৰ প্ৰথম প্ৰবন্ধ। জগন্নাথ বৰুৱা কলেজত অধ্যাপনা কৰি থাকোঁতে তেওঁ কন্নকী কলাভানৰ কাহিনীক কন্নকী হিচাপে অসমীয়ালৈ অনুবাদ কৰে। তদুপৰি এগৰাকী সাংসদ হিচাপে তেওঁ বহুকেইখন বিদেশ ভ্ৰমণ কৰে আৰু সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলো আদি ভ্ৰমণ কাহিনী ৰচনা কৰে। ১৯৭১ চনত কিছুদিনৰ বাবে গুৱাহাটীৰ পৰা প্ৰকাশিত 'আসাম এক্সপ্ৰেছ' নামৰ ইংৰাজী দৈনিক খনৰ সম্পাদনাৰ কাম কৰিছিল। তেওঁ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল। শেষত তেওঁ আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বৰুৱাৰ গ্ৰন্থখন অসম, ইয়াৰ ইতিহাস আৰু অসমীয়া সমাজ-জীৱনৰ এক চিত্ৰ স্বৰূপ। ইয়াত বুৰঞ্জীয়ে ঢুকি পোৱাৰেপৰা স্বাধীনতা-উত্তৰ কাললৈকে অসমৰ ইতিহাস বৰ্ণনা কৰা হৈছে।
মমতাৰ চিঠি
'মমতাৰ চিঠি' শীৰ্ষক কবিতাটো হেম বৰুৱাৰ এটি বিখ্যাত সৃষ্টি। কবিতাটোত এগৰাকী বিধৱা নাৰীৰ ্য প্ৰকাশিত হৈছে। একাংশ কাব্যৰসিক তথা সমালোচকে এই কবিতাটোক অসমীয়া ভাষাৰ "শ্ৰেষ্ঠ ক্লাছিক কবিতা" বুলি স্বীকৃতি দিছে। কবিতাটোৰ শিৰোনামৰ তলত বিখ্যাত ইংৰাজ কবি এজৰা পাউণ্ডৰ উদ্ধৃতি দিয়া আছে।
উল্লেখযোগ্য যে, হেম বৰুৱাৰ উক্ত কবিতাটোৰ আধাৰতে এখন অসমীয়া ছবি নিৰ্মাণৰ পৰিকল্পনা ৰচা হৈছে। বৰপেটাৰ সাংস্কৃতিক অনুষ্ঠান ‘মুখা’ৰ সম্পাদক তথা নাট্যকাৰ-পৰিচালক নিৰ্মল দাসেে ২০১৯ চনৰ আগষ্ট মাহত এক প্ৰেছ মেলত এই কথা সদৰী কৰে।
ভ্ৰমণ সাহিত্য
সাগৰ দেখিছা: ১৯৫৩ চনত আমেৰিকা ভ্ৰমণলৈ গৈ তাৰ ৱাশ্বিংটন, নিউয়ৰ্ক, বোষ্টন, ছানফ্ৰান্সিছকো, ডাৰহাম আদি চহৰ ঘূৰি তাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে সাধাৰণ মানুহৰ জীৱন ধাৰণৰ মান, চহৰৰ বাসিন্দাসকলৰ কৰ্মহীনতা তথা নিবনুৱা সমস্যাৰ কথা বৰ্ণনা কৰিছে৷ ৰাজনৈতিক কাৰণত যাত্ৰা কৰিলেও তেওঁৰ চকু কেৱল ৰাজনীতিত আৱদ্ধ নহৈ মানৱতাৰ দৃষ্টিভঙ্গীৰে তেওঁ বিষয়বোৰ অৱলোকন কৰিছে আৰু আমেৰিকাৰ বৈদেশিক নীতিৰ বিষয়েও তেওঁৰ কাৰ্যক্ৰমণিকাৰ মাজেৰে উল্লেখ কৰিছে৷
সানমিহলি:- এইখন এখন প্ৰবন্ধ সংকলন৷ ইয়াত ব্ৰহ্মদেশ আৰু চীন ভ্ৰমণ সম্পৰ্কে কেইটামান লেখা সন্নিৱিষ্ট কৰা আছে৷
ৰঙা কৰবীৰ ফুল:- ৰাছিয়া ভ্ৰমণকালত তেওঁ লাভ কৰা অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰি লিখিছে ৰঙা কৰবীৰ ফুল৷ কিতাপখনত মুঠ পাঁচটা অধ্যায়ত ৰাছিয়াৰ শিল্পকলা, ৰাজনীতি, কৃষি, আৰু ৰাছিয়াৰ আৰ্ট গেলেৰী আদিৰ বিষয়ে লিখাৰ মাজেৰে তেওঁ ৰাছিয়াৰ মানুহৰ কৰ্মোদ্যম আৰু সময়ানুৱৰ্তিতাৰ কথা লিখিছে৷
ইজৰাইল:- ইজৰাইল ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰি ইজৰাইল নামৰ কিতাপখনত বৰুৱাই লিখিছে ইজৰাইলী লোকৰ সাধাৰণ জীৱন যাপনৰ কথা৷ ইয়াত ধনী দুখীয়া, গাঁও চহৰৰ মানুহৰ মাজত কোনো প্ৰভেদ নাই৷ মন্ত্ৰী, আমোলা, খেতিয়ক বা আন সাধাৰণ মানুহক কাকো ইয়াত বিশেষভাৱে চিনাক্ত কৰিব নোৱাৰি৷ এইখন ভ্ৰমণ কাহিনীত লেখকে ভাষা বিষয়ক আলোচনাও বৰ গভীৰভাৱে কৰিছে৷ হিব্ৰু, সংস্কৃত আৰু লেটিন-- এই তিনি ভাষাই পৃথিৱীৰ পুৰণি ভাষা বুলি আলোচনা আগবঢ়াইছে৷ মেকং নৈ দেখিলোঁ:- লেখক বৰুৱাৰ পঞ্চম তথা শেষ ভ্ৰমণ সম্পৰ্কীয় গ্ৰন্থ৷ থাইলেণ্ড, কম্বোডিয়া, লাওছ, মালয়েছিয়া আৰু ছিংগাপুৰ ভ্ৰমণ কৰি পোৱা জ্ঞান-অভিজ্ঞতাৰে বৰুৱাই এই কিতাপখন লিখিছে৷
ভ্ৰমণ সাহিত্য ব্যক্তিনিষ্ঠ সাহিত্য৷ ভ্ৰমণ কাহিনী সম্পৰ্কে হেম বৰুৱাৰ ভাষাত “দেশ ভ্ৰমণ আৰু কিতাপ অধ্যয়ন এই দুয়োটা সমপৰ্যায়ৰ কথা৷ মানুহৰ অন্তৰাত্মাত নজনাক জানিবলৈ নুবুজাক বুজিবলৈ সদায়ে এক ধাউতি বিদ্যমান৷ এইকাৰণে মানুহে কিতাপ পঢ়ে বা দেশ ভ্ৰমণ কৰে৷’’ হেম বৰুৱাৰ ভ্ৰমণ সাহিত্যই দেশ আৰু মানুহক জনাৰ অৱকাশ দিয়ে৷ অসমীয়া ভ্ৰমণ সাহিত্যক তেওঁ তেওঁৰ লিখনিৰে জনপ্ৰিয় কৰি গৈছে৷
হেম বৰুৱাৰ ৰচনা সম্বন্ধে সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে লিখিছে, “প্ৰতিটো বাক্যতে জীৱনৰ প্ৰতি তেওঁৰ প্ৰচণ্ড ইন্দ্ৰিয়গ্ৰাহ্য প্ৰেম, মানুহৰ ওপৰত অপৰিসীম আস্থা, আৰু নিজৰ ওপৰত প্ৰচণ্ড আত্মবিশ্বাসৰ প্ৰকাশ৷ জীৱনক ভাল পাবলৈ শিকোৱা ৰসগ্ৰাহী লেখকসকলৰ ভিতৰত হেমবৰুৱাক শীৰ্ষস্থান দিব লাগিব৷’’৷
মৃত্যু
১৯৭১ চনৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিচত বৰুৱা উত্তৰ শৰণীয়াৰ নিজা ঘৰত পত্নী অণু বৰুৱাৰ সৈতে বসবাস কৰিবলৈ লয়। ১৯৭৭ চনৰ ৯ এপ্ৰিলত তেওঁ শেষনিশ্বাস ত্যাগ কৰে।
ৰচনা সমগ্ৰ
অসমীয়া ভাষাত
৫জন নেতা (১৯৪৭)
'৪২ৰ গণবিপ্লৱত অসম (১৯৪৭)
আধুনিক সাহিত্য (১৯৫০)
সাগৰ দেখিছা (১৯৫৪)
সানমিহলি (১৯৫৭)
ৰঙা কৰবীৰ ফুল (১৯৫৯)
বালিছন্দা (১৯৫৯)
কিউপিড আৰু ছাইকী (১৯৫৯)
কন্নকী (১৯৬০)
এই গাওঁ এই গীত (১৯৬১)
সাহিত্য আৰু সাহিত্য (১৯৬২)
আঁচুফুল (১৯৬৪)
মন-ময়ূৰী (১৯৬৫)
ইজৰাইল (১৯৬৫)
মেকং নৈ দেখিলো (১৯৬৭)
ডাকপখিলী (১৯৬৮)
বহাগতে পাতি যাওঁ বিয়া (১৯৬৯)
পছোৱাৰ ৰেঙনি (১৯৬৯)
স্মৃতি আৰু পাপৰি (১৯৭০)
সত্য আৰু অহিংসাঃগান্ধীজী (১৯৭১)
ছিন্নমূল (১৯৭৩)
তলসৰা (১৯৭৬)
সাহিত্য আৰু সমস্যা (১৯৭৮)
ইংৰাজী ভাষাত
(১৯৪৬)
(১৯৫৪)
(১৯৫৬)
(১৯৬০)
(১৯৬১)
(১৯৬২)
(১৯৬৫)
অনুবাদ-কৰ্ম
ভাৰত: বৰ্তমান আৰু ভৱিষ্যত (জৱাহৰলাল নেহৰু)
অসমৰ জনজাতি (সত্যেন বৰকটকী)
চৰ্দাৰ বল্লভভাই পেটেল (বিষ্ণু প্ৰভাকৰ)
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
হেম বৰুৱাৰ জীৱন আৰু কৰ্ম-সম্বন্ধীয় ৱেবছাইট কবিতা আবৃত্তি মলয়া গোস্বামী
অসমৰ ব্যক্তি
মৃত ব্যক্তি
অসমীয়া কবি
অসমীয়া প্ৰবন্ধকাৰ
অসমৰ ৰাজনীতিৰ সৈতে জড়িত অসম সাহিত্য সভাৰ |
74667 | https://as.wikipedia.org/wiki/%E0%A6%A1%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%B8%20%E0%A6%AC%E0%A6%BE%E0%A7%B0 | ডান্স বাৰ | ডান্স বাৰ হৈছে ভাৰতৰ মহিলা সকলে নৃত্য কৰা বাৰবোৰক অৰ্থাৎ পানীয় বা জলপান পৰিৱেশন কৰা সৰু ৰেস্তোৰাঁ বুজাবলৈ ব্যৱহৃত এক শব্দ। ডান্স বাৰসমূহত তুলনামূলকভাৱে আবৃত সাজ পৰিধান কৰা মহিলাসকলে নৃত্যৰত ৰূপত নগদ ধনৰ বিনিময়ত পুৰুষ পৃষ্ঠপোষকৰ বাবে পানীয় আৰু অন্যান্য জলপান পৰিৱেশন কৰা এক প্ৰাপ্তবয়স্কসকলৰ মনোৰঞ্জন। আৰম্ভণিতে ডান্স বাৰ কেৱল মহাৰাষ্ট্ৰত সীমাবদ্ধ আছিল। কিন্তু পিছলৈ সমগ্ৰ দেশত বিশেষকৈ নগৰবোৰলৈ বিয়পি পৰিছিল। ডান্স বাৰবোৰ হৈছে বিচৰা অনুভৱৰ প্ৰয়োজনীয়তা পূৰণ কৰা কল্পনাৰ এক প্ৰেমমূলক পৃথিৱী।
২০০৫ চনৰ আগষ্ট মাহত মহাৰাষ্ট্ৰ ৰাজ্যত ডান্স বাৰ নিষিদ্ধ কৰা হৈছিল। ৰাজ্য চৰকাৰৰ এই নিষিদ্ধকৰণৰ বিৰুদ্ধে বোম্বেৰ উচ্চ ন্যায়ালয়ৰত গোচৰ তৰা হৈছিল আৰু প্ৰথমবাৰৰ বাবে বোম্বে উচ্চ ন্যায়ালয়ে ২০০৬ চনৰ ১২ এপ্ৰিলত চৰকাৰৰ নিষিদ্ধকৰণ আইন বাতিল কৰিছিল। ২০১৩ চনৰ জুলাইত উচ্চতম ন্যায়ালয়ে বোম্বে উচ্চ ন্যায়ালয়ৰ এই ৰায় বজাই ৰাখিছিল। মহাৰাষ্ট্ৰ চৰকাৰে ২০১৪ চনত অধ্যাদেশৰ দ্বাৰা পুনৰ ডান্স বাৰ নিষিদ্ধ কৰিছিল কিন্তু এইটোও ২০১৫ চনৰ অক্টোবৰত উচ্চতম ন্যায়ালয়ে "অসাংবিধানিক" বুলি বিচাৰি পাইছিল। ইয়াৰ ফলত মুম্বাইৰ ডান্স বাৰসমূহ পুনৰ খুলিবলৈ অনুমতি দিয়া হৈছিল।
ইতিহাস
১৯৮০ৰ দশকৰ আৰম্ভণিতে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ খালাপুৰত প্ৰথমখন ডান্স বাৰ খোলা হৈছিল। পুনে জিলাৰ হোটেল কপিলা ইণ্টাৰনেচনেল প্ৰথম ডান্স বাৰ আছিল।
বিৱৰণ
সাজ-পাৰ
ভাৰতত ডান্স বাৰসমূহত কৰা নৃত্য প্ৰাচ্য আৰু পাশ্চাত্য পৃথিৱীৰ কিছু অংশত কামুক নৃত্য আৰু নাইটক্লাব নৃত্যৰ পৰা স্পষ্টভাৱে পৃথক। এক প্ৰকাৰে ই মনোৰঞ্জন হিচাপে পৰিৱেশন কৰা বেলিডান্সিংৰ সৈতে অধিক সদৃশ। বাৰ গাৰ্ল বুলি জনাজাত নৃত্যশিল্পীসকলে সমগ্ৰ প্ৰদৰ্শনত যথেষ্ট আবৃত সাজ পিন্ধে। তেওঁলোকৰ সাজপাৰত বেছি ভাগতে বুকুৰ অংশ ঢকা কিন্তু পেটৰ অংশ, পিঠি আৰু খালী বাহু প্ৰদৰ্শন কৰা ব্লাউজৰ পয়োভৰ দেখা যায়। সেয়েহে বাৰ নৃত্যৰ কামোদ্দীপক দিশটো বেছিভাগ পৰামৰ্শৰ জৰিয়তে প্ৰাপ্ত কৰা হয়। মহাৰাষ্ট্ৰত বাৰ নৃত্যশিল্পীৰ পোছাক প্ৰায়ে পাৰম্পৰিক ভাৰতীয় সাজ যেনে শাৰী বা লেহেঙ্গা-চোলি পিন্ধা দেখা যায়। আনহাতে আন কিছুমান ঠাই যেনে বেংগালুৰুত পশ্চিমীয়া পোছাকৰ ব্যৱহাৰ বেছি। ডান্স বাৰৰ নৃত্যবোৰ প্ৰায়ে ৰা সৈতে তুলনা কৰা হয়। ৰা পৰম্পৰাগতভাৱে মোগল যুগত তৱাইফে শাস্ত্ৰীয় ভাৰতীয় সংগীতৰ সৈতে নৃত্য কৰি পৰিৱেশন কৰিছিল।
নৃত্যশিল্পী সকলৰ নিয়মাৱলী
বাৰ গাৰ্ল বুলি পৰিচিত বাৰৰ কৰ্তব্যৰত নৃত্যশিল্পী সকলে বলীউড আৰু ইণ্ডিপপ গীতত ডান্স বাৰৰ বহাৰ ব্যৱস্থাৰ কেন্দ্ৰীয় কেন্দ্ৰবিন্দুত ৰঙীন ভাৱে জ্বলি লাইটেৰে সজ্জিত মঞ্চত নৃত্য কৰে। পৃষ্ঠপোষকসকলে কোঠাটোৰ দেৱালৰ বিপৰীতে শাৰী পাতি থকা চকীত বহি থাকে। ডান্স বাৰৰ নৃত্যত কোনো ধৰণৰ বিশেষ অংগী-ভংগী যুক্ত সাধাৰণ বলীউড নৃত্য দেখা নাযায়। বেছিভাগ সময়ত বাৰ গাৰ্লসকলে সংগীতৰ সৈতে লাহে লাহে হালি-জালি নিজৰ শক্তি সংৰক্ষণ কৰে। তেওঁলোকে এজন পৃষ্ঠপোষক বিচাৰি তেওঁক আকৰ্ষণ কৰিব বিচাৰে বা পৃষ্ঠপোষকৰ দ্বাৰা আহ্বান কৰাৰ পিছত তেওঁলোকৰ নৃত্য আৰম্ভ কৰে। তাৰ পিছত তেওঁলোকে পৃষ্ঠপোষকৰ সন্মুখত নৃত্য কৰে, ক্ষণস্থায়ী চকুৰ সম্পৰ্ক স্থাপন কৰে, ইংগিত দিয়ে, বা সাধাৰণতে তেওঁলোকৰ লক্ষ্যপৃষ্ঠপোষকক "বিশেষ অনুভৱ" কৰায়। কিন্তু দুয়োজনৰ মাজত কোনো শাৰীৰিক সম্পৰ্কৰ অনুমতি নাই। বাৰ নৃত্যশিল্পীসকলে প্ৰায়ে নৃত্যৰ মঞ্চৰ সীমাৰ ভিতৰত থাকে। পুৰুষ ৱেইটাৰসকলে পৃষ্ঠপোষক আৰু নৃত্যশিল্পীসকলৰ ওপৰত ঘূৰি থাকে যি ইজনে সিজনৰ অতি ওচৰলৈ যায়। দুয়োৰে মাজত লেনদেন তদাৰক কৰাৰ লগতে ধনৰ বিনিময়ত যৌন সম্পৰ্কৰ লেনদেন প্ৰতিহত কৰিবলৈ সাধাৰণতে এনে ব্যৱস্থা থাকে। পৃষ্ঠপোষকসকলে কেতিয়াবা বাৰ ছোৱালীসকলক নোটৰ ছটিয়াই পুৰস্কৃত কৰে আৰু ইয়াৰ ফলত সাধাৰণতে অধিক এক নাটকীয় নৃত্যৰ সৃষ্টি হয়।
আয়
ডান্স বাৰত পৃষ্ঠপোষকসকলে তেওঁৰ অনুকূল নৃত্যশিল্পীক নৃত্যৰত অৱস্থাত গালৈ নোট ছটিয়াই দিয়ে। তেওঁ হয় নামমাত্ৰ মূল্যৰ নগদ ধন (১০ বা ২০ টকাৰ নোট) হস্তান্তৰ কৰি বা 'আঁচোৰ মৰা' বুলি জনা জাত এক কাৰ্যৰ জৰিয়তে এনে কৰে। আঁচোৰ মৰা প্ৰক্ৰিয়াত তেওঁ তেওঁৰ পছন্দৰ নৃত্যশিল্পীৰ ওপৰত নোটৰ এফালে ধৰি ৰাখে আৰু নৃত্যশিল্পীৰ দেহৰ ওপৰত নোট ঘঁহি দিয়ে। কিছুমান ক্ষেত্ৰত তেওঁ আনকি নৃত্যশিল্পীগৰাকীক টকাৰ মালাও দিয়ে। উদাৰ, ধনী আৰু সম্ভৱতঃ নিচাগ্ৰস্ত পৃষ্ঠপোষকসকলৰ বাবে বহুতো বাৰ ডান্সাৰে এনেদৰে ৰাতি শ শ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। দিনটোৰ শেষত প্ৰতিজনী ছোৱালীৰ উপাৰ্জন গণনা কৰা হয় আৰু ডান্স বাৰ আৰু ছোৱালীবোৰৰ মাজত কিছু পূৰ্বনিৰ্ধাৰিত অনুপাতত বিভক্ত কৰা হয়। ডান্স বাৰবোৰে সুৰা আৰু জলপান বিক্ৰীৰ জৰিয়তেও টকা উপাৰ্জন কৰে। বেছিভাগ মহিলাই মাহে ১০,০০০ টকা উপাৰ্জন কৰে। ই সমগ্ৰ ভাৰত আনকি নেপাল আৰু বাংলাদেশৰ দৰে দূৰৰ মহিলাসকলক আকৰ্ষিত কৰিছে। যিহেতু মুম্বাইৰ ৰেড লাইট জিলাত কাম কৰাতকৈ ডান্স বাৰবোৰক জীৱিকা নিৰ্বাহৰ এক সুৰক্ষিত উপায় হিচাপে গণ্য কৰা হয়।
বাৰ গাৰ্লসকলৰ উপাৰ্জন তেওঁৰ জনপ্ৰিয়তা আৰু স্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। হিন্দুস্তান টাইমছে প্ৰকাশ কৰিছে যে কম জনপ্ৰিয় ছোৱালীবোৰক তেওঁলোকৰ ওপৰত ছটিয়াই দিয়া নোটৰ দিয়া পৰিমাণৰ ৬০% দিয়া হৈছিল। ইযত লগতে প্ৰকাশিত হৈছিল যে জনপ্ৰিয় ছোৱালীবোৰে মাহিলী দৰমহা ১,০০,০০০-৩,০০,০০০ টকা লাভ কৰিছিল। আনহাতে বাৰ গৰাকীয়ে তেওঁলোকৰ ওপৰত ছটিয়াই দিয়া সকলো ধন নিজে ৰাখিছিল।
আৰ্থ-সামাজিক দিশসমূহ
সাধাৰণতে মাজনিশা ডান্স বাৰ বন্ধ কৰা হৈছিল। কিন্তু ২০০০ চনত মহাৰাষ্ট্ৰ চৰকাৰে নিয়মসলনি কৰি তেওঁলোকক নিশা ১:৩০ বজালৈকে খোলা থবলৈ অনুমতি দিছিল। অৱশ্যে ২০০৫ চনত মুম্বাইৰ মেৰিন ড্ৰাইভত যদিও আৰক্ষী থানাৰ ভিতৰত এজন আৰক্ষী কনিষ্টবলে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ পিছত ইয়াক নিশা ১২:৩০ বজালৈ সলনি কৰা হৈছিল। ডান্স বাৰসমূহ নিশা ২ বজাৰ ভিতৰত শেষ হোৱাৰ পিছত বাৰ মালিকসকলে বাৰ ডান্স গাৰ্লসকলক ঘৰলৈ সুৰক্ষা প্ৰদান কৰে আৰু সুৰক্ষিত পৰিবহণ প্ৰদান কৰে। ডান্স বাৰৰ বহুতো নৃত্যশিল্পী বিবাহিত আৰু সন্তানৰ মাতৃ। তেওঁলোকৰ গ্ৰাহকসকল সমাজৰ সকলো স্তৰৰ, ইয়াৰ ভিতৰত আছে মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, কৰ্পোৰেট কৰ্মী আৰু আনকি স্কুলীয়া ছাত্ৰ যি বাৰত সোমাবলৈ উৎকোচ দিয়ে।
আৰক্ষী আৰু স্থানীয় ঠগসকলেও ডান্স বাৰৰ পৰা নিয়মীয়া হাফতাৰ পৰা টকা উপাৰ্জন কৰে। ডান্স বাৰবোৰে অপৰাধীসকলৰ বাবে এক সভাস্থলী হিচাপে কাম কৰে। ইয়াৰ ফলত তেওঁলোক আৰক্ষীৰ দ্বাৰা চোৰাংচোৱা সংগ্ৰহৰ কেন্দ্ৰ হৈ পৰে।
ৰাজনৈতিক ভাগ্য আৰু নৈতিকতাবাদী জনসাধাৰণৰ সৈতে অনুগ্ৰহ আগবঢ়োৱাৰ বাবে ডান্স বাৰসমূহ বন্ধ কৰাৰ বাবে আৰু লগতে ডান্স বাৰৰ যৌন অৰ্থনীতিত গভীৰভাৱে সোমাই থকা ডান্স বাৰ মালিক আৰু কৰ্তৃপক্ষৰ মাজত উৎকোচৰ ব্যৱস্থা ভংগ হোৱাৰ বাবে আইন প্ৰণয়ন কৰা হৈছে আৰু আদালতত গোচৰ ৰুজু কৰা হৈছে।
মহাৰাষ্ট্ৰৰ বাহিৰত ডান্স বাৰসমূহ
ভাৰতৰ আন প্ৰান্তত ডান্স বাৰ বিদ্যমান, যদিও সেইবোৰ অবৈধ। ২০০৬ চনৰ ৪ জুনত দিল্লী আৰক্ষীৰ অপৰাধ শাখাই মথুৰা ৰোডৰ হোটেল ৰাজদূতৰ এল ডোৰাডো ডান্স বাৰ ভাঙি পেলায়। ইয়াৰ লগতে অশ্লীলতাৰ পৰা আৰম্ভ কৰি অনৈতিক সৰবৰাহ আৰু প্ৰৰোচনালৈকে ১৩ গৰাকী ডান্স বাৰ গাৰ্ল আৰু এগৰাকী হোটেলৰ মালিকক গ্ৰেপ্তাৰ কৰে। ছোৱালীবোৰৰ বয়স ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত আছিল আৰু নিম্ন-মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছিল। তেওঁলোকৰ চাৰিগৰাকী দিল্লীৰ, দুগৰাকীকৈ বিহাৰ, নয়ডা আৰু পঞ্জাৱৰ আৰু এগৰাকী কলকাতা আৰু এলাহাবাদৰ আছিল। ছোৱালীবোৰে আগতে মুম্বাই ডান্স বাৰত নিযুক্তি লাভ কৰিছিল। কিন্তু সেই প্ৰতিষ্ঠানবোৰ নিষিদ্ধ কৰাৰ পিছত দিল্লীলৈ স্থানান্তৰিত হৈছিল।
বিতৰ্ক
মহাৰাষ্ট্ৰ ৰাজ্যত ২০০৫ চনৰ আগষ্ট মাহত মহাৰাষ্ট্ৰ আৰক্ষী (সংশোধনী) আইন, ২০০৫ গৃহীত হোৱাৰ সৈতে ডান্স বাৰ নিষিদ্ধ কৰা হৈছিল। পৰৱৰ্তী সময়ত চৰকাৰে ডান্স বাৰ বন্ধ কৰে। অৱশ্যে ২০১১ চনৰ শেষৰ ফালৰ লৈকে মুম্বাই আৰু ইয়াৰ উপকণ্ঠত গোপনে ই বিকশিত হৈ আছিল। মাত্ৰ মুম্বাইতে ৭০০ ডান্স বাৰ আছিল। ২০০৫ চনৰ এপ্ৰিলত ইয়াৰ সংখ্যা শীৰ্ষত আছিল যেতিয়া ইয়াক নিষিদ্ধ কৰা হৈছিল। যদিও আনুষ্ঠানিকভাৱে মাত্ৰ ৩০৭টা ডান্স বাৰ বিদ্যমান আছিল আৰু বাকীবোৰ অবৈধ আছিল। আনহাতে ৰাজ্যখনৰ বাকী অংশৰ পৰিসংখ্যা অনুসৰি মুঠ ৬৫০ ডান্স বাৰ আছিল। ইয়াত সৰ্বাধিক ১,৫০,০০০ লোকক নিযুক্ত আছিল যাৰ ভিতৰত আছিল ৭৫,০০০ বাৰ গাৰ্ল আছিল। এই বাৰবোৰে পতিতাবৃত্তিৰ ক্ষেত্ৰত কাম কৰিছিল। নিষেধাজ্ঞা বলবৎ কৰাৰ পিছত নাইট ক্লাবৰ নৃত্যশিল্পীসকলৰ বাবে কোনো পুনৰ্সংস্থাপন কাৰ্যসূচী আৰম্ভ কৰা হোৱা নাছিল। বহুতে ডুবাই আৰু মধ্য প্ৰাচ্যৰ অন্যান্য দেশলৈ গুচি গৈছিল আৰু আন কিছুমানে নতুন দিল্লী, চেন্নাই আৰু হায়দৰাবাদলৈ গৈছিল। ২০০৬ চনৰ ১২ এপ্ৰিলত বোম্বে উচ্চ ন্যায়ালয়ে প্ৰথমে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে আৰু ২০১৩ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ এই ৰায় বজাই ৰাখে। দ্য হিন্দুত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ২০১৩ চনৰ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ বাৰত নিযুক্ত মহিলাৰ সংখ্যা আছিল প্ৰায় ২০,০০০। তেওঁলোকৰ বেছিভাগেই অৰ্কেষ্ট্ৰা বাৰত ৱেট্ৰেছ বা গায়িকা আছিল।
মহাৰাষ্ট্ৰ চৰকাৰে ২০১৪ চনত এক অধ্যাদেশৰ দ্বাৰা পুনৰ ডান্স বাৰ নিষিদ্ধ কৰিছিল। কিন্তু এইটোও উচ্চতম ন্যায়ালয়ে ২০১৫ চনৰ অক্টোবৰত "অসাংবিধানিক" বুলি ৰায় দিয়ে আৰু মুম্বাইৰ ডান্স বাৰ পুনৰ খুলিবলৈ অনুমতি দিয়া হৈছিল। ২০০৪ চনৰ ২৫ ফেব্ৰুৱাৰীত এই অভিযানৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰে ২১ বছৰৰ তলৰ লোকসকলক ডান্স বাৰ, ডিস্কো' আৰু পাবত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰি এক জাননী জাৰি কৰে। আইন উলংঘা কৰা বাৰবোৰে জৰিমনা আৰু অনুজ্ঞাপত্ৰ বাতিল কৰাৰ সম্ভাৱ্য সন্মুখীন হ'ব। বোম্বে নিষিদ্ধকৰণ আইনৰ অধীনত এই নিষেধাজ্ঞা ২০০৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছিল।
জনপ্ৰিয় সংস্কৃতিত
ডান্স বাৰ কেইবাখনো চলচ্চিত্ৰৰ বিষয়বস্তু হৈ আহিছে। ডান্স বাৰবোৰো নিয়মীয়াকৈ বলীউডৰ চলচ্চিত্ৰৰ আইটেম গীতত প্ৰদৰ্শিত কৰা হয়।
২০০১ চনৰ এখন চলচ্চিত্ৰ 'চান্দনী বাৰ'ত টবুৱে বাৰ ডান্সাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।
দীপিকা পাডুকনে ২০১৪ চনৰ চলচ্চিত্ৰ 'হেপ্পী নিউ ইয়েৰ'ত নিষেধাজ্ঞাৰ সময়ত মহাৰাষ্ট্ৰৰ এগৰাকী কামৰ সন্ধানত বাৰ নৃত্যশিল্পী 'মোহিনী'ৰ চৰিত্ৰত অভিনয় কৰিছিল।
তথ্য |
78772 | https://as.wikipedia.org/wiki/%E0%A6%9B%E0%A6%BE%E0%A6%87%E0%A6%95%E0%A7%80 | ছাইকী | ছাইকী হৈছে এগৰাকী আত্মাৰ গ্ৰীক দেৱী। ছাইকী এগৰাকী নশ্বৰ মহিলা হিচাপে জন্মগ্ৰহণ কৰিছিল। গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি, ছাইকী সৌন্দৰ্যৰ দেৱী এফ্ৰোডাইটিতকৈও অধিক সুন্দৰী আছিল। দ্বিতীয় শতিকাত লুছিয়াছ এপুলিয়াছে ৰচনা কৰা দ্য গোল্ডেন এছ নামৰ কাহিনীটোৰ পৰা ছাইকী জনাজাত।
পৌৰাণিক কাহিনী
প্ৰাৰম্ভিক জীৱন ছাইকী এগৰাকী গ্ৰীক ৰজা আৰু ৰাণীৰ তিনিটা কন্যা সন্তানৰ কনিষ্ঠ সন্তান আছিল। তেওঁ দেখাত ইমানে ধুনীয়া আছিল যে, পুৰোহিতসকলোকে ধৰি মানুহে তেওঁক প্ৰেম আৰু সৌন্দৰ্যৰ গ্ৰীক দেৱী এফ্ৰোডাইটিৰ সৈতে তুলনা কৰিবলৈ লৈছিল। বহুতে এইটো কৈছিল যে তেওঁ দেৱী এফ্ৰোডাইটিতকৈও সুন্দৰী আছিল। যেতিয়া এফ্ৰোডাইটিৰ মন্দিৰবোৰ নিৰ্জন হ’বলৈ ধৰিছিল, তেতিয়া দেৱী ক্ৰোধিত হৈ উঠিছিল। কাৰণ তেওঁক উপাসনা কৰিবলৈ এৰি মানুহে ছাইকীক উপাসনা কৰিবলৈ আৰম্ভ কৰিছিল। ছাইকীক শাস্তি দিয়াৰ উদ্দেশ্য এফ্ৰোডাইটেয়ে তেওঁৰ পুত্ৰ ইৰ'চক এজন নীচ আৰু ঘৃণনীয় ব্যক্তিৰ প্ৰেমত পেলাবলৈ পঠিয়াইছিল। অৱশ্যে, ইৰ’চে তেওঁৰ সুন্দৰ্যৰ প্ৰতি অভিভূত হৈছিল আৰু প্ৰেমত পৰিছিল আৰু ইৰ’চে ছাইকীক তেওঁৰ মাকৰ ক্ৰোধৰ পৰা ৰক্ষা কৰিবলৈ সিদ্ধান্ত লৈছিল। ছাইকীৰ দুয়োগৰাকী ডাঙৰ ভনীয়েকে ছাইকীৰ সৌন্দৰ্যক লৈ ঈৰ্ষা কৰিছিল। অৱশেষত তেওঁৰ ভনী দুগৰাকী ৰজাৰ সৈতে বিয়া হৈছিল আৰু তেওঁলোকৰ স্বামীৰ সৈতে থাকিবলৈ গুচি গৈছিল। ইপিনে ছাইকীক কোনেও বিয়াৰ বাবে হাত বিচৰা নাছিল বৰং পুৰুষসকলে তেওঁৰ সৌন্দৰ্যক লৈ প্ৰশংসাহে কৰিছিল। তেওঁ অকলশৰীয়া হৈ পৰিছিল। নিৰাশ হৈ তেওঁৰ দেউতাকে সমাধান বিচাৰি ডেলফিৰ অৰেকলৰ পৰা পৰামৰ্শ লোৱাৰ সিদ্ধান্ত লৈছিল।
ইৰ’চৰ সৈতে বিবাহ ৰজাই সমাধান বিচাৰি ডেলফিৰ অৰেকলৰ ওচৰলৈ গৈছিল। এপ’ল’ৱে অৰেকলৰ জৰিয়তে কৈছিল যে, "হতাশা ৰজা। আপোনাৰ ছোৱালীৰ বিয়া এটা জন্তুৰ সৈতে হ’ব যাক দেৱতাসকলেও ভয় কৰিব। তেওঁক অগ্নিকৰ্ম্ম কাপোৰ পিন্ধাওৱা আৰু তেওঁক ৰাজ্যৰ আটাইতকৈ ওখ শিলৰ শিখৰলৈ লৈ যোৱা। তাতে, তেওঁ তেওঁৰ ভাগ্য পাব৷” এই কথা শুনি ৰজাৰ মন ভাগি গৈছিল, যদিও তেওঁ ঈশ্বৰৰ আদেশ পালন কৰিছিল।
ছাইকীক শিলৰ শিখৰলৈ লৈ যোৱা হৈছিল আৰু তেওঁক তেওঁৰ ভাগ্যলৈ এৰি দিয়া হৈছিল। বহু অপেক্ষাৰ অন্ততো যেতিয়া জন্তুটো অহা নাছিল, তেতিয়া তেওঁ সেই শিখৰৰ পৰা জঁপিয়াই পৰিছিল। পশ্চিম বতাহৰ গ্ৰীক দেৱতা জেফাইৰচে তেওঁক মৃত্যুৰ পৰা ৰক্ষা কৰি ওপৰলৈ তুলি ইৰ’চৰ প্ৰাসাদলৈ লৈ গৈছিল। তাত তেওঁ বিশাল প্ৰাসাদৰ লগতে প্ৰতিটো আলমাৰী সোণেৰে ভৰি থকা দেখিছিল। ইৰ’চ যেতিয়া আহিছিল, তেওঁ সম্পূৰ্ণ অন্ধকাৰৰ পৰা ছাইকীক কৈছিল যে, তেওঁ তাক চাবলৈ চেষ্টা কৰিব নালাগে আৰু তেওঁ ছাইকীক তেওঁৰ নামো ক’ব নোৱাৰে নতুবা ই সকলো অনিষ্ট হ’ব। প্ৰাসাদত ছাইকীৰ জীৱনৰ প্ৰথম কেইটামান সপ্তাহ অতি সুখেৰে অতিবাহিত হৈছিল৷ তেওঁৰ ভগ্নীসকলে তেওঁৰ নাম মাতি থকা শুনিছিল। দুই ভনীয়েকে তেওঁক তেওঁৰ স্বামীৰ প্ৰকৃত ৰূপটো চাবলৈ সৈমান কৰাইছিল৷ য’ত তেওঁ ইৰ’চক প্ৰতাৰণা কৰা হৈছিল।
ছাইকীয়ে অৱশেষত তেওঁৰ ভগ্নীসকলৰ কথামতে এটা তেলৰ চাকি আৰু এখন চুৰি লৈ তেওঁৰ স্বামীৰ কোঠাত সোমাইছিল। ছাইকীয়ে তেওঁৰ স্বামীৰ ৰূপ চাওঁতে চাকিৰ গৰম তেলৰ এটা সৰু টোপাল তেওঁৰ কান্ধত পৰিছিল, তেওঁ জাগ্ৰত হৈছিল। পত্নীৰ বিশ্বাসঘাতকতাৰ পিছত ইৰ’চে তেওঁৰ মাক এফ্ৰোডাইটৰ ওচৰলৈ দৌৰি গৈছিল। ছাইকীয়ে পিছত তেওঁ কৰা কামৰ বাবে অনুশোচনাত ভোগে। এফ্ৰোডাইটিয়ে ছাইকীক বিচাৰি পাইছিল আৰু ছাইকীয়ে এফ্ৰোডাইটিৰ চাৰিটা পৰীক্ষণৰ সন্মুখীন হৈছিল। প্ৰথম পৰীক্ষণটো আছিল- বীজৰ এটা বিশাল মাউণ্ট ক্ৰমবদ্ধ কৰা। ছাইকীয়ে সেই কামটো এক সহানুভূতিশীল পৰুৱাৰ সহায়ত সম্পূৰ্ণ কৰিছিল। দ্বিতীয় পৰীক্ষণটো আছিল- এটা কুখ্যাত বিপদজনক ভেড়াৰ পৰা ঊণ সংগ্ৰহ কৰা। ছাইকীক এই কামত নদীদেৱতাই সহায় কৰিছিল। যিয়ে তেওঁক জোপোহাৰ পৰা ঊণৰ টুকুৰা সংগ্ৰহ কৰিবলৈ শিকাইছিল। তেওঁৰ তৃতীয় পৰীক্ষণটো আছিল- নৰকৰ পৰা পানী সংগ্ৰহ কৰা। এইটো পৰীক্ষণত ছাইকীক জ্যুচৰ ঈগলে সহায় কৰিছিল। ছাইকীৰ অন্তিম পৰীক্ষণটো আটাইতকৈ কঠিন আছিল; তেওঁ এফ্ৰোডাইটিৰ বাবে পাৰ্চিফোনিৰ কিছু সৌন্দৰ্য ঘূৰাই অনা। পাৰ্চিফোনি স্বেচ্ছাই ছাইকীক তেওঁৰ কিছু সৌন্দৰ্য দিছিল। যেতিয়া তেওঁ অলিম্পাছৰ ওচৰলৈ আহি পাইছিল, ছাইকীয়ে পাৰ্চিফোনিৰ সৌন্দৰ্যৰ বাকচটো খুলিছিল, কিন্তু পাৰ্চিফোনিৰ সৌন্দৰ্যৰ বাকচটোৰ ভিতৰত কেৱল মৃত্যুৰ সাৰহে আছিল। অৱশেষত ছাইকীৰ মৃত্যু হয়, তেওঁৰ স্বামী ইৰ’চে তেওঁক ক্ষমা কৰি দি জীৱন ৰক্ষা কৰিছিল আৰু তেওঁক অলিম্পাছলৈ লৈ গৈছিল। ছাইকীক আত্মাৰ দেৱী হিচাপে ৰখা হয়। ছাইকী আৰু ইৰ’চৰ শাৰীৰিক মিলনৰ ফলত দেৱী হেড’নীৰ জন্ম হয়।
তথ্য সংগ্ৰহ
লগতে পঢ়ক 2 1: 2: 85-116. 2018. 289.30.
41, 2 (1982): 336-52. /41532497.
6, 1 (1979): 33-49. /1343084.
23-62. 2000. 20.5.
67, 2 (2014): 247-69. /24521701.
9, 1 (1976): 111-18. /26307539.
62, 3 (1985): 73-78. /43934919.
123-67. 2006. 3.14.
গ্ৰীক |
61650 | https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A7%8D%E0%A6%AF%E0%A7%81-%E0%A6%B9%E0%A7%81%E0%A6%82-%E0%A6%AB%E0%A6%BE | চ্যু-হুং-ফা | চুহুংফা বা চুহুং (ৰাজত্বকাল ১৬৭৪–১৬৭৫ খ্ৰী:) আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। তেওঁৰ শাসনকাল বৰ কম সময়ৰ আছিল। অধিকাংশ বুৰঞ্জীতে তেওঁৰ শাসনকাল মাথোঁ ২০ দিন বুলি পোৱা যায় যদিও কোনো কোনো ঠাইত ইয়াক এমাহ পোন্ধৰ দিন বুলিও উল্লেখ কৰা হৈছে। চুক্লমফা ওৰফে ৰামধ্বজ সিংহক বিহ খুৱাই হত্যা কৰাৰ পিছত ডেবেৰা বৰবৰুৱাই চুহুংক ৰাজপাটত বহুৱাই। এইগৰাকী ৰজাৰ শাসনকাল ডেবেৰা বৰবৰুৱাৰ স্বেচ্ছাচাৰিতাৰে পূৰ্ণ আছিল। শেষলৈ চুহুংফাই ডেবেৰাৰ পৰা পৰিত্ৰাণ পাবলৈ যত্ন কৰোঁতেই বৰবৰুৱাজনে এই কথাৰ সম্ভেদ পাই তেওঁক ঔষধৰ সৈতে বিহ মিহলাই খুৱাই হত্যা কৰে।
বংশ পৰিচয় আৰু ৰাজঅভিষেক
চুহুং আছিল পূৰ্বৰ ৰজা চুহুন্মুংৰ বংশধৰ। আহোম ৰাজবংশৰ চামগুৰীয়া ফৈদৰ ৱৰ হোৱাৰ বাবে তেওঁক চামগুৰীয়া ৰজা নামেৰেও জনা যায়। তেওঁ চামগুৰীয়া খামজাং ৱৰ (চাও খামজাং) হিচাপে পৰিচিত আছিল। চুক্লমফাক হত্যা কৰাৰ পিছত ডেবেৰাই মাকৰ ফলীয়া ভাগিন চুহুংক ৰজা পাতে। ইয়াৰ লগতে ডেবেৰাই সম্ভ্ৰান্ত পৰিয়ালৰ কেইবাগৰাকী আইদেউক ৰজাৰ ভিতৰচৰাত গুপ্তচৰ বা তা হিচাপে নিয়োগ কৰে। মোমাই তামুলী বৰবৰুৱাৰ জীয়ৰী তথা লাচিত বৰফুকন আৰু লালুকসোলা বৰফুকনৰ ভগ্নী পাখৰী গাভৰুক ৱৰী পতা হয়। পূৰ্বতে পাখৰী গাভৰু যথাক্ৰমে স্বৰ্গদেৱ চুতাম্লা আৰু চুপংমুংৰ ৱৰী আছিল আৰু সেয়ে ৰাজকাৰ্য আৰু ৰাজ্যৰ ৰাজনীতিৰ প্ৰতি সুপৰিচিত আছিল।
শাসনকাল
ৱৰসকলৰ হত্যা
ইতিমধ্যে আহোম ৰাজবংশৰ আন ৱৰসকলেও সিংহাসন অধিকাৰ কৰিবলৈ যো-জা চলায়। ককায়েক ৰামধ্বজ সিংহৰ বিয়োগৰ বাতৰি পাই তিপাম ৰজা নাৰায়ন ই ৰজা হোৱাৰ উদ্দেশ্যৰে কচলুখোৱা সলাল গোহাঁইৰ সৈতে আহি ৰাজধানী গড়গাঁও পায়হি। ডেবেৰাই ৰতনপুৰীয়া আৰু দক্ষিণপটীয়া নামৰ দুজন সেনানায়কৰ সৈতে ৱৰৰ বাহিনীক আগচি ধৰে। যুদ্ধত তিপাম ৰজা আৰু সলাল ইৰ মৃত্যু ঘটে। ইয়াৰ পিছতে ডেবেৰাই অন্য ৱৰসকলকো নিপাত কৰাৰ সিদ্ধান্ত লয়। চুক্লমফাৰ দ্বিতীয়জন ভ্ৰাতৃ নামৰূপীয়া ৰজা বন ইক চেতিয়া পাটৰ নামৰ লোক এজনৰ হতুৱাই বধ কৰোৱা হয়। ইয়াৰ উপৰিও চুন্যতফা বা উদয়াদিত্য সিংহৰ চৈধ্যজন পুত্ৰকো প্ৰাণে মৰা হয়।
কছাৰী ৰাজ্যৰ কটকী
কছাৰী ৰাজ্যৰ নিয়ম আছিল যে আহোম ৰাজ্যত নতুন ৰজাই ৰাজপাটত উঠিলে তেওঁলৈ শুভেচ্ছা প্ৰেৰণ কৰা হয়। সেইমতে কছাৰী ৰাজ্যৰ কটকীয়ে চুক্লমফালৈ বুলি শুভেচ্ছাবাণী আৰু উপহাৰ লৈ আহোম ৰাজ্যলৈ আহে। গড়গাঁৱত উপস্থিত হৈ তেওঁলোকে চুক্লমফাৰ দেহাৱসান আৰু নতুন ৰজা হিচাপে চুহুংৰ ৰাজ-অভিষেকৰ বাতৰি পায়। ৰাজসভাত নিয়ম অনুসৰি আতিথ্য প্ৰদানৰ পিছত কটকীক চুহুঙে জনায় যে পূৰ্বৰ ৰজালৈ প্ৰেৰণ কৰা পত্ৰ তেওঁ খুলি নাচায়। ইয়াৰ লগতে তেওঁ কটকীক নতুন ৰজালৈ পুনৰ সুকীয়াকৈ পত্ৰ আনিবলৈ কৈ পঠায়।
ডেবেৰা বৰবৰুৱাৰ স্বেচ্ছাচাৰিতা
শাসনকাৰ্যত নিজৰ নিয়ন্ত্ৰন সুনিশ্চিত কৰিবলৈ ডেবেৰাই ৰতনপুৰীয়া আৰু দক্ষিণপটীয়াৰ সহায়ত তেওঁৰ অনিষ্ট কৰিব পৰা বিষয়াসকলক হত্যা কৰিবলৈ লয়। তেওঁ এজন প্ৰভাৱশালী বিষয়া চিৰিংডাং পৰিয়ালৰ শিমলুগুৰীয়া নাওবৈচা ফুকনক হত্যাৰ ষড়যন্ত্ৰ কৰে। গোপনে এই বাতৰি পাই নাওবৈচা ফুকনে অসুস্থতাৰ অজুহাতত ঘৰতেই সোমাই থাকে। ঘৰুৱা কামত সহায় কৰা এগৰাকী মহিলা নিয়োগ কৰি ডেবেৰাই নাওবৈচা ফুকনৰ মিছা নৰীয়াৰ বিষয়ে জানিব পাৰে আৰু তেওঁক হত্যা কৰিবলৈ সুযোগৰ অপেক্ষা কৰে। গোমোঠা ভাণ্ডাৰী বৰুৱা নামৰ আন এজন বিষয়াক আততায়ীৰদ্বাৰা হত্যা কৰোৱা হয়। এই হত্যাকাণ্ডসমূহৰ বাবে ডেবেৰাই ৰজাৰ পৰা কোনোধৰণৰ অনুমতি লোৱা নাছিল আৰু এই বিষয়ে ৰজাক কোনোধৰণৰ খতিয়ান দিয়াৰো প্ৰয়োজনবোধ কৰা নাছিল।
ডেবেৰাক হত্যাৰ পৰিকল্পনা
ডেবেৰাৰ স্বেচ্ছাচাৰি কাৰ্যকলাপ স্বৰ্গদেৱ চুহুংৰ ৱৰী পাখৰী গাভৰুৰ চকুত পৰে। তেওঁ এই কথা চুহুংৰ কাণ চোৱায় আৰু কথাৰ গুৰুত্ব বুজি ৰজাই ৱৰী, শিমলুগুৰীয়া নাওবৈচা ফুকন আৰু আহোম পুৰোহিত লাইটাই দেওধাইৰ সৈতে গোপনে মন্ত্ৰণা কৰি ডেবেৰাক হত্যা কৰিবলৈ চক্ৰান্ত কৰে। এই মন্ত্ৰণাৰ কাৰ্যবিৱৰণী সেই সময়ত ৰাজকাৰ্যত অসমীয়া লিপিৰ ব্যৱহাৰৰ ফলত অধুনালুপ্ত টাই-আহোম লিপিত লিখা হৈছিল।
মৃত্যু
ইফালে মন্ত্ৰণাৰ সময়ত উপস্থিত থকা এজনী লিগিৰীৰ মুখে এই কথাৰ সম্ভেদ পাই ডেবেৰাই আত্মৰক্ষাৰ বাবে ততাতৈয়াকৈ ব্যৱস্থা হাতত লয়। চুহুংৰ ঔষধৰ সৈতে বিহ মিহলাই ৰজাক হত্যা কৰাৰ পিছত ৱৰী আৰু নাওবৈচা ফুকনকো প্ৰাণে মাৰে। আহোম পুৰোহিত ফৈদৰ হোৱা বাবে লাইটাই দেওধাইক ৰেহাই দিয়া হয়।
তথ্য |
33895 | https://as.wikipedia.org/wiki/%E0%A6%8F%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A6%B2%20%E0%A6%AB%E0%A7%81%E0%A6%B2%20%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8 | এপ্ৰিল ফুল দিৱস | এপ্ৰিল ফুল দিৱস বহু দেশত ১ এপ্ৰিলৰ দিনা পালন কৰা হয়। সকলো মুৰ্খৰ দিন বুলিও অভিহিত কৰা এই দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন নহয়। এই দিনটোত মানুহবোৰে উৰাবাতৰি প্ৰচাৰ কৰি আৰু নিৰ্দোষ ধেমালিৰে ইজনে সিজনক মুৰ্খ সজাৰ প্ৰয়াস কৰে। ইটালী, ফ্ৰান্স আৰু বেলজিয়ামত শিশু আৰু বয়স্কসকলে পৰম্পৰাগতভাৱে ইজনে সিজনৰ পিঠিত কাগজৰ ফুল লগাই দিয়ে আৰু স্থানীয় ভাষাত "এপ্ৰিল মাছ!" বুলি চিঞৰে আৰু ক্ৰমে ইটালীয়ান, ফ্ৰেঞ্চ আৰু চ ভাষাত)। তেনেকুৱা মাছৰ প্ৰতিচ্ছবি ১৯শ শতিকাৰ শেষৰফালৰ আৰু ২০শ শতিকাৰ প্ৰথমভাগৰ বহু ফ্ৰেঞ্চ এপ্ৰিল ফুল দিৱস প'ষ্টকাৰ্ডত ছপা হৈছিল। ১ এপ্ৰিল আৰু মুৰ্খতাক সংযোগ কৰা প্ৰথম উদাহৰণ পোৱা যায় জিয়'ফ্ৰী চ'চাৰৰ কেণ্টাৰবাৰী ছত (১৯৩২)। বহু লেখকে বিশ্বাস কৰে যে পোপ গ্ৰেগৰী ৰ দ্বাৰা ১৬ শ শতিকাত ১ জানুৱাৰীক গ্ৰেগৰিয়ান কেলেণ্ডাৰমতে নৱবৰ্ষৰ দিনৰূপে প্ৰতিষ্ঠা কৰা হোৱা বাবেই এই উৎসৱটোৰ সৃষ্টি হ'ল।
ইতিহাস
এপ্ৰিল ফুল দিৱসৰ কিছুমান পুৰণি ৰূপ হৈছে ২৫ মাৰ্চত পালন কৰা ৰোমান উৎসৱ "হিলাৰিয়া" আৰু ২৮ ডিচেম্বৰত পালন কৰা মধ্যযুগীয় "মুৰ্খৰ ভোজ" পিছৰ দিনটো এতিয়াও স্পেনীয় ভাষা কোৱা দেশবোৰত ধেমালি-ধুমুলাৰে পালন কৰা হয়। চ'চাৰৰ "কেণ্টাৰবাৰী ছ"ত (১৯৩২) নামৰ সাধুটোৰ কাল বুলি কোৱা হৈছে। আধুনিক পণ্ডিতসকলে বিশ্বাস কৰে যে পাণ্ডুলিপিটোৰপৰা নকল কৰোঁতে কিছু ত্ৰুটি হৈছিল আৰু প্ৰকৃততে চ'চাৰে বুলিহে লিখিছিল। গতিকে মূল সাধুটোত এপ্ৰিলৰ পিছত ৩২ সংখ্যক দিন অৰ্থাৎ ২ মে' বুজোৱা হৈছিল। ১৩৮১ চনৰ এই দিনটোতে ইংলেণ্ডৰ ৰজা ৰিচাৰ্ড দ্বিতীয় আৰু ব'হেমিয়াৰ এন্নিৰ বিবাহ সম্পন্ন হৈছিল। পঢ়ুৱৈয়ে শাৰীটো পঢ়ি ভুলতে দিনটো "৩২ মাৰ্চ" অৰ্থাৎ ১ এপ্ৰিল বুলি ধৰি ল'লে।
১৫০৮ চনত ফ্ৰেঞ্চ কবি ইলয় ডি'আমেৰ্ভালে (এপ্ৰিল ফুল, বা চিধাচিধি "এপ্ৰিল মাছ")ৰ কথা লিখিছিল যাক এই দিৱসটোৰ সম্ভৱপৰ উল্লেখ বুলি ভবা হয়। ১৫৩৯ চনত ফ্লেমিছ কবি এডুৱাৰ্ড ডি ডিনে এজন ব্যক্তিৰ কথা লিখিছিল যি নিজৰ লগুৱাবোৰক ১ এপ্ৰিলৰ দিনা আচহুৱা কাম কিছুমানত পঠিয়াইছিল। ১৬৮৬ চনত ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে জন অ'ব্ৰেই এই দিৱসটোৰ কথা বুলি উল্লেখ কৰে। ১৬৯৮ চনৰ ১ এপ্ৰিলত বহু মানুহক লণ্ডন টাৱাৰলৈ "সিংহক গা ধুওৱা চাবলৈ" আমন্ত্ৰণ কৰি ঠগা হৈছিল।
মধ্যযুগত ১৮শ শতিকাৰ শেষৰ ভাগলৈকে বহু ইউৰোপীয়ান নগৰত ২৫ মাৰ্চত নৱবৰ্ষৰ দিনৰূপে পালন কৰা হৈছিল। ফ্ৰান্সৰ কোনো কোনো অঞ্চলত নতুন বছৰৰ উৎসৱ ১ এপ্ৰিলত শেষ হোৱাকৈ সপ্তাহজুৰি পালন কৰা হৈছিল। বহু লেখকে কয় যে ১ জানুৱাৰীত নৱবৰ্ষৰ দিন পালন কৰাসকলে আন দিনত পালন কৰাসকলক উপলুঙা কৰা বাবে এপ্ৰিল ফুলৰ উৎপত্তি হ'ল। ১৬শ শতিকাৰ মাজভাগত ফ্ৰান্সত ১ জানুৱাৰীৰ দিনটো বহুলভাৱে নতুন বছৰ হিছাপে পালন কৰা হৈছিল আৰু ১৫৬৪ চনত এডিক্ট অৱ ৰ'জিলন )ৰদ্বাৰা ইয়াক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে। ১৯৫০ চনত লোককথাৰ গৱেষক ল'না আৰু পিটাৰ অ'পীয়ে আৱিষ্কাৰ কৰে যে সংযুক্ত ৰাজ্য আৰু ইয়াৰপৰা সাংস্কৃতিক পৰম্পৰা উৎপত্তি হোৱা দেশবোৰত দিনৰ মাজভাগলৈকেহে ধেমালি কৰা হৈছিল। কিন্তু এই প্ৰথাটো পিছলৈ নোহোৱা হৈ পৰে।
বিশ্বজুৰি আন ধেমালিৰ দিনসমূহ ইৰাণৰ লোকসকলে পাৰ্ছিয়ান নৱবৰ্ষৰ মানে নতুন আৰু মানে দিন) ১৩ নং দিনত ইজনে সিজনৰ লগত নিৰ্দোষ ধেমালি কৰে। এই দিনটো ১ বা ২ এপ্ৰিলত পৰে। খ্ৰীষ্টপূৰ্ব ৫৩৬তো যাপন কৰাৰ প্ৰমাণ পোৱা এই দিনটোক বুলি কোৱা হয় আৰু ই বিশ্বত এতিয়াও প্ৰচলিত ধেমালিৰ পৰম্পৰাৰ আটাইতকৈ পুৰণি পৰম্পৰা। সেইবাবে বহুতে বিশ্বাস কৰে যে এপ্ৰিল ফুল দিৱসৰ উৎপত্তি এই পৰম্পৰাৰ পৰাই হৈছে।
ফ্ৰান্স, ৰ'মাণ্ডী আৰু ফ্ৰেঞ্চ ভাষা কোৱা কানাডা অঞ্চলত ১ এপ্ৰিলৰ দিনা পালন কৰা হয় য'ত ধৰা নপৰাকৈ ভুক্তভোগীৰ পিঠিত কাগজৰ মাছ লগাই দিয়া হয়। এই দিনটো আন দেশ যেনে ইটালীতো পালন কৰা হয় য'ত শব্দটোৱে এই দিনটোত কৰা যিকোনো কাৰচাজি বা ধেমালিক বুজায়। বেলজিয়ামৰ কোনো কোনো অঞ্চলতো এই প্ৰথা প্ৰচলিত। ফ্লেমিছ পৰম্পৰামতে এই দিনটোত শিশুসকলে তেওঁলোকৰ মাক-দেউতাক বা শিক্ষকক তলা মাৰি ঘৰত সোমাৱাত বাধা দিয়ে আৰু সেইদিনা সন্ধ্যা বা পিছদিনা শিশুবোৰক উপহাৰ দিয়াৰ শপত খালেহে ঘৰত সোমাবলৈ দিয়ে। কোৰিয়াৰ জ'ছিয়ন ৰাজবংশৰ শাসনকালত বছৰৰ বৰফ পৰা প্ৰথম দিনটোত ৰাজপৰিয়ালৰ লোক আৰু বিষয়াসকলক মিছা মাতি ইজনে সিজনক মুৰ্খ সাজিবলৈ অনুমতি দিয়া হৈছিল। তেওঁলোকে বাচনত বৰফ ভৰাই নান অজুহাতেৰে ধেমালিৰ ভুক্তভোগীৰ ওচৰলৈ পঠিয়াই দিছিল। বৰফ লাভ কৰা লোকসকলক এই খেলত পৰাস্ত হোৱা বুলি গণ্য কৰা হৈছিল আৰু তেওঁ পঠিওৱাজনৰ এটা আশা পূৰণ কৰিব লাগিছিল। পোলেণ্ডত (লেটিন ভাষাত 1") দিনটো কৌতুক, ধেমালি, সাধাৰণ লোক বা মিডিয়াই উলিওৱা উৰাবাতৰিৰে পূৰ্ণ হৈ থাকে। গহীন কাম-কাজ এই দিনটোত পৰিহাৰ কৰা হয়। এই বিশ্বাস ইমানেই তীব্ৰ যে ৰোমান ৰজা লিঅ'প'ল্ড প্ৰথমৰ লগত ১ এপ্ৰিলত স্বাক্ষৰিত তুৰ্কীৰ বিপক্ষে গোটবন্ধনৰ তাৰিখটো পিছুৱাই ৩১ মাৰ্চ কৰি দিয়া হৈছিল। স্কটলেণ্ডত এপ্ৰিল ফুল দিৱসক পৰম্পৰাগতভাৱে বুলি কোৱা হৈছিল হৈছে কুলি বা মুৰ্খ মানুহ বুজোৱা স্কট শব্দ) যদিও ইয়াৰ ব্যৱহাৰ কমি আহিছে। সাধাৰণতে সহায় খুজি পঠিওৱা বুলি বন্ধ চিঠি এখন দি আহিবলৈ কাৰোবাক অনুৰোধ কৰা হয়। প্ৰকৃততে চিঠিখনত লিখা থাকে- পাওঁতাজনে চিঠিখন পঢ়ি কয় যে তেওঁ সহায় কৰিব কিন্তু তাৰ বাবে দূতজনে আন এজন মানুহৰ ওচৰলৈ যাব লাগিব। সেইবুলি তেওঁক একে কথাৰে আন এখন চিঠি দি পঠিওৱা হয় আৰু তাৰ ফলাফলে একে হয়। ডেনমাৰ্কত এ মে'ৰ দিনটো বা (মে' মেকুৰী) বুলি কোৱা হয় আৰু ধেমালিৰ দিন হিছাপে গণ্য কৰা হয়। চুইডেনতো ১ মে'ৰ দিনটো ধেমালিৰ অন্য দিন হিছাপে পালন কৰা হয়। চুইডেনত কাৰোবাক মুৰ্খ সজাৰ পিছত সাজোঁতাজনে ১ এপ্ৰিলৰ দিনা এইবুলি কয়- (এপ্ৰিল, এপ্ৰিল, হে মুৰ্খ হেৰিং, ই তোমাক যেতিয়াই তেতিয়াই মুৰ্খ সাজিব পাৰোঁ)। ১ মে'ৰ ধেমালিত এইবুলি কোৱা হয়- (মে' মে' জোনবাই, ই তোমাক মুৰ্খ সাজি স্কুৱানালৈ পঠিয়াব পৰোঁ)। ডেনীছ আৰু চুইডিছসকলে এপ্ৰিল ফুলৰ দিনো (ডেনীছত পালন কৰে। ১ মে'ৰ দিনা ধেমালিৰ প্ৰাবল্য কম। বেছিভাগ চুইডিছ বাতৰি কাকতে একেটা মিছা বাতৰিকে ১ এপ্ৰিলৰ দিনা প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰে। স্পেইন আৰু ইবেৰ'-আমেৰিকাত একেধৰণৰ দিন হৈছে ২৮ ডিচেম্বৰ, যাক খ্ৰীষ্টিয়ান নিয়মমতে "পবিত্ৰ নিৰ্দোষীৰ দিন"ৰ দিন হিছাপে যাপন কৰা হয়। খ্ৰীষ্টিয়ান উৎসৱটো এটা ধৰ্মীয় বন্ধৰ দিন, কিন্তু পিছলৈ প্ৰতিবছৰে এই দিনত ধেমালিৰ পৰম্পৰা সোমাই পৰিল। ইবেৰ'-আমেৰিকাৰ কিছুমান অঞ্চলত কোনোবাই এজনৰ লগত ধেমালি কৰাৰ পিছত কৰোঁতাজনে এইবুলি চিঞৰি উঠে: ("সৰু নিৰ্দোষী কপৌ, তুমি নিজকে মুৰ্খ সাজিলা")। মেসিক'ত এনেকুৱা বাক্যটো হৈছে যাৰ অৰ্থ "চিৰদিন নিৰ্দোষী!"। স্পেইনত সাধাৰণতে মাথোঁ বুলি কোৱা হয় (স্পেনীয় ভাষাত যাৰ অৰ্থ "নিৰ্দোষী!", বা "হোজা!")। স্পেনীয় দ্বীপ মিন'ৰ্কাত ("মুৰ্খ সজাৰ দিন") ১ এপ্ৰিলৰ দিনা পালন কৰা হয় কাৰণ ১৮শ শতিকাত মিন'ৰ্কাত ব্ৰিটিছৰ শাসন আছিল।
তথ্যসূত্ৰ
বহিঃ সংযোগ 100 |
24176 | https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95 | নাটক | নাটক সাহিত্যৰ এটি বিশেষ ধৰণ। সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিনয় কৰি নাটক পৰিবেশন কৰা হয়। নাটক লিখা হয় অভিনয় কৰাৰ কাৰণে। গতিকে নাটক লিখাৰ আগতেই অভিনয়ৰ যোগ্যতা থকা বাঞ্ছনীয়। নাটকত স্থান, সময় আৰু পৰিবেশৰ বৰ্ণনা থকাৰ উপৰিও সংলাপ থাকে। সংলাপৰ মাজেদিয়ে একোজন অভিনেতাই নাটকৰ বিভিন্ন বিষয় উপস্থাপন কৰে। তথাপি সংলাপেই শেষ কথা নহয়। সংলাপবিহীন অভিনয়ো নাটকৰ অংশ। অৰ্থাৎ কোনো এটা চৰিত্ৰ যদি কিছু সময়ৰ বাবে ওলাই তেখেতৰ যদি কোনো সংলাপ নাথাকে তেন্তে সেই চৰিত্ৰটোও নাটকৰ অংশত পৰে প্ৰেক্ষাপট
সংস্কৃত আলঙ্কাৰিকসকলে নাট্যসাহিত্যক কাব্য সাহিত্যৰ মাজত ঠাই দিছে। তেখেতসকলৰ মতে কাব্য দুই প্ৰকাৰৰ। দৃশ্য কাব্য আৰু শ্ৰব্য কাব্য। নাটক প্ৰধানত: দৃশ্য কাব্য আৰু ই সকলো প্ৰকাৰৰ কাব্য সাহিত্যৰ ভিতৰত শ্ৰেষ্ঠ। নাটকে দৃশ্য আৰু শ্ৰব্য কাব্যৰ সংমিশ্ৰণত ৰঙ্গমঞ্চৰ সহযোগত গতিশীল মানৱজীৱনৰ প্ৰতিচ্ছবি আমাৰ সন্মুখত জীৱন্ত ৰূপত দাঙি ধৰে। ৰঙ্গমঞ্চৰ অবিহনে নাটকৰ বিষয় স্পষ্ট নহয়। নাটকত উল্লিখিত ক’লা-কুশলীসকলে তেওঁলোকৰ নিপুণ অভিনয়েৰে নাটকৰ জঁকাটোত প্ৰাণৰ সঞ্চাৰ কৰে আৰু তাক বাস্তব জীৱনৰ স্বৰূপ প্ৰদান কৰে। অনেক সময়ত নাট্যকাৰে অভিনেতা অভিনেত্ৰীসকলৰ সংলাপৰ মাজেদি নিজৰ ধ্যান-ধাৰণা তুলি ধৰে। সেইকাৰণে নাটক সম্পূৰ্ণৰূপে বস্তুনিষ্ঠ বা সৰল বা নহবও পাৰে। কিন্তু শ্ৰেষ্ঠ নাট্যকাৰসকলে নিজকে যথাসাধ্য গোপনে ৰাখে আৰু চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত এক বিশেষ ধৰণৰ নিলিৰ্প্ততা অৱলম্বন কৰে।
সংস্কৃত নাটক
সংস্কৃত নাটকত দেখা যায় যে, প্ৰথম: পূৰ্বৰঙ্গ বা মঙ্গলাচৰণ, দ্বিতীয়: সভাপূজা (সামাজিকলোকসকল), তৃতীয়: কবিসংজ্ঞা বা নাটকীয় বিষয়-কথন আৰু তাৰপাছত প্ৰস্তাবনা। ’মঙ্গলাচৰণ’ত সূত্ৰধাৰে (তেওঁ জাতিত ব্ৰাহ্মণ, সংস্কৃতজ্ঞ আৰু অভিনয় পটু)মঞ্চত উপস্থিত হৈ অভিনয় কাৰ্য্য সুচাৰুৰূপে সম্পাদন কৰাৰ বাবে যি মঙ্গলাচৰণ কৰে তাৰ নাম’নান্দী’। প্ৰস্তাবনাৰ পিছতেই সাধাৰণতে প্ৰথম অংক আৰম্ভ হয়। নাটকৰ ক’লা-কুশলীসকলে সংবাদ নোপোৱাকৈ মঞ্চত প্ৰৱেশ কৰিব নোৱাৰে। মাত্ৰ নায়ক বা নায়িকাৰ প্ৰৱেশৰ ক্ষেত্ৰতহে কোনো সংবাদৰ প্ৰয়োজন নাই। নাটকত গদ্য-পদ্য দুয়োটা ভাষাই ব্যৱহৃত হয়। তথাপি সংস্কৃত নাটকত বিদ্বানপুৰুষে সাধাৰণতে সংস্কৃত, বিদূষী মহিলাসকলে শৌৰসেনী, ৰাজপুত্ৰ আৰু শ্ৰেষ্ঠসকলে অৰ্দ্ধমাগধী, বিদুষকে প্ৰাচ্যা আৰু ধূৰ্ত্ত অবন্তিক ভাষা ব্যৱহাৰ কৰিছিল।
ঐক্যনীতি
সনাতনপন্থী নাট্যকাৰসকলে নাটকত তিনিটি ঐক্যনীতি মানি চলিছিল। সেইকেইটা হ’ল-
সময়ৰ ঐক্য:-কাহিনীটো নাটক হিচাপে মঞ্চত উপস্থাপন কৰোঁতে যিমান সময় লাগে বাস্তৱ জীৱনত সেই ঘটনাটো ঠিক সিমান সময়তে সংঘটিত হ’লহেতেন এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এৰিষ্টটলে এই কাল নিৰ্দেশনা দিবলৈ গৈ কৈছিল যে ইয়াক ’চিঙ্গল ৰিভলিউশ্বন দ্য চান’ অৰ্থাৎ ২৪ ঘণ্টাৰ মাজত সীমাবদ্ধ কৰিছিল। স্থানৰ ঐক্য:-নাটক এনে কোনো স্থানৰ উল্লেখ থাকিব নোৱাৰিব য’লৈ নাট্য-নিৰ্দেশিত সময়ৰ ভিতৰত ক’লা-কুশলীসকলে অহা-যোৱা কৰিব নোৱাৰিব। ঘটনাৰ ঐক্য:- নাটকত এনে কোনো দৃশ্য বা চৰিত্ৰৰ সমাবেশ ঘটাব নোৱাৰিব যাৰ বাবে নাটকৰ মূল সুৰ ব্যাহত হ’ব পাৰে। সমস্ত চৰিত্ৰ আৰু দৃশ্যই নাটৰ মূল বিষয় আৰু সুৰটোৰ পৰিপূৰকৰূপে প্ৰদৰ্শিত হ’ব লাগিব। লগতে নাটকখনৰ আদি, মধ্য আৰু অন্ত সমন্বিতে এটা অখণ্ডৰূপ হিচাপে পৰিস্ফুট হোৱাতো বাঞ্ছনীয়। ইংৰাজী সাহিত্যত বেন জনচনে ঐক্যনীতি মানি চলিছিল আৰু শ্যেক্সপিয়েৰে মাত্ৰ ’দ্য টেম্পেষ্ট এমং দ্য কমেডি ’ৰ নিয়ম মানি চলিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে প্ৰাচীন সংস্কৃত নাটকত কাল, স্থান আৰু ঘটনাৰ ঐক্য অনুসৰণ নাই হোৱা। ভবভূতিৰ ’মহাবীৰ চৰিত্ৰ’ত দ্বাদশবৰ্ষৰ ঘটনা নাট্য-আকাৰে পৰিবেশিত হৈছে।
নাটকৰ উপাদান
মূল ভাবনা বা প্ৰেমিজ: একোখন নাটকে দৰ্শকসকলক কিবা ক’ব বা দেখুৱাব বিচাৰে। নাট্যকাৰে একোটি ধাৰণাকে অৱলম্বন কৰি এটি কাহিনী তৈয়াৰ কৰে। কাহিনীৰ মাধ্যমেৰেই নাট্যকাৰে তেখেতৰ ধাৰণাটো কয়। নাট্যকাৰৰ এই বক্তব্যই বা কাহিনী এই হ’ল মূল ধাৰণা বা প্ৰেমিজ। কাহিনী বা প্লট: নাটকত সাধাৰণতে একোটা ঘটনা থাকে। কাহিনীৰ আৰম্ভণি, মধ্য আৰু শেষ থাকে। কাহিনীত এক বা একাধিক মানুহৰ বা চৰিত্ৰৰ বৰ্ণনা থাকে। নাটকৰ প্ৰধান কাহিনীৰ ওচৰা-ওচৰিকৈ উপ-কাহিনী বা চাব-প্লট থাকিব পাৰে। এই উপ-কাহিনীয়ে প্ৰধান কাহিনীক সহায় কৰে। চৰিত্ৰ: নাটকত যি লোকসকলৰ কাহিনী বৰ্ণনা কৰা হয় সেইলোকসকলেই নাটকৰ চৰিত্ৰ। মূলতঃ এখন নাটকত এটা প্ৰধান চৰিত্ৰ থাকে। চৰিত্ৰটো নাটকৰ আৰম্ভণিতে যিদৰে থাকে শেষলৈ সেইদৰে নাথাকিবও পাৰে। ঘটনাপ্ৰবাহৰ প্ৰভাৱত তাৰ নানাধৰণৰ পৰিবৰ্তন ঘটে। সংলাপ: নাটকৰ চৰিত্ৰ বা পাত্ৰ-পাত্ৰীসকলে কথোপকথন হিচাপে যি কয় সেইয়াই সংলাপ। পোনপতীয়াকৈ ক’বলৈ গ’লে নাটকৰ চৰিত্ৰৰ মুখৰ কথাবোৰকেই সংলাপ বোলে।
নাটকৰ শ্ৰেণীবিভাগ
কোনো বিশেষ বিষয়ক ভিত্তি কৰি নাটকৰ শ্ৰেণীবিভাগ কৰা হোৱা নাই। নানাৰকম বিষয়বস্তু অনুসৰি নাটকক বিভিন্ন ভাগত ভগোৱা হৈছে। নাটকৰ শ্ৰেণীবিভাগবোৰ এইধৰণৰ-
লোকনাট্য
সাধাৰণ মানুহৰ কথা বতৰাতে যি নাটক গঢ়ি উঠে, সাধাৰণ মানুহৰ কথা-বতৰাক অৱলম্বন কৰিয়ে যি কাহিনী ৰচিত হয় অথবা সাধাৰণ মানুহৰ কথা-বতৰা ৰীতি-নীতিৰে যি নাটক বাচি থাকে তকেই লোকনাট্য বোলা হয়। উপস্থাপন ৰীতিঃ বিষয়বস্তু বা কাহিনী বা কিবা চৰিত্ৰ থাকিলেই নাটক নহয়। নাট্যকাৰে এই সকলো উপাদান সমূহক কি ধৰণে ৰূপ দিব তাৰ ওপৰতহে নিৰ্ভৰ কৰে সাৰ্থক নাট্য সৃষ্টি। অৱশ্যে ইয়াৰ লগত এটা বিষয় সংযোগ কৰাটো উচিত সেয়া হ'ল ,নাটকীয়ত্ব। (2)
নাটকীয়ত্বঃ উপস্থাপন ৰীতি আৰু নাটকীয়ত্ব ইটো সিটোৰ লগত খুউব ঘনিষ্ঠ। সাধাৰণতে নাটকীয়ত্ব মানে 'ড্ৰামাটিক' বুলি কলেও ভুল নহব যেন লাগে। 'বিষয়টো বেচ ড্ৰামাটিক হৈছে','দৃশ্যটো আৰু অলপ চুটি হোৱা হলে খুউব ড্ৰামাটিক হ'লহেঁতেন' এনেকৈ কোৱা হয়। আকৌ 'ষ্টাইল' শব্দটোও যদি ব্যৱহাৰ কৰা হয় ভুল নহব যেন লাগে। 'অমুক নাট্যগোষ্ঠীৰ নাটক কৰাৰ ষ্টাইলটো অলপ বেলেগ','সাংঘাতিক ষ্টাইলত নাটকখন কৰা হ'ল' অৰ্থাৎ উপস্থাপন ৰীতিৰ প্ৰয়োগকে 'ষ্টাইল'কোৱা হ'ল যেন লাগে। কিন্তু কি অৰ্থত প্ৰয়োগ হ'ল 'ড্ৰামাটিক' শব্দটো? কিবা দেখি বা শুনি অপ্ৰত্যাশিতভাৱে ভাল লগা বা খুউব জমি যোৱাটোকে 'ড্ৰামাটিক'কোৱা হয়,সাধাৰণ কথা। নিদ্দিষ্ট কোনো নাটকীয়ত্ব 'থিউৰী'ৰে সকলো নাটকত্বৰ বিচাৰ কৰিব নোৱাৰি। নাটকৰ চেহেৰা অনুযায়ী নাটকীয়ত্বৰ ৰূপ সলনি হয়। সেই চেহেৰাটো হৈছে,নাটকৰ সকলোখিনিৰ সংমিশ্ৰণ আৰু প্ৰধানতঃ উপস্থাপন ৰীতি। (2)
উপস্থাপন ৰীতি হৈছে,নাট্যকাৰৰ কাৰীকৰি দিশ। কেতিয়াবা দেখা যায় খুউব সাধাৰণ বিষয়বস্তুৰ নাটক অসাধাৰণ ৰূপ পাইছে বা অসাধাৰণভাৱে প্ৰকাশিত হৈছে তাৰ উপস্থাপন ৰীতি বাবে। এই ৰীতিটোৱেই হৈছে নাট্যকাৰৰ নিজা সম্পদ। (2)
অসমীয়া নাটকৰ অৰ্বাচীন ধাৰা
ঊনবিংশ শতিকাৰ মধ্যভাগত নৰৱেৰ নাট্যকাৰ ইবচেনে নাটকৰ অৰ্বাচীন ধাৰাৰ বা বাস্তৱবাদী নাটকৰ ধাৰাটোৰ আৰম্ভ কৰিছিল৷ তেওঁ লিখা প্ৰথম এই ধাৰাৰ নাটকখন আছিল পিলাৰ্ছ অব দ্যা ছচাইটি৷ আধুনিক জীৱনত লোকসকলে সম্মুখীন হোৱা বিভিন্ন সমস্যা বাস্তৱসন্মতভাৱে নাটকৰ জৰিয়তে দাঙি ধৰা নাটকেই হ’ল বাস্তৱৱাদী নাটক৷ সময়ৰ লগে লগে অসমতো এই নাটকবোৰে বিভিন্ন নাট্যধাৰাৰ সৃষ্টি কৰিলে৷ তাৰ ভিতৰত মহাকাব্যিক নাটক, এবছাৰ্ড নাটক, লোককলাধৰ্মী নাটক, উত্তৰ আধুনিক নাটক, একাংকিকা নাটক, দুখীয়াৰ নাটক, ৰিচুৱেল থিয়েটাৰ, গ্ৰুপ থিয়েটাৰ আদিৰ কথা উল্লেখ কৰিব পাৰি৷
মহাকাব্যিক নাটক
এই ধাৰাৰ নাটকত ইতিহাসৰ কথা, মহাকাব্যৰ বৰ্ণনাধৰ্মী ৰচনাৰীতি আৰু বিচ্ছিন্নতা আদি বৈশিষ্ট দেখিবলৈ পোৱা যায়৷ অসমীয়া নাটকৰ ক্ষেত্ৰখনতো এই নাট্যধাৰাই প্ৰভাৱ পেলাইছিল৷ মুনীন শৰ্মাৰ নাটক সভ্যতাৰ সংকট (১৯৯০), অৰুণ শৰ্মাৰ বুৰঞ্জী পাঠ (২০০১), অৰুণ গোস্বামীৰ আজি (২০০৫), অখিল চক্ৰৱৰ্তীৰ এজন ৰজা আছিল (১৯৮৫), লিয়াকৎআলিৰ মোৰে মলুৱাক কোনে মাৰিলে ৰে আদি উল্লেখযোগ্য নাটক ৷
এবছাৰ্ড নাটক
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সমগ্ৰ পৃথিৱীতে নৈৰাশ্যবাদ, নিঃসংগতাবোধ আদি ধাৰণাই প্ৰৱল ৰূপত আত্মপ্ৰকাশ কৰিছিল৷ এই সময়ত হোৱা বিজ্ঞানৰ ন ন আৱিষ্কাৰৰ ফলত মানৱ জীৱনৰ মূল্যবোধৰ ওপৰত আঘাত হানিলে৷ জীৱনৰ অৰ্থহীনতা আৰু মানুহৰ অস্তিত্বক লৈ সকলোৰে মনত সন্দেহৰ সৃষ্টি হ’ল৷ বিজ্ঞানৰ অগ্ৰগতিয়ে মানুহৰ পাৰ্থিৱ জগতখন সহজ কৰি দিলে যদিও মনোজগতখন অধিক জটিল কৰি তুলিলে৷ জীৱন আৰু মৰণ দুয়োটাই মূল্যহীন হৈ পৰিল৷পৃথিৱীৰ বহুতো ঘটনাৰেই কাৰণ আৰু অৰ্থ বিচাৰি লেখক আৰু সাহিত্যিকসকল হতাশ হ’ল৷ তেওঁলোকৰ সৃষ্টিত জীৱনৰ অৱস্থিতিয়ে অদ্ভুত আৰু উদ্ভট ৰূপ ধাৰণা কৰিলে৷ এই সময়ত ৰচনা কৰা এনে নাটকবোৰকেই এবছাৰ্ড নাটক আখ্যা দিয়া হয়৷
অসম সন্তান অৰুণ শৰ্মাৰ আহাৰ (১৯৬৪) এখন এবছাৰ্ড নাটক৷ ইয়াৰ পৰৱৰ্তী সময়ৰ বসন্ত শইকীয়াৰ মৃগতৃঞ্চা (১৯৭২), মানুহ (১৯৭৭) আৰু অসুৰ (১৯৭৭) আদি অসমীয়া এবছাৰ্ড নাটক৷
নাটক
গ্ৰন্থপঞ্জী 1998. 0-521-43437-8.
2003. 0-205-41050-2.
1993. 0-8014-8154-6.
1929. 1966. 0-486-21679-9.
1974. 0-03-091152-4.
1963 11 1980. 0-416-72060-9.
1949. 1968. 0-691-01288-1.
1983. 0-933826-69-9.
1944. 1981. 2007. 0-7136-8701-0.
1977. 1988. 1992. 0-415-11894-8.
1967. 1999. 2004. 0-7486-1987-9.
1978. 0-8018-3506-2.
2000. 0-521-78735-1.
সাহিত্য
|
66218 | https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%81%E0%A6%9F%E0%A6%BE%20%E0%A6%B8%E0%A6%BF%E0%A6%82 | বুটা সিং | বুটা সিং ২১ মাৰ্চ ১৯৩৪ ২ জানুৱাৰী ২০২১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আছিল। তেওঁ ভাৰত চৰকাৰৰ বিভিন্ন পদবী যেনে কেন্দ্ৰীয় গৃহমন্ত্ৰী, কৃষি মন্ত্ৰী, গ্ৰামোন্নয়ন মন্ত্ৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী,
ক্ৰীড়া মন্ত্ৰী, যোগান, গ্ৰাহক পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰীৰ লগতে বিহাৰৰ ৰাজ্যপাল আছিল। ২০০৭ চনৰ পৰা ২০১০ চনলৈ তেওঁ ৰাষ্ট্ৰীয় অনুসূচীত জাতি আয়োগৰ অধ্যক্ষ আছিল। ২০২১ চনৰ ২ জানুৱাৰী তাৰিখে নতুন দিল্লীত তেওঁৰ মৃত্যু হয়।
প্ৰাৰম্ভিক জীৱন
১৯৩৪ চনৰ ২১ মাৰ্চ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত পঞ্জাব প্ৰদেশৰ জলন্ধৰ জিলাৰ মুস্তাফাপুৰৰ মাঝহবি শিখ পৰিয়ালত বুটা সিঙৰ জন্ম হৈছিল। তেওঁ জলন্ধৰৰ লিয়লপুৰ খালচা মহাবিদ্যালয়ৰ পৰা সন্মানসহ কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ বোম্বেৰ গুৰু নানক খালচা মহাবিদ্যালয়ৰ পৰা কলাৰ স্নাতকোত্তৰ আৰু বুন্দেলখণ্ড বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৬৪ চনত মনজিৎ কৌৰক বিয়া কৰিছিল। তেওঁলোকৰ তিনিগৰাকী সন্তান আছে।
ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে তেওঁ সাংবাদিক হিচাপে কাম কৰিছিল। তেওঁ অকালি দলৰ সদস্য হিচাপে তেওঁৰ প্ৰথম নিৰ্বাচনত যুঁজ দিছিল আৰু সেই দল বিভক্ত হোৱাৰ সময়ত ১৯৬০ৰ শেষভাগত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।
ৰাজনৈতিক জীৱন
বুটা সিং ১৯৬২ চনত মোগা লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ৪ৰ্থ (১৯৬৭ চনত ৰোপাৰৰ পৰা), ৫ম, ৭ম, ৮ম (জালোৰৰ পৰা), ১০ম (১৯৯১), ১২তম আৰু ১৩তম লোকসভালৈ নিৰ্বাচিত হয়। জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হোৱাৰ পৰা তেওঁ কংগ্ৰেছ দলৰ সৈতে জড়িত আছিল আৰু তেওঁ প্ৰাক্তন ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ ঘনিষ্ঠ আছিল। কিন্তু তেওঁ কংগ্ৰেছ বিৰোধীক পৰাজিত কৰি অকালি দলৰ প্ৰাৰ্থী হিচাপে মোগা সমষ্টিৰ পৰা ভাৰতীয় সংসদলৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল। ১৯৬৭ চনত তেওঁ ৰোপাৰ সমষ্টিৰ পৰা কংগ্ৰেছপ্ৰাৰ্থী হিচাপে দ্বিতীয়বাৰ নিৰ্বাচনত জয়ী হয়। তাৰপিছত তেওঁ কেইবাৰো লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ সৰ্ব ভাৰতীয় কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক (১৯৭৮-১৯৮০), ভাৰতৰ গৃহমন্ত্ৰী আৰু পিছৰ বিহাৰৰ ৰাজ্যপাল (২০০৪-২০০৬) পদবীৰ দায়িত্বত আছিল। তেওঁ ৰে'ল, বাণিজ্য, সংসদীয় বিষয়, ক্ৰীড়া, জাহাজ পৰিবহণ, কৃষি, যোগাযোগ আৰু গৃহ বিভাগৰ মন্ত্ৰী আছিল। তেওঁ ২০০৭ চনৰ পৰা ২০১০ চনলৈ ৰাষ্ট্ৰীয় অনুসূচীত জাতি আয়োগৰ (কেবিনেট মন্ত্ৰী হিচাপে স্থান প্ৰাপ্ত) অধ্যক্ষ আছিল।
তেওঁ পঞ্জাবী স্পিকিং ষ্টেট এ ক্ৰিটিকেল এনালাইচিছ আৰু পঞ্জাবী সাহিত্য আৰু শিখ ইতিহাসৰ ওপৰত প্ৰবন্ধসংকলন এখন লিখিছিল। ইন্দিৰা গান্ধীয়ে তেওঁক কংগ্ৰেছ বিভাজনৰ সময়ত নতুন দলৰ চিহ্ন বাছনি কৰিবলৈ বাছনি কৰিছিল। তেওঁ অপাৰেচন ব্লু ষ্টাৰত তেওঁৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত আছিল আৰু এগৰাকী মন্ত্ৰী হিচাপে তেওঁ সেই অনুশীলনৰ পিছত অমৃতসৰৰ স্বৰ্ণমন্দিৰৰ পুনৰনিৰ্মাণৰ কাম-কাজ পৰ্যৱেক্ষণ কৰিছিল। ইন্দিৰা যুগত জেইল সিঙৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে তেওঁৰ নাম চূড়ান্ত পৰ্যায়লৈ আগবাঢ়িছিল। ১৯৮২ চনত এছিয়ান গেমছ ভাৰতত অনুষ্ঠিত হোৱাৰ সময়ত তেওঁ এছিয়ান গেমছৰ আয়োজন সমিতিৰ অধ্যক্ষও আছিল।
তেওঁ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত জালোৰ লোকসভা সমষ্টিৰ পৰা এক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। সমাজবাদী পাৰ্টিয়ে তেওঁৰ সমৰ্থন কৰিছিল যদিও তেওঁ নিৰ্বাচনত তৃতীয় স্থানলাভ কৰিছিল।
বিতৰ্ক
১৯৯৮ চনত যোগাযোগ মন্ত্ৰী হিচাপে তেওঁক জেএমএম উৎকোচৰ গোচৰত অভিযুক্ত কৰা হৈছিল আৰু পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছিল।
বিহাৰৰ ৰাজ্যপাল হিচাপে ২০০৫ চনত বিহাৰ বিধানসভা ভংগৰ পৰামৰ্শ দিয়াৰ বাবে সিঙৰ সিদ্ধান্তক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা তীব্ৰ সমালোচনা কৰা হৈছিল। আদালতে ৰায় দিছিল যে সিঙে খৰ-খেদাকৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু কেন্দ্ৰীয় কেবিনেটক বিপথে পৰিচালিত কৰিছিল। কিয়নো তেওঁ চৰকাৰ গঠন কৰিবলৈ দাবী কৰা এটা নিৰ্দিষ্ট দলক ক্ষমতালৈ আহিবলৈ বিচৰা নাছিল। সিঙে অৱশ্যে দাবী কৰিছিল যে দলে চৰকাৰ গঠনৰ বাবে সমৰ্থন সুৰক্ষিত কৰিবলৈ অন্যায় উপায়ৰ আশ্ৰয় লৈছে। ২০০৬ চনৰ ২৬ জানুৱাৰী তাৰিখে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামলৈ তেওঁৰ পদৰ পৰা পদত্যাগ কৰাৰ প্ৰস্তাৱ দি এখন ফেক্স প্ৰেৰণ কৰিছিল। পৰৱৰ্তী দিনা তেওঁ কাৰ্যালয় এৰিছিল আৰু পশ্চিম বংগৰ ৰাজ্যপাল গোপালকৃষ্ণ গান্ধীয়ে অস্থায়ীভাৱে বিহাৰৰ ৰাজ্যপালৰ ভাৰ লাভ কৰিছিল।
মৃত্যু
২০২১ চনৰ ২ জানুৱাৰী তাৰিখে ষ্ট্ৰোকৰ জটিলতাৰ বাবে ৮৬ বছৰ বয়সত বুটা সিঙৰ নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসাবিজ্ঞান প্ৰতিষ্ঠানত মৃত্যু হয়।
পদবীসমূহ
১৯৬২ মোগা লোকসভা সমষ্টিৰ পৰা তৃতীয় লোকসভালৈ অকালি দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত
১৯৬৬–৬৮ সদস্য, ৰাজহুৱা একাউণ্ট সমিতি
১৯৬৭ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে ৪ৰ্থ লোকসভালৈ (দ্বিতীয় কাৰ্যকাল) ৰোপাৰ লোকসভা সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত
১৯৭১ ৰোপাৰ লোকসভা সমষ্টিৰ পৰা ৫ম লোকসভালৈ (তৃতীয় কাৰ্যকাল) পুনৰ নিৰ্বাচিত
১৯৭১ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কল্যাণ সমিতিৰ অধ্যক্ষ
১৯৭৩–৭৪ আহ্বায়ক, সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটি (ইন্দিৰা), হৰিজন কোষ
১৯৭৪–৭৬ কেন্দ্ৰীয় উপমন্ত্ৰী, ৰেলৱে
১৯৭৬–৭৭ কেন্দ্ৰীয় উপমন্ত্ৰী, বাণিজ্য
১৯৭৮–৮০ সাধাৰণ সম্পাদক, সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটি (ইন্দিৰা)
১৯৮০ ৰোপাৰ লোকসভা সমষ্টিৰ পৰা ৭ম লোকসভালৈ ৪ৰ্থ কাৰ্যকাললৈ পুনৰ নিৰ্বাচিত
১৯৮০–৮২ জাহাজ পৰিবহণ আৰু পৰিবহণ ৰাজ্যিক মন্ত্ৰী
১৯৮২ যোগান আৰু পুনৰ্বাসন ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
১৯৮২–৮৩ যোগান আৰু ক্ৰীড়া ৰাজ্যিক ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
১৯৮৩–৮৪ সংসদীয় পৰিক্ৰমা, ক্ৰীড়া আৰু কৰ্ম আৰু গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী
১৯৮৪ জালোৰ লোকসভা সমষ্টিৰ পৰা ৮ম লোকসভালৈ (৫ম কাৰ্যকাল) পুনৰ নিৰ্বাচিত
১৯৮৪–৮৫ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, কৃষি আৰু গ্ৰাম্য উন্নয়ন
১৯৮৫–৮৬ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, কৃষি
১৯৮৬–৮৯ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, গৃহ পৰিক্ৰমা
১৯৯১ ১০ম লোকসভালৈ পুনৰ নিৰ্বাচিত (৬ষ্ঠ কাৰ্যকাল), জালোৰ লোকসভা সমষ্টি
১৯৯৪–৯৫ প্ৰতিৰক্ষাৰ সংসদীয় সমিতিৰ অধ্যক্ষ
১৯৯৫–৯৬ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, অসামৰিক যোগান, উপভোক্তা পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণ
১৯৯৮ ১২তম লোকসভালৈ পুনৰ নিৰ্বাচিত (৭ম কাৰ্যকাল), জালোৰ লোকসভা সমষ্টি
মাৰ্চ–এপ্ৰিল ১৯৯৮: কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, যোগাযোগ।
১৯৯৮–৯৯ সদস্য, অধীনস্থ আইন ৰ সমিতি আৰু বিত্ত সমিতিৰ সদস্য।
১৯৯৯ ১৩তম লোকসভালৈ পুনৰ নিৰ্বাচিত (৮ম কাৰ্যকাল), জালোৰ লোকসভা সমষ্টি
১৯৯৯-২০০১ সদস্য, বিশেষাধিকাৰ সমিতি আৰু সদস্য, যোগাযোগ সমিতি
১৯-২০০১ সদস্য, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কল্যাণ সমিতি
২০০২-২০০৩ অধ্যক্ষ, ৰাজহুৱা একাউণ্ট সমিতি, কোঠা নং-৫১, সংসদ ভৱন, নতুন দিল্লী
২০০৪–২০০৬ বিহাৰৰ ৰাজ্যপাল
২০০৬–২০০৭ স্থায়ী আমন্ত্ৰণকাৰী, কংগ্ৰেছ কাৰ্যকৰী সমিতি
২০০৭-২০১০ ৰাষ্ট্ৰীয় অনুসূচীত জাতি আয়োগৰ অধ্যক্ষ (কেবিনেট মন্ত্ৰীৰ পদ)
তথ্য উৎস
বাহ্যিক সংযোগ
লোকসভাৰ ৱেবচাইটত বুটা সিং
ভাৰতৰ ব্যক্তি
মৃত ব্যক্তি
ভাৰতীয় ৰাজনীতিবিদ
ভাৰত চৰকাৰৰ |
72698 | https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%B0%E0%A6%B6%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A6%AE | পৰশুৰাম | পৰশুৰাম হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। তেওঁক ৰাম জমদগ্ন্য, ৰাম ভাৰ্গৱ বা বীৰৰাম নামেৰেও জনা যায়। তেওঁক কলি যুগৰ অন্তত বিষ্ণুৰ দশম অৱতাৰ অৰ্থাৎ কল্কিৰ গুৰুৰূপে আৱিৰ্ভাৱ ঘটিব লগা চিৰঞ্জীৱিসকলৰ এজন বুলি ধৰা হয়। তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ ভিতৰত আগ্ৰাসী ভাব, ৰণনিপুণতা, বীৰত্ব, নিৰ্মলতা, জ্ঞান আৰু ধৈৰ্য অন্যতম। তেওঁৰ পিতৃৰ নাম আছিল জমদগ্নি আৰু মাতৃ ৰেণুকা। তেওঁলোকক কোৱা হৈছিল যে পৃথিৱীত অশুভ শক্তিয়ে ভৰ কৰাৰ সময়তেই পৰশুৰামৰ জন্ম হ'ব। এসময়ত ক্ষত্ৰিয়সকলে অস্ত্ৰশক্তিৰে আনৰ সামগ্ৰী বলপূৰ্বক কাঢ়ি লোৱা, স্বৈৰাচাৰ চলোৱা আদি কৰ্মত লিপ্ত হৈছিল। পৰশুৰামে একৈশবাৰ সমূহ ক্ষত্ৰিয়ক নাশ কৰি ব্ৰহ্মাণ্ডৰ সমতা স্থাপন কৰিছিল। তেওঁৰ পত্নীৰ নাম আছিল ধৰণী। তেওঁ আছিল দেৱী লক্ষ্মীৰ অৱতাৰ। তেওঁ আছিল পিতামহ ভীষ্ম, দ্ৰোণাচাৰ্য আৰু কৰ্ণৰ গুৰু।
আখ্যান
হিন্দু আখ্যান অনুসৰি পৰশুৰামৰ জন্ম হৈছিল ঋষি জামাদগ্নি আৰু তেওঁৰ ক্ষত্ৰিয় পত্নী ৰেণুকাৰ ঘৰত। তেওঁৰ জন্মস্থান মধ্য প্ৰদেশৰ ইন্দোৰৰ জনপাৱ পাহাৰৰ শীৰ্ষত আছে বুলি ধাৰণা কৰা হয়। পাহাৰৰ ওপৰত এটা শিৱ মন্দিৰ আছে য'ত পৰশুৰামে ভগৱান শিৱক পূজা কৰিছিল বুলি বিশ্বাস কৰা হয়। এই ঠাইৰ আশ্ৰমখনক জামাদগ্নি ঋষিৰ নামেৰে জমদগ্নি আশ্ৰম বুলি জনা যায়। ঠাইখনত ৰাজ্য চৰকাৰে সংবৰ্ধন কৰি থকাএটা কুণ্ড (পুখুৰী) আছে। জমদগ্নিৰ সুৰভি নামৰ এক দৈৱিক গৰু আছিল যি তেওঁলোকৰ সকলো ইচ্ছা পূৰণ কৰিছিল। সুৰভি আছিল কামধেনুৰ জীয়ৰী। কাৰ্তবীৰ্য্য অৰ্জুন নামৰ এজন ৰজাই (পাণ্ডৱ অৰ্জুন নহয়) সুৰভিৰ বিষয়ে গম পাই গৰুজনী বিচাৰে। তেওঁ জামাদগ্নিক গৰুজনী তেওঁক দিবলৈ কয় যদিও ঋষিয়ে এই প্ৰস্তাৱ অস্বীকাৰ কৰে। সেই সনয়ত পৰশুৰাম আঁতৰত থকাৰ সুযোগ লৈ ৰজাই সুৰভিক বলপূৰ্বক ভাৱে কাঢ়ি লয়। পৰশুৰামে এই কাণ্ডৰ বিষয়ে গম পাই হাতত পৰশু (কুঠাৰ) লৈ ৰজাক যুদ্ধলৈ আহ্বান জনায়। এই যুদ্ধত পৰশুৰামে কাৰ্তবীৰ্য্য অৰ্জুনক পৰাজিত কৰি বধ কৰে। যোদ্ধা শ্ৰেণীয়ে তেওঁক প্ৰত্যাহ্বান জনাইছিল যদিও তেওঁ সকলো প্ৰত্যাহ্বানকাৰীকে বধ কৰে। এই আখ্যানটোৰ শিপা সম্ভৱতঃ জ্ঞানৰ কৰ্তব্যৰ সৈতে জড়িত ব্ৰাহ্মণ বৰ্ণ আৰু যোদ্ধা আৰু শাসকৰ ভূমিকা লোৱাক্ষত্ৰিয় বৰ্ণৰ সংঘৰ্ষৰ সৈতে নিহিত হৈ আছে।
এই আখ্যানৰ কিছুমান সংস্কৰণত, তেওঁৰ যুদ্ধৰ পিছত পৰশুৰাম সুৰভিৰ সৈতে তেওঁৰ পিতৃৰ ওচৰলৈ ঘূৰি আহে আৰু সবিশেষ কয়। ঋষিয়ে পৰশুৰামক অভিনন্দন জনোৱাৰ পৰিৱৰ্তে এজন ব্ৰাহ্মণে কেতিয়াও ৰজাক হত্যা কৰিব নালাগে বুলি উল্লেখ কৰি তেওঁক ভৰ্ৎসনা কৰে। তেওঁ পৰশুৰামক তীৰ্থযাত্ৰালৈ গৈ তেওঁৰ পাপ মোচন কৰিবলৈ কয়। পৰশুৰাম তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ পিছত, তেওঁ গম পায় যে তেওঁ আঁতৰত তে তেওঁৰ পিতৃক কাৰ্তবীৰ্য্য অৰ্জুনৰ পুত্ৰসকলে প্ৰতিশোধ ল'বলৈ হত্যা কৰে। পৰশুৰামাই পুনৰ পৰশুৰে তেওঁলোকক বধ কৰাৰ লগতে প্ৰতিশোধ স্বৰূপে বহুতো যোদ্ধাক হত্যা কৰে। শেষত তেওঁ নিজৰ অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি যোগত মগ্ন হয়। কানাড়া লোককাহিনীত, বিশেষকৈ দেৱদাসীসকলে গোৱা ভক্তিমূলক গীতত তেওঁক প্ৰায়ে য়েল্লাম্মাৰ পুত্ৰ বুলি কোৱা হয়। পৰশুৰামৰ আখ্যানসমূহ হিংসাৰ আলোচনা, প্ৰতিশোধৰ চক্ৰ, ক্ৰোধৰ ফল, অপ্ৰয়োজনীয় ক্ৰোধ আৰু অনুতাপৰ বাবে উল্লেখযোগ্য।
দক্ষিণ উপকূলৰ (কোংকন আৰু মালাবাৰ) উৎপত্তি ভৌগোলিক আৰু সাংস্কৃতিকভাৱে পশ্চিম উপকূলৰ উৎপত্তিৰ সৈতে সম্পৰ্কিত পৰশুৰামৰ আন এক আখ্যান হৈছে সাগৰৰ পৰা পশ্চিম উপকূল পুনৰুদ্ধাৰ। এই আখ্যান অনুসৰি মহাবিষ্ণুৰ অৱতাৰ পৰশুৰামে তেওঁৰ পৰশু সমুদ্ৰত নিক্ষেপ কৰে। ফলস্বৰূপে, পশ্চিম উপকূলৰ ভূমিৰ উদ্ভৱ হয় আৰু এনেদৰে জলভাগৰ পৰা ভূমিভাগ পুনৰ দখল কৰা হয়। মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ বাগলান তালুকাৰ ছালহাৰ দুৰ্গৰ (মহাৰাষ্ট্ৰৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ আৰু সৰ্বোচ্চ দুৰ্গ) যি ঠাইৰ পৰা তেওঁ পৰশু নিক্ষেপ কৰিছিল (বা শৰ মাৰিছিল) সেই ঠাইত তেওঁৰ প্ৰতি উৎসৰ্গিত এই এক মন্দিৰ আছে আৰু শিলত সাধাৰণ মানুহৰ আকাৰৰ চাৰিগুণ ডাঙৰ পদচিহ্ন আছে। তলৰ মালভূমিত পৰশুৰামৰ মাতৃ দেৱী ৰেণুকাৰ মন্দিৰ আৰু লগতে এক বৃহৎ পুখুৰীৰ পাৰত চামিয়ানা তৰিব পৰাকৈ যজ্ঞকুণ্ড আছে। ধ্ৰুপদী সঙ্গম ৰচনা পুৰানানুৰুৰ মতে, চেৰা ৰজা চেংকুট্টুভানে কন্যাকুমাৰী আৰু হিমালয়ৰ মাজৰ ভূমিখণ্ড জয় কৰিছিল। উপযুক্ত প্ৰতিদ্বন্দ্বীৰ অভাৱত তেওঁ নিজৰ যাঠীপাট ইয়াতে নিক্ষেপ কৰি সমুদ্ৰক অৱৰূদ্ধ কৰে। সপ্তদশ শতিকাৰ মালায়ালম ৰচনা কেৰালোলপথিৰ মতে, কেৰেলাৰ ভূমিসমূহ বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুধাৰী যোদ্ধা ঋষি পৰশুৰামে পুনৰুদ্ধাৰ কৰে। সেয়েহে কেৰালাক পৰশুৰাম ক্ষেত্ৰম বা 'পৰশুৰামৰ দেশ' বুলিও কোৱা হয়। পৰশুৰামে তেওঁৰ পৰশু সাগৰৰ ওপৰেৰে দলিয়াই দিছিল আৰু এইখন যিমান দূৰলৈকে গৈছিল সিমান দূৰলৈকে পানী কমি গৈছিল। জনশ্ৰুতি অনুসৰি, এই নতুন ভূমিৰ এলেকাটো গোকৰ্ণৰ পৰা কন্যাকুমাৰীলৈ বিস্তৃত আছিল। সাগৰৰ পৰা উঠি অহা মাটিখিনি নিমখেৰে ভৰি আছিল আৰু বাসস্থানৰ বাবে অনুপযুক্ত আছিল। সেয়েহে পৰশুৰামে সৰ্পৰাজ বাসুকীক আহ্বান কৰিছিলছিল আৰু তেওঁ আহি পবিত্ৰ বিহ নিঃসৰণ কৰি সেই ঠাইক উৰ্বৰ সেউজীয়া ভূমিলৈ ৰূপান্তৰ কৰিছিল। বাসুকীকে ধৰি সকলো সৰ্পকে সন্মানাৰ্থে দেশৰ ৰক্ষক আৰু অভিভাৱক হিচাপে নিযুক্ত কৰা হৈছিল। পি. টি. শ্ৰীনিবাস আয়েংগাৰে ব্যাখ্যা আগবঢ়াইছিল যে চেংকুট্টুভানৰ আখ্যানটো হয়তো পৰশুৰামৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল যাক প্ৰাৰম্ভিক আৰ্যসকলে প্ৰণয়ন কৰিছিল।
বৰ্তমানৰ গোৱাৰ (বা গোমন্তক) দক্ষিণ গোৱা জিলাৰ কানাকোনাত পৰশুৰামৰ প্ৰতি উৎসৰ্গিত এক মন্দিৰ আছে।
পৌৰাণিক সাহিত্য
পৰশুৰামক সাধাৰণতে ৰেণুকা আৰু ঋষি জমদগ্নিৰ পঞ্চম পুত্ৰ বুলি উল্লেখ কৰা হয়। হিন্দু ধৰ্মগ্ৰন্থসমূহত পৰশুৰামৰ আখ্যানসমূহৰ বিভিন্ন সংস্কৰণ পোৱা যায়:
দেৱী ভাগৱত পুৰাণৰ ষষ্ঠ অধ্যায়ত তেওঁ উৰুৰ পৰা জন্ম গ্ৰহণ কৰে আৰু তেওঁৰ চাৰিওফালে তীব্ৰ জ্যোতিয়ে সকলো যোদ্ধাকে দৃষ্টিহীন কৰে। তেতিয়া তেওঁলোকে নিজৰ অসৎ কাৰ্যৰ বাবে অনুতাপ কৰে আৰু যদি তেওঁলোকৰ দৃষ্টিশক্তি পুনৰুদ্ধাৰ হয় তেন্তে নৈতিক জীৱন যাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বালক পৰশুৰামে তেওঁলোকৰ এই প্ৰাৰ্থনা মঞ্জুৰ কৰে।
বিষ্ণু পুৰাণৰ চতুৰ্থ অধ্যায়ত ৰচিকাই দুগৰাকী নাৰীৰ বাবে আহাৰ প্ৰস্তুত কৰে। ইয়াৰে প্ৰথমবিধ সাধাৰণ আহাৰ আৰু দ্বিতীতবিধত এনে উপাদান থাকে যিবোৰ খালে নাৰীগৰাকীয়ে সমৰ শক্তি থকা পুত্ৰক গৰ্ভত ধাৰণ কৰিব পাৰে। ঘটনাক্ৰমে ৰেণুকাই দ্বিতীয়বিধ আহাৰ গ্ৰহণ কৰে আৰু ফলস্বৰূপে পৰশুৰামৰ জন্ম দিয়ে।
বায়ু পুৰাণৰ দ্বিতীয় অধ্যায়ত, পৰশুৰামৰ মাতৃ ৰেণুকাই ৰুদ্ৰ (শিৱ) আৰু বিষ্ণু দুয়োকে অৰ্পণ কৰা নৈবেদ্য খোৱাৰ পিছত তেওঁৰ জন্ম হয় যি তেওঁক ক্ষত্ৰিয় আৰু ব্ৰাহ্মণৰ দ্বৈত বৈশিষ্ট্য প্ৰদান কৰে।
পৰশুৰামক মহাভাৰতৰ কিছুমান সংস্কৰণত খঙাল ব্ৰাহ্মণ বুলি বৰ্ণনা কৰা হৈছে যি ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ বাবে তেওঁৰ পৰশুৰে বৃহৎ সংখ্যক ক্ষত্ৰিয় যোদ্ধাক হত্যা কৰিছিল। কিছুমান সংস্কৰণত পিতৃৰ আদেশত তেওঁ আনকি নিজৰ মাতৃকো হত্যা কৰে। পৰশুৰামে ৰেণুকাক হত্যা কৰাৰ পিতৃৰ আদেশ পালন কৰাৰ পিছত পিতৃ জমদগ্নিয়ে তেওঁক এক বৰ প্ৰদান কৰিব বিচাৰে। পৰশুৰামে তেওঁৰ মাতৃক পুনৰ জীৱিত কৰাৰ বৰ বিচাৰে আৰু তেওঁক পুনৰ্জীৱিত কৰা হয়। হিংসা, অনুতাপ আৰু পাপৰ পিছত পৰশুৰামক দুঃখবোধে আৱৰি ধৰে। তেওঁৰ মাক পুনৰ জীৱিত হোৱাৰ পিছত তেওঁ তেজৰ দাগ থকা পৰশুখন পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰে কিন্তু তেওঁ এটোপাল তেজ পৰিষ্কাৰ কৰিবলৈ অক্ষম হয়। তেওঁ কোনো পবিত্ৰ নদীৰ সন্ধানত দাক্ষিণাত্যৰ দিশে আগবাঢ়ে য'ত তেওঁ নিজৰ পৰশু পৰিষ্কাৰ কৰিব পাৰে। অৱশেষত তেওঁ কৰ্ণাটকৰ শিমোগাৰ তীৰ্থহাল্লি গাঁৱত উপস্থিত হৈ পৰশুখন পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰে আৰু আশ্চৰ্যকৰভাৱে ই তুঙ্গাৰ পবিত্ৰ নদীত পৰিষ্কাৰ হয়। এই পবিত্ৰ নদীৰ প্ৰতি সন্মান জনাই তেওঁ এটা শিৱ লিংগ স্থাপন কৰি পূজা কৰে। এই শিৱলিংগ স্থাপিত হোৱা মন্দিৰটোৰ নাম ৰামেশ্বৰ মন্দিৰ ৰখা হয়। পৰশুৰামে পৰশু পৰিষ্কাৰ কৰা ঠাইখনক ৰামকুণ্ড বুলি কোৱা হয়। তেওঁ ভীষ্ম (অধ্যায় ৫.১৭৮), দ্ৰোণ (অধ্যায় ১.১২১) আৰু কৰ্ণৰ (অধ্যায় ৩.২৮৬) অস্ত্ৰ তথা সমৰকলাৰ গুৰু হিচাপে মহাভাৰতত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেৰালাৰ আঞ্চলিক সাহিত্যত, তেওঁ হৈছে ভূমিৰ প্ৰতিষ্ঠাপক যি ঠাইখণ্ডক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল আৰু তাত এক হিন্দু সম্প্ৰদায়ৰ বসতি স্থাপন কৰিছিল। কিছুমান গ্ৰন্থত তেওঁক ৰাম জমদগ্ন্য আৰু ৰাম ভাৰ্গৱ নামেৰেও জনা যায়। ভাগৱত পুৰাণৰ ২.৩.৪৭ অধ্যায় অনুসৰি পৰশুৰাম মহেন্দ্ৰ পৰ্বতমালাত ধ্যানমগ্ন হৈ অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ একমাত্ৰ বিষ্ণু অৱতাৰ যি কেতিয়াও মৃত্যু বৰণ নকৰে। তদুপৰি তেওঁ হৈছে একমাত্ৰ বিষ্ণু অৱতাৰ যাক ক্ৰমে ৰামায়ণ আৰু মহাভাৰতৰ কিছুমান সংস্কৰণত আন দুই বিষ্ণু অৱতাৰ ৰাম আৰু কৃষ্ণৰ সৈতে সমসাময়িক ৰূপত দেখা পোৱা যায়।
পৰশুৰাম ক্ষেত্ৰ
পৰশুৰাম ক্ষেত্ৰ সম্পৰ্কে বহুতো ব্যাখ্যা পোৱা যায়। ভাৰতৰ দক্ষিণ গুজৰাটৰ ৱাপীৰ পৰা তাপী অৰ্থাৎ প্ৰাচীন সপ্তকোংকণ হৈছে সহ্যাদ্ৰিখণ্ডত বৰ্ণনা কৰা কিছু বৃহৎ অঞ্চল যাক পৰশুৰামক্ষেত্ৰ বুলি উল্লেখ কৰা হৈছে। পৰশুৰামৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত অঞ্চলটোক পৰশুৰাম নি ভূমি বুলি কোৱা হৈছিল। কোংকণ অঞ্চলটোক পৰশুৰাম ক্ষেত্ৰ বুলিও গণ্য কৰা হয়।
অৰুণাচল প্ৰদেশৰ লোহিত জিলাত পৰশুৰাম কুণ্ড নামেৰে ঋষি পৰশুৰামৰ বাবে উৎসৰ্গিত এক তীৰ্থ অৱস্থিত। প্ৰতি বছৰে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে শীতকালত এই ঠাইখন ভ্ৰমণ কৰে। বিশেষকৈ মকৰ সংক্ৰান্তি দিৱসত পবিত্ৰ কুণ্ডত ডুব মাৰিলে পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়।
চিত্ৰায়ন
বিষ্ণুধৰ্মোত্তৰ পুৰাণ আৰু ৰূপমণ্ডনাৰ দৰে হিন্দু সাহিত্যত তেওঁক টাধাৰী আৰু হাতত পৰশু লৈ থকা ৰূপত বৰ্ণনা কৰা হৈছে। অৱশ্যে অগ্নি পুৰাণে তেওঁৰ পৰশু, ধনু, ড় আৰু তৰোৱাল লৈ থকা অৱস্থাত চতুৰ্ভুজ ৰূপে চিত্ৰিত কৰিছে। ভাগৱত পুৰাণতো তেওঁক চতুৰ্ভুজ ৰূপত পৰশু, ধনু, ড় আৰু যোদ্ধাৰ দৰে ঢাল ধাৰণ কৰা বুলি বৰ্ণনা কৰিছে। যদিও তেওঁ এজন এজন যোদ্ধা, মন্দিৰসমূহত যুদ্ধৰ দৃশ্যত তেওঁৰ চিত্ৰায়ন বিৰল। সাধাৰণতে, দ্বিভুজ ৰূপত, সোঁ হাতত পৰশু লৈ বহি থকা বা থিয় হৈ থকা অৱস্থাত চিত্ৰিত কৰা হয়।
টোকা
তথ্য সংগ্ৰহ
হিন্দু কিংবদন্তি
ৰামায়ণৰ চৰিত্ৰ
ৰামায়ণ
হিন্দুধৰ্মৰ দেৱ দেৱী
বিষ্ণুৰ |
65509 | https://as.wikipedia.org/wiki/%E0%A6%89%E0%A7%8E%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%95%E0%A7%B0%20%E0%A6%86%E0%A6%9A%E0%A7%B0%E0%A6%A3%E0%A7%B0%20%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AC | উৎপাদকৰ আচৰণৰ তত্ত্ব | উৎপাদকৰ আচৰণৰ তত্ত্ব ব্যষ্টিবাদী অৰ্থনীতিৰ এক অতিকৈ গুৰুত্বপূৰ্ণ তত্ত্ব। এই তত্ত্বত কোনো উৎপাদকে সন্মুখীন হোৱা পৰিৱেশত কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰে, তাক ব্যাখ্যা কৰা হয়। সাধাৰণতে নব্য-ধ্ৰুপদী অৰ্থনীতিত এই কথা মানি লোৱা হয় যে উৎপাদক তৰ্কসংগত। সাধাৰণতে, উৎপাদকে সেই পন্থা অৱলম্বন কৰে, যি পন্থাই তেওঁৰ জ্ঞানৰ আধাৰত, সৰ্বাধিক লাভ প্ৰদান কৰিব।
সেয়ে উৎপাদকৰ বাছনি সমস্যাক এনেদৰে প্ৰকাশ কৰিব পৰা যায়- অৰ্থাৎ, উৎপাদকে তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰিস্থিতিসমূহৰ সদিশ ক মান্য গ্ৰহণ কৰি, সেই উপাদানৰ সদিশ চয়ন কৰে যাতে লাভ বৃহদায়িত হয়। ইয়াত লাভক উপাদান আৰু অন্যান্য প্ৰাচলৰ ফলন গণ্য কৰা হয়।
উৎপাদনৰ উপাদান
উৎপাদনৰ উপাদানৰ মাধ্যমেৰে উৎপন্ন বস্তু উৎপাদন কৰা হয়। সাধাৰণতে চাৰি উপাদানক অধ্যয়ন কৰা হয়- ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। সকলো উপাদানৰ গৰাকী হ'ল পৰিয়াল খণ্ড। পৰিয়াল খণ্ডৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানে উপাদান ক্ৰয় কৰে। ভূমিৰ বাবে ভাড়া, শ্ৰমৰ বাবে বেতন, মূলধনৰ বাবে সুদ আৰু সংগঠনৰ বাবে লাভ।
অনেক অৰ্থনৈতিক আৰ্হিত পিচে, কেৱল দুই প্ৰকাৰৰ উপাদান গণ্য কৰা হয়- মূলধন আৰু শ্ৰম। কোনো কোনো আৰ্হিত শ্ৰম বা মূলধনৰ উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰে প্ৰযুক্তি আদিয়ে। উদাহৰণ স্বৰূপে, চলৌ-স্বান আৰ্হিৰ কোনো কোনো ৰূপত উৎপাদন ফলন এনে ধৰণৰ ব্যৱহাৰ কৰা হয়- য'ত আৰু ক্ৰমে মূলধন, প্ৰযুক্তিৰ (তথা অন্যান্য উৎপাদিকা শক্তি বৃদ্ধি কৰা বস্তুৰ) স্তৰ আৰু শ্ৰম। এনেদৰে শ্ৰমৰ শক্তি বৃদ্ধি কৰা প্ৰযুক্তিক হেৰড-নিৰপেক্ষ বোলা হয়। শ্ৰম আৰ মূলধনৰ উৎপন্ন বস্তুৰ পৰিমাণ বৃদ্ধি কৰা প্ৰযুক্তিক হিক্স-নিৰপেক্ষ বোলা হয়।
উৎপাদন ফলন
উৎপাদন ফলনে ভৌতিক উপাদান আৰু উৎপন্ন বস্তুৰ সম্বন্ধ নিৰ্ণয় কৰে, য'ত অন্যান্য প্ৰাচলৰ মূল্য দিয়া আছে। য'ত হ'ল উপাদানৰ পৰিমাণ আৰু প্ৰাচলৰ সদিশ। উৎপাদন ফলন ভিন্ন স্থানত, ভিন্ন সময়ত আৰু ভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে পৃথক হ'ব পাৰে। পিচে সাধাৰণতে যিকোনো উৎপাদন ফলনে কিছু বৈশিষ্ট্য প্ৰদৰ্শন কৰে।
উপাদানৰ প্ৰান্তিক আৰু গড় উৎপাদন
সাধাৰণতে উৎপাদন ফলনৰ এক বিশেষ আকাৰ মানি লোৱা হয়। যদি আন সকলো উপাদানৰ পৰিমাণ স্থায়ী, তেন্তে কোনো এক উপাদানৰ পৰিমাণ বৃদ্ধি কৰিলে, সাধাৰণতে প্ৰথমে মুঠ উৎপাদন বাঢ়ি যোৱা হাৰত বৃদ্ধি পাব, তাৰ পৰৱৰ্তী অৱস্থাত স্থায়ী হাৰত বৃদ্ধি পাব আৰু শেষ অৱস্থাত, উপাদানটোৰ পৰিমাণ বৃদ্ধি কৰিলে উৎপন্ন বস্তুৰ পৰিমাণ হ্ৰসমান হাৰত বৃদ্ধি পাব। অৰ্থাৎ, এনে আছে, যাতে, ক উপাদান ৰ প্ৰান্তিক উৎপাদন বোলা হয়। প্ৰথমাৱস্থাত, যেতিয়া প্ৰান্তিক উৎপাদন বৃদ্ধি পায়, গড় উৎপাদন প্ৰান্তিক উৎপাদনতকৈ অধিক হয়। যেতিয়া প্ৰান্তিক উৎপাদন স্থায়ী হয়, গড় উৎপাদন প্ৰান্তিক উৎপাদনৰ সমান হয়। অৱশেষত, যেতিয়া প্ৰান্তিক উপাদান হ্ৰাস পায়, গড় উৎপাদন প্ৰান্তিক উৎপাদনতকৈ কম হয়। প্ৰান্তিক উৎপাদনৰ দৰেই গড় উৎপাদনো প্ৰথমে বৃদ্ধি হয় আৰু তাৰ পাছত হ্ৰাস হয়।
যদি কেৱল এটি উপাদানৰ পাৰিমাণ বৃদ্ধি কৰাৰ সলনি প্ৰত্যেক উপাদান সলনি কৰা হয়, তেতিয়াও উৎপন্ন বস্তুৰ পৰিমাণ সলনি হ'ব। যদিও হ্ৰস্বকালত সকলো উপাদান সলনি কৰিব পৰা নাযায়, দীৰ্ঘকালত তেনে কৰা সম্ভৱ। সাধাৰণতে যুক্তি প্ৰদান কৰা হয় যে হ্ৰস্বকালত শ্ৰমৰ পৰিমাণ সলাব পৰা যায় কিন্তু মূলধনৰ পৰিমাণ সলাব পৰা নাযায়। ধৰি লওক, যদি প্ৰত্যেক প্ৰত্যেক উপাদানৰ পৰিমাণ গুণ কৰা হ'ল, আৰু ফলস্বৰূপে উৎপন্ন বস্তুৰ পৰিমাণ গুণ হ'ল। যদি তেন্তে কোৱা প্ৰযোজ্য, যদি প্ৰযোজ্য আৰু যদি তেন্তে প্ৰযোজ্য
উৎপাদন সম্ভাৱনীয় সীমাৰেখা
ধৰি লওক কোনো উৎপাদকে টা পণ্য উৎপাদন কৰে। হ'ল এনে এক বাণ্ডল য'ত পণ্য ১ৰ পণ্য ২ৰ পণ্য ৰ একক আছে। উৎপাদন সম্ভাৱনীয় সীমাৰেখা বা হৈছে এনে বাণ্ডলসমূহৰ সংহতি য'ত কোনো উৎপাদকে (বৰ্তমানে উপলব্ধ প্ৰযুক্তিৰে) যিকোনো এটা পণ্য অধিক উৎপাদন কৰিবলৈ আন কোনো পণ্যৰ উৎপাদন হ্ৰাস কৰিব লাগিব। এনে কৰিবলগীয়া হয় এই কাৰণে যে বৰ্তমানে কোনো উৎপাদনৰ আহিলে অব্যৱহৃত বা দক্ষতাবিহীনভাৱে ব্যৱহাৰ কৰা হোৱা নাই। সেয়ে, বৰ্তমানে উপলব্ধ আহিলা আৰু প্ৰযুক্তিৰে, আন কোনো পণ্যৰ উৎপাদন হ্ৰাস নকৰাকৈ, কোনো পণ্যৰ উৎপাদন বৃদ্ধি কৰা অসম্ভৱ। এটি সাম্ভাৱ্য সংজ্ঞা হ'ল: আনহাতে, উৎপাদন সম্ভাৱনীয়তা সংহতিক এনেদৰে সংজ্ঞায়িত কৰিব পৰা যায়: এই সংহতি এনে সকলো বাণ্ডলৰ সংহতি যি উৎপাদন কৰাৰ ক্ষমতা উৎপাদকৰ আছে। এই সংহতিৰ বাহিৰৰ কোনো বাণ্ডল উৎপাদকে বৰ্তমানৰ আহিলা আৰু প্ৰযুক্তিৰে উৎপাদন কৰিব নোৱাৰে।
সাধাৰণতে, উৎপাদন সম্ভাৱনীয়তা সংহতি এক উত্তল সংহতি। ইয়াৰ কাৰণ অনেক হ'ব পাৰে। যেনে, ধৰি লওক প্ৰত্যেক উপলব্ধ আহিলা প্ৰত্যেক পণ্য উৎপাদন কৰিবলৈ সমানে উপযোগী নহয়। এনে ক্ষেত্ৰত, কোনো তৰ্কসংগত উৎপাদকে, প্ৰথমে সেই আহিলা সেই পণ্যৰ উৎপাদনত প্ৰয়োগ কৰিব যি পণ্যৰ উৎপাদনত আহিলাটো আতাইতকৈ উপযোগী। কোনো পণ্যৰ উৎপাদন ক্ৰমান্বয়ে বৃদ্ধি কৰি গৈ থাকিবলৈ সেয়ে, অনুপযোগীতকৈ অনুপযোগী আহিলা ব্যৱহাৰ কৰিবলগিয়া হ'ব (যিহেতু অধিক উপযোগী আহিলা প্ৰথমেই ব্যৱহাৰ কৰা হ'ল)। এনে কৰাৰ বাবে, আন পণ্যৰ ত্যাগ অধিকতকৈ অধিক কৰিবলগীয়া হ'ব, কাৰণ প্ৰত্যেক অতিৰিক্ত একক উৎপাদন কৰিবলৈ ব্যয় বৃদ্ধি পাব। পণ্য অধিক উৎপাদন কৰিবলৈ পণ্য ক যি দৰত ত্যাগ কৰিব লাগিব, সেই দৰক বোলা হয়। যাতে ৰ সদস্য।
উৎপাদনৰ ব্যয় উৎপাদকৰ ব্যৱহাৰৰ অধ্যয়নৰ বাবে উৎপাদন ফলনৰ লগত/ সলনি উৎপাদনৰ ব্যয়েৰেও বিশ্লেষণ কৰিব পৰা যায়। যদি উৎপাদন ফলনৰ ওপৰত দিয়াৰ দৰে আকাৰ তেন্তে উৎপাদনৰ ব্যয়ৰো এক বিশেষ আকাৰ দেখা দিয়ে।
উৎপাদনৰ প্ৰান্তিক আৰু গড় ব্যয় ধৰি লওক পণ্যৰ একক উৎপাদন কৰিবলৈ উৎপাদকে অন্ততঃ ব্যয় কৰিব লাগিব। তেন্তে এই ফলন, যিকোনো তৰ্ক-সংগত উৎপাদকৰ বাবে হ্ৰস্ব-কালীনভাৱে কম উৎপাদন কৰিলে অৱতল আৰু অধিক উৎপাদন কৰিলে উত্তল। হ্ৰস্ব-কালৰ সংজ্ঞা এয়াই যে উৎপাদকে কেৱল এটি উৎপাদনৰ উপাদানৰ পৰিমাণ সলনি কৰিব পাৰে। আন শব্দত, সাধাৰণতে মানি লোৱা হয় যে ফলনে মানি চলে- অৰ্থাৎ, (প্ৰান্তিক ব্যয়) প্ৰথমে হ্ৰাস পায় আৰু তাৰ পাছত বৃদ্ধি পায়। যাতে, আৰু এই কথা প্ৰমাণ কৰিব পৰা যায় যে প্ৰান্তিক ব্যয়ৰ দৰেই গড় ব্যয়ো প্ৰথমে হ্ৰাস পায় আৰু তাৰ পাছত বৃদ্ধি পায়। তদুপৰি, গড় ব্যয়ৰ নূন্যতম মূল্য যিমান উৎপাদন কৰিলে পোৱা যায়, সিমান উৎপাদন কৰিলে প্ৰান্তিক ব্যয় আৰু গড় ব্যয় সমান হয়, অৰ্থাৎ, লাভ বৃহদায়ন উৎপাদকৰ চয়ন সমস্যা হ'ল লাভ বৃহদায়নৰ সমস্যা। যদি পণ্যৰ মূল্য আৰু পণ্যৰ পৰিমাণ, তেন্তে হ'ল ৰাজহ। হ'ল লাভ।
এই সমস্যা হ্ৰস্ব-কালত আৰু দীৰ্ঘ-কালত ভিন্ন-ৰূপেৰে সমাধান কৰিব পৰা যায়। হ্ৰস্ব-কালত উৎপাদকে কেৱল এটি উপাদানৰ পৰিমাণ সলনি কৰিব পাৰে (যেনে শ্ৰম কম বা অধিক ব্যৱহাৰ কৰিব পৰা যায়, কিন্তু কম সময়ত যন্ত্ৰ-পাতিৰ দৰে মূলধনৰ পৰিমাণ সলনি কৰা সাধাৰণতে সম্ভৱ নহয়)। ধৰি লওক য'ত উপাদান ৰ পৰিমাণ আৰু টা উপাদানেৰে পণ্য উৎপাদন কৰা হয়। হ্ৰস্বকালত কোনো এটা উপাদান বাদ দি, আন সকলো উপাদানৰ পৰিমাণ ধ্ৰুৱক। ধৰি লওক, এনে ক্ষেত্ৰত, এক সাম্ভাৱ্য চয়ন সমস্যা হ'ল, বৃহদায়িত কৰা চয়ন কৰি, যাতে, দীৰ্ঘ-কালত উৎপাদকে সকলো উপাদানৰ পৰিমাণেই সলনি কৰিব পাৰে। এনে ক্ষেত্ৰত, এটি সাম্ভাৱ্য চয়ন সমস্যা হ'ব, বৃহদায়িত কৰা, চয়ন কৰি, যাতে উৎপাদন ত হয়। পিচে ভিন ভিন বজাৰত এই সমস্যা ভিন ভিন হ'ব পাৰে, যেনে প্ৰতিযোগিতামূলক বজাৰ, একাধিকাৰ বজাৰ, একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ আদি।
যেতিয়া উৎপাদক লাভ বৃহদায়নত সফল হয়, উৎপাদকে ভাৰসাম্য বা সাম্যাৱস্থা লাভ কৰা বুলি কোৱা হয়। সাধাৰণতে, এই অৱস্থা লাভ কৰা হয় যেতিয়া প্ৰান্তিক ৰাজহ আৰু প্ৰান্তিক ব্যয় সমান হয়।
তথ্য সংগ্ৰহ
লগতে চাওক
চ'ল'-স্বান আৰ্হি
উপভোক্তা আচৰণ তত্ত্ব
ৱালৰাছৰ বিধান
ৰয়ৰ সমীকৰণ
নাশ্ব সাম্যাৱস্থা
|
68893 | https://as.wikipedia.org/wiki/%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A6%A4%E0%A7%80%20%E0%A6%95%E0%A6%BE%E0%A6%9F%E0%A7%8D%E2%80%8C%E0%A6%9C%E0%A7%81 | অৰুন্ধতী কাট্জু | অৰুন্ধতী জু জন্ম: ১৯ আগষ্ট, ১৯৮২) এগৰাকী ভাৰতীয় অধিবক্তা। তেওঁ ভাৰত আৰু নিউয়ৰ্কত আইনৰ অনুশীলন কৰে। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত বহুতো উল্লেখযোগ্য গোচৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে জনাজাত। ইয়াৰে ভিতৰত উল্লেখযোগ্য সমূহ হৈছে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ গোচৰ, এগৰাকী ট্ৰান্সমেন ব্যক্তিক তেওঁৰ পিতৃ-মাতৃৰ দ্বাৰা অবৈধভাৱে সীমাবদ্ধ কৰাৰ গোচৰ, আগষ্টা ৱেষ্টলেণ্ড উৎকোচৰ গোচৰ, ২জি স্পেক্ট্ৰাম দুৰ্নীতিৰ গোচৰ আৰু জেচিকা লাল হত্যাৰ গোচৰ। তেওঁ ঘাইকৈ আইন অনুশীলনত বগা কলাৰযুক্ত প্ৰতিৰক্ষা, সাধাৰণ অসামৰিক গোচৰ আৰু ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ জড়িত।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৮২ চনৰ ১৯ আগষ্ট তাৰিখে এলাহাবাদত অৰুন্ধতী জুৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বিবেক জু আৰু মাতৃ গীতা জু। তেওঁ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মাৰ্কণ্ডেয় জু ভাগিনী। তেওঁ ২০০০ চনত নতুন দিল্লীৰ বায়ু সেনা বাল ভাৰতী বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। তাৰপিছত অৰুন্ধতীয়ে ২০০৫ চনত ভাৰতীয় ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ পৰা সন্মানসহ আইন আৰু কলাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। প্ৰায় ১১ বছৰ ভাৰতীয় বাৰত অনুশীলন কৰাৰ পিছত তেওঁ ২০১৭ চনত নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত আইনৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে। ইয়াত তেওঁ এগৰাকী মানৱ অধিকাৰ সভ্য, জেমছ কেণ্ট স্কেলৰ আৰু ৰাজহুৱা স্বাৰ্থ অনাৰি আছিল। তেওঁ ফ্ৰেংকেলষ্টাইন ফেল' হিচাপে কলম্বিয়া বিশ্ববিদ্যালয়ত ভাৰতত অপৰাধী আৰু সাংবিধানিক আইনৰ ওপৰত গৱেষণা কৰিছে। ২০১৯ চনত চিএনএন ফেৰেদ জাকাৰিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ অধিবক্তা মেনকা গুৰুস্বামীৰ সৈতে সমকামী সম্পৰ্কত আছিল।
কৰ্মজীৱন
অৰুন্ধতীয়ে ২০০৫ চনত ভাৰতীয় বাৰত অন্তৰ্ভুক্ত হৈছিল আৰু জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথৰাৰ চেম্বাৰত যোগদান কৰিছিল। তেওঁ লুথৰাৰ ওচৰত পাঁচ বছৰৰ বাবে অপৰাধী প্ৰতিৰক্ষা অধিবক্তা হিচাপে অনুশীলন কৰিছিল। এজন বগা কলাৰ প্ৰতিৰক্ষা অধিবক্তা হিচাপে, তেওঁ ২জি স্পেকট্ৰাম উৎকোচ গোচৰ আৰু জেচিকা লাল হত্যা গোচৰত আৰু কেছ ফৰ কুৱেশ্যনৰ বাবে অনুসন্ধানী সাংবাদিকসকলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ২০১১ চনত নতুন দিল্লীত নিজৰ আইনৰ চেম্বাৰ আৰম্ভ কৰিছিল। উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত তেওঁৰ অনুশীলনত অপৰাধী, অসামৰিক আৰু সাংবিধানিক আইনৰ ক্ষেত্ৰ আৰু ইয়াৰ লগতে মধ্যস্থতাও সামৰি লোৱা হৈছে। ২০১৬ চনত তেওঁ নৱতেজ সিং জোহৰ আৰু অন্যান্য বনাম ভাৰত চৰকাৰ গোচৰত মুখ্য আবেদনৰ খচৰা প্ৰস্তুত কৰিছিল। তেওঁ সুৰেশ কুমাৰ কৌশাল বনাম নাজ ফাউণ্ডেচন (২০১৩) আৰু শিৱানী ভাট বানান জিএনচিটি অৱ দিল্লী (২০১৫) কে ধৰি ভাৰতৰ অন্যান্য গুৰুত্বপূৰ্ণ এলজিবিটি অধিকাৰ গোচৰৰত যুক্তি দৰ্শাইছিল।
তেওঁ বিভিন্ন মঞ্চত ভাৰতৰ আগশাৰীৰ ৰাজহুৱা বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (২০১৩-২০১৬) প্ৰতিনিধিত্ব কৰিছে আৰু দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ (২০০৮-২০০৯) অধিবক্তাও আছিল। তেওঁৰ বাণিজ্যিক অনুশীলনৰ সৈতে তেওঁ তিনি বছৰৰ বাবে দিল্লী উচ্চ ন্যায়ালয় আইন সেৱা সমিতিৰ বাবে অপৰাধী আবেদনত প্ৰায় ১০০ গৰাকী ব্যক্তিক প্ৰতিনিধিত্ব কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ে আমিকাছ কুৰী হিচাপে তেওঁক অপৰাধী বিষয়ত কেইবাবাৰো নিযুক্ত কৰিছে। ২০১৮ চনত তেওঁ নিউয়ৰ্কত আইন অনুশীলন বাৰত অন্তৰ্ভুক্ত হৈছিল।
সমকামীতাৰ সাংবিধানিক বৈধতা
২০১৬ চনৰ এপ্ৰিলত মাহত অৰুদ্ধতী জুয়ে মেনকা গুৰুস্বামী আৰু সৌৰভ কৃপালকে ধৰি অধিবক্তাৰ এটা দলৰ সৈতে ভাৰতীয় দণ্ড বিধি, ১৮৬০ৰ ধাৰা ৩৭৭ ৰ সাংবিধানিক বৈধতাৰ প্ৰত্যাহ্বান জনাই নৱতেজ সিং জোহৰৰ নেতৃত্বত পাঁচজন এলজিবিটি আবেদনকাৰীৰ হৈ এখন আবেদন দাখিল কৰে। এলজিবিটি ভাৰতীয় নাগৰিকসকলে প্ৰকৃততে তেওঁলোকৰ মৌলিক অধিকাৰ উলংঘনৰ অভিযোগ কৰি ৰিট আবেদন দাখিল কৰা এয়া প্ৰথম নিদৰ্শন আছিল। ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে প্ৰাপ্তবয়স্কসকলক সন্মতি প্ৰদান কৰাৰ বাবে ধাৰা ৩৭৭ প্ৰযোজ্য নহয় ঐতিহাসিক ৰায়দান প্ৰদান কৰিছিল। তেওঁ ২০১৩ চনত বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলৰ হৈ সমকামিতাৰ সংবিধানিক বৈধতাৰ বিষয়ে সুৰেশ কুমাৰ কৌশাল বনাম নাজ ফাউণ্ডেচনৰ গোচৰটো উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাইছিল।
অবৈধ সীমাবদ্ধতাৰ গোচৰ
শিৱানী ভাট বনাম ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আৰু অন্যান্য গোচৰত তেওঁ ১৯ বছৰীয়া ট্ৰান্সমেন শিৱানী ভাটক প্ৰতিনিধিত্ব কৰিছিল। শিৱানীৰ পিতৃ-মাতৃয়ে প্ৰতাৰণাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতলৈ আনিছিল। অৰুন্ধতীয়ে হাৰাশাস্তিৰ পৰা সুৰক্ষা আৰু আমেৰিকালৈ উভতি যোৱাৰ অধিকাৰৰ বাবে ভাটৰ হৈ দিল্লী উচ্চ ন্যায়ালয়ত এটা ৰিট আবেদন দাখিল কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ে শিৱানীৰ পক্ষত ৰায় দিছিল। লগতে ন্যায়ালয়ে শিৱানীৰ মাক-দেউতাকে তেওঁৰ ভ্ৰমণৰ নথিপত্ৰ ঘূৰাই দিব লাগিব যাতে তেওঁ আমেৰিকা লৈ ঘূৰি যাব পাৰে বুলি ৰায় প্ৰদান কৰিছিল। আদালতে তেওঁৰ আত্মসংকল্প, ভ্ৰমণ আৰু শিক্ষাৰ অধিকাৰ ৰক্ষা কৰে।
আগষ্টা ৱেষ্টলেণ্ড ভিভিআইপি চপাৰ কেলেংকাৰী
আগষ্টা ৱেষ্টলেণ্ড দুৰ্নীতিৰ গোচৰত মধ্যস্থতাকাৰী আৰু ভাৰতীয় বিষয়াসকলে হেলিকপ্টাৰ ক্ৰয় কৰাৰ চুক্তিত অৰুন্ধতীয়ে মেনকা গুৰুস্বামীৰ সৈতে চিবিআইৰ এক বিশেষ আদালতত প্ৰাক্তন এয়াৰ চীফ মাৰ্শ্বল এচ পি ত্যাগীক প্ৰতিনিধিত্ব কৰিছিল। গ্ৰেপ্তাৰৰ পিছত তেওঁ সফলতাৰে তেওঁৰ জামিনৰ বাবে যুক্তি দিছিল। ২০১৮ চনত ত্যাগীৰ বিৰুদ্ধে এটা অভিযোগপত্ৰ দাখিল কৰা হৈছিল আৰু গোচৰটো বৰ্তমান স্থগিত হৈ আছে।
দিল্লী উচ্চ ন্যায়ালয় আইনী সেৱা সমিতি
দিল্লী উচ্চ ন্যায়ালয় আইনসেৱা সমিতিৰ পেনেল অধিবক্তা হিচাপে তেওঁ প্ৰায় ১০০টা গোচৰত ধৰ্ষণ, হত্যা, শিশু যৌন উৎপীড়ন, নিচাযুক্ত অপৰাধৰ গোচৰত অভিযুক্ত অভাৱী ব্যক্তিসকলৰ হৈ আপীল আৰু গোচৰৰ লগত জড়িত আছিল।
আমিকাচ কুৰী
২০০৯ চনৰ পৰা বহুবাৰ চুৰি, যৌতুকৰ ফলত মৃত্যু আৰু হত্যাৰ ক্ষেত্ৰত অভিযুক্ত আৰু অভিযোগকাৰী দুয়োজনক প্ৰতিনিধিত্ব কৰিবলৈ অপৰাধী আবেদনত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক আমিকাচ কুৰী হিচাপে নিযুক্ত কৰিছে।
শৈক্ষিক জীৱন
তেওঁ ২০১৭ চনত চেণ্টাৰ ফৰ ষ্টাডি অৱ ল' এণ্ড কালচাৰ, কলম্বিয়া ল' স্কুলত ভাৰতীয় অপৰাধী আৰু সাংবিধানিক আইনৰ বিষয়ত গৱেষণা কৰিছিল। তেওঁ দিল্লীৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ত বগা কলাৰ প্ৰতিৰক্ষাৰ শিক্ষা প্ৰদান কৰিছিল। অৰুন্ধতীয়ে ২০১০ চনত শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ ক্ষেত্ৰত অপৰাধী পৰীক্ষণৰ বাবে বিশেষ প্ৰক্ৰিয়া প্ৰস্তুত কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সৈতে কাম কৰিছিল। যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন, ২০১২ৰ খচৰা প্ৰস্তুত কৰোঁতে আয়োগৰ প্ৰস্তাৱিত বিধেয়কখন বিবেচনা কৰা হৈছিল। তেওঁ আইন বিষয়ক কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে আৰু বাতৰি কাকত আৰু অনলাইন নিউজ পৰ্টেলত লিখা মেলা কৰে।
বঁটা আৰু সন্মান
২০১৬ চনত অৰুন্ধতী জুয়ে কলম্বিয়া বিশ্ববিদ্যালয়ৰ সন্মানীয় মানৱ অধিকাৰ ফেল'শ্বিপ আৰু নিউয়ৰ্কৰ আন্তৰ্জাতিক গৃহত মহিলা আন্তৰ্জাতিক নেতৃত্ব কাৰ্যসূচী ফেল'শ্বিপ লাভ কৰে। তেওঁক কলম্বিয়া ল' স্কুলৰ হাৰমেন এন ফ্ৰেংকেলষ্টাইন মেমৰিয়েল ফেল'শ্বিপ (২০১৮-১৯) প্ৰদান কৰা হৈছিল। ২০১৮ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ-ইটালী যুৱ নেতা ফেল' আছিল। ২০১৯ চনৰ এপ্ৰিল মাহত তেওঁৰ নাম মেনকা গুৰুস্বামীৰ সৈতে টাইম আলোচনীৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত প্ৰদৰ্শিত হৈছিল। তেওঁক ফৰ্বছ ইণ্ডিয়াৰ মহিলা-পাৱাৰ ট্ৰেলব্ৰেজাৰ, ২০১৯ৰ তালিকাতো প্ৰদৰ্শিত কৰা হৈছে।
তথ্য উৎস
ভাৰতৰ ব্যক্তি
জীৱিত ব্যক্তি
এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তি
ভাৰতীয় |
66339 | https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%80%E0%A6%A4%E0%A6%BE%20%E0%A6%AD%E0%A7%87%E0%A6%82%E0%A6%95%E0%A6%9F%E0%A7%B0%E0%A6%AE%E0%A6%A3 | গীতা ভেংকটৰমণ | গীতা ভেংকটৰমণ জন্ম: ২৯ আগষ্ট ১৯৬৭) এগৰাকী ভাৰতীয় মহিলা গণিতজ্ঞ। গীতা ভেংকটৰমণ বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ "স্কুল অব লিবাৰেল ষ্টাডিজ"ৰ এগৰাকী গণিতৰ অধ্যাপক। ইয়াৰ পূৰ্বে তেওঁ ১৯৯৩ চনৰ ছেপ্তেম্বৰৰ পৰা ২০১০ চনলৈ চেইণ্ট ষ্টিফেন্স কলেজ, দিল্লীৰ গণিত বিভাগত অধ্যাপনা কৰিছিল।
জন্ম পৰিচয় আৰু শিক্ষা
গীতা ভেংকটৰমণে এটা তামিল পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মাতৃ পদাৰ্থবিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী আছিল যদিও গণিত ভাল পাইছিল। জীয়েকৰ ঘৰুৱা শিক্ষক মাকেই আছিল। মাতৃয়ে বিয়াৰ পিছত চেন্নাইৰ ষ্টেলা মাৰিচ কলেজত কৰি থকা পদাৰ্থবিজ্ঞান গৱেষণাগাৰৰ সহায়কাৰীৰ চাকৰিটো বাদ দিছিল। গীতা ভেংকটৰমণৰ পিতৃ বায়ুসেনাবাহিনীৰ শিক্ষা গোটৰ এগৰাকী বিষয়া আছিল আৰু তেওঁৰ চাকৰিটো স্থানান্তৰী আছিল। ১৯৫০ ৰ দশকত চেন্নাইৰ বিবেকানন্দ কলেজৰ পৰা গণিতত অনাৰ্ছসহ বি এ ডিগ্ৰী লাভ কৰা পিতৃয়ে প্ৰথমে কইম্বাটোৰৰ গভৰ্নমেণ্ট কলেজ অৱ টেকন'ল'জিত প্ৰবক্তাৰূপে অস্থায়ী চাকৰি কৰিছিল। পিতৃ, মাতৃ দুয়ো গণিতৰ লগত জড়িত আছিল হেতু স্বাভাৱিকতে গীতা ভেংকটৰমণ গণিতৰ প্ৰতি আকৰ্ষিত হৈছিল।
প্ৰাথমিক শিক্ষা
গীতা ভেংকটৰমণে মাদ্ৰাজৰ খ্ৰীষ্ট কনভেণ্ট স্কুলকে ধৰি ভাৰতৰ বিভিন্ন ঠাইত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। শিশু অৱস্থাতে তেওঁৰ প্ৰখৰ বুদ্ধিৰ পৰিচয় পোৱা গৈছিল। অৱদিত কেন্দ্ৰীয় বিদ্যালয়খনত তৃতীয় শ্ৰেণীৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হওঁতে চতুৰ্থ শ্ৰেণীৰ বাবে পৰীক্ষা দি থকা শিশু এটাৰ গণিতৰ সমস্যা এটা সমাধানত সহায় কৰিছিল।
মাধ্যমিক শিক্ষা
১৯৭০ৰ দশকৰ মাজভাগত দহবছৰ বয়সত অৱদিত পঞ্চম শ্ৰেণী উত্তীৰ্ণ হয়। তাৰ পিছত দেউতাকৰ চাকৰি মধ্যপ্ৰদেশৰ পাচমাৰ্হি নামৰ পাহাৰীয়া অঞ্চল এটালৈ সলনি হোৱাত গীতাই বিন্ধ্যা পৰ্বতৰ উত্তৰে থকা নতুন কেন্দ্ৰীয় বিদ্যালয়ত নাম অন্তৰ্ভুক্তি কৰে। উল্লেখযোগ্য, পিতৃৰ ঠাই সলাবলগীয়া চাকৰিটোৰ বাবে ভাৰতৰ বিভিন্ন ঠাইৰ স্কুলত তিষ্ঠি থাকিবলৈ হিন্দী জনাটো প্ৰয়োজন আছিল। সেয়ে মাতৃয়ে খ্ৰীষ্ট কনভেণ্ট স্কুলত গীতাক তামিল শ্ৰেণীলৈ সলনি কৰি দিছিল।
দক্ষিণ বাংগালোৰৰ কেন্দ্ৰীয় বিদ্যালয় হেবালত গীতাই বীজগণিত শিকিছিল। ঠাই সলনি আৰু উত্তৰৰ পৰা দক্ষিণলৈ কৰা যাত্ৰাৰ বাবে এমাহ ধৰি পাঠদানত উপস্থিত থাকিব পৰা নাছিল। সেই ক্ষেত্ৰত দেউতাকে গীতাক সহায় কৰিছিল। অতিৰিক্ত সহায়ৰো প্ৰয়োজন হৈছিল। প্ৰাথমিক কথাখিনি ভালকৈ বুজি উঠাৰ পিছত তেওঁৰ সমস্যা হোৱা নাছিল।
১৯৮১ চনত দিল্লীলৈ আহে আৰু কেন্দ্ৰীয় বিদ্যালয় এন্দ্ৰুজ গঞ্জত দশম শ্ৰেণীত ভৰ্তি হৈছিল। দশম শ্ৰেণীত সমাজ অধ্যয়নৰ পাঠ্যক্ৰমে আৰ্য আৰু দ্ৰাবিড়িয়ানসকলৰ বিষয়ে সামৰি লৈছিল। যেতিয়াই দ্ৰাবিড়িয়ানসকলৰ কথা উল্লেখ কৰা হৈছিল, গোটেই শ্ৰেণীটোৱে তেওঁৰ ফালে ঘূৰি চাইছিল যেন দক্ষিণৰ পৰা তেওঁৱেই দ্ৰাবিড়িয়ানসকলৰ প্ৰতিনিধি। তেওঁ বহা চকীতো আংশিকভাৱে গজাল বিন্ধাই থৈ তেওঁক এগৰাকী মাদ্ৰাছী হিচাপে অনুভৱ কৰিবলৈ দিয়া হৈছিল। এইবোৰে গীতাৰ জীৱনত প্ৰভাৱ পেলাইছিল।
দিল্লীত কটোৱা কৈশোৰ কালছোৱাত সমাজত পুত্ৰ সন্তানক কন্যা সন্তানতকৈ পৃথক ব্যৱহাৰ কৰাটোৱে গীতাৰ মনত বিদ্ৰোহৰ সৃষ্টি কৰিছিল। পৰিণতিত প্ৰতিবাদী মনে দশম শ্ৰেণীৰ পাছত বিজ্ঞান শাখাত নাম লগায়। সমাজ অধ্যয়নতকৈ বিজ্ঞানক ওপৰত ৰখাৰ মনোভাৱৰ ফলত এনে সিদ্ধান্ত লোৱাৰ কথাটোক গীতাই "ভাৰতত চলি থকা বিজ্ঞান বনাম সমাজ অধ্যয়নৰ 'জাতিভেদ প্ৰথা'ক আকোঁৱালি লৈছিলো" বুলি এক আত্মজীৱনীমূলক প্ৰবন্ধত গীতাই উল্লেখ কৰিছে।
উচ্চ শিক্ষা
মাধ্যমিক স্কুলত পঢ়া দিনত আভিযান্ত্ৰিক বিদ্যা পঢ়িবলৈ ইচ্ছা থকা গীতাৰ পিতৃৰ ইচ্ছা আছিল তেওঁক চিকিৎসক হিচাপে গঢ়া। কিন্তু পদাৰ্থবিজ্ঞানত ভাল নোহোৱাৰ বাবে পিছলৈ গীতাই স্কুলীয়া দিনৰ প্ৰিয় বিষয় গণিতত স্নাতক শ্ৰেণীত অন্তৰ্ভুক্ত হয়, দিল্লীৰ চেইণ্ট ষ্টিফেন্স কলেজত। তিনিবছৰীয়া স্নাতক শিক্ষাৰ সময়ছোৱাৰ দ্বিতীয় বছৰত তেওঁ বিমূৰ্ত গণিতৰ প্ৰতি আকৰ্ষিত হৈ পৰে। ১৯৮৮ চনত চেইণ্ট ষ্টিফেন কলেজৰ পৰা গণিতত অনাৰ্ছসহ বি এছ ছি ডিগ্ৰী লাভ কৰে।
১৯৮৮ চনৰ পৰা ১৯৯৩ চনলৈ স্নাতকোত্তৰ সমপৰ্য্যায়ৰ ডিগ্ৰী আৰু ডক্টৰেল গৱেষণাৰ বাবে গীতা অক্সফ'ৰ্ডলৈ আহে। 'ইনলেকছ বৃত্তি' আৰু 'বাৰ্টন জেষ্ঠ্য বৃত্তি' লাভ কৰি তেওঁ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰে। ১৯৯৩ চনত অক্সফ'ৰ্ডৰ পৰা গণিতত এম এ আৰু ডি ফিল (পি এইচ ডি) ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁৰ ডক্টৰেল গৱেষণাৰ বিষয় হৈছে সংঘ তত্ত্ব।
নামৰ আঁৰৰ কথা
কৈশোৰ কালত দিল্লীত সন্মুখীন হোৱা নিৰ্লজ্জ আঞ্চলিকতাবাদৰ ফলত গীতা কঠোৰ হৈছিল আৰু সংগ্ৰাম কৰিবলৈ শিকিছিল। বেয়া অভিজ্ঞতাৰ বাবে ৰাজহুৱা স্থানত মাতৃভাষা উচ্চাৰণ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু এগৰাকী উপাধিবিহীন মাদ্ৰাছী হিচাপে পৰিচিত হোৱাৰ চিন্তাটোক ঘৃণা কৰিছিল। ব'ৰ্ডৰ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত নিজৰ উপাধি এটা লগাই দি 'ভি. গীতা'ৰ সলনি 'গীতা ভেংকটৰমণ' কৰিছিল। তদুপৰি মাকক মূৰত তেল সানিবলৈ বা বেণী গাঁঠি দিবলৈ মানা কৰিছিল, ফোঁট নলগোৱাৰ সিদ্ধান্ত লৈছিল, নিজকে খাপ খুওৱাৰ চেষ্টা কৰিছিল। অৱশ্যে অক্সফৰ্ডত কটোৱা পাঁচটা বছৰত নিজৰ মাতৃভাষাক লৈ কৰিব পৰা গৰ্বক পুনৰাৱিষ্কাৰ কৰিছিল।
প্ৰকাশিত গ্ৰন্থ
তেখেতৰ গ্ৰন্থ, গৱেষণা-পত্ৰকে ধৰি অনন্যা প্ৰকাশিত সাহিত্যৰাজি হৈছে
গ্ৰন্থ 173, 2007. (পাঠ্যপুথি)
2017, (ই-বুক)
2009. জাৰ্ণেলত প্ৰকাশিত পত্ৰ
52(17):61-66, 2017
5, 1, 2016, 5-14.
5, 2, 2016, 11-16.
50 (2013), 6, 1213-1222. 19, 2010, 6-8.
114, 3, (2004), 1-8. (2), 48 (1997), 107-125.
2012, 127-150.)
1999.
অন্যন্য প্ৰবন্ধ (উচ্চ শিক্ষাৰ লগত জড়িত)
2012, 1, 2, 31-36.
28, 2009, 13, 10-12.
581, 2008, 79-82.
25, 2007, 3449-3451.
গ্ৰন্থ সমালোচনা
3, 1, 2014.
2005.
1996’, 10, 1999, 91-92.
অন্যান্য প্ৰকাশনসমূহ (চৰাইৰ ফটোগ্ৰাফ)
2014, 978-81-920708-3-4.
তথ্যউৎস
বাহ্যিক সংযোগ
ভাৰতৰ ব্যক্তি
ভাৰতীয় গণিতজ্ঞ
ভাৰতীয় মহিলা |
34442 | https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%AE%E0%A6%A3%E0%A6%BF%20%E0%A7%B0%E0%A6%AF%E0%A6%BC%E0%A6%9B%E0%A6%AE%20%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80%E0%A7%B0%20%E0%A6%89%E0%A6%AA%E0%A6%A8%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B8 | মামণি ৰয়ছম গোস্বামীৰ উপন্যাস | মামণি ৰয়ছম গোস্বামী অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক। ৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে ক জনা যায়। গোস্বামীয়ে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল। ড॰ গোস্বামীয়ে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৯৯ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেখেত ভাৰতৰ প্ৰথম (২০০৮) আছিল।
উপন্যাসসমূহ
মামণি ৰয়ছম গোস্বামীৰ মুঠ চৈধ্যখন উপন্যাস লিখিছিল। ১৯৭২ চনত তেওঁৰ প্ৰথমখন উপন্যাস চেনাবৰ স্ৰোত প্ৰকাশ পাইছিল। গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ আদি উল্লেখযোগ্য উপন্যাস। ভিন্ন ভিন্ন পটভূমি লৈ লিখা এই উপন্যাস সমূহত তেওঁ মুখ্যতঃ নাৰীৰ ক্ষেত্ৰত সামাজিক সংস্কাৰৰ অসাৰতা আৰু বৈষম্য চিত্ৰায়িত কৰা দেখা যায়। নীলকণ্ঠী ব্ৰজ, সংস্কাৰ আদি উপন্যাসত তেখেতে নাৰীক মুখ্য কৰি লিখিছে। তেওঁৰ উপন্যাস কেইখনৰ নাম হৈছে:
চেনাবৰ স্ৰোত (১৯৭২)
নীলকণ্ঠী ব্ৰজ (১৯৭৬)
অহিৰণ (১৯৮০)
মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস (১৯৮০)
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা (১৯৮৮)
উদয়ভানুৰ চৰিত্ৰ (১৯৮৯)
ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি (১৯৯১)
সাপৰ ছালৰ জোতা
তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা (১৯৯৪)
ভিক্ষাৰ পাত্ৰ ভাঙি
আধালেখা দস্তাবেজ
দাশৰথীৰ খোজ (১৯৯৯)
ছিন্নমস্তাৰ মানুহটো (২০০১)
থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল (২০০৬)
চেনাবৰ স্ৰোত
চেনাবৰ স্ৰোত মামণি ৰয়ছম গোস্বামীৰ প্ৰথম উপন্যাস। কাশ্মীৰৰ চেনাব নদীৰ ওপৰত দলং সজা কামত নিয়োজিত শ্ৰমিকসকলৰ জীৱন আৰু যন্ত্ৰণাৰ ভেটিত এই উপন্যাস ৰচনা কৰা হৈছে। চেনাবৰ স্ৰোত উপন্যাসখনৰ পটভূমি হ’ল কাশ্মীৰ। কাশ্মীৰৰ পটভূমি হ’লেও পিছে ইয়াত কাশ্মীৰৰ থলুৱা জীৱন যাত্ৰাৰ চিত্ৰ নাই। তাৰ পৰিৱৰ্তে কাশ্মীৰত অস্থায়ীভাৱে থাকি শ্ৰমদান দিয়া এদল বনুৱাৰ জীৱন চৰ্যাহে ইয়াত পোৱা যায়। চেনাব নদীৰ ওপৰত চন্দ্ৰভাগা দলং নিৰ্মাণৰ সময়ত তাত বাহৰ পতা অভিযন্তাকে ধৰি সাধাৰণ বনুৱাৰ পত্নী, সন্তানলৈকে বিভিন্ন চৰিত্ৰই উপন্যাসখনত ভূমুকি মাৰিছে। মামণি ৰয়ছম গোস্বামীৰ নিজা ভাষ্য অনুসৰি এই সকলোবোৰ চৰিত্ৰই বাস্তৱৰ পৰা লোৱা।
নীলকণ্ঠী ব্ৰজ
এইখন মামণি ৰয়ছম গোস্বামীৰ দ্বিতীয়খন উপন্যাস। আয়তনৰ ফালৰপৰাও তুলনামূলকভাৱে ক্ষুদ্ৰ এই উপন্যাসখন কেইবাটাও দিশৰপৰা বৈশিষ্ট্যপূৰ্ণ। উপন্যাসখনৰ কাহিনী-গ্ৰন্থন বৰ কৌশলপূৰ্ণ আৰু হৃদয়গ্ৰাহী। ব্ৰজধামৰ পটভূমিত ৰচনা কৰা এইখন প্ৰথম অসমীয়া উপন্যাস। উপন্যাসখনত ব্ৰজধামৰ জীৱনধাৰাৰ কদৰ্য দিশবোৰ তুলি ধৰা বাবে তাৰ পৱিত্ৰতাক সন্দেহ কৰা হৈছে।
অহিৰণ
১৯৭৪ চনত ৰচনা কৰা উপন্যাসখন ১৯৮০ চনত প্ৰকাশ পাইছিল। মধ্যপ্ৰদেশৰ অহিৰণ নদীত বান্ধ নিৰ্মাণ কৰিবলৈ অস্থায়ীভাৱে সমাজ পতা বনুৱা আৰু বিষয়া-কৰ্মচাৰীৰ জীৱন যাত্ৰাৰ আধাৰত এইখন উপন্যাস ৰচিত। ইয়াত কোনো নিৰ্দিষ্ট কাহিনী নাই। কিছুমান খণ্ডিত বিক্ষিপ্ত ঘটনা লৈয়েই উপন্যাসখন তেখেতে ৰচনা কৰিছে। ক্ষেত্ৰ অঅধ্যয়নৰ যোগেদি আহৰণ কৰা অভিজ্ঞতাৰ পৰা এই উপন্যাসখন তেখতে ৰচনা কৰিছে।
আধা লেখা দস্তাবেজ আধা লেখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। ইয়াত তেখেতে কোনো ধৰণৰ লুক-ধাক নকৰাকৈ নিজৰ জীৱন পাঠকৰ আগত উপস্থাপন কৰিছে। সৰুতে সত্ৰৰ পৰিবেশত ডাঙৰ দীঘল হোৱা কুলীন গোড়া বংশৰ ছোৱালী মামণি ৰয়ছমে সৰুকালৰ জীৱনৰ চিত্ৰ বৰ্ণনাৰ লগতে সত্ৰৰ ধাৰ্মিক আচাৰপূৰ্ণ পৰিবেশো বৰ্ণনা কৰিছে। সেই পৰিবেশত এগৰাকী কম বয়সীয়া বিধবাৰূপে জীৱনৰ সন্মুখীন হৈ কিদৰে তেওঁ হতাশাত ভাগি পৰিছিল তাৰ বৰ্ণনা দিছে। মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা উপন্যাস সমূহৰ মূল ধাৰা আছিল কঠোৰ বাস্তৱৰ ধাৰাত দলিত-নিস্পেষিত মানুহৰ বিশেষকৈ নাৰীৰ জীৱনৰ বঞ্ছনা আৰু গ্লানি। এই উপন্যাসখনটো ইয়াৰ চিত্ৰ অংকন প্ৰতিফলিত হৈছে।
মামৰে ধৰা তৰোৱাল
মামণি ৰয়ছম গোস্বামীৰ এখন উল্লেখযোগ্য উপন্যাস হৈছে মামৰে ধৰা তৰোৱাল। পটভূমি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাইনদীৰ ওপৰত একুৱাডাক্ট বন্ধা কামেই উপন্যাসখনৰ বিষয়বস্তুৰ মূল উৎস। বান্ধ নিৰ্মাণস্থলীত লাভ কৰা চাক্ষুষচষষ অভিজ্ঞতাৰ আধাৰত উপন্যাসখন তেখেতে ৰচনা কৰিছে। উপন্যাসখনৰ চৰিত্ৰ কেইটামানৰ নাম হৈছে: যশোৱন্ত নাৰায়ণী, শম্ভু পাছোৱান, বসুমতী বুঢ়ী, শিবু ধাছলা, লিচু লেঙেৰা, বামু-ৰামু, ঠাকুৰ চাহাব, শাস্ত্ৰী আৰু বলবীৰ স্বামী।
শ্ৰমিকসকলক ‘চাটাই’ কৰা কাম আৰম্ভ কৰাত তাৰেই প্ৰতিবাদত শ্ৰমিক লীডাৰ সকলে শ্ৰমিক আন্দোলন গঢ়ি তুলিছে। দীৰ্ঘদিনীয়া ধৰ্মঘটৰ ফলত শ্ৰমিকসকলৰ নাজল-নাথল অৱস্থা হোৱা আৰু অৱশেষত সুযোগ সন্ধানী ধুৰন্ধৰ লীডাৰসকলে শ্ৰমিকসকলক প্ৰতাৰণা কৰি মূৰ পোলোকা মৰা কাহিনীৰে উপন্যাসখন গঢ়ি তুলিছে।
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা
দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখন মামণি ৰয়ছম গোস্বামীয়ে কামৰূপীয়া ঠাচৰ অসমীয়া ভাষাৰে ৰচনা কৰিছে। ইয়াত দ্বিতীয় মহাযুদ্ধৰ শেষৰ ফালৰ সময়ৰ পৰিবেশত আধুনিকতাৰ প্ৰৱেশত ভাগি পৰিবলৈ আৰম্ভ কৰা সামাজিক গোড়ামীৰ এখন চিত্ৰ চিত্ৰায়িত কৰা হৈছে। এই উপন্যাসখন তেখেতে নিজেই ইংৰাজীলৈও অনুবাদো কৰিছিল। কিতাপখনৰ পাতনিত তেখেতে লিখিছে -"....লিখকে নিজে অনুবাদ নকৰি অন্য ব্যক্তিয়ে কৰিবলৈ কঠিন হ'লহেতেন। অসমীয়া ভাষাৰ কামৰূপী ঠাচ বুজি পোৱা মানুহ খুব কমেইহে ওলাব। তদুপৰি ভাষাটোৰ কিচুমান শব্দৰ প্ৰচলনো আজি কালি নাইকিয়া হ'ল। ভাৰত স্বাধীন হোৱাৰ সময়তে লিখা উপন্যাসখনত সৰুতে কামৰূপৰ এখন বৈষ্ণবী সত্ৰত থাকি ডাঙৰ-দীয়ল হোৱা উচ্ছবংশজাত লেখিকাই নিজৰ সৰুকালৰ অভিজ্ঞতাৰ স্মৃতিৰ পৰা নতুন যুগৰ আৰম্ভণিত পুৰণি গোঢ়ামিৰ খহিবলৈ আৰম্ভ কৰা ভেটিটোৰ পৰিবেশত এগৰাকী উচ্চবংশৰ এগৰাকী "গোসানী" বাল্য বিধৱাৰ আৱেগ আৰু অৱদমনিত বাসনা, ধীৰে ধীৰে সোমাই অহা সাম্যবাদৰ প্ৰভাবে আৰু ভূমিনীতিৰ সংসোধনে ভাঙিবলৈ আৰম্ভ কৰা জমিদাৰী প্ৰথাৰ ক্ষমতাৰ পুৰণি তন্ত্ৰ আদিৰ চিত্ৰ এখন অংকন কৰিছে। উপন্যাসখনৰ বাবে লাভ কৰা জ্ঞানপীঠ বঁটা স্বীকাৰ কৰা সময়ত লেখিকাৰ ভাষণত উপন্যাসখনৰ মূল চৰিত্ৰ "দুৰ্গা" নামৰ বাল্য বিধবা গৰাকীয়ে ভোগ কৰা যাতনাৰ প্ৰসংগত তেখেতে সেই সময়ৰ উচ্চবংশীয় বিধবাৰ হতাশাৰ কথা বৰ্ণনা কৰি কৈছিল যে, লিখাৰ শক্তি নথকা হ'লে হয়তো তেওঁ আত্মহত্যাই কৰিলেহেঁতেন। মামণি ৰয়ছমৰ সাহিত্য কৰ্মৰাজীৰ বিষয়ে লেখক মহৰ্ষি লালে এইদৰে কয়, "ইন্দিৰা গোস্বামীৰ বিচিত্ৰ আৰু পৰিপুষ্ট সকলো ৰচনাকে এডাল সূতাই বান্ধি ৰাখিছে ই হ'ল নাৰীৰ প্ৰতি তেখেতৰ সংবেদনশীলতা... কাহিনীৰ জটীলতা তথা সূক্ষ্ম বৰ্ণনাৰ মাজতো প্ৰতিভাবান লেখিকাই ভাৰতীয় নাৰীৰ স্বাধীনতাৰ পথত প্ৰত্যাহ্বানসমূহ দ্যৰ্থতাৰ অৱকাশ নৰখাকৈ ফুটাই তুলিছে। বুদ্ধ সাগৰ ধূসৰ গাইসা আৰু মহম্মদ নুছা
এই উপন্যাসখন ১৯৮০ চনত প্ৰকাশ পাইছিল। দক্ষিণ-পূব এছিয়া আৰু জাপান ভ্ৰমণৰ আধাৰত এই উপন্যাসখন ৰচনা কৰা হৈছে। এই উপন্যাসত একেলগে বিদেশ ভ্ৰমণ কৰিবলৈ ওলোৱা কেইবাগৰাকীও ব্যক্তিৰ ৰুচি-অভীৰুচি, মান-অভিমান আৰু বিচিত্ৰ জীৱন অভিজ্ঞতাৰ বিক্ষিপ্ত চিত্ৰৰ সমাহাৰ ঘটিছে। সমালোচক প্ৰফুল্ল গোস্বামীয়ে কৈছে যে, অসমীয়া ভাষাত ভ্ৰমণ কাহিনীক ভিত্তি কৰি লিখা এইখনেই প্ৰথম উপন্যাস।
উদয়ভানুৰ চৰিত্ৰ
এই উপন্যাসখনৰ মুখ্য চৰিত্ৰ হৈছে উদয়ভানু। উদয়ভানু এজন নষ্ট চৰিত্ৰৰ পুৰুষ, নিজৰ পৰিয়াল, আনকি নিজৰ প্ৰতিও অন্যায়ৰ পাছত অন্যায় আচৰণ কৰি উদয়ভানু ক্ৰমশঃ ধ্বংসৰ ফালে গতি কৰিছে। উদয়ভানু এগৰাকী চিত্ৰশিল্পী আছিল। তেওঁ অশান্ত শিল্পী মনে কাৰো ওচৰত প্ৰাপ্য স্বীকৃতি পোৱা নাই। সেই সত্তা প্ৰায় নিশ্চিহ্ন হৈ গৈছে; ফলত তেওঁৰ মনোগজত দিনক দিনে বিবেকহীন হৈ আহে। উদয়ভানুৰ জীৱনৰ আসন্ন সমাপ্তিৰ ইংগিতেৰে উপন্যাসখনৰ অন্ত পৰিছে।
সাপৰ ছালৰ জোতা
এই উপন্যাসখন কেইগৰাকীমান পুৰুষ-মহিলাৰ বিচিত্ৰ জীৱন-চৰ্যাৰ আধাৰত ৰচিত। উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ অহা গায়ত্ৰী নামৰ শক্তিশালী মনৰ নাৰী, পৰকীয়া প্ৰেমত লিপ্ত তাইৰ স্বামী ভাস্কৰ আৰু সৎ যুৱক অমৰেশেই উপন্যাসখনৰ মূল চৰিত্ৰ। শাৰীৰিক আকৰ্ষণ আৰু ক্ষুধাই কিদৰে মানুহৰ জীৱনক ভীষণভাৱে প্ৰভাৱিত কৰিব পাৰে, সেয়া উপন্যাসখনত মামণি ৰয়ছম গোস্বামীয়ে উপস্থাপন কৰিছে।
তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা
১৯৮৪ চনৰ দিল্লীত সংঘতিত নৃশংস হত্যালীলাৰ ভেটিত এই উপন্যাসখন ৰচনা কৰা হৈছে। শিখ সন্ত্ৰাসবাদীয়ে ৰায়তৰ বাবে হিন্দুৰ ওপৰত প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰা আক্ৰমণৰ চাক্ষুষ অভিজ্ঞতাৰ প্ৰেৰণাত মামণি ৰয়ছম গোস্বামীয়ে এই উপন্যাসখন লিখিছিল। তেওঁ মানুহে মানুহৰ প্ৰতি কৰা ভয়ংকৰ আচৰণ, হিংস্ৰতা, নাৰীক কৰা চূড়ান্ত অশালীন ব্যৱহাৰ আদিৰ জীৱন্ত চিত্ৰ প্ৰকাশ কৰিছে। সমালোচক হীৰেন গোহাঁইৰ মতে, ‘সমসাময়িক ভাৰতৰ এক শ্ৰেষ্ঠ সাহিত্য কীৰ্তি এই কিতাপখনে সাহিত্যৰ গভীৰ গ্নানিবোধ প্ৰকাশ কৰিছে।
ভিক্ষাৰ পাত্ৰ ভাঙি
এই উপন্যাসখনৰ পটভূমি হৈছে কামৰূপৰ গ্ৰামাঞ্চল। ফুলেশ্বৰী নামৰ এগৰাকী বিধৱা মহিলাৰ অতীত সোঁৱণৰ যোগেদি উপন্যাসখনৰ কাহিনী তেখেতে উপস্থাপন কৰিছে। উপন্যাসখনত জমিদাৰ শ্ৰেণীৰ শোষণ আৰু প্ৰতিপত্তি, যৌন নিৰ্যাতন, সাধাৰণ মানুহৰ সংশয়যুক্ত, অভাৱগ্ৰস্ত আৰু হতাশাগ্ৰস্ত জীৱনধাৰাৰ কথা প্ৰকাশ কৰিছে।
দাশৰথীৰ খোজ
মামণি ৰয়ছম গোস্বামীয়ে এই উপন্যাসখন মৰিছাছ আৰু নেপালত অনুষ্ঠিত ৰামায়ণ সন্মিলনৰ প্ৰেক্ষাপটত ৰচনা কৰিছে। উপন্যাসখনত বিভিন্ন ৰাষ্ট্ৰৰ গৱেষক প্ৰতিনিধিয়ে ৰামায়ণ সম্পৰ্কীয় গৱেষণা পত্ৰ উপস্থাপন কৰিবলৈ গৈছে। গৱেষকসকলৰ গভীৰ তাত্ত্বিক চিন্তাৰ লগতে অন্যান্য মানৱীয় আসক্তিৰ সংহত সমাহাৰ ঘটিছে।
ছিন্নমস্তাৰ মানুহটো
২০০১ চনত প্ৰকাশ পাইছিল এই উপন্যাসখন। বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ কামাখ্যা মন্দিৰ এই উপন্যাসৰ পটভূমি। নীলকণ্ঠী ব্ৰজৰ লগত এই উপন্যাসৰ বিষয়বস্তু একে। ধৰ্মৰ পৱিত্ৰতাৰ আচিলাৰে মন্দিৰক কেন্দ্ৰ কৰি চলি থকা নিষ্ঠুৰ, অবৰ্ণনীয় পৰিঘটনাবোৰক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ ঘটনাটো গঢ় লৈ উঠিছে। ডৰথী নামৰ এগৰাকী স্বামী পৰিত্যক্তা নাৰী আৰু জঁটাধাৰী নামেৰে পৰিচিত এক সন্ন্যাসীৰ সম্পৰ্কক উপন্যাসখনক মুখ্য স্থান দিছে। পুৰুষতান্ত্ৰিক সমাজৰ সবল প্ৰতিবাদ ডৰথীয়ে সাব্যস্ত কৰিছে। গোবিন্দ প্ৰসাদ শৰ্মাই কৈছে যে, এই উপন্যাসখনত ‘ধৰ্মৰ নামত গঢ় লৈ উঠা এক নিষ্ঠুৰ সামাজিক প্ৰথাৰ বিৰুদ্ধে বলিষ্ঠ কিন্তু নীৰৱ প্ৰতিবাদ’ প্ৰকাশ পাইছে। এয়া হ’ল ধৰ্মৰ নামত পশু-পক্ষী বলি দিয়াৰ প্ৰথা। অসমীয়া ভাষাত এনে উপন্যাস এয়েই প্ৰথম।
সমালোচনা
বিভিন্ন সামাজিক স্থিতি, বিভিন্ন পেছা, ধৰ্ম, সম্প্ৰদায়ৰ ব্যক্তিৰ সমদল সৃষ্টি হৈছে তেওঁৰ উপন্যাসত। উচ্চ শিক্ষিত সমাজৰ তাত্ত্বিক চিন্তাকো উপন্যাসৰ বিষয়বস্তু কৰি তোলা হৈছে। প্ৰতিখন উপন্যাসেই জীয়া ঘটনাৰ ওপৰত আধাৰিত। অসমীয়া উপন্যাস সাহিত্যত এইগৰাকী ঔপন্যাসিকৰ সৃষ্টিৰ মাজতে ইমান বৈচিত্ৰ্য আজিলৈকে পৰিলক্ষিত হোৱা নাই। সমান্তৰালভাৱে তেওঁৰ উপন্যাসসমূহ সন্দেহাতীতভাৱে ৰসোত্তীৰ্ণ। মামণি ৰয়ছম গোস্বামী একমাত্ৰ অসমীয়া ঔপন্যাসিকা যাৰ উপন্যাসত ভাৰতবৰ্ষ তথা পৃথিৱীৰ বহু প্ৰান্তৰ প্ৰেক্ষাপট হিচাপে ব্যৱহৃত হৈছে। কাশ্মীৰ, দিল্লী, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, নেপাল, মৰিছাছ, মালয়েছিয়া, চিংগাপুৰ, কুঁৱালামপুৰ, হংকং, ফ্ৰান্স, পেৰিচ আদি ঠাইৰ পটভূমিত তেওঁ উপন্যাস ৰচনা কৰিছে। তেওঁৰ উপন্যাস সমূহত পৰিলক্ষিত কেইটামান সাধাৰণ বৈশিষ্ট্য হৈছে:
সমাজৰ নিঃস্ব তথা বনুৱা শ্ৰেণীৰ জীৱনৰ চিত্ৰায়ণ
যৌনতাৰ নিৰ্ভীক অথচ শালীন উপস্থাপন
নাৰীৰ সামাজিক দুৰৱস্থাৰ প্ৰতি সচেতন মনোভংগী
অভিজাত, ক্ষমতাশীল তথা উচ্চবৰ্ণৰ অহংকাৰেৰে পুষ্ট মানুহৰ অসৎ কৰ্মৰ প্ৰতি বিষোদগাৰ
ধৰ্মীয় অন্ধ সংস্কাৰ আৰু যুক্তিহীন পৰম্পৰাৰ প্ৰতি ভ্ৰূকুতি
মানুহক সম্প্ৰদায়, পেছা, ভাষা-ভাষী হিচাপে মূল্যায়ন কৰাতকৈ মানুহ হিচাপে মূল্যায়ন কৰাৰ চেষ্টা।
তথ্য সংগ্ৰহ
অসমীয়া সাহিত্য
লেখকৰ |
74374 | https://as.wikipedia.org/wiki/%E0%A6%86%E0%A6%B2-%E0%A6%AC%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%BE | আল-বাক্বাৰা | আল-বাক্বাৰা, বৈকল্পিকভাৱে ৰূপান্তৰিত আল-বাক্বাৰাহ "হাইফাৰ" বা "গৰু"), হৈছে কোৰআনৰ দ্বিতীয় আৰু দীঘলীয়া অধ্যায় (ছূৰা)। ইয়াত ২৮৬টা শ্লোক (আয়াত) আছে যিবোৰ "ৰহস্যময় আখৰ" ("মুকাত্তাত") এ.এল.এম-ৰ সৈতে আৰম্ভ হয়। আবৃত্তি কৰোঁতে আখৰবোৰৰ নাম (আলিফ, লাম আৰু মীম) ব্যৱহাৰ কৰা হয়, আচলতে সেইবোৰ শব্দ নহয় আৰবী হৰফ হে।
ছূৰাত বিভিন্ন বিষয় অন্তৰ্ভুক্ত আছে আৰু ইয়াত মুছলমানসকলৰ বাবে কেইবাটাও আদেশ আছে যেনে ৰমজান মাহত বিশ্বাসীৰ ওপৰত উপবাস ৰখা; সুদ নিষিদ্ধ কৰা (ৰিবা); আৰু কেইবাটাও বিখ্যাত আয়াত যেনে সিংহাসন আয়াত, আল-বাক্বাৰা ২৫৬ আৰু অন্তিম দুটা বা তিনিটা আয়াত। ছূৰাবোৰে বিভিন্ন বিষয়সম্বোধন কৰে, যাৰ ভিতৰত আছে যথেষ্ট পৰিমাণৰ আইন, আৰু আদম, ইব্ৰাহিম আৰু মুছাৰ কাহিনী পুনৰ কোৱা। ইয়াৰ এটা মুখ্য বিষয় হৈছে নিৰ্দেশনা: পৌত্তলিক (আল-মুশ্ৰিকিন) আৰু মদিনাৰ ইহুদীসকলক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ অনুৰোধ কৰা, আৰু তেওঁলোকক আৰু ভণ্ডসকলক (মুনাফিকুন) ভৱিষ্যতৰ বিষয়ে সতৰ্ক কৰা যিসকলে তেওঁৰ আহ্বানক মানি লোৱাত বিফল হৈছিল।
হিজৰৰ পিছত দীঘলীয়া সময়ৰ বাবে মদিনাত আল-বাক্বাৰা প্ৰকাশ পাইছিল বুলি বিশ্বাস কৰা হৈছিল, মুছলমানসকলে বিশ্বাস কৰা ৰিবা আয়াতবোৰৰ বাহিৰে, যিবোৰ মুহাম্মাদৰ অন্তিম হজ্জ বিদায় তীৰ্থযাত্ৰাৰ সময়ত প্ৰকাশ পাইছিল। বিশেষকৈ, এই অধ্যায়ৰ ২৮১ নং আয়াতটো কোৰআনৰ অন্তিম আয়াত বুলি বিশ্বাস কৰা হয়, আল-হজ্জ ১০ এ.এইচ.-ৰ দশম তাৰিখে, যেতিয়া মুহাম্মাদে মৃত্যুৰ ৮০ বা ৯০ দিন আগতে তেওঁৰ অন্তিম হজ্জ সম্পাদন কৰি আছিল।
সাৰাংশ ১-২০ অবিশ্বাসী আৰু ভণ্ডসকলে পুনৰ প্ৰমাণ কৰিলে
২১-৩৮ প্ৰকৃত ঈশ্বৰৰ উপাসনাৰ বাবে উপদেশ
৩৯-১০২ ইহুদী আৰু খ্ৰীষ্টানসকলে মুহাম্মাদক ঈশ্বৰৰ নবী বুলি দাবী কৰাটো স্বীকাৰ কৰিবলৈ আহ্বান জনাইছিল
১০২-১১২ মুহাম্মাদৰ ভৱিষ্যতবাণীমূলক ভাওনাৰ প্ৰতি ইহুদী আৰু খ্ৰীষ্টানসকলৰ বিৰোধিতাই যুঁজ দিছিল
১১৩ বাতিলৰ মতবাদ
১১৫ এটা কিবলাক অপ্ৰয়োজনীয় বুলি ঘোষণা কৰা হৈছে
১১৬-১৪১ ইহুদীসকলে নিন্দা কৰিছিল আৰু অব্ৰাহামৰ ধৰ্মক প্ৰকৃত ইছলাম বুলি ঘোষণা কৰা হৈছিল
১৪২-১৫৩ ইহুদীসকলে অৱশেষত ত্যাগ কৰে আৰু আৰৱসকলে মক্কাক ইছলামৰ কিবলা হিচাপে গ্ৰহণ কৰি গ্ৰহণ কৰে
১৫৪-১৬৩ বদৰৰ যুদ্ধত নিহত সকলৰ শোকসন্তপ্ত বন্ধুসকলে সান্ত্বনা দিছিল
১৬৪-১৭২ মাক্কানসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিবলৈ অনুৰোধ কৰিছিল আৰু নিষিদ্ধ মাংসক সন্মান কৰি আইন পালন কৰিবলৈ নিৰ্দেশ দিছিল
১৭৩-১৭৬ আইনী আৰু বেআইনী খাদ্য সম্পৰ্কীয় আইন (মদিনাত প্ৰদান কৰা)
১৭৭ মুছলমান কৰ্তব্যৰ যোগফল
১৭৮-১৭৯ প্ৰতিশোধৰ আইন
১৮০-১৮২ বিচাৰ সম্পৰ্কীয় আইন
১৮৩-১৮৫ উপবাস সম্পৰ্কীয় আইন
১৮৬-১৮৭ ৰমজানৰ উপবাস
১৮৮-২০২ মক্কালৈ তীৰ্থযাত্ৰা আৰু বিশ্বাসৰ বাবে যুদ্ধ
২০৩-২০৬ ভণ্ড আৰু প্ৰকৃত বিশ্বাসীসকলে ইয়াৰ বিপৰীত তাত কৈছিল
২০৭-২০৮ ইছলামৰ এক হৃদয়স্পৰ্শী গ্ৰহণযোগ্যতাৰ বাবে উপদেশ
২০৯ কাফেৰসকলৰ ধ্বংস উচ্চাৰণ
২১০-২১২ ইহুদীসকলে ধিক্কাৰ দিছিল
২১৩ ধৈৰ্য্যসহ্য কৰিব লগা দুখ
২১৪-২৪২ ভিক্ষা দিয়া, যুদ্ধ, সুৰা, অনাথ আদি সম্পৰ্কীয় সুন্দ্ৰী আইন। ২৪৩-২৫৩ পূৰ্বৰ ভৱিষ্যতবক্তাসকলৰ ইতিহাসৰ দ্বাৰা আদেশ দিয়া আৰু ধৰ্ম্মৰ প্ৰতিৰক্ষাৰ বাবে যুঁজ দিয়াৰ কৰ্তব্য
২৫৫ সিংহাসন আয়াত
২৫৬-২৫৭ লা ইক্ৰাহা ফিদ দীন। ২৫৮-২৬০ পুনৰুত্থানৰ মতবাদৰ উদাহৰণ দিয়া হৈছে
২৬১-২৭৪ ভিক্ষা কৰিবলৈ উপদেশ আৰু উৎসাহ
২৭৫-২৭৭ সুদ নিষিদ্ধ ২৭৮-২৮৩ কোৰআনৰ আটাইতকৈ দীঘল শ্লোকসহ ইছলামত ঋণ
২৮৪-২৮৬ পৰমদেশীয় তিনিটা আয়াত।
বিষয় বস্তু আৰু বিষয়বস্তু
১-৭ ঈশ্বৰৰ ভয়ত পুৰস্কৃত, অবিশ্বাসীসকলে পুনৰ প্ৰমাণ কৰিলে মুকাত্তাৰ পিছত, আল-বাক্বাৰাই ঘোষণাৰে আৰম্ভ কৰে যে কোৰআন সেই কিতাপ যত কোনো ধৰণৰ সন্দেহ নাই আৰু তাকৱা থকা সকলৰ বাবে ইয়াত নিৰ্দেশনা আছে। ব্যাকৰণগতভাৱে ত্ৰিআক্ষৰিক মূল ডব্লিউ-কিউ-ৱাই ৰ সৈতে সম্পৰ্কিত, যত্ন আৰু সুৰক্ষাৰ অনুভূতি। ঈশ্বৰ-ভয় (মুত্তাকিন) বুলি জনাজাত এই লোকসকলক আল-ঘাইব (নেদেখা, ঘাইব, জ্বলোৱা" বুলি বিশ্বাস কৰা লোক বুলি কোৱা হয়। "অনুপস্থিত।" ছালাহ প্ৰদান কৰক, তেওঁলোকক প্ৰদান কৰা বিষয়বোৰৰ পৰা জাকাত খৰচ কৰক, মুহাম্মাদৰ ভৱিষ্যতবক্তা আৰু আন ভৱিষ্যতবক্তাসকলৰ ওপৰত বিশ্বাস ৰাখক, আৰু তেওঁলোকক প্ৰকাশ কৰা কিতাপবোৰ।
কাফিৰ আৰু মুনাফিকৰ বৰ্ণনা অনুসৰণ কৰে। এই আয়াতবোৰৰ প্ৰথমটোত সত্য লুকুৱাই ৰখা এজনব্যক্তিক বৰ্ণনা কৰিবলৈ কাফিৰ শব্দটো ব্যৱহাৰ কৰা হয়, আৰু মুহাম্মাদক পৰামৰ্শ দিয়া হয় যে তেওঁলোকক তেওঁৰ প্ৰচেষ্টাস্বত্বেও বিশ্বাস নকৰিব কিয়নো ঈশ্বৰে তেওঁলোকৰ হৃদয় আৰু শ্ৰৱণ শক্তি বন্ধ কৰিছে, আৰু তেওঁলোকৰ চকু ঢাকি ৰাখিছে (যাতে তেওঁলোকে নিৰ্দেশনা চাব, শুনিব বা বুজিব নোৱাৰে), আৰু তেওঁলোকক এক ডাঙৰ যাতনাৰে শাস্তি দিয়া হ'ব। ইয়াৰ পিছত মুনাফিকসকলৰ এক বিতং বৰ্ণনা দিয়া হৈছে, যিসকলে কয় যে তেওঁলোকে ঈশ্বৰ আৰু অন্তিম বিচাৰত বিশ্বাস কৰে, কিন্তু প্ৰকৃততে সেইবোৰত বিশ্বাস নকৰে। কোৱা হয় যে তেওঁলোকে ঈশ্বৰ আৰু মমিনসকলক (বিশ্বাসী) প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰে কিন্তু তেওঁলোকে কোনো ধাৰণা নোহোৱাকৈ নিজকে প্ৰতাৰণা কৰে, তেওঁলোকৰ হৃদয়ত এনে এক ৰোগ যাক ঈশ্বৰে বৃদ্ধি কৰে আৰু তেওঁলোকক এক বেদনাদায়ক যাতনাৰে শাস্তি দিয়া হ'ব। মুনাফিকসকলে শান্তি বিয়পা, আৰু বিশ্বাসীসকলক মুৰ্খ বুলি কোৱাৰ সময়ত দেশখনত ফাচাদ (বিশৃংখলতা/দুষ্টতা) বিয়পাই ছিল বুলিও কোৱা হয়। বিশ্বাসীসকলক তেওঁলোকে বিশ্বাস কৰে বুলি কয়, কিন্তু যেতিয়া তেওঁলোকে তেওঁলোকৰ শয়তানসকলৰ ওচৰলৈ ঘূৰি যায়, তেওঁলোকে তেওঁলোকৰ অবিশ্বাস স্বীকাৰ কৰে, কিন্তু তেওঁলোকে নাজানে যে ঈশ্বৰে তেওঁলোকক প্ৰতাৰণা কৰে আৰু তেওঁলোকৰ বিচ্যুতি বৃদ্ধি কৰে। তাৰ পিছত তেওঁলোকক লাভহীন ব্যৱসায়ত লিপ্ত হোৱা, নিৰ্দেশনাৰ সৈতে ত্ৰুটি ক্ৰয় কৰা বুলি কোৱা হয়। তাৰ পিছত মুনাফিকসকলক এনে এজন ব্যক্তিৰ সৈতে তুলনা কৰা হয় যিজুই আৰম্ভ কৰে আৰু ইয়াৰ ওচৰৰ চাৰিওফালে সুৰক্ষিত অনুভৱ কৰে, কিন্তু ঈশ্বৰে জুই নুমুৱায় আৰু ব্যক্তিজন অন্ধকাৰত আৱৰি থাকে। কোৰআনে তেতিয়া তেওঁলোকক বধিৰ, বোবা আৰু অন্ধ বুলি কয়। আন এটা উদাহৰণ হৈছে এজন ব্যক্তিয়ে বৰষুণ, বজ্ৰপাত আৰু বজ্ৰপাতত অন্ধকাৰত ভ্ৰমণ কৰা, যাতে তেওঁলোকে মৃত্যুৰ ভয়ত তেওঁলোকৰ কাণত আঙুলি দিব লাগিব। বজ্ৰপাত ইমানেই উজ্জ্বল যে ই তেওঁলোকৰ দৃষ্টি শক্তি প্ৰায় আঁতৰাই আনে, কিন্তু যেতিয়াই আঘাত কৰে তেওঁলোকে ইয়াৰ ফালে খোজ কাঢ়ে, আৰু আন্ধাৰ হ'লে ৰৈ যায়।
তাৰ পিছত মানৱজাতিক তাকৱা আহৰণ কৰিবলৈ ঈশ্বৰৰ উপাসনা কৰিবলৈ কোৱা হয় আৰু ঈশ্বৰৰ সৃষ্টিৰ বৰ্ণনা অনুসৰণ কৰা হয়: পৃথিৱীখন এক বিশ্ৰামস্থলী হিচাপে, আকাশক ছাউনি হিচাপে আৰু বৰষুণৰ দ্বাৰা ফল আৰু ব্যৱস্থা আনিবলৈ আকাশৰ পৰা প্ৰেৰণ কৰা হয়। তেতিয়া তেওঁলোকক ঈশ্বৰৰ কাষত উপাসনাত আনক স্থাপন নকৰিবলৈ পৰামৰ্শ দিয়া হয়। যিসকলে সন্দেহ কৰে যে মুহাম্মাদৰ ওচৰত কোৰআন প্ৰকাশ কৰা হৈছিল তেওঁলোকক তেতিয়া ইয়াৰ দৰে এটা ছূৰা প্ৰস্তুত কৰিবলৈ প্ৰত্যাহ্বান জনোৱা হৈছিল। তেতিয়া কোৱা হয় যে তেওঁলোকে কেতিয়াও এই প্ৰত্যাহ্বান পূৰণ কৰিব নোৱাৰিব আৰু নৰকক ভয় কৰিবলৈ কোৱা হয়, যাক মানৱ আৰু শিলৰ সৈতে ইন্ধন যোগোৱা আৰু বিশেষভাৱে কাফিৰৰ বাবে প্ৰস্তুত কৰা বুলি বৰ্ণনা কৰা হয়।
এই অধ্যায়ৰ কাহিনীবোৰ পাঠকক ইছলামত সত্যৰ ধৰ্মীয় ধাৰণা বুজাত সহায় কৰিবলৈ কোৱা হৈছে।
৮-২০ ভণ্ড সুৰাআল বাকাৰাত (২:৮-২০ আয়াত) ভণ্ডসকলক (মুনাফিকুন) বুজায়। মুহাম্মাদৰ মক্কান পৰ্যায়ত, বিশ্বাসী আৰু মুশ্ৰিকীন (অবিশ্বাসী) নামৰ দুটা গোট আছিল। অৱশ্যে, হিজৰা (মদিনালৈ প্ৰব্ৰজন) মুহাম্মাদে মুছলমানসকলৰ বিৰুদ্ধে গোপনে ষড়যন্ত্ৰ কৰাৰ সময়ত মুকলিকৈ ইছলাম গ্ৰহণ কৰা সকলৰ বিৰোধিতাৰ সৈতে মোকাবিলা কৰিব লগা হৈছিল। তেওঁলোকৰ নেতা আছিল আব্দুল্লা ইবনে উবাই যাক মদিনাত মুহাম্মাদ (ছাঃ)ৰ আগমনৰ আগতে ৰজাৰ মুকুট পিন্ধিবলৈ ওলাইছিল। ভণ্ডসকলে মুছলমানসকলৰ পৰা লাভান্বিত হৈছিল আৰু অবিশ্বাসীসকলৰ সৈতে তেওঁলোকৰ সম্পৰ্ক হেৰুৱা নাছিল। তেওঁলোকক দুয়োটা দলৰ প্ৰতি বিশ্বাসঘাতক বুলি গণ্য কৰা হৈছিল আৰু যিসকলে তেওঁলোকক সাংসাৰিক অৰ্থত আটাইতকৈ বেছি লাভান্বিত কৰিছিল তেওঁলোকৰ প্ৰতি আকৰ্ষিত হৈছিল
ছূৰাটোৱে নিফাকৰ ধাৰণাটোৰ ওপৰতো আলোকপাত কৰে, যি আন্তৰিকতাৰ বিপৰীত। ই দুই প্ৰকাৰৰ:
১) বিশ্বাসত নিফাক: বাহ্যিকভাৱে বিশ্বাস দেখুওৱা অৱশ্যে বাস্তৱত কোনো বিশ্বাস নাই
২) নিফাক ব্যৱহাৰিকভাৱে: য'ত মানুহে বিশ্বাস কৰে যে তেওঁলোকে ভণ্ডৰ দৰে কাম কৰে। ভণ্ড এজনৰ চিহ্নহৈছে মিছা কোৱা, প্ৰতিশ্ৰুতি ভংগ কৰা, আমান বা বিশ্বাস নকৰা আৰু যেতিয়া তেওঁলোকে তৰ্ক কৰে তেতিয়া তেওঁলোকে অভিশাপ দিয়ে বা বেয়া ভাষা ব্যৱহাৰ কৰে। কামলুদ্দিন আহমেদ নামৰ এজন বিশিষ্ট পণ্ডিতৰ মতে, নিফাক হৈছে এনে এক বস্তু যি হৃদয়ৰ ভিতৰত আছে, সেয়েহে ঈশ্বৰৰ বাহিৰে ইয়াৰ অস্তিত্বৰ বিষয়ে কোনেও নাজানে। সেয়েহে, নিজৰ আত্ম-মূল্যায়নৰ জৰিয়তে কাকো ভণ্ড বা মুনাফিক বুলি ক'ব নোৱাৰি। ই তাকফিৰ অৰ্থাৎ কাৰোবাক কাফিৰ (অবিশ্বাসী) বুলি কোৱাৰ সমান হ'ব কিয়নো নিফাক (ভণ্ডামি) বিশ্বাসত কুফ্ৰ। ২৬ ৰ সৈতে আৰম্ভ হয় আল-হিজাব), এটা ইছলামিক প্ৰতীক। ৮৭-১০৫ ছানা নিম্ন পাঠত সংৰক্ষণ কৰা হৈছে।
দৰাচলতে, আমি মুছাক কিতাপখন দিছিলোঁ আৰু তেওঁৰ পিছত ক্ৰমান্বয়ে বাৰ্তাবাহক পঠিয়াইছিলোঁ। আৰু আমি মৰিয়মৰ পুত্ৰ যীচুক স্পষ্ট প্ৰমাণ দিছিলোঁ আৰু তেওঁক পবিত্ৰ আত্মাৰ দ্বাৰা সমৰ্থন কৰিছিলোঁ। কিন্তু যেতিয়াই এজন বাৰ্তাবাহক আপোনাৰ ওচৰলৈ আহিছিল, (হে ইস্ৰায়েলৰ সন্তান) আপোনাৰ আত্মাই যি বিচৰা নাছিল, আপুনি অহংকাৰী আছিল নে? আৰু এটা দল [বাৰ্তাবাহকৰ] আপুনি অস্বীকাৰ কৰিছিল আৰু আপুনি হত্যা কৰা আন এটা দল। [কোৰআন ২:৮৭]
সুৰাযুক্ত পানীয় আৰু জুৱাৰ নিন্দাও প্ৰথমে অধ্যায়টোত পোৱা যায়, আৰু খ্ৰীষ্টানসকলক কিতাপখনৰ লোক বা "খ্ৰীষ্টৰ সহায়ক" শব্দৰ পৰিৱৰ্তে নাজাৰেন বুলি উল্লেখ কৰাটো কোৰআনৰ মাত্ৰ চাৰিটা অধ্যায়ৰ ভিতৰত এটা।
আল-বাক্বাৰাত যুদ্ধৰ বিষয়টোৰ সৈতে সম্পৰ্কিত কেইবাটাও আয়াত আছে। কোৰআন ২:১৯০-১৯৪ ইছলামৰ যুদ্ধৰ প্ৰকৃতিৰ ওপৰত উদ্ধৃতি দিয়া হৈছে। ছূৰাহত বিভিন্ন বিষয়ৰ সৈতে সম্পৰ্কিত কেইটামান ইছলামিক নিয়ম অন্তৰ্ভুক্ত আছে, যেনে: প্ৰাৰ্থনা, উপবাস, ঈশ্বৰৰ পথত চেষ্টা কৰা, মক্কালৈ তীৰ্থযাত্ৰা, জেৰুজালেমৰ পৰা মক্কালৈ প্ৰাৰ্থনাৰ দিশ (কিব্লাহ) পৰিৱৰ্তন, বিবাহ আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ, বাণিজ্য, ঋণ, আৰু আগ্ৰহ বা সুদ সম্পৰ্কীয় বহুতো অধ্যাদেশ।
২৫৫ "সিংহাসন আয়াত" কোৰআন ২-ত বহুতো আয়াত অন্তৰ্ভুক্ত আছে য'ত সিংহাসনৰ বিশেষ আয়াত (আয়াতুল কুৰ্চী)ৰ দৰে গুণ আছে। মুহাম্মাদে কৈছিল বুলি জনা গৈছে,
"আপোনাৰ ঘৰবোৰ পৰিৱৰ্তন নকৰিব। ভেৰিলি, চয়তানে চুৰাট আল-বাক্বাৰাহ আবৃত্তি কৰা ঘৰটোত প্ৰৱেশ নকৰে।" [মুছলিম, তিৰ্মিধি, মুছনাদ আহমেদ]
আদ-দাৰিমীয়ে লগতে লিপিবদ্ধ কৰিছিল যে আশ-শাবিয়ে কৈছিল যে 'আব্দুল্লাবিন মাছ'দই কৈছিল, "যিজনে এটা নিশাত ছূৰা আল-বাক্বাৰাৰ পৰা দহটা আয়াত আবৃত্তি কৰে, তেতিয়া চয়তানে সেই নিশা তেওঁৰ ঘৰত প্ৰৱেশ নকৰিব। (এই দহটা আয়াত হৈছে) আৰম্ভণিৰ পৰা চাৰিটা, আয়াত আল-কুৰ্চি (২৫৫), নিম্নলিখিত দুটা আয়াত (২৫৬-২৫৭) আৰু অন্তিম তিনিটা আয়াত। ২৫৫ আয়াতটো হৈছে "সিংহাসন আয়াত" ই কোৰআনৰ আটাইতকৈ বিখ্যাত আয়াত আৰু ইছলামত ঈশ্বৰৰ সৰ্বশক্তিমানতাৰ জোৰদাৰ বৰ্ণনাৰ বাবে ইছলামিক জগতত ব্যাপকভাৱে মুখস্থ আৰু প্ৰদৰ্শিত হয়। ২৫৬ আয়াতটো কোৰআনৰ আটাইতকৈ উদ্ধৃত আয়াতসমূহৰ ভিতৰত এটা। ইয়াত বিখ্যাত ভাৱে উল্লেখ কৰা হৈছে যে "ধৰ্মত কোনো বাধ্যবাধকতা নাই।" আন দুটা আয়াত, ২৮৫ আৰু ২৮৬, কেতিয়াবা "সিংহাসন আয়াত"ৰ অংশ বুলি গণ্য কৰা হয়।
২৫৬ ধৰ্মত কোনো বাধ্যবাধকতা নাই
282 "ঋণ আৰু মহিলাৰ সাক্ষ্যৰ আয়াত" আয়াত ২:২৮২ দুটা নিৰ্দিষ্ট ইছলামিক ন্যায়শাস্ত্ৰৰ বিষয় সামৰি লোৱা হৈছে: (১) ঋণ লোৱা আৰু (২) মহিলাৰ সাক্ষ্যৰ স্থিতি।আমিন আহছান ইছলাহীয়ে তেওঁৰ ছূৰা আল-বাক্বাৰাৰ তাফিৰত কয় যে যেতিয়া এক নিৰ্দিষ্ট সময়ৰ বাবে ঋণ লেনদেন হয়, ইয়াক আনুষ্ঠানিকভাৱে লিখি ৰাখিব লাগিব। ঋণদাতা আৰু ঋণদাতা দুয়োজনে লেখকক বিশ্বাস কৰিব লাগিব। দুজন সাক্ষী থাকিব লাগিব: দুজন পুৰুষ, বা এজন পুৰুষ আৰু দুজন মহিলা। লেখকৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব। চুক্তিৰ দৈৰ্ঘ্য সঠিকভাৱে ক'ব লাগে।আল-জালালাইনে কয়, "ঋণ ৰক্ষা কৰিবলৈ মাতি পঠোৱা হৈছে, দুজন সাক্ষী পুৰুষে মুছলমান মুক্ত পুৰুষক পৰিপক্ব কৰে; বা যদি সাক্ষী দুজন পুৰুষ নহয় তেন্তে এজন পুৰুষ আৰু দুজন মহিলা"
মুছা আল-বাক্বাৰাত মুছাৰ বিষয়ে কেইবাবাৰো উল্লেখ কৰা হৈছে মুছাৰ মূল্যাঙ্কন: কোৰআন ২:১৩৬
যিজন ভৱিষ্যতবক্তাৰ সৈতে ঈশ্বৰে কথা পাতিছিল: কোৰআন ২:২৫৩
টোৰাহ: কোৰআন ২:৪১-৪৪; ২:৫৩; ২:৮৭
মুছাৰ অলৌকিক ঘটনা: কোৰআন ২:৫৬, কোৰআন ২:৬০, কোৰআন ২:৯২, কোৰআন ২:২১১
মুছা আৰু ফাৰো
মুছা আৰু তেওঁৰ অনুগামীসকল সুৰক্ষিত: কোৰআন ২:৫০
ফাৰো আৰু তেওঁৰ সৈন্যবাহিনী: কোৰআন ২:৫০
ফাৰোৱে ইস্ৰায়েলসকলক শাস্তি দিছিল: কোৰআন ২:৪৯
প্ৰতিশ্ৰুতি দিয়া দেশলৈ ভ্ৰমণ কৰক
ইস্ৰায়েলসকলে প্ৰতিশ্ৰুতি দিয়া দেশত প্ৰৱেশ কৰিছিল: কোৰআন ২:৫৮
ঈশ্বৰৰ সৈতে মুছাৰ বাৰ্তালাপ: কোৰআন ২:৫১
ইস্ৰায়েলসকলে পোৱালিটোক উপাসনা কৰিছিল: কোৰআন ২:৫১-৫৪, কোৰআন ২:৯২-৯৩
ইস্ৰায়েলসকলৰ অস্বীকাৰ: কোৰআন ২:২৪৬-২৪৯
ইস্ৰায়েলসকলৰ গুণাগুণসমূহ: কোৰআন ২:৪১-৪৪; ২:৫৫-৫৯; ২:৬১-৭১; ২:৭৪-৭৬; ২:৮৩; ২:৯৩-৬; ২:১০০-১০১; ২:১০৪; ২:১০৮; ২:১৪০-১৪২; ২:২৪৬-২৪৯
লগতে চওক আয়াতুল কুৰ্চি
আল-বাক্বাৰা ২৫৬
ঋণৰ আয়াত
টোকাসমূহ
প্ৰসংগসমূহ
বাহ্যিক সংযোগসমূহ কোৰআন ২:৩০, ৫০+ ঐতিহ্যসমূহ, "গৰু", বিশ্ব ডিজিটেল পুথিভঁৰালৰ জৰিয়তে আল-বাকাৰাহৰ ত্ৰৈমাসিক ১৩ শতিকাৰ এখন পাণ্ডুলিপি
কোৰাআনিক আয়াতসমূহ, ত্ৰৈশ শতিকাৰ পৰা আল-বাক্বাৰাৰ বাবে এখন পাণ্ডুলিপি
কোৰআন
ছূৰা
আল-কোৰআনৰ ছূৰাসমূহ
ইছলাম ধৰ্ম
মদিয়ান |
79019 | https://as.wikipedia.org/wiki/%E0%A6%A7%E0%A7%80%E0%A7%B0%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%A3 | ধীৰনাৰায়ণ | ধীৰনাৰায়ণ চুতীয়া ৰাজ্যৰ এজন ৰজা আছিল। তেওঁ আছিল চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা। পিতৃ পুৰন্দৰ পালৰ মত্যুৰ পিছত তেওঁৰ পুত্ৰ ধীৰনাৰায়ণে ১৫০০ খ্ৰীঃত সধয়াপুৰীৰ সিংহাসনত আৰোহণ কৰে ধীৰনাৰায়ণ এজন ন্যায় পৰায়ণ আৰু সাহসী ৰজা হোৱা বাবে ৰাজ্যৰ সীমা লুইত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিহিং নদীলৈকে বিস্তাৰ কৰিছিল। উত্তৰপাৰে উত্তৰ লখিমপুৰ পাৰ হৈ বিশ্বনাথলৈকে সীমা আছিল। সীমাৰ সিপাৰে অৰ্থাৎ পশ্চিমে ভূঞাসকলে ৰাজত্ব কৰিছিল। ভুঞা সকলৰ লগত মাজে সময়ে সীমাৰ বিবাদ চলি আছিল। এই ভূঞা সকল ধীৰনাৰায়ণৰ ৰাজত্ব কালচোৱাত পৰাধীন কৰি ৰাখিছিল।
আহোমৰ সৈতে বিবাদ
চুতীয়া ৰাজ্যৰ দক্ষিণ- পশ্চিম অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ পশ্চিম অঞ্চলত দিহিং নদীৰ ওচৰত পানবাৰী আহোম স্বৰ্গদেউ চুহুংমুঙে জয় কৰাত বিবাদ আৰম্ভ হয়। সধায় পুৰৰ ৰজা মহাপৰাক্ৰমী আছিল। 'প্ৰচণ্ড দুৰ্দান্ত বাহুৰে' শত্ৰু দমন কৰি ৰাজশ্ৰী খিতাপ লাভ কৰিছিল। ঢকুৱাখনা কোঁৱৰ গাঁৱত উদ্ধাৰ হোৱা তামৰ ফলিত সেই কথা লিখাৰ উপৰিও ১৪৪৪ শকত ৰস্মীকৰ বিপ্ৰক এহেজাৰ পুৰা মাটি বলৰকগুণ সহ প্ৰজাই বাস কৰি থকা হিপুৱাল নামৰ ঠাইখিনি প্ৰদান কৰিছিল। অৱশ্যে এই ঠাইখণ্ডৰ স্থিতি স্পষ্ট নহয় যদিও 'হিপুৱাল'গোৱাল গাঁওখনো হ'ব পাৰে। সেইসময়ত আহোম ৰাজ্যৰ ৰাজধানী চৰগুৱা'ত আছিল। ৰাজ্যখন দিহিং আৰু দিখৌৰ মাজত আছিল। ৰজা চুহুংমুং দিহিঙ্গীয়া ফৈদৰ আছিল। সেইবাবে স্বৰ্গদেৱক দিহিঙ্গীয়া ৰজা বুলিছিল। 'শ্ৰী শ্ৰী স্বৰ্গ নাৰায়ণ' খিতাপ সৰ্বপ্ৰথমে তেওঁ গ্ৰহণ কৰে| সেই "স্বৰ্গদেৱ শকেৰে বছৰ লেখ-গণনা আৰম্ভ কৰে। ১৫১২ খ্ৰীঃত চুহুংমুঙে ৰাজ্য জয়ৰ পৰিকল্পনা কৰে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ হাবুঙৰ পশ্চিম অঞ্চল পানবাৰী অধিকাৰ কৰিছিল। সেই সময়ত হাবুং অঞ্চল চুতীয়া ৰাজ্যৰ ভিতৰুৱা আছিল। হাবুঙত চুতীয়াৰ ৰাজ্যৰ বিশেষ প্ৰভাৱ থকাৰ প্ৰমাণ দিয়ে সেই অঞ্চলত উদ্ধাৰ হোৱা ভূমি দানৰ তাম ফলি বিলাকক। গৌৰী নাৰায়ণ বা ৰত্নধ্বজ পালৰ ৰাজত্ব সময়ৰ পৰা চুতীয়া ৰাজ্য পতনলৈকে তিনিশৰো অধিক বছৰ কাল ৰাজত্ব কৰিছিল। ১৫৫৩ খ্ৰীঃএটা সাধাৰণ ঘটনাৰ পৰাই চুতীয়া আৰু আহোমৰ মাজত দিখৌমনখত যুদ্ধ হৈছিল। সুকুমাৰ মহন্ত নামৰ ব্যক্তিজনৰ গূহত পোৱা "অসম বুৰঞ্জী'খনৰ মতে "দিহিঙত আহোম ৰাজ্যৰ কেইজনমান লোকে নাও মেলি মাছ ধৰি আনোতে চুতীয়াৰ মাণিকচন্দ্ৰ বৰুৱাই ক'লে -"আমাৰ পানীৰ মাছ, ক'ৰ মানুহে নিয়ে নাও মেলি ধৰগৈ।" তেওঁৰ আদেশ পাই চুতীয়া মানুহ আগবাঢ়ি যোৱাত দুয়ো পক্ষৰ জোতা পোতা লাগে আৰু মাছটো হাততে চিগে। চুতীয়া মানুহকো লণ্ড ভণ্ড কৰি আহোমে দুটা চুতীয়া মানুহ ধৰি নিয়ে। এইকথা মাণিকচন্দ্ৰ বৰুৱাই খুণ্ড ৰজাৰ জোঁৱায়েকক জনালে লুণ্ডা-মুুণ্ডা মানুহবোৰ,গাতো কলীয়া কাপোৰ,দেখোঁতেও এক বিধ দেখি আমাৰ দুটাকো ধৰি নিলে,মাছো কাঢ়ি নিলে,গাকো লণ্ড ভণ্ড কৰিলে। বিবাদৰ কথাবোৰ কথাবোৰ চুতীয়া ৰজা ধীৰনাৰায়ণে জানিব পাৰি যুদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সেই অনুসৰি এদল সৈন্য দিখৌ মুুখলৈ পঠালে। সেই খবৰ পাই আহোম ৰজাৰ দুজন ৰাইলুঙিয়া গোঁহাইৰ নেতৃত্বত নৌ আৰু স্থল বাহিনী পঠায়।
আহোম সৈন্যৰ লগত কনচেং বৰপাত্ৰগোঁহাইও গৈছিল। চুতীয়া সেনাৰ নেতৃত্ব দিছিল মাণিকচন্দ্ৰ বৰুৱা,বৰহুলৈ বৰুৱা আৰু ডেলাই বৰাই। এই যুদ্ধত চুতীয়াৰ চাৰিহাজাৰ সৈন্য মৰিল। এহেজাৰ বন্দী হ'ল। কনচেং বৰপাত্ৰগোঁহাইয়ে বন্দী সৈন্যবোৰক পিচত বধ কৰিলে। এই যুদ্ধত আহোমে দিহিংমুখ আৰু মানদাং অঞ্চল দখল কৰি তাত নগৰ পাতিলে। যুদ্ধত কেৱল চুতীয়া সৈন্যই মৰিল এনে নহয় আহোমৰো বহু সৈন্য বধ হৈছিল।এই ক্ষতি পূৰণ হ'বলৈ কেইবাবছৰ সময় লাগিছিল। ১৫১৭ খ্ৰীঃত ৰজা ধীৰনাৰায়ণে পৰাজয় গ্লানি মোচনৰ বাবে চেষ্টা চলায়। মুংকুৰ (নৰা) ৰজা চাও-কা ফাৰ সহায় বিচাৰিলেট। ১৫২০ খ্ৰীঃত ধীৰনাৰায়ণে মুংখ্ৰাম দূৰ্গ উদ্ধাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰে। চুতীয়া সৈন্যই ডৰুৱাকটাত কোঠ মাৰি স্থল আৰু নৌ-বাহিনীৰে আক্ৰমণ কৰে। মন্ত্ৰী কাচিতৰাই আক্ৰমণ কৰাত আহোম সেনাপতি খেনমুঙৰ মূত্যু হয়। ফলত আহোম সৈন্য ছেদেলি-ভেদেলি হৈ পলাল। কাচিতৰাই দিহিংমুখত থকা মুংখ্ৰাম দূৰ্গ অবৰোধ কৰে। যুদ্ধত আহোমৰ সৈন্য অজস্ৰ মৰা পৰিল। যুদ্ধত জয়ী হৈ ধীৰ নাৰায়ণে তাত শাসনৰ সু-ব্যৱস্থাৰ কৰিলে। চেঁচাঁমুখত সৈন্যক কোঠ মাৰি থাকিবলৈ আদেশ কৰিলে। ৰজা ধীৰনাৰায়ণে যুদ্ধ জয়ৰ আনন্দ উল্লাসত যজ্ঞ পাতিলে। ব্ৰাহ্মণক দান দক্ষিণা কৰিলে। তাম্ৰপত্ৰ কৰি ভূমি দান কৰিলে। ইয়াৰ পিচতে নিজ কন্যা সাধনীক বিয়া দিয়ে।
তথ্য সংগ্ৰহ
চুতীয়া |
43888 | https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A7%81%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%95%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87%E0%A6%A4%E0%A7%8D%E0%A7%B0 | চুম্বকীয় ক্ষেত্ৰ | চুম্বক ক্ষেত্ৰ হৈছে বৈদ্যুতিক কাৰেণ্ট আৰু চুম্বকীয় পদাৰ্থৰ চৌম্বিক কোনো এক বিন্দুৰ চুম্বক ক্ষেত্ৰ, দিশ আৰু মান দুইটাৰ ওপৰত নিৰ্ভৰশীল, ইয়াক ভেক্টৰ ক্ষেত্ৰৰ দ্বাৰা প্ৰকাশ কৰা হয়। চুম্বক ক্ষেত্ৰক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাশি হৈছে আৰু য'ত ক এছ আই পদ্ধতিত এম্পিয়াৰ প্ৰতি মিটাৰ আৰু ক এছ আই পদ্ধতিত টেছলা আৰু নিউটন প্ৰতি মিটাৰ প্ৰতি এম্পিয়াৰ হিচাপে জোখ কৰা হয়। ক সাধাৰণতে গতি কৰা অৱস্থাত থকা বৈদ্যুতিক আধানৰ ওপৰত ই প্ৰয়োগ কৰা লৰেঞ্জ বলৰ আধাৰত সংজ্ঞাবদ্ধ কৰা হয়। গতিবদ্ধ আধান আৰু মৌলিক কণাসমূহৰ স্পিনৰ লগত সংযুক্ত চৌম্বিক )ৰ দ্বাৰা চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। বিশেষ আপেক্ষিকতাবাদৰ সূত্ৰত বৈদ্যুতিক আৰু চুম্বক ক্ষেত্ৰ বিদ্যুৎচুম্বকীয় টেনছৰৰ দুটা অংগ আৰু দৰ্শকৰ আপেক্ষিক বেগ আৰু আধানৰ ওপৰত নিৰ্ভৰ কৰি এই টেনছৰ বৈদ্যুতিক আৰু চুম্বকীয় ক্ষেত্ৰলৈ বিভক্ত হোৱাটো নিৰ্ভৰ কৰে। কোৱাণ্টাম বলবিদ্যাত, বিদ্যুৎচুম্বকীয় ক্ষেত্ৰ নিৰৱচ্ছিন্ন কিছু শক্তিৰ টোপোলা হিচাপে আৰু ফটনৰ বিনিময়ৰ দ্বাৰা বিদ্যুৎচুম্বকীয় )সমূহ হয়।
দৈনন্দিন জীৱনত সাধাৰণতে চুম্বকীয় ক্ষেত্ৰসমূহ স্থায়ী চুম্বকৰ দ্বাৰা স্বৃষ্ট বল হিচাপেহে অনুভূত হয়, যিয়ে ফেৰমেগনেটিক পদাৰ্থ যেনে লোহা, ক'বাল্ট, নিকেল আদিক টানে আৰু বাকী চুম্বকবোৰক আকৰ্ষণ অথবা বিকৰ্ষণ কৰে। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰমেকানিকছত চুম্বক ক্ষেত্ৰৰ বহুল প্ৰয়োগ বিদ্যমান। পৃথিৱীৰ নিজা চুম্বক ক্ষেত্ৰ আছে যাৰ দ্বাৰা দিকনিৰ্ণয় সম্ভৱ আৰু পৃথিৱীৰ বায়ুমণ্ডলক সৌৰ বায়ুৰ পৰা ৰক্ষা কৰিবলৈ ঢাল হিচাপে কাম কৰে। ইলেক্ট্ৰিক মটৰ আৰু জেনেৰেটৰত ঘূৰ্ণীয় চুম্বক ক্ষেত্ৰ ব্যৱহাৰ হয়। হল )ৰ যোগেদি আমি কোনো পদাৰ্থৰ মাজেৰে যোৱা আহিত কণাৰ তথ্য চুম্বকীয় বলৰ দ্বাৰা লাভ কৰো।
ইতিহাস
যদিও চুম্বক আৰু চুম্বকত্বৰ বিষয়ে আগতেই জনা গৈছিল, ১২৬৯চনত ফ্ৰান্সৰ পণ্ডিত পেট্ৰাছ পেৰিগ্ৰিনাছ দি মাৰিকৰ্টে লোহাৰ দ্বাৰা গোলাকাৰ চুম্বক এডালৰ চুম্বক ক্ষেত্ৰখন তৈয়াৰ কৰাৰ পাছৰ পৰাহে চুম্বক ক্ষেত্ৰৰ অধ্যয়ন আৰম্ভ হয়। চুম্বকীয় বলৰেখাবোৰে দুটা বিন্দুত কৰাৰ বাবে পৃথিৱীৰ দুই মেৰু থকা অনুসাৰে তেওঁ সেই বিন্দু দুটাক মেৰু হিচাপে নামাকৃত কৰে। তেওঁৱেই স্পষ্টকৈ প্ৰতিষ্ঠা কৰে যে আচলতে যিমান চেষ্টা কৰি কাটি পেলালেও চুম্বকৰ সদায় উত্তৰ আৰু দক্ষিণ মেৰু থাকিবই।
তিনি দশকৰ পাছত, ৱিলিয়াম গিলবাৰ্টে পৃথিৱীৰ চুম্বকত্বৰ কথা প্ৰকাশ কৰে। ১৬০০ চনত প্ৰকাশিত গিলবাৰ্টৰ দি মেগনেটেৰ দ্বাৰা চুম্বকত্ব এক বিজ্ঞান হিচাপে প্ৰতিষ্ঠা হয়। ১৭৫০ চনত জন মিছেলে প্ৰকাশ কৰে যে চুম্বকেও বিপৰীত বৰ্গ অনুসাৰে চুম্বকীয় মেৰুয়ে আকৰ্ষণ আৰু বিকৰ্ষণ কৰে। ১৭৮৫ চনত চাৰ্লচ অগষ্টিন দি কুলম্বে ইয়াক প্ৰায়োগিকভাৱে প্ৰতিষ্ঠা কৰে আৰু প্ৰকাশ কৰে যে চুম্বকৰ উত্তৰ আৰু দক্ষিণ মেৰু পৃথক কৰিব নোৱাৰি। ১৮১৯ চনত হেন্স খ্ৰীষ্টিয়ান অৰ্ষ্টেডে আৱিষ্কাৰ কৰে যে বৈদ্যুতিক কাৰেণ্টৰ চাৰিওফালে চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। ১৮২০ চনত এন্ড্ৰি মাৰি এম্পিয়েৰে আৱিষ্কাৰ কৰে যে দুডাল সমান্তৰ পৰিবাহী তাঁৰে একে দিশত কাৰেণ্ট পৰিবাহ কৰিলে ইডালে সিডালক আকৰ্ষণ কৰে। অৱশেষত ১৮২০ চনত জিন বাপ্টিষ্ট বায়'ট আৰু ফেলিক্স চাভাৰ্টে কাৰেণ্ট পৰিবাহী যিকোনো তাঁৰৰ চাৰিওকাষে থকা চুম্বক ক্ষেত্ৰ আৱিষ্কাৰ কৰি বায়'ট-চাভাৰ্ট সূত্ৰ প্ৰতিষ্ঠা কৰে।
সংজ্ঞা, একক আৰু জোখ মাখ
ক্ষেত্ৰ
প্ৰায়ে কোনো চুম্বক ক্ষেত্ৰ কোনো গতিযুক্ত আহিত কণাৰ ওপৰত ই প্ৰয়োগ কৰা বলৰ দ্বাৰা সংজ্ঞাবদ্ধ কৰা হয়। স্থিতি বিদ্যুতৰ পৰীক্ষাৰ পৰা জনা যায় যে, কোনো বৈদ্যুতিক ক্ষেত্ৰ ত কোনো এক আধান য়ে লাভ কৰা বল হৈছে আন কোনো পৰিস্থিতি যেনে, যেতিয়া এক আহিত কণাই বিদ্যুৎ প্ৰবাহী তাঁৰেদি যায়, এই বল সেই কণাৰ বেগৰ ওপৰতো নিৰ্ভৰ কৰে। তেতিয়া সেই কণাৰ ওপৰত বলৰ পৰিমাণ লৰেঞ্জৰ বলৰ )ৰ দ্বাৰা দিয়া হয়-
ইয়াত হৈছে কণাৰ বেগ আৰু হৈছে ক্ৰচ পূৰণফল। ৰ দ্বাৰা চুম্বক ক্ষেত্ৰক বুজোৱা হৈছে আৰু ইয়াক কোনো আহিত কণাৰ গতি বুজাবলৈ লৰেঞ্জৰ বলৰ সূত্ৰৰ ভেক্টৰ ক্ষেত্ৰ হিচাপে সংজ্ঞাবদ্ধ কৰা হয়। আন প্ৰকাৰে, কোনো চুম্বক দ্বিমেৰুত সৃষ্ট টৰ্কৰ দ্বাৰাও চুম্বক ক্ষেত্ৰৰ সংজ্ঞা দিব পাৰি।
ক্ষেত্ৰ
ৰ উপৰিও, কো চুম্বক ক্ষেত্ৰ হিচাপে কোৱা হয়। বায়ুশূণ্য অৱস্থাত, আৰু দুয়ো দুয়োৰে সমানুপাতিক আৰু সমানুপাতিক ধ্ৰ ুৱক এককৰ ওপৰত নিৰ্ভৰশীল। কোনো পদাৰ্থৰ অন্তৰ্ভাগত দুয়োটা ৰাশি পৃথক। 'চুম্বক ক্ষেত্ৰ' এই শব্দটোৰ বাবে ক ৰখা হৈছিল যদিও বৰ্তমানে প্ৰায়ে ব্যৱহাৰ কৰাও দেখা যায়।
একক
এছ আই এককত, ক জোখা হয় হিচাপে আৰু চুম্বকীয় ফ্লাক্সৰ একক এক ৱেবাৰ/বৰ্গ মিটাৰে এক টেছলা বুজায়। টেছলাৰ এছ আই একক (নিউটন ছেকেণ্ড)/(কুলম্ব মিটাৰ) ৰ সমতুল্য। গছিয়ান ছিজিএছ এককত, ক জোখা হয় হিচাপে। ১ টেছলা= ১০,০০০ গজ। এক নেন'টেছলাক এক গামা বুলিও কোৱা হয়। ক্ষেত্ৰক এছ আই এককত এম্পিয়াৰ প্ৰতি হিচাপে জোখা হয় আৰু চিজিএছ এককত হিচাপে জোখা হয়।
জোখ মাখ
স্থানীয় চুম্বকীয় ক্ষেত্ৰ জোখাৰ বাবে ব্যৱহৃত যন্ত্ৰৰ ভিতৰত মেগনেটমিটাৰ অন্যতম। মেগনেটমিটাৰৰ উল্লেখযোগ্য শ্ৰেণীৰ ভিতৰত আৱেশ মেগনেটমিটাৰে পৰিৱৰ্তিত চুম্বক ক্ষেত্ৰৰ জোখ লয়। ঘূৰ্ণমান কইল মেগনেটমিটাৰ, হল পৰিঘটনা মেগেনেটমিটাৰ, এনএমআৰ মেগনেটমিটাৰ, মেগনেটমিটাৰ আৰু ফ্লাক্সগেট মেগনেটমিটাৰ।
চুম্বকত্ব
ভৌতিক |
9543 | https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A7%80%E0%A6%B2%E0%A6%AA%E0%A7%B1%E0%A6%A8%20%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1%E0%A6%BE | নীলপৱন বৰুৱা | নীলপৱন বৰুৱা (১ জুন, ১৯৩৬ ২৮ অক্টোবৰ, ২০২২ অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। ২০২১ চনত তেওঁক অসম চৰকাৰে ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰে। বৰুৱাৰ কেইখনমান উল্লেখযোগ্য চিত্ৰকৰ্ম হ’ল— ‘গ্ৰীণ বাৰ্ড’, ‘কালীয় দমন’, ‘শংখচক্ৰ গদাপদ্ম’, ‘শায়িত মানুহ’, ‘বৰঢোল’, ‘ভিয়েটনামৰ জয়’, ‘চিঞৰ’, ‘তিনিজন মাতব্বৰ’, ‘পটচিত্ৰ’ আৰু ‘দেৱীৰ তিনিখন মুখ’। ১৯৭০ আৰু ১৯৭১ চনত গুৱাহাটীত, ১৯৭২ আৰু ১৯৭৮ চনত লক্ষ্ণৌত, ১৯৬৫, ১৯৮৬ আৰু ২০১৫ চনত কলকাতাৰ বিৰলা একাডেমী আৰু ভুবনেশ্বৰত বৰুৱাৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল।
জন্ম
নীলপৱন বৰুৱাৰ জন্ম ১৯৩৬ চনৰ পহিলা জুনত যোৰহাট জিলাৰ টীয়কৰ ওচৰৰ তামুলীছিঙা গাঁৱত। পিতৃ ধ্বনি কবি ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা।
শিক্ষা
টীয়ক ৫৪ নং দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰম্ভ কৰা নীলপৱন বৰুৱাই টীয়ক হাইস্কুল, যোৰহাট পলিটেকনিক স্কুল, মৰিয়নী হাইস্কুল আৰু গুৱাহাটীৰ কামৰূপ একাডেমী আদি বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিয়াৰ পাছত কৃতকাৰ্য হৈ খেতি-খোলা আৰু সামাজিক কামত মনোনিৱেশ কৰিম বুলি তেওঁ কলেজীয়া শিক্ষা লোৱা নাছিল। কিন্তু প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ শান্তিনিকেতনত শিক্ষা লোৱাৰ মানসেৰে কলিকতালৈ আহে। প্ৰথমে তেওঁ কৃষি বিষয়ত শিক্ষা লোৱাৰ ইচ্ছা কৰিছিল, কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষাৰম্ভ কৰে।
১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি তেওঁ শ্ৰী নিকেতনৰপৰা বিষয়ত শিক্ষা লয়। পাছলৈ বৰুৱাই নতুন দিল্লীৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল।
কৰ্ম জীৱন
১৯৬৬ চনত কলিকতাৰপৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি 'গুৱাহাটী আৰ্ট কলেজ'ত শিক্ষকৰ কামত যোগ দিয়ে।
১৯৬৯ চনত মৰনৈৰ শ্ৰীসূৰ্য পাহাৰত পুৰাতত্ত্ব বিভাগৰ সহযোগত শিল্পৰ কামৰ সৈতে জড়িত হৈ পৰা নীলপৱন বৰুৱাই অসম চৰকাৰক সোণাপুৰ অঞ্চলৰ এটি টিলাত ছবিৰ আৰ্কাইভ খুলিবৰ বাবে এটুকুৰা মাটি বিচাৰিছিল যদিও তেওঁৰ ইচ্ছাই বাস্তৱ ৰূপ নাপালে। ‘বৃন্দাবনী প্ৰাচীৰ’ নাম দি ১৮০ ফুট দীঘল এখন দেৱাল-চিত্ৰ বা ম্যুৰেল আঁকিবৰ বাবেও তেওঁ পৃষ্ঠপোষক বিচাৰিছিল। ১৯৭১ চনত বৰুৱাই অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে, লগতে ‘বসুন্ধৰা কলা নিকেতন’ নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ ‘বিৰলা একাডমি আৰ্ট এণ্ড কালচাৰ, কলিকতা’, ‘লক্ষ্ণৌ ললিত কলা একাডেমি’, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে ‘ললিত কলা একাডেমি, দিল্লী’ত অসমক প্ৰতিনিধিত্ব কৰিছিল।
১৯৮২ চনত বৰুৱাই লোককলা নাম দি এটি লোকশিল্প চৰ্চাৰ কেন্দ্ৰ খুলিছিল আৰু এই কেন্দ্ৰৰ অধীনত অসমৰ লোক-কলা আৰু বৈষ্ণৱ মুখা শিল্পৰ ওপৰত তিনিমহীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিল। মুখা শিল্পৰ কৰ্মশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। বৰুৱাই বৃন্দাৱনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিত ডিজাইন তৈয়াৰ কৰিছিল। কাগজৰ মণ্ডৰে তৈয়াৰ কৰা ব’ৰ্ডত তেওঁ ৰং সানি ওখ-চাপৰকৈ সজাই তেওঁ চিত্ৰ-ভাস্কৰ্যৰ সমন্বয়ৰে এক নতুন সৃষ্টি প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটাইছিল। তেওঁ সেই সময়তে গ্ৰাফিক কৌশলেৰে প্ৰিণ্টিং কৰিছিল আৰু গ্ৰাফিক, পেইণ্টিং, স্কাল্পশ্যাৰ, নীলপৱন এই চাৰি শব্দৰ সমষ্টিৰে এই পদ্ধতিটোৰ নাম ‘গ্ৰাপাস্কাপন’ ৰাখিছিল। এই শৈলীত তেওঁ ব্যুৎপত্তি লভিছিল। কাগজৰ মণ্ডৰে তেওঁ ‘খোলবাদক’, হাতীৰ কম্পোজিচন, নাৰীৰ মুখাৱয়ব আদি সৃষ্টি কৰিছিল। ২০০০ চনত দুহেজাৰ চিত্ৰ আৰু দুহেজাৰ ড্ৰয়িং অংকনৰ কাম তেওঁ সমাপ্ত কৰিছিল। চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত অংকিত চিত্ৰ
নীলপৱন বৰুৱাই ‘চাৰমিনাৰ’ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছে। তেওঁ উল্লেখ কৰা অনুসৰি ষাঠী আৰু সত্তৰৰ দশকতে তেওঁ চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল যি সময়ত ধূমপান কৰা তেওঁৰ অভ্যাসত পৰিণত হৈছিল।
ব্যক্তিগত জীৱন
অসমৰ খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত দীপালী বৰঠাকুৰ নীলপৱন বৰুৱাৰ সহধৰ্মিনী। জনপ্ৰিয় কণ্ঠশিল্পী দীপালী বৰঠাকুৰে ‘মটৰ-নিউৰণ ৰোগ’ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো ‘হুইল চেয়াৰ’ৰ আশ্ৰয় ল’বলগীয়া হৈছিল। এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হয়। বিয়াৰ পাছত মৃত্যু পৰ্যন্ত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছিল।
সামাজিক জীৱন
বৰুৱা জীৱনকালত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল। ১৯৪৫ চনত তেওঁ টীয়কত প্ৰতিষ্ঠিত জয়হিন্দ ছাত্ৰ সংসদৰ মাধ্যমেৰে সমাজ সেৱাত ব্ৰতী হৈ সক্ৰিয় ৰাজহুৱা জীৱনৰ পাতনি মেলিছিল। ১৯৯১ চনত তেওঁ অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনৰ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ উদ্ধোধন কৰিছিল। নীলপৱন বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ শিল্পী-সাহিত্যিক সাহায্য ন্যাসৰ সভাপতি আছিল আৰু নতুন দিল্লীৰ ললিত কলা একাডেমীৰ অসমৰ প্ৰতিনিধি আছিল। ললিত কলা একাডেমীৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সৰ্ব ভাৰতীয় শিল্পী শিবিৰ নীলপৱন বৰুৱাই পৰিচালনা কৰিছিল।
গ্ৰন্থপঞ্জী
অন্য এক গতি (সংকলন)
বসুন্ধৰা-১
বসুন্ধৰা-২
নীলপৱন বৰুৱাৰ ছবি আৰু কবিতা
স্বীকৃতি
২০১২ চনত, নৱকান্ত বৰুৱা ফাউণ্ডেচনে নীলপৱন বৰুৱাৰ প্ৰায় ৮৭ খন চিত্ৰৰে ৰাজ্যিক আৰ্ট গেলেৰীত ‘নীলপৱন বৰুৱা- চিত্ৰৰ প্ৰদৰ্শনী’ শীৰ্ষক এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। ২০১৮ ত নীলপৱন বৰুৱা আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মাজত হোৱা চুক্তি অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ে আগ্ৰহী কলাৰসিকৰ বাবে ২০২২ চনৰ ৯ এপ্ৰিল তাৰিখে বিশ্ববিদ্যালয় প্ৰাংগণত ‘মডাৰ্ণ আৰ্ট অৱ নীলপৱন’ এটি সংগ্ৰহালয় উন্মোচন কৰে। এই সংগ্ৰহালয়ত নীলপৱন বৰুৱাৰ প্ৰায় ৫৬খন বিভিন্ন মাধ্যমত অঁকা পেইন্টিং প্ৰদৰ্শনৰ বাবে ৰাখিছে। বৰুৱাই চাৰমিনাৰ বাকচত অঁকা অসংখ্য পেকেটেৰে হাতীৰ আকৃতিৰ এক অপূৰ্ব শিল্পকৰ্ম ইয়াত প্ৰদৰ্শিত হৈছে। বিশ্ববিদ্যালয়ৰ ডিপাৰ্টমেন্ট অৱ কালচাৰেল ষ্টাডিজৰ অন্তৰ্গত এই কেন্দ্ৰটোৰ বাহিৰৰ বেৰত শিল্পীগৰাকীৰ কেইবাখনো পেইন্টিং ফ্লেক্সপ্ৰিন্টিং মাধ্যমত ছপা কৰি আঁৰি ৰখা হৈছে। কেন্দ্ৰটোৰ ভিতৰভাগত প্ৰদৰ্শিত হৈছে শিল্পীগৰাকীৰ বিষয়ে কলাসমালোচক মৌচুমী কন্দলীয়ে লিখা এটা প্ৰয়োজনীয় লেখা— “এ ৰোমাণ্টিক ইন ছাৰ্চ অৱ এ ছিগনিফিকেণ্ট ফৰ্ম”, লগতে শিল্পীগৰাকীৰ জীৱন আৰু কৃতি সম্পৰ্কে কেতবোৰ তথ্য। ২০১৬ চনত সাদিন-প্ৰতিদিন গোষ্ঠীৰ ‘এচিভাৰ এৱাৰ্ডছ’ প্ৰদান অনুষ্ঠানত নীলপৱন বৰুৱালৈ ‘এক্সিলেণ্ট ইন আৰ্ট’ সন্মান আগনঢ়োৱা হৈছিল। ২০২১ চনত অসম চৰকাৰে তেওঁক ‘অসম সৌৰভ বঁটা’ প্ৰদান কৰে।
অন্যান্য বঁটা আৰু সন্মান
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান।
মৃত্যু
২০২১ চনৰ ৫ জুন তাৰিখে বৰুৱাৰ দেহত কভিড' ৰোগ ধৰা পৰে। ক'ভিডৰ পিছত হোৱা স্বাস্থ্য সম্পৰ্কীয় জটিলতাত ভুগি ২০২২ চনৰ ২৮ অক্টোবৰ, শুকুৰবাৰৰ বিয়লি ৩-১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নীলপৱন বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। অসম চৰকাৰে ৰাজ্যিক মৰ্য্যদাৰে বৰুৱাৰ শেষ কৃত্য সম্পন্ন কৰে।
তথ্য উৎস
বাহ্যিক সংযোগ
চমু পৰিচয়
চিত্ৰ সংগ্ৰহ
অসমৰ ব্যক্তি
অসমৰ চিত্ৰশিল্পী
অসমীয়া ঔপন্যাসিক
অসম সৌৰভ বঁটা |
10176 | https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%97 | বেগ | কোনো এক নিৰ্দিষ্ট দিশত কোনো বস্তুৰ দ্ৰুতিকেই পদাৰ্থ বিজ্ঞানত বেগ বোলা হয়। দ্ৰুতিয়ে মাত্ৰ কিমান খৰকৈ বস্তু এটাই গতি কৰিছে তাকহে বুজাই আনহাতেদি বেগে দ্ৰুতিৰ লগতে দিশকো নিৰ্দেশ কৰে। কোনো এক বস্তুৱে স্থিৰ দ্ৰুতিৰে কোনো নিৰ্দিষ্ট এক দিশত গতি কৰিলে তাক আমি স্থিৰ বেগত গতি কৰা বুলি ক’ম। স্থিৰ দিশে কোনো এক বস্তুৱে সৰলৰোখিক পথত গতি কৰাকে সাধাৰণতে বুজায়। কোনো এক বৃত্তীয় পথত প্ৰতি ঘণ্টাত ২০ কি. মি. দ্ৰুতিৰে গতি কৰা গাড়ী এখনৰ বেগক আমি সমবেগ বুলি ক’ব নোৱাৰো। বেগৰ সময়সাপেক্ষে হোৱা পৰিৱৰ্তনক ত্বৰণ বুলি কোৱা হয়। বেগ এটা ভৌতিক ভেক্টৰ, ইয়াক বৰ্ণনা কৰিবলৈ দিশ আৰু মান ওভয়ৰে প্ৰয়োজন। বেগৰ স্কেলাৰ মানকেই দ্ৰুতি বোলা হয়, দ্ৰুতিক এছ. আই.(আন্তৰ্জাতিক একক প্ৰণালী) মতে মিটাৰ প্ৰতি ছেকেণ্ড বা −১) এককত জোখা হয়। কোনো বস্তুৱে পাব পৰা সৰ্বোচ্চ দ্ৰুতি হৈছে পোহৰবেগ। ঊদাহৰণস্বৰূপে, "৫ মি. প্ৰতি ছেকেণ্ড" হৈছে এটা স্কেলাৰ অন্যহাতেদি, "উত্তৰ দিশলৈ ৫ মি. প্ৰতি ছেকেণ্ড" বুলি ক’লে ইয়াক আমি এটা ভেক্টৰ বুলি বুজিম। কোনো সময় ত কোনো বস্তুৰ সৰণ আৰু বেগ ক তলৰ সমীকৰণেৰে বুজাব পাৰি,
সময় সাপেক্ষে বেগৰ পৰিৱৰ্তনৰ হাৰক ত্বৰণ বোলা হয়, (একক −২), ই কোনো বস্তুৰ গতিৰ দিশ বা দ্ৰুতিৰ পৰিৱৰ্তন বৰ্ণনা কৰে।
গতিৰ সমীকৰণ
যদি কোনো বস্তুৰ অৱস্থান সময়ত আৰু সময়ত হয় তেনেহ’লে বেগ ক অৱস্থানৰ অৱকলজ হিচাপে প্ৰকাশ কৰিব পৰা যায়,
গড় বেগৰ মান সদায় গড় দ্ৰুতিৰ মানতকৈ সৰু বা সমান হয়, তাৎক্ষণিক বেগ দিশ সদায় গতিপথৰ স্পৰ্শকৰ দিশত হয়, অৱস্থান বা সৰণৰ স্পৰ্শকৰ নতি আৰু সময়ৰ লেখ হৈছে তাৎক্ষণিক বেগ আৰু ইয়াৰ জ্যাৰ নতি হৈছে গড় বেগ। কোনো এক বস্তুৰ বেগৰ গাণিতিক সমীকৰণআমি কোনো প্ৰাৰম্ভিক সময় ৰ পৰা আন কোনো সময় লৈ ত্বৰণৰ সমীকৰণক অনুকলন কৰি পাব পাৰো,
কোনো বস্তুৰ অন্তিম বেগ প্ৰাৰম্ভিক বেগ কোনো নিৰ্দিষ্ট সময় ৰ বাবে স্থিৰ ত্বৰণ সম্পৰ্ক হ’ল: স্থিৰ ত্বৰণেৰে গতি কৰা কোনো বস্তুৰ গড় বেগ হৈছে য’ত হৈছে প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ। কোনো সময় ব্যৱধান ত এনে এক বস্তুৰ অৱস্থান হ’লে,
যেতিয়া কেৱল প্ৰাৰম্ভিক বেগৰ মানহে জনা থাকে তেতিয়া, ব্যৱহাৰ কৰিব পাৰি। কোনো সময় ত বস্তুৰ স্থান নিৰ্ণয় কৰিবৰ বাবে এই সমীকৰণক তলত দিয়াৰ দৰে প্ৰসাৰিত কৰিব পাৰি:
অন্তিম বেগ আৰু স্থানৰ সাধাৰণ সমীকৰণক একেলগ কৰি সময়ৰ ওপৰত নিভৰ্শীল নোহোৱা এক সমীকৰণ গঠন কৰিব পাৰি, ইয়াক টৰিচেলিৰ সমীকৰণ বোলা হয়,
ওপৰৰ সমীকৰণ সমূহ নিউটনীয় বলবিদ্যা আৰু বিশেষ আপেক্ষিকতাবাদ এই দুয়ো ক্ষেত্ৰতে প্ৰযোয্য (বৈধ)। পৰ্যবেক্ষক এজনে কেনেদৰে একেটা অৱস্থাকে বৰ্ণনা কৰিছে তাৰ ওপৰৰ নিৰ্ভৰ কৰি নিউটনীয় বলবিদ্যা আৰু বিশেষ আপেক্ষিকতাবাদৰ পাৰ্থক্য দৰ্শাব পাৰি। নিউটনীয় বলবিদ্যাত কোনো গতিশীল বস্তুৰ গতি শক্তি, ভৰৰ ৰৈখিক আৰু বেগৰ বৰ্গৰ সমাণুপাতিক হয়, গতি শক্তি সদায় এক স্কেলাৰ মান। পলায়ন হৈছে সেইপৰিমাণৰ ন্যূনতম বেগ যি বেগ পালে কোনো বস্তুৱে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিক অতিক্ৰম কৰি মহাকাষলৈ যাবলৈ সক্ষম হয়। কোনো বস্তুৱে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিক অতিক্ৰম কৰি মহাকাষলৈ যাবলৈ বস্তুটোৰ গতি শক্তি তাৰ মধ্যাকৰ্ষণিক স্থিতি শক্তিতকৈ বেছি হ’ব লাগিব। পৃথিৱীৰ বাবে পলায়ন বেগৰ মান প্ৰায় ১১১০০মি/ছেকেণ্ড।
আপেক্ষিক বেগ
আপেক্ষিক বেগ হৈছে দুটা বস্তুৰ বেগৰ তুলনামূলক জোখ-মাখ। যিহেতু বহুবোৰ প্ৰণালীত আমাক দুটা বস্তুৰ আপেক্ষিক বেগৰ প্ৰয়োজন হয়, গতিকে আপেক্ষিক বেগ ধ্ৰুপদী আৰু আধুনিক পদাৰ্থ বিদ্যা দুয়ো ক্ষেত্ৰতে এক মৌলিক ধাৰণা বুলি গণ্য কৰা হয়। নিউটনীয় বলবিদ্যাত আপেক্ষিক বেগ জড় প্ৰসংগ প্ৰণালীৰ নিৰ্বাচনৰ ওপৰত নিৰ্ভৰশীল নহয়। কিন্তু স্থানাংকীয় আপেক্ষিকতাবাদ (আধুনিক বলবিদ্যা)ৰ ক্ষেত্ৰত বেগ প্ৰসংগ প্ৰণালীৰ নিৰ্বাচনৰ ওপৰত নিৰ্ভৰশীল, প্ৰসংগ প্ৰণালী সাপেক্ষে কোনো বস্তুৰ বেগ বেলেগ বেলেগ হ’ব পাৰে। যদি কোনো এক বস্তু এ (ভেক্টৰ) বেগেৰে আৰু আন এক বস্তু এ (ভেক্টৰ) বেগেৰে গতি কৰি থাকে, তেতিয়া ৰ সাপেক্ষে ৰ আপেক্ষিক বেগ হ’ব দূয়োটা বস্তুৰ বেগৰ পাৰ্থক্য (বিয়োগফল)ৰ সমান:
একেদৰে ৰ সাপেক্ষে ৰ আপেক্ষিক বেগ হ’ব:
এইক্ষেত্ৰত সাধাৰণতে, প্ৰসংগ প্ৰণালী এনেদৰে নিৰ্বাচন কৰা হয় যাতে দ্বিতীয় বস্তুটো সেই প্ৰসংগ প্ৰণালীত স্থিৰ অৱস্থাত থাকে।
স্কেলাৰ বেগ
এক মাত্ৰিক ক্ষেত্ৰত বেগক এক স্কেলাৰ বুলিব পাৰি, এইক্ষেত্ৰত আমি ইয়াক তলত দিয়া দূই ধৰণেৰে প্ৰকাশ কৰিব পাৰো:
যদি দূটা বস্তুৱে পৰস্পৰ বিপৰীত দিশত গতি কৰি থাকে তেতিয়া,
আনহাতেদি যদি বস্তু দুটাই একে দিশত গতি কৰি থাকে তেতিয়া,
ধ্ৰুৱীয় স্থানাংক ধ্ৰুৱীয় স্থানাংকত এক দ্বি-মাত্ৰীক বেগক ব্যাসাৰ্ধ আৰু কৌণিক বেগেৰে বুজোৱা হয়, ব্যাসাৰ্ধ বেগে বেগৰ কেন্দ্ৰাভিমুখী বা কেন্দ্ৰৰ বিপৰীতমুখী বেগৰ ঊপাংশক বুজায় আন্যহাতেদি কৌণিক বেগে কেন্দ্ৰ সাপেক্ষে ঘূৰ্ণনৰ হাৰ বুজায় (সোঁহতীয়া স্থানাংক প্ৰণালীত ঘড়ীৰ কাটাৰ দিশৰ ঘূৰ্ণনৰ বাবে এই মান ঋণাত্মক আৰু ঘড়ীৰ কাটাৰ বিপৰীত দিশৰ ঘূৰ্ণনৰ বাবে এই মান ধনাত্মক হয়)। বেগ ভেক্টৰক দূটা ঊপাংশলৈ (ব্যাসাৰ্ধ আৰু ঊপাংশ)লৈ বিভক্ত কৰি কাৰ্টেজীয় বেগ আৰু সৰণ ভেক্টৰৰ পৰা ব্যাসাৰ্ধ বেগ আৰু কৌণিক বেগ নিৰ্ণয় কৰিব পাৰি, অনুপ্ৰস্থ বেগ হৈছে বেগৰ কোনো বৃত্ত(মূলবিন্দুত কেন্দ্ৰ থকা)ৰ পৰিধিৰ দিশত থকা ঊপাংশ। য’ত,
হৈছে অনুপ্ৰস্থ বেগ
হৈছে ব্যাসাৰ্ধ বেগ
ব্যাসাৰ্ধ বেগৰ মান হৈছে বেগ ভেক্টৰ আৰু সৰণৰ দিশত থকা একক ভেক্টৰৰ ডট গুণফল,:
য’ত
হৈছে সৰণ
আনহাতে অনুপ্ৰস্থ বেগৰ মান হৈছে সৰণৰ দিশত থকা একক ভেক্টৰ আৰু বেগ ভেক্টৰৰ ক্ৰচ গুণফল, ই কৌণিক দ্ৰুতি আৰু সৰণৰ মানৰ গুণফলৰো সমান। যাতে,
স্কেলাৰ ৰূপত কৌণিক ভৰবেগ হৈছে ভৰ, কেন্দ্ৰৰ পৰা দূৰত্ব আৰু অনুপ্ৰস্থ বেগৰ পূৰণফল বা ভৰ, দূৰত্বৰ বৰ্গ আৰু কৌণিক বেগৰ গুণফল। য’ত
হৈছে ভৰ
জড়তাৰ ভ্ৰামক বোলা হয়। যদি মধ্যকৰ্ষণীয় কক্ষপথৰ দৰে হয় (য’ত কৌণিক ভৰবেগ ধ্ৰুৱক হয় আৰু অনুপ্ৰস্থ দ্ৰুতি দূৰত্বৰ বৰ্গৰ প্ৰতিক্ৰম )ৰ ওপৰত নিৰ্ভৰশীল হয়) তেতিয়া প্ৰয়োগ বল কেৱল মাত্ৰ ব্যাসাৰ্ধৰ দিশত হয়, আৰু ব্যাসাৰ্ধৰ বৰ্গৰ প্ৰতিক্ৰমৰ ওপৰত নিৰ্ভৰশীল হয় তেতিয়া কৌণিক দ্ৰুতি দূৰত্বৰ বৰ্গৰ, প্ৰতিক্ৰমৰ সমাণুপাতিক হয়, আৰু দূৰত্বৰ ই কোনো নিৰ্দিষ্ট সময়্ত অতিক্ৰম কৰা ক্ষেত্ৰৰ কালি ধ্ৰুৱক হয়, এই সূত্ৰ সমূহক কেপলাৰৰ গ্ৰহৰ গতিৰ সমীকৰণ বোলা হয়।
লগতে চাওক
ত্বৰণ
আপেক্ষিক বেগ
দ্ৰুতি
তথ্যসূত্ৰ
;৭ম সংস্কৰণ (জুন ১৬, ২০০৪). 0-471-23231-9.
বাহ্যিক সংযোগ
ধ্ৰুপদী |
84961 | https://as.wikipedia.org/wiki/%E0%A6%A6%E0%A7%81%E0%A6%97%E0%A7%8D%E0%A6%A7%20%E0%A6%86%E0%A6%A4%E0%A7%8D%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%A4%E0%A6%BE | দুগ্ধ আত্মীয়তা | দুগ্ধ আত্মীয়তা হৈছে অজৈৱিক মাতৃয়ে শিশুক লালনৰ সময়ত দুগ্ধ পানৰ জড়িয়তে গঠন হোৱা আত্মীয়তা। ই সহযোগী সমাজৰ সদস্যসকলৰ সৈতে আনুগত্য গঢ়ি তোলাৰ এক প্ৰকাৰ। দুগ্ধ আত্মীয়তাত অংশগ্ৰহণৰ ক্ষেত্ৰত শ্ৰেণী আৰু অন্যান্য স্তৰভিত্তিক ব্যৱস্থাই কোনো গুৰুত্ব নাপালে। পৰম্পৰাগতভাৱে ক’বলৈ গ’লে এই প্ৰথা আধুনিক যুগৰ আৰম্ভণিৰ পূৰ্বৰ যদিও সেই সময়ছোৱাত ই বহুতো স্তৰভিত্তিক সমাজত মিত্ৰতা গঢ়ি তোলাৰ বাবে বহুলভাৱে ব্যৱহৃত ব্যৱস্থা হৈ পৰিছিল। দুগ্ধ কেন্দ্ৰীক আত্মীয়তাত একেটা সম্প্ৰদায় বা ওচৰ সম্বন্ধিত সম্প্ৰদায়ৰ শিশুক পালিত মাতৃৰ দ্বাৰা স্তনপান কৰোৱাৰ প্ৰথা ব্যৱহাৰ কৰা হৈছিল। এই দুগ্ধপান কৰোৱা মাতৃ গৰাকীয়ে তেওঁৰ পৰিয়াল আৰু তেওঁ স্তনপান কৰাই থকা শিশুটিৰ পৰিয়ালৰ লগতে তেওঁলোকৰ সমাজৰ মাজত সম্পৰ্ক গঢ়ি তোলাত কৌশলগত ভূমিকা পালন কৰিছিল।
ইছলামিক সমাজত
আধুনিক যুগৰ আৰম্ভণিতে বহু কেইখন আৰব দেশত ধৰ্মীয় আৰু কৌশলগত দুয়োটা উদ্দেশ্যতে দুগ্ধ আত্মীয়তা ব্যাপকভাৱে প্ৰচলিত হৈছিল। খ্ৰীষ্টানসকলৰ গডপেৰেণ্টিঙৰ প্ৰথাৰ দৰেই গাখীৰৰ আত্মীয়তাই দ্বিতীয়টো পৰিয়াল স্থাপন কৰিছিল যিয়ে এনে এটা শিশুৰ দায়িত্ব ল’ব পাৰিছিল যাৰ জৈৱিক পিতৃ-মাতৃয়ে শিশুটিৰ ক্ষতি কৰিব বিচাৰিছিল। "ইছলামত গাখীৰৰ আত্মীয়তা এইদৰে সাংস্কৃতিকভাৱে স্বতন্ত্ৰ, কিন্তু কোনো কাৰণতে অনন্য, দত্তক আত্মীয়তাৰ প্ৰতিষ্ঠানিক ৰূপ যেন নালাগে।" ইছলামিক নবী মহম্মদৰ শৈশবে আৰবৰ পৰম্পৰাগত দুগ্ধ আত্মীয়তাৰ প্ৰথাৰ উদাহৰণ দাঙি ধৰে। শৈশৱ আৰম্ভণিতে তেওঁক বেডুইনসকলৰ মাজত পোষক পিতৃ-মাতৃৰ ওচৰলৈ পঠিওৱা হৈছিল। তেওঁক স্তনপান কৰাই হালিমা বিন্ত আব্দুল্লা তেওঁৰ "দুগ্ধ-মাতৃ" হৈ পৰে। তেওঁৰ পৰিয়ালৰ বাকীসকলো এই সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হৈছিল: তেওঁৰ স্বামী আল-হাৰিথ মহম্মদৰ "দুগ্ধ-পিতৃ" হৈ পৰিছিল, আৰু মহম্মদ তেওঁলোকৰ জৈৱিক সন্তানৰ সৈতে "দুগ্ধ-ভাতৃ" হিচাপে ডাঙৰ-দীঘল হৈছিল। এই গাখীৰৰ আত্মীয়তাই পাৰিবাৰিক সম্পৰ্ক সৃষ্টি কৰে, যেনেকৈ এজন পুৰুষে নিজৰ দুগ্ধ-মাতৃ বা দুগ্ধ-ভগ্নী (নিজৰ দুগ্ধ-মাতৃৰ কন্যা বা দুগ্ধ-কন্যা)ক বিয়া কৰাব নোৱাৰে।
আমেৰিকাৰ থলুৱা সমাজত
ক্ৰেজি হৰ্চ যেতিয়া কেঁচুৱা আছিল, তেতিয়া তেওঁক জনগোষ্ঠীৰ প্ৰতিগৰাকী মহিলাই নিজৰ স্তনপান কৰাইছিল। ছিউক পৰিয়ালে নিজৰ সন্তানক তেনেকৈয়ে ডাঙৰ-দীঘল কৰিছিল। প্ৰতিজন যোদ্ধাই জনগোষ্ঠীৰ প্ৰতিগৰাকী বৃদ্ধাক "মা" বুলি মাতিছিল। প্ৰতিজন পুৰণি যোদ্ধাক, তেওঁলোকে তেওঁৰ "দাদা" বুলি মাতিছিল।
গাখীৰৰ আত্মীয়তাৰ কৌশলগত কাৰণ
"কলেক্টেচনে অসমান মৰ্যাদাৰ দুটা পৰিয়ালক সংযোগ কৰি এক অন্তৰংগ বন্ধনৰ সৃষ্টি কৰে; ই শিশুটিৰ পৰা তেওঁলোকৰ বাহিৰৰ সম্পৰ্ক আঁতৰাই পেলায় যদিও বিবাহৰ অংশীদাৰ হিচাপে তেওঁলোকক বাদ দিয়ে...ই তেজৰ ওপৰত ভিত্তি কৰি আত্মীয়তা বন্ধনৰ বিকল্প হিচাপে সামাজিক সম্পৰ্ক আনে।" দুগ্ধ মাতৃ আৰু তেওঁলোকৰ দুগ্ধ 'সন্তান'ৰ বন্ধনৰ জৰিয়তে বিভিন্ন জাতি আৰু ধৰ্মৰ লোকক কৌশলগতভাৱে একত্ৰিত কৰিব পৰা গ'ল।
নিম্ন সামাজিক শ্ৰেণী
গাখীৰৰ আত্মীয়তা কৃষকৰ বাবে আন শিশুক ‘লালন-পালন’ বা ‘আতিথ্য’ দিয়াৰ দৰেই প্ৰাসংগিক আছিল। ইয়াৰ কাৰণ হৈছে, তেওঁলোকে তেওঁলোকৰ মালিক আৰু পত্নীৰ পৰা সদিচ্ছা লাভ কৰিছিল। পূৰ্বে কোৱাৰ দৰে এনেকৈ পালিতা মহিলাৰ পৰিয়ালটো স্তনপান কৰোৱা শিশুটিৰ বাবে দুগ্ধ আত্মীয় হৈ পৰে আৰু এয়া কৌশলগতভাৱে ভৱিষ্যতৰ বাবে উপযোগী হ’ব পাৰে যদিহে শিশুটি উচ্চ শ্ৰেণীৰ পৰিয়ালৰ হয়, কিয়নো এইদিশেৰে গাখীৰ পান কৰোৱা মহিলাৰ সন্তান হ’ব 'দুগ্ধ-ভাতৃ' আৰু 'দুগ্ধ-ভগ্নী। এইদৰে কৃষক মহিলাসকলে বেছিভাগ সময়তে নিজৰ অজৈৱিক সন্তানৰ বাবে ‘দুগ্ধ’ মাতৃৰ ভূমিকা পালন কৰিছিল, আৰু নিজৰ লগতে যিজন মালিকৰ কেঁচুৱাক স্তনপান কৰাই আছে তেওঁৰ মাজৰ সংযোগ বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰোপৰি এই সম্পৰ্ক অতি অসুস্থ মাতৃৰ বা প্ৰসৱৰ সময়ত মাতৃৰ মৃত্যু হোৱা পৰিয়ালকো সহায় কৰাৰ ব্যৱহাৰিক উপায় আছিল। উচ্চ সামাজিক শ্ৰেণী
সম্ভ্ৰান্ত পৰিয়ালৰ সন্তানক প্ৰায়ে গাখীৰৰ আত্মীয় পোষকসকলৰ ওচৰলৈ পঠিওৱা হৈছিল যিয়ে তেওঁলোকক পৰিপক্বতালৈকে লালন-পালন কৰিছিল যাতে শিশুসকলক তেওঁলোকৰ একেৰাহে মৰ্যাদাৰ অধীনস্থসকলে ডাঙৰ-দীঘল কৰে। ইয়াৰ উদ্দেশ্য আছিল ৰাজনৈতিক গুৰুত্বৰ বাবে গাখীৰৰ আত্মীয়ক দেহৰক্ষী হিচাপে গঢ়ি তোলা। হিন্দু কুশ সমাজত এইটো এটা প্ৰধান প্ৰথা আছিল।
তথ্যসূত্ৰ গ্ৰন্থপঞ্জী 1980. 19 (2): 233–244
107 (2): 2002. 7: 83–96.
1998. 23: 107–23.
1999. 2005. 13 (3) 307–329. 2010. 2006. 1450–1789. 74.
1992. অতিৰিক্ত পঠন 2004. 46 (3): 587–615
(2011). সমাজতত্ত্ব
|
79831 | https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A7%87%E0%A6%A8%20%E0%A6%97%E0%A7%81%E0%A6%A1%E0%A6%85%E0%A6%B2 | জেন গুডঅল | ডেম জেন মৰিছ গুডঅল() জন্মতে ভালেৰি জেন মৰিছ-গুডঅল, ৩ এপ্ৰিল ১৯৩৪), পূৰ্বতে বেৰোনেছ জেন ভেন লাৱিক-গুডঅল, হৈছে এগৰাকী ইংৰাজ প্ৰাইমেটোলজিষ্ট আৰু নৃতত্ত্ববিদ৷ সাধাৰণ চিম্পাঞ্জীৰ এগৰাকী নেতৃস্থানীয় বিশেষজ্ঞ হিচাপে গুডঅল পৰিচিত৷ বনৰীয়া চিম্পাঞ্জীৰ সামাজিক আৰু পাৰিবাৰিক দিশৰ অধ্যয়নৰ লগত তেখেত ৬০ বছৰৰ জড়িত হৈ আছিল৷ টাঞ্জানিয়াত থকা গম্বে ষ্ট্ৰিম ৰাষ্ট্ৰীয় উদ্যানলৈ গুডঅল ১৯৬০ চনতে পোনপ্ৰথমবাৰৰ বাবে গৈছিল আৰু চিম্পাঞ্জীৰ মাজত মানৱ-সদৃশ আচৰণ প্ৰত্যক্ষ কৰিছিল৷ ইয়াৰ লগতে তেখেতে গম্বে চিম্পাঞ্জীৰ মাজত সশস্ত সংঘাতো দেখা পাইছিল৷
তেখেত "জেন গুডঅল প্ৰতিষ্ঠান" আৰু "ৰুটছ এণ্ড শ্বুটছ" কাৰ্যসূচীৰ প্ৰতিষ্ঠাপক৷ বন্যপ্ৰাণীৰ কল্যাণ-সম্বন্ধীয় আৰু সংৰক্ষণৰ লগত জড়িত দিশত তেখেতে ব্যাপকভাৱে কাম কৰিছে৷ ১৯৯৬ চনত প্ৰতিষ্ঠা হোৱা "ননহিউমেন ৰাইটছ্ প্ৰজেক্ট"ৰ পৰিষদত তেখেতে ইয়াৰ প্ৰতিষ্ঠাকালৰ পৰাই কাম কৰি আছে৷ ২০০২ চনৰ এপ্ৰিলত জেন গুডঅলক ৰাষ্ট্ৰসংঘই শান্তিৰ দূত আখ্যা দিয়ে৷ গুডঅল বিশ্ব ভৱিষ্যত পৰিষদৰ এগৰাকী সন্মানীয় সদস্য৷
প্ৰাৰম্ভিক জীৱন
লণ্ডনৰ হেম্পষ্টেডত, ১৯৩৪ চনত জেন গুডঅলৰ জন্ম হৈছিল৷জেন গুডঅলৰ পিতৃ মৰ্টিমাৰ হাৰ্বাৰ্ট মৰিছ-গুডঅল (১৯০৭-২০০১) আছিল এগৰাকী ব্যৱসায়ী৷ আনহাতে মাতৃ মাৰ্গাৰেট মাইফানৱে জোছেফ (১৯০৬-২০০০) আছিল এগৰাকী ঔপন্যাসিকা৷ তেখেতৰ ঘৰ আছিল পেমব্ৰুকশ্বায়াৰৰ মিলফৰ্ড হাভেনত৷ মাৰ্গাৰেটে ভান্নে মৰিছ-গুডঅল নামেৰে লিখা-মেলা কৰিছিল৷
পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰিলায়টো বাৰ্ণেমাউথলৈ স্থানান্তিৰত হয়৷ ইয়াত গুডঅলে আপলেণ্ডছ্ স্কুলত নামভৰ্তি কৰে৷
শিশু অৱস্থাত পিতৃ মৰ্টিমাৰ হাৰ্বাৰ্টে জেনক পুতলা ভালুকৰ পৰিৱৰ্তে "জুবিলী" নামৰ এটি চিম্পাঞ্জী উপহাৰ দিয়ে৷ গুডঅলে কয় যে-এই পুতলাটোৰ জৰিয়তেই জন্তুৰ প্ৰতি থকা ভালপোৱাৰ বিকাশ সাধন হৈছিল৷ তেখেতৰ ভাষাত-"মোৰ মাতৃৰ বন্ধুমহলে পুতলাটো দেখি আতংকিত হৈছিল আৰু ভাবিছিল যে পুতলাটো মোৰ বাবে দুস্বপ্নৰ কাৰণ হৈ উঠিব৷" পিছে "জুবিলী" আজিও গুডঅলৰ লণ্ডনত থকা ড্ৰেছাৰ ৰূমত অক্ষত অৱস্থাত আছে৷
আফ্ৰিকাত
গুডঅলৰ সদায়েই জীৱ-জন্তু আৰু আফ্ৰিকাৰ প্ৰতি আকৰ্ষণ আছিল৷ সেই আকৰ্ষণৰ সূত্ৰেই তেখেতে ১৯৫৭ চনত কেনিয়াত থকা বন্ধু এগৰাকীৰ কৃষিক্ষেত্ৰলৈ লৈ আহিছিল৷ ইয়াৰে পৰা জেন গুডঅলে ছেক্ৰেটাৰী হিচাপে নিযুক্তি লাভ কৰিলে আৰু বন্ধুৰ পৰামৰ্শ অনুযায়ী তেখেতে লুইছ লিকীক টেলিফোন কৰিলে৷ লুইছ লিকী আছিল কেনিয়াৰ প্ৰত্নতত্ত্ববিদ আৰু জীৱাশ্মবিদ৷ জেন গুডঅলে ফোনযোগে কথা পাতি লুইছ লিকীৰ সৈতে জন্তুৰ সম্পৰ্কে কথাবাৰ্তা পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে৷ লিকীয়ে ভাবিছিল যে বৰ্তমান সময়ৰ কপিকুলৰ অধ্যয়নে প্ৰাৰম্ভিক পৰ্যায়ৰ হমিনয়ডসকলৰ আচৰণৰ বিষয়ে কেতবোৰ কথা জনাত সহায় কৰিব৷ লিকীয়ে সেইসময়ত বিচাৰি আছিল এগৰাকী চিম্পাঞ্জীৰ গৱেষকক৷ অৱশ্যে সেই চিন্তাটো তেওঁ নিজৰ মাজতে ৰাখিছিল৷ ইয়াৰ পৰিৱৰ্তে লিকীয়ে গুডঅলক নিজৰ ছেক্ৰেটাৰী হিচাপে কাম কৰিবলৈ প্ৰস্তাৱ আগবঢ়ালে৷ নিজৰ পত্নী আৰু সহ-গৱেষিকা পত্নী ব্ৰিটিছ জীৱাশ্মবিদ মেৰি লিকীৰ পৰা অনুমোদন লাভ কৰাৰ পাছত লুইছে গুডঅলক বৰ্তমান সময়ৰ টাঞ্জানিয়া আৰু তেতিয়া টাঞ্জানিয়াকৰ অলদুভাই গৰ্জেলৈ প্ৰেৰণ কৰিলে৷ ইয়াতেই তেওঁ নিজৰ পৰিকল্পনাসমূহ সাজু কৰিলে৷ প্ৰাইমেটৰ আচৰণৰ বিষয়ে উইলিয়াম চালৰ্ছ হিলৰ লগত আৰু প্ৰাইমেটৰ দেহতত্ত্বৰ বিষয়ে জন নেপিয়াৰৰ সৈতে অধ্যয়ন কৰিবলৈ লুইছ লিকীয়ে ১৯৫৮ চনত গুডঅলক লণ্ডনলৈ পঠায়৷ এই উদ্দেশ্যে লিকীয়ে পুঁজি সংগ্ৰহ কৰিলে আৰু ১৯৬০ চনৰ ১৪ জুলাইত গুডঅল গোম্বে ৰাষ্ট্ৰীয় উদ্যানলৈ ৰাওনা হয়৷ যাক পৰৱৰ্তী সময়ত বিশ্ববাসীয়ে ট্ৰাইমেটৰ প্ৰথমগৰাকী (ট্ৰাইমেট তিনিগৰাকী হৈছে-জেন গুডঅল,ডায়ান ফচি আৰু বায়ৰুট গালডিকাছ৷ তেওঁলোকে লিকীৰ যথাক্ৰমে চিম্পাঞ্জী, গৰিলা আৰু ওৰাংওটাং অধ্যয়ন কৰিবলৈ গোম্বলৈ ৰাওনা হৈছিল) বুলি অভিহিত কৰে৷ জেন গুডঅলৰ সংগী হৈছিল তেখেতৰ মাতৃ৷ মাতৃয়ে মুখ্য ৱাৰ্ডেন ডেভিড এণ্টছিৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায়ক হৈছিল৷ প্ৰাইমেটলোজীক কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ কৃতিত্ব গুডঅলে তেখেতৰ মাতৃক দিছে৷ কাৰণ, এইখন ক্ষেত্ৰ সেইসময়ত পুৰুষ-কেন্দ্ৰিক আছিল৷ গুডঅল কৈছে যে, ১৯৫০ৰ দশকত, তেখেতে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰা সময়ত মহিলাক গ্ৰহণ কৰা নহৈছিল৷ বৰ্তমান এই ক্ষেত্ৰখনত পুৰুষ আৰু মহিলাক সমানেই দেখিবলৈ পোৱা গৈছে৷ তাৰ আংশিক কৃতিত্ব গুডঅলক দিয়া হয়৷
জেন গুডঅল প্ৰতিষ্ঠান
১৯৭৭ চনত, গুডঅলে জেন গুডঅল প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিলে৷ এই প্ৰতিষ্ঠানে গম্বে ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণাক সহযোগিতা কৰে৷ এইক্ষেত্ৰত গুডঅলে চিম্পাঞ্জী আৰু তেওঁলোকৰ বাসস্থানসমূহ ৰক্ষা কৰাৰ বাবে গোলকীয় নেত্ৰী হিচাপে কাম কৰি আছে৷ বৰ্তমান এই প্ৰতিষ্ঠানৰ সমগ্ৰ বিশ্বতে মুঠ ঊনৈশটা কাৰ্যালয় আছে৷ তেওঁলোকৰ বিশ্বজনীন যুৱ কাৰ্যসূচী ৰুটছ এণ্ড শ্বুটছ্ ১৯৯১ চনত আৰম্ভ হয়, যেতিয়া ১৬গৰাকী স্থানীয় কিশোৰ-কিশোৰীয়ে টাঞ্জানিয়াত লগ কৰিছিল৷ পৃথিৱীৰ এশখন দেশত প্ৰতিষ্ঠানটোৰ বৰ্তমান দহ হাজাৰতকৈও অধিক গোট আছে৷
ব্যক্তিগত জীৱন
গুডঅলে এতিয়ালৈকে দুবাৰ বিয়া পাতিছে৷ ১৯৬৪ চনৰ ২৮ মাৰ্চত তেখেতে নেদাৰলেণ্ডৰ বন্যপ্ৰাণী ফটোগ্ৰাফাৰ হিউগো ভেন লাৱিকৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে৷ তেওঁলোকৰ এটি পুত্ৰ সন্তান হয়-হিউগো এৰিক লুইছ (জন্ম ১৯৬৭)৷ পিছে ১৯৭৪ চনত দম্পতীটোৰ মাজত বিবাহ-বিচ্ছেদ হয়৷ পৰৱৰ্তী বৰ্ষটোত জেন গুডঅলে ডেৰেক ব্ৰাইচেছনৰ লগত নতুনকৈ যুগ্ম জীৱনৰ পাতনি মেলে৷ তেওঁ আছিল টাঞ্জানিয়াৰ সদনৰ এগৰাকী সদসয় আৰু দেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সঞ্চালক৷ ১৯৮০ চনৰ অক্টোবৰ মাহত তেখেতে কৰ্কট ৰোগত মৃত্যুবৰণ কৰে৷ গুডঅলে কৈছে যে কুকুৰ তেখেতৰ প্ৰিয় জন্তু৷
গুডঅল 'প্ৰচোপেগনেছিয়া'ত আক্ৰান্ত৷ যিয়ে তেখেতক পৰিচিত মুখবোৰ চিনাক্তকৰণ কৰাত অসুবিধাৰ সৃষ্টি কৰে৷
বঁটা-বাহন
১৯৮০: অৰ্ডাৰ অৱ দ্য গোল্ডেন আৰ্ক, সংৰক্ষণৰ বাবে বিশ্ব বন্যপ্ৰাণী বঁটা
১৯৮৭: গোল্ডেন প্লেট বঁটা, আমেৰিকান একাডেমি অৱ এচিভমেণ্ট
১৯৮৯: এনচাইক্লপেডিয়া ব্ৰিটানিকা বঁটা, বৰ্ষটোৰ নৃতত্ত্বিদ
১৯৯৬: লণ্ডনৰ প্ৰাণীবৈজ্ঞানিক সমাজৰ ৰূপৰ পদক,
১৯৯৯: আন্তৰ্জাতিক শান্তি বঁটা
২০০৪: ৰাজহুৱা স্বাৰ্থত বিজ্ঞানৰ বাবে নিৰেনবাৰ্গ বঁটা
২০০৫: চিৰাকাছ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত সন্মানীয় ডক্তৰেট ডিগ্ৰী ২০০৫: আৱিষ্কাৰ আৰু কল্পনা বঁটা
২০১৪: ব্ৰিটিছ একাডেমীৰ পৰা ৰাষ্ট্ৰপতিৰ পদক
২০১৭: আন্তৰ্জাতিক ব্ৰহ্মাণ্ড বঁটা
২০২০: বহনক্ষম বিকাশত টাং বঁটা
২০২১: টেম্পলেটন বঁটা
তথ্যসূত্ৰ
জীৱিত ব্যক্তি
যুক্তৰাজ্যৰ ব্যক্তি
পৰিৱেশ কৰ্মী
|
66485 | https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%A3%E0%A6%BF%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%BE | মণিকা বাত্ৰা | মণিকা বাত্ৰা জন্ম: ১৫ জুন ১৯৯৫) এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০২০ চনৰ নৱেম্বৰলৈকে তেওঁ ভাৰতৰ শীৰ্ষ স্থানত থকা মহিলা টেবুল টেনিছ খেলুৱৈ আৰু বিশ্বত ৬৩তম স্থানৰ খেলুৱৈ। তেওঁ বেকহেণ্ডত দীঘলীয়া পিম্পল খেলিবলৈ বিশেষত্ব লাভ কৰে। ই এটা ৰবৰ যি প্ৰায়ে শীৰ্ষস্থানৰ খেলুৱৈসকলে নেখেলে। তেওঁ ২০১৮ চনত অৰ্জুন বঁটা আৰু ২০২০ চনত দেশৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৯৫ চনৰ ১৫ জুনত তিনি সন্তানৰ ভিতৰত আটাইতকৈ সৰু হিচাপে মণিকা বাত্ৰাৰ জন্ম হৈছিল।
তেওঁ দিল্লীৰ নাৰাইনা বিহাৰৰ বাসিন্দা। চাৰি বছৰ বয়সতে তেওঁ টেবুল টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ বায়েক আঞ্চল আৰু ককায়েক চাহিল দুয়ো টেবুল টেনিছ খেলিছিল বায়েকে তেওঁৰ প্ৰাৰম্ভিক খেলৰ কেৰিয়াৰৰ সময়ত তেওঁৰ ওপৰত প্ৰভাৱ পেলাইছিল। ৰাজ্যিক পৰ্যায়ৰ ৮ বছৰৰ তলৰ টুৰ্ণামেণ্টত এখন খেল জিকাৰ পিছত বাত্ৰাই প্ৰশিক্ষক সন্দীপ গুপ্তাৰ অধীনত প্ৰশিক্ষণ লোৱাৰ সিদ্ধান্ত লয়। প্ৰশিক্ষকে তেওঁক হংস ৰাজ মডেল স্কুললৈ বদলি কৰিবলৈ পৰামৰ্শ দিছিল য'ত তেওঁ তেওঁৰ টেবুল টেনিছ একাডেমী চলাইছিল।
মণিকায়ে কিশোৰ কালত বহুতো মডেলিং অফাৰ গ্ৰহণ কৰিছিল। তেওঁ ১৬ বছৰ বয়সত ছুইডেনৰ পিটাৰ কাৰ্লচন একাডেমীত প্ৰশিক্ষণ লবলৈ লাভ কৰা বৃত্তি অস্বীকাৰ কৰিছিল।
টেবুল টেনিছত "মনোযোগ" দিবলৈ তেওঁ পঢ়া এৰি যোৱাৰ আগতে এবছৰৰ বাবে যীচু আৰু মেৰী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল।
খেলুৱৈ জীৱন
২০১১ চনত মণিকায়ে চিলি অপেনৰ ২১ বছৰৰ অনুৰ্ধ শ্ৰেণীত ৰূপৰ পদক জয় কৰে। তেওঁ গ্লাছগোত ২০১৪ চনৰ কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াত তেওঁ কোৱাৰ্টাৰ ফাইনেলিষ্ট হয় আৰু লগতে ২০১৪ চনৰ এছিয়ান গেমছত স্থান লাভ কৰে। তেওঁ ২০১৫ চনৰ কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপত তিনিটা পদক লাভ কৰে। ইয়াৰে মহিলা দলৰ প্ৰতিযোগিতাত ৰূপৰ পদক (অংকিতা দাস আৰু মৌমা দাসৰ সৈতে) আৰু মহিলা ডাবলছ ইভেণ্ট (অংকিতা দাসৰ সৈতে) আৰু মহিলা একক প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰে।
তেওঁ ২০১৬ চনৰ গুৱাহাটীত অনুষ্ঠিত দক্ষিণ এছিয় ক্ৰীড়াত তিনিটা সোণৰ পদক লাভ কৰে। ইয়াত তেওঁ মহিলাৰ ডাবলছ ইভেণ্ট (পূজা সহস্ৰবুদ্ধি সৈতে), মিক্স ডাবলছ ইভেণ্ট (এন্থনি অমলৰাজৰ সৈতে) আৰু মহিলা দলৰ প্ৰতিযোগিতা (মৌমা দাস আৰু শামিনী কুমাৰেচনৰ সৈতে) সোণৰ পদক লাভ কৰিছিল। মহিলা একক প্ৰতিযোগিতাৰ ফাইনেলত তেওঁ পৰাজিত কৰা মৌমা দাসৰ সৈতে খেলত মণিকায়ে চতুৰ্থ সোণৰ পদক অস্বীকাৰ কৰে। তেওঁ ২০১৬ চনৰ এপ্ৰিলত যোগ্যতা প্ৰতিযোগিতাৰ দক্ষিণ এছিয়া গোটজয় কৰি ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ মহিলা একক প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰে। অৱশ্যে ২০১৬ চনৰ অলিম্পিকত তেওঁৰ উপস্থিতি কম সময়ৰ বাবে আছিল। যিহেতু তেওঁ মহিলাৰ ব্যক্তিগত খেলৰ প্ৰথম ৰাউণ্ডত পোলেণ্ডৰ কাতাৰজাইনা গ্ৰ্জিবোস্কাৰ পৰা পৰাজিত হৈছিল।
তেওঁ অষ্ট্ৰেলিয়াৰ গল্ডকষ্টত অনুষ্ঠিত ২০১৮ চনৰ কমনৱেলথ গেমছত চাৰিবাৰৰ স্বৰ্ণ পদক বিজয়ী আৰু ডিফেণ্ডিং চেম্পিয়ন ছিংগাপুৰৰ বিৰুদ্ধে ফাইনেলত ভাৰতীয় মহিলা দলক স্বৰ্ণ পদক জয়লৈ লৈ গৈছিল। ২০০২ চনত এই খেল অন্তৰ্ভুক্ত হোৱাৰ পিছত ছিংগাপুৰৰ মহিলা টেবুল টেনিছ দলটো কেতিয়াও কমনৱেলথ গেমছত পৰাজিত হোৱা নাছিল। মণিকায়ে ফাইনেলত ভাৰতৰ ৩-১ জয়ত বিশ্বৰ ৪ নম্বৰ ফেং টিয়ানৱেইৰ লগতে জাউ ইহানক পৰাজিত কৰিছিল।
২০১৮ চনৰ কমনৱেলথ গেমছত স্বৰ্ণ পদকৰ সংঘৰ্ষত চিংগাপুৰৰ ডিফেণ্ডিং চেম্পিয়ন ফেং টিয়ানৱেই আৰু ইউ মেনগ্যুৰ পৰা পৰাজিত হোৱা মণিকা আৰু মৌমা দাসে মহিলাৰ ডাবলছ শ্ৰেণীত ভাৰতৰ প্ৰথম ৰূপৰ পদক জয় কৰিছিল। তেওঁ ছিংগাপুৰৰ ইউ মেনগিউক পৰাজয় কৰি কমনৱেলথ টেবুল টেনিছ ব্যক্তিগত সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলাত পৰিগণিত হয়। তেওঁ অংশগ্ৰহণ কৰা ৪টা প্ৰতিযোগিতাত ৪টা পদক জিকিছিল যাৰ ভিতৰত ২টা হৈছে সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জ পদক।
২০১৮ চনত ১২ ডিচেম্বৰ তাৰিখে তেওঁ আইটিটিএফৰ দ্বাৰা "দি ব্ৰেকথ্ৰু ষ্টাৰ এৱাৰ্ড" লাভ কৰা একমাত্ৰ ভাৰতীয় হিচাপে পৰিগণিত হয়।
২০২০ চনত তেওঁ ২০২০ টকিঅ' অলিম্পিকত মহিলা দলৰ প্ৰতিযোগিতাত ভাৰতৰ বাবে স্থান সুৰক্ষিত কৰিবলৈ ব্যৰ্থ হৈছিল যেতিয়া তেওঁ টকিঅ' ২০২০ কোৱালিফায়াৰ কোৱাৰ্টাৰ ফাইনেলৰ আৰম্ভণি খেলত ফ্ৰান্সৰ মেৰী মিগোটৰ পৰা ২-৩ ত পৰাজিত হৈছিল। তেওঁ ২০১৮ চনত অৰ্জুন বঁটা আৰু ২০২০ চনত দেশৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰে।
সংবাদ মাধ্যমত
মণিকাক ফেমিনা আলোচনীৰ জুলাই ২০১৮ৰ সংস্কৰণৰ আৱৰণত প্ৰদৰ্শিত কৰা হৈছিল। তেওঁক ২০১৮ চনৰ নৱেম্বৰৰ সংস্কৰণত ভগ আলোচনীতো প্ৰদৰ্শন কৰা হৈছিল।
তথ্য উৎস
বাহ্যিক সংযোগ
আন্তৰ্জাতিক টেবুল টেনিছ ফেডাৰেচনৰ প্ৰ'ফাইল
মণিকা বাত্ৰাৰ প্ৰফাইল
ভাৰতৰ ব্যক্তি
ভাৰতৰ টেবুল টেনিছ খেলুৱৈ
ভাৰতীয় অলিম্পিক প্ৰতিযোগী
অৰ্জুন বঁটা বিজয়ী
মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা |
49696 | https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%81%E0%A6%B7%E0%A6%AE%E0%A6%BE%20%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A6%BE%E0%A6%9C | সুষমা স্বৰাজ | সুষমা স্বৰাজ (১৪ ফেব্ৰুৱাৰী, ১৯৫২ ৬ আগষ্ট, ২০১৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ অধিবক্তা আছিল। ভাৰতীয় জনতা পাৰ্টিৰ এগৰকী জ্যেষ্ঠ নেত্ৰী স্বৰাজে আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে ২০১৮ চনৰ ২৬ মে'ৰ পৰা ২০১৯ চনৰ ৩০ মে'লৈকে কাৰ্যনিৰ্বাহ কৰিছিল। বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা তেওঁ ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা। তেওঁ ৭ বাৰৰ বাবে সংসদলৈ আৰু ৩ বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ২৫ বছৰ বয়সতে হাৰিয়ানা ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰা কনিষ্ঠতম মন্ত্ৰী। ইয়াৰ লগতে তেওঁ ১৩ অক্টোবৰ ১৯৯৮ চনৰ পৰা ৩ ডিচেম্বৰ ১৯৯৮ চনলৈ দিল্লীৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত তেওঁ মধ্য প্ৰদেশৰ বিদিশা লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰায় ৪,০০,০০০ ভোটৰ ব্যৱধানত জয়ী হৈছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত বিদেশ মন্ত্ৰী হিচাপে ২০১৪ চনৰ ২৬ মে'ত শপত গ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত বাতৰি কাকত ৱাল ষ্ট্ৰীট জাৰ্ণালে তেওঁক ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ৰাজনীতিজ্ঞ বুলি সম্বোধন কৰিছিল। স্বাস্থ্যজনিত কাৰণত সুষমা স্বৰাজে ২০১৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত অংশ লোৱা নাছিল। হৃদৰোগত আক্ৰান্ত হৈ নতুন দিল্লীৰ ছত ২০১৯ চনৰ ৬ আগষ্টত তেওঁ মৃত্যুবৰণ কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫২ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে অবিভক্ত পঞ্জাবৰ আম্বালা কেণ্টনমেণটত সুষমা স্বৰাজৰ জন্ম হৈছিল। বিবাহৰ আগতে তেওঁৰ নাম সুষমা শৰ্মা আছিল আৰু ঘৰত চিংকু বুলি মাতিছিল। তেওঁৰ পিতৃ হৰদেৱ শৰ্মা আৰু মাতৃ শ্ৰীমতি লক্ষ্মী দেৱী। তেওঁৰ পিতৃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় সদস্য আছিল। তেওঁ আম্বালা কেণ্টনমেণটৰ সনাতন ধৰ্ম মহাবিদ্যালয়ৰ পৰা সংস্কৃত আৰু ৰাজনীতি বিজ্ঞানক মুখ্য বিষয়লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত তেওঁ চণ্ডীগড়ৰ পঞ্জাব বিশ্ববিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ কৰে। ইয়াত পঢ়ি থাকোঁতে ভাষা বিভাগে আয়োজন কৰা ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাত তেওঁ তিনিবাৰ ধাৰাবাহিক ভাবে শ্ৰেষ্ঠ হিন্দী বক্তাৰ সন্মান লাভ কৰিছিল। ১৯৭৩ চনত তেওঁ উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে যোগ দিয়ে। ১৯৭০ৰ দশকত তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগ দিয়ে। তেওঁৰ স্বামী স্বৰাজ কৌশল সমাজবাদী নেতা জৰ্জ ফাৰ্নাণ্ডেজৰ ঘনিষ্ঠ সহযোগী আছিল। তেওঁ ১৯৭৫ চনত জৰ্জ ফাৰ্নাণ্ডেজৰ আইন ৰক্ষা দলত যোগদান কৰে। তেওঁ জয়প্ৰকাশ নাৰায়ণৰ সম্পূৰ্ণ বিপ্লৱ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ভাৰতৰ অপাতকালৰ পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেত্ৰী হৈ পৰে।
পদাধিকাৰ
১৯৭৭-৮২: হাৰিয়ানা বিধানসভাৰ সদস্য
১৯৭৭-৭৯: হাৰিয়ানা চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ কেবিনেট মন্ত্ৰী
১৯৮৭-৯০: হাৰিয়ানা বিধানসভাৰ সদস্য
১৯৮৭-৯০: হাৰিয়ানা চৰকাৰৰ শিক্ষা, খাদ্য আৰু যোগান বিভাগৰ কেবিনেট মন্ত্ৰী
১৯৯০-৯৬: ৰাজ্যসভাৰ সাংসদ (প্ৰথম বাৰ)
১৯৯৬-৯৭: লোকসভাৰ সাংসদ (দ্বিতীয় বাৰ)
১৬ মে' ১৯৯৬ ১ জুন ১৯৯৬: কেন্দ্ৰীয় চৰকাৰৰ সূচনা আৰু সম্প্ৰচাৰণ বিভাগৰ কেবিনেট মন্ত্ৰী
১০ মাৰ্চ ১৯৯৮ ২৬ এপ্ৰিল ১৯৯৯: লোকসভাৰ সাংসদ (তৃতীয় বাৰ)
১৯ মাৰ্চ ১৯৯৮ ১২ অক্টোবৰ ১৯৯৮: কেন্দ্ৰীয় চৰকাৰৰ সূচনা আৰু সম্প্ৰচাৰণ বিভাগৰ কেবিনেট মন্ত্ৰী (অতিৰিক্ত দায়িত্ব)
১৩ অক্টোবৰ ১৯৯৮ ৩ ডিচেম্বৰ ১৯৯৮: দিল্লীৰ পঞ্চম মুখ্যমন্ত্ৰী
নৱেম্বৰ ১৯৯৮: হৌজ খাচ বিধানসভা সমষ্টিৰ পৰা দিল্লী বিধানসভালৈ নিৰ্বাচন যদিও তাৰ পৰা পদত্যাগ কৰি লোকসভা আসন গ্ৰহণ
২০০০-০৬: ৰাজ্যসভাৰ সাংসদ (চতুৰ্থ বাৰ)
৩০ ছেপ্টেম্বৰ ২০০০ ২৯ জানুৱাৰী ২০০৩: সূচনা আৰু সম্প্ৰচাৰণ মন্ত্ৰী
২৯ জানুৱাৰী ২০০৩ ২২ মে' ২০০৪: স্বাস্থ্য আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী
২০০৬ ২০০৯: ৰাজ্যসভাৰ সাংসদ (পঞ্চম বাৰ)
১৬ মে' ২০০৯ ১৮ মে' ২০১৪: লোকসভাৰ সাংসদ (ষষ্ঠ বাৰ)
৩ জুন ২০০৯ ২১ ডিচেম্বৰ ২০০৯: লোকসভাৰ বিৰোধী দলৰ উপদলপতি
২১ ডিচেম্বৰ ২০০৯ ১৮ মে ২০১৪: লোকসভাৰ বিৰোধী দলৰ দলপতি
২৬ মে' ২০১৪ ৬ আগষ্ট, ২০১৯: লোকসভাৰ সাংসদ (সপ্তম বাৰ)
২৬ মে' ২০১৪ ৩০ মে' ২০১৯: ভাৰতৰ বিদেশ মন্ত্ৰী
তথ্য উৎস
বাহ্যিক সংযোগ
বিদেশ মন্ত্ৰীৰ সূচী
লোকসভাৰ সাংসদ সুষমা স্বৰাজৰ জীৱনী
ভাৰতৰ ব্যক্তি
মৃত ব্যক্তি
ভাৰতীয় ৰাজনীতিবিদ
ভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী
ভাৰত চৰকাৰৰ মন্ত্ৰী
পদ্মবিভূষণ বঁটা |
67026 | https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A6%A3%E0%A7%8D%E0%A6%A1%E0%A6%BF%E0%A6%A4%E0%A6%BE%20%E0%A7%B0%E0%A6%AE%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A6%88 | পণ্ডিতা ৰমাবাঈ | পণ্ডিতা ৰমাবাঈ সৰস্বতী ২৩ এপ্ৰিল ১৮৫৮ ৫ এপ্ৰিল ১৯২২) এগৰাকী নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী। তেওঁ ভাৰতত মহিলাৰ শিক্ষা আৰু মুক্তিৰ অগ্ৰদূত আৰু সমাজ সংকাৰক আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা 'পণ্ডিতা' আৰু 'সৰস্বতী' উপাধি লাভ কৰা প্ৰথম মহিলা আছিল।
তেওঁ ১৮৮৯ চনৰ কংগ্ৰেছ অধিৱেশনত ১০ গৰাকী মহিলা প্ৰতিনিধিৰ ভিতৰত এগৰাকী আছিল। ১৮৯০ চনৰ শেষত তেওঁ পুনে চহৰৰ পৰা চল্লিশ মাইল পূৱত কেদগাঁও গাঁৱত মুক্তি মিছন স্থাপন কৰিছিল। এই অভিযানক পিছত পণ্ডিতা ৰমাবাঈ মুক্তি অভিযান নাম ৰখা হৈছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৮৫৮ চনৰ ২৩ এপ্ৰিলত মাৰাঠী ব্ৰাহ্মণ পৰিয়ালত পণ্ডিতা ৰমাবাঈ সৰস্বতীৰ ৰমা ডংৰে হিচাপে জন্ম হৈছিল কিন্তু পিছত তেওঁ ইংলেণ্ডত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ অনন্ত শাস্ত্ৰী ডংৰে এজন সংস্কৃত পণ্ডিত আৰু আৰু তেওঁ ৰমাক ঘৰতে সংস্কৃত শিকাইছিল। ১৮৭৬-৭৮ চনৰ মহা দুৰ্ভিক্ষৰ সময়ত ১৬ বছৰ বয়সত অনাথ হৈ ডংৰে আৰু তেওঁৰ ভাতৃ শ্ৰীনিবাসে সংস্কৃত শাস্ত্ৰ পাঠ কৰি ভাৰত ভ্ৰমণ কৰিছিল। এজন প্ৰবক্তা হিচাপে ৰমাবাঈৰ খ্যাতি কলিকতালৈ বিয়পি পৰিছিল আৰু আৰু পণ্ডিতসকলে তেওঁক ব্যক্তব্য ৰাখিবলৈ আমন্ত্ৰণ কৰিছিল। ১৮৭৮ চনত কলিকতা বিশ্ববিদ্যালয়য়ে বিভিন্ন সংস্কৃত কৰ্মৰ জ্ঞানৰ স্বীকৃতিস্বৰূপে তেওঁক পণ্ডিতা আৰু সৰস্বতী উপাধি প্ৰদান কৰে। ঈশ্বৰবাদী সংকাৰক কেশৱ চন্দ্ৰ সেনে তেওঁক সকলো হিন্দু সাহিত্যৰ আটাইতকৈ পৱিত্ৰ বেদৰ প্ৰতিলিপি দিছিল আৰু তেওঁক সেইবোৰ পঢ়িবলৈ উৎসাহিত কৰিছিল। ১৮৮০ চনত শ্ৰীনিবাসৰ মৃত্যুৰ পিছত ৰমাবাঈ এজন বঙালী অধিবক্তা বিপিন বেহাৰী মেধৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁ এজন বঙালী কায়স্থ আছিল আৰু সেয়েহে তেওঁলোকৰ বিবাহ আন্তঃজাতি আৰু আন্তঃআঞ্চলিক বুলি গণ্য কৰা হৈছিল। এনে বিবাহ সেই সময়ৰ বাবে অনুপযুক্ত বুলি বিবেচনা কৰা হৈছিল। তেওঁলোক ১৮৮০ চনৰ ১৩ নৱেম্বৰত এক অসামৰিক অনুষ্ঠানত বিয়া হৈছিল। দম্পতীৰ এগৰাকী ছোৱালী আছিল যাক তেওঁলোকে মানৰমা নাম দিছিল। ১৮৮২ চনত মেধৱীৰ মৃত্যুৰ পিছত, মাত্ৰ ২৩ বছৰ বয়সত ৰমাবাঈ পুনেলৈ আহে আৰু মহিলা শিক্ষাৰ প্ৰচাৰৰ বাবে এটা সংগঠন স্থাপন কৰে।
সামাজিক সক্ৰিতা
মেধৱীৰ মৃত্যুৰ পিছত ৰমাবাঈ পুনেলৈ গৈছিল আৰু তেওঁ আৰ্য মহিলা সমাজ প্ৰতিষ্ঠা কৰিছিল। মহিলাৰ শিক্ষাৰ উপায় বৃদ্ধি কৰা আৰু বাল্য বিবাহৰ অত্যাচাৰৰ মুক্ত কৰা এই সমাজৰ মুখ্য উদ্দেশ্য আছিল। ১৮৮২ চনত ভাৰত চৰকাৰে শিক্ষাৰ বাবে এটা আয়োগ গঠন কৰিছিল আৰু ৰামাবাঈয়ে ইয়াৰ আগত নাৰী শিক্ষাৰ বাবে কিছুমান প্ৰমাণ দাখিল কৰিছিল। লৰ্ড ৰিপনৰ শিক্ষা আয়োগক সম্বোধন কৰি তেওঁ উৎসাহেৰে ঘোষণা কৰে,
তেওঁ আয়োগক পৰামৰ্শ দিছিল যে শিক্ষকসকলক প্ৰশিক্ষণ দিব লাগে আৰু মহিলা বিদ্যালয় পৰিদৰ্শক নিয়োগ কৰিব লাগে। লগতে তেওঁ কয় যে মহিলাৰ পৰিস্থিতি এনে আছিল যে মহিলাসকলে কেৱল তেওঁলোকৰ চিকিৎসা কৰিব পাৰে আৰু ভাৰতীয় মহিলাসকলক চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিব দিব লাগে। ৰমাবাঈৰ প্ৰমাণে এক সংবেদনৰ সৃষ্টি কৰিছিল আৰু ৰাণী ভিক্টোৰিয়ালৈ তেওঁৰ ব্যক্তব্য প্ৰচাৰ হৈছিল। লৰ্ড ডাফাৰিনৰ দ্বাৰা মহিলা চিকিৎসা আন্দোলন আৰম্ভ কৰাৰ পিছত ই ফল লাভ কৰিছিল।
তেওঁ ১৮৮৩ চনত চিকিৎসাৰ প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ ব্ৰিটেইনলৈ গৈছিল। কিন্তু প্ৰগতিশীল বধিৰতাৰ বাবে তেওঁক চিকিৎসা কাৰ্যসূচীৰ পৰা অগ্ৰাহ্য কৰা হৈছিল। ইংলেণ্ডত থকা কালছোৱাত তেওঁ খ্ৰীষ্টান ধৰ্মলৈ লৈ ধৰ্মান্তৰিত হৈছিল। ব্ৰিটেইনৰ পৰা তেওঁ ১৮৮৬ চনত তেওঁৰ আত্মীয় প্ৰথম মহিলা ভাৰতীয় চিকিৎসক আনন্দীবাঈ যোশীৰ স্নাতক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমেৰিকা ভ্ৰমণ কৰিছিল। এই সময়ত তেওঁ পাঠ্যপুথি অনুবাদ কৰিছিল আৰু সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত বক্তৃতা দিছিল। এই সময়তে তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ 'দা হাই-কাষ্ট হিন্দু ৱমেন' প্ৰকাশিত হৈছিল। এইখন তেওঁৰ প্ৰথম ইংৰাজী ভাষাৰ কিতাপ। ৰমাবাঈৰ এই কিতাপখন আনন্দীবাঈ যোশীক উৎসৰ্গা কৰিছিল আৰু ইয়াৰ জৰিয়তে তেওঁ শিশু কইনা আৰু শিশু বিধবাকে ধৰি হিন্দু মহিলাসকলৰ জীৱনৰ আন্ধাৰ দিশবোৰ দেখুৱাইছিল। ইয়াৰ লগতে তেওঁ হিন্দু-আধিপত্য থকা ব্ৰিটিছ ভাৰতত মহিলাসকলৰ উৎপীড়ন প্ৰকাশ কৰিবলৈ বিচাৰিছিল।
ভাৰতত তেওঁৰ কামৰ বাবে সমৰ্থন বিচাৰিবলৈ আমেৰিকা যুক্তৰাজ্যত প্ৰেজেণ্টেচন দিয়াৰ সময়ত ৰমাবাঈয়ে ১৮৮৭ চনৰ জুলাই মাহত ফ্ৰান্সৰ ৱালাৰ্ডক লগ পাইছিল। ১৮৮৭ চনৰ নৱেম্বৰত ৰাষ্ট্ৰীয় মহিলা খ্ৰীষ্টান টেম্পাৰেন্স ইউনিয়ন সন্মিলনত ব্যক্তব্য ৰাখিবলৈ ৱালাৰ্ডে ৰমাবাঈক আমন্ত্ৰণ জনাইছিল। ইয়াত তেওঁ এই বৃহৎ মহিলা সংগঠনৰ সমৰ্থন লাভ কৰিছিল। তেওঁ ১৮৮৮ চনৰ জুন মাহত ডব্লিউচিটিইউৰ ৰাষ্ট্ৰীয় প্ৰবক্তা হিচাপে ভাৰতলৈ উভতি আহিছিল। ডব্লিউচিটিইউৰ প্ৰথম বিশ্ব মিছনাৰী মেৰী গ্ৰীণলিফ ক্লেমেণ্ট লেভিট ইতিমধ্যে ভাৰতত আছিল। ৰামাবাই অৱশ্যে ১৮৯৩ চনত আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ পিছত ভাৰতৰ ডব্লিউচিটিইউৰ সৈতে তেওঁ কাম কৰিছিল।
১৮৯৬ চনত তীব্ৰ দুৰ্ভিক্ষৰ সময়ত ৰমাবাঈ গৰুগাড়ীৰে মহাৰাষ্ট্ৰৰ গাওঁবোৰ ভ্ৰমণ কৰে আৰু হাজাৰ হাজাৰ শিশু, বিধবা, অনাথ আৰু অন্যান্য অৱহেলিত মহিলাক উদ্ধাৰ কৰে আৰু তেওঁলোকক সহায়ৰ বাবে শাৰদা সদনৰ আশ্ৰয়লৈ লৈ আহে। তেওঁ সাতটা ভাষা জানিছিল বাইবেলটো মূল হিব্ৰু আৰু গ্ৰীকৰ পৰা তেওঁৰ মাতৃভাষা মাৰাঠীলৈ অনুবাদ কৰিছিল।
১৯০০ চনৰ ভিতৰত মুক্তি মিছনত ১,৫০০জন বাসিন্দা আৰু এশৰো অধিক গৰু আছিল আৰু তেওঁ মুক্তিত এটা গীৰ্জা স্থাপন কৰাৰ লগতো জড়িত আছিল। পণ্ডিতা ৰমাবাঈ মুক্তি মিছন বৰ্তমানেও সক্ৰিয় হৈ আছে আৰু বিধৱা, অনাথ আৰু অন্ধকে ধৰি বহুতো অভাৱী গোটৰ বাবে গৃহ, শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ আদি প্ৰদান কৰি আহিছে।
ব্যক্তিগত জীৱন
তেওঁ নিজকে সামাজিক সেৱাত ব্যস্ত ৰখাৰ বাবে ব্যক্তিগত জীৱনত কম সময় অতিবাহিত কৰিছিল। তেওঁৰ শৈশৱ দুখ-কষ্টেৰে ভৰা আছিল। তেওঁৰ মাক-দেউতাকক সোনকালে হেৰুৱাইছিল আৰু বিয়াৰ দুবছৰৰ ভিতৰতে তেওঁৰ স্বামীৰ মৃত্যু হৈছিল। একমাত্ৰ ছোৱালী মনোৰমাক তেওঁ শিক্ষিত কৰিছিল। মনোৰমায়ে বোম্বাই বিশ্ববিদ্যালয়ৰ পৰা বিএ সম্পূৰ্ণ কৰিছিল আৰু উচ্চ শিক্ষাৰ বাবে আমেৰিকা লৈ গৈছিল। ভাৰতলৈ উভতি আহি তেওঁ মুম্বাইৰ শাৰদা সদনৰ অধ্যক্ষ হিচাপে কাম কৰিছিল। ১৯১২ চনত তেওঁ দক্ষিণ ভাৰতৰ পিছপৰা জিলা গুলবাৰ্গাত (বৰ্তমান কৰ্ণাটকৰ) খ্ৰীষ্টান উচ্চ বিদ্যালয় স্থাপন কৰে আৰু তেওঁৰ ছোৱালী বিদ্যালয়ৰ অধ্যক্ষ আছিল। ১৯২০ চনত ৰমাবাঈ দুৰ্বল হবলৈ ধৰে আৰু তেওঁৰ ছোৱালীক মুক্তি মিছনৰ দায়িত্বভাৰ অৰ্পণ কৰে। অৱশ্যে ১৯২১ চনত মনোৰমাৰ মৃত্যু হৈছিল। কন্যাৰ মৃত্যুৰ ফলত তেওঁ মানসিক ভাৱে ভাঙি পৰে। ন মাহ পিছত চেপটিক ব্ৰংকাইটিছত ভুগি থকা ৰমাবাঈৰ ৬৪তম জন্মদিনৰ কেইসপ্তাহমান আগতে ১৯২২ চনৰ ৫ এপ্ৰিলত মৃত্যু হৈছিল।
বঁটা আৰু সন্মান
কলিকতা বিশ্ববিদ্যালয়ৰ পৰা "পণ্ডিতা" আৰু "সৰস্বতী" উপাধি
১৯১৯ চনত ভাৰত ব্ৰিটিছ ঔপনিবেশিক চৰকাৰৰ দ্বাৰা সমাজ সেৱাৰ বাবে কেশৰী-ই-হিন্দ পদক
তেওঁক ৫ এপ্ৰিলত এপিকোপিকেল গীৰ্জাৰ (আমেৰিকা যুক্তৰাষ্ট্ৰ) লিটাৰ্জিকেল কেলেণ্ডাৰত ভোজ দিৱস আৰু ৩০ এপ্ৰিলত ইংলেণ্ডৰ গীৰ্জাৰ লিটাৰ্জিকেল কেলেণ্ডাৰত এক স্মৰণ দিৱসেৰে সন্মানিত কৰা হৈছে
১৯৮৯ চনৰ ২৬ অক্টোবৰত ভাৰতীয় মহিলাসকলৰ উন্নতিত তেওঁৰ অৱদানৰ স্বীকৃতি হিচাপে ভাৰত চৰকাৰে ডাক টিকট জাৰি কৰে
মুম্বাইৰ তেওঁৰ স্মৃতিত এটা পথৰ নামকৰণ কৰা হৈছে। গামদেৱী এলেকাৰ ওচৰৰ হিউজ ৰোডৰ পৰা নানা চকলৈ সংযোগ কৰা পথটোক পণ্ডিতা ৰমাবাঈ মাৰ্গ বুলি কোৱা হয়
তথ্য উৎস
বাহ্যিক সংযোগ
পণ্ডিতা ৰমাবাঈৰ জীৱন
পণ্ডিতা ৰমাবাঈৰ বিষয়ে তথ্য
পণ্ডিতা ৰমাবাঈৰ কাহিনী
মুক্তি মিছনৰ ইতিহাস
ভাৰতৰ ব্যক্তি
মৃত ব্যক্তি
সমাজকৰ্মী
সমাজ সংস্কাৰক
ভাৰতীয় সাহিত্যিক
ভাৰতীয় |
35870 | https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%A6%E0%A6%A3%E0%A7%8D%E0%A6%A1%20%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A6%BF | ভাৰতীয় দণ্ড বিধি | ভাৰতীয় দণ্ড বিধি ভাৰতৰ মুখ্য অপৰাধ দণ্ড বিধি। অপৰাধ আইনৰ সকলো মূল বিষয়ক সামৰি লোৱাটোৱে ইয়াৰ উদেশ্য, ই এক ব্যাপক বিধান বা আইন। ১৮৬০ চনত ভাৰতীয় দণ্ড বিধি আইনৰ খচৰা প্ৰস্তুত হৈছিল যদিও ব্ৰিটিছ শাসনৰ আৰম্ভণিতে ১৮৬২ চনত ব্ৰিটিছ ভাৰতত ইয়াৰ প্ৰৱৰ্তন কৰা হৈছিল। তথাপিও ভাৰতীয় দণ্ড বিধি আইনখন ভাৰতৰ বিভিন্ন ৰজাৰ দ্বাৰা শাসিত অঞ্চলসমূহত প্ৰচলন হোৱা নাছিল, যিহেতু তেওঁলোকৰ নিজা আইন আৰু আদালত ব্যৱস্থা ১৯৪০ চনলৈকে প্ৰচলন আছিল। বৰ্তমান সময়লৈকে এইবিধানখন বহুবাৰ সংশোধন কৰাৰ লগতে অন্যান্য বহুতো অপৰাধ ধাৰা সংযোগ কৰা হৈছে। জম্মু-কাশ্মীৰ ৰাজ্যত এই বিধানক 'ৰনবীৰ দণ্ড বিধান' বুলি জনা যায়৷
ব্ৰিটিছ যুগৰ অন্ত পৰাৰ লগে লগে মূল ভাৰতীয় ভূখণ্ডৰ পৰা বিভাজিত পাকিস্তানেও ভাৰতীয় দণ্ড বিধি আইনক স্বীকাৰ কৰি গ্ৰহণ কৰে, যি পাকিস্তান দণ্ড বিধি আইন বুলি জনাজাত। বাংলাদেশত, পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰা পিছতো এই বিধি বলবৎ হৈ আছে। ইয়াৰ উপৰিও এই বিধি বাৰ্মা, ছেয়লন (বৰ্তমানৰ শ্ৰীলংকা), ছিংগাপুৰ, ব্ৰুনেই থকা ব্ৰিটিছ ঔপনিবেশিক শাসকসকলেও গ্ৰহণ কৰে আৰু উক্ত দেশসমূহৰ অপৰাধিক সংহিতাৰ আধাৰ হৈ আছে।
বুৰঞ্জী
মোগল শাসনৰ সময়চোৱাত, ন্যায়ালয়ত হিন্দু আইন বহিষ্কাৰ কৰিবলৈ 'শৰীয়ত আইন' বলবৎ কৰা হৈছিল। কিন্তু ভাৰতীয় উপমহাদেশত ব্ৰিটিছ সকলৰ প্ৰভাব বৃদ্ধিৰ লগে লগে ইছলামিক আইনে ইংৰাজ অপৰাধীক আইনক বাট এৰি দিব লগা হল। ১৮৬০ চনৰ আগতে, ইংৰাজ অপৰাধীক আইনক গৱৰ্ণৰ জেনেৰেলৰ অধিনিয়ম দ্বাৰা সংশোধিত কৰি বম্বে প্ৰেচিডেঞ্চী, কেলকাত্তা আৰু মাদ্ৰাজত বলবৎ কৰে। ভাৰতীয় দণ্ড বিধিৰ খচঁৰা,থমাচ বেবিংটন মেকুলেই অধ্যক্ষতাত গঠন হোৱা প্ৰথমখন বিধি আয়োগ প্ৰস্তুত কৰিছিল। ইয়াৰ আধাৰ ইংলেণ্ডৰ আইন, যি আইন আধিক্যতা, পৰিভাষা আৰু স্থানীয় বিশিষ্টতা মুক্ত। ইয়াৰ তত্ত্ব সমূহ নেপ'লিয়নিক সংহিতা আৰু এডৱাৰ্ড লিভিংচটন প্ৰণিত লুইজিয়ানা নাগৰিক সংহিতাৰ, ১৮২৫ পৰা প্ৰাপ্ত কৰা হৈছিল। ১৮৩৭ চনত পৰিষদত, গৱৰ্ণৰ জেনেৰেলৰ ওচৰত প্ৰথমখন পূৰ্ণ খচঁৰা দাখিল কৰা হয়, কিন্তু পুনৰ সংশোধনৰ বাবে পঠিয়ায় দিয়ে। ১৮৫০ চনত ভাৰতীয় দণ্ড বিধিৰ খচঁৰা আলেখন সম্পূৰ্ণ হয় আৰু ১৮৫৬ চনত বিধান পৰিষদত দাখিল কৰা হয়, কিন্তু ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত এটা দশকলৈকে ব্ৰিটিছ ভাৰতৰ অধিনিয়ম গ্ৰন্থত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। সেই সময়ছোৱাত খচঁৰাখন বাৰ্নচ পিক'ক ৰ দ্বাৰা অতি সাৱধানেৰে সূক্ষ্ম নিৰীক্ষণেৰে সংশোধন কৰা হয়, যিজন পিছলৈ কলকাতা উচ্চ ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ আৰু ভৱিষ্যতৰ অৱৰ ন্যায়াধীশ হৈছিল। ইয়াৰ উপৰিও তেখেত বিধান পৰিষদৰ এজন সদস্য আছিল। ১৮৬০ চনৰ, ৬ অক্টোবৰ দিনাখন এই আইন পৰিষদত পাড়িত হৈছিল। ভাৰতীয় দণ্ড বিধি, ১ জানুৱাৰী, ১৮৬২ চনত কাৰ্য্যকৰী ৰূপত প্ৰচলন কৰা হয়। দূৰ্ভাগ্য বশত: মেকুলেই তেখেতৰ এই সৰ্ব্বোতকৃষ্ট ৰচনা বলবৎ হোৱাৰ চাবলৈ পোৱাৰ আগতেই ১৮৫৯ চনৰ শেষৰ ফালে মৃত্যুবৰণ কৰে।
উদেশ্য ভাৰতবৰ্ষক এখন সাধাৰণ দণ্ড বিধি প্ৰদান কৰাটোৱে এই অধিনিয়মৰ মুখ্য উদেশ্য। এই বিধি আইন সম্বন্ধীয় সকলো বিষয় সামৰি লোৱাৰ উপৰিও আইন বুলি ঘোষণা কৰা ব্যাপক প্ৰসংগসমূহ অৰ্ন্তনিহিত কৰে। ইয়াৰ উপৰিও বিভিন্ন সময়ত অনান্য অপৰাধৰ বাবে আৰু অধিক দণ্ডাত্মক বিধিৰ প্ৰস্তুত কৰা হৈছে।
গঠন ভাৰতীয় দণ্ড বিধি, ১৮৬০, মুঠ ২৩টা অধ্যায় আৰু ৫১১টা ধাৰাত বিভক্ত। এই বিধিত পাতনি, বিশদ বিৱৰণ, অপবাদৰ উপৰিও দোষ অথবা অপৰাধৰ ব্যাপক বৰ্ণনা দিয়া আছে। তলত দিয়া তালিকাখনত ভাৰতীয় দণ্ড বিধিৰ ৰূপৰেখা উপস্থাপন কৰা হৈছে।
শব্দসমূহ আৰু বাক্যা্ংশ বয়স্ক প্ৰত্যেকজন মনিষ্য যি জনৰ বয়স ১৬ বছৰ বা ততোধিক। সহমতি ১৮ বছৰৰ তলৰ মনুষ্য, যিসকল পৰিকল্পিত যৌন ক্ৰিয়াৰ বাবে সহমতি দিব নোৱাৰে বুলি ভৱা হয় অথবা মানি লোৱা হয়। শাৰীৰিক সম্ভোগ ৩৭৭ ধাৰাত প্ৰয়োগ, আৰু ইয়াৰ অভিব্যক্তি 'যৌন সম্ভোগ' ধাৰা ৩৭৫, ৪৯৭ পৰা সম্পূৰ্ণ পৃথক। শাৰীৰিক(কামুক) দেহ অথবা শৰী্ৰৰ লগত কৰা কাৰ্য্য। সমলিংগিক সমুদায় পুৰুষে পুৰুষৰ লগত কৰা যৌন কাৰ্য্য, সমকামী। অপ্ৰাকৃতিক(অস্বাভাৱিক) প্ৰকৃতি অনুসাৰে নহয়, উদাহৰণ প্ৰাকৃতিক নিয়ম মতে মুখ গহ্বৰ কোনো ধৰণৰ যৌন/শাৰীৰিক সম্ভোগৰ বাবে নহয়। অপ্ৰাকৃতিক অপৰাধ অপ্ৰাকৃতিক যৌনক্ৰিয়াত কোনোধৰণৰ, উৎপাদনশীল অথবা অ- উৎপাদনশীল যৌনক্ৰিয়াৰ শ্ৰেণীবিভাজনৰ যুক্তিসংগত সম্বন্ধ নাই।
আত্মহত্যাৰ অপচেষ্টা অপৰাধীকৰণৰ অৱলুপ্তি ধাৰা ৩০৯ অনুসৰি, আত্মহত্যাৰ অসফল প্ৰয়াসৰ বাবে দণ্ড বিহাৰ বিধান আছে। কিন্তু ছেপ্তেম্বৰ, ২০১১ চনৰ, ভাৰত চৰকাৰে এই ধাৰাত সংশোধন আৰু আত্মহত্যাৰ অপচেষ্টা অপৰাধীকৰণৰ অৱলুপ্তি বাবে বিচাৰ বিবেচনা কৰি থকা বুলি সূচিত কৰে। মহামান্য উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনৰ প্ৰত্তোতৰত ভাৰত চৰকাৰে ন্যায়ালয়ত এইদৰে উল্লেখ কৰে।
অপৰাধীক ন্যায় সংশোধন 2003, প্ৰশংসা বৰ্তমান সময় লৈকে এই বিধি সৰ্ব্বত্ৰ প্ৰবলতা পূৰ্ণ খচঁৰা বিধি ৰূপে স্বীকাৰ কৰিছে। ১৫০ বছৰ জুৰি এই বিধি কোনোধৰণৰ মুখ্য সংশোধনী অবিহনে সমগ্ৰ দেশৰ ন্যায়পালিকাত প্ৰচলিত অৱস্থাত আছে। গ্ৰেট ব্ৰিটেন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিকোলাচ ফিলিপচ্ এ ভাৰতীয় দণ্ড বিধিৰ ১৫০ বছৰ উপলক্ষে অনুষ্ঠানত তেখেতে ভাৰতীয় দণ্ড বিধিৰ প্ৰভাবকাৰীতা তথা প্ৰাসংগিকতাৰ সজোৰে প্ৰশংসা কৰে। বৰ্তমান সংঘটিত হোৱা প্ৰযুক্তি যুক্ত আধুনিক অপৰাধ সমূহ যদিও 'মেকোলেই' যুগত শুনা নগৈছিল তথাপি ভাৰতীয় দণ্ডবিধিৰ বিস্তৃত খচঁৰাৰ বাবে সহজতে এই অপৰাধ সমূহ এই বিধিৰ আওঁতাত ভিতৰত পৰে।
জনপ্ৰিয় উদাহৰণ 420 302 302 302" 1975. 420" 1955 তথ্যসূত্ৰ
বাহ্যিক সংযোগ ভাৰতৰ |
22476 | https://as.wikipedia.org/wiki/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%9A%E0%A6%B2%E0%A6%BF%E0%A6%A4%20%E0%A6%AE%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%BE%20%28%E0%A6%9A%E0%A6%B2%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A5%29 | প্ৰচলিত মুদ্ৰা (চলাৰ্থ) | অৰ্থনীতিত প্ৰচলিত মুদ্ৰাই সৰ্বজনগৃহীত বিনিময়ৰ মাধ্যমক সূচায়। সাধাৰণতে এখন নিৰ্দ্দিষ্ট চৰকাৰৰ প্ৰচলিত মুদ্ৰা আৰু কাগজৰ টকাই ৰাষ্ট্ৰখনৰ অৰ্থমুদ্ৰাৰ যোগানৰ কায়িক দিশটো সামৰি লয়। এখন ৰাষ্ট্ৰৰ অৰ্থমুদ্ৰাৰ যোগানৰ আনটো অংশ বেংক জমা (কেতিয়াবা জমা অৰ্থমুদ্ৰা বোলা হয়)ৰে গঠিত হয়, যাৰ মালিকানা ধনাদেশ (চেক), ডেবিট কাৰ্ড, বা অৰ্থমুদ্ৰা হস্তান্তৰৰ অন্য মাধ্যমেৰে হস্তান্তৰ কৰিব পাৰি। জমা অৰ্থমুদ্ৰা আৰু প্ৰচলিত মুদ্ৰা দুয়োটাই আদায়ৰ উপায় হিচাপে গ্ৰহণযোগ্য হোৱা হেতুকে ইহঁতক অৰ্থমুদ্ৰা বুলি গণ্য কৰা হয়। প্ৰচলিত মুদ্ৰা ৰূপে অৰ্থমুদ্ৰাই মানৱ সভ্যতাত প্ৰায় ১০,০০০ ৰ পৰাই প্ৰভুত্ব বিস্তাৰ কৰিবলৈ ধৰিলে। সাধাৰণতে, নিহিত মূল্যৰ মোহৰ (সোণ বা ৰূপ)য়েই মান আছিল। প্ৰায় সকলো আধুনিক অৰ্থমূদ্ৰাতন্ত্ৰই ৰাজ-আজ্ঞা অৰ্থমুদ্ৰা )ৰ ওপৰত ভিত্তিশীল চৰকাৰী আজ্ঞা (ৰাজ-আজ্ঞা)ৰ বলতে আধুনিক প্ৰচলিত মুদ্ৰাই মূল্য লাভ কৰে। সাধাৰণতে, চৰকাৰে 'ৰাজ-আজ্ঞা প্ৰচলিত মুদ্ৰা'ক বিধিসন্মত মূল্যবেদন পত্ৰ হিচাপে ঘোষণা কৰে (নিদৰ্শন স্বৰূপে, কেন্দ্ৰীয় বেংকে উলিয়াই দিয়া কাগজী মুদ্ৰা আৰু মোহৰ/মুদ্ৰা)। ফলস্বৰূপে, 'ৰাজ-আজ্ঞা প্ৰচলিত মুদ্ৰা'ক ৰাজহুৱা বা ব্যক্তিগত সকলো ঋণ পৰিশোধৰ উপায় হিচাপে গ্ৰহণ নকৰাটো আইন বিৰুদ্ধ।
ইতিহাস আদিম প্ৰচলিত মুদ্ৰা
প্ৰচলিত মুদ্ৰাই 2000 ৰ আষে-পাষে সংঘটিত হোৱা দুটা মৌলিক অভিযোজনৰ পৰা ক্ৰমবিকাশ লাভ কৰে। মূলতে অৰ্থমুদ্ৰা প্ৰাপ্তিৰ এটা প্ৰকাৰ আছিল যি প্ৰাচীন কালৰ (তেতিয়াৰ প্ৰাচীন ইজিপ্ত)ৰ ৰ দেৱালয়ৰ ভঁৰালসমূহত সাঁচি ৰখা শস্যক প্ৰতিনিধিত্ব কৰিছিল। মজুত মূল্যক প্ৰতিনিধিত্ব কৰিবলৈ বিভিন্ন ধাতু আৰু পণ্যসমূহক প্ৰতিনিধিত্ব কৰিবলৈ বিভিন্ন প্ৰতীক ব্যৱহৃত হোৱা প্ৰচলিত মুদ্ৰাৰ এই প্ৰথম পৰ্যায়টোৱে ত ১৫০০ বছৰৰো অধিকঁকাল বেপাৰ-বাণিজ্যৰ ভিত্তি গঢ়ি তুলিছিল। টংকন
এই পৰ্যায়ত প্ৰচলিত মুদ্ৰা হিচাপে ব্যৱহৃত ধাতুবিধ নিজেই মূল্যৰ ভঁৰাল হিচাপে পৰিগণিত হৈছিলঃ প্ৰথমতে ৰূপ, পৰৱৰ্তী পৰ্যায়ত ৰূপ আৰু সোণ দুয়োবিধ, আৰু এটা সময়ত তামৰ মিশ্ৰিত ধাতুৰ ব্যৱহাৰ হৈছিল। আজিকালি আমি তাম আৰু অন্যান্য পৰিশোধিত ধাতুৰ মুদ্ৰা ব্যৱহাৰ কৰো। টংকন ব্যৱহৃত হোৱা অধিকসংখ্যক বৃহত্তৰ অৰ্থনীতিত তাম, ৰূপ আৰু সোণে মুদ্ৰাৰ তিনিটা স্তৰ গঠন কৰিছিল। সোণৰ মুদ্ৰাসমূহক বুজন পৰিমাণৰ ক্ৰয়-বিক্ৰয়, সামৰিক খৰচ আদায় আৰু ৰাষ্ট্ৰৰ কাৰ্যপ্ৰণালীত সহায় কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ৰূপৰ মুদ্ৰাসমূহক মধ্যমীয়া আকাৰৰ লেনদেন সমূহৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। তদুপৰি ৰূপৰ মুদ্ৰাসমূহ কৰৰ বাবে হিচাপৰ একক, দেয়, চুক্তি আৰু ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকৰ আনুগত্য আদায়ৰৰ বাবে ব্যৱহৃত হৈছিল। ঠিক সেইদৰে তামৰ মুদ্ৰাসমূহে সাধাৰণ লেনদেনৰ টংকনক প্ৰতিনিধিত্ব কৰিছিল। এই ব্যৱস্থা ৰ দিনৰেপৰা প্ৰাচীন ভাৰতত প্ৰচলিত আছিল। কাগজী অৰ্থমুদ্ৰা
প্ৰাক্-আধুনিক চীনত ধাৰ আৰু হাজাৰটা তামৰ মুদ্ৰা বিনিময়ৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধা দূৰীকৰণৰ বাবে এটা সুবিধাজনক বিনিময়ৰ মাধ্যম প্ৰচাৰৰ প্ৰয়োজনীয়তাই কাগজী অৰ্থমুদ্ৰাৰ সূচনা কৰিছিল। এই কাগজী অৰ্থমুদ্ৰাকে আজিৰ দিনত সকলোৱে বেংক নোট বা কাগজী টকা হিচাপে জনা যায়। বেংক নোট বা অধিকোষ-পত্ৰৰ যুগ
এখন অধিকোষ-পত্ৰ (যুক্তৰাষ্ট্ৰ আৰু কানাডাত সাধাৰণতে বুলি জনা যায়) হৈছে প্ৰচলিত মুদ্ৰাৰ এটা প্ৰকাৰ, আৰু সাধাৰণতে বিভিন্ন অধিকাৰ-ক্ষেত্ৰত বিধিসন্মত মূল্যবেদন পত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ সৈতে অধিকোষ-পত্ৰই সকলো অৰ্থমুদ্ৰাৰ নগদ ৰূপটো গঠন কৰে। অষ্ট্ৰেলিয়াৰ য়ে ১৯৮০ চনত বিশ্বৰ প্ৰথম সৃষ্টি কৰে আৰু ইয়াক ১৯৮৮ চনত ৰাষ্ট্ৰৰ দ্বিশতবাৰ্ষিকী উত্সৱত প্ৰচালনৰ কাৰণে গ্ৰহণ কৰা হয়। এতিয়া ২২ খনমান দেশত ব্যৱহৃত য়ে অধিকোষ-পত্ৰৰ আয়ুস নাটকীয়ভাৱে বঢ়োৱাৰ লগতে জালিয়াতিও ৰোধ কৰে।
আধুনিক প্ৰচলিত মুদ্ৰা সাম্প্ৰতিকভাৱে, নে প্ৰচলিত মুদ্ৰাক ব্যাখ্যা কৰিবলৈ এটা ত্ৰি-বৰ্ণৰ সাংকেতিক পদ্ধতি 4217) ৰ সূচনা কৰিলে যাৰদ্বাৰা ডলাৰ বা ফ্ৰাঙ্ক বুলি কোৱা বহুসংখ্যক ভিন্ন মূল্যৰ প্ৰচলিত মুদ্ৰাৰ ক্ষেত্ৰত দেখা দিয়া বিভ্ৰান্তি দূৰ হয়। উদাহৰণস্বৰূপে, এই পদ্ধতি অনুসৰি যুক্তৰাষ্ট্ৰৰ প্ৰচলিত মুদ্ৰাক বিশ্বব্যাপী ৰে বুজোৱা হয়।
নিয়ন্ত্ৰণ আৰু মুদ্ৰণ বহুলভাৱে, নিজ প্ৰচালন ক্ষেত্ৰখনত মুদ্ৰা আৰু কাগজী টকা (ৰাজ-আজ্ঞা অৰ্থমুদ্ৰা)ৰ নিৰ্গমণত এটা কেন্দ্ৰীয় বেংকৰ একচেটীয়া নিয়ন্ত্ৰণ থাকে। কেন্দ্ৰীয় বেংকে )দ্বাৰা প্ৰচলিত মুদ্ৰাৰ প্ৰকাশন বা সৃষ্টি বিত্তীয়/আৰ্থিক নীতি )ৰ জৰিয়তে নিজৰ নিয়ন্ত্ৰণত ৰাখে।
তথ্য উৎস (2008) [1965]. 4–5". 978-0-470-28758-3. 233484849
(2008). 2008-07-12.
(1910). 494. (2007). 15 (1): 47–74. 171591. 1465-4466. 440360743. 28, 2010.
(2001) [1955]. 52. 0231123574. 466877309
(2007) [2004]. 43 252. 9780385512244. 192055959
31, 2006. 50239830. 30, 2010.
|
55580 | https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%20%E0%A6%9A%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A7%8B%E0%A6%AA%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AF%E0%A6%BC | বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় | বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ভাৰতৰ এজন সাহিত্যিক, উপন্যাসিক তথা গীতিকাৰ। তেঁও ভাৰতৰ জাতীয় স্তোত্ৰ বন্দে গীতৰ ৰচিয়তা। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল।
জন্ম আৰু শিক্ষা
১৮৩৮ চনৰ ২৬ জুন তাৰিখত যাদবচন্দ্ৰ চট্টোপাধ্যায়ৰ ঔৰস আৰু দুৰ্গাসুন্দৰীৰ গৰ্ভত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হয়। পশ্চিমবঙ্গ ৰাজ্যৰ বৰ্তমান উত্তৰ ২৪ পৰগনা জিলাৰ নৈহাটিৰ নিকটস্থ কাঁঠালপাৰা গ্ৰাম তেঁওৰ জন্মস্থান। পাঁচ বছৰ বয়সতে তেওঁলোকৰ কুল-পুৰহিত বিশ্বম্ভৰ ভট্টাচাৰ্যৰ তত্বাবধানত বঙ্কিমচন্দ্ৰৰ শিক্ষা জীবন আৰম্ভ হয়। শিশু কালৰ পৰা তেওঁৰ অসাধৰণ মেধাৰ পৰিচয় পোৱা গৈছিল। তেওঁৰ কনিষ্ঠ সহোদৰ পুৰ্ণচন্দ্ৰ চট্টোপাধ্যায় লিখিছিল, "শুনিছো, বঙ্কিমচন্দ্ৰ এদিনতেই বঙালী বৰ্ণমালা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। তেওঁ গাঁৱৰ পাঠশালাত কেতিয়াও যোৱা নাছিল, পাঠশালাৰ শিক্ষক ৰামপ্ৰাণ সৰকাৰ গৃহ শিক্ষকৰূপে নিযুক্ত হৈছিল। বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচনাৰ পৰা জানিবলৈ পোৱা যায় যে ৰামপ্ৰাণ দেৱৰ শিক্ষাৰ পৰা তেওঁ বিশেষ উপকৃত হোৱা নাই। তেওঁ লিখিছিল,"আঠ-দহ মাহতে সেই মহাত্মাৰ হস্তৰ পৰা মুক্তি পায় মেদিনীপুৰলৈ গমন কৰিলো"। ১৮৪৪ চনত মেদিনীপুৰত তেওঁৰ প্ৰকৃত শিক্ষাৰ সূচনা হয়। মেদিনীপুৰৰ ইংৰাজী স্কুলত প্ৰধান শিক্ষক এফ টিডৰ পৰামৰ্শত যাদবচন্দ্ৰ শিশু বঙ্কিমচন্দ্ৰক ইংৰাজী স্কুলত নামভৰ্তি কৰায়। ইয়াতেও তেওঁ নিজ মেধাৰ পৰিচয় দিছিল। পুৰ্ণচন্দ্ৰৰ ৰচনাৰ পৰা জনা যায় যে বাৰ্ষিক পৰীক্ষাৰ ফলাফল প্ৰদৰ্শন কৰি এফ টিড মহোদয় তেওঁক ডবল প্ৰম'চন দিবলৈ উদ্যত হয়। ১৮৪৯ চনত তেওঁ পুনৰায় কাঁঠালপাৰাত উভতি আহে। ইয়াত তেওঁ শ্ৰীৰাম ন্যায়বাগীচৰ পৰা বঙালী আৰু সংস্কৃত ভাষাৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ খুব ভাল আবৃত্তিকাৰ আছিল। সংবাদ প্ৰভাকৰ আৰু সংবাদ সাধুৰঞ্জনত প্ৰকাশিত বহু কবিতা তেওঁ এই বয়সতে কন্ঠস্থ কৰিবলৈ সক্ষম হৈছিল। ভাৰত ৰায়চন্দ্ৰ ৰচিত বিদ্যাসুন্দৰ কাব্যৰ পৰা বিদ্যাৰৰূপবৰ্ণন আৰু জয়দেৱ প্ৰণীত গীতগোবিন্দমৰ পৰা ধীৰে সমীৰে যমুনাতীৰে কবিতা আবৃত্তি কৰিছিল। পণ্ডিত হলধৰ তৰ্কচুড়ামণিৰ পৰা তেওঁ মহাভাৰত শ্ৰবণ কৰিছিল। পণ্ডিত হলধৰ মহোদয় শিক্ষা দিছিল," শ্ৰীকৃ্ষ্ণ আদৰ্শ পুৰুষ আৰু আদৰ্শ চৰিত্ৰ"। এই শিক্ষা তেওঁৰ বিভিন্ন ৰচনাত প্ৰতিফলিত হৈছিল। ১৮৪৯ চনত তেওঁ হুগলি কলেজত (তেতিয়াৰ হুগলি মহচিন কলেজ) নামভৰ্তি কৰায়। ইয়াত তেওঁ সাত বছৰ অধ্যয়ণ কৰে। হুগলি কলেজত অধ্যয়ণৰত সময়ত ১৮৫৩ চনত জুনিয়ৰ স্কলাৰচিপত প্ৰথম স্থান লাভ কৰি প্ৰতি মাহে আঠ টকা বৃত্তি লাভ কৰিছিল। এই সময়ছোৱাত সংবাদ প্ৰভাকৰ কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশ টকা নগদ ধন পুৰস্কাৰ লাভ কৰে। হুগলি কলেজত অধ্যয়নৰত সময়ৰ পৰা তেওঁ কবিবৰ ঈশ্বৰচন্দ্ৰ গুপ্তৰ সংবাদ প্ৰভাকৰ আৰু সংবাদ সাধুবঞ্জনত গদ্য-পদ্য ৰচণা কৰিছিল। পৰবৰ্তী সময়ত তেওঁৰ বহু ৰচনা এই কাকতত প্ৰকাশিত হৈছিল। ১৮৫৬ চনত হুগলি কলেজত চিনিয়ৰ বৃত্তি পৰীক্ষাত বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰি দুবছৰৰ বাবে প্ৰতিমাহে ২০ টকা বৃত্তি লাভ কৰিছিল। এই সময়ছোৱাত হুগলি কলেজ বাদ দি আইন অধ্যয়ণৰ বাবে প্ৰেচিডেঞ্চি কলেজত নামভৰ্তি কৰায়। ১৮৫৭ চনত কলকাতা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয় কতৃপক্ষ এন্ট্ৰাঞ্চ বা প্ৰবেশিকা পৰীক্ষাৰ প্ৰবৰ্তন কৰিছিল। প্ৰেচিডেঞ্চি কলেজৰ আইন বিভাগৰ পৰা পৰিক্ষা দি তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। ১৮৫৮ চনত প্ৰথমবাৰৰ বাবে বি.এ পৰীক্ষা লোৱা হয় মুঠ দহজনৰ ভিতৰত বঙ্কিমচন্দ্ৰ আৰু যদুনাথ বসু উত্তীৰ্ণ হৈছিল। পিতাৰ ন্যায় তেওঁ ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ পদত চৰকাৰী চাকৰীত যোগদান কৰিছিল। অতি নিষ্ঠাৰ সহিত তেওঁ কৰ্তব্য পালন কৰিছিল। ১৮৯১ চনত ৰায় বাহাদুৰ আৰু ১৮৯৪ চনত কম্পেনিয়ন অফ দ্য মোষ্ট এমিনেন্ট অৰ্ডাৰ অফ দ্য ইণ্ডিয়ান এম্পায়াৰ উপাধিত ব্ৰিটিছ চৰকাৰ তেওঁক বিভূষিত কৰিছিল। কিন্তু তেওঁ চৰকাৰী কৰ্মচাৰীৰূপত নহয় প্ৰকৃতপক্ষত এজন বিশিষ্ট লেখক বাঙলা তথা ভাৰতৰ নবজাগৰণৰ প্ৰমুখ ব্যক্তি ৰূপত বিখ্যাত।
বিবাহ
নাৰায়ণপুৰ গাঁওৰ পঞ্চম বৰ্ষীয়া বালিকাৰ সৈতে ১৮৪৯ চনত মাত্ৰ ১১ বছৰ বয়সত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ প্ৰথম বিবাহ হয়। কিন্তু দুৰ্ভাগ্যবশঃ ১৮৫৯ চনত তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। ১৮৬০ চনৰ জুন মাহত হালি চহৰৰ বিখ্যাত চৌধুৰী বংশৰ কন্যা ৰাজলক্ষীৰ সৈতে তেওঁৰ বিবাহ হৈছিল।
কৰ্মজীবন
যশোৰ ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখ: ১৮৫৮, ৭ আগষ্ট
নেগুয়া (মেদিনীপুৰ) ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখঃ ১৮৬০, ৯ ফেব্ৰুৱাৰী
খুলনা -ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখঃ ১৮৬০, ৯ নৱেম্বৰ
বাৰুইপুৰ (২৪ পৰগনা) ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখ ১৮৬৪, ৫ মাৰ্চ
মুৰ্শিদাবাদ ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখ-: ১৮৬৯, ১৫ ডিসেম্বৰ। মুৰ্শিদাবাদ- কালেক্টৰ পদোন্নতিৰ তাৰিখ: ১৮৭১, ১০ জুন। কলিকতা বেঙ্গল গনৰ্মেন্টেৰ এচিটেন্টি চেক্ৰেটেৰী- যোগদানৰ তাৰিখ: ১৮৮১, ৪ চেপ্টেম্বৰ। আলিপুৰ -ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ ১৮৮২, ২৬ জানুৱাৰী। জাজপুৰ (কটক) ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ ১৮৮৩, ৮ আগষ্ট। হাওৰা ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ ১৮৮৩, ১৪ ফেব্ৰুৱাৰী। ঝিনাইদহ ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ ১৮৮৫, ১ জুলাই। অবসৰগ্ৰহণৰ তাৰিখ: ১৮৯১, ১৪ চেপ্টেম্বৰ।
গ্ৰন্থপঞ্জী তেঁওৰ বিখ্যাত আৰু জনপ্ৰিয় ৰচনা বন্দে তথ্যসূত্ৰ
ভাৰতৰ ব্যক্তি
বঙালী সাহিত্যিক
মৃত |
48451 | https://as.wikipedia.org/wiki/%E0%A7%A8%E0%A7%AA%20%E0%A6%A1%E0%A6%BF%E0%A6%9A%E0%A7%87%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A7%B0 | ২৪ ডিচেম্বৰ | এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
১৯৯৯ ইণ্ডিয়ান এয়াৰলাইনছৰ উৰাজাহাজ ৮১৪খন কাঠমাণ্ডু(নেপাল) আৰু দিল্লী(ভাৰত)ৰ মাজৰ ভাৰতীয় আকাশীপথত অপহৰণ কৰা হয়। ভাৰতীয় সময় অনুসৰি প্ৰায় সন্ধিয়া ০৫:৩০ বজাত ভাৰতীয় আকাশসীমাত প্ৰৱেশ কৰাৰ অলপ পিছতে হৰকত-উল-মুজাহিদীন[এ](এইচইউএম)ৰ পাঁচজন মুখাপিন্ধা পাকিস্তানী উগ্ৰপন্থীয়ে এই উৰাজাহাজখন অপহৰণ কৰে। অপহৰণকাৰীসকলে বিমানখন কেইবাটাও স্থানলৈ উৰা মাৰিবলৈ নিৰ্দেশ দিছিল অমৃতসৰ, লাহোৰ আৰু পাৰস্য উপসাগৰ পাৰ হৈ ডুবাইলৈ। অৱশেষত অপহৰণকাৰীসকলে বিমানখন আফগানিস্তানৰ কান্দাহাৰত অৱতৰণ কৰিবলৈ বাধ্য হৈছিল যিটো সেই সময়ত তালিবানৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছিল। অপহৰণকাৰীসকলে ডুবাইত ১৭৬ জন যাত্ৰীৰ ২৭ জনক মুকলি কৰিছিল কিন্তু এজনক মাৰাত্মকভাৱে ছুৰিকাঘাত কৰি হত্যা কৰিছিল আৰু আন কেইবাজনো লোকক আহত কৰিছিল। ঘটনাটো ৩১ ডিচেম্বৰত ১৯০ জন জীৱিত লোকৰ মুক্তিৰ সৈতে সমাপ্ত হৈছিল (এজন যাত্ৰী নিহত হৈছে)। ২০১৪ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক মদন মোহন মালৱীয়কক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসমাৰিক সন্মান ভাৰতৰত্নয়ে সন্মানিত কৰা হয়।
২০১৮ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ প্ৰথমজন সভাপতি অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এশটকীয়া মুদ্ৰা উন্মোচন কৰে বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুদ্ৰাটোত ইংৰাজী আৰু দেৱান গিৰি দুয়োটা লিপিত অটল বিহাৰী বাজপেয়ীৰ নাম লিখা আছে। ৰূপ, তাম, নিকেলৰ আৰু জিংক সংমিশ্ৰণ কৰি নিৰ্মাণ কৰা মুদ্ৰাটোৰ ওজন ৩৫ গ্ৰাম। মুদ্ৰাটোৰ এটা পিঠিত অশোক স্তম্ভ আৰু আনটো পিঠিত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ প্ৰতিচ্ছবি থাকিব। ইয়াৰ উপৰি তদানীন্তন লোকসভাৰ অধ্যক্ষা সুমিত্ৰা মহাজনৰ অধ্যক্ষতাত প্ৰতিচ্ছবি কমিটিয়ে লোকসভাৰ চেন্ট্ৰেল হ'লত বাজপেয়ীৰ এখন লাইভ প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে শ্যামা প্ৰসাদ মুখাৰ্জীৰ পিছত বাজপেয়ী দ্বিতীয়গৰাকী জনসংঘৰ ব্যক্তি যাৰ লাইভ প্ৰতিচ্ছবি চেন্ট্ৰেল হ'লত আন সকলৰ মাজত থাকিব।
২০২২ ড° সূৰ্যকান্ত হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।
জন্ম
১৯০৬ জেমছ হেডলি ছেজ, এগৰাকী ইংৰাজ লেখক আছিল। যদিও তেওঁৰ জন্মৰ নাম আছিল ৰেনে লজ ব্ৰাবাজন ৰেমণ্ড, তেওঁ জেমছ হেডলি চেজ, জেমছ এল ডচাৰ্টি, ৰেমণ্ড মাৰ্শ্বেল, আৰ ৰেমণ্ড আৰু এমব্ৰোছ গ্ৰাণ্টকে ধৰি তেওঁৰ বিভিন্ন ছদ্মনামৰ দ্বাৰা পাঠকসকলৰ মাজত পৰিচিত আছিল। তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰহস্যবাদী লেখকসকলৰ মাজৰ এজন আছিল। ৯০ টা শিৰোনামৰে গঠিত চেজৰ কেননে তেওঁক ইউৰোপত ৰহস্যবাদী লেখকৰ ৰজা হিচাপে খ্যাতি অৰ্জন কৰে। তেওঁ আন্তৰ্জাতিক ভাৱে সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ লেখকসকলৰ মাজৰ এজন আছিল। আজিলৈকে তেওঁৰ ৫০ খন কিতাপৰ আধাৰত চলচ্চিত্ৰত নিৰ্মাণ কৰা হৈছে। মৃত্যু ৬ ফেব্ৰুৱাৰী, ১৯৮৫।
১৯২৪ মহম্মদ ৰফি, এগৰাকী ভাৰতীয় নেপথ্য গায়ক আৰু সংগীতজ্ঞ আছিল। তেওঁক ভাৰতীয় উপ-মহাদেশৰ অন্যতম মহান আৰু প্ৰভাৱশালী গায়ক হিচাপে গণ্য কৰা হয়। ৰফি তেওঁৰ বহুমুখী প্ৰতিভা আৰু কণ্ঠস্বৰৰ পৰিসৰৰ বাবে উল্লেখযোগ্য আছিল। তেওঁৰ কণ্ঠদান কৰা গীতবোৰ দেশপ্ৰেমমূলক, বিষাদৰ পৰা অত্যন্ত ৰোমান্টিক গীত, কাৱালীৰ পৰা গজল আৰু ভজনৰ পৰা শাস্ত্ৰীয় গীতলৈকে বিভিন্ন আছিল। চলচ্চিত্ৰ এখনৰ পৰ্দাত গীতটো লিপ-চিংক কৰা অভিনেতাজনৰ ব্যক্তিত্ব আৰু শৈলীত কণ্ঠ দান কৰাৰ ক্ষমতাৰ বাবে তেওঁ জনাজাত আছিল। তেওঁ ছয়টাকৈ ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ১৯৬৭ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। ২০০১ চনত হিৰো হোণ্ডা আৰু ষ্টাৰডাষ্ট আলোচনীৰ দ্বাৰা ৰফিক সহস্ৰাব্দৰ শ্ৰেষ্ঠ গায়ক উপাধিৰে সন্মানিত কৰা হয়। ২০১৩ চনত, ৰফিক চিএনএন-আইবিএনৰ জৰীপত হিন্দী চিনেমাৰ সৰ্বশ্ৰেষ্ঠ কণ্ঠৰ বাবে ভোট দিয়া হৈছিল। মৃত্যু ৩১ জুলাই, ১৯৮০। ১৯৩৮ সুপ্ৰভা দেৱী, অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা। গুৱাহাটীৰ বেলতলা ৰাজপৰিয়ালৰ স্বৰ্গীয় দ্বিজেন্দ্ৰ নাৰায়ণ দেৱৰ সৈতে বিবাহৰ পিছত তেওঁ কেইবাখনো চুপাৰহিট বাণিজ্যিক অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজনা আৰু বিতৰণত তেওঁৰ স্বামীৰ সৈতে জড়িত আছিল। অসমীয়া চলচ্চিত্ৰ যোগ-বিয়োগ(১৯৭০), তৰামাই(১৯৭২), মৰমী(১৯৭৬), ৰাংঢালী(১৯৭৯) আৰু নয়নমণি (১৯৮৪) পৰিচালনাৰে তেওঁ প্ৰথম অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালক হিচাপে পৰিগণিত হয়। অসমীয়া চলচ্চিত্ৰৰ প্ৰতি তেওঁৰ এই অৱদানৰ বাবে ১৯৮৫ চনত অসম চৰকাৰে সন্মানীয় শিল্পী দিৱস বঁটা প্ৰদান কৰে। মৃত্যু ১৪ জুন, ২০১১। ১৯৪২ ইন্দ্ৰ বণিয়া, অসম তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা। জাহ্নু বৰুৱা পৰিচালিত হালধীয়া চৰাইয়ে বাওধান খায়ত তেওঁৰ আকৰ্ষণীয় অভিনয়ৰ জড়িয়তে তেওঁ ১৯৮৮ চনত লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়। বষ্টন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰা চুটি ছবি ফ্ৰীডম এট দ্য এজত বণিয়াই ৫৪ বছৰ ধৰি বিচাৰ নোহোৱাকৈ কাৰাবাস খাটি থকা মাচাং লালুঙকো চৰিত্ৰত সুন্দৰভাৱে ৰূপায়ন কৰিছিল। এগৰাকী দক্ষ ৰেডিঅ' শিল্পী হিচাপে ৰেডিঅ'ৰ নাটক গোবৰ্ধন চৰিতত গোবৰৰ চৰিত্ৰত কৰা অভিনয় আজিলৈকে শ্ৰোতাসকলৰ মাজত জনপ্ৰিয় হৈ আছে। পুলক গগৈ পৰিচালিত ছবি খোজৰ জড়িয়তে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰা বণিয়াই ৪০খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল। অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰলৈ অপৰিসীম অৱদানৰ স্বীকৃতি স্বৰূপে ২০১০ চনত অসম চৰকাৰে তেওঁক নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰে। মৃত্যু ২৬ মাৰ্চ, ২০১৫। ১৯৫৬ অনিল কাপুৰ, এগৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰযোজক।
১৯৭৩ ষ্টিফেনি মেয়াৰ, আমেৰিকান ঔপন্যাসিক তথা প্ৰযোজক।
১৯৯৭ নীৰজ চোপ্ৰা, ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ আৰু ভাৰতীয় সেনাৰ এগৰাকী জুনিয়ৰ কমিছণ্ড বিষয়া।
মৃত্যু
১৯৭৭ নলিনীবালা দেৱী, অসমীয়া কবি আৰু লেখিকা।
১৯৮৭ এম জি ৰামচন্দ্ৰন, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
দিৱস
স্বাধীনতা দিৱস (লিবিয়া)।
বাহ্যিক সংযোগ বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
দ্য নিউয়ৰ্ক এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
তথ্য |
50118 | https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7%20%E0%A6%AC%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%B9%20%E0%A6%86%E0%A6%87%E0%A6%A8%2C%20%E0%A7%A7%E0%A7%AF%E0%A7%AB%E0%A7%AA | বিশেষ বিবাহ আইন, ১৯৫৪ | বিশেষ বিবাহ আইন, ১৯৫৪ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ধৰ্ম বা বিশ্বাস নিৰ্বিশেষে ভাৰতৰ সকলো নাগৰিক আৰু প্ৰবাসী ভাৰতীয় নাগৰিকৰ বিশেষ বিবাহৰ মৰ্যাদা দিবলৈ এই আইন উপস্থাপন কৰা হৈছিল। ১৯ শতিকাৰ শেষৰ ফালে প্ৰস্তাৱিত আইনৰ এক অংশৰ পৰা এই আইন উদ্ভৱ হৈছে। বিশেষ বিবাহ আইনৰ অনুসৰি পঞ্জীভূক্ত বিবাহত ব্যক্তিগত আইন প্ৰযোজ্য নহয়।
ইতিহাস
১৮৭২ চনত, ১৮৭২ আইন নং ৩, প্ৰণয়ন কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা যায় যে ইয়াৰ কিছু সংশোধনৰ প্ৰয়োজন আৰু সংসদে এখন নতুন আইন গৃহত কৰিছিল। হেনৰী চুমনাৰ মাইনে প্ৰথমে ১৮৭২ আইন নং ৩ উপস্থাপন কৰিছিল। এই নতুন আইনৰ মতে নাগৰিকে যাকে ইচ্ছা কৰে যিকোনো জাতি, ধৰ্ম বা বিশ্বাস নিৰ্বিশেষে বিবাহৰ অনুমতি প্ৰদান কৰে।
চূড়ান্ত ভাবে যিসকলে তেওঁলোকৰ ধৰ্ম বিশ্বাসক অস্বীকাৰ কৰি বিবাহত বহিবলৈ ইচ্ছুক, এই আইনে তেনে বিবাহক বৈধতা প্ৰদান কৰে। প্ৰথমে এই আইন কেৱল আন্তঃ বৰ্ণ আৰু আন্তঃ ধৰ্ম বিবাহৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল। সামগ্ৰিক ভাবে, স্থানীয় চৰকাৰ আৰু প্ৰশাসক সকলে সৰ্বসন্মতিক্ৰমে মাইনৰ এই আইনৰ বিৰোধিতা কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে এই আইনে বিবাহক কামনাৰ ওপৰত প্ৰতিষ্ঠিত কৰিব। আৰু অনিবাৰ্যভাবে ই বিবাহৰ দৰে পৱিত্ৰ অনুষ্ঠানক অনৈতিকতাৰ দিশলৈ লৈ যাব।
ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত এই বিল সংসদত উপস্থাপন কৰা হয়। ১৯৫৪ চনৰ ৯ অক্টোবৰ তাৰিখে এই আইন সংসদত গৃহীত হয়। পিছলৈ ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ পিছত ১৯৫৫ চনৰ ১ জানুৱাৰী তাৰিখৰ পৰা এই আইন জম্মু আৰু কাশ্মীৰক এৰি গোটেই ভাৰততে প্ৰযোজ্য হয়।
বিশেষ বিবাহ আইন, ১৯৫৪য়ে ১৮৭২ আইন নং ৩ক প্ৰতিষ্ঠাপিত কৰে। এই আইনৰ তিনিটা মুখ্য উদ্দেশ্য হল:
নিৰ্দিষ্ট ক্ষেত্ৰত বিবাহৰ এক বিশেষ ৰূপ প্ৰদান কৰা,
নিৰ্দিষ্ট কিছুমান বিবাহৰ পঞ্জীয়ন কৰা আৰু
বিবাহ বিচ্ছেদ কৰাত সহায়ক হোৱা
প্ৰযোজ্যতা
ধৰ্ম নিৰ্বিশেষে যিকোনো ব্যক্তি
হিন্দু, ইছলাম, বৌদ্ধ, জৈন, শিখ, খ্ৰীষ্টান, পাৰ্চী আৰু ইহুদী সম্প্ৰদায়ৰ ব্যক্তিয়ে বিশেষ বিবাহ আইন, ১৯৫৪ৰ অধীনত বিয়া হব পাৰে
আন্তঃধৰ্ম অৰ্থাৎ দুজন বেলেগ ধৰ্মৰ ব্যক্তিৰ বিবাহ এই আইনৰ দ্বাৰা স্বীকৃত
এই আইন ভাৰত আৰু বিদেশত বাস কৰা উভয় ভাৰতীয় নাগৰিকৰ ওপৰত প্ৰযোজ্য
বিদেশত বাস কৰা ভাৰতীয় নাগৰিক
আৱশ্যকতা
বিশেষ বিবাহ আইন, ১৯৫৪ আইনৰ অধীনৰ বিয়া এক নাগৰিক চুক্তি। সেই অনুযায়ী ইয়াত কোনো ৰীতি-নীতিৰ বা অনুষ্ঠানৰ প্ৰয়োজন নাই
উভয় পক্ষকে এক নিৰ্দিষ্ট নিৰ্দেশ পত্ৰৰ দ্বাৰা জিলাৰ বিবাহ পঞ্জীয়কক বিবাহৰ বাবে আগতীয়াকৈ জনোৱাটো বাধ্যতামূলক। লগতে বিয়াৰ বাবে আবেদন জনোৱা এক পক্ষৰ বাবে আবেদন জনোৱা দিনৰ আগলৈ ৩০ দিন সেই ঠাইত বসবাস কৰাটো বাধ্যতামূলক।
নিৰ্ধাৰিত বিবাহৰ বিজ্ঞপ্তি প্ৰকাশিত হোৱাৰ তাৰিখৰ পৰা ৩০ দিনৰ ম্যাদ উকলাৰ পিছত বিবাহক বৈধতা প্ৰদান কৰা হয় যদিহে দুয়ো পক্ষৰ কোনো আপত্তি নাথাকে।
এই বিয়া যিকোনো বিবাহ কাৰ্যালয়ত অনুষ্ঠিত হব পাৰে।
এই বিবাহ তেতিয়ালৈকে বৈধ নহব যেতিয়ালৈকে দুয়ো পক্ষ, বিবাহ বিষয়া আৰু তিনজন সাক্ষীৰ উপস্থিতিত শপত বাক্য, "মই, (ক), তোমাক (খ), মোৰ বৈধ স্ত্ৰী (বা স্বামী) হিচাপে মানি লৈছোঁ" পাঠ কৰোৱা নহয়।
বিবাহৰ চৰ্তাৱলী
বিবাহৰ দুয়োপক্ষৰ আন কোনো বৈধ বিবাহ থাকিব নোৱাৰে। অন্যভাষাত এই বিয়াত দুয়োপক্ষ একগামী হোৱাটো বাঞ্ছনীয়।
দৰাৰ বয়স অন্তত ২১ বছৰ আৰু কইনাৰ বয়স ১৮ বছৰ হব লাগিব।
উভয়পক্ষ মানসিক ভাৱে সুস্থ-সবল হব লাগিব, যাতে বিবাহৰ বাবে তেওঁলোকে বৈধ সন্মতি দিব পাৰে।
উভয়পক্ষৰ কোনো নিষিদ্ধ সম্পৰ্ক থাকিব নোৱাৰিব।
আদালত বিবাহ হল দুই আত্মাৰ মিলন। বিশেষ বিবাহ আইন, ১৯৫৪ অনুসৰি পতা বিয়াত বিবাহ বিষয়া আৰু তিনি গৰাকী সাক্ষীৰ উপস্থিতিত দুয়োপক্ষৰ মাজত শপত গ্ৰহণ অনুষ্ঠান হয়। তাৰ পিছত ভাৰত চৰকাৰৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত বিবাহ পঞ্জীয়কে তেওঁলোকক বিবাহৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। ইয়াৰ পিছত দুয়ো পক্ষ আইন আৰু আদালতৰ আগত বৈধ পতি-পত্নী হিচাপে স্বীকৃতি লাভ কৰে।
সম্পত্তিৰ উত্তৰাধিকাৰ
এই আইনে সম্পত্তিৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত বেছি একো নকয় যদিও বিশেষ বিবাহ আইন, ১৯৫৪ ৰ দ্বাৰা পঞ্জীয়নভুক্ত বিবাহৰ পিছত দুয়োপক্ষৰ সন্তানে সম্পত্তিৰ লাভ ভাৰতীয় উত্তৰাধিকাৰ আইনৰ অধীনত লাভ কৰে। যদিহে উভয় পক্ষ হিন্দু, বৌদ্ধ, শিখ বা জৈন হয় তেন্তে তেওঁলোকৰ সম্পত্তিৰ অধিকাৰ হিন্দু উত্তৰাধিকাৰ আইন, ১৯৫৬ ৰ অধীনত লাভ কৰিব।
তথ্য উৎস
ভাৰতৰ আইন
|
84832 | https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%B2%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%AC%E0%A7%B0%20%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC | কলিয়াবৰ মহাবিদ্যালয় | কলিয়াবৰ মহাবিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়। আহোম শাসনৰ গৌৰৱোজ্জল ইতিহাসেৰে গৰ্বিত কলিয়াবৰৰ কেন্দ্ৰস্থল কুঁৱৰীটোলত ১৯৬৯ চনৰ ২৬ জুলাই তাৰিখে কলিয়াবৰ মহাবিদ্যালয় নামেৰে শুভাৰম্ভ হৈছিল। ইয়াৰ লাইখুঁটা স্থাপন কৰিছিল শিক্ষাবিদ শ্ৰদ্ধেয় ড° গকুলেশ্বৰ গোস্বামীদেৱে। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ ৰ দ্বাৰা ২০১৫ চনত ৰ মহাবিদ্যালয় হিচাপে চিহ্নিত হৈছে। আৰম্ভণিতে কলা শাখাৰে পাতনি মেলিছিল যদিও বৰ্তমান বাণিজ্য, বিজ্ঞানকে ধৰি ভকেচ'নেল শাখাৰ পাঠ্যক্ৰমও উপলব্ধ।
সংক্ষিপ্ত ইতিহাস
পাঠ্যক্ৰম
কলা শাখা
বাণিজ্য শাখা
বিজ্ঞান শাখা
সা-সুবিধাসমূহ
কলিয়াবৰ কলেজত কেইবাটাও সুবিধা আছে যিয়ে ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মচাৰীসকলৰ বাবে কেম্পাছ জীৱনৰ সুবিধা বৃদ্ধি কৰে। তেওঁলোকক তলত দিয়া ধৰণে তালিকাভুক্ত কৰা হৈছে। পুথিভঁৰাল: ইয়াত ৩০,০০০খন কিতাপ, ১২খন আলোচনী, ১৩খন দৈনিক বাতৰি কাকত, আৰু ১০খন ভিন্ন আলোচনী আছে, আৰু ইয়াত কিতাপ বেংকৰ সুবিধা, বিনামূলীয়া ইণ্টাৰনেট সেৱা, আৰু ৰচিদৰ সৈতে কম্পিউটাৰাইজড কিতাপ প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। হোষ্টেলঃ ল’ৰা-ছোৱালীৰ বাবে সুকীয়া হোষ্টেল আৰু সুবিধাজনক থকাৰ ব্যৱস্থা আছে। সাংস্কৃতিক সংগ্ৰহালয়: ইয়াত ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দিষ্ট ঐতিহাসিক বিষয়সমূহৰ বিষয়ে ভালদৰে জানিবলৈ আৰু জানিবলৈ সহায় কৰিবলৈ কেইবাটাও শিল্পকৰ্ম প্ৰদৰ্শিত কৰা হৈছে। জিমনেছিয়াম: কেম্পাছত ইনড’ৰ আৰু আউটড’ৰ ক্ৰীড়াৰ সুবিধা থকা এটা সুসজ্জিত জিমনেছিয়াম আছে। কেণ্টিন: সুলভ আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন, কেণ্টিনত ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ খাদ্যৰ ব্যৱস্থা কৰা হয়। পৰীক্ষাগাৰ: বৈজ্ঞানিক উদ্দেশ্যৰ বাবে মহাবিদ্যালয়খনত কেইবাটাও পৰীক্ষাগাৰ আছে। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে ইয়াত আছে লেংগুৱেজ লেব। প্ৰেক্ষাগৃহ: কেইবাখনো কৰ্মশালা, আলোচনা চক্ৰ, আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ বাবে শীতাতপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহ উপস্থিত থাকে। কলিয়াবৰ কলেজে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলক তলত দিয়া বৃত্তি, পুৰস্কাৰ, আৰু বঁটা প্ৰদান কৰে:
(১) প্ৰতিটো ষ্ট্ৰিমৰ শীৰ্ষস্থানীয়সকলৰ বাবে বিনামূলীয়া ছাত্ৰত্ব বঁটা, যদিহে তেওঁলোকে পৰীক্ষাত ৬০% সৰ্বমুঠ নম্বৰ লাভ কৰে। (২) শীৰ্ষ দহজন ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০০ টকাৰ নগদ পুৰস্কাৰ। (৩) আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য। (৪) মেধা আৰু আৰ্থিক অৱস্থাৰ ভিত্তিত পাঁচজন ছাত্ৰ-ছাত্ৰীক ৫০০০ টকাৰ বৃত্তি। (৫) যোগ্যতা আৰু আৰ্থিক অৱস্থাৰ ওপৰত প্ৰয়াত খগেশ্বৰ হাজৰিকা সোঁৱৰণী বৃত্তি।
শিক্ষকবৃন্দ
বৰ্তমানৰ অধ্যাপক-অধ্যাপিকাসকল অসমীয়া ড° গ্ৰহণ কুমাৰ মহন্ত
ড° জয়ন্ত কুমাৰ দাস
শ্ৰী আৰতি বসুমতাৰী
শ্ৰী পিনাকী দাস
ড° লুইছ গগৈ
শ্ৰী কিৰণমণি ক্ৰ’
শ্ৰী অলংকৃতা গোস্বামী
ইংৰাজী
ড° পম্পী বৰুৱা
ৰাজু পোখৰেল
শ্ৰী ভৱেষ শৰ্মা
শ্ৰী সুকন্যা হাজৰিকা
শিক্ষাতত্ত্ব
ড° ভানু বৰঠাকুৰ
শ্ৰী অঞ্জলি চুতীয়া ড° প্ৰদীপ মুছাহাৰী
শ্ৰী অপৰ্ণা ইকীয়া
শ্ৰী জুৰিমণি লস্কৰ
শ্ৰী সংগীতা ইকীয়া
শ্ৰী ৰুমী ইকীয়া
ৰাজনীতি বিজ্ঞান
শ্ৰীগোপাল মিলি
ড° দিলীপ কুমাৰ সোণোৱাল
শ্ৰী অংকুৰ ইকীয়া
শ্ৰী উদীপ্তা বৰা,
সমাজতত্ত্ব বিদ্যা
শ্ৰী চম্পক গগৈ
বুৰঞ্জী
ড° শাৰদা উপাধ্যায়
ড° নৃপেন চন্দ্ৰ দাস (লিয়েনত আছে)
ড° বৰ্ণালী কাকতি
শ্ৰী সুনিতা ইকীয়া
শ্ৰী জুৰি ইকীয়া
অৰ্থনীতি বিজ্ঞান
ড° বীৰেন বৰকটকী
শ্ৰী দেৱীচৰণ গোস্বামী
শ্ৰী মনোজ কুমাৰ দত্ত
ড° ৰূপা বৰা
শ্ৰী উজ্জ্বল সুত
শ্ৰী ৰিমবিচ' তেৰাংপী
শ্ৰী ৰাজশ্ৰী পায়েং
গণিত
ড° অৰুণ মহন্ত
ড° ধ্ৰুৱজ্যোতি বৰা
শ্ৰী বিনোদ শ্বাহ শ্ৰী চিন্ময়ী হাজৰিকা
পৰিসংখ্যা বিজ্ঞান
শ্ৰী পূৰবী ভূঞা
শ্ৰী ৰেখা বৰা ড° ৰিজিব বৰা
পদাৰ্থ বিজ্ঞান
মঃ মফিজুল হক
শ্ৰী পৰাগ দাহাল
শ্ৰী অনুপ দাহাল
শ্ৰী বিদিশ বৰা
ৰসায়ন বিজ্ঞান
ড° প্ৰাণজিৎ ভূঞা শ্ৰী প্ৰতাপ মেধি
শ্ৰী মনীষা গোস্বামী শ্ৰী মেঘনা বৰা
উদ্ভিদ বিজ্ঞান
ড° বশিষ্ঠ কলিতা
ড° ৰিঞ্জু ভঁৰালী শ্ৰী চিৰঞ্জীৱ বেজবৰুৱা
চৈয়দা নিলোফাৰ ৰহমান
প্ৰাণী বিজ্ঞান ড° অনুপম কুমাৰ মেধী
শ্ৰী গোসাই চান দাস শ্ৰী লতাশ্ৰী কলিতা
শ্ৰী অভিজিত সোণোৱাল
বাণিজ্য শাখা ড° সঞ্জীৱ হাজৰিকা
ড° বলিন হাজৰিকা
শ্ৰী উৎপল বৰা
শ্ৰী ৰাজনীশ শৰ্মা
শ্ৰী ৰিজিৱ দাস
ড° হৰকান্ত নাথ
শ্ৰী দেৱজ্যোতি সৰকাৰ
শ্ৰী সৌমিত্ৰ পল
শ্ৰী ভাগ্যশ্ৰী দাস
মৰমী কণ্টা
পৰ্যটন আৰু সেৱা উদ্যোগ শ্ৰী কবিতা বৰা
ড° অনুৰাধা হাজেম
ক্ষুদ্ৰ চাহবাগিচা পৰিচালনা শ্ৰী যদুমণি ৰাজখোৱা
শ্ৰী ৰাহুল যাদৱ
ভ্ৰমণ আৰু পৰ্যটন মঃ আচিফ ইকবাল আহমেদ
ব্যৱসায় পৰিচালনা শ্ৰী ময়ূৰী হাজৰিকা
শ্ৰী ভাস্কৰ দত্ত
কম্পিউটাৰ বিজ্ঞান শ্ৰী অমিত দত্ত
শ্ৰী অঞ্জন কুমাৰ শৰ্মা শ্ৰী মনময়ূৰী গগৈ
পুথিভঁৰাল
ড° বীৰেন্দৰ পাল
বৰ্তমান স্থায়ী পদত কৰ্মৰত কৰ্মচাৰীসকল
শ্ৰী লাচিত দাস, মুখ্য সহায়ক ও গাণনিক
শ্ৰী দেৱেন মুছাহাৰী, কাৰ্য্যালয় সহায়ক
শ্ৰী যোগেশ্বৰ খাৰিয়া, কাৰ্য্যালয় সহায়ক
শ্ৰী প্ৰকাশ বৰুৱা, গ্ৰন্থাগাৰ বাহক
শ্ৰী বুলন চন্দ্ৰ বৰা, বিজ্ঞানাগাৰ বাহক
৪ৰ্থ শ্ৰেণী কৰ্মচাৰী
শ্ৰী চেনিৰাম পাচনি
শ্ৰীযোগেন চন্দ্ৰ চিৰোৱাল
শ্ৰী দিলীপ বৰুৱা শ্ৰী দিনাই বৰুৱা
শ্ৰী প্ৰেমানন্দ বৰুৱা
শ্ৰী দীপক ইকীয়া
শ্ৰী ৰত্নকান্ত কাকতি
শ্ৰী ভূমিধৰ দৈমাৰী, শ্ৰী লুহিত দুৱৰা
শ্ৰী সঞ্জয় চাহু, বিজ্ঞানাগাৰ বাহক
অস্থায়ী পদত কৰ্মৰত কৰ্মচাৰীসকল ক্ৰমে
শ্ৰী হেমন্ত তামূলী, কাৰ্য্যালয় সহায়ক
শ্ৰী অৰুন বিশ্বাস, কাৰ্য্যালয় সহায়ক
শ্ৰী ভৱানী উপাধ্যায়, বিজ্ঞানগাৰ বাহক
৪ৰ্থ শ্ৰেণী কৰ্মচাৰী
শ্ৰী পুষ্কৰ বৰুৱা
শ্ৰী ভাস্কৰ জ্যোতি পাচনি
শ্ৰী প্ৰাঞ্জু জ্যোতি বৰা
শ্ৰী প্ৰসন্ন ঠাকুৰ
শ্ৰী চন্দ্ৰমোহন হাজৰিকা
শ্ৰী প্ৰাঞ্জল পাচনি
তথ্য সংগ্ৰহ
অসমৰ |
73522 | https://as.wikipedia.org/wiki/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0%20%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%AF%E0%A6%BC%20%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A7%81%E0%A6%B7%20%E0%A6%AB%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%A1%20%E0%A6%B9%E0%A6%95%E0%A7%80%20%E0%A6%A6%E0%A6%B2 | ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দল | ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দলে আন্তঃৰাষ্ট্ৰীয় ফিল্ড হকী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে, এই দল হকী ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত। দলটো পূৰ্বতে ভাৰতীয় হকী ফেডাৰেচনৰ নিয়ন্ত্ৰণত আছিল। আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ অংশ হোৱা ভাৰত আছিল প্ৰথম অনা-ইউৰোপীয় দল। ১৯২৮ চনত দলটোৱে প্ৰথমবাৰ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে আৰু ১৯৬০ চনলৈকে ভাৰতীয় পুৰুষ দল অলিম্পিকত অপৰাজিত হৈ থাকে আৰু একেৰাহে ছটা সোণৰ পদক লাভ কৰে। দলটোৱে তেওঁলোকৰ প্ৰথম খেলৰ পৰা ১৯৬০ চনৰ স্বৰ্ণ পদকৰ ফাইনেলত পৰাজিত হোৱালৈকে এই সময়ছোৱাত ৩০–০ ত জয়ৰ ধাৰা বজাই ৰাখিছিল। ভাৰতে ১৯৭৫ চনত বিশ্বকাপ জিকিছিল। ভাৰতৰ হকী দলটো অলিম্পিকত এতিয়ালৈকে আটাইতকৈ সফল দল, যি ১৯২৮, ১৯৩২, ১৯৩৬, ১৯৪৮, ১৯৫২, ১৯৫৬, ১৯৬৪ আৰু ১৯৮০ চনত আঠটা সোণৰ পদক জিকিছিল। ১৩৪খন খেলৰ ভিতৰত ৮৩টা বিজয়ৰ সৈতে অলিম্পিক ইতিহাসত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সামগ্ৰিক প্ৰদৰ্শন আছে। তেওঁলোকে আন যিকোনো দলতকৈ অলিম্পিকত সৰ্বাধিক গ'ল কৰিছে। ১৯২৮ আৰু ১৯৫৬ চনত এটাও গ'ল নোখোৱাকৈ অলিম্পিক জয় কৰা তেওঁলোক একমাত্ৰ দল।
ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দলটো এছিয়াৰ অন্যতম সফল দল। তেওঁলোকে ১৯৬৬, ১৯৯৮ আৰু ২০১৪ চনত তিনিবাৰ এছিয়ান গেমছ জিকিছে। ২০০৩, ২০০৭ আৰু ২০১৭ চনত এছিয়া কাপত ভাৰত শীৰ্ষস্থানলৈ আহিছিল। ভাৰতে ৫৩খন খেলৰ ভিতৰত ৪০ খনত জয় লাভ কৰিছে, যিটো এছিয়া কাপৰ যিকোনো দলৰ বাবে সৰ্বাধিক। তেওঁলোক ২০১১, ২০১৬ আৰু ২০১৮ চনত তিনিবাৰ প্ৰতিযোগিতাখন জিকি এছিয়ান চেম্পিয়নছ ট্ৰফীৰ আটাইতকৈ সফল দল ৰূপে পৰিগণিত হৈছে। মুঠতে, ভাৰতে ২৭টা আনুষ্ঠানিক আন্তঃৰাষ্ট্ৰীয় খিতাপ জয় কৰিছে।
ইতিহাস
সোণালী যুগ (১৯২৮–৫৯)
ভাৰতীয় হকী ফেডাৰেচন গঠনৰ পাছত ভাৰতে ১৯২৮ চনৰ অলিম্পিকত এটা দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল। ভাৰতে সেইবছৰ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে। গ্ৰুপ পৰ্যায়ত ভাৰতে অষ্ট্ৰিয়াক ৬-০, বেলজিয়ামক ৯-০ আৰু ছুইজাৰলেণ্ডক ৫-০ গ'লত পৰাস্ত কৰে। তেওঁলোকে জয়পাল সিং মুণ্ডাৰ অধিনায়কত্বত ফাইনেলত নেডাৰলেণ্ডক ৩-০ গ'লত পৰাস্ত কৰিছিল। তাৰ পাছত ভাৰতে ১৯৩২ চনৰ অলিম্পিকত জাপানৰ বিৰুদ্ধে ১১-১ গ'লত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ২৪-১ গ'লত জয়লাভ কৰে য'ত ধ্যান চান্দে ৮টা গ'ল আৰু ৰূপ সিঙে ১০টা গ'ল কৰিছিল, ইমান বছৰৰ পাছতো অলিম্পিকত এয়া এতিয়ালৈকে বিজয়ৰ সৰ্ববৃহৎ ব্যৱধান। ভাৰতে ১৯৩৬ চনৰ অলিম্পিকত একেলেথাৰিয়ে তৃতীয়টো খিতাপ জয় কৰিছিল, সেইবাৰ কিংবদন্তি খেলুৱৈ ধ্যান চান্দে নিজে অধিনায়কত্ব কৰিছিল। ভাৰতে গ্ৰুপ পৰ্যায়ত জাপানৰ বিৰুদ্ধে ৯-০, হাংগেৰীৰ বিৰুদ্ধে ৪-০ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ৭-০ ত জয়লাভ কৰে। ছেমি ফাইনেলত তেওঁলোকে ফ্ৰান্সক ১০-০ গ'লত পৰাস্ত কৰে। দলটোৱে ফাইনেলত জাৰ্মানীৰ মুখামুখি হৈছিল। খেলখন ভাৰতে ৮-১ ব্যৱধানত জিকিছিল, এয়াই সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতে খোৱা একমাত্ৰ গ'লটো আছিল আৰু লগতে এয়া আছিল ফাইনেলত আটাইতকৈ ডাঙৰ জয়ৰ ব্যৱধান। ক্ৰমাগত ৩টা অলিম্পিক খিতাপ অৰ্জন কৰা ভাৰতীয় হকী দলটোক প্ৰায়ে সৰ্বশ্ৰেষ্ঠ দল হিচাপে গণ্য কৰা হয়।
দ্বিতীয় বিশ্বযুদ্ধৰ ফলত ১৯৪০ আৰু ১৯৪৪ চনৰ অলিম্পিক বাতিল হয়, যাৰ ফলত বিশ্ব হকীত আধিপত্য বিস্তাৰ কৰা দলটোৰ যুগৰ সমাপ্তি ঘটে। ১৯৪৮ চনৰ অলিম্পিকত ভাৰতক এ গ্ৰুপত ৰখা হৈছিল আৰু তিনিওখন খেলতে জয় লাভ কৰিছিল, অষ্ট্ৰিয়াৰ বিৰুদ্ধে ৮-০, আৰ্জেণ্টিনাৰ বিৰুদ্ধে ৯-১ আৰু স্পেইনৰ বিৰুদ্ধে ২-০ৰ জয়। ফাইনেলত ভাৰতে গ্ৰেট ব্ৰিটেইনৰ মুখামুখি হৈছিল, ভাৰতে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ মুখামুখি হৈছিল। ব্ৰিটিছ দলটোৱে ইতিমধ্যে ১৯০৮ আৰু ১৯২০ অলিম্পিকত স্বৰ্ণ পদক জিকিছিল, সেয়েহে এই খেলখনক চেম্পিয়নৰ যুঁজ হিচাপে গণ্য কৰা হৈছিল আৰু অৱশেষত ভাৰতে খেলখন ৪-০ত জিকিছিল। এই ফলাফল ভাৰতৰ বাবে মধুৰ আছিল কিয়নো মাত্ৰ এবছৰ আগতে ব্ৰিটিছৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰিছিল। এই জয়ক প্ৰায়ে ভাৰতীয় ফিল্ড হকী আৰু সকলো ভাৰতীয় ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মুহূৰ্ত হিচাপে গণ্য কৰা হয়।
ভাৰতে ১৯৫২ আৰু ১৯৫৬ চনৰ অলিম্পিকত আৰু ২টা সোণৰ পদক অৰ্জন কৰে আৰু সেই সময়ত আটাইতকৈ সফল আৰু প্ৰভাৱশালী দল হিচাপে নিজৰ অভিলেখ বজাই ৰাখে। ১৯৫২ চনৰ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰিয়াৰ বিৰুদ্ধে ৪-০, গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে ছেমি ফাইনেলত ৩-১ গ'লত জয়লাভ কৰে আৰু ফাইনেলত নেডাৰলেণ্ডক ৬-১ গ'লত পৰাস্ত কৰে। খেলখন বলবীৰ সিং জেষ্ঠ্যৰ ৫টা গ'লৰ যাদুকৰী প্ৰদৰ্শনৰ বাবে বিখ্যাত, যিটো আজিও অলিম্পিকৰ এক স্মৰণীয় মুহূৰ্ত। ১৯৫৬ চনৰ অলিম্পিকত ভাৰতে গ্ৰুপ পৰ্যায়ত আফগানিস্তানক ১৪-০, আমেৰিকা যুক্তৰাষ্ট্ৰক ১৬-০ আৰু ছিংগাপুৰক ৬-০ গ'লত পৰাস্ত কৰে। ছেমি ফাইনেলত ভাৰতে জাৰ্মানীক ১-০ গ'লত পৰাস্ত কৰে। ফাইনেলত ভাৰতে পাকিস্তানৰ মুখামুখি হয় আৰু মেচখন ১-০ ত জিকিছিল, যিটো আছিল ফিল্ড হকীৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বিতাৰ আৰম্ভণি। ১৯৫৮ চনৰ এছিয়ান গেমছত ভাৰত আৰু পাকিস্তান পুনৰ মুখামুখি হয় আৰু এইবাৰ খেলখন ০-০ ত অমীমাংসিত ভাৱে সমাপ্ত হয়। ভাৰতে জাপানক ৮-০, দক্ষিণ কোৰিয়াক ২-১ আৰু মালয়েছিয়াক ৬-০ গ'লত পৰাস্ত কৰে। কিন্তু পাকিস্তানে এছিয়ান গেমছত উন্নত গড়ৰ দ্বাৰা স্বৰ্ণৰ পদক লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতে প্ৰথমবাৰৰ বাবে ৰানাৰ্ছ-আপ হয়।
আধিপত্যৰ অন্তিম বছৰ (১৯৬০–৮০)
১৯৬০ চনৰ অলিম্পিকত ভাৰতে ডেনমাৰ্কৰ বিৰুদ্ধে ১০-০, নেডাৰলেণ্ডৰ বিৰুদ্ধে ৪-১ আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ৩-০ ব্যৱধানত জয়লাভ কৰি অভিযান আৰম্ভ কৰে। ভাৰতে ক্ৰমে কোৱাৰ্টাৰ ফাইনেল আৰু ছেমি ফাইনেলত অষ্ট্ৰেলিয়া আৰু গ্ৰেট ব্ৰিটেইনক পৰাস্ত কৰে। পিছে ফাইনেলত পাকিস্তানৰ হাতত ০-১ গ'লত পৰাস্ত হয়, ফলত ভাৰতৰ একেলেথাৰিকৈ লাভ কৰা ৬টা স্বৰ্ণৰ পদক আৰু ৩০খন অপৰাজিত খেলৰ ধাৰা সমাপ্ত হয়। এইটো ভাৰতীয় হকীৰ এটা নতুন যুগৰ আৰম্ভণি আছিল, প্ৰথমবাৰৰ বাবে ভাৰতে অলিম্পিকত এখন মেচত পৰাজয় হৈছিল। দুবছৰ পাছত ভাৰতে ১৯৬২ চনৰ এছিয়ান গেমছত আন এটা ৰূপৰ পদক অৰ্জন কৰে। ১৯৬৪ চনৰ অলিম্পিকত হংকং, বেলজিয়াম, নেডাৰলেণ্ড, মালয়েছিয়া আৰু কানাডাৰ বিৰুদ্ধে জয় লাভ কৰি আৰু স্পেইন আৰু জাৰ্মানীৰ সৈতে ড্ৰ খেল খেলি ভাৰত শক্তিশালীভাৱে উভতি আহে। ছেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ৩-১ গ'লত পৰাস্ত কৰে, আৰু তেওঁলোকে ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি অলিম্পিকত তেওঁলোকৰ ৭ম স্বৰ্ণ পদক দখল কৰে আৰু লগতে ১৯৬৬ চনৰ এছিয়ান গেমছত পাকিস্তানক পুনৰ পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।
১৯৬৮ চনৰ অলিম্পিকত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সৈতে আৰম্ভ কৰিছিল কিন্তু পশ্চিম জাৰ্মানী, জাপান, স্পেইন, মেক্সিকো, পূব জাৰ্মানী, বেলজিয়ামৰ বিৰুদ্ধে তেওঁলোকৰ বাকী থকা ৬খন খেলৰ সকলোবোৰ জিকিছিল। পিছে ভাৰতে প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈ তৃতীয় স্থানৰ খেলখনত পশ্চিম জাৰ্মানীক পৰাস্ত কৰি সফলতাৰে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ১৯৭২ চনৰ অলিম্পিকতো ফলাফল একেই আছিল; ভাৰতে গ্ৰেট ব্ৰিটেইন, অষ্ট্ৰেলিয়া, কেনিয়া, নিউজিলেণ্ড আৰু মেক্সিকোক পৰাস্ত কৰি খেল আৰম্ভ কৰিছিল কিন্তু নেডাৰলেণ্ড আৰু পোলেণ্ডৰ সৈতে ড্ৰ খেলিছিল। তেওঁলোক ছেমি ফাইনেলত পাকিস্তানৰ দ্বাৰা পৰাজিত হৈছিল। তৃতীয় স্থানৰ খেলখনত ভাৰতে নেডাৰলেণ্ডক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰে।
১৯৭২ চনৰ অলিম্পিকৰ এবছৰ আগতে ভাৰতে কেনিয়াৰ বিৰুদ্ধে জয়লাভ কৰি ১৯৭১ চনৰ বিশ্বকাপত ব্ৰঞ্জৰ পদক জিকিছিল। ১৯৭৩ চনৰ বিশ্বকাপত ভাৰতে ছেমি ফাইনেলত পাকিস্তানক পৰাস্ত কৰে, কিন্তু ফাইনেলত নেডাৰলেণ্ডৰ বিৰুদ্ধে খেলখন ২-২ ৰ অমীমাংসিত হৈ সমাপ্ত হোৱাৰ পাছত পেনাল্টি শ্বুট আউটত পৰাস্ত হয়। ১৯৭৫ চনৰ বিশ্বকাপত ভাৰতে ছেমি ফাইনেলত মালয়েছিয়াক পৰাস্ত কৰি ফাইনেলত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক পৰাস্ত কৰি প্ৰথম খিতাপ দখল কৰে। ১৯৭৬ চনৰ অলিম্পিকৰ এষ্ট্ৰো-টাৰ্ফ হকী পিটছ প্ৰৱৰ্তন কৰা হৈছিল, ভাৰতে ঘাঁহত দেখুওৱাৰ দৰে তেওঁলোকৰ আধিপত্য বজাই ৰাখিবলৈ সংগ্ৰাম কৰিব লগা হৈছিল আৰু প্ৰথমবাৰৰ বাবে কোনো পদক অবিহনে ঘৰলৈ উভতি আহিছিল। ১৯৮০ চনৰ অলিম্পিক মস্কোত অনুষ্ঠিত হৈছিল, ভাৰতে তাঞ্জানিয়াৰ বিৰুদ্ধে ১৮-০ ব্যৱধানত জয়লাভ কৰি অভিযান আৰম্ভ কৰিছিল, তাৰ পাছত পোলেণ্ড আৰু স্পেইনৰ সৈতে ২-২ ত ড্ৰ খেলিছিল, কিউবাৰ বিৰুদ্ধে ১৩-০ ৰ ব্যৱধানত জয় লাভ কৰিছিল আৰু ছ'ভিয়েট সংঘৰ বিৰুদ্ধে ৪-২ ৰ গ'লত আন এটা জয় লাভ কৰিছিল। ভাৰতে পাছত ফাইনেলত স্পেইনক ৪-৩ গ'লত পৰাস্ত কৰি অভিলেখ সংখ্যক ৮ম বাৰৰ বাবে স্বৰ্ণ পদক অৰ্জন কৰিছিল।
পতন (১৯৮১–৯৭)
১৯৮০ চনৰ অলিম্পিকৰ সফলতাৰ পাছত ভাৰতৰ প্ৰদৰ্শন নিম্নগামী হয় আৰু পৰৱৰ্তী দশকবোৰত ৰাষ্ট্ৰীয় দলটোৰ যথেষ্ট উত্থান-পতন হয়। দলটোৱে বিশ্বকাপ বা অলিম্পিকত কোনো পদক জিকিবলৈ ব্যৰ্থ হৈছিল যদিও এছিয়াৰ শীৰ্ষ দল হৈয়েই আছিল আৰু মহাদেশীয় প্ৰতিযোগিতাবোৰত কেইবাটাও পদক জিকিছিল। ১৯৮২ বিশ্বকাপ ভাৰতে আয়োজন কৰিছিল আৰু ৰাষ্ট্ৰীয় দলটোৱে পঞ্চম স্থান লাভ কৰিছিল। দলটো ১৯৮২ চনৰ এছিয়ান গেমছৰ ফাইনেল আৰু কৰাচীত অনুষ্ঠিত প্ৰথম এছিয়া কাপৰ ফাইনেল দুয়োখনতে পাকিস্তানৰ হাতত পৰাজিত হৈছিল। ভাৰতে ১৯৮৬ চনৰ এছিয়ান গেমছ আৰু ১৯৮২ চনৰ চেম্পিয়নছ ট্ৰফীত ব্ৰঞ্জৰ পদক আৰু ১৯৮৫ আৰু ১৯৮৯ এছিয়া কাপত ৰূপৰ পদক লাভ কৰি ৮০ৰ দশকটোৰ সমাপ্তি ঘটায়। কোনো ডাঙৰ প্ৰতিযোগিতাত তেওঁলোকৰ একমাত্ৰ স্বৰ্ণ জয় আছিল ১৯৮৫ চনৰ চুলতান আজলান শ্বাহ কাপত। ভাৰতে ১৯৯১ চনৰ চুলতান আজলান শ্বাহ কাপ জিকিছিল আৰু ১৯৯৪ চনৰ এছিয়া কাপৰ ফাইনেলত উপনীত হৈছিল কিন্তু ফাইনেলত দক্ষিণ কোৰিয়াৰ হাতত পৰাজিত হৈছিল। ভাৰতে পাছত ১৯৯৫ চনৰ চুলতান আজলান শ্বাহ কাপ পুনৰ জিকিছিল।
পুনৰুত্থান (১৯৮৯–২০১২)
ভাৰতে ১৯৯৮ চনৰ এছিয়ান গেমছত দক্ষিণ কোৰিয়াক পৰাস্ত কৰি ৩২ বছৰৰ পাছত তেওঁলোকৰ প্ৰথম মহাদেশীয় খিতাপ জিকিছিল। দলটোৱে ১৯৯৮ চনৰ কমনৱেলথ গেমছত চতুৰ্থ স্থান লাভ কৰিছিল। তেওঁলোকে ১৯৯৯ চনৰ এছিয়া কাপত ব্ৰঞ্জৰ পদক লাভ কৰি দশকটো সমাপ্ত ঘটাইছিল।
ভাৰতে ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি উদ্বোধনী হকী চেম্পিয়ন চেলেঞ্জৰ দ্বাৰা নতুন সহস্ৰাব্দ আৰম্ভ কৰিছিল। ২০০৩ চনত ভাৰতে তেওঁলোকৰ প্ৰথম এছিয়া কাপ খিতাপ জিকিছিল। ২০০৩ চনত ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ভাৰতে প্ৰথম আৰু একমাত্ৰ আফ্ৰো-এছিয়ান গেমছৰ খিতাপ অৰ্জন কৰিছিল। ২০০৬ এছিয়ান গেমছত তেওঁলোকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত কোনো পদক লাভ কৰিব নোৱাৰিলে, তেওঁলোকে পঞ্চম স্থান লাভ কৰে। ভাৰতে ২০০৭ চনৰ এছিয়া কাপ জয় কৰি এছিয়া কাপত সফলতাৰে নিজৰ খিতাপ ৰক্ষা কৰে। ফাইনেলত দলটোৱে দক্ষিণ কোৰিয়াক ৭-২ ব্যৱধানত পৰাস্ত কৰে। ২০০৭ চনত এফআইএইচ বিশ্ব ৰেংকিঙত দলটো তেওঁলোকৰ সৰ্বনিম্ন ৰেংকিং ১২ স্থান পায়। ভাৰতে প্ৰথমবাৰৰ বাবে ২০০৮ বেইজিং অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হৈছিল।
২০০৯ চনৰ পৰৱৰ্তী এছিয়া কাপ টুৰ্ণামেণ্টত দলটোৰ ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল আৰু পঞ্চম স্থান লাভ কৰি কোনো পদক লাভ কৰাত ব্যৰ্থ হৈছিল। এয়া প্ৰথমবাৰৰ বাবে ঘটিছিল। দলটোৱে ২০০৯ চনৰ চুলতান আজলান শ্বাহ কাপ জয় লাভ কৰি পুনৰ গতি লাভ কৰে আৰু ২০১০ সংস্কৰণতো যুটীয়া বিজয়ী হয়। ভাৰতত আয়োজিত ২০১০ চনৰ বিশ্বকাপত দলটোৱে অষ্টম স্থান লাভ কৰে। ভাৰতৰ আয়োজন কৰা ২০১০ কমনৱেলথ গেমছত ৰাষ্ট্ৰীয় দলটোৱে ফাইনেলত উপনীত হৈছিল য'ত অষ্ট্ৰেলিয়াৰ হাতত ০-৮ ব্যৱধানত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰিছিল, এয়া ভাৰতে এতিয়ালৈকে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ পৰাজয়। ২০১১ সংস্কৰণৰ ফাইনেলত পাকিস্তানক পৰাস্ত কৰাৰ পাছত ভাৰত প্ৰথমবাৰৰ বাবে এছিয়ান চেম্পিয়নছ ট্ৰফীৰ চেম্পিয়ন হৈছিল। ২০১২ চনত দলটোৱে তেওঁলোকৰ সকলো বোৰ খেলত পৰাজিত হৈ অলিম্পিকত অন্তিম স্থান লাভ কৰিছিল, অলিম্পিকত এতিয়ালৈকে আটাইতকৈ সফল দল হোৱা স্বত্বেও এনে ফলাফল হতাশাজনক আছিল। ভাৰতে ২০১২ এছিয়ান চেম্পিয়নছ ট্ৰফীত ৰানাৰ্ছ-আপ আছিল।
২০১৩–বৰ্তমান (অলিম্পিক প্ৰত্যাৱৰ্তন)
অলিম্পিকত হতাশাজনক প্ৰদৰ্শনৰ পাছত ভাৰতে ২০১৩ চনৰ এছিয়ান চেম্পিয়নছ ট্ৰফী খেলি পঞ্চম স্থান লাভ কৰিছিল। ২০১৪ চনৰ এছিয়ান গেমছ দলটোৰ বাবে টাৰ্ণিং পইণ্ট হৈ পৰিছিল য'ত পাকিস্তানক পৰাস্ত কৰি তেওঁলোকে তৃতীয় স্বৰ্ণ পদক জয় কৰিছিল। ২০১৪-১৫ হকী ৱৰ্ল্ড লীগত ভাৰতে নেডাৰলেণ্ডক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক জিকিছিল। দলটোৱে ২০১৬ চনৰ পুৰুষ হকী চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত উপনীত হৈছিল কিন্তু পেনাল্টি শ্বুটআউটত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হৈছিল। সলটোৰ জয়ৰ শৃঙ্খলা ২০১৬ চনৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত পাকিস্তানক আৰু ২০১৭ এছিয়া কাপত মালয়েছিয়াক পৰাস্ত কৰি খিতাপ লাভেৰে উভতি আহিছিল। দলটোৱে ২০১৬-১৭ বৰ্ষৰ হকী ৱৰ্ল্ড লীগত জাৰ্মানীক ২-১ গ'লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
২০১৮ চনৰ এছিয়ান গেমছ দলটোৰ বাবে অলপ হতাশাজনক প্ৰমাণিত হৈছিল কিয়নো ডিফেণ্ডিং চেম্পিয়ন হোৱাৰ লগতে ফেভাৰিট হৈয়ো ছেমি ফাইনেলত মালয়েছিয়া হাতত পৰাস্ত হৈছিল, পিছে পাকিস্তানক ২-১ গ'লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল। দলটোৱে ২০১৮ চনৰ এছিয়ান চেম্পিয়নছ ট্ৰফী জয় লাভ কৰে আৰু ২০১৮-১৯ পুৰুষ হকী শৃংখলাত স্বৰ্ণৰ পদক দখল কৰি শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন ঘটায়। ভাৰতে ২০১৮ হকী বিশ্বকাপত আয়োজক হিচাপে খেলিছিল আৰু কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈ নেডাৰলেণ্ডৰ হাতত পৰাজিত হৈছিল।
২০২১ চনত জাৰ্মানীক ৫-৪ গ'লত পৰাস্ত কৰি ভাৰতীয় দলে ২০২০ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰে। এইটো এক ঐতিহাসিক জয় আছিল কিয়নো ভাৰতীয় হকী দলে ৪১ বছৰৰ ব্যৱধানৰ পাছত অলিম্পিকত পদক লাভ কৰিছিল।
চিত্ৰ বিথিকা
লগতে চাওক
ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দল
তথ্য সংগ্ৰহ
ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া |
98000 | https://as.wikipedia.org/wiki/%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AE%20%E0%A6%AC%E0%A7%87%E0%A6%A8%E0%A7%87%E0%A6%97%E0%A6%BE%E0%A6%B2 | শ্যাম বেনেগাল | শ্যাম বেনেগাল জন্ম: ১৪ ডিচেম্বৰ ১৯৩৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁক সমান্তৰাল চলচ্চিত্ৰৰ এজন অন্যতম পথ প্ৰদৰ্শক আৰু ১৯৭০-ৰ দশকৰ পৰৱৰ্তী কালৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে বহুলভাৱে গণ্য কৰা হয়। তেওঁ আঠাইশটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ বঁটা আৰু এটা নন্দী বঁটাকে ধৰি বিভিন্ন বঁটা-বাহন লাভ কৰিছে। ২০০৫ চনত লাভ কৰে ভাৰতীয় চলচ্চিত্ৰ ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা। শিল্প-কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অন্যবদ্য বৰঙণিৰ বাবে ১৯৭৬ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ১৯৯১ চনত তেওঁক তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।
ফটোগ্ৰাফীৰ ক্ষেত্ৰখনৰ বিশিষ্ট ব্যক্তিত্ব শ্ৰীধৰ বি বেনেগালৰ হায়দৰাবাদৰ ঘৰত শ্যাম বেনেগালৰ জন্ম হৈছিল। কপিৰাইটাৰ হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা বেনেগালে ১৯৬২ চনত গুজৰাটী ভাষাত ঘেৰ বেঠা গংগা নামেৰে প্ৰথমখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। বেনেগালৰ প্ৰথম চাৰিখন পূৰ্ণদৈৰ্ঘ্য ছবি অংকুৰ (১৯৭৩), নিশান্ত (১৯৭৫), মন্থন (১৯৭৬) আৰু ভূমিকাই (১৯৭৭) তেওঁক সেই সময়ৰ নতুন ঢৌৰ চলচ্চিত্ৰ আন্দোলনৰ পথ প্ৰদৰ্শক কৰি তুলিছিল। বেনেগালৰ মুছলমান মহিলা ত্ৰিল’জী ছবি- মাম্মো (১৯৯৪), চৰ্দাৰী বেগম (১৯৯৬) আৰু জুবেইদাই (২০০১) হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। বেনেগালে ৭বাৰ হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণগৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ২০১৮ চনত তেওঁক ‘ভি শান্তাৰাম জীৱনজোৰা সাধনা বঁটা’ৰে সন্মানিত কৰা হৈছিল।
প্ৰাৰম্ভিক জীৱন
১৯৩৪ চনৰ ১৪ ডিচেম্বৰত হায়দৰাবাদৰ কোংকণীভাষী[6] চিত্ৰপুৰ সাৰস্বত ব্ৰাহ্মণ পৰিয়ালত[7] শ্যাম সুন্দৰ বেনেগাল নামেৰে তেওঁৰ জন্ম হয়। তেওঁৰ পিতৃ কৰ্ণাটকৰ পৰা আহিছিল। তেওঁৰ ফটোগ্ৰাফাৰ পিতৃ শ্ৰীধৰ বি বেনেগালে দিয়া কেমেৰাৰে বাৰ বছৰ বয়সত তেওঁ প্ৰথমখন ছবি নিৰ্মাণ কৰিছিল। হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ উপাধি লয়। তাতেই তেওঁ হায়দৰাবাদ ফিল্ম ছ’চাইটি প্ৰতিষ্ঠা কৰে।
চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা গুৰু দত্তৰ মাকৰ ফালৰ পৰা আইতাক আৰু বেনেগালৰ দেউতাকৰ ফালৰ আইতাক বাই-ভনী আছিল,। সেয়েহে দত্ত বেনেগালৰ সম্বন্ধীয় ভাতৃ।
কৰ্মজীৱন
প্ৰাৰম্ভিক কৰ্মজীৱন
১৯৫৯ চনত তেওঁ মুম্বাইস্থিত লিন্টাছ এডভাৰটাইজিং নামৰ এটা বিজ্ঞাপন সংস্থাত কপিৰাইটাৰ হিচাপে কামত সোমায় আৰু তাৰ পৰাই ক্ৰমাগত উত্থান ঘটি ক্ৰিয়েটিভ হেড হয়। ১৯৬২ চনত তেওঁ গুজৰাটী ভাষাত তেওঁৰ প্ৰথমখন তথ্যচিত্ৰ ঘেৰ বেথা গংগা নিৰ্মাণ কৰে। চিত্ৰনাট্য ৰচনাৰ কামত সোমোৱাৰ পিছত তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবিখন নিৰ্মাণ কৰিবলৈ আৰু এটা দশক অপেক্ষা কৰিবলগীয়া হৈছিল।
১৯৬৩ চনত তেওঁ এ এছ পি নামৰ আন এটা বিজ্ঞাপন সংস্থাত কিছুদিনৰ বাবে কাম কৰে। বিজ্ঞাপনৰ সৈতে জড়িত থকা সময়চোৱাত তেওঁ ৯০০ৰো অধিক স্পনছৰ্ড তথ্যচিত্ৰ আৰু বিজ্ঞাপন ছবি পৰিচালনা কৰিছিল।
১৯৬৬ চনৰ পৰা ১৯৭৩ চনৰ ভিতৰত বেনেগালে পুনেৰ ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত অধ্যাপনা কৰিছিল আৰু ১৯৮০–৮৩ আৰু ১৯৮৯–৯২ বৰ্ষত দুবাৰকৈ প্ৰতিষ্ঠানটোৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইতিমধ্যে তেওঁ তথ্যচিত্ৰ নিৰ্মাণ আৰম্ভ কৰিছে। তেওঁৰ প্ৰাৰম্ভিক তথ্যচিত্ৰসমূহৰ অন্যতম এ চাইল্ড অৱ দ্য ষ্ট্ৰীটছয়ে (১৯৬৭) বহুল প্ৰশংসা লাভ কৰে। তেওঁ ৭০খনতকৈও অধিক তথ্যচিত্ৰ আৰু চুটিছবি নিৰ্মাণ কৰিছে।
চলচ্চিত্ৰীয় জীৱন
মুম্বাইলৈ উভতি অহাৰ পিছত তেওঁ স্বতন্ত্ৰ বিত্তীয় সাহায্য লাভ কৰে আৰু অৱশেষত ১৯৭৩ চনত অংকুৰ নিৰ্মিত হয়। এয়া আছিল তেওঁৰ গৃহ ৰাজ্য তেলেংগানাৰ অৰ্থনৈতিক আৰু যৌন শোষণৰ বাস্তৱভিত্তিক এখন ছবি, যিখনে তেওঁলৈ খ্যাতি কঢ়িয়াই আনিছিল আৰু ই ১৯৭৫ চনত সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। অংকুৰত কৰা অভিনয়ৰ বাবে শ্বাবানা আজমীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু এইখন আছিল তেওঁৰ প্ৰথম ছবি।
১৯৭০-ৰ দশক আৰু ১৯৮০-ৰ দশকৰ আৰম্ভণিতে নতুন ধাৰাৰ ভাৰতীয় চলচ্চিত্ৰই যি সফলতা অৰ্জন কৰিছিল, তাত শ্যাম বেনেগালৰ চাৰিখন ছবি- অংকুৰ (১৯৭৩), নিশান্ত (১৯৭৫), মন্থন (১৯৭৬) আৰু ভূমিকাৰ (১৯৭৭) বহুলাংশে অংশীদাৰিত্ব আছিল। বেনেগালে মূলতঃ এফ টি আই আই আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ওলোৱা নতুন অভিনেতাক, যেনে নাছিৰুদ্দিন শ্বাহ, ওম পুৰী, স্মিতা পাটিল, শ্বাবানা আজমী, কুলভূষণ খাৰবান্দা আৰু অমৰীশ পুৰী সুযোগ দিছিল।
বেনেগালৰ পৰৱৰ্তী ছবি নিশান্তত (১৯৭৫) এগৰাকী শিক্ষকৰ পত্নীক চাৰিজন জমিদাৰে অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰে; কিন্তু প্ৰশাসনযন্ত্ৰই স্বামীৰ কোনো আৰ্জি নুশুনে। মন্থন (১৯৭৬) গ্ৰাম্য সবলীকৰণৰ ওপৰত নিৰ্মিত ছবি আৰু গুজৰাটৰ নৱজাত দুগ্ধ উদ্যোগৰ পটভূমিত নিৰ্মিত। গুজৰাটৰ পাঁচ লাখতকৈ অধিক কৃষকে ২ টকাকৈ আগবঢ়োৱা বৰঙণিৰে ছবিখন প্ৰযোজনা কৰা হৈছিল। মুক্তিৰ পিছতে ট্ৰাকত কৃষকসকলে "তেওঁলোকৰ" ছবিখন চাবলৈ আহিছিল, যাৰ ফলত ই বক্স অফিচত সফল হয়। গ্ৰামীণ নিস্পেষণৰ এই ত্ৰিলজীৰ পিছত বেনেগালে ১৯৪০ চনৰ এক আড়ম্বৰপূৰ্ণ আৰু অগতানুগতিক জীৱন কটোৱা, সুপৰিচিত মাৰাঠী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী হন্সা ৱাডকাৰৰ জীৱনৰ ওপৰত আধাৰিত এখন বায়’পিক ছবি ভূমিকা (১৯৭৭) নিৰ্মাণ কৰে। স্মিতা পাটিলে অভিনয় কৰা মূল চৰিত্ৰটোৱে আত্মপৰিচয় আৰু পৰিপূৰ্ণতাৰ সন্ধান কৰিছে, লগতে পুৰুষৰ শোষণৰ সৈতেও যুঁজিছে।
১৯৭০-ৰ দশকৰ আৰম্ভণিতে বেনেগানে ইউনিচেফৰ পৃষ্ঠপোষকতাত চেটেলাইট ইনষ্ট্ৰাকচনেল টেলিভিছন এক্সপেৰিমেণ্টৰ বাবে ২১টা চলচ্চিত্ৰ মডিউল নিৰ্মাণ কৰিছিল। ইয়াৰ ফলত তেওঁ বহুতো শিশু আৰু লোকশিল্পীৰ সৈতে মত বিনিময়ৰ সুবিধা পাইছিল। অৱশেষত তেওঁ ১৯৭৫ চনত লোককথাৰ আধাৰত নিৰ্মিত চৰণদাস চোৰ ছবিত এই শিশুসকলৰ বহুতকে ব্যৱহাৰ কৰিছিল।
বঁটা-বাহন
অসামৰিক সন্মান
১৯৭৬: পদ্মশ্ৰী
১৯৯১: পদ্মভূষণ
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (অনা-কাহিনী চলচ্চিত্ৰ) ১৯৮৪: শ্ৰেষ্ঠ ঐতিহাসিক পুনৰ্গঠন/সংকলন চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- নেহৰু
১৯৮৫: শ্ৰেষ্ঠ জীৱনীমূলক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- সত্যজিত ৰায় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ) ১৯৭৫, ২০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- অংকুৰ
১৯৭৬, ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- নিশান্ত
১৯৭৭, ২২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- মন্থন
১৯৭৮, ২৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ চিত্ৰনাট্য- ভূমিকা
১৯৭৯, ২৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- জুনুন
১৯৮২, ২৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- আৰোহন
১৯৮৬: শ্ৰেষ্ঠ পৰিচালক- ত্ৰিকাল
১৯৯৩: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- সুৰজ কা সাতৱা ঘোঁৰা
১৯৯৫: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- মাম্মো
১৯৯৬: ইংৰাজী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- দ্য মেকিং অফ মহাত্মা
১৯৯৭: উৰ্দু ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- চৰ্দাৰী বেগম
১৯৯৯: সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- সমৰ
১৯৯৯: পৰিয়াল কল্যাণ শিতানত শ্ৰেষ্ঠ ছবি- হৰিভাই
২০০১: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- জুবেইদা
২০০৫: দাদাচাহেব ফাল্কে বঁটা
২০০৫: ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে নাৰ্গিছ দত্ত বঁটা- নেতাজী সুভাষ চন্দ্ৰ বোস: দ্য ফৰগটেন হিৰো
২০০৯, ৫৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: অন্যান্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- ৱেলডান আব্বা
ফিল্মফেয়াৰ বঁটা
১৯৮০: শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা- জুনুন
মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
১৯৮১, ১২তম মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ: গোল্ডন প্ৰাইজ- কলয়ুগ
গ্ৰন্থপঞ্জী
1988. 1984. তথ্যউৎস
অধিক জানিবলৈ পঢ়ক
2003, 2006, 25 2006
2002
(2011) 1, 8-22, 2013
2021.
বাহ্যিক সংযোগ
27-30,2012 চিত্ৰনাট্য লেখক
তথ্যচিত্ৰ নিৰ্মাতা
হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালক
ৰাজ্যসভাৰ সাংসদ
পদ্মশ্ৰী বঁটা বিজয়ী
পদ্মভূষণ বঁটা বিজয়ী
শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- বিশেষ জুৰী বঁটা (পূৰ্ণদৈৰ্ঘ্য ছবি) বিজয়ী
দাদাচাহেব ফাল্কে বঁটা বিজয়ী
ফিল্মফেয়াৰ বঁটা |
72839 | https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%B9%E0%A6%B2%E0%A7%8D%E0%A6%AF%E0%A6%BE | অহল্যা | হিন্দু ধৰ্মত, অহল্যা(), গৌতম মহৰ্ষিৰ পত্নী। তেওঁক অহিল্যা বুলিও জনা যায়। বহুতো হিন্দু শাস্ত্ৰত উল্লেখ কৰা অনুসৰি ইন্দ্ৰই (দেৱতাৰ ৰজা) তেওঁৰ সতীত্ব নষ্ট কৰিছিল, বিশ্বাসঘাতকতাৰ বাবে তেওঁৰ স্বামীয়ে অভিশাপ দিছিল, আৰু ৰামৰ দ্বাৰা এই অভিশাপৰ পৰা মুক্ত হৈছিল। ব্ৰহ্মাই এক পৰমসুন্দৰী নাৰী সৃষ্টিৰ মানসেৰে অহল্যাক সৃষ্টি কৰিছিল। তেওঁৰ স্বামী ঋষি গৌতম বয়সত তেওঁতকৈ যথেষ্ট ডাঙৰ আছিল। প্ৰাচীনতম পূৰ্ণাঙ্গ উপাখ্যান সমূহত কোৱা হৈছে, অহল্যাই ছদ্মবেশী ইন্দ্ৰক চিনি পালেও তেওঁক প্ৰত্যাখ্যান কৰা নাছিল। কিন্তু পৰৱৰ্তীকালৰ গ্ৰন্থ সমূহৰ মতে, অহল্যা নিৰ্দোষী আছিল। তেওঁ ইন্দ্ৰৰ শঠতাৰ চিকাৰ হৈছিল অথবা ধৰ্ষিতা হৈছিল। সকলো উপাখ্যানতেই দেখা যায়, ঋষি গৌতমে অহল্যা আৰু ইন্দ্ৰ উভয়কেই অভিশাপ দিছিল। অভিশাপটো ঠিক কি আছিল, সেই লৈ গ্ৰন্থ সমূহৰ মাজত মতভেদ আছে। অৱশ্যে সকলো গ্ৰন্থতেই কথিত হৈছে যে, ৰাম অহল্যাৰ ত্ৰান কৰ্তা মুক্তিদাতা ৰূপে উপস্থিত হৈছিল। প্ৰাচীন গ্ৰন্থ সমূহত আছে, প্ৰায়শ্চিত্তৰ বাবে অহল্যাই কঠোৰ তপস্যা কৰিছিলে আৰু ৰামক আতিথ্য দান কৰি পাপমুক্ত হয়। কিন্তু পৰৱৰ্তীকালত প্ৰচলিত হোৱা জনপ্ৰিয় পুনৰ্কথন সমূহত দেখা যায়, ঋষিৰ অভিশাপত অহল্যা শিললৈ ৰূপান্তৰ হয় আৰু ৰামৰ পাদস্পৰ্শে পুনৰায় মানৱী ৰূপ ঘূৰাই পায়। শাস্ত্ৰগ্ৰন্থ সমূহত অহল্যাৰ যি জীৱনকথা পোৱা যায়, তাৰ সকলোৰে কেন্দ্ৰীয় বিষয়বস্তু হ'ল ইন্দ্ৰ কৰ্তৃক অহল্যাক প্ৰলুব্ধকৰণ আৰু তাৰ প্ৰতিফল। ব্ৰাহ্মণ গ্ৰন্থসমূহত (খ্ৰীষ্টপূৰ্ব নৱমৰ পৰা ষষ্ঠ শতাব্দী) প্ৰথমে ইন্দ্ৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ আভাস দিয়া হ'লেও হিন্দু মহাকাব্য ৰামায়ণত (খ্ৰীষ্টপূৰ্ব পঞ্চম-চতুৰ্থ শতাব্দী) প্ৰথম স্পষ্টভাবে আৰু সবিস্তাৰে তেওঁৰ পৰকীয়া সম্পৰ্কৰ উল্লেখ পোৱা যায়। ৰামায়ণত ৰামৰ মাহাত্ম্য কীৰ্তিত হৈছে। সেয়ে মধ্যযুগীয় এই সাহিত্যত ৰাম কৰ্তৃক অহল্যা-উদ্ধাৰক ঈশ্বৰৰ কৃপাৰ নিদৰ্শন হিচাপে সেই কাহিনিৰ ওপৰতে অধিক গুৰুত্ব আৰোপ কৰা হৈছে। বিভিন্ন ধৰ্মগ্ৰন্থত বহুবাৰ পুনৰ্কথিত হোৱা আধুনিক যুগৰ কবিতা, চুটিগল্প আনকি নৃত্য আৰু নাট্যসাহিত্য সমূহত এই কাহিনি বহুবাৰ উপস্থাপিত হৈছে। প্ৰাচীন উপাখ্যানসমূহত ৰামৰ মাহাত্ম্য কীৰ্তিত হ'লেও আধুনিক গল্প সমূহত অহল্যাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি তেওঁৰ দৃষ্টিকোণৰ ফালৰ পৰা ৰচিত হৈছে। কোনো কোনো উপাখ্যানত তেওঁৰ সন্তানসন্ততিৰ কথাও আছে। হিন্দু প্ৰথানুসাৰে অহল্যাক পঞ্চকন্যা (পাঁচ আদৰ্শ সতী)ৰ মাজত প্ৰথম বুলি কোৱা হয়। হিন্দু বিশ্বাস অনুযায়ী, এই পঞ্চকন্যাৰ নাম জপ কৰিলে পাপস্খলন ঘটে। কোনো কোনো ক্ষেত্ৰত নিঃশংক চিত্তে অভিশাপ গ্ৰহণৰ হেতু তেওঁক পতীব্ৰতা আৰু নাৰীত্বৰ আদৰ্শ হিচাপে প্ৰশস্তি কৰা হয়; আনহাতে অন্য ক্ষেত্ৰত ব্যভিচাৰৰ অপৰাধত তেওঁক নিন্দাও কৰা হয়।
নামৰ ব্যুৎপত্তি "অহল্যা" নামটো দুটা ভাগত ভাগ কৰিব পাৰি: "অ" আৰু "হল্যা।" "অ" এটা নঞৰ্থক উপসৰ্গ আৰু সংস্কৃত অভিধানসমূহত "হল্যা" শব্দটিৰ সংজ্ঞা এটা নাঙল (হাল), হালকৰ্ষণ অথবা অংগবৈকল্যৰ সৈতে যুক্ত কৰা হৈছে। ৰামায়ণৰ উত্তৰাকাণ্ডত ব্ৰহ্মাই সংস্কৃত "অহল্যা" নামটিৰ সংজ্ঞা আগবঢ়াই কৈছে যে "যি অসৌন্দৰ্যৰ অখ্যাতিৰ পৰা মুক্ত" অথবা "যি নিখুঁত সুন্দৰী।" এই প্ৰসংগত ইন্দ্ৰক তেওঁ কি দৰে অহল্যাৰ শৰীৰৰ সকলো অংশৰ মাজেৰে সকলো সৃষ্টিৰ বিশেষ সৌন্দৰ্য প্ৰকাশ কৰিছে, সেই বিষয়ে ব্যক্ত কৰিছে। কোনো কোনো সংস্কৃত অভিধানত যিহেতু অহল্যা শব্দটিৰ অনুবাদত "অকৰ্ষিত" অভিধাটো ব্যৱহাৰ কৰিছে, সেই হেতু কোনো কোনো আধুনিক লেখকে এই শব্দটো যৌনসংগমৰ ইংগিত সূচক বুলি দাবী কৰে। তেওঁলোকৰ মতে, নামটি কোনো কুমাৰী অথবা মাতৃচৰিত্ৰৰ দ্যোতক। এই অৰ্থটো তেওঁৰ চৰিত্ৰৰ সৈতে খাপ খায়। কাৰণ, ভিন্ন ভিন্ন দৃষ্টিকোণৰ পৰা ইন্দ্ৰই ঢুকি পোৱাৰ পৰা যিকোনো প্ৰকাৰে নিলগত থকা বুলি ভবা অহল্যাৰ চৰিত্ৰ সন্দৰ্ভত এই কথা খাপ খাই পৰে। যদিও ৰবীন্দ্ৰনাথ ঠাকুৰে আক্ষৰিক "অকৰ্ষিত" অৰ্থটিৰ প্ৰতিয়ে গুৰুত্ব আৰোপ কৰি কৈছে যে, অহল্যা হ'ল শিলৰ দৰে অনুৰ্বৰ ভূমিৰ প্ৰতীক, যি ৰামৰ স্পৰ্শত কৰ্ষণযোগ্য হৈছিল। দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ভাৰতী ঝাবেৰিয়ে ৰবীন্দ্ৰনাথৰ সৈতে ঐকমত্য পোষণ কৰি অহল্যাক অকৰ্ষিত ভূমি হিচাপেই ব্যাখ্যা কৰিছে। তেওঁৰ ব্যাখ্যাৰ ভিত্তি আছিল গুজৰাটৰ প্ৰচলিত আদিবাসী ভিল ৰামায়ণ, যি প্ৰকৃতপক্ষে তাৰিখবিহীন আৰু মৌখিকভাৱে প্ৰচলিত কাহিনী।
সৃষ্টি আৰু বিবাহ ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি হোৱা বাবে অহল্যাক প্ৰায়ে আয়োনিজাসম্ভৱা বুলি কোৱা হয়, অৰ্থাৎ যি মহিলাৰ পৰা জন্ম হোৱা নাই। ৰামায়ণৰ বালকাণ্ডৰ (খ্ৰীষ্টপূৰ্ব ৫মৰ পৰা চতুৰ্থ শতিকা) উল্লেখ আছে যে ব্ৰহ্মাই তেওঁক "বিশুদ্ধ সৃষ্টিশীল শক্তিৰ বাবে যথেষ্ট পৰিশ্ৰমেৰে" গঢ়ি তুলিছিল। ব্ৰহ্মপুৰাণ আৰু বিষ্ণুধৰ্মোত্তৰ পুৰাণেও ব্ৰহ্মাৰ দ্বাৰাই তেওঁৰ সৃষ্টি বুলি সমৰ্থন কৰে। মাহাৰী নৃত্য পৰম্পৰা অনুসৰি, ব্ৰহ্মাই সবাতোকৈ সুন্দৰ মহিলাৰ ৰূপত অহল্যাক সৃষ্টি কৰিছিল যাতে ইয়াৰ দ্বাৰা উৰ্বশীৰ গৌৰৱ ভাঙিব পৰা যায়, যি আছিল সবাতোকৈ সুন্দৰ অপ্সৰা। জনজাতীয় ভীল ৰামায়ণত আৰম্ভণিতে অহল্যা, গৌতম আৰু ইন্দ্ৰৰ কাহিনী বৰ্ণনা কৰা হৈছে। কাহিনীটোত বৰ্ণনা কৰা অনুসৰি অহল্যাক সপ্তঋষিৰ (সাতজন ঋষি) যজ্ঞৰ ভস্মৰ পৰা সৃষ্টি কৰা হৈছে আৰু মহৰ্ষি গৌতমক ব্ৰহ্মাৰ দ্বাৰা উপহাৰ দিয়া হৈছে। ইয়াৰ বিপৰীতে ভাগৱত পুৰাণ আৰু হৰিবংশয় অহল্যাক পুৰু ৰাজবংশৰ ৰাজকুমাৰী হিচাপে গণ্য কৰে, সেই অনুসৰি তেওঁ ৰজা মোদ্গলৰ কন্যা আৰু ৰজা দিবোদাসৰ ভগ্নী। ৰামায়ণৰ উত্তৰাকাণ্ডত(বেছিভাগ পণ্ডিতে ইয়াক মহাকাব্যত পৰৱৰ্তী সংযোজন হিচাপে গণ্য কৰে), ব্ৰহ্মাই অহল্যাক আটাইতকৈ ধুনীয়া মহিলা হিচাপে সৃষ্টি কৰে আৰু যৌৱন প্ৰাপ্ত নোহোৱালৈকে তেওঁক মহৰ্ষি গৌতমৰ যত্নত ৰাখে। যেতিয়া অহল্যাই যৌৱন প্ৰাপ্ত কৰে, ঋষিয়ে তেওঁক ব্ৰহ্মালৈ ঘূৰাই দিয়ে, ব্ৰহ্মা মহৰ্ষি গৌতমৰ যৌন সংযম আৰু তপস্বীত্বৰ দ্বাৰা প্ৰভাৱিত হৈ অহল্যাক পুনৰ মহৰ্ষি গৌতমক অৰ্পণ কৰে। ইন্দ্ৰই, বিশ্বাস কৰিছিল যে সৰ্বশ্ৰেষ্ঠ মহিলাসকল কেৱল তেওঁৰ বাবে, সেয়ে তেওঁ অহল্যাৰ বনত বাস কৰা তপস্বীৰ সৈতে বিবাহৰ প্ৰতি তীব্ৰ বিৰক্তি প্ৰকাশ কৰে। ব্ৰহ্মপুৰাণে অহল্যাৰ জন্ম আৰু প্ৰাৰম্ভিক পালন-পোষণ সম্পৰ্কে একেই বিৱৰণ দিয়ে, অৱশ্যে ইয়াত লিপিবদ্ধ কৰা অনুসৰি তেওঁৰ বিবাহৰ পাত্ৰ এখন মুকলি প্ৰতিযোগিতাৰ জৰিয়তে নিৰ্ধাৰণ কৰা হৈছিল। সেই অনুসৰি ব্ৰহ্মাই এবাৰ ঘোষণা কৰে যে তিনিখন পৃথিৱীৰ (স্বৰ্গ, মৰ্ত্য আৰু পাতাল) চাৰিওফালে পৰিভ্ৰমণ কৰা প্ৰথমজন ব্যক্তিয়েই অহল্যাক জয় কৰিব পাৰিব। এই প্ৰত্যাহ্বান সম্পূৰ্ণ কৰিবলৈ ইন্দ্ৰই তেওঁৰ যাদুকৰী শক্তি ব্যৱহাৰ কৰি অৱশেষত ব্ৰহ্মাৰ ওচৰত উপস্থিত হয় আৰু অহল্যাৰ পাণি দাবী কৰে। অৱশ্যে, ঐশ্বৰিক ঋষি নাৰদে ব্ৰহ্মাক ব্যক্ত কৰে যে মহৰ্ষি গৌতমে ইন্দ্ৰতকৈয়ো আগত তিনিওখন ভুৱন পৰিভ্ৰমণ কৰিছে। নাৰদে বৰ্ণনা কৰে যে বেদৰ মতে ঋষি গৌতমে ইচ্ছা পূৰণ কৰা গাইগৰু সুৰভিয়ে সন্তান প্ৰসৱ কৰাৰ সময়ত দৈনিক পূজাৰ অংশ হিচাপে সুৰভিৰ চাৰিওফালে প্ৰদক্ষিণ কৰি গাইজনীক তিনিও লোকৰ সমান মৰ্যাদা প্ৰদান কৰে। নাৰদৰ যুক্তিত ব্ৰহ্মা সন্মত হয় আৰু অহল্যা আৰু গৌতমৰ মাজত বিবাহ সম্পন্ন হয়, যাৰ ফলত ইন্দ্ৰ ঈৰ্ষা আৰু ক্ৰোধত ক'ব নোৱাৰা হয়। পদ্মপুৰাণত অহল্যাৰ প্ৰাৰম্ভিক জীৱন সম্পৰ্কে একেধৰণৰ, কিন্তু এক চমু বৰ্ণনা দেখা যায়। কাহিনীটোৰ সকলো সংস্কৰণতেই, মহৰ্ষি গৌতমৰে বিবাহ সম্পন্ন হোৱাৰ পিছত, অহল্যাই ঋষি গৌতমৰ আশ্ৰমত থাকিবলৈ লোৱা, আৰু সেই আশ্ৰমেই মহাকাব্যিক অভিশাপৰ স্থান হৈ পৰে বুলি উল্লেখ আছে। ৰামায়ণত লিপিবদ্ধ কৰা অনুসৰি ঋষি গৌতমৰ এই আশ্ৰম মিথিলাৰ ওচৰৰ এখন অৰণ্যত (মিথিলা-উপৱন) আছিল, য'ত দম্পতীহালে কেইবা বছৰ ধৰি একেলগে তপস্বীত্ব পালন কৰে। আন শাস্ত্ৰসমূহত আশ্ৰমখন সাধাৰণতে নদীৰ পাৰৰ ওচৰত বুলি উল্লেখ কৰিছে। ব্ৰহ্মপুৰাণ অনুসৰি ই গোদাৱৰী নদী আৰু স্কন্দ পুৰাণ অনুসৰি নৰ্মদা নদীৰ ওচৰত আছিল। পদ্ম পুৰাণ আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণে আশ্ৰমখনক পবিত্ৰ পুষ্কৰ চহৰৰ ওচৰত বুলি বৰ্ণনা কৰে।
তথ্যউৎস ৰামায়ণৰ চৰিত্ৰ
ৰামায়ণ
প্ৰাচীন ভাৰতীয় |
36580 | https://as.wikipedia.org/wiki/%E0%A6%AE%E0%A6%A8%E0%A6%AE%E0%A7%8B%E0%A6%B9%E0%A6%A8%20%E0%A6%B8%E0%A6%BF%E0%A6%82 | মনমোহন সিং | ড॰ মনমোহন সিং জন্ম ২৬ চেপ্তেম্বৰ ১৯৩২) ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী। অৰ্থনীতিবিদ ড॰ সিং জৱাহৰলাল নেহৰুৰ পাছতে একেলেথাৰিয়ে দুবাৰ কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ প্ৰধানমন্ত্ৰী আৰু প্ৰথম শিখ।
মনমোহন সিঙৰ জন্ম হৈছিল গহত (বৰ্তমান পাকিস্তানৰ পঞ্জাবত)। ১৯৪৭ চনৰ দেশবিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়াল ভাৰতলৈ আহে। অক্সফ'ৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ১৯৬৬-৬৯ চনত ৰাষ্ট্ৰসংঘত চাকৰি কৰে। ললিত নাৰায়ন মিশ্ৰই তেওঁক ভাৰতীয় ব্যৱসায় আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপদেষ্টা নিৰ্বাচন কৰাৰ লগে লগে তেওঁৰ আমোলাতন্ত্ৰিক জীৱন আৰম্ভ হয়। ৭০ আৰু ৮০ ৰ দশকত মুখ্য অৰ্থনৈতিক উপদেষ্টা (১৯৭২-৭৬), ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ (১৯৮২-৮৫), পৰিকল্পনা আয়োগৰ অধ্যক্ষ (১৯৮৫-৮৭) আদি ভাৰত চৰকাৰৰ কেইবাটাও দপ্তৰত তেওঁ চাকৰি কৰে।
১৯৯১ চনত ভাৰত প্ৰবল বিত্তীয় সংকটত পৰে। নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে সকলোকে আচৰিত কৰি অ-ৰাজনৈতিক ড॰ মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাবে কেবিনেটত মকৰল কৰে। প্ৰতিপক্ষৰ তীব্ৰ বিৰোধিতা সত্ত্বেও পাচৰ কেইবছৰত ড॰ সিঙে ভাৰতৰ অৰ্থনীতিক মুক্ত অৰ্থনীতি হিচাবে গঢ়ি তুলিবলৈ এলানি অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ ফলত ভাৰতৰ বিত্তীয় সংকট আঁতৰিল আৰু সংস্কাৰবাদী অৰ্থনীতিবিদ হিচাবে গোলকীয়ভাৱে সিঙৰ প্ৰতিষ্ঠা হ'ল, যদিও ১৯৯৬ চনত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। তথাক্ৰমে পাচৰ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত সিঙে ৰাজ্যসভাত বিৰোধীপক্ষৰ নেতা হিচাবে কংগ্ৰেছ দলৰ নেতৃত্ব কৰে।
২০০৪ চনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ক্ষমতালৈ অহাৰ সময়ত অধ্যক্ষা ছোনিয়া গান্ধীয়ে অপ্ৰত্যাশিতভাবে মনমোহন সিঙক প্ৰধানমন্ত্ৰিত্ব অৰ্পণ কৰে। সিঙৰ নেতৃত্বৰ চৰকাৰে নেশ্যনেল ৰুৰেল হেল্থ মিশ্যন, ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অব ইণ্ডিয়া, মহাত্মা গান্ধী ৰুৰেল এম্প্লয়মেণ্ট গেৰাণ্টি এক্ট, ৰাইট টু ইনফৰমেশ্যন এক্টকে ধৰি কেইবাখনো আইন আৰু আঁচনি গ্ৰহণ কৰে। ২০০৮ চনত ভাৰত আৰু আমেৰিকাৰ চিভিল নিউক্লিয়াৰ এগ্ৰিমেণ্ট বিলখনৰ বিৰোধিতা কৰি লেফ্ট ফ্ৰণ্টে চৰকাৰলৈ সমৰ্থন উঠাই লোৱাৰ বাবে চৰকাৰ প্ৰায় ভংগই হ'বলৈ ওলাইছিল। যদিও -অৰ কাৰ্য্যকালত ভাৰতৰ অৰ্থনীতি যথেষ্ট উৰ্ধগামী হয়, ২০০৮ চনৰ মুম্বাই আক্ৰমণ আৰু মাওবাদী বিদ্ৰোহ আদিয়ে চৰকাৰক বিপাঙত পেলায়।
২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ পুনৰ বিপুল সংখ্যাগৰিষ্ঠতাৰে বিজয়ী হয় আৰু পুনৰ মনমোহন সিঙৰ প্ৰধানমন্ত্ৰিত্বত চৰকাৰ গঠন কৰে। পাচৰ কেইবছৰত কমনৱেল্থ গেমচৰ আয়োজন, ২ জি স্পেক্ট্ৰাম, কয়লাৰ আবণ্টন আদি কেইবাটাও দুৰ্নীতি কাণ্ডই চৰকাৰক জুৰুলা কৰে।
শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন
১৯৩২ চনৰ ২৬ ছেপ্তেম্বৰত ব্ৰিটিছ শাসিত পঞ্জাবৰ গহত(বৰ্তমান পাকিস্তানত) গুৰমুখ সিঙৰ ঔৰসত আৰু অমৃত কৌৰৰ গৰ্ভত মনমোহন সিঙে জন্মলাভ কৰে। শিশু অৱস্থাতে মাকক হেৰুওৱা মনমোহনক আইতাকে (দেউতাকৰ মাক) তুলি-তালি ডাঙৰ-দীঘল কৰে।
দেশ বিভাজনৰ পিছত তেওঁলোকৰ পৰিয়ালটো ভাৰতৰ অমৃতসৰলৈ গুছি আহে আৰু তেওঁ তাৰ হিন্দু কলেজত অধ্যয়ন কৰে। তাৰ পিছত পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত ক্ৰমে ১৯৫২ আৰু ১৯৫৪ চনত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৫৭ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ 'ট্ৰাইপচ' সফলতাৰে সমাপ্ত কৰে।
কৰ্মজীৱন ১৯৫৭ চনৰ পৰা ১৯৫৯ চনলৈকে মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৬ চনত সিঙ ত অধ্যাপক হিচাপে কৰ্মৰত আছিল। ইয়াৰ উপৰিও তেওঁ ১৯৬৬ চনৰ পৰা ১৯৬৯ চন লৈকে ৰাষ্ট্ৰসংঘত কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৬৯ চনত, মনমোহন সিঙে দিল্লী স্কুল অফ ইকনমিক্সত আন্তৰ্জাতিক বাণিজ্যৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১৯৭২ চনত মনমোহন সিঙে বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে দায়িত্বভাৰ পালন কৰিছিল।
ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭৬ চনত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মনমোহন সিঙে ১৯৮০ চনৰ পৰা ১৯৮২ চনত পৰিকল্পনা আয়োগৰ লগত জড়িত হৈ আছিল। অন্যহাতে তেওঁ ১৯৮২ চনত প্ৰাক্তন বিত্ত মন্ত্ৰী প্ৰণৱ মুখাৰ্জীৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্ত হৈছিল।
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
মনমোহন সিং ভাৰতৰ ব্যক্তি
জীৱিত ব্যক্তি
অৰ্থনীতিবিদ
ভাৰতৰ প্ৰধানমন্ত্ৰী
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ |
28706 | https://as.wikipedia.org/wiki/%E0%A6%97%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A6%BE%20%E0%A6%A8%E0%A6%A6%E0%A7%80 | গঙ্গা নদী | গঙ্গা ভাৰত আৰু বাংলাদেশত প্ৰবাহিত এখন আন্তঃসীমান্ত নদী। এই নদী ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদীও। গঙ্গাৰ দৈৰ্ঘ্য উৎসস্থল পশ্চিম হিমালয়ত ভাৰতৰ উত্তৰাখণ্ড ৰাজ্য। দক্ষিণ আৰু পূৰ্বে গাঙ্গেয় সমভূমি অঞ্চলৰ উপৰেদি প্ৰবাহিত হৈ গঙ্গা মিলিছে বঙ্গোপসাগৰত। জলপ্ৰবাহৰ ক্ষমতা অনুযায়ী গঙ্গা বিশ্বৰ প্ৰথম ২০খন নদীৰ এখন। গাঙ্গেয় অববাহিকাৰ জনসংখ্যা ৪০ কোটি আৰু জনঘনত্ব এইটোৱেই বিশ্বৰ আটাইতকৈ জনবহুল নদী অববাহিকা।
গঙ্গা হিন্দুসকলৰ বাবে পবিত্ৰ নদী। তেওঁলোকে এই নদীক দেৱীজ্ঞানেৰে পূজা কৰে। গঙ্গাৰ ঐতিহাসিক গুৰুত্বও অপৰিসীম; একাধিক পূৰ্বতন প্ৰাদেশিক আৰু সাম্ৰাজ্যিক ৰাজধানী (যেনে পাটলিপুত্ৰ, কনৌজ, কাশী, এলাহাবাদ, মুৰ্শিদাবাদ, মুঙ্গেৰ আৰু কলকাতা) এই নদীৰ পাৰতেই অৱস্থিত।
গঙ্গা বিশ্বৰ পাঁচখন আটাইতকৈ দূষিত নদীৰ এখন। বাৰাণসীৰ কাষত এই নদীত ফেসাল কলিফৰ্মৰ পৰিমাণ ভাৰত চৰকাৰৰ নিৰ্ধাৰিত সীমাতকৈ এশ গুণ বেছি। গঙ্গাদূষণ কেবলমাত্ৰ গঙ্গাতীৰত বসবাসকাৰী কেইবা কোটি ভাৰতীয়ৰেই ক্ষতি কৰা নাই, কৰিছে ১৪০বিধ মাছৰ প্ৰজাতি, ৯০বিধ উভচৰ প্ৰাণীৰ প্ৰজাতি আৰু ভাৰতৰ জাতীয় জলচৰ প্ৰাণী গাঙ্গেয় শিশুৰো। গঙ্গাদূষণ ৰোধ কৰিবলৈ গঙ্গা অ্যাকশন প্ল্যান নামৰ এটা পৰিকল্পনা গৃহীত হৈছিল। কিন্তু দুৰ্নীতি, প্ৰযুক্তিগত অদক্ষতা, সুষ্ঠ পৰিবেশ পৰিকল্পনাৰ অভাব, ভাৰতীয় ধৰ্মীয় ঐতিহ্য আৰু বিশ্বাস আৰু ধৰ্মীয় সংগঠনসমূহৰ অসহযোগিতাৰ কাৰণে এই প্ৰকল্প ব্যৰ্থতালৈ পৰ্যবসিত হয়।
প্ৰবাহপথ মূল গঙ্গা নদীৰ উৎসস্থল ভাগীৰথী আৰু অলকানন্দা নদীৰ সঙ্গমস্থল। হিন্দু সংস্কৃতিত ভাগীৰথীকেই গঙ্গাৰ মূল প্ৰবাহ বুলি মানি লোৱা হয়। যদিও অলকানন্দা নদীখন দীৰ্ঘতৰ। অলকানন্দাৰ উৎসস্থল নন্দাদেবী, ত্ৰিশূল আৰু কামেট শৃঙ্গৰ বৰফগলা পানী। ভাগীৰথীৰ উৎস গোমুখৰ গঙ্গোত্ৰী হিমবাহ (উচ্চতা গঙ্গাৰ পানীৰ উৎস অনেকবোৰ সৰু নদী। ইয়াৰ মাজত ছটা দীৰ্ঘতম ধাৰা আৰু গঙ্গাৰ লগত সেইবোৰৰ সঙ্গমস্থলসমূহক হিন্দুসকলে পবিত্ৰ বুলি মানি চলে। এই ছটি ধাৰা হল অলকানন্দা, ধৌলীগঙ্গা, নন্দাকিনী, পিণ্ডাৰ, মন্দাকিনী আৰু ভাগীৰথী। পঞ্চপ্ৰয়াগ নামে পৰিচিত পাঁচোটা সঙ্গমস্থলেই অলকানন্দাৰ ওপৰত অৱস্থিত। এইবিলাক হল বিষ্ণুপ্ৰয়াগ (য’ত ধৌলীগঙ্গা অলকানন্দাৰ লগত মিলিত হৈছে), নন্দপ্ৰয়াগ (য’ত নন্দাকিনী মিলিত হৈছে), কৰ্ণপ্ৰয়াগ (য’ত পিণ্ডাৰ মিলিত হৈছে), ৰুদ্ৰপ্ৰয়াগ (য’ত মন্দাকিনী মিলিত হৈছে) আৰু সৰ্বশেষত দেবপ্ৰয়াগ য’ত ভাগীৰথী আৰু অলকানন্দাৰ মিলনৰ ফলত মূল গঙ্গা নদীৰ জন্ম হৈছে।
হিমালয় পাৰ্বত্য অঞ্চলত গঙ্গাৰ দৈৰ্ঘ্য হৃষীকেশৰ ওচৰত গঙ্গাই হিমালয় ত্যাগ কৰি তীৰ্থচহৰ হৰিদ্বাৰ গাঙ্গেয় সমভূমিত পৰিছেগৈ। হৰিদ্বাৰত এটি বান্ধ সৃষ্টি কৰি গঙ্গা খালৰ মাধ্যমেৰে গঙ্গাৰ পানী উত্তৰপ্ৰদেশৰ দোয়াব অঞ্চললৈ জলসিঞ্চনৰ বাবে পঠোৱা হয়। এইখিনিতে গঙ্গাৰ মূলধাৰাটো হৰিদ্বাৰৰ আগত সামান্য দক্ষিণ-পশ্চিমমুখী হ'লেও হৰিদ্বাৰৰ পৰা তাক দক্ষিণ-পূৰ্বৰ ফালে বোৱাই নিয়া হৈছে॥
ইয়াৰ পৰা গঙ্গা কনৌজ, ফাৰুকাবাদ আৰু কানপুৰ চহৰৰ ধাৰেৰে এটা অৰ্ধ-বৃত্তাকাৰ পথেৰে পাৰ হৈছে। এই পথেৰেই ৰামগঙ্গা (বাৰ্ষিক জলপ্ৰবাহ গঙ্গাত মিলিছে। এলাহাবাদৰ ত্ৰিবেণী সঙ্গমত যমুনা নদী গঙ্গাত মিলিছে। সঙ্গমস্থলত যমুনাৰ আকাৰ গঙ্গাতকৈয়ো যমুনাই গঙ্গাত পানী বোৱায়, যি উভয় নদীৰ যুগ্মপ্ৰবাহৰ জলধাৰাৰ মুঠ ৫৮.৫%।
ইয়াৰ পৰা গঙ্গা পূৰ্ববাহিনী নদী। যমুনাৰ পাছত গঙ্গাত মিলিছে কাইমুৰ পৰ্বতমালাৰ পৰা উৎপন্ন নদী তমসা (বাৰ্ষিক জলপ্ৰবাহ তাৰপাছত মিলিছে দক্ষিণ হিমালয়ত উৎপন্ন নদী গোমতী (বাৰ্ষিক জলপ্ৰবাহ তাৰপাছত গঙ্গাত মিলিছে গঙ্গাৰ বৃহত্তম উপনদী ঘৰ্ঘৰা (বাৰ্ষিক জলপ্ৰবাহ ঘৰ্ঘৰাৰ পাছত দক্ষিণ ফালৰ পৰা গঙ্গাৰ লগত মিলিছে শোন (বাৰ্ষিক জলপ্ৰবাহ উত্তৰ ফালৰ পৰা মিলিছে গণ্ডকী (বাৰ্ষিক জলপ্ৰবাহ আৰু কোশী (বাৰ্ষিক জলপ্ৰবাহ কোশী ঘৰ্ঘৰা আৰু যমুনাৰ পাছত গঙ্গাৰ তৃতীয় বৃহত্তম উপনদী।
এলাহাবাদৰ পৰা পশ্চিমবঙ্গৰ মালদহ পৰ্যন্ত গঙ্গা বাৰাণসী, পাটনা, গাজীপুৰ, ভাগলপুৰ, মিৰ্জাপুৰ, বালিয়া, বক্সাৰ, চৈয়দপুৰ আৰু চুনাৰ চহৰৰ কাষেদি প্ৰবাহিত হৈছে। ভাগলপুৰত নদী দক্ষিণ-দক্ষিণপূৰ্বৰ ফালে ববলৈ আৰম্ভ কৰিছে। পাকুৰৰ কাষত গঙ্গাৰ ঘৰ্ষণক্ষয় আৰম্ভ হৈছে। এইখিনিৰ পৰাই গঙ্গাৰ প্ৰথম শাখানদী ভাগীৰথী-হুগলিৰ জন্ম, যিখন দক্ষিণবঙ্গত গৈ হৈছে হুগলি নদী। বাংলাদেশ সীমান্ত পাৰ হোৱাৰ কিছু আগত হুগলি নদীত গঢ়ি তোলা হৈছে ফাৰাক্কা বান্ধ। এই বান্ধ আৰু ফিডাৰ খালৰ মাধ্যমেৰে জলপ্ৰবাহ নিয়ন্ত্ৰণ কৰি হুগলি নদীক আপেক্ষিকভাবে পলসমুক্ত ৰখা হয়। ভাগীৰথী আৰু জলঙ্গী নদীৰ সঙ্গমৰ পাছত হুগলি নদীৰ উৎপত্তি। এই নদীৰ বহু উপনদী আছে। তাৰ মাজত আটাইতকৈ ডাঙৰ উপনদীখন হ’ল দামোদৰ নদ (দৈৰ্ঘ্য অববাহিকাৰ আয়তন হুগলি নদী সাগৰ দ্বীপৰ কাষত বঙ্গোপসাগৰত মিলিছে।
বাংলাদেশত যমুনা নদীৰ (ব্ৰহ্মপুত্ৰৰ বৃহত্তম শাখানদী) সঙ্গমস্থল পৰ্যন্ত গঙ্গাৰ মূল শাখাটো পদ্মা নামে পৰিচিত। তাৰো দক্ষিণলৈ গৈ গঙ্গা ব্ৰহ্মপুত্ৰৰ দ্বিতীয় বৃহত্তম শাখানদী মেঘনাৰ লগত মিলি মেঘনা নাম ধাৰণ কৰি শেষপৰ্যন্ত বঙ্গোপসাগৰত পৰিছে।
গঙ্গা-ব্ৰহ্মপুত্ৰ নদীৰ বদ্বীপ বিশ্বৰ বৃহত্তম বদ্বীপ। ইয়াৰ আয়তন প্ৰায় বঙ্গোপসাগৰৰ তীৰ-অনুযায়ী এই বদ্বীপৰ দৈৰ্ঘ্য গঙ্গা, ব্ৰহ্মপুত্ৰ আৰু সুৰমা-মেঘনা নদীৰ মিলিত জলপ্ৰবাহতকৈ একমাত্ৰ আমাজন আৰু কঙ্গো নদীৰ জলপ্ৰবাহৰ পৰিমাণ বেছি। পূৰ্ণ প্লাবনৰ ক্ষেত্ৰত একমাত্ৰ আমাজনেই দুই নদীৰ মাজত বৃহত্তৰ।
ভূতত্ত্ব ভাৰতীয় উপমহাদেশ ইন্দো-অষ্ট্ৰেলীয় ভাগৰ উপৰিভাগত ভাৰতীয় ভাগ নামেৰে এটি সৰু ভাগৰ এক খণ্ডত অৱস্থিত। ইয়াৰ গঠনপ্ৰক্ৰিয়া ৭৫ কোটি বছৰ আগেয়ে দক্ষিণৰ মহামহাদেশ গণ্ডোৱানাৰ উত্তৰমুখে অভিসৰণৰ সময়ত আৰম্ভ গঠন হোৱাৰ প্ৰক্ৰিয়া চলে ৫০ কোটি বছৰ ধৰি। তাৰপাছত উপমহাদেশৰ ভাগটো ইউৰেশীয় ভাগৰ লগত খুন্দা খায়। ইয়াৰ ফলত জন্ম হয় বিশ্বৰ সৰ্বোচ্চ পৰ্বতমালা হিমালয়ৰ। উত্থানশীল হিমালয়ৰ ঠিক দক্ষিণে পূৰ্বতন সমুদ্ৰতলৰ ভাগ সঞ্চাৰণৰ ফলত এক বিৰাট চ্যূতিৰ সৃষ্টি হয়। এই চ্যূতিটোৱে সিন্ধু নদ আৰু তাৰ উপনদীসমূহ আৰু গঙ্গাই কঢ়িয়াই অনা পলসেৰে পৰিপূৰ্ণ হৈ বৰ্তমান সিন্ধু-গাঙ্গেয় সমভূমিৰ জন্ম দিছে। সিন্ধু-গাঙ্গেয় সমভূমি ভূতাত্ত্বিক পৰিভাষাত এক অগ্ৰভূমি অববাহিকা।
জলবিদ্যা গঙ্গা নদীৰ জলবিদ্যা, বিশেষত: গাঙ্গেয় বদ্বীপ অঞ্চলত, যথেষ্ট জটিল। গতিকে নদীৰ দৈৰ্ঘ্য, জলধাৰণ ক্ষমতা আৰু অববাহিকাৰ আকাৰ বিভিন্ন উপায়েৰে জোখ-মাপ কৰা হয়।
নদীৰ 'গঙ্গা' নামটো হিমালয়ত ভাগীৰথী-অলকানন্দাৰ সঙ্গমস্থলৰ পৰা ফাৰাক্কা বান্ধৰ কাষলৈকে বাংলাদেশ-ভাৰত সীমান্তৰ নদীৰ প্ৰথম শাখানদীৰ উৎপত্তিস্থল পৰ্যন্ত ব্যবহৃত হয়। গঙ্গাৰ দৈৰ্ঘ্য সাধাৰণতঃ ধৰা হয় প্ৰায় পৰা অথবা সম্ভবত: এই সকলো ক্ষেত্ৰত নদীৰ উৎস ধৰা হয় গোমুখত গঙ্গোত্ৰী হিমবাহৰ ভাগীৰথী নদীৰ উৎসস্থলটোক আৰু নদীৰ মোহনা ধৰা হয় বঙ্গোপসাগৰত মেঘনাৰ মোহনাটোক। অন্যমতে, গঙ্গাৰ উৎস ধৰা হয় হৰিদ্বাৰত, য’ত গঙ্গাৰ পাৰ্বত্য প্ৰবাহটো গাঙ্গেয় সমভূমিত প্ৰবেশ কৰিছে।
কোনো কোনো ক্ষেত্ৰত মেঘনাৰ সলনি শাখানদী হুগলিৰ দৈৰ্ঘ্যশুদ্ধ গঙ্গাৰ দৈৰ্ঘ্যজোখা হয়। এই দৈৰ্ঘ্য মেঘনাৰ দৈৰ্ঘ্যতকৈ বেছি। ভাগীৰথীক উৎস ধৰি হুগলি-সহ গঙ্গাৰ দৈৰ্ঘ্য জুখিলে, মুঠ দৈৰ্ঘ্য বাঢ়ি গৈ হয়গৈ আৰু হৰিদ্বাৰৰ পৰা হুগলিৰ মোহনা পৰ্যন্ত গঙ্গাৰ উৎস হয়গৈ কোনো কোনোৰ মতে, ভাগীৰথীৰ উৎসৰ পৰা বাংলাদেশ সীমান্ত পৰ্যন্ত গঙ্গাৰ দৈৰ্ঘ্য জোখা হয়; কাৰণ ইয়াৰ পৰাই নদীখনে পদ্মা নাম লৈছে। এই দৈৰ্ঘ্য হ’ল একেই কাৰণতে, নদীৰ অববাহিকাৰ আকাৰ সম্পৰ্কে ভিন্নমত বৰ্তমান। নেপাল, চীন আৰু বাংলাদেশ ৰাষ্ট্ৰ আৰু ভাৰতৰ এঘাৰখন ৰাজ্য (হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীচগড়, বিহাৰ, ঝাৰখণ্ড, পঞ্জাব, হাৰিয়ানা, ৰাজস্থান, পশ্চিমবংগ) আৰু জাতীয় ৰাজধানী অঞ্চল দিল্লী ব্যাপী এই অববাহিকা অবস্থিত। ব্ৰহ্মপুত্ৰ-মেঘনা অববাহিকাৰ বাদে বদ্বীপ-সহ গাঙ্গেয় অববাহিকাৰ আয়তন প্ৰায় ইয়াৰ মাজত ভাৰতত (প্ৰায় ৮০%), নেপালত (১৩%), বাংলাদেশত (৩%) ও (৩%)। গঙ্গা আৰু ব্ৰহ্মপুত্ৰ-মেঘনাৰ যৌথ অববাহিকাৰ সামগ্ৰিক আয়তন প্ৰায় বা গঙ্গা-ব্ৰহ্মপুত্ৰ-মেঘনা (গ-ব্ৰ-মে) অববাহিকা বাংলাদেশ, ভূটান, ভাৰত, নেপাল আৰু চীন ব্যাপী প্ৰসাৰিত।
গঙ্গাৰ জলধাৰণ ক্ষমতা সম্পৰ্কে বিভিন্ন মত প্ৰচলিত আছে। সাধাৰণতে মেঘনাৰ মোহনাৰ কাষত গঙ্গাৰ জলধাৰণ ক্ষমতা জোখা হয়। এই পৰিমাপৰ ফলত গঙ্গা, ব্ৰহ্মপুত্ৰ আৰু মেঘনাৰ মিলিত পানীৰ পৰিমাণ জনা যায়। তিনি নদীৰ বাৰ্ষিক গড় জলধাৰণ ক্ষমতা বা কোনো কোনোৰ মতে, গঙ্গা, ব্ৰহ্মপুত্ৰ আৰু মেঘনাৰ জলধাৰণ ক্ষমতা পৃথক পৃথকভাবে দেখুওৱা হয়। পৃথকভাবে উক্ত তিনি নদীৰ জলধাৰণ ক্ষমতা যথাক্ৰমে ও বাংলাদেশৰ হাৰ্ডিঞ্জ ব্ৰিজৰ কাষত গঙ্গাৰ সৰ্বোচ্চ জলপ্ৰবাহ -ইয়াতকৈয়ো বেছি বুলি নথিবদ্ধ হৈছে। একেই স্থানত সৰ্বনিম্ন জলপ্ৰবাহ আছিল প্ৰায় (১৯৯৭ চনত)।
গঙ্গাৰ জলচক্ৰ দক্ষিণ-পূৰ্ব মৌচুমী বায়ু-ঘটিত বৰ্ষাকালৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। বৰ্ষাৰ ৮৪% শতাংশ বৃষ্টিপাত হয় জুনৰ পৰা চেপ্টেম্বৰ মাহৰ মাজলৈকে। তেনেদৰেই গঙ্গাৰ নিজস্ব জলপ্ৰবাহো ঋতুনিৰ্ভৰ। হাৰ্ডিঞ্জ ব্ৰিজৰ পৰিমাপ অনুযায়ী, শুকান বতৰত আৰু বৰ্ষাকালৰ জলপ্ৰবাহৰ অনুপাত ১:৬। এই ঋতুনিৰ্ভৰ জলপ্ৰবাহ এই অঞ্চলত ভূমি আৰু জলসম্পদ উন্নয়ন সংক্ৰান্ত নানা সমস্যাৰ জন্মদাতা। ইয়াৰ ফলত খৰাং আৰুবান দুয়োটাই হোৱা দেখা যায়। বিশেষকৈ বাংলাদেশত, শুকান বতৰত খৰাং আৰু বৰ্ষাকালত বান এটা প্ৰধান সমস্যা।
গাঙ্গেয় বদ্বীপত অনেক ডাঙৰ নদী আছে। এইবোৰ হয় উপনদী নহয় শাখানদী। এই সকলো নদ নদীয়ে এটা জটিল নদীজালিকাৰ সৃষ্টি কৰিছে। গঙ্গা আৰু ব্ৰহ্মপুত্ৰ এইবোৰৰ মাজত বৃহত্তম নদী। দুই নদীয়েই একাধিক শাখানদীত বিভক্ত হৈছে, আকৌ শাখানদীসমূহো পৰস্পৰে মিলিত হৈছে। তথাপি এই নদীজালিকাসমূহত মাজে মাজে ভৌগোলিক পৰিবৰ্তন দেখা যায়।
দ্বাদশ শতাব্দীৰ আগেয়ে ভাগীৰথী-হুগলি শাখানদীয়েই আছিল গঙ্গাৰ মূল প্ৰবাহ। পদ্মা আছিল এখন সৰু শাখানদী মাত্ৰ। তেতিয়া গঙ্গা বঙ্গোপসাগৰত মিলিত হৈছিল আধুনিক হুগলি নদীৰ পথেৰে নহয়, আদিগঙ্গাৰ মাধ্যমেৰে। দ্বাদশৰ পৰা ষোড়শ শতাব্দীৰ মাজভাগত ভাগীৰথী-হুগলি আৰু পদ্মাৰ আকাৰ প্ৰায় একেই হৈ উঠে। ষোড়শ শতাব্দীৰ পাছত পদ্মাৰ আকাৰ বৃদ্ধি পায় আৰু ই গঙ্গাৰ মূল প্ৰবাহপথত পৰিণত হয়। ধৰা হয়, ভাগীৰথী-হুগলিৰ প্ৰবাহপথটো ক্ৰমে ক্ৰমে পলস পৰি ৰুদ্ধ হৈ যায়। সেই কাৰণেই গঙ্গাৰ মূল প্ৰবাহ পদ্মাৰ পথৰ পৰা আঁতৰি গৈছিল। অষ্টাদশ শতাব্দীৰ শেষৰফালে পদ্মাই গঙ্গাৰ মূল প্ৰবাহপথ হৈ উঠে। গঙ্গাৰ মূল প্ৰবাহপথ পদ্মালৈ আঁতৰি যোৱাৰ ফলত ব্ৰহ্মপুত্ৰ আৰু মেঘনা নদী পৃথকভাবে বঙ্গোপসাগৰত নিমিলি একেলগে মিলিত হয়। গঙ্গা আৰু মেঘনাৰ বৰ্তমান সঙ্গমস্থলটো দেড়শ বছৰৰ আগেয়ে গঠিত হৈছে।
ওঠৰ শতিকাৰ শেষৰফালে নিম্ন ব্ৰহ্মপুত্ৰৰ প্ৰবাহপথতো নাটকীয় পৰিবৰ্তন আহিছিল, যাৰ ফলত গঙ্গাৰ লগত ইয়াৰ সম্পৰ্কই সলনি হৈ যায়। ১৭৮৭ চনৰ বিধ্বংসী বানত তিস্তা নদীৰ প্ৰবাহপথটো ঘূৰি যায়। এই নদী আগেয়ে গঙ্গা-পদ্মাৰ উপনদী আছিল। ১৭৮৭ চনৰ বানৰ পাছত নদীখনে গতিপথ ওলোটাই পূবফালেৰে গৈ ব্ৰহ্মপুত্ৰত পৰে। ফলত ব্ৰহ্মপুত্ৰৰ প্ৰবাহ দক্ষিণলৈ আঁতৰি আহে আৰু এটা নতুন নদীপথৰ সৃষ্টি হয়। ব্ৰহ্মপুত্ৰৰ এই নতুন প্ৰধান গতিপথটোৰ নাম হয় যমুনা নদী। ই দক্ষিণলৈ প্ৰবাহিত হৈ গঙ্গা-পদ্মাত মিলিত হয়। আগেয়ে ব্ৰহ্মপুত্ৰৰ গতি আছিল কিঞ্চিৎ পূৰ্বমুখী। যিটো ময়মনসিংহ চহৰৰ কাষেৰে গৈ প্ৰবাহিত হৈ মেঘনা নদীত মিলিত হয়। বৰ্তমানে এই নদীপথটো এখন সৰু শাখানদী হ'লেও পুৰাতন ব্ৰহ্মপুত্ৰ নামেৰে ব্ৰহ্মপুত্ৰ নামটো বজায় ৰাখিছে। লাঙ্গলবান্ধত পুৰাতন ব্ৰহ্মপুত্ৰ-মেঘনাৰ সঙ্গমস্থল হিন্দুসকলৰ বাবে আজিও পবিত্ৰ। এই সঙ্গমৰ কাষতেই ঐতিহাসিক উয়াড়ি-বটেশ্বৰ অবস্থিত।
ইতিহাস সিন্ধু সভ্যতাৰ অন্তিম হৰপ্পা পৰ্যায়ত (১৯০০-১৩০০ খ্ৰীষ্টপূৰ্বত) হৰপ্পাবাসীসকলে সিন্ধু উপত্যকা এৰি পূবফালে বসতি স্থাপন কৰি গঙ্গা-যমুনা দোয়াব পৰ্যন্ত গুচি আহে। যদিও কোনেও গঙ্গা পাৰ হৈ পূৰ্বতীৰত বসতি স্থাপন নাইকৰা। খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দৰ আৰম্ভণিৰ ফালে হৰপ্পা সভ্যতা ভাঙি যোৱাৰ সময়ৰ পৰা ভাৰতীয় সভ্যতাৰ প্ৰাণকেন্দ্ৰ সিন্ধু উপত্যকাৰ পৰা আঁতৰি আহে গাঙ্গেয় অববাহিকালৈ। গাঙ্গেয় অববাহিকাত অন্তিম হৰপ্পা বসতি আৰু সমাধিক্ষেত্ৰ এইচ পুৰাতাত্ত্বিক সংস্কৃতি, ইন্দো-আৰ্য জাতি আৰু বৈদিক যুগৰ মাজত কোনো সংযোগ থাকিলেও থাকিব পাৰে।
আদি বৈদিক যুগ বা ঋগ্বেদৰ যুগত গঙ্গাই নহয়, সিন্ধু আৰু সৰস্বতী নদীও আছিল পবিত্ৰ নদী। কিন্তু পৰৱৰ্তী তিনি বেদত গঙ্গাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। তাৰপাছত মৌৰ্যৰ পৰা মোগল সাম্ৰাজ্য পৰ্যন্ত অধিকাংশ ভাৰতীয় সভ্যতাৰেই প্ৰাণকেন্দ্ৰ আছিল গাঙ্গেয় সমভূমি।
প্ৰথম যি ইউৰোপীয় পৰ্যটকৰ ৰচনাত গঙ্গাৰ উল্লেখ পোৱা যায়, তেওঁ মেগাস্থেনিচ (৩৫০-২৯০ খ্ৰীষ্টপূৰ্ব)। তেওঁৰ লেখা ইণ্ডিকা কিতাপখনত একাধিকবাৰ গঙ্গাৰ উল্লেখ পোৱা যায়: "ভাৰতত অনেক ডাঙৰ আৰু নৌবহনযোগ্য নদী আছে। এই নদীসমূহ উত্তৰ সীমান্তৰ পাৰ্বত্য অঞ্চলৰ পৰা উৎপন্ন হৈ সমতল অঞ্চল পৰ্যন্ত প্ৰবাহিত। অনেকবোৰ নদী আকৌ পৰস্পৰৰ লগত মিলিত হৈ সম্মিলিত ৰূপত মিলিছে গঙ্গা নদীত। গঙ্গা নদী উৎসৰ কাষত ৩০ ষ্টেডিয়া ওখ। এই নদী উত্তৰ-দক্ষিণলৈ প্ৰবাহিত হৈ গঙ্গাৰিডাত দেশৰ (যি দেশত সকলোতকৈ ডাঙৰ আকাৰৰ হাতীৰ বাহিনী আছে) পূৰ্ব সীমান্তৰ মহাসাগৰত পৰিছে"। (ডিওডোৰাস, দুই। ৩৭)
১৯৫১ চনত ভাৰত ফাৰাক্কা বান্ধ নিৰ্মাণ প্ৰকল্পৰ কথা ঘোষণা কৰাত ভাৰত আৰু পূৰ্ব পাকিস্তানৰ (অধুনা বাংলাদেশ) মাজত গঙ্গাৰ জলবণ্টন লৈ বিবাদ আৰম্ভ হয়। এই বান্ধ নিৰ্মাণৰ প্ৰকৃত উদ্দেশ্য আছিল পানী গঙ্গাৰ পৰা ভাগীৰথী-হুগলি নদীৰ পথেৰে ঘূৰাই দিয়া যাতে কলকাতা বন্দৰৰ নাব্যতা ৰক্ষিত হয়। সেই সময়ত শুকান বতৰত গঙ্গাত মুঠ পানী থাকিছিল ফলত পূৰ্ব পাকিস্তানৰ বাবে কেৱল মাত্ৰ পানীহে অবশিষ্ট থাকে। পূৰ্ব পাকিস্তানে ইয়াত আপত্তি জনোৱাত বিবাদৰ সূত্ৰপাত হয়। ১৯৯৬ চনত এক ৩০ বছৰীয়া চুক্তি সাক্ষৰিত হয়। এই চুক্তিৰ চৰ্তসমূহ জটিল আছিল। তথাপি তাৰ সাৰমৰ্ম আছিল গঙ্গাত যদি -ৰ কম পানী প্ৰবাহিত হয়, তেতিয়া ভাৰত আৰু বাংলাদেশে ৫০% কৰি অৰ্থাৎ পানী প্ৰতি দহ-দিনৰ ব্যৱধানত পাব। কিন্তু পাছৰ বছৰতেই ফাৰাক্কাত জলপ্ৰবাহৰ পৰিমাণৰ ৰেকৰ্ড হ্ৰাস পায়। ফলত চুক্তিৰ চৰ্ত মনা অসম্ভব হৈ পৰে। ১৯৯৭ চনৰ মাৰ্চ মাহত বাংলাদেশত গঙ্গাৰ জলপ্ৰবাহৰ পৰিমাণ আছিল আটাইতকৈ কম পাছৰ বছৰসমূহত অৱশ্যে শুকান বতৰৰ জলপ্ৰবাহ স্বাভাবিক হৈ আহে। কিন্তু সমস্যাৰ মোকাবিলা কিভাবে কৰা যায়, তাক লৈ চিন্তাভাবনা চলি থাকিল। বাংলাদেশত গঙ্গাৰ পানীৰ সুষম বণ্টনৰ বাবে ঢাকাৰ পশ্চিমে পাংশাত আৰু এটা বান্ধ নিৰ্মাণৰ পৰিকল্পনা গৃহীত হৈছে।
ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্ব
পবিত্ৰতা উৎসৰ পৰা মোহনা পৰ্যন্ত সম্পূৰ্ণ গঙ্গা নদীখনেই হিন্দুৰ বাবে পবিত্ৰ। সকলো ঠাইতেই গঙ্গাস্নান হিন্দুসকলৰ বাবে এটি পুণ্যকৰ্ম বুলি বিবেচিত হয়। গঙ্গাৰ পানীত হিন্দুসকলে পূৰ্বপুৰুষৰ তৰ্পণ কৰে। গঙ্গাত ফুল আৰু বন্তি উটুৱায়। এনেকি গঙ্গাস্নান কৰি উঠি ঘৰলৈ ওভতাৰ সময়ত কিছু পৰিমাণে গঙ্গাৰ পানী ঘৰোৱা ধৰ্মানুষ্ঠানত ব্যৱহাৰৰ বাবে তুলি নিয়ে। প্ৰিয়জনৰ মৃত্যু হ'লে মৃতকৰ অস্থি গঙ্গাত বিসৰ্জন দিয়া হয়।
হিন্দু পুৰাণৰ সকলোতেই গঙ্গাজলক পবিত্ৰ বোলা হৈছে। অনেক ঠাইত স্থানীয় নদীসমূহক "গঙ্গাতুল্য" বুলি মান কৰা হয়। যেনে, কাবেৰী নদীক বোলা হয় "দক্ষিণৰ গঙ্গা"। গোদাবৰী নদীক ধৰা হয়, ঋষি গৌতমৰ দ্বাৰা মধ্যভাৰতলৈ আহ্বান কৰা গঙ্গা। হিন্দুসকলৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানতে গঙ্গাক আবাহন কৰা হয়। ধৰা হয়, সকলো পবিত্ৰ পানীতেই গঙ্গা অধিষ্ঠিত। গঙ্গোত্ৰী, হৰিদ্বাৰ, প্ৰয়াগ আৰু বাৰাণসীত গঙ্গাস্নান হিন্দুসকলৰ বাবে বিশেষ পুণ্যকৰ্ম। গঙ্গাৰ প্ৰতীকী আৰু ধৰ্মীয় গুৰুত্ব ভাৰতত সংশয়বাদী্সকলেও স্বীকাৰ কৰে। জৱাহৰলাল নেহেৰু নিজে ধৰ্মবিৰোধী হলেও তেওঁৰ চিতাভষ্মৰ একমুঠি গঙ্গাত বিসৰ্জন দিবলৈ কৈছিল। তেওঁ লিখিছিল, "গঙ্গা ভাৰতৰ নদী। ভাৰতবাসীৰ প্ৰিয়। এই নদীক আগুৰি ৰৈছে কত জাতিৰ কত স্মৃতি, কত আশা আৰু ভীতি, বিজয়ৰ কত গান, কত জয়পৰাজয়। গঙ্গা ভাৰতৰ প্ৰাচীন সংস্কৃতি আৰু সভ্যতাৰ প্ৰতীক। কত পৰিবৰ্তনৰ মাজেদি নিত্য বৈ যায় গঙ্গা। তথাপি গঙ্গা ”গঙ্গা”ই হৈ আছে"।
গঙ্গাবতৰণ প্ৰতি বছৰে জেঠ মাহৰ কৃষ্ণপক্ষৰ দশমী তিথি হিন্দুসকলে "গঙ্গাবতৰণ" বা গঙ্গাৰ মৰ্ত্যলৈ অবতৰণৰ স্মৰণত বিশেষভাবে উদযাপন কৰে। এই দিনটোক "দশহৰা" বোলে। হিন্দুমতে, এই দিনটো গঙ্গাস্নানৰ কাৰণে বিশেষভাবে প্ৰশস্ত। হিন্দুসকলে বিশ্বাস কৰে যে, এই দিনা গঙ্গাস্নান কৰিলে দহবিধ বা দহ জন্মৰ পাপৰ পৰা পৰিত্ৰাণ পোৱা যায়। যিসকলে এই দিনা গঙ্গালৈ আহি স্নান কৰিব নোৱাৰে, তেওঁলোকে তেওঁলোকৰ বাসস্থানৰ নিকটবৰ্তী জলাশয় বা নদীত স্নান কৰে। কাৰণ, হিন্দু বিশ্বাসত এই দিনটোত সকলো জলাশয় বা নদী গঙ্গাতুল্য হয়।
"গঙ্গাবতৰণ" হিন্দুধৰ্মৰ এক প্ৰাচীন উপাখ্যান। এই গল্পৰ নানা পাঠান্তৰ পোৱা যায়। বেদত আছে, স্বৰ্গৰ ৰজা ইন্দ্ৰ বৃত্ৰ নামেৰে এক অসুৰক বধ কৰে। তাৰ তেজ সোমৰসৰ ৰূপত পৃথিবীত বাগৰি পৰে।
বৈষ্ণব মতে, এই গল্পত ইন্দ্ৰৰ পৰিবৰ্তে দেখা যায় তেওঁৰ পূৰ্বৰ সহকাৰী বিষ্ণুক। এই স্বৰ্গীয় তৰলৰ নাম, এই মতে, "বিষ্ণুপদী"। বামন ৰূপেৰে বিষ্ণুৱে তেওঁৰ এক ভৰি ৰাখিছিল স্বৰ্গত। তেওঁৰ নখৰ আঘাতত স্বৰ্গত এটি বিন্ধাৰ সৃষ্টি হয়। এই বিন্ধাৰেই মুক্তি পায় বিষ্ণুপদী। ধ্ৰুব বিষ্ণুপদীক লৈ আনে স্বৰ্গলৈ। আকাশত বিষ্ণুপদীয়ে আকাশগঙ্গা সৃষ্টি কৰি উপস্থিত হৈ চন্দ্ৰত। তাৰপৰা পূবফালে প্ৰবাহিত হৈ তেওঁ গুচি যায় মেৰুপৰ্বতৰ শৃঙ্গে ব্ৰহ্মলোকলৈ। মেৰুপৰ্বতৰ শীৰ্ষত অবস্থিত ব্ৰহ্মাৰ আসনৰ পদুমসমূহৰ পৰাই পৃথিবীৰ মহাদেশসমূহৰ সৃষ্টি হয়। ইয়াৰ পৰাই বিষ্ণুপদীয়ে অলকানন্দাৰ ৰূপ ধৰি এই মহাদেশত অৱতীৰ্ণ হয় আৰু ভাৰতবৰ্ষত গঙ্গা নামেৰে প্ৰৱেশ কৰে।
তথাপিও "গঙ্গাবতৰণ"-সংক্ৰান্তত অধিকাংশ গল্পত যি হিন্দু দেবতাৰ উপস্থিতি চকুত পৰে, তেওঁ হ’ল শিৱ। ৰামায়ণ, মহাভাৰত আৰু একাধিক পুৰাণত কপিল মুনিৰ গল্পটো পোৱা যায়। এই গল্প অনুযায়ী, কপিল মুনিৰ তপস্যা ভঙ্গ কৰিছিল ৰজা সগৰৰ সাতহাজাৰ পুত্ৰই। তপস্যাভঙ্গত ক্ৰুদ্ধ কপিল মুনিয়ে তেওঁলোকক এক দৃষ্টিনিক্ষেপতেই ভষ্ম কৰি দিয়ে। তাৰপাছত সেই ভষ্ম নিক্ষেপ কৰে পাতাললোকলৈ। সগৰ ৰজাৰ এক উত্তৰপুৰুষ ভগীৰথ তেওঁৰ পূৰ্বপুৰুষসকলৰ আত্মাৰ সদগতিৰ বাবে উদ্বিগ্ন হৈ গঙ্গাক মৰ্ত্যলৈ নমাই অনাৰ বাবে তপস্যা কৰে। কাৰণ, তেওঁ জানিছিল যে, একমাত্ৰ গঙ্গাৰ জলতহে তেওঁৰ পূৰ্বপুৰুষৰ আত্মাই মুক্তি পাব। কিন্তু পৃথিবীত গঙ্গাৰ গতি বেগ ধাৰণ কৰাত একমাত্ৰ সক্ষম শিৱ। ভগীৰথে শিৱক তুষ্ট কৰি অবতৰণকালে গঙ্গাক নিজেৰ জটাত ধাৰণ কৰিবৰ কাৰণে ৰাজি কৰায়। কৈলাস পৰ্বতত শিৱই নিজৰন জটাত গঙ্গাক ধাৰণ কৰে। তাৰপৰা গঙ্গা নামি আহে হিমালয়লৈ। হিমালয়ৰ পৰা হৰিদ্বাৰ হৈ গঙ্গা আহে সমতললৈ। তাৰপাছাত তেওঁ ভগীৰথ প্ৰদৰ্শিত পথেৰে বৈ যায়। প্ৰথমে প্ৰয়াগত যমুনা নদীৰ লগত তেওঁৰ মিলন ঘটিল। তাৰপাছত বাৰাণসীলৈ আহে। সৰ্বশেষত গঙ্গাসাগৰত আহি গঙ্গা সাগৰত মিলিত হয়। তাৰ পৰা পাতাললোকলৈ গুচি যায়। সগৰ ৰজাৰ পুত্ৰসকলে নিস্তাৰ পায়। গঙ্গাবতৰণত ৰজা ভগীৰথৰ ভূমিকাৰ কথা স্মৰণ কৰিয়েই গঙ্গাৰ ওপৰত নামকৰণ হয় ভাগীৰথী।
মৃতকৰ সদগতি গঙ্গা যিহেতু স্বৰ্গৰ পৰা মৰ্ত্যলৈ নামি আহিছিল, গতিকে গঙ্গাক মৰ্ত্যৰ পৰা স্বৰ্গলৈ উত্তৰণৰ এটি মাধ্যম বুলি ধৰা হয়। হিন্দু বিশ্বাস অনুযায়ী, স্বৰ্গ, মৰ্ত্য আৰু পাতাল এই তিনি লোকত প্ৰবাহিত বুলিয়েই গঙ্গাৰ নাম ত্ৰিলোকপথগামিনী। আকৌ, জীবিত অথবা মৃত সকলো জীৱৰেই যাত্ৰাপথত অবস্থিত বুলি, ইয়াৰ অন্য নাম তীৰ্থ। এই কাৰণে হিন্দুসকলৰ শ্ৰাদ্ধ অনুষ্ঠানত গঙ্গাবতৰণ উপাখ্যানটি পাঠ কৰা হয় আৰু মৃতকৰ অন্ত্যেষ্টি আৰু পৰলৌকিক ক্ৰিয়াত গঙ্গাজল ব্যবহৃত হয়। গঙ্গাৰ সকলো স্তোত্ৰতেই গঙ্গাতীৰত হোৱা মৃত্যুক গৌৰবান্বিত কৰা হৈছে। বুলি: >মা! তুমি জগৎচন্দ্ৰহাৰ! স্বৰ্গগামী ধ্বজা! ইচ্ছা কৰোঁ, তোমাৰ তীৰত দেহত্যাগ কৰিবলৈ, তোমাৰ জল পান কৰি, যেন চকু মুদি, তোমাৰ নাম স্মৰণ কৰি, নিজকে সমৰ্পণ কৰি মুক্তি অনেক হিন্দুৱে বাৰাণসীৰ শ্মশানঘাটত শেষ নিঃশ্বাস ত্যাগ কৰিব বিচাৰে। তেওঁলোকে ধৰি লয়, বাৰাণসীৰ গঙ্গাতীৰত শেষ নিঃশ্বাস ত্যাগ কৰিলে তেওঁলোকে সত্ত্বৰে মুক্তিলাভ কৰিব। অন্যত্ৰ মৃত্যু হলে, মৃতকৰ পৰিয়ালবৰ্গই মৃতকৰ দেহাৱশেষ গঙ্গাত নিক্ষেপ কৰে। যদি তাকো সম্ভব নহয়, তেতিয়াহ’লে মৃতকৰ কোনো আত্মীয়ই আহিন মাহত পিতৃপক্ষত গঙ্গাতীৰলৈ আহি মৃতকৰ বিশেষ শ্ৰাদ্ধানুষ্ঠান কৰে।
লগতে চাওক ভাৰতৰ নদনদীৰ তালিকা
জাতীয় জলপথ ১ (ভাৰত)
তথ্যসূত্ৰ
তথ্য সংগ্ৰহ
আৰু পঢ়ক
বাহ্যিক সংযোগ 1909
ভাৰতৰ নদী
ভাৰতৰ ৰাষ্ট্ৰীয় |
73907 | https://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A6%BE | বামা | ফাউষ্টিনা মেৰী ফাতিমা ৰাণী (জন্ম: ১৯৫৮) জনপ্ৰিয় ভাবে বামা আৰু বামা ফাউষ্টিনা চুছাইৰাজ এগৰাকী তামিল দলিত নাৰীবাদী, শিক্ষয়ত্ৰী আৰু ঔপন্যাসিক। তেওঁ তেওঁৰ আত্মজীৱনীমূলক উপন্যাস 'কাৰুক্কু'ৰ (১৯৯২) জৰিয়তে বিশেষভাৱে বিখ্যাত। ইয়াত তেওঁ তামিলনাডুত দলিত খ্ৰীষ্টান মহিলাসকলে অনুভৱ কৰা আনন্দ আৰু দুখৰ ইতিহাস বৰ্ণনা কৰিছে। পৰৱৰ্তী সময়ত তেওঁ 'সংগতি' (১৯৯৪) আৰু 'ভানমাম' (২০০২) নামৰ দুখন চুটি গল্পৰ সংকলনৰ সৈতে আৰু দুখন উপন্যাস 'কুচুম্বুক্কৰণ' (১৯৯৬) আৰু অৰু টাটভম 'এৰুমাইয়ুম' (২০০৩) ৰচনা কৰিছিল। ইয়াৰ উপৰিও তেওঁ বিশটা চুটি গল্প লিখিছে।
প্ৰাৰম্ভিক জীৱন
১৯৫৮ চনত মাদ্ৰাজ ৰাজ্যৰ পুথুপট্টিৰ পৰায়াৰ সম্প্ৰদায়ৰ এক ৰোমান কেথলিক পৰিয়ালত ফাউষ্টিনা মেৰী ফাতিমা ৰাণীৰ জন্ম হৈছিল। পিছত তেওঁ 'বামা' ছদ্মনামেৰে লিখা মেলা কৰে। তেওঁৰ দেউতাক চুছাইৰাজ ভাৰতীয় সেনাত নিযুক্ত আছিল আৰু তেওঁৰ মাতৃৰ নাম চেবাষ্টিয়াম্মা। তেওঁ বিখ্যাত দলিত লেখক ৰাজ গৌথামানৰ ভগ্নী। বামাৰ ককাদেউতাই হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। বামাৰ পূৰ্বপুৰুষসকল দলিত সম্প্ৰদায়ৰ আছিল আৰু কৃষি শ্ৰমিক হিচাপে কাম কৰিছিল। বামাই তেওঁৰ গাঁৱত প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক সাহিত্যিক প্ৰভাৱৰ ভিতৰত আছে জয়কান্তন, অখিলন, মণি আৰু পাৰ্থসাৰথিৰ দৰে তামিল লেখক। কলেজত তেওঁ কাহলিল গিব্ৰান আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ লেখনি পঢ়িছিল আৰু উপভোগ কৰিছিল। স্নাতক পৰ্যায়ত তেওঁ অতি দৰিদ্ৰ ছোৱালীৰ বাবে স্কুল শিক্ষক হৈছিল যাৰ পিছত তেওঁ সাত বছৰ সন্ন্যাসিনী হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ জাতি-ভিত্তিক বৈষম্যৰ পৰা পৰিত্ৰাণ পাবলৈ পৱিত্ৰ আদেশ গ্ৰহণ কৰিবলৈ আৰু দৰিদ্ৰ দলিত ছোৱালীৰ উন্নতিত সহায় কৰাৰ লক্ষ্যক আগবঢ়াই নিয়াৰ সিদ্ধান্ত লৈছিল।
সাহিত্যিক জীৱন
সন্ন্যাসিনী হিচাপে যোগদান কৰাৰ পিছত বামাই গম পালে যে দলিত কেথলিকসকলৰ বাবে এটা পৃথক প্ৰশিক্ষণ কেন্দ্ৰ আছে। দলিত কেথলিক প্ৰশিক্ষণ কেন্দ্ৰৰ দুৰ্বল পৰিস্থিতিৰ বাবে ক্ষুব্ধ হৈ তেওঁ সাত বছৰৰ পিছত সন্ন্যাসিনী ত্যাগ কৰে। তেওঁ পঢ়া সমাপ্ত আৰু কেথলিক খ্ৰীষ্টান বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰিছিল। শিক্ষাদানৰ অভিজ্ঞতাৰ সময়ত তেওঁ জানিব পাৰিছিল যে কেথলিক সন্ন্যাসীসকলে দলিত শিশু আৰু শিক্ষকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। ইয়াৰ ফলত কনভেণ্টৰ প্ৰতি তেওঁ ঘৃণা ভাৱ জাগৃত কৰে। তাৰ পিছলৈ তেওঁ লিখিবলৈ আৰম্ভ কৰিছিল। এগৰাকী বন্ধুৰ উৎসাহেৰে তেওঁ নিজৰ শৈশৱৰ অভিজ্ঞতাৰ ওপৰত লিখিছিল। এই অভিজ্ঞতাবোৰে ১৯৯২ চনত প্ৰকাশিত তেওঁৰ প্ৰথম উপন্যাস 'কাৰুক্কু'ৰ আধাৰ গঠন কৰিছিল। বামাই উপন্যাসখন তামিল ভাষাৰ এক উপভাষাত লিখিছিল আৰু এয়া তেওঁৰ সম্প্ৰদায়ৰ বাবে অনন্য আছিল। তেওঁ কৈছিল যে উচ্চ বৰ্ণৰ সদস্যসকলৰ পৰা তেওঁৰ এই ভাষা বাছনি সন্দৰ্ভত সমালোচনাৰ সন্মুখীন হৈছিল। তেতিয়াই তেওঁ পৰৱৰ্তী সময়ত সকলো উপন্যাসত একেটা উপভাষা ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল। উপন্যাসখন প্ৰকাশ হোৱাৰ সময়ত বামাক দুৰ্বল পোহৰত চিত্ৰিত কৰাৰ বাবে তেওঁৰ গাঁৱৰ পৰা বহিষ্কাৰ কৰা হৈছিল আৰু পৰৱৰ্তী সাত মাহৰ বাবে গাঁৱত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। অৱশ্যে 'কাৰুক্কু' সমালোচকৰ দ্বাৰা প্ৰশংসিত হয় আৰু ২০০০ চনত ক্ৰছৱৰ্ড বুক বঁটা লাভ কৰে। ইয়াৰ পিছত ই বিভিন্ন বিশ্ববিদ্যালয়ত প্ৰান্তিক সাহিত্য, অনুবাদত সাহিত্য, আত্মজীৱনী, নাৰীবাদী সাহিত্য, সুবল্টাৰ্ণ সাহিত্য আৰু দলিত সাহিত্যৰ দৰে বিভিন্ন পাঠ্যক্ৰমত পাঠ্যপুথি হিচাপে পৰিণত হৈছে। বামাই 'সংগতি' আৰু 'কুচুম্বুক্কৰণ'ৰ উপন্যাসত ইয়াক অনুসৰণ কৰিছিল। বামাই ঋণ লাভ কৰিছিল আৰু উট্টিৰামেৰুৰত দলিত শিশুসকলৰ বাবে এখন বিদ্যালয় স্থাপন কৰিছিল। বামাৰ 'কাৰুক্কু' ইংৰাজীলৈ অনুবাদ কৰা হৈছে আৰু 'কুচুম্বুক্কৰণ' আৰু 'সংগতি' ফৰাচীলৈ অনুবাদ কৰা হৈছে। দলিত লেখক আৰু কৰ্মী জুপাকা সুভদ্ৰাই 'সংগতি' তেলেগুলৈও অনুবাদ কৰিছে। বামাই শেহতীয়াকৈ চিংগল বাই চইচত এটা প্ৰবন্ধ প্ৰকাশ কৰিছে: সুখেৰে অবিবাহিত মহিলা! যি হৈছে ভাৰতৰ অবিবাহিত মহিলাসকলৰ দ্বাৰা তেওঁলোকৰ অবিবাহিতত্ত্বৰ বিষয়ে প্ৰকাশ কৰা ১৩টা প্ৰবন্ধৰ সংকলন। তেওঁৰ ৰচনাখনত নিজকে ভাৰতত এগৰাকী অকলশৰীয়া পেছাদাৰী দলিত মহিলা হোৱাৰ পচন্দৰ বিষয়ে কয়। যদিও তেওঁ এজন পুৰুষক বিয়া কৰা আৰু এগৰাকী ছোৱালী সন্তান জন্ম দিয়াৰ সপোনদেখি ডাঙৰ হৈছিল, তেওঁ লাহে লাহে এগৰাকী অবিবাহিত মহিলা হোৱাটো বাছি লৈছিল কিয়নো তাইৰ মতে "বিবাহ আৰু পৰিয়ালৰ প্ৰতিষ্ঠান আৰু গাঁথনি আজিৰ দৰে, একেবাৰে মহিলা-অনুকূল নহয়।" তেওঁ লগতে কয়, "মই নিজৰ হিচাপে থাকি ভাল পাইছিলোঁ; মই কাৰো বাবে মোৰ আত্মা, মোৰ সত্তা, মোৰ স্বাধীনতা আৰু পৰিচয় হেৰুৱাব নিবিচাৰিছিলোঁ।" কিন্তু তেওঁৰ জীৱনৰ পছন্দবোৰ নিজৰ প্ৰত্যাহ্বানৰ অবিহনে আছিল। তেওঁ অবিবাহিত হিচাপে থাকিবলৈ বাছনি কৰাৰ বাবে অপমান আৰু সন্দেহৰ অভিজ্ঞতা বিষয়েও তেওঁ উল্লেখ কৰে।
বিষয়বস্তু
বামাৰ উপন্যাসসমূহে জাতি আৰু লিংগ বৈষম্যৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ লিখনিৰ জৰিয়তে খ্ৰীষ্টান আৰু হিন্দু ধৰ্মত প্ৰচলিত জাতি-বৈষম্যৰ চিত্ৰায়ন কৰে। বামাৰ ৰচনাত দলিত নাৰীবাদক মূৰ্ত কৰা হিচাপে দেখা যায় আৰু চাবলটাৰ্ণ মহিলাগৰাকীৰ অভ্যন্তৰীণ শক্তি উদযাপন কৰাৰ বাবে বিখ্যাত। এক সাক্ষাৎকাৰত বামাই কৈছে যে তেওঁ লিখিবলৈ আৰম্ভ কৰাৰ মূল কাৰণ হ'ল তেওঁ তেওঁৰ সম্প্ৰদায়ৰ লোকসকলৰ অভিজ্ঞতা ভাগ বতৰা কৰাটো তেওঁৰ কৰ্তব্য আৰু দায়িত্ব বুলি বিবেচনা কৰে। তেওঁৰ বাবে, "লিখাটো এক ৰাজনৈতিক কাৰ্য্য", আৰু এক "অস্ত্ৰ" যাক তেওঁ নিৰন্তৰভাৱে অমানৱীয় জাতি প্ৰথাৰ বিৰুদ্ধে যুঁজিবলৈ ব্যৱহাৰ কৰে।
প্ৰকাশিত গ্ৰন্থৰাজি
'কাৰুক্কু' (১৯৯২; পোষ্টস্ক্ৰিপ্টৰ সৈতে দ্বিতীয় সম্পাদনা, ২০১২)
'সংগতি' (১৯৯৪)
'কুচুম্বুক্কৰণ' (১৯৯৬)
'ভানমাম' (২০০২)
'অৰু টাট্টাভুম এৰুমাইয়ুম' (২০০৩)
মালিনী শেষাদ্ৰিৰ দ্বাৰা অনুবাদ কৰা জাষ্ট ৱান ৱৰ্ড (২০১৮)
উৎস
সত্যনাৰায়ণ, কে আৰু থাৰু, চুচি (২০১১) কোনো বৰ্ণমালা দৃষ্টিগোচৰ নহয়: দক্ষিণ এছিয়াৰ পৰা নতুন দলিত লিখনি, ডচিয়েৰ ১: তামিল আৰু মালায়ালম, নতুন দিল্লী: পেংগুইন বুকচ। ক্লাৰিণ্ডা ষ্টিল (২০১৪) দলিত মহিলা: দক্ষিণ ভাৰতত সন্মান আৰু পিতৃতান্ত্ৰিকতা তথ্য উৎস
বাহ্যিক সংযোগ
বামাৰ সাক্ষাৎকাৰ, মিউজ ইণ্ডিয়া
ভাৰতৰ ব্যক্তি
জীৱিত ব্যক্তি
ভাৰতীয় সাহিত্যিক
|
53045 | https://as.wikipedia.org/wiki/%E0%A6%97%E0%A7%8B%E0%A6%B2%E0%A6%BE%E0%A6%87%20%E0%A6%9B%E0%A6%BF%E0%A7%B0%E0%A6%BF%E0%A6%9C | গোলাই ছিৰিজ | গোলাই ছিৰিজ হ'ল কুমুদেশ্বৰ বৰঠাকুৰৰ দ্বাৰা ৰচিত প্ৰায় সত্তৰখন ডিটেকটিভ উপন্যাসৰ এটি ছিৰিজ। এই উপন্যাসসমূহৰ মূল নায়ক হ'ল গোলাই চোৰ। বৰঠাকুৰদেৱে বিচিত্ৰ বিষয়ৰ সাহিত্য ৰচনাত হাত দিছিল। কবিতা, উপন্যাস, জীৱনী, নাটক, অনুবাদ আদি বিভিন্ন বিষয়ৰ সাহিত্য তেওঁৰ ৰচনাত পোৱা যায়। কিন্তু তেওঁ প্ৰখ্যাত হৈ পৰে ৰহস্য কাহিনী ৰচনাৰ মাজেদিহে। প্ৰধানকৈ অৰ্থাভাৱতহে তেওঁ ৰহস্য উপন্যাসত হাত দিছিল বুলি উল্লেখ কৰি গৈছে। অৱশ্যে পৰৱৰ্তী কালত কিছুমান সমালোচকে এই কাহিনীসমূহক উপন্যাস বুলি উল্লেখ কৰিছিল যদিও বৰঠাকুৰদেৱে নিজে ক'তো উপন্যাস বুলি অভিহিত কৰা পোৱা নাই, তেওঁ কথা, কাহিনী বা ছিৰিজ বুলিহে উল্লেখ কৰিছিল। প্ৰায় ৭০খন এনে উপন্যাস তেওঁ ৰচনা কৰি গৈছে। যদিও তেওঁ এইবোৰ 'গোলাই ছিৰিজ', 'অসমীয়া মৌলিক ডিটেকটিভ কাহিনী', 'অসমীয়া সামাজিক ডিটেকটিভ কাহিনী', 'অসমীয়া মৌলিক দেশসেৱা ডিটেকটিভ কথা' আৰু 'ৰহস্য কথাৱলী': এই পাঁচ ভাগত ভাগ কৰি গৈছে, সকলোৰে মূল নায়ক গোলাই চোৰ। গোলাইৰ লগৰীয়া হ'ল ফাকিদাস, নিংনা, বৃহস্পতীয়া, হৰনাথ আৰু গহীন। গোলাইৰ বিপৰীতে আছে ৰহস্যান্বেষী জগত দাৰোগা, তেওঁৰ সহযোগী গজ আৰু কুকুৰ জেলী। ১৯৪৫ চনমানৰপৰা প্ৰকাশ পোৱা এই ছিৰিজত গোলাইৰ দেশপ্ৰেম, সাহস, বুদ্ধি আদি ফুটাই তোলাৰ বিপৰীতে জগত দাৰোগাৰ কৰ্তব্যপৰায়ণতা ফুটি উঠিছে।
চৰিত্ৰসমূহ গোলাই চোৰৰ দলটো
গোলাই চোৰ
ফাকিদাস
নিংনা
বৃহস্পতীয়া
হৰনাথ
গহীন
পুলিছৰ দলটো
জগত দাৰোগা
গজ
জেলী নামৰ কুকুৰ এটা
গোলাই ছিৰিজৰ পুথিসমূহ প্ৰিয়ে: গোলাই ছিৰিজৰ ১নং পুথি, প্ৰকাশ ১৯৫০ চন, মূল্য আঠ অনা। "প্ৰিয়ে"ৰ লগত গোলাই ছিৰিজৰ আন দুখন পুথি "পুতুমাইৰ বিয়া" আৰু "ৰূপহী" লগ লগালেহে কাহিনীটো সম্পূৰ্ণ হয়। ইয়াত আন্তৰ্জাতিক চোৰাং হীৰাৰ ব্যৱসায় আৰু গাৰো পাহাৰৰ কয়লা উলিয়াবলৈ অসমীয়া কোম্পানীৰ উদ্যম দেখুওৱা হৈছে। পুথি কেইখনত গোলাই আৰু জগত দাৰোগাৰ দলৰ সংঘৰ্ষৰ ৰোমাঞ্চকৰ বৰ্ণনা দিয়া হৈছে।
পুতুমাইৰ বিয়া: গোলাই ছিৰিজৰ ৩নং পুথি, প্ৰকাশ ১৯৫০ চন, মূল্য আঠ অনা।
ৰূপহী: গোলাই ছিৰিজৰ ৫নং পুথি, প্ৰকাশ ১৯৫০ চন, মূল্য আঠ অনা।
কেৰপাই: গোলাই ছিৰিজৰ ৮নং পুথি, প্ৰকাশ ৫০৫ শংকৰাব্দ, মূল্য আঠ অনা। ইয়াত গোলায়ে সুদূৰ লণ্ডনলৈ গৈ নিজৰ অদমনীয় সাহসেৰে কাৰ্য্যসিদ্ধি কৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছে।
এটম বোমা: অসমীয়া মৌলিক ডিটেকটিভ কাহিনীৰ পুথি, প্ৰকাশ ১৯৪৫ চন, মূল্য এটকা দুঅনা। ইয়াত অসমৰ ভিতৰতে এখন মুক্তিস্থান নিৰ্মাণৰ অৰ্থে গোলায়ে এজন অসমীয়া বিজ্ঞানীৰ জৰিয়তে এটম বোমা নিৰ্মাণৰ প্ৰস্তুতিৰ বৰ্ণনা আছে। অৱশ্যে জগত দাৰোগাই সেই প্ৰচেষ্টা বিফল কৰে।
ইনজেকছন: অসমীয়া মৌলিক ডিটেকটিভ কাহিনীৰ পুথি, মূল্য আঠ অনা। ইয়াত চৰিত্ৰহীন ত্যাজ্যপুত্ৰ জ্যোতিষে পিতৃৰ মৃত্যুৰ পাছত ভায়েক ভৱতোষৰ ওচৰলৈ আহিল আৰু অকস্মাৎ ভৱতোষৰ মৃত্যু হ'ল। অগাধ সম্পত্তিৰ গৰাকী জ্যোতিষে গোলাইৰ লগ লাগি হত্যাৰ পাছত হত্যা কৰি যায় আৰু শেষত জগত দাৰোগাৰ হাতত ধৰা পৰে।
হত্যাকাণ্ড: অসমীয়া মৌলিক ডিটেকটিভ কাহিনীৰ পুথি, প্ৰকাশ আনুমানিক ১৯৪৭ চন। ইয়াত অসমত এসময়ত প্ৰচলিত চোৰাং কানিৰ এজন ব্যৱসায়ীৰ কাৰ্য্যকলাপ দাঙি ধৰা হৈছে। ইয়াত জগত দাৰোগাই কানিৰ ব্যৱসায়িক আটক কৰিবলৈ চেষ্টা চলায় আৰু গোলাই চৰ্দাৰ দাৰোগাৰ প্ৰতিদ্বন্দ্বীৰূপে আবিৰ্ভাৱ হয়।
ভাকৌ: অসমীয়া সামাজিক ডিটেকটিভ কাহিনীৰ ১নং পুথি, প্ৰকাশ ১৯৪৫ চন, মূল্য পাঁচ অনা। ইয়াত দ্বিতীয় মহাসমৰৰ সময়ত অসমত আৰম্ভ হোৱা সামাজিক ভাঙোন, অসমীয়াক ঠগি বিদেশীৰ সুবিধা ভোগ, গাভৰু ছোৱালীৰ মৰ্য্যাদা হানিৰ প্ৰচেষ্টা আৰু ইয়াত কিছুমান অসমীয়াৰ সহযোগ দেখুওৱা হৈছে। দুষ্কৃতিকাৰীসকলক গোলায়ে শাস্তি দিয়ে।
লাওচা: অসমীয়া সামাজিক ডিটেকটিভ কাহিনীৰ ২নং পুথি, প্ৰকাশ ১৯৪৫ চন, মূল্য পাঁচ অনা। ইয়াত অনাথ লাওচাক গোলায়ে আমেৰিকাত শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিয়ে। এইখনতো জগত দাৰোগাৰ লগত গোলাইৰ সংঘৰ্ষৰ উপৰিও ফাকিয়াল জনজাতিসকলৰ বাপুচাঙৰ শিক্ষা ব্যৱস্থাৰ বৰ্ণনা আছে।
ব্লেক মাৰ্কেট: অসমীয়া সামাজিক ডিটেকটিভ কাহিনীৰ ৩নং পুথি, প্ৰকাশ ১৯৪৫ চন, মূল্য পাঁচ অনা। ইয়াত দ্বিতীয় মহাসমৰত অত্যাৱশ্যকীয় বয়বস্তুৰ মূল্যবৃদ্ধি, দুৰ্নীতিপৰায়ণ বিষয়াৰ কাৰ্য্যকলাপ, চোৰাং কাৰবাৰ আৰু এইবোৰ নিৰ্মূল কৰিবলৈ গোলাই আৰু জগত দাৰোগাই নিজাকৈ কেনেদৰে কি কৰিছিল তাৰ বৰ্ণনা আছে। লগতে গোলাইৰ বৈজ্ঞানিক জ্ঞানৰো বৰ্ণনা আছে।
সাগৰতলি: মৌলিক দেশসেৱা ডিটেকটিভ কথাৰ পুথি, মূল্য তিনি অনা। ইয়াত সাগৰৰ তলিখনৰ ৰহস্যময় জগতখনৰ আকৰ্ষণীয় বৰ্ণনা পোৱা যায়। ইয়াত গোলায়ে বেহা-বেপাৰৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ অসমীয়াসকলক সকলো প্ৰকাৰে সহায় কৰিছে।
খুনী কোন: ৰহস্য কথাৱলীৰ ১নং পুথি, প্ৰকাশ আনুমানিক ১৯৪৮ চন, মূল্য এটকা। ইয়াত গোলাই চৰ্দাৰ দুৰ্বলৰ সহায়ৰ বাবে আগবাঢ়ি আহে। গোলায়ে সংগীকেইজনক কয় "আমাৰ বাবে এয়েই দেশসেৱা। বক্তৃতা দি, জেললৈ গৈহে কেৱল দেশসেৱা কৰিব পাৰিনে? আমি পাপৰ ধনৰ ওপৰত শনাহি হৈ পৰোঁ। মাইকা: ছিৰিজ চিনাক্ত নোহোৱা এই পুথিখনৰ বিষয়বস্তু হ'ল জয়ন্তীয়া পাহাৰৰ বালিচন্দাৰ চোৰাং কাৰ্য্যকলাপ আৰু হত্যাকাণ্ড। ভাৰতৰ কোনো খনিতে অসমীয়াৰ স্বত্ব নাই। এই খনিত কাম কৰি লাভৰ টকাৰে অসমত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ গোলায়ে প্ৰচেষ্টা চলায় আৰু তাত বাধা দিয়া বাবে প্ৰফেছৰ নিয়োগীক গুলিয়াই হত্যা কৰে। হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ গৈ জগত দাৰোগাই খনিৰ কামত বাধা দিয়ে আৰু গোলাই আঁতৰি যায়।
কোদোৰ বাহ: ছিৰিজ চিনাক্ত নোহোৱা এইখন পুথি বঙালী আৰু ইংৰাজী শিশু পুথি ক্ৰমে হেমেন্দ্ৰকুমাৰ ৰায়ৰ আবাৰ যখেৰ ধন" আৰু ছাৰ এইচ. ৰাইডাৰ হেগাৰ্ডৰ "কিং চ'লমনছ মাইন"ৰ আৰ্হিত ৰচনা কৰা হৈছে। ইয়াত গোলাইৰ দলে আফ্ৰিকাৰ গুপ্তধনৰ সন্ধানত আফ্ৰিকামুখী জাহাজত গৈ থাকে। জগত দাৰোগাৰ দলেও একে পথেৰেই গুপ্তধনৰ সন্ধানত যায়। আফ্ৰিকাৰ গভীৰ অৰণ্যৰ মাজত দুঃসাহসিক ভ্ৰমণৰ বৰ্ণনাই পাঠকসকলক পুথিখনৰ প্ৰতি আকৰ্ষিত কৰি তোলে। ইয়াৰ চৰিত্ৰসমূহৰ কথোপকথনৰ মাজেদি আমাৰ সমাজত প্ৰচলিত নিয়ম, দুৰ্নীতি আদি দাঙি ধৰা হৈছে।
তেজপিয়া: ছিৰিজ চিনাক্ত নোহোৱা এইখন পুথিৰ বিষয়ে বিশেষ জানিব পৰা হোৱা নাই যদিও খুব সম্ভৱ এইখন গোলাই ছিৰিজৰ পুথি।
পাটমাদৈ: ছিৰিজ চিনাক্ত নোহোৱা এইখন পুথিৰ বিষয়ে বিশেষ জানিব পৰা হোৱা নাই যদিও খুব সম্ভৱ এইখন গোলাই ছিৰিজৰ পুথি।
দাৰোগা আৰু দাৰোগা বা দুই দাৰোগা: ছিৰিজ চিনাক্ত নোহোৱা এইখন পুথিৰ বিষয়ে বিশেষ জানিব পৰা হোৱা নাই। মাত্ৰ বন্দীতা ফুকনৰ প্ৰবন্ধতহে ইয়াৰ উল্লেখ পোৱা গৈছে। খুব সম্ভৱ এইখন গোলাই ছিৰিজৰ প্ৰথম পুথি।
প্ৰসংগ
কুমুদেশ্বৰ বৰঠাকুৰ ৰচনা সংগ্ৰহ (১ম খণ্ড), সম্পাদক: যতীন্দ্ৰ নাথ গোস্বামী, কুমুদ বুকছ, যোৰহাট, ১৯৯৭
প্ৰথম অসমীয়া ৰহস্য লেখক কুমুদেশ্বৰ বৰঠাকুৰ, বন্দীতা ফুকন, "সাতসৰী", ৯ম বছৰ ৭ম সংখ্যা, ফেব্ৰুৱাৰী ২০১৪
অসমীয়া ৰহস্য সাহিত্য:এটা উপেক্ষিত বিষয়, জয়ন্ত কুমাৰ শৰ্মা, "প্ৰান্তিক", ১৪শ বছৰ ৬ষ্ঠ সংখ্যা, ১৬-২৮ ফেব্ৰুৱাৰী ১৯৯৫
প্ৰিয়ে (গোলাই ছিৰিজৰ ১নং পুথি), কুমুদেশ্বৰ বৰঠাকুৰ, প্ৰকাশক: কমল চন্দ্ৰ বড়া, পুথিঘৰ, নগাঁও, প্ৰথম প্ৰকাশ: ১৫ নৱেম্বৰ, ১৯৫০
এটম বোমা (অসমীয়া মৌলিক ডিটেকটিভ ছিৰিজৰ পুথি), কে, বৰঠাকুৰ (কুমুদেশ্বৰ বৰঠাকুৰ), প্ৰকাশক: বি, আৰ, কলিতা এণ্ড কোং, তেজপুৰ
ইনজেকছন (অসমীয়া মৌলিক ডিটেকটিভ ছিৰিজৰ পুথি), কে, বৰঠাকুৰ, "বিস্ময়", ২৪শ বছৰ ৯ম সংখ্যা, ছেপ্টেম্বৰ ১৯৯২
অসমীয়া গ্ৰন্থ
গ্ৰন্থ |
21647 | https://as.wikipedia.org/wiki/%E0%A6%95%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE%20%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A6%A3 | কালিকা পুৰাণ | কালিকা পুৰাণ (আনুমানিক ১০ম শতিকা) এখন হিন্দু ধাৰ্মিক গ্ৰন্থ। ইয়াক ১৮ খন উপপুৰাণৰ এখন বুলি গণ্য কৰা হয়। পুৰণি কাব্যখনত ৯৮টা পঠত ৯০০০টা পৰিচ্ছেদ আছে। কালী দেৱীৰ বিভিন্ন ৰূপ যেনে "গিৰিজা", "দেৱী", "ভদ্ৰকালী", "মহামায়া" আদিৰ স্তুতি কৰা এইখন একমাত্ৰ কাব্যশৃঙ্খল। এই গ্ৰন্থত কামৰূপ ৰাজ্যৰ পৰ্বত-পাহাৰৰ বৰ্ণনাৰ উপৰিও "কামাখ্যা" বা "কামাখ্যী" দেৱীৰ মন্দিৰৰ উল্লেখ আছে। ইয়াত কামাখ্যা দেৱীৰ মাহাত্ম্য প্ৰকাশ কৰাৰ লগতে পূজা-পাতলৰ নিয়মাৱলী সন্নিৱিষ্ট হৈছে। সেইবাবে এই গ্ৰন্থক হিন্দু ধৰ্মৰ "শাক্তপন্থী"সকলৰ দ্বাৰা ৰচিত বুলি অনুমান কৰা হয়। খুব সম্ভৱ কামৰূপ ৰাজ্যত (এতিয়াৰ অসম) ইয়াক ৰচনা কৰা হৈছিল। বিশেষকৈ শক্তি পূজাৰ ক্ষেত্ৰত কালিকা পুৰাণক কৰ্তৃত্বশীল গ্ৰন্থ বুলি পিছৰ কালৰ "নিবন্ধ" ("স্মৃতি"ৰ সংকলন) লেখকসকলে ব্যক্ত কৰিছে। এই উপপুৰাণখনত উল্লেখিত তথ্যৰ পৰা ইতিহাসৰ ঘটনাৱলী জানিব পাৰি। "হিন্দু" শব্দটো উল্লেখ কৰা প্ৰাচীন আপুৰুগীয়া হিন্দু গ্ৰন্থৰ ভিতৰত এইখন অন্যতম।
বিষয়
গ্ৰন্থখনৰ আৰম্ভণিতে দেৱীয়ে শিৱক পুনৰ প্ৰেমত পেলাই তপস্বী জীৱনৰ পৰা গৃহস্থৰ জীৱনলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰা কিংবদন্তিবোৰ লিখা হৈছে। লুডো ৰ'চাৰৰ মতে, ব্ৰহ্ম, শিৱ আৰু বিষ্ণু কেনেকৈ "এক আৰু একে" আৰু সকলো দেৱী কিদৰে (সতী, পাৰ্বতী, মেনকা, কালি আদি) একে নাৰী শক্তিৰ প্ৰকাশ-সেয়া মাৰ্কেণ্ডয়ত বৰ্ণনা কৰা হৈছে। ইয়াত কামাখ্যা বা কামাক্ষী দেৱীক মহিমামণ্ডিত কৰা হৈছে আৰু তেওঁৰ পূজাৰ বাবে প্ৰয়োজনীয় আচাৰ-ব্যৱহাৰৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। ইয়াত কামৰূপ তীৰ্থৰ নদী আৰু পৰ্বতৰ বিশদ বৰ্ণনা কৰা হৈছে আৰু ব্ৰহ্মপুত্ৰ নদী আৰু কামাখ্যা মন্দিৰৰ কথাও উল্লেখ কৰা হৈছে।
ৰুধিৰাধ্যায়া
গ্ৰন্থখনৰ ৬৭ৰ পৰা ৭৮ অধ্যায়লৈকে ৰুধিৰাধ্যায় গঠিত হৈছে, য'ত বলি (পশু বলি) আৰু বামাচৰ তন্ত্ৰ ধৰ্মৰ বিষয়ে আলোচনা কৰা হৈছে। ৰুধিৰাধ্যায় খণ্ডটো মানৱ বলিৰ অস্বাভাৱিক আলোচনাৰ বাবে উল্লেখযোগ্য। গ্ৰন্থখনত কোৱা হৈছে যে দেৱীক সন্তুষ্ট কৰিবলৈ মানৱ বলি দিব পাৰি, কিন্তু যুদ্ধ বা আগতীয়া বিপদৰ ক্ষেত্ৰত ৰাজকুমাৰৰ সন্মতি সাপেক্ষেহে। গ্ৰন্থখনত আৰু কোৱা হৈছে, যি ব্যক্তি শাৰীৰিকভাৱে অক্ষম, ব্ৰাহ্মণৰ সৈতে সম্পৰ্কিত, বা যজ্ঞৰ জৰিয়তে "মৰিবলৈ ইচ্ছুক নহয়" তেওঁ এই অনুষ্ঠানৰ বাবে অযোগ্য। গ্ৰন্থখনত যুদ্ধৰ পূৰ্বে শত্ৰুৰ বিকল্প বালি বা চাউলৰ মিশ্ৰণৰ সৈতে জড়িত আচাৰ-ব্যৱহাৰৰ বৰ্ণনা কৰা হৈছে যদিও প্ৰকৃততে বলিদান কেনেকৈ কৰা হৈছিল সেই বিষয়ে বৰ্ণনা কৰা হোৱা নাই।
ইতিহাস
এই গ্ৰন্থখন হিন্দু ধৰ্মৰ দেৱীমুখী শাক্ত শাখাৰ। সম্ভৱতঃ ইয়াৰ ৰচনা মধ্যযুগীয় কামৰূপত (বৰ্তমান অসম) বা তাৰ ওচৰে-পাজৰে। শক্তি পূজাৰ সম্পৰ্কে নিবন্ধ সাহিত্যিকসকলৰ ই এক পলমকৈ লিখা গ্ৰন্থ বুলি হাজৰাই কয়।ইয়াৰ উপৰি ই অন্যতম বিৰল হিন্দু গ্ৰন্থ য'ত প্ৰকৃততে "হিন্দু" শব্দটোৰ উল্লেখ আছে।
সময়
হাজৰাৰ মতে বৰ্তমানৰ গ্ৰন্থখনতকৈ পুৰণি এখন গ্ৰন্থ আছিল আৰু সেই গ্ৰন্থখনৰ উৎপত্তি বংগ আছিল। কিন্তু এই কথা শাস্ত্ৰীয়ে অস্বীকাৰ কৰে। তেওঁ দাবী কৰে যে হাজৰাই পূৰ্বৰ গ্ৰন্থৰ বাবে প্ৰদান কৰা প্ৰমাণসমূহ অন্য উপায়েৰে ব্যাখ্যা কৰিব পাৰি,পুৰণি গ্ৰন্থৰ আমন্ত্ৰণ নকৰাকৈ। শাস্ত্ৰীৰ মতে স্থানীয় বৰ্ণনা; কামৰূপৰ সকলো বংশই নিজৰ বংশ আহৰণ কৰা নৰকৰ কল্পকথাৰ বৰ্ণনা; ব্ৰহ্মপুত্ৰ নদীৰ কল্পকথাৰ বৰ্ণনা; আৰু গ্ৰন্থখনত কামৰূপ আনকি বাৰাণসীতকৈও পবিত্ৰ আছিল বুলি কৰা দাবীটোৱে এই গ্ৰন্থখন কামৰূপত ৰচিত হোৱাৰ কথা সূচায়।
কালিদাস আৰু মাঘৰ উল্লেখৰ পৰা অনুমান কৰিব পাৰি যে, ই আদিম পুৰাণৰ ভিতৰত অন্যতম নহয়। কামৰূপ অঞ্চলৰ ৰত্ন পাল (৯২০-৯৬০)ৰ সৈতে জড়িত স্থান আৰু পৰিঘটনাৰ উল্লেখে এই গ্ৰন্থখন দশম শতিকাৰ পিছৰ স্থানত ৰাখিছে। ম্লেচ্ছ জনসংখ্যাৰ বাবে গ্ৰন্থখনত দিয়া ব্যাখ্যা আৰু হৰজাৰৱৰ্মনৰ (৮১৫-৮৩২) হ্যুনথাল তামৰ প্লেটৰ শিলালিপিত সমান্তৰাল ব্যাখ্যাৰ ইংগিতে গ্ৰন্থখনক তেওঁৰ ৰাজত্বকালৰ ওচৰৰ বুলি ইংগিত দিয়ে। ৰ’চাৰৰ মতে কামৰূপৰ ৰজা ধৰ্মপালৰ উল্লেখৰ ফলত কালিকা পুৰাণ একাদশ বা দ্বাদশ শতিকাৰ গ্ৰন্থ বুলি প্ৰস্তাৱ কৰা হৈছে। কিন্তু গ্ৰন্থখনৰ বিভিন্ন অংশ আনুমানিক শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত বুলি কোৱা হৈছে।
ছপা সংস্কৰণ
এই গ্ৰন্থখনৰ আটাইতকৈ প্ৰাচীন ছপা সংস্কৰণ ১৮২৯ চনত বম্বেৰ ভেংকটেশ্বৰ প্ৰেছত (১৯০৭ খ্ৰীষ্টাব্দ) প্ৰকাশ পাইছিল। তাৰ পিছত ১৩১৬ চনত বংগব্দত (১৯০৯ খ্ৰীষ্টাব্দ) কলিকতাৰ ভাঙাবাছী প্ৰেছত প্ৰকাশ পাইছিল।
তথ্যসূত্ৰ
বহিঃ সংযোগ
18 ভাৰতীয় সাহিত্য
হিন্দু ধৰ্ম |
84222 | https://as.wikipedia.org/wiki/%E0%A6%B8%E0%A7%81%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%B0%E0%A7%80%E0%A6%A6%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%20%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A7%B0 | সুন্দৰীদিয়া সত্ৰ | সুন্দৰীদিয়া সত্ৰ অসমৰ মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্মৰ চাৰি সংহতিৰ ভিতৰৰ নিকা সংহতিৰ এক সত্ৰ৷ শংকৰদেৱৰ প্ৰিয় শিষ্য মাধবদেৱে ১৫৭০ চনত এই সত্ৰ স্থাপন কৰিছিল৷ বৰপেটা সত্ৰৰ উত্তৰ পূব কোণত প্ৰায় ৩ কিলোমিটাৰ দূৰত বৰপেটা ভবানীপুৰ পথত এই সুন্দৰীদিয়া সত্ৰ অৱস্থিত আৰু ইয়াতে মাধবদেৱে ১৪ বছৰ ছমাহ কাল বাস কৰি নানা পদ-পুথি ৰচনা কৰিছিল৷
নামৰ ইতিবৃত্ত
সুন্দৰীদিয়া সত্ৰৰ নাম সম্পৰ্কে একাধিক জনশ্ৰুতি আছে৷ চৰিত পুথিমতে, এবাৰ শংকৰদেৱে মাধবদেৱ আৰু আন ভকতসকলৰ সৈতে নাৱেৰে ভটিয়াই যাওঁতে সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটি বালিচৰ দেখি নাও ৰখাবলৈ কৈ স্থানীয় লোকৰ পৰা ঠাইখনৰ নাম জানিবলৈ খোজাত ক’লে, “কহিলন্ত ইটো গ্ৰাম সুন্দৰী বোলয়’’৷ শংকৰদেৱে সুন্দৰী নাম কিয় হ’ল জানিব খোজাত ক’লে, “নৰকাসুৰে কন্যা নিলে ষোড়শ হাজাৰ৷ দশ পঞ্চ গ্ৰামে এক সুন্দৰী নপাইল৷ এহি গ্ৰাম মধ্যে দুই জনী কন্যা পাইলা৷ এহি হেতু ইটো গ্ৰাম সুন্দৰী বোলয়’’৷ গুৰু চৰিত কথা মতে, নৰকৰ সৈতে যুদ্ধ কৰিবলৈ যাওঁতে সত্যভামা সহিতে কৃষ্ণ তাতে কিছুসময় জিৰাইছিল৷ নৰকক বধ কৰি ওভোতাই অনা ষোল্ল হাজাৰ কন্যাৰ তিনিগৰাকীয়ে বাট হেৰুৱাই তাতে ৰ’ল৷ তেওঁলোকৰ পৰাই অসংখ্য সুন্দৰীৰ জন্ম হ’ল৷ (কৃষ্ণদেএ সত্যভামা সমে নৰকৰ যুদ্ধলৈ যাঞতে জিৰাইছিল তম্ভি খানেক ধূলা পৈল নৰক মূৰ বধি ষোল্ল হাজাৰ কন্যা দ্বাৰকালৈ পঠাঞতে ভাৰি পলাই বাট হৰাই ৰল তিনিজনা তাৰে অংশে চাতে অনেক সুন্দৰী স্ত্ৰী হ’ল)৷ এনেকৈয়ে ঠাইখনৰ নাম সুন্দৰী হ’ল৷ কামৰূপী ভাষাত চাপৰিক “দিয়া’’ বোলে৷ সুন্দৰ দিয়া অৰ্থাৎ সুন্দৰ চাপৰিৰ পৰাই সুন্দৰীদিয়া নামটো হ’ল বুলি কোৱা হয়৷ কথিত আছে এই ঠাইৰ পানী, মাটি, বালি সকলো সুন্দৰ আছিল৷ সুন্দৰীদিয়া নামৰ চাৰি অৰ্থ; “জল সুন্দৰ, থল সুন্দৰ, বালি সুন্দৰ আৰু সুন্দৰী স্ত্ৰী’’ এই অৰ্থে গ্ৰামখনৰ নাম সুন্দৰী বা সুন্দৰীদিয়া হ’ল৷
সত্ৰ স্থাপন
শংকৰদেৱে নাৱেৰে ভটিয়াই আহোঁতে পোৱা সুন্দৰ বলিচৰৰ বিষয়ে জানিব পাৰি মাধৱদেৱক “বোলন্ত শংকৰে থাকিবাৰ নয়৷ সুন্দৰীসকলে বশ্য কৰে পুৰুষক৷ নাযাবা বুলিয়া বাধিলন্ত মাধৱক’’ বুলি তাত নৰৈ নাওঁ চলাই আঁতৰি গৈছিল যদিও পিছত শংকৰদেৱৰ মৃত্যু হোৱাত গুৰুপত্নী কালিন্দ্ৰী আইৰ কথামতে মাধবদেৱে সুন্দৰীদিয়াত সত্ৰ স্থাপন কৰে৷ শংকৰদেৱৰ মৃত্যুৰ পিছত পাটবাউসীত গুৰুপত্নী কালিন্দ্ৰী আই আৰু গণককুছিত মাধবদেৱ আছিল৷ গণককুছিৰ পৰা মাধবদেৱে পাটবাউসীলৈ গৈ নিতৌ গুৰুপত্নীৰ খা-খবৰ লৈ থকাত দুই-এক চকুচৰহাই কুৎসা ৰটনা কৰিবলৈ প্ৰয়াস কৰাত মাধবদেৱে মনত দুখ পাই সেই ঠাই ত্যাগ কৰিবলৈ মানস কৰে৷ তেতিয়া কালিন্দ্ৰী আয়ে মাধবদেৱক সুন্দৰীত থাকিবলৈ পৰামৰ্শ দিয়ে যদিও গুৰুবাক্য লঙ্ঘন কৰিবলৈ ইচ্ছা নকৰি ক’লে, “সুন্দৰীলৈ গ’লে মোৰ গুৰুবাক্য নৰয়’’; তেতিয়া কালিন্দ্ৰী আয়ে ক’লে, “বাপু, মোৰ গোঁসাইকে আমাকে কেনে ৰূপে লৈছা’’? তেতিয়া মাধবদেৱে গুৰুপত্নীক “গুৰুৰ অৰ্ধ শৰীৰ বুলি মানি সেৱা কৰিছোঁ’’ বোলাত আয়ে মাধবদেৱক “তেনেহলে মোৰ গোসাএ বাধিছে তাৰাৰ বাক্য শিৰত লৈ আমি বাধিচো তুমি সুন্দৰীতে থাকাগৈ এ গোসাএহে যিহক লাগি বাধি গৈচে সি কোটি সুন্দৰীয়েও তোমাক দেখি চাৰখাৰ হব’’৷ ইয়াৰ পিছত মাধবদেৱে ১৫৭০ খৃষ্টাব্দত(১৪৯২ শক) সুন্দৰীদিয়াত সত্ৰ স্থাপন কৰে৷ সুন্দৰীদিয়াত থকা মাধবদেৱৰ ভগ্নী উৰ্বশীৰ ঘৰত কিছুদিন থাকি পিছত সেই ঠাইৰ চহকী ব্যক্তি খীৰা মৰলে দান দিয়া মাটিত মাধবদেৱে ঘৰ সাজি থাকিবলৈ লয়৷ মাধবদেৱ থাকিবলৈ লোৱা ঘৰটো “আদি ভিঠি’’ নামে আজিও পৰিচিত৷ শংকৰদেৱৰ মৃত্যুৰ পিছত মাধবদেৱে একক প্ৰচেষ্টাৰে স্থাপন কৰা সত্ৰসমূহৰ ভিতৰত সুন্দৰীদিয়াই প্ৰথম সত্ৰ৷
বিৱৰণ
১৫৭০ চনতে স্থাপিত সুন্দৰীদিয়া সত্ৰ বৰপেটা সত্ৰৰ উত্তৰ-পূব কোণত বৰপেটা-ভবানীপুৰ পথত বৰপেটা সত্ৰৰ পৰা প্ৰায় তিনিকিলোমিটাৰ দূৰৈত অৱস্থিত৷ গোটেই সত্ৰখন পূবহাটী, পশ্চিমহাটী, উত্তৰ হাটী, দক্ষিণ হাটী, কলয়া হাটী আৰু আই গোঁসানীৰ ভকতৰ হাটী নামে ছয়খন হাটীত বিভক্ত৷ প্ৰত্যেক হাটীৰ নিৰ্বাচিত সদস্যৰ দ্বাৰা সত্ৰ পৰিচালনা সমিতি গঠন কৰা হয়৷ এই সমিতিত বংশানুক্ৰমিক হোৱা সত্ৰাধিকাৰ বা মেধি সভাপতি আৰু সমিতিয়ে গণতান্ত্ৰিক পৰম্পৰাৰে সত্ৰৰ উন্নয়নমূলক কাম সম্পন্ন কৰে৷
আদি ভিঠি
সুন্দৰীদিয়ালৈ আহি মাধবদৱেে পোনতে বৈনায়েক ৰামদাসৰ ঘৰত থাকিবলৈ লয় যদিও পিছত খীৰা মৰল নামৰে ব্যক্তিৰ পুত্ৰ মাধব মৰলে দান কৰা মাটিত গৃহ সাজি থাকিবলৈ লয়৷ এই গৃহকে বৰ্তমান ’আদি ভিঠি’ নামে জনা যায়৷ ইয়াতেই মাধবদেৱে ভক্তি ৰত্নাৱলী গ্ৰন্থখন অনুবাদ কৰে৷ এই আদি ভিঠিৰ পৰাই মাধবদেৱে ভক্তিপ্ৰাণ মহিলাসকলক “আইসকল’’ বুলি সম্বোধন কৰিছিল আৰু তেতিয়াৰ পৰাই মহাপুৰুষীয়া সত্ৰসমূহত মহিলাসকলক ’আইসকল’ বোলা পৰম্পৰাত পৰিণত হয়৷
কীৰ্তনঘৰ
আদি ভিঠিৰ পৰা ধৰ্মচৰ্চা কৰি থকা মাধবদেৱে পিছলৈ ভক্তৰ সংখ্যা বৃদ্ধি পোৱাত আহলবহল ঠাইৰ সন্ধান কৰাত খীৰা মৰলৰ পুত্ৰ মাধব মৰলে নিজৰ আস্তাবলটোকে নামঘৰ সাজিবলৈ দান দিয়ে৷ এই মাটিতেই পোনতে খেৰ-বাঁহেৰে সজা কীৰ্তনঘৰটো বৰ্তমান পকী কৰা হয়৷ মণিকূট বা ভাঁজঘৰকে ধৰি কীৰ্তনঘৰটোৰ দৈৰ্ঘ ১২০ হাত আৰু বহল ৪২ হাত৷ ইয়াৰ চালিখন টিনপাতৰ আৰু তিনিখন চালিৰে ত্ৰিভূজাকাৰ ৰূপত নিৰ্মিত৷ কীৰ্তনঘৰটিৰ ভিতৰলৈ সোমাবলৈ উত্তৰ আৰু পশ্চিম দিশে দুখন দুৱাৰ আৰু ভাঁজঘৰত সোমাবলৈ এখন দুৱাৰ আছে৷
মঠ
স্বৰ্গদেৱ প্ৰমত্তসিংহৰ দিনত শিৱদৌলৰ আৰ্হিত কৰ্দৈশিৰীয়াকৈ সত্ৰৰ মঠটি ১৭৭১ শক (১৮৪৯ চন)ত নিৰ্মাণ কৰা হয়৷ মঠটোৰ চাৰিওফালে বাৰটাদৰিকণা মঠ আছে, যিকেইটা বাৰজন বৈষ্ণৱৰ প্ৰতীক বুলি গণ্য কৰা হয়৷ মঠৰ সম্মুখৰ “বুলনি ঘৰ’’ৰ বাহিৰৰ বেৰতো বাৰজন বৈষ্ণৱৰ প্ৰতিমূৰ্তি আছে৷ বুলনি ঘৰৰ সম্মুখৰ বেৰৰ শীৰ্ষৰ ফালে বিষ্ণুমূৰ্তি আৰু দুয়োকাষে জয়-বিজয়ৰ মূৰ্তি আছে৷ মঠটোৰ ঘেৰ ৬৬ হাত৷ বুলনি ঘৰটো ১৪×৮ বৰ্গ হাত, মূধচ ৭ হাত ওখ৷ মঠৰ গাটো থিয়কৈ চাৰিটা অংসত বিভক্ত: পাদ বা অধিষ্ঠান, জংঘা বা কঁকাল বা শৰীৰ বা বেৰ, কান্ধ বা গণ্ডী, শিখৰ বা মস্তক৷ আদিতে নিৰ্মিত মঠটি ১৮৯৭ চনত প্ৰাকৃতিক কাৰণত প্ৰায় ১০ ফুটমান মাটিল তলত সোমাই যায় আৰু বেৰৰ মূৰ্তিসমূহৰ কিছু অংশহে দৃশ্যমান হৈ আছে৷
গুৰু আসন
আদিতে সুন্দৰীদিয়া সত্ৰত গুৰু আসন এখন আছিল যদিও পৰৱৰ্তীকালত গুৰু আসন তিনিখন হয়৷ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা কীৰ্তনঘৰত এখনেই গুৰু আসন আছিল আৰু তাৰ সম্মুখতে শৰণ দিয়াৰ ব্যৱস্থা আছিল৷ গুৰু আসনখন কাঠেৰে নিৰ্মিত আৰু ইয়াত সপ্ত বৈকুণ্ঠৰ প্ৰতীক কল্পনাৰে সাতটা বেদী আছে৷ শীৰ্ষৰ পৰা তললৈ বেদীসমূহ ক্ৰমান্বয়ে বহল৷ প্ৰতিটো বেদীৰ মূৰৰ অংশত কাছ, হাতী, সিংহ আৰু গৰুড়ৰ মূৰ্তি আছে৷ গুৰু আসনত সাঁচীপতীয়া কীৰ্তন ঘোষা, জন্ম ৰহস্য আৰু নামমালিকা পুথি দুখন আছে৷ সেৱক ভকতসকলে এই তিনি গুৰু আসনত শংকৰদেৱ, মাধবদেৱ আৰু পদ্ম আতা বা বদুলা আতাৰ বুলি মান্যতা দি আহিছে৷ সুন্দৰৰীদিয়া সত্ৰৰ বন্তি পূবমুৱাকৈ জ্বলোৱা হয়৷
ভাঁজ ঘৰ
শংকৰদেৱ গুৰুজনাৰ সৃষ্টি ভাঁজ ঘৰ অসমৰ প্ৰায় সকলো সত্ৰৰ কীৰ্তনঘৰতে আছে৷ সুন্দৰীদিয়া সত্ৰৰো কীৰ্তনঘৰৰ অগ্ৰভাগত বা মূধত দীঘলীয়া ভাঁজঘৰ বা মণিকূট গৃহ অৱস্থিত৷ টিনৰ চালিৰে ধেনুভিৰীয়াকৈ এই ভাঁজ ঘৰ সজা হয়৷ ভাঁজ থাকে বাবেই ই ভাঁজ ঘৰ৷ ইয়াৰ ভিতৰত প্ৰৱেশ কৰিবলৈ এখনি দুৱাৰ থাকে৷ সুন্দৰীদিয়া সত্ৰৰ ভাঁজঘৰত কোচ ৰজা ৰঘুদেৱে দিয়া শিলৰ কৃষ্ণমূৰ্তি আৰু তৰুণ দুৱৰা ফুকনে দিয়া শিলৰ ৰাধা-কৃষ্ণৰ মূৰ্তি সংৰক্ষণ কৰা আছে৷ এই ভাঁজ ঘৰৰ ভিতৰত এটি পাটনাদ আছে৷ এই পাটনাদৰ পানীৰেই গোঁসাই ধুওৱা আৰু মাহ-প্ৰসাদ ধোৱা কাম কৰা হয়৷
দৌল গৃহ
সত্ৰ স্থাপত্য কলাৰ আন এক প্ৰধান অংগ হৈছে দৌলগৃহ৷ সুন্দৰীদিয়া সত্ৰতো দৌলগৃহ আছে৷ বৰ্তমান ইয়াক ন-কৈ সজাই-পৰাই লোৱা হৈছে৷ সপ্ত বৈকুণ্ঠৰ কল্পনাৰে সাতটা বেদীৰ ওপৰত দৌল নিৰ্মাণ কৰা হৈছে৷ এই দৌলৰ চাৰিওফালে চাৰিখন দুৱাৰ আছে৷ ইয়াৰ ভিতৰত বংশীগোপালৰ চৌদোলা দুটা খুঁটিৰ ওপৰত ওলোমাই ৰখা হৈছে৷ খুঁটিৰ ওপৰত বিপৰীত মুৱাকৈ দুটা মগৰ আছে৷ দৌল উৎসৱৰ সময়ত সত্ৰাধিকাৰ আৰু ভকতসকলে চৌদোলাত বংশীগপালৰ মূৰ্তি প্ৰতিষ্ঠা কৰে৷
জগমোহন ঘৰ
দৌলগৃহৰ সম্মুখত যোগমোহন গৃহ বা ঘৰ, যাক সভাঘৰ বুলিও জনা যায়৷ ইয়াত দৌলৰ দিনা বংশীগোপালৰ অধিবাস কৰাৰ লগতে নাম-কীৰ্তন কৰা হয়৷ এই সভাগৃহতে আন সময়ত নাট-ভাওনা আৰু সভা-সমিতি অনুষ্ঠিত কৰা হয়৷
আই গোঁসানীৰ ভিঠি
সুন্দৰীদিয়া সত্ৰৰ কীৰ্তনঘৰৰ কাষতে শংকৰদেৱৰ ভাৰ্যা আই কালিন্দ্ৰী গোঁসানীৰ গৃহ যাক আই গোঁসানীৰ ভিঠি বুলি জনা যায়৷ শংকৰদেৱৰ মৃত্যুৰ পিছত কিছুদিন পাটবাউসীতে থকা কালিন্দ্ৰী আইৰ তত্ত্বাৱধান লোৱাত অসুবিধা হোৱা দেখি মাধবদেৱ আৰু আন ভকতসকলে আই গোঁসানীক সুন্দৰীদিয়া সত্ৰলৈ আনি থাপে৷ ইয়াতে প্ৰায় সাত কুৰি বছৰ বয়সত আই গোঁসানীৰ মৃত্যু হয়৷ আই গোঁসানীৰ গৃহটি মাধব মৰলৰ দিনৰ পৰাই তেওঁলোকৰ বংশধৰসকলে চোৱা-চিতা কৰি আহিছে আৰু ১৯৮০ চনত এই গৃহটি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হয়৷ ইয়াতে আই গোঁসানীৰ পাঁজিকটা পীৰা, চালপীৰাত খুঁটা, সোণৰ কেৰু আদি সংৰক্ষিত হৈ আছে৷
পাটকুঁৱা
সত্ৰৰ কীৰ্তনঘৰৰ দক্ষিণ দিশত ভবানীপুৰীয়া গোপাল আতা আৰু মাধবদেৱে খন্দা পাতকুঁৱাটো এতিয়াও সংৰক্ষিত কৰি ৰখা হৈছে৷ ভকতসকলে এই কুঁৱাৰ পানী পৱিত্ৰ জ্ঞান কৰি মূৰত লয়৷
কেৱলীয়া ভকতৰ বাহা
মাধবদেৱৰ সময়ত আতৈসকলৰ নামেৰে তেওঁলোক থকা গৃহসমূক বাহা বোলা হৈছিল৷ যেনে: শ্ৰীৰাম আতাৰ বাহা, কৃষ্ণ আতৈৰ বাহা, যদুমণি আতৈৰ বাহা, হৰিকৃষ্ণ আতাৰ বাহা আদি৷ পৰৱৰ্তীকালত কেৱল কেৱলীয়া বা উদাসীন ভকতসকলৰ বাবে “বাহা’’ৰ ব্যৱস্থা কৰা হৈছিল৷ সুন্দৰীদিয়া সত্ৰত উদাসীন ভকতৰ বাবে পাঁচখন বাহাৰ ব্যৱস্থা কৰা হৈছিল৷ এইবোৰক নামাকৰণ কৰা হৈছিল; দক্ষিণৰ বাহা, পূবৰ বাহা, বৰ বাহা, মাজৰ বাহা আৰু পশ্চিমৰ বাহা৷ প্ৰত্যেক বাহাতে দুজন ভকত থকাৰ ব্যৱস্থা আছিল৷ এজন গুৰু আনজন আলধৰা৷ গুৰুৰ মৃত্যু হ’লে আলধৰাই গুৰু হৈছিল আৰু নতুন আলধৰা নিযুক্ত হৈছিল৷ এই ভকতৰ বাহাসমূহ গীত, পদ, নাচ, নাট, ভটিমা, ঘোষা চৰ্চ্চাৰ কেন্দ্ৰবিন্দু হৈ থকাৰ উপৰি শৰণ ভজন দিয়াৰ কাম হৈছিল৷ আজিও বুঢ়াভকতে শৰণ ভজন দিয়া, চৰিত তোলা আদি কাম এই কেৱলীয়া ভকতৰ বাহাতেই সম্পন্ন কৰে৷
সত্ৰৰ সম্পদ
১৬৬০ শকত স্বৰ্গদেৱ শিৱ সিংহই তামৰ ফলিত লিখি সুন্দৰীদিয়া সত্ৰক ২০ পুৰা মাটি দান কৰে৷ বৰ্তমান এই সত্ৰত ১০৩ বিঘা নিস্পিখেৰাজ মাটি আছে৷ কীৰ্তনঘৰ, মঠ, দৌলগৃহকে আদি কৰি বিভিন্ন গৃহৰ উপৰি সত্ৰৰ ভাঁজঘৰত মাধবদেৱে নিজহাতে লিখা নামঘোষা, ভক্তি-ৰত্নাৱলী, শংকৰদেৱৰ আদি দশম, অষ্টম স্কন্ধ ভাগৱতকে ধৰি প্ৰায় ৭৫খন সাঁচিপতীয়া পুথি সংৰক্ষিত হৈ আছে৷ ইয়াৰে কিছুমান বিজ্ঞানসন্মতভাৱে সংৰক্ষণ নকৰাৰ ফলত নষ্ট হ’বলৈ ধৰা দেখা গৈছে৷ তদুপৰি পতলৰ গুৰু আসন, বৰচৰিয়া, বৰঠগী, পদশিলা, সহস্ৰগছা, কণ্ঠহাৰ, বংশীগোপালৰ মূৰ্তি আদি সম্পদ সংৰক্ষিত হৈ আছে৷
পুথিভঁৰাল
মাধবদেৱৰ দিনতেই সুন্দৰীদিয়া সত্ৰত গ্ৰাম্য পুথিভঁৰালৰ ধাৰণাই গা কৰি উঠিছিল৷ মাধবদেৱৰ দিনৰ পৰাই দুজনা গুৰু আৰু আন আন আতা-আতৈসৱৰ ৰচিত বহু আপুৰুগীয়া সাঁচিপাতত লিখা পুথি সত্ৰত সংৰক্ষিত হৈ আছে৷মাধবদেৱে সত্ৰত বিভিন্ন পুথি-পাঁজিসমূহ ভকতসকলৰ সৈতে নিতৌ চৰ্চা কৰাৰ ব্যৱস্থা কৰিছিল৷ কালিন্দ্ৰী আই পাটবাউসীৰ পৰা সুন্দৰীদিয়ালৈ আহোঁতে শংকৰদেৱে লিখা পুথি-পাঁজিসমূহৰ বহুখিনি লৈ আহিছিল আৰু ৰামচৰণ ঠাকুৰদেৱে সেইবোৰ সংৰক্ষণ কৰি ৰাখিছিল৷ মাধবদেৱৰ দিনৰ পৰাই সত্ৰত পুৰুষানুক্ৰমে পুথি সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ পৰম্পৰা চলি আছে৷ ১৯১৪ চনত সত্ৰৰ কীৰ্তনঘৰৰ চৌহদত “মাধবদেৱ পুথিভঁৰাল’’ স্থাপন কৰা হয়৷ শতবৰ্ষ অতিক্ৰম কৰা এই পুথিভঁৰাল এতিয়াও চলি আছে৷ “মাধবদেৱ পুথিভঁৰাল’’ প্ৰতিষ্ঠাৰ বছৰতে পদ্মনাথ বৰুৱাৰ উদ্যোগত হাতে লিখা আলোচনী “সাধক’’ প্ৰকাশ কৰা হৈছিল৷
যোগাযোগ
সুন্দৰীদিয়া সত্ৰলৈ যাতায়াতৰ বাবে কেৱল পথ পৰিবহনৰ ব্যৱস্থা আছে৷ বৰপেটা চহৰৰ পৰা কয়াকুছি-ভবানীপুৰলৈ যোৱা পথেৰে দুই কিলোমিটাৰ আগুৱাই গ’লেই সত্ৰ পোৱা যায়৷ সেইদৰে কয়াকুছি-ভবানীপুৰৰ পৰাও বিভিন্ন যাত্ৰীবাহী বাহনত উঠি সুন্দৰীদিয়া সত্ৰ পাব পাৰি৷ পথটি বিভিন্ন যান-বাহনৰ যাতায়াতৰ বাবে সুগম৷
তথ্য সূত্ৰ
সত্ৰ
অসমৰ ধৰ্মীয় স্থান
বৰপেটা |
6923 | https://as.wikipedia.org/wiki/%E0%A6%85%E0%A6%AE%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%9A%E0%A7%B0%E0%A6%A3%20%E0%A6%9A%E0%A7%8C%E0%A6%A7%E0%A7%81%E0%A7%B0%E0%A7%80 | অম্বিকাচৰণ চৌধুৰী | অম্বিকাচৰণ চৌধুৰী অসমৰ এজন সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী আছিল তেখেতক কামতা সাহিত্য ৰত্ন উপাধিৰে সন্মান জনোৱা হয়। তেখেত অসমৰ জনসাধাৰণৰ মাজত কামতাৰত্ন ৰূপে পৰিচিত আছিল।। সমাজসেৱক হিচাপে চৌধুৰী "অন্যান্য পিচপৰা শ্ৰেণী"ৰ সাহিত্য সভাৰ গোৱালপাৰা জিলা সমিটিৰ যুটীয়া সম্পাদক, ১২ বছৰ কোঁচ ৰাজবংশী সন্মিলনীৰ সম্পাদক আৰু ৩ বছৰৰ কাৰণে অসম সাহিত্য সভাৰ কাৰ্য্যবাহী সদস্য হিচাবে কাম কৰিছিল। তেখেতে নিজৰ জীৱনকালত প্ৰায় ১২৩ টা গুৰুত্বপূৰ্ণ প্ৰবন্ধ আৰু প্ৰায় ২৯ খন গ্ৰন্থ লিখি থৈ গৈছে। তেখেতেই অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশনত অসমীয়াক অসমৰ ৰাজ্যভাষাৰ মৰ্য্যদা দিব লাগে বুলি সৰ্বপ্ৰথমে প্ৰস্তাব উত্থাপন কৰিছিল। গুৱাহাটীৰ আমিনগাৱঁত স্থাপিত বীৰ চিলাৰায়ৰ মুৰ্তিৰ প্ৰতিস্থাপনতো তেখেতৰ যথেষ্ট ভূমিকা আছিল। তেখেত বঙাইগাঁও শিক্ষক প্ৰশিক্ষণ বিদ্যালয় স্থাপনকে ধৰি কেইবাখনো শিক্ষা সংস্থান আৰু কেইবাটাও সংগঠন স্থাপন কৰি থৈ গৈছে।
ইয়াৰ আগতে তেখেতে শ্বিলঙকে আদি কৰি ভিন ভিন ঠাইত চৰকাৰী চাকৰি কৰিছিল। তেখেতে বঙাইগাওঁ শিক্ষক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰে।
প্ৰাৰম্ভিক জীৱন
জন্ম
অম্বিকাচৰণ চৌধুৰী অসমৰ বঙাইগাঁৱৰ এটি কৃষক পৰিয়ালত ১৯৩০ চনৰ ১৬ আগষ্টত জন্মগ্ৰহন কৰিছিল। তেখেতৰ পিতৃ নৰেশ্বৰ চৌধুৰী আৰু মাতৃ কাশীশ্বৰী চৌধুৰী। মুঠ পাঁচ সন্তানৰ ভিতৰত তেখেত জ্যেষ্ঠ আছিল।
শিক্ষা
বঙাইগাঁৱতে প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষা সমাপ্ত কৰে।
গুৱাহাটীস্থিত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক উপাধি লাভ কৰে।
শ্বিলংত বি.টি. শিক্ষা গ্ৰহন কৰে।
সাহিত্যকৃতি
অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে তিনিবাৰকৈ প্ৰতিদ্বন্দিতাত আছিল অম্বিকাচৰণ চৌধুৰী। বিভিন্ন সাহিত্যৰ অনুষ্ঠানৰ সৈতে তেখেত জড়িত হৈ আছিল। ১৯৬১ চনত গুৱাহাটীৰ লয়াৰ্ছ বুক ষ্টলে তেওঁৰ প্ৰথমখন গ্ৰন্থ "ৰত্নপীঠত এভূমুকি" প্ৰকাশ কৰিছিল। ইয়াৰ পিছত এখনৰ পিছত সিখন গ্ৰন্থ তেওঁ প্ৰকাশ কৰি গৈছে। মৃত্যুৰ আগলৈকে তেওঁ ৩৩ খন গ্ৰন্থ লিখি থৈ গৈছে। ইয়াৰে সাতখন ইংৰাজী ভাষাৰ গ্ৰন্থ। তেওঁৰ প্ৰায়সংখ্যক গ্ৰন্থই ইতিহাস আৰু বুৰঞ্জী সমৃদ্ধ। অসমৰ বহুকেইখন কাকত আলোচনীত অম্বিকাচৰণ চৌধুৰীৰ লেখা প্ৰকাশ পাই আহিছে। তেওঁৰ প্ৰকাশিত প্ৰবন্ধৰ সংখ্যা ডেৰ শতাধিক।
অম্বিকাচৰণ চৌধুৰীদেৱৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থৰাজী
ৰত্নপীঠত এভূমুকি (১৯৬১)
বিচিত্ৰা ১ম (প্ৰকাশিত প্ৰবন্ধ কেইটামানৰ সংকলন, ১৯৬৫)
কমতাপুৰত শ্ৰী মন্ত শংকৰদেৱ (১৯৮২)
নৰৰূপে নাৰায়ণ (১৯৯১)
সংগ্ৰামসিংহ চিলাৰায় (১৯৮৩)
ইতিহাস অধ্যায়নৰ নৱদিগন্ত (১৯৯১)
কল্কি অৱতাৰ শ্ৰী শ্ৰী অনুকুল চন্দ্ৰ (১৯৮৮)
বঙাইগাঁৱৰ জীৱন কাহিনী (১৯৮৩)
যুৱৰাজ শুল্কধ্বজৰ সাহিত্য প্ৰতিভা (১৯৯২, ২০০৯)
কোচ-ৰাজবংশী সন্মিলনীৰ সমীক্ষাত্মক ইতিহাস (১৯৯৩) তপস্বীনি ৰাণী অভয়েশ্বৰী (১৯৯৩)
মহাপুৰুষ শ্ৰী চৈতন্যদেৱৰ জীৱন আৰু দৰ্শন (১৯৬৫)
শান্তিৰ দূত হজৰত মহম্মদ (১৯৬৫)
আহ্বান (কেইটামান প্ৰকাশিত কবিতাৰ সংকলন, ১৯৯৫)
মহাৰাজ নৰনাৰায়ন আৰু সেতু (১৯৯৮)
শব্দাৰ্থৰ মৈলিক বিশ্লেষণ (১৯৯৯)
শ্ৰী শ্ৰী কালিমাৰ তাত্ত্বিক পৰিচয় (২০০২)
ৰাংটা গাৰো, ৰাজা মহেন্দ্ৰ নাৰায়ণ আৰু অম্বিকাচৰণ চৌধুৰীৰ জীৱন কৃতি (২০০৪)
কাছাৰ ৰাজ্যৰ খাছু ছা আৰু ডিমাছাৰ কৰুণ ইতিহাস (২০০৪)
বড়ো-কছাৰীৰ সাংস্কৃতিক পৰিচয়, বিজনী-চিদলী-মেছপাৰা আৰু পৰ্বত জোৱাৰৰ ইতিহাস, আমাৰ বক্তব্য (২০০৪)
আমাৰ বক্তব্য (২০০৪)
কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতি (২০১১)
কোঃ পন্থা, অভিনন্দন গ্ৰন্থ, কুত্তি যাঙতে এলা, (১৯৮৪)
(১৯৮৪)
(১৯৯৭)
(১৯৯১)
(কিছুমান প্ৰকাশিত প্ৰবন্ধৰ সংকলন, ১৯৯৩)
(২০০৯)
অন্যান্য কৰ্মৰাজী
এজন সমাজকৰ্মী হিচাপেও অম্বিকাচৰণ চৌধুৰী সুপৰিচিত আছিল। তেওঁ যেতিয়া বিদ্যালয়ৰ ছাত্ৰ আছিল তেতিয়াই ১৯৪৮ চনৰ পৰা ১৯৫০ চনলৈ গোৱালপাৰা জিলা ছাত্ৰ কংগ্ৰেছৰ সভাপতি আছিল। কটন কলেজত অধ্যয়নৰত সময়ত তেখেতে বিভিন্ন সামাজিক কাম কাজত জঢ়িত হৈ বিভিন্ন সামাজিক সংস্থাৰ সৈতেওঁ যোগাযোগ ৰক্ষা কৰিছিল। কটন কলেজত থকা সময়তে তেওঁ মাদুৰাইৰ গান্ধীগ্ৰামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ আৰু যুৱ সন্মিলনত অংশ লৈছিল। মৃত্যুৰ আগমূহুৰ্তলৈকে তেখেত বঙাইগাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হৈ আছিল। শংকৰদেৱ শিশু নিকেতন, বঙাইগাঁও বঙাইগাঁও আইন মহাবিদ্যালয়, বঙাইগাঁও সৎসঙ্গ বিহাৰৰ উপৰি স্থানীয় কেইবাখনো শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতিৰ কামো কৰিছিল। এন এফ ৰেলৱেৰ বঙাইগাঁও গোটৰ স্থানীয় নিয়োগ বৰ্ডৰ সৈতেওঁ সাত বছৰ জড়িত হৈ আছিল।
বঁটা-উপাধি-সন্মান
ভাৰতীয় সাহিত্য অকাডেমিয়ে অসমীয়া সাহিত্যৰ বাবে অকাডেমি বঁটা নিৰ্বাচক পেনেলত অম্বিকাচৰণ চৌধুৰীক স্থান দিছিল।
উত্তৰবংগ সাংস্কৃতিক ই তেওঁক "কামতা সাহিত্যৰত্ন" উপাধি প্ৰদান কৰিছিল।
অসম সাহিত্য সভাই দুধনৈ সাহিত্য অধিবেশনত তেওঁক ৰত্নপীঠৰ ৰত্ন উপাধি প্ৰদান কৰিছিল।
সদৌ অসম শিক্ষক সংস্থাই তেওঁক শিক্ষক বান্ধৱ উপাধি প্ৰদান কৰে।
দিল্লী পোণ্ড্ৰ ই ২০০৩ চনত তেওঁক "মহেন্দ্ৰ নাথ কৰণ" উপাধি প্ৰদান কৰে।
১৯৯৪ চনৰ ১৫ আগষ্টত অম্বিকাচৰণ চৌধুৰীক অসম চৰকাৰে আজীৱন সাহিত্যিক পেঞ্চন দিয়াৰ ঘোষনা কৰে।
অসম চৰকাৰে বীৰ চিলাৰায়ৰ নামত প্ৰৱৰ্তন কৰা "চিলাৰায় বঁটা" ২০০৯ ত অম্বিকাচৰণ চৌধুৰীক প্ৰদান কৰিছিল।
মৃত্যু ২০১১ চনৰ ৪ ডিচেম্বৰ তাৰিখে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ জলপাইগুৰি জিলাৰ কামাখ্যাগুড়ি সংলগ্ন ৩১ (ছি) নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেঁতুলতলা চাৰিআলিত সংঘটিত এক শোকাবহ পথ দূৰ্ঘটনাত তেখেতে অকাল মৃত্যু সাৱটি লয়।
তথ্যসূত্ৰ
অসমীয়া প্ৰবন্ধকাৰ
অসমৰ |